text stringlengths 0 188k |
|---|
Share 86 Tweet 54 |
Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world. |
Category |
Category Select Category Adventure (12) Afghanistan (39) Agriculture (14) Bhupen Hazarika (5) Bishnu Rabha (10) Book (29) Business (56) Celebrity (11) Cinema (10) Climate Change (102) Cultural (53) Culture (20) Dance (2) Drama (9) Economy (76) Entertainment (20) Environment (105) Fashion (5) Finance (32) Folk (7) food ... |
প্ৰাপ্ত তথ্য অনুসৰি বিশ্বনাথ চাৰিআলি থানাৰ অন্তৰ্গত বৰকুৰা গাঁৱৰ নিৱাসী তথা শিক্ষক উপেন বৰঠাকুৰৰ কনিষ্ঠ পুত্ৰ নৱজিৎ বৰঠাকুৰে (২১) তেওঁৰ বন্ধু প্ৰনৱ দে (১৮), পল্লৱ বৰা(২১) আৰু দিপাংকৰ ভূঞা (২১)ৰ লগত দুখন বাইকৰে বৰপুখুৰী চাহ বাগিচা অভিমুখে উলাই গৈছিল। |
ইয়াৰ মাজতে সাকোমঠা আৰু বৰপুখুৰী বাগিচাৰ কেকুৰীটোত তিনিও বন্ধু ক্ষন্তেক সময় ৰৈ লগত লৈ যোৱা কেমেৰাৰে কেইবাখনো ফ’টো তুলি উঠি কেমেৰাটো বেগত ভৰাই থকা অৱস্থাতে এখন তীব্ৰ বেগত অহা টাটা এ চি গাড়ীয়ে চাৰিওজন যুৱককে মহতিয়াই নিয়ে। |
গাড়ীখনৰ খুন্দাত চাৰিওজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘটনাস্থলীত নৱজিতৰ অৱস্থা সংকটজনক হৈ পৰে। |
প্ৰথমে স্থানীয় বৰা নৰ্চিং হোমত আহত নৱজিতক ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটিলৈ প্ৰেৰণ কৰে যদিও গুৱাহাটি অভিমুখে গৈ থকাৰ পথত তেজপুৰৰ সমীপত তেওঁৰ মৃত্যু ঘটে। |
উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা টাটা এ চি গাড়িখনৰ চালকজন আঘাতপ্ৰাপ্ত হৈছিল যদিও চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওৰ সংবাদাতাক জানিবলৈ দিয়ে |
সম্প্ৰতি ঘটনা সন্দৰ্ভত তথা চালকগৰাকীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি অৱগত কৰে। উক্ত দুৰ্ভাগ্যজনক ঘটনাটোৱে সমগ্ৰ বিশ্বনাথতে শোকৰ ছাঁ পেলাইছে। |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসমৰ ব্যৱহাৰিক সাহিত্য সম্পর্কে বিৰিঞ্চিকুমাৰ বৰুৱাই তেখেতৰ 'অসমীয়া কথা সাহিত্য', পুৰণি ভাগত আগবঢ়োৱা মন্তব্যটি এই ক্ষেত্ৰত তাৎপর্যপূর্ণ- '...... বিজ্ঞানৰ বিষয়বস্তুৰ বাখ্যাৰ নিমিত্তে উপযোগী পোনপটীয়া বাক্যৰীতিৰ ব্যৱহাৰ এই ৰচনাৱলীত আছে। সেই কাৰণেই অর্থৰ দুর্বোধ্যতা অথবা অর্থৰ অস্পষ্টতা দোষৰ পৰা এই গ্রন্থসমূহ ভালেখিনি ... |
মধ্যযুগীয় অসমীয়া সাহিত্যৰ ইতিহাসত প্রায়ােগিক জ্ঞান সম্বলিত এক শ্ৰেণীৰ সাহিত্য ৰচিত হৈছিল। যাক ব্যৱহাৰিক সাহিত্য বুলি অভিহিত কৰা হৈছে। ব্যৱহাৰিক শব্দটো এটি বিশেষণ। ইয়াৰ আভিধানিক অর্থ- ব্যৱহাৰ-সম্বন্ধীয়। যিটো কার্যত প্রয়ােগ কৰা হয়, সেইটোৱেই প্রায়ােগিক [Applied] |
গদ্য আৰু পদ্য উভয়তে ৰচিত এইবিধ সাহিত্যৰ ভিতৰুৱা কেইবাখনিও সংস্কৃত গ্রন্থ অসমীয়ালৈ অনূদিত হৈছে। আয়ুর্বেদ শাস্ত্র, নিদান, জ্যোতিষ, অংকআর্যা, নৃত্য-গীত, গৃহ নির্মাণ আদি বিষয়ৰ গ্ৰন্থৰাজি ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত। অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ৰমবিকাশত এইবোৰৰ বিশেষ ভূমিকা আছে। তলত ব্যৱহাৰিক সাহিত্যৰ এই গ্রন্থসমূহৰ চমু ... |
কিতাবৎ মঞ্জৰী |
কোচ ৰাজা নৰনাৰায়ণৰ সভাপণ্ডিত বকুল কায়স্থই ভাস্কৰাচার্য দ্বিতীয়ৰ সুবিখ্যাত গ্রন্থ সিদ্ধান্ত শিৰােমণিৰ লীলাৱতী অংশৰ ভিত্তিত কিতাবৎ মঞ্জুৰী ৰচনা কৰিছিলে। কামৰূপ অনুসন্ধান সমিতিত থকা বকুল কায়স্থৰ কিতাবৎ মঞ্জৰী ১৩৫৬ শকত স্বৰ্গনাৰায়ণদেৱৰ ৰাজত্বত লিখা হয় বুলি উল্লেখ আছে। গ্ৰন্থখন পদ ছন্দত ৰচিত। ৰাজকীয় বস্তু-বাহানীৰ হিচ... |
লীলাৱতী |
লীলাৱতী গ্রন্থৰ ভাঙনিকাৰ কবিৰত্ন দ্বিজ। যােগ-বিয়ােগ, পূৰণ-হৰণৰ উপৰি বীজ গণিতীয় সমীকৰণৰ বর্গমূল, ঘনমূল আদি উলিওৱা নিয়ম লীলাৱতী পুথিত আছে। অৱশ্যে পুথিখনৰ ৰচনাকাল জনা নাযায়। পুথিখন গদ্যত লিখা। |
জ্যোতিষ চূড়ামণি |
গদ্যত ৰচিত এই গ্রন্থখনৰ ৰচক চূড়ামণি দ্বিজ। ইয়াত জ্যোতিষৰ লগতে যােগ-বিয়ােগ আৰু জোখ-মাখ সম্পর্কীয় কথাও আছে। এই গ্রন্থখন কিতাবৎ মঞ্জৰীৰ পৰৱৰ্তী সময়ৰ ৰচনা, কাৰণ ইয়াত চূড়ামণিয়ে বকুল কায়স্থক গুৰু মানি লােৱাৰ কথা উল্লেখ আছে। |
শ্ৰীহস্তমুক্তাৱলী |
শুভংকৰ কবি শ্রীহস্তমুক্তাৱলীৰ ৰচক। মহেশ্বৰ নেওগে এই গ্ৰন্থখনৰ ৰচনাৰ সময় চতুৰ্দশ শতিকাৰ মাজ ভাগৰ ভিতৰত বুলি কৈছে। গন্থখনৰ গদ্যানুবাদৰ প্ৰসংগত মহেশ্বৰ নেওগে লিখিছে যে শ্রীহস্তমুক্তাৱলীৰ মূলে সৈতে এটি গদ্যানুবাদ মাজুলীৰ আউনীআটী সত্ৰত ৰক্ষিত হৈছে; অনুবাদকৰ নাম নাই, মাত্ৰ শেষত আছে- ‘সুচান্দৰাই ওজাৰ পুস্তক’। নেওগৰ দৃষ্টিত স... |
অঙ্কৰ আৰ্য্যা |
কাশীনাথে অঙ্কৰ আৰ্য ৰচনা কৰিছিল। এইখন গদ্যত লিখা গণনা বিষয়ক গ্রন্থ। |
কামৰত্ন তন্ত্র |
'কামরত্ন তন্ত্র' সুচান্দ ওজা কামৰত্ব তন্ত্ৰৰ ৰচনাকাৰ। ইয়াত বশীকৰণ, স্তম্ভন, মাৰণ, উচাতন কেনেকৈ সাধন কৰিব পাৰি তাক বর্ণনা কৰা আছে। |
ভাস্বতী |
কবিৰাজ ৰামনাৰায়ণ চক্রবর্তীয়ে ভাস্বতীনামৰ জ্যোতিষ বিষয়ক এখন গ্রন্থ গদ্যৰ ভাষাত ৰচনা কৰিছিল। কবিৰাজে আহােম ৰজা ৰুদ্ৰসিংহ, শিৱসিংহ আৰু ৰজা ফুলেস্বৰীৰ পৃষ্ঠপােষকতা লাভ কৰিছিল। |
হস্তীবিদ্যাৰ্ণৱ পুথি |
হস্তীবিদ্যার্ণৱ গ্ৰন্থখন শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আদেশত সুকুমাৰ বৰকাথে গদ্যত ৰচনা কৰিছিল। গ্রন্থখনৰ ভিত্তি শম্ভুনাথ প্রণীত সংস্কৃত গ্রন্থ গজেন্দ্রচিন্তামণি। পুথিখনত হাতীৰ শ্ৰেণী, প্রকৃতি, বেমাৰ আৰু ঔষধ আদিৰ বহুমূলীয়া বিৱৰণ সৰল কথিত ভাষাত দিয়া হৈছে। গ্ৰন্থখনৰ ৰচনাকাল সম্বন্ধে মহেশ্বৰ নেওগে তাৎপর্যপূর্ণ উদ্ধৃতি সন্নিৱ... |
ঘোঁৰা নিদান |
ঘোঁৰা-নিদানৰ ৰচনাকাৰ সুকুমাৰ বৰকাথ। গদ্য শৈলীত ৰচিত এই গ্ৰন্থখনত ঘোঁৰাৰ জাতি, লক্ষণ, বেমাৰ আৰু প্ৰতিকাৰৰ বৰ্ণনা কৰিছে। এই গ্রন্থখনাে ৰজাঘৰীয়া অনুপ্ৰেৰণাত ৰচিত। ব্যৱহাৰিক বিষয়ৰ পুথি কাৰণেই ইয়াত ব্যৱহাৰিক ভাষাৰ প্ৰয়ােগ ঘটিছে। |
নীতি-লতাঙ্কুৰ |
মধুমিশ্র বাগীশ নীতি-লতাঙ্কৰৰ ৰচক। আউনীআটী সত্ৰৰ ষষ্ঠ অধিকাৰ প্রাণহৰিদেৱৰ দিনত তেওঁ দুৱৰা বংশৰ হৰনাথ ভিতৰুৱাল ফুকনৰ অনুপ্ৰেৰণাত এই গ্ৰন্থখন গদ্যত ৰচনা কৰিছিল বুলি আউনীআটী সত্ৰৰ বুৰঞ্জীত খৰচি মাৰি আলােচনা কৰিছে। এই তথ্যৰ সূত্র সন্নিৱিষ্ট হৈছে সত্যেন্দ্রনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত। গ্রন্থৰ মূল পাঠসমূ... |
[ কৃষি, বাণিজ্য, দুর্গ, সেতু, কুঞ্জৰ, বন্ধন খন্যাকৰ, বলাদান, শূন্যনিৱেশন ] চাৰি উপায় [ সাম, দান, ভেদ, দণ্ড ], যান ব্যবস্থা, কোট ব্যবস্থা, ব্যূহ ব্যবস্থা, অক্ষৌহিণীগণনা আদি ৰাজনীতিৰ প্রয়ােজনীয় জ্ঞান গ্ৰন্থখনত দিছে। মূল শ্লোকৰ ভাওনিৰ ভাষা প্রসন্নগম্ভীৰ। এই গদ্য বুৰঞ্জীৰ গদ্যৰ সমপৰ্য্যায়ৰ। |
ব্যৱহাৰিক সাহিত্যৰ বৈশিষ্ট্য |
ব্যৱহাৰিক সাহিত্যৰাজিৰ ধ্বনিতাত্বিক, ৰূপতাত্ত্বিক, শব্দতাত্ত্বিক আৰু বাক্যতাত্ত্বিক -এই চাৰিটা দিশত কিছুমান বৈশিষ্ট দেখিবলৈ পোৱা যায়। তলত সেইবোৰ চমুকৈ আলোচনা কৰা হ'ল- |
ধ্বনিতাত্বিক বৈশিষ্ট্য |
ব্যৱহাৰিক সাহিত্যৰাজিত কিছুমান ধ্বনিতাত্ত্বিক বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেইবোৰ এনে ধৰণৰ- |
‘অ’ৰ ঠাইত ‘উ’ ৰ প্ৰয়োগ- নুৱৰিয়া 'নৰিয়া' |
'ই’ৰ ঠাইত ‘ঞি’ ৰ প্ৰয়োগ- তাঞিকে 'তাইকে' |
‘শ' ৰ ঠাইত স’ ৰ প্ৰয়োগ- সুকুলা 'শুকুলা' |
‘ন্দ’ৰ ঠাইত ‘দ’ ৰ প্ৰয়োগ- মাখুঁদি 'মাখুন্দি' |
ৰূপতাত্ত্বিক বৈশিষ্ট্য |
ধ্বনিতাত্ত্বিক বৈশিষ্ট্যৰ দৰে ৰূপতাত্ত্বিক দিশতাে বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। যেনে- |
সর্বনাম- তঞি, মােত, মই, আমি, আপুনি আদি। |
নির্দিষ্টতাবাচক প্রত্যয় – খন, টো, টা, গচ, মহা, জোৰ আদি। |
অব্যয়- এতেকে, নিছিনা, কিন্তু, জদি, তথাপি আদি। |
কৃদন্তৰূপকৃদন্তৰূপ কৰোঁতে ওঁতে প্রত্যয়ৰ ঠাইত ঞোঁতেৰ প্ৰয়ােগ হয়।যেনে- জাঞোঁতে, খাঞোঁতে। |
শব্দতত্ত্ব |
ব্যৱহাৰিক সাহিত্যৰ প্ৰয়ােগ হােৱা শব্দৰ ভিতৰত- |
সংস্কৃত আৰু অনা সংস্কৃত শব্দ যেনে- প্রভাত, তেন্তেলি, ঋতু আদি। |
কামৰূপী উপভাষাৰ শব্দ যেনে- বুলন, ৰাজা, ভিঠা আদি। |
তদুপৰি, ব্যৱহাৰিক সাহিত্যত অন্যান্য দেশী আৰু বিদেশী ভাষাৰ শব্দৰো প্রয়ােগ ঘটিছে। উদাহৰণ স্বৰূপে বাংলা ভাষাৰ শব্দ- গৈছেন, নাকৰিলাম আদি শব্দৰ ব্যৱহাৰ হোৱা দেখা যায়। |
বাক্যতত্ত্ব |
ব্যৱহাৰিক সাহিত্যৰ ভাষাৰ আলােচনাত বাক্যতত্ত্বৰ আলােচনা অপৰিহার্য। বাক্য গঠনৰ প্ৰণালীৰ ক্ষেত্ৰত লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ বাক্যবোৰ অতি চুটি চুটি। বাক্যত সহজ-সৰল বাক্যৰ প্ৰয়ােগ দেখা যায়। যেনে- |
'পাছে ৰাজাএ প্রভাতে পণ্ডিতৰ হতােৱাএ চোৱালে।' --হস্তীবিদ্যাৰ্ণৱ |
“ঘােৰা কাহে যদি তাকে কাম বােলে।” --ঘোঁৰানিদান |
'প্ৰভু কামৰূপতন্ত্র মােত কহা।' --কামৰূপতন্ত্র |
এইদৰে বিচাৰ কৰিলে দেখা যায় যে, মধ্যযুগীয় অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰত ব্যৱহাৰিক সাহিত্যৰাজিৰ মূল্য কোনাে গুণে কম নহয়। সাহিত্যৰ বোৱতী সুঁতিয়ে সাহিত্যৰ ইতিহাসলৈ পৰিৱৰ্তন আৰু নতুনত্ব কঢ়িয়াই আনে। আন আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰতাে ই প্রযােজ্য। এই কথাৰ পৰাই ক'ব পাৰি যে শংকৰােত্তৰ যুগটোক সেই ঢৌৱে স্পর্শ কৰ... |
আজি ডিফুস্থিত জিলা প্ৰেছক্লাবত অনুষ্ঠিত এখন যুটীয়া সংবাদমেলত চি পি আই (এম এল) লিবাৰেইশ্যনৰ হিলছ পাৰ্টি কমিটীয়ে সিদ্ধান্তটো ঘোষণা কৰি কয়, “বিজেপি কেন্দ্ৰ, ৰাজ্য আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত ক্ষমতাত আছে। কিন্তু সৰ্বসাধাৰণৰ ওপৰত দমনমূলক নীতিহে দেখা গৈছে।” |
হিলছ পাৰ্টি কমিটীৰ সম্পাদক ৰবি কুমাৰ ফাংচ’ই বিজেপিক কেৱল পুঁজিবাদীৰ লাভ দিয়াৰ আঁচনি লোৱা দল আখ্যা দিয়ে। সম্পাদকজনৰ মতে, বিজেপি সৰ্বসাধাৰণক টেঁটু চেপা দিয়া দল। |
বিজেপিৰ চৰকাৰে দলিত, আদিৱাসী আৰু পাৰ্বত্য জনজাতিবোৰৰ মাটি কাঢ়ি লোৱা বুলিও অভিযোগ আনে ফাংচ’ৱে। |
বিমুদ্ৰাকৰণে সাধাৰণ খাটিখোৱা মানুহ আৰু ক্ষুদ্ৰ ব্যৱসায়ীক কৰা ক্ষতিৰ কথা উল্লেখ কৰি ফাংচ’ৱে লগতে কয়, “বিজেপি ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ আনিব”। |
“আৰ এছ এছ, বিজেপিয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰ বনাব খুজিছে”, ৰাম মন্দিৰ, ৩৭০ অনুচ্ছেদৰ বাতিলৰ গেৰুৱা দলটোৰ ইস্তাহাৰত প্ৰকাশিত আঁচনিৰ উল্লেখেৰে সম্পাদকজনৰ গুৰুতৰ অভিযোগ। |
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীজনক সমৰ্থন কৰাৰ কিবা পূৰ্বচৰ্ত আছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰ দি ফাংচ’ই কয়, ‘”আমি নকওঁ যে কংগ্ৰেছ ভাল, কিন্তু কংগ্ৰেছ বিজেপিৰ সমান জনজাতি-বিৰোধী নহয়। বিজেপি শাসনলৈ আহিলে CAB আনিব আৰু Uniform Civil Code প্ৰৱৰ্তন কৰিব, যিটো জনজাতিসকলৰ বিৰুদ্ধে। কংগ্ৰেছৰ প্ৰতি সমৰ্থনৰ বাবে আমাৰ কোনো চৰ্ত নাই।... |
এইচ্ছ এছ ডি চিৰ সাধাৰণ সম্পাদক লেইচান ইংলেঙে তেওঁলোকৰ আৰু চি পি আই (এম এল) লিবাৰেইশ্যনৰ মিলাই সমষ্টিটোত প্ৰায় ৫০ হাজাৰ ভোট আছে বুলি জানিবলৈ দিয়ে। |
উল্লেখযোগ্য যে সমষ্টিটোত কংগ্ৰেছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ সাংসদ বীৰেন সিং ইংতিক প্ৰাৰ্থিত্ব দিছে। |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব এতিয়া পশ্চিমবঙ্গৰ চি.আই.ডি.ৰ হাতত! |
গ্ৰেপ্তাৰ হোৱা বিধায়ক ৩ জনক ১০ দিনৰ বাবে আদালতে দিছে পশ্চিমবঙ্গৰ পুলিচৰ জিম্মাত। |
কলকাতাৰ পৰা প্ৰকাশ পাইছে যে শনিবাৰে সন্ধিয়া হাওৰাত বিপুল পৰিমাণৰ নগদ ধন(৪৯ লাখ টকা) সহকাৰে গ্ৰেপ্তাৰ হোৱা ঝাড়খন্ডৰ তিনিজন বিধায়কৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খাইছে আৰু সমগ্ৰ ঘটনা ক্ৰমশঃ ৰহস্যময় হৈ পৰিছে। |
ইতিমধ্যে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অধীনস্থ গৃহ বিভাগে সমগ্ৰ ঘটনাৰ জাল ফালিবলৈ পুলিচৰ পৰা বিষয়টো চি-আই-ডিলৈ হস্তান্তৰ কৰিছে। |
RelatedPosts |
Data breach and masking of data |
December 9, 2022 |
Bharat Jodo: Thinking beyond Electoral Politics |
December 9, 2022 |
The individual’s self-evaluation! |
December 9, 2022 |
এতিয়া পশ্চিমবঙ্গৰ চি-আই-ডিয়ে তদন্ত কৰি বাহিৰ কৰিব – ক’ৰ পৰা আহিছিল ইমান টকা, ক’লৈ নিয়া হৈছিল টকাবোৰ, কাৰ নিৰ্দেশত, কোন কোন জড়িত, ইত্যাদি। |
এই ঘটনাৰ পিছত এতিয়ালৈকে তিনিজন কংগ্ৰেছৰ বিধায়কসহ মুঠ ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সমগ্ৰ ঘটনাত মহাৰাষ্ট্ৰৰ ছাঁয়া দেখা পাইছে কংগ্ৰেছে। গ্ৰেপ্তাৰ কৰা বিধায়ক তিনিজনক দলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে কংগ্ৰেছে কৈছে যে ঝাড়খন্ডতো বিধায়কসকলক টকাৰে ক্ৰয় কৰি চৰকাৰ ভাঙিবলৈ বিজেপিয়ে চক্ৰান্ত কৰিছে। |
ইতিমধ্যে আদালতে তিনিজন বিধায়ক সহ মুঠ ৫ জনক ১০ দিনৰ বাবে পুলিচৰ জিম্মাত থাকিবলৈ আদেশ দিছে। |
এই ঘটনাৰ পটভূমিত অইন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ঝাড়খণ্ডৰ অইন এজন কংগ্ৰেছ বিধায়কে থানাত অভিযোগ দাখিল কৰি কৈছে যে হাওৰা পুলিচৰ হাতত ধৰা পৰা বিধায়ক তিনিজনে তেওঁকো কলকাতালৈ যাবলৈ কৈছিল আৰু কলকাতাৰ পৰা গুৱাহাটীলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰাৰ কথা আছিল। উদ্দেশ্য আছিল, ঝাড়খন্ডত জে.এম.এম.- কংগ্ৰেছ ... |
অভিযোগ দাখিল |
ঝাড়খণ্ডৰ বাৰমোৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয়মঙ্গল সিঙে যোৱাকালি দেওবাৰে ৰাঁচীৰ আৰগোৰা থানাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সহকাৰে অভিযোগ দাখিল কৰিছে। অভিযোগপত্ৰত জয়মঙ্গলে কৈছে যে তেওঁকো ১০ কোটি টকা দিয়াৰ লগতে ৰাজ্যত বিজেপিৰ চৰকাৰ হ’লে স্বাস্থ্য মন্ত্ৰীৰ পদ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সমগ্ৰ বিষয়টো বিজেপি... |
এনে গুৰুতৰ অভিযোগ সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মোৰ বিৰুদ্ধে কিয় অভিযোগ উত্থাপিত হৈছে নাজানো, মই ২২ বছৰ কংগ্ৰেছত আছিলো বাবে বহুতৰে সৈতে যোগাযোগ আছে। |
কুণাল ঘোষ |
এই কান্ডক লৈ বিজেপিক তীব্ৰ আক্ৰমণ কৰিছে তৃণমূল কংগ্ৰেছে। তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ তথা তৃণমূলৰ ৰাজ্যৰ সম্পাদক কুণাল ঘোষে কৈছে,’ এই সমস্ত ঘটনাৰ অন্তৰালত বিজেপিৰ ভূমিকা কি? ইমান টকা বিধায়ক সকলৰ হাতলৈ আহিল ক’ৰপৰা? এই ঘটনাৰ তদন্ত কৰোতে বিজেপিৰ শুভেন্দু অধিকাৰীকো মাতি সোধপোচ কৰিব লাগে, কাৰণ তেওঁ কৈছিল যে বিজেপিৰ পৰৱৰ্তী লক্... |
এই বিষয়টোক লৈ তৃণমূলৰ নেতা জয়প্ৰকাশ মজুমদাৰে কৈছে,’ এই ঘটনাৰ সৈতে মহাৰাষ্ট্ৰৰ দৰে ঘটনা জড়িত আছে। শুভেন্দু আৰু হিমন্তক পৃথক কৰাৰ স্থান নাই। বাংলাৰ কাষতেই ঝাড়খণ্ড। আমাৰ ৰাজ্যক লৈও চিন্তা হৈছে। ইয়াতেই শুভেন্দুৱে কৈছিল, ঝাড়খণ্ড হ’ব, তেলেংগানা হ’ব, বাংলা হ’ব। শুভেন্দুৱে ইয়াতেই ব্যস্ত আছিল। এয়া ‘মানি ট্ৰেল‘! এতিয়াই ... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.