text stringlengths 0 188k |
|---|
স্বাস্থ্য আৰু মন: |
চিগমাণ্ড ফ্ৰয়েডে কৈছে, Mind is omnipotent৷ মনেই শৰীৰৰ সকলো নিয়ন্ত্ৰণ কৰে৷ গতিকে শৰীৰ সুস্থ থাকিবলৈ মানসিক ভাবে সুস্থ হ’ব লাগিব৷ |
মন আৰু শৰীৰৰ পোনপটীয়া সম্পৰ্কৰ কথা সঠিককৈ ক’ব পৰা নাযায় যদিও হেনচ শ্বেলী নামৰ এজন চিকিৎসকে কিছু সম্পৰ্ক দেখাইছে৷ মানসিকভাৱে মানুহে বিভিন্ন সময়ত বিভিন্ন চাপ(stress)ৰ সন্মুখীন হয়, এই চাপৰ মূখ্য কাৰকবিলাকে মগজুৰ হাইপোথেলামাচক উত্তেজিত কৰে আৰু লগে লগে দেহৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই পিটুইটাৰি গ্ৰন্থিক কাৰ্য্যক্ষম কৰি কিছুমান... |
হলিষ্টিক স্বাস্থ্য: |
হলিষ্টিক স্বাস্থ্য মানে যি ব্যক্তি শাৰীৰিক, মানসিক, আৱেগিক, সামাজিকভাৱে নিৰোগী সেইজনেই সুস্থ ব্যক্তি৷ হলিষ্টিক স্বাস্থ্যই বিশ্বাস কৰে যে যদিও বিভিন্ন ৰোগৰ লক্ষণসমূহ এটা নিৰ্দিষ্ট অংগ বা তন্ত্ৰতহে দেখুৱাই কিন্তু ইয়াৰ কাৰণ প্ৰধানত মনহে৷ |
যিকোনো বেমাৰ হঠাৎ উৎপত্তি নহয়,যেতিয়াই জীৱন ধাৰণ প্ৰক্ৰিয়া সালসলনি হয়, (যেনে: খাদ্যভ্যাস, প্ৰদূষণ, মানসিক চাপ ইত্যাদি),তেতিয়াই সম্পূৰ্ণ শৰীৰটোৱে ভাৰসাম্য হেৰাই আৰু তেতিয়াই কোনো এটা অংগ বা তন্ত্ৰত বেমাৰৰ লক্ষণ ফুটি উঠে৷ |
হলিষ্টিক চিকিৎসা: |
‘Prevention is better than cure’ এই কথা ফাঁকিৰ ওপৰত বিশ্বাস ৰাখি হলিষ্টিক চিকিৎসকে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ওপৰত বেছি গুৰুত্ব দিয়ে৷ হলিষ্টিক চিকিৎসকে কোনো এটা অংগ বা তন্ত্ৰৰ চিকিৎসা কৰাতকৈ ধ্যান, ব্যায়াম, খাদ্যাভ্যাস সলনি কৰি সম্পূৰ্ণ শৰীৰৰ সক্ষমতা বঢ়োৱা আৰু সংহত চিকিৎসাৰ মাজেৰে সম্পূৰ্ণ শৰীৰটোক সুস্থ আৰু নিৰোগী কৰি ৰখাৰ পক... |
১) ধ্যান (Meditation): |
হলিষ্টিক স্বাস্থ্যৰ আটাইতকৈ ডাঙৰ চিকিৎসা হৈছে ধ্যান৷ পুৰণি কালত ঋষি-মুনি বিলাক নিৰোগী আৰু বহু বছৰ জীয়াই আছিল তাৰ একমাত্ৰ কাৰণ হৈছে ধ্যান৷ ধ্যানৰ জৰিয়তে মানুহে কিছুমান কাৰ্য্য যিবিলাক সাধাৰণতে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰে যেনে শৰীৰৰ তাপ, ৰক্তচাপ, প্ৰস্ৰাৱ, হৃদযন্ত্ৰৰ কাম আদি ‘বায়ো ফিডৱেক চিষ্টেমৰ’ মাধ্যমেৰে নি... |
২) ব্যায়াম: |
হলিষ্টিক স্বাস্থ্যৰ বাবে দ্বিতীয় চিকিৎসা হৈছে ব্যায়াম৷ যোগাসন আটাইতকৈ ডাঙৰ ব্যায়াম৷ দৈনিক ৩০-৪৫ মিনিট যোগাসন কৰিলে মানুহ শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ থাকে৷ তাৰ উপৰিও খোজকঢ়া, সাঁতোৰা, দৌৰা আদিও খুব সুন্দৰ ব্যায়াম৷ |
৩) খাদ্য: |
স্বাস্থ্যকৰ খাদ্যাভ্যাসে মানুহক সদায় নিৰোগী কৰি ৰাখে৷ সময়মতে খোৱা, প্ৰচুৰ পৰিমাণে পানী আৰু ফল-মূল ,সেউজীয়া শাক-পাচলি খাৱ লাগে৷ ফাষ্টফুড বা বেছি পৰিমাণে চৰ্বি চেনী বা লৱণ থকা বস্তু পৰিহাৰ কৰিব লাগে৷ |
৪) কৰ্ম: |
নিজৰ কাম সময়মতে আৰু মানসিক সন্তুষ্টিৰে কৰিব লাগে৷ অযথা চাপ পৰিহাৰ কৰিব লাগে৷ |
৫)তাৰ উপৰিও জিৰণি, খেলা ধূলা, ঘৰূৱা সম্পৰ্ক ইত্যাদি সকলো ফালে চলাই নিলে মানুহৰ জীৱন মধুৰ আৰু সুস্থ থাকে৷ |
সংহত চিকিৎসা: |
হলিষ্টিক চিকিৎসকে কোনো এটা নিৰ্দিষ্ট চিকিৎসা পদ্ধতিত বিশ্বাস নকৰে৷ তেওঁলোকে আয়ুৰ্বেদিক, এলোপেথিক, হোমিওপেথি, নেট্ৰোপেথি, ইউনানী, হাৰ্বেল ইত্যাদি সকলো চিকিৎসা পদ্ধতিৰ পৰা উমৈহতীয়াভাৱে ব্যৱহাৰ কৰি সম্পূৰ্ণ শৰীৰৰ চিকিৎসা ব্যৱস্থা কৰে৷ |
চিকিৎসা পদ্ধতিসমূহ: |
আয়ুৰ্বেদিক: |
ই এক পুৰণি ভাৰতীয় চিকিৎসা পদ্ধতি৷ ইয়াৰ প্ৰধান উপাদান হৈছে বাত, পিত্ত আৰু কফ, দেহত এই তিনিটা উপাদানৰ তাৰতম্য ঘটিলেই বেমাৰ উৎপত্তি হয়৷ আয়ুৰ্বেদিক চিকিৎসাত কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া অবিহনে দেহৰ ভাৰসাম্য উদ্ধাৰ কৰে৷ ইয়াৰ দ্বাৰা প্ৰধানত বিভিন্ন পুৰণি বেমাৰ, বাতবিষ, লিভাৰৰ অসুখ ইত্যাদি আৰোগ্য হয়৷ |
এলোপেথিক: |
ই এক আধুনিক চিকিৎসা পদ্ধতি য’ত দৰবৰ দ্বাৰা নিৰ্দিষ্ট এটা বেমাৰ চিকিৎসা কৰা হয়৷ যিকোনো হঠাৎ হোৱা বেমাৰৰ বাবে ই উপযুক্ত চিকিৎসা পদ্ধতি৷ |
হোমিওপেথি: |
হোমিও হ’ল জাৰ্মানীৰ চিকিৎসা পদ্ধতি৷ ইয়াৰো কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাথাকে৷ শিশু কালৰ বিভিন্ন বেমাৰ আৰু পুৰণি ৰোগৰ বাবে ভাল চিকিৎসা পদ্ধতি৷ |
হাৰ্বেলিজিম: |
ই প্ৰধানত উদ্ভিদৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ঔষধৰ দ্বাৰা চিকিৎসা কৰে৷ |
নেট্ৰোপেঠি: |
ই একপ্ৰকাৰ চিকিৎসা যাৰদ্বাৰা দেহৰ প্ৰিৰোধ ক্ষমতা বঢ়োৱা হয়৷ ইয়াৰ দ্বাৰা প্ৰধানত এজমা, বাতবিষ, পেটৰ অসুখ ইত্যাদি চিকিৎসা কৰা হয়৷ |
সিদ্ধ: |
ই এক পৰম্পৰাগত চিকিৎসা পদ্ধতি যাৰ দ্বাৰা আধ্যাত্মিক, ধাৰ্মিক, দৰ্শন আদিৰ জৰিয়তে সুস্থ হৈ থকাৰ চিকিৎসা প্ৰদান কৰে৷ |
ইউনানী: |
ইউনানী চিকিৎসাৰ জৰিয়তে শৰীৰৰ লাগতিয়াল উপাদান বোৰৰ ভাৰসাম্য ৰক্ষা কৰে৷ |
ইয়াৰ উপৰিও হলিষ্টিক চিকিৎসাই অন্যান্য কিছুমান থেৰাপীৰো সহায় লয়, যেনে: আকুপাংচাৰ, হাইড্ৰথেৰাপী, ডায়েটিক্স ইত্যাদি৷ বৰ্তমান হলিষ্টিক চিকিৎসাই পশ্চিমীয়া দেশবোৰত বহুল জনপ্ৰিয়তা অৰ্জন কৰিছে৷ |
(বিভিন্ন উৎসৰ সহায় লৈ) |
← অসমত চিকিৎসা খণ্ডৰ বিভিন্ন কেৰিয়াৰ : (ড° বুলজিৎ বুঢ়াগোহাঁই) |
স্বাস্থ্যৰ সুৰক্ষাত সকলোৰে বাবে ব্যায়াম (প্ৰিন্স গোস্বামী) → |
You May Also Like |
ষ্টিফেন হকিঙৰ এক স্মৰণীয় আৱিষ্কাৰঃ হকিং বিকিৰণ- পংকজ বৰুৱা |
September 17, 2018 March 10, 2021 0 |
মুকলি প্ৰাঙ্গনৰ শ্ৰেণী ব্যৱস্থা |
March 14, 2021 March 17, 2021 0 |
কাব্যজগতত কবিতাৰ বিভিন্ন ৰূপ -(ভাস্কৰজ্যোতি দাস) |
November 15, 2013 5 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>গুৱাহাটীঃ বাংগালোৰত বি এচ চি নাৰ্চিং পঢ়িব যোৱা অসমৰ এগৰাকী মেধাবী ছাত্ৰীৰ হত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰপেটা জিলাৰ হাউলীৰ নগৰঝাৰৰ জেচমিনাৰা আখতাৰ নামৰ ছাত্ৰী গৰাকী গৰাকীয়ে ব... |
বাংগালুৰুত হত্যা অসমৰ মেধাবী ছাত্ৰীক ৷ বাংগালুৰুত বি এচ চি নাৰ্ছিং পঢ়িব যোৱা জেচমিনআৰা আখতাৰ নামৰ এই গৰাকী মেধাবী ছাত্ৰী হত্যাৰ বলি হল বাংগালুৰুত ৷ যোৱা ১৪ ডিচেম্বৰত পৰিয়ালৰলোকে বাংগালুৰুৰ এখন নাৰ্ছিং কলেজত নাম ভৰ্তি কৰি থৈ আহিছিল জেছমিনআৰাক ৷ কিন্তু বুধবাৰে দিনৰ ভাগত ৰহস্যজনক ভাৱে উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ ৷ ব... |
Facebook |
Twitter |
WhatsApp |
Linkedin |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.