text
stringlengths
0
188k
পুৰুষ ভোটাৰ : ৬,৫৬,৪৮৭জন
মহিলা ভোটাৰ : ৬,৪১,১৬১গৰাকী
তৃতীয় লিংগৰ ভোটাৰ: ২৩গৰাকী
মুঠ ভোটকেন্দ্ৰ আছে ১৬৫৭টা
১৯৫১ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ যোগেন্দ্ৰ নাথ হাজৰিকা সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে। সাংসদ ৰামেশ্বৰ তেলী। তেলী ২০১৪ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে।
ডিব্ৰুগড় সমষ্টিত বিধানসভাৰ ৯টা সমষ্টি অন্তৰ্গত। সেইকেইটা ক্ৰমে-
১। মৰাণ (বিজেপিৰ দখলত, বিধায়ক চক্ৰধৰ গগৈ)
২। ডিব্ৰুগড় (বিজেপিৰ দখলত, বিধায়ক প্ৰশান্ত ফুকন)
৩। লাহোৱাল (বিজেপিৰ দখলত, বিধায়ক ঋতুপৰ্ণ বৰুৱা)
৪। দুলীয়াজান (বিজেপিৰ দখলত, বিধায়ক তেৰেছ গোৱালা)
৫। টিংখাং (বিজেপিৰ দখলত, বিধায়ক বিমল বৰা)
৬। নাহৰকটীয়া (বিজেপিৰ দখলত, অগপ নৰেন সোণোৱাল)
৭। তিনিচুকীয়া (বিজেপিৰ দখলত, বিধায়ক সঞ্জয় কিষাণ)
৮। ডিগবৈ (বিজেপিৰ দখলত, বিধায়ক সুৰেন ফুকন)
৯। মাৰ্ঘেৰিটা (বিজেপিৰ দখলত, বিধায়ক ভাস্কৰ শৰ্মা)
২০০৪ আৰু ২০১৪ চনৰ বাদে আটাইকেইটা নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল।
২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ পৰা বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অগপ দলৰ পৰা নিৰ্বাচিত হৈছিল। ২০০৯ চনত কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰে পুনৰ সমষ্টিটো দখল কৰে। কিন্তু ২০১৪ চনত সমষ্টিটো বিজেপিৰ দখললৈ যায়। ৰামেশ্বৰ তেলী জয়ী হয় ঘাটোৱাৰক হৰুৱাই। তেলীয়ে ৪,৯৪,৩৬৪টা ভোট পায়। দ্বিতীয় স্থানত থকা ঘাটোৱাৰতকৈ তেওঁ ১,৮৫,৩৪৭...
২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।
নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ৮জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। তেওঁলোক হ’ল ক্ৰমে- বিজেপিৰ ৰামেশ্বৰ তেলী, কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰ, নিৰ্দলীয় নুৰুল হুদা ইমদাদুল ইচলাম শইকীয়া, বহুজন মুক্তি পাৰ্টিৰ ড০ টাইটাছ ভেংৰা, নিৰ্দলীয় ৰুবুল বুঢ়াগোহাঁই, নিৰ্দলীয় ইজৰাইল নন্দা, নিৰ্দলীয় অপূৰ্ব শইকীয়া, এন পি পিৰ ভবেন বৰুৱা।
Recent News
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ছেপ্টেম্বৰ মাহ শেষ হোৱাৰ আগে আগে ব্ৰু শৰণাৰ্থীসকলক উত্তৰ ত্ৰিপুৰাৰ পৰা মিজোৰামলৈ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ নিৰ্দেশ দিছে।
উল্লেখ্য যে জুলাইৰ ৩ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আহ্বান কৰা এখন সভাত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱালা, মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামে (Mizoram Bru Displaced Peoples Forum) প্ৰায় ২২ বছৰ পাছত ব্ৰু শৰণাৰ্থীক প্ৰত্যাৰ্পণ কৰাৰ এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হৈছি...
অৱশ্যে নৈসিংপাৰা শৰণাৰ্থী শিবিৰত বাস কৰা কেইবাগৰাকীও শৰণাৰ্থীয়ে স্বাক্ষৰিত চুক্তিখনৰ বিৰুদ্ধে তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰি অনশনত বহিছিল। তেওঁলোকৰ বক্তব্য হৈছে পুনঃসংস্থাপনৰ এই চুক্তিত বেছিভাগ গুৰুত্বপূৰ্ণ দিশ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এৰাই গৈছে।
ব্ৰু শৰণাৰ্থীসকলে প্ৰতিবাদ কৰি থকা স্বত্তেও মিজোৰাম চৰকাৰে উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমাত ১৯৯৭ চনৰ পৰা বাস কৰি অহা ব্ৰু শৰণাৰ্থীসকলক মিজোৰামলৈ ওভোতাই নিয়াৰ বাবে চেষ্টা কৰি আছে।
আমাৰ চিন্তাৰ বিষয় হৈছে প্ৰত্যাৱৰ্তনৰ বাবে এটা ইতিবাচক বাতাৱৰণ সৃষ্টি কৰা ‘‘আৰু স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি তেওঁলোকৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা’’ মিজোৰাম চৰকাৰৰ অতিৰিক্ত গৃহ সচিব লালবিয়াকজামাই কয়।
উল্লেখ্য যে কালি মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামৰ সভাপতি এ ছাৱিবুংগাই কেইদিন মান আগতে শৰণাৰ্থীসকলৰ হৈ তেওঁ নিজেই স্বাক্ষৰ কৰা চুক্তিখন ভংগ কৰি প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে ব্ৰু শৰণাৰ্থীসকলে এই চুক্তিখনৰ বিৰুদ্ধে কৰা তীব্ৰ প্ৰতিবাদৰ বাবে তেওঁ এই চুক্তি ভংগ কৰিছে। পত্ৰখনত আৰু কোৱা হৈছে যে শৰণাৰ্থীসকলে এই চুক্তি...
ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা শৰণাৰ্থীসকলে কেন্দ্ৰ চৰকাৰৰ পৰা আৰু অধিক সা-সুবিধা দাবী কৰিছিল। তাৰে ভিতৰত আছে ৫০০কৈ পৰিয়াল অন্তৰ্ভুক্ত হ’ব পৰাকৈ ক্লাষ্টাৰ গাঁও নিৰ্মাণ কৰা, এবাৰতে পুনৰ্বাসন বিত্তীয় সহায়তা প্ৰদান কৰা এখন উন্নয়ন পৰিষদ গঠন কৰা, প্ৰত্যাৰ্পিত ব্ৰু শিক্ষাৰ্থীৰ বাবে দ্ৰোণাচাৰ্য বিদ্যালয় স্থাপন কৰা আৰু সমগ্ৰ বছ...
Recent News
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী?
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ভূপালৰ কোলাৰ অঞ্চলত চুবুৰীয়া দুৰ্বৃত্তৰ কামনাৰ বলি হৈছে এটি পাঁচ বছৰীয়া মূক-বধিৰ দলিত কন্যা শিশু। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৰ্ষণৰ বলি হোৱা শিশুটিৰ পিতৃ-মাতৃক এগৰাকী চুবুৰীয়াই অভিযুক্ত ব্যক্তিগৰাকীৰ ঘৰৰ পৰা তেওঁলোকৰ সন্তানৰ কান্দোন শুনিবলৈ পাইছে বুলি অৱগত কৰে।
শিশুটিৰ মাতৃ তৎক্ষণাৎ ব্যক্তিগৰাকীৰ ঘৰলৈ দৌৰি যায় আৰু লম্পট ব্যক্তিগৰাকীয়ে শিশুটিক ধৰ্ষণ কৰা দেখিবলৈ পায়। এই বৰ্বৰ কাণ্ড দেখাৰ পাছতে আৰক্ষীক লগে লগে খবৰ দিয়া হয়। অভিযুক্ত ব্যক্তিগৰাকীয়ে খেলাৰ অজুহাত দেখুৱাই শিশুটিক তেওঁৰ ঘৰলৈ লৈ গৈছিল বুলি শিশুটিয়ে মাক-দেউতাকক কয়।
পিতৃ-মাতৃৰ অভিযোগৰ পাছতে কোলাৰ আৰক্ষীয়ে ৫৬ বছৰীয়া অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তিগৰাকীৰ স্বাস্থ্য পৰীক্ষাত এই নিকৃষ্ট কাণ্ড সংঘটিত কৰাৰ সময়ত সুৰাপান কৰি থকাৰ প্ৰমাণ পোৱা গৈছে বুলি স্থানীয় আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিছে।
অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ লগতে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO), অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।
ইফালে ৰাজ্যখনৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে কঠিন বাৰ্তা প্ৰেৰণ কৰিবলৈ জঘন্য অপৰাধৰ অপৰাধীসকলৰ অবৈধ নিৰ্মাণ ধ্বংস কৰি অহাৰ দৰেই এই ঘটনাৰ অভিযুক্ত গৰাকীয়ে অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহ ভাঙি পেলায় বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।
Recent News
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ
ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ! ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী
বহু কৰ্মীৰ চাকৰি গ’ল যদিও এই মহিলাগৰাকীক ছাঁটাই কৰিব নোৱাৰে এলন মাস্কে; কিন্তু কিয়?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এই নৃশংস ঘটনা হাইলাকান্দি জিলাৰ চুলাৰানিচেৰা অঞ্চলত সংঘটিত হৈছে।
উত্থাপিত অভিযোগ অনুসৰি অভিযুক্ত কিশোৰটিয়ে নাবালিকা গৰাকীৰ সৈতে তীব্ৰ বাকবিতণ্ডাত লিপ্ত হয় আৰু ইয়াৰ পিছতে বনাঞ্চলৰ ভিতৰলৈ নি নাবালিকা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰে।
হত্যাৰ বলি হোৱা নাবালিকা গৰাকী ৯ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল। তিনি দিনৰ অনুসন্ধানৰ পিছত নাবালিকা গৰাকী ৰ মৃতদেহ অৰণ্যৰ পৰা উদ্ধাৰ কৰা হয়।
মৃতদেহটো উদ্ধাৰৰ পিছত মৰণোত্তৰ পৰীক্ষা আৰু চিকিৎসা পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।
এই নৃশংস ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে অভিযুক্ত কিশোৰটিক গ্ৰেপ্তাৰ কৰে।
অভিযুক্ত কিশোৰ জনৰ পিতৃকো আৰক্ষীয়ে প্ৰমাণ ধ্বংসৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।
হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে কয়, “আমি এগৰাকী কিশোৰক এগৰাকী ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছো। আমি অভিযুক্তৰ দেউতাককো গ্ৰেপ্তাৰ কৰিছো। আমি সন্দেহ কৰোঁ যে কিশোৰটিৰ পিতৃয়ে এই ঘৃণনীয় অপৰাধৰ বিষয়ে জানিছিল আৰু প্ৰমাণধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। এই বিষয়ত তদন্ত প্ৰক্ৰিয়া অব্যাহত আ...
Recent News
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
স্বামীৰ অবৈধ প্ৰেমক হাতেলোটে ধৰা পেলায় মহিলাগৰাকীয়ে।গাড়ীত ভিতৰত অবৈধ প্ৰেমিকাৰে চাহ খাই থকা প্ৰত্যক্ষ কৰি গাড়ী আগুচি ধৰে মহিলা গৰাকীয়ে।
ইয়াৰ পিছতেই গাড়ীৰ ভিতৰতেই প্ৰহাৰ কৰে যুৱতীগৰাকীক।
লগতে পঢ়ক:ওদালগুৰিৰ কালাঝাৰত মৰ্মান্তিক ঘটনা; বিদ্যুৎস্পৃষ্ট হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু, গুৰুতৰভাৱে আহত দুজন
শিৱসাগৰৰ বিভানন্দ গগৈ নামৰ বিবাহিত ব্যক্তিজনৰ লগত দীৰ্ঘ দিনৰ পৰা গৌৰীসাগৰৰ বেজগাঁৱৰ এগৰাকী যুৱতীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। এই কথা বিভানন্দ গগৈৰ পত্নীয়ে জানিব পাৰি যোৱা বছৰৰ এপ্ৰিল মাহতেই যুৱতীগৰাকীৰ পৰিয়ালক জনায় যদিও দুয়োৱে আজিলৈকে অবৈধ প্ৰেম চলাই আহিছিল।
আজি ৰাজপথত হাতেলোটে ধৰা পৰাত ৰাজপথত এইদৰে ৰণচণ্ডী ৰূপ লয় বিভানন্দৰ পত্নীয়ে।
ঘটনাৰ সম্পৰ্কত বিভানন্দ গগৈৰ পত্নীয়ে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।
Recent News
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে
দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে
হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নিৰ্লজ্জ কাণ্ড: কিতাপ দিয়াৰ চলেৰে নিজা বাসগৃহলৈ মাতি নি নিৰ্যাতনৰ চেষ্টা বিদেশী ছাত্ৰীক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
সূচী অনুসৰি, অহা ১৮ আৰু ২১ মাৰ্চত দুখন টী-২০ মেচ অনুষ্ঠিত হ’ব। এই দুয়োখনেই মেচ খেলোৱা হ’ব ঢাকাৰ শেৰ বাংলা ষ্টেডিয়ামত।
জানিব পৰা মতে এই টুৰ্ণামেন্টখনত পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব পাৰে।
বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে বাংলাদেশে এক বৰ্ষজোৰা ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই মেচ দুখনো ইয়াৰেই এক অংশ।
বাংলাদেশৰ ফালৰ পৰা এছিয়া একাদশত খেলাৰ বাবে প্ৰথমতে ভাৰতৰ পৰা সাতগৰাকী ক্ৰিকেটাৰ বিচৰা হৈছিল।
সেই ক্ৰিকেটাৰ কেইগৰাকীৰ ভিতৰত আছিল বিৰাট কোহলি, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, ৰবীন্দ্ৰ জাডেজা আৰু মহেন্দ্ৰ সিং ধোনী।
কিন্তু উক্ত প্ৰস্তাৱৰ পাছত বিচিচিআইয়ে পাঁচ গৰাকী ক্ৰিকেটাৰক পঠোৱাৰ সিদ্ধান্ত লয়। অৱশ্যে কোন পাঁচ গৰাকীক প্ৰেৰণ কৰা হ’ব সেয়া স্পষ্ট কৰা নাই।
বাংলাদেশে বিচৰা ক্ৰিকেটাৰৰ ভিতৰতে ভাৰতে অধিকাংশকে প্ৰেৰণ নকৰাৰ সম্ভাৱনা আছে।
তেওঁলোকে বিচৰা ক্ৰিকেটাৰ কেইগৰাকীৰ ভিতৰত ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া আৰু ভুৱনেশ্বৰ কুমা আঘাতৰ বাবে বহিব লগা হৈছে।
আনহাতে, ধোনী বহুদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰত আছে। সেয়েহ এই কেইগৰাকীৰ যোৱাৰ সম্ভাৱনা ক্ষীণ।
তদুপৰি, আই পি এলৰ পূৰ্বে জিৰণি ল’ব পাৰে অধিনায়ক বিৰাট কোহলি। এতিয়া কোন পাঁচ গৰাকী ক্ৰিকেটাৰক ভাৰতে পঠিয়ায় সেয়া স্পষ্ট হোৱা নাই।
ইপিনে, এছিয়া একাদশৰ হৈ কোনো পাকিস্তানী ক্ৰিকেটাৰে অংশ নলয়। ইয়াৰ বিপৰীতে বাংলাদেশ, শ্ৰীলংকা আৰু আফগানিস্তানৰ ক্ৰিকেটাৰ থাকিব এই দলত।
Recent News
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী?
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ হৈ প্ৰচাৰ চলাবলৈ বৰাকৰ সৰু চহৰখনলৈ অহা প্ৰিয়ংকাক লৈ তেওঁৰ গুণমুগ্ধৰ মনত আজি অভূতপূৰ্ব উছাহ দেখা যায়।
দুপৰীয়া সময়ত আহি উপস্থিত হোৱাৰ পিছতে হাজাৰ হাজাৰ সমৰ্থক আৰু গুণমুগ্ধই প্ৰিয়ংকাক আগুৰি ধৰে। তেওঁক ওচৰৰ পৰা চাবলৈ আৰু নিজৰ ম’বাইলত এখন ফটো তুলিবলৈ ভীষণ হেতা-ওপৰা লাগে উপস্থিতসকলৰ মাজত।
Love and support filled the streets of Silchar, Assam for Congress General Secretary Smt @priyankagandhi at her roadshow.
My best wishes to Congress candidate and @MahilaCongress President Smt @sushmitadevmp for the upcoming elections in Assam. pic.twitter.com/iR6A4sZsDb
— Srinivas B V (@srinivasiyc) April 14, 2019
কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে শিলচৰ সমষ্টিৰ সাংসদ, নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা এইবাৰৰ প্ৰাৰ্থী সুস্মিতা দেব আৰু প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটক লগত লৈ দেৱদূত পইন্টৰ পৰা প্ৰায় ৩ কিলোমিটাৰ পথ এখন গাড়ীৰে ভ্ৰমণ কৰে।
ৰোড শ্ব’টোৰ সময়ত প্ৰায় দুই লাখ লোকৰ সমাগম হয়, যিটো আছিল সঁচাকৈয়ে অভূতপূৰ্ব। ওৰে বাট মোহময়ী কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে কৰমৰ্দন কৰাৰ বাবে তেওঁৰ গাড়ীৰ কাষত হেতা-ওপৰা কৰি গুণমুগ্ধসকলে এটা অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল। বহুতে প্ৰিংয়কালৈ ফুল ছটিওৱাৰ লগতে ফুলৰ মালাও উপহাৰ দিয়ে।
ৰোড শ্ব’ৰ সময়ত প্ৰিয়ংকাই প্ৰেম, ভালপোৱাৰে ঘৃণাক জয় কৰাৰ কথা কয় লগতে তেওঁ সকলো ভাৰতীয়কে আঁকোৱালি ধৰাৰ কথাও কয়।