text stringlengths 0 188k |
|---|
সঁফুৰা |
ইতিহাস |
জীৱনী |
সাক্ষাৎকাৰ |
কেৰিয়াৰ |
সমস্যা আৰু সমাধান |
বুদ্ধি পৰীক্ষা |
অলিম্পিয়াড |
গণিত পাঠ |
কুইজ |
Fun Facts |
গল্প |
কাৰ্টুন |
চিত্ৰ-সংগ্ৰহ |
বিজ্ঞান-প্ৰযুক্তি |
Webinars |
About Us |
Our Story |
English |
24 Nov আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ সৈতে এটি সাক্ষাৎকাৰ — ড° স্তুতি ৰঞ্জিত কোঁৱৰ |
Posted at 19:03h in সাক্ষাৎকাৰ by পংকজ জ্যোতি মহন্ত 1 Comment |
Share |
[সাক্ষাৎকাৰটি দুটা খণ্ডত ২৯ অক্টোবৰ, ২০১৫ আৰু ২ নৱেম্বৰ, ২০১৫ তাৰিখে অসমীয়া দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশ হৈছিল। নিয়মীয়া বাৰ্তাত প্ৰকাশিত মূল সাক্ষাৎকাৰটি আৰু তাৰ ইংৰাজী অনুবাদ “গণিত চ’ৰা”ত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে সাক্ষাৎ গ্ৰহণ কৰোঁতা ড° স্তুতি ৰঞ্জিত কোঁৱৰ আৰু নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক ফণীন্দ্ৰ কুমাৰ ... |
আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ছাৰৰ অসমৰ শিক্ষা জগতলৈ থকা অভূতপূৰ্ব অৱদানৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত Indian Institute of Technology, Guwahati ৰ প্ৰতিষ্ঠাৰ আঁৰৰ মূল ব্যক্তিজনেই হৈছে প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ছাৰ। কটন কলেজৰ পৰা উচ্চতৰ... |
প্ৰশ্ন : আই আই টি বম্বেৰ অধ্যাপক, এজন বিজ্ঞানী নতুবা আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰফেছৰ বুঢ়াগোঁহাই ছাৰৰ গোলাগাট আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হোৱা শিক্ষাজীৱনে কেনেদৰে সুদূৰ আই আই টি বম্বেলৈকে যাত্ৰা অব্যাহত ৰাখিলে? কি কথাই আপোনাক আই আই টি বম্বেত পঢ়িবলৈ নতুবা তাত কৰ্মজীৱনৰ পাতনি মেলিবলৈ উৎসাহিত কৰিলে? |
প্ৰফেছৰ বুঢ়াগোঁহাই : মেট্ৰিক পাছ কৰি মই কটন কলেজলৈ Intermediate Science (I.Sc.) পঢ়িবলৈ আহোঁ। মই আছিলোঁ কটন কলেজৰ থাৰ্ড মেচত। উচ্চশিক্ষা বুলিবলৈ মই I.Sc. পাছ কৰিয়েই আই আই টি বম্বেলৈ অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী ল’বলৈ আহোঁ। আই আই টি খৰগপুৰ স্থাপিত হৈছিল ১৯৫১ চনত আৰু আই আই টি বম্বে স্থাপিত হয় ১৯৫৮ত। তেতিয়া ই আছিল মুম্বাইৰ ... |
সেইসময়ত অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন বিভাগ সম্বন্ধে মই একো নাজানিছিলো। সঁচা কথা ক’বলৈ গ’লে মই মেট্ৰিক পৰীক্ষা পাছ কৰালৈকে গোলাঘাটত বিদ্যুৎ নাছিলেই, সৰুৰে পৰা যি এটা অভিযান্ত্ৰিক বিভাগ দেখি আহিছিলোঁ সেয়া হৈছে PWD বিভাগটোহে। সেয়ে ইঞ্জিনীয়াৰিং মানে মোৰ কাৰণে মাত্ৰ চিভিল ইঞ্জিনীয়াৰিং, তাৰ বাহিৰে অন্য একো বিষয়ৰ কথাই নাজানিছ... |
কটন কলেজৰ মোৰ ছিনিয়ৰ প্ৰভাত দত্ত সেইসময়ত আই আই টি বম্বেৰ ছাত্ৰ আছিল আৰু তেখেতই আই আই টি বম্বেত প্ৰথম অসমীয়া ছাত্ৰ আছিল। প্ৰভাত দত্ত আৰু মই কটন কলেজত একেটা হোষ্টেলতে আছিলোঁ। তেওঁ মোৰ ঠিকনাত আই আই টি বম্বেৰ এখন আবেদন পত্ৰ পঠাই দিয়ে আৰু সেইমৰ্মে মই আই আই টি বম্বেত নামভৰ্তি কৰোঁহি। |
আই আই টি ৰ পৰা বি টেক পাছ কৰি উঠি মই লগে লগে তাতে এম টেকত নামভৰ্তি কৰিলোঁ। অৱশ্যে বি টেক কৰি উঠি লগে লগে মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চাকৰিও পাইছিলোঁ, কিন্তু মোৰ আৰু অলপ পঢ়াৰ ইচ্ছা আছিল কাৰণে মই আই আই টি বম্বেতে লগে লগে M.Tech.(Structures) ত নামভৰ্তি কৰিলোঁ। এম টেক কৰি উঠিয়েই কোনো সময় নষ্ট নকৰাকৈ লগেলগে পি এইচ ডিতো... |
আচলতে গৱেষণা শেষ কৰিয়ে মই টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চত চাকৰিৰ বাবে আবেদন পত্ৰ দিছিলোঁ। সেই কামটো আছিল Electronics Corporation of India Ltd.ৰ কাৰণে। তাৰ জৰিয়তে তেওঁলোকে ৰেডিঅ’ টেলিস্কোপ এণ্টেনাসমূহ স্থাপন কৰিছিল। মই তাত বাচনি হ’লো। অথচ মোৰ কিন্তু আই আই টি বম্বেৰ সহকাৰী অধ্যাপকৰ চাকৰিত জইন কৰিবলৈ ইচ্ছা গ’ল। ... |
প্ৰশ্ন : একাডেমিক আৰু এডমিনিষ্ট্ৰেচন, এই দুয়োটা বিভাগতে আই আই টি বম্বেতো আপোনাৰ যথেষ্ঠখিনি অৱদান আছে। Dean of Planning হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰি আই আই টি বম্বেত আপুনি কি কি কাম কৰাৰ সিদ্ধান্ত লৈছিল আৰু কি কি কাম আপোনাৰ দিনত সম্পূৰ্ণ হৈ উঠিছিল? |
প্ৰফেছৰ বুঢ়াগোঁহাই : মই ১৯৮৪ৰ পৰা ১৯৮৭লৈকে আই আই টি বম্বেত Dean(Planning) হিচাবে কাম কৰোঁ। প্ৰথমাৱস্থাত আই আই টি বম্বেত কোনো চাৰিসীমা নাছিল। অৰ্থাৎ তিনিফালে চাৰিসীমাৰ কোনো পকা চিন নাছিল। ডীন অৱ প্লেনিং হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মই ইয়াৰ চাৰিসীমা চিনাক্ত কৰি আই আই টিৰ এখন বাউণ্ডেৰী ৱাল দিয়াৰ ব্যৱস্থা কৰিলোঁ। মই নাজানো... |
বাউণ্ডেৰী ৱাল দিয়াৰ পিছত আই আই টি বম্বেৰ চৌহদৰ ভিতৰৰ ৰাস্তাবোৰ বহলোৱাৰ ব্যৱস্থা কৰা হ’ল। আগতে ইয়াৰে কিছুমান ৰাস্তা বহুত ঠেক আছিল, যাৰ ফলত যান-বাহনৰ অহা-যোৱাত অলপ অসুবিধা হৈছিল। ইয়াৰোপৰি দুটা বিল্ডিং মোৰ দিনত বনোৱা হৈছিল, তাৰে এটা অফিচ বিল্ডিং আছিল আৰু আনটো আৱাসিক বিল্ডিং আছিল। অফিচ বিল্ডিংটো আছিল তেতিয়া নতুনকৈ কিনা মেই... |
আই আই টি বম্বেত যিটোক হোৱাইট হাউছ বুলি কোৱা হয়, সেই বিল্ডিংটোৱো মোৰ দিনতে নিৰ্মাণ কৰা হৈছিল। এইটো এটা সাতমহলীয়া আৱাসিক বিল্ডিং। এই বিল্ডিংটোও ন মাহত সাজি সম্পূৰ্ণ কৰা হৈছিল। |
আই আই টি বম্বেত ডীন হিচাবে কাৰ্য্যনিৰ্বাহ কৰি থকা সময়ত মই সৰ্বাধিক গুৰুত্ব দিছিলোঁ ইয়াৰ কৰ্মচাৰী নতুবা ছাত্ৰ-ছাত্ৰীসকলৰ থকাৰ সু-বন্দৱস্তৰ ওপৰত। কাৰণ চৌহদৰ ভিতৰত থকাৰ সু-ব্যৱস্থা নাথাকিলে ইয়াত বহুতো লোকে চাকৰি কৰিবলৈ নাহিব পাৰে। সেয়ে এই সমস্যাৰ সমাধানৰ বাবে আমি আই আই টিৰ চৌহদৰ ভিতৰত সকলোৱে থাকিব পৰাৰ ব্যৱস্থা কৰিবলৈ আৰম... |
প্ৰশ্ন : আমি সকলোৱে জানোঁ যে আই আই টি গুৱাহাটীক প্ৰতিষ্ঠাৰ আঁৰৰ মূল মানুহজন আছিল আপুনি। আপুনি কিদৰে এই সুযোগ লাভ কৰিছিল? |
প্ৰফেছৰ বুঢ়াগোঁহাই : ১৯৯৩ চনৰ শেষলৈকে মই আই আই টি বম্বেত থাকিলোঁ। তেতিয়াৰ দিনত সঞ্চালকৰ পদৰ বাবে কোনো আবেদন জনোৱা হোৱা নাছিল। এয়া হৈছিল নমিনেচন প্ৰক্ৰিয়াৰে। Ministry of Human Resource Development (MHRD)য়ে ভাৰতৰ সকলো বিশ্ববিদ্যালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ Headলৈ সঞ্চালকৰ পদৰ বাবে নাম নমিনেচন কৰিবলৈ অনুৰোধ জনায়। এতিয়... |
এনেদৰে মোৰ নামটোও আই আই টি গুৱাহাটীৰ সঞ্চালকৰ পদৰ বাবে আই আই টি বম্বেৰ পৰা পঠিওৱা হৈছিল। প্ৰফেছৰ বিশ্বজিত নাগ সেইসময়ত আই আই টি বম্বেৰ সঞ্চালক আছিল| মোৰ অজ্ঞাতেই মোৰ নামটো আই আই টি ৰ পৰা তেতিয়া মাজে মাজে কৰবালৈ পঠিয়াই থকা হয়। এবাৰ মোক Structural Engineering Research Center, Madras ৰ সঞ্চালকৰ পদৰ বাবে হোৱা এটা ইণ্টাৰভিউল... |
প্ৰফেছৰ নাগক মই গোটেই কথাখিনি আকৌ এবাৰ ভাবি এটা সিদ্ধান্তলৈ আহিবলৈ এক সপ্তাহৰ সময়সীমা বিচাৰিলোঁ। মই ভাবি পোৱা নাছিলোঁ মই কি কৰিম? আই আই টি গুৱাহাটীলৈ যাম নে নাযাম? এয়া ১৯৯৩ চনৰ কথা। মই মোৰ পত্নীৰ সৈতে এই বিষযে আলোচনা কৰিলোঁ। তেওঁ মোক তেতিয়া ক’লে যে যিহেতু মই সদায় অসমৰ কাৰণে কিবা এটা কৰাৰ কথা চিন্তা কৰি থাকোঁ, কিন্তু তা... |
সেইমৰ্মে ১৯৯৩ চনৰ ১৬ আগষ্টত হোৱা আমাৰ আলোচনাখনলৈ মই ৰাওনা হ’লো। আলোচনাৰ শেষত মই লগে লগে মুম্বাইলৈ উভতিও আহোঁ। তাৰ পিছত ১৯৯৩ চনৰ ১ ছেপ্টেম্বৰত মই সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰা এটা টেলিফোন পাওঁ। তেখেতে মোক ফোনত আই আই টি গুৱাহাটীৰ সঞ্চালকৰ পদত বাছনি হোৱাৰ কথা কয় আৰু সেই পদত জইন কৰিবলৈ কয়। তাৰ পিছত এপইণ্টম... |
কিন্তু সেই সময়তে, অৰ্থাৎ ১৯৯৩ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰফালে মহাৰাষ্ট্ৰৰ লাতুৰত হোৱা এটা ভূমিকম্পত প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল। আৰু লাতুৰৰ rehabilitation ৰ কাৰণে যিবোৰ construction design আহিছিল তাৰ approval ৰ দায়িত্ব দিয়া হৈছিল আই আই টি বম্বেক। মহাৰাষ্ট্ৰ চৰকাৰৰ লগত এই সংক্ৰান্তত আই আই টি বম্বেৰ দুখনমান মিটিঙো হৈ যায়... |
এই কথাবোৰৰ কাৰণে নৱেম্বৰ মাহত অহা চিঠিখনৰ উত্তৰ মই অৱশেষত ফেব্ৰুৱাৰী মাহত দি আই আই টি গুৱাহাটীলৈ যাবলৈ সিদ্ধান্ত ল’লোঁ। |
প্ৰশ্ন : আই আই টি গুৱাহাটীৰ আজিৰ সু-পৰিকল্পিত ৰূপটো প্ৰতিষ্ঠা কৰোঁতে নিঃসন্দেহে আপুনি বহুতো ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল। সেয়া স্বাভাৱিক কথা। আই আই টি গুৱাহাটীক নিৰ্মাণ কৰিবলৈ লোৱাৰ পৰা আজিৰ আই আই টি গুৱাহাটীৰ এই ৰূপটোক প্ৰতিষ্ঠা কৰালৈকে আপোনাৰ এই সুদীৰ্ঘ যাত্ৰাৰ বিষয়ে বিস্তৃতভাৱে আমাক জনাব নেকি? |
প্ৰফেছৰ বুঢ়াগোঁহাই : ১৯৮৫ চনত অসম চুক্তিত অসমত এখন আই আই টি লাগে বুলি চুক্তি হৈ গ’ল। তাৰপিছত Education Consultant India Limited (EdCIL)ক ইয়াৰ কাৰণে প্ৰজেক্ট ৰিপ’ৰ্ট বনাবলৈ কোৱা হ’ল। তেওঁলোকে বিস্তৃত ৰূপত এটা প্ৰজেক্ট ৰিপ’ৰ্ট বনালে। প্ৰফেছৰ আৰ চি মালহোট্ৰা (Former Director of IIT Kanpur), যি সেইসময়ত আই আই টি দিল্লীত আছি... |
প্ৰথমতে আই আই টিৰ বাবে এডোখৰ মাটি বাচনি কৰা হয় নগাঁৱৰ মিছাত। আৰ সেইসূত্ৰে তেওঁলোকে স্থাপন কৰে আই আই টি নগাঁও আছাম ছ’চাইটী। কাৰণ ইয়াক প্ৰথমে এখন ছ’চাইটী হিচাবে পঞ্জীয়ন কৰাব লাগিব। পাৰ্লিয়ামেণ্টৰ আই আই টি এক্টখন সংশোধন্ কৰি নতুন আই আই টি ৰ নাম যোগ কৰি পাৰ্লিয়ামেণ্টত পাছ হ’লেহে ছ’চাইটীখন এখন আই আই টি হিচাবে প্ৰতিষ্ঠা কৰিব... |
কিন্তু শ্ৰেণীসমূহ কেনেকৈ আৰম্ভ কৰা হ’ব? |
সেই অনুপাতে উত্তৰ গুৱাহাটীত বাচনি কৰা ঠাইডোখৰত আধাৰশিলা স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল। প্ৰথমে হেলিকপ্টাৰেৰে আহি সেই ঠাইডোখৰত নামি আধাৰশিলা স্থাপন কৰাৰ পৰিকল্পনা আছিল। কিন্তু সেইসময়ত সেই ঠাইডোখৰ বানপানীত বুৰ গৈ থকা বাবে সেই কাম নোৱৰাত তেওঁলোকে এই আধাৰশিলা কাৰ্য্যসূচী সমাপন কৰিব লগা হয় ৰাজভৱনত। সেই সময়খিনিলৈকে সঞ্চালক... |
প্ৰশ্ন : আই আই টি গুৱাহাটীৰ শ্ৰেণীসমূহ কেতিয়াৰ পৰা আৰম্ভ হয়? |
প্ৰফেছৰ বুঢ়াগোঁহাই : ১৯৯৫ চনৰ পৰা। মই ইয়াত প্ৰজেক্ট ডিৰেক্টৰ হিচাবে জইন কৰোঁ ১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহত। মোৰ প্ৰথম কাম আছিল আই আই টি গুৱাহাটী সম্পৰ্কীয় সকলো অফিচিয়েল নথি-পত্ৰ যোগাৰ কৰা, এই সকলোবোৰৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰা আৰু তাৰপিছত পাৰ্লিয়ামেণ্টত আই আই টি এক্ট পাছ কৰোৱা। এই সংক্ৰান্তত বহুতো মিটিং হ’ল, বহুতো সিদ্ধা... |
কিন্তু JEE Examinationৰ কাৰণে পৰিকল্পনা কৰা হয় তাৰ প্ৰায় এবছৰৰ আগৰে পৰা। ১৯৯৪ চনৰ আগষ্ট মাহত আই আই টি গুৱাহাটীৰ হৈ ময়ো আই আই টি ৰ JEE মিটিঙত অংশগ্ৰহণ কৰিলোঁ। সেই অনুযায়ী ১৯৯৫ চনৰ জুলাই মাহৰ পৰা Computer Science, Mechanical Engineering আৰু Electronics and Communication এই তিনিটা বিভাগ আৰম্ভ কৰি প্ৰত্যেক বিভাগত ৩৩জনকৈ সৰ... |
এটা শিক্ষানুষ্ঠান খুলিবলৈ প্ৰথম আমাক শ্ৰেণীকোঠা লাগিব। আমাৰ অফিচ আৰু শ্ৰেণীকোঠাৰ কাৰণে পানবজাৰৰ The Institution of Engineers ৰ বিল্ডিংটোত কেইটামান কোঠা দিবলৈ তাৰ চেয়াৰমেন আৰু ছেক্ৰেটাৰীক আমি অনুৰোধ কৰিলোঁ। The Institution of Engineers ৰ তেতিয়াৰ চেয়াৰমেন আছিল নগেন গোস্বামী আৰু ছেক্ৰেটাৰী আছিল মুনীন ডেকা। মই ইয়াত জইন কৰা... |
মই যেতিয়া প্ৰথম আই আই টি গুৱাহাটীত জইন কৰিছিলোঁ, ১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা সেইবছৰৰ আগষ্ট মাহলৈকে মই চান্দমাৰীৰ ইঞ্জিনীয়াৰিং ইণ্টিটিউটৰ গেষ্ট হাউচত আছিলোঁ। অফিচ ৰুম হিচাবে মোৰ কোনো ঠাই নাছিল। কাহিলীপাৰাত থকা Directorate of technical Education ৰ বিল্ডিংত সেইসময়ৰ Additional Director of Technical Education মুহি বৰগোঁহাইৰ... |
বেলতলাত থকা Old Administrative staff building টো সেইসময়ত খালী পৰি আছিল। তাৰ গ্ৰাউণ্ড ফ্ল’ৰটো পুৰণি ভঙা আচবাব-পত্ৰৰে ভৰি আছিল। প্ৰথমাৱস্থাত সেই বিল্ডিংটোৰে গ্ৰাউণ্ড আৰু প্ৰথম ফ্ল’ৰটো আমি পাঠদানৰ কাৰণে বিচাৰিম বুলি ভাবিছিলো। কিন্তু সেই বিল্ডিংটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ Archeological Department ৰ কাৰণে সাজু কৰি থোৱাৰ বাবে... |
এই কথাখিনি মই মোৰ পত্নীক কোৱাত তেওঁ লগে লগে মোক গুৱাহাটীত অলপ দিন ৰ’বলৈ ক’লে। আৰু তেওঁ তাৰ পিছদিনাই মুম্বাইৰ পৰা আহি গুৱাহাটী পালেহি। চান্দমাৰীৰ ইঞ্জিনীয়াৰিং ইষ্টিটিউটৰ যিটো গেষ্ট হাউচত মই আছিলোঁ তাত ৰাতি কাৰেণ্টৰ কাৰণে একো কাম কৰিব নোৱাৰি। কাৰেণ্ট থকা-নথকা একে কথা। ভাগ্যক্ৰমে মই মুম্বাইৰ পৰা গুৱাহাটীলৈ অহাৰ সময়্ত এটা ... |
নগেন গোস্বামীয়ে মোক ক’লে যে মই তেওঁলোকৰ The Institution of Engineers ত অফিচ ৰুমটো দিনৰ বেলা ব্যৱহাৰ কৰিব পাৰোঁ আৰু মোক সহায় কৰিবলৈ তাৰ অফিচ ষ্টাফ মোৰ লগত সদায় থাকিব। তথাপি মই আপত্তি কৰিলোঁ; যিমান হ’লেও সেয়া তেওঁলোকৰ অফিচ ৰুম, মোৰ বা আই আই টি গুৱাহাটীৰ নহয়। সেয়ে সেই বিল্ডিংটোৰে গোটেই প্ৰথম মহলাটো আমাৰ অফিচ হিচাবে ভাৰাত ... |
আমাৰ অফিচ ৰুমহে হ’ল। আচল কাম তেতিয়াও বাকী আছিল। আই আই টিখন বনোৱাৰ কাম। তাৰ কাৰণে আমাৰ প্ৰয়োজন হ’ল এজন আৰ্কিটেক্টৰ। আমি আৰ্কিটেক্টসকলৰ সৰ্বভাৰতীয় এটা প্ৰতিযোগিতা পাতিবলৈ সিদ্ধান্ত ল’লোঁ। কিন্তু তাৰ কাৰণে আমাক architectural brief প্ৰস্তুত কৰিবলৈ আৰু এজন আৰ্কিটেক্টৰ প্ৰয়োজন হ’ল। আই আই টি বম্বেৰ আই ডি চি বিভাগৰ পৰা পাছ কৰা... |
মই এই কথা নগেন গোস্বামী আৰু মুনীন ডেকাক কোৱাত তেখেতসকলে মোক শ্ৰেণীকোঠা সজোৱাই দিবলৈ চাৰিমাহৰ সময় বিচাৰিলে আৰু সেইসময়ৰ ভিতৰতে The Institution of Engineers দ্বিতীয় মহলাটোত আমাক শ্ৰেণীকোঠা সাজি দিব পাৰিম বুলি ক’লে। আৰু সেই শ্ৰেণীকোঠাসমূহত আমি ১৯৯৫ চনৰ জুলাই-আগষ্ট মাহৰ পৰা আই আই টি গুৱাহাটীৰ প্ৰথম শ্ৰেণীসমূহ আৰম্ভ কৰিব পৰা... |
তাৰপিছত আহিল অধ্যাপক নিৰ্বাচনৰ প্ৰক্ৰিয়া। ১৯৯৫ চনৰ জানুৱাৰী মাহত প্ৰফেছৰ দেবদাস কাকতিয়ে আমাৰ লগত আই আই টি গুৱাহাটীত জইন কৰিলে। তেওঁ আগতে আই আই টি মাদ্ৰাছত আছিল। তেওঁ Amtron ৰ মেনেজিং ডিৰেক্টৰো আছিল। প্ৰফেছৰ দেবদাস কাকতিয়েই আই আই টি গুৱাহাটীৰ প্ৰথম শিক্ষক আছিল। প্ৰফেছৰ গৌতম বৰুৱাই ইয়াত তেতিয়া আই আই টি কানপুৰৰ পৰা মাজে ম... |
The Institution of Engineers ৰ প্ৰথম মহলা অফিচ ৰুম আৰু দ্বিতীয় মহলাত শ্ৰেণীকোঠাৰ অস্থায়ী ব্যৱস্থা কৰিলোঁ যদিও আমি তেতিয়াও প্ৰফেছৰ নতুবা অফিচ ষ্টাফ আৰু ছাত্ৰ-ছাত্ৰী থাকিবৰ বাবে এডোখৰ ভাল ঠাই বিচাৰি আছিলোঁ। এই ব্যৱস্থাটো আমাৰ তেতিয়ালৈকে হোৱাগৈ নাছিল। এদিন জি এছ ৰোডত মই এটা ডাঙৰ বিবাহ ভৱন দেখিলোঁ আৰু লগে লগে সেই বিল্ডিংটো... |
পিছৰ বছৰ কি হ’ল! ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি যোৱাত পিছৰ বছৰো একে সমস্যাই দেখা দিলে। The Institution of Engineersক আমি আকৌ এবাৰ আৰু এটা মহলা দিবলৈ অনুৰোধ কৰিব লগা হ’ল। কিন্তু এইবাৰ আমি হোষ্টেল ক’ত বনাম? |
আমি খবৰ পালোঁ গুৱাহাটীৰ জু-ৰোডৰ লখিমীনগৰত এখন নাৰ্ছিং হোম খুলিবলৈ কোনোবাই এটা বিল্ডিং বনাইছিল। ঘটনাক্ৰমে সেই বিল্ডিংটোত নাৰ্ছিং হোম খুলিব নোৱৰাৰ বাবে তেওঁলোকে আমাক হোষ্টেল বনাবলৈ দি দিয়ে। |
কিন্তু প্ৰত্যেক বছৰে আমি ইমান সৌভাগ্যৱান নাছিলোঁ। প্ৰথমাৱস্থাত আই আই টি গুৱাহাটীৰ সেই ঠাইডোখৰত মই প্ৰথমে কাম চলাবৰ বাবে কিছুমান অস্থায়ী বিল্ডিং বনোৱাৰ প্ৰস্তাৱ দিছিলোঁ। কিন্তু সেই সময়ত Law and Order অৱস্থা সিমান ভাল নাছিল কাৰণে আই আই টি ৰ Board of Governors ৰ মিটিঙত সিদ্ধান্ত লোৱা হ’ল যে আমি দুবছৰ মান গুৱাহাটীতে যেনে ত... |
সেয়ে শ্ৰেণী কোঠাৰ বাবে আই আই টি গুৱাহাটীৰ মাটিত এটা অস্থায়ী ঘৰ বনোৱাৰ ঠিকা দিয়া হ’ল ১৯৯৭ চনৰ এপ্ৰিল মাহত আৰু তেওঁলোকক কোৱা হ’ল এই বিশাল ১০,০০০ বৰ্গ মিটাৰৰ এটা Transit complex আঠ মাহৰ ভিতৰত বনাই দিব লাগে। কথামতে তেওঁলোকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত এই কাম সম্পন্ন কৰে। তেতিয়া ১৯৯৮ৰ জানুৱাৰী মাহত আমি তালৈ শ্ৰেণীকোঠাসমূহ, আমাৰ ... |
অৱশেষত ২০০০ চনৰ জুন-জুলাই মাহত আই আই টি গুৱাহাটীৰ লাগতিয়াল বিন্ডিংসমূহ সম্পূৰ্ণ হৈ উঠাত আমি সকলো তাৰ কেম্পাছলৈ ৰাওনা হওঁ। সঁচা কথা ক’বলৈ গ’লে আই আই টি নিৰ্মাণ কৰোঁতে প্ৰথমৰে পৰাই গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সকলোৰে পৰা যিমান good will আৰু সহযোগিতা পাইছিলোঁ, তাৰ কাৰণে মই সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ। |
প্ৰশ্ন : নতুনকৈ নিজে প্ৰতিষ্ঠা কৰা আই আই টি গুৱাহাটীখন পৰিচালনা কৰোঁতে আপোনাৰ কেনে অভিজ্ঞতা হৈছিল? |
প্ৰফেছৰ বুঢ়াগোঁহাই : সেই সময়ত অসমত ‘বন্ধ’ বহুত হৈছিল। কিন্তু তথাপি আমি গুৱাহাটীত থকা সময়চোৱাত, আমাৰ শিক্ষকসকলে খোজকাঢ়ি গৈ নেমকেয়াৰ বিল্ডিংটোত থকা আমাৰ হোষ্টেললৈ গৈ হ’লেও শিক্ষাদান কৰিছিল। কোনো বন্ধৰ দিনতে আই আই টি গুৱাহাটীৰ শ্ৰেণীসমূহ বাতিল কৰা হোৱা নাছিল। তেনেদৰে যদি ছাত্ৰ-ছাত্ৰী সকলেও শ্ৰেণীসমূহৰ কাৰণে The Institutio... |
তেনেকৈ শিক্ষক বাছনিৰ ক্ষেত্ৰতো আমি কিছুমান নিয়ম খুব কঠোৰভাৱে পালন কৰিছিলোঁ। সেই সময়ত আই আই টিত স্থানীয় লোকক চাকৰি দিবৰ বাবে কিমান ধৰণৰ দাবী আহিছিল তাৰ কোনো হিচাব নাই। অসমত যিহেতু আই আই টিখন পতা হৈছে গতিকে ইয়াত অকল অসমীয়া লোককে সুবিধা দিব লাগে, সকলো পদৰ কাৰণে মাত্ৰ অসমীয়া লোককে সুবিধা দিব লাগে আদি নানান ধৰণৰ দাবী। মই তে... |
একেধৰণে মই কেন্দ্ৰীয় চৰকাৰকো কৈছিলোঁ। আই আই টিৰ academic buildingটোৰ বাবে ১২০০ বৰ্গমিটাৰ আৰু হোষ্টেলৰ বাবে ৫০০ বৰ্গমিটাৰৰ বিল্ডিং বনাবলৈ প্ৰথমতে আমাক মাত্ৰ ৫৩ কোটি টকাৰ অনুদান দিছিল। ১৯৯৭ত আমাৰ মাষ্টাৰ প্লেন অনুযায়ী কামৰ কাৰণে যেতিয়া আকৌ টকা বিচাৰোঁ, তেতিয়া আগৰ টকাৰেই কাম হ’ব লাগে বুলি কয়। তেতিয়া মই তেওঁলোকক স্পষ্টকৈ ক... |
আমি যেতিয়া প্ৰথম আই আই টি আৰম্ভ কৰিছিলোঁ তেতিয়া বহুতো শিক্ষকে আই আই টিত শিক্ষকতা কৰিবলৈ উৎসুক আছিল। তেতিয়াই মই, যিসকল শিক্ষকৰ পি এইচ ডি নাছিল তেওঁলোকক পি এইচ ডি শেষ কৰাৰ পাছতহে আই আই টি গুৱাহাটীত স্থায়ী শিক্ষক পদৰ বাবে আবেদন জনাবলৈ অনুৰোধ কৰো। তাৰে ভালেকেইজনে সেইসময়তে পি এইচ ডিত নাম ভৰ্তি কৰি তাক শেষ কৰি আই আই টি গুৱাহ... |
জীৱনত কিবা এটা কৰিবলৈ হ’লে প্ৰথমে নিজৰ লক্ষ্যটো স্থিৰ কৰিবই লাগিব। নিজৰ লক্ষ্য স্থিৰ কৰি সেইমতে নিজৰ কাম কৰি গ’লে সফলতা আহিবই। তেতিয়া আত্মবিশ্বাসো আহে আৰু নিজেও সুখী হ’ব পাৰি। |
প্ৰশ্ন : আই আই টি গুৱাহাটীত শিক্ষকৰ বাহিৰে আন আন পদত নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে বিশেষ কিছুমান ব্যৱস্থা নতুবা বিশেষ কিছুমান নিয়ম মানি চলিছিল নেকি? এই নিযুক্তিসমূহ দিবলৈ যাওঁতে আপোনালোকৰ কেনে ধৰণৰ অভিজ্ঞতা হৈছিল? |
প্ৰফেছৰ বুঢ়াগোঁহাই : তেনেকুৱা বিশেষ কিছুমান ব্যৱস্থা নতুবা বিশেষ কিছুমান নিয়ম নাছিল। আগতেই কৈছোঁ যে শিক্ষক বা সেই পৰ্য্যায়ৰ পদবোৰৰ বাহিৰে আন পদবোৰৰ বাবে আমি স্থানীয় মানুহকে লওঁ। সেইসময়ত উত্তৰ গুৱাহাটীত বহুতো গ্ৰেজুৱেট নিবনুৱা হৈ আছিল। যেতিয়া আমি supporting staff নিযুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলো, স্বাভাৱিকভাবেই তেওঁল... |
প্ৰশ্ন : বৰ্তমান ভাৰতত একেলগে বহুকেইখন আই আই টি স্থাপন কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা মতামত? |
প্ৰফেছৰ বুঢ়াগোঁহাই : মোৰ, এইক্ষেত্ৰত কোনো মন্তব্য নাই। এইবোৰ কথা বহুত দৃষ্টিকোণৰ পৰা চোৱা যায়। ইয়াত বহুত কথা জড়িত হৈ থাকে। সকলো কথাৰে ভাল-বেয়া দুয়োটা দিশেই আছে। তোমালোকে Ayn Randৰ The Fountain headখন পঢ়িছানে? সেই কিতাপখনত এজন আৰ্কিটেক্টৰ কাহিনী বৰ্ণনা কৰা হৈছে যি সঁচা কথা ক’বলৈ গ’লে বিভিন্ন কাৰণত আৰ্কিটেক্টৰ কোনো পৰীক্... |
প্ৰথম দৃষ্টিত চাবলৈ গ’লে ইমানবোৰ আই আই টি হোৱাৰ লগে লগে আই আই টিৰ standard কমি আহিব যেন লাগে, কিন্তু সকলো আই আই টিয়ে যদি পুৰণা আই আই টিবোৰৰ standardলৈ উঠে তেনেহ’লে আগৰ যি standardক আমি excellent বুলি কৈছিলোঁ সি এতিয়া averageহে হ’ব। নিজকে excellent পৰ্যায়লৈ উঠাবলৈ হ’লে আই আই টিবোৰে বৰ্তমানৰ standardক আৰু বঢ়াব লাগিব আৰু ... |
প্ৰশ্ন : গুৱাহাটীত এখন আই আই টি প্ৰতিষ্ঠা কৰা স্বত্ত্বেও নতুবা অসমত বহুত ভাল ভাল শিক্ষানুষ্ঠান থকা স্বত্ত্বেও আজিলৈকে brain drain বোলা বস্তুটোৰ অন্ত হোৱা নাই। তাৰ ওপৰত আপোনাৰ কিবা মতামত? |
প্ৰফেছৰ বুঢ়াগোঁহাই : অসমৰ পৰা বাহিৰলৈ যোৱা আৰু ভাৰতৰ পৰা বাহিৰলৈ যোৱা একে কথা। মানুহে কয় ভাৰতৰ পৰা বাহিৰলৈ মানে আমেৰিকালৈ গৈ মানুহ উভতি অহা নাই, কিন্তু উভতিতো আহিছে। এই brain drain হোৱাৰ কাৰণে অসমখন প্ৰত্যক্ষ বা পৰোক্ষ দুয়োটা ধৰণেই লাভৱান হোৱা নাই বুলি মই নাভাবোঁ। তুমি কাম কৰি ক’ত সুবিধা পাইছা সেইটো তোমাৰ কথা, কিন্তু স... |
প্ৰশ্ন : অসমৰ বৰ্তমান শিক্ষা ব্যৱস্থাক লৈ আপুনি সন্তুষ্ট নে? |
প্ৰফেচৰ বুঢ়াগোঁহাই : সঁচা কথা ক’বলৈ গ’লে অসমত বৰ্তমান চেবাই কি ধৰণৰ শিক্ষা ব্যৱস্থা চলাই আছে মই সিমান ভালকৈ নাজানোঁ। কিন্তু অভিযান্ত্ৰিক প্ৰতিষ্ঠানসকলক মই এটা কথাই কওঁ যে যিটো প্ৰযোজনীয় আৰু লাগতিয়াল পাঠ্যক্ৰম সেইখিনি তেওঁলোকে অনুসৰণ কৰি শিক্ষাদান কৰিলেহে ছাত্ৰ-ছাত্ৰীসকল লাভৱান হ’ব। সাধাৰণভাৱে ক’বলৈ গ’লে ক’ব লাগিব শিক্ষ... |
আৰু আজিকালি অসমতো বহুত বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয হ’ল যিবোৰে ছাত্ৰ-ছাত্ৰীবোৰক বহু সুযোগ দিছে, কিন্তু ডিগ্ৰী পালেইতো নহ’ব, নিযুক্তিৰ যোগ্যতাও অৰ্জন কৰিব লাগিব। তদুপৰি বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম একেবাৰে কৰিব নোখোজে! কঠোৰ পৰিশ্ৰম কৰিব লাগে কাৰণে JEEত বহিব নোখোজে। পৰীক্ষাত নবহিলে seat পাব ক’ৰ পৰা? ... |
প্ৰশ্ন : বৰ্তমান আপুনি কি কামত নিজক ব্যস্ত ৰাখিছে? |
প্ৰফেছৰ বুঢ়াগোঁহাই : ২০০৩ চনত মই অৱসৰ লওঁ। অৱসৰৰ পিছত মই প্ৰায় চাৰি বছৰ গুৱাহাটীতে আছিলো structural consultant হিচাবে আৰু অন্য দুটামান কামত। ২০০৩ৰ পৰা ২০০৫লৈকে শ্ৰীমন্ত শংকৰ Educational Trustৰ লগত থাকি উত্তৰ-পূবৰ প্ৰথম Private Engineering College GCIMT স্থাপন কৰাত সহায় কৰোঁ। এই কলেজখন গুৱাহাটীৰ ওচৰৰ আজাৰাত আৰম্ভ হয় ২০০... |
পুনেৰ Civil Engineering Networksত কাম কৰি থকা অৱস্থাতে ২০১২ চনৰ জুলাই মাহৰে পৰা মই নাগালেণ্ড চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ Chancellor হিচাবে আছোঁ। ২০১৪ চনৰ শেষ ভাগত আই আই টি গুৱাহাটীয়ে Emeritus Professor হিচাবে জইন কৰিবলৈ মোক আমন্ত্ৰণ জনায়। আই আই টি গুৱাহাটী মোৰ খুব প্ৰিয়। সেয়ে ২০১৪ চনৰ শেষত মই পুনেৰ কামটো এৰি দিওঁ আৰু ২০১৫ ... |
মোৰ কাৰণে গুৱাহাটীৰ আৰু এটা আকৰ্ষণ হ’ল Convergence’57 নামৰ অনুষ্ঠানটো। ২০০৭ চনত গুৱাহাটীত convergence’57 নামেৰে এটা খুব অনানুষ্ঠনিকভাৱে এছ’চিয়েচন খোলা হৈছিল। তাৰ এটাই উদ্দেশ্য যে যিসকলে ১৯৫৭ত মেট্ৰিক পাছ কৰিছিল, যি ঠাইৰ পৰা নহওঁক লাগিলে, সেইসকলৰ এটা অনুষ্ঠুপীয়া আয়োজন। আমি সকলো প্ৰতিটো মাহৰ চতুৰ্থ ৰবিবাৰটোত দুঘণ্টাৰ বাব... |
প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ। |
পংকজ জ্যোতি মহন্ত |
pankajjyoti.com |
WhatsApp |
Tweet |
More |
Email |
Print |
Tags: |
আই আই টি গুৱাহাটী, ড° স্তুতি ৰঞ্জিত কোঁৱৰ, প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই |
1 Comment |
বিক্ৰম জিত চৌধুৰী |
Posted at 16:30h, 25 April Reply |
ধন্যবাদ, অসমৰ এজন প্ৰকৃত সেৱকৰ মনৰ কথা জনোৱা বাবে |
Post A Comment |
Cancel Reply |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.