text stringlengths 0 188k |
|---|
Recent News |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
এই ৰেগিঙৰ বাবে কোন দায়ী? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দুয়োগৰাকী বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যাংগনা মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিৰ শিষ্যা। বিগত ১২ বছৰৰো অধিক সময় দুয়ো “সুৰ সংগম”ত কথক নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। যোৱা ২১ আৰু ২২ মে’ত মহানগৰীৰ ৰৱীন্দ্ৰ ভৱনত দৰ্পন ডান্স একাডেমী আৰু ভূৱনেশ্বৰৰ সাংস্কৃতিকীৰ উদ্যোগত আয়োজিত ‘ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিভে... |
Share FacebookTwitterWhatsAppEmailPrint |
Prev Post |
Why despites the widrawal of 15% export duty by the centre Govt people’s are paying 20,000 extra To TMT in Assam?<eot>টকিঅ’, ০১ অক্টোবৰ (হি.স.)। নিউ জাপান প্ৰ’ ৰেছলিং (এনজেপিডব্লিউ)ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন পেছাদাৰী মল্লযুঁজাৰু এণ্টনিঅ’ ইনোকিৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছে। |
এনজেপিডব্লিউৱে এক বিবৃতিত কয় যে, নতুন জাপান প্ৰ'-ৰেছলিঙৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন পেছাদাৰী মল্লযুঁজাৰু এণ্টনিঅ' ইনোকি (প্ৰকৃত নাম কাঞ্জি ইনোকি)ৰ ১ অক্টোবৰত টকিঅ'ত মৃত্যু হয়। ইনোকিয়ে চিষ্টেমিক ট্ৰেন্সথাইৰেটিন এমাইল'ইড'ছিছৰ সৈতে যুঁজি আছিল। ই হাজাৰৰ ভিতৰত এজনক আক্ৰান্ত কৰে বুলি কোৱা হৈছে। মৃত্য়ুৰ সময়ত তেখেতৰ বয়স আছিল... |
১৯৪৩ চনৰ ২০ ফেব্ৰুৱাৰীত কানাগাৱা প্ৰিফেকচাৰৰ যোকোহোমা চহৰত জন্মগ্ৰহণ কৰিছিল ইনোকি। ১৩ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে ব্ৰাজিললৈ গুচি যায় আৰু এখন কফি বাগিচাত কাম কৰে। ১৭ বছৰ বয়সতে টকিঅ’ৰ টাইটো ৱাৰ্ড জিমনেছিয়ামত নিজৰ প্ৰকৃত নামেৰে জাপানীজ পেছাদাৰী মল্লযুঁজৰ জগতখনত প্ৰৱেশ কৰিছিল। ১৯৬২ চনত তেওঁ নিজৰ নাম সলনি কৰি ‘এণ্টনিঅ’ ... |
জাপান প্ৰ’ ৰেছলিঙৰ সৈতে হোৱা বিবাদৰ পিছত তেওঁক বহিষ্কাৰ কৰাৰ পিছত তেওঁ নিউ জাপান প্ৰ’ ৰেছলিং প্ৰতিষ্ঠা কৰে, যিটো বৰ্তমান এই ক্ৰীড়াৰ হাৰ্ডকোৰ অনুৰাগীৰ মাজত এক অতি জনপ্ৰিয় মল্লযুঁজ খেল। তেওঁ প্ৰথম আইডব্লিউজিপি হেভিৱেট চেম্পিয়ন হিচাপে পৰিগণিত হয়। আজীৱন প্ৰতিদ্বন্দ্বী জায়েন্ট বাবাৰ অল জাপান প্ৰ’ ৰেছলিংৰ বিৰুদ্ধে তেওঁ ... |
বছৰ বছৰ ধৰি এনজেপিডব্লিউ এছিয়াৰ অন্যতম সফল মল্লযুঁজ খেলত পৰিণত হৈছে। এনজেপিডব্লিউত ইনোকিয়ে শীৰ্ষস্থানীয় তাৰকা আছিল, কিছুমান শ্ৰেষ্ঠ মেচত ষ্টেন হেনচেন, টাইগাৰ জীট সিং আৰু হাল্ক হোগানৰ সৈতে মুখামুখি হৈছিল। |
১৯৭৬ চনৰ ২৬ জুনত তেওঁ নিপ্পন বুডোকানত অনুষ্ঠিত হোৱা ফাইট অৱ দ্য চেঞ্চুৰীৰ অংশও আছিল, যিখন তদানীন্তন বক্সিং বিশ্ব হেভিৱেট চেম্পিয়ন মহম্মদ আলীৰ বিৰুদ্ধে মিক্স মাৰ্শ্বেল আৰ্টছৰ খেলখনে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল। |
১৯৯৫ চনত তেওঁ উত্তৰ কোৰিয়াৰ বিখ্যাত ৰিক ফেয়াৰত মল্লযুঁজ কৰিছিল। ১৯৯৮ চনৰ ৪ এপ্ৰিলত টকিঅ’ ড’মত অনুষ্ঠিত হোৱা তেওঁৰ অৱসৰৰ মেচখনে ৭০ হাজাৰৰো অধিক অনুৰাগীক আকৰ্ষণ কৰিছিল। ২০১০ চনত তেওঁক ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট (ডাব্লিউডাব্লিউই) হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়। |
হিন্দুস্থান সমাচাৰ/ সুনীল /অৰৱিন্দ/মনোজ |
|
Related News |
10 Dec 2022 |
আন্তঃৰাষ্ট্ৰীয় লীগ টি-২০ঃ আদানি গালফ জায়েণ্টছৰ দলত আৰু চাৰিজন ইউ এ ই খেলুৱৈ অন্তৰ্ভুক্ত |
আহমেদাবাদ, ১০ ডিচেম্বৰ (হি.স.)। আদানি স্প’ৰ্টছলাইনৰ মালিকানাধীন ফ্ৰেঞ্চাইজি গালফ জায়েণ্টছে সংযুক্ত .. |
10 Dec 2022 |
জিম্বাবুৱেৰ হৈ খেলিব ইংলেণ্ডৰ বেটছমেন গেৰী বেলেন্স, দুবছৰৰ বাবে চুক্তিবদ্ধ |
হাৰাৰে, ১০ ডিচেম্বৰ (হি.স.)। ইংলেণ্ডৰ বেটছমেন গেৰী বেলেন্সে এতিয়া জিম্বাবুৱেৰ হৈ খেলিব। আন্তঃৰাষ্ট্.. |
10 Dec 2022 |
পেনাল্টিত নেদাৰলেণ্ডক ৪-৩ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত আৰ্জেণ্টিনা |
লুচাইল, ১০ ডিচেম্বৰ (হি.স.)। কাটাৰত চলি থকা ফিফা বিশ্বকাপৰ ছেমি ফাইনেল খেল এখনত নেদাৰলেণ্ডক পেনাল্টি.. |
09 Dec 2022 |
বিশ্বকাপৰ পিছত মেছিয়ে ক্লাবৰ সৈতে চুক্তি বৃদ্ধি কৰিব বুলি আত্মবিশ্বাসী পি এছ জিৰ সভাপতি |
পেৰিছ, ০৯ ডিচেম্বৰ (হি.স.)। অহা বছৰৰ জানুৱাৰীত চলি থকা ফিফা বিশ্বকাপৰ পিছত তাৰকা ষ্ট্ৰাইকাৰ লিয়নেল ..<eot>সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যৰ প্ৰথম পৰ্বটোৰ সাহিত্যৰ পটভূমি নিৰ্মাণত বিভিন্ন কাৰকে— বিশেষকৈ দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৌদ্ধিক পৰিৱৰ্তন আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ সেই কথা ইতিমধ্যে কৰা আলোচনাতে প্ৰকাশ ... |
আমাৰ আলোচ্য সময়ছোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা ৰূপে চিহ্নিত হৈছিল প্ৰব্ৰজন৷ আনহাতে সমাজত ব্যক্তিকেন্দ্ৰিক ভোগবাদে প্ৰবল ৰূপ ধাৰণ কৰিলে৷ ফলস্বৰূপে কৃষক শ্ৰেণীটো দৰিদ্ৰৰ পৰা দৰিদ্ৰতৰ হৈ পৰিল৷ ভোগবাদৰ লালসাত এটা শ্ৰেণীয়ে মানৱীয়তা আৰু নৈতিক প্ৰমূল্যক বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ মানসিকতাৰ এনে অধঃপতন উপলব্ধি কৰি সৃষ্... |
এই সময়ছোৱাৰ অসমীয়া সাহিত্যতো ৰোমাণ্টিকতাৰ বিপৰীতে বাস্তৱতাৰ প্ৰকাশেই প্ৰধান বিষয় হিচাপে বিবেচিত হৈছে৷ মন কৰিবলগীয়া যে ইয়াৰ আগৰ যুগৰ সাহিত্যিকসকলেই হ’ল এই যুগটোৰো প্ৰধান লিখক, কিন্তু তেওঁলোকৰ ৰচনাৰ প্ৰকৃতি আৰু প্ৰকাশ শৈলীৰ পৰিৱৰ্তন সাধন হৈছিল৷ আনহাতে অসমীয়া সাহিত্যৰ পূৰ্বৱৰ্তী যুগ বিভাজনৰ সময়ত লক্ষ্য কৰা গৈছে যে একোখন আ... |
• কবিতা |
মহেশ্বৰ নেওগে এই সময়ছোৱাৰ কবিতাৰ বিষয়ে আলোচনা কৰাৰ প্ৰসংগত উল্লেখ কৰি গৈছে– ‘‘দ্বিতীয় স্তৰৰ যুদ্ধোত্তৰ অসমীয়া কবিতা আৰু এটা কেঁকুৰি ঘূৰি আহিল৷ কিবা সাম্প্ৰতিকতালৈ লক্ষ্য কৰি এই নৱতম স্তৰৰ কবিতাৰ নাম ৰখা হৈছে সাম্প্ৰতিক কবিতা৷ জগতত উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকি খুলি ৰখা সাম্প্ৰতিক কবিতাৰ ধৰ্ম৷ ’’ এই প্ৰসংগত ... |
ক) ধৰ্ম, প্ৰেম, সৌন্দৰ্য আদিৰ প্ৰতি প্ৰতিষ্ঠিত মূল্যবোধত সংশয়, |
খ) জৈৱ দেহজ কামনা আৰু প্ৰেমৰ ৰক্তমাংসস্থূল শৰীৰ সৰ্বস্ব ৰূপৰ প্ৰত্যক্ষীকৰণ, |
গ) নগৰকেন্দ্ৰিক যান্ত্ৰিক সভ্যতাৰ অভিঘাট, |
ঘ) নৈৰাশ্য আৰু ক্লান্তিবোধ, |
ঙ) ভাষা প্ৰয়োগত যুগ মানসৰ ছায়াৰ দৰে দুৰ্বোধ্যতা, |
চ) বিশ্বৰ বিভিন্ন ঐতিহ্যৰ পৰা সমল আহৰণ, |
ছ) ফ্ৰয়েড, য়ুং, মাৰ্ক্স আদি চিন্তানায়কৰ চিন্তাৰ প্ৰকাশ, |
জ) আংগিকৰ দিশত ৰোমাণ্টিকতাৰ তীব্ৰ বিৰোধ, |
ঝ) প্ৰচলিত কবি প্ৰসিদ্ধিৰ ঠাইত নিজা প্ৰতীক-চিত্ৰকল্পৰ প্ৰয়োগ |
ঞ) যত্ৰ-তত্ৰ উদ্ধৃতি, |
ট) বাক্য গঠনত অৰ্থঘনত্বৰ সৃষ্টি |
ঠ) প্ৰাচ্য-পাশ্চাত্যৰ বিভিন্ন কবিৰ আৰ্হি গ্ৰহণ ইত্যাদি৷ |
এই সকলোখিনি আমাৰ আলোচ্য কালছোৱাৰ কবিতাৰ মাজত প্ৰতিভাত হৈছে৷ মহেশ্বৰ নেওগৰ ভাষাৰেই– ‘‘নতুন অসমীয়া কবিতাৰ মুকুৰতো বিশ্বৰূপদৰ্শন আজি সম্ভৱ হৈছে৷ অন্তৰ্মুখী আৰু বহিৰ্মুখী নানা শক্তিৰ দ্বন্দ্বৰ মাজেদি আজিৰ কবিতা আজিৰ কবি-মানসৰ প্ৰতিভূ হৈছে৷ সাম্প্ৰতিক কবিতা কোনো একোখন সত্ৰৰ শিষ্য নহয় বা কোনো এক বৰ্ণৰ চিহ্নৰ দ্বাৰাও চিহ্নিত ... |
এই সময়ছোৱাৰ অসমীয়া কবিতাৰ ইতিহাস সম্পৰ্কে আলোচনা কৰিবলৈ গ’লে দেখা যায় যে তদানীন্তন কালৰ কবিকূলৰ প্ৰধান কবি কেইজনে ইয়াৰ আগৰ যুগটোতে আত্মপ্ৰকাশ কৰিছিল৷ তাৰে ভিতৰত নৱকান্ত বৰুৱা, ভবেন বৰুৱা, নীলমণি ফুকন, অজিত বৰুৱা, হীৰেণ ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ আদি প্ৰতিষ্ঠিত কবিৰ নাম এই প্ৰসঙ্গত উল্লেখনীয়৷ |
যুদ্ধোত্তৰ কালত প্ৰগতিশীল কবিতাৰ ধাৰাটোৰ ধব্জা বাহক আছিল মূলতঃ নলিনীধৰ ভট্টাচাৰ্য আৰু ৰাম গগৈ৷ সমাজবাদী ধাৰণাৰে উদ্বুদ্ধ নলিনীধৰ ভট্টাচাৰ্যই আলোচ্য সময়ছোৱাত তিনিখন কবিতাৰ সংকলনৰ প্ৰকাশ কৰিছে– ‘এই কুঁৱলীতে’ (১৯৭৯), ‘চেৰশালিৰ মালিতা’ (১৯৮৩) আৰু ‘আহত সপোন’ (১৯৮৫)৷ পূৰ্বৱৰ্তী যুগটোতে আত্মপ্ৰকাশ কৰা প্ৰগতিবাদী কবি, ‘পথাৰ’ৰ ... |
এই সময়ৰ এগৰাকী প্ৰসিদ্ধ কবি হ’ল নৱকান্ত বৰুৱা৷ তেওঁৰ কাব্যৰ পৰিধি আটাইতকৈ বহল; ৰবীন্দ্ৰনাথৰ পৰা এলিয়টলৈ, প্ৰাচ্য আৰু পাশ্চাত্য কেইবাগৰাকীও বিখ্যাত কবিৰ সুখকৰ প্ৰভাৱ তেওঁৰ কবিতাত জড়িত হৈ আছে; কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুৰ ক্ষেত্ৰত ন-ন পৰীক্ষাৰে তেওঁ আধুনিক অসমীয়া কবিতাক ঐশ্বৰ্যশালী কৰি তুলিছে৷ এই সময়ছোৱাত প্ৰকাশিত তেওঁৰ ... |
আধুনিক অসমীয়া কবিতাৰ বুদ্ধিদীপ্ত কাব্যিক ধাৰাটো সাৰ্থকভাৱে প্ৰকাশিত হৈছে ভবেন বৰুৱাৰ কবিতাতো৷ তেওঁৰ একমাত্ৰ কাব্য সংকলনখন হ’ল ‘সোণালী জাহাজ’ (১৯৭৭)৷ বৌদ্ধিক জিজ্ঞাসা, তীব্ৰ অনুভূতি, মননশীলতাৰ লগতে জীৱন আৰু জগত সম্বন্ধে ৰহস্য সন্ধানী দৃষ্টিভঙ্গী ভবেন বৰুৱাৰ কবিতাৰ মূল বৈশিষ্ট্য৷ ৷ প্ৰেমক মূল বিষয়বস্তু হিচাপে লৈ, ছন্দ কু... |
নীলমণি ফুকনৰ কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগ ঘটে৷ এই সময়ছোৱাত প্ৰকাশিত তেওঁৰ কাব্য গ্ৰন্থকেইখন হ’ল– ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’ (১৯৭২), ‘কাঁইট গোলাপ আৰু কাঁইট’ (১৯৭৫), ‘গোলাপী জামুৰ লগ্ন’ (১৯৭৫), ‘কবিতা’ (১৯৮১), ‘নৃত্যৰতা পৃথিৱী’ (১৯৮৫)৷ এই সময়ৰ কবি অজিৎ বৰুৱাৰ কবিতাতো কুৰি শতিকাৰ আধুনিক মানসিকতা, আঙ্গি... |
নতুন প্ৰজন্মৰ মাজত ‘হীৰুদা’ নামেৰে জনপ্ৰিয়তা অৰ্জন কৰা হীৰেন ভট্টাচাৰ্যই শব্দসম্ভাৰ আৰু অনুভূতিৰ তীব্ৰতাৰে অসমীয়া কাব্য জগতলৈ এক নতুন সম্ভাৱনা কঢ়িয়াই আনে৷ অসমীয়া ভাষাৰ কালিকাৰ সফল প্ৰয়োগেৰে ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰকল্প নিৰ্মাণ কৰি, এশাৰী বা দুশাৰী কবিতাৰ যোগেদিয়েই তেওঁ গভীৰ তাৎপৰ্যপূৰ্ণ ভাব তথা অৰ্থ প্ৰকাশ কৰিব পাৰে৷ এই স... |
আলোচ্য কালৰ মহিলা কবিসকলৰ ভিতৰত সাহিত্য অকাদেমি বঁটা প্ৰাপক নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ কবিতাত গীতিধৰ্মিতাৰে বিভিন্ন প্ৰতীক, চিত্ৰকল্প নিৰ্মাণ কৰি মানুহৰ মনোজগত, স্মৃতি-বিষাদ আদি ব্যক্তিনিষ্ঠ ভাব-অনুভূতি প্ৰকাশ কৰিছে৷ আনহাতে, তেওঁৰ কবিতাত নাৰীমনৰ শংকা, ক্ষোভ, যন্ত্ৰণা, বিদ্ৰোহ, গোপন কামনা-বাসনা আদিৰো উন্মুক্তভাৱে প্ৰকাশ ... |
গভীৰ জীৱনবোধ, আঙ্গিকৰ নিজস্ব ৰীতিৰে আধুনিক অসমীয়া কবিসকলৰ মাজত মৰ্যাদাপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হেৰকৃষ্ণ ডেকাই এই সময়ত ৰচনা কৰে – ‘স্বত্ত্ববোৰ’ (১৯৭৩), ‘ৰাতিৰ শোভাযাত্ৰা’ (১৯৮২) আৰু ‘আন এজন’ (১৯৮৬)৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ডেকাই ‘আন এজন’ কাব্য-পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছে৷ এই সময়ছোৱাত কম সংখ্যক কবিতা... |
অসমীয়া কবিতা প্ৰসাৰৰ ক্ষেত্ৰত গভীৰ ভূমিকা গ্ৰহণ কৰা মহেন্দ্ৰ বৰাইও এই সময়ছোৱাত ‘ৰূপ টিলিঙাৰ মাত’ (১৯৮১) প্ৰকাশ কৰে৷ মহেন্দ্ৰ বৰাৰ কবিতাত বলিষ্ঠ, উদ্দাম, উচ্ছাস ভাব এটা প্ৰায়েই অনুভূত হয় আৰু ভাষাৰ জতুৱা প্ৰয়োগ মন কৰিবলগীয়া৷ |
শতিকাটোৰ অষ্টম দশকত ন-ৰূপেৰে মহেশ্বৰ নেওগেও আত্মপ্ৰকাশ কৰে৷ এই সময়ছোৱতে তেওঁৰ ‘মুছাফিৰখানা’ (১৯৭৪) আৰু ‘সঞ্চাৰিণী দীপশিখা’ (১৯৭৮) প্ৰকাশ পায়৷ নেওগৰ কবিতা সংকলন কেইখনে কবিৰ কাব্যিক সংবেদনশীলতা আৰু নিমজ ভাষাশৈলীৰ নিদৰ্শন দাঙি ধৰে৷ |
আমাৰ আলোচ্য কালছোৱাত কবি হিচাপে আবিৰ্ভাৱ হোৱা কবিসকলৰ ভিতৰত দিনেশ গোস্বামী, বীৰেণ বৰকটকী, নিত্য দত্ত, হোমেন বৰগোহাঞি আদিৰ নাম উল্লেখযোগ্য৷ দিনেশ গোস্বামীৰ ‘আলোড়িত অন্ধকাৰ’ (১৯৭৩), বীৰেণ বৰকটকীৰ ‘চিৰন্তন’ (১৯৭৯), নিত্যা দত্তৰ ‘পান্থশালা’, হোমেন বৰগোহাঞিৰ ‘হৈমন্তী’ (১৯৮৭) আদি এই সময়ৰ উল্লেখযোগ্য কাব্যপুথি৷ |
এই যুগত নতুন কৈ কেইবাগৰাকী কবিয়েও আত্মপ্ৰকাশ কৰিছিল৷ তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য কেইগৰাকীমান হ’ল– ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, সমীৰ তাঁতী, সনন্ত তাঁতী, জ্ঞান পূজাৰী, আব্দুল হালিম, অৱনী চক্ৰৱৰ্তী, মনজিৎ সিং, সুমিত্ৰা গোস্বামী, কবীন ফুকন, ৰফিকূল হুছেইন, কৌস্তুভমণি শইকীয়া, ৰাজীৱ বৰুৱা, ৰাজীৱ কুমাৰ ফুকন, বিপুলজ্যোতি শইকীয়া... |
‘জয়ন্তী’ কাকতত অমূল্য বৰুৱা প্ৰভৃতি কবিসকলৰ হাতত আত্মপ্ৰকাশ কৰা সমাজবাদী ধাৰাটো এই সময়ছোৱাত ৰবীন্দ্ৰ সৰকাৰ, সমীৰ তাঁতী, অৱনী চক্ৰৱৰ্তীৰ আদিৰ কবিতাত সাৰ্থক পৰিণতি লাভ কৰিছে৷ বাওঁপন্থী ভাবাদৰ্শেৰে সমৃদ্ধ এই কবিসকলে তেওঁলোকৰ দৃষ্টি কেৱল ৰুছ আৰু চীন দেশৰ কবিতাতেই সীমাবদ্ধ নাৰাখি স্পেইন আৰু তৃতীয় বিশ্বৰ; বিশেষকৈ লেটিন আমেৰি... |
ৰবীন্দ্ৰ সৰকাৰে প্ৰচলিত সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ কামনা কৰি সমাজৰ ভংগুৰতাৰ স্বৰূপ উদঘাটন আৰু এখন সুস্থ সমাজৰ কল্পিত সম্ভাৱনাৰে ৰচনা কৰিলে ‘শান্তি, কল্যাণ কবিতা’ (১৯৮৮), ‘নিজানত ৰাতিৰ শব্দ’ (১৯৯০), ‘কালান্তৰৰ কবিতা’ (১৯৮২), ‘সত্তৰৰ পদাতিক’ (১৯৮০), ‘তুমি মোক স্পৰ্শ কৰা’ (১৯৮৭)৷ প্ৰতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগ আৰু... |
ৰবীন্দ্ৰ বৰাই এখন উঁৱলি যোৱা সমাজ ভাঙি পেলোৱাৰ দুৰ্বাৰ আকাংক্ষা বলিষ্ঠ ভাষাত প্ৰকাশ কৰিছে তেওঁৰ ‘শইচৰ মানুহ’ (১৯৯০) নামৰ কাব্য সংকলনখনত৷ সমীৰ তাঁতী আৰু সনন্ত তাঁতীয়ে শ্ৰমজীৱী মানুহে শোষণ আৰু নিপীড়ণত পিষ্ট হোৱা ছবি অংকন কৰি তাৰ প্ৰত্যাহ্বান জনাই কবিতা ৰচনা কৰিছে৷ সেইবাবেই উপেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে যে– জীৱন সংগ্ৰা... |
এই সময়ছোৱাত প্ৰকাশিত জ্ঞান পূজাৰীৰ ‘দুঃসাহসৰ সময়’ (১৯৮৩) এখন উৎকৃষ্ট কবিতাৰ সংকলন৷ এওঁৰ ভাষা বলিষ্ঠ, চিত্ৰকল্প অনুভূতিৰ বাহক৷ অৰ্চনা পূজাৰী আৰু উদয় কুমাৰ শৰ্মাই এই সময়ছোৱতে নিৰালস্যভাৱে কাব্য সাধনা কৰি আছে৷ অৱশ্যে তেওঁলোকৰ বেছিসংখ্যক কবিতা বিভিন্ন আলোচনীৰ পাততহে সিঁচৰতি হৈ আছে৷ মদন শৰ্মাই এই সময়ছোৱাতে প্ৰকাশ কৰে ‘অতবোৰ... |
এই ক্ষেত্ৰত প্ৰসংগক্ৰমে আৰু এটা কথা উল্লেখযোগ্য যে আলোচ্য কালছোৱাত প্ৰবীণ-নবীন শতাধিক কবিয়ে অসমীয়া কাব্যজগতত ভূমুকি মাৰিছে৷ তাৰে ভিতৰত বহুতে ইতিমধ্যে প্ৰতিভাৰ স্বাক্ষৰ দিবলৈও সক্ষম হৈছে৷ |
(ক্ৰমশঃ) |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক |
সম্পাদকীয় |
October 24, 2022 October 24, 2022 0 |
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা |
September 18, 2022 September 19, 2022 0 |
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি |
August 21, 2022 August 21, 2022 0 |
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ |
July 18, 2022 July 23, 2022 0 |
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা |
June 16, 2022 June 16, 2022 0 |
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.