text
stringlengths
0
188k
স্বাস্থ্য আৰু মন:
চিগমাণ্ড ফ্ৰয়েডে কৈছে, Mind is omnipotent৷ মনেই শৰীৰৰ সকলো নিয়ন্ত্ৰণ কৰে৷ গতিকে শৰীৰ সুস্থ থাকিবলৈ মানসিক ভাবে সুস্থ হ’ব লাগিব৷
মন আৰু শৰীৰৰ পোনপটীয়া সম্পৰ্কৰ কথা সঠিককৈ ক’ব পৰা নাযায় যদিও হেনচ শ্বেলী নামৰ এজন চিকিৎসকে কিছু সম্পৰ্ক দেখাইছে৷ মানসিকভাৱে মানুহে বিভিন্ন সময়ত বিভিন্ন চাপ(stress)ৰ সন্মুখীন হয়, এই চাপৰ মূখ্য কাৰকবিলাকে মগজুৰ হাইপোথেলামাচক উত্তেজিত কৰে আৰু লগে লগে দেহৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই পিটুইটাৰি গ্ৰন্থিক কাৰ্য্যক্ষম কৰি কিছুমান চাপ কাৰক হৰমন (stress hormone) ক্ষৰণ কৰে(যেনে: ACTH)৷ ই পুনৰ অন্যান্য গ্ৰন্থিসমূহক উত্তেজিত কৰি অন্য হৰমন আৰু ষ্টেৰইড(এড্ৰিনেলিন, ইপিনেফ্ৰিন আদি)ক্ষৰণ কৰিবলৈ বাধ্য কৰে৷ ফলস্বৰূপে কিছুমান শাৰীৰিক অসুস্থতাই দেখা দিয়ে(যেনে ৰক্তবাহী নলীকাবিলাক সংকুচিত হৈ ৰক্তচাপ বাঢ়ে বা মগজুৰ উত্তেজনা বাঢ়িলে অক্সিনিটিক কোষবিলাকে হাইড্ৰক্লৰিক এচিড ক্ষৰণ কৰাৰ ফলত পাকস্থলীৰ এচিডিটি বাঢ়ে ইত্যাদি)৷ মানুহ চাপৰ পৰা কেতিয়াওঁ মুক্ত নহয় ফলত যেতিয়াই মানুহৰ চাপৰ সহন ক্ষমতা পাৰ হৈ যায়(ই ব্যক্তি বিশেষে বেলেগ হয়), তেতিয়াই মানুহ বেমাৰত পৰে৷ কিছুমানৰ মতে, ঋণাত্মক চিন্তাধাৰাই প্ৰধানকৈ শাৰীৰিক অসুস্থতাত প্ৰভাৱ পেলাই৷ পাৰিপাৰ্শ্বিক পৰিবেশ যেনে ঘৰুৱা অশান্তি বা কৰ্মক্ষেত্তত বিভিন্ন সমস্যা ইত্যাদিয়েও শাৰীৰিক অসুস্থতাত প্ৰভাৱ পেলাই৷
হলিষ্টিক স্বাস্থ্য:
হলিষ্টিক স্বাস্থ্য মানে যি ব্যক্তি শাৰীৰিক, মানসিক, আৱেগিক, সামাজিকভাৱে নিৰোগী সেইজনেই সুস্থ ব্যক্তি৷ হলিষ্টিক স্বাস্থ্যই বিশ্বাস কৰে যে যদিও বিভিন্ন ৰোগৰ লক্ষণসমূহ এটা নিৰ্দিষ্ট অংগ বা তন্ত্ৰতহে দেখুৱাই কিন্তু ইয়াৰ কাৰণ প্ৰধানত মনহে৷
যিকোনো বেমাৰ হঠাৎ উৎপত্তি নহয়,যেতিয়াই জীৱন ধাৰণ প্ৰক্ৰিয়া সালসলনি হয়, (যেনে: খাদ্যভ্যাস, প্ৰদূষণ, মানসিক চাপ ইত্যাদি),তেতিয়াই সম্পূৰ্ণ শৰীৰটোৱে ভাৰসাম্য হেৰাই আৰু তেতিয়াই কোনো এটা অংগ বা তন্ত্ৰত বেমাৰৰ লক্ষণ ফুটি উঠে৷
হলিষ্টিক চিকিৎসা:
‘Prevention is better than cure’ এই কথা ফাঁকিৰ ওপৰত বিশ্বাস ৰাখি হলিষ্টিক চিকিৎসকে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ওপৰত বেছি গুৰুত্ব দিয়ে৷ হলিষ্টিক চিকিৎসকে কোনো এটা অংগ বা তন্ত্ৰৰ চিকিৎসা কৰাতকৈ ধ্যান, ব্যায়াম, খাদ্যাভ্যাস সলনি কৰি সম্পূৰ্ণ শৰীৰৰ সক্ষমতা বঢ়োৱা আৰু সংহত চিকিৎসাৰ মাজেৰে সম্পূৰ্ণ শৰীৰটোক সুস্থ আৰু নিৰোগী কৰি ৰখাৰ পক্ষপাতী৷
১) ধ্যান (Meditation):
হলিষ্টিক স্বাস্থ্যৰ আটাইতকৈ ডাঙৰ চিকিৎসা হৈছে ধ্যান৷ পুৰণি কালত ঋষি-মুনি বিলাক নিৰোগী আৰু বহু বছৰ জীয়াই আছিল তাৰ একমাত্ৰ কাৰণ হৈছে ধ্যান৷ ধ্যানৰ জৰিয়তে মানুহে কিছুমান কাৰ্য্য যিবিলাক সাধাৰণতে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰে যেনে শৰীৰৰ তাপ, ৰক্তচাপ, প্ৰস্ৰাৱ, হৃদযন্ত্ৰৰ কাম আদি ‘বায়ো ফিডৱেক চিষ্টেমৰ’ মাধ্যমেৰে নিজৰ অধীনত আনিব পাৰে আৰু মানসিক চাপক বশ কৰি ল’ব পাৰে৷ ধ্যানে মানুহৰ মন সুন্দৰ আৰু স্মৃতিশক্তি, ধৈৰ্য্য শক্তি বৃদ্ধি পায়৷ দৈনিক ১৫-২০ মিনিট ধ্যানে শৰীৰ আৰু মন সুস্থ ৰাখে৷
২) ব্যায়াম:
হলিষ্টিক স্বাস্থ্যৰ বাবে দ্বিতীয় চিকিৎসা হৈছে ব্যায়াম৷ যোগাসন আটাইতকৈ ডাঙৰ ব্যায়াম৷ দৈনিক ৩০-৪৫ মিনিট যোগাসন কৰিলে মানুহ শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ থাকে৷ তাৰ উপৰিও খোজকঢ়া, সাঁতোৰা, দৌৰা আদিও খুব সুন্দৰ ব্যায়াম৷
৩) খাদ্য:
স্বাস্থ্যকৰ খাদ্যাভ্যাসে মানুহক সদায় নিৰোগী কৰি ৰাখে৷ সময়মতে খোৱা, প্ৰচুৰ পৰিমাণে পানী আৰু ফল-মূল ,সেউজীয়া শাক-পাচলি খাৱ লাগে৷ ফাষ্টফুড বা বেছি পৰিমাণে চৰ্বি চেনী বা লৱণ থকা বস্তু পৰিহাৰ কৰিব লাগে৷
৪) কৰ্ম:
নিজৰ কাম সময়মতে আৰু মানসিক সন্তুষ্টিৰে কৰিব লাগে৷ অযথা চাপ পৰিহাৰ কৰিব লাগে৷
৫)তাৰ উপৰিও জিৰণি, খেলা ধূলা, ঘৰূৱা সম্পৰ্ক ইত্যাদি সকলো ফালে চলাই নিলে মানুহৰ জীৱন মধুৰ আৰু সুস্থ থাকে৷
সংহত চিকিৎসা:
হলিষ্টিক চিকিৎসকে কোনো এটা নিৰ্দিষ্ট চিকিৎসা পদ্ধতিত বিশ্বাস নকৰে৷ তেওঁলোকে আয়ুৰ্বেদিক, এলোপেথিক, হোমিওপেথি, নেট্ৰোপেথি, ইউনানী, হাৰ্বেল ইত্যাদি সকলো চিকিৎসা পদ্ধতিৰ পৰা উমৈহতীয়াভাৱে ব্যৱহাৰ কৰি সম্পূৰ্ণ শৰীৰৰ চিকিৎসা ব্যৱস্থা কৰে৷
চিকিৎসা পদ্ধতিসমূহ:
আয়ুৰ্বেদিক:
ই এক পুৰণি ভাৰতীয় চিকিৎসা পদ্ধতি৷ ইয়াৰ প্ৰধান উপাদান হৈছে বাত, পিত্ত আৰু কফ, দেহত এই তিনিটা উপাদানৰ তাৰতম্য ঘটিলেই বেমাৰ উৎপত্তি হয়৷ আয়ুৰ্বেদিক চিকিৎসাত কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া অবিহনে দেহৰ ভাৰসাম্য উদ্ধাৰ কৰে৷ ইয়াৰ দ্বাৰা প্ৰধানত বিভিন্ন পুৰণি বেমাৰ, বাতবিষ, লিভাৰৰ অসুখ ইত্যাদি আৰোগ্য হয়৷
এলোপেথিক:
ই এক আধুনিক চিকিৎসা পদ্ধতি য’ত দৰবৰ দ্বাৰা নিৰ্দিষ্ট এটা বেমাৰ চিকিৎসা কৰা হয়৷ যিকোনো হঠাৎ হোৱা বেমাৰৰ বাবে ই উপযুক্ত চিকিৎসা পদ্ধতি৷
হোমিওপেথি:
হোমিও হ’ল জাৰ্মানীৰ চিকিৎসা পদ্ধতি৷ ইয়াৰো কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাথাকে৷ শিশু কালৰ বিভিন্ন বেমাৰ আৰু পুৰণি ৰোগৰ বাবে ভাল চিকিৎসা পদ্ধতি৷
হাৰ্বেলিজিম:
ই প্ৰধানত উদ্ভিদৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ঔষধৰ দ্বাৰা চিকিৎসা কৰে৷
নেট্ৰোপেঠি:
ই একপ্ৰকাৰ চিকিৎসা যাৰদ্বাৰা দেহৰ প্ৰিৰোধ ক্ষমতা বঢ়োৱা হয়৷ ইয়াৰ দ্বাৰা প্ৰধানত এজমা, বাতবিষ, পেটৰ অসুখ ইত্যাদি চিকিৎসা কৰা হয়৷
সিদ্ধ:
ই এক পৰম্পৰাগত চিকিৎসা পদ্ধতি যাৰ দ্বাৰা আধ্যাত্মিক, ধাৰ্মিক, দৰ্শন আদিৰ জৰিয়তে সুস্থ হৈ থকাৰ চিকিৎসা প্ৰদান কৰে৷
ইউনানী:
ইউনানী চিকিৎসাৰ জৰিয়তে শৰীৰৰ লাগতিয়াল উপাদান বোৰৰ ভাৰসাম্য ৰক্ষা কৰে৷
ইয়াৰ উপৰিও হলিষ্টিক চিকিৎসাই অন্যান্য কিছুমান থেৰাপীৰো সহায় লয়, যেনে: আকুপাংচাৰ, হাইড্ৰথেৰাপী, ডায়েটিক্স ইত্যাদি৷ বৰ্তমান হলিষ্টিক চিকিৎসাই পশ্চিমীয়া দেশবোৰত বহুল জনপ্ৰিয়তা অৰ্জন কৰিছে৷
(বিভিন্ন উৎসৰ সহায় লৈ)
← অসমত চিকিৎসা খণ্ডৰ বিভিন্ন কেৰিয়াৰ : (ড° বুলজিৎ বুঢ়াগোহাঁই)
স্বাস্থ্যৰ সুৰক্ষাত সকলোৰে বাবে ব্যায়াম (প্ৰিন্স গোস্বামী) →
You May Also Like
ষ্টিফেন হকিঙৰ এক স্মৰণীয় আৱিষ্কাৰঃ হকিং বিকিৰণ- পংকজ বৰুৱা
September 17, 2018 March 10, 2021 0
মুকলি প্ৰাঙ্গনৰ শ্ৰেণী ব্যৱস্থা
March 14, 2021 March 17, 2021 0
কাব্যজগতত কবিতাৰ বিভিন্ন ৰূপ -(ভাস্কৰজ্যোতি দাস)
November 15, 2013 5
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>গুৱাহাটীঃ বাংগালোৰত বি এচ চি নাৰ্চিং পঢ়িব যোৱা অসমৰ এগৰাকী মেধাবী ছাত্ৰীৰ হত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰপেটা জিলাৰ হাউলীৰ নগৰঝাৰৰ জেচমিনাৰা আখতাৰ নামৰ ছাত্ৰী গৰাকী গৰাকীয়ে বাংগালোৰৰ এখন শিক্ষানুষ্ঠানত বি এচ চি নাৰ্চিংৰ বাবে নামভৰ্তি কৰিছিল ৷ নামভৰ্তি কৰাৰ পিছত পৰিয়ালৰ লোকে চাৰিদিন পূৰ্বে জেচমিনাৰা আখতাৰক শিক্ষানুষ্ঠানখনত থৈ আহে যদিও কালি দিনৰ ভাগত ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ ৷ যুৱতী জেছমিনা আখটাৰক অসমৰে গোৱালপাৰাৰ লক্ষীপুৰৰ পাষণ্ড আনিছুৰ ৰহমান আৰু দুজন তেওঁৰ সতীৰ্থই ধৰ্ষণ কৰি হত্যা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।
বাংগালুৰুত হত্যা অসমৰ মেধাবী ছাত্ৰীক ৷ বাংগালুৰুত বি এচ চি নাৰ্ছিং পঢ়িব যোৱা জেচমিনআৰা আখতাৰ নামৰ এই গৰাকী মেধাবী ছাত্ৰী হত্যাৰ বলি হল বাংগালুৰুত ৷ যোৱা ১৪ ডিচেম্বৰত পৰিয়ালৰলোকে বাংগালুৰুৰ এখন নাৰ্ছিং কলেজত নাম ভৰ্তি কৰি থৈ আহিছিল জেছমিনআৰাক ৷ কিন্তু বুধবাৰে দিনৰ ভাগত ৰহস্যজনক ভাৱে উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ ৷ বাংগালুৰুতে অধ্যয়নৰত গোৱালপাৰাৰ লক্ষীপুৰৰ আনিছুৰ ৰহমান আৰু দুজন তেওঁৰ সতীৰ্থই জেছমিন আৰাক ধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। উক্ত কাণ্ডৰ মূল অভিযুক্ত এই গৰাকী আনিছুৰ ৰহমানক ইতিমধ্যে বাংগালুৰু আৰক্ষীয়ে ততাতৈয়াকৈ আটক কৰিবলৈ সক্ষম হৈছে । আনহাতে, এই হত্যাকাণ্ডৰ লগত জড়িত সকল যাতে কোনোপধ্যে সাৰি নাযায় আৰু তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰা হয় তাৰবাবে পৰিয়ালৰ লোকসকলৰ লগতে ৰাইজে দাবী তুলিছে ৷
Facebook
Twitter
WhatsApp
Linkedin