id
stringlengths
4
5
url
stringlengths
34
654
title
stringlengths
1
78
text
stringlengths
10
80.1k
1030
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87
মুম্বাই
মুম্বাই (পূৰ্বতে বম্বে বা বোম্বাই, . ) ভাৰতৰ অন্তৰ্ভুক্ত মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী। মুম্বাই প্ৰায় ১ কোটি ৪০ লাখ মানুহৰ বাসস্থান। মুম্বাইক ভাৰতৰ অৰ্থনৈতিক কেন্দ্ৰবিন্দু বুলি কোৱা হয়, কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বম্বে ষ্টক এক্সচেঞ্জকে আদি কৰি বহু অৰ্থনৈতিক প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যালয় এই নগৰত অৱস্থিত। তদুপৰি ভাৰতৰ বোলছবি উদ্যোগো ইয়াতেই অৱস্থিত। নৱী মুম্বাই আৰু থানে সহ মুম্বাই মহানগৰীয় অঞ্চল বিশ্বৰ সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চলসমূহৰ অন্যতম। ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত মুম্বাই এক স্বাভাৱিক সমুদ্ৰবন্দৰো। ২০০৯ চনৰ তথ্য অনুযায়ী, এই চহৰ আলফা বিশ্ব নগৰী হিচাপে ঘোষিত। যি সাতোটা দ্বীপক কেন্দ্ৰ কৰি আধুনিক মুম্বাই মহানগৰী গঢ়ি উঠিছে, সুদূৰ অতীতত সেই সাতোটা দ্বীপ আছিল মৎস্যজীবী সম্প্ৰদায়ৰ বসতি। ইতিহাসৰ বিভিন্ন পৰ্যায়ত এই দ্বীপবোৰ নানান দেশীয় ৰাজ্য আৰু সাম্ৰাজ্যৰ অধীনস্থ আছিল। অষ্টাদশ শতাব্দীৰ মধ্যভাগত মুম্বাই এক গুৰুত্বপূৰ্ণ বাণিজ্য নগৰী হিচাপে আত্মপ্ৰকাশ কৰে। ঊনবিংশ শতাব্দীত এই চহৰৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু শিক্ষাসংক্ৰান্তত প্ৰভুত উন্নতি সাধন হয়। বিংশ শতাব্দীৰ প্ৰথমৰ পৰাই বোম্বাই ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক উল্লেখযোগ্য ঘাটিত পৰিণত হৈছিল। ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা অৰ্জনৰ পাছত বোম্বাই চহৰ তদানীন্তন বোম্বাই ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৯৬০ চনত সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত নতুন ৰাজ্য মহাৰাষ্ট্ৰ গঠিত হোৱাত বোম্বাই উক্ত ৰাজ্যৰ ৰাজধানীত পৰিণত হয়। ১৯৯৫ চনত চহৰৰ নাম পৰিবৰ্তিত কৰি মুম্বাই ৰখা হয়। এই নামটো কলি জনগোষ্ঠী সকলৰ আৰাধ্য দেৱী - মুম্বাদেৱী ৰ নামেৰে নামকৰণ কৰা হয়। মুম্বাই ভাৰতৰ বাণিজ্য আৰু বিনোদনৰ অন্যতম কেন্দ্ৰ। দেশৰ ৫ শতাংশ মুঠ ঘৰুৱা উৎপাদন (GDP) এই চহৰৰ পৰাই উৎপাদিত হয়। ইয়াৰ বাদেও ভাৰতীয় অৰ্থনীতিৰ ২৫ শতাংশ শিল্প উৎপাদন, ৪০ শতাংশ সমুদ্ৰবাণিজ্য আৰু ৭০ শতাংশ পুঁজিৰ লেনদেন মুম্বাইতেই সাধিত হয়। ভাৰতীয় ৰিজাৰ্ভ বেংক, বোম্বাই ষ্টক এক্সচেঞ্জ, ভাৰতৰ জাতীয় ষ্টক এক্সচেঞ্জ ইত্যাদি গুৰুত্বপূৰ্ণ আৰ্থিক সংস্থা আৰু বিভিন্ন ভাৰতীয় কোম্পানী আৰু বহুজাতিক সংস্থাৰ প্ৰধান কাৰ্যালয় এই চহৰতেই অৱস্থিত। বলিউড নামেৰে পৰিচিত ভাৰতৰ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শন শিল্পকেন্দ্ৰটোও এই চহৰত অবস্থিত। মুম্বাইৰ ব্যৱসায়গত সুযোগসুবিধা আৰু ইয়াৰ জীৱনযাত্ৰাৰ উচ্চ মানে সমগ্ৰ দেশৰ মানুহকে আকৃষ্ট কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি এই চহৰত বসবাস আৰম্ভ কৰে। ফলত মুম্বাই বৰ্তমানে ভাৰতৰ নানা সম্প্ৰদায় আৰু ভাৰতীয় সংস্কৃতিৰ মহামিলনভূমিত পৰিণত হৈছে। ব্যুৎপত্তি মুম্বাই শব্দটোৰ প্ৰচলন হয় স্থানীয় অশিক্ষিত মাৰাঠীসকলৰ উচ্চাৰণবিকৃতিৰ পৰা। তেখেতসকলে মাৰাঠী ভাষাত বোম্বাই শব্দটো উচ্চাৰণ কৰিব নোৱাৰে। বোম্বাই শব্দটোৰ উদ্ভব হয় খ্ৰীষ্টিয় ষোড়শ শতাব্দীত এই অঞ্চলত পৰ্তুগীজসকলৰ আগমনৰ পাছত। তেখেতসকলে এই অঞ্চলক বিভিন্ন নামেৰে অভিহিত কৰিছিল। এই নামসমূহৰ মাজৰ পৰা বোম্বাইম (Bombaim) শব্দটোৱে লেখ্য আকাৰত প্ৰচলন লাভ কৰে। পৰ্তুগীজ ভাষাত শব্দটো আজিও প্ৰচলিত। সপ্তদশ শতাব্দীত ব্ৰিটিছসকলে এই অঞ্চলৰ অধিকাৰ অৰ্জন কৰে। ধৰা হয়, চহৰৰ বোম্বাই নামটো পৰ্তুগীজ বোম্বাইম শব্দটোৰ ইংৰাজীকৃত ৰূপ। এই চহৰৰ মাৰাঠী আৰু গুজৰাটীভাষীসকলৰ কাষত মুম্বাই বা মম্বাই আৰু হিন্দী, পাৰ্চী আৰু উৰ্দুভাষীসকলৰ কাষত বম্বাই নামেৰে পৰিচিত। কেতিয়াবা কেতিয়াবা এই চহৰক আৰু পুৰণা ককমুচী বা গলজুঙ্কজা নামেৰেও অভিহিত কৰা হয়। ১৯৯৫ চনৰ নৱেম্বৰত শিবসেনাই মাৰাঠী উচ্চাৰণ অনুসৰি চহৰৰ নাম পৰিবৰ্তন কৰি ৰাখে মুম্বাই। হিন্দু জাতীয়তাবাদী দল শিবসেনাই এই নাম পৰিবৰ্তনক লৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰেছিল। ইয়াৰ পাছত মুম্বাইৰ দেখাকদেখি দেশৰ অনেক চহৰেই ইংৰাজী নাম পৰিবৰ্তন কৰি স্থানীয় উচ্চাৰণ অনুযায়ী নামকৰণ কৰা হয়। যদিও চহৰত বসবাসকাৰী অনেকেই এতিয়াও এই চহৰক বোম্বাই নামেৰেই অভিহিত কৰে। তদুপৰি ভাৰতৰ অন্যান্য অনেক অঞ্চতো বোম্বাই নামটিৰ প্ৰচলন আছে। চহৰৰ প্ৰথাগত ইংৰাজী নাম বোম্বাই শব্দটো যে আচলতে পৰ্তুগীজ শব্দৰ পৰা অহা তাৰ এটা বহু প্ৰচলিত ব্যাখ্যা আছে। এই ব্যাখ্যা অনুযায়ী, পৰ্তুগীজ ভাষাত শব্দটোৰ অৰ্থ ভাল উপসাগৰ। ভাল শব্দৰ পৰ্তুগীজ প্ৰতিশব্দ bom (পুংলিঙ্গ) আৰু ইংৰাজী bay শব্দটোৰ ওচৰাওচৰি পৰ্তুগীজ প্ৰতিশব্দ baía (স্ত্ৰীলিং, পুৰণা বানানত bahia)। তদুপৰি সাধাৰণভাবে পৰ্তুগীজ ভাষাত ভাল উপসাগৰ শব্দটোৰ প্ৰতিশব্দ হিচাপে bom bahia শব্দটো ব্যাকৰণগতভাবে ভুল। সঠিক শব্দটো হ’ল boa bahia। যদিও ষোড়শ শতাব্দীৰ পৰ্তুগীজ ভাষাত "সৰু উপসাগৰ" অৰ্থত baim শব্দটোৰ প্ৰচলন অসম্ভব নাছিল। পৰ্তুগীজ পণ্ডিত জোচে পেদ্ৰো মাকাদোৱে তেখেতৰ Dicionário Onomástico Etimológico da Língua Portuguesa (Portuguese Dictionary of Onomastics and Etymology) গ্ৰন্থত "Bom Bahia" নামতত্ত্বটো খাৰিজ কৰিছে। তেখেতৰ মতে, পৰ্তুগীজ নথিপত্ৰত এই অঞ্চলত এখন উপসাগৰৰ উল্লেখ আছিল। সেই উল্লেখৰ পৰাই ইংৰাজসকলে ধৰি লয় যে bahia বা "bay" শব্দটো পৰ্তুগীজ নামৰে এটা অবিচ্ছেদ্য অংশ। এইভাবেই পৰ্তুগীজ নামৰ পৰা ইংৰাজী Bombay শব্দটোৰ প্ৰচলন হয়। ১৫০৭ চনত মিৰাদ-ই-আহমেদি গ্ৰন্থত এই অঞ্চলটোক মানবাই নামেৰে উল্লেখ কৰা হৈছে। ১৫০৮ চনত গ্যাসপাৰ কোৰিয়া নামৰ এক পৰ্তুগীজ লেখকে তেখেতৰ Lendas da Índia ("Legends of India") গ্ৰন্থত এই চহৰক Bombaim নামেৰে উল্লেখ কৰে। তেঁৱেই প্ৰথম পৰ্তুগীজ লেখক যাৰ ৰচনাত এই শব্দটোৰ উল্লেখ পোৱা যায়। ১৫১৬ চনত পৰ্তুগীজ আবিষ্কাৰক দুয়াৰ্তে বাৰবোসাই অলপ জটিল আকাৰত এই অঞ্চলৰ নাম Tana-Maiambu বা Benamajambu বুলি উল্লেখ কৰে। Tana পাৰ্শ্বৱৰ্তী থানে চহৰৰ নাম। Maiambu নামটো সম্ভ:বত মুম্বা নামৰ এক হিন্দু দেৱীৰ নামৰ পৰা উদ্ভৱ; তেখেতৰ নামেৰেই মাৰাঠীসকলে এই অঞ্চলৰ নামকৰণ কৰিছিল। ষোড়শ আৰু সপ্তদশ শতাব্দীত এই চহৰৰ অন্যান্য যি নামসমূহ নথিভুক্ত হৈছিল সেইবোৰ হ’ল: Mombayn (১৫২৫), Bombay (১৫৩৮), Bombain (১৫৫২), Bombaym (১৫৫২), Monbaym (১৫৫৪), Mombaim (১৫৬৩), Mombaym (১৬৪৪), Bambaye (১৬৬৬), Bombaiim (১৬৬৬), Bombeye (১৬৭৬), ও Boon Bay (১৬৯০). ইতিহাস বৰ্তমানৰ মুম্বাই অঞ্চলটো অতীতত সাতোটা দ্বীপবিশিষ্ট এটা দ্বীপপুঞ্জ আছিল। এই সাতোটা দ্বীপৰ নাম বোম্বাই দ্বীপ, পাৰেল, মাজাগাঁও, মাহিম, কোলাবা, বৰলি আৰু ওল্ড ওম্যান’চ আইল্যাণ্ড (আন এক নাম লিটল কোলাবা)। ১৯৩৯ চনত পুৰাতাত্ত্বিক টডে উত্তৰ মুম্বাইৰ কাণ্ডিবলিৰ উপকূলবৰ্তী অঞ্চলত খননকাৰ্য চলায় কিছু প্লেইষ্টোচিনৰ নিদৰ্শন আবিষ্কাৰ কৰে। তাৰ পৰাই জনা যায় প্ৰস্তৰ যুগৰ পৰাই এই অঞ্চলত জনবসতিৰ অস্তিত্ব আছিল। তথাপি এই অঞ্চলত প্ৰথম কেতিয়া জনবসতি স্থাপিত হৈছিল তাক জনা নাযায়। সম্ভবত দুই হাজাৰ বছৰ বা তাৰো আগেয়ে মৎস্যজীবী কোলি সম্প্ৰদায়ে এই অঞ্চলত বসতি স্থাপন কৰিছিল। খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত মৌৰ্য সাম্ৰাজ্যৰ দক্ষিণলৈ প্ৰসাৰৰ সময়ত এই অঞ্চল উক্ত সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। মগধৰ বৌদ্ধ মৌৰ্যসম্ৰাট মহামতি অশোক এই অঞ্চলৰো শাসনকৰ্তা আছিল।খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীৰ মধ্যভাগতেই বোৰিবলিৰ কানহেৰি গুহা খোদিত হৈছিল। এই গুহা আছিল প্ৰাচীনকালত পশ্চিম ভাৰতত বৌদ্ধধৰ্মৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ১৫০ খ্ৰীষ্টাব্দত গ্ৰীক ভূগোলবিদ টলেমিৰ ৰচনাত এই অঞ্চলটো হেপটানেচিয়া (Heptanesia; প্ৰাচীন গ্ৰীক: সপ্তদ্বীপখণ্ড) নামেৰে উল্লিখিত হৈছে। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতাব্দীৰ পৰা খ্ৰীষ্টিয় নবম শতাব্দীৰ মাজত এই দ্বীপসমূহ যি সকল দেশীয় ৰাজ্য আৰু সাম্ৰাজ্যৰ অধিকাৰভুক্ত হৈছিল, সেইবোৰ হ’ল: সাতবাহন, পশ্চিম ক্ষত্ৰপ, আভীৰ, বাকাটক, কলচুৰি, কোঙ্কণ মৌৰ্য, চালুক্য আৰু ৰাষ্ট্ৰকূট। ইয়াৰ পাছত ৮১০ৰ পৰা ১২৬০ খ্ৰীষ্টাব্দ পৰ্যন্ত এই অঞ্চল শাসন কৰে চিলহৰ ৰাজবংশই। এই যুগত নিৰ্মিত চহৰৰ কেইটামান প্ৰাচীন স্থাপত্য নিদৰ্শন হল যোগেশ্বৰী গুহা (৫২০-২৫ খ্ৰীষ্টাব্দ), এলিফেণ্টা গুহা (ষষ্ঠ-সপ্তম শতাব্দী), বলকেশ্বৰ মন্দিৰ (দশম শতাব্দী), আৰু বনগঙ্গা দিঘি (দ্বাদশ শতাব্দী)। দ্বাদশ অথবা ত্ৰয়োদশ শতাব্দীত ৰাজা ভীমদেবে এই অঞ্চলত তেখেতৰ ৰাজ্য প্ৰতিষ্ঠা কৰে। তেখেতৰ ৰাজধানী আছিল মাহিকাবতী (অধুনা মাহিম)। ভীমদেবে গুজৰাটৰ সৌৰাষ্ট্ৰৰ পৰা মাহিকাবতীত য’লৈ পাথাৰে প্ৰভু সম্প্ৰদায়ক এই অঞ্চললৈ লৈ আনে। এই সম্প্ৰদায়েই চহৰৰ প্ৰাচীনতম অধিবাসীসকলৰ অন্যতম। ১৩৪৮ চনত গুজৰাটৰ মুছলমান শাসকসকলে এই অঞ্চল অধিকাৰ কৰে। পাছত ১৩৯১ৰ পৰা ১৫৩৪ চন পৰ্যন্ত এই অঞ্চল গুজৰাট চুলতানিৰ অধীনত থাকে। চুলতানৰ পৃষ্ঠপোষকতাত এই অঞ্চলত অনেক মচজিদ নিৰ্মিত হৈছিল। এইবোৰৰ মাজত উল্লেখযোগ্য আছিল ১৪৩১ চনত মুছলমান সন্ত হাজি আলিৰ সম্মানত নিৰ্মিত মাহিমৰ হাজি আলি দৰগা। ১৪২৯ৰ পৰা ১৪৩১ চন পৰ্যন্ত এই দ্বীপপুঞ্জৰ অধিকাৰক লৈ গুজৰাট চুলতানী আৰু দাক্ষিণাত্যৰ বাহমনি চুলতানীৰ মাজত বিবাদ আছিল। ১৪৯৩ চনত বাহমনি শাসক বাহাদুৰ খান গিলানিয়ে এই দ্বীপসমূহ জয় কৰাৰ লক্ষ্যৰে অভিযান চলাইছিল। কিন্তু তেওঁ পৰাজিত হয়। ১৫২৬ চনত প্ৰতিষ্ঠিত মোগল সাম্ৰাজ্য ষোড়শ শতাব্দীৰ মধ্যভাগৰ পৰা ভাৰতীয় উপমহাদেশৰ প্ৰধান শক্তিলৈ পৰিণত হয়। মোগল সম্ৰাট হুমায়ুনৰ ক্ৰমবৰ্ধমান ক্ষমতাত ভীত হৈ গুজৰাট চুলতানিৰ ১৬৬৮ চনৰ ২৭ মাৰ্চৰ ৰাজকীয় চনদ অনুসৰি, ১৬৬৮ চনত বাৰ্ষিক ১০ পাউণ্ডৰ বিনিময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক এই দ্বীপসমূহ লিজত দিয়া হয়। ১৬৬১ চনত এই অঞ্চলৰ জনসংখ্যা আছিল ১০,০০০; এই জনসংখ্যা ১৬৭৫ চনত বাঢ়ি গৈ হয় ৬০,০০০। ১৬৭২ চনৰ অক্টোবৰত মোগল সাম্ৰাজ্যৰ সিদ্দি নৌপ্ৰধান ইয়াকুত খানে, ১৬৭৩ চনৰ ২০ ফেব্ৰুৱাৰী ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্নৰ-জেনেৰেল ৰিকলফ ভন গিয়নে, আৰু ১৬৭৩ চনৰ ১০ অক্টোবৰ সিদ্দি নৌপ্ৰধান সম্বলে এই দ্বীপসমূহ আক্ৰমণ কৰে। ১৬৮৭ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সদৰ চুৰাটৰ পৰা বোম্বাইলৈ তুলি অনা হয়। ইয়াৰ পাছতেই এই চহৰ বোম্বাই প্ৰেচিডেন্সিৰ সদৰত পৰিণত হয়। এই স্থানান্তৰণৰ পাছত ভাৰতত কোম্পানীৰ সকলো সংস্থাৰ প্ৰধান কাৰ্যালয়েই বোম্বাইলৈ তুলি অনা হয়। ১৬৮৯-৯০ চনত নাগাদে আৰু এবাৰ ইয়াকুত খানে এই দ্বীপসমূহত আক্ৰমণ কৰিছিল। পেছোৱা প্ৰথম বাজী ৰাওৰ অধীনত মাৰাঠীসকলে ১৭৩৭ চনত চেলচেট আৰু ১৭৩৯ চনত ভাচাই দখল কৰাত বোম্বাই অঞ্চলত পৰ্তুগীজৰ উপস্থিতিৰ পৰিসমাপ্তি ঘটে। অষ্টাদশ শতাব্দীৰ মধ্যভাগৰ পৰাই বোম্বাইয়ে এক প্ৰধান বাণিজ্য নগৰী ৰূপে আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। এই সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ এই অঞ্চললৈ আহি বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। পাছত ১৭৭৪ চনৰ ২৮ ডিচেম্বৰত ব্ৰিটিছসকলে চেলচেট দখল কৰি লয়। চুৰাটৰ চুক্তিৰ (১৭৭৫) পাছত চেলচেট আৰু ভাচাইৰ ওপৰত ব্ৰিটিছসকল আনুষ্ঠানিকভাবে অধিকাৰ অৰ্জন কৰে। ইয়াৰ ফলত প্ৰথম ইঙ্গ-মাৰাঠা যুদ্ধ সূচিত হয়। ১৭৭৬ চনত পুৰন্দৰৰ চুক্তিৰ মাধ্যমেৰে ব্ৰিটিছসকলে চেলচেট ৰক্ষা কৰাত সক্ষম হয়। পাছত ১৭৮২ চনৰ চালবাইৰ চুক্তি সাক্ষৰৰ মাধ্যমেৰে প্ৰথম ইঙ্গ-মাৰাঠা যুদ্ধৰ মীমাংসা হয়। ১৭৮২ চনৰ পাছৰ পৰা চহৰৰ সাতোটা দ্বীপক সুসংবদ্ধ একক অঞ্চলত পৰিণত কৰাৰ বাবে এটা বৃহদাকাৰ গণপুৰ্ত প্ৰকল্প গৃহীত হয়। হৰ্নবি ভেলাৰ্ড নামৰ এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হয় ১৭৮৪ চনত। ১৮১৭ চনত মাউণ্টষ্টুয়াৰ্ট এলফিনষ্টোনৰ নেতৃত্বত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিৰকীৰ যুদ্ধত শেষ মাৰাঠা পেছোৱা দ্বিতীয় বাজি ৰাওক পৰাজিত কৰে। এই পৰাজয়ৰ লগে লগে সমগ্ৰ দাক্ষিণাত্যত ব্ৰিটিছৰ আধিপত্য স্থাপিত হয়। সমগ্ৰ দক্ষিণ ভাৰত ইয়াৰ পাছতেই বোম্বাই প্ৰেচিডেন্সিৰ অধিভুক্ত হৈছিল। অন্যহাতে দাক্ষিণাত্যত ব্ৰিটিছৰ সাফল্যই বোম্বাইক সকলো প্ৰকাৰ দেশীয় শক্তিৰ আক্ৰমণৰ হাতৰ পৰা মুক্তি দিয়ে। ১৮৪৫ চনৰ মাজত হৰ্নবি ভেলাৰ্ড প্ৰকল্পৰ কল্যাণত বোম্বাইৰ সাতোটা দ্বীপ একক ভূখণ্ডত পৰিণত হয়। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত বোম্বাই আৰু পাৰ্শ্বৱৰ্তী চহৰ থানেৰ মাজত ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰেল পৰিসেৱা আৰম্ভ হয়। আমেৰিকাৰ গৃহযুদ্ধৰ (১৮৬১-৬৫) সময়ত বোম্বাই বিশ্বৰ প্ৰধান ক’পাৰ্চ বাণিজ্য বজাৰত পৰিণত হয়। ইয়াৰ ফলত চহৰৰ ব্যাপক অৰ্থনৈতিক উন্নতি সাধন হয় আৰু তাৰ ফলত চহৰৰ গুৰুত্বও বহুলাংশে বৃদ্ধি পায়। ১৮৬৯ চনত চুৱেজ খাল উদ্বোধনৰ পাছত বোম্বাই আৰব সাগৰৰ বৃহত্তম সমুদ্ৰবন্দৰত পৰিণত হয়। ১৮৯৬ চনৰ ছেপ্টেম্বৰ মাহত চহৰত বিউবনিক প্লেগ মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটাত প্ৰতি সপ্তাহে ১,৯০০ লোকৰ মৃত্যু হবলৈ আৰম্ভ কৰে। এই সময়ত প্ৰায় ৮৫০,০০০ লোকে বোম্বাই এৰি পলায়ন কৰে। ইয়াৰ বস্ত্ৰবয়ন শিল্পও ভীষণভাবে ক্ষতিগ্ৰস্থ হয়। বোম্বাই প্ৰেচিডেন্সিৰ ৰাজধানী হিচাপে এই চহৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিভিন্ন ঘটনাৰ সাক্ষী। এইবোৰৰ মাজত বিশেষভাবে উল্লেখযোগ্য ১৯৪২ চনৰ ভাৰত চোৰো আন্দোলন আৰু ১৯৪৬ চনৰ ভাৰতীয় নৌবিদ্ৰোহ। ১৯৪৭ চনত স্বাধীনতা অৰ্জনৰ পাছৰ পৰাই বোম্বাই প্ৰেচিডেন্সিৰ অঞ্চলসমূহ বোম্বাই ৰাজ্য নামেৰে ভাৰতৰ অন্তৰ্গত হয়। একাধিক দেশীয় ৰাজ্যৰ অন্তৰ্ভুক্তিৰ ফলত বোম্বাই ৰাজ্যৰ আয়তন বৃদ্ধি পায়। ১৯৫০ চনৰ এপ্ৰিল মাহত বোম্বাই উপনগৰ জিলা আৰু বোম্বাই নগৰীক একত্ৰিত কৰে বৃহত্তৰ বোম্বাই পৌৰসংস্থা গঠিত হয়। বৃহত্তৰ বোম্বাই ৰাজস্ব জিলা আৰু বৃহত্তৰ বোম্বাই পৌৰসংস্থাৰ ভৌগোলিক সীমা এই সময়ত একেই আছিল। ১৯৯০ চনৰ ১ অক্টোবৰত বৃহত্তৰ বোম্বাই জিলাক দ্বি-খণ্ডিত কৰি মুম্বাই জিলা আৰু মুম্বাই উপনগৰ জিলা গঠিত হয়। যদিও এই দুই জিলা একেই পৌৰসংস্থাৰ অধিভুক্ত। ১৯৫৫ চনৰ এক লোকসভা আলোচনাত ভাৰতীয় জাতীয় কংগ্ৰেছে মুম্বাই চহৰক লৈ এক স্বশাসিত নগৰৰাজ্য স্থাপনৰ দাবী জনায়। ১৯৫৬ চনত ৰাজ্য পুনৰ্গঠন কমিশ্বনে বোম্বাই চহৰক ৰাজধানী কৰি দ্বিভাষিক মহাৰাষ্ট্ৰ-গুজৰাট ৰাজ্য গঠনৰ চুপাৰিছ কৰে। বোম্বাই চিটিজেন্‌চ কমিটি নামৰ নেতৃস্থানীয় গুজৰাটী শিল্পপতিসকলৰ এটা সংস্থাই বোম্বাইৰ স্বশাসনৰ পক্ষে মতপ্ৰকাশ কৰে। ১৯৫৭ চনৰ নিৰ্বাচনত সংযুক্ত মহাৰাষ্ট্ৰ সমিতি এ সকলো প্ৰস্তাবৰ বিৰোধিতা কৰে। তেওঁলোকে বোম্বাইক মহাৰাষ্ট্ৰৰ ৰাজধানী ঘোষণা কৰাৰ দাবী জনায়। ইয়াকে লৈ আন্দোলন আৰম্ভ হয়। ফ্লোৰা ফাউণ্টেনোত এটা প্ৰতিবাদ সমাবেশত পুলিচৰ গুলি চালনাত ১০৫ জনৰ মৃত্যু হয়। ইয়াৰ পাছত ১৯৬০ চনৰ ১ মেত ভাষাৰ ভিত্তিত বোম্বাই ৰাজ্যক দ্বি-বিভক্ত কৰা হয়। বোম্বাই ৰাজ্যৰ গুজৰাটী-ভাষী অঞ্চলসমূহক লৈ গঠিত হয় গুজৰাট ৰাজ্য। অৱশিষ্ট বোম্বাই ৰাজ্যৰ মাৰাঠী-ভাষী অঞ্চল, মধ্য প্ৰদেশ আৰু বেৰাৰ ৰাজ্যৰ আঠখন জিলা, হায়দৰাবাদ ৰাজ্যৰ পাঁচখন জিলা আৰু উভয় ৰাজ্যৰ মধ্যবৰ্তীৰ অসংখ্য সৰু সৰু দেশীয় ৰাজ্যক লৈ গঠিত হয় মহাৰাষ্ট্ৰ ৰাজ্য। বোম্বাইক এই ৰাজ্যৰ ৰাজধানী ঘোষনা কৰা হয়। সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলনৰ স্মৰণত ফ্লোৰা ফাউণ্টেনৰ নামকৰণ কৰা হয় হুতাত্মা চক (ছহিদৰ চক); নিৰ্মিত হয় এটা ছহিদস্তম্ভও। পৰৱৰ্তী দশকত বোম্বাই চহৰৰ ব্যাপক উন্নতি সাধন হয়। ১৯৬০-ৰ দশকৰ শেষৰ ফালে সমুদ্ৰোত্থিত ভূভাগ নাৰীমন পইণ্ট আৰু কফ পেৰেডৰ বিকাশ ঘটোৱা হয়। ১৯৭৫ চনৰ ২৬ জানুৱাৰীত মহাৰাষ্ট্ৰ চৰকাৰে বোম্বাই মহানগৰীয় অঞ্চলৰ সুসংহত পৰিকল্পনা আৰু উন্নয়নৰ লক্ষ্যৰে বোম্বাই মেট্ৰোপলিটান ৰিজঅন ডেভেলপমেণ্ট অথৰিটি (বিএমআৰডিএ) নামৰ এটা সৰ্বোচ্চ ক্ষমতাসম্পন্ন সংস্থা প্ৰতিষ্ঠা কৰে। ১৯৭৯ চনৰ অগষ্ট মাহত চিটি অ্যাণ্ড ইণ্ডাষ্ট্ৰিয়াল ডেভেলপমেণ্ট কৰ্পোৰেছন (চিআইডিচিও) থানে আৰু ৰায়গডৰ সীমাত বোম্বাই চহৰৰ জনসংখ্যাৰ চাপ কমাবলৈ নিউ বোম্বাই নামৰ এক উপনগৰী স্থাপন কৰে। বোম্বাই হাৰবাৰৰ চাপ কমাবলৈ ১৯৮৯ চনৰ ২৬ মেত নব সেবাত জৱাহৰলাল নেহেৰু বন্দৰত কমিছন গঠন কৰা হয়। মুম্বাইৰ কেন্দ্ৰীয় বন্দৰ হিচাপে ব্যবহৃত এই বন্দৰে বৰ্তমান ভাৰতৰ কণ্টেনাৰাইজড কাৰ্গোৰ ৫৫-৬০ শতাংশ বহন কৰে। অতীতৰ বোম্বাই এখন শান্তিপূৰ্ণ চহৰ হলেও বিগত দুই বছৰত চহৰত সন্ত্ৰাসৰ ঘটনা বৃদ্ধি পাইছে। ১৯৯২-৯৩ চনত অযোধ্যাত বাবৰি মচজিদ ধ্বংস হোৱাৰ পাছত চহৰত হিন্দু-মুচলন্তৰ দাঙ্গা বৃদ্ধি পায়। এই দাঙ্গাত এক হাজাৰৰো বেছি লোক নিহত হয়। ১৯৯৩ চনৰ ১২ মাৰ্চত ইচলামী সন্ত্ৰাসবাদী আৰু বোম্বাই অন্ধকাৰ জগতৰ সংযোগস্থল চহৰৰ প্ৰধান প্ৰধান দৰ্শনীয় স্থানসমূহত ১৩টা পৰস্পৰ সম্পৰ্কযুক্ত বোমা বিস্ফোৰণৰ ঘটনা ঘটে। এই বিস্ফোৰণত ২৫৭ জনৰ মৃত্যু হয় আৰু ৭০০ জনৰো বেছি লোক আহত হয়। ২০০৬ চনত চহৰৰ যাত্ৰীবাহী ট্ৰেনসমূহত সাতোটা বোমাৰ বিস্ফোৰণ ঘটোৱা হয় য’ত ২০৯ জনৰ মৃত্যু হয় আৰু ৭০০ জনেৰো বেছি লোক আহত হয়। ২০০৮ চনত সশস্ত্ৰ উগ্ৰপন্থীসকলৰ দহটা পৰস্পৰ সংযুক্ত আক্ৰমণত ১৭৩ জনৰ মৃত্যু হয়, ৩০৮ জন আহত হয়, একাধিক ঐতিহাসিক স্থান আৰু গুৰুত্বপূৰ্ণ হোটেল ভীষণভাবে ক্ষতিগ্ৰস্থ হয়। বৰ্তমানে মুম্বাই ভাৰতৰ বাণিজ্যিক ৰাজধানী আৰু বিশ্ব অৰ্থনীতিৰ এক অন্যতম প্ৰধান কেন্দ্ৰ। কেইবা দশক ধৰি দেশৰ প্ৰধান প্ৰধান অৰ্থনৈতিক সংস্থাসমূহৰ প্ৰধান কাৰ্যালয় এই চহৰত অবস্থিত। এই কাৰণে ইয়াৰ পৰিকাঠামোৰ উন্নয়ন আৰু ব্যক্তিগত বিনিয়োগৰ ক্ষেত্ৰতো বিশেষ উন্নতি সাধিত হৈছে। এইভাবে প্ৰাচীন মৎস্যজীবী সম্প্ৰদায়ৰ বসতি আৰু ঔপনিবেশিক যুগৰ বাণিজ্য নগৰীৰ পৰা মুম্বাই আজি পৰিণত হৈছে দক্ষিণ এছিয়াৰ বৃহত্তম চহৰ আৰু বিশ্বৰ সৰ্বাপেক্ষা বৰ্ণময় চলচ্চিত্ৰ কেন্দ্ৰৰ পাদপীঠত। ভূগোল ভাৰতৰ পশ্চিমাঞ্চলীয় ৰাজ্য মহাৰাষ্ট্ৰত অক্ষ-দ্ৰাঘিমাংশত মুম্বাই চহৰ অৱস্থিত। এই চহৰ মুম্বাই জিলা আৰু মুম্বাই উপনগৰ জিলা নামেৰে মহাৰাষ্ট্ৰৰ দুটি পৃথক ৰাজস্ব জিলাক লৈ গঠিত। মূল চহৰাঞ্চলক দ্বীপচহৰ বা আইল্যাণ্ড চিটি নামেৰেও অভিহিত কৰা হয়। মুম্বাইৰ মুঠ আয়তন ৬০৩.৪ বৰ্গকিলোমিটাৰ। এৰ ৪৩৭.৭১ বৰ্গকিলোমিটাৰ অঞ্চলটৰ মাজত দ্বীপচহৰৰ আয়তন ৬৭.৭৯ বৰ্গকিলোমিটাৰ আৰু উপনগৰ জিলাৰ আয়তন ৩৭০ বৰ্গকিলোমিটাৰ। এই দুই অঞ্চল বৃহন্মুম্বাই পৌৰসংস্থাৰ (বিএমচ)ৰ এক্তিয়াৰভুক্ত। অৱশিষ্ট অঞ্চল প্ৰতিৰক্ষা মন্ত্ৰক, মুম্বাই বন্দৰ কৰ্তৃপক্ষ, পৰমাণু শক্তি কমিছন আৰু বোৰবলি জাতীয় উদ্যানৰ এক্তিয়াৰভুক্ত, যিটো বিএমচি-ৰ এক্তিয়াৰৰ বাহিৰত অৱস্থিত। ভাৰতৰ পশ্চিম উপকূলৰ কোঙ্কণ অঞ্চলত উলহাচ নদীৰ মোহনাত সাষ্টী দ্বীপত মুম্বাই অৱস্থিত। সাষ্টী দ্বীপৰ কিয়দংশ আকৌ থানে জিলাৰ অন্তৰ্গত। মুম্বাইৰ পশ্চিমাংশ আৰব সাগৰৰ দ্বাৰা বেষ্টিত। চহৰৰ অনেক অঞ্চলেই সমুদ্ৰপৃষ্ঠৰ পৰা সামান্য উচ্চতাত অৱস্থিত। চহৰৰ উচ্চতা মোটামুটি ১০ পৰা ১৫ মিটাৰৰ মাজত; গড় উচ্চতা ১৪ মিটাৰ। উত্তৰ মুম্বাই (সাষ্টী) অঞ্চলটো পৰ্বতময়। সাষ্টীত পোবাই-কানহেৰি পৰ্বতশ্ৰেণীৰ ৪৫০ মিটাৰ উচ্চতাত চহৰৰ উচ্চতম স্থানটো অৱস্থিত। সঞ্জয় গান্ধী জাতীয় উদ্যান (বোৰিবলি জাতীয় উদ্যানৰ) কিছুঅংশ মুম্বাই উপনগৰ জিলাত, কিছুঅংশ থানে জিলাত অৱস্থিত। এই উদ্যানৰ আয়তন ১০৩.০৯ বৰ্গকিলোমিটাৰ। ভাস্তা জলাধাৰৰ বাহিৰে আৰু যি ছটা প্ৰধান হ্ৰদৰ পৰা চহৰৰ পানী সৰবৰাহ কৰা হয় সেইবোৰ হ’ল বিহাৰ, নিম্ন বৈতৰ্ণ, উচ্চ বৈতৰ্ণ, তুলসী, তানসা আৰু পগ্ৰন্থ হ্ৰদ। তুলসী আৰু বিহাৰ হ্ৰদ চহৰৰ সীমাৰ মাজতই বোৰিবলি জাতীয় উদ্যান অৱস্থিত। পোবাই হ্ৰদটোও চহৰৰ সীমাৰ মাজত অৱস্থিত; তথাপি এই হ্ৰদৰ পানী কেবলমাত্ৰ কৃষি আৰু শিল্পকাৰখানাৰ প্ৰয়োজনহে ব্যবহৃত হয়। উদ্যানৰ মাজত তিনিখন সৰু নদীৰ উৎসস্থল অবস্থিত। এইবোৰ হ’ল দহিচৰ, পইচৰ বা পইচৰ আৰু ওহিয়াৰা বা ওছিয়াৰা। বৰ্তমানে দুষিত মিঠি নদীৰ উৎস তুলসী হ্ৰদ; এই নদীয়ে বিহাৰ আৰু পোবাই হ্ৰদৰ অতিৰিক্ত পানী ধাৰণ কৰে। চহৰৰ উপকূলভাগত অসংখ্য খাল অৱস্থিত। এইবোৰ পশ্চিমলৈ [[থানে খালৰ] পৰা পূৰ্বলৈ মধ মাৰ্ভে পৰ্যন্ত প্ৰসাৰিত। সাষ্টী দ্বীপৰ পূৰ্ব উপকূলভাগত এটা জৈববৈচিত্ৰ্যৰে সমৃদ্ধ বৃহৎ ম্যানগ্ৰোভ জলাভূমি অৱস্থিত। অন্যদিশে পশ্চিমৰ উপকূলভাগ বালিময় আৰু শিলাময়। সমুদ্ৰৰ নিচেই কাষত হোৱাৰ কাৰণে মুম্বাই চহৰ অঞ্চলৰ মাটি প্ৰধানত বেলে প্ৰকৃতিৰ। উপনগৰ অঞ্চলৰ মাটি অৱশ্যে পলসুৱা আৰু সাৰুৱা প্ৰকৃতিৰ। এই অঞ্চলৰ ভূগৰ্ভস্থ শিলাস্তৰ কলা দাক্ষিণাত্য বেচল্ট প্ৰকৃতিৰ। ইয়াৰ এচিডিক আৰু মৌলিক উপাদানসমূহ পৰৱৰ্তী ক্ৰিটোচিয়াচৰ পৰা আদি ইয়োচিন যুগীয়। মুম্বাই এক ভূমিকম্পপ্ৰবণ অঞ্চলত অৱস্থিত; চহৰৰ নিকটবৰ্তী এলেকাত ২৩টা চ্যুতিৰেখাৰ উপস্থিতি পৰিলক্ষিত হয়। অঞ্চলটোক ভূমিকম্পপ্ৰবণ ক্ষেত্ৰ ৩ অঞ্চলত বৰ্গভুক্ত কৰা হয়। ৰ অৰ্থ ৰিখটাৰ স্কেলত ৬.৫ মাত্ৰাৰ ভূমিকম্প ইয়াত স্বাভাবিক। জলবায়ু মুম্বাইৰ জলবায়ু ক্ৰান্তীয় প্ৰকৃতিৰ। কোপেন জলবায়ু বৰ্গীকৰণ অনুযায়ী এই জলবায়ু ক্ৰান্তীয় আৰ্দ্ৰ আৰু শুষ্ক প্ৰকৃতিৰ। ইয়াত সাত মাহ শুষ্ক আৱাহাৱা বিৰাজ কৰে আৰু জুলাই মাহত প্ৰচুৰ বৃষ্টিপাত হয়। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহ পৰ্যন্ত শীতকালত আৰু মাৰ্চৰ পৰা জুন মাহ পৰ্যন্ত গ্ৰীষ্মকাল বিৰাজ কৰে। জুনৰ পৰা চেপ্টেম্বৰৰ শেষ ভাগ পৰ্যন্ত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়। অক্টোবৰ-নৱেম্বৰ মাহত ইয়াত বিৰাজ কৰে শৰৎকাল। মে মাহত এই অঞ্চলত প্ৰাকবৰ্ষা বৃষ্টিপাত দেখা যায়। আকৌ অক্টোবৰ-নৱেম্বৰ মাহত উত্তৰ-পূৰ্ব মৌচুমী বায়ুৰ প্ৰভাৱতো কিছু বৃষ্টিপাত সংঘটিত হয়। ১৯৫৪ চনত মুম্বাইত সৰ্বোচ্চ বাৰ্ষিক বৃষ্টিপাত নথিভুক্ত হৈছিল ৩৪৫২ মিলিমিটাৰ। ২০০৫ চনৰ ২৬ জুলাইত চহৰত একেদিনাই বৃষ্টিপাত হয় ৯৪৪ মিলিমিটাৰ। এইয়াই মুম্বাইৰ এদিনৰ সৰ্বোচ্চ বৃষ্টিপাতৰ ৰেকৰ্ড। চহৰৰ গড় মুঠ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ দ্বীপচহৰত ২১৪৬.৬ মিলিমিটাৰ আৰু উপনগৰ অঞ্চলত ২৪৫৭ মিলিমিটাৰ। মুম্বাইৰ গড় বাৰ্ষিক তাপমাত্ৰা ২৭.২° চেণ্টিগ্ৰেড আৰু গড় বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ২১৬.৭ চেণ্টিমিটাৰ। দ্বীপচহৰৰ বাৰ্ষিক সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা যথাক্ৰমে ৩১.২° চেণ্টিগ্ৰেড আৰু ২৩.৭°চেণ্টিগ্ৰেড। উপনগৰ অঞ্চলত দৈনিক সাধাৰণ সৰ্বোচ্চ তাপমাত্ৰা ২৯.১° চেণ্টিগ্ৰেডৰ পৰা ৩৩.৩° চেণ্টিগ্ৰেডৰ মাজত থাকে; অন্যহাতে দৈনিক সাধাৰণ সৰ্বনিম্ন তাপমাত্ৰা থাকে ১৬.৩° চেণ্টিগ্ৰেডৰ পৰা ২৬.২° চেণ্টিগ্ৰেডৰ ভিতৰত। ১৯৮২ চনৰ ২৮ মাৰ্চত চহৰৰ তাপমাত্ৰা আছিল ৪০.২° চেণ্টিগ্ৰেড; এইটো চহৰৰ সৰ্বোচ্চ তাপমাত্ৰাৰ ৰেকৰ্ড। অন্যহাতে ১৯৬২ চনৰ ২৭ জানুৱাৰীত চহৰৰ তাপমাত্ৰা আছিল ৭.৪° চেণ্টিগ্ৰেড; এইটো চহৰৰ সৰ্বনিম্ন তাপমাত্ৰাৰ ৰেকৰ্ড। অৰ্থনীতি মুম্বাই ভাৰতৰ বৃহত্তম চহৰ আৰু অৰ্থনৈতিক ৰাজধানী। দেশৰ সামগ্ৰিক জিডিপিৰ ৫ শতাংশ উৎপাদিত হয় এই চহৰতে। ইয়াৰ বাহিৰেও মুম্বাই ভাৰতৰ এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰও। দেশৰ সামগ্ৰিক কাৰখানা শ্ৰমিক নিয়োগৰ ১০ শতাংশ, শিল্পোৎপাদনৰ ২৫ শতাংশ, আয়কৰ সংগ্ৰহৰ ৩৩ শতাংশ, বহিঃশুল্কৰ ৬০ শতাংশ, কেন্দ্ৰীয় অন্তঃশুল্কৰ ২০ শতাংশ বৈদেশিক বাণিজ্যৰ ৪০ শতাংশ আৰু ৪ হাজাৰ কোটি টাকা কৰ্পোৰেট কৰৰ উৎস হল মুম্বাই। মুম্বাইৰ জিডিপি ২০০,৪৮৩ কোটি টকা আৰু জনেপ্ৰতি আয় ১২৮,০০০ টকা। মুম্বাইৰ জনেপ্ৰতি আয় ভাৰতৰ জাতীয় গড়ৰ জনেপ্ৰতি আয়ৰ তিন গুণ। ভাৰতৰ অসংখ্য শিল্পগোষ্ঠী (লাৰচেন অ্যাণ্ড টব্ৰো, ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় ষ্টেট বেংক, ভাৰতীয় জীৱন বিমা নিগম, টাটা গোষ্ঠী, গোদৰেজ গোষ্ঠী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ সহ) আৰু পাঁচটা ফৰচুন গ্লোবাল ৫০০ কোম্পানিৰ প্ৰধান কাৰ্যালয় মুম্বাইত অবস্থিত। এই অঞ্চলত অনেক বিদেশী বেংক আৰু বাণিজ্যিক সংস্থাৰ শাখাও আছে। এইবোৰৰ মাজত বিশ্ব বাণিজ্য কেন্দ্ৰ বিশেষভাবে উল্লেখযোগ্য। ১৯৭০-ৰ দশক পৰ্যন্ত মুম্বাইৰ অৰ্থনৈতিক সমৃদ্ধিৰ পশ্চাতত আছিল বস্ত্ৰবয়ন শিল্প আৰু বৈদেশিক বাণিজ্য। কিন্তু তাৰ পাছৰ পৰা ইঞ্জিনিয়াৰিং, হিৰা-পলিছ, স্বাস্থ্য পৰিসেৱা আৰু তথ্যপ্ৰযুক্তি শিল্পৰ অভাবনীয় বিকাশৰ ফলত ইয়াৰ স্থানীয় অৰ্থনীতিৰ প্ৰভুত উন্নতি ঘটে। ২০০৮ চনত, গ্লোবালাইজেছন এণ্ড ওৱৰ্ল্ড চিটিজ ষ্টাডি গ্ৰুপ (জিএডব্লিউচি)য়ে তেওঁলোকৰ বিশ্ব নগৰী বৰ্গীকৰণৰ তৃতীয় বৰ্গৰ "আলফা বিশ্ব নগৰী"ৰ ৰূপত মুম্বাইক ঘোষণা কৰিছে। কেন্দ্ৰীয় আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল চহৰৰ মূল কৰ্মীশক্তি। অনিপূণ আৰু অৰ্ধনিপূণ স্বনিযুক্তৰ সংখ্যাও মুম্বাইত প্ৰচুৰ। এওঁলোক মূলত হকাৰ, টেক্সি ড্ৰাইভাৰ, মেকানিক আৰু অন্যান্য ব্লু কলাৰ কামত নিযুক্ত। চহৰৰ বন্দৰ আৰু জাহাজনিৰ্মাণ শিল্প সুবিখ্যাত। মুম্বাই বন্দৰ ভাৰতৰ অন্যতম প্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ বন্দৰ। মাজত মুম্বাইৰ ধাৰাবিত এটা ক্ৰমবৰ্ধমান পুনৰ্নবীকৰণ শিল্প বিদ্যমান। ইয়াত চহৰৰ অন্যান্য অংশৰ পৰা সংগৃহীত বৰ্জ্য পদাৰ্থৰ পুনৰ্নবীকৰণ কৰা হয়। জিলাত প্ৰায় ১৫,০০০ চিঙ্গল-ৰুমৰ কাৰখানা আছে। ভাৰতৰ প্ৰধান টেলিভিশ্বন আৰু চেটেলাইট নেটৱৰ্ক আৰু দেশৰ প্ৰধান কেইবাটাও প্ৰকাশন সংস্থাৰ প্ৰধান কাৰ্যালয়ো মুম্বাইত অৱস্থিত। মুম্বাইতে অৱস্থিত বলিউড নামৰ হিন্দী চলচ্চিত্ৰ শিল্পকেন্দ্ৰটো ভাৰতৰ বৃহত্তম আৰু বিশ্বৰ অন্যতম বৃহৎ চলচ্চিত্ৰ প্ৰস্তুতকাৰক। ভাৰতৰ অন্যান্য অংশৰ দৰে মুম্বাইয়ো ১৯৯১ চনৰ অৰ্থনৈতিক উদাৰীকৰণৰ সুফল ভোগ কৰিছে। ১৯৯০-ৰ দশকৰ মাজভাগৰ পৰা চহৰৰ অৰ্থনৈতিক ব্যবস্থাত ব্যাপক উন্নতি সাধন হয়। ২০০০-ৰ দশকত মুম্বাইই তথ্যপ্ৰযুক্তি, বৈদেশিক বাণিজ্য, পৰিসেৱা আৰু আউটচৰ্চিং-ৰ ক্ষেত্ৰত ব্যাপক উন্নতি লাভ কৰে। বিশ্বব্যাপী বাণিজ্যকেন্দ্ৰ সূচী ২০০৮-ত মুম্বাইই ৪৮তম স্থান অধিকাৰ কৰে। ২০০৮ চনৰ এপ্ৰিল মাহত ফ’ৰ্বচ আলোচনীৰ "টপ টেন চিটিজ ফৰ বিলিয়নাৰচ"ৰ তালিকাত সপ্তম আৰু এই সকলো বিলিয়নাৰসকলৰ গড় সম্পত্তিৰ হিচাব অনুযায়ী প্ৰথম স্থান দখল কৰে। নগৰ প্ৰশাসন দক্ষিণে কোলাবাৰ পৰা উত্তৰে মুলুন্দ, মানখুৰ্দ আৰু দহিচৰ পৰ্যন্ত বিস্তৃত মুম্বাইৰ প্ৰশাসনিক দায়িত্ব বৃহন্মুম্বাইপৌৰসংস্থাৰ (বিএমচি; পূৰ্বনাম বোম্বাই পৌৰসংস্থা) হাতত ন্যস্ত। চহৰৰ নাগৰিক পৰিসেৱা আৰু পৰিকাঠামোগত পৰিসেৱাৰ দায়িত্বও বিএমচি-ৰ হাতত ন্যস্ত। পৌৰসংস্থাৰ কাউন্সিলাৰসকলে আঢ়ৈ বছৰৰ ব্যৱধানত এজন মেয়ৰক নিৰ্বাচিত কৰে। মিউনিচিপ্যাল কমিছনাৰ পৌৰসংস্থাৰ মুখ্য কাৰ্যনিৰ্বাহী আধিকাৰী আৰু প্ৰশাসনিক শাখাৰ প্ৰধান। যাৱতীয় প্ৰশাসনিক ক্ষমতা তেখেতৰ হাততেই ন্যস্ত। এওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা নিয়োজিত এজন আইএএচ স্তৰীয় আধিকাৰী। পৌৰসংস্থা চহৰৰ স্থানীয় স্বায়ত্ত্বশাসন সংস্থা। এই সংস্থা চহৰৰ প্ৰশাসনিক নীতি নিৰ্ধাৰণৰ দায়িত্বপ্ৰাপ্ত হলেও, এই নীতিসমূহ কাৰ্যকৰি কৰাৰ যাৱতীয় ক্ষমতা মিউনিচিপ্যাল কমিশছনাৰৰ হাততহে ন্যস্ত। ৰাজ্যৰ আইন অনুযায়ী নিৰ্দিষ্ট বাবে এই কমিছনাৰ নিযুক্তি সময়ে সময়ে কৰা হয়। উক্ত আইন আৰু পৌৰসংস্থা অথবা ষ্টেণ্ডিং কমিটিৰ প্ৰতিনিধিৰ দ্বাৰা কমিছনাৰৰ ক্ষমতাও বিধিবদ্ধ কৰা আছে। মুম্বাইৰ দুই ৰাজস্ব জিলাই এজন কৈ জিলা কালেকটৰৰ অধীনস্থ। এই কালেকটৰসকল সম্পত্তি প্ৰবন্ধন, ভাৰত চৰকাৰৰ হৈ ৰাজস্ব আদায় আৰু চহৰত অনুষ্ঠিত জাতীয় নিৰ্বাচনৰ তত্ত্বাবধানৰ দায়িত্বপ্ৰাপ্ত। মুম্বাই পুলিচৰ প্ৰধান পুলিচ কমিছনাৰ এজন আইপিএচ স্তৰীয় আধিকাৰী। মুম্বাইৰ পুলিচ ৰাজ্য স্বৰাষ্ট্ৰ মন্ত্ৰকৰ অধীনস্থ। মুম্বাই সাতটা পুলিচ ক্ষেত্ৰ আৰু সোতৰটা ট্ৰেফিক পুলিচ ক্ষেত্ৰত বিভক্ত। প্ৰত্যেক ক্ষেত্ৰৰ দায়িত্বত থাকে এজন কৈ ডেপুটি পুলিচ কমিছনাৰ। মুম্বাই ট্ৰেফিক পুলিচ মুম্বাই পুলিচৰ অধীনস্থ এটা অৰ্ধ-স্বশাসিত সংস্থা। মুম্বাই দমকল পৰিসেৱা এজন মুখ্য দমকল আধিকাৰী, চাৰিজন উপমুখ্য দমকল আধিকাৰী আৰু ছজন বিভাগীয় আধিকাৰীৰ নেতৃত্বাধীন। বোম্বাই হাইকোৰ্ট মুম্বাইত অৱস্থিত। মহাৰাষ্ট্ৰ আৰু গোৱা ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চল দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলি এই হাইকোৰ্টৰ এক্তিয়াৰভুক্ত। ইয়াৰ বাদেও দেৱানী বিচাৰৰ বাবে একাধিক সৰু আদালত আৰু ফৌজদাৰী অপৰাধৰ বিচাৰেৰ বাবে একাধিক দায়ৰা আদালতো আছে। মুম্বাইত সন্ত্ৰাসৰ ষড়যন্ত্ৰ আৰু সংগঠনৰ বিচাৰৰ বাবে এক বিশেষ টাডা (টেৰোৰিজম এণ্ড ডিচৰাপটিভ অ্যাকটিভিটজ) আদালত আছে। ৰাজনীতি মুম্বাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মস্থান আৰু অতীতৰ এক শক্তিশালী ঘাঁটি। ১৮৮৫ চনৰ ২৮-৩১ ডিচেম্বৰত বোম্বাই চহৰতেই জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। কংগ্ৰেছৰ প্ৰথম পঞ্চাশ বছৰত মুঠ ছবাৰ ইয়াতেই কংগ্ৰেছৰ অধিবেশন আয়োজিত হৈছিল। বিংশ শতাব্দীতো বোম্বাই সেয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক অন্যতম প্ৰধান কেন্দ্ৰত পৰিণত হয়। ১৯৬০-ৰ দশকত বোম্বাইত আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ উত্থান ঘটে। ১৯৬৬ চনৰ ১৯ জুনত শিবসেনা দলটি প্ৰতিষ্ঠিত হয়। এই দলে মহাৰাষ্ট্ৰৰ স্থানীয় অধিবাসী মাৰাঠীসকলৰ অধিকাৰৰ সপক্ষে মতপ্ৰকাশ কৰে আৰু মুম্বাই পৰা উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় অভিবাসীৰ বলপূৰ্বক বিতাড়িত কৰাৰ অভিযান আৰম্ভ কৰে। স্বাধীনতাৰ পাছৰ পৰা ১৯৮০-ৰ দশকৰ মধ্যভাগ পৰ্যন্ত চহৰৰ ৰাজনীতিত কংগ্ৰেছৰ একাধিপত্য টিকি আছিল। ১৯৮৫ চনত বোম্বাই পৌৰসংস্থা নিৰ্বাচনত শিবসেনাই জয়লাভ কৰাত এই একাধিপত্য ব্যাহত হয়। ১৯৮৯ চনত ভাৰতীয় জনতা দল আৰু শিবসেনাই একেলগে নিৰ্বাচনত অবতীৰ্ণ হৈ কংগ্ৰেছক পৰাজিত কৰি মহাৰাষ্ট্ৰ বিধানসভাত ক্ষমতা দখল কৰে। ১৯৯৯ চনত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপিয়ে) কংগ্ৰেছৰ একতা ভাঙি ওলায় আহে। পাছত এই দলে কংগ্ৰেছৰ লগত জোট বান্ধি গণতান্ত্ৰিক ফ্ৰণ্ট গঠন কৰে। বৰ্তমানে মহাৰাষ্ট্ৰ নবনিৰ্মাণ সেনা (এমএনএচ), সমাজবাদী পাৰ্টি (এচপি), বহুজন সমাজ পাৰ্টি (বিএসপি) প্ৰভৃতি দল আৰু একাধিক নিৰ্দলীয় প্ৰাৰ্থীয়েও মুম্বাইত নিৰ্বাচনত অবতীৰ্ণ হয়। মুম্বাই ছটা লোকসভা (সংসদীয়) কেন্দ্ৰক লৈ গঠিত। এইবোৰ হ’ল: মুম্বাই উত্তৰ, মুম্বাই উত্তৰ পশ্চিম, মুম্বাই উত্তৰ পূৰ্ব, মুম্বাই উত্তৰ মধ্য, মুম্বাই দক্ষিণ মধ্য আৰু মুম্বাই দক্ষিণ লোকসভা কেন্দ্ৰ। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত এই কেন্দ্ৰসমূহৰ মাজত পাঁচটাতে কংগ্ৰেছ আৰু এটাত এনচিপিয়ে জয়লাভ কৰে। অন্যহাতে মুম্বাইত মহাৰাষ্ট্ৰ বিধানসভাৰ ৩৬টা কেন্দ্ৰ অৱস্থিত। ২০০৯ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত এই কেন্দ্ৰসমূহৰ মাজত ১৭টাত কংগ্ৰেছ, ৬টাত এমএনএচ, ৫টাত বিজেপি, ৪টাত শিবসেনা আৰু এটাত এচপিয়ে জয়লাভ কৰে। বৃহন্মুম্বাই পৌৰসংস্থাৰ কৰ্পোৰেটসকল প্ৰতি পাঁচ বছৰৰ ব্যৱধানত নিৰ্বাচিত হয়। এই পৌৰসংস্থা ২৪টা মিউনিচিপ্যাল ওৱাৰ্ডৰ ২২৭ জন নিৰ্বাচিত জনপ্ৰতিনিধি, পৌৰপ্ৰশাসনৰ বিশেষ জ্ঞান আৰু অভিজ্ঞতাসম্পন্ন পাঁচ জন মনোনীত কাউন্সিলৰ আৰু এজন মেয়ৰক লৈ গঠিত। মুম্বাইৰ মেয়ৰ পদটো প্ৰধানত: নামসৰ্বস্ব। ২০০৭ চনৰ পৌৰনিৰ্বাচনত ২২৭খন আসনৰ মাজত শিবসেনা-বিজেপি জোটে ১১১খন আসন সহ ক্ষমতা দখল কৰে। অন্যহাতে কংগ্ৰেছ-এনচিপি জোটে পায় ৮৫খন আসন। মুম্বাইৰ মেয়ৰ, ডেপুটি মেয়ৰ আৰু মিউনিচিপ্যাল কমিছনাৰৰ কাৰ্যকালৰ মিয়াদ আঢ়ৈ বছৰ। পৰিবহণ ব্যৱস্থা জনপৰিবহণ ব্যৱস্থা মুম্বাইৰ জন পৰিবহণ ব্যৱস্থাৰ অন্তৰ্গত পৰিবহণ মাধ্যমবোৰ হ’ল মুম্বাই পাতালবাহী ৰেল, বৃহন্মুম্বাই ইলেকট্ৰিক চাপ্লাই এণ্ড ট্ৰান্সপোৰ্ট (বিইএচটি) বাচ, টেক্সি, অ’ট ৰিস্কা আৰু ফেৰী। ২০০৮ চনৰ হিচাব অনুযায়ী, পাতালবাহী ৰেল আৰু বিইএচটি বাচ পৰিসেৱাৰ মাধ্যমেৰে চহৰৰ ৮৮ শতাংশ যাত্ৰীয়ে পৰিবহণ কৰে। কলা আৰু হালধীয়া মিটাৰযুক্ত টেক্সি পৰিসেৱা সমগ্ৰ চহৰতেই পোৱা যায়। উল্লেখ্য, টেক্সিৰে মুম্বাইৰ সকলোতে প্ৰবেশ কৰিব পাৰিলেও, অ’ট ৰিস্কা চলাচলৰ অনুমতি কেবলমাত্ৰ চহৰৰ উপনগৰ অঞ্চলতহে আছে। আইনানুসৰি, মুম্বাইৰ টেক্সি আৰু অ’ট ৰিস্কাই ঘন প্ৰাকৃতিক গেচ্‌ক ইন্ধন হিচাপে ব্যবহাৰ কৰিব লাগে। এই দুই পৰিসেৱা চহৰৰ সুলভ আৰু কম খৰচৰ যাত্ৰী পৰিসেৱা। ২০০৮ চনৰ হিচাব অনুযায়ী, মুম্বাই চহৰত মুঠ যানবাহনৰ সংখ্যা ১৫,৩০০,০০০। আকৌ ২০০৫ চনৰ এক হিচাব অনুযায়ী, চহৰত কলা আৰু হালধীয়া টেক্সিৰ সংখ্যা ৫৬,৪৫৯ আৰু অ’ট ৰিস্কাৰ সংখ্যা ১,০২,২২৪। নবি মুম্বাইৰ এনএমএমটিয়ে মুম্বাইত ভলভো বাচ চলায়। এই বাচসমূহ নবি মুম্বাইৰ পৰা বান্দ্ৰা, দিনদোশি আৰু বোৰিবলি পৰ্যন্ত চলাচল কৰে। স্থলপথ ভাৰতৰ ৰাষ্ট্ৰীয় পথ ব্যৱস্থাৰ ৩ নং ৰাষ্ট্ৰীয় পথ, ৪ নং ৰাষ্ট্ৰীয় পথ আৰু ৮ নং ৰাষ্ট্ৰীয় পথএ মুম্বাইক দেশৰ অন্যান্য অংশৰ লগত যুক্ত কৰিছে। মুম্বাই-পুনে এক্সপ্ৰেচ ভাৰতত নিৰ্মিত প্ৰথম এক্সপ্ৰেচ। ইয়াৰ বাদেও মুম্বাই-ভদোদৰা এক্সপ্ৰেচ বৰ্তমানে নিৰ্মাণাধীন। মাহিম কজৱে আৰু সদ্যনিৰ্মিত ৰাজীব গান্ধী সমুদ্ৰসেতুৱে দ্বীপচহৰৰ লগত পশ্চিম উপনগৰৰ সংযোগ ৰক্ষা কৰিছে। চহৰৰ তিনিটা প্ৰধান ৰাস্তা হল চিয়নৰ পৰা থানে পৰ্যন্ত প্ৰসাৰিত ইষ্টাৰ্ন এক্সপ্ৰেচ হাইওৱে, চিয়নৰ পৰা পানভেল পৰ্যন্ত প্ৰসাৰিত চিয়ন পানভেল এক্সপ্ৰেচ আৰু বান্দ্ৰাৰ পৰা বোৰিবলি পৰ্যন্ত প্ৰসাৰিত ওয়েষ্টাৰ্ন এক্সপ্ৰেচ হাইওৱে। ২০০৮ চনৰ হিচাপ অনুযায়ী, মুম্বাইৰ বাচ পৰিসেৱাই প্ৰতিদিনে পঁচপন্ন লক্ষ যাত্ৰী বহন কৰে। চহৰৰ সকলো অঞ্চলত আৰু নবি মুম্বাই, মীৰা-ভায়ান্দৰ আৰু থানে অঞ্চলতো বিইএচটি-ৰ পাবলিক বাচ পৰিসেৱা সুলভ। কম দূৰত্বৰ ভ্ৰমণৰ বাবে যাত্ৰীসকলে বাচৰ ব্যৱহাৰেই বেছিকৈ কৰে। যদিও বেছিদূৰত্বৰ ভ্ৰমণৰ ক্ষেত্ৰত ট্ৰেন বেছি সস্তা। বিইএচটিয়ে মুঠ ৪,০১৩খন বাচ চলায়। এইবোৰৰ মাজত চিচিটিভি কেমেৰা লগোৱা থাকে। এই বাচবোৰে ৩৯০টা ৰুটেৰে দৈনিক ৪৫ লক্ষ যাত্ৰীৰ পৰিবহণ কৰে। এই বাচসমূহৰ মাজত আছে চিঙ্গল-ডেকাৰ, ডাবল-ডেকাৰ, ভেষ্টিবিউল, লো-ফ্লোৰ, প্ৰতিবন্ধী-সহায়ক, বাতানুকূল আৰু ইউৰো থ্ৰি মানসম্মত ঘন প্ৰাকৃতিক গেচ চালিত বাচ। মহাৰাষ্ট্ৰ ৰাজ্য পথ পৰিবহণ সংস্থা (এমএচআৰটিচি)ৰ বাচবোৰ আন্তঃনগৰীয় পৰিবহণৰ কামত ব্যবহৃত হয়। এই বাচসমূহে মহাৰাষ্ট্ৰৰ অন্যান্য চহৰৰ লগত মুম্বাইৰ যোগাযোগ ৰক্ষা কৰে। মুম্বাই দৰ্শন নামৰ এটা পৰ্যটক বাচ পৰিসেৱাই পৰ্যটকক মুম্বাইৰ দৰ্শনীয় স্থানবোৰ ঘূৰি দেখুওৱাত সহায় কৰে। মুম্বাই বিআৰটিএচ (বাচ ৰ‌্যাপিড ট্ৰানজিট চিষ্টেম)ৰ লেনবোৰ সমগ্ৰ মুম্বাইৰ সুবিধাৰ্থে পৰিকল্পিত হৈছে। ২০০৯ চনৰ মাৰ্চ মাহ অবধি এই ৰাষ্ট্ৰীয় সাতটা ৰুটত বাচ চলাচল আৰম্ভ কৰিছে। চহৰৰ ৮৮ শতাংশ যাত্ৰীয়ে জন পৰিবহণ মাধ্যমবোৰ ব্যৱহাৰ কৰিলেও মুম্বাইত যানজঁট এতিয়াও এক অন্যতম জটিল সমস্যা। মুম্বাই আজিও বিশ্বৰ সৰ্বাধিক যানজঁটবহুল চহৰসমূহৰ অন্যতম। মুম্বাইৰ যানজঁটৰ অন্যতম কাৰণ হল হকাৰৰ দ্বাৰা ৰাস্তা বেদখল আৰু য’তে-ত’তে গাড়ী পাৰ্কিং সমস্যা। এমএমআৰডিএই পথচাৰীসকলৰ সহজ আৰু নিৰাপদ ব্যবহাৰৰ বাবে মুম্বাই স্কাইওৱেৰ প্ৰকল্প গ্ৰহণ কৰিছে। মুম্বাই পাতালবাহী ৰেল ষ্টেচনৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ পৰা যিবোৰ স্থানলৈ মানুহৰ অহৰহ গন্তব্য সেই সকলো স্থান পৰ্যন্ত এই স্কাইওৱে তৈয়াৰ কৰা হৈছে। ৰেলপথ মুম্বাই ভাৰতীয় ৰেলৰ দুটা জ’ন বা অঞ্চলৰ সদৰ দপ্তৰ: মধ্য ৰেল আৰু পশ্চিম ৰেল। মধ্য ৰেলৰ সদৰ ছত্ৰপতি শিবাজী টাৰ্মিনাচ আৰু পশ্চিম ৰেলৰ সদৰ চাৰ্চগেট।চহৰৰ পৰিবহণ ব্যবস্থাৰ মেৰুদণ্ড হ’ল মুম্বাই পাতালবাহী ৰেল। মধ্য, পশ্চিম আৰু হাৰবাৰ লাইন নামে তিনিটা নেটওৱৰ্কক লৈ গঠিত এই ৰেল ব্যবস্থা চহৰৰ উত্তৰ-দক্ষিণ পৰ্য্যন্ত প্ৰসাৰিত। ২০০৭ চনৰ এক হিচাব অনুসৰি, মুম্বাই পাতালবাহী ৰেল নেটৱৰ্কে প্ৰতিদিনে ৬৩ লক্ষ যাত্ৰী পৰিবহণ কৰে , যিটো ভাৰতীয় ৰেলৰ দৈনিক যাত্ৰীৰ পৰিবহণ ক্ষমতাৰ আধা সংখ্যাৰো বেছি। ব্যস্ত সময়ত এই ট্ৰেনবোৰত জনসমাগম বহুত বেছি হয়। এখন নটা-ডবা সন্নিবিষ্ট ট্ৰেনৰ যাত্ৰীধাৰণ ক্ষমতা লিখিতভাবে ১,৭০০ হলেও, ট্ৰেনসমূহে ব্যস্ত সময়ত ৪,৫০০ যাত্ৰী বহন কৰে। ভূগৰ্ভস্থ আৰু উৰণীয়াসেতুৰ পথেৰে দ্ৰুত পৰিবহণ ব্যৱস্থা হিচাপে মুম্বাই মেট্ৰো বৰ্তমানে নিৰ্মাণাধীন। নিৰ্মাণাধীণ আন এক প্ৰকল্প মুম্বাই মনোৰেল জাকোব চাৰ্কোলৰ পৰা ওৱদালা পৰ্যন্ত আৰম্ভ হোৱাৰ কথা আছে। ভাৰতীয় ৰেলে মুম্বাইৰ লগত ভাৰতৰ অন্যান্য অঞ্চলৰ সুসংযোগ ৰক্ষা কৰিছে। বেছি-দূৰত্বৰ ট্ৰেনবোৰ ছত্ৰপতি শিবাজী টাৰ্মিনাচ, দাদৰ ষ্টেচন, লোকমান্য তিলক টাৰ্মিনাচ, মুম্বাই চেণ্ট্ৰেল ষ্টেচন, বান্দ্ৰা টাৰ্মিনাচ আৰু আন্ধেৰিৰ পৰা এৰে। আকাশপথ ছত্ৰপতি শিবাজী আন্তৰ্জাতিক বিমানবন্দৰ মুম্বাইৰ প্ৰধান তথা দেশৰ ব্যস্ততম বিমানবন্দৰ। ২০০৭ চনৰ এক হিচাব অনুযায়ী, এই বিমানবন্দৰত ২ কোটি ৫০ লক্ষ যাত্ৰীয়ে চলাচল কৰে। ২০০৬ চনত এই বিমানবন্দৰৰ আধুনিকীকৰণৰ এক পৰিকল্পনা গৃহীত হয়। ইয়াৰ ফলত ২০১০ চনত এই কাম শেষ হোৱাত এই বিমানবন্দৰত ৪ কোটি যাত্ৰী ধাৰণ কৰাত সক্ষম হয়। জুহু বিমানঘাটী ভাৰতৰ প্ৰথম বিমানবন্দৰ। বৰ্তমান ই এটা ফ্লাইং ক্লাব আৰু হেলিপোৰ্টৰ কাম কৰে। কোপৰা-পানভেল অঞ্চলত প্ৰস্তাবিত নবি মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰটোৱে ভাৰত চৰকাৰৰ পাৰপত্ৰ পাইছে। ই বৰ্তমান বিমানবন্দৰৰ যাত্ৰীৰ চাপ কমোৱাত সহায় কৰিব। সমুদ্ৰপথ মুম্বাইৰ দুটা প্ৰধান বন্দৰ হল: মুম্বাই বন্দৰ আৰু জৱাহৰলাল নেহেৰু বন্দৰ। মুম্বাই বন্দৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ প্ৰাকৃতিক বন্দৰ। এই বন্দৰত অনেক ওৱেট আৰু ড্ৰাই ডকৰ সুবিধা বিদ্যমান। ১৯৮৯ চনৰ ২৬ মেত কমিছন কৃত জৱাহৰলাল নেহেৰু বন্দৰ ভাৰতৰ ব্যস্ততম বন্দৰ। দেশৰ মুঠ পণ্যবাহী জাহাজৰ ৫৫-৬০ শতাংশ এই বন্দৰেৰে যাতায়াত কৰে। মুম্বাই ভাৰতীয় নৌবাহিনীৰ এটা গুৰুত্বপূৰ্ণ বেচ্‌ আৰু পশ্চিম নৌ কম্যাণ্ডৰ সদৰ দপ্তৰ। মাজাগাঁৱৰ ফেৰী হোয়াৰ্ফৰ পৰা চহৰৰ নিকটবৰ্তী দ্বীপসমূহত ফেৰী পৰিসেৱাও আৰম্ভ হৈছে। নাগৰিক পৰিসেৱা ঔপনিবেশিক শাসনকালত মুম্বাইৰ জলৰ একমাত্ৰ উৎস আছিল জলাশয়সমূহ। অনেক অঞ্চলৰ নামকৰণো হৈছে এই জলাশয়সমূহৰ নামানুসাৰে। বৃহন্মুম্বাইপৌৰসংস্থাই বৰ্তমানে ছটা হ্ৰদৰ পৰা মুম্বাইত পেয় জল সৰবৰাহ কৰে। ৰ বেছিৰভাগ অংশই আহে তুলসী আৰু বিহাৰ হ্ৰদৰ পৰা। তানসা লেকে পশ্চিম উপনগৰ, দ্বীপচহৰৰ বন্দৰ অঞ্চল আৰু পশ্চিম ৰেলক পানী সৰবৰাহ কৰে। ভাণ্ডুপত পানীৰ সংশোধনাগাৰ আছে। ই এছিয়াৰ বৃহত্তম পানী সংশোধনাগাৰ। ভাৰতৰ প্ৰথম ভূগৰ্ভস্থ জল সুৰঙ্গপথটি বৰ্তমানে মুম্বাইতে নিৰ্মীয়মান। চহৰত প্ৰতিদিনে সৰবৰাহকৃত ৩৫০০ মিলিয়ন লিটাৰ পানীৰ মাজত ৭০০ মিলিয়ন লিটাৰ পানীয়েই পানীচুৰি, অবৈধ সংযোগ অথবা ছিদ্ৰপথেৰে বহিৰ্গমনৰ কাৰণে নষ্ট হৈ যায়। মুম্বাইৰ দৈনিক কঠিন বৰ্জ্যেৰ পৰিমাণ ৭,৮০০ মেট্ৰিক টন; ইয়াৰ মাজত ৪০ মেট্ৰিক টন প্লাষ্টিক বৰ্জ্য। এই বিপুল পৰিমাণ বৰ্জ্য উত্তৰপশ্চিমে গোৰাই, উত্তৰপূৰ্বে মুলুন্দ আৰু পূৰ্বে দেওনাৰ বৰ্জ্যভূমিত পেলাই দিয়া হয়। বান্দ্ৰা অৰু বৰলীৰ পয়ঃপ্ৰণালী ব্যবস্থা দুটা পৃথক সামুদ্ৰিক নলাৰ মাধ্যমেৰে নিষ্কাশিত হয়। বান্দ্ৰা আৰু বৰলীৰ নলাদুটাৰ দৈৰ্ঘ্য যথাক্ৰমে ৩.৪ কিলোমিটাৰ আৰু ৩.৭ কিলোমিটাৰ। বৃহন্মুম্বাই ইলেকট্ৰিক চাপ্লাই এণ্ড ট্ৰান্সপোৰ্ট (বিইএচটি) দ্বীপচহৰত বিদ্যুৎ সৰবৰাহৰ দায়িত্বত আছে। অন্যহাতে উপনগৰ অঞ্চলত এই দায়িত্ব পালন কৰে ৰিলায়েন্স এনাৰ্জি, টাটা পাৱাৰ আৰু মহাবিতৰণ (মহাৰাষ্ট্ৰ ৰাজ্য বিদ্যুৎ বণ্টন কোম্পানি লিমিটেড)। মুম্বাইত উৎপাদন ক্ষমতাতকৈ চহৰৰ বিদ্যুতৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাইছে। মুম্বাইৰ বৃহত্তম টেলিফোন পৰিসেৱা প্ৰদাতা চৰকাৰী সংস্থা এমটিএনএল। ২০০০ চন পৰ্য্যন্ত এই সংস্থাই ফিক্সড লাইন, চেলুলাৰ ফোন আৰু মোবাইল ওৱাৰলেচ লোকেল লুপ লাইনত একচেটিয়া ক্ষমতা ভোগ কৰিছিল। চেলুলাৰ ফোন ইয়াত ব্যাপক হাৰত ব্যবহৃত হয়। এই ক্ষেত্ৰত প্ৰধান পৰিসেৱা প্ৰদানকাৰী সংস্থাসমূহ হ’ল ভোডাফোন এচাৰ, এয়াৰটেল, এমটিএনএল, বিপিএল গোষ্ঠী, ৰিলায়েন্স কমিউনিকেছন, আইডিয়া চেলুলাৰ আৰু টাটা ইণ্ডিকম। চহৰত জিএচএম আৰু চিডিএমএ উভয় পৰিসেৱাতেই সুলভ। এমটিএনএল আৰু এয়াৰটেলে চহৰত ব্ৰডবেণ্ড ইণ্টাৰনেট পৰিসেৱাও প্ৰদান কৰে। জনপৰিসংখ্যা ২০০১ চনৰ গণনা অনুসৰি, মুম্বাইৰ জনসংখ্যা ১১,৯১৪,৩৯৮। ২০০৮ চনৰ ওৱৰ্ল্ড গেজেটিয়াৰৰ প্ৰাককলন অনুসৰি এই চহৰৰ জনসংখ্যা ১৩,৬৬২,৮৮৫ আৰু মুম্বাই মহানগৰীয় এলেকাৰ জনসংখ্যা ২১,৩৪৭,৪১২। এই চহৰৰ জনঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ২২,০০০ জন। ২০০১ চনৰ গণনা অনুযায়ী, বৃহত্তৰ মুম্বাই অৰ্থাৎ বৃহন্মুম্বাই পৌৰসংস্থাৰ এক্তিয়াৰভুক্ত এলেকাত সাক্ষৰতাৰ হাৰ ৭৭.৪৫ শতাংশ যিটো ৰাষ্ট্ৰীয় গড় অৰ্থাৎ ৬৪.৮ শতাংশতকৈ বেছি। লিঙ্গানুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে দ্বীপচহৰত ৭৭৪ গৰাকী, উপনগৰত ৮২৬ গৰাকী আৰু সামগ্ৰিকভাবে ৮১১ গৰাকী নাৰী। ৰাষ্ট্ৰীয় লিঙ্গানুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৩৩ গৰাকী নাৰীৰ তুলনাত অৱশ্যে মুম্বাইৰ লিঙ্গানুপাতৰ পৰিসংখ্যা নিম্নমানৰ এই নিম্ন লিঙ্গানুপাতৰ কাৰণ এই যে, চহৰত অধিকসংখ্যক পুৰুষে কামৰ সন্ধানত আহি বসতি স্থাপন কৰিছে। ২০০৮ চনত মুম্বাই চহৰৰ অপৰাধৰ হাৰ ৫.৪ শতাংশ বৃদ্ধি পায়। সেই বছৰৰ হিচাব অনুযায়ী, দোষী সাব্যস্তকৰণৰ হাৰ সমগ্ৰ দেশৰ মাজত মুম্বাইতেই সবাতোকৈ কম। এই চহৰৰ সাধাৰণ অপৰাধবোৰ হ’ল হত্যা, হত্যাৰ চেষ্টা, অপৰাধমূলক গণহত্যা, পণপ্ৰথা জনিত কাৰণত মৃত্যু, অপহৰণ, ধৰ্ষণ, অগ্নিসংযোগ আৰু ডকাইতি। মুম্বাই চহৰৰ প্ৰধান ধৰ্মাবলম্বী গোষ্ঠীসমূহ হ’ল হিন্দু (৬৭.৩৯%), মুচলন্ত (১৮.৫৬%), বৌদ্ধ (৫.২২%), জৈন (৩.৯৯%), খ্ৰীষ্টান (৩.২২%) আৰু শিখ (০.৫৮%); পাৰচী আৰু ইহুদী জনসংখ্যাৰ অৱশিষ্টাংশ। মুম্বাইৰ ভাষাগত জনপৰিসংখ্যা নিম্নৰূপৰ: মহাৰাষ্ট্ৰীয় (৬০%), গুজৰাটী (১৯%), আৰু অৱশিষ্টাংশ ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা অহা। মুম্বাইৰ সবাতোকৈ পুৰণা মুচলন্ত সম্প্ৰদায়সমূহ হ’ল দাউদি বোহৰা, খোজা আৰু কোঙ্কণি মুচলন্ত। স্থানীয় খ্ৰীষ্টানসকলৰ মাজত উল্লেখযোগ্য পূৰ্ব ভাৰতীয় কেথেলিকসকল; ষোড়শ শতাব্দীতে পৰ্তুগীসকলে এওঁলোকক ধৰ্মান্তৰিত কৰে। চহৰত এটা সৰু বনি ইজৰায়েলী ইহুদী সম্প্ৰদায়েও বাস কৰে; তেখেতসকল সম্ভবত ১৬০০ বছৰ আগেয়ে পাৰস্য উপসাগৰ বা ইয়েমেন অঞ্চলৰ পৰা ভাৰতলৈ আহি বসতি স্থাপন কৰে। পাৰ্‌চীসকল আহিছিল পাৰস্যৰ পৰা। মুম্বাইত বৰ্তমান প্ৰায় ৮০,০০০ পাৰ্‌চীৰ বাস। মুম্বাইৰ অধিবাসীসকলে নিজকে মুম্বাইকৰ বা মুম্বাইট বা বম্বেইট নামেৰে অভিহিত কৰে। মুম্বাই ভাৰতৰ প্ৰধান বহুভাষিক চহৰ। ভাৰতৰ প্ৰধান ভাষাসমূহৰ মাজত ১৬টা ভাষা এই চহৰত কথিত হয়। চৰকাৰী ভাষা মাৰাঠী; অন্যান্য ভাষাসমূহ হ’ল হিন্দী, গুজৰাটী আৰু ইংৰাজী। উন্নয়নশীল দেশসমূহৰ দ্ৰুত বৰ্ধমান চহৰবোৰত যি যি সমস্যা দেখা যায়, তাৰ বেছিভাগেই মুম্বাইত বিদ্যমান। ব্যাপক দাৰিদ্ৰ্য আৰু বেকাৰত্ব, অনুন্নত স্বাস্থ্যব্যৱস্থা, অনুন্নত জীৱনযাত্ৰা আৰু শিক্ষাৰ মান এই চহৰৰ মূল সমস্যা। বসবাসৰ সুবন্দোবস্ত থকা সত্ত্বেও মুম্বাইবাসীসকলে অনেক সময়তেই কৰ্মস্থলৰ পৰা দূৰ জনাকীৰ্ণ আৰু তুলনামূলকভাবে ব্যয়বহুল আবাসত বাস কৰে। এই কাৰণে জন পৰিবহণ ব্যৱস্থাৰ মাধ্যমবোৰত সদায়ে প্ৰচুৰ ভীৰ থাকে আৰু যানজঁট নিত্যনৈমিত্তিক বিষয় হৈ উঠে। কোনো কোনোৱে বাচ অথবা ট্ৰেন ষ্টেচনৰ কাষতে বসবাস কৰে। যদিও উপনগৰৰ বাসিন্দাসকলৰ দক্ষিণলৈ প্ৰধান বাণিজ্য কেন্দ্ৰত গৈ পাবলৈ অনেক সময় লাগি যায়। এছিয়াৰ দ্বিতীয় বৃহত্তম বস্তি ধাৰাবি মধ্য মুম্বাইত অৱস্থিত; ইয়াত বসবাস কৰে প্ৰায় ৮০০,০০০ মানুহ। ১৯৯১-২০০১ দশকত মহাৰাষ্ট্ৰৰ বাহিৰৰ পৰা অহা মুম্বাইত অভিনিবেশকাৰীৰ সংখ্যা আছিল ১,১২০,০০০ জন; যিটোৱে মুম্বাইৰ জনসংখ্যাৰ লগত আৰু ৫৪.৮ শতাংশ যোগ কৰে। ২০০৭ চনত মুম্বাইৰ অপৰাধৰ হাৰ (ভাৰতীয় দণ্ডবিধিৰ ধাৰাত নথিভুক্ত) ১০০,০০০ জন ১৬২.৯৩ যিটো ৰাষ্ট্ৰীয় গড়ৰ (১৭৫.১) তুলনাত সামান্য কম হলেও ভাৰতৰ দহ লক্ষাধিক জনসংখ্যাযুক্ত চহৰসমূহৰ গড় হাৰৰ (৩১২.৩) তুলনাত অনেক কম। চহৰৰ প্ৰধান আৰু প্ৰাচীনতম সংশোধনাগাৰটি হল আৰ্থাৰ ৰোড জেল। সংস্কৃতি জনমাধ্যম মুম্বাইৰ পৰা একাধিক সংবাদপত্ৰ প্ৰকাশিত হয়; ইয়াত একাধিক টেলিভিশ্বন আৰু ৰেডিঅ’ ষ্টেশন আৰু অৱস্থিত। মুম্বাইৰ জনপ্ৰিয় ইংৰাজী দৈনিক আলোচনীসমূহ হ’ল টাইমচ অফ ইণ্ডিয়া, মিড ডে, হিন্দুস্তান টাইমচ, ডি এন এআৰু ইণ্ডিয়ান এক্সপ্ৰেচ। জনপ্ৰিয় মাৰাঠী সংবাদপত্ৰৰ হ’ল নবকাল, মহাৰাষ্ট্ৰ টাইমচ, লোকসত্তা, লোকমত আৰু সকাল। ইয়াৰ বাদেও অন্যান্য ভাৰতীয় ভাষাতো সংবাদপত্ৰ প্ৰকাশ হয় |ref></ref> এছিয়াৰ প্ৰাচীনতম সংবাদপত্ৰ বোম্বাই সমাচাৰ ১৮২২ চনৰ পৰা মুম্বাই চহৰত একেলেঠাৰিয়ে প্ৰকাশ হৈ আহিছে। ১৮৩২ চনত বালশাস্ত্ৰী জাম্ভেকৰে মুম্বাইতেই প্ৰথম বোম্বাই দৰ্পণ নামে এখন মাৰাঠী সংবাদপত্ৰ আৰম্ভ কৰে। শিক্ষাব্যৱস্থা মুম্বাইৰ বিদ্যালয়সমূহ হয় "মিউনিচিপ্যাল স্কুল" (বৃহন্মুম্বাই পৌৰসংস্থা পৰিচালিত) অথবা প্ৰাইভেট স্কুল (অছি অথবা ব্যক্তিগত উদ্যোগত পৰিচালিত)। প্ৰাইভেট স্কুলসমূহে কোনো কোনো ক্ষেত্ৰত চৰকাৰী সাহায্য লাভ কৰে। বিদ্যালয়সমূহৰ অনুমোদন কৰে মহাৰাষ্ট্ৰ ৰাজ্য মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষা পৰিষদে (এমএচবিএচএইচএসই) অথবা সৰ্বভাৰতীয় কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট একজামিনেছন (চিআইএচচিই), কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএসই) বা জাতীয় মুক্ত বিদ্যালয় সংস্থা (এনআইওএচ)। সাধাৰণত মাৰাঠী আৰু ইংৰাজী মাধ্যমত শিক্ষা দান কৰা হয়। চৰকাৰী স্কুলসমূহত সুযোগ সুবিধা কম পোৱা গ’লেও দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে এই স্কুলসমূহেই একমাত্ৰ ভৰসা। ১০+২+৩/৪ পৰিকল্পনাৰ অধীনত ছাত্ৰছাত্ৰীসকলে দহ বছৰৰ বিদ্যালয় শিক্ষা সমাপ্ত কৰি দুই বছৰৰ বাবে জুনিয়ৰ কলেজত ভৰ্তি হয়। তাত তেওঁলোকে কলা, বাণিজ্য অথবা বিজ্ঞান বিভাগৰ মাজৰ পৰা যি কোনো এটাক নিৰ্বাচন কৰি লয়। ইয়াৰ পাছত তেওঁলোকে কোনো নিৰ্দিষ্ট ক্ষেত্ৰত সাধাৰণ ডিগ্ৰী পাঠক্ৰমত ভৰ্তি হয়, অথবা আইন, ইঞ্জিনিয়াৰিং বা মেডিচিনৰ যি কোনো এটা পেছাদাৰ ডিগ্ৰী পাঠক্ৰমত ভৰ্তি হয়। চহৰৰ অধিকাংশ কলেজেই মুম্বাই বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত। এই বিশ্ববিদ্যালয় স্নাতক ছাত্ৰৰ সংখ্যাৰ বিচাৰত বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়।মুম্বাইত অৱস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন’লজি (বোম্বাই), বীৰমাতা জিজাবাই টেকন’লজিকেল ইনষ্টিটিউট (ভিজেআইটি), ইউনিভাচিটি ইনষ্টিটিউট অফ কেমিকেল টেকন’লজি (ইউআইচিটি), ভাৰতৰ অগ্ৰণী ইঞ্জিনিয়াৰিং আৰু কাৰিকৰী শিক্ষাপ্ৰতিষ্ঠান। এচএনডিটি ইউমেনচ ইউনিভাইটি ইত্যাদি মুম্বাইৰ অন্যান্য স্ব-শাসিত বিশ্ববিদ্যালয়। ইয়াৰ বাদেও নেছনেল ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়াল ইঞ্জিনিয়াৰিং (এনআইটিআইই), যমুনালাল বাজাজ ইনষ্টিটিউট অফ মেনেজমেণ্ট ষ্টাডিজ (জেবিআইএমএচ), এচ পি জৈন ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ আৰু একাধিক মেনেজমেণ্ট শিক্ষাপ্ৰতিষ্ঠান মুম্বাইত অৱস্থিত। দেশৰ প্ৰাচীনতম আইন আৰু কমাৰ্চ কলেজ যথাক্ৰমে গভৰ্নমেণ্ট ল’ কলেজ আৰু চিডেনহ্যাম কলেজ মুম্বাইতেই অৱস্থিত। মুম্বাইৰ প্ৰাচীনতম শিল্পকলা প্ৰতিষ্ঠানটি হল চাৰ জে. জে. স্কুল অফ আৰ্ট। মুম্বাইৰ দুটি বিশিষ্ট গৱেষণা প্ৰতিষ্ঠান হ’ল টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টাল ৰিচাৰ্চ (টিআইএফআৰ) আৰু ভাবা পৰমাণু গৱেষণা কেন্দ্ৰ (বিএআৰচি)। বিএআৰচিয়ে ট্ৰম্বেত চাইৰাচ নামৰ এটা ৪০ মেগাৱাটৰ নিউক্লিয়াৰ ৰিচাৰ্চ ৰিএক্টৰ চলায়। ক্ৰীড়া ক্ৰিকেট এই চহৰৰ সবাতোকৈ জনপ্ৰিয় খেল। খেলাৰ মেচ‌ৰ অভাৱত সদায়ে এই খেলাক সংক্ষেপিত ৰূপত খেলা হয়; যিটো সাধাৰণতে গলি ক্ৰিকেট নামেৰে পৰিচিত। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড বা ব'ৰ্ড অফ কণ্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই) আৰু ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ (আইপিএল)মুখ্য কাৰ্যালয় মুম্বাইতেই অৱস্থিত। ৰঞ্জি ট্ৰফীত চহৰৰ প্ৰতিনিধি দল মুম্বাই ক্ৰিকেট দলে ৪০ বাৰ খিতাপ অৰ্জন কৰিছে, যিটো কোনো একক দলৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যা। ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত এই চহৰৰ প্ৰতিনিধি দল হৈছে মুম্বাই ইণ্ডিয়ানছ্। চহৰৰ দুখন আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম হ'ল ৱাংখেড়ে ষ্টেডিয়াম আৰু ব্ৰেব'ৰ্ন ষ্টেডিয়াম। চহৰৰ বিশিষ্ট ক্ৰিকেটাৰসকলৰ মাজত উল্লেখযোগ্য হ’ল শচীন তেণ্ডুলকাৰ আৰু সুনীল গাভাস্কাৰ। ফুটবল এই চহৰৰ অন্যতম জনপ্ৰিয় খেল। চহৰৰ বহু ব্যক্তি ফিফা বিশ্বকাপ আৰু ইংলিছ প্ৰিমিয়াৰ লীগৰ দৰ্শক। দেশৰ বৃহত্তম পেছাদাৰী ফুটবল লীগ ইণ্ডিয়ান চুপাৰ লীগৰ দল হৈছে মুম্বাই চিটি এফ চি। আনহাতে অন্যতম শীৰ্ষ পেছাদাৰী ফুটবল প্ৰতিযোগিতা আই-লীগত মুম্বাইৰ প্ৰতিনিধিত্ব কৰে কেংক্ৰে এফ চিয়ে। মুম্বাইৰ পূৰ্বৰ আই-লীগৰ দল সমূহ হৈছে মুম্বাই ফুটবল ক্লাব, মাহিন্দ্ৰা ইউনাইটেড, আৰু এয়াৰ ইণ্ডিয়া। ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে ফিল্ড হকীৰ জনপ্ৰিয়তা অৱশ্যে কমি গৈছে। ৱৰ্ল্ড ছিৰিজ হকী (ডব্লিউএচএইচ) আৰু হকী ইণ্ডিয়া লীগ (এইচ আই এল)ত অংশগ্ৰহণকাৰী মুম্বাইৰ দল দুটা হ’ল মুম্বাই মেৰীণছ আৰু মুম্বাই মেজিচিয়ানছ। প্ৰতি ফেব্ৰুৱাৰী মাহত মহালক্ষ্মী ৰেচক’ৰ্চত ডাৰবি ৰেচৰ আয়োজন কৰা হয়। মুম্বাইৰ টাৰ্ফ ক্লাবত ফেব্ৰুৱাৰীত মেকডুৱেলৰ ডাৰবিও অনুষ্ঠিত হয়। সাম্প্ৰতিক বছৰসমূহত ফৰমুলা ওৱান ৰেচিং-ৰ কামতো জনগণৰ আগ্ৰহ বৃদ্ধি পাইছে। ২০০৮ চনত ফ’ৰ্চ ইণ্ডিয়া এফ ওৱান টিম কাৰৰ উদ্বোধন হয় মুম্বাইত। ২০০৪ চনৰ মাৰ্চত মুম্গ্ৰন্থে গ্ৰ্যাণ্ড প্ৰিস্ক এফ ওৱান পাৱাৰবোট ওৱৰ্ল্ড চ্যাম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। ২০০৪ চনত ভাৰতীয় জনগণৰ মাজত খেলাধূলাৰ আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে বাৰ্ষিক মুম্বাই মাৰাথনৰ সূচনা ঘটোৱা হয়। ২০০৬ ও ২০০৭ চনত কিংফিছাৰ্চ এয়াৰলাইনচ টেনিচ ওপেন নামেৰে এটিপি ওৱৰ্ল্ড ট্যুৰৰ এক ইণ্টাৰনেছনেল ছিৰিজ টুৰ্নামেণ্ট আয়োজিত হয় মুম্বাইত। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Official site of the Municipal Corporation of Greater Mumbai Official City Report ভাৰতৰ নগৰ মহানগৰ
1525
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE
অসম
অসম () ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিকভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰংগ প্ৰদেশ হিচাপে গঠিত হয়। ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ) জুৰি আছে। অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত। অসম নামৰ উৎপত্তি সাঁচি পাতৰ বৰঅম্ৰ পুথিৰ মতে আছাম বা হা-চাম শব্দটো বিভিন্ন সময়ত ব্ৰহ্মদেশৰ কাঁচিনমুলীয় বিভিন্ন জনগোষ্ঠীয়ে চাওলুঙ চুকাফাৰ লগত অহা টাই জাতিৰ ঠালটোক বুজাবলৈ ব্যৱহাৰ কৰিছিল। ইংৰাজসকলে kingdom of Assam বুলি আহোম ৰাজ্যক বুজাইছিল আৰু মোগলে আছাম বুলি আহোম ৰাজ্যৰ কথা লিপিবদ্ধ কৰিছিল। শঙ্কৰদেৱে অসম মুলুক বুলি আহোম ৰাজ্যক বিৱৰণ কৰিছিল। অসমৰ পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল। ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত 'অসম' নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনোৱে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল। আনহাতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম 'অ-সম' হ'ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম হ'ল। আহোমসকলে নিজকে টাই বুলি পৰিচয় দিছিল যদিও তেওঁলোক আহোম হিচাপেহে অধিক পৰিচিত হৈ উঠিল। আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰে। পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে: পণ্ডিত বেডেন পাৱেলে তেওঁৰ The Indian village community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ ছো-ছাম (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে। নতুন নামকৰণ অসম ইংৰাজৰ হাতলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা হ'ল। ইংৰাজসকলেই অসম বা আসামক ইংৰাজীলৈ Assam বুলি লিপ্যন্তৰ কৰে। বৰ্তমান অসম বানানটো ইংৰাজীত Axom বা Asom বুলি লিখা হয় যদিও Assam বানানটোও প্ৰচলিত। ভৌগোলিক তথ্য অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিল'মিটাৰ। ই ভাৰতৰ এখন মজলীয়া আকাৰৰ ৰাজ্য। অসমখনক প্ৰধানকৈ তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰিব পাৰি। ৰাজ্যখনৰ উত্তৰ অংশ জুৰি আছে ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিণ অংশত আছে বৰাক সমতল। এই দুখন সমতলৰ মাজত অৰ্থাৎ মাজভাগত এখন উচ্চভূমি অঞ্চল আছে। গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত। অসমৰ ৰাজধানী চহৰ দিছপুৰ। ব্ৰহ্মপুত্ৰ উপত্যকা পূবে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰপৰা পশ্চিমে ধুবুৰী জিলাৰ ধুবুৰী মহকুমালৈ এই সমতলখনত ১৮খন প্ৰশাসনিক জিলা আছে। ইয়াৰ বাহিৰেও সমতলখনত ৪খন বড়োলেণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলা আছে। সেইকেইখন হৈছে কোকৰাঝাৰ, ওদালগুৰি, বাক্সা আৰু চিৰাং। ই এখন বৃহৎ সমতল। পূবৰ পৰা পশ্চিমলৈ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭২০ কিলোমিটাৰ আৰু উত্তৰৰপৰা দক্ষিণলৈ ই গড়ে ৮০ কিলোমিটাৰমান বহল। সমতলখনৰ এটা মন কৰিবলগীয়া ভূ-প্ৰকৃতি হৈছে এই যে পূবৰপৰা পশ্চিমলৈ ইয়াৰ ঢাল অতি কম। এই সমতলখনেদি উত্তৰৰ হিমালয় আৰু দক্ষিণৰ নগাপাহাৰ, কাৰ্বিপাহৰ, উত্তৰ কাছাৰ পাহাৰ আৰু মেঘালয়ৰপৰা প্ৰায় ৪০খন ডাঙৰ উপনৈ আহি ব্ৰহ্মপুত্ৰত পৰিছেহি। উত্তৰপাৰৰ প্ৰধান উপনৈ হৈছে- সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়া ভৰলী, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানাহ, বেকী , আই,চম্পাৱতী, সৰলভাগা, গদাধৰ, সোণকোষ আদি। দক্ষিণ পাৰৰ ঘাই উপনৈসমূহ হৈছৈ- ডিব্ৰু, ডিগাৰু, বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলী, কুলসী, দুধনৈ, কৃষ্ণাই, জিনৰী, জিঞ্জিৰাম আদি। বৰাক উপত্যকা ই অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদীৰ পৰাই ইয়াৰ নামটো আহিছে। বৰাক উপত্যকাৰ মূলতঃ তিনিখন জিলা আছে- কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। শিলচৰ ইয়াৰ মুখ্য নগৰ। বৰাক উপত্যকাত ঘাইকৈ বঙালী ভাষাৰ প্ৰচলন আছে। অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছ। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমৰ জলবায়ুক (ক) শীত (খ) প্ৰাক মৌচুমী (গ) মৌচুমী আৰু (ঘ) উত্তৰ মৌচুমী এই চাৰিভাগত ভগাব পাৰি। নৱেম্বৰ-জানুৱাৰী : শীত, ফেব্ৰুৱাৰী-এপ্ৰিল : প্ৰাক মৌচুমী, মে'-জুলাই : মৌচুমী, আগষ্ট-অক্টোবৰ : উত্তৰ মৌচুমী। অসমৰ গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য স্থানতকৈ তুলনামূলকভাৱে কম। বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ বেছি হ'ব পাৰে। শীতকালতো জাৰৰ মাত্ৰা তীব্ৰ নহয়। জনগাঁথনি ২০১১ চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩,১১,৬৯,২১১ জন। ই ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.৫৮%। পুৰুষ আৰু মহিলাৰ হাৰ হৈছে ১০০০:৯৫৪। জনবসতি প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৭ জন। যোৱা দশকতকৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ১৬.৯৩%। সাক্ষৰতাৰ হাৰ হৈছে ৭৩.১৮%। জনগোষ্ঠীসমূহৰ ভিতৰত অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী : আহোম খামটি খাময়াং ফাকে আইটন টুৰুং চিংফৌ বড়ো চুতীয়া দেউৰী ডিমাছা গাৰো হাজং হমাৰ (চিন-কুকি-মিজো) কাৰ্বি কুকি (চিন-কুকি-মিজো) কোচ মেক মিছিং মৰাণ মটক ৰাভা শৰণীয়া কছাৰী সোণোৱাল কছাৰী ঠেঙাল কছাৰী তিৱা আৰু আৰ্য ভাৰতীয় জনগোষ্ঠী সমুহ হৈছে: কলিতা(কায়স্থ) চাঁওতাল বঙালীআদি প্ৰধান। অসমৰ চৰকাৰী ভাষা হৈছে অসমীয়া। ইয়াৰ লগতে হিন্দী, বড়ো, চাদ্ৰী আৰু অন্যান্য জনগোষ্ঠীয় ভাষাৰ প্ৰচলন আছে। নগৰ-চহৰ ইতিহাস প্ৰাগঐতিহাসিক অসম বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল। দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে। ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈ আছিল। নৰকাসুৰৰ ৰাজ্যৰ সীমা পূ্ৱে ডিক্ৰঙৰ (বৰ্তমান বিহপুৰীয়া উত্তৰ অসম) পৰা পশ্চিমে কৰতোৱালৈকে বিস্তৃত আছিল। নৰকৰ অত্যাচাৰ আৰু দৌৰাত্ম্য বাঢ়ি অহাত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰে আৰু পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে। ভগদত্তৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ বজ্ৰদত্ত কামৰূপৰ ৰজা হয়। নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁৰ বংশতেই ১৮ পুৰুষলৈকে প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ কথা পোৱা যায়। প্ৰাচীন কালত প্ৰাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা (নগাঁও), কদলি (নগাঁও), মণিপুৰ, হিড়িম্বা আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ কথা পোৱা যায়। পুৰণি অসমত ৰাজত্ব কৰা অন্যান্য ৰজাৰ ভিতৰত কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মক, শোণিতপুৰৰ বাণৰজা, নৰশংকৰ বা নাগাক্ষ ৰজা, দেৱেশ্বৰ অন্যতম। কিন্তু উজনি খণ্ডৰ সবিশেষ বিৱৰণ পোৱা নাযায়। উজনিৰ সৌমাৰপীঠত আহোম সকল অহাৰ আগত মৰাণ আৰু বৰাহী সকল বাস কৰিছিল বুলি আহোম সকলৰ বুৰঞ্জীৰ যোগেদিয়ে তথ্য পোৱা যায় কিন্তু কামৰূপ ৰাজ্যৰ অংগ হিচাপে কোনোধৰণৰ বিৱৰণ পোৱা নাযায়। পুৰণি আৰু মধ্যযুগীয় অসম অসমৰ প্ৰাচীন নাম অসম নাছিল। মহাভাৰতত এই ভূখণ্ডৰ নাম প্ৰাগজ্যোতিষ বুলি উল্লেখ আছে। প্ৰাগজ্যোতিষৰ সীমা পূবে নগাঁৱৰ শিলঘাটৰ পৰা আৰম্ভ কৰি পশ্চিমে কৰতোৱা নদী (বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত থকাৰ কথা পোৱা যায়। কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰাই পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়। প্ৰাচীন কামৰূপ ৰাজ্যৰ যিসকল ৰজাৰ বিষয়ে নিৰ্ভৰযোগ্য ঐতিহাসিক সমল পোৱা গৈছে তেওঁলোকৰ ভিতৰত পুষ্য বৰ্মনেই (৩৫০-৩৮০ খ্ৰী.) প্ৰথম আৰু সেয়ে তেওঁ প্ৰথম ঐতিহাসিক ৰজা বোলা হয়। ভাস্কৰ বৰ্মন আনুমানিক ৫৯৪-৬৫০ খ্ৰী.ত কামৰূপৰ ৰজা হয়। সিংহাসনত আৰোহণ কৰিয়েই তেওঁ নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰে। ভাস্কৰ বৰ্মন অবিবাহিত হোৱাৰ বাবে তেওঁৰ মৃত্যুৰ পাছতে (আনু. ৬৫০ খ্ৰী.) বৰ্মন বংশৰ ইতি পৰে। বৰ্মন বংশৰ পাছত কামৰূপত শালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি "শালস্তম্ভ" নামেৰে এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে। শালস্তম্ভ বংশৰ প্ৰায় কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহ (আনু. ৯৭০-৯৯০ খ্ৰী.) অপুত্ৰক হোৱাৰ বাবে শালস্তম্ভ বংশৰে ব্ৰহ্মপাল (আনু. ৯৯০-১০১০) কামৰূপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে। বৃদ্ধকালত ব্ৰহ্মপালে সন্ন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছামতে তেওঁৰ পুত্ৰ ৰত্নপাল (আনু. ১০১-১০৪০ খ্ৰী.) কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত ক্ৰমে ইন্দ্ৰপাল (১০৪০-১০৬৫), গোপাল (১০৬৫-১০৮০), হৰ্ষপাল (১০৮০-১০৯৫), ধৰ্মপাল (১০৯৬-১১২০) ৰজা হয়। ধৰ্মপাল ৰজা হৈয়ে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষৰ পৰা 'কামৰূপ নগৰ'লৈ তুলি নিয়ে। ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল (১১২০-১১৩৯) কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুৰ পাছতে পালবংশৰ যৱনিকা পৰে। ইয়াৰ পাছত ভিংগদেৱ (১১৩৮-১১৫০), বৈদ্যদেৱ, ৰায়ৰীদেৱ, উদয় কৰ্ণ, বল্লভদেৱ, পৃথু নামৰ কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে। পৃথুৰ ৰাজত্ব কালতে ১২০৬ আৰু ১২২৬ চনত মুছলমানে কামৰূপ আক্ৰমণ কৰে। ১২২৮ চনত দিল্লীৰ চুলতান ইলতুতমিছৰ হাতত পৃথুৰ মৃত্যু হয় আৰু তেওঁৰ বংশৰ দুজন ৰজাই কামৰূপ ৰাজত্ব কৰে। এই বংশৰ শেষ ৰজা আছিল সন্ধ্যা (১২৫০-১২৭০ খ্ৰী.)। কমতা ৰাজ্য ইয়াৰ পিছত পুনৰ মুছলমানে কামৰূপ আক্ৰমণ কৰাত সন্ধ্যাই কামৰূপৰ ৰাজধানী 'কামৰূপ নগৰ'ৰৰ পৰা পশ্চিম কমতাপুৰলৈ তুলি নিয়ে। তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰূপ-কমতা হয় আৰু ইয়াৰ অধিপতিসকলক কমতেশ্বৰ বা কামেশ্বৰ বোলা হয়। সন্ধ্যাৰ পিছত তেওঁৰ পুত্ৰ সিন্ধুৰায় (আনু. ১২৭০-১২৮৫), ৰূপনাৰায়ণ (আনু. ১২৮৫-১৩০০), সিংহধ্বজ (১৩০০-১৩০৫), প্ৰতাপধ্বজ (১৩০৫-১৩২৫) কমতাৰ ৰজা হয়। প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দুৰ্লভনাৰায়ণ জীৱিত থকা অৱস্থাত প্ৰতাপধ্বজৰ ভতিজাক ধৰ্মনাৰায়ণ (১৩২৫-১৩৩০) বলেৰে কমতাৰ ৰজা হয়। পাছত তেওঁলোকৰ মাজৰ কমতা ৰাজ্য ভাগ হয়। দুৰ্লভনাৰায়ণৰ (১৩৩০-১৩৫০) মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ (১৩৫০-১৩৬৫) ৰজা হয়। তেওঁৱেই এই বংশৰ শেষ ৰজা। চতুৰ্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড় (পূৰ্বৰ কমতা ৰাজ্যৰ উত্তৰফাল) শাসন কৰিছিল। আৰিমত্তৰ পিছত ৰত্নসিংহ, শৃতৰংগ আৰু মৃগাংগ নামৰ তিনিজন ৰজাই গৌড় শাসন কৰিছিল। মৃগাংগ নিঃসন্তান হৈ মৃত্যু হোৱাত কমতাৰাজৰ অধীনৰ ভূঞাসকলৰ নীলধ্বজ নামৰ এজন ৰজাই গৌড়ৰ সিংহাসন দখল কৰি এক নতুন খান বা সেন বংশৰ পাতনি মেলে। কিন্তু ঘৰুৱা গৃহ কন্দলৰ সুবিধা লৈ মুছলমানে আক্ৰমণ কৰে আৰু পঞ্চদশ শতিকাৰ শেষৰ ফালে মুছলমানৰ আক্ৰমণে কমতা ৰাজ্য ধ্বংস হৈ পৰে। কছাৰী ৰাজ্য কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়। পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰী ডিমাচাসকলে প্ৰাচীন কালত কামৰূপ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল। কছাৰী ৰাজ্যৰ অৱস্থিতি বৰ্তমানৰ কাছাৰ জিলা আৰু দৈয়াং-ধনশিৰি উপত্যকাৰ গোলাঘাট অঞ্চললৈকে আছিল বুলি ধৰিব পাৰি। বহু লোকে ব্ৰহ্মপুত্ৰ (ডিমাচাত দিলৌ) পাৰ কৰিব নোৱাৰি উত্তৰ পাৰতে থাকি গৈছিল আৰু তেওঁলোক পাছলৈ বড়ো বুলি জনাজাত হৈছিল। নদী পাৰ কৰাসকল ডিমাচা (অৰ্থ- নদীৰ পুত্ৰ) বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰৰ কছাৰী ঘাট ইয়াৰেই প্ৰমাণ বুলি ভবা হয়। ডিমাচাসকলে শদিয়াৰ দেৱী কেঁচাই খাইটিক পূজা কৰিছিল। কছাৰীসকলে নিজকে মহাভাৰতৰ ভীম আৰু ডিমাচাৰ ৰাজকুমাৰী হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। পাছলৈ তেওঁলোকে মাইবঙত হিন্দু ধৰ্ম গ্ৰহণ কৰে। চুতীয়া ৰাজ্য আনুমানিক ১১৮৭ চনত চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা বীৰপাল বা বীৰবৰে প্ৰথমতে সোৱণশিৰি নদীৰ দাঁতিত অৱস্থিত সোণাগিৰি পাহাৰত বসবাস কৰা ৬০ ঘৰ মানুহৰ ওপৰত অধিনায়কত্ব স্থাপন কৰি শাসন কৰিবলৈ লৈছিল। ইয়াৰ পিছত চুবুৰীয়া লোকসলক পৰাস্ত কৰি তেওঁ 'গয়াপাল' নাম লৈছিল। পিছলৈ তেওঁ উত্তৰ-পূব অসম আৰু অৰুণাচলৰ অধিক অঞ্চল লৈ চুতীয়া ৰাজ্য বিস্তাৰ কৰে। শদিয়াক তেওঁ চুতীয়া ৰাজ্যৰ ৰাজধানী পাতিছিল। ত্ৰয়োবিংশ শতিকাৰ আগভাগত আহোমসকলে অসমত তেওঁলোকৰ ৰাজ্য স্থাপন কৰিবৰ সময়ত উজনি অসমত চুতীয়াসকলেই আটাইতকৈ শক্তিশালী আছিল। এখন আহোম বুৰঞ্জীৰ মতে চুকাফা অহাৰ সময়ত বীৰপালৰ চুতীয়া ৰাজ্যৰ পূবে আছিল ব্ৰহ্মকুণ্ড, পশ্চিমে চিচি নদী (সোৱণশিৰিৰ উপনদী), উত্তৰে পৰ্বতমালা আৰু দক্ষিণে বুঢ়ীদিহিং নদী। পাছলৈ‌ ৰত্নধ্বজপালে ভদ্ৰেশেন আৰু ন্যায়পালৰ ৰাজ্য দখল কৰি বিশ্বনাথৰ দিকাৰাই-ঘিলাধাৰী অঞ্চলৰ লৈকে ৰাজ্য বিস্তাৰ কৰিছিল। চুতীয়া সকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ বাবে তেওঁলোকৰ আটাইবোৰ ৰজাৰ নাম জনা নাযায়। দেওধাই অসম বুৰঞ্জীৰ মতে বাৰ শতিকাৰ মাজভাগৰ পৰা ষোল্ল শতিকাৰ আগভাগলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। নোই ইলিয়াছ চাহাবৰ "হিষ্ট্ৰী অৱ দা শ্বান্‌ছ" গ্ৰন্থৰ মতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ সমসাময়িক চুতীয়া ৰজা কোছীৰ আগতে তেওঁৰ বংশৰ চৌত্ৰিশজন ৰজাই ৰাজত্ব কৰিছিল। তালৈ চাই কোনো কোনো পণ্ডিতে চুতীয়াসকলে খ্ৰীষ্টীয় সপ্তম শতিকামানতে ৰাজ্য স্থাপন কৰিছিল বুলি অনুমান কৰে। আহোম ৰাজ্য ত্ৰয়োদশ শতিকাৰ আগভাগত উজনি ব্ৰহ্মদেশৰ মু'ঙ মাওৰ ৰাজকোঁৱৰ চুকাফাৰ নেতৃত্বত এটি দল ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হয়হি। প্ৰায় ১৩ বছৰ কাল প্ৰবজনৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমায়। লাহে লাহে আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি। তাৰপিছত তেওঁ উপযুক্ত ঠাই বিচাৰি শিৱসাগৰ জিলাৰ চৰাইদেউত ১২৫৩ চনত স্থায়ীকৈ ৰাজধানী পাতে। ইয়াৰ লগে লগে অসমত ছশ বছৰীয়া আৰু ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। ১৮১৬ চনৰ শেষৰ ফালে মানে অসম আক্ৰমণ কৰে। এই যুঁজত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়। মানে অসম আক্ৰমণ কৰি প্ৰথম বাৰ আঁতৰি যোৱাৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইয়ে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহক অংগক্ষত কৰি পুৰন্দৰ সিংহক ৰজা পাতে। ইয়াৰ পিছত মানে আৰু দুবাৰ অসম আক্ৰমণ কৰে আৰু ১৮২১ চনত তৃতীয়বাৰ অসম আক্ৰমণ কৰি যোগেশ্বৰ সিংহক আহোমৰ ৰজা পাতে। ক্ৰমে মানে ইংৰাজৰ এলেকাত আক্ৰমণ চলোৱাত ১৮২৪ চনত মানৰ লগত ইংৰাজৰ যুদ্ধ হয়। ইংৰাজে এই যুঁজত জয়লাভ কৰে। অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মানদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানৰ সন্ধি হয় আৰু অসম ইংৰাজৰ হাতলৈ যায় তাৰ পাছৰে পৰা অসম স্বাধীন ৰাজ্যৰ পৰা এখন কোনো দেশৰ অংগৰাজ্যত পৰিণত হয়। ইয়াৰ লগে লগে চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যৰো অন্ত পৰে। ইংৰাজৰ অধীনত অসম ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত হোৱা সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। প্ৰথম অৱস্থাত অসমীয়া মানুহে ইংৰাজসকলক আদৰি লৈছিল যদিও পিছলৈ স্বাধীনচিতিয়া অসমীয়া মানুহে ইংৰাজৰ শাসনৰ প্ৰতি মোহভংগ হয় আৰু ইংৰাজী-বিৰোধী মনোভাবে গা কৰি উঠিছিল। এনে পৰিস্থিতিতে ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গমধৰ কোঁৱৰৰ নেতৃত্বত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ হয়। কিন্তু এই বিদ্ৰোহ সফল নহ'ল। ইয়াৰ পিছত কেইবাজনো আহোম ব্যক্তিয়ে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত ইংৰাজে ১৮৩৩ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে এখন চুক্তিযোগে পুৰন্দৰ সিংহক শদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে ধনশিৰী নদীৰ পূবে থকা সমস্ত উজনি খণ্ডৰ ৰজা পাতে। চুক্তিমতে পুৰন্দৰ সিংহ ইংৰাজৰ হাতৰ পুতলা হয়। কিন্তু ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক ৰাজ্যচ্যুত কৰি সমগ্ৰ অসমকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে। ইয়াৰ পিছত ১৮৫৭ চনত সমগ্ৰ ভাৰততে জ্বলি উঠা প্ৰথম স্বাধীনতা যুদ্ধৰ দাবানলে অসমকো স্পৰ্শ কৰে। অসমত ইংৰাজৰ কাৰ্যকলাপত বিতুষ্ট হৈ একাংশ প্ৰজাৰ নেতৃত্বত অসমত চিপাহী বিদ্ৰোহ আৰম্ভ হয়। সেই সশস্ত্ৰ বিপ্লৱত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ ফাঁচি হয়। চিপাহী বিদ্ৰোহৰ পাছতে অসমৰ শাসনভাৰ এজন কমিছনাৰ হাতলৈ যায়। চিপাহী বিদ্ৰোহে অসমীয়া মানুহৰ মনত পুনৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰাণিত কৰিলে। শেষত ১৯১৯-২০ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত অসমে যোগদান কৰিলে। ইয়াৰ পিছত ক্ৰমে ক্ৰমে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে যোগদান কৰি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমৰ পৰাও ইংৰাজী শাসন অন্ত পৰে। স্বাধীনতা-উত্তৰ অসম ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পিছত অসমত নিজাকৈ চৰকাৰ গঠন হয়। স্বাধীন অসমৰ প্ৰথম গৱৰ্ণৰ আছিল ছাৰ আকবৰ হাইদৰি আৰু মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈকে শাসন কৰা বৰদলৈ মন্ত্ৰীসভাৰ দিনতে গুৱাহাটী বিশ্ববিদ্যালয় (১৯৪৮), গুৱাহাটী উচ্চ ন্যায়ালয় (১৯৪৮), গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আদি প্ৰতিষ্ঠা হয়। ১৯৫০ চনত গোপীনাথ বৰদলৈৰ মৃত্যু হোৱাৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হয়। বিষ্ণুৰাম মেধিৰ দিনত (১৯৫০-১৯৫৭) প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা, পঞ্চায়ত গঠন আৰু কৃষিখণ্ডৰ উন্নতি হয়। ১৯৫৭ চনত বিমলা প্ৰসাদ চলিহা (১৯৫৭-১৯৭০) অসমৰ মুখ্যমন্ত্ৰী হয়। এই সময়তে শৰাইঘাটৰ দলং নিৰ্মাণ (১৯৬২) আৰু গুৱাহাটীৰ নুনমাটিত তেল শোধনাগাৰ (১৯৬২) স্থাপন হয়। চলিহা মন্ত্ৰীসভাৰ দিনতে ১৯৫৯-৬০ চনত অসমত ভাষা আন্দোলন তীব্ৰৰূপ লয়। ১৯৬১ চনত অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে গৃহীত হয়। ১৯৭০ চনত বিমলাপ্ৰসাদ চলিহাৰ শাৰীৰিক অসুস্থতাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হয়। চৌধুৰীৰ দিনত বঙাইগাঁৱত পেট্ৰোৰাসায়নিক প্ৰকল্প, যোগীঘোপাত কাগজ কল আৰু নগাঁওত মৰাপাট কলৰ আধাৰশিলা স্থাপন হয়। ১৯৭২ চনত চৌধুৰী মন্ত্ৰীসভাই পদত্যাগ কৰে। ১৯৭২ চনত অসমত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হয়। সিংহ মন্ত্ৰীসভাৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। ১৯৭৮ চনত অসমত জনতা দলে মন্ত্ৰীসভা গঠন কৰে। জনতা দলৰ নেতা গোলাপ বৰবৰা অসমৰ মুখ্যমন্ত্ৰী হয়। মাত্ৰ চৈধ্য মাহৰ কাৰ্য্যকালত এই সময়তে যোগেন্দ্ৰনাথ হাজৰিকা, চৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈ এই চাৰিজন মুখ্যমন্ত্ৰী হয়। ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়। অসম আন্দোলন আৰু অসম চুক্তি মূল প্ৰবন্ধ: অসম আন্দোলন সমসাময়িক সময়তে অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসমজুৰি এক অভূতপূৰ্ব গণ আন্দোলন গা কৰি উঠে। এই আন্দোলনৰ সময়তে ১৯৮৩ চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়। শইকীয়া মন্ত্ৰীসভাই দমন নীতিৰে অসম আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও সফল নোহোৱাত ১৯৮৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন চৰকাৰৰ লগত এখন চুক্তি (অসম চুক্তি) স্বাক্ষৰিত কৰে। লগে লগে ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটে। অসম চুক্তিৰ চৰ্ত অনুযায়ী হিতেশ্বৰ শইকীয়া চৰকাৰে পদত্যাগ কৰে। লগে লগে প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন প্ৰাক্তন ছাত্ৰনেতাসকলে আঞ্চলিক দল অসম গণ পৰিষদ গঠন কৰে। ১৯৮৫ চনৰ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ আঞ্চলিক দৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হয়। মহন্ত চৰকাৰৰ সময়তে অসমত সংযুক্ত মুক্তি বাহিনী, অসম নামৰ এটি বিপ্লৱী সংগঠনৰ জন্ম হয়। এই সংগঠনক নিষিদ্ধ ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে ১৯৯০ চনত মহন্ত চৰকাৰৰ পাঁচবছৰ সম্পূৰ্ণ হ'বলৈ এমাহ বাকী থাকোঁতেই পুনৰ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰে। ইয়াৰ পিছত ১৯৯১ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (ই) দলে জয়লাভ কৰে আৰু হিতেশ্বৰ শইকীয়া পুনৰ মুখ্যমন্ত্ৰী হয়। ১৯৯৬ চনৰ ২২ এপ্ৰিলত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হোৱাত কেইদিনমানৰ কাৰণে ডাঃ ভূমিধৰ বৰ্মন অসমৰ অস্থায়ী মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে। এই বছৰতে অনুষ্ঠিত হোৱা নিৰ্বাচনত পুনৰ অসম গণ পৰিষদ দলে জয়লাভ কৰে আৰু ১৯৯৬ চনৰ ১৫ মে'ত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হয়। ইয়াৰ পিছত ২০০১ চনত অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছ (ই) দলে ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে। তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয়। একেদৰে ২০০৬ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে বড়োলেণ্ড পিপলচ প্ৰগ্ৰেছিভ ফ্ৰ'ণ্ট (হাগ্ৰামা) সহযোগত মৰ্চা চৰকাৰ গঠন কৰে। ২০১১ চনত অনুষ্ঠিত নিৰ্বাচনতো কংগ্ৰেছ (ই) দলে চৰকাৰ গঠন কৰে আৰু তৰুণ গগৈয়ে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হয়। ভাষা অসমৰ প্ৰধান ভাষা হ'ল অসমীয়া। এই ভাষা সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি স্বীকৃত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰধান সংযোগী ভাষা। অসমীয়া ভাষা ভাৰতীয় আৰ্য গোষ্ঠীৰ ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাবিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে। অসমত প্ৰচলিত আন ভাষাবোৰ হ'ল: বঙালী, ইংৰাজী, হিন্দী, বড়ো, আৰু অন্যান্য প্ৰচলিত উপ-ভাষাবোৰ হ'ল : মিচিং, কছাৰী, চাওঁতালি, কাৰ্বি, ৰাভা, ডিমাছা, নেপালী আদি। আনহাতে বিভিন্ন জনেগাষ্ঠী বহুতো দোৱান অসমত প্ৰচলিত আছে। সাংস্কৃতিক প্ৰতীক অসমীয়া সমাজ জীৱনত বিভিন্ন বিশ্বাস, অনুভৱ আৰু আদৰ বা সন্মানৰ ক্ষেত্ৰত তামোল-পান, গামোছা আৰু শৰাইৰ বিশেষ ভূমিকা আছে। যিকোনো সামাজিক কামত তামোল-পাণ ব্যৱহাৰ কৰা হয়। কাৰোবাৰ ঘৰলৈ অহা অতিথিক আন নহ'লেও তামোল-পাণ খাবলৈ দিয়া হয়। সামাজিক কাৰণত হোৱা যিকোনো দণ্ড মিমাংসাৰ বাবেও তামোল-পাণ ব্যৱহাৰ কৰা হয়। আনহাতে গামোছা অসমীয়া সমাজত বিহুৱানৰ ৰূপত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে গা ধোৱাৰ পিছত ব্যৱহাৰ কৰা তিয়নী গামোচা, পানী গামোচা আদিও উল্লেখযোগ্য। সৰুৱে ডাঙৰক মান ধৰা আদিৰ ক্ষেত্ৰত গামোচা ব্যৱহাৰ কৰা হয়। শৰাই ধাতুৰে নিৰ্মিত এবিধ খুৰা থকা পাত্ৰ। সাধাৰণতে তামোল-পাণ আৰু গামোচাৰে কাৰোবাক মান ধৰাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। অসমৰ যিকোনো সাংস্কৃতিক কাৰ্যকলাপৰ লগত এই তিনিবিধ বস্তুৰ ব্যৱহাৰ অপৰিহাৰ্য। আনাহাতে জাপি অসমীয়া সংস্কৃতিৰ আন এবিধ আদৰৰ প্ৰতিক। কাৰোবাক সন্মান জনোৱাৰ লগতে উপহাৰ দিয়াৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। ই কেইবাপ্ৰকাৰৰ যেনে-ডাং-জাপি, বৰজাপি, পানী বা হালোৱা-জাপি আৰু সৰুদৈয়া জাপি। অসমত আটাইতকৈ প্ৰচলিত জাপি হ'ল সৰুদৈয়া জাপি। এই জাপি সৰু সৰুকৈ আৰু মিহিকৈ তোলা বুঢ়া জাতি বাঁহৰ কাঠিৰে ফুল অথবা অন্য কিবা চিত্ৰ অংকন কৰি নিৰ্মাণ কৰা হয়। জাপিটোৰ ঘূৰণীয়া চাৰিও কাষ ৰঙা কাপোৰ চিলাই আৰু ওপৰৰ জোঙা কোণটিত এঠোপা ৰঙা সূতা বন্ধা হয়। অসমীয়া সমাজৰ মহিলাসকলে এই জাপি ব্যৱহাৰ কৰে তথা সন্মনীয় ব্যক্তিসকলক সন্মান প্ৰদৰ্শন কৰিবলৈ উপহাৰৰূপে আগবঢ়োৱা হয়। উৎসৱ সকলো জাতিৰ মানুহৰে কিছুমান স্বকীয় উৎসৱ আছে। অসমীয়াসকলৰো তেনে উৎসৱৰ ভিতৰত বিহু উৎসৱ প্ৰধান। সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপী অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত'ৰূপে পৰিচিত। এই দিনটেই 'গৰু-ম'হ' আদিৰ সংগ্ৰহৰ অৰ্থে আৰু পোহনীয়া জন্তুৰ মংগল কামনা কৰি সূৰ্য্যদেৱতাক স্তুতি কৰা হৈছিল। অসমীয়া বিহু মূলত তিনিটা, ৰঙালী বিহু বা ব'হাগ বিহু, কঙালী বিহু বা কাতি বিহু, আৰু ভোগালী বিহু বা মাঘ বিহু। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈ সাতদিন থাকে। ৰঙালী বিহু ব'হাগ বিহুৰূপেও পৰিচিত। বিহুৰ আগদিনাখনক উৰুকা বোলে। প্ৰথম বিহুটিৰ নাম গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গাই, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলাই। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। মেজিক কামৰূপ জিলাত ভেলাঘৰ বুলিও কোৱা হয়। সংগীত উত্তৰ-পূব ভাৰতৰ প্ৰদেশ অসমৰ সংগীতসমূহ হ'ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীত সমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীত সমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়। অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে। প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰাভাৱ দেখা যায়। তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল। কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত ওজাপালি ঝুমুৰ বৰগীত ঐনিতম বিহুগীত হুঁচৰি বনগীত বিয়ানাম ভেকুলী বিয়াৰ নাম নিচুকনি গীত মহোহো গীত জিকিৰ টোকাৰি গীত বৰফুকনৰ গীত নাগাৰা/নেগেৰা নাম আইনাম অপেচৰী সবাহৰ গীত হাইদাং গীত জন্মাষ্টমী নাম লক্ষ্মীপূজাৰ নাম জুনা গীত অসমৰ সংগীতজ্ঞসকল: শ্ৰীশ্ৰীশংকৰদেৱ পাৰ্বতি প্ৰসাদ বৰুৱা ৰূদ্ৰ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা ৰমেন বৰুৱা চাৰু গোঁহাই জিতুল সোণোৱাল জুবিন গাৰ্গ অংগৰাগ মহন্ত লোক-সংস্কৃতি কোনো এটা জাতিৰ বৈশিষ্ট্যসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিষৰ অতি বিশাল। তথাপি কিছুমান উমৈহতীয়া বৈশিষ্ট্য ইয়াৰ মাজত দেখা যায়। কাঠ, বাঁহ, বেতেৰে প্ৰাকৃতিকভাৱে নিৰ্মিত ঘৰ। প্ৰতীকাত্মক কিছুমান কাপোৰ। যেনে গামোচা, ইত্যাদি। পৰম্পৰাগত পাট-মূগা, কপাহী কাপোৰ। সহজ-সৰল ব্যৱহাৰ আৰু অতিথিপৰায়ণতা। বাঁহ সংস্কৃতি। ধৰ্মীয় শিথিলতা পৰ্যটন অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি বিভিন্ন উদ্যান আৰু বিভিন্ন মঠ-মন্দিৰ, ঐতিহাসিক সমল আদিয়ে অসমৰ পৰ্য্যটন উদ্যোগ চহকী কৰি তুলিছে। অসমৰ বিভিন্ন পৰ্য্যটন স্থানসমূহ ব্ৰহ্মপুত্ৰ নদী: লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে পৰিচিত নদৰাজ ব্ৰহ্মপুত্ৰ ভাৰত তথা অসমৰ প্ৰধান নদী। প্ৰায় 2900 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। এই নদীৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নগৰ। গুৱাহাটী মহানগৰৰ ভিতৰত কামাখ্যা, অসম ৰাজ্যিক সংগ্ৰহালয়, গুৱাহাটী চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ আদি বিভিন্ন পৰ্য্যটন স্থান আছে। যোৰহাট: গুৱাহাটীৰ পৰা ৩০৫ কিল'মিটাৰ পূৱত উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ। আহোম শাসনৰ শেষ ৰাজধানী যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী। যোৰহাটত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, হাতীগড় শিৱদ'ল, বুঢ়ীগোসানী থান বা দেৱালয়, গৰখীয়া দ'ল, ঢেঁকীয়াখোৱা বৰ নামঘৰ, বৰভেটি থান, ৰজা মৈদাম, লাচিত বৰফুকন মৈদাম, স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ, যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ আদি উল্লেখ্যযোগ্য পৰ্য্যটন স্থান আছে। মাজুলী: ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত আটাইতকৈ ডাঙৰ নদী দ্বীপ। নৱবৈষ্ণৱ ধৰ্মৰ বিভিন্ন সত্ৰ ইয়াৰ মূল আকৰ্ষণৰ কেন্দ্ৰ। জাতিংগা: ডিমা হাছাও জিলাৰ এখন পাহাৰীয়া গাঁও। চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ স্থান হিচাপে জাতিংগা বিখ্যাত। ডিমা হাছাও: ডিমা হাছাও প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অসমৰ এখন পাহাৰীয়া জিলা। সদৰ স্থান হাফলং এখন সুন্দৰ ঠাই তথা অসমৰ একমাত্ৰ পৰ্বতীয়া স্থান। হাফলঙৰ নিকতৱৰ্তী গাঁও জাতিংগা চৰাইৰ আত্মহত্যাৰ স্থান হিচাপে বিখ্যাত। ডিমা হাছাওৰ উল্লেখনীয় পৰ্য্যটন ক্ষেত্ৰ সমূহ হৈছে উমৰাংছু, পানীমূৰ জলপ্ৰপাত, মাইবং, চেলকাল পীকৰ টুমজাং ট্ৰেক ইত্যাদি। তেজপুৰ: অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ এখন অনুপম স্থান হৈছে তেজপুৰ। উষা পাহাৰ, অগ্নিগড়, মহাভৈৰৱ মন্দিৰ, চিত্ৰলেখা উদ্যান আদি উল্লেখযোগ্য পৰ্য্যটন স্থান। শিৱসাগৰ: আহোম সাম্ৰাজ্যৰ এখন ঐতিহাসিক স্থান। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ, শিৱদ'ল আদি উল্লেখযোগ্য পৰ্য্যটনৰ স্থান। হাজো: হিন্দু, ইছলাম, বৌদ্ধ ধৰ্মৰ সংগ্ৰম স্থান হ'ল হাজো। হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা ইয়াৰ মূল পৰ্য্যটনৰ স্থান। গোৱালপাৰা: গোৱালপাৰা অসমৰ আন এখন উল্লেখযোগ্য পৰ্য্যটন স্থান। পঞ্চৰত্ন, টুক্ৰেশ্বৰ পাহাৰ, শ্ৰীসূৰ্য পাহাৰ, চান্দৰডিঙা আদি উল্লেখযোগ্য স্থান। অসমৰ বিভিন্ন মঠ মন্দিৰ কামাখ্যা বশিষ্ঠাশ্ৰম দেৱালয় উমানন্দ অশ্বক্লান্ত মন্দিৰ গৰখীয়া দ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ, গোলাঘাট ঢেঁকীয়াখোৱা বৰ নামঘৰ খনিকৰ পুথি নামঘৰ, দেৰগাঁও দৌল গোবিন্দ মন্দিৰ নৱগ্ৰহ মন্দিৰ, গুৱাহাটী বিল্বেশ্বৰ দেৱালয় শিৱ দ'ল, শিৱসাগৰ মহাভৈৰৱ মন্দিৰ, তেজপুৰ ভৈৰৱী মন্দিৰ, তেজপুৰ কেতেকেশ্বৰ দেৱালয়, তেজপুৰ নেঘেৰিটিং শিৱদৌল, দেৰগাঁও মদন কামদেৱ দেৱালয়, বাইহাটা, কামৰূপ। দীপ্তেশ্বৰী দেৱালয়, ৰঙিয়া, কামৰূপ। সুন্দৰীদিয়া সত্ৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান পবিতৰা অভয়াৰণ্য গৰমপানী অভয়াৰণ্য লাওখোৱা অভয়াৰণ্য বৰনদী অভয়াৰণ্য সোণাই-ৰূপাই অভয়াৰণ্য পাভৈ অভয়াৰণ্য হোলোঙাপাৰ গিবন অভয়াৰণ্য দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য পানী দিহিং অভয়াৰণ্য নামবৰ অভয়াৰণ্য নামবৰ-দৈগ্ৰুং অভয়াৰণ্য পূব কাৰ্বি আংলং অভয়াৰণ্য চক্ৰশিলা অভয়াৰণ্য আমচোং অভয়াৰণ্য বুঢ়া চাপৰি অভয়াৰণ্য মাৰাট লংৰি অভয়াৰণ্য বৰাইল অভয়াৰণ্য ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অন্যান্য স্থান চিত্ৰলেখা উদ্যান দ-পৰ্বতীয়া বৰদোৱা, নগাঁও শৈল দ্বাৰ • দেওপাহাৰ, গোলাঘাট চাহ-উদ্যোগ অসম চাহৰ দেশ। পৃথিৱীৰ ভিতৰতে অসম দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদনকাৰী অঞ্চল। অসমত মুঠ ৮৫০খনমান চাহ বাগিছা আছে আৰু প্ৰায় ২লাখ ২৮হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। বৰ্তমান অসমৰ বাগিছাবোৰত হোৱা চাহৰ উৎপাদন পৃথিৱীৰ সৰ্বমুঠ উৎপাদন শতকৰা ১৫ ভাগ আৰু ভাৰতৰ সৰ্বমুঠ উৎপাদনৰ ৫২.৯৪ ভাগ। অসমৰ সমস্যাসমূহ ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে। দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে। অসমৰ প্ৰধান সমস্যা সমূহৰ ভিতৰত - (১) ভাষিক সমস্যা (২) নিবনুৱা সমস্যা (৩) বানপানী সমস্যা (৪) অনুপ্ৰবেশকাৰী সমস্যা (৫) উগ্ৰপন্থী সমস্যা (৬)খাদ্য সমস্যা। মূলত এই ছটাই অসমৰ প্ৰধান সমস্যা যদিও ইয়াৰ বাহিৰেও অসমৰ সম্পদৰ উচিত ব্যৱহাৰ নোহোৱা, চৰকাৰৰ বহু ক্ষেত্ৰত উদাসীনতা আৰু যোগ্য ব্যক্তিৰ নিয়োগ নোহোৱায়েও সমস্যাসমূহৰ লগত মিলি অনেক বাধাৰ সৃষ্টি কৰি আহিছে। লগতে চাওক অসমৰ ৰাজ্যিক প্ৰতীকসমূহ অসম বুৰঞ্জী অসমীয়া ভাষা আহোম আহোম সাম্ৰাজ্য চৰ্যাপদ অসমীয়া খাদ্যাভাস অসমৰ অৰ্থনীতি অসমৰ সংগীত অসমৰ সাহিত্য তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Assam Tourism (আনুষ্ঠানিক ৱেবছাইট) অসমৰ চৰকাৰী বেৱছাইটত থকা অসমৰ চমু বৰ্ণনা অসমৰ চহৰসমূহৰ মানচিত্ৰ অসম ডট অৰ্গ ভাৰতৰ ৰাজ্য উত্তৰ পূব ভাৰত সাতভনী ৰাজ্যসমূহ
1650
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%87%E0%A6%9C%E0%A6%AA%E0%A7%81%E0%A7%B0
তেজপুৰ
তেজপুৰ () শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ। ই গুৱাহাটীৰ ১৭৯ কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও বিখ্যাত। তেজপুৰ নামৰ উৎপত্তি তেজপুৰ : তেজপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ। এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী ঊষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত। সেয়ে তেওঁৰ সুৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছিল। এদিন ৰাতি সপোনত ঊষাই এজন সুদৰ্শন ৰাজকোঁৱৰক দেখা পায় আৰু প্ৰেমত পৰে। প্ৰিয় সখী, চিত্ৰশিল্পী চিত্ৰলেখাই সখীৰ বিৰহ বেদনা দূৰ কৰিবলৈ তেওঁৰ বৰ্ণনা ক্ৰমে ৰাজকোঁৱৰৰ চিত্ৰ আঁকিলে। অনুসন্ধান কৰি গম পোৱা গ'ল যে সেই কোঁৱৰজন বাণৰজাৰ শত্ৰু, দ্বাৰকাৰ ৰজা, ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। চিত্ৰলেখাৰ জৰিয়তেই দুয়োৰে মাজত প্ৰত্যক্ষভাৱে প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথামতে বিবাহপাশত আৱদ্ধ হয়। বাণ ৰজাই খঙতে অনিৰুদ্ধক বন্দী কৰি ৰাখে। নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি শ্ৰীকৃষ্ণই বাণৰ লগত যুদ্ধত প্ৰবৃত্ত হয়। বানৰজাক সহায় কৰিবলৈ তেওঁৰ ইষ্টদেৱ ভগবান শিৱইও যুদ্ধত লিপ্ত হয়। কৃষ্ণসেনা আৰু সমানেই শক্তিশালী শিৱসেনাৰ মাজত হোৱা এই অভূতপূৰ্ব ভয়ংকৰ যুদ্ধ দেখি ত্ৰিভূবন ত্ৰস্তমান হৈ পৰে। অৱশেষত যুদ্ধৰ প্ৰাবল্যত সৃষ্টি নাশহোৱাৰ উপক্ৰম দেখি বিশ্বৰ সকলো ঋষি, মুনি আৰু দেবগণৰ কাতৰ উপাসনাত দুইজন দেৱতা ক্ষান্ত হয় আৰু যুদ্ধ সম্বৰণ কৰে। বাণৰজায়েও নিজৰ ভুল উপলব্ধি কৰি ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে। লোককথামতে 'হৰি-হৰ যুদ্ধ' (হৰি:কৃষ্ণ, হৰ: শিৱ) বুলি জনাজাত দুই প্ৰবল প্ৰতাপী দেৱতাৰ এই ৰক্তক্ষয়ী যুদ্ধত ইমানেই মানুহৰ মৃত্যু হৈছিল যে যুদ্ধক্ষেত্ৰত হেনো তেজৰ ঢল যেন উঠিছিল। সেয়ে কালক্ৰমত এই স্থান তেজপুৰ বা শোণিতপুৰ বুলি (তেজৰ/শোণিতৰ নগৰ) পৰিচিত হৈ পৰে। কলা, সংস্কৃতি, সাহিত্য তেজপুৰ কলা, সংস্কৃতি, সাহিত্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি মনমোহা নগৰ। ইয়াতেই অসমীয়া সাহিত্যৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ জন্ম হয়। অসমৰ প্ৰথমটো বাদ্যযন্ত্ৰীৰ দলে ১৯০৭ চনত তেজপুৰতে জন্মলাভ কৰে। অসমৰ প্ৰথমটো আধুনিক ৰংগ মঞ্চ বাণ ৰঙ্গমঞ্চ ১৯০৬ চনত আৰু অসমৰ প্ৰথমখন সংগীত বিদ্যালয় জ্যোতিকলা কেন্দ্ৰ ১৯৪০ চনত ইয়াতেই স্থাপিত হয়। অসমৰ জাতীয় সংগীত "অ’ মোৰ আপোনাৰ দেশ" প্ৰথমবাৰৰ বাবে সুৰাৰোপিত কৰি তেজপুৰতে গোৱা হৈছিল। "ৰূপকোঁৱৰ"জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ সকলো কাম সম্পাদনা কৰে। আনহাতে শোণিতপুৰ জিলাৰ অন্তৰ্গত 'গহপুৰ'আৰক্ষী চকীত ১৯৪২ চনত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ আৰক্ষী চকীৰ ওপৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি ১৪ বছৰীয়া কণকলতা বৰুৱা আৰক্ষীৰ গুলিত নিহত হয়। উল্লেখযোগ্য ব্যক্তি কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল। :- চন্দ্ৰ কুমাৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালা দণ্ডিৰাম কলিতা কমলাকান্ত ভট্টাচাৰ্য্য বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ফণী শৰ্মা লম্বোদৰ বৰা পদ্মনাথ গোহাঞি বৰুৱা চন্দ্ৰনাথ শৰ্মা দণ্ডিনাথ কলিতা হীৰাৱতী গোহাঞি বৰুৱা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস লক্ষ্মীধৰ শৰ্মা গহণ চন্দ্ৰ গোস্বামী বিজয় চন্দ্ৰ ভাগৱতী গজেন বৰুৱা কণকলতা বৰুৱা সোমনাথ চেটাৰ্জী ত্ৰৈলোক্য ভট্টাচাৰ্য্য কমলা প্ৰসাদ আগৰৱালা প্ৰফুল্ল বৰা উল্লেখযোগ্য ঠাই তেজপুৰ নগৰৰ কেইখনমান উল্লেখযোগ্য ঠাই: চিত্ৰলেখা উদ্যান অগ্নিগড় বামুণী পাহাৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ পদুম পুখুৰী ত্ৰিমূৰ্তি উদ্যান হজৰা পুখুৰী জ্যোতি ভাৰতী নামেৰী ৰাষ্ট্ৰীয় উদ্যান বাণ ৰঙ্গমঞ্চ জিলা সংগ্ৰহালয়,তেজপুৰ ড॰ ভূপেন হাজৰিকা কলাভূমি উল্লেখনীয় মঠ-মন্দিৰ মহাভৈৰৱ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সমীপত॥ ভৈৰৱী মন্দিৰ :- অৱস্থিতি: নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভৈৰৱী টিলাৰ ওপৰত॥ গণেশ মন্দিৰ:-অৱস্থিতি: ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গণেশ ঘাটত। হনুমান মন্দিৰ:- অৱস্থিতি: ভৈৰৱী মন্দিৰৰ পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত, গেৰেকী বান্দৰদেৱা পাহাৰৰ এটি সৰু টিলাৰ ওপৰত। কেতেকেশ্বৰ দেৱালয়:- অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ। শুক্লেশ্বৰ দেৱালয়:- অৱস্থিতি: গটঙা গাঁৱত, তেজপুৰৰ পৰা প্ৰায় ৬ কি:মি: আঁতৰত। সিদ্ধেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, বামুণ চুবুৰীৰ পৰ্বতীয়া সাউদৰ পাৰ গাঁৱত। দক্ষিণা কালী মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সন্মুখত। ৰুদ্ৰপদ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ পৰা ৮ কি:মি: নিলগত, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভোমোৰাগুৰি টিলাৰ ওপৰত। নিকামূল সত্ৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, মাজগাঁও। চিপহা সত্ৰ:- অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ। বৰালিমৰা সত্ৰ:- অৱস্থিতি: দআটি গাঁও, তেজপুৰ। শ্ৰী শ্ৰীসত্যনাৰায়ণ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত, জে.বি ৰোডত। টিঙ্গেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৪ কি:মি: নিলগত পশ্চিম দক্ষিণ দিশত। লক্ষ্মীনাৰায়ণ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজ, কণকলতা অসামৰিক চিকিৎসালয়ৰ সমীপত। হলেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৯ কি:মি: নিলগত। হুদুপৰা থান:- অৱস্থিতি: দেউৰী গাঁও, তেজপুৰ। হেংগুলেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ পশ্চিমে, ভৈৰৱপুৰ মৌজাত। কামৰূপীয়া নামঘৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত। নাগশংকৰ মন্দিৰ:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৫৮ কি:মি: নিলগত, নাগশংকৰ মৌজাত। কলিয়া গোঁসাইৰ থান:-অৱস্থিতি: বালিপাৰা, মানশিৰি নৈৰ পাৰত। বুঢ়াগোসাঁই থান:- অৱস্থিতি: প্ৰতাপগড় চাহ বাগিচাৰ সমীপত। গুপ্তেশ্বৰ মন্দিৰ:- অৱস্থিতি: ঢেকীয়াজুলীৰ পৰা প্ৰায় ১২ কি:মি: নিলগত, শিঙৰি টিলাৰ পশ্চিম দক্ষিণ দিশত। চাৰিদুৱাৰৰ বুঢ়াগোসাঁই থান:- চাৰিদুৱাৰ। ধ্বান্দি বা ধেন্দাই দ’ল:-অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰী মৌজাত। বুঢ়া গোসাঁই দেৱালয়:- অৱস্থিতি: জামুগুৰিহাটৰ পৰা প্ৰায় ডেৰ কিলমিটাৰ নিলগত। নিজ বৰচলা মন্দিৰ:- অৱস্থিতি: বৰচলা গাঁও, নিজ বৰচলা। বিশ্বনাথ ক্ষেত্ৰ :- অৱস্থিতি: বিশ্বনাথ চাৰিআলি। ফুলবাৰী দেৱালয় :- অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰীত। শ্ৰী চৈতন্য গৌড়ীয় মঠ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত। গুৰুদ্বাৰ:- অৱস্থিতি: কুমাৰগাঁও, তেজপুৰ। ৰামকৃষ্ণ সেৱাশ্ৰম :- অৱস্থিতি: পাৱাৰ হাউচৰ পশ্চিমে, পদুম পুখুৰীৰ সমীপত এটি টিলাৰ ওপৰত। মছজিদ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত। গিৰ্জা / ছাৰ্চ এফিটেনী : অৱস্থিতি: নেহৰু ময়দানৰ দক্ষিণ দিশত, তেজপুৰ। শলগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিৰ শলগুৰি গাঁও। কৰতিপাৰ সত্ৰ:- অৱস্থিতি: জামুগুৰিহাট। বৰালিমৰা সত্ৰ :- অৱস্থিতি: তেজপুৰৰ দআটি গাঁও। আঁহতগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিহাটৰ কাষৰ হাতিঙা গাঁও। শৈক্ষিক প্ৰতিষ্ঠান বিশ্ববিদ্যালয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় মহাবিদ্যালয় দৰং মহাবিদ্যালয় : তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল। তেজপুৰ চিকিৎসা মহাবিদ্যালয় তেজপুৰ মহাবিদ্যালয় : অগ্নি গড়ৰ নিচেই ওচৰত অৱস্থিত। তেজপুৰ আইন মহাবিদ্যালয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় তেজপুৰ আইন মহাবিদ্যালয় বি.টি. কলেজ উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় তেজপুৰ একাডেমি তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয় চেক্ৰেড হাৰ্ট স্কুল, তেজপুৰ পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয় পাঁচমাইল কন্যা বিদ্যালয় পাঁচমাইল জাতীয় বিদ্যালয় শিক্ষা জ্যোতি বিদ্যালয় পাঁচমাইল হাই মাদ্ৰাছা ডন বস্ক হাই স্কুল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ঢেকিয়াজুলি কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান আই টি আই গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰ অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান জ্যোতিকলা কেন্দ্ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি। চিকিৎসা সেৱা প্ৰতিষ্ঠান তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কণকলতা অসামৰিক চিকিৎসালয় আৰ্মি বেচ হস্পিটাল মিশ্যন হস্পিটাল বা ব্যপিষ্ট খ্ৰীষ্টান হস্পিটাল, তেজপুৰ চিত্ৰ ভঁৰাল তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Sonitpur District Administration Website WORLD WAR II TEZPUR AIRPORT IN WORLD WAR II TEZPUR IN BRITANNICA TEZPUR AT OSGEOINT অসমৰ নগৰ-মহানগৰ তেজপুৰ‎
1653
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A7%83%E0%A6%A4%20%E0%A6%AF%E0%A7%80%E0%A6%B6%E0%A7%81%20%E0%A6%97%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%9C%E0%A6%BE
প্ৰকৃত যীশু গীৰ্জা
প্ৰকৃত যীশু গীৰ্জা বা সত্য যীশু গীৰ্জা (The True Jesus Church) ১৯১৭ চনত চীন দেশত প্ৰতিষ্ঠা হোৱা এটি স্বাধীন প্ৰটেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহান বাণীসমূহ প্ৰচাৰ কৰা। এই গীৰ্জাৰ প্ৰধান দহটি বিশ্বাস হ'ল - পবিত্ৰ আত্মা - পৱিত্ৰ আত্মাত বা পৰ‌মাত্মাত বিলয়, যি সুভাষণত প্ৰকাশ পায়, হৈছে মোক্ষলাভৰ‌ প্ৰতিশ্ৰুত পন্থা। শৰণ - জল-দীক্ষা হৈছে পাপ মৰীষণ আৰু জীৱৰ পৰিত্ৰাণাৰ্থে পালন কৰা ধৰ্মানুস্থান। এই দীক্ষানুস্থান কোনো প্ৰাকৃতিক জলপ্ৰৱাহ যেনে নৈ, জান-জুৰি অথবা সাগৰ আদিত আয়োজিত কৰা হয়। পৰমাত্মা আৰু পানীৰ পৱিত্ৰ জলদীক্ষা গ্ৰহণ কৰা কোনো ব্যক্তিয়ে প্ৰভু যীশুখৃষ্টক স্মৰণ কৰি এই অনুষ্ঠানৰ পৌৰোহিত্য কৰে। দীক্ষাপ্ৰাৰ্থী ব্যক্তিয়ে সম্পূৰ্ণভাৱে জলত নিমজ্জিত হৈ নতশীৰে শৰণ লয়। পদ প্ৰক্ষালন - পদপ্ৰক্ষালন কাৰ্য্যৰ জৰীয়তে ব্যক্তি প্ৰভু যীশুৰ লগত একাত্ম হয়। লগতে ই মানুহৰ থাকিবলগীয়া প্ৰেম, পৱিত্ৰতা, নম্ৰতা, দয়া আৰু সেৱাৰ ভাৱৰো নিৰন্তৰ স্মাৰক। জলদীক্ষাত দীক্ষিত ব্যক্তিয়ে প্ৰভু যীশুখৃষ্টক স্মৰণ কৰি পদপ্ৰক্ষালন কৰা বাঞ্ছনীয়। উপযুক্ত ক্ষেত্ৰত পাৰস্পৰীক পাদ্যাৰ্ঘদান কাৰ্যও যথাসম্ভৱ পালনীয়। সাত্বিক/পৱিত্ৰ ভোজন - সাত্বিক ভোজন আচাৰ প্ৰভু যীশুখ্ৰীষ্টৰ মহাপৰিনিৰ্বানৰ প্ৰতি সন্মানৰ পৰিচায়ক। ই আমাক প্ৰভুৰ লগত একেলগে কৰা ভোজনৰ প্ৰতীকৰ জৰীয়তে তেওঁৰ প্ৰতি আগ্ৰ্হ প্ৰকাশ কৰিবলৈ উদ্বুদ্ধ কৰে। চাবাথ বা প্ৰাৰ্থণা দিৱস - সপ্তাহৰ‌ সপ্তম দিনটো অৰ্থাৎ শণিবাৰক‌, পবিত্ৰ দিন বুলি গণ্য কৰা হয়। এই দিনা ভগবানৰ‌ পৰা আশীৰ্বাদ গ্ৰহণ কৰা হয়। ভগবানৰ বিপুল সৃষ্টিৰ‌ কাৰ‌ণে সন্মান আৰু ধন্যবাদ জনাই আৰু মোক্ষলাভ আৰু মহাপৰিনিৰ্বানৰ‌ আগ্ৰ‌হ কৰি এই উপাসনা কৰা হয়। যীশু খ্ৰীষ্ট - যীশু খ্ৰীষ্ট, যি ভগৱানৰ ৰ‌ক্ত-মাংসৰ‌ অৱতাৰ‌স্বৰূপ, যি পাপীৰ‌ পৰিত্ৰাণৰ‌ কাৰ‌ণে কাৰণে ক্ৰচবিদ্ধ হৈ জীৱন উচৰ্গিলে, তৃতীয় দিনা যাৰ‌ পুনৰোত্থান হ'ল আৰু মহাপৰিনিৰ্বান লভিলে। তেওঁৱেই মানবৰ‌ একমাত্ৰ ত্ৰাতা, পৃথিৱী আৰু স্বৰ্গৰ‌ সৃষ্টিকৰ্তা আৰু পৰ‌ম বিদ্যমান ভগবান। পবিত্ৰ বাইবেল - নতুন আৰু পুৰণি- দুই স্কন্ধত সংকলিত এই পবিত্ৰ বাইবেল গ্ৰন্থ ভগৱৎ-প্ৰণীত অদ্ৱৈত সত্য আৰু খ্ৰীষ্টীয় পন্থাৰ জীৱন যাপনৰ‌ বিধান। পৰিত্ৰাণ - ভগৱৎ বিশ্বাসে পাপৰ‌ পৰা পৰিত্ৰাণ কৰে। আস্থাবানজনে ভগৱৎপ্ৰাপ্তিৰ‌ উদ্দেশ্যে পৰ‌মাত্মাত আশ্ৰয় লয়, ভগবানক সন্মান কৰে আৰু মানুহক ভাল পায়। গীৰ্জা - অধৰ্ম নাশ কৰাৰ উদ্দেশ্যে ভগৱান যিশু খ্ৰীষ্টই স্থাপন কৰা এপষ্টিলিক সময়ৰ প্ৰকৃত পুনৰুজ্জীৱিত গীৰ্জা। চূড়ান্ত বিচাৰ - পৃথিবীক বিচাৰ কৰিবলৈ ভগৱানে দ্ৱিতীয় অৱতাৰ ধাৰণ কৰিব - দুষ্টক দমন আৰু শান্তক পালনৰ উদ্দেশ্যে। তথ্যসূত্ৰ বহ্যিক সংযোগ TJC Evangelical site TJC International Assembly TJC Hong Kong TJC United Kingdom The TJC United States General Assembly TJC West Malaysia TJC Chicago, IL, USA TJC Hillsborough, NJ, USA TJC Elizabeth, NJ, USA TJC Elizabeth, NJ, USA - Listen to recorded and live sermons গীৰ্জাঘৰ
1886
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF
সাহিত্য
লিখন-শিল্পক এক কথাত সাহিত্য () বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য। ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে। সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে। লগতে চাওক অসমীয়া সাহিত্য তৰুণ চন্দ্ৰ পামেগাম তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ডিক্সনাৰী অৱ দ্য হিষ্টৰী অৱ আইদিয়াছ কাৰ্ণেগী মেলন বিশ্ববিদ্যালয়ৰ বিশ্বজনীন পাঠগাৰ ইংৰাজী লিটাৰেচাৰ ফোৰাম প্ৰজেক্ট গুটেনবাৰ্গৰ অনলাইন পাঠগাৰ আৰ্টচ, বিডিনিউজ টুৱেণ্টি ফৰ ডটকম সংস্কৃতি
1887
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
বেটুপাত
{| border=0
1996
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE
আফ্ৰিকা
আফ্ৰিকা () মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত। এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে। ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত। দেশ আৰু অঞ্চলসমূহ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ সাধাৰণ তথ্য African & Middle Eastern Reading Room from the United States Library of Congress Africa South of the Sahara from Stanford University The Index on Africa from The Norwegian Council for Africa ইতিহাস African Kingdoms The Story of Africa from BBC World Service Africa Policy Information Center (APIC) নিউজ মিডিয়া allAfrica.com current news, events and statistics Focus on Africa magazine from BBC World Service পৰিভ্ৰমণ মহাদেশ
1997
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%AE%E0%A7%87%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE%20%28%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%29
আমেৰিকা (মহাদেশ)
আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলাণ্টিক মহাসাগৰ অৱস্থিত। এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ। দেশ আৰু অঞ্চলসমূহ (যুক্তৰাজ্য) (নেডাৰলেণ্ড) (যুক্তৰাজ্য) (নেডাৰলেণ্ড) (নৰৱে) (যুক্তৰাজ্য) (যুক্তৰাজ্য) (ফ্ৰান্স) (নেডাৰলেণ্ড) (যুক্তৰাজ্য) (ফ্ৰান্স) (ডেনমাৰ্ক) (ফ্ৰান্স) (ফ্ৰান্স) (যুক্তৰাজ্য) (আমেৰিকা যুক্তৰাষ্ট্ৰ) (আমেৰিকা যুক্তৰাষ্ট্ৰ) (নেডাৰলেণ্ড) (ফ্ৰান্স) (ফ্ৰান্স) (নেডাৰলেণ্ড) (নেডাৰলেণ্ড) (যুক্তৰাজ্য) (আমেৰিকা যুক্তৰাষ্ট্ৰ) তথ্যসূত্ৰ বহিঃসংযোগ United Nations population data by latest available Census: 2008-2009 Organization of American States Council on Hemispheric Affairs মহাদেশ আমেৰিকা
1998
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A6%9F%E0%A6%BF%E0%A6%95%E0%A6%BE
এণ্টাৰ্কটিকা
এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক। এণ্টাৰ্কটিকা এক মৰুভূমি হিচাবে বিবেচনা কৰা হয়, কাৰণ ইয়াৰ বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ২ ৰ পৰা ০ মিমি (৮ ইঞ্চি), ই কেবল উপকূলৰহে পৰিমাণ, ভিতৰৰ পৰিমাণ ইয়াতকৈও কম। ইয়াত স্থায়ীভাবে মানুহ বাস নকৰে, মহাদেশখনৰ বিভিন্ন স্থানত থকা গবেষণা ষ্টেচনসমূহত ১,০০০ ৰ পৰা ৫,০০০ মানুহ বছৰৰ বিভিন্ন সময়ত অৱস্থান কৰে। প্ৰবল শীতৰ বাবে উদ্ভিদ আৰু প্ৰাণী ইয়াত জীয়াই থকা কঠিন, কেবল পেঙ্গুইন, চিল, নেমাটোড, টাৰ্ডিগ্ৰেৰ, মাইট, বিভিন্ন প্ৰকাৰৰ শৈবাল, অন্যান্য অনুবিক্ষণীয় জীৱ আৰু তুন্দ্ৰাৰ উদ্ভিদসমূহে ইয়াৰ বাসিন্দা। তথ্যসূত্ৰ মহাদেশ
1999
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
এছিয়া
এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে। ক্ষেত্ৰ দক্ষিণ এছিয়া পূব এছিয়া পশ্চিম এছিয়া দক্ষিণ পূব এছিয়া মধ্য এছিয়া দেশৰ সূচী নেপাল ভাৰত পাকিস্তান চীন জাপান থাইলেণ্ড বাংলাদেশ ভূটান ওমান শ্ৰীলঙ্কা ম্যানমাৰ ভিয়েটনাম লাউচ দক্ষিণ কোৰিয়া ইৰাণ ইৰাক ছিংগাপুৰ মালয়েছিয়া টাইৱান মালদ্বীপ ফিলিপাইন চৌদি আৰৱ সংযুক্ত আৰৱ আমিৰাত আফগানিস্তান উজবেকিস্তান তুৰ্কমেনিস্তান কিৰগিজস্তান কাজাখাস্তান কাটাৰ য়েমেন জৰ্ডান ইণ্ডোনেছিয়া পূৱ টিমোৰ ব্ৰুনেই কম্বোডিয়া উত্তৰ কোৰিয়া কোৱেইট বাহৰেইন ইজৰাইল লেবানন ছিৰিয়া মংগোলিয়া তাজিকিস্তান আৰ্মেনিয়া আজাৰবাইজান জৰ্জিয়া তুৰস্ক ছাইপ্ৰাছ ইজিপ্ত ৰাছিয়া পাপুৱা নিউ গিনি শ্ৰীলংকা তথ্যসূত্ৰ মহাদেশ
2001
https://as.wikipedia.org/wiki/%E0%A6%93%E0%A6%9A%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
ওচেনিয়া
প্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চাৰিটা ভাগত ভাগ কৰা হৈছে - মেলানেচিয়া (বৰ্তমানে অষ্ট্ৰেলেচিয়া), মাইক্ৰোনেচিয়া, পলিনেচিয়া আৰু মালয় আৰ্কিয়োপ্লাগো। ৰাষ্ট্ৰসমূহ ভাষাসমূহ মহাদেশ
2003
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%82%E0%A6%97%E0%A7%8B%E0%A6%B2
ভূগোল
ভূগোল (ইংৰাজী :- Geography গ্ৰীক ভাষাৰ γεωγραφία - geographiaৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা") হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ইৰেট'স্থেনিছ (খ্ৰীষ্টপূৰ্ব ২৭৬-১৯৪)। ভূগোলৰ গৱেষণাৰ চাৰিটা পৰম্পৰাগত ভাগ হৈছে প্ৰকৃতি আৰু মানৱ পৰিঘটনাৰ বিশ্লেষণ, ভূমি অধ্যয়ন (স্থান), মানুহ-ভূমিৰ সম্পৰ্কৰ অধ্যয়ন, আৰু ভূ বিজ্ঞানৰ গৱেষণা। আধুনিক ভূগোলে বিভিন্ন বিষয় সামৰি লৈ পৃথিৱী আৰু ইয়াৰ বাসিন্দা বা প্ৰকৃতিৰ জটিলতাক বুজিবলৈ চেষ্টা কৰে- কেৱল বস্তুটো কি সেয়াই নহয় কিন্তু সালসলনিৰ মাজেৰে কিদৰে আজিৰ ৰূপ পালে সেই সকলো। ভূগোলক "বিশ্বৰ বিষয়" আৰু "মানুহ আৰু ভৌতিক বিজ্ঞানৰ মাজৰ সেতু" বুলিও অভিহিত কৰা হৈছে। ভূগোলক মানৱ ভূগোল আৰু ভৌতিক ভূগোল এই দুটা বহল ভাগত ভগোৱা হৈছে। ভাগ সমূহ ভূগোলক দুটা প্ৰধান ভাগত ভগোৱা হৈছে। প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোল আৰু মানৱ ভূগোল প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোল প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলৰ মূল বিষয়বস্তু হ'ল - পৃথিবীৰ বিভিন্ন অংশ আৰু সেইবোৰৰ গঠন, উপাদান আদিৰ বিষয়ে আৰু প্ৰাকৃতিক সমস্যা সমূহৰ ব্যাখ্যা, আলোচনা আদি কৰা হয়। ই প্ৰধানকৈ ভূ-মণ্ডল বা লিথ'স্ফিয়েৰ বা ছিয়াল বা ওপৰৰ স্তৰ, জলমণ্ডল, বায়ুমণ্ডল, ভূপৃষ্ঠ, আৰু গোলকীয় উদ্ভিদ জগত আৰু প্ৰাণী জগতৰ (জীৱমণ্ডল) গঠন, আৰ্হি, আৰু এইবোৰৰ সমস্যা আৰু সমাধানৰ বিষয়ে আলোচনা কৰে। প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলক অসংখ্য বিশাল উপভাগত ভগাব পাৰি, এইবোৰৰ কিছুমান হ'ল: {| style="border:1px solid #ddd; text-align:center; margin: auto;" cellspacing="15" | || || || |- | জীৱভূগোল || জলবায়ু বিজ্ঞান আৰু বতৰবিজ্ঞান || উপকূলীয় ভূগোল || পৰিৱেশ ব্যৱস্থাপনা |- | || || || |- | ভূ-মিতি বা গাণিতিক ভূগোল || ভূ-আকৃতি বিজ্ঞান || হিমবাহবিদ্যা || জল-বিজ্ঞান আৰু হাইড্ৰগ্ৰেফি |- | || || || |- | ভূ-দৃশ্য বাস্তুব্য বিজ্ঞান || সমুদ্ৰ বিজ্ঞান || মৃত্তিকা বিজ্ঞান || প্ৰত্নভূগোল |- | |- | ক্কোৱেটাৰনেৰি বিজ্ঞান |} মানৱ ভূূগোল ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক  অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়। মানৱ ভূগোলৰ ভাগসমূহ জনসংখ্যা ভূগোল ভূগোলৰ যি শাখাত কোনো এখন ঠাই বা ৰাষ্ট্ৰৰ জনসংখ্যা, জনসংখ্যাৰ গাঠনি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, জন্ম-মৃত্যুৰ হাৰ, লিংগ অনুপাত, সাক্ষৰতা আদিবোৰ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰা হয়, ভূগোলৰ সেই শাখাটোকে জনসংখ্যা ভূগোল বোলে। পৌৰ ভূগোল ভূগোলৰ এই শাখাত নগৰ-মহানগৰ আদিৰ বিভিন্ন দিশ, যেনে- নগৰীয়া অঞ্চলৰ জনগাঁথনি, জনসংখ্যা, ঘনত্ব, বিতৰণ, নগৰ পৰিচালনা, উন্নয়নৰ পৰিকল্পনা, আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে, ভূগোলৰ সেই শাখাটোক পৌৰ ভূগোল বা নগৰীয়া ভূগোল বোলে। অৰ্থনৈতিক ভূগোল কৃষি ভূগোল উদ্যোগ ভূগোল বাণিজ্য ভূগোল পৰ্যটন ভূগোল আচৰণ ভূগোল কল্যাণ ভূগোল সমাজ ভূগোল সাংস্কৃতিক ভূগোল ঐতিহাসিক ভূগোল চিকিৎসা ভূগোল ভূ-ৰাজনীতি লিংগৰ ভূগোল ৰাজনৈতিক ভূগোল নিৰ্বাচন ভূগোল প্ৰতিৰক্ষা ভূগোল প্ৰশাসন ভূগোল ভূগোল তথ্যসূত্ৰ
2005
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A6%A3%E0%A6%BF%E0%A6%A4
গণিত
পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হ'ল "চিত্ৰ (figure) আৰু সংখ্যাৰ (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গিৰ মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। বিধিগত (formal) দৃষ্টিকোণ মতে গণিত হ'ল যুক্তিবিজ্ঞান (logic) আৰু বিশেষ প্ৰতীক-চিহ্নাদি (notation) ব্যৱহাৰ কৰে স্বতঃসিদ্ধ-ৰূপে সংজ্ঞায়িত বিমূৰ্ত গঠনসমূহৰ (axiomatically defined abstract structures) গৱেষণা, অৰ্থাৎ গণিত হ'ল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হ'ল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক স্থাপন কৰা। অন্য এক বাস্তৱতাবাদী (realistic) দৃষ্টিকোণৰ মতে গণিত হ'ল সেই সকলো বস্তু বা ধাৰণাৰ গৱেষণা, আমাৰ যুক্তিনিৰ্মাণ (reasoning) নিৰ্বিশেষে যাৰ স্বাধীন অস্তিত্ব আছে। অৰ্থাৎ গণিত বাস্তব বস্তুৰ গৱেষণা, মানুহৰ মনৰ বিমূৰ্ত সৃষ্টি নহয়, আৰু গণিতজ্ঞসকলৰ কাম হ'ল মূৰ্ত বাস্তবতাৰ পৰা গণিতৰ বিভিন্ন বিমূৰ্ত সূত্ৰ উদ্ঘাটন কৰা। বিজ্ঞানৰ সকলো শাখাতে গণিতৰ ব্যৱহাৰ আছে; গণিতক সেয়ে "বিজ্ঞানৰ ভাষা", "বিশ্বৰ ভাষা" আৰু "সমস্ত বিজ্ঞানৰ ৰাণী" বুলি কোৱা হয়। গণিতৰ ইতিহাস ইংৰাজী "mathematics" শব্দটো Greek: μάθημα (máthēma "knowledge, study, learning") শব্দৰ পৰা আহিছে যাৰ অৰ্থ "বিজ্ঞান, জ্ঞান, বা শিক্ষণ"; μαθηματικός (মাতেমাতিকোস)-ৰ অৰ্থ "জ্ঞানপিপাসু"। বৰ্তমানে "mathematics" বা গণিত বুলি ক'লে পৰিমাণ, সংগঠন, স্থান আৰু পৰিবৰ্তনৰ গৱেষণাভিত্তিক বিশেষ ধৰণৰ জ্ঞানক বুজাই। ইতিহাস আৰু গণিতবিশ্ব প্ৰাচীন বেবিলনৰ গণিত এই সভ্যতাৰ স্থলী হ'ল টাইগ্ৰীচ নদীৰ সাৰবাৰ উপত্যাকাত। তেওঁলোকে অংক কৰিছিল সঁচা,কিন্তূ সংখ্যাৰ আ্ৱিস্কাৰ বা ব্যৱহাৰ কৰা নাছিল। প্ৰাচীন মিছৰীয় গণিত গণিতৰ মৌলিক ধাৰণাসমূহ অঙ্ক সংখ্যা (ইংৰাজী: Number): ০,১,২,৩,৪,৫,৬,৭,৮,৯ গণিতৰ প্ৰধান ক্ষেত্ৰসমূহ পৰিমাণ গঠন === স === পৰিবৰ্তন ভিত্তি আৰু পদ্ধতি তথ্যসূত্ৰ বহিঃসংযোগ <div class="references-small"> Free Mathematics books Free Mathematics books collection. Applications of High School Algebra Encyclopaedia of Mathematics online encyclopadia from Springer, Graduate-level reference work with over 8,000 entries, illuminating nearly 50,000 notions in mathematics. HyperMath site at Georgia State University FreeScience Library The mathematics section of FreeScience library Rusin, Dave: The Mathematical Atlas. A guided tour through the various branches of modern mathematics. (Can also be found here .) Polyanin, Andrei: EqWorld: The World of Mathematical Equations. An online resource focusing on algebraic, ordinary differential, partial differential (mathematical physics), integral, and other mathematical equations. Cain, George: Online Mathematics Textbooks available free online. Tricki, Wiki-style site that is intended to develop into a large store of useful mathematical problem-solving techniques. Mathematical Structures , list information about classes of mathematical structures. Math & Logic: The history of formal mathematical, logical, linguistic and methodological ideas. In The Dictionary of the History of Ideas. Mathematician Biographies. The MacTutor History of Mathematics archive Extensive history and quotes from all famous mathematicians. Metamath. A site and a language, that formalize mathematics from its foundations. Nrich, a prize-winning site for students from age five from Cambridge University Open Problem Garden, a wiki of open problems in mathematics Planet Math. An online mathematics encyclopedia under construction, focusing on modern mathematics. Uses the Attribution-ShareAlike license, allowing article exchange with Wikipedia. Uses TeX markup. Some mathematics applets, at MIT Weisstein, Eric et al.: MathWorld: World of Mathematics. An online encyclopedia of mathematics. Patrick Jones' Video Tutorials on Mathematics Matematik Özel Ders Ankara
2007
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A6%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A5%20%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8
পদাৰ্থ বিজ্ঞান
পদাৰ্থ বিজ্ঞান (ইংৰাজী: Physics) হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা য'ত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়। বুনিয়াদী বৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰসমূহৰ ভিতৰত পদাৰ্থ বিজ্ঞান অন্যতম আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰিঘটনাসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰা। পদাৰ্থ বিজ্ঞান প্ৰাচীন বিদ্যায়তনিক বিষয়সমূহৰ ভিতৰত অন্যতম। সম্ভৱতঃ জ্যোতিৰ্বিজ্ঞানৰ অন্তৰ্ভুক্তিৰ ফলস্বৰূপে ই প্ৰাচীনতম বিদ্যায়তনিক বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে। শেষৰ দুটা সহস্ৰাব্দলৈ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিতৰ কিছুসংখ্যক শাখা প্ৰাকৃতিক দৰ্শনৰ অংশ আছিল যদিও ১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ সময়ছোৱাত এই প্ৰাকৃতিক বিজ্ঞানসমূহ সিহঁতৰ নিজস্ব অধিকাৰত একক অনুসন্ধান প্ৰয়াস হিচাপে জ্ঞাত হয়। টোকা তথ্যসূত্ৰ বাহ্যিক সংযোগ পদাৰ্থ বিজ্ঞান
2008
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8
বিজ্ঞান
বিজ্ঞান (Science, লেটিন শব্দ scientiaৰ পৰা যাৰ অৰ্থ "জ্ঞান") হৈছে এক প্ৰণালীবদ্ধ অধ্যয়ন য'ত বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰামাণ্য বৈজ্ঞানিক তত্ত্ব বা সম্ভাৱনাৰ ৰূপত সংগঠিত কৰি ৰখা হয়। এটা পুৰণি অথচ আজিও প্ৰাসংগিক অৰ্থ হ'ল এৰিষ্ট'ট'লৰ মত - বৈজ্ঞানিক জ্ঞান এনে নিৰ্ভৰশীল জ্ঞান যাক যুক্তি আৰু কাৰণসহ ব্যাখ্যা কৰিব পাৰি। পুৰণি কালত বিজ্ঞানক দৰ্শনৰ লগত ৰিজোৱা হৈছিল। আধুনিক যুগৰ প্ৰথম ভাগত "বিজ্ঞান" আৰু "দৰ্শন" শব্দ দুটা ইংৰাজী ভাষাত সলনাসলনিকৈও ব্যৱহাৰ হৈছিল। ১৭শ শতিকাৰ ফালে "প্ৰাকৃতিক দৰ্শন"ক (এতিয়াৰ "প্ৰাকৃতিক বিজ্ঞান") সাধাৰণ "দৰ্শন"ৰ পৰা পৃথক গণ্য কৰা হৈছিল। কিন্তু "বিজ্ঞান"ক কোনো বিশেষ বিষয়ৰ নিৰ্ভৰযোগ্য জ্ঞান বুজাবলৈ বহল ভাৱত ব্যৱহাৰ কৰা হৈ থাকিল, যেনেকৈ ইয়াক আধুনিক পুথিভঁৰাল বিজ্ঞান বা ৰাজনৈতিক বিজ্ঞানৰ দৰে শব্দত ব্যৱহাৰ কৰা হয়। আধুনিক যুগত বিজ্ঞানক "প্ৰায়েই ‍‍‘প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞান’ বুলি বুজোৱা হয় আৰু সেইবাবে ই ভৌতিক বিশ্বব্ৰহ্মাণ্ডৰ পৰিঘটনা আৰু তাৰ নিয়মাৱলীৰ অধ্যয়ন সম্বন্ধীয় শাখাতহে সীমাবদ্ধ বুলি ক'ব পাৰি। সাধাৰণ ব্যৱহাৰত ইয়েই এতিয়া মুখ্য অৰ্থ। "। "প্ৰকৃতিৰ নিয়ম" সংজ্ঞা দিবলৈ চেষ্টা কৰা কেপলাৰৰ সূত্ৰ, গেলেলিঅ'ৰ সূত্ৰ, আইজাক নিউটনৰ গতিসূত্ৰ"ৰ(Isaac Newton's law of motion) আদিৰ ফলতহে বিজ্ঞানৰ সংকীৰ্ণ ভাৱৰ বিকাশ ঘটে। এই সময়চোৱাত প্ৰাকৃতিক দৰ্শনক "প্ৰাকৃতিক বিজ্ঞান" বুলি কোৱাটো সুলভ হৈ পৰিল। ১৯শ শতিকা বাগৰি যোৱাৰ লগে লগে "বিজ্ঞান" শব্দটো প্ৰকৃতিৰ শৃংখলাবদ্ধ অধ্যয়ন যেনে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূ-বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ লগত উক্ত হৈ পৰে। তাৰ পিছত ভাষাগত সমস্যা দূৰ কৰিবলৈ মানৱ চিন্তা আৰু সমাজৰ অধ্যয়নক সমাজ বিজ্ঞান বুলি নমাকৰণ কৰা হয়। তেনেদৰে প্ৰায়োগিক বিজ্ঞানৰ দৰে আন আন অধ্যয়ন ক্ষেত্ৰকো "বিজ্ঞান"ৰ বহল অৰ্থাই সামৰি লৈছে।বিজ্ঞানে সকলোকে কু সংস্কাৰ প্ৰতি থকা বিশ্বাস ভঙাত সহায় কৰে। বিজ্ঞানৰ মূল ভাগসমূহ জ্যোতিৰ্বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান পদাৰ্থ বিজ্ঞান পৰিবেশ বিজ্ঞান পূৰাতত্ত্ব নৃতত্ত্ব অৰ্থনীতি বিজ্ঞান গণিত কৃষি বিজ্ঞান মনোবিজ্ঞান তথ্যসূত্ৰ বাহ্যিক সংযোগ পোখালি (বিজ্ঞান)
2023
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%89%E0%A6%9F%E0%A6%BE%E0%A7%B0%20%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8
কম্পিউটাৰ বিজ্ঞান
কম্পিউটাৰ বিজ্ঞান হ'ল তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন (processing) সম্বন্ধিত তাত্বিক বিষয়সমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন। থোৰতে ক’বলৈ গ’লে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰণে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায়। এনে কিছুমান সমাৰ্থক হিচাবে ব্যৱহাৰ কৰা নাম হ’ল কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি, তথ্য পৰিস্কৰণ/সংকলন (data processing) ইত্যাদি। ইতিহাস অধুনিক বহুব্যৱহৃত আৰু বহুচৰ্চিত কম্পিউটাৰ বিজ্ঞান বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক) বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উৎকৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই কম্পিউটাৰ বিজ্ঞান বা সংগণন বিদ্যা বিষয়টো বহু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি ক’ব পৰা যায়। সংশ্লীষ্ট অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি। কম্পিউটাৰৰ বিভিন্ন পুৰুষ কম্পিউটাৰত সংযোজিত বিভিন্ন প্ৰচেছৰ (Processor)অনুযায়ী কম্পিউটাৰক বিভিন্ন পুৰুষত ভাগ কৰা হৈছে। প্ৰথম পুৰুষ (১৯৪০-৫৬) ভেকুৱাম টিউব(Vacuum Tubes) প্ৰথম পুৰুষত ভেকুৱাম টিউব(Vacuum Tubes) সংযোজিত হৈছিল। কম্পিউটাৰ সমূহৰ আকাৰ বিৰাট ডাঙৰ আছিল আৰু সেইবোৰ ৰাখিবৰ বাবে এক বিৰাট ঠাইৰ প্ৰয়োজন হৈছিল। কৰ্মদক্ষতা যথেষ্ট কম আছিল। মেচিন লেংগুৱেজ(Machine Language) ব্যৱহাৰ হোৱা বাবে প্ৰ’গ্ৰামিং(Programming) কৰিবলৈ কঠিন হৈছিল। উদাহৰণ- ENIAC,EDVAC,UNIVAC দ্বিতীয় পুৰুষ (১৯৫৬-৬৩)ট্ৰেনজিছটৰ(Transistors) দ্বিতীয় পুৰুষৰ কম্পিউটাৰত ট্ৰেনজিছটৰ(Transistors) সংযোজিত হৈছিল। প্ৰথম পুৰুষৰ কম্পিউটাৰতকৈ ইয়াৰ আকাৰ সৰু আছিল। হাৰ্ডৱেৰৰ(Hardware)ক্ষমতা বেছি আছিল। কম্পিউটাৰসমূহত এছেম্বলী লেংগুৱেজ(Assembly Language)ব্যৱহাৰ হৈছিল। উদাহৰণ- PDP-8,IBM 1401, IBM 7090 তৃতীয় পুৰুষ (১৯৬৪-৭০)ইনটিগ্ৰেটেড চাৰ্কিট(Integrated Circuits) তৃতীয় পুৰুষৰ কম্পিউটাৰত ইনটিগ্ৰেটেড চাৰ্কিট(Integrated Circuits) সংযোজিত হৈছিল। দ্বিতীয় পুৰুষৰ কম্পিউটাৰতকৈ ইয়াৰ ক্ষমতা যথেষ্ট আছিল। আগৰ পুৰুষৰ তুলনাত তৃতীয় পুৰুষৰ কম্পিউটাৰক যথেষ্ট কম ঠাই লাগিছিল। উচ্চ পৰ্য্যায়ৰ লেংগুৱেজ ব্যৱহাৰ হৈছিল। উদাহৰণ- NCR 395, B6500 চতুৰ্থ পুৰুষ (১৯৭০- এতিয়ালৈকে) মাইক্ৰ’প্ৰচেছৰ(Microprocessors) চতুৰ্থ পুৰুষৰ কম্পিউটাৰত মাইক্ৰ’প্ৰচেছৰ(Microprocessors) ব্যৱহাৰ হয়। ই আকাৰত যথেষ্ট সৰু আছিল আৰু কম খৰচী। হাৰ্ডৱেৰৰ(Hardware) যথেষ্ট দক্ষতা আছে। গ্ৰাফিক্স(Graphics)ৰ ব্যৱহাৰ তথা তথ্য আদান প্ৰদান অতি সহজে হৈছে। উদাহৰণ- Apple II, Altair 8800, CRAY-1 পঞ্চম পুৰুষ (বৰ্তমান আৰু ভৱিষ্যতলৈ)কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) এই ধৰণৰ কম্পিউটাৰ বৰ্তমানেও নিৰ্মীয়মান অৱস্থাতেই আছে। আশা কৰা হৈছে যে পঞ্চম পুৰুষৰ কম্পিউটাৰে সিদ্ধান্ত সমূহ নিজে নিজে ল’ব পাৰিব। ই যথেষ্ট দ্ৰুতগতি সম্পন্ন হ’ব। কোনো ধৰণৰ সমস্যা নোহোৱাকৈ বহুকেইটা কাম একেলগে কৰিব পাৰিব। এক যুগান্তকাৰী উদাহৰণ হ’ব এই পঞ্চম পুৰুষৰ কম্পিউটাৰ। কম্পিউটাৰ‌ৰ‌ ঐতিহাসিক প্ৰয়োগ আৰু উৎকৰ্ষ দক্ষিণ/মধ্য এচিয়াত বহু পুৰণিকালৰ পৰাই (আনকি এতিয়াও) "এবেকাচ" ব্যৱহাৰ কৰা হয়। পৰৱৰ্ত্তীকালতো, বিভিন্ন কাৰ্যত প্ৰয়োজন হোৱা ক্ৰমশঃ জটিলতৰ প্ৰয়োগৰ (যেনে কামানৰ গোলাৰ পথনিৰ্দ্দেশন) লগে লগে গণনাৰ বেগ আৰু শুদ্ধতা বৃদ্ধিৰ বাবে নিত্য নতুন উপায় তথা ব্যাৱহাৰিক প্ৰয়োগ উদ্ভাৱনৰ প্ৰয়াসৰ প্ৰাসংগিতাও ক্ৰমশ: বৃদ্ধি পালে। উইলহেল্ম শ্চিকাৰ্ড-এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰ নিৰ্মাণ কৰিলে। ভিক্টোৰিয়ান যুগৰ বিশিষ্ট কম্পিউটাৰ বিজ্ঞনীকসকলৰ ভিতৰত চাৰ্লচ বেবেজ-ৰ নাম বিশেষভাৱে উল্লেখনীয়। "ডিফাৰেনছিয়েল ইঞ্জিন" নামৰ যান্ত্ৰিক কম্পিউটাৰৰ আৱিষ্কাৰক বেবেজক আধুনিক সংগননবিদ্যাৰ জনক আখ্যা দিয়া হয়। আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ জন্ম মন কৰিবলগীয়া যে ওপৰোক্ত আৱিষ্কাৰবোৰক আজিৰ‌ যুগত কম্পিউটাৰ‌ বুলিলে আমি যি বুজোঁ সেয়া বুলিব পৰা নাযায়। সেইদৰে কম্পিটাৰ‌ বিজ্ঞানৰ‌ সম্বন্ধিত অধ্যয়নো সেইকালত সীমিত আছিল। দৰাচলতে ১৯২০ মানৰ‌ পৰাহে বৰ্তমান যুগৰ‌ অৰ্থত কম্পিউটাৰ‌ শব্দৰ‌ বহুল প্ৰয়োগ আৰ‌ম্ভ হয়। ১৯২০ চনত এলান টিউৰিঙ আৰু এলঞ্জ' চাৰ্চৰ‌ গৱেষণালব্ধ "চাৰ্চ-টিউৰিং থেচিচ" বুলি জনাজাত এক প্ৰতিপাদৰ‌ জৰিয়তে আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ চৰ্চাৰ‌ ভেটি স্থাপন হয়। ইয়াৰ‌ সহায়ত কম্পিউটাৰ‌ৰ‌ এক সৰ‌ল গাণিতিক আৰ্হি তৈয়াৰ‌ কৰিব প‌ৰা যায়। অতি সৰ‌লীকৃত কৰি কবলৈ গ’লে এই ন্যূনতম গাণিতিক কম্পিউটাৰ‌ক ব্যৱহাৰ ‌কৰি কম্পিউটাৰ‌ বিজ্ঞানৰ‌ বিভিন্ন জটিল তত্ত্বসমূহ অধ্যয়ন কৰিব পৰা যায়। সমসাময়িক অন্যান্য বৈজ্ঞানিক ষ্টীফেন ক্লীন, জে বি ৰ‌জাৰ‌, কাৰ্ল গডেল ইত্যাদিৰ‌ গৱেষণাও এই সম্পৰ্কত উল্লেখনীয়। বৰ্তমান স্থিতি ১৯৬০ ৰ‌ পৰা বিষয় হিচাবে কম্পিউটাৰ‌ বিজ্ঞানৰ‌ অধ্যয়ন আৰম্ভ হয়। IBM আদি কম্পেনিয়ে উদ্ভাৱন কৰা বিভিন্ন কম্পিউটাৰ‌ যন্ত্ৰই লাহে লাহে বিষয়টোক জনপ্ৰীয় কৰাত সহায় কৰিলেও বিজ্ঞান হিচাবে কম্পিউটাৰ‌ বিষয়টোৰ‌ মান্যতাৰ‌ বিষয়ে অনেক দিনলৈ বিতৰ্ক চলি থাকিলে। লাহে লাহে কম্পিউটাৰে জনজীৱনত বিস্তৰ‌ প্ৰভাৱ পেলাবলৈ আৰ‌ম্ভ কৰিলে। ইয়াৰ‌ পৰিপ্ৰেক্ষিতত কম্পিউটাৰ‌ আৰু সংশ্লিষ্ট বিষয়ৰ‌ যেনে কম্পিউটাৰ‌ গ্ৰাফিক্স, ইনফৰ্মেশ্যন চিকিউৰিটী আদি বিষয়ৰ‌ বৈজ্ঞানিক অধ্যয়নৰ‌ প্ৰাসংগিকতা আৰু জনপ্ৰিয়তা বৃদ্ধি পালে। আধুনিক কম্পিউটাৰ বিজ্ঞান বৰ্তমান যুগত কম্পিউটাৰ বিজ্ঞান বুলিলে কেইবাটাও বিষয় সামৰি লোৱা হয়। কম্পিউটেবিলিটি থিয়ৰী বা সংগণনশীলতা তত্ত্ব: ইয়াক কম্পিউটাৰ বিজ্ঞানৰ গাণিতীক ভেটি বুলিব পৰা যায়। "চাৰ্চ-টিউৰিং থেচিচ"-অৰ মূল ভেটিৰ ওপৰত প্ৰতিষ্ঠিত এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়। কম্পিউটেশ্যনেল কম্লেক্সিটি থিয়ৰী বা সংগণন বিশ্লেষণ তত্ত্ব: এই শিতানৰ অধীনত কম্পিউটাৰৰ সহায়ত সমস্যা সমাধানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াক কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ মূল ভেটিও বুলিব পৰা যায়। অন্যান্য উৎপাদিত বিষয়সমূহ: এই শিতানত কম্পিউটাৰ বিজ্ঞানৰ প্ৰত্যক্ষ উপযোগিতাৰ ফলস্বৰূপে উৎপাদিত বিষয়সমূহক ধৰিব পৰা যায়, যথা- এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ কম্পিউটাৰ গ্ৰাফিক্স অপাৰেটিং চিষ্টেম কম্পিউটাৰ নেটৱৰ্কিং তথ্যসূত্ৰ কম্পিউটাৰ বিজ্ঞান
2095
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2
নেপাল
নেপালৰ ( ), চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল। দক্ষিণ এছিয়াত অৱস্থিত নেপাল এখন সাৰ্বভৌমত্ব ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১৪৭,১৮১ বৰ্গ কিঃমিঃ (৫৬,৮২৭ বৰ্গ মাইল) আৰু জনসংখ্যা প্ৰায় ২.৭ কোটি। নেপালৰ উত্তৰ দিশত চীন দেশ, দক্ষিণ, পূৱ আৰু পশ্চিম দিশত ভাৰতবৰ্ষ অৱস্থিত। নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু আৰু ৰাষ্ট্ৰখনৰ বৃহত্তম মহানগৰ। কাঠমাণ্ডুৰ মুঠ জনসংখ্যা প্ৰায় ৫০ লাখ। নেপালৰ উত্তৰ দিশত পৃথিৱীৰ দহটা সৰ্ব্বোচ্চ পৰ্বতৰ ভিতৰত আঠোটাই ইয়াত অৱস্থিত। পৃথিৱীৰ উচ্চতম স্থান মাউণ্ট এভাৰেষ্ট (নেপালীত সাগৰমাথা বোলা হয়) ইয়াতেই অৱস্থিত। ইয়াত ২০,০০০ ফুট (৬,০৯৬ মিটাৰ)ৰো অধিক উচ্চতাৰ ২৪০ তাৰো অধিক শৃংগ আছে। নেপালৰ দক্ষিণ অঞ্চলটো সাৰুৱা আৰু আৰ্দ্ৰ হোৱা হেতু ইয়াৰ জনবসতি বেছি। নেপালৰ মুঠ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠই হৈছে হিন্দু ধৰ্মাৱলম্বী লোক। ইয়াৰ ৮১% নেপালী লোকেই হিন্দু। বৌদ্ধ ধৰ্ম লোকৰ সংখ্যা কম যদিও এই ধৰ্মৰ ইতিহাসৰ লগত নেপাল ওতপ্ৰোতভাৱে জড়িত আছে। নামৰ উৎপত্তি "নেপাল" নামৰ উৎপত্তি কিদৰে হ'ল সঠিক ভাৱে জনা নাযায়। তথাপি প্ৰায়বিলাকৰ মতে "নে" অৰ্থাৎ "পৱিত্ৰ" আৰু "পাল" অৰ্থাৎ "গুহা" - এই দুটা শব্দৰ পৰা গঠিত হৈছে। অৰ্থাৎ নেপাল মানে "পৱিত্ৰ গুহা"। ভূগোল নেপালৰ ভূ-প্ৰকৃতি অত্যন্ত বৈচিত্ৰপূৰ্ণ। নেপালৰ আকৃতি এটা চতুৰ্ভুজৰ নিচিনা, প্ৰায় ৮০০ কিঃমিঃ (৫০০মাইল) দৈৰ্ঘ্য আৰু ২০০ কিঃমিঃ (১২৫ মাইল) প্ৰস্থ। নেপালৰ মুঠ মাটিকালি প্ৰায় ১৪৭,১৮১ বৰ্গকিঃমিঃ (৫৬,৮২৭ বৰ্গমাইল)। ভূ-প্ৰকৃতিৰ বৈচিত্ৰ্যঅনুসৰি নেপালক তিনিটা ভাগত ভাগ কৰা হৈছে - পৰ্বত, পাহাৰ আৰু তৰাই। প্ৰধান ভৌগোলিক অঞ্চল: হিমালয় অঞ্চল পাহাৰ অঞ্চল তৰাই অঞ্চল প্ৰশাসনিক অঞ্চলসমূহ নেপালক মূলতঃ ৫টা উন্নয়ন মণ্ডলত ভাগ কৰা হৈছে। এই উন্নয়ন মণ্ডল সমূহক পুনৰ ১৪টা প্ৰশাসনিক অঞ্চল () আৰু ৭৫খন জিলাত () ভাগ কৰা হৈছে। পূৰ্বাঞ্চল মেচী অঞ্চল কোশী অঞ্চল সগৰমাথা অঞ্চল মধ্যাঞ্চল জনকপুৰ অঞ্চল বাগমতী অঞ্চল নাৰায়ণী অঞ্চল পশ্চিমাঞ্চল গণ্ডকী অঞ্চল লুম্বিনী অঞ্চল ধৱলাগিৰী অঞ্চল মধ্যপশ্চিমাঞ্চল ৰাপ্তী অঞ্চল কৰ্ণালী অঞ্চল ভেৰী অঞ্চল সুদূৰ পশ্চিমাঞ্চল সেতী অঞ্চল মহাকালী অঞ্চল শিক্ষা নেপালৰ কেইখনমান উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে: ত্ৰিভুৱন বিশ্ববিদ্যালয় কাঠমাণ্ডু বিশ্ববিদ্যালয় পোখৰা বিশ্ববিদ্যালয় নেপাল কৃষি আৰু বন বিশ্ববিদ্যালয় পূৰ্বাঞ্চল বিশ্ববিদ্যালয় খুল্লা বিশ্ববিদ্যালয় মহেন্দ্ৰ সংস্কৃত বিশ্ববিদ্যালয় নেপালৰ প্ৰায় দুই-তৃতীয়াংশ মহিলা আৰু এক-তৃতীয়াংশ পুৰুষেই হৈছে অশিক্ষিত। তথ্য সংযোগ বাহ্যিক সংযোগ of the Government of Nepal Planet Nepal Nepal Encyclopedia Project Key Development Forecasts for Nepal from International Futures Where is Nepal located Where is Nepal Nepal info এছিয়াৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
2096
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%80%20%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE
নেপালী ভাষা
নেপালী ভাষা ইণ্ডো -ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। তথ্যসূত্ৰ ভাৰতৰ ভাষা ভাষা
2098
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6
বাংলাদেশ
বাংলাদেশ দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবংগই একেলগে এটা বঙালীভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ পূৰ্ব অংশ (পূৰ্ব পাকিস্তান) হিচাপে বাংলাদেশৰ সীমা নিৰ্ধাৰিত হয়। পূৰ্ব আৰু পশ্চিম পাকিস্তানৰ মধ্যবৰ্তী দূৰত্ব আছিল প্ৰায় ১৬০০ কিঃমিঃ (১০০০ মাইল)। দুই পাকিস্তানৰ মানুহৰ ধৰ্ম (ইছলাম) একেটা হ'লেও জাতিগত আৰু ভাষাগত ব্যৱধান আছিল বিৰাট। তাতে পশ্চিম পাকিস্তানত অৱস্থিত চৰকাৰৰ অনিহাৰ ফলস্বৰূপে এই ব্যৱধান বেছি প্ৰকট হৈ উঠে। ইয়াৰে চূড়ান্ত পৰিণতি হিচাপে ১৯৭১ চনত ভাৰতবৰ্ষৰ সমৰ্থনত এটা ৰক্তক্ষয়ী যুদ্ধৰ মাধ্যমেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে বাংলাদেশৰ অভ্যুত্থান হয়। বাংলাদেশৰ স্বাধীনতা-উত্তৰ সময়খিনি বিভিন্ন ৰাজনৈতিক বিশৃংখলতাৰে পৰিপূৰ্ণ। এই সময়ছোৱাত তেৰবাৰ ৰাষ্ট্ৰ পৰিচালনাৰ দল সলনি হোৱাৰ উপৰিও কমপক্ষেও চাৰিবাৰ। সামৰিক অভ্যুত্থান ঘটে। জনবহুল ৰাষ্ট্ৰৰ মাজত বিশ্বৰ ভিতৰতে অষ্টম স্থানত অৱস্থিত বাংলাদেশ মাটি কালিৰ হিচাপত ৯৩তম স্থানত। ফলত বাংলাদেশ বিশ্বৰ ঘনবসতি পূৰ্ণ দেশসমূহৰ এখন। মুছলমান-সংখ্যাগৰিষ্ঠ দেশৰ মাজত বাংলাদেশৰ অৱস্থান ৪ৰ্থ যদিও বাংলাদেশত মুছলমানৰ সংখ্যা ভাৰতৰ সংখ্যালঘু মুচলন্ততকৈ কম। গঙ্গা-ব্ৰহ্মপুত্ৰৰ উৰ্বৰ অৱবাহিকাত অৱস্থিত এই দেশখনত প্ৰতি বছৰ মৌচুমী বতাহৰ প্ৰকোপত বানপানী হয়, আৰু ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ প্ৰকোপ সাধাৰণ ঘটনা। বাংলাদেশ দক্ষিণ এচীয় আঞ্চলিক সহযোগিতা সংস্থা ছাৰ্ক আৰু বিম্‌ছটেক-অৰ প্ৰতিষ্ঠাতা সদস্য। ইয়াৰ উপৰিও দেশখন ওআইছি আৰু ডি-৮ৰ সদস্য। ইতিহাস উৱাৰী বটেশ্বৰ অঞ্চলত ২০০৬ চনত আৱিষ্কৃত পুৰাতাত্ত্বিক নিদৰ্শন অনুযায়ী বাংলাদেশ অঞ্চলত জনবসতি গঢ়ি উঠিছিল প্ৰায় ৪ হাজাৰ বছৰ আগতে। ধাৰণা কৰা হয় যে দ্ৰাবিড় আৰু তিব্বতীয়-বাৰ্মী জনগোষ্ঠীয়ে এই ঠাইত সেই সময়ত বসতি স্থাপন কৰিছিল। পাছলৈ এই অঞ্চলটো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত হয় আৰু স্থানীয় তথা বিদেশী শাসকৰ দ্বাৰা শাসিত হৈ থাকে। আৰ্যসকলৰ আগমনৰ পাছত খ্ৰীষ্টিয় চতুৰ্থ-ৰ পৰা ষষ্ঠ শতিকা পৰ্য্যন্ত গুপ্ত ৰাজবংশই বাংলা শাসন কৰিছিল। ইয়াৰ ঠিক পাছতেই শশাঙ্ক নামে এজন স্থানীয় ৰজাই স্বল্প কালৰ বাবে এই অঞ্চলৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হয়। প্ৰায় এশ বছৰ জোৰা অৰাজকতাৰ (যাক মাৎসন্যায় পৰ্ব বুলি কোৱা হয়) শেষত বৌদ্ধ ধৰ্মাৱলম্বী পাল ৰাজবংশ বাংলাৰ অধিকাংশৰ অধিকাৰী হয়, আৰু পৰৱৰ্তী চাৰিশ বছৰ তেওঁলোকৰ অধীনত থাকে। ইয়াৰ পাছত হিন্দু ধৰ্মাৱলম্বী সেন ৰাজবংশ ক্ষমতালৈ আহে। দ্বাদশ শতিকাত চুফি ধৰ্মপ্ৰচাৰক সকলৰ দ্বাৰা বাংলাত ইছলাম ধৰ্মৰ প্ৰৱৰ্তন ঘটে। পৰবৰ্ত্তী কালত বিভিন্ন সময়ত সামৰিক অভিযান আৰু যুদ্ধ জয়ৰ সহায়েৰে মুচলিম শাসন প্ৰতিষ্ঠা হয়। ১২০৫ - ১২০৬ চনৰ সময়ছোৱাত ইখতিয়াৰ উদ্দিন মহম্মদ বখতিয়াৰ খলজী নামেৰে এজন তুৰ্কী বংশোদ্ভূত সেনাপতিয়ে ৰাজা লক্ষ্মণ সেনক পৰাজিত কৰি সেন ৰাজবংশৰ পতন আনে। ষোড়শ শতিকাত মোগল সাম্ৰাজ্যৰ অধীনলৈ অহাৰ আগলৈ বাংলা স্থানীয় চুলতান আৰু ভূস্বামীসকলৰ দ্বাৰা শাসিত হয়। মোগল বিজয়ৰ সময়ত ঢাকাত বাংলাৰ ৰাজধানী স্থাপিত হয় আৰু এই ঠাইৰ নাম দিয়া হয় জাহাঙ্গীৰ নগৰ। বাংলালৈ ইউৰোপীয় ব্যৱসায়ীৰ আগমন ঘটে পঞ্চদশ শতিকাৰ শেষভাগত। লাহে লাহে তেওঁলোকৰ প্ৰভাৱ বাঢ়িবলৈ লয়। ১৭৫৭ খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পলাশীৰ যুদ্ধত জয়লাভৰ সুযোগ লৈ বাংলাৰ শাসনক্ষমতা দখল কৰে। (Baxter , pp. 23—28)। ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ পাছত বাংলাৰ শাসনভাৰ কোম্পানীৰ হাতৰপৰা ব্ৰিটিছ সাম্ৰাজ্যই প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ আহে। ব্ৰিটিছ ৰজাৰ নিয়ন্ত্ৰণাধীন একোজন ভাইছৰয়ে প্ৰশাসন পৰিচালনা কৰিছিল। (Baxter, pp.30—32) ঔপনিৱেশিক শাসনৰ আমোলত ভাৰত উপমহাদেশত বহুবাৰ ভয়াবহ দুৰ্ভিক্ষ দেখা দিয়ে। তাৰ মাজত ছিয়াত্তৰৰ মন্বন্তৰ নামে পৰিচিত ১৭৭০ খ্ৰীষ্টাব্দৰ দুৰ্ভিক্ষত আনুমানিক ৩০ লাখ লোকৰ মৃত্যু হয়। ১৯০৫ চনৰপৰা ১৯১১ খ্ৰীষ্টাব্দ পৰ্য্যন্ত বঙ্গভঙ্গৰ ফলশ্ৰুতিত পূৰ্ববঙ্গ আৰু অসমক সাঙুৰি এখন নতুন প্ৰদেশ গঠিত হৈছিল, যাৰ ৰাজধানী আছিল ঢাকা। (Baxter, pp. 39—40) কিন্তু কলিকতা-কেন্দ্ৰিক ৰাজনীতিবিদ আৰু বুদ্ধিজীবীৰ চৰম বিৰোধিতাৰ ফলত বঙ্গভঙ্গ ৰদ কৰা হয় ১৯১১ চনত। ভাৰত উপমহাদেশৰ দেশ বিভাজনৰ সময় ১৯৪৭ চনত ধৰ্মৰ ভিত্তিত আকৌ বাংলা প্ৰদেশখনক দুভাগ কৰা হয়। হিন্দু সংখ্যাগৰিষ্ঠ পশ্চিমবংগ ভাৰতৰ অংশ হয়, আৰু মুছলিম সংখ্যাগৰিষ্ঠ পূৰ্ববঙ্গ পাকিস্তানৰ অংশ হয়। ১৯৫৪ চনত পূৰ্ববঙ্গৰ নাম সলনি কৰি পূব পাকিস্তান কৰা হয়। ১৯৫০ চনত ভূমি সংস্কাৰৰ অধীনত জমিদাৰী ব্যবস্থা তুলি দিয়া হয়। (Baxter, p. 72) কিন্তু পূব পাকিস্তানৰ অৰ্থনৈতিক আৰু জনসংখ্যাগত গুৰুত্ব সত্ত্বেও পাকিস্তান চৰকাৰ আৰু সেনাবাহিনী সম্পূৰ্ণৰূপে পশ্চিম পাকিস্তানীসকলৰ নিয়ন্ত্ৰণাধীন আছিল। ১৯৫২চনৰ ভাষা আন্দোলনত পাকিস্তানৰ দুই অংশৰ মাজৰ সংঘাত প্ৰথমে প্ৰকাশ পায়। (Baxter, pp. 62—63) পৰবৰ্তী দশক জুৰি কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক ও সাংস্কৃতিক বিষয়ত লোৱা কেবাটাও পদক্ষেপে পূব পাকিস্তানত বিক্ষোভৰ অগনি জ্বলাই তোলে। সেই সময়তে বাঙালী জাতীয়তাবাদৰ প্ৰবক্তা হিচাপে আৱামী লীগৰ উত্থান ঘটে, আৰু দলটো বাঙালী জাতিৰ প্ৰধান ৰাজনৈতিক দল হিচাপে পৰিগণিত হয়। ১৯৬০-ৰ দশকৰ মাজভাগত [৬ দফা আন্দোলন|৬ দফা আন্দোলনৰ]] সূচনা ঘটে। আৱামী লীগৰ নেতা শেখ মুজিবুৰ ৰহমানক ১৯৬৬ চনত কাৰাবন্দী কৰা হয়। ১৯৬৯ চনত আগৰতলা ষড়যন্ত্ৰ গোচৰত তেওঁক আকৌ বন্দী কৰা হয়, কিন্তু ঊনসত্তৰৰ গণঅভ্যুত্থানৰৰ ফলত আয়ুব খানৰ সামৰিক জান্তাৰ পতন ঘটে আৰু মুজিবক মুক্তি দিয়া হয়। ১৯৭০ চনৰ ডিচেম্বৰ মাহত এক ভয়াবহ ঘূৰ্ণিবতাহত পূৰ্ব পাকিস্তানৰ উপকূলীয় অঞ্চলত প্ৰায় ৫ লাখ লোকৰ মৃত্যু ঘটে। কিন্তু পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰে অসহযোগিতা অব্যাহত ৰাখে। ১৯৭০ চনৰ সংসদীয় নিৰ্বাচনত আৱামী লীগে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও সামৰিক জান্তাই ক্ষমতা হস্তান্তৰত অমান্তি হয়। (Baxter, pp. 78—79) মুজিবৰ সৈতে ঘূৰণীয়া মেজমেল সফল নোহোৱাত জেনেৰেল ইয়াহিয়া খানৰ নিৰ্দেশত ২৫ মাৰ্চ তাৰিখে গভীৰ ৰাতি মুজিবক গ্ৰেপ্তাৰ কৰা হয় আৰু পাকিস্তানী সেনাবাহিনীয়ে অপাৰেছন চাৰ্চলাইট আৰম্ভ কৰি বাঙালীসকলৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ আৰম্ভ কৰে। পাকিস্তানী সেনাবাহিনীৰ এই আক্ৰমণৰ ফলত বিপুল সংখ্যক মানুহৰ প্ৰাণহানি ঘটে। সেনাবাহিনী আৰু স্থানীয় দালালসকলৰ অন্যতম প্ৰধান লক্ষ্য আছিল বুদ্ধিজীবী আৰু সংখ্যালঘু জনগোষ্ঠী। প্ৰায় ১ কোটি মানুহ শৰণাৰ্থী হৈ ভাৰতত আশ্ৰয় লয়। (LaPorte , p. 103) বাংলাদেশত মুক্তিযুদ্ধত হোৱা জীবনহানিৰ সংখ্যা ৩০ লাখ পৰ্যন্ত হ'ব বুলি অনুমান কৰা হৈছে। আৱামী লীগৰ অধিকাংশ নেতাই ভাৰতত আশ্ৰয় লৈছিল। তেওঁলোকে ১৭ এপ্ৰিলত মেহেৰপুৰৰ বৈদ্যনাথতলাৰ আমবাগানত অস্থায়ী চৰকাৰ গঠন কৰে। বাংলাদেশৰ স্বাধীনতা যুদ্ধ চলে সুদীৰ্ঘ ৯ মাহ ব্যাপি মুক্তি বাহিনী আৰু বাংলাদেশ সেনাবাহিনী আৰু ভাৰতৰ সহায়ত ১৯৭১ চনৰ ডিচেম্বৰ মাহত এই যুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হয়। মিত্ৰবাহিনীৰ প্ৰধান জেনেৰেল জগজিৎ সিং অৰোৰাৰ হাতত ১৯৭১ চনৰ ১৬ডিচেম্বৰ তাৰিখে পাকিস্তানী বাহিনীৰ প্ৰধান জেনেৰেল নিয়াজীয়ে আত্মসমৰ্পণ কৰে। প্ৰায় ৯০,০০০ পাকিস্তানী সেনা যুদ্ধবন্দী হিচাপে ধৰা পৰে। এওঁলোকক ১৯৭৩ চনত পাকিস্তানলৈ ওভোতাই পঠিওৱা হয়। স্বাধীনতাৰ পাছৰ সময়ত বাংলাদেশত প্ৰথমে সংসদীয় গণতন্ত্ৰ ব্যৱস্থা প্ৰচলন হয় আৰু শেখ মুজিব দেশখনৰ প্ৰধানমন্ত্ৰী হয়। ১৯৭৩ চনৰ সংসদীয় নিৰ্বাচনত আৱামী লীগে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ১৯৭৩ আৰু ১৯৭৪ চনত দেশব্যাপী দুৰ্ভিক্ষই দেখা দিয়ে। ১৯৭৫ চনৰ আৰম্ভণিতে শেখ মুজিবে দেশখনত বাকশালৰ অধীনত একদলীয় শাসন ব্যৱস্থা প্ৰবৰ্তন কৰে। ১৯৭৫ চনৰ ১৫ আগষ্ট তাৰিখে সেনাবাহিনীৰ কিয়দংশ তথা কিছু ৰাজনীতিবিদৰ ষড়যন্ত্ৰত সংঘটিত অভ্যুত্থানত মুজিব সপৰিবাৰে নিহত হয়। পৰবৰ্তী ৩ মাহত একাধিক অভ্যুত্থান আৰু প্ৰতি-অভ্যুত্থান চলি থাকে, যাৰ সমাপ্তিত মেজৰ জেনেৰেল জিয়াউৰ ৰহমান ক্ষমতালৈ আহে। জিয়াউৰ ৰহমানে বহুদলীয় গণতন্ত্ৰ পুনৰ প্ৰবৰ্তন কৰে আৰু বাংলাদেশ জাতীয়তাবাদী দল (বিএনপি) প্ৰতিষ্ঠা কৰে। ১৯৮১ খ্ৰীষ্টাব্দৰ মে মাহত আন এটা অভ্যুত্থানত জিয়াউৰ ৰহমান নিহত হয়। ১৯৮২ চনৰ মাৰ্চ মাহত বাংলাদেশৰ পৰবৰ্তী শাসক লেফটেনেণ্ট জেনেৰেল হুছেইন মহম্মদ এৰছাদ এক ৰক্তপাতবিহীন অভ্যুত্থানৰ মাধ্যমেৰে ক্ষমতালৈ আহে। এৰছাদে স্বৈৰশাসক হিচাপে ডিচেম্বৰ ১৯৯০লৈ শাসনত বৰ্তি থাকে। ৯০-ৰ গণঅভ্যুত্থানত তেওঁৰ পতনৰ পাছত সংসদীয় গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হয়। জিয়াউৰ ৰহমানৰ স্ত্ৰী বেগম খালেদা জিয়া বাংলাদেশ জাতীয়তাবাদী দলৰ নেত্ৰী হিচাপে ১৯৯১ ৰপৰা ১৯৯৬ আৰু ২০০১ চনৰপৰা ২০০৬ চনলৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰে। শেখ মুজিবৰ কন্যা শেখ হাসিনা ১৯৯৬ ৰপৰা ২০০১ চনলৈ আৱামী লীগৰ নেতৃত্বত ক্ষমতা দখল কৰিছিল। দৰিদ্ৰতা আৰু দুৰ্নীতিৰ মাজতো বাংলাদেশে বৰ্তমানে এক গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰ ব্যবস্থা বাংলাদেশত সংসদীয় গণতন্ত্ৰ ব্যৱস্থাৰ চৰকাৰ পদ্ধতি প্ৰচলিত। ৰাষ্ট্ৰপতি এই দেশৰ ৰাষ্ট্ৰপ্ৰধান, কিন্তু তেওঁৰ ক্ষমতা সীমিত। মূল ক্ষমতাৰ অধিকাৰী হৈছে প্ৰধানমন্ত্ৰী, যিয়ে চৰকাৰ প্ৰধান হিচাপে দায়িত্ব পালন কৰে। জাতীয় সংসদৰ সদস্যৰ ভোটত প্ৰতি পাঁচ বছৰৰ মূৰত ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয়। সংসদ নিৰ্বাচনৰ সময়ত কেয়াৰটেকাৰ চৰকাৰৰ অধীনত ৰাষ্ট্ৰপতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ১৯৯৬ চনত গৃহীত এই কেয়াৰটেকাৰ বা তত্ত্বাৱধায়ক চৰকাৰ ব্যবস্থাত সংসদীয় নিৰ্বাচনৰ সময়ত চৰকাৰী ক্ষমতা নিয়ন্ত্ৰিত হয় নিৰ্দলীয় নিৰপেক্ষ উপদেষ্টা মণ্ডলীৰ মাধ্যমত। সৰ্বশেষ অৱসৰপ্ৰাপ্ত প্ৰধান বিচাৰপতিয়ে প্ৰধান উপদেষ্টা হিচাপে দায়িত্ব পালন কৰে। প্ৰধানমন্ত্ৰী সংসদৰ সদস্য হোৱাটো বাধ্যতামূলক। মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচন কৰে আৰু ৰাষ্ট্ৰপতিয়ে তেওঁলোকক নিযুক্তি দিয়ে। মন্ত্ৰীসকলৰ মন্ত্ৰণালয়ত স্থায়ী সচিব থাকে। সচিবসকল দেশৰ স্থায়ী কৰ্মচাৰী। বাংলাদেশৰ ৩০০খন আসনৰ জাতীয় সংসদ এক কক্ষ বিশিষ্ট; ইয়াৰ সদস্য সকল জনগণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত হয়। সংসদৰ ম্যাদ সৰ্বোচ্চ ৫ বছৰ। ১৮ বছৰ বা উৰ্ধৰ প্ৰতিজন নাগৰিকৰে ভোটাধিকাৰ আছে। বাংলাদেশৰ সংবিধান ১৯৭২ চনত প্ৰণীত হয়। পাছলৈ ইয়াত ১৩-টা সংশোধন কৰা হৈছে। ছুপ্ৰিম কোৰ্ট বাংলাদেশৰ সৰ্বোচ্চ আদালত। ইয়াৰ প্ৰধান বিচাৰপতি আৰু অন্যান্য বিচাৰকসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। দেশৰ আইনকানুন বহু পৰিমাণে প্ৰচলিত ইংৰাজ আইনৰ নিচিনা, কিন্তু বিবাহ আৰু উত্তৰাধিকাৰ সংক্ৰান্ত আইন ধৰ্মভিত্তিক। বাংলাদেশৰ দুটা প্ৰধান ৰাজনৈতিক দল হ'ল আৱামী লীগ আৰু বাংলাদেশ জাতীয়তাবাদী দল (বিএনপি)। ইয়াৰ বাহিৰেও জাতীয় পাৰ্টি আৰু জামায়াতে ইছলামী- য়ে দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভূগোল আৰু জলবায়ু দক্ষিণ এচিয়াৰ দীৰ্ঘতম দুখন নদী - গঙ্গা আৰু ব্ৰহ্মপুত্ৰ য’ত বঙ্গোপসাগৰত মিলিছে, তাত কাল পৰিক্ৰমাত গঢ় লৈ উঠিছে বঙ্গীয় ব-দ্বীপ। এই গঙ্গা-ব্ৰহ্মপুত্ৰ মোহনা অঞ্চলত প্ৰায় ৩০০০ বছৰ বা তাৰ পূৰ্বৰে পৰা যে জনগোষ্ঠীৰ বসবাস কৰি আহিছে আৰু বৰ্তমানৰ স্বাধীন ৰাষ্ট্ৰ বাংলাদেশ ৰূপ লৈছে। ভৌগোলিক দিশৰ পৰা বাংলাদেশৰ অৱস্থান দক্ষিণ এছিয়া, ভাৰত আৰু ম্যানমাৰৰ মাজত। এই ভূখণ্ড ১ লাখ ৪৭ হাজাৰ ৫৭০ বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। বাংলাদেশৰ পশ্চিম, উত্তৰ, আৰু পূবত আছে ভাৰত। পশ্চিমে আছে ভাৰতৰ পশ্চিমবংগ ৰাজ্য। উত্তৰে পশ্চিমবঙ্গ, অসম, মেঘালয় ৰাজ্য। পূবে অসম, ত্ৰিপুৰা, মিজোৰাম। পূবে ভাৰতৰ বাহিৰেও ম্যানমাৰ (বাৰ্মা) সীমান্ত। দক্ষিণত আছে বঙ্গোপসাগৰ। বাংলাদেশৰ স্থল সীমান্তৰেখাৰ দৈৰ্ঘ্য ৪,২৪৬ কিলোমিটাৰ যাৰ ৯৪ শতাংশ (৯৪%) ভাৰতৰ সৈতে আৰু বাকী ৬ শতাংশ ম্যানমাৰৰ সৈতে। বাংলাদেশৰ উপকূল অঞ্চলৰ দৈৰ্ঘ্য ৫৮০ কিলোমিটাৰ। বাংলাদেশৰ দক্ষিণ-পূৰ্বাংশৰ কক্সবাজাৰ পৃথিবীৰ দীৰ্ঘতম সমূদ্ৰ উপকূলবোৰৰ অন্যতম। বাংলাদেশৰ অধিকাংশ এলেকা সমুদ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ ১০ মিটাৰ উচ্চতাত অৱস্থিত। সমুদ্ৰ পৃষ্ঠ মাত্ৰ ১ মিটাৰ বৃদ্ধি পালেই এই দেশৰ ১০% এলেকা জল নিমজ্জিত হ'ব বুলি ধাৰণা কৰা হয়। বাংলাদেশৰ উচ্চতম স্থান দেশৰ দক্ষিণ-পূৰ্বাঞ্চল পাৰ্বত্য চট্টগ্ৰামৰ মোডক পৰ্বত, যাৰ উচ্চতা ১,০৫২ মিটাৰ (৩,৪৫১  ফুট)। বঙ্গোপসাগৰ উপকূলৰ বহু অংশ জুৰি সুন্দৰবন অৱস্থিত, যি বিশ্বৰ অন্যতম বৃহত্তম মেনগ্ৰোভ বন। ইয়াত আছে ৰয়েল বেঙ্গল বাঘ, চিত্ৰল হৰিণ সহ নানা ধৰণৰ প্ৰাণীৰ বসবাস। বাংলাদেশৰ জলবায়ু নাতিশীতোষ্ণ। জলবায়ুৰ ওপৰত ভিত্তি কৰি ৬টি ঋতুত ভাগ কৰা হৈছে-গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। বছৰেকীয়া বৃষ্টিপাতৰ মাত্ৰা ১৫০০-২৫০০মি.মি./৬০-১০০ইঞ্চি; পূৰ্ব সীমান্তত এই মাত্ৰা ৩৭৫০ মি.মি./১৫০ইঞ্চিৰ বেছি। বাংলাদেশৰ গড় তাপমাত্ৰা ২৫o চেলচিয়াচ। বাংলাদেশৰ মাজেদি কৰ্কটক্ৰান্তি অতিক্ৰম কৰিছে। সেই কাৰণে এই অঞ্চলত নিৰক্ষ ৰেখীয় প্ৰভাৱ দেখা যায়। নৱেম্বৰৰ পৰা মাৰ্চ পৰ্যন্ত অলপ শীত অনুভূত হয়। মাৰ্চৰ পৰা জুন মাহ পৰ্যন্ত গ্ৰীষ্ম কাল চলে। জুনৰ পৰা অক্টোবৰ পৰ্যন্ত চলে বৰ্ষা কাল। এই সময়ত মৌচুমী বায়ুৰ প্ৰভাৱত ইয়াত যথেষ্ট বৰষুণ হয়। প্ৰাকৃতিক দুৰ্যোগ, যেনে বানপানী, ঘূৰ্ণিবতাহ, টৰ্নেডো, আৰু জলোচ্ছাস প্ৰায় প্ৰতিবৰেই বাংলাদেশত আঘাত হানে। প্ৰশাসনিক বিভাজন বাংলাদশ ৮-টা প্ৰশাসনিক ভাগত বিভক্ত- ঢাকা বিভাগ, চট্টগ্ৰাম বিভাগ, ৰাজশাহী বিভাগ, বৰিশাল বিভাগ, খুলনা বিভাগ, ছিলেট বিভাগ, ময়মনসিংহ বিভাগ আৰু ৰংপুৰ বিভাগ। প্ৰতিটো ভাগতে কেইবাখনকৈ জিলা আছে। বাংলাদেশৰ মুঠ জিলাৰ ৬৪-খন। জিলাৰ ক্ষুদ্ৰতৰ প্ৰশাসনিক অঞ্চলক উপজিলা বা থানা বোলা হয়। দেশখনত উপজিলা আৰু থানা আছে ৫০৭-খন। এই থানা কেইখন ৪,৪৮৪-খন ইউনিয়ন, ৫৯,৯৯০-খন মৌজা, আৰু ৮৭,৩১৯-খন গাঁৱত বিভক্ত। বিভাগ, জিলা, আৰু থানা পৰ্যায়ৰ প্ৰশাসনত কোনো নিৰ্বাচিত কৰ্মকৰ্তা নাই; চৰকাৰৰ দ্বাৰা নিযুক্ত প্ৰশাসকৰ অধীণত এই অঞ্চলসমূহ পৰিচালিত হয়। ইউনিয়ন, বা পৌৰসভাৰ ৱাৰ্ডত জনগনৰ নিৰ্বাচিত প্ৰতিনিধি থাকে। ১৯৯৭ চনৰ আইন অনুসৰি ইউনিয়ন পৰ্যায়ত মহিলাৰ বাবে ২৫% আসন সংৰক্ষণ কৰা হয়। ইয়াৰোপৰি চহৰ কেইখনত মুঠ ১২-খন কৰ্পোৰেছন (ঢাকা উত্তৰ,ঢাকা দক্ষিণ, চট্টগ্ৰাম, খুলনা, ৰাজশাহী, ছিলেট, বৰিশাল,ময়মনসিংহ,কুমিল্লা, নৰানগঞ্জ,গাজীপু,ৰংপুৰ), আৰু ২২৩-খন পৌৰসভা আছে। আটাইকেইখনতে ৰাইজৰ ভোটৰ জৰিয়তে মেয়ৰ আৰু জনপ্ৰতিনিধি নিৰ্বাচন কৰা হয়। ৰাজধানী ঢাকা বাংলাদেশৰ বৃহত্তম চহৰ। অন্যান্য উল্লেখযোগ্য চহৰ হৈছে চট্টগ্ৰাম, ৰাজশাহী, খুলনা, ছিলেট, বৰিশাল, কক্সবাজাৰ, কুমিল্লা, ময়মনসিংহ, ৰংপুৰ, যশোৰ, টঙ্গী, গাজীপুৰ আৰু নাৰায়ণগঞ্জ। জনসংখ্যাৰ অনুপাত বাংলাদেশৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৪ কোটি ৯০লাখ। জনমূৰি হিচাপত বাংলাদেশ বিশ্বৰ ৮-ম বৃহত্তম দেশ। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১০৫৫ জন, যিটো পৃথিৱীৰ ভিতৰতে সৰ্বাধিক (কিছু দ্বীপ আৰু নগৰ ৰাষ্ট্ৰ বাদে)। জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৩৭% (২০১১ চনৰ হিচাপ)। বাংলাদেশত নাৰী আৰু পুৰুষৰ ১০০:১০২। দেশৰ অধিকাংশ মানুহ শিশু আৰু তৰুণ (০–২৫ বছৰ বয়সীয়া লোক মুঠ জনসংখ্যাৰ ৬০%, ৬৫ বছৰৰ ওপৰৰ লোক মাত্ৰ ৩%)। পুৰুষ আৰু মহিলাৰ গড় আয়ু ৭৩.২ বছৰ। জাতিগতভাবে বাংলাদেশৰ ৯৯% মানুহ বঙালী। বাকী ১% মানুহ বিহাৰী বংশোদ্ভুত, অথবা বিভিন্ন উপজাতিৰ সদস্য। পাৰ্বত্য চট্টগ্ৰাম এলেকাত ১৩-টা বিভিন্ন উপজাতি আছে। তেওঁলোকৰ মাজত চাকমা উপজাতি প্ৰধান। পাৰ্বত্য চট্টগ্ৰামৰ বাহিৰৰ উপজাতি সমূহৰ মাজত গাৰো আৰু চাওঁতাল উল্লেখযোগ্য। দেশখনৰ ৯৯% মানুহৰ মাতৃভাষা বাংলা, ই বাংলাদেশৰ ৰাষ্ট্ৰভাষা। চৰকাৰী কামকাজত ইংৰাজীও ব্যৱহৃত হয়। ১৯৮৭ চনৰপৰা কেৱল বৈদেশিক যোগাযোগৰ বাহিৰে আন সকলো চৰকাৰী কামতে বঙালী ভাষাক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰা হৈছে। বাংলাদেশৰ জনগোষ্ঠীৰ প্ৰধান ধৰ্মবিশ্বাস ইছলাম (৯১.০৪%)। ইয়াৰ পাছতেই আছে হিন্দু ধৰ্ম(৭.৯৫%)। বাকী ১.১% মানুহ বৌদ্ধ, খ্ৰীষ্টান, অথবা অগ্নিপূজক ধৰ্মত বিশ্বাসী। মুঠ জনগোষ্ঠীৰ ৩৫-ই চহৰত বাস কৰে, বাকী ৬৫% গ্ৰামাঞ্চলৰ অধিবাসী। চৰকাৰী তথা বেচৰকাৰী উন্নয়ন কৰ্মৰ ফল স্বৰূপে দাৰিদ্ৰ বিমোচন আৰু জনস্বাস্থ্যৰ বহতু অগ্ৰগতি হৈছে। কিন্তু এতিয়াও বাংলাদেশৰ জনসংখ্যাৰ এক-পঞ্চমাংশ দৰিদ্ৰ সীমাৰ তলত। মুঠ জনগোষ্ঠীৰ প্ৰায় ২০%ৰ দৈনিক মাত্ৰ ১ আমেৰিকান ডলাৰ আয় কৰে (২০১৯)। আৰ্ছেনিক জনিত বিষক্ৰিয়া বাংলাদেশৰ এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা। ইয়াৰ বাহিৰেও বাংলাদেশত মেলেৰিয়া আৰু ডেঙগু ৰোগৰ প্ৰাদুৰ্ভাব লক্ষ্য কৰা যায়। ২০১৮ চনৰ অভিলেখ অনুসৰি বাংলাদেশত স্বাক্ষৰতাৰ হাৰ প্ৰায় ৭৪%। ইউনিছেফৰ ২০১৮চনৰ গণনা অনুসৰি পুৰুষৰ মাজত স্বাক্ষৰতাৰ হাৰ ৭৮% আৰু মহিলাৰ মাজত ৭০%। বৰ্তমান চৰকাৰে হাতত লোৱা নানান কৰ্মসূচীৰ ফলত দেশত শিক্ষাৰ হাৰ বাঢ়িছে। ১৯৯৩ চনত আৰম্ভ হোৱা শিক্ষাৰ বিনিময়ত খাদ্য কৰ্মসূচীয়ে আটাইতকৈ বেছি সাফল্য অৰ্জন কৰিছে। মহিলাৰ শিক্ষাৰ বাবেও প্ৰাথমিক আৰু মাধ্যমিক পৰ্য্যায়ত বৃত্তি প্ৰদান কৰ্মসূচীয়ে নাৰীশিক্ষাক আগুৱাই নিয়াত সহায় কৰিছে। অৰ্থনীতি বাংলাদেশৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশৰ ৪১% লোক কৃষিজীৱী। বাকিখিনি শিল্প ও সেবা খাতত জড়িত। দেশখনৰ প্ৰধান কৃষিজ উৎপাদনৰ মাজত আছে ধান, পাট আৰু চাহ। দেশখনত আউশ, আমন, বোৰো আৰু ইৰি ধান উৎপাদন কৰা। পাট, বাংলাদেশত যাক সোণালী আঁহ বোলা হয়, এটা সময়ত বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ প্ৰধান উৎস আছিল। বৰ্তমান বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ অধিকাংশই আহে ৰপ্তানীকৃত তৈয়াৰী পোছাকৰ জৰিয়তে, আৰু অৰ্জিত মুদ্ৰাৰ অধিকাংশই ব্যয় হয় এই উদ্যাগৰ বাবে কেঁচামাল আমদানী কৰাত। সস্তা শ্ৰম আৰু অন্যান্য সুবিধাৰ কাৰণে ১৯৮০ৰ দশকৰপৰা এই উদ্যোগত যথেষ্ট বৈদেশিক আৰু স্থানীয় বিনিয়োগ হৈছে। ২০১৮ চনৰ হিচাপ মতে তৈয়াৰী পোছাক উদ্যোগক্ষেত্ৰত মুঠ ৰপ্তানীৰ পৰিমাণ আছিল ৩৪ বিলিয়ন (৩৪০০ কোটি) আমেৰিকান ডলাৰ। তৈয়াৰী পোছাক উদ্যোগত প্ৰায় ৫০ লাখ শ্ৰমিক নিয়োজিত হৈ আছে, ইয়াৰে ৯০%-ই মহিলা। বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ আন এটা বৃহৎ অংশ আহে প্ৰবাসী বাংলাদেশীসকলে প্ৰেৰণ কৰা অৰ্থ সাহায্যৰ ৰূপত। ২০২০ চনৰ তথ্য অনুসৰি বাংলাদেশৰ জনমূৰি আয় ২০৬৭ আমেৰিকান ডলাৰ। নানা অৰ্থনৈতিক সূচকত বিশ্বব্যাপী বাংলাদেশৰ অৱস্থান শেষৰ শাৰীত, কিন্তু বিশ্ব বেংকৰ ২০১০ চনৰ দেশভিত্তিক আলোচনাত এই দেশৰ শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ আৰু অন্যান্য সামাজিক অনুষ্ঠানত হোৱা উন্নয়নৰ প্ৰশংসা কৰা হৈছে। ১৯৯০ চনৰে পৰা প্ৰতিবছৰে বাংলাদেশত গড়ে ৫% বৃদ্ধি আৰু ২০০৫ চনৰ পৰা ৬% দেখা গৈছে। মধ্যবিত্ত আৰু উপভোক্তা শ্ৰেণীৰ প্ৰসাৰণ ঘটিছে। ২০০৫ চনৰ ডিচেম্বৰ মাহত গ'ল্ডমেন চেক্সৰ বিশ্লেষণত বাংলাদেশক 'অগ্ৰনী ১১ দেশ'ৰ মাজত ধৰা হৈছে। ২০০৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশ বেংকে ৬.৫% মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধিৰ পূৰ্বানুমান কৰে। বাংলাদেশৰ সামাজিক উন্নয়ন আৰু দাৰিদ্ৰ নিৰ্মূলত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে দেশত প্ৰচলিত ক্ষুদ্ৰ ঋণ কৰ্মসূচী। গ্ৰামীন বেংকৰ প্ৰতিষ্ঠাতা তথা শান্তিৰ ন'বেল বঁটা বিজয়ী মুহাম্মদ ইউনুছ ক্ষুদ্ৰ ঋণৰ প্ৰবক্তা। ১৯৯০ দশকৰ শেষভাগত গ্ৰামীণ বেংকৰ সদস্যসংখ্যা আছিল ২৩ লাখ; অন্যান্য সাহায্য সংস্থাৰো প্ৰায় ২৫ লাখ সদস্য আছে। দেশৰ উদ্যোগ আৰু ৰপ্তানিৰ উন্নয়নৰ অৰ্থে বাংলাদেশ চৰকাৰে দেশৰ বিভিন্ন স্থানত 'ৰপ্তানি প্ৰক্ৰিয়াজাতকৰণ এলেকা' (Export Processing Zone or EPZ) স্থাপন কৰিছে। বাংলাদেশ এক্সপ'ৰ্ট প্ৰছেছিং জ'ন অথৰিটি বা বেপজাই এই এলেকাবোৰক নিয়ন্ত্ৰণ কৰে। দেশৰ ৰপ্তানি আৰু আমদানি বাণিজ্যৰ সিংহভাগ চট্টগ্ৰাম সমুদ্ৰ বন্দৰ, মংলা সমুদ্ৰ বন্দৰ আৰু বেনাপোল স্থলবন্দৰৰ পৰা সম্পন্ন হয় সংস্কৃতি বঙালী ভাষা আৰু সাহিত্যৰ ঐতিহ্য হাজাৰ বছৰ পুৰণি। ৭ম শতাব্দীত লিখিত বৌদ্ধ দোহাৰ সঙ্কলন চৰ্যাপদ বঙালী ভাষাৰ প্ৰাচীনতম নিদৰ্শন হিচাপে স্বীকৃত। মধ্যযুগত বঙালী ভাষাত কাব্য, লোকগীতি, আৰু পালাগানৰ প্ৰচলন ঘটে। উনবিংশ আৰু বিংশ শতাব্দীত বঙালী কাব্য আৰু গদ্যসাহিত্যই ব্যাপক বিকাশ লাভ কৰে। ন'বেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলাম আদিয়ে বঙালী ভাষা সাহিত্যকে সমৃদ্ধ কৰি তোলে। বাংলাৰ লোক সাহিত্যও সমৃদ্ধ; মৈমনসিংহ গীতিকাত ইয়াৰ পৰিচয় পোৱা যায়। বাংলাদেশৰ সঙ্গীত বাণীপ্ৰধান; যন্ত্ৰসঙ্গীতৰ ভূমিকা সামান্য। গ্ৰাম্য বাংলাদেশৰ লোক সংগীতৰ মাজত বাউল গান, জাৰি, সাৰি /ছাৰি, ভাৱাইয়া, ভাটিয়ালি, মুৰ্ছিদী, গম্ভীৰা, কবিগান ইত্যাদি উল্লেখযোগ্য। গ্ৰামাঞ্চলৰ এই লোকসঙ্গীতৰ লগত বাদ্যযন্ত্ৰ হিচাপে মূলত: একতাৰা, দোতাৰা, ঢোল, বাঁহী ইত্যাদি ব্যৱহাৰ কৰা হয়। নৃত্যশিল্পৰ কেবাটাও শৈলী বাংলাদেশত প্ৰচলিত --উপজাতীয় নৃত্য, লোকজ নৃত্য, শাস্ত্ৰীয় নৃত্য, ইত্যাদি। দেশৰ গ্ৰামাঞ্চলত যাত্ৰাগানৰ (পালাগান) প্ৰচলন আছে। ঢাকা-কেন্দ্ৰিক চলচ্চিত্ৰ শিল্প উদ্যোগৰপৰা প্ৰতি বছৰে প্ৰায় ৮০-ৰপৰা ১০০খন বঙালী চলচ্চিত্ৰ নিৰ্মিত হয়। বাংলাদেশত মুঠতে প্ৰায় ২০০-খন দৈনিক বাতৰি কাকত আৰু ১৮০০-খনতকৈও বেছি সাপ্তাহিক বা মাহেকীয়া পত্ৰিকা প্ৰকাশিত হয়। কিন্তু নিয়মিত ভাৱে পত্ৰিকা পাঠ কৰা পাঠকৰ সংখ্যা কম, মুঠ জনসংখ্যাৰ মাত্ৰ ১৫%। গণমাধ্যমৰ ভিতৰত ৰেডিঅ' অঙ্গনে বাংলাদেশ বেতাৰ আৰু বিবিচি বাংলা জনপ্ৰিয়। চৰকাৰী টেলিভিছন সংস্থা বাংলাদেশ টেলিভিছনৰ উপৰিও বাংলাদেশৰপৰা ৫-টাতকৈ বেছি উপগ্ৰহভিত্তিক টেলিভিছন চেনেল সম্প্ৰচাৰিত হয়। বাংলাদেশৰ ৰন্ধনপ্ৰণালীৰ লগত ভাৰতীয় আৰু মধ্য-প্ৰাচ্যৰ ৰন্ধনপ্ৰণালীৰ প্ৰভাৱ দেখা যায়। ভাত, দাইল আৰু মাছ বাংলাদেশীসকলৰ প্ৰধান খাদ্য, সেইবাবেই মাছে ভাতে বাঙালি বুলিও কোৱা হয়। দেশখনত ছানাৰ আৰু অন্যান্য প্ৰকাৰৰ মিঠাই, যেনে ৰসগোল্লা, চমচম বেছ জনপ্ৰিয়। বাংলাদেশৰ নাৰীৰ প্ৰধান পোছাক শাৰী। কমবয়সীয়া ছোৱালীয়ে, বিশেষকৈ চহৰাঞ্চলত চেলোৱাৰ-কামিজ পৰিধান কৰা দেখা যায়। পুৰুষৰ প্ৰধান পোছাক লুঙ্গি (লুঙী), কিন্তু চহৰবিলাকত পাশ্চাত্যৰ পোছাক ছাৰ্ট-পেণ্ট প্ৰচলিত। বিশেষ অনুষ্ঠানত পুৰুষে পাঞ্জাবী-পায়জামা পৰিধান কৰে। বাংলাদেশৰ প্ৰধান সামাজিক অনুষ্ঠান সমূহৰ মাজত আছে মুছলমান সকলৰ উৎসৱ ঈদুল ফিত্‌ৰ আৰু ঈদুল জোহা, আৰু হিন্দু সম্প্ৰদায়ৰ দুৰ্গা পূজা। বৌদ্ধসকলৰ প্ৰধান উত্সব বৌদ্ধ পূৰ্ণিমা, আৰু খ্ৰীষ্টানসকলৰ বৰদিন। সৰ্বজনীন উত্সৱৰ মাজত পহেলা বৈশাখ প্ৰধান। গ্ৰামাঞ্চলত নৱান্ন, পৌষ পাৰ্বণ ইত্যাদি লোকজ উৎসৱৰ প্ৰচলন আছে। স্বাধীনতা দিৱস, বিজয় দিৱস আৰু ভাষা আন্দোলনৰ স্মৃতিত ২১-ফেব্ৰুৱাৰী তাৰিখে শ্বহীদ দিৱস পালিত হয়। ক্ৰিকেট আৰু ফুটবল বাংলাদেশৰ অতি জনপ্ৰিয় খেল। ২০০০ চনত বাংলাদেশ ক্ৰিকেট দলে টেষ্ট ক্ৰিকেট খেলাৰ মৰ্য্যদা লাভ কৰে। কাবাডি বাংলাদেশৰ জাতীয় খেল। অন্যান্য খেলাৰ মাজত হকী, হেণ্ডবল, সাঁতোৰ আৰু দবা উল্লেখযোগ্য। এতিয়ালৈ ৪জন বাংলাদেশী - নিয়াজ মোৰ্ছেদ, জিয়াউৰ ৰহমান, আবদুল্লাহ আল ৰাকিব আৰু ৰিফাত বিন সাত্তাৰ - এওঁলোকে দবাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰ্যাণ্ড মাষ্টাৰ খিতাপ লাভ কৰিছে। তথ্যসূত্ৰ চৰকাৰ আৰু প্ৰশাসন সম্বন্ধীয় বাংলাদেশ চৰকাৰৰ অফিচিয়েল ৱেবছাইট বাংলাদেশৰ নিৰ্বাচন কমিছন সচিবালয় বাংলাদেশ জাতীয় সংসদৰ অফিচিয়েল ৱেবছাইট বাংলাদেশ চৰকাৰৰ ইলেক্ট্ৰনিক পত্ৰসমূহ বাংলাদেশ জাতীয় ৰাজস্ব বোৰ্ড বাংলাদেশ ডাক ও তাঁৰ বোৰ্ড (বিটিটিবি) ডিজিটেলভাৱে উপস্থাপিত বাংলাদেশ চৰকাৰ অন্যান্য বাংলাপিডিয়া - বাংলাদেশৰ জাতীয় বিশ্বকোষ বাংলাদেশত জাতিসংঘেৰ কৰ্মতৎপৰতাৰ বিৱৰণ বাংলাদেশ পোছাক উৎপাদন আৰু ৰপ্তানীকাৰক সংস্থা (বিজিএমইএ) ফেডাৰেছন অফ বাংলাদেশ চেম্বাৰ অফ কমাৰ্ছ অ্যাণ্ড ইণ্ডাষ্ট্ৰিজ বাংলাদেশৰ ১৯৭১ চনৰ গণহত্যাৰ খতিয়ান আৰু চাওক এছিয়াৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
2099
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8
পাকিস্তান
পাকিস্তান বা ইছলামী প্ৰজাতন্ত্ৰী পাকিস্তান (উৰ্দু ভাষাত: اسلامی جمہوریۂ پاکستان ইছলামী জুমহূৰিয়াতে পাকিস্তান) দক্ষিণ এছিয়াৰ অন্তৰ্গত এখন দেশ। এই দেশখন বিশ্বৰ পঞ্চম-সৰ্বাধিক জনবহুল দেশ, ইয়াৰ জনসংখ্যা হ'ল 212.2 মিলিয়ন। অঞ্চল অনুসৰি, এইটো 331-বৃহত্তম দেশ, 881,913 বৰ্গকিলোমিটাত (340,509 বৰ্গমাইল) বিস্তৃত। দক্ষিণত আৰব সাগৰ আৰু ওমানৰ উপসাগৰ বৰাবৰ পাকিস্তানৰ এটা ১,০4646 কিলোমিটাৰৰ (50৫০ মাইল) উপকূলৰেখা আছে আৰু ইয়াৰ পূৱত ভাৰত, পশ্চিমত আফগানিস্তান, দক্ষিণ-পশ্চিমত ইৰান আৰু উত্তৰ-পূৱত চীন। উত্তৰ-পশ্চিমত আফগানিস্তানৰ ওয়াখন কৰিডৰ দ্বাৰা তাজিকিস্তানৰ পৰা সৰুভাবে পৃথক হৈছে আৰু ওমানৰ লগত এটা সমুদ্ৰসীমা আছে। তথ্যসূত্ৰ এছিয়াৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
2106
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%80%E0%A6%A4
অসমৰ সংগীত
উত্তৰ-পূব ভাৰতৰ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীতসমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়। বিবিধ প্ৰকাৰৰ সংগীতসমূহ: অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে। প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰভাৱ দেখা যায়। তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল। কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত ওজাপালি ঝুমুৰ বৰগীত ঐনিতম বিহুগীত হুঁচৰি বনগীত বিয়ানাম ভেকুলী বিয়াৰ নাম নিচুকনি গীত মহো-হো গীত জিকিৰ টোকাৰি গীত বৰফুকনৰ গীত নাগাৰা/নেগেৰা নাম আইনাম অপেচৰী সবাহৰ গীত জন্মাষ্টমী নাম লক্ষ্মীপূজাৰ নাম গৰখীয়া গীত অসমৰ সংগীতজ্ঞসকল: শ্ৰীশ্ৰীশঙ্কৰদেৱ পাৰ্বতি প্ৰসাদ বৰুৱা ৰূদ্ৰ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা ৰমেন বৰুৱা জুবিন গাৰ্গ লগতে চাওক অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা তথ্য সংগ্ৰহ গ্ৰন্থপঞ্জী Phukan, Mitra (2003) Musical Identity and being an Assamese, Shruti, October 2003 . বাহ্যিক সংযোগ assamesesongs.org, a pay-site with popular music from Assam. Rupaliparda.com, a free resource for current happenings in assamese entertainment world. অসমৰ সংস্কৃতি অসমৰ সংগীত অসম সম্পৰ্কীয় তালিকা
2107
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%81%E0%A7%B0%E0%A7%8C
কুৰৌ
কুৰৌ প'লেণ্ড দেশৰ দক্ষিণ-পূব অঞ্চলৰ এখন গাঁও। ই পুলাৱে আৰু লুবলিন মাজত কুৰৌকা নদীৰ পাৰত অৱস্থিত। ই এখন পৃথক গ্লিমা -ৰ ৰাজধানী আৰু ইয়াত প্ৰায় ২৮১১ (২০০৫চনৰ সমীক্ষা) বাসিন্দা আছে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Wiki about Kurów নগৰ-মহানগৰ পোলেণ্ড
2144
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%82%E0%A6%97%E0%A7%8B%E0%A6%B2%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
মংগোলিয়া
মংগোলিয়া (;; , আভিধানিক অৰ্থ: মংগোল দেশ/ৰাজ্য) পূব আৰু মধ্য এছিয়াৰ এখন দেশ। দেশখনৰ চাৰিওফাল ভূ-ভাগেৰে আৱৰা। ইয়াৰ ৰাজধানী উলান বাটোৰ। মংগোলিয়া হৈছে এখন বহুদলীয় সংসদীয় গণতান্ত্ৰিক দেশ। ভৌগোলিক অবয়ৱ মঙ্গোলিয়া হৈছে মূলতঃ স্থলবন্দী উচ্চ মালভূমিৰ দেশ। উত্তৰে ৰাছিয়া, পূব, দক্ষিণ আৰু পশ্চিমে চীনৰ বিশাল ভূ ভাগেৰে আগুৰা। পশ্চিমে স্পৰ্শ নকৰিলেও চীনৰ সামান্য ভূ-ভাগ পাৰ হৈয়ে পায় মধ্য এছিয়াৰ অন্য এখন ৰাষ্ট্ৰ কাজাখস্তান। উত্তৰে আৰু পূবে শীতল অৰ্ধ মৰুস্থল তথা মুঠ ভূ-ভাগৰ ৫০% জুৰি ষ্টেপ ঘাঁহনি সমতল আৰু মাজে মাজে পাহাৰ আছে। উত্তৰ-পশ্চিম অংশত অৰণ্য তথা কেইবাটাও বিশাল হ্ৰদ আৰু প্ৰাকৃতিক জলাশয় আছে। তাৰ ভিতৰত “হভ্গআল্‌” হ্ৰদটো (হভ্‌গল্‌ নূৰ) পুৰণি আৰু গভীৰতম, যি ৰাছিয়াৰ সীমাৰ ভিতৰত থকা তথা বিশ্বৰ ভিতৰতে গভীৰতম হ্ৰদ বৈকালৰ ওচৰতে অৱস্থিত। দেশখনত ওখ অৰণ্যই জুৰি আছে মাটিকালিৰ ৮% মাথোন। পশ্চিম আৰু দক্ষিণ-পশ্চিম অংশত কেইবাটাও সু-উচ্চ পাহাৰ আৰু পৰ্বতেৰে বিখ্যাত “আল্‌টাই” পৰ্বতমালা অৱস্থিত, যি দক্ষিণ-পূব অংশলৈকে বিস্তৃত হৈ আছে। আল্‌টাইৰ গড় উচ্চতা ২০০০-৩০০০ মিটাৰৰ ভিতৰত। দেশখনৰ সৰ্ব্বোচ্চ শৃংগটোও ইয়াতে অৱস্থিত। নাম “নাজ্‌ৰাম্ডাল ঊৰ” (টাভান-বোগ্‍ডো-উলি?)। উচ্চতা ৪৩৭৩ মিটাৰ। এই পৰ্বতমালা দক্ষিণে পৃথিৱীৰ ৪ৰ্থ বিশাল মৰুভূমি “গোবি মৰুভূমি”ৰ লগত মিলি গৈছে। মঙ্গোলিয়াৰ এক তৃতীয়াংশ ভূ-ভাগেই গোবি মৰুভূমিয়ে জুৰা। মঙ্গোলিয়াৰ সুমধ্য বিন্দুটো হৈছে ৪৬০ উত্তৰ দ্ৰাঘিমাংশ, ১০৫০ পূব অক্ষাংশত অৱস্থিত। জলবায়ু মঙ্গোলিয়াৰ জলবায়ু ভীষণ মহাদেশীয়। শীতকালত প্ৰচণ্ড তুষাৰপাত হয়। দেশখন শীতকালি ভীষণ আৰু দীৰ্ঘস্থায়ী হিমায়িত অৱস্থাপ্ৰাপ্ত হয়। দক্ষিণত শুষ্ক মৰুময় অৱস্থা বৰ্তি থাকে। গ্ৰীষ্মকাল তেনেই চুটি। তাপমাত্ৰা শীতকালি শূন্যৰো তলত -২৬ ডিগ্ৰী ছেঃৰ পৰা -৩০ ডিগ্ৰী ছেঃলৈকে নামি যায় (বিশেষকৈ জানুৱাৰী মাহত) আৰু গ্ৰীষ্মকালি সৰ্ব্বোচ্ছ ১৬ ডিগ্ৰী ছেঃ – ২২ ডিগ্ৰী ছেঃ লৈকে উঠে। বাৰ্ষিক গড় বৰ্ষাৰ পৰিমাণ ২০৮ মিঃমিঃ। জনগাঁথনি আৰু সংস্কৃতি ২০১০ চনৰ লোকপিয়ল অনুসৰি মঙ্গোলিয়াৰ জনসংখ্যা ২,৭৫৪,৬৮৫ জন। খাল্‌খা ভাষিক গোষ্ঠীৰ লোক সকলেই মঙ্গোলিয়াৰ বৃহত্তম জনগোষ্ঠী। মঙ্গোলিয়সকল পৰম্পৰাগতভাৱে ঘাইকৈ যাযাবৰী বা অঘৰী জাতি। যিয়ে বৃত্তিৰ তাগিদাত কোনো স্থানতেই স্থায়ীভাৱে দীৰ্ঘকাল নাথাকে। কিন্তু সময়ৰ লগে লগে এই যাযাবৰী লোকৰ সংখ্যা কমি আহিছে। কিয়নো বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ বহুতে নগৰীয়া আৰামদায়ক আৰু সুবিধাজনক সভ্যতাক আঁকোৱালি লৈছে আৰু স্থায়ীভাৱে নগৰ-চহৰ সমূহতে থাকিবলৈ লৈছে। বৰ্তমান দেশখনৰ জনবসতি ২ জন প্ৰতি বৰ্গকিঃমিঃত। ৫৯% লোক নগৰ সমূহত বাস কৰে আৰু ৪১% লোক বসবাস কৰে নগৰ সমূহৰ বাহিৰত। তেওঁলোকৰ যাযাবৰী জীৱনৰ প্ৰতিক হৈছে এটি প্ৰাণী, সেয়া হৈছে ঘোঁৰা। অধিকাংশ প্ৰাপ্তবয়স্ক মংগোলিয় লোকেই পাকৈত ঘোঁৰা চালক। চহা সমাজত যাৰ মালিকি স্বত্ব্বত যিমান সংখ্যক ঘোঁৰা থাকে তেওঁক সিমানেই চহকী বুলি ধৰা হয়। তেওঁলোকৰ মানত ঘোঁৰা হৈছে আশা, শক্তি, গতি আৰু প্ৰগতিৰ প্ৰতিক। তেওঁলোকে গঢ়ি লোৱা পৰম্পৰাগত কাপোৰ আৰু কাঠ খোটাৰ তম্বুটোক স্থানীয় ভাষাত “গেৰ” বা ৰুছ ভাষাত “ইয়ুৰ্ট” বোলে। মঙ্গোলিয় সংগীত, মঙ্গোলিয় বাদ্য-যন্ত্ৰ, মঙ্গোলিয় গীত-মাত, নৃত্য আদিৰ আকৰ্ষণীয়তা অতুলনীয় আৰু অতি একক বিধৰ। মঙ্গোলিয় লোকসকলৰ মূল ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম। অৰ্থনীতি পশুপালন মংগোলিয় সকলৰ প্ৰাচীন বৃত্তি। দুগ্ধ, মাংস, ঊণ, ঊল উৎপাদন আৰু তাৰ সংৰক্ষণ ও ক্ৰয়-বিক্ৰয় সমান্তৰালভাৱে চলি আহিছে। আজি সি মঙ্গোলিয়াৰ বিৰাট খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ৰূপ লৈছে। ঘোঁৰা আৰু অন্য পশু সম্পদ ক্ৰয়-বিক্ৰয়ো চলি আহিছে। পাৰম্পৰিক চহা, যাযাবৰী পশুপালন অৰ্থনীতি এতিয়াও বিৰাজমান। কিন্তু বৰ্তমান ৰাষ্ট্ৰায়ত্ব কৃষি উৎপাদন প্ৰতিষ্ঠান সমূহে ক্ৰমান্বয়ে আগস্থান আৰু গুৰুত্ব লাভ কৰিছে। বস্ত্ৰ আৰু খনিজ উদ্যোগ সমূহেও প্ৰাধান্য লাভ কৰিছে। কিন্তু বেছিভাগ উদ্যোগ ৰাজধানী উলান বাটোৰ আৰু ইয়াৰ প্ৰধান নগৰ সমূহত কেন্দ্ৰিভূত। খনিজ মণিক বিশেষকৈ কয়লা, সোণ, ইউৰেণিয়াম তথা অন্যান্য ধাতুৰ মণিক উদ্ঘাটন, নিষ্কাষণ আৰু ৰপ্তানি উদ্যোগসমূহে বৰ্তমান মঙ্গোলিয়াৰ মুঠ ঘৰুৱা উৎপাদন ও অৰ্থনীতিলৈ প্ৰভুত বৰঙনি যোগাবলৈ সক্ষম হৈছে। “ডাৰ্‌চান” আৰু “চয়বাল্‌ছান” দুখন গুৰুত্বপূৰ্ণ কয়লা উৎপাদন নগৰী। ইতিহাস মঙ্গোলিয়াৰ ইতিহাস বা বুৰঞ্জী একেটা সময়তে অতি চমকপ্ৰদ আৰু ৰহস্যময়। অতীজৰে পৰা মঙ্গোলিয়া বিভিন্ন জাতিৰ শাসনত আছিল। জিয়ংনু, জিয়ান্‌বেই, ৰো’ৰাণ, গ’ক্‍টুৰ্ক আদি বেলেগ-বেলেগ জাতিয়ে ইটোৱে সিটোক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি মঙ্গোলিয়াত বিভিন্ন সময়ত নিজৰ-নিজৰ আধিপত্য বৰ্তাই ৰাখিছিল। জনগোষ্ঠী সমূহৰ মাজত একতা নাছিল। মঙ্গোলিয়াৰ শাসক সকল এটা সময়ত পৰাক্ৰমী, ৰণকৌশল পাকৈত যোদ্ধা আছিল। প্ৰবল পৰাক্ৰমী, নিপুণ যোদ্ধবীৰ তথা দুৰদৰ্শী সম্ৰাট ছেঙ্গিজ খাঁ (বা ছিঙ্গিজ খাঁ) এই মঙ্গোলিয়াৰে সন্তান আছিল। ১২০৬ খ্ৰীষ্টাব্দত মঙ্গোল জাতিৰ পিতা ছেঙ্গিজ খাঁই বিশাল মঙ্গোল সাম্ৰাজ্যৰ সূচনা কৰে। ছেঙ্গিজ খাঁৰ বিশাল সাম্ৰাজ্য সমগ্ৰ চীন দেশ, মধ্য এছিয়া, পাৰস্য লৈকে বিস্তাৰিত আছিল। তেখেতৰেই দূৰ সম্বন্ধীয় নাতি আছিল ভাৰতবৰ্ষত প্ৰথমজনা মোগল সম্ৰাট বাবৰ। সম্ৰাট ছেঙ্গিজ খাঁৰ দুৰ দৰ্শিতাৰ পৰিচয় পোৱা যায় তেখেতৰ কাম-কাজত। তেখেতে প্ৰথমে মঙ্গোলিয়াৰ যাযাবৰী যুঁযাৰু শক্তিশালী জাতিসমূহক যিকোনো প্ৰকাৰে একত্ৰিত কৰি অনৈক্যৰ মাজত ঐক্যৰ ডোলেৰে বান্ধি ৰখাত গুৰুত্ব আৰোপ কৰিছিল যাতে বহিঃ শক্তিসমূহে মঙ্গোল সমাজক পদানত কৰিব নোৱাৰে। সেয়েহে সম্ৰাট ছেঙ্গিজ খাঁক আজিও মঙ্গোল সমাজে জাতিৰ গুৰিয়াল হিচাপে মানে আৰু তেওঁক মহান মঙ্গোল হিচাপে গণ্য কৰে। ছেঙ্গিজ খাঁই বিশাল সাম্ৰাজ্য শাসনৰ সুবিধাৰ বাবে মঙ্গোলিয়াক অন্তঃমঙ্গোলিয়া (মূল ভূ-ভাগ) আৰু বহিঃমঙ্গোলিয়া হিচাপে দুভাগত বিভক্ত কৰিছিল। চীনৰ এটা সময়ৰ প্ৰবল প্ৰতাপী সম্ৰাট কুবলাই খাঁও এই ছেঙ্গিজ খাঁৰে বংশধৰ। কিন্তু পাছলৈ য়ুৱান বংশৰ পতনৰ লগে-লগে মঙ্গোল সমাজ আকৌ ভাগ-ভাগ হৈ পৰিল। ১৬-১৭ শতিকাত তিব্বতীয় বৌদ্ধ ধৰ্মৰ প্ৰভাৱত আহে। ১৭ শতিকাৰ পাছত চীনৰ কিং বংশৰ শাসনৰ তললৈ যায়। ১৯১১ চনত কিং বংশৰ পতনৰ পাছত মঙ্গোলিয়াই স্বাধীনতা ঘোষণা কৰে। কিন্তু ১৯২১ চনলৈকে চীনৰ অৰাজক পৰিস্থিতিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা পাবলৈ যথেষ্ট আন্দোলন কৰিব লগীয়া হয়। ১৯৪৫ চনত ই সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। মঙ্গোলিয় জাতিৰ যাযাবৰী প্ৰকৃতিৰ কাৰণে তেওঁলোক এছিয়াৰ বিভিন্ন কোণতো সিঁচৰতি হৈ পৰিছিল। পূব এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূব এছিয়া, উত্তৰ-পূব ভাৰত পাৰ হৈ তেওঁলোক দক্ষিণ-পূব প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জতো বসতি কৰিছিলগৈ। সেয়ে এই সমগ্ৰ অঞ্চলটোতে মানৱ জাতিৰ এই বিশেষ শাৰীৰিক অৱয়বধাৰী (মঙ্গোলিয় শাৰীৰিক অৱয়ব) ঠাঁল বা গোষ্ঠীটোৰ লোক সকলৰ চেহেৰা-পাতিৰ মিল দেখা যায়। শাসন ব্যৱস্থা ১৯২৪ চনত মঙ্গোলিয়া হৈছিল “মঙ্গোলিয়া লোক প্ৰজাতন্ত্ৰ”। মঙ্গোলিয়া লোক প্ৰজাতন্ত্ৰক পৰিচালনা কৰিবলৈ আছিল “মহান খুৰ্ৰাল” (ই হৈছে মঙ্গোলিয়াৰ সংসদ, এতিয়াও বিদ্যমান), এখন মন্ত্ৰী পৰিষদ আৰু সভাপতি পৰিষদে বা প্ৰেছিডেন্সিয়েল কাউন্সিলে। সভাপতি পৰিষদৰ অধ্যক্ষ জন হৈছে ৰাষ্ট্ৰপতি বা প্ৰেছিডেণ্ট। ১৯৯২ চনত এখন নতুন সংবিধান ৰূপায়ণ কৰি লাগু কৰা হয়। ৰাজধানী উলান বাটোৰ মঙ্গোলিয়াৰ ৰাজধানী উলান বাটোৰ। অতীজৰ নাম আছিল “উৰ্ঘাট”। বৰ্তমান ই দেশখনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু উদ্যোগিক কেন্দ্ৰস্থল। মুখ্য প্ৰশাসনিক ভৱন সমূহ, সংসদ আদি ইয়াতে অৱস্থিত। কেইবাটাও বস্ত্ৰ উদ্যোগ আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ কেন্দ্ৰস্থল এই উলান বাটোৰ। চিত্ৰসংগ্ৰহ তথ্য সংগ্ৰহ আৰু পঢ়ক Mongolia, Encyclopædia Britannica Background notes on Mongolia, US Department of State বাহ্যিক সংযোগ চৰকাৰ Official Website of the Government Organizations of Mongolia Mongolia Government Overview Chief of State and Cabinet Members তথ্য Mongolia at UCB Libraries GovPubs ভ্ৰমণ Official Tourism Website of Mongolia Expedition trip to the North-West Mongolia, Tomsk State University and the University of Hovd, cooperation. Video. এছিয়াৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
2154
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A7%B0
কাটাৰ
কাটাৰ পশ্চিম এছিয়াৰ এখন এখন সৰু দেশ। ইয়াৰ ৰাজধানী হ'ল ড'হা। কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ। ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ। অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ। ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা। কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ'ল বহিৰাগত। আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত। দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত। কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আৱিষ্কাৰ হয়। দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে। ইতিহাস দেশখনত পূৰ্ণ ৰাজতন্ত্ৰ (Absolute Monarchy) অব্যাহত আছে। ইয়াত আমীৰ হ'ল দেশখনৰ হৰ্তাকৰ্তা বিধাতা আৰু চৰকাৰৰ মুৰব্বীঁ। আমীৰৰ দ্বাৰা মনোনীত ১৫ জন মন্ত্ৰী আছে। ১৮ শতিকাৰ পৰা ১৯ শতিকাৰ কেই দশক মানলৈ কাটাৰত বাহৰাইনৰ শাসন চলিছিল। তাৰ পিছত কাটাৰ, বাহৰাইন আৰু সংযুক্ত আৰব আমিৰাত ব্ৰিটিছৰ অধীন হ'ল। ১৯৭১ চনৰ ৩ চেপ্তেম্বৰ তাৰিখে কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ'ল আৰু ই এখন স্বাধীন দেশৰূপে আত্মপ্ৰকাশ কৰিলে। কাটাৰৰ শাসনভাৰ ১৮ ডিচেম্বৰ ১৮৭৮ চনৰ পৰা অল থানি ৰাজপৰিয়ালে বহন কৰি আহিছে। বৰ্তমানৰ শাসক হ'ল আমীৰ শ্বেখ হামাদ বিন খলিফা অল থানি। তেওঁ ১৯৯৫ চনত এক ৰক্তহীন বিদ্ৰোহৰ যোগেদি নিজ পিতৃ আমীৰ খলিফাক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতত তুলি লয়। এজন পুত্ৰ যুৱৰাজ শ্বেখ তামিম বিন হামাদ অল থানিক উত্তৰাধিকাৰী ঘোষিত কৰে। শ্বেখ হামাদ বিন জাচেন অল থানিক প্ৰধান মন্ত্ৰী পাতে। ১৮ ডিচেম্বৰৰ দিনটোক বৰ্তমানৰ আমীৰৰ উদ্যমত ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰি আহিছে। বিশেষকৈ ২০০৭চনৰ পৰা ৰাজধানী চহৰ ড'হাত জাকজমকতাৰে ৰাষ্ট্ৰীয় দিৱসপালিত হৈ আহিছে। বৰ্তমানৰ আমীৰে ২০০৩ চনত এখন সংবিধানৰ সৃষ্টি কৰিলে। মজলিচ অৰ্থাৎ সংসদৰ বাবে ৪৫জনীয়া উপদেষ্টা মণ্ডলী আৰম্ভ হ'ল। ইয়াৰে ৩০জন নিৰ্বাচিত আৰু ১৫জন হব আমীৰৰ মনোনীত। সাংসদৰ কাৰ্য্যকাল হৈছে ৪ বছৰীয়া। বৰ্তমানৰ আমীৰৰ কেইটিমান কৃতিত্ব হ'ল - চৌদি আৰব আৰু বাহৰেইনৰ সৈতে থকা সীমা বিবাদ ২০০১ চনত নিষ্পত্তি কৰা। ১৯৯৬ত প্ৰেছ চেঞ্চৰশ্বিপ উঠাই লোৱা। কাটাৰত বৰ্তমান ১২খন দৈনিক প্ৰকাশিত হয়, তাৰে ৮খন আৰবী, ৪খন ইংৰাজী। ১৯৯৬ চনৰ শেষৰ ফালে ড'হাত অল-জজীৰা টিভি চেনেলৰ কাম আৰম্ভ হয়। বৰ্তমান অল-জজীৰাৰ জনপ্ৰিয়তা বিশ্বত ঈৰ্ষনীয়। ভূগোল কাটাৰৰ ভৌগোলিক অবস্থান ২৪° ৰ পৰা ২৭° উত্তৰ অক্ষাংশ আৰু ৫০° ৰ পৰা ৫২° পূব দ্ৰাঘিমাংশৰ মাজত। চৌদি আৰবৰ উত্তৰ-পূৱ দিশত সংলগ্নহৈ আছে কাটাৰ দেশ। চৌদি আৰব আৰু কাটাৰৰ সেই সীমাৰ দৈৰ্ঘ্য হ'ল ৬০ কিলোমিটাৰ। ইয়াৰ বাহিৰে কাটাৰক তিনিও ফালৰ পৰা সাগৰে আৱৰি ৰাখিছে। উত্তৰ আৰু পূবে পাৰস্য সাগৰ, পশ্চিমে বাহৰাইনৰ সমুদ্ৰ অঞ্চল। সাগৰৰ ভিতৰলৈ এনেদৰে সোমাই থকা ভূমিখণ্ডক 'পেনিনচুলা' বুলি কয়। কাটাৰী পেনিনচুলাৰ আকাৰ হ'ল উত্তৰৰ পৰা দক্ষিণলৈ ১৬০ কিলোমিটাৰ। পূবৰ পৰা পশ্চিমলৈ অঞ্চল ভেদে দূৰত্ব ৫৫ৰ পৰা ৯০ কিলোমিটাৰ। কাটাৰৰ ৰাজধানী দেশখনৰ পূবে প্ৰায় মাজ ভাগত সাগৰ তীৰত অৱস্থিত। কাটাৰৰ একেবাৰে উত্তৰৰ শেষ সীমাত থকা সৰু চহৰখন হ'ল মডিনাত অল শ্বামাল। ড'হা, অল খোৰ আৰু অল ৱাক্ৰাহ - এই তিনিটা হ'ল সমুদ্ৰৰ বন্দৰ। কাটাৰৰ একমাত্ৰ বিমানবন্দৰটো হ'ল ড'হা অন্তৰাষ্ট্ৰীয় বিমানবন্দৰ। কাটাৰৰ পশ্চিমে অবস্থিত দোহ্কান হ'ল তেল নগৰী। ৰাচ লাফান হ'ল উত্তৰৰ এখন ঔদ্যোগিক নগৰ। অল ঘৰীয়া উত্তৰৰ আন এখন সৰু চহৰ - যত পৰ্যাটকে মনোৰঞ্জনৰ বাবে যায়। অৰ্থতন্ত্ৰ অৰ্থনীতি কাটাৰৰ অৰ্থনীতিৰ আধাৰ হ'ল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। ইয়াৰে শতকৰা ৮৫ ভাগ ৰপ্তানিৰ দ্বাৰা ৰাজকোষ টনকিয়াল হয়। ১৯৪০ চনত খাৰুৱা তেলৰ সন্ধান নোপোৱালৈকে কাটাৰৰ আৰ্থিক অৱস্থা শোচনীয় আছিল। আজি দেশখনৰ উন্নতিৰ মূলতেই হ'ল এই পনীয়া সোণ। কাটাৰৰ মুদ্ৰা হ'ল - কাটাৰী ৰিয়াল। ১৯৭৩ চনৰ পৰা কাটাৰে নিজৰ মুদ্ৰা প্ৰচলন কৰিছে। প্ৰচলিত নোটবিলাক হ'ল ১, ৫, ১০, ৫০, ১০০ আৰু ৫০০ ৰিয়ালৰ। খুচুৰা মুদ্ৰা হ'ল - ৫,১০,২৫,৫০ ডিৰহাম আৰু ১ ৰিয়ালৰ। সাধাৰণতে ২৫ আৰু ৫০ডিৰহামহে প্ৰচলিত। ১০০ডিৰহামে ১ ৰিয়াল হয়। ১ ৰিয়াল ভাৰতীয় ১৩.৫৭ টকাৰ সমকক্ষ। ১ আমেৰিকান ডলাৰ ৩.৬৪ ৰিয়ালৰ সমান। জলবায়ু নৱেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি। এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ যায়। মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে। কাটাৰত বৰষুণ অতি কম হয়। কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয়। কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে। কাটাৰত পাহাৰ আৰু নদী নাই। জলবায়ু শুষ্ক। ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ। তথাপিও দেশৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে। খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়। সংস্কৃতি ধৰ্ম কাটাৰৰ বাসিন্দাসকলে সপ্তম শতিকাৰ পৰা ইছলাম ধৰ্মক মানি আহিছে। শতকৰা ৯৯ জনেই হ'ল চুন্নী মুছলমান। ক্ষুদ্ৰ অংশতোহে চিয়া সম্প্ৰদায়ৰ। কাটাৰত গাহৰি নিষিদ্ধ। হালাল কৰা মাংসহে কচাইখানাত বিক্ৰী হয়। ঈদৰ সময়ত ৰাজহুৱা স্থানত দিনৰ ভাগত খোৱা-লোৱাত কিছু নিয়মানুবৰ্তিতা সকলো নাগৰিকে মানিবলগীয়া হয়। শিক্ষা শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে। কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত। ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি। উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল। বৰ্তমান দেশখনত আছে ১১৩খন চৰকাৰী বিদ্যালয়। তাৰে ৬০খন লৰাৰ আৰু ৫৩খন ছোৱালীৰ। ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ। তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা। চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে। ১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুষ্ঠানৰ শুভাৰম্ভ হয়। ১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়। যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে। চৰকাৰী শিক্ষানুস্থানৰ উপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান। আমেৰিকা, ব্ৰিটেইন, ভাৰত, ফিলিপাইন, চুডান, লেবানন আদিৰ দ্বাৰা এইবিলাক স্থাপিত। তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে। চৰকাৰে ষ্টেচনাৰী, বিদ্যুত, পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে। চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ উপৰিও ৰেচিডেণ্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে। ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ। স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেণ্টিন আদিৰ সকলো সুবিধা থাকে। প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে। বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়। ভাৰতৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়। ইয়াৰ ভিতৰত প্ৰমুখ হ'ল: ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল,এম ই এচ ইণ্ডিয়ান স্কুল,ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল। চিকিৎসা ব্যৱস্থা কাটাৰৰ চিকিৎসা ব্যৱস্থাৰ মানদণ্ড বিশ্বমানৰ। এই দেশে স্বাধীনতা লভিবৰ চাৰিটা দশক সম্পূৰ্ণ হৈছে মাথো, কিন্তু চিকিৎসাৰ দিশত সৰ্বতোপ্ৰকাৰে অভাৱনীয় উন্নতি পৰিলক্ষিত হৈছে। চৰকাৰৰ তত্ত্বাবধানত সৰ্ব -সাধাৰণৰ বাহিৰেও শিশু, নবজাতক, মহিলা, মানসিক ৰোগী, কেঞ্চাৰ ৰোগী, দন্ত চিকিৎসাৰ, অস্থিৰোগৰ, ক্ৰীড়াৰ ফলত হোৱা আঘাতৰ ৰোগীৰ বাবে পৃথক পৃথক চিকিৎসালয় স্থাপিত হৈছে, আৰু আছে ৰোগ পৰীক্ষাৰ অত্যাধুনিক সা-সৰঞ্জামযুক্ত লেবৰেটৰী। স্বাস্থ্যখণ্ডত উন্নতিৰ প্ৰধান কাৰণসমূহ হ'ল- বছৰেকীয়া স্বাস্থ্য বাজেটত এক বুজন ধনৰ বিনিয়োগ, এই দেশলৈ অহা নবাগত সকলৰ কঠোৰ স্বাস্থ্য পৰীক্ষা ,আৰু দেশখনৰ সীমিত জনসংখ্যা। তদুপৰি পৰিষ্কাৰ-পৰিছন্ন পৰিবেশও ৰোগ বৃদ্ধি নোহোৱাৰ এক উল্লেখযোগ্য কাৰণ। বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে , ৬৭ % সেৱা ব্যক্তিগত খণ্ডই প্ৰদান কৰি আছে। প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এই দেশত তেনেই নগণ্য। মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কাটাৰ অৱশ্যে নবাগত। ২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড'হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে। ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে। ৩৮০খন বিছনা মেডিকেল কলেজত পৰিসৰৰ ভিতৰত অলপতে মুকলি হব। বৰ্তমান শিক্ষাৰ্থী সকলে কাটাৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় (হামাড মেডিকেল কৰ্পৰেচনত) প্ৰেক্টিকেল শিক্ষা লয়। মেডিকেল কলেজখন কাটাৰ ফাউণ্ডেচনৰ এডুকেশ্বনেল চিটিৰ ভিতৰত অৱস্থিত॥মুঠ ৬ বছৰৰ শিক্ষাৰ অন্তত আমেৰিকাৰ বিশ্ববিদ্যালয়ে ছাত্ৰসকলক এম,ডি ডিগ্ৰী প্ৰদান কৰে। ১৯৫৭ চনত ২০০খন বিছনাযুক্ত ৰুমেইলা হস্পিতেল ৰাজধানী চহৰ ড'হাত মুকলি হয়। ১৯৭৭ চনত চৰকাৰে ইয়াৰ অন্তৰ্গাথনিৰ প্ৰভুত উন্নতি সাধে। ১৯৮২ চনত ৬২১খন বিছনাযুক্ত হামাদ মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়। ১৯৮৮চনত মুকলি হয় ৩৩৪খন বিছনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল। ২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল। ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়। লাহে লাহে দেশখনৰ আন ঠাইটো বিভিন্ন চৰকাৰী চিকিৎসালয় মুকলি হ'ল। যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ'ল। এইসকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে ভাৰতৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ - "চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে" কাটাৰত সঘনাই হৈ থকা অন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ড'হাত ২০০৯ চনত মুকলি কৰা হৈছে - অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ "এচপিটাৰ হস্পিতেল"। ২০০৬ চনত য'ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে। উল্লেখযোগ্য ২০২২ চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ'ল কাটাৰ। কাটাৰত ভাইৰেল ফিভাৰ, হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএণ্টাৰাইটিচ, ডেংগু, মেলেৰিয়া আদি ৰোগ দেখা পাবলৈ নাই। মহ আৰু মাখিৰ সংখ্যা কম। মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম। ড্ৰাগছ নিষিদ্ধ বাবে তাৰ ফলত হব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত। ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক। কাটাৰকে ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ খাদ্যাভাসত এটা কথাত কিছু মিল থকা দেখা যায় - সেইটো হ'ল খাদ্যত মাংস,কণী, মাখন, চীজ,পনীৰ, গাখীৰ , ড্ৰাই ফ্ৰুইটচ্ ,বিভিন্ন ক'ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য। শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম। ইয়াত ৰন্ধনৰ বাবে ৰিফাইন ভিজিটেবল তেল, চানফ্লাৱাৰ, কৰ্ণঅইল আদি সচৰাচৰ ব্যৱহাৰ হয়। অলিভ তেল স্বাস্থ্যৰ বাবে আটাইতকৈ ভাল যদিও ই মহঙা। লিবিয়া আৰু উত্তৰ আফ্ৰিকাৰ প্ৰচুৰ অলিভ তেল উৎপাদন হোৱা দেশসমূহতহে অলিভ তেল আটাইতকৈ সুলভ। ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য), গাওত আৰু বিভিন্ন হৃদৰোগ জীৱনধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়। আনহাতে টুনা, চালমন মাছ আদি সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী অমেগা- ৩ ফেটি এচিড থাকে। অমেগা- ৩ ফেটি এচিড হৃদৰোগৰ প্ৰতিৰোধকাৰক, মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী। তথ্যসূত্ৰ বাহ্যিক সংযোগ Amiri Diwan official government website HSBC Bank in Qatar Qatar-based channel Aljazeera live stream Key Development Forecasts for Qatar from International Futures এছিয়াৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
2168
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%B9%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95%20%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%A8%E0%A6%BE
সহযোগিতামূলক সম্পাদনা
আক্ষৰিক অৰ্থত "একাধিক ব্যক্তিয়ে সমিলমিলেৰে একেটা কাম সমাধা কৰা কাৰ্যকে" সহযোগিতামূলক সম্পাদনা বা ইংৰাজীত "Collaborative editing" বোলা হয়। সহযোগিতামূলক সম্পাদনা সফল হ'বলৈ গোটসমূহৰ সজাগতা, অংশগ্ৰহণ আৰু সমন্বয় অতিকৈ আৱশ্যক। বৰ্তমান যুগত তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ফলত গঢ়ি উঠা ইণ্টাৰনেট মাধ্যম ব্যৱহাৰ কৰি ভৌগোলিক সীমাৰ বাধাও অতিক্ৰম কৰি সহযোগিতামূলক সংকলনৰ পৰিধিয়ে সম্পূৰ্ণ পৃথিৱীক সামৰি লৈছে। কিছুমান সহযোগিতামূলক সম্পাদনা সজুলিত 'ইন্‌ষ্টেণ্ট মেছেজিং চাৰ্ভিছ্'ও সন্নিবিষ্ট থাকে যাতে অৱদানকাৰীসকলে সম্পাদনা কৰি থাকোঁতে সহজে যোগাযোগ কৰিব পাৰে। প্ৰক্ৰিয়া প্ৰধানকৈ ইয়াক পাঠ্যযুক্ত নথি বা কোনো প্ৰগ্ৰেমৰ উৎস ক'ডৰ ৰচনাৰ বাবে ব্যৱহাৰ কৰা হয়। সদস্যসকল একেঠাইত মিলিত হ'ব নালাগে বাবে এনে বিক্ষিপ্ত বৰঙণিয়ে সময়ৰ ৰাহি কৰিব পাৰে। ইণ্টাৰনেটৰ, বিশেষকৈ ৱেব প্ৰযুক্তিৰ মাধ্যমত পৃথিৱীৰ যিকোনো স্থানৰ ব্যক্তিয়ে সহযোগিতামূলক সংকলনত অংশগ্ৰহণ কৰিব পাৰে। এনে কাম সম্পাদনা কৰিবলৈ বিশেষ ছফ্টৱেৰৰ আৱশ্যক। নথি সম্পাদনাৰ বাবে সচৰাচৰ ব্যৱহাৰ হোৱা ছফ্টৱেৰ হৈছে ৱিকি আৰু প্ৰগ্ৰেমিঙৰ কামত ভাৰ্চন কন্ট্ৰ'ল চীষ্টেম ব্যৱহাৰ কৰা হয়। বেছিভাগ ৱৰ্ড প্ৰচেছৰতো সালসলনি লিপিবদ্ধ কৰাৰ সুবিধা আছে। গতিকে অৱদানকাৰীয়ে একে সময়তে কাম কৰিলেও প্ৰতিজনৰ নিৰ্দিষ্ট সালসলনি দেখা পোৱা যায়। সহযোগিতামূলক সম্পাদনা কৰিব পৰা নতুন লিখন সঁজুলি যেনে গুগল ডক্‌ছত সংশোধন নিয়ন্ত্ৰণ, একে সময়তে কৰা/নকৰা সম্পাদনা আদিৰ সুবিধা আছে। ৱিকিপিডিয়া হৈছে বৃহৎ পৰিসৰত কৰা সহযোগিতামূলক সম্পাদনাৰ এক উদাহৰণ। কোনো ব্যক্তিবিশেষে কৰাতকৈ সহযোগিতামূলক সম্পাদনাই অধিক উন্নত আৰু জটিল প্ৰকল্প সমাধা কৰিব পাৰে। বহু শিক্ষণ গোটত সহযোগিতামূলক কাম সমাপণ কৰিবলৈ দিয়া হয়। অৱশ্যে আনৰ লগত একেলগে কৰিলে লিখা কামটোও টান হৈ উঠে। সহযোগিতামূলক লিখনিয়ে কেনেকৈ শিক্ষণ অভিজ্ঞতা বঢ়াব পাৰে তাৰ বিষয়ে কিছুমান গৱেষণাও চলি আছে। সঠিক প্ৰবেশ ব্যৱস্থাপনা প্ৰণালীয়ে (access management system) তথ্যৰ প্ৰতিলিপি ৰোধ কৰিব পাৰে। ইয়াত প্ৰায়েই চাৰ্ভাৰত অনলাইন প্ৰবেশৰ প্ৰয়োজন হয়। সময় স্থানৰ দৰে কিছুমান বস্তুৱে কেতিয়াবা অনলাইন সহযোগিতামূলক সম্পাদনাত সমস্যা কৰিব পাৰে। সুবিধা আৰু অসুবিধা সহযোগিতামূলক সম্পাদনাৰ সুবিধাসমূহ হৈছে যে সকলোৱে সম্পাদনাত ভাগ ল'ব পাৰে আৰু একেটা কাম বহুতৰ মাজত ভাগ হৈ যোৱা বাবে এজনৰ ওপৰত কামৰ বোজা কম হয়। বহুতৰে ভাৱ একেলগ হৈ লক্ষ্যত উপনীত হোৱাটো সহজ হয়। প্ৰত্যেকৰে নিজা নিজা বৰঙণি লিপিবদ্ধ হৈ থাকে। ইয়াৰ ফলত দলগত অভিজ্ঞতা বঢ়াৰ লগতে যোগাযোগৰ নিপুণতা বাঢ়ে। আনহাতে অসুবিধাসমূহ হৈছে যে বহুতে সম্পাদনা কৰাৰ ফলত গুণগত মান হ্ৰাস পাব পাৰে। এটা গোট হিচাপে কাম কৰিলে এজন সদস্যৰ অসমৰ্থতাই কাম সম্পাদনত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কম্পিউটাৰ হেকিঙ আৰু ধ্বংসপ্ৰৱণতাৰ সমস্যাও নোহোৱা নহয়। প্ৰায়েই ইণ্টাৰনেট সংযোগৰ আৱশ্যক হোৱাটোও সহযোগিতামূলক সম্পাদনাৰ এক অসুবিধা। পাদটীকা গ্ৰন্থপঞ্জী Kuutti, Kari, Eija Helena Karsten, Paul Dourish, Geraldine Fitzpatrick and Kjeld Schmidt. (2003). ECSCW 2003: proceedings of the Eighth European Conference on Computer Supported Cooperative Work (14–18 September 2003, Helsinki, Finland). London: Kulwer. 10-ISBN 1-402-01573-9; 13-ISBN 978-1-402-01573-1; OCLC 52784895 Speck, Bruce W. (2008). Collaborative Writing: An Annotated Bibliography. Charlotte, North Carolina: IAP (Information Age Publishing). 10-ISBN 1-593-11285-8; 13-ISBN 978-1-593-11285-1 সহযোগিতা নেটৱৰ্ক ছফ্টৱেৰ শিক্ষা
2177
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8
অসমৰ ইতিহাস
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল। কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল। সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্ত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল। ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল। প্ৰাগৈতিহাসিক যুগ প্ৰত্নপ্ৰস্তৰ যুগ এই অঞ্চলৰ আদি-মানৱসকল মূলতঃ গাৰো পাহাৰৰ ৰংগ্ৰাম উপত্যকাত মধ্য প্লিষ্ট'চিন যুগত (৭৮১,০০০ৰ পৰা ১২৬,০০০ বছৰৰ আগতে) বসবাস কৰিছিল বুলি অনুমান কৰা হয়। উদ্ধাৰ হোৱা প্ৰত্নপ্ৰস্তৰ সমলৰ ভিতৰত আচিউ সংস্কৃতিৰ লগত মিল থকা হাত-কুঠাৰ আৰু তেনে সঁজুলিয়েই প্ৰধান। আন প্ৰত্নপ্ৰস্তৰ স্থানসমূহ হৈছে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ডফাবাম অঞ্চল, মণিপুৰৰ উখ্ৰুলৰ খাংখুটি অঞ্চল, মিকিৰ পাহাৰ, উত্তৰ কাছাৰ পাহাৰ, যোগীঘোপা, গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰ আদি। মধ্যপ্ৰস্তৰ যুগ গাৰো পাহাৰৰ ৰংগ্ৰাম উপত্যকাত মধ্যপ্ৰস্তৰ যুগৰ শিলৰ সঁজুলি উদ্ধাৰ কৰা হৈছে। এই অঞ্চলৰ লোকে হাতেৰে নিৰ্মিত বাচন ব্যৱহাৰ কৰিছিল। সঁজুলিসমূহৰ পৰা অনুমান কৰা হয় যে মানুহবোৰ চিকাৰী আৰু খাদ্য সংগ্ৰাহক আছিল। নৱপ্ৰস্তৰ যুগ নৱপ্ৰস্তৰ যুগৰ প্ৰথম ভাগৰ সমল পোৱা হোৱা নাই। কিন্তু নৱপ্ৰস্তৰ যুগৰ শেষৰ ফালৰ কিছুমান সমল প্ৰথমতে বিশ্বনাথত উদ্ধাৰ কৰা হয়। এই সঁজুলিবোৰ মন-মেৰ কোৱা লোকসকলে খ্ৰীষ্টপূৰ্ব ২৫০০ মানত নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। যোৱা কেইবছৰমানত উত্তৰ কাছাৰ পাহাৰ, গাৰো পাহাৰ, কামৰূপৰ সৰুতাৰু আদি ঠাইতো নৱপ্ৰস্তৰ যুগৰ চিন পোৱা গৈছে। মানুহবিলাকে বানপানীৰ পৰা হাত সাৰিবলৈ স্থান পৰিৱৰ্তনীয় ঝুমখেতি কৰিছিল। তেওঁলোকে বনৰীয়া জন্তুৰো চিকাৰ কৰি খাইছিল আৰু গছৰ বাকলিৰ পৰা বস্ত্ৰ তৈয়াৰ কৰি লৈছিল। লৌহ যুগ এই অঞ্চলত এতিয়ালৈকে কোনো তাম-ব্ৰঞ্জ বা লৌহ যুগৰ সংস্কৃতিৰ প্ৰত্নতাত্বিক সমল উদ্ধাৰ হোৱা নাই। সমসাময়িক সংস্কৃতিৰ চিন বঙ্গ আৰু দক্ষিণ-পূব এছিয়াত উদ্ধাৰ হৈছে। মেগালিথিক যুগ অসমত প্ৰথম শতিকামানত মেগালিথিক সংস্কৃতিৰ সূত্ৰপাত ঘটে। গাৰো, কামৰূপ আৰু কাৰ্বি পাহাৰৰ সীমা অঞ্চলত ইয়াৰ চিন পোৱা যায়। খাচী-জয়ন্তীয়া পাহাৰৰ কিছুমান জনজাতীয় সম্প্ৰদায়ৰ মাজত এতিয়াও এই সংস্কৃতিৰ জীৱন্ত পৰম্পৰা আছে। প্ৰাচীন অসম ৪ৰ্থ শতিকাত কামৰূপ ৰাজ্যত পুষ্য বৰ্মনে বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰাৰে পৰা অসমৰ জ্ঞাত ইতিহাস আৰম্ভ হয়। খুব সম্ভৱ ভূমিপুত্ৰসকল এই বংশৰ মূল আছিল, যাৰ পূৰ্বপুৰুষ আছিল নৰকাসুৰ। ৭ম শতিকাত ভাস্কৰবৰ্মনৰ ৰাজত্বত এই ৰাজ্যই খ্যাতি অৰ্জন কৰে। হিউৱেন চাঙে এই সময়তে কামৰূপ ভ্ৰমণ কৰি নিজৰ অভিজ্ঞতা লিপিবদ্ধ কৰে। সন্তানহীন ভাস্কৰবৰ্মনৰ মৃত্যুৰ পিছত শাসনভাৰ শালস্তম্ভৰ হাতলৈ যায় যি ম্লেছ ৰাজবংশ প্ৰতিষ্ঠা কৰে। ৯ম শতিকাত ম্লেছ বংশৰ পতনৰ পিছত নতুন শাসক ব্ৰহ্মপালে পাল ৰাজবংশ প্ৰতিষ্ঠা কৰে। শেষ পাল ৰজাজনক গৌৰৰ ৰজা ৰামপালে ১১১০ খ্ৰীষ্টাব্দত ক্ষমতাচ্যুত কৰে। কিন্তু গৌৰৰ ৰজাই পাতি যোৱা ইয়াৰ পিছৰ ৰজা দুজন তিম্জ্ঞদেৱ আৰু বৈদ্যদেৱে স্বতন্ত্ৰ ৰজা হিছাপেহে শাসন কৰিছিল আৰু প্ৰাচীন কামৰূপৰ মোহৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ পতন হোৱাৰ পিছত ১২শ শতিকাতকামৰূপৰ ঠাইত সৰু সৰু ৰাজ্য স্থাপিত হয় আৰু লগে লগে প্ৰাচীন অসমৰ যুগৰ সামৰণি পৰে। মধ্যযুগীয় অসম মধ্যযুগৰ প্ৰথম সময়ছোৱাত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত পৃথুৱে প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ খেন ৰাজবংশৰ উত্থান ঘটে। বঙ্গৰ তুৰ্কসকলৰ আক্ৰমণো আৰম্ভ হয়। ৰাজধানী কমতাপুৰৰ নামেৰে কমতা ৰাজ্যৰ নামটো হৈছিল। বঙ্গৰ শাসকে সঘনাই আক্ৰমণ কৰাৰ পিছত ১৪৯৮ চনত আল্লাউদ্দিন হুছেইন শ্বাহ ৰজাই শেষ খেন ৰজাজনক উৎখাত কৰে। কিন্তু মূলতঃ বাৰ ভূঞাৰ বিদ্ৰোহৰ বাবে হুছেইন শ্বাহ আৰু পিছৰ শাসকসকলে কমতা ৰাজ্যত খোপনি পুতিব নোৱাৰিলে। ১৬শ শতিকাত বিশ্বসিংহই কমতা ৰাজ্যত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰে। তেওঁৰ পুত্ৰদ্বয় নৰ নাৰায়ণ আৰু চিলাৰায়ৰ দিনত কোচ বংশৰ খ্যাতিয়ে শিখৰ চোৱে। পুৰণি কামৰূপ ৰাজ্যৰ পূব অংশত কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বাৰ ভূঞাৰ উত্থান ঘটে। কছাৰী আৰু চুতীয়া ৰাজ্যৰ মাজতে চুকাফাৰ নেতৃত্বত এটা শান বংশৰ দলে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে। সময়ৰ লগে লগে আহোম ৰাজ্য উত্তৰ ফালে চুতীয়া ৰাজ্যলৈ বিস্তৃত হয় আৰু কছাৰী ৰাজ্যক আৰু দক্ষিণলৈ ঠেলি পঠায়। ১৬শ শতিকাৰ শেষ ভাগত নৰ নাৰায়ণৰ মৃত্যুৰ পিছত কমতা ৰাজ্য পশ্চিমে কোচ বিহাৰ আৰু পূবে কোচ হাজোত দুভাগ হয়। দুই ৰাজ্যৰ মাজৰ শত্ৰুতা বাঢ়ি আহে। কোচ বিহাৰে মোগলৰ লগত আৰু কোচ হাজোৱে আহোমৰ লগত হাত মিলায়। ১৭শ শতিকাত বহুকেইখন আহোম-মোগল যুদ্ধ সংঘটিত হয়। ১৬৭১ চনত আহোমে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰে আৰু শেষত ১৬৮২ চনত ইটাখুলিত পৰাস্ত কৰি নিজৰ পশ্চিম সীমা স্থিৰ কৰে। আহোমসকলে পশ্চিমৰ কৰতোৱা নদীলৈকে নিজৰ ৰাজ্য বিস্তাৰৰ বাবে মন মেলিছিল যদিও তেনে হৈ নুঠিল। কেৱল ১৬শ শতিকাত স্বৰ্গদেউ চুহুংমুঙৰ সেনাপতি টংখামে এবাৰ আক্ৰমণকাৰীসকলক খেদি কৰতোৱা নদী পাৰ কৰাই আহিছিল। আহোম ৰাজ্যই উন্নতিৰ শিখৰত উপনীত হোৱাৰ পিছত ১৮শ শতিকাত মোৱামৰীয়া বিদ্ৰোহৰ পিছত ইয়াৰ পতন আৰম্ভ হয়। শাসন পুনৰ অধিকাৰ কৰাৰ পিছতো অভ্যন্তৰীণ খেলিমেলি চলি থাকে আৰু ১৯শ শতিকাৰ প্ৰথমভাগত মানৰ অসম আক্ৰমণ সংঘটিত হয়। ইংৰাজৰ হাতত মান পৰাস্ত হয় আৰু ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যোৱাৰ লগে লগে মধ্যযুগৰ অন্ত পৰে। ঔপনিবেশিক অসম ব্ৰিটিছৰ অসম অধিগ্ৰহণ মানসকলে অসম অধিকাৰ কৰাৰ পিছত ব্ৰিটিছসকলে মানৰ বিৰুদ্ধে ৰণৰ প্ৰস্তুতি চলায়। ১৮২৪ চনত নামনি অসম (কোচ হাজো‌) অধিগ্ৰহণ কৰা হয়। তাৰ পিছৰ বছৰ ব্ৰিটিছে উজনি অসমত মানক পৰাস্ত কৰে আৰু তেওঁলোকৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই যুদ্ধখনত আহোমে ব্ৰিটিছক সহায় কৰা নাছিল। একে বছৰতে ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত "ডক্‌ট্ৰিন অৱ লেপ্‌ছ"মতে কছাৰী ৰাজ্যকো ব্ৰিটিছ শাসিত অঞ্চলৰ অন্তৰ্ভুক্ত কৰা হয়। ১৮৩২ চনত খাচী ৰজাৰ আত্মসমৰ্পণৰ পিছত জয়ন্তীয়া ৰাজ্যৰ ওপৰতো ব্ৰিটিছৰ প্ৰভুত্ব বাঢ়ে। ১৮৩৩ চনত আহোম ৰজা পুৰন্দৰ সিংহৰ অধীনৰ আহোম ৰাজ্যক ব্ৰিটিছ ৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হয়। কিন্তু ১৮৩৮ চনত আনুষ্ঠানিকভাৱে আহোম ৰাজ্যক ব্ৰিটিছ অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়। ১৮৩৯ চনত মৰাণ-মটক অঞ্চল অধিকাৰ কৰাৰ লগে লগে ব্ৰিটিছে গোটেই অসমতে নিজৰ শাসন স্থাপন কৰে। ঔপনিবেশিক শাসন বেঙ্গল প্ৰেচিডেন্সী (১৮২৬-১৮৭৩): অসমক বেঙ্গল প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। উজনি অসম অধিগ্ৰহণৰ এটা কাৰণ আছিল ১৮৩৭ চনত অসমৰ চাহৰ সফল উৎপাদন আৰু ১৮৩৯ চনত অসম কোম্পানী স্থাপন। ১৮৩৮ চনৰ ৱেষ্ট্‌লেণ্ড নিয়ম অনুসৰি স্থানীয় লোকৰ বাবে চাহ খেতি কৰাটো দুৰূহ আছিল। ১৮৫৪ চনত এই নিয়ম শিথিল কৰাৰ লগে লগে এই পৰিস্থিতি সলনি হয়। খেতি কৰিবৰ বাবে অনা চীনা লোকসকলে ১৮৪৩ চনত অসম ত্যাগ কৰে আৰু তাৰ ঠাইত স্থানীয় লোক (বিশেষকৈ কছাৰী সম্প্ৰদায়ৰ) মৰকল কৰা হয়। ১৮৫৯ চনত মধ্য ভাৰতৰ পৰাও চাহ খেতিৰ বাবে বনুৱা আমদানি কৰা হয়। এইসকল লোকৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় আছিল। ইতিমধ্যে ঔপনিবেশিক চৰকাৰে কানি খেতিৰ ওপৰতো নিজৰ অধিকাৰ বিস্তাৰ কৰিছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বিদ্ৰোহ নোহোৱাকৈ থকা নাছিল। ইয়াণ্ডাবু সন্ধি হোৱাৰ দুবছৰ পিছত ১৮২৮ চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰে, কিন্তু সহজেই তাক দমন কৰা হয়। ১৮৩০ চনত ধনঞ্জয় বুঢ়াগোহাঁই, পিয়লি ফুকন আৰু জীউৰাম মেধিয়ে বিদ্ৰোহ ঘোষণা কৰে। তেওঁলোকৰ মৃত্যুদণ্ড প্ৰদান কৰা হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমৰ মানুহও ব্ৰিটিছক অসহযোগিতাৰে আন্দোলনলৈ সহায় আগবঢ়ায়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়। ১৮৬১ চনত নগাঁৱৰ কৃষকসকলে ফুলগুৰিত তামোল-পাণৰ ওপৰত কৰৰ বিৰুদ্ধে ৰাইজ মেলৰ বাবে সন্মিলিত হৈছিল। তাতে ব্ৰিটিছ বিষয়া চিংগাৰ ৰাইজৰ লহত হতাহতিত নিহত হয়। তাৰ পিছত এই বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰা হয়। চিফ কমিছনাৰ্‌ছ প্ৰভিন্স (১৮৭৪-১৯০৫): ১৮৭৪ চনত অসমক বেঙ্গল প্ৰেচিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু চিলেট অঞ্চল যোগ দি ইয়াক চিফ কমিছনাৰ্‌ছ প্ৰভিন্সলৈ উন্নীত কৰা হয়। ইয়াৰ ৰাজধানী আছিল শ্বিলং। চিলেটৰ লোকসকলে এই কাৰ্যৰ প্ৰতিবাদ কৰিছিল। ১৮৩৭ চনত অসমীয়া ভাষাৰ সলনি বঙালী ভাষাক চৰকাৰী ভাষা ঘোষণা কৰা হৈছিল, কিন্তু এই সময়ত অসমীয়া ভাষাক পুনৰ স্ব-মৰ্যাদা প্ৰদান কৰা হয়। ১৮৮৯ চনত ডিগবৈত তেলৰ আৱিষ্কাৰ হোৱাৰ লগে লগে তৈল উদ্যোগে গঢ় লৈ উঠে। সেই সময়ছোৱাত নগাঁৱত দুৰ্ভিক্ষৰ ফলত বহু মানুহৰ মৃত্যু হৈছিল। কৃষিতকৈ চাহ, তেল আৰু কয়লা উদ্যোগ বহুখিনি আগুৱাই গৈছিল। শোষণৰ বিৰুদ্ধে লাহে-লাহে কৃষকসকল জাগি উঠিবলৈ ধৰিলে। বিভিন্ন ৰাইজ-মেলৰ যোগেদি কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত লোৱা হ'ল। ১৮৯৪ চনত পথৰুঘাটত তেনে এখন প্ৰতিবাদী সভাৰ ওপৰত ব্ৰিটিছে কৰা আক্ৰমণত প্ৰায় ১৫ জন লোক নিহত হয়। ইয়াৰ পিছত গাঁৱৰ ৰাইজক অত্যাচাৰ কৰি সম্পত্তি লুট-পাত কৰা হয়। ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত "অসম এছ'চিয়েচন" গঠন হয়। পূব বঙ্গ আৰু গভাৰ্নৰ শাসিত অসম (১৯০৬-১৯১২): ১৯০৫ চনৰ বঙ্গ বিভাজনৰ পিছত পূব বঙ্গক চিফ কমিচনাৰৰ প্ৰভিন্সত যোগ কৰা হয়। এজন লেফ্‌টনেণ্ট গভাৰ্নৰ শাসিত এই অঞ্চলৰ ৰাজধানী আছিল ঢাকা। এই প্ৰভিন্সৰ ১৫ জনীয়া পৰিষদত অসমৰ বাবে আসন আছিল দুখন। বঙ্গ আৰু অসম দুয়ো ঠাইতে বঙ্গ বিভাজনৰ প্ৰতিবাদ কৰা হৈছিল। অৱশেষত ১৯১১ চনত ৰাজকীয় ঘোষণাযোগে এই বিবাদ সমাধান কৰা হয়। এই সময়ছোৱাত (১৯০৫-১৯০৮) চলা স্বদেশী আন্দোলনৰ বতাহে অসমক বৰকৈ স্পৰ্শ কৰা নাছিল। কেৱল অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে কেইজনমান লোকে ইয়াত আগভাগ লৈছিল। ১৯০৫ চনৰ পৰা পূব বঙ্গৰ পৰা প্ৰব্ৰজন কৰা লোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিত থিতাপি ল'বলৈ ধৰে। কৃষি উৎপাদন বৃদ্ধি কৰাৰ স্বাৰ্থত ব্ৰিটিছেও এই কাৰ্যত উদ্গনি যোগায়। ১৯০৫ চনৰ পৰা ১৯২১ চনলৈ এই প্ৰব্ৰজনকাৰীৰ সংখ্যা চাৰিগুণ বাঢ়ে। উত্তৰ-ঔপনিবেশিক যুগতো অবৈধ প্ৰব্ৰজন অব্যাহত থাকে আৰু তাৰ ফলত ১৯৭৯ চনত অসম আন্দোলন সংঘটিত হয়। অসম বিধান পৰিষদ (১৯১২-১৯২০): প্ৰশাসনিক গোট পুনৰ চিফ কমিচনাৰৰ প্ৰভিন্সলৈ (অসম আৰু চিলেট) পূৰ্ববত কৰা হয় আৰু ইয়াৰ লগত এখন বিধান পৰিষদ যোগ দিয়া হয়। পৰিষদৰ ২৫ জন সদস্য আছিল আৰু মুখ্য আয়ুক্তৰ লগত ১৩ জন নিৰ্বাচিত সদস্যই পৰিষদৰ সিংহভাগ গঠন কৰিছিল। আন সদস্যসকলক স্থানীয় ৰাজহুৱা গোট যেনে পৌৰসভা, চাহ ব্যৱসায়ী আদিয়ে নিৰ্বাচন কৰিছিল। অসম অসহযোগ আন্দোলনত সোমাই পৰাৰ পিছত ১৯২০-২১ চনত অসম এছ'চিয়েচন লাহে লাহে "অসম প্ৰদেশ কংগ্ৰেছ কমিটি"লৈ ৰূপান্তৰ হয় আৰু ভাৰতীয় কংগ্ৰেছ কমিটিত পাঁচখন আসন লাভ কৰে। দ্বি-শাসন (১৯২১-১৯৩৭): ভাৰত চৰকাৰ বিধি ১৯১৯ মতে অসম বিধান পৰিষদৰ সদস্য সংখ্যা ৫৩লৈ বৃদ্ধি কৰা হয় যাৰ ভিতৰত ৩৩ জন বিশেষ সমষ্টিৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল। পৰিষদৰ শক্তি বৃদ্ধি কৰা হৈছিল যদিও ইউৰোপীয়ান আৰু মনোনীত সদস্যৰে গঠিত আনুষ্ঠানিক গোটৰে প্ৰভাৱ বেছি আছিল। অসম বিধানসভা (১৯৩৭-১৯৪৭): ১৯৩৫ চনৰ ভাৰত চৰকাৰ নীতিমতে পৰিষদখন ১০৮ জনীয়া সদস্যৰ এখন বিধানসভালৈ পৰিৱৰ্তন কৰা হয় আৰু ইয়াৰ শক্তিও বৃদ্ধি পায়। এই সময়ছোৱাত অসমৰ ৰাজনীতিত গোপীনাথ বৰদলৈ আৰু মহম্মদ চাদুলাৰ প্ৰভাৱেই বেছি দেখা গৈছিল। স্বাধীনতা-উত্তৰ যুগ ১৯৭৯ চনত অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে অসম আন্দোলনৰ সূত্ৰপাত হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত হোৱা এই আন্দোলনে অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ কৰাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। প্ৰথম অৱস্থাত অহিংসা নীতি মানি চলিলেও পিছলৈ এই আন্দোলনত নেলীৰ হত্যাকাণ্ডৰ দৰে হিংসাত্মক ঘটনাও সংঘটিত হয়। ১৯৮৫ চনত আন্দোলনৰ নেতাসকল আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তিমতে ইয়াৰ সামৰণি পৰে। নেতাসকলে অসম গণ পৰিষদ নামেৰে এটা ৰাজনৈতিক দল গঠন কৰি ১৯৮৫ চনৰ নিৰ্বাচনত জয়ী হয় আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলে ২০০১, ২০০৬ আৰু ২০১১ চনৰ ক্ৰমাগত তিনিটা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰে। ২০১৫ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দল নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰে৷ লগতে চাওক History of Assam in Assamese । অসমৰ ইতিহাস অসম
2187
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6
মহাদেশ
এক মহাদেশ ()-এ পৃথিৱীৰ সুবৃহৎ ভূখণ্ডসমূহৰ এখনক বুজায়। পৃথিৱীৰ ভূখণ্ডক মহাদেশত ভাগ কৰাৰ কোনো এক নিৰ্দিষ্ট নিয়ম নাই। ইয়াৰ বাবে বিভিন্ন মডেল প্ৰচলিত। সচৰাচৰ সাত মহাদেশ মডেল অনুসৰি মহাদেশকেইখন হৈছে: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কুমেৰু বা এণ্টাৰ্কটিকা। বিভিন্ন মহাদেশ মডেলবোৰ তলত মহাদেশসমূহক ভাগকৰাৰ বিভিন্ন মডেলবোৰক তালিকাভূক্ত কৰা হৈছে: <center> {| class="wikitable" style="margin:auto;" |- ! colspan="9" | মডেল |- | style="background:#fff;" colspan="9"|<center>ভিন্ন ৰঙৰ অঞ্চলে ভিন্ন মহাদেশক বুজাইছে। প্ৰায় একে ধৰণৰ ৰঙৰ অঞ্চলে কোনো মডেলৰ বাবে একেখন মহাদেশৰে অংশক বুজাব পাৰে। |- |৭ মহাদেশ ||<center>    উত্তৰ আমেৰিকা ||<center>    দক্ষিণ আমেৰিকা ||<center>    এণ্টাৰ্কটিকা ||<center>    আফ্ৰিকা ||<center>    ইউৰোপ ||<center>    এছিয়া ||<center>    অষ্ট্ৰেলিয়া |- |৬ মহাদেশ ||<center>    উত্তৰ আমেৰিকা ||<center>    দক্ষিণ আমেৰিকা ||<center>    এণ্টাৰ্কটিকা ||<center>    আফ্ৰিকা |colspan="2" |<center>       ইউৰেছিয়া ||<center>    অষ্ট্ৰেলিয়া |- |৬ মহাদেশ |colspan="2" |<center>       আমেৰিকা ||<center>    এণ্টাৰ্কটিকা ||<center>    আফ্ৰিকা ||<center>    ইউৰোপ ||<center>    এছিয়া ||<center>    অষ্ট্ৰেলিয়া |- |৫ মহাদেশ |colspan="2" |<center>       আমেৰিকা ||<center>    এণ্টাৰ্কটিকা ||<center>    আফ্ৰিকা |colspan="2" |<center>       ইউৰেছিয়া ||<center>    অষ্ট্ৰেলিয়া |- |৪ মহাদেশ |colspan="2" |<center>       আমেৰিকা ||<center>    এণ্টাৰ্কটিকা |colspan="3" |<center><small>   <span style="background: #c10000;">   </span>   </small> এফ্ৰো-ইউৰেছিয়া ||    অষ্ট্ৰেলিয়া |} ক্ষেত্ৰফল আৰু জনসংখ্যা The following table summarises the area and population of each continent using the seven continent model, sorted by decreasing area. The total land area of all continents is , or 29.1% of earth's surface (). A rough estimate of the total population of all the continents is 7,000,000,000. তথ্যসূত্ৰ ভূগোল
2190
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%89%E0%A7%B0%E0%A7%8B%E0%A6%AA
ইউৰোপ
ইউৰোপ এখন মহাদেশ। ইতিহাস ভূগোল ৰাষ্ট্ৰসমূহ সাৰ্বভৌম ৰাষ্ট্ৰসমূহ সীমিত স্বীকৃতিপ্ৰাপ্ত ৰাজ্যসমূহ টোকা বাহ্যিক সংযোগ "Europe". The Columbia Gazetteer of the World Online. 2005. New York: Columbia University Press. Europe at Night at NASA Earth Observatory Need to know about Visiting Europe Regions of Europe EUFPC European Foreign Policy Council Europe Photos Parks in Europe - National parks, nature parks, reserves and other protected areas. 500+ Photos of Europe Europe2U Maps Photos and information about Europe. Panoramic photos of Central Europe History and institutions of the united Europe (videos, photos, maps,...) : European Navigator International Newspaper Political, business and economic news for EU, Balkans, Russia and Eurasia. Includes news analysis, editorial and Kassandra's Notebook. : New Europe Newspaper Historical Maps of Europe মহাদেশ
2191
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE
অসমীয়া ভাষা
অসমীয়া ভাষা () হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশ, পশ্চিম বংগৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাঁওফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ। উদ্ভৱ আৰু বিকাশ প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, ড‍৹ বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড° জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° উপেন্দ্ৰনাথ গোস্বামী, ড° গোলোকচন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ, ড° ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত। বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই। কিন্তু মাগধী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষাবিজ্ঞানী সহমতত উপনীত হৈছে। মাগধী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ভাষা প্ৰধানকৈ ভাৰত-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে। শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'। এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়। এইক্ষেত্ৰত ড° উপেন্দ্ৰনাথ গোস্বামীৰ মতে, অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে। অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ গ্ৰন্থত ড° গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে তৈয়াৰ কৰিছে- ভাষা - অসমীয়া গোত্ৰ - ভাৰত-ইউৰোপীয় প্ৰৱৰ - আৰ্য শাখা - বৈদিক বৰ্ণ - প্ৰাচ্য (কামৰূপ) প্ৰাকৃত গণ - কামৰূপী অপভ্ৰংশ ক্ষণ - দ্বাদশ-ত্ৰয়োদশ শতিকা ক্ষেত্ৰ - উত্তৰ-পূব ভাৰত খণ্ড আনহাতে প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হ'লেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সুচাই। বেণীমাধৱ বৰুৱাই এই কথিত ভাষাটোক কামৰূপী প্ৰাকৃত নাম দিছে। ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাই আদিয়েই এই মতকে পোষণ কৰিছে। ড° ডিম্বেশ্বৰ নেওগে -ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই "" বুলি মন্তব্য কৰিছে। অসমীয়া ভাষাৰ বিকাশক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে। প্ৰাচীন অসমীয়া - চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ। এই কালছোৱাক আকৌ প্ৰাক-বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰি। মধ্যযুগীয় অসম - সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ। আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে। আধুনিক অসমীয়া - ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ। খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়। ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে। লিপি অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। ৮ম-১২শ শতিকামানত ৰচনা কৰা বৌদ্ধ ধৰ্মসাধনাৰ গীত চৰ্যাপদত অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায়। আহোম ৰাজ্যতো বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়। ৰূপতত্ত্ব আৰু ব্যাকৰণ সংস্কৃত ভাষাৰ পৰিৱৰ্তনৰ ধাৰাইদি আহি অসমীয়া ভাষাৰ সৃষ্টি হ'লেও অসমীয়া ভাষাৰ ব্যাকৰণে কিছুমান নিৰ্দিষ্ট বিশেষত্ব প্ৰকাশ কৰিছে। অসমীয়া ভাষাত তলত দিয়াৰ দৰে ৰূপতাত্বিক বৈশিষ্ট্যসমূহ প্ৰকাশ পায় অসমীয়াত লিংগ ব্যাকৰণগত বিষয় নহয়। অসমীয়াত বচন ব্যাকৰণগত নহয়। সংস্কৃতত পুৰুষ তিনিটা, অসমীয়াত পুৰুষ চাৰিটা। (মধ্যম পুৰুষৰ মান্য আৰু তুচ্ছাৰ্থবাচক ৰূপ আছে)। সংস্কৃতৰ দৰে অসমীয়া ভাষাত ধাতুৰ কোনো গণৰ শ্ৰেণী-বিভাজন নাই। সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়াৰ মাজত ভিন্নতা আছে। কৰ্তাপদতকৈ কৰ্মপদ সম্পূৰ্ণ পৃথক। ব্যক্তিগত সৰ্বনামসূচক অধিকাৰৰ বাবে সম্বোধনসূচক বিশেষ্যৰ শব্দৰূপ দিয়া হয়। (Kinship nouns are inflected for personal pronominal possession.) ক্ৰিয়া-বিশেষণ সমূহ ক্ৰিয়াৰ উৎসৰ পৰাই বিশ্লেষণ কৰিব পাৰি। জতুৱা ঠাঁচত পৰোক্ষ বাক্য গঠন কৰিব পাৰি। ধ্বনিতত্ত্ব অসমীয়া ভাষাৰ ধ্বনিতত্ত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি। স্বৰধ্বনি যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি। ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। জিভাৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়। আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে। ব্যঞ্জনধ্বনি যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়। ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে। নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে। অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে। ওচৰা-ওচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব। উপভাষা ঊনবিংশ শতিকাত খ্ৰীষ্টিয়ান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদই ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা। অসমৰ সংবাদ পত্ৰ, স্কুল-কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপভাষা প্ৰচলিত আছে। বাণীকান্ত কাকতিৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে (১) পূব আৰু (২) পশ্চিম উপভাষা। কিন্তু বৰ্তমান উপভাষা বিভাজনত চাৰিটা ভাগ কৰা দেখা যায়। পূবৰ বা উজনি অসমৰ উপভাষা (শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি আদি অন্যান্য জিলাত ব্যৱহাৰ কৰা ভাষা) মধ্য অসমৰ উপভাষা (নগাঁও, মৰিগাঁও আদি আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চল) কামৰূপী উপভাষা (কামৰূপ, নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত) গোৱালপাৰীয়া উপভাষা (গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও জিলা আৰু চিৰাং জিলা) লগতে চাওক অসমীয়া ব্যাকৰণ অসমীয়া ভাষাৰ ৰোমানীকৰণ চৰ্যাপদ ভাৰতীয় ভাষা অসমীয়া সাহিত্য সন্ধি তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমীয়া ভাষা আৰু সাহিত্য অসমীয়া ভাষাৰ নমুনা অসমীয়াৰ Ethnologue প্ৰতিবেদন অসমীয়া - UCLA Phonetics Lab Data লিপিবদ্ধ অসম অসমীয়া শব্দৰ উদ্ভৱৰ সন্ধানত, ড॰ গকুল গোস্বামী উৎস - নীলা চৰাই ৱেবছাইট। অসমৰ ভাষা আৰু লিপি ভাৰতৰ ভাষা ভাষা
2192
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A6%BE
কলিকতা
কলিকতা বা কলকাতা (; বা , ) পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ আৰু বৃহত্তম নগৰ। বঙালীত "কোলকাতা"ক আগতে "কলিকাতা" বুলি কোৱা হৈছিল। ই ভাৰতৰ মহানগৰসমূহৰ ভিতৰত অন্যতম। হুগলীৰ পূব দিশত অৱস্থিত এই নগৰৰ পৌৰ এলেকাৰ জনসংখ্যা ৫০ লাখৰো অধিক। কলিকতা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী জিলাসমূহৰ অংশবিশেষক লৈ গঠিত বৃহত্তৰ কলিকতাৰ জনসংখ্যা ১ কোটি ৪০ লাখৰ ওচৰা-ওচৰি। জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা কলিকতা ভাৰতৰ তৃতীয় বৃহত্তম চহৰ আৰু দ্বিতীয় বৃহত্তম মেট্ৰোপলিটান বা মহানগৰীয় অঞ্চল আৰু বিশ্বৰ অষ্টম বৃহত্তম মহানগৰ অঞ্চল। কলিকতা পৌৰ এলেকাৰ উত্তৰে উত্তৰ ছব্বিশ পৰগণা; পূবে উত্তৰ আৰু দক্ষিণ ছব্বিশ পৰগণা; দক্ষিণে দক্ষিণ ছব্বিশ পৰগণা জিলা অৱস্থিত আৰু পশ্চিমে হুগলি নদী। হুগলী নদীয়ে মহানগৰখনক হাওৰা জিলাৰ পৰা পৃথক কৰিছে। ১৯৭২ চনত মুৰ্চিদাবাদ নগৰৰ পৰা বঙ্গৰ ৰাজধানী কলিকতালৈ স্থানান্তৰ কৰে। ১৯১১ চনলৈ কলিকতা কেৱল বঙ্গৰে নহয়, সমগ্ৰ ব্ৰিটিছ ভাৰতৰে ৰাজধানী আছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত ই পশ্চিমবংগৰ ৰাজধানী হয়। সেই সময়ত ই আধুনিক ভাৰতৰ শিক্ষা, বিজ্ঞান, শিল্প, সংস্কৃতি আৰু ৰাজনীতিৰ পীঠস্থান। ১৯৫৪ চনৰ পিছত ৰাজনৈতিক অস্থিৰতা আৰু অৰ্থনৈতিক অৱক্ষয়ৰ ফলত সেই গৌৰৱ বহু পৰিমাণে ম্লান হয়। পিছে ২০০০ চনৰ পাছৰ পৰা এই নগৰ পুনৰায় অৰ্থনৈতিক আৰু বাণিজ্যিক সমৃদ্ধিৰ পথত অগ্ৰসৰ হয়। কলিকতা মহানগৰৰ প্ৰসিদ্ধি বৈপ্লৱিক আন্দোলন আৰু সুদীৰ্ঘ সাংস্কৃতিক ঐতিহ্যৰ বাবে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী কালত গা কৰি উঠা বামপন্থী আন্দোলনৰ ক্ষেত্ৰত এই মহানগৰখনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আনফালে ভাৰতৰ প্ৰধান প্ৰধান সাংস্কৃতিক আন্দোলনবোৰৰো প্ৰাণকেন্দ্ৰ আছিল এই মহানগৰ। যাৰবাবে ইয়াক 'ভাৰতৰ সাংস্কৃতিক ৰাজধানী' বুলি অভিহিত কৰা হয়। কলিকতাত বিভিন্ন ভাষা-ভাষী, জাতি, ধৰ্মৰ লোকে শান্তিপূৰ্ণ আৰু সৌহাৰ্দ্যময় সহাৱস্থানৰ বাবে ইয়াৰ 'আনন্দ নগৰী' বা 'চিটি অৱ জয়' নামেৰেও আখ্যা দিয়া হয়। ৰাজা ৰামমোহন ৰায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, স্বামী বিবেকানন্দ, ৰোনাল্ড ৰছ, সুভাষ চন্দ্ৰ বসু, মাদাৰ টেৰেছা, সত্যজিৎ ৰায়, সত্যেন্দ্ৰনাথ বসু, চি ভি ৰমন, অমৰ্ত্য সেন আদি বিশ্ববৰেণ্য ব্যক্তিত্বৰ কৰ্মভূমি এই কলিকতা মহানগৰ। নামকৰণ ব্ৰিটিছসকল অহাৰ পূৰ্বে বৰ্তমান কলকাতা অঞ্চলত সূতানুটি, গোবিন্দপুৰ আৰু কলিকাতা নামৰ তিনখন গাঁও আছিল। বঙালীৰ "কলকাতা" আৰু ইংৰাজীৰ "কেলকাটা" নামৰ উৎস এই "কলিকাতা" শব্দটো। "কলিকাতা" নামটোৰ ব্যুৎপত্তিৰ প্ৰসঙ্গত গৱেষকসকলৰ মাজত মতবিৰোধ আছে। এটা মত অনুসৰি, "কলিকাতা" শব্দটোৰ উৎপত্তি "কালীক্ষেত্ৰ" শব্দৰ পৰা; যাৰ অৰ্থ "দেৱী কালীৰ ৰাজ্য ", মতান্তৰত এই শব্দটোৰ উৎস বঙালী "কিলকিলা" শব্দটো; যাৰ অৰ্থ "চেপেটা অঞ্চল "। আন এটা মত অনুসৰি খাল (নলা) শব্দটোৰ সৈতে কাট্টা (খনন কৰা) শব্দ যোগ হৈ এই শব্দটো সৃষ্টি কৰিছে। আকৌ অন্য এটা মত অনুসৰি এই অঞ্চলত উন্নত মানৰ 'পোৰা চূণ' (কলি) আৰু 'নাৰিকলৰ ৰচী' (কাতা) উৎপাদন হোৱা বাবেই এই অঞ্চলৰ নাম হয় কলিকাতা। ভাষাতাত্ত্বিক সুকুমাৰ সেনে অৱশ্যে কলিকাতা নামটোৰ এটা সম্পূৰ্ণ ভিন্নতৰ ব্যুৎপত্তি ব্যাখ্যা কৰিছে। তেখেতৰ মতে: 'কলিকাতা' – শব্দটো আহিছে পাৰ্চী ভাষাত গৃহীত দুটি আৰবী মূলৰ শব্দৰ সংযোগত- 'কলি' (qali) মানে "অস্থিৰ; নিৰ্বোধ ", আৰু 'কাতা' (qatta) মানে "বদমাচৰ দল; হত্যাকাৰী "। নামটো যথেষ্ট যুক্তিপূৰ্ণ; কিয়নো গঙ্গাৰ পূব পাৰৰ জলাশয় আৰু জঙ্গলে আৱৰা অঞ্চলটো জলদস্যু, স্থলদস্যু আৰু বিভিন্ন দেশী-বিদেশী বদমাচৰ লুকোৱাৰ ঠাই আছিল। ২০০১ চনত কলকাতাৰ চৰকাৰী ইংৰাজী নাম কেলকাতা ( "Calcutta ") পৰিবৰ্তন কৰি কলকাতা ( "Kolkata ") কৰা হয়। কোনো কোনোৱে এই নাম পৰিবৰ্তনক মহানগৰখনৰ পৰা ব্ৰিটিছ উত্তৰাধিকাৰ মচি পেলোৱাৰ প্ৰচেষ্টা বুলি অভিহীত কৰিছে। সকলো বিদেশী গণ-মাধ্যমে এই নাম পৰিবৰ্তনক গ্ৰহণ কৰা নাই। তথাপি বিবিচিয়ে 'বোম্বে'ৰ পৰিবৰ্তে 'মুম্বাই' আৰু 'কেলকাতা'ৰ পৰিবৰ্তে 'কলকাতা' নাম দুটা গ্ৰহণ কৰিছে। ইতিহাস প্ৰাক-ব্ৰিটিছ যুগ কলকাতাৰ ওচৰৰ চন্দ্ৰকেতুগড়ত পুৰাতাত্বিক খননকাৰ্য চলাই প্ৰমাণ পোৱা গৈছে যে এই অঞ্চলত দুই শতাব্দীৰো আগৰপৰা ইয়াত জনবসতি আছে। মধ্যযুগীয় বঙালী সাহিত্যৰ একাধিক গ্ৰন্থত হুগলি নদীৰ পাৰত অৱস্থিত কলিকাতা গাঁৱৰ উল্লেখ পোৱা যায়। ইয়াৰ মাত উল্লেখযোগ্য হল বিপ্ৰদাস বিপলাইৰ মনসামঙ্গল কাব্য (১৮৯৫ খৃঃ), মুকুন্দৰাম চক্ৰৱৰ্তীৰ চণ্ডীমঙ্গল (১৫৯৪-১৫০৬), চৈয়দ আলাওলৰ পদ্মাৱতী (১৬৪৫-৫২ খৃঃ) কৃষ্ণৰাম দাসৰ কালিকামঙ্গল (১৬৭৬-৭৭), সনাতন ঘোষালৰ ভাষা ভগৱত (১৬৭৯-৮০) আৰু কৃষ্ণদালৰ নাৰদপুৰাণ (১৬৯২)। ১৫৮২ চনত ৰাজা টোডৰমলৰ নিৰ্দেশত সমগ্ৰ বঙ্গ প্ৰদেশ জৰীপ কৰি 'ৱালিচ-ই-জমা-তুমাৰ নামে' এখন তালিকা প্ৰস্তুত কৰে। আবুল ফজলৰ আইন-ই-আকবৰী )১৫৯০ খৃঃ) গ্ৰন্থত উদ্ধৃত এই তালিকাখনত 'কলিকাতা' গাঁৱৰ উল্লেখ কৰা হৈছে। ইয়াৰ বাদেও গোলাম হোচেন চেলিম ৰচিত পাৰ্চী গ্ৰন্থ 'ৰিয়াজ-উস-চালাতিন'তো (১৭৮৬) 'কলিকাতা' গাঁৱৰ উল্লেখ আছে। ১৬৯০ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বঙ্গদেশত বাণিজ্য বিস্তাৰৰ বাবে এই অঞ্চলত পদাৰ্পন কৰে। সেই সময়ৰ পৰাই কলিকাতাৰ লিখিত ইতিহাসৰ সূচনা হয়। সামাজ্যবাদী ইতিহাসবিদসকলে জব চাৰ্নক নামৰ এজন কোম্পানীৰ প্ৰশাসকক কলিকাতাৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰিছিল যদিও আধুনিক গবেষকসকলে এই মত খণ্ডন কৰিছে। ২০০৩ চনত এটা জনস্বাৰ্থ জড়িত গোচৰ এটাৰ প্ৰসঙ্গত কলকাতা উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে কোনো নিৰ্দিষ্ট ব্যক্তিক কলকাতাৰ প্ৰতিষ্ঠাপক আখ্যা দিব পৰা নাযায়। সপ্তদশ আৰু অষ্টাদশ শতাব্দী সপ্তদশ শতাব্দীৰ শেষভাগত বৰ্তমান কলকাতা অঞ্চলটো 'সূতানুটি', 'গোবিন্দপুৰ' আৰু 'কলিকাতা' গাঁও নামে তিনিখন গাঁৱত বিভক্ত আছিল। গাঁও তিনিখন বঙ্গৰ নবাবৰ প্ৰত্যক্ষ শাসনাধীন আছিল। এই সময়ত ইংৰাজৰ প্ৰবল প্ৰতিদ্বন্দ্ব্বী 'ওলণ্ডাজ', 'পৰ্তুগীজ', 'ফৰাচী' আদি শক্তিক প্ৰতিহত কৰিবলৈ ইংৰাজ কৰ্তৃপক্ষই 'গোবিন্দপুৰ' গাঁৱত এটা দুৰ্গ নিৰ্মাণৰ পৰিকল্পনা কৰে। ১৭০২ চনত 'ফোৰ্ট উইলিয়াম দুৰ্গ' নিৰ্মাণ কাৰ্য সমাপ্ত হয়। এই দুৰ্গটো একাধাৰে এটা সেনা নিবাস আৰু আঞ্চলিক সেনা কাৰ্যালয়। কলকাতাক 'প্ৰেচিডেঞ্চি চিটি' বুলি ঘোষণা কৰা হয় আৰু ইয়াত বেঙ্গল প্ৰেচেডেঞ্চিৰ সদৰ কাৰ্যালয় স্থাপন কৰা হয়। এই সময়ত ফৰাচী বাহিনীৰ সৈতে কোম্পানীৰ সৰু-সুৰা সংঘৰ্ষ লাগি থাকে। ফৰাচীসকলক প্ৰতিহত কৰিবলৈ ১৭৫৬ চনত ফোৰ্ট উইলিয়াম দূৰ্গৰ সংস্কাৰ আৰম্ভ কৰে। বঙ্গৰ তদানিন্তন নবাব চিৰাজদ্দৌলাই এই সামৰিক আয়োজনৰ প্ৰতিবাদ জনালেও ইংৰাজ কৰ্তৃপক্ষই ইয়াত কাণ নিদিলে। ক্ষুব্ধ চিৰাজদ্দৌলাই কলকাতা আক্ৰমণ কৰি দূৰ্গ দখল কৰি ললে আৰু ইংৰাজসকলক তাৰপৰা খেদি পঠিয়ালে। ইয়াৰ পিছতে ইংৰাজসকলে কুখ্যাত অন্ধকূপ হত্যাৰ কাহিনী ৰটনা কৰে। অৱশ্যে এক বছৰ পিছত ৰবাৰ্ট ক্লাইৱৰৰ নেতৃত্বত কোম্পানিৰ বাহিনীয়ে কলকাতা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ১৭৭২ চনত কলকাতা ব্ৰিটিছ ভাৰতৰ ৰাজধানী ঘোষিত হয়। পৰৱৰ্তীকালত ১৮৬৪ চনৰ পৰা ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী বৰ্তমানৰ উত্তৰাখণ্ড ৰাজ্যৰ শৈলনগৰ ছিমলাত সাময়িকভাবে স্থানান্তৰিত কৰাৰ প্ৰস্তুতি আৰম্ভ হয়। ঊনবিংশ শতাব্দীৰ প্ৰথম ভাগত কলকাতাৰ চৌপাশৰ জলাহভূমি পুতি পেলোৱা হয় আৰু হুগলি নদীৰ পাৰ অঞ্চলত চৰকাৰী কাৰ্যালয় আৰু বাসভৱন গঢ়ি তোলা হয়। গৱৰ্নৰ জেনেৰেল লৰ্ড ৱেলেচলিৰ (১৭৯৭- ১৮০৫) শাসন কালত কলকাতাৰ উল্লেখনীয় বৃদ্ধি ঘটিছিল। তেখেতৰ আমোলতে নগৰখনৰ অধিকাংশ চৰকাৰী ভৱনৰ নিৰ্মাণ-কাৰ্য আৰম্ভ হয়। এই ভৱনসমূহৰ বিশালতা অষ্টাদশ আৰু ঊনবিংশ শতাব্দীত কলকাতা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কানি ব্যৱসায়ৰ অন্যতম কেন্দ্ৰ আছিল। স্থানীয়ভাবে উৎপাদিত কানি কলকাতাত নিলাম কৰি তাৰপৰা জাহাজত চীনলৈ পঠোৱা হৈছিল। বঙ্গৰ নৱজাগৰণ ঊনবিংশ শতাব্দীৰ প্ৰথম ভাগত কলকাতা দুভাগত বিভক্ত হয়। নগৰৰ ব্ৰিটিছসকল বাস কৰা দক্ষিণ অংশক হোৱাইট টাউন আৰু ভাৰতীয়সকল বাস কৰা উত্তৰৰ অংশটোক ব্লেক টাউন বোলা হৈছিল। ১৮৫০ৰ দশকৰ পৰা কলকাতা নগৰ বস্ত্ৰশিল্প আৰু পাটশিল্পত বিশেষ সমৃদ্ধি অৰ্জন কৰিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে ব্ৰিটিছ চৰকাৰে ইয়াত ৰেলপথ আৰু টেলিগ্ৰাফ আদি পৰিগাঁথনিৰ উন্নয়নৰ বাবে প্ৰচুৰ ধন বিনিয়োগ কৰে। ব্ৰিটিছ আৰু ভাৰতীয় সংস্কৃতিৰ সংমিশ্ৰণত নগৰীয়া বঙালীসকলৰ মাজত এক নব্য বাবু শ্ৰেণীৰ উদ্ভৱ হৈছিল। এই বাবুসকল সাধাৰণতে উচ্চ বৰ্ণৰ, ইংৰাজী শিক্ষাৰে শিক্ষিত আৰু সংবাদ পত্ৰৰ পাঠক আছিল। পেচাগতভাবে এওঁলোক আছিল জমিদাৰ, চৰকাৰী কৰ্মচাৰী বা শিক্ষক। ঊনবিংশ শতাব্দীত বঙালী সমাজৰ চিন্তাধাৰা আৰু ৰুচিৰ আমূল পৰিবৰ্তন ঘটাবলৈ সক্ষম হোৱা বঙ্গৰ নৱজাগৰণ নামেৰে পৰিচিত যুগান্তকাৰী সামাজিক আৰু সাংস্কৃতিক সংস্কাৰ আন্দোলনৰ পটভূমিও আছিল কলকাতা নগৰ। বঙ্গৰ নৱজাগৰণ মাত্ৰ বঙ্গৰে নহয়, সমগ্ৰ ভাৰতৰে পথ-প্ৰদৰ্শক আছিল। এই আন্দোলনৰ পুৰোধা-পুৰুষ আছিল ৰাজা ৰামমোহন ৰায় (১৭৭২–১৮৩৩), হেনৰি লুই ভিভিয়ান ডিৰোজিও (১৮০৯–১৮৩১), ৰামতনু লাহিড়ী (১৮১৩–১৮৯৮), মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ (১৮১৭–১৯০৫), ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (১৮২০–১৮৯১), বঙ্কিমচন্দ্ৰ চট্টোপধ্যায় (১৮৩৮–১৮৯৪), ৰামকৃষ্ণ পৰমহংস (১৮৩৬–১৮৮৬), কেশৱচন্দ্ৰ সেন (১৮৩৮–১৮৮৪), স্বামী বিবেকানন্দ (১৮৬৩–১৯০২) আদি ব্যক্তিসকল। ভাৰতৰ স্বাধীনতা আন্দোলন ১৮৮৩ চনত সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে জাতীয় সন্মিলনৰ আয়োজন কৰে। এয়াই আছিল ঊনবিংশ শতাব্দীৰ ভাৰতৰ প্ৰথম ৰাজনৈতিক সন্মিলন। লাহে-লাহে কলকাতা ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হয়। বিশেষকৈ ভাৰতৰ স্বাধীনতাৰ বিপ্লৱী সংগঠনসমূহৰ অন্যতম প্ৰধান কেন্দ্ৰত পৰিণত হয় এইখন নগৰ। ১৯০৫ চনত সাম্প্ৰদায়িক ভিত্তিত হোৱা বঙ্গভঙ্গৰ প্ৰতিবাদত কলকাতাযত ব্যাপক গণবিক্ষোভ আৰু ব্ৰিটিছে উত্পাদন কৰা সামগ্ৰী বৰ্জনৰ (স্বদেশী আন্দোলন) আৰম্ভ হয়। এইবোৰ গণআন্দোলনৰ তীব্ৰতা আৰু দেশৰ পূবভাগত অৱস্থিত কলকাতাৰ পৰা দেশ শাসনৰ প্ৰশাসনিক অসুবিধাৰ কাৰণে ১৯১১ চনত ব্ৰিটিছে ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰিলে। ১৯২৩ চনত কলকাতা পৌৰ আইনৰ অধীনত কলকাতাৰ স্থানীয় স্বায়ত্ত্বশাসন কৰ্তৃপক্ষ কলকাতা পৌৰ নিগম প্ৰতিষ্ঠিত হয়। ১৯২৪ চনত দেশবন্ধু চিত্তৰঞ্জন দাস এই পৌৰসভাৰ প্ৰথম মেয়ৰ নিৰ্বাচিত হয়। পিছলৈ সুভাষচন্দ্ৰ বসু, বিধানচন্দ্ৰ ৰায়, আবুল কাচেম ফজলুল হক আদি বিশিষ্ট স্বাধীনতা সংগ্ৰামীসকলেও এই পদ অলংকৃত কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধ চলি থকা অৱস্থাত জাপানী সেনাবাহিনীয়ে একাধিকবাৰ কলকাতা নগৰ আৰু বন্দৰত বোমাবৰ্ষণ কৰিছিল। কলকাতাযত জাপানী বোমাবৰ্ষণৰ প্ৰথম আৰু শেষ ঘটনাটো ঘটে যথাক্ৰমে ১৯৪২ চনৰ ২০ ডিচেম্বৰ আৰু ১৯৪৪ চনৰ ২৪ ডিচেম্বৰৰ দিনা। যুদ্ধৰ সময়ত কলকাতাত পঞ্চাশৰ দশকত হোৱা দুৰ্ভিক্ষত লক্ষাধিক মানুহ মৃত্যুমুখত পৰে। এই দুৰ্ভিক্ষৰ কাৰণ আছিল সামৰিক তাণ্ডব, প্ৰশাসনিক ব্যৰ্থতা আৰু প্ৰাকৃতিক দুৰ্যোগ। ১৯৪৬ চনত পৃথক মুচলন্ত ৰাষ্ট্ৰ পাকিস্তানৰ দাবীত এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষত কলকাতাযত চাৰি হাজাৰতকৈয়ো বেছি মানুহে প্ৰাণ হেৰুৱায়। ভাৰত বিভাজনৰ সময়তো বহু মানুহ সাম্প্ৰদায়িকতাৰ চিকাৰ হয়। বিভাজনৰ পিছত বহুসংখ্যক মুচলন্ত পূব পাকিস্তানলৈ (বৰ্তমানৰ বাংলাদেশ) গুচি যায় আৰু পূব পাকিস্তানৰ লক্ষ লক্ষ হিন্দু কলকাতালৈ গুচি আহে। ফলস্বৰূপে নগৰৰ জনসংখ্যাত এক বৃহৎ পৰিবৰ্তন দেখা যায়। স্বাধীনোত্তৰ যুগ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাত বাংলা প্ৰেচিডেঞ্চিৰ হিন্দুপ্ৰধান পশ্চিম অংশ পশ্চিমবংগ নামেৰে ভাৰতৰ এখন অঙ্গৰাজ্যত পৰিণত হয় আৰু কলকাতা এই ৰাজ্যৰ ৰাজধানীৰ মৰ্যাদা পায়। দেশ বিভাজনৰ বাবে উদ্ভৱ হোৱা তীব্ৰ অৰ্থনৈতিক সংকট আৰু পূব-পাকিস্তানৰ পৰা হোৱা হিন্দু শৰণাৰ্থীসকলৰ ব্যপক অনুপ্ৰবেশে নগৰীয় অৰ্থনীতিত প্ৰচণ্ড চাপৰ সৃষ্টি কৰে। এই সমস্যাৰ সৈতে যুঁজিবলৈ পশ্চমবঙ্গৰ তদানীন্তন মুখ্যমন্ত্ৰী ডাঃ বিধানচন্দ্ৰ ৰায়ে বহুতো কাৰ্যকৰী উন্নয়নমূলক আঁচনি গ্ৰহণ কৰে। কলকাতাৰ জনসংখ্যাৰ হেঁচা কমাবলৈ তেতিয়াৰ ছবিশ পৰগণা জিলাত লৱণহ্ৰদ (বৰ্তমানৰ বিধাননগৰ) আৰু নদীয়া জিলাত কল্যাণী নামৰ দুখন পৰিকল্পিত নগৰ গঢ়ি তোলে। বিধানচন্দ্ৰ ৰায়ৰ মৃত্যুৰ পিছত ১৯৬০ আৰু ১৯৭০ৰ দশকত তীব্ৰ বিদ্যুত সংকট, ধৰ্মঘট আৰু ঊগ্ৰ নক্সালবাদী আন্দোলনৰ ফলত মহানগৰৰ পৰি-গাঁথনি গভীৰভাবে ক্ষতিগ্ৰস্ত হয় আৰু অৰ্থনৈতিক অৱক্ষয়ৰ সূত্ৰপাত ঘটে। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়তো পূব পাকিস্তানেৰ বহুসংখ্যক মানুহে শৰণাৰ্থী হিচাপে কলকাতাত আশ্ৰয় লোৱাত নগৰৰ অৰ্থনীতিৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হয়। ১৯৮০ৰ দশকৰ মাজভাগত কলকাতাক চেৰ পেলাই মুম্বাই ভাৰতৰ সৰ্বাধিক জনবহুল নগৰৰ খ্যাতি অৰ্জন কৰে। ১৯৯০ৰ দশকত ভাৰত চৰকাৰৰ অৰ্থনৈতিক উদাৰীকৰণ নীতিয়ে নগৰৰ হৃত গৌৰৱ উদ্ধাৰত বহু পৰিমাণে সহায়ক হয়। ২০০০ চনৰ পৰা তথ্য প্ৰযুক্তিয়ে কলকাতাৰ অৰ্থনীতিত নতুন গতিৰ সঞ্চাৰ কৰিছে। নগৰৰ উত্পাদন ক্ষেত্ৰখনতো উল্লেখনীয় বৃদ্ধি সম্ভৱ হৈছে। বিংশ শতাব্দীৰ শেষৰ পিনে কলকাতা কমিউনিষ্ট আন্দোলনৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল। পশ্চিমবংগত ৩৩ বছৰ ধৰি মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি নেতৃতাধীন বামফ্ৰণ্টে ৰাজ্য শাসন কৰিছিল। ভূগোল কলকাতা মহানগৰ পূব ভাৰতৰ ২২.৩৪° উত্তৰ অক্ষাংশ আৰু ৮৮.২১° পূব দ্ৰাঘিমাংশত গাঙ্গেয় ব-দ্বীপ অঞ্চলত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ১.৫ মিটাৰৰ পৰা ৯ মিটাৰৰ ভিতৰত। হুগলী নদীৰ পূব পাৰে উত্তৰা-দক্ষিণাকৈ কলকাতা মহানগৰৰ বিস্তাৰ হৈছে। পূৰ্বতে নগৰৰ অধিক অংশই জলাহ-ভূমি আছিল। জনসংখ্যা বৃদ্ধিৰ লগেলগে জলাহ অঞ্চল মাটিৰে পূৰাই বাসোপযোগী কৰি তোলা হয়। অৱশিষ্ট জলাহ-ভূমি এতিয়া পূব কলকতা জলাহ-ভূমি নামেৰে পৰিচিত আৰু ৰামচাৰ কনভেনচন অনুযায়ী ইয়াক "আন্তৰ্জাতিক গুৰুত্বসম্পন্ন জলাহ-ভূমি "ৰ ৰূপ দিয়া হৈছে। সিন্ধু-গাঙ্গেয় সমভূমিৰ বেছিভাগ অঞ্চলৰ দৰে কলকাতাৰ মাটি আৰু পানী মূলতঃ alluvial প্ৰকৃতিৰ। অৰ্থনীতি কলকাতা পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায় বাণিজ্যৰ প্ৰধান কেন্দ্ৰ। কলকাতা শ্বেয়াৰ বজাৰ ভাৰতৰ দ্বিতীয় বৃহত্তম শ্বেয়াৰ বজাৰ। ই এটা প্ৰধান বাণিজ্যিক আৰু সামৰিক বন্দৰো। নেতাজী সুভাষচন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰ কলকাতাত অৱস্থিত। এসময়ৰ ভাৰতৰ ৰাজধানী আৰু অগ্ৰণী শিল্প-নগৰী কলকাতা স্বাধীনোত্তৰ কালত অস্থিৰ ৰাজনৈতিক আৰু উগ্ৰ ট্ৰেড-ইউনিয়নৰ আন্দোলনৰ চিকাৰ হৈ দ্ৰুত আৰ্থিক অৱনতিৰ পথত আগুৱাই যায়। ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকলৈ এফালে যেনেকৈ মূলধন বিনিযোগ উল্লেখনীয়ভাবে কমি যায়, আনফালে তেনেকৈ বন্ধ হৈ যায় বৃহৎ কলকাৰখানা। অধিকাংশ কলকাৰখানাৰ উৎপাদন কমি আহে। বহুতে ব্যৱসায় অন্য ঠাইলৈ উঠাই লৈ যায়। বিশ্ববজাৰত এই অঞ্চলত উৎপাদিত পাট আদি ঐতিহ্যবাহী সামগ্ৰীসমূহৰো চাহিদা কমি যায়। ফলস্বৰূপে নগৰৰ আৰ্থিক অৱস্থাত গুৰুতৰ সংকটে দেখা দিয়ে। ১৯৯০ৰ দশকৰ ভাৰতৰ অৰ্থনীতিৰ উদাৰীকৰণ কলকাতাৰ অৰ্থনৈতিক পুনৰোত্থানত বিশেষ সহায়ক হয়। আজিও নমনীয় উৎপাদন ব্যৱস্থা কলকাতাৰ অৰ্থনীতিৰ এটা বৈশিষ্ট। ইনফৰমেল চেক্টৰত মুঠ শ্ৰম শক্তিৰ ৪০% তকৈয়ো অধিক নিয়োজিত হৈ আছে। উদাহৰণ স্বৰূপে ২০০৫ চনৰ হিচাপ অনুযায়ী কলকাতাৰ পদপথৰ হকাৰসকলৰ মুঠ ব্যৱসায়ৰ পৰিমাণ আছিল ৮,৭৭২ কোটি ভাৰতীয় টকা (প্ৰায় ২ বিলিয়ন আমেৰিকান ডলাৰ)। নগৰৰ অন্যতম বৃহৎ কৰ্মশক্তি হ'ল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল। ইয়াৰ বাদেও বিভিন্ন কায়িক আৰু বৌদ্ধিক শ্ৰমিকসহ এক বৃহৎ সংখ্যক অদক্ষ আৰু অৰ্ধদক্ষ শ্ৰমিকো মহানগৰখনত আছে। তথ্য-প্ৰযুক্তি শিল্পই মহানগৰখনৰ অৰ্থনৈতিক পুনৰুজ্জীৱনত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। তথ্য-প্ৰযুক্তি খণ্ডত বাৰ্ষিক বৃদ্ধিৰ হাৰ ৭০ শতাংশ, যিটো জাতীয় অৰ্থনৈতিক বৃদ্ধিৰ হাৰতকৈ দুগুণ। বিগত কেইবছৰমানত ৰিয়েল ইষ্টেট খণ্ডত উল্লেখনীয় হাৰত বিনিয়োগ হৈছে। লগতে বহুতো নতুন নতুন আঁচনিয়ো লোৱা হৈছে। ডাঙৰ ডাঙৰ ভাৰতীয় কৰ্পোৰেচনসমূহৰ বহুতো উত্পাদন গোট কলকতাত অৱস্থিত। আই টি চি লিমিটেড, ভাৰত চৰকাৰৰ টাকশাল, এক্সাইড ইণ্ডাষ্ট্ৰীজ, হিন্দুস্তান মোটৰচ্, ব্ৰিটেনীয়া ইণ্ডাষ্ট্ৰীজ্, বাটা ইণ্ডিয়া, বিৰলা কৰ্পোৰেচন, কোল ইণ্ডিয়া লিমিটেড, দামোদৰ ভেলী কৰ্পোৰেচন, ইউনাইটেড বেংক অৱ ইণ্ডিয়া, ইউকো বেংক, এলাহাবাদ বেংক আদি বহুকেইটা আগশাৰীৰ সংস্থাৰ মুখ্য কাৰ্যালয় কলকাতাত অৱস্থিত। সাম্প্ৰতিকঁকালৰ ভাৰত চৰকাৰে গ্ৰহণ কৰা পূবলৈ চোৱা নীতিৰ আধাৰত লোৱা বিভিন্ন কাৰ্যসূচী, ভাৰত আৰু চীন সীমান্তৰ ছিক্কিমৰ নাথুলা গিৰিপথ খুলি দিয়া, দক্ষিণ-এছীয় দেশবোৰে ভাৰতীয় বজাৰত প্ৰবেশ কৰিবলৈ ইচ্ছুক হোৱা আদি পৰিঘটনাই কলকাতাৰ অৰ্থনৈতিক প্ৰগতিৰ বাট মুকলি কৰিছে। প্ৰশাসন পৌৰ নিগম কলকাতাৰ স্থানীয় স্বায়ত্ত্বশাসন কৰ্তৃপক্ষ হ'ল কলকাতা পৌৰ নিগম। ১৯২৩ চনত আধুনিক স্বায়ত্ত্বশাসনমূলক সংস্থা হিচাপে এই অনুষ্ঠান গঠিত হয়। ১৯৮০ চনত আইন সংশোধনৰ জৰিয়তে কলকাতা পৌৰ নিগমে আজিৰ ৰূপ পায়। বৰ্তমান কলকাতাত ১৫টা borough আৰু ১৪১টা ৱাৰ্ড আছে। ১৯৮০ চনৰ পৌৰ আইনৰ ভিত্তিত কলকাতাত ১৯৮৫ চনত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত বামফ্ৰণ্টে জয় লাভ কৰে। ইয়াৰ পিছত ১৯৯০ আৰু ১৯৯৫ চনৰ নিৰ্বাচনতো বামফ্ৰণ্টে ক্ষমতা দখল কৰে। ২০০০ চনত তৃণমূল কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে ২০০৫ চনত বামফ্ৰণ্ট ক্ষমতালৈ আহে। ২০১০ চনত তৃণমূল কংগ্ৰেছে পুনৰ জয়লাভ কৰে। পৌৰ নিগমৰ ১৪১টা ৱাৰ্ডৰ বাবে একোজন ৱাৰ্ড সদস্য বা কাউঞ্চিলৰ নাগৰিকৰ ভোটত প্ৰত্যক্ষভাবে নিৰ্বাচিত হয়। একোটা boroughৰ অন্তৰ্গত নিৰ্বাচিত ৱাৰ্ড সদস্যসকলে মিলি এখন borough কমিটি গঠন কৰে আৰু নিজৰ ভিতৰতে এজনক কমিটিৰ সভাপতি নিৰ্বাচন কৰে। পৌৰ নিগমৰ প্ৰধান কাম-কাজ হ'ল- পানী যোগান; ৰাস্তা-ঘাট, চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় আৰু পৌৰ নিগমৰ বজাৰসমূহৰ তদাৰক কৰা, ঘৰ নিৰ্মাণ নিৱন্ধীকৰণ আৰু নিয়ন্ত্ৰণ, ৰাস্তাত বিজুলী-বাতিৰ ব্যৱস্থা কৰা, পয়ঃপ্ৰণালীৰ ৰক্ষণাবেক্ষণ, আৱৰ্জনা নিস্কাষন আদি। তথ্য সংগ্ৰহ অধিক পঢ়ক বাহ্যিক সংযোগ Kolkata Municipal Corporation Kolkata Encyclopædia Britannica entry Kolkata Satellite view at WikiMapia ভাৰতৰ নগৰ মহানগৰ পশ্চিমবংগ ভাৰতৰ ৰাজধানী নগৰ
2193
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%87
চেন্নাই
চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ (তামিল: மதறாஸ் মাড্ৰাছ‍) দক্ষিণ ভাৰতৰ তামিল নাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত। ৩৬৮ বছৰ পুৰনি এই চহৰৰ জনসংখ্যা আনুমানিক ৬.৯১ মিলিয়ন (২০০৬); জনসংখ্যাৰ দিশৰ পৰা এইখন পৃথিৱীৰ ৩৬তম বৃহত্তম মেট্ৰোপলিটান চহৰ। চেন্নাই এখন শিল্প আৰু বাণিজ্যৰ এটা ডাঙৰ কেন্দ্ৰ আৰু সাংস্কৃতিক ঐতিহ্য আৰু মন্দিৰ স্থাপত্যৰ বাবে বিখ্যাত। চেন্নাই ভাৰতৰ মটৰগাড়ী উদ্যোগৰ ৰাজধানী। ইয়াত ভাৰতৰ মটৰ গাড়ী উদ্যোগৰ প্ৰায় ৪০% কোম্পানী আছে। ভাৰতত উৎপাদিত গাড়ীৰ এটা প্ৰধান অংশ ইয়াত তৈয়াৰ কৰা হয়। চেন্নাইক দক্ষিণ এছিয়াৰ "ডেট্ৰয়েট" হিচাপেও উল্লেখ কৰা হয়। নাম চেন্নাইৰ পুৰনা নাম মাদ্ৰাজ আছিল য’ৰ উৎপত্তি মাদ্ৰাজপত্তনম শব্দৰ পৰা হৈছিল। ১৬৩৯ চনত ব্ৰিটিশ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা স্থায়ী উপনিবেশ স্থাপনৰ বাবে মাদ্ৰাজপত্তনমক নিৰ্বাচন কৰে। চেন্নাপত্তনম নামে এখন গাওঁ দক্ষিণত অৱস্থিত আছিল। পৰৱৰ্তীসময়ত এই দুই চহৰ একত্ৰিত কৰা হয় আৰু ব্ৰিটিছসকলৰ পছন্দ অনুসৰি মাদ্ৰাজ নামে পৰিচিত হয়। তথাপিও স্থানীয় কিছুলোকে চহৰখনক চেন্নাপত্তনম বা চেন্নাপুৰি হিচাপে উল্লেখ কৰিছিল। ১৯৯৬ চনৰ আগষ্ট মাহত এই চহৰৰ নাম মাদ্ৰাজৰ পৰা পৰিবৰ্তন কৰি চেন্নাই কৰা হয়,। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Official government website of Chennai District Official website of the Corporation of Chennai ভাৰতৰ নগৰ মহানগৰ ভাৰতৰ ৰাজধানী নগৰ
2194
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80
দিল্লী
দিল্লী (, ), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত। দিল্লীৰ চাৰিসীমাৰ তিনিদিশত হাৰিয়ানা ৰাজ্য (গুড়গাঁও জিলা, ফৰিদাবাদ জিলা, ঝজ্জৰ জিলা আৰু চ'নিপট জিলা) আৰু পূব দিশত উত্তৰ প্ৰদেশ ৰাজ্য (গৌতম বুদ্ধ জিলা, গাজিয়াবাদ জিলা আৰু বাঘপট জিলা) অৱস্থিত। সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ মাটিকালি ১,৪৮৪ বৰ্গ কিলোমিটাৰ (৫৭৩ বৰ্গ মাইল)। ২০১১ চনৰ লোকপিয়ল অনুসৰি কেৱল দিল্লী মূল চহৰাঞ্চলৰ জনসংখ্যা ১.১ কোটিৰো অধিক, এয়া মুম্বাইৰ পিছতে ভাৰতৰ দ্বিতীয় জনবহুল চহৰ। আনহাতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ জনসংখ্যা ১.৬৮ কোটি। দিল্লীৰ নগৰাঞ্চলক বৰ্তমানে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ চাৰিসীমাৰ বাহিৰেও দাতিকাষৰীয়া চহৰসমূহ, যেনে গাজিয়াবাদ, নইডা, বৃহত্তৰ নইডা, ফৰিদাবাদ, গুড়গাঁও, বাহডুৰগড় আৰু চ'নিপটকো অঞ্চলকো অন্তৰ্ভুক্ত কৰি কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (Central National Capital Region, CNCR) নামেৰে নামকৰণ কৰা হয়। ২০১৬ চনৰ অনুমান অনুসৰি এই বৃহত্তৰ অঞ্চলটোৰ জনসংখ্যা ২.৬ কোটিৰো অধিক। এয়া ৰাষ্ট্ৰসংঘৰ অনুসৰি পৃথিৱীৰ দ্বিতীয় জনবহুল নগৰ অঞ্চল। মানৱ উন্নয়ন সূচকৰ ফালৰ পৰা ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীৰ স্থান পঞ্চম আৰু জনমুৰিৰ ফালৰ পৰা দেশখনৰ ভিতৰত দ্বিতীয়। ইয়াৰোপৰি, দিল্লী পৃথিৱীৰ সৰ্বাধিক প্ৰদূষিত চহৰসমূহৰ ভিতৰত অন্যতম। দিল্লীত মানূ্হৰ বসতি স্থাপন হয় খ্ৰীষ্টপূৰ্ব ৬ শতিকাতে আৰু তেতিয়াৰে পৰা বৰ্মানলৈ ইয়াত মানুহৰ বসবাস চলি আহিছে। ইতিহাসৰ বিভিন্ন সময়ত ভিন ভিন সাম্ৰাজ্যই দিল্লীত নিজৰ ৰাজধানী স্থাপন কৰিছিল। বিশেষকৈ মধ্যযুগৰ সময়ত দিল্লীক বহুবাৰ দখল-বেদখল, নিৰ্মাণ-পুনৰ্নিৰান কৰা হৈছিল। আধুনিক যুগৰ দিল্লী হৈছে মহানগৰীয় অঞ্চলটোৰ চুকে-কোনে সিঁচৰিত হৈ থকা কেইবাটাও চহৰৰ সমষ্টি। যদিও দিল্লী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল, প্ৰশাসনিক ভাবে ইয়াৰ মিল ভাৰতৰ ৰাজ্যসমূহৰ লগতহে বেছি। দিল্লীৰ নিজা বিধানসভা, উচ্চ ন্যায়ালয়, আৰু মুখ্য মন্ত্ৰীৰ নেতৃত্বৰ চলিত মন্তীসভা আছে। নতুন দিল্লী ভাৰতৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰো ৰাজধানী আৰু ইয়াক যুটিয়াভাবে পৰিচালনা কৰে ভাৰত চৰকাৰ আৰু স্থানীয় দিল্লী চৰকাৰে। দিল্লীত ১৯৫১ চনৰ প্ৰথম এছিয় ক্ৰীড়া আৰু ১৯৮২ চনৰ নৱম এছিয় ক্ৰীড়া, ১৯৮২ চনৰ NAM সন্মিলন, ২০১০ চনৰ পুৰুষৰ হকী বিশ্বকাপ, ২০১০ কমনৱেলথ গেমছ, ২০১২ চনৰ চতুৰ্থ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হয়। ২০১১ চনৰ পুৰুষৰ বিশ্বকাপ ক্ৰিকেটৰো দিল্লী এক প্ৰধান আয়োজক চহৰ আছিল। ইতিহাস দিল্লী, ইতিহাসৰ বহু উত্থান পতনৰ নীৰৱ সাক্ষী এখন চহৰ, দেশৰ ৰাজনৈতিক স্পন্দন। আজিৰ পৰা এশ বছৰ পূৰ্বে এই মহানগৰ খনকে নতুন ৰূপত সজোৱাৰ বাবে চলিছিল। ব্ৰিটিছ শাসিত ভাৰতৰ ৰাজধানী হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাত সষ্টম হৈ উঠিছিল ব্ৰিটিছ প্ৰশাসন। দেশৰ পূব কোণত থকা ৰাজধানী চহৰ কলিকতাৰ পৰা প্ৰশাসনৰ কাম কাজ চলোৱাত অসুবিধা হোৱাত দিল্লীলৈ ব্ৰিটিছ প্ৰশাসনে ৰাজধানী চহৰ স্থানান্তৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে। তাৰ কিছুদিনৰ পাছতে অৰ্থাত ১৫ ডিচেম্বৰ তাৰিখে পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ উপস্থিতিত নতুন ৰাজধানী চহৰৰ আধাৰশিলা স্থাপন কৰা হয়। আৰম্ভ হয় নতুন দিল্লীৰ নক্সা অংকনৰ প্ৰক্ৰিয়া। নতুন ৰাজধানী চহৰখন নতুন স্থাপত্য শিল্পৰে উজলাই তোলাৰ দায়িত্ব দিয়া হয় মূলতঃ দুজন ব্যক্তিক ব্ৰিটিছ স্থপতিবিদ ছাৰ এডৱিন লুটিয়েনচ আৰু হাৰ্বাৰ্ট বেকাৰক। এওঁলোক দুগৰাকী ব্যক্তিৰ নেতৃত্বতেই চলে নতুন দিল্লীৰ আন্তঃগাঁঠনি তথা ইউৰোপীয় স্থাপত্য শিল্পৰ আধাৰত নতুন নতুন ভৱন তথা পথৰ নিৰ্মাণ কাম কাজ। মোগল স্থাপত্য কীৰ্তিৰে শুৱাই থকা দিল্লীত মূৰ দাঙি উঠে ব্ৰিটিছ ভাস্কৰ্য্য শিল্পৰ নতুন ৰূপ। মূলতঃ ব্ৰিটিছ প্ৰশাসনৰ বিভিন্ন উচ্চখাপৰ বিষয়ববীয়াৰ ভৱন তথা বিভিন্ন প্ৰশাসনিক ভৱনসমূহ নিৰ্মাণতহে অধিক গুৰুত্ব দিছিল। যদিও ১৯১১ চনত নতুন ৰাজধানী হিচাবে দিল্লীৰ আধাৰশিলা স্থাপন কৰা হৈছিল, নতুন চহৰৰ কাম কাজ আৰম্ভ হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পাছতহে। ১৯৩১ চনত এই কাম সম্পূৰ্ণ হয় আৰু সেই সময়ৰ ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড ইৰ্ৱিনে ১৩ ফেব্ৰুৱাৰী ১৯৩১ চনত নতুন ৰূপত দিল্লীৰ শুভ উদ্বোধন কৰে। স্থাপত্য শিল্প ব্ৰিটিছ শাসনত যেতিয়া দিল্লী চহৰৰ নৱনিৰ্মাণৰ কাম কাজ চলি আছিল তেতিয়াই ইউৰোপীয় আৰু ভাৰতীয় স্থাপত্য কলাৰ আৰ্হিত মুৰ ডাঙি উঠিছিল বিভিন্ন বিশাল ভৱনে,যিবোৰ আজিও ভাৰত চৰকাৰৰ বিভিন্ন প্ৰশাসনিক কাম কাজত ব্যৱহাৰ হৈ আছে। ব্ৰিটিছ সাম্ৰাজ্যৰ স্থাপত্য শিল্পৰ পৰা বৰ্তমানৰ প্ৰযুক্তিৰ যুগলৈ দিল্লীত থিয় হৈ আছে বহু ভৱন, অট্টালিকা আদি। ৰাষ্ট্ৰপতি ভৱন ব্ৰিটিছ সাম্ৰাজ্যৰ ভাইচৰয় আৰু ভাৰতৰ গৱৰ্নৰ জেনেৰেল সকলৰ বাসস্থান হিচাবে নিৰ্মিত ‘ৰাষ্ট্ৰপতি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ভাইচৰয় হাউচ’ হিচাবে। প্ৰায় ১৯ বছৰৰ কাম কাজৰ অন্তত: সম্পূৰ্ণ হোৱা এই বিশালকায় ভৱনটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত ৰাষ্ট্ৰপতি ভৱন নাম দিয়া হয় আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসস্থান হিচাবে চিহ্নিত হয়। প্ৰায় দুইলাখ বৰ্গফুটেৰে আৱৰা আৰু ৩৬০টা কোঠালিৰে ‘ৰাষ্ট্ৰপতি ভৱন’ হৈছে বিশ্বৰ যিকোনো ৰাষ্ট্ৰপ্ৰধানৰ ভৱনসমূহৰ ভিতৰতে বৃহত্তম ভৱন। নৰ্থ আৰু চাউথ ব্লক (সচিবালয় ভৱন) ৰাষ্ট্ৰপতি ভৱনৰ সমীপত থকা নৰ্থ আৰু চাউথ ব্লক হৈছে বৰ্তমান ভাৰতীয় প্ৰশাসন যন্ত্ৰৰ প্ৰাণকেন্দ্ৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়কে ধৰি বহুকেইটা গুৰুৰ্ত্বপূৰ্ণ মন্ত্ৰনালয়ৰ কাৰ্য্যালয় হিচাবে ব্যৱহৃত এই ভৱন দুটাৰ আৰ্হি প্ৰস্তুতি কৰিছিল স্থপতিবিদ হাৰ্বাৰ বেকাৰে। চাৰিটা খলপত বিভক্ত এই ভৱনৰ প্ৰতিটো মহলাত কোঠাৰ সংখ্যা প্ৰায় এহাজাৰ। তিন মূৰ্তি ভৱন স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাসস্থান হিচাবে চিহ্নিত ‘তিন মূৰ্তি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ফ্লেগষ্টাফ হাউচ’(Flagstuff House) হিচাবে। ব্ৰিটিছ শাসনত সেনা প্ৰধানৰ বাসস্থান হিচাবে জনাজাত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল ব্ৰিটিছ স্থপতিবিদ ৰবাৰ্ট ৰাছেলে। বৰ্তমান এই ভৱন জৱাহৰলাল নেহৰুৰ স্মৃতিত উছৰ্গা কৰা হৈছে। ৰাজপথ আৰু জনপথ নতুন দিল্লীৰ দুটা উল্লেখযোগ্য মুখ্য পথ হৈছে ৰাজপথ আৰু জনপথ। পূৰ্বে কিংচৱে (Kingsway) নামেৰে জনাজাত এই পথ ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট হৈ ৰাষ্ট্ৰীয় ষ্টেডিয়ামলৈ বিস্তৃত। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা এই পথৰেই আগবাঢ়ে গণতন্ত্ৰ দিৱসৰ পেৰেড। ঠিক সেইদৰে নতুন দিল্লীৰ এটি ব্যস্ততম পথ জনপথো আছিল ব্ৰিটিছ ভাৰতৰ এক উল্লেখযোগ্য পথ, যাক প্ৰথমে জনা গৈছিল কুইনচৱে (Queensway) নামেৰে। ইণ্ডিয়া গেট এক কথাত ক’বলৈ হ’লে নতুন দিল্লীৰ পৰিচয়েই হৈছে ইণ্ডিয়া গেট। ১৯৩১ চনত এডৱাৰ্ড লুটিয়েনচৰ আৰ্হিত নিৰ্মিত ইণ্ডিয়া গেট, মূলতঃ নিৰ্মাণ কৰা হৈছিল প্ৰথম বিশ্বযুদ্ধৰত মৃত্যুবৰণ কৰা ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীৰ সোঁৱৰণত। ‘অল ইণ্ডিয়া ৱাৰ মেম’ৰিয়েল’(All India War Memorial) নামেৰে পুৰ্ব পৰিচিত ইণ্ডিয়া গেটত ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হয় ‘অমৰ জোৱান জ্যোতি’। ১৯৭১ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ইন্দিৰা গান্ধীয়ে অমৰ জৱান জ্যোতিত ভাৰতীয় সৈন্যবাহিনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰম্পৰা আজিও প্ৰতি বছৰে চলি আহিছে। লটাচ টেম্পল আধুনিক স্থাপত্য শিল্পৰ এক চমকপ্ৰদ নিদৰ্শন হ’ল লটাচ টেম্পল অথবা "বাহাই ধৰ্মাৱলম্বী উপসনা গৃহ"। নতুন দিল্লীৰ জনপ্ৰিয় স্থান সমূহৰ অন্তৰ্গত লটাচ টেম্পল, দৰ্শনৰ বাবে মুকলি কৰা হৈছিল ১৯৮৬ চনত। পদুম ফুলৰ আৰ্হিত নিৰ্মিত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল ফাৰিবৰ্জ চাবা নামৰ ইৰাণৰ স্থাপত্যশিল্পী এগৰাকীয়ে। দৈনিক প্ৰায় তেৰ হাজাৰ দৰ্শনাৰ্থীয়ে দৰ্শন কৰা লটাচ টেম্পল হৈছে নতুন দিল্লীৰ এক অনন্য পৰিচয়। অক্ষৰধাম মন্দিৰ যমুনা নদীৰ পাৰত অৱস্থিত নতুন দিল্লীৰ অন্য এক বিস্ময় হৈছে অক্ষৰধাম মন্দিৰ। স্বামীনাৰায়ন হিন্দু সম্প্ৰদায়ৰ আড়ম্বৰ্পূৰ্ণ এই উপসনা ভৱন আছে এক বিশাল এলেকাজুৰি। ছয় নৱেম্বৰ ২০০৬ চনত মুকলি কৰা এই মন্দিৰৰ কাৰুকাৰ্য্য চমকপ্ৰদ। গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডে ইতিমধ্যে বিশ্বৰ বৃহত্তম হিন্দু মন্দিৰ হিচাবে প্ৰমাণ পত্ৰ দিয়া এই মন্দিৰ নতুন দিল্লীৰ সৰ্বাধিক আকৰ্ষিত কৰা পৰ্য্যটকস্থলী সমূহৰ ভিতৰত অন্যতম। শিক্ষা দেশৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাবেও নতুন দিল্লী চিৰ পৰিচিত। দেশৰ কেইবাখনো প্ৰখ্যাত শিক্ষানুষ্ঠানে শিক্ষাদানৰ দিশত নতুন দিল্লীক এছিয়া মহাদেশৰ ভিতৰতে এখন উন্নত চহৰ হিচাবে প্ৰতিষ্ঠিত কৰিছে। পোনপ্ৰথমেই নাম ল’ব পাৰি দুখন প্ৰখ্যাত বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ১৯২২ চনত প্ৰতিষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ হৈছিল তিনিখন মহাবিদ্যালয়ৰ সহায়ত। ছেইণ্ট ষ্টিফেঞ্চ কলেজ, হিন্দু কলেজ আৰু ৰামজাচ কলেজ। দিল্লী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বহু পূৰ্বেই এইকেইখন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল যদিও পাছত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত তিনিওখন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হয়। বৰ্তমান বহুকেইখন প্ৰখ্যাত কলেজ এই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। ইয়াৰ উপৰিও এই বিশ্ববিদ্যালয়ৰ বহু বিভাগে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠিছে। দিল্লী স্কুল অব ইকনমিক্স, ফেকাল্টি অব মেনেজমেণ্ট ষ্টাডিজ, ফেকাল্টি অৱ ল’ ইত্যাদি বিভাগবোৰ শিক্ষাৰ সৰ্বোতকৃষ্ট বিভাগ সমূহৰ ভিতৰত অন্যতম। দেশৰ আন এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়েও নতুন দিল্লীৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। স্নাতকোত্তৰ শিক্ষাক মুখ্য উদ্দেশ্য লৈ এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হৈছিল ১৯৬৯ চনত। দেশৰ বিজ্ঞান আৰু সামাজিক গৱেষণাত উত্কৃষ্ট সেৱা আগবঢ়াই অহা এইখন শিক্ষানুষ্ঠানত বৰ্তমান দেশ বিদেশৰ প্ৰায় পাঁচ সহস্ৰাধিক মেধাবী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঠ্যক্ৰম, পাঠদান আদিৰ বাবে এই বিশ্ববিদ্যালয়ে এচিয়াৰ ভিতৰতে এখন উন্নত বিশ্ববিদ্যালয় হিচাবে জনাজাত হৈছে। দেশৰ মুছলিম সম্প্ৰদায়ৰ মাজত উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে স্থাপিত হোৱা জামিয়া মিলিয়া ইচলামিয়া দিল্লীত অৱস্থিত অন্য এখন লেখত লবলগীয়া শিক্ষানুষ্ঠান। ১৯২০ চনত স্থাপিত এই শিক্ষানুষ্ঠানখন ১৯৮৮ চনত ভাৰত চৰকাৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাবে আনুষ্ঠানিকভাবে ঘোষণা কৰে। ইয়াৰ উপৰিও চিকিত্সা শিক্ষাৰ ক্ষেত্ৰত ’এইমচ’(AIIMS), কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ’আই আই টি দিল্লী’ (IIT Delhi),জনসংযোগ আৰু সাংবাদিকতা শিক্ষাত ’ইণ্ডিয়ান ইনষ্টিটিউট অব মাচ কমিউনিকেচন’ (IIMC) আদি প্ৰখ্যাত শিক্ষানুষ্ঠান সমূহে দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত সৰ্বোত্কৃষ্ট সেৱা আগবঢ়াই আছে। বাণিজ্য দেশৰ ভিতৰতে এখন উল্লেখযোগ্য বাণিজ্যিক চহৰ হিচাবে নতুন দিল্লীৰ নিজস্ব এক পৰিচয় আছে। বুৰঞ্জীপ্ৰসিদ্ধ কনট প্লেচৰ পৰা আৰম্ভ কৰি নেহৰু প্লেচলৈ বিস্তৃত ৰূপত বিস্তাৰিত হৈ আছে দিল্লীৰ বেপাৰ বাণিজ্য। ৰাজধানী চহৰ দিল্লীৰ একেবাৰে সোঁমাজত অৱস্থিত এই কনট প্লেচৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল ১৯২৯ চনত আৰু সমাপ্ত হৈছিল ১৯৩৩ চনত। ৰাণী ভিক্টোৰিয়াৰ তৃতীয় পুত্ৰ প্ৰিন্স আৰ্থাৰ তথা ডিউক অব কনাট(Duke of Connaught) ৰ নামেৰে নামকৰণ কৰা এই স্থানডোখৰৰ নাম পাছত "ৰাজীৱ চৌক" নামেৰে নামকৰণ কৰা হয় যদিও দিল্লীবাসীৰ বাবে ই চিপি (CP) হিচাবেহে অধিক জনপ্ৰিয়। এই কনট প্লেচতে ভূ গৰ্ভত অৱস্থিত "পালিকা বজাৰ" হৈছে এক জনপ্ৰিয় বেহা বেপাৰৰ কেন্দ্ৰ। দিল্লী হাট দেশৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প সমূহক একেখন মঞ্চলৈ আনিবলৈ কৰা এক প্ৰয়াসৰ ফলস্বৰূপেই প্ৰতিষ্ঠিত হৈছিল দিল্লী হাট(Dilli Haat)। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কাৰুকাৰ্য্য খচিত সামগ্ৰী সমূহৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ প্ৰাণকেন্দ্ৰ দিল্লী হাট প্ৰতিষ্ঠা কৰা হৈছিল ১৯৯৪ চনত। হস্তশিল্পৰ লগতে বিভিন্ন প্ৰদেশৰ পৰম্পৰাগত খাদ্য সম্ভাৰ দিল্লী হাটৰ অইন এক আকৰ্ষণীয় ব্যৱস্থা। নেহৰু প্লেচ আশী দশকৰ শেষৰ ফালে প্ৰতিষ্ঠিত নেহৰু প্লেচ হৈছে দক্ষিণ এচিয়াৰ ভিতৰতে এক উল্লেখযোগ্য তথ্য প্ৰযুক্তিৰ ব্যৱসায় কেন্দ্ৰ। বিভিন্ন তথ্য প্ৰযুক্তিমূলক কোম্পানীৰ কাৰ্য্যালয়ৰ লগতে প্ৰযুক্তিমূলক সা সামগ্ৰীৰ বেহা বেপাৰৰ কেন্দ্ৰ নেহৰু প্লেচ দিল্লীৰ ব্যস্ততম ব্যৱসায়িক স্থান সমূহৰ ভিতৰত অন্যতম। খান মাৰ্কেট দেশৰ ভিতৰতে আটাইতকৈ খৰচী তথা বিশ্বৰ ২১তম খৰচী বজাৰখনেই হৈছে খান মাৰ্কেট। বিশিষ্ট ৰাজনৈতিক নেতা খান আব্দুল গফৰ খানৰ নামেৰে নামাকৰন কৰা এই বজাৰখনত আছে দেশ বিদেশৰ অজস্ৰ নামী দামী কোম্পানীৰ বিক্ৰী সামগ্ৰী। ইয়াৰ উপৰিও বৰ্তমান দিল্লীৰ আশে পাশে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বাণিজ্যিক কেন্দ্ৰ সমূহ গঢ়ি উঠিছে। যাতায়ত ব্যৱস্থা দিল্লীৰ যাতায়ত ব্যৱস্থাৰ আজি কিছু বছৰৰ ভিতৰতে এক যুগান্তকাৰী ৰূপত পৰিবৰ্তন ঘটিছে। বৰ্তমান বিভিন্ন আধুনিক প্ৰযুক্তিৰ যাতায়তৰ সা সুবিধাই দিল্লীক কৰি তুলিছে দেশৰ ভিতৰতে এক অনন্য মহানগৰ। পোনপ্ৰথমেই নাম লব লাগিব দিল্লী মেট্ৰ’ৰ, যিয়ে আধুনিক প্ৰযুক্তিৰে যাতায়ত আৰু যোগাযোগ মাধ্যমত এক বিপ্লব গঢ়ি তুলিছে। বিশ্বৰ বৃহত্তম মেট্ৰ’ৰেল নেটৱৰ্ক সমূহৰ অন্যতম এই মেট্ৰ সেৱাই ১৪২টা ষ্টেচন (৩৫টা ভূগৰ্ভস্থ) ৰ সৈতে দিল্লীৰ প্ৰায় ১৯০ কি.মি. পথত বিস্তৃত হৈ আছে। দিল্লী মেট্ৰ’ ৰেলসেৱাৰ কাম এতিয়াও চলি আছে। দিল্লীত যাতায়তৰ দ্বিতীয় প্ৰধান ব্যৱস্থাটোৱেই হ’ল দিল্লী পৰিবহণ সেৱাৰ বাচ। বিশ্বৰ বৃহত্তম চি এন জি বাচসেৱা হিচাবে জনাজাত এই সেৱাৰ দ্বাৰা গোটেই দিল্লীতে বৰ্তমান চলি আছে প্ৰায় পাঁচ হাজাৰ সুদৃশ্য সেউজৰঙী বাচ, লগতে প্ৰায় এহাজাৰ শীত তাপ নিয়ন্ত্ৰিত বাচ। যাতায়তৰ ক্ষেত্ৰত দিল্লীৰ উল্লেখযোগ্য পথ সমূহৰ ভিতৰত মুখ্য পথ দুটা হৈছে ‘ৰিং ৰোড’(Ring Road) – বহি: আৰু আন্তঃ ৰিং ৰোড। দুয়োটা ৰিং ৰোডৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৭ কিলোমিটাৰ। গোটেই দিল্লীখনকেই এক বৃত্তাকাৰ ৰূপত আৱৰি থকা এই দুটা পথ হৈছে দিল্লীৰ যাতায়ত ব্যৱস্থাৰ হৃদস্পন্দন স্বৰূপ। দিল্লীক সাধাৰণে ‘উৰণীয়াসেতুৰ মহানগৰী’ হিচাবেও আখ্যা দিয়া হয়,কাৰণ প্ৰায়বোৰ পথতেই অৱস্থিত বৃহতাকাৰৰ উৰণীয়া সেতুসমূহ। খোদ ৰিং ৰোডতেই আছে বিশখনতকৈও অধিক বিশালকায় উৰণীয়া সেতু। বিমানসেৱাৰ ফালৰ পৰাও নতুন দিল্লীয়ে মুৰ ডাঙি উঠিছে শক্তিশালী ৰূপত। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সৰ্বাধুনিক ‘টাৰ্মিনেল ৩’টো হৈছে দক্ষিণ এচিয়াৰ সবাতোকৈ বিশাল টাৰ্মিনেল। ঠিক সেইদৰে দৈনিক ষোল্লটা প্লেটফৰ্মত, তিনি শতাধিক ৰেলৰ আহ যাহেৰে আৰু প্ৰায় তিনি লক্ষাধিক ভ্ৰমণকাৰীৰে নতুন দিল্লী ৰেল ষ্টেচনটো হৈছে দেশৰ দ্বিতীয় ব্যস্ততম ৰেল ষ্টেচন। কলা সংস্কৃতি যিহেতু দিল্লীৰ জনগাঁথনি বিভিন্ন ঠাইৰ লোকৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে, সেইবাবে ইয়াৰ সংস্কৃতিও মিশ্ৰিত, যদিও উত্তৰ ভাৰতীয় লোকৰ কলা সংস্কৃতিৰ প্ৰাধান্যতা বেছি। কিন্তু দিল্লীক দেশৰ ভিতৰতে এখন উচ্চ খাপৰ সাংস্কৃতিক কেন্দ্ৰ বুলিও ধৰিলে ভুল কৰা নহ’ব। দেশৰ বিভিন্ন অঞ্চলৰ সংস্কৃতিক ঐতিহ্যক দৰ্শনীয় ৰূপত উপস্থাপন কৰিবলৈ ঘনে ঘনে অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ। চিৰি ফৰ্ট,কামানী, শ্ৰীৰাম চেণ্টাৰ, ইণ্ডিয়ান হেবিটেট চেণ্টাৰ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষগৃহত অনুষ্ঠিত হয় বহুতো উচ্চমানদণ্ডৰ অনুষ্ঠান। ইয়াৰ উপৰিও নাট্য প্ৰদৰ্শনৰ দিশত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় হৈছে দেশৰ অন্যতম নাট্য শিক্ষানুষ্ঠান, য’ত প্ৰতিবছৰে অনুষ্ঠিত হয় দেশ বিদেশৰ কালজয়ী নাটসমূহ। ইয়াৰ উপৰিও দেশৰ ৰাজনৈতিক আৰু কূটনীতিৰ প্ৰাণকেন্দ্ৰ নতুন দিল্লীতে আছে দেশৰ প্ৰধানমন্ত্ৰী তথা অন্যান্য মন্ত্ৰী,সাংসদ আদিৰ চৰকাৰী বাসগৃহসমূহ। ২৪ আকবৰ ৰোড বুলি ক’লে যেনেদৰে বিৰোধী দল কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয় হিচাবে জনা যায়,ঠিক সেইদৰে ১১ অশোকা ৰোড বুলি কলে শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালয় হিচাবে জনা যায়। ঠিক সেইদৰে নতুন দিল্লীৰ চানক্যপুৰী হৈছে আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰ, কাৰণ ইয়াতেই আছে দেশ বিদেশৰ ৰাষ্ট্ৰদূত সকলৰ কাৰ্য্যালয়। বিভিন্ন বিখ্যাত খাদ্য সম্ভাৰৰ বাবে বিখ্যাত দিল্লীত যিদৰে আপুনি চাঁদনী চৌকৰ ‘পৰাথেৱালী গলি’ত বিভিন্ন প্ৰকাৰৰ পৰঠা খাবলৈ পাব, ঠিক তেনেদৰে নিজামুদ্দিন আৰু নিউ ফ্ৰেণ্ডচ কলনীত বিচাৰি পাব ক্ৰমান্বয়ে মোগল ৰান্ধনীশালৰ বিৰিয়ানী আৰু প্ৰখ্যাত আফগান ৰন্ধন চাৱৰ্মা। বুৰঞ্জীপ্ৰসিদ্ধ দিল্লীয়ে ইতিমধ্যে লালকিল্লা, কুটুব মিনাৰ, পুৰাণা কিল্লা আদিৰে নিজৰ ঐতিহ্য শ শ বছৰ ধৰি বহন কৰি আছে যদিও যোৱা এশটা বছৰত দিল্লীয়ে পাইছে আধুনিকতাৰ পৰশ,বিশেষকৈ যোৱা এটা দশকত নতুন দিল্লীয়ে লাভ কৰিছে অত্যাধুনিক প্ৰযুক্তিৰে এক অভিনৱ ৰূপ। সময়ে সময়ে বিভিন্ন বিতৰ্কৰ বাবে ই শিৰোনাম দখল কৰি থাকে যদিও দিল্লীয়ে আপোনাক বুজি পাবলৈ হ’লে আপুনিও দিল্লীক বুজি পাব লাগিব। উত্তৰ ভাৰতীয়ৰ আতিশায্য. হত্যা, হিংসা, ধৰ্ষন আদিৰে দিল্লীয়ে প্ৰায়েই শিৰোণামা দখল কৰি থাকে। কিন্তু দিল্লীক যদি এখন সেউজ, মিশ্ৰ সাংস্কৃতিক অথবা তথ্য প্ৰযুক্তিৰে উন্নত এখন ৰাজধানী হিচাবে চোৱা যায় তেন্তে দিল্লীৰ এক বেলেগ ৰূপ প্ৰত্যক্ষ হ’ব। দিল্লীত যিয়েই বহুবছৰ ধৰি কটাইছে তেওঁলোকে হয়তো ইয়াৰ মোহৰ পৰা আঁতৰি থাকিব নোৱাৰে সেয়া লাগিলে দক্ষিণ ভাৰতীয় এগৰাকীয়েই হওক, এগৰাকী গুজৰাটীয়েই হওক, এগৰাকী মাৰাঠীয়েই হওক অথবা এগৰাকী অসমীয়াই হওক। দিল্লীবাসী অসমীয়া সকলৰ বাবেও যেন নতুন দিল্লীখন এখন আপোন ঘৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি দিল্লীত থিতাপি লোৱা অসমীয়াৰ অসমৰ প্ৰতি থকা ভালপোৱাখিনি ঢালি দিয়ে এই দিল্লী মহানগৰীতে। অসমত যিদৰে মাঘৰ মেজি জ্বলে, দিল্লীতো জ্বলে অসমৰ বাপতি সাহোন মাঘ বিহুৰ মেজি,অসমত যেনেদৰে শংকৰদেৱৰ জন্মোত্সৱত খোল তালৰ শবদৰে ৰজন জনাই যায় নামঘৰ, দিল্লীতো প্ৰতিধ্বনিত হয় সেই খোলৰ শব্দ। কাৰণ হয়তো লাখ লাখ অসমীয়াৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মৰ সন্ধানত অহা সকলো লোকৰ দ্বিতীয়খন ঘৰেই হ’ল নতুন দিল্লী। তথ্যসূত্ৰ অধিক তথ্য Economic Survey of Delhi 2005–2006. Planning Department. Government of National Capital Territory of Delhi. Retrieved on 12 February 2007 Delhi: Adventures in a Megacity by Sam Miller (writer and journalist) বাহ্যিক সংযোগ Directory of Indian Government Websites, Delhi Government of National Capital Territory of Delhi Municipal Corporation of Delhi New Delhi Municipal Council অনান্য Delhi Online Travel Guide Delhi Restaurants Information about Delhi ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ ৰাজধানী নগৰ ভাৰতৰ বিশ্ব ঐতিহ্য আংশিক তালিকা
2196
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%82%E0%A6%AA%E0%A7%87%E0%A6%A8%20%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE
ভূপেন হাজৰিকা
ড॰ ভূপেন হাজৰিকা (, ১৯২৬-২০১১) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। হাজৰিকাই সংগীত, সাহিত্য, পৰিৱেশ্য কলা (), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল। সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। জন্ম আৰু পৰিয়াল ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ভাই-ভনী সকলো মিলি তেখেতসকলৰৰ মুঠ দহোটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ভূপেন হাজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী। ড॰ হাজৰিকাই তেখেতৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। তেখেতৰ পিতাকে প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়। শদিয়াত থাকোঁতে ভূপেন হাজৰিকাৰ ঘৰৰ লগত আদিবাসী মানুহৰ খুউব মিলা-প্ৰীতি আছিল। তেখেতলোকৰ ঘৰৰপৰা বহু দূৰৈত থকা বনুং গাঁওখনৰ মানুহে আহি কেঁচুৱা ভূপেনক চোৱা-চিতা কৰিছিল। তেওঁলোকে শান্তিপ্ৰিয়াক বৰ মৰম কৰিছিল। একোজনী আদিবাসী ছোৱালীয়ে পঞ্চলিছডাল জুইশলা কাঠী দিলে পঞ্চলিছদিন কাম কৰি দিছিল। বোধহয় তেওঁলোক বিনিময় প্ৰথাত বিশ্বাস কৰিছিল। ভূপেন হাজৰিকা ডাঙৰ হ‘লত ফুৰাবলৈ পেৰামবুলেটৰ (কেঁচুৱা ফুৰোৱা গাড়ী) কিনিবলৈ দেউতাক নীলকান্ত হাজৰিকাৰ ধন নাছিল। তেতিয়া ওচৰৰে চাহাব এজনে দেউতাকক মাতি নি তেওঁৰ ঘৰত থকা গাড়ী এখন উপহাৰস্বৰূপে দিছিল। সেইখন গাড়ীতে আদিবাসী ছোৱালীবিলাকে কেঁচুৱা ভূপেনক ঘূৰাই লৈ ফুৰাইছিল। মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল। পিছে ঘৰত সদায়েই ডাঙৰমইনা বুলি মাতিছিল। ভূপেন হাজৰিকা আছিল এনে এগৰাকী ব্যক্তি, যি সংগীতৰ জৰিয়তে আমাৰ সমাজখন সংস্কাৰ কৰিব বিচাৰিছিলি। অনাথবন্ধু দাস আৰু ভূপেন হাজৰিকা অনাথবন্ধু দাস আছিল ভূপেন হাজৰিকাৰ মোমায়েক। অনাথবন্ধু দাসে খুব সোনকালেই ১৯২৪ চনত; মাত্ৰ ২৩ বছৰ বয়সত ইহ-সংসাৰ ত্যাগ কৰিছিল। গীতে-মাতে সকলোতে আগৰণুৱা অনাথবন্ধু দাসৰ টাইফইড ৰোগ হৈছিল। ৰোগত আক্ৰান্ত হৈ থাকোঁতেই তেওঁ এদিন ভনীয়েক শান্তিপ্ৰিয়াক মাতি আনি তেওঁক ওচৰতে থকা নীলকান্ত হাজৰিকাৰ লগতে বিবাহ-পাশত আৱদ্ধ হ'বলৈ কৈছিল। কথাখিনি কোৱাৰ পিছদিনাই তেওঁৰ মৃত্যু হৈছিল। যেতিয়া ১৯২৬ চনত শদিয়াত শান্তিপ্ৰিয়াৰ গৰ্ভত ভূপেন হাজৰিকাৰ জন্ম হৈছিল, তেতিয়া নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা এখন টেলিগ্ৰাম প্ৰেৰণ কৰিছিল গুৱাহাটীৰ ভৰলুমুখৰ ঘৰলৈ; য’ত লিখা আছিল― "" দিনটো আছিল ৮ ছেপ্টেম্বৰ। টেলিগ্ৰামখন শান্তিপ্ৰিয়াৰ মাকে অৰ্থাৎ ভূপেন হাজৰিকাৰ আইতাকে ঘৰৰ সকলোকে দেখুৱাইছিল আৰু কৈছিল যে শান্তিৰ গৰ্ভত তেওঁৰ পুত্ৰ অনাথ আকৌ আহিছে। ভূপেন হাজৰিকা জন্ম হোৱাৰ ঠিক তিনি-চাৰিদিনৰ আগত আইতাকে হুলস্থূল লগাই সকলোকে কৈ ফুৰিছিল যে― “অনাথ আহিছিল মোৰ ওচৰলৈ।” আহি হেনো তেওঁক কৈছিল― “মা তই কিয় কান্দি থাক! মই গৈছিলোঁ, কিন্তু আকৌ আহিলোঁ নহয়। মই শান্তিৰ গৰ্ভত আকৌ আহিছোঁ।” ভূপেন হাজৰিকাৰ চাৰি নে পাঁচ বছৰ বয়সত আইতাকে এদিন কৈছিল― “তোক মই অনাথ বুলিহে মাতিম, ভূপেন বুলি নামাতোঁ।” তেওঁ ভাবিছিল যে, ২৩ বছৰ বয়সতে মৃত্যুবৰণ কৰা প্ৰতিভাৱান অনাথবন্ধু দাসেই শান্তিপ্ৰিয়াৰ গৰ্ভত পুনৰ ভূপেন হৈ উপজিছে। শৈশৱ আৰু শিক্ষা ড॰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৰ’ল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন ( '' ) বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল’শ্বিপ লাভ কৰিছিল। প্ৰাইমেৰী বিদ্যালয়ৰ এছোৱা সময় ভূপেন হাজৰিকাই ঘৰতে পঢ়িছিল। কাৰণ, ভৰলুমুখৰ আইতাকৰ ঘৰখনত প্ৰায় আটাইবোৰ সদস্যয়েই শিক্ষা-বৃত্তিৰ লগত জড়িত আছিল। দেউতাক আছিল কটন কলেজিয়েট হাইস্কুলৰ শিক্ষক, মাহীয়েক ভৱপ্ৰিয়া দাস মাছখোৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ককাক ৰতিকান্ত দাসো আছিল এজন শিক্ষক। তেওঁলোক আটায়ে মিলি ভূপেন হাজৰিকাক অ-আ-ক-খ শিকাইছিল। অংক বিষয়ত ভূপেন হাজৰিকাৰ বৰ মন নাছিল। তৃতীয় শ্ৰেণীলৈকে তেওঁ ঘৰতে পঢ়িছিল। তাৰপিছতহে তেওঁক সোণাৰাম হাইস্কুলত নাম লগাই দিয়া হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ছবছৰ। ভৰলুমুখৰ ঘৰত থাকোঁতেই মাহীয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম আনি দিছিল। তেওঁলোকৰ ওচৰতে থকা দাসগুপ্ত নে সেনগুপ্ত নামৰ এক্সাইজ ছুপাৰিণ্টেডেণ্ট এজনে অৰ্গেনত ব্ৰাহ্মসংগীত বজাইছিল। ভূপেন হাজৰিকাই সেইবোৰ শুনিছিল। ভূপেন হাজৰিকাৰ মাকে পদ্মধৰ চলিহাৰ গীত, ব্ৰাহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰসংগীত গাইছিল। ঘৰত বৰগীতৰ চৰ্চাও চলিছিল। এনেকৈয়ে সৰুতেই নিজৰ ঘৰখনত ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ লগত সাক্ষাৎ দেউতাক নীলকান্ত হাজৰিকা কটন কলেজিয়েট হাইস্কুললৈ অহাৰ কেইদিনমানৰ পিছতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ আহিছিল। পুনৰ ঘূৰি যোৱাৰ সময়ত তেওঁক কটন কলেজিয়েটৰ ছাত্ৰসকলকৰ বাৰ্ষিক সন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক সেই সন্মিলনৰ সভাপতি পতা হৈছিল। সেইদিনা আছিল ১৯৩০ চনৰ ৩০ অক্টোবৰ। দেউতাক নীলকান্ত হাজৰিকাই সৰু চুৰিয়া আৰু পাটৰ কুৰ্তা এটা পিন্ধাই শিশু ভূপেনক তালৈ লৈ গৈছিল। ভূপেন হাজৰিকাই তাতেই এটা গীত পৰিৱেশন কৰিছিল। তেওঁ গাইছিল: গীতটো তেওঁক শিকাইছিল মাহীয়েক ভৱপ্ৰিয়া দাসে। গীতটো শুনাৰ পাছত বেজবৰুৱাদেৱে শিশু ভূপেনক চুমা এটা খাইছিল। চুমাটো খোৱাৰ আগতে বেজবৰুৱাই "মই পাপী মানুহ, ই বৰ পৱিত্ৰ ল'ৰা" বুলি কৈ চৌকিদাৰৰ হতুৱাই পানী এগিলাচ অনাইছিল। কাৰণ সেই সময়ত তেওঁৰ মুখত তামোল আছিল। সেই পানীৰে কুল কুল কৰি উঠিহে বেজবৰৱাই ভূপেন হাজৰিকাৰ কপালত চুমা এটা খাইছিল আৰু কৈছিল― "খুব ডাঙৰ শিল্পী হ'বা তুমি। " উল্লেখযোগ্য যে, তাৰ পিছদিনাই বেজবৰুৱাই হাওড়ালৈ ৰাওনা হৈছিল। পাছদিনা সাদিনীয়া অসমীয়াত খবৰ ওলাইছিল― "নীলকান্ত হাজৰিকাৰ ল'ৰা শ্ৰীমান ভূপেন হাজৰিকাই গান গালে।" প্ৰণিধানযোগ্য যে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণতো এই বিশেষ সাক্ষাতটোৰ বিষয়ে উল্লেখ কৰা আছে। তেজপুৰত শৈশৱকাল ১৯৩৩ চনত গুৱাহাটীৰ সোণাৰাম স্কুলত তৃতীয় শ্ৰেণীত নামভৰ্তি কৰোৱাৰ পাছত কিছুদিন তেওঁলোক গুৱাহাটীত আছিল। ১৯৩৫ চনত বিদ্যালয়ৰ সহ-পৰিদৰ্শক (ছাব ইনস্পেক্টৰ অৱ স্কুল্‌ছ) হৈ নীলকান্ত হাজৰিকা ধুবুৰীত থাকে। ধুবুৰী প্ৰাইমেৰী স্কুলত ভূপেন হাজৰিকাই এবছৰ পঢ়ে। তাৰপিছত ১৯৩৬ চনত দেউতাক তেজপুৰলৈ বদলি হৈ আহে ছাব-ডেপুটী-কালেক্টৰ হৈ। অৰ্থাৎ নীলকান্ত হাজৰিকা এইবাৰ মাটিৰ হাকিম হ'ল। ১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুলত নাম লগাই দিছিল ক্লাছ ছিক্সত। তেজপুৰতেই ভূপেন হাজৰিকাই বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাক্ষাৎ লভে। লগতে পাৰ্ৱতি প্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা আদিৰ নাম শুনে, চিনাকি হয়। তেজপুৰত বঙালী ষ্টেজত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। লগতে সোণৰ মেডেল এটাও পায়। ১৯৩৭ চনত ১১ বছৰ বয়সত ভূপেন হাজৰিকাই প্ৰথমটো গীত ৰচনা কৰে। গীতটো আছিল: বিষ্ণু-জ্যোতিৰ সান্নিধ্য তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ আগে-আগে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মা এখন বিদেশী গাড়ীত উঠি নীলকান্ত হাজৰিকাৰ ঘৰলৈ আহিছিল। সেইসময়ত বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদক ককাইদেউ বুলি সম্বোধন কৰিছিল। ভূপেন হাজৰিকা ক্লাছ ছেভেনত। প্ৰাৰম্ভিক চা-চিনাকিৰ পাছত তেওঁলোকে দেউতাকৰ আগত ভূপেনক কলিকতালৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে। গীত এটাৰ ৰেকৰ্ডিঙৰ বাবে। দেউতাক সন্তামত হ’ল। তাৰপিছত কলিকতালৈ যোৱাৰ আগে-আগে জ্যোতি-বিষ্ণুৰ লগত ভূপেন হাজৰিকাৰ গানৰ খুব আখৰা হ'ল। খেয়াল গাবলৈ অসুবিধা পোৱা ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদে প্ৰকাশভংগী শিকালে আৰু বিষ্ণু প্ৰসাদে কেইটামান সৰু সৰু খেয়াল শিকাই দিলে। যথা সময়ত ৰঙাপাৰাৰ পৰা তেওঁলোকৰ কলিকতা-যাত্ৰা আৰম্ভ হ’ল। কলিকতাত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিদ্যুৎ গতিৰে গীত লিখিলে। দিনে-নিশাই সুৰ সংযোজন কৰিলে। শোণিত কুঁৱৰী আৰু জয়মতী কুঁৱৰীৰ গীত ৰেকৰ্ডিং হ'ল। এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী 'হিজ্ মাষ্টাৰ্ছ ভইচ' তেতিয়া দমদমত আছিল। ভূপেন হাজৰিকাক জয়মতী কুঁৱৰী আৰু শোণিত কুঁৱৰীৰ নাৰী-কণ্ঠৰ গীতবোৰ গাবলৈ দিয়া হৈছিল। কাৰণ ভূপেন হাজৰিকাৰ মাতটো সৰু আছিল। ইয়াৰ পিছত জ্যোতি-বিষ্ণুৱে ভূপেন হাজৰিকাৰ হতুৱাই ‘কাষতে কলচী লৈ’, ‘উলাহেৰে নাচি বাগি হ’লি বিয়াকুল’, ‘বিশ্ববিজয়ী ন-জোৱান’ আদি গীত কেইটামান ৰেকৰ্ড কৰোৱালে। এদিন অৰোৰা ফিল্মত ৰেকৰ্ডে মুক্তি পালে। ক’ভাৰত দিয়া হৈছিল ভূপেন হাজৰিকাৰ ছবি। নেভী ব্লু ৰঙৰ হাফপেণ্ট, বগা শ্বাৰ্ট, আধা টাই পিন্ধা আৰু সোণৰ মেডেল পিন্ধা ছবি এখন। কলিকতাত গীত ৰেকৰ্ডিং কৰি এদিন ভূপেন হাজৰিকা ঘৰ ওলালহি। তাৰপিছত পৰীক্ষাত বহিল আৰু পাছো কৰিলে। অংকত খুব কম নম্বৰ পাইছিল। সম্ভৱতঃ ৩১। কৰ্মজীৱন ড॰ হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল। নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল। তেখেতে কাৰ্যনিবাহ কৰা অন্য পদসমূহ হ'ল: চেয়াৰমেন, এপেলেট বডী অৱ চেণ্ট্ৰেল বৰ্ড অৱ ফিল্ম চেঞ্চৰ্ছ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ মেম্বাৰ, স্ক্ৰীপ্ট কমিটী অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দ্য বৰ্ড অৱ ডাইৰেক্টৰ্ছ অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰ এক্‌জিকিউটীভ কাউনঞ্চিল মেম্বাৰ, চিল্ড্ৰেঞ্চ ফিল্ম ছ'চাইটী মেম্বাৰ, বৰ্ড অৱ ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্ট্‌ছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ চেয়াৰমেন, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্‌ছ, ১৯৮৫ জুৰী মেম্বাৰ, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্‌‌ছ, ১৯৫৮-ৰ পৰা ১৯৯০-লৈকে কেইবাবাৰো মেম্বাৰ, পি চি জোশী কমিটী। এই কমিটী ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত ছফ্টৱেৰ প্ৰ’গ্ৰেমিঙত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল। মেম্বাৰ, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পলিচী মেকিং বডী, ভাৰত চৰকাৰ পল ৰ’বচনক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰত থাকোঁতেই ভূপেন হাজৰিকাই আমেৰিকাৰ গণ-অধিকাৰ আন্দোলনৰ লগত জড়িত আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা পল ৰ’বচনক লুকাই লুকাই লগ কৰিবলৈ গৈছিল। সেই কাৰণে তেওঁক বহুতেই ‘কমিউনিষ্ট’ বুলি ধৰি লৈছিল। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিতে ভূপেন হাজৰিকালৈ ফোন কৰি সাৱধানবাণী শুনাইছিল— “তই বৰ দুষ্ট হৈ গৈছ। আমাৰ পইচা লৈ তই ইয়াত সেই ৰঙা-নীলাবিলাকৰ মাজতে ঘূৰি ফুৰিছ।” পল ৰ’বচনে সেই সময়ত গঢ়ি তোলা উগ্ৰ ৰক্ষণশীলতা বিৰোধী আন্দোলনবোৰৰ প্ৰতি ভূপেন হাজৰিকাৰ নৈতিক সমৰ্থন আছিল। আমেৰিকা এৰিবৰ প্ৰাক্-মুহূৰ্তত ভূপেন হাজৰিকা পল ৰ’বচনৰ ওচৰলৈ গৈছিল আৰু লণ্ডনলৈ যাব বুলি কৈছিল। ৰ'বচনে ভূপেন হাজৰিকাক লণ্ডনত থকা ৰজনীপাম দত্তক সাক্ষাৎ কৰিবলৈ কৈছিল। পল ৰ’বচনে ভূপেন হাজৰিকাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ভূপেন হাজৰিকাই সেয়েহে কৈছিল— “তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে ছুই গ'ল‌। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ'ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ‌। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে‌। … তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল‌। একলব্যৰ দৰে দূৰৈৰপৰা তেওঁৰ ধুমুহা-সদৃশ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে ওচৰ চাপিছিলোঁ‌।” উল্লেখযোগ্য যে, পল ৰ’বচনৰ '' গীতটো ভূপেন হাজৰিকাই ‘আমি একেখন নাৱৰে যাত্ৰী’ৰ ৰূপত বিভিন্ন প্ৰসংগত গাইছে। ব্যক্তিগত জীৱন ১৯৫০ চনত নিউয়ৰ্কত ড॰ হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয়। ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ১৯৬৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়। ড॰ হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়ম্বদা পেটেল কানাডাৰ অ’টৱাত আছিল। পৰৱৰ্তীকালত ড॰ হাজৰিকাৰ ‘ৰু’দালি’, ‘দমন’, ‘এক পল’ আদি খ্যাত চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে। জীৱনৰ শেষ কালচোৱাত তেখেত ঘনিষ্ঠ বান্ধৱী, চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্ত্বাবধানত মুম্বাইত আছিল। ২০১৮ চনৰ ৩০ অক্টোবৰত কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ‘ভূপেন হাজৰিকা: এজ আই নিউ হিম’ () প্ৰকাশ পায়। এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে। সেইসময়ত ভূপেন হাজৰিকাৰ বয়স আছিল পঞ্চলিছ। বংশলতা সমালোচকৰ দৃষ্টিত ভূপেন হাজৰিকা অসমৰ বিশিষ্ট লেখক, প্ৰবন্ধকাৰ আৰু অধ্যাপক ড° হীৰেন গোঁহায়ে ড° ভূপেন হাজৰিকাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে যে- ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা আগবঢ়াই লেখিকা-সমালোচিকা ড° বৰ্ণালী বৰুৱা দাসে নিজৰ গ্ৰন্থ 'গভীৰ আস্থাৰ গান'ত লিখিছে- মৃত্যু বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ। মৃত্যুৰ পিছত হাজৰিকাৰ নশ্বৰদেহ গুৱাহাটীলৈ অনা হয় আৰু ৯ নৱেম্বৰৰ দিনা অন্তিম সংস্কাৰ কৰা হয়, য’ত প্ৰায় ৫ লাখ জনতাই ভাগ লয়। তেখেতৰ সমাধিক্ষেত্ৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। সমাধিক্ষেত্ৰখনত ‘সোণোৱালী সোঁৱৰণি’ নামৰ এক তিনি মহলীয়া সংগ্ৰহালয়ো আছে, য’ত ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰ আছে। শিল্প আৰু সাহিত্য পাঁচবছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ড॰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত 'শোণিত কুঁৱৰী' আৰু 'জয়মতী' নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত 'উলাহতে নাচিবাগি হ'লি বিয়াকুল' আৰু 'কাষতে কলচী লৈ' গীত দুটিও বাণীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাপে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৫৫ চনত দিল্লী অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰে। ড॰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰ'বচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰ'বচনৰ ''-ৰ অৱলম্বনতে তেখেতে তেখেতৰ 'বিস্তীৰ্ণ পাৰৰে' গানটো ৰচনা কৰে। পাছত ইয়াৰ বঙালী আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়। আন কিছু উল্লেখযোগ্য ভূপেন্দ্ৰ সংগীতসমূহ হৈছে: 'সাগৰ সংগমত কতনা সাঁতুৰিলোঁ', 'জিলিকাব লুইতৰ পাৰ', 'অ' বিদেশী বন্ধু', 'মেঘে গিৰ্‌ গিৰ্‌ কৰে', 'বিমূৰ্ত মোৰ নিশাটি' আদি। সাহিত্যৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে। তেখেতৰ বেছিভাগ গান তেখেতে নিজে ৰচনা কৰা। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেত 'নিউ ইণ্ডিয়া' পত্ৰিকাৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল। ১৯৬৫ চনত তেখেত কলা বিষয়ক 'গতি' আলোচনীৰ চাৰিটা খণ্ড, ১৯৭০ চনত ক্ষুদ্ৰ আলোচনী 'বিন্দু'-ৰ আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী 'আমাৰ প্ৰতিনিধি', আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰত পষেকীয়া আলোচনী 'প্ৰতিধ্বনি'ৰ সম্পাদক আছিল। শিশুসকলৰৰ বাবেও ভূপেন হাজৰিকাই 'ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ' নামৰ অসমীয়া আখৰ-চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল। অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত হাজৰিকাৰ সাহিত্যকৰ্মৰ বাবে 'সাহিত্যাচাৰ্য' উপাধি প্ৰদান কৰে। চলচ্চিত্ৰপঞ্জী ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰা বাটৰ সুৰ মুক্তি পায় ১৯৫৬ চনত। তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে শকুন্তলা (১৯৬১), প্ৰতিধ্বনি (১৯৬৪), লটিঘটি (১৯৬৬), চিকমিক বিজুলী (১৯৬৯), ছিৰাজ (১৯৮৮) আদি। চলচ্চিত্ৰ পৰিচালনাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী তথা আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত ১৯৭৫ চনৰ ছবি চামেলি মেমচা'বত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবৰ সক্ষম হয়। জনপ্ৰিয় সংস্কৃতিত হাজৰিকাক কেন্দ্ৰ কৰি ৰেঙনি চেনেলত “যাযাবৰ-দ্য লিজেণ্ড” শীৰ্ষক এখন ধাৰাবাহিক সম্প্ৰচাৰিত হয়। ছবিখনৰ চিত্ৰনাট্য, সংলাপৰ লগতে ইয়াৰ পৰিচালনাৰ দায়িত্বত আছে কণ্ঠশিল্পী ও নিৰ্মাতা সদানন্দ গগৈ। এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়াণে। ভূপেন হাজৰিকাৰ শিক্ষা জীৱনকে আদি কৰি তেওঁৰ সৃষ্টি তথা তেওঁ জীৱন পৰিক্ৰমাৰ আটাইবোৰ বস্তুকেই এই ধাৰাবাহিক খনত উপস্থাপন কৰা হৈছে। এই ধাৰাবাহিকখনত অভিনয় কৰিছে চেতনা দাস, আইমী বৰুৱা, কিশোৰ চৌধুৰী, মনোজ কুমাৰ দাস, এনিশা শৰ্মা, নন্দিনী কাশ্যপ, ৰূপম বৰুৱা, দেৱজিৎ হাজৰিকা, ৰাজশ্ৰী আগৰৱাল, সমীৰণ পোদ্দাৰ, কবিতা দুৱৰা, ৰূপম অনুৰাগ, ৰূপজ্যোতি দাস, জুলী লহকৰ, প্ৰশান্ত দাস, গৌতম পাঠক, অঞ্জন জ্যোতি বওজ, স্পেইনী, শ্ৰেয়াছ মল্ল বুজৰবৰুৱা আৰু ৰাজদ্বীপ বৰায়ে। বঁটা আৰু কৃতিত্ব ১৯৬১ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। ১৯৬৪ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰাঞ্চৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল। ১৯৬৬ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘লটিঘটি’ প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে। ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলি মেমচা'ব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে 'ৰজত কমল বঁটা' আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে। ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ 'আমি এক যাযাবৰ' বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে। ১৯৭৭ চনত পশ্চিমবংগৰ ‘বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি’য়ে ‘দম্পতী’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাচিছিল। ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে। ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে 'বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ'ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল। ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক 'মেৰা ধৰম মেৰি মা' নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল। মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা (১৯৭৯) ১৯৮৭ চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে। ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল। ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৯৩ চনত ড॰ হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে। ২০০১ চনত পদ্মভূষণ বঁটা লাভ কৰে। ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে। ২০০৬ চনত তেওঁৰ বঙালী গীত "মানুষ মানুষেৰ জন্য" বিবিচি বঙালীৰ শ্ৰোতা জৰীপত "সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী গীত"ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে। ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে। ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে। ২০১২ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত হয়। ২০১৯ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়। গুগল ডুডল গুগলে হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উদযাপন কৰি এটা ডুডল উছৰ্গা কৰিছিল। এই ডুডলটো আছিল এটা ক্লে ৱৰ্ক। হাৰমনিয়াম বজাই থকা অৱস্থাত হাজৰিকাৰ এই ডুডলটোৰ সৃষ্টি কৰিছে মুম্বাইৰ অতিথি শিল্পী, গ্ৰাফিক ডিজাইনাৰ, কলা পৰিচালক আৰু চিত্ৰকৰ ৰুতুজা মালিয়ে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভূপেন্দ্ৰ সংগীত‎ৰ কথা ভূপেন হাজৰিকা ডিজিটেল আৰ্কাইভ ভূপেন হাজৰিকাই সম্পাদনা কৰা ক্ষুদ্ৰ আলোচনী "বিন্দু"ৰ প্ৰথম সংস্কৰণ The song of Bhupen Hazarika, The Times of India, 19 October 2002 Subcontinent Mourns an Indian Folk Hero: Choudhury, Bloomberg, 9 November 2011 The unsung genius of Assam's balladeer - Bhupen Hazarika (1926-2011), The Hindu, 5 November 2011 Assamesegyan অসমৰ ব্যক্তি‎ মৃত ব্যক্তি‎ অসমীয়া কণ্ঠশিল্পী‎ অসমীয়া গীতিকাৰ অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক বঙালী চলচ্চিত্ৰৰ সংগীত পৰিচালক অসমৰ চলচ্চিত্ৰ পৰিচালক‎‎‎ অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি‎ অসম সাহিত্য সভাৰ সভাপতি«‘’» পদ্মশ্ৰী বঁটা বিজয়ী পদ্মবিভূষণ বঁটা বিজয়ী পদ্মভূষণ বঁটা বিজয়ী ভাৰত ৰত্ন বঁটা বিজয়ী শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী দাদাচাহেব ফাল্কে বঁটা বিজয়ী সংগীত নাটক একাডেমী বঁটা বিজয়ী শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী ভাৰতীয় চলচ্চিত্ৰ সংগীতকাৰ অসম ৰত্ন বঁটা বিজয়ী
2208
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%B2%E0%A7%8B%E0%A6%95-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF
অসমীয়া লোক-সংস্কৃতি
কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল। অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰতীক বিভিন্ন প্ৰতীক আৰু বস্তুৱে সংস্কৃতি এটাৰ পৰিচয় বহন কৰে। অসমীয়া সংস্কৃতিৰ মাজত দেখা এনে কিছুমান সম্পদ হ'ল- তামোল-পাণ তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ। ইয়াৰ ব্যৱহাৰ অসমৰ ঘাইকৈ গাঁৱৰ বাসিন্দাসকলৰ বাবে এক অপৰিহাৰ্য আৰু এক সন্মানীয় বস্তু। তেওঁলোকে সাধাৰণতে ভোজনৰ পিছত তামোল-পাণ খাই মুখ শুদ্ধি কৰে। গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, সন্মানীয় সকলক, বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক প্ৰথমেই তামোল-পাণ আগবঢ়াই সন্মান কৰে। সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনায়। দোষী জনেও তামোল-পাণ আগবঢ়ায় ক্ষমা-ভিক্ষা মাগে। অসমৰ কিছুমান ঠাই বিশেষে ইয়াক ইয়াক গুৱা-পাণ বুলিও কোৱা হয়। শৰাই শৰাই () অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ। ই একাধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন, নৈৱেদ্য-পাত্ৰ আৰু উপহাৰ তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মাণ কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়। অসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ'ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। বুৰঞ্জী সমূহত শৰাইৰ প্ৰথম উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ শৰাই(টাই‌ ভাষাত "ফুন" কোৱা‌ হয়) শৰাই উপহাৰ দিছিল। চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল‌ কৰিও আন সামগ্ৰীৰ লগতে শৰাই লাভ কৰিছিল। ইয়াৰ উপৰিও ১৫২৪ত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে "মাইহাং" শৰাই পোৱা উল্লেখ আছে। মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাচিছিল। ব’হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পান সহ টকা এটি শৰাইত আগবঢ়োৱাটো পুণ্যৰ কাম হিচাপে গণ্য কৰা হয়। গামোচা গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়। অসমীয়া গামোচাখন শদিয়া অঞ্চলত সৃষ্টি হৈছিল। সেইবাবে দেউৰী সকলে আজিও সেই পুৰণি ৰূপতে গামোচাখন ব্যৱহাৰ কৰি আহিছে। শদিয়াৰ গামোচাৰ বিশয়ে বিহু নামত এনেদৰে উল্লেখ পোৱা‌ যায়।গামোচা অসমীয়াৰ বাহিৰেও বঙালী, বিহাৰী আৰু ওড়িয়া মানুহেও ব্যৱহাৰ কৰে, অৱশ্যে অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামোচাৰ বহুখিনি পাৰ্থক্য আছে আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিছাপে ব্যৱহাৰ কৰে কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ হোৱা দেখা যায়। নামনি অসমত গামোচাক "গাম্‍চা", "মুক্‍চা" বা "দুহেইটা" আদি নামেৰে জনা যায়। কে। কপাহী, পাট আদি সূঁতাৰে ইয়াক তৈয়াৰ কৰা হয়। জাপি জাপি, অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। ই অসমৰ লোককলাৰ এক নিদৰ্শন। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্ৰচলিত। বহু পুৰণি কালৰে পৰা অসমত জাপি ব্যৱহৃত হৈ আহিছে। মূলতঃ আগৰ দিনত ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈকে জাপি ব্যৱহৃত হৈছিল। জাপি কেইবাপ্ৰকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ'ল বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, সৰুদৈয়া জাপি ইত্যাদি। ইয়াৰে কিছুমান উকা আৰু কিছুমান ফুলাম। উকা বৰজাপিবোৰ সাধাৰণতে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষক বনুৱা সকলে ব্যৱহাৰ কৰিছিল। আনহাতে ফুলাম জাপিবোৰ ব্যৱহাৰ কৰিছিল সম্ভ্ৰান্ত ঘৰৰ মানুহে। পুৰণি বিহু গীতত জাপি শব্দটোৰ প্ৰয়োগ ঘটিছিল বহুলভাৱে। আগৰ দিনত বিভিন্ন উৎসৱ পাৰ্বনতো সম্ভ্ৰান্ত ঘৰৰ মানুহে আৰু সত্ৰাধিকাৰ সকলে বৰজাপি ব্যৱহাৰ কৰিছিল। নাম প্ৰসংগ আদিত খুটা এটা পুতি তাত ফুলাম বৰজাপি এটা থৈ তাৰ তলত মাহ প্ৰসাদ এক নিয়ম আছিল। জাপি অসমত কামৰূপ ৰাজ্যৰ দিনৰ পৰা সন্মানীয় সম্পদ হিচাপে ব্যৱহাৰ হৈ আহিছে। হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল। ইয়াৰ পাছত জাপিৰ উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল। ইয়াৰ পাছত চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল‌ কৰি বহুতো জাপি লাভ কৰিছিল। আহোম ৰাজত্ব কালতো জাপিৰ ব্যাপক প্ৰচলন আছিল। চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপিসজিয়া বুলি এটা খেল ৰাখিছিল যিটো খেলৰ লোকে পাছলৈ আহোম ৰজা সকলৰ কাৰণেও জাপি নিৰ্মাণ কৰিছিল। বিষয়ববীয়াৰ পদৰ ওপৰত ভিত্তি কৰি জাপিৰ প্ৰচলন আছিল। উদাহৰণস্বৰূপে, বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্ৰগোঁহাই আদি বিষয়াসকলে সোণৰ চুলাৰে নিৰ্মত পানী জাপি আৰু টুপী জাপি ব্যৱহাৰ কৰিছিল। বৰফুকন সকলে পিন্ধিব পাৰিছিল ৰূপৰ চুলাৰে নিৰ্মিত পানী আৰু টুপি জাপি। পাছলৈ অসমীয়া সমাজত ছাতিৰ প্ৰচলন ঘটাত জাপিৰ ব্যৱহাৰ কমি গ'ল। অৱশ্যে এতিয়াও গাওঁ অঞ্চলত কৃষক সকলৰ মাজত বৰজাপিৰ প্ৰচলন দেখা যায়। পুৰনি কালত বিহু নৃত্যত জাপিৰ প্ৰচলন নাছিল, ই আছিল মাত্ৰ ৰ'দ বৰষুণৰ পৰা আত্মৰক্ষাৰ এক উপায়। আজিকালি প্ৰায়ে বিহুত সৰু সৰু জাপি লৈ নাচনীয়ে বিহু নৃত্য কৰা দেখা যায়। এইবিধেই হ'ল সৰুদৈয়া জাপি। বিহুত জাপিৰ প্ৰচলন নতুন। আধুনিক কালত কৰ্মক্ষেত্ৰত জাপিৰ প্ৰচলন প্ৰায়েই নাই। কিন্তু ইয়াক গৃহসজ্জাৰ বাবে ব্যৱহাৰ কৰা হয়। নামনি অসমত জাপিক 'ঝাপি' বুলিও কোৱা হয়। অসমীয়া সংস্কৃতিৰ উৎসৱ-অনুষ্ঠান বিহু বিহু অসমৰ জাতীয় উৎসৱ, অসমীয়া লোকসকলে পালন কৰা তিনিটা লোক উৎসৱৰ সমষ্টি। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা- খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত"। ব’হাগ বিহু বা ৰঙালী বিহু: ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে। কাতি বিহু বা কঙালী বিহু: আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়। মাঘ বিহু বা ভোগালী বিহু: পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি। মে-ডাম-মে-ফী মে-ডাম-মে-ফী () হ'ল টাই-আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা। এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে প’মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফী মানে হ'ল দেও বা দেৱতা। অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফী পালনৰ বাবেও এখন পূজাবিধি আছে যাক আহোম ভাষা বা টাই ভাষাত খেক্-লাই বুলি জনা যায়। প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘ফী’ক উপাসনা কৰে। এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পূজা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পূজা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পূজাৰ স্থান ৰান্ধনিঘৰৰ দাম খুটাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়। আলি আঃয়ে লৃগাং অসমৰ মিচিং জনজাতিসকলৰ উৎসৱ আলি-আই-লৃগাং এটা কৃষি বিষয়ক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে। মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচা বুজায়। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে। চমাংকান অসমৰ কাৰবি আংলং, ডিমা হাছাও, উত্তৰ-কাছাৰ, নগাওঁ, শিৱসাগৰ, কামৰূপ আৰু শোণিতপুৰ জিলাত বসবাস কৰা কাৰবি জনগোষ্ঠীৰ মৃতকৰ সৎকাৰৰ লগত সম্পৰ্কিত অনুষ্ঠানটোৱেই হল চমাংকান। কাৰবিসকলৰ বাদে অসম তথা ভাৰতবৰ্ষৰ আন কেনো জনগোষ্ঠীৰ মাজত মৃতকৰ সৎকাৰ অনুষ্ঠানটো ইমান বেছি বহল আৰু আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা দেখা নাযায়। চমাংকান শব্দটোৰ আক্ষৰিক অৰ্থ হল খাচী নৃত্য। কাৰবি ভাষাত চমাংৰ অৰ্থ খাচী আৰু কান মানে নৃত্য। কিন্তু উল্লেখযোগ্য কথা হল চমাংকান নামৰ কোনো নৃত্যৰ প্ৰচলন খাচীসকলৰ মাজত দেখা পোৱা নাযায়া। চমাংকান শব্দটোৰ বুৎপত্তি বিষয়ক বিভিন্ন ব্যাখ্যা কাৰবিসকলৰ মাজত পোৱা যায়। এটা ব্যাখ্যা অনুযায়ী কাৰবি ভাষাত চমাং মানে যম বা খাছি আৰু কান বা কেনান মানে উৎসৱ বা নাচ। সেই অৰ্থত যম বা মৃতলোকৰ উৎসৱ অথবা খাছীসকলৰ মাজত প্ৰচলিত নৃত্য-গীত এই অৰ্থহে চমাংকানৰ সৈতে খাপ খায়। কাৰিবসকলৰ চমাংকান উৎসৱত ডেকা-গাভৰুৱে নচা নিমছ’কেৰুং নাচৰ সৈতে খাছীসকলৰ নংক্ৰেম নাচ আৰু এই চমাংকান উৎসৱতে ঢাল-তৰোৱাল লৈ নচা চমছিনাং ৰণ নৃত্যৰ সৈতে খাছীসকলৰ আন এটা ৰণনৃত্য পাছতিয়েচ বা মাছতিয়েচৰ বিশেষ মিল আছে (B.N. Bordoloi: Chamangkan, the death ceremony performed by the Karbis. 1982 & Hamlet Bareh: The History and Culture of the Khasi People, 1967)। কাৰবিসকলৰ মাজত প্ৰচলিত এক কিংবদন্তি মতে কাৰবি প্ৰখ্যাত যোদ্ধা আৰু সমাজ সংস্কাৰক থিৰেংৱাংৰেঙৰ লগত থকা যমৰাজৰ মিতিৰ সম্পৰ্কৰ (তেওঁলোকৰ বিশ্বাস মতে থিৰেংৱাংৰেঙে যমৰজাৰ জীয়েকক বিয়া কৰাইছিল) সুবাদতে তেওঁ যমৰজাই পালন কৰা নৃত্য উপভোগ কৰাৰ সুবিধা পাইছিল। আৰু তাৰ পৰাই চমাংকান শব্দটোৰ অৰ্থ বিশ্লেষণত চম শব্দৰ অৰ্থ যম আৰু কানৰ অৰ্থ নৃত্য-গীত বুলি কব খোজে বিভিন্নজনে। থিৰেংৱাৰেঙৰ প্ৰচলিত কিংবদন্তিটো আকৌ আন এচামৰ মতে অন্য ধৰণৰ। তেওঁলোকৰ মতে এই থিৰেংৱাৰেঙে মানুহৰ আত্মাই যমপুৰীত ভোগা দুৰ্ভোগ দেখি ইয়াক লাঘৱ কৰাৰ উদ্দেশ্যে মৃত্যুৰ অধিপতিগৰাকীক সন্তুষ্ট কৰাৰ বাবে উৎসৱৰ প্ৰৱৰ্তন কৰিছিল। আৰু এই চম-আৰং-আকান অৰ্থাৎ যমপুৰীৰ উৎসৱৰ পৰাই সময়ত চমাংকান হিচাপে ই পৰিচিতি লাভ কৰিছিল। কাৰবিসকলৰ মাজত প্ৰচলিত অন্য এটা জনশ্ৰুতি মতে চুমুং চামাৰ ফৈদৰ কাৰ্বি চিকাৰী এজনে কুকুৰ মেলি দি চিকাৰত এদিনাখন গুঁই এটা পালে আৰু তাক মাৰিব খোজোঁতে সি মৃতলোকৰ পৰা অহা কথাটো জনাই প্ৰাণ ৰক্ষাৰ বাবে কাকূতি-মিনতি কৰিলে। তাৰ বিনিময়ত সি চিকাৰীজনক যমৰাজ্য দেখুৱাৰ দায়িত্ব ললে। সেই মতে চিকাৰীজনে যমৰাজ্যলৈ গৈ উভতি আহি মৃতকৰ উদ্ধাৰৰ বাবে চমাংকান শ্ৰাদ্ধ-বিধিৰ প্ৰচলন কৰিলে। অন্য এক বিশ্বাস মতে – কাৰিবসকলৰ মৃতকৰ উৎসৱলৈ ওচৰৰ কাৰবি গাঁৱৰ লোকক নিমন্ত্ৰণ কৰাৰ পৰাও চমাংকান নামটোৰ উৎপত্তি সম্পৰ্কিত। ওচৰৰ গাঁৱৰ পৰা অহা নিমন্ত্ৰিত এনে দলক কাৰবি ভাষাত চমফাং বোলে। এই বেলেগ বেলেগ দলৰ সমূহীয়া নৃত্য-অনুষ্ঠানক আকৌ চমফাংকান বোলে। কালক্ৰমত এই চমফাংকানৰ ফ লোপ পাই চমাংকান হল বুলি বহুতে ধাৰণা কৰে। কাৰবিসকৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান চমাংকান মূলতঃ ব্যক্তিকেন্দ্ৰিক অনুষ্ঠান হলেও বৰ্তমান ই উৎসৱৰ ৰূপ পৰিগ্ৰহ কৰিছে। কাৰবি জনজীৱনক প্ৰতিফলিত কৰা এক বহুৰঙী সাংস্কৃতিক অনুষ্ঠান হৈ পৰিছে। চমাংকানৰ পটভূমিতে কাৰবি কলা-সংস্কৃতিৰ আটাইবোৰ উপাদানৰ সমন্বয় ঘটি উৎসৱৰ মৰ্যাদা প্ৰাপ্ত হৈ উঠিছে। কাৰবি সংস্কৃতিৰ উপাদানবোৰ যেন চমাংকানৰ সৈতে সংপিক্ত হৈ এক সাংস্কৃতিক সমন্বয়ৰহে সৃষ্টি সম্ভৱ হৈ উঠিছে। চমাংকানৰ মুখ্য লোক হল উচেপী আৰু দুইহুদি। উচেপীগৰাকী বৃদ্ধ বা বয়সস্থা মহিলা হয়। তেওঁৰ প্ৰধান কাম হল মৃতকৰ উদ্দেশ্যে ভাত ৰন্ধা আৰু মৃতকৰ তথা মৃতকৰ পৰিয়ালৰ গুণানুকীৰ্তন কৰি উচুপি উচুপি কন্দা। মৃতকৰ উদ্দেশ্যে ৰন্ধা ভাত তেৱেঁই উছৰ্গা কৰে। আনহাতে দুইহুদি হল ঢোলবাদক। সাধাৰণতে চমাংকানত দুজন দুইহুদি থাকে। এজন মুখ্য আৰু আনজন পালি। তেওঁলোকেও এই উৎসৱৰ আৰম্ভণিৰে পৰা শেষলৈকে বিভিন্ন কাৰ্যসূচীত খাপ খোৱাকৈ ঢোল বজায়। চমাংকান উৎসৱত মাতৃপক্ষৰ লোকসকলে প্ৰধান ভূমিকা লয়। কাৰবি লোকবিশ্বাসত মানুহ আৰু আত্মা একে নহয়। দেহটো জুইত দহন কৰি পেলালেও আত্মাৰ দহন নহয়, আত্মা যম ৰাজ্যলৈ গুচি যায়। কিন্তু মাজবাটতে কোনো টঙিঘৰত আশ্ৰয় লয়, শেষত পৰিয়ালৰ মানুহে চমাংকান বা দহাৰ কাম সম্পন্ন কৰিলেহে আত্মা স্বৰ্গলৈ গৈ থিতাপি লয়। আৰু কিছুদিনৰ পাছত পুনৰ নিজৰ পৰিয়ালতে পুনৰ্জন্ম লয়। পঃৰাগ বৈশাগু ফাৰকান্তি অসমীয়া সংগীত শাস্ত্ৰীয় সংগীত বৰগীত বিহুগীত আধুনিক সংগীত অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত সাজ-পাৰ বিষয়ে চেলেং চাদৰ মেখেলা ৰিহা অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত আ-অলংকাৰ দুগদুগি কেৰুমণি থুৰীয়া গাম খাৰু জোনবিৰি ঢোলবিৰি অসমীয়া সংস্কৃতিৰ শিল্প-কলা অসমীয়া সংস্কৃতিৰ বোলছবি অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত ডo ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য। যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জড়িত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তদুপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্থানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে। অসমৰ চলচ্চিত্ৰ উদ্যোগতোক জলিউড বুলিও জনা যায়। অসমীয়া সংস্কৃতিৰ খাদ্য অসমৰ খাদ্য বা অসমীয়া আহাৰ, অসম প্ৰদেশৰ স্থানী বাসিন্দা সকলৰ খাদ্য প্ৰণালী। অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভ্যাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়ুটা প্ৰভাৱেই বিদ্যমান। বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলতোৰ খাদ্যাভ্যাসৰ মাজতো বিভিন্নতা বিৰাজমান। অসমৰ খাদ্যৰ কেইটিমান চকুত পৰা বৈশিষ্ট্য হ'ল:- অসমীয়া খাদ্যত ন্যূনতম মচলা আৰু চৰ্বীৰ (Fat) ব্যৱহাৰ সুগন্ধিযুক্ত পাত-লতিকাৰ ব্যৱহাৰ সেউজীয়া শাকৰ সমাহাৰ টেঙা সোৱাদৰ উপকৰণৰ বহুল ব্যৱহাৰ মাছৰ অধিক ব্যৱহাৰ ৰেড মীট (Red meat) বা কঠিন মাংসৰ কম ব্যৱহাৰ, চৰাই জাতীয় মাংসৰ পয়োভৰ ঔষধি উপকৰণৰ সুলভতা অসমৰ মূল খাদ্য হ'ল ভাত (coocked rice), প্ৰায় সকলো খাদ্যই ভাতৰ লগত সম্পৰ্ক থকা। অসমীয়া আহাৰ সাধাৰণতে “খাৰ” বা শাকেৰে আৰম্ভ হয় আৰু ‘টেঙা’ ব্যঞ্জনেৰে সমাপ্ত হয়। খাৰ আৰু টেঙাৰ ব্যৱহাৰ অসমীয়া খাদ্য অন্যতম বৈশিষ্ট। ভাত খোৱাৰ পাছত তামোল-পাণ খাই মুখশুদ্ধি কৰাও এক প্ৰাচীন পৰম্পৰা। খাৰ অসমীয়া ব্যঞ্জনৰ এক বিখ্যাত উপকৰণ। ইয়াক অসমীয়া মানুহে আগতে নিমখৰ সলনি ব্যৱহাৰ কৰিছিল, যিহেতু সেই সময়ত অসমত নিমখ সতকাই পোৱা নগৈছিল। সেইবাবে অসমীয়াৰ মাজত "খাৰখোৱা অসমীয়া" যোজনাটো বৰ্তমানেও প্ৰচলন আছে। ধান ধান পৃথিৱীৰ মৌচুমী অঞ্চলৰ প্ৰধান শস্য। মানৱ সভ‍্যতাৰ দীঘলীয়া বুৰঞ্জীৰ যিদিনাই কৃষ্টিৰ কঠীয়া গজিছিল,সেইদিনাই ধানৰো কঠীয়া গজিছিল। কৃষ্টিৰ কঠীয়া গৰকি সংস্কৃতিৰ বৰঘৰলৈ আহোঁতে ধান জীৱনৰ বহুতো কথাতেই প্ৰয়োজনীয় হৈ পৰিল। ভোকৰ ভাতমুঠি ধানৰ বুকুতেই শুই থকাৰ উপৰিও অনেক মাঙ্গলিক অনুষ্ঠানত ধানৰ আৱশ‍্যকতাই গুৰুত্ব লাভ কৰিলে। ধান পৃথিৱীৰ অতি পুৰণি শস্য। উইলিয়াম ক্ৰুকে "Religion and Folklore of Northern India" পুথিত লিখিছে যে ঋকবেদত ধানৰ নামৰ উল্লেখ ক'তো নাই, কিন্তু অথৰ্ব। বেদ আৰু বৈদিক যুগৰ পৰৱৰ্তী পুথিসমূহত ধান শব্দৰ ঘনাই উল্লেখ দেখা যায়। কিন্তু বেদতকৈও পুৰণি কালৰেই পৰাই দাক্ষিণাত‍্যত ধানৰ খেতি হৈছিল। যদিও উইলিয়াম ক্ৰুকে ঋকবেদত ধানৰ উল্লেখ নাই বুলি কৈছে; আচলতে বহুবচনান্ত "ধানা:" শব্দটো ভালেমান ঠাইত উল্লেখ থকা দেখা যায়। অথৰ্ববেদত "যাস্তে নানা অনুক্ৰিৰামি তিলমিশ্ৰা:স্বধাৱতী:"বুলি উল্লেখ কৰোঁতে কেৱল ধানকহে বুজাইছে। এচিয়াৰ মৌচুমী অঞ্চলৰ আটাইবোৰ দেশতে ধানে সাংস্কৃতিক জীৱনত ভূমিকা গ্ৰহণ কৰি আহিছে। বালীদ্বীপত ধানক মানুহৰ সমকক্ষ জীৱ হিচাপে গণিতা কৰা হয় আৰু ধানক আই,বুঢ়ী আই আদি মাতৃবাচক শব্দৰে সম্বোধন কৰা হয়। সিংহলত কঠীয়া সিঁচিবলৈ ধানক লক্ষ্ণীদেৱী ৰূপে সন্মান কৰা হয়। ওৰাং খেতিয়কে ভূঁই ৰোৱা দিনা ধানেৰে তৈয়াৰী লাওপানী ছটিয়াই পৃথিৱীক সম্বোধন কৰি কয়-"হে আই মাতৃ পৃথিৱী,এই বছৰ নিয়মিত বৰষুণ আৰু সৰহ শস্যৰ সৃষ্টি কৰিবা। তোমালৈ এয়া লাওপানী উৰ্চগা কৰিছোঁ। "কঠীয়া সিঁচিবৰ সময়তো পাচোঁটা সুকীয়া সুকীয়া ৰঙৰ কুকুৰা কাটি অধিক শস্য কামনা কৰে। ছোটনাগপুৰৰ কিছুমান মানুহে ধানক ৰক্ষা কৰিবলৈ বিশেষ উৎসৱৰ আয়োজন কৰে। অসমতো ধানক লখিমী হিচাপে সন্মান কৰে। ধানৰ কঠীয়া সিঁচিবৰ দিনা অসমৰ বহুতো ঠাইত খেতিয়ক লাওপানী আৰু মাছ -মাংস খুৱায়। কঠীয়া সিঁচাৰ আগতে আগলি কলাপাতত থুৰীয়া -তামোল,শিলগুটি থৈ কচুগছ ৰোৱে। সেইদৰে প্ৰথমে ভুঁই ৰোৱাৰ দিনা আগলি কলপাতত তিনিখন থুৰীয়া তামোল দি মাটি ডৰাৰ চুকত তৰাৰ গজালি,হেলেচৰ গুটিভৰা ডাল আৰু তিতা ফুলৰ ডাল ৰোৱে। সেইদৰে ধান দাবলৈ প্ৰথমে আৰম্ভ কৰিবৰ দিনা ধান তিনিগোচা কাটি দাৱনীয়ে মূৰত তুলি লৈ আহে। আহোঁতে মুখেৰে মাত নেমাতে। কোনো কোনোৱে ধান দাই শেষ হ'বৰ দিনা তিনিগোছা ধান সুকীয়াকৈ ৰাখি থোক কেইটা দাই আনে। আনিবৰ সময়ত আগলি কলাপাতত থুৰীয়া তামোল তিনিখন দি থৈ আহে। ইয়াকে "লখিমী"অনা বোলে। লখিমী আনোতে মুখেৰে মাতিব নাপায়। লখিমী আনিবৰ দিনা পদূলি মূৰলৈকে চোতাল ঘৰ সাৰি চাফ চিকুণ কৰে। সেইদিনা ভঁৰালত চাকি জ্বলায়। লখিমী কেতিয়াবা সেইদিনাই ভঁৰালত সুমুৱায়। কেতিয়াবা ভাল দিন বাৰ চাই পিছত সুমুৱায়। সেইদিনাও ভঁৰালত চাকি জ্বলায়। সেইদৰে পুনৰ ভঁৰাল চুবৰ সময়ত আগদিনা ভঁৰালৰ আগত কেঁচা পিঠাগুৰি আৰু গুৰ,চেনি,কল,তামোল সজাই দিয়ে। দুৱাৰ মুখত চাকি দিয়ে। পিছদিনা ভঁৰাল চোৱে। মৰাবাৰ,গুৰুবাৰ আদিত ভঁৰাল নোচোৱে। পোন প্ৰথমে নতুন ধান মাৰি জাৰিবৰ দিনা পতানখিনি আগলি কলাপাতত থৈ কাষত শিলগুটি দি পদূলিমূৰত পতানিকুঁৱৰীক উৰ্চগি দিয়ে। ধান আৰু ধানৰ পৰা উৎপাদিত চাউল, আখৈ আদি বহুতো মাঙ্গলিক অনুষ্ঠানত ব‍্যৱহাৰ কৰা হয়। ধান মাতৃশক্তি আৰু প্ৰজনন শক্তিৰ প্ৰতীক। সেইবাবে বিয়াত চাউলৰ প্ৰয়োজন। দুৰণিত চাউল থৈ তাৰ ওপৰতে চাকি,টেমী কটাৰী থয়। মাহ হালধিৰ লগত আৰৈ চাউল বাতি দিয়ে। দৰা-কন‍্যা নোৱাওঁতে পঞ্চ আয়তীয়ে মূৰত চাউল দিয়ে। কলতলত দৰা-কন‍্যাৰ মূৰত চাউল দিয়ে। নোৱাই-তোলনী বিয়াত কন‍্যাকলা হোৱা ছোৱালী জনীৰ কোচত আখৈ দিয়ে। কেঁচা পিঠা খাবলৈ দিয়ে। ধান চাউলৰে মঙ্গল চায়। কাউৰীয়ে কেলকেলালে চাউল কেইমুঠিমান দি কাউৰীৰ মাত পৰীক্ষা কৰে। ধানৰ ভুঁই ৰোৱাৰ দিনা মাছ ওলোৱাটো সুমঙ্গলৰ চিন। ধান জুইত পুৰিব নাপায়। যোগিনীতন্ত্ৰত ৰঙাশালি ধান ভোগ কৰিলে বিজয়াশ্ৰী লাভ হয় আৰু নাৰায়ণ, মাধৱভোগ আৰু যাদৱধান ভোগ কৰিলে খ‍্যাতিলাভ হয় বুলি কৈছে। আন ঠাইত সোমধান,বৰাধান,ৰঙাশালি, ৰাজধান আৰু যষ্টিক ধান দেববল্লভ বুলি উল্লেখ আছে। সপোনত ধান দেখিলে দিঠকত ধন পায়। সাগৰ মন্থন কৰোঁতে লক্ষ্মীদেৱীৰ ঐৰাৱত হাতীও ওলাইছিল। সেইবাবে হাতী পদূলি মূৰেদি পাৰ হৈ গ'লে বা চোতালত ওলালে ডলাচালনীত কেইটামান ধানৰ মুঠি খাবলৈ দিয়ে। লক্ষ্মীপূজাত পঞ্চশস‍্যৰ লগত ধান এচিৰাও দিয়ে। ধানক গধুৰ নোবোলে সন্মান জনাই গাইচ বোলে। লখিমী সবাহৰ নামত ধানৰ সৃষ্টি সম্পৰ্কে এটি  উপকথা পোৱা যায়। আদিতে ধানৰ বাকলি নাছিল। থোকে থোকে চাউল লাগিছিল। এজন খকুৱা ব্ৰাহ্মণ ভোজ খাই আহি গছত লাগি থকা চাউলবোৰ মুঠিয়ে  মুঠিয়ে খাবলৈ ধৰাত লক্ষ্মীআয়ে অমঙ্গলীয়া ভাবি চাউলত বাকলি সৃষ্টি কৰিলে। মুখভঙ্গা মন্ত্ৰতো সদাশিৱই ধানখেতি কৰাৰ কথা আছে। আদিতে অনাৰ্য মানুহে ধানখেতি কৰাৰ কথা সদাশিৱৰ কাহিনীৰ পৰাই জানিব পাৰি। আও নগাসকলৰ মাজতো ধানৰ সৃষ্টি সম্পৰ্কে সাধুকথা এটি পোৱা যায়। ধানৰ প্ৰকাৰ ধানৰ পৰা বহুতো নামো সৃষ্টি হৈছে। কিছুমান জাতিগত ধানৰ নাম আছে- আহোম শালি,কছাৰি শালি,চুটিয়া শালি ইত্যাদি। কিছুমান ধানৰ নামবোৰ গুণবোধক - মাণিকী মধুৰী,নিয়ৰকদম,চিকণকলি,সুৱাগমণি ইত্যাদি। কিছুমান ধানৰ ৰূপগত- শলপোনা,ৰঙাশালি,গৰুণ্ড পখী,গৰু চকুৱা,তিতাফুলীয়া বৰা,পোৱাল শালি,ক'লা শালি,ইত্যাদি। সৰহভাগ ধানৰ নামেই অনাৰ্যমূলীয়। ঔষধি হিচাপে ধানক ঔষধি হিচাপেও ব‍্যৱহাৰ কৰা হয়। আৰৈ চাউল ভালেমান ঔষধত লাগে বুলি নিদান  পুথিত উল্লেখ আছে। চাউল জাৰি খাবলৈ দি চোৰ ধৰা পেলোৱা হয়। মাঘৰ বিহুত ধানৰ নৰাৰে লাগনি গছবোৰ বান্ধে। বহাগ বিহুত মাহ-হালধি আৰৈ চাউল খুন্দি গৰু বিহুৰ দিনা গৰুক ফোঁট দিয়ে। সেইদিনাই গৰুক পিঠা খুৱায়। কাতি বিহুত ধাননিত চাকি জ্বলায়। তিনিওটা বিহু আৰু লক্ষ্মীপূজাৰ দিনা ধানৰ ভঁৰালতো চাকি দিয়ে। এইদৰে অসমৰ লোকসংস্কৃতিত ধানে এখনি বিশেষ উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে। গৰখীয়া অসমৰ লোকজীৱন কৃষিজীৱী।অসমৰ কৃষকসকলে পৰম্পৰাগত পদ্ধতিৰেই আজিও খেতি-বাতি কৰে।খেতি-বাতিৰ প্ৰধান সম্বল হ'ল গৰুহাল। সেয়ে অসমৰ কৃষিজীৱী লোকজীৱনত গৰুৱেই দেৱত্বৰ স্থান অধিকাৰ কৰি আছে।অসমৰ জাতীয় উৎসৱ বিহুত গৰুক দেৱতা ৰূপত জ্ঞান কৰি ‍পূজিত হৈ আহিছে। গৰু চৰোৱাটো এটা কঠিন কাম।দিনৰ দিনটো গৰু চৰাই গধূলি ভোকে পিয়াহে গৰখীয়া‌হঁত ঘৰলৈ উভতে। ৰ'দে-বৰষুণে,জাৰে-জহে-গৰখীয়াহঁতে অতি কষ্টৰে গৰু চৰায়।সেয়ে অসমৰ লোকজীৱনত এখন শ্ৰদ্ধাৰ আসন গৰখীয়াই অধিকাৰ কৰি ৰাখিছে। কিংবদন্তিৰ মতে কোঁচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ বৰগৰখীয়া আছিল।গৰু চৰায় ফুৰোঁতে ফৰিং বলি দি দুৰ্গা দেৱীক পূজা কৰিছিল।এদিন এজন গৰখীয়াই ফৰিং ধৰি আনিব নোৱাৰা ফলত গৰখীয়া ল'ৰাটোকে দুৰ্গাদেৱীৰ নামত বলি দিছিল।যাৰ ফলত দুৰ্গাদেৱীৰ আশীৰ্বাদেৰে কৃপাধন‍্য হৈ এখন ৰাজ‍্য ৰজা হ'ব পাৰিছিল।একে ধৰণৰ কাহিনী এটা শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলত এনেদৰে প্ৰচলন আছে- গৰু লৈ এজাক কিশোৰ গৰখীয়াই গৰু চৰাই থাকোঁতে হাবিৰ পৰা ফৰিং ধৰি আনি এদিন ধেমালিতে ইকৰা পাতেৰে ফৰিং বলি দিছিল।সেই দিনাৰ পৰাই প্ৰত‍্যেক দিনাই গৰখীয়াহঁতে পাল পাতি হাবিৰ পৰা ফৰিং বিচাৰি আনি বৰগৰখীয়া হাতত দিছিলহি আৰু বৰগৰখীয়াই ইকৰা পাতেৰে ফৰিং বলি দিছিল। কিন্তু এদিন এটা গৰখীয়া ল'ৰাই হাবিৰ পৰা ফৰিং বিচাৰি আনিব নোৱাৰি 'মোকে বলি দে' বুলি ধেমালিতে ডিঙি পাতি দিলে।বৰগৰখীয়া অৰ্থাং পুৰোহিতেও ধেমালিতে গৰখীয়া ল'ৰাটোৰ ডিঙিত ইকৰা পাত লগাই দিয়াত ডিঙিটো ছিগি থাকিল। তেতিয়াৰে পৰা সেই স্থানত পূজা সেৱা আগবহুৱাৰ থান হ'ল বুলি জনাজাত।বৰ্তমান'গৰখীয়া থান'নামেৰে বিখ্যাত এই থানখন বুৰঞ্জী প্ৰসিদ্ধ ধাই আলিৰ কাষৰ ধাইবাৰীত আছে।এটা ৰজাদিনীয়া পুখুৰীও আছে নাম গৰখীয়া পুখুৰী। বৰ্তমান উক্ত থানত বহু দূৰ-দূৰণিৰ পৰা ভক্ত আহি পূজা সেৱা কৰেহি।পূজাৰ দিন দৌলযাত্ৰাৰ দিনা। কথিত আছে যে সিদিনা পুৱা সূৰ্য উদয় হোৱাৰ ঠিক আগে আগে একেলেথাৰীয়ে তিনি বছৰ এই গৰখীয়া থানত পূজা দিলে মনোবাঞ্ছা পূৰ্ণ হয়।সেয়ে পূজা আগদিনা আহি গৰখীয়া পুখুৰী পাৰত অৱস্থিত গৰখীয়া থানত ৰাতিটো কটাই পিছদিনা দোকমোকালিতে পূজা দি ঘূৰি যায়।এই গৰখীয়া পুখুৰীটো কোনে খান্দাইছিল জনা নাযায় যদিও দ'লটো আধুনিক ধৰণে সজাই তোলা বেছি দিন হোৱা নাই।অসমত গৰখীয়া দ'লৰ বহুল সংখ্যালৈ চাই এনেধৰণৰ কাহিনী,উপ-কাহিনীৰ সংখ্যা প্ৰচুৰ পৰিমাণে আছে বুলি ক'ব পাৰি। উজনি অসমত এসময়ত গৰু উদং দিবৰ দিনা গৰখীয়া 'ভোগ দিয়া'নামৰ এটা গৰখীয়া সেৱা অনুষ্ঠানৰ আয়োজন কৰিছিল। উল্লেখ কৰিব পাৰি যে কোনো কোনো অঞ্চলত পায়সক 'ভোগ' বুলি কয়। পুহ মাহত গৰু উদং দিয়াৰ সময়।সেই সময়ত মানুহৰ ঘৰে ঘৰে বৰা ধান উভৈনদী হয়। নতুনকৈ জগা গাই বোৰৰ পৰা প্ৰচুৰ পৰিমাণে গাখীৰ পোৱা যায়। গতিকে গৰখীয়াসকলে গৰখীয়া ভোগৰ বাবে বিশেষকৈ একো চিন্তা কৰিব লগা নহৈছিল।কিছু বছৰৰ আগলৈকে দিৰৈ নদীৰ কাষৰীয়া সৰু সৰু চাপৰি অঞ্চলত প্ৰচুৰ পৰিমাণে চৰণীয়া পথাৰ আছিল। হাবিও আছিল পৰ্যাপ্ত পৰিমাণে। গৰু উদং দিবৰ দিনা বা আগদিনা গৰখীয়াহঁতে বছৰৰ ছমাহলৈ মুকলি হোৱাৰ আনন্দত নদী কাষৰীয়া হাবিবোৰতে মিলি-জুলি ভোগ ৰান্ধী গৰখীয়া সেৱা অনুষ্ঠান পাতিছিল।এই সেৱা অনুষ্ঠান বুঢ়া-ডাঙৰীয়ালৈ ভাগ এটা আগবঢ়োৱাটো অতি প্ৰয়োজনীয় আছিল। গৰু অসমৰ লোকজীৱনত কিমান আদৰ,সেই কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই।ভাৰতবৰ্ষৰ বহুতো সমাজৰ দৰেই উজনিৰ কিছু কিছু অঞ্চলত খেতিয়কসকলে খেতিপথাৰত নমাৰ লগে লগে গৰু-ম'হৰ কুশল কামনা কৰি এটা ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰে।নাম-'ম'হৰ চাউল খোৱা'।উল্লেখযোগ্য যে এই 'ম'হৰ চাউল খোৱা' অনুষ্ঠানত গৰু-ম'হৰ ৰখীয়াসকলে আগস্থান পাই।অৰ্থাৎ খেতি কৰি থকাৰ সময়ছোৱাত গৰু-ম'হৰ যাতে কোনো অপায়-অমংগল নহয়,তাৰ কামনাৰে নিৰ্দিষ্ট দেৱতাসকলক বন্দনা কৰা হয়‌।ৰাজহুৱাকৈ আয়োজিত 'ম'হৰ চাউল খোৱা'অনুষ্ঠান।নৈপৰীয়া অঞ্চল বা নামঘৰৰ প্ৰাংগণত আয়োজন কৰা হয়।এই অনুষ্ঠানটোত ম'হৰ নামত 'চাউল'(অন্ন) আৰু গৰুৰ নামত'ভোগ'(পায়স) যথা ৰীতি নীতি মাজেদি সম্পন্ন হয়। গৰুৱেই যিহেতু খেতিয়কৰ ৰাইজৰ সৰ্বেসৰ্বা।সেয়ে কাতি-আঘোণ মাহত প্ৰতি ঘৰে ঘৰে 'গৰু পিঠাগুড়ি খোৱা' নামৰ এটা 'গৰখীয়া সেৱা' অনুষ্ঠান সন্ধিয়াৰ ঠিক আগতেই অনুষ্ঠিত কৰে।এই অনুষ্ঠান মূলতঃ গৰখীয়াকেন্দিক যদিও অন‍্যান‍্য গঞা লোকৰ বাবেও আকৰ্ষণীয়। এই পিঠাগুড়ি খোৱা অনুষ্ঠানতে ন-মুঠিও দিয়াৰ ব্যৱস্থা কৰে।এই অনুষ্ঠানটো জৰিয়তে অসমীয়া লোকজীৱনত গৰু আৰু গৰখীয়াৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ নিদৰ্শন প্ৰকট হৈ পৰিছে।উল্লেখ্য যে গৰখীয়া সেৱাৰ এই অনুষ্ঠানটোৰ এখন জীৱন্ত ছবি হোমেন বৰগোহাঞিয়ে তেখেতৰ বিখ্যাত গল্প'গৰখীয়া'যোগেদি দিঙি ধৰিছে।গৰু বা গৰখীয়া দৰে ম'হ বা ম'হৰখীয়া সকলো স্থান লোকসমাজত উল্লেখনীয়।কোনো কোনো অঞ্চলত যাৰ যাৰ ঘৰত ম'হ থাকে,তেওঁলোকে আঘোণ মাহত 'ম'হৰ চাউল খোৱা' অনুষ্ঠান পাতে। পালক গৃহস্থই এই 'ম'হৰ চাউল খোৱা' অনুষ্ঠানৰ লগত সংযুক্তভাৱে ন খোৱা অনুষ্ঠান আয়োজন কৰে।'গৰু পিঠাগুড়ি খোৱা'ত গৰখীয়াৰ দৰে এই অনুষ্ঠানটো ম'হৰখীয়া সকলে বিশেষ অগ্ৰাধিকাৰ পায়। গৰু পোৱালি জগিলে লোকজীৱনে ফেঁহু খিৰোৱাৰ নিয়ম আছে।ফেহুঁখিনি কুমলীয়া বাহঁৰ চুঙা কাটি চুঙা পিঠা আৰ্হিৰে সিজায়।ফেহুঁখিনি সিজিলে চুঙাবোৰ ফালি আগলি কলপাত এখিলাত থয় আৰু পিছত চকল চকলকৈ কাটি চালৰ খৰিকা মাৰিয়ে সী লৈ গৰু পোৱালিটোৰ লগতে গাইজনীৰো ডিঙি,কাণ,গা আদিত পিন্ধাই দিয়া হয়।এনে কৰিলে অপদেৱতা আদিৰ পৰা পোৱালিটো আৰু গাইজনীৰ ৰহ্মা পৰে বুলি লোকসমাজে বিশ্বাস কৰে।ফেহুঁ ওচৰ চুবুৰীয়াৰ লগতে‌গৰখীয়াসকলকো ভাগ এটা যচা হয়।গৰু পোৱালিৰ নাভি নসৰা পৰ্যন্ত গাখিৰ খিৰোৱা নহয়‌। নাভি সৰিলে তিনি-চাৰিদিন গাখীৰ খিৰাই চুঙা বা টেকেলীত থৈ গাই আৰু পোৱালিৰ মংগল কামনা কৰি গৰখীয়া সমন্বিতে ভকতসকলক এদিন সন্ধিয়া ঘৰৰ চোতালত ভোক এমুঠি দিয়া হয়। অসমত'গৰখীয়া গীত'বুলিও একপ্ৰকাৰৰ গীত আছে।এই গীতবোৰ অঞ্চল ভেদে পৃথক পৃথক হোৱাটো পৰিলক্ষিত হয়।এই গীতবোৰ গৰখীয়াই নদীৰ চাপৰি,পথাৰ আদিত গৰু চৰাওতে দুখ কষ্ট লাঘব হ'বৰ বাবে গাঢ়।গীতবোৰত গৰখীয়াৰ‌ মুক্ত মন,মুক্ত চিন্তা ভাবনাৰ প্ৰকাশ পাই আহিছে। যেনে- গৰু‌ গ'ল গৰু গ'ল কলীয়া পানী পাৰ হয় নক'বি দেই বা তোক দিম ফুলপাহ'। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভইচ অৱ আসাম ৱেবছাইতত মে-দাম-মে-ফি সম্পৰ্কে থকা বিতং তথ্য
2209
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%B9%E0%A7%8B%E0%A6%AE%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%AC%E0%A6%82%E0%A6%B6
আহোম ৰাজবংশ
আহোম ৰাজবংশ‍ (১২২৮–১৮২৬) চাওলুং চুকাফা তথা চীনৰ টাই সকলৰ ছ্যু ফৈদৰ বংশধৰ যি বৰ্তমানৰ অসমৰ অংশ আহোম সাম্ৰাজ্য প্ৰায় ৬০০ (ছশ) বছৰ ধৰি ৰাজত্ব কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ অসমলৈ অহা মং মাওৰ শান ৰাজকুমাৰ চুকাফাই এই বংশ প্ৰতিষ্ঠা কৰিছিল। অসমত মানৰ আক্ৰমণ আৰু ১৮২৬ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছতে এই আহোম বংশৰ শাসনৰ অন্ত পৰে। মধ্যযুগৰ বুৰঞ্জীত এই বংশৰ ৰজাসকলক "অসম ৰজা" বুলি কোৱা হৈছে। আনহাতে প্ৰজাই তেওঁলোকক "চাওফা" (চাও-দেৱতা, ফা-স্বৰ্গ) বা ১৬শ শতিকাৰ পৰা "স্বৰ্গদেউ" বুলি মাতিছিল। স্বৰ্গদেউ আহোম ৰজাসকল মং মাওৰ পৰা অসমলৈ অহা প্ৰথম ৰজা চুকাফাৰ বংশধৰ আছিল। উত্তৰাধিকাৰ সূত্ৰেই ৰজাৰ বাছনি হৈছিল, কিন্তু ৰুদ্ৰসিংহৰ হুকুমমতে তেওঁৰ পিছত তেওঁৰ পাঁচজন পুত্ৰৰ ভিতৰত চাৰিজনেই এজন এজনকৈ ৰাজপাটত বহিছিল। স্বৰ্গদেউৰ পদ চুকাফাৰ বংশধৰ সকলৰ বাবেই সংৰক্ষিত আছিল আৰু তেওঁলোক মন্ত্ৰীপদৰ বাবে বিবেচিত নহৈছিল। সাম্ৰাজ্যৰ অন্তিম কাললৈকে এই প্ৰথা চলি আহিছিল। যেনে- সভাসদসকলে আতন বুঢ়াগোহাঁইক ৰজা হ’বলৈ অনুৰোধ কৰোঁতে তেওঁ নাকচ কৰিছিল। পাত্ৰমন্ত্ৰীসকলে (বুঢ়াগোহাঁ‌ই, বৰগোহাঁ‌ই, বৰপাত্ৰগোহাঁ‌ই, বৰবৰুৱা, বৰফুকন) অনুমোদন কৰিলেহে কোনো প্ৰাৰ্থী ৰাজপাটত বহিব পাৰিছিল। ১৪শ শতিকাৰ তিনি সময়ত উপযুক্ত প্ৰাৰ্থী নথকাৰ বাবে ৰাজ্যৰ কোনো শাসক নাছিল। মনঃপুত নহ’লে মন্ত্ৰীসকলে কোনো ৰজাক শাসনৰ পৰা আঁতৰাব পাৰিছিল আৰু তেওঁক ফাঁচী দিয়া হৈছিল। ১৭শ শতিকাত ক্ষমতাৰ বাবে খোৱাকামোৰা লাগোতে অতি কম সময়ৰ পৰিসৰতে নতুন নতুন শাসক ৰাজপাটত বহিছিল আৰু পূৰ্বৰ ৰজাক হত্যা কৰা হৈছিল। চুলিক্‌ফা ল’ৰা ৰজাৰ দিনত এটা নিয়ম সৃষ্টি কৰা হ’ল যে ৰজা হ’বলৈ প্ৰাৰ্থীৰ অঙ্গত খুঁত থাকিব নালাগিব আৰু ইয়াৰ সুযোগ লৈয়েই বহুতো আহোম কোঁৱৰৰ অঙ্গক্ষত কৰা হৈছিল। ৰুদ্ৰসিংহ‍ইও তেওঁৰ ভ্ৰাতৃ লেচাইৰ মনোভাৱৰ ওপৰত সন্দেহ কৰি অঙ্গক্ষত কৰাইছিল। তথাপিও উত্তৰাধিকাৰীৰ সমস্যা অব্যাহত আছিল আৰু ৰুদ্ৰসিংহ‍ই তেওঁৰ পিছত পুত্ৰসকল এজন এজনকৈ ৰজা হ’বলৈ আদেশ দিছিল। তেওঁৰ এজন পুত্ৰ মোহনমালাক আওকাণ কৰা হৈছিল যিয়ে পিছলৈ মোৱামৰীয়া বিদ্ৰোহত এটা দলক নেতৃত্ব দিছিল। পিছৰকালৰ শাসক আৰু সভাসদসকলেও এনে নিয়মৰ সুযোগ লোৱাত দুৰ্বল ৰজাই ৰাজপাটত বহিব পাৰিছিল। নিজৰ নিজৰ পিতৃৰ অঙ্গক্ষত হোৱা কমলেশ্বৰ সিংহ (কদম দীঘলাৰ পুত্ৰ) আৰু পুৰন্দৰ সিংহ (ব্ৰ্জনাথৰ পুত্ৰ আৰু আহোমৰ শেষ ৰজা) শাসক হোৱাৰ সুযোগ পাইছিল। আহোম ৰজাসকলৰ ওপৰত দৈৱিকত্ব আৰোপ কৰা হয়। আহোম পৰম্পৰাৰ মতে চুকাফা আছিল খুনলুঙৰ বংশধৰ, যি স্বৰ্গৰ পৰা নামি আহি মং-ৰি-মং-ৰাম শাসন কৰিছিল। চুহুংমুংৰ ৰাজত্বকালত (১৪৯৭-১৫৩৯) প্ৰথম অসমীয়া বুৰঞ্জী লিখা হৈছিল আৰু হিন্দু ধৰ্মৰ প্ৰভাৱ বাঢ়ি আহিছিল। সেইসময়ত আহোম ৰজাসকলৰ মূলক ইন্দ্ৰ (খুংলুং বুলি ঠাৱৰ কৰা হয়) আৰু শ্যামা (এগৰাকী নিম্নবংশীয় মহিলা)ৰ মিলনৰ লগত জড়িত কৰা হৈছিল আৰু তেওঁলোকক আহোমৰ বাবে সৃষ্টি কৰা গোষ্ঠী "ইন্দ্ৰবংশ ক্ষত্ৰীয় বুলি প্ৰচাৰ কৰা হৈছিল। চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল আৰু পিছৰ ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল। ৰাজাভিষেক স্বৰ্গদেউৰ ৰাজাভিষেকক শিঙৰীঘৰত উঠা বুলি কোৱা হৈছিল। চুদাংফা বামুণী কোঁৱৰৰ দিনত (১৩৯৭-১৪০৭) ইয়াক প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ উপদেশমতে কমলেশ্বৰ সিংহ (১৭৯৫-১৮১১) আৰু চন্দ্ৰকান্ত সিংহৰ (১৮১১-১৮১৮) ৰাজ্যাভিষেক পালন কৰা হোৱা নাছিল। ৰাজত্বকালত মৃত্যু হোৱা ৰজাক মৈদামত সমাধিস্থ কৰা হৈছিল। ইয়াৰে বহুতো মৈদামত ১৭শ শতিকাত মিৰ জুমলাই লুটপাত চলায়। পিছৰকালত খৰি দিয়া কিছুসংখ্যক ৰজাৰ (যেনে- শিৱ সিংহ) ভস্ম সমাধিস্থ কৰা হৈছিল। ৰাজপাটত বহাৰ সময়ত নতুন ৰজাই আহোম পুৰোহিতসকলে থিৰাং কৰা এটা আহোম নাম গ্ৰহণ কৰিছিল। নামটোৰ শেষডোখৰ আছিল ফা (টাই: প্ৰভু, দেৱতা)। যেনে- চুচেংফা। পিছৰ ৰজাসকলে সিংহ দি শেষ হোৱা হিন্দু নাম এটাও লৈছিল। যেনে- চুচেংফাই নাম লৈছিল প্ৰতাপ সিংহ। বুৰঞ্জীত ৰজাসকলৰ কোনো বৈশিষ্ট্য ফুটি উঠা অনানুষ্ঠানিক নামো পোৱা যায়। ৰজা হোৱাৰ সময়ত প্ৰতাপ সিংহৰ বয়স যথেষ্ট হৈছিল বাবে তেওঁক বুঢ়া ৰজা বুলিও কোৱা হয়। ৰাজকীয় পৰিয়াল আৰু ফৈদসমূহ তৃতীয় আহোম ৰজা চুবিন্‌ফাই (১২৮১-১২৯৩) আহোমৰ অভিজাত সাতটা বংশক সাতঘৰীয়া আহোম নাম দিয়ে। ইয়াৰে প্ৰথমটো বংশ আছিল ৰজাৰ। দ্বিতীয় আৰু তৃতীয় বংশ আছিল ক্ৰমে বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ। শেষৰ চাৰিটা বংশ আছিল আহোম পুৰোহিতৰ। চুখ্ৰাম‌ফাই (১৩৩২-১৩৬৪) আপাত উত্তৰাধিকাৰীৰ বাবে সংৰক্ষিত উপাধি চাৰিং ৰজাৰ আৰম্ভণি কৰে। প্ৰথমজন চাৰিং ৰজা আছিল চুখ্ৰাম্‌ফাৰ অৰ্দ্ধ ভ্ৰাতৃ আৰু কমতা কুঁৱৰী ৰজনীৰ পুত্ৰ চাও পুলাই। চুহুংমুং দিহিঙীয়া ৰজাই (১৪৯৭-১৫৩৯) পূৰ্বৰ ৰজাৰ বংশধৰসকলক ভিন ভিন ঠাইত থাপে যি পিছলৈ আহোমৰ সাতটা ৰাজকীয় ফৈদ হৈ পৰে: চাৰিঙীয়া, টিপমীয়া, দিহিঙীয়া, চামগুৰীয়া, টুংখুঙীয়া, পৰ্বতীয়া আৰু নামৰূপীয়া। গদাধৰ সিংহই (১৬৮১-১৬৯৬) টুংখুঙীয়া ফৈদৰ শাসনৰ পাতনি মেলে আৰু আহোম সাম্ৰাজ্যৰ শেষ দিনলৈকে তেওঁলোকে ৰাজত্ব কৰে। ৰাণী আহোম ৰাণীসকলেও (কুঁৱৰী) ৰাজ্য শাসনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আনুষ্ঠানিকভাৱে তেওঁলোকক বৰ কুঁৱৰী, পৰ্বতীয়া কুঁৱৰী, ৰাইডাঙীয়া কুঁৱৰী, তামূলী কুঁৱৰী আদি পদ দিয়া হৈছিল। তেওঁলোক আছিল আহোমৰ উচ্চ বা সম্ভ্ৰান্ত পৰিয়ালৰ জী। নিম্ন বংশজাত ৰাণীক চমুৱা কুঁৱৰী বুলি কোৱা হৈছিল। কিছুমানক শাসনৰ বাবে ৰাজ্যৰ একোটা অংশ দিয়া হৈছিল যিবোৰ ফুকন, বৰুৱা আদিয়ে চোৱা-চিতা কৰিছিল। শিৱ সিংহই (১৭১৪-১৭৪৪) তেওঁৰ ৰাণী ফুলেশ্বৰী কুঁৱৰী, অম্বিকা কুঁৱৰী আৰু অনাদৰী কুঁৱৰীক এগৰাকী এগৰাকীকৈ ৰাজ্য শাসনৰ বাবে ৰাজ ছত্ৰ আৰু ৰাজ চিহ্ন প্ৰদান কৰিছিল। তেওঁলোকক কোৱা হৈছিল বৰ-ৰজা। সেইকালৰ প্ৰচলিত মুদ্ৰাৰ ওলোটা পিঠিত ৰাণীৰ নাম লিখা থকালৈ চাই তেওঁলোকৰ গুৰুত্ব বুজিব পাৰি। ধৰ্মীয় প্ৰভাৱ চুকাফাৰ আৰাধ্য দেৱতা আছিল চোমদেও নামৰ এগৰাকী অনা-হিন্দু, অনা-বুদ্ধধৰ্মীয় দেৱতা। পূজা-পাতলৰ বাবে দেওধাই, বাইলুং আদি পুৰোহিতৰ শ্ৰেণী আছিল। কিন্তু কালক্ৰমত শাসিত ৰাজ্যৰ ধৰ্ম-সংস্কৃতিৰ প্ৰভাৱ আহোম ৰজাসকলৰ ওপৰত পৰিবলৈ ধৰিলে। ব্ৰাহ্মণৰ ঘৰত ডাঙৰ-দীঘল হোৱা চুদাংফা বামুণী কোঁৱৰৰ (১৩৯৭-১৪০৭) দিনৰে পৰা হিন্দু ধৰ্ম‍ই ৰাজপৰিয়ালত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰে। চুহুংমুং দিহিঙীয়া ৰজা (১৪৯৭-১৫৩৯) আছিল অনা-আহোম নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা। মহাপুৰুষীয়া ধৰ্মত দিক্ষিত হোৱা প্ৰথম ৰজা আছিল চুটাম্‌লা (১৬৪৮-১৬৬৩)। লাহে লাহে মহাপুৰুষীয়া ধৰ্মৰ বিভিন্ন খেলৰ লোকসকলে ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ ধৰিলে। ১৭শ শতিকাৰ শেষৰ ঘটনাৱলীৰ পিছত প্ৰথম টুংখুঙীয়া ফৈদৰ ৰজা গদাধৰ সিংহ‍ই (১৬৮১-১৬৯৬) তেওঁৰ শাসনকালত এই ধৰ্মীয় গোটবোৰৰ প্ৰতি মনত গভীৰ অবিশ্বাস পুহি ৰাখিছিল। তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰী ৰুদ্ৰসিংহৰ দিনত (১৬৯৬-১৭১৪) বিকল্প ধৰ্মৰ সন্ধান আৰম্ভ হয়। ৰুদ্ৰসিংহৰ পুত্ৰ আৰু উত্তৰাধিকাৰী শিৱসিংহই (১৭১৪-১৭৪৪) আনুষ্ঠানিকভাৱে শাক্তধৰ্ম গ্ৰহণ কৰে। শিৱসিংহৰ শাসনকালৰে পৰা আৰম্ভ হোৱা মহাপুৰুষীয়া সত্ৰৰ ওপৰত আৰম্ভ হোৱা অত্যাচাৰ মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰক আছিল যি আহোম সাম্ৰাজ্যৰ শক্তি বহুলাংশে হ্ৰাস কৰে। স্বৰ্গদেউসকলৰ তালিকা টোকা তথ্য সংগ্ৰহ Gogoi, Padmeshwar (1968) The Tai and the Tai Kingdom, Gauhati University Press. বাহ্যিক সংযোগ দ্য চান্‌ডে ইণ্ডিয়ানছত থকা আহোমসকলৰ ছশ বছৰীয়া ৰাজত্ব কালৰ বিষয়ে থকা প্ৰবন্ধ আহোম ৰাজ্য
2214
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4
ভাৰত
ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ () দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭,৫১৭ কিলোমিটাৰ (৪,৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰসমূহ হ'ল- পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইন্দোনেচিয়া লগতে থাইলেণ্ড ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ উৎপত্তি ভাৰতত। মধ্যযুগৰ আৰম্ভণিতে খ্ৰীষ্টান ধৰ্ম, ইছলাম, ইহুদী আৰু পাৰ্চী ধৰ্মই ভাৰতৰ দক্ষিণ আৰু পশ্চিম উপকূলত প্ৰৱেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত ব্ৰিটিছ উপনিবেশত পৰিণত হয়। অৱশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে। ব্যুৎপত্তি ভাৰতীয় মহাকাব্য আৰু ভাৰতৰ সংবিধান দুয়োটাতে উল্লেখ কৰা ভাৰত শব্দটো, বহু ভাৰতীয়েই ভিন্ন ভাষাত ব্যৱহাৰ কৰে । ইতিহাস প্ৰাচীন ভাৰত মধ্যযুগৰ ভাৰত আধুনিক ভাৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ৰাজধানী নতুন দিল্লী। ৰাজ্যৰ নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ ৰাজধানীৰ তালিকা দিয়া হৈছে। অন্ধ্ৰ প্ৰদেশ অৰুণাচল প্ৰদেশ অসম বিহাৰ ছত্তীছগঢ় গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ ঝাড়খণ্ড কৰ্ণাটক কেৰালা মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড উৰিষ্যা পঞ্জাব ৰাজস্থান চিক্কিম তামিল নাডু তেলঙ্গানা ত্ৰিপুৰা উত্তৰাখণ্ড উত্তৰ প্ৰদেশ পশ্চিমবংগ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ চণ্ডীগড় জম্মু কাশ্মীৰ দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ লাক্ষাদ্বীপ পণ্ডিচেৰী দিল্লী লাডাখ উল্লেখযোগ্য যে 'দাদৰা আৰু নগৰ হাভেলী' আৰু 'দমন আৰু দিউ' নামৰ কেন্দ্ৰীয় শাসিত অঞ্চল দুটা একেলগ কৰি 'দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ' নামৰ এটা কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ প্ৰস্তাৱৰ কথা ভাৰত চৰকাৰে ২০১৯ চনৰ জুলাই মাহত ঘোষণা কৰিছিল । উক্ত বিধেয়কখন ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত গৃহীত হয় আৰু ২০২০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় । ৰাজধানী নতুন দিল্লী ভাৰতৰ ভাষা হিন্দী হৈছে ভাৰতৰ অধিকাৰিক (অফিছিয়েল) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা। এই ভাষাসমূহ হ’ল: ৰাষ্ট্ৰীয় প্ৰতীক উল্লেখযোগ্য যে হকী ভাৰতৰ 'অনাধিকাৰিক (আন-অ'ফিছিয়েল) ৰাষ্ট্ৰীয় খেল'। ২০২০ চনত মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ ময়ূৰেশ আগৰৱাল নামৰ এজন শিক্ষকে আৰ.টি.আই. (তথ্য জনাৰ অধিকাৰ)ৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকী হয় নে নহয় এই সন্দৰ্ভত উত্তৰ বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়লৈ আবেদন জনায়। তাৰ উত্তৰত চৰকাৰে জানিবলৈ দিয়ে যে ভাৰত চৰকাৰৰদ্বাৰা হকী এতিয়াও ৰাষ্ট্ৰীয় খেল হিচাপে অনুমোদিত বা গৃহীত হোৱা নাই। তথ্য সংগ্ৰহ অধিক পঢ়ক Overview Etymology History Geography Biodiversity Politics Foreign relations and military Economy Demographics Culture বাহ্যিক সংযোগ National Portal of the Government of India India profile from the BBC News India Encyclopædia Britannica entry India at the UCB Government Information Library ভাৰত এছিয়াৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
2217
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7%20%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা
অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা: সংগীত আৰু চলচ্চিত্ৰ অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা চলচ্চিত্ৰ নিৰ্মাতা আৰু নিৰ্দেশক জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা নিপ বৰুৱা ব্ৰজেন বৰুৱা গৌতম বৰা পদুম বৰুৱা অতুল বৰদলৈ ভবেন্দ্ৰ নাথ শইকীয়া জাহ্নু বৰুৱা শিৱপ্ৰসাদ ঠাকুৰ মঞ্জু বৰা সান্তনা বৰদলৈ মুনিন বৰুৱা সাহিত্য আৰু কাব্য অসমীয়া ভাষাৰ বিখ্যাত সাহিত্যিকসকল অসমীয়া ভাষাৰ বিখ্যাত কবিসকল ৰাজনীতি মুখ্যমন্ত্ৰী সকলৰ তালিকা ৰাজ্যপালসকলৰ তালিকা অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি‎সকল আধ্যাত্মিক, দাৰ্শনিক মাধৱ কন্দলী শ্ৰীমন্ত শঙ্কৰেদৱ শ্ৰী শ্ৰী মাধৱদেৱ দামোদৰ দেৱ অনিৰুদ্ধদেৱ হৰিদেৱ ভট্টদেৱ (বৈকুণ্ঠ নাথ ভট্টাচাৰ্য) ইতিহাস লাচিত বৰফুকন। মোমাই তামূলী বৰবৰুৱা চুকাফা চিলাৰায় ৰুদ্ৰ সিংহ সতী জয়মতী আজান ফকীৰ আতন বৰগোঁহাই অনন্ত কন্দলী সতী সাধনী স্বাধীনতা সংগ্ৰামী গোপীনাথ বৰদলৈ বিষ্ণুপ্ৰসাদ ৰাভা কনকলতা বৰুৱা ভোগেশ্বৰী ফুকননী পিয়লি ফুকন মূলাগাভৰু মনিৰাম দেৱান কুশল কোঁৱৰ ভাষাবিদ হেমচন্দ্ৰ বৰুৱা ভৱানন্দ ডেকা টাবু ৰাম টাইড সমাজ সেৱক জাহ্নৱী গোস্বামী অমলপ্ৰভা দাস নাট্যকাৰ অৰুণ শৰ্মা ভবেন্দ্ৰ নাথ শইকীয়া মহেন্দ্ৰ বৰঠাকুৰ ভবেন বৰুৱা হাইদৰ আলী হেমন্ত দত্ত প্ৰকৃতিবিদ মহীচন্দ্ৰ মিৰি ৰবীন বেনাৰ্জী যাদৱ পায়েং পূৰ্ণিমা দেৱী বৰ্মন চিত্ৰ-ভাস্কৰ্য্য শিল্পী শোভা ব্ৰহ্ম বেণু মিশ্ৰ নীলপৱন বৰুৱা ননী বৰপূজাৰী অতুল চন্দ্ৰ বৰুৱা বীৰেন সিংহ দাদুল চলিহা যতীন হাজৰিকা হেলা দাস দেবানন্দ উলুপ আমিনুল হক মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য কিশোৰ কুমাৰ দাস নিখিলেশ্বৰ বৰুৱা শিক্ষাবিদ ইন্দিৰা মিৰি বাপচন্দ্ৰ মহন্ত ভৱানন্দ ডেকা ভবেন্দ্ৰ নাথ শইকীয়া বিজ্ঞান-প্ৰযুক্তি উদ্ধৱ ভৰালী গুৰুপ্ৰসাদ দাস জয়ন্তী চুতীয়া জিতেন্দ্ৰনাথ গোস্বামী হৰিপ্ৰসাদ বৰুৱা হিৰণ্য চন্দ্ৰ ভূঞা তথ্য সংগ্ৰহ অসম সম্পৰ্কীয় তালিকা
2219
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE
ভাষা
নিৰ্দিষ্ট এক ভৌগোলিক পৰিৱেশৰ মাজত নিৰ্দিষ্ট এক জনসংখ্যাই প্ৰায় একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰি তাৰ মাজেদি পৰস্পৰ বোধ্য অৰ্থ বা শব্দ বা শব্দ সমষ্টিৰে বাক্য সৃষ্টি কৰি ভাব বিনিময় কৰাকে বা মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা () বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়। 'ভাষা' শব্দটি সংস্কৃতৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে। 'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।' আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech' অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা' শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য। মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে। ভাষাৰ সৃষ্টি আৰু ভাষাৰ সৃষ্টিত অৰিহণা যোগোৱা উপাদান জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত মানুহৰ অন্তঃজগত আৰু বহিঃজগতত অহৰ্নিশে চলি থকা ভাৱ-চিন্তা বা অনুভূতিবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাগিন্দ্ৰীয়ৰ জৰিয়তে উচ্চাৰণ কৰা কিছুমান ধ্বনি প্ৰতীকৰ সহায় লয়। এই ধ্বনি প্ৰতীকৰ সমষ্টিয়ে যেতিয়া স্বয়ংসম্পূ্ৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সৃষ্টি হয়। ধ্বনিতত্ত্ব আৰু ভাষাবিজ্ঞানত এই ধ্বনিসমূহৰ বিষয়ে আলোচনা কৰা হয়। ভাষা সৃষ্টিত চাৰিটা উপাদানে সহায় কৰে। সেইকেইটা হ'ল: আত্মা, বুদ্ধি, মন আৰু বায়ু। ভাষাৰ সৃষ্টিৰ বাবে প্ৰথমে প্ৰথমে চেতনাৰ প্ৰয়োজন। অচেতন বস্তুৱে একো নুবুজে আৰু একো ক'বও নোৱাৰে। দ্বিতীয়তে প্ৰয়োজন হয় বুদ্ধি। চেতনা, বুদ্ধি থাকিলেও যদি ক'বলৈ ইচ্ছা নাথাকে, তেন্তে ভাষা সৃষ্টি নহয়। আনহাতে, কথা ক'বলৈ ইচ্ছা কৰিলেও ভিতৰৰৰ শ্বাস-বায়ুক বাহিৰলৈ ওলাবলৈ নিদিলে ধ্বনি উৎপন্ন নহয়। ধ্বনি উৎপন্ন নহ'লে ধ্বনি আৰু ধ্বনি সংযোগৰ ফলত মনোভাৱ ব্যক্ত নহয়। গতিকে স্পষ্টভাৱে ক'ব পাৰি যে ভাষা সৃষ্টিৰ বাবে আত্মা, বুদ্ধি, মন আৰু বায়ুৰ নিতান্ত আৱশ্যক। এই চাৰিটা উপাদানৰে সমৃদ্ধ একমাত্ৰ জীৱ হৈছে মানুহ। সেইবাবেই মানুহ বাক্-অধিকাৰী। সংজ্ঞা সৰ্বসন্মত এটি সংজ্ঞা ভাষাৰ ওপৰত পোৱা নাযায়। ভাষাৰ কামলৈ লক্ষ্য কৰি ভাষাবিজ্ঞানী, দাৰ্শিনক, সমালোচক তথা লেখকসকলে ভিন্ন ভিন্ন ধৰণে ভাষাৰ সম্পৰ্কে সংজ্ঞা আগবঢ়াইছে। তাৰে কিছুমান লোকৰ সংজ্ঞা তলত উদ্ধৃত কৰা হ'ল: ষ্টুৰ্টেভাণ্টৰ মতে, "ভাষা হ'ল যাদৃচ্ছিক বাক্-ধ্বনি প্ৰতীকৰ এটা পদ্ধতি, যাৰ যোগেদি এখন সমাজৰ মানুহে সহযোগ কৰে আৰু পাৰস্পৰিক কাম-কাজ চলায়।" হেনৰী লী স্মিথৰ মতে, "ভাষা হ'ল আয়ত্ত কৰা, পাৰস্পৰিক আৰু যাদৃচ্ছিক আৰু ধ্বনি প্ৰতীকৰ এনে এক পদ্ধতি যাৰ দ্বাৰা একে ভাষা সম্প্ৰদায় অথবা উপসংস্কৃতিৰ মানুহবোৰে কাৰ্যনিৰ্বাহ কৰে আৰু সামূহিক সাংস্কৃতিক অভিজ্ঞতা আৰু প্ৰত্যাশাৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে।" ব্লুছ আৰু ট্ৰেগাৰৰ মতে, "সমাজত বাস কৰা কোনো জনসমষ্টিয়ে পৰস্পৰৰ মাজত যোগাযোগ স্থাপনৰ কাৰণে প্ৰণালীবদ্ধভাৱে প্ৰয়োগ কৰা যাদৃচ্ছিক মৌখিক ধ্বনি গুচ্ছই হৈছে ভাষা।" নৰ্মান এ. মেককুৱনৰ মতে, "ভাষা হ'ল প্ৰধান আহিলা যাৰ জৰিয়তে মানুহে চিন্তা কৰে আৰু যিহৰ যোগেদি মানুহে অভ্যন্তৰীণ আৰু বাহ্যিকভাৱে ক্ৰিয়াশীল ব্যক্তি আৰু সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমাজত নিজকে একিভূত কৰে। ভাষাই প্ৰধান আহিলা যাৰ যোগেদি এজন ব্যক্তিয়ে স্বকীয় আৰু সামাজিক সংহতি, উৎকৰ্ষিত আচৰণ আদি সতি-সন্ততিলৈ বিস্তৃত কৰায় আৰু লগৰীয়াবোৰক সেই সংস্কৃতিৰ অংশীদাৰ-ভাগী হৈ তেওঁৰে সৈতে সামাজিক গোট সৃষ্টি কৰিবলৈ প্ৰভাৱিত কৰে।" এৰিষ্ট'টলৰ মতে, "ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে।" ছাপিৰৰ মতে, "ভাষা হৈছে মানৱীয় আৰু স্বভাৱ বহিভূৰ্ত পদ্ধতি যাৰ দ্বাৰা মানুহে নিজ ইচ্ছাৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়ত ভাৱ, অনুভূতি আৰু বাসনা প্ৰকাশ কৰিব পাৰে।" ৰবিন্সৰ মতে, "ভাষা মূলতঃ যাদৃচ্ছিক ধ্বনি প্ৰতীকৰ এটা পদ্ধতি। বক্তৃতাই আৱশ্যক অনুযায়ী আৰু অৱস্থানভেদে ইয়াক সংশোধন কৰিব পৰে।" এনচাইক্ল'পেডিয়া ব্ৰিটেনিকাৰ অনুসৰি, "ভাষা হৈছে কথিত বা লিখিত ৰূপত পৰস্পৰ যোগসূত্ৰ স্থাপন কৰিব পৰা এটা পদ্ধতি। যাৰ দ্বাৰা এখন সমাজৰ মানুহে আৰু অংশগ্ৰহণকাৰীসকলে সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে।" পতঞ্জলিৰ মতে, "মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা।" উপেন্দ্ৰনাথ গোস্বামীৰ মতে, "কোনো জন-সমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলোৱা প্ৰথাৰ নাম ভাষা।" গোলোকচন্দ্ৰ গোস্বামীৰ মতে, "ভাষা মানুহৰ মনৰ ভাব আদান প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্ৰীয়ৰে উচ্চাৰণ কৰা সুসংগঠিত, সুপৰিকল্পিত ধন্যাত্মক সংকেতবিশেষ। মানুহৰ মনৰ ভাব আৰু চিন্তাৰ শ্ৰূয়মাণ প্ৰতীকেই ভাষা।" ওপৰৰ সংজ্ঞাসমূহৰ পৰা এটি ধাৰণাৰ কৰিব পাৰি যে- মানুহে নিজ ইচ্ছাৰে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত কৰা সু-সংগঠিত, সু-পৰিকল্পিত আৰু যাদৃচ্ছিক প্ৰতীকৰ অৰ্থবহ এক পদ্ধতি, যাৰ দ্বাৰা বিশেষ জনসমষ্টিয়ে পৰস্পৰে ভাৱৰ আদান-প্ৰদান কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলায়। ভাষাৰ উৎপত্তি ভাষা কেনেকৈ উৎপত্তি হ'ল, এই সম্পৰ্কে পণ্ডিতসকলৰ মাজত যথেষ্ট আলোচনা হৈছে, কিন্তু কোনো এজন পণ্ডিতে সিদ্ধান্ত দিব পৰা নাই। ঊনবিংশ শতিকাৰ আগলৈকে পণ্ডিতসকলৰ মনত ভাষা সৃষ্টিৰ ক্ষেত্ৰ 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো সোমাই আছিল। কিন্তু আধুনিক ভাষাবিজ্ঞানীসকলে এই ধাৰণাটো মানি ল'ব নোখোজে। বিশেষকৈ জে.ডি.হাৰ্ডাৰৰ 'The Origin of Language' নামৰ গ্ৰন্থখন ৰচনাৰ পাছত ভাষাবিজ্ঞানীসকলৰ মনৰ পৰা ভাষা 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো আঁতৰি যায়। ভাষাৰ উৎপত্তিৰ ইতিহাস ৰহস্যৰ কুঁৱলীৰে আবৃত যদিও ভাষাৰ উৎপত্তি সম্পৰ্কে বহুতো সূত্ৰ পোৱা যায়। এই সূত্ৰসমূহ অনুকৰণবাদ, ইংগিতধৰ্মিতা, প্ৰতীক, সহজাত প্ৰবৃত্তি আদিৰ লগত সম্পৰ্কজনিত। ভাষাৰ উৎপত্তি সম্পৰ্কীয় এই সূত্ৰসমূহ তলত উল্লেখ কৰা হ'ল - অনুকৰণ সূত্ৰ (The Bow-Bow Theory) সহজাত প্ৰবৃত্তিজনিত সূত্ৰ (The Pooh-Pooh Theory) শব্দৰ অনুকৰণ সূত্ৰ (The Ding Dong Theory) ইংগিতধৰ্মী সূত্ৰ (The Gesture Theory) ভাৰসাম্য সূত্ৰ (The Yo-he-ho Theory) সংগীতধৰ্মী সূত্ৰ (The Musical Theory) ক্ৰমবিকাশবাদ সূত্ৰ (Theory of Evolution) অনুকৰণ সূত্ৰ মানুহ স্বাভাৱিকতে অনুকৰণশীল। পণ্ডিতসকলে অনুকৰণৰ পৰাই ভাষাৰ জন্ম হৈছে বুলি অনুমান কৰি লয়। আদিম কালত মানুহে পাৰিপাৰ্শ্বিক জগতৰ জীৱ-জন্তুৰ মাতৰ অনুকৰণত কিছুমান শব্দ সৃষ্টি কৰি লৈছিল। মেকুৰীৰ মাত - মেউ মেউ, কুলিৰ মাত - কুউ কুউ আদি শব্দৰ পৰা ধ্বন্যাত্মক শব্দৰ সৃষ্টি হৈছিল। বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি, কীট-পতংগ আদিৰ মাত সুকীয়া। এনেদৰে জীৱ-জন্তুৰ মাত অনুকৰণৰ দ্বাৰাই মানুহে ভাষাৰ অনুশীলন কৰিবলৈ শিকে। জীৱ-জন্তুৰ বাহিৰেও প্ৰাকৃতিক জগতৰ অন্যান্য বস্তুৰ পৰা সৃষ্টি হোৱা ধ্বনিৰ অনুকৰণৰ দ্বাৰাও শব্দ সৃষ্টি কৰা হৈছিল। যেনে:- কেৰ-কেৰ, মেৰ-মেৰ, জন-জন ইত্যাদি। সহজাত প্ৰবৃত্তিজনিত সূত্ৰ মানুহৰ কিছুমান সহজাত প্ৰবৃত্তি আছে। এই সহজাত প্ৰবৃত্তিসমূহে ভাষা সৃষ্টিত ইন্ধন যোগাই আহিছে। মানুহে সুখ-দুখ, আনন্দ-বিষাদ, বিস্ময়, ক্ৰোধ আদি প্ৰকাশ কৰিবলৈ মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰে। যেনে - উহ্, আঃ, বাঃ বাঃ আদি। কিন্তু প্ৰত্যেক ভাষাৰে এনে ভাব প্ৰকাশক শব্দবোৰ সুকীয়া সুকীয়া। মানুহৰ মনৰ ভাব প্ৰকাশক এনে শব্দবোৰে পাছলৈ ভাষা সৃষ্টিত ইন্ধন যোগাইছে বুলি ভবাৰ থল আছে। মনৰ ভাবৰ লগত সংগতি থকা এই সূত্ৰটোক মেক্সমূলাৰে 'pooh-pooh theory' বুলি অভিহিত কৰিছিল। শব্দৰ অনুকৰণ সূত্ৰ কিছুমান বস্তুত বৰ জোৰেৰে আঘাত কৰিলে টং টং শব্দ; ডবা এটাত কোবালে ধুম ধুম, ধাম ধাম; ঢোল এটা বজালে ধিং দাও, ধিং দাও আদি শব্দৰ সৃষ্টি হয়। বিভিন্ন বস্তুত আঘাত কৰাৰ পাছত সৃষ্টি হোৱা শব্দবোৰ মানুহৰ কাণত প্ৰতিধ্বনিত হয়, অৰ্থাৎ মানুহে শুনিবলৈ পায়। এনেদৰে বস্তুৰ মাধ্যমেদি সৃষ্টি হোৱা শব্দবোৰে ভাষা বিকাশত অৰিহণা যোগাইছিল বুলি পণ্ডিতসকলে অনুমান কৰে। মেক্সমূলাৰে ভাষা সৃষ্টিৰ এই সূত্ৰটোক প্ৰথমে সমৰ্থন কৰিছিল যদিও পাছলৈ সমৰ্থন কৰা নাছিল। ইংগিতধৰ্মী সূত্ৰ ইংগিতৰ পৰা ভাষাৰ সৃষ্টি হ'ব পাৰে, এই সূত্ৰটোৰ প্ৰধান বক্তা হ'ল মাউথ গেইছাৰ (Mouth Gesture)। মানুহে বিভিন্ন অংগী-ভংগীৰে ভাব প্ৰকাশ কৰে, আনকি জীৱ-জন্তুৱেও নানা চিৎকাৰেৰে বিশেষ অৰ্থ প্ৰকাশ কৰিব খোজে। কলা-বোবা মানুহে ভাব প্ৰকাশ কৰিবলৈ অংগী-ভংগী ব্যৱহাৰ কৰে, নৃত্য পটীয়সীয়ে অংগী-ভংগী বা হস্ত মুদ্ৰাৰ সহায়ত সীমিত সংখ্যক ভাব বিনিময় কৰে, কোনো কথা বা কামৰ সন্মতি প্ৰকাশ কৰা বুজাবলৈ মানুহে মুখেৰে শব্দ উচ্চাৰণ নকৰি মূৰ দুপিয়ায়, এনেদৰে ইংগিতৰ সহায়ত ভাব প্ৰকাশ কৰিবলৈ যত্ন কৰে। এই সূত্ৰটোৰ মতে ই চাৰিটা স্তৰ অতিক্ৰম কৰি আহিছে বুলি ধৰা হয়। প্ৰথম স্তৰত মানুহে শোক, দুখ, ভয়, ক্ৰোধ আদি অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ জন্তুৰ দৰে কিছুমান প্ৰতীকাত্মক ধ্বনি প্ৰকাশ কৰিছিল। দ্বিতীয় স্তৰৰ জীৱ-জন্তু বা অন্যান্য বস্তুৰ দ্বাৰা সৃষ্টি হোৱা ধ্বনিবোৰ অনুকৰণৰ দ্বাৰা আয়ত্ত কৰিছিল। তৃতীয় স্তৰত মানুহে কিছুমান শব্দ আহৰণ কৰিছিল আৰু চতুৰ্থ স্তৰত ক্ৰমান্বয়ে মনৰ ভাব প্ৰকাশক কিছুমান শব্দ সৃষ্টি কৰি লৈছিল বুলি ভবা হয়। ভাৰসাম্য সূত্ৰ মানুহে কোনো গধুৰ বস্তু দাঙিবলৈ শাৰীৰিক বল বা শক্তি খটুৱায়। এনেদৰে আদিম মানৱেও কোনো কাৰ্য কৰোঁতে শৰীৰৰ বল প্ৰয়োগ কৰিছিল। এনে কৰোঁতে শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰিছিল। উদাহৰণস্বৰূপে এজোপা ডাঙৰ গছ আঁতৰাবলৈ, শিল এটা বগৰাবলৈ বা আন গধুৰ বস্তু দাঙিবলৈ বা আঁতৰাবলৈ বল প্ৰয়োগ কৰোঁতে মুখেৰে 'হেইয়া-হো-হৈ-চো' আদিৰ দৰে বিভিন্ন ধ্বনি উচ্চাৰণ কৰিছিল। এনেদৰে উচ্চাৰিত হোৱা ধ্বনিসমূহৰ পৰাই ভাষাৰ সৃষ্টি হোৱা বুলি অনুমান কৰা হয়। ঊনবিংশ শতিকাৰ নয়ৰ নামৰ পণ্ডিতে ভাষা সৃষ্টিৰ এই সূত্ৰ আগবঢ়ায় আৰু এ.এছ.ডায়মণ্ড (A. S. Diamond) নামৰ আন এজন পণ্ডিতে এই সূত্ৰৰ ব্যাখ্যা দাঙি ধৰে। সংগীতাত্মক সূত্ৰ অট' জেচ্ পাৰচনে সংগীতৰ পৰা ভাষা সৃষ্টি হৈছে এই সূত্ৰটো সমৰ্থন কৰিছিল। তেওঁৰ মতে - মানুহৰ মনত ক্ৰিয়া কৰা সাংগীতিক মধুৰতাৰ পৰা ভাষাৰ জন্ম হৈছে। ভাষাৰ উচ্চাৰণৰ এই মধুৰতাক নিশাৰ সংগীত আৰু নাইটিংগেলৰ মধুৰ সংগীতৰ লগত তুলনা কৰিছে। সংগীত সৃষ্টিৰ এই সূক্ষ্ম অনুভূতিবোৰেও ভাষাৰ সৃষ্টিত ইন্ধন যোগাই আহিছে বুলি পণ্ডিতসকলে ধাৰণা কৰে। ক্ৰমবিকাশবাদ সূত্ৰ মানুহৰ মন আৰু বুদ্ধিৰ বিকাশৰ লগে লগে ভাষাইও বিকাশৰ পথত আগবাঢ়ে। এনেদৰে প্ৰাচীনকালৰ পৰাই ভাষাই ক্ৰমবিকাশৰ মাজেৰে বৰ্তমানৰ অৱস্থা পাইছে বুলি পণ্ডিতসকলে ধাৰণা কৰে। অট' জেচ্ পাৰচনৰ ধাৰণা যে - 'ভাষা এনে এটা স্তৰৰ পৰা উৎপন্ন হৈছে, যি সময়ত নেকি ডিঙি আৰু মুখৰ মাংসপেশীবোৰৰ চালনা আৰু কিছু সুৱদি নাইবা আচৰিত ধ্বনি উচ্চাৰণ কৰি নিজে আনন্দ লাভ কৰা নাইবা আনক আনন্দ দিয়াৰ বাহিৰে আন একো উদ্দেশ্য নাছিল। এনে আনন্দ দান বা আনন্দ লাভ কৰাৰ উদ্দেশ্যতে ভাষাৰ সৃষ্টি হোৱা বুলিও অনুমান কৰিব পাৰি যায়। ' বৈশিষ্ট্য ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল: ভাষা বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি: ভাষাত ব্যৱহৃত ধ্বনিসমূহ মানুহৰ বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। প্ৰয়োজনানুসাৰে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পৰস্পৰে পৰস্পৰৰ লগত সংযোগ কৰিবলৈ ভিন্ন পৰিস্থিতিত ধ্বনিৰ সহায়ত ভিন্ন ভাৱ প্ৰকাশক শব্দ গঠন কৰে। ভাষা প্ৰণালীবদ্ধ: মানুহে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীকসমূহ এক নিৰ্দিষ্ট প্ৰণালীৰ সমাহাৰত মনৰ ভাৱ প্ৰকাশ কৰে। প্ৰত্যেক ভাষাৰে গঠন প্ৰণালী সুকীয়া সুকীয়া। ভাষা যাদিচ্ছিক: প্ৰত্যেক ভাষাৰ শব্দ-অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰম্পৰাগত। প্ৰত্যেকটো ভাষাগোষ্ঠীৰ জনসমষ্টিয়ে বিভিন্ন বস্তু, বিষয়, ঘটনা আদি বুজাব পৰাকৈ নিজস্ব ধৰণে অৰ্থ আৰূপ কৰি লয়। সেয়ে প্ৰত্যেক ভাষাতে যাদিচ্ছিকতা পৰিলক্ষিত হয়। ভাষা পৰম্পৰাগত: ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈ গৈ থাকে। জ্যেষ্ঠসকলে যেনে ধৰণে কয়, নবীন প্ৰজন্মই তেনে প্ৰণালীৰেই ভাষাটো ক'বলৈ আয়ত্ত কৰে নতুবা শিকে। সেয়ে ভাষা পৰম্পৰাগত প্ৰথা। ভাষা সমাজকেন্দ্ৰিক: ভাষা সমাজক কেন্দ্ৰ কৰি বৰ্তি থাকে। সমাজৰ পৰা অৱহেলিত এটি নব শিশুৱে ভাষা আহৰণ কৰিব নোৱাৰে। শিশুৱে নিতৌ সমাজত ব্যৱহৃত হৈ থকা ভাষাক আহৰণ কৰি এদিন নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা দক্ষতা আহৰণ কৰে। ভাষা সৃজনমূলক: মানুহে ব্যক্ত কৰা প্ৰতিটো বাক্যই হুবহু পুনৰুক্তি নঘটে। মানুহে পৰিস্থিতি সাপেক্ষে সদায় নতুন নতুন বাক্য সৃষ্টি কৰি প্ৰয়োগ কৰে। সেয়ে ভাষাক সৃজনমূলক বুলি কোৱা হয়। ভাষা প্ৰতীকধৰ্মী: পৃথিৱীৰ ভিন্ন ভাষাত উচ্চাৰিত হোৱা ধ্বনি সমষ্টিৰ লগত বাহ্যিক জগতৰ বস্তুৰ লগত বা ভাৱৰ মাজত কোনো ধৰা-বন্ধা সম্বন্ধ নাই। ধ্বনি আৰু বস্তুৰ ধাৰণাৰ মাজত চিৰাচৰিত সম্পৰ্ক নথকা বাবেই পৃথিৱীৰ ভাষাবোৰত একোটা বস্তু বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়। সেয়ে ভাষা প্ৰতীকধৰ্মী। ভাষাৰ উপাদান ভাষাৰ উপাদান বুলিলে - ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ এই চাৰিটা উপাদানৰ কথাকে বুজা যায়। ধ্বনি, ৰূপ, বাক্য এইকেইটাক কোনো ভাষাবিদে ভাষাৰ মৌলিক উপাদান বুলি উল্লেখ কৰিছে। প্ৰকৃতাৰ্থত ভাষা এটাৰ গঠন প্ৰক্ৰিয়াত ভাষাৰ উক্ত উপাদানকেইটা অন্তনিৰ্হিত হৈ থাকে। এইবোৰ স্তৰে স্তৰে সৰুৰে পৰা ডাঙৰলৈকে লানি নিছিগাকৈ খাপ খাই থাকে। ভাষা এটাৰ গঠন প্ৰণালী অৰ্থাৎ উচ্চাৰিত ধ্বনি, ধ্বনি বিন্যাস, ৰূপ, ৰূপ সংযোগ, বাক্য আৰু অৰ্থ প্ৰতিপাদনৰ কৌশল অতি ৰীতিসন্মত আৰু প্ৰণালীবদ্ধ। ধ্বনি ভাষাত কিছুমান বাগ্‌ধ্বনি উচ্চাৰিত হয়। এই ধ্বনিবোৰে অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। কিন্তু ধ্বনিবোৰৰ সংযোগত ৰূপ সৃষ্টি কৰিলে অৰ্থৰ প্ৰকাশ ঘটে। যেনে - 'মৰম' শব্দৰ ম-ৰ-ম এই তিনিটা ধ্বনিক অকলশৰীয়াকৈ উচ্চাৰণ কৰিলে কোনো অৰ্থ বহন নকৰে। ৰূপ ধ্বনিবোৰৰ সংযোগ ঘটালে ৰূপৰ সৃষ্টি হয়। যেনে- 'মৰম' শব্দৰ ম-ৰ-ম এই তিনিটা ধ্বনিক অকলশৰীয়াকৈ উচ্চাৰণ কৰিলে কোনো অৰ্থ বহন নকৰে; কিন্তু 'মৰম' এই তিনিওটা একেলগে সংযোগ কৰিলে 'মৰম' ৰূপ অৰ্থযুক্ত হয়। বাক্য ৰূপবোৰৰ সংযোগত 'বাক্য' সৃষ্টি কৰা হয়। যেনে- তোমাৰ প্ৰতি মোৰ মৰম আছে। প্ৰকৃততে বাক্যৰ সহায়ত আমি মনৰ ভাব প্ৰকাশ কৰোঁ। এই বাক্যবোৰ কিছুমান ৰূপৰ সমষ্টি। অৰ্থ ৰূপ আৰু বাক্যবোৰে অৰ্থৰ প্ৰকাশ ঘটায় অৰ্থাৎ অৰ্থযুক্ত হ'ব লাগে। যেনে - তোমাৰ প্ৰতি মোৰ মৰম আছে - এই বাক্যটোৱে এটি অৰ্থৰ প্ৰকাশ ঘটাইছে। ধ্বনি, ৰূপ আৰু বাক্যক খণ্ডিত কৰি দেখুৱাব পাৰি; কিন্তু অৰ্থক খণ্ডিত কৰি দেখুৱাই দিব নোৱাৰি। ভাষাৰ গঠন প্ৰণালীৰ আঁহে আঁহে সঞ্চাৰিত হৈ আছে ভাষাৰ প্ৰাণ অৰ্থাৎ অৰ্থ। ধ্বনি, ৰূপ, বাক্য আদি ভাষাৰ উপাদানসমূহক ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতমলৈ ভাগ ভাগ কৰি দেখুৱাব পাৰি। কিন্তু অৰ্থক বিশ্লেষণ কৰিব নোৱাৰি। সুৰ-লহৰ, শ্বাসাঘাত, সন্ধি এইকেইটাও ভাষাৰ উপাদানৰ ভিতৰুৱা। ধ্বনি, ৰূপ, বাক্য এইকেইটা অনুক্ৰম বৰ্ণৰে নিৰ্মিত, কিন্তু সুৰ-লহৰ আৰু শ্বাসাঘাত উপাহিত বৰ্ণৰে গঠিত, ইয়াক ক্ৰম কৰি দেখুৱাই দিব নোৱাৰি। কেৱল বাক্য কওঁতে ইয়াৰ প্ৰকৃত মৰ্ম উপলব্ধি কৰিব পাৰি। সুৰ-লহৰ, শ্বাসাঘাত, সন্ধি আদিৰ সহায়ত বাক্যৰ অৰ্থৰ সুকীয়া কৰিব পাৰি। সেইবাবে বক্তাই একোটা বাক্যকে ভিন্ন ধৰণে উচ্চাৰণ কৰি ভিন্ন ভাব প্ৰকাশ কৰিব পাৰে। সুৰ-লহৰ, শ্বাসাঘাত, সন্ধি এইকেইটাৰ বিষয়ে তলত চমুকৈ উদাহৰণসহ উল্লেখ কৰা হ'ল - সুৰ-লহৰ সুৰ-লহৰে বাক্যৰ অৰ্থৰ ভিন্ন প্ৰকাশ ঘটায়। যেনে- তোমাৰ ভোক লাগিছে! (মৃদু অনুৰোধ) তোমাৰ ভোক লাগিছে? (প্ৰশ্নসূচক) শ্বাসাঘাত তুমি ইয়াত কি কৰিছা? তুমি ইয়াত কি কৰিছা? তুমি ইয়াত কি কৰিছা? ওপৰৰ বাক্য তিনিটাত শব্দৰ ব্যৱহাৰ আৰু ক্ৰম একে যদিও প্ৰতিবাৰে বাক্যকেইটা উচ্চাৰণ কৰোঁতে কি, কৰিছা, ইয়াত বেলেগ বেলেগ শব্দত শ্বাসাঘাত বা বলাঘাত পৰাৰ বাবে অৰ্থ সুকীয়া হৈছে। সন্ধি সন্ধিৰ তাৰতম্যই বাক্যৰ অৰ্থ সলনি কৰে। যেনে- সিপাৰলৈ গ'ল = সি + পাৰ + লৈ গ'ল৷ সি পাৰ লৈ গ'ল = সি + পাৰলৈ গ'ল৷ সি পাৰলৈ গ'ল = সিপাৰ + লৈ গ'ল। ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা ৰাষ্ট্ৰসংঘই ৬টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে। সেইকেইটা হ'ল: আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনীছ। ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনীছ ভাষাক)। আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কামকাজত ইংৰাজী আৰু ফৰাচী, এই দুটা ভাষাক ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ স্বীকৃত ভাষাৰ সংখ্যা কমাব লাগে নে (উদাহৰণ স্বৰূপে, কেৱল ইংৰাজী) বঢ়াব লাগে তাক লৈ সঘনাই বিবাদ হৈ থাকে। ২০০১ চনত স্পেনীছ ভাষা অধ্যুষিত ৰাষ্ট্ৰসমূহে স্পেনীছ ভাষাই ইংৰাজী ভাষাৰ সমপৰ্য্যায়ৰ মৰ্য্যদা নোপোৱা বুলি অভিযোগ তুলিছিল। হিন্দী ভাষাক ৰাষ্ট্ৰসংঘৰ সপ্তম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিব লাগে বুলিও দাবী তোলা হৈছে। ইংৰাজী ভাষাৰ বাবে ৰাষ্ট্ৰসংঘই ব্ৰিটিছ ব্যৱহাৰ আৰু অক্সফ'ৰ্ডৰ দ্বাৰা অনুমোদিত মান্য বানানক অনুসৰণ কৰে। ভাৰতৰ ভাষা হিন্দী ভাষা ভাৰতৰ অধিকাৰিক (চৰকাৰী) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতী প্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ World Atlas of Language Structures: a large database of structural (phonological, grammatical, lexical) properties of languages ভাষাবিজ্ঞান
2226
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%98%E0%A6%BE%E0%A6%9F%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
গোলাঘাট জিলা
গোলাঘাট জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত অন্যতম। জিলাৰ সদৰ ঠাই গোলাঘাট নগৰ। এই জিলাৰ চাৰিটা মহকুমা হ'ল গোলাঘাট, ধনশিৰী, বোকাখাত আৰু মেৰাপানী। জিলাখনৰ মাটিকালি ৩,৫০২ কিলোমিটাৰ। ১৯৮৭ চনত জিলা ঘোষিত হোৱা এই জিলাৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১০,৬৬,৮৮৮ জন। ইয়াৰে ৫,৪৩,১৬১ জন পুৰুষ আৰু ৫,২৩,৭২৭ গৰাকি মহিলা। গোলাঘাট নামৰ উৎপত্তি গোলাঘাট নামৰ উ‍ৎপত্তিৰ এক কাহিনী আছে। ১৯ শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে। তদুপৰি আন এক প্ৰবাদ অনুসৰি ধনশিৰী নৈৰ ঘাটত আহোমসকলৰ গোলা-বাৰুদ থোৱা ঘৰ আছিল কাৰণে এই ঘাটটোৰ নাম গোলাঘাট হয়গৈ। পূৰ্বতে গোলাঘাটক টোপোলা ঘাট বা টোপোলা চাপৰি নামেৰেও জনা গৈছিল। ধনশিৰী নদীখন গোলাঘটীয়া ৰাইজৰ বোঁৱতী জীৱন ৰেখা স্বৰূপ। আহোমসকলৰ পূৰ্বে গোলাঘাট কছাৰী ৰাজ্যৰ অধীনত আছিল। অসমীয়া সমাজ জীৱনৰ কেইবাজনো খ্যাতিমান ব্যক্তিয়ে এই গোলাঘাটতে জন্ম লাভ কৰিছিল। গোলাঘাটত প্ৰধানকৈ চুতীয়া আৰু ঠেঙাল কছাৰীসকলৰ স্বকীয় সংস্কৃতি দেখিবলৈ পোৱা যায়।। ইতিহাস সৰুপথাৰৰ নগাজৰী খনিকৰ গাঁৱত পোৱা ৫ম শতিকাৰ শিলালিপিৰ পৰা বুজা যায় যে সেই সময়ত দৈয়াং-ধনশিৰী উপত্যকাত এক স্বাধীন ৰাজ্য আছিল। আকৌ এই অংশত পোৱা নানান ইটাৰে নিৰ্মিত ভৱন, মঠ-মন্দিৰ আদিৰ ধংসাৱশেষ আদিয়ে ৯ম-১০ম শতিকাৰ এখন ৰাজ্যৰ উমান দিয়ে। ১৬ শতিকাত এই দৈয়াং-ধনশিৰী উপত্যকা আহোম ৰাজ্যত চামিল হয়। আহোমসকলে এই ঠাই কছাৰীসকলৰ পৰা দখল কৰে। আহোমৰ ৰাজত্বকালত এই ঠাইৰ শাসনৰ দায়িত্ব মৰঙীখোৱা গোহাঁইৰ আছিল। গোলাঘাট জিলা গঠন ইংৰাজ শাসনকালত এই দৈয়াং-ধনশিৰী উপত্যকা বৃহত্তৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাটক এখন জিলা ঘোষণা কৰা হয়। প্ৰশাসনিক বিভাজন গোলাঘাট জিলাখন চাৰিটা অসম বিধানসভা সমষ্টিৰ অন্তৰ্গত: বোকাখাত (৯৩), সৰুপথাৰ (৯৪), গোলাঘাট (৯৫) আৰু খুমটাই (৯৬)। এই চাৰিওটা সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত। বনাঞ্চল বনজ সম্পদত গোলাঘাট জিলা চহকী। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গৰমপানী অভয়াৰণ্য আৰু নামবৰ দৈগ্ৰুং অভয়াৰণ্য অৱস্থিত। এশিঙীয়া গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেনদ্ৰ। কাজিৰঙাৰ মুঠ মাটিকালি ৩৭৮ বৰ্গ কি.মি. আৰু অধিকাংশই গোলাঘাট জিলাৰ অন্তৰ্গত। ৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰা নামবৰ দৈগ্ৰুং অভয়াৰণ্য গৰমপানীৰ উঁহৰ বাবে বিখ্যাত। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ জিলা গোলাঘাট জিলা
2227
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8B%E0%A6%A3%E0%A6%BF%E0%A6%A4%E0%A6%AA%E0%A7%81%E0%A7%B0%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
শোণিতপুৰ জিলা
শোণিতপুৰ (ইংৰাজী: Sonitpur) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী। শোণিতপুৰ নামৰ উৎপত্তি সাহিত্যিক অৰ্থত শোণিতপুৰৰ অৰ্থ হৈছে তেজৰ নগৰ। প্ৰধানকৈ শোণিতপুৰ নামটো আহিছে সংস্কৃত 'শোণিত' (অৰ্থ তেজ) আৰু 'পুৰ' (অৰ্থ নগৰ)ৰ পৰা। এই ঠাইখনৰ পুৰণি নাম বৰ্তমান ইয়াৰ সদৰ ঠাই তেজপুৰ হিচাপেও জনা গৈছিল। তেজপুৰ শব্দটোও আহিছে সংস্কৃত 'তেজ' আৰু 'পুৰ' শব্দৰ পৰা। শোণিতপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ। এসময়ত ইয়াত বাণ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল, তেওঁ আছিল অসুৰৰ ৰজা। বাণ ৰজাৰ জীয়ৰী উষাই সপোনত এজন কোঁৱৰক দেখা পায় আৰু তেওঁৰ প্ৰেমত পৰে। তেওঁ চিত্ৰলেখাৰ সহায়ত সেই কোঁৱৰজন ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি গম পায় আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়। বাণ ৰজাই সেই কথা গম পাই উষাক অগ্নিৰ দ্বাৰা আৱৰি থকা এটা ঘৰৰ মাজত বন্দী কৰি ৰাখে। সেই ঘৰটোকে অগ্নিগড় বোলে। কিন্তু অনিৰুদ্ধই উষাৰ সখীয়েক শিল্পী চিত্ৰলেখাৰ সহায়ত উষাক লাভ কৰে আৰু গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰে। এই কথাত বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ আৰম্ভ হয়। উল্লেখযোগ্য যে বাণ আছিল পৰম শিৱ ভক্ত। গতিকে ভক্তৰ হৈ যুদ্ধত শিৱ‌ই কৃষ্ণৰ বিৰুদ্ধে যুঁজ কৰে। এইখন যুদ্ধকে হৰি-হৰ যুদ্ধ বোলা হয়। এই যুদ্ধত হাজাৰ হাজাৰ যোদ্ধাৰ মৃত্যু হয় চাৰিওফালে তেজৰ নৈ-বৈ যায়। ইয়াৰ ফলতেই এই ঠাইৰ নাম তেজপুৰ (তেজৰ নগৰ) লাভ কৰে। পিছলৈ গোটেই জিলাখনকে শোণিতপুৰ হিচাপে পৰিচিত হয়। ভৌগোলিক অৱস্থিতি শোণিতপুৰ জিলা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে মুঠ ৫৩২৪ বৰ্গ কিলোমিটাৰ আগুৰি আছে। আনহাতে জিলাখন ২৬° ৩০’N আৰু ২৭° ০১’N অক্ষাংশ আৰু ৯২° ১৬’E আৰু ৯৩° ৪৩’E দ্ৰাঘিমাংশ মাজত অৱস্থিত। জিলাখনৰ চাৰিসীমা হ'ল- উত্তৰে- অৰুণাচল প্ৰদেশ দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী, নগাওঁ জিলা আৰু গোলাঘাট জিলা পূবে- লখিমপুৰ জিলা আৰু পশ্চিমে- দৰং জিলা জলবায়ু মুঠ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১,৯২৫,৯৭৫। ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৫.৬৭%। আনহাতে প্ৰত্যেক ১০০০ মাইল দূৰত্বৰ ৯৪৬ গৰাকী মহিলা বাস কৰে। জিলাখনৰ শিক্ষিত হাৰ হৈছে ৬৯.৯৬%। আনহাতে জিলাখনৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা হৈছে ১,২৮৭,৬৪৬ জন আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ২৬৮,০৭৮ (১৫.৯৪) জন। ইতিহাস প্ৰশাসনিক দিশৰ পৰা জিলাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ১৯৮৩ খ্ৰীষ্টাব্দত দৰং জিলাখনক দুখন জিলা হিচাপে ভাগ কৰি পেলোৱা হৈছিল। দৰং আৰু শোণিতপুৰক দুখন সুকীয়া জিলাৰূপে ঘোষণা কৰা পিছত তেজপুৰক শোণিতপুৰ জিলাৰ সদৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কালিকা পুৰাণৰ বিৱৰণ অনুসৰি বৰ্তমানৰ দৰং, শোণিতপুৰ আৰু উত্তৰ লখিমপুৰ জিলা কেইখন বাণৰজাৰ শাসনাধিষ্ঠিত অঞ্চল আছিল। ভাষা জিলাখনত বসবাস কৰা বৃহৎ সংখ্যক মানুহৰে মাতৃভাষা হ'ল অসমীয়া ভাষা। কিন্তু বহু ঠাইত মিশ্ৰিত ভাষাৰো ব্যৱহাৰ হয়। অন্যান্য কিছু সংখ্যক মানুহে কাৰ্বি ,বড়ো, নেপালী, বাংলা আৰু হিন্দী ভাষা ব্যৱহাৰ কৰে। আনহাতে চাহবাগানসমূহত বাস কৰা বৃহৎ সংখ্যক শ্ৰমিকৰ মাজত মিশ্ৰিত ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা দেখা যায়। জিলাৰ সদৰ আৰু মহকুমা জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ১৮১ কিলোমিটাৰ গুৱাহাটীৰ পূবত অৱিস্থত। বৰ্তমান শোণিতপুৰ জিলাৰ প্ৰধান নগৰ তেজপুৰ ঐতিহাসিক সম্পদৰ কাৰণে ভাৰত বিখ্যাত। শোণিতপুৰ জিলাৰ তিনিটা প্ৰধান মহকুমা হ'ল তেজপুৰ, বিশ্বনাথ আৰু গহপুৰ। গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ শোণিতপুৰ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কণকলতা বৰুৱাৰ জন্ম হয়। নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে। লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে। শোণিতপুৰৰ উল্লেখযোগ্য ব্যক্তিসকল কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল। চন্দ্ৰ কুমাৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালা দন্দিৰাম কলিতা কমলাকান্ত ভট্টাচাৰ্য্য বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ফনী শৰ্মা লম্বোদৰ বৰা পদ্মনাথ গোহাঞি বৰুৱা চন্দ্ৰনাথ শৰ্মা দণ্ডিনাথ কলিতা হীৰাৱতী গোহাঞি বৰুৱা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস লক্ষ্মীধৰ শৰ্মা গহণ চন্দ্ৰ গোস্বামী বিজয় চন্দ্ৰ ভাগৱতী গজেন বৰুৱা কণকলতা বৰুৱা মুকুন্দ কাকতি দীননাথ শৰ্মা ছবিলাল উপাধ্যায় * বীষ্ণুলাল উপাধ্যায় প্ৰফুল্ল বৰা পৰ্যটনস্থল অগ্নিগড় তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। কালিকা পুৰাণত উল্লেখ আছে যে শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল। সেয়ে এই গড়টোৰ নাম অগ্নিগড় হ'ল। অগ্নিগড়ৰ সংৰক্ষণৰ বাবে ১৯২৮ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱায়ে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্ত্বাৱধানত এখন উদ্যান পৰিচালনা কৰি থকা হৈছে। দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত অৱস্থিত। ১৯২১-১৯২২ চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ-পৰ্বতীয়াত শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়ৰ গাঁথনি উদ্ধাৰ হয়। ঠাৱৰ কৰা হৈছে যে এই ঠাইত বাণ ৰজাই হৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ’হৰি হৰাত্মক’ শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰাইছিল। বৰ্তমানৰ শিলৰ দ্বাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। কোনো কোনো প্ৰত্নতত্ত্ববিদে এয়া গুপ্ত যুগৰ আটাইতকৈ পুৰণি স্মৃতি চিহ্ন বুলি ক’ব খোজে। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে। ঐতিহাসিক মঠ-মন্দিৰ মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচচতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া। ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰৰ কাষৰ এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে মাইথান বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল। জ্যোতি ভাৰতী বা পকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে। ইয়াতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ আখৰা হৈছিল। ১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল 'পকী'। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক 'পকী' নামেৰে জনা গৈছিল। পৰৱৰ্তী সময়ত 'পকী'ক ব্যক্তিগত বাসভৱনৰ সলনি জ্যোতিভাৰতী নামেৰে এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, তেওঁৰ হাতৰ আখৰ থকা কাগজ, বিভিন্ন তথ্য-পাতি, শোৱা পালেং আদি সংৰক্ষণ কৰি ৰখা হৈছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে। ১৯৯৮ চনৰ ৯ ছেপ্তমবৰত নামেৰি(২০০ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ চূড়ান্ত অনুজ্ঞা প্ৰদান কৰা হৈছিল। কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত ই এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুল বৈচিত্ৰ্যময়। ৰাষ্ট্ৰীয় উদ্যানখনত তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকিটি আৰু ছশৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়। উল্লেখনীয় শৈক্ষিক প্ৰতিষ্ঠান বিশ্ববিদ্যালয় : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় মহাবিদ্যালয়: দৰং মহাবিদ্যালয় : তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল। তেজপুৰ মহাবিদ্যালয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় তেজপুৰ আইন মহাবিদ্যালয় বি.টি. কলেজ ছয়দুৱাৰ মহাবিদ্যালয় বিশ্বনাথ মহাবিদ্যালয় ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় ৰঙাপৰা মহাবিদ্যালয় বিশ্বনাথ কৃষি মহাবিদ্যালয় উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয়: তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় তেজপুৰ একাডেমি তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয় চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় চাৰিআলি আদৰ্শ বিদ্যাপীঠ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান : আই টি আই গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ ফাৰ্ম মেচিনাৰী প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান অনান্য শৈক্ষিক প্ৰতিষ্ঠান : জ্যোতিকলা কেন্দ্ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি। তথ্যসূত্ৰ বিশ্বনাথ কলেজ অব এডুকেচন বাহ্যিক সংযোগ জিলা প্ৰশাসনৰ ৱেবছাইট CIC ৱেবছাইটত জিলাখনৰ বিষয়ে আৰু তথ্য পঢ়ক শোণিতপুৰ জিলাৰ কিছুমান ঠাইৰ পিন নম্বৰ নেডফি ডাটাবেংকত থকা তথ্য gloriousindia.com ৱেবছাইতত থকা তথ্য onefivenine.com ত থকা তথ্য শোণিতপুৰ জিলাৰ চাহ বাগিচাসমূহৰ তালিকা assaminfo.com ৱেবছাইটত শোণিতপুৰ জিলাৰ বিষয়ে বিতং তথ্য আছে rainrays.com শোণিতপুৰ জিলাৰ ঠাইসমূহৰ বিষয়ে তথ্য আছে অসমৰ জিলা শোণিতপুৰ জিলা
2230
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
নগাঁও জিলা
নগাঁও () হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁৱৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰ জিলা, দক্ষিণে হোজাই, ডিমা হাছাও জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা। নগাঁও জিলা সাৰুৱা সমভূমি আৰু অৰণ্যানিৰে সমৃদ্ধ৷ জিলাখনৰ জলবায়ু সেমেকা আৰু আদ্ৰ৷ জিলাখনত ঠায়ে-ঠায়ে আৰু সীমামূৰীয়া অঞ্চলসমূহত বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায়৷ জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত৷ নানা তৰহৰ পশু-পক্ষী, বহুধাবিভক্ত জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সমাৱেশে নগাঁও জিলাক বিবিধতা প্ৰদান কৰিছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা, বৰগীত, অঙ্কীয়া নাট আদিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ কিছু অংশ নগাঁৱতে অন্তৰ্ভুক্ত হৈছে৷ ইয়াৰোপৰি লাওখোৱা অভয়াৰণ্য, চাপানালা জলপ্ৰপাত নগাঁও জিলাৰ অন্তৰ্ভুক্ত৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁৱৰ মুঠ জনসংখ্যা ১৮,৯২, ৫৫০৷ ২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে হোজাইক এখন নতুন জিলাৰ মৰ্যাদা দিয়ে৷ পূৰ্বতে হোজাই নগাঁৱৰ মহকুমা আছিল৷ বৰ্তমান নগাঁৱৰ মহকুমা দুটা৷ নগাঁও আৰু কলিয়াবৰ৷ ইতিহাস কছাৰীসকলৰ শাসন কালিকা পুৰাণৰ মতে, অসুৰবংশীয় মহাপৰাক্ৰমী ৰজা নৰকাসুৰ কামৰূপলৈ আহে আৰু স্থানীয় কিৰাত ৰজাক পৰাভূত কৰি প্ৰাগজ্যোতিষপুৰ ৰাজ্য গঠন কৰে৷ সেইয়া খ্ৰীষ্টপূৰ্ব ৩০০০ চনমানৰ ঘটনা৷ ৰজা নৰকাসুৰৰ দিনতে নগাঁৱৰ কপিলী উপত্যকাত ত্ৰিপুৰা জাতিৰ ৰাজ্য আছিল৷ পাছত কছাৰীসকলৰ লগত যুঁজত হাৰি ত্ৰিপুৰা ৰজাই কপিলীৰ পৰা প্ৰস্থান কৰি বৰ্তমানৰ ডিমা হাছাও জিলাৰ মাইবঙত বসতি পাতেগৈ৷ তেতিয়াই কপিলী উপত্যকা কছাৰীসকলৰ অধীন হয়৷ ইয়াৰ পৰৱৰ্তী বহুবছৰৰ নগাঁৱৰ বুৰঞ্জীৰ তথ্য পাবলৈ নাই৷ বৰ্মন বংশৰ শাসনকালত খ্ৰীষ্টপূৰ্ব ৩৫০ চনমানত পুষ্য বৰ্মা নামৰ বীৰ এজনে নৰকাসুৰৰ বংশৰ বুলি পৰিচয় দি কামৰূপৰ সিংহাসন অধিকাৰ কৰে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চল তেতিয়া এইজন ৰজাৰ অধীনলৈ আহে৷ প্ৰায় নৱম-একাদশ শতিকাত ঠাইখণ্ডলৈ পাল বা যোগী সম্প্ৰদায়ৰ লোকসকল নগাঁৱলৈ আহে৷ ভূঞাসকলৰ আগমন, আহোমৰ শাসনকাল আৰু নগাঁৱৰ নিৰ্মাণ পাল বংশৰ পাছত নগাঁৱৰ দক্ষিণ-পূব অংশত কছাৰী আৰু উত্তৰ-পশ্চিমাংশত ভূঞাসকলৰ বিস্তৃতি দেখিবলৈ পোৱা যায়৷ সপ্তদশ শতিকাৰ আগভাগত আহোমসকলে কছাৰী আৰু ভূঞাসকলক পৰাভূত কৰি নগাঁও জিলা নিজৰ অধীনলৈ আনে৷ এই যুদ্ধত স্থানীয় বাসিন্দাসকলে সমীপৱৰ্তী বিভিন্ন ঠাইলৈ গমন কৰে৷ ভালেমানদিনলৈকে ঠাইখণ্ড জনশূন্য হৈ আছিল৷ ১৬০৩ চনত প্ৰতাপ সিংহই আহোমৰ শাসনভাৰ চম্ভালে৷ তেওঁৰ দিনতেই ৰাজবিষয়া মোমাই তামূলী বৰবৰুৱাই কলং আৰু কপিলী নদীৰ পাৰত নতুনকৈ গাঁও স্থাপন কৰে আৰু মানুহ থকাৰ উপযোগী কৰি তোলে৷ ইয়াত নতুনকৈ মানুহো বহুউৱা হয়৷ ১৬১১ চনত নগাঁও নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ১৭২১-১৭২২ চনমানত সমাপ্ত হয়৷ নতুনকৈ পতা গাঁও বাবে ঠাইখণ্ডৰ নাম হয়গৈ-নগাঁও৷ ঊনৈশ শতিকাৰ নগাঁও ১৮২৬ চনলৈকে নগাঁওখন মানৰ অধীনত আছিল৷ ইয়াণ্ডাবু সন্ধিৰ কাৰ্যকৰীকণৰ পাছত নগাঁও ব্ৰিটিছৰ অধীনলৈ আহে৷ ১৮৩২ চনত নগাঁৱক পৃথক প্ৰশাসনিক গোট হিচাপে চিহ্নিত কৰা হয়৷ অৱশ্যে কলং নদীৰ পাৰত থকা বৰ্তমানৰ নগাঁও চহৰত ব্ৰিটিছসকলে খোপনি পোতালৈকে দুটামান বছৰ প্ৰয়োজন হৈছিল৷ নগাঁৱৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ক প্ৰথমাৱস্থাত খাগৰিজান বুলি জনা গৈছিল৷ ১৮৯৩ চনত চহৰখন পৌৰনগৰীৰ ৰূপ পায়৷ পূৰ্বতে খাগৰিজান আৰু পাছলৈ পুৰণিগুদামত নগাঁৱৰ মুখ্য কাৰ্যালয় স্থাপিত হৈছিল৷ অঞ্চলটোত মাজেৰে উত্তৰ-পূব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশলৈকে এটা খাল আছিল৷ খালটোৰ চৌপাশ খাগৰিৰে উপচি আছিল বাবে ঠাইখণ্ডক খাগৰিজান বুলি কোৱা হৈছিল৷ ১৮৩৩ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল পুৰণিগুদামত৷ ১৮৩৫ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল ৰঙাগড়াত৷ আৰু ১৮৩৯ চনত বৰ্তমানৰ নগাঁও চহৰত নগাঁৱৰ সদৰ ঠাই স্থাপন কৰা হয়৷ ভাষা অসমীয়া হ'ল প্ৰধান ভাষা। ইয়াৰ উপৰিও হিন্দী,নেপালী,কাৰ্বি,বড়ো,উৰ্দু,আৰবী আদি ভাষাৰো প্ৰচলন আছে। জন গাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি ২৮,২৬,০০৬ জন। পুৰুষ সংখ্যা ১৪,৪০,৩০৭জন আৰু মহিলাৰ সংখ্যা ১৩,৮৫,৬৯৯ গৰাকী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৬২ জনী। স্বাক্ষৰতাৰ হাৰ ৭২.৩৭%। পুৰুষ শিক্ষিত ৭৬.৫১% আৰু মহিলাৰ শিক্ষিত হাৰ ৬৮.০৭%। শিশু জনসংখ্যাৰ হাৰ (০-৬ বছৰৰ ভিতৰৰ) ১৬.২৯% । ল'ৰা শিশু (০-৬ বছৰৰ ভিতৰৰ) ১৬.২৭% । ছোৱালী শিশু (০-৬ বছৰৰ ভিতৰৰ) ১৬.৩০%। প্ৰশাসনিক গাঁথনি মহকুমা নগাঁও জিলাৰ মহকুমা দুটা হৈছে- নগাঁও আৰু কলিয়াবৰ। বিধানসভা আৰু লোকসভাৰ সমষ্টি ইয়াৰ বিধানসভা সমষ্টি সমূহ হ'ল- ৮২ ৰহা, ৮৩ ধিং, ৮৪ বটদ্ৰৱা, ৮৫ ৰূপহীহাট, ৮৬ নগাঁও, ৮৭ বঢ়মপুৰ, ৮৮ চামগুৰি, ৮৯ কলিয়াবৰ, আনহাতে লোকসভা সমষ্টি হ'ল-নগাঁও আৰু কলিয়াবৰ। উন্নয়ন খণ্ড নগাঁও জিলাৰ তেৰখন উন্নয়ন-খণ্ড আছে৷ সেইসমূহ হৈছে- বাজিয়াগাঁও, বটদ্ৰৱা, বঢ়মপুৰ, দলংঘাট, জুৰীয়া, কলিয়াবৰ, পশ্চিম কলিয়াবৰ, কঠীয়াতলি, খাগৰিজান, ৰূপহীহাট, পাখিমৰীয়া, ৰহা, লাওঁখোৱা ৷ পৌৰসভা নগাঁৱৰ পৌৰসভা কেইখন হৈছে নগাঁও পৌৰসভা, কামপুৰ পৌৰসভা, ৰহা পৌৰসভা, আৰু ধিং পৌৰসভা ৷ ৰাজহ চক্ৰ নগাঁও জিলাৰ অন্তৰ্গত সাতখন ৰাজহ চক্ৰ আছে৷ সেইকেইখন হৈছে- নগাঁও ৰহা কামপুৰ ধিং ৰূপহী চামগুৰি কলিয়াবৰ যাতায়ত ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰেল আস্থান হয়বৰগাঁও, নগাঁও, চাপৰমুখ, কামপুৰ, শিলঘাট,ৰহা উল্লেখযোগ্য ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ লক্ষ্মীনাথ বেজবৰুৱা গোপীনাথ বৰদলৈ নৱকান্ত বৰুৱা দেৱকান্ত বৰুৱা ৰুদ্ৰ বৰুৱা যজ্ঞেশ্বৰ শৰ্মা সূৰ্যকুমাৰ ভূঞা বিৰিঞ্চি কুমাৰ বৰুৱা ভোলানাথ বৰুৱা ড॰ ভবেন্দ্ৰ নাথ শইকীয়া মহিম বৰা খগেন মহন্ত পাৰবিন চুলতানা ড॰লক্ষ্মীনন্দন বৰা প্ৰফুল্ল কুমাৰ মহন্ত উচমান আলী সদাগৰ বদৰুদ্দিন আজমল ৰাজেন গোঁহাই মুকুট শৰ্মা গুণীন হাজৰীকা দিগেন বৰা ৰকিবুল হুছেন যতীন বৰা উল্লেখযোগ্য স্থানসমূহ বৰদোৱা: ১৪৪৯ চনত বৰদোৱা আলিপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। মহাপুৰুষ শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা। তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-একত্ৰিত কৰিছিল। শিলঘাট: কামাখ্যা মন্দিৰ বা কেঁচাইখাটী গোঁসানী মন্দিৰ শ্ৰী শ্ৰী মাধৱ থান কন্দলি : বাদুলি খুৰুং এটা প্ৰবাদ মতে এসময়ত এই বাদুলি খুৰুঙত এখন নাৰী ৰাজ্য আছিল। ইয়াত গুপ্তচৰৰ পৰা আদি কৰি সৈন্যবাহিনীলৈকে সকলোতে নাৰীয়েই বিষয়বাব লৈ আছিল। পুৰুষৰ প্ৰৱেশ আছিল নিষিদ্ধ। হাটবৰ : ভঁড়ালী নামঘৰ কলিয়াভোমোৰা : কলিয়াভোমোৰা সেতু চাপানলা : চম্পাৱতী কুণ্ড নভঙ্গা : চামুণ্ডা মন্দিৰ শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় মহাবিদ্যালয় নগাঁও মহাবিদ্যালয় নগাঁও আইন মহাবিদ্যালয় নগাঁও ছোৱালী মহাবিদ্যালয় নগাঁও শিক্ষণ মহাবিদ্যালয় আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয় জুৰীয়া মহাবিদ্যালয় ননৈ মহাবিদ্যালয় গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয় মীন মহাবিদ্যালয় হোমিওপেথিক মহাবিদ্যালয় ধিং মহাবিদ্যালয় ৰূপহী মহাবিদ্যালয় কলিয়াবৰ মহাবিদ্যালয় ড॰বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় খাগৰিজান মহাবিদ্যালয় কামপুৰ মহাবিদ্যালয় ৰহা মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয় শঙ্কৰদেৱ কনিষ্ঠ মহাবিদ্যালয় মাধৱদেৱ কনিষ্ঠ মহাবিদ্যালয় আল্‌ফা বিটা কনিষ্ঠ মহাবিদ্যালয় কলংপাৰ বিদ্যাপীঠ কনিষ্ঠ মহাবিদ্যালয় মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয় ৰামাণুজন কনিষ্ঠ মহাবিদ্যালয় কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয় কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয় চি ভি ৰমন কনিষ্ঠ মহাবিদ্যালয় এন এ চি কনিষ্ঠ মহাবিদ্যালয় জুৰীয়া কনিষ্ঠ মহাবিদ্যালয় মডাৰ্ণ কনিষ্ঠ মহাবিদ্যালয় ছবি-ভঁৰাল তথ্য সংগ্ৰহ অসমৰ জিলা
2231
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
মৰিগাঁও জিলা
মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামও মৰিগাঁও। পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল। ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। সমগ্ৰ অসম তথা উত্তৰপূৰ্বাঞ্চল বিখ্যাত জোনবিল মেলা এই জিলাতে অনুষ্ঠিত হয়। পবিতৰা অভয়াৰণ্যৰ বাবেও মৰিগাঁও জিলা জনাজাত। নামৰ উৎপত্তি আগতে মৰিগাঁওখনক পশ্চিম নগাঁও বুলি জনা গৈছিল; কিন্তু যেতিয়া ইয়াত কলেৰা মহামাৰীৰ প্ৰকোপ বেছি হ’ব ধৰিলে তাৰ ফলত বহুতো মানুহৰ মৃত্যু হ’বলৈ ধৰিলে আৰু তাৰ পিছত এই গাঁওখনৰ নাম মৰিগাঁও ৰখা হ’ল। ভূগোল মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১৫৫১ বৰ্গ কিঃমিঃ। জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা। কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে। কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে। কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। অৰ্থনীতি ২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ ৬৪০ জিলাৰ ভিতৰত)। এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনি'ৰ অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১খন জিলাৰ ভিতৰত অন্যতম। জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩। মৰিগাঁও জিলাৰ সাক্ষৰতাৰ হাৰ হৈছে ৬৮.০৩ শতাংশ (২০১১ চনৰ লোকপিয়ল অনুসৰি)। প্ৰশাসনিক গঠন মৰিগাঁও জিলাত বৰ্তমান ৭টা উন্নয়ন খণ্ড (Development Block) আছে। ইয়াৰে ৫টা উন্নয়ন খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২টা উন্নয়ন খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত। বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ন খণ্ডসমূহ হ’ল: ভূৰবন্ধা উন্নয়ন খণ্ড কপিলী উন্নয়ন খণ্ড লাহৰিঘাট উন্নয়ন খণ্ড মায়ং উন্নয়ন খণ্ড মৈৰাবাৰী উন্নয়ন খণ্ড বটদ্ৰৱা উন্নয়ন খণ্ড (অংশ) দলংঘাট উন্নয়ন খণ্ড (অংশ) মৰিগাঁও জিলাত মুঠ ৫টা ৰাজহ চক্ৰ (Revenue Circle) আছে। ৰাজহ চক্ৰ কেইটা হ’ল: মায়ং ৰাজহ চক্ৰ, মৰিগাঁও ৰাজহ চক্ৰ, ভূৰাগাঁও ৰাজহ চক্ৰ, লাহৰিঘাট ৰাজহ চক্ৰ আৰু মিকিৰভেটা ৰাজহ চক্ৰ। মৰিগাঁও জিলাত সৰ্ব্বমুঠ ৮৫টা গাঁও পঞ্চায়ত আছে। ইয়াৰে ভূৰবন্ধা উন্নয়ন খণ্ডত ১৩ টা, কপিলী উন্নয়ন খণ্ডত ৫টা (মুঠ ৮টা গাঁও পঞ্চায়ত, তাৰে ৩টা নগাঁও জিলা ত অৱস্থিত), লাহৰিঘাট উন্নয়ন খণ্ডত ২৪ টা, মায়ং উন্নয়ন খণ্ডত ২৭ টা, মৈৰাবাৰী উন্নয়ন খণ্ডত ১১টা (মুঠ ১৭টা গাঁও পঞ্চায়ত, তাৰে ৬টা নগাঁও জিলাত অৱস্থিত), বটদ্ৰৱা উন্নয়ন খণ্ডত ১টা আৰু দলংঘাট উন্নয়ন খণ্ডত ৪টা গাঁও পঞ্চায়ত আছে। ৰাজনীতি এই জিলাত মুঠ বিধানসভা সমষ্টি আছিল ৩টা, ১) মৰিগাঁও ২) জাগীৰোড ৩) লাহৰীঘাট। কিন্তু শেহতীয়া সংযোজন অনুসৰি মায়ঙক বিধান সভা সমষ্টি ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। সেয়ে মৰিগাঁৱত বৰ্তমান মুঠ বিধান সভা সমষ্টিৰ সংখ্যা ৪ খন। এই জিলাত পঞ্চায়ত আছে ৮৫ টা। মুঠ গাওঁ ৬৩২খন। মুঠ চহৰ ৪খন। মৰিগাঁৱৰ উত্তৰ দিশে বৈ গৈছে ব্ৰক্ষ্মপুত্ৰ নদীখন।মধ্যভাগত জালুগুটি, বৰচকাবাহ, ভূৰবন্ধা, দলবাৰী, দন্দুৱা, বৰঙাবাৰী; উত্তৰে ভূৰাগাওঁ, লাহৰীঘাট, মৈৰাবাৰী; পূবে ধিং (একাংশ), জাজৰি (একাংশ), হাবি-বৰঙাবাৰী, চৰাইবাহী, বাৰপূজীয়া (একাংশ) মিকিৰভেটা; দক্ষিণে আহঁতগুৰি, তেলাহী, ধৰমতুল; পশ্চিমে জাগীৰোড, কাঁহিকুছি আদি উল্লেখযোগ্য অঞ্চল। উল্লেখযোগ্য স্থান মায়ং - এইখন ঠাই গুৱাহাটীৰ পৰা ৩০কিলোমিটাৰ আৰু পবিতৰা অভয়াৰণ্যৰ সমীপবৰ্তী। এক যাদুৰ পৰিবেশেৰে পৰিপুষ্ট মায়ং হৈছে এক ৰহস্যময়ী স্থান, যʼত কেইবাগৰাকীও ওজা বা বেজ আছে। তেওঁলোকৰ ওচৰত প্ৰায় সকলো অসুবিধাৰেই সমাধান আছে আৰু ভূতে ধৰা মানুহকো এওঁলোকে চিকিৎসা কৰে। মায়াংৰ চাৰিওকাষে টিলা সমূহত থকা মন্দিৰ সমূহৰ অৱশিষ্টই অতীতৰ কলা যাদু সাধনাৰ সাক্ষ্য বহন কৰে। অঞ্চলটোত থকা চাৰিটা মূল মন্দিৰ হৈছে বুঢ়া মায়াংৰ কেচাইখাইতি মন্দিৰ, হিলৈখুন্দা নৰসিংহ আশ্ৰম, হাতীমূৰীয়াৰ গণেশ মন্দিৰ আৰু কেঁচাশিলাৰ শিৱ মন্দিৰ আৰু লগতে সম্প্ৰতি সংগ্ৰহালয়ে প্ৰাচীন যাদু সাধনাৰ কথাকে প্ৰদৰ্শন কৰে। বাহ্যিক সংযোগ জিলা প্ৰশাসনৰ ৱেবচাইট মৰিগাঁও জিলা পৰিষদৰ ৱেবচাইট তথ্য সংগ্ৰহ অসমৰ জিলা
2232
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%B0%E0%A6%82%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
দৰং জিলা
দৰং জিলা: () হৈছে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ৩১খন জিলাৰ ভিতৰত এখন জিলা। প্ৰশাসনিক জিলাখনৰ সদৰ স্থান আৰু একমাত্ৰ মহকুমাৰ হৈছে মঙ্গলদৈ। দৰং জিলাৰ দুখন পৌৰ নগৰ হৈছে মংগলদৈ আৰু ছিপাঝাৰ। ১৯৮৩ চনত অবিভক্ত দৰং জিলাৰ বিভাজন হয় আৰু তেজপুৰ মহকুমাক লৈ শোণিতপুৰ জিলা গঠন হয়। পূৰ্বৰ মঙ্গলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। ২০০৪ চনত পুনৰ দৰং জিলাৰ এটা অংশৰ পৰা ওদালগুৰি জিলা গঠন কৰা হয়। দৰং জিলাই বৰ্তমান ৩৪৮১ বৰ্গ কিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে। নামৰ ইতিবৃত্ত প্ৰাচীনকালত ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ লৌহিত্যৰ উত্তৰ ফালে থকা প্ৰাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগক দৌৰঙ্গ বা দ্যোৰঙ্গ বুলিছিল। স্বগীয় দীন কৰুণাময় হৰিপদ দেৱগোস্বামীদেৱে আগবঢ়োৱা ব্যাখ্যা অনুসৰি 'দ্যোৰ' শব্দৰ অৰ্থ দেৱতাৰ আৰু 'ৰঙ্গ'ৰ অৰ্থ আনন্দ বা সুখৰ ঠাই। কালক্ৰমত এই ভূ-খণ্ডই দৰঙ্গ বা দৰং নামেৰে জনাজাত হল। আনহাতে স্বৰ্গীয় দিনেশ্বৰ শৰ্মা ৰ দৰে পণ্ডিত সকলে দৰং শব্দটো সংস্কৃত শব্দ দ্বাৰম অৰ্থাত পদূলি বা দ্বাৰ'ৰ পৰা আহিছিল এনে মত পোষণ কৰে। প্ৰাচীন কালত এই ভূ-খণ্ডৰ উত্তৰ আৰু পশ্চিম দিশত গিৰিপথৰ মাজেৰে গমনা-গমনৰ বাবে ওঁঠৰখন এনে দুৱাৰ আছিল। তাৰ পৰা নেপাল, চীন আদিলৈ যাতায়াত আছিল। ড॰ বাণীকান্ত কাকতিৰ মতে দৰং শব্দতো অষ্ট্ৰিক ভাষাৰ পৰা অহা। আন এজন ভাষাতাত্ত্বিক গ্ৰিয়াৰ্ছন চাহাবে তেওঁৰ গ্ৰন্থ 'ডি লেংগুইষ্টিক চাৰ্ভে অৱ ইণ্ডিয়া'ত দৰং শব্দটো বড়োমূলীয় বুলি মত পোষণ কৰিছে। আন একাংশৰ মতে প্ৰাচীন কালত দৰঙত বেহা বেপাৰৰ বাবে চীন, নেপাল, ভুটান আদি ঠাইৰ সৈতে সম্পৰ্ক আছিল। সেই বাবে নামটো দ্বাৰ শব্দৰ পৰা অপ্ৰভংশ হোৱা বুলি বহুতে বিশ্বাস কৰে। ইতিহাস অবিভক্ত দৰং জিলাৰ পৰা ১৯৮৩ চনত শোণিতপুৰ জিলা আৰু ২০০৪ চনত ওদালগুৰি জিলা পৃথক হয়। দৰং জিলা এটা ঠেক সমভূমিৰে আগুৰি আছে যি হিমালয় পৰ্বতমালা আৰু অসম ৰাজ্যৰ উত্তৰ পশ্চিম অংশত বৈ থকা ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। দৰং জিলাৰ বৰ্তমানৰ ঠাইখন পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল মহাভাৰতত উৰ্দ্ধিত হিচাপে। ১৬ শতিকাৰ আৰম্ভণিতে যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰং জিলাৰ পুৰনি সমল পোৱা যায়। ১৬১৬ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বিশ্ব বংশৰ বলি নাৰায়নক, ধৰ্মনাৰায়ন নাম দি কোচ ৰাজ্য দৰঙ্গৰ ৰজা পাতে। কোচৰজা সকলৰ ৰাজত্ব কালত দৰঙ্গৰ শাসনকেন্দ্ৰ আছিল মনমোহনপূৰ বা হাউলি আছিল। ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ণ,কেপ্তেইন ৱেলছ আৰু লেফটেনেণ্ট উইলিয়ামছৰ নেতৃত্বত যুদ্ধৰ বাবে অহা এদল ইংৰাজ সৈন্যৰ হাতত পৰাজিত হয় আৰু কোম্পানীৰ ব্যৱসায়িক প্ৰস্তাৱ মানি লবলৈ বাধ্য হয়। কৌশলগতভাৱে ইয়াণ্ডাবু সন্ধিৰ অবৈধ চৰ্ত প্ৰয়োগ কৰি আহোম ৰাজ্য গ্ৰাস কৰাৰ দুবছৰ পাছতে ১৮২২ খ্ৰীঃৰ মাৰ্চ মাহত ইংৰাজে দৰঙ্গ ৰাজ্য নিজৰ অন্তৰ্ভুক্ত কৰে। ১৮৩৫ চনত ইংৰাজসকলে দৰঙ্গৰ প্ৰধান কাৰ্যালয় মঙ্গলদৈত পাতে। ১৮৪৫ চনত দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈৰ পৰা তেজপুৰলৈ উঠাই আনে আৰু ১৯৮৩ চনলৈ তেজপুৰ খনেই দৰঙ্গৰ সদৰ হৈ থাকে। ১ জুলাই ১৯৮৩ ইং তাৰিখত এতিয়াৰ দৰং জিলা গঠন হৈছিল। ভৌগোলিক তথ্য চাৰিসীমা দৰং জিলাৰ ভূ অৱয়বৰ পৰা ইয়াক সমভূমি অঞ্চল বুলিব পাৰি। এই জিলাৰ উত্তৰে ওদালগুৰি জিলা আৰু দক্ষিণ সীমাত মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছেl পূবে শোণিতপুৰ জিলা আৰু পশ্চিমে কামৰূপ জিলাl জিলাখনৰ ব্ৰহ্মপুত্ৰৰ মুখ্য উপনৈ সমূহ হ’ল- বৰনদী, নোৱানৈ, কুলশীক নৈ,মঙ্গলদৈ নৈ আৰু ধনশিৰি নৈ। জলবায়ু দৰং জিলাৰ জলবায়ু বেছ আনন্দদায়ক। শীতকালত জিলাখনৰ উত্তৰ ভাগত অন্য অংশতকৈ বেছি শীতল হয় কিয়নো এই অংশত ওডালগুৰি জিলাৰ হাবি-বননি আৰু পাহাৰ-পৰ্বতে আগুৰা। গড় উষ্ণতা ১০ ৰ পৰা ৩০ ডিগ্ৰী চেণ্টিগ্ৰেড। ২১২০ মিলি হ’ল বাৰ্ষিক বৰষুণৰ পৰিমাণ। অৱস্থিতি দৰং জিলা ২০ ডিগ্ৰী 9 মিনিট উত্তৰৰ পৰা ২৬ ডিগ্ৰী ৯৫ মিনিট উত্তৰ অক্ষাংশলৈ আৰু ৯১ ডিগ্ৰী ৪৫ মিনিট পূৱৰ পৰা ৯২ ডিগ্ৰী ২২ মিনিট পূৱ দ্ৰাঘিমাৰ মাজত অৱস্থিত মধ্য অসমৰ এখন জিলা। জিলা সদৰ মঙ্গলদৈ। ৬টা ৰাজহ চক্ৰত খণ্ডিত জিলাখনৰ মাটিকালি ১৪২০.৫১ বৰ্গ কি.মি.। ২০০১ চনৰ পৰিসংখ্যা মতে জিলাখনৰ মুঠ জনসংখ্যা ৭,৫৯,৭১২জন আৰু শিক্ষিতৰ হাৰ ৫৫ শতাংশ। ভূ-অবয়ৱ জিলাখন সমভূমি আৰু ওখ চাপৰ মাটিভাগেৰে আগুৰা। দক্ষিণ দিশত হাবি বননিৰে বেষ্টিত। ভূ ভাগ ক্ৰমে উত্তৰৰ পৰা দক্ষিণলৈ হেলনীয়া। সমুদ্ৰ পৃষ্টৰ পৰা ৫০ মিটাৰৰ - ২৫০মিটাৰলৈ ঠাই ভেদে উন্নতি আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ দৰং জিলাত অৱস্থিত। জনগাঁথনি ২০১১ চনৰ লোক পিয়ল তথ্য মতে প্ৰকৃত জনসংখ্যা ৯০৮,০৯০ জনৰ বিপৰীতে ২০০১ চনৰ লোক পিয়ল মতে ৭৫৯৮৫৮ জন। ইয়াৰে পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৪৭২১৩৮ আৰু ৪৩৫৯৫৬ যদিও ২০০১ চনৰ পিয়ল মতে ৩৯২৩৬২ আৰু ৩৬৭৪৯৬ গৰাকী জনা যায়। জনসংখ্যা বৃদ্ধিৰ হাৰ ২০১১ চনত ১৯.৫১ % বিপৰীতে ২০০১ চনত ২২.১৮ % হৈছিল। ঘনত্ব প্ৰতি বৰ্গ কি.মি ৪৯১ জনৰ এতিয়াৰ সলনি ২০০১ চনৰ লোক পিয়ল মতে ৪১১জন আছিল। অসম ৰাজ্যৰ মুঠ জনসংখ্যাৰ দৰং জিলাৰ অংশ ২০১১ চনৰ পিয়লত ২.৯১ শতাংশ যি ২০০১ চনত ২.৮৫ শতাংশ আছিল। লিংগ অনুপাত (প্ৰতি ১০০০ জন) ২০১১ চনত ৯২৩জন আৰু ২০০১ চনত ৯৩৭জন পিয়ল মতে জনা যায়। ০-৬ বছৰৰ শিশুৰ লিংগ অনুপাত ২০১১ চনত ৯৪১ জন, সেই সংখ্যা ২০০১ চনত ৯৭৭জন আছিল। ২০১১ চনত গড় শিক্ষিতৰ হাৰ ৬৪.৫৫ % আৰু ইয়াৰে পুৰুষ আৰু মহিলাৰ হাৰ ক্ৰমে ৬৮.৩৬ আৰু ৬০.৪০ যি আগৰ দহকত গড় শিক্ষিতৰ হাৰ ৫৪.৩১, পুৰুষ আৰু মহিলাৰ হাৰ যথাক্ৰমে ৬১.৭০ আৰু ৪৬.৩৪ আছিল। মুঠ শিশু জনসংখ্যা(০-৬ বছৰ) ২০১১ চনৰ লোক পিয়ল মতে ১৪৯৬২৬জন যি ২০০১ চনৰ মতে ১৪৬৮১৮জন আছিল। লৰা- ছোৱালীৰ (০-৬ বছৰ ) পৰিসংখ্যা ক্ৰমে ৭৭০৯৬, ৭২৫৩০ যিতো সংখ্যা ৭৪২৭৪, ৭২৫৪৪জন পূৰ্বৰ দহকত (২০০১ লোক পিয়লত) আছিল। ২০১১ চনৰ লোক পিয়লত পুৰুষ আৰু মহিলা শিক্ষিত ক্ৰমে ২৭০০৩৬জন আৰু ২১৯৫২৩ জনী, (২৬৩৭৪৪ জন, ২০৬৫২১জনী ২০০১ চন মতে)। মুঠ শিক্ষিতৰ পৰিসংখ্যা ক্ৰমে ২০১১/২০০১ চন মতে ৪৮৯৫৫৯ আৰু ৪৭০২৬৬। ভাষা দৰং জিলাত সাধাৰণতে অসমীয়া, বাংলা, বড়ো, নেপালী, হিন্দী, ইংৰাজী আদি ভাষা প্ৰচলিত। ইয়াৰ উপৰি দৰং জিলাত দৰঙীয়া ভাষা নামেৰে স্থায়ী ভাষাৰ যথেষ্ট প্ৰচলন আছে। দৰং জিলাৰ স্থায়ী বাসিন্দাসকলে এই ভাষাতে অধিক কথা বতৰা পাতে। এই ভাষাৰ শব্দ হৈছে - ঝিয়া-লিকিৰা (ল'ৰা-ছোৱালী)। লগতে ঠাই লৈ যেনে - দেওমৰনৈ, দুনী,ঠেকেৰাবাৰী, মহলীয়াপাৰা, গড়গড়ী, বৈৰাগী পাৰা, ব্যাসপাৰা আদি অঞ্চলৰ লৰাসমূহৰ মাজত ঠাৰভাষা নামে একপ্ৰকাৰৰ ভাষা প্ৰচলিত আছে। ইয়াৰ বিভিন্ন অঞ্চল সমূহৰ ভাষা শৈলীৰ প্ৰতি দৃষ্টি প্ৰদান কৰিলে এই কথা ধৰা পৰে। সংস্কৃতি অতীজৰে পৰা পৰম্পৰাগত ভাবে দৰং জিলা বিশেষকৈ মঙ্গলদৈ অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰৱৰ্তন হৈ অহা গীত আৰু কথাৰ ৰূপত মানুহৰ মুখে মুখে বাগৰি প্ৰকাশ লাভ কৰা ব্যাসৰ ওজাপালি, সুকন্নানী ওজাপালি, দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া, খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম,থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টি ৰুপে খ্যাত। দৰঙী কলা-কৃষ্টিত সাধাৰণতে ব্যক্তি মনৰ ভাব চিন্তা আৰু অনুভূতি আদি প্ৰকাশিত হোৱাৰ পৰিৱৰ্তে লোক জীৱনৰ আশা নিৰাশা, হৰ্ষ বিষাদ, ভয় ভক্তি, প্ৰেম প্ৰণয় আনন্দ উৎসৱ, লোক বিশ্বাস, চিন্তাধাৰা আৰু সহজ সৰল জীৱন পদ্ধতি আদি লোক জীৱনৰ সমগ্ৰতা প্ৰকাশ হৈ আছে। বিধানসভা আৰু লোকসভা সমষ্টি দৰং জিলাত মুঠ চাৰিটা বিধানসভা সমষ্টি আৰু এটা লোকসভা সমষ্টি আছে। সেইসমূহ হৈছে - ১) ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টি। ২) ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টি। ৩) ৬৭ নং মঙ্গলদৈ বিধানসভা সমষ্টি। ৪) ৬৮ নং দলগাঁও বিধানসভা সমষ্টি। ১) মংগলদৈ লোকসভা সমষ্টি উল্লেখযোগ্য স্থান মঙ্গলদৈ: দৰং জিলাৰ এখন মুখ্য নগৰ। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বনিক চাহাবসকলে এই নগৰখনৰ আৰম্ভণি কৰিছিল। ইংৰাজ সকলে কোঁচ ৰজাৰ পৰা দৰং ৰাজ্য কাঢ়ি লৈ মঙলদৈতে দৰঙৰ শাসন কেন্দ্ৰ স্থাপন কৰে। ১৯৮৩ চনৰ জুলাইত নৱগঠিত দৰং জিলাৰ সদৰ স্থাপন কৰা হয় মঙলদৈ নগৰত। ইয়াৰ আগলৈকে মঙলদৈ আছিল একে নামৰ মহকুমাটোৰ সদৰ ঠাই। মংগলদৈ মহাবিদ্যালয় মংগলদৈ বাণিজ্য মহাবিদ্যালয় ছিপাঝাৰ: দৰং জিলাৰ এখন অন্যতম চহৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, মুগা আৰু পাটপলু প্ৰতিপালনৰ বাবে বিখ্যাত আছিল। ছিপাঝাৰ মহাবিদ্যালয়: ছিপাঝাৰৰ মাজ মজিয়াতে অৱস্থিত এই মহাবিদ্য়ালয় খনে কলা বিষয়ক শিক্ষা প্ৰদান কৰি 1971 চনৰ পৰাই অঞ্চলটিক শিক্ষাৰ ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰি আহিছে। মঙ্গলদৈ, কলাইগাও, ডুমুনিচকী, কুৰুৱা, সোণাপুৰ আৰু টংলা আদি দূৰ দূৰণিৰ পৰা শিক্ষাৰ্থী আহি ইয়াত শিক্ষা গ্ৰহণ কৰি আছে। নাৰিকলি মন্দিৰ পথৰুঘাট: ইংৰাজ শাসন কালত হোৱা কৃষক বিদ্ৰোহৰ সমূহৰ অন্যতম আৰু ঐতিহাসিক বিদ্ৰোহ হৈছে - পথৰুঘাটৰ কৃষক বিদ্ৰোহ। দৰং জিলাত ইংৰাজৰ অত্যধিক কৰ আৰু খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰি উক্ত স্থানত ইংৰাজ চিপাহীৰে সংঘাতত লিপ্ত হৈ বহু কৃষকে (প্ৰায় ১৪০জন) প্ৰাণ আহুতি দিলে। এই ঠাইখিনি বৰ্তমান পাথৰিঘাট নামেৰে জনাজাত। দৰং জিলাৰ ই এক গুৰুত্বপূৰ্ণ স্থান - ইয়াত কৃষক শ্বহীদ স্মৃতি ক্ষেত্ৰ আছে। দেওমৰনৈ: দৰং জিলাৰ এক অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই তথা মংগলদৈ,ছিপাঝাৰ আৰু কলাইগাঁও বিধান সভা সমষ্টিৰ সংযোগ স্থলী। পূৰ্বতে দ্বিগ্বাসা নদীৰ পাৰত এই স্থান অৱস্থিত আছিল আৰু এই স্থানৰ সমীপতে ঐতিহাসিক শিয়ালা বৈষ্ণৱ সত্ৰ অৱস্থিত। সত্ৰৰ মূল ব্যক্তি তথা ঈশ্বৰিক পুৰুষ শিয়ালা গোহাঁইৰ অভিশাপত দ্বিগ্বাসা নদী মৰানৈ লৈ ৰূপান্তৰ হয় আৰু ঠাইখন ক্ৰমে দেৱে মৰা নৈ-দেৱমৰনৈ আৰু শেষত দেওমৰনৈ হয়‌। দেওমৰনৈ দৰং জিলাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কিয়নো ইয়াত আছে - বহু কেইখন প্ৰাথমিক বিদ্যালয়,জাতীয় বিদ্যালয়,শংকৰদেৱ শিশু নিকেতন,সাহিত্য সভাৰ বিদ্যালয়,দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়(বিজ্ঞান),স্ত্ৰী শিক্ষাৰ বাবে দেওমৰনৈ ছোৱালী হাইস্কুল,দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ),দেওমৰনৈ স্নাতক মহাবিদ্যালয়, দেওমৰনৈ বি.এড মহাবিদ্যালয়,দেওমৰনৈ সংগীত মহাবিদ্যালয় আদি ইয়াৰ লগতে দেওমৰনৈ চিকিৎসালয়,,পশু চিকিৎসালয়,হস্ততাত শিল্পকেন্দ্ৰ,বেংক ব্যৱস্থা,সাপ্তাহিক বজাৰ,ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ,দুৰ্গা মন্দিৰ,ৰজাদিনীয়া পুখুৰী। দেওমৰনৈ অঞ্চলত আছে স্বাধীনতা আন্দোলনৰ সংগ্ৰামী,অসম আন্দোলনৰ শ্বহীদ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী,প্ৰধান সম্পাদক যাদৱ শৰ্মা আদি দেওমৰনৈৰ সন্তান। শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ পাতিদৰং অৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰ লখিমপুৰ পুখুৰী বুঢ়ীনগৰ পুখুৰী মহলীয়াপাৰা হাজৰিকাপাৰা কাপোৰপুৰি মন্দিৰ দুনী ভেৰুৱা দিপীলা ৰত্নাৱলী সত্ৰ বেছিমাৰী খটৰা: খটৰাত ঐতিহাসিক খটৰা সত্ৰ অৱস্থিত। ৫০০ বছৰীয়া এই সত্ৰখন দৰং জিলাৰ প্ৰাণকেন্দ্ৰ। দেৱানন্দ সত্ৰ নামখলা কলাইগাঁও খাৰুপেটীয়া দলগাও ডুমুনীচকী বেছিমাৰী শাক পাচলিৰ বাবে অসমৰ এখন বিখ্যাত ঠাই আৰু এই ঠাইৰ পৰা শাক পাচলি অসমৰ সকলো ঠাইত বিয়পে। ইয়াৰোপৰি বহুতো সৰু ডাঙৰ ৰজাদিনীয়া পুখুৰী আছে বাবে দৰঙক পুষ্কৰিণীৰ দেশ বুলিও কোৱা হয়। বিশেষকৈ ৰজা আৰিমত্তৰ দিনত খন্দোৱা এক কাউন পুখুৰী এইক্ষেত্ৰত উল্লেখযোগ্য। উল্লেখযোগ্য অনুষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠনসমূহ দৰং জিলা সাহিত্য সভা সদৌ দৰং জিলা ছাত্ৰ সন্থা মংগলদৈ প্ৰেচ ক্লাব ইউনিটি ইউ দ্যা ব্লাড ডনা'ৰছ মানুহে মানুহৰ বাবে কৰুণাধাৰা,দৰং জিলা সমিতি দৰং জিলা ৰেডক্ৰচ চ'ছাইটি মংগলদৈ ক্ৰীড়া সন্থা হাজৰিকাপাৰা ক্ৰীড়া সন্থা পশ্চিম দৰং প্ৰেচ ক্লাব দৰং জিলা কবি সমাজ আন্তঃমংগলদৈ ছাত্ৰ সন্থা দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা দুনী আঞ্চলিক ছাত্ৰ সন্থা নিউজ নেটৱৰ্ক, দুনী দুনী কৃষ্টি সংঘ, দুনী প্ৰত্যাহ্বান, দুনী পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থা ৰেইডা(REIDA), ভেৰুৱা চিআৰএচডিটি (CRSDT), দুনী তথ্য সংগ্ৰহ বাহ্যিক সংযোগ দৰং জিলা প্ৰশাসনৰ চৰকাৰী ৱেবছাইট অসমৰ জিলা দৰং জিলা
2233
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%20%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A8%E0%A6%97%E0%A7%B0%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
কামৰূপ মহানগৰ জিলা
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন। ইতিহাস কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়। ভুগোল কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত। জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে। জনগাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন। এই সংখ্যা ইষ্ট'নিয়া দেশৰ জনসংখ্যাৰ লগত বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে। জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১,৩১৩ জন। ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%। কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৮৮.৭১%। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ জিলা কামৰূপ মহানগৰ জিলা
2241
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%9B%E0%A6%BE%E0%A7%B0%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
কাছাৰ জিলা
কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। অৰ্থনীতি শিলচৰ অসমৰ অন্যতম বৃহৎ বাণিজ্যিক কেন্দ্ৰ। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ {{কাছাৰ জিলাৰ নামৰ উৎপত্তি । https://assamz.blogspot.com/2020/04/blog-post_3.html?m=1}} অসমৰ জিলা
2242
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A6%BE%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
হাইলাকান্দি জিলা
হাইলাকান্দি অসমৰ বৰাক উপত্যকাৰ এখন জিলা। ই অসমৰ একেবাৰে দক্ষিণ চুকত অৱস্থিত। ইয়াৰ সদৰ ঠাই হাইলাকান্দি নগৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ৩৫০ কি.মি. নিলগত। জিলাখনৰ অৱস্থিতি বৰাক উপত্যকাৰ মাজমজিয়াত। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূব দিশ বৰাক নদী আৰু কাছাৰ জিলাই আগুৰি আছে। দক্ষিণ আৰু দক্ষিণ-পূবত মিজোৰাম ৰাজ্য। পশ্চিমে কৰিমগঞ্জ জিলা। ১৯৮৯ চনত অসম চৰকাৰে ইয়াক জিলা ঘোষণা কৰে। ইয়াৰ আগতে ই অসমৰ কাছাৰ জিলাৰ এটা মহকুমা আছিল। মহকুমা হিচাপে ই অসমৰ অন্যতম পুৰণি মহকুমা। ১৮৬৯ চনতে এই মহকুমাটো গঠন কৰা হৈছিল। হাইলাকান্দি নামৰ উৎপত্তি হাইলাকান্দি নামটোৰ সমন্ধে কেইবাটাও জনৰব শুনা যায়। তাৰে এটাৰ অনুসৰি, বৰাক নদীৰ বানৰ পৰা বাচিবলৈ বন্ধা মঠাউৰিৰ স্থানীয় নাম "আইল" বা "হাইল"আৰু বড়ো-কছাৰী ভাষাৰ "কান্দি" (কঠিয়া তলী, ধাননি পথাৰ)ৰ পৰা "হাইলাকান্দি" নামৰ উৎপত্তি। অন্য কিছুৰ মতে, জিলাখনৰ নামটো কুকি শব্দ "হালাম" (সৰু ৰাজ্য, ক্ষেত্ৰ বা অঞ্চল) আৰু "কুন্দিয়া" (হালোৱা তলী)ৰ পৰা অহা। অইন এটা সূত্ৰ মতে, ইয়াত প্ৰচুৰ পৰিমানে উৎপন্ন হোৱা শালি ধানৰ খেতিৰ প্ৰসংগ ধৰি "শাইল কান্দি" আৰু কালক্ৰমত আজিৰ নামটো হয়হি। তথ্য সংগ্ৰহ < অসমৰ জিলা হাইলাকান্দি জিলা
2243
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AE%E0%A6%97%E0%A6%9E%E0%A7%8D%E0%A6%9C%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
কৰিমগঞ্জ জিলা
কৰিমগঞ্জ জিলা অসমৰ এখন প্ৰশাসনিক জিলা। ১৮৭৮ চনত কৰিমগঞ্জ নগৰক সদৰ হিচাপে লৈ তদানীন্তন ব্ৰিটিছ ভাৰতৰ নৱসংগঠিত অসম ৰাজ্যৰ ছিলেট জিলাৰ এটা মহকুমা হিচাপে কৰিমগঞ্জ মহকুমা গঠন কৰা হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)-লৈ হস্তান্তৰিত হয় যদিও সেইসময়ৰ অবিভক্ত কৰিমগঞ্জ মহকুমাৰ চাৰে তিনিখন থানাৰ অঞ্চলৰে গঠিত সংকুচিত কৰিমগঞ্জ মহকুমা ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ এক মহকুমা হিচাপে অন্তৰ্ভুক্ত হয়। এই অঞ্চল কেইটা আছিল: ৰাতাবাৰী থানা, পাথাৰকান্দি থানা, বদৰপুৰ থানা আৰু কৰিমগঞ্জ থানাৰ আধা অঞ্চল। ১৯৮৩ চনৰ ১ জুলাই তাৰিখৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক পূৰ্ণপৰ্যায়ৰ জিলাৰ স্বীকৃতি দিয়ে। ইতিহাস আদি কাল বৰ্তমানৰ কৰিমগঞ্জ জিলাৰ ইতিহাস সুস্পষ্ট নহয়। উপলব্ধ উৎসৰ উপকৰণ আৰু প্ৰামাণৰ সহায়ত উক্ত অঞ্চলৰ ইতিহাসৰ সময়ানুক্ৰমিক সন্ধান উলিওৱাতো টান। বৃহৎ ব্যৱধানেৰে এটা মাত্ৰ ৰূপৰেখাহে অংকন কৰিব পৰা যায়। ভাস্কৰবৰ্মণে লিপিৱদ্ধ কৰি থৈ যোৱা নিধানপুৰ তাম্ৰলিপিৰ পৰা এয়া গম পোৱা যায় যে ষষ্ঠ শতিকালৈ প্ৰায় এশ বছৰ কাল অঞ্চলটো কামৰূপ সাম্ৰাজ্যৰ অধীনতে আছিল। অগ্ৰদূত অভিবাসী ব্ৰাহ্মিণসকলৰ পৃষ্ঠপোষকতাত অৰ্থনৈতিকভাৱে নাঙল ব্যৱহাৰ কৰি খেতি কৰা আৰ্যীয় পদ্ধতিয়েই এই সময়ছোৱাৰ আৰম্ভণি আছিল বুলি জনা যায়। চমতা মৰুন্দনাথৰ কলাপুৰ তামৰ ফলিৰ পৰা জনা যায় যে ৭ম শতিকাত এই অঞ্চল উত্তৰ কাছাৰৰ সৰু টিলাবোৰৰ সৈতে পূৰ্ব্ব বংগৰ চমতা সাম্ৰাজ্যৰ অধীনত আছিল। অৱশ্যে এয়া সঁচা বুলি প্ৰমাণ কৰিবলৈ কোনো ধৰণৰ নিশ্চিত তথ্য আৰু প্ৰমাণ পোৱা নাযায়। দশম শতিকাত পূৰ্ব্ব বংগৰ প্ৰখ্যাত চন্দ্ৰ বংশৰ ৰজা শ্ৰীচন্দ্ৰই সম্পূৰ্ণ এলেকাটো তেওঁৰ বংগ সাম্ৰাজ্যৰ অধীনলৈ নিছিল। এই সময়ছোৱাত পঞ্চখণ্ডত (কৰিমগঞ্জ নগৰৰ পৰা ৮ কিলোমিটাৰ দূৰৈত; বৰ্তমান বাংলাদেশত অৱস্থিত) অৱস্থিত চন্দ্ৰপুৰ মঠ শিক্ষাৰ উল্লেখনীয় কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল। প্ৰখ্যাত বুৰঞ্জীবিদ ডি. ছি. সৰকাৰৰ মতে আদিতে এই চন্দ্ৰপুৰ মঠটো সমগ্ৰ পূৰ্ব্ব ভাৰতৰ ভিতৰতে হিন্দু-শিক্ষাৰ বাবে আটাইতকৈ ডাঙৰ কেন্দ্ৰ আছিল। গোৱিন্দকেশৱ দেৱ আৰু ঈষাণ দেৱৰ ভতেৰাৰ লিপিৰ পৰা জনা যায় যে দ্বাদশ শতিকাত তাত শ্ৰীহট্ট ৰাজ্য নামেৰে এখন স্বাধীন ৰাজ্য আছিল আৰু সমগ্ৰ কৰিমগঞ্জ জিলাৰ লগতে কাছাৰ সমভূমিৰো কিছু অংশ ইয়াৰ অন্তৰ্ভুক্ত আছিল। মধ্যযুগ শ্বাহ জালাল নামৰ য়েমেনৰ পৰা অহা মুছলিম চুফী ফকীৰজনে ১৩২৮ চনত চিলেট জয়লাভ কৰাৰ পিছত শ্ৰীহট্টৰ লগতে কৰিমগঞ্জৰো বৃহৎ এলেকা এটা বংগ চুলতানৰ অধীনলৈ যায়। সেই সময়ত কৰিমগঞ্জ জিলাৰ বৰ্তমান পথেৰকান্দিৰ থানা থকা অঞ্চলটো ত্ৰিপুৰাৰ ৰজাৰ অধীনত আছিল। ১৩ শতিকাৰ শেষভাগত মিৰ্জা মালিক মহম্মদ টুৰাণিৰ অধীনত অহা বৃহৎ পাৰ্চী বাহিনীয়ে এই অঞ্চলৰ বদৰপুৰ নগৰ দখল কৰে। টুৰাণিয়ে নিজকে ৰজা ঘোষণা কৰে আৰু পৰাজিত নগৰাধ্যক্ষ খাচী চীফ পুৰা ৰাজাৰ কন্যা উমাৱতীক বিয়া কৰায়। সেই পৰিয়ালটোৱে পিছৰ বংশধৰ মালিক প্ৰতাপ ৰাজাই সমগ্ৰ পথেৰকান্দি জয়লাভ নকৰালৈকে তেওঁলোকৰ সাম্ৰাজ্য বহলোৱা কাম কৰি আছিল। হুছেইন শ্বাহৰ ৰাজত্বকালত (১৪৮৩-১৫১৯) সেই সময়ত প্ৰতাপগড় বুলি জনাজাত অঞ্চলটো‍ও চুলতানৰ অধীনলৈ আহে। হুছেইন শ্বাহ আৰু তেওঁৰ পুত্ৰ মেহুমুদ শ্বাহৰ ক্ৰমে কালিগঞ্জ আৰু চুপ্ৰাকান্দিত পোৱা লিপিয়ে সমগ্ৰ অঞ্চলটো বংগ চুলতানৰ শাসনৰ অধীনত থকাটো প্ৰমাণ কৰে। চিলেটৰ লগতে এই অঞ্চলটো ১৫৭৬ চনত আকবৰৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ অধীনলৈ আহে। আইন-ই-আকবৰীৰ মতে জিলাখনৰ প্ৰায়ভাগ অঞ্চল মোগলৰ চিলহাট চৰকাৰৰ অধীনত প্ৰতাপগড় ৰাজহ মহলত ৰখা হৈছিল। জিলাখন মোগলৰ চিলহাট চৰকাৰ আৰু বাংলা চুবাৰ অংশ হিচাপে আছিল। ব্ৰিটিছ যুগ আৰু স্বাধীনতা আন্দোলন ১৭৮৫ চনত বাংলা চুবাৰ দিৱানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হস্তগত কৰে আৰু কৰিমগঞ্জ জিলা এটা অংশ হিচাপে থকা চিলেট জিলা ব্ৰিটিছৰ অধীনলৈ যায়। তথাপি ১৭৮৬ চনলৈ ব্ৰিটিছে অঞ্চলটোত নিজৰ কৰ্তৃত্ব স্থাপন কৰিব পৰা নাছিল। ৰাধাৰাম নামৰ এজন স্থানীয় জমিদাৰে দক্ষিণ কৰিমগঞ্জৰ এক বিশাল এলেকা নিজৰ প্ৰশাসনৰ তললৈ আনিছিল। তেওঁক পিছলৈ স্থানীয় ৰাইজে নৱাব ৰাধাৰাম বুলিবলৈ আৰম্ভ কৰিছিল। তেওঁ ব্ৰিটিছ অগ্ৰাসনৰ বিৰুদ্ধে দুবাৰো সফলতাৰে যুঁজ দিছিল যদিও অৱশেষত পৰাস্ত হৈ ব্ৰিটিছৰ হাতত বন্দী হৈছিল। কোম্পানীৰ সৈন্যসকলে তেওঁক যেতিয়া ছিলেটলৈ লৈ গৈ আছিল, ৰাজাৰামে আত্মহত্যা কৰিছিল। তেতিয়াৰ পৰাহে অৰ্থাৎ ১৭৮৬ চনৰ পৰাহে ব্ৰিটিছে কৰিমগঞ্জৰ সম্পূৰ্ণ অঞ্চল নিজৰ অধীন কৰি লব পাৰিছিল। ১৮৫৭ চনৰ নৱেম্বৰত চিতাগঙত থকা ৩৪ নং পদাতিক সৈন্যৰ তিনিটা কোম্পানীয়ে বিদ্ৰোহ ঘোষনা কৰিছিল আৰু পৰৱৰ্তী কালত সেয়া দক্ষিণ-পূৱ চিলেট জিলালৈ সম্প্ৰসাৰিত হৈছিল। বিভাজন আৰু বিভাজনৰ পৰৱৰ্তী সময়ছোৱা ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট জিলাৰ অধিকাংশই কৰিমগঞ্জ মহকুমাৰ চাৰে তিনি থানা এলেকাৰ (ৰাতাবাৰী, পথেৰকান্দি, বদৰপুৰ আৰু কৰিমগঞ্জ থানাৰ আধা) বাদে পূৱ পাকিস্তানত সংযোগ হয় আৰু ১৯৭১ চনত ই বাংলাদেশ নামেৰে সুকীয়া ৰাষ্ট্ৰ হিচাপে স্বাধীনতা লাভ কৰে। ফলত কৰিমগঞ্জ মহকুমাৰ বাকী ৰৈ যাৱা এই অৰ্ধাংশ এটা সম্পূৰ্ণ মহকুমা হিচাপে অসমৰ কাছাৰ জিলাৰ লগত যোগ কৰা হয়। কৰিমগঞ্জ মহকুমাক এখন জিলালৈ পৰিৱৰ্তিত কৰা হয় ১৯৮৩ চনৰ ১ জুলাইত কৰিমগঞ্জ নগৰক নতুনকৈ প্ৰস্তাৱিত কৰিমগঞ্জ জিলাৰ জিলা সদৰ হিচাপে গঢ়া হয়। ভূগোল কৰিমগঞ্জ জিলাই অধিকাৰ কৰি থকা মাটিকালি হৈছে ১,৮০৯ বৰ্গ কিলোমিটাৰ (৬৯৮.৫ বৰ্গ মাইল), যি তুলনামূলকভাৱে আলস্কৰ (Alaska) আফোগ্নাক দ্বীপৰ (Afognak Island) সমান। ই উত্তৰ-পূৱ দিশে কাছাৰ জিলা, পূৱ দিশে হাইলাকান্দি জিলা, দক্ষিণ দিশে মিজোৰাম ৰাজ্য, দক্ষিণ-পশ্চিম দিশে ত্ৰিপুৰা ৰাজ্য, আৰু পশ্চিম আৰু উত্তৰ-পশ্চিম দেশে বাংলাদেশৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে। কৰিমগঞ্জ জিলাৰ মুখ্য নগৰ কৰিমগঞ্জ নগৰ জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়। কৰিমগঞ্জ নগৰ জিলাখনৰ উত্তৰ পাৰে কুছিয়াৰাৰ দ্বাৰা বাংলাদেশৰ লগত সংলগ্ন হৈ আছে। অসমৰ ৰাজধানী চহৰ গুৱাহাটিৰ পৰা স্থলপথেৰে ইয়াৰ দূৰত্ব প্ৰায় ৩৩০ কিলোমিটাৰ আৰু ৰেলপথেৰে প্ৰায় ৩৫০ কিলোমিটাৰ। ইয়াৰপৰা অন্য মুখ্য ঠাইসমূহৰ দূৰত্ব এনেধৰণৰ: শিলচৰ- ৫৫ কিলোমিটাৰ, শ্বিলং- ২২০ কিলোমিটাৰ, আগৰতলা- ২৫০ কিলোমিটাৰ। কুছিয়াৰা আৰু লঙ্গাই নদীৰ পাৰ্শ্বৱৰ্তী এলেকাত অৱস্থিত কৰিমগঞ্জ নগৰ বাংলাদেশৰ সীমান্তত অৱস্থিত হৈ আছে আৰু কুছিয়াৰা নদী ইয়াৰ মাজেৰে বৈ গৈছে। ঠাইটুকুৰাৰ এটা বিশেষত্ব হৈছে ইয়াৰ মাজেৰে একাঁবেকাঁকৈ বৈ যোৱা সুদীৰ্ঘ গোলাকাৰ খাল নটী খাল। আদিতে কুছিয়াৰা আৰু লঙ্গাই নদীক সংযোগ কৰি ইয়াৰ জলপথক সংযোগ কৰাৰ বাবে আৰু দুয়োখন নদীৰ জলপৃষ্ঠক সমাৱস্থা প্ৰদান কৰাৰ বাবে এই খাল ব্যৱহৃত হৈছিল। এতিয়া বহু ঠাইত খহনীয়াৰ বাবে আৰু পথৰ নিৰ্মাণকাৰ্যত মাটিৰে পূৰ্ণ হোৱাৰ ফলত এই খাল বন্ধ হৈ গৈছে। লাটু কৰিমগঞ্জৰ বুৰঞ্জীপ্ৰসিদ্ধ গাঁও সমূহৰ মাজত এখন। কৰিমগঞ্জৰ বনাঞ্চল এটা সময়ত বন্যপ্ৰাণীৰ বাবে প্ৰসিদ্ধ আছিল যদিও বৰ্তমান জনসংখ্যা বৃদ্ধিৰ বাবে ই নাইকিয়া হৈ যাব ধৰিছে। ইয়াৰ ভিতৰত হোলোক গিবন, কেইবা প্ৰজাতিৰো বান্দৰ, শুভ্ৰ পাখিৰ কাঁঠহাঁহ, এছিয়ান হাতী আদিৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায়। ইয়াৰ দক্ষিণাঞ্চলক ধলেশ্বৰী বন্যপ্ৰাণী উদ্যান (Dhaleswari wildlife sanctuary) বুলিও অভিহীত কৰা হয়। প্ৰশাসনিক বিভাজন কৰিমগঞ্জ জিলাক তিনিটা মহকুমাত ভাগ কৰা হৈছে: কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ। এই জিলাত অসম বিধানসভাৰ ৫টা সমষ্টি আছে: ৰাতাবাৰী (১), পাথাৰকান্দি (২), কৰিমগঞ্জ উত্তৰ (৩), কৰিমগঞ্জ দক্ষিণ (৪), বদৰপুৰ (৫)। এই সকলোবোৰ অঞ্চল কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত। জনবসতি ২০১১ চনৰ লোকপিয়ল অনুসৰি কৰিমগঞ্জ জিলাৰ মুঠ জনসংখ্যা ১২,২৮,৬৮৬ জন। ইয়াৰে ৬,২৫,৮৬৪ জন পুৰুষ আৰু ৬,০২,৮২২ গৰাকী মহিলা। সেয়ে প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে জিলাখনত মহিলাৰ সংখ্যা ৯৬১ গৰাকী। ২০০১-২০১১ দশকত জিলাখনৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২১.৯%। জিলা খনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬৭৯.২ জন আৰু সাক্ষৰতাৰ হাৰ ৭৯.৭২%। কৰিমগঞ্জ জিলাৰ গৰিষ্ঠসংখ্যক লোক বঙালী ভাষী। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ জিলা কৰিমগঞ্জ জিলা
2245
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%A6%E0%A7%80
নদী
নদী (সমাৰ্থক শব্দ - নদ) সাধাৰণতে নিমখহীন পানীৰ এটি প্ৰাকৃতিক জলধাৰা যি মহাসাগৰ, হ্ৰদ, সাগৰ অথবা অন্য কোন নদীলৈ প্ৰবাহিত হয়। কোনো কোনো ক্ষেত্ৰত নদী কোনো পানীৰ উৎস পোৱাৰ আগতেই শুকাই যায়। ভাৰতৰ কেইখনমান নদী ব্ৰহ্মপুত্ৰ নদী গংগা গোদাবৰি কৃষ্ণা নদীৰ আলোকচিত্ৰ
2246
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%B1%20%E0%A6%95%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B2%E0%A6%BF
মাধৱ কন্দলি
মাধৱ কন্দলি ১৪ শ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০ খ্ৰীষ্টাব্দ) ৰাজসভাৰ এজন কবি। মাধৱ কন্দলিয়ে ভাৰতবৰ্ষৰ প্ৰান্তীয় ভাষা সমুহৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিক "অপ্ৰমাদী কবি" আখ্যা দিছিল। জীৱনকাল কছাৰী বা বৰাহী ৰজা মহামাণিক্যৰ ৰাজধানীৰ স্থান বা ৰাজত্বৰ সময়ৰ বিষয়ে কোনো ঐতিহাসিক প্ৰমাণ নাই। এই সম্পৰ্কে হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা, বাণীকান্ত কাকতি, বেণুধৰ শৰ্মা আদিৰ মত অনুসৰি খৃষ্টীয় চতুৰ্দশ শতিকাৰ মাজভাগত বৰাহী ৰজা মহামাণিক্যই নগাঁৱৰ কপিলী উপত্যকা অঞ্চলত শাসন কৰিছিল নাইবা উজনিৰ সোণাপুৰত (সম্ভৱতঃ শিৱসাগৰৰ সোণাৰি অঞ্চল) ৰাজধানী পাতিছিল। এইজন ৰজাৰে ৰাজসভাত প্ৰাক্‌-শঙ্কৰী কবি মাধৱ কন্দলিয়ে কাব্য চৰ্চা কৰিছিল। মাধৱ কন্দলিৰ আন এটা নাম "কবিৰাজ কন্দলি", সম্ভৱ তেওঁৰ কবিত্ব শক্তিৰ বাবেই পিছলৈ এই নাম পায়। কাব্যকৃতি হিন্দু ধৰ্মত দিক্ষিত হোৱা ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলিৰ প্ৰায় এশ বছৰ পিছত অৰ্থাৎ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধত 'কৃত্তিবাসী ৰামায়ণ' আৰু ১৬শ শতিকাৰ অষ্টম দশকত তুলসীদাসৰ 'ৰাম-চৰিত মানস' ৰচিত হয়। মাধৱ কন্দলিয়ে সহজ-সৰলকৈ সাধাৰণ ৰাইজৰ বাবে এই কাব্য ৰচনা কৰিছিল। ইয়াৰ বিৱৰণসমূহত অসমীয়া ভাষা প্ৰথম অৱস্থাৰ ৰূপ দেখা পোৱাৰ লগতে সেইসময়ৰ প্ৰচলিত ৰীতি-নীতিৰো আভাস পোৱা যায়। ভাষাৰ সৰলতা আৰু কাব্যিক গুণলৈ লক্ষ্য কৰি মাধৱ কন্দলিৰ ৰামায়ণক অসমীয়া সাহিত্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ অৱদানৰূপে গণ্য কৰিব পাৰি। পিছৰ যুগৰ কবিসকলক ই প্ৰভাৱিত কৰিছিল আৰু তেওঁলোকৰ ৰচনাৰ বাবে ই এক মানস্বৰূপ আছিল। ৰাজনৈতিক খেলিমেলিৰ মাজত মাধৱ কন্দলিৰ ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছত নৱবৈষ্ণৱ ধৰ্মীয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে এই কাণ্ড দুটা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। "গুৰু-চৰিত" ইয়াৰ বিষয়ে এটা কাহিনী পোৱা যায়। কাহিনীমতে অনন্ত কন্দলিয়ে ভক্তিৰসৰ আধাৰত ৰামায়ণৰ এক নতুন অনুবাদ কৰি মাধৱ কন্দলিৰ ৰামায়ণক লুপ্ত কৰিব বিচাৰিছিল। তেতিয়া মাধৱ কন্দলিয়ে শঙ্কৰদেৱক সপোনত দেখা দি ইয়াৰ সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তাৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়। মাধৱ কন্দলিয়ে এই কাণ্ড দুটা আগতে ৰচনা কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ পোৱা নাযায়। "দেৱজিৎ" নামৰ ১৩শ পদৰ আন এখন কাব্যত মাধৱ কন্দলিৰ ভণিতা পোৱা যায়। ইয়াত নৰনাৰায়ণ অৰ্থাৎ অৰ্জুন আৰু কৃষ্ণৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। কৃষ্ণৰ সহায়ত অৰ্জুনে স্বৰ্গৰ দেৱতাসকলক কেনেকৈ জিনিবলৈ সক্ষম হ'ল তাৰ বিৱৰণ পোৱা যায়। এই ৰচনাত পিছৰ কালত প্ৰসাৰ পাবলগীয়া নৱবৈষ্ণৱ ধৰ্মৰ ছাঁ দেখিবলৈ পোৱা যায়। এই পুথিৰ কোনো কোনো ঠাইত কেৱল 'মাধৱ' নামহে পোৱা যায় আৰু ইয়াৰ ভাষাও 'কথা-ৰামায়ণ'ৰ লগত নিমিলে। মাধৱ কন্দলিৰ ছদ্মনাম লৈ আন কোনো কবিয়ে এইখন ৰচনা কৰিছে বুলি ঠাৱৰ কৰা হয়। তথ্যসূত্ৰ বাহ্যিক সংযোগ প্ৰবন্ধ: মাধৱ কন্দলি, লিখক: হেমচন্দ্ৰ গোস্বামী, আছামীজ অনলাইন ৱেবছাইট। Madhava Kandali Ramayana অসমৰ ব্যক্তি অসমীয়া কবি অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
2248
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4%20%E0%A6%AC%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%95%E0%A6%A8
লাচিত বৰফুকন
লাচিত বৰফুকন () আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। পৰিয়াল লাচিত বৰফুকনৰ বংশ সম্পৰ্কে লাইলিত বুৰঞ্জী আৰু চকৰী ফেঁটী বুৰঞ্জীত কিছু তথ্য পোৱা যায়। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে চৰাইদেউত হয়। তেওঁৰ পিতৃৰ নাম আছিল ছেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল তেওঁৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷ তেখেতৰ ভাতৃ সমুহৰ নাম মাই-চেও, ত্যাও ম্যুং ছেঙ, ম'বাও-লাও আৰু লাপেট-লাও, তেখেতৰ ভগ্নীৰ নাম লাইছেং, তেঁওৰ নামৰে চৰাইদেউ জিলাত লাইছেং গাওঁ নামকৰণ কৰা হৈছিল আৰু লাচিতৰ বংশধৰ সকল এতিয়া লাইছেং গাওঁ, দক্ষিণ মৰাণজান, জজলী লেচাই হাবি গাঁওত বাস কৰে। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷ তেখেতৰ পত্নী সকলৰ নাম আছিল ছেংধৰা আইদেউ আৰু আতন বুঢ়াগোহাঁইৰ জীয়েক গোঁহাই আইদেউ। তেখেতৰ বৰ পুত্ৰ চেঙ-ডাম আছিল গোঁহাই আইদেউৰ ফালৰ সন্তান। ছেংধৰা আইদেউৰ ফালৰ পৰা তেঁওৰ দুজন পুত্ৰ সন্তান আই-ধাঙ আৰু ইঃ-ধাঙ আছিল। লাচিতৰ শিক্ষা গ্ৰহণ ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা ফৈদ হ’ল লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল। লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেও চুপুংমুংৰ বৰফুকন হৈছিল। দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেওৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা স্বৰ্গদেওৱে লাচিতক মাতি আনি ক’লে- “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।” লাচিতে উত্তৰ দিলে- “স্বৰ্গদেওৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। স্বৰ্গদেওৱে আদেশ দিবহে লাগে।” </blockquote> তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক স্বৰ্গদেওৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। স্বৰ্গদেওৰ সমুখত আঁঠু ল'ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। স্বৰ্গদেওৱে এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। স্বৰ্গদেওৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল । সাহসৰ অন্তিম নিদৰ্শন শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে। লাচিত বৰফুকনৰ মৃত্যু শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেও উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে। লাচিত-দিৱস প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস () হিচাপে পালন কৰা হয়। আলোকচিত্ৰ আৰু চাওক শৰাইঘাটৰ যুদ্ধ আহোম সাম্ৰাজ্য তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Emulate the spirit and skill of Lachit Barphukan লিখক: লে. জে. এচ. কে. সিনহা Lachit Borphukon লিখক: অজিত বৰুৱা http://www.hvk.org/articles/0801/92.html http://www.rediff.com/news/2003/jun/06inter.htm http://www.hvk.org/articles/0801/92.html http://www.hvk.org/articles/0801/92.html অসমৰ ব্যক্তি মৃত ব্যক্তি আহোম ৰাজ্য
2254
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6
অন্ধ্ৰপ্ৰদেশ
অন্ধ্ৰ প্ৰদেশ (ইংৰাজী: /ˌɑːndrə prəˈdɛʃ/,[6] তেলেগু: [aːndɦrɐ prɐdeːʃ] (শুনা) এবিআৰ। এপি) হৈছে ভাৰতৰ দক্ষিণ উপকূলীয় অঞ্চলৰ এখন ৰাজ্য। ই হৈছে 162,970 কিমি2 (62,920 বৰ্গ মাইল)[2] আৰু দশম সৰ্বাধিক জনবহুল ৰাজ্যৰ সৈতে সপ্তম সৰ্ববৃহৎ ৰাজ্য, যাৰ 49,577,103 জন বাসিন্দা আছে। [1] ই তেলেংগানা, ছত্তীশগড়, উৰিষ্যা, তামিলনাডু, কৰ্ণাটক আৰু বংগোপসাগৰৰ সৈতে সীমা ভাগ-বতৰা কৰিছে। ইয়াৰ ভাৰতৰ দ্বিতীয় দীৰ্ঘতম উপকূলীয় অঞ্চল প্ৰায় 974 কিমি (605 মাইল) আছে। [2] অন্ধ্ৰ ৰাজ্য আৰু একত্ৰিত অন্ধ্ৰ প্ৰদেশ হিচাপে অস্তিত্ব ৰখাৰ পিছত, ৰাজ্যখনে 2 জুন 2014 তাৰিখে ইয়াৰ বৰ্তমানৰ ৰূপ লয়, যেতিয়া নতুন ৰাজ্য তেলেংগানা বিভাজনৰ জৰিয়তে গঠন কৰা হৈছিল। [7] অমৰাৱতীয়ে ৰাজ্যখনৰ ৰাজধানী হিচাপে কাম কৰে আৰু সৰ্ববৃহৎ চহৰ হৈছে বিশাখাপত্তনম। তেলেংগানাৰ সৈতে পানী ভাগ বতৰা বিবাদ আৰু সম্পত্তি বিভাজন এতিয়াও সমাধান হোৱা নাই। তেলেগু, বেছিভাগ লোকে ব্যৱহাৰ কৰা ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষা, এক চৰকাৰী ভাষা।অন্ধ্ৰপ্ৰদেশ ভাৰতৰ দক্ষিণ ভাৰতৰ এখন ৰাজ্য। দক্ষিণে তামিল নাডু, পশ্চিমে কৰ্ণাটক, উত্তৰে তেলেংগানা, উত্তৰ-পূবত ওড়িশা, আৰু পূবে বঙ্গোপসাগৰ। অন্ধ্ৰ প্ৰদেশৰ আয়তন ২,৭৫,০৪৫ বৰ্গকিলোমিটাৰ। খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ ৰিগভেডিক পাঠ অনুসৰি, অন্ধ্ৰসকলে যমুনা নদীৰ পাৰৰ পৰা উত্তৰ ভাৰত ত্যাগ কৰে আৰু দক্ষিণ ভাৰতলৈ প্ৰব্ৰজন কৰে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত, অন্ধ্ৰ মৌৰ্য সাম্ৰাজ্যৰ অশোকৰ এক ভাচল ৰাজ্য আছিল। তেওঁৰ মৃত্যুৰ পিছত, ই শক্তিশালী হৈ পৰে আৰু সাতবাহন ৰাজবংশৰ শাসনৰ অধীনত সমগ্ৰ মাৰাঠা দেশ আৰু তাৰ বাহিৰত ইয়াৰ সাম্ৰাজ্য সম্প্ৰসাৰিত কৰে। তাৰ পিছত প্ৰধান শাসকসকলৰ ভিতৰত আছিল পল্লৱ, পূব চালুক্য, কাকতিয়া, বিজয়নগৰ সাম্ৰাজ্য, কুতুব শাহী ৰাজবংশ, নিজাম ৰাজবংশ, ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ ৰাজ। পূব ঘাটহৈছে উপকূলীয় সমভূমি আৰু পেনেপ্লেইনক পৃথক কৰা এটা মুখ্য বিভাজন ৰেখা। উপকূলীয় সমভূমিবোৰ উপকূলীয় অন্ধ্ৰৰ অংশ। এইবোৰ বেছিভাগ কৃষ্ণ, গোদাৱৰী আৰু পেন্না নদীৰ দ্বাৰা গঠিত বদ্বীপ অঞ্চল। পেনেপ্লেইনচ ৰায়সীমাৰ অংশ। জনসংখ্যাৰ 60% কৃষি আৰু সম্পৰ্কিত কাৰ্যকলাপত নিয়োজিত। চাউল হৈছে ৰাজ্যখনৰ মুখ্য খাদ্য শস্য আৰু মুখ্য খাদ্য। ৰাজ্যখনে মুঠ মাছৰ 10% আৰু ভাৰতৰ মিছা মাছ উৎপাদনৰ 70% ৰো অধিক অৰিহণা যোগায়। খাদ্য সামগ্ৰী, অ-ধাতৱ খনিজ, বস্ত্ৰ আৰু ফাৰ্মাচিউটিকেলৰ দৰে উদ্যোগ খণ্ডহৈছে শীৰ্ষ নিয়োগ প্ৰদানকাৰী। ভাৰতৰ অটো ৰপ্তানিৰ 10% হৈছে স্বয়ংচালিত খণ্ড। ৰাজ্যখনত ভাৰতৰ প্ৰায় এক-তৃতীয়াংশ চুনাপাথরৰ ভাণ্ডাৰ আছে, তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ উপৰিও বেৰিট আৰু ছায়াপথ গ্ৰেনাইটৰ বৃহৎ জমা আছে। [8] তিৰুপতি জিলাৰ শ্ৰীহৰিকোটাৰ প্ৰতিবন্ধক দ্বীপত শ্ৰীহৰিকোটা ৰেঞ্জ (এছএইচএআৰ) নামেৰে জনাজাত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ (এছডিএছচি) হৈছে ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ। ৰাজ্যখনৰ কিছুমান অনন্য সামগ্ৰী হৈছে বানাগানাপাল্লে আম, বান্দাৰ লাড্ডু, কোণ্ডাপল্লী পুতলা, তিৰুপতি লাড্ডু, আৰু ধৰ্মভাৰাম আৰু মছলিপত্তনমত তৈয়াৰ কৰা শাৰী। কুচিপুড়ি হৈছে আনুষ্ঠানিক নৃত্যৰ ৰূপ। অন্নমাচাৰ্য, ক্ষেত্ৰয়, ত্যাগৰাজ আৰু ভদ্ৰকলা ৰামদাসৰ দৰে কৰ্ণাটিক সংগীতৰ বহুতো ৰচয়িতা এই অঞ্চলৰ আছিল। তিৰুপতিৰ ওচৰৰ তিৰুমালা ভেঙ্কটেশ্বৰ মন্দিৰ হৈছে পৃথিৱীৰ আটাইতকৈ বেছি ভ্ৰমণ কৰা হিন্দু ধৰ্মীয় স্থান। ৰাজ্যখনত বিভিন্ন ধৰণৰ অন্যান্য তীৰ্থকেন্দ্ৰ আৰু প্ৰাকৃতিক আকৰ্ষণ আছে। ব্যুৎপত্তি এইটো সংস্কৃত শব্দ অন্ধ্ৰৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে দক্ষিণ। এই ক্ষেত্ৰত কিছুমান জনজাতি আছে যাক 'অন্ধ্ৰ' বুলিও কোৱা হয়। আৰু অতীতত মৌৰ্য বিষয়াসকল, সাতবাহনসকলক অন্ধ্ৰ-ভৃত্য বুলি জনা গৈছিল যাৰ অৰ্থ হৈছে 'দক্ষিণৰ বিষয়া'। ইতিহাস টপনিম সংস্কৃত পাঠ আইতাৰেয়া ব্ৰহ্মা (৮০০-৫০০ খ্ৰীষ্টপূৰ্ব) অনুসৰি, অন্ধ্ৰ নামৰ লোকৰ এটা দলে যমুনা নদীৰ পাৰৰ পৰা উত্তৰ ভাৰত ত্যাগ কৰি দক্ষিণ ভাৰতত বসতি স্থাপন কৰে। [9] [10] [11] পুৰাণী সাহিত্যত অন্ধ্ৰ, আন্ধ্ৰা-জাতিয়া আৰু অন্ধ্ৰভৰ্ত্য নামেৰে সাতবাহনৰ কথা উল্লেখ কৰা হৈছিল। [12] [13] তেওঁলোকে তেওঁলোকৰ কোনো মুদ্ৰা বা শিলালিপিত নিজকে অন্ধ্ৰ বুলি উল্লেখ কৰা নাছিল; এয়া সম্ভৱ যে তেওঁলোকৰ জাতিগত কাৰণত বা তেওঁলোকৰ অঞ্চলত অন্ধ্ৰ অঞ্চল অন্তৰ্ভুক্ত হোৱাৰ বাবে তেওঁলোকক অন্ধ্ৰ বুলি কোৱা হৈছিল প্ৰাৰম্ভিক আৰু মধ্যযুগীয় ইতিহাস ষোল্লটা বৈদিক মহাজনপদৰ ভিতৰত আসাকা মহাজনপদত অন্ধ্ৰ, মহাৰাষ্ট্ৰ আৰু তেলেংগানা অন্তৰ্ভুক্ত আছিল। ভাট্টিপ্ৰলু, অমৰাৱতী, ধাৰানিকোটা আৰু ভাদ্দামানুৰ দৰে ঠাইৰ পৰা পোৱা পুৰাতাত্ত্বিক প্ৰমাণে সূচায় যে অন্ধ্ৰ অঞ্চলটো মৌৰ্য সাম্ৰাজ্যৰ অংশ আছিল। অমৰাৱতী হয়তো মৌৰ্য শাসনৰ এটা আঞ্চলিক কেন্দ্ৰ আছিল। সম্ৰাট অশোকৰ মৃত্যুৰ পিছত, মৌৰ্য শাসন খ্ৰীষ্টপূৰ্ব প্ৰায় 200 দুৰ্বল হৈ পৰে আৰু অন্ধ্ৰ অঞ্চলৰ কেইবাখনো সৰু ৰাজ্যৰ দ্বাৰা প্ৰতিস্থাপিত হয়। ব্ৰাহ্মী লিপিৰ প্ৰাৰম্ভিক প্ৰমাণসমূহৰ ভিতৰত এটা, তেলেগুকে ধৰি কেইবাখনো চিত্ৰনাট্যৰ সন্তান ভাট্টিপ্ৰলুৰ পৰা আহিছে য'ত বুদ্ধৰ ধ্বংসাবশেষ থকা এটা ভাণ্ডাৰত স্ক্ৰিপ্টব্যৱহাৰ কৰা হৈছিল। সাতবাহন ৰাজবংশে খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ লৈকে ডেক্কান মালভূমিত আধিপত্য বিস্তাৰ কৰিছিল। [19] ৰোমান সাম্ৰাজ্যৰ সৈতে ইয়াৰ বাণিজ্যিক সম্পৰ্ক আছিল। [20] পিছৰ সাতবাহনসকলে অমৰাৱতীৰ ওচৰৰ ধাৰানিকোটাক তেওঁলোকৰ ৰাজধানী কৰি তুলিছিল। বৌদ্ধসকলৰ মতে, মহাযানৰ দাৰ্শনিক নাগাৰ্জুন এই অঞ্চলত বাস কৰিছিল। [21] [22] [23] বিজয়পুৰীত ৰাজধানী থকা অন্ধ্ৰ ইক্ষ্বাকুসকলে দ্বিতীয় শতিকাৰ শেষাৰ্ধত কৃষ্ণা নদী উপত্যকাৰ সাতবাহনৰ উত্তৰাধিকাৰী হয়। [24] সালংকাযান সকল আছিল এক প্ৰাচীন ৰাজবংশ যি গোদাৱৰী আৰু কৃষ্ণৰ মাজৰ অন্ধ্ৰ অঞ্চলত ৩০০ ৰ পৰা ৪৪০ খ্ৰীষ্টাব্দলৈ ভেংগী (আধুনিক পেদাভেগী)ত তেওঁলোকৰ ৰাজধানীৰ সৈতে শাসন কৰিছিল। [25] তেলেগু চোলাসকলে বৰ্তমানৰ ৰয়ালসীমাক পঞ্চমৰ পৰা কুদ্দাপা আৰু জম্মালামডুগুৰ পৰা একাদশ শতিকালৈ শাসন কৰিছিল। এৰিকাল মুত্তুৰাজু ধনঞ্জয়া বৰ্মাৰ তেলেগু শিলালিপি, যাক এৰাগুডিপাডু চাচানম বুলি জনা যায়, বৰ্তমানৰ কাডাপা জিলাৰ ৫৭৫ খ্ৰীঃত খোদিত কৰা হৈছিল। এইটো তেলেগু ভাষাৰ আটাইতকৈ পুৰণি লিখিত অভিলেখ। পঞ্চম আৰু ষষ্ঠ শতিকাত বিষ্ণুকুণ্ডিনাপ্ৰথম ৰাজবংশ আছিল, যি অন্ধ্ৰ, কলিঙ্গ আৰু তেলেংগানাৰ বেছিভাগ অংশত প্ৰভাৱ পেলাইছিল। [27] ভেংগীৰ পূব চালুক্য, যাৰ ৰাজবংশ ৭ম শতিকাৰ পৰা ১১৩০ খ্ৰীষ্টপূৰ্বলৈকে প্ৰায় পাঁচশ বছৰ ধৰি চলিছিল, অৱশেষত চোল ৰাজবংশৰ সৈতে একত্ৰিত হয়। তেওঁলোকে চোল ৰাজবংশৰ সুৰক্ষাৰ অধীনত ১১৮৯ চনৰ খ্ৰীষ্টপূৰ্বলৈকে শাসন অব্যাহত ৰাখিছিল [28] ৰজা ৰাজাৰাজা নৰেন্দ্ৰৰ অনুৰোধত, প্ৰথম তেলেগু কবি হিচাপে বিবেচিত নান্নায়াই 1025 চনৰ খ্ৰীষ্টপূৰ্বত তেলেগুলৈ মহাভাৰতৰ অনুবাদ গ্ৰহণ কৰিছিল। কাকতিয়াসকলে দ্বাদশ আৰু চতুৰ্দশ শতিকাৰ ভিতৰত প্ৰায় দুশ বছৰ এই অঞ্চল আৰু তেলেংগানাশাসন কৰিছিল। তেওঁলোক দিল্লী চুলতানত পৰাজিত হৈছিল। দিল্লী চুলতানাত দুৰ্বল হোৱাৰ সময়ত মুচুনুৰি নায়ক আৰু বাহামানি চুলতানে দায়িত্ব গ্ৰহণ কৰিছিল। চতুৰ্দশ শতিকাৰ আৰম্ভণিতে ৰেড্ডি ৰাজ্যই এই অঞ্চলৰ কিছু অংশ শাসন কৰিছিল। তেওঁলোকে কোণ্ডাভেদু ৰ দুৱাৰ আৰু কোণ্ডাপল্লী ৰ দুৱাৰ নিৰ্মাণ কৰিছিল। তেওঁলোকৰ শাসনৰ পিছত, গজপতি আৰু বাহমণি চুলতানসকলে এই অঞ্চলৰ আগতে একেৰাহে এই অঞ্চলত শাসন কৰিছিল আৰু বৰ্তমানৰ বেছিভাগ অন্ধ্ৰ প্ৰদেশ বিজয়নগৰ সাম্ৰাজ্যৰ অংশ হৈ পৰিছিল। চতুৰ্দশ শতিকাৰ আৰম্ভণিতে ডেক্কান মালভূমিত বিজয়নগৰ সাম্ৰাজ্যৰ উৎপত্তি হৈছিল। ইয়াক ১৩৩৬ চনত সংগমা ৰাজবংশৰ হৰিহৰা ৰায় প্ৰথম আৰু তেওঁৰ ভাতৃ বুক্কা ৰায়া প্ৰথমে প্ৰতিষ্ঠা কৰিছিল যিৱাৰাংগলৰ কাকতিয়াসকলৰ কোষাগাৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। [33] তেওঁলোকৰ শাসনকালত পেম্মাছানী নায়কসকলে অন্ধ্ৰ প্ৰদেশৰ কিছু অংশ নিয়ন্ত্ৰণ কৰিছিল আৰু বৃহৎ ভাৰাতীয়া সৈন্য আছিল যি ষোড়শ শতিকাত সাম্ৰাজ্যৰ অগ্ৰদূত আছিল। [34] সাম্ৰাজ্যৰ পৃষ্ঠপোষকতাই সূক্ষ্ম কলা আৰু সাহিত্যক কানাড়া, তেলেগু, তামিল আৰু সংস্কৃতভাষাত নতুন উচ্চতা ত উপনীত হ'বলৈ সক্ষম কৰে, আনহাতে কৰ্ণাটিক সংগীত বৰ্তমানৰূপত বিকশিত হয়। [35] এই সময়ছোৱাত নিৰ্মাণ কৰা স্মাৰকসমূহৰ লেপাক্ষী গোটত বিজয়নগৰ ৰজা, দ্ৰাবিড় কলা আৰু শিলালিপিৰ ম্যুৰাল চিত্ৰ আছে। [36] এইবোৰইউনেস্কো বিশ্ব ঐতিহ্য সমিতিৰ অস্থায়ী তালিকাত ৰখা হৈছে। আধুনিক ইতিহাস বিজয়নগৰ সাম্ৰাজ্যৰ পৰাজয়ৰ পিছত, কুতুব শ্বাহি ৰাজবংশে অন্ধ্ৰ দেশৰ ওপৰত প্ৰভাৱ পেলাইছিল। [38] মোগল সাম্ৰাজ্যৰ অধীনত এই অঞ্চল নিজামৰ শাসনলৈ পৰিণত হয়। সোনকালেই নিজামে নিজকে সাৰ্বভৌম শাসক হিচাপে প্ৰতিষ্ঠা কৰে। 1611 চনত, ভাৰতৰ পূব উপকূলৰ মাচুলিপাটিনামত "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ ইংৰাজী ট্ৰেডিং পোষ্ট স্থাপন কৰা হৈছিল। [39] ঊনবিংশ শতিকাৰ আৰম্ভণিতে উত্তৰ চিৰকাৰছক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সংযুক্ত কৰা হয় আৰু ইয়াৰ মাদ্ৰাজ প্ৰেচিডেন্সিৰ অংশ হয়। অৱশেষত, এই অঞ্চলটো উপকূলীয় অন্ধ্ৰ অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰে, যাৰ উত্তৰ অংশপিছলৈ উত্তৰঅন্ধ্ৰ নামেৰে জনাজাত আছিল। পিছলৈ নিজামে ব্ৰিটিছসকলক পাঁচটা অঞ্চল প্ৰদান কৰিছিল যিঅৱশেষত ৰয়ালসীমা অঞ্চলত পৰিণত হৈছিল। পলিগাৰ্ছ নামেৰে জনাজাত স্থানীয় মুৰব্বীসকলে 1800 চনত কোম্পানীৰ নিয়মৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, যাক কোম্পানীটোৱে দমন কৰিছিল। [40] ৰাজা বিজয়ৰাম ৰাজে (বিজয়ৰাম ৰাজ) ১৭১১ চনত জেইপুৰ ৰাজ্যৰ পৰা স্বাধীনতা দাবী কৰি এখন সাৰ্বভৌম ৰাজ্য স্থাপন কৰে। ই ববিলি, কুৰুপম, পাৰালাখেমুণ্ডি আৰু জেইপুৰ ৰাজ্যৰ চুবুৰীয়া অধ্যক্ষতা জয় কৰিবলৈ ফৰাচী আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে মিত্ৰতা গঠন কৰিছিল। এইটো ব্ৰিটিছৰ সৈতে পৰিছিল আৰু ফলস্বৰূপে পদ্মনাভমৰ যুদ্ধত আক্ৰমণ আৰু পৰাজিত হৈছিল। ইয়াক অন্যান্য অধ্যক্ষতাৰ দৰে উপনদী সম্পত্তি হিচাপে সংযুক্ত কৰা হৈছিল আৰু ১৯৪৯ চনত ভাৰতীয় সংঘত তেওঁলোকৰ অন্তৰ্ভুক্তিলৈকে আছিল। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ পিছত, ব্ৰিটিছ মুকুটে এই অঞ্চলত শাসন কৰিছিল, ১৯৪৭ চনত ভাৰত স্বাধীন হোৱালৈকে। ১৯১৯ চনত দুগ্গিৰালা গোপালকৃষ্ণায়ৰ নেতৃত্বত চিৰালা আৰু পেৰালাত কোনো কৰ অভিযান নহয়, ১৯২১ চনত আল্লুৰী সীতাৰামা ৰাজুৰ নেতৃত্বত ৰামপা বিদ্ৰোহ, ১৯৩০ চনত ডেণ্ডুলুৰত নিমখ সত্যাগ্ৰহ হৈছে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হোৱা কিছুমান প্ৰতিবাদ। [40] ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তংগুটুৰী প্ৰকাশমক গ্ৰেপ্তাৰ কৰি তিনি বছৰৰো অধিক সময়ৰ বাবে কাৰাবাস খাটিব লাগিব। তেওঁ ১৯৪৬-৪৭ চনত মাদ্ৰাজৰ ৰাষ্ট্ৰপতিপদৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৮৫০ চনত আৰ্থাৰ কটনৰ দ্বাৰা নিৰ্মিত ডৌলেশ্বৰম বেৰেজে গোদাৱৰী নদীঅৱবাহিকাত অব্যৱহৃত ভূমিক খেতিলৈ আনিছিল আৰু অঞ্চলটোৰ অৰ্থনীতিক ৰূপান্তৰিত কৰিছিল। [43] চাৰ্লছ ফিলিপ ব্ৰাউনে তেলেগুক মুদ্ৰণ যুগলৈ ৰূপান্তৰ িত কৰাত অগ্ৰণী কাম কৰিছিল আৰু ইংৰাজ পাঠকসকলৰ বাবে ভেমানা কবিতাৰ পৰিচয় দিছিল। [44] কান্দুকুৰি বীৰেছালিঙ্গমক তেলেগু নৱজাগৰণ আন্দোলনৰ জনক হিচাপে গণ্য কৰা হয় কিয়নো তেওঁ মহিলাৰ শিক্ষা আৰু বিধৱাসকলৰ পুনৰ বিবাহক উৎসাহিত কৰিছিল আৰু বাল্য বিবাহ আৰু যৌতুক ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিছিল। [45] কথিত উপভাষা ব্যৱহাৰ কৰা এজন অগ্ৰণী নাট্যকাৰ গুৰাজাদা আপ্পাৰাৱে ১৮৯২ চনত কন্যাচুলকাম নাটকখন লিখিছিল। ইয়াক তেলেগু ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাটক হিচাপে গণ্য কৰা হয়। স্বাধীনতাৰ পিছত ভাষিক পৰিচয়ৰ ওপৰত আধাৰিত কৰি এখন স্বাধীন ৰাজ্য লাভ কৰাৰ প্ৰচেষ্টাত আৰু মাদ্ৰাজ ৰাজ্যৰ তেলেগু ভাষী লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত, পোটি শ্ৰীৰামুলুৱে 1952 চনত উপবাস কৰি মৃত্যুমুখত পৰে। মাদ্ৰাজ চহৰ খন বিবাদৰ বিষয় হৈ পৰাৰ লগে লগে, ১৯৪৯ চনত জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল আৰু পট্টাভি সীতাৰামায়ৰ সৈতে এখন সমিতি গঠন কৰা হয়। সমিতিখনে পৰামৰ্শ দিছিল যে অন্ধ্ৰ প্ৰদেশ গঠন কৰিব পাৰি যদিহে অন্ধ্ৰসকলে মাদ্ৰাজ চহৰৰ (বৰ্তমান চেন্নাই] ওপৰত তেওঁলোকৰ দাবী ত্যাগ কৰে। পোট্টি শ্ৰীৰামুলুৰ মৃত্যুৰ পিছত, অন্ধ্ৰ ৰাজ্যৰ তেলেগু ভাষী এলেকাটো ১৯৫৩ চনৰ ১ অক্টোবৰত মাদ্ৰাজ ৰাজ্যৰ পৰা নিৰ্মাণ কৰা হয়, যাৰ ৰাজধানী চহৰ কুৰ্ণুল আছিল। তংগুতুৰী প্ৰকম প্ৰথম মুখ্যমন্ত্ৰী হৈছিল। 1956 চনৰ জেন্টলমেনচুক্তিৰ আধাৰত, ৰাজ্যপুনৰ্গঠন আইনে হায়দৰাবাদ ৰাজ্যৰ চুবুৰীয়া তেলেগু ভাষী এলেকাবোৰক হায়দৰাবাদৰ সৈতে 1 নৱেম্বৰ 1956 তাৰিখে ৰাজধানী হিচাপে একত্ৰিত কৰি অন্ধ্ৰ প্ৰদেশ সৃষ্টি কৰে।ইণ্ডিয়ান নেচনেল কংগ্ৰেছে (আইএনচি) 1956 চনৰ পৰা 1982 চনলৈ ৰাজ্যখন শাসন কৰিছিল। নীলম সঞ্জীৱ ৰেড্ডী প্ৰথম মুখ্যমন্ত্ৰী হৈছিল। অন্যান্য মুখ্যমন্ত্ৰীসকলৰ ভিতৰত, পি ভি নৰসিংহ ৰাও ভূমি সংস্কাৰ আৰু ভূমি ৰক্ষা আইন ৰূপায়ণ আৰু ৰাজনীতিত নিম্ন বৰ্ণৰ বাবে সংৰক্ষণ সুৰক্ষিত কৰাৰ বাবে জনাজাত। [48] ১৯৬৭ চনত সম্পূৰ্ণ হোৱা নাগাৰ্জুন সাগৰ বান্ধ আৰু ১৯৮১ চনত সম্পূৰ্ণ হোৱা শ্ৰীশৈলম বান্ধ হৈছে কিছুমান জলসিঞ্চন প্ৰকল্প, যি ৰাজ্যখনত ধানউৎপাদন বৃদ্ধিত সহায় কৰে। ভূগোল ৰাজ্যখনৰ উত্তৰ আৰু পশ্চিমে তেলেংগানা, উত্তৰে ছত্তীশগড়, উত্তৰে উৰিষ্যা, পূবে বংগোপসাগৰ, দক্ষিণে তামিলনাডু আৰু পশ্চিমে কৰ্ণাটক ৰ সীমা আছে। ইয়ানাম জিলা, পুডুচেৰীৰ এটা ছিটমহল কাকিনাডা জিলাৰ সীমান্তৱৰ্তী ৰাজ্যখনত আছে। [69] ইয়াৰ উপকূলীয় অঞ্চল প্ৰায় ৯৭৪ কিলোমিটাৰ (৬০৫ মাইল) আছে, যি ইয়াক দেশৰ দ্বিতীয় দীৰ্ঘতম উপকূলপ্ৰদান কৰে। পূব ঘাটহৈছে ৰাজ্যৰ ভূগোলৰ উপকূলীয় সমভূমি আৰু পেনেপ্লেইনক পৃথক কৰা এটা মুখ্য বিভাজন ৰেখা। পূব উপকূলীয় সমভূমিত পূব ঘাটলৈকে উপকূলীয় জিলাসমূহৰ এলেকা আছে যিহেতু তেওঁলোকৰ সীমা বংগোপসাগৰৰ সৈতে পৰিৱৰ্তনশীল প্ৰস্থৰ। এইবোৰ বেছিভাগ অংশৰ বাবে, কৃষ্ণা, গোদাৱৰী আৰু পেন্না নদীৰ দ্বাৰা গঠিত বদ্বীপ অঞ্চল। বেছিভাগ উপকূলীয় সমভূমিত তীব্ৰ কৃষিব্যৱহাৰ কৰা হয়। পূব ঘাটবোৰ নিৰন্তৰ আৰু ব্যক্তিগত শাখাবোৰৰ স্থানীয় নাম আছে। ঘাটবোৰ উপকূলৰ দক্ষিণ আৰু চৰম উত্তৰৰ ফালে অধিক স্পষ্ট হৈ পৰে। এইবোৰপাপিকোণ্ডা ৰেঞ্জ, সিংহচল পাহাৰ পৰিসৰ, য়াৰাডা পাহাৰ, নাল্লামালা পাহাৰ, পাপী পাহাৰ, চেশাচালা পাহাৰ আৰু হৰ্ছলী পাহাৰেৰে গঠিত। পূব ঘাটৰ দুটা তোৰণ শাখাৰ দ্বাৰা গঠিত কাডাপা অৱবাহিকা হৈছে এক খনিজ সমৃদ্ধ এলেকা। পেনেপ্লেইনচ, ৰয়ালসীমাৰ কিছু অংশ পূৱফালে আৰু পূৱ ঘাটবোৰ তেওঁলোকৰ পূব সীমা হিচাপে। উদ্ভিদ আৰু প্ৰাণী ৰাজ্যখনৰ মুঠ বনাঞ্চল হৈছে 29,784.3 বৰ্গ কিলোমিটাৰ (11,499.8 বৰ্গ মাইল) যাৰ পৰিমাণ হৈছে মুঠ এলেকাৰ 18.28%। [72] পূব ঘাট অঞ্চলত ঘন ক্ৰান্তীয় অৰণ্য আছে, আনহাতে ঘাটবোৰে পেনেপ্লেইনবোৰলৈ পথ প্ৰদান কৰাৰ লগে লগে গছ-গছনি বিৰল হৈ পৰে, য'ত জোপোহা গছ-গছনি অধিক সচৰাচৰ হয়। ৰাজ্যখনত পোৱা গছ-গছনিবোৰ মুখ্যতঃ শুকান পৰ্ণপাতী প্ৰকাৰৰ হয় আৰু ইয়াৰ মিশ্ৰণ হৈছে চেগুন, টাৰ্মিনেলিয়া, ডালবাৰ্জিয়া, টেৰোকাৰ্পাছ, এনোজিচাছ আদিৰ মিশ্ৰণ। ৰাজ্যখনত কিছুমান বিৰল আৰু স্থানীয় উদ্ভিদ আছে যেনে চাইকাচ বেডডোমি, টেৰোকাৰ্পাছ চান্টালিনাছ, টাৰ্মিনেলিয়া পেলিডা, চিজিগিয়াম অলটাৰ্নিফোলিয়াম, শোৰেয়া টালুৰা, শোৰেয়া টুমবুৰ্গিয়া চাইলোটাম নুডাম ইত্যাদি। [73] সাগৰৰ ওচৰৰ মেংগ্ৰোভ অৰণ্য, নিমখ – সহনশীল বন পৰিস্থিতিতন্ত্ৰৰ বাবে কোৰিঙ্গা এক উদাহৰণ। এই বনাঞ্চলসমূহৰ এলেকা হৈছে ৰাজ্যখনৰ স্থানীয় বনাঞ্চলৰ প্ৰায় 9% 582 কিমি2 (225 বৰ্গ মাইল)। জীৱজন্তুৰ বৈচিত্ৰ্যৰ ভিতৰত আছে বাঘ, পেন্থাৰ, হায়েনা, ক'লা টকা, চীতল, চাম্বৰ, সাগৰীয় কাছ আৰু কেইবাটাও চৰাই আৰু সৰীসৃপ। গোদাৱৰী আৰু কৃষ্ণা নদীৰ এষ্টুৱেৰীবোৰে মাছ ধৰা মেকুৰী আৰু উদৰবোৰক কীষ্ট'ন প্ৰজাতি হিচাপে সমৰ্থন কৰে। [73] ৰাজ্যখনত বহুতো অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান যেনে কৰিঙ্গা, নাগাৰ্জুনসাগৰ-শ্ৰীশৈলম ব্যাঘ্ৰ সংৰক্ষণ, ক'লেৰু পক্ষী অভয়াৰণ্য আৰু নেলাপাট্টু পক্ষী অভয়াৰণ্য আছে। খনিজ সম্পদ বিভিন্ন ভূতাত্ত্বিক গঠন থকা ৰাজ্যখনত বিভিন্ন ঔদ্যোগিক খনিজ পদাৰ্থ আৰু নিৰ্মাণ শিল আছে। এইটো ভাৰতত মাইকাৰ জমাত শীৰ্ষত তালিকাভুক্ত কৰা হৈছে। ৰাজ্যখনত পোৱা খনিজ পদাৰ্থবোৰৰ ভিতৰত আছে চুনাপাথর, মেঙ্গানিজ, এচবেষ্টছ, লো আকরিক, বল মাটি, অগ্নি মাটি, সোণ, হীৰা, গ্ৰেফাইট, ডলোমাইট, কোৱাৰ্টজ, টাংষ্টেন, ষ্টেটিটিক, ফেল্ডস্পাৰ, আৰু চিলিকা বালি। ইয়াত তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। ইয়াত ভাৰতৰ চুনাপাথরৰ প্ৰায় এক-তৃতীয়াংশ ভাণ্ডাৰ আছে আৰু ই বেৰিট আৰু ছায়াপথ গ্ৰেনাইটৰ বৃহৎ একচেটিয়া জমাৰ বাবে জনাজাত। [76] ইউৰেনিয়ামৰ সৰ্ববৃহৎ ভাণ্ডাৰ ৱাইএছআৰ জিলাৰ ভেমুলা মণ্ডলৰ তুম্মালাপল্লী গাঁৱত আছে। জলবায়ু ভৌগোলিক অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি জলবায়ুযথেষ্ট পৰিৱৰ্তন হয়। গ্ৰীষ্মকাল মাৰ্চৰ পৰা জুনলৈ থাকে। উপকূলীয় সমভূমিত, গ্ৰীষ্মকালৰ তাপমাত্ৰা সাধাৰণতে ৰাজ্যৰ বাকী অংশতকৈ অধিক হয়, তাপমাত্ৰা 20 ৰ পৰা 41 °চে.(68 আৰু 106 °এফ)ৰ ভিতৰত হয়। জুলাইৰ পৰা ছেপ্টেম্বৰ লৈকে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ পৰা ক্ৰান্তীয় বৰষুণৰ বতৰ। অক্টোবৰৰ পৰা ডিচেম্বৰ লৈকে, উত্তৰ-পূব মৌচুমী বায়ুৰ সৈতে বংগোপসাগৰত নিম্ন-চাপ প্ৰণালী আৰু ক্ৰান্তীয় ঘূৰ্ণীবতাহ সৃষ্টি হয়, যাৰ ফলত ৰাজ্যখনৰ দক্ষিণ আৰু উপকূলীয় অঞ্চললৈ বৰষুণ হয়। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী লৈকে শীতৰ মাহ। যিহেতু ৰাজ্যখনত এটা দীঘল উপকূলীয় বেল্ট আছে শীতকাল বৰ ঠাণ্ডা নহয়। শীতকালৰ তাপমাত্ৰাৰ পৰিসৰ সাধাৰণতে 12 ৰ পৰা 30 °চে.(54 ৰ পৰা 86 °এফ.) হয়। বিশাখাপত্তনম জিলাৰ লাম্বাচিঙ্গীক "অন্ধ্ৰ প্ৰদেশৰ কাশ্মীৰ" বুলি অভিহিত কৰা হয় কিয়নো ইয়াৰ তাপমাত্ৰা 0ৰ পৰা 10 °চে.(32 ৰ পৰা 50 °এফ)ৰ ভিতৰত। ৰাজ্যখনৰ বাবে স্বাভাৱিক বৰষুণ হৈছে 966 মিমি (38.0 ইঞ্চি) আৰু জুন 2020-মে 2021-ৰ বাবে প্ৰকৃত বৰষুণ আছিল 1,191 মিমি (46.9 ইঞ্চি)। জনগাঁথনি ভাৰতৰ 2011 চনৰ লোকপিয়লৰ ওপৰত আধাৰিত কৰি, অন্ধ্ৰ প্ৰদেশৰ জনসংখ্যা হৈছে 49,577,103 যাৰ ঘনত্ব 304/কিমি2 (790/বৰ্গ মাইল)। মুঠ জনসংখ্যা গ্ৰাম্য জনসংখ্যাৰ 70.53% আৰু চহৰীয়া জনসংখ্যাৰ 29.47% গঠিত। [2] ৰাজ্যখনত ১৭.০৮% অনুসূচীত জাতি আৰু ৫.৫৩% অনুসূচীত জনজাতিৰ জনসংখ্যা আছে। [81] 0-6 বছৰ বয়সৰ শিশুৰ বয়স 5,222,384, যি হৈছে মুঠ জনসংখ্যাৰ 10.6%। তেওঁলোকৰ ভিতৰত 2,686,453 জন ল'ৰা আৰু 2,535,931 গৰাকী ছোৱালী। 18-23 বছৰ বয়সৰ প্ৰাপ্তবয়স্কৰ বাবে 5,815,865 জন (2,921,284 পুৰুষ, 2,894,581 মহিলা)। ৰাজ্যখনত প্ৰতি 1000 পুৰুষত 997 গৰাকী মহিলাৰ লিংগ অনুপাত আছে, যি প্ৰতি 1000 ত ৰাষ্ট্ৰীয় গড় 926 তকৈ অধিক। ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ হৈছে 67.35%। পূৰ্বৰ পশ্চিম গোদাৱৰী জিলাত সৰ্বাধিক সাক্ষৰতাৰ হাৰ 74.32% আৰু পূৰ্বৰ বিজয়নগৰম জিলাত সৰ্বনিম্ন 58.89%। [2] ২০১৮ বৰ্ষৰ মানৱ উন্নয়ন সূচক (এইচডিআই) নম্বৰত ৰাজ্যখন সকলো ভাৰতীয় ৰাজ্যৰ ভিতৰত ২৭ তম স্থানত আছে। [83] ২০২৩ চনৰ ১ জানুৱাৰী লৈকে ৩৯,৯৮৪,৮৬৮ জন ভোটাৰ (১৯,৭৫৯,৪৮৯ জন পুৰুষ, ২০,২২১,৪৫৫ গৰাকী মহিলা আৰু ৩,৯২৪ জন তৃতীয় লিংগ)। কুৰ্ণুল জিলাত সৰ্বাধিক ভোটাৰৰ সংখ্যা হৈছে 1,942,233, আনহাতে এএছআৰ জিলাত সৰ্বনিম্ন 729,085 জন ভোটাৰ আছে। ভাষা তেলেগু আৰু উৰ্দু ৰাজ্যখনৰ চৰকাৰী ভাষা। [86] তেলেগু জনসংখ্যাৰ প্ৰায় ৯০% লোকৰ মাতৃভাষা। ৰাজামুন্দ্ৰি অন্ধ্ৰ প্ৰদেশৰ সাংস্কৃতিক ৰাজধানী কিয়নো তেলেগু ভাষাৰ শিপা এই অঞ্চলৰ পৰা আহিছে। তামিল, কানাড়া আৰু ওড়িয়া সীমান্ত-অঞ্চলত কোৱা হয়। লাম্বাদি, কোৱা, চাভাৰা, কোণ্ডা, গদাবা আৰু আন কেইবাটাও ভাষা ৰাজ্যখনৰ অনুসূচীত জনজাতিৰ দ্বাৰা কোৱা হয়। [89] আইআৰএছ কিউ 4, 2019 জৰীপ অনুসৰি 12+ বছৰ বয়সৰ জনসংখ্যাৰ 19% লোকৰ ইংৰাজী পঢ়া আৰু বুজিপোৱাৰ ক্ষমতা আছে। ধৰ্ম 2011 চনৰ লোকপিয়ল অনুসৰি, ৰাজ্যখনৰ মুখ্য ধৰ্মীয় গোটবোৰ হৈছে হিন্দু (90.89%), মুছলমান (7.30%) আৰু খ্ৰীষ্টান (1.38%)। পাৰিবাৰিক স্বাস্থ্য অন্ধ্ৰ প্ৰদেশৰ বাবে ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (এনএফএইচএছ-5) 2019-21 তথ্যই পাৰিবাৰিক স্বাস্থ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ সূচক প্ৰকাশ কৰিছে। ৰাজ্যখনৰ 85% পৰিয়ালত পকী ঘৰ আছে। 76% পৰিয়ালৰ (59% চহৰীয়া, 83% গ্ৰাম্য) এটা ঘৰ আছে। প্ৰায় সকলো ঘৰতে বিদ্যুৎ সংযোগ আছে। 84% পৰিয়ালে ৰন্ধনৰ বাবে এক পৰিষ্কাৰ ইন্ধন ব্যৱহাৰ কৰে। 22% ত পাইপ যুক্ত পানী আছে। সকলো পৰিয়ালৰ 85% (নগৰঅঞ্চল 97%,গ্ৰাম্য এলেকা 80%) শৌচাগাৰৰ সুবিধা প্ৰাপ্ত কৰে। প্ৰায় সকলো নগৰীয়া পৰিয়ালে (96%) আৰু বেছিভাগ গ্ৰাম্য পৰিয়ালে (89%) মোবাইল ফোন ব্যৱহাৰ কৰে। 96% পৰিয়ালে বেঙ্ক বা ডাকঘৰৰ সঞ্চয় একাউণ্ট ব্যৱহাৰ কৰে। 2014-2019 বৰ্ষত 97% সন্তান জন্ম স্বাস্থ্য কেন্দ্ৰত হৈছিল। ৰাজ্যিক স্বাস্থ্য বীমা আঁচনি (ড. ৱাই.এছ.আৰ. আৰোগ্য শ্ৰী), কৰ্মচাৰী স্বাস্থ্য আঁচনি, ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা (আৰ.এছ.বি.ৱাই.), কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনি (ই.এছ.আই.এছ.), আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিয়ে কমেও এজন সদস্য আৱৰা 70% পৰিয়ালক সামৰি লয়। প্ৰশাসনিক বিভাজন অন্ধ্ৰ প্ৰদেশত কোষ্টান্ধ্ৰ (উপকূলীয় অন্ধ্ৰ) আৰু ৰয়ালসীমা নামৰ দুটা অঞ্চল আছে। উপকূলীয় অন্ধ্ৰৰ উত্তৰ অংশক কেতিয়াবা পৃথকে উত্তৰান্ধ্ৰ বুলি উল্লেখ কৰা হয়, বিশেষকৈ উন্নয়নৰ অধীনত মাত মাতিবলৈ বিভাজনৰ পিছত। জিলাসমূহ মুখ্য প্ৰবন্ধ: অন্ধ্ৰ প্ৰদেশৰ জিলাৰ তালিকা অন্ধ্ৰ প্ৰদেশ জিলাসমূহ ৰাজ্যখন ক আৰু 26 খন জিলাত বিভক্ত কৰা হৈছে, উত্তৰঅন্ধ্ৰত 6 খন জিলা, কোষ্টান্ধ্ৰ 12 খন জিলা আৰু ৰয়ালসীমা 8 খন জিলাৰে গঠিত। [94] উত্তৰান্ধ্ৰ: আল্লুৰী সীথাৰাম ৰাজু আনাকাপল্লী পাৰ্বতীপুৰম মান্যম শ্ৰীকাকুলাম বিশাখাপত্তনম বিজয়নগৰম কোষ্টান্ধ্ৰ: বাপতলা ড. বি.আৰ. আম্বেদকাৰ কোনাসীমা পূব গোদাৱৰী এলুৰু গুন্টুৰ কাকিনাদা কৃষ্ণ এনটিআৰ পালনাডু প্ৰকচম শ্ৰী পোট্টি শ্ৰীৰামুলু নেল্লোৰ পশ্চিম গোদাৱৰী ৰয়ালসীমা: অনন্তপুৰ অন্নমায়া চিত্তুৰ ৱাইএছআৰ কুৰ্ণুল নন্দিয়াল শ্ৰী সত্য সাই তিৰুপতি সংস্কৃতি অন্ধ্ৰ প্ৰদেশত সামগ্ৰীৰ ভৌগোলিক সংকেত (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, 1999 অনুসৰি কৃষি, হস্তশিল্প, খাদ্য আৰু বস্ত্ৰৰ শ্ৰেণীত 17 টা ভৌগোলিক সংকেত আছে। [210] [211] জিআইৰ কিছুমান সামগ্ৰী হৈছে বানাগানাপল্লে আম,[212] বান্দৰ লাড্ডু। [213] কোণ্ডাপল্লী পুতলা, তিৰুপতি লাড্ডু, আৰু ধৰ্মভাৰামত নিৰ্মিত শাৰী, আৰু মছলিপত্তনম। হস্তশিল্প মছলিপত্তনম আৰু শ্ৰীকলাহস্তি কালামকাৰী হৈছে ভাৰতত প্ৰচলিত দুটা অনন্য বস্ত্ৰ কলা প্ৰকাৰ। [214] ৰাজ্যখনত অন্যান্য উল্লেখযোগ্য হস্তশিল্প আছে, যেনে দুৰ্গীৰ কোমল চুনাপাথরৰ মূৰ্তি খোদাই। [215] বিশাখাপত্তনম জিলাৰ ইটিকোপ্পাকা ইয়াৰ লাক উদ্যোগৰ বাবে উল্লেখযোগ্য, যিয়ে লেকাৰযুক্ত কাঠৰ পুতলা উৎপাদন কৰে। সাহিত্য নান্নায়া, টিক্কানা আৰু য়েৰৰাপ্ৰাগাদাই ত্ৰিমূৰ্তি গঠন কৰে যিয়ে সংস্কৃত মহাকাব্য মহাভাৰতক তেলেগু ভাষালৈ অনুবাদ কৰিছিল। নান্নায়াই সংস্কৃতত অন্ধ্ৰ শব্দ চিন্তামণি নামৰ তেলেগু ব্যাকৰণৰ ওপৰত প্ৰথম গ্ৰন্থ লিখিছিল। [218] পোথানাই শ্ৰী ভাগৱতমক তেলেগুভাষাত শ্ৰীমদ মহা ভাগৱতমু হিচাপে অনুবাদ কৰিছিল। ভেমানা এগৰাকী ভাৰতীয় দাৰ্শনিক আছিল। তেওঁ যোগ, জ্ঞান আৰু নৈতিকতাৰ বিভিন্ন বিষয়ত সৰল ভাষা আৰু স্থানীয় মূৰ্খতা ব্যৱহাৰ কৰি তেলেগু কবিতা লিখিছিল। পতুলুৰি বীৰাব্ৰামন্দ্ৰ স্বামী, এজন ক্লেয়াৰভয়েন্ট আৰু সমাজ সংস্কাৰক, ষোড়শ শতিকাত লিখা ভৱিষ্যতবাণীৰ এখন কিতাপ কালাগনাম লিখিছিল। কান্দুকুৰি বীৰেশলিঙ্গমৰ পিছত তেলেগু সাহিত্যক অধুনিকা তেলেগু সাহিত্যম (আধুনিক তেলেগু সাহিত্য) বুলি অভিহিত কৰা হয়। তেওঁ গদিয়া টিক্কানা নামেৰে জনাজাত আৰু তেলেগু সামাজিক উপন্যাস সত্যৱতী চৰিতমৰ লেখক আছিল। বিশ্বনাথ সত্যনাৰায়ণক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। শ্ৰী শ্ৰীয়ে তেলেগু সাহিত্যত অভিব্যক্তিবাদৰ নতুন ৰূপ আনিছিল। উৎসৱসমূহ সংক্ৰান্তি হৈছে ৰাজ্যজুৰি উদযাপন কৰা মুখ্য উৎসৱ। [222] বিশেষ প্ৰাৰ্থনাৰে ঈদ পালন কৰা হয়। [223] ধৰ্মীয় সীমাৰেখাত অংশগ্ৰহণ কৰি নেল্লোৰৰ বৰা শ্বহীদ দৰগাহত ৰোটটেলা পাণ্ডুগা পালন কৰা হয়। নৃত্য, সংগীত আৰু চিনেমা অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ চৰকাৰী নৃত্য ৰূপ হিচাপে স্বীকৃত সাংস্কৃতিক নৃত্য কুচিপুড়িৰ উৎপত্তি কৃষ্ণা জিলাৰ কুচিপুড়ি গাঁৱত হৈছিল। [9] অন্নমাচাৰ্য, ক্ষেত্ৰয়, ত্যাগৰাজ আৰু ভদ্ৰকলা ৰামদাসৰ দৰে কৰ্ণাটিক সংগীতৰ বহুতো ৰচয়িতা তেলেগু বংশোদ্ভূত আছিল। আধুনিক কৰ্ণাটিক সংগীত ৰচনাকাৰী আৰু গায়ক যেনে ঘন্টাশালা আৰু এম বালামুৰলীকৃষ্ণ তেলেগু বংশোদ্ভূত। তেলেগু চলচ্চিত্ৰ উদ্যোগত বহুতো সংগীত ৰচনাকাৰী আৰু নেপথ্য গায়ক যেনে এছ পি বালাসুব্ৰহমান্যম, পি সুশীলা, এছ জানকী আৰু পি বি শ্ৰীনিভাস ৰ আয়োজন কৰা হৈছিল। ৰাজ্যখনৰ বহুতো গ্ৰাম্য অঞ্চলত লোকগীত অতি গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয়। বুৰা কথা আৰু পলিৰ দৰে প্ৰকাৰবোৰ আজিও সম্পাদন কৰা হয়। [225] হৰিকথা কলাক্ষেত্ৰপাম (বা হৰিকথা)ত কাহিনীটোৰ সৈতে সম্পৰ্কিত বিভিন্ন গীতৰ সৈতে অন্তৰ্ভুক্ত এটা কাহিনীৰ বৰ্ণনা অন্তৰ্ভুক্ত থাকে। হৰিকথাৰ উৎপত্তি অন্ধ্ৰত হৈছিল। [226] বুৰা কথা হৈছে এক মৌখিক কাহিনী কোৱাৰ কৌশল যাৰ বিষয়টো হয় এটা হিন্দু পৌৰাণিক কাহিনী বা সমসাময়িক সামাজিক সমস্যা। ৰংস্থলম হৈছে তেলেগু ভাষাৰ এক ভাৰতীয় থিয়েটাৰ, মুখ্যতঃ অন্ধ্ৰ প্ৰদেশত অৱস্থিত। [228] গুৰাজাদা আপ্পাৰাৱে ১৮৯২ চনত কন্যাচুলকাম নাটকখন লিখিছিল, যাক প্ৰায়ে তেলেগু ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাটক বুলি গণ্য কৰা হয়। [229] চি পুল্লায়াক তেলেগু থিয়েটাৰ আন্দোলনৰ জনক বুলি উল্লেখ কৰা হয়। অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক চলচ্চিত্ৰ, দূৰদৰ্শন আৰু থিয়েটাৰ উন্নয়ন নিগমে উদ্যোগৰ প্ৰচাৰৰ বাবে উদগনি আগবঢ়ায়। [232] চৰকাৰে চলচ্চিত্ৰ উদ্যোগক ভাইজাগক ইয়াৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কৈছে। [233] তেলেগু চলচ্চিত্ৰ উদ্যোগে (যাক "টলিউড" বুলি জনা যায়) বছৰি ৩০০ খন চলচ্চিত্ৰ নিৰ্মাণ কৰে, মুখ্যতঃ হায়দৰাবাদত অৱস্থিত, যদিও ভাইজাগত কেইবাখনো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হয়। [234] চলচ্চিত্ৰ প্ৰযোজক ডি ৰামানাইডুয়ে এজন ব্যক্তিৰ দ্বাৰা প্ৰযোজিত সৰ্বাধিক চলচ্চিত্ৰৰ গিনিছ অভিলেখ গঢ়িছে। [235] ২০০৫, ২০০৬ আৰু ২০০৮ বৰ্ষত তেলেগু চলচ্চিত্ৰ উদ্যোগে ভাৰতত সৰ্বাধিক সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰে, যি বলীউডত নিৰ্মিত চলচ্চিত্ৰৰ সংখ্যাতকৈ অধিক। [236] [237] আৰ আৰ আৰ চলচ্চিত্ৰখনৰ "নাটু নাটু" শ্ৰেষ্ঠ মূল গীতৰ একাডেমী বঁটা আৰু শ্ৰেষ্ঠ মূল গীতৰ গোল্ডেন গ্লোব বঁটা লাভ কৰা ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম গান হিচাপে পৰিগণিত হয়, লগতে এছিয়াৰ এখন চলচ্চিত্ৰৰ প্ৰথম টো গান যিয়ে পূৰ্বৰ টো জয় লাভ কৰে। ৰন্ধনপ্ৰণালী অন্ধ্ৰআহাৰ হৈছে মচলাযুক্ত, টেঙা আৰু মিঠা সোৱাদৰ সংমিশ্ৰণ। অন্ধ্ৰ প্ৰদেশত প্ৰচুৰ পৰিমাণে উৎপাদন কৰা জলকীয়া আৰু তৰকাৰী পাত বোৰ তৰকাৰী, চাটনিৰ বেছিভাগ প্ৰস্তুতিত যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়। বিভিন্ন প্ৰকাৰৰ পাপ্পু বিলাহী, পালেং শাক, গংগুৰা, ৰিজ গৰ্ড আদিৰ সৈতে মিশ্ৰণত দাইল ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। তৰকাৰীৰ উপৰিও, পাচলি, সাগৰীয় খাদ্য, মুৰ্গী, মটন আদিৰ সৈতে তামোলৰ ৰস ব্যৱহাৰ কৰি তৈয়াৰ কৰা পুলুচু জনপ্ৰিয়। পাচচাদি, সাধাৰণতে গ্ৰাউণ্ডনাট, ভজা পাচলি, জলকীয়াৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা পেষ্ট এটা আহাৰত অতি আৱশ্যক। আম, গুজবেৰী, নেমু আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা আচাৰ। পাপ্পুৰ সৈতে মিশ্ৰণত উপভোগ কৰা হয়। বাটাৰমিল্ক, আৰু দৈ চাউলৰ সৈতে মিহলি কৰা আৰু আহাৰৰ শেষৰ ফালে খোৱাটোৱে শৰীৰক শান্ত কৰে, বিশেষকৈ আগতে মচলাযুক্ত খাদ্য সামগ্ৰী খোৱাৰ পিছত। আৰিছেলু, বুৰেলু, লাড্ডু, আৰু পুথাৰেকুলু হৈছে বিশেষ উৎসৱ আৰু অনুষ্ঠানৰ বাবে তৈয়াৰ কৰা কিছুমান মিঠাই। অন্ধ্ৰ প্ৰদেশৰ জিলাসমূহ আদিলাবাদ অনন্ত পুৰম চিত্তুৰ কডপা পূব গোদাবৰী গুন্টুৰ হাইদৰাবাদ কৰীম নগৰ খম্মম কৃষ্ণা কৰ্ন্নুল মেহবূব নগৰ মেদক নলগোণ্ডা নেল্লূৰ নিজামাবাদ প্ৰকাশম ৰঙ্গাৰেড্ডি শ্ৰীকাকুলম বিশাখাপট্টনম বিজয় নগৰম বৰংগল পশ্চিম গোদাবৰী তথ্যসূত্ৰ ভাৰতৰ ৰাজ্য
2258
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ (, ) ভাৰত গণৰাজ্যৰ এখন ৰাজ্য। এইখন উত্তৰ-পূব ভাৰতত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংস্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ "পুৱতিৰ আলোকেৰে আলোকিত দেশ " উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায়। ("প্ৰদেশৰ" অৰ্থ "ৰাজ্য", বা "অঞ্চল")। উত্তৰ-পূৱ ভাৰতৰ আন আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দিত্বীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথ (ষ্টিলৱেল পথ)ৰাজ্যখনৰ পূৱ প্ৰান্তেদি গৈছে। ভূগোল পাহাৰে আৱৰা প্ৰদেশখনৰ অসম সংলগ্ন কিছু অংশ সমতলভূমি। ৰাজ্যখনৰ দুই-তৃতীয়াংশতকৈও বেছি অঞ্চল ঘন অৰণ্যৰে আৱৰা। জনগাঁঠনি অৰুণাচলত অনুসূচীত জাতি আৰু জনজাতিৰ প্ৰাধান্য অধিক। ১৯৮১ চনৰ লোকপিয়ল অনুযায়ী অনুসূচীত জনজাতি ৭৯%। ই সমগ্ৰ ভাৰতৰ অনুসূচীত জনজাতিৰ ৭%। ইয়াত প্ৰধানকৈ ২০টা জনগোষ্ঠীয়ে বসবাস কৰে। এওঁলোকৰ বহুতো উপজাতি আছে। প্ৰধান জনগোষ্ঠীসমূহ হ’ল – আদি, নিশি, আপাতানি, তাগিন, খামটি, নোকটে, ৱাঞ্চে, তাংচা, চিংফৌ, মেনপা, শোৰদুকপেন আৰু অকা। প্ৰশাসনিক বিভাজন অৰুণাচল প্ৰদেশক ১৬খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে। এই ১৬খন জিলা হৈছে: টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, উজনি সোৱণশিৰি, নামনি সোৱণশিৰি, পশ্চিম ছিয়াং, পূব ছিয়াং, উজনি ছিয়াং, চাংলাং, টিৰাপ, কুৰুং কুমেই, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, আৰু অনজৌ জিলা। অৰুণাচল প্ৰদেশক ১৬খন জিলা হৈছে: তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অৰুণাচল প্ৰদেশত পৰ্যটন (আনুষ্ঠানিক) reviewNE - উত্তৰ পূব ভাৰতৰ বিষয়ে সবিশেষ অৰুণাচল প্ৰদেশৰ এচ টি ডি (STD) সংকেতসমূহ Arunachal Pradesh Territorial Dispute between India and China , Inventory of Conflict and Environment ভাৰতৰ ৰাজ্য পোখালি (ভাৰত) সাতভনী ৰাজ্যসমূহ
2260
https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%B8%E0%A6%97%E0%A6%A2%E0%A6%BC
ছত্তীসগঢ়
ছত্তীসগঢ় () মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য। ছত্তীসগড় ৰাজ্যৰ উত্তৰ-পশ্চিমে মধ্য প্ৰদেশ, পশ্চিমে মহাৰাষ্ট্ৰ, দক্ষিণে অন্ধ্ৰ প্ৰদেশ, পূবে উৰিষ্যা, উত্তৰ-পূবে ঝাড়খণ্ড আৰু উত্তৰে উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত। পূৰ্বীয় হিন্দী ভাষাৰ এক উপভাষা "ছত্তীসগঢ়ি" ভাষা ইয়াৰ প্ৰধান ভাষা আৰু হিন্দীৰ লগতে ৰাজ্যৰ চৰকাৰী ভাষাৰূপে স্বীকৃত। জিলা তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Explore Chhattisgarh Tourism About Chhattisgarh Chhattisgarh District Maps Chhattisgarh Live Tourism Website of Chhattisgarh Chhattisgarh News Video Chhattisgarhi Film Music Chhattisgarhi Recipes/Food/Cuisine ভাৰতৰ ৰাজ্য
2265
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A6%A6
চৰ্যাপদ
চৰ্যাপদ হৈছে ৮ম-১৩শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। প্ৰত্যেকটো চৰ্যা সাঁথৰৰ দৰে, ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ কিন্তু মৰ্মাৰ্থ বা গূঢ়াৰ্থ বুজা কঠিন। চৰ্যাপদসমূহক বঙালী-অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বতৰ্মান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয়া, হিন্দী, মৈথেলী আদি ভাষাৰো আদি কালৰ নিদশৰ্ন ৰক্ষিত হৈছে বুলি প্ৰমাণিত হৈছে। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। চৰ্যাপদৰ ভাষাক "সন্ধ্যাভাষা" বা "আলো-আঁধাৰি ভাষা" বুলি অভিহিত কৰা হয়। বৰ্তমান ৮৪ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত ৫০টা চৰ্যা পোৱা যায়। উদ্ধাৰ কলিকতাৰ এচিয়াটিক ছচাইটিৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল। ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়। সেইকেইখন হ’ল চৰ্যাচৰ্যবিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকাষ আৰু কৃষ্ণাচাৰ্যৰ দোহাকোষ। এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা ডাকাণৰ্ৱ নামৰ পুথিখন একেলগ কৰি ১৯১৬ চনত 'হাজাৰ বছৰেৰ পুৰাণ বঙালী ভাষাৰ বৌদ্ধ গান ও দোহা’ নামেৰে ছপা কৰি উলিয়ায়। প্ৰকাশক আছিল বঙ্গীয় সাহিত্য পৰিষদ। উল্লেখ্য যে হৰপ্ৰসাদ শাস্ত্ৰীযে পোৱা চৰ্যাচৰ্যবিনিশ্চয় পুথিখন মূল পুথি নাছিল। এইখন আছিল আচাৰ্য মুনিদত্তই লিখা এখন টীকা পুথিহে। পুথিখনৰ কতো চৰ্যাচৰ্যবিনিশ্চয় নামটোত উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্ৰীদেৱে নিজেই দিছিল। মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে চযৰ্যানীতিকোষবৃত্তি নামটো আছে আৰু ইয়াৰ লগতে মূল চৰ্যাখিনিও সন্নিবিষ্ট আছিল। উল্লেখ্য যে চৰ্যাগীতৰ তিববতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়এ। পৰৱৰ্তীকালত ড॰ প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিযে চৰ্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিযে। ড॰ বাগচীৰ গৱেষণাৰ কালতেই চৰ্যাগীতৰ সম্পূৰ্ণ তিববতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়। তিববতী অনুবাদৰ পৰা গম পোৱা যায় যে আচাৰ্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল। তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপিকাৰৰ হাতত হেৰাল আৰু সেইটি বাদ দিযেই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়। অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চৰ্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯খন পাত আছে)। সবৰ্মুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল। ৰচনাশৈলী হৰপ্ৰসাদ শাস্ত্ৰীযে চৰ্যাচৰ্যবিনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীতৰ্ন, বৌদ্ধ সংকীতৰ্ন বুলি অভিহিত কৰিছো। অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি "গীত" আৰু "পদ" শব্দ দুটাও উল্লেখ কৰিছে। এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আযৰ্ভাষাৰ অন্তগৰ্ত মৈথিলী, উৰিয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী আৰু অসমীয়া ভাষাৰ মিল দোখা যায়। সেযে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিহ্নিত কৰিছে। ড॰ বাণীকান্ত কাকতিয়েও ইয়াৰ ধবনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছো সেয়া প্ৰমাণ কৰি গৈছো। এই পুথিখনত সবৰ্মুঠ ২৩ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিবিষ্ট হৈছে। উল্লেখ্য যে এওঁলোক ৮৪ জন তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত। তেওঁলোকৰ নামসমূহ হল কাহ্নপাদ (১৩টা চৰ্যা), ভূসুকপাদ (৮টা), সৰহপাদ, (৪ টা), কুক্কুৰীপাদ, (৩ টা), লুইপাদ, শৱৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিৰয়াপাদ, গুঞ্জৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদেপাদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্ৰীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)। ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পৰ্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজো। এওঁলোকৰ বাহিৰেও চৰ্যাপদ, ইউডীপাদ, মীননাথ, আচাৰ্য বিনাওক, ধোকৰীপাদ, বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাযৰ্ৰ নামো টীকাত উল্লেখ আছে। চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া, তাৰে ভিতৰত ১০, ২৮ আৰু ৫০ নং চৰ্যা চৌধ্য শাৰীৰ; ২১ আৰু ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছো আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰযোগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছো সবৰ্মুঠ ১৭ টি ৰাগ— পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দোৱক্ৰী, দোশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধানসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শীৱৰী, মল্লাৰী, মানসী, গৱুড়া, কাহ্নগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছে আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ধ্ৰং বা ধ্ৰৱ বুলি নিদেৰ্শ কৰা হৈছে। বিষয়বস্তু চৰ্যাপদসমূহৰ বিষয়বস্তু ৰহস্যময়ী। মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। পাথিৰ্ৱ পৃথিৱীৰ অনিত্যতা জ্ঞান লাভ কৰি, অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়। বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে, নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰপক, প্ৰতীক, দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ, বিবিধ উপামা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছো। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় লাগিবই। সেইবাবেই প্ৰথম চৰ্যটিত কোৱা হৈছে— ‘লুই ভণই গুৰু পুচিছঅ জান॥ ’ চৰ্যাবোৰৰ মাজোদি সহজীয়া ধমৰ্ৰ দাশৰ্নিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয় আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে। চৰ্যাপদৰ ভাষা সাধাৰণতে চৰ্যাপদত ব্যৱহাত ভাষাৰ ৰূপটি "পূৰ্বী অৱহটঠ্‌"। সিদ্ধাচাৰ্যসকলে দ্ব্যথৰ্ক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক "সন্ধ্যা ভাষা" আখ্যা দি মন্তব্য কৰিছে— ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো, কতক অন্ধকাৰ, খানিক বুঝা যায়, খানিক বুঝা যায় না। ’ প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগদেৱেও ‘‘ .... ইচ্ছাকৃত জটিলতা বতৰ্মান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয়, সি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়। " বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তয়ো ব্যাখ্যা কৰাৰ প্ৰসংগত সন্ধ্যাবচন, সন্ধ্যাসংকেত, সন্ধা এনে শব্দৰে গূঢ়তত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যথৰ্ক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে, সবৰ্সাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধমৰ্ৰ গূঢ়তত্ত্ব ব্যাখ্যা কৰা হৈছে। আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ। কোডি মাঝে একু হিঅহিঁ সমাইউ॥ (২ নং চৰ্যা) প্ৰধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উৎকল, গৌড়, বিষ্ণুপ্ৰিয়া মণিপুৰী আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদুপৰি চৰ্যাবোৰৰ মাজোদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ, যেনে তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ, ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কমৰ্ক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধৰ্মতত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দোখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজোদি গভীৰ তাত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছো। ড॰ বাণীকান্ত কাকতিযে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল— হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহত, যেনে চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ। অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে— বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)। অসমীয়াৰ দৰে স্ত্ৰী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ, হৰিণাৰ খুৰ, ডোম্বীৰ সঙ্গে। স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ, যেনে— হৰিনী, দোৱী, জোইণি। পুৰণি অসমীয়াত প্ৰচলিত তত্সম, অৰ্দ্ধ-তত্সম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ। যেনেঃ তত্সম শব্দ- অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্দ্ধ-তত্সম শব্দ- গৰাহক < গ্ৰাহক, পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ, কামৰু < কামৰূপ; দেশী শব্দ- টাকলি, ভিডি, খাল, ঘাট ইত্যাদি। চৰ্যাপদত(চৰ্য্যাপদ) কিছুমান প্ৰবচন বা যোজনা পৰিলক্ষিত হৈছে।তাৰ কেইটিমান উদাহৰণ হৈছে-'ৰুখেৰ তেন্তলি কুম্ভীৰে খাঅ'(গছৰ তেতেলি কুম্ভীৰে খায়,২)।'হাড়ীত ভাত নাহি নিতি আৱেশী'(চৰুত ভাত নাই,অথচ নিতৌ অতিথি আহে,৩৩)'গুৰু বোব সে সীস কাল'(বোবা গুৰুৰ কৰা শিষ্য,৪০) ইত্যাদি। এই প্ৰবচনবোৰৰ ব্যৱহাৰে চৰ্যাপদৰ (চৰ্য্যাপদ) প্ৰকাশ-ভঙ্গীৰ সৌন্দৰ্য্য আৰু তত্ব-কথাৰ গাম্ভীৰ্য্য বঢ়াইছে।এইবোৰৰ প্ৰভাৱ পৰবৰ্ত্তী কালৰ অসমীয়া সাহিত্যত বিৰাজমান হৈ আছে। চৰ্যাপদসমূহৰ(চৰ্য্যাপদ)কাব্যিক মূল্য আছে। লগতে বৰগীতৰ ভাষা ,ৰাগ আৰু ছন্দৰ সৈতেও চৰ্যাপদৰ(চৰ্যাপদ) মিল দেখা গৈছে। এই সম্পৰ্কে ড:পৰীক্ষিত হাজৰিকাই তেখেতৰ'চৰ্য্যাপদ'নামৰ গ্ৰন্থখনত(চতু্ৰ্দশ তাঙৰণ,২০২০চন,ডালিমী প্ৰকাশন,গুৱাহাটী-২৫)বিস্তৃত ভাৱে আলোচনা কৰিছে। পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজোদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে। প্ৰসংগ পুথি কটকী, প্ৰফুল্ল (২০০৫); সাহিত্য সংজ্ঞা কোষ;জ্যোতি প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১। কাকতি, বাণীকান্ত (১৯৫৮);পুৰণি অসমীয়া সাহিত্য, লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী-১। গোস্বামী, প্ৰফুল্লদত্ত (১৯৯৪);অসমীয়া জন-সাহিত্য, বাণী প্ৰকাশ, প্ৰাইভেট লিমিটেড, পাণবজাৰ, গুৱাহাটা - ১। গোস্বামী, যতীন্দ্ৰনাথ (১৯৯৪); অসমীয়া সাহিত্যৰ চমু-বুৰঞ্জী, মণি-মাণিক প্ৰকাশ, পাণবজাৰ, গুৱাহাটা - ১। গোস্বামী, হোমচন্দ্ৰ (১৯২৪);অসমীয়া সাহিত্যৰ চানেকি, কলিকতা বিশ্ববিদ্যালয়, কলিকতা। চক্ৰৱৰ্তী, মঞ্জু; হাজৰিকা, কৰবী ডেকা (২০০৪); চৰ্যাপদ আৰু বৰগীত, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়। নেওগ, ডিম্বেশ্বৰ (১৯৫৮);অসমীয়া সাহিত্যৰ বুৰঞ্জী, যোৰহাট। নেওগ, মহোশ্বৰ (২০০০);অসমীয়া সাহিত্যৰ ৰপৰেখা, চন্দ্ৰ প্ৰকাশ, পানবজাৰ, গুৱাহাটী-১। শৰ্মা, স্যতেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী। হাজৰিকা, পৰীক্ষিত (২০২০);চৰ্য্যাপদ, ডালিমী প্ৰকাশ, ফটাশিল, আমবাৰী, গুৱাহাটী। হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা, অসম। বন্দোপাধ্যায়, অসিত কুমাৰ (১৯৭৬); বাংলা সাহিত্যেৰ ইতিবৃত্ত, কলিকতা। সেন, সুকুমাৰ (১৯৭৬); বাঙ্গালা সাহিত্যেৰ ইতিহাস (১ম খণ্ড), কলিকতা। Baruah, Birinchi Kumar(1978);History of Assamese Literature; Sahitya Akademi, New Delhi. Baruah, Hem (1965), Assamese Literature; NBT, New Delhi. Bhuyan, Surya Kumar (1956),Studies in the Literature of Assam; Lawyers Books Stall, Guwahati. Kakati, Banikanta (1962),Assamese : Its Formation and Development; Lawyers Books Stall, Guwahati. Kakati, Banikanta (1959), Aspects of Early Assamese Literature; Gauhati Universit অসমৰ ভাষা আৰু লিপি অসমীয়া লোকসাহিত্য
2270
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A1%E0%A6%BC%E0%A7%8B%20%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE
বড়ো ভাষা
বড়ো ভাষা (দেৱনাগৰী: बर’ राव) বড়ো জনগোষ্ঠীৰ মাতৃভাষা। বড়ো ভাষী লোক অসমৰ উপৰিও পশ্চিমবংগ, নেপাল, ভূটান আৰু বাংলাদেশ পৰ্য্যন্ত ব্যাপ্ত বুলি জনা যায়। বড়ো এটা চীন-তিব্বতীয় মূলৰ তিব্বত-বৰ্মা পৰিয়ালৰ ভাষা আৰু উত্তৰ-পূব ভাৰতৰ আন সকলো তিব্বত-বৰ্মীয় ভাষাৰ ভিতৰত এই ভাষা কওঁতাৰ সংখ্যা বেছি। ২০০১ চনৰ তথ্যমতে ভাৰতত বড়ো ভাষা কোৱা লোকৰ জনসংখ্যা হ'ল ১,৩৫০,৪৭৮জন আৰু নেপালত ৩,৩০১ জন। বড়ো ভাষা বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ চৰকাৰী ভাষা আৰু ভাৰতৰ ৰাজ্য অসমৰ সহ-চৰকাৰী ভাষা। ই ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত ২২টা ভাষাৰ ভিতৰত এটা। ১৯৭৫ চনৰ পৰা এই ভাষা লিখিবলৈ দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়। ইয়াক পূৰ্বতে ৰোমান আৰু অসমীয়া–বঙালী লিপি ব্যৱহাৰ কৰি লিখা হৈছিল। কিছুমান পণ্ডিতে মত প্ৰকাশ কৰে যে ভাষাটোৰ অতিজতে দেওধাই লিপিৰে লিখা হৈছিল যি বৰ্তমানে লুপ্ত। শিক্ষা আৰু সাহিত্য বড়োসকলক আনুষ্ঠানিকভাৱে ভাৰতৰ সংবিধানৰ অধীনত "বড়ো, বড়ো কছাৰী" অনুসূচীত জনজাতি হিচাপে চিনাক্ত কৰা হয়। ১৯১৩ চনৰ পৰা বিভিন্ন বড়ো সংগঠনে আৰম্ভ কৰা সামাজিক-ৰাজনৈতিক জাগৰণ তথা আন্দোলনৰ ফলস্বৰূপে, ১৯৬৩ চনত বড়ো অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম হিচাপে বড়ো ভাষাটো প্ৰৱৰ্তন কৰা হৈছিল। বৰ্তমানে বড়ো ভাষা মাধ্যমিক পৰ্যায়লৈকে শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলিত আৰু ই অসমৰ এক সহ-চৰকাৰী ভাষা। বড়ো ভাষা আৰু সাহিত্যৰ অধ্যয়নক ১৯৯৬ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম হিচাপে আগবঢ়োৱা হৈছে। অসম চৰকাৰে ২০১৭ চনৰ এক বিধেয়ক অনুসৰী বড়ো ভাষাক জনজাতীয় অঞ্চলত দশম শ্ৰেণীলৈ এক বাধ্যতামূলক বিষয় হিচাপে শিক্ষাদান কৰাৰ সিদ্ধান্ত লয়। এই বিধেয়কে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্ৰীয় বিদ্যালয়সমূহকো সাঙোৰি লৈছে। বডো ভাষাত সাহিত্য চৰ্চা হোৱা দেখা যায়। বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভাৰ গঠন কৰা হয়। সাহিত্য অকাডেমিয়ে বড়ো ভাষাত ৰচিত সাহিত্যকৰ্মক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যেৰে ২০০৫ চনৰ পৰা এই ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰি আহিছে। প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল কবি মংগলসিং হাজোৱাৰীয়ে। লিখন পদ্ধতি আৰু লিপি আন্দোলন কিছু পণ্ডিতৰ মতে বড়ো আৰু ডিমাছা ভাষাই দেওধাই নামৰ এক লুপ্ত লিপি ব্যৱহাৰ কৰিছিল, পিছে এয়া প্ৰমাণিত নহয়। ১৮৪৩ চনত যেতিয়া বড়ো ভাষাত প্ৰথম এখন প্ৰাৰ্থনা পুথি প্ৰকাশ কৰা হৈছিল তেতিয়া ৰোমান লিপিকেই প্ৰথমে ভাষাটো লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছত ১৮৮৪ চনৰ পৰা আৰু ১৯০৪ চনলৈ শিশুসকলক ভাষাটো শিকোৱাৰ বাবে ৰোমান লিপি ব্যৱহাৰ কৰা হৈছিল। অসমীয়া লিপিৰ ব্যৱহাৰ প্ৰথমে দেখা যায় ১৯১৫ চনত ‘ব'ড়'নি ফিচা অ' আয়েন’-ত আৰু বড়ো ভাষাৰ প্ৰথম আলোচনী ‘বিবাৰ’-ত (১৯২৪-১৯৪০)। ‘বিবাৰ’ আছিল বড়ো, অসমীয়া আৰু বঙালী ভাষাৰ ত্ৰিভাষিক আলোচনী য'ত বড়ো অংশটো লিখা হৈছিল অসমীয়া লিপিত। ১৯৫২ চনত বড়ো সাহিত্য সভাই ভাষাটোৰ বাবে কেৱল অসমীয়া লিপি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। ১৯৬৩ চনত যেতিয়া বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম হিচাপে বড়োৰ প্ৰচলন আৰম্ভ হয়, তেতিয়া অসমীয়া লিপিয়েই ব্যৱহাৰ কৰা হৈছিল। ১৯৬০-ৰ দশকত বড়ো ভাষা প্ৰধানতঃ অসমীয়া লিপিত লিখা হৈছিল, যদিও খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলে বড়োৰ বাবে ৰোমান লিপি ব্যৱহাৰ কৰিছিল। বড়ো লিপি আন্দোলন ১৯৬০-ৰ দশকত অসমত অসমীয়া ভাষা আন্দোলন তুংগত উপনীত হোৱাৰ লগে লগে বড়ো সম্প্ৰদায়ে ভাবুকি অনুভৱ কৰে আৰু অসমীয়া লিপি ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লয়। কেইবাটাও প্ৰস্তাৱনা আৰু বিশেষজ্ঞ সমিতি মতামতৰ পাছত, ১৯৭০ চনত বড়ো সাহিত্য সভাই পূৰ্বৰ সিদ্ধান্ত সলনি কৰি সৰ্বসন্মতিক্ৰমে ইয়াৰ একাদশ বাৰ্ষিক সন্মিলনত ভাষাটোৰ বাবে ৰোমান লিপি গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। বড়ো সাহিত্য সভাই ১৯৭১ চনত অসম চৰকাৰৰ ওচৰত এই দাবী দাখিল কৰে, পিছে ৰোমান লিপি বিদেশী মূলৰ বুলি বিবেচনা কৰি চৰকাৰে এই দাবী নাকচ কৰে। ইয়াৰ ফলতে বড়ো ভাষাৰ বাবে ৰোমান লিপিৰ আন্দোলনৰ সূচনা হয় যি পাছলৈ অসমৰ সমতল জনজাতীয় পৰিষদ (, পিটিচিএ)-ৰ নেতৃত্বত চলা ‘উদয়াচল’ নামৰ এখন পৃথক ৰাজ্যৰ দাবীত কৰা আন্দোলনৰ অংশ হৈ পৰে। এই সন্দৰ্ভত, বড়ো নেতাসকলক তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰোমান লিপিৰ বাহিৰে আন যিকোনো ভাৰতীয় লিপি বাছনি কৰিবলৈ পৰামৰ্শ দিছিল। অসম চৰকাৰক অমান্য কৰি ১৯৭৪ চনৰ এপ্ৰিল মাহত বড়ো সাহিত্য সভাই ৰোমান লিপিত ‘বিথোৰাই’ নামৰ বড়ো পাঠ্যপুথি প্ৰকাশ কৰে আৰু বিদ্যালয়সমূহক ইয়াক অনুসৰণ কৰিবলৈ কয়। এই একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া স্বৰূপে অসম চৰকাৰে ৰোমান লিপি ব্যৱহাৰ কৰি বিদ্যালয়সমূহৰ অনুদান বন্ধ কৰি দিয়ে। ইয়াৰ ফলত আন্দোলন অধিক সক্ৰিয় হৈ পৰে আৰু ইয়াত সদৌ বড়ো ছাত্ৰ সন্থা আৰু পিটিচিএ-য়ে যোগদান কৰে। ১৯৭৪ চনৰ নৱেম্বৰ মাহত এক সংকটজনক পৰিস্থিতিৰ উদ্ভৱ হয় যেতিয়া আৰক্ষীৰ গুলীত আন্দোলনৰ ১৫ জন অংশগ্ৰহণকাৰীৰ মৃত্যু হয় আৰু আন বহুতো লোক আহত হয়। সমস্যাটো সমাধান কৰিব নোৱাৰি অসম চৰকাৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে। আলোচনাত কেন্দ্ৰীয় চৰকাৰে সমস্যাটোৰ সমাধান হিচাপে দেৱনাগৰী লিপি ব্যৱহাৰৰ পৰামৰ্শ দিয়ে। এই পৰমৰ্শত বড়ো সাহিত্য সভাই সন্মতি প্ৰকাশ কৰি ১৯৭৫ চনৰ এপ্ৰিলত বুজাবুজি চুক্তিত সাক্ষৰ কৰে আৰু সেই বছৰৰ বাৰ্ষিক সন্মিলনত ইয়াক গ্ৰহণ কৰে। ইয়াৰ ফলশ্ৰুতিত বড়ো লিপি আন্দোলনৰ সমাপ্তি ঘটে। দেৱনাগৰী লিপিৰ গ্ৰহণ বড়ো ভাষাৰ বাবে দেৱনাগৰী লিপিৰ ব্যৱহাৰ এক অপ্ৰত্যাশিত সিদ্ধান্ত আছিল আৰু ইয়াক বড়ো সম্প্ৰদায়ৰ সকলো লোকে তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব পৰা নাছিল। বড়ো সাহিত্য সভাই দেৱনাগৰী লিপিৰ ব্যৱহাৰ কাৰ্যকৰী কৰাত ব্যৰ্থ হয়, আৰু লেখকসকলে অসমীয়া–বঙালী লিপি আৰু ৰোমান লিপি ব্যৱহাৰ কৰি থাকে। ১৯৮২ চনত সদৌ বড়ো ছাত্ৰ সন্থাই ইয়াৰ দাবীৰ চাৰ্টাৰত বড়ো বিদ্যালয়সমূহত ৰোমান লিপিৰ ব্যৱহাৰৰ দাবী অন্তৰ্ভুক্ত কৰে। বড়ো সাহিত্য সভাৰ দ্বাৰা গঠন কৰা এক বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পাছত, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদে ইয়াত অন্তৰ্ভুক্ত অঞ্চলসমূহত ৰোমান লিপি ব্যৱহাৰ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰে, য'ত অসম চৰকাৰেও সহমত পোষন কৰে। পৰবৰ্তী সময়ত বড়ো লিবাৰেচন টাইগাৰ্ছৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত বড়ো ভাষা অন্তৰ্ভুক্ত কৰিব লগা হ'লে দেৱনাগৰী লিপিৰ ব্যৱহাৰ সন্দৰ্ভত বড়ো সাহিত্য সভাৰ সৈতে হোৱা পূৰ্বৰ চুক্তি ৰূপায়ণৰ দাবী জনায়। ইয়াৰ পাছত সদৌ বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই বড়ো ভাষাৰ বাবে কেৱল দেৱনাগৰী লিপি ব্যৱহাৰ কৰিবলৈ সন্মত হয় আৰু অৱশেষত বিষয়টো নিষ্পত্তি হয়। তথ্য সংগ্ৰহ বহিঃসংযোগ http://www.censusindia.net ভাষা ভাৰতৰ ভাষা অসমৰ ভাষা আৰু লিপি বড়ো জনগোষ্ঠী
2309
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A7%81
বিহু
বিহু () অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত। " অসমত পালন কৰা বিহু তিনিটা হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। বিহু শব্দৰ উৎপত্তি 'বিহু' শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত। সেই অৰ্থে বহাগ বিহুৰ দিনটো "বসন্ত বিষুবত",‌ মাঘ বিহুৰ দিনটো "উত্তৰায়ণ" আৰু কাতি বিহুৰ দিনা "হেমন্ত বিষুবত" ধৰা হয়। কিন্তু যি সময়ত জ্যোতিষ শাস্ত্ৰই হোজা গাঁৱলীয়া সমাজক স্পৰ্শ কৰা নাছিল, তেতিয়াও বিহু আছিল। কাৰণ, বিহু কৃষিভিত্তিক অনুষ্ঠান। আচলতে আদিম মানুহৰ সমূহীয়া আনন্দ প্ৰকাশৰ উৎসৱটোৱেই বিহু উৎসৱ। ’বিষুৱন’ শব্দৰ পৰা ’বিহু’ শব্দৰ সৃষ্টি হোৱা হ’লে বিহুৰ সৰ্বভাৰতীয় ৰূপ এটা নিশ্চয় থাকিলহেঁতেন, পৰিৱৰ্তে স্বকীয় বৈশিষ্ট্যৰে অসমতহে বিহু জীয়াই থাকিল। আচলতে, বিহু আৰ্য-অনাৰ্য সকলো জনগোষ্ঠীৰ সমূহীয়া আনন্দ প্ৰকাশক এক উৎসৱ, যি সময়ৰ পৰিৱৰ্তনৰ ধাৰাত ’বিহু’ নাম লৈ অসমৰ জাতীয় উৎসৱ হিচাপে বৰ্তি আছে। আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ "বিচু"ত। "বিচু" শব্দৰ অৰ্থ হৈছে "আটাইতকৈ পবিত্ৰ দিন", ঠিক একেদৰে যেনেকৈ "চুতীয়া" মানে হৈছে "পবিত্ৰ পানীৰ কাষত থকা লোক।" পৰৱৰ্তীকালত অসমীয়া ভাষাত "চ" উচ্চাৰণটো "হ" লৈ ৰূপান্তৰিত হয় একে ধৰণে যেনেকৈ চিলৈ হিলৈ হʼল, চাৰি শাড়ী হʼল বা চাপ সাপ হʼল। ড° পৱন চন্দ্ৰ শইকীয়াই ‘দেউৰী চুতীয়া’ত তথ্য সহকাৰে উল্লেখ কৰিছে যে,-'চুতীয়া ভাষাত বিহুক "বিচু" বুলি কোৱা হয়। "বি" মানে অতি, "চু" মানে আনন্দময় বুজায়। গতিকে, "বিচু" শব্দটি অপ্ৰভ্ৰংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে। ' আনহাতে, গৱেষক ডিম্বেশ্বৰ গগৈয়ে মত প্ৰকাশ কৰিছে যে,- 'টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। "পয়" মানে উৎসৱ আৰু "হু" মানে গৰু। ... বহাগ বিহুৰ আগদিনা গৰুক গা-ধুৱাই গো-পূজা কৰা,...আৰু পবিত্ৰ গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো-পূজাৰ দৰে সন্মান জনোৱা হয় বাবে এই উৎসৱক "পয়হু" বোলা হয়। সেই "পয়হু" শব্দৰ অপভ্ৰংশই "বিহু" হোৱা বুলি কৰা ধাৰণা অমুলক নহয়। অৱশ্যে আমি জানো‌ যে ৰঙালী বিহু গৰুকেন্দ্ৰিক উৎসৱ নহয় আৰু কাতি বা মাঘ বিহুত গৰুকলৈ একো নিয়ম কৰা নহয়। গতিকে বিহুৰ ভাৱ আৰু অৰ্থৰ দিশেদি বিচাৰ কৰিলে চুতীয়া ‘বিচু’ শব্দৰেই অপভ্ৰংশ বুলি অনুমান কৰিব পাৰি। বৈদিক প্ৰভাব পৰাৰ আগতে বিহু/বিচু ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ হৈছিল। শদিয়া অঞ্চলৰ লোকসকলৰ লগতে দেউৰী সম্প্ৰদায়ৰ লোকসকলে আজিও বিহু আগৰ দিনৰ দৰে সেই দিনটোতে আৰম্ভ কৰে। কিছুমান পুৰণি বিহু হুঁচৰিৰ পৰা এই কথা ধৰিব পাৰি। বিহুৰ ইতিহাস উৎপত্তি অসমৰ সামাজিক গাঁঠনিৰ দৰেই, বিহু উৎসৱত মংগোলীয় আৰু আৰ্য সংস্কৃতিৰ সংমিশ্ৰণ আছে। বিহুৰ বিৱৰ্তনৰ মাজেৰেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে। মানুহে কৃষিক মূল জীৱিকা কৰি ল'বলে শিকাৰ পৰাই, খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিৱৰ্তন হ'ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ'লগৈ। অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বৰ্মীয় মংগোলীয়সকলে আৰম্ভ কৰিছিল, গতিকে বিহু পোনতে এই নৃতাত্ত্বিক গোষ্ঠী কেইটাৰে সৃষ্টি। উল্লেখযোগ্য যে অসমত বৰ্তমান কোনো অষ্ট্ৰ-এচিয়াটিক ভাষা গোষ্ঠী দেখা পোৱা নাযায় আৰু ডি.এন.এ. প্ৰমাণৰ অনুসৰি পুৰ্বৰসকল তিব্বতীয়-বৰ্মীয় সকলৰ মাজত বিলীন হৈ গʼল। পিছলৈ বিহু আৰ্য্য সভ্যতাৰ প্ৰভাৱ পৰে। আগৰ দিনত বিহুৰ সময়ত ডেকা-গাভৰু মিলি চ'ত মাহৰ ৰাতি নাচি গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উচাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল যদিও ধৰ্ম আৰু কৃষিও সমান্তৰাল বাবে জড়িত আছিল। বিহুৰ‌‌ উৎপত্তি প্ৰাচীন কালৰ 'বিচু'ৰ পৰা হৈছিল বুলি জনা যায়। বৰ্তমানৰ বিহুৰ সৃষ্টি হৈছিল উজনি অসমত। হলিৰাম ঢেকিয়াল ফুকনে লিখিছে, "বিহু কামৰূপে নাই, সৌমাৰে(উজনি অসম) অধিক"। বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচু দৰে উজনি অসমৰ বড়ো মূলীয় জনজাতি চুতীয়া, দেউৰী, মৰাণ,‌ সোণোৱালসকলে বিহু/বিচু উৎযাপন কৰি আহিছে। পূৰ্বতে চুতীয়া ৰাজ্যৰ দিনত এই বিহু প্ৰধান উৎসৱ হিচাপে গঢ়ি উঠিছিল। পৌৰাণিক বিহুৰ ৰীতি-নীতি আগৰ দিনত চ’ত মাহত মানুহে ৰাতি বিহু উৎযাপন কৰিছিল। এই বিহু গাঁৱৰ পথাৰত চাকি জ্বলাই বা দেউৰী পূজাৰী ঘৰৰ চোতালত নাচি উৎযাপন কৰা হৈছিল। চ’তৰ বিহুৰ অন্তৰত ব’হাগৰ প্ৰথম বুধবাৰৰ দিনা থানঘৰত পূজা আৰম্ভ কৰা হৈছিল। পুৱাৰ ভাগত গৰু গা ধুৱাই গৰু বিহু পালন কৰা হৈছিল যিটো নিয়ম আজিও একে আগৰ দৰে পালন কৰা হয়। এই প্ৰথা বড়োসকলৰ বৈচাগু উৎসৱতো কৰা হয়। কণী যুঁজ, কুকুৰা যুঁজ আদিয়ে ৰং-ধেমালিৰ আয়োজন কৰে। এই দিনা আবেলি বিহু গাই গাই থানঘৰৰ চোতাললৈ বিহু লৈ যোৱা হৈছিল আৰু কেঁচাই-খাতি (কলিমতী) দেৱীকে ধৰি চাৰি শাল গোসানীক স্বৰ্গৰ পৰা পৃথিৱীলৈ বিহুৰ আশীৰ্বাদ দিবলৈ নমাই অনা হৈছিল। এইয়াই "বিহু নমাই অনা।" কিছু প্ৰচলিত বিহু নামত আজিও কলিমতী (কেঁচাই-খাতি)ৰ আগমনৰ কথা উল্লেখ কৰা হয়। তেনে এক বিহু নাম হৈছে, বৃহস্পতি বাৰৰ পৰা বলি দিয়া কাৰ্য আৰম্ভ কৰা হৈছিল। সেই দিনা অৰ্থাৎ মানুহ বিহুৰ দিনা দুপৰীয়া ‘দেওধনি’ আৰু ‘বাৰিকে’ গাঁৱৰ ডেকা-গাভৰুক থানঘৰৰ বিহুলৈ যাবলৈ নিৰ্দেশ দিছিল। দেউধনিসকলে আবেলি বলি-বিধান শেষ হোৱাৰ অন্তত সাজ-পাৰ পিন্ধি, মণিকুটত ৰখা ৰূপৰ ফুল মুৰত আৰু কাণত কেৰু পিন্ধিছিল। বলি কটা স্থানত বহি গাঁৱৰ কুশল-মংগল অথবা বিপদ-আপদৰ সন্দৰ্ভত বাতৰি কোৱা হৈছিল। বাতৰি শেষ কৰি দেউধনিয়ে নৃত্য কৰিছিল আৰু বিষয়ববীয়াসকলে সহযোগ কৰিছিল। ঢুলীয়াই ঢোলৰ চেৱত ঢোল বজাইছিল। থানঘৰৰ চোতালৰ পুৰুষ আৰু মহিলাৰ নাচৰ চেও বেলেগ বেলেগ আছিল। দেউধনি নৃত্য অন্ত পৰা পাছত গাঁৱৰ ডেকা-গাভৰু বিহুৱাসকলে গাঁৱৰ ঘৰে ঘৰে গৈ বিহু কৰিছিল। সেইটোকে হুঁচৰি বুলি কোৱা হয়। পিছৰ সপ্তাহৰ বুধবাৰৰ দিনা সকলোৱে পুনৰ বাৰ থানঘৰৰ পৰা বিহু উলিয়াই লৈ আহিছিল আৰু গাঁৱৰ এমুৰত থকা নদী অথবা পুখুৰীৰ পাৰত বিহু থৈ আহিছিল। সেই সময়ত প্ৰতিবছৰে বিহুত হুঁচৰি নাগাইছিল, কেৱল দেওধনিৰ নিৰ্দেশ পালেহে সেই বছৰত হুঁচৰি গোৱা হৈছিল। শেষৰ দিনা কল ঢকুৱাৰে নাও সাজি নাওখনত জবা আৰু তগৰ ফুলেৰে সজাই তোলা হৈছিল আৰু লগতে এটা সৰু কুকুৰা পোৱালি নাৱতে বান্ধি উটুৱাই দিয়া হৈছিল। তাৰ পাচত ঢোল-পেঁপা সামৰি বিহুৱা সমাজ গাঁৱলৈ ঘূৰি আহিছিল। বিহুৰ উৎপত্তিৰ বিষয়ে এটি লোক কথা প্ৰচলিত আছে। সেই লোক কথাৰ অনুসৰি বৰদৈচিলা এই ভূমিৰ দেৱতাৰ জীয়ৰী আছিল আৰু কোনোবা সুদূৰ দেশলৈ বিয়া হৈ গৈছিল। প্ৰত্যেক বছৰে বসন্ত ঋতুত বৰদৈচিলা মাকৰ ঘৰলৈ আহে (ধুমুহা আহে)। সেই দিনটোতে বিহুৰ আৰম্ভণি হয় বুলি বিশ্বাস কৰা হয়। বৰদৈচিলা ঘূৰি যোবা দিনা বিহুৰ সামৰণি পৰে। উল্লেখযোগ্য যে 'বৰদৈচিলা' শব্দটি প্ৰকৃততে বড়ো মূলীয় শব্দ 'বৰদৈচিখলা'ৰ‌ পৰা অহা হয় যাৰ অৰ্থ হৈছে "বায়ু (বৰ)-পানীৰ (দৈ) ছোৱালী (চিখলা)" অৰ্থাৎ এবিধ ধুমুহা আৰু একে লোক কথা বড়োসকলৰ মাজতও প্ৰচলিত হৈ আছে। বড়ো জনগোষ্ঠীৰ লোকসকলে বিহু/বৈচাগুৰ সময়ত "বৰদৈচিখলা" নামৰ এটি নৃত্য কৰা দেখা যায়। ইয়াৰ পৰা বিহু এটি বড়ো মূলীয় উৎসৱ বুলি অনুমান কৰা যায়। ইতিহাস অসমীয়া সমাজত এটি জনপ্ৰবাদ প্ৰচলিত আছে। "ঢোল বাই কʼত? ৰতনপুৰত। খোল বাই কʼত? ৰতনপুৰত। পুৱাই কলকলাই বান্দৰী নচুৱাই বাঁহবাৰী বাঁহবাৰী চুতীয়াৰ ঘৰত।" ৰতনপুৰ আছিল চুতীয়া ৰজা ৰত্নধ্বজপালে গঢ়া নগৰ। এসময়ত সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ় লৈছিল আৰু ঢোল, খোল, ইত্যাদি বিভিন্ন বাদ্যযন্ত্ৰ বজোৱা হৈছিল। উল্লেখযোগ্য যে ৰতনপুৰৰ কাঠেৰে নিৰ্মিত (মনিপুৰ আৰু মায়ামৰা সকলৰ দৰে) খোল পৰৱৰ্তীকালত শংকৰদেৱে উত্তৰ ভাৰতৰ আন ৰাজ্যৰ দৰে মাটিৰে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে আৰু নৃত্য, নাট, ইত্যাদিত ব্যৱহাৰ কৰিবলৈ লয়। ইয়াৰপৰা বিহু বা বিহুৰ ঢোলে উজনি অসমৰ ৰাইজৰ মাজত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি প্ৰতীয়মান হয়। ‌‌ ১৯৩৫ চনত লখিমপুৰ জিলাৰ ঘিলামৰা অঞ্চলত উদ্ধাৰ হোৱা ভূমি দানৰ তামৰ ফলিৰ মতে, চুতীয়া ৰজা সত্যনাৰায়ণৰ পুত্ৰ উগ্ৰবীৰ্য লক্ষ্মীনাৰায়ণে ১৪০১ খ্ৰীষ্টাব্দত 'পবিত্ৰ বিহু'ৰ দিনা ব্ৰাহ্মণক ভূমি দান কৰিছিল। "এতস্মৈ শাসনপ্ৰাদা লক্ষ্মীনাৰায়ণো নৃপঃ উৎসৃজ্য বিষুবে (বিহুৱে) পুণ্য ৰবিদেৱ দ্বিজন্মনে...। " অৰ্থাৎ তাম্ৰপত্ৰ কৰাই ৰজা লক্ষ্মীনাৰায়ণে দ্বিজ ৰবিদেৱক পুণ্য বিহুৰ‌ দিনা মাটি দান কৰিছিল। ইয়াৰ পৰা বুজা যায় বিহু উজনি অসমৰ উত্থান-পতন,‌‌‌‌‌‌‌‌‌‌‌ জীৱন-মৰণৰ সৈতে জড়িত হৈ আহিছে। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে বিহু উৎসৱটো চুতীয়া ৰজা সকলৰ দিনতে ৰাজকীয় স্বীকৃতি লাভ কৰিছিল। উল্লেখযোগ্য যে ৰাজধানী শদিয়াতো ৰজা সকলৰ আদেশত ৰাজ পুৰোহিত দেউৰীসকলে চাৰি শাল গোসাঁনীক স্মৰণ কৰি বিহু ৰাজ্য লৈ নমাই আনিছিল। চুতীয়া ৰাজ্যৰ দৰে আহোম ৰাজ্যতো ঢোল ব্যৱহাৰ কৰা হৈছিল। অন্য মংগোলীয় জনগোষ্ঠীৰ‌ দৰে চীন, থাইলেণ্ড, ইত্যাদিৰ তাই‌ সকলেও নিজৰ উৎসৱ বা‌ ৰীতি-নীতি পালন কৰোঁতে ঢোল ব্যৱহাৰ কৰে। অৱশ্যে এই ঢোলৰ গঠন আৰু বজোৱা শৈলী অসমৰ থলুৱা ঢোলতকৈ পৃথক। তাই আহোম সমাজৰ লোক বিশ্বাসমতে ঢোল মাংগলিক বাদ্য। ঢোলৰ শব্দই প্ৰজনন শক্তি বৃদ্ধি কৰে, পৃথিৱীৰ মাটি কোমল আৰু উৰ্বৰা কৰে আৰু উন্মাদনা শক্তি বৃদ্ধি কৰে বুলি আহোম‌‌ সমাজত জনবিশ্বাস আছে। বিয়া, ওমফা পূজা, চোমদেউ পূজা আদিত ঢোল-বাদন অপৰিহাৰ্য। ওজা সকলে ৰচনা কৰা বিহু মালিতাৰ পৰা জানিব পৰা যায় যে আহোম ৰাজ সভাত অন্য বাদ্যৰ লগতে ঢোলো বজোৱা হৈছিল। ঢুলীয়া ওজাসকলে মালিতা গাঁৱতে এইদৰে গায়— অৱশ্যে এই বাদ্য কোন জনগোষ্ঠীৰ লোকে বজাইছিল ‌‌‌‌‌‌‌বা এই মালিতা কেতিয়া ৰচনা কৰা হৈছিল, সেই‌‌ কথা জনা নাযায়। আহোম ৰাজ সভা বা আহোম সমাজত ১৭ শতিকাৰ পৰাহে তাই ভাষাৰ সলনি অসমীয়া ভাষা প্ৰচলিত হৈছিল, গতিকে এই ৰচনা সমূহ সেই যুগৰ‌ বুলিয়ে ধৰিব পৰা‌ যায়। সেই একেই মালিতাত সোধন ঢুলীয়া নামৰ এজন ওজাই আহোম ৰাজসভাত ঢোল বজাইছিল বুলি উল্লেখ আছে। ওজাৰ মালিতাত শুনা যায়— বুৰঞ্জীৰ পৰা জনা যায় যে চুকাফা ৰজাই পৰ্বতৰ পৰা‌ নামি আহোঁতে বাটত পোৱা অসংখ্য স্থানীয় চুতীয়া, মৰাণ, বৰাহী, কছাৰী, ইত্যাদি লোকক নিজৰ লগত লয় আনিছিল। ‌‌ গতিকে এই ওজাজন তাই লোক আছিল নে বাটত লগ পোৱা থলুৱা মৰাণ, বৰাহী, চুতীয়া বা কছাৰী লোক আছিল, সেই কথা জনা নাযায়। তদুপৰি ইতিহাসৰ পৰা জনা যায় যে ব্ৰাহ্মণ পূজাৰী সকলে ১৭ শতিকাত হে আহোম ৰজা সকলক হিন্দু ৰীতি-নীতিৰ মাজলৈ আনি "ইন্দ্ৰবংশী" বুলি ঘোষণা কৰিছিল। গতিকে এই মালিতা সেই যুগতে ৰচনা কৰা হৈছিল বুলি অনুমান কৰিব পাৰি। দেওধাই অসম বুৰঞ্জী আৰু সুকুমাৰ মহন্তৰ ঘৰত পোৱা বুৰঞ্জী অনুসৰি ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগৰ দিনা চুতীয়া সেনাপতি গজৰাজ বৰুৱাই আহোম সেনাপতি ফ্ৰাচেংমুঙ বৰগোঁহাইক চুতীয়া ৰজাই আশ্ৰয় লৈ থকা ঠাইডোখৰ দেখুৱাই দিছিল। ১৫২৪ চনত সেই দিনা আছিল 'ওজা বিচু'। ইয়াৰ পাছত কিছু অন‌্য চুতীয়ালোকৰ পৰামৰ্শত ফ্ৰাচেংমুঙে আত্মসমৰ্পণ কৰা চুতীয়া সৈনিকক পৰ্বত বগাই ঘিলাগছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। ইয়াৰ ফলত পাহাৰত আশ্ৰয় লৈ থকা চুতীয়া ৰজা আৰু সৈন্যসকলে যুদ্ধত জয় লাভ হʼল বুলি ভাবি বিহু নাচিবলৈ ধৰে আৰু শেষত গাপ লৈ থকা আহোমৰ হাতত পৰাজিত হয়। পাছৰ পৰ্যায়ত শদিয়াৰ কিছু লোক ঢকুৱাখনালৈ আহি এই বিহু হাৰ্হি দেৱালয়ত পাতিবলৈ ধৰে আৰু শেষত মহঘুলী চাপৰিলৈ বিয়পি ফাট বিহুৰ ৰূপ লয়। আহোম ৰজা ৰুদ্ৰসিংহই এই বিহুকে ৰংঘৰৰ বাকৰিলৈ আনে। উজনি অসমৰ বিহুৰ প্ৰভাৱ এসময়ত মান দেশৰ লৈকে আছিল বুলি ধৰিব পৰা যায়। এই কথা এটি বিহু গীতত উল্লেখ কৰা হয়। অৰ্থাৎ বিহু উৎসৱ ইমানে আকৰ্ষণীয় আছিল যে বিহুৰ কথা শুনিলে মান দেশৰ (ম্যানমাৰ) বেমাৰত (নৰিয়াত) পৰি থকা মান (বাৰ্মিজ) বুঢ়া-বুঢ়ীসকলো লাখুটি লৈ বিহু চাবলৈ আহিবলৈ মন কৰিছিল। সেইবাবে বুঢ়া-বুঢ়ীসকলে গম নোপোৱাকৈ লাহে লাহে বিহু নাচিবলৈ কোৱা হৈছিল। ১৬ শতিকাৰ শেষ ভাগত শংকৰদেৱে প্ৰচাৰ কৰা এক‍শৰণ নামধৰ্মৰ সৰ্বব্যাপী প্ৰভাৱ অসমৰ জনসাধাৰণৰ মাজত পৰাৰ লগে লগে, বিহুলৈকো আমূল পৰিৱৰ্তন আহিছিল। আনহাতে বিহুৰ নৃত্যগীতৰ প্ৰভাৱো গুৰুজনা কৃত বৈষ্ণৱ সংস্কৃতিত নপৰাকৈ নাথাকিল। এই সময়তে বিহুৱে এক পুৰ্ণাংগ সামাজিক উৎসৱৰ ৰূপ পায় আৰু উজনি অসমৰ বড়োমূলীয়সকলৰ মাজৰ পৰা অসমৰ বাকী জনগোষ্ঠীৰ মাজত প্ৰচলিত হয়। এই যুগৰ পৰা বিহুনামসমূহত পূৰ্বৰ "গোসাঁনী"ৰ স্থানত 'কৃষ্ণ/ৰাম'ৰ নাম লোৱা আৰম্ভ হ’ল। এই বিষয়ে শঙ্কৰদেৱৰ 'কীৰ্ত্তন উৰেষা বৰ্ণন' আৰু ৰামচৰণ ঠাকুৰে লিখা 'গুৰু চৰিত'ত এনেদৰে লিখা হৈছে। পৰৱৰ্তী পৰ্যায়ত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়, তেখেতেই গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰে। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউসকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱা: কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে, ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নিৰ্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেওঁ ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্ৰ কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্ৰেণী আমি নেপাওঁ। 'আহোম ৰজাসকলে বিহুক কেন্দ্ৰ কৰি বিষয়বাব বা ধাৰক–বাহক হিচাপে এটা শ্ৰেণীৰ সৃষ্টি নকৰিলেও তেওঁলোকৰ বিহু প্ৰীতি সৰ্বজন বিদিত। এইজন স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মুৰ দোৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে। ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দলে থানৰ পৰা আৰম্ভ কৰি শেষত থানতে সামৰণি মাৰিছিল। কিন্তু স্বৰ্গদেৱৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়। এই সকলোবোৰ পৰিঘটনাই বিহুৰ আচাৰ নীতিলৈ আমূল পৰিৱৰ্তন আনে যদিও, বিহুৰ যি আদিম আবেদন তাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে, অসম ব্ৰিটিছৰ অধীনলৈ যোৱাৰ লগে লগে, অসমৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো দিশতে যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হয়। পশ্চিমীয়া শিক্ষা আৰু ভিক্টোৰিয়ান-ইংৰাজ সভ্যতাৰ প্ৰভাৱে অসমৰ ৰাইজক নিজৰ থলুৱা কৃষ্টিৰ প্ৰতি উদাসীন কৰি তোলে। সেইসময়ৰ ভালেসংখ্যক উচ্চশিক্ষিত সমাজ সংস্কাৰকলোকে বিহুক "ইতৰ প্ৰাণীৰ নাচ গান" বুলি আখ্যা দি অসমৰ জনজীৱনত বিহুৰ গুৰুত্বক অৱমাননা কৰিবৰো চেষ্টা চলায়। সেই সময়তে, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰা ব্যক্তিসকলে বিহুৰ সপক্ষে মাত মাতি বিহু বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিলে। তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেঁপাহ পলুৱাই আনন্দ কৰাৰ পৰিৱৰ্তে এক সামাজিকভাৱে পালন কৰিব লগা ৰীতি বুলিহে মানিবলৈ ধৰিলে। এনে সময়তে মঞ্চ বিহু সূচনা হ'ল। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত পশ্চিমীয়া আৰ্হিৰ মঞ্চ তৈয়াৰ হৈছিল, তাত আন আন সাংস্কৃতিক অনুষ্ঠান ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ ধাৰাও প্ৰচলিত হৈছিল। সেইসময়তে গোলাঘাটৰ বেতিয়নীত ১৯২৯ চনত পোনপ্ৰথমবাৰৰ বাবে মঞ্চত বিহু প্ৰদৰ্শন কৰা হয়। ১৯৪১ চনত মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত মঞ্চত বিহু প্ৰদৰ্শন কৰে। ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱা পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মিলনৰ আয়োজন কৰা হয়। তাৰপাছতে মঞ্চ বিহুৱে সমগ্ৰ অসম জুৰি জনপ্ৰিয়তা লাভ কৰে। মঞ্চ বিহুত বিহু -প্ৰদৰ্শনতকৈয়ো বিভিন্ন প্ৰতিযোগিতাৰ ওপৰত গুৰুত্ব দিয়া যায়, আৰু এই বিহু মূলতঃ দৰ্শকক আমোদ দিবলৈ কৰা হয়। গতিকে এই বিহু বহু নীতি নিৰ্দেশনা আৰু ব্যাকৰণৰ মাজত থাকি কৰা হয়। ইয়াৰ ফলত বিহু নৃত্য গীতে এক প্ৰদৰ্শনমূলক কলাৰ ৰূপ লয়। মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ কোবত প্ৰকৃত স্বতঃস্ফূৰ্ত গছ তলৰ বিহু বিলুপ্তপ্ৰায় হৈ পৰে। বৰ্তমান মঞ্চ বিহু আৰু হুঁচৰি গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়া, এই দুই ধৰণৰ বিহুৱেই অসমৰ সকলো প্ৰান্ততে উদযাপন কৰা দেখা যায়। বৰ্তমান বিহু সন্দৰ্ভত আন এক উল্লেখযোগ্য পৰিৱৰ্তন অহা দেখা গৈছে। দৃশ্য-শ্ৰব্য মাধ্যমৰ মাজেদি প্ৰদৰ্শিত বিহু-সুৰীয়া গীত মাত নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় হোৱা দেখা গৈছে। অৱশ্যে, এই বিলাক প্ৰকৃত বিহু নাচ বা বিহু নাম নহয়, ই এক প্ৰকাৰ বিহু আৰু আধুনিক গীতৰ সংমিশ্ৰণহে বুলিব পাৰি। এই গীত বিলাকত বিহুৰ থলুৱা সুৰৰ ওপৰত ভিত্তি কৰি নতুনকৈ সুৰাৰোপণ কৰা হয় আৰু আধুনিক বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰা হয়। বিহু গীতৰ উদাহৰণ: অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি নাপাতি কেনৈকৈ থাকোঁ। ১, আজি বিহু বিহু কালি বিহু বিহু চিৰে গৰখীয়াই তৰা; সীতাই কুমাৰে বাদতি মাৰিলে চ'তৰ বাৰে খৰৰপৰা। ২,আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই; সমনীয়া সুধিলে কামে কি এবুলি সৰুতে একাজি আই। এই সমূহক যোজনা বুলি কোৱা হয়। বিহুনাচ আৰম্ভ কৰাৰ আগতে যোজনা গোৱা হয়। যোজনা বিলাকে অনেক ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক তথ্য প্ৰতীয়মান কৰে। ১১, “আজি বিহু বিহু কালি বিহু বিহু নাহৰ ফুল ফুলিবৰ বতৰ ফুলপানী ছিগাতে ঢোলৰ মাত শুনিলো উজুটিত ভাঙি যাওঁ যঁতৰ।” ব'হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমনত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে। ব'হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চতৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে ব'হাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন 'গোসাঁই বিহু বুলিও পালন কৰা যায়। কাতি বিহু বা কঙালী বিহু আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়। মাঘ বিহু বা ভোগালী বিহু খেতি চপোৱাৰ ঠিক পিছতে পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে ভাগে খাই আনন্দ কৰাৰ উৎসৱ। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা-পনা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা। গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে বুলি কোৱা হয়। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। পৰম্পৰা বিহু অনুসৰি অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন পৰম্পৰা প্ৰচলিত হৈ আহিছে: লগতে চাওক বিহুগীত বিহু নৃত্য বিহুৰ বাদ্যযন্ত্ৰ বিহুৰ খাদ্য বিহুৰ সাজ-পোচাক আৰু অলংকাৰ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ oldwikisource:বিহু গীত (ৱিকি উত্সত বিহুগীতসমূহৰ লিপি সন্নিবিষ্ট কৰা আছে। ) অসমীয়া সংস্কৃতিৰ কণিকা- সম্পাদনা-ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী- পৃষ্ঠা- ২৪০,২৪১,২৪২ Rongali Bihu-the spring festival of Assam An article by Sawpon Dowerah Rongali Bihu through the ages An article by Debendra Prasad Das Bihu: The lifeline of Assamese culture An article by Journalist Md. Sabir Nishat অসমৰ উৎসৱসমূহ হিন্দুধৰ্মৰ উৎসৱসমূহ অসমৰ ৰাজ্যিক প্ৰতীক
2312
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%A4%20%E0%A6%85%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%B2%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে। ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা জনগণনা ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিম্নোক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰত চৰকাৰৰ কাৰ্যালয়িক ৱেবছাইত: ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ভাৰত সম্পৰ্কীয় তালিকা ref>
2314
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0
শিৱসাগৰ
শিৱসাগৰ () অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ। আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীৰ্তিচিহ্ন নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলাতে আছে। ই গুৱাহাটীৰ উত্তৰ-পূবে প্ৰায় ৩৬০ কিলোমিটাৰ (২২৪ মাইল) দূৰৈত অৱস্থিত। চহৰখনক দিহিং বৰ্ষাৰণ্যই আৱৰি ৰাখিছে য’ত দিহিং আৰু লোহিত নৈ মিলি যায়। নামৰ উৎপত্তি শিৱসাগৰ নামটো নগৰখনত থকা শিৱসাগৰ পুখুৰীৰ পৰাই উৎপত্তি হৈছে। স্বৰ্গদেও ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। ফুলেশ্বৰী কুঁৱৰী কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। সন্তান প্ৰসবৰ সময়ত ফুলেশ্বৰী কুৱঁৰীৰ মৃত্যু হয়। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়। ভৌগোলিক বিৱৰণ জনগাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি শিৱসাগৰৰ জনসংখ্যা আছিল ৫০,৭৮১ গৰাকী য’ৰ ২৬,৯২৫ গৰাকী পুৰুষ আৰু ২৩,৮৫৬ গৰাকী মহিলা। শিৱসাগৰৰ গড় সাক্ষৰতাৰ হাৰ হ’ল ৮০.৪১%। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৫.৮৪% আৰু ৭৪.৭১%। যাতায়ত শিৱসাগৰ জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱে চুইযোৱা প্ৰধান ঠাইবোৰ হ'ল- জাঁজী, শিৱসাগৰ আৰু মৰাণ। গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা ধোদৰ আলি জিলাখনৰ অন্যতম প্ৰধান পথ। এই পথটোৱে নামতি, নাজিৰা, শিমলুগুৰি, সোণাৰি আদি ঠাই চুই গৈছে। জিলাখনত মুঠ ৰেলপথৰ দৈৰ্ঘ্য ১৫৩ কিঃমিঃ। প্ৰধান ষ্টেচন শিমলুগুৰি। শিমলুগুৰিৰ পৰা এটা শাখা ৰেলপথ ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ ঘটোৱাৰ পাছত দেশৰ অন্যান্য অংশৰ সৈতে শিৱসাগৰ আৰু মৰাণ নগৰ ৰেলৰ দ্বাৰা সংযোজিত হৈছে। পৰ্যটন শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মাণ কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ। ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ (পুৰণি শিৱসাগৰ জিলাৰ নাম) শিৱ দেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দাইছিল। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে পুখুৰীটোৰ নাম ৰাখে শিৱসাগৰ। শিৱসাগৰ পুখুৰীটোৰ দক্ষিণ পাৰে তিনিটা দ'ল আছে। তাৰ ভিতৰত শিৱদৌলটোয়েই সৰ্ববৃহৎ। শিৱদৌলৰ পূৱে বিষ্ণু দ’ল আৰু পশ্চিমে দেবী দ’ল। শিৱদৌলত শিৱৰাত্ৰিৰ দিনা ডাঙৰ মেলা হয়। শিৱদৌলত এইটোয়েই ডাঙৰ উৎসৱ। দেৱীদ’লত দুৰ্গাপূজাৰ দিনা প্ৰতিমা সজাই পূজা পতা হয়। আনহাতে বিষ্ণুদ’লৰ ফালে ৪ কিলোমিটাৰমান গ’লে পথৰ সোঁফালে এটা দেউঘৰ পোৱা যায়। ইয়াক বৰ্তমান হৰগৌৰী মন্দিৰ বুলি জনা যায়। শিৱসাগৰ নগৰৰ পৰা দুই কিঃমিঃ দক্ষিণে পুৰনি ৰংপুৰ নগৰৰ অস্তিত্ব বিৰাজমান। আহোম ৰাজ্যৰ একালৰ ৰাজধানী আৰু ইতিহাস প্ৰসিদ্ধ তলাতল ঘৰো ইয়াতেই আছিল। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতেই তলাতল ঘৰতো নিৰ্মাণ কৰা হৈছিল (১৬৯৮-১৭১৪)। ইয়াক মাটিৰ তলৰ দুৰ্গ ও বোলা হৈছিল। উল্লেখযোগ্য যে তলাতল ঘৰৰ যি সাতোটা মহল আছিল তাৰ মাটিৰ তলৰমহলাৰ পৰা দিখৌ নদী আৰু গড়গাঁৱৰ কাৰেংঘৰলৈ দুটা সুৰংগ আছিল। প্ৰাকৃতিক দূযোৰ্গৰ বাবে এই পথটো বন্ধ হৈ যায়। তলাতল ঘৰৰ পৰা পশ্চিমে কিছু কিঃমিঃ গ’লেই ৰংঘৰতো অৱস্থিত। ই এটা আঠকোনীয়া দুমহলীয়া ঘৰ। স্বৰ্গদেউ প্ৰমত্তসিংহই (১৭৪৪-৫১) পশুযুঁজ তথা বিভিন্ন অনুষ্ঠান চাবৰ বাবে নিৰ্মাণ কৰিছিল। তলাতল ঘৰৰ পৰা কিছুদূৰত দক্ষিণে আছে ৰংগনাথ দ’ল। স্বৰ্গদেও ৰুদ্ৰসিংহই ১৭০৩ চনত এই দ’ল সজাইছিল। এই দ’লত স্বৰ্গদেউৱে শিৱপূজা কৰিছিল। ৰংগনাথ দ’লৰ কাষতে দক্ষিণ পশ্চিমে থকা কেইবাটাও খটখটিৰে মৈদাম আকৃতিৰ যি ধ্বংসাৱশেষ আছে সেয়া হ’ল “ফাকুৱাদ’ল”। কথিত আছে যে ৰুদ্ৰসিংহই তেওঁৰ মাক সতী জয়মতীৰ এখনি সোনৰ প্ৰতিমা সাজি দিয়ে। ফাকুৱা দ’লৰ পৰা পৰা অলপ আঁতৰত অৱস্থিত (উত্তৰে) হৰগৌৰী দেৱালয়। এই দ’লটি ৰাজেশ্বৰ সিংহৰ দিনত সজোৱা হয়। কীৰ্তিচন্দ্ৰ ৰবৰুৱাই ৰহাৰ পৰা মণিপুৰী আৰু কছাৰী ৰজাক লৈ উভতি আহি থাকোঁতে পৰ্বতত হৰ গৌৰীৰ মূৰ্ত্তি এজনা পায়, মূৰ্ত্তিজনা স্থাপন কৰিবলৈ এই দ’ল সজাই। ৰংগনাথ দ’লৰ পূবে আছে গৰুদ’ল। ইয়াৰ আন এটা নাম “ন গোঁসাই দ’ল। ন গোঁসাইদ’ল দক্ষিণফালে অৱস্থিত জয়সাগৰ পুখুৰী আৰু জয়দৌল। লাই ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাক জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত ১৬১৯ শকৰ আঘোন মাহৰ তিনিদিন যোৱাত জয়সাগৰ পুখুৰী খান্দিবলৈ আৰম্ভ কৰে। ১৭৯৮ চনত জয়সাগৰৰ পাৰত পঞ্চদেৱতাৰ পাচোঁটা মন্দিৰ নিৰ্মাণ কৰে। ইয়াৰ ভিতৰত জয়দৌল শ্ৰেষ্ঠ। জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণু দৌল। জয়দৌলৰ দক্ষিণৰ পঁকী ঘৰটো ভোগ ঘৰ। জয়সাগৰৰ উত্তৰ পশ্চিম চুকত দেৱীদ’ল অৱস্থিত। জয়সাগৰ পুখুৰীৰ পশ্ছিমপাৰত এটি দ’ল আছে ঘনশ্যাম দ’ল। কাৰেংঘৰৰ নিৰ্মাণ কৰোঁতা বঙালী মুছলমান সম্প্ৰদায়ৰ ঘনশ্যামউদিনৰ ঘৰ। পিছলৈ তেওঁ হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰিছিল। শিৱসাগৰ চহৰৰ পৰা ১২ কিঃমিঃ পশ্চিমত নামডাং নৈৰ ওপৰত থকা এই শিলৰ সাঁকো ১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰিছিল। নগা পাহাৰৰ পৰা শিল সংগ্ৰহ কৰি আনি কাটিবৰ বাবে আহোমযুগত "শিলাকুটি" নামৰ খেলৰ সৃষ্টি হৈছিল। শিৱসাগৰ জিলাত থকা শিলাকুটি মৌজাই এতিয়াও তাৰ স্বাক্ষৰ বহন কৰিছে। এই সাঁকো খনৰ দৈৰ্ঘ্যতা প্ৰায় ২০০ ফুট। শিলৰ সাঁকো নিৰ্মাণত থলুৱা কৃষিজাত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। নিৰ্দিষ্ট অনুপাতত মিঠাতেল, শন, ধূনা, গুৰ, চূন, মাটিমাহ, বৰাচাউল, হাঁহকণী আদি মিহলাই কৰাল বনাই সাঁকো তৈয়াৰ কৰিছিল। জয়সাগৰৰ পৰা ৪ কিঃমিঃ পূবে বগীদ'ল অৱস্থিত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাকে এই পুখুৰী খন্দাই পাৰত দ’ল নিৰ্মাণ কৰিছিল। এই গৰাকী ৰাজমাওৰ নাম আছিল বগী। তেখেতৰ নামৰেই এই দ’লটিৰ নাম বগীদ’ল ৰখা হয়। জয়সাগৰৰ পূবফালে খৰিকটীয়া আলিয়েদি ২ কিঃমিঃ আতঁৰত লখিমীসাগৰ পুখুৰী আৰু তাৰ পাৰত দুটা দ’ল পোৱা যায়। এই দুটা দ’লক বৰপাত্ৰ দ’ল বুলি কোৱা হয়। নাচনী ছোৱালী ফুলমতীক শিৱসিংহই ৰাণী আৰু বৰৰজা পতাৰ পিছত তেওঁ নিজ প্ৰভাৱেৰে বহুতো কাম কৰিছিল। ৰাণী ফুলেশ্বৰীয়ে ভায়েক হৰিনাৰায়নক বৰপাত্ৰগোহাঁই পাতিলে। তেৱেঁই লখিমীসাগৰ খন্দাই আৰু দুটা দ’ল বন্ধাইছিল। ইয়াৰে এটা জগদ্ধাত্ৰী দ'ল আনটো বৰপাত্ৰ দ’ল নামে জনা যায়। চিত্ৰ ভঁৰাল তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Official website of the district অসমৰ নগৰ-মহানগৰ শিৱসাগৰ জিলা
2318
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%81%E0%A6%AC%E0%A6%BF%E0%A6%A8%20%E0%A6%97%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97
জুবিন গাৰ্গ
জুবিন গাৰ্গ () ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ‌ কণ্ঠদান কৰিছে। ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়। বংশ আৰু পৰিয়াল ১৯৭২চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী. এম. বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ। প্ৰথমতে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্ৰৰ নামটো তেওঁ‌ উপাধি হিচাপে ব্যৱহাৰ কৰে। জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল আৰু চাকৰি জীৱনৰ প্ৰথমছোৱাত সঘনাই ইঠাই-সিঠাইলৈ বদলি হ'বলগীয়া হৈছিল। স়েয়েহে কণমানি জুবিনৰ ল'ৰালিকালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়েও কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখে। জুবিনৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপি তেওঁ নিজৰ প্ৰতিভাক পেছা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ‌ কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী: জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। দূৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী পাল্মী ভাৰত নাট্যম নৃত্যশিল্পী। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। শিক্ষা জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল য'ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, তেওঁৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল। কণ্ঠশিল্পীৰূপে পৰিচয় ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ইয়াতেই জুবিনে কণ্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জুবিন এজন কৃতী কী-বৰ্ড প্লেয়াৰ। ১৯৯২ চনত প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতখনত সোমাই পৰে। এই অগতানুগতিক এলবামটোয়ে অতি কম সময়তেই সমগ্ৰ উত্তৰ-পূব ভাৰতত ই‌ন্‌ষ্টেণ্ট হিটৰূপে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল আৰু আহি থকা একৈশ শতিকাৰ অসমীয়া সংগীতৰ দৃশ্যপটৰে নতুন সংজ্ঞা দাঙি ধৰিছিল। তাৰ পিছত, জুবিনে পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই। নিজৰ নামতে প্ৰায় চল্লিশটাকৈ এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪ খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছে। তেওঁৰ শেহতীয়া বঙালী চিনেমা 'শুধু তুমি'ৰ কাৰণে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে। যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে গণ্য কৰে, তথাপিও এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওড়িয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ ৯,০০০-তকৈ অধিক গীত গাইছে। ফিজা, কাঁটে, মুড্ডা, ব্ৰাইডছ ৱাণ্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড ইফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্ৰত হিন্দীত জুবিনৰ সংগীত আৰু কণ্ঠৰ কৰ্মৰাজিৰ নিদৰ্শন পোৱা যায়। ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথোঁ মোৰৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয় কৰিছিল। ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰিও সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল। তেওঁ সঞ্জয় ঝাৰ দ্বাৰা পৰিচালিত হিন্দী চিনেমা ষ্ট্ৰীংছৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ হ'ল- গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে চাইড এফেক্টছ, বিগ ব্ৰাদাৰ, হামাৰি অধুৰি কাহানী আদি। বিতৰ্ক জুবিন গাৰ্গ কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছে। গান গাই থকা অৱস্থাত জখলা বগোৱাকে ধৰি মঞ্চত কৰা কেতবোৰ কাণ্ডৰ বাবে বাবে তেওঁক কেইবাবাৰো সমালোচনা কৰা হৈছে। ২০১১ চনৰ ছেপ্টেম্বৰত তেওঁ "অসম বন্ধ"ৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল কিন্তু পিছলৈ সেয়া উঠাই লয়। ভূপেন হাজৰিকাৰ অন্ত্যেষ্টিক্ৰিয়া ২০১১ চনৰ ৯ নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ড॰ ভূপেন হাজৰিকালৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছিল। সেই অনুষ্ঠানটোত এটা হালধীয়া বৰণৰ গেঞ্জী, মূৰত এখন কাপোৰ ইত্যাদি ৰূপেৰে জুবিনে দেখা দিছিল। জুবিনৰ সেই পোছাকযোৰক লৈ সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। এই কাৰ্যৰ বাবে সমগ্ৰ অসমতে তীব্ৰ তৰ্কাতৰ্কি আৰম্ভ হ'ল। অৱশেষত জুবিন গাৰ্গে ক্ষমা প্ৰাৰ্থনা বিচাৰি বিতৰ্কৰ শেষ কৰিছিল। বিহু মঞ্চত হিন্দী গান ২০১৩ চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসমৰ গায়কসকলক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিবলৈ আদেশ কৰে। কিন্তু এই আদেশ অমান্য কৰি জুবিন গাৰ্গে লতাশিল বিহু মঞ্চত তেওঁৰ জনপ্ৰিয় হিন্দী গান "য়া আলী" পৰিবেশন কৰে। ইয়াৰ প্ৰতিক্ৰিয়াত আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই জুবিন গাৰ্গক "ভাৰতীয় সাংস্কৃতিক আগ্ৰাসনৰ এজেণ্ট" বুলি অভিহিত কৰি তেওঁক সংঘাতৰ বাবে সাৱধান কৰি দিয়ে। এই ঘটনাত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জুবিনক সমৰ্থন কৰি তেওঁক নিৰাপত্তা প্ৰদান কৰে। অৱশ্যে দুদিনমান পিছত এই বিবাদৰ মীমাংসা হয়। জুবিন গাৰ্গ সম্পৰ্কত বিভিন্নজন অসমৰ কবি-সাহিত্যিক-গীতিকাৰ হীৰেন ভট্টাচাৰ্য-ই জুবিন গাৰ্গৰ জনপ্ৰিয়তাসম্পৰ্কে কৈছে- জুবিন সঁচাই আচৰিত৷ ইমান কম বয়সতে, ইমান সোনকালে জনপ্ৰিয়তা লাভ কৰা দেখি আচৰিত হওঁ৷ জুবিন কোনো ৰেডিঅ'ৰ শিল্পী নহয়৷ দূৰদৰ্শনৰ শিল্পী নহয় বা তেনেধৰণৰ কোনো বেকগ্ৰাউণ্ডো নাই৷ জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নি:সন্দেহে৷ সংগীতৰ কেৰিয়াৰ অসমীয়া এলবাম হিন্দী আৰু বঙালী এলবাম সংগীত পৰিচালনা অভিনয় জীৱন অভিনীত ছবি বঁটা আৰু সন্মান তথ্য সংগ্ৰহ বাহ্যিক সংযোগ গীত সংকলন ৱেবচাইটত জুবিন গাৰ্গৰ গীত অসমৰ ব্যক্তি জীৱিত ব্যক্তি অসমীয়া কণ্ঠশিল্পী হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী বঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক অসমীয়া অভিনেতা অসমৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক শ্ৰেণী:অসমীয়া ভাষাৰ গীতিকাৰ ভাৰতীয় চলচ্চিত্ৰ সংগীতকাৰ
2319
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A7%B1
শ্ৰীমন্ত শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ (, জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল৷তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ-সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল৷ মহাত্মা গান্ধীয়ে শঙ্কৰদেৱৰ প্ৰসঙ্গত কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈও সুন্দৰ আৰ্হি শঙ্কৰদেৱে অসমবাসীক দি গৈছে৷ পূৰ্বপুৰুষ আৰু জন্ম খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত গৌড় ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ অনুৰোধমৰ্মে কমতা ৰাজ্যলৈ সাতঘৰ বিশিষ্ট ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ(কলিতা) মানুহ পঠিয়াইছিল। তাৰ ভিতৰত সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ আছিল৷ ব্ৰাহ্মণ কেইজনৰ নাম আছিল ক্ৰমে, কৃষ্ণপণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বৰণ, ধৰম আৰু মথুৰা৷ কায়স্থ(কলিতা) কেইজন আছিল, চণ্ডীবৰ, শ্ৰীধৰ, হৰি, শ্ৰীহৰি, শ্ৰীপতি, চিদানন্দ আৰু সদানন্দ৷ দুৰ্লভ নাৰায়ণে বৰ আদৰ-সাদৰ কৰি তেওঁলোকৰ নিজৰ ৰাজ্যত থাকিবলৈ দিছিল। কায়স্থ সাতঘৰৰ ভিতৰত চণ্ডীবৰ নামে এজন বিদগ্ধ পণ্ডিত আছিল। ৰজা দুৰ্লভনাৰায়ণে তেওঁক 'শিৰোমণি ভূঞা' উপাধি দি হাজোৰ ওচৰৰ মাগুৰী নামে ঠাইত স্থানীয় শাসক পাতিছিল। কিছুদিন সেই কাম সুকলমে কৰি শেষত ভোটবিলাকৰ উপদ্ৰৱত থাকিব নোৱাৰি তেওঁ বৰ্তমান নগাঁও জিলাৰ বৰদোৱা নামে ঠাইলৈ গৈ তাতে স্থায়ীভাৱে বাস কৰিছিল। তেওঁৰ বংশতে বৰ্তমানৰ বৰদোৱাৰ আলিপুখুৰীত ১৩৭১ শকৰ (১৪৪৯ খ্ৰীষ্টাব্দ) আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়। শঙ্কৰদেৱৰ জন্ম তাৰিখ সম্বন্ধে কেইবাটাও মতবাদ চলি আছে৷ কথা গুৰু চৰিতৰ মতে, “কাৰ্তিকৰ সংক্ৰান্তি : বাৰ বৃহস্পতিবাৰ : তিথি পূৰ্ণিমা : শ্ৰৱণা নক্ষত্ৰ মধ্য নিশা জ্যোতিষক (১৩৭১ : তেৰশ একসতৰি শকত) আন কোনো কোনোৰ মতে, আহিন মাহৰ পাঁচদিন যোৱাত শুক্লা দশমী তিথি শুকুৰবাৰ, ৰাতি চাৰিদণ্ড যোৱাত ১৩৭১ শকত শঙ্কৰদেৱৰ জন্ম হয়৷ ৰামচৰণ ঠাকুৰে লিখিছে, চৰিতকাৰ দৈত্যাৰি ঠাকুৰ, ৰামানন্দ দ্বিজ আৰু ভূষণ দ্বিজই চন তাৰিখৰ উল্লেখ নকৰাকৈ মাত্ৰ জন্ম মাহৰ উল্লেখ কৰিছে৷ “বাঁহী’’ত প্ৰকাশিত এটি মত, “ ১৩৭১ শকৰ কাৰ্তিক সংক্ৰান্তিৰ অমাৱস্যা তিথিৰ বৃহস্পতিবাৰে মাজনিশা শঙ্কৰদেৱৰ জন্ম হয়’’৷ এই সকলোবোৰ মত মিলালে শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকৰ কাতি নাইবা আহিনৰ নাইবা ফাগুণৰ বৃহস্পতিবাৰে মাজনিশা বুলি মানিব পাৰি৷ শঙ্কৰৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধ্যা দেৱী। বাল্যকাল আৰু শিক্ষা-দীক্ষা শঙ্কৰদেৱৰ প্ৰায় সাত বছৰ বয়সতে সৰু আই ৰোগত আক্ৰান্ত হৈ দেউতাকৰ মৃত্যু হয়। আনহাতে মাকৰ মৃত্যু হয়তো শংকৰৰ জন্মৰ পিছতে বা কুসুম্বৰ ভূঞাৰ মৃত্যুৰ পিছত হোৱা বুলি জনা যায়। কথা গুৰু চৰিতৰ মতে, সত্যসন্ধা আই স্বামী কুসুম্বৰৰ সৈতে সতীদাহ হৈ অনুগামী হৈছিল। সৰু হৈ থাকোঁতেই পিতৃ মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন পালন কৰে। সৰুতে তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। লগ সমনীয়া শিশুসকলৰ সৈতে ধেমালি কৰি কাল কটাওঁতে শংকৰদেৱৰ শৈশৱ পাৰ হৈছিল। তেওঁৰ বাল্যবন্ধু সকল আছিল, জইৰাম, তিতাৰাম, কেতাই, সনাতন, হৰিবৰ, সতানন্দ, ৰামৰাম, ৰামৰাই, বিতোপন, চান্দ, ভেকুৰি আদি। ল’ৰালি কালত তেওঁ আন সাধাৰণ শিশুৰ দৰেই গছৰ ফল-ফুল বুটলি, কোটোৰা খেল, ঘিলা খেল, ভণ্টাগুটি খেল, লুকাভাকু খেল, দৌৰাদৌৰি কৰা আদি খেলি আৰু চাপৰি বজাই হৰিধ্বনি কৰা, বটা চৰাই বিচাৰি ধৰা আৰু মুকলি কৰি দিয়া, শিয়াল খেদা, নদীত সাঁতুৰি জলক্ৰীড়া কৰা আদি কৰিয়েই কাল নিয়াইছিল। পিছত, খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে।ভাদ মাহৰ কোনো এটা বৃহস্পতিবাৰে শুভলগ্ন চাই শঙ্কৰৰ বিদ্যাৰম্ভ কৰা হ’ল। কিন্তু শঙ্কৰৰ খেলা-ধূলাৰ প্ৰতি মন সহজে আঁতৰাব পৰা নাছিল৷ তাৰ প্ৰমাণস্বৰূপে শঙ্কৰে ঘৰৰ পৰা ৰূপ দুটকা আৰু কাপোৰ দুখন মনে মনে নি গুৰুক ভেটি দিয়াৰ কথা চৰিত পুথিসমূহত পোৱা যায়৷ কিন্তু বিদ্যা শিক্ষাত মনোযোগ দিয়া আৰম্ভ কৰাৰ পাছতেই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা 'কৰতল কমল' ৰচনা কৰি সকলোকে অভিভূত কৰে। ইয়াৰ পিছতে অধ্যাপক কন্দলিয়ে শঙ্কৰক 'দেৱ' উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত ছবছৰ পঢ়ি চাৰিবেদ, চৈধ্যশাস্ত্ৰ (শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায়), ওঠৰ পুৰাণ (মৎস্য, শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰহ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, বৃহত্‌, অগ্নি, ভাগৱত) অষ্টাদশ ভাৰত, নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়ায়। তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে বিদগ্ধ পণ্ডিত হৈ পৰে। প্ৰায় ১৭ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে। বৈবাহিক জীৱন শঙ্কৰদেৱৰ একৈছ বছৰ বয়সত তেওঁ নিজ কান্ধত থকা শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰি নিজে একান্তভাৱে শাস্ত্ৰচৰ্চাত নিয়োজিত হ'বলৈ মন মেলিলে। পৰকালৰ বাবে শাস্ত্ৰজ্ঞান আহৰণ কৰি ধৰ্ম কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ককাকৰ আগত ব্যক্ত কৰিলে। অন্যথা সংসাৰৰ অৰ্থ নাই। ইয়াতে নাতিয়েকৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মা বুলি চিন্তিত হৈ দুই পিতামহে চাই-চিতি হৰিবৰগিৰি নামৰ এজন ভূঞাৰ সূৰ্যৱতী নামৰ কন্যাৰ লগত ২০ বছৰ বয়সতে শঙ্কৰদেৱৰ বিয়া পাতি দিয়ে। সেয়া আছিল ১৩৯২ শক। বিবাহৰ তিনি বছৰ পাছত ভাৰ্যা সূৰ্যৱতীৰ গৰ্ভত শঙ্কৰদেৱৰ এটি কন্যা সন্তানৰ জন্ম হয়। কন্যাটিৰ নাম থলে 'মনু'। দুৰ্ভাগ্যবশতঃ মনুৰ বয়স ন মাহ হওঁতেই সূৰ্যৱতীৰ অকাল বিয়োগ ঘটে। তাৰপিছত তেওঁ সংসাৰৰ প্ৰতি বিৰাগ জন্মাত বাৰজন সংগীৰে সৈতে পশ্চিম দিশলৈ তীৰ্থ ভ্ৰমণলৈ যায়৷ সংগীসকল আছিল, ৰামৰাই, সৰ্ব্বজই, পৰ্মানন্দ, বলোৰাম, বলোভদ্ৰ, গোবিন্দ, নাৰায়ণ, বৰচিৰাম, গোপাল, চোট বলোৰাম, মুকুন্দ আৰু মুৰাৰি৷ তীৰ্থভ্ৰমণৰ পৰা উভতি অহাৰ পাছত ককাক জয়ন্ত আৰু মাধবৰ পৰামৰ্শমতে পিছত দুকুৰি চৈধ্য বছৰ বয়সত সকলোৰে মতৰ সাপেক্ষে শঙ্কৰদেৱে কালিকা ভূঞাৰ কন্যা কালিন্দীক পুনৰ বিবাহ কৰে। তীৰ্থ-ভ্ৰমণ ১৪০৩ শকত (১৪৮১চনত) ৩২ বছৰ বয়সত শঙ্কৰদেৱে জোঁৱায়েক হৰিৰ হাতত ঘৰ-বাৰী সঁপি দি প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়। আন সোতৰজন তীৰ্থযাত্ৰী শঙ্কৰদেৱৰ লগত যাত্ৰাৰ সংগী হ'ল। এইসকলৰ ভিতৰত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিকে ধৰি ৰামৰাম, সৰ্বজয়, পৰমানদ, বলোভদ্ৰ, বলোৰাম, গোবিন্দ, নাৰায়ণ, বৰশ্ৰীৰাম, গোপাল, চোট বলোৰাম, মুকুণ্ড, মুৰাৰি, হৰিদাস, দামোদৰ, আৰু আন দুজন এই দলৰ সদস্য আছিল।শঙ্কৰদেৱে অনুগামীসকলৰ সৈতে গংগাৰ পৰা স্নান দৰ্শনেৰে আৰম্ভ কৰি জগন্নাথ-পুৰী, সীতাকুণ্ড, উত্তৰ বাহিনী গংগা, বৰাহক্ষেত্ৰ, পুষ্কৰিণী তীৰ্থ, মথুৰা, বৃন্দাবন, দ্বাৰকা, কাশী, বাৰানসী, প্ৰয়াগ, নেপাল, নিষধ, কৈকেয়, কোশল, অযোধ্যা, হস্তিনাপুৰ, পাঞ্চাল, শ্বেতদ্বীপ, কৰ্মনাশা কেশৰী, কাবেৰী, মাৰ্গকাশী, বিন্দুকাশী, কৈশিক তীৰ্থ, মুকুন্দ আশ্ৰম, পুষ্পভদ্ৰা, সোণাৰু, কপিল, গণ্ডকী নদী, উপদ্বাৰকা, অঙ্গদ নগৰ, ৰামেশ্বৰ সেতুখণ্ড, সুবাহু নগৰ, বিদিশা নগৰ, দণ্ডকা বন, চিত্ৰকুট পৰ্বত, গোদাবৰী, গোমতী, পঞ্চবটী আশ্ৰম, দা ঋষ্যমূক পৰ্বত, কিষ্কিন্ধ্যা, পুষ্কৰাৱতী, ভৰদ্বাৰ, হৰিদ্বাৰ, জয়দ্বাৰ, নৰ্মদা, মহানন্দা, কটক নগৰ, বদৰিকাশ্ৰম আদি প্ৰায়বোৰ তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিলে। এই তীৰ্থযাত্ৰাৰ সময়তে বদৰিকাশ্ৰমত শংকৰদেৱে তেওঁৰ জীৱনৰ প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণহি লাগু শীৰ্ষক গীতটি ৰচনা কৰে। কথা গুৰুচৰিতৰ মতে প্ৰথম বৰগীত আছিল ৰাম মেৰি হৃদয় পংকজে বাইছে । তেওঁ ১৪৮১ চনত ৰৌমাৰী নামৰ স্থানত তীৰ্থযাত্ৰাৰ একেবাৰে আৰম্ভণিতে ইয়াক ৰচনা কৰিছিল। ১২ বছৰৰ পাছত (তেওঁৰ অনুপস্থিতিত তেওঁৰ পৰিয়াল বৰদোৱাৰ পৰা ঘূৰি আহিছিল) আলিপুখুৰীৰ ঘৰলৈ উভতি আহিছিল। তীৰ্থযাত্ৰাৰ সময়ত তেওঁ এটা সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ অংশ হৈ সেই ভক্তি আন্দোলনক বিকশিত হৈ উঠাত সহায় কৰিছিল। ১৫৫০ শকৰ আঘোণ মাহত শঙ্কৰদেৱৰ ৯৭ বছৰ বয়সত সংগী ভকতসকলৰ সৈতে তেওঁ পুনৰ তীৰ্থলৈ যায়। কৰ্মজীৱন শিক্ষা সমাপ্ত কৰি গুৰুগৃহৰ পৰা ঘৰলৈ ঘূৰাৰ পাছত শঙ্কৰদেৱৰ ওপৰত সংসাৰৰ গুৰু দায়িত্ব কিছুমান পৰিবলৈ ধৰে। তেওঁ নথকা অৱস্থাত শিৰোমণি ভূঞাৰ দায়িত্বভাৰ লৈ থকা ককাদেউতাক জয়ন্ত দলৈয়ে প্ৰথমেই শিৰোমণি ভূঞাৰ বিষয়ভাৰ শঙ্কৰদেৱৰ ওপৰত অৰ্পণ কৰিলে। তেনেই কম বয়সতে ভূঞাসকলৰ শ্ৰেষ্ঠ সন্মান লাভ কৰা আৰু শ্ৰেষ্ঠ দায়িত্ব পোৱা বাবে তেওঁৰ নাম ডেকাগিৰি হ'ল। শঙ্কৰদেৱে দক্ষতাৰে শাসনকাৰ্য চলাবলৈ ধৰাৰ লগতে ধৰ্মকথাও চৰ্চিবলৈ ধৰিলে। শঙ্কৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্ব লোৱাৰ কিছুদিন পিছৰে পৰা কছাৰীসকলে আলিপুখুৰী অঞ্চলত বসবাস কৰি থকা ভূঞা আৰু ব্ৰাহ্মণসকলৰ ওপৰত ঘনে ঘনে উপদ্ৰৱ কৰিবলৈ ধৰে। সকলোৰে অনুৰোধ আৰু কছাৰীসকলৰ উপদ্ৰৱলৈ লক্ষ্য ৰাখি শঙ্কৰদেৱে পৰিয়াল আৰু আন আন সকলৰ সৈতে আহি বৰদোৱাত ঘৰ-দুৱাৰ সাজি বসবাস কৰিবলৈ ল'লে। বৰদোৱাৰ কুসুমতলিতঘৰ-দুৱাৰ কৰি থাকোঁতে শঙ্কৰদেৱে ৰামৰাম গুৰুৰ লগত আলোচনা কৰি তাত এটি দেৱ মন্দিৰ নিমাৰ্ণ কৰাৰ সিদ্ধান্ত ল'লে। মন্দিৰৰ ভেঁটি তুলিবৰ সময়ত মাটি খান্দোতে কোৰৰ চাবত শিলত কটা চতুৰ্ভুজ বিষ্ণুমূৰ্তি এটা পালে। সেই বিষ্ণুমূৰ্তিটোকে সাতখলপীয়া সিংহাসনৰ ওপৰত প্ৰতিষ্ঠা কৰিলে। প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰোঁতে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ লগত সম্পৰ্কিত প্ৰায়বোৰ স্থান ভ্ৰমণ কৰি ভক্তিৰসেৰে আপ্লুত হৈ শঙ্কৰদেৱে নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীক বিস্তৃত আৰু গভীৰ কৰি তুলিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কৃষ্টি-সংস্কৃতিৰ মুকুতা বুটলি নিজ মাতৃভূমিত এক নতুন ধৰ্ম-সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ মানসেৰে বাৰ বছৰৰ মূৰত বিস্তৃত ভ্ৰমণসূচী সামৰি সংগীসকলৰ সৈতে ১৪১৫ শকত ( ১৫৯৩ খ্ৰী:) নিজ গৃহলৈ ঘূৰি আহিল। শঙ্কৰদেৱে তীৰ্থ ভ্ৰমণ কৰাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ ঢৌৱে ঢৌৱাই গৈছিল। তেওঁ ভক্তি আন্দোলনৰ মতবাদৰ সৰলতা আৰু কাৰ্যকাৰিতাত অতিকৈ মুগ্ধ হৈছিল। নিজৰ ৰাজ্যৰ মানুহখিনিৰ মাজত এই সহজ-সৰল ধৰ্মীয় মতবাদ প্ৰচাৰৰ বাবে শঙ্কৰদেৱৰ মনত হাবিয়াস জন্মে। সেই সময়ত অসম ৰাজ্যখনত বিভিন্ন ধৰ্মীয় মতবাদ প্ৰচলিত আছিল। ভগৱানক উপাসনা কৰাৰ কোনো নিৰ্দিষ্ট পদ্ধতি নাছিল। অসংখ্য দেৱ-দেৱীৰ পূজা, বৃক্ষ-পূজা, শিল-পূজা, সৰ্প-পূজা, ডাঙৰীয়া-পূজা, প্ৰকৃতি-পূজা আদি জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচলিত আছিল। দেৱ-দেৱীৰ সন্তুষ্টিৰ অৰ্থে মানুহে বিগ্ৰহৰ আগত পশু বলি দিছিল; আনকি নৰবলি পৰ্যন্ত চলিছিল। ধৰ্মীয় আচাৰ-বিধিবোৰ সাধাৰণতে সহজ নাছিল। শঙ্কৰদেৱৰ মনত একান্ত বিশ্বাস জন্মিছিল যে ভক্তিধৰ্মই ভিন্‌ ভিন্‌ ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটি মাথোঁন ধৰ্মীয় বিশ্বাসৰ অধীনলৈ আনিবলৈ এই ভক্তিধৰ্মই হ'ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাকজমকতা আৰু ব্যয়বহুলতা নাথাকিব। তীৰ্থ ভ্ৰমণ কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু ঈশ্বৰ ভক্তি তত্ত্বৰ পৰম জ্ঞানেৰে সমৃদ্ধ হৈ সৰ্বসাধাৰণ মানুহখিনিৰ মাজত নামধৰ্ম প্ৰচাৰ কৰি মানুহক মোক্ষ লাভৰ সহজ পথৰ সন্ধান দিলে। ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰ কৰি তেওঁ অসমত 'এক শৰণ ভাগৱতী বৈষ্ণৱ নামধৰ্মৰ' খুঁটি পুতিলে। শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ একশৰণ নামধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। শঙ্কৰদেৱ ধৰ্ম প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰিছিল সাধাৰণ মানুহৰ আধ্যাত্মিক সান্তনা আৰু সামাজিক উন্নতিৰ বাবে৷ শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মৰ মূল আধাৰ হ'ল 'দ্বাদশ স্কন্ধ ভাগৱত' গ্ৰন্থ। এই ধৰ্মমতত ক্ৰিয়াকাণ্ডৰ ব্যায়বহুলতা, বলি-বিধান, যাগ-যজ্ঞ, পূজা-পাতল, মূৰ্তি-উপাসনা অদি নাই। কেৱল 'একদেৱ, একসেৱ' এক বিনে নাই কেৱ' অৰ্থাৎ‌ কায়মনো বাক্য হৰিৰ নাম শ্ৰৱণ-কীৰ্তন কৰা। শঙ্কৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন-যাত্ৰা (চিহ্ন=চিত্ৰ, যাত্ৰা= নাটক)। এনেদৰেই অসমত নাট্যকলাৰ জন্ম হয় শঙ্কৰদেৱৰ হাতত। প্ৰথমবাৰ তীৰ্থযাত্ৰাৰ পৰা উভতি আহি গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা নাটকৰ জ্ঞান আৰু তীৰ্থভ্ৰমণ কালত লাভ কৰা অভিজ্ঞতাক ভেঁটি কৰি শঙ্কৰদেৱে 'চিহ্ন' নামৰ নাট এখনি লিখি তাক যাত্ৰা বিচাপে অভিনয় কৰে। সেয়ে চিহ্ন-যাত্ৰা। কেৱল সপ্ত বৈকুণ্ঠৰ চিত্ৰ পটত আঁকি ঘোষা, ভটিমাৰে নৃত্যগীতৰ দ্বাৰা এই নাট্যাভিনয় কৰা হৈছিল৷ শঙ্কৰদেৱেে নিজেও ইয়াত অভিনয় কৰিছিল৷ এই নাট্যাভিনয় কৰিবলৈ প্ৰয়োজন হোৱা খোল বাদ্য শঙ্কৰদেৱে কপিলিমুখৰ কলঙৰ কাষৰ পৰা মাটি আনি ডাইনা সাত আঙুল, বেঞা তেৰ আঙুল দি গঢ়াইছিল৷ শঙ্কৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ পোৱা যায় চিহ্ন-যাত্ৰাত। সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত চাৰিদিন সাতৰাতি হৈছিল বুলি কথিত। চিহ্নযাত্ৰাৰ “দেৱ-ধেমালি’’ত শঙ্কৰদেৱে অকলেই নটা খোল বজাইছিল বুলি চৰিত পুথিসমূহে কয়৷ নৃত্য-গীত আৰু চৰিত্ৰৰ সমাবেশেৰে ই ৰাইজক চমৎকৃত কৰিছিল। চিহ্ন-যাত্ৰাৰ ৰচনাকাল ১৪৬৮ খ্ৰীষ্টাব্দ বুলি জনা যায়। শঙ্কৰ-মাধৱৰ মহামিলন ১৪৪৪ শকৰ (১৫২২ খ্ৰীষ্টাব্দ) সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপুৰ্ণ আছিল। কাৰণ শঙ্কৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্ত ধৰ্মী। পূজা-পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পুৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দুৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই শঙ্কৰদেৱৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপন্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ'ল আৰু এই বিতৰ্কৰ সমাধানকল্পে দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ গ'ল। যথাসময়ত শঙ্কৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ হ'ল। গুৰুজানে নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ-জিত নাই। সুদীৰ্ঘ ন-ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্ক চলাৰ পাছত শঙ্কৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে। শ্লোকটি হ'ল- একেজন ঈশ্বৰ কৃষ্ণক পৰম আৰাধ্য দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্ৰিক মাধৱ হ'ল বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমাধৱদেৱ। মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত শৰণ ল'লে। 'শঙ্কৰ-মাধৱ' এই গুৰু-শিষ্যৰ সম্পৰ্ক হৈ পৰিল অভিন্ন আৰু তুলনাবিহীন। শঙ্কৰ-মাধৱৰ এই মহামিলনক মণি-কাঞ্চণ সংযোগ বোলা হয়। শঙ্কৰদেৱৰ সাহিত্য সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰ কৰা,আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামৰ ভাষাত ৰচনা কৰিছিল। কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল। শ্ৰীশ্ৰী শঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবা ভাগত ভগাব পাৰি, যেনে: ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত কালিয়দমন নাট ৰচনা কৰা হৈছিল। কালি হ্ৰদত কালি নামৰ নাগে বাস কৰাৰ ফলত হ্ৰদৰ পানী বিষাক্ত হৈ পৰে। এদিন এই বিষাক্ত পানী সেৱন কৰাৰ ফলত গোপবালক সকল অচেতন হৈ মৃত্যুমুখত পৰে। কৃষ্ণই নিজৰ ঐশ্বৰিক শক্তিৰে কালি নাগক পৰাস্ত কৰি সেই হ্ৰদ এৰি যাবলৈ বাধ্য কৰে আৰু সকলো গোপবালককে জীৱন দান দিয়ে। এই কাহিনীভাগকেই ইয়াত অংকন কৰা হৈছে। কেলিগোপাল কেলিগোপাল নাটখন ভাগৱতৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল। শৰতৰ ৰাতি কৃষ্ণৰ বাঁহীৰ সুৰত আকৰ্ষিত হৈ গোপীসকলে বৃন্দাবনলৈ ঢপলিয়াই আহে। মূলতঃ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰাসলীলাই এই নাটৰ মূল বিষয়বস্তু। ৰুক্মিণী হৰণ ৰুক্মিণী হৰণ নাটখন ভাগৱতৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। পিতাক ভীষ্মই কন্যা ৰুক্মীণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল যদিও জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে। ইফালে ৰুক্মীণীয়ে কৃষ্ণতেই মন প্ৰাণ সঁপি দিয়ে। ভাতৃ শিশুপালক প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰি ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱাই নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ'ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে। এই সমস্ত ঘটনাৱলীকে ৰুক্মীণী হৰণ নাটত ফুটাই তোলা হৈছে। পাৰিজাত হৰণ ভাগৱত আৰু হৰিবংশৰ মূলৰ পৰা পাৰিজাত হৰণ নাটখনি ৰচনা কৰিছিল। এদিন নাৰদে শ্ৰীকৃষ্ণক এপাহ পাৰিজাত ফুল অৰ্পণ কৰে। ৰুক্মীণীয়ে ফুলপাহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত কৃষ্ণই ফুলপাহ ৰুক্মীণীৰ খোপাত পিন্ধাই দিয়ে। কৃষ্ণৰ সেই কাৰ্য্যত ইৰ্ষাম্বিত হৈ আন এগৰাকী পত্নী সত্যভামাই কিদৰে ইন্দ্ৰপত্নী শচীৰ পৰা পাৰিজাত ফুল হস্তগত কৰি তাক আনি নিজৰ কোঠাৰ কাষতে ৰুৱে আৰু ৰুক্মীণীক হেয় জ্ঞান কৰি নিজকে কৃষ্ণৰ প্ৰিয় পত্নী বুলি প্ৰতিপন্ন কৰিব খুজিছে তাকেই ইয়াত দেখুওৱা হৈছে। ৰাম বিজয় ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে ৰাম বিজয় নাট ৰচনা কৰিছিল। কেনেকৈ ৰামে হৰধনু ভাঙি সীতাক লাভ কৰে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামক যুদ্ধত পৰাস্ত কৰে এই সমস্ত ঘটনাৱলীয়ে এই নাটৰ মূল আধাৰ। গীত বৰগীত (২৩৪টা বৰগীতৰ ভিতৰত ৩৫ টাহে পোৱা যায়) ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা) টোটয় চপয় নাম-প্ৰসঙ্গৰ গ্ৰন্থ কীৰ্তন গুণমালা বহুমুখী প্ৰতিভা শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল বুলি কোৱা হয়। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল-বীৰ্য্যৰ পৰিচয় দিছিল। প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। আজিৰ পৰা পাঁচশ বছৰৰ আগতে শঙ্কৰদেৱে উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰদেৱে অ-কাৰ, আ-কাৰ নথকা এটা কবিতা ৰচনা কৰিছিল। তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল। তেখেতৰ এই কবিতাটো হ'ল: তিৰোভাৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। মৃত্যুৰ সময়ত তেওঁ মহাৰাজ নৰনাৰায়ণৰ ৰাজ-আতিথ্যত কোচবেহাৰত আছিল৷ চৰিত পুথিমতে, ৰজা নৰনাৰায়ণে শঙ্কৰদেৱত শৰণ ল’বলৈ বাঞ্ছা কৰাত শঙ্কৰদেৱে প্ৰবৃত্তি মাৰ্গত থাকি ৰাজধৰ্ম পালন কৰি ৰজাই কিদৰে নিবৃত্তি মাৰ্গত চলিব পাৰিব বুলি কৈ কৈছিল, “ৰাজাৰ স্ত্ৰীৰ কৰ্মকাণ্ডী ব্ৰাহ্মণৰ গুৰু নহঞ ই তিনিৰ’’ বুলি শৰণ দিবলৈ অস্বীকাৰ কৰিছিল৷ তাৰপিছতো ৰজাই প্ৰয়োজন হ’লে দেৱ-দেৱী সবাকো এৰিব বুলি শঙ্কৰদেৱক নেৰানেপেৰাকৈ শৰণ দিবলৈ জোৰ কৰি থকাত তেওঁ ৰজাক ক’লে, “বোলে কালৈ অহা জাব৷ জকগে এতিয়া’’ (কথা গুৰুচৰিত) বুলি উপবাসে থাকি পিছদিনা আহিবলৈ ক’লে৷ পিছদিনা শৰণ লোৱাৰ সকলো ব্যৱস্থা কৰি শঙ্কৰদেৱক আদৰি আনিবলৈ যাওঁতে গম পোৱা গ’ল, তেওঁৰ আঙুলিত বিহ ফোঁহা এটি হৈছে আৰু তাৰে বিষত তেওঁ ৰজাৰ ওচৰলৈ যাব নোৱাৰে৷ কম সময়ৰ ভিতৰতে বিষ বাঢ়ি আহিল৷ শঙ্কৰদেৱে কমণ্ডলুৰ পৰা পানী লৈ মুখ ধুই নতুন কাপোৰ পিন্ধি পদ্মাসনত বহি ধ্যানস্থ হ’ল৷ আৰু তাৰপিছত উপস্থিত সকলোকে মাত-বোল লগাই বহাতে তেওঁ ঢলি পৰিল৷ ১৫৬৮ খ্ৰীষ্টাব্দত (১৪৯০ শক, ২১ ভাদ) শুক্লা দ্বিতীয়া তিথিত ১১৯ বছৰ বয়সত তেওঁ কোচবিহাৰত থকা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। লগতে চাওক নৱবৈষ্ণৱ ধৰ্ম মহাপুৰুষ মাধৱদেৱ সত্ৰ বৰগীত ভাওনা নামঘৰ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ শ্ৰী মন্ত শঙ্কৰদেৱ সঙ্ঘ এ ট্ৰিবিউট টু শংকৰদেৱ আউনীআটি সত্ৰৰ ৱেবছাইট বৰপেটা সত্ৰৰ ৱেবছাইট অকণিৰ নামঘৰ ৱেবছাইট নৱবৈষ্ণৱ ধৰ্ম অসমৰ ব্যক্তি অসমীয়া কবি ধৰ্ম প্ৰচাৰক ভাৰতৰ ধৰ্মীয় গুৰু অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক ভক্তি আন্দোলন
2323
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A7%8B
নাটো
নাটো (, সংক্ষেপে NATO) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰিয়েই নৰ্থ আটলাণ্টিক ট্ৰিয়েটি অৰ্গেনাইজেছন, সংক্ষেপে নাটো গঠন কৰা হয়। ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যই নটোত যোগদান দিয়াত ইয়াৰ সদস্যৰ সংখ্যা ১৯-লৈ বৃদ্ধি পায়। ২০০৪ চনত আৰু কেইখনমান ৰাষ্ট্ৰই নাটোত যোগদান দিয়ে। নাটোৰ সদস্য দেশসমূহ বেলজিয়াম, বুলগেৰিয়া, কানাডা, চেক গণৰাজ্য, ডেনমাৰ্ক, এষ্টোনিয়া, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আইচলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ডছ, নৰৱে, পোলেণ্ড, পৰ্টুগাল, ৰোমানিয়া, শ্লোভাকিয়া, শ্লোভেনিয়া, স্পেইন, তুৰ্কী, গ্ৰেট, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। এই দেশসমূহৰ মাজত সন্ধি চুক্তি অনুযায়ী ৰাজনৈতিক আৰু সামৰিক সহযোগিতাৰে নাটো চুক্তিৰ অন্তৰ্ভুক্ত দেশসমূহৰ স্বাধীনতা আৰু নিৰাপত্তা সুনিশ্চিত কৰাই হৈছে নাটোৰ মূল উদ্দেশ্য। সকলো সদস্যই সেনা আৰু অস্ত্ৰৰ যোগান ধৰাত বৰঙণি যোগাই আহিছে যিয়ে একেলগে নাটোৰ সামৰিক গঠন সুদৃঢ় কৰি তুলিছে। এই সেনাবাহিনী আৰু সম্পদ জাতীয় আদেশ আৰু নিয়ন্ত্ৰণৰ অধীনত থাকে আৰু প্ৰয়োজন অনুযায়ী (ৰাজনৈতিক জটিলতা বা বিবাদ, শান্তিৰক্ষা)নাটোক এই সেনাবাহিনীৰ আৱশ্যক হয়। নাটোৰ কাৰ্য্যালয়ৰ ভাষা দুটা হৈছে ইংৰাজী আৰু ফৰাচী। ইয়াৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰুছেলছত। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ NATO official website Basic NATO Documents সংগ্ৰহিত বা-বাতৰি ঐতিহাঁহিক চলচ্চিত্ৰপঞ্জী আন্তঃৰাষ্ট্ৰীয় সংস্থা
2330
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A6%A4%E0%A7%8D%E0%A7%B0%20%E0%A6%A8%E0%A6%A6
ব্ৰহ্মপুত্ৰ নদ
ব্ৰহ্মপুত্ৰ (; Tibetan: ཡར་ཀླུངས་གཙང་པོ་) হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। সভ্যতা সদায় নদী-কেন্দ্ৰীক। প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিব পাৰি। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে। কিম্বদন্তি ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্বন্ধে কালিকাপুৰাণত এটি আখ্যান আছে। অসমৰ পূবফালে মিচিমি পৰ্ব্বতৰ আগাৰিত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে। ই হিন্দুসকলৰ অতি পবিত্ৰ তীৰ্থ। এই ব্ৰহ্মকুণ্ডতেই পৰশুৰামে পাপৰ পৰা উদ্ধাৰ হয়, অৰ্থাৎ ইয়াতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমা দেখি ইয়াৰ পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পাৰটো কাটি দিয়ে। ফলত ইয়াৰ পানী দেশ-দেশান্তৰলৈ যায়। এই দৰেই ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়। উৎপত্তি আৰু গতিপথ ভাৰতৰ উত্তৰে অৱস্থিত তিব্বত মালভূমিৰ মানস সৰোবৰ হ্ৰদৰ পৰা চাংপো নামে এটি নৈ পূব মুৱাকৈ চীন আৰু ম্যানমাৰৰ মাজেৰে কিছুদূৰ বৈ আহি দক্ষিণ মূৱা হৈ প্ৰথমে চিয়াং তাৰ পিছত দিহাং নামেৰে অৰুণাচল ৰাজ্যৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে। দিহাঙৰ লগত অৰুণাচলৰ দিবাং আৰু লোহিত নামৰ দুখন নৈ লগ লাগে। ইয়াৰ পিছৰ পৰা এই সন্মিলিত জলভাগে ব্ৰহ্মপুত্ৰ নাম লাভ কৰে। ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাত লগ লাগে আৰু হুগলী আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয়। তাৰ পিছত ই বঙ্গোপ সাগৰত পৰেগৈ। ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সঙ্গমস্থলীত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত। ব্ৰহ্মপুত্ৰ আৰু অসম ব্ৰহ্মপুত্ৰৰ সৈতে অসম আৰু অসমীয়াৰ ঘনিষ্ঠ সম্পৰ্ক। অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। অতি প্ৰাচীন কালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি নগৰ গঢ়ি উঠিছিল। এতিয়াও গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী,তেজপুৰ, শিলঘাট, খাৰুপেতীয়া, বিশ্বনাথ, ডিব্ৰুগড় আদি অসমৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। প্ৰাচীন কালৰে পৰাই ই অসমৰ এটা প্ৰধান জলপথ। ভাৰত বিভক্ত হোৱাৰ আগলৈকে কলিকতাৰ সৈতে বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ আছিল ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ, খৰি আদিৰো যোগান ধৰে। আনপিনে ব্ৰহ্মপুত্ৰৰ বুকুতেই ফেৰী নাও চলাই, মানুহ-দুনুহ পাৰ কৰি, বস্তু-বাহনি পাৰ কৰি এচাম মানুহে নিজৰ জীৱিকা চলাই আছে। পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু ক্ষুদ্ৰতম নদী দ্বীপ ইয়াতে অৱস্থিত৷ উমানন্দ (peacock island) আৰু মাজুলী অসমৰ সাংস্কৃতিক মানচিত্ৰৰ সৈতে অংগাগীভাৱে জড়িত। এতিয়াও নদী দ্বীপ মাজুলীৰ লগত একমাত্ৰ সংযোগ এই ব্ৰহ্মপুত্ৰৰ ওপৰত চলা নাও বা ফেৰী জাহাজ আদি। এই দৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে। ব্ৰহ্মপুত্ৰ নদীৰ পৰিসৰ বৰ বহল। নাৱেৰে এই নদী পাৰ হোৱাটো অসুবিধা আৰু বিপদজনক। ইয়াৰ ওপৰত নিৰ্মাণ হোৱা শৰাইঘাট দলঙে দুয়োপাৰৰ মানুহৰ মাজত সম্পৰ্ক গঢ়াত সহায় কৰিছে। ব্ৰহ্মপুত্ৰই যিদৰে বাৰিষা খেতি পথাৰত পলস পেলাই মাটি সাৰুৱা কৰি পথাৰত নানা তৰহৰ শস্যৰ পৰিমাণ বৃদ্ধি কৰে আনপিনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বছৰি অসমৰ অনেক গাঁও-ভুই, খেতি-পথাৰ আদি খহাই অসমৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন কৰে। ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহ মৰাপাট আৰু শাক-পাচলিৰ খেতিৰ বাবে বিখ্যাত। লুইতৰ বানপানী অসমৰ এটা প্ৰধান সমস্যা হৈ উঠিছে। অসমত ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহ উত্তৰ বাহিনী উপনৈ সোৱণশিৰি ৰঙানৈ ডিক্ৰং বুৰৈ বৰগাং(অসম) জীয়া ভৰলু গাভৰু জীয়া ধনশিৰি বৰনদী পাগালাদিয়া পুঠিমাৰি নদী মানস চম্পাৱতী সৰলভাগা গঙ্গাধৰ সোণকোষ দক্ষিণ বাহিনী উপনৈ ডিব্ৰু বুঢ়ী দিহিং দিচাং দিখৌ জাঁজী ভোগদৈ কাকডোঙা ধনশিৰি কলং কপিলী ডিগাৰু কুলগী দুধনৈ কৃষ্ণাই জিনাৰী জিঞ্জিৰাম সামৰণি ১৯৫০ চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তলি তৰাং হোৱাত অসমত বছৰি বানপানী আৰু গৰাখহনীয়া বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰি ইয়াৰ পানী সঠিক ব্যৱহাৰৰ কাৰণে "ব্ৰহ্মপুত্ৰ আয়োগ" নামে এখন কমিটিও গঠন কৰা হয়। ব্ৰহ্মপুত্ৰ নদীত সঠিকভাৱে মঠাউৰি বান্ধি, ঠায়ে ঠায়ে শ্লুইচ গেটৰ ব্যৱস্থা কৰিলে ব্ৰহ্মপুত্ৰ নদী অসমৰ বাবে আৰ্শীবাদ হৈ উঠিব। ইয়াৰ বাহিৰেই জলবিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰিও অসমৰ বিদ্যুত নাটনিৰ পৰিমাণ কমাব পৰা যাব। কিন্তু আজিলৈকে এই দুয়োটা কাম সুচাৰুৰূপে হৈ উঠা নাই যাৰ কাৰণে এসময়ৰ মানুহৰ আৰ্শীবাদ মহাবাহু ব্ৰহ্মপুত্ৰ নদী এতিয়া মানুহৰ কাৰণে সময়ে সময়ে অভিশাপ হৈ উঠিছে। আনপিনে অসমৰ অৱহেলা, আৰু উচিত ব্যৱহাৰ নকৰাৰ কাৰণেই পৰৰাষ্ট্ৰই ইয়াৰ পানী নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰি আছে৷ যিটোৱে অসমত সুদূৰ ভৱিষ্যতে ব্যাপক প্ৰভাৱ পেলাব। চিত্ৰ বিঠিকা তথ্য সংগ্ৰহ ভাৰতৰ নদী অসমৰ নদী
2336
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%B8%E0%A6%AE%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A6%BE
অসমৰ সমস্যা
ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে। দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে। অসমৰ প্ৰধান সমস্যা সমূহৰ ভিতৰত (১) নিবনুৱা সমস্যা (২) বানপানী সমস্যা (৩) বিদেশী সমস্যা (৪) উগ্ৰপন্থী সমস্যা (৫)খাদ্য সমস্যা। মূলত এই পাঁচটাই অসমৰ প্ৰধান সমস্যা যদিও ইয়াৰ বাহিৰেও অসমৰ উন্নতিত সম্পদৰ উচিত ব্যৱহাৰ নোহোৱা, চৰকাৰৰ বহু ক্ষেত্ৰত উদাসীনতা আৰু যোগ্য ব্যক্তিৰ নিয়োগ নোহোৱায়েও সমস্যাসমূহৰ লগত মিলি অনেক বাধাৰ সৃষ্টি কৰি আহিছে। নিবনুৱা সমস্যা সাধাৰণ অৰ্থত কৰ্ম-সংস্থাপন নোহোৱা শিক্ষিত লোককহে নিবনুৱা বোলা যায় যদিও ইয়াৰ অৰ্থই শিক্ষিত অশিক্ষিত সকলোকে সামৰি লয়। দেশৰ জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ মূল কাৰণ যদিও অসমৰ নিবনুৱা সমস্যাৰ কাৰণে ইয়েই প্ৰধান কাৰণ নহয়। আনুসাঙ্গিক বহুতো কাৰণেও ইয়াত প্ৰভাৱ পেলাইছে। অসমৰ ক্ৰটিপূৰ্ণ শিক্ষানীতিৰ কাৰণে বছৰি শিক্ষিত, অৰ্দ্ধশিক্ষিত নিবনুৱাৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাই আহিছে। বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল একোটা ডিগ্ৰী লাভ কৰাৰ বাবেহে উপযুক্ত কৰি তোলে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰিমুখী কৰি তুলিছে। যাৰ কাৰণে নিবনুৱাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। কুটীৰ শিল্পৰ অৱনতিৰ বাবেও অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে। কমাৰ, কুমাৰ, সোণাৰী, কহাৰ আদি ব্যৱসায় অসমৰ মানুহে প্ৰায় এৰি দিছে। ইয়াৰ লগতে বাহঁ-বেতৰ কৰ্মও অসমত কৰিব পৰা এটা সহজ কাম, যাৰ কাৰণে লগা কেঁচা মাল অসমত পৰ্যাপ্ত পৰিমাণে পোৱা যায়। এই কুটীৰ শিল্পৰ কামসমূহ বাহিৰৰ পৰা মানুহ আহি কৰা দেখা যায়। অসমত উৎপন্ন হোৱা খাৰুৱা তেল, মৰাপাট, কুহিয়াঁৰ আদিৰ পৰিমাণৰ তুলনাত উদ্যোগৰ সংখ্যা তেনেই সীমিত। অসমত খাৰুৱা তেল শোধন কৰাৰ জোখাৰে তেল-শোধানাগাৰ নোহোৱা বাবে বাহিৰলৈ লৈ যাব লগা হয়। সংৰক্ষণৰ অভাৱত ইয়াৰ অধিকাংশ প্ৰাকৃতিক গেছ পুৰি পেলোৱা হয়। তাৰ সহায়ত উদ্যোগ চলোৱাৰ ব্যৱস্থা আজিও হৈ উঠা নাই। অসম নদীমাতৃক দেশ যদিও জলবিদ্যুৎ উৎপাদন কৰি নতুন কল-কাৰখানা স্থাপন কৰাৰ সম্ভাৱনা আছে। আনহাতে অসমত যিকেইটা উদ্যোগ আছে তাৰে প্ৰায়কেইটা বাহিৰৰArindom borah মালিকৰ। তেওঁলোকৰ স্বজন-প্ৰীতিৰ ফলত সেইবোৰত অসমীয়া যোগ্য লোক থকাৰ পিছতো কৰ্ম সংস্থাপন নাপায়। চৰকাৰৰ ধনৰ অভাৱতো বহু স্কুল-কলেজত আসন খালী থকাৰ পিছতো সংস্থাপন দিয়া দেখা নাযায়। ইয়েও নিবনুৱা সংখ্যা বৃদ্ধিত অৰিহনা যোগাই আহিছে। পৰিশ্ৰমৰ মৰ্যাদা নুবুজা বাবেও অনেক লোক নিবনুৱা হ'ব লগাত পৰিছে। অসমৰ চাহবাগান, ধানবনা কল, কাঠফলা কল, কয়লাৰ খনি, ইটাভাটা আদিত কাম কৰা বনুৱাৰ ভিতৰত অধিকাংশই বাহিৰৰ বনুৱা। কামৰ বাচ বিচাৰেও অসমত নিবনুৱা সংখ্যা বৃদ্ধি কৰি তুলিছে। বানপানী সমস্যা অসমৰ বানপানী সমস্যা এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বৃকীতি লাভ কৰিছে। অসমত ভৌগোলিক অৱস্থিতিয়েই বানপানীৰ এটা মূল কাৰণ। ১৯৫০ চনৰ ভূমিকম্পৰ পিচতে ব্ৰহ্মপুত্ৰকে আদি কৰি অন্যান্য কিছুমান নদীৰ তলি বাম হোৱাত তাৰ কাষৰ ঠাই সমূহত বানপানীৰ সৃষ্টি হয়। বানপানীৰ ফলত মানুহৰ খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন হয়। ইয়াৰ ফলত অসমৰ একমাত্ৰ সম্বল আহু আৰু শালিধানৰ খেতি নষ্ট হয়। ইযাৰ লগতে মৰাপাট, পাণ, আদা, হালধি, শাক-পাচলি, আদি কৃষিজাত শস্য নষ্ট হয়। বানপানীয়ে মানুহৰ ঘৰ পোহনীয়া জীৱ-জন্তুৰো বিস্তৰ ক্ষতি সাধন কৰে। সঞ্চিত ভঁৰালৰ ধান নষ্ট হোৱাৰ ফলত মানুহৰ মাজত অকাল, অনাটনে দেখা দিয়ে। বানপানীয়ে আলি-পদূলি তল নিয়াৰ ফলত যাতায়াতৰ অসুবিধা হয়। মানুহৰ মাজত জ্বৰ, গ্ৰহণী আদি মহামাৰিৰ সৃষ্টি হয়। বানপানীৰ ফলত চৰকাৰ তথা জনসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে। বানপানীৰ সমস্যা অসমৰ এটা জ্বলন্ত সমস্যা। অবৈধ অনুপ্ৰবেশকাৰী সমস্যা বছৰে বছৰে বাংলাদেশকে ধৰি পশ্চিমবঙ্গ, নেপাল, বিহাৰ, ৰাজস্থান আদি অন্যান্য ঠাইৰ পৰা কৰ্মৰ সন্ধানত অসমলৈ আহি অসমত স্থায়ী-অস্থায়ী ভাৱে থাকি যোৱাৰ ফলত অসমত বিদেশী সমস্যাৰ সৃষ্টি কৰিছে। অসমত বিদেশী সমস্যাই অসমৰ আনুসাঙ্গিক বিভিন্ন সমস্যাৰো সৃষ্টি কৰিছে। নিবনুৱা সমস্যা, খাদ্য সমস্যা, জনসংখ্যাৰ সমস্যা, বাসস্থানৰ সমস্যা, ভূমি সমস্যা, অৰ্থনৈতিক সমস্যা আদি অনেক সমস্যাৰ সৃষ্টি কৰিছে। চৰকাৰৰ উদাসীনতাই এই সমস্যা বৃদ্ধিত অৰিহণা যোগাইছে। অসমৰ ৰাজনীতিতো বিদেশী সমস্যাই বিৰূপ প্ৰভাৱ পেলাই আহিছে। ১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত অসমত এক বৃহৎ সংখ্যক অবৈধ বাংলাদেশীৰ সীমান্তৰ উন্মুক্ত অংশই দি প্ৰবেশ ঘটে। যাৰ ফলত বহুতো হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাইছে আৰু অসমৰ অৰ্থনীতিত এক চাপ পৰিছে। এই অনুপ্ৰবেশকাৰীসকলৰ সস্তীয়া শ্ৰম আৰু পাৰিশ্ৰমিকৰ বাবে থলুৱা লোকসকলে কৰ্মসংস্থাপন হেৰুৱাব লগাত পৰিছে। উগ্ৰপন্থী সমস্যা উগ্ৰপন্থীৰ সমস্যা অসমৰ বৰ্তমান এটা প্ৰধান সমস্যা। অন্যান্য সমস্যাসমূহে উগ্ৰপন্থী সৃষ্টিত বিশেষভাৱে অৰিহনা যোগাইছে। অসমত থকা সকলো সমস্যা নিবাৰণৰ কাৰণেই 'অসম সংযুক্ত মুক্তি বাহিনী' (আলফা) বিপ্লবী সংগঠনৰ জন্ম হয় যদিও আজি অসমত বৰ্তমান আলফা এটা প্ৰধান উগ্ৰপন্থী সংগঠন হৈ উঠিছে। ইয়াৰ লগতে অসমৰ অন্যান্য বড়ো, ৰাভা, কাৰ্বি, ডিমাছা, জনজাতি সমূহৰ মাজতো নিজ নিজ জাতিৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে বহুতো উগ্ৰপন্থী গোটৰ সৃষ্টি হৈছে। এই উগ্ৰপন্থী সংগঠন সমূহে অসমৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। মূলত ৰাজ্য চৰকাৰ আৰু উগ্ৰপন্থীদলসমূহৰ বিবাদ নিষ্পত্তি অন্তৰালত সৰ্বসাধাৰণৰ অশান্তি হয়। খাদ্য সমস্যা খাদ্য সমস্যা সৃষ্টি হোৱাৰো মূল কাৰণ বিদেশী সমস্যা, জনসংখ্যা সমস্যা, বানপানী সমস্যা আদিয়েই প্ৰধান। জনসংখ্যাৰ অনুপাতে অসমত দিনে দিনে শস্যৰ উৎপাদন কমি আহিছে। আনহাতে গাওঁসমূহত উন্নতি কৃষি পদ্ধতিৰ সু-ব্যৱস্থা তথা তাৰ প্ৰতি সজাগ নোহোৱাৰ কাৰণেও শস্যৰ উৎপাদন কম। একেডৰা মাটিতে বছৰি একেবিধৰ খেতি কৰি থকাৰ ফলতো মাটিৰ উৰ্বৰা শক্তি কমি যায়। সময় মতে বৰষুণৰ পানীৰ অভাৱৰ লগতে কৃত্ৰিম উপায়েৰে উপযুক্ত পানী যোগানৰ ব্যৱস্থা নথকাতো শস্যই লাগতিয়াল পানী লাভ নকৰে। কিছুমান দালাল শ্ৰেণীৰ লোকে অধিক লাভৰ আশাত কিছুমান খাদ্য শস্য জমা কৰি ৰখাৰ ফলতো খাদ্যশস্যৰ নাটনিয়ে দেখা দিয়ে। বানপানীয়ে বহু মানুহৰ পথাৰত বালি পেলোৱাৰ ফলতো উপযুক্ত মাটিৰ অভাৱে দেখা দিয়ে। অসমৰ সমস্যাৰ ভিতৰত এই কেইটাই প্ৰধান যদিও বহুক্ষেত্ৰত চৰকাৰৰ উদাসীনতাও ইয়াৰ কাৰণে জগৰীয়া। সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এটাৰ পিছত এটা নতুন সমস্যাই গা কৰি উঠিছে। দেখা যায় যে অসমৰ প্ৰতিটো সমস্যাই এটাৰ লগত আনটোৰ অঙ্গাগীভাৱে জড়িত। তথ্য সংগ্ৰহ অসম
2341
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%AC%E0%A7%87%E0%A6%9C%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
লক্ষ্মীনাথ বেজবৰুৱা
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক আৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰি-ধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে। বিট্ৰিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল। ১৯০৯ চনত তেওঁ 'বাঁহী' আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' লক্ষ্মীনাথ বেজবৰুৱাৰদ্বাৰাই ৰচিত৷ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷ প্ৰথমটো অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত৷ বেজবৰুৱাৰ গল্প-সংকলক হৃদয়ানন্দ গগৈৰ মতে, বেজবৰুৱাই চুটি গল্প লিখিবলৈ লোৱা সময়ছোৱাত নিজ দেশৰ লগতে পাশ্চাত্য জগততো চুটিগল্পৰ অৱস্থা অত্যন্ত চালুকীয়া আছিল৷ 'জোনাকী' আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাই লিখা 'সেউতি' গল্পটোকেই প্ৰথমটো অসমীয়া চুটি গল্প আখ্যা দিয়া হৈছে৷ বেজবৰুৱাৰ জীৱনকালত তিনিখন সংকলন গল্পপুথি হিচাপে প্ৰকাশ কৰিছিল৷ সেইকেইখনৰ বৰ্ষ অনুযায়ী ক্ৰমটো হৈছে-সুৰভি (১৯০৯, জানুৱাৰী), সাধুকথাৰ কুঁকি (১৯১০), জোনবিৰি (১৯১৩)৷ আনহাতে তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ এমুঠি অসংকলিত গল্প অতুল চন্দ্ৰ হাজৰিকাই কেহোঁকলি নামেৰে প্ৰকাশ কৰিব পাৰি বুলি 'বেজবৰুৱা গ্ৰন্থাৱলী'ত (১৯৬৮) মন্তব্য কৰিছে৷ সেইখিনি গল্পৰ অধিকাংশই বাঁহী আলোচনীত প্ৰকাশিত৷ অসমৰ বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰৰ জীৱন আৰু কৰ্মক স্বীকৃতি জনাই মন্তব্য কৰিছে যে-যি যি ক্ষেত্ৰত তেওঁ অসমীয়া সাহিত্যৰ অভাৱ বা দাৰিদ্ৰ্য অনুভৱ কৰিছিল সেই সেই ক্ষেত্ৰত প্ৰবল আত্মপ্ৰত্যয় আৰু প্ৰতিভাৰে তেওঁৰ সৃষ্টি কাৰ্যত কঁকালত টঙালি বান্ধি নামি গৈছিল৷ জন্ম লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল। এবাৰ ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল। সেইসময়ত আজিকালিৰ দৰে যানবাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল। সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা। গধূলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল। দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ লওতে গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে। এই সন্তানটিয়েই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। এই জন্ম সম্পৰ্কে দেউতাকে সোঁৱৰণী কৰিছিল যদিও বেজবৰুৱাই সেই সোঁৱৰণী দেখাৰ আগতেই জুয়ে পুৰি নষ্ট কৰাত শেষলৈ তেওঁ নিজৰ 'মোৰ জীৱন সোঁৱৰণ' ত সকলোৱে জানিব পৰকৈ এটি চন উল্লেখ কৰিছিল। তেওঁ উল্লেখ কৰা চনটো হ'ল ১৮৬৮ খৃষ্টাব্দ, নৱেম্বৰ মাহ। আনহাতে তেওঁ নিজকে সেইবাবে "ভূমিষ্ঠ নহৈ নৌকাস্থ হ’লোঁ" বুলিহে উল্লেখ কৰিছে। বৰ্তমান অসম সাহিত্য সভাই তেওঁৰ জন্ম চন ১৮৬৪ চনৰ ১৪ অক্টোবৰ বুলি নিশ্চিত কৰিছে। আনহাতে বেজবৰুৱা গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডত প্ৰকাশিত দিনলিপিত তেওঁ ১৯৩২ চনৰ ১৩ অক্টোবৰ বৃহস্পতিবাৰৰ দিনলিপিত “My birthday, fed Senapatis etc.” বুলি উল্লেখ কৰিছে। এই ফালৰ পৰা বেজবৰুৱাৰ জন্ম তাৰিখ ১৩ অক্টোবৰ বুলিও অনুমান কৰিব পাৰি। শিক্ষা বেজবৰুৱাই দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে প্ৰথম অৱস্থাত তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। শেষত দীননাথ বেজবৰুৱাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়ীভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই ১৮৮৬ খ্ৰীষ্টাব্দ ত এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰে। এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰাৰ পিছতে বেজবৰুৱাই উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাৰ কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল। প্ৰথম অৱস্থাতে কলিকতাৰ নতুন পৰিৱেশে তেওঁৰ স্বাস্থ্যৰ বাৰুকৈয়ে অৱনতি ঘটালে। দ্বিতীয়তে কলিকতাত পঢ়িবলৈ যাব নে নেযাব এনে দোধোৰ মোধোৰ অৱস্থাত থকাৰ কাৰণে তেওঁৰ নাম লগোৱাত পলম হয়। ফলত আন ছাত্ৰতকৈ তেওঁ শ্ৰেণীত পিছ পৰি যাব লগা হৈছিল। অধ্যাপকে দিয়া ক্লাছৰ লেক্‌চাৰবোৰ একোকে বুজিব নোৱাৰি তেওঁৰ মন নৈৰাশ্যৰে ভৰি পৰিছিল। এনে পৰিপ্ৰেক্ষিতত তেওঁ কলেজৰ শিক্ষা আধাতে সামৰি ঘৰলৈ ঘূৰি আহিল। কিন্তু শেষত পুনৰ কলিকতালৈ গৈ কলেজ ষ্ট্ৰীটৰ এটা ছাত্ৰাৱাসত থাকি চিটি কলেজত পঢ়া-শুনা কৰে। ১৮৯০ চনত কলিকতাৰ জেনেৰেল এছেম্‌ব্লী কলেজৰ পৰা বেজবৰুৱাই বি-এ পাছ কৰে। এজন ওখ খাপৰ উকিল হোৱাৰ ইচ্ছাৰে তেওঁ পুনৰ ৰিপন কলেজত আইন পঢ়িবলৈ আৰম্ভ কৰিছিল। লগতে প্ৰেছিডেঞ্চী কলেজত এম-এ শ্ৰেণীতো নাম লগাইছিল। কিন্তু শেষত বেজবৰুৱা জীৱনৰ পাকচক্ৰত পৰি আইন পৰীক্ষা (বি.এল) আৰু একে সময়তে চলি থকা এম.এ পৰীক্ষাৰ এটাতো উত্তীৰ্ণ হ’ব পৰা নাছিল। ইয়াতেই বেজবৰুৱাৰ শিক্ষা জীৱনৰ অন্ত পৰে আৰু জীৱনত উকীল নহও বুলি দৃঢ় সংকল্প গ্ৰহণ কৰে। কৰ্ম-জীৱন বেজবৰুৱাই আইন আৰু এম.এ শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে ইংৰাজ চৰকাৰে তেওক মুন্সিফ্ পদ যাচিছিল যদিও তেওঁ‌ প্ৰত্যাখ্যান কৰিছিল। কিছুবছৰ পিছত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায় প্ৰতিষ্ঠান ‘বৰুৱা-ফুকন-ব্ৰাদাৰ্স’ৰ মেনেজাৰ ভোলানাথ বৰুৱাৰ লগত তেওঁ‌ৰ সাক্ষাৎ হয়। সেই সময়ত গুৱাহাটীৰ ব্যৱসায় এৰি ভোলানাথ বৰুৱাই কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল। লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব হয় আৰু দুয়ো লগলাগি প্ৰথমে কলিকতাত কাঠৰ কাৰবাৰ আৰম্ভ কৰে। পিছলৈ ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱসায়ৰ বাবে সম্বলপুৰত থাকিবলৈ লয়। ভোলানাথ বৰুৱাৰ লগত ব্যৱসায় ভোলানাথ বৰুৱা (২৮ ছেপ্টেম্বৰ,১৮৫০-৩০ মে', ১৯২৩) আছিল এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী। তেওঁ ব্যৱসায় কৰাৰ মানসেৰে কলিকতালৈ আহি কলিকতীয়া কাঠৰ বেপাৰী কালীকৃষ্ট পৰামাণিকৰ লগত পৰিচিত হৈছিল আৰু তেওঁৰ লগত ব্যৱসায়িক সংযোগ স্থাপন কৰিছিল৷ শোভাৰাম বসাক ষ্ট্ৰীটৰ ওচৰত তেওঁ এটা ঘৰ সাজিলে। ব্যৱসায়ে উত্তৰণৰ মুখ দেখাৰ সময়তে ভোলানাথ বৰুৱাৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ সাক্ষাৎ হয়৷ ব্যৱসায়ত কিছু ধন ঘটি বৰুৱাই ১৮৯৪ চনত সিংভূম জিলাৰ এখন জংঘলত তেওঁলোকে কাঠৰ ব্যৱসায় আৰম্ভ কৰিলে। তাতে গুইলকোৰা বুলি ঠাই এডোখৰত তেওঁলোকে ঘৰ এটা ল'লে৷ পৰৱৰ্তী সময়ত কাঠৰ ব্যৱসায়ৰ বাবে ডাঙৰ-ডাঙৰ জংঘল ভোলানাথ বৰুৱাৰ হাতলৈ আহিল। ১৯০০ চনত বৰুৱাই ৰেওৱাৰ মহাৰাজৰ পৰা এখন ডাঙৰ জংঘল পালে। এই জংঘলত কাম কৰিবলৈ তেওঁ মহীনাৰায়ণ বৰাক মাতি আনে। সমান্তৰালভাৱে বৰুৱাই হাওৰাত ঘৰ কিনিলে আৰু তাতো অফিচ খুলিলে। লক্ষ্মীনাথ বেজবৰুৱা আৰু ফটিক চন্দ্ৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ বিশ্বনাথ বৰুৱাক সেই অফিচ চলোৱাৰ ভাৰ দিলে। ১৮৯৩ চনৰ আশে-পাশে কাঠৰ ব্যৱসায় আৰম্ভ কৰাৰ সময়ত কলিকতাত ব্যৱসায়ী মহলৰ বহুতে তেওঁলোক দুয়োজনকে ভাই-ককাই বুলি ভাবিছিল আৰু সেয়ে বেজবৰুৱাই নিজৰ নামটো বহু সময়ত এল.বি. বৰুৱা বুলি লিখিছিল। কবি নৱকান্ত বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ কাঠৰ ব্যৱসায় সম্পৰ্কে কৈছে- ‘তেওঁৰ দুটা ব্যৱসায় আছিল, এটা কাঠৰ; আনটো কথাৰ। কাঠে তেওঁক দিছিল সাময়িক ধন-সম্পত্তি আৰু কথাই দিলে চিৰকালৰ ঐশ্বৰ্য। লক্ষ্মীনাথক এজন কৃতকাৰ্য বণিজ-কোঁৱৰ হিচাপে পোৱাতকৈ সাহিত্যৰথী হিচাপে পোৱাটো বেছি সৌভাগ্যৰ কথা।’ চেগুণ কাঠৰ একচেটিয়া ব্যৱসায় কৰা গিৰিশ চন্দ্ৰ বোসৰ লগতো চিনাকি হৈ ভোলানাথ বৰুৱাই নিজৰ চেগুণ কাঠৰ ব্যৱসায় আগবঢ়াই নিছিল। বেজবৰুৱাৰ সান্নিধ্যত তেওঁ ব্যৱসায় আৰু বহল কৰি নিয়ে। কলিকতাৰ বেংগল টিম্বাৰৰ দৰে বিভিন্ন কাঠৰ কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ ধৰিলে। হাবি ঠিকাত লোৱা, কাঠ কটা আদি কামত বেজবৰুৱা পূৰাদমে ব্যস্ত হ’ল। কিন্তু বিভিন্নজনৰ উচতনিত বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়। যাৰ ফলশ্ৰুতিত ১৯০৩ চনত ভোলানাথ বৰুৱাই এই যুটীয়া ব্যৱসায় ত্যাগ কৰিলে। তথাপিও তেওঁলোকৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰায় আগৰ দৰেই থাকে। ভোলানাথ বৰুৱাৰ সংগ ত্যাগ কৰি বেজবৰুৱাই নিজাকৈ ‘অসম বেংগল ষ্টোৰ্চ’ নামৰ এখন দোকান খুলি স্বতন্ত্ৰ ব্যৱসায়ত নামে। অৱশ্যে ১৯১২ চনত ভোলানাথ বৰুৱাই বেজবৰুৱাক মাতি পঠিয়ায় আৰু বেজবৰুৱাই ভোলানাথ বৰুৱাক লগ ধৰে। ১৯১৪ চনত ভোলানাথ বৰুৱা দিল্লীত মটৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ হস্পিটেলত থকাৰ সময়ছোৱাত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁক সংগ দিছিল৷ ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল৷ লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে ব্যৱসায়ীসকলৰ অৱস্থা বেয়াৰ ফালে ঢাল খালে৷ আত্মজীৱনী অনুসৰি অৱস্থা ইমান বেয়া অৱস্থা হৈছিল যে পুৰণি ষ্টেটছমেন কাকত বেচিহে তেওঁ বজাৰৰ খৰছ উলিয়াইছিল। বেজবৰুৱাই ১৯১৬ চনত কলিকতাৰ 'বাৰ্ড্ এণ্ড কোম্পানী'ত যোগদান কৰে। ১৯১৭ চনত কোম্পানীৰ কামত সপৰিয়ালে তেওঁ উৰিষ্যাৰ সম্বলপুৰলৈ উঠি যায়। ইয়াৰ পাছৰ পৰা তেওঁ কোম্পানীৰ কামত কলিকতা, বিহাৰ, উৰিষ্যাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰে৷ উৰিষ্যাত থকাৰ সময়তে অসমৰ সুকবি যতীন্দ্ৰনাথ দুৱৰাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক হয়। ১৯২৩ চনত ভোলানাথ বৰুৱাৰ মৃত্যুৰ ক্ষণত বেজবৰুৱাই অন্তিম শয্যাত দেখা কৰে আৰু ১৯২৪ চনত সম্বলপুৰৰ পৰা কলিকতালৈ উভতি আহে। ১৯২৪ চনতে তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰে। ১৯২৮ চনত বেজবৰুৱাই বাৰ্ড্ এণ্ড কোম্পানীৰ কাম ইস্তফা দি সম্বলপুৰত নিজা ব্যৱসায়ৰ পাতনি মেলে। অৱশ্যে ১৯৩৮ চনত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ সম্বলপুৰ এৰি অসমলৈ ৰাওনা হয়৷ সাহিত্যিক জীৱন অসমীয়া ভাষা উন্নতি সাধিনী সভা বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা অন্যান্য ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা"(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে। এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ নিৰবচ্ছিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়। 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত 'বাঁহী' অলোচনীৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰে। বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল। বাঁহীৰ উপৰিও বেজবৰুৱাই সমসাময়িক চেতনা, আলোচনী, জন্মভূমি, মিলন, অসম সাহিত্য সভা প্ৰত্ৰিকা, অৰুণ, আৱাহন, বৰদৈচিলা, ন-জোন, জয়ন্তী, দৈনিক বাতৰি, অসম বন্তি আদি বিভিন্ন কাকত-আলোচনীত নিজৰ সৃষ্টিশীল লেখনি প্ৰকাশ কৰিছিল। সৰুৰে পৰাই সাহিত্য চৰ্চাৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অনুৰাগ আছিল যদিও কলিকতালৈ পঢ়িবলৈ যোৱাৰ পাছৰ পৰাহে তেওঁ সাহিত্য চৰ্চাত অধিক মনোযোগ দিয়ে। সেইসময়ত কলিকতা ভাৰতীয় নৱজাগৰণৰ পীঠস্থান আছিল। আৰু ইয়াতেই বাঙালী সাহিত্যৰ চমকপ্ৰদ উত্থান দেখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে সাহিত্য চৰ্চা কৰিবলৈ অধিক প্ৰেৰণা লাভ কৰে। বেজবৰুৱাদেৱৰ এই স্পৃহাত হাত উজান দিয়ে হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাকে ধৰি সেইসময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে। তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰকাশ কৰা আলোচনী ‘জোনাকী’তেই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাহিত্যিক প্ৰতিভাৰ বিকাশ সাধন হয়। বেজবৰুৱাৰ গল্প লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ পথ-প্ৰদৰ্শক বা জনক বুলি ক'ব পাৰি। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰথম চুটিগল্পৰূপে বহুতে ‘কন্যা’ গল্পটোক স্বীকৃতি দিব বিচাৰে যদিও বেজবৰুৱাদেৱৰ প্ৰথমটো প্ৰকাশিত চুটিগল্প হৈছে ‘সেউতী’। ‘সেউতী’ গল্পটো জোনাকী আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থটো সংখ্যাত প্ৰকাশিত হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গল্পৰ পুথি চাৰিখন। তাৰে তিনিখন পুথি যথাক্ৰমে ‘সুৰভি’, ‘সাধুকথাৰ কুকি’ আৰু ‘জোনবিৰি’ তেওঁৰ জীৱিতকালতে প্ৰকাশ পায়৷ আনহাতে মৰণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ গল্পৰ পুথিখন হৈছে ‘কেহোঁকলি’। ১৯০৯ চনত প্ৰকাশিত হোৱা ‘সুৰভি’ত মুঠ বাৰটি চুটিগল্প অন্তৰ্ভুক্ত হৈছে৷ ‘সুৰভি’ হৈছে প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন। ১৯১০ চনত প্ৰকাশিত ‘সাধুকথাৰ কুকি’ত মুঠ সাতাইশটি চুটিগল্প সন্নিৱিষ্ট হৈছে। আনহাতে ষোল্লটা গল্পৰ সংকলন ‘জোনবিৰি’ প্ৰকাশ পাইছিল ১৯১৩ চনত। চতুৰ্থখন গল্প-সংকলনৰ নাম বেজবৰুৱাই দিয়া নাছিল৷ প্ৰধানকৈ 'বাঁহী'ত প্ৰকাশিত হোৱা কিছুমান অসংকলিত গল্পক একগোট কৰি কেহোঁকলি নামেৰে নামাংকিত কৰিব পাৰি বুলি অতুল চন্দ্ৰ হাজৰিকাই বেজবৰুৱা গ্ৰন্থাৱলীত (১৯৬৮) প্ৰস্তাৱ দিছিল৷ তেওঁৰ যুক্তিমতে, সংকলনকেইখন নামকৰণ কৰা হৈছে মূল বিষয়বস্তুৰ লগত সামঞ্জস্য ৰাখি৷৷ বেজবৰুৱাৰ গল্প-সমগ্ৰৰ এগৰাকী সংকলক হৃদয়ানন্দ গগৈয়ে লিখিছে, বেজবৰুৱাই এই গল্পখিনিৰে কিতাপখন কৰি থৈ যাব পৰা হ'লে পৰম সৌভাগ্যৰ কথাই হ'লহেঁতেন৷ তথাপি আমি এই গল্পসমূহক বেজবৰুৱাৰ চতুৰ্থ খণ্ডৰ গল্প বুলিয়ে ধৰিব পাৰো.... এই সংকলনত বেজবৰুৱাৰ মুঠ পোন্ধৰটা গল্প সংকলিত হৈছে৷ সাহিত্যিক, সমালোচক আৰু অধ্যাপক অমৃতজ্যোতি মহন্তই লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ প্ৰসংগত মন্তব্য কৰিছে যে- বেজবৰুৱাৰ বহুকেইটা গল্পত পাঠকে পায় সেইসময়ৰ অসমীয়া মধ্যবিত্ত সমাজৰ এচামৰ মাজত গা-কৰা ফোপোলা ৰুচি আৰু ভণ্ডামিৰ প্ৰতি লেখকৰ তীব্ৰ শ্লেষ৷ এই ক্ষেত্ৰত ঠাউকতে আঙুলিয়াব পাৰি 'মলক গুইন গুইন' গল্পলৈ৷ অৱশ্যে 'নাঙলুচন্দ্ৰ দাস', 'ভোকেন্দ্ৰ বৰুৱা', 'আমাৰ কানীয়া সভাৰ এক অধিৱেশন' ইত্যাদি আন গল্পতো এই শ্লেষ আছে৷' বেজবৰুৱাৰ গল্প-সমগ্ৰৰ সম্পাদক হৃদয়ানন্দ গগৈয়ে বেজবৰুৱাৰ গল্পৰ বিষয়ে মন্তব্য আগবঢ়াইছে যে-{{cquote|বেজবৰুৱাৰ গল্পত স্থান পোৱা সমাজখনৰ পৰিধি বিশাল৷ সেয়া সুদূৰ উৰিষ্যা আৰু বংগৰ পৰা অসমলৈকে বিস্তৃত এক বৃহৎ সমাজ৷ .....বেজবৰুৱা আছিল নিপুণ খনিকৰ৷ তেওঁৰ চৰিত্ৰবোৰেই তাৰ নিদৰ্শন৷ ....বেজবৰুৱাৰ গল্পৰ আন এক দিশ হ'ল তেওঁ সাধুকথা আৰু গল্পৰ মাজত পাৰ্থক্যৰ সীমাৰেখাডাল কমাই দিছে৷জনগণৰ মুখে মুখে প্ৰচলিত অনেক কিংবদন্তী, সাধুকে তেওঁ গল্পৰ কাহিনীলৈ টানি আনিছে৷...গল্পকাৰ হিচাপে বেজবৰুৱাৰ সমাজ সচেতনতা প্ৰতিফলিত হৈছে বিভিন্ন গল্পৰ মাজত৷}} বেজবৰুৱাৰ শিশু সাহিত্য [[File:চিলনীৰ জীয়েকৰ সাধু.jpg|right|200px|thumb|লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ "বুঢ়ী আইৰ সাধুৰ এটা অন্যতম জনপ্ৰিয় সাধু "চিলনীৰ জীয়েকৰ সাধু"ৰ ডিজিটেল আৰ্ট শিল্পী ভাৰ্গৱ জ্যোতি বুঢ়া গোহাঁইৰ]] লক্ষ্মীনাথ বেজবৰুৱাই শিশু-কিশোৰৰ উপযোগী হোৱাকৈও বহুতো সাধু একগোট কৰিছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত সাধুকথাৰ পুথি তিনিখন হৈছে ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতিল’ৰা’ আৰু ‘জুনুকা’। বুঢ়ী আইৰ সাধুত একত্ৰিশটা, ককাদেউতা আৰু নাতিল’ৰাত ঊনত্ৰিশটা আৰু জুনুকাত দহটাকৈ সাধু সন্নিৱিষ্ট হৈ আছে। 'বুঢ়ী আইৰ সাধু' আজিৰ তাৰিখতো সমানেই জনপ্ৰিয়। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে বহুজনৰপৰা লিখিত ৰূপত সংগ্ৰহ কৰা এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সংকলনৰূপে প্ৰকাশ কৰিছিল। বেজবৰুৱাই ১৯১১ চনত “বুঢ়ী আইৰ সাধু”ৰ পাতনি লিখিছিল। বেজবৰুৱাৰ এই পুথিখনৰ কিছুমান সাধুত প্ৰতিফলিত হৈ থকা নাৰীবাদী স্বৰূপটোৰ বিষয়ে উল্লেখ কৰি সমালোচকে মন্তব্য কৰিছে যে-বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ত কেইবাটাও নাৰী প্ৰধান গল্প আছে। সেইবোৰ হ’ল“মেকুৰীৰ জীয়েকৰ সাধু”, “ঔ-কুঁৱৰী”, “তেজীমলা”, “চিলনীৰ জীয়েকৰ সাধু”, “তুলা আৰু তেজা”, “কটা যোৱা নাক খাৰণি দি ঢাক”, “পানেশৈ”, “লখিমী তিৰোতা”, “কাঞ্চনী” আদি। নাৰী চৰিত্ৰ প্ৰধান এই গল্পসমূহত আমি লগ পাওঁ মাক, মাহীমাক, জীয়েক, সতিনীয়েক, জা-ক, শাহুৱেক আদিৰ চৰিত্ৰ। এই চৰিত্ৰসমূহ অধ্যয়ন কৰিলে তদানীন্তন সমাজ ব্যৱস্থা আৰু সেই সমাজ ব্যৱস্থাত নাৰীৰ স্থান, ভূমিকা সম্পৰ্কে আমি অৱগত হ’ব পাৰোঁ। জনপ্ৰিয় মাধ্যমত বুঢ়ী আইৰ সাধু ২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ কথানদী ছবিখনৰ কাহিনীটো লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ কেইটিমান জনপ্ৰিয় সাধু আৰু চৰিত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। সেইকেইটা সাধু হৈছে- তেজীমলা, চম্পাৱতী, ঔ-কুঁৱৰী আৰু তাৱৈৰ সাধু। কবিৰ ৰূপত বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী, বাঁহী আলোচনীত নিয়মীয়াকৈ কবিতা লিখিছিল। কবিতাত দেশপ্ৰেম, আধ্যাত্মিক, খুহুতীয়া আদি বিবিধ শৈলী তথা ভাৱ প্ৰকাশ পাইছিল। অসমীয়া ৰোমাণ্টিক কবিতাৰ ক্ষেত্ৰখনলৈও বেজবৰুৱাৰ অৱদান উল্লেখযোগ্য৷ তেখেতৰ দ্বাৰা লিখিত কবিতাপুথি কদমকলি ১৯১৩ চনত প্ৰকাশিত হৈছিল। এই কবিতাপুথিত আঠচল্লিছটা কবিতা সন্নিৱিষ্ট হৈছে। তেখেতৰ কবিতাসমূহক ড° মহেশ্বৰ নেওগদেৱে “সোণ-পানীৰে চপাই-বন্ধাই থ’ব পৰা’’ বুলি অভিহিত কৰিছে৷ কদমকলিত সন্নিৱিষ্ট হোৱা ‘মোৰ দেশ’ কবিতাটোৱেই অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃত৷ তেখেতে ‘কদমকলি’ৰ পাতনিত লিখিছিল- বেজবৰুৱাৰ দ্বিতীয়খন কবিতাপুথি পদুমকলি৷ এইখন প্ৰকাশিত হয় তেখেতৰ মৃত্যুৰ পাছত, ১৯৬৮ চনত। তেখেতৰ জন্ম শতবৰ্ষ উপলক্ষে মৰণোত্তৰভাৱে এই কবিতাপুথিখন প্ৰকাশ কৰা হৈছিল। পদুমকলিত ২৮টা কবিতা সন্নিৱিষ্ট হৈছে। অসমৰ বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ 'বীণবৰাগী'ক শ্ৰেষ্ঠ কবিতা হিচাপে স্বীকৃতি দিছে৷ এই প্ৰসংগত তেখেতে কৈছে যে- নাট্যকাৰ হিচাপে বেজবৰুৱা জোনাকীৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা আলোচনীখনৰ প্ৰথম বৰ্ষতে ‘লিতিকাই’(১৮৯৪) নামৰ নাটকখন লিখি উলিয়ায়৷ ১৯১৩ চনত বেজবৰুৱাৰ নোমল, পাচনি আৰু চিকৰপতি-নিকৰপতি প্ৰকাশ পায়। তাৰ ঠিক দুবছৰৰ পাছত অৰ্থাৎ ১৯১৫ চনত প্ৰকাশিত হয় তেখেতৰ তিনিখন নাট যথাক্ৰমে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকক ধেমেলীয়া(প্ৰহসন) আৰু বুৰঞ্জীমূলক শাখাত দ্বিবিভক্ত কৰিব পাৰি৷ লিতিকাই, নোমল, পাচনি আৰু চিকৰপতি-নিকৰপতি তেখেতৰ দ্বাৰা লিখিত প্ৰহসন৷ আনহাতে বুৰঞ্জীমূলক নাটকেইখন হৈছে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ। ইয়াৰ উপৰি বেজবৰুৱাই হ য ব ৰ ল নামৰ আন এখন নাটকো লিখিছিল৷ ১৮৫৩ শক অৰ্থাৎ ১৯৩১ চনত বাঁহী আলোচনীৰ দ্বিতীয় বছৰৰ একাদশ সংখ্যাত এই নাটকখন প্ৰকাশিত হৈছিল৷ নাটকখনত মুঠতে চাৰিটা দৰ্শন আছে৷ এইখন হৈছে চক্ৰান্তমূলক, পৰিস্থিতিভিত্তিক নাটক৷ ১৯১৫ চনত (১৮৩৭ শক)ত প্ৰকাশিত হোৱা চক্ৰধ্বজ সিংহ নাটখনৰ বিষয়ে বেজবৰুৱাই পাতনিত লিখিছিল- সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ চক্ৰধ্বজ সিংহ সন্দৰ্ভত কৈছে- ঔপন্যাসিক হিচাপে লক্ষ্মীনাথ বেজবৰুৱা ১৮ শতিকাৰ শেষৰফালে সংঘটিত হোৱা দন্দুৱা দ্ৰোহৰ পটভূমিত বেজবৰুৱাই ১৮৯১ চনত পদুম কুঁৱৰী নামৰ উপন্যাসখন লিখিছিল৷ ১৮ শতিকাৰ শেষৰফালে আহোম ৰাজ্যৰ বৰফুকনে চোৱা-চিতা কৰা অঞ্চল কামৰূপত হোৱা এক বিদ্ৰোহ হৈছে দন্দোৱা দ্ৰোহ। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই-ককাইয়ে এই বিদ্ৰোহৰ গুৰি ধৰিছিল। কোচবিহাৰ আৰু বিজনীৰ ৰজাৰ গোপন সহযোগত তেওঁলোকে কছাৰী, পঞ্জাবী আৰু হিন্দুস্তানী শৰনাৰ্থীৰ এটা দল গঠন কৰে আৰু নিজকে স্বাধীন ঘোষণা কৰি প্ৰায় গোটেই উত্তৰ গুৱাহাটী অধিকাৰ কৰে। জোনাকী আলোচনীৰ তৃতীয়টো বৰ্ষত ধাৰাবাহিকভাৱে প্ৰতিটো খণ্ডতেই এই উপন্যাসখন প্ৰকাশিত হৈছিল৷ অৱশ্যে উপন্যাসৰ ৰূপত ১৯০৫ চনতহে পদুম কুঁৱৰী প্ৰকাশিত হয়৷ নাটকখনত মুঠতে পোন্ধৰটা আধ্যা(অংশ) আছে৷ অসমীয়া হাস্য-ব্যংগ সাহিত্য আৰু লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া হাস্য-ব্যংগ সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অসামান্য৷ বিশেষকৈ তেখেতৰ দ্বাৰা সৃষ্ট কৃপাবৰ বৰবৰুৱা নামৰ কাল্পনিক চৰিত্ৰটি অসমীয়া ব্যংগ সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ অংশ৷ কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে ৰচনা কৰা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হাস্য-বংগৰ সংকলনসমূহক ‘কৃপাবৰী সাহিত্য’ হিচাপে নামকৰণ কৰা হৈছে। কৃপাবৰ বৰুবৰুৱাৰ চৰিত্ৰটিৰ জৰিয়তে সৃষ্টি কৰা হাস্যৰসৰ কৌশলক একাংশ সমালোচকে পৃথিৱীৰ শ্ৰেষ্ঠ হাস্য-ৰসিকসকলৰ লগত তুলনা কৰিছে৷ অসমৰ সাহিত্যিক-লেখক বেণুধৰ শৰ্মাই বেজবৰুৱাৰ 'সমাজিক' ৰচনাক শ্ৰেষ্ঠ খুহুতীয়া ৰচনা বুলি কৈছে৷ এইসমূহ ৰচনাই ভণ্ডামি, স্ত্ৰী-স্বাধীনতা, বৃদ্ধ-বিবাহ, অন্ধ-বিশ্বাস, অন্ধ-অনুকৰণ, সাংবাদিকতা আদি অনেক ৰাজনৈতিক-সামাজিক-সাংস্কৃতিক সমস্যাক বিষয়বস্তু হিচাপে লৈছে৷ সমালোচক ৰ মতে,বৈজ্ঞানিক আৰু আধুনিক মনৰ অধিকাৰী আছিল লক্ষ্মীনাথ বেজবৰুৱা৷ এটা সংস্কাৰমুক্ত মন লৈ তেখেতে পৰিৱৰ্তনৰ অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল হাস্যৰসৰ মাজেদি৷....'কৃপাবৰ বৰবৰুৱাৰ যোগেদি বেজবৰুৱাই জাতীয় জীৱনৰ দুখ-ত্ৰুটি, অসামঞ্জস্য-বিসংগতি আদি পৰিষ্কাৰকৈ দাঙি ধৰিছে৷ চৰিত্ৰটিৰ আৰ্ৱিভাৱ সন্দৰ্ভত বেজবৰুৱাই কৃপাবৰ বৰুৱা নামৰ ৰচনাখনত লিখিছে- ১৯০৪ চনত জোনাকী আলোচনীত বেজবৰুৱাৰ দ্বাৰা লিখিত এলানি হাস্য-ব্যংগ ৰচনা কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা নামেৰে প্ৰকাশিত হয়৷ ১৯০৯ চনত 'কৃপাবৰ বৰুৱাৰ ওভতনি নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰোৱায়৷ এইখন গ্ৰন্থত সন্নিৱিষ্ট ৰচনাসমূহ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী আৰু ঊষা আলোচনীত ওলাইছিল৷ আনহাতে বাঁহী আলোচনীত বেজবৰুৱাই লিখা হাস্য-ব্যংগাত্মক ৰচনাসমূহ বৰবৰুৱাৰ বুলনি আৰু কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি নামেৰে পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে ওলায়৷ ইয়াৰ লগতে বেজবৰুৱাই ‘বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’, ‘বৰবৰুৱাৰ সাহিত্যিক ৰহস্য ‘আৰু ‘কৃপাবৰ বৰুৱাৰ সামৰণি’ নামেৰে প্ৰবন্ধ সংকলন উলিয়ায়। বেজবৰুৱাৰ হাস্য-ব্যংগ সাহিত্যই আধুনিক সময়তো পাঠক আৰু সমালোচক শ্ৰেণীৰ পৰা বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ ভাষাৰ ক্ষেত্ৰত বেজবৰুৱাই প্ৰদৰ্শন কৰা বিচক্ষণতা আৰু উপস্থাপনৰ ক্ষেত্ৰত দেখুওৱা অভিনৱত্বক প্ৰশংসা কৰি এগৰাকী আলোচকে ড° লীলাৱতী শইকীয়া বৰাই লিখিছে, {{cquote|বেজবৰুৱাৰ সমগ্ৰ সাহিত্যৰাজিৰ মূল প্ৰকাশিকা শক্তি আছিল তেওঁৰ বিচিত্ৰ শব্দৰাজি৷ উল্লিখিত শব্দসম্ভাৰৰ উপৰি পুনৰুক্তি, ধ্বন্যাত্মক শব্দ আদিয়েও বেজবৰুৱাৰ অসাধাৰণ ভাষাজ্ঞানৰ পৰিচয় দিয়ে৷ বেজবৰুৱা শব্দৰো এগৰাকী নিপুণ কাৰিকৰ৷ তেওঁৰ সমগ্ৰ ৰচনাৱলীৰ মাজত নিজে নতুনকৈ সৃষ্টি কৰি লোৱা শব্দৰাজিয়ে তেওঁৰ ভাষাক এক অনবদ্য ৰূপ দিছে৷ তেনে শব্দ কিছুমান হৈছে – গৰুৱালি, ছাতৰীয়া, মেকুৰীত্ব, মটৰাৰোহন, নিপনীয়া গাখীৰ, পখিলা ল’ৰা, পিত্তাল মানুহ, ভেকুৰীকটীয়া যুঁজাৰু, বৰটোপীয়া বৰষুণ আদি৷ ইয়াৰ উপৰি ন ন মিশ্ৰ শব্দ (যেনে- মেছবাসী, হাইকোৰ্টীয়া আদি), সমাসবদ্ধ শব্দ (যেনে- পদূলিশুঙা, অমৰাকটীয়া, পোৱা-পুই আদি) অৰ্থবহ প্ৰয়োগ বেজবৰুৱাৰ সুদক্ষ ভাষাবিদৰ ৰূপটো স্পষ্ট কৰি তোলে৷ }} জীৱনীকাৰ হিচাপে লক্ষ্মীনাথ বেজবৰুৱা নিজ পিতৃ দীননাথ বেজবৰুৱাৰ জীৱন সম্পৰ্কে ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱন চৰিতখন লিখি উলিয়ায়৷ ১৯১১ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু সৃষ্টিৰাজিৰ উল্লেখ আৰু বিৱৰণেৰে লক্ষ্মীনাথ বেজবৰুৱাই ১৯১১ চনত শংকৰদেৱ নামৰ এখন জীৱনী লিখিছিল। ইয়াৰ পিছত ১৯১৪ চনত তেখেতে শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ নামৰ জীৱনীগ্ৰন্থখন প্ৰকাশ কৰে। বৈবাহিক জীৱন বি.এ পাছ কৰাৰ ঠিক পাচতেই ১৮৯১ চনত কলিকতাৰ জোড়াসাঁকোৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথৰ বিবাহপাশত আৱদ্ধ হয়। প্ৰজ্ঞাসুন্দৰী আছিল মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ নাতিনী তথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজা-জী৷ বিবাহোত্তৰ জীৱনৰ কেইটামান দিন বেজবৰুৱাই নিজৰ সতীৰ্থ-বন্ধু ব্যৱসায়ী ভোলানাথ বৰুৱাৰ কটাবলগীয়া হৈছিল আৰু প্ৰজ্ঞাসুন্দৰী দেৱী নিজৰ পিতৃ-গৃহতে আছিল৷ পৰৱৰ্তী সময়ত বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ ব্যৱসায়ে উন্নতিৰ পথ দেখে আৰু বেজবৰুৱাই সপৰিবাৰে নতুন ঘৰ এটা কিনি তাতেই থাকিবলৈ লয়৷ ১৮৯৫ চনত তেওঁলোকৰ প্ৰথমটি সন্তান 'সুৰভি'ৰ জন্ম হয়৷ পিছে দুখজনকভাৱে জন্মৰ মাত্ৰ পাঁচ বছৰৰ পাছতেই ডিফথেৰিয়া ৰোগত আক্ৰান্ত হৈ সুৰভিয়ে ১৯০০ চনত মৃত্যুক সাবটি লয়৷ সুৰভিৰ মৃত্যুৰ ১৮ দিনৰ পাছতে তেওঁলোকৰ দ্বিতীয় কন্যা অৰুণাই জন্মগ্ৰহণ কৰে৷ ১৯০৩ চনত জন্ম হয় তেওঁলোকৰ তৃতীয়টি সন্তান৷ নাম ৰখা হয় ৰত্নাৱলী৷ ১৯০৮ চনত চতুৰ্থটি সন্তান দীপিকাই জন্মলাভ কৰে৷ পৰৱৰ্তী সময়ত দীপিকা বিলাতলৈ যায় আৰু সন্যাসিনী হয়৷ বেজবৰুৱাৰ দেহাৱসানৰ পাছতহে তেওঁ অসমলৈ ওভতি আহে৷ বেজবৰুৱাক প্ৰদান কৰা উপাধি সন্দৰ্ভত অসমৰ সাহিত্যৰসিকসকলে বেজবৰুৱাৰ জীৱনকালতে তেখেতক 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' উপাধি দুটা প্ৰদান কৰিছিল৷ অৱশ্যে বেজবৰুৱাই নিজে দ্বিতীয়টোহে উপাধি পছন্দ কৰিছিল৷ বঙালী নাট্যকাৰ অমৃতলাল বসুকো বঙালী বৌদ্ধিক সমাজে 'ৰসৰাজ' উপাধি আগতে দি থৈছিল৷ সেইবাবে বেজবৰুৱাই 'ৰসৰাজ' উপাধিটো বৰকৈ পছন্দ কৰা নাছিল৷ অসমৰ জাতীয় সংগীত ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰি প্ৰকাশ কৰা 'বাঁহী' আলোচনীত 'মোৰ দেশ' নামেৰে গীত এটি প্ৰকাশিত হয়৷ গীতটিৰ শিৰোনাম আছিল 'অ মোৰ আপোনাৰ দেশ'৷ ১৯২৮ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত এই গীতটিক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়৷ গীতটি বেজবৰুৱাৰ 'কদম কলি' নামৰ গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে৷ গীতটিৰ সুৰকাৰ হৈছে কমলাপ্ৰসাদ আগৰৱালা৷ সাহিত্যিক কৰ্মৰাজি বেজবৰুৱাৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি। আত্ম-জীৱনী আৰু জীৱনী মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫) মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১) ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত শ্ৰীশ্ৰী শংকৰদেৱ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ চিন্তাশীল ৰচনা তত্ত্বকথা শ্ৰীকৃষ্ণকথা ভগৱৎ কথা উপন্যাস পদুমকুঁৱৰী গল্পপুথি সুৰভি (১৯০৯) সাধুকথাৰ কুঁকি (১৯১০) জোনবিৰি (১৯১৩) কেহোঁকলি (মৰণোত্তৰ প্ৰকাশ) সম্পাদকীয় কাৰ্য বাঁহী সাধুকথা আৰু শিশু সাহিত্য বুঢ়ী আইৰ সাধু: ইয়াত থকা সাধুকেইটা হ'ল: মেকুৰীৰ জীয়েকৰ সাধু বান্দৰ আৰু শিয়াল ঔ-কুঁৱৰী ঢোঁৰাকাউৰী আৰু টিপচীচৰাই এজনী মালিনী আৰু এজোপাৰ ফুল বুধিয়ক শিয়াল বাঘ আৰু কেঁকোৰা তেজীমলা বুঢ়া-বুঢ়ী আৰু শিয়াল দীঘল ঠেঙীয়া গঙ্গাটোপ নুমলীয়া পো সৰবজান এটা শিঙৰা মাছৰ কথা এটা বলী মানুহ চিলনী জীয়েকৰ সাধু তুলা আৰু তেজা কটা যোৱা নাক,খাৰণী দি ঢাক তীখৰ আৰু চুটিবাই চম্পাৱতী জৰদগৱ ৰজাৰ উপাখ্যান পানেশৈ জোঁৱাইৰ সাধু কুকুৰীকণা ভেকুলীৰ সাধু তাৱৈয়েকৰ সাধু লটকন লখিমী তিৰোতা দুই বুধিয়ক কাঞ্চনী ককাদেউতা আৰু নাতিল’ৰা জুনুকা বৈষয়িক গদ্য বাখৰ কামত কৃতিত্ব লভিবৰ সংকেত ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰুৱাৰ ওভতনি বৰবৰুৱাৰ বুলনি বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড) বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড) বৰবৰুৱাৰ চিন্তাৰ শিলগুটি বৰবৰুৱাৰ সাহিত্যিক ৰহস্য কৃপাবৰ বৰুৱাৰ সামৰণি অনুবাদ ভাৰতবৰ্ষৰ বুৰঞ্জী অন্যান্য অসমীয়া ভাষা আৰু সাহিত্য পত্ৰলেখা কাঁহুদী আৰু খাৰলি সম্পাদকৰ চ'ৰা নাটকধেমেলীয়া নাটক (প্ৰহসন) লিতিকাই নোমল পাচনি চিকৰপতি নিকৰপতিনাটৰ কুকি গদাধৰ ৰজা বাৰেমতৰা হ-য-ব-ৰ-ল হেমলেত মঙলাবুৰঞ্জীমূলক নাটক' চক্ৰধ্বজ সিংহ বেলিমাৰ জয়মতী কুঁৱৰী সন্মান অসম ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন) (গুৱাহাটী) অসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন) (গুৱাহাটী) ৰসৰাজ উপাধি প্ৰদান (১৯৩১) (১৯৩১ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধি প্ৰদান কৰা হয়।) ৰত্নকান্ত বৰকাকতিদেৱৰ দ্বাৰা সাহিত্যৰথী অভিধা প্ৰদান বেজবৰুৱাৰ নামত অনূদিত ডাক টিকট উন্মোচন। মৃত্যু বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত ১৯৩৭ চনৰ ১৮ আগষ্টত অসমলৈ ঘূৰি আহে। ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড় চহৰত থকা মাজু জীয়েক ৰত্না বৰুৱাৰ ঘৰত লক্ষ্মীনাথ বেজবৰুৱাৰ দেহাৱসান ঘটে। অৱশ্যে মাজু জীয়েক ৰত্না বৰুৱাই বেজবৰুৱাৰ মৃত্যু দিনটো ২৭ মাৰ্চ বুলিহে লিখিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত 'লক্ষ্মীনাথ বেজবৰুৱা, দি সাহিত্যৰথী অব্ আছাম' (১৯৭২ চনত প্ৰকাশিত) গ্ৰন্থত এই তথ্য তেখেতে উল্লেখ কৰিছিল৷ আনহাতে বেজবৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া কোনে আৰু কি প্ৰথাৰে কৰিছিল-সেই সম্পৰ্কেও নিৰ্ভৰযোগ্য তথ্য-পাতিৰ অভাৱ৷ বেজবৰুৱাৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভে চৰ্চা কৰা ত্ৰৈলোক্য ভট্টাচাৰ্যই ছাঁ-পোহৰত লক্ষ্মীনাথ বেজবৰুৱা'' শীৰ্ষক গ্ৰন্থত এইদৰে মন্তব্য কৰিছে৷ তেখেতৰ মত অনুসৰি, লগতে চাওক লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান অসমৰ জাতীয় সংগীত জোনাকী তথ্য সংগ্ৰহ প্ৰসঙ্গ পুথি সাহিত্যৰথী, ড॰ প্ৰফুল্ল কটকী, জ্যোতি প্ৰকাশ, ২০০৬ মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, বাণী মন্দিৰ, ২০০৬ লক্ষ্মীনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ, ১৯৬৪ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প-সমগ্ৰ, হৃদয়ানন্দ গগৈ, জ্যোতি প্ৰকাশন, ২০১১ অসমৰ ব্যক্তি অসমীয়া কবি অসমীয়া শিশু সাহিত্যিক অসমীয়া ঔপন্যাসিক অসমীয়া নাট্যকাৰ অসমীয়া প্ৰবন্ধকাৰ অসম সাহিত্য সভাৰ সভাপতি অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
2344
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%80%E0%A7%B0%E0%A7%87%E0%A6%A8%20%E0%A6%AD%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF
হীৰেন ভট্টাচাৰ্য
হীৰেন ভট্টাচাৰ্য (; ২৮ জুলাই, ১৯৩২ - ৪ জুলাই, ২০১২) অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰুদা'। তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। হীৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক হীৰেন গোহাঁইয়ে কৈছে যে, "তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব। " জন্ম আৰু শৈশৱ তেখেতৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত। পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল। ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলত হীৰেন ভট্টাচাৰ্যৰ পঢ়াশলীয়া জীৱন আৰম্ভ হয়। পিছে তাত শিক্ষা শেষ নৌহওঁতেই দেউতাক পুনৰ বদলি হয় তেজপুৰলৈ। সেয়েহে তেওঁ শিক্ষা শেষ হয় তেজপুৰত। অকল তেজপুৰেই নহয়, মঙলদৈ, গোলাঘাট, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত নামভৰ্তি কৰে। ল'ৰালিৰ কালছোৱাত হীৰেন ভট্টাচাৰ্যৰ এটা প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা আৰু ফুলৰ খেতি কৰা। দেউতাক জেইলাৰ হোৱাৰ বাবে তেওঁ জেলৰ ভিতৰত প্ৰিয় কামখিনি কৰি থাকিবলৈ সুবিধা পাইছিল। কিন্তু পঢ়া-শুনা, ঘৰুৱা কাম-কাজ আদি কৰাৰ পাছতো তেওঁ বেছিভাগ সময় আনমনা, অস্থিৰ আৰু কেতিয়াবা বিমৰ্ষ আছিল। বন্ধুহঁতে হৈ-হাল্লা কৰি উৎফুল্ল হৈ থকা সময়ত তেওঁ দূৰণিৰপৰাই সেই দৃশ্য চাই থাকে নাইবা ঘৰৰ এচুকত চকী এখনত মনে মনে বহি থাকে। কেতিয়াবা আঁঠুটোতে মূৰটো গুজি থয়। বিভিন্ন সংঘ আৰু সংগঠনৰ লগত হীৰেন ভট্টাচাৰ্য হীৰেন ভট্টাচাৰ্যই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তেই অসমত গণনাট্য সংঘৰ প্ৰভাৱ প্ৰতিফলিত হৈছিল। ১৯৫৪ চনৰ পৰা তেওঁ গণনাট্য সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। গুৱাহাটী মহানগৰীৰ কাৰ্যকৰী সমিতিৰো তেওঁ এজন সদস্য হৈ পৰে। বামপন্থী ধাৰাৰ বাহক হিচাপে গণনাট্য সংঘৰ ভূমিকা আৰু কাৰ্যপ্ৰণালীয়ে সেইসময়ৰ প্ৰায় সকলো লেখক আৰু শিল্পীকে একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। সেই বাতাৱৰণৰ ফলত এখন মঞ্চৰ সৃষ্টি হৈছিল। বিশিষ্ট শিল্পী হেমাংগ বিশ্বাস আছিল এইখন মঞ্চৰ অন্যতম চালিকা শক্তি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা হাজৰিকা, হীৰেন চৌধুৰী, জয়ন্ত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যৰ সক্ৰিয় সহযোগে এই অনুষ্ঠানক এক নতুন গতি প্ৰদান কৰিছিল। ১৯৬২ চনত বেণু মিশ্ৰ এইখন মঞ্চৰ সদস্য হয়। অধ্যাপক অনন্ত লহকৰ, উমেশ ভট্টাচাৰ্য, চিত্ৰকৰ দিবাকৰ চৌধুৰী, বেণু মিশ্ৰ, প্ৰভাত দত্ত আৰু হীৰেন ভট্টাচাৰ্য এই আটাইকেইজন পৰস্পৰৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হয় আৰু এটা Core Group হিচাপে বিবেচিত হয়। ১৯৬৪-৬৫ চনৰ ভিতৰত হীৰেন ভট্টাচাৰ্য "অসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘ"ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। এই সংঘৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ বৰ আন্তৰিকতাৰে কাম কৰিছিল। সংঘৰ প্ৰথমজন সভাপতি আছিল ত্ৰৈলোক্যনাথ গোস্বামী, দ্বিতীয়জন আছিল প্ৰসন্নলাল চৌধুৰী আৰু তৃতীয়জন আছিল নৱকান্ত বৰুৱা। বৰ্তমানৰ আমবাৰীত থকা অসম গণ পৰিষদৰ কাৰ্যালয়ৰে "মংগল বেৰেক" নামৰ এলানি ঘৰৰে এটা কোঠাত এই সংঘৰ কাম-কাজ চলিছিল। দুই-এজন ব্যক্তিৰ অৰ্থ-সাহায্যত 'লুইত' নামৰ আলোচনী এখনৰ কামো তেওঁলোকে সম্পূৰ্ণ কৰি উলিয়াইছিল। আলোচনীখন সম্পাদনা কৰিছিল কেশৱ মহন্তই। উল্লেখযোগ্য যে,এনেবোৰ সাহিত্য-সংস্কৃতি বিষয়ক কামৰ জৰিয়তে আহৰণ কৰা ৫০০০ টকাৰ এক আৰ্থিক সহায় বিষ্ণু ৰাভালৈ আগবঢ়োৱা হৈছিল। চাকৰিকাল ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায়। কোনোবা এজনৰ পৰা লাভ কৰা খবৰ অনুসৰি, বোৰ্কা হাইস্কুলত শৰৎচন্দ্ৰ গোস্বামী আছে। গতিকে হীৰেন ভট্টাচাৰ্যৰো তাতেই শিক্ষকৰ চাকৰি এটা হ'ব। বোৰ্কাত সাংবাদিক আৰু গল্পকাৰ সদা শইকীয়াই নিজৰ কোঠালিতে তেওঁক ৰখোৱাৰ ব্যৱস্থা কৰি দিলে। তেওঁ ক'লে-" আপুনি আহিলে বৰ ভাল হ'ল। ময়ো ইয়াত বৰ অকলশৰে থাকো। " স্কুলৰ সময়খিনি স্কুলতেই পাৰ হয়। বাকীখিনি সময়ত মানুহক লগ ধৰা, কথা-বতৰা হোৱা, সমস্যাৰ বুজ লোৱা, গাঁৱৰ শিপিনীৰ বাবে সূতা কিনা আদি অনেক কাম। কেতিয়াবা মৰ্টন এগাল কিনি গাঁৱৰ ল'ৰা-ছোৱালীৰ মাজত বিলাই দিয়ে। ইতিমধ্যেই গীতিকাৰৰূপে অলপ-অচৰপ পৰিচিত হৈ উঠা হীৰেন ভট্টাচাৰ্যক বোৰ্কাৰ মানুহে বৰ মৰম দিলে। উল্লেখযোগ্য যে, এইখিনি সময়তে তেওঁ কমিউনিজমত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। শিক্ষক হিচাপে তেওঁৰ বিশেষ দক্ষতা নথকা সত্ত্বেও ছাত্ৰ-ছাত্ৰীয়ে তেওঁক আৱৰি ধৰি বৰ আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছিল। ল'ৰাবোৰ নিশ্চুপ হৈ থাকিলে হীৰেন ভট্টাচাৰ্যই কৈ উঠে-"তোমালোক ইমান মনে-মনে আছা কিয়? চিঞৰ-বাখৰ কথা। আমাৰ দিনতো আমি চিঞৰ-বাখৰ কৰিছিলোঁ। " শ্ৰেণীকোঠাত তেতিয়া হাঁহিৰ ৰোল উঠে। ব্ৰঙ্কাইটিছে তেওঁক মাজে-সময়ে আমনি দিয়ে। অথচ তেওঁ চিগাৰেট হুঁপিবলৈ নেৰে। এটাৰ পাছত এটাকৈ লেথাৰি নিছিগাকৈ তেওঁ চাৰমিনাৰ জ্বলাই যায়। কাহি কাহি মানুহজন ভাগৰি যোৱাৰ পাছত সদা শইকীয়াই আহি তেওঁৰ পিঠিত আৰু বুকুত হেঁচা মাৰি ধৰি সকাহ দিবলৈ চেষ্টা কৰে। হীৰেন ভট্টাচাৰ্যই বোৰ্কাত এবছৰ শিক্ষকতা কৰিলে। পিছৰ বছৰ তেওঁ ঘৰলৈ উভতি আহিল। বোৰ্কাৰ চাকৰি বাদ দি তেওঁ কিছুদিনৰ বাবে কাপোৰৰ দোকান এখনত ছেলছমেনৰ চাকৰিও কৰিছিল। সাহিত্যিক অৱদান বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ'দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায়। কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগ্ৰহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জ্বল দিশ। ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়। প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল'ৰা ধেমালি আৰু অকণ ধেমালি প্ৰকাশ কৰে। ‘চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল। তেখেতৰ একমাত্ৰ গীতৰ সংকলন হল তোমাৰ গান (১৯৭২)। তেখেতে সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন। তেওঁৰ প্ৰকাশিত কাব্য-সংকলনসমূহ হ'ল: মোৰ দেশ মোৰ প্ৰেমৰ কবিতা বিভিন্ন দিনৰ কবিতা কবিতাৰ ৰ'দ সুগন্ধি পখিলা শইচৰ পথাৰ মানুহ মোৰ প্ৰিয় বৰ্ণমালা ভালপোৱাৰ বোকা-মাটি ভালপোৱাৰ দিক্‌চৌ বাটেৰে বাচকবনীয়া কবিতা সুগন্ধি শিপা শিপাৰ পৰা পাতলৈ কেইটামান গান জোনাকী মন ও অন্যান্য (বঙালী) শস্যেৰ মাঠ ও অন্যান্য (বঙালী)() শিশুৰ বাবে ৰচনা কৰা সংকলনসমূহ হ'ল: ল'ৰা ধেমালি আকৌ ধেমালি ৰৈ ৰৈ ধেমালি। হীৰেন ভট্টাচাৰ্যৰ ব্যক্তিত্ব আৰু কবিতাৰ সম্পৰ্কে সমালোচনা অসমৰ যশস্বী সাহিত্য-সমালোচক ড॰ হীৰেন গোহাঁইয়ে হীৰেন ভট্টাচাৰ্যৰ জীৱন সম্পৰ্কে কৈছে তেওঁৰ এটা বিশেষ কবিতা ধানে যেতিয়া থোৰ মেলেৰ সমালোচনা কৰি ড॰ হীৰেন গোহাঁয়ে কৈছে যে বিশিষ্ট লেখিকা ড॰ মালিনী গোস্বামীয়ে '৭৫ত লিখা এটা বহুজনসমাদৃত কবিতা অসম্ভৱ অনুবাদৰ বিষয়ে মত আগবঢ়াই এইদৰে- অসমীয়া সাহিত্যৰ অন্যতম সমালোচক হীৰেন্দ্ৰ নাথ দত্তৰ মতে- হীৰেন ভট্টাচাৰ্যই শইচৰ পথাৰ আৰু মানুহক বিষয় কৰি অনেক স্মৰণীয় কবিতা আৰম্ভণিৰেপৰাই লিখি আহিছিল। ২০০৯ চনত লিখিত এটা কবিতা শব্দশস্যৰে বৈ আহিছে আকাশৰ সমালোচনা আগবঢ়াই বিশিষ্ট সমালোচক ড॰ আনন্দ বৰমূদৈয়ে কৈছে যে- কবিৰ এটা বিশেষ কবিতা শৰ-সন্ধানৰ সম্পৰ্কে সন্মানীয় সমালোচক ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে অভিমত ব্যক্ত কৰে এইদৰে- মৃত্যু ২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে। অন্যান্য মেক্সিম গৰ্কীৰ শতবাৰ্ষিকীত লিখা কবিতা, জ্যোতিপ্ৰসাদৰ সোঁৱৰণীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰোগ্য কামনাত, পুনৰ ৰাভাদেউৰ বিয়োগত, পাবলো নেৰুদাৰ স্মৰণত তেখেতে কেইবাটাও কবিতা ৰচনা কৰিছিল। তেখেতে ভাৰতীয় গণনাট্য সংঘত তেওঁ ৫০ৰ দশকতে সক্ৰিয়ভাৱে জড়িত হৈছিল। তাতেই তেওঁ হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ব্যক্তিক লগ পাইছিল। ১৯৮৬ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ তেখেত সভাপতি আছিল। বঁটা আৰু পুৰস্কাৰ তেওঁৰ সাহিত্য কৰ্মৰ ওপৰত শ্ৰদ্ধা জনাই তেখেতক নিম্নোক্ত বঁটাসমূহৰে সন্মান জনোৱা হয়: ১৯৭৬-'বিভিন্ন দিনৰ কবিতা' গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা। ১৯৮৫- 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা। ১৯৮৭- 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে চোভিয়েট দেশ নেহেৰু বটাঁ। ১৯৯২- 'শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা, উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ 'সৌহাদ্য সন্মান'। ১৯৯৩- 'শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ 'বজালিনী বঁটা'। ২০০০- উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ 'অসম উপত্যকা সাহিত্য বঁটা'। ২০০৯- অসম চৰকাৰৰ গণেশ গগৈ বঁটা। ২০১২- মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ। তথ্য সংগ্ৰহ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া কবি অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসম উপত্যকা সাহিত্য বঁটা বিজয়ী
2347
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%98%E0%A7%8B%E0%A6%B7%E0%A6%BE
কীৰ্তন-ঘোষা
কীৰ্তন-ঘোষা হৈছে আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়। প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল। কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল। শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক 'কীৰ্তন ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে। সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে। ইতিহাস চৰিত পুথিৰ মতে জগদীশ মিশ্ৰৰ পৰা শ্ৰীধৰী টীকা সম্বলিত 'ভাগৱত' গ্ৰন্থ পোৱাৰ আগতেই শঙ্কৰদেৱে কীৰ্তন ৰচনা কৰিবলৈ লয়। গুৰুজনাৰ জীৱনকালত কীৰ্তনৰ বিভিন্ন খণ্ড বৰদোৱাৰ পৰা কোচবিহাৰলৈকে বেলেগ বেলেগ ঠাইত পৃথক পুথিৰূপে প্ৰচলিত আছিল। শঙ্কৰদেৱৰ প্ৰয়াণৰ পিছত মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামচৰণ ঠাকুৰে সেইবোৰ সংগ্ৰহ কৰি এখন সুকীয়া গ্ৰন্থত পৰিণত কৰে। শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ড০ মহেশ্বৰ নেওগদেৱে শংকৰী সাহিত্যৰ এটি কালানুপাত বিভাজন কৰিছে। তেখেতৰ মতে খণ্ডবোৰৰ ৰচনাকাল এনেধৰণৰ- আদি বা বাৰভূঞা ৰাজ্যত কটোৱা কাল (১৪৩৮ শকলৈকে): এই সময়ত শঙ্কৰদেৱে হৰমোহন, অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত, বলিছলন আদি ৰচনা কৰে। মধ্য বা অসম ৰাজ্যত কটোৱা কাল (১৪৩৮ৰ পৰা ১৪৬৫ শকলৈকে): এই সময়ছোৱাত শঙ্কৰদেৱে পাষণ্ড মৰ্দন, নাম-অপৰাধ, শিশুলীলা আদি খণ্ড ৰচনা কৰে। শেষ বা কোচ ৰাজ্যত কটোৱা কাল (১৪৬৫ৰ পৰা ১৪৯০ শক): এই সময়ত জৰাসন্ধ বধ, কালযবন বধ, স্যামন্তক হৰণ আদি ৰচনা কৰে। অধ্যায়সমূহ কীৰ্তন ঘোষাত শঙ্কৰদেৱৰদ্বাৰা ৰচিত ২৭টা অধ্যায় সন্নিৱিষ্ট হৈছে। প্ৰকাশিত পুথিত থকা “সহস্ৰ নাম বৃত্তান্ত’’ আৰু “ঘুনুচা কীৰ্ত্তন’’ ক্ৰমে ৰত্নাকৰ কন্দলি, শ্ৰীধৰ কন্দলি আৰু মাধৱদেৱে ৰচনা কৰা (কোনো কোনো পণ্ডিতৰ মতে)। অধ্যায়সমূহ হ’ল: চতুৰ্বিংশতি অৱতাৰ বৰ্ণন নাম অপৰাধ পাষণ্ড মৰ্দন ধ্যান বৰ্ণন অজামিল উপাখ্যান প্ৰহ্লাদ চৰিত, গজেন্দ্ৰ উপাখ্যান হৰমোহন বলিছলন শিশুলীলা ৰাসক্ৰীড়া কংস বধ গোপী-উদ্ধৱ সংবাদ কুঁজীৰ বাঞ্চা পূৰণ অক্ৰুৰৰ বাঞ্চা পূৰণ জৰাসন্ধৰ যুদ্ধ কালযবন বধ মুচুকুন্দৰ স্তুতি স্যামন্তক হৰণ নাৰদৰ কৃষ্ণ দৰ্শন বিপ্ৰ পুত্ৰ আনয়ণ বিপ্ৰ দামোদৰ আখ্যান দৈৱকীৰ পুত্ৰ আনয়ণ বেদস্তুতি কৃষ্ণলীলা মালা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ উৰেষা বৰ্ণন ভাগৱতৰ তাৎপৰ্য্য বিষয়বস্তু আৰু আধাৰ গ্ৰন্থ কীৰ্তনৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি খণ্ডবোৰক তিনি ভাগত ভাগ কৰা হৈছে। লীলা বিষয়ক লীলাহীন প্ৰাৰ্থনা, তত্ত্ব আৰু ব্যৱস্থা প্ৰধান অন্য কাহিনী আৰু তীৰ্থ ব্যৱস্থা প্ৰধান হিন্দুৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ সংস্কৃত ভাষাত ৰচিত কাৰণে সেইবিলাক সাধাৰণ জনসাধাৰণৰ বোধগম্য কৰিবৰ কাৰণে মহাপুৰুষ শঙ্কৰদেৱে মূলতঃ ভাগৱত, পদ্মপুৰাণ, বামন পুৰাণ, বৃহন্নাৰদীয় পুৰাণ, সুত-সংহিতা, বিষ্ণু ধৰ্মোত্তৰ আগম আৰু অন্যান্য পুৰাণ-উপপুৰাণৰ পৰা সাৰ সংগ্ৰহ কৰি এই গ্ৰন্থ ৰচনা কৰিছিল। কীৰ্তন ঘোষা খণ্ডবিলাকৰ ক্ৰম সুপৰিকল্পিত। প্ৰথমে ভগৱানৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে। তাৰ পিছত পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে। ধ্যান বৰ্ণনাত ভগৱানৰ সৌম্য-শান্ত মূৰ্তিৰ বৰ্ণনা দিছে। নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ লাভ কৰে তাৰ আভাস দিছে অজামিল উপাখ্যানত। 'ভকতৰ ভয় আছে কৈত' ইয়াক দেখুৱাইছে প্ৰহ্লাদ চৰিত নামৰ খণ্ডত। সংকট কালত যে হৰি নামেই একমাত্ৰ পৰিত্ৰাণৰ উপায় তাক দেখুৱাইছে গজেন্দ্ৰোপাখ্যানত। বলিছলনত অহংকাৰি বলিৰ দৰ্প চূৰ্ণ কৰিছে। ইয়াৰ পিছত শিশু লীলৰ পৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈ এই খণ্ড কেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্মা বৰ্ণনা কৰিছে। কোনো কোনো পণ্ডিতে কীৰ্তনক "প্ৰবন্ধগীত সংকলন" বুলি অভিহিত কৰিছে অৰ্থাৎ পৰস্পৰ সমন্ধযুক্ত গীতৰ সমষ্টি আৰু এটা গীতৰ ভাৱ স্বয়ংসম্পূৰ্ণ নহয়। ৰচনা শৈলী ভাষা তথ্যসূত্ৰ অসমীয়া সাহিত্য হিন্দু ধৰ্ম গ্ৰন্থ শংকৰদেৱ ভক্তি আন্দোলন
2350
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%89%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%A5%E0%A7%80%20%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A6%A0%E0%A6%A8%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
ভাৰতীয় উগ্ৰপন্থী সংগঠনসমূহৰ তালিকা
নিষিদ্ধ সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন নেছ'নেল ডেম'ক্ৰেটিক ফৰ্ণ্ট অৱ বড়োলেণ্ড (এন ডি এফ বি) নেছ'নেল ডেম'ক্ৰেটিক ফৰ্ণ্ট অৱ বড়োলেণ্ড (এন ডি এফ বি (এছ)) অসম সংযুক্ত মুক্তি বাহিনী (আলফা) সক্ৰিয় সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন নেছ'নেল ছ'চিঅলিষ্ট কাউনছিল অফ নগালেণ্ড-ইচাক মুইভা (এন এছ চি এন-আই এম) নগা নেছ'নেল কাউনছিল-ফেডাৰেল (এন এন চি এফ) নেছ'নেল কাউনছিল অফ নগালেণ্ড-খাপলং পিপুলচ লেবৰেছন আৰ্মি কাংলেই য়াৱোল কান্না লুপ (কে ৱাই কে এল) জোমি লিভ'লুশ্বনেৰি ফ'ৰ্ণ্ট পিপ'লছ ৰিভ'লুছ'নেৰী পাৰ্টি অব কাংলেইপাক (প্ৰিপাক) আদিবাসি ক'ব্ৰা ফৰ্চ (এ এফ চি) ডিমা হালিম ডাওগাহ (ডি এইচ ডি) হামাৰ পিপোল'চ কনভেনশ্বন-ডেম্ৰ'ক্ৰেচি (এইচ পি চি-ডি) কমতাপুৰ লেবাৰশ্বন অ'ৰগনাইজেশ্বন (কে এল অ') ইউনাইটেত পিপোল'চ ডেম্ৰ'ক্ৰেটিক চ'লিডাৰ্টি (ইউ পি ডি এচ) অসক্ৰিয় সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন আদম সেনা (এ এচ) আদিভাষি চিক'ৰিটি ফৰ্চ (এ এচ এফ) সদৌ অসম আদিভাষি সুৰক্ষা সমিতি (এ এ এ এচ এচ) বৰাক উপত্যকা যুৱ মুক্তি বাহিনী (বি ভি ৱাই এল এফ) বড়ো লেবাৰেছন টাইগাৰ (বি এল টি) গোৰ্খা টাইগাৰ ফৰ্চ (জি টি এফ) হাৰকুট-উল-জেহাদ হাৰকুট-উল-মুজাহিডীড ইছলামিক লেবাৰেশ্বন অৰ্মি অৱ আসাম (আই এল এ এ) ইছলামিক সেৱক সংঙ্ঘ (আই এছ এছ) ইছলামিক ইউনাইটেড ৰিফ'ৰমেশ্বন প্ৰ'টেষ্ট অৱ ইণ্ডিয়া (আই ইউ আৰ পি আই) কাৰ্বি নেশ্বনেল ভ'লেণ্টৰি (কে এন ভি) কাৰ্বি পিপ'লছ ফণ্ট (কে পি এফ) কোচ-ৰাজবংশী মুক্তি সংগঠন (কে আৰ এল অ') মুছলিম লেবাৰেশ্বন আৰ্মি (এম এল এ) মুছলিম চিক'ৰিটি কাউনছিল অৱ আসাম (এম এছ চি এ) মুছলিম চিক'ৰিটি ফৰ্চ (এম এছ এফ) মুছলিম টাইগাৰ ফৰ্চ (এম টি এফ) মুছলিম ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট অৱ আসাম (মালফা) মুছলিম ভ'লেণ্টেৰি ফৰ্চ (এম ভি এফ) পিপ'ল'ছ ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট (পি ইউ এল এফ) ৰাভা নেশ্বনেল ছিক'ৰিটি ফৰ্চ (আৰ এন এছ এফ) ৰিভোলেশ্বনেৰী মুছ্লিম কামাণ্ড' (আৰ এম চি) তিৱা নেশ্বনেল ৰিভোলেশ্বনেৰী ফৰ্চ (টি এন আৰ এফ) ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট অৱ বৰাক ভেলি ইউনাইটেড লেবাৰেশ্বন মিলিটাই অৱ আসাম (ইউ এল এম এ) ইউনাইটেড মুছলিম লেবাৰেশ্বন ফৰ্ণ্ট অৱ আসাম (ইউ এম এল এফ এ) তথ্য সংগ্ৰহ ভাৰত ভাৰত সম্পৰ্কীয় তালিকা সন্ত্ৰাসবাদ
2468
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF
অসমীয়া সাহিত্য
অসমীয়া সাহিত্যক লিখিত পৰম্পৰাৰ পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি। যেনে- চৰ্যাপদ প্ৰাক্ বৈষ্ণৱ সাহিত্য বৈষ্ণৱ সাহিত্য পাঁচালী সাহিত্য চৰিত পুথি আৰু বংশাৱলী বুৰঞ্জী সাহিত্য আৰু আহোম যুগৰ সাহিত্য আধুনিক অসমীয়া সাহিত্য চৰ্যাপদ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়। চৰ্যাপদবোৰ বৌদ্ধ ধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল। ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলে। চৰ্যাপদবোৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে। প্ৰাক শঙ্কৰী যুগ অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হয় ১৪শ শতিকাত ৰচিত হেম সৰস্বতী 'প্ৰহ্লাদ চৰিত' পুথিৰ জৰিয়তে। আনহাতে ১৪শ শতিকাত মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে। আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ ভিতৰত এইখনেই প্ৰথম ৰামায়ণ। ৰুদ্ৰ কন্দলিয়ে মহাভাৰতৰ 'দ্ৰোণ পৰ্ব' অনুবাদ কৰে। ১৫শ শতিকাত সৃষ্টি হয় দুৰ্গাবৰৰ 'গীতি ৰামায়ণ', একেদৰে পীতাম্বৰ আৰু মনকৰেও পুৰাণৰ পৰা যথেষ্ট সংখ্যক গীত অনুবাদ কৰে। এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে। বৈষ্ণৱ যুগ ১৫শ শতিকাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে সংস্কৃত সাহিত্যৰ পৰা অনেক সাহিত্য অনুবাদ কৰাৰ লগতে স্বকীয়ভাৱেও অনেক সাহিত্য সৃষ্টি কৰিছিল। কীৰ্তন-ঘোষা, ভক্তি-প্ৰদীপ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান আৰু বলি চলন, দশম আদি উল্লেখযোগ্য। ৰাম সৰস্বতীয়ে অনুবাদ কৰে মহাভাৰতৰ বিভিন্ন কাণ্ডসমূহ আৰু বিভিন্ন পুৰাণ-উপপুৰাণৰ পৰা সংগ্ৰহিত 'বধ কাব্যসমূহ'। মাধৱদেৱৰ 'ৰাজসুই যজ্ঞ' আদি এই সময়ৰ অন্যান্য লেখত ল'ব লগিয়া গ্ৰন্থ। এই সময়তে ভট্টদেৱে প্ৰথম বাৰৰ কাৰণে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰে। তেওঁৰ 'কথা-গীতা', 'কথা-ভাগৱত' অন্যতম। শঙ্কৰোত্তৰ যুগ অসমৰ আহোম ৰাজত্বৰ সময়তো অসমীয়া সাহিত্যৰ যথেষ্ট সংখ্যক নতুন নতুন সাহিত্যৰ সৃষ্টি হৈছিল। আহোম যুগত সৃষ্টি হৈছিল বুৰঞ্জী সাহিত্যসমূহ। ইয়াৰ উপৰিও আহোম যুগৰ অন্যতম সৃষ্টি আছিল ব্যৱহাৰিক সাহিত্যসমূহ। জ্যোতিষ, চিকিৎসা, গণিত, সঙ্গীত আদি বিভিন্ন বিষয়ত এই গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল। শঙ্কৰোত্তৰ যুগত চৰিত সাহিত্যসমূহো সৃষ্টি কৰা হৈছিল। কথা গুৰু চৰিত এই সময়ৰ অন্যতম সৃষ্টি। ইয়াৰ উপৰিও দামোদৰ চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত আদি চৰিত পুথি পোৱা যায়। ৰোমাণ্টিক যুগৰ সাহিত্য : অৰুণোদই যুগ আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন, মাইলছ‌ ব্ৰনচন আদিৰ প্ৰচেষ্টাত অসমীয়া ভাষাত প্ৰকাশ কৰা অৰুণোদয় (১৮৪৬) আলোচনীৰ সময়ৰ পৰাই আৰম্ভ হয়। ইয়াৰ আগতে ১৮১৩ চনত মিছনেৰীসকলৰ উদ্যোগতে আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ অনুবাদ কৰে। এইখনেই অসমীয়া ভাষাত প্ৰথম ছপা পুথি। সেইসময়তে নাথান ব্ৰাউনে ৰচনা কৰে 'গ্ৰামাটিকেল নটিচেছ অৱ দ্যা আছামিছ লেংগুৱেজ' (১৮৪৮), মাইলছ ব্ৰনছ্নে ৰচনা কৰে 'অসমীয়া-ইংৰাজী অভিধান' (১৮৬৭) আৰু ১৮৩৯ চনত অন্য এজন মিছনেৰী ডব্লিও.ৰবিনচনে ৰচনা কৰে ইংৰাজীত প্ৰথম অসমীয়া ব্যাকৰণ 'এ গ্ৰামাৰ অৱ আছামিছ লেংগুৱেজ'। ১৯শ শতিকাত অসমীয়া সাহিত্যই এক নতুন ধাৰাৰে আগবাঢ়ে। এই সময়তে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ 'অসমীয়া ব্যাকৰণ' (১৮৯৫) ৰচনা কৰে। আৰু অসমীয়া ভাষাৰ প্ৰথম অভিধান 'হেমকোষ' (১৯০০) ৰচনা কৰে। এই সময়তে প্ৰকাশ পায় অসমীয়া সংবাদ পত্ৰ 'আসাম বন্ধু' (১৮৮৫)। আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা এই সময়ৰ উল্লেখযোগ্য ব্যক্তি। গুণাভিৰাম বৰুৱাৰ 'ৰাম-নৱমী' (১৮৫৭) আৰু হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়াৰ-কীৰ্তন' (১৮৬১) উল্লেখ্যযোগ্য গ্ৰন্থ। কলিকাতাত পঢ়িবলৈ গৈ চন্দ্ৰ কুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮), লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৭-১৯৩৮) আৰু হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮)ৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা 'জোনাকী' (১৮৮৯) আলোচনীৰ সময়ৰ পৰাই আধুনিক অসমীয়া সাহিত্যলৈ সম্পূৰ্ণভাৱে ৰোমাণ্টিক কবিতা, চুটিগল্প, নাটক, উপন্যাস, ৰসৰচনা, আত্মজীৱনী, জীৱনী আদিৰ সৃষ্টি হয়। এই সময়তে চন্দ্ৰ কুমাৰ আগৰৱালাৰ 'প্ৰতিমা' (১৯১৩)আৰু 'বীণ-বৰাগী' (১৯২৩) নামৰ দুখন কবিতা পুথি প্ৰকাশ পায়। বেজবৰুৱাই প্ৰকাশ কৰে 'কদমকলি' (১৯১৩) আৰু 'পদুমকলি'। হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট সৃষ্টিৰে ৰচনা কৰে কবিতা সংকলন 'ফুলৰ চাকি' (১৯০৭)। ইয়াৰ বাহিৰেও এই সময়তে সাহিত্যৰ অন্যান্য দিশতো যথেষ্ট সংখ্যক অৱদান আগবঢ়ায়। ইয়াৰ পিছতে যথেষ্ট সংখ্যক কবি নাট্যকাৰৰ জন্ম হয়। ভোলানাথ দাস (১৮৫৮-১৯২৮), কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩-১৯২৭), হিতেশ্বৰ বৰবৰুৱা (১৮৭৬-১৯৩৯), বেণুধৰ ৰাজখোৱা (১৮৭২-১৯৩৫), ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৬) আদিয়ে যথেষ্ট সংখ্যক কবিতা পুথি ৰচনা কৰে। আধুনিক অসমীয়া উপন্যাসৰ ধাৰাটো আৰম্ভ কৰে ৰজনীকান্ত বৰদলৈয়ে (১৮৬৭-১৯৩৯)। তেওঁৰ উল্লেখ্যযোগ্য সৃষ্টি হ'ল 'মিৰিজীয়ৰী'(১৮৯৫), 'মনোমতী' (১৯০০), 'দন্দুৱা দ্ৰোহ' (১৯০৯) আৰু 'ৰহদৈ লিগিৰী' (১৯৩০)। পদ্মনাথ গোহাঞি বৰুৱাৰ (১৮৭১-১৯৪৬) কবিতা পুথি 'ফুলৰ চানেকি', 'জুৰণি' (১৯০০) আৰু 'লীলা' (১৯০১) উল্লেখযোগ্য। এই সময়তে অসমীয়া অতিন্দ্ৰীয়বাদী কবিতাক জনপ্ৰিয় কৰি তোলে ক্ৰমে দুৰ্গেশ্বৰ শৰ্মা (১৮৮২-১৯৬১) আৰু নলিনীবালা দেৱীয়ে (১৮৯৮-১৯৭৮)। ওমৰ খায়াম অসমীয়ালৈ অনুবাদ কৰে যতীন্দ্ৰনাথ দুৱৰাই (১৮৯২-১৯৭৮)। অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা এই সময়ৰ অন্যান্য কবিসকল আছিল ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩), পাৰ্বতী প্ৰসাদ বৰুৱা (১৯০৪-১৯৬৪), পদ্মধৰ চলিহা (১৮৯৫-১৯৬৮),জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১), প্ৰসন্নলাল চৌধুৰী(১৯০২), বিনন্দ চন্দ্ৰ বৰুৱা (১৯০৩) আৰু দেৱকান্ত বৰুৱা (১৯১৪) অন্যতম। দেৱকান্ত বৰুৱাৰ 'সাগৰ দেখিছা' কাব্য পুথি অসমীয়া ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ যুগসন্ধিৰ কবিতা বুলিব পাৰি। আধুনিক যুগৰ সাহিত্য দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিলে। এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস সকলোফালে নতুনত্বয় দেখা দিলে। চৈয়দ আব্দুল মালিক, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ভবেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, হিতেশ ডেকা, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, মামণি ৰয়চম গোস্বামী আদিৰ গল্প আৰু উপন্যাসে আধুনিক সাহিত্যৰ ভৰাঁল চহকী কৰে। কবিতাৰ ক্ষেত্ৰত হীৰেন ভট্টাচাৰ্য, অজিত বৰুৱা, হৰেকৃষ্ণ ডেকা, নীলমণি ফুকন (কনিষ্ঠ), নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীধৰ ভট্টাচাৰ্য, ধীৰেন্দ্ৰনাথ দত্ত, ৰাম গ‍গৈ আদি উল্লেখ্যযোগ্য। ইয়াৰ লগে লগে ন-ন প্ৰতিভাৱান সাহিত্যিকৰ সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকী কৰি তুলিছে। বাহ্যিক সংযোগ অসমীয়া সাহিত্যৰ ইতিহাস সম্পৰ্কীয় এটা টোকা। অসমীয়া গীত সহিত্য, বিয়ানাম, লেখক-ডিম্বেশ্বৰ নেওগ, আমি অসমীয়া ৱেবছাইট। সাহিত্য অসমীয়া সাহিত্য
2484
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B2%20%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A7%8D%E0%A6%B8
কাৰ্ল মাৰ্ক্স
কাৰ্ল হেনৰিখ মাৰ্ক্স (৫ মে' ১৮১৮ – ১৪ মাৰ্চ ১৮৮৩) এজন জাৰ্মান দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী আছিল। শৈশৱ ১৮১৮ চনৰ ৫ মে তাৰিখে জাৰ্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্ৰায়াৰ চহৰত কাৰ্ল মাৰ্ক্সৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ হেনৰিখ আৰু হেনৰিয়েট মাৰ্ক্স দুয়োজনেই ইহুদী ধৰ্মযাজক পৰিয়ালৰ বংশধৰ আছিল। কিন্তু ১৮১৭ চনত তেওঁলোকে ইহুদী ধৰ্ম পৰিত্যাগ কৰি খৃষ্টান ধৰ্ম গ্ৰহণ কৰে। সেইসময়ত প্ৰুছিয়াৰ ইহুদী বিৰোধী চৰকাৰী নিয়ম-কানুনসমূহ যথেষ্ট কাঢ়া আছিল; আনকি ইহুদীসকলে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই জাতীয় বাধাসমূহৰ পৰা ৰক্ষা পাবলৈকে মাৰ্ক্স দম্পত্তীয়ে ইহুদী ধৰ্ম পৰিত্যাগ কৰিছিল বুলি জনা যায়। অৱশ্যে প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান সাম্ৰাজ্যৰ আন আন অঞ্চলৰ বিপৰীতে ৰাইনলেণ্ড ৰাজনৈতিক তথা অৰ্থনৈতিকভাৱে যথেষ্ট আগবঢ়া আছিল। বিশেষকৈ ফৰাচী বিপ্লৱৰ আমূল পৰিবৰ্তনকামী চিন্তা-চৰ্চাই অঞ্চলটো দকৈ ছুই গৈছিল। এনে এক তুলনামূলকভাৱে মুক্ত পৰিবেশতে মাৰ্ক্সৰ শৈশৱ অতিবাহিত হৈছিল। পেছাত এজন সফল আইনজীৱি হেনৰিখ মাৰ্ক্স উদাৰবাদী চিন্তাৰ লোক আছিল। তেওঁৰ নাতিনী অৰ্থাৎ কাৰ্ল মাৰ্ক্সৰ জীয়ৰী এলেন’ৰৰ ভাষাত ‘মোৰ ককাদেউতা আছিল ১৮ শতিকাৰ এজন প্ৰকৃত ফৰাচী ভদ্ৰলোক; ৰুছো আৰু ভল্টেয়ৰ তেওঁৰ কণ্ঠস্থ আছিল’। দেউতাকৰ সৈতে মাৰ্ক্সৰ সম্পৰ্ক আছিল অতিশয় মধুৰ। মৃত্যু পৰ্যন্ত দেউতাকৰ ছবি এখন মাৰ্ক্সে সযতনে লগত লৈ ফুৰিছিল। সুখ আৰু সমৃদ্ধিৰে ভৰা এক মধ্যবিত্তীয় পৰিবেশত মাৰ্ক্সৰ শৈশৱ অতিবাহিত হয়। ত্ৰায়াৰ চহৰতেই তেওঁ পঢ়াশুনা আৰম্ভ কৰে আৰু পৰিয়ালৰ বন্ধু তথা প্ৰুছিয়ান ৰাষ্ট্ৰৰ প্ৰশাসনিক বিষয়া চাৰ্ভেণ্ট বেৰণ লুদৱিগ ভন ৱেষ্টফালেনৰ তত্ত্বাৱধানত তেওঁ ত্ৰায়াৰ উচ্চ বিদ্যালয়ৰ পৰা ধ্ৰুপদী শিক্ষা লাভ কৰে। পাছলৈ এই লুদৱিগৰে দুহিতা জেনী ভন ৱেষ্টফালেনক মাৰ্ক্সে বিয়া কৰায়। অৱশ্যে স্কুলীয়া সময়ছোৱাত মাৰ্ক্সে কোনো বিশেষ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল। লুদৱিগৰ প্ৰভাৱতেই মাৰ্ক্সে হোমাৰ তথা শেক্সপীয়েৰৰ ৰচনাৱলী পঢ়িবলৈ ললে। শিক্ষা আৰু প্ৰেম ১৮৩৫ চনত উচ্চশিক্ষাৰ বাবে মাৰ্ক্সে বন বিশ্ববিদ্যালয়লৈ গমন কৰিলে। প্ৰথমতে দেউতাকৰ দৰে এক মধ্যবিত্তীয় কেৰিয়াৰ গঢ়ি তোলাই তেওঁৰ উদ্দেশ্য আছিল। কিন্তু অচিৰেই আন আন ডেকা বন্ধুসকলৰ সংগত পৰি ল’ৰাটিয়ে মদ খাই, ধাৰ কৰি, কাজিয়াত মত্ত হৈ সময় কটাবলৈ ললে! এবাৰ সুৰাত ৰাগীত মাৰপিট কৰি মহাশয়ে আনকি জেলৰ ভাতো খাব লগা হৈছিল! এনে সময়তে গৰমৰ বন্ধত ঘৰলৈ আহোঁতে জেনীৰ সৈতে মাৰ্ক্সৰ দেখাদেখি হয়। ভৱিষ্যতৰ মহান দাৰ্শনিক গৰাকীয়ে এইবাৰ দিন ৰাতি একাকাৰ কৰি দীঘল দীঘল প্ৰেমৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলে। কাব্য ৰচনাৰ দিশৰ পৰা অতিশয় তৰল (কাৰো কাৰো মতে আবৰ্জনাসদৃশ! ) হোৱা সত্ত্বেও সিবিলাকে অৱশ্যে জেনীৰ হৃদয় জিনাৰ ক্ষেত্ৰত বাৰুকৈয়ে সহায় কৰিলে! সমগ্ৰ চহৰখনতে সুন্দৰী বুলি নাম থকা জেনী মাৰ্ক্সতকৈ চাৰি বছৰে ডাঙৰ হোৱাৰ লগতে সম্ভ্ৰান্ত ভন ৱেষ্টফালেন পৰিয়ালৰো জীয়ৰী আছিল। দুয়োটা পৰিয়ালৰ পৰাই মাৰ্ক্স-জেনীৰ সম্পৰ্কটোৰ বিৰুদ্ধে উজৰ আপত্তি আহিবলৈ ধৰিলে। ৱেষ্টফালেন পৰিয়ালৰ কেইবাজনো সদস্য অতিশয় প্ৰতিক্ৰিয়াবাদী আছিল; ১৮৫০ৰ দশকত জেনীৰ ককায়েক এজন প্ৰুছিয়ান মন্ত্ৰীসভাৰ সদস্য হিচাপেও মনোনীত হৈছিল। আনফালে মাৰ্ক্সৰ দেউতাকৰ মতে তেওঁৰ পুত্ৰৰ ঘৰ-সংসাৰ চলোৱাৰ ক্ষমতা তেতিয়ালৈকে বিকাশ হোৱাই নাছিল! পৰিয়ালৰ এই আপত্তিৰ বাবেই হয়তো বহু পলমকৈ ১৮৪৩ চনতহে জেনী আৰু মাৰ্ক্সৰ বিবাহ সম্পন্ন হয়। উচ্চশিক্ষা বনত এবছৰ থকাৰ পাছত ১৮৩৬ চনত মাৰ্ক্সে বাৰ্লিন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে। প্ৰথমতে তেওঁ আইনী শিক্ষাৰ কথাই ভাবিছিল যদিও লাহে লাহে দৰ্শনৰ প্ৰতি তেওঁৰ মন ঢাল খাবলৈ ধৰিলে। প্ৰেমৰ কবিতা এৰি মাৰ্ক্সে এইবাৰ ভালকৈ পঢ়াশুনাত মনোযোগ দিলে। আইনৰ দৰ্শনৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে তেওঁ দৰ্শনৰ গূঢ় জগতখনত নিমগ্ন হৈ পৰিল। অৱশেষত তেওঁ মুখামুখি হ’ল সেই সময়ৰ শ্ৰেষ্ঠ দাৰ্শনিক ফ্ৰেডৰিক হেগেলৰ দৰ্শনৰ সৈতে। হেগেলেৰ ৰচনাৱলীয়ে মাৰ্ক্সৰ হৃদয়ত তীব্ৰ মানসিক তথা বৌদ্ধিক অন্তৰ্দ্বন্দ্ব সৃষ্টি কৰিলে। বন্ধু এজনলৈ লিখা চিঠি এখনত মাৰ্ক্সে ঘোষণা কৰিলে- “হেগেলৰ ৰচনাসমূহ ৰুগ্ন, বীভৎস গদ্যৰ চূড়ান্ত নিদৰ্শন”। কিন্তু তথাপিও শেষলৈ তেওঁ হেগেলৰ অনুগামী হিচাপেই পৰিচিত হ’ল। মাৰ্ক্সৰ এই বৌদ্ধিক পৰিৱৰ্তন কোনো আকস্মিক ঘটনা নাছিল। ১৮৩০ তথা ৪০ৰ দশকত জাৰ্মান-দৰ্শনৰ জগতখন সমকালীন ৰাজনীতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। ৰাজনৈতিকভাৱে সেইসময়ত জাৰ্মানীখন বহুধাবিভক্ত আছিল; আৰ্থিক তথা সামাজিকভাৱে পিছপৰা তথা বহুতো ক্ষুদ্ৰ ৰজা মহাৰজাৰে ভৰা। সিবিলাকৰ ওপৰত আকৌ অষ্ট্ৰিয়া, প্ৰুছিয়া তথা ৰাছিয়াৰ প্ৰতিক্ৰিয়াশীল ‘পবিত্ৰ জোট’ৰ প্ৰতিপত্তি চলিছিল। কিন্তু বৌদ্ধিক দিশৰপৰা দেশখন যথেষ্ট আগুৱাই গৈছিল। ১৯ শতিকাৰ প্ৰথমছোৱা সময় জাৰ্মান দৰ্শনৰ সোণালী কাল বুলিয়েই ক’ব পাৰি; যেন সামাজিক-ৰাজনৈতিক অনগ্ৰসৰতাৰ ক্ষতিপূৰণ জাৰ্মানীয়ে বৌদ্ধিক উপলব্ধিৰ দ্বাৰাই কৰিব খুজিছিল। মাৰ্ক্সৰ ভাষাত- ‘আন আন দেশসমূহে ৰাজনৈতিকভাৱে যি উপলব্ধি লাভ কৰিছিল, সেইখিনি জাৰ্মানীয়ে কেৱল বিমূৰ্ত তত্ত্বৰ সহায়ত ভবা চিন্তাহে কৰিছিল’ (Collected Works, Vol. iii, পৃষ্ঠা ১৮১)। জাৰ্মান সমাজৰ এই অন্তৰ্বিৰোধসমূহ প্ৰতিফলিত হৈছিল দাৰ্শনিক হেগেলৰ চিন্তাধাৰাৰ মাজত। প্ৰথমতে হেগেল ফৰাচী বিপ্লৱৰ উগ্ৰ সমৰ্থক আছিল, পাছলৈ নেপোলিয়নপন্থী হৈ পৰিছিল আৰু শেহান্তৰত তেওঁ প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান ৰাষ্ট্ৰৰ পদলেহনকাৰীলৈ পৰিণত হৈছিল। হেগেলে মতপোষণ কৰিছিল যে প্ৰুছিয়ান ৰাষ্ট্ৰই হৈছে মানৱ বুদ্ধি (reason) -ৰ পৰম মূৰ্ত ৰূপ (embodiment)। ১৮৩০ৰ পৰা ১৮৪০ৰ দশকলৈকে তেওঁক প্ৰুছিয়ান ৰাষ্ট্ৰৰ চৰকাৰী দাৰ্শনিক বুলিয়েই ক’ব পৰা যায়। এই সময়ছোৱাত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সকলো বিশ্ববিদ্যালয়তে হেগেল অনুগামী দাৰ্শনিক-অধ্যাপকসকলে বিশেষ স্বীকৃতি লাভ কৰিছিল। অৱশ্যে এই অৱস্থা বেছিপৰলৈকে একেই নাথাকিল। হেগেলৰ কেতবোৰ তৰুণ অনুগামীয়ে তেওঁৰ দাৰ্শনিক সূত্ৰসমূহৰ বৈপ্লৱিক ৰূপ দিবলৈ আৰম্ভ কৰিলে। হেগেলৰ মতে, বুদ্ধিৰ আন এটা নাম হৈছে ভগবান বা পৰমাত্মা (absolute spirit)। ইতিহাস হৈছে এই পৰমাত্মাৰ ক্ৰমান্বয়ে চেতন লাভ কৰাৰ যাত্ৰা, যাৰ ফলাফল হৈছে প্ৰটেষ্টাণ্ট ৰিফৰমেছন (Protestant Reformation)। তৰুণ হেগেলবাদীসকলে এই পৰমাত্মাক ‘মানব’ বুলি পুনঃসূত্ৰায়িত কৰিলে। অৰ্থাৎ এই নতুন সূত্ৰ মতে- ইতিহাস হৈছে মানুহে ক্ৰমান্বয়ে চেতনা লাভ কৰাৰ এক যাত্ৰা মাথোঁ। এই তৰুণ হেগেলবাদীসকল বাওঁ হেগেলবাদী ৰূপেও জনাজাত হ’ল। তেওঁলোকৰ পুনঃসূত্ৰায়ণৰ ফলত হেগেলবাদী দৰ্শনৰ পৰা ভগবানৰ ধাৰণাটোৱে পলাই ফাট মেলিলে। অৱশ্যে হেগেলৰ দৰেই তেওঁলোকেও মানি ল’লে যে ৰাষ্ট্ৰ (State) বুদ্ধিৰ মূৰ্তমান ৰূপ হোৱা উচিত। কিন্তু লগতে তেওঁলোকে এই বুলিও ক’লে যে প্ৰুছিয়ান ৰাজতন্ত্ৰই এই ভূমিকা পালন কৰিব পৰা নাই। এই তৰুণ হেগেলবাদীসকল নাস্তিক, উদাৰবাদী তথা যুক্তিবাদী আছিল। প্ৰথমতে তেওঁলোকে আশা কৰিছিল যে, যুবৰাজ ফ্ৰেডৰিক ৰজা হোৱাৰ পাছত প্ৰুছিয়ান ৰাষ্ট্ৰ ব্যৱস্থাৰ কেতবোৰ গণতান্ত্ৰিক সংস্কাৰ সাধন হ’ব। পিছে ১৮৪০ চনত যুবৰাজে ৰজা হৈ পুনৰ একেই প্ৰতিক্ৰিয়াশীল নীতিসমূহ পালন কৰি যোৱাত তেওঁলোক ক্ৰমান্বয়ে যথাস্থিতি বিৰোধী তথা উগ্ৰ হৈ পৰিল। এনে সময়তে মাৰ্ক্সে হেগেলৰ দৰ্শন গ্ৰহণ কৰিলে। সেইসময়ত বাৰ্লিন ডক্টৰছ ক্লাবত প্ৰায়ে তৰুণ হেগেলবাদীসকলৰ নিয়মীয়া বৈঠক অনুষ্ঠিত হৈছিল। মাৰ্ক্সে ততালিকে ক্লাবত যোগদান কৰিলে আৰু অতি সোনকালেই মহাশয় ক্লাবৰ এজন নিয়মীয়া সদস্য হৈ পৰিল। ক্লাবৰ সভ্যসকলৰ জীৱন ধাৰণৰ একো ঠিকনা নাছিল। প্ৰায়ে মদ খাই, তৰ্ক, বাক-বিতণ্ডাত মত্ত হৈ তেওঁলোকে জীৱন কটাইছিল। মাৰ্ক্সৰ দেউতাকৰ অভিযোগ মতে, “মোৰ লৰাটিয়ে সকলো প্ৰতিশ্ৰুতি আওকাণ কৰি কোনো ধনীৰ দুলালৰ দৰেই এবছৰতে প্ৰায় ৭০০ থেলাৰ মুদ্ৰা খৰচ কৰি পেলালে। অথচ ধনীতকৈ ধনী মানুহেও বছৰত ৫০০ থেলাৰমানহে খৰচ কৰে।” ১৮৩৮ চনত দেউতাকৰ মৃত্যুৰ পাছত ঘৰৰ সৈতে মাৰ্ক্সৰ প্ৰায় সকলো সম্পৰ্কই ছিন্ন হৈ পৰিল। অৱশ্যে মাকৰ কৃপাত লৰাটিলৈ ধনৰ যোগাৰ ঠিকেই অব্যাহত থাকিল। সেই সময়ত মাৰ্ক্সৰ বন্ধু (ব্ৰুন’ বয়াৰৰ ভাতৃ) এদগাৰ বয়াৰ তথা এংগেলছে তেওঁৰ বেপৰোৱা জীৱন সম্পৰ্কে এটি ধেমেলীয়া কবিতা ৰচনা কৰিছিল : “মানব নহয় ই জানিবা অসুৰ/ ত্ৰায়াৰ চহৰ মুখী ৰঙা বকাসুৰ/ খোজত নবহে হিয়া জাপতহে মন/ উৰ্ধ মুষ্টি বাহু পিশাচ আচৰণ/ অবিন্যস্ত কেশ সজ্জা বিকট বচন/ অশান্ত দেহা মন অসুৰ বিচৰণ”!! এই সময়ছোৱাত মাৰ্ক্সৰ সপোন আছিল এজন প্ৰফেচনেল দাৰ্শনিক হোৱাৰ। তেওঁ ধ্ৰুপদী গ্ৰীক দাৰ্শনিকসকলৰ ৰচনাৱলীত মনোনিবেশ কৰিলে আৰু ১৮৪১ চনত ‘Difference Between the Democritean and Epicurean Philosophy of Nature’ শীৰ্ষক গৱেষণা পত্ৰ লিখি ডক্টৰেট ডিগ্ৰী লাভ কৰিলে। হেগেলৰ সুস্পষ্ট চাপ থকা সত্ত্বেও এই ৰচনাখনিতেই ভাববাদী দৰ্শনৰ প্ৰতি মাৰ্ক্সৰ লাহে লাহে মোহভংগ ঘটাৰ উমান পোৱা যায়। স্মৰ্তব্য যে মাৰ্ক্সৰ সেইকালৰ হেগেলবাদী বন্ধু ব্ৰুন’ বয়াৰৰ ৰচনাসমূহত ইতিমধ্যেই সকলো প্ৰক্ৰিয়াকে মানৱ চেতনালৈ পৰ্যৱসিত কৰি পেলোৱাৰ প্ৰৱণতা সুস্পষ্ট হৈ পৰিছিল। সিবিলাকৰ সৈতে মাৰ্ক্সৰ অসহমতি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে। আনফালে একে সময়তে প্ৰুছিয়ান সম্ৰাট ফ্ৰেদৰিক উইলিয়াম চতুৰ্থৰ দ্বাৰা উগ্ৰ তৰুণ হেগেলবাদীসকলৰ দমন প্ৰক্ৰিয়া আৰম্ভ হ’ল। ফ্ৰেদৰিকে তৰুণ হেগেলবাদীসকলৰ আলোচনী Hallische Jahrbücher -ৰ প্ৰকাশন নিষিদ্ধ ঘোষণা কৰিলে আৰু হেগেলৰ পুৰণা শত্ৰু চেলিঙক ‘হেগেলবাদৰ শিপা উঘালিবলৈ’ বাৰ্লিন বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক ৰূপে নিযুক্তি দিলে। শেহত ১৮৪২ চনৰ মাৰ্চ মাহত বন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদৰ পৰা ব্ৰুন’ বয়াৰকো বৰ্খাস্ত কৰা হ’ল। এইবোৰ ধাম-খুমিয়াৰ মাজতেই মাৰ্ক্সৰ প্ৰফেচনেল দাৰ্শনিক হোৱাৰ সপোনৰো অন্ত পৰিল। সাংবাদিকতা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত মাৰ্ক্স ত্ৰায়াৰ চহৰলৈ উভতি আহিল। এইবাৰ তেওঁ ৰাজনৈতিক-সাংবাদিকতালৈ হাত মেলিলে। সেই সময়ত ৰাইনলেণ্ডৰ পুঁজিপতিসকলে ৰাইনিচে চাইতুং (Rheinische Zeitung)নামেৰে কাকত এখন ছপাবলৈ উদ্যোগ লৈছিল। পুঁজিপতিসকলৰ শ্ৰেণী স্বাৰ্থসমূহ প্ৰতিনিধিত্ব কৰিবলৈকে কাকতখনৰ জন্ম দিয়া হৈছিল যদিও হেগেলবাদী সম্পাদক মজেজ হেছৰ হাতত পৰি কাকতখন তৰুণ হেগেলবাদীসকলৰ মুখপত্ৰলৈ পৰিণত হৈছিল। ১৮৪২ চনৰ মাৰ্চ মাহৰ পৰা মাৰ্ক্সে কাকতখনত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিলে আৰু সেই বছৰৰে অক্টোবৰ মাহলৈ তেওঁ কাকতখনৰ সম্পাদক পদত নিযুক্ত হ’ল। কাকতৰ কামত তেওঁ এইবাৰ কল’ন চহৰলৈ আহিল। মাৰ্ক্স সেই সময়ত এজন ৰেডিকেল উদাৰবাদী ডেমক্ৰেট আছিল; ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ লেখিয়াকৈ তেওঁ জাৰ্মানীতো সৰ্বজনীন ভোটাধিকাৰ তথা গণতন্ত্ৰ সাব্যস্ত হোৱাটো বিচাৰিছিল। আন এখন কাকতে ৰাইনিচে চাইতুঙক সাম্যবাদৰ প্ৰচাৰক বুলি অভিযোগ আনোতে সেই অভিযোগ নাকচ কৰি মাৰ্ক্সে এনেদৰে লিখিছিল, ‘সাম্যবাদ সম্পৰ্কীয় ধাৰণাসমূহৰ বৰ্তমান যি ৰূপ, সিবিলাক তত্ত্বগত দৃষ্টিৰেও সুসংগত নহয়, এনে স্থলত সিবিলাকে বাস্তবিক ৰূপ ধাৰণ কৰিব পাৰিব বুলি আমি বিশ্বাস নকৰোঁ’(Collected Works,Vol. i., পৃষ্ঠা ২২০)। অৱশ্যে ৰাইনিচে চাইতুঙৰ অভিজ্ঞতাই মাৰ্ক্সৰ চিন্তাধাৰা ইতিমধ্যেই বহুখিনি সলনি কৰি পেলালে। মাৰ্ক্সৰ ভাষাত, ৰাইনিচে চাইতুঙৰ পাততেই “পোন প্ৰথমবাৰৰ বাবে মই বাস্তৱ স্বাৰ্থ সম্পৰ্কীয় আলোচনাত ভাগ ল’বলৈ বাধ্য হ’লোঁ।” এই সময়ছোৱালৈকে আন আন হেগেলবাদীৰ দৰেই মাৰ্ক্সেও বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰই সমাজৰ শ্ৰেণী স্বাৰ্থসমূহতকৈ ঊৰ্ধত অৱস্থান কৰে; অৰ্থাৎ শ্ৰেণী সংঘাতৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক নিৰপেক্ষ ভূমিকা পালন কৰে। বিভিন্ন শ্ৰেণীৰ আন্তঃসংঘাতসমূহ নিৰাময় কৰি সকলো নাগৰিকৰে সৰ্বজনীন স্বাৰ্থ সাধন কৰাটোৱেই হৈছে ৰাষ্ট্ৰৰ মূল উদ্দেশ্য। পিছে সেই সময়ৰ খৰি চুৰি সম্পৰ্কীয় কেতবোৰ সংসদীয় বিতৰ্ক অনুসন্ধান কৰি মাৰ্ক্সৰ অনুভৱ হ’ল - উদ্যোগিক পুঁজিপতি, সামন্তীয় ভূ-স্বামী তথা প্ৰুচিয়ান ৰাষ্ট্ৰ – এই আটাইৰে মাজত যেন কেতবোৰ সমূহীয়া স্বাৰ্থ আছে। এই তিনিওটা শক্তিয়েই ব্যক্তিগত সম্পত্তিৰ সমৰ্থক, যি বৃহত্তৰ কৃষক তথা শ্ৰমিক জনগণৰ জীৱনলৈ বিভীষিকা কঢ়িয়াই ফুৰিছে। মছেল অঞ্চলৰ কৃষক ৰাইজৰ দুৰৱস্থা সম্পৰ্কীয় এটা ৰিপৰ্ট লিখি থাকোঁতে মাৰ্ক্সে অনুভৱ কৰিলে- ব্যক্তিগত সম্পত্তি বিষয়ক আইনসমূহ কাঢ়াকৈ বলবৎ কৰাৰ ফলত কৃষকে ভূ-স্বামীসকলৰ মাটিৰ পৰা পৰম্পৰাগতভাৱে খৰি লুৰাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰিছে আৰু ই কেৱল ভূ-স্বামীসকলকেই লাভবান কৰিছে। সুদীৰ্ঘ পঞ্চাছ বছৰৰ পাছত এই সময়খিনিৰ বিষয়ে সুৱঁৰি এংগেলছে এনেদৰে লিখিছিল, “মাৰ্ক্সে মোক প্ৰায়েই কৈছিল- খৰি চুৰি সম্পৰ্কীয় আইনসমূহ তথা মছেল অঞ্চলৰ কৃষকৰ দুৰৱস্থা- এই দুটি বিষয় সম্পৰ্কে অনুসন্ধান কৰিয়েই তেওঁ পোন প্ৰথমবাৰৰ বাবে অৰ্থনৈতিক অৱস্থা সম্পৰ্কে সচেতন হল, আৰু ই তেওঁক তথাকথিত বিশুদ্ধ ৰাজনীতিৰ পৰা আঁতৰাই আনি অৰ্থনীতিৰ অধ্যয়নৰ বাবে প্ৰেৰণা যোগালে, যি পাছলৈ সমাজবাদৰ পথটি প্ৰশস্ত কৰিলে।” ৰাইনিচে চাইতুং কাকতখনত মাৰ্ক্সে অৱশ্যে কেৱল অৰ্থনীতিৰ চিন্তাই কৰা নাছিল। স্মৰ্তব্য এই সময়ছোৱাতে ব্ৰুন’ বয়াৰ আদি তৰুণ হেগেলবাদীসকলৰ বিপ্লৱী বহুবল্কিতাই চৰম পৰ্যায় পাইছিল। প্ৰুচিয়ান ৰাষ্ট্ৰৰ দমনৰ বলি হৈ তৰুণ হেগেলবাদীহঁতে নিজকে ‘ফ্ৰী’ বা ‘স্বাধীন’ নামেৰে নামকৰণ কৰিছিল আৰু ঘোষণা কৰিছিল যে ভুল দেখুৱাই দিয়াটোৱেই হৈছে দাৰ্শনিকসকলৰ একমাত্ৰ উদ্দেশ্য! এই সময়ছোৱাত তেওঁবিলাকৰ আক্ৰমণৰ মূল লক্ষ্য আছিল- ধৰ্ম। ইফালে কাকতখনক কোনোমতে চেঞ্চৰ বৰ্ডৰ পৰা ৰক্ষা কৰাৰ তাড়নাত মাৰ্ক্সে কৰা প্ৰতিটো সৰু বৰ বুজাপৰাকে মহাশয়সকলে সত্যৰ সৈতে চৰম বিশ্বাস ঘাটকতা বুলি ঘোষণা কৰিছিল। সিবিলাকৰ পৰা মাৰ্ক্সে এটা জীৱনজোৰা শিক্ষা লাভ কৰিলে, “যি তত্ত্বই বাস্তৱ পৰিস্থিতিৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলায়, সি আপাত দৃষ্টিত অগ্নিবৰ্ষা হ’লেও বাস্তৱ জীবনত ই নিস্তেজ হৈ পৰিবলৈ বাধ্য।” ব্ৰুন’ বয়াৰকে আদি কৰি বাৰ্লিনস্থিত এই পুৰণি বন্ধুসকলক আক্ৰমণ কৰি মাৰ্ক্সে কিছু দিনৰ পাছত লিখিলে, শ্ৰমিক শ্ৰেণীৰ সংগ্ৰাম সম্পৰ্কীয় মাৰ্ক্সৰ প্ৰাৰম্ভিক চিন্তা-ভাৱনাৰ এইখিনিতেই উমান পোৱা যায়। লগতেই উমান পোৱা যায় তত্ত্ববিদকসকলৰ সামাজিক ভূমিকা সম্পৰ্কীয় তেওঁৰ চিন্তাৰাজিৰো। মাৰ্ক্সৰ মতে শ্ৰমিকক নীতি-নিয়ম শিকোৱাটো তাত্ত্বিকৰ কাম নহয়, বৰঞ্চ শ্ৰমিকসকলৰ সংগ্ৰামৰ প্ৰকৃত উদ্দেশ্যনো কি তথা কেনেকৈনো তেওঁলোকে এই উদ্দেশ্যত উপনীত হ’ব পাৰিব এই সম্পৰ্কে বিশ্লেষণ কৰি আঙুলিয়াই দিয়াটোৱেই হৈছে তেওঁলোকৰ কৰ্তব্য। অৱশ্যে শ্ৰমিক-শক্তিৰ প্ৰচুৰ বৈপ্লৱিক সম্ভাৱনীয়তা সম্পৰ্কে এইখিনি সময়তো মাৰ্ক্সৰ ধাৰণা পৰিষ্কাৰ হোৱা নাছিল। এই কথাৰ উমান পোৱা যায় ১৮৪৩ চনৰ মাজভাগত তেওঁ লিখা এটি পাণ্ডুলিপিৰ পৰা। (এই পাণ্ডুলিপিটো লিখাৰ কিছুদিন পূৰ্বেই মাৰ্ক্সে ৰাইনিচে চাইতুঙৰ পৰা পদত্যাগ কৰে। ) পিছলৈ Contribution to the Critique of Hegel’s Philosophy of Right নামেৰে জনাজাত হোৱা এই পাণ্ডুলিপিটো গ্ৰন্থৰূপত অৱশ্যে ১৯২৭ চনতহে ছপা হয়গৈ। এই ৰচনাখনিত মাৰ্ক্সে হেগেলৰ ‘শ্ৰেণী নিৰপেক্ষ ৰাষ্ট্ৰ’ সম্পৰ্কীয় ধাৰণাসমূহ খণ্ডন কৰিবলৈ চেষ্টা কৰিছিল। ৰচনাখনিত সেই সময়ৰ আন এজন দাৰ্শনিক লুদউইগ ফয়াৰবাখৰ প্ৰভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা যায়। মাৰ্ক্সৰ দৰেই ফায়াৰবাখো এটা সময়ত হেগেলৰ অনুগামী আছিল; পিছে পাছলৈ তেওঁ হেগেলৰ তীব্ৰ সমালোচক হৈ পৰে। ১৮৪১ চনত প্ৰকাশিত তেওঁৰ Essence of Christianity শীৰ্ষক গ্ৰন্থখনি ইতিমধ্যেই ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছিল। ব্ৰন’ বয়াৰ আদি তৰুণ হেগেলবাদী সকলতকৈ বহুখিনি আগুৱাই গৈ ফায়াৰবাখে ঘোষণা কৰিছিল-‘হেগেলৰ সমস্ত দৰ্শন নাকচ কৰাৰ সময় আহি পৰিছে; হেগেলে কোৱাৰ দৰে কোনো ভগবান বা আইডিয়াৰ পৰা দৰ্শনৰ আৰম্ভণি কৰাটো ভ্ৰান্তিকৰ; বৰঞ্চ মানৱ জীৱন আৰু এই জীৱনৰ বস্তুনিষ্ঠ পৰিস্থিতিৰ অধ্যয়ন হে দৰ্শনৰ আৰম্ভণি বিন্দু হোৱা উচিত’। ফয়াৰবাখৰ এই ধাৰণাসমূহ ততালিকেই মাৰ্ক্স, এংগেলছ, হেছ আদিৰ মাজত জনপ্ৰিয় হৈ পৰিল; ইতিমধ্যেই মাৰ্ক্সে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে কেৱল ৰাজনৈতিক বিপ্লৱে জাৰ্মান সমাজখনৰ আমূল পৰিবৰ্তন সাধন কৰিব নোৱাৰে; এইক্ষেত্ৰত এক সামাজিক বিপ্লৱো প্ৰয়োজনীয় হ’ব। অৱশ্যে এইখিনি সময়লৈকে এনে সামাজিক বিপ্লৱৰ অগ্ৰণী শক্তি হিচাপে শ্ৰমিক শ্ৰেণীৰ বৈপ্লৱিক ভূমিকা সম্পৰ্কে তেওঁ দকৈ ভবা-চিন্তা কৰা নাছিল। বৰঞ্চ এক বহল পৰিসৰত গণতন্ত্ৰ বা সাৰ্বভৌমিক ভোটাধিকাৰ প্ৰতিষ্ঠা কৰিয়েই জনগণৰ দ্বাৰা ৰাষ্ট্ৰ-শক্তি নিয়ন্ত্ৰিত কৰিব পৰা যাব বুলি তেওঁ আশা কৰিছিল। Critique লিখাৰ এবছৰমানৰ ভিতৰতেই অৱশ্যে মাৰ্ক্স এজন পূৰ্ণ কমিউনিষ্টলৈ পৰিণত হ’ল। এই পৰিবৰ্তনৰ অন্যতম কাৰণ আছিলঃ কলনৰ পৰা পেৰিছলৈ মাৰ্ক্সৰ দেশান্তৰ আৰু পেৰিছৰ শ্ৰমিক আন্দোলনৰ সৈতে প্ৰত্যক্ষ যোগাযোগ। প্ৰুছিয়ান চেঞ্চৰছিপৰ উৎপাতত থাকিব নোৱাৰি মাৰ্ক্স অৱশেষত জাৰ্মানী এৰিবলৈ বাধ্য হ’ল। চেঞ্চৰছিপৰ পৰা ৰক্ষা পাবলৈ তেওঁ বন্ধু আৰ্নল্ড ৰুজৰ সৈতে জাৰ্মানীৰ পৰা দূৰৈত পেৰিছ চহৰৰ পৰা The Deutsch-Französische Jahrbücher নামেৰে তৰুণ-হেগেলবাদী কাকত এখন ছপা কৰাৰ সিদ্ধান্ত ললে। ১৮৪৩ চনৰ অক্টোবৰ মাহত মাৰ্ক্স পেৰিছ চহৰত উপস্থিত হ’লগৈ। বাৰ্লিন বা কলনতকৈ পেৰিছৰ পৰিস্থিতি একেবাৰে বেলেগ আছিল। ঊনবিংশ শতিকাৰ ইউৰোপৰ সাংস্কৃতিক ৰাজধানী হিচাপে স্বীকৃতি লাভ কৰা পেৰিছ চহৰখন সেই সময়ত বিভিন্ন দেশৰ পৰা দেশান্তৰিত হৈ অহা সাম্যবাদী বিপ্লৱী তথা বুদ্ধিজীৱীৰে গিজগিজাই আছিল। এইক্ষেত্ৰত কেৱল জাৰ্মান দেশান্তৰিত লোকৰ সংখ্যাই আছিল ৪০,০০০কৈও অধিক। তেওঁলোকৰ বেছিভাগেই পেছাত কাৰিকৰ আছিল আৰু তেওঁলোক ‘লীগ অৱ জাষ্ট’ নামৰ বিপ্লৱী গুপ্ত সংগঠন এটাৰ প্ৰভাৱাধীন আছিল। তদুপৰি অগণন কমিউনিষ্ট তথা সমাজবাদী সংগঠন আৰু সিবিলাকৰ অভ্যন্তৰীণ তৰ্ক-বিতৰ্ক তথা কোৰ্হালে পেৰিছৰ বতাহ গৰম কৰি ৰাখিছিল। এই সময়ছোৱাতেই তথাকথিত ‘বুৰ্জোৱা সম্ৰাট’ লুই ফিলিপৰ অধীনত এক অতিশয় দুৰ্নীতিবান আমোলাতন্ত্ৰ তথা বেংকাৰ গোষ্টীৰ নেতৃত্বত ফ্ৰাঞ্চৰ বছা বছা অঞ্চলত দ্ৰুত হাৰৰ ঔদ্যোগীকৰণৰ প্ৰক্ৰিয়াও ত্বৰাম্বিত হৈছিল, যাৰ ফলস্বৰূপে দ্ৰুত গতিৰে সৃষ্টি হৈছিল এক সৰ্বহাৰা শ্ৰেণীৰ। সিবিলাকৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সকলো বাওঁপন্থী সংগঠনেই উথপথপ লগাইছিল। এই জাৰ্মান তথা ফৰাচী কমিউনিষ্ট সংগঠনসমূহৰ যোগেদিয়েই পোন প্ৰথমবাৰৰ বাবে মাৰ্ক্সে সংগঠিত শ্ৰমিক আন্দোলনৰ সৈতে সংস্পৰ্শ লাভ কৰিলে। মাৰ্ক্সৰ মন-হৃদয়ত ইয়াৰ ফলাফল আছিল অভূতপূৰ্ব। ১৮৪৪ চনৰ আগষ্ট মাহত ফয়াৰবাখলৈ লিখা এখনি চিঠিত তেওঁ এইদৰে মনৰ ভাৱ প্ৰকাশ কৰিলে, "এই ফৰাচী শ্ৰমিকসকলৰ এনে বিপুল কৰ্মোদ্যম, এনে অপূৰ্ব শক্তি, সেয়া নেদেখিলে বিশ্বাস কৰিব নোৱাৰি! আচলতে তথাকথিত সভ্য সমাজৰ পৰা দূৰৈত, এই [তথাকথিত] বৰ্বৰসকলৰ মাজতেই অনাগত মানব মুক্তিৰ ঐতিহাসিক সোপান লুকাই আছে" (Collected Works, Vol. iii, পৃষ্ঠা ৩৫৫)। শ্ৰমিকৰ ঐতিহাসিক ভূমিকা সম্পৰ্কীয় মাৰ্ক্সৰ এই নতুন দৃষ্টিভংগীৰ প্ৰমাণ পোৱা যায় Deutsch-Französische Jahrbücher কাকতখনৰ ১৮৪৪ৰ মাৰ্চ মাহত প্ৰকাশিত একমাত্ৰ সংখ্যাটোৰ দুটা লেখনীৰ মাজত। (এফালে প্ৰুচিয়ান চৰকাৰৰ নিষেধাজ্ঞা, আনফালে ফৰাচী জনগণৰ কুহুমীয়া সঁহাৰি; তাৰ লগতে ভূতৰ লগত দানহ পৰাদি প্ৰকাশকে ধনৰ যোগান বন্ধ কৰি দিয়াৰ ফলত নিজৰ মাজতে কাজিয়াত মছগুল সম্পাদকদ্বয়ৰ বাবে কাকতখন বন্ধ কৰি দিয়াৰ বাহিৰে আন একো উপায় নাথাকিল! )। ‘On the Jewish Question’ শীৰ্ষক প্ৰথম লেখনীটোত ব্ৰুন’ বয়াৰৰ সমালোচনা কৰি মাৰ্ক্সে লিখিলে: ‘১৭৮৯ৰ ফৰাচী বিপ্লৱ সদৃশ ৰাজনৈতিক বিপ্লৱে মানুহক কেৱল এটাই স্বাধীনতা দিব পাৰে - সেয়া হৈছে বৃহত্তৰ সম্প্ৰদায়ৰ পৰা আঁতৰি আহি নিজকে আত্মবিস্মৃত কৰি পেলোৱাৰ স্বাধীনতা, নিজৰে ব্যক্তিগত স্বাৰ্থ তথা ফুৰ্তিত মছগুল হৈ পৰাৰ স্বাধীনতা। তাৰ বিপৰীতে, কেৱল এক সামাজিক বিপ্লৱেহে ব্যক্তিগত মালিকানা তথা ব্যক্তিবাদৰ অৱসান ঘটুৱাই প্ৰকৃত মানৱ মুক্তি মাতি আনিব পাৰিব’ (Collected Works, Vol. iii, পৃষ্ঠা ১৬৪)। দ্বিতীয়টো লেখনীটোত মাৰ্ক্সে লিখিলেঃ "কেৱল এনে এক সামাজিক বিপ্লৱহে জাৰ্মান সমাজখনত সম্ভৱপৰ হ’ব। কিয়নো বিপ্লৱকালীন ফ্ৰাঞ্চৰ তুলনাত সমকালীন জাৰ্মান বুৰ্জোৱা বা মধ্যবিত্ত শ্ৰেণীটো অতিশয় দুৰ্বল; ই ৰাজতন্ত্ৰৰ বিৰুদ্ধে জনগণক বিপ্লৱী নেতৃত্ব প্ৰদান কৰিবলৈ একেবাৰেই অক্ষম। সেয়েহে ঔদ্যোগিক শ্ৰমিক শ্ৰেণী বা প্ৰলেটাৰিয়েটেই এই ভূমিকা পালন কৰিব লাগিব। শৃংখলত আৱদ্ধ এই [সৰ্বহাৰা] শ্ৰেণীটোৱে নিজকে মুক্ত কৰিবলৈ হ’লে সমাজৰ সকলো পৰ্যায়ৰ, সকলো বন্দীত্বৰ পৰা নিজকে মুকলি কৰিব লাগিব; অৰ্থাৎ ই নিজৰ মুক্তিৰ লগতে সমাজৰ আন আন সকলো অংশৰ মুক্তিৰ বতৰা আনিব লাগিব; আন কথাত ক’বলৈ গ’লে – সম্পূৰ্ণ আত্মবিস্মৃত হৈ পৰা মানৱ জাতিৰ মুক্তি সামগ্ৰিকভাৱে সকলোৰে মানৱীয়তা ঘূৰাই অনাৰ পথেৰেহে সম্ভৱপৰ হব। " (Collected Works, Vol. iii, পৃষ্ঠা ১৮৬)। এই উদ্ধৃতিটোৰ পৰাই গম পোৱা যায়- এই সময়ছোৱালৈকে এজন বিশুদ্ধ দাৰ্শনিকৰ দৃষ্টিৰেই মাৰ্ক্সে ৰাজনৈতিক প্ৰশ্নসমূহৰ পৰ্যালোচনা কৰিছিল। তেওঁ দৰ্শনবিদ তথা শ্ৰমিকসকলৰ এক মিত্ৰতাৰ কথা কল্পনা কৰিছিল য’ত দাৰ্শনিকসকলে নেতৃত্বকাৰী ভূমিকা পালন কৰিব। অৰ্থাৎ বিপ্লৱী প্ৰক্ৰিয়াত শ্ৰমিকসকলৰ ভূমিকা হব দ্বিতীয় পৰ্যায়ৰ, এইক্ষেত্ৰত দাৰ্শনিকসকলহে আগৰণুৱা হ’ব। মাৰ্ক্সৰ ভাষাত ‘এই মুক্তি [সংগ্ৰাম]ৰ হৃদয় হ’ব শ্ৰমিকসকল আৰু মগজু হ’ব দাৰ্শনিকসকল’(Collected Works, Vol. iii, পৃষ্ঠা ১৮৩, ১৮৭)। শ্ৰমিক শ্ৰেণীৰ বিপুল শক্তিৰ মাজতেই বিপ্লৱৰ সোপান সন্ধান কৰাৰ পৰিবৰ্তে ‘শ্ৰমিকৰ দৰিদ্ৰতাই তেওঁলোকক বিপ্লৱী পথেৰে লৈ যাব’ – মাৰ্ক্সৰ এই জাতীয় বাক্যাংশসমূহৰ মাজত মাজে সময়ে এলিট(elite)আৰু প্ৰশ্ৰয়মূলক (patronizing) দৃষ্টিভংগীৰ গোন্ধ পোৱা যায়। অৱশ্যে অতি সোনকালেই মাৰ্ক্সে এই দুৰ্বলতা শুদ্ধ কৰি ললে। এই ক্ষেত্ৰত দুটা কাৰকে ক্ৰিয়া কৰা দেখা যায়। প্ৰথমতে, পেৰিছতেই মাৰ্ক্সে পোন প্ৰথমবাৰৰ বাবে এডাম স্মিথ, ডেভিদ ৰিকাৰ্ডো আদি ধ্ৰুপদী ৰাজনৈতিক-অৰ্থনীতিবিদসকলৰ লেখনীবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এই অধ্যয়নসমূহৰ ফচল আছিল আন এখনি পাণ্ডুলিপিঃ The Economic and Philosophic Manuscripts, 1844। মাৰ্ক্সৰ আন আন লেখনীৰ দৰেই এই পাণ্ডুলিপিখনৰো প্ৰথম প্ৰকাশন ১৯৩২ চনতহে সম্ভৱপৰ হয়গৈ। এই পাণ্ডুলিপিখনতেই ‘ইতিহাসৰ বস্তুবাদী তত্ত্ব’ (materialist conception of history) সম্পৰ্কীয় মাৰ্ক্সৰ প্ৰাৰম্ভিক চিন্তাধাৰাৰ পৰিচয় পোৱা যায়। কিন্তু অধিক গুৰুত্বপূৰ্ণভাৱে, এইখনি ৰচনাতেই মাৰ্ক্সে শ্ৰমিকৰ বৈপ্লৱিক ভূমিকাৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে। মাৰ্ক্সে লিখিলে যে পুঁজিবাদী উৎপাদন প্ৰক্ৰিয়াটোত শ্ৰমিকসকলৰেই আটাইতকৈ কেন্দ্ৰীয় ভূমিকা থাকে। সেয়েহে এই ব্যৱস্থাটো ধ্বংস কৰাৰ ক্ষেত্ৰত শ্ৰমিকসকলৰেই আটাইতকৈ বেছি ভূমিকা থাকিব। মাৰ্ক্সৰ ভাষাত "ব্যক্তিগত মালিকানা আৰু শ্ৰমৰ অহি-নকুল সম্পৰ্কৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে ব্যক্তিগত মালিকানা তথা দাসত্ত্বৰ পৰা সামাজিক মুক্তি শ্ৰমিকসকলৰ ৰাজনৈতিক মুক্তিৰ ৰূপতেই সম্ভৱপৰ হ’ব। " (Collected Works, Vol. iii, পৃষ্ঠা ২৮০)। শ্ৰমিক সম্পৰ্কে মাৰ্ক্সৰ দৃষ্টিভংগী সলনি হোৱাৰ আনটো কাৰণ হৈছে- সেই সময়ৰ জাৰ্মান শ্ৰমিকসকলৰ চমকদাৰ তথা জংগী শক্তি প্ৰদৰ্শন। ইয়েই শ্ৰমিকসকল যে কোনো নিষ্ক্ৰিয় সত্তা (passive element )নহয়, সেই কথা মাৰ্ক্সক বুজাই দিলে। ১৮৪৪ চনৰ জুন মাহত চিলেচিয়াৰ বস্ত্ৰ শ্ৰমিকসকলে মালিকৰ শোষণৰ বিৰুদ্ধে এক তুমুল প্ৰতিবাদী কাৰ্যসূচী হাতত ললে। বিদ্ৰোহী শ্ৰমিকসকলক নিয়ন্ত্ৰিত কৰিবলৈ আনকি সেনা বাহিনীও মোতায়েন কৰিব লগা হল। আৰ্নল্ড ৰুজে ছদ্মনামত পেৰিছৰ জাৰ্মান কাকত এখনত বিদ্ৰোহটো নস্যাৎ কৰি শ্ৰমিকসকলৰ প্ৰতি ইতিকিংসূচক এটা প্ৰবন্ধ লিখিলে। বহুতে প্ৰবন্ধটো মাৰ্ক্সেই লিখা বুলি ধৰি ললে। এই বিষয়ে গম পাই মাৰ্ক্স তিঙিৰি তুলা হৈ পৰিল। ৰুজৰ প্ৰবন্ধটো কঠোৰ ভাষাৰে সমালোচনা কৰি মাৰ্ক্সে বিদ্ৰোহী শ্ৰমিকসকলৰ সাহস, চেতনা আৰু সাংগঠনিক শক্তিৰ ভূয়সী প্ৰশংসা কৰিলে। মাৰ্ক্সে ঘোষণা কৰিলে – শ্ৰমিকসকল ভাবী জাৰ্মান বিপ্লৱৰ নিষ্ক্ৰিয় অংশ হোৱাৰ পৰিবৰ্তে, তেওঁলোকেই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ ‘গতিশীল উপাদান’ৰ ভূমিকা পালন কৰিব (Collected Works, Vol.iii, পৃষ্ঠা ২০২)। ইয়াৰ লগে লগেই অৱশেষত এজনা বিপ্লৱী কমিউনিষ্টৰ ৰূপত মাৰ্ক্সৰ উদয় হ’ল। বন্ধুত্ব আৰু বিপ্লৱ ১৮৪৪ চনৰ আগষ্ট মানত কিছু কাম সংক্ৰান্তত এংগেলছ পেৰিছ চহৰলৈ আহিছিল। এই সময়ছোৱাতে তেওঁ মাৰ্ক্সৰ সৈতে দীঘলীয়াকৈ কথা পতাৰ সুযোগ পালে। মাৰ্ক্স-এংগেলছৰ এই সাক্ষাতেই জীৱন যোৰা বন্ধুত্বৰ ৰূপ ললে। .এংগেলছৰ পৰিয়ালটোৰ পেছা আছিল ব্যৱসায়; ১৮৪২ চনৰ নৱেম্বৰ মাহত পৰিয়ালৰ বিজনেছ ফাৰ্ম ‘আৰ্মেন এণ্ড এংগেলছ’ৰ কামত মানচেষ্টাৰ চহৰলৈ আহোঁতে এংগেলছে চহৰৰ ঔদ্যোগিক বিপ্লৱৰ আৱহাৱা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল। এংগেলছ মানচেষ্টাৰলৈ অহাৰ মাত্ৰ কিছুদিনৰ আগতে ঐতিহাসিক চাৰ্টিষ্ট আন্দোলনে সমগ্ৰ অঞ্চলটো চুই গৈছিল। এই সমস্ত অভিজ্ঞতাৰ ভিত্তিত এংগেলছে ৰচনা কৰিছিল ‘The Condition of the Working Class in England’ গ্ৰন্থখনি। মাৰ্ক্সৰ দৰেই এংগেলছেও শ্ৰমিক শ্ৰেণীৰ বিপুল বৈপ্লৱিক সম্ভাৱনীয়তাসমূহ সঠিককৈ চিহ্নিত কৰিছিল। দুয়োজনৰে চিন্তাৰ সাদৃশ্য আছিল অভূতপূৰ্ব। অৱধাৰিভাৱেই দুয়ো বন্ধুৱে একেলগে মিলি কাম কৰাৰ সিদ্ধান্ত ললে। মাৰ্ক্স-এংগেলছে যুতীয়াকৈ লিখা প্ৰথম ৰচনাখনি আছিল ‘The Holy Family’ শীৰ্ষক গ্ৰন্থখন। এই সময়ছোৱালৈকে মাৰ্ক্স-এংগেলছৰ পুৰণি তৰুণ-হেগেলবাদী বন্ধুসকল ভীষণভাৱে এলিটবাদী তথা গণতন্ত্ৰবিৰোধী হৈ পৰিছিল। ব্ৰুণ’ বয়াৰে ৰাছিয়াৰ জাৰতন্ত্ৰকে সমৰ্থন কৰি পেলাইছিল আৰু এইবুলি ঘোষণা কৰিছিল ‘জনগণ, কেৱল মাথোঁ জনগণৰ মাজতেই মানৱ-মননৰ প্ৰকৃত শত্ৰুবোৰ লুকাই আছে! ’ প্ৰাক্তন বন্ধুসকলৰ এইজাতীয় উৎকট তথা অদ্ভুত যুক্তিসমূহৰ প্ৰত্যুত্তৰ দিয়াটো প্ৰয়োজনীয় বুলি দুয়োজনেই অনুভৱ কৰিলে। এংগেলছৰ অভিমত আছিল – এই বিষয়ে পুস্তিকাৰ আকাৰত এখনি সৰু গ্ৰন্থ লিখা যাওক। পিছে মাৰ্ক্সৰ অত্যুৎসাহৰ ফলত পুস্তিকাখনৰ কলেৱৰ ক্ৰমান্বয়ে বাঢ়ি গৈ অবশেষত ২০০ পৃষ্ঠাৰ এখনি পূৰ্ণাংগ গ্ৰন্থৰ ৰূপ ললে! ‘The Holy Family’ শীৰ্ষক এই গ্ৰন্থখনিত মাৰ্ক্সে দৰ্শন তথা সাহিত্য-সমালোচনাৰ পৰা আৰম্ভ কৰি শ্ৰমিক মুক্তিৰ তত্ত্বলৈকে অজস্ৰ বিষয় সম্পৰ্কে বিতংকৈ আলোচনা কৰিলে। চল্লিছৰ দশকটোৰ মাজভাগলৈ পেৰিছৰ দেশান্তৰিত বিপ্লৱীসকলৰ মাজত মাৰ্ক্স এজন চৰ্চিত তথা উল্লেখযোগ্য ব্যক্তি হৈ পৰিল। অৰাজকতাবাদ(Anarchism)ৰ দুয়োগৰাকী পুৰোধা ব্যক্তি –পীয়েৰ জোচেফ প্ৰুধ’ তথা মিখাইল বাকুনিনৰ সৈতে মাৰ্ক্সৰ বন্ধুসুলভ সম্পৰ্ক আছিল; দুয়োজনৰে সৈতে তেওঁ মাজে-সময়ে হেগেলৰ দৰ্শন সম্পৰ্কে আলোচনা কৰিছিল। কবি হেইনৰিখ হেইনী (Heinrich Heine)ৰ সৈতেও মাৰ্ক্স—এংগেলছৰ ভাল সম্পৰ্ক আছিল। মাৰ্ক্স-এংগেলছৰ প্ৰভাৱত পৰিয়েই হেইনীয়ে সমাজবাদী কবিতা লিখিবলৈ চেষ্টা কৰিছিল। পাছলৈ মাৰ্ক্স–এংগেলছৰ কথা সুঁৱৰি হেইনীয়ে এনেদৰে লিখিছে, ‘জাৰ্মান কমিউনিষ্টসকলৰ দুয়োজনা গুপ্তনেতাই হৈছে তৰ্কবাগীশ; দুয়ো হেগেলবাদী পৰম্পৰাৰ শিষ্য। তেওঁলোকক বিনাদ্বিধাই জাৰ্মানীৰ সবাতোকৈ সক্ষম তথা বলিষ্ঠ চিন্তাবিদ বুলি কব পৰা যায়। ’ মাৰ্ক্সৰ এই খ্যাতিৰ বাবেই তেওঁ পুনৰ চৰকাৰৰ ৰোষত পৰিল। এফালে প্ৰুচিয়ান ৰাষ্ট্ৰৰ অহৰহ হেঁচা, আনফালে পেৰিছস্থিত বিপ্লৱীসকলৰ মাজত মাৰ্ক্সৰ বাঢ়ি অহা সুনাম, এই দুয়োটা দিশৰ প্ৰতি লক্ষ্য কৰি ফৰাচী চৰকাৰে তেওঁক দেশান্তৰিত কৰাৰ সিদ্ধান্ত ললে। উপায়ান্তৰ হৈ ১৮৪৫ চনৰ ফেব্ৰুৱাৰী মাহত মাৰ্ক্সে পেৰিছৰ পৰা ব্ৰুছেলছলৈ গমন কৰিলে। ইতিমধ্যে এংগেলছেও ঘৰুৱা ব্যৱসায়ৰ কাম পৰিত্যাগ কৰি সম্পূৰ্ণভাৱে বৈপ্লৱিক কাৰ্যতে সময় নিয়োগ কৰিবলৈ ঠিক কৰিছিল। এংগেলছো ব্ৰুছেলছলৈ আহিল আৰু ১৮৪৫ চনৰ জহকালত দুয়ো বন্ধুৱে মিলি ইংলেণ্ড পৰিভ্ৰমণ কৰিলে। এইখিনি সময়ৰ পৰা দুয়োৰে বন্ধুত্ব আৰু প্ৰগাঢ় হৈ পৰিল। ইংলেণ্ডত থকা সময়ছোৱাতে মাৰ্ক্স–এংগেলছে আন এখন গ্ৰন্থৰ পৰিকল্পনা কৰিলে। দুয়ো অনুভৱ কৰিলে যে ‘The Holy Family’ গ্ৰন্থখনিত বহুতো বহুতো বিষয় বাকী ৰৈ গল। তৰুণ হেগেলবাদীসকলৰ সম্পূৰ্ণ সমালোচনা যেন এতিয়াও অসম্পূৰ্ণ হৈয়েই ৰল। সেয়েহে অন্তিম বাৰৰ বাবে বয়াৰ আৰু তেওঁৰ সাংগো-পাংগো ‘ফ্ৰী’সকলৰ এক নিৰ্ণায়ক সমালোচনা আগবঢ়াবলৈ দুয়োজনে ঠিক কৰিলে। বাৰ্লিনৰ ‘ফ্ৰী’ মহাশয়সকল ইতিমধ্যেই চৰম ব্যক্তিবাদীলৈ পৰিণত হৈছিল; তেওঁলোকৰ প্ৰতিনিধি স্বৰূপ মেক্স স্তাৰ্নাৰে যুক্তি দৰ্শাইছিল: ‘ব্যক্তিসত্তাই হৈছে জগতৰ একমাত্ৰ সত্তা! ’ ( দ্ৰষ্টব্য: স্তাৰ্নাৰৰ গ্ৰন্থ: The Ego and His Own)। এই মেক্স স্তাৰ্নাৰকে মাৰ্ক্স-এংগেলছে এইবাৰ আক্ৰমণৰ মূল লক্ষ্য হিচাপে বাছি ললে। ১৮৪৫ চনৰ চেপ্তেম্বৰৰ পৰা ১৮৪৬ চনৰ আগষ্টলৈকে এই সুদীৰ্ঘ সময়ছোৱা কঠোৰ পৰিশ্ৰম কৰি দুয়ো বন্ধুৱে লিখি উলিয়ালে ৬০০ পৃষ্ঠাৰ এখন শকত পাণ্ডুলিপি। পাণ্ডুলিপিখনৰ নাম দিয়া হ’ল: ‘The German Ideology’। এই পাণ্ডুলিপিখনতেই ঐতিহাসিক বস্তুবাদ(historical materialism)ৰ ধাৰণাসমূহক প্ৰথমবাৰৰ বাবে এক সুব্যৱস্থিত ৰূপ দিয়া হল। পিছলৈ এখন ক্লাছিক ৰূপে গণ্য হোৱা এইপাণ্ডুলিপিখনি ছপা কৰিবলৈ অৱশ্যে সেইসময়ত কোনো আগ্ৰহী প্ৰকাশক বিচাৰি পোৱা নগল। অৱশ্যে মাৰ্ক্স-এংগেলছৰ এই ক্ষেত্ৰত কোনো আক্ষেপো নাথাকিল। মাৰ্ক্সৰ ভাষাত, ‘পাণ্ডুলিপিখনআমি স্ব-ইচ্ছাই নিগনি এন্দুৰৰ খাদ্য হবলৈ এৰি দিলো, কিয়নো ইতিমধ্যেই আমি গ্ৰন্থখনি লিখাৰ[প্ৰক্ৰিয়াটোৰ মাজেৰে আমাৰ] মূল উদ্দেশ্য অৰ্থাৎ -স্ব-স্পষ্টীকৰণ (self-clarification) লাভ কৰাত সফল হলোঁ। ’ ‘The German Ideology’ গ্ৰন্থখনিয়ে মাৰ্ক্স-এংগেলছৰ ৰাজনীতিৰ তাত্ত্বিক ভেটিটো নিৰ্মাণ কৰিলে। ইয়াতেই তেওঁলোকে যুক্তি দৰ্শালে যে পুঁজিবাদে নিজে সৃষ্টি কৰা বস্তুনিষ্ঠ পৰিস্থিতিৰ মাজতেই সামাজিক বিপ্লৱৰ সম্ভাৱনীয়তাৰ বীজো সৃষ্টি হয়। সিবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে শ্ৰমিক শ্ৰেণীৰ সৃষ্টি। এংগেলছৰ ভাষাত ‘এই শ্ৰমিক শ্ৰেণীৰ মুক্তি লাভৰ তত্ত্বই হৈছে কমিউনিজিম’ (Collected Works, Vol. vi, পৃষ্ঠা ৩৪১)। বিপ্লৱ সম্পৰ্কীয় ধাৰণাসমূহ এইদৰে বিকশিত কৰাৰ পাছত মাৰ্ক্স-এংগেলছে এইবাৰ বাওঁ ৰাজনীতিৰ প্ৰত্যক্ষ ক্ষেত্ৰখনলৈ চকু দিলে। ‘লীগ অৱ জাষ্ট’ নামৰ মূলতঃ জাৰ্মান কাৰিকৰসকলৰ আন্তৰ্জাতিক গুপ্ত সংগঠনটো ইতিমধ্যেই ইউৰোপৰ চুকে কোণে বিকশিত হৈ উঠিছিল। সংগঠনটো ৱিলহেম ৱেটলিং (Wilhelm Weitling) নামৰ এজন প্ৰাক্তন দৰ্জীৰ প্ৰভাৱত আছিল, যাৰ সমাজবাদ সম্পৰ্কীয় ধাৰণাসমূহ আছিল অতিশয় অস্পষ্ট। ৱেটলিঙে বিশ্বাস কৰিছিল যে শ্ৰমিকসকলৰ গৰিষ্ঠ সংখ্যক অংশটোক সমাজবাদৰ পক্ষলৈ আনিব পৰা নাযাব; সেয়েহে বিপ্লৱী চেতনশীল এটি সৰু অংশই তেওঁলোকৰ হৈ ৰাষ্ট্ৰ-ক্ষমতা দখল কৰিব লাগিব। লীগৰ আন এজন নেতা, কিংবদন্তি-স্বৰূপ বিপ্লৱী আগষ্ট ব্লাংক(Auguste Blanqui)ৰো ধাৰণা আছিল অনুৰূপ। ব্লাংকৰ নেতৃত্বত লীগে ফ্ৰাঞ্চৰ [আধাকেছেলুৱা] ১৮৩৯ৰ বিদ্ৰোহত অংশ লোৱাৰ ফলত ফ্ৰাঞ্চত সংগঠনটো নিষিদ্ধ ঘোষিত কৰা হৈছিল আৰু সেইবাবে পেৰিছৰ পৰা লণ্ডনলৈ সংগঠনৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰি পেলোৱা হৈছিল। লণ্ডনত এফালে ৱেটলিঙৰ অনুগামী আৰু আনফালে অহিংস পদ্ধতিৰ সমৰ্থক এচাম সংস্কাৰকামী সদস্যৰ মাজত সংগঠনটো প্ৰায় বিভক্ত হৈ পৰিছিল। ১৮৪৬ চনৰ ফেব্ৰুৱাৰী মাহত মাৰ্ক্স-এংগেলছে ‘লীগ অৱ জাষ্ট’ৰ সদস্যসকলক নিজৰ প্ৰভাৱলৈ আনিবলৈ ‘কমিউনিষ্ট বাৰ্তা কমিটি’ এখন স্থাপন কৰিলে। ৱেটলিং আদিকো কমিটিৰ অন্তৰ্ভুক্ত কৰা হল। পিছে কিছু সময়ৰ ভিতৰতে মাৰ্ক্স আৰু ৱেটলিঙৰ মাজত মতানৈক্যই দেখা দিলে। লীগৰ মেল-মিটিংসমূহ এই মতানৈক্যৰ ফলত উষ্ম হৈ পৰিল। মাৰ্ক্সৰ মতে, ‘কোনো বিজ্ঞানসন্মত তথা গঠনমূলক ধাৰণা নোহোৱাকৈ কেৱল শ্ৰমিকসকলক আহ্বান জনাই থকা কথাটো অসাধু কাম হব। নিজকে স্বয়ং মুক্তিদাতা বুলি ভাবি লৈ শ্ৰমিকসকলক অজ্ঞানী-মুৰ্খ বুলি গণ্য কৰা লোকসকলেহে এনে কাম কৰে’। আনফালে ৱেটলিঙে অভিযোগ আনিলে যে মাৰ্ক্সৰ ধাৰণাসমূহ হৈছে পুথিগত জ্ঞান তথা তত্ত্ব প্ৰসূত; বাস্তৱ-ৰাজনীতিৰ বাবে সিবিলাক বিশেষকৈ সহায়ক নহয়। মাৰ্ক্সে প্ৰত্যুত্তৰত কলে, ‘অজ্ঞানতাই আজিলৈকে কাকোৱেই সহায় কৰা নাই! ’ মাৰ্ক্সৰ বন্ধু প’ল এনেনকভে এই মিটিংসমূহত মাৰ্ক্সৰ ব্যক্তিত্ব সম্পৰ্কীয় কেতবোৰ জীৱন্ত চিত্ৰ অংকন কৰি গৈছেঃ মাৰ্ক্স হৈছে অফুৰন্ত শক্তিৰ অধিকাৰী; তেওঁৰ ইচ্ছা শক্তি অতিশয় দৃঢ় তথা আত্মবিশ্বাস লৰাব নোৱাৰা বিধৰ। তেওঁৰ পোছাক অদ্ভুত। মূৰত এসোপা দীঘল কলা চুলি, নোমেৰে ভৰা হাত ভৰি, ভুলকৈ বুটাম লগোৱা কোটচোলা...পিছে তেওঁক দেখিয়েই অনুভৱ হয় - তেওঁ যিমানেই অপৰিপাটি নহওক কিয়, সকলোৰে সন্মান আদায় কৰিব পৰাকৈ অপাৰ ক্ষমতা আৰু যোগ্যতা তেওঁৰ আছে। ...তেওঁ খপজপকৈ খোজ কাঢ়ে, কিন্তু তাত আত্মবিশ্বাস আৰু প্ৰত্যয়ৰ চাপ সুস্পষ্ট। তেওঁৰ চাল চলনবোৰ সাধাৰণ মানুহতকৈ যেন অলপ বেলেগ আৰু কিছুদূৰৈলৈ হয়তো অৱজ্ঞাসূচক। তেওঁৰএটাৰ পাছত সিটোকৈ বিভিন্ন বিষয় তথা ব্যক্তি সম্পৰ্কে তীক্ষ্ণ মন্তব্য কৰে আৰু সিবিলাকৰ সৈতে তেওঁৰ ধাতৱ কণ্ঠস্বৰ যেন সুন্দৰকৈ খাপ খাই পৰে। আন এজন সমসাময়িক লেখকৰ মতে: মাৰ্ক্সক দেখিলে এনে লাগে যেন জন্মগতভাবেই তেওঁ নেতৃত্বকাৰী গুণ লাভ কৰিছে। তেওঁৰ বক্তৃতাসমূহ চুটি চুটি, বিশ্বাসযোগ্য আৰু যুক্তিৰে পৰিপূৰ্ণ। অপ্ৰয়োজনীয় বাগাড়ম্বৰৰ পৰা সিবিলাক সম্পূৰ্ণভাবে মুক্ত। তেওঁৰ উচ্চাৰিত প্ৰত্যেকটো বাক্যতেই একোটাহঁত ধাৰণা লুকাই থাকে আৰু প্ৰত্যেকটো ধাৰণাই তেওঁৰ মূল পাঠ্যৰ সৈতে সুন্দৰকৈ যুক্ত। তেওঁক স্বপ্নবিলাসী বোলা কথাষাৰ একেবাৰেই ভুল। ‘কমিউনিষ্ট বাৰ্তা কমিটি’ৰ কাম-কাজসমূহৰ মাজেৰে মাৰ্ক্স-এংগেলছে অনুভৱ কৰিলে-জাৰ্মান শ্ৰমিক আন্দোলনত বিয়পি থকা সমাজবাদ সম্পৰ্কীয় বেছিভাগ ধাৰণাই ভ্ৰান্তিমূলক। সিবিলাকৰ উচিত সমালোচনা আগবঢ়োৱাটো অতিশয় প্ৰয়োজনীয় বুলি দুয়োজনেই গণ্য কৰিলে। এইবাৰ তেওঁলোকৰ আক্ৰমণৰ অন্যতম লক্ষ্য হৈ পৰিল ‘প্ৰকৃত সমাজবাদী’ (true socialists)সকল। এই ‘প্ৰকৃত সমাজবাদী’সকল আছিল মূলতঃ বুদ্ধিজীৱী। বস্ত্ৰ শ্ৰমিকসকলৰ বিদ্ৰোহৰ পাছতে তেওঁলোকে ‘সামাজিক প্ৰশ্ন’সমূহ ‘আৱিষ্কাৰ’ কৰিছিল! তেওঁলোকে বিশ্বাস কৰিছিল যে মানুহক নীতিগত শিক্ষা দিয়েই সমাজ পৰিবৰ্তন কৰিব পৰা যাব। মাৰ্ক্সৰ আক্ৰমণৰ আন এক লক্ষ্য আছিল প্ৰুধ’ আৰু তেওঁৰ অনুগামীসকল। ১৮৪৬ চনৰ মে মাহত মাৰ্ক্সে প্ৰুধ’ক ‘কমিউনিষ্ট বাৰ্তা কমিটি’ৰ পেৰিছৰ সংবাদদাতা হবলৈ আহ্বান কৰি চিঠি এখন লিখিছিল। পিছে উত্তৰত প্ৰুধ’এ তোষামোদী সুৰেৰে ‘দাৰ্শনিক চাহাব’ক কলে যে তেওঁ বিপ্লৱত বিশ্বাস নকৰে আৰু‘লাহে লাহে ব্যক্তিগত মালিকানা ধ্বংস কৰাতহে তেওঁ আগ্ৰহী’। ১৮৪৭ চনত প্ৰুধ’ৰ ‘The System of Economic Contradictions’ শীৰ্ষক গ্ৰন্থ এখনি প্ৰকাশিত হ’ল, যাৰ উপ-শীৰ্ষক আছিল ‘দৰিদ্ৰতাৰ দৰ্শন’ (Philosophy of Poverty)! সেইখনৰ তীব্ৰ সমালোচনা কৰি মাৰ্ক্সে একে বছৰতে নিজৰ এখনি গ্ৰন্থ প্ৰকাশ কৰিলে যাৰ নাম থোৱা হল ‘দৰ্শনৰ দৰিদ্ৰতা’ (The Poverty of Philosophy)! মাৰ্ক্স-এংগেলছৰ অশেষ চেষ্টাৰ মূৰত অৱশেষত ‘লীগ অৱ জাষ্ট’ সংগঠনটো তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আহিল। ১৮৪৭ চনৰ জুন মাহত সংগঠনটোৰ এখনি কংগ্ৰেছ বা অধিবেশন অনুষ্ঠিত কৰা হল যত সংগঠনৰ গুপ্ত ষড়যন্ত্ৰকাৰী চৰিত্ৰ সলনি কৰি তাক এক মুকলি তথা বিপ্লৱী সংগঠনৰ ৰূপ দিয়া হল। পুৰণি নাম সলনি কৰি সংগঠনৰ এটা নতুন নাম দিয়া হল - ‘কমিউনিষ্ট লীগ’। তদুনুৰূপভাৱে, সংগঠনৰ পুৰণি শ্লগান ‘সকলো মানুহেই ভ্ৰাতৃ’ সলনি কৰি এটা নতুন শ্লগান নিৰ্মাণ কৰা হল ‘বিশ্বৰ সকলো শ্ৰমিক, এক হওক! ’ একে বছৰৰে ডিচেম্বৰ মাহলৈ সংগঠনৰ দ্বিতীয় অধিবেশন অনুষ্ঠিত কৰা হল। এইখন অধিবেশনতে সংগঠনৰ নীতি সম্পৰ্কীয় এখন ঘোষণা পত্ৰৰ খচৰা প্ৰস্তুত কৰিবলৈ মাৰ্ক্স-এংগেলছক দায়িত্ব দিয়া হল। তিনি মাহ কষ্ট কৰি মাৰ্ক্স-এংগেলছে এখনি নাতিদীৰ্ঘ পাণ্ডুলিপি তৈয়াৰ কৰি উলিয়ালে। এইখনেই পাছলৈ সাম্যবাদী ইস্তাহাৰ বা কমিউনিষ্ট মেনিফেষ্টো নামেৰে জনাজাত হল। লণ্ডনৰ পৰা ১৮৪৮ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত এই মেনিফেষ্টোখনৰ প্ৰথম শাৰীটোৱেই আজি এক কিংবদন্তীলৈ পৰিণত হৈছে: ‘A spectre is haunting over Europe; the spectre of communism! ’ (Collected Works, Vol. vi, পৃষ্ঠা ৪৮১)। আজি পৰ্যন্ত সমস্ত মাৰ্ক্সবাদী সাহিত্যৰ ভিতৰত কমিউনিষ্ট মেনিফেষ্টোখনেই হৈছে সৰ্বাধিক জনপ্ৰিয় তথা বহুল পঠিত কিতাপ। লক্ষণীয়ভাৱে, মেনিফেষ্টোখন প্ৰেছত ছপা হৈ ওলোৱালৈকে সমগ্ৰ ইউৰোপতে বিপ্লৱৰ লক্ষণে দেখা দিলে। ১৮৪৮ চনৰ ফেব্ৰুৱাৰী মাহলৈ ফ্ৰাঞ্চৰ ৰাজসিংহাসনৰ পৰা লুই ফিলিপক ক্ষমতাচ্যুত কৰা হ’ল আৰু দ্বিতীয়বাৰৰ বাবে ফ্ৰাঞ্চক এখন গণৰাজ্যৰূপে ঘোষণা কৰা হল। মাৰ্চ মাহলৈ ভিয়েনা আৰু বাৰ্লিনতো বিদ্ৰোহ আৰম্ভ হল। ভয়ত বিতত হৈ বেলজিয়ামৰ চৰকাৰে ততালিকে মাৰ্ক্সক দেশৰ পৰা বহিষ্কাৰ কৰিলে। মাৰ্ক্স পুনৰ জাৰ্মানীলৈ ঘূৰি আহিল। এইবাৰ মাৰ্ক্স নয় ৰাইনিচে চাইতুং (Neue Rheinische Zeitung) নামেৰে নতুন বাতৰি কাকত এখনৰ মুখ্য সম্পাদক নিযুক্ত হল। পূৰ্বৰ ৰাইনিচে চাইতুং খনৰ দৰেই এই নতুন কাকতখনৰো মুখ্য কাৰ্যালয় কলন চহৰতে ৰখা হল। এইবাৰ মাৰ্ক্সে তেওঁৰ নিজ ইচ্ছাৰে সাংবাদিক তথা সম্পাদনা মণ্ডলী গঠন কৰিবলৈ সুযোগ পালে। এংগেলছৰ ভাষাত ‘কাকতখনৰ সম্পাদনা মণ্ডলী সম্পূৰ্ণভাৱে মাৰ্ক্সৰ স্বৈৰতন্ত্ৰৰ অধীন আছিল’। ৱাৰ্ণাৰ ব্লোমেনবাৰ্গে নয় ৰাইনিচে চাইতুঙৰ বিষয়ে এনেদৰে লিখিছেঃ ‘এই কাকতখন বিপ্লৱৰ সময়ছোৱাৰ শ্ৰেষ্ঠ কাকত হোৱাৰ লগতে জাৰ্মান ভাষাত প্ৰকাশিত সকলো সমাজবাদী কাকতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কব পৰা যায়। ’ ১৮৪৮ৰ বিপ্লৱে পুঁজি আৰু শ্ৰমিকৰ সংগ্ৰামখনিৰ কেন্দ্ৰীয় গুৰুত্ব সম্পৰ্কে সকলোকে সঁকীয়াই দিলে। ইয়াৰ আগলৈকে সামন্তীয় শক্তিসমূহৰ বিৰূদ্ধে পুঁজিৰ সংগ্ৰামখনিকেই মূল সংগ্ৰাম বুলি ভবা হৈছিল। বুৰ্জোৱাৰ নেতৃত্বত সামন্তীয় ভূ-স্বামীসকলৰ বিৰুদ্ধে শ্ৰমিক-কৃষককে আদি কৰি সমস্ত জনগণক একগোট কৰাটোৱেই বিপ্লৱৰ মূল লক্ষ্য বুলি সকলোৱে মানি লৈছিল। পিছে ১৮৪৮ বিপ্লৱে দৰ্শালে যে দৰাচলতে বৰ্তমানৰ সময়ত পুঁজি আৰু শ্ৰমৰ দ্বন্দ্বই সবাটোকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু শ্ৰমিক জনগনৰ বিৰূদ্ধে ন পুৰণি সকলো শাসক গোট ক্ৰমান্বয়ে একগোট হৈ পৰিছে। ১৮৪৮ৰ জুন মাহত ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ পোৱা গল যেতিয়া গণতান্ত্ৰিক ফৰাচী চৰকাৰে পেৰিছৰ শ্ৰমিকসকলৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিলে। শ্ৰমিকৰ তেজেৰে পেৰিছৰ বাট পথ ৰাঙলী হৈ পৰিল। মাৰ্ক্সে লিখিলে, ‘ভাতৃত্ব! শোষক আৰু শোষিতৰ এই তথাকথিত ভাতৃত্ব, যাক ফ্ৰেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ গুণ গান সকলোৱেই গাই ফুৰিছিল, যাৰ আগমনৰ বিষয়ে পেৰিছৰ সমস্ত বাট-পথ, বেৰেক, আৰু কাৰাগাৰত ডাঙৰ ডাঙৰ আখৰেৰে তোৰণ অঁকা হৈছিল, সি অৱশেষত তাৰ প্ৰকৃত স্বৰূপ দেখুৱালে। গৃহযুদ্ধৰ ৰূপত, শ্ৰম আৰু পুঁজিৰ ভয়াবহ সংগ্ৰামৰ ৰূপত তাৰ সবাটোকৈ বিশুদ্ধ আৰু কদাকাৰ প্ৰমাণ পোৱা গল’ (Collected Works, Vol. vii, পৃষ্ঠা ১৪৪, ১৪৭)। এইখিনিতে মন কৰিবলগীয়া যে যদিও ইংলেণ্ড তথা ফ্ৰাঞ্চ প্ৰভৃতি বিকশিত দেশত বুৰ্জোৱাৰ প্ৰকৃত স্থিতি সম্পৰ্কে মাৰ্ক্স–এংগেলছৰ কোনো সন্দেহ বাকী নাথাকিল, তথাপিও তেওঁলোকে এই আশা নেৰিলে যে জাৰ্মানীৰ দৰে অনগ্ৰসৰ দেশসমূহত হয়তো এতিয়াও বুৰ্জোৱা শ্ৰেণীক এক বৈপ্লৱীক ভূমিকা গ্ৰহণ কৰিবলৈ বাধ্য কৰিব পৰা যাব। সেয়েহে ১৮৪৮ চনৰ মাৰ্চত যেতিয়া বিপ্লৱে বাৰ্লিন চহৰত প্ৰবেশ কৰিলে, মাৰ্ক্স এংগেলছে [মাত্ৰ কেইশমান সদস্যৰে গঠিত কমিউনিষ্ট লীগৰ যোগেৰে কোনো সৰু সুৰা ভূমিকা পালন কৰাতকৈ] বুৰ্জোৱা বিপ্লৱীসকলৰ সবাটোকৈ উগ্ৰ বাওঁ অংশটোৰ ভূমিকা লোৱাটোকেই ঠিক কৰিলে। নয় ৰাইনিচে চাইতুঙৰ যোগেৰে মাৰ্ক্স এংগেলছে বুৰ্জোৱা বিপ্লৱৰ অসমাপ্ত কামকাজখিনি সম্পূৰ্ণ কৰিবলৈ জনগণক আহ্বান কৰিলে। এই সময়ত মাৰ্ক্স-এংগেলছৰ ৰাজনৈতিক কাৰ্যসূচীৰ দুটা মূল বিন্দু আছিলঃ এখন একক, অখণ্ড তথা গণতান্ত্ৰিক জাৰ্মানীৰ নিৰ্মাণ আৰু ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা। জাৰ নিকোলাচ প্ৰথম’ৰ অধীন ৰাছিয়া সেই সময়ৰ এখন অতিশয় প্ৰতিক্ৰিয়াশীল দেশ আছিল। ১৭৮৯ৰ ফৰাচী বিপ্লৱৰ সময়ৰে পৰা সমগ্ৰ ইউৰোপতে সকলোধৰণৰ পৰিবৰ্তনকামী শক্তিক পৰাভূত কৰাৰ ক্ষেত্ৰত ৰাছিয়াই বিশেষ ভূমিকা লৈ আহিছিল। ৰাছিয়াৰ প্ৰতি সমস্ত ইউৰোপৰ বিপ্লৱীসকলৰ ঘৃণা ইমানেই প্ৰচণ্ড আছিল যে তেওঁলোকে ৰাছিয়াক ‘ইউৰোপৰ প্ৰতিক্ৰিয়াশীল পুলিছ’ (Gendarme of Europe) নামেৰে সম্বোধন কৰিছিল। পাছলৈ দেখা গল - ১৮৪৮ৰ বিপ্লৱ পৰাভূত কৰি ইউৰোপৰ বিভিন্ন দেশত প্ৰতিক্ৰিয়াশীল শক্তিসমূহক পুনঃসংগঠিত কৰাৰ ক্ষেত্ৰতো ৰাছিয়াই বিশেষ ভূমিকা পালন কৰিলে। মাৰ্ক্সে আশা কৰিছিল – ফ্ৰাঞ্চৰ জেকোবিন বিপ্লৱীসকলে ১৭৮৯ত কৰাৰ দৰে এক গণতান্ত্ৰিক জাৰ্মানীয়েও ৰাছিয়া নেতৃত্বাধীন প্ৰতিক্ৰিয়াশীল শক্তিসমূহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ইউৰোপৰ ভূখণ্ডক সিবিলাকৰ হাতোঁৰাৰ পৰা মুক্তি দিয়াব পাৰিব। পিছে মাৰ্ক্সৰ এই সপোন সপোন হৈয়েই ৰ’ল। শ্ৰমিক শক্তিৰ উগ্ৰ আন্দোলনৰ সম্মুখীন হৈ ভয়াৰ্ত জাৰ্মান বুৰ্জোৱাই সকলোধৰণৰ বিপ্লৱী শ্লগান ত্যাগ কৰি প্ৰুচিয়ান ৰাজতন্ত্ৰৰ সৈতে হাত মিলালে। ইখনৰ পাছত সিখনকৈ সমগ্ৰ ইউৰোপৰ দেশসমূহত বিপ্লৱ পৰাজিত হোৱাৰ খবৰেৰে নয় ৰাইনিচে চাইতুঙৰ পৃষ্টাবোৰ ভৰি পৰিল। প্ৰথমতে অষ্ট্ৰিয়া, তাৰ পাছত বহেমিয়া, হাংগেৰী, ফ্ৰাঞ্চ আৰু সৰ্বশেষত জাৰ্মানীতো বিপ্লৱ পৰাভূত হল। এইবাৰ খোদ নয় ৰাইনিচে চাইতুঙৰ ওপৰতো দমন আৰম্ভ হল। অতি সোনকালেই মাৰ্ক্সকে আদি কৰি কাকতখনৰ আটাইকেওজন সম্পাদকৰ ওপৰত উপৰ্যুপৰি দুটাকৈ গোচৰ জাপি দিয়া হল। অৱশ্যে গোচৰৰ বিচাৰ কৰা ন্যায়াধীশ কেইজন কাকতখনৰ প্ৰতি সদয় আছিল; সোনকালেই মাৰ্ক্স আৰু তেওঁৰ সহকৰ্মীসকলক সসন্মানে মুক্ত কৰি দিয়া হল। কিন্তু কিছুদিনৰ পাছতে নতুনকৈ কেইটামান গোচৰৰ চেলু লৈ প্ৰুচিয়ান চৰকাৰে কাকতখনৰ প্ৰকাশন বন্ধ কৰি দিলে আৰু সম্পাদক কেইজনক দেশৰ পৰা নিৰ্বাসিত কৰাৰ নিৰ্দেশনা জাৰী কৰিলে। মাৰ্ক্স প্ৰমুখ্যে নয় ৰাইনিচে চাইতুঙৰ সম্পাদক কেইজনে সিদ্ধান্ত ললে –একেবাৰে বন্ধ কৰি দিয়াৰ আগতে কাকতখনৰ শেষ সংখ্যাটো সম্পূৰ্ণভাৱে ৰঙা আখৰৰে ছপা কৰা হওক! কাকতখনৰ অন্তিমটো সম্পাদকীয় মাৰ্ক্সে এনেদৰে লিখিলে, ‘আপোনালোকে দিয়া অকুণ্ঠ সমৰ্থনৰ বাবে আমি আটাইকেওজন সম্পাদকেই হৃদয়ৰে ধন্যবাদ জনাইছোঁ। আমাৰ শেষ কথা সকলো সময়তে আৰু সৰ্বত্ৰতে একেটাইঃ [আমি বিচাৰোঁ] শ্ৰমিক শ্ৰেণীৰ মুক্তি! ’(Collected Works,Vol. ix, পৃষ্ঠা ৪৬৭) দেশান্তৰ আৰু কষ্টকৰ জীৱন সংগ্ৰাম জাৰ্মানীৰ পৰা দেশান্তৰিত হোৱাৰ পাছত মাৰ্ক্স কিছুদিনৰ বাবে পেৰিছলৈ আহে আৰু অৱশেষত ১৮৪৯ চনত লণ্ডনলৈ যায়। প্ৰথমতে তেওঁ দেশান্তৰৰ কাল চোৱা চমু হব বুলিয়েই আশা কৰিছিল। তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰিছিল – বিপ্লৱৰ তুঁহ জুইকুৰা অতি সোনকালেই পুনৰ দপদপাই জ্বলি উঠিব। আনফালে মাৰ্ক্সৰ দৰেই এংগেলছেও ১৮৪৮ৰ বিপ্লৱত সকলোখিনি সমৰ্পণ কৰি দিছিল। পিছে ১৮৪৯ চনৰ শেহৰ ফাললৈ প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান সেনাৰ হাতত বিপ্লৱৰ অন্তিমটো দুৰ্গ পেলেটিনেট অঞ্চলৰ পতনৰ পাছত এংগেলছৰ সমুখতো জাৰ্মানীত কৰিবলগীয়া একো বাকী নাথাকিল(পেলেটিনেটৰ প্ৰতিৰক্ষা সংগ্ৰামত এংগেলছে সোঁ-শৰীৰেৰে অংশগ্ৰহণ কৰিছিল)। কিছুদিনৰ পাছত তেৱোঁ লণ্ডন চহৰত উপস্থিত হলগৈ। এইবাৰ লণ্ডনৰ পৰাই দুয়ো বন্ধু কমিউনিষ্ট লীগৰ পুনৰ্গঠনৰ কামত নিমগ্ন হৈ পৰিল। বিপ্লৱৰ কালছোৱাত মাৰ্ক্স–এংগেলছৰ অবৰ্তমানত লীগৰ কাম কাজ প্ৰায় স্থবিৰ হৈ পৰিছিল। সি যি কি নহওক, বিপ্লৱী জুইকুৰা শাম কটাৰ পাছত লীগৰ কেন্দ্ৰীয় কমিটিৰ অফিচ লণ্ডনলৈ স্থানান্তৰিত কৰা হল। লীগৰ মুখপাত্ৰ হিচাপে পুনৰ এখন নতুন কাকত The Neue Rheinische Zeitung: Politisch-Oekonomisch Revue প্ৰকাশ পালে। এইখন কাকততে ফ্ৰাঞ্চৰ শেহতীয়া ঘটনাৱলী সম্পৰ্কে মাৰ্ক্সৰ এলানি প্ৰবন্ধ প্ৰকাশিত হল। The Class Struggles in France নামেৰে প্ৰকাশিত হোৱা এই ৰচনাখিনিত তেওঁ ১৮৪৮-৪৯ৰ বিপ্লৱৰ এক মূল্যবান বিশ্লেষণ আগবঢ়ালে। লগতে মাৰ্ক্সে এই আশাও ব্যক্ত কৰিলে যে হয়তো অতি সোনকালেই বিপ্লৱৰ তুঁহ-জুইকুৰা পুনৰ দপদপাই জ্বলি উঠিব। ১৮৫০চনৰ মাৰ্চত মাৰ্ক্সে লীগৰ কেন্দ্ৰীয় কমিটিৰ এখন খচৰা আহ্বান প্ৰস্তুত কৰি উলিয়ালে, যত কোৱা হল –‘বিপ্লৱৰ অন্তিম পৰ্যায় সন্নিকট’ (Collected Works, Vol. x, পৃষ্ঠা ২৭৯)। বিপ্লৱ-কালত সকলো সাম্যবাদীৰ একত্ৰিত অংশগ্ৰহণ সুনিশ্চিত কৰিবৰ বাবে এইবাৰ ব্লাংকৰ অনুগামীসকলৰ সংগঠন The Universal Society of Revolutionary Communistsৰ সৈতে লীগৰ সদস্যসকল এক বুজা-পৰালৈ আহিল। এই ব্লাংকপন্থীসকলৰ ঘোষিত উদ্দেশ্য আছিলঃ ‘সকলো বিশেষাধিকাৰী শ্ৰেণীৰ উচ্ছেদকৰণ, এই সমস্ত শ্ৰেণীসমূহৰ ওপৰত সৰ্বহাৰাৰ একনায়কত্ব স্থাপন আৰু ইয়াৰ দ্বাৰাই নিৰালস্য গতিৰে কমিউনিজিম পৰ্যন্ত বিপ্লৱৰ অবিৰত যাত্ৰা সুনিশ্চিতকৰণ’(Collected Works, Vol. x, পৃষ্ঠা ৬১৪)। ১৮৫০ চনৰ মাজভাগলৈকে এই জাতীয় সমস্ত প্ৰস্তুতি তথা আশাবাদ মৰীচিকা যেনেই প্ৰমাণিত হল। বছৰটো শেষ নহওঁতেই এই কথা স্পষ্ট হৈ পৰিল যে ১৮৪৮ৰ লেখীয়া বিপ্লৱী ধুমুহা সোনকালে পুনৰ অহাৰ কোনো আশা নাই। মাৰ্ক্সেও প্ৰত্যক্ষ্য ৰাজনৈতিক কাম-কাজৰ পৰা আঁতৰি আহি পুঁজিবাদ সম্পৰ্কীয় পঢ়াশুনাত মনোনিবেশ কৰিবলৈ ঠিক কৰিলে। ১৮৫০ চনৰ মাজভাগত তেওঁ ব্ৰিটিছ মিউজিয়ামৰ ৰিডিং ৰুমৰ সদস্যপদ লাভ কৰিলে। লাইব্ৰেৰীত সোমায়েই মাৰ্ক্স অৰ্থনীতি সম্পৰ্কীয় অধ্যয়নত নিমগ্ন হৈ পৰিল। এইক্ষেত্ৰত ‘দ্য ইক’ন’মিষ্ট’ আলোচনীখনে তেওঁৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিলে। কিছু পঢ়া শুনা কৰাৰ পাছত মাৰ্ক্স এই সিদ্ধান্তত উপনীত হল যে সোনকালে বিপ্লৱী জোৱাৰ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। Revueৰ অন্তিমটো সংখ্যাত প্ৰকাশিত এটি প্ৰবন্ধত তেওঁ লিখিলে যে ১৮৪৮ৰ বিপ্লৱী জোৱাৰৰ নেপথ্যত ১৮৪৫ মানৰে পৰা সমগ্ৰ ইউৰোপজুৰি ব্যাপি অহা অৰ্থনৈতিক সংকটে ক্ৰিয়া কৰিছিল। পিছে ১৮৫০ চনৰ পাছৰে পৰা বিশ্ব অৰ্থনীতিয়ে সম্প্ৰসাৰণৰ এক নতুন পৰ্যায়ত প্ৰবেশ কৰিছে। এই ক্ষেত্ৰত বিভিন্ন কাৰক যেনে কেলিফৰ্ণিয়াত সোণৰ আৱিষ্কাৰ, ভাপ ইঞ্জিনে সুচল তথা দ্ৰুত কৰি তোলা যাতায়াত ব্যৱস্থা ইত্যাদিয়ে সহায়ক ভূমিকা লৈছেঃ বৰ্তমানৰ এই সমৃদ্ধিৰ পৰিস্থিতিত, যেতিয়া নেকি বুৰ্জোৱা সমাজৰ উৎপাদিকা শক্তিসমূহ বুৰ্জোৱা সম্বন্ধসমূহৰ অধীনত যিমান দূৰৈলৈকে সম্ভৱ সিমান খিনিলৈকে বিকশিত হব ধৰিছে, এনে সময়ত ততালিকে বিপ্লৱৰ আশা কৰাটো বাতুলতা মাত্ৰ হব। বিপ্লৱ সংঘটিত হবলৈ প্ৰয়োজন হয় সংকটকালীন সময়ৰ, যেতিয়া আধুনিক উৎপাদিকা শক্তি আৰু বুৰ্জোৱা উৎপাদন প্ৰণালীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ...এক নতুন সংকটেহে এক নতুন বিপ্লৱৰ জন্ম দিব পাৰিব। পিছে এই সংকট তথা বিপ্লৱ এসময়ত যে আহিবই, সেয়া নিৰ্ঘাত সত্য। (Collected Works, Vol. x, পৃষ্ঠা ৫১০)। মাৰ্ক্সৰ এই আপাত হতাশাপূৰ্ণ অথচ বস্তুনিষ্ঠ বিশ্লেষণে কমিউনিষ্ট লীগৰ আন আন নেতাসকলক হতাশ তথা ক্ৰোধান্বিত কৰি তুলিলে। লীগৰ কেন্দ্ৰীয় কমিটিৰ সদস্যসকলৰ মাজত এই লৈ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হল। অৱশেষত ১৮৫০ চনৰ ১৫ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত কেন্দ্ৰীয় কমিটিৰ এখন হুলস্থূলীয়া তথা তিক্ত মিটিঙৰ পাছত মাৰ্ক্স-এংগেলছে কমিউনিষ্ট লীগৰ পৰা নিজকে আঁতৰাই অনাটোৱেই সমীচীন হব বুলি বিবেচনা কৰিলে। এনেও এই সময় ছোৱালৈকে প্ৰুছিয়ান পুলিচৰ উৎপাতত লীগ প্ৰায় শক্তিহীন হৈ পৰিছিল। জাৰ্মানী স্থিত লীগৰ অধিকাংশ সদস্যকেই প্ৰুচিয়ান পুলিচে ব্যাপক হাৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰি পেলাইছিল। যেতিয়া এই সদস্যসকলক বিচাৰৰ বাবে ন্যায়ালয়ৰ সম্মুখীন কৰোৱা হল, মাৰ্ক্সে তেওঁলোকৰ সমৰ্থনত এখনি পুস্তিকা প্ৰচাৰিত কৰিলে। মাৰ্ক্সৰ স্বভাৱসিদ্ধ বদ অভ্যাসটোৰ ফলত এই পুস্তিকাখনৰো কলেৱৰ ক্ৰমশঃ বৃদ্ধি হৈ এখন পূৰ্ণাংগ কিতাপৰ আকাৰ ললে। কিতাপখনৰ নাম থোৱা হলঃ Revelations Concerning the Communist Trial in Cologne। এই সময়ছোৱাৰ পাছৰে পৰা মাৰ্ক্সে প্ৰত্যক্ষ্য ৰাজনৈতিক কাৰ্যকলাপৰ পৰা নিজকে আঁতৰাই আনিলে। ১৮৫১ চনৰ ফ্ৰেব্ৰুৱাৰীত এংগেলছলৈ লিখা এখনি চিঠিত এইদৰে তেওঁৰ মনৰ ভাৱ প্ৰকাশ পাইছে, পাব্লিকৰ পৰা আঁতৰত, আমাৰ এই নিঃসঙ্গ পৰিস্থিতি লৈ মই নথৈ আনন্দিত। আমাৰ স্থিতি আৰু নীতি সমূহৰ বাবেও ই অতিশয় ভাল কথা হৈছে। এতিয়াৰে পৰা আমি ৰাজনৈতিক প্ৰয়োজনত যাৰে তাৰে লগত হলি-গলি কৰি ন্যায়-নীতিৰ স্বাৰ্থত সিহঁতৰ অৰ্ধ-সত্য প্ৰলাপ বোৰ সহ্য কৰি, পাৰ্টিৰ কৰ্তব্যৰ খাতিৰত সিহঁতৰ লগত একেলগে মঞ্চত উঠি জনগনৰ ককৰ্থনাৰ সমুখীন হোৱাৰ বাধ্য-বাধকতাৰ পৰা হাত সাৰিব পাৰিম। ৰাজনীতিৰ পৰা আঁতৰি আহি মাৰ্ক্সে এইবাৰ গভীৰ অৰ্থনৈতিক অধ্যয়নত মনোনিবেশ কৰিলে। ১৮৪৫ চনতেই মাৰ্ক্সে অৰ্থনীতি সম্পৰ্কে এখন কিতাপ লিখাৰ পৰিকল্পনা কৰিছিল,পিছে ১৮৪৮ চনৰ আশে পাশে প্ৰত্যক্ষ্য ৰাজনৈতিক কাৰ্যকলাপত ব্যস্ত হৈ পৰাৰ ফলত এই কাম আধৰুৱা হৈয়েই ৰল। সি যি কি নহওক, ১৮৫১ চনৰ অধিকাংশ সময় মাৰ্ক্সে ব্ৰিটিছ মিউজিয়ামৰ লাইব্ৰেৰীতে কটালে। এই এবছৰৰ ফছল আছিল ১৪খন টোকাবহী য’ত মাৰ্ক্সে বিভিন্ন গ্ৰন্থৰ পৰা গুৰুত্বপূৰ্ণ অংশবিশেষ টুকি ৰাখিছিল। সেই সময়ৰ এজন বন্ধুৱে মাৰ্ক্সৰ মনোদশাৰ চিত্ৰণ কৰিছে এনেদৰে, ‘মাৰ্ক্সক লগ পালে তেওঁ আপোনাক সাধাৰণভাৱে সম্ভাষণ জনোৱাৰ সলনি কেতবোৰ অৰ্থনীতি সম্পৰ্কীয় তত্ত্বকথাৰেহে বাৰ্তা আৰম্ভ কৰে! ’ ১৮৫১ চনৰ এপ্ৰিল মাহত এংগেলছে মাৰ্ক্সৰ পৰা এখন চিঠি লাভ কৰিলে যত কোৱা হল, ‘মই বৰ খৰ গতিৰে আগবাঢ়িছো। মই ভাবো আৰু পাঁচ সপ্তাহ মানৰ ভিতৰতে মই এই সমস্ত অৰ্থনীতি সম্পৰ্কীয় পঢ়া শুনা শেষ কৰি পেলাম। ইয়াৰ পাছত মই ঘৰৰ পৰাই লিখা মেলা কৰিম আৰু এটা নতুন বিষয় লৈ মিউজিয়ামত পঢ়া শুনা আৰম্ভ কৰিম। এই অৰ্থনীতিসোপা পঢ়ি পঢ়ি মোৰ আমনি লাগি গৈছেগৈ। ’ এই চিঠিখন লিখাৰ বত্ৰিশ বছৰ পাছত মাৰ্ক্সৰ যেতিয়া মৃত্যু হয়, তেতিয়াও তেওঁৰ ‘অৰ্থনীতিসোপা’ৰ অধ্যয়ন অসম্পূৰ্ণ হৈয়েই ৰল। তেওঁৰ তিনিটা খণ্ডৰ বৃহৎ গ্ৰন্থ ‘ডাছ কেপিটেল’ৰো মাত্ৰ এটা খণ্ডহে তেওঁৰ জীৱিত কালত প্ৰকাশিত হল। মাৰ্ক্সৰ এই শামূকীয়া গতিৰ কাৰণ বুজিবলৈ হলে তেওঁৰ কেতবোৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰতি চকু দিব লাগিব। আন আন বৃহৎ প্ৰতিভাসম্পন্ন লোকৰ দৰেই মাৰ্ক্সো আছিল ‘পাৰ্ফেকচনিষ্ট’; একেটা লেখনীকে তেওঁ বাৰে বাৰে লিখিছিল; কেইবাবাৰো সম্পাদনা আৰু পৰিবৰ্ধন কৰাৰ পাছতো তেওঁ সন্তুষ্ট হোৱা নাছিল। এবাৰ লিখিবলৈ বহিও তেওঁ পুনৰ নতুন তথ্য বিচাৰি আৰু অধিক কিতাপ পত্ৰ পঢ়িবলৈ লৈছিল। এয়া যেন এক অন্তহীন প্ৰক্ৰিয়া আছিল। তদুপৰি সমসাময়িক ঘটনা ৰাজী সম্পৰ্কেও তেওঁ মাজে সময়ে লিখিব লগা হৈছিল আৰু ইয়ে তেওঁৰ ‘অৰ্থনৈতিক অধ্যয়ন’ত ব্যাঘাট জন্মাইছিল। ১৮৫২চনত মাৰ্ক্সৰ এখন নতুন গ্ৰন্থ The Eighteenth Brumaire of Louis Bonaparte প্ৰকাশিত হল। মাৰ্ক্সৰ শ্ৰেষ্ঠ গ্ৰন্থসমূহৰ ভিতৰত এইখনো আছিল অন্যতম। দ্বিতীয় ফৰাচী গণৰাজ্যৰ স্খলন হৈ কেনেদৰে নেপোলিয়ন তৃতীয়ৰ দ্বিতীয় সাম্ৰাজ্য সম্ভৱপৰ হল –এই সম্পৰ্কে Eighteenth Brumaireৰ বিশ্লেষণ আছিল অভূতপূৰ্ব। গ্ৰন্থখনিৰ প্ৰথম বাক্যটোৰ সৈতে অপৰিচিত লোক আজি হয়তো খুউব কমেই আছে: ‘Hegel remarks somewhere that all great world-historic facts and personages appear, so to speak, twice. He forgot to add: the first time as tragedy, the second time as farce’. বৌদ্ধিকভাৱে এই সময়ছোৱা মাৰ্ক্সৰ বাবে অতিশয় সাৰুৱা হলেও ব্যক্তিগতভাৱে এইখিনি সময় তেওঁৰ পৰিয়ালটোৰ বাবে আছিল অতিশয় দুৰ্যোগেৰে ভৰা। কোনো স্থায়ী কৰ্মসংস্থান নথকাৰ ফলত পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল। ১৮৫০ চনৰ পৰা ১৮৫৬ চনলৈ – এই ছবছৰৰ ভিতৰতে মাৰ্ক্সৰ তিনিটাকৈ সন্তানে মূলতঃ দৰিদ্ৰতাৰ বাবেই প্ৰাণ হেৰুৱাব লগা হল। ১৮৫২ চনৰ আশে পাশে ইমানেই পইছাৰ অনাটনে দেখা দিলে যে মাৰ্ক্সৰ দ্বিতীয়জনী ছোৱালী ফ্ৰাঞ্চেস্কাৰ মৃত্যৰ পাছত তাইক কবৰ দিয়া কফিনটো কিনিবলৈও জেনীয়ে আনৰ ওচৰত হাত পাতিব লগা হল। প্ৰায় প্ৰতিদিনেই টকা পইছা সংক্ৰান্তত ঘৰৰ মালিক, গাখীৰৱালা, দোকানী আদিৰ পৰা মাৰ্ক্স দম্পতীয়ে কথা শুনিব লগা অৱস্থা। প্ৰাত্যহিক সংগ্ৰামৰ মাজত মাৰ্ক্সৰ মৰমৰ জেনীজনী কৰবাত যেন হেৰাই থাকিল। মাৰ্ক্সৰো অৱস্থা তথৈবচ। ডিচেম্বৰৰ আশে পাশে এখন সাংবাদিকে লগ পাবলৈ বিচাৰোতে মাৰ্ক্সে কৈ পঠিয়ালেঃ তেওঁ এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে কিয়নো তেওঁৰ কোট চোলা আৰু জোতাযোৰ বন্ধকীত দি থোৱা হৈছে। ১৮৫৫ চনৰ এপ্ৰিলত আন এটা দুৰ্যোগে দেখা দিলেঃ মাৰ্ক্সৰ আটাইতকৈ সৰু আৰু মৰমৰ সন্তান এডগাৰৰ যক্ষ্মা ৰোগত মৃত্যু হ’ল। শোকবিহবল মাৰ্ক্সে এজন বন্ধুলৈ কিছুমাহৰ পাছত এনেদৰে লিখিলে, বেকনে কৰবাত লিখিছে – মহান মহান লোকসকলে হেনো হেৰুওৱাৰ বেদনা বৰকৈ অনুভৱ নকৰে; কিয়নো এই বিশ্বব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰ সৈতে অজস্ৰ সম্পৰ্কই তেওঁলোকক সদাব্যস্ত কৰি ৰাখে। কিন্তু মই? মইতো কোনো মহান লোক নহয়। মোৰ লৰাটোৰ মৃত্যুৱে যে মোক ভিতৰলৈকে মাৰি নিছে। এতিয়াও এনে লাগে, এয়া যেন আজিৰ হে ঘটনা। মোৰ দুৰ্ভগীয়া মানুহ জনীও বেজাৰত একেবাৰে ভাগি পৰিছে। এই সংকটৰ সময়ছোৱাতে হেলেন ডেম’থ নামৰ মাৰ্ক্স পৰিয়ালৰ পৰিচাৰিকা গৰাকীয়ে এটি সন্তান প্ৰসৱ কৰিলে। হেলেনক জেনীৰ মাকৰ পৰিয়ালৰ পৰা মাৰ্ক্সৰ ঘৰত পৰিচাৰিকা ৰূপে কাম কৰিবলৈ পঠোৱা হৈছিল। হেলেনৰ সন্তানটিৰ পিতৃ কোন এই লৈ ঘৰত হুলস্থূলীয়া পৰিবেশ এটা সৃষ্টি হল। পাছত গম পোৱা গল –সন্তানটিৰ পিতৃ মাৰ্ক্সৰ বাহিৰে আন কোনো নাছিল। পিছে সেই সময়ত বন্ধুক বচাবলৈ এংগেলছে নিজৰ ওপৰতে কথাটো গাত পাতি ললে। এংগেলছেই সন্তানটিক পিতৃ হিচাপে ‘ফ্ৰেডৰিক’ নামেৰে নামকৰণ কৰিলে। সুদীৰ্ঘ চল্লিশ বছৰৰ পাছত মৃত্যুৰ কিছুদিন আগতেহে এংগেলছে প্ৰকৃত সত্যটো (মাৰ্ক্সৰ জীয়ৰী) এলেনৰক জানিবলৈ দিলে। এই ঘটনাটোৰ পৰাই গম পোৱা যায়ঃ তথাকথিত বুৰ্জোৱা ‘সন্মানজনক জীৱন’ৰ প্ৰতি মাৰ্ক্সৰো অকণমান মোহ আছিল। আচলতে যিমান দূৰৈলৈকে সম্ভৱ বাচি থকা ছোৱালীকেইজনীক এক মধ্যবিত্তীয় জীৱন-স্তৰ প্ৰদান কৰিবলৈ মাৰ্ক্স–জেনীয়ে পাৰ্যমানে চেষ্টা কৰিছিল। ভদ্ৰ বুৰ্জোৱা ছোৱালীৰ দৰেই মাৰ্ক্সৰ তিনিওজনী জীয়ৰী- জেনী, লৌৰা আৰু এলেনৰ ডাঙৰ দীঘল হৈছিল। অৰ্থনৈতিক সমস্যাখিনি বাদ দিলে পৰিচাৰিকা হেলেনৰ সৈতে পৰিয়ালটোক এক বুৰ্জোৱা পৰিয়াল বুলিয়েই কব পাৰি। এই ক্ষেত্ৰত আচলতে আচৰিত হবলগীয়া বিশেষ কথা নাই। আন আন মানুহৰ দৰেই মাৰ্ক্সৰো বহুখিনি মানৱীয় দুৰ্বলতা আছিল। মূল কথাটো হৈছে - বিশেষ সমাজ এখনত জন্ম লোৱা ব্যক্তি এজনে সেই সমাজৰ সকলোখিনি হেঁচা, প্ৰভাৱ আৰু বাধ্য-বাধকতা সম্পূৰ্ণভাৱে কেতিয়াও দলিয়াই পেলাব নোৱাৰে; তেহেলৈ তেওঁ সেই সমাজৰ প্ৰচণ্ড বিৰোধীয়েই নহওক কিয়। সি যি কি নহওক, ১৮৫৬ চনৰ আশে পাশে পৈতৃক সূত্ৰে জেনীয়ে কিছু ধন-সম্পত্তি লাভ কৰিলে। ছ’হ’ চহৰৰ পুৰণা জৰাজীৰ্ণ ঘৰটো এৰি পৰিয়ালটোৱে এইবাৰ প্ৰিমৰ’জ হিলৰ ওচৰত এটা নতুন ঘৰ ললে। পিছে এবছৰৰ ভিতৰতে পৰিস্থিতি পুনৰ আগৰ দৰেই হৈ পৰিল। ১৮৫৭ চনৰ জানুৱাৰীত মাৰ্ক্সে লিখিলে, ‘এতিয়া মই কি কৰিম, একোকে ভাবি পোৱা নাই। ভাবিছিলো পাঁচ বছৰ পূৰ্বৰ সেই বিভীষিকাময় দিনবোৰ দূনাই ঘূৰি নাহিব। কিন্তু এতিয়া যে পৰিস্থিতি তাতোকৈ বেয়ালৈহে ধাল খাইছে। ’ এবছৰমান পাছত এংগেলছক উদ্দেশ্যি চিঠি এখনত মাৰ্ক্সে লিখিলে – ‘সাধাৰণ আকাংক্ষাৰ মানুহে বিয়া-বাৰু পাতি ঘৰুৱা সমস্যাত ব্যতিব্যস্ত হৈ পৰাৰ নিচিনা মুৰ্খামিৰ কাম সংসাৰত আৰু নাই’। ১৮৬২ চনলৈ পৰিস্থিতি ইমানেই বেয়ালৈ ধাল খালে যে উপায়বিহীন হৈ মাৰ্ক্সে ৰেলৱে কেৰাণীৰ চাকৰি এটাৰ বাবে আবেদন কৰিলে। পিছে হাতৰ আখৰ অত্যন্ত বেয়া হোৱাৰ বাবে মাৰ্ক্সক চাকৰিটো দিয়া নহল! কিছু সময়ৰ পাছৰ আন এখন চিঠিত মাৰ্ক্সে লিখিলে, মোৰ মানুহজনীয়ে প্ৰতিদিনে কয়, তেওঁ এতিয়া মৰিবলৈহে বাঞ্চা কৰে। মই নিৰুত্তৰ হৈ থাকোঁ। সঁচাকৈ কবলৈ গলে – তেওঁক বুজাবলৈ মোৰ ভাষা নাই। এনে পৰিস্থিতিত নিতৌ কিমান অপমান, যন্ত্ৰণা আৰু শঙ্কাৰ মাজেৰে দিন কটাব লগা হয় সেয়া যে ভাষাৰে বুজাব নোৱাৰি। ...ল’ৰা ছোৱালীকেইটাৰ মুখলৈ মই চাব নোৱাৰোঁ। এই উৎসৱৰ সময়ছোৱাত সিহঁতৰ বয়সৰ সকলোৱেই ৰং ৰহইছ কৰি ফুৰিছে আৰু সিহঁতে? সিহঁতঁৰ ভয় জানোচা কোনোবাই সিহঁতক লগ কৰিবলৈ আহে আৰু এই পূতিগন্ধময় পৰিবেশত সিহঁতক আৱিষ্কাৰ কৰে। এনে নৰক সদৃশ পৰিবেশতো যে মাৰ্ক্স দম্পত্তীয়ে সংসাৰৰ ঘানি টানি নিবলৈ সাহস পাইছিল - তাৰ একমাত্ৰ কাৰণ আছিল – মাৰ্ক্সৰ পৰম-মিত্ৰ ফ্ৰেডৰিক এংগেলছ আৰু তেওঁৰ জীৱন জোৰা সহায়-সাহায্য। এংগেলছৰ সহায় অবিহনে হয়তো মাৰ্ক্সৰ ঘৰখন কাহিনীবাই নিঃশেষ হৈ গল হয়। কেৱল মাৰ্ক্সক ধনৰ যোগান ধৰিবলৈকে ১৮৫০ চনত এংগেলছে পুনৰ ব্যৱসায়ৰ জগতখনত প্ৰবেশ কৰে। মাৰ্ক্সলৈ লিখা এখন চিঠিৰ মাজেৰে গম পোৱা যায় - অতিশয় বাধ্যত পৰিহে এংগেলছ এই পেছালৈ ঘূৰি আহিছিল। ‘এই টকা ঘটা কাৰবাৰটো অতিশয় অপ্ৰীতিকৰ...তাতোকৈ অপ্ৰীতিকৰ এজন কাৰখানা-মালিক হোৱাটো, যাৰ অস্তিত্ব সদায়েই শ্ৰমিক স্বাৰ্থৰ পৰিপন্থী। ’ (দ্ৰষ্টব্য: মাৰ্ক্সলৈ এংগেলছৰ পত্ৰ, জানুৱাৰী ১৮৪৫)। এংগেলছৰ জীৱনীকাৰ গুষ্টাভ মায়েৰে লিখিছেঃ "এংগেলছৰ দৰে সুন্দৰ লেখক এজনৰ বাবে নিজ-ভবিষ্যত সম্পৰ্কে চিন্তিত হোৱাৰ কোনো কাৰণ নাছিল। কিন্তু তথাপিও যে তেওঁ ‘ব্যৱসায়ৰ লেতেৰা পথ’ত নামিবলৈ বাধ্য হৈছিল – তাৰ একমাত্ৰ কাৰণ আছিল মাৰ্ক্স। এংগেলছে সদায়েই অনুভৱ কৰিছিল – মাৰ্ক্সৰ দৰে বিশাল প্ৰতিভা এটিক অকালতে মৰহি যাবলৈ এৰি দিব নোৱাৰি। মানৱ ভবিষ্যতৰ কল্যাণৰ বাবেই তেওঁৰ প্ৰতিভাটিক প্ৰজ্বোল্লিত কৰি ৰখাটো অতিশয় প্ৰয়োজনীয়। পৰিয়ালটোক পোহপাল দিবলৈ মাৰ্ক্স প্ৰায়েই অক্ষম আছিল; হয়তো দেশান্তৰী জীৱনৰ প্ৰতিকূলতাসমূহৰ মাজত অচিৰেই তেওঁ হেৰাই গল হয়। কিন্তু সেয়া হবলৈ নিদিওঁ বুলি এংগেলছে প্ৰতিজ্ঞা কৰিছিল। মাৰ্ক্সৰ বাবেই তেওঁ পুনৰ ব্যৱসায়ৰ পৃথিবীখনলৈ ঘূৰি আহিছিল। " এংগেলছৰ এই জীৱনজোৰা ত্যাগৰ কথা মাৰ্ক্সে সদায়েই কৃতজ্ঞতাৰে সোৱঁৰিছিল। ডাছ কেপিটেল গ্ৰন্থখনিৰ প্ৰথম খণ্ডটো ছপাশাললৈ পঠোৱাৰ পাছত এংগেলছলৈ তেওঁ এনেদৰে লিখিছে, "তোমাৰ অবিহনে যে মই কেতিয়াও কিতাপখন সম্পূৰ্ণ কৰিব নোৱাৰিলোহেঁতেন। মই প্ৰায়েই ভাবো – মোৰ বৈষয়িক প্ৰয়োজনৰ বাবেই যে তুমি নিজৰ সমস্ত প্ৰতিভা ব্যৱসায়ৰ চিন্তাত অবাবতে ব্যৰ্থ কৰিব লগা হৈছে। এই কথাটোৱে যে মোৰ বুকুত শেল হৈ বিন্ধে। " এংগেলছে কেৱল টকা পইছাৰ দিশৰ পৰাই মাৰ্ক্সৰ সহায় কৰা নাছিল; বৰঞ্চ মাৰ্ক্সৰ সমস্ত বৌদ্ধিক জীৱনৰেই তেওঁ আছিল আটাইতকৈ বিশ্বস্ত সহচৰ। এংগেলছে অত্যন্ত বিনয়েৰে নিজকে মাৰ্ক্সৰ জুনিয়ৰ পাৰ্টনাৰ হিচাপে গণ্য কৰিছিল। চিনিয়ৰৰ আসনখন তেওঁ সদায়েই মাৰ্ক্সৰ বাবে এৰি দিছিল। পিছে জুনিয়ৰ হৈও এংগেলছে পাৰ্টনাৰশ্বিপটোলৈ কেতবোৰ অনবদ্য অৱদান আগবঢ়াইছিল। মাৰ্ক্সৰ বিপৰীতে, অতি কম সময়ৰ ভিতৰতেই তেওঁ এজন বিপ্লৱী কমিউনিষ্টলৈ পৰিণত হৈছিল। (‘তুমিতো জানাই; মই বৰ লেহেমকৈহে কথাবোৰ বুজিব পাৰোঁ। এইক্ষেত্ৰত মই সদায়েই তোমাৰ অনুসৰণ কৰি আহিছোঁ’ – এংগেলছলৈ মাৰ্ক্সৰ পত্ৰ; ৪ জুলাই, ১৮৬৪ চন)। তদুপৰি, মাৰ্ক্সৰ লেহেম গতিৰ বিপৰীতে, এংগেলছে দ্ৰুত তথা সাৱলীলভাৱে লিখা মেলা কৰিব পাৰিছিল। বহুকেইটা ইউৰোপীয় ভাষাত এংগেলছ সিদ্ধহস্ত আছিল; প্ৰাকৃতিক বিজ্ঞানতো তেওঁ সমানেই ৰাপ দেখুৱাইছিল। ঐতিহাসিক ব্যাখ্যাৰ ক্ষেত্ৰতো, মাৰ্ক্সতকৈ এংগেলছৰ দখল বেছি উচ্চ পৰ্যায়ৰ আছিল। অধিক গুৰুত্বপূৰ্ণভাৱে – মাৰ্ক্স আছিল মূলতঃ এজন তত্ত্ববিদ; কিন্তু এংগেলছ অনুশীলনৰ জগতখনতো সমানেই সিদ্ধহস্ত আছিল। (মাৰ্ক্সৰ পৰিয়ালটোত এংগেলছৰ উপনাম আছিল ‘জেনেৰেল চাহাব! ’ মিলিটেৰী বিষয়ত এংগেলছৰ গভীৰ জ্ঞানৰ বাবেই এই নাম থোৱা হৈছিল)। এজন বিচক্ষণ সংগঠন কৰ্তা হিচাপেও এংগেলছৰ যথেষ্ট সুনাম আছিল। এই সমস্ত গুণসমূহৰ সৈতে এংগেলছে মাৰ্ক্সক পৰিপূৰ্ণ কৰি তুলিছিল। পিছে এংগেলছৰ বন্ধুত্ব আৰু সাহায্যয়ো মাৰ্ক্সৰ পৰিয়ালটোক সম্পূৰ্ণভাৱে আৰ্থিক দুৰ্গতিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ১৮৫০ আৰু ১৮৬০ৰ দশককেইটা মাৰ্ক্স দম্পতীৰ বাবে অভিশাপস্বৰূপ আছিল। এইক্ষেত্ৰত আটাইতকৈ কষ্ট ভোগ কৰিব লগা হৈছিল – জেনী মাৰ্ক্সে। পৰিয়ালৰ সমস্ত দায়িত্ব মূৰত পাতি লৈ ধুনীয়া মানুহজনী বেমাৰী হৈ পৰিছিল। মানসিক ভাৱেও তেওঁ যেন ভাগি পৰিছিল। ১৮৫১ৰ আশে পাশে এংগেলছলৈ এখন পত্ৰত মাৰ্ক্সে লিখিলে, "ঘৰখনত সকলো সময়তে যেন অশান্তিকৰ পৰিবেশ এটাই বিৰাজ কৰি থাকে। গোটেই ৰাতি কন্দাকটা চিঞৰ বাখৰ...সিবিলাকে মোক কেতিয়াবা সম্পূৰ্ণভাৱে অস্থিৰ কৰি তোলে...ঘৰৰ মানুহজনীলৈ মোৰ বৰ পুতৌ জন্মে। ঘৰখনৰ সমস্ত বোজা তেঁৱেইতো বহন কৰিব লগা হৈছে...তুমিতো জানাই মই মানুহটো স্বভাৱতে অলপ কঠুৱা...সেয়ে মাজে সময়ে মই ধৈৰ্য হেৰুৱাই পেলাওঁ। " এই জাতীয় চিঠিসমূহৰ পৰা গম পোৱা যায় – অন্তহীন ঘৰুৱা সংকটসমূহৰ পৰা ৰক্ষা পাবলৈ মাৰ্ক্সে প্ৰায়েই সকলোৰে পৰা নিলগত নিৰ্বিকাৰ থাকিবলৈ চেষ্টা কৰিছিল। হিম-শীতল কাঠিন্যতাৰ মুখা এখন পিন্ধি তেওঁ যেন দৈনন্দিন সমস্যাসমূহৰ পৰা সাময়িক ভাৱে নিষ্কৃতি বিচাৰিছিল। কিন্তু আনক নেদেখুৱালেও ভিতৰি ভিতৰি দুশ্চিন্তা আৰু অস্বাস্থ্যকৰ ৰুটিনৰ ফলত মাৰ্ক্স ৰুগীয়া হৈ পৰিছিল। অনিদ্ৰা, যকৃত আৰু পিত্তকোষৰ বিষ, সমগ্ৰ শৰীৰ ব্যাপী খহু...এশ এবুৰি ৰোগৰ লগতে ঘৰুৱা দুশ্চিন্তাই বাৰে বাৰে মাৰ্ক্সৰ পঢ়া-শুনাত ব্যাঘাট জন্মাইছিল। ১৮৫৮ চনৰ জুলাই মাহ। মাৰ্ক্স ‘ডাছ কেপিটেল’ৰ প্ৰথমটো খণ্ড লিখাত ব্যস্ত। এনে সময়তে এংগেলছে বন্ধুৰ পৰা চিঠি এখন পালে। মাৰ্ক্সে লিখিলে, ‘পৰিস্থিতি এতিয়া সম্পূৰ্ণভাৱে অসহ্যকৰ হৈ পৰিছে...মই একেবাৰে কাম কৰিব পৰা নাই। পইছাৰ বাবে ইফালে সিফালে দৌৰা-দৌৰি কৰি থাকোঁতেই মোৰ সময়বোৰ পাৰ হয়। মোৰ গাটোও একেবাৰে ভাল নহয়; পঢ়া শুনা কৰিব বিচাৰিলেও ইটো সিটো ঘৰুৱা সমস্যাৰ দুশ্চিন্তাই মোক দেখোন এৰিবই নোখোজে। ইফালে এই পুতিগন্ধময় পৰিবেশত মোৰ মানুহজনীও বলীয়া যেন হৈ পৰিছে। ’ এইখিনিতে ৱাৰ্নাৰ ব্লুমেনবাৰ্গৰ এষাৰ মন্তব্য প্ৰণিধানযোগ্য: "মাৰ্ক্সে জীৱনৰ প্ৰায় তিনিটা দশক নিপাত কৰিও কিয় ডাছ কেপিটেলখন সম্পূৰ্ণ কৰিব নোৱাৰিলে – এই লৈ আজিও আলোচনা অব্যাহত আছে। মূলতঃ বিভিন্ন তাত্তিক সমস্যাৰ ওৰ পেলাব নোৱাৰাৰ বাবেই এই কাৰ্য অসম্পূৰ্ণ হৈ ৰল বুলি বহুতেই মন্তব্য কৰিছে। পিছে এইক্ষেত্ৰত কেনেধৰণত পৰিস্থিতিত মাৰ্ক্সে কাম কৰিবলগীয়া হৈছিল – সেইপিনেও মন দিয়া দৰকাৰ। অতিশয় প্ৰতিকূল পৰিস্থিতিৰ পাছতো যে তেওঁ ইমানখিনি লিখি থৈ যাব পাৰিলে, সেয়া সঁচাকৈয়ে বিস্ময়কৰ বুলিয়েই কব লাগিব। " এনে প্ৰতিকূল পৰিস্থিতিত স্বাভাৱিকতেই মাৰ্ক্সৰ স্বভাৱটো খিংখিঙীয়া হৈ পৰিছিল। সকলো মানুহক অনবৰতে সন্দেহ কৰা, অনাৱশ্যকভাৱে কঠোৰ সমালোচনা কৰা ইত্যাদি বদগুণো ক্ৰমান্বয়ে লগতে যুক্ত হৈ পৰিছিল। জাৰ্মান সমাজবাদী নেতা ফাৰ্দিনাণ্ড লাছাল সম্পৰ্কে এংগেলছলৈ মাৰ্ক্সে লিখা চিঠিসমূহ পৰীক্ষা কৰিলে দেখা যায় যে ৰাজনৈতিক মতভেদৰ উপৰিও লাছালৰ এলিট জীৱন শৈলীৰ বাবেও মাৰ্ক্সে তেওঁক ঘৃণা কৰিছিল। লাছাল আছিল এজন অত্যন্ত সম্পদশালী ব্যক্তি; মাৰ্ক্সতকৈ বহু বেছি জনপ্ৰিয় তথা পাৰ্টি কৰি ভাল পোৱা ব্যক্তি। ১৮৬২ চনত মাৰ্ক্স দম্পত্তীৰ ঘৰলৈ আহোঁতে লাছালে এদিনতে মাত্ৰ চিগাৰৰ বাবেই এটা সম্পূৰ্ণ পাউণ্ড খৰচ কৰি পেলাইছিল। ইফালে আলহীক সন্তুষ্ট কৰিবলৈ জেনীয়ে ঘৰৰ প্ৰায় সমস্ত বস্তু বন্ধকত থব লগা হৈছিল। মাৰ্ক্সৰ এই স্বভাৱটোৰ বাবেই এবাৰ এংগেলছৰ সৈতেও ভুল বুজাবুজিৰ উপক্ৰম ঘটিল। ১৮৬৩ চনত জীৱন সংগী মেৰী বাৰ্নছৰ আকস্মিক মৃত্যুৰ পাছত এংগেলছ অকলশৰীয়া হৈ পৰে। মনৰ বেদনা প্ৰকাশ কৰি এংগেলছে মাৰ্ক্সলৈ এখনি চিঠি লিখিলে। পিছে উত্তৰত বন্ধুক সহানুভূতি জনোৱাৰ পৰিবৰ্তে, দুই এটা আনুষ্ঠানিক শোকপ্ৰকাশ সূচক বাক্য লিখিয়েই মাৰ্ক্সে পুনৰ নিজৰ জীৱন সমস্যাৰ এখন দীঘল বকলা মেলিলে। সমগ্ৰ পৰিয়ালটোৱে একেমুখে মাৰ্ক্সক ককৰ্থনা কৰি এংগেলছৰ ওচৰত কৰযোৰে ক্ষমা প্ৰাৰ্থনা কৰাৰ পাছতহে কোনোমতে বন্ধুক হেৰুওৱাৰ পৰা মহাশয় ৰক্ষা পৰিল। মাৰ্ক্সৰ সেইসময়ৰ কিছুমান লেখনীতো তেওঁৰ এই জাতীয় বিপৰ্যয়সমূহৰ প্ৰকাশ ঘটিছিল। ১৮৫০ৰ দশকটোত এংগেলছে মাৰ্ক্সৰ ঘৰখনক নিয়মীয়াকৈ ধনৰ যোগান দিব পৰা নাছিল। উপায়ন্তৰ হৈ ধন ঘটিবৰ বাবে মাৰ্ক্সে নিউয়ৰ্ক ডেইলী ট্ৰিবিউন কাকতখনত নিয়মীয়াকৈ লিখিবলৈ ললে। এই লেখনীসমূহৰ বিশ্লেষণ সদায়েই সঠিক আছিল বুলি আজি কব পৰা নাযায়। উদাহৰণ স্বৰূপে, ১৮৫৪ চনত ৰাছিয়া আৰু ব্ৰিটেইন-ফ্ৰাঞ্চৰ মাজত ক্ৰিমিয়াৰ যুদ্ধ আৰম্ভ হয়। মাৰ্ক্স আছিল ভীষণ-ভাৱে ৰুছ বিদ্বেষী; ১৮৪৮ৰ বিপ্লৱ পৰাভূত কৰাৰ ক্ষেত্ৰত ৰাছিয়াৰ ভূমিকাৰ কথা মাৰ্ক্সৰ মনত তেতিয়াও সজীৱ হৈ আছিল। ফলত মাৰ্ক্সে ৰক্ষণশীল ব্ৰিটিছ ৰাজনেতা ডেভিদ আৰ্কেটৰ আদিৰ সৈতে মিলি ৰাছিয়াৰ বিৰুদ্ধে এক অদ্ভুত জোট গঠন কৰিলেঃ ক্ৰিমিয়া যুদ্ধ সম্পৰ্কীয় মাৰ্ক্সৰ কেইবাটাও প্ৰবন্ধ উৰ্কহাৰ্টৰ লণ্ডন ফ্ৰী প্ৰেছ কাকত খনত প্ৰকাশিত হল! ঠিক একেদৰেই, ১৮৫০ৰ দশকৰ শেহৰ ফালে কাৰ্ল ভখট নামৰ ফৰাচী চৰকাৰৰ এজেণ্ট এজনে মাৰ্ক্সক সমালোচনা কৰি এখনি পুস্তিকা প্ৰচাৰ কৰি ফুৰিছিল। মাৰ্ক্সৰ দৰে লোক এজনৰ বাবে সেইখনৰ উত্তৰ দিয়াৰ বিশেষ কোনো প্ৰয়োজন নাছিল। পিছে চিকাক মাৰি হাত গোন্ধোৱাৰ লোভ মাৰ্ক্সে সামৰিব নোৱাৰিলে। এবছৰ মান পৰিশ্ৰম কৰি মাৰ্ক্সে লিখি উলিয়ালে ৩০০ পৃষ্ঠা জোৰা এখন নাতিদীৰ্ঘ কিতাপ; সেইখনিৰ নাম দিয়া হল Herr Vogt। কেতবোৰ বিচক্ষণ গালি শপনিৰ বাহিৰে কিতাপখনৰ আন কোনো বিশেষ বৈশিষ্ট্য নাছিল! অৱশ্যে এই আটাইছোৱা সময় কেৱল দুখ দুৰ্গতিৰেই পাৰ হৈছিল বুলি কলে অতিশয়োক্তি কৰা হব। মাজে সময়ে মাৰ্ক্স-পৰিয়ালটোৱে দেওবাৰৰ দিনটোত একেলগে বনভোজ খাবলৈ গৈছিল। হেম্পষ্টিড হেথ পাৰ্কৰ প্ৰশান্তিময় পৰিবেশত পৰিয়ালটোৱে একেলগে বহি দান্তে অথবা শ্যেক্সপীয়েৰৰ কবিতা আবৃত্তি কৰি সুন্দৰ সময় কটাইছিল। মদ্যপান কৰি মাৰ্ক্সে ভাল পাইছিল। তেওঁৰ প্ৰথম পচণ্ড আছিল ৱাইন; অৱশ্যে বীয়েৰ পান কৰিও তেওঁ সমানেই সন্তুষ্টি লভিছিল। মাজতে পুৰণা বন্ধু এডগাৰ বয়াৰ আৰু ৱিলহেম লিয়েবনিখটে তেওঁক লগ কৰিবলৈ আহিল। বন্ধু সকলক বহুদিনৰ পাছত লগ পাই মাৰ্ক্সে অতিশয় আনন্দ লভিলে। তেওঁলোক যেন পুনৰ কলেজীয়া সময়ছোৱালৈ ঘূৰি গল। সেই নিশা তিনি বন্ধুৱে আকণ্ঠ মদ্যপান কৰিলে। অক্সফৰ্ড ষ্ট্ৰীটৰ পৰা হেম্পষ্টিড ৰ’ডলৈকে এই সমগ্ৰ অঞ্চলটোত যিমান পাব আছিল, সকলোতে মদৰ সোৱাদ লবলৈ মহাশয় সকলে উথপথপ লগালে। অতিশয় নিচাসক্ত হৈ ঘূৰি আহোঁতে বাটত আন এটা মদাহী গোটৰ সৈতে তেওঁলোকৰ কাজিয়া লগাৰো উপক্ৰম হল! কিছু সময়ৰ পাছত দেখা গল – তিনি বন্ধুৱে এইবাৰ ষ্ট্ৰীট লাইটসমূহলৈ শিলগুটি দলিওৱাত লাগিছে! ক্ষন্তেকৰ পাছতে পুলিচ আহিল; পুলিছৰ খেদাত তিনি বন্ধুৱে পলাই পত্ৰং দিলে! প্ৰবাদ আছে যে - সেইদিনা সকলোকে আচৰিত কৰি মাৰ্ক্সে দৌৰাত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে! মাৰ্ক্স দম্পতীৰ আতিথ্য লাভ কৰা এজন প্ৰুচিয়ান চোৰাংচোৱাই ১৮৫০ৰ দশকৰ মাৰ্ক্সৰ ঘৰখনৰ বৰ্ণনা এনেদৰে দিছে, "স্বভাৱসূত্ৰেই মাৰ্ক্স এজন বনৰীয়া তথা অশান্ত মনৰ মানুহ। কিন্তু এজন পিতৃ তথা স্বামী হিচাপে, তেওঁৰ দৰে মৰমিয়াল তথা নিৰ্জু ব্যক্তি হয়তো খুউব কমেই আছে। ...মাৰ্ক্সৰ ঘৰখনত প্ৰবেশ কৰোঁতেই ডাঠ ধোৱাঁৰ প্ৰলেপ এটাৰ সৈতে আপুনি মুখামুখি হব। আপোনাৰ চকু-কাণ-নাক সকলোতে ধোৱা সোমাই আপোনাক ক্ষন্তেকৰ বাবে কাঢ়িল কৰি পেলাব। অৱশ্যে কিছু সময় অপেক্ষা কৰাৰ পাছত লাহে লাহে আপুনি ঘৰৰ ভিতৰখন নিৰীক্ষণ কৰিবলৈ সক্ষম হব। আপুনি দেখিব - এটা ভীষণ লেতেৰা কোঠাত আপুনি প্ৰবেশ কৰিছে। সকলোতে মাথোঁ ধূলি আৰু ধূলি; বহিবলৈ এটুকুৰা ঠাই বিচাৰি আপুনি হায়ৰান হব। এফালে দেখিব – এখন ভগা চকী পৰি আছে; পিছে সেইখনত আপুনি বহিব নোৱাৰে। ইফালে কোঠাটোৰ একমাত্ৰ ভাল চকীখনত লৰা ছোৱালীকেইটাই ভাত ৰন্ধা খেল খেলাত ব্যস্ত। আলহী আহিলে এইখন চকীকে সদায় আগবঢ়াই দিয়া হয়; পিছে আপুনি সেইখনতো বহিব নোৱাৰে কিয়নো চকী খনত এতিয়াও ৰন্ধা-বঢ়াৰ উচ্ছিষ্ট লাগি আছে। তথাপিও যদি আপুনি বহিব বিচাৰে, আপোনাৰ কাপোৰ কানি লেতেৰা হোৱাটো নিশ্চিত। পিছে এনে সৰু সুৰা কথাবোৰে মাৰ্ক্স তথা তেওঁৰ পত্নীক তলাব নোৱাৰে। অতিশয় অমায়িক ভাৱেই তেওঁলোকে আপোনাৰ শুশ্ৰূষা কৰিব; আপোনাক পাইপ ইত্যাদি যঁচা হব। লাহে লাহে কথা বতৰা পাতি আপুনি অনুভৱ কৰিব – অস্বস্তিৰ ভাৱটো যেন বহুখিনি আতঁৰি গৈছে। আপুনি হয়তো অলপ অচৰপ আৰামো অনুভৱ কৰিব। শেহত আপোনাৰ অনুভৱ হব- সমস্ত ত্ৰুটি-নাটি সত্ত্বেও মাৰ্ক্সৰ ঘৰখন যথেষ্ট আকৰ্ষণীয়; তেওঁলোকৰ কথা বাৰ্তাসমূহ মৌলিক তথা কৌতূহলদ্বীপক। " ডাছ কেপিটেল আৰু প্ৰথম ইণ্টাৰনেছনেল মাৰ্ক্সে পূৰ্বানুমান কৰাৰ দৰেই ১৮৫৭ চনত বিশ্ব অৰ্থনীতিয়ে সংকটৰ এটা নতুন পৰ্যায়ত প্ৰবেশ কৰিলে। সমগ্ৰ ইউৰোপৰ ষ্টক এক্সচেঞ্জসমূহত হাহাকাৰ লাগি গল। এংগেলছে মাৰ্ক্সলৈ লিখিলে, ‘মোৰ আকস্মিক স্ফূৰ্তি দেখি [ষ্টক এক্সচেঞ্জৰ] বেটাহঁতে বৰ ভয় খাইছে! ’ সংকটৰ আগমনে মাৰ্ক্স-এংগেলছৰ মনত পুনৰ আশাৰ সঞ্চাৰ কৰিলেঃ হয়তো অচিৰেই বিপ্লৱৰ পুনৰ্গমন ঘটিব। এংগেলছে লিখিলে ‘১৮৪৮ তেই আমি কৈছিলোঁ, এতিয়া আমাৰ সময় আহিছে; এক সীমিত অৰ্থত ই আহিছিলেও। পিছে এইবাৰ ই সৰ্বগ্ৰাসী ৰূপ লৈ আহিব; এইবাৰৰ যুঁজখন হ’ব জীৱন-মৰণৰ যুঁজ। মোৰ মিলিটেৰী বিষয়ক অধ্যয়নসমূহ অৱশেষত বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰাৰ সুযোগ পোৱা যাব। ’ (মাৰ্ক্সলৈ এংগেলছৰ পত্ৰঃ ১৫ নবেম্বৰ, ১৮৫৭ চন)। পিছে জেনেৰেল চাহাবৰ সপোন ফলৱতী নহ’ল। অৰ্থনৈতিক সংকট সত্ত্বেও ৰাজনৈতিক সংকটৰ কোনো উমঘাম দেখা পোৱা নগ’ল। তথাপিও সংকটৰ আৱিৰ্ভাৱে অৰ্থনৈতিক অধ্যয়নৰ প্ৰতি মাৰ্ক্সক পুনৰ উৎসাহিত কৰি তুলিলে। ১৮৫৭ চনৰ ডিচেম্বৰত এংগেলছলৈ মাৰ্ক্সে লিখিলে, ‘দিন ৰাতি একাকাৰ কৰি মই মোৰ অৰ্থনৈতিক অধ্যয়নৰ এটা সংশ্লেষণ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছোঁ; যাতে সংকট আহি পোৱালৈকে তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰিব পৰা যায়’। ১৮৫৭ চনৰ আগষ্ট মাহৰ পৰা ১৮৫৮ চনৰ মাৰ্চলৈকে – প্ৰায় আঠ মাহ সময় অনৰ্গল ধপাত আৰু নেমুপানী সেৱন কৰি মাৰ্ক্সে ডাছ কেপিটেলৰ এটা মোটা খচৰা লিখি উলিয়ালে। (পাছলৈ এই খচৰাখন Grundrisse নামেৰে জনাজাত হ’ল। ডাছ কেপিটেলখন অসম্পূৰ্ণ হৈ ৰোৱাৰ বাবে আজিও পণ্ডিত সকলে প্ৰায়েই Grundrisseৰ মাজতে মাৰ্ক্সৰ সম্ভাৱনীয় বিশ্লেষণৰ সন্ধান কৰে। ) পাণ্ডুলিপি খনৰ বাবে লাছালে এজন প্ৰকাশক যোগাৰ কৰি দিলে। পিছে মাৰ্ক্সে অনুভৱ কৰিলে – ছপা কৰিব পৰাকৈ পাণ্ডুলিপিখন যেন সংহত হোৱা নাই। বিষয় বস্তুৰ উপস্থাপনা ৰীতি যেন অতিশয় বিশৃংখলিত হৈয়েই আছে। ফলতঃ মাৰ্ক্সৰ আন আন গ্ৰন্থৰ দৰেই এইখনৰো প্ৰকাশন পাছলৈ গাপ দি থোৱা হ’ল। মাত্ৰ টকা সম্পৰ্কীয় অধ্যায়টো পুনঃসম্পাদনা কৰি ১৮৫৯ চনত A Contribution to the Critique of Political Economy নামেৰে এখন নাতিদীৰ্ঘ গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰা হ’ল। সৰু হ’লেও এইখনি গ্ৰন্থৰ পাতনিতে মাৰ্ক্সৰ বৌদ্ধিক বিকাশ তথা ঐতিহাসিক বস্তুবাদ সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ সূত্ৰ তথা বিবৰণ পঢ়িবলৈ পোৱা যায়। ইয়াৰ পাছৰ আঠটা বছৰ মাৰ্ক্সৰ বাবে অতিশয় ব্যস্ততাৰ সময়। ইটোৰ পাছত সিটোকৈ বিভিন্ন সাংসাৰিক দুৰ্যোগ, ৰাজনৈতিক কাম-কাজ আৰু দৈনন্দিন লেখামেলা – সিবিলাকৰ মাজতে সময় উলিয়াই মাৰ্ক্সে ডাছ কেপিটেলৰ পূৰঠ ৰূপ দিয়া কাম আৰম্ভ কৰিলে। মন কৰিবলগীয়া যে প্ৰথমতে মাৰ্ক্সে ছটা খণ্ডত তেওঁৰ অৰ্থনৈতিক অধ্যয়নসমূহ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পিত ছটা খণ্ড আছিল: (১) পুঁজি (২) ভূ-সম্পত্তি (৩)মজুৰী-শ্ৰম (৪) ৰাষ্ট্ৰ (৫) আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু (৬) বিশ্ব বজাৰ। পিছে লিখি থকাৰ মাজতে তেওঁ পৰিকল্পনা সলনি কৰিলে। ১৮৬১ চনৰ আগষ্টৰ পৰা ১৮৬৩ চনৰ জুলাই মাহলৈকে পৰিশ্ৰম কৰি মাৰ্ক্সে লিখি উলিয়ালে এহেজাৰতকৈও অধিক পৃষ্ঠা জোৰা এখন প্ৰকাণ্ড পাণ্ডুলিপি। (তেইছখন টোকাবহীত সন্নিবিষ্ট এই পাণ্ডুলিপিখন মাৰ্ক্সৰ মৃত্যুৰ পাছত The 1861/63 Manuscript নামেৰে প্ৰকাশিত কৰা হ’ল। মন কৰিবলগীয়া যে পাণ্ডুলিপিখনৰ সম্পূৰ্ণ ইংৰাজী অনুবাদ আজিও কৰা হোৱা নাই। ) Grundrisse লিখাৰ সময়তেই মাৰ্ক্সে উদ্বৃত্ত মূল্যৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল; 1861/63 Manuscript লিখি থাকোঁতে মাৰ্ক্সে আৱিষ্কাৰ কৰিলে তেওঁৰ লাভাংশ তত্ত্বৰ। ছটা খণ্ডৰ অৰ্থনৈতিক অধ্যয়নৰ আঁচনি ত্যাগ কৰি মাৰ্ক্সে এইবাৰ তেওঁৰ সৃষ্টিৰাজীক কেপিটেল বা পুঁজি নামেৰে নামাংকৰিত কৰিবলৈ ঠিক কৰিলে। নতুন আঁচনি মতে ইয়াক চাৰিটা খণ্ডত বিভক্ত কৰাৰ পৰিকল্পনা কৰা কৰা হ’লঃ উৎপাদন বিষয়ক এটা খণ্ড, প্ৰবহন (circulation) বিষয়ক এটা খণ্ড, সামগ্ৰিক ব্যৱস্থা বিষয়ক এটা খণ্ড আৰু উদৃত্ত মূল্য তত্ত্ব বিষয়ক এটা খণ্ড। ১৮৬৩-৬৪ চনৰ আশে পাশে মাৰ্ক্সে মাকৰ ফালৰ পৰা কিছু ধন সম্পত্তি লাভ কৰিলে। পুৰণা বন্ধু ৱিলহেম ওলফৰ পৰাও কিছু ধন-বিত আহিল (ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড এই ৱিলহেম ওলফৰ নামতেই উৎসৰ্গা কৰা হল)। অভাৱগ্ৰস্ত পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিলে। গ্ৰেফটন টেৰেছৰ পুৰণা সৰু ঘৰটো এৰি পৰিয়ালটোৱে মেইটলেণ্ড পাৰ্কৰ ওচৰত এটা মোটামুটি ভাল ঘৰ ল’লে। পিছে অতি সোনকালেই এইখিনি ধনো শেষ হৈ আহিল আৰু পৰিয়ালটোৱে পুনৰ এংগেলছৰ ওচৰত হাত পাতিব লগা হ’ল। ১৮৬৩ চনৰ পৰাই মাৰ্ক্সৰ স্বাস্থ্যৰো বৰকৈ অৱনতি ঘটিল। শৰীৰৰ য’তে ত’তে এসোপা ভীমকায় বিহফোঁহা, লগতে বিষ আৰু জ্বৰে দাৰ্শনিক গৰাকীক কাঢ়িল কৰি পেলালে। বিষৰ কোপৰ পৰা ৰক্ষা পাবলৈ মাজে-সময়ে আফিম আদিও সেৱন কৰিব লগা হ’ল। ফোঁহাবোৰ পকিলে মাৰ্ক্সে নিজেই সেইবোৰ ফুটাই বিষাক্ত তেজ আৰু পুঁজবোৰ উলিয়াই দিয়ে। এনে নৰক সদৃশ যান্ত্ৰনাৰ মাজতে ১৮৬৪ চনৰ পৰা ১৮৬৫ চনলৈকে অমানুষিক পৰিশ্ৰম কৰি মাৰ্ক্সে ডাছ কেপিটেলৰ তিনিটাকৈ খণ্ডৰ পাণ্ডুলিপি প্ৰস্তুত কৰিলে। (চতুৰ্থ তথা অন্তিম খণ্ডৰ পাণ্ডুলিপিটো অৱশ্যে মাৰ্ক্সৰ মৃত্যু পৰ্যন্ত অসম্পূৰ্ণ হৈয়েই ৰ’ল; মৃত্যুৰ পাছত 1861/63 Manuscriptsৰ প্ৰাসংগিক অংশখিনি Theories of Surplus Value নামেৰে প্ৰকাশিত কৰা হ’ল। ) ১৮৬৫ চনত হেমবাৰ্গ চহৰৰ এটি প্ৰকাশন গোষ্ঠী Meissner & Behreৰ সৈতে মাৰ্ক্স এখন চুক্তিপত্ৰত আৱদ্ধ হ’ল। ১৮৬৬ চনৰ বেছিভাগ সময়েই মাৰ্ক্সে ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড প্ৰকাশনৰ বাবে ঘঁহি-পিঁহি তৈয়াৰ কৰাত অতিবাহিত কৰিলে। অৱশেষত এংগেলছৰ পৰা খবৰ আহিল – পাণ্ডুলিপিৰ প্ৰথম কেইটা নমুনা ছপাখানাৰ বাবে পঠোৱা হৈছে। ১৮৬৭ চনৰ আগষ্টৰ মাজভাগত মাৰ্ক্সে এংগেলছলৈ লিখি পঠালে –পাণ্ডুলিপিৰ প্ৰুফ চোৱা কাম সমাপ্ত হৈছেঃ কেৱল তোমাৰ বাবেই এই সমস্ত কামখিনি আজি সম্ভৱ হৈছে। তোমাৰ অসীম ত্যাগ-স্বীকাৰ অবিহনে এই বিৰাট কামফেৰা মই কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰিলোঁহেঁতেন। মোৰ আলিংগন স্বীকাৰ কৰিবা, চেনেহৰ বন্ধু; তোমালৈ অশেষ অশেষ ধন্যবাদ। ১৫ পাউণ্ড অতি সানন্দেৰে গ্ৰহণ কৰা হল। অভিনন্দন; মোৰ বুকুৰ কুটুম আপোন বান্ধৈ! কেইসপ্তাহমানৰ পাছত অৱশেষত ছপা ৰূপত কিতাপখন ওলাল। প্ৰথম সংস্কৰণত এহেজাৰ কপি ছপা কৰা হ’ল। পিছে এইখিনি সময়তে পুনৰ ৰাজনৈতিক ব্যস্ততাই মাৰ্ক্সক অৰ্থনৈতিক-অধ্যয়নৰ ক্ষেত্ৰখনৰ পৰা আঁতৰাই আনিলে। এই ৰাজনৈতিক ব্যস্ততাৰ কাৰণ আছিল – প্ৰথম আন্তৰ্জাতিক বা ইণ্টাৰনেছনেলৰ গঠন। ১৮৫৭-৫৮ৰ সময়ছোৱাত মাৰ্ক্সে আশা কৰাৰ দৰে বিপ্লৱী জোৱাৰৰ পুনৰুত্থান নঘটিল যদিও ১৮৬০ৰ দশকৰ আৰম্ভণিৰ ফাললৈ সমগ্ৰ ইউৰোপতে শ্ৰমিক আন্দোলনে পুনৰ বলিষ্ঠভাৱে আত্মপ্ৰকাশ কৰিলে। তীব্ৰ বেগেৰে ব্ৰিটেইন আৰু ফ্ৰাঞ্চত ট্ৰেড ইউনিয়ন আন্দোলন গঢ় লৈ উঠিল। লাছালৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে জাৰ্মানীত শ্ৰমিক জনগণৰ বৃহৎ গণ সংগঠন Allgemeiner Deutscher Arbeiterverein(ADAV) বা ‘জাৰ্মান শ্ৰমিকৰ সাধাৰণ ইউনিয়ন’ৰ গঠন কৰা হ’ল। প্ৰসাৰ বৃদ্ধিৰ লগে লগেই শ্ৰমিক আন্দোলনে আন্তৰ্জাতিক একতা সম্পৰ্কেও ভবা-চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। আমেৰিকান গৃহযুদ্ধৰ প্ৰসংগত এই ক্ৰমবৰ্ধিত আন্তৰ্জাতিক চেতনাৰ এটি সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গ’ল। যদিও যুদ্ধৰ ফলত ইংলেণ্ডৰ কপাহী বস্ত্ৰ উদ্যোগে অতিশয় লোকচান ভৰিব লগা হৈছিল, তথাপিও লেনকেছাইৰ সমগ্ৰ বস্ত্ৰ শ্ৰমিকে উত্তৰ আমেৰিকাক নিঃসংকোচে সমৰ্থন প্ৰদান কৰিলে। ৰুছ শাসনৰ বিৰুদ্ধে ১৮৬৩ চনৰ প’লিছ (Polish) বিদ্ৰোহৰ প্ৰতিও সমগ্ৰ ইউৰোপৰ গণতন্ত্ৰবাদী তথা সমাজবাদী সকলে উষ্ণ সমৰ্থন আগবঢ়ালে। এনে এক পৰিবেশতে The International Working Men’s Association বা চমুকৈ ‘প্ৰথম ইণ্টাৰনেছনেল’ (The First International) গঠন কৰা হ’ল। ১৮৬৩ চনৰ জুলাই মাহত ইংলিছ ট্ৰেড ইউনিয়নসমূহে প’লিছ বিদ্ৰোহৰ সমৰ্থনত কেতবোৰ ঐক্যবদ্ধ প্ৰতিবাদী সভা আয়োজন কৰিছিল। আন আন শ্ৰমিক সংগঠনসমূহকো এই সভাসমূহলৈ নিমন্ত্ৰণ কৰা হৈছিল। এই গইনাতে ১৮৬৪ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে লণ্ডনৰ চেণ্ট মাৰ্টিন প্ৰেক্ষাগৃহত এখন বিশাল সভা অনুষ্ঠিত কৰা হয়। এই সভাখনিতে ‘প্ৰথম ইণ্টাৰনেছনেল’ গঠনৰ ঘোষণা কৰা হ’ল। ইংলিছ ট্ৰেড ইউনিয়নসমূহৰ উপৰিও ব্লাংক তথা প্ৰুধ’ৰ অনুগামী দুটা ফৰাচী শ্ৰমিকৰ গোট, আইৰিছ তথা প’লিছ জাতীয়তাবাদীসকলৰ একোটাহঁত গোট তথা ইটালিয়ান ৰিপাব্লিকানসকলৰ এটা গোটো সভাখনত উপস্থিত আছিল। সভাৰ অন্তত ৩৪জন সদস্যৰে সৈতে এখন সাধাৰণ পৰিষদ গঠন কৰা হ’ল। এই পৰিষদৰ একেবাৰে শেহৰজন সদস্যৰ নাম আছিলঃ কাৰ্ল মাৰ্ক্স। পিছে অতি সোনকালেই বিচক্ষণ কলম তথা মগজু শক্তিৰ বলত মাৰ্ক্সেই ইণ্টাৰনেছনেলৰ কাৰ্যকৰী নেতা হিচাপে চিহ্নিত হৈ উঠিল। ইণ্টাৰনেছনেলৰ অধিকাংশ ঘোষণাপত্ৰ তথা আহ্বান আদি লিখা-মেলাৰ পৰা আৰম্ভ কৰি বিভিন্ন জনৰ সৈতে চিঠি-পত্ৰৰে যোগাযোগ ৰখা – এই সমস্ত কামসমূহ মাৰ্ক্সে অতিশয় বিচক্ষণতাৰে সমাপন কৰিবলৈ ল’লে। পিছে কমিউনিষ্ট লীগৰ বিপৰীতে ইণ্টাৰনেছনেলত প্ৰভুত্ব বিস্তাৰ কৰাটো বৰ সহজ কথা নাছিল। এই সম্পৰ্কে ৱাৰ্ণাৰ ব্লুমেন বাৰ্গে এনেদৰে লিখিছে, কমিউনিষ্ট লীগ আছিল এমুঠিমান বিপ্লৱীৰে গঠিত এটা গুপ্ত সংগঠন; মাৰ্ক্সেই তাৰ সৰ্বেসৰ্বা আছিল। পিছে লীগৰ বিপৰীতে ‘প্ৰথম ইণ্টাৰনেছনেল’ আছিল বিভিন্ন দেশৰ স্বাধীন চেতীয়া শ্ৰমিক সংগঠনৰ এখন সংযুক্ত মঞ্চ। সিবিলাকৰ ওপৰত পোনেই কৰ্তৃত্ব খটুৱাটো প্ৰায় অসম্ভৱ আছিল। সদস্য সকলে ইজনে সিজনক বুজাই বঢ়াইহে সৈমান কৰোৱাটো নিয়ম আছিল। ইণ্টাৰনেছনেলৰ মজিয়াত ফুৰিয়াৰ, কেবেট, প্ৰুধ’, ব্লাংক, বাকুনিন, মেজিনি, মাৰ্ক্স আদি বিভিন্নজনৰ মতাদৰ্শ তথা পন্থাৰ পয়োভৰ ঘটিছিল। কাৰ্যপন্থা সম্পৰ্কেও বিভিন্ন জনৰ মতামত আছিল ভিন ভিন; এফালে ইউটপিয়ান সমাজবাদী সকলে সম্পূৰ্ণ শান্তিপূৰ্ণ পন্থাৰে সমাজবাদলৈ সংক্ৰমণৰ আশা কৰিছিল; আনফালে আকৌ অৰাজকতাবাদী সকলে ৰাজপথত খণ্ডযুদ্ধ লাগিয়েই বিপ্লৱৰ আগমন সম্ভৱপৰ কৰিব যাব বুলি ভাবিছিল। ইংলিছ ট্ৰেড ইউনিয়নসমূহত পুৰণা গিল্ড ব্যৱস্থাৰ সময়ৰে পৰা চলি অহা প্ৰফেচনেল অহংকাৰ তথা গৌৰবৰ স্পষ্ট চাব দেখা পোৱা গৈছিল। তাৰ বিপৰীতে জাৰ্মান ইউনিয়নসমূহ কিন্তু সম্পূৰ্ণভাৱে অনুশাসিত তথা সংগঠিত আছিল। সিবিলাকৰ উপৰিও লেটিন দেশসমূহৰ অজস্ৰ বিপ্লৱীয়ে ইণ্টাৰনেছনেলৰ মজিয়াত গিজগিজাই আছিল। এই ৰাজনৈতিক পাৰ্থক্যসমূহৰ বাবেই কম সময়ৰ ভিতৰতে ইণ্টাৰনেছনেলৰ পতন ঘটিল। তথাপিও অস্তিত্বৰ প্ৰথম পাঁচটা বছৰ ইণ্টাৰনেছনেলৰ বাবে অতিশয় গৌৰবৰ সময় আছিল। ১৮৬৬ চনত লণ্ডনৰ বস্ত্ৰ শ্ৰমিক সকলে ধৰ্মঘট ঘোষণা কৰে। মালিক পক্ষই সচৰাচৰ কৰাৰ দৰে বিদেশী গুণ্ডা লগোৱাই শ্ৰমিকসকলৰ একতা নষ্ট কৰিবলৈ চেষ্টা কৰিলে। পিছে প্ৰথম ইণ্টাৰনেছনেলৰ হস্তক্ষেপত মালিকপক্ষৰ সকলো ষড়যন্ত্ৰ বিফল হ’বলৈ বাধ্য হ’ল। ইয়েই শ্ৰমিক ইউনিয়নসমূহৰ মাজত ইণ্টাৰনেছনেলৰ জনপ্ৰিয়তা বহুগুণে বঢ়াই তুলিলে। সৰ্বজনীন ভোটাধিকাৰৰ দাবীত ইউনিয়নসমূহৰ সহযোগিতাৰে গঠিত ‘সংস্কাৰ লীগ’তো ইণ্টাৰনেছনেলে এক নেতৃত্বকাৰী ভূমিকা গ্ৰহণ কৰিলে। ইণ্টাৰনেছনেলৰ প্ৰতিখন বাৰ্ষিক অধিবেশনতে (লণ্ডন ১৮৬৫, জেনেভা ১৮৬৬, ল’জান, ১৮৬৭, ব্ৰুছেলছ ১৮৬৮, বাচল ১৮৬৯) শ্ৰম সম্পৰ্কীয় বিভিন্ন বিষয় – যেনে দৈনিক ৮ ঘণ্টাৰ কৰ্মসীমা নিৰ্ধাৰণ, শিশু শ্ৰম আদি সম্পৰ্কে নানান গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰা হ’ল। তদুপৰি সমগ্ৰ ইউৰোপ জুৰি কেইবাটিও ব্লেকলেগ (গুণ্ডা) বিৰোধী কাৰ্যসূচী সফলতাৰে পালন কৰা হ’ল। ইফালে অতি সোনকালেই মাৰ্ক্স আৰু প্ৰুধ’ৰ অনুগামীসকলৰ মাজত মতাদৰ্শগত মতানৈক্যই দেখা দিলে। ইণ্টাৰনেটৰ মজিয়াত মতাদৰ্শগত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সকলো গোট আৰু দলৰে মাজত উথপথপ লাগিল। ১৮৬৫ চনৰ জুন মাহত ইণ্টাৰনেছনেলৰ সাধাৰণ পৰিষদৰ সভাত মাৰ্ক্সে এলানি বক্তৃতা প্ৰদান কৰিলে। সেই সময়ত ইউটপিয়ান সমাজবাদী নেতা ৰবাৰ্ট অৱেনৰ অনুগামীজন ৱেষ্টন নামৰ এজন অৰ্থনীতিবিদে তাত্ত্বিকভাৱে যুক্তি দৰ্শাইছিল যে শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰিবলৈ লোৱা প্ৰতিটো প্ৰচেষ্টাই শেহত গৈ বিফল হ’বলৈ বাধ্য। এই বক্তৃতাসমূহত মাৰ্ক্সে ৱেষ্টনৰ এই ধাৰণাসমূহকে খণ্ডন কৰিবলৈ চেষ্টা কৰিলে। পাছলৈ এই বক্তৃতাখিনি এখনি পুস্তিকাৰ ৰূপত Wages, Price and Profit নামেৰে প্ৰকাশিত কৰা হ’ল। ইফালে জাৰ্মানীৰ আইচেনবাখত ১৮৬৯ চনত মাৰ্ক্সৰ অনুগামী শ্ৰমিক নেতা আগষ্ট বেবেল তথা ৱিলহেম লেবনেষ্টৰ নেতৃত্বত ‘সামাজিক গণতন্ত্ৰবাদী শ্ৰমিক দল’ (Social Democratic Workers Party) গঠন কৰা হ’ল। ইয়াৰ লগে লগেই মাৰ্ক্সৰ তত্ত্বসমূহে পুনৰ জাৰ্মানীত প্ৰবেশ কৰিবলৈ সুযোগ পালে। দুটা ঘটনাই ইণ্টাৰনেছনেলৰ ভাগ্য সম্পূৰ্ণভাৱে সলনি কৰি পেলালে। ১) ১৮৭০ চনৰ জুলাই মাহত ফ্ৰাঞ্চ আৰু প্ৰুচিয়াৰ মাজত যুদ্ধৰ সূত্ৰপাত ঘটিল। যুদ্ধত প্ৰুচিয়াৰ ক্ষিপ্ৰ বিজয়ে নেপোলিয়ন তৃতীয়ৰ পতন ঘটালে আৰু ফ্ৰাঞ্চ পুনৰ গণৰাজ্যৰূপে ঘোষিত হ’ল। পিছে থিয়েৰ নেতৃত্বাধীন অস্থায়ী চৰকাৰখনৰ প্ৰতিক্ৰিয়াশীল নীতিসমূহৰ ফলত ১৮৭১ চনৰ মাৰ্চত পেৰিছৰ শ্ৰমিক সকলে হাতত অস্ত্ৰ তুলি ল’লে আৰু বুৰ্জোৱা চৰকাৰৰ ঠাইত শ্ৰমিকৰ নিজস্ব চৰকাৰ – কমিউন- গঠনৰ ঘোষণা কৰিলে। থিয়েৰ চাহাবে হুহকি গৈ ৱাৰ্চাই চহৰত আশ্ৰয় ল’ব লগা হ’ল। অতি শীঘ্ৰেই অৱশ্যে শ্ৰমিক চৰকাৰখনক দমন কৰিবলৈ সেনা-বাহিনী মোতায়েন কৰা হ’ল। পেৰিছৰ কম্যুনাৰ্ড সকলে সাহসেৰে প্ৰতিৰোধ কৰিলে যদিও শেহান্তৰত বিদ্ৰোহ কঠোৰ হাতেৰে নিৰ্মূল কৰা হ’ল। পেৰিচৰ বাট পথ পুনৰ শ্ৰমিকৰ তেজেৰে ৰাঙলী হৈ পৰিল। কমিউন চৰকাৰৰ ওপৰত ইণ্টাৰনেছনেলৰ বিশেষ কোনো প্ৰভাৱ বা কৰ্তৃত্ব নাছিল। কিমান দিনলৈ কমিউন চৰকাৰ তিষ্টি থাকিব পাৰিব- এই লৈ মাৰ্ক্স নিজেই সন্দিহান আছিল। তথাপিও তেওঁ দৃঢ়ভাৱে কমিউনৰ সপক্ষে থিয় দিলে। ১৮৭১ চনৰ ৩০ এপ্ৰিলঃ কমিউনৰ পতনৰ তিনি দিন পাছত সাধাৰণ পৰিষদে এখনি পাঠ প্ৰস্তুত কৰি উলিয়ালে। The Civil War in France শীৰ্ষক এই পাঠটিৰ প্ৰকৃত লেখক আছিল স্বয়ং মাৰ্ক্স। মাৰ্ক্সৰ সৰ্বোত্তম লেখনীসমূহৰ ভিতৰত এই ৰচনাখনি অন্যতম বুলি ক’ব পৰা যায়ঃ কম্যুনাৰ্ডসকলৰ অসীম সাহস আৰু বীৰত্বৰ গাথাৰে সিক্ত ৰচনাখনিত হত্যাকাৰী বুজোৱাহঁতৰ তথাকথিত সভ্যতাৰ মুখা খুলি দিয়া হ’ল। কম্যুনাৰ্ডসকলৰ বৈপ্লৱীক পদক্ষেপ – আৰু তেওঁসকলৰ বিৰুদ্ধে সমগ্ৰ বুৰ্জোৱাৰ ঐক্যবদ্ধ দমন যজ্ঞ – ইয়াৰ মাজতেই মাৰ্ক্সে ৰাষ্ট্ৰ চৰিত্ৰ সম্পৰ্কীয় মাৰ্ক্সীয় তত্ত্বৰো সন্ধান কৰিলে। পাছলৈ এই ৰচনাখনিৰ আলোচিত বিষয় বস্তুৰ পৰাই লেনিনে তেওঁৰ State and Revolution শীৰ্ষক গ্ৰন্থখনিৰ বাবে সমল লাভ কৰিছিল। কমিউনৰ পতনৰ পাছতেই সমগ্ৰ ইউৰোপজুৰি সমাজবাদীসকলৰ বিৰুদ্ধে কুৎসা ৰটনা আৰম্ভ কৰা হল। প্ৰথম ইণ্টাৰনেছনেলো এই অপপ্ৰচাৰৰ পৰা সাৰি যাব নোৱাৰিলে। বুৰ্জোৱা বাতৰি কাকতসমূহৰ দ্বাৰা মাৰ্ক্সক ‘ৰেড ডক্টৰ’, কমিউনৰ পুতলা নচুওৱা প্ৰকৃত মাষ্টৰ (puppet master) আদি বিভিন্ন নামেৰে বিভূষিত কৰা হল। এনে ‘কুখ্যাতি’ৰ মাজতেই Civil War in France খনৰো জনপ্ৰিয়তা বাঢ়ি যাবলৈ ধৰিলে। পিছে এনে উত্তপ্ত পৰিবেশত নিৰ্জু প্ৰকৃতিৰ ইংলিছ ট্ৰেড ইউনিয়নসমূহে প্ৰমাদ গণিলে। তেওঁলোকে নিজকে ইণ্টাৰনেছনেলৰ পৰা আঁতৰাই নিয়াটোৱেই শ্ৰেয় হ’ব বুলি গণ্য কৰিলে। Civil War in Franceৰ প্ৰকাশনৰ পাছতেই সাধাৰণ পৰিষদৰ দুয়োজন ব্ৰিটিছ প্ৰতিনিধি - অডগাৰ আৰু লুক্ৰাফটে পদত্যাগ কৰিলে। দ্বিতীয়তে, মিখাইল বাকুনিনৰ কাৰ্যকলাপবোৰেও ইণ্টাৰনেছনেলৰ অস্তিত্বলৈ সংকট নমাই আনিলে। বাকুনিন আছিল এটি সম্ভ্ৰান্ত ৰাছিয়ান পৰিয়ালৰ সন্তান। মাৰ্ক্সৰ দৰেই তেওঁ ১৮৩০ তথা ১৮৪০ৰ দশককেইটাত হেগেলৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। পিছে ১৮৪২ চনত তেওঁ এক অদ্ভুত সিদ্ধান্তলৈ আহিলঃ তেওঁ ঘোষণা কৰিলে - ‘ধ্বংসমূলক হাবিয়াস হৈছে সৃষ্টিশীল হাবিয়াসৰে অন্য এটা নাম! ’ বাকী সমগ্ৰ জীৱনচোৱা তেওঁ এই আপ্তবাক্যশাৰী সভক্তিৰে পালন কৰি গ’ল! ১৮৪৮ৰ বিপ্লৱৰ পাছত বাকুনিন জাৰৰ পুলিচৰ হাতত ধৰা পৰিল। কুখ্যাত পিটাৰ-পল কাৰাগাৰত তেওঁক ৰখা হ’ল। পিছে ১৮৬১ চনত তেওঁ পলাই সাৰিল আৰু এইবাৰ মহাশয়ে ইংলেণ্ডত বিপ্লৱ কৰিবলৈ থিৰাং কৰিলে। প্ৰথমচোৱা সময়ত মাৰ্ক্সৰ সৈতে বাকুনিনৰ বন্ধুত্বসূলভ সম্পৰ্কই আছিল। এজনা ‘প্ৰবীণ হেগেলবাদী’ বন্ধু হিচাপে মাৰ্ক্সে তেওঁলৈ ডাছ কেপিটেলৰ প্ৰথমটো খণ্ড উপহাৰ স্বৰূপে পঠাইছিল। পিছে দুয়ো জনৰ স্বভাৱ চৰিত্ৰ আছিল সম্পূৰ্ণ বিপৰীত। বাকুনিনৰ সমসাময়িক আন এজন দেশান্তৰিত ৰাছিয়ান বিপ্লৱী এলেক্সজেণ্ডাৰ হাৰ্জেনৰ মতে, ‘আন্দোলন, প্ৰপাগাণ্ডা আৰু বক্তৃতাবাজী বাকুনিনৰ প্ৰিয় কাৰ্য আছিল। কথাই কথাই ষড়যন্ত্ৰৰ গোন্ধ লৈ ফুৰা, যতে ততে প্লট-ষড়যন্ত্ৰ ইত্যাদিৰ আয়োজন কৰা, সিবিলাকৰ মাজত বিশ্ব ঐতিহাসিক তাৎপৰ্য আৱিষ্কাৰ কৰা – এইবোৰ আছিল তেওঁৰ ব্যক্তিত্বৰ অন্যতম অংশ। এই ষঢ়যন্ত্ৰসমূহক মূৰ্ত ৰূপ দিবলৈ, সিবিলাকৰ সম্ভাব্য পৰিণামৰ দায়িত্ব স্বীকাৰ কৰিবলৈ, আনকি সিবিলাকৰ বাবে নভবা-নিচিন্তাকৈয়ে প্ৰাণ পৰ্যন্ত বিসৰ্জন দিবলৈ তেওঁ সদায়েই প্ৰস্তুত আছিল’। নেপোলিয়ন তৃতীয়ৰ পতনৰ খবৰ পোৱাৰ পাছত বাকুনিনৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ: ততালিকে তেওঁ লিয়ন চহৰত গৈ উপস্থিত হ’ল আৰু আৰু টাউন হলৰ সমুখত ‘ৰাষ্ট্ৰৰ নিপাত ঘটিল’ বুলি চিঞৰিবলৈ আৰম্ভ কৰিলে! উৎপাত অতিশয় বাঢ়ি যোৱাত কেইজনমান পুলিচে মহাশয়ক দাংকোলাকৈ উঠাই লৈ যোৱাৰ পাছতহে সকলোৱে ৰক্ষা পালে! ১৮৬৮ চনত বাকুনিনে ইণ্টাৰনেছনেলত যোগদান কৰিলে। একে সময়তে তেওঁ ইণ্টাৰনেছনেলৰ ভিতৰতে The Alliance for Social Democracy নামেৰে অৰাজকতাবাদীসকলৰ এটা পৃথক সংগঠনো গঠন কৰিলে। ইণ্টাৰনেছনেলৰ ইটালিয়ান, স্পেনিছ আৰু চুইছ প্ৰতিনিধিসকলৰ মাজত অৰাজকতাবাদীসকল বিশেষভাৱে প্ৰভাৱশালী আছিল। কমিউনৰ পতনৰ পাছৰ পৰাই মাৰ্ক্স আৰু বাকুনিনৰ অনুগামীসকলৰ মাজত মতবিৰোধ ক্ৰমে তীব্ৰতৰ হৈ পৰিল। এফালৰ পৰা চাবলৈ গ’লে ই ১৮৪৮ৰ কমিউনিষ্ট লীগৰ পুনৰাবৃত্তি আছিলঃ মাৰ্ক্সে যুক্তি দৰ্শাইছিল যে বৰ্তমানৰ সময়ত তাৎক্ষণিক বিপ্লৱৰ সম্ভাৱনীয়তা ক্ৰমে ক্ষীণ হৈ পৰিছে; সেয়েহে সেই অনুসৰি ৰাজনৈতিক কাৰ্যনীতি গ্ৰহণ কৰা হওক। ইফালে বাকুনিনবাদী সকলে আকৌ সকলোতে বিপ্লৱৰে পূৰ্বাভাস পাইছিল; সেয়েহে তেওঁলোকৰ কথা আছিলঃ অবিলম্বে বিদ্ৰোহৰ বাবে প্ৰস্তুতি চলোৱা হওক! কিছুদিনৰ পাছত মাৰ্ক্সৰ অনুভৱ হ’লঃ এই পৰিস্থিতিত ইণ্টাৰনেছনেলৰ মজিয়াত তেওঁৰ কথা হয়তো বেছিদিন নিটিকিব। সেয়েহে তেওঁ কাৰ্যকৰীভাৱে সংগঠনটো ভংগ কৰি দিয়াটোৱেই সঠিক হব বুলি ঠিক কৰিলে। ১৮৭২ চনৰ চেপ্তেম্বৰ মাহত হেগ চহৰত ইণ্টাৰনেছনেলৰ অন্তিমখন বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হ’ল। আমোদজনকভাৱে কেৱল এইখন অধিবেশনতেই মাৰ্ক্স সোঁ-শৰীৰেৰে উপস্থিত আছিল! অৱশেষত বহু যুক্তি তৰ্কৰ পাছত বাকুনিন আৰু তেওঁৰ অনুগামীসকলক ইণ্টাৰনেছনেলৰ পৰা বহিষ্কৃত কৰা হল আৰু ইণ্টাৰনেছনেলৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কলৈ স্থানান্তৰিত কৰা হ’ল। আমেৰিকালৈ মুখ্য কাৰ্যালয় লৈ যোৱাৰ অৰ্থ আছিল- সংগঠনটো কাৰ্যকাৰীভাৱে নিস্তেজ কৰি পেলোৱা। অৱশেষত ১৮৭৬ চনত আনুষ্ঠানিকভাৱে ইণ্টাৰনেছনেল ভংগ কৰি দিয়া হ’ল। অন্তিম বছৰকেইটা ইণ্টাৰনেছনেলৰ পতনৰ পাছত প্ৰত্যক্ষ ৰাজনীতি ক্ষেত্ৰখনৰ পৰা মাৰ্ক্স পুনৰ আঁতৰি আহিল। বিত্তীয় অৱস্থাৰ ফালৰ পৰা এইছোৱা সময়েই মাৰ্ক্স দম্পত্তীৰ বাবে আটাইতকৈ ভাল সময় বুলি ক’ব পৰা যায়। ১৮৬৯ চনত এংগেলছে তেওঁৰ বিজনেছ সহযোগী আৰ্মেনছক তেওঁৰ ফালৰ স্বত্বখিনি বিক্ৰী কৰি দিলে। ফলতঃ জেনেৰেল চাহাবৰ হাতলৈ ভালেখিনি ধন আহিল। এইখিনি ধনেই তেওঁৰ তথা মাৰ্ক্স দম্পত্তীৰ খৰচৰ বাবে যথেষ্ট আছিল। কিছুদিনৰ পাছত এংগেলছে লণ্ডনৰ ৰিজেণ্ট পাৰ্ক ৰোডত এটা বৃহৎ ঘৰ ক্ৰয় কৰিলে। এই ঘৰটোৰ পৰা মাৰ্ক্সৰ ঘৰলৈ মাত্ৰ ১০ মিনিটৰ পথ আছিল। মাৰ্ক্সৰ মৃত্যৰ পাছত প্ৰায় তিনিটা দশক ধৰি এইটো ঘৰেই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক আন্দোলনৰ কেন্দ্ৰস্থলী হৈ পৰিছিল। প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰি অহাৰ পাছত ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডৰ কামত মাৰ্ক্স ব্যস্ত হৈ পৰিব লাগিছিল। পিছে এয়া সম্ভৱ নহ’ল। অৱশ্যে সেইবুলি এইখিনি সময় তেওঁ নিষ্কৰ্মা হৈ বহি থকাও নাছিল। মাৰ্ক্সৰ দৰে ব্যক্তি এজনৰ বাবে সেয়া আছিল অসম্ভৱ। অতি সোনকালেই ডাছ কেপিটেলখন অন্যান্য ভাষাত প্ৰকাশিত হ’ল। মাৰ্ক্সে নিজেই ফৰাচী অনুবাদটো ছপাখানালৈ যোৱাৰ আগতে সূক্ষ্মভাৱে পৰীক্ষা কৰিলে (বহুতো পণ্ডিতৰ মতে, ডাছ কেপিটেলৰ ফৰাচী সংস্কৰণটোৱেই হৈছে সবাটোকৈ শ্ৰেষ্ঠ সংস্কৰণ)। ১৮৭৩ চনত জাৰ্মান ভাষাৰ দ্বিতীয়টো সংস্কৰণ প্ৰকাশিত হ’ল। ইয়াৰ বাবেও মাৰ্ক্সে প্ৰথম সংস্কৰণটোৰ কিছু সালসলনি ঘটালে। সিবিলাকৰ উপৰি- ডাছ কেপিটেলৰ তৃতীয় খণ্ডটোৰ ‘কৰ’(rent) শীৰ্ষক অধ্যায়টো লিখিবৰ বাবে মাৰ্ক্সে ৰাছিয়াৰ কৃষি প্ৰশ্ন সম্পৰ্কে বিভিন্ন গ্ৰন্থাদি পঢ়িবলৈ ল’লে। (ডাছ কেপিটেলৰ প্ৰথমটো ৰুছ সংস্কৰণ ১৮৭২ প্ৰকাশিত হ’ল। আমোদজনকভাৱে ৰাছিয়ান চেঞ্চৰ বৰ্ডে কিতাপখনৰ প্ৰকাশনত বিশেষ হকা বাধা নকৰিলে কিয়নো তেওঁলোকে ভাবিলে ‘অতি কম সংখ্যক লোকেহে কিতাপখন পঢ়িব আৰু তাতোকৈও কম সংখ্যক লোকে সেইখন বুজি পাব! ’ পিছে আমূল পৰিৱৰ্তনবাদী বুদ্ধিজীৱীসকলৰ মাজত কিতাপখন অতি সোনকালেই ভীষণভাৱে জনপ্ৰিয় হৈ পৰিল। ) এংগেলছৰ মতে, ১৮৭০ চনৰ পাছত মাৰ্ক্সে অধ্যয়ন কৰা বিষয়সমূহ আছিল এনেধৰণৰ: ‘এগ্ৰ-ইকনমিক্স, কৃষি খণ্ডৰ উৎপাদন সম্বন্ধ (বিশেষকৈ ৰাছিয়া আৰু আমেৰিকাৰ), মুদ্ৰা বজাৰ, বেংকিং, বিভিন্ন প্ৰাকৃতিক বিজ্ঞান – বিশেষকৈ ভূতত্ত্ব আৰু প্ৰাণীতত্ত্ব। গণিত সম্পৰ্কীয় কেতবোৰ স্বাধীনচেতীয়া অধ্যয়নো এই সময়ছোৱাৰ টোকাবহীসমূহত দেখিবলৈ পোৱা যায়। কিন্তু সিবিলাকৰ বিপৰীতে ডাছ কেপিটেলৰ দ্বিতীয় তথা তৃতীয় খণ্ডকেইটা প্ৰণয়ন কৰাৰ ক্ষেত্ৰত কোনো প্ৰগতি সম্ভৱপৰ নহ’ল। দশকযোৰা কঠোৰ পৰিশ্ৰম আৰু নৰক সদৃশ জীৱন পৰিক্ৰমাই ইতিমধ্যেই শাৰীৰিকভাৱে মাৰ্ক্সক ভাঙি পেলাইছিল। বাৰম্বাৰ মূৰৰ বিষ, টোপনি নহা ইত্যাদি বিভিন্ন সৰু বৰ ৰোগে মাৰ্ক্সক একেবাৰেই নিশকতীয়া কৰি পেলালে। মাৰ্ক্সৰ জীৱনীকাৰ ডেভিদ মেকলেনানৰ ভাষাত 'তেওঁ এতিয়া মানসিক আৰু শাৰীৰিকভাৱে ভগ্নপ্ৰায়। তেওঁৰ ৰাজহুৱা জীৱনৰ ইতিমধ্যেই যৱনিকা পৰিছে। ' শাৰীৰিকভাৱে নিশকতীয়া হৈ পৰিলেও মাৰ্ক্সৰ মানসিক দৃঢ়তাৰ পিছে কোনো হীন-দেঢ়ি ঘটা নাছিল। আচলতে ১৮৪০ৰ দশকৰ পৰাই তেওঁৰ এই মানসিক দৃঢ়তা তথা নীতিৰ প্ৰশ্নত বজ্ৰ-কাঠিন্যতাৰ বাবে সমগ্ৰ ইউৰোপৰে বিপ্লৱীসকলে তেওঁক সমীহ কৰি চলিছিল। ১৮৭৫ চনত জাৰ্মানীৰ কমিউনিষ্ট নেতাসকলে মাৰ্ক্সৰ এই কঠোৰতাৰ সোৱাদ পুনৰ লাভ কৰিলে যেতিয়া লাছাল আৰু লেবনেষ্ট নেতৃত্বাধীন দুয়োটা বাওঁপন্থী দলে নীতি সম্পৰ্কীয় কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে একত্ৰিত হোৱাৰ সিদ্ধান্ত ললে আৰু নিজকে ‘জাৰ্মান সামাজিক গণতন্ত্ৰবাদী দল’ (German Social Democratic Party- SPD) নামেৰে নামকৰণ কৰিলে। নতুন দলটিৰ বাবে খৰখেদাকৈ এখনি কাৰ্যসূচীও তৈয়াৰ কৰা হ’ল। গ’থা চহৰত গৃহীত হোৱাৰ বাবে কাৰ্যসূচী খনৰ নাম দিয়া হল- গ’থা কাৰ্যসূচী। মাৰ্ক্স এংগেলছে একেমুখে কাৰ্যসূচী খনৰ নিৰ্মম সমালোচনা কৰিলে। তেওঁলোকৰ মতে, বাস্তৱ প্ৰয়োজনত বিভিন্ন দলে একেলগে কাম কৰাটো বাঞ্ছনীয় হ’লেও একত্ৰীকৰণৰ প্ৰশ্নত কাৰ্যসূচী সম্পৰ্কীয় বিষয়বোৰ লৈ স্পষ্টতা ৰখাটো প্ৰয়োজনীয় আছিল। তদুপৰি লাছালেৰ সমাজবাদ সম্পৰ্কীয় অস্পষ্ট তত্ত্বসমূহে বিপ্লৱীসকলৰ মনত খেলিমেলি লগাব বুলিও মাৰ্ক্সে আশংকা কৰিছিল। পাছলৈ The Critique of the Gotha Programme নামেৰে প্ৰকাশিত হোৱা এইখনি ৰচনাতেই মাৰ্ক্সে পুঁজিবাদৰ পৰা কমিউনিজিমলৈ কেনেদৰে সংক্ৰমণ সম্ভৱ হ’ব –এই সম্পৰ্কে কেতবোৰ চিন্তাকৰ্ষক আলোচনাৰো সূচনা কৰিলে। (উল্লেখনীয় যে ১৮৯১ চন পৰ্যন্ত SPDৰ দুয়োজন কমিউনিষ্ট নেতা – বেবেল আৰু লেবনেষ্টে – এই ৰচনাখনিৰ প্ৰকাশন গাপ দি ৰাখিছিল। ) বিভিন্ন প্ৰশ্ন সম্পৰ্কে জাৰ্মান সমাজবাদীসকলৰ সৈতে প্ৰায়েই মাৰ্ক্স–এংগেলছৰ মনোমালিন্য ঘটিছিল। ১৮৭৭ চনৰ আশে পাশে জাৰ্মান সমাজবাদীসকলৰ মাজত হঠাতে ইউজিন ড্যুৰিং নামৰ প্ৰফেচৰ এজনৰ কেতবোৰ তত্ত্ব জনপ্ৰিয় হৈ পৰিল। ড্যুৰিঙে ঘোষণা কৰিলে – তেওঁ সমাজবাদৰ এক শ্ৰেষ্ঠ সংস্কৰণ আৱিষ্কাৰ কৰি পেলাইছে! মহাশয়ৰ এই জাতীয় দৌৰাত্মত মাৰ্ক্স এংগেলছ অতিষ্ঠ হৈ পৰিল। ড্যুৰিঙক যোগ্য প্ৰত্যুত্তৰ দিবৰ মানসেৰে এংগেলছে লিখি উলিয়ালে Anti-Duhring শীৰ্ষক এখনি বৃহৎ গ্ৰন্থ। ১৮৭৯ চনত পুনৰ ড্যুৰিঙৰ তত্ত্বসমূহ নভবা নিচিন্তাকৈ গ্ৰহণ কৰি লোৱাৰ বাবে মাৰ্ক্স এংগেলছে বাৰ্নষ্টিনকে আদি ধৰি কেইবাজনো জাৰ্মান কমিউনিষ্ট নেতাক কঠোৰভাৱে সমালোচনা কৰিলে। এইছোৱা সময়তে অনুগামীসকলৰ এই জাতীয় নিৰ্বুদ্ধিতাত বিৰক্ত হৈ মাৰ্ক্সে ঘোষণা কৰিছিল ‘All I know is that I am no Marxist.’ পিছে এই জাতীয় দুই এটা ব্যতিক্ৰম বাদ দিলে জীৱনৰ শেহৰছোৱা সময় মাৰ্ক্সে বেছ শান্তিৰেই কটাইছিল বুলি ক’ব পাৰি। এই সময়খিনিত মাৰ্ক্সৰ চিনাকি ব্যক্তি এজনে তেওঁৰ বিবৰণ দিছে এনেদৰে: "…[মাৰ্ক্স] এংলো-জাৰ্মান সুঁতিৰ এজন উচ্চ সংস্কৃতিমনা ব্যক্তি। [কবি] হেইনেৰ [ৰচনাৰ] সৈতে পৰিচয়ে তেওঁক প্ৰদান কৰিছে এক প্ৰফুল্ল চিত্ত আৰু ৰসাল ব্যংগ ৰচনাৰ অসীম ক্ষমতা। অৱশেষত তেওঁৰ ব্যক্তিগত জীৱন এতিয়া কিছু ভাললৈ আহিছে। আজি তেওঁ এজন সুখী মানুহ। " ১৮৬৫ চনত জীয়েকহঁতে ধেমালিতে প্ৰস্তুত কৰা প্ৰশ্নাৱলী এখনৰ ‘প্ৰিয় কাম’ শীৰ্ষক প্ৰশ্ন এটাৰ উত্তৰত মাৰ্ক্সে লিখিছিল – "তেওঁ সদায়েই গ্ৰন্থকীট হ’বলৈ ভাল পাব। " কথাষাৰ আছিল সম্পূৰ্ণ সঁচা। মাৰ্ক্সৰ অধ্যয়নৰ ব্যাপ্তি আছিল আশ্চৰ্যকৰ। অক্সফৰ্ড ইউনিভাৰ্চিটিৰ জাৰ্মান সাহিত্যৰ অধ্যাপক এছ এছ প্ৰয়েৰে ‘ইউৰোপীয় সাহিত্যৰ সৈতে মাৰ্ক্সৰ পৰিচয়’ সম্পৰ্কীয় এটি অধ্যয়নত অলপতে এনেদৰে লিখিছে: "ধ্ৰুপদী সাহিত্য, মধ্যকালীন জাৰ্মান সাহিত্য, গ্যেটে, ডাণ্টে, বয়াৰ্ড, টাছ’, চাৰ্ভেণ্টিছ, শ্যেক্সপীয়েৰ..., ১৮ তথা ১৯ শতিকাৰ ফৰাচী আৰু ইংৰাজী গদ্য সাহিত্য – এই আটাইবোৰেই মাৰ্ক্সৰ অবাধ বিচৰণৰ স্থলী আছিল। যিকোনো সমকালীন কবিতা – যেনে ধৰক হেইনীৰ ৰচনাসমূহ- যি পৰম্পৰাগত কৰ্তৃত্বৰ প্ৰতি বুঢ়া আঙুলি প্ৰদৰ্শন কৰি এক ন্যায়সংগত ভৱিষ্যতৰ সপোন দেখুৱাবলৈ সাহস কৰিব পাৰিছিল, সিবিলাকে মাৰ্ক্সৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সামগ্ৰিকভাৱে চাবলৈ গ’লে অৱশ্যে বৰ্তমানতকৈ অতীতৰ কৃতিসমূহৰ প্ৰতিহে তেওঁৰ চকু আছিল যেন লাগে। সমকালীন লেখকসকলতকৈ এছিলিছ, ডাণ্টে আৰু শেক্সপীয়েৰৰ ৰচনাসমূহেই তেওঁৰ দৃষ্টি বেছিকৈ আকৰ্ষণ কৰিছিল। " গ্ৰীক আৰু ৰোমান সাহিত্য তেওঁৰ অতিকৈ প্ৰিয় আছিল। ঘোৰ মানসিক আৰু শাৰীৰিক কষ্টৰ সময়ত তেওঁ এপ্পিয়ান কৃত ৰোমান গৃহযুদ্ধৰ বিবৰণসমূহ মূল গ্ৰীক ভাষাত পঢ়িছিল। মাৰ্ক্সৰ ভাষাত ‘স্পাৰ্টাকাছেই হয়তো সমগ্ৰ প্ৰাচীন ইতিহাসৰ সবাটোকৈ শ্ৰেষ্ঠ চৰিত্ৰ ...তেওঁ এজন মহান সেনাপতি, এক বিশাল ব্যক্তিত্ব, আদিম সৰ্বহাৰাৰ প্ৰকৃত প্ৰতিনিধি... তেওঁৰ তুলনাত পম্পী আবৰ্জনাসদৃশ মাথোঁ। Grundrisseত মাৰ্ক্সে লিখিছে ‘যদিও গ্ৰীক কলা আৰু মহাকাব্যসমূহ সামাজিক বিকাশৰ এক বিশেষ পৰ্যায়ৰ সৈতে সংপৃক্ত, তথাপিও সিবিলাকে অপৰিসীম কলাত্মক তৃপ্তি প্ৰদান কৰে...[সাহিত্যিক সৃজনৰ ক্ষেত্ৰত] সিবিলাক আজিও আমাৰ আদৰ্শ। ’(Grundrisse, পৃষ্ঠা ১১১)। বিপ্লৱোত্তৰ ফৰাচী সমাজখনৰ শ্ৰেণী সংঘাত বিষয়ক বালজাকৰ বাস্তৱবাদী উপন্যাসসমূহেও মাৰ্ক্সক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। মাৰ্ক্সৰ অন্যান্য অসম্পূৰ্ণ প্ৰকল্পৰ ভিতৰত অন্যতম আছিল -বালজাক সম্পৰ্কীয় এটি অধ্যয়ন। ১৮৭২ চনত সপ্ৰতিভ ডেকা সাংবাদিক চাৰ্লচ লংগেৰ সৈতে মাৰ্ক্সৰ ডাঙৰজনী ছোৱালী জেনীৰ বিয়া হ’ল। ইয়াৰ পূৰ্বে ১৮৬৮ চনত মাজুজনী ছোৱালী লৌৰাৰ বিয়া হ’ল কমিউনিষ্ট নেতা পল লাফাৰ্গৰ সৈতে। প্ৰবাদ আছে যে, শহুৰেক হিচাপে মাৰ্ক্স যথেষ্ট কাঢ়া আছিল। বিশেষকৈ লাফাৰ্গে বিয়াৰ আগেয়ে মাৰ্ক্সৰ বহু পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে পাৰ হ’ব লগা হৈছিল! পিছে আচল সংঘাতখন সৃষ্টি হ’ল সৰুজনী ছোৱালী এলেনৰৰ বিয়াৰ সময়তহে। এলেনৰ আছিল মাৰ্ক্সৰ সবাটোকৈ প্ৰিয় সন্তান, তাইৰ স্বভাৱটো দেউতাকৰ দৰেই আকোৰগোজ আৰু গোৱাৰ। ('টুছি সাইলাখ মোৰ দৰে' মাৰ্ক্সে এসময়ত কৈছিল। ) এলেনৰ লিচাগৈৰে নামৰ ফৰাচী সাংবাদিক এজনৰ প্ৰেমত পৰিল। ইফালে সম্পৰ্কটো লৈ মাৰ্ক্স কোনোপধ্যেই ৰাজী নহয়। এলেনৰেও লিচাগৈৰেক বিয়া পাতিবলৈ বদ্ধপৰিকৰ। এই লৈ মাজতে বেছ কিছুদিন ধৰি বাপেক জীয়েকৰ মাত-কথা বন্ধ হোৱাৰো অৱস্থা হ’ল। এলেনৰে অভিনয় কৰি ভাল পাইছিল। জীয়েকৰ প্ৰভাৱত মাৰ্ক্সেও লণ্ডনৰ প্ৰেক্ষাগৃহবোৰ ঘুৰ্মুটিয়াই ফুৰিছিল। মেইটলেণ্ড ৰডত সেইসময়ত শেক্সপীয়েৰ ৰিডিং ক্লাব নামেৰে এখনি নাট্য সভা নিয়মীয়াকৈ বহিছিল। তাৰে এজন সদস্যই মাৰ্ক্সৰ বৰ্ণনা দিছে এনেদৰে, "দৰ্শক হিচাপে মাৰ্ক্স এজন অতিশয় ফুৰ্তিবাজ মানুহ। তেওঁ কেতিয়াও সমালোচনা নকৰে, যিকোনো ধৰণৰ ফুৰ্তিত যোগদান কৰিবলৈ তেওঁ সদায়েই সাজু, আনকি হাঁহি হাঁহি কেতিয়াবা তেওঁৰ চকুপানী বৈ যোৱাৰো অৱস্থা হয়। শাৰীৰিকভাৱে তেওঁ হয়তো সকলোৰে ভিতৰত বয়োজ্যেষ্ঠ, কিন্তু মানসিকভাৱে তেওঁ আজিও আমাৰ দৰেই তৰুণ। " ১৮৮১ চনত স্বামীৰ সৈতে জেনী পেৰিছলৈ গুচি গ’ল। জীয়েক কেইজনীৰ অবিহনে মাৰ্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিলে। এনেতে এটা বেয়া খবৰ আহিল, পত্নী জেনী মাৰ্ক্সৰ পৃত্ত কেঞ্চাৰ হৈছে। ইফালে মাৰ্ক্সৰ নিজৰেই ব্ৰংকাইটিছত যোৱা থোৱা অৱস্থা। এলেনৰৰ ভাষাত, ''সেইছোৱা বৰ দুৰ্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰত আন এটা কোঠাত মূৰ [মূৰ – মাৰ্ক্সৰ ঘৰত মতা নাম]। সমগ্ৰ জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুনৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা-ছোৱালী। কোনেও ক’ব নোৱাৰে তেওঁলোক ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্ৰসৰ এজন বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌৱনত ভৰিহে দিছে। ..." ১৮৮১ চনৰ ২ ডিচেম্বৰত জেনী মাৰ্ক্সৰ মৃত্যু হ’ল। এংগেলছে এলেনৰলৈ লিখিলে –'Moor is dead too'। পৰিবেশ সলনি কৰিবৰ বাবে মাৰ্ক্সক ফুৰাবলৈ নিয়া হ’ল – অলপ দিন এলজিয়াৰত থকাৰ পাছত জীয়েক জেনীৰ পেৰিছৰ ঘৰত মাৰ্ক্স কিছু দিন থাকিল। নাতি-নাতিনীহঁতৰ সৈতে মাৰ্ক্সে কিছুদিন অতি সন্তোষেৰে কটালে। জীয়েক লৌৰাৰ সৈতে তেওঁ কিছুদিন চুইজাৰলেণ্ডলৈকো ফুৰিবলৈ গ’ল। ইংলেণ্ডলৈ ঘূৰি অহাৰ পথত মাৰ্ক্সে সামান্য পানী-লগা জ্বৰ অনুভৱ কৰিলে। ঘৰ পায়েই পুনৰ এটা দুঃসংবাদ - মাৰ্ক্সৰ মৰমৰ জীয়েক জেনী ঢুকাল। ১৮৮৩ চনৰ ১৪ নবেম্বৰ: খবৰ লবলৈ এংগেলছ মাৰ্ক্সৰ ঘৰলৈ আহিল। জেনেৰেল চাহাবে মন কৰিলে - 'সমগ্ৰ ঘৰখনতে কান্দোনৰ ৰোল। হয়তো বেছি পৰ নাই। ' ওপৰ মহলাৰ কোঠালৈ যাওঁতেই দেখা গ’ল - আকৌ কেতিয়াও সাৰ নোপোৱাকৈ মাৰ্ক্স শান্তিৰে টোপনি গৈছে। দুহাতেৰে চকুপানী মছি এংগেলছে সেইদিনা লিখিলে: ‘Mankind is shorter by a head, and that was the greatest head of our time.’ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ জাৰ্মানীৰ ব্যক্তি দাৰ্শনিক
2485
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%9C%E0%A6%BE%20%E0%A6%97%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%AC
মিৰ্জা গালিব
মিৰ্জা গালিব (, ; ) হৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান (, উৰ্দু/পাৰ্ছী: ) ৰূপে তেখেতৰ জন্ম হৈছিল৷ গালিব হৈছে তেওঁৰ ছদ্মনাম।১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত গালিবৰ জন্ম হয়। গালিবৰ আনুষ্ঠানিক শিক্ষা সম্বন্ধে ইমান বিতঙকৈ জনা নাযায়৷ তেওঁৰ জীৱনৰ আদিছোৱা আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে কোনো লিখিত তথ্য নথকাৰ কাৰণে ইয়ে পণ্ডিত সমাজক বিবুধিত পেলাই আহিছে৷ তথাপিও, এনেকৈয়ে কোৱা হয় যে দিল্লীৰ অভিজাত, সন্মানীয় আৰু বিজ্ঞসমাজৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল৷ অতি কম বয়সত, ১৮১০ চনৰ আশেপাশে এটা অতি সন্মানীয় পৰিয়ালৰ সৈতে তেওঁৰ বৈবাহিক সম্বন্ধ ঘটিছিল৷ ইয়াকো লগতে কোৱা হয় যে গালিবৰ সাতটি সন্তান আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সাতোটি সন্তানৰ এটিও বাচি থকা নাছিল৷ এই দুখ তেওঁ কবিতাৰ জড়িয়তে নিগৰিত হৈছিল৷ গালিবৰ সুৰা আৰু জুৱাৰ প্ৰতি আসক্তি আছিল৷ যদিও সেই সময়ত জুৱা খেলক এক সামাজিক অপৰাধ বুলি গণ্য কৰা হৈছিল। ১৮৬৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে এইজনা বিখ্যাত কবিয়ে শেষ নিশ্বাস ত্যাগ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Indiasurfing.com Poetry of Mirza Ghalib with meaning Ballimaran.com Haveli of Mirza Ghalib, Chandni Chowk, Delhi Ghalib Institute, New Delhi A Visit to Mirza Ghalib's Haveli in Ballimara, Old Delhi Ghalib in Love Loharu Family (Blog) Kuchh Sacche Moti: Ghalib Works Ghalib at Kavita Kosh (Devanagari Hindi script) Fully coloured Deewan-e-Ghalib Best Urdu-Poetry by Mirza Ghalib Ghazal Translated By Qazi Muhammad Ahkam koii ummiid bar nahii.n aatii Translated By Qazi Muhammad Ahkam Selected Ghazals of Ghalib(Audio) Read by Qazi Muhammad Ahkam DIVAN - E - GHALIB The Urdu Ghazals of Mirza Asadullah Khan "GHALIB". Deewan-E-Ghalib Poetry of Ghalib - Complete Collection of Mirza Ghalib, A large Number of his Ghazals The Love Sonnets of Ghalib - Biography, selected works, and all things Ghalib Biography and selected works The Joy of the Drop - 37 poems by Ghalib in English translation. Selected couplets of Mirza Ghalib Selected couplets with translation of Mirza Ghalib English translation of one of Ghalib's Persian poems. Authorised Version of Deewan-e-Ghalib known as Nuskhae Hamidia uploaded by Javed Hussen Complete Persian poetry of Mirza Ghalib at scribd uploaded by Javed Hussen Mirza Ghalib's Diary of 1857 First Indian Libaretion Struggle in Urdu Translation uploaded by Javed Hussen unpublished Poems of Mirza Ghalib edited by Kalidas Gupta Raza uploaded by Javed Hussen original Urdu free pdf of Yaadgare Ghalib by Altaf Hussain Hali Loharu Family Link An Bangla selected translation of Mirza Ghalib with original Urdu ভাৰতৰ ব্যক্তি ভাৰতীয় কবি
2611
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
কামৰূপ জিলা
কামৰূপ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল। ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নৱগঠিত বাক্সা জিলাত অন্তৰ্ভুক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হয়। কামৰূপ নামৰ উৎপত্তি কামৰূপ নামৰ উৎপত্তি সংক্ৰান্তত পুৰাণত এটা আখ্যান আছে। আখ্যানটো মতে দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইকিয়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্তসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমণ কৰি তাণ্ডব নৃত্য আৰম্ভ কৰিবলৈ ধৰিলে। মহাদেৱে তাণ্ডৱ নৃত্য কৰিলে পৃথিৱী ধ্বংস হ'ব। সেয়ে বিষ্ণুই বুদ্ধি কৰি মহাদেৱক শান্ত কৰিবৰ বাবে সতীৰ দেহটোক কাটিবলৈ তেওঁৰ অস্ত্ৰ সুদৰ্শন চক্ৰ পঠাই দিলে। শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। য'তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনীভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। এসময়ত মৃতদেহটো নাইকিয়া হ'ল আৰু মহাদেৱ গভীৰ ধ্যানত মগ্ন হ'ল। বহু দিন পাৰ হৈ গ'ল। দেৱকুলত হাহাকাৰ লাগিল। মহাদেৱ সংহাৰৰ গৰাকী। তেওঁৰ অবিহনে পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা হ'ল। কিন্তু ধ্বংস নহ'লে সৃষ্টি কেনেকৈ হব? দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক পৃথিৱীলৈ পঠিয়ালে মহাদেৱৰ ধ্যান ভঙ্গ কৰিবলৈ। কামদেৱ আহিল আৰু তেওঁৰ দেহলৈ মদনৰ পঞ্চশৰ মাৰি পঠিয়ালে। মহাদেৱৰ ধ্যান ভঙ্গ হ'ল। প্ৰচণ্ড খঙত তেওঁ তৃতীয় নয়নেৰে অগ্নি বৰষি কামদেৱক ঠিতাতে ভষ্ম কৰি পেলালে। এইবাৰ কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা জনালে। লাহে লাহে মহাদেৱৰ ক্ৰোধবহ্নি নিৰ্বাপিত হ'ল আৰু কামদেৱক পুনৰ জীৱন দান দিলে। যি ভূমিত কামদেৱে পুনৰ্জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই ভূমি পাছলৈ কামৰূপ নামেৰে জনাজাত হৈছিল। ইতিহাস ২০০৩ চনত পুৰণি কামৰূপ জিলাক দুভাগত বিভক্ত কৰি নতুন কামৰূপ জিলাৰ আৰু লগতে কামৰূপ মহানগৰ জিলাৰ গঠন কৰা হয়। ভৌগোলিক বিৱৰণ কামৰূপ জিলাৰ অৱস্থান ২৫.৪৬-২৬.৮৯ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.৪৮-৯০.৫০ ডিগ্ৰী পূব দ্ৰাঘিমাংশত মাজত। জিলাখনৰ মাটিকালি ৩,১০৫ বৰ্গ কিলোমিটাৰ। কামৰূপ জিলাৰ উত্তৰে ওদালগুৰি আৰু বাক্সা জিলা, পূবে দৰং আৰু কামৰূপ মহানগৰ জিলা, দক্ষিণে মেঘালয় ৰাজ্য আৰু পশ্চিমে গোৱালপাৰা আৰু নলবাৰী জিলা। জিলাখনৰ গড় বাৰ্ষিক বৃষ্টিপাত ১৫০০-২৬০০ মিলিমিটাৰ আৰু গড় আৰ্দ্ৰতা ৭৫%। উচ্চতম তাপমান ৩৮.৫ ডিগ্ৰী চেলচিয়াচ নিম্নতম ৭ ডিগ্ৰী চেলচিয়াচ। জিলাখনৰ সোঁমাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। জিলাখনৰ আনকেইখন উল্লেখযোগ্য নদী হ'ল পগলাদিয়া, নোনা, বৰলীয়া, পুঠিমাৰী, বৰনদী, কলাজল আৰু কুলসী। জনগাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ জিলাৰ জনসংখ্যা ১৫,১৭,৫৪২ জন; ইয়াৰে পুৰুষ ৭৭৮,৪৬১ জন আৰু মহিলা ৭৩৯,০৮১ গৰাকী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৯ গৰাকী। জন-ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৮৮.৭ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১৫.৬৯%। শিক্ষিতৰ হাৰ ৭৫.৫৫%। প্ৰশাসনিক গাঁথনি কামৰূপ জিলা দুটা মহকুমাৰে গঠিত: কামৰূপ সদৰ মহকুমা আৰু ৰঙিয়া মহকুমা। কামৰূপ সদৰ মহকুমাৰ ১১টা উন্নয়ন খণ্ডত ১০০খন গাঁও পঞ্চায়ত আৰু ৰঙিয়া মহকুমাৰ ৩টা উন্নয়ন খণ্ডত ৩৯খন গাঁও পঞ্চায়ত আছে। কামৰূপ জিলাত চহৰৰ সংখ্যা ২খন: ৰঙিয়া আৰু পলাশবাৰী। জিলাখনৰ অন্তৰ্গত অসম বিধানসভাৰ সমষ্টিকেইটা হ'ল: বকো (৪৮), ছয়গাঁও (৪৯), পলাশবাৰী (৫০), জালুকবাৰী (৫১), হাজো (৫৫), কমলপুৰ (৫৬), ৰঙিয়া (৫৭)। ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টি মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত। আন চাৰিটা গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত। যাতায়ত কামৰূপ জিলাক তিনিটা ৰাষ্ট্ৰীয় ঘাইপথে চুই গৈছে। ৩১ নং ঘাইপথ: ৰঙিয়া, বাইহাটা চাৰিআলি, আমিনগাঁৱৰ মাজেৰে গৈ জালুকবাৰীত ৩৭ নং ঘাইপথত লগ লাগিছে। ১৭ নং ঘাইপথ: দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও, মিৰ্জা চুই যোৰহাট, ডিব্ৰুগড় অভিমুখে গৈছে। ১৫ নং ঘাইপথ: বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ তেজপুৰ, লখিমপুৰ অভিমুখে গৈছে। জিলাখনৰ আন কেইটামান প্ৰধান পথ হৈছে ৰঙিয়া-দৰঙা পথ (ভূটান সংযোগী), বাইহাটা চাৰিআলি-গোৰেশ্বৰ পথ, ৰঙিয়া-ডিমু-চেঁচা পথ, বাইহাটা-ডিমু-কমাৰকুছি পথ, চাংসাৰি-বোৰ্কা-কমলপুৰ পথ। শিক্ষানুষ্ঠান জিলাখনৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ হৈছে: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী শুৱালকুছি ইনষ্টিটিউট অৱ ফেচন টেকনোলজী নবোদয় বিদ্যালয়, ৰঙিয়া ৰঙিয়া মহাবিদ্যালয় পূৱ কামৰূপ মহাবিদ্যালয় গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি উত্তৰ গুৱাহাটী মহাবিদ্যালয় দক্ষিণ কামৰূপ মহাবিদ্যালয় দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় ছয়গাঁও মহাবিদ্যালয় ৰঙিয়া আৰবিক মহাবিদ্যালয় মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়,ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়, ৰঙিয়া শৰাইঘাট মহাবিদ্যালয়, চাংসাৰি দগাওঁ উচ্চতৰ মাধ্য়মিক বিদ্যালয় শংকৰ-আজান শিক্ষা নিকেতন, কমলপুৰ বৰহাটা ১ নং প্ৰাথমিক বিদ্যালয় আগডলা চাৰিআলি হাইস্কুল জৱাহৰলাল নেহেৰু কলেজ (বকো) হেক্‌ৰা হায়াৰ চেকেণ্ডাৰী স্কুল ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক প্ৰতিষ্ঠান,আমিনগাওঁ দমদমা মহাবিদ্যালয় ৰামপুৰ উচ্চতৰ মাধ্য়মিক বিদ্যালয় উল্লেখযোগ্য ঠাই জিলাখনৰ উল্লেখযোগ্য ঠাইসমূহ হৈছে: চান্দ সদাগৰৰ মেৰঘৰ ছয়গাঁৱত এতিয়াও মেৰঘৰৰ অৱশেষ দেখিবলৈ পোৱা যায়। ইয়াৰ সৈতে বেউলা-লক্ষীণ্দৰৰ উপাখ্যান জড়িত হৈ আছে। মদন কামদেৱ দেৱালয় বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ অঞ্চলটোত সিঁচৰতি হৈ আছে। নবম-দশম শতিকামানতে শৈৱপন্থী পালবংশীয় শাসকে এই স্থাপত্য আৰু ভাস্কৰ্য নিৰ্মাণ কৰিছিল। পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই। সিদ্ধেশ্বৰ দেৱালয় শুৱালকুছিত অৱস্থিত। আহোম ৰজা শিৱসিংহৰ শাসনকালত নিৰ্মাণ কৰা এটা শিৱ মন্দিৰ। গোপেশ্বৰ দেৱালয় বাইহাটা চাৰিআলিৰ পৰা দূৰত্ব ২ কিলোমিটাৰ। নৱম-দশম শতিকাকে প্ৰতিষ্ঠিত এই দেৱালয়লৈ দূৰ-দূৰণিৰ পৰা ভক্তসকল আহে। স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায়। হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ মণিকূট পাহাৰত অৱস্থিত। ১৫৮৩ খৃষ্টাব্দত কোঁচ ৰজা ৰঘূদেৱে নিৰ্মাণ কৰিছিল। কিছুমান ঐতিহাসিকৰ মতে পাল বংশীয় শাসকসকলে প্ৰথমে এই মন্দিৰ নিৰ্মাণ কৰিছিল। দৌল গোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ। অশ্বক্লান্ত মন্দিৰ ১৭২০ খৃষ্টাব্দত আহোম ৰজা শিৱ সিংহই নিৰ্মাণ কৰিছিল। নৰকক বধ কৰিবলৈ আহোঁতে শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা ইয়াতে ক্লান্ত হৈ পৰিছিল বুলি প্ৰবাদ আছে।। দীৰ্ঘেশ্বৰী মন্দিৰ এখন অতি উল্লেখযোগ্য দেৱী তীৰ্থ। উত্তৰ গুৱাহাটীত অৱস্থিত। দশম একাদশ শতিকাৰ কিছুমান শৈল মূৰ্তি এয়াত দেখা যায়। পোৱামক্কা হাজোত অৱস্থিত। সন্ত গিয়াচুদ্দিন আউলিয়াৰ সমাধিস্থল। মুছলমানসকলৰ এখন পবিত্ৰ তীৰ্থস্থান। অনা-মুছলমানসকলেও শ্ৰদ্ধা সহকাৰে এই তীৰ্থ দৰ্শন কৰে। মক্কাৰ পৰা এপোৱা মাটি আনি ইয়াত দিয়া হৈছিল বাবেই ইয়াৰ নাম পোৱামক্কা হোৱা বুলি কঠিত আছে। চানডুবি বিল গুৱাহাটীৰ পৰা দূৰত্ব ৬৪ কিলোমিটাৰ। বৰশী বোৱা আৰু নাও চালনাৰ বাবে আকৰ্ষণীয় ঠাই। অতি জনপ্ৰিয় বনভোজস্থলী। শুৱালকুছি পূবৰ মানচেষ্টাৰ বুলি জনা যায়। পাট-মুগাৰ শিল্পৰ বাবে অতি প্ৰসিদ্ধ। অসমৰ আটাইতকৈ ডাঙৰ গাঁও। শৰাইঘাটৰ যুদ্ধ সোঁৱৰণী উদ্যান লাচিত বৰফুকন আৰু শৰাইঘাটৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ আজ্ঞাঠুৰীত এই পাৰ্কখন নিৰ্মাণ কৰা হৈছে। দীপ্তেশ্বৰী দেৱালয় ৰঙিয়াৰ নগৰৰ পৰা কিছু আঁতৰত দীপ্তেশ্বৰী দেৱালয়। দীপ্তেশ্বৰীক কামাখ্যাৰ আন এটা ৰূপ বুলিও কোৱা হয়। এই দেৱালয়খন মাটিত পোত খাই আছিল বুলি বহু ঐতিহাসিকে মত পোষণ কৰে। কামাখ্যাৰ নিচিনাকৈ এই দেৱালয়ৰ গুহাৰ তলেৰে পানী বৈ গৈছে। কিছু বছৰ আগেয়ে বংগ দেশৰ বণিক এজনে ইংৰাজৰ দিনৰ জাহাজত ব্যাবহাৰ কৰা চাকি এই দেৱালয়ত দি থৈ যায়। সেই চাকিগচা ৫ পোৱা তেলেৰে জলোৱা হয়। বংগদেশৰ বণিকজনক কামাখ্যাদেৱীয়ে সপোনত দেখাইছিল যে বণিকজনে কামাখ্যাধামৰ পৰা ৫৫ কিমি দূৰত থকা দীপ্তেশ্বৰী দেৱালয়ত তেওঁৰ লগত থকা চাকিগচা দি আহিব লাগিব। সেই বাবে তেওঁ চাকিগচা দেৱালয়ত দি থৈ যায়। তথ্যসূত্ৰ বাহ্যিক সংযোগ অসমৰ জিলা কামৰূপ জিলা
2655
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%89%E0%A6%87%E0%A6%9B%20%E0%A6%AE%E0%A6%BE%E0%A6%A8%20%E0%A6%B8%E0%A6%AE%E0%A6%AF%E0%A6%BC%2B%E0%A7%A6%E0%A7%AB%3A%E0%A7%A9%E0%A7%A6
গ্ৰীনউইছ মান সময়+০৫:৩০
গ্ৰীনউইছ মান সময়+০৫:৩০ চমুকৈ গ্ৰী.মা.স.+৫.৩০ () গ্ৰীনউইছ মান সময় নিৰূপনৰ এক পৰিচয়ক। এই সময় ভাৰত আৰু শ্ৰী লংকাত ব্যৱহৃত হয়। এই সময় গ্ৰীনউইছ মান সময়তকৈ ৫.৩০ ঘণ্টা আগত. কুনলুম সময় ক্ষেত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। মান সময় হিচাপে দক্ষিণ এছিয়া ভাৰত (নতুন দিল্লী, মুম্বাই, কলকাতা, চেন্নাই) - ভাৰতীয় মান সময় শ্ৰীলংকা - শ্ৰীলংকাৰ মান সময়। তথ্য সংগ্ৰহ সময় অঞ্চল es:Huso horario#UTC+05:30, E†
2656
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BF%E0%A6%A8%E0%A6%95%27%E0%A6%A1
পিনক'ড
ডাক সূচকাংক বা পিনক'ড বা পিন নং ( চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৬টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল। গঠন ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে। পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়। দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়। তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়। পিনক'ড আৰু ডাক চক্ৰৰ তালিকা দ্ৰষ্টব্য ডাক টিকট বাহিৰা প্ৰসংগ ডাক সেৱা
2663
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%B0%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A6%BE
বৰপেটা
বৰপেটা নগৰ বৰপেটা জিলাৰ সদৰ ঠাই। এই নগৰ গুৱাহাটী চহৰৰ পৰা ৯০ কি.মি. (৫৬ মাইল) উত্তৰ-পশ্চিম দিশে অৱস্থিত। অসম বুৰঞ্জীত বৰপেটাক “সত্ৰভূমি” বুলি জনা যায়। বৰপেটা থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা সত্ৰ আৰু আন আন সত্ৰসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, যিবোৰে অসমৰ চুকে-কোণে থকা ধৰ্মীয় লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ঐতিহাসিক পটভূমি বৰপেটাক অসমত সত্ৰভূমি বুলি জনা যায়। বৰপেটাত থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা নগৰখন ২২খন হাটীত বিভক্ত হৈ আছে, য’ত সত্ৰ পৰিচালক আৰু ভক্তসকল সপৰিয়ালে বাস কৰে। এই বিশেষত্ব অসমৰ আন কোনো ঠাইতে দেখা নাযায়। বিভিন্ন সত্ৰ আৰু মঠসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, যিবোৰে অসমৰ চুকে-কোণে থকা ধাৰ্মিক লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ইয়াৰে কেইখনমান প্ৰখ্যাত সত্ৰ হ’ল – বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, চূণপুৰা সত্ৰ, গণককুছি সত্ৰ, কনৰা আৰু জনীয়া। ফাকুৱা উৎসৱ(হোলি) ইয়াৰ প্ৰধান উত্সৱ আৰু ইয়াক ধুমধামেৰে পালন কৰা হয়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা হস্তশিল্প অসম বিখ্যাত। ইয়াৰ আতচবাজীৰ কাৰখানাও অসমত জনাজাত। বৰপেটা বিভিন্ন ভাষা-ভাষীৰ মানুহৰ মিলনভূমি হিচাপে বিশেষ গুৰুত্ব পাই আহিছে। ইয়াক তিতাকুছি, পোৰাভিঠা, মথুৰা, বৃন্দাবন, চৌখুটীস্থান, নবৰত্ন-সভা, ইচ্ছাকুছি, পুষ্পক বিমান, কামপুৰ আৰু বৰপেটা আদি বিভিন্ন নামেৰে জনা যায়। ইংৰাজ শাসনৰ অধীনলৈ অহাৰ আগেয়ে বৰ্তমানৰ বৰপেটা জিলা কোচ-হাজো আৰু আহোম সাম্ৰাজ্যৰ অবিচ্ছেদ্য অংশ আছিল। আদি কালৰেপৰা বৰপেটাই বৰ্মনসকলৰ (৩৮০-৬৫৪), চলস্থামৰ (৬৫৫-৯৮৫), পালসকলৰ(৯৮৫-১২৬০), কমতাসকলৰ(১২৬০-১৫০৯) আৰু কোঁচসকলৰ (১৫০৯ ৰ পৰা) শাসন প্ৰত্যক্ষ কৰি আহিছে যদিও কমতা আৰু কোচ শাসনৰ সময়তহে ইয়াৰ মুখ্য বুৰঞ্জীমূলক উন্নয়নসমূহ হৈছিল। কোচৰজা নৰনাৰায়ণে তেওঁৰ ৰাজধানী বৰপেটাৰ সমীপতে বৰনগৰত(বৰ্তমানৰ সৰভোগ) স্থাপন কৰিছিল। যি সময়ত মহাপুৰুষজনাই পাটবাউসীত সত্ৰ পাতি তেওঁৰ ধৰ্মীয় চিন্তাধাৰাসমূহ প্ৰচাৰৰ কামত লাগি আছিল, সেই সময়ত ৰজা নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। মোগলসকলৰ আগমনৰ পিছত কোচ সাম্ৰাজ্যৰ অন্ত পৰিছিল। বৰপেটাৰ ওচৰে-পাজৰে আহোমসকলে মোগলৰ সৈতে বহুকেইখন যুদ্ধ কৰিছিল। কেইখনমান পৰিচিত যুঁজৰ ভিতৰত জখলিখানা, ভাতেকুছিআৰু ভৱানীপুৰৰ যুঁজ উল্লেখনীয়। পিছত যুঁজত আহোমসকল পৰাস্ত হৈছিল আৰু মোগলে ক্ষমতা লৈ ইয়াৰ প্ৰশাসনিক আৰু কৰ সংগ্ৰহৰ দিশটো প্ৰণালীবদ্ধভাৱে সজাই তুলিছিল। কামৰূপক “চৰকাৰ” পাতি বৰপেটা, ক্ষেত্ৰী, বজালী, বৰনগৰ, বাঁহবাৰী আৰু বিজনী পৰাগনত ভগাই তাকে আৰু সৰু ভাগ কৰি তাপাত বিভক্ত কৰি এজন গোমস্তাক চলাব দিছিল। প্ৰশাসনিক সুচলতাৰ বাবে প্ৰতিটো পৰাগনক তালুক, লট আৰু গাঁওত ভাগ কৰা হৈছিল। পাৰাগনসমূহ বৰবৰুৱা আৰু চৌধুৰীসকলৰ তলত ৰখা হৈছিল। প্ৰতিটো তালুক তালুকদাৰৰ তদাৰকত আছিল আৰু তেওঁক সহায় কৰিবলৈ ঠাকুৰীয়া, পাটোৱাৰী, কাকতি, গাঁও বৰিকা ইত্যাদি আছিল যিয়ে কৰ সংগ্ৰহৰ হিচাপ-নিকাচ ৰাখিছিল। পৰাগনৰ বিচাৰকক শিকদাৰ বুলি কোৱা হৈছিল, য’ত আমিন আৰু কনংগ ভূমি সমীক্ষা, কৰ সংগ্ৰহৰ বাবে দায়ৱদ্ধ আছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত বৰপেটা নগৰ সত্ৰৰে পূৰ্ণ এখন ধৰ্মীয় ঠাইত পৰিণত হৈছে বাবে ইয়াক বৈকুণ্ঠধাম বুলিও কোৱা হয়। আহোম ৰজা শিৱসিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনতে এই সত্ৰসমূহে মাটিৰ আবণ্টন পাইছিল। বাউসীৰ শ্বাহ মদৰৰ, বৰনগৰৰ শ্বাহ-ফকীৰৰ, ক্ষেত্ৰীৰ পাঁচ পীড়ৰ, ভেল্লাৰ চৈয়দ শ্বাহনুৰ দেৱান ফকীৰৰ মুছলিম-দৰঘাছলৈও ভূমি আবণ্টন কৰিছিল। দেৱালয়সমূহলৈও ভূমি আবণ্টিত কৰা হৈছিল আৰু এই আবণ্টনসমূহৰ কথা কপাৰ-ফলিত লিপিৱদ্ধ কৰি ৰাখিছিল, যিবোৰ বুৰঞ্জীৰ সমল হিচাপে স্বীকৃতি পাই আহিছে। মানৰ আক্ৰমণত বৰপেটা নগৰৰ লগতে বৰপেটা সত্ৰৰো বিস্তৰ ক্ষতি হৈছিল। এই মানসকলক আঁতৰোৱাৰ বাবেই ব্ৰিটিছসকল আহিছিল। ব্ৰিটিছ অহাৰ পিছৰেপৰাই এই অঞ্চলত মৌজাদাৰী পদ্ধতি আৰম্ভ হৈছিল। ১৮৪১ চনত বৰপেটা অসামৰিক মহকুমা হৈছিল আৰু জন বাটলাৰ ইয়াৰ প্ৰশাসক হৈছিল। স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত বৰপেটা অঞ্চলৰ বহু সংখ্যক লোকে যোগদান কৰি জেল খাটিছিল। মদন চন্দ্ৰ বৰ্মন আৰু ৰাউতা কোচ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ আছিল। উমেশ চন্দ্ৰ ব্ৰহ্মচাৰী, ধনীৰাম তালুকদাৰ, গণেশ লাল চৌধুৰী, দেৱেন্দ্ৰ নাথ উজীৰ, অক্ষয় কুমাৰ দাস, বংশীধৰ চৌধুৰী, নানামোহন মজুমদাৰ, গোলক পাঠক, সোণাৰাম চৌধুৰী, ডাঃ জিনাৰাম দাস, বিশ্বনাথ দাস, প্ৰাণেশ্বৰ দাস, অম্বিকাগিৰি ৰায়চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, মধুসুদন দাস, উপেন্দ্ৰ চন্দ্ৰ দাস, দেৱেন্দ্ৰ শৰ্মা, নৰনাৰায়ণ গোস্বামী, কবিৰাজ ঘনশ্যাম দাস, চন্দ্ৰপ্ৰভা শইসকীয়ানী এই অঞ্চলৰ প্ৰধান মুক্তিযুঁজাৰু। ১৯৩৪ চনত মহাত্মা গান্ধীয়ে আৰু ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱে বৰপেটালৈ আহিছিল। বৰপেটাৰ কলা-সংস্কৃতিৰ ভেঁটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ জৰিয়তে স্থাপন কৰিছিল। তেওঁৰ পিছত তেওঁৰ শিষ্য মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ-এ কেবাখনো সত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে এই ভেঁটি মজবুত কৰি থৈ গৈছিল। ভৌগোলিক অৱস্থিতি ২৬.৩২ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯১.০ ডিগ্ৰী পূৱ দ্ৰাঘিমাংশত বৰপেটা নগৰ অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩৫ মিটাৰ (১১৪ ফুট)। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ইয়াৰ দূৰত্ব ৪৪ কিঃমিঃ। ব্ৰহ্মপুত্ৰৰ দুখন মূল উপনৈ চাউলখোৱা আৰু মৰানদী বৰপেটা নগৰৰ মাজেৰে বৈ গৈছে। যাতায়ত বৰপেটালৈ যাবলৈ চাৰিধৰণৰ যাতায়ত ব্যৱস্থা আছে ৰেলসেৱা: নিকটৱৰ্তী ৰেল ষ্টচন বৰপেটা ৰোড্‌, দূৰত্ব ১৭ কিঃমিঃ পথেৰে: ৰাজধানী চহৰ গুৱাহাটীৰ পৰা বাছ (ডিলাক্স আৰু ছেমি ডিলাক্স) সেৱাৰ উপৰিও ৱিঙ্গাৰ সেৱাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও বৰপেটা নগৰৰ নিকটৱৰ্তী নগৰসমূহৰ সংযোগকাৰী বাছো প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে আছে বিমানসেৱা: নিকটৱৰ্তী বিমানকোঠ গুৱাহাটী জল পৰিবহণ সেৱা: নিকটৱৰ্তী ঘাট ধুবুৰী বন্যভূমি মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পলৈ যোৱাৰ বাবে বৰপেটাক প্ৰৱেশদ্বাৰ বুলি কব পাৰি। বৰপেটা নগৰৰ পৰা ইয়াৰ দৃৰত্ব ৪৪ কিঃমিঃ। জন-গাঁথনি ২০০১ চনৰ লোকপিয়ল মতে বৰপেটাৰ মুঠ জনসংখ্যা ৪১,১৭৫ জন। ইয়াৰে ৫০% পুৰুষ আৰু ৫০% মহিলা। বৰপেটাৰ গড় শিক্ষিতৰ হাৰ ৮০%, যিটো ৰাষ্ট্ৰীয় শিক্ষিতৰ হাৰ ৫৯.৫% তকৈ অধিক। ইয়াৰ ভিতৰত ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১০% ছবছৰতকৈ কম বয়সৰ শিশু। ঐতিহ্য আৰু সংস্কৃতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটা নগৰৰ কৃষ্টি-সংস্কৃতিৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পিছত মহাপুৰষজনাৰ শিষ্য মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱে এই ভেঁটিক টনকিয়াল কৰি থৈ গৈছিল। সত্ৰ: মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ সহিতে তেওঁৰ শিষ্যসকলে বৰপেটাত কেবাখনো সত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল। এই সত্ৰসমূহক আঞ্চলিক সংস্কৃতিৰ প্ৰশিক্ষণস্থলীৰ লগতে মঠ হিচাপেও গণ্য কৰা হয়। অঞ্চলটোৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এই সত্ৰসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। যদিও এই সত্ৰসমূহ মূলতঃ বৈষ্ণৱ চিন্তাধাৰাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল, সময়ৰ লগে লগে সত্ৰসমূহ শিক্ষা, সংগীত, নৃত্য, নাট্য, কলা, হাতীদাঁতৰ কৰ্ম আদি বিষয় সন্নিবিষ্ট একো একোটা মুকলি সাংস্কৃতিক কেন্দ্ৰত পৰিণত হৈছে। কেইখনমান উল্লেখযোগ্য সত্ৰ: পাটবাউসী গণককুছি জনীয়া সুন্দৰীদিয়া বৰপেটা বাৰাদি কনৰা মইনবড়ী সত্ৰ গৰেমাৰী বনিয়াৰা পাৰা বজাৰ পাটবাউসী সত্ৰ পাটবাউসী সত্ৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰ বৰপেটা মূল নগৰৰ পৰা ২ কিঃমিঃ আঁতৰত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰৰ পৰাই ধৰ্মীয় আদৰ্শ, সাহিত্য, কলা-সংস্কৃতি আৰু কৰ্ম সংস্কৃতিৰ প্ৰসাৰ কৰিছিল। এই সত্ৰতে তেওঁ অতি গুৰুত্বপূৰ্ণ ১৮ বছৰ কটাইছিল যিখিনি সময়ত কীৰ্তন-ঘোষা ৰচনা কৰাৰ উপৰিও ২০ টাকৈ বৰগীত ৰচনা কৰিছিল। পিছলৈ এই সত্ৰৰ পৰাই শ্ৰীমাধৱদেৱ, শ্ৰীদামোদৰদেৱ আৰু শ্ৰীহৰিদেৱ-এ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মহাপুৰুষসকলে ব্যৱহাৰ কৰা কিছুমান আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে। গণককুছি সত্ৰ এই সত্ৰ বৰপেটা এলেকাৰ ভিতৰতে অৱস্থিত। শ্ৰীমাধৱদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সত্ৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱে এতোলা সোণৰ (প্ৰায় ১০ গ্ৰাম) বিনিময়ত এই সত্ৰৰ মাটি ক্ৰয় কৰিছিল আৰু শ্ৰীমাধৱদেৱক উক্ত সত্ৰৰ সত্ৰাধিকাৰ হিচাপে মনোনীত কৰিছিল। শ্ৰীমাধৱদেৱে ১৮ বছৰ ধৰি উক্ত সত্ৰৰ সত্ৰাধিকাৰ হৈ আছিল। মহাপুৰুষজনাই ব্যৱহাৰ কৰা কিছুমান আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে। জনীয়া সত্ৰ বৰপেটা-জনীয়া পথত বৰপেটা নগৰৰ পৰা ৮ কিঃমিঃ দূৰত্বত এই সত্ৰ অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ইয়াত বহুসংখ্যক ভক্তিমূলক গীত ৰচনা কৰিছিল। সুন্দৰীদিয়া সত্ৰ গনককুছি সত্ৰ এৰাৰ পিছত শ্ৰীমাধৱদেৱে এই সত্ৰ স্থাপন কৰিছিল। বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰীমথুৰা দাস বুঢ়া আতাই আদিতে এই সত্ৰতেই আহি শ্ৰীমাধৱদেৱৰ শৰণ লৈছিল। এই সত্ৰতে শ্ৰীমাধৱদেৱে পালনাম আৰু বীৰনাম বা থিয়ানামৰ শুভাৰম্ভ কৰিছিল। মহাপুৰুষজনাই ব্যৱহাৰ কৰা বহুসংখ্যক আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে। বৰপেটা সত্ৰ শ্ৰীমাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। ইয়াতেই তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। এই বুঢ়া আতায়েই সত্ৰৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰি বৰপেটাৰ আঞ্চলিক আৰু প্ৰতিষ্ঠানিক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। বহু সংখ্যক ভক্ত বৰপেটালৈ আহিছিল আৰু জাতি বৈষম্য পৰিহাৰ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি এক সাম্যবাদী সমাজ গঢ়ি তুলিছিল। ভক্তসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতি ঠন ধৰি উঠিছিল। এই সত্ৰত কেবাটাও গৃহ আছে। সন্মুখৰ প্ৰৱেশদ্বাৰক বাটচ’ৰা বা দালান বুলি কোৱা হয়। নাম কীৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা মূল কীৰ্তনঘৰটো স্থাপত্য বিদ্যাৰ সুন্দৰ নিদৰ্শন। আগেয়ে সজোৱা এই ঘৰটো ১৯৫২ চনত ডাঙৰ খুটাৰে আৰু চিত্ৰ খোদিত বেৰেৰে পকীকৰণ কৰা হয়। জগমোহন ঘৰত সত্ৰৰ ভকতসকলে যিকোনো ধৰণৰ অসুবিধাসমূহ আলচ কৰে। ভাজঘৰত যোৱা ৪০০ বছৰ ধৰি অক্ষয় বন্তি নামেৰে এগছ বন্তি ক্ৰমাগতভাৱে জ্বলি আছে। দৌল ঘৰৰ চৌহদত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ পালন কৰা হয়। ইয়াত এখন সৰু “চিৰিয়াখানা” আৰু ৰঙীয়াল ফুলৰ বাগিছা আছে। চৌহদৰ ভিতৰত সাংস্কৃতিক বিদ্যালয়, কেলি কদম গছ, শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা পুথিভঁৰাল, অধ্যয়ন কক্ষ, কাৰ্যালয় আৰু পাকঘৰ আছে। শ্ৰীমথুৰা দাস বুঢ়া আতাই প্ৰচলন কৰা সত্ৰৰ সংবিধান এতিয়াও বলবৎ আছে। বাৰাদি সত্ৰ বৰপেটা নগৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ২ কিঃমিঃ। শ্ৰীমাধৱদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু অতি কম সময়ৰ বাবে তেওঁ ইয়াত আছিল। বাৰাদি সত্ৰ মাধৱদেৱৰ আদি সত্ৰ। শিক্ষাৰ কেন্দ্ৰ হিচাপে লৈ বাৰাদি সত্ৰৰ পৰাই দশোদিশে শংকৰী সংস্কৃতিয়ে প্ৰসাৰ লাভ কৰিছিল। হোলি বা ফাকুৱা উত্সৱ এই সত্ৰত পালন কৰা উত্সৱসমূহৰ এটা প্ৰধান উত্সৱ। সত্ৰ কনৰা বৰপেটাৰ পৰা ১৬ কিঃমিঃ দূৰত্বত এই সত্ৰ অৱস্থিত। শ্ৰী শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই এই সত্ৰ স্থাপন কৰিছিল। প্ৰাকৃতিক দুৰ্যোগে এই সত্ৰত ক্ষতিগ্ৰস্ত কৰে। সত্ৰ পৰিচালনাত বানপানীয়ে অসুবিধাৰ সৃষ্টি কৰে। ফলত এই ঠাইত বসবাস কৰা লোকসকল বৰপেটাৰ গজিয়া আৰু গনককুছিলৈ উঠি আহে। মইনবড়ী সত্ৰ এই মইনবড়ী সত্ৰ কলগাছিয়া থানাৰ অন্তৰ্গত মইনবড়ীত অৱস্থিত আছিল। বানপানীত এই সত্ৰ খন ডুবিয়ো আছিল,যাৰ ফলত কালক্ৰমত এই সত্ৰ সৰভোগত স্থানান্তৰ কৰা হয়। এই সত্ৰ বৰ্তমান সৰভোগত অৱস্থিত। ম‍ইনবড়ী সত্ৰ পঞ্চদশ শতিকাৰ শেষ ভাগত শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰিয় মিত্ৰ নাৰায়ণ দাস ঠাকুৰ আতাই স্থাপন কৰিছিল। গৰেমাৰী সত্ৰ বনিয়াৰা পাৰা বজাৰ মৰ্কজ বৰপেটা জিলা প্ৰধান মৰ্কজ, হাউলী বৰপেটা অঞ্চলৰ এক উল্লেখযোগ্য মৰ্কজ। বৰপেটা নগৰ মৰ্কজ মছজিদ, বৰপেটা ৰোড জামে মছজিদ, মাজগাঁও মৰ্কজ, ভেল্লা জামে মছজিদ, মন্দিয়া জামে মছজিদ, গোমাফুলবাৰী মাদ্ৰাছা, বালিকুৰী জামে মছজিদ, কেওটকুছি জামে মছজিদ, লাংলা বজাৰ জামে মছজিদ (শ্বাহাজুল ইছলাম), বৰভিঠা জামে মছজিদ(মঈন উদ্দিন), মইনবাৰী জামে মছজিদ আদি হাউলী মৰ্কজৰ শাখা মৰ্কজ জনীয়া বজাৰ জামে মছজিদ। শিল্প সংস্কৃতি মহান সাংস্কৃতিক ৰাষ্ট্ৰদূত শ্ৰীমন্ত শংকৰদেৱে বৰপেটাক বিভিন্ন সাংস্কৃতিক দিশত চহকী কৰি থৈ গৈছে যিটো সমগ্ৰ ৰাজ্যৰে অবিচ্ছেদ্য অংগ। বৰগীত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ধৰ্মীয় সংগীত “বৰগীত”অঞ্চলটোত এতিয়াও জনপ্ৰিয়। অঙ্কীয়া গীত অংকীয়া নাট আৰু নৃত্যৰ বাবে শ্ৰীমন্ত শংকৰদেৱে অংকীয়া গীত ৰচনা কৰিছিল। এই গীত দৌল উত্সয়ৱ, মহাপুৰুষ দুজনাৰ তিথি আৰু বিশেষ অনুষ্ঠান কিছুমানত পৰিৱেশন কৰা হয়। হোলীগীত হোলীগীত বৰপেটা সত্ৰত সৃষ্ট এক অনন্য সমবেত সংগীত, যি সমগ্ৰ ৰাজ্যজুৰি বিস্তৃত। এই হোলিগীতসমূহ দৌল উত্সৱত পৰিৱেশন কৰা হয়। লোক গীত অবিভক্ত কামৰূপত স্থানীয় লোকৰ চিন্তা আৰু আৱেগক প্ৰতিনিধিত্ব কৰা জনপ্ৰিয় কামৰূপী লোকগীত বৰপেটাত জনপ্ৰিয়। ইয়াৰোপৰি দৈনন্দিন কাম-কাজৰ লগত জড়িত বিয়াগীত, নাও খেলৰ গীত, ম’হ খেদা গীত, ল’ৰা-ধেমালিৰ গীত, বৰশীবোৱা গীত, নিচুকনি গীত, বিভিন্ন ধৰণৰ বিহুগীত আদিও এই অঞ্চলত জনপ্ৰিয়। নৃত্য মধ্যযুগত দেওধানী নৃত্য এই অঞ্চলত জনপ্ৰিয় আছিল। শ্ৰীমন্ত শংকৰদেৱে সৰ্বসাধাৰণৰ মাজত সত্ৰীয়া নৃত্য জনপ্ৰিয় কৰি তুলিছিল। ইয়াৰ বাহিৰেও কৃষ্ণ নৃত্য, কালিয় দমন নৃত্য, দশাৱতাৰ নৃত্য, ঝুমুৰা নৃত্য, চালি নৃত্য, সূত্ৰধাৰী নৃত্য, গোপী নৃত্য, ৰাজা নৃত্য, ৰাণী নৃত্য আদি নৃত্য শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা এই অঞ্চলত প্ৰচলিত নৃত্য। এই নৃত্যসমূহ সত্ৰসমূহত পৰিৱেশন কৰা হয়। ওজাপালি নৃত্য এই অঞ্চলত প্ৰচলিত আন এক জনপ্ৰিয় নৃত্য। পলিগীত পলিগীত প্ৰকৃততে পূৰ্ব বঙ্গৰ লোক সংগীত যিয়ে বৰপেটাত থলুৱা লোকগীতৰ সংমিশ্ৰণত গোৱা হয়। ই গোৱালপৰীয়া লোকগীতৰ পৰা সম্পূৰ্ণ বেলেগ। মঈতনবাৰী, বাঘবৰ, কয়াকুছি, খংগ্ৰা, কুকাৰপাৰ, কলগাছিয়া,মইনবড়ী কামুলিপাৰা আদি বৰপেটাৰ দাঁতি কাষৰীয়া অঞ্চলত পলিগীত শুনিবলৈ পোৱা যায়। নাটক আৰু থিয়েটাৰ শংকৰদেৱে জনপ্ৰিয় কৰি থৈ যোৱা পৌৰাণিক নাট্য ভাওনা অঞ্চলটোৰ এক আকৰ্ষণৰ কেন্দ্ৰ। ভাওনাত অংশগ্ৰহণকাৰীসকলে বিভিন্ন ৰঙ-বিৰঙৰ পোছাক পৰিধান কৰে। নাটকৰ জনপ্ৰিয়তাৰ লগে লগে আধুনিক নৃত্যয়ো জনপ্ৰিয়তা লাভ কৰি আহিছে। এই নাটসমূহে ব্যৱসায়িক ভ্ৰাম্যমাণ নাট্যদলৰো জন্ম দিছে। যাত্ৰা নাট ই থিয়েটাৰ আৰু নাটকৰ পুৰণি ৰূপ। বৰপেটাৰ লগতে সমগ্ৰ জিলাখনতেই প্ৰধানতঃ গ্ৰামাঞ্চলসমূহত এই নাট পৰিৱেশন কৰা হয়। সাংস্কৃতিক মূল্যবোধৰ ফালৰ পৰা এই নৃত্য সম্ভ্ৰান্ত। পৰম্পৰাগত শিল্প হস্তশিল্প বাঁহ-বেতেৰে সজোৱা দৈনন্দিন ব্যৱহাৰ্য আহিলাসমূহৰ উপৰিও সৌন্দৰ্যবৰ্দ্ধক আহিলা, ফাৰ্ণিচাৰ, উপহাৰ সামগ্ৰী আদি গ্ৰামাঞ্চলৰ শিল্পীসকলে প্ৰস্তুত কৰে। কাঁহ-পিতলৰ শিল্প বৰপেটাৰ সমীপৱৰ্তী সৰ্থেবাৰী কাঁহ-পিতলৰ শিল্পৰ বাবে বিখ্যাৎ। দৈনন্দিন ব্যৱহাৰ্য আহিলা-পাতিৰ উপৰিও শিল্পীসকলে প্ৰস্তুত কৰা চৌখিন আহিলাসমূহো প্ৰতিজন অসমীয়া মানুহৰ ঘৰতে বিদ্যমান। ইয়াত প্ৰস্তুত কৰা বেচ জনপ্ৰিয় আহিলাসমূহৰ ভিতৰত নামঘৰত শৰাই আগবঢ়াবলৈ ব্যৱহাৰ কৰা শৰাই আৰু আলহীক পাণ-তামোল যাঁচিবলৈ ব্যৱহাৰ কৰা বঁটা প্ৰধান। মৃৎ শিল্প মৃৎ শিল্প সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় শিল্প। এই শিল্প হীৰা সম্প্ৰদায়ৰ লোকসকলৰ পেচা। দৈনন্দিন ব্যৱহাৰ্য ঐতিহ্যপূৰ্ণ আচবাব সমূহ কুমাৰসকলে তৈয়াৰ কৰে। মহান গানিতজ্ঞ বৰাহমিহিৰ এখন কুমাৰ গাঁৱ লেহি ডংগ্ৰা (এতিয়া ব্ৰহ্মপুত্ৰত জাহ গৈছে) ত আহি থিতাপি লৈছিল বুলি কথিত আছে। কাঠৰ শিল্প সত্ৰত সংগৃহীত সামগ্ৰী সমূহৰ ভিতৰত কাঠেৰে নিৰ্মিত বিভিন্ন সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীসমূহে কাঠৰ শিল্পীসকলৰ কৌশলী শিল্পকলাক প্ৰতিফলিত কৰে। শিল্পীসকলে গুৰু আসন বা গুৰু স্তম্ভমূল, বিভিন্ন পৌৰাণিক চৰাই আৰু জীৱজন্তুসমূহৰ নক্সা কাঠত খাজ কাটি এই সামগ্ৰীসমূহ তৈয়াৰ কৰিছিল। মুখা শিল্প জনজাতীয় কলা আৰু লোক উপাদানেৰে সজোৱা মুখা শ্ৰীমন্ত শংকৰদেৱে ভাওনা বা নাটসমূহত অন্তৰ্ভুক্ত কৰিছিল। মুখাসমূহ পোৰামাটি, মজ্জা, ধাতু, বাঁহ, কাঠ ইত্যাদিৰে সজোৱা হৈছিল। অলংকাৰ থলুৱা আৰ্হিত সোণৰ অসমীয়া গহনা গঢ়াৰ বাবে বৰপেটা বিখ্যাত। মহিলাসকলৰ মাজত মধ্যযুগৰেপৰা এই গহনাসমূহ জনপ্ৰিয় হৈ আহিছে। চিত্ৰাংকন চিত্ৰ কৰ্মসমূহে মধ্যযুগৰ কাম কাজক প্ৰতিফলিত কৰে। সত্ৰত থকা চিত্ৰসমূহে চিত্ৰশিল্পী সমূহৰ কৌশলী কৰ্মৰ পৰিচয় দাঙি ধৰে। হাতীদাঁতৰ শিল্প শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰাই হাতীদাঁতৰ বিভিন্ন গহনা, পুতলা, দেৱ-দেৱীৰ মূৰ্ত্তি, জীৱ-জন্তুৰ মূৰ্ত্তি, ফণী আদি সামগ্ৰী অভিজ্ঞ শিল্পীসকলে তৈয়াৰ কৰি আহিছে। পৰ্যটন শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাবৰেপৰাই বৰপেটা এক ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থান হিচাপে স্বীকৃতি পাই আহিছে। এই মহাপুৰুষজনাৰ আৰু তেখেতেৰ শিষ্যসকলৰ সহযোগতে ইয়াত বহুকেইখন সত্ৰ স্থাপন কৰা হৈছিল। এই সত্ৰসমূহ দৰ্শনৰ উদ্দেশ্যে, বিশেষকৈ উত্সৱ আৰু মহাপুৰুষৰ তিথিৰ সময়ছোৱাত ইয়ালৈ বহুতো ভক্তৰ আগমন হয়। সত্ৰসমূহৰ ভিতৰত বৰপেটা , পাটবাউসী, সুন্দৰীদিয়া, সোনপুৰা, গণককুছি, কনৰা, জনীয়া আৰু মঈানবাৰী সত্ৰ (মঈন উদ্দিনে তালিকাভুক্ত কৰা) বহিৰাগতসকলে সঘনাই ভ্ৰমণ কৰা সত্ৰ। বৰপেটা নগৰী ২২খন হাটীত বিভক্ত হৈ আছে আৰু এই হাটীসমূহত সত্ৰৰ গুৰু আৰু ভক্তসকলে পৰিয়ালসহ বাস কৰে। হাটীসমূহ সত্ৰ প্ৰশাসনে পৰিচালনা কৰে। এই অনন্য বৈশিষ্ট্য অসমৰ আন কতোৱেই দেখা নাযায়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা শিল্প অসম বিখ্যাত। আতচবাজী নিৰ্মাণতো বৰপেটা বিখ্যাত। বৰপেটাৰ সমীপৱৰ্তী সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্প পৃথিৱী বিখ্যাত। মটৰগাড়ী আৰু ৰেলেৰে বৰপেটালৈ যাব পাৰি। ২১ কিঃমিঃ দূৰত্বত বৰপেটা ৰোড্‌ ষ্টেচন ইয়াৰ সমীপৱৰ্তী ৰেল ষ্টেচন। বৰপেটা নগৰীৰ উত্তৰে বৰপেটা ৰোড্‌ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেশৰ অন্যান্য প্ৰান্তৰ লগত সংযুক্ত হৈ আছে। বৰপেটাৰ ১৬ কিঃমিঃ উত্তৰে হাউলীয়ে বৰপেটাক ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিছে। বৰপেটা আৰু গুৱাহাটীৰ মাজৰ নিয়মীয়া বাছসেৱাও আছে। শিক্ষা ছাত্ৰসকলৰ বাবে বৰপেটাত এক সুন্দৰ শৈক্ষিক পৰিৱেশ আছে। অসমৰ বহুকেইজন মহান ব্যক্তি ইয়াতে জন্ম গ্ৰহণ কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, বনমালী মিশ্ৰ, ডম্বৰুধৰ পাঠক, পুৰুষোত্তম দাস, বাণীকান্ত কাকতি, গুৰুপ্ৰসাদ দাস আদি সেইসকলৰ একাংশ। বৰপেটাৰ স্থানীয় ভাষা, যাক 'বৰপেটীয়া ভাষা' বুলি কোৱা হয়, তাৰ নিজস্ব কথন শৈলীৰ বাবে জনাজাত। ইয়াত সকলো স্তৰৰ শৈক্ষিক অনুষ্ঠান আছে। মাধৱ চৌধুৰী মহাবিদ্যালয়, বৰপেটা বিদ্যাপীঠ, জুৰোৰাম পাঠক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ছায়াৰাম উচ্চ মাধ্যমিক বিদ্যালয় , কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়,নৱজ্যোতি মহাবিদ্যালয়, কৃষ্ণকান্ত পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়,কলগাছিয়া , বৰপেটা-বঙাইগাওঁ মহাবিদ্যালয়,লাংলা, ৰামপুৰ হাইস্কুল,আব্বাছ আলী চৌধুৰী মেমোৰিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়,বালাগাওঁ জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়,ঘুগুবাৰী বালাগাওঁ হাইস্কুল উত্তৰ-পূৱ শিক্ষা আৰু পৰিচালন একাডেমী আদি তাৰে কেইখনমানৰ উদাহৰণ। অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় 'ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়' বৰপেটা চহৰৰ যতিগাঁও অঞ্চলত অৱস্থিত। ইয়াৰ উপৰিও কলগাছিয়াত ক্ৰীড়া, শাৰিৰীক চৰ্চাৰ ব্ৰায়াম,পশু চিকিৎসালয় আছে। ৰাজনীতি বৰপেটা নগৰ বৰপেটা বিধানসভা আৰু বৰপেটা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমদ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আছিল। চৈয়দ আব্দুৰ ৰউফে সাংবিধানিক সমাৱেশত বৰপেটাক প্ৰতিনিধিত্ব কৰিছিল। তথ্যসূত্ৰ অসমৰ নগৰ-মহানগৰ
2672
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A7%8B%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%9F
যোৰহাট
যোৰহাট অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু যোৰহাট জিলাৰ সদৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া আহোম ৰাজবংশই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই চহৰখনৰ নাম 'যোৰহাট' হয়৷ আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ ৰজা মৈদাম, লাচিত বৰফুকনৰ মৈদাম, ৰাজমাও পুখুৰী, বঙাল পুখুৰীকে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক। অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট। ৰৰৈয়াত যোৰহাটৰ বিমান বন্দৰ আছে; আনহাতে ৰেলৱে ষ্টেচনটো যোৰহাট টাউন ষ্টেচন আৰু ৰে'লৱে জংচন মৰিয়নি। অসম কৃষি বিশ্ববিদ্যালয়, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আদি যোৰহাটৰ অন্যতম উল্লেখযোগ্য প্ৰতিষ্ঠান। ভৌগোলিক বিৱৰণ যোৰহাটৰ স্থানাংক হৈছে আৰু গড় উচ্চতা । যোৰহাট জিলাৰ পূবে শিৱসাগৰ জিলা, পশ্চিমে গোলাঘাট জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে নগা পাহাৰ। যোৰহাট নগৰৰ পৰিসীমা ৯.২০ বৰ্গ কি:মি: আৰু ইয়াত পৌৰসভাৰ অন্তৰ্গত ১৯টা ৱাৰ্ড আছে। জনগাঁথনি ২০০১ চনৰ লোকপিয়ল অনুসৰি যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬৬,৪৫০ আৰু ঘনবসতি ২,৮৫১ । পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৩৬,৩৬৬ আৰু ৩০,০৮৪ জন। ১৯৯১ চনৰ লোকপিয়লতকৈ এই সংখ্যা ১৮.৬৯ শতাংশ বেছি। বৰ্তমান যোৰহাট চহৰৰ মুঠ জনসংখ্যা প্ৰায় ১.৪৫ লাখ। ইতিহাস 'যোৰহাট' শব্দটোৰ অৰ্থ হৈছে 'দুখন বজাৰ' (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "চকীহাট" আৰু "মাছৰহাট"ৰ পৰাই এই নাম আহে। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজ্যৰ ৰাজধানী শিৱসাগৰ( পূৰ্বৰ ৰংপুৰ) ৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে৷ আহোম ৰজাসকলে নগৰখনত ৰাজমাও পুখুৰী বা বৰপুখুৰী, বুঢ়াগোঁহাই পুখুৰী, বলিয়া গোঁহাই পুখুৰী, বঙাল পুখুৰী, কটকী পুখুৰী, মিঠাপুখুৰী আদি খন্দাইছিল। কিন্তু ১৮১৭ চনৰ পিছত হোৱা উপৰ্যুপৰি মানৰ অসম আক্ৰমণত যোৰহাট নগৰ প্ৰায় সম্পূৰ্ণ ৰূপে ধ্বংস হয়। তাৰ পৰৱৰ্তী কালত যোৰহাট ব্ৰিটিছৰ দখললৈ আহে আৰু ডেভিদ স্কট, কেপ্তেইন ৰিচাৰ্দ আদি চাহাবৰ নেতৃত্বত চহৰখনৰ পুনৰ নিৰ্মাণ আৰম্ভ হয়। ব্ৰিটিছ শাসন যদিও নানা বিদ্ৰোহ, আন্দোলন আদিৰ পৰা মুক্ত নাছিল, তথাপিও, এই ঐতিহাসিক চহৰ খনৰ পুনৰ নিৰ্মাণত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য্য। তেওঁলোকৰ শাসনৰ প্ৰথম দশকতে ১৮৩৯ চনত গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা আদিৰ নেত্বত্বত ব্ৰিটিছৰ বিৰূদ্ধে বিদ্ৰোহে গা কৰি উঠে। বিখ্যাত চিপাহী বিদ্ৰোহৰ কেন্দ্ৰ স্বৰূপ এই নগৰতে বিদ্ৰোহ দমন কৰাৰ নামত মণিৰাম দেৱানকে ধৰি ১৮৫৮ চনত বিদ্ৰোহৰ নেতাসকলক ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়। ১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়। ১৮৮৫ চনত ব্ৰিটিছে স্থাপন কৰা নেৰ' গজ ৰেল সেৱা যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱেৰ জৰিয়তে যোৰহাটলৈ ৰেলসেৱাৰ সূচনা হয়। ১৯০৯ চনত যোৰহাট পৌৰসভা গঠন কৰা হয়। সংস্কৃতি আৰু গণ মাধ্যম যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। যোৰহাটৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ নীৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত চহৰখনত এতিয়াও পুৰণি ঐতিহ্যৰ স্বাক্ষৰ দেখিবলৈ পোৱা যায়। নাটক তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৮৯৬ চনত যোৰহাটৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ তত্ত্বাৱধানত 'যোৰহাট থিয়েটাৰ'ৰ জন্ম হয়। ১৯১৫ চনত 'যোৰহাট সাহিত্য সভা' স্থাপিত হয়। অসম সাহিত্য সভাৰ এক মুখ্য কাৰ্য্যালয় ৰাধাকান্ত সন্দিকৈয়ে দান দিয়া "চন্দ্ৰকান্ত সন্দিকৈ ভৱন" ইয়াতে অৱস্থিত। যোৰহাট জিলা অসমৰ কেইবাজনো বিখ্যাত মণিষীৰ জন্মস্থান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ, জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন আদিকে ধৰি বহুতো কবি, সাহিত্যিক, গৱেষক পণ্ডিত, কাৰিকৰী বিশাৰদ, সাংবাদিকে যোৰহাটত জন্মগ্ৰহণ কৰিছিল। ১৯৩৫ চনত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত দৈনিক বাতৰি ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাৰ উদ্যোগত যোৰহাটৰ পৰা প্ৰকাশ পাইছিল। যোৰহাটৰ পৰা কেইবাখনো দৈনিক আৰু সাপ্তাহিক বাতৰি কাকত প্ৰকাশ হয়- ইংৰাজীত The North East Times আৰু The Telegraph, অসমীয়াত সাপ্তাহিক জনমভূমি, দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত, হিন্দীত পূৰ্বাঞ্চল প্ৰহৰী। City Guide of Jorhat নামৰে ১৯৮৭ চনত যোৰহাটৰ প্ৰথমখন নিৰ্দেশিকা প্ৰকাশ পায়। যোৰহাটৰ আকাশবাণী ৰেডিঅ' কেন্দ্ৰটো চহৰখনৰ গড়মূৰ অঞ্চলত অৱস্থিত। ৰাজনীতি যোৰহাট চহৰ যোৰহাট (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। ভাৰতীয় জনতা পাৰ্টিৰ তপন কুমাৰ গগৈ যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ। আনহাতে যোৰহাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে ভাৰতীয় জনতা পাৰ্টিৰ হিতেন্দ্ৰ নাথ গোস্বামী। যাতায়ত বিমানপথ "যোৰহাট বিমান বন্দৰ"ক "ৰৰৈয়া বিমানবন্দৰ" বুলিও কোৱা হয়। চহৰৰ ৰৰৈয়া অঞ্চলত ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে কলকাতা, গুৱাহাটী আৰু নতুন দিল্লী লৈ ইণ্ডিগ' বিমান সেৱাৰ বিমান চলাচল কৰে। যাত্ৰীৰ সংখ্যাৰ ফালৰ পৰা ই অসমৰ ৪ৰ্থ ব্যস্ত বিমানবন্দৰ। ই পূব ভাৰতৰ প্ৰথমটো বায়ুসেনাৰ বিমানঘাটি। ৰেলপথ যোৰহাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ অন্তৰ্গত। চহৰৰ ভিতৰত যোৰহাট টাউন ৰেল ষ্টেচন আৰু কিছু আঁতৰৰ মৰিয়নিত মৰিয়নি জংচন আছে। গুৱাহাটী-যোৰহাট জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে টাউন ষ্টেচনৰ প্ৰধান ৰেল সংযোগ। স্থলপথ উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ স্থলপথেৰে সু-সংযোগ আছে। তৰাজানৰ কটকীপুখুৰীস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ চৰকাৰী আৰু বেচৰকাৰী বাছ চলাচল কৰে। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। উল্লেখযোগ্য দৰ্শনীয় স্থান যোৰহাট জিমখানা ক্লাব ১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা এই জিমখানা ক্লাবটো স্থাপন কৰা হৈছিল। স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্‌, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে 'যোৰহাট জিমখানা খেলপথাৰ'ও আছে। নগৰৰ পৰা ক্লাবলৈ যোৱা পথটো ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত যোৰহাটৰ প্ৰথম পকী পথ। চন্দ্ৰকান্ত সন্দিকৈ ভৱন ৰাধাকান্ত সন্দিকৈয়ে দান কৰা চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। ১৯২৬ চনত ইয়াক সজা হৈছিল। যোৰহাটৰ পৰা চন্দ্ৰধৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত আদি ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল। বঙাল পুখুৰী যোৰহাট চহৰৰ দক্ষিণফালে ন-আলিৰ কাষত অৱস্থিত। ১৭৩৯ চনত বদন বৰফুকনে গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে তেওঁক হত্যা কৰিছিল। তাৰ বাবে তেওঁ লাভ কৰা পুৰস্কাৰ ধনেৰে এই পুখুৰী খন্দোৱায়। মানুহ মাৰি পোৱা ধনেৰে নিৰ্মাণ কৰোৱা বাবে স্থানীয় ৰাইজে ইয়াৰ পানী ব্যৱহাৰ নকৰে। বুঢ়ীগোসানী দেৱালয় বুঢ়ীগোসানী দেৱালয় হৈছে যোৰহাট চহৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়। মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল। ৰজা মৈদাম ১৮৯৪ চনৰ ১ অক্টোবৰত মৃত্যু হোৱা আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধিক্ষেত্ৰ। ই টোকোলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত। যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ যোৰহাট চহৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত ই অৱস্থিত। বিজ্ঞান কেন্দ্ৰৰ প্ৰথম মহলাত পেট্ৰ’লিয়াম (বিশেষকৈ তেল)ৰ উৎপাদনৰ সম্বন্ধীয় গেলেৰী, বালিত আঁকিব পৰা নানা ধৰণৰ আহিলা আছে। আনহাতে দ্বিতীয় মহলাত বিজ্ঞানৰ নানা ধৰণৰ আহিলা, প্ৰাকৃতিক দুৰ্যোগ সম্বন্ধীয় এটা গেলেৰী পাঁচ বছৰৰ অনূৰ্ধ্ব শিশুৰ বাবে খেলিব পৰাকৈ সুবিধা আছে। শিক্ষা আৰু গৱেষণা শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত “জগন্নাথ বৰুৱা মহাবিদ্যালয়” ১৯৩০ চনত যোৰহাট চহৰত প্ৰতিষ্ঠা কৰা হয়। পৰৱৰ্তী কালত চহৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠে। গৱেষণা প্ৰতিষ্ঠান উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology, NEIST) টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Tea Research Institute) বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, RFRI) ভাৰতীয় শস্য সঞ্চয় ব্যৱস্থাপনা আৰু গৱেষণা প্ৰতিষ্ঠান (Indian Grain Storage Management and Research Institute) কেন্দ্ৰীয় মুগা এৰী গৱেষণা তথা প্ৰশিক্ষণ প্ৰতিষ্ঠান (Central Muga Eri Research & Training Institute) বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় (১৯৬৯ চনত স্থাপিত) কাজিৰঙা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় কাৰিকৰী শিক্ষানুষ্ঠান যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰিন্স অফ ৱেল্‌চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (Industrial Training Institute) চিকিৎসা প্ৰতিষ্ঠান যোৰহাট চিকিৎসা মহাবিদ্যালয় ড॰ জে. কে. শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় মেডিকেল ইনষ্টিটিউট, যোৰহাট (Medical Institute, Jorhat) ডিজাইন শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, যোৰহাট মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বাহনা মহাবিদ্যালয় যোৰহাট মহাবিদ্যালয় যোৰহাট আইন মহাবিদ্যালয় যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় ডাঃ নবীন বৰদলৈ মহাবিদ্যালয় কাকজান মহাবিদ্যালয় বিদ্যালয় কাৰ্মেল স্কুল চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছেমফ'ৰ্ড ফিউচাৰিষ্টিক স্কুল জয়া বিদ্যাপীঠ জোনাকী সঙ্ঘ বিদ্যালয় শংকৰদেৱ বিদ্যা নিকেতন, গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতন, নাওশলীয়া ডন বস্ক' বিদ্যালয়, বাঘচোং ডন বস্ক' বিদ্যালয়, লিচুবাৰী দিল্লী পাব্লিক স্কুল দীপাঙ্কৰ বিদ্যাপীঠ দেৱী চৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় বাল্য ভৱন বাল ভাৰতী বায়ু সেনা বিদ্যালয় বিদ্যুৎকুঞ্জ মহৰ্ষি বিদ্যা মন্দিৰ মালৌ আলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় যোৰহাট আদৰ্শ সংযুক্ত বিদ্যালয় যোৰহাট গীতাৰ্থী বিদ্যালয় যোৰহাট হাই স্কুল যোৰহাট আদৰ্শ সংযুক্ত বিদ্যালয় যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয় যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয় ৰয়েল অক্ হাইস্কুল ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয় ৰেৱকান্ত বৰুৱা হাইস্কুল আৰ্মী পাব্লিক স্কুল শঙ্কৰদেৱ চেমিনাৰী বিদ্যালয় স্প্ৰীংডেইল হাইস্কুল চেণ্ট মেৰীজ হাইস্কুল হেমলতা সন্দিকৈ মেম'ৰিয়েল ইনষ্টিটিউট কেন্দ্ৰীয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় (বায়ু সেনা আস্থান) কেন্দ্ৰীয় বিদ্যালয় (NEIST) কেন্দ্ৰীয় বিদ্যালয় (ONGC) চিত্ৰশালা লগতে চাওক যোৰহাট ষ্টেডিয়াম যোৰহাট জিলা যোৰহাট (লোকসভা সমষ্টি) তথ্য সংগ্ৰহ বাহ্যিক সংযোগ যোৰহাট NIC পৰ্য্যটন যোৰহাট শ্ৰী দিগম্বৰ জৈন সমাজ যোৰহাট Jorhat যোৰহাট নগৰ যোৰহাট লোকপিয়ল ২০১১ অসমৰ নগৰ-মহানগৰ যোৰহাট জিলা
2683
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%AC%E0%A7%8D%E0%A6%A6%20%28%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8%29
শব্দ (অভিধান)
শব্দ ডট অৰ্গ () হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান৷ শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান। এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়। অভিধানখনৰ মূল প্ৰকল্পটো আৰম্ভ কৰিছিল আবু ধাবিত থকা জ্যেষ্ঠ পেট্ৰ'লিয়াম অভিযন্তা বিক্ৰম এম. বৰুৱাই। পিছলৈ বিভিন্ন ঠাইৰ ব্যক্তিয়ে এই প্ৰকল্পত অংশগ্ৰহণ কৰে আৰু স্বেচ্ছামূলকভাৱে কাম কৰি আছে। বৰ্তমান শব্দক মুনাফাহীন অনুষ্ঠান ৰূপে ১৮৬০ চনৰ Societies Act XXI অনুসৰি ২০১০-২০১১-ৰ বাবে KAM(M)/240/A-24/35 নম্বৰত পঞ্জীয়ন কৰা হৈছে আৰু গুৱাহাটী বেলতলাৰ অশোক পথৰ ২০ নম্বৰ ঘৰত ইয়াৰ স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। ভাষা আৰু শব্দৰ সংখ্যা বৰ্তমানলৈকে অভিধানখনত উত্তৰ-পূৰ্বাঞ্চলৰ ২৩টা ভাষাক স্থান দিয়া হৈছে আৰু মূল ইংৰাজী-অসমীয়া শব্দৰ সমাৰ্থক হিচাপে আন ভাষাৰ শব্দসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। শব্দত বৰ্তমান ৩৮৪৮২টা অসমীয়া ভাষাৰ শব্দ আছে। আন ভাষাৰ ভিতৰত ডিমাছা ভাষাৰ ২৯২৩ টা, কাৰ্বি ভাষাৰ ২১৬৯ টা, মিতেইলন ভাষাৰ ১৬৩৭ টা, টাই ভাষাৰ ১০৬৭ টা, বড়ো ভাষাৰ ৮৩৯ টা, মিচিং ভাষাৰ ৬৫৫ টা, মাৰ ভাষাৰ ৬৩৩ টা, ককবৰক ভাষাৰ ৩০৬ টা, বাংলা ভাষাৰ ৩০৯টা শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও খাছী, দেউৰী, বিষ্ণুপ্ৰিয়া, গাৰো , নাগামিজ, মিজু, চাকমা, আপাটানি, আও, ৰাভা, তিৱা, মনপা, আৰু নেপালী ভাষাৰ শব্দও বৰ্তমান অভিধানখনত কম-বেছি পৰিমাণে অন্তৰ্ভুক্ত কৰি থকা হৈছে। কৰ্ত্তৃত্ব আৰু পৰিচালনা অসমীয়া ভাষা-সাহিত্যৰ লগত জড়িত কোনো পণ্ডিতৰ প্ৰত্যক্ষ সহায়-সহযোগৰ অবিহনেই ১৬০০-ৰো অধিক সাধাৰণ অসমীয়াভাষীৰ বিশ্বজোৰা সহযোগিতামূলক প্ৰচেষ্টাত এই অভিধানখন গঢ় লৈ উঠিছে। বৰ্তমান ৱেবচাইটটোত দুই ধৰণৰ স্বেচ্ছাসেৱক আছে: "অৱদানকাৰী" আৰু "সম্পাদক"। এজন অৱদানকাৰীয়ে বিভিন্ন ভাষাৰ শব্দসমূহ পদ্ধতি অনুসৰি এখন অস্থায়ী পৃষ্ঠাত অন্তৰ্ভুক্ত কৰে। তাৰপিছত এজন সম্পাদকে সেই শব্দসমূহ (যদি প্ৰয়োজন হয় সম্পাদনা কৰি) মূল পৃষ্ঠাত অন্তৰ্ভুক্ত কৰে। অৱদানকাৰী এজনে নিজেই নিজৰ শব্দটো মূল পৃষ্ঠাত অন্তৰ্ভুক্ত কৰাৰ অনুমতি নাই। অভিধানখনত অন্তৰ্ভুক্ত কৰা প্ৰতিটো শব্দৰ কৰ্ত্তৃত্ব অৱদানকাৰীজনৰ নিজৰ। প্ৰতিটো শব্দৰ বিপৰীতে অৱদানকাৰীজনৰ নাম, ঠিকনা উল্লেখ কৰা হয়। উদ্দেশ্য আৰু লক্ষ্য শব্দ অভিধানখনৰ উদ্দেশ্য আৰু লক্ষ্য অতি সুস্পষ্ট। বৰ্তমান সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত বাস কৰা অসমীয়াভাষী ব্যক্তিসকলৰ বাবে শকত (আকাৰত) অভিধান এখন কঢ়িয়াই লৈ ফুৰা সহজ কথা নহয়। আনহাতে অসমৰ পৰা বহু হাজাৰ মাইল দূৰত থকা বহুতো অসমীয়া ব্যক্তিয়ে ব্যস্ততাৰ মাজে মাজে প্ৰায়ে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰাও দেখা যায়। কিন্তু সেইসকল ব্যক্তিয়ে প্ৰয়োজনৰ তাড়নাত এটা অসমীয়া শব্দ বিচাৰি হাবাথুৰি খাব লগা হয়। এনে এক তাড়নাই এদিন জন্ম দিলে শব্দ অভিধানখনৰ। উদ্দেশ্য, বিশ্বৰ যিকোনো প্ৰান্ততে থাকি কেই ছেকেণ্ডমানৰ ভিতৰতে অসমীয়া শব্দৰ অৰ্থ তাৰ সমাৰ্থক বা বিপৰীত শব্দৰ সন্ধান কৰা। সেয়ে শব্দৰ লক্ষ্য হ’ল সেইসকল অসমীযা ব্যক্তিৰ ওচৰলৈ অসমীয়া ভাষাক লৈ যোৱা যি মাতৃভূমিৰ পৰা আঁতৰত থাকিও নিজৰ ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থাকে। এনে কাৰণতে শব্দই কোনো নতুন শব্দ, পৰিভাষা সৃষ্টি নকৰি ভাষাটোৰ বৰ্তমান ৰূপত থকা প্ৰতিবিম্ব দাঙি ধৰিব বিচাৰে। বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত অভিধানসমূহৰ ভিতৰত ‘হেমকোষ’, ‘চন্দ্ৰকান্ত অভিধান’, সুমন্ত চলিহাৰ ‘আধুনিক অসমীয়া শব্দকোষ’, প্ৰকাশন পৰিষদৰ ‘আধুনিক অসমীয়া অভিধান’ আদি সকলো অভিধানৰ লগতে বৰ্তমান সময়ত প্ৰচাৰ-মাধ্যম, কাগজ-আলোচনী, বিখ্যাত লেখক-লেখিকাৰ উপন্যাস, প্ৰবন্ধ আদিত ব্যৱহৃত শব্দবোৰক পদ্ধতি অনুসৰি ‘শব্দ’ৰ মাজত সংযোজন কৰে। বৰ্তমান অসমীয়া ভাষাত ব্যৱহৃত অভিধানসমূহৰ মাজত শব্দৰ অৰ্থ আৰু বানানৰ ক্ষেত্ৰত বিভিন্ন পাৰ্থক্য দেখা পোৱাৰ কাৰণে ‘শব্দ’ই প্ৰতিখন অভিধানৰ পৰা শব্দবোৰ গ্ৰহণ কৰোঁতে একে অৰ্থবাচক ভিন্ন বানানৰ শব্দবোৰক বিকল্প বানান হিচাপে অন্তৰ্ভুক্ত কৰে। যাতে ব্যৱহাৰকৰ্তাই শুদ্ধ যেন লগা বানানটো গ্ৰহণ কৰিব পাৰে। অৱশ্যে কোনো শব্দ সম্পৰ্কে কোনো ব্যৱহাৰকৰ্তাৰ মনত প্ৰশ্নৰ উদ্বেগ হ’লে আলোচনা কৰিবলৈ আলোচনা পৃষ্ঠাৰো ব্যৱস্থা আছে। য’ত প্ৰতিজন সদস্যই শব্দটোৰ উৎস, ব্যৱহাৰৰ স্থান আদিৰ বিষয়ে নিজৰ মত দাঙি ধৰিব পাৰে। অভিধানখনৰ বিভিন্ন সুবিধা ‘শব্দ’ৰ মাজতো এখন আদৰ্শ অভিধানত থাকিব লগা প্ৰায়কেইটা দিশেই দেখা পোৱা যায়। ‘শব্দ’ই অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত এখন লিখিত অভিধানত থকা সকলো দিশ ধৰি ৰাখিছে। অতিৰিক্তভাৱে শব্দৰ লগত আলোকচিত্ৰ সংযোগ কৰিব পৰা ব্যৱস্থা, ৰোমান লিপিত শব্দৰ উচ্চাৰণৰ ব্যৱস্থা, সবিশেষ অন্য তথ্য থকা ৱেবচাইট সংযোগ কৰিব পৰা ব্যৱস্থা, একে বৰ্গৰ শব্দসমূহ একেলগে চাব পৰাৰ ব্যৱস্থা আদি উল্লেখযোগ্য। ‘শব্দ’ অভিধানখনত অতিৰিক্তভাৱে ৪৪৮টা ফকৰা-যোঁজনা আৰু বিশ্বকোষৰ দৰে খ্যাতনামা ব্যক্তি, স্থান, পুথি, চলচ্চিত্ৰ, জীৱ-জন্তু আদিৰ বিষয়েও সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। ‘শব্দ’ৰ মাজত শব্দ এটা গ্ৰহণ-বৰ্জন আৰু সঠিক ব্যৱহাৰৰ বাবে আলোচনা পৃষ্ঠাত অতি জনপ্ৰিয় ‘De Bono's Six Thinking Hats’ পদ্ধতি অৱলম্বন কৰা হৈছে। ইয়াৰ দ্বাৰা শব্দ এটাৰ প্ৰতি সন্দেহ জাগ্ৰত হোৱা সদস্যজনে শব্দটো আলোচনাৰ বাবে পঠিয়াব পাৰে। তাৰপিছত ক্ৰমে-ক্ৰমে পদ্ধতি অনুসৰি প্ৰতিজন সদস্যই শব্দটোৰ উৎস, প্ৰাপ্তিৰ স্থান আদি উল্লেখ কৰাৰ পিছত ইয়াৰ সমাধান আগবঢ়োৱাৰ লগতে নিজৰ মত আগবঢ়াব পাৰে। সম্প্ৰতি অভিধানখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে প্ৰকাশ কৰা হৈছে। শব্দৰ লগত জড়িত অন্যান্য আঁচনি অসমীয়া ভাষা শিক্ষণ সঁফুৰা সৱলীকৰণ আঁচনি তথ্যসূত্ৰ অসম সম্পৰ্কীয় ৱেবছাইট অভিধান
2719
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%AD%E0%A6%BE
লোকসভা
লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতিজন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫জন সদস্য আছে। ২০০৯ চনলৈকে ভাৰতত মুঠ ১৬খন লোকসভা গঠিত হৈছে। লোকভাৰ সদস্য সকলৰ পৰা এজনক অধ্যক্ষ্ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰা হয়। সদনৰ কাম-কাজ অধ্যক্ষৰ দায়িত্ব। প্ৰত্যেক লোকসভাৰ ম্যাদ পাঁচ বছৰ। পাঁচ বছৰ অন্তৰত এই সভা স্বয়ংক্ৰিয়ভাৱেই বিলুপ্ত হয়। তেতিয়া জৰুৰী অৱস্থা ঘোষণাৰ মাধ্যমত এই সভাৰ ম্যাদ আৰু এবছৰ বঢ়োৱা যায়। ভাৰতৰ পঞ্চদশ লোকসভা গঠিত হৈছে ২০০৯ চনৰ মে মাহত। ২০০১ চনৰ ভাৰতীয় লোকপিয়লৰ পৰিপ্ৰেক্ষিতে সাম্প্ৰতিকসময়ত লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে গঠিত হয় সীমা পুনৰ্নিদ্ধাৰণ কমিশ্যন। সীমা পুনৰ্নিদ্ধাৰণৰ কামটো প্ৰকৃতপক্ষে প্ৰত্যেক লোকপিয়লৰ পাছত হোৱাৰ কথা। কিন্তু ১৯৭৬ চনত পৰিবাৰ পৰিকল্পনা কৰ্মসূচিৰ প্ৰভাৱৰ বাবে এটা বিশেষ সংবিধান সংশোধনীৰ দ্বাৰা এই কাম স্থগিত কৰা হৈছিল। বৰ্তমান লোকসভা টিভি নামে লোকসভাৰ এটা নিজস্ব দূৰদৰ্শন কেন্দ্ৰ আছে, যাৰ সদৰ সংসদ ভৱনৰ ওপৰতে অৱস্থিত। সদস্য হোৱাৰ যোগ্যতা সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। লোকসভাৰ সদস্যসকলৰ অৱশ্যে ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ২৫ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল লোকসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে। সংৰক্ষিত আসনৰ ক্ষেত্ৰত প্ৰাৰ্থীক অৱশ্যে তফসিলি জাতি বা উপজাতি তালিকাভুক্ত হ’ব পাৰে। অধিবেশন আৰু দৈনিক কাৰ্যকাল সাধাৰণ দিনত লোকসভাৰ কাৰ্যকাল ৰাতিপুৱা ১১টাৰ পৰা দুপৰীয়া ১টা আৰু দুপৰীয়া ২টাৰ পৰা সন্ধ্যা ৬টা বজালৈ। অৱশ্যে কেতিয়াবা অধিবেশন অনিৰ্দিষ্ট সময়লৈ চলিব পাৰে। ইয়াৰ বাহিৰেও ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশেষ কাৰণত জৰুৰীকালীন অধিবেশন অনুষ্ঠিত কৰিব পাৰে। প্ৰত্যেক বৈঠকৰ প্ৰথম ঘণ্টাটো প্ৰশ্নোত্তৰ কাল (Question hour) নামে পৰিচিত। এই পৰ্বত সদস্যসকলে নিৰ্দিষ্ট বিষয়ত প্ৰশ্ন উত্থাপন কৰে আৰু সংশ্লিষ্ট বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীসকলে সেইবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে। অৰ্থ বিল বাদে আন সকলো ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাৰ আইনবিভাগীয় ক্ষমতা একেই। অৰ্থবিলৰ ক্ষেত্ৰত লোকসভাই সৰ্বোচ্চ কৰ্তৃপক্ষ। আইনবিভাগৰ কোনো বিষয়কলৈ উভয় কক্ষৰ মাজত বিৰোধ দেখা গ’লে যৌথ অধিবেশনৰ মাধ্যমেৰে তাৰ মীমাংসা কৰা হয়। তথাপিটো এই ধৰণৰ অধিবেশনত সাধাৰণতে লোকসভাৰ সদস্যসকলেই জয়ী হয়। কাৰণ, লোকসভাৰ সদস্যসংখ্যা ৰাজ্যসভাৰ প্ৰায় দুগুণ। বাৰ্ষিক কাৰ্যসূচী প্ৰত্যেক বছৰত লোকসভাৰ তিনিটা অধিবেশন হয়। সেয়া হ'ল বাজেট অধিবেশন, ফেব্ৰুৱাৰীৰ পৰা মে। বৰ্ষাকালীন অধিবেশন, জুলাইৰ পৰা চেপ্তেম্বৰ। শীতকালীন অধিবেশন, নবেম্বৰৰ পৰা ডিচেম্বৰ। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকসভা সমষ্টিৰ সংখ্যা ক্ষমতা আৰু দায়িত্ব কেন্দ্ৰীয় চৰকাৰে যিকোনো আইন প্ৰনয়ণ কৰাৰ আগতে ইয়াক বিধেয়ক হিচাবে সংসদত উত্থাপিত কৰিব লাগে। দুয়োখন সংসদে বিধেয়কখন ভোটৰ দ্বাৰা অনুমোদিত কৰিলেহে সেয়া আইনত পৰিণত হয়। বিত্তীয় বিধেয়ক ৰাজ্যসভাই নাকচ কৰিব নোৱাৰে, কিন্তু লোকসভাই নাকচ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ কেবল লোকসভাতহে উত্থাপন কৰিব পাৰি। যদি এই প্ৰস্তাব গৃহীত হয়, তেন্তে প্ৰধান মন্ত্ৰী আৰু তেওৰ মন্ত্ৰী পৰিষদে পদত্যাগ কৰিব লাগিব। যদি কোনো দলেই লোকসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোঁৱাৰে, তেনেহলে ৰাষ্ট্ৰপতি য়ে লোকসভা ভঙ্গ কৰি দিব। অৱশ্যে ৰাজ্যসভা ভঙ্গ কৰিব নোৱাৰি। সংবিধান সংশোধনী বিধেয়কো দুয়োখান সদনে গ্ৰহণ কৰিব লাগিব। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ লোকসভাৰ ৱেবছাইট পাৰ্লিয়ামেণ্ট অৱ ইণ্ডিয়াৰ ৱেবছাইটত থকা লোকসভাৰ বিৱৰণ হিন্দী ভাষাত পাৰ্লিয়ামেণ্টৰ সদস্যসকলৰ তথ্যকেন্দ্ৰিক ৱেবছাইট ভাৰতৰ ৰাজনীতি
2721
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE
ৰাজ্যসভা
ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে। সদস্য সংখ্যা ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, বাকীসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ মতে মনোনীত কৰে। সদস্য হোৱাৰ যোগ্যতা সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। ৰাজ্যসভাৰ সদস্যসকলৰ ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ৩০ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল ৰাজ্যসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে। কাৰ্যকাল ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমূহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয়। ক্ষমতা আৰু দায়িত্ব ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা লোকসভাৰ দৰেই। অৱশ্যে বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰি। দল অনুযায়ী সদস্যপদ ৰাজ্যসভাৰ দল অনুযায়ী সদস্যসংখ্যাৰ তালিকা দিয়া হ’ল। আৰু চাওক ৰাজ্যসভা সদস্য লোকসভা ভাৰতৰ ৰাজনীতি ভাৰতীয় সংসদ ভাৰতত আইন প্ৰণয়ন প্ৰক্ৰিয়া তথ্য সংগ্ৰহ আৰু পঢ়ক The Nominated Members of India's Council of States: A Study of Role-Definition J. H. Proctor, Legislative Studies Quarterly, Vol. 10, No. 1, Feb., 1985), pp. 53-70. বাহ্যিক সংযোগ Report card: Muslim Members of Rajya Sabha during July-Aug ’09 session - TCN News Rajya Sabha homepage hosted by the Indian government Rajya Sabha FAQ page hosted by the Indian government Report 37 Rajya Sabha members have criminal Nominated members list State wise list ভাৰতৰ ৰাজনীতি
2724
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%AA%E0%A6%A8
বিজ্ঞাপন
বিজ্ঞাপন হৈছে এক জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোচনী, টেলিলভিছন, ৰেডিও, ইণ্টাৰনেট, বিলবৰ্ড, ভিডিও গেম, দেৱাল লিখন, প'ষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি। বিজ্ঞাপনবোৰ সাধাৰণতে বস্তু বা সেৱাৰ নিৰ্মাতাৰ হৈ একোটা বিজ্ঞাপন সংস্থাই নিৰ্মাণ আৰু প্ৰচাৰ কৰে। নিৰ্মাতা সকলে তেওঁলোকৰ বস্তু/সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট টকা খৰচ কৰে। আৱিস্কৃত সমল অনুযায়ী বিজ্ঞাপনৰ আৰম্ভণি হৈছিল প্ৰায় খৃষ্টপূৰ্ব সাতশ বছৰ আগতে চীনৰ ইনান নগৰত। বিপণন সংযোগ
2729
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%9F%E0%A6%95%E0%A6%BE
ভাৰতীয় টকা
ভাৰতীয় টকা (চিহ্ন: ; ক’ড: INR) হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰে। আধুনিক ভাৰতীয় টকাক পইছালৈ ভাগ কৰা হৈছে। বৰ্তমান এটকাত ১০০ পইছা থাকে। কাগজৰ নোট ৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০ টকাত পোৱা যায়। লগতে ধাতুৰ মুদ্ৰা ৫০ পইছা, ১ টকা, ২ টকা ৫ টকা আৰু ১০ টকা পোৱা যায়। ৰুপীয়া শব্দটো ৰূপৰ পৰা আহিছে, কাৰণ ভাৰতত আগতে মুদ্ৰা ৰূপেৰে নিৰ্মাণ কৰা হৈছিল। ২০১০ চনৰ ১৫ জুলাইত ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে টকাৰ এটি প্ৰতীক চিহ্ন নিৰ্বাচন কৰে। এই প্ৰতীকটো দেৱনাগৰী "र" (ৰ) আৰু ৰোমান ডাঙৰ ফলা "R" আখৰ দুটাৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। ইয়াৰ আগতে Rs. (একবচনত Re.) শব্দটো টকাৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰা হৈছিল। নামকৰণ ভাৰতীয় টকা ভাৰতৰ বিভিন্ন ভাষাৰ বিভিন্ন নামে পৰিচিত। হিন্দী ভাষাৰ নাম "ৰুপয়া" শব্দটো ৰূপৰ পৰা আহিছে, কাৰণ ভাৰতত আগতে মুদ্ৰা ৰূপেৰে নিৰ্মাণ কৰা হৈছিল। এক ৰুপীয়াত ১৬ অনা, বা ৬৪ পইছা, বা ১৯২ পাই আছিল। এক ৰূপৰ টকা ১১.৬৬ গ্ৰাম ০.৯১৭ বিশুদ্ধতাৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল। কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত এয়া সলনি কৰা হয়, এতিয়া এক টকাত ১০০ পইছা থাকে। এতিয়া মুদ্ৰা ৰূপেৰে নহয়, মিশ্ৰিত ধাতুৰে নিৰ্মাণ কৰা হয়। ভাৰতীয় বেংকনোটৰ ভাষা পেনেলত দেশৰ ২২টা চৰকাৰী ভাষাৰ মুদ্ৰাৰ অঙ্কটো লিখিত থাকে। টকা (টকা) অসমীয়াত টাকা (টাকা) বঙালীত ଟଙ୍କା (টংকা) ওড়িয়াত રૂપિયો (ৰুপীয়ো) গুজৰাটীত रुपया (ৰুপয়া) হিন্দীত روپے (ৰুপায়) কাশ্মিৰীত ರೂಪಾಯಿ (ৰুপায়ি) কানাড়া, তুলু আৰু কংকনীত रुपया (ৰুপয়া) কংকনীত രൂപ (ৰুপা) মালায়লমত रुपये (ৰুপয়ে) মাৰাঠীত रुपियाँ(ৰুপীয়াঁ) নেপালীত ਰੁਪਈਆ (ৰুপীআ) পঞ্জাবীত रूप्यकम् (ৰুপয়াকাম) সংস্কৃতত ரூபாய் (ৰুপাই) তামিলত రూపాయి (ৰুপায়া) তেলেগুত روپیہ (ৰুপীয়াহ) উৰ্দুত প্ৰতীক চিহ্ন ২০০৯ চনৰ ৫ মাৰ্চত ভাৰত চৰকাৰে টকাৰ প্ৰতীক অঙ্কনৰ এক প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে। ২০১০ চনৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰাৰ সময়ত বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে উল্লেখ কৰে যে টাকৰ প্ৰস্তাৱিত প্ৰতীটো ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন ঘটিব। প্ৰতিযোগিতাৰ পৰা প্ৰাপ্ত প্ৰতীৰসমূহৰ পৰা পাঁচটি প্ৰতীকক বাছি উলিওৱা হয়। ২০১০ চনৰ ২৪ জুনত কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত এই পাঁচটি প্ৰতীকৰ মাজৰ পৰা এটিক টকাৰ প্ৰতীক হিচাবে গ্ৰহণ কৰাৰ কথা আছিল। কিন্তু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ এটি অনুৰোধ ৰক্ষা কৰিব লগা হোৱাৰ ফলত এই সিদ্ধান্ত গ্ৰহণৰ কিছু বিলম্ব হয়। ২০১০ চনৰ ১৫ জুলাইত পুনৰ কেবিনেটৰ বৈঠক স্থিৰ হয়। এই বৈঠকতে আইআইটিৰ প্ৰাক্তন ছাত্ৰ ডি উদয় কুমাৰ অঙ্কিত প্ৰতীকটি ভাৰতীয় টকাৰ চৰকাৰী প্ৰতীক হিচাবে নিৰ্বাচন কৰা হয়। এই প্ৰতীকটো দেৱনাগৰী "र" (ৰ) আৰু ৰোমান ডাঙৰ ফলা "R" আখৰ দুটাৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। প্ৰতীকটোৰ উপৰ অংশত দুটি সমান্তৰাল ৰেখাই জাতীয় পতাকাৰ একৰ ৰূপকল্প সৃষ্টি কৰিছে। লগতে চাওক ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতীয় টকাৰ ইতিহাস তথ্যসূত্ৰ ভাৰতৰ অৰ্থনীতি মুদ্ৰা
2762
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%80%E0%A6%AE%E0%A6%BE
বীমা
আইন আৰু অৰ্থনীতিৰ সংজ্ঞামতে বীমা (insurance) হ’ল এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয় । বীমাৰ সংজ্ঞা হ’ল নিৰূপিত দেয়ৰ বিনিময়ত একপক্ষৰ সাম্ভাব্য ক্ষতিৰ বাবে আনপক্ষই ক্ষতি পূৰণ দিয়াৰ ব্যবস্থা । ইয়াক নিশ্চিত ক্ষুদ্ৰ ক্ষতিৰ বিনিময়ত অনিশ্চিত বৃহত্ ক্ষতিৰ পৰা ৰক্ষণা-বেক্ষণ বুলি ক’ব পাৰি । বীমা হৈছে এক পক্ষৰ সাম্ভাব্য ক্ষতিৰ সমতূল্য মূল্য এক নিৰ্দিষ্ট ধনৰ বিনিময়ত আন পক্ষলৈ কৰা হস্তান্তৰণ । ই হৈছে সংশয় ব্যৱস্থাপনা (Risk Management) ৰ এটা প্ৰকাৰ য’ত সম্ভৱ্য দূৰ্ঘটনা তথা অনিশ্চিত ক্ষতিৰ বিপৰীতে ৰক্ষণা-বেক্ষনা দিয়া হয় । বীমা কৰ্তা (insurer) বা বীমা বাহকে(insurance carrier) বীমা চুক্তি বিক্ৰী কৰে ; বীমাকৃত (insured) বা বিমা ধাৰক বা পলিচি হ’ল্ডাৰ হ’ল যি জন মানুহে বা যিটো সংস্থানে বীমা চুক্তি ক্ৰয় কৰে । যি ধনৰ বিনিময়ত এটা নিৰ্দিষ্ট মূল্যৰ বীমাৰ সুৰক্ষা দিয়া হয় তাক প্ৰিমিয়াম (premium) বুলি কয় । সংশয় ব্যৱস্থাপনা (Risk Management), য’ত সংশয়ৰ মূল্যাংকন আৰু নিয়নত্ৰণ কৰা হয়, আজি অধ্যয়ন আৰু চৰ্চাৰ বাবে এটা আছুতীয়া বিষয় হিচাপে গঢ় লৈ উঠিছে । বীমাকৃত জনৰ যদি দুৰ্ঘটনা হয় (বীমা চুক্তিৰ পৰিধিৰ ভিতৰত) তেতিয়া সেই দুৰ্ঘটনাটোত হোৱা আৰ্থিক ক্ষতি (নিজা) ৰ ক্ষতিপূৰণ দিয়াৰ অংগীকাৰ বীমা বাহকৰ পৰা লোৱাৰ বিনিময়ত বীমাকৃত জনে বীমা বাহকক এক নিশ্চিত আৰু জ্ঞাত তুলনামূলক ভাৱে আতি নগন্য ধন প্ৰদান কৰে । বীমা ধাৰকে এখন চুক্তি পত্ৰ পায় যি খনক বীমা চুক্তি বোলে য’ত বীমা ধাৰক জনক কি কি চৰ্ত্তত আৰু পৰিস্থিতিত আৰ্থিক ক্ষতি পূৰণ দিয়া হ’ব উল্লেখ থাকে । নীতি বীমা পদ্ধতিত বহু বীমাকৃত ব্যক্তি বা সংস্থাৰ পৰা বীমা সুৰক্ষাৰ বিনিময়ত আহৰণ কৰা ধনৰ ভঁৰাল সৃষ্টি কৰা হয় আৰু ইয়াৰে কিছুমান ঘটনা পতিত হয় যাৰ বাবে ক্ষতি পূৰণ দিব লগীয়া হয় । ইয়াৰ অৰ্থ হ’ল বীমাকৃত ব্যক্তি বা সংস্থাক সংশয়ৰ পৰা সুৰক্ষা দিয়াৰ বিনিময়ত এটা মাননি দিব লগীয়া হয় যিটোৰ দৰ বীমাকৃত ঘটনাটোৰ নিৰ্দিষ্ট সময়ত হ’ব পৰা পুনৰাবৃতিৰ সংখ্যা আৰু ভয়াবহতাৰ ওপৰত নিৰ্ভৰ কৰে । বীমা কৰিব পৰা সংশয় হ’বৰ বাবে সংশয়টোৰ কিছুমান বিশেষ গুণ থাকিব লাগিব । বীমা যদিও বিত্তীয় সংস্থানবোৰৰ যোগেদি লাভ কৰিব পাৰি কিন্তু নিজা ববীয়াকৈ কৰা সঞ্চয়ৰ যোগেদিও ভবিষ্যতে হ’ব পৰা সম্ভাব্য ক্ষতিৰ স্ববীমা কৰিব পৰা যায় । বীমা উপযোগিতা বীমা কোম্পানি বোৰে বীমা কৰিব পৰা সংশয় এটাৰ নিম্ন লিখিত সাতটা গুণ থকিলে সংশয়টোৰ বীমা কৰে – একে ধৰণৰ বিপদ হ’ব পৰা বহু বক্তি বা সংস্থা : যিহেতু বীমা সম্পতিৰ ভঁৰাল কৰণৰ যোগেদি চালিত হয়, সেয়েহে গৰিষ্ঠ সংখ্যক বীমা চুক্তি একে ধৰণৰ ক্ষতি হ’ব পৰা গাইগুটীয়া বৃহত শ্ৰেণীসমূহক দিয়া হয় যি বীমা বাহকক বৃহত সংখ্যাৰ নীতি (law of large numbers) ৰ পৰা লাভ ল’বলৈ সুবিধা প্ৰদান কৰে । লন্ডনৰ লয়েড (Lloyd’s of London) ইয়াৰ ব্যতিক্ৰম যি অভিনেতা, খেলোৱৈ আৰু অন্যান্য বিখ্যাত ব্যক্তিসকলৰ জীৱন আৰু স্বস্থ্য বীমাৰ সুৰক্ষা দিয়াৰ বাবে বিখ্যাত । অৱশ্যে প্ৰতিজনৰ সংশয়ৰ মাত্ৰা ভিন্ন হয় আৰু সেই অনুপাতে প্ৰতিজনৰ প্ৰিমিয়ামৰ দৰ ভিন্ন হয় । নিৰ্দিষ্ট ক্ষতি: ক্ষতি সদায় এটা জ্ঞাত সময়ত, এদখৰ জ্ঞাত স্থানত আৰু এটা জ্ঞাত কাৰণত সংঘতিত হয় । এটা ভাল উদাহৰণ হ’ল জীৱন বীমা সুৰক্ষা থকা এজন মনুহৰ মৃত্যু । জুই, যান-বাহন দুৰ্ঘটনা, আৰু শ্ৰমিকৰ আঘাট ইয়াৰ মাপকাঠিৰ মতে হ’ব পাৰে । অন্য ধৰণৰ ক্ষতিৰ সজ্ঞা তত্ব মতে নিৰূপিত কৰিব পৰা যায় । বিত্তজনিত ৰোগ যেনে বহুদিন ধৰি হনিকাৰক পৰিস্থিতিত কাম কৰা য’ত কোনো নিৰ্দিষ্ট সময়, স্থান বা কাৰণ চিনক্ত কৰিব নোৱাৰি । আদৰ্শ পৰিস্থিতিত ক্ষতিৰ সময়, স্থান, আৰু কাৰণ ইমান দুৰ পৰিষ্কাৰ হ’ব লাগে যাতে এজন ব্যক্তিয়ে এই তিনিটা ভাগৰ বিষয়ে পৰ্য়াপ্ত তথ্য পাব পাৰে । দূৰ্ঘটনাজনিত ক্ষতি : যিটো ঘটনা ঘটিলে বীমাৰ দাবী কৰা হয় সেই ঘটনাটো অনাকংক্ষিত, অনিশ্চিত বা অতি কমেও বীমাৰ হিতাধিকাৰীৰ নিয়ন্ত্ৰণৰ বাহিৰত হ’ব লাগে । ক্ষতি প্ৰকৃততে হ’ব লাগে অৰ্থাত ক্ষতি কৰা ঘটনাটোৰ লগত প্ৰকৃত মূল্যৰ সম্বন্ধ হ’ব লাগে । ঘটনা যিবোৰত ভাগ্যৰ কথা জড়িত হৈ থাকে যেনেদৰে সাধাৰণ ব্যৱসায়িক সংশয় বা লটাৰী টিকেট ক্ৰয় আদি বীমা সুৰক্ষাৰ যোগ্য বুলি ধৰা নহয় । বৃহত ক্ষতি: ক্ষতিৰ পৰিমাণ বীমাৰ পৰিপ্ৰেক্ষিতত অৰ্থপূৰ্ণ হ’বই লাগিব । অনুমানিত ক্ষতিৰ মূল্য আৰু অন্যান্য খৰচ – বিমা চুক্তি নিৰ্ণয় আৰু প্ৰেৰণ, ক্ষতিৰ ভৰণ কৰা আৰু বীমা বাহকক বীমা দবী মূল্য দিবৰ বাবে মূলধনৰ যোগান ধৰা, এই সকলো খিনি বীমা প্ৰিমিয়ামত সন্নিবিষ্ট থকা আৱশ্যক । প্ৰিমিয়াম দিব পৰা সমৰ্থতা (Affordable premium) : যদি বীমাকৃত ঘটনাটো ঘটাৰ সম্ভাৱনা অতি বেছি হয় বা ঘটনাটোৰ লগত জড়িত মূল্যৰ মান অতি বেছি হয় তেতিয়া তাৰ প্ৰিমিয়াম বীমাই সুৰক্ষা কৰা মূল্যৰ তুলনাত যথেষ্ট বেছি হয় আৰু তেতিয়া বীমা চুক্তি ক্ৰয়ৰ আগ্ৰহ কমি যায় । তৰোপৰি, বিত্তীয় জগতৰ বিজ্ঞ সকলৰ মতে প্ৰিমিয়াম ইমান বেছি হ’ব নালাগে যাতে বীমা কোম্পানী বা বীমা বাহক কেতিয়াও লোকচান আশংকা নাথাকে । তেনে ধৰণৰ বীমাক নীতিহীন বীমা বুলি ক’ব পাৰি । গণনা কৰিব পৰা ক্ষতি: ক্ষতিৰ সম্ভাবনীয়তা আৰু তাৰ মূল্য - এই দুটা উপাদান সম্পূৰ্ণ গণনা কৰিব নোৱাৰিলেও অতি কমেও অনুমান কৰিব পৰা হ’ব লাগে । সম্ভৱনীয় ক্ষতিৰ অনুমান সাধাৰণতে বিস্তৃত অনুশীলনৰ দ্বাৰা কৰা হয় । ক্ষতিৰ মূল্য বীমা চুক্তি ক্ৰয় কৰা এজন পেশাদাৰী ব্যক্তি আৰু তেওঁ চুক্তিখনৰ অধীনত ক্ষতিৰ প্ৰমাণৰ হৈতে কৰা দাবীৰ লগত সম্বন্ধ থাকে যাৰ সহায়ত দাবীৰ ফলত হ’ব পৰা ধনৰ হিচাপ যুক্তিসম্পন্ন ভাবে সম্পূৰ্ণকৈ নিৰ্ণয় কৰিব পাৰি । দুৰ্যোগৰ বাবে হোৱা বৃহত ক্ষতিৰ সীমা: বীমা কৰিব পৰা ক্ষতিবোৰৰ কাৰণবোৰ আদৰ্শগত ভাবে স্বতন্ত্ৰ হয় আৰু দুৰ্যোগৰ লগত সম্ব্ন্ধ নাথকে । ইয়াৰ অৰ্থ হ’ল সকলোবোৰ ক্ষতি পূৰণৰ দাবী একেলগে নহয় আৰু গাইগুটীয়া দবী বোৰ বীমা বাহকক দেউলীয়া কৰিব নোৱাৰে । মাত্ৰ এটা ঘটনাৰ বাবে যাতে বীমা বহক বৃহত ক্ষতিৰ সন্মুখিন নহয় তাৰ ব্যৱস্থা বীমা বাহকে কৰিব বিচাৰে । উদাহৰণ স্বৰূপে ভূমিকম্প প্ৰবণ অঞ্চলত ভূমিকম্পৰ বাবে হ’ব পৰা ক্ষতিৰ বীমা বা হাৰিকেন প্ৰবণ অঞ্চলত বতাহৰ বাবে হ’ব পৰা ক্ষতিৰ বীমা চুক্তি বিক্ৰী বীমা বাহকৰ বাবে অসুবিধা জনক । প্ৰকাৰ বীমা দুই প্ৰকাৰৰ - জীৱন বীমা আৰু সাধাৰণ বীমা অৰ্থনীতি
2775
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%B2%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%A5%E0%A6%AE%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%A1%E0%A7%87%E0%A6%87%E0%A6%9F%E0%A6%BE%20%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A6%9A%E0%A6%BE%E0%A7%B0
এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ
কম্পিউটাৰ বিজ্ঞানৰ এই বিভাগত কাৰ্যক্ষেত্ৰত কম্পিউটাৰ বিজ্ঞানৰ প্ৰয়োগৰ তাত্বিক দিশবোৰৰ অধ্যয়ন কৰা হয়। এনে অধ্যয়নলব্ধ জ্ঞানৰ সহায়তে বাস্তৱ জগতত কম্পিউটাৰ প্ৰয়োগ কৰিবলৈ প্ৰগ্ৰেম লিখা হয়। তথ্য প্ৰতীকিকৰণ বা ডেইটা এবষ্ট্ৰেকশ্যন সাধাৰণতে কম্পিউটাৰ প্ৰয়োগ কৰি যিকোনো সমস্যা সমাধান কৰিবলৈ হ'লে প্ৰথমতে সেই সমস্যাৰ এটা গাণিতিক আৰ্হি বা মডেল তৈয়াৰ কৰা হয়। এই অৱৰূপত উক্ত সমস্যা সম্পৰ্কীয় সকলো প্ৰাসংগিক তথ্য ব্যৱহাৰ কৰি উপযুক্ত চলক আৰু প্ৰতীকৰ পাৰস্পৰীক ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূ্হ গাণিতীয় সমীকৰণৰ সহায়ত দৰ্শাই ভৌতিক জগতৰ সমস্যাটো তাত্বিক ৰূপত অৱতাৰণা কৰা হয়। এই প্ৰক্ৰিয়াক তথ্য প্ৰতীকিকৰণ বা ডেইটা এবষ্ট্ৰেকশ্যন বোলা হয়। এই আৰ্হিৰ মুখ্য উপাদানদুটা হ'ল “এলগৰিথম” আৰু “ডেইটা ষ্ট্ৰাকচাৰ”। এলগৰিথম এই কাৰ্য্যৰ কৰিবলৈ কম্পিউটাৰক দিবলগীয়া পদ্ধতিগত নিৰ্দেশাৱলীকে “এলগৰিথম” বোলা হয়। এলগৰিথম মূলতে পাচঁটা ভাগত ভগাব পাৰি। ১. ইনপুট (নিৰ্দেশ) ২. আউটপুট (Result/ফল) ৩. ডেফিনেচন (বৰ্ণনা) ৪. ইফেক্তিভনেচ (কাৰ্যকাৰিতা) ৫. তাৰমিনেচন (সমাপন) এই এলগৰিথমটোক উপযুক্ত প্ৰগ্ৰেমিং লেংগুৱেজ ব্যৱহাৰ কৰি প্ৰগ্ৰেম হিচাবে প্ৰকাশ কৰি কম্পিউটাৰত ৰাণ কৰিলে কম্পিউটাৰটোৱে প্ৰতীকাত্মকভাৱে বাস্তৱ সমস্যাটো আৰু তাৰ অনুসংগবোৰৰ দৰে আচৰণ কৰিব বুলি ভাৱিব পৰা যায়। সমাধান কৰিবলগীয়া সমস্যাটোৰ পৰিৱেশসমূহ দৰ্শাই উপযুক্ত ইনপুট দিলে কম্পিউটাৰটোৱে উক্ত পৰিৱেশত বাস্তৱ সমস্যাটোৰ দৰে আচৰণ কৰিব। এই আচৰণ তথা সংশ্লিষ্ট আউটপুটবিলাক নিৰীক্ষণ কৰি সমস্যাটোৰ সমাধান নিৰ্ণয় কৰিব পৰা যায়। উদাহৰণ স্বৰূপে ধৰাহওক আমাক তিনিজন মানু্হৰ ভিতৰত আটাইতকৈ ওখজনক বাচি উলিয়াবলৈ দিয়া হল। বাস্তৱ ক্ষেত্ৰত এই সমস্যাটো সমাধান কৰিবলৈ আমি মানু্হ তিনিজনৰ উচ্চতাৰ তুলনা কৰিম। কিন্তু কম্পিউটাৰৰ সহায়ত ইয়াকে কৰিবলৈ আমি এক নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব যাক ওপৰৰ পেৰাগ্ৰাফত “তথ্য প্ৰতীকিকৰণ” বা “ডেইটা এবষ্ট্ৰেকশ্যন” বোলা হৈছে। কম্পিউটাৰৰ কাৰ্যক্ষমতাৰ সীমাবদ্ধতা আছে। উপযুক্ত উপকৰণ নহলে এটা কম্পিউটাৰে মানু্হ এজনৰ উচ্চতা জুখিব নোৱাৰে। গতিকে তুলনা কৰিবলগীয়া মানুহ তিনিজনৰ উচ্চতা আমিয়েই জুখিব লাগিব আৰু কীবৰ্ড ব্যৱহাৰ কৰি ইনপুট হিচাবে কম্পিউটাৰক দিব লাগিব। লগতে আমি উচ্চতা জোখা প্ৰক্ৰিয়াটোও প্ৰগ্ৰেমৰূপে প্ৰকাশকৰি কম্পিউটাৰক জনাব লাগিব। এই প্ৰগ্ৰেমৰ এলগৰিথম আৰু সংশ্লিষ্ট ইনপুট-আউটপুট বোৰেই হব আমাৰ সমস্যাটোৰ কম্পিউটাৰ অৱৰূপ বা মডেল। তিনিজনৰ উচ্চতা তুলনা কৰা এলগৰিথমটোত প্ৰথমতে আমি একোজন মানুহৰ উচ্চতাক প্ৰকাশ কৰিবলৈ একোটা চলক ব্যৱহাৰ কৰিম। এনেদৰে আমি একোজন মানুহৰ উচ্চতাৰ “এবষ্ট্ৰেকশ্যন” বা প্ৰতীকিকৰণ কৰিলোঁ। ধৰাহওক এই তিনিজন মানুহ – ঘটিৰাম, বাতিৰাম আৰু কাঁহীৰামৰ উচ্চতা প্ৰকাশ কৰা চলক তিনিটা হ'ল যথাক্ৰমে “ক”, “খ” আৰু “গ”। সংশ্লিষ্ট এলগৰিথমটো হ'ল: কীবৰ্ডৰ পৰা ইনপুট লৈ উচ্চতাৰ জোখ তিনিটা যথাক্ৰমে “ক”, “খ” আৰু “গ” চলকৰ নামত ষ্ট'ৰ কৰক। “ক” আৰু “খ” তুলনা কৰক। যদিহে “ক” ডাঙৰ তেন্তে তলৰ “৩” নং ধাপলৈ যাওক, অন্যথা “৫” নং ধাপলৈ যাওক। “ক” আৰু “গ” তুলনা কৰক। যদি “ক” ডাঙৰ, তেন্তে স্ক্ৰীণত প্ৰকাশ কৰক: “ঘটিৰাম সকলোতকৈ ওখ। ” অন্যথা (“গ” ডাঙৰ হ'লে) স্ক্ৰীণত প্ৰকাশ কৰক: “কাঁহীৰাম সকলোতকৈ ওখ। ” ৬ নং ধাপলৈ যাওক। “খ” আৰু “গ” তুলনা কৰক। যদি “খ” ডাঙৰ, তেন্তে স্ক্ৰীণত প্ৰকাশ কৰক: “বাতিৰাম সকলোতকৈ ওখ। ” অন্যথা (“গ” ডাঙৰ হ'লে) স্ক্ৰীণত প্ৰকাশ কৰক: “কাঁহীৰাম সকলোতকৈ ওখ। ” প্ৰগ্ৰেম সমাপ্ত। এই এলগৰিথমক এটা জনপ্ৰিয় প্ৰগ্ৰেমিং লেংগুৱেজ “চি”-ত লিখিলে এনে হ'ব: /************************************************** * A program to compare 3 numbers a, b and c, * and to find out the biggest ***************************************************/ #include <stdio.h> #include <conio.h> int main() { float a, b, c; printf("Please input values for a, b & c:"); scanf("%d%d%d”, &a, &b, &c); if(a > b) { if ( a > c) printf("A is the biggest\n"); else printf("C is the biggest\n"); } else { if ( b > c) printf("B is the biggest\n"); else printf("C is the biggest\n"); } getch(); } ডেইটা ষ্ট্ৰাকচাৰ এটা বাস্তব সমস্যা প্ৰতীকিকৰণ বা এবষ্ট্ৰেকশ্যন কৰোঁতে ব্যৱহৃত সংশ্লিষ্ট তথ্যসমূ্হ উপযুক্ত ৰূপত উপস্থাপন কৰাৰ প্ৰয়োযন হয়। উদাহৰণস্বৰূপে এটা লাইব্ৰেৰী অটোমেশ্যন প্ৰগ্ৰেমত এখন কিতাপৰ সম্পৰ্কে সকলো তথ্য ষ্ট'ৰ কৰা বা সাঁচি থোৱা বা ব্যৱহাৰ কৰাৰ প্ৰয়োজন হয়। তেনেদৰে এটা মিচাইল গাইডেন্স প্ৰগ্ৰেমতো মিচাইলৰ গতিপথ, বায়ুগতি ইত্যাদি সম্পৰ্কীয় বিভিন্ন জটিল তথ্য উপস্থাপন আৰু ব্যৱহাৰ কৰাৰ প্ৰয়োজন হয়। এনে জটীল তথ্য প্ৰণালীক বুজা আৰু ব্যৱহাৰৰ সুচল হোৱাকৈ উপযুক্ত ৰূপত সজাই উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন সজ্জাকে “ডেইটা ষ্ট্ৰাকচাৰ” বা “তথ্যসজ্জা” বোলা হয়। এনেকৈ সজ্জিত তথ্য উপযুক্ত এলগৰিথমৰ সহায়ত ব্যৱহাৰ কৰিলেহে উৎকৃষ্ট সমাধান পোৱা যায়। এলগৰিথমৰ “স্থান-কালৰ জটীলতা” বা “টাইম এণ্ড স্পেচ কম্লেকচিটী” কোনো এটা সমস্যা সমাধান কৰিবলৈ যথোপযুক্ত এলগৰিথমৰ পৰীক্ষণ আৰু কাৰ্যক্ষমতা নিৰ্ণয়ো অত্যন্ত প্ৰয়োজনীয়। উদাহৰণ স্বৰূপে একেটা সমস্যা সমাধান কৰিবলৈ একাধিক এলগৰিথম থাকিব পাৰে। অথবা, একেটা কামকে কৰিবলৈক ব্যৱহাৰ কৰিব পৰা দুটা এলগৰিথমৰ এটাই কম পৰিমাণৰ ইনপুটত বেচি ভাল কাৰ্য্যক্ষমতা দেখুৱালেও সৰহীয়া ইনপুট ডেইটাৰ ক্ষেত্ৰত তেনে নহবও পাৰে। গতিকে, প্ৰদত্ত সমস্যাটোৰ ক্ষেত্ৰত সেই পাৰিপাৰ্শ্বিকত ব্যৱহাৰ কৰিবলৈ উপযুক্ত এলগৰিথমটো বাছনি কৰিবলৈ হ'লে এলগৰিথমটোৰ “স্থান-কালৰ জটীলতা” বা “টাইম এণ্ড স্পেচ কম্লেকচিটী” নিৰ্ণয় কৰাৰ অৰ্থাৎ ইয়াৰ ৰাণ কৰিবলৈ লোৱা সময়, কম্পিউটাৰৰ মেমৰী আৰু ক্ষমতা, ইনপুট তথ্যৰ ধৰণ আদি বিভিন্ন কাৰকসমূহৰ প্ৰভাৱ পৰ্যালোচনা কৰি চোৱাৰ প্ৰয়োজন হয়। এই অধ্যয়নক এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ বিষয়টোৰ অন্যতম মুখ্য উদ্দেশ্য। কম্পিউটাৰ বিজ্ঞান পোখালি (কম্পিউটাৰ বিজ্ঞান)
2783
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%89%E0%A6%9F%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A6%9F%E0%A6%BF%20%E0%A6%A5%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A7%B0%E0%A7%80
কম্পিউটেবিলিটি থিয়ৰী
কম্পিউটাৰ বিজ্ঞানৰ এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়। অসমীয়া ভাষাত ইয়াক সংগণনশীলতা তত্ব বুলিব পৰা যায়। প্ৰণিধানযোগ্য যে ই সম্পৰ্কীয় অন্য এটা বিষয় “সংগণন-জটিলতা তত্ব” বা “কম্পিউটেশ্যনেল কমপ্লেক্সিটী থিয়ৰী”-ৰ সৈতে একে নহয় । সংগণন-জটিলতা তত্বৰ অধীনত সমস্যা সমাধানৰ বিভিন্ন উপায়ৰ পাৰদৰ্শীতাৰ বিষয়ে অধ্যয়ন কৰা হয়। সাধাৰণ পৰিচয় “কম্পিউটাৰৰ গণনক্ষমতাৰ পৰিসীমা কি?” ই কম্পিউটাৰ বিজ্ঞানে অনুসন্ধান কৰিবলগীয়া এটা মুখ্য বিষয় । আপাতদৃষ্টিত আধুনিক কম্পিউটাৰৰ ক্ষমতালৈ চাই অদুৰ ভৱিষ্যতে কম্পিউটাৰে সকলো সমস্যা সমাধান কৰিব পাৰিব যেন লাগিলেও আচলতে কিছুমান সৰু সমস্যাও কম্পিউটাৰে সমাধান কৰিব নোৱাৰে বুলি সহজতে প্ৰমাণ কৰিব পৰা যায়। গতিকে আমাৰ মুল প্ৰশ্নটোৰ উত্তৰ দিবলৈ বিচাৰিলে কম্পিউটাৰৰ সহায়ত সমাধান কৰিবপৰা বা নোৱাৰা কামবোৰৰ প্ৰকৃতি বুজিবৰ প্ৰয়োজন। বিষয়টো বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিবৰ কাৰণে “স্বচলন তত্ব” বা “অটোমেটা থিয়ৰী” -ৰ অৱতাৰণা কৰা হ'ল। এটা স্বচলক(যন্ত্ৰ) বা অটোমেটা হৈছে এটা কাল্পনিক গাণিতীয় যন্ত্ৰ। ইয়াৰ ক্ষমতাক এজন মানুহৰ কোনো এটা ভাষাৰ এটা শব্দ বা বাক্য বুজাৰ ক্ষমতাৰ লগত তুলনা কৰিব পাৰি। অসমীয়া ভাষা বুজিপোৱা এজন মানুহে “মই ভাত খাওঁ” বুলি ক'লে বাক্যটো অসমীয়া ভাষাৰ বাক্য বুলি জানিব। ঠিক তেনেকৈ যদি আমি ১, ২, ৩, ৪, .... আদি সংখ্যাবোৰক “স্বাভাৱিক সংখ্যা” নামৰ এটা ভাষাৰ একোটা বাক্য বুলি কওঁ, তেন্তে স্বাভাৱিক সংখ্যা বুজিপোৱা এটা অটোমেটাক ২৪৩৮৭ সংখ্যাটোক ইনপুট হিচাবে দিলে ইয়াক স্বাভাৱিক সংখ্যা হয় বুলি ধৰিব পাৰিব আৰু ১২৫.৭৬ সংখ্যাটোক ইনপুট হিচাবে দিলে ইয়াক স্বাভাৱিক সংখ্যা নহয় বুলি ধৰিব পাৰিব। তেনেদৰে সকলো মৌলিক সংখ্যাক এটা ভাষাৰ শুদ্ধ বাক্যবুলি ক'বপৰা অটোমেটা এটাও তৈয়াৰ কৰিব পৰা যায়। আনকি অসমীয়া ভাষা বুজিপোৱা এটা অটোমেটাও তৈয়াৰ কৰিব পৰা যায় – তাত্বিকভাৱে কবলৈ গ'লে! বিভিন্ন ধৰণৰ অটোমেটাৰ সহায়ত সংগণনৰ বিভিন্ন পদ্ধতিবোৰক সৰল গণিতীয় আৰ্হিৰূপে প্ৰকাশ কৰিব পৰা যায়। যদি কোনো এটা নিৰ্দিষ্ট কম্পিউটাৰে কৰিব পৰা কাম বিলাকক একো-একোটা অটোমেটাৰদ্বাৰা প্ৰকাশ কৰা হয় আৰু এনে সকলো অটোমেটাৰ তালিকাখনক আকৌ এটা ভাষা বুলি ধৰাহয় তেন্তে ওপৰৰ পেৰাত দেখুওৱামতে এই ভাষা বুজিপোৱা এটা অটোমেটাও তৈয়াৰ কৰিব পৰা যায়, অন্তত: তাত্বিকভাৱে। গতিকে এনেদৰে পোৱা এই “চুপাৰ অটোমেটা”টো হ'ল আমাৰ পৰীক্ষনীয় কম্পিউটাৰটোৰ এটা গাণিতীক আৰ্হি। এতিয়া আমাৰ মৌলিক প্ৰশ্নটো অৰ্থাৎ কম্পিউটাৰে কৰিব পৰা বা নোৱাৰা কামবোৰৰ তালিকাখন পাবলৈ হ'লে এইবিষয়ে পৰীক্ষা-নিৰীক্ষা কৰিবৰ কাৰণে আমি এটা অত্যন্ত সৰল অথচ আপাতভাৱে সমকক্ষ এটা গণিতীয় কম্পিউটাৰ পালোঁ। লগতে আমি এই আৰ্হি পৰখি চাবলৈ পালোঁ এটা অত্যন্ত শক্তিশালী আৰু সম্বৃদ্ধ গৱেষণাগাৰ - গণিতৰ ৰূপত। থোৰতে কবলৈ গ'লে কম্পিউটেবিলিটি বা সংগণনশীলতা তত্বই ইয়াকে কৰিবলৈ প্ৰয়াস কৰে। সংগণনৰ গাণিতীক আৰ্হিসমূহ সংগণনৰ বিভিন্ন পদ্ধতিবোৰ প্ৰকাশ কৰিবলৈ ব্যৱহৃত বিভিন্ন অটোমেটাবোৰক একোটা যন্ত্ৰ বুলি ভাবিব পৰা যায়। এই যন্ত্ৰবোৰক ইনপুট হিচাবে কিছুমান বাক্য দিবপৰা যায় আৰু উপযুক্ত ইনপুটৰ প্ৰতিক্ৰিয়া হিচাবে পূৰ্বনিৰ্ধাৰিত নিয়ম অনুসৰী যন্ত্ৰ বিলাকৰ অবস্থাৰ পৰিবৰ্তন ঘটে। মনকৰিবলগীয়া যে ইয়াত বাক্য বোলোতে আমাৰ প্ৰচলিত বাক্যৰ ধাৰণাক নুবুজাই যিকোনো নিৰ্দিষ্ট নিয়ম অনুসৰী গঠিত আখৰৰ সমষ্টিক বুজোৱা হৈছে। উদাহৰণস্বৰূপে মৌলিক সংখ্যা চিনাক্ত কৰিবলৈ তৈয়াৰ কৰা যন্ত্ৰ এটাৰ কাৰণে যিকোনো মৌলিক সংখ্যা এটাৰ অংকবোৰকে এটা শুদ্ধ বাক্য বুলিব পাৰি। যন্ত্ৰৰ অৱস্থা বা স্থিতি বুজাবলৈ এই স্থিতিবোৰক ক্ৰমাংকিত কৰি বুজাব পাৰি। ওপৰৰ উদাহৰণত আমাৰ অটোমেটাটোৱে “ক” স্থিতিলৈ গৈ এটা মৌলিক সংখ্যা পোৱা বুজাব পাৰে আৰু অসম্পূৰ্ণ বা ভুল ইনপুট “খ” অৱস্থালৈ গৈ দেখুৱাব পাৰে। এই অটোমেটা যন্ত্ৰবোৰে স্থিতিৰ বাহিৰেও বিভিন্ন প্ৰকাৰৰ মেমৰী উপকৰণ যেনে টেইপ আদি বিভিন্ন ধৰণে ব্যৱ্হাৰ কৰিব পাৰে। দৰাচলতে যন্ত্ৰবোৰক ইনপুট বাক্যবোৰ টেপৰ জৰিয়তেই দিয়া বুলি কল্পনা কৰা হয়। ব্যৱ্হৃত উপকৰণ সাপেক্ষে যন্ত্ৰৰ ক্ষমতাৰো হীন-দেৰী হয়। তলত এনে কিছুমান যন্ত্ৰৰ চমু, অতিসৰলীকৃত বৰ্ণনা দিয়া হ'ল। সসীম স্থিতিযন্ত্ৰ বা ফাইনাইট ষ্টেট মেশ্বিন এই যন্ত্ৰ হৈছে সৰলতম অটোমেটা। ই ইনপুট আখৰবোৰ টেপৰ জৰীয়তে এটা এটাকৈ গ্ৰহণ কৰে। প্ৰত্যেক ইনপুটৰ লগে লগে ইনপুট আখৰটো আৰু বৰ্তমান স্থিতিৰ সমন্বয়ৰ যোৰাটো পুৰ্বনিৰ্ধাৰিত তালিকাভুক্ত নিয়ম অনুসৰী ই স্থিতিৰ পৰিবৰ্তন নিৰ্ণয় কৰে আৰু সেই অনুসৰী প্ৰয়োযনমতে নতুন স্থিতিলৈ যায়। শুদ্ব ইনপুটে যন্ত্ৰটোক পূৰ্বসন্মত অন্তিম স্থিতিলৈ প্ৰেৰিত কৰে। এনে অটোমেটা দুইধৰণৰ। স্থিতিৰ পৰিবৰ্তন দৰ্শোৱা তালিকাত (ইনপুট, বৰ্তমান স্থিতি)ৰ ওপৰত নিৰ্ভৰ কৰি যি স্থিতিযন্ত্ৰৰ যাদিচ্ছিকভাৱে একাধিক নতুন স্থিতিলৈ যোৱাৰ অৱকাশ থাকে তেনে যন্ত্ৰক “অসংহত সীমিত স্থিতিয্ন্ত্ৰ” বা “ননডিটাৰমিনিষ্টীক ফাইনাইট অটোমেটা” আৰু মাত্ৰ এটা নতুন স্থিতি ল'ব পৰা যন্ত্ৰক “সংহত সীমিত স্থিতিযন্ত্ৰ” বা “ডিটাৰমিনিষ্টীক ফাইনাইট অটোমেটা” বোলে। --> কম্পিউটাৰ বিজ্ঞান
2802
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A6%95%E0%A7%B0%E0%A6%BE%20%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%BE
ফকৰা যোজনা
ফকৰা যোজনা (ইংৰাজী: Assamese Proverb) হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। ফকৰা যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়। ইয়াক ইংৰাজী ভাষাৰ Proverb-অৰ লগত তুলনা কৰিব পাৰি। কিছুমান ফকৰা যোজনাক "ডাকৰ বচন" বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে। অসমীয়া ভাষাৰ ফকৰা যোজনাৰ ভাণ্ডাৰটো যথেষ্ট ডাঙৰ। সৰল অথচ বুদ্ধিদীপ্ত এই প্ৰবাদবোৰ সাধাৰণ অসমীয়া মানুহৰ জীৱনৰ প্ৰতি থকা গভীৰ আস্থা, দৃষ্টিভংগী আৰু বোধৰ গম্ভীৰ প্ৰকাশ। ইহঁত অসমীয়া জাতিৰ বিশ্বাস, জাতিসত্তা, সমাজ ব্যৱস্থা আৰু বুৰঞ্জীৰ উৎকৃষ্ট সমল। পুৰণি হ’লেও যথেষ্টসংখ্যক ফকৰা যোজনাৰ প্ৰাসংগিকতা আজিও অটুত আছে। কথা কওঁতে বা লিখাৰ মাজত উপযুক্ত ফকৰা যোজনাৰ অলংকাৰ ব্যৱহাৰ কৰি লিখিব পাৰিলে বক্তাৰ ভাষাজ্ঞান উন্নত বুলি গণ্য কৰা হয়। তলত দিয়া ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাস দিয়ে। ফকৰা যোজনাৰ সংগ্ৰহ অ অধিক মাছত বগলী কণা: বহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ পৰা এটা বাছনি কৰা অসুবিধা হয়। বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদিশে মাছৰ উভৈনদী হ'লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়। সেয়েহে অত্যধিক বিকল্পৰ ক্ষেত্ৰত বাছ-বিচাৰ কৰি থাকোঁতে বাছনিত ভুল হোৱাৰ বা বাছনি কৰিব নোৱাৰা নহ'বলৈ এই যোজনাৰদ্বাৰা সঁকিয়াই দিয়া হৈছে। অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ: নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত পাৰ্গত নহ’লে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰদ্বাৰা অনুপ্ৰাণিত কৰা হৈছে। অধিক ভোজন পেটলৈ বেয়া:যিকোনো বস্তুৰে প্ৰয়োজনতকৈ বেছি হোৱাতো বেয়া। ভোজন বা খাদ্য মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু অত্যধিক ভোজনৰ ফলত শৰীৰৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা। তেনেদৰে যিকোনো কামৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। প্ৰয়োজনাধিক উপভোগ/ ব্যৱহাৰৰ ফলত উপকাৰী বস্তুৰ পৰাও অপকাৰ হ’ব পাৰে। অতি ভক্তি চোৰৰ লক্ষণ অতিপাত শলাগনি ফুচুলনিৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিণ: প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভোল গৈ কামত প্ৰবৃত্ত হ'লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচটনিত ভোল যোৱাৰপৰা বিৰত থকাই ভাল। অভাৱত স্বভাৱ নষ্ট: অতি প্ৰয়োজন পৰিলে সৎ‍ মানুহ এজনেও অসৎ‍ কাম কৰিব পাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্য্যৰ ভাল-বেয়া বিচাৰ কৰোঁতে কৰ্তাই কি পৰিস্থিতিত পৰি এনে কাৰ্য্য কৰিছে সেয়াও বিবেচনা কৰি চোৱা উচিত। অচিন কাঠৰ থোৰা নলগাবা: ঢেঁকীৰ থোৰাটো মজবুত হ’ব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাছনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকি মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত। অল্প বিদ্যা ভয়ঙ্কৰী: আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক হ’ব পাৰে। অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা: ঢেৰুৱা ঠাৰি যিমান সিজালেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তাক যিমান বুজাব চেষ্টা কৰিলেও লাভ নাই। অবাবত তৰ্ক কৰা মূৰ্খৰ চিন: মূৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে। অকলশৰীয়া পহু, গায়ে মূৰে খহু: অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ হ’লেও চোৱা-চিতা কৰা মনুহৰ অভাৱ। অথাই সাগৰত কাঠীজাল বোৱা: অপ্ৰয়োজনীয় কাম কৰা। অনভ্যাসে হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায় অহঙ্কাৰেই পতনৰ মূল (নীতি-বচন) [ ওপৰলৈ যাওক] আ আগফালে তেঁতেলী পিছফালে ঔ, সেই ঘৰ মানুহৰ উঠিবৰ হ’ল নে নৌ?: যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সূৰ্য্যৰ পোহৰ ভালদৰে নপৰে, সেয়েহে সেই ঘৰৰ মানুহে ৰাতিপুৱা পলমকৈ উঠে। আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন: মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও ব'ব নোৱাৰে। আইয়ে চায় মুখলৈ, ঘৈণীয়ে চায় হাতলৈ: পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেওঁ খোৱা লোৱা ভালদৰে কৰিছে নে নাই চাবলৈ; আনহাতে ঘৈণীয়েকে হাতলৈ চায় তেওঁলৈ কি আনিছে চাবলৈ। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল: থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয়, তেনেহ’লে সেয়া নথকাই ভাল। আঁঠুৱা চাই ঠেং মেলিবা অল্প আৰ্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ: যিমান সামৰ্থ্য সিমানহে খৰচ কৰিব লাগে, নহ’লে বিপদত পৰিব লাগে। আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা। আদা আৰু কেঁতুৰি দেখিবলৈ একে, কিন্ত আদা হে খোৱাত ব্যৱহাৰ হয়, কেঁতুৰি কোনো কামত ব্যৱহাৰ নহয়। আনলৈ হুল পুতি নিজে মৰে ফুটি: আনৰ অনিষ্ট কৰাৰ চেষ্টা কৰিলে নিজৰে অনিষ্ট হয়। আপোন ভালেই জগত ভাল: যি নিজে ঠিক থাকে, তেওঁৰ বাবে বাকী সকলো ঠিকেই থাকে। আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত: ভবিষ্যতত কোনো কাম হ’ব বুলি আশা কৰি বহি থাকি লাভ নাই। আছে হেংদাং, লোৱা নাই; ল'লে হেংদাং চাৰণ নাই বা আছে বেক্ৰা দা, লোৱা নাই; ল'লে বেক্ৰা দা চাৰণ নাই: যুঁজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দুৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে। আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ: নিজৰ অনিষ্ট কৰি হ’লেও শতৰুৰ অনিষ্ট কৰা - অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়। সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে (হাস্যাৰ্থত) যে এগৰাকীয়ে আনগৰাকীক ক'ৰবালৈ ওলাোৱাৰ আগতে অমংগল জাতীয় কাম কৰি দেখুৱায়। কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাছ নোহোঁহকে। হিতাহিত জ্ঞানশূন্য হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দূৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে। আৰ ছিগা চুলি, তাৰ ছিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপা: লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহাৰ কৰা। আৰৈতকৈ উখুৱাৰ খচখচনি বেছি আলিবাটত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ: ঘৰত যিমান আছে বাহিৰত তাতকৈ বেছি দেখুওৱা। আগ তপা লনী, মাজ তপা ধনী, পিছ তপা শনি (ডাকৰ বচন): যি মানুহৰ মাজ মূৰটো তপা, তেওঁ ধনী হ’ব বুলি ভবা হয়। যি মানুহৰ পিছ মূৰটো তপা, তেওঁৰ দিন ভাল নহ’ব বুলি ভবা হয়। আগফালে দুৱাৰ দাং, পাছফালে ধোবাং-বাং: আগফালৰ দুৱাৰ ভালদৰে মাৰি পিছফালৰ দুৱাৰ খোলা ৰখা। অৰ্থাৎ অনৰ্থকভাৱে কোনো কাৰ্য্য কৰা। আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়: নেতৃবৃন্দ যিফালে যায় অনুসৰণকাৰী সকলো সেইফালে যায়। আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস: নিজৰ কাম আনে কৰি দিব বুলি ৰৈ থকিলে বিপদত পৰিব লাগে, সেয়েহে নিজে কৰিব লাগে। আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা (ডাকৰ বচন): আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হ'লে জাকৈ বাই থকা অৱস্থাত চাব লাগে। আদা বেপাৰীক জাহাজৰ খবৰ: অপ্ৰয়োজনীয় খবৰ বিচৰা। আৰ্জিলে নন্দ গোৱালে, খালে বোন্দা শিয়ালে: কোনোবাই কষ্ট কৰিলে, কিন্তু আন কোনোবাইহে ফল ভোগ কৰিলে আগ নুগুণি গুণে পাছ, লোভত মৰে বৰশীৰ মাছ: ভালদৰে চিন্তা-চৰ্চা নকৰি লোভত কিবা কাম কৰিলে বিপদত পৰিবলগীয়া হ’ব পাৰে। [ ওপৰলৈ যাওক] ই ইয়াত মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা: সাধাৰণতে উৰা-বাতৰি যি দ্ৰুত বেগে বিয়পে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। উল্লেখনীয় যে, কেতিয়াবা ইয়াক সাঁথৰ হিচাপেও ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে "ভূমিকম্প।" কোনটো আগতে সৃষ্টি কৰা জনা নগ’লেও ভূমিকম্প আৰু উৰাবাতৰিৰ বিস্তাৰৰ বেগৰ তুলনা কৰা হৈছে বুলি অনুমান কৰিব পৰা যায়। [ ওপৰলৈ যাওক] উ উত্তৰে গাজিলে জানিবা খৰ, দক্ষিণে গাজিলে মাৰিবা লৰ (ডাকৰ বচন): উত্তৰ ফালে মেঘে গাজিলে বৰষুণ নহয়, কিন্তু দক্ষিণ ফালে গাজিলে যথেষ্ট বৰষুণ হয়। উপকাৰীক অজগৰে খায়: অজগৰ সাপক উপকাৰ কৰিলেও সুবিধা পালে উপকাৰি জনক খায়, অৰ্থাৎ যাকে তাকে উপকাৰ কৰিব নালাগে। উপদেশতকৈ আৰ্হি ভাল: কিবা এটা কাম কৰাৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুওৱা ভাল। উৰহৰ খং ভঙা ঢাৰীত জৰা: সাধাৰণতে বিছনা লেতেৰা হ'লে তাত উৰহ নামৰ পোক বিধ হয় আৰু ৰাতি সি শুই থকা মানুহক কামোৰে। আনহাতে বিছনাৰ তলত থকা ভগা ঢাৰীতে সেই উৰহ থাকে বুলি জানি উৰহক বিচাৰি নাপাই ঢাৰীকে মৰিয়াই হাৰাশাস্তি কৰে। অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত সৰা বিষয়ত ইয়াক ব্যৱহাৰ কৰা হয়। উমৈহতীয়া শ বাহী শ হয়: ৰাজহুৱা সম্পত্তি চোৱা চিতা কৰা মানুহৰ অভাৱ। উদঙীয়া গৰু, ঢাকনি নাইকিয়া চৰু: নিয়ন্ত্ৰণহীন। উদক ভেটা ৰখীয়া পতা: সাধাৰণতে সকলোৱে জানে যে উদে মাছ খায়। কিন্তু সেই উদকে যদি মাছ ধৰিবৰ কাৰণে মৰা ভেটা ৰাখিবলৈ দিয়া হয় তেন্তে তাৰ ফল ওলোটাহে হ'ব। অৰ্থাৎ যি মানুহৰ যি বস্তুৰ প্ৰতি অধিক আসক্ত বা দুৰ্বলতা আছে তাক সেই বস্তুৰে ৰখিয়া পতা। উদৰ সম্মুখৰ শালপোণা: উদৰ সম্মুখত শাল মাছ বা পোনা মাছৰ কোনো বাচ বিচাৰ নোহোৱাৰ দৰে চিকাৰীৰ সন্মুখত কোনো চিকাৰৰ বাচ বিচাৰ নহয়। উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাওঁতেই: উদ মাছ খোৱা জীৱ, সি সাধাৰণতে মাছ কেঁচাই খাই আৰু তেনেদৰেই চলি আছে। অৰ্থাৎ আগৰ প্ৰচলিত ৰীতি সহজতে এৰিব নোৱাৰা। উলুৰ লগত বগৰী পোৰা যোৱা: সাধাৰণতে উলুৱনিত বগৰি গছ থাকে, কিন্তু উলুৱনিত জুই দিয়াৰ সময়ত সেই বগৰি গছো পোৰা যায়। অৰ্থাৎ অসৎ মানুহৰ সঙ্গত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে। [ ওপৰলৈ যাওক] এ এদেও, দুদেও, লোটা নিয়াৰ চেওঁ: সুবিধা পালে চুৰি কৰা। এন্দুৰক সেন্দূৰ পিন্ধোৱা: কুৰূপ ব্যক্তিক কৃত্ৰিম উপায়েৰে অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা। এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া: সুযোগ বিচাৰি ফুৰা মানুহক অধিক দুষ্টালি কৰিবলৈ চল দিয়া। এবাৰ সাপে খালে কেঁচুলৈকো ভয়: এবাৰ বিপদত পৰিলে পিছ্ত বেছি সাৱধান হোৱা। একে গছৰ পাণ, সি নো হ'ব কি আন: একে বংশৰ মানুহৰ স্বভাৱ-চৰিত্ৰ একে হয়। এশ গৰু মাৰিলে বাঘৰো মৰণ: বনৰ বাঘ মাজে মাজে গাঁৱত আহি পোহনীয়া গৰু মহ আদি মাৰি খায়, কিন্তু কোনো এটা বাঘে যদি নিয়মিয়াকৈ আহি পোহনীয়া জন্তু আক্ৰমণ কৰে তেনেহলে গাঁৱৰ ৰাইজে মিলি বাঘটো মাৰি পেলায়। অৰ্থাৎ বহু বেছি বেয়া কাম কৰিলে শেষত নিজে বিপদত পৰিব লাগে। এশ এজুপি ৰোবা কলমাহেকে পষেকে চিকুনাবা তলপাত-পচলা লাভত খাবালংকাৰ বাণিজ্য ঘৰত পাবা (ডাকৰ বচন) এখন হাতেৰে চাপৰি নাবাজে: কাঁজিয়া লাগিবলৈ কমেও দুটা পক্ষ্য লাগে। যেনেদৰে এখন হাতেৰে চাপৰি বজাব নোৱাৰি তেনেদৰে এটা পক্ষ্যই অকলে কাঁজিয়া কৰিব নোৱাৰে। এগুণ চাউল দুগুণ পানী, জল দিবা টানি টানি (ডাকৰ বচন): ভাত বনাওতে যিমান চাউল দিয়া হয়, তাৰ দুগুণ পানী দিব লাগে। এঘৰৰ পাটনাদ, এঘৰৰ জৰী, এঘৰে পানী তুলে হুৰূস হুৰূস কৰি: লোকৰ বস্তুৰে নিজৰ কাম কৰা। এদিন বামুণৰ, এদিন বহুৱাৰ: সকলোৰে এদিন নহয় এদিন ভাল দিন আহে। এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া: বুঢ়ী এগৰাকীয়ে যদি নাচি ভাল পায়, তেনেহলে নাতিনিয়েকৰ বিয়া হ'লেতো কথাই নাই, মন প্ৰাণ ঢালি নাচিব॥ অৰ্থাৎ যি কাম কৰিব ভাল পায়, সেই কামকে কৰিবলৈ সুবিধা পোৱা। এনেই মৰিছোঁ ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত: বিপদত পৰি থকোতে অন্য এটা বিপদ হোৱা। এৰি দিয়া শৰ ঘূৰাই আনিব নোৱাৰি: কোৱা কথা ঘূৰাই আনিব নোৱাৰি। এৰিলে মন ঘোঁৰাৰ চুটি, বান্ধিলে মন শিলৰ খুঁ‌টি: নিজৰ মনক নিজে নিয়ন্ত্ৰণ কৰিব পাৰি। মনটো এৰি দিলে ঘোঁৰাৰ দৰে দৌৰি ফুৰিব, আনহাতে বান্ধি ৰাখিলে শিলৰ খুঁ‌টিৰ দৰে স্থিৰ হৈ থাকিব। এহাত এমুঠন দিবা পোত, তেতিয়াহে চাবা কলৰ গোট (ডাকৰ বচন): কলপুলি ৰুলে মাতিৰ এহাত এমুঠি তলত ৰুব লাগে। এবাৰ হাগি দহ বাৰ উলটি চোৱা: খুব বেছি কৃপণ, ইমানেই কৃপণ যে শৌচ কৰি উঠি বাৰে বাৰে উলটি চায় বেছিকৈ শৌচ কৰিলে নেকি। ব্যঙ্গত্মক ভাৱত ব্যৱহাৰ হয়। এলেকৰ পেলেক কুকুৰাচোৱাৰ ভাগিনীয়েক: ইমান বেছি দুৰ সম্পৰ্কৰ মানুহ যে সম্পৰ্কীয় বুলি ক'ব নোৱাৰি। [ ওপৰলৈ যাওক] ও ওচৰৰ আলহী নকৰে কাণ, নৰিয়াত পৰিলে আহে কাম: ওচৰ-চুবুৰিয়াক কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কাৰণ বিপদত ওচৰ-চুবুৰিয়াই সহায় কৰে। ওস্তাদৰ খেল শেষ ৰাতি: পাৰ্গত লোকে প্ৰথমতে হাৰিলেও শেষত জিকিবই। ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে বা ওপৰলৈ থুৱালে নিজৰ গাতে পৰে: নভবা নিচিন্তাকৈ কাম কৰিলে নিজলৈকে বিপদ আহে। ওঁঠ চেপিলে গাখীৰ ওলোৱা: সৰু হৈ ডাঙৰৰ দৰে কথা ক'লে অপমান সুচক ভাৱত ব্যৱহাৰ কৰা হয়। ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক: ওচৰ-চুবুৰিয়াৰ লগত শত্ৰুতা কৰিব নালাগে। [ ওপৰলৈ যাওক] ক ক বুলিব নাজানে ৰত্নাৱলী পঢ়ে: ৰত্নাৱলী এখন সংস্কৃতত লিখা ধৰ্মশাস্ত্ৰ, আৰু ইয়াক সহজে বুজা নাযায়। সেয়েহে যি একেবাৰে লিখা-পঢ়া নাজানে সি ৰত্নাৱলী পঢ়া অসম্ভৱ। অৰ্থাৎ কৰিব নোৱাৰা কাম এটা কৰিব যোৱা। কণা হাঁহক পতান দিয়া: হোজা মানুহক ঠগোৱা। কলাৰ আগত বেঙাই কয়, কলাই বোলে হয় হয়: বেঙা মানুহে কথা ক'ব নোৱাৰে, আনহাতে কলা মানুহে কাণেৰে নুশুনে। অৰ্থাৎ কথা ভালদৰে নুশুনি এনেই হয়ভৰ দিয়া। কুকুৰ চিকুণ গৃহস্থৰ যশ: কোনো এঘৰ মানুহৰ পোহনীয়া কুকুৰ যদি চাফ-চিকুন হয়, তেনেহলে সেই ঘৰৰ মানুহো চাফ-চিকুন বুলি ধৰিব পাৰি। কুকুৰৰ নেজ দীঘল হ'লে নিজে পাৰি বহিব: কুকুৰৰ নেজ দীঘল হ'লেও তাত আনক বহিব নিদিয়ে, সাধাৰণতে কৃপণ মানুহক বুজাবলৈ এইশাৰী কথা ব্যৱহাৰ কৰা হয়। কুকুৰে একেদিনাই স্বৰ্গ পাবগৈ পাৰে, কেৱল জ্ঞাতিৰ কাৰণে নোৱাৰে : নিজৰ অসফলতাৰ কাৰণে আনক দোষ দিয়া। কুকুৰৰ নেজ কেতিয়াও পোন নহয়: কিছুমান মানুহৰ স্বভাৱ যিমান চেষ্টা কৰিলেও সলনি নহয়। কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি-চুলি পকা: যেতিয়া সৰু বৰ সকলোৱে অপকৰ্মত লিপ্ত হয়, তেতিয়া কাকো দোষ দিবলৈ কোনো উপায় নেথাকে। কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল: বাঘে হৰিণা চিকাৰ কৰি খায়, তেনেক্ষেত্ৰত যদি হৰিণাই বাঘৰ গাল চেলেকা দেখা যায় তেনেহলে নিশ্চয় ডাঙৰ অঘটন ঘটিছে। কিনা হাঁহৰ ঠোটলৈকে মঙহ: সাধৰণতে হাঁহ খালে ঠোট, ঠেং আদি পেলাই দিয়া হয়। কিন্তু হাঁহটো যদি কিনি অনা হয় তেনেহলে যিমান বেছি পাৰি সিমান মাংস কাটি উলিয়াব যত্ন কৰা হয়। অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয়। কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায়: আদাৰ বাকলী কটাৰীৰে গুচোৱা হয়, কিন্তু কুমলীয়া আদা হলে ভৰিৰে মোহাৰিলেই বাকলী গুচি যায়। ঠিক তেনেদৰে দুৰ্বল মানুহক সহজে বশ কৰা যায়। কেঁচা বৰলক জোকাই ল'লে গা সৰা টান: বৰলৰ বাহক জোকাই ল'লে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি ফুৰে, তেনে বৰলৰ পৰা হাত সৰা টান। ঠিক তেনেদৰে কাজিয়া প্ৰবণ মনোভাৱৰ মানুহক জোকাই নোলোৱাই ভাল। কেচু খান্দোতে সাপ ওলোৱা: কিছুমান অন্য কথা আলোচনা কৰোঁতে, মনে বিচাৰি থকা তথ্যৰ সম্ভেদ পোৱা। কাঠৰ মালা ফুটে ফাটে, মনৰ মালা কাহে চুটে: শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মত ভক্তসকলে মালা ধাৰণ কৰাৰ প্ৰথা আছে। কাঠৰ মালাডাল এটা সময়ত ক্ষয় যাব, কিন্তু যিজনে একান্ত মনেৰে ঈশ্বৰত শৰণ লৈছে তেওঁ কেতিয়াও পথভ্ৰষ্ট নহয়। গতিকে বাহিৰে হৈ চৈ দেখুওৱাতকৈ একান্ত মনেৰে নিজ লক্ষ্যত মনোনিবেশ কৰিব লাগে। কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান কেৰেলাতকৈ গুটি দীঘল কোন কালতে পৈয়েক মৰিল, ঢেঁকী দিওঁতে মনত পৰিল কটাৰী ধৰাবা শিলে, তিৰোতা বলাবা কিলে: কটাৰীৰ ধাৰ গুচি গলে শিলত ধৰাব লাগে, ঠিক তেনেদৰে ঘৈণীয়েকে কথা নুশুনিলে বল প্ৰয়োগ কৰি মনাব লাগে। (এই ডাকৰ বচন শাৰী সেই সময়ৰ সমাজৰ মহিলাৰ প্ৰতি থকা মনোভাৱৰ প্ৰতিফলন। ) কথা ক'ত বোলে ভেকুৰিৰ তলত, চিঙিব নোৱাৰি কাঁইটৰ বলত কথাত কটা যায়, কথাত বটা পায়: ভুল সময়ত ভুল ঠাইত ভুল কথা ক'লে বিপদত পৰিব লাগে, আনহতে ঠিক সময়ত ঠিক ঠাইত ঠিক কথা ক'লে লাভজনক হয়। ক'ৰ পৰা আহিলা ক'ত দিলা ভৰি, চোতালখন ফাটি গল চেৰেক চেৰেক কৰি: বহুদিন নহা মানুহ আহিলে ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য যে এই যোজনাটো লীলা গগৈৰ "বিহুগীত আৰু বনঘোষা" নামৰ অসমীয়া লোকগীতৰ সংকলনত বিহুনাম হিচাবে সন্নিবিষ্ট কৰা হৈছে। ক'লেও আয়ে কিল খায়, নক'লেও বোপায়ে ছুৱা খায়: দেউতাকৰ বাবে ভাত বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে, এতিয়া দেউতাক অহাৰ পাছত যদি কথাতো কৈ দিয়া হয় তেনেহলে দেউতাকে মাকক কিলাব, আনহাতে নকলে দেউতাকে জুঠা খাব লাগিব। কোনো কথা ক'লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ ই দোধোৰ মোধোৰ অৱস্থাত পৰা বুজাইছে। কৄষ্ণই কৰিলে লীলা, আমি কৰিলে ধৰি বান্ধি কিলা: সমাজৰ গণ্য-মান্য মানুহে কিছুমান কাম কৰিলে প্ৰশংসা পায়, কিন্তু সাধাৰণ মানুহে কৰিলে ঠাট্টা মস্কৰাহে কৰা হয়। কালিলৈ ৰাম ৰজা হ'ব আজি অধিবাস<ref>অধিবাস হৈছে কোনো পৱিত্ৰ বৈদিক অনুষ্ঠানৰ আগৰ দিন। এইদিনা কৰ্তা আৰু সংশ্লিষ্ট ব্যক্তিসকলে নীতি-নিয়মৰ পালনেৰে অতিবাহিত কৰিব লাগে। ৰাজ্যাভিষেক হৈছে নতুন ৰজাৰ সিংহাসন আৰোহণ অনুষ্ঠান। </ref>, কোনেনো জানিছিল ৰাম যাব বনবাস: ভৱিষ্যত অনিশ্চিত। ৰামায়ণৰ ৰাম আছিল জনপ্ৰিয় যুৱৰাজ। কিন্তু ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ তেওঁৰ পিতৃ দশৰথে (দশৰথ) তেওঁৰ ৰাজ্যাভিষেকৰ দিনাই লোকপ্ৰত্যাশাৰ বিপৰীতে সিংহাসনৰ পৰা বঞ্চিত কৰি চৌধ্য বছৰৰ কাৰণে বনবাসলৈ পঠাবলৈ বাধ্য হৈছিল। কি ক আছিলা, কি ক হ'লা, খাবলে নাপাই শুকাই খীণাই গ'লা: বহুদিন ভাল অবস্থাত থকাৰ পিছত বেয়া অৱস্থা হোৱা বুজাবলৈ ব্যৱহাৰ হয়। [ ওপৰলৈ যাওক] খখকুৱাই পাত কাতে, নিখকুৱাই মাটিতে খায়: খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায়। ইয়াৰ পৰোক্ষ অৰ্থ হৈছে- "কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা। "খাই কৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল: বেয়া কাম কৰাজন সুবিধা বুজি আঁতৰি য়ায় আৰু অনাহকত পিছত অহাজনে তাৰ শাস্তি ভোগ কৰিব লগা হয়। খাবলে জীৱলে যাৰ মন, হাগোতেও আজোৰে বন: যাৰ খাই লৈ জীয়াই থকাৰ হাবিয়াস আছে, সি সকলো সময়তে কামত ব্যস্ত থাকে। খেনো খেনো পাকত ঢেকি থোৰাও সোমায় নাকতখেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে: কোনোবা ঘৰলৈ অহা দেখিলে খোৱা-বোৱাৰ আয়োজন কৰা হয়, আনহাতে অন্য কোনোবা আহিলে দুৱাৰ বন্ধ কৰি ঘৰত কোনো নাই বুলি বুজাব খোজা হয়। অৰ্থাৎ বেলেগ বেলেগ মানুহক বেলেগ ব্যৱহাৰ কৰা হয়। খৰ ৰান্ধনী খৰ বাঢ়নী পৈয়েক লঘোনে যায়, উদা ৰান্ধনী উদা বাঢ়নী পৈয়েক তিনি সাজ খায়খং নামে চণ্ডাল: খং বৰ বেয়া বস্তু, ইয়াক পৰিহাৰ কৰি চলাই ভাল। খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা: খঙতে নিজৰ অনিষ্ট কৰি পিছত বহুদিনলৈ নিজে শাস্তি ভোগ কৰা। [ ওপৰলৈ যাওক] গ গাই আনিবা ৰিংটো বাটৰ, ছোৱালী আনিবা দিনটো বাটৰ গাখীৰতে মহৰ খুটি সান্দহতে হাত : কোনো সৌভাগ্যৰ ওপৰতে আন সৌভাগ্যই দেখা দিয়া। গাখীৰ খুৱাই সাপ পোহা: কোনো দুষ্ট লোকক আসৈ দি নিজৰ অপকাৰ মাতি অনা। গাত নাই চাল বাকলি, মদ খাই তিনি টেকেলি: হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰা। গাধৰ আগত বীণ বজাই লাভ নাই গৰুৰ আগত টোকাৰী বায়, কাণ জোকাৰি ঘাঁহ খায়: গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায়। এই ফকৰা ফাঁকি 'অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰী সিজোৱা' ফকৰা ফাঁকিৰ সমাৰ্থক। গায়নৰ ঘৰৰ বোন্দাইও ৰাগ দিয়ে: কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা। গেলা বৰালী মনত গোন্ধ: নিজৰ দোষ দুৰ্বলতাৰ কথা জানি আনে কিবা নকলেও নিজৰ মনতে সন্দেহ সৃষ্টি হোৱা। গোসাই ঘৰত কোন? মই কল খোৱা নাই: বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা। গছ কাটিলেই মুঢ়া, ছোৱালী আনিলেই বুঢ়া গছত কঠাল. ওঁঠত তেল, নৌ পকোতেই চেল বেল: কোনো কাৰ্য্য হৈ নোথোতেই তাৰ বিষয়ে গাই-বাই থকা। গুণীয়েহে যানে গুণীৰ মান, কাঠ থোৰাই কি জানে, নিতৌ খুন্দি মৰে ধান গছত উঠাই গুৰি কটা: আনক কোনো কামলৈ আগবঢ়াই দি পিছ মুৰ্হুত্বত মূৰপোলোকা মৰা। গছত গৰু উঠা হোলোঙাৰে কান বিন্ধোৱা কথা: একেবাৰে অসম্ভব কথা। গৰম ভাতৰ ধোঁৱাই খালে: অত্যধিক সুখ-সুবিধাই অপকাৰ সাধন কৰে। গালো বালো খোলাকতি তাল: কৈ মেলি একো লাভ নোহোৱা। গুৰুতকৈ শিষ্য হয় শিয়ান, খুচৰি খুচৰি লয় গিয়ানগধুলীৰ অতিথী সাক্ষাৎ দামোদৰ: গধুলীৰ সময়ত ঘৰলৈ আলহী আহিলে ভালদৰে সৎকাৰ কৰিব লাগে, যেনেকৈ শ্ৰীকৃষ্ণই বাল্যবন্ধু বিপ্ৰ দামোদৰৰ কৰিছিল। [ ওপৰলৈ যাওক] ঘঘঁহোটে ঘঁহোটে শিলো ক্ষয় যায়ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালিঘৰলৈ আহিলে ঢকুৱা বেৰ, আলিবাটলৈ গলে বৰ চুৰিয়াৰ ফেৰঘ্ৰাণেন অৰ্দ্ধ ভোজনং: ভাল খাদ্যৰ গোন্ধ পালেই আধা খোৱা বুলি ধৰিব পাৰি। ঘেং কৰি উঠ: কথা ক'লেই ভেকাহি মাৰি উঠ। ঘোঁৰা ঘাঁহ কাট: অবাবত সময় নষ্ট কৰ। ঘোঁৰা শিঙৰ কঁৰিয়া: ঘোঁৰাৰ শিং নগজে, গতিকে দুষ্প্ৰাপ্য বস্তু। ঘনচিৰিকাই ৰাজহাঁহৰ খোজ লঘৰ গুচি বাঁহ তল হ: বিশৃংখল হ। [ ওপৰলৈ যাওক] চচকুৰ আঁতৰ হলে মনৰো আঁতৰ চৰুক সুধি ভাত ৰন্ধা চাউল দিবা জেতেক-পেতেক, পানী দিবা তিনি তেতেক, যেবে দেখিবা নিসিজে চাউল, তেবে বুলিবা ডাকক বাউল (ডাকৰ বচন): ভাত বনোৱাৰ বিধি। চল চাই কঠীয়া পৰা: সঠিক সময়ত কৰিবলগা কাম কৰা। চাপৰিলে মেঘ নেৰায়: আওকাণ কৰিব খুজিলে বিপদ বা সমস্যা আঁতৰি নাযায়। চাপৰি যোৱাকে কুঁজা বোলে, লাখুটি লোৱাকে বুঢ়া বোলে: কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰিলেও আচাৰ-ব্যৱহাৰৰ পৰাই ধৰা পৰে। চাল-বেৰৰো কাণ থাকেচোৰ গলে বুদ্ধি, বৰষুণ গলে জাপী: কোনো বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাৰ কাৰণে কৰা যিকোনো প্ৰতিৰোধমূলক প্ৰচেষ্টাৰ কোনো অৰ্থ নাথাকে। চোৰক মোৰে পায়চোৰক ঘৰ ৰখীয়া পতাচোৰে নিয়া গৰুৰ বাটে বাটে ঘাঁহচোৰে নেৰে চোৰৰ স্বভাৱ, কুকুৰে নেৰে চাঁই, জাৰ যি স্বভাৱ মৰিলে লগত যায়চোৰেহে চোৰৰ ঠেং দেখে: বেয়া চৰিত্ৰৰ মানুহে সদায় আনৰ বেয়াটোকে দেখে। চৰণেহে জানে মৰনৰ ঠাই, চুচুৰি বাগৰি তালৈকে যায়চল পালে কুকুৰে ডিঙিলৈকে জঁপিয়াইচকু লাল, বুকু খাল, সেই পুৰুষৰ লক্ষণ ভালচিকুটি লাও বুঢ়া কৰা: অনাগত বিপদৰ আগজাননী দিয়া। চুকট খাই বুকুত কামোৰ মৰা: নিকট আত্মীয় মানুহেই অনিষ্ট কৰা। চুঙা চাই সোঁপা[ ওপৰলৈ যাওক] ছ ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল: মাকৰ যদি স্বভাৱ-চৰিত্ৰ ভাল হালে জীয়েকৰো স্বভাৱ-চৰিত্ৰ ভাল হব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে। ছোৱালী বোলে কুৰিতে বুঢ়ী: আগৰ দিনত ছোৱালীক খুব কম বয়সতে বিয়া দিয়াৰ প্ৰথা আছিল, আৰু বয়স ২০ বছৰৰ বেছি হলে বুঢ়ী হোৱা অৰ্থাৎ বিবাহৰ অযোগ্যা হোৱা বুলি ধৰি লোৱা হৈছিল। ছোৱালী হল বৰশীৰ টোপ, ল’ৰাই দেখিলে মাৰিব খোঁটছয় পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি (ডাকৰ বচন): কুঁহিয়াৰ খেতি কৰিবলৈ বহু সংখ্যক খেতিয়কৰ প্ৰয়োজন, সেয়েহে যথেষ্ট সংখ্যক মানুহ থাকিলেহে এই খেতি কৰিবলৈ আগবাঢ়িব লাগে। [ ওপৰলৈ যাওক] জ জী ভালেই জোৱাই ভাল, আপোন ভালেই জগত ভাল: নিজৰ জী যদি ভাল হয় তেন্তে জোৱাই বেয়া হ'লেও ভাল কৰি ল'ব পাৰিব। সেই দৰে নিজেই যদি ভাল হয় তেন্তে আন কোনেও নিজক বেয়া কৰিব নোৱাৰে। জোৰ যাৰ মুলুক তাৰ: যাৰ শক্তি বেছি সেই ব্যক্তিহে সমাজত জীয়াই থাকিব পাৰে। জোকৰ মুখত চূন: জোকৰ মুখত চূন দিলে আহি থকা জোকডাল যেনেদৰে কোচ খায় যায় তেনেদৰে বেছিকৈ আত্মপ্ৰশংসা বা আনৰ কথা কৈ থকা ব্যক্তিৰ মুখৰ আগতে তাৰ সম্পূৰ্ণ বিপৰীত কথা কৈ তেওঁৰ মুখ বন্ধ কৰা। জোৰ পুৰি হাত পোৱা: কোনো এটা বিপদ একেবাৰে কাষত আহি পোৱা। জোৱাঁয়ে নিলেও নিয়া, যমে নিলেও নিয়াজ্বলা জুইত ঘিঁ ঢলা: জুইত ঘিঁ ঢালিলে সি বেছিকৈ জ্বলি উঠে অৰ্থাৎ কাৰোবাৰ খঙত অধিক খং উঠিব পৰা কথা কোৱা। জ্বৰে এৰিলেও কৰ্পাটিয়ে নেৰা: নেৰা-নেপেৰা বিপদ। [ ওপৰলৈ যাওক] টটেঙা আম এবাৰহে বেছিব পাৰি: বজাৰত যদি টেঙা আম মিঠা বুলি বিক্ৰী কৰা হয়, তেনেহলে প্ৰথমতে বিক্ৰী হব, কিন্তু পাছলৈ গ্ৰাহকে ঠগা বুলি গম পাব আৰু সেই দোকানীৰ পৰা আম নিকিনা হব, অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি, ঠগ খোৱাৰ পাছত মানুহ সাবধান হয়। টোপনিৰ চিকুন পুৱা, মাছৰ চিকুন মোৱা: ৰাতিপুৱাৰ টোপনি বৰ আকৰ্ষণীয়, তেনেকৈ মোৱা মাছো আকৰ্ষণীয়। টেঙৰতকৈ টেঙৰ আছে ভুল নাই তাত, সোমোৱাৰ আগতে জানিবা ওলোৱাৰ বাট[ ওপৰলৈ যাওক] ঠঠন ঠন মদন গোপাল, একেটা বৰলাৰ নখন চোতালঠাই দি টপটপনি শুনা: আনক আশ্ৰয় দি শলাগৰ পৰিব্ৰতে খোজেপ্ৰতি খুঁট ধৰি থকা দেখিবলৈ পোৱা। ঠেং তলে যোৱা: অতি অধম। ঠেং দাঙি থাক: যাওঁ যাওঁ বুলি উদ্গীৱ হৈ থাক। ঠেং ভৰি এচাৰ: উদ্ভণ্ডালি কৰ। ঠেঙৰ ওপৰত ঠেং তোল: আৰামেৰে থাক। ঠোঁটকটা কাউৰী: অনৰ্থক বলকি থকা লোক। ঠৰঙা পচলা: কাম-বন নকৰি সময় কটোৱা লোক। [ ওপৰলৈ যাওক] ডডাল জোৰা দে: মূল কথাৰ লগত বাৰেবাংকৰা কথা যোগ কৰি বঢ়াই ক। ডিঙিত ধৰি কান্দ: বিপদত সহানুভূতি প্ৰকাশ কৰ। ডিঙিৰ হাৰমাল: আপদীয়া লোক। ডেকা কাঢ়ে যোৱা: ডেকাকালতে মৰ বুলি শাওঁ দিয়া অৰ্থত। ডেকা কাঢ়ে যাঁতী: ডেকাকালতে মৰ বুলি শাওঁ দিয়া অৰ্থত (স্ত্ৰী লিংগক বুজাবলৈ)। ডেকা ধনি লাগ: যৌৱনৰ প্ৰাক ক্ষণত চঞ্চল হৈ পৰ। ডবনি পিটি খা: অতি ভোজন কৰ। ডঁৰিত বান্দৰ নচা: শাস্তিৰ ভয় দেখুৱাই অবাধ্য লোকৰ দ্ৰা টান কাম কৰোৱা। [ ওপৰলৈ যাওক] ঢঢেঁকী স্বৰ্গলৈ গলেও ধানহে বানে[ ওপৰলৈ যাওক] ত তাতো নাহিলো খাই, ইয়াতো পাবলৈ নাইতিৰিৰ কপালে ধন, পুৰুষৰ কপালে জনতিৰিৰ চুটি বাঢ়নীৰ বুতিতেজ ধুলে উটে, মঙহ ধুলে নুটেতেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে লেত পেলাইতিলকে তালতো কৰা: সৰু কথা এটাকে ডাঙৰ কৰা। তেলিৰ মুৰত তেলতেজ ধুলে উটে, মঙহ ধুলে নুটেতোমাৰ বাৰিৰ বাঁহগাজ কাটি তাৰে কৰিছো খৰিচা, তোমাকে দি ধান দোন ললো, কথাটো মন কৰিছা: আনৰ বস্তুৰে আনকে বেছি নিজে উপাৰ্জন কৰা স্বভাৱ। তুলসীৰ লগত কলপতুৱাৰো মুক্তি: তুলসীক প্ৰবিত্ৰ বস্তু বুলি ভবা হয় আৰু কোনো মাঙ্গলিক কামত কলপাতত তুলসী দিয়া হয়। ফলত তাৰ লগত দিয়া কলপাত খিলাও পবিত্ৰ হৈ পৰে। সেইদৰে কোনো সৎ বন্ধুৰ সঙ্গত থাকিলে অসৎ বন্ধু জনো ভাল পথে যাব পাৰে। তৰিলে দেশ, মৰিলে স্বৰ্গ: দেশৰ হকে যুঁজি বাচি থকিলে দেশৰ স্বাধীনতা উপভোগ কৰিব পাৰিবা, আনহাতে সেই যুদ্ধত মৃত্যু হলেও স্বৰ্গলৈ যাবা। তোপোলা দেখিলে তোপোলা যাচে, ৰ ৰ তোলৈও তোপোলা আছে: কাৰোবাক কিবা এটা দিলে তেওঁ ও ঘূৰাই কিবা এটা দিব। তুমি যদি ডালে ডালে, মই পাতে পাতে: তুমি যদি টেঙৰ, তেনেহলে মই নোম-টেঙৰ। [ ওপৰলৈ যাওক] দ দুই মহৰ যুঁজত বিৰিণাৰ মৰণ: আনৰ কাজিয়া, বেমেজালি বা ঝামেলাৰ মাজত নিৰীহজনৰ হাৰাশাস্তি হোৱা। দুই নাওত দুই ভৰি: বিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱাৰা। দিনৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুইদাঁত নাইকিয়া সাপৰ ফোচফোচনি বেছিদাতাই দিলেও বিধাতাই নিদিয়েদা ধাৰেৰে মাৰিলও গাত পৰে, গদীৰে মাৰিলও গাত পৰেদেহা থাকিলেহে বেহা, নহলে তিতা কেহাদৰিদ্ৰ লঙ্কালৈ যায়, সাগৰো শুকায়, মাণিকো লুকায়দুৰৰ পাহাৰ শুৱণীদুৰৰ ৰৌ বৰালী, ওচৰৰ পুঠি খলিহনাদুষ্টৰ দুদিন, সন্তৰ শ দিন: অসাধু লোকে কেইদিনমান ৰাজত্ব কৰিব পাৰে, কিন্তু সাধু লোকেই বেছিভাগ সময় ৰাজত্ব কৰে। দহো আঙুলিৰে খায়, বুঢ়াই হেচুকিলেহে যায়দেখাতেই কঠাল, পিঠিত কাইট: জল জল পট পট, কোনো প্ৰমাণৰ প্ৰয়োজন নাই। দেখাক দেখি কুকুৰে পাতে একাদশী: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা। দেখাত হে বুটী, কঠীয়া জেঠতে পৰা: দেখিবলৈ সিমান ভাল নহব পাৰে, কিন্তু থকিবলগিয়া আটাইখিনি গুণ আছে। দুহাল গোনা বাই, ছয়মাহ খাবলৈ নাই: থকা সম্পদৰ অপচয়। [ ওপৰলৈ যাওক] ধ ধান পকে মানে টুনিৰ মৰণধানটোৱে প্ৰতি কণটো, মানুহ্টোৱে প্ৰতি মনটোধন দিলে ধোবাই মেখেলাও কোবায়ধন লবা লেখি, বাট বুলিবা দেখিধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতেধনীৰ ঘৰত যাবা চাবলৈ, দুখীয়াৰ ঘৰত যাবা খাবলৈ: ধনী মানুহে নিজৰ সম্পত্তি দেখুৱাই ভাল পায়, আনহাতে দুখীয়া মানুহে আনক খুৱাই-বুৱাই ভাল পায়। ধেই-টাক বুলিলেই তিনি পাক ঘুৰা[ ওপৰলৈ যাওক] ন নলগা জেঙত লগানকৈ নোৱৰো ফটা মুখ, কলেও লাগে ভকতৰ দোষনাই পো লনী, নাই পো ধনীনাই মোমাইতকৈ কণা মোমাই ভালনাই হে নাখাও, লঘোনেও নাযাও, গাতো নিদিও দুখ: খাদ্য নথকা বাবে নাখাও, লঘোনো নপৰো, নিজক দুখ দিব নোৱাৰো। নাও উঠোঁতে বুৰে, নাও নামোতে বুৰেনাও বুৰিলেও টিঙৰ পৰা ননমানাকত লাগিল পাক, মহা ভকতৰ চিন্তা লাগিল, মেধি পাতিম কাকনগাৰ চাং তলে বাটনাচিব নাজানে চোতালখন বেঁকা: নিজে কিবা এটা কৰিব নোৱাৰিলে আনক দোষ দিযা। নি থাকিলে পাণ খিলাও গধুৰনিজ বুদ্ধি শিলৰ খুটিনিজ হাত জগন্নাথনিজৰ পোকৰত গু, আনক কয় ধো ধো ধো: নিজে অসৎ হৈ আনক সৎ হবলৈ উপদেশ দিয়া। নিজৰ নঙলা মুখত সকলো কুকুৰেই বাঘ বা নিজ দেশত ঠাকুৰ পৰৰ দেশত কুকুৰ: অৰ্থাৎ সকলো ব্যক্তিয়েই নিজৰ চিনাকি ঠাইত নিজৰ দাম্ভিকতাৰে নিজক ডাঙৰ হিচাপে প্ৰকাশ কৰে, কিন্তু আনৰ ঠাইত গৈ সেই ভাৱ প্ৰকাশ কৰিব নোৱাৰে আৰু সৰু হৈ থাকিব লাগে। নিজৰ পোকৰ টেকটেকিয়া, লোকৰ পোকৰত পানী চতিয়া: নিজৰ দোষ নেদেখি লোকৰ দোষ দেখা। নেখাও তাইৰ হাতেৰে ভাত, ঘূৰি ঘূৰি তাইতেহে হাত: কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয়। অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও উপায় নাপায় কৰিবলৈ বাধ্য হোৱা অৱস্থা। নোধোও গা ধুৱালি, নাখাও ভাত খুৱালি, নিগিলো কি কৰ কৰ: কোনোবাই গা ধুব ইচ্ছা নকৰিলেযোৰ কৰি গা ধুৱাব পৰি, ভাত খাব ইচ্ছা নকৰিলেযোৰ কৰি মুখত ভাত সুমুৱাই দিব পাৰি, কিন্তু সুমোৱাই দিয়াৰ পাছতো যদি তেওঁ নিগিলো বুলি ভাৱে তেন্তে তেওঁক কেতিয়াও তাৰ বাবে বাধ্য কৰিব নোৱাৰি। অৰ্থাৎ কোনো এজন মানুহক বাহ্যিকভাৱে কিছুমান কাম কৰিবলৈ বাধ্য কৰাব পাৰি যদিও মনৰ ইচ্ছাৰে কোনো কাম কৰিবলৈ নিবিচাৰিলে, কামটো কেতিয়াও সফল হৈ নুঠে। নমঞ্চিব কইনা, ওঠৰতা মূৰ্তিনিবোকা চামোন, গু খোৱা যম: বেছি কথা বতৰা নকয়, কিন্তু মানসিক ভাবে খুব শক্তিশালি। নেহাঁহিবি মোক, সুঁচৰিব তোক: মোৰ অৱস্থা দেখি নেহাঁহিবি, কাৰণ কাইলৈ তোমাৰো তেনে অৱস্থা হব পাৰে। [ ওপৰলৈ যাওক] প পাপীৰ লগত যমদুতৰ শাস্তি: অপৰাধীৰ লগত আৰক্ষীৰ লোকেও শাস্তি খাব লাগে। পাগলে নকয় কি, ছাগলে নাখাই কিপানীত হাঁহ নচৰা অৱস্থাপাপীৰ পিঠাত মনপৰ্বতত কাছৰ কনী বিচৰাপৰৰ পালে জ্বৰৰ গাৰে খোৱাপৰৰ মূৰত কঁঠাল ভঙা পোৱতিয়েহে জানে প্ৰসৱ বেদনা কি পথাৰৰ মাজৰ মুঢ়া, যৰে পৰা চোৱা তৰে পৰাই পোন পুহত কল, মাঘত জল, তেহে পাবা গাত বল পঢ়ে পঢ়াই ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন: ছাত্ৰই পঢ়াৰ বাহিৰে বেলেগ একো নকৰে, শিক্ষকে পঢ়োৱাত নিমগ্ন থাকে, খেতিয়কে খেতিৰ বাহিৰে বেলেগ চিন্তা নকৰে, অৰ্থাৎ যাৰ যি কাম তাতে ব্যস্ত থকা। পঢ়িবা শুনিবা পাইবা দুখে, মৎস্য মাৰিবা খাইবা সুখে পৰুৱাৰ পাখী গজে মৰিবলৈ: নিজৰ ক্ষমতাতকৈ বেছি কাম কৰিব গলে বিপদত পৰিব পাৰে। [ ওপৰলৈ যাওক] ফ ফটা বাঁহ জোৰা নালাগেফটা কঁথা তিতে মানে গালৈহে গধুৰফিৰিঙতিত খাণ্ডব দাহ ফুটা কলহৰ মাত সাৰফেউৰাৰ মাতত সিংহই উভতি নাচাইফোপজহি ৰঙাই, এদোন ধানৰ পিঠা খুন্দি গোটেই গাওখনকে জনাইফটা হওক চিতা হওক পাটৰ তঙালী, কণা হওক কুজা হওক ভুঞাৰ পোৱালিফল খাই পানী, যমে নিয়ে টানিফাল চাছোটেই মাঁহৰ বতৰ যোৱা[ ওপৰলৈ যাওক] ব বাজিব লাগে টেমী কটাৰী, বাজিছে হাঁচটি: হাঁচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক'ব লাগে ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা। বন্ধু চিনিবা বিপদৰ বেলা: বিপদত পৰিলেহে কোন প্ৰকৃত বন্ধু তাক চিনিব পাৰি, কিয়নো ভাল সময়ত সকলোৱে ভালদৰেই বন্ধুত্ব দেখুৱাই। বান্দৰে কি বুজে নাৰিকলৰ মোল: নাৰিকলটো বাহিৰৰ পৰা দেখিবলৈ ভাল নহয়, কিন্তু ভিতৰতহে সুস্বাদু নাৰিকল থাকে, বান্দৰবোৰে কথাটো নাজানি নাৰিকল পালেও পেলাই দিয়ে। অৰ্থাৎ সকলোৱে মূল্যবান বস্তুৰ মূল্য নুবুজে। বান্দৰৰ তিনিটা কণী, নিতৌ উলিয়াই নিতৌ সুমুৱাই ডালৰ ফেৰেঙনিত বহিবাপৰ ধনে নাটে আৰু পাপৰ ধনে নাটেবাছৰ আগত, ঘোৰাৰ পাছত: বিপদজনক ঠাই। বাঘৰ নেজেৰে কাণ খজুৱা বাঘৰ আগতেল খোৱাবাঘৰ আগত ছাগৰ অগা দেৱাবাৰ হাত জালৰ তেৰ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ-বৰালি সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’লবালীলৈ যি পাত, সুগ্ৰীৱলৈও সেই একে পাতবনৰ বাঘে নখায়, মনৰ বাঘেহে খায়: ভয়ৰ কাৰণেহে বিপদ হয়। বাওনা হৈ চন্দ্ৰলৈ হাত মেলা: চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়। এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়। বুঢ়া শালিকাই মাত লোৱাবিনা মেঘে বজ্ৰপাতবাটৰ কচু গাত ঘঁহি লোৱাবাৰীৰ ঘাঁহ গোহালীৰ গৰুৰ ৰাহি যোৰা নাহেবাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি: কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি। বাহৰ পৰা উৰিল কাউৰী, পাৰিলহি কুলিয়ে কণী তিনিবিপদত কুকুৰেও মৈ টানেবেঁকাকৈ পদূলি, চিকুনকৈ নঙলা, কেতিয়াও সেই ঘৰ নহয় বৰলাবেছি মেঘে গাজিলে বৰষুণ নিদিযেবেজিৰ জলঙা মনে, কুঠাৰৰ জলঙা নমনে বেজৰ নাকত খৰবেটিয়ে ভাঙিলে কটৰা, গড়গাঁও পালেহি বতৰা, ঘৈণীয়ে ভাঙিলে কাহী, ঠলে মিচিকাই হাঁহি: বেটি মানে কাম কৰা ছোৱালিয়ে কটৰা ভাঙিলেও সকলোকে কৈ ফুৰা, কিন্তু ঘৈণীয়েকে কাঁহী ভাঙিলেও মনে মনে থকা। অৰ্থাৎ নিজৰ আপোন মানুহৰ ডাঙৰ দোষকো লুকুৱাই ৰাখি আনৰ সৰু দোষকে কৈ ফুৰা। বেতনিত ঔ পৰিল, গোবিন্দায় নমঃ: সাধাৰণতে বেতঁনিৰ কাষত ঔ টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)। ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা। বোকাতহে পদুম ফুল ফুলেবোৱাৰী আনিবা দিনটোৰ বাটত, গৰু আনিবা ৰিংটোৰ বাটত: ওচৰৰ ঘৰৰ পৰা ছোৱালী বিয়া কৰাই আনিলে ঘনে ঘনে মাকৰ ঘৰলৈ গৈ থাকিব, সেয়েহে দুৰৈৰ ঘৰৰ পৰা (যলৈ এদিনৰ বাট) বিয়া কৰাব লাগে। আনহাতে গৰু কিনিলে ওচৰৰ ঘৰৰ পৰা কিনিব লাগে, যাতে বাট ভুল কৰি আগৰ ঘৰলৈ গলেও সহজে বিচাৰি আনিব পাৰি। বলে নোৱাৰা শিলক পৰি নমস্কাৰবহিব জানিলে মাটিয়েই পিৰা, খাব জানিলে চাউলেই চিৰাবুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেকা?বুজাক বুজাবা আকাৰে ঈঙ্গিতে, নুবুজাক বুজাবা হালোৱা এছাৰিৰেবৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি: তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়িভাৱে থকা মানুহজনে ধৰিব নোৱাৰে। কিন্তু সি চিৰস্থায়ী নহয়। অৰ্থাৎ ক্ষন্তেকিয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা। বামত বাম ৰজা, পোটা পুখুৰিত বাকেই ৰজা: নিজৰ নিজৰ ঠাইত সকলোৱে ৰজা। বাতি খালে আটি যায়, লুকাই খালে ঢুকাই যায়: সকলোৰে লগত মিলিজুলি উপভোগ কৰিলে সকলোৱে ভাগ পায়, আনহাতে অকলে উপভোগ কৰিব চেষ্টা কৰিলে নিজলৈকো নাটে। বাৰিৰ পুখুৰি সিচোতেও দুই চাৰিজনক শিঙিয়ে বিন্ধে: একবাৰে সাধাৰণ কামতো অলপ হলেও বিপদ থাকিব পাৰে। [ ওপৰলৈ যাওক] ভ ভৰালত নাই কণটো, বৰসবাহলৈ মনটো: সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা। ভুকুতে কলটো নপকে: সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়। ভুৰুকাত হাতী ভৰোৱা: বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে। ভুতৰ মুখত ৰাম নাম: কাৰোবাৰ চৰিত্ৰ বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড। ভাতত নাখাই লোণ, পিটিকাত যায় তিনিগুণভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰিভাল ভাল ঘোৰাই নাপাই ঘাঁহ, বটুৱা ঘোৰাই বিচাৰে মাহভালুকৰ ওলোটা খোজ: অসম্ভৱ ঘটনা। ভালে পায় ভাল, জাবৰে পায় খালভবা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি[ ওপৰলৈ যাওক] ম মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা,মৰে নদী কুলৰ গাছ, মৰে অলপ পানীৰ মাছমাউখে উতিলে গুৰি পৰুৱাৰ মৰণ নাই: একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে। মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰা লৈ বাতে পাজী: মাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেঁকীথোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা। মাছত বতিয়া আৰু মানুহত কটিয়া, ইহতৰ পৰা অলপ বাছি থাকিবামাজ মুৰত নাই চুলি, গিৰিয়েকে মাতে ৰূপহী বুলিমাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা: আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এনে কৰিলে সন্মান পোৱা যায়। কিন্তু নামাতিলে ভোজ-ভাত খবলৈও যাব নালাগে, ইয়াত আত্ম-সন্মান হানি হ’ব পাৰে। মাছে বোলে মাতে পানীয়ে দুই কোৱাৰি ভেটে: কোনো কথা ক'ব পৰাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিৱেশৰ বাবে ক'ব নোৱৰা অৱস্থা। মাছ বুলি নাখাই জীজী বুলি খায়: কোনো এটা বস্তু পোনপটীয়া ভাবে নলৈ আন অজুহাতত লোৱা। যেনে পোনপটীয়াভাৱে ভেটি নোলোৱা, কিন্তু আন প্ৰকাৰে লোৱা। মাছৰ কেঁচা, চাহৰ চেঁচা: অখাদ্য। মামা বাৰীৰ কলি গাই, এক পিয়ন দি মৰি যায়মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো: প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে। ... মানুহ মৰে কৈ, চৰাই মৰে ৰৈ...মোল্লাৰ দৌৰ মছজিদলৈমন থাকিলে চন, বাকৰি মাটিতো ধন: কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি। ম’হতকৈ শিং চৰামাছৰ তেলেৰে মাছ ভজা: কাৰোবাৰ পৰা লোৱা সামগ্ৰীৰে তেওঁকে তোষামোদ কৰি ঠগী খোৱামাখিৰ মূৰৰ ঘী কাঢ়ি খোৱা: কৃপণ। মেকুৰিৰ ডিঙিত টিলিঙা অৰা: অসাধ্য কাম। মৰে উৰুলি পুঙা, মৰে পদূলি শুঙামুৰত থলে ওকনিয়ে খায়, মাটিত থলে পৰুৱাই খায়:অতি আদৰৰ। মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাহঁনিত: এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনী এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে তাতেই ধৰা পৰে। এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্তেও লোভ সংযম কৰিব পাৰিলেহে ধৰা পাৰে। ম'হৰ আগত বজাও টোকাৰি, ম'হে ঘাহ খায় মুৰ জোকাৰিমুৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভালমুৰ্খই ঠেকি শিকে,জ্ঞানীয়ে দেখি শিকে: মুৰ্খ মানুহে নিজৰ ভুলৰ পৰা শিকে, আনহাতে জ্ঞানী মানুহে আনৰ ভুল দেখি শিকে। মাহৰ মাৰ দেখি তিলে বেট মেলা: আনক সোধ-পোছ কৰা দেখি ভয়তে নিজে নিজে দোষ স্বীকাৰ কৰা। মিছা কথাৰ ঠেং চুটি: মিছা কথা বেছিদিন নিতিকে। [ ওপৰলৈ যাওক] য যতে বাঘৰ ভয়, ততে ৰাতি হয়: যেতিয়া কিবা এটাৰ ভয় হয়, তেতিয়াই তাৰ সম্মুখিন হব লগা হয়। যতে ৰাতি ততে কাটিযদিহে নোপোৱা মছলা ভাল, তলত দিবা বেছিকৈ জালযশ চাই যশিনী, কৃষ্ণ চাই ৰুক্মিণী: আপুনি যেনে মানুহ তেনে সঙ্গই পাব। যাৰ জহত শাখা সেন্দূৰ, তাকে পাতে ভোকোৰা এন্দুৰযাৰ যি ইচ্ছা, হাত দাঙি দাঙি নাছাযাৰ নাই গৰু, সি সবাতোকৈ সৰুযাৰ নাই ধন, তাৰ নাই মানযাৰ নাই বাহ, তাৰ নাই সাহযি যিমান নামে, সি সিমান তিতেযি মূলা বাঢ়ে তাৰ দুপাততে চিনযি পহু মাৰিলা বনত, সেই কথা ৰাখিবা মনতযিয়ে লঙ্কালৈ যায়, সিয়ে ৰাৱণ হয়যাচি দিয়া সোণৰো মূল্য নাই। যাৰ ঘৰত নুগুছে কন্দল, তাৰ ঘৰত নুফুলে কমলযিমানে বিলাই দিবা সিমানে মহান হবা: দান-বৰঙণী কৰিলে মহান বুলি স্বীকৃতি পায়। যিয়েই ৰজা তাৰেই প্ৰজা: সাধাৰণ মানুহৰে বাবে কোনে ৰাজত্ব কৰিছে সেয়া ডাঙৰ কথা নহয়, কাৰণ যিয়েই ৰাজত্ব নকৰক, সাধাৰণ প্ৰজাৰ অৱস্থা একেই থাকে। যেনে কুকুৰ, তেনে টাঙোনযোগ্যে ভোগ্যে বসুন্ধৰা (সংস্কৃত): যাৰ যোগ্যতা আছে সিহে উপভোগ কৰে [ ওপৰলৈ যাওক] ৰ ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহৰ লগত শত্ৰুতা নকৰাই ভাল। ৰজাই ভাল দেখে যাক, ভাৰ-ভেটিও নালাগে তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহে অনায়াশে নিজৰ কাম কৰাব পাৰে, যি কামৰ বাবে সাধাৰণ মানুহে ভেটি দিব লাগে। ৰাইজে নখ জোকাৰিলে নৈ বয়:ৰাক্ষসৰ আগত ধোৱা চাউল"ৰাতি হ'লে সাত হাল, দিনত হ'লে এহালো নাই"ৰান্ধনীশালত কাঁহী-বাতিৰ শব্দ হ'বই! :ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে:ৰৌ বৰালী সৰকি যায়, পুঠি খলিহনা ৰৈ যায়:ৰছকিয়ে পাতে গাওঁ, নিবুকিয়ে ভাঙে গাওঁ:ৰূপ টকাৰ কানি, একে হোপাই শেষ:ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে:ৰোৱা চাবা পুৱা বেলিত, গাভৰু চাবা মাছৰ তলিত:[ ওপৰলৈ যাওক] ল লুইতেহে জানে বঠা কিমানলৈ বহেলুকাই খালে ধুকাই যায়, বাটি খালে আটি যায়লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটিলোভে পাপ, পাপে মৃত্যুলোহাৰেহে লোহা কাটিব পাৰি: কাৰোবাক পৰাস্ত্ৰ কৰিব হলে তাৰ সমানেই শক্তি থাকিব লাগে। লাগি থাকিলে মাগি নাখায়: যি অনৰহ কাম কৰি থাকে, সি আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে। [ ওপৰলৈ যাওক] স সময়ৰ টিকণি আগফালে উৰে:আমি যদি এটা কিমান কৰো তেতিয়া সময়লৈ ৰৈ থাকিলে নহ'ব যদি সময়লৈ ৰৈ থাকো তেতিয়া পিছ পৰি যাম। সেইবাবে সময়ৰ কাম সময়ত কৰিব লাগে। পিছলৈ থৈ দিব নালাগে। সময়ৰ শৰ সময়ত মাৰিবা: যি সময়ত যি কাম কৰিব লগা আছে, সেই সময়তেই সেই কাম কৰিব লাগে, সময়ত নকৰি পিছলৈ পেলাই থলে বিপদত পৰিবলগা হব পাৰে। সৰুৱে পানী পেলাই, ডাঙৰে পিছল খাই: সৰু লৰা-ছোৱালীৱে কৰা দোষৰ শাস্তি সিহঁতৰ অভিভাৱকে পায়। সান্দহ খোৱা বালি তল যোৱাসাপ মাৰি নেগুৰত বিষ এৰাসৰিয়ঁহৰ ডুলিত ভুতসন্ধিৰ বাহ বুদ্ধিৰে কটাসকলো চৰাইয়ে মাছ খায়, মাছৰোকাৰ নাম ৰয়: মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই। কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয়। অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে। সকলো জিলিকা বস্তু সোণ নহয়সাগৰেদি উটি যায় শংখ, নেগুৰিয়া শামুকে কয় ময়ো তাৰে বংশসাত পুৰুষত নহ'ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়: সাধাৰণতে ফুটনি মৰা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কোনো মানুহৰ সামান্য কাম এটা কৰাৰোঁ সক্ষমতা নাথাকে কিন্তু আনক দেখুৱাই ডাঙৰ ডাঙত কাম কৰাৰ কথা কয়। অৰ্থাৎ ঘৰত গাই-গৰু নথকাকৈয়ে গাখীৰ খিৰাবলৈ যোৱাৰ দৰে কথা। সাতে পাতল, পাছে ঘন, ছয়ে তামোল, নদন বদনসাত পো বাৰ নাতি, তেহে কৰিবা কুহিয়াৰ খেতি সু জল বৰিষণা, সু মত্স্য দৰিকণাসু তিৰী ফেদেলী, সু ফল কদলীসাতোৰ সাতোৰ নিজ বাহু বলে, সাতুৰিব নোৱাৰিলে যা ৰসাতলে: পানীত পৰি সাতোৰিব নোৱাৰিলে মৃত্যু নিশ্চিত। অৰ্থাৎ নিজৰ বাহু বলে কোনো কাম কৰিব নোৱাৰি আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে একো ফল লাভ কৰিব নোৱাৰি। সাপে নাপাহৰে কঁকালৰ কোব, মাকে নাপাহৰে পুত্ৰৰ শোক: সাধাৰণতে সাপৰ স্মৃতি শক্তি অতি প্ৰখৰ। কোনোবা ব্যক্তিয়ে সাপক অনিষ্ট কৰিলে সেই ব্যক্তি জনক কেতিয়াও নাপাহৰে আৰু আক্ৰমণ কৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকে। একেদৰে মাকৰ বাবে পুত্ৰত মৃত্যু কেতিয়াও পাহৰিব নোৱাৰা শোক। অৰ্থাৎ কোনোবা ব্যক্তিক আমি এবাৰ অপকাৰ কৰিলে সেই ব্যক্তিজনে যিমান ভাল হ'লেও সদায় মনৰ মাজত এটা ক্ষোভ ৰাখি থয় আৰু সুবিধা পালে অন্যায় কৰিবলৈ নাপাহৰে। সাপৰ লেখা, বাঘৰ দেখাসাপ হৈ খোটা, বেজ হৈ জৰা: নিজেই অন্যায় কৰি শেষত ভালৰি লগাবলৈ বা আনক দেখুৱাবলৈ তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা। সেই ৰামো নাই, সেই অযোধ্যাও নাই: এজন ভাল ব্যক্তিয়ে এটা ভাল পৰিবেশো সৃষ্টি কৰে। কিন্তু তেওঁৰ মৃত্যুৰ লগে লগে চাৰিওফালৰ পৰিবেশটোও এলাগি হৈ পৰে। অৰ্থাৎ কোনো ভাল বস্তুৰ লগতে তাৰ চাৰিওফালৰ আনুষাঙ্গিক বিষয়বস্তু বিলাকো শেষ হৈ যায়। সীতা থাকিবলৈ ৰামো থাকিব লাগিবসোণ বেছি দৰিদ্ৰ হোৱা: এসময়ত ধণ সম্পত্তি আছিল, কিন্তু কালক্ৰমত দুখীয়া হৈ যোৱা। সোণত সুৱগা চৰাসমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ: সাধাৰণতে ৰণত হৰা জিকা থাকেই, কিন্তু নিজতকৈ শ্ৰেষ্ঠজনৰ লগত বা দুৰ্বলজনৰ লগত হৰা জিকা হ'লে কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে। অৰ্থাৎ নিজৰ সমকক্ষ ব্যক্তিজনৰ লগত কাম কৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি হৰা জিকা হ'লে কোনেও কাকো দোষ দিব নোৱাৰে বা আনৰ ওচৰতো লাজ পাব নোৱাৰে। সময়ৰ টিকনি সদায় আগফালে: সাধাৰণতে মানুহৰ টিকনি পাছফালে থাকে আৰু তাত সহজতে ধৰি মানুহক ৰখাব পাৰি। কিন্তু আগফালে থকা হ'লে কোনেও সেই কাম কৰিব নোৱাৰিলেহেঁতেন। একেদৰে সময়ৰ টিকনিডাল আগফালে থকা বাবে সময়ৰ গতিক কোনেও ধৰি ৰাখিব নোৱাৰে। অৰ্থাৎ আমি সময় থাকোঁতেই সকলোঁ কাম কৰা উচিত। ইয়াত টিকনি-ক কেৱল ধৰি ৰখাৰ সুবিধাজনক আহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। সিয়নীত শুৱা, ভটিয়নি পানীত যোৱা: পানীৰ সোঁতৰ লগত সাধাৰণতে মিলি যাবলৈ সহজ। তাৰ বাবে বেছি কষ্ট কৰিব নালাগে। অৰ্থাৎ বুদ্ধিৰে সহজ ব্যৱস্থা গ্ৰহণ কৰি চলি থকা। আনহাতে সিয়নীত শুৱা কথাষাৰৰ লগতো এটা সাধুকথা জড়িত হৈ আছে। এবাৰ তিনিজন ককাই-ভাইৰ মাজত সম্পত্তিৰ ভাগ কৰিব লগা হ'ল। সম্পত্তিৰ নামত এখন কম্বল আৰু এযোৰ বেজি-সূঁতা। কোনে কি ল'ব ভাবি থাকোঁতে আটাইতকৈ বুদ্ধিয়ক জনে গুলি-সূঁতা ল'লে আৰু বাকি দুজনক কম্বলখন ফালি ল'ব ক'লে। সেই মতে কাম হ'ল। কিন্তু ৰাতি ফটা কম্বল দুখন লৈ দুজনে টানি-টানি শুই থাকিল। কিন্তু বুদ্ধিয়কজনে দুয়োজনৰ মাজত শুবলৈ সোমাই বেজি-সূঁতাৰে দুয়োখন চিলাই আৰামত শুই থাকিল। স্থান এৰিলে মান যায়: নিজৰ থকা ঠাই এৰিলে সেই ঠাইত ইমান দিনে আৰ্জন কৰা মান ও এৰিব লাগে, কাৰণ নতুন ঠাইৰ মানুহে আপোনাৰ বিষয়ে নাজানে। [ ওপৰলৈ যাওক] শ শ পাপে জ্বৰ, হাজাৰ পাপে খৰ: ভগবানে আপোনাৰ পাপৰ হিচাপ সৰু সৰু ৰোগৰ দ্বাৰা দিয়ে। শালৰ মাজত শিঙি ওলোৱাশাল শিঙৰি কহিৰৰ এফাল, ইকৰাই বোলে নিতিতিলে নুশূকালে ময়ো যাও কত কাল: নিৰ্মাণ সামগ্ৰী হিচাবে ইকৰা একেবাৰে দুৰ্বল, কিন্তু ঠিকভাবে ৰ’দ-বৰষুণৰ পৰা বছালে ইও বহুদিন যায়। শেনতো হৈ গৈ ফেঁচাতো হৈ ঘূৰি অহা: দম্ভালি মাৰি কিবা কাম এটা কৰিম বুলি গৈ বিফল হৈ ঘূৰি অহা। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে: কিবা এটা পাবলে হলে কাম কৰিব লাগিব। শগুনৰ শাওত বুঢ়া গৰু নমৰেশাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ: সৰু সৰু খৰচ এৰাব চেষ্টা কৰা, কিন্তু ডাঙৰ খৰচ কৰা। আগৰ দিনত লোণ বহুমূল্য সামগ্ৰী আছিল, যিহেতু ইয়াক অসমত পোৱা নগৈছিল সেই বাবে বাহিৰৰ পৰা আমদানী কৰা হৈছিল। সেয়েহে লোণ কমকৈ ব্যৱহাৰ কৰিবলৈ শাকত লোণ নিদিয়াকে বনোৱা হল, কিন্তু পিটিকা লোণ নোহোৱাকে খাব নোৱাৰা কাৰণে তাত লোণ দিব লগা হল, এতিয়া শাকত যিমান লোণ লাগিলহৈ পিটিকাত তাতকৈ বেছি লোণ লাগিব। শাহু-বোৱাৰীৰ ঘৰ, কোনে খালে দৈ-সৰ: শাহু বোৱাৰীৰ মাজত দ্বন্দ্ব্ব্ব যিকোনো সৰু সৰু কাৰণতে হয়। ঘৰখনত কোনো এটা বস্তু ইফাল সিফাল হ'লেও সাধাৰণতে শাহু-বোৱাৰীয়ে পৰস্পৰক সন্দেহৰ দৃষ্টিৰে চায়।শিয়ালৰ জাক জাক, সিংহৰ এটাই যথেষ্ট: সিংহ যথেষ্ট শক্তিশালী চিকাৰী প্ৰাণী, ইয়াক বনৰ সকলো জন্তুৱেই ভয় কৰে, আনহাতে শিয়ালে নিজে চিকাৰ নকৰে, আনে চিকাৰ কৰি খাই এৰি থৈ যোৱা মাংস খায়। বহুকেইটা শিয়াল একেলগে থাকিলেও অকলশৰীয়া সিংহ এটাকে ভয় কৰে। অৰ্থাৎ বহুকেইজন সাধাৰণ মানুহ থকাতকৈ এজন শক্তিশালী মানুহেই যথেষ্ট। শত্ৰু জ্ঞান কৰি বান্ধিবা, মিত্ৰ জ্ঞান কৰি নিবাশুনা কথাত নিদিবা কাণ, দেখিলেও ল'বা তিনিটা প্ৰমাণশুকান জেওৰা খৰিৰ ৰস চেপি উলিওৱাশূন্যত গডা ঘূৰোৱা বীৰ: দূৰৰ পৰা হুঙ্কাৰ কৰি আচল যুদ্ধলৈ যাব ভয় কৰা লোক। [ ওপৰলৈ যাওক] হ হাতীয়ে খায় যিমান লাডেও সিমান: প্ৰত্যেকেই নিজৰ সামৰ্থ আৰু যোগ্যতা অনুসৰি খৰচ কৰিব লাগে। হাতত নাই কণটো, বৰ সবাহলৈ মনটো: হাতত ফুটাকড়ি এটাও নোহোৱাকে ডাঙৰ কামলৈ মন মেলা স্বভাৱ। মনৰ অলীক কল্পনা। হাতৰ কুঠাৰ ভৰিত মাৰ: নিজেই নিজৰ অপকাৰ কৰা। হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়: হাতী চোৰেই হওক বা বেঙেনা চোৰেই হওক সকলোৱেই অপৰাধী। কিন্তু ডাঙৰ অপৰাধী কিবা প্ৰকাৰে সাৰি যায় আৰু ধৰা নপৰে, কিন্তু সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে। হাবিৰ জুই দেখি, মনৰ জুই নেদেখি: হাবিত জুই লাগিলে সকলোৱে দেখা পায়, কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্ট বাহিৰৰ পৰা কোনেও উমান পাব নোৱাৰে। হাড় নাইকিয়া জিভা, কয় কিবা কিবা: নক’বলগিয়া কঠা এটা কৈ পিছত জিভা পিছলা বুলি কোৱা। হাড়ত বন গজা: বহু পুৰণি হোৱা। হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ আঠায়ে সাক্ষী: হাঁহ চোৰ কৰিবলৈ যাওঁতে ক'ব নোৱাৰাকৈয়ে ক'ৰবাত পাখি লাগি থাকে আৰু কঁঠাল খাওঁতে মুখত কিবা প্ৰকাৰে আঠা লাগিবই। অৰ্থাৎ কিবা অপকৰ্ম কৰাৰ পিছত ক'ৰবাত নহয় ক'ৰবাত চিন থাকি যায়। হাঁহৰ ওপৰত শিয়াল ৰজা: প্ৰতিজন দুৰ্বল ব্যক্তিৰ ওপৰত সেই জনতকৈ অলপ সবল ব্যক্তিজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা। হ’ব চলি, বুলিব বাপ, তেহে গুচিব মনৰ তাপহৰিণাৰ মাংসই বৈৰী: হৰিণাৰ মাংস অতি উত্তম মাংস। সেই মাংসৰ কাৰণেই হৰিণা সহজতে চিকাৰীৰ চিকাৰত পৰে। এতেকে কেতিয়াবা কোনো মানুহৰ নিজস্ব ধন-সম্পত্তিয়েই নিজৰ বিপদ নমায় আনে। হলা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে: গছ হালি থকিলে কাটি তাক বগৰাবলৈ সহজ হয়। আনহাতে তাৰ বাবে বেছি কষ্ট কৰিবও নালাগে। সেই দৰে কোনো দুৰ্বলি লোকক তাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি সকলোৱে অপকাৰ কৰিবলৈ আগবাঢ়ে। হস্তিৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাৱ: ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে। হস্তিৰো লাড দেখি শহাই ফাৰে মাৰ্গ: আনৰ উন্নতি, সুখ, আনন্দ দেখি নিজৰ সক্ষমতালৈ নাচাই তাক জোৰ কৰি পাব বিচাৰি নিজে কষ্ট পোৱা। হয় পো মুখে, নহয় পো গুফে, হয় পো ধনী, নহয় পো লনি: ইয়াত এজন পুৰুষৰ চাৰিটা গুণ থাকিলে কেতিয়াও বিপদত নপৰাৰ কথা প্ৰকাশ কৰিছে। যদি এজন মানুহে সুন্দৰ কথা ক'ব পাৰে, নাইবা গুফযুক্ত অৰ্থাৎ পৌৰষত্ব থাকে, যদি ধনী হয় নাইবা দেখিবলৈ সুন্দৰ হয় তেনেহ'লে তেওঁ যিকোনো এটা গুণ কাৰ্যত খটোৱাই নিজৰ বংশ ৰক্ষা কৰিব পাৰিব। হাঁহেৰেও ৰাজী, মাঁহেৰেও ৰাজী: যিকোনো কথাতে সন্তুষ্ট হোৱা। হুলেৰেহে হুল কাঢ়িব পাৰি''': কাৰোবাক পৰাস্ত্ৰ কৰিব হ'লে তাৰ সমানেই শক্তি থাকিব লাগে। [ ওপৰলৈ যাওক] তথ্যসূত্ৰ বাহ্যিক সংযোগ কেপ্টেইন পি আৰ গৰ্ডনৰ সংকলিত ১৮৯৬ চনত প্ৰকাশিত ফঁকৰা যোজনাৰ কিতাপ "Some Assamese Proverbs" Some Assamese proverbs কিতাপখনৰ ইউনিক’ড ৰূপান্তৰ অসমৰ ভাষা আৰু লিপি অসমীয়া লোকসাহিত্য
2813
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%A4%E0%A7%81%E0%A7%B1%E0%A6%BE%20%E0%A6%A0%E0%A6%BE%E0%A6%81%E0%A6%9A
জতুৱা ঠাঁচ
জতুৱা ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হ’লে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom। কেইটামান জতুৱা ঠাঁচ তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। অৱস্থা চাই ব্যৱস্থা : চাই চিতি উপায় কৰা। অকঁৰা মৈত উঠা : মিছাতে কোনো কামত ধৰি এৰিব নোখোজা। অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ। আঁঠু কাঢ় : আঁঠুৰে বুল। আঁঠু ল : মাটিত আঁঠু লগাই সেৱা কৰ। আভুৱা ভৰা : মিচা কথা কৈ দায় সৰা। আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা। আলাসৰ লাড়ু : অতি মৰমৰ। এপাচি শাকত এটা জালুক : বেচি প্ৰয়োজনত কম যোগান। ওপৰ চকুৱা : অসাৱধান বা বেহিচাপী লোক। কপাল ফুটা : দু্ৰ্ভগীয়া। কপাল ফুলা : সৌভাগ্যই লগ দিয়া। কপাল ধো : আশা এৰা। কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰা। কঁকাল পৰ : বুঢ়া হোৱা। কাণ কটা : নিলাজ। কাণ দি : মনোযোগ দিয়া। কাণ চুই থ : আগলৈ মনত ৰাখ। কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ। কাণত ধৰি ক : শপত খাই ক। কাণ সমনীয়া : ডেকা। কাণ বাগৰা : লোকৰ মুখে শুনা। কুকুৰে মৈ টনা : বিপদত কষ্ট কৰা। খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা। গাত সৰিয়হ ফুটা : গা এৰা দিয়া : সম্পৰ্ক এৰা। গাই বাই চোৱা : চেষ্টা কৰি চোৱা। গা ধৰা : শকত হোৱা। ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব। নোখোজা। ঘৰিয়ালৰ চকুপানী : মিছাতে চকুপানী টুকি দুখৰ অভিনয়। কৰা। চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা। চকুত লগা : ধুনীয়া হোৱা। চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ। চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু। চুক ভেকুলী : একো নজনা। চুঙা চাই সোপা : চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন। ডলাৰ বগৰী : ঘটনাই ঠাই সলোৱা। তলে পুতল : ভিতৰি ভিতৰি অনিষ্ট কৰা। দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা দেশ চাইহে ভেশ : পৰিস্থিতিৰ লগত মিলিব পৰা। ধোদৰ পছলা : এলেহুৱা। ধোঁৱাচাঙত তোল : সৰ্বশান্ত কৰা, সকলো শেষ কৰা। নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ। নদন-বদন : উভৈনদী। নাদৰ/কুঁৱাৰ ভেকুলী : ঘৰত সোমাই থকা। পৰ্বতত কাছ কণী বিচৰা : অবাস্তৱ চিন্তা কৰা। পাবত গজা : মূল নোহোৱা। পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু। পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা। পানী মিঠৈ : মনে সজা। পাভ লুটি মৰা : বাগৰ সলোৱা। পেট চলা : বেছিকৈ শৌচ কৰা। পেট মচা : নুমলীয়া। পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা। পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা। পানীত পৰা : অথলে যোৱা। বাট চা : অপেক্ষা কৰা। বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ। বুৰে পতি শেলুক : ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা। ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ। মন কৰ : ইচ্ছা কৰ,মনোযোগ দে। মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ। মূৰ খা : মৃত্যুৰ কাৰণ হ। মূৰ ঘমা : বৰকৈ চিন্তা কৰা। মূৰ পাতি লোৱা : দায়িত্ব লোৱা। মূৰ পোলোকা মাৰ/দে : গা এৰা দে। মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা। মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা। হাত উজান দিয়া : কামত সহায় কৰা। হাত লৰ : চোৰ স্বভাৱৰ। হাত দীঘল : ক্ষমতাশালী। হাত সাৱটি থকা : কাম নকৰাকৈ থকা। হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা। হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা। হাত টান : কৃপণ। শেনৰ এজাত : দুভজীয়া কথা। শেন চকুৱা : তীক্ষ্ণ দৃষ্টিৰ। শূন্যত গদা ঘূৰোৱা : জানি-বুজি কৰা ব্যৰ্থ প্ৰচেষ্টা। সাত ঘাটৰ চেঙেলী : অতি টেঙৰ। সাত ঘাটৰ চেঙেলী : বৰ টেঙৰ। সাহেই সিদ্ধি : সাহসেই সিদ্ধি। লগতে চাওক ফকৰা যোজনা তথ্য সংগ্ৰহ অসমৰ ভাষা আৰু লিপি অসমীয়া লোকসাহিত্য
2835
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
এইখন তালিকা ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত ৰাজ্য অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে। মুখ্যমন্ত্ৰীসকল Timeline টোকা তথ্য সংগ্ৰহ অসমৰ ৰাজনীতি অসম সম্পৰ্কীয় তালিকা অসমৰ মুখ্যমন্ত্ৰী φ
2847
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A7%87%E0%A6%B2
কাৰ্ণেল
কম্পিউটাৰ বিজ্ঞানত কাৰ্ণেল হৈছে বেছিভাগ কম্পিউটাৰৰ অপাৰেটিং চিষ্টেমৰ মূল ভাগ; ই কোনো এপ্লিকেচন আৰু হাৰ্ডৱেৰ পৰ্যায়ত কতা ডেটা বিশ্লেষণৰ সংযোগী ব্যৱস্থা। কাৰ্ণেলৰ প্ৰধান দায়িত্ব হৈছে চিষ্টেম বা প্ৰণালীটোৰ সম্পদসমূহৰ পৰিচালনা (হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ অংশৰ মাজত যোগাযোগ)। কম্পিউটাৰ বুট কৰাৰ সময়ত প্ৰথমতে হাৰ্ড ডিস্ক-অৰ পৰা কাৰ্ণেল চফ্টৱেৰটো প্ৰাথমিক মেমৰীত তুলি তাৰ ইনষ্ট্ৰাকচন বোৰ ৰাণ কৰা হয়। ইয়াৰ পাচৰপৰা কম্পিউটাৰৰ বিভিন্ন আনুসংগিক যতনবোৰ -যেনে কী-ব’ৰ্ড, ডিচপ্লে', প্ৰিন্টাৰ ইত্যাদি, প্ৰাথমিক মেমৰী, হাৰ্ড ডিস্ক, চিডি-ৰ’ম বিভিন্ন সংসাধনবোৰ, প্ৰয়োজনীয় চফ্টৱেৰ প্ৰচেচবোৰ, নেটৱৰ্ক ইত্যাদি কাৰ্ণেলে পৰিচালনা কৰা আৰম্ভ কৰে। কাৰ্ণেলৰ মধ্যস্থতাতহে অন্যান্য এপ্লিকেচন চফ্টৱেৰে এইবোৰ ব্যৱহাৰ কৰিব পাৰে। কাৰ্ণেলেই চিষ্টেম চিকিউৰিটী, অথেন্টিকেশ্যন আৰু একচেচ কন্ট্ৰলৰ বাবে দায়বদ্ধ। কম্পিউটাৰৰ বিভিন্ন সংশোধনবোৰ ভোক্তাৰ প্ৰয়োজন আৰু অধিকাৰ অনুযায়ী কাৰ্ণেলেই পৰিচালনা আৰু পৰিবেশন কৰে। কোনো কোনো সাধন – বিশেষকৈ প্ৰিন্টাৰ, নেটৱৰ্ক কাৰ্ড, ডিচপ্লে' আদি পাৰিপাৰ্শ্বিক যতনবোৰ ব্যৱহাৰ কৰিবলৈ কাৰ্ণেলক ডিভাইচ ড্ৰাইভাৰ চফ্টৱেৰৰ প্ৰয়োজন হয়। তথ্যসূচী কম্পিউটাৰ বিজ্ঞান
2848
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B8
লীনাক্স
লীনাক্স বা লাইনাক্স এবিধ অপাৰেটিং চিষ্টেম; ইয়াত লীনাক্স নামৰ কাৰ্ণেল আৰু তদুপযোগী অন্যান্য প্ৰগ্ৰেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে। পৰিচয় আৰু ইতিহাস প'জিক্স(POSIX) নামেৰে এলানী সৰ্বজনমান্য নিৰ্দেশনা অনুসিৰ SYSV আৰু BSDনামৰ দুইধৰণৰ ধাৰাত লীনাক্স অপাৰেটিং চিষ্টেম তৈয়াৰ কৰা হৈছে। সাধাৰণভাবে ইয়াক ইউনিক্স (UNIX) নামৰ এবিধ বহুপ্ৰচলিত অপাৰেটিং চিষ্টেমৰ নিচিনা বুলি কব পৰা যায়। অপাৰেটিং চিষ্টেমৰ নাম লীনাক্স হলেও প্ৰকৃততে ইয়াৰ কাৰ্ণেল অৰ্থাৎ চফ্টৱেৰৰ যি অংশই কম্পিউটাৰটো মুলত: পৰিচালনা কৰে তাৰ নামহে লীনাক্স। এই কাৰ্ণেলৰ মূল স্ৰষ্টা লাইনাচ টৰ্ভেল্ডচ-অৰ নাম অনুসৰি ইয়াৰ নাম লীনাক্স ৰখা হৈছে। ইয়াৰ চ'ৰ্ছ ক'ড সৰ্বজনীন – অৰ্থাৎ বিনামূল্যে উপলব্ধ আৰু সত্তাধিকাৰ মুক্ত। এনেধৰণে সত্ত্বসংৰক্ষণ বাহাল ৰাখিবৰ বাবে ইয়াক জি এন ইউ সৰ্বজনীন লাইচেন্সৰ অধীনত বিতৰণ কৰা হয়। এই কাৰ্ণেল আৰু ইয়াক ব্যৱহাৰ কৰি চলাব পৰা অন্যান্য প্ৰগৰেম সন্নিবিষ্ট কৰি এক পূৰ্ণাংগ ব্যৱহাৰযোগ্য অপাৰেটিং চিষ্টেমৰূয়পে বিতৰণ কৰা হয় কাৰণে জনপ্ৰিয়ভাৱে অপাৰেটিং চিষ্টেমটোক লীনাক্স বোলা হয়। সাধাৰণতে ওপৰোক্ত সন্নিবিষ্ট প্ৰগ্ৰেমবিলাকো জি এন ইউ লাইচেন্সযুক্ত হয়। ফলস্বৰূপে পৰিবহণ আৰু বিতৰণৰ বাবে হোৱা খৰচ বাদ দিলে লীনাক্স অন্য যিকোনো ব্যাৱসায়ীক ভাৱে তৈয়াৰ কৰা অপাৰেটিং চিষ্টেম যেনে মাইক্ৰচফ্ট উইণ্ড'জ এক্স পি, এপল মেক অ' এচ আদিৰ লগত ফেৰ মাৰিব পৰা অথচ বিনামূলীয়াকৈ পোৱা যায়। লীনাক্স কাৰ্ণেল লাইনাচ টৰ্ভেল্ডচ-এ ১৯৯১ চনত লিখা আৰম্ভ কৰে। ইয়াৰ কাৰণে ১৯৮৩-ত ৰিচাৰ্ড ষ্টলমেনৰ উদ্যমত প্ৰতিস্থিত ফ্ৰী চফটৱেৰ ফাউণ্ডেশ্যন (FSF) নামে অব্যৱসায়িক সংস্থাৰ সৌজন্যত প্ৰাপ্ত জি এন ইউ (GNU) লাইচেন্সযুক্ত চফ্টৱেৰ লাইব্ৰেৰী আৰু প্ৰগ্ৰেমিঙৰ সাধনসমূহ ব্যৱহাৰ কৰা হয়। সেয়ে লীনাক্সক কেতিয়াবা-কেতিয়াবা জি-এন-ইউ/লীনাক্স বুলিও উল্লেখ কৰা দেখা যায়। লীনাক্সৰ ডিষ্ট্ৰীবিউশ্যন বা সংকলনসমূহ লীনাক্স কাৰ্ণেল আৰু বিভিন্ন প্ৰগ্ৰেম সহকাৰে বিভিন্ন সংকলনৰূপে বিভিন্ন ব্যৱসায়িক বা দাতব্য গোটে উপভোক্তাৰ ব্যৱহাৰৰ কাৰণে লীনাক্স প্ৰস্তুত কেৰ। বিভিন্ন মাধ্যম যেনে ইণ্টাৰনেট, চি ডি/ডিভিডি, ইউ এচ বি ড্ৰাইভ ইত্যাদি ব্যৱহাৰ কৰি এই সংকলনবোৰ যোগান ধৰা হয়। এই বিভিন্ন সংকলনবোৰ সাধাৰণ দৈনন্দিন কামত যেনে ৱৰ্ড প্ৰচেচিং, স্প্ৰেডচিট, খেলা আদিত ব্যৱহাৰৰ উপৰিও িবিভন্ন বিশেষ ব্যৱহাৰ যেনে ৰাউটিং, শিক্ষামূলক ব্যৱহাৰ, ইমেইল, ৱেব আদি বিভিন্ন ইণ্টাৰনেট চাৰ্ভাৰ প্ৰগ্ৰেমৰ উপযোগী হোৱাকৈও প্ৰস্তুত কৰা হয়। আৰ্থিক লাভৰ বাবে উপভোক্তাৰ প্ৰয়োজন অনুসৰী কোনো কোনো সংগঠনে ব্যাৱসায়ীক সেৱা আৰু দিহা-পৰামৰ্শও আগবঢ়ায়। নিম্নলিখিত তালিকাত এনে কিছুমান ভাষ্য আৰু সেইবোৰৰ বিষয়ে কিছু তথ্য দিয়া হ'ল। বিভিন্ন সমজুৱা ডিষ্ট্ৰীবিউশ্যনসমূহ এনেধৰণৰ ডিষ্ট্ৰীবিউশ্যনসমূহ সাধাৰণতে ইণ্টাৰনেটৰ জৰিয়তে মিভিন্ন স্বেচ্ছাসেৱক ব্যক্তি, গোট বা কোম্পানীয়ে যুটীয়াভাৱে প্ৰস্তুত কৰা। জী এন ইউ বা তেনেজাতী্য লাইচেন্সৰ অধীনত ব্যৱহাৰ আৰু বিতৰণৰ বিশেষ বাধ্যবাধকতা নথকাকৈ এইবোৰ বিতৰণ কৰা হয়। তলত কিছুমান এনে ডিষ্ট্ৰীবিউশ্যন কিছুমানৰ বৰ্ণনা দিয়া হ'ল। আৰ্কলীনাক্স(Archlinux): এই সংকলনত লীনাক্সক যথাসম্ভৱ সৰল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। চেণ্টঅ'এচ(CentOS): ৰেডহেট সংকলনৰ অনুকৰণ কৰি এই সংকলন তৈয়াৰ কৰা হৈছে। এক স্বেচ্ছাসেৱক গোটে জনপ্ৰিয় ৰেডহেটৰ দৰে অথচ বিনামূলীয়া এই লীনাক্স-অৰ চোৱাচিতা কৰে। ডেবীয়ান(Debian): ই “বিনামূলীয়া চফ্টৱেৰ নীতি”-ৰ সমৰ্থক স্বেচ্ছাসেৱক গোটৰ দ্বাৰা সৃষ্টি আৰু চোৱাচিতা কৰা লীনাক্সৰ এক জনপ্ৰীয় সংকলন। ফেড'ৰা(Fedora): ৰেডহেট সংকলনৰ ৰাজহুৱা ৰূপ (বিনামূল্য উপলব্ধ) জেণ্টু/গেণ্টু(Gentoo): পাকৈত উপভোক্তাৰ কাৰণে। ইয়াৰ চফ্টৱেৰ উন্নীতকৰণৰ কাৰণে স্বয়ংক্ৰিয় ভাবে চ'ৰ্ছ ক'ড ডাউনল'ড আৰু কম্পাইল কৰি কম্পিউটাৰ চিষ্টেমটোত শেহতীয়া পৰিবৰ্তনবোৰ যোগ দিয়াৰ ব্যৱস্থা আছে। নপিক্স লাইভ চি-ডি(Knoppix Live CD): ইয়াক চি-ডি-ৰ পৰা কম্পিউটাৰ বুট কৰি কাম কৰিব পৰা যায়। ফলত লীনাক্স ইনষ্টল নকৰা কম্পিউটাৰতো লীনাক্স-অত কাম কৰিব পৰা যায়। মেনড্ৰীভা(Mandriva): ৰেডহেটৰেই মূল ব্যৱহাৰ কৰি সৃষ্ট এই সংকলণটো ফ্ৰান্স আৰু ব্ৰাজিলত অত্যন্ত জনপ্ৰিয়। মণ্টাভিষ্টা চফ্টৱেৰ(MontaVista Software): লাইনাক্সৰ এক “লীনাক্স এম্বেডেড ডিভাইচ”-ত ব্যৱহাৰ কৰিব পৰা সংকলণ ৰেডহেট/ৰেডহেট এণ্টাৰপ্ৰাইজ লীনাক্স(Red Hat): একে নামৰ কম্পেনীৰদ্বাৰা সৃষ্টি আৰু বিক্ৰয় কৰা জনপ্ৰিয় ব্যৱসায়িক সংকলণ। শ্লেকওৱেৰ(Slackware): লীনাক্সৰ প্ৰথমৰ ফালৰ এক অন্যতম জনপ্ৰিয় সংকলণ। ইউবাণ্টু(Ubuntu) আৰু এডুবাণ্টু: ডেবিয়ানৰ পৰিবৰ্তিত ৰূপ। এডুবাণ্টু-ক বিশেষভাবে শৈক্ষিক কাৰ্যত ব্যৱহাৰৰ কাৰণে তৈয়াৰ কৰা হৈছে। সাধাৰণেত এই সংকলনবোৰ নিজৰ নিজৰ ৱেব চাইটৰ পৰা ডাউনল'ড কৰিব পৰাকৈ বিতৰণ কৰা হয়। ব্যৱসায়িক বা এণ্টাৰপ্ৰাইজ ডিষ্ট্ৰীবিউশ্যন ব্যৱসায়িক সংকলনবিলাকত উপভোক্তাৰ সুবিধাৰ কাৰণে সাধাৰণতে কোনো কোনো অতিৰিক্ত চফ্টৱেৰ যোগ-বিয়োগ কৰি বিশিষ্ট গ্ৰাহক গোটৰ উপযোগী কৰি (customize) বিক্ৰি কৰা হয় মূল্যৰ বিনিময়ত এনে লীনাক্স সংকলনৰ লগত সাধাৰণতে ব্যৱসায়িক সেৱা আৰু দিহা-পৰামৰ্ষও পোৱা যায়। ৰেডহেট এণ্টাৰপ্ৰাইজ চিউচ (SUSE) এণ্টাৰপ্ৰাইজ প'ৰ্টেবল বা লাইভ চিডি এইবোৰ ইউ এচ বি ড্ৰাইভ বা চিডীৰমৰ পৰা পোনেই বুট কৰি ব্যৱহাৰ কৰিব পৰাকৈ বনোৱা হয়। যেনে ন'পিক্স লাইভ ছিডি। লীনাক্সৰ বাবে উপলব্ধ বিভিন্ন চফ্টৱেৰ এটা লীনাক্স সংকলনত সন্নিহিত চফ্টৱেৰ সমূহক নিম্নলিখিত ভাগত শ্ৰেণীবদ্ধ কৰিব পৰা যায়: কাৰ্ণেল আৰু ডিভাইচ ড্ৰাইভাৰ চফ্টৱেৰ লাইব্ৰেৰী আৰু বিভিন্ন চিষ্টেম চফ্টৱেৰ এপ্লিকেশ্যন চফ্টৱেৰ কাৰ্নেল আৰু ডিভাইচ ড্ৰাইভাৰ লীনাক্স কাৰ্নেল মন'লিথিক। কম্পিউটাৰ বুট কৰাৰ সময়ত প্ৰথমেত হাৰ্ড-ডিস্ক-অৰ পৰা কাৰ্নেল চফ্টৱেৰটো প্ৰাথমিক মেমৰীত তুলি তাৰ ইনষ্ট্ৰাকচন বোৰ ৰাণ কৰা হয়। কোনো কোনো সাধন – বিশেষকৈ প্ৰিণ্টাৰ, নেটৱৰ্ক কাৰ্ড, ডিচপ্লে আদি পাৰিপাৰ্শ্বিক যতনবোৰ ব্যৱহাৰ কৰিবলৈ কাৰ্নেলক ডিভাইচ ড্ৰাইভাৰ চফ্টৱেৰৰ প্ৰয়োজন হয়। এইবোৰ সাধাৰণতে ডিভাইচবোৰ তৈয়াৰ কৰা কোম্পানীবোৰেই যোগান ধৰে। বুটিঙৰ সময়তে কাৰ্ণেলে কম্পিউটাৰৰ হাৰ্ডৱেৰ ডিভাইচবোৰ বা অন্যান্য সংসাধনবোৰৰ অনুসন্ধান কৰি উপযুক্ত ড্ৰাইভাৰবোৰ ল'ড কৰে। ল'ড কৰাৰ দুইধৰণৰ উপায় আছে - ড্ৰাইভাৰ বোৰ কাৰ্ণেলৰ লগতে কম্পাইল কৰি কাৰ্ণেলৰ লগতে যোগ কৰি,অথবা মডিউল হিচাবে কাৰ্ণেলৰ লগত প্ৰয়োজন অনুসৰী বাহিৰৰ পৰা ল'ড কৰা। প্ৰথম উপায়টো সাধাৰণতে য'ত সৰু বা তড়িৎ প্ৰতিক্ৰিয়াযুক্ত কাৰ্ণেল-অৰ প্ৰয়োজন, তেনে ক্ষেত্ৰত যেনে ঔদ্যোগিক যন্ত্ৰৰ পৰিচালনা আদিৰ বাবে ব্যৱহাৰ কৰা হয়। অন্যথা বেছিভাগ ক্ষেত্ৰতে দ্বিতীয় উপায় ব্যৱহাৰ কৰা হয়। এনে কৰিলে ভোক্তাই বুটিঙৰ সময়ত ড্ৰাইভাৰবোৰ ল'ড নকৰি প্ৰয়োজন অনুসৰী ল'ড বা আনল'ড কৰে। লাইব্ৰেৰী আৰু চিষ্টেম চফ্টৱেৰ এইশ্ৰেণীৰ চফ্টৱেৰ ভোক্তাই প্ৰত্যক্ষভাবে ব্যৱ্হাৰ নকৰিলেও সাধাৰণতে যিকোনো প্ৰগ্ৰেম ৰাণ কৰিবলৈ প্ৰয়োজন হয়। লীনাক্স-অত মুখ্যত: জি এন ইউ-ৰ দ্বাৰা প্ৰযোজিত চফ্টৱেৰ লাইব্ৰেৰী জিলীবচী ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও অন্যান্য এপ্লীকেশ্যন চফ্টৱেৰৰ লগতো প্ৰয়োজনীয় লাইব্ৰেৰী যোগান ধৰা হয়। অনেক সংকলনৰ লগত প্ৰায়ে বিভিন্ন কম্পাইলাৰ পেকেজ (চী, ফৰট্ৰান ইত্যাদি), পাৰ্ল, পাইথন আদি প্ৰগ্ৰেমিঙৰ সঁজুলি চফ্টৱেৰ-ও (সাধাৰণতে জি এন ইউ লাইচেন্স যুক্ত) বিতৰণ কৰা হয়। সাধাৰণতে লীনাক্স-অত শ্বেয়াৰ্ড অবজেক্ট লাইব্ৰেৰী ব্যৱহাৰ (উইণ্ড'জ-অৰ ডি এল এল লাইব্ৰেৰীৰ সমকক্ষ) কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত ষ্টেটিক লাইব্ৰেৰীও ব্যৱহাৰ কৰা হয়। এপ্লীকেশ্যন চফ্টৱেৰ এইশ্ৰেণী চফ্টৱেৰৰ সহায়ত লীনাক্স-অৰ ভোক্তাই নিজৰ প্ৰয়োজনীয় কাম কৰে। লীনাক্স-অত ব্যৱহাৰোপযোগী অনেক বিনামূলীয়া, শ্বেয়াৰৱেৰ বা জি-এন-ইউ বা তৎসম লাইচেন্সযুক্ত অনেক চফ্টৱেৰ ইণ্টাৰনেটট উপলব্ধ। তলত এনে কিছুমান চফ্টৱেৰৰ নাম আৰু থুলমুল বৰ্ণনা দিয়া হ'ল। এক্স-ফ্ৰী-এইট-চিক্স (Xfree86): গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ বা জী-ইউ-আই (GUI). লীনাক্স-অৰ গ্ৰাফিকচ-ৰ পৰিৱেশক চফ্টৱেৰ। বেশ্ব শ্বেল (bash shell): লীনাক্সৰ অক্ষৰিক(text) কামাণ্ড ইণ্টাৰপ্ৰিটাৰ (command interpreter) জী-ন'ম, কে-ডি-ই (Gnome, KDE): লীনাক্স-অৰ দুইপ্ৰকাৰ জনপ্ৰীয় উইণ্ড' মেনেজাৰ – যি লীনাক্স-অৰ গ্ৰাফিকেল ডেস্কটপ পৰিবেশৰ সৃষ্টি কৰে। ই উইণ্ড'জৰ ডেস্কটপৰ দৰেই * লীনাক্সতো সাধাৰণ ভোক্তাৰ কাৰণে সহজতে শিকিব আৰু কাম কৰিব পৰা পৰিবেশৰ সৃষ্টি কৰে। জী-এন-ইউ চী/চী++ (GNU C/C++) আৰু অন্যান্য প্ৰগ্ৰেমিঙৰ সাধনসমূহ: এইলানী চফ্টৱেৰৰ সহায়ত একে নামৰ প্ৰগ্ৰেমিং লেংগুৱেজত প্ৰগ্ৰেম তৈয়াৰ কৰিব পৰা হয়। লীনাক্সৰ বিভিন্ন ডেস্কটপ এন্‌ভাইৰণ্‌মেণ্ট সমূহ লীনাক্সৰ ব্যৱহাৰ চাৰ্ভাৰ ডেস্কটপ এম্‌বেডেড, মবাইল ইত্যাদি লীনাক্স বনাম মাইক্ৰচফ্‌ট উইণ্ড'জ বিতৰ্ক লীনাক্স তথ্যসূত্ৰ কম্পিউটাৰ বিজ্ঞান অপাৰেটিং চিষ্টেম
2854
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A7%B0
সাঁথৰ
সাঁথৰ () হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। সাঁথৰত বক্তব্য লুপ্ত থাকে অৰ্থাৎ ই গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথাহে৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক। সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়। সাঁথৰৰ গুপ্ত অৰ্থ ভেদ কৰিব নোৱাৰিলে সাঁথৰৰ পৰা আনন্দ লাভ কৰাটো টান হৈ পৰে৷ সাঁথৰৰ উত্তৰ দিবলৈ চিন্তন আৰু মননৰ আৱশ্যক৷ সাঁথৰ শব্দৰ প্ৰতিশব্দৰূপে “দৃষ্টান্ত’’ বা “দিষ্টান’’ ব্যৱহাৰ কৰা হয়৷ সাঁথৰ প্ৰহেলিকাময় প্ৰশ্ন, সোধোঁতাই উত্তৰ নজনাসকলক বিভ্ৰান্ত কৰিবলৈ আৰু তেওঁলোকৰ উদ্ভাৱনী শক্তি পৰীক্ষা কৰিবলৈ চাতুৰীৰে প্ৰশ্ন নিক্ষেপ কৰে৷ সাঁথৰত পৰস্পৰ বিৰোধী বৰ্ণনা বাক্যৰ স্থিতি লক্ষ্য কৰা যায়৷ সাঁথৰৰ বৈশিষ্ট সাঁথৰ মানুহৰ দৈনন্দিন অভিজ্ঞতালব্ধ জ্ঞানৰ পৰা সৃষ্ট এক সাহিত্য৷ আন আন সাহিত্যৰ দৰে সাঁথৰৰো কিছুমান বৈশিষ্ট লক্ষ্য কৰা যায়৷ (১) সাঁথৰত ৰূপক বা প্ৰতীকৰ মাজত বৈপৰীত্য বা বিৰোধ থাকে৷ (২) সাঁথৰত প্ৰতীক বা ৰূপক অসম্পূৰ্ণ৷ (৩) বৰ্ণনাৰ আধিক্যৰ জৰিয়তে পৰিস্ফুট বিৰোধ আৰু (৪) মিথ্যা ৰূপক বা প্ৰতীকৰ জৰিয়তে পৰিস্ফুট বিৰোধ৷ সাঁথৰৰ প্ৰকাৰ সাঁথৰৰ উপস্থাপন বা বাক্যৰীতিলৈ চাই ইয়াৰ কেইবাটাও প্ৰকাৰ নিৰ্ণয় কৰিব পাৰি৷ যেনে: বৰ্ণনাত্মক সাঁথৰ, টেটকুটিমূলক সাঁথৰ, জ্ঞানমূলক প্ৰশ্ন বা সাঁথৰ, সমস্যাপ্ৰধান সাঁথৰ আৰু ছল-সাঁথৰ৷ বৰ্ণনাত্মক সাঁথৰত প্ৰশ্ন প্ৰহেলিকাময় ভাষা আৰু বৰ্ণনাৰ সহায়ত উপস্থাপন কৰা হয়৷ যেনে: গল আছেই ঠেং নাইকাণ আছেই চকু নাইপেট আছেই হাত নাইমুখ আছেই জিভা নাইএইটো কি বস্তু ভাই৷ উত্তৰ: কলহ বা ঘটি৷ টেঁটকুটিমূলক প্ৰশ্ন বা সাঁথৰত সাঁথৰৰ শেষৰ বাক্যটোৱেই প্ৰকাৰ্য সাধন কৰে৷ যেনে: কি হাতীৰ শুঁৰ নাই? উত্তৰ: গুৱাহাটীৰ৷ আকৌ জ্ঞানমূলক সাঁথৰ বা প্ৰশ্নত উত্তৰটো সম্বন্ধে আগতেই জ্ঞান থকা হ’ব লাগিব৷ যেনে: বায়ুতকৈ বেগী কি? উত্তৰ: মন৷ তেনেদৰে সমস্যাপ্ৰধান সাঁথৰত একোটা সমস্যা ডাঙি ধৰা হয়৷ যেনে: ইঘৰৰো মাক-জীয়েক, সিঘৰৰো মাক-জীয়েক; পকা কল তিনিটা, গাই পতি কেইটা? উত্তৰ: এটাকৈ৷ ছল-সাঁথৰত ছল কৰি প্ৰশ্ন সোধা হয়৷ এই সাঁথৰক ব্যংগপ্ৰধান সাঁথৰো বোলে৷ যেনে: মাক লতা পতা, জীয়েক ফুলবাৰী, পুতেকৰ ভোচ্ ভোচ্ কৰে গাড়ী৷সেইটোনো কি অদ্ভূত প্ৰাণী কোৱাচোন ভাবি-গুণি৷ উত্তৰ: কোমোৰা অসমীয়া সাঁথৰ কেইটিমান অসমীয়া ভাষাত প্ৰচলিত সাঁথৰ উত্তৰেৰে সৈতে তলত দিয়া হ’ল: চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা) ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা) টিঁ টিঁ কৈ টিঞা, কঁকালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল) মাকে বৰশী বায়, পুতেকে সৰগ চায় (বাঁহ গছ আৰু বাঁহ গাজ) মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা? (জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)) টুপ টুপ টুপলি, সময় গ'ল উকলি"/"টুপ টুপ টুপলি পানী পালে মুকলি (জাল) বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে (দিয়াচলাই (জুইশলা)) কাণত ধৰি নাকত বহে? (বিতচকু, চশমা) এজনী কলী গাই ঘাটে ঘাটে পানী খায়? (বৰশী) ওপৰৰ পৰা পৰিল বাঘিণী, চাৰি ঠেং মেলি হ'ল গাভিনী (আঁঠুৱা) কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয়? (বিড়ি) কি বস্তু কাটিলে দীঘল হয়? (নলা (drain)) চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা (হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু) এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সৰ্বতিকাল (কলাপাত) হাবিত কাঁহে ওলাই নাহে (কুঠাৰ) ৰজাৰ লাঠী ঘন ঘন গাঁঠি (কুঁহিয়াৰ) এঠেঙীয়া বগলী,নিতৌ নাচে গধূলি (বিচনী) এডাল খেৰে ঘৰটো বেৰে (চাকি নাইবা মমবাতি) ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালোঁ, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা) আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ (কুহিঁয়াৰ) ওপজিয়ে লৰ মাৰে কোন ('জেঠী পোৱালি) ওপজিয়ে জপিয়ায় কোনে? (আখৈ) এনু এনু এনু, ধৈইৰবান্নাই ঠেনু (ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত)) মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই (ৰেডিঅ') উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকুলী (কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত)) কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা (কঁঠাল) জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ? (নিমখ) পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ) তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে? (চৌকা) ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন (বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি) এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে? (ওকণি) গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়? (যঁতৰ) আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগোৰ? (দুৱাৰডলি) ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি (জিভা) দুই গছৰ গছৰ দুই ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি? (তামোল-পান) ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা (ভূঁইকপ/ অনাতাঁৰ) কৈ মৰিল কোন, নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন (কৈ মৰিল জটায়ু (সীতাৰ বাৰ্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল'ৰা ৰজাক), দি মৰিল দধিচী (বৃত্ৰাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুৰ্যোধন (ৰাজ্য পাণ্ডৱক) উপি উপি বাটত আছে চুপি (জোক) ৰজাৰ আলিবাট মেলিব পাৰি জপাব নোৱাৰি (চোতাল) পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ/টেকেলী ) কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে (দমকল/টিউবেল (নলবাৰী অঞ্চলত প্ৰচলিত)) খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল (নাৰিকল) য'লৈ যোৱা মোক লগত লৈ যোৱা (ছাঁ/ছাঁয়া) নদী আছে পানী নাই, চহৰ আছে মানুহ নাই (মানচিত্ৰ) ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ (আঁঠুৱা) ক'লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ) লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত (তামোল গছ) লিকি লিকি ডিমৰু চিকি চিকি পাত, সূৰুযমুখে যাব লাগে ছয় মাহৰ বাট৷ (তামোল গছ) গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি (গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি) আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই (কেচুঁৱাৰ দাঁত) ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,সাগৰ দেখিলে পাংখা মেলে (জাল) জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে ,সেই তৰকাৰি ঘৰে ঘৰে (বাঁহ গছ ) এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে। (ঢেঁকী) এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা। (নাও) এক মাতৃৰ গৰ্ভত বহু পুত্ৰৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্ৰাণ। (জুইশলা) কেঁচাতে লুথুপথুপ পকিলে টান, দিকচৌ দূৰলৈ তোক লৈ যাম। (পকী বাট) পাও,পিঠি, চকু,কান,নাক,নাই ইতো আকো কি,কোৱা চোন ভাই (মানুহ) তথ্য সংগ্ৰহ সাহিত্য লোক-সাহিত্য
2855
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%AC%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%B6%E0%A6%87%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE
ভবেন্দ্ৰ নাথ শইকীয়া
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (, ১৯৩২ – ২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক আছিল। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে। ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল। ইয়াৰ উপৰি তেখেতে ৰেডিঅ' নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেখেতে আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেখেতে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছিল। তদুপৰি তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। প্ৰাৰম্ভিক জীৱন ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। তেখেতৰ পিতৃৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। তেখেতৰ ঘৰুৱা নাম আছিল পুতুল। তেওঁৰ ককোয়কৰ নাম আছিল ডাঃ নগেন্দ্ৰ নাথ শইকীয়া। তেওঁৰ মুঠ ককাই- ভাইৰ সংখ্যা চাৰিজন। নুৰুদ্দিন মোক্তাবৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়াই তিনিটকীয়া বৃত্তিৰে সৈতে ছাত্ৰবৃত্তি উত্তীৰ্ণ হয়। ১৯৪৮ চনত তেখেতে তিনিটা বিষয়ত লেটাৰ মাৰ্ক ৰ্ষ্টাৰ-সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত ভৰ্তি হয়, ১৯৫০ চনত কটনৰ পৰা ইণ্টাৰমিডিয়েট আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত তেখেতে এম.এচ.চি ডিগ্ৰী লাভ কৰে আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে। ১৯৬১ চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন'লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে। কৰ্মজীৱন ড° ভবেন্দ্ৰ নাথ শইকীয়াই কৰ্মজীৱন আৰম্ভ কৰে শিৱসাগৰ মহাবিদ্যালয়ত (তাণ্টিয়া বিজ্ঞান মন্দিৰত), পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তা হিচাপে। তাৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত কিছুদিনৰ বাবে ডেমনষ্ট্ৰেটৰ হিচাপে যোগদান কৰে। তাৰ পিছত তেখেতে গৱেষণাৰ বাবে লণ্ডনলৈ যায় আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰি উভতি আহি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে আৰু ৰীডাৰ পদলৈ পদোন্নতি লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগ কৰি তেখেতে কেইবছৰমানৰ বাবে ভাৰতীয় ৰেলৱেৰ উত্তৰ পূব মণ্ডলৰ মহাপ্ৰবন্ধক হিচাপেও সেৱা আগবঢ়ায়। তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। গুৱাহাটী মঞ্চৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয় ১৯৫৭-৫৮ চনত। বসন্ত কুমাৰ শইকীয়াৰ চোৰ নাটকত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত অভিনয় কৰিছিল। তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটালাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰে। অসমীয়া নাট্য জগতলৈ ড° ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে। কেইবাখনো ৰেডিঅ' নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত প্ৰদৰ্শিত হয়। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে। অন্যান্য ক্ষেত্ৰ ড° ভবেন্দ্ৰ নাথ শইকীয়া বহুকেইটা সংগঠন আৰু পৰিষদৰ সদস্য আছিল। তেওঁ সংগীত নাটক একাডেমীৰ সদস্য আৰু সাহিত্য একাডেমীৰ কাৰ্যবাহী আৰু সাধাৰণ পৰিষদৰ সদস্য আছিল। ইউনেস্কোৰ সৈতে সহযোগিতাৰ বাবে ভাৰতীয় জাতীয় পৰিষদৰ সদস্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক পৰিষদৰ সদস্যও আছিল। ইয়াৰ লগতে তেওঁ জ্যোতি চিত্ৰবন (চলচ্চিত্ৰ ষ্টুডিঅ’) ছ’চাইটিৰ সভাপতি আৰু গুৱাহাটীৰ অ'ল ইণ্ডিয়া ৰেডিঅ’ৰ পৰামৰ্শদাতা সংস্থাৰ সদস্য আছিল। ড° শইকীয়া অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম লিমিটেডৰো অধ্যক্ষ আছিল। ভবেন্দ্ৰ নাথ শইকীয়া ডিমাপুৰৰ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ শাসকীয় সংস্থাৰ সদস্যও আছিল। তেওঁ অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদালতৰ লগতে পুনেস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ছ’চাইটিৰ সদস্যও আছিল। তদুপৰি তেওঁ নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বোৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য আছিল। ছদ্মনাম হাস্য-ব্যংগাত্মক সাহিত্যত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ একাধিক সাহিত্যিক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। বিশেষকৈ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ তেখেতে ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহ ‘প্ৰান্তিক’ আৰু সাপ্তাহিক কাকত ‘বুধবাৰ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল। তেখেতৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক। উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখা প্ৰান্তিকৰ পাততে প্ৰকাশ হৈছিল। সেইসমূহৰ নাম এনেধৰণৰঃ- জয়জয়-ময়ময়, কনফাৰেন্সৰ দোকান, নিতান্ত ঘৰুৱা, শেষ প্ৰস্তাৱ, আধুনিক তাঁতবাতি শিল্প, জীৱাশ্ম বা ফছিল, আৱিষ্কাৰৰ জননী, সোৱণশিৰিৰ চকুলো! , লাই-লফা লটং-পটং, প্ৰিয়জনৰ গান শুনা যন্ত্ৰ বৃদ্ধৰ বাণী, ঘূৰি-ঘূৰি আকৌ, বুৰ্জোৱা, বলনাস্কিৰ চাকৰি কিয় গ’ল, জাতীয় জীৱনৰ ঘাই সুঁতি, শীতলা, ইনছাল্ট, সংসাৰ-বিজ্ঞানঃগৱেষণা আৰু প্ৰথম খণ্ডৰ ফলাফল, যোৱা তিনি বছৰৰ দৰে..., বেয়া নহয়, ভালেই। সত্যপ্ৰিয় পাঠকৰ পাছত তেওঁ‌ বেছিকৈ সদানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল। লেখাকেইটা হৈছে: (১) সোণালী এণ্টাৰপ্ৰাইজ, (২) বিগ ক্ল’জ আপ, (৩) বেলি ডুবাৰ সময়, (৪) পৰম প্ৰিয় বন্ধুবৰ, (৫) বিশ্বাসঘাতক বান্দৰ, আৰু (৬) ভিতৰবিলাক। এইকেইটা লেখা প্ৰকাশ পাইছিল ‘বুধবাৰ’ত। সত্যপ্ৰিয় আৰু সদানন্দ পাঠকৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল। সেইসমূহ ৰচনা প্ৰান্তিকৰ পৃষ্ঠাতে ভিন্ ভিন্ সময়ত প্ৰকাশিত হৈছিল। লেখাবোৰৰ শিৰোনাম আৰু তেওঁ ব্যৱহাৰ কৰা ছদ্মনাম তলত উল্লেখ কৰা হ'ল- এদিন বাদে এদিন- ৰজনী দত্ত, দিগম্বৰ বুৰ্জোৱা- বিৰাজমোহন বৰুৱা, নিজৰ প্ৰেছক্ৰিপছনৰ ঔষধ-গোলোক মহন্ত, কেণ্ডিডেট-দিবাকৰ নেওগ, খাদ্যপ্ৰাণ-গৃহানন্দ স্বামী, শৃংখল-বিচিত্ৰা দত্ত, বাটৰ আমনি-অৰবিন্দ দত্ত, আনন্দ-সুকুমাৰ দত্ত, ডিঙিৰ খজুৱতি-মানবেন্দ্ৰ দাস, সদায় কাঠৰ বাকচ নালাগে-নি.কা.ব., মোৰ ৰাশিফল সদায় ভাল-পৰমানন্দ ৰাজগুৰু, ব’হাগৰ কথা। সেই সভাখন-এজন অৱসৰপ্ৰাপ্ত মুখ্য অতিথি, ইণ্টিমেট-কুসুম কুমাৰ বৰুৱা। তেখেতৰ এই হাস্য-ব্যংগাত্মক ৰচনাসমূহ পাছলৈ ‘কল্পলোকৰ কাহিনী’ নামৰ এখনি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া সাহিত্যৰ জগতত বহুসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক। চৌপাশৰ সামাজিক-সাংস্কৃতিক সমস্যাবোৰৰ পুনৰীক্ষণ, অসমীয়া মানুহৰ চৰিত্ৰৰ কেতবোৰ অবিচ্ছেদ্য দিশ উন্মোচন, প্ৰাত্যহিকতাত সঘনাই মুখামুখি হোৱা বেমেজালিবোৰৰ পৰ্যবেক্ষণ- ইত্যাদিয়েই হৈছে তেখেতৰ দ্বাৰা লিখিত এই হাস্য-ব্যংগাত্মক ৰচনালানিৰ অন্তৰ্নিহিত তাৎপৰ্য। অন্যান্য ৰচনাত বিদেশৰ পটভূমিত লিখা কেইটামান গল্প ড॰ শইকীয়াই ছদ্মনামত লিখিছিল। তিনিটা গল্প লিখিছিল সঞ্জয় ছদ্মনামেৰে। বাকীকেইটা নিজৰ নামত লিখিছিল। এই সন্দৰ্ভত তেখেতে কৈছিল যে- "মোৰ চুটি গল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ'ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লেখিবলৈ মন কৰা নাছিলোঁ। " ইয়াৰ উপৰিও তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা 'বেউলা' ছবিখনৰ সমালোচনা লিখিছিল। সেইটো লিখিছিল সুনীতি ছদ্মনামেৰে। সমালোচনাটি 'আৱাহন'ত প্ৰকাশিত হৈছিল। সাদিনীয়া 'নৱদূত' নামৰ এখন কাকতত তেখেতে 'দৃষ্টিপাত' নামৰ এটা শিতানত লিখিছিল। সেইবোৰ লিখনি তেখেতেপ্ৰহৰী ছদ্মনামত লিখিছিল। চিনেমা বিষয়ক লেখামেলাৰ বাবে তেখেতে চিত্ৰপ্ৰিয় পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেখেতৰ আন দুটি ছদ্মনাম আছিল পৰ্যবেক্ষক আৰু সুদৰ্শন। ব্যক্তিগত জীৱন ড॰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান--- ড॰ সংগীতা আৰু ৰশ্মি। } অন্যান্য সামাজিক কৰ্ম ১৯৯০ চনত ড° ভবেন্দ্ৰ নাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। প্ৰাপ্ত ধনৰাশিৰে তেখেতে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আৰোহণ নামৰ এটি সংস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। আৰোহণত প্ৰধানকৈ কম সুবিধাপ্ৰাপ্ত শিশু-কিশোৰক কলা, সংগীত আৰু থিয়েটাৰৰ জৰিয়তে দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হয়। আৰোহণ গুৱাহাটীৰ বশিষ্ঠপুৰত অৱস্থিত। আৰোহণৰ এটুকুৰা অংশত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ দৈনন্দিন জীৱনৰ লাগতিয়াল কেতবোৰ সামগ্ৰী যেনে: তেখেতৰ চশমা, ৰেডিঅ', তেখেতৰ প্ৰিয় কাপোৰ আদি পত্নী প্ৰীতি শইকীয়াই সংৰক্ষণৰ ব্যৱস্থা কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ জন্মৰ আঁৰত ড° ভবেন্দ্ৰ নাথ শইকীয়া জড়িত হৈ আছিল। কলাক্ষেত্ৰত থকা পুথিভঁৰালটো তেখেতৰ নামেৰে নামাংকিত কৰা হৈছে। মৃত্যু কেইবছৰমানৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা ড॰ শইকীয়াক হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ বাবে ২০০৩ চনৰ ২৭ জুলাইত গুৱাহাটী নিউৰ’লজিকেল ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱা হয়। তাতেই তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে আৰু ২৯ জুলাইৰ পৰা তেওঁক ডায়েলাইছিছ আৰু ভেণ্টিলেটৰী চাপৰ্টত ৰখা হয়। সেই বছৰৰে ১৩ আগষ্টত শইকীয়াই নশ্বৰ দেহ ত্যাগ কৰে। সাহিত্যকৰ্ম ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম ছপাহৈ প্ৰকাশ পায় 'পথ নিৰূপণ'গল্পটো। উদয় আলোচনীত প্ৰকাশ হৈছিল। ভ্ৰাম্যমাণ নাটক ৰম্যভূমি নীলকণ্ঠ মহাৰণ্য দীনবন্ধু পাণ্ডুলিপি আম্ৰপালি অৰণ্যত গধূলি মণিকূট গহ্বৰ অমৃত বৰ্ণমালা বন্দীশাল পৰমানন্দ শুভ-সংবাদ বিষকুম্ভ অন্ধকূপ দিগম্বৰ স্বৰ্ণজয়ন্তী স্বৰ্গৰ দুৱাৰ ৰামধেনু (১৯৮১-৮২ চন, ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম ভ্ৰাম্যমাণ নাটক) শতাব্দী সমুদ্ৰ-মন্থন জোনাক ৰাতি (অসম্পূৰ্ণ) বৃন্দাবন জন্মভূমি প্ৰতিবিম্ব একাংকিকা নাটক এজাক জোনাকীৰ জিলমিল পুতলা নাচ অলংকাৰ তীৰ্থ অৱৰোধ বাওনা তৃতীয় বন্ধু অনাতাঁৰ নাটক জোনাকী জোনাকীৰ বিয়া জোনাকী বোৱাৰী হ’ল দেউতা আগন্তুক অন্ধকূপ জংঘল বাওনা দুৰ্ভিক্ষ আবেলি ডাইনী উপন্যাস অন্তৰীপ (১৯৮৬) ৰম্যভূমি (১৯৯১) আতংকৰ শেষত ( ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভবেন্দ্ৰ নাথ শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস) আত্মজীৱনী জীৱন বৃত্ত জীৱন ৰেখা মোৰ শৈশৱ, মোৰ কৈশোৰ চুটি গল্প তেখেতৰ চুটি গল্প সংকলন কেইখন হ'ল প্ৰহৰী (১৯৬৩), সেন্দূৰ (১৯৭১), গহ্বৰ (১৯৬৯), শৃংখল (১৯৭৫), উপকণ্ঠ (১৯৯১), এই বন্দৰৰ আবেলি (১৯৮৮), বৃন্দাবন (১৯৬৫), তৰংগ (১৯৭৯), সান্ধ্য ভ্ৰমণ (১৯৯৮), গল্প আৰু শিল্প, আকাশ। চিন্তামূলক গ্ৰন্থ প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)। শিশুসাহিত্য মৰমৰ দেউতা (১৯৯১) তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮) শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭) মহাদুষ্টৰ দুষ্টবুদ্ধি মৰম চলচ্চিত্ৰ পৰিচালক ৰূপে অসমীয়া চলচ্চিত্ৰৰ পাতনি ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰে হৈছিল। তাৰ পিছৰ প্ৰায় ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ বেছিখিনিয়েই আছিল তীব্ৰ বাণিজ্যিক ধৰ্মী। (ব্যতিক্ৰম: পদুম বৰুৱাৰ গঙাচিলনীৰ পাখি)। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্চিত্ৰৰ শুভাৰম্ভ কৰে। সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচ্চিত্ৰপ্ৰেমীৰ মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। 'কালসন্ধ্যা' হিন্দীভাষাত নিৰ্মিত। আটাইকেইখন ছবিয়েই কলাসন্মত ছবি হিচাপে উচ্চ প্ৰসংশিত। 'অগ্নিস্নান'ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। 'কালসন্ধ্যা'ৰ বাহিৰে আন কেইখন ছবিযে় শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা পায়। ভবেন্দ্ৰনাথ শইকীয়াৰ কেউখন অসমীয়া ছবিয়েই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেখেতৰ ছবিত কথাছবি সুলভ ৰূপকৰ পৰিবৰ্তে সাহিত্যৰ উপাদানৰ পয়োভৰ বেছি বুলি সমালোচকে কয়। সংলাপৰ ওপৰত প্ৰাধান্য দিয়াৰ কাৰণে কিছুমান সমালোচকে তেখেতৰ কথাছবি বৰ বেছি পৰিমাণে সাহিত্যধৰ্মী বুলি অভিযোগ কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ মতে সাহিত্যধৰ্মীতা তেখেতৰ ছবিৰ বিশেষ উপাদান আৰু কিছুসংখ্যক কথাছবি নিৰ্মাণ কৰিব পাৰিলে সাহিত্যধৰ্মী ছবিৰ এটা ধাৰা তেখেতে সৃষ্টি কৰিব পাৰিলেহেঁতেন বুলি তেখেতে নিজে উল্লেখ কৰি গৈছে। চলচ্চিত্ৰৰ এটা সংজ্ঞা নিৰ্ধাৰণ কৰি ড° শইকীয়াই 'ইন দ্য লেণ্ড অৱ মাই হাৰ্ট' নামৰ লেখাটোত কৈছিল- নাট্যকাৰ আৰু পৰিচালক ৰূপে অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত ড॰ শইকীয়া নাট্যকাৰ আৰু পৰিচালক হিচাপে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল। ভ্ৰাম্যমাণৰ বাবে তেখেতে সৰ্বমুঠ ২৭খন নাটক ৰচনা কৰি গৈছে। বিশেষকৈ আৱাহন থিয়েটাৰ গোষ্ঠীৰ বাবে তেখেতে অধিক নাটক ৰচনা কৰিছিল। ২খন নাটক তেওঁ কহিনুৰ থিয়েটাৰ গোষ্ঠীৰ বাবে ৰচনা কৰিছে। ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই গধূলী নাটকখনক বাদ দি অন্যান্য নাটকসমূহ নিজে পৰিচালনা কৰিছিল। শইকীয়াই ৰচনা আৰু পৰিচালনা কৰা নাটকসমূহ আজিও জনপ্ৰিয়তাৰ শীৰ্ষত আছে বুলি গণ্য কৰা হয়। তদুপৰি তেওঁ অ'ল ইণ্ডিয়া ৰেডিঅ’ৰ বাবেও কেইবাখনো নাটক ৰচনা কৰিছে। কোলাহল, দুৰ্ভিক্ষ, ইতিহাস আদি নাটককেইখনক অ'ল ইণ্ডিয়া ৰেডিঅ’ই ৰাষ্ট্ৰীয় নাটক হিচাপে গ্ৰহণ কৰিছিল। ‘কোলাহল’ নাটকখন বিদেশী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰৰ বাবে বাছনি কৰা হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ ওপৰত এখন হিন্দী দূৰদৰ্শন ধাৰাবাহিকৰ এটা খণ্ডও তেওঁ পৰিচালনা কৰিছিল। বঁটা আৰু সন্মান ড॰ শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল: অসম প্ৰকাশন পৰিষদ বঁটা সাহিত্য অকাডেমি বঁটা অসম উপত্যকা সাহিত্য বঁটা শ্ৰীমন্ত শংকৰদেৱ বঁটা পদ্মশ্ৰী বঁটা কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা ২০০০ ২০০১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁক চিনেমা আৰু সাহিত্যৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে সন্মানীয় ডি লিট উপাধি প্ৰদান কৰে। ভবেন্দ্ৰ নাথ শইকীয়া সম্পৰ্কীয় ভিন্ন অভিমত মহেশ্বৰ নেওগৰ মতে- ভবেন্দ্ৰ নাথ শইকীয়াৰ সকলোবোৰ গল্পৰ বৰ্ণনা গোট খুৱালে হয়তো আগলৈ এটা যুগৰ এডোখৰ ঠাইৰ সমাজতাত্ত্বিক এখণ্ড অধ্যয়ন ৰূপে বিবেচিত হ’ব পাৰিব। তোষপ্ৰভা কলিতাৰ মতে- অসমীয়া জাতিৰ কাৰণে ভবেন্দ্ৰ নাথ শইকীয়া নিজেই এটা মহামূল্য উপহাৰ। মহেন্দ্ৰ বৰঠাকুৰৰ মতে- ‘ভবেন্দ্ৰ নাথ শইকীয়া হৈছে অসমত একাংকিকা নাটকৰ ভেটি বান্ধোতাসকলৰ অন্যতম। হীৰেন গোহাঁইৰ মতে-প্ৰান্তিকৰ চিঠি-পত্ৰ লিখা পাঠকসকল এক অৰ্থত ড° শইকীয়াৰ সৃষ্টি- ই কম কৃতিত্ব নহয়। এচাম অসমীয়াক অনুসন্ধিৎসু, উদ্যোগী আৰু আত্মবিশ্বাসী কৰাত তেখেতৰ ভূমিকা অনস্বীকাৰ্য। অনুৰাধা শৰ্মা পূজাৰীৰ মতে- শিশুৰ মনোজগত সম্পৰ্কে আগ্ৰহী, ৰোমাঞ্চকৰ জীৱনী, থ্ৰীলাৰ-ডিটেক্টিভ কাহিনী, সকলো বিষয় লৈ খেলা কৰা ব্যক্তি আছিল সত্যজিত ৰায়ৰ দৰে ভবেন্দ্ৰ নাথ শইকীয়াও। প্ৰদীপ বৰুৱাই কৈছে এনেদৰে- মই জীৱনত বহুত মেধাৱী লেখক লগ পালো, বহুতো নেতা, পণ্ডিত, সাহিত্যিকক লগ পালো কিন্তু তেওঁলোকৰ মাজত মানুহ খুব কমেইহে বিচাৰি পাইছো। আমি বিখ্যাত হ’ব পাৰো, খ্যাতি, মান, যশস্যা সকলো অৰ্জন কৰিব পাৰো। কিন্তু মানুহ হ’বলৈ শিকাতো বহুত কঠিন কাম। মই ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মাজত সেই মানুহজন বিচাৰি পাইছিলো। তেওঁ এজন খ্যাতি, মান, যশস্যাৰে ভাৰাক্ৰান্ত বিখ্যাত ব্যক্তি নহয়- তেওঁ আছিল এজন মাটিৰ ওপৰত থিয় হৈ থকা মানুহ। ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মতে- ড° শইকীয়াৰ কৃতিত্বপূৰ্ণ জীৱনত এক উজ্জ্বলতম মাইলৰ খুঁটা হ’ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিকল্পনা আৰু তাৰ ৰূপায়ণৰ ক্ষেত্ৰত আগবেঢ়াৱা বৌদ্ধিক অৱদান। কলাক্ষেত্ৰৰ প্ৰতিজোপা গছ, প্ৰতিবিধ প্ৰাচীন সামগ্ৰী আৰু কৃষ্টিৰ প্ৰতিবিম্বত প্ৰতিফলিত হৈ আছে ড° শইকীয়াৰ কাৰিকৰী পৰশৰ যাদুকৰী আৰু অবিস্মৰণীয় প্ৰভাৱ। ভবেন্দ্ৰনাথ শইকীয়া সাংস্কৃতিক বঁটা ভবেন্দ্ৰনাথ শইকীয়া সাংস্কৃতিক বঁটা নামেৰে এটি সাংস্কৃতিক বঁটাও মৰণোত্তৰভাৱে তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল। ২০১০ চনত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই এই বঁটা প্ৰথম লাভ কৰিছিল। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Farewell to you, maestro Complete Works of Dr. Bhabendra Nath Saikia Dr. Bhabendra Nath Saikia Children's Welfare Trust The Official Bhabendra Nath Saikia forum অসমৰ ব্যক্তি মৃত ব্যক্তি অসমৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া গল্পকাৰ অসমীয়া ঔপন্যাসিক অসমীয়া নাট্যকাৰ অসমীয়া কবি অসমীয়া শিশু সাহিত্যিক পদ্মশ্ৰী বঁটা বিজয়ী অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসম উপত্যকা সাহিত্য বঁটা বিজয়ী কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ী শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চিত্ৰনাট্য লেখক কৰ্কট ৰোগত মৃত্যু
2891
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%A8%E0%A6%BE
ব্যৱস্থাপনা
ব্যৱসায় আৰু মানৱ সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত ব্যৱস্থাপনা(Management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনীত হোৱা । ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পৰিকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰা (directing) আৰু সংগঠন(organization, কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে একগোট হোৱা এক বা তাতোধিক মানুহ বা বস্তুৰ সমষ্টি) নিয়ন্ত্ৰণ কৰা (controlling)। সম্পদ ব্যৱস্থাপনা হ'ল মানৱ সম্পদ, বিত্তীয় সম্পদ, কাৰিকৰী(technological) সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ আহৰণ আৰু প্ৰয়োগ । ইতিহাস Management ৰ অসমীয়া প্ৰতিশব্দ 'ব্যৱস্থাপনা' সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰি যদিও সম্পূৰ্ণ ভুল নহয় । পৰিচালনা বা পৰিচালন ইয়াৰ এটা নিকটতম শব্দ ।Manage শব্দেটা ইটালীয়ান ভাষাৰ শব্দ maneggiare (to handle — especially a horse)ৰ পৰা অহা । Maneggiare শব্দটো লেটিন ভাষাৰ manus ( যাৰ অৰ্থ 'হাত') ৰ পৰা অহা । ১৭ শ আৰু ১৮ শ শতাব্দীত ফ্ৰেঞ্চ শব্দ menagement (later ménagement)ৰ প্ৰভাৱত ইংৰাজী শব্দ Management ৰ সৃষ্টি হ'ল । তাত্বিক ব্যাখ্যা ম্যাৰি পাৰ্কাৰ ফল্লেট্ (Mary Parker Follett)(১৮৬৮-১৯৩৩)এ বিংশ শতাব্দীৰ আৰম্ভণিতে ব্যৱস্থাপনাৰ ব্যাখ্যা 'মানুহৰ দ্বাৰা কাম সম্পাদন কৰোৱা কলা' হিচাপে দিছিল । সাধাৰণ ভাষাত ব্যৱস্থাপনা হ'ল কোনো কাৰ্যৰ গুণৱত্তা ৰক্ষ্যা কৰা আৰু পৰিকল্পনা যুগুত কৰা বা নিৰ্দিষ্ট লক্ষ্যত উপনিত হ'বলৈ কৰা কৰ্যক্ৰমনিকা । পৰিকল্পনা নথকা ক্ষেত্ৰতো এই ধাৰণা প্ৰযোজ্য । এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ফ্ৰান্সৰ হেনৰি ফ'য়েল (Henri Fayol) এ ব্যৱস্থাপনাক মুঠ ছটা কাৰ্যত ভাগ কৰিছিল - পৰিকল্পনা (planning) সংগঠিত কৰা (organizing) নেতৃত্ব (leading) সমন্ময় স্থাপন (co-ordinating) নিয়ন্ত্ৰণ (controlling) নিয়োগ (staffing) শিক্ষাব্যৱস্থাপনা
2898
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%20%E0%A6%B2%E0%A6%96%E0%A6%BF%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0
উত্তৰ লখিমপুৰ
উত্তৰ লখিমপুৰ () হৈছে অসমৰ পূব প্ৰান্তত অৱস্থিত লখিমপুৰ জিলাৰ সদৰ ঠাই। ঠাইখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৯৪ কি.মি. দূৰত্বত অৱস্থিত। লখিমপুৰ জিলাৰ সদৰ ঠাই এই চহৰখনৰ নামেৰেই জিলাখনৰ এটা মহকুমাৰ নাম দিয়া হৈছে। ভৌগোলিক অৱস্থান ভৌগোলিকভাৱে উত্তৰ লখিমপুৰ ২৭° ১৩' ৬০ উ আৰু ৯৪° ৭' ০ পূ ত অৱস্থিত। শিক্ষা মহাবিদ্যালয় লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় লখিমপুৰ ছোৱালী মহাবিদ্যালয় লখিমপুৰ তেলাহি কমলাবাৰী মহাবিদ্যালয় উত্তৰ লখিমপুৰ মহাবিদ্যালয় বিদ্যালয়সমূহ ঘিলামৰা টাউন উচ্চতৰ মাধ্যমিক স্কুল লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় চেইন্ট মেৰী হাইস্কুল জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ লখিমপুৰৰ জনসংখ্যা মুঠ ১০,৪০,৬৪৪ জন। মুঠ জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% হ'ল মহিলা। সাক্ষৰতাৰ হাৰ ৮৯%। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯০% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৮৭%। মুঠ জনসংখ্যাৰ ১৩% লোকেই হ'ল হ'ল ৬ বছৰৰ তলৰ শিশু। তথ্যসূত্ৰ অসমৰ নগৰ-মহানগৰ
2902
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A6%A8%E0%A6%BE
পৰিকল্পনা
সংগঠন আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত পৰিকল্পনা () কৰা হ'ল সাংগঠনিক আঁচনি প্ৰস্তুত কৰা আৰু প্ৰতিপালন কৰা এটা প্ৰক্ৰিয়া তথা কিছুমান যোগ্যতাৰ ভিত্তিত নিৰ্দিষ্ট ভৱিষ্যতৰ সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা কাৰ্যৰ ওপৰত চিন্তা কৰা এটা মানসিক প্ৰক্ৰিয়া। এক কথাত ই বুদ্ধিমন্ত আচৰণৰ এটা মৌলিক গুণ। পৰিকল্পনাৰ সৃষ্টি আৰু পুনঃসংস্কাৰ তথা অন্য পৰিকল্পনাৰ লগত অনুকূল কৰাৰ কাৰণে এই মানসিক প্ৰক্ৰিয়াৰ অতি প্ৰয়োজন। ই অগ্ৰগতিৰ আগতীয়া ধাৰণা আৰু উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ লগত কেনেকৈ সন্মুখীন হ'ব পৰা যাব তাৰ প্ৰস্তুতিৰ আভাস দিয়ে। পৰিকল্পনা কৰা বুলিলে কোনো লক্ষ্যত উপনিত হ'বলৈ আৰু কোনো ৰণনীতি গ্ৰহণ কৰাৰ উদ্দেশ্যে নথি-পত্ৰ তৈয়াৰ কৰা বা সভা আহ্বান কৰাকো বুজায়। ইয়াৰ বাহিৰেও ৰাজনৈতিক বা অৰ্থনৈতিক পটভূমি, য'ত যেনেকৈ ব্যৱহাৰ হয়, পৰিকল্পনা কৰাৰ অৰ্থ ভিন্ন। তথ্য সংগ্ৰহ Allmendinger, Phil and Michael Gunder, 2005, "Applying Lacanian Insight and a Dash of Derridean Deconstruction to Planning's 'Dark Side'," Planning Theory, vol. 4, pp. 87-112. Flyvbjerg, Bent, 1991, Rationalitet og magt (Rationality and Power), vols. 1-2 (Copenhagen: Akademisk Forlag). Flyvbjerg, Bent, 1996, “The Dark Side of Planning: Rationality and Realrationalität,” in Seymour Mandelbaum, Luigi Mazza, and Robert Burchell, eds., Explorations in Planning Theory (New Brunswick, NJ: Center for Urban Policy Research Press) pp. 383-394. Flyvbjerg, Bent, 1998, Rationality and Power: Democracy in Practice (Chicago: University of Chicago Press). Flyvbjerg, Bent and Tim Richardson, 2002, "Planning and Foucault: In Search of the Dark Side of Planning Theory," in Philip Allmendinger and Mark Tewdwr-Jones, eds., Planning Futures: New Directions for Planning Theory (London and New York: Routledge), pp. 44-62. Gunder, Michael, 2003, "Passionate Planning for the Others' Desire: An Agonistic Response to the Dark Side of Planning," Progress in Planning, Vol. 60, no. 3, October, pp. 235-319. Pløger, John, 2001, "Public Participation and the Art of Governance," Environment and Planning B: Planning and Design, vol. 28, no. 2, pp. 219-241. Roy, Ananya, 2008, "Post-Liberalism: On the Ethico-Politics of Planning," Planning Theory, vol. 7, no. 1, pp. 92-102. Tang, Wing-Shing, 2000, "Chinese Urban Planning at Fifty: An Assessment of the Planning Theory Literature," Journal of Planning Literature, vol. 14, no. 3, pp. 347-366. Yiftachel, Oren, 1995, "The Dark Side of Modernism: Planning as Control of an Ethnic Minority," in Sophie Watson and Katherine Gibson, eds., Postmodern Cities and Spaces (Oxford and Cambridge, MA: Blackwell), pp. 216-240. Yiftachel, Oren, 1998, "Planning and Social Control: Exploring the Dark Side," Journal of Planning Literature, vol. 12, no. 4, May, pp. 395-406. Yiftachel, Oren, 2006, "Re-engaging Planning Theory? Towards South-Eastern Perspectives," Planning Theory, vol. 5, no. 3, pp. 211–222. শিক্ষা
2922
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A8-%E0%A7%B0%E0%A7%8C
বন-ৰৌ
বন-ৰৌ() আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু । দৈহিক গঠন জেঠী সদৃশ প্ৰকাণ্ড দেহটো ৰৌ-মাছৰ দৰে বাকলিৰে আবৃত । ইয়াৰ নেজ বৰ দীঘল আৰু কাণ সৰু । দেহৰ আকাৰ ৩০ – ১০০ ছে.মি.লৈকে হোৱা দেখা যায় । বিতৰণ আফ্ৰিকাৰ পূৱ, মধ্য আৰু দক্ষিণ ভাগ, ছুদান , ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াত এইবিধ জন্তু পোৱা যায় । বসতিস্থল বেছিভাগ বন-ৰৌ/কেমটাই মাটিত বাস কৰে কিন্তু কিছুমান বনৰৌ গছতো বাস কৰে । ইহঁতে সাধাৰণতে শুকান, বালীঅহীয়া ঠাইত থাকি ভাল পায় । আচৰণ ইহঁত নিশাচৰ; সাধাৰণতে অকলে থাকি ভাল পায় আৰু কেৱল মিলনৰ সময়তহে যোৰ পাতি থাকে । ঘ্ৰাণশক্তি বৰ বেছি আৰু ইয়াৰ সহায়তে খাবলৈ পোক-পতঙ্গ বিচাৰি উলিয়ায় । দাঁত নাই যদিও আঠা লগা জিভাখনেৰে পোক-পতঙ্গ ধৰিব পাৰে । ইহঁতক কোনোবা শত্ৰুয়ে আক্ৰমণ কৰিলে বল এটাৰ দৰে নিজৰ দেহাটো মেৰিয়াই লয় আৰু কেতিয়াবা দেহত থকা বাকলিৰে শত্ৰুক আক্ৰমণ কৰে । ইহঁতে বেয়া গন্ধ থকা জুলীয়া দ্ৰব্য নিঃসৰণ কৰিব পাৰে । স্থিতি তথা সংৰক্ষণ তথ্যসূত্ৰ সৰ্বভোজী স্তন্যপায়ী প্ৰাণী
2967
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%96%E0%A6%BF%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
লখিমপুৰ জিলা
লখিমপুৰ (পূৰ্বৰ নাম লক্ষীমপুৰ) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন জিলা। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ চাৰিসীমা আছিল: পূবে ব্ৰহ্মপুত্ৰ নদী, পশ্চিমে হাৱাজান নৈ, উত্তৰে নেফা আৰু দক্ষিণে লোহিত সুঁতি। ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে এই জিলাখনক লক্ষীমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বিবিভক্ত কৰা হয়। পৰৱৰ্তী কালত লক্ষীমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো আতঁৰাই সুকীয়া জিলাৰ স্বীকৃতি দিয়া হয়। বৰ্তমানৰ লখিমপুৰ জিলাৰ চাৰিসীমা হ'ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা। জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ। মহকুমা ৩টা- উত্তৰ লখিমপুৰ নাৰায়ণপুৰ আৰু ঢকুৱাখনা। লখিমপুৰ (লক্ষীমপুৰ) নামৰ উৎপত্তি জিলাখনৰ লক্ষীমপুৰ নামকৰণৰ বিষয়ে কেইবাটাও তথ্য প্ৰচলিত হৈ আহিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ, পৰ্বতমালালৈকে বিস্তৃত বিৰাট সমতল অঞ্চল একালত সমৃদ্ধিৰ শিখৰত আছিল। প্ৰখ্যাত বুৰঞ্জীবিদ স্বৰ্গীয় সৰ্বেশ্বৰ বৰুৱা দেৱৰ মতে চুতীয়া নৃপতি লক্ষ্মীনাৰায়ণৰ নামেৰে লক্ষীমপুৰ হয়। ইয়াৰ প্ৰামাণ্য হিচাপে লক্ষ্মী নাৰায়ণ আৰু সত্য নাৰায়ণ নামৰ ৰজা দুজনে মাটি দান কৰা তামৰ ফলি দুখন ডাঙি ধৰা হয়। ঘিলামৰাৰ ওচৰৰ ধনুখনা বিলত ১৯১০ চনত আৰু ১৯৩২ চনত ঘিলামৰাৰ ওচৰৰ ন-ভাঙনী মাটিত কোৰ মাৰোতে প্ৰাপ্ত হোৱা দুখন ফলিৰ উপৰিও তৃতীয় এখন ফলিও উদ্ধাৰ হৈছিল। চতুৰ্দ্দশ শতিকাৰ তামৰ ফলি অনুসৰি চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে সোৱনশিৰি নদীৰ পশ্চিমত (বৰ্তমানৰ উত্তৰ লক্ষীমপুৰ নগৰ অঞ্চলত) ব্ৰাহ্মণক ভূমি দান কৰিছিল। ১৮ শতিকাৰ গ্ৰন্থ “আদি-চৰিত”ৰ মতে বাৰ-ভূঞা সকলৰ ধৰণী স্বৰূপা লক্ষ্মী আইৰ নামেৰে “লক্ষ্মীপুৰ” বুলি জনাজাত হয়। লক্ষ্মীদেৱী হেনো সূৰ্য দেৱতাৰ পত্নী আছিল আৰু সূৰ্য দেৱতাই পত্নীক বৰদি কৈছিল,- “তোমাৰ নামত গ্ৰাম্য হৈব লক্ষ্মীপুৰ। তাহাতে বসতি প্ৰিয়া হৈবেক তোমাৰ॥ অনেক ঐশ্বৰ্যসুখ হৈবেক তথাত॥ লক্ষ্মীপুৰ নাম হৈব জগত প্ৰখ্যাত॥" (আদি চৰিত) কিন্তু উল্লেখযোগ্য যে এই ৰচনাদফাত প্ৰকৃততে দৰং জিলাৰ অন্তৰ্গত লক্ষীমপুৰ (লক্ষ্মীপুৰ) নামৰ ঠাই‌ ডোখৰ বুজোৱা হৈছে, ‌‌‌‌‌‌‌কাৰণ বাৰ-ভূঞা সকলকৰ বসতি সেই অঞ্চলত আছিল। গ্ৰন্থত উল্লেখ থকা মতে সেই সকল ভূঞা ৰত্নপীঠৰ আৰিমত্ত ৰজাৰ মন্ত্ৰী আছিল। যিহেতু আৰিমত্ত কমতা ৰাজ্যৰ ৰজা হৈছিল আৰু কামৰূপৰ ৰত্নপীঠ নামনি অসমৰ অঞ্চলক কোৱা হৈছিল, সেই বাবে এই সকল ভূঞাৰ ৰাজ্য নামনি অসমৰ‌ কিছু অঞ্চলত অৱস্থিত ‌‌‌‌‌‌‌‌‌‌আছিল বুলি জনা যায়। সেই কাৰণে উজনি অসমৰ লক্ষীমপুৰক উত্তৰ লক্ষীমপুৰ বুলিও কোৱা হয়। নামনি অসমৰ সেই অঞ্চলৰ পুৰণি নাম ৰঙাগাঁও বুলি উল্লেখ আছে আৰু বৰ্তমান ৰঙাগাঁও নামৰ ঠাই এডোখৰ দৰং জিলাৰ লক্ষীমপুৰ ওচৰত অৱস্থিত। ইয়াৰ উপৰিও বুৰঞ্জীৰ পৰা জনা যায় যে ৰাউতা-তেমনীৰ পৰা ভূঞা সকলক আহোম ৰজা চুহুংমুঙেহে উজনি অসমৰ উত্তৰ কুলত(বৰ্তমানৰ লক্ষীমপুৰ, বিশ্বনাথ জিলা) সংস্থাপন কৰাইছিল। ঐতিহাসিক দৃষ্টিভঙ্গীৰে চালে দেখা যায় শদিয়াৰ চুতীয়া ৰাজ বংশৰ এটা ঠালে চহৰৰ পৰা পাঁচ মাইল নিলগৰ ধল আৰু ঘাগৰ নৈৰ মাজত এখন চহৰ প্ৰতিষ্ঠা কৰি ৰাজত্ব কৰিছিল। তাত এখন প্ৰাচীন পৰিত্যক্ত নগৰৰ চিন এতিয়াও বিৰাজমান। পৰৱৰ্তী কালত ৰজা সত্য নাৰায়ণ আৰু ৰজা লক্ষ্মীনাৰায়ণ প্ৰদত্ত দেৱোত্তৰ, ব্ৰহ্মোত্তৰ মাটি দান কৰা তামৰ ফলি উদ্ধাৰ হোৱাত ই প্ৰমাণ হয় যে ৰজা লক্ষ্মীনাৰায়ণৰ নামেৰে এই অঞ্চলৰ নাম লক্ষীমপুৰ হয়। প্ৰত্নতাত্ত্বিক, বুৰঞ্জীবিদ পণ্ডিত সৰ্ব্বেশ্বৰ বৰুৱাদেৱে এই তামৰ ফলি দুখনৰ পাঠোদ্ধাৰ কৰি যুক্তি সহকাৰে প্ৰতিপন্ন কৰিছিল যে ৰজা লক্ষ্মীনাৰায়ণৰ নামেৰেহে এই অঞ্চলৰ নাম লক্ষীমপুৰ। ব্ৰিটিছে অধিকাৰ কৰাৰ আগতেও এই অঞ্চলৰ নাম লক্ষীমপুৰেই আছিল। ইং ১৮৩৮ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উজনি অসমৰ কৰতলীয়া শেষ আহোম ৰজা পুৰন্দৰ সিংহৰ পৰা উজনি অসম ঘূৰাই লৈ দক্ষিণ পাৰত শিৱসাগৰ আৰু উত্তৰ পাৰত পশ্চিমে বিশ্বনাথ আৰু পূবে চিচি ধেমাজি অঞ্চল সামৰি লক্ষীমপুৰ জিলা গঠন কৰে। ইং ১৮৪২ চনত ব্ৰিটিছে শদিয়া আৰু মটক ৰাজ্য নিজ দখললৈ অনাৰ পিছত জিলাৰ আকাৰ বৃহৎ হোৱাত আৰু লক্ষীমপুৰৰ আওহতীয়া অৱস্থিতি, যাতায়তৰ অসুবিধাৰ বাবে জিলাৰ সদৰ দক্ষিণপাৰৰ ডিব্ৰুগড় চহৰলৈ স্থানান্তৰিত কৰিলে আৰু উত্তৰ পাৰৰ ভূখণ্ডক এটা মহকুমা কৰি নাম থলে উত্তৰ লক্ষীমপুৰ। ইং ১৯৭১ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীৰ আদেশ মৰ্মে লক্ষীমপুৰ জিলাক দ্বি-খণ্ডিত কৰি ডিব্ৰুগড় জিলা আৰু লক্ষীমপুৰ জিলা গঠন কৰে। উত্তৰ লক্ষীমপুৰক নব গঠিত লক্ষীমপুৰ জিলাৰ সদৰ ঘোষণা কৰে। এই নতুন জিলাখনক পুনৰ ইং ১৯৮৯ চনত দ্বি-খণ্ডিত কৰি লক্ষীমপুৰ আৰু ধেমাজি জিলা নামকৰণেৰে দুখন পৃথক জিলাৰ সৃষ্টি কৰিলে। বৰ্তমানৰ লক্ষীমপুৰ জিলাত দুটা মহকুমা- উত্তৰ লক্ষীমপুৰ আৰু ঢকুৱাখনা। ভৌগোলিক তথ্য অসমৰ উত্তৰ-পূব অংশত লখিমপুৰ জিলাৰ অৱস্থান। অক্ষাংশ ২৬° ৪৮' উত্তৰৰপৰা ২৭° ৫৩' উত্তৰলৈ; আৰু দ্ৰাঘিমাংশ ৯৩° ৪২' পূবৰপৰা ৯৪° ২০' পূবলৈ বিস্তৃত। হিমালয় পৰ্বতৰ কাষ চুই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰে বিয়পি আৰু মাজুলী নদী দ্বীপৰ পদ স্পৰ্শ কৰি থকা লখিমপুৰ জিলা,যি নদ-নদী,খাল-বিল, জলাশয় আৰু অলেখ জলজ সম্পদেৰে আছিল অতীত মহীয়ান। এইখন জিলাৰ উত্তৰে অৰুনাচল প্ৰদেশ,পূবে ধেমাজি জিলা,দক্ষিণে খেৰকটীয়া-লোহিত (সোৱণশিৰি) সুঁতি,যাক মাজুলীক সাৱটি থকা ব্ৰহ্মপুত্ৰৰ উত্তৰাংশ বোলা হয় আৰু পশ্চিমে শোণিতপুৰ জিলাৰে পৰিৱেষ্টিত। ২২৭৭ বৰ্গ কিলোমিটাৰ মাটিকালিৰ লখিমপুৰ জিলাখন দক্ষিণ পশ্চিমৰ পৰা উত্তৰ-পূবলৈ ৮৫ কিলোমিটাৰ আৰু সোৱণশিৰি নদীৰ বুকুৱেদি উত্তৰা-দক্ষিণাকৈ প্ৰায় ৪৫ কি: মি: বহল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ শীৰ্ষভাগলৈ বিয়পি থকা এইখন জিলা গঢ় লয় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ যেনে সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং আৰু ইহঁতৰ অলেখ উপনৈয়ৈ পেলাই যোৱা পলসেৰে, যি হিমালয়ৰ পৰা বাগৰি অহা মূল্যবান গেদেৰে চহকী। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপ-তৰপামটো আছিল এখন শিলৰ বিছনা,যি ভাৰতীয় সমতলৰ আগছোৱাৰ প্ৰতিনিধি আৰু উত্তৰ-পূব মুখী প্ৰব্ৰজনত সংকুচিত হৈ আহিছে। যোৱা এক নিযুত বছৰ-জুৰি এই অঞ্চলৰ ওপৰত তৰপে তৰপে জমা হোৱা গেদ আৰু মাটিৰ সম্পদে গঢ়ি তুলিছে বৰ্তমানৰ সমতলভাগ। নৈ, উপনৈৰ সম্পদে এইভাগ মাটিক কৰি তুলিছে আৰু বেছি উৰ্বৰা। লখিমপুৰ জিলাৰ সমতলভাগক তিনিটা স্থলভাগত ভাগ কৰিব পাৰি,যাৰ প্ৰতিটোৰে স্বকীয় বৈশিষ্ট্য আছে। পাহাৰীয়া এলেকাটো বালি,পলসুৱা মাটি,চকমকী পাথৰ(শিলগুটি) আৰু নদীৰ শিলেৰে গঠিত হৈছে। সাগৰীয় পৃষ্ঠভাগৰ পৰা প্ৰায় ১২০ মিটাৰ উচ্চতাত এই অঞ্চল অৱস্থিত। এই উচ্চতা জিলাখনৰ মধ্যভাগত ৮৫-১০০মিটাৰলৈ আৰু দক্ষিণৰ ঢকুৱাখনা এলেকাত ৮৫ মিটাৰ,বদতিঘাটত ৮৩ মিটাৰ আৰু একেবাৰে দক্ষিণ-পূবত ৭৯ মিটাৰ নমা। যিহেতু জিলাখনৰ সাধাৰণ সমতলভাগ স্বাভাৱিকতে বহুত নিম্ন,সেয়েহে বৰ্ষাকালৰ বাহিৰে বছৰৰ অন্য সময়ত নদ-নদীৰ সোঁতৰ তীব্ৰতা সিমান প্ৰচণ্ড নহয়। লখিমপুৰৰ মুঠ মাটিকালি ২২৭৭ বৰ্গ কিলোমিটাৰ জলবায়ু হিমালয় পৰ্বতৰাশিৰ গাতে লাগি থকা এই জিলাৰ জলবায়ু তুলনামুলক ভাৱে চেঁচা আৰু সেমেকা। গড় উষ্ণতা শীতকালত ৫º ৰ পৰা ২০º ছেলছিয়াছ আৰু গ্ৰীষ্মকালত ১৮º ৰ পৰা ৩৬º ছেলছিয়াছলৈকে পৰিৱৰ্তিত হয়। আগষ্ট আৰু জানুৱাৰী মাহেই এইখন জিলাৰ ক্ৰমে আটাইতকৈ গৰম আৰু চেঁচা মাহ। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২০০ ছে.মি.ৰ পৰা ২৫০ ছে.মি.। ৬০% ৰ পৰা কেতিয়াও তললৈ ননমা এই অঞ্চলৰ জলবায়ুৰ আৰ্দ্ৰতা সদায়ে উচ্চ। অসমৰ অন্যান্য এলেকাত দেখা দিয়া বালি –ধুমুহা এই জিলাত নাই। জনগাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১০,৪০,৬৪৪। ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৭.০৫%। অতীততে লখিমপুৰ ঘন জনবসতিৰ অঞ্চল নাছিল। হয়তো ডাঠ হাবি-জংঘল, বাৰিষা সঘনাই হোৱা বানপানী আৰু যাতায়ত ব্যৱস্থাৰ অসুবিধাৰ বাবে মানুহে এই অঞ্চলত বাস কৰিবলৈ আগ্ৰহী নাছিল। চীনা আক্ৰমণৰ ঠিক পিছতে ১৯৬৩-৬৪ চনৰ ভিতৰত জিলাখনে মিটাৰগজ ৰেললাইনৰ মুখ দেখে। ৰেল চলাচল হোৱাৰ পিছৰ পৰাই লাহে লাহে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে। লগতে ইংৰাজৰ ঔপনিৱেশিক ব্যৱস্থাই জনসংখ্যা বৃদ্ধিত অৰিহণা যোগালে। ঊনৈশ শতিকাৰ পৰা জিলাখনত একেলগে বাইশটা জনগোষ্ঠীয়ে বাস কৰিছিল। ১৮৪৭-৪৮ চনত মুঠ জনসংখ্যা আছিল ৩৬,৭৪২ জন। ১৮৫২-৫৩ চনত কৰা জৰীপত জনসংখ্যা হয়গৈ ৪১,৭২৬ জন। তেওঁলোকৰ ভিতৰত হিন্দুলোকৰ সংখ্যা আছিল ৩৪,৬৬৫ জন। মুছলিম ২৫১ জন, জনগোষ্ঠীয় লোক আছিল ৫,৫৪৭ জন। ১৮৭২ চনত প্ৰথম চৰকাৰী লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হয়গৈ ৩৯,১৫৪ জন। ১৯০১ চনত ৮৮.৩ শতাংশ বৃদ্ধিৰে এই জনসংখ্যা হয়গৈ ৭৩,৭৩৬ জন। হয়তো জিলাখনৰ ঠাই বিশেষে চাহ বাগিছা স্থাপনেই আছিল জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ। বিশ-শতিকাৰ প্ৰথম দশকবোৰত পূব-বঙ্গৰ পৰা অবৈধভাৱে আহি বৰ্তমানৰ বঙালমৰা, ইছলামপুৰ, দৌলতপুৰৰ নিম্নপৃষ্ঠত থিতাপি লোৱা ভূমিহীন মুছলিম পৰিয়ালবোৰে জনসংখ্যা বৃদ্ধিত বিশেষ ভূমিকা বহন কৰিছিল। সেই সময়তে আকৌ কিছু সংখ্যক নেপালীলোক ম’হসহ খেতি-বাতি হোৱা ঠাইত থিতাপি লৈছিল। এনেকৈ ১৯২১ চনত জিলাখনৰ জনসংখ্যা এক লাখৰো অধিক হয়গৈ। অবৈধ প্ৰবেশ চলি থাকি ১৯০১ চনৰ জনসংখ্যা তিনিগুণ হৈ ১৯৫১ চনত হ’লগৈ ২,২২,৯৬৯ জন। আচৰিতজনকভাৱে এক অৰ্ধশতিকাতে (২০০১-২০০৩) চাৰিগুণ বাঢ়ি গৈ জনসংখ্যা হয় ৮,৮৯,০১০ জন। ২০০১ চনত জিলাখনত জনজাতিলোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ২৩.৪৯% হৈ এক বিশেষ স্থান লাভ কৰে, যি সময়ত ৰাজ্যখনত জনজাতিলোকৰ পৰিমাণ ১৯.৪১%। ৰাজ্যৰ অনুসূচীত জাতিৰ লোকৰ পৰিমাণ মুঠ জনসংখ্যাৰ ৬.৫৫ % হোৱাৰ বিপৰীতে লখিমপুৰত এই পৰিমাণ ৭.২৮ %। ২০০১ চনত মুঠ জনসংখ্যা ৮,৮৯,০১০ জনৰ ভিতৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আছিল এনে ধৰণৰ: হিন্দু- ৭,০২,৪৪১জন -৭৯.০৬ %, মুছলিম ১,৪৩,৫০৫জন -১৬.১৪ %, খ্ৰীষ্টিয়ান ৩৬,৬৬৭জন -৪.৪২ %। বৌদ্ধ ধৰ্মাৱলম্বী -১,৩৬২ জন জৈন ধৰ্মাৱলম্বী -১৪৮জন আৰু অন্যান্য ধৰ্মৰ লোক -৩,৩৭১ জন। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৫৭জন। ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭৮.৩৯%। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৪.৬৬% আৰু ৭১.৯১% ভাষা লখিমপুৰ জিলা অঞ্চল সুবৃহৎ অসমীয়া জাতিৰ অন্তৰ্ভুক্ত প্ৰায়বিলাক ধৰ্মীয়লোকৰ উপৰিও অজনজাতি আৰু জনজাতি লোকৰ বাসস্থান। ইয়াৰ বাহিৰেও কৰ্মেসূত্ৰে নেপাল, ৰাজস্থান, মৰোৱাড়, বিহাৰ, বঙ্গ,বাংলাদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা,তামিলনাডু আদি ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভিন্ন ভাষীলোকো এই অঞ্চলত বহুকাল থাকি লখিমপুৰত স্থায়ীভাৱে বাসকৰা অসমীয়া লোকৰ লগত মিলি ভাষা সংস্কৃতি সমন্বয়ৰ পৰম্পৰাৰে এক স্বকীয় বৈশিষ্ট্য বহন কৰি আহিছে। লখিমপুৰ জিলাত স্থায়ীভাৱে বসবাস কৰি থকা বিভিন্ন ভাষা গোষ্ঠীৰ ভিতৰত আৰ্য গোষ্ঠীৰ অন্তৰ্গত অসমীয়া, বঙালী, নেপালী, মাৰোৱাৰী, হিন্দী, উড়িয়া, পঞ্জাবী আদি ভাষা-ভাষীসকল অন্যতম। চীন-তিব্বতীয় শাখাৰ অন্তৰ্গত বড়ো ভাষা গোষ্ঠীৰ উপশাখাৰ বড়ো, সোণোৱাল কছাৰী, মিচিং, দেউৰী,ৰাভা, খামতি সকলেই প্ৰধান। অষ্ট্ৰীক গোষ্ঠীৰ অন্তৰ্গত-কোল বা মুণ্ডা শাখা। এই শাখাৰ উপশাখা হ’ল চাওঁতালী, মুণ্ডাৰী, শৱৰ আদি। ইয়াৰ অন্তৰ্গত বিভিন্ন ভাষা সমূহ চাহ বাগিচাৰ মজদুৰ বা বনুৱা সকলৰ মাজত প্ৰচলিত। উল্লিখিত ভাষা সমূহৰ ভিতৰত অসমীয়া ভাষীৰ বাদে আন ভাষা-ভাষী সকল হ’ল দ্বি-ভাষী। তেওঁলোক নিজ নিজ অঞ্চলত নিজৰ ভাষাভাষীৰ মাজত নিজৰ ভাষাতে কথা পাতে যদিও আনৰ লগত কথা বতৰা হওঁতে অসমীয়া ভাষাতে কথা পাতে। শিক্ষা-দীক্ষা, ব্যৱসায়িক লেনদেন, সাংস্কৃতিক অনুষ্ঠান আদিত এওঁলোকে অসমীয়া ভাষাক সংযোগী বা সহযোগী ভাষা হিচাপে প্ৰয়োগ কৰে। লখিমপুৰৰ প্ৰধান ভাষা অসমীয়া। ইয়াৰ ৰূপ ঘাইকৈ দুটা: মান্য ৰূপ (লিখিত) আৰু কথ্য ৰূপ (মুখে মুখে প্ৰচলিত) মান্য ৰূপ : মান্যভাষাটো সাধাৰণতে ৰুচিমাৰ্জিত আৰু পৰিশীলিত। লিখোঁতেহে এই মান্যৰূপৰ অসমীয়াৰ প্ৰচলন হয়। অৱশ্যে বিশেষ পৰিস্থিতিত নাটক, উপন্যাসৰ কথোপকথন তথা সংলাপ আদিত কেতিয়াবা সাহিত্যিক প্ৰয়োজনত কথ্য অসমীয়া প্ৰয়োগ কৰা হয় যদিও সেয়া কৃত্ৰিম ব্যৱহাৰ। কথ্য ৰূপ : দৈনন্দিন জীৱনত প্ৰচলিত ভাষাৰ মাজত মানুহৰ ৰুচি অনুযায়ী মাতকথাই এটা নিৰ্দিষ্ট ৰূপ লয়। এনে কথ্যৰূপৰ প্ৰতিফলন লখিমপুৰৰ কথ্য অসমীয়াতো পোৱা যায়। লখিমপুৰৰ উল্লেখযোগ্য লখিমপুৰ জিলাৰ বৈশিষ্ট্যমূলক স্থানসমূহ লখিমপুৰ জিলাৰ প্ৰশাসনিক পৰিসীমাৰ ভিতৰত বহুতো বৈশিষ্ট্যমূলক উল্লেখনীয় স্থান আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে নাৰায়ণপুৰত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান। খেৰাজখাত মৌজাৰ কাচিকটা আৰু ৰঙাজান নৈৰ মাজত অৱস্থিত লেতেকুপুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক অনিৰুদ্ধদেৱৰ ধলপুৰৰ দকুৱা গাৱঁৰ বিষ্ণু বালিকুঞ্চিত জন্ম হৈছিল, আৰু সেই স্থানতে তেওঁৰ থান অৱস্থিত। আনহাতে, অনিৰুদ্ধদেৱৰ সমাধিস্থান নাহৰআটী থান বিহপুৰীয়া নগৰৰ সমীপৰ নাহৰআটীত অৱস্থিত। নাৰায়ণপুৰ নগৰৰে সমীপৰ শক্ৰাহিত বদলা পদ্ম আতা আৰু হৰিদেৱৰ জন্মস্থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ স্থান হিচাপে পৰিচিত মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে স্থানান্তৰিত হৈ নাৰায়ণপুৰতে পুনৰ প্ৰতিস্থাপিত হয়। বেলগুৰি সত্ৰৰ নাতিদূৰতে বদুলা সত্ৰ আছে। আনহাতে, পদ্ম আতাৰ দ্বাৰা প্ৰতিস্থাপিত ফুলনি থান নাৰায়ণপুৰ নগৰতেই অৱস্থিত। বিহপুৰীয়াৰ বদতিঘাটৰ সমীপত মহাপুৰুষ শংকৰদেৱে এবাৰ পদাৰ্পণ কৰা চাঙিনীথান, ধলপুৰৰ গণকদলনীত পেতুৱা গোসাঁনীৰ থান, ধলপুৰৰ ভাটোকুছিত কেশৱ চৰণ আতা থান, নাৰায়ণপুৰৰ ফুলবাৰীত মাঘনোৱা দ'ল, খেৰাজখাতৰ গোসাঁইবাৰী আৰু নাৰায়ণপুৰৰ বৰখামতি গাৱঁত বাপুচাং আৰু বুদ্ধদেৱৰ মূৰ্ত্তি থকা বৌদ্ধ মন্দিৰ, বিহপুৰীয়া হমৰা কাচিকটা গাৱঁত বদলা পদ্ম আতাৰ জিৰণিস্থান হিচাপে চিহ্নিত ৰঘূগুৰি আৰু হমৰা থান, আৰু খেৰাজখাতত ফুলবাৰী দেৱালয় হৈছে লখিমপুৰৰ পশ্চিম প্ৰান্তৰ আন উল্লেখযোগ্য স্থানসমূহৰ অন্যতম। উল্লেখনীয় যে, কালিকাপুৰাণত গৌতমস্য মহাফলা তীৰ্থ হিচাপে লখিমপুৰ জিলাৰ দক্ষিণ-পশ্চিমৰ এই অঞ্চলৰ মাজেৰে পাৰ হোৱা পিচ্ছিলা (বৰ্তমানৰ পিছলা) নদীৰ উল্লেখ আছে। নাৰায়ণপুৰৰ অনতিদূৰত হাৰমতীত একে নামৰ এগৰাকী কুৱঁৰীৰ নামেৰে হাৰমতী গড় আছে। যোগিনীতন্ত্ৰত উল্লেখ থকা সৌমাৰপীঠৰ হাৰমতীৰ ওচৰেদি অধিষ্ঠাত্ৰী দেৱী দিক্কৰ বাসিনীয়ে ডিক্ৰং নামেৰে অৰুণাচলৰ পাহাৰৰ পৰা বৈ আহি দ্বিতীয় বাসুদেৱ থানৰ কাষেদি গৈ বদতিঘাটৰ ওচৰত সোৱণশিৰি নদীত মিলিছে। উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপত ঘাৰমৰা সত্ৰ আৰু বৰমাহৰা সত্ৰ অৱস্থিত। খ্ৰীষ্টীয় চতুৰ্দ্দশ শতিকাত চুতীয়া ৰাজ্যৰ ৰজা সত্যনাৰায়ণে প্ৰতিস্থা কৰা শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ জিলাখনৰ ঢকুৱাখনা মহকুমাত থকা এক ঐতিহ্যমণ্ডিত ক্ষেত্ৰ। উক্ত সত্ৰখিনিলৈ নেপাল, ভূটান আদি ঠাইৰ পৰাও বহুলোকৰ আগমণ ঘটে। ঢকুৱাখনাতে হাৰ্হি দেৱালয় আৰু বৰদলনিৰ কুমতীয়া নৈৰ পাৰত মণিপুৰীয়া গোসাঁনীৰ থান আছে। উত্তৰ লক্ষীমপুৰ নগৰত থকা পঞ্চানন দেৱালয়ত কৰ্ছন গাঁৱৰ পৰা ষোড়শী মহাবিদ্যাৰ বিগ্ৰহ আনি প্ৰতিস্থা কৰা হৈছিল। লখিমপুৰ জিলাৰ নগৰ/চহৰ উত্তৰ লখিমপুৰ ফুলবাৰী বিহপুৰীয়া নাৰায়ণপুৰ ঢকুৱাখনা লালুক বান্দৰদেৱা ঘিলামৰা নাওবৈচা হাৰমতি ধলপুৰ বগীনদী ঢেকীয়াজুলি ঐতিহাসিক স্থানসমূহ বাসুদেৱ থান ৰজাবাৰী হাৰ্হি দেৱালয় গৰখীয়া দৌল নীল দেৱালয় পঞ্চানন দেৱালয় লোণপানী দৌল মাঘনোৱা দৌল আৰু দোতোলা ফুলবাৰী দেৱালয় বুটীকুৰ চাউলধোৱা বাধাকৰা শতজান দুলুংমুখ কদম খগা হাতীলুং পকা দ’ল পিঠাগুৰি হাৰমতী ৰাজগড় আলি বৈঠাৱতী দেৱালয় মুঢ়া ভগা দ’ল বুঢ়ী গোসাঁনীৰ থান দেওঘৰ ঘাৰমৰা সত্ৰ নাহৰ আটি সত্ৰ বিষ্ণু বালিকুচি লেতেকু পুখুৰী বেলগুৰি থান বা সত্ৰ পুণীয়া সত্ৰ চাঙিনী থান বাহজেঙনী সত্ৰ কেঁচাই খাইতি আই থান,উজনি মিৰি গাঁও শিক্ষানুষ্ঠান উত্তৰ লখিমপুৰ মহাবিদ্যালয় লখিমপুৰ চিকিৎসা মহাবিদ্যালয় লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয় লখিমপুৰ বালিকা মহাবিদ্যালয় লখিমপুৰ বাণিজ্য মহাবিদ্যালয় লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় লখিমপুৰ আইন মহাবিদ্যালয় স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয় ঢকুৱাখনা মহাবিদ্যালয় ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয় শংকৰদেৱ মহাবিদ্যালয় ওম প্ৰকাশ দিনোদিয়া মহাবিদ্যালয় (পানীগাঁও) মাধৱদেৱ বিশ্ববিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় বিহপুৰীয়া বাণিজ্য মহাবিদ্যালয় পূব ডিক্ৰং মহাবিদ্যালয় লালুক মহাবিদ্যালয় নাওবৈচা মহাবিদ্যালয় তেলহী তুৱাৰাম নাথ মহাবিদ্যালয় ভিবিৰাম হাজৰিকা মহাবিদ্যালয় খেৰাজখাত মহাবিদ্যালয় ব্ৰহ্মপুত্ৰ ভেলী একাডেমী জিনিয়াছ একাডেমী উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পদ্মনাথ গোহাঞিবৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় লোহিত-ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয় শংকৰদেৱ কলেজিয়েট খ'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গোঁহাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয় টাউন হাইস্কুল জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ জন ফাৰ্থ হাইস্কুল বসন্তলতা বিশ্বেশ্বৰ চাংকাকতি সোঁৱৰণী শংকৰদেৱ শিশু নিকেতন, লখিমপুৰ পিছলা নেশ্যনেল একাডেমি, নাৰায়ণপুৰ সংগম একাডেমী এচিয়ান পাব্লিক স্কুল টাউন হাই মাদ্ৰাছা স্কুল ৰে’লৱে স্কুল লীলাৱতী বৰদলৈ হিন্দী স্কুল টোল আদৰ্শ প্ৰাথমিক বিদ্যালয় বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয় গড়েহগা বাঁগপাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় লখিমপুৰ কলেজিয়েট আদৰ্শ হাইস্কুল পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ফুলবাৰী বোকানদী উচ্চতৰ মাধ্যমিক বিদ্যালয় চেণ্ট মেৰিছ স্কুল চাবতি শংকৰদেৱৰ শিশু নিকেতন নাওবৈচা লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় এছিয়ান একাডেমী খেলমাটী বাধাকৰা উচ্চ মাধ্যমিক বিদ্যালয় আমতলা হাই স্কুল, অমতলা এ দি কে হাইস্কুল সাংস্কৃতিক অনুষ্ঠান পঞ্চানন নাট্য মন্দিৰ (উত্তৰ লখিমপুৰ) নট সৈনিক (উত্তৰ লখিমপুৰ) নাবিক (উত্তৰ লখিমপুৰ) সন্মিলিত নাট্য সমাজ (বিহপুৰীয়া) নাটকম (বিহপুৰীয়া) লখিমপুৰ জিলাৰ উল্লেখযোগ্য ব্যক্তিসকল বিশ্বনাৰায়ণ শাস্ত্ৰী পদ্মনাথ গোহাঞি বৰুৱা হোমেন বৰগোহাঞি সৰ্বেশ্বৰ জালভাৰী ফুকন ধৰ্মেশ্বৰ কটকী লীলাৰাম ভূঞা (মুক্তিযোদ্ধা) পূৰ্ণানন্দ দত্ত প্ৰফুল্ল কুমাৰ বৰুৱা গণেশ পেগু বিশ্ব বৰুৱা ড॰ চন্দ্ৰধৰ চমুৱা জীৱন বৰা তোষেশ্বৰ চেতিয়া হৰেন্দ্ৰ দেৱগোস্বামী শিৱ শৰ্মা বোধেন হাজৰিকা অনু বৰুৱা দেবেন বৰগোঁহাই চন্দ্ৰকমল গগৈ আলি হাইদৰ মুনীন ভূঞা ঘন হাজৰিকা পাণীন্দ্ৰ নাথ গগৈ উদ্ধৱ ভৰালী (বিশিষ্ট উদ্ধাৱক) ইন্দ্ৰ বণিয়া (বিশিষ্ট অভিনেতা) শূল বৰা যদু কলিতা সেৱাব্ৰত বৰুৱা নন্দ কিশোৰ মহেশ্বৰী তথ্য সংগ্ৰহ অসমৰ জিলা
2968
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A6%BF%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A6%97%E0%A6%A1%E0%A6%BC%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
ডিব্ৰুগড় জিলা
ডিব্ৰুগড় জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা। ইয়াৰ সদৰ স্থানৰ নামো ডিব্ৰুগড়। জিলাখনৰ মাটিকালি প্ৰায় ৩,৩৮১ বৰ্গ কিলিমিটাৰ। ডিব্ৰুগড় নামৰ উৎপত্তি 'ডিব্ৰুগড়' নামটোৰ উৎপত্তি 'ডিবৰু মুখ' (আহোম-চুতীয়া ৰণৰ স্থান)-ৰ পৰা হৈছে। ডিবৰু নামটো ডিব্ৰু নদীৰ পৰা আহিছে। চুতীয়া ভাষাত ডিব্ৰু মানে 'ফোঁপোলা' আৰু গড় মানে 'দূৰ্গ'। ভৌগোলিক অৱস্থিতি ডিব্ৰুগড় জিলা ২৭° ৫' ৩৮" উত্তৰৰ পৰা ২৭° ৪২' ৩০" উত্তৰ অক্ষাংশ আৰু ৯৪° ৩৩' ৪৬" পূবৰ পৰা ৯৫° ২৯' ৮" পূব দ্ৰাঘিমাংশ লৈকে বিস্তৃত। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জিলাখনৰ উত্তৰ সীমা প্ৰায় ৯৫ কিলোমিটাৰলৈ বিস্তৃত হৈ আছে। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই অভয়াৰণ্যৰ অংশবিশেষ ডিব্ৰুগড় জিলাত অৱস্থিত। প্ৰশাসনিক বিভাজন ডিব্ৰুগড় জিলাৰ মহকুমা হ'ল ডিব্ৰুগড় আৰু নাহৰকটীয়া। নাহৰকটীয়াক নতুনকৈ জিলা খনৰ দ্বিতীয়টো মহকুমা হিচাপে ঘোষণা কৰা হৈছে। জিলা সদৰ ডিব্ৰুগড়। অসম বিধানসভাৰ সাতটা সমষ্টি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত। সেইকেইটা সমষ্টি হৈছে: মৰাণ (১১৫), ডিব্ৰুগড় (১১৬), লাহোৱাল (১১৭), দুলীয়াজান (১১৮), টিংখং (১১৯), নাহৰকটীয়া (১২০), চাবুৱা (১২১)। চাবুৱা সমষ্টি লখিমপুৰ লোকসভা আৰু আন ৬টা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। জনগাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি ডিব্ৰুগড়ৰ জনসংখ্যা ১৩,২৬,৩৩৫ জন। ইয়াৰে ৬,৭৬,৪৩৪জন পুৰুষ আৰু ৬,৪৯,৯০১ গৰাকী মহিলা। ২০০১- ২০১১ দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৯২%। ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬১ গৰাকী। সাক্ষৰতাৰ হাৰ ৭৬.০৫%। জিলাখনৰ প্ৰায় ৯০% লোক হিন্দু ধৰ্মী, ৪.৫% ইছলাম ধৰ্মী আৰু বাকী অন্যান্য ধৰ্মালম্বী লোক। ডিব্ৰুগড় জিলাৰ মূল অধিবাসীসমূহ হৈছে আহোম, চুতীয়া, কৈৱৰ্ত, সোণোৱাল কছাৰী, মটক, মৰাণ জনগোষ্ঠীৰ লোক। অসমীয়া হ'ল প্ৰধান ভাষা। শিক্ষা ২০১১ চনৰ লোকপিয়ল মতে ডিব্ৰুগড় জিলাৰ সাক্ষৰতাৰ হাৰ হ'ল ৭৬.০৫%, পুৰুষৰ ৮২.৮২% আৰু মহিলা ৬৮.৯৯%। ডিব্ৰুগড় বিশ্ববিদ্যালয় উজনি অসমৰ প্ৰথম বিশ্ববিদ্যালয়। ১৯৬৫ চনতে স্থাপিত বিশ্ববিদ্যালয়খন ৰাজাভেটাত অৱস্থিত আৰু ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত অৱস্থিত অসমৰ এক উল্লেখযোগ্য শিক্ষাৰ কেন্দ্ৰ। অসমৰ এক অন্যতম চিকিৎসা মহাবিদ্যালয়ৰ হৈছে ডিব্ৰুগড় জিলাস্থিত অসম চিকিৎসা মহাবিদ্যালয়। ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত চিকিৎসা মহাবিদ্যালয়খনে উজনি অসমৰ ৰাইজৰ স্বাস্থ্যসেৱাত উল্লেখযোগ্য বৰঙণি যোগাইছে। পোনপ্ৰথমে বেৰীহোৱাইট মেডিকেল কলেজ নামেৰ জনাজাত (১৯০০ চন) মহাবিদ্যালয়খন ১৯৪৭ চনৰ ৩ নৱেম্বৰত স্থাপিত হৈছিল। জিলাখনৰ আন উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ হৈছে: ডিব্ৰুগড় পলিটেকনিক, ছল্ট ব্ৰুক একাডেমী, হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়, মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়, ডিব্ৰু মহাবিদ্যালয়, ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড়, চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চন্দ্ৰকান্ত হাজৰিকা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (মিলন নগৰ) আদি। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ জিলা ডিব্ৰুগড় জিলা
2970
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%B0%E0%A6%BE%E0%A6%87
চৰাই
চৰাইৰ () বৈজ্ঞানিক সংজ্ঞা হ’ল “কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী”। সকলো মিলাই বৰ্তমান প্ৰায় ১০,০০০টা প্ৰজাতি, পৃথিৱীৰ সকলো জলবায়ুতে, মেৰু অঞ্চলৰ পৰা এণ্টাৰ্কটিকালৈক, বসবাস কৰা দেখা যায়। চৰাই জাতিৰ আকাৰ ২ ইঞ্চিৰ “হামিং বাৰ্ড” ৰ পৰা প্ৰায় ৯ ফুটৰ ঊট পক্ষীলৈকে হ'ব পাৰে। আধুনিক চৰাই সমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল, ডেউকা, ঠোঁট, টান-খোলাৰ কণী পৰা, চাৰি-কোঠালিৰ হৃদযন্ত্ৰ তথা উচ্চ পাচন-হাৰ (metabolic rate)। চৰাইৰ সকলো প্ৰজাতিৰে ডেউকা আছে। চৰাইৰ ডেউকা প্ৰকৃততে ইয়াৰ আগঠেঙৰ ৰূপান্তৰিত ৰূপ। উৰিব নোৱাৰা চৰাইৰ উদাহৰণ হ’ল, ৰেটিটছ (ratites), পেংগুইন (penguins) আৰু নানা দ্বীপবাসী চৰাই সমূহ। চৰাইৰ পাচন-যন্ত্ৰ তথা শ্বাসযন্ত্ৰও উৰিবৰ বাবে বিশষভাৱে ৰূপান্তৰিত হৈছে। চৰাইৰ বহুতো প্ৰাজাতিয়ে বহু দীঘলীয়া দুৰত্ব অতিক্ৰম কৰি পৰিভ্ৰমণ কৰে। চৰাই সামাজিক জীৱ। নানা ধৰণৰ সংকেত তথা মাতেৰে পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। ক্ৰমবিৱৰ্তন জীৱাশ্ম আৰু জৈৱ প্ৰমাণ সমূহৰ আধাৰত বিজ্ঞানীসকলে প্ৰাচীন জুৰাচিক যুগৰ থেৰ’পড ( Theropod) ডাইন’ছৰৰ পৰাই ক্ৰমান্বয়ে ৱিৱৰ্তন ঘটি চৰাইৰ উৎপত্তি হৈছে বুলি গণ্য কৰে। চৰাইৰ উৎপত্তি আজিৰ পৰা ১৫০-২০০ মিলিয়ন বছৰ আগতে হৈছে বুলি ঠাৱৰ কৰা হৈছে। ফ্ৰান্সিছ উইলোগবী ( Francis Willughby) আৰু জন ৰে ( John Ray) নামৰ বিজ্ঞানী দুগৰাকীয়ে পোনপ্ৰথমে ১৬৭৬ চনত “অৰ্নিথ’লজী’’(Ornithologiae) ত চৰাইৰ বৈজ্ঞানিক শ্ৰেণীবিভাজন আগবঢ়াইছিল কেৰ’লাছ লিনিয়াছ ( Carolus Linnaeus) এ ১৭৫৮ চনত এই শ্ৰেণীবিভাজন সংশোধিত ৰূপত প্ৰকাশ কৰে। আধনিক চৰাইসমূহ মূলত নিঅৰনিথিছ ( Neornithes) বিভাগটোৰ আন্তৰ্ভুক্ত, ইয়াৰে দুটা বিভাজন আছে। পেলিঅগনেথি ( Palaeognathae), য’ত উৰিব নোৱাৰা চৰাইৰ প্ৰজাতি সমূহ অন্তৰ্ভুক্ত কৰা হৈছে , যেনে- ৰেটিটছ আৰু নিঅ'গনেথি ( Neognathae), য’ত অন্য সকলো চৰাইক সামৰা হৈছে। শ্ৰেণীবিভাজন পৃথিৱীৰ সকলো ঠাইতে পক্ষী বা চৰাই দেখিবলৈ পোৱা যায়। প্ৰাচীন যুগৰ প্ৰাণীবোৰৰ তুলনাত্মক শাৰীৰবিজ্ঞান আৰু জীৱাশ্মবোৰ অধ্যয়ন কৰি প্ৰাণীবিদসকলে পক্ষীবোৰ সৰীসৃপৰ পৰা উৎপত্তি হৈছে বুলি একমত হৈছে। চৰাই আৰু সৰীসৃপবোৰে বহুক্ষেত্ৰতে সাদৃশ্য দেখুৱাই বাবে হাক্স্‌লেই ইহঁতক কশেৰুকী প্ৰাণীৰ অন্তৰ্গত চৌৰ’পছিডা (sauropsida) নামৰ অতিগোত্ৰত (Superclass) অন্তৰ্ভুক্ত কৰিছিল। তদুপৰি হাক্সলেই পক্ষীবোৰক মহামান্বিত সৰীসৃপ বুলি অভিহিত কৰিছিল। চৰাইবোৰ হ’ল দ্বিপদী তথা পাখিযুক্ত প্ৰাণী। ইহঁতবোৰ মেছ’য’ইক যুগৰ অৰনিথিছিয়া বৰ্গৰ সৰীসৃপৰ পৰা উৎপত্তি হৈ বৰ্তমান যুগৰ পক্ষীবোৰলৈ ক্ৰ’ম’বিকশিত হৈছে। ক্ৰম’বিকাশৰ ধাৰাত চৰাইবোৰ সৰীসৃপতকৈ উচ্চখাপৰ আৰু স্তন্যপায়ী প্ৰাণীতকৈ নিম্নখাপৰ। দেখা গৈছে যে আধুনিক যুগৰ চৰাইবোৰ প্ৰকৃততে ক্ৰিটেছিয়াছ যুগৰ প্ৰাৰম্ভিক সময়তহে আৱিৰ্ভাব হৈছিল। সৰীসৃপৰ ক্ৰ’মবিকাশ হওঁতে বহু সময়ৰ প্ৰয়োজন হৈছিল; যিহেতু এই পৰিৱৰ্তনে দেহৰ আৰু দেহক্ৰিয়াৰ প্ৰায় সকলোখিনি স্পৰ্শ কৰিছে। এই ক্ৰম’বিকাশৰ ধাৰাত শীতলৰক্তী সৰীসৃপৰ উষ্ণৰক্তী চৰাইলৈ পৰিৱৰ্তন, লাওঁখোলাৰ হাড়সমূহৰ সংযোজন, পুচ্ছাংশৰ দেহাংশলৈ পৰিৱৰ্তন, বাতিল হাড়ৰ (Pneumatic bone) উৎপত্তি, কশেৰুকাৰ সংযোজনৰ ফলত ছিনছেক্ৰাম নামৰ হাড়ৰ সৃষ্টি আদিয়েই প্ৰধান পৰিৱৰ্তন। উষ্ণৰক্তী, দ্বিপদী, অগ্ৰপদখন উৰণ কাৰ্যত সহায় কৰিবলৈ ডেউকালৈ ৰূপান্তৰণ, গ্ৰন্থিবিহীন ছাল আৰু পাখিৰে আবৃত শৰীৰযুক্ত প্ৰাণীবোৰকে চৰাই বোলা হয়। IUCN ৰ তথ্য মতে বৰ্তমান পৃথিৱীত 10,400 তকৈও অধিক প্ৰজাতিৰ চৰাই আছে। উপশ্ৰেণী (Subclass) নিঅৰনিথিছৰ বিভিন্ন ভাগ সমূহ তলত দিয়াৰ দৰে--. উপশ্ৰেণী নিঅৰনিথিৰ দুটা মূল উচ্চবৰ্গ (Superorder)– উচ্চবৰ্গ পেলিঅগনেথি : এই উচ্চবৰ্গৰ অধীনত দুটা বৰ্গ আছে য’ত মুঠতে ৪৯ বিধ প্ৰজাতি অন্তৰ্ভুক্ত। বৰ্গ দুটা হ'ল- ষ্ট্ৰুথিফৰমিছ (Struthioniformes)—উদাহৰণ, অষ্ট্ৰিছ , ইমু , কিৱি টিনামিফৰমিছ (Tinamiformes)—টিনামাছ উচ্চবৰ্গ নিঅগনেথি: এই উচ্চবৰ্গত ২৭টা বৰ্গ আৰু সৰ্বমুঠ দহহাজাৰ প্ৰজাতি অন্তৰ্ভুক্ত কৰা হৈছে। এই বৰ্গসমূহ হ’ল- এনছেৰিফৰমিছ (Anseriformes)—waterfowl গেলিফৰমিছ (Galliformes)—fowl কেৰেদ্ৰিফৰমিছ (Charadriiformes)—gulls, button-quails, plover গেভিফৰমিছ (Gaviiformes)—loons প'ডিচিপেডিফৰমিছ (Podicipediformes)—grebes প্ৰচেলেৰিফৰমিছ (Procellariiformes)—albatross,petrels স্ফেনিশ্চিফৰমিছ (Sphenisciformes)—পেংগুইন পেলিকানিফৰমিছ (Pelecaniformes)—পেলিকান ফেইটন্তিফৰমিছ (Phaethontiformes)—tropicbirds চিক'নিফৰমিছ (Ciconiiformes)—stork কেথেৰ্টিফৰমিছ (Cathartiformes)—নতুন বিশ্বৰ শগুণ ফণিক'প্টেৰিফৰমিছ(Phoenicopteriformes)—ফ্লেমিংগ' ফেলকনিফৰমিছ (Falconiformes)—ঈগল, ফেলকন গ্ৰুচিফৰমিছ (Gruiformes)—Crane টেৰ'ক্লিদিফৰমিছ (Pteroclidiformes)—sandgrouse কলোম্বিফৰমিছ (Columbiformes)—কপৌ, পাৰ শ্চিটাচিফৰমিছ (Psittaciformes)—ভাটৌ কুকুলিফৰমিছ (Cuculiformes)—কুলি চৰাই অপিস্থকমিফৰমিছ (Opisthocomiformes)—হোৱাটজিন (hoatzin) স্ত্ৰিগিফৰমিছ (Strigiformes)—ফেঁচা কেপ্ৰিমুলগিফৰমিছ (Caprimulgiformes)—nightjar এপ'ডিফৰমিছ (Apodiformes)—ছুইফ্ট আৰু হামিংবাৰ্ড ক"ৰাচিফৰমিছ (Coraciiformes)—মাছোৰোকা পিচিফৰমিছ (Piciformes)-কাঠোৰোকা ত্ৰগ'নিফৰমিছ (Trogoniformes)—trogons ক'লিফৰমিছ (Coliiformes)—mousebirds পেচ্চেৰিফৰমিছ (Passeriformes)—passerines বিতৰণ চৰাই বিশ্বৰ আটাইকেইখন মহাদেশতে পোৱা যায় যদিও আটাইতকৈ বেছি বৈচিত্ৰতা দেখা যায় বিষুৱীয় (tropical ) অঞ্চল সমূহত। পূৰ্বতে ধাৰণা কৰা হৈছিল যে বিষুৱীয় অঞ্চলত এই বৈচিত্ৰতাৰ কাৰণ হ'ল তুলনামূলক ভাৱে বেছি speciation হাৰ: অৱশ্যে শেহতীয়া তথ্যই দেখুৱাইছে যে বিষুৱীয় অঞ্চলৰ উচ্চ অক্ষাংশৰ লগে লগে নতুন প্ৰজাতিৰ সৃষ্টিও বৃদ্ধি পায় আৰু সেয়ে বিলুপ্তিকৰণ ( extinction) ৰ হাৰেও বৈচিত্ৰতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব নোৱাৰে। এক বুজনসংখ্যক চৰায়ে সাগৰতো বসবাসৰ বাবে নিজকে অভিযোজিত কৰি ল'ব পাৰিছে। আনকি কিছুমান সাগৰীয় চৰাইৰ প্ৰজাতি কেৱল প্ৰজননৰ বাবেহে পাৰলৈ আহে বুলি জনা যায়। মানুহে সংস্থাপন (introduce) কৰা অনেক ঠাইতো নতুন প্ৰজাতি সমূহে প্ৰজনন কৰি আবাদী গঠন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে কিছুমান উদ্দেশ্যপূৰ্ণভাৱে কৰা হৈছে, যেনে - Ring-necked Pheasant', নামৰ চৰাইৰ প্ৰজাতিটৌ সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত game bird হিচাপে সংস্থাপন কৰা হৈছে। . অন্যান্য কিছুমান সংস্থাপন আকস্মিক ঘটনাক্ৰমেও (accidental)হয়, যেনে গড়ালৰ পৰা মুক্ত হৈ উত্তৰ আমেৰিকাৰ কেইবাখনো চহৰত সংস্থাপিত হোৱা বন্য Monk Parakeet,কেইবাখনো ঠাইলৈ বিস্তাৰিত হোৱা Cattle Egret, Yellow-headed Caracara, আৰু Galah ইত্যাদিচৰাইৰ প্ৰজাতিয়ে মূল বিস্তৃতিতকৈ বহু বেছি প্ৰসাৰতা লাভ কৰিছে। সাধাৰণ লক্ষণ পক্ষীবোৰ দ্বিপদী, ঠোঁটযুক্ত আৰু উষ্ণৰক্তী প্ৰাণী। ইহঁতৰ শৰীৰটো পাখিৰে আবৃত। দেহটো মহুৰা আকৃতিৰ আৰু ইয়াক মূৰ, ডিঙি, দেহাংশ আৰু নেজ অংশত ভগাব পাৰি। অগ্ৰপদ দুখন ডেউকালৈ ৰূপান্তৰিত হৈছে। প্ৰত্যেক ডেউকাতে তিনিটাকৈ নখবিহীন আঙুলি থাকে আৰু উৰিবৰ বাবে কিছুমান বিশেষ পাখি থাকে। পশ্চাৎপদ বা ঠেং দুখন খোজ কাঢ়িবলৈ, গছৰ ডালত খামুচি ধৰিবলৈ আৰু কোনো বস্তু ধৰিবলৈ আৰু সাঁতুৰিবলৈও ব্যৱহাৰ কৰা হয়। ঠেং দুখনত চাৰিটাকৈ নখযুক্ত আঙুলি থাকে। ইহঁতৰ ঠোঁট আৰু নখৰ ওপৰত এখন কঠিন আৱৰণ থাকে তথা ঠেঙৰ এটা অংশত বাকলি থাকে। ইহঁতৰ দাঁত নেথাকে। পক্ষীৰ ছালত ঘৰ্ম গ্ৰন্থি নেথাকে কিন্তু নেজৰ ওপৰফালে তৈল গ্ৰন্থি বা প্ৰিন গ্ৰন্থি নামৰ এটা বিশেষ ধৰণৰ গ্ৰন্থি থাকে। চৰাইৰ বহিঃকংকালবোৰ অধিচৰ্মীয়। এইবোৰ হ’ল – পাখি. ঠেঙত থকা বাকলি, আঙুলিত থকা নখ আৰু ঠৌঁটৰ আৱৰণ। উৰণক্ৰিয়াৰ সহায়ক হ’বলৈ ইহঁতৰ বক্ষপেশীবোৰ শক্তিশালী আৰু পূৰ্ণবিকশিত। অন্তঃকংকালতন্ত্ৰৰ হাড়বোৰ পাতল আৰু ভিতৰফালে স্পঞ্জৰ নিচিনা যদিও যথেষ্ট দৃঢ় আৰু টান। ইহঁতৰ ৰাজহাড়ডাল চুটি। কশেৰুকাবোৰ বিষমগৰ্তী (Heterocoelous) আৰু এইবোৰত অধিপ্ৰবৰ্ধ (Epiphysis) নেথাকে। গ্ৰীৱা কশেৰুকাবোৰত গ্ৰীৱা কামিহাড় থাকে। কেইডালমান বক্ষ কামিহাড় সম্পূৰ্ণৰূপে জোৰা লগা। পিছৰ ফালৰ কেইডালমান বক্ষ কশেৰুকা, কঁকাল অঞ্চলৰ কশেৰুকা আৰু সম্মুখৰ ফালৰ কেইটামান পুচ্ছ কশেৰুকা লগ লাগি ছিনছেক্ৰাম (Synsacrum) নামৰ হাড় এটুকুৰাৰ সৃষ্টি হৈছে। নেজৰ শেষৰ পিনৰ তিনি চাৰিটা কশেৰুকা লগ লাগি নাঙলৰ ফালৰ (Plough share) নিচিনা পাইগ’ষ্টাইল (Pygostyle) নামৰ হাড় এটুকুৰাৰ সৃষ্টি হৈছে। কামিহাড়বোৰৰ ৰাজহাড়ৰ লগত লগ লাগিবলৈ দুটাকৈ সন্ধিমুখিকা মূৰ থাকে আৰু এছটাকৈ অংকুশী প্ৰৱৰ্ধ (Uncinate process) থাকে। ইহঁতৰ উৰোস্থিডাল (Sternum) যথেষ্ট বহল। উৰোস্থিৰ অংকীয় প্ৰদেশত থকা দীঘল তৰীদলত (Keel) উৰণ পেশী সংযুক্ত হৈ থাকে। ইহঁতৰ বক্ষ চক্ৰ (Pectoral girdle) শক্তিশালী আৰু ইয়াৰ কোৰাকইড (Coracoid) হাড়ডাল তৰোৱাল সদৃশ। বক্ষ চক্ৰৰ দুয়োফালৰ অংশ দৃঢ় ভাৱে লগ লাগি থাকে আৰু উৰণৰ সময়ত ই ডেউকাদুখনৰ ধৰণী (Fulcrum) হিচাপে কাম কৰে। ইহঁতৰ জক্ৰক বা ক্লেভিকল্‌ (Clavicle) আৰু আন্তঃজক্ৰক বা ইণ্টাৰ ক্লেভিকল (Interclavicle) নামৰ হাড় দুডাল সংযুক্ত হৈ V আকৃতিৰ ফাৰকুলা (Fercula) নামৰ হাড়ডাল সৃষ্টি কৰিছে। ইহঁতৰ দূৰৱৰ্তী মনিবন্ধিকা বা কাৰ্পেল (Carpal) আৰু কৰভাস্থি বা মেটাকাৰ্পেল (Metacarpal) লগ লগ লাগি কাৰ্পোমেটাকাৰ্পেল (Carpometacarpal) নামৰ বিশেষ ধৰণৰ হাড়ৰ সৃষ্টি কৰিছে। নিকটৱৰ্তী টাৰ্ছেল (Tarsels) হাড়বোৰ টিবিয়াৰ (Tibia) লগত সংযুক্ত হৈ টিবিঅ’টাৰ্ছাছ (Tbio tarsus) হাড়ৰ সৃষ্টি হৈছে। দূৰৱৰ্তী টাৰ্ছেলে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ মেটাটাৰ্ছেলৰ (Metatarsals) লগত লগ লাগি টাৰ্ছো মেটা টাৰ্ছেছ (Tarso metatarses) হাড়ৰ সৃষ্টি কৰিছে। এটা অক্সিপিটেল কণ্ডাইলেৰে সৈতে পক্ষীৰ লাওঁখোলাটো এককণ্ডী (Monocodylic)। লাওঁখোলাৰ লগত সংযুক্ত হাড়বোৰৰ অকল অধোহনু (Mandible), কোৱাৰ্ডেট (Quadrate), কলুমেলা (Columella) আৰু হায়ইড অস্থিহে লৰা চৰা কৰিব পাৰে। হাওঁফাওঁৰ দ্বাৰা শ্বসন কাৰ্য সম্পাদন কৰে। চৰাইৰ হাওঁফাওঁটো সোপোকা (Spongy) আৰু প্ৰসাৰণ – ক্ষমতাহীন। হাওফাওঁটো কামিহাড়বোৰৰ ফাকে ফাকে সোমাই থাকে। হাওঁফাওৰ পৰা কিছুমান বায়ুথলী Air sacs) ওলাই বায়ুগুহিকাৰ মাজত সোমাই থাকে। শ্বাসনলী (Trachea) আৰু শ্বসনী (Brochus) দুটাৰ সংগম স্থলিত থকা ছাইৰিন্সৰ (Syrinx) পৰা চৰাইৰ মাত সৃষ্টি হয়। চৰাইৰ স্বৰযন্ত্ৰ (Larynx) বা স্বৰতন্তু (Vocal cord) নেথাকে। পক্ষীৰ পাচন তন্ত্ৰৰ গ্ৰাসনলীৰ কিছু অংশ ডাঙৰ হৈ টোটোলা বা ক্ৰপৰ (Crop) সৃষ্টি হৈছে। পাকস্থলীটো এটা গ্ৰন্থিময় প্ৰভেনট্ৰিকুলাছ (Proventriculus) আৰু শক্তিশালী পেষণীত বিভবিভক্ত। ক্ল’আকা বা অৱস্কৰ গুহা আছে আৰু ই তিনিটা কোঠাত বিভক্ত। হৃদযন্ত্ৰটো চাৰিটা কোঠাত বিভক্ত। ইহঁতৰ অকল সোঁ ধমনীয় ধনুহে (Aortic arch) থাকে। বাওঁ ধমনীয় ধনু নেথাকে। ইহঁতৰ লোহিত ৰক্তকণিকাবোৰ ডিম্বাকৃতিৰ, উভয়োত্তল আৰু কোষকেন্দ্ৰযুক্ত। ইহঁতৰ বৃক্ক নিৰ্বাহিকা তন্ত্ৰ অৱশেষী। বৃক্কটো তিনিটা অংশত বিভক্ত আৰু মেটানেফ্ৰিক প্ৰকৃতিৰ। চৰাইৰ প্ৰমস্তিষ্ক গোলাৰ্ধ আৰু অনুমস্তিষ্ক যথেষ্ট ডাঙৰ। নেত্ৰপালি (Optic lobe) দুটা মস্তিষ্ক উভয় পাৰ্শ্বীয় দিশত অৱস্থিত। ইহঁতৰ 12যোৰ কপালীয় স্নায়ু থাকে। চৰায়ে ৰেচন কাৰ্যৰ দ্বাৰা ইউৰিক এচিড বৰ্জন কৰে আৰু সেয়েহে ইহঁতক ইউৰিক’টেলিক প্ৰাণী বুলি কোৱা হয়। কৰ্ণত অকল কলুমেলা অৰিছ (Columella auris) নামৰ এটুকুৰা হাড় থাকে। চৰাইবিলাকৰ মাত্ৰ বাওঁ ডিম্বাশয় আৰু ডিম্বনলী থাকে। ইহঁতৰ নিষেচন অভ্যন্তৰীণ। নিষেচিত কণীবোৰক উমনি দিলেহে পোৱালি জগে। বিদলন (Cleavage) অংশভাজী বা মেৰ’ব্লাষ্টিক (Meroblastic)। জনকীয় যতন (Parental care) দেখুৱায়। ইহঁতে কণি আৰু পোৱালিক সুৰক্ষা দিয়ে। পক্ষীবিলাক দ্বিলিংগী আৰু বেছি ভাগৰে লৈংগিক দ্বিৰূপতা (Sexual dimorphism) সুস্পষ্ট। ক্ৰম'জ'ম চৰাই দুই লিংগৰ হয়ঃ পুৰুষ আৰু স্ত্ৰী। চৰাইৰ লিংগ নিৰ্ধাৰণ হয় Z আৰু W ক্ৰম'জমৰ আধাৰত, আনহাতে স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ হয় XY ক্ৰম'জ'মৰ দ্বাৰা। পুৰুষ চৰাইৰ দুডালকৈ Z ক্ৰম'জ'ম থাকে (ZZ), আনহাতে স্ত্ৰী চৰাইৰ এডাল W ক্ৰম'জ'ম আৰু এডাল Z ক্ৰম'জ'ম থাকে (WZ)। প্ৰায় সকলো চৰাইৰ ক্ষেত্ৰতে, চৰাইটোৰ লিংগ নিৰ্ধাৰণ হয় নিষেচনৰ (ferilization) সময়ত। শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণাৰ মতে অষ্ট্ৰেলিয়াৰ ব্ৰাছ টাৰ্কী (Australian Brush Turkey) চৰাইৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ উমনি দিয়া সময়ৰ তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। এইবিধ চৰাইৰ ক্ষেত্ৰত অধিক উষ্ণতাত স্ত্ৰী-পুৰুষ লিংগীয় অনুপাত বাঢ়ি যোৱা পৰিলক্ষিত হয়। ডেউকা ডেউকা চৰাইৰ এটা প্ৰধান বৈশিষ্ট্য। ই চৰাইক উৰাত সহায় কৰে। তদুপৰি ডেউকাই চৰাইক প্ৰজনন কালত প্ৰদৰ্শন (display),পৰিৱেশত মিলি পৰাত (camouflage) আৰু যোগাযোগ (signaling) ত সহায় কৰে। বেলেগ বেলেগ কাৰ্য্ডেয সমাধা কৰাৰ উদেশ্যে ডেউকাও ভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়। ডেউকা প্ৰকৃততে ছালৰে এটা বৃদ্ধি (epidermal growth) আৰু সেয়ে ই ছালৰ লগত লাগি থাকে। পাখিসমূহৰ বাহ্যিক গঠন আৰু বিন্যাস (arrangement) ক plumage বুলি কোৱা হয়। ই প্ৰজাতি আৰু লিংগ ভেদে বেলেগ বেলেগ হয়। প্লুমেজ (Plumage) চৰাইৰ প্লুমেজ অৰ্থাৎ পাখিৰ ৰং, বিন্যাস (arrangement) আৰু সজ্জা (pattern) নিয়মীয়াকৈ সলনি (moult) কৰে। প্ৰজননৰ পিছত চৰাইৰ প্লুমেজ সলনি হ'লে ইয়াক 'non-breeding" plumage বুলি কোৱা হয়। সাধাৰণতে প্ৰয়ভাগ চৰাইৰ ক্ষেত্ৰত 'Moulting' বছৰেকত এবাৰ হয়। অৱশ্যে কিছুমান প্ৰজাতিৰ ক্ষেত্ৰত ই বছৰত দুবাৰ আৰু ডাঙৰ আকাৰৰ মাংসভোজী চৰাই (birds of prey)ৰ ক্ষেত্ৰত ই কেইবাবছৰৰ মূৰত এবাৰকৈ হয়। 'Moulting' ৰ প্ৰক্ৰিয়া প্ৰজাতি ভেদে ভিন্ন হয়। পেচ্ছেৰাইন (passerine) অৰ্থাৎ পেচ্ছেৰিফৰমিছ (Passeriformes) বৰ্গৰ অন্তৰ্গত চৰাই সমূহৰ ডেউকাৰ পাখি সমূহ (flight feather) ভিতৰৰ পৰা এডাল এডালকৈ সৰিবলৈ আৰম্ভ কৰে। হাঁহজাতীয় অন্য কিছুমান চৰায়ে আকৌ একেবাৰতে ডেউকাৰ গোটেইবোৰ পাখি সৰায় আৰু কিছুসময়ৰ বাবে উৰিব নোৱাৰা হৈ পৰে। বাহ সজাৰ আগে আগে প্ৰায়ভাগ মাইকী চৰায়ে পেটৰ পাখিবোৰ সৰাই বুকুত এটা অঞ্চল পাখিবিহীন কৰি তোলে, এই অংশটোক 'brood patch' বুলি কোৱা হয়। সেই অংশত তেজ চলাচলৰ বাবে ষথেষ্ট ধমনী থাকে আৰু ই চৰাইজনীক উমনি দিয়াত সহায় কৰে। চৰাইৰ পাখিসমূহক যত্নৰ প্ৰয়োজন। সেয়ে চৰায়ে নিয়মীয়াকৈ দিনৰ প্ৰায় ৯% সময় পাখি সমূহ চাফা কৰাত ব্যয় কৰে। ইহঁতে ঠোঁটৰ সহায়ত পাখিত লাগি থকা ধূলি বা বস্তু আঁতৰায়। তদুপৰি 'uropygial gland' এ নিঃসৰণ কৰা আঠাজাতীয় ৰস (waxy secretion)ৰ ব্যৱহাৰ কৰি পাখিৰ নমনীয়তা (fexibility) অটুট ৰাখে আৰু অন্যান্য ক্ষতিকৰ অনুজীৱসমূহৰ পৰা প্ৰতিৰক্ষা দিয়ে। উৰণ ক্ষমতা অন্যান্য মেৰুদণ্ডী প্ৰাণী সমূহৰ পৰা ব্যতিক্ৰমী বৈশিষ্ট্য হ'ল প্ৰায়ভাগ চৰায়ৈ উৰিব পাৰে। উৰণ ক্ষমতা প্ৰজনন, খাদ্য আহৰণ (feeding) আৰু ভক্ষক (predator)ৰ পৰা ৰক্ষা পোৱাৰ বাবে ব্যৱহৃত হয়। ডেউকাৰ আকাৰ আৰু আকৃতিয়ে চৰাইৰ উৰাৰ ধৰণ নিৰ্ণয় কৰে। আচৰণ প্ৰায়ভাগ চৰায়ে দিবাচৰ (diurnal), কিন্তু ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়। উদাহৰণস্বৰূপে ফেঁচা ( owl) নাইটঝাৰ (nightjar) আদি নিশাচৰ আৰু সাগৰীয় চৰাই যেনে ৱেডাৰ (wader) জাতীয় চৰায়ে দিন-ৰাতিৰ বিচাৰ নকৰাকৈ জোৱাৰ (tide)ৰ সময়ৰ লগত মিলাই খাদ্য খায়। খাদ্য চৰায়ে বিভিন্ন খাদ্য খায়। ইয়াৰ ভিতৰত উল্লেখযোগ্য খাদ্যসমূহ হ'ল, ফুলৰ ৰস (nectar), ফল-মূল (fruit),উদ্ভিদ (plant), গছৰ গুটি (seeds) আৰু অন্য প্ৰজাতিৰ চৰাইকে ধৰি বিভিন্ন সৰু সৰু জীৱ-জন্তু। চৰাইৰ দাঁত নাই বাবে ইয়াৰ পাচকতন্ত্ৰ গিলি থোৱা খাদ্যৰ পাচন ঘটৌৱাত বিশেষভাৱে অভিযোজিত। যিবোৰ চৰায়ে খাদ্য আহৰণৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰে আৰু বহুতো প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰে সেইবোৰক generalist বুলি কোৱা হয়। অন্যহাতে বাকী কিছূমান চৰায়ে বিশেষ কিছুমান খাদ্যহে খায় আৰু এটা প্ৰক্ৰিয়াৰেই সেই খাদ্য আহৰণ কৰে , তেনে চৰাইক specialist বুলি আখ্যা দিয়া হয়। খোৱাৰ প্ৰক্ৰিয়াও প্ৰজাতিভেদে বেলেগ বেলেগ হয়। কিছুমান চৰায়ে অলপ অলপকৈ (glean) পোকপতংগ, অমেৰুদণ্ডী প্ৰাণী, ফল-মূল বা গুটি আদি সংগ্ৰহ কৰে। কিছুমানে পোক-পতংগক আকস্মিকভাৱে আক্ৰমণ কৰে। ফুলৰ ৰস চুহি খোৱা চৰাই যেনে হামিংবাৰ্ড (hummingbird), মৌ-পিয়া (sunbird) ইত্যাদিৰ ঠোঁট আৰু জিভা চুহিবৰ বাবে বিশেষভাৱে অভিযোজিত হয়। কিৱি (Kiwi) আৰু সাগৰীয় চৰাই সমূহৰ দীঘল ঠোঁট অমেৰুদণ্ডী প্ৰাণী চিকাৰ কৰাৰ উদেশ্যে ব্যৱহৃত হয়। । কিছুমান চৰাই যেনে ফ্ৰিগেটবাৰ্ড (frigatebird), গাল ( gull) আৰু স্কুৱা ( skua), আদিয়ে অন্য চৰাইৰ পৰা খাদ্য চুৰি কৰি আনে। এই বিশেষ আচৰণটোক ক্লেপ্ট'পৰজীৱিতা (kleptoparasitism) বুলি আখ্যা দিয়া হয়। অন্য কিছুমান চৰই মৃতভোজী, যেনে- শগুণ (scavenger)। পানী চৰাইৰ বৰ্জনীয় পদাৰ্থ বিসৰ্জনৰ বিশেষ প্ৰক্ৰিয়া (excretion) আৰু ঘৰ্মগ্ৰন্থি (sweat gland) নথকাৰ বাবে শৰীৰত পানীৰ প্ৰয়োজন কম। অৱশ্যে অন্য বহুতো কামত চৰাইক পানীৰ প্ৰয়োজন একেবাৰেই নথকা নহয়। মৰুভূমিৰ বহুতো চৰায়ে খাদ্যত থকা পানীৰেই এই প্ৰয়োজন পূৰাৱ পাৰে। তেনেদৰে সাগৰীয় চৰাই সমূহে সাগৰৰ লোণীয়া পানী খায়ে জীৱন ধাৰণ কৰিব পাৰে। ইয়াৰ বাবে ইহঁতৰ মূৰত লোণ গ্ৰন্থি (salt gland) যি নাকৰ পৰা অনাৱশ্যকীয় লোণখিনি বৰ্জন কৰিব পাৰে। প্ৰায়ভাগ চৰায়ে ঠোঁটত পানী লৈ পানীখিনি ডিঙিলৈ বৈ যাব পৰাকৈ মূৰটো ওপৰলৈ কৰি দিয়ে। অৱশ্যে অন্য কিছুমান চৰাই যেনে শুকান ঠাইৰ পাৰ (pigeon), ফিন্স (finch), মাউছবাৰ্ড (mousebird), বাটন-ক্কুৱেইল (button-quail) বাষ্টাৰ্ড (bustard) ইত্যাদিয়ে মূৰটৌ বেঁকা নকৰাকৈয়ে পানী শুহি ল'ব পাৰে। মৰুভূমি অঞ্চলৰ কিছুমান চৰায়ে নিয়মীয়াকৈ সেয়ে পানীৰ উৎসত জুম পাতি থাকে। চেন্দগ্ৰাউজ (sandgrouse) আৰু প্লভাৰ (Plover) ৰ দৰে চৰায়ে পেটৰ পাখি সমূহ তিয়াই পোৱালিলৈ পানী কঢ়িয়াই নিয়ে। পৰিষ্কাৰ পৰিচ্ছন্নতা চৰায়ে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে পাখিবোৰ তিয়াই গা-ধুৱে। Wading- চৰাইটোৱে পানীত ৰৈ পাখিবোৰ জোকাৰি জোকাৰি পানীত তল-ওপৰ কৰি দিয়ে। লগতে ই বুকুখন পানীত লগাই মূৰেৰে পিছফাললৈ পানী ছটিয়াই দিয়ে। এই প্ৰক্ৰিয়াৰে সাধাৰণতে ৰবিন (Robin), থ্ৰাছ (thrush), ম'কিংবাৰ্ড (mockingbird) আদিয়ে গা ধুৱা দেখা যায়। Dipping – কিছুমান চৰায়ে পানীত বুৰ মাৰি গাটো তিয়ায়। ছুইফ্ট (Swift) আৰু শ্বুৱেল'(swallow) আদি চৰায়ে এনেদৰে গা ধুৱে। অন্য কিছুমান চৰায়ে আকৌ চোঁ মাৰি আহি বাৰে বাৰে পানীত ডুব দিয়ে। চ্ছিকাডি (Chickadees),ৰেন (wrens), বাণ্টিং (bunting) আদি চৰায়ে এই পদ্ধতি ব্যৱহাৰ কৰে। পানীৰ অভাৱ থকা অঞ্চলত চৰায়ে যেনে ৰেন টিট (Wren Tit) আদিয়ে উদ্ভিদত লাগি ৰোৱা নিয়ৰেৰে পাখিবোৰ তিয়ায়। অন্য শুকান ঠাই কিছুমানত চৰায়ে পানীৰ সলনি ধূলিৰেওগা ধুৱা দেখা যায়। যেনে-ঘৰচিৰিকা, লাৰ্ক আদি চৰাই। কিছুমান চৰায়ে আকৌ পাতলীয়া বৰষুণত ডেউকা আৰু নেজ মেলি দিও গা ধুৱে। কাঠোৰোকা (Woodpecker) আৰু নাটহেচ্চ (Nuthatches)ক সাধাৰণতে এনে কৰা দেখা যায়। চৰায়ে দেহৰ বৰণ আৰু পাখিসমূহ অক্ষত ৰাখিবৰ বাবেই প্ৰধানকৈ গা ধুৱে। ধূলিয়ে অপ্ৰয়োজনীয় তৈল পদাৰ্থ শুহি লয় আৰু মৰা ছাল বা বৰ্জনীয়া সামগ্ৰী আঁতৰোৱাত সহায় কৰে। তদুপৰি ধূলিয়ে পৰজীৱী প্ৰাণীকো আঁতৰায় বুলি ধাৰণা কৰা হয়। প্ৰব্ৰজন বিশ্বৰ বিভিন্ন ঠাইত ঋতু অনুযায়ী হোৱা উষ্ণতাৰ পৰিৱৰ্তনৰ সুবিধা লৈ চৰায়ে খাদ্য আৰু প্ৰজননৰ ঠাইৰ সন্ধানত প্ৰব্ৰজন কৰে। চৰাইৰ প্ৰজাতি ভেদে এনে প্ৰব্ৰজননৰ ধৰণো বেলেগ বেলেগ হয়। বহুতো স্থলচৰ পক্ষী, সাগৰীয় আৰূ জলাশয় সমূহৰ চৰাই আদিয়ে বছৰেকত এবাৰ দীঘলীয়া দুৰত্ব অতিক্ৰম কৰি প্ৰব্ৰজন কৰে। এই প্ৰক্ৰিয়া সাধাৰণতে দিনৰ দৈৰ্ঘ্য (length of daylight) আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰে। এই চৰাইসমূহে প্ৰজননৰ সময়খিনি temperate বা উত্তৰ নাইবা দক্ষিণ গোলাৰ্ধ (arctic/ antarctic)ত কটায় বাকী সময়ছোৱা বিষুৱীয় অঞ্চল (tropical)ত অতিবাহিত কৰে। প্ৰব্ৰজনৰ আগে আগে চৰায়ে দেহৰ চৰ্বী (body fat) বৃদ্ধি কৰে আৰু কিছুমান অংগৰ আকাৰ হ্ৰাস কৰি তোলে। চৰায়ে অকণো জিৰণি নোলোৱাকৈ মৰুভূমি-সাগৰ সকলো পাৰ হৈ যাব লাগে বাবে প্ৰব্ৰজননৰ সময়ত যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। স্থলচৰ চৰায়ে সাধাৰণতে ২৫০০ কি:মি: পৰ্যন্ত আৰু সাগৰীয় চৰায়ে ৪০০০ কি:মি: পৰ্যন্ত প্ৰব্ৰজন কৰিব পাৰে। । অৱশ্যে Bar-tailed Godwit নামৰ চৰাইবিধে একেৰাহে ১০২০০ কি:মি: পৰ্যন্ত প্ৰব্ৰজন কৰাত সক্ষম। সাগৰীয় চৰাই সমূহৰ ভিতৰত শ্বুটি শ্বিয়েৰৱাটাৰ (Sooty Shearwater) নামৰ চৰাইবিধে সৰ্বাধিক দুৰত্ব অতিক্ৰম কৰে। ই নিউজিলেণ্ড আৰু চিলি (Chile) ত বাহ সাজি পোৱালিজগায় আৰু গ্ৰীষ্মকালটো জাপান, আলাস্কা আৰু কেলিফৰ্ণিয়াত অতিবাহিত কৰে। এনেদৰে বছৰেকত ই প্ৰায় ৬৪০০০ কি: মি: পৰ্যন্ত প্ৰব্ৰজন কৰে। কিছূমান চৰায়ে কেৱল বেয়া বতৰ বা খাদ্যৰ অভাৱ পূৰাব পৰাকৈ প্ৰয়োজন হোৱা দুৰত্বহে অতিক্ৰম কৰে। উদাহৰণ স্বৰূপে ফিন্স ([[:en:Finch| Finch) জাতীয় চৰায়ে খাদ্যৰ সন্ধানত বেলেগ ঠাইলৈ প্ৰব্ৰজন কৰে। কিছূমান চৰায়ে ইয়াৰ বিতৰণ (range) পৰিসৰতে চমূকৈ প্ৰব্ৰজন কৰে। অন্য কিছুমান চৰাইৰ ক্সত্ৰত আংশিক প্ৰব্ৰজনো দেখা যায়। অৰ্থাৎ কেৱল মাইকী আৰু তলতীয়া মতা (subdominant male) চৰায়ে প্ৰব্ৰজন কৰে। আকৌ সাগৰ-পৃষঠৰ পৰা উচ্চতাৰ ভিত্তিতো চৰায়ে প্ৰব্ৰজন কৰে। এইক্ষেত্ৰত চৰায়ে সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা বেছি উচ্চতাত প্ৰজনন কৰে আৰু তাৰ পিছত তললৈ নামি আহে। এইধৰণৰ প্ৰব্ৰজন সাধাৰণতে উষ্ণতাৰ পৰিৱৰ্তন আৰু খাদ্যৰ উপলভ্যতাৰ ভিত্তিত হয়। চৰায়ে প্ৰব্ৰজনৰ পিছত পুনৰ একেখন ঠাইলৈকে উভতি অহাৰ ক্ষমতা পৰীক্ষা কৰিবলৈ১৯৫০ চনত বষ্টনত Manx Shearwater নামৰ চৰাইবিধ মুকলি কৰি দিয়া হৈছিল। ১৩ দিনৰ ভিতৰতে ইহঁতে ৫১৫০ কি: মি: অতিক্ৰম কৰি পূৰ্বৰ বাসস্থান ৱেলছ (Wales) লৈ উভতি আহে। বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে প্ৰব্ৰজননৰ সময়ত চৰায়ে দিক নিৰ্ণয় (Navigation) কৰে। দিনৰ ভাগত কৰা প্ৰব্ৰজননত সূৰ্যক ব্যৱহাৰ কৰি প্ৰায়ভাগ চৰায়ে দিক-নিৰ্ণয় কৰে। ৰাতিৰ সময়ত stellar compass ৰ সহায় লয়। ভাৱ বিনিময় (Communication) চৰায়ে মুখ্যত: visual and auditory সংকেত (signal)ৰ সহায়ত ইটোৱে সিটোৰ স'তে যোগাযোগ কৰে। ই বেলেগ বেলেগ প্ৰজাতিৰ মাজত (intraspecific-within species) বা নিজৰ প্ৰজাতিৰ ভিতৰত (interspecific -between species) হ'ব পাৰে। কেতিয়াবা চৰায়ে সামাজিক ভাৱে নিজৰ প্ৰভুত্ব (dominance) দেখুৱাবলৈ গাৰ বৰণ অৰ্থাৎ প্লুমেজও বৰৱহাৰ কৰা দেখা যায়। প্ৰজননৰ সময়ত চৰাইৰ আটাইতকৈ দীঘলীয়া আৰু নান্দনিক প্ৰদৰ্ষণ (display) দেখা যায়। ইয়াক নাচ বুলি কোৱা হয় যি প্ৰকৃততে বিভিন্ন জটিল দেহ সঞ্চালনৰ সমষ্টি হয়। মতা চৰাইৰ প্ৰজননৰ সাফল্য এনে প্ৰদৰ্শনৰ ওপৰতো বহু নিৰ্ভৰ কৰে। চৰায়ে বিভিন্ন ধৰণৰ মাত (calls and songs)ৰ সহায়তো ভাৱ বিনিময় কৰে। । চৰায়ে মাতৰ যোগেদি সাম্ভাৱ্য লগৰীয়া (potential mates) বাছনি,নিজৰ অধিকাৰ ক্ষেত্ৰ (claiming and maintenance of territories) ৰ ঘোষণা আৰু পৰিচালনা অন্য চৰাইৰ চিনাক্তকৰণ,আৰু গোটৰ চৰাইসমূহক ভক্ষক (predator)ৰ আগমণৰ বিষয়ে সকিয়নি দিয়া আদি কাৰ্য্য সমাপন কৰে। গোট (flocking) কিছুমান চৰায়ে নিজৰ অধিকাৰ ক্ষেত্ৰ অৰ্থাৎ টেৰিট'ৰী (territory) বজাই সৰু পৰিয়ালত বাস কৰে, অন্যহাতে আন কিছুমান চৰায়ে আকৌ বৃহৎ গোট গঠন কৰি বসবাস কৰে। বৃহৎ গোট গঠন কৰি একেলগে থকাৰ প্ৰধান সুবিধাবোৰ হ'ল, ভক্ষকৰ পৰা প্ৰতিৰক্ষা আৰু খাদ্য আহৰণৰ সুবিধা। বিশেষকৈ ঘন বনাঞ্চলৰ দৰে পৰিৱেশত ভক্ষক প্ৰাণীৰ পৰা বেছি সাৱধান হোৱাৰ প্ৰয়োজন কাৰণ এনে বাসস্থানত চোপ লৈ কৰা আক্ৰমণৰ সম্ভাৱনাও বেছী হয়। সেয়ে বৃহৎ গোটৰ সমূহীয়া সতৰ্ক দৃষ্টিয়ে চৰাইসমূহক সময় মতে সকিয়াই দিবলৈ সক্ষম হয়। সেইবাবেই বনাঞ্চল সমূহত বেলগ বেলগ প্ৰজাতিৰ চৰায়ে একোটা বৃহৎ গোট গঠন কৰি একেলগে চৰা দেখা যায়। অৱশ্যে এই ব্যৱস্থাই খাদ্যৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰো সৃষ্টি কৰে। চৰায়ে কেতিয়াবা অন্য কিছুমান জীৱজন্তুৰ সৈতেও সহযোগিতা (associations) কৰি চলা দেখা যায়। যেনে- সাগৰীয় চৰায়ে মাছ ধৰোঁতে ডলফিন ( dolphin) আৰু টুনা (tuna)ই সাগৰপৃষ্ঠলৈ মাছ ঠেলি দি সহায় কৰে। তেনেদৰে ধনেশ চৰাই আৰু ডোৱাৰ্ফ মংগুজ (Dwarf Mongoose) একেলগে খাদ্য আহৰণ কৰে আৰু ইটোৱে সিটোক কোনো ভক্ষকৰ আগমণত সতৰ্ক কৰি দিয়ে। জিৰণি (roosting) চৰায়ে শুওতেও আধা জাগি থাকে আৰু মাজে মাজে ঘপকৈ চকু মেলি আকৌ মুদি দিয়ে। ইয়াক সতৰ্ক শুৱন (vigilant sleep) বুলি কোৱা হয়। ই চৰাইক হঠাতে অহা বিপদৰ পৰা বচাই ৰাখে। বহুতো চৰায়ে টপনি যাওঁতে মূৰটো পিছলৈ কৰি ঠোঁটটো পিছফালৰ ডেউকাত সুমুৱাই থোৱা দেখা যায়। অন্য কিছুমানে অৱঢ়্যে বুকুৰ পাখিতহে মূৰটো লুকুৱাই টোপনি যায়। কিছূমান চৰায়ে এটা ঠেঙৰ ওপৰত ভৰ দি জিৰণি লয়। পেচ্ছেৰাইন Perching birds বৰ্গৰ চৰাই সমূহৰ দেহত থকা বিশেষ অভিযোজন (tendon locking mechanism)ৰ বাবে টোপনি যোৱাৰ সময়তো গছৰ ডালত ঠেঙেৰে খোপনি পুতি ৰাখিব পাৰে। কিছুমান ভাটৌৰ প্ৰজাতিয়ে গছৰ ডালত ওলোটাকৈ ওলমি থাকি শোৱে। প্ৰজনন সমাজ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত ৯৫% চৰায়ে একগামী (monogamous)। প্ৰজাতি ভেদে চৰায়ে প্ৰায়ে প্ৰজনন কালছোৱা, কেতিয়াবা কেইবাবছৰলৈ আৰু কোনো কোনো ক্ষেত্ৰত মৃত্যু পৰ্যন্ত যোৰা পাতি থাকে। একগামীতাই মাক-দেউতাকৰ যত্নৰ নিশ্চিতি দিয়ে। অন্যান্য বংশবৃদ্ধিৰ প্ৰক্ৰিয়া (mating systems) সমূহ হ'ল, পলিগাইনি (polygyny), পলিএণ্ড্ৰি (polyandry), পলিগেমী (polygamy), পলিগাইনেণ্ড্ৰি (polygynandry) আৰু promiscuity ইত্যাদি। প্ৰজননৰ সময়ত প্ৰধানকৈ মতা চৰাইটোৱে বিভিন্ন ধৰণৰ প্ৰদৰ্ষণ (courtship display) কৰে। প্ৰায়বোৰ এনে প্ৰদৰ্শন সাধাৰণতে চৰাইৰ গান বা বিশেষ মাত , নাচোন, উৰন্ত অৱস্থাত কৰা ডেউকাৰ কৌশল আদিৰ মাধ্যমত হয়। মাইকী চৰায়ে এনে প্ৰদৰ্শন সমূহৰ ভিত্তিত পছন্দৰ মতা চৰাইটো নিজৰ লগৰীয়া হিচাপে বাছনি কৰে। [ বাহ সজা আৰু উমনি প্ৰয়ভাগ চৰায়ে প্ৰজনন কালত নিজৰ অধিকাৰ ক্ষেত্ৰ বা টেৰিট'ৰী (territory) আন চৰাই সমূহৰ পৰা সক্ৰিয়ভাৱে ৰক্ষা কৰি চলে। আনহাতে যিবিলাক চৰায়ে নিজৰ টেৰিট'ৰী ৰক্ষা কৰিব নোৱেৰে যেনে- সাগৰীয় চৰাই সমূহে কল'নি বা বৃহৎ গোট গঠন কৰি বাস কৰে যাতে ভক্ষকৰ পৰা বাচি থাকিব পাৰে। এনেকৈ কল'নি গঠন কৰি বাস কৰা চৰাই সমূহে নিজৰ নিজৰ বাহ সজা ঠাইখন কেৱল আন চৰাইৰ পৰা ৰক্ষা কৰি চলে। সকলো চৰায়ে কেলছিয়াম কাৰ্বনেট (calcium carbonate)এৰে গঠিত টান খোলা (hard shells) ৰে আবৃত এমনিয়টিক কণী ( amniotic egg) পাৰে। গছৰ খোৰোং বা গাতত কণী পৰা চৰাইৰ কণীবোৰ সাধাৰণতে বগা বা শেঁতা বৰণৰ আৰু মুকলি ঠাইত বাহ সাজি কণী পৰা চৰাইৰ কণীবোৰ চৌদিশৰ পৰিৱেশৰ লগত মিলি থকা (camouflage) বৰণৰ হয়। চৰায়ে সাধাৰণতে নিজৰ বাহত কণী পাৰে। বেছিভাগ চৰায়ে নিজৰ প্ৰয়োজনৰ জোখাৰে বিভিন্ন আকৃতিৰ বাহ সাজি লয়। চৰায়ে পাখিৰে বাহটো উমাল কৰি ৰাখে। কিছুমান চৰাইৰ বাহ নাথাকে। উদাহৰণস্বৰূপে শিলাময় পাহাৰত বাস কৰা (cliff-nesting) Common Guillemot নামৰ চৰাইটোৱে শিলতে কণী পাৰে। তেনেদৰে এম্পাৰৰ পেংগুইনৰ মাইকীয়ে কণী পাৰে আৰু মতা চৰাইটোৱে নিজৰ ঠেঙৰ মাজতে কণীটো ভৰাই থয়। চৰাইৰ ঠোঁট আৰু হাঁকোটা ক) চৰাইৰ ঠোঁট (Beaks in Birds): চৰাইৰ ঠোঁটটো উৰ্ধ আৰু নিম্ন হনুৰ দ্বাৰা গঠিত। ঠোঁটটো শিঙৰ দৰে টান পদাৰ্থৰ আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণখনক ৰেম্‌ফ’থিকা (Rhamphotheca) বোলা হয়। ঠোঁটৰ কাম (Functions of teeth): খাদ্য সংগ্ৰহ কৰা। খাদ্যবস্তু লাৰাচাৰা কৰা। পাখিবোৰ আচোৰা আৰু জট ভঙা। বাঁহ সাজিবলৈ সামগ্ৰী আহৰণ কৰা। বাঁহ সজা। পোৱালিবোৰক খুওৱা। প্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা। ঠোঁটৰ প্ৰকাৰ (Types of Beaks): খাদ্য আৰু ভক্ষণ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি চৰাইৰ ঠোঁটবোৰ বিভিন্ন প্ৰকাৰে ৰূপান্তৰিত হয়। তলত বিভিন্ন প্ৰকাৰৰ ঠোঁটৰ বিষয়ে আলোচনা কৰা হ’ল। বীজ ভক্ষণকাৰী ঠোঁট (Seed eating beak): বীজ ভক্ষণকাৰী ঠোঁটবোৰ টান, দৃঢ় আৰু শঙ্কু আকাৰৰ। বীজ ভক্ষণকাৰী চৰাইবোৰে টান খোলাযুক্ত বীজবোৰ ভাঙিবলৈ আৰু গুৰি কৰিবলৈ এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: ঘন চিৰিকা, ফিন্স চৰাই। ছেদক ঠোঁট (Cutting beak): এইবোৰ ঠোঁট মজপুত আৰু চোকা ধাৰযুক্ত। ভক্ষী প্ৰাণীক ফালি টুকুৰা টুকুৰ কৰিবলৈ, কণী ভাঙিবলৈ নাইবা ফল কাটিবলৈ কিছুমান চৰায়ে এনে ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: কাউৰী। ফল ভক্ষণকাৰী ঠোঁট (Fruit eating beak): ফল খাবলৈ ব্যৱহাৰ কৰা ঠৌঁটবোৰ চোকা, টান আৰু বেকা ধৰণৰ হয়। এনে ধৰণৰ ঠোঁট ফলৰ বাকলিবোৰ গুচাবলৈ আৰু বীজৰ টান বাকলি ফালিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ভাটৌ। পতঙ্গভোজী ঠোঁট (Insect eating beak): পতঙ্গভোজী চৰাইবোৰৰ ঠোঁটবোৰ সৰু, চুটি আৰু চুঙা আকৃতিৰ। এনেকুৱা ধৰণৰ ঠোঁটবোৰ পতঙ্গ ধৰিবলৈ উপযোগী। উদাহৰণ: বতাহী চৰাই (Swift), তেলতুপি চৰাই (Swallow), দহিকতৰা (Robin)। মোনাযুক্ত ঠোঁট (Pouched beak): মোনাযুক্ত ঠোঁটবোৰ টান, দীঘল আৰু নিম্নহনুৰ ঠোঁটটো মোনাযুক্ত। এইবোৰ ঠোঁট বহনকাৰী চৰাইবোৰে মাছ আদি ঠোঁটেৰে চিকাৰ কৰে। উদাহৰণ: পেলিকান (Pelican)। চিকাৰ ধৰা ঠোঁট (Prey eating beak): চিকাৰ ধৰা ঠোঁটবোৰ টান, ক্ৰমাগত ভাৱে সঙ্কীৰ্ণ হৈ যোৱা ঠোঁট। এনে ধৰণৰ ঠোঁটৰ সহায়ত মৎস্যভোজী চৰাইবোৰে পানীৰ পৰা চিকাৰ ধৰি ওপৰলৈ উঠাই লৈ আহে। উদাহৰণ: মাছৰোকা (King fisher), চামুচ যেন ঠোঁটৰ বগলী (Spoon bill)। বোকা ছাকনী ঠোঁট (Mud strainer beak): এইবোৰ ঠোঁট দৃঢ়, বহল আৰু চেপেটা আৰু কটা খাজযুক্ত। এইবোৰ ঠোঁটৰ দ্বাৰা কিছুমান চৰায়ে বোকা পানীৰ পৰা ছাকন প্ৰক্ৰিয়াৰে শামুক আদি আহৰণ কৰে॥ উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe), ধিত্‌ৰাজ (Goose)। কাঠত বটালী মৰা ঠোঁট (Wood chiselling beak): কাঠত বটালী মৰা ঠোঁটবোৰ অতি টান, দীঘল আৰু চিধা। এই ঠৌঁটৰ অধিকাৰী চৰাইবোৰে গছৰ শুকান বাকলিৰ তলৰ পৰা পতঙ্গ আদি আহৰণ কৰিবলৈ নাইবা গছত বাহ সজাৰ অৰ্থে খোৰোং সাজিবলৈ বটালীৰে কাঠত গাত খান্দে। উদাহৰণ: বাঢ়ৈটোকা চৰাই (Wood pecker)। বোকাত পৰীক্ষক ঠোঁট (Mud probing beak): এইবোৰ ঠোঁট দীঘল আৰু চুঙা আকৃতিৰ। এনেকুৱা ঠোঁট বহনকাৰী চৰাইবোৰে বোকাত ঠোঁটটো সুমুৱাই দি কেঁচু, শামুক, পতঙ্গ আদিৰ উপস্থিতিৰ বিষয়ে উমান পায়। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe)। মাছ ধৰা ঠোঁট (Fish catching beak): মাছ ধৰা ঠোঁটবোৰ দীঘল, ঠেক আৰু খাজকটা। মাছ, ভেকুলী, লালুকি আদি ধৰিবলৈ কিছুমান চৰায়ে এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: পানী কাউৰী (Cormorant), বগলী (Heron)। ফুল পৰীক্ষক ঠোঁট (Flower probing beak): ফুল পৰীক্ষক ঠোঁটবোৰ দীঘল, ঠেক আৰু জোঙা। মৌ আহৰণ কৰা চৰাইবোৰে এই ঠোঁটবোৰেৰে ফুলৰ পৰা মৌৰস আহৰণ কৰে। উদাহৰণ: চানবাৰ্ড (Sun bird), হামিং বাৰ্ড (Humming bird)। বিন্ধোৱা আৰু ফলা ঠোঁট (Pierching and Tearing beak): এই ঠোঁটবোৰ চুটি, ওপৰৰ ঠোঁটটো তলমুৱাকৈ বেকা আৰু শক্তিশালী। এইবোৰ ঠোঁট সৰু ডাঙৰ চিকাৰবোৰ ফুটাবলৈ আৰু ফলাচিৰা কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ঈগল, ফেঁচা, শগুণ। খ) চৰাইৰ হাকোটাযুক্ত পদাঞ্চলৰ প্ৰকাৰ (Types of clawed feet in birds): চৰাইৰ ঠেঙৰ পদাঞ্চল খোজ কঢ়াৰ উপৰিও অন্যান্য বহুতো কামৰ বাবে ব্যৱহৃত হয়। অন্যান্য কামবোৰ হ’ল – বস্তু আদি সংগ্ৰহ, বাঁহ সজা, আক্ৰমণ কৰা, প্ৰতিৰক্ষা ইত্যাদি। চৰাইৰ ঠেঙৰ পদাঞ্চল আঙুলিযুক্ত আৰু এই আঙুলিবোৰত নখ বা হাকোটা থাকে। কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি চৰাইৰ ঠেঙক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। আৰোহী ঠেং (Climbing feet): আৰোহী ঠেঙৰ পদাঞ্চলবোৰ গছত বা গছৰ ডালত বগাবলৈ উপযোগী। এনেবোৰ ঠেঙত প্ৰথম আৰু চতুৰ্থ আঙুলি দুটা পিছফাললৈ মুখ কৰি অৱস্থান কৰে আনহাতে দ্বিতীয় আৰু তৃতীয় আঙুলিটোৱে সম্মুখৰ পিনে মুখ কৰি থাকে। এনেকুৱা প্ৰকৃতিৰ আঙুলিক জাইগ’ডেক্‌টাইলাছ (Zygodactylous) বুলি কোৱা হয়। হাকোটাযুক্ত জাইগ’ডেক্‌টাইলাছ আঙুলিৰ সহায়ত চৰাইবোৰে সৰু সৰু ডালত খামোচ মাৰি ধৰি উলম্ব গছত বগাই যাব পাৰে। উদাহৰণ: কাঠখোলা (Wood pecker), ভাটৌ (Parrot)। জপটিয়াই ধৰা ঠেং (Clinging feet): এইবোৰ ঠেঙৰ হাকোটা যুক্ত আঙুলিবোৰ এনেকৈ সজ্জিত হৈ থাকে যাতে ইহঁতে ওখ আৰু ঠিয় পৰ্বতৰ বা গুহাৰ বেৰত জপটিয়াই এঠা লাগি ধৰি থাকিব পাৰে। এই প্ৰকৃতিৰ ঠেঙৰ চাৰিওটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে। ইহঁতৰ নখ বা হাকোটাবোৰ চোকা আৰু বেকা প্ৰকৃতিৰ। উদাহৰণ: বতাহী চৰাই, হামিং বাৰ্ড। খোচৰা ঠেং (Scratching feet): এইবোৰ ঠেং খোজ কঢ়া আৰু খাদ্যৰ সন্ধানত মাটি বালি আদিত খোচৰা কামৰ বাবে উপযোগী। খোচৰা ঠেবোৰ দৃঢ় আৰু আঙুলিত থকা হাকোটাবোৰ শক্তিশালী। উদাহৰণ: মুৰ্গী চৰাই। পক্ষীসাদ ঠেং (Perching feet): প্ৰায়বোৰ চৰাইৰে ঠেঙবোৰ এনেকুৱা প্ৰকৃতিৰ। এনেকুৱা ঠেঙৰ চৰাইবোৰে গছৰ ডালত বহোঁতে ডালটোত খামুচি ধৰিব পাৰে। এনেধৰণৰ ঠেঙত তিনিটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে আৰু এটা আঙুলি পিছফালে মুখ কৰি থাকে। উদাহৰণ: ঘন চিৰিকা, কাউৰী, কুলি ইত্যাদি। সাঁতোৰা ঠেং (Swimming feet): পানীত সাঁতোৰা চৰাইবোৰৰ ঠেঙৰ আঙুলিৰ মাজত জালিকা থাকে। হাঁহ, পানী কাউৰী। খামুচি ধৰিব পৰা ঠেং (Grasping feet): এইবোৰ ঠেঙৰ দ্বাৰা চৰাইটোৱো ভক্ষ প্ৰাণীক চিকাৰ কৰি আটক কৰিব পাৰে আৰু ভক্ষ প্ৰাণীটোক কঢ়িয়াই লৈ যাব পাৰে। ইহঁতৰ চাৰিওটা আঙুলি শক্তিশালী আৰু হাঁকোটাবোৰ অতি তীক্ষ্ণ। উদাহৰণ: ফেঁচা, ঈগল. চিলনী। দ্ৰুতবেগী ঠেং (Cursorial or running feet): উৰিব নোৱাৰা চৰাইবোৰৰ ঠেংবোৰ শক্তিশালী আৰু আঙুলিৰ সংখ্যা কম। ইহঁতৰ টাৰছ’মেটাটাৰছাছ হাড়ডাল দীঘল। উদাহৰণ: উট চৰাই, ইমু, ৰিয়া। ৱাডিং ঠেং (Wading feet): ৱাডিং ঠেংবোৰ পানীত থকা বোকাত খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰা ঠেং। ইহঁতৰ টাৰছ’মেটাটাৰছাছ আৰু ভৰিৰ আঙুলিবোৰ দীঘল তথা চুঙা আকৃতিৰ। উদাহৰণ: বগলী জাতীয় চৰাই। চৰাইৰ উমনি দিয়া কাৰ্য্যই পোৱালিৰ গঠন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় উষ্ণতা প্ৰদান কৰে। একগামী চৰাইৰ ক্ষেত্ৰত মতা-মাইকী দুয়ো মিলি উমনি দিয়ে। পোৱালিৰ যতন কণী ফুটি ওলোৱাৰ সময়ত চৰাইৰ প্ৰজাতি ভেদে পোৱালিবোৰ অসহায় বা আত্মনিৰ্ভৰশীল হ'ব পাৰে। একেবাৰে অসহায় আৰু মাক-দেউতাকৰ ওপৰত নিৰ্ভৰশীল পোৱালিক এল্ট্ৰিছিয়েল (altricial)। এনে ধৰণৰ চৰাইৰ পোৱালিবোৰ আকাৰত সৰু, অন্ধ, পাখিবিহীন আৰু লৰচৰ কৰিব নোৱাৰা বিধৰ হয়। অন্যহাতে যিবিলাক পোৱালি জন্মতে চলিব পৰা আৰু নোমেৰে আবৃত হৈ থাকে সিহঁতক প্ৰিক'ছিয়েল (precocial) হয়। এলট্ৰিছিয়েল পোৱালিক প্ৰিক'ছিয়েল পোৱালিতকৈ বেছি যত্নৰ প্ৰয়োজন হয়। চৰাইৰ বিভিন্ন প্ৰজাতি সমূহৰ ভিতৰত মাক-দেউতাকৰ পোৱালিৰ প্ৰতি যত্ন (parental care) পৰিমাণৰ তাৰতম্য ঘটা দেখা যায়। চূড়ান্ত পৰ্য্যায়ত মেগাপড (megapode)নামৰ চৰাইৰ ক্ষেত্ৰত কণী ফুটি পোৱালি জগিলেই মাক-দেউতাকৰ দায়িত্ব শেষ হয়। তাৰপিছত পোৱালিয়ে নিজে মাটিৰে বনোৱা বাহৰ পৰা মাটি খান্দি ওলাই আহে আৰু নিজৰ আহাৰ নিজে যোগাৰ কৰি লয়। আনহাতে বহুতো সাগৰীয় চৰাইৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি এখন দেখা যায়। উদাহৰণস্বৰূপে ফ্ৰিগেটবাৰ্ড (Great Frigatebird) নামৰ চৰাইবিধৰ পোৱালিৰ পাখি সম্পূৰ্ণকৈ গঁজিবলৈ প্ৰায় ছমাহ সময় লয় আৰু তাৰ পাছতো প্ৰায় ১৪ মাহ পৰ্যন্ত মাক-দেউতাকে পোৱালিক খাদ্য যোগাৰ কৰি দিয়ে। কিছুমান চৰাইৰ প্ৰজাতিৰ ক্ষেত্ৰত মাক-দেউতাক দুয়ো মিলি পোৱালিৰ যত্ন লয়। অন্য কিছুমান প্ৰজাতিত আকৌ কেৱল মাক বা দেউতাকে অকলে পোৱালি ডাঙৰ কৰে। কিছুমান বিশেষ প্ৰজাতিত আকৌ পোৱালিৰ ওচৰ সম্পৰ্কীয় (যেনে-পূৰ্বৰ গোটত জন্মা একে মাক-দেউতাকৰ ডাঙৰ হোৱা পোৱালি) চৰায়ে মাক-দেউতাকক সহায় কৰে। কাউৰী (crows), অষ্ট্ৰেলিয়ান মেগপাই (:en:Australian Magpie:Australian Magpie), পখৰা মাছোৰোকা () আদি চৰাইৰ ক্ষেত্ৰত এনেদৰে ওচৰ সম্পৰ্কীয় চৰয়ে সহায় কৰা দেখা যায়। প্ৰয়ভাগ জীৱ-জন্তুৰ ক্ষেত্ৰতে দেউতাকে পোৱালিৰ যত্ন লোৱা খুউব কমেই দেখা যায়। কিন্তু চৰাইৰ ক্ষেত্ৰত ই তুলনামূল ভাৱে সহজলভ্য। উমনি পৰজীৱী (Brood parasites) উমনি পৰজীৱিতা (Brood parasitism) নামৰ পৰিঘটনাতো যথেষ্ট সংখ্যক চৰাইৰ ক্ষেত্ৰত দেখা যায়। এনে চৰায়ে আন প্ৰজাতিৰ চৰাইৰ বাহত কণী পাৰে আৰু আনৰ হতুৱাই পোৱালিক ডাঙৰ কৰোৱায়। যাৰ বাহত উমনী পৰজীৱীয়ে কণী পাৰে সেই চৰাইটোৱে কণীটো চিনিব নোৱাৰি নিজৰ আনবোৰ কণীৰ দৰেই উমনি দিয়ে। উমনি পৰজীৱীতা দেখা পোৱাৰ প্ৰধান কাৰণ বোৰৰ ভিতৰত নিজে বাহ সাজি কণী উমনি দিয়াত অক্ষমতা, আনৰ বাহতো পোৱালি জগাই প্ৰজনন অধিক সফল কৰাৰ উদেশ্য হ'ব পাৰে। উমনী পৰজীৱীসমূহৰ ভিতৰত কুলি চৰায়ে আটাইতকৈ বেছি জনাজাত যদিও এনে এশৰো অধিক প্ৰজাতি পোৱা যায়। মানৱ সমাজত গুৰুত্ব পাৰিপাৰ্শ্বিকতাৰ কথা বাদ দিলেও, মানৱ সমাজত চৰাইৰ গুৰুত্ত অপৰিসীম। পৃথিৱীৰ প্ৰায় সকলোবোৰ লোককৃষ্টিত চৰাইৰ উপস্থিত লক্ষ্য কৰিবলগীয়া। সৌন্দৰ্যৰ প্ৰতীক হিচাপে মানৱ সভ্যতাত চৰাইৰ এক বিশেষ স্থান আছে। তদুপৰি চৰাইৰ অৰ্থনৈতিক দিশতো অনেক অৱদান আছে, বিভিন্ন চৰাইৰ মাংস, বিভিন্ন খাদ্য প্ৰণালীৰ অবিচ্ছেদ্য অংগ। চৰাই সততে দেখা পোৱা যায় বাবে মানুহৰ লগত চৰাইৰ সম্বন্ধ মানৱজাতিৰ জন্মলগ্নৰপৰাই চলি আহিছে। কেতিয়াবা এনে সম্বন্ধ 'পৰস্পৰ সহজীৱি' (mutualistic), যেনে 'মৌ-বিচৰা চৰাই'ৰ (honeyguide) লগত আফ্ৰিকাৰ 'ব'ৰানা' (Borana) সম্প্ৰদায়ৰ মানুহৰ। আন ক্ষেত্ৰত, যেনে ঘৰচিৰিকাৰ লগত মানুহৰ সম্বন্ধ 'সহভোজী' প্ৰকাৰৰ (commensal), য'ত মানুহৰ দৈনন্দিন কাম-কাজৰপৰা ঘৰচিৰিকাই খাদ্যবস্তু লাভ কৰে। কেবাবিধ চৰাইৰ প্ৰজাতি শস্য-বিনস্তকাৰী,, আৰু কিছুমান ক্ষেত্ৰত চৰাইৰ দ্বাৰা 'পক্ষী-সংকট' (aviation hazard) হোৱাৰো সম্ভাৱনা থাকে। মানুহৰ কৰ্ম-কাণ্ডৰপৰাই চৰাইৰ ক্ষতি হ'ব পাৰে, আৰু মানুহৰ বিভিন্ন কাৰ্য, যেনে চিকাৰ, পক্ষী-সীহ-বিষৰ প্ৰয়োগ, কীটনাশক দ্ৰৱ্যৰ প্ৰয়োগ, বাহনৰ খুন্দা, অন্য পোহনীয়া জন্তৰ দ্বাৰা হত্যা আদিৰে কেবাবিধ চৰাইৰ বিলুপ্ত হৈছে বা বিলুপ্ত হোৱাৰ উপক্ৰম ঘটিছে। চৰাই কিছুমান ৰোগৰ বীজাণু বিয়পোৱা মাধ্যমো হ'ব পাৰে, যেনে ছিটাক'ছিছ (psittacosis), ছালম'নেল'ছিছ (salmonellosis), কেম্পাইল'বেক্টৰিঅ'ছিছ (campylobacteriosis), মাইক'বেক্টেৰিঅ'ছিছ (পক্ষী যক্ষ্মা), পক্ষী জ্বৰ, জিয়াৰডিয়েছিছ (:en:giardiasis) আৰু ক্ৰিপ্ট'স্প'ৰিডিঅ'ছিছ (:en:cryptosporidiosis)। ইয়াৰোপৰি জীৱ-জন্তুৰ শৰীৰৰপৰা কিছুমান ৰোগ পক্ষীয়ে বৃহৎ দূৰত্বত থকা মানৱ-দেহলৈ বিয়পাব পাৰে। অৰ্থনৈতিক গুৰুত্ব ঘৰচীয়া চৰায়ে মানুহক মাংস আৰু কণী যোগান ধৰে যি মানূহৰ বাবে প্ৰটিনৰ আটাইতকৈ ডাঙৰ উৎস। এক তথ্য অনুসৰি ২০০৩ চনত সমগ্ৰ বিশ্বযুৰি ৭৬ মিলিয়ন টন ঘৰচীয়া চৰাইৰ মাংস আৰু ৬১ মিলিয়ন টন কণী উৎপাদন হৈছিল। মাংসৰ বাবে বহুটো চৰাই চিকাৰো কৰা হয়। উত্তৰ আৰু দক্ষিণ আমেৰিকাত খাদ্যৰ বাবে চিকাৰ কৰা চৰাইসমূহৰ ভিতৰত জলচৰ চৰাই (waterfowl), কুকুৰা-জাতীয় চৰাই (pheasant), কপৌ, ক্কুৱেইল (quail), পাৰট্ৰিজ (partridge), গ্ৰাউজ (grouse) আদি উল্লেখযোগ্য। যদিও কিছুমান বিশেষ চৰাইৰ চিকাৰ বহনক্ষম (sustainable), চিকাৰে প্ৰায়ভাগ চৰাইৰ প্ৰজাতিৰে জনসংখ্যাত বিৰূপ প্ৰভাৱ পেলাইছে আৰু ইহঁতক বিলুপ্তিৰ পথলৈ থেলি দিছে। চৰাইৰ পৰা পোৱা বাণিজ্যিকভাৱে মূল্যৱান পদাৰ্থ হৈছে কাপোৰ আৰু শুৱাৰ বিভিন্ন সামগ্ৰীত ব্যৱহৃত পাখি (বিশেষকৈ হাঁহজাতীয় চৰাইৰ পাখি), ফছফৰাছ আৰু নাইট্ৰজেনৰ মূল্যৱান উৎস হিচাপে সাগৰীয় চৰাইৰ মল ইত্যাদি। বাণিজ্যিক লাভৰ বাবে বহুতো চৰাইক মানুহে পোহে। ৰঙীন চৰাই যেনে ভাটৌ (Parrot) আদি মানুহে পোহাৰ বাবে বাহিৰৰ পৰা বেআইনী ভাৱে চোৰাংকৈ ইয়াক অনা হয়। চৰাইৰ প্ৰতি মানুহৰ আকৰ্ষণো যথেষ্ট। সেইবাবেই অপেচাদাৰী পক্ষী নিৰীক্ষকৰ সংখ্যাও সমগ্ৰ বিশ্বত প্ৰতিদিনে বৃদ্ধি পাই গৈছে। ধৰ্ম আৰু লোক-সংস্কৃতিত চৰায়ে লোকগাঁথা (folklore), ধৰ্ম, আৰু লোক-সংস্কৃতি (popular culture)ত ভিন্ন ভিন্ন ৰূপত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ধৰ্মৰ ক্ষেত্ৰত চৰায়ে বাৰ্তাবাহক ৰূপে ভূমিকা লোৱাৰ কথা বিভিন্ন আখ্যানৰ পৰা জানিব পৰা যায়। প্ৰাগ-ঐতিহাসিক যুগৰ পৰাই চৰায়ে কলা-কৃষ্টিত বিভিন্ন ভূমিকা পালন কৰি আহিছে। পোন-প্ৰথম চৰাইৰ এনে ভূমিকাৰ কথা গুহা চিত্ৰ সমূহৰ পৰা গম পোৱা যায়। পিছলৈ চৰাইক ধৰ্মীয় বা কলা সম্পৰ্কীয় কাম কাজত উচ্চাত্মক চিহ্ন হিচাপে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণ স্বৰূপে মোগলৰ অধপতি সকলৰ মুকুটত ময়ূৰ চৰাইৰ পাখি সজাই লোৱা হৈছিল। চৰাইৰ ওপৰত বৈজ্ঞানিক জ্ঞান বৃদ্ধিৰ স্পৃহা বঢ়াৰ লগে লগে চৰাইৰ চিত্ৰ অঁকাও উল্লেখযোগ্য ভাৱে বৃদ্ধি পালে। এনেকৈ চৰাইৰ প্ৰতিচ্ছি অঁকা বিশ্ব-বিশ্ৰুত চিত্ৰকাৰ কেইজনৰ ভিতৰত John James Audubon অন্যতম। তেওঁৰ উত্তৰ আমেৰিকাৰ চৰাইসমূহৰ চিত্ৰই সমগ্ৰ ইউৰোপত বিশেষ সমাদৰ লাভ কৰিছিল। কবিতাটো চৰাইৰ উল্লেখ প্ৰায়েই দেখা যায়। উদাহৰণস্বৰূপে হ'মাৰে ওডিছি মহাকাব্যত নাইটিংগল চৰাইক অন্তৰ্ভুক্ত কৰিছে। বিভিন্ন লোক সংস্কৃতিৰ মাজত চৰাইৰ ভূমিকাও ভিন্ন। উদাহৰণ স্বৰূপে আফ্ৰিকাৰ বিভিন্ন অঞ্চলত ফেঁচাক দুৰ্ভাগ্য, ডাইনী আৰু মৃত্যুৰ স'তে জড়িত কৰা হয় কিন্তু ইউৰোপৰ প্ৰায়ভাগ অঞ্চলত ইয়াক আকৌ জ্ঞানী বুলি গণ্য কৰা হয়।। তেনেদৰে কাকৈশিৰাক প্ৰাচীন ইজিপ্টত পবিত্ৰ বুলি গণ্য কৰা হৈছিল কিন্তু ইউৰোপত ইয়াক চোৰৰ শাৰীত ৰখা হৈছিল। সংৰক্ষণ দুখৰ বিষয়, ১৭শ শতিকাৰ পৰা বৰ্তমানলৈকে, মানুহৰ অবিবেচক কাৰ্য্যৰ পৰিণতিত প্ৰায় ১২০-১৩০ বিধ মান চৰাই পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হৈ গ’ল। বৰ্তমানো প্ৰায় ১২০০টা মান প্ৰজাতিৰ চৰাইৰ অবস্থা সংকটজনক বুলি গম পোৱা গৈছে। যদিও মানুহৰ কাৰ্য্যকলাপে চৰাইৰ কিছুমান প্ৰজাতিৰ যেনে 'Barn Swallow' আৰু 'European Starling' আদিৰ বিস্তৃতিত সহায় কৰিছে, তাতোকৈ বহু বেছি পৰিমাণে প্ৰজাতিৰ বিলুপ্তিকৰণত অধিক প্ৰভাৱিত কৰিছে। ঐতিহাসিকভাৱে এশৰো অধিক চৰাইৰ প্ৰজাতি বিলুপ্ত হোৱাৰ তথ্য পোৱা যায়যদিও শেহতীয়াকৈ প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূহত মানুহৰ আবাদী আৰম্ভ হোৱাৰ সময়ত মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপৰ বলি হৈ নাটকীয় ভাৱে ৭৫০-১৮০০টা চৰাইৰ প্ৰজাতি বিলুপ্ত হৈ গৈছিল। বৰ্তমান সমগ্ৰ বিশ্বতে এক বুজন পৰিমাণৰ চৰাইৰ প্ৰজাতি বিলুপ্তিৰ পথত আগবাঢ়িছে। ইয়াৰে ১,২২৭টা প্ৰজাতি ২০০৯ চনত আই. ইউ. চি. এনৰ ৰেড লিষ্টত সংকটপূৰ্ণ (threatened) অৱস্থাত থকা প্ৰজাতি বুলি চিনাক্ত কৰা হৈছে। চৰাইৰ বিলুপ্ত হোৱাৰ আটাইতকৈ আলোচিত কাৰণটো হ'ল মানুহে কৰা পৰিৱেশ বিনষ্টিকৰণ আৰু তাৰ ফলত হোৱা বাসস্থান ধ্বংসৰ প্ৰক্ৰিয়া (Habitat loss)। অন্যান্য কাৰণ সমূহ হ'ল, চোৰাং-চিকাৰ, প্ৰয়োজনাধিক মাছ মৰা, পৰিৱেশ প্ৰদুষণ, কীটনাশকৰ ব্যৱহাৰ, নতুনকৈ সংস্থাপিত হোৱা বহিৰাগত প্ৰজাতি (nonnative invasive species)ৰ স'তে হোৱা প্ৰতিযোগিতা, আৰু গোলকীয় বতৰ পৰিৱৰ্তন (Climate change) ইত্যাদি। চৰকাৰ তথা পৰিৱেশ সংৰক্ষণৰ কৰ্মী সকলে উপযুক্ত আইনৰ সহায় লৈ আৰু পৰিৱেশ restoration (ecological restoration) ৰে চৰাইৰ বাসস্থানৰ প্ৰতিৰক্ষা দিয়ে বা প্ৰয়োজন সাপেক্ষে captive breeding আৰু পুনৰ সংস্থাপন (reintroduction)ৰ বাবেও পদক্ষেপ হাতত লোৱা দেখা যায়। এনে পদক্ষেপসমূহ আংশিক ভাৱে হ'লেও সফল হৈছে বুলি কব পাৰি। এটা গৱাষণাত গম পোৱা গৈছিল যে এনেধৰণৰ পসক্ষেপ সমূহে ১৯৯৪ ৰ পৰা ২০০৪ ৰ ভিতৰত অতি কমেও ১৬ বিধ চৰাইৰ প্ৰজাতি বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিছে। চৰাইৰ উৰণ পেশী আৰু উৰণ ক্ৰিয়াবিধি উৰণ পেশী: চৰাইবোৰে ডেউকা দুখন ওপৰ তলকৈ কোৱাই বতাহত উৰিব পাৰে। চৰাইৰ আগ ঠেং দুখন ৰূপান্তৰিত হৈ ডেউকাৰ সৃষ্টি হৈছে। উৰণ কাৰ্যৰ বাবে চৰাইৰ কিছুমান শক্তিশালী উৰন পেশী থাকে। এই পেশীবোৰ উৰোস্থি (Sternum) আৰু উৰোস্থিৰ তলত থকা তৰীদলৰ (Keel) লগত সংযুক্ত হৈ থাকে। উৰণ পেশীবোৰ যথেষ্ট ডাঙৰ। এই উৰণ পেশীবোৰ তলত দিয়া ধৰণৰ। ১. বক্ষ পেশী (Pecoral muscles): উৰণ কাৰ্যত সহায় কৰিবলৈ অতি প্ৰয়োজনীয় পেশী হ’ল বক্ষ পেশী। ই দুই প্ৰকাৰৰ, যেনে – বৃহৎ বক্ষ পেশী (Pectoralis major) আৰু লঘু বক্ষ পেশী (Pectoralis minor)। এই পেশীবোৰৰ কাম হ’ল ডেউকা দুখনক টানি আৰু এৰি দি ডেউকা দুখনক তল- ওপৰ কৰোৱা। এই পেশী দুটা উৰোস্থিৰ তৰীদল আৰু ডেউকাত লাগি থাকে। ক) বৃহৎ বক্ষ পেশী (Pectoralis major): তৰীদল (Keel) আৰু জক্ৰকৰ (Clavicle) অংকদেশৰ দুয়োফালৰ পৰা বৃহৎ বক্ষ পেশী দুটুকুৰা মুক্ত হৈ চৰাইটোৰ বুকু অংশৰ সৃষ্টি কৰিছে। ই ত্ৰিভুজ আকৃতিৰ আৰু আন পেশীবোৰতকৈ আকৃতিত ডাঙৰ আৰু শক্তিশালী। বৃহৎ পেশীৰ সম্মুখৰ পিনে থকা বহল আৰু চেপেটা কণ্ডৰাডাল (Tendon) হিউমেৰাছৰ মুণ্ডৰ অংকীয় দিশত সোমাই পৰে। এই পেশীয়ে ডেউকাখনক তলৰ পিনে টানি অনাত সহায় কৰে। এই পেশীৰ সংকোচনৰ সময়ত ডেউকাখন তলৰ পিনে নামি আহে আৰু সম্মুখৰ পিনে আগবাঢ়ি যায়। ইয়াৰ ক্ৰিয়াৰ ফলত চৰাইটো ওপৰলৈ উঠিব পাৰে আৰু বতাহৰ মাজেৰে সম্মুখৰ পিনে আগুৱাব পাৰে। খ) লঘু বক্ষপেশী (Pectoralis minor): সৰু আৰু দীঘলীয়া আকৃতিৰ অংকীয় বক্ষপেশীয়ে চৰাইৰ ডেউকাখন ওপৰলৈ উঠোৱাত সহায় কৰে। চৰাইৰ এই লঘু বক্ষপেশীটো বৃহৎ বক্ষপেশীৰ তলৰফালে তৰীদল আৰু দেহৰ মাজৰ কোণটোত লাগি থাকে। পেশীটোৰ সম্মুখৰ ফালে থকা দীঘল আৰু ঠেক কণ্ডৰাডাল ত্ৰি অস্থি ৰন্ধ্ৰৰ (Foramen triossum) মাজেদি সোমাই সোমাই ওপৰলৈ উঠি হিউমেৰাছৰ মুণ্ডৰ ট্ৰচেণ্টাৰত (Trochanter) সোমায়। ত্ৰি অস্থি ৰন্ধ্ৰটো ক্লেভিক’ল (Clavicle), কোৰাক’ইড (Coracoid) আৰু স্কাপুলাৰ মাজত থকা এটা ফাক বা খোলা অংশ। লঘু বক্ষ পেশীয়ে ডেউকাখন ওপৰলৈ উঠোৱাত সহায় কৰে বাবে ইয়াক উত্তোলন পেশী (Elevator muscle) বোলা হয়। এই পেশীৰ সংকোচন ঘটিলে ইয়াৰ লগত সংযুক্ত কণ্ডৰাডালে হিউমেৰাছডালক পিছলৈ আৰু ওপৰলৈ টানে বাবে উৰণৰ সময়ত ডেউকাখন ওপৰলৈ ডাং খাই উঠে। এই কাৰ্যত ত্ৰি অস্থি ৰন্ধ্ৰটোৱে কপিকলৰ দৰে কাম কৰে। ২. সহায়ক পেশী (Accessory muscles): চৰাইৰ উৰণ ক্ৰিয়াত সহায় কৰিবলৈ বক্ষ পেশীৰ উপৰিও আন কিছুমান সহায়ক পেশীও থাকে। বক্ষ পেশীৰ ঠিক তলতে ত্ৰিভুজ আকৃতিৰ কৰাক’ব্ৰেকিয়েলিছ লংগাছ (Coraco brachialis longus) নামৰ আন এটুকুৰা পেশী থাকে। এই পেশীটো কোৰাককিড আৰু উৰোস্থিৰ পৰ্শুকী বা কষ্টেল প্ৰবৰ্ধৰ (Costal process) পৰা ওলায় আৰু ইয়াৰ ঠেক কণ্ডৰা অংশ প্ৰগণ্ডিআস্থি মুণ্ডৰ পিছফালে লাগি থাকে। এই প্ৰশীয়ে ডেউকাখনত তললৈ নমোৱাত সহায় কৰে। ইয়াৰ উপৰিও কৰাক’ব্ৰেকিয়েলিছ লংগাছৰ (Coraco brachialis longus) সম্মুখৰ পিনে কৰাক’ ব্ৰেকিয়েলিছ ব্ৰিভিছ (Coraco brachialis brevis) নামৰ আন এটুকুৰা সৰু ঠেক পেশীয়েও উৰণত সহায় কৰে। ৩. আভ্যন্তৰিক পেশী (Intrensic muscles): আভ্যন্তৰিক পেশীবোৰো উৰণৰ বাবে আতি লাগতিয়াল। ইয়াৰে ভিতৰত বাহুৰ বাইচেপ (Biceps) আৰু ট্ৰাইচেপ (Triceps) পেশী উল্লেখযোগ্য। এই পেশী দুটাই উৰণৰ সময়ত কিলাকুটিটো ঘূৰোৱাত সহায় কৰে। পূৰ্ব-বাহুৰ (Fore arm) এক্সটেনছৰ কাৰ্পি ৰেডিয়েলিছ (Extensor carpi radialis) আৰু এক্সটেনছৰ কাৰ্পি আলনেৰিছ (Exensor carpi ulnaris) নামৰ পেশী দুটাই ডেউকাখন জপোৱা আৰু মেলাত সহায় কৰে। আকৌ দুডাল ব্ৰেকিঅ’ ৰেডিয়েলিছ (Brachio-radialis) পেশীয়ে ৰেডিয়াছ (Radius) অস্থিডালক ঘূৰোৱাত সহায় কৰে। অতিশয় হ্ৰাসপ্ৰাপ্ত ডিজিটেল পেশীবোৰে (Digital muscles) উৰণৰ সময়ত পৃথক অংশসমূহ আনকি পাখিবিলাককো ঘুৰা মেলাত সহায় কৰে। আন এটুকুৰা পলিছিছ পেশীয়ে প্ৰথম আঙুলিত লাগি থকা এলুলা বা বাষ্টাৰ্ড ডেউকাখনক (Alula or bastard wing) স্বাধীন ভাবে লৰাচৰা কৰাত সহায় কৰে। ৪. তানিকা পেশী (Tensor muscles): উৰণৰ সময়ত চৰাইটোৱে ডেউকাখন মেলাৰ সময়ত টেন্সৰ লংগাছ (Tensor longus), টেন্সৰ ব্ৰিভিছ (Tensor brevis) আৰু টেন্সৰ এক্সেছৰিয়াছ (Tensor accessorius) নামৰ তিনিবিধ তানিকা পেশীয়ে প্ৰি-পেটাজিয়ামখন (Pre-patagium) সম্পূৰ্ণকে মেলি ৰাখে। এনে ধৰণৰ আন এটুকুৰা টেন্সৰ পষ্টিৰিয়াছ (Tensor posterius) নামৰ পেশীয়ে উৰণৰ সময়ত পেটাজিয়ামখনক (Patagium) বহলকৈ মেলি ৰাখে। উৰণ ক্ৰিয়াবিধি (Mechanism of Flight): চৰাইৰ আকৃতি অনুসৰি উৰণৰ আৰম্ভণি ক্ৰিয়াবিধিও বেলেগ হয়। সৰু চৰাইবোৰে উৰাৰ আগে আগে ঠেং দুখনৰ সহায়ত এটা জাপ মাৰে। এই জাপটোৱে উৰিবৰ বাবে চৰাইটোক শক্তি যোগায়। ডাঙৰ আকৃতিৰ চৰাইৰ ক্ষেত্ৰত উৰণ কাৰ্যৰ আৰম্ভণিৰ বাবে যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। সেয়েহে শক্তি গোটাবৰ বাবে চৰাইটোৱে প্ৰথমতে কিছুদূৰ জোৰেৰে দৌৰ মাৰে নাইবা সাঁতোৰে যাতে মাটি এৰি বতাহত যাবলৈ পৰ্যাপ্ত পৰিমাণে বল আৰু উল্লাস পায়। উৰাৰ আৰম্ভণিত চৰাইটোৱে ডেউকাখন তলমুৱাকৈ আৰু পিছৰ ফালে কোৱাবলৈ ধৰে যাৰ ফলত প্ৰকৃত উৰণ আৰম্ভ হয়। আকৌ নামিবৰ সময়ত ডেউকা দুখন ওপৰলৈ আৰু আগলৈ কোৱাই কোৱাই চৰাইটো মাটিলৈ বা নিৰ্দিষ্ট স্থানলৈ নামি আহে। চৰাইৰ প্ৰকৃত উৰণ পেশী হ’ল বৃহৎ বক্ষ পেশী। বৃহৎ বক্ষ পেশীৰ সংকোচনে ডেউকাখনক তলৰপিনে কোবাবলৈ শক্তি যোগায় যাৰ ফলত চৰাইটো ওপৰলৈ উঠে। ডেউকা দুখন তললৈ কোবোৱাৰ ফলত উত্তোলন বলৰ (Lift force) সৃষ্টি হয় আৰু চৰাইটো ওপৰলৈ উঠিবলৈ ধৰে। আকৌ বতাহৰ সোঁত ডেউকাৰ ওপৰেদি যোৱাৰ ফলত ওপৰৰ বায়ু চাপ কম হয় আৰু ইও চৰাইটোক কিছু ওপৰলৈ উঠাত সহায় কৰে। লঘু বক্ষ পেশীৰ সংকোচনে ডেউকা দুখনক ওপৰলৈ কোবোৱাত সহায় কৰে। ওপৰ ফালে কোবোৱাৰ ফলত ডেউকা দুখন আংশিক ভাবে জাপ খায় আৰু ডেউকাৰ মাজেৰে বায়ু পাৰ হৈ যাব পাৰে। ইয়াৰ ফলত চৰাইটো লাহে লাহে তললৈ নামি আহিবলৈ ধৰে। চৰাইৰ পুচ্ছ পাখিসমূহে বঠাৰ দৰে কাম কৰে। পুচ্ছ পাখিসমূহ ওপৰলৈ ডাঙি ধৰিলে চৰাইটো ওপৰমূৰা হয় আৰু তলফালে নমাই দিলে চৰাইটো তলমূৱা হয়। নামিবৰ সময়ত চৰাইটোৱে পুচ্ছ পাখিবোৰ তললৈ নমাই দি বিছনীৰ দৰে কোবাৱাৰ ফলত ব্ৰেকৰ কাম কৰে আৰু লগে লগে ই ঠেং দুখন তললৈ নমাই দি গছৰ ডালত বা আন কোনো ঠাইত নামি পৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Avibase —The World Bird Database Birdlife International—Dedicated to bird conservation worldwide; has a database with about 250,000 records on endangered bird species. Bird biogeography Birds and Science from the National Audubon Society Cornell Lab of Ornithology Essays on bird biology International Ornithological Committee North American Birds for Kids Ornithology Sora —Searchable online research archive; Archives of the following ornithological journals The Auk, Condor, Journal of Field Ornithology, North American Bird Bander, Studies in Avian Biology, Pacific Coast Avifauna, and the Wilson Bulletin. The Internet Bird Collection—A free library of videos of the world's birds The Institute for Bird Populations, California list of field guides to birds , from the International Field Guides database RSPB bird identifier—Interactive identification of all UK birds বৈজ্ঞানিক শ্ৰেণীবিন্যাস
3008
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%A5%E0%A7%8C%20%E0%A6%AA%E0%A7%82%E0%A6%9C%E0%A6%BE
বাথৌ পূজা
বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈবেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়। লগতে চাওক খেৰাই খেৰাই নৃত্য তথ্য সংগ্ৰহ বাহ্যিক সংযোগ Bathow Festival of Bodo Tribes for Good Health, Peace and Progress in India , demotix.com. access date: March 11, 2013. Bathow Puja, colors.hostoi.com, access date: March 11, 2013. অসমৰ উৎসৱসমূহ বড়ো জনগোষ্ঠী কছাৰী জনগোষ্ঠী
3040
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A7%81%E0%A6%9A%E0%A6%95%E0%A6%BE
ফুচকা
ফুচকা এবিধ অতি জনপ্ৰিয় সুস্বাদু দক্ষিণ এচিয় মুখৰোচক খাদ্যবিশেষ। বাংলাদেশ আৰু ভাৰতৰ প্ৰায় সকলোতে এইবিধ খাদ্যৰ প্ৰচলন আছে। অঞ্চলভেদে ই বিভিন্ন নামেৰে পৰিচিত; যেনে উত্তৰ ভাৰতত ইয়াৰ পৰিচয় গোলগাপ্পা হিচাপে, আৰু পশ্চিম ভাৰতত (যেনে মহাৰাষ্ট্ৰত) ইয়াৰ নাম পানীপুৰি ()। সাধাৰণতে আটা আৰু চুজিৰ দ্বাৰা প্ৰস্তুত কৰা এটা গোলাকৃতিৰ কৰ্কৰীয়া সৰু লুচিৰ মাজত মচলাযুক্ত সিজোৱা আলুৰ পুৰ ভৰাই তেঁতেলী পানীৰ সৈতে ফুচকা পৰিবেশন কৰা হয়। বিভিন্ন অঞ্চলত ফুচকাৰ নাম আৰু পৰিবেশনৰ ৰীতি ভিন-ভিন। কোনো কোনো অঞ্চলত তেঁতেলী পানীৰ পৰিবৰ্তে পদিনামিশ্ৰিত পানী ব্যবহৃত হয়। পশ্চিমবংগত ফুচকাৰ পুৰ হিচাবে ব্যৱহৃত আলুত পিয়াঁজৰ প্ৰচলন নাথাকিলেও ভাৰতৰ উৰিষ্যা প্ৰদেশত পিয়াঁজ ফুচকাৰ এটা অন্যতম উপকৰণ। সমগ্ৰ দেশতে দৈ-ফুচকা অৰ্থাৎ দৈৰ পানীৰ সৈতে পৰিৱেশিত ফুচকাৰ প্ৰবল জনপ্ৰিয়তা দেখা গৈছে। প্ৰস্তুত প্ৰণালী ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন পদ্ধতিত ফুচকা প্ৰস্তুত হয়। পশ্চিমবংগত ফুচকা প্ৰস্তুতিৰ ক্ষেত্ৰত সাধাৰণত যি পদ্ধতি অনুসৰণ হয় সেইটো ইয়াত দিয়া হ'ল। পাপড়ি : প্ৰথমে আটা ১ কাপ আৰু চুজি ৩ কাপ ভালকৈ পানীৰে মথি এখন আৰ্দ্ৰ কাপোৰেৰে অলপ সময় ঢাকি ৰখা হয়। তাৰপাছত সেই মথি ৰখা আটা আৰু চুজিৰ পৰা সৰু সৰু লুচি বেলি লৈ তেলত ভাজি ফুচকাৰ পাপড়ি তৈয়াৰ কৰা হয়। পুৰ : ফুচকাৰ পুৰ হিচাপে সাধাৰণত মচলাযুক্ত সিজোৱা আলু ব্যৱহৃত হয়। সিজোৱা আলুত ধনীয়া গুৰি, জিৰা গুৰি, শুকান জলকীয়া গুৰি আৰু নিমখ মিহলি কৰি তাত কুটা কেঁচা জলকীয়া দি এই পুৰ প্ৰস্তুত কৰা হয়। সোৱাদ বৃদ্ধিৰ বাবে পুৰ মিহলিৰ সময়ত সামান্য তেঁতেলী পানী তাৰ লগত যুক্ত কৰা হয়। ইয়াৰ লগত ভজা ঘুগনি, মটৰ আদিও যোগ কৰিব পাৰি। টেঙাপানী : পানীৰ লগত তেঁতেলী গুলি তাত নেমু ৰস,পদিনা ৰস,ক'লা নিমখ,জলকীয়া গুৰি মিহলি কৰি টেঙাপানী প্ৰস্তুত কৰা হয়। পৰিবেশন ফুচকাৰ পাপড়িত এটি সৰু ছিদ্ৰ কৰি তাৰ ভিতৰত মচলাযুক্ত আলুৰ পুৰ ভৰাই দিয়া হয়। তাৰপিছত পুৰ ভৰ্তি ফুচকা তেঁতেলীযুক্ত পানীত ডুবাই ফুচকা পৰিবেশন কৰা হয়। পথৰ কাষৰ অস্থায়ী ফুচকাৰ দোকানত ফুচকা উপস্থাপনৰ এই ৰীতিয়েই অধিক প্ৰচলিত। কিন্তু স্থায়ী দোকান বা ৰেস্তোৰাঁত প্লেটত পুৰ ভৰ্তি শুকান ফুচকা দিয়া হয় আৰু এটি পৃথক পাত্ৰত টেঙাপানী অথবা চাটনি দিয়া হয়। চুৰমুৰ চুৰমুৰ ফুচকাৰ সমগোত্ৰীয় এবিধ খাদ্য আৰু ফুচকা বিক্ৰেতাৰ ওচৰতেই লভ্য। সাধাৰণতে ফুচকা ভজাৰ সময়ত ফুচকাৰ যি পাপড়ি পৰ্যাপ্ত পৰিমাণে ফুলি নুঠে, সেইসমূহেই চুৰমুৰৰ উপাদান হিচাপে ব্যৱহৃত হয়। সিজোৱা আলু চাৰিকোণীয়াকৈ বা সৰু সৰুকৈ কাটি তাত ফুচকাত ব্যবহৃত সকলো মচলা সানি আৰু ওপৰত পাপড়িসমূহ ভাঙি মিহলি কৰি চুৰমুৰ প্ৰস্তুত কৰা হয়। ই ফুচকাৰ সমানেই সুস্বাদু আৰু জনপ্ৰিয়। ফটো গেলাৰী তথ্যসূত্ৰ "Some visitors are impressed with the unique foods of the city, famous among them are Aalu Chap (a hot potato preparation), Golgappa (a juicy preparation)..",The National Geographical Journal of India - পৃষ্ঠা ১১৬, National Geographical Society of India, ১৯৫৫, দ্বাৰা প্ৰকাশিত "Suddenly my gaze travelled to the nearby Banarsi golgappa seller's hand trolley.."The Dreamer‎ - Page 50, by Krishan Chandar, Jai Ratan - Short stories, Indic (English). - ১৯৭০ - ১৬০ পৃষ্ঠা Published from M- Pratap Ganj, 475, Lahori Gate, Delhi, Timeless Fellowship‎ - Page 110 by Karnatak University Library Science Association, Library Science Association, Karnatak University School of Library Science, School of Library Science, Karnatak University - Library science - 1978 Punjab Intelligence Version, Secret Report of the Punjab CID about the Origin, Growth and Development of The Ahmadiyya Movement Upto the year 1938, http://alhafeez.org/rashid/british-jewish/intelligence.htm http://www.thehindujobs.com/thehindu/mp/2002/10/01/stories/2002100100140300.htm বহিঃ সংযোগ গোল-গাপ্পাৰ প্ৰস্তুত প্ৰণালী পানিপুৰিৰ প্ৰস্তুত প্ৰণালী খাদ্য
3058
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BE%E0%A6%82%E0%A7%B0%E0%A6%BF%20%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8
হাংৰি আন্দোলন
হাংৰি আন্দোলন হৈছে বঙালী সাহিত্যৰ ৰূপত আত্মপ্ৰকাশ কৰা এক অল্পম্যাদী (১৯৬১ - ১৯৬৫) প্ৰতিবাদী সামাজিক আন্দোলন। বিংশ শতিকাৰ ষাঠিব দশকত বংগদেশত কেবাটাও সাহিত্য - শিল্প আন্দোলন হেছিল, যেনে শ্ৰুতি, শাস্ত্ৰবিৰোধী, ধ্বংসকালীন, নিমসাহিত্য আৰু হাংৰি আন্দোলন। সেই আন্দোলনবোৰৰ ভিতৰত আটাইতকৈ উল্লেখনীয় সাহিত্য আন্দোলন আছিল হাংৰি আন্দোলন। বঙালী সাহিত্যৰ বুৰজ্ঞীত হাংৰি আন্দোলনে এক বিশিষ্ট স্থান লাভ কৰিছে। জন্ম হাংৰি আন্দোলনৰ জন্মদাতা আছিল মলয় ৰায়চৌধুৰী। তেঁও বঙালী সাহিত্যৰ মূল ধাৰাৰ বাহিৰৰ এগবাকী আগশাৰীৰ কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰাবন্ধিক, নাট্যকাৰ, সম্পাদক, সংগঠক আৰু উত্তৰাধুনিক চিন্তক। প্ৰতিষ্ঠান বিৰোধী অগতানুগতিক চিন্তা চৰ্চাৰ বাবে তেঁও বিশেষভাবে পৰিচিত। আন্দোলনৰ আৰম্ভণিতে তেঁওৰ লগত আছিল সমীৰ ৰায়চৌধুৰী, শক্তি চট্টোপাধ্যায়, দেৱী ৰায় (হাৰাধন ধাড়া। ) পৰবৰ্তী কালত যেতিয়া হাংৰি আন্দোলনক কেন্দ্ৰ কৰি ফৌজদাৰী মামলা চলিছিল শক্তি চট্টোপাধ্যায়, শৈলেশ্বৰ ঘোষ আৰু সুভাষ ঘোষে তাৰ বিৰুদ্ধে সাক্ষ্য দিছিল। সূচনা হাংৰি আন্দোলনৰ অন্যান্য সমৰ্থাকসকল আছিল সন্দীপন চট্টোপাধ্যায়, বিনয় মজুমদাৰ, ৰবীন্দ্ৰ গুহ, উৎপলকুমাৰ বসু, সুবিমল বসাক, ত্ৰিদিব মিত্ৰ, প্ৰদীপ চৌধুৰী, বাসুদেব দাশগুপ্ত, সুবো আচাৰ্য, অনিল কৰঞ্জাই, কৰুণানিধান মুখোপাধ্যায়, ফাল্গুনী ৰায়, অৰুপৰতন বসু, সতীন্দ্ৰ ভৌমিক, হৰনাথ ঘোষ, নীহাৰ গুহ, শংকৰ সেন, যোগেশ পণ্ডা, অশোক চট্টোপাধ্যায়, আমৃততনয় গুপ্ত, মনোহৰ দাশ, শৈলেশ্বৰ ঘোষ, সু্যায ঘোঢ়, আলো মিত্ৰ আদি। অছবাল্ড স্পেংলাৰে কৈছিল যে সংস্কৃতিৰ তিনটা পৰ্যায় থাকে: আৰোহন, নবজাগৰণ আৰূ অবক্ষয়। প্ৰথম পৰ্যায়ত ই সৃষ্টিমূলক। দ্বিতীয় পৰ্যায়ত বিস্ময়কৰ উদ্ভাবনী ক্ষমতাসম্পন্ন আৰু শেষ পৰ্যায়ত সংস্কৃতি হৈ পৰে স্বকীয়তাহীন আৰু অনুসৰণপ্ৰিয়। মলয় ৰায়চৌধুৰীয়ে স্পেংলাৰৰ এই চিন্তাৰ দ্বাৰা প্ৰভাবিত হৈ অনুভব কৰিছিল যে বংগদেশত সংস্কৃতিৰ অবক্ষয়পৰ্ব আৰম্ভ হৈছে। সেই সময়ত পুৰণি ইংৰাজ কবি চছাৰৰ কবিতা 'ইন দি সাওয়াৰ হাংৰি টাইম' শীৰ্ষক শাৰীটোৰ 'হাংৰি' শব্দটোৰে তেঁওৰ মনত এনেদৰে ক্ৰিয়া কৰে যে অৱস্থাটো বুজাবলৈ তেওঁ এই শব্দটো যথোপযুক্ত বুলি গ্ৰহণ কৰে। অৱক্ষয়ৰ কাল মানে 'হাংৰি টাইম'। হাংৰি পত্ৰিকা প্ৰথমত অবস্হাত হাংৰি আন্দোলন সংগঠিত নাছিল। যাব যেতিয়া মন যায়, য'ৰ - ত'ৰ পৰা ১০০ খন মান হাংৰি বুলেটিন প্ৰকাশ কৰিছিল। বুলেটিনৰ ভাষা আছিল বঙালী, হিন্দী আৰু ইংৰাজী। পাছলৈ আন্দোলন ক্ৰমে সংগঠিত হোৱাত বহুতো প্ৰতিভাশালী ব্যাক্তি তাত চামিল হৈছিল। তীব্ৰ, আমাৰ্জিত, প্ৰথাবিৰোধী ভাষাৰে তেঁওলোকে সমাজ আৰু সংস্কৃতিৰ অবক্ষয়ৰ ছবিখন তুলি ধৰিব বিচাৰিছিল। আভিজাত্যবাদী সাহিত্য আৰু সাহিত্যিকৰ বিৰুদ্ধাচাৰণ কৰিছিল। ব্যক্তিগত জীৱনতো হাংৰিসকল আছিল বোহেমিয়ান। ভাং, চৰস, গাঁজা, এল এস ডি খাই সাহিত্যৰ পৰীক্ষা -নিৰীক্ষা কৰিছিল আৰু আস্হিৰ জীৱন যাপন কৰি তেঁওলোকে মধ্যবিত্ত জীৱনৰ বাবু সংস্কৃতিৰ সুৰ সলাই দিব বিচাৰিছিল। যোবা ষাঠিব দশকটো সমগ্ৰ বিশ্বৰ যুৱ সমাজৰ বিদ্ৰোহৰ যুগ আছিল বুলি ক'ব পাৰি। প্ৰচলিত সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে দেশে দেশে যুবসমাজে প্ৰতিবাদ কৰিছিল। তাৰ প্ৰভাব হাংৰিসকল মাজতো পৰিছিল। হাংৰিসকলে কবিতা আৰু সাহিত্যৰ গতানুগতিক ধাৰাটোক প্ৰত্যাহবান জনাই বিভিন্ন উৎকৃষ্ট সাহিত্য সৃষ্টি কৰি পাঠক সমালোচকৰ প্ৰিয়ভাজন হৈছিল। বিভিন্ন অঞ্চলত হাংৰি আন্দোলন হাংৰি আন্দোলন অকল বংগতেই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলত, আনকি ইউৰোপ - আমেৰিকাতো খলকনিৰ সৃষ্টি কৰিছিল। ভাৰতৰ কিছুমান ঠাইত, লগতে নেপালতো, সেইবোৰ ঠাইৰ স্থানীয় ভাষাত প্ৰায় সমসুৰী আন্দোলনে গা কৰি উঠিছিল। হিন্দী ভাষাত ৰাজকমল চৌধুৰী, আলোক ধনওয়া, কাঞ্চন কুমাৰ; তেলুগু ভাষাত নিখিলেশ্বৰ মহাস্বপ্ন, জ্বালামুখী; নেপালী ভাষাত পাৰিজাত; মাৰাঠী ভাষাত অশোক শাহানে, দিলিপচিত্ৰে, ৰঘু দণ্ডবতে; উৰ্দু ভাষাত আমিক হানফি, নচিম আজিমাবাদী আদিয়ে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈছিল। ইংলেণ্ড, জাৰ্মানি, ফ্ৰান্স, মেক্সিকো, ব্ৰাজিল, চিলি, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ পৰা প্ৰকাশ পাইছিল হাংৰি ৰচনাবলীৰ সংকলন, আৰু একাধিক আলোচনীয়ে উলিয়াইছিল বিশেষ হাংৰি সংখ্যা। এলেন গিন্সবাৰ্গ, লৰেন্স ফেৰলিংঘেট্টি, গেৰি স্নাইডাৰ, ওকতাভিও পাজ, আৰনেসতো কাৰ্দেনাল, হাওয়াৰ্ড ম্যাককৰ্ড, জৰ্জ ডাঊদেন, মাৰ্গাৰেট ৰ‌্যানডাল, ক্যাৰল বাৰ্জ, ৰবাৰ্ট ব্লাই আদিয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। হাংৰি ফৌজদাৰী মামলা হাংৰিসকলৰ প্ৰথাবিৰোথী কাৰ্যকলাপ তৎকালীন আভিজাত্যবাদী কাকত - আলোচনীবোৰে সহ্য কৰিব পৰা নাছিল। তেঁওলোকে তীব্ৰ হাংৰিসকলক আক্ৰমণ কৰিছিল। আইনসংগত ব্যবস্হা লোবাৰ যো - জা চলাইছিল। অবশেষত ১৯৬৪ চনত সেই বছৰৰ সেপ্টেম্বৰ মাহৰ মাত্ৰ ষোল্ল পৃষ্ঠাৰ হাংৰি বুলেটিনখনব বিৰুদ্ধে আদালতত অশ্লীলতা আৰু দেশদ্ৰোহিতাৰ অভিযো্ উথ্থাপিত হয়। আভিযুক্ত এঘাৰজন হাংৰি লেখকক গ্ৰেপ্তাৰ কৰা হয় যদিও দহজনক মুক্তি দি মাথোঁ মলয় ৰায়চৌধুৰীৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হয়। কাৰণ তেঁও হাংৰি আন্দোলনৰ জনক আৰু বুলেটিনখনত লিখা 'প্ৰচণ্ড বৈদ্যুতিক ছুতাৰ' নামৰ কবিতাটো অশ্লীল। বিচাৰেৰ সময়ত, কোনোভাবে আন্দোলনটোৰ লগত যুক্ত নাথাকিও, আচামীৰ পক্ষে সাক্ষ্য দিছিল তৰুণ সান্যাল, সুনীল গঙ্গোপাধ্যায়, জ্যোতিৰ্ময় দত্ত আৰু সত্ৰাজিৎ দত্ত। মলয় ৰায়চৌধুৰী দোষী সাব্যস্ত হয় আৰু তেঁওক দুমাহৰ কাৰাদণ্ড দিয়াৰ লগতে দুশ টকা জৰিমনা বিহা হয়। । মলয় ৰায়চৌধুৰী উচ্চ আদালতে আপীল কৰে। সেই সময়ত আমেৰিকাৰ কবি শ্ৰীমতী ক্যাৰল বাৰ্জ বিতৰ্কিত কবিতা 'প্ৰচণ্ড বৈদ্যুতিক ছুতাৰ' ( ইংৰেজিতে 'স্টাৰ্ক ইলেকট্ৰিক যিশাস' ) পুস্তিকাকাৰে উলিয়ায় আৰু নিউয়ৰ্কৰ ছেইন্ট মাৰ্কস গীৰ্জাত তাৰ পাঠ আৰু আলোচনাচক্ৰৰ ব্যবস্হা কৰি প্ৰাপ্ত ধনেৰে আদালতৰ প্ৰাথমিক খৰচ যোগাইছিল। আপীলৰ ৰায় ওলায় ২৬.৭.১৯৬৭ তাৰিখে; এইবাৰ ৰায় উলটি যায়। অভিযোগ ভিত্তিহীন বুলি তেঁও কাৰাগাৰৰ পৰা মুক্তি পায়। ১৯৬১ চনত আৰম্ভ হোবা হাংৰি আন্দোলনটো ষাঠিব দশকৰ মাজভাগব পৰা স্তিমিত হৈ আহে। তাতোকৈ বিপ্লবী নক্সালবাড়ী ৰাজনৈতিক আন্দোলনে হাংৰি আন্দোলনে সৃষ্টি কৰা উত্তাপ আত্মসাৎ কৰি লৈছিল। মননশীল সাহিত্য এই কথা স্বীকাৰ কৰিব লাগিব যে ষাঠিৰ দশকত বিশেষ পটভূমিত হাংৰিসকল যি আন্দোলন কৰিছিল, সি বঙালী সাহিত্যৰ ইতিহাসগতএক এৰাব নোবাৰা অধ্যায়। তাৰ প্ৰভাবত বঙালী সাহিত্যই নবীন প্ৰাণ পাইছিল। নতুন নতুন বিষয় সাহিত্য চৰ্চাৰ অংগ হ'বলৈ ধৰিছিল। হাংৰি আন্দোলন আৰু তাৰ কীৰ্তিসমূহক লৈ এতিয়াও আলোচনে, সমালোচনে, গবেষণা, স্তুতি নিন্দা চলি আছে। তাৰ কাৰণ আস্বীকাৰৰ সেই আন্দোলনটোক কোনেও আস্বীকাৰ কৰিব নোবাৰে। নিবন্ধটোৰ বিষয়ে তথ্য বংগদেশৰ হাংৰি আন্দোলন (২০০৫)। মানিক দাস। শৰাই, ৰিয়া পাবলিকেশন্স, মিৰ্জা, কামৰূপ ৭৮১১২৫, অসম। স্বপ্ন হাংৰি আন্দোলন গবেষণা (২০০৮)। কুমাৰবিষ্ণু দে। হৰুলংপাৰ কলোনি, ডাক: লামডিং ৭৮২৪৪৭, অসম। ইনট্ৰপিড হাংৰি মুভমেন্ট ইস্যু (১৯৬৯)। সম্পাদক : অ্যালেন ডি লোচ। বাফেলো, নিউয়ৰ্ক, ইউ এস এ। সল্টেড ফেদাৰ্স হাংৰি মুভমেন্ট ইস্যু (১৯৬৭)। সম্পাদক: লি অল্টম্যান আৰু ডিক বাকেন। পোৰ্টল্যান্ড, ওৰেগন, ইউ এস এ। সিটি লাইটস জাৰ্নাল হাংৰি মুভমেন্ট ইস্যু (১৯৬৬)। সম্পাদক: লৰেন্স ফেৰলিংঘেট্টি। সানফ্ৰানসিসকো, ক্যালিফোৰ্নিয়া, ইউ এস এ। মিলন হাংৰি আন্দোলন সংখ্যা (২০০৭)। সম্পাদক: বিশ্বজিত নন্দী। তুৰা, মেঘালয়। বনতুলসী কা গন্ধ (১৯৮৮)। ফণীশ্বৰনাথ ৰেণু। ৰাজকমল প্ৰকাশন, দিল্লি। হাংৰি শ্ৰুতি আৰু শাস্ত্ৰবিৰোধী আন্দোলন (১৯৮৬)। ড. উত্তম দাশ। মহাদিগন্ত প্ৰকাশ সংস্হা, বাৰুইপুৰ, কলকাতা ৭০০১৪৪। যুবযন্ত্ৰণা আৰু সাহিত্য (১৯৬৮)। ড. অলোকৰঞ্জন দাশগুপ্ত। বসুমতী সাহিত্য সংসদ। বৌবাজাৰ, কলকাতা। হাওয়া ৪৯ হাংৰি আন্দোলন সংখ্যা (২০০৬)। সম্পাদক: সমীৰ ৰায়চৌধুৰী। বাঁশদ্ৰোণী, কলকাতা ৭০০০৭০। উত্তৰপ্ৰবাসী হাংৰি আন্দোলন সংখ্যা (১৯৮৬)। সম্পাদক: গজেন্দ্ৰকুমাৰ ঘোষ। গোটেনবুৰ্গ, সুইডেন। বহিঃসংযোগ TIME magazine news of the Movement Photographs of participants of the Movement সাহিত্য আন্দোলন বঙালী সাহিত্য