id
stringlengths 4
5
| url
stringlengths 34
654
| title
stringlengths 1
78
| text
stringlengths 10
80.1k
|
|---|---|---|---|
4078
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80
|
অসমৰ জনগোষ্ঠী
|
আহোম জনগোষ্ঠী
আহোম সকল অসমৰ এটি উল্লেখযোগ্য জাতি। আহোম সকল টাই জাতিৰ লোক। টাই সকল দক্ষিণ-পূব এছিয়াৰ এটি প্ৰধান জাতি। উজনি অসমৰ জিলা কেইখন এই আহোম সকলৰ প্ৰধান বসতিস্থল। খৃঃ পূঃ কেইবা শতিকাৰো আগতেই এওঁবিলাকৰ প্ৰব্ৰজন আৰম্ভ হয়। চীনদেশৰ সাৰুৱা উপত্যকা অঞ্চলেই যদিও টাই সকলৰ আদি বাসস্থান, তথাপি ভাষা আৰু সংস্কৃতি উভয় বিষয়তে আহোমসকলৰ ওপৰত চীনা সংস্কৃতিৰ প্ৰভাৱৰ মাত্ৰা নিচেই তাকৰ। চীন দেশত বিভিন্ন বংশৰ ৰজাসকলে সাম্ৰাজ্য স্থাপনৰ প্ৰচেষ্টা চলোৱাৰ লগে লগে টাই সকলৰ প্ৰব্ৰজন আৰম্ভ হয়। তথাপি দক্ষিণ চীনৰ য়ুনান প্ৰদেশত খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকামানলৈকে এওঁবিলাকে সুকীয়া ভাষা, সংস্কৃতি আৰু ৰাজ্য শাসনৰ প্ৰণালীৰে বসবাস কৰে। এই সময়তে টাই জাতিটো কেইবাটাও শাখাত ভাগ হৈ দক্ষিণ-পূব এচিয়াত বিয়পি পৰে (Linguistic Survey Of India Vol. II, pp. 59-60)। তাৰে এটা শাখাই উত্তৰ ব্ৰহ্মত ছশ বছৰমান ৰাজত্ব কৰাৰ পিছত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্ব্বত পাৰ হৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য স্থাপন কৰেহি। এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে আহোমসকলে নিজকে কিন্তু ‘খাম-টাই’ নামেৰেহে চিনাকি দিছিল।
ৰাজনৈতিক উচ্চাকাংক্ষাই চুকাফা নামৰ য়ুন্নানৰ এজন টাই কোঁৱৰক পশ্চিমৰ ফালে আগুৱাই আহি এখন নতুন দেশৰ শাসনকৰ্তা হ'বলৈ অনুপ্ৰাণিত কৰিছিল। ১২২৮ খৃষ্টাব্দত তেওঁ প্ৰায় ৯০০০ অনুগামীৰে সৈতে অসমত প্ৰৱেশ কৰে। উজনি অসমৰ শিৱসাগৰ জিলাত তেওঁলোকে প্ৰথম বসতি স্থাপন কৰে। মিত্ৰতা আৰু চুবুৰীয়া জাতিৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপনেৰে তেওঁলোকে সফল ভাৱে এখন শক্তিশালী ৰাজ্যৰ ভেঁটি গঢ়িলে। কালক্ৰমত ওচৰ-চুবুৰীয়া বহু জাতিৰ লোক এই জাতিৰ লগত লীন গ'ল। উদাহৰণস্বৰূপে, চুকাফাৰ অনুগামী সকলে অসমত আহি লগ পোৱা বৰাহী জাতিৰ লোক আজি অসমত পোৱা নাযায়। বৰাহীসকল সম্পূৰ্ণ ভাৱে তেওঁলোকৰ সৈতে মিলি গ'ল। প্ৰথম অহা টাই জাতিৰ লোকসকল আৰু পাছত তেওঁলোকৰ সৈতে মিলি যোৱা এই লোকসকলৰ বংশধৰ সকলকে আহোম বুলি কোৱা হয়। উজনি অসমৰ জিলা কেইখন এই জাতিৰ প্ৰধান বসতিস্থল।
কেওঁট বা কৈৱৰ্ত জনগোষ্ঠী
সংস্কৃত শব্দ ‘কৈৱৰ্ত’ৰ পৰা কিৱত ‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল। অনাৰ্য্য আৰু অষ্ট্ৰিক-মংগোলীয় প্ৰজাতিৰ লোক এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল। উদাহৰণ স্বৰূপে,খেতি বাতি কাম কৰা বা খেতি বাতিৰ বাবে সঁজুলি বনোৱা লোক সকল হালৈ কেওঁট হ'ল আৰু পুৰনি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ'ল জাল কেওঁট। ‘হুজুৰী’ উপাধীৰ এই লোক সকল ‘জালোৱা কেওট’ সম্প্ৰদায়ৰ লোক হয় বুলি বহুতো তথ্যৰ দ্বাৰা প্ৰমাণ পোৱা যায়। পুৰনি কালত হুজুৰী উপাধিৰ লোক সকল নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদীৰ আশে পাশে বাস কৰিছিল। নলবাৰী জিলাৰ বৰভাগ,বুকিয়া, বৰগাছা আদি ঠাইত হুজুৰী উপাধীৰ লোক বেছিকৈ পোৱা গৈছিল। কিন্ত বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰুপ জিলাৰ মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰংজিলাৰ মংগলদৈ, বাগছা জিলাৰ খাগ্ৰাবাৰী, তামুলপুৰ, বৰপেটা জিলা আদি ঠাইত হুজুৰী উপাধিৰ লোকসকলৰ বসতি দেখা যায়। প্ৰধানত 'হুজুৰী', 'হাজৰীকা', 'পাঠক' আৰু 'দাস' উপাধীৰ লোক সকল একে শ্ৰেণীৰ। উপগোট বা উপজাতি হিচাপে হুজুৰীসকল জাল কেওঁট সম্প্ৰদায়ৰ হিন্দু জনগোষ্ঠীৰ খিলঞ্জীয়া অসমীয়া লোক হয়।
অষ্ট্ৰিকসকলৰ অসম আগমণ
অসমলৈ প্ৰথম আহে অষ্ট্ৰিক প্ৰজাতিৰ লোক, তাৰপাছত আহে দ্ৰাবিড়, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল।
অষ্ট্ৰিকসকলৰ অসম আগমণ সম্পাদনা কৰক অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। এই প্ৰজাতিৰ লোকসকল আছিল চুটি-চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা। চুলিৰ ৰং তামবৰণীয় আৰু কেঁকোৰা। মূৰবোৰ দীঘল, নাক চেপেটা আৰু বহল। মুখ সৰু আৰু থেক। এই মানুহবোৰৰ বৰ ঘন দাঢ়ি-গোঁফ আৰু শৰীৰত বহুত নোম আছিল। সাধাৰণতে পাহাৰৰ নামনি অংশত বা নামনি অসমত এই লোকসকলে বাস কৰিছিল। এনে আকাৰ-প্ৰকাৰৰ পুৰণি মানুহ এতিয়া পাবলৈ নাই। অসমৰ কেতবোৰ জাতি জনজাতি যেনে কেওঁট, চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত দ্ৰাবিড়ীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিলআৰু আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাৱিবৰ থল আছে। কোনো কোনো পণ্ডিতৰ মতে দ্ৰাবিড়ীয়সকল অসমলৈ অহাৰ আগতে মধ্যউত্তৰ ভাৰতৰ দ্ৰাবিড় জাতিৰ এচাম লোক অসমলৈ আহিছিল যেনে দুম বা নাদিয়াল, কৈৱৰ্ত আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল॥ দুম বা নাদিয়াল সকলকো কৈৱৰ্ত বুলি মানা হয় যদিও আচলতে কেওঁট সকল হে প্ৰকৃত কৈৱৰ্ত আৰু অষ্ট্ৰিক-দ্ৰাবিড়ীয় মুলৰ লোক।
কাৰ্বি জনগোষ্ঠী
সেউজীয়া পাহাৰৰ বুকুত বাস কৰা কাৰ্বি জনেগাষ্ঠীৰ লোকসকল অসমৰ অন্যতম আদিম অধিবাসী। আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং নামেৰে নামকৰণ কৰা হৈছে। কাৰ্বিসকলৰ মূলগোষ্ঠী ৫টা- ইংহি, ইংতি,টেৰাং, টেৰণ আৰু তিমুং।
বড়ো জনগোষ্ঠী
বড়ো সকল অসমৰ ভৈয়ামৰ জনগোষ্ঠী। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতসকলেই পূব ভাৰতৰ বড়োসকল। প্ৰাচীন কালত এই মূল "বড" দেশৰ বাসিন্দাসকলক "বডো-ফিচা" বা "বডোচা" ("বডো" মানে ভূমি আৰু "ফিচা" বা "চা" মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়।
অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি নহয়। ইয়াৰোপৰি কাৰ্বি আংলং জিলাতো কিছু সংখ্যক বড়ো লোকে বাস কৰে।
মৰাণ জনগোষ্ঠী
মৰাণ সকল অসমৰ পুৰণি জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম। উজনি অসমৰ কেইবাখনো জিলাত এই জনগোষ্ঠীৰ অধিকাংশ লোকে বসবাস কৰে। মৰাণ সকলক বড়ো-কছাৰী মূলৰ বুলি ভবা হয়।
মিচিং জনগোষ্ঠী
অসমৰ ভৈয়ামৰ জনজাতি সমূহৰ ভিতৰত মিচিংসকল বড়ো-কছাৰীসকলৰ পিছতেই দ্বিতীয় বৃহত্তম জনজাতি। মিচিংসকল মূলতে মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত। ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বাস কৰে। মিচিংসকল আদিতে অসমৰ উত্তৰ-পূব ফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা "মিয়ং" আৰু "দাম্ ৰ" নামৰ দুই জাতিৰ পৰাই ফাটি আহিছে।
অসমৰ লখিমপুৰ, ডিব্ৰুগড়, ধেমাজি,মাজুলি,গোলাঘাত,শিৱসাগৰ,যোৰহাট,দৰং, শোণিতপুৰ জিলাত মিচিংসকলে প্ৰধানকৈ বাস কৰিছে। সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতপ্ৰোতভাৱে জড়িত।
ডিমাছা জনগোষ্ঠী
অসমৰ অন্যতম প্ৰাচীন জনেগাষ্ঠী ডিমাছা সকল ডিমা হাছাও জিলাত বাস কৰে। ডিমা হাছাওৰ উপৰিও কাছাৰ জিলা, কাৰ্বি আংলঙৰ সমতল অঞ্চল, নগাঁও, নাগালেণ্ডৰ ডিমাপুৰ আৰু ধনশিৰি অঞ্চলত বাস কৰি আছে। অতীতত ডিমাছাসকলে ডিমাপুৰত ৰাজধানী পাতি বাস কৰিছিল। 'ডিমাছা' শব্দৰ অৰ্থ হ'ল-- ডি =পানী, মা=বৃহৎ , ছা= সন্তান, অৰ্থাৎ বৰনৈৰ সন্তান।
ডিমাছাসকলে গাঁও পাতি বাস কৰে। কৃষিজীৱী হোৱা বাবে সাধাৰণতে তেওঁলোকে নৈ বা নিজৰাৰ পাৰৰ সাৰুৱা মাটিত বাস কৰে। গাঁৱৰ মুখিয়াল জনক খুনং বুলি কোৱা হয়। তেওঁক সকলো সময়তে সহায় কৰিবলৈ "দিলেক" বুলি অন্য এজন লোকো থাকে।
ৰাভা জনগোষ্ঠী
ৰাভাসকল অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমাণে বাস কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলি ভুক্ত উপজাতি। এই ৰাজ্যত দুই লাখ সাতসত্তৰ হাজাৰ ৰাভালোকে বসবাস কৰে। ৰাভা সম্প্ৰদায়ত লোকসকল বৃহত্তৰ ইন্দো-মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত।
ৰাভা জনজাতিৰ মানুহসকলে ৰাভা ভাষাত কথা কয়। বড়ো, গাৰো, কাছাৰী ইত্যাদি জনগোষ্ঠীৰ মানুহৰ লগত এওঁলোকৰ নৃতাত্বিক যোগাযোগ আছে।
সোণোৱাল কছাৰীসকল উজনি অসমৰ এক ভূমিপুত্ৰ জনজাতি। সোণোৱাল কছাৰীসকল তিব্বত-বৰ্মী ভাষাভাষী বড়ো-কছাৰী মূলৰ এটা ঠাল আৰু অসমৰ ধেমাজি, লক্ষ্মীমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তাৰিতভাৱে বসবাস কৰে। শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ আৰু পূৰ্বভাৰতৰ নগাভূমি আৰু অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইতো বিক্ষিপ্তভাবে বসবাস কৰা দেখা যায়।
আহোম সকলৰ ৰাজত্ব কালত এইসকল কছাৰীয়ে নদীৰ বালিৰ পৰা সোণ বুটলা কামত নিযুক্তি পাইছিল কাৰণেই এওঁলোকে সোণোৱালকছাৰী নাম পোৱা বুলি কিছুমানে ক’ব খোজে। সোণোৱালসকলৰ মাজত মুখ বাগৰি অহা এক লোক কথাৰ মতে, আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত উজনি অসমত থকা কেইঘৰমান সোণোৱালকছাৰীয়ে আউনিআটীয় গোসাঁই কেশৱ দেৱগোস্বামীক অলৌকিক গুণসম্পন্ন লোক জ্ঞান কৰি বাঁহ চুঙাৰে এচুঙা সোণ দক্ষিণা দি তেওঁৰ ওচৰত শৰণ লোৱা বাবে এই সকল কছাৰী সোণোৱালকছাৰী হ’ল বুলি কিছুমানে ক’ব বিচাৰে। বৰ্তমান এওঁলোকৰ জনসংখ্যা প্ৰায় আঢ়ৈ লাখৰ (২,৫০,০০০) ওচৰাওচৰি।
ঠেঙ্গাল কছাৰী জনগোষ্ঠী
ঠেঙ্গাল কছাৰীসকল অসমীয়া জাতিৰ অন্যতম অংগ। মঙ্গোলীয় প্ৰজাতিৰ পৰা উদ্ভৱ হোৱা এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতপ্ৰোত ভাৱে সাঙোৰ খাই আছে। উত্তৰ পূব ভাৰতত মংগোলীয়সকল কোন সময়ত প্ৰৱেশ কৰিছিল সঠিককৈ কোৱা টান। ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে খৃ:পূ: ১০০০ বছৰৰ পূৰ্বে তেওঁলোকে এই অঞ্চলত প্ৰ্ৱেশ কৰিছিল।
ৰেভাৰেণ্ড ছিডনী এণ্ডলে বড়োগোষ্ঠীৰ লোকক দুটা ভাগত ভাগ কৰিছে:
উত্তৰ গোষ্ঠী - বড়ো, ৰাভা, মেচ, ধিমাল, কোঁচ, ছলনিমীয়া, মহলীয়া, ফুলগৰীয়া, শৰণীয়া
দক্ষিণ গোষ্ঠী - ডিমাছা, হোজাই, লালুং, গাৰো, হাজং, পৰ্বতীয়া তিপ্ ৰা আদি।
ড॰ ভুবনমোহন দাসে এই বিভীজনক অসমত প্ৰব্ৰজন অনুসৰি দুটা ভাগত ভাগ কৰিছে: পশ্চিম গোষ্ঠী আৰু পূব গোষ্ঠী। এই পূব গোষ্ঠীতেই ঠেঙ্গাল কছাৰীক ড॰ দাসে অন্তৰ্ভুক্ত কৰিছে।
বুৰঞ্জীবিদ আৰু পণ্ডিত সকলৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত প্ৰথমে বাস কৰা মংগোলীয় বা কিৰাত সকলেই এসময়ত কছাৰী নাম পায় আৰু ' কছাৰী ' নামকৰণ অসমৰ হিন্দু ওচৰ-চুবুৰীয়া সকলৰ সৃষ্টি।
হেমকোষ অভিধানত ' ঠেঙ্গাল ' ৰ বিষয়ে অসমৰ এজাতি আদিমবাসী কছাৰী বুলি উল্লেখ কৰিছে।
কিম্বদন্তিমতে, ৰজাই কছাৰী সাহসী আৰু যুদ্ধ বিদ্যাত পাকৈত সকলক যুদ্ধৰ বাবে সৈনিক হিচাপে ৰাখিছিল আৰু যুদ্ধৰ বাবে তেওঁলোকক ঠেঙা (Pantloon) পিন্ধিবলৈ দিছিল। সেই ঠেঙা পিন্ধাৰ বাবেই তেওঁলোকক ঠেঙাল বুলি মাতিছিল। সময়ৰ লগে লগে সেই ঠেঙা পিন্ধা কছাৰীসকলেই ঠেঙাল সম্প্ৰদায়ত পৰিণত হয়।
বৰ্ত্তমান ঠেঙাল কছাৰী সকল যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষ্মীমপুৰ, দৰং, শোণিতপুৰ, কাৰ্বি আংলং আদি জিলাত আৰু ডিমাপুৰত সিঁচৰতি হৈ আছে।
ডিমাছা কছাৰী জনগোষ্ঠী
টাইফাকে জনগোষ্ঠী
নিজস্ব কৃষ্টি-সংকৃতি, পৰস্পৰাৰে সমৃদ্ধ টাইফাকে জনগোষ্ঠী, অষ্টদশ শতিকাৰ শেষভাগত অসমত প্ৰৱেশ কৰা টাই জনগোষ্ঠীৰ এটা ঠাল। অসমলৈ অহাৰ পূৰ্বে টাইফাকেসকলে ম্যানমাৰৰ অন্তৰ্গত হোকং উপত্যকাত মৌফাকে নামে এখন ৰাজ্য পাতি বাস কৰিছিল। ১৭৭৪ খ্ৰীষ্টাব্দত ব্ৰহ্মদেশৰ ৰজা আলখ্ৰাৰ অত্যাচাৰত অতিষ্ঠ হৈ বিভিন্ন ঠাইত ভ্ৰমি অৱশেষত অসমত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত ক্ৰমে আহোম আৰু মানৰ লগত সংঘৰ্ষত লিপ্ত হৈ অৰুণাচলৰ নামজিকত বসতি কৰে। ইয়াৰ পাছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে অসম ইংৰাজৰ অধীনলৈ যায় আৰু ইংৰজৰ পৃষ্ঠপোষকতাত টাইফাকেসকলে নামজিকৰপৰা আহি প্ৰথমে মাৰ্ঘেৰিটাত গাওঁ প্ৰতিষ্ঠা কৰে। তাৰ পাছত জীৱন নিৰ্বাহৰ বাবে সুচল স্থানৰ সন্ধানত বিভিন্ন ঠাই ভ্ৰমি, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কিছু ঠাইত গাওঁ পাতে। বৰ্তমান তিনচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সমীপৰ বৰফাকে , মানম , নঙলাই , লিডুৰ সমীপৰ মুঙলাঙ , লঙফাকে , টিৰাপৰ সমীপৰ নিঙগাম , জাগুনৰ সমীপৰ ফানেঙ আৰু ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপৰ নামফাকে আৰু টীপামফাকে আদি মুঠ ৯খন গাঁৱত বাসকৰা টাইফাকে জনগোষ্ঠীৰ মুঠ জনসংখ্যা প্ৰায় ২০০০জন।
টাইফাকেসকল মূলত বৌদ্ধধৰ্মৰ হীনযান প্ৰন্থী। বৌদ্ধধৰ্মীয় স্থাপত্য-ভাস্কৰ্য যেনে- বৌদ্ধবিহাৰ, পেগুদা, চৈত্য, মৃণ্ময় বৌদ্ধমূৰ্তিবোৰ টাইফাকে সমাজ-সংস্কৃতিৰ অনন্য সম্পদ। তদুপৰি পৰাস্পৰাগত জনবিশ্বাস, পূজা-পাতল আদিও মাজে-সময়ে পালন কৰা দেখা যায়। নিজা ভাষা, লিপি, স্বকীয় সাজপাৰ, খাদ্যাভাস, তাঁত শিল্প, সমৃদ্ধিশালী লোকগীত, বৈশিষ্টপূৰ্ণ গৃহ নিৰ্মাণ প্ৰণালী আদিৰে টাইফাকেসকলে নিজস্ব জনগোষ্ঠীয় ঐতিহ্য আজিও অটুট ৰাখিছে।
দেউৰী জনগোষ্ঠী
এই জনগোষ্ঠী প্ৰধানকৈ অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পোৱা যায়। তেওঁলোকে প্ৰধানকৈ অসমীয়া ভাষা আৰু তিব্বেতীয়া বাৰ্মা ভাষাত ব্যৱহাৰ কৰে। প্ৰায় ২৪,৬০০ জন দেউৰী জনগোষ্ঠীৰ লোক ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ উপত্যকাত বসবাস কৰি আছে।
দেউৰীসকলৰ প্ৰধান খেল বা ফৈদ চাৰিটা, যেনে-
দিবঙীয়া - এওঁলোক শাল কুণ্ডিমামা বা বুঢ়া-বুঢ়ী শাল,
টেঙাপনীয়া - এওঁলোকৰ শাল বলিয়া বাবা (শিৱ) শাল,
বৰগঞা - এওঁলোকৰ শাল কেঁচাইখাতী বা তাম্ৰেশ্বৰী গোসাঁনী শাল আৰু
পাট গঞা - এওঁলোক শাল পাটৰ শাল।
পাটৰ গঞা ফৈদটো বৰ্তমান দেউৰী সমাজত নোহোৱা হৈ পৰিছে। দেউৰীসকলৰ চাৰিওটা ফৈদৰ নাম স্থানবাচক বুলি ক'ব পাৰি। অতীজত কুণ্ডিল ৰাজ্যত দিবং নদীৰ পাৰত বাস কৰা ফৈদক দিবঙীয়া,টেঙাপনী নৈৰ পাৰত বসতি কৰা ফদৈক টেঙাপনীয়া,বৰনদীৰ পাৰত বাস কৰা ফৈদক বৰগঞা আৰু পাট শদিয়াত বাস কৰাসকলক পাটৰ গঞা বোলা হৈছিল।
খামতি জনগোষ্ঠী
খেলমা জনগোষ্ঠী
চিংফৌ জনগোষ্ঠী
সৎনামী জনজাতি
সৎনাম ধৰ্ম শিখ ধৰ্মৰ দৰে এটা একেশ্বৰবাদী ধৰ্ম। এই ধৰ্মৰ অনুসৰণকাৰী সকলক সৎনামী বুলি কোৱা হয়|যিয়ে এক ঈশ্বৰ বা সত্যৰ ওপৰত বিশ্বাস কৰে। সৎনামী সকল অসমৰ এটি উল্লেখযোগ্য জাতি। সৎনামী মূলতে ছত্তিশগড়ৰ নিবাসী। সৎনামক এটা জাতি হিচাপে মনা হয়, যি আজিৰ ছত্তিশগড়, উড়িষ্যা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান , দিল্লী, ঝাৰখণ্ড আৰু অসমত পোৱা যায়। সৎনাম ধৰ্মক গুৰু ঘাচি দাস এ (1757-1836) প্ৰচলিত কৰিছিল।
আদিবাসী জনগোষ্ঠী
চুতীয়া জনগোষ্ঠী
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Tribes of assam at Assam Govt website
অসমৰ চাহ জনগোষ্ঠী
অসমৰ জনগোষ্ঠী
|
4086
|
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%B9%E0%A7%8B%E0%A6%AE%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80
|
আহোম জনগোষ্ঠী
|
টাই আহোম বা চাম সকল (আহোম ভাষা:𑜇𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤;/ফান টাই আহোম/,) হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা এটা বৃহত্তৰ টাই জাতিৰ অন্তৰ্গত উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী।ঐতিহাসিকভাৱে চীনদেশৰ দেহ'ঙৰ (德宏州; মধ্যযুগীয় মু'ঙ মাও; 𑜉𑜢𑜤𑜂𑜫 𑜉𑜰𑜫) দাইকোঁৱৰ চাওলুং চ্যু-কা-ফাৰ লগত ১২২৮ চনত অহা ৯০০০ টাই লোকৰ ঠালটোৱেই আহোমৰ সৰ্ববৃহৎ টাই ঠাল যি ব্ৰহ্মপুত্ৰ উপত্যকাত মু'ঙ দন চ'ণ খাম(𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) স্থাপন কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৬১০ বছৰ শাসন কৰে। অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, ধেমাজী আৰু কাৰ্বি আংলং আৰু অৰুণাচল প্ৰদেশৰ লোহিত জিলাত টাই আহোম সম্প্ৰদায়ৰ লোক দেখা যায়। এই ঠালটোক চীনা-তিব্বতীয় সকলে ‘আহোম’ নামেৰে মাতিছিল যদিও আহোমসকলে নিজকে কিন্তু ‘টাই’ নামেৰেহে চিনাকি দিছিল।
নামসমুহ
আহোমসকলক বহুতে বহুত ধৰণে মাতিছিল। যেনে:- টাই, চাম, অসম আৰু আহোম আদি।
টাই (𑜄𑜩): প্ৰথম অৱস্থাত আহোমসকলে নিজকে টাই বুলিয়ে পৰিচয় দিছিল।আৰু এতিয়াও একাংশ আহোমে নিজক টাই বুলিয়ে নিজকে পৰিচয় দিয়ে সেয়েহে আহোমসকল আৰু আহোম সংগঠনসমূহে টাই আহোম (𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤) শব্দটো অধিক প্ৰয়োগ কৰা দেখা যায়।
চাম বা চিয়াম: চাম বা চিয়াম শব্দটো চীনা-তিব্বতীয় মান ডিমাছা আৰু বড়োসকলে আহোমসকলক বুজাবলৈ ব্যবহাৰ কৰিছিল। থাই সকলেও নিজকে চাম (Siam) আৰু মান দেশৰ টাই সকলক চান বুলি কয়।
অসম বা আচাম (পুৰনি অসমীয়াত) :নৱ-বৈষ্ণৱ সাহিত্যত আহোমসকলক "অসম মুলুক" বুলি আৰু মোগলসকলেও আচাম (آشام) বুলি কৈছিল। ইয়াৰ উপৰি কোচসকলেও নিজৰ লিখিত ইতিহাসত আহোম সকলক বুজাবলৈ আচাম শব্দটো ব্যবহাৰ কৰিছিল।
আহোম (𑜒𑜡 𑜑𑜪𑜤) (আধুনিক অসমীয়াত): কালক্ৰমত আধুনিক যুগত অসমৰ টাই সকলক আহোম নামেৰে মতা হৈছিল। সত্যেন্দ্ৰনাথ শৰ্মাই নিজৰ ব্যাখ্যা আগ বঢ়াইছিল এনেদৰে-
সংস্কৃতি
টাই আহোম সংস্কৃতি পূৱ এছীয় সংস্কৃতিৰ সৈতে যথেষ্ট খাপ খায়। আহোম সংস্কৃতিত ঙি ঙাও খাম (চীনা ড্ৰেগনৰ এটা প্ৰজাতি), তাও ধৰ্মৰ আঠকোণীয়া প্ৰতীক আৰু লাকনি (কেলেণ্ডাৰ) আদি দেখা যায়।
ঙি ঙাও খাম
ঙি ঙাও খাম (𑜂𑜣 𑜂𑜈𑜫 𑜁𑜪) হ'ল এছিয় ড্ৰেগ'নৰ এটা প্ৰজাতি যি টাই আহোমসকলৰ মাজত প্ৰচলিত এক কিংবদন্তিমূলক জীৱ।
ঘৰ
আহোমসকলে কাঠ, বাঁহ আদিৰে অইন টাই বা গাঁৱলীয়া থাইসকলৰ দৰে ঘৰ সাজিছিল। সকলোৰে বাৰী আৰু খেতি ঘৰৰ ওচৰতে থাকে। বাঁহেৰে নিৰ্মিত বিশেষ প্ৰকাৰৰ ঘৰ ব্যৱহাৰ কৰে। এই ঘৰসমূহক ৰু'এন-হোৱাণ বুলি কোৱা হয় আৰু ইয়াক মাটিৰ পৰা অলপ ওপৰত সজা হয় কিন্তু অন্য জনগোষ্ঠীৰ চাং-ঘৰতকৈ অলপ চাপৰ হয়।
খাদ্য
মুখ্য আহাৰ : প্ৰায়বিলাক আহোম (বিশেষকৈ গাঁৱলীয়া)সকলে আমিষভোজী, পতংগভোজী আৰু আজিও টাইসকলৰ খাদ্যাভ্যাসকে চলাই আছে। গাহৰি, কুকুৰা, গৰু, মহ, হাঁহ আদিৰ মাংসৰ উপৰিও আহোমসকলে ভেকুলীৰ মাংস, মুগালেটা, শুকুতী মাছ আৰু আমৰলি টোপ খোৱা দেখা যায়। তেওঁলোকৰ মুখ্য আহাৰ ভাত। আহোমসকলে কলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা খাৰ ব্যৱহাৰ কৰে আৰু বহু ঔষধি গুণযুক্ত শাক-পাচলি আৰু বেত-গাঁজ খায়। আহোমসকলৰ খাদ্যাভাষে অইন টাইসকলৰ লগত সাদৃশ্য প্ৰদৰ্শন কৰে। তেওঁলোকৰে খাদ্যাভাষত- থেও-দাম (মাটি মাহ), খাও-মুন (ভাত আৰু দালচেনি), সান্দহ গুৰী, চেও-খাও (ভাপত দিয়া ভাত), খাও-মাই (চুঙা-চাউল), তিলেৰে প্ৰস্তুত কৰা তিল পিঠা, খাও-ত্য়েক (আখৈ)। নুতলোৱাকৈ কোমল চাউলৰ প্ৰস্তুতকৰণ বা তৰা পাতত বান্ধি বনোৱা খাও-মাই (চুঙা চাউল)। আহোমসকলে কম মছলাযুক্ত খাদ্য আৰু মাছ, বেঙেনা, বিলাহী আদি পুৰি বা তৰা পাতত দি খাই বেছি ভাল পায়। লাও হ'ল এওঁলোকৰ পৰম্পৰাগত পানীয় যি চাউল ভীমকল বা কঠালৰ পৰা প্ৰস্তুত কৰে। ইয়াৰে পানী দিয়া বিধক নাম-লাও আৰু পানী নিদিয়া বিধক লৌক-লাও বোলা হয়। ইয়াৰ উপৰি আহোমসকলে পৰম্পৰাগত এবিধ চাহ ব্যৱহাৰ কৰে যাক নানিঙিঙ বুলি কোৱা হয়। এই পৰম্পৰা চীনৰ পৰাই আহোমসকলে লৈ আনিছিল।
বিবাহ
আহোমসকলে নিজস্ব প্ৰথাৰে সম্পাদিত কৰা বিবাহ পদ্ধতি আছে। তাৰ মুখ্য পৰম্পৰাৰ নাম “চ-ক্লং” বুলি জনা যায়। ই টাই-আহোম ভাষাৰ শব্দ (চ ' অৰ্থাৎ যোৰা লগুৱা আৰু ক্লং অৰ্থাৎ পূজা)। ৰাতি বিবাহৰ মুখ্য পৰম্পৰাত ম'-ৰুলৰ সন্মুখত সোণ, ৰূপ, পিতল বা কাঠৰ গছাত ১০১ গছ বান-ফাইং চোমচাও প্ৰমুখ্যে ১০১জনা ফুৰাৰ উদ্দেশ্যি প্ৰজ্জ্বলিত কৰা হয়। “চ-ক্লং” বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ ফুৰা লেংডনে অক-কাই ম'-হুং ৰজাৰ জ্যেষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোঁতেই আৰম্ভ হ'ল আৰু তাৰ পিছৰ পৰাই টাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। টাই আহোমৰ লাই-লিত নাং হুন ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লেংডনে অ'ক-কাই ম'-হুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোছাৰে “চকলি ভাৰ” বা “সোধনি ভাৰ” আগবঢ়ায়। কোনো কোনো ঠাইত চকলঙৰ দিনা ম-লুঙক ভোজ-ভাত খুৱাই দৰা-কইনাই ম'-লুঙক সন্মান কৰে।
মুঠ ২০টা নিয়মেৰে আহোম বিবাহ পদ্ধতি সম্পন্ন হয়। তাৰে কিছু হ'ল:
১. জু-ৰণ (আহোম ভাষাত জু অৰ্থাৎ জীয়াই থকা, ৰণ অৰ্থাৎ চিৰ জীৱনলৈ)
২. ৰিক খ্বন
৩. আপ-তাং (আপ অৰ্থাৎ গা ধুওৱা, তাং অৰ্থাৎ পৱিত্ৰ)
৪.চাও-বান (বান বা সূৰ্যক আৰাধনা)
৫.জণ-মিং (আশিৰ্বাদ)
ভাষা আৰু সাহিত্য
টাই আহোম ভাষা হ'ল এটা ঝুৱাং-টাই ভাষা। ই টাই ভাষাবোৰৰ দক্ষিণতম ভাষা। এই ভাষাটোৰ পুনৰ্ব্যৱহাৰ উজনি অসমৰ টাই-আহোম গৱেষকৰ তত্ত্বাৱধানত আৰম্ভ হৈছে। বিভিন্ন প্ৰতিষ্ঠান যেনে- টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান, পি.কে. বুঢ়াগোহাঁই দক্ষিণ-পূব এছিয়া আৰু টাই অধ্যয়নৰ প্ৰতিষ্ঠান, কেন্দ্ৰীয় টাই একাডেমী গঢ় লৈ উঠিছে। ইয়াৰ উপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰচেষ্টাত বিভিন্ন পাঠ্যক্ৰম সমূহ প্ৰকাশ কৰা হৈছে যিয়ে ন-শিকাৰুসকলক সহায় কৰিছে। অনাগত সময়ত এনেধৰণৰ আৰু প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ সম্ভাৱনা গঢ়ি উঠিছে। অসম চৰকাৰ দ্বাৰা হাবুঙত টাই বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰস্তাৱ অসম চৰকাৰে দিছে ।
আহোম লিপি
আহোমসকলৰ নিজৰ লিখা পদ্ধতি আছে যি টাই-নুৱা লিপিৰ পৰা ক্ৰমবিকাশ হোৱা এক লিপি। ই দেখাত টাই-নুৱা লিপিৰ সৈতে একে আছিল চীনৰ চৰকাৰে যাক বৰ্তমান উন্নীতকৰণ কৰিছে। আহোমসকলে নিজা ইতিহাস লিপিবদ্ধ কৰিছিল যাক বুৰঞ্জী বুলি হোৱা হয়। আহোমসকলৰ পূৰ্বে বুৰঞ্জী লিখা প্ৰথা অসমত নাছিল। তেওঁলোকৰ বিভিন্নপ্ৰকাৰৰ ইতিহাস, সমাজ, জ্যোতিষ, আৰু পূজা-পাতল কৰা পুথি আছে। বিশেষকৈ ম'-লুঙ শ্ৰেণী ম'হুং,ম'প্লং,ম'চামে এই পুথি সমূহ অধিক ব্যৱহাৰ কৰিছিল।
লাক-নি
আহোমসকলৰ নিজা লুনাৰ কেলেণ্ডাৰ আছে যাক লাক-নি-তাও-চি-ঙাবুলি জনা যায়, যি বছৰ গণনাৰ এক প্ৰাচীন নিয়ম। এই প্ৰথা মধ্য টাই ৰাজ্য (চৌং-কৌ) ত প্ৰচলন হৈছিল আৰু ইয়াক আজিও দক্ষিণ পূব এছিয়াৰ টাইসকলে আৰু চীনা সকলে ব্যৱহাৰ কৰে। এই সকলোবোৰ দিন,মাহ আৰু বছৰ গণনা কৰা পুঠিত লিখা হৈছিল।
ইতিহাস
আদি বসতি
টাই আহোমসকলৰ প্ৰথম প্ৰজন্ম মু'ঙ ফি (𑜉𑜢𑜤𑜂𑜫 𑜇𑜣) ৰ পৰা আহিছিল যি বৰ্তমান চীনৰ গুৱাংচি(壮族自治区) অঞ্চল। তাৰ পাছত তেওঁলোক মু'ঙ ৰি মু'ঙ ৰাম (𑜉𑜢𑜤𑜂𑜫 𑜍𑜣) লৈ প্ৰবজন কৰিছিল যি বৰ্তমান চীনদেশৰ চিচুৱাংবান্না(西双版纳) (𑜏𑜢𑜆𑜫 𑜏𑜨𑜂𑜫 𑜈𑜃𑜫 𑜃𑜡/西双版纳) শেষত তেওঁলোক পূৱ মু'ঙ মাও (𑜉𑜢𑜤𑜂𑜫 𑜉𑜰𑜫) ৰ দিশলৈ প্ৰব্ৰজন কৰিছিল যি বৰ্তমান চীনৰ দেহং(德宏州)। ৰাজনৈতিক উচ্চাকাংক্ষাই চুকাফা নামৰ এজন টাই কোঁৱৰক পশ্চিমৰ ফালে আগুৱাই আহি এখন নতুন দেশৰ শাসনকৰ্তা হ'বলৈ অনুপ্ৰাণিত কৰিছিল। ১২২৮ খ্ৰীষ্টাব্দত তেওঁ প্ৰায় ৯০০০ অনুগামীৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে। তেওঁলোকে লগত শালি খেতি আৰু বুৰঞ্জী লিখাৰ পৰম্পৰাও লৈ আহিছিল। তেওঁলোকে নিগাজীকৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু দিখৌ নৈৰ পূব অংশত বসবাস কৰিব লয়। বৰ্তমান এই ঠাইসমূহত যথেষ্ট আহোম জনগোষ্ঠীৰ লোক দেখিবলৈ পোৱা যায়।
অসমৰ আন্তঃগাঁথনি
চাওলুংজনাই সমগ্ৰ অসমৰ বিভিন্ন ঠাই ঘূৰি উচিত ঠাইৰ সন্ধান আৰম্ভ কৰে। তেওঁলোকে বৰাহী আৰু মৰাণসকলৰ সৈতে মিলি সম্পৰ্ক গঢ়াই তোলে। ইয়াৰে মান-তিব্বতীয় বৰাহী আহোমৰ হৈতে বৈবাহিক সম্পৰ্ক গঢ়ে, মৰাণসকলে নিজৰ স্বকীয়তা বজাই ৰাখে। চুকাফাই ১২৫৩ চনত চে-ৰাই-দয় নামৰ এখন চহৰ নিৰ্মাণ কৰি নিজৰ ৰাজধানীৰূপে মৰ্যাদা দিয়ে যাক বৰ্তমান চৰাইদেউ বুলিও কোৱা হয়।
পুনৰ উদ্ধাৰ
১৮৯৩ চনত সদৌ অসম আহোম সভা গঢ়ি উঠে যি অইন ঠাইৰ টাইসকলৰ সৈতে যোগাযোগ আৰম্ভ কৰে।
সমাজ
বান-মু'ঙ (𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫)
(𑜉𑜢𑜤𑜂𑜫)
টাই আহোমৰ প্ৰাচীন সমাজিক প্ৰথা হ'ল বান-মু'ঙ (𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫)। এখন নদীৰ পাৰত কেইবাঘৰ মানুহ লগ খাই এখন বান (𑜈𑜃𑜫,গাঁও) সৃষ্টি হৈছিল। কেইবাখনো বান লগ হৈ মু'ঙ সৃষ্টি হৈছিল। অইন টাইসকলৰ মাজতো এই প্ৰথা দেখিবলৈ পোৱা যায়। বান-মু'ঙ (𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫) কৃষি ভিক্তিক আৰু এখন নদীক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। থাই,শান(𑜏𑜃𑜫) আৰু অইন টাই ভাষাত ইয়াক বান-মু'ঙ (𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫) বুলিয়ে কোৱা হয়।
ফৈদ
আহোমসকলৰ ফৈদ সামাজিক প্ৰথাৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁলোকে প্ৰথমে নিজকে ৭ ভাগ কৰি সাতঘৰীয়া আহোম ফৈদ গঠন কৰে। চ্য়ু (বাঘ) ফৈদত স্ৱয়ম চাওলুংজনা আছে, য'ত অইন চাও-ফা সকলো অন্তৰ্ভুক্ত। দুজন প্ৰধানমন্ত্ৰী চাও-ফ্ৰুং-মু'ঙ (বুঢ়াগোহাঞি) আৰু চাও থাও মু'ঙ (বৰগোহাঞি) ফৈদ। তিনি পুৰোহিত ফৈদ ম'হুং,ম'প্লং,ম'চাম। আৰু চিৰিং ফৈদ, মুঠ সাতটা ফৈদ গঠন হৈছিল। পিছলৈ এই ফৈদসমূহত সন্দিকৈ যুগ হয়। পিছলৈ চাও-ফা সকলৰ ফৈদ চাৰিঙীয়া, দিহিঙীয়া, টিপমীয়া, শামুগুৰিয়া, তুংক্খুঙীয়া, পৰ্বতীয়া, নামৰূপীয়ালৈ বিভক্ত হয়। থিক সেইদৰে,চাও-ফ্ৰুং-মু'ঙ ফৈদ আঠটা, চাও থাও মু'ঙ ষোল্লটা,ম'-চাম বাৰটা, ম'-হুং সাতটা লগতে ম'-প্লং আৰু চি-ৰিং আঠটাকৈ ফৈদত ভাগ হয়। বাকী আহোমসকল কৰ্মসূত্ৰে চাওদাং, ঘৰফলিয়া, লিকচৌ আদিলৈ ভাগ হয়। জয়ধ্বজ সিংহৰ দিনত হিন্দু ধৰ্মৰ প্ৰভাবত পৰি বাইলুং, দেওধাই আৰু মোহন ফৈদক গুচাই পুনৰ নতুনকৈ "সাতঘৰীয়া আহোম" গঠন কৰা হৈছিল য'ত চেতিয়া, লাহন, দুৱৰা, লুখুৰাখন, পাতৰ, ইত্যাদি ফৈদ সমূহক প্ৰথম বাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল।
ধৰ্ম
আহোম মানুহে পূৰ্বপুৰুষক উৎসৰ্গা কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক শক্তিক বিশ্বাস কৰে। তাই আহোমৰ পণ্ডিতৰ ( ম' বা মলুঙ্ ) তিনি ফৈদ লোক হল ম-হুং,ম-প্লং,চাংবুন।
আহোম ধৰ্ম
আহোম ধৰ্ম হ'ল এটা পৰম্পৰাগত টাইধৰ্ম, ইয়াত মূলতঃ পূৰ্বপুৰুষ উপাসনা (ফি-দাম) কৰা হয় লগতে ইয়াত বৌদ্ধ আৰু তাও ধৰ্মৰো প্ৰভাব আছে। টাই-আহোমৰ পৰম্পৰাগত বিশ্বাস মতে আহোমসকলে এজন পূৰ্বপুৰুষ দেৱতাক ফা-তু-চিং (ফা:স্বৰ্গ, তু:এজন,চিং:উচ্চ; এজন সৰ্বোত্তম পূৰ্বপুৰুষ; ফা লাই বেত বুলিও কোৱা হয় ) যাৰ দ্বাৰা সমগ্ৰ পৃথিৱী সৃষ্টি হৈছে। তেও অইন দেৱতা; খুন-থেও-খামৰ লগতে চাৰিটা সোণৰ কণী পাৰিছিল বুলি জনবিশ্বাস আছে। চতুৰ্থ জনে অৰ্থাৎ ড্ৰেগন ৰূপী ঙি-ঙাও খামে পৃথিৱীখন সজাই তোলাত সহায় কৰিছিল বুলি বিশ্বাস কৰা হয়। ঙি-ঙাও-খাম বা ড্ৰেগনৰ চিত্ৰ অংকিত চোলা আহোম চাও-ফা সকলে পিন্ধিছিল। লেংদনক মু'ঙ -ফিৰ (বৰ্তমান চীনাৰ টিয়েন) ৰজা হৈছিল আৰু তেওঁৰ নাতি খুনলৌং আৰু খুনলাইক এখন ঠাই মু'ঙ ৰি-মু'ঙ ৰামলৈ (বৰ্তমান চীনৰ Xishunagbanna) শাসন কৰিবলৈ পঠিয়ায়। এওলোকৰে বংশধৰ আহোম ৰজা সকল। খুনলুং আৰু খুনলাইয়ে চুমফা (সম্পূৰ্ণ নাম:চুমফাৰৌংছেংমু'ঙ ; অসমীয়া : চুমদেও )ক লৈ আনিছিল আৰু বংশানুক্ৰমে চাওলুং চুকাফাই পাই তেওঁক তেওঁৰ য়ে-নাইয়েকে দি পঠিয়াইছিল। এই সম্পদবিধ আহোমৰ বিশেষ দেওঘৰ যাৰ নাম হ'-ফি তাত ৰখা হয় আৰু আহোমৰজাৰ ৰাজ-অভিষেক খেওন-ৰৌণ-মাই-ক্ৱ' অনুষ্ঠানত অৰ্চনা কৰা হয়।
ধৰ্মীয় পৰম্পৰা
উম-ফা: এই অনুষ্ঠান ভাগ পূৰ্বপুৰুষ শাসক দেৱতা লেং-দনক স্মৰণ কৰি অতি ভব্য আৰু উলহ মালহেৰে পালন কৰা হয়। ইয়াত লেংদনৰ প্ৰিয় খাদ্য মাংসও দিয়া হয় আৰু গৰু আদি কৰি বিভিন্ন জীৱ জন্তু প্য়াত-চি কৰি উৎসৰ্গা কৰা হয়। এই অনুষ্ঠানটো ৫ বছৰৰ মূৰত এবাৰ উদযাপন কৰা হয় আৰু ইয়াক আহোম শাসনৰ অন্ত হোৱাৰ পিছতো পালন কৰি অহা হৈছে।
চাই-ফা: এই অনুষ্ঠানত সকলো প্ৰজাইয়ো যোগদান কৰিছিল।
য়ে-চেং-ফা: বিদ্যা আৰু কলাৰ প্ৰতীক পূৰ্বপুৰুষ দেৱী য়ে-চেং-ফাৰ স্মৃতিত এই পৰম্পৰা পালন কৰা হয়।
ফুৰা-লুং বা ফ্ৰা-লুং(𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫): এই অনুষ্ঠানত ফুৰা-তেৰা বা ফুৰা-লুংক স্মৰণ কৰা হয়। ইয়াত টাই সকলৰ জনজাতীয় ধৰ্ম আৰু বৌদ্ধ সংস্কৃতিৰ প্ৰভাৱ আছে। আহোমৰ ম'-লৌং সকলে এই অনুষ্ঠানত আই-চিং-লাও (টাই-আহোমৰ প্ৰাৰ্থনা) গায়। এই অনুষ্ঠানত কোনো জীৱ উৎসৰ্গা কৰা নহয়।
ৰিক-খ্ৱন : এই অনুষ্ঠান ভাগি কোনো যুদ্ধৰ সময়ত উচ্চ শক্তিক স্মৰণ কৰি পালন কৰা হয়। আহোম ভাষাত ৰিক শব্দৰ অৰ্থ মতা / আহ্ৱান কৰা খ্ৱনৰ অৰ্থ দীৰ্ঘায়ু। এই অনুষ্ঠানত জল দেৱতা খাও-খামক স্মৰণ কৰা হয়।
মে-দাম-মে-ফি : এই অনুষ্ঠানটো পূৰ্বপুৰুষক স্মৰণ কৰি প্ৰতি বছৰে ৩১ জানুৱাৰী তাৰিখে পালন কৰা হয়। আহোম দম্পতীয়ে চেং-কা-ফাক (খুন-থেও-খামৰ পুত্ৰ) পাকঘৰৰ দক্ষিণ খুটাত স্মৰণ কৰা হয়।
বানফি-ফুৰালুংৰ পূৰ্বপুৰুষ উপাসনা
টাই-আহোমসকলে নিজৰ প'-লিন প'-থাও সকলক স্মৰণ কৰে। তেওঁলোকে বিশ্বাস কৰে যে পূৰ্বপুৰুষক পূজা নকৰিলে ঘৰখনত অপায় অমঙ্গল হয় আৰু পূৰ্বপুৰুষক পূজা কৰিলে তেওঁলোকে ঘৰখন বিপদ আপদৰ পৰা বচাই ৰাখে। টাই-আহোমসকলে নিজৰ উৎসৱ পাৰ্বন বিবাহ আদিত প'-লিন প'-থাও সকলক স্মৰণ কৰে। এজন ব্যক্তি মৰাৰ পিছত ফি-দাম হৈ যায় বুলি বিশ্বাস কৰা হয়। তেওঁলোকক পবিত্ৰ বুলি গ গণ্য কৰি স্মৰণ কৰা হয় অইন সমাজৰ দৰে ভুত বা মৃত অপশক্তি বুলি ধৰা নহয়। টাই-আহোম সকলে বতৰৰ ফল,শাক-পাচলি আদি ফি-দামক তৰ্পন কৰে। বিশেষকৈ তিনি পুৰোহিত ফৈদ ম'হুং, ম'প্লং, ম'চাম সকলে অধিক স্পষ্ট ভাবে ফি-দাম কৰে। দাম সকলক বিভিন্ন ভাগত ভগোৱা হয় সেয়া হল- ঘাই দাম, চি-ৰৌণ-দাম,ন'-দাম আৰু জকৰুৱা দাম।
ঘাই দাম: 'ঘাই' মানে মূল আৰু দাম মানে মৃতক, ঘাই দাম মানে ঘৰৰ জ্যেষ্ঠ মৃত বুঢ়া দম্পতী।
ছি-ৰৌণ-দাম: চি মানে চাৰি, ৰৌণ মানে ঘৰ। ছি-ৰৌণ-দাম মানে ঘৰখনৰ দম্পতীৰ চাৰি পৃতি পুৰুষ।
জকৰোৱা দাম: জকৰোৱা শব্দটোৰ অৰ্থ হল যি কোনো সন্তান নিদিয়াকৈ মৰিল বা সৰুতে ঢুকাল বা কোনো মানসিক বা শাৰীৰিক ব্যাঘাত জন্মি মৰিল।
ন'-দাম: ন' মানে নতুন, ঘৰৰ গৃহস্থৰ কোনো সম্পৰ্কীয় কোনো লোকৰ মৃত্যু হলে তেওক ন দাম বোলা হয়।
জকৰোৱা দামক বাদ দি বাকী সকলো দামক মিলাই গৃহদাম বোলে আৰু এওলোকক বছৰেকত এবাৰ স্মৰণ কৰা হয়।
বৌদ্ধ প্ৰভাৱ
আহোমসকলৰ বৌদ্ধ সংস্কৃতিতকৈ তাওবাদী (Taoic) সংস্কৃতি বেছি দেখা যায়। আহোমসকলে বুদ্ধক মেমিমাং ফুৰা বুলি কৈছিল যাৰ অৰ্থ নতুন ভগৱান (New God)। বৌদ্ধ জাতক পুথি সমূহক লিক মিং-মাং-ফুৰা-লৌং বুলি কোৱা হয় যি শান্তি আৰু সভ্য হোৱাৰ কথা শিকায়।
মৈদাম
মৈদাম (আহোম: 𑜉𑜩𑜓𑜝𑜪 অৰ্থ:মৃতকৰ ঠাই ,ইংৰাজী: Moi-Dam বা Pyramid of Assam) হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা আৰু সমাধি।আহোমসকলৰ মাজত থকা পৰম্পৰা অনুসৰি তেওঁলোকে মৃতদেহ নজ্বলাই বৰং ৰুংডাং নামৰ বাকচত ভৰাই মৈ-দাম দিয়ে।বৰ্তমান সময়ত টাই-আহোম জনগোষ্ঠীৰ ম'-হুং, ম'-চাম আৰু ম'-প্ল'ঙ নামৰ তিনিটা ফৈদৰ মানুহে মৈদাম পৰম্পৰা মানি চলে।
লগতে চাওক
আহোম ৰাজবংশ
আহোম সাম্ৰাজ্য
তথ্যসূত্ৰ
উৎস প্ৰসংগ
বাহ্যিক সংযোগ
Phukon, G. (1998). State of Tai culture among the Ahoms. [Assam, India?]: G. Phukon.
The Tai-Ahom connection by Yasmin Saikia in Gateway to the East, June 2005.
Polities mentioned in the Chinese Ming Shi-lu, several references are made to a Tai Ahom kingdom in this translation of an important Ming dynasty historical source
অসমৰ জনগোষ্ঠী
আহোম ৰাজ্য
টাই আহোম
ভাৰতৰ জনগোষ্ঠী
|
4088
|
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8C%E0%A7%B0%E0%A6%AD%20%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0%20%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%B9%E0%A6%BE
|
সৌৰভ কুমাৰ চলিহা
|
সৌৰভ কুমাৰ চলিহা () অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি। চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল।
জীৱন-বৃত্ত
সুৰেন্দ্ৰ নাথ মেধিৰ জন্ম হয় দৰং জিলাৰ মঙলদৈত। পিতৃ কালিৰাম মেধি আৰু মাতৃ স্বৰ্ণলতা মেধিৰ পুত্ৰ সুৰেন্দ্ৰ নাথ মেধিয়ে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল ১৯৩৯ চনত গুৱাহাটীৰ ছেইণ্ট মেৰিজ কনভেণ্ট স্কুলত। কটন কলেজিয়েট স্কুলৰ পৰা ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰা মেধিয়ে ১৯৪৮ চনত আই এছ চি পৰীক্ষাত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হয়। কটন কলেজত পঢ়ি থাকোঁতেই তেওঁ ৰিভ'লুশ্বনাৰী কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কাম-কাজত জড়িত হোৱাৰ বাবে জে'ললৈ যাবলগীয়া হৈছিল। কিন্তু জে'লৰ পৰাই পৰীক্ষা দি ১৯৫০ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ৰাজনৈতিক কাম-কাজত জড়িত হৈ পৰাৰ বাবে ঘৰৰ মানুহে তেওঁক বিলাতলৈ পঠিওৱাৰ সিদ্ধান্ত লয়। ১৯৫২ চনত ইংলেণ্ডৰ লিভাৰপুল অভিমুখে ভাৰতীয় জাহাজেৰে যাত্ৰা আৰম্ভ কৰে। দুবছৰৰ পিছত তেওঁ লণ্ডন ইউনিভাৰ্ছিটিৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ জাৰ্মানীৰ ভিতৰুৱা ঠাই গুটিংগেনৰ এখন স্কুলত শিক্ষকতাৰ পাতনি মেলে। জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ ১৯৬০ চনত মেধি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। তাৰ পৰাই তেওঁ ১৯৮৮ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।
সাহিত্যকৃতি
পঞ্চাছৰ দশকত গল্প লিখিবলৈ আৰম্ভ কৰা সুৰেন্দ্ৰ নাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটো হ'ল 'পঞ্জাব সীমান্তৰ সহযাত্ৰী'। ইয়াৰ পিছতে 'কালমাৰ্ক্স-এৰা' নামৰ গল্পটো বাঁহীত প্ৰকাশ পায়। ৰামধেনুৰ চুটি গল্প প্ৰতিযোগিতাত তেওঁৰ 'অশান্ত ইলেকট্ৰন' গল্পটোৱে প্ৰথম স্থান লাভ কৰে। তেখেতে ১৯৭৪ চনত 'গোলাম' নামৰ সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৫ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। মন কৰিবলগীয়া যে জীৱিত কালত তেওঁ কোনোধৰণৰ বঁটা বাহন গ্ৰহণ কৰিবৰ বাবে নিজে যোৱা নাছিল। 'একৈশ শতিকা ধেমালি নহয় আৰু অন্যান্য ৰচনা', 'জন্মদিন আৰু অন্যান্য গল্প', 'দ্ৰোণ আৰু গ্যেটে' তেওঁৰ আন তিনিখন অনন্য ৰচনা।
গল্প সংকলন
অশান্ত ইলেকট্ৰন (১৯৬২)
দুপৰীয়া আৰু অন্যান্য গল্প (১৯৬৩)
এহাত ডাবা (১৯৭২)
গোলাম (১৯৭৪)
সৌৰভ কুমাৰ চলিহাৰ স্বনিৰ্বাচিত সংকলন(১৯৯৪)
সৌৰভ কুমাৰ চলিহাৰ স্বৰচিত গল্প (১৯৯৮)
কবি(১৯৯৯)
ছয় দশকৰ গল্প (২০০১)
জন্মদিন আৰু অন্যান্য গল্প (২০০৫)
জোনবিৰি (২০০৬)
নৱজন্ম (২০০৮)
ৰচনা সংকলন
গল্প নহয় (১৯৮৮)
ভাল খবৰ (১৯৯৮)
ৰচনা সমগ্ৰ (১৯৯৯)
একৈশ শতিকা ধেমালি নহয় আৰু অন্যন্য ৰচনা (২০০৪)
দ্ৰোণ আৰু গ্যেটে আৰু অন্যান্য ৰচনা (২০০৭)
নাটক
অৱৰুদ্ধ চহৰ (১৯৯৪)
মৰুদ্যান(২০০৯)
অনূদিত গ্ৰন্থ
আজি শুক্ৰবাৰ (১৯৯২)
ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড (১৯৯৯)
আশী দিনত পৃথিৱী পৰিভ্ৰমণ (২০০১)
সুৰেন্দ্ৰনাথ মেধি নামত লিখা বিজ্ঞান গ্ৰন্থ
চিন্তাৰ বেগ কিমান
মহাকাশত প্ৰাণৰ সন্ধান
প্ৰভাৱিত শিল্প-কৰ্ম
লাখটকীয়াত গোলাম (Closed-door-syndrome-and the stuff-inside-the-magazine syndrome) (২০০২), সৌৰভ কুমাৰ চলিহাৰ ওপৰত নিৰ্মিত এখন তথ্য-চিত্ৰ। পৰিচালক আলতাফ মজিদ। আলতাফ মজিদেই চলিহাৰ আন এটা লেখনিৰ ভিত্তিত ২০০৫ চনত নিৰ্মাণ কৰে অন্য এখন তথ্য চিত্ৰ 'ভাল খবৰ' (Good News). চলিহাৰ গল্প 'দুপৰীয়া' আৰু 'সিহঁতেও পাহাৰ বগালে'ৰ ওপৰত ভিত্তি কৰি দুখন অঁনাতাৰ নাটক প্ৰযোজিত হয়।
মৃত্যু
২০১১ চনৰ ২৫ জুন তাৰিখে বৃক্ক আৰু হাঁওফাঁওৰ ৰোগত ভুগি গুৱাহাটীৰ ইণ্টাৰনেশ্বনেল হাস্পতালত পুৱা ৫.৪০ বজাত মৃত্যু হয়।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া গল্পকাৰ
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
অসম উপত্যকা সাহিত্য বঁটা বিজয়ী
|
4090
|
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BE%E0%A6%95%E0%A7%88-%E0%A6%9A%E0%A6%95%E0%A7%8B%E0%A7%B1%E0%A6%BE
|
চাকৈ-চকোৱা
|
চাকৈ-চকোৱা এটা হাঁহৰ প্ৰজাতি। সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলি কয়।
বিচৰণ
চাকৈ-চকোৱাৰ মুখ্য বসতিস্থল দক্ষিণপূব ইউৰোপৰ পৰা মুখ্য এচিয়া হৈ দক্ষিণপূব চীনলৈ বিস্তৃত হৈ আছে, তদুপৰি পশ্চিম আফ্ৰিকা আৰু ইথিঅ'পিয়াতো চাকৈ-চকোৱা পোৱা যায়। ই এবিধ পৰিভ্ৰমী চৰাই। শীত কালটো ই দক্ষিণপূব এছিয়াত পাৰ কৰে। দক্ষিণ পূব ইউৰোপ আৰু দক্ষিণ স্পেইনত এই চৰাই বিধ প্ৰায় বিলুপ্ত প্ৰায় হলেও, এছিয়াত এই চৰাই বিধ এতিয়াও দেখিবলৈ পোৱা যায়। উত্তৰ আমেৰিকাতো কেতিয়াবা এই চৰাই বিধ দেখিবলৈ পোৱা যায়।
বিৱৰণ
ই এবিধ মুক্ত বিচৰণ কৰা চৰাই। ই ওখ পাহাৰৰ ওপৰত, গছৰ ধোন্দত, মাটিৰ ফাঁকত, কণী পাৰি পোৱালি জগায়। ই এবাৰত ৬-১৬টা ওমনি দিয়ে। ইয়াৰ কণীবোৰ দেখিবলৈ বগা ক্ৰীমৰ ৰঙৰ দৰে। ইয়াৰ কণীবোৰ ওমনি লোৱাৰ পৰা কণী ফুটি পোৱালি ওলাবলৈ ৩০ দিন লাগে। এই চৰাই বিধ সদায় যোৰা পাতি থাকে নাইবা সৰু দলবান্ধি থাকে। ই কেতিয়াবাহে ডাঙৰ দল বান্ধে। কিন্তু কেতিয়াবা ডাঙৰ হ্ৰদত আৰু ধীৰস্ৰোতা নদীত শীত কালৰ সময়ত ইয়াক ডাঙৰ দলত দেখা যায়। এই চৰাই বিধ দেখিবলৈ আন চৰাইতকৈ বেলেগ। ই ৫৮-৭০ চেঃমিঃ দীঘল আৰু ইয়াৰ পাখি দুখিলা ১১০-১৩৫ চেঃমিঃ দীঘল। ইয়াৰ শৰীৰটো দেখিবলৈ কমলা-মুগা ৰঙৰ আৰু মুৰটো শেঁতা ৰঙৰ, পাখি দুখিলা বগা আৰু কলা ৰঙৰ। ই পানীত বৰ ভালকৈ সাঁতুৰিব পাৰে। ই উৰোঁতে দেখিবলৈ ৰাজহাঁহৰ নিচিনা লাগে। মতা-মাইকী দুয়োটা দেখিবলৈ প্ৰায় একে, কিন্তু, মতাটোৰ ডিঙিৰ তলত এটা কলা ৰঙৰ আঙুঠিৰ দেৰ চিন্থ আছে। মাইকীজনীৰ মুখত এটা বগা দাগ আছে। ই সহবাসৰ সময়ত বনৰীয়া হাঁহৰ নিচিনাকৈ ডাঙৰকৈ চিঞৰ মাৰে।
সংস্কৃতিত
চাকৈ-চকোৱা চৰাইবিধক বুদ্ধধৰ্মীসকলে পবিত্ৰ হিচাবে গণ্য কৰে।
ভাৰতীয় সংস্কৃতিত
সংস্কৃতত এই চৰাই বিধক চক্ৰৱাক বুলি কয়। ভাৰতীয় সংস্কৃতিত চাকৈ-চকোৱা প্ৰেমৰ প্ৰতীক। কবিসকলে বিবাহিতযুগলক বৰ্ণনা কৰোঁতে এই চৰাই বিধৰ নাম ব্যৱহাৰ কৰে। চাকৈ-চকোৱা যুগলটো ৰাতি ইটোৰ পৰা সিটো আঁতৰি থাকি কান্দে আৰু দিনত আকৌ লগ হয়। ৰাতিৰ সময়ত মতা আৰু মাইকী চৰাই দুয়োটিয়ে ইটোৱে সিটোক নদীৰ দুটি পাৰৰ পৰা মাতি থাকে। সিহঁতে সূৰ্যোদয় হোৱালৈ অপেক্ষা কৰি থাকে। সূৰ্য্যক চাকৈ-চকোৱাৰ বন্ধু বুলি গণ্য কৰা হয়।
স্থিতি
চাকৈ-চকোৱা Agreement on the Conservation of African-Eurasian Migratory Waterbirds (AEWA) ৰ অন্তৰ্ভুক্ত চৰাই।
চিত্ৰ-সম্ভাৰ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
चक्रम् in Apte's dictionary
चक्र and cakravāka in Monier-Williams dictionary
ৰমা কান্ত শৰ্মাৰ Cakravāka Elements of Poetry in the Epics of India
Abstract
Sādhana, dīkṣha of a cātaka pakṣhi: with a poem by Adi Shankara
Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 18.98
Narmada:Arthur Avalon,Hymns to the Goddess: Narmadāsṭakastotram by Śankarācārya
Database entry includes justification for why this species is of least concern
Madge and Burn, Wildfowl ISBN 0-7470-2201-1
Mullarney, Svensson, Zetterstrom and Grant, Collins Bird Guide ISBN 0-00-219728-6
http://www.birding.in/birds/Anseriformes/Anatidae/ruddy_shelduck.htm
chakai chakoa
হাঁহ
|
4091
|
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%B2%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AD%E0%A6%BE%20%E0%A6%AC%E0%A7%B0%E0%A6%A6%E0%A6%B2%E0%A7%88
|
নিৰ্মলপ্ৰভা বৰদলৈ
|
নিৰ্মলপ্ৰভা বৰদলৈ (; ১৯৩৩-২০০৪) অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা আছিল। 'সূদীৰ্ঘ দিন আৰু ঋতু' শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থখন বঙালী, পঞ্জাবী, হিন্দী আৰু ওড়িয়া ভাষাকে ধৰি বহুকেইটা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীতত ঊষা মংগেশকাৰ, ড॰ ভূপেন হাজৰিকা, উদিত নাৰায়ণ, দীপালী বৰঠাকুৰ, জুবিন গাৰ্গ আদিকে ধৰি অনেক অসমীয়া-অনাঅসমীয়া বহু ন-পুৰণি শিল্পীয়ে কণ্ঠদান কৰিছিল। 'সোণৰ খাৰু নেলাগে মোক', 'কি নাম দি মাতিম', 'জোনবাই এ বেজী এটি দে', 'আগলি বতাহে কপালে কলৰে পাত' আদি তেওঁৰ কেইটামান চিৰসেউজীয়া জনপ্ৰিয় গীত। অসম আন্দোলনৰ সময়তো তেওঁৰ ভূমিকা আছিল বলিষ্ঠ আৰু সক্ৰিয়। আমেৰিকা, জাৰ্মানী, জাপানকে ধৰি বহুকেইখন দেশ তেওঁ ভ্ৰমণ কৰে আৰু গৱেষণাপত্ৰ-পাঠ আৰু বক্তৃতা প্ৰদান কৰে। মননশীল আৰু তাত্ত্বিক দিশত চহকী তেওঁ লিখা শিৱ, দেৱী আৰু সূৰ্য নামৰ গ্ৰন্থকেইখনক ড॰ মুকুন্দমাধৱ শৰ্মাই 'গ্ৰন্থৰত্নত্ৰয়ী' আখ্যা দিছে। 'নীলা বাইদেউ' ছদ্মনামেৰে বৌদ্ধিক সমাজত পৰিচিত। ১৯৯৮ চনত বেলতলা লেখিকা সমাৰোহ সমিতিয়ে তেওঁৰ জন্মদিৱসটো অৰ্থাৎ ২০ জুন তাৰিখটো 'প্ৰেৰণা দিৱস' হিচাপে উদ্যাপন কৰাৰ সিদ্ধান্ত লয়। তেওঁ ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।
শৈশৱ
নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুন তাৰিখে। জন্মস্থান হৈছে শিৱসাগৰ টাউনৰ মাজমজিয়াত থকা পুৰণা আমোলাপট্টি বা গণকপটি। পিতৃৰ নাম আছিল ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ আৰু মাতৃৰ নাম আছিল মুক্তাবালা বৰদলৈ। জন্মৰ সময়ত ক্ষীণকায় আৰু নিশকতীয়া আছিল বাবে তেওঁ সঘনাই বেমাৰত পৰিছিল। জন্মৰ দুই-তিনিমাহমান পাছতেই তেওঁ শাৰীৰিকভাৱে ভীষণ অসুস্থ হৈ পৰে। ডাক্তৰ-কবিৰাজৰ চিকিৎসাতো ভাল নোহোৱাত দেউতাকে জীয়েক নাবাচিব বুলিয়েই ভাবিছিল। পিছে পিতৃ-মাতৃৰ আৰু আত্মীয়-স্বজনৰ পৰিচৰ্যাত তেওঁ ক্ৰমাৎ সুস্থ হৈ আহিল আৰু স্বাস্থ্য-পাতিও পূৰ্বতকৈ সবল হৈ আহিল।
তেওঁক ঘৰত মামণি, মণি, মাধন, মাকণ আদি অসংখ্য নামেৰে মাতিছিল। দেউতাকৰ অন্তৰঙ্গ বন্ধু ভৱদেৱ ঠাকুৰে তেওঁৰ নাম ৰাখিলে 'নিৰ্মলা'। দেউতাকে অধিক অৰ্থপূৰ্ণ কৰিবৰ বাবে তেওঁৰ নামটো সলাই 'নিৰ্মলপ্ৰভা' কৰিলে। যাৰ অৰ্থ হ'ল-স্বৰ্গীয় জ্যোতি।
নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় শিৱসাগৰৰ ২ নং প্ৰাইমাৰী বিদ্যালয়ত। মাধ্যমিক শিক্ষাগ্ৰহণ কৰে শিৱসাগৰৰে ফুলেশ্বৰী হাইস্কুলত। আনহাতে জয়সাগৰ কলেজৰ পৰা আই.এ.ত উত্তীৰ্ণ হয়। প্ৰাইমেৰী স্কুলত পঢ়ি থাকোঁতে তেওঁ মাহে সাত টকাকৈ প্ৰভিঞ্চিয়েল বৃত্তি লাভ কৰে। উল্লেখ্য যে, সেইখন স্কুলৰ পৰা এই বৃত্তি লাভ কৰা তেঁৱেই প্ৰথমগৰাকী শিক্ষাৰ্থী। দ্বিতীয়মান শ্ৰেণীতেই নিৰ্মলপ্ৰভাই হেম চিলাই, কম্বল চিলাই, ক্ৰছ চিলাই আদিৰ বিষয়ে শিকিছিল। তেওঁলোকৰ ঘৰৰ ওচৰতে থকা সম্বন্ধীয় মোমায়েক গণেশ শৰ্মা চাংকাকতিৰ বাঁহীৰ সুৰ আৰু গীতে শিশু নিৰ্মলপ্ৰভাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। সেইজন মোমায়েকৰ গীত শুনি-শুনিয়েই নিৰ্মলপ্ৰভাই বহুতো সুৰ শিকিছিল। চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোঁতে নিৰ্মলপ্ৰভা বৰদলৈয়ে জীৱনৰ প্ৰথমটো কবিতা লিখে। দেউতাকে কবিতাটো ঘৰৰ মানুহৰ সমুখত পঢ়ি শুনায় আৰু জীয়েকৰ মূৰত হাত ফুৰাই 'মোৰ মাজনী আগলৈ সৰুজনী নাইডু হ'ব'বুলি আশীৰ্বাদ দিয়ে।
নিৰ্মলপ্ৰভাই কাশীনাথ বৰ্মনৰ গ্ৰন্থ 'নাৰীৰত্ন' তৃতীয়মান শ্ৰেণীতেই পঢ়ে আৰু কিতাপৰ অন্তৰ্নিহিত বাৰ্তা আৰু মহীয়সী নাৰীৰ জীৱন-বৃ্ত্তান্তৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হয়। তেওঁৰ এগৰাকী ককাইদেৱেকে (পোণা ককাইদেউ) চাৰি-পাঁচ বছৰ বয়সতে, তেওঁক তিনিমাহমান গান শিকাইছিল। সেই শিক্ষা লৈয়েই শিশু নিৰ্মলপ্ৰভাই হাৰমনিয়ামৰ লগত গীত গাব পৰা হৈছিল। সভা-সমিতিত গীত পৰিৱেশন কৰাৰ উপৰিও তেওঁ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল।
বাল্য-বিবাহ
সেইসময়ৰ অসমত ঠায়ে-ঠায়ে বাল্য-বিবাহৰ পৰম্পৰা আছিল। সেই নিয়মানুযায়ী ছোৱালী এজনীক পুষ্পিতা হোৱাৰ আগতেই বিয়া দিব লাগে। নিৰ্মলপ্ৰভা বৰদলৈও সেই পৰম্পৰাৰ পৰা পৰিত্ৰাণ নাপালে। তেতিয়া তেওঁৰ বয়স ন বছৰ। পৰিয়ালৰ মানুহৰ লগত যোৰহাটলৈ বিয়া এখন খাবলৈ গৈছিল। বিয়া খাই উঠি তাৰে কোনোবা মানুহ এঘৰলৈ তেওঁলোক ফুৰিবলৈ গৈছিল। সেইঘৰ মানুহেই নিৰ্মলপ্ৰভাক দেখি তেওঁলোকৰ ল'ৰাৰ লগত তেওঁৰ বিয়া ঠিক কৰি পেলালে। কিন্তু দেউতাকে মেট্ৰিক পৰীক্ষা পাছ নকৰালৈকে ছোৱালী ঘৰৰ পৰা উলিয়াই নিদিওঁ বুলি জেদ ধৰিলে আৰু দৰাঘৰলৈ চিঠি লিখিলে। তেওঁলোক মান্তি হ'ল যদিও বিবাহৰ সমস্ত কাম-কাজ সম্পন্ন হ'ল। দুৰ্গাপূজাৰ সময়ত তেওঁলোক নিৰ্মলপ্ৰভাৰ ঘৰলৈ আহে আৰু আঙুঠি পিন্ধায়। ল'ৰা বি.এ. পাছ। ডিগবৈত চাকৰি কৰে। নিৰ্মলপ্ৰভা ১১ বছৰ বয়সতে বিয়াত বহিব লগ হ'ল। এক আড়ম্বৰপূৰ্ণ পৰিৱেশত ছোৱালীৰ শিৱসাগৰৰ নিজা ঘৰতে বিবাহোনুষ্ঠান সম্পন্ন কৰি দৰাঘৰীয়া মানুহ যায়গৈ। নিৰ্মলপ্ৰভা ঘৰতে থাকে। পিছে দৰাঘৰীয়া মানুহে তেওঁলোকৰ কথা ৰাখিব নোৱাৰিলে আৰু পুষ্পিতা হোৱাৰ কেইদিনমানৰ পাছতেই ছোৱালীক যোৰহাটলৈ পঠিয়াই দিবলৈ ক'লে। কিন্তু দেউতাকে এই অনুৰোধত সজোৰে হস্তক্ষেপ কৰিলে আৰু তেওঁৰ পূৰ্বৰ সিদ্ধান্তত অটল হৈ থাকিল। দৰাঘৰীয়া মানুহৰ লগত তেওঁলোকৰ বিস্তৰ মতভেদ আৰু তৰ্কাতৰ্কি হয'ল। তাৰ ঠিক কেইমাহমানৰ পিছতেই নিৰ্মলপ্ৰভাই এটি কন্যা সন্তান প্ৰসৱ কৰে। যোৰহাটৰ পৰা খবৰ আহে যে ল'ৰাই ইতিমধ্যেই দ্বিতীয় বিবাহ কৰোৱাইছে। দেউতাককে ধৰি ঘৰৰ মানুহৰ প্ৰচণ্ড খং উঠে আৰু ছোৱালীক উলিয়াই নিদিওঁ বুলি সংকল্পবদ্ধ হয়। তেতিয়া নিৰ্মলপ্ৰভাৰ কন্যা সন্তানটি জন্ম হোৱাৰ এমাহেই পূৰ হোৱা নাছিল।
সাংবাদিকতাত কেৰিয়াৰ
নিৰ্মল প্ৰভা বৰদলৈয়ে কেইবাখনো আগশাৰীৰ কাকত-আলোচনীত কাম কৰি সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰবন্ধ আৰু সম্পাদকীয়সমূহে সামাজিক বিষয়সমূহৰ প্ৰতি তেওঁৰ বুজাবুজি প্ৰতিফলিত কৰিছিল। লিংগ সমতা, সাংস্কৃতিক পৰিচয়, আৰ্থ-ৰাজনৈতিক বিষয়ৰ সৈতে জড়িত বিষয়সমূহক সম্বোধন কৰিছিল। তেওঁৰ লেখনশৈলীয়ে পাঠকৰ মাজত অনুৰণন ঘটাইছিল আৰু ব্যাপক প্ৰশংসা লাভ কৰিছিল।
ৰচনা সমূহ
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ উপযোগী
অসমৰ লোক-সংস্কৃতি
কবিতাৰ কথা
অসমৰ লোক কবিতা
সাহিত্য আৰু সংস্কৃতি
কবিতা দেশী-বিদেশী
আধুনিক কবিতা
অসমীয়া চুটি গল্প
কবিতা আৰু প্ৰকৃতি
কাৰ্বি সমাজ সংস্কৃতিৰ এচেৰেঙা
ৰবীন্দ্ৰনাথৰ গীত আৰু কবিতা
স্বাধীনতা সংগ্ৰমাৰ গীত-মাত আৰু কথা
বৰগীতৰ কথা
যাত্ৰা আৰু অংকীয়া ভাওনা
দেৱী
শিৱ
সূৰ্য্য
গোপন বাসনা আৰু ৰাতিসেৱা।
সৃষ্টিমূলক তথা মৌলিক
বন ফৰিঙৰ ৰং
সমীপেষু
দিনৰ পাছত দিন
অন্তৰংগ
সুদীৰ্ঘ দিন আৰু ঋতু
অমিতাভ শব্দ
শব্দৰ ইপাৰে শব্দৰ সিপাৰে
নিৰ্মল প্ৰভা বৰদলৈৰ নিৰ্বাচিত কবিতা
বন্দুকোঁকী আৱাজ চে সুবহ হোতী হেই কিয়া
বসন্তৰ এদিন
সম্পাদনা আৰু নিদেৰ্শনা
কবিতা মঞ্জৰি
এশ বছৰৰ অসমীয়া কবিতা(যন্ত্ৰস্থ)
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিত আৰ্য্যভিন্ন উপাদান (যন্ত্ৰস্থ)
পাঞ্চালী
বিবাহ।
কণিকা (শিশু আলোচনী, সম্পাদিকা)
গানৰ সংকলন
সোণবৰণী আই
সূৰুজমখী
ফুলৰ এই মেলাতে।
উপন্যাস
জলপদ্ম
শিশুৰ সাহিত্য
চিল চিল চিলা বগী চিলমিলা
অসমীয়া ওমলা গীত
কথা চৰিত্সাগৰ
সুৱদী মাত
শিশু গীতি-নাট্য সংকলন
শালিকী ৰটৌ টৌ
মন উৰণীয়া
মানুহ (১০টা খণ্ডাৰ)
সেউজী সেউজী (নাট সংকলন)
হাঁয় নাৰিকল পিঠা
জিকিমিকিৰ কথা
এনেহেন মৰমৰ দেশ
ৰজা
বন্ধু
গছে গছে পাতি দিলে ফুলৰে শৰাই।
নাটক, কাব্য নাটক, সংগীতালেখ্য
মেঘদুত (কাব্যনাট)
ওৰণী (নৃত্য-নাটিকা)
তৃতীয় অংক(নাটক)
অগ্নিগৰ্ভা (নাটক)
বেউলা (নৃত্য-নাটিকা)
ফুলকোঁৱৰ (সংগীতালেখ্য)
মহাকাল (পূৰ্ণাংগ নাটক)
সোণবৰণী আই (নাটক)
পুতলা নাচ (নাট)
মেগমল্লাৰ
বিহুৰে বিৰিণাৰ পাত
ৰাগ বসন্ত
বুকুৰ আপোন আই (নৃত্য-নাটিকা)
কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ
চন্দ্ৰ কুমাৰ আগৰৱালা
অসমৰ জনজাতীয় গীত-মাত
মাজুলী
আই (নৃত্য-নাটিকা)
ৰঙালী
ভোগালী
জেং বিহু(নৃত্য-নাটিকা)
আত্মজীৱনী
জীৱন জীৱন বৰ অনুপম
অনুবাদ সাহিত্য
তুলসী দাস
মীৰাবাঈ
বিন্দু আৰু সিন্ধু
আমাৰ লাগতিয়াল গছ-গছনি
এছিয়াৰ সাধু
উৰিষ্যাৰ লোক-সংস্কৃতি
অমৰত্বৰ আভাস (ছোভিয়েট কবিতা)
তাও তে চিং (চীনৰ কবিতা)
নামঘোষা (অসমীয়াৰ পৰা বঙালীলৈ)
ডাকঘৰ (বঙালী নাট)
শব্দৰ আকাশ (উৰিয়া কবিতা)
শুভ বাৰ্তা (বাইবেলৰ পৰা)
প্ৰাৰ্থনা ( বাইবেলৰ পৰা)
আলা মেলুৰ হুতাহ
সিংহ পোৱালিয়ে গুজৰিবলৈ শিকিলে
ময়ূৰৰ পাখিত থকা চকু
ৰাণী লক্ষ্মীবাঈ
স্বীকৃতি আৰু সন্মান
১৯৫৭ চনত শিশু সাহিত্যক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা
১৯৭৭ চনত "দিনৰ পিছত দিন" গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটা
১৯৮৩ চনত "সুদীৰ্ঘ দিন আৰু ঋতু" কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা
১৯৮৭ চনত অসম সংস্কৃত সমাজৰ পৰা "সৰস্বতী" উপাধি লাভ
১৯৮৯ চনত গৱেষণা গ্ৰন্থ "দেৱী"ৰ বাবে অসম সাহিত্য সভাৰ বঁটা
১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ সভানেত্ৰী পদৰ সন্মান
২০০১ চনত প্ৰবীণা শইকীয়া বঁটা
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া কবি
শ্ৰেণী:অসমীয়া ভাষাৰ গীতিকাৰ
অসমীয়া শিক্ষাবিদ
অসমীয়া ঔপন্যাসিক
অসমীয়া শিশু সাহিত্যিক
অসমীয়া নাট্যকাৰ
অসম সাহিত্য সভাৰ সভাপতি
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
|
4096
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%97%E0%A6%BF%E0%A7%B0%E0%A6%BF%20%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80
|
অম্বিকাগিৰি ৰায়চৌধুৰী
|
অম্বিকাগিৰি ৰায়চৌধুৰী (; ১৮৮৫-১৯৬৭) কুৰি শতিকাৰ অসমৰ এজন কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেওঁক অসম কেশৰী উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনৰ ১১ আৰু ১২ মাৰ্চত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ একবিংশতম অধিৱেশনত ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল৷ ১৯৬৫ চনত ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
শৈশৱ আৰু বংশ পৰিচয়
শ্ৰীমন্ত শংকৰদেৱৰ বংশৰ জগদানন্দ বা ৰামৰায় অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূৰ্বপুৰুষ। ১৮০৭ শকৰ ৪ পুহত, ইংৰাজী ১৮৮৫ চনৰ ডিচেম্বৰ মাহত; বৰপেটাত অম্বিকাগিৰিৰ জন্ম হয়। বৰপেটাৰ বিখ্যাত কায়স্থ কুলীয় ৰায়চৌধুৰী পৰিয়ালৰ কৃষ্ণৰাম ৰায়চৌধুৰী অম্বিকাগিৰিৰ পিতৃ আৰু মাতৃ দেৱকী দেৱী শ্ৰীমন্ত শংকৰদেৱৰ চৰিত প্ৰণেতা শ্ৰীৰামচৰণ ঠাকুৰৰ বংশজাত। তেওঁ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান আছিল। ককায়েক গিৰীশ চন্দ্ৰ ৰায়চৌধুৰী অভিনেতা আৰু শিক্ষাবিদ আছিল। আন দুগৰাকী ভগ্নী, ক্ৰমে ৰোহিণী দেৱী আৰু লক্ষ্মী প্ৰিয়া দেৱী। ৰোহিণী দেৱীৰ পুত্ৰ সাহিত্যিক মহেশচন্দ্ৰ দেৱগোস্বামী নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ আছিল।
সৰুতেই পিতৃ বিয়োগ হোৱাত অম্বিকাগিৰি আৰু ককায়েক গিৰীশ চন্দ্ৰৰ পঢ়া-শুনাৰ ভাৰ লৈছিল মোমায়েকসকলে। বৰপেটাত প্ৰাথমিক শিক্ষা লাভ কৰা অম্বিকাগিৰীয়ে বৃত্তি লাভ কৰি প্ৰাইমেৰী পৰীক্ষাত উৰ্ত্তীণ হৈছিল। ১৮৯৯ খৃঃত তেওঁ তাৰাবাৰী হৈ জাহাজত গুৱাহাটীলৈ আহে আৰু গুৱাহাটীৰ সোণাৰাম হাইস্কুলত ইংৰাজী শিক্ষা লয়। পঢ়ি থাকোঁতেই তেওঁ পান বজাৰৰ বিখ্যাত ব্যায়াম বীৰ বিভৱানন্দ চৌধুৰীৰ অধীনত ব্যায়াম শিকিছিল। ১৯০০ খৃঃৰ পিছত কিছুদিন তেওঁ গৌৰীপুৰ আৰু শিৱসাগৰতো পঢ়িছিল। পিছত পুনৰ গুৱাহাটীলৈ আহে।
স্কুলীয়া শিক্ষা আধাতে বিসৰ্জন দি ১৯০৪-০৫ চনৰ পৰাই তেওঁ স্বদেশী আন্দোলনত আৰু সামাজিক উন্নয়নমূলক কাম-কাজত যোগ দিছিল। আন কেইজনমান ডেকা ছাত্ৰৰ লগ লাগি তেওঁ এই সময়ছোৱাতে ইংৰাজ-বিৰোধী এনাৰ্কিষ্ট দল গঠন কৰি দীঘলী পুখুৰীৰ উত্তৰ পাৰে থকা ইংৰাজ চাহাবৰ ক্লাৱ ঘৰত অগ্নিসংযোগ কৰিছিল। সৰস্বতী পূজাৰ সময়ত একে ৰাতিতে বন্দিনী ভাৰত মাতা নামে এখন নাটক লিখি কলেজিয়েট স্কুলত পূজাৰ দিনা মঞ্চস্থ কৰিছিল। নাটকখনে দৰ্শকৰ মাজত মৃদু উত্তেজনাৰ সৃষ্টি কৰিছিল। পিছত পুলিচে এইখন বাজেয়াপ্ত কৰে। উগ্ৰবাদী কৰ্ম-কাণ্ডত জড়িত হোৱাৰ সময়ত অম্বিকাগিৰিয়ে দীঘাই কলিতালৈ নাম সলাইছিল। তেওঁক ইংৰাজ চৰকাৰে ১৯০৭ চনৰপৰা ১৯১৫ চনলৈ বৰপেটাত নজৰবন্দী কৰি ৰাখে। নজৰবন্দী হৈ থকা সময়ছোৱাতে তেওঁ বীণা, তুমি, অনুভূতি আদি কবিতা সংকলনৰ কবিতাসমূহ লিখে।
ৰাজনৈতিক আৰু সামাজিক জীৱন
বৰপেটাত থকা কালছোৱাত অম্বিকাগিৰিয়ে ৰাজনৈতিক কাৰ্যাৱলী পৰিহাৰ কৰি বৰপেটাৰ সমাজ জীৱনলৈ চাই কিছুমান সামাজিক সংগঠনমূলক আৰু সাহিত্য-সংস্কৃতিমূলক কামত আত্মনিয়োগ কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল- দুখীয়া ছাত্ৰৰ পঢ়া-শুনাৰ সুবিধাৰ্থে পুঁজি গঠন, থলুৱা ঢুলীয়া চাৰ্কাচৰ সংশোধিত ৰূপত “শংকৰদেৱ চাৰ্কাচ” গঠন, অসমীয়া লোকগীত আৰু বৰগীত চৰ্চাৰ বাবে মানুহক উৎসাহিত কৰা ইত্যাদি। তদুপৰি তেওঁ বৰপেটাৰ সমাজ জীৱনৰ পৰা বঙলা যাত্ৰা নাটৰ প্ৰভাৱ লোপ কৰাত প্ৰভূত অৰিহণা যোগায়।
১৯১৫ চনত ডিব্ৰুগড়লৈ গৈ অম্বিকাগিৰিয়ে ৰে'ল বিভাগত টাইপিষ্ট, সংগীত শিক্ষক আদি হিচাপে কৰ্মৰত হোৱাৰ উপৰিও হৰেকৃষ্ণ দাসৰ সৈতে আসাম বান্ধৱ নামৰ সাহিত্য আলোচনীখনৰ সাহিত্য সম্পাদক ৰূপে কাম কৰে। তাৰ পিছৰ কালছোৱাত তেওঁৰ সৰহভাগ সামাজিক আৰু ৰাজনৈতিক চিন্তাধাৰা নিজে ছপাই উলিওৱা চেতনাৰ সম্পাদকীয় ৰূপেই প্ৰকাশ পাইছিল। ইয়াৰ লগতে ডেকা অসম নামৰ আলোচনীৰো তেওঁ সম্পাদক আছিল। অসহযোগ আন্দোলনৰ সময়ত কাৰাবাসত ভোগা শাস্তিৰ অভিজ্ঞতাৰে তেওঁ তই ভাঙিব লাগিব শিল, ধৰ ঝাৰু ধৰ ভাই, কি দেখাবি ভয় কাৰাগাৰ আদি সংগ্ৰামী উদ্দীপনাৰ গীত ৰচনা কৰে, যিবোৰে আন সংগ্ৰামীসকলক যথেষ্ট অনুপ্ৰেৰণা যোগায়। ১৯৩০ চনৰ আন্দোলনত অম্বিকাগিৰিয়ে পুনৰ কাৰাবাস খাটে। সেই সময়ৰ কংগ্ৰেছৰ সাংগঠনিক কাৰ্যৰ বাবে তেওঁ ‘ডিক্টেটৰ’ নিয়োজিত হৈছিল। ৰাজনৈতিক দিশত তেওঁ মহাত্মা গান্ধীৰ অনুগামী এজন নিভাঁজ দেশপ্ৰেমিক আহিল। যি ক্ষেত্ৰত কংগ্ৰেছৰ নেতাসকলে আন্দোলনৰ সময়ছোৱাত বিবিধ দিশৰ পৰা অসমীয়া জাতি সত্ত্বাক হেঁচা মাৰি ধৰিব বিচৰা বহিৰাগতৰ সমাগম, অসমৰ খেতিৰ মাটিৰ ওপৰত পমুৱাৰ বে-দখল, চাকৰি-ব্যৱসায় আদি ক্ষেত্ৰৰ পৰা অসমীয়াৰ অধিকাৰ সংকোচন ইত্যাদি প্ৰশ্নৰ প্ৰতি মনোযোগ কমকৈ দিছিল সেই ক্ষেত্ৰত অসম আৰু অসমীয়াৰ ভৱিষ্যতলৈ লক্ষ্য কৰি অম্বিকাগিৰিয়ে কংগ্ৰেছৰ লগত সম্পৰ্ক ৰক্ষা কৰিও “অসমীয়াৰ অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষণী সভা”, “অসম জাতীয় মহাসভা”, আৰু অসম শিক্ষা প্ৰচাৰ সমিতি আদি স্থাপন কৰিছিল আৰু অসমীয়া জাতিৰ মৰ্যাদা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত তেওঁ "সেৱা সংঘ" নামৰ এটা বিপ্লৱী সংগঠনৰ জন্ম দিছিল ইয়াৰ উপৰি তেওঁ স্বদেশী কিনক সংঘ খুলি নিজে মায়াবিনী কেমিকেল ৱৰ্কছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান পাতি অম্বিকাগিৰিয়ে অসমীয়া সমাজক অৰ্থনৈতিকভাৱে আত্মপ্ৰতিষ্ঠাৰ পথ প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিছিল। নিজৰ মতবাদ ৰাইজৰ মাজত প্ৰকাশ কৰিবলৈ তেওঁ ডেকা-ডেকেৰীৰ বেদ, আহুতি আদি পুথি ৰচনা কৰিছিল। ১৯৪৬-৪৭ চনত অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ আশংকাৰ সময়ত জাতি ৰক্ষাৰ উদ্দেশ্যেৰে অসমীয়া হিন্দু-মুছলমানৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে সংগঠিত কৰিছিল অসম আত্মৰক্ষী বাহিনী। আনহাতে সমষ্টি গঠনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আমৰণ অনশনৰ সংকল্প ঘোষণা কৰিছিল । ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত, চৰকাৰে অসমীয়া ভাষাক ৰাজ্যভাষা ৰূপে ঘোষণা কৰিবলৈ ইতস্ততঃ বোধ কৰাৰ পৰিপ্ৰেক্ষিতত, অসম চৰকাৰে তেওঁক দিয়া “সাহিত্যিক পেঞ্চন” তেওঁ বৰ্জন কৰিছিল।
সাহিত্যিক জীৱন
অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯১৫ চনত তুমি আৰু ১৯১৬ চনত ‘বীণা’ নামৰ কবিতা পুথি প্ৰকাশ কৰে। ১৯১৮ চনত চন্দ্ৰনাথ শৰ্মাৰ সহযোগিতাত ‘চেতনা’ নামৰ মাহেকীয়া আলোচনী উলিয়ায়। তেখেতে ‘চেতনা’ৰ লিখাবোৰত স্বাধীনতা আন্দোলন, অসহযোগিতা, ৰাজনীতিত হিংসা-অহিংসাৰ স্থান, দেশ-বিদেশৰ বিবিধ সমস্যা আদিৰ উপৰিও বিশেষভাৱে অসম দেশ,অসমৰ জাতীয় সমস্যা আদিৰ বিষয়ে বিষদভাৱে আলোচনা কৰিছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত জেলত থাকোঁতে বহুতো জাতীয়তাবাদী গীত ৰচনা কৰে। ইয়াৰেই ইংৰাজী ভাঙনি ‘Songs of The Cell’ নামেৰে পিছলৈ প্ৰকাশ পায়। ৰায়চৌধুৰীৰ প্ৰকাশিত আন কবিতা পুথিসমূহ হ’ল- ‘অনুভূতি’, ‘স্থাপন কৰ, স্থাপন কৰ’(১৯৫৮), ‘বেদনাৰ উল্কা’(১৯৬৪) আৰু ‘আজি বন্দো কি ছন্দেৰে’। তাৰ বাহিৰেও ভালেখিনি কবিতা বিবিধ আলোচনীত প্ৰকাশ পায়। গদ্যৰ ভিতৰত ‘আহুতি’ (১৯৫৪), ‘ডেকা-ডেকেৰীৰ বেদ’ আৰু ‘কল্যাণময়ী’, ‘ভক্তগৌৰৱ’, ‘জয়দ্ৰথ বধ’ নামৰ তিনিখন নাটক প্ৰকাশ হৈছে। ৰায়চৌধুৰীৰ কবিতাত দুটা প্ৰধান সুৰ ধ্বনিত হৈছে। এটা হৈছে দৃপ্ত জাতীয়তাবাদৰ দুন্দভিধ্বনি আৰু আনটো তুমি আৰু বীণাত থকা ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ। ‘তুমি’ কাব্য প্ৰিয়তমাৰ দৈহিক সৌন্দৰ্য-আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দৰ্য আৰু অতীন্দ্ৰিয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে। তেওঁৰ জাতীয়তাবাদী কবিতাত নিষ্পেষণ আৰু অত্যাচাৰৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ, দুৰ্গম গিৰি কান্তাৰ মৰু অতিক্ৰম কৰি জীৱনযুদ্ধত বীৰদৰ্পে আগবাঢ়িবলৈ উদাত্ত আহ্বান পোৱা যায়। কবিয়ে এনে এটা জীৱন কামনা কৰে য’ত ব্যক্তিয়ে সংগ্ৰামৰ মাজেদি সকলো গ্লানি,ভণ্ডামি,নীচতা আঁতৰাই মানৱতাই বিকাশ ঘটাব পাৰে। ৰায়চৌধুৰীৰ কবিতাৰ শব্দগঠন আৰু তান বা শ্বাসাঘাত প্ৰধান বলিষ্ঠ ছন্দও অসমীয়া কবিতাৰ বিশেষ সম্পদ।
১৯৬৭ চনৰ ২ জানুৱাৰীৰ সন্ধিয়া ৬ বাজি ৪৫ মিনিটত, ৮২ বছৰ বয়সত অসম কেশৰী অম্বিকাগিৰিয়ে মৃত্যুবৰণ কৰে। ৩ জানুৱাৰীৰ দিনৰ ১ বাজি ৩০ মিনিটত শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হয়।
ৰায়চৌধুৰীৰ গ্ৰন্থপঞ্জী
কবিতা
তুমি (ৰচনা: ১৯০৭, বৰপেটা; প্ৰথম প্ৰকাশ: ১৯১৬ খৃঃ, ডিব্ৰুগড়)
বীণা (ৰচনা: ১৯০৭, বৰপেটা; প্ৰথম প্ৰকাশ: ১৯১৬ খৃঃ, ডিব্ৰুগড়)
অনুভূতি (ৰচনা: ১৯১০-১৯৫৪, ৬১টা কবিতাৰ সংকলন, প্ৰথম প্ৰকাশ: ১৯৫৪, গুৱাহাটী)
স্থাপন কৰ স্থাপন কৰ আৰু মই আছোঁ মই আছোঁ (দুটা কবিতাৰ সংকলন; প্ৰথম প্ৰকাশ: ১৯৫৮, গুৱাহাটী)
বেদনাৰ উল্কা (৪৬ টা কবিতাৰ সংকলন; ৰচনা:১৯২০-১৯৬০; প্ৰথম প্ৰকাশ: ১৯৬৪, গুৱাহাটী)
দেশেই ভগৱান (প্ৰথম প্ৰকাশ: ১৯৬৫, গুৱাহাটী)
গীত
বন্দো কি ছন্দেৰে (২৫টা গীতৰ সংকলন; ৰচনা: ১৯০৫-১৯৫০; প্ৰথম প্ৰকাশ: ১৯৫৮, গুৱাহাটী)
গদ্য ৰচনা
জগতৰ শেষ আদৰ্শ আৰু বিশ্ব শান্তি স্থাপনৰ পথ (ৰচনা:১৯১৪; প্ৰথম প্ৰকাশ:১৯১৬, ডিব্ৰুগড়)
শতধাৰ (ৰচনা: ১৯২৩, গুৱাহাটী)
আহুতি (৪১টা প্ৰৱন্ধৰ সংকলন; ৰচনা: ১৯১৪-১৯৫০; প্ৰথম প্ৰকাশ: ১৯৫৩, গুৱাহাটী)
ডেকা-ডেকেৰীৰ বেদ (ৰচনা: ১৯৩৫-৪২; প্ৰথম প্ৰকাশ: ১৯৪২, গুৱাহাটী)
ভাৰতীয় স্বৰাজ আৰু অসমীয়া স্বৰাজ (প্ৰথম প্ৰকাশ: ১৯৩৪)
স্বাধীন পঞ্চায়ৎ ৰাষ্ট্ৰগঠনৰ প্ৰাথমিক আঁচনি (প্ৰথম প্ৰকাশ: ১৯৪২, গুৱাহাটী)
আত্মৰক্ষী বাহিনী গঠন (প্ৰথম প্ৰকাশ: ১৯৮৭, গুৱাহাটী)
নাটক
জয়দ্ৰথ বধ (ৰচনা: ১৯১১, বৰপেটা; প্ৰথম প্ৰকাশ: ১৯৬১, গুৱাহাটী)
কল্যাণময়ী (ৰচনা: ১৯১১, বৰপেটা; প্ৰথম প্ৰকাশ: ১৯১৪, আৱাহন)
বিবিধ
স্বৰ্গ মৰ্ত ডাক বিভাগ (ৰূপাত্মক ৰচনা, আসাম বান্ধৱ ২য় বছৰ, ১ম সংখ্যা)
বিপ্লৱৰ শেষ (চেতনাত প্ৰকাশিত)
বিশ্বনাট্য (ৰূপক নাট, ১ম বছৰ চেতনাত প্ৰকাশিত)
ধুনপেচ (নাট্য দৃশ্য, আসাম বান্ধৱ ৮ম বছৰ, ১২শ সংখ্যা)
শ্ৰীৰামচন্দ্ৰ আৰু তাৰা (ৰেডিঅ’ নাট, ১৯৬৫ খৃঃত প্ৰচাৰিত)
ফৰাছী মহিলাৰ উক্তি (নাটকীয় কবিতা, আসাম বান্ধৱ ৭ম বছৰ, ৩য় সংখ্যা)
সম্পাদিত
সাহিত্য মঞ্জৰী (শুচিব্ৰতা ৰায়চৌধুৰীৰ সৈতে যুটীয়াভাৱে সম্পাদিত)
বেণু (গীতৰ সংকলন)
মোৰ দাদা (স্বৰ্গীয় গিৰীশচন্দ্ৰ ৰায়চৌধুৰীৰ জীৱনী)
মোৰ জীৱনৰ ধুমুহা এছাটি (অসম বাণী, অসম বাতৰি, ৰামধেনু আদিত প্ৰকাশিত প্ৰৱন্ধ সংকলন)
বন্দিনী ভাৰত (নাটক)
ভক্ত গৌৰৱ বা শিখীধ্বজৰ দান পৰীক্ষা (যাত্ৰা গীতিনাট্য)
ইংৰাজী
চঙচ্ অৱ দ্য চেল (অনুবাদ: বাণীকান্ত কাকতি আৰু ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ১৯৪২)
ফাইনেল গল অৱ এ মেন এণ্ড লাষ্টিং পিচ (অনুবাদ: মহেন্দ্ৰ বৰা, ১৯৬০)
(প্ৰথমখন কাৰাবাসত থকাৰ সময়ত লিখা গীতৰ পুথি, দ্বিতীয়খন জগতৰ শেষ আদৰ্শ আৰু বিশ্ব শান্তি স্থাপনৰ পথ শীৰ্ষক প্ৰৱন্ধৰ ইংৰাজী ভাষান্তৰ)
তথ্য সংগ্ৰহ
বহিঃ সংযোগ
অম্বিকাগিৰি ৰায়চৌধুৰীৰ কেইটামান কবিতা
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া কবি
অসমীয়া নাট্যকাৰ
অসমৰ স্বাধীনতা সংগ্ৰামী
অসম সাহিত্য সভাৰ সভাপতি
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
|
4099
|
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%87%E0%A6%B6%20%E0%A6%A6%E0%A6%BE%E0%A6%B8
|
যোগেশ দাস
|
যোগেশ দাস () অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত। তেখেতে ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।
শিক্ষা আৰু চাকৰি
যোগেশ দাসে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ, ডিগ্ৰী লাভ কৰে। তেখেতে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিলেও পিছলৈ অধ্যাপনাৰ বৃত্তি গ্ৰহণ কৰে আৰু গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে
মৃত্যু
১৯৯৯ চনৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে তেখেতৰ মৃত্যু হয়।
লেখক জীৱন
যোগেশ দাসে পঞ্চাছৰ দশকত এজন লেখক হিচাপে আত্মপ্ৰকাশ কৰে। চুটিগল্প আৰু উপন্যাস তেখেতে সমান দক্ষতাৰে লিখি যায়। ১৯৫৩ চনত তেখেতৰ প্ৰথম উপন্যাস "কলপটুৱাৰ মৃত্যু" প্ৰকাশ পায়। ১৯৫৫ চনত তেখেতৰ দ্বিতীয় উপন্যাস 'ডাৱৰ আৰু নায়ে' তেখেতক এজন শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা কৰে। এই গ্ৰন্থখন নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা ভাৰতৰ প্ৰধান ভাষাসমূহলৈ অনূদিত হৈছে। তেখেতৰ আন এখন প্ৰখ্যাত গ্ৰন্থ আছিল চুটিগল্পৰ সংকলন 'পৃথিৱীৰ অসুখ'। তেখেতৰ "Folklore of Assam" গ্ৰন্থখনত অসমৰ লোক-সংস্কৃতিৰ সৰল অথচ বিশদ বিৱৰণ পোৱা যায়।
সাহিত্য কৰ্ম
উপন্যাস
১৯৫৩: সঁহাৰি পাই
১৯৫৫: ডাৱৰ আৰু নাই
১৯৫৯: জোনাকীৰ জুই
১৯৬৩: নিৰুপায়-নিৰুপায়
১৯৬৫: এমুঠি ধূলি
১৯৬৭: হাজাৰ ফুল
১৯৬৯: ছাঁ জুই খেদি
১৯৭০: এমুঠি ধূলি
১৯৭০: উৎকণ্ঠ উপকণ্ঠ
১৯৭২: নেদেখা জুইৰ ধোঁৱা
১৯৭২: অবৈধ
১৯৭৭: নৰেশ, মালতী আৰু...
১৯৭৯: সৰু সৰু ঢৌ
১৯৭৯: ডাঙৰ দা আৰু চন্দন
১৯৮১: ৰজনী বিদূৰ
১৯৮৩: এই অৰণ্য
১৯৮৫: কাগজৰ বাঘ আৰু মানুহৰ তেজ
১৯৮৭: এনাজৰী
১৯৮৭: নতুন কণ্ঠ
১৯৮৭: চিৰিচ গছৰ ছাঁ
১৯৮৮: নিষ্ঠুৰ সময়
১৯৮৯: সংগ্ৰাম লগ্নে
১৯৮৯: এজন খঙাল মানুহ
১৯৮৯: পোহৰ বিচাৰি
১৯৯১: জতুগৃহ
১৯৯২: একা বেঁকা
১৯৯২: সোঁতৰ বিপৰীতে
১৯৯৩: আন্ধাৰৰ কিংবদন্তি
১৯৯৪: সৃষ্টি আৰু বেদনা
চুটিগল্প
১৯৫৩: কলপটুৱাৰ মৃত্যু
১৯৫৬: পপীয়া তৰা
১৯৫৮: আন্ধাৰৰ আঁৰে আঁৰে
১৯৬১: ত্ৰিবেণী
১৯৬৩: মদাৰৰ বেদনা
১৯৬৫: হাজাৰ লোকৰ ভিৰ
অনুবাদ গ্ৰন্থ
আমাৰ কবি
ব্ৰাহ্মণ কন্যা
ৰবীন হুড
বনে বনে
অন্যান্য
১৯৭২: Folklore of Assam
গল্পৰ কুঁকি
হেম বৰুৱা
সমকালীন গল্প
বঁটা
১৯৮০ চনত চুটিগল্প সংকলন 'পৃথিৱীৰ অসুখ'ৰ বাবে সন্মানীয় সাহিত্য অকাডেমি বঁটা
১৯৯৪ চনত অসমীয়া সাহিত্যলৈ অৱদানৰ বাবে অসম উপত্যকা সাহিত্য বঁটা
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া গল্পকাৰ
অসমীয়া ঔপন্যাসিক
অসমৰ সাংবাদিক
অসম সাহিত্য সভাৰ সভাপতি
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
অসম উপত্যকা সাহিত্য বঁটা বিজয়ী
|
4100
|
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BE%E0%A6%A6%20%E0%A6%B6%E0%A6%87%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE
|
চন্দ্ৰপ্ৰসাদ শইকীয়া
|
চন্দ্ৰপ্ৰসাদ শইকীয়া (১৯২৭-২০০৬) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল। ছাত্ৰাৱস্থাতে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দি কাৰাৰূদ্ধ হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত এম.এ. শইকীয়াই সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। "মহাৰথী" উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে আৰু ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "গৰীয়সী" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায়। তেখেতে ১৯৯৯ আৰু ২০০০ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।
সময়ৰেখা
১৯২৭ — শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত ৮ জুলাইত জন্ম। পিতৃ — দুৰ্লভ চন্দ্ৰ শইকীয়া। মাতৃ — দুৰ্গেশ্বৰী শইকীয়া।
১৯৩০ — পিতৃৰ আকস্মিক বিয়োগ।
১৯৩৩ — প্ৰাথমিক শিক্ষা আৰম্ভ, ভূঞাহাত প্ৰাথমিক বিদ্যালয়, আমগুৰি শিৱসাগৰ।
১৯৩৮ — আমগুৰি এম. ই. বিদ্যালয়ত নামভৰ্তি।
১৯৪১ — জাঁজী হাইস্কুলত নামভৰ্তি।
১৯৪২ — ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ।
১৯৪৩ — স্বাধীনতা আন্দোলনত অংশ। গ্ৰেপ্তাৰ, চাৰিমাহ কাৰাবাস।
১৯৪৪ — পুনৰ গ্ৰেপ্তাৰ। ন-মাহ কাৰাদণ্ড।
১৯৪৫ — প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যাৱয়ৰ পৰা। কটন কলেজত আই. এ.ত নাম ভৰ্তি।
১৯৪৭ — আই. এ. পৰীক্ষাত উত্তীৰ্ণ, কটনৰ স্নাতক মহলাত নামভৰ্তি।
১৯৫০ — ইংৰাজীত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ আৰু আমগুৰি হাইস্কুলত কম সময়ৰ বাবে শিক্ষকতা।
১৯৫১ — কলিকতা বিশ্ববিদ্যালয়ত এম. এ.ত নামভৰ্তি।
১৯৫৪ — ইংৰাজী বিষয়ত এম. এ. উত্তীৰ্ণ আৰু গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন।
১৯৫৬ — দ্য আচাম ট্ৰিবিউনত উপ সম্পাদক ৰূপে যোগদান।
১৯৫৬, ১০ মাৰ্চ — প্ৰভা দাসৰ সতে বিবাহ।
১৯৫৯ — শান্তনুৰ (পুত্ৰ) জন্ম।
১৯৬৩ — দ্য আচাম ট্ৰিবিউন ত্যাগ আৰু অসম বাতৰিত যোগদান। প্ৰথমা কন্যা মৈত্ৰেয়ীৰ জন্ম।
১৯৬৪ — চুটি গল্প সংকলন 'মায়ামৃগ' প্ৰকাশ।
১৯৬৫ — ভাৰতীয় প্ৰতিনিধিৰূপে আমেৰিকাৰ 'ইণ্টাৰনেশ্যনেল জাৰ্ণেলিষ্ট গ্ৰুপ'ত যোগদান; ছমাহৰ বাবে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণ।
১৯৬৬ — সম্পাদক ৰূপে 'মণিদ্বীপ' (মাহেকীয়া সাহিত্য আলোচনী)ত যোগদান।
১৯৬৭ — অসম বাতৰি ত্যাগ আৰু অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্ব গ্ৰহণ ষ
১৯৬৮ — মাহেকীয়া সাহিত্য আলোচনী 'অসমীয়া'ৰ সম্পাদক।
১৯৬৯ — উপন্যাস 'এদিন' প্ৰকাশ।
১৯৭১ — দ্বিতীয়া কন্যা জীনাৰ জন্ম।
১৯৭২ — উত্তৰকাল উপন্যাস প্ৰকাশ।
১৯৭৪ — নাচপতিফুল (চুটি গল্প সংকলন) প্ৰকাশ।
১৯৭৫ — অসমীয়া আলোচনী 'প্ৰকাশ'ৰ সম্পাদক।
১৯৭৬ — উপন্যাস 'জন্মান্তৰ' প্ৰকাশ। মাতৃৰ বিয়োগ।
১৯৮৩ — জাৰ্মানীৰ বিখ্যাত 'ফ্ৰাংকফুৰ্ট' গ্ৰন্থমেলাত অংশগ্ৰহণ।
১৯৮৪ — গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমখন গুৱাহাটী গ্ৰন্থমেলাৰ আয়োজন।
১৯৮৬ — অসম প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ।
১৯৮৭ — চুটি গল্পৰ সংকলন 'চক্ৰৱত' প্ৰকাশ।
১৯৮৮ — দৈনিক কাকত 'নতুন দৈনিক'ৰ সম্পাদক।
১৯৮৯ — চুটি গল্পৰ সংকলন 'অংগীকাৰ' প্ৰকাশ।
১৯৯১ — 'মহাৰথী' আৰু 'তোৰে মোৰে আলোকৰে যাত্ৰা'ৰ প্ৰথম খণ্ড প্ৰকাশ।
১৯৯৩ — নতুন দৈনিকৰ সম্পাদক পদ ত্যাগ আৰু মাহেকীয়া সাহিত্য আলোচনী 'গৰিয়সী'ৰ সম্পাদক পদ গ্ৰহণ। 'মহাৰথী'ৰ দ্বিতীয় খণ্ড প্ৰকাশ।
১৯৯৫ — 'মহাৰথী'ৰ বাবে সাহিত্য অকাডেমি বঁটা। সম্পাদকীয় সংকলন 'দৃষ্টিকোণ' আৰু 'নিৰ্বাচিত সম্পাদকীয়' প্ৰকাশ।
১৯৯৬-৯৮ — গৰিয়সীৰ বাবে 'কথা' বঁটা লাভ।
১৯৯৮ — 'অসম বাণী'ৰ সম্পাদক। অসম সাহিত্য সভাৰ ৬৫ সংখ্যক হাজো অধিৱেশনৰ সভাপতি। ' অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস' সম্পাদনা।
১৯৯৯ — 'তোৰে মোৰে আলোকৰে যাত্ৰা'ৰ ২য় খণ্ড প্ৰকাশ।
২০০৬ — অন্তিম শয়ন।
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া গল্পকাৰ
অসমীয়া ঔপন্যাসিক
অসমৰ স্বাধীনতা সংগ্ৰামী
পদ্মভূষণ বঁটা বিজয়ী
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
অসম উপত্যকা সাহিত্য বঁটা বিজয়ী
অসম সাহিত্য সভাৰ সভাপতি
|
4101
|
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%A8%20%E0%A6%AC%E0%A7%B0%E0%A6%BE
|
লক্ষ্মীনন্দন বৰা
|
লক্ষ্মীনন্দন বৰা (; ১৫ জুন, ১৯৩২ – ৩ জুন ২০২১) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। 'ৰামধেনু' যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। তেখেতৰ উপন্যাস 'গঙা চিলনীৰ পাখি'ৰ আধাৰত পদুম বৰুৱাই নিৰ্মাণ কৰিছিল একে নামৰ চলচ্চিত্ৰখন। ২০২১ চনৰ ৩ জুনত ক'ভিড-১৯ৰ ফলত হোৱা জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়।
জন্ম আৰু শিক্ষা
নগাওঁ জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩২ চনত লক্ষ্মীনন্দন বৰাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ফেটুৰাম বৰা আৰু মাতৃৰ নাম ফুলেশ্বৰী বৰা। লক্ষ্মীনন্দন বৰাই বেবেজিয়া পণ্ডিত কণকচন্দ্ৰ শৰ্মা হাইস্কুলত মাধ্যমিক শিক্ষা আৰম্ভ কৰিছিল যদিও পাছলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৮ চনত সেই বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৫২ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
১৯৫৫ চনত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তাৰূপে লক্ষ্মীনন্দন বৰাই কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আদিত শিক্ষকতা কৰি ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে। ১৯৯২ চনত তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। কিছুদিন জাৰ্মানীৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰ হিছাপে, ইণ্ডো-জাৰ্মান গৱেষণা প্ৰকল্পৰ আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষ ৰূপেও দায়িত্ব নিৰ্বাহ কৰে। তেখেতে ১৯৭৯ চনত কিছুদিনৰ বাবে কলিকতাৰ পৰা প্ৰকাশ হোৱা 'দ্য ইকনমিকচ টাইমছ্' কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ১৯৯২ৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক 'ৰংপুৰ' কাকতৰো তেওঁ সম্পাদক আছিল।
সাহিত্যিক জীৱন
লক্ষ্মীনন্দন বৰাই ৰামধেনুত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰে। তেখেতৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল। সাংবাদিকতাৰ লগতো জড়িত বৰাৰ বাৰটি গল্প সংকলন আৰু পঁচিশখনৰো অধিক উপন্যাস প্ৰকাশ হৈছে। ১৯৮৮ চনত তেখেতে "পাতাল ভৈৰৱী" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ড॰ বৰা অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাত অধিবেশনৰ সভাপতি আছিল। তেখেতে ২০২১ চনৰ জুন মাহলৈকে গৰীয়সী আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। 'নিশাৰ পূৰৱী' (১৯৬২) হ’ল তেখেতৰ প্ৰথম উপন্যাস। 'কাল বলুকাত খোজ' তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ।
গ্ৰন্থপঞ্জী
উপন্যাস
গঙা চিলনীৰ পাখি
যাকেৰি নাহিকে উপাম
পাতাল ভৈৰৱী
শিখৰ সুৰভি
মেঘালী দুপৰ
বলুকাত বিজুলী
উত্তৰ পুৰুষ
বিশেষ এৰাতি
পতন
নায়ক অধিনায়ক
মৎস্যকন্যা
সেহি গুণনিধি
মেঘত মাদল বাজে
কায়কল্প
চতুৰংগ
কাঁচিয়লিৰ কুঁৱলী
মন মাটি মেঘ
গৌৰি ৰূপক
নিষিদ্ধ চেতনা
মাজত তৃষাৰ নৈ
মাটিত মেঘৰ ছাঁ
দহন দুলড়ী
বহ্ন ব্যাকুলতা
কাল ডিঙৰাৰে পাল
আকাশ থমকি ৰয়
ছাঁ জুইৰ পোহৰত
গণেশগুৰি
আকৌ শৰাইঘাট
এৰাবাৰীৰ লেছেৰী
প্ৰেয়সী
পাখি
হিয়াত তিৰেবিৰায়
আত্মজীৱনী
কাল বলুকাত খোজ
নাটক
মহে গুণ গুণ কৰে
চুটিগল্প
দৃষ্টিৰূপা
সেই সুৰে উতলা
গোপন গধূলি
অচিন কইনা
এই ৰূপ এই চন্দ
ব্যতিক্ৰম
দুষ্টৰ কাৰাগাৰ
প্ৰেয়সী ইত্যাদি
ভ্ৰমণ কাহিনী
জোৰালগা জাৰ্মানীত
সীমাৰ পৰিধি ভাঙি
বঁটা আৰু স্বীকৃতি
১৯৮৮ চনত পাতাল ভৈৰৱীৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ।
১৯৯৬ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।
২০০৮ চনত কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান।
২০১৫ চনত পদ্মশ্ৰী সন্মান লাভ।
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
ক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি
অসমীয়া ঔপন্যাসিক
অসমীয়া শিক্ষাবিদ
অসম সাহিত্য সভাৰ সভাপতি
পদ্মশ্ৰী বঁটা বিজয়ী
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
অসম উপত্যকা সাহিত্য বঁটা বিজয়ী
সৰস্বতী সন্মান বিজয়ী
|
4102
|
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%AA%E0%A6%AE%E0%A6%BE%20%E0%A6%AC%E0%A7%B0%E0%A6%97%E0%A7%8B%E0%A6%B9%E0%A6%BE%E0%A6%9E%E0%A6%BF
|
নিৰুপমা বৰগোহাঞি
|
নিৰুপমা বৰগোহাঞি () একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত "অভিযাত্ৰী" গ্ৰন্থৰ বাবে তেখেতক সাহিত্য অকাডেমি বঁটা আৰু ২০০৩ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।
জীৱনী
জন্ম
নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত গুৱাহাটীৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰত। তেখেতৰ পিতৃৰ নাম যাদৱ তামূলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামূলী়। পিতৃ যাদৱ তামূলী অসম চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল।
শিক্ষা জীৱন
গুৱাহাটীৰ উজান বজাৰত অৱস্থিত "উজানবজাৰ বালিকা বিদ্যালয়"ত তেখেতৰ শিক্ষাৰ্থী জীৱন আৰম্ভ হয়। পৰৱৰ্তীকালত তেখেতে "পানবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যালয়"ত ৩ বছৰ কাল পঢ়ি পুনৰ উজান বজাৰৰ তাৰিণীচৰণ বিদ্যালয়ত নাম ভৰ্ত্তি কৰে। নিৰুপমা তামুলীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।
কৰ্ম জীৱন
নিৰুপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভণি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত পাণ্ডুত অৱস্থিত "নেতাজী বিদ্যাপীঠ"ত যোগদান কৰে। পৰৱৰ্তীকালত সেইসময়ৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ নিমন্ত্ৰণক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে। এবছৰ কাল তাত অধ্যাপনা কৰা পাছত মাজুলীলৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়। তেখেতে কিছুবছৰ লখিমপুৰ মহাবিদ্যালয় আৰু যোৰহাট মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল।
বৈবাহিক জীৱন
১৯৫৮ চনৰ ১২ মাৰ্চত নিৰুপমা তামুলীৰ বিবাহ দীৰ্ঘদিনীয়া প্ৰেমসূত্ৰে হোমেন বৰগোহাঞিৰ লগত নলবাৰীত সম্পন্ন হয়। তেওঁলোকৰ দুজন পুত্ৰ জন্ম পোৱাৰ কিছুবছৰ পাছত ১৯৭৭ চনত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে।
সাহিত্যিক কৰ্মাৱলী
১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে।
পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে লিখিত)।
সেই নদী নীৰৱধি (১৯৬৭)
এজন বুঢ়া মানুহ (১৯৬৬)
দিনৰ পাছত দিন (১৯৬৮)
হৃদয় এটা নিৰ্জন দ্বীপ (১৯৭০)
সামান্য অসামান্য (১৯৭১)
পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস, কেকটাছৰ ফুল (১৯৭১)
চিনাকি অচিনাকি, অন্য জীৱন (১৯৮৭)
গোসাঁই ঐ গোসাঁই ঐ (১৯৮৭)
চম্পাৱতী (১৯৯০)
এখন শ্ৰাদ্ধত আনন্দাশ্ৰু (১৯৯১)
পখী ঘূৰি যায় (১৯৯১)
অভিযাত্ৰী (১৯৯৩)
তিনিকন্যা (১৯৯৪)
একেই জোন, একেই বেলি (১৯৯৪)
নিজৰ পৰা নিলগত (১৯৯৬)
এলবামত হেৰোৱা ছবি (১৯৯৯)
ইপাৰৰ ঘৰ,সিপাৰৰ ঘৰ (২০০১)
পল্লৱীৰ পৃথিৱী (২০০২)
সৌগন্ধ (২০০৬)
অগ্ৰগামিনী (২০০৯)
অনন্যা (২০১০)
বিশ্বাস আৰু সংশয়ৰ মাজেদি (আত্মজীৱনী)
বঁটা আৰু সন্মান
সাহিত্য অকাডেমি বঁটা লাভ (১৯৯৬) (গ্ৰন্থ- অভিযাত্ৰী)
অসম উপত্যকা সাহিত্য বঁটা (২০০৩)
প্ৰবীণা শইকীয়া বঁটা (২০০০)
শাস্বতী বঁটা (১৯৮৭)
বাসন্তী দেৱী বৰদলৈ বঁটা
হেম বৰুৱা বঁটা (১৯৯৪)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
The Address নিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
Death of an Elephant নিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
নিৰুপমা বৰগোহাঞিৰ সৈতে এটা সাক্ষাৎকাৰ
অসমৰ ব্যক্তি
জীৱিত ব্যক্তি
অসমীয়া ঔপন্যাসিক
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
অসম উপত্যকা সাহিত্য বঁটা বিজয়ী
|
4106
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%20%E0%A6%B8%E0%A6%AD%E0%A6%BE
|
অসম সাহিত্য সভা
|
অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল, ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেখেত সম্পাদকৰ পদত অধিষ্ঠিত আছিল।
অসম সাহিত্য সভাৰ ইতিহাস
ঊনৈছ শতিকাৰ শেষৰফালে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দেহেকেহে খাটিছিল। অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কথা মনত ৰাখিয়েই তেওঁলোকে ১৮৮৮ চনৰ ২৫ আগষ্টত "অসমীয়া ভাষা উন্নতি সাধিনী সভা" প্ৰতিষ্ঠা কৰে। ইয়াৰ লগত জড়িত ব্যক্তিসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমলচন্দ্ৰ শৰ্মা ইত্যাদি। লাহে লাহে ইয়াৰ সদস্যসংখ্যা বাঢ়িবলৈ ধৰিলে। শেষত পুলিয়ে পোখাই গজালি মেলি অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে।
উদ্দেশ্য
অসম সাহিত্য সভাৰ সংবিধানত উল্লেখ কৰা মতে ইয়াৰ উদ্দেশ্য এনে ধৰণৰ -
"অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰাই এই সভাৰ ঘাই উদ্দেশ্য, লগতে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাও সভাৰ অন্যতম উদ্দেশ্য হ’ব। সেই উদ্দেশ্যে তলত
দিয়া ধৰণে কাৰ্য কৰিবলৈ সভা যত্নপৰ হ’ব :
অভিধান, ব্যাকৰণ আৰু অন্যান্য গ্ৰন্থৰ সংকলন আৰু প্ৰকাশ কৰা;
প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ কৰা;
অসমীয়া সাহিত্যত যি যি বিষয়ৰ পুথিৰ অভাৱ, সেই অভাৱ দুৰ কৰা;
প্ৰকাশিত গ্ৰন্থৰ ভিতৰত উপযুক্ত গ্ৰন্থৰ গ্ৰন্থকাৰক বঁটা আৰু সামৰ্থহীন সাহিত্যিকক সাহায্য প্ৰদান কৰা;
সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা;
সভাৰ এখন মুখপত্ৰ আৰু প্ৰচাৰপত্ৰ প্ৰকাশ কৰা;
ভাষা আৰু সাহিত্যৰ প্ৰচাৰ-পত্ৰাদি প্ৰকাশ কৰা;
ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা;
সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা;
অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দুৰ কৰা;
অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ অৰ্থে আন আন কাৰ্য্য কৰা।
অসম সাহিত্য সভা পত্ৰিকা
১৯২৬ চনৰ পৰা অসম সাহিত্য সভাই অসম সাহিত্য সভা পত্ৰিকা নামেৰে অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক প্ৰবন্ধৰে এখন তিনিমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে। দ্বিতীয় মহাসমৰৰ সময়ত পত্ৰিকাখনৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হয়। কেইবছৰমান প্ৰকাশ বন্ধ হৈ থাকি ১৯৫৪ চনৰ পৰা ই পুনৰ নিয়মিতভাৱে প্ৰকাশ হৈ আছে।
অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন
অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল। এই প্ৰতীকটো যুগল দাস নামৰ শিল্পী এজনে অংকন কৰিছিল।
ৰঙীণ প্ৰতীক আৰম্ভ হয় ১৯৯৮-৯৯ চনত।প্ৰতীকটোত থকা বন্তিগছৰ শিখাৰ ৰং ৰঙচুৱা। তাত থকা তৰাটো এটা ধ্ৰুৱতৰা। প্ৰথম ৰঙীণ প্ৰতীক অনুসৰি ধ্ৰুৱতৰাৰ ৰং সোণালী।
সাহিত্য সভাৰ আদৰণি গীত
গীতিকাৰঃ মিত্ৰদেৱ মহন্ত অধিকাৰ। এই গীতৰ স্বৰলিপি যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাৰ।
চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত পাৱনী, আই॥
প্ৰকৃতি পৰশ ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চম্পাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥
সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি শুনা
শুনি বাণী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি॥
জীৱনে মৰণে ৰণে লহৰী সুধাৰ
ৰসনা শিতানে বহি সিঁচা শতধাৰ
হে’ মোৰ মধুৰননা
মাগিছোঁ মাধুৰী কণা
দিয়া দিয়া দিয়া আই মধু ভাষিণী॥
অসম সাহিত্য সভাৰ সভাপতিসকল
লগতে পঢ়ক
অসমীয়া ভাষা উন্নতি সাধিনী সভা
অসম সাহিত্য সভা পত্ৰিকা
বড়ো সাহিত্য সভা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
আনুষ্ঠানিক ৱেবছাইট
অসমীয়া সাহিত্য
অসম সম্পৰ্কীয় তালিকা
অসম সাহিত্য সভা
অসমৰ ৰাজ্যিক প্ৰতীক
|
4111
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%AE%E0%A6%A3%E0%A6%BF%20%E0%A7%B0%E0%A6%AF%E0%A6%BC%E0%A6%9B%E0%A6%AE%20%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80
|
মামণি ৰয়ছম গোস্বামী
|
{{Infobox writer
|image = Mamoni Raisom Goswami (cropped).JPG
|imagesize =
| name = মামণি ৰয়ছম গোস্বামী
| caption = জানুৱাৰী ২০০৭ত গোস্বামী
| pseudonym =
| birth_name = ইন্দিৰা গোস্বামী
| birth_date =
| birth_place = গুৱাহাটী, অসম
| death_date =
| death_place =গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী, অসম, ভাৰত
| occupation = লেখক, সম্পাদক, কবি, অধ্যাপিকা আৰু সমাজকৰ্মী
| nationality = ভাৰতীয়
| period = ১৯৪২-২০১১
| genre = অসমীয়া সাহিত্য
| subject =
| movement =
|notableworks = -দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা -চিন্নমস্তাৰ মানুহটো-তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা| influences =
| influenced = মণিকুন্তলা ভট্টাচাৰ্য, অৰূপ কুমাৰ নাথ, জয়ন্ত শইকীয়া, সঞ্জীৱ পল ডেকা আদি
|spouse = মাধবেন ৰয়ছম আয়েংগাৰ (প্ৰয়াত)
| signature =
| website =
}}
মামণি ৰয়ছম গোস্বামী (, জন্ম:১৯৪২ – মৃত্যু:২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।
অসমত জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল।
জীৱন
শৈশৱ
১৯৪২ চনত মামণি ৰয়ছম গোস্বামীৰ গুৱাহাটীত জন্ম হৈছিল। জন্মতে তেখেতৰ নাম আছিল ইন্দিৰা গোস্বামী। পিতৃৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম অম্বিকা দেৱী। উমাকান্ত গোস্বামী এসময়ত কটন কলেজৰ অধ্যক্ষ থকাৰ উপৰিও পিছলৈ অসমৰ প্ৰথম শিক্ষাধিকাৰ হৈছিল। মামণি ৰয়ছমৰ সৰুকালচোৱা আমৰঙা সত্ৰত অতিবাহিত হৈছিল। তেখেতৰ খুৰাক চন্দ্ৰকান্ত গোস্বামী সত্ৰৰ সত্ৰাধিকাৰ আছিল।
শিক্ষা
গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়, তৎকালীন অসমৰ ৰাজধানী শ্বিলঙৰ "পাইন মাউণ্ট স্কুল" আৰু পিছলৈ গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ত মামণি ৰয়ছমে শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে গুৱাহাটীৰ সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা আই এ পাচ কৰে। ১৯৬০ চনত অসমীয়া ভাষা 'মেজৰ' হিচাবে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৬৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।
বৈবাহিক আৰু বৃন্দাবনী জীৱন
১৯৬২ চনত হিন্দুস্তান কন্ষ্ট্ৰাক্শ্যন কোম্পানীৰ অভিযন্তা হিচাপে ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং নিৰ্মাণ কৰিবলৈ মাধৱেন ৰয়ছম আয়েংগাৰ অসমলৈ আহিছিল। ১৯৬৩ চনৰ চ’ত মাহত মাধৱেনে মামণি ৰয়ছম গোস্বামীক বিয়াৰ প্ৰস্তাৱ দিছিল। ১৯৬৫ চনৰ অক্টোবৰ মাহত জগলীয়াৰ পাৰৰ সত্ৰত মামণি ৰয়ছম গোস্বামী আৰু মাধৱেন আয়েংগাৰৰ হিন্দু ৰীতি-নীতি মতে বিবাহ সম্পন্ন হয়। তাৰ পিছত স্বামীৰ লগত তেওঁৰ কৰ্মক্ষেত্ৰ কাশ্মীৰলৈ গুচি যায়। পিচে বিবাহৰ ১৮ মাহৰ পাচতে ১৯৬৭ চনৰ ১৫ এপ্ৰিলৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত মাধৱেনৰ অকাল মৃত্যু হয়।Indira Goswami and Women’s Empowerment; Malashri Lal, 3 Oct 2008; Retrieved 1/12/2011 এই ঘটনাই মামণি ৰয়ছমৰ জীৱন আৰু সাহিত্যত সুদূৰপ্ৰসাৰী প্ৰভাব পেলায়।
বিপৰ্য্যস্ত মামণি ৰয়ছম মানসিকভাবে বিষাদগ্ৰস্ত হৈ পৰিছিল। ১৯৮৮ চনত প্ৰকাশ পোৱা আত্মজীৱনী আধা লেখা দস্তাবেজত তেওঁ লিখিছে যে হতাশাত তেওঁ কেতিয়াবা আনকি আত্মহত্যাৰ কথাও ভাবিছিল। তেওঁক সান্তনা দিবলৈ শৈশৱৰ স্মৃতি আৰু দেউতাকৰ চিঠিৰ বাহিৰে অন্য কোনো সমল নাছিল। ১৯৬৮ চনত মামণি ৰয়ছমে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয়। কিছুদিন পাছত তেখেতৰ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে বৃন্দাবনত থাকিবলৈ গুচি গৈছিল।Loss of a veteran writer; Prime News; Retrieved 1/12/2011 তাতে থকা সময়তে ১৯৬৯ চনত বৃন্দাবন ইন্ষ্টিটিউট অৱ অ'ৰিয়েণ্টেল ফিল'ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰিছিল। বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতাৰ ভিত্তিতে মামণি ৰয়ছমে পৰবৰ্তীকালত তেখেতৰ এখন অন্যতম শক্তিশালী উপন্যাস "নীলকণ্ঠী ব্ৰজ" ৰচনা কৰে। তেখেতৰ অন্য এখন বিখ্যাত উপন্যাস গংগাৰ পৰা ব্ৰহ্মপুত্ৰ উপন্যাসৰ ভেটিটোও ইয়াতেই গঢ় লৈছিল।
১৯৭১ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা-সাহিত্য অধ্যয়ন বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে আৰু ইয়াৰেপৰাই তেওঁ সেই বিভাগৰ মুৰব্বীৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তুলসীদাসৰ ৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ তুলনামূলক অধ্যয়নৰ বাবে তেখেতে ১৯৭২ চনত বৃন্দাবনৰ 'ইনষ্টিটিউট অৱ অৰিয়েন্টেল ফিল'ছফী'ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
অন্তিম সময়
মামণি ৰয়ছম গোস্বামী "হাওঁফাওঁৰ সংক্ৰমণ" আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰায় আঠটা মাহ সংকটজনক অৱস্থাত আছিল। সেয়ে তেওঁক গুৰগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছিল। অৱশেষত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। ২০১১ চনৰ ২৯ নবেম্বৰ তাৰিখে পুৱা ৭ বাজি ৪৬ মিনিটত অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মামণি ৰয়ছম গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
শান্তিদূত
২০০৪ চনত মামনি ৰয়ছমে অসমৰ স্বাধীনতাকামী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক (ULFA) হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হোৱাত সহায় কৰাৰ প্ৰয়াস কৰিছিল। সেই প্ৰয়াসলৈ সঁহাৰি জনাই সংগঠনটোৱে অসমৰ বিশিষ্ট নাগৰিক আৰু প্ৰচাৰ মাধ্যমৰ প্ৰতিনিধিক লৈ People's Consultive Group (PCG) গঠন কৰে। PCG -ৰ মাধ্যমেৰে সংগঠনটোৰ চৰকাৰৰ লগত তিনিলানী আলোচনা অনুষ্ঠিত হৈছিল। ইয়াৰে এবাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙেও ভাগ লৈছিল। প্ৰধানমন্ত্ৰীয়ে ড॰ গোস্বামীৰ জৰিয়তে সংগঠনটোৰ সকলো মুখ্য দাবীৰ বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰি সংগঠনটোলৈ চিঠি লিখিছিল। অৱশ্যে ইয়াত সংগঠনটোৰ মুখ্য দাবী "সাৰ্বভৌম অসম"ৰ বিষয়ে উল্লেখ নাছিল।
জীৱনৰ অভিজ্ঞতা আৰু সাহিত্য
মামণি ৰয়চম গোস্বামীৰ সাহিত্যত তেখেতৰ জীৱনৰ প্ৰভাব স্পষ্ট। এই কথা তেখেতে নিজৰ আত্মজীৱনী "আধালেখা দস্তাবেজ" আৰু অন্যান্য প্ৰসংগতো একাধিকবাৰ উল্লেখ কৰিছে।
মুখ্যতঃ ঔপন্যাসিকা হিচাপেহে বেছিকৈ জনপ্ৰিয় এইগৰাকী প্ৰতিভাবান লেখিকাই মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো অনেক নান্দনিক আৰু গৱেষণামূলক সৃষ্টিৰে সাহিত্যৰ লগতে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰতো অৰিহণা আগবঢ়াই গৈছে।
তেখেতৰ সাহিত্যকৰ্মসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেখেতৰ প্ৰকাশভংগী অত্যন্ত সংবেদনশীল। ২০০৮ চনত প্ৰিন্সিপাল প্ৰিন্স ক্ল'ছ সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে আমষ্টাৰডামৰ "দা পাৱাৰ অব আৰ্ট" পত্ৰিকাত দিয়া এক সাক্ষাৎকাৰত মামণি ৰয়ছমে কৈছিল, "যিহেতু বিষয়বস্তু ৰূক্ষ, কাব্যিক ভাষা প্ৰয়োগ কৰিবই লাগিব। মাকে সন্তানক দিয়াৰ দৰেই ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব। মোৰ গল্প হৈছে কঠোৰ বাস্তৱক লৈ লিখা, কিন্তু মই ইয়াক সাহিত্যলৈ ৰূপান্তৰিত কৰি পেলাওঁ, অন্যথা ই এখন প্ৰচাৰ পত্ৰিকাহে হ'বগৈ। তাৰবাবে নিজে শিল্পী হ'ব লাগিব, এজন মহান শিল্পী, অন্যথা জনতাই ইয়াক নপঢ়িব।"
২০০৮ চনত "প্ৰিন্সিপাল প্ৰিন্স ক্ল'ছ সন্মান"ৰ বাবে মামণি ৰয়ছমক নিৰ্বাচিত কৰা জুৰীসকলৰ মতে, "সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীবন্ত ভাবে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধৰণ প্ৰতিভাসম্পন্ন লিখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেতে মানুহৰ কাৰ্য্যকলাপত নস্বৰতাৰ প্ৰাধান্য, কেনেকৈ ৰাজনৈতীক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহত নস্বৰতা প্ৰতিফলিত হয় আৰু কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব (gender), বয়স, দাৰিদ্ৰ্য, আৰু সংঘাতত ই প্ৰভাৱ বিস্তাৰ কৰে তাক স্পষ্টভাবে পৰিস্ফুট কৰে।" মামণি ৰয়ছমক সামাজিক সংস্কৃতিত শাৰীৰিক অস্তিত্বৰ প্ৰভাব অনুধাবন, প্ৰকাশ আৰু অনন্য সাহিত্যৰ জৰিয়তে তেখেতৰ প্ৰভাবশালী সামাজিক তথা সাংস্কৃতিক কৰ্মৰ বাবে উক্ত সন্মান প্ৰদান কৰা হৈছে।
উপন্যাস
বিভিন্ন সামাজিক স্থিতি, বিভিন্ন পেছা, ধৰ্ম, সম্প্ৰদায়ৰ ব্যক্তিৰ সমদল সৃষ্টি হৈছে তেওঁৰ উপন্যাসসমূহত। উচ্চ শিক্ষিত সমাজৰ তাত্ত্বিক চিন্তাকো উপন্যাসৰ বিষয়বস্তু কৰি তোলা হৈছে। প্ৰতিখন উপন্যাসেই জীয়া ঘটনাৰ ওপৰত আধাৰিত। মামণি ৰয়ছম গোস্বামী একমাত্ৰ অসমীয়া ঔপন্যাসিকা যাৰ উপন্যাসত ভাৰতবৰ্ষ তথা পৃথিৱীৰ বহু প্ৰান্তৰ প্ৰেক্ষাপট হিচাপে ব্যৱহৃত হৈছে। কাশ্মীৰ, দিল্লী, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, নেপাল, মৰিছাছ, মালয়েছিয়া, চিংগাপুৰ, কুঁৱালামপুৰ, হংকং, ফ্ৰান্স, পেৰিচ আদি ঠাইৰ পটভূমিত তেওঁ উপন্যাস ৰচনা কৰিছে। গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। ভিন্ন ভিন্ন পটভূমি লৈ লিখা এই উপন্যাস সমূহত মামণি ৰয়ছমে মুখ্যতঃ নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰতা আৰু বৈষম্য চিত্ৰায়িত কৰা দেখা যায়। নীলকণ্ঠী ব্ৰজ, সংস্কাৰ আদি উপন্যাস তেখেতে নাৰীক মুখ্য কৰি লিখিছে। মামণি ৰয়ছমৰ সাহিত্য কৰ্মৰাজীৰ বিষয়ে লেখক মহৰ্ষি লালে এইদৰে কয়, "ইন্দিৰা গোস্বামীৰ বিচিত্ৰ আৰু পৰিপুষ্ট সকলো ৰচনাকে এডাল সূতাই বান্ধি ৰাখিছে - ই হ'ল নাৰীৰ প্ৰতি তেখেতৰ সংবেদনশীলতা... কাহিনীৰ জটিলতা তথা সূক্ষ্ম বৰ্ণনাৰ মাজতো প্ৰতিভাবান লেখিকাই ভাৰতীয় নাৰীৰ স্বাধীনতাৰ পথত প্ৰত্যাহ্বানসমূহ দ্যৰ্থতাৰ অৱকাশ নৰখাকৈ ফুটাই তুলিছে।"
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনৰ প্ৰেক্ষাপট হ’ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন। মামণি ৰয়ছম গোস্বামীয়ে কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। সত্ৰৰ অধিকাৰ গোসাঁইৰ ঘৰখনক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামিৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখন তেখেতে নিজেই ইংৰাজীলৈও অনুবাদো কৰিছিল। কিতাপখনৰ পাতনিত তেখেতে লিখিছে -"....লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ'লহেতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিছুমান শব্দৰ প্ৰচলনো আজি কালি নাইকিয়া হ'ল।" উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ'লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন।
নীলকণ্ঠী ব্ৰজ
নীলকণ্ঠী ব্ৰজ উপন্যাসখন ড॰ মামণি ৰয়ছম গোস্বামীয়ে বৃন্দাবনক পটভূমি হিচাপে লৈ ৰচনা কৰিছে। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে সৌদামিনী, এগৰাকী কম বয়সীয়া উচ্চবংশীয় বিধবা। উচ্চ হিন্দু পৰিয়ালৰ বিধবাৰ গন্তব্যস্থল বৃন্দাবনত তেওঁলোকে সন্যাসিনীৰ জীৱন নিৰ্বাহ কৰে, শৰীৰ আৰু মনৰ পৰিশুদ্ধিৰ কাৰণে। এগৰাকী কমবয়সীয়া বিধবাৰ শৰীৰ আৰু মনৰ কেনেধৰণৰ পৰিবৰ্তন ঘটে আৰু ই কেনেকৈ তেওঁৰ পাছৰ জীৱন ইয়াৰ দ্বাৰা প্ৰভাবিত হয় মই তাকেই দেখুৱাব খুজিছোঁ।" - ১৯৮৬ চনত "নীলকণ্ঠী ব্ৰজ"ৰ ইংৰাজী সংস্কৰণ "Shadow of Dark God" (অনুবাদক প্ৰফুল্ল কাকতি) -অৰ উদ্ঘাটন সমাৰোহত মামণি ৰয়ছমে কৈছিল। বিধবা হোৱাৰ পাছত ঘৰত তেওঁক চোৱাচিতা কৰিবলৈ ভাই-ককাই, পিতাক আদি থকা সত্ত্বেও বৃন্দাবনত সন্যাসিনীৰ জীৱন যাপন কৰিবলৈ অহা উচ্চশিক্ষিতা সৌদামিনীয়ে বৈধব্যৰ অৰ্থ অনুধাবন কৰিবলৈ চেষ্টা কৰিছে, বিশ্লেষণ কৰিছে, আৰু শেষত ইয়াক প্ৰত্যাখ্যান কৰিছে।
কম বয়সতে স্বামীহাৰা হোৱা কুলীন বংশৰ উচ্চশিক্ষিতা মামণি ৰয়ছম নিজ ঘৰৰ গোড়া, বঞ্চনামূলক জীৱন যাপনৰ অৱসান ঘটাই অন্য সাধন থকা অন্যান্য সমসাময়িক উচ্চশিক্ষিতা ভাৰতীয় নাৰীৰ দৰে লণ্ডনলৈ গুচি যাব পাৰিলেহেঁতেন, কিন্তু তেখেতে "হিন্দু সংস্কৃতিৰ কেন্দ্ৰ" বৃন্দাবনহে গ্ৰহণ কৰিলে। বৃন্দাবনত গৈ তেখেতে বৈধব্যৰ "পাপ" মূৰ পাতি লোৱা বিধৱাসকলৰ গ্লানিপূৰ্ণ জীৱন প্ৰণালী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে। লাহে লাহে মামণি ৰয়ছমৰ মনৰ আঘাত শুকাবলৈ আৰম্ভ কৰিলে। তেওঁৰ মন ৰামায়ণ গৱেষণাৰ প্ৰতি আকৃষ্ট হয় আৰু বৃন্দাবন এৰি ৰামায়ণৰ বিষয়ে গৱেষণা কৰিবলৈ গুচি যায়।
আধা লেখা দস্তাবেজ
আধা লেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি। এই উপন্যাসখনতো ইয়াৰ চিত্ৰ অংকন প্ৰতিফলিত হৈছে।
সাহিত্য পঞ্জী
উপন্যাস
চেনাবৰ স্ৰোত (১৯৭২)
নীলকণ্ঠী ব্ৰজ (১৯৭৬)
অহিৰণ (১৯৮০)
মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০)
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮)
সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (১৯৮৯)
ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১)
তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪)
মামনি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ (১৯৯৮)
দাশৰথীৰ খোজ (১৯৯৯)
ছিন্নমস্তাৰ মানুহটো (২০০১)
থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬)
চুটিগল্প
চিনাকি মৰম (১৯৬২)
কইনা (১৯৬৬)
হৃদয় এক নদীৰ নাম (১৯৯০)
মামনি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প (১৯৯৮)
মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প (১৯৯৮)
আত্মজীৱনী
আধা লিখা দস্তাবেজ (১৯৮৮)
দস্তাবেজৰ নতুন পৃষ্ঠা (২০০৭)
জীৱনী
মহিয়সী কমলা (১৯৯৫)
মা (২০০৮)
অনুবাদ
প্ৰেমচন্দৰ চুটিগল্প (১৯৭৫)
আধা ঘণ্টা সময় (১৯৭৮)
জাতক কথা (১৯৯৬)
কলম (১৯৯৬)
আহ্নিক (২০০০)
ইংৰাজী
Ramayana from Ganga to Brahmaputra (১৯৯৬)
সম্পাদনা
এৰি অহা দিনবোৰ (ড॰ মলয়া খাউন্দৰ সৈতে, ১৯৯৩)
Indian folklore
বঁটা আৰু সন্মান
১৯৮২- সাহিত্য অকাডেমি বঁটা ("মামৰে ধৰা তৰোৱাল"ৰ বাবে)
১৯৮৮- অসম সাহিত্য সভা বঁটা
১৯৮৯- ভাৰত নিৰ্মাণ বঁটা
১৯৯২- উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাদ্য বঁটা
১৯৯৩- কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা
১৯৯৬- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
২০০০- জ্ঞানপীঠ বঁটা
২০০২- পশ্চিম বঙ্গৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি. লিট. সন্মান
২০০২- মহিয়সী জয়মতী বঁটা
২০০২- পদ্মশ্ৰী বঁটা (ল'বলৈ অস্বীকাৰ কৰে)
২০০৭- ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশৰ দ্বাৰা ডি. লিট সন্মান
২০০৮- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি. লিট সন্মান
২০০৮- এছিয়াটিক চ'চাইটিৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা
২০০৮- প্ৰিন্স ক্ল'ছ বঁটা
২০০৯- অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা
২০০৯- দিল্লী বিশ্ববিদ্যালয়ৰ Professor Emeritus সন্মান
Inter Religious and International Federation for World Peaceৰ শান্তি দূত বঁটা
Ramayana From Ganga To Brahmaputra গ্ৰন্থৰ বাবে Florida International Universityৰ "আন্তৰ্জাতিক তুলসী বঁটা"
২০১৩- মৰণোত্তৰভাৱে 'অসম ৰত্ন' বঁটা
অন্যান্য
"দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ ভিত্তিত ১৯৯৬ চনত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলৰ বাবে দুলাল ৰয়ে ৰুমা ঘোষৰ পৰিচালনাৰে "কামৰূপ কী কাহানীয়া" শীৰ্ষক হিন্দী ধাৰাবাহিক নিৰ্মাণ কৰে।
"দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ ভিত্তিত ১৯৯৬ চনত ড॰ সান্ত্বনা বৰদলৈয়ে "অদাহ্য" নামৰ বোলছবি নিৰ্মাণ কৰে।
একে নামৰ উপন্যাসৰ আধাৰত ৰঞ্জিত দাসে "সংস্কাৰ" শীৰ্ষক বোলছবি নিৰ্মাণ কৰে। ছবিখন কলকাতা ছবি মহোৎসৱ আৰু দূৰদৰ্শনত প্ৰদৰ্শিত হয়।
"Words from the Mist" মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ বিষয়ে জাহ্নু বৰুৱাই নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ।
অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত
মামণি ৰয়ছম গোস্বামী কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Library of Congress The South Asian Literary Recording Project
Amitav Ghosh on Indira Goswami
Obituary in The Hindu : A beloved daughter of Assam, writer, peacemaker
Principal Prince Claus Award 2008 Citation
Indira Goswami receiving Jnanpith Award from V S Naipaul
Chronicles of Courage
Ramayana research institute to come up in Guwahati
Why is Indira Goswami 'great'?
An Interview with Puravee Kalita
Mamoni Raisom Goswami - Profile & Biography
Library of Congress The South Asian Literary Recording Project
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া ঔপন্যাসিক
পদ্মশ্ৰী বঁটা বিজয়ী
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
জ্ঞানপীঠ বঁটা বিজয়ী
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ী
অসম ৰত্ন বঁটা বিজয়ী
|
4112
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AE%E0%A7%87%E0%A6%A7%E0%A6%BF
|
কালিৰাম মেধি
|
কালিৰাম মেধি (; ১৮৮০-১৯৫৪) এজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু ব্যাকৰণিক আছিল। পৌৰাণিক অসমীয়া সাহিত্যৰ বিজ্ঞানসন্মত পুথি সমালোচনাৰ ক্ষেত্ৰত তেখেত পথপ্ৰদৰ্শক আছিল। কালিৰাম মেধিয়ে ১৯০২ চনত ‘বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ’ আৰু ১৯৪৬ চনত ‘ৰায়বাহাদুৰ অব আছাম’ খিতাপ লাভ কৰিছিল।১৯২৩ চনত হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত' কাব্য খন সম্পাদনা কৰি প্ৰকাশ কৰে গবেষণা আৰু পাণ্ডিত্যৰ বাবে ১৯৪৩ চন ‘তত্ত্বনিধি’ উপাধি লাভ কৰিছিল।
জন্ম আৰু শিক্ষা
১৮৮০ চনৰ ১৮ অক্টোবৰত কামৰূপ জিলাৰ ৰামদিয়া গাঁৱত কালিৰাম মেধিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ভূকলি মেধি আৰু মাতৃৰ নাম সোণতৰা মেধি আছিল। মেধি ডাঙৰীয়াই বৰপেটাৰ মোক্ষদা দাসৰ লগত বিবাহ পাশত আবদ্ধ হয়। মেধি ডাঙৰীয়াৰ প্ৰথমখন বিয়া কইনা নেদেখা ভেঁকোভাওনাহে আছিল। তেওঁ সেয়ে দ্বিতীয় বিবাহ কৰাইছিল। দ্বিতীয় গৰাকী পত্নীৰ পাঁচটা সন্তান আছিল। কিন্তু দ্বিতীয় গৰাকী পত্নীও অকাল মৃত্যু মুখত পৰাত পৰিস্থিতিৰ সন্মুখীন হৈ নগাঁৱৰ জিয়াৰী স্বৰ্ণলতা ভূঞাক বিয়া পাতিছিল। কালিৰাম মেধিয়ে প্ৰাথমিক শিক্ষা গাঁৱৰে এখন উচ্চ প্ৰাইমাৰী বিদ্যালয়ত গ্ৰহণ কৰিছিল। সেই সময়ত এই বিদ্যালয়খনক ছাত্ৰঘৰ বুলি জনা গৈছিল। ১৮৯১ চনত গুৱাহাটীৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৮৯৭ চনত তেওঁ সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ সহ প্ৰথম বিভাগত এণ্ট্ৰেস পৰীক্ষাত উৰ্ত্তীণ হয়। ইয়াৰ পাছত তেওঁ কলিকতা চিটি মহাবিদ্যালয়ৰ এফ এ শ্ৰেণীত ভৰ্তি হয়। ১৮৯৯ চনত এই মহাবিদ্যালয়ৰ পৰাই প্ৰথম বিভাগত এফ এ উৰ্ত্তীণ হয় আৰু তাতেই স্নাতক শিক্ষা গ্ৰহণ কৰে। ১৯০২ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকসহ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰে। সেই সময়ত স্নাতকোত্তৰ উপাধি লাভ কৰা মেধি আছিল তৃতীয়গৰাকী অসমীয়া ব্যক্তি।
কৰ্মজীৱন
১৯০৪ চনত কালিৰাম মেধিয়ে গুৱাহাটীৰ ছেটলমেণ্ট কেম্পত মাটি হাকিম হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯০৫ চনত কালিৰাম মেধিয়ে অসম প্ৰশাসনিক সেৱাত যোগদান কৰে। তেওঁ গোৱালপাৰাত থকা সময়ত চৰকাৰী কামতকৈও কলা-কৃষ্টি-সাহিত্যৰ কামতহে নিজকে বেছিকৈ নিয়োগ কৰিছিল আৰু ১৯৩৫ চনত উপায়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে যদিও পাছৰ দুবছৰ কালত (১৯৩৬-১৯৩৮ চন) বিশেষ ভাবে তেওঁ নিযুক্তি পাইছিল। ১৯১৯ চনৰ ২৬ ডিচেম্বৰত বৰপেটাত বহা অসম সাহিত্য সভাৰ তৃতীয় অধিবেশনত কালিৰাম মেধিয়ে সভাপতিত্ব কৰিছিল। ১৯১৮ চনৰ দ্বিতীয় সভাৰ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা আছিল মেধি ডাঙৰীয়া। তদুপৰি ১৯৩৪ চনত মঙ্গলদৈত আনন্দচন্দ্ৰ আগৰৱালাৰ সভাপতিত্বত হোৱা অধিবেশনৰো প্ৰধান উদ্যোগী পুৰুষ আছিল মেধিদেৱ। অনুসন্ধান সমিতি আৰু সংগ্ৰহালয় সমিতিৰো তেওঁ বিশেষ দায়িত্ব বহন কৰিছিল।
মৃত্যু
১৯৫৪ চনৰ ২৪ জানুৱাৰীৰ নিশা ১০ বজাত পাণবজাৰৰ নাথান পথত থকা নিজা বাসভৱনত কালিৰাম মেধিৰ মৃত্যু হয়।
সাহিত্যপঞ্জী
ধৰ্ম, শিক্ষা, অৰ্থনৈতিক সমস্যা, সমাজ সংস্কাৰ আদিৰ ক্ষেত্ৰত কালিৰাম মেধিৰ এক মুক্ত দৃষ্টিভংগী আছিল। ‘অসম বান্ধৱ’ আৰু ‘আলোচনী’ পত্ৰিকাত এইবোৰ বিষয়ত তেখেতৰ কেতবোৰ প্ৰবন্ধও প্ৰকাশ পাইছিল। প্ৰবন্ধসমূহত তেখেতৰ ভাষাৰ গঠন আৰু প্ৰকাশভংগী আছিল মন কৰিবলগীয়া। কিন্তু সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ প্ৰথম উল্লেখযোগ্য অৱদান আছিল কবি হেম সৰস্বতীৰ কাব্য সমালোচনা। পৌৰাণিক অসমীয়া সাহিত্য সমালোচনাৰ দিশত এয়া আছিল প্ৰথম পদক্ষেপ। কালিৰাম মেধিৰ ইয়াৰ পিছৰ গ্ৰন্থ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ (১৯৩৬) তেখেতৰ সাহিত্য-ব্যাকৰণৰ জ্ঞানৰ গভীৰতা আৰু কঠোৰ পৰিশ্ৰমৰ নিদৰ্শন। ইয়াৰ পিছত তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সিঁচৰতি হৈ থকা বাণীসমূহ গোটাই ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ নামৰ গ্ৰন্থ প্ৰকাশ কৰে। তেখেতৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ আছিল ‘ষ্টাডিজ ইন দা বৈষ্ণৱ লিটাৰেচাৰ এণ্ড কালচাৰ অব আছাম’ (Studies in the Vaishnav Literature and Culture of Assam)। সম্পাদিত গ্ৰন্থ: অংকাৱলী।
কালিৰাম মেধি ‘অসম অনুসন্ধান সমিতি’ আৰু ‘অসম ৰাজ্যিক সংগ্ৰহালয়’ৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। ১৯১৯ চনত তেখেত অসম সাহিত্য সভাৰ তৃতীয় অধিবেশনৰ সভাপতি নিৰ্বাচিত হয়।
ৰচনা সংকলন
অসমীয়া ভাষাৰ মূল (১৯১৮),
অসমীয়া ব্যকৰণ আৰু ভাষাতত্ত্ব (১৯৩৬),
অঙ্কাৱলী ১ম ভাগ,
প্ৰহ্লাদ চৰিত্ৰ (সম্পাঃ)(১৯১৩),
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী,
অসমীয়া প্ৰাথমিক প্ৰাকৃতিক বিজ্ঞান,
বীজগণিত,
অসমীয়া নাট,
হেলীৰ নেজাল তৰা,
গৌৰৱ,
লিখাৰ সঁজুলি,
তপ,
পৃথিৱী,
সূৰ্য,
ৰচনা সংকলন (ইংৰাজী)
The Kalitas,
Brajavali Literature of Assam,
Philosophic Aspects of the Assamese Brajavali Literature,
Origin of Assamese Drama,
Studies in the Vaishnav Literature and Culture of Assam
Assamese Grammar and Origin of the Assamese Language.
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
অসম সাহিত্য সভাৰ সভাপতি
অসমীয়া প্ৰবন্ধকাৰ
|
4113
|
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A7%B0%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
|
চন্দ্ৰধৰ বৰুৱা
|
চন্দ্ৰধৰ বৰুৱা () (১৮৭৪-১৯৬১) নাট্যকাৰ, কবি আৰু গীতিকাৰ ৷ ১৮৭৪ চনৰ ১৫ অক্টোবৰত যোৰহাটত জন্ম ৷ ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান ৷ ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি৷ ১৯২৬ চনত 'অসম সাহিত্য সভা পত্ৰিকা'ৰ প্ৰতিষ্ঠাপক সম্পাদক ৷ ১৯২৯ চনত 'সাহিত্য ৰত্ন' উপাধি লাভ কৰিছিল৷
জন্ম আৰু শিক্ষা
চন্দ্ৰধৰ বৰুৱাৰ ১৮৭৪ চনৰ ১৫ অক্টোবৰত ভুধৰ আগমাচৰ্যৰ বংশত জন্ম হৈছিল। পিতৃ দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী। বৰুৱাই তেওঁৰ শিক্ষা জীৱনৰ পাতনি মেলে যোৰহাটত। যোৰহাটত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ পাছত ১৮৯২ চনত এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি কলিকতালৈ যায়। তাত মেট্ৰ’পলিটান ইনষ্টিটিউচনৰপৰা এফ এ পাছ কৰি চেইণ্ট জেভিয়াৰ্ছ কলেজত নাম লগায়। কিন্তু পিতৃ বিয়োগৰ বাবে স্নাতক ডিগ্ৰী নোলোৱাকৈয়ে যোৰহাটলৈ উভতি আহে। ১৯০০ চনত আইনৰ পৰীক্ষা পাছ কৰি ওকালতি আৰম্ভ কৰে। তেওঁ জগন্নাথ বৰুৱাৰ ছোৱালীক বিয়া কৰাইছিল।
কৰ্মজীৱন
কলিকতাৰ পৰা আহি তেওঁ যোৰহাটতে ওকালতি আৰম্ভ কৰিছিল যদিও ওকালতি সামৰি শহুৰেকৰ সৈতে চাহ ব্যৱসায় কৰে। ১৯২০ চনত অসম ব্যৱস্থাপক সভাৰ আৰু ১৯২৮ চনত দিল্লীৰ কাউন্সিল অব্ ষ্টেটচ্ৰ সভ্য নিৰ্বাচিত হয়। ১৯৩০ চনত ভাৰতৰ স্বাধীনতা সম্পৰ্কত আলোচনা কৰিবলৈ অসমৰ প্ৰতিনিধি হিচাপে ইংলেণ্ডলৈ ৰাওনা হয় আৰু ইংলেণ্ডত অনুষ্ঠিত হোৱা ঘুৰণীয়া মেজমেলত যোগদান কৰে ।
১৯১৮ চনত তেওঁ অসম সাহিত্য সভাৰ দ্বিতীয় গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিল। বৰুৱা ১৯২৬ চনৰ পৰা প্ৰকাশ হোৱা অসম সাহিত্য সভা পত্ৰিকাৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯২৯ চনত কামৰূপ সঞ্জীৱনী সভাই তেওঁক বিশেষ সাহিত্য প্ৰতিভাৰ বাবে সাহিত্য ৰত্ন উপাধি প্ৰদান কৰে, স্বৰ্গীয় লক্ষীনাৰায়ণ চট্টোপাধ্যায়ৰ সভাপতিত্বত কটন কলেজত বহা অধিৱেশনত। তেওঁ গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰচলিত খণ্ডবাক্য, ভত্সিতা আৰু যোজনা গোটাই ৰত্নকোষ নাম দি এটা সংকলনৰ কাম কৰিছিল । কিন্তু দুৰ্ভাগ্য তেওঁ জীৱিত অৱস্থাত ইয়াৰ প্ৰকাশিত ৰূপটো দেখা নাপালে, ১৯৬২ চনত ৰত্নকোষ প্ৰকাশ কৰা হয় সংকলনটোৰ মুঠ ৩৩০০ বচনৰ যোগেদি। এই সংকলনটো প্ৰস্তুত কৰিবলৈ তেওঁক প্ৰায় ২০ বছৰ সময় লাগিছিল। তেখেতৰ কামৰূপ জীয়াৰী আৰু বিদ্যুদ্বিকাশ নামৰ দুখন দীঘলীয়া বৰ্ণনাত্মক কাব্য ‘আৱাহন’ কাকতত প্ৰকাশ হৈছিল। প্ৰথম খনত সতী বেউলাৰ কাহিনী আৰু দ্বিতীয় খনত বৃত্ৰাসুৰ বধৰ কথা সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। চন্দ্ৰধৰ বৰুৱাৰ ১৯৬১ চনত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে ।
নাট সংকলন
মেঘনাদ বধ নাট (১৯০৪),
ভাগ্য পৰীক্ষা (১৯১৫),
তিলোত্তমা সম্ভৱ (১৯২৪),
ৰাজৰ্ষি (১৯৩৭),
পুনৰ্জন্ম,
মোগল বিজয়,
আহোম সন্ধ্যা
ৰত্নকোষ (খণ্ডবাক্য কোষ, ১৯৬২),
মুক্তাৱলী (অনুবাদ)
কাব্য সংকলন
ৰঞ্জন (ধেমেলীয়া কবিতা পুথি, ১৯২৭)
কামৰূপ জীয়াৰী,
বিদ্যুদ্বিকাশ
উপন্যাস
শান্তি
পুৰস্কাৰ আৰু সন্মান
সাহিত্য ৰত্ন উপাধি, (১৯২৯)
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
অসমীয়া নাট্যকাৰ
অসম সাহিত্য সভাৰ সভাপতি
|
4115
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%A8%E0%A6%95%E0%A6%B2%E0%A6%BE%E0%A6%B2%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
|
কনকলাল বৰুৱা
|
কনকলাল বৰুৱা সাহিত্যিক আৰু বুৰঞ্জীবিদ৷ ১৮৭২ চনৰ ১৬ ডিচেম্বৰত জন্ম৷ ১৯২৯ চনত বিধান সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰে৷ ব্ৰিটিছ চৰকাৰৰ ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল৷ কিছুকাল জোনাকী আলোচনীৰ সম্পাদক আছিল৷ জাৰ্ণেল অব দা আছাম ৰিছাৰ্চ ছ'চাইটিৰ প্ৰকাশক আৰু সম্পাদক আছিল৷ ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়৷ প্ৰকাশিত গ্ৰন্থ: আৰ্লি হিষ্টৰী অব কামৰূপ৷ ১৯৪০ চনৰ ১৮ জানুৱাৰীত তেখেতৰ মৃত্যু হয়৷
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
অসম সাহিত্য সভাৰ সভাপতি
অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
|
4118
|
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%A3%E0%A7%81%E0%A6%A7%E0%A7%B0%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%96%E0%A7%8B%E0%A7%B1%E0%A6%BE
|
বেণুধৰ ৰাজখোৱা
|
বেণুধৰ ৰাজখোৱা () (১৮৭২-১৯৫৫) বিশিষ্ট সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ। বেণুধৰ ৰাজখুৱাই ইংৰাজ চৰকাৰৰ পৰা ৰায়চাহাব খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৮৮৯ চনৰ পৰা নাটক ৰচনাৰ কাম আৰম্ভ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ লগলাগি বিজুলী নামৰ আলোচনীখন প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ বৰঙনিৰ বাবে বেণুধৰ ৰাজখোৱাক অসম সাহিত্য-সংস্কৃতিৰ মুখ্য অনুষ্ঠান অসম সাহিত্য সভাই ১৯২৬ চনৰ অক্টোবৰ মাহত ধুবুৰীত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল। পাছলৈ ৰাজখোৱা শিৱসাগৰৰ আধুনিক মঞ্চ আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। তেওঁ নিজা নাটক কেইখনিতে সমাজৰ সৰু-সুৰা দোষ হাঁহিয়াতৰ পাত্ৰ কৰি সমাজক শুধৰোৱাৰ সৰু আশা এটি মনতে পুহি ৰাখিছিল। ঠায়ে ঠায়ে সুন্দৰ প্ৰহসনমূলক পৰিস্থিতি সৃষ্টি কৰাত তেওঁ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।
জন্ম আৰু পৰিয়াল
বেণুধৰ ৰাজখোৱাৰ জন্ম হয় ১৮৭২ চনৰ ১১ডিচেম্বৰত। তেওঁৰ পিতৃৰ নাম সুচান্দৰাম ৰাজখোৱা আৰু মাকৰ নাম হীৰাৱতী ৰাজখোৱা।
শিক্ষা
বেণুধৰ ৰাজখুৱাই প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা ডিব্ৰুগড়ত গ্ৰহণ কৰে আৰু তাৰ পাছত ৰাজখোৱা কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায়। ১৮৯৬ চনত কলিকতাৰ পৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু অসমলৈ ঘূৰি আহে। অসমত বিভিন্ন বিভাগৰ বেলেগ বেলেগ চাকৰি কৰি ১৯৩১ চনত উপায়ুক্তৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। এখেত ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ নৱম অধিবেশনৰ সভাপতি আছিল।
মৃত্যু
আজীৱন সাহিত্য সাধনাৰে অসমীয়া সাহিত্যক প্ৰচুৰ সম্ভাৰ প্ৰদান কৰি এইজনা সাহিত্যিকে ১৯৫৫ চনত ইহ সংসাৰ ত্যাগ কৰে।
সাহিত্যিক অৱদান
এখেতৰ কেইখন মান পুথিৰ নাম হৈছে—
কবিতা আৰু নাটক
চন্দ্ৰ সম্ভৱ (১৮৯৫),
পঞ্চ কবিতা( ১৮৯৫),
দশগীত( ১৮৯৯),
সৰু লৰাৰ গান (১৯০১),
ডেকা-গাভৰু (১৮৮৯),(যুটীয়া ভাৱে ৰচিত নাটক)
সেউতি কিৰণ (১৮৯৪),
অসমীয়া ভাই (১৯০১),
দৰবাৰ (১৯০২),
দুৰ্যোধনৰ উৰুভঙ্গ (১৯০৩),
কলিযুগ(১৯০৪),
বাঁহী (১৯০৬),
দক্ষযজ্ঞ (১৯০৮),
কুৰি শতিকাৰ সভ্যতা (১৯০৮),
লখিমী তিৰোতা (১৯০৯),
অশিক্ষিতা ঘৈণী (১৯১২),
বিপ্ৰ দামোদৰ (অসমীয়া খণ্ড) (১৯১৭),
তিনি-ঘৈণী (১৯২৮),
চোৰৰ সৃষ্টি (১৯৩১),
যমপুৰী (১৯৩১),
টোপনিৰ পৰিণাম (১৯৩২)
ৰাজখোৱাৰ অনুবাদ কবিতা পুথিসমূহ
VIPRA DAMODAR (1918),
THE HOLY NAM-GHOSHA (1920),
THE EAR-EATER (1920),
GUNMALA (1923)
ভাষাতাত্বিক গ্ৰন্থসমূহ-
Brochure on the Assamese Language (1898),
Notes on the Sylhetee Dialect (1913),
অসমীয়া খণ্ডবাক্য কোষ (১৯১৭),
A Companion To Writers In Assam (1944)
উপন্যাস-
মহাসতী জয়মতী(১৯২৮)।
লোক-সাহিত্য বিষয়ক গ্ৰন্হসমূহ -
ASSAMESE DEMONOLGY (1905),
বিহু (১৯১৪),
Historical Sketches of Old Assam (1917),
Assamese Popular Superstitions (1920)
আত্মজীৱনী
মোৰ জীৱন দাপোন (১৯৬৯)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
গীত – বেণুধৰ ৰাজখোৱাৰ ৰচিত এটা কবিতা, সঁফুৰা ডট অৰ্গত
Documents on North-East India: Assam (1664-1935)
Benudhar Rajkhowa, Assamese Literature at indianetzone.com
অসমৰ ব্যক্তি
অসমীয়া কবি
অসম সাহিত্য সভাৰ সভাপতি
অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
|
4121
|
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%80%20%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE
|
হিন্দী ভাষা
|
হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে।
উৎপত্তি
হিন্দীৰ উৎপত্তি দিল্লীৰ খৰিবুলি ভাষাৰ সৈতে আৰবী, পাৰ্চী আৰু তুৰ্কীৰ সংমিশ্ৰণত হৈছিল। মুছলমান শাসন উত্তৰ ভাৰতলৈ বিয়পিবলৈ আৰম্ভ কৰাৰ লগে লগে পাৰ্চী শব্দবোৰ স্থানীয় ভাষাত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। হিন্দী ভাষাও সেই সময়ত খৰিবুলিৰ পৰা উদ্ভৱ হৈছিল।
সময়ৰ পৰিপ্ৰেক্ষিতত, উৰ্দুক আজি এক সুকীয়া ভাষা হিচাপে ঘোষণা কৰা হৈছে, কিন্তু প্ৰধান উৰ্দু লেখকসকলে উনবিংশ শতিকাৰ আৰম্ভণিলৈকে তেওঁলোকৰ ভাষাক হিন্দী বা হিন্দৱী বুলি উল্লেখ কৰি আহিছে।
উদাহৰণ:- প্ৰখ্যাত উৰ্দু কবি গোলাম হামদান মুছহাফিয়ে নাস্তালিক লিপিত তেওঁৰ শ্বায়ৰীত লিখিছিল: -
আৰু মীৰ টাকি মীৰ তেওঁৰ নিজৰ শৈলীত লিখিছে:-
তথ্য সংগ্ৰহ
পোখালি
ভাৰতৰ ভাষা
ভাষা
|
4122
|
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%B2%E0%A7%87%E0%A6%96%E0%A6%BE%20%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8
|
চিত্ৰলেখা উদ্যান
|
অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি।
ইতিহাস
১৯০৬ চনত সেই সময়ৰ উপায়ুক্ত এইচ ডব্লিউ জি ক'লে (H W G Cole) তেজপুৰৰ বিভিন্ন ঠাইত আলাই-আথানি হৈ পৰি থকা মনোমহা শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল। পোনতে এই স্থানৰ মাটিখিনি জনৈক কালিপদ সেন নামৰ "বঙালী" ভদ্ৰলোক এজনৰ আছিল। তাৰপিছ্ত তেজপুৰ পৌৰসভাই মাটিটুকুৰা পাঁচশ টকাত কিনি লৈ তাত উদ্ধাৰ হোৱা শৈলভাস্কৰ্য্যসমূহ স্থাপন কৰি উদ্যানৰূপে গঢ়ি তোলে। ক'লৰ মৃত্যুৰ পাছত পিছৰজন উপায়ুক্ত এফ ডব্লিউ ষ্টঙে ক'লৰ স্মৃতিত এই উদ্যান সম্পূৰ্ণ কৰি তোলে। সেয়ে ইয়াৰ নাম "ক'ল পাৰ্ক" হয়। কিন্তু পিছলৈ ইয়াৰ নাম "চিত্ৰলেখা উদ্যান" ৰখা হয়। উদ্যানখনত থকা শৈল ভাস্কৰ্যসমূহ কোনো কোনোৱে বাণ ৰজাৰ দিনৰ বুলি অনুমান কৰে। আন কিছুমানৰ মতে অষ্টম-নৱম শতিকাৰ শালস্তম্ভ বংশৰ।
উদ্যানৰ বিভিন্ন সামগ্ৰী
এই উদ্যানত ঐতিহাসিক হাৰুপেশ্বৰ ৰাজধানীৰ ৰাজকাৰেঙৰ শৈলস্তম্ভ, শিল কটা আঠপহীয়া পদুম ফুল, বিভিন্ন লাস্য মুদ্ৰাৰ দীঘলীয়া শিল, দশাৱতাৰ মূৰ্তি, দুয়ো কাষে লতাৰে কটা শোভিত স্তম্ভ, বুদ্ধৰ মূৰ্তি আদি আছে। উদ্যানখনত থকা দীঘলীয়া শিলৰ পেনেলসমূহত আছে স্যমন্ত হৰণৰ দৃশ্য, ঢোলত চাপৰ পৰা ঢুলীয়া, নাচনি, বিহু আৰু আন আন লাস্য মুদ্ৰাৰ সৈতে দ্বাৰপাল, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মূৰ্তি আদি। নলা, হোলা, খাল, বিল আদিত পৰি থকা শিল, উপায়ুক্ত কাৰ্য্যালয়ৰ গৃহ নিৰ্মাণৰ সময়ত উদ্ধাৰ হোৱা বা কাছাৰীৰ সম্মুখত পোৱা শৈল ভাস্কৰ্য্যসমূহৰ লগতে ডন বস্ক’ বিদ্যালয়ৰ সম্মুখত পোৱা বিভিন্ন শিলা স্তম্ভ ইয়াত সজাই ৰখা হৈছে।
ইয়াত সংৰক্ষিত শিলাস্তম্ভসমূহ নান্দীমুখ, পদুম আৰু লতাফুলেৰে সুশোভিত। ইংৰাজী 'ইউ' (U) আখৰটোৰ দৰে এটা প্ৰাচীন পুখুৰীৰে আগুৰা এই উদ্যান তথা উদ্যানৰ শৈল ভাস্কৰ্যই সততে পৰ্যটকক আকৰ্ষণ কৰে।
প্ৰসঙ্গ পুথি
বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
বাহ্যিক সংযোগ
http://tezpuronline.in/link_page/placetovisit_tezpur.html
শোণিতপুৰ জিলাৰ পৰ্যটনস্থলী
তেজপুৰ
অসমৰ পুৰাতাত্বিক স্থান
|
4127
|
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%87%E0%A6%B6
|
দেশ
|
ভূগোলৰ মতে দেশ হ'ল একোটা ভৌগোলিক অঞ্চল। এই দেশ শব্দটিয়ে প্ৰায়েই ৰাজনৈতিক বিভাগ বা সাৰ্বভৌমিক ৰাষ্ট্ৰ অঞ্চল বা জনৈক ৰাজনৈতিক বিভাগৰ ভৌগোলিক অঞ্চলক সূচিত কৰে। সাধাৰণতে দেশ বুলিলে সাৰ্বভৌমিক ৰাষ্ট্ৰৰ ধাৰণাৰ স’তে মিলি যায় যায় আৰু ই ৰাষ্ট্ৰ, জাতি বা চৰকাৰৰ সৈতে সংযুক্ত।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
The CIA World Factbook
Country Portals from the United States Department of State, including Background Notes
Country Profiles from BBC News
Country Studies from the United States Library of Congress
Foreign Information by Country and Country & Territory Guides from GovPubs at UCB Libraries
PopulationData.net
United Nations statistics division
Average Latitude & Longitude of Countries
প্ৰশাসনিক অঞ্চল
|
4129
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%87%E0%A6%A4%E0%A7%87%E0%A6%95%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0%20%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC
|
কেতেকেশ্বৰ দেৱালয়
|
তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়। ৰাজমোহন নাথ, তত্বভূষণৰ ‘গৌৰৱময় অসম’ত এই কেতেকেশ্বৰ সম্পৰ্কে ফটোৰে সৈতে উল্লেখ আছে এই বুলি- "এই দীঘল আৰু পঞ্চমূখী শিৱলিংগটো ভূতি বৰ্ম্মা আদি কামৰূপীয় ৰজা সকলে পূজা কৰা হাটকেশ্বৰ শিৱ লিংগ বুলি অনুমান হয়"। প্ৰায় ৯ হাত দৈৰ্ঘ্যৰ আৰু ৪ হাত বেৰৰ এই শিৱলিংগৰ ওচৰতে পৰি আছে বৃহদাকাৰ যোনী পীঠ।
তথ্য সংগ্ৰহ
শোণিতপুৰ জিলাৰ পৰ্যটনস্থলী
তেজপুৰ
হিন্দুধৰ্মৰ মঠ-মন্দিৰ
|
4145
|
https://as.wikipedia.org/wiki/%E0%A6%A6-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE
|
দ-পৰ্বতীয়া
|
তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমৰ দ-পৰ্বতীয়া নামৰ গাঁৱত থকা এখন প্ৰাচীন শিলৰ তোৰণ বা শৈল দ্বাৰ দ-পৰ্বতীয়া শিলৰ তোৰণ নামে প্ৰখ্যাত। পৰ্যটকৰ বাবে এই তোৰণ বিশেষভাৱে আকৰ্ষণীয়। দ-পৰ্বতীয়াৰ ওচৰৰ ‘শিলিখা দলনি’ বোলা এক বিস্তীৰ্ণ পথাৰতে হৰি-হৰ যুদ্ধ হৈছিল বুলিও ঠাৱৰ কৰা হয় ।
বাহ্যিক সংযোগ
Da Parbatia, Maha bhairav temple Photos
Temples & Monuments in Assam
Tourist sites around Tezpur
Da-parbatia-temple
Excavation records of ASI
An old photo of Da Parbatia by Dhani Bora
অসমৰ গাঁও
শোণিতপুৰ জিলাৰ পৰ্যটনস্থলী
|
4146
|
https://as.wikipedia.org/wiki/%E0%A6%A6-%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0%20%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%B0%20%E0%A6%A6%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0
|
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ
|
তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।
ইতিহাস
১৯২১-১৯২২ চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ-পৰ্বতীয়াত উদ্ধাৰ হয় শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়ৰ গাঁথনি। ঠাৱৰ কৰা হৈছে যে এই ঠাইত বাণ ৰজাই হৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ’হৰি হৰাত্মক’ শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰাইছিল। কৃষ্ণৰ হাতত বাণ যুদ্ধত পৰাজিত হৈ সুস্থ হোৱাত কৃষ্ণৰ প্ৰতি বাণৰ ভক্তি উপজিছিল আৰু হৰি-হৰ অভিন্ন বুলি জ্ঞান হৈছিল। সেয়ে হৰি হৰাত্মক শিৱ মন্দিৰ প্ৰতিষ্ঠাৰ উদ্যোগ লৈছিল। এই মন্দিৰটো আহোম ৰজাৰ আমোলত পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও ১৮৯৭ চনৰ বৰ ভুইকঁপত সি জাহ গ’ল। বৰ্তমান থকা চিন স্বৰূপে ইটাবোৰলৈ আঙুলিয়াব পাৰি। ৰায় বাহাদুৰ কনক লাল বৰুৱাৰ মতে আকৌ এই মন্দিৰ কামৰূপ নৃপতি ভাস্কৰ বৰ্ম্মাৰ পূৰ্বে পঞ্চম ষষ্ঠ খৃষ্টাব্দত নিৰ্মিত। বৰ্তমানৰ শিলৰ দ্বাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। আনহাতে প্ৰাচীন কালৰ শিলৰ মন্দিৰটো নিৰ্মাণশৈলীৰ ওপৰত নিৰ্ভৰ কৰি পুৰাতত্ত্ববিদ ৰাখাল দাস বন্দোপাধ্যায়ে ষষ্ঠ শতিকাৰ বুলি ঠাৱৰ কৰিছিল।
১৯২৭-২৮ চনৰ পৰাহে এই ঠাইখনে চৰ্চা লাভ কৰে। ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ পূব মাণ্ডলিক অধীক্ষক, পুৰাতত্ত্ববিদ ৰাখাল দাস বন্দোপাধ্যায়ে ১৯২১-২২ চনত খননকাৰ্য চলাই দ-পৰ্বতীয়াত স্থাপত্য আৰু ভাস্কৰ্য-কলাৰ নিদৰ্শনটো আৱিষ্কাৰ কৰে। এই নিদৰ্শনটোক অসমৰ আটাইতকৈ প্ৰাচীন তথা দেশৰ আপুৰুগীয়া বুলি Annual Report of Archeological Survey of India, 1924-25 & 1925-26-ত তেখেতে প্ৰতিবেদন দাখিল কৰে। আহোম যুগত পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৰ গৰ্ভগৃহৰ পূবা-পশ্চিমাকৈ দৈঘ্য বাহিৰে ৬০.৬ ফুট আৰু ভিতৰে ৪৮.৬ ফুট, উত্তৰা-দক্ষিণাকৈ দৈঘ্য বাহিৰে ৩৭.১১২ ফুট আৰু ভিতৰে ২৪.১২ ফুট। ইয়াৰ অন্তৰাল অংশ ৬.৫ ফুট। অন্তৰালৰ জোখেই গৰ্ভগৃহৰ বেৰৰ ডাঠ। গৰ্ভগৃহৰ পশ্চিম দিশত বেদী স্থাপিত। এই বেদীতে গংগা-যমুনাৰ শৈল-তোৰণখন প্ৰতিষ্ঠিত। বেদীৰ পূবা-পশ্চিমাকৈ দৈঘ্য ১৯.৩ ফুট, উত্তৰা-দক্ষিণাকৈ ১৯.৪ ফুট। আহোম যুগৰ প্ৰাচীন মন্দিৰটোত শিৱলিংগ প্ৰতিষ্ঠিত আছিল বুলি ৰাখাল দাস বন্দোপাধ্যায়ে নিজৰ এক গৱেষণা প্ৰতিবেদনত উল্লেখ কৰিছে। বৰ্তমানে প্ৰতিষ্ঠিত শিৱলিংগটো প্ৰকৃত শিৱলিংগ নহয় আৰু ই মন্দিৰৰ স্তম্ভৰে খণ্ডিত অংশ বুলিহে গৱেষক সতীশ চন্দ্ৰ ভট্টাচাৰ্যই উল্লেখ কৰিছে।
তোৰণৰ বৰ্ণনা
দ-পৰ্বতীয়াৰ শৈল-ভাস্কৰ্যকেইটা শিলতে কাটি উলিওৱা। ইয়াত থকা গংগা-যমুনাৰ মূৰ্তি দুটাৰ শৈল-ভাস্কৰ্য মসৃণ আৰু স্পষ্ট। এই মূৰ্তি দুটাত কিছু পৰিমাণে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বুলি গৱেষক সকলে মন্তব্য কৰিছে। বুৰঞ্জীবিদ সদানন্দ চলিহাই এই শৈল-তোৰণখন গুপ্তযুগত নিৰ্মিত দেওগড় মন্দিৰৰ প্ৰৱেশদ্বাৰৰ লগত সাদৃশ্য আছে বুলি উল্লেখ কৰিছে। তোৰণখনৰ দুইটা স্তম্ভৰ উচ্চতা সমানুপাতিকভাৱে ৫.৩ ফুট আৰু বহলে ১.৪ ফুট। দুইটা স্তম্ভৰ ওপৰত থকা শিলচটাৰ দৈঘ্য ৫.৯ ফুট আৰু বহলে ১.৩ ফুট। তোৰণখনত থকা সোঁ-ফালৰ স্তম্ভটোত ফুলৰ মালা ধাৰণ কৰি যমুনাৰ আৰু বাওঁফালৰটোত একেই ৰূপত গংগাৰ মূৰ্তি আছে। যমুনাৰ মূৰ্তিটোৰ সোঁ-হাতে তলত দুটা নাৰীমূৰ্তি আছে। তাৰে বাওঁহাতে চামৰধাৰিণী থিয় হৈ আছে আৰু ফুলৰ পাত্ৰ লৈ আঁঠু কাঢ়ি থকা আন এটা মূৰ্তি আছে। যমুনাৰ বাওঁহাতে সামান্য ওপৰলৈ দুটা উৰন্ত হাঁহ বিদ্যমান। আনহাতে গংগাৰ দুয়োফালে তলত দুটা নাৰীমূৰ্তি, বাওঁহাতে নাগী আৰু দুটা উৰন্ত হাঁহ। স্তম্ভ দুটাৰ ওপৰৰ অংশটোত বগাই যোৱা লতাৰে সৈতে পাত, পদুমৰ পাত আৰু চাৰিটা নৰমূৰ্তি আছে। ওপৰৰ পথালি শিলচটাৰ মাজ অংশত হাতত মালা লৈ উৰন্ত গৰুড় আৰু দুয়োমূৰে দুটা মূৰ্তি বিদ্যমান। তাৰ ওপৰত লানি পাতি পাঁচটা মূৰ্তি আছে। মূৰ্তিকেইটা ক্ৰমে বাওঁহাতে ডম্বৰু লৈ চতুৰ্ভুজ শিৱ, আঁঠু কাঢ়ি থকা হয়গ্ৰীৱ, ভৰিত জৰীৰে বন্ধা অৱস্থাত বহি থকা লকুলীশ শিৱ, মুৰুলীধৰ আৰু দুহাতে পদ্মধাৰী সূৰ্য। সূৰ্যমূৰ্তিটোৰ দুয়োফালে আন দুটা নৰমূৰ্তি আছে। তাৰে এটাৰ হাতত কাপ-মৈলাম দেখা পোৱা যায়।।
চিত্ৰ সম্ভাৰ
তথ্য সংগ্ৰহ
শোণিতপুৰ জিলাৰ পৰ্যটনস্থলী
অসমৰ ধৰ্মীয় স্থান
তেজপুৰ
অসমৰ পুৰাতাত্বিক স্থান
|
4159
|
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8
|
ইতিহাস
|
ইতিহাস ( - historia, অৰ্থ "অনুসন্ধান, বিচাৰ-খোচাৰ কৰি পোৱা জ্ঞান") হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন। ইতিহাস লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। ইতিহাসৰ বিষয়ে লিখা পণ্ডিতসকলক ইতিহাসবিদ বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ য'ত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ কৰা হয় বা কেতিয়াবা বস্তুনিষ্ঠভাৱে সেই ঘটনাৰ কাৰণ আৰু চানেকি ফঁহিয়াই চোৱা হয়। ইতিহাসবিদসকলৰ মাজত ইতিহাসৰ প্ৰকৃতি আৰু উপকাৰিতা লৈ তৰ্ক চলি আহিছে। ইয়াৰ ভিতৰত বিষয়টোৰ অধ্যয়ন তাৰ মাজতে সীমাবদ্ধ কৰি ৰখা আৰু বৰ্তমানৰ সমস্যাৰাজীক ইতিহাসমূলক দৃষ্টিকোণৰ পৰা চোৱাও আছে। একো বাহ্যিক উৎসৰে সমৰ্থিত নোহোৱা কোনো সংস্কৃতিত প্ৰচলিত কাহিনীক সাধাৰণতে ইতিহাসৰ নাম দিয়াৰ সলনি সাংস্কৃতিক ঐতিহ্য বুলি শ্ৰেণীবদ্ধ কৰা হয়। লিখিত নমুনা থকাৰ আগৰ ঘটনাক প্ৰাক-ইতিহাস বুলি কোৱা হয়।
পশ্চিমীয়া সংস্কৃতিত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক ইতিহাসবিদ হিৰ'ড'টাছক "ইতিহাসৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ সমসাময়িক থুচিডাইডিছৰ সৈতে ইতিহাসৰ আধুনিক অধ্যয়নৰ ভেঁটি গঢ়ি তুলিছিল। বিশ্বৰ আন ঠাইৰ ইতিহাসমূলক পৰম্পৰাসমূহ আৰু তেওঁলোকৰ প্ৰভাৱ ইতিহাসৰ প্ৰকৃতিৰ বিভিন্ন ব্যাখ্যাত সাঙোৰ খাই আছে আৰু সেইবোৰ সদায় সলনি হৈ আছে। ইতিহাসৰ আধুনিক অধ্যয়নৰ বিভিন্ন ভাগ আছে; যেনে- কোনো নিৰ্দিষ্ট অঞ্চলক গুৰুত্ব দিয়া অধ্যয়ন, কোনো নিৰ্দিষ্ট বিষয় প্ৰসঙ্গ বিচাৰ কৰা অধ্যয়ন আদি। প্ৰাথমিক অৰু মাধ্যমিক শিক্ষাৰ অংশ হিচাপে বিদ্যালয়সমূহত ইতিহাস পঢ়োৱা হয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াক এটা মূল বিষয়ৰূপে বিবেচনা কৰা হয়।
টোকা
তথ্যসূত্ৰ
|
4168
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8
|
অভিধান
|
'অভিধান' হৈছে কোনো এটা ভাষাৰ শব্দৰ একত্ৰ সংগ্ৰহ। অভিধান এখনৰ মাজত পদ্ধতি অনুসৰি ভাষাটোৰ মাজত ব্যৱহৃত/অব্যৱহৃত শব্দসমূহক অন্তৰ্ভুক্ত কৰি ৰখা হয়। ইয়াৰ দ্বাৰা ভাষা এটা সঠিক ৰূপত জনাত সহায় হয়।
অসমীয়া ভাষাৰ অভিধান
হেমকোষ- হেমচন্দ্ৰ বৰুৱা
চন্দ্ৰকান্ত অভিধান
আধুনিক অসমীয়া শব্দকোষ
আধুনিক অসমীয়া অভিধান
অসমীয়া জাতীয় অভিধান
ব্যৱহাৰিক অসমীয়া অভিধান
শৰাইঘাট অভিধান
সাহিত্য
|
4176
|
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%A4%E0%A6%BF%20%E0%A6%95%E0%A6%B2%E0%A6%BE%20%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0
|
জ্যোতি কলা কেন্দ্ৰ
|
জ্যোতি কলা কেন্দ্ৰ (সম্পূৰ্ণ নাম: জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়) তেজপুৰত অৱস্থিত এখন সংগীতানুষ্ঠান। মহাবিদ্যালয় খনত মূলতঃ সংগীত আৰু নৃত্যৰ শিক্ষণ-প্ৰশিক্ষণ দিয়া হয়। ১৯৪০ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খন তেজপুৰ চহৰৰ SC পথৰ দাঁতিত তেজপুৰ জিলা ডাকঘৰৰ ওচৰত অৱস্থিত।
ইতিহাস
‘তেজপুৰ মিউজিক স্কুল’ বুলি আত্মপ্ৰকাশ কৰা এই সংগীতানুষ্ঠানখনৰ স্ৰষ্টা আৰু দ্ৰষ্টা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰেই চেষ্টাত ১৯৪০ চনৰ ১ নৱেম্বৰ তাৰিখে কবি নলিনীবালা দেৱীৰ পৌৰোহিত্যত তেজপুৰ বাণ ৰঙ্গমঞ্চত অসমৰ ভিতৰতে প্ৰথম বুলি জনা এই সংগীত বিদ্যালয়ৰ শুভাৰম্ভ হৈছিল। ১৯৩৬ চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ ৰাহিধন ২২০ টকা আৰু ‘শোনিত কুঁৱৰী’ তথা ‘জয়মতী’ৰ পালা ৰেকৰ্ডিং কৰি ছেনোলা কোম্পানীৰ পৰা পোৱা তবলা আৰু হাৰমনিয়ামৰ লগতে খান চাহাব মহম্মদ চৈয়ৱ ডাঙৰীয়াই দান দিয়া ‘এচৰাজ’ আদিৰেই আৰম্ভ হৈছিল এই সংগীত বিদ্যালয়। জ্যোতিপ্ৰসাদৰ মৃত্যুৰ পাছত তেওঁৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ স্কুলখনৰ নামকৰণ কৰা হয় ‘জ্যোতি মিউজিক স্কুল’।
এইখিনি সময়তে ১৯৫৪ চনত আত্মপ্ৰকাশ কৰা আন এখন শ্ৰদ্ধা বুটলিবলৈ সক্ষম হোৱা সংগীত বিদ্যালয় আছিল ‘ইষ্ট ইণ্ডিয়ান আৰ্ট স্কুল,তেজপুৰ’। ১৯৫৬ চনত এই দুয়োটা অনুষ্ঠান এক হৈ জ্যোতিকলা কেন্দ্ৰ ৰূপে পৰিগণিত হয়। চহৰৰ মাজমজিয়াত পৰিত্যক্ত অৱস্থাত থকা ব্ৰাহ্ম সমাজৰ ঘৰ এটা ৯০ বছৰলৈ ১ টকা ভাৰাত লীজত লৈ ই চলি আছে। এতিয়া ইয়াক ‘জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়’ নামেৰে জনা যায়।
তথ্য সংগ্ৰহ
অসমৰ শৈক্ষিক প্ৰতিষ্ঠান
তেজপুৰ
|
4177
|
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%20%E0%A6%97%E0%A7%8B%E0%A6%AA%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%AC%E0%A7%B0%E0%A6%A6%E0%A6%B2%E0%A7%88%20%E0%A6%86%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%BF%E0%A6%95%20%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A7%8D%E0%A6%AF%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%A8
|
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
|
ভাৰতবৰ্ষত ব্ৰিটিছৰ আগমণৰ পৰাহে মানসিকভাৱে অসুস্থ লোকক আনৰপৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে ফাটেকত থোৱাৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমান ৮১ একৰ মাটিকালিৰ এই প্ৰতিষ্ঠানটোত মুঠ ৩৩৬ জন পুৰুষ-মহিলাৰ বাবে পৃথক পৃথক থকাৰ ব্যৱস্থা, চিকিৎসক-কৰ্মচাৰীৰ বাবে আৱাস, পেথ’ল’জিকেল পৰীক্ষাগাৰ, পুথিভঁৰাল, পুনৰ্সংস্থাপন বিভাগ আদিৰ সুবিধা আছে । Psychiatry, Psychiaric nursing আদি বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পি.জি. আৰু এম.ফিল. পাঠ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই বছৰৰ পৰা Clinical Psychiatry course ৰ বাবেও অনুমোদন লাভ কৰা হৈছে ।
ইতিহাস
১৮৭৬ চনত ব্ৰিটিছে ঢাকা পগলা ফাটেকৰ পৰা সেই অঞ্চলৰ ৰোগীসকলক স্থানান্তৰ কৰি স্থানীয় লোকৰ সুবিধাৰ্থে তেজপুৰতে এখন পগলা ফাটেক স্থাপন কৰিছিল। গিৰিষ চন্দ্ৰ দাস (পিছলৈ অধীক্ষক) নামৰ এগৰাকী স্বাস্থ্য সহায়কৰ তত্বাৱধানত তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু তেতিয়ালৈকে ৰোগীসকলৰ হাত-ভৰি বান্ধি ৰখা হৈছিল আৰু প্ৰয়োজনসাপেক্ষে উন্মাদ ৰোগীক চে’লত ৰখাৰ ব্যৱস্থাও আছিল ।
১৯২২ চনত ৰোগীৰ হাত-ভৰিৰ বান্ধোন খুলি প্ৰকৃত চিকিৎসা আৰম্ভ কৰি ‘পগলা ফাটেক’ নামটো সলাই তেজপুৰ মানসিক চিকিৎসালয় ৰখা হয় । ১৯৩২ চনত নতুনকৈ অধীক্ষক নিয়োগ কৰি চিকিৎসালয়ৰ কাম-কাজ জিলা প্ৰশাসনৰ হাতৰ পৰা অধীক্ষকৰ হাতত ন্যস্ত কৰা হয় । ১৯৮৩-৮৪ চনত ভাৰতৰ পৰিকল্পনা আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য বিকাশ আৰু সেৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এখন উন্নয়ন কমিটী গঠন কৰি দিয়ে । ১৯৮৭ চনত বৰ্হি ৰোগী বিভাগ নিৰ্মাণ কৰি চিকিৎসালয়খনৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য কেন্দ্ৰ কৰা হয় । ১৯৯৯ চনত উত্তৰ-পূব পৰিষদ আৰু অসম চৰকাৰৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তি অনুযায়ী চিকিৎসালয়খনৰ সমস্ত দায়িত্ব উত্তৰ-পূব পৰিষদৰ হাতলৈ যায় । ২০০৭ চনৰ ১ জুনৰ পৰা ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এটা সৰ্বাংগসুন্দৰ অনুষ্ঠানলৈ গঢ় দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগে দায়িত্ব গ্ৰহণ কৰে।
তথ্য সূত্ৰ
বহি:সংযোগ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ আনুষ্ঠানিক ৱেবচাইট
অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহ
তেজপুৰ
অসমৰ চিকিৎসালয়
|
4179
|
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%20%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%86%E0%A6%97%E0%A7%B0%E0%A7%B1%E0%A6%BE%E0%A6%B2%E0%A6%BE
|
আনন্দ চন্দ্ৰ আগৰৱালা
|
আনন্দ চন্দ্ৰ আগৰৱালা () (১৮৭৪-১৯৪০) এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ভাঙনি কোঁৱৰ’ নামেৰেও জনা যায়। আগৰৱালা দেৱে ১৯১৬ চনত ৰায়চাহাব উপাধি আৰু ১৯২১ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতিও আছিল। ছাত্ৰ অৱস্থাতে তেওঁ কেইজনমান বন্ধুৰ লগলাগি "ধৰ্ম সঙ্গীত" নামে পুথি ৰচনা কৰিছিল। ১৯০৬ চনত তেওঁ "পুলিচ মেনুৱেল" ৰচনা কৰিছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ কাৰণে তেখেতক ১৯৩৪ চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য আছিল আৰু জোনাকী কাকতৰ নিয়মীয়া লিখক আছিল।
জন্ম আৰু শিক্ষা
১৮৭৪ চনত অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰৰ বৰঙাবাৰীত তেখেতৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা। বৰঙাবাৰী পাঠশালা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰি তেখেতে কলিকতা মেট্ৰ’প’লিটান কলেজৰপৰা এফ এত উচ্চ শিক্ষা গ্ৰহণ কৰে। কলিকতাত থকা অৱস্থাত তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য হয় আৰু জোনাকী কাকতত নিয়মীয়া লিখিবলৈ লয়। সাহিত্য চৰ্চাৰ কামত লাগি থাকি তেওঁৰ পঢ়া আধৰুৱা হয় আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নোলোৱাকৈয়ে ঘৰলৈ উভতি আহে।
কৰ্মজীৱন
শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলি তেখেতে পিছলৈ ছাব-ইন্সপেক্টৰ, ইন্সপেক্টৰ, শিলচৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ সহ আৰক্ষী অধীক্ষক আদি পদত কাৰ্য্যনিৰ্বাহ কৰে। ১৯৩০ চনত আৰক্ষী অধীক্ষকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ মাজতে তেখেতে জোনাকী আৰু বিজুলী আলোচনীৰ লগত জড়িত হৈ পৰে আৰু অসমীয়া সাহিত্য ক্ষেত্ৰত প্ৰভুত বৰঙণি যোগায়। ১৯৩৪ চনত অসম সাহিত্য সভাৰ মঙ্গলদৈ অধিবেশনত আগৰৱালাদেৱে সভাপতিত্ব কৰিছিল।
সাহিত্যিক জীৱন
জোনাকীৰ পাতত আনন্দ চন্দ্ৰ আগৰৱালাৰ সাহিত্যিক তথা কাব্যিক চেতনা বিকাশ হ’লেও প্ৰকৃততে স্কুলত শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তেই ছাত্ৰ সকলে গঢ়ি তোলা এক বৈঠকত মাধৱ চন্দ্ৰ বৰদলৈয়ে সভাপতিৰ দায়িত্ব ৰূপায়ন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে এই সভাতেই আনন্দ চন্দ্ৰ আগৰৱালাই নিজে ৰচিত ‘নৱবৰ্ষ’ আৰু ‘অসম’ নামৰ দুটা কবিতা পাঠ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ কেতিয়াও থমকি ৰ’ব লগা হোৱা নাই।
এক সাংস্কৃতিক তথা বৌদ্ধিক পৰিৱেশত ডাঙৰ হোৱা আনন্দ চন্দ্ৰ আগৰৱালাৰ জীৱনত মাতৃৰ প্ৰভাৱ আছিল অপৰিসীম। তেওঁৰ ধৰ্মপ্ৰাণ মাতৃয়েই হ’ল আনন্দ চন্দ্ৰ আগৰৱালাৰ আদি গুৰু।
মৃত্যু
১৯৩৯ চনত তেজপুৰত আগৰৱালাদেৱৰ মৃত্যু হয়।
সাহিত্যকৰ্ম
তেখেতৰ প্ৰকাশিত পুথিসমূহ হৈছে-
An Account of Assam (বুৰঞ্জীমূলক গ্ৰন্থ)।
Aspects of history and culture আৰু
"গোৱালপাৰাৰ পুৰণি বিৱৰণ" আদি।
আনহাতে "কোমল পাঠ" (১৯১০) আৰু "অসমীয়া আদি পাঠ" (১৯২০), তেখেতে ৰচনা কৰা দুখন পাঠ্যপুথি।
কবিতা সংকলন
জিলিঙনি,
পানেশৈ
সুখৰ ঠাই,
দেৱকন্যা মানৱী বেশেৰে,
তই,
বলম,
আদি মৌলিক কবিতা,
জীৱন সঙ্গীত,
চহা আৰু পণ্ডিত,
যোগী,
অপ্ৰকাশিত সাহিত্য কৰ্মৰ ভিতৰত পদুমণি, জনক জীয়ৰী, অৰুন্ধতী আদি অন্যতম। বিদেশী কবিতা অনুবাদ কৰি জাতে-পাতে অসমীয়া কৰি তোলাত তেখেতৰ ব্যুৎপত্তিৰ বাবে তেখেতক ‘ভাঙনি কোঁৱৰ’ বুলি অভিহিত কৰা হয়।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
সঁফুৰা ৱেবছাইটত সন্নিবিষ্ট কবিতাৰাজী
জীৱন সংগীত (কবিতা)
Bihagikavi Ananda Chandra Agarwala (1874-1939)
আনন্দ চন্দ্ৰ আগৰৱালা at Dev Library
অসমৰ ব্যক্তি
অসমীয়া কবি
অসম সাহিত্য সভাৰ সভাপতি
অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
|
4180
|
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%8D%E0%A6%AE%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80
|
সীতানাথ ব্ৰহ্মচৌধুৰী
|
সীতানাথ ব্ৰহ্মচৌধুৰী () অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল।
চমু জীৱনী
৮ অক্টোবৰ, ১৯০৮ চনত কোকোৰাঝাৰ জিলাৰ ভালুকমাৰী গাঁৱত তেখেতৰ জন্ম হয়। ১৯৩০ চনত শিৱসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয়। পাছত কটন কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৯ চনত বঙাইগাঁৱৰ বীৰবনৰা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰি তাতেই শিক্ষকতা আৰম্ভ কৰিছিল। ১৯৪৬ চনত ধুবুৰী লোকেল ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাম কৰাৰ পিছত ১৯৫২ চনত লোকসভালৈ নিৰ্বাচিত হয়। ১৯৮১ (তিনিচুকীয়া অধিবেশন) আৰু ১৯৮২ (ডিফু অধিবেশন) চনত তেখেতে দুবাৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। ১৯৮২ চনৰ ২৩ নৱেম্বৰত তেখেতৰ মৃত্যু হয়।
ৰাজনৈতিক জীৱন
সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ৰূপে জড়িত আছিল। ১৯৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনত তেখেত গোৱালপাৰা গাৰো পাহাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
প্ৰকাশিত গ্ৰন্থ
প্ৰকাশিত গ্ৰন্থৰ ভিতৰত কদম কলি, আবেগৰ চকুলো, ফুলেশ্বৰী দৈমাৰী আদি অন্যতম।
তথ্য সংগ্ৰহ
অসমীয়া কবি
অসম সাহিত্য সভাৰ সভাপতি
অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি
অসমৰ স্বাধীনতা সংগ্ৰামী
বড়ো জনগোষ্ঠীৰ ব্যক্তি
|
4181
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A4%E0%A7%81%E0%A6%B2%20%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE
|
অতুল চন্দ্ৰ হাজৰিকা
|
অতুল চন্দ্ৰ হাজৰিকা (; ১৯০৩-১৯৮৬) এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই ১৯৮২ চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। হাজৰিকাদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰঙ্গমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰেই ফলত বঙালী নাটকে অসমৰ ৰঙ্গমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল।
জন্ম তথা প্ৰাৰম্ভিক জীৱন
অতুল চন্দ্ৰ হাজৰিকাৰ ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত গুৱাহাটীত জন্ম হয়। পিতৃৰ নাম ৰমাকান্ত হাজৰিকা আৰু মাতৃৰ নাম নিৰুপমা হাজৰিকা আছিল। অতুল চন্দ্ৰ হাজৰিকাই লতাশিল প্ৰাথমিক বিদ্যালয়ত বাল্য শিক্ষা আৰু মাণিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি কটন কলেজিয়েট বিদ্যালয়ত মাধ্যমিক শিক্ষা লাভ কৰে। ১৯২৩ চনত প্ৰৱেশিকা পৰীক্ষাত তিনিটা লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হয়। ১৯২৮ চনত কটন মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৪ চনত অনাঅনুষ্ঠানিক ভাবে পৰীক্ষা দি দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। ১৯৩০ চনৰ পৰা ১৯৪৮ চনৰ ভিতৰত হাজৰিকাই অসমৰ বিভিন্ন ঠাইত শিক্ষকতা কৰিছিল আৰু সেই সময়তেই আইনৰ স্নাতক ডিগ্ৰী (গুৱাহাটী আৰ্ল ল মহাবিদ্যালয়ৰ পৰা) আৰু বি টি ডিগ্ৰী (চেইণ্ট এডমাণ্ডচ মহাবিদ্যালয়, শ্বিলং) লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৯৪৮ চনত হাজৰিকাদেৱে কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি পাইছিল। পিছলৈ কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে।
ব্যক্তিগত জীৱন
১৯৩৭ চনত অতুল চন্দ্ৰ হাজৰিকাই সাবিত্ৰী হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁ গুৱাহাটীৰ উজান বজাৰস্থিত তপোবনত স্থায়ীভাবে বসবাস কৰিব আজীৱন সাহিত্য সেৱাত মনোনিৱেশ কৰিছিল।
মৃত্যু
১৯৮৬ চনৰ ৭ জুনত অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হয়।
সাহিত্যৰাজি
অতুল চন্দ্ৰ হাজৰিকাই সৰ্বমুঠ ১২৪খন গ্ৰন্থৰ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তাৰ ভিতৰত সংকলন আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা ২৪খন, নাটক আৰু নাটক সম্পৰ্কীয় গ্ৰন্থ ৩২খন, গীত আৰু কবিতা গ্ৰন্থ ২৩ খন, শিশুৰ বাবে ৰচিত গ্ৰন্থ ৪০খন আৰু ৫খন বিবিধ বিষয়ক গ্ৰন্থ আছিল। হাজৰিকা দেৱে ১৯২৮ চনত মিলন আলোচনীৰ সম্পাদনা কৰিছিল আৰু কিছুদিন শিশু আলোচনী দীপকৰো সম্পাদনা কৰিছিল। তেওঁ অমিয়কুমাৰ দাসৰ বাঁহীত চিত্ৰদাস ছদ্মনামেৰে অসংখ্য কবিতা প্ৰকাশ কৰিছিল আৰু তেওঁৰ প্ৰথম কবিতাটো আছিল বসন্তকাল। হাজৰিকাৰ অসমীয়া নাট্য ইতিহাসমূলক গ্ৰন্থ মঞ্চলেখা ১৯৬৭ চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবেই তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। অসম সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত হাজৰিকাই ১৯৫৩ চনৰ পৰা একেলেঠাৰীয়ে তিনিবছৰৰ বাবে প্ৰধান সম্পাদকৰ পদত থাকি ১৯৫৬ চনত উপ-সভাপতি নিৰ্বাচিত হয় আৰু ১৯৫৯ চনত নগাঁও জিলাত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰে।
কবিতা সংকলন
বসন্তকাল,
পঞ্চজন্য,
তপোবন,
দিপালী,
আৰতি,
সন্ধ্যা,
মনমাধুৰী,
মনিকূট,
সুন্দৰৰ আৰাধানা,
প্ৰকৃতিৰ সুৰ,
মাণিকীমধুৰী,
গগনাৰ সুৰ,
মুকুতামালা
নাট সংকলন
নৰকাসুৰ (১৯৩০),
বেউলা (১৯৩৯),
কনৌজ কুঁৱৰী (১৯৩৩),
শকুন্তলা,
ছত্ৰপতী শিৱাজী(১৯৪৭),
আশুতীৰ্থ,
মাৰ্জিয়ানা(১৯৫২),
নন্দ দুলাল (১৯৩৫),
কুৰুক্ষেত্ৰ (১৯৩৬),
শ্ৰীৰামচন্দ্ৰ (১৯৩৭),
সাবিত্ৰী (১৯৩৯)
ৰুক্মিণীহৰণ (১৯৪৯),
চম্পাৱতী (১৯৪৯),
দময়ন্তী (১৯৫২),
আহুতি (১৯৫২),
মানস প্ৰতিম (১৯৫২),
ৰংমহল (১৯৫২),
পাণীপথ (১৯৫২),
বীৰঙ্গনা (১৯৫২),
পাণ্ডৱৰ অগ্নি পৰীক্ষা (১৯৫৯),
টিকেন্দ্ৰজিত্ (১৯৫৯),
নিয্যাতিতা (১৯৫৯),
সতী (১৯৫৯),
বণিজ কোঁৱৰ,
অশ্ৰুতীৰ্থ,
আনন্দমঠ,
গ্ৰন্থ সংকলন (শিশু উপযোগী)
আঙ্কীয়া নাটৰ সাধু,
অপেশ্বৰীৰ দেশ,
ঈছপৰ সাধু,
আইতাৰ দেশ,
এণ্ডাৰছনৰ সাধু,
উছবৰ ভোগজৰা,
কথা-কীৰ্তন,
কথা-দশম,
কাব্যকথা,
কাব্য কাহিনী,
গ্ৰীমৰ সাধু,
জলকুঁৱৰী,
জোনাকী দেশৰ সোণালী সাধু,
দিগ্বিজয়,
নীলা চৰাই,
ভাৰত জেউতি,
বিশ্বজ্যোতি,
ৰাণী হিমানী,
ৰামায়ণৰ ৰহঘৰা,
লৰাৰ জাতক,
স্বৰ্গতো অধিক জনমভূমি,
হাঁহিচম্পা,
পাৰিজাত,
ৰুনুক জুনুক
আত্মজীৱনী সমূহ
স্মৃতিলেখা,
স্মৃতিৰ পাপৰি,
স্মতি,
সম্পাদিত গ্ৰন্থ সংকলন
বেজবৰুৱাৰ ৰচনাৱলী,
জ্যোতিধাৰা
উছৱৰ ভোগজৰা,
চন্দ্ৰকুমাৰ আগৰৱালা ৰচনাৱলী,
অসম সাহিত্য সভাৰ ভাষণাৱলী,
অসম ছাত্ৰ সন্মিলনৰ ভাষণাৱলী,
সন্মান আৰু স্বীকৃতি
১৯৫৯ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়।
১৯৬৯ চনত অসমীয়া নাটৰ পাঁচশ বছৰীয়া ইতিহাস বৰ্ণনা কৰা "মঞ্চলেখা" গ্ৰন্থৰ বাবে হাজৰিকাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।
১৯৭১ চনত তেখেতক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।
অসমীয়া সাহিত্যলৈ তেখেতৰ বৰঙনিৰ বাবে ১৯৮২ চনত অসম সাহিত্য সভাই তেখেতক ‘সাহিত্যাচাৰ্য্য’ উপাধি প্ৰদান কৰে।
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া কবি
অসমীয়া নাট্যকাৰ
অসমীয়া শিশু সাহিত্যিক
অসমীয়া শিক্ষাবিদ
অসম সাহিত্য সভাৰ সভাপতি
পদ্মশ্ৰী বঁটা বিজয়ী
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
|
4185
|
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%20%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
|
আনন্দ চন্দ্ৰ বৰুৱা
|
আনন্দ চন্দ্ৰ বৰুৱা (; ১৯০৭- ১৯৮৩) এগৰাকী অসমীয়া সাহিত্যিক। তেওঁক বকুল বনৰ কবি নামেৰে জনা যায়। কলেজীয়া দিনৰেপৰা কবিতা লিখিবলৈ আৰম্ভ কৰা বৰুৱাৰ প্ৰথম কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত 'বাঁহী'ত প্ৰকাশ পায়। সাংবাদিকতা আৰু শিক্ষকতাও কৰা বৰুৱাক ১৯৬৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি নিৰ্বাচন কৰা হৈছিল। ১৯৭০ চনত তেওঁক পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল।
প্ৰাৰম্ভিক জীৱন
আনন্দ চন্দ্ৰ বৰুৱাৰ ১৯০৭ চনৰ ৩১ ডিচেম্বৰত মৰাণৰ খুমটাই চাহ বাগিছাত জন্ম হয়। পিতৃ আছিল প্ৰেমধৰ বৰুৱা আৰু মাতৃ ইন্দ্ৰানী দেৱী। ঢেকীয়াখোৱাত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়লৈ পঢ়িবলৈ যায়। বিদ্যালয়ৰ হাতেলিখা আলোচনীৰ পাততে তেওঁৰ সাহিত্যিক প্ৰতিভাৰ অংকুৰণ ঘটে। ১৯২৬ চনত মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হোৱাৰ পিছত তেওঁ বাণাৰসীলৈ উচ্চ শিক্ষাৰ বাবে যায় যদিও পঢ়া সাং কৰিব নোৱাৰিলে। সেই কালছোৱাতে অসমীয়া ছাত্ৰসকলে উলিওৱা হাতে লিখা আলোচনী ‘জাহ্নৱী’লৈ তেখেতে অৰিহণা যোগায়। অসমলৈ ঘূৰি অহাৰ পিছত প্ৰমীলা দেৱীৰ লগত বৰুৱাৰ বিবাহ হয়।
কৰ্মজীৱন
১৯৩০ চনত দেউতাকৰ মৃত্যুৰ পিছত আনন্দ চন্দ্ৰ বৰুৱাই ‘অসমীয়া’ নামৰ বাতৰি কাকতত সম্পাদক হিছাপে যোগদান কৰে। দুবছৰ পিছত তেখেতে যোৰহাটৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ত কিছুদিন কাম কৰে। তিনিচুকীয়াতো অলপ দিন শিক্ষকতা কৰি উঠি তেখেতে পুনৰ যোৰহাটলৈ আহি সাপ্তাহিক ‘বাতৰি’ত সহ-সম্পাদক হিছাপে যোগদান কৰে। এই বাতৰি কাকতৰ জৰিয়তেই তেখেতে প্ৰথম নীলমণি ফুকনক ‘বাগ্মীবৰ’ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ উপাধি প্ৰদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ কৰাচীলৈ গৈ ভাৰতীয় বায়ু সেনাত যোগ দিয়ে আৰু ১৯৪৭ চনত ঘৰলৈ ঘূৰি আহি উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত অৱসৰ পৰ্যন্ত চাকৰি কৰে।
১৯৬৯ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়।
সাহিত্যিক হিচাপে খ্যাত যদিও সাহিত্য চৰ্চাৰ বাহিৰেও তেওঁ এজন ভাল অভিনেতা আৰু সক্ৰিয় সমাজকৰ্মী আছিল। ১৯৩০ চনত তেখেতে ‘বাণী সন্মিলন’ আৰু ১৯৪৮ চনত ‘চিন্তামণি চক্ৰ’ প্ৰতিষ্ঠা কৰিছিল। তাৰ বাহিৰেও তেওঁ অসম নাট্য সন্মিলন, অসম প্ৰতিযোগিতা সমিতি, যোৰহাট সংগীত বিদ্যালয় আদিৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল।
মৃত্যু
১৯৮৩ চনৰ ২৭ জানুৱাৰীত আনন্দ চন্দ্ৰ বৰুৱাদেৱৰ মৃত্যু হয়।
সাহিত্য কৰ্ম
সাহিত্যিক ৰূপে আনন্দ চন্দ্ৰ বৰুৱাই একাধাৰে কবিতা, নাটক, অনুবাদ সাহিত্য, উপন্যাস আদি ক্ষেত্ৰত অৱদান আগবঢ়ায়।
প্ৰকাশিত কাব্য পুথি-পৰাগ, পুষ্পক, ৰঞ্জন ৰশ্মি, সেই নিমাতী পুৱাৰে পৰা, বকুল বনৰ কবিতা, পাপৰিৰ পৰিমল আদি।
অনুবাদ পুথি- হাফিজৰ সুৰ, কুমাৰ সম্ভৱ, মেঘদূত পূৰ্বমেঘ, ছোভিয়েট কবিতা, এছিয়া জ্যোতি আদি।
নাট- বিজয়া, বিসৰ্জন, কমলা কুৱঁৰী, নল-দময়ন্তী, নীলাঞ্জন আদি।
অপ্ৰকাশিত ৰচনাসমূহৰ ভিতৰত পঞ্চমী, তেজীমলা, বণিক বন্ধু, মৃগমায়া, বাণীপথ, অসমীয়া সাহিত্য আদি অন্যতম।
স্বীকৃতি আৰু সন্মান
১৯৭০ চন - পদ্মশ্ৰী
১৯৭৭ চন - সাহিত্য অকাডেমি বঁটা (বকুল বনৰ কবিতাৰ বাবে)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Bipuljyoti.in
Vedanti.com
The Assam Tribune
Poemhunter.com
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া কবি
অসম সাহিত্য সভাৰ সভাপতি
পদ্মশ্ৰী বঁটা বিজয়ী
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
|
4186
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A7%8D%E0%A6%AF%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
|
অমূল্য বৰুৱা
|
অমূল্য বৰুৱা আছিল এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক 'কালান্তৰৰ কবি' বুলি কোৱা হয়। এইজনা কবিয়ে ছাত্ৰাৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। গতানুগতিকতাক আঁতৰাই থৈ নতুন বিষয়-বস্তুৰ অৱতাৰণাৰে লিখা অমূল্য বৰুৱাই, কাব্য জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল।
জন্ম আৰু প্ৰাৰম্ভিক জীৱন
অমূল্য বৰুৱাৰ জন্ম হৈছিল ১৯২২ চনৰ ৩০ জুন তাৰিখে যোৰহাটৰ এটা মধ্যবিত্ত পৰিয়ালত। দেউতাক প্ৰমোদ বৰুৱা গড়কাপ্টানী বিভাগৰ এজন সাধাৰণ কৰ্মচাৰী আছিল আৰু মাকৰ নাম আছিল, ৰেৱতী বৰুৱা। অমূল্য বৰুৱা পিতৃ-মাতৃৰ ছটা সন্তানৰ ভিতৰত ডাঙৰ আছিল৷ অমূল্য বৰুৱাৰ ভাই-ভনীকেইগৰাকী আছিল, সৰোজ বৰুৱা, লাবণ্য দাস, ৰেণু বৰুৱা, অনিল বৰুৱা আৰু অমল বৰুৱা৷ তেওঁ হাইস্কুলীয়া শিক্ষা যোৰহাটতে লাভ কৰিছিল। তেওঁক পঢ়োৱা শিক্ষকৰ ভিতৰত আছিল – ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, জেহিৰুদ্দিন আহমেদ, লক্ষ্মীনাথ ফুকন, তাৰানাথ বৰপুজাৰী আদি। এইসকলৰ অনুপ্ৰেৰণাতে বন্ধুবৰ্গৰ লগতে সাহিত্য চৰ্চা কৰিবলৈ উৎসাহিত হৈছিল। সহপাঠী হিচাপে পাইছিল, ৰাজেন হাজৰিকা, যতি নাৰায়ণ শৰ্মা,পদুম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, আব্দুছ ছাত্তাৰ, নলীন বৰুৱা, পদ্ম বৰকটকী, ভদ্ৰেশ্বৰ হাজৰিকা আদি পৰৱৰ্তীকালত সমাজৰ বিভিন্ন ক্ষেত্ৰত নাম উজলোৱা ব্যক্তিসকলক৷
১৯৩৩ চনত যোৰহাট চৰকাৰী হাইস্কুলত অমূল্যক নাম লগাই দিয়ে, কিন্তু, দেউতাক গোলাঘাটলৈ বদলি হোৱাত দেউতাকৰ সৈতে গোলাঘাটলৈ যায় আৰু পঞ্চম শ্ৰেণীত নাম লগায়৷ পুনৰ ১৯৩৭ চনত যোৰহাটলৈ আহি ষষ্ঠ শ্ৰেণীত ভৰ্তি হয়৷ ১৯৪১ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত বিজ্ঞান পঢ়াৰ মানসেৰে ভৰ্তি হয়। পিছত ঘৰুৱা আৰ্থিক অসুবিধাৰ কাৰণে কটন কলেজ বাদ দি যোৰহাটৰ নৱনিৰ্মিত জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ আহি কলা শাখাত নাম লগায়। বি এ পঢ়ি থকা অৱস্থাতে স্বাধীনতা আন্দোলনত উদ্ধুদ্ধ হৈ ব্লেকড্ৰেগন' নামৰ উগ্ৰপন্থী দল এটাত যোগদান কৰিছিল। এই দলটোৱে ইংৰাজ সেনা বাহিনীৰ ছাউনীবোৰত জুই দি ফুৰিছিল। ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ কলিকতাত ইংৰাজী বিষয়ত এম এ আৰু আইন পঢ়িবলৈ লয়। কলিকতাত থাকোঁতে অমূল্য বৰুৱাই ভালেমান বঙালী শিল্পী সাহিত্যিকৰ সংস্পৰ্শলৈ আহে।
সাহিত্যিক জীৱন
১৯৩৯ চনত অমূল্য বৰুৱাই কলিকতাৰ পৰা প্ৰকাশিত 'আৱাহন' আলোচনীত কবিতা লিখিবলৈ প্ৰেৰণা পাইছিল। দ্বিতীয় মহাসমৰৰ সময়তো তেওঁ আৰু তেওঁৰ সংগীসকলে সাহিত্য-সংস্কৃতি চৰ্চা কৰিবলৈ এৰা নাছিল। তেওঁ সম্পাদক হৈ 'ৰ'দালি সভা' নামৰ আলোচনী এখন উলিয়াই তাত 'যোগসূত্ৰ' নামৰ এটা বিপ্লৱী কবিতা লিখিছিল। 'ৰ’দালি সভা' নামে এখন সাহিত্য চৰ্চাৰ সভা গঠন কৰি তাৰ দায়িত্ব লৈছিল সাহিত্যিক কমলেশ্বৰ চলিহাই। কলেজীয়া ছাত্ৰাৱস্থাত কলেজ আলোচনীৰ ইংৰাজী বিভাগটোৰ সম্পাদনাৰ দায়িত্ব লৈ অমূল্য বৰুৱাই 'Mockery Of Civilisation' নামৰ বিপ্লৱী ভাৱৰ কবিতা এটি লিখে। পিছত বোম্বাইৰ পৰা প্ৰকাশিত 'ত্ৰিবেণী ' (Tribeni) নামৰ ইংৰাজী আলোচনীখনত এই কবিতাটো প্ৰকাশিত হয়।
সেই কালৰ আন আন অসমীয়া কবিৰ দৰে অমূল্য বৰুৱাইও ৰোমাণ্টিক কবিতাৰেই লেখক জীৱনৰ সূত্ৰপাত কৰিছিল। পিছলৈ দ্বিতীয় মহাসমৰৰ বিভীষিকা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ব্যাপকতা, ৰুছ দেশৰ সমাজবাদ আৰু বিশেষকৈ মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱে তেওঁক বাস্তৱমুখী কৰি প্ৰগতিবাদী কবিতা ৰচনাত ইন্ধন যোগাইছিল। পিছলৈ নিষ্পেষিত, নিপীড়িত মানুহৰ বাবে তেওঁ হাতত কলম তুলি ল'লে। দুৰন্ত মানৱতাবাদী আৰু সমাজ পৰিৱৰ্তনৰ ভাৱেৰে তেখেতে 'জয়ন্তী'ৰ পাতত অসমীয়া কবিতালৈ আধুনিকতাৰ ঢল বোৱাই আনিলে। সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা কিয়নো, কুকুৰ, বেশ্যা, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ, মুক্তিগান, ভাৰতীৰ মুক্তিস্বপ্ন, সিহঁত তেতিয়া জীৱ, আজিৰ বিহু আদি প্ৰগতিশীল কবিতাবোৰ তেখেতৰ প্ৰতিভাৰ স্বাক্ষৰ হিচাপে গণ্য কৰা হয়। মৰণোত্তৰভাৱে প্ৰকাশ পোৱা 'অচিনা' তেখেতৰ একমাত্ৰ কবিতা পুথি।
অমূল্য বৰুৱাৰ বিষয়ে ৺ভবানন্দ দত্তই ’জোৱাৰ’ত প্ৰকাশিত এটি প্ৰবন্ধত লিখিছিল, {{cquote|"তেওঁ নিজক কবিতাত যিখিনি প্ৰকাশ কৰিছিল, তাতকৈ বহুত বেছি পৰিমাণে তেওঁৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰাণৰ প্ৰাচুৰ্যৰে নিজক ব্যপ্ত কৰিছিল৷ অন্তৰৰ ভিতৰত জাগি ্থকা এটা তীব্ৰ উন্মাদনাই তেওঁক সকলো সময়তে অস্থিৰ কৰি তুলিছিল৷ গল্পই, গানে, কাব্য-চৰ্চাই, সৌন্দৰ্যপিয়াসী কল্পনাৰ বাধাহীন লাবণ্যবিলাসে তেওঁৰ পৰিৱেশক সকলো সময়তে উজলাই ৰাখিছিল৷ সেই অফুৰন্ত প্ৰাণময়তাই জীৱনৰ অভিজ্ঞতাৰ দ্বাৰা সমৃদ্ধ হবৰ সুবিধা পোৱা হ’লে, সেই সৌন্দৰ্য তৃষ্ণাই বাস্তৱৰ ব্যাপক উপলব্ধিৰ ভিতৰেদি প্ৰতিবিম্বিত হৈ সাত বৰণৰ ৰামধেনু হৈ জিলিকি উঠিবৰ সুবিধা পোৱা হ’লে অসমীয়া সাহিত্যাকাশৰ দিগন্ত নতুন ৰহণেৰে বহু বেছি সমুজ্জল হৈ উঠিলহেঁতেন৷}}
মৃত্যু
১৯৪৬ চনৰ ১৮ আগষ্ট তাৰিখে অমূল্য বৰুৱাই কলিকতাৰ ৰাজাবাহাৰৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত, সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ মাত্ৰ ২৪ বছৰ ১ মাহ ১৮ দিন বয়সত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। সেইদিনা ছাত্ৰাৱাসত থকা ছাত্ৰসকলক অসমলৈ অহা ৰেলত উঠাই থৈ আহিবলৈ পুলিচ ভেন আহিছিল, আৰু অমূল্য বৰুৱায়ো সেই ভেনত উঠিছিল। কিন্তু ভেনত উঠাৰ পাছত তেখেতে অনুবাদ কৰিবলৈ আৰম্ভ কৰা জৱাহৰলাল নেহৰুৰ "Glimpses of the World History"'' কিতাপখন আৰু অনুবাদ কৰা অংশৰ পাণ্ডুলিপিখিনি আনিবলৈ আকৌ ছাত্ৰাৱাসলৈ উভতি যায়। তেতিয়ালৈ দুস্কৃতিকাৰী তেওঁলোকৰ মেছত সোমাইছিলগৈ। আৰু তাতেই অমূল্য বৰুৱাৰ মৃত্যু হয়। কিন্তু তেখেতৰ মৃতদেহ বিচাৰি পোৱা হোৱা নাছিল বাবে পৰিয়ালৰ লোকে বহুদিনলৈ তেখেত ঘূৰি আহিব বুলি আশা ৰাখিছিল।
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া কবি
অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
|
4188
|
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%95%E2%80%99%E0%A6%A1
|
ইউনিক’ড
|
ইউনিক’ড () হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ, নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান। ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে। ২০১৯ চনৰ মে' মাহৰ তথ্য অনুসৰি শেহতীয়া ইউনিক’ডৰ সংস্কৰণে বিশ্বৰ ১৫০টা লিপিৰ ১,৩৭,৯৯৪টা চিহ্নক সামৰি লৈছে।
কম্পিউটাৰত প্ৰধানতঃ সংখ্যাৰ ব্যৱহাৰ হয়। ই আখৰ বা অন্য চিনক এটা এটা একক সংখ্যাৰে বুজাই সাঁচি থয়। ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল। কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- ইউৰোপৰ সকলো ভাষাক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয়। কেৱল ইংৰাজীৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ, ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল। ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল, যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে। গতিকে এটা কম্পিউটাৰত বা চাৰ্ভাৰত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে।
ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে। ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে। Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে। এতিয়া প্ৰায় সকলোবোৰ অপাৰেটিং চিষ্টেম আৰু ৱেব ব্ৰাউজাৰত ইউনিক’ড উপলব্ধ। ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে।
লগতে চাওক
ইউনিক'ডত অসমীয়া-বাংলা লিপি
বাহ্যিক সংযোগ
সাহিত্য ডট অৰ্গত ইউনিক’ড কি?
কম্পিউটাৰ বিজ্ঞান
|
4189
|
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A6%A3%E0%A7%87%E0%A6%B6%20%E0%A6%97%E0%A6%97%E0%A7%88
|
গণেশ গগৈ
|
গণেশ গগৈ (; ১৯০৭- ১৯৩৮) অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও, তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল। এই কিতাপখনৰ পৰিপ্ৰেক্ষিততেই তেখেতক পাপৰি কবি উপাধি প্ৰদান কৰা হৈছিল।
চমু জীৱনী
গণেশ গগৈৰ ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাটত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম কনক চন্দ্ৰ গগৈ আছিল। গণেশ গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নাম লগায়। অবিভক্ত লখিমপুৰ জিলাৰ প্ৰথম গ্ৰেজুৱেট আছিল। ১৯২৭ চনত কলিকতালৈ গৈ ৰিপন কলেজত নাম লগোৱাৰ পিছত বন্ধু আনন্দ চন্দ্ৰ বৰুৱাৰ অনুৰোধত বেনাৰচ হিন্দু কলেজলৈ যায়। কিন্তু পঢ়া সাং নকৰি ঘৰলৈ আহি সাহিত্য চৰ্চাত মনপুতি লাগে। ১৯৩৮ চনৰ ২১ আগষ্টত মাথোঁ ৩০ বছৰ বয়সতে তেখেতৰ মৃত্যু ঘটে।
সাহিত্যিক অৱদান
বিংশ শতিকাৰ প্ৰথম ভাগত কলিকতাত হোৱা সাংস্কৃতিক জাগৰণে তেখেতক অসমতো এক নাট্য আন্দোলন কৰিবলৈ অনুপ্ৰেৰণা যোগায়। তেখেতে আনন্দ চন্দ্ৰ বৰুৱাৰ লগ লাগি যোৰহাটত "বাণী সন্মিলন" প্ৰতিষ্ঠা কৰে। তাৰ উপৰিও তেখেতে কেইবাখনো চুটি নাট লিখি গ্ৰামফোন ৰেকৰ্ড উলিয়াইছিল।
১৯২৯ চনত তেখেতে "যোৰহাট থিয়েটাৰ"ত যোগ দি অভিনয় কৰা আৰম্ভ কৰে। এই সময়ছোৱাতে তেখেতে কেইবাখনো নাটক আৰু চুটি নাট লিখি উলিয়ায়। "যোৰহাট থিয়েটাৰ"ত মঞ্চস্থ কৰা গণেশ গগৈৰ কেইখনমান নাটক হ’ল:
নাটক
জেৰেঙাৰ সতী (১৯৩৭),
শকুনিৰ প্ৰতিশোধ,
কাশ্মীৰ কুমাৰী,
লাচিত,
দক্ষ যজ্ঞ,
সীতাৰ বনবাস,
কুৰি শতিকা,
কমলা কুৱঁৰী ইত্যাদি
কবিতা
পাপৰি (১৯৩৪); এই কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰে।
স্বপ্ন ভংগ (১৯৩৪)
ৰূপজ্যোতি (১৯৪৫)
নাৱৰীয়া
ব’ৰাগী
সংগীতৰ জগততো খোজ পেলোৱা গণেশ গগৈৰ যুগজয়ী গীতবোৰ বিভিন্ন আলোচনী যেন বাঁহী, আৱাহন, ঘৰ-জেউতি, দৈনিক বাতৰি ন-জোন আদিত প্ৰকাশ পাইছিল আৰু পিছলৈ ‘ৰূপজ্যোতি’ নামৰ কিতাপ আকাৰে প্ৰকাশ পায়। তেখেতৰ গীতিমালা নামৰ গ্ৰন্থখনত এই গানবোৰ লিপিবদ্ধ কৰা হৈছিল।
সন্মান
অসম চৰকাৰে ২০০৯ চনৰে পৰা কবিজনৰ সন্মানাৰ্থে গণেশ গগৈ বঁটা প্ৰদান কৰি আহিছে।
"গণেশ গগৈৰ জীৱন সুৰভি" নামৰ এখন তথ্যচিত্ৰ তেখেতৰ জীৱন আৰু কৰ্মাৱলী বিষয়ক সামৰি নিৰ্মাণ কৰা হৈছে, এই তথ্যচিত্ৰখন ঢাকাত অনুষ্ঠিত ২০০৭ চনৰ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ আনুষ্ঠানিকভৱে নিৰ্বাচিত কৰা হৈছিল।
গণেশ গগৈ কবিতা কানন নামে এখন উদ্যান অসমৰ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি কৰা হৈছে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
সৌন্দৰ্য আৰু কবি, গণেশ গগৈৰ এটা কবিতা, উৎস: সঁফুৰা ডট নেট।
গ্ৰন্থ
History of Assamese literature, by Birinchi Kumar Barua
Assamese literature: Volume 9, Part 2 - Page 84, Satyendranath Sarma
Encyclopaedia of Indian Literature: devraj to jyoti, Amaresh Datta
অডিঅ’
ৰেঘা দিব লাগে যদি (১৯৭৯) শ্ৰাৱ্য গীত
অসমৰ ব্যক্তি
অসমীয়া কবি
অসমীয়া নাট্যকাৰ
অসমীয়া অভিনেতা
অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
মৃত ব্যক্তি
|
4193
|
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BE%E0%A6%A6%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
|
হৰিপ্ৰসাদ বৰুৱা
|
হৰিপ্ৰসাদ বৰুৱা () অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক। তেওঁ স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।
প্ৰাৰম্ভিক জীৱন
হৰিপ্ৰসাদ বৰুৱা জন্ম হয় ১৮৮৯ চনৰ ১১ এপ্ৰিল তাৰিখে গোলাঘাট জিলাৰ খুমটাইত। তেওঁ ১৯০৪ চনত গোলাঘাট বেজবৰুৱা স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হোৱাৰ পিছত ১৯০৭ চনত কটন মহাবিদ্যালয়ৰ পৰা এফ.এ. পৰীক্ষাত ঊত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ কলিকতালৈ গৈ শিৱপুৰৰ বেংগল চিভিল ইঞ্জিনীয়াৰিং কলেজৰপৰা ১৯১৫ চনত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থানলাভ কৰি বি.ই. পৰীক্ষা পাছ কৰে।
কৰ্মজীৱন
হৰিপ্ৰসাদ বৰুৱাই প্ৰথমে অসম চৰকাৰৰ ইঞ্জিনীয়াৰিং বিভাগত এপ্ৰেণ্টিছ ইঞ্জিনীয়াৰ হিচাপে যোগদান কৰে। ১৯১৬ চনত তেখেতে Imperial and Provincial Service of Engineers ত যোগদান কৰে। এই সেৱাক পাছলৈ ভাৰতীয় অভিযন্তা সেৱা (Indians Service of Engineers, চমুকৈ ISE) বুলি নামকৰণ হয়। এই সন্মান লাভ কৰা মুষ্টিমেয় ভাৰতীয়ৰ ভিতৰত বৰুৱা অন্যতম আৰু অসমীয়াৰ ভিতৰত প্ৰথম। ১৯১৮ চনত সহকাৰী অভিযন্তা আৰু ১৯২৮ চনত কাৰ্যবাহী অভিযন্তালৈ পদোন্নতি হয়। তেখেতে মাৰ্চ, ১৯৩০ৰ পৰা জুন, ১৯৩১ লৈ, পুনৰ ১৯৩৪ চনৰ পৰা গড়কাপ্তানি বিভাগৰ অৱৰ সচিব আৰু সহকাৰী মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। ভাৰত স্বাধীন হোৱাৰ পাছত তেওঁ অসমৰ মুখ্য অভিযন্তা আৰু ৰাজ্যিক গড়কাপ্তানী সচিব হৈছিল।
অৱদান
হৰিপ্ৰসাদ বৰুৱাই অসমৰ বানপানীৰ সমস্যাটোৰ প্ৰতি গভীৰভাৱে মনোনিৱেশ কৰিছিল। তেখেতে জনপ্ৰিয় বিজ্ঞান জেউতি আলোচনীত সেই সম্পৰ্কে এলানি প্ৰবন্ধ লিখিছিল। ডিব্ৰুগড় নগৰৰ গৰাখহনীয়া ৰোধৰ বাবে তেওঁৰ আঁচনি অনুসৰি নিৰ্মাণ কৰা শিলৰ বুৰুজৰ নাম ‘বৰুৱা স্পাৰ’।
ডিব্ৰুগড় জিলাৰ খোৱাঙত বুঢ়ীদিহিং নৈৰ ওপৰত সজা দলংখন তেওঁৰ অভিযন্তা জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ। শিৱসাগৰ নগৰৰ দিখৌ নৈৰ ওপৰতো ১৯২৯-৩৪ চনত তেওঁৰ তত্ত্বাৱধানত এখন লোৰ দলং সাজি উলিওৱা হৈছিল। দলঙৰ বাবে প্ৰয়োজনীয় লো আৰু যন্ত্ৰ ইংলেণ্ডৰ পৰা অনা হৈছিল। দিখৌ নৈৰে জাহাজ আহিলে এই দলংখনৰ মাজ অংশ কপিকলেৰে ওপৰলৈ দাঙি দিয়াৰ ব্যৱস্থা ৰখা হৈছিল। ১৯৩৪ চনত একেদিনাই এই দুয়োখন দলং ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল।
১৯৩৫ চনত তেখেতে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ‘ওপঙা ঠুহা’ নামৰ এবিধ যতন উদ্ভাৱন কৰিছিল। তদুপৰি তেওঁ যুক্তাক্ষৰ নোহোৱাকৈ অসমীয়া টাইপ্-ৰাইটাৰ সাজি উলিয়াইছিল। কিন্তু অসম সাহিত্য সভাই অনুমোদন নজনোৱাত ইয়াৰ ব্যৱসায়িক ভিত্তিত উত্পাদন নহ'ল।
অসমত ইঞ্জিনীয়াৰিং শিক্ষাৰ বিকাশৰ বাবেও হৰিপ্ৰসাদ বৰুৱাই অৱদান আগবঢ়ায়। তেওঁৰ চেষ্টাতেই ১৯৪৮ চনত গুৱাহাটীৰ চান্দমাৰীত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰম্ভ হয়। তেওঁ অসমৰ প্ৰথম ইঞ্জিনিয়াৰিং কলেজ ‘অসম অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
সাহিত্য চৰ্চা
হৰিপ্ৰসাদ বৰুৱা শিশু-সাহিত্যিক হিচাপেও জনপ্ৰিয় আছিল। তেওঁৰ প্ৰকাশিত পুথিসমূহ হ’ল- মইনা, একপক্ষ, বিৰচতীয়াৰ দেশ আৰু অংক-ধাৰাপাত। অপ্ৰকাশিত পুথি- আদি অন্ত, আগুৱান আৰু এখন চিঠি। ইয়াৰ উপৰিও সাহিত্য আৰু বিজ্ঞান বিষয়ৰ ভালেমান প্ৰবন্ধ বিভিন্ন আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। তেওঁ ১৯৫৮ চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ বিজ্ঞান অধিবেশনৰ সভাপতি আছিল আৰু ১৯৬৮-৭০ চনৰ বাবে অসম বিজ্ঞান সমিতিৰ সভাপতি আছিল।
অন্যান্য অৱদান
শ্বিলংৰ মুকুল ক্লাব, অসম ক্লাব, বিজ্ঞান পৰিষদ আদি অনুষ্ঠানৰ লগত হৰিপ্ৰসাদ বৰুৱা জড়িত আছিল। তেওঁৰ চেষ্টাতে ১৯৫৩ চনত শ্বিলংত অসম সাহিত্য সভাৰ দ্বাবিংশ অধিবেশনখন অনুষ্ঠিত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰতো বৰুৱাৰ যথেষ্ট অৰিহণা আছে। ছিলঙত ‘গণেশ দাস চিকিৎসালয়’ স্থাপনৰ বাবে তেখেতে আগভাগ লৈছিল। তেওঁৰ প্ৰচেষ্টাতে শ্বিলংত ৰে’ডক্ৰছ হস্পিতেল আৰু মাতৃ মংগল কেন্দ্ৰ স্থাপন কৰা হয়। হৰিপ্ৰসাদ বৰুৱাক অসমৰ ৰে’ডক্ৰছ ছ’ছাইটিৰ জন্মদাতা বুলি কোৱা হয়।
মৃত্যু
১৯৭৪ চনৰ ১৩ জানুৱাৰীত হৰিপ্ৰসাদ বৰুৱাৰ মৃত্যু ঘটে।
তথ্যসূত্ৰ
"প্ৰান্তিক ১৬-৩১ মাৰ্চ ২০১১ সংখ্যা"-সুৰেণ শইকীয়াৰ প্ৰবন্ধ (পৃঃ ৪৫, ৪৬)
অসমীয়া শিক্ষাবিদ
অসমৰ বিজ্ঞানী
ভাৰতীয় অভিযন্তা
|
4196
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%A7%E0%A6%BE%20%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%20%E0%A6%AA%E0%A7%82%E0%A6%9C%E0%A6%BE%E0%A7%B0%E0%A7%80
|
অনুৰাধা শৰ্মা পূজাৰী
|
অনুৰাধা শৰ্মা পূজাৰী (, জন্ম: ১৯৬৪ চন) অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে। চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে। তেওঁ ২০২১ চনত 'ইয়াত এখন অৰণ্য আছিল' শীৰ্ষক উপন্যাসৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
যোৰহাটত জন্মগ্ৰহণ কৰা পূজাৰীয়ে দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত স্নাতক মহলাত অধ্যয়ন কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁ সমাজশাস্ত্ৰ বিষয়ত অধ্যয়ন কৰে। পাছলৈ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্ট ছাইন্সত সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। পিছলৈ তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েছন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। অসম বাণী কাকতত প্ৰকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্ৰথমখন উপন্যাস হৃদয় এক বিজ্ঞাপনৰ যোগেদি তেওঁ ক্ৰমাত্ জনপ্ৰিয়তা লাভ কৰে। ১৯৯৮ চনত প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক হোমেন বৰগোহাঞিয়ে সেই সময়ৰ মহত্ উপন্যাস আখ্যা দিয়ে। তেখেতে সমালোচনাত কয়, “এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।” ক্ৰমাগতভাৱে উপন্যাসখনৰ ১৪টা সংস্কৰণ প্ৰকাশ পায় আৰু পূজাৰীলৈ যথেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে।
পেচাদাৰী জীৱন
প্ৰথমাৱাস্থাত শৰ্মা পূজাৰীয়ে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ পাঠ্যক্ৰক গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টছৰ অধীনস্থ চিটেক ইনষ্টিটিউটত কিছুদিন শিক্ষকতা কৰিছিল। ইয়াৰ পিছত তেওঁ আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰে। পিছলৈ তেওঁ সাদিন গোষ্ঠীত যোগদান কৰে আৰু বৰ্তমান তেওঁ সাদিন কাকতৰ সম্পাদক হিচেপে কৰ্মৰত।
হৃদয় এক বিজ্ঞাপনৰ পিছতেই তিনিখন উপন্যাসৰ সংকলন 'এজন ঈশ্বৰৰ সন্ধানত' প্ৰকাশ পায় (১৯৯৮)। পৰৱৰ্তী বছৰবোৰত 'কাঞ্চন', 'চাহেবপুৰাৰ বৰষুণ' ইত্যাদি উপন্যাসসমূহ প্ৰকাশিত হয়। ২০০৪ চনত 'হৃদয় এক বিজ্ঞাপন'ৰ আভা ভট্টাচাৰ্যই কৰা ইংৰাজী অনুবাদ 'হাৰ্টছ এ শ্ব'বিজ' নতুন দিল্লীৰ স্পেকট্ৰাম পাব্লিকেচন যোগে প্ৰকাশ পায়। এই উপন্যাসখন ইতিমধ্যে বঙালী ভাষালৈও অনূদিত হৈছে। সাহিত্য অকাডেমিৰ পত্ৰিকা 'কণ্টেমপৰেৰি ইণ্ডিয়ান লিটাৰেচাৰ' আৰু জয়ন্ত মহাপাত্ৰ সম্পাদিত ওড়িয়া আলোচনী 'চন্দ্ৰভাগা'ত শৰ্মা পূজাৰীৰ গল্পৰ অনুবাদ প্ৰকাশিত হৈছে।
ভাৰতীয় শিশু কল্যাণ সমিতিয়ে মহিলা আৰু শিশু পুনঃনিৰ্মাণ কেন্দ্ৰ তথা কামৰূপ জিলা শিশু কল্যাণ সমিতিৰ সহযোগত গুৱাহাটীৰ হেম শিশু সদনত আয়োজন কৰা ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰদান অনুষ্ঠানত লেখিকাগৰাকী সন্মানীয় অতিথি আছিল।
সাহিত্য কৰ্মৰাজি
উপন্যাস
হৃদয় এক বিজ্ঞাপন, ১৯৯৮
এজন ঈশ্বৰৰ সন্ধানত, ১৯৯৮
কাঞ্চন (উপন্যাস), ২০০১, উপন্যাসখনত কাঞ্চন নামৰ এগৰাকী ছোৱালীৰ জীৱন কাহিনী চিত্ৰিত কৰা হৈছে। কাঞ্চনক কিছুমান সংকীৰ্ণ মনৰ পুৰুষে অবিৰতভাৱে প্ৰতাৰণা আৰু যৌন নিৰ্যাতন চলায়।
চাহেবপুৰাৰ বৰষুণ, ২০০৩, চাহেবপুৰা নামৰ এখন গাঁৱৰ সমাজকৰ্মীসকলৰ এক দুঃসাহসিক যাত্ৰা এই উপন্যাসখনে পোহৰলৈ আনিছে।
ব'ৰাগী নদীৰ ঘাট, ২০০৪
নাহৰৰ নিৰিবিলি ছাঁ ২০০৫, ইয়াক লেখিকাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ ডায়েৰী বুলি অভিহিত কৰিব পাৰি। সেই সময়ত তেওঁ লগ পোৱা চৰিত্ৰবোৰ আৰু তাত থকা দুবছৰত সংঘটিত হোৱা সকলো পৰিঘটনাৰ কথা কিতাপখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে।
ৰাগ অনুৰাগ,২০০৭
মেৰেং, ২০১০, মেৰেং বা ইন্দিৰা মিৰি নামৰ এগৰাকী শক্তিশালী মহিলাৰ কাহিনী।
সোণ হৰিণৰ চেঁকুৰ,২০১২,এই গ্ৰন্থখন এনে যুৱক-যুৱতীসকলৰ বাবে উৎসৰ্গিত কৰা হৈছে যিসকলে নিজৰ কেৰিয়াৰক লৈ অতি সচেতন আৰু উত্তেজিত হৈ পৰে আৰু বিফল হ’লে প্ৰায়ে আত্মহত্যাৰ দৰে পথ বাচি লয়। জীৱনটো এক অতি আকৰ্ষণীয় যাত্ৰা। ই অতি মূল্যৱান আৰু ইয়াক অচল কৰি পেলাব নোৱাৰি। গ্ৰন্থখনত এই বাৰ্তা দিয়া হৈছে যে যুৱক-যুৱতীসকলে নিজৰ ভাল লগা কামত নিজকে উৎসৰ্গিত কৰিব লাগে।
নীল প্ৰজাপতি, ২০১৩, এই গ্ৰন্থখন দম্পতীৰ মাজত থকা সৰু সৰু সমস্যা আৰু প্ৰেমেৰে ভৰপূৰ।
জলছবি, (২০১৪), এলঝেইমাৰৰ সমস্যাই বুঢ়া পিতৃ-মাতৃ আৰু তেওঁলোকৰ সন্তানৰ মাজত কেনেকৈ ব্যৱধানৰ সৃষ্টি কৰে, সেই কথা এই গ্ৰন্থখনত চিত্ৰিত কৰা হৈছে।ইয়াত এখন অৰণ্য আছিল২০১৮
"সুখৰ ৰামধেনু,২০২৩
গল্প সংকলন
বসন্তৰ গান, ১৯৯৯
এজন অসামাজিক কবিৰ বায়'গ্ৰাফী, ২০০১
কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া , ২০০৫
ন' মেনছ লেণ্ড (চুটিগল্পৰ সংকলন)আত্মজীৱনীমূলক ৰচনা
কলিকতাৰ চিঠি , ১৯৯৯
ডায়েৰী, ২০০১
অট’গ্ৰাফ, ২০০৪
আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু(ৰচনা)
অলপ চিন্তা অলপ গদ্য (সম্পাদকীয় সংগ্ৰহ)
প্ৰিয় মানুহ , প্ৰিয় কথা'', ২০১৩
বঁটা
সাহিত্য অকাডেমি বঁটা, ২০২১
ৰেনেছাঁ অসম বঁটা ২০১৩
২০০৩ চনত অসম সাহিত্য সভাৰ পৰা Kumar Kishore Memorial Literary Award লাভ কৰে।
২০০৩ চনত চাহেবপুৰাৰ বৰষুণ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাই তেওঁ শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা প্ৰদান কৰিছিল।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Op-Ed : Bharat Ratna and Sachin Tendulkar
অসমৰ ব্যক্তি
অসমীয়া ঔপন্যাসিক
অসমীয়া গল্পকাৰ
অসমীয়া প্ৰবন্ধকাৰ
অসমৰ সাংবাদিক
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
|
4211
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AE%E0%A6%B2%20%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%20%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80
|
কমল নাৰায়ণ চৌধুৰী
|
কমল নাৰায়ণ চৌধুৰী অসমৰ এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক হিচাবে জনাজাত। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয়ো কৰিছিল। অসমৰ চলচ্চিত্ৰ জগতত প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ৰ নিৰ্মাতা হিচাবে তেখেত চিৰস্মৰণীয়।
জন্ম আৰু শিক্ষা
কমলনাৰায়ণ চৌধুৰীৰ জন্ম হৈছিল ১৯১৬ চনৰ ২০ চেপ্তেম্বৰত গুৱাহাটীত। তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে প্ৰসন্ননাৰায়ণ চৌধুৰী আৰু মাতৃ হৰবালা। ১৯৩৬ চনত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।
কৰ্মজীৱন
‘মনোমতী’ কথাছবিত সংগীত পৰিচালক হিচাবে পোনপ্ৰথমে ১৯৪১ চনত কমলনাৰায়ণ চৌধুৰীয়ে কথাছবি জগতত ভৰি দিয়ে। তেখেতৰ পৰিচালিত প্ৰথম কথাছবিখন আছিল ‘বদন বৰফুকন’(১৯৪৬)। বহু বছৰ বিৰতিৰ মুৰত তেখেতে পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে ‘ভাইটি’ (১৯৭২) কথাছবি খনৰ যোগেদি। উল্লেখযোগ্য যে, এইখনেই অসমীয়া ভাষাৰ প্ৰথমখন ৰঙীন কথাছবি। ইয়াৰোপৰি কমলনাৰায়ণ চৌধুৰী দেৱে প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন প্ৰজাপতি আদি বিভিন্ন কথাছবিৰ বিভিন্ন ভূমিকাত অভিনয় কৰে।
মৃত্যু
১৯৮৫ চনৰ ৩ আগষ্ট তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে।
তথ্যসংগ্ৰহ
অসমৰ ব্যক্তি
অসমৰ চলচ্চিত্ৰ পৰিচালক
অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক
অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক
|
4214
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%81%E0%A6%A8%E0%A6%BF%E0%A6%A8%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
|
মুনিন বৰুৱা
|
মুনিন বৰুৱা () এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক মুনিন বৰুৱাৰ জন্ম হৈছিল ১৯৪৮ চনত। পোনপ্ৰথমে এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে কথাছবি জগতত ভৰি দিয়া মুনিন বৰুৱাই বোৱাৰী, ঘৰ সংসাৰ, সোণ মইনা আদি কথাছবি সমূহৰ চিত্ৰনাট্যকাৰ হিচাবে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮৭ চনত অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়া ভাবে প্ৰতিমা কথাছবিখন পৰিচালনা কৰি পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰে। পিতা-পুত্ৰ (১৯৮৮), পাহাৰী কন্যা (১৯৯০), প্ৰভাতী পখীৰ গান (১৯৯২) আদি সুস্থ বিনোদনধৰ্মী ছবিৰে দৰ্শকৰ মন জয় কৰে।
অসমৰ মৃতপ্ৰায় কথাছবি জগতখনক পুনৰ ঠন ধৰি উঠাত মুনিন বৰুৱাৰ অৱদান অপৰিসীম। ২০০০ চনত তেখেতৰ হিয়া দিয়া নিয়া কথাছবি খনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতখন পুনৰায় ঠন ধৰি উঠিছিল। এই চলচ্চিত্ৰখন অসমীয়া কথাছবি জগতৰ সৰ্বকালৰ এখন জনপ্ৰিয় কথাছবি হিচাবে পৰিচিত। তাৰ পাছতে দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু আদি কথাছবিৰে জনপ্ৰিয়তা অৰ্জন কৰে। ২০১৭ চনত তেখেতৰ পৰিচালিত অন্তিমখন ছবি প্ৰিয়াৰ প্ৰিয়ই মুক্তি লাভ কৰে। উল্লেখযোগ্য যে, দীনবন্ধু কথাছবিখন ২০০৫ চনৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ কথাছবিৰ সন্মান অৰ্জা বোলছবি। তেওঁ সকলোৱে ভাইমন দা নামেৰেহে চিনি পাইছিল। দুটা দশকত তেওঁ প্ৰায় ৯০খন জনপ্ৰিয় নাটক ৰচনা কৰিছে। তেওঁ অসমীয়া চি ডি ছবিৰ অটাইতকৈ নিৰ্ভৰযোগ্য চিত্ৰনাট্য লেখক।
২০১৮ চনৰ ৭ এপ্ৰিল তাৰিখে নিশা ১:৫৫ মিনিটত চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাই নিজ বাসভৱনত ইহ-সংসাৰ ত্যাগ কৰে।
জন্ম আৰু বংশ পৰিচয়
১৯৪৭ চনত গোলাঘাট জিলাৰ খুমটাইত মুনিন বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত হেমেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃৰ নাম আছিল লতিকা বৰুৱা। তেওঁৰ পিতৃ খুমটাই মৌজাৰ মৌজাদাৰ আছিল। পিতৃ-মাতৃৰ তিনিটা সন্তানৰ ভিতৰত তেওঁ কনিষ্ঠ আছিল। মূল ঘৰ খুমটাইত যদিও পৰিয়ালটো গোলাঘাটৰ বেঙেনাখোৱাত নিগাজিকৈ থিতাপি লৈছিল। তেখেতৰ দুয়োগৰাকী জ্যেষ্ঠ ভগ্নীয়েই এসময়ত কলেজত অধ্যাপনা কৰিছিল। ডাঙৰগৰাকী উৎপলা বৰুৱাই এছৰাজ বজাইছিল আৰু সৰুগৰাকী মঞ্জুলা বুজৰবৰুৱাই ভায়’লিন বজাইছিল। তেখেতৰ ডাঙৰ ভিনিহিয়েক হ’ল লেখক গৌতম প্ৰসাদ বৰুৱা। সৰু ভিনিহিয়েক হ’ল জীৱেন্দ্ৰমল বুজৰবৰুৱা। তেখেত বঙাইগাঁও ৰিফাইনেৰি এণ্ড পেট্ৰ’কেমিকেলছ লিমিটেড (বি আৰ পি এল)ৰ অধ্যক্ষ পৰিচালন সঞ্চালক আছিল।
ব্যক্তিগত জীৱন
১৯৭৪ চনৰ ডিচেম্বৰত যোৰহাটৰ তৰাজানৰ মঞ্জুলা বৰুৱাৰ সৈতে মুনিন বৰুৱা বিবাহপাশত আৱদ্ধ হয়। মঞ্জুলা বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ উল্লেখযোগ্য অভিনেত্ৰী আৰু কষ্টিউম ডিজাইনাৰ। কামৰ তাগিদাত তেখেতৰ পৰিয়ালটো গোলাঘাটৰ ঘৰ এৰি ১৯৮৮ চনৰ পৰা গুৱাহাটীত থাকিবলৈ লয়। তেওঁলোকৰ সন্তান দুটা: মানস (ৰিজু) আৰু পূজা।
পুত্ৰ মানস বৰুৱা এগৰাকী যুৱ চলচ্চিত্ৰ পৰিচালক।
কৰ্মজীৱন
মুনিন বৰুৱাই সত্তৰ দশকৰ মাজভাগত চিত্ৰনাট্যকাৰ আৰু সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।
মুনিন বৰুৱাই ২১খন মান চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ ভিতৰত বোৱাৰী, ঘৰ সংসাৰ, সোণ মইনা, মন-মন্দিৰ, শেৱালি, দাগ, বাৰুদ, ৰং, মায়া, বিধাতা, দীনবন্ধু ইত্যাদি উল্লেখযোগ্য। শিৱপ্ৰসাদ ঠাকুৰৰ বোলছবি বোৱাৰী, ঘৰ-সংসাৰ আৰু সোণমইনাত তেওঁ সহকাৰী পৰিচালক ৰূপে কাম কৰিছিল। বৰুৱাদেৱে মুখ্য চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৮৭ চনত প্ৰতিমা চলচ্চিত্ৰখনৰ জৰিয়তে। এই চলচ্চিত্ৰখন তেওঁ নিপন গোস্বামীৰ সৈতে যৌথভাৱে পৰিচালনা কৰিছিল। ইয়াৰ পিছত স্বাধীনভাৱে পিতা-পুত্ৰ বোলছবিখন পৰিচালনা কৰে।
চিত্ৰনাট্যকাৰ হিচাপে তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৯০ খনৰো অধিক নাটকৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ ভিতৰত আঘাত, কাল শংখ, সদাগৰ, শ্ৰীমান শ্ৰী মতী, চিৰিয়াখানা, জয় পৰাজয়, সূৰ্য্য পুত্ৰ কৰ্ণ, ৰুদ্ৰ ইত্যাদি উল্লেখযোগ্য।
চলচ্চিত্ৰৰ বাহিৰেও তেওঁ ধাৰাবহিকো পৰিচালনা কৰিছে: পাপু নিকু সংবাদ আৰু ৰুদ্ৰ (টেলিফিল্ম)।
মৃত্যু
২০১৮ চনৰ ৭ এপ্ৰিল তাৰিখে মুনিন বৰুৱাৰ ৭২ বছৰ বয়সত গুৱাহাটীৰ কাহিলিপাৰাত নিজা বাসভৱনত মৃত্যু হয়। বহুদিন ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী মঞ্জুলা বৰুৱা আৰু তেওঁৰ দুটি সন্তানক এৰি থৈ যায়।
চলচ্চিত্ৰপঞ্জী
পৰিচালক হিচাপে
বঁটা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
অসমৰ ব্যক্তি
অসমৰ চলচ্চিত্ৰ পৰিচালক
অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক
মৃত ব্যক্তি
চিত্ৰনাট্য লেখক
|
4222
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0
|
কামপুৰ
|
অসমৰ নগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত। নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত। কামপুৰ এখন উন্নত ঠাই। ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ৰকাশ পায়। অতীতৰ পৰাই কামপুৰ কাৰ্বি-আংলং জিলাৰ দুৱাৰ স্বৰূপ হৈ আছে। কামপুৰ পৰা ২০ কিঃমিঃ দক্ষিণেই কাৰ্বি-আংলং জিলাৰ সীমা। ইংৰাজী ১৯৬০-৬৫ চনৰ ভিতৰত কপিলী নৈৰ ওপৰেৰে দিয়া পকী দলঙে পাহাৰীয়া জিলা খনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। কামপুৰ চক্ৰৰ মাটি-কালি ১৪৩’১৭ বৰ্গমাইল। কামপুৰ মৌজাত ১৩৫ খন গাঁও আছে। এসময়ত কামপুৰ চাৰ্কোল অসমৰ ভিতৰতে সৰ্ববৃহৎ চাৰ্কোল আছিল আৰু ই লামডিং পৰ্যন্ত সামৰি লৈছিল। ২০১১ চনৰ লোক-পিয়ল অনুসৰি কামপুৰ জনসংখ্যাৰ ৯৪,৮৪৪ জন পুৰুষ আৰু ৯০,২৪৩ জন মহিলা, তথা সৰ্বমুঠ ১৮৫,০৮৭ জন জনসংখ্যা আছে।
কামপুৰ নামৰ উৎপত্তি
কামপুৰ নামটোৰ উৎপত্তি সম্পৰ্কত কেইবাটাও জনশ্ৰুতি আছে। যেনে-
প্ৰত্নতত্ববিদ ৰাজমোহন নাথ (The Background of Assamese Culture); ভাষাতাত্বিক ডক্টৰ বাণিকান্ত কাকতী (কলিতা জাতিৰ ইতিবৃত্ত), শ্ৰী প্ৰমোদ বৰা (শ্ৰীশ্ৰী ৰত্নাৱলী থানৰ ইতিবৃত্ত) আদি গৱেষক সকলে ১০৯০-১১১৫ খৃঃ ত ৰাজত্ব কৰা মহাৰাজ ধৰ্মপাল দেৱে কপিলী উপত্যকাৰ বৰ্তমানৰ কামপুৰতে ৰাজধানী পাতি ৰাজ্য শাসন কৰিছিল বুলি মত প্ৰকাশ কৰিছে। ইতিহাসবিদ কনকলাল বৰুৱায়ো তেখেতৰ Early history of Kamrupa গ্ৰন্থত প্ৰাকবৈদিক আৰ্য মূলীয় বৰাহী (ভৌমপাল) ৰজাসকলে কপিলী উপত্যকাত ৰাজত্ব কৰাৰ কথা উল্লেখ কৰিছে। ভৌম পাল বৰাহী বংশৰ ৰজা মহামানিক্যদেৱে কামপুৰৰ বুন্দুৰা-বুটিকুৰা গাঁও অঞ্চলত ৰাজত্ব কৰিছিল (ইয়াত প্ৰাচীন স্থাপত্য ভাস্কৰ্যৰ অৱশেষ প্ৰত্নতত্ব বিভাগে সংৰক্ষণ কৰিছে) বুলি গৱেষক প্ৰমোদ বৰাই একাধিক প্ৰৱন্ধত উল্লেখ কৰিছে। ভুঞাসকলৰ আদি চৰিত্ৰ পুথিত উল্লেখ থকা মতে, সগৰ ভূঞাৰ বংশৰ শ্যামন্ত ভুঞাই কামপুৰত ৰাজধানী পাতি কমতাপুৰৰ কৰতলীয়া ক্ষুদ্ৰ ৰাজ্য এখন স্থাপন কৰিছিল।
ডিমাচা কছাৰী ভাষাত ‘খাম’ মানে ‘কোনো ঠাই অধিকাৰ কৰা’, ‘বহা’ বুজায়। ‘পুৰ’ মানে শাৰী শাৰীকৈ গাঁও পাতি বসতি স্থাপন কৰা বুজায়। পুৰ মূলত সংস্কৃত শব্দহে। গতিকে খাম+পুৰ > কামপুৰ হ’ব পাৰে। উল্লেখযোগ্য যে পূৰ্বে কামপুৰ কছাৰী পাৰ নামেৰেহে জনাজাত আছিল। খামপুৰ > কামপুৰ শব্দই কছাৰী সকলে কপিলী নৈৰ পাৰত বসতি স্থাপনৰ ইংগিত দিয়ে।
আন এক কিংবদন্তি মতে, মহাভাৰতৰ যুগত এই অঞ্চলতেই দ্বিতীয় পাণ্ডৱ ভীমৰ লগত হিড়িম্বদাৰ আৰু অৰ্জুনৰ লগত প্ৰমীলা সুন্দৰীৰ কামনা পূৰ্ণ হৈছিল বাবেই এই অঞ্চলৰ নাম কামপুৰ নামে প্ৰখ্যাত হৈছিল।
পৰিবহন
ৰেলপথ
কামপুৰ অঞ্চলৰ মাজ মজিয়াতে স্থাপন হৈছে ৰেল আস্থান, যি গুৱাহাটী ৰেল আস্থানৰ পৰা প্ৰায় ২ ঘন্টাৰ দূৰত্ব আৰু কিলোমিটাৰ হিচাপে ১১৫ । নাম কামপুৰ ৰেলোৱে ষ্টেচন (ষ্টেচন ক'ড-KWM) । এই কামপুৰ ৰেল আস্থানত অসমৰ মাজেৰে যোৱা প্ৰায় কেইখন ৰেল ৰখোৱা হয় । মূলতঃ [[ৰঙিয়া ডিব্ৰুগড়]](১৫৯২৮), বি.জি. এক্সপ্ৰেছ (১৫৬৬৬), গুৱাহাটী ইন্টাৰচিটি (১৫৬০৬), ইন্টাৰচিটি এক্সপ্ৰেছ (১৫৬০৪), ব্ৰহ্মপুত্ৰ মেইল (১৪০৫৫), ইন্টাৰচিটি এক্সপ্ৰেছ (১৫৭১৮), লামডিং কামাখ্যা যাত্ৰীবাহী (৫৫৬০২), লামডিং-আলিপুৰযোৱাৰ এক্সপ্ৰেছ (১৫৪৭০) আদি ।
বিমানপথ
ইয়াৰ নিকটবৰ্তী বিমান বন্দৰ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু তেজপুৰ বিমানবন্দৰ ।
চিকিৎসালয়
কামপুৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়
কামপুৰ পুৰণা চিকিৎসালয়
উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান
কামপুৰ মহাবিদ্যালয়
কামপুৰ উচ্চত্তৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়
পূব কামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়
শংকৰদেৱ শিশু বিদ্যা নিকেতন, কামপুৰ
কামপুৰ ছোৱালী স্কুল
মাধৱ কন্দলী কনিষ্ঠ মহাবিদ্যালয়, কামপুৰ
ডেফডিল ইংলিছ স্কুল
গুৰুকুল প্ৰাক্-প্ৰাথমিক,গুৰুকুল প্ৰাথমিক,গুৰুকুল মজলীয়া,গুৰুকুল উচ্চ মাধ্যমিক,গুৰুকুল কনিষ্ঠ মহাবিদ্যালয়,গুৰুকুল ডিঃএলঃ এডঃ কলেজ,
কামপুৰ আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়
কামপুৰ জাতীয় বিদ্যালয়
জ্যোতি-বিষ্ণু-ভূপেন (JBB) কণিষ্ঠ মহাবিদ্যালয়।
কামপুৰৰ ধৰ্মীয় অনুষ্ঠান
নিজ কামপুৰ বুঢ়া নামঘৰ
শ্ৰী শ্ৰী মাধৱ থান
কামপুৰ কেন্দ্ৰীয় নামঘৰ
ৰতনাৱলী থান
ছেন্ডিকেট শিৱ মন্দিৰ
পুজাবাৰী মন্দিৰ
ৰেল গেট শিৱ মন্দিৰ
লগতে চাওক
নগাঁও
ৰহা
হোজাই
ৰজাগাঁও
তথ্য সূত্ৰ
অসমৰ নগৰ-মহানগৰ
নগাঁও জিলা
|
4234
|
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A6%BE
|
ফাকুৱা
|
ফাঁকুৱা (, ) ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।
পৌৰাণিক আখ্যান
পৌৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়। কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে।
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।
উৎসৱৰ বিৱৰণ
ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে। ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাঁকুগুৰি আৰু ফুলেৰে সজাই তোলে।
অসমৰ দৌল উৎসৱ
ফাঁকুৱাৰ লগত জড়িত অসমৰ উৎসৱক "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়। বৰপেটাত দৌলোত্সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে। এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়। অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ৰঙৰ উৎসৱ ফাকুৱা, লেখক কুশল হালৈ
The Spiritual Significance of Holi
Holi in pictures from B.B.C.
27 Big and Colorful Photos of Holi
Holi - the festival of colours
Holi
Best Holi Quotes
উৎসৱ
হিন্দুধৰ্মৰ উৎসৱসমূহ
|
4243
|
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8B%E0%A6%B9%E0%A7%B0
|
পোহৰ
|
মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশক পোহৰ বা দৃশ্যমান পোহৰ বা আলোক () বোলা হয়। দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যৰ পৰিসৰ হৈছে প্ৰায় ৩৮০ বা ৪০০ নেন'মিটাৰৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ নেন'মিটাৰ আৰু কম্পনাংকৰ পৰিসৰ হৈছে প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত। পদাৰ্থবিজ্ঞানৰ সংজ্ঞাত পোহৰ শব্দটোৰ দ্বাৰা মানুহৰ চকুৰ বাবে অদৃশ্য অৱলোহিত (নিম্ন কম্পনাংক) আৰু অতি বেঙুনীয়া (উচ্চ কম্পনাংক) অঞ্চলৰ নিকটৱৰ্তী বিকিৰণক সামৰি লোৱা হয়।
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূন্যত ইয়াৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।
পোহৰ 'ফ'টন' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়। পোহৰৰ বিষয়ে অধ্যয়নক 'আলোক বিজ্ঞান' বোলা হয় আৰু ই আধুনিক পদাৰ্থবিজ্ঞানত গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ।
পোহৰৰ গতি
শূন্য ত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিঃ/ছেঃ (প্ৰায় ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড)। আন্তৰ্জাতিক একক পদ্ধতিত পোহৰৰ গতিবেগ ধ্ৰুৱক আৰু দৈৰ্ঘ্যৰ একক মিটাৰ পোহৰৰ বেগৰ সাপেক্ষে সংজ্ঞাবদ্ধ কৰা হয়।
ইতিহাসৰ বিভিন্ন সময়ত বহু পদাৰ্থবিদে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত গেলিলিঅ’ই পোহৰৰ গতি মাপনৰ প্ৰয়াস কৰিছিল। ১৬৭৬ খ্ৰিঃত ডেনমাৰ্কৰ পদাৰ্থবিদ Ole Rømer ৰ দ্বাৰা পোহৰৰ গতি মাপনৰ পৰীক্ষা পৰিচালিত হৈছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত Rømer-এ বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, Io-ৰ গতি পৰ্যবেক্ষণ কৰিছিল। Io-ৰ কক্ষপথৰ আপাত পৰ্য্যায়কালৰ তাৰতম্য লক্ষ্য কৰি তেওঁ গনণা কৰি উলিয়াইছিল যে, পোহৰে পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ২২ মিনিট সময় লয়। দূৰ্ভাগ্যক্ৰমে সেইসময়ত ইয়াৰ আকাৰ জনা হোৱা নাছিল। Rømer-ৰ সময়ত পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ জোখ উপলব্ধ হোৱাহেঁতেন তেওঁৰ গনণাত পোহৰৰ গতিবেগ ২২৭,০০০,০০০ মিঃ/ছেঃ পোৱা গ'লহেঁতেন।
বিদ্যুত-চুম্বকীয় বৰ্ণালী
সাধাৰণতে, বিদ্যুত-চুম্বকীয় বিকিৰণক (ইয়াত 'বিকিৰণ' অভিধাত স্থানু বিদ্যুত আৰু চুম্বকীয় ক্ষেত্ৰ আৰু নিকট ক্ষেত্ৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই) তৰংগদৈৰ্ঘ্যৰ মানৰ ওপৰত নিৰ্ভৰ কৰি ৰে'ডিঅ', মাইক্ৰ'তৰংগ, অৱলোহিত, (আমি পোহৰ হিচাপে পোৱা) দৃশ্যমান অংশ, অতিবেঙুনীয়া, এক্স-ৰে' আৰু গামা ৰশ্মি, এইকেইটা ভাগত শ্ৰেণীবিভাজিত কৰা হয়।
বিদ্যুত-চুম্বকীয় বিকিৰণৰ আচৰণ ইয়াৰ তৰংগদৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল। উচ্চ কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্য কম, আৰু নিম্ন কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্যৰ বেছি। যেতিয়া বিদ্যুত-চুম্বকীয় বিকিৰণে এটীয়া পৰমাণু আৰু অণুৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ আচৰণ প্ৰতিটো কোৱাণ্টাত নিহিত শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
আলোক বিজ্ঞান
পোহৰ আৰু পদাৰ্থৰ সৈতে পোহৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া সম্পৰ্কীয় বিষয়ৰ অধ্যয়নক আলোক বিজ্ঞান বোলা হয়। আলোকীয় পৰিঘটনা যেনে, ৰামধেনু আৰু মেৰুজ্যোতি ইত্যাদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে পোহৰৰ প্ৰকৃতি সম্পৰ্কীয় বহুতো তথ্য উদ্ঘাটন কৰিব পাৰি।
তথ্যসূত্ৰ
আলোক বিজ্ঞান
|
4247
|
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%AE%E0%A6%AF%E0%A6%BC
|
সময়
|
সময় হৈছে পদাৰ্থবিজ্ঞানৰ এক মৌলিক একক, বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো ৰাশি(quantity)ৰ পৰিৱৰ্তনৰ হাৰ, যেনে পদাৰ্থৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ। সংঘটন সমূহৰ লৌকিক স্থানাংক তাৎক্ষণিক বৰ্তমানৰ সাপেক্ষে নীৰৱছিন্ন ভাৱে পৰিৱৰ্ত্তিত হয়। পৰিঘটনা সংঘটিত হয়, আৰু সংঘটনৰ স্থানাংক ক্ৰমে দূৰৱতী অতীতলৈ পৰ্যবসিত হয়। যুগ যুগ ধৰি সময় বা কাল ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ বাবে বহুলভাৱে আলোচ্য বিষয় হৈ আহিছে। সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰালস্য প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱা নাই। ইয়াৰ এক সৰলতম সংজ্ঞা হৈছে, "ঘড়ী বা কাল মাপন যন্ত্ৰৰ দ্বাৰা মাপিত ৰাশিটোৱেই হৈছে সময়"।
সম্যক ব্যাখ্যা
আন্তঃৰাষ্ট্ৰীয় একক পদ্ধতিত অন্তৰ্ভুক্ত সাতটা মৌলিক এককৰ এটা হৈছে সময়। অন্যান্য ভৌতিক ৰাশি, যেনে বেগৰ সংজ্ঞাৰ বাবে সময় ব্যৱহৃত হয়; সেয়ে এনেধৰণৰ ৰাশিৰ দ্বাৰা সময়ৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ চলোৱা প্ৰচেষ্টাই "সংজ্ঞাৰ ঘূৰ্নীয়ত্ব" জটিলতাৰহে সৃষ্টি কৰে। সময়ৰ এটা কাৰ্যকৰী সংজ্ঞা নিম্নোক্ত ধৰণে আগবঢ়োৱা হয়--কোনো চক্ৰীয় সংঘটন, যেনে মুক্ত ভাৱে দোলিত এটা দোলকৰ নিৰ্দিষ্ট সংখ্যক দোলনৰ পুনৰাবৃত্তিৰ পৰিসৰ পৰ্যবেক্ষণৰ দ্বাৰা সময়ৰ এক মানক একক; যেনে ছেকেণ্ড, নিৰ্ধাৰণ কৰিব পৰা যায়। এই মানক সময় উচ্চস্তৰীয় পৰীক্ষা-নিৰীক্ষা অথবা দৈনন্দিন পৰিক্ৰমা-এই দুয়ো ক্ষেত্ৰতে প্ৰযোজ্য আৰু ব্যৱহাৰ্য হয়। "সময়" নামৰ কোনো ৰাশিৰ প্ৰকৃতপক্ষে অস্তিত্ব আছেনে-সেই প্ৰশ্ন সম্পৰ্কে সময়ৰ কাৰ্যকৰী সংজ্ঞা নিমাত। এই সংজ্ঞাই ওপৰত উল্লেখ কৰাৰ দৰে মাথোঁ বোৱতী আৰু মাপনযোগ্য সময়ৰ গণনাকহে অন্তৰ্ভুক্ত কৰে। স্থান-কাল নামৰ একক সাতত্যক(continuum)ৰ সমীক্ষণে স্থান আৰু কাল বা সময় সম্পৰ্কীয় বহুতো প্ৰশ্নৰ উদ্ৰেক ঘটায়। এই প্ৰশ্নসমূহৰ শিপা প্ৰাকৃতিক দৰ্শন অধ্য়য়নৰ আদিভাগৰ সমীক্ষক সকলৰ চিন্তাধাৰা আৰু কৰ্মত ৰোপিত হৈ আছে।
তথ্যসূত্ৰ
ধ্ৰুপদী বলবিজ্ঞান
সময়
|
4248
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%97%E0%A6%B9%E0%A7%8D%E0%A6%AC%E0%A7%B0
|
কৃষ্ণগহ্বৰ
|
কৃষ্ণগহ্বৰ () হৈছে মহাকাশৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (compact) বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান (Spacetime) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে কৃষ্ণগহ্বৰ গঠন হ'ব পাৰে। কৃষ্ণগহ্বৰ একোটাৰ চৌপাশে গাণিতীয় ভাৱে সংজ্ঞাবদ্ধ "ইভেণ্ট্ হ'ৰাইজ'ন" Event horizon নামৰ এখনি পৃষ্ঠ আছে, আৰু এই পৃষ্ঠখনে "উভতিব নোৱাৰা বিন্দু" চিহ্নিত কৰে। তাপগতিবিজ্ঞানৰ 'নিখুঁত কৃষ্ণকায়' ৰ দৰে কৃষ্ণগহ্বৰে ইয়াৰ "হ'ৰাইজ'ন"ত আপতিত ক্ষুদ্ৰাংশও প্ৰতিফলিত নকৰাকৈ সকলো পোহৰ শোষণ কৰে, আৰু সেইবাবেই আৰু ইয়াক "কৃষ্ণ" নামকৰণ কৰা হৈছে। কোৱাণ্টাম বলবিজ্ঞানৰ মতে কৃষ্ণগহ্বৰেও অশূন্য উষ্ণতাত কৃষ্ণকায়ৰ দৰে শক্তি বিকিৰণ নিৰ্গত কৰিব পাৰে। এই উষ্ণতা কৃষ্ণগহ্বৰৰ ভৰৰ ব্যস্তানুপাতিক। সেইবাবেই, সূৰ্য্য়ৰ সমভৰৰ বা বেছিভৰযুক্ত তৰাৰ কৃষ্ণগহ্বৰ বিকিৰণ প্ৰত্যক্ষ কৰাটো জটিল কাৰ্য্য হৈ পৰে।
জ্যোতিৰ্পদাৰ্থ বিজ্ঞান
|
4249
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%AE%E0%A7%8D%E0%A6%B2%E0%A6%9C%E0%A6%BE%E0%A6%A8
|
অম্লজান
|
অম্লজান বা অক্সিজেন () এবিধ গোন্ধহীন অদৃশ্য গেছ। পৃথিৱীৰ অধিকাংশ জীৱ জীয়াই থাকিবৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰমাণু ভৰ ১৫.৯৯ আৰু পৰমাণু সংখ্যা ৮। আয়তন হিচাপত বায়ুমণ্ডলৰ প্ৰায় পাঁচ ভাগৰ এভাগ। ই অতি সক্ৰিয় গেছ, বিভিন্ন অক্সাইডৰ ৰূপত ইয়াক পোৱা যায়। জুলীয়া বায়ুৰ পৰা আংশিক পাতন প্ৰক্ৰিয়াৰে বিশুদ্ধ অক্সিজেন পাব পাৰি। ইয়াক জ্বালাই কৰা, ধাতুৰ টুকুৰা কটা আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
অধিক পঢ়ক
বাহ্যিক সংযোগ
Oxidizing Agents > Oxygen
Oxygen (O2) Properties, Uses, Applications
Roald Hoffmann article on "The Story of O"
WebElements.com – Oxygen
Chemistry in its element podcast (MP3) from the Royal Society of Chemistry's Chemistry World: Oxygen
Scripps Institute: Atmospheric Oxygen has been dropping for 20 years
ৰাসায়নিক মৌল
|
4250
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%9C%E2%80%99%E0%A6%A8
|
অজ’ন
|
অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ । ইয়াৰ IUPAC নাম ট্ৰাইঅক্সিজেন। ই এবিধ জাৰক । বায়ুৰ মাজেৰে শব্দহীন বৈদ্যুতিক ডিছচাৰ্জ পঠিয়াই উৎপন্ন কৰিব পৰা এইবিধ গেছৰ অণু একোটা তিনিটা অক্সিজেন পৰমাণুৰে গঠিত । ১৫ৰ পৰা ৩০ কিল’মিটাৰ উচ্চতাত থকা বায়ুমণ্ডলতহে কিছু অজ’ন থাকে । সূৰ্যৰপৰা অহা অতিবেঙুণী ৰশ্মি শুহি লৈ এই অজ’নে জীৱজগতক ৰক্ষা কৰে । তাপগতি বিজ্ঞানৰ তত্ত্বমতে অক্সিজেনৰ তুলনাত অ'জন দুঃস্থিত ।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ৰসায়ন বিজ্ঞান
|
4252
|
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%9F%E0%A7%80%20%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC
|
গুৱাহাটী বিশ্ববিদ্যালয়
|
গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু অতি পুৰণি বিশ্ববিদ্যালয়খনে অসমৰ শৈক্ষিক, বৌদ্ধিক তথা ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
ইতিহাস
গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ (Assam Act, XVI of 1947) আৰু অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হয়। ২৬ জানুৱাৰী ১৯৪৮ চনত গুৱাহাটী স্থিত অসমৰ প্ৰথমখন মহাবিদ্যালয় কটন কলেজৰ চুডমাৰ্চন হলত বিশ্ববিদ্যালয়ৰ প্ৰথমখন সভা অনুষ্ঠিত হয়। কটন কলেজৰ ভিতৰতে প্ৰথমে বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিচালনা কৰা হৈছিল যদিও ১৯৫৫-৫৬ চনত ইয়াক জালুকবাৰীৰ গোপীনাথ বৰদলৈ নগৰলৈ স্থানান্তৰিত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ।
পৰিসীমা
বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত অৱস্থিত। আনহাতে বিশ্ববিদ্যালয়খন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত, কামাখ্যা ৰে'ল ষ্টেছনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে অৱস্থিত। বৰ্তমান সমগ্ৰ অঞ্চলটোক গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়। বিশ্ববিদ্যালয়ৰ পৰিসীমাৰ ভিতৰত ৩০০০ হাজাৰ ছাত্ৰ-ছাত্ৰী থাকিব পৰা আৱাসসমূহৰ লগতে শিক্ষক-কৰ্মচাৰীৰ আৱাসসমূহো আছে।
স্বীকৃতি
বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council চমুকৈ NAAC), বাংগালুৰুৰ দ্বাৰা মূল্যাঙ্কিত আৰু 'A' গ্ৰেড প্ৰাপ্ত।
বিশ্ববিদ্যালয় সংগীত
বিশ্ববিদ্যালয় সংগীতটোৰ ৰচক ভূপেন হাজৰিকা। এই গীতটো বিশ্ববিদ্যালয়ৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে পৰিৱেশন কৰা হয়।
জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাৱটিব মহান মানৱতা
বিজ্ঞানে আনিব জোঁৱাৰ
নতুনৰ গতি খেদি ডেকা গাভৰু আমি
নিৰ্ভীক এই শতিকাৰ
অজ্ঞান চাকনৈয়া এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাৰ
জিলিকাব লুইতৰে পাৰ।
শৈক্ষিক দিশ
বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ
কলা
অসমীয়া বিভাগ
অৰ্থনীতি বিভাগ
শিক্ষাতত্ত্ব বিভাগ
ইংৰাজী বিভাগ
বুৰঞ্জী বিভাগ
ৰাজনীতি-বিজ্ঞান বিভাগ
সমাজতত্ত্ব বিভাগ
আৰৱিক বিভাগ
বাংলা বিভাগ
বড়ো বিভাগ
ইংৰাজী ভাষা শিক্ষণ বিভাগ
বিদেশী ভাষা বিভাগ
হিন্দী বিভাগ
ভাষাতত্ত্ব বিভাগ
গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিভাগ
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ
পাৰ্চি বিভাগ
দৰ্শন বিভাগ
মনোবিজ্ঞান বিভাগ
সংস্কৃত বিভাগ
সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ
বিজ্ঞান বিভাগ
ৰসায়ন-বিজ্ঞান বিভাগ
জীৱ-বিজ্ঞান বিভাগ
গণিত বিভাগ
উদ্ভিদ বিজ্ঞান বিভাগ
ভেষজ বিজ্ঞান বিভাগ
পদাৰ্থ-বিজ্ঞান বিভাগ
পৰিসংখ্যা বিভাগ
পৰিকলন অধ্যয়ন কেন্দ্ৰ
ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ
জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
জৈৱ-তথ্যপ্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
ভূগোল অধ্যয়ন কেন্দ্ৰ
নৃতত্ত্ব বিভাগ
কম্পিউটাৰ বিজ্ঞান বিভাগ
লোকসংস্কৃতি
Department of Electronics and Communication Technology
বাণিজ্য বিভাগ
Business Administration
আইন বিভাগ
সুবিধাসমূহ
গ্ৰন্থাগাৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ প্ৰথম অৱস্থাত ১৯৪৮ চনত গুৱাহাটীৰ চানমাৰীত (এতিয়া বিশ্ববিদ্যালয়ৰ পুৰণি কলনি নামেৰে জনাজাত) প্ৰতিষ্ঠা কৰা হয়। ১৯৬২ চনত সেই স্থানৰ পৰা বিশ্ববিদ্যালয়ৰ বৰ্তমান থকা স্থানলৈ স্থানান্তৰিত কৰা হয়। আনহাতে ১৯৮২ চনত গ্ৰন্থাগাৰটো বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈৰ নামেৰে নামকৰণ কৰা হয়। বৰ্তমান গ্ৰন্থাগাৰটোত ২৫,৯৪৯০খন কিতাপ, ১,০২২১২খন BOUND PERIODICALS, ২২৫০খন গৱেষণা গ্ৰন্থ আৰু পত্ৰ, ৬৯০৮খন প্ৰতিবেদন আৰু নিবন্ধ আৰু ৩০৬খন মানচিত্ৰ আছে। সাঁচিপাতৰ পুথি আছে ৪৫০০ খন। কৃষ্ণকান্ত সন্দিকৈৰ নিজা সংগ্ৰহৰ গ্ৰন্থ আছে ৭৫৯৩ খন। ইয়াত কম্পিউটাৰৰ দ্বাৰা কোনো গ্ৰন্থ অনুসন্ধান কৰাৰ ব্যৱস্থা ৰখা হৈছে। লগতে বিভিন্ন দৈনিক কাকত-আলোচনী অধ্যয়ন কৰাৰো ব্যৱস্থা আছে
চিকিৎসালয়
বিশ্ববিদ্যালয় ডাকঘৰ
বিশ্ববিদ্যালয় বেঙ্ক
অতিথিশালা
প্ৰেক্ষাগৃহ: বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰেক্ষাগৃহটো বিশ্ববিদ্যালয়ৰ মুখ্য তোৰণ (পুৰণি)ৰ ওচৰত আৰু কলা ভৱনৰ কাষত অৱস্থিত। প্ৰায় ১৮০০ আসনযুক্ত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ (চমুকৈ বি.কে.বি) অসমৰ বৃহৎ প্ৰেক্ষাগৃহসমূহৰ ভিতৰত অন্যতম। বিশিষ্ট অসমীয়া সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষক তথা বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাতা বিৰিঞ্চি কুমাৰ বৰুৱাৰ নামেৰে প্ৰেক্ষাগৃহটিৰ নামকৰণ কৰা হয়।
ছাত্ৰাবাস
বিশ্ববিদ্যালয়খনত মুঠ ১২টা ছাত্ৰাৱাস আছে।
লক্ষ্মীনাথ বেজবৰুৱা অসম আৰ্হি ৪ নং ছাত্ৰাৱাস
অতুল চন্দ্ৰ হাজৰিকা অসম আৰ্হি ৫ নং ছাত্ৰাৱাস
পদ্মনাথ গোহাঞিবৰুৱা অসম আৰ্হি ৬ নং ছাত্ৰাৱাস
লাচিত বৰফুকন অসম আৰ্হি ৭ নং ছাত্ৰাৱাস
জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস
জ্ঞানভিৰাম বৰুৱা অসম আৰ্হি ৯ নং আইন ছাত্ৰাৱাস
মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাৱাস
গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া ছাত্ৰাৱাস
বাণীকান্ত কাকতি ৩ নং দুমহলীয়া ছাত্ৰাৱাস
ভুবনেশ্বৰ বৰুৱা ৪ নং তিনিমহলীয়া ছাত্ৰাৱাস
ভি. ভেঙ্কত. ৰাও ৫ নং দুমহলীয়া গৱেষক ছাত্ৰাৱাস
বাবু জগজিভন ৰাম গৱেষক ছাত্ৰাৱাস
ছাত্ৰীনিবাস
বিশ্ববিদ্যালয়ত মুঠ ৯টা ছাত্ৰীনিৱাস আছে।
ৰাণী গাইডালু অসম আৰ্হি ২ নং আইন ছাত্ৰীনিৱাস
চন্দ্ৰপ্ৰভা শইকীয়ানী অসম আৰ্হি ৩ নং ছাত্ৰীনিৱাস
মূলা গাভৰু অসম আৰ্হি ১০ নং ছাত্ৰীনিৱাস
নলিনীবালা দেৱী ১ নং দুমহলীয়া ছাত্ৰীনিৱাস
ইন্দিৰা মিৰি ২ নং দুমহলীয়া ছাত্ৰীনিৱাস
পুষ্পলতা দাস ৩ নং তিনিমহলীয়া ছাত্ৰীনিৱাস
পদ্মাৱতী দেৱী ফুকননী ৪ নং দুমহলীয়া ছাত্ৰীনিৱাস
মামণি ৰয়ছম গোস্বামী৫ নং দুমহলীয়া ছাত্ৰীনিৱাস
গান্ধী ভৱন গৱেষক ছাত্ৰীনিৱাস
৮ নং তিনিমহলীয়া ছাত্ৰীনিৱাস
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
বিশ্ববিদ্যালয়ৰ ৱেবছাইট
অসমৰ বিশ্ববিদ্যালয়সমূহ
গুৱাহাটী
|
4253
|
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%87%E0%A6%9C%E0%A6%AA%E0%A7%81%E0%A7%B0%20%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC
|
তেজপুৰ বিশ্ববিদ্যালয়
|
১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে বিনোদ কুমাৰ জৈনক নিযুক্তি দিয়া হৈছে। গৱেষণাৰ দিশত বিশ্ববিদ্যালয়খনৰ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এক বিশেষ সুনাম আছে। বিশ্ববিদ্যালয় সংগীতৰ কথা আৰু সুৰ ড০ ভূপেন হাজৰিকাৰ।
ইতিহাস
১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ইয়াক অসম চুক্তিৰ এটি পৰিণাম বুলিও কোৱা হয়।
যাতায়াত ব্যবস্থা
তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ চহৰৰ পৰা ১৫ কি.মি পূবে নপামত অৱস্থিত। তেজপুৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় 3৫ মিনিটৰ দূৰত্বত অৱস্থিত। ইয়াৰ নিকটতম অসামৰিক বিমানকোঠ শালনি প্ৰায় (8) কি.মি. দূৰত্বত। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে তেজপুৰ চহৰত অট'ৰিস্কা আৰু ৰিস্কাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি। নপামলৈ তেজপুৰ চহৰৰ চৰকাৰী বাছ আস্থানৰ পৰা চলা বিশ্ববিদ্যালয়ৰ বাছৰ সহায়তো যাতায়ত কৰিব পাৰি। আৰু লগতে তেজপুৰ চহৰৰ পৰা ক্ৰমে দোলাবাৰী-পাঁচমাইল হৈ চলাচল কৰা অট'ৰিস্কাৰ সহায়তো নপামলৈ যাতায়ত কৰিব পাৰি।
পাঠ্যক্ৰম আৰু অন্তৰ্গত বিদ্যাপীঠসমূহ
তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ এটি সৰ্বভাৰতীয় পৰ্য্যায়ত এটা বাছনি পৰীক্ষাত উৰ্ত্তিন হোৱাতো বাঞ্ছনীয়।
স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:
অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া পাঠ্যক্ৰম
পাঁচ বছৰীয়া সন্মিলিত স্নাতকোত্তৰ পাঠ্যক্ৰম
স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:
কলা বিষয়ত স্নাতকোত্তৰ দুবছৰীয়া পাঠ্যক্ৰম
প্ৰায়োগিক আৰু গতানুগতিক বিজ্ঞান বিষয়ত স্নাতকোত্তৰ দুবছৰীয়া পাঠ্যক্ৰম
দু বছৰীয়া এম.বি.এ পাঠ্যক্ৰম
উল্লেখযোগ্য যে "কম্পিউটেছনেল চিচম’ল’জী" বিষয়ত এম.টেক ডিগ্ৰী প্ৰদান কৰা ই ভাৰতৰ একমাত্ৰ বিশ্ববিদ্যালয়। স্নাতকোত্তৰ পৰ্যায়ৰ পাছত বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত গৱেষণাৰ বাবে আবেদন কৰিব পাৰি।
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ সমূহ কেইখন মান বিদ্যালয়ত বিভক্ত কৰা হৈছে। সেই বিদ্যালয় কেইখন হৈছে-
অভিযান্ত্ৰিক বিদ্যাপীঠ
মানবীয়তা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠ
ব্যৱস্থাপনা বিজ্ঞান বিদ্যাপীঠ
বিজ্ঞান আৰু কাৰিকৰী বিদ্যাপীঠ
অভিযান্ত্ৰিক বিদ্যাপীঠ
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:
সংগণক বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ
অসামৰিক অভিযান্ত্ৰিক বিভাগ
অণুবিদ্যুত আৰু যোগাযোগীকৰন অভিযান্ত্ৰিক বিভাগ
শক্তি বিভাগ
খাদ্য অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিভাগ
যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
তড়িৎ অভিযান্ত্ৰিক বিভাগ
ডিজাইন বিভাগ
মানবীয়তা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠ
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:
সংস্কৃতি অধ্যয়ন বিভাগ
ইংৰাজী বিভাগ
বিদেশী ভাষা বিভাগ
গণসংযোগ আৰু সাংবাদিকতা বিভাগ
সমাজশাস্ত্ৰ বিভাগ
হিন্দী বিভাগ
অসমীয়া বিভাগ
সমাজ কৰ্ম বিভাগ
শিক্ষা বিভাগ
ব্যৱস্থাপনা বিজ্ঞান বিদ্যাপীঠ
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:
বাণিজ্য প্ৰশাসন বিভাগ
দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ
বিজ্ঞান আৰু কাৰিকৰী বিদ্যাপীঠ
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:
ৰাসায়নিক বিজ্ঞান বিভাগ
প্ৰাকৃতিক বিজ্ঞান বিভাগ
ঔষধ শিল্প বিভাগ
গাণিতিক বিজ্ঞান বিভাগ
আণৱিক বিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগ
পদাৰ্থ বিজ্ঞান বিভাগ
বিশ্ববিদ্যালয়ত থকা সুবিধা সমূহ
ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস, পুথিভৰাল, কম্পিউটাৰ চেণ্টাৰ, wi-fi আৰু LANৰ সুবিধা, বিশ্ববিদ্যালয়ৰ পৰা চহৰলৈ আৰু চহৰৰ পৰা বিশ্ববিদ্যালয়লৈ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বাছৰ সুবিধা, আভ্যন্তৰীন খেলা-ধুলাৰ বাবে অত্যাধুনিক আভ্যন্তৰীন ক্ৰীড়াগৃহ, অত্যাধুনিক ব্যামাগাৰ, দিবা-নৈশ খেলৰ বাবে "ফ্লাদ লাইট"ৰ ব্যৱস্থা থকা খেল পথাৰ, খোৱা-বোৱাৰ সুব্যৱস্থা থকা অত্যাধুনিক ভোজনগৃহ, মনোৰঞ্জন তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ অৰ্থে অত্যাধুনিক প্ৰেক্ষাগৃহ (কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ), প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰীৰ বাবে বজাৰগৃহ, সকলোৱে ব্যৱহাৰ কৰিব পৰা অত্যাধুনিক অতিথিগৃহ, স্বাস্থ্য কেন্দ্ৰ ইত্যাদি।
কেন্দ্ৰীয় গ্ৰন্থাগাৰ
তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰটি ১৯৯৪ চনত বিশ্ববিদ্যালয়খন স্থাপন হোৱাৰ সময়তে স্থাপন হয়। বৰ্তামান প্ৰায় 1,13,106খন (5 নবেম্বৰ 2018ৰ তথ্য) বিভিন্ন বিষয়ৰ প্ৰকাশিত কিতাপ/আন লিখা গ্ৰন্থাগাৰটিত আছে, ৯৩৯খন জাৰ্নেল (১৬২খন অফলাইন আৰু ৭৭৮খন অনলাইন) পুথিভঁৰালত ঊপলব্ধ। UGC-Infonetৰ যোগেদিও প্ৰায় ৭১৬৭খন ই-জাৰ্নেল ইয়াত পোৱা যায়। তদুপৰি INDEST-AICTEৰ এটা ডেটাবেচ আৰু বিভিন্ন দৃশ্য শ্ৰাব্য মাধ্যমৰ ই-কিতাপ পুথিভঁৰালটোত পোৱা যায়।
ছাত্ৰাবাস সমূহ
চৰাইদেউ ছাত্ৰাবাস- আহোম সাম্ৰাজ্যৰ ইতিহাসত পোৱা এটা নাম। পূৰ্বতে ইয়াৰ নাম আছিল "চৰাইদেউ ছাত্ৰ নিবাস"।
নীলাচল ছাত্ৰাবাস- গুৱাহাটীৰ নীলাচল পাহাৰৰ নামৰ লগত ৰজিতা খুৱা ৰখা হৈছে এই নাম।
কাঞ্চনজংঘা ছাত্ৰাবাস- পৃথিৱীৰ তৃতীয় সুউচ্চ পৰ্বতমালাৰ নামৰ লগত ৰজিতা খুৱাই ৰখিছে এই নাম।
পাটকাই ছাত্ৰাবাস- পাটকাই পৰ্বতৰ লগত ৰজিতা খুৱাই ৰখিছে এই নাম, এই পৰ্বত পাৰ হৈ আহোম সকলে অসমত প্ৰবেশ কৰিছিল।
শৰাইঘাট চি.ভি.ৰমণ ছাত্ৰাবাস- [গবেষণা পণ্ডিত পুৰুষ আবাস বুলিও জনাজাত] শৰাইঘাট দলং আৰু বিজ্ঞানী ৰমণৰ লগত ৰজিতা খুৱাই ৰাখিছে এই নাম।
ছাত্ৰীনিবাস সমূহ
বৰদৈচিলা মহিলা আবাস- বৰদৈচিলা (পঁচোৱা)ৰ নামৰ লগত ৰজিতা খুৱাই ৰখা হৈছে। পূৰ্বতে ইয়াৰ নাম আছিল "বৰদৈচিলা ছাত্ৰী নিবাস"।
ধনশিৰি মহিলা আবাস- ধনশিৰি উপনৈৰ নামৰ লগত ৰজিতা খুৱাই ৰখা হৈছে।
প্ৰাগজ্যোতিকা মহিলা আবাস- অসমৰ পুৰনি নাম প্ৰাগজ্যোতিষপুৰৰ লগত ৰজিতা খুৱাই ৰখা হৈছে এই নাম।
সোৱণশিৰি মহিলা আবাস- সোৱণশিৰি উপনৈৰ লগত ৰজিতা খুৱাই এই নাম ৰখা হৈছে।
কপিলি মহিলা আবাস- কপিলি উপনৈৰ লগত ৰজিতা খুৱাই এই নাম ৰখা হৈছে।
নৱ ছাত্ৰীনিবাস
পবিতৰা মেডাম কুৰী মহিলা আৱাস- (গৱেষক ছাত্ৰী আৱাস)। পবিতৰা অভয়াৰণ্য আৰু বিজ্ঞানী মেডাম কুৰীৰ লগত ৰজিতা খুৱাই ৰখা হৈছে এই নাম।
বিশ্ববিদ্যালয় সংগীত
তেজপুৰ বিশ্ববিদ্যালয় "বিশ্ববিদ্যালয় সংগীতটো" ৰচনা তথা সুৰ কৰিছিল ড॰ ভূপেন হাজৰিকা দেৱে ১৯৯৪ চনত। এই গীতটিত তেখেতে সুন্দৰ ভাৱে তেজপুৰ চহৰ আৰু বিশ্ববিদ্যালয়ৰ প্ৰতি থকা আশাৰ বিষয়ে বৰ্ণনা আছে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
পাটকাই পুৰুষ আবাস
অসমৰ বিশ্ববিদ্যালয়সমূহ
তেজপুৰ
|
4258
|
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%88%E0%A7%B1%20%E0%A7%B0%E0%A6%B8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A8
|
জৈৱ ৰসায়ন
|
জৈৱ ৰসায়ন () হৈছে জীৱিত প্ৰাণীৰ শৰীৰৰ ভিতৰত আৰু শৰীৰৰ লগত জড়িত সকলোধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়া। বিংশ শতিকাৰ শেষ দশকৰ পৰা জীৱৰ জীৱন প্ৰক্ৰিয়াৰ জটিলতাসমূহ জৈৱৰসায়নৰ সহায়ত সফলভাৱে বৰ্ণনা কৰিব পৰা হৈছে। আৰু বৰ্তমান সময়ত উদ্ভিদ বিজ্ঞান বা ঔষধ বিজ্ঞান বা বংশগতি বিজ্ঞান আদি জীৱবিজ্ঞানৰ প্ৰায় সকলো শাখা জৈৱ ৰসায়নৰ গৱেষণাৰ লগত জড়িত হৈ পৰিছে। বৰ্তমান সময়ত জৈৱ ৰসায়নৰ মূল লক্ষ্য হৈছে জীৱিত কোষৰ ভিতৰত জৈৱ অণুসমূহে কেনেকৈ বিভিন্ন প্ৰক্ৰিয়া সমাধা কৰে সেই কথা বুজি উঠা। যাৰ সহায়ত গোটেই প্ৰাণীদেহটো বুজি উঠা সম্ভৱ হ’ব।
জৈৱ ৰসায়ন আণৱিক জীৱবিজ্ঞানৰ লগত গভীৰভাৱে জড়িত। য’ত ডি.এন্.এৰ ভিতৰত লুকাই থকা বংশগতিৰ তথ্যসমূহ বাহিৰ কৰি জীৱন প্ৰক্ৰিয়াৰ ৰহস্যসমূহ অধ্যয়ন কৰিবলৈ আণৱিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। অধিকক্ষেত্ৰতে জৈৱৰসায়নে বৃহৎ জৈৱঅণু যেনে প্ৰ’টিন,কাৰ্বহাইড্ৰেট,নিউক্লিক এচিড আৰু লিপিডৰ গঠন,কাৰ্য আৰু ইহঁতৰ আন্তঃআণৱিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। এই জৈৱ অণুবোৰেই কোষৰ গঠন আৰু জীৱন প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰায়ভাগ কাম সমাধা কৰে।
জৈৱৰসায়নৰ আৱিষ্কাৰসমূহ চিকিৎসা,পৰিপুষ্টি আৰু কৃষিৰ ক্ষেত্ৰত প্ৰাথমিকভাৱে ব্যৱহাৰ কৰা হয়। চিকিৎসাবিজ্ঞানত জৈৱৰসায়নে ৰোগৰ কাৰণ নিৰ্ণয় কৰা আৰু নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰে। পৰিপুষ্টি বিজ্ঞানত জৈৱৰসায়নৰ সহায়ত সুস্বাস্থ্য বজাই ৰখা আৰু বিভিন্ন অভাৱজনিতৰোগৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হয়। কৃষিবিজ্ঞানত মাটিৰ গুণাগুণ নিৰ্ণয় কৰা,ৰাসায়নিক সাৰ প্ৰস্তুত কৰা আৰু কীট-পতংগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জৈৱৰসায়নে সহায় কৰে।
ইতিহাস
প্ৰাচীন গ্ৰীকসকলৰ সময়ৰ পৰাই জৈৱৰসায়নৰ ইতিহাস আৰম্ভ হৈছে। জৈৱৰসায়নৰ আৰম্ভণিৰ মুখ্য দিশটোৰ ওপৰত নিৰ্ভৰ কৰি উণবিংশ শতিকা বা তাৰ কিছু আগৰ পৰাই জৈৱৰসায়ন বিষয়টো বিজ্ঞানৰ এটা পৃথক শাখা হিচাপে অধ্যয়ন কৰা হয়। ১৮৩৩ চনত আনচেল্ম পায়েন(Anselme Payen)অৰ দ্বাৰা প্ৰথমটো উৎসেচক ডায়াষ্টেজ(বৰ্তমান এমাইলেজ)ৰ আৱিষ্কাৰকেই বহুতে জৈৱৰসায়নৰ আৰম্ভণি বুলি কব খোজে। কোনোৱে ১৮৯৭ চনত ইডুৱাৰ্ড বুক্নাৰে(Eduard Buchner) এলকহলিক্ কিণ্বনৰ জটিল ৰাসায়নিক প্ৰক্ৰিয়া আৱিষ্কাৰ হোৱাৰ পৰাই জৈৱৰসায়নৰ আৰম্ভণি বুলি দাবী কৰে। ১৮৪২চনত জুষ্টাচ ভন লিয়েবিগ(Justus von Liebig) নামৰ বিজ্ঞানীজনে প্ৰাণতত্ত্ব আৰু ৰোগনিৰূপণত প্ৰাণী ৰসায়ন আৰু জৈৱিক ৰসায়নৰ প্ৰয়োগ(Animal chemistry, or, Organic chemistry in its applications to physiology and pathology) নামৰ গৱেষণাত বিপাক ক্ৰিয়াৰ এটা দৰকাৰী ৰাসায়নিক সূত্ৰ আৱিষ্কাৰ কৰাৰ পৰাই জৈৱৰসায়নৰ আৰম্ভণি বুলি বহুতে আঙুলিয়াই দিয়ে। আকৌ কোনোৱে অষ্টাদশ শতিকাত এণ্টনি লেভয়ছিয়াৰে(Antoine Lavoisier) কৰা কিণ্বণ আৰু শ্বসন প্ৰক্ৰিয়ালৈ আগুৱাই যাব বিচাৰে। আন বহুতো জৈৱৰসায়নৰ বাটকটীয়া যিসকলে এই বিষয়টোৰ জটিলতাৰ আৱৰণখন আঁতৰাই সৰলীকৃত কৰিব বিচাৰিছিল তেওঁলোককো আধুনিক জৈৱৰসায়নৰ জনক হিচাপে অভিহিত কৰিব পাৰি। উদাহৰণস্বৰূপে এমিল ফিচ্চাৰৰ(Emil Fische) প্ৰ’টিনৰ ৰসায়নৰ ওপৰত আৰু এফ্.গৌলেণ্ড হপকিন্স(F. Gowland Hopkins)অৰ উৎসেচকৰ ওপৰত কৰা অধ্যয়ন।
জৈৱৰসায়ন শব্দটো জীৱ বিজ্ঞান(Biology) আৰু ৰসায়ন বিজ্ঞান(Chemistry) শব্দ দুটাৰ পৰা আহিছে। ১৮৭৭ চনত ফেলিক্স হপ্প্ চেলাৰে(Felix Hoppe-Seyler) Biochemistry শব্দটো Physiological Chemistryৰ সমাৰ্থক বুলি দাবী কৰে। জাৰ্মান ৰসায়নবিদ কাৰ্ল নিউবাৰ্গ(Carl Neuberg)অক ১৯০৩চনত জৈৱৰসায়ন জনক বুলি প্ৰায়ে কোৱা হয়। কিছু সন্মান ফ্ৰেঞ্জ হফমিষ্টাৰ(Franz Hofmeister)লৈকেও যায়।
জীৱবিজ্ঞানৰ ইতিহাসত এটা তাৎপৰ্যপূৰ্ণ আৱিষ্কাৰ হৈছে জিন আৰু ইয়াৰ বংশগতি চৰিত্ৰ পৰিবহণ সম্পৰ্কে আৱিষ্কাৰ। জৈৱ ৰসায়নৰ এই অংশটোক আণৱিক জীৱবিজ্ঞান বুলি কোৱা হয়। ১৯৫০ জেমছ্ ডি. ৱাটছন(James D. Watson),ফ্ৰেন্সিচ্ ক্ৰিক্(Francis Crick),ৰোজালিণ্ড ফ্ৰেঙ্কলিন (Rosalind Franklin) আৰু মৌৰিচ উইল্কিন্স(Maurice Wilkins) নামৰ বিজ্ঞানীকেইজনে ডি.এন.এৰ গঠন আৰু বংশগতি চৰিত্ৰ পৰিবহণ বিষয়ত তথ্য আগবঢ়ায়। ১৯৮৮ কলিন পিট্চফৰ্ক(Colin Pitchfork) নামৰ হত্যাকাৰীজনকেইই প্ৰথম ব্যক্তি হিচাপে ডি.এন.এৰ প্ৰমাণৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা হয়.। এইয়াই ফৰেঞ্চিক চায়েন্স(forensic science) বিকাশৰ আৰম্ভণি।
জীৱৰ ৰাসায়নিক মৌল
৯২টা প্ৰাকৃতিকভাৱে প্ৰাপ্ত মৌলৰ ভিতৰত ২ ডজন মৌল জীৱন প্ৰক্ৰিয়াৰ বাবে দৰকাৰী। মাত্ৰ ছটা মৌলই শৰীৰৰ ৯৯% ভৰ পূৰ কৰে। সেইকেইটা হ’ল কাৰ্বন (Carbon), উদজান (Hydrogen), নাইট্ৰ’জেন (Nitrogen), অম্লজান (Oxygen), কেলছিয়াম (Calcium) আৰু ফছফৰাছ (Phosphorus)।
জৈৱ অণু
জৈৱ অণুসমূহৰ চাৰিটা মুখ্য শ্ৰেণী হ’ল প্ৰ’টিন, কাৰ্বহাইড্ৰেট, নিউক্লিক এচিড আৰু লিপিড। বেছিভাগ জৈৱ অণুসমূহেই হ’ল বহুযোগী। একযোগীবোৰ হ’ল বহুতো সৰু সৰু অণু যিবোৰ লগ হৈ বৃহৎ বহুযোগী অণু গঠন কৰে। একযোগীবোৰ লগ হৈ বহুযোগী গঠন কৰা প্ৰক্ৰিয়াটোক নিৰ্জল সংশ্লেষণ (Dehydration Synthesis) বুলি কোৱা হয়।
কাৰ্বহাইড্ৰেট
শৰ্কৰাবোৰ হৈছে কাৰ্বহাইড্ৰেট,কিন্তু সকলো শৰ্কৰা কাৰ্বহাইড্ৰেট নহয়। জৈৱঅণু সমূহৰ ভিতৰত কাৰ্বহাইড্ৰেটৰ সংখ্যাই বেছি।
কাৰ্যাৱলী
শক্তিৰ উৎস
কোষৰ গঠনৰ উপাদান
সংৰক্ষিত আহাৰ
কাৰ্ব’হাইড্ৰেটৰ শ্ৰেণীবিভাজন
কাৰ্ব’হাইড্ৰেটক গঠন আৰু সংযুতিৰ ওপৰত ভিত্তি কৰি চাৰিটা শ্ৰেণীত ভগাব পাৰি। সেইকেইটা হ’ল:
একশৰ্কৰা (Monosaccharide)
দ্বিশৰ্কৰা (Disaccharide)
অলিগ’শৰ্কৰা (Oligosaccharide)
বহুশৰ্কৰা (Polysaccharide)
একশৰ্কৰা
আটাইতকৈ সৰল কাৰ্বহাইড্ৰেট হৈছে একশৰ্কৰা (Monosaccharide)। য’ত কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেন ১:২:১ অনুপাতত থাকে। সাধাৰণ সূত্ৰ হৈছে CnH2nOn য’ত n-ৰ মান কমেও তিনি হ’ব লাগে। গ্লুক’জ হৈছে এটা উল্লেখযোগ্য কাৰ্বহাইড্ৰেট। ফ্ৰুক্ট’জ নামৰ কাৰ্বহাইড্ৰেটটো ফলত পোৱা যায়। আটাইতকৈ সৰল একশৰ্কৰা হৈছে তিনি কাৰ্বনবিশিষ্ট ট্ৰায়জ (Triose), গ্লিচাৰেলডিহাইড (Glyceraldehyde) আৰু ডাইহাইড্ৰ’ক্সিএচিটন (Dihydroxyaceton)।
দ্বিশৰ্কৰা
দ্বিশৰ্কৰা (Disaccharide) দুটা একে বা বেলেগ কাৰ্ব’হাইড্ৰেটৰ অণু লগ হৈ গঠিত হয়। ইয়াৰ সাধাৰণ সূত্ৰ হৈছে Cn(H2O)n-1। উদাহৰণস্বৰূপে চুক্ৰ’জ (Sucrose), লেক্ট’জ (Lactose), মাল্ট’জ (Maltose) আদি।
অলিগ’শৰ্কৰা
এইবোৰ তিনিটাৰ পৰা ছটা একশৰ্কৰা লগ হৈ গঠিত হয়। উদাহৰণস্বৰূপে ৰেফিন’জ (Raffinose), মেলেজিট’জ (Melezitose)।
বহুশৰ্কৰা
বহুশৰ্কৰাবোৰ ছটাতকৈ বেছি একশৰ্কৰা লগ হৈ গঠিত হয়। উদাহৰণস্বৰূপে ষ্টাৰ্চ (Starch) আৰু ডেস্কট্ৰিন (Dextrin)।
লিপিড
লিপিডে বিভিন্ন ধৰণৰ অণু সামৰি লয়। এই অণুবোৰ জৈৱিক ক্ষেত্ৰৰ পৰা উদ্ভৱ হোৱা আৰু পানীত অদ্ৰৱণীয়। যাৰ ভিতৰত মম(waxes),ফেটি এচিড(fatty acid),ফেটি এচিডৰ পৰা উদ্ভৱ হোৱা ফছফ’লিপিড(phospholipids), স্ফিংগ’লিপিড( sphingolipids), গ্লাইক’লিপিড(glycolipids)আৰু টাৰ্পেনইড( terpenoids) অন্তৰ্ভুক্ত।
লিপিড এটা গ্লিচাৰল(Glycerol)ৰ অণু আৰু আন বেলেগ অণু লগ হৈ গঠিত হয়। ট্ৰাইগ্লিচাৰাইড অণু এটা গ্লিচাৰল আৰু এটা ফেটি এচিড অণু লগ হৈ গঠন হয়। এইক্ষেত্ৰত ফেটি এচিডবোৰ একযোগী বুলি গণ্য কৰা হয় আৰু ইহঁত সংপৃক্ত হ’ব পাৰে বা অসংপৃক্ত হ’ব পাৰে।
লিপিড দৈনিক খাদ্য তালিকাৰ অভিন্ন অংগ। বেছিভাগ তেল আৰু গাখীৰৰ পৰা উৎপন্ন বস্তুত লিপিড থাকে। কিছুমান লিপিড বিশেষকৈ ফছফ’লিপিড(Phospholipid) ভেষজবিজ্ঞানত ব্যৱহাৰ কৰা হয়।
প্ৰ’টিন
প্ৰ’টিনৰ অণুবোৰ হৈছে ডাঙৰ অণু। এইবোৰ এমাইন’ এচিড(Amino Acid) লগ হৈ গঠিত হয়। এটা এমাইন’ এচিডৰ অণুত এটা কাৰ্বনৰ লগত চাৰিটা চাৰিটা বেলেগ বেলেগ গ্ৰুপ লগ হৈ গঠিত হয়। সেয়া হ’ল এটা এমাইন(Amine,-NH2) গ্ৰুপ,এটা কাৰ্বক্সিলিক এচিড(Carboxylic acid,-COOH) গ্ৰুপ,এটা হাইড্ৰ’জেন(Hydrogen) আৰু এটা R-গ্ৰুপ। এই R-গ্ৰুপটো বেলেগ বেলেগ এমাইন’ এচিডত বেলেগ বেলেগ হয়। কিন্ত বাকী তিনিটা গ্ৰুপ একেই থাকে।
দুটা এমাইন’ এচিড পেপ্টাইড বান্ধোনেৰে সংযোগ হৈ থাকে। এই বান্ধোন হোৱাৰ সময়ত এটা পানীৰ অণু গুচি যায় আৰু এটা এমাইন’ এচিডৰ এমাইন গ্ৰুপৰ নাইট্ৰ’জেনটোৱে আন এটা এমাইন’ এচিডৰ কাৰ্বক্সিলিক এচিড গ্ৰুপৰ কাৰ্বনৰ লগত লগ হৈ বান্ধনিটো সম্পন্ন কৰে। এনেকুৱা দুটা এমাইন’ এচিডক ডাইপেপ্টাইড বোলা হয়। কেইবাটাও এমাইন’ এচিড(৩০টাতকৈ কম) লগ হৈ পলিপেপ্টাইড গঠন কৰে। বহুত কেইটা এমাইন’ এচিড লগ হৈ দীঘল শৃঙ্খল গঠন কৰে যিটো এটা প্ৰ’টিনৰ অণু। উদাহৰণ হিচাপে এলবুমিন প্ৰ’টিন ৫৮৫টা এমাইন’ এচিড লগ হৈ গঠন হয়।
প্ৰটিনৰ কাৰ্যাৱলী
শৰীৰগঠনত প্ৰ’টিন অপৰিহাৰ্য। অস্থি আৰু উপাস্থি গঠনত কলাজেন প্ৰ’টিন আৰু নখ-চুলি গঠনত কেৰাটিন প্ৰ’টিন লাগে।
শৰীৰৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰি ৰখা সকলোবোৰ উৎসেচক আৰু কিছু হ’ৰমন প্ৰ’টিনৰ দ্বাৰা গঠিত।
গ্ল’বুলিন(Globulin) প্ৰ’টিনে এণ্টিব’ডী গঠন কৰি শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাত সহায় কৰে।
এক্টিন(Actin) আৰু মায়’চিন(Myosin) প্ৰ’টিনে মাংসপেশীৰ সংকোচনত আৰু গ্ল’বিন(Globin) প্ৰ’টিনে আয়ৰণৰ সৈতে যুক্ত হৈ হিম’গ্ল’বিন গঠন কৰি তেজত অক্সিজেন পৰিবহণত সহায় কৰে।
এইবোৰৰ বাহিৰেও আন বহুতো জীৱনৰক্ষী কামত বিভিন্ন প্ৰ’টিনে অংশগ্ৰহণ কৰে।
নিউক্লিক এচিড
নিউক্লিক এচিড নাম দিয়াৰ মূলতে হৈছে ইয়াক কোষকেন্দ্ৰ(Neucleus)ত পোৱা যায়। এইবোৰ জটিল,উচ্চ আণৱিক ভৰবিশিষ্ট জৈৱৰাসায়নিক বৃহৎ অণু যিয়ে আনুবংশিক চৰিত্ৰসমূহ কঢ়িয়াই নিয়ে। ইয়াৰ একযোগীসমূহক নিউক্লিঅ’টাইড(Neucleotide) বুলি কোৱা হয় যি তিনিটা মূল উপাদানেৰে গঠিত। সেয়া হ’ল এটা পাঁচ কাৰ্বনযুক্ত শৰ্কৰা(Pentose Sugar),এটা ফছফেট গ্ৰুপ(Phosphate Group) আৰু এটা নাইট্ৰ’জেনযুক্ত আধাৰ বা ক্ষাৰক(Nitrogenous base)।
সাধাৰণতে উপলব্ধ নিউক্লিক এচিড হৈছে ডিঅক্সিৰাইব’নিউক্লিক এচিড আৰু ৰাইব’নিউক্লিক এচিড। পাঁচ কাৰ্বনযুক্ত শৰ্কৰা আৰু ফছফেট গ্ৰুপে নিউক্লিক এচিডৰ মেৰুদণ্ড গঠন কৰে। নাইট্ৰ’জেনযুক্ত আধাৰে বংশগতি চৰিত্ৰ সমূহ কঢ়িয়াই নিয়ে। নাইট্ৰ’জেনযুক্ত আধাৰকেইটা হৈছে এডেনিন(adenine),চাইট’ছিন(cytosine), গুৱানিন(guanine),থাইমিন( thymine) আৰু ইউৰেছিল( uracil)। এডাল নিউক্লিক এচিডৰ নাইট্ৰ’জেনযুক্ত আধাৰসমূহ আন এডাল নিউক্লিক এচিডৰ নাইট্ৰ’জেনযুক্ত আধাৰৰ লগত হাইড্ৰ’জেন বন্ধনিৰ দ্বাৰা বান্ধ খাই থাকে। এডেনিন(adenine),চাইট’ছিন(cytosine) আৰু গুৱানিন(guanine) এই তিনিটা ডিঅক্সিৰাইব’নিউক্লিক এচিড আৰু ৰাইব’নিউক্লিক এচিড দুয়োটাতে থাকে কিন্ত থাইমিন( thymine) অকল ডিঅক্সিৰাইব’নিউক্লিক এচিডত থাকে আৰু ইউৰেছিল( uracil) অকল ৰাইব’নিউক্লিক এচিডত থাকে।
বংশগতিৰ চৰিত্ৰ পৰিবহণ কৰাৰ বাহিৰেও নিউক্লিক এচিডে দ্বিতীয় বাৰ্তাবাহক()ৰ ভূমিকা গ্ৰহণ কৰে। লগতে প্ৰাথমিক শক্তিপৰিবাহী অণু এ.টি.পি(A.T.P)ৰ আধাৰ অণু হিচাপে কাম কৰে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
জৈৱ ৰসায়ন সমাজ
বিজ্ঞান
জৈৱ ৰসায়ন
|
4260
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%9C%E0%A7%88%E0%A7%B1%20%E0%A7%B0%E0%A6%B8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A8
|
অজৈৱ ৰসায়ন
|
ৰসায়ন বিজ্ঞানৰ এই শাখাটোত ঘাইকৈ অজৈৱ মৌল আৰু যৌগৰ গুণাগুণ অধ্যয়ন কৰা হয় । জৈৱ যৌগসমূহ বাদ দি আন সকলো ৰাসায়নিক পদাৰ্থৰ অধ্যয়ন ইয়াত সন্নিবিষ্ট । জৈৱ ৰসায়নৰ লগত ইয়াৰ পাৰ্থক্য লক্ষনীয় যদিও কিছু ক্ষেত্ৰত যেনে- জৈৱ-ধাতৱিক ৰসায়ন (ধাতৱিক কাৰ্বনেট)ৰ বেলিকা দুয়োটাৰ মিল দেখা যায় ।
তথ্য সংগ্ৰহ
ৰসায়ন বিজ্ঞান
|
4262
|
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%A1%E0%A6%BE%E0%A7%B0
|
ৰাডাৰ
|
অভিযান্ত্ৰিক বিদ্যা
ৰাডাৰ (ইংৰাজী: Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ । ৰেডিঅ’ তৰংগৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয় । এই পদ্ধতিত কেইবাশ কিল’ৱাট ক্ষমতাৰ বিদ্যুৎ চুম্বকীয় পাল্স খন্তেকৰ বাবে লক্ষ্য বস্তুৰ পিনে এৰি দি বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পাল্স গ্ৰাহক যন্ত্ৰত ধৰা পেলোৱা হয় আৰু অছিল’স্ক’পৰ সহায়ত সময়ান্তৰ নিৰ্ধাৰণ কৰি বস্তুটোৰ অৱস্থান উলিওৱা হয় ।
|
4263
|
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
|
পৰ্যাবৃত্ত তালিকা
|
পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা। তালিকাখনত ১৮টা থিয় শাৰী আৰু ৭টা পথালি শাৰী আছে। একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে। একোটা বৰ্গত থকা আটাইবোৰ মৌলৰ যোজ্যতা একে আৰু ৰাসায়নিক ধৰ্মও প্ৰায় সদৃশ। পৰ্য্যায় একোটাৰ বাওঁহাতৰ পৰা সোঁহাতলৈ মৌলবোৰৰ ধনাত্মকতা ক্ৰমান্বয়ে কমি যায়, ঋণাত্মকতা বাঢ়ি যায়। বহল পৰ্য্যাবৃত্ত তালিকাত লেন্থেনইড আৰু এক্টিনইডক ধৰি ৯টা পৰ্য্যায় আছে।
ৰাছিয়াৰ বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলীভে ১৮৬৯ চনত এই তালিকা পদ্ধতি উদ্ভাৱন কৰে। ১৯১৩ চনত হেনৰী ম’জেলে পাৰমাণবিক সংখ্যাৰ ভিত্তিত আধুনিক পৰ্য্যাবৃত্ত তালিকা প্ৰস্তুত কৰে।
তথ্য সংগ্ৰহ
ৰসায়ন বিজ্ঞান
|
4270
|
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A7%B0%E0%A6%AE%20%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%81%20%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%B2%E0%A6%BE
|
ইৰম চানু শৰ্মীলা
|
ইৰম চানু শৰ্মীলা ১৯৭২ চনৰ মাৰ্চ মাহৰ ১৪ তাৰিখে মণিপুৰত জন্মগ্ৰহণ কৰে। তেওঁক মণিপুৰৰ লৌহ মহিলা "Iron Lady of Manipur" বা "Menghoubi" ("the fair one") বুলিও কোৱা হয়। যোৱা ২০০০ চনৰ ২ নবেম্বৰৰ পৰা তেওঁ মণিপুৰৰ পৰা সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ (Armed Forces (Special Powers) Act, 1958 (AFSPA)) বাতিল কৰাৰ কাৰণে অনশন কৰি আছে। তেওঁৰ মতে মণিপুৰ আৰু উত্তৰ-পূৱ ভাৰতত ইয়েই হিংসাৰ মূল কাৰণ। বৰ্তমান অনশনৰ দহ বছৰ অতিক্ৰম কৰা শৰ্মীলাক পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সময় অনশন কৰা মহিলা হিচাপেও জনা গৈছে।
অনশনৰ বিষয়ে
২০০২ চনৰ ২ নৱেম্বৰত মণিপুৰৰ ইম্ফাল উপত্যকাৰ মালমত ভাৰতৰ অন্যতম পেৰামিলিটেৰী বাহিনী অসম ৰাইফলচ-অৰ জোৱানে বাচৰ কাৰণে ৰৈ থকা অৱস্থাত দহজন মণিপুৰী ভাৰতীয় নাগৰিকক হত্যা কৰে এই ঘটনাটো পাচলৈ "মালম গণহত্যা" বুলি জনাজাত হয়। পাচদিনাৰ স্থানীয় খবৰ কাগজত ফটোসহ এই ঘটনাৰ খবৰ চপা হয়। এই মৃতসকলৰ ভিতৰত ৬২ বছৰীয়া বৃদ্ধা লেইচাংবাম ইবেতমি আৰু ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় শিশুৰ সাহসীকতাৰ বটা বিজয়ী ১৮ বছৰীয়া ছিনাম চন্দ্ৰমণিও আছিল।
ইয়াৰে প্ৰতিবাদত এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ২৮ বছৰ বয়ষীয়া জী শৰ্মিলাই, অনশন আৰম্ভ কৰে। তেওঁৰ ভাতৃ ইৰম সিংহজিৎ সিঙৰ মতে "২ নৱেম্বৰ ২০০২ তাৰিখ আছিল বৃহস্পতিবাৰ। শৰ্মিলাই সৰুকালৰেপৰা বৃহস্পতিবাৰে ব্ৰত ৰাখিছিল। তেওঁ সেই "ব্ৰত"কে অব্যাহত ৰাখিবলৈ থিৰাং কৰিলে। " ৪ নৱেম্বৰ তাৰিখটোও অনশনৰ আৰম্ভণিৰ তাৰিখ হিচাবে কেতিয়াবা ধৰা হয়: ৩ তাৰিখ শুক্ৰবাৰে পেষ্ট্ৰী আৰু মিঠাইৰে নৈশভোজন শেষ কৰি শৰ্মিলাই মাতৃৰ পৰা ব্ৰত আৰম্ভ কৰিবলৈ অনুমতি বিচৰাৰ কথা স্থানবিশেষে উল্লেখ কৰা হয়।
ভাৰত চৰকাৰৰ ওচৰত শৰ্মিলাৰ মুখ্য দাবী হৈছে AFSPA উঠাই লোৱা। এই আইনে সৈন্যবাহিনীক সন্ত্ৰাসবাদী হোৱাৰ সন্দেহত যিকোনো ভাৰতীয় নাগৰিকক আটক কৰাৰ অধিকাৰ প্ৰদান কৰিছে। বিৰোধীপক্ষ আৰু মানৱাধিকাৰ গোটসমূহৰ মতে এই আইনে নিৰ্দোষ নাগৰিকক অত্যাচাৰ/আতিশয্য, অপহৰণ (forced disappearance) আৰু গুপ্তহত্যা (extrajudicial execution) আদি কৰাত সুবিধা কৰি দিছে।
অনশন আৰম্ভ কৰাৰ তিনিদিন পাচত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ (:en:Indian panel code) ৩০৯ ধাৰা "আত্মহত্যাৰ চেষ্টা"ৰ অভিযোগত শৰ্মিলাক গ্ৰেপ্টাৰ কৰি ন্যায়িক হিফাজতলৈ প্ৰেৰণ কৰে। তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে :en:nasogastric intubation ব্যৱহাৰ কৰি তেওঁক বলপ্ৰয়োগ কৰি খুৱাবলৈ বাধ্য হয়। তেতিয়াৰ পৰাই ইৰম শৰ্মিলাক নিয়মিতভাৱে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৯ ধাৰাৰ অধীনত প্ৰায়ে আটক কৰা আৰু এৰি দিয়া হৈ আহিছে। ৩০৯ ধাৰা মতে আত্মহত্যাপ্ৰৱণ ব্যক্তিক এক বছৰ পৰ্য্যন্ত জেল, বা জৰিমণা বা দুয়োটা হ'ব পাৰে।
তেওঁৰ কৰ্মৰাজি
বিভিন্ন পুৰস্কাৰ আৰু বঁটা
প্ৰসংগসমূহ
মণিপুৰৰ ব্যক্তি
অহিংস সত্যাগ্ৰহ
উগ্ৰপন্থী সমস্যা
|
4271
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%95%E0%A6%AC%E0%A7%81%E0%A6%B2%20%E0%A6%AB%E0%A6%BF%E0%A6%A6%E0%A6%BE%20%E0%A6%B9%E0%A7%81%E0%A6%9B%E0%A7%87%E0%A6%87%E0%A6%A8
|
মকবুল ফিদা হুছেইন
|
মকবুল ফিদা হুছেইন (, চমুকৈ এম এফ হুছেইন, জন্ম: ১৭ ছেপ্টেম্বৰ, ১৯১৫, মৃত্যু: ৯ জুন, ২০১১) ভাৰতৰ এজন চিত্ৰশিল্পী আছিল। তেওঁ পৰিবৰ্তিত কিউবিষ্ট শৈলীত কৰা ৰঙীন চিত্ৰসমূহৰ বাবে জনাজাত। তেওঁ বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃতি প্ৰাপ্ত ভাৰতীয় শিল্পীসকলৰ ভিতৰত অন্যতম আছিল।
হুছেইনৰ কৰ্মৰাজি
মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছত বিগত শতিকাৰ ৪০ৰ দশকৰ শেষৰ ফালে তেওঁ বোম্বে প্ৰগতিবাদী শিল্পী গোটত যোগদান কৰে। ইউৰোপৰ বিভিন্ন দেশ, নিউয়ৰ্ক, টকিঅ' আদিৰ বিখ্যাত আৰ্ট গেলাৰীত এম এফ হুছেইনৰ চিত্ৰই হাজাৰ হাজাৰ কলামোদীক ৰসৰ সাগৰত বুৰ যোৱাত সহায় কৰিছিল। অংকনৰ জগতৰ লগতে তেওঁ কেমেৰাৰে ছবি অঁকাৰ বাবে চেষ্টা কৰিছিল। ১৯৬৭ চনত নিৰ্মাণ কৰা তেওঁৰ প্ৰথমখন চিনেমা থ্ৰু দ্য আইজ অব এ পেইণ্টাৰ-এ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত 'গ'ল্ডেন বিয়েৰ বঁটা' লাভ কৰিছিল। পৰৱৰ্তী কালত তেওঁ টাবুক নায়িকাৰূপে লৈ মীনাক্ষী : এ টেল অৱ থ্ৰী চিটিজ আৰু মাধুৰীক নায়িকাৰূপে লৈ গজগামিনী নিৰ্মাণ কৰিছিল।
স্বীকৃতি আৰু সন্মান
কলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে হুছেইনক ১৯৬৬ চনত পদ্মশ্ৰী, ১৯৭৩ চনত পদ্মভূষণ আৰু ১৯৯১ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়।
হুছেইন আৰু বিতৰ্ক
১৯৮৬ চনত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হয়। বিগত শতিকাৰ ৯০ৰ দশকত হিন্দু দেৱীক নগ্ন ৰূপত অংকন কৰাৰ বাবে হুছেইন বিতৰ্কৰ মাজত সোমাই পৰে। তাৰ পিছতে হিন্দু উগ্ৰবাদীৰ পৰা জীৱনৰ বাবে ভাবুকি অহাৰ কাৰণে হুছেইনে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তেওঁ ২০০৬ চনৰ পিছৰে পৰা ডুবাই আৰু লণ্ডনত থাকিবলৈ লয়। ২০১০ চনত তেওঁ কাটাৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু দেশখনে নাগৰিকত্ব প্ৰদান কৰে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Husain's website
Collection of M.F. Husains's Good images
MF Husain collected news and commentary from The Times of India
Requiem for M.F. Husain, N. Ram, The Hindu, 10 June 2011
Slideshow, Financial Times
Maqbool Fida Husain, India’s Most Famous Painter, Dies at 95 NYTimes.com
ভাৰতৰ ব্যক্তি
কাটাৰৰ ব্যক্তি
মৃত ব্যক্তি
ভাৰতীয় চিত্ৰশিল্পী
পদ্মশ্ৰী বঁটা বিজয়ী
পদ্মভূষণ বঁটা বিজয়ী
পদ্মবিভূষণ বঁটা বিজয়ী
|
4276
|
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A6%87%E0%A6%A5%E0%A7%87%E0%A6%97%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%9B
|
পাইথেগাৰাছ
|
পাইথেগাৰাছ (; আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০ – খ্ৰীষ্টপূৰ্ব ৪৯৫) আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত। পাইথেগাৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগতভাৱে শাসকৰ আসনত বহুওৱাৰ সলনি গুণী-জ্ঞানী লোককহে তেনে পদত বহুৱাব লাগে। ইয়াৰ ফলত তেওঁ শাসকসকলৰ ৰোষত পৰিল। খ্ৰীষ্টপূৰ্ব ৫৩২ত তেওঁ ছামোছ এৰি ইটালীৰ ক্ৰটন নগৰলৈ যায় আৰু তাত নীতি আৰু ধৰ্মশাস্ত্ৰ অধ্যয়নৰ এক টোল গঢ়ি তোলে।
কোনো কোনোৱে বিশ্বাস কৰে যে পাইথেগাৰাছ থেলিছৰ চিন্তা-চৰ্চাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। থেলিছৰ সমস্ত ৰচনা তেওঁৰ হাতত পৰিছিল বুলিও বিশ্বাস কৰা হয়।
পাইথেগাৰাছৰ কোনো ৰচনা বা গ্ৰন্থয়েই পোৱা হোৱা নাই। তেওঁৰ মতে বাস্তৱ জগতখনৰ সকলো তথ্যয়েই আনকি সংগীতকো গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি। জ্যামিতিৰ কেইবাটাও কথা যেনে বিখ্যাত ‘পাইথেগাৰাছৰ উপপাদ্য’ তেওঁ আৱিষ্কাৰ কৰা বুলি কোৱা হয়।
পঞ্চম শতিকাৰ মাজভাগত পাইথেগাৰাছৰ মতবাদৰ বিৰুদ্ধে শাসকগোষ্ঠী আৰু ৰাইজ সজাগ হৈ উঠে আৰু টোলবোৰ ধ্বংস কৰা হয়। পাইথেগাৰাছৰ ছাত্ৰ ফিল’লাউছে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ নানা উদ্ভাৱন কিতাপৰ আকাৰত লেখি উলিয়াইছিল। পাছৰ দাৰ্শনিক এৰিষ্ট'টলে এই সকলো ধাৰণাকে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ সন্মিলিত ধাৰণা বুলি অভিহিত কৰিছে। পাইথেগাৰাছ আছিল অসামান্য প্ৰতিভাৰ অধিকাৰী। তেওঁ আছিল গণিত, দৰ্শন, জ্যোতিবিজ্ঞান আদি সকলোতে পাৰ্গত। পাইথেগাৰাছৰ শিক্ষাত গণিত শাস্ত্ৰ আৰু অতীন্দ্ৰিয়বাদ ধাৰণাৰ সংমিশ্ৰণত দেখা যায়।
তেখেতে গণিতলৈ দুটা অমূল্য অৱদান আগবঢ়াইছে। প্ৰথম, জ্যামিতিৰ প্ৰমেয়ৰ যুক্তিযুক্ত প্ৰমাণ দিয়া আৰু তেওঁ আঢ়ৈহাজাৰ বছৰ পূৰ্বেই অনুভৱ কৰিছিল যে স্বাভাৱিক সংখ্যাসমূহেই যথেষ্ট নহয়। তেওঁ স্বাভাৱিক সংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যথাযথভাৱে বিন্দু সজ্জিত কৰি কেনেকৈ বৰ্গক্ষেত্ৰ আৰু ত্ৰিভুজ নিৰ্মাণ কৰিব পৰা যায়, উদঙাই দেখুৱাই তেওঁ এহাতে সংখ্যাৰ লগত জ্যামিতিৰ সম্বন্ধ স্থাপন কৰিছিল আৰু তাঁৰৰ দৈৰ্ঘ্যৰ সৰল অনুপাত ক্ৰমে সুষম সংগীতধৰ্মী ধ্বনি, যেনে: তৃতীয়, অষ্টক আদি যে সৃষ্টি কৰিব পৰা যায়, সেই কথা আৱিষ্কাৰ কৰি তেখেতে পদাৰ্থবিদ্যাৰ লগত সংখ্যাৰ সম্বন্ধ স্থাপন কৰিছিল। ত্ৰিভুজ, বৰ্গক্ষেত্ৰ আৰু পঞ্চভুজৰ ওপৰত মহাজাগতিক গুৰুত্ব আৰোপ কৰি পাইথেগাৰাছৰ শিষ্যসকলে সমগ্ৰ গ্ৰীক জ্যামিতিৰ ভেটি গঢ়ি তুলিছিল।
তথ্যৰ মতভেদ
পাইথেগাৰাছৰ বিষয়ে থকা তথ্যসমূহৰ মাজত মতভেদ দেখা যায়। প্ৰায়বোৰ জীৱনীতে তেওঁক ঐশ্বৰিক আৰু পবিত্ৰ হিচাপে দেখুওৱা হৈছে। তেওঁৰ শৰীৰৰ পৰা দৈৱিক পোহৰ ওলোৱাৰ কথাও কোৱা হয়।
জীৱন
প্ৰায়বোৰ তথ্যৰ মতে তেওঁৰ জন্ম গ্ৰীচ দেশৰ চাম'চত, ব্যবসায়ী নেচৰ্কাচৰ ঘৰত প্ৰায় ৫৭০ খ্ৰীষ্টপূৰ্বত হৈছিল। তেওঁ ক্ৰেওফিলাচ, হাৰ্মদমাচ, বাইআচ, থেলেচ, এনেক্সিমেণ্ডাৰ, ফেৰেচাইদ্চ, থেমিষ্টীবা আদিৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিক্ষা অৰ্জনৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ কথা জানিব পৰা যায়। শিক্ষিত হৈ তেওঁ চাম'চ এৰি ক্ৰতনলৈ গ'ল। বিভিন্ন পণ্ডিতে বিভিন্ন কাৰণ দেখুৱাই। ক্ৰতনত তেওঁৰ ঢেৰ শিষ্য আছিল।
পাইথেগাৰিয়ানসমূহ
ক্ৰতনত তেওঁৰ ঢেৰ শিষ্য হ'ল। তেওঁলোকে পাইথেগাৰাছৰ নামত প্ৰতিষ্ঠান খুলিলে। তেওঁলোকে পাইথেগাৰাছৰ তত্ত্বাৱধানত গণিত, ধৰ্ম, বিজ্ঞান আদি চৰ্চা কৰিবলৈ ধৰিলে।
পাইথেগাৰিয়ান সকলৰ ধ্বংস
এবাৰ ক্ৰতন আৰু চাইবাৰিচৰ মাজত যুদ্ধ হ'ল। চাইবাৰিচক পৰাজিত কৰাৰ পিছত ক্ৰতনৰ মানুহবোৰে এখন অধিক গণতান্ত্ৰিক সংবিধানৰ দাবী কৰিলে। পাইথেগেৰাছ সন্মত নহ'ল। সুযোগ বুজি বহিষ্কৃত পাইথেগাৰিয়ান চাইলনে নেনন নামৰ এজনৰ লগত মিলি ৰাইজক উত্তেজিত কৰি প্ৰাৰ্থনা সভাৰ সময়ত তেওঁলোকক দাহ কৰিলে। অনেকৰ মতে পাইথেগাৰাছৰো তাতেই মৃত্যু হ'ল। কিন্তু আন কোনো কোনোৰ মতে, তেওঁ পলাই গ'ল মেতাপ'ন্তামলৈ, য'ত তেওঁ মৃত্যু নোহোৱা লৈকে উপবাস কৰিলে।
পাইথেগাৰাছৰ উপপাদ্য
পাইথেগাৰাছৰ উপপাদ্য পাইথেগাৰাছে প্ৰথম প্ৰমাণ কৰিছিল। ইয়াৰ প্ৰথম প্ৰয়োগ বেবিলোনিয়া আৰু ভাৰতত হৈছিল। পাইথাগৰিয়ান থিয়ৰামৰ মতে এটি ত্ৰিভুজত যদি কোনো অটি এংগ্ল-ৰ জোখ ৯০ ডিগ্ৰী হয়, তেনেহ'লে আতাইতকৈ দীঘল চাইদৰ বৰ্গফল আন দুটি চাইদৰ বৰ্গফল যোগ কৰিলে পোৱা যাব পাৰে। অৰ্থাৎ, যদি তেনে এটি ত্ৰিভুজৰ বাহুসমূহ 'ক','খ' আৰু 'গ' হয়, আৰু 'গ' আতাইতকৈ দীঘল, তেনেহ'লে 'ক'ৰ বৰ্গফল + 'খ'ৰ বৰ্গফল = 'গ'ৰ বৰ্গফল।
তথ্যসংগ্ৰহ
বাহ্যিক সংযোগ
গ্ৰীচৰ ব্যক্তি
মৃত ব্যক্তি
গণিতজ্ঞ
জ্যোতিৰ্বিজ্ঞানী
দাৰ্শনিক
|
4277
|
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%A1
|
ইউক্লিড
|
ইউক্লিড (আনুমানিক খ্ৰী:পূ: ৩৩০-খ্ৰী:পূ: ২৭৫) আছিল এজন মহান গ্ৰীক গণিতজ্ঞ। তেওঁক ‘জ্যামিতিৰ পিতা’ বুলিও অভিহিত কৰা হয়।
জীৱন
ইউক্লিডৰ জীৱন সম্পৰ্কে অতি কম কথা জনা যায়। গ্ৰীক দাৰ্শনিক প্ৰক্লাছ আৰু পেপ্পাছৰ ৰচনাত ইউক্লিডৰ উল্লেখ আছে। ধাৰণা কৰা হয় যে আলেকজেন্দ্ৰিয়াত ইউক্লিডে ট’লেমি-১ ছ’টাৰৰ ৰাজত্বকালত এখন বিদ্যালয় স্থাপন কৰিছিল আৰু তাত শিক্ষকতাও কৰিছিল। জীৱন সম্পৰ্কে নহ’লেও তেওঁৰ কৰ্মৰাজীৰ বিষয়ে বিশদভাৱে জনা যায়। বিশেষকৈ জ্যামিতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানসমূহ তেওঁৰ জীৱনকালৰ ২৩টা শতিকাৰ পিছতো স্মৰণ কৰা হয়। জ্যামিতিৰ বাহিৰেও ইউক্লিডে আলোকবিজ্ঞান, সংখ্যাবিজ্ঞান আদিৰো চিন্তা-চৰ্চা কৰিছিল।
এলিমেণ্টছ
‘এলিমেণ্টছ’(Elements) তেওঁৰ জ্যামিতিৰ এখন বিখ্যাত গ্ৰন্থ। ছপাৰ পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছত এই গ্ৰন্থখনৰ কমেও এহেজাৰ সংস্কৰণ ছপা হৈছে। জ্যামিতিৰ চৰ্চা ইউক্লিডৰ আগতেও আছিল, কিন্তু তেওঁ জ্যামিতিৰ যুক্তিবোৰ যথাযথভাৱে সজাই ইয়াক এক ক্ৰমবদ্ধ বিষয় হিছাপে প্ৰতিষ্ঠা কৰিলে। তেওঁ সৰলৰেখা,বিন্দু,ত্ৰিভুজ আদিৰ স্পষ্ট সূত্ৰ দিছিল আৰু এইবোৰৰ আলমত অনেক প্ৰতিজ্ঞা বা উপপাদ্যৰ যুক্তিসিদ্ধ প্ৰমাণ দাঙি ধৰিছিল। এই গ্ৰন্থত ‘সংখ্যাতত্ত্ব’ও সন্নিবিষ্ট কৰা হৈছে। তেওঁ 'এলিমেন্টচ' খন তেৰটা খণ্ডত বিভক্ত কৰি প্রতিটো খণ্ডকে একোখন পুথি হিচাপে নামাকৰণ কৰিছিলমে
অন্যান্য অৱদান
ইউক্লিডৰ নষ্ট নোহোৱাকৈ থকা আন আন গ্ৰন্থসমূহ হ’ল- Data, On Divisions of Figures, Catoptrics, Phaenomena আৰু Optics।
ওঠৰ শতিকাতহে জাৰ্মান গণিতজ্ঞ কাৰ্ল গাউছ(Karl Gauss)-এ এক অনা-ইউক্লিডীয় জ্যামিতিৰ উদ্ভাৱন কৰে যাক পাছলৈ ৰুছ গণিতজ্ঞ লবাছেভস্কি(Lobachevsky) আৰু হাংগেৰীয়ান গণিতজ্ঞ বলাই(Bolyai)-এ প্ৰকাশ কৰে। ই এতিয়া ইউক্লিডীয় জ্যামিতিৰ পৰা এক পৃথক ঠাল।
তথ্য সংগ্ৰহ
গণিতজ্ঞ
গ্ৰীচৰ ব্যক্তি
|
4283
|
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%B9
|
বিবাহ
|
বিবাহ () এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়।
উৎপত্তি
’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে। বিবাহ শব্দই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায়। যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয়।
হিন্দু বিবাহ
বিবাহ প্ৰথাটো অতি পুৰণি। বেদতো অনেক মন্ত্ৰত বিবাহৰ কথা উল্লেখ আছে।
সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ পতিঃ। তৃতীয়োহগ্নিস্তে পতিস্তুৰীয়্ষ্টে মনুস্যজাঃ॥ ঋগ বেদ ১০/৭/৮০
অৰ্থাৎ -"হে কন্যা! তোমাক প্ৰথমতে সোম, দ্বিতীয়তে গন্ধৰ্ব, তৃতীয়তে অগ্নি আৰু চতুৰ্থতে মনুষ্যৈ বিবাহ কৰিছিল। তেনেকুৱা তোমাক অগ্নিয়ে ধন পুত্ৰৰে সৈতে মোক দান কৰিছে। " বেদত উল্লেখ থকালৈ চাই ক’ব পাৰি য়ে বিবাহ নিশ্চয়কৈ বৈদিক পৰম্পৰা।
আৰ্য হিন্দুসকলৰ বিবাহ এটি গুৰুত্বপূৰ্ণ সংস্কাৰ। বিবাহ অনুষ্ঠানত মানৱ জীৱনৰ ঐহিক আৰু পাৰলৌকিক দিশত নানা ধৰণৰ তত্ত্বমূলক কথা জড়িত হৈ আছে। গৃহ্যসূত্ৰ-ৰ মতে গৃহযজ্ঞৰ মূল বিবাহ। হিন্দু পৰম্পৰা মতে প্ৰত্যেকজন পুৰুষ-নাৰীয়ে বিবাহ বন্ধনৰ দ্বাৰা সুখ-শান্তিৰে গৃহস্থাশ্ৰম পালন কৰিব লাগে।
বিবাহ আঠ প্ৰকাৰৰ, - ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰাজাপত্য, আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ।
ব্ৰাহ্ম বিবাহ : বিদ্বান-সদাচাৰী বৰক আহ্বান কৰি আনি অলংকাৰ আদিৰে অৰ্চনা কৰি দাতাই অলংকৃতা কন্যাক দান কৰাই হ’ল ব্ৰাহ্ম বিবাহ।
দৈব বিবাহ : জ্যোতিষ্টোমাদি য্জ্ঞত কৰ্মকৰ্তা পুৰোহিতক সালংকৃতা কন্যাদান কৰাই হ’ল দৈব বিবাহ।
আৰ্য বিবাহ : বৰৰ পৰা গো-যুগল বা দ্বি গো-যুগল (গাই গৰু) লৈ সেই গো-যুগলৰ সৈতে কন্যাদান কৰাই হ’ল আৰ্য বিবাহ।
প্ৰাজাপত্য বিবাহ : কন্যাদাতাই যোগ্য ব্যক্তিক বৰ হিচাবে অৰ্চনা কৰি, কন্যাজনীৰ সৈতে উভয়ে গাৰ্হস্থ ধৰ্ম আচৰণ কৰিবা-এইদৰে কৈ কন্যাদান কৰিলে তাক প্ৰাজাপত্য বিবাহ বুলি কোৱা হয়।
আসুৰ বিবাহ : কন্যা বা কন্যাৰ পিত্ৰাদিক য্থাশক্তি ধন দি বৰে নিজ ইচ্ছাৰে কন্যা গ্ৰহণ কৰা বিবাহেই আসুৰ বিবাহ।
গান্ধৰ্ব বিবাহ : বৰ আৰু কন্যাৰ পৰস্পৰৰ অনুৰাগবশতঃ যি বিবাহ সম্পাদন হয় সেয়ে হৈছে গান্ধৰ্ব বিবাহ।
ৰাক্ষস বিবাহ : যুদ্ধ বিগ্ৰহ কৰি বলপূৰ্ব্ক ঘৰৰ পৰা কন্যা হৰণ কৰি নিয়া বিবাহক ৰাক্ষস বিবাহ বোলে।
পৈশাচ বিবাহ : নিদ্ৰাত অভিভূত অৱ্স্থাত নাইবা মদ্যপানৰ দ্বাৰা বিহ্বল বা উন্মত্ত অৱস্থাত কন্যাক চল কৰি নিৰ্জনত ধৰ্ষণ কৰাৰ নামেই পৈশাচ বিবাহ।
বিবাহৰ উদ্দেশ্য: পত্নী একমাত্ৰ পুৰুষৰ ভোগ বিলাসৰ সামগ্ৰীয়েই নহয়। পত্নী গাৰ্হস্থ ধৰ্ম পালনৰ সহধৰ্মিণী। সেইকাৰণে বিবাহিতা পত্নীক সহধৰ্মিণী বা ধৰ্মপত্নী বা সহধৰ্মচাৰিণী বুলি কোৱা হয়। মহাভাৰতৰ শান্তিপৰ্বতো কোৱা আছে- ধৰ্মাৰ্থ কাম কালেষু ভাৰ্য্যা পুংসঃ সহায়িনী
অৰ্থাৎ- ধৰ্ম, অৰ্থ, আৰু কাম সাধনৰ ক্ষেত্ৰত ভাৰ্য্যাই একমাত্ৰ পুৰুষৰ সহায়কাৰিণী। পুৰুষ আৰু প্ৰকৃতি অকলশৰীয়া অৱস্থাত প্ৰত্যেকেই অৰ্দ্ধ। পুৰুষৰ অৰ্দ্ধ শৰীৰক পূৰ্ণাঙ্গ কৰিবৰ কাৰণে ভাৰ্য্যা গ্ৰহণ কৰিব লাগে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
African Marriage Rituals
For Better, for Worse: British Marriages, 1600 to the Present John Gillis. 1985. Oxford University Press. ISBN 0-19-503614-X
"Marriage – its various forms and the role of the State" on BBC Radio 4's In Our Time featuring Janet Soskice, Frederik Pedersen and Christina Hardyment
Radical principles and the legal institution of marriage: domestic relations law and social democracy in Sweden – Bradley 4 (2): 154 – International Journal of Law, Policy and the Family
Recordings & Photos from a College Historical Society debate on the role of marriage in modern life, featuring Senator David Norris and Senator Ronan Mullen.
The Delights of Wisdom Concerning Marriage (“Conjugial”) Love, After Which follows the Pleasures of Insanity Concerning Scortatory Love. by Emanuel Swedenborg (Swedenborg Society 1953)
সংস্কৃতি
বিবাহ
|
4295
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%95%20%E0%A6%9F%E0%A7%8B%E0%A7%B1%E0%A7%87%E0%A6%87%E0%A6%A8
|
মাৰ্ক টোৱেইন
|
ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ(৩০ নৱেম্বৰ,১৮৩৫- ২১ এপ্ৰিল ১৯১০) বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্ভেন্সাৰ্ছ অৱ টম ছয়াৰ (১৮৭৬) আৰু এড্ভেন্সাৰ্ছ অৱ হাকল্বেৰী ফিন (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল। ইয়াৰে পিছৰখনক "মহান আমেৰিকান উপন্যাস" বুলি অভিহিত কৰা হয়। মাৰ্ক টোৱেইনে শৈশৱ কালছোৱা মিচৌৰী নদীৰ এখন সৰু বন্দৰ নগৰ হানিবালত পাৰ কৰে। এই সময়ৰ অভিজ্ঞতাই তেখেতক পিছলৈ লিখনিৰ অনুপ্ৰেৰণা দিয়ে।
হেলীৰ ধুমকেতুৱে দেখা দিয়াৰ সময়ত মাৰ্ক টোৱেইনৰ জন্ম হৈছিল। তেখেতে ভৱিষ্যতবাণী কৰিছিল যে তেখেতৰ মৃত্যুও তাৰ লগতে হ'ব। সঁচাকৈ হেলীৰ ধুমকেতুৱে পিছৰবাৰ দেখা দিয়াৰ এদিন পিছতে টোৱেইনৰ মৃত্যু ঘটে। টোৱেইনক সেই সময়ৰ "মহানতম আমেৰিকান হাস্যৰসিক" বুলি অভিহিত কৰা হৈছিল আৰু ৱিলিয়াম ফক্নাৰে তেখেতক "আমেৰিকান সাহিত্যৰ জনক" বুলি সন্মান প্ৰদান কৰিছিল।
শৈশৱ আৰু যৌৱনকাল
মাৰ্ক টোৱেইনৰ পিতৃৰ নামজন মাৰ্চাল ক্লিমেঞ্চ আৰু মাতৃ জে’ন লেম্পটন ক্লিমেঞ্চ। ফ্ল’ৰিডাত তেখেতেৰ জন্ম হৈছিল। টোৱেইনৰ চাৰি বছৰ বয়সত পৰিয়ালটো মিচিচিপি নদীৰ ওচৰৰ হানিবাল নামৰ এখন সৰু বন্দৰ নগৰলৈ আহি বাস কৰিবলৈ লয়।
এঘাৰ বছৰ বয়সতে তেখেতৰ পিতৃৰ মৃত্যু হয়। তেতিয়া তেখেতে হানিবালত এটা ছপাশালৰ কামত যোগদান কৰে। ১৮৫১ চনৰ পিছত তেখেতে নিউইয়ৰ্ক, ফিলাডেলফিয়া আদি নগৰত ছপাশালত কাম কৰে। ১৮৫৯ চনত তেখেতে ভাপ জাহাজৰ নাবিক হ’বলৈ অনুজ্ঞাপত্ৰ লাভ কৰে। পাছলৈ তেখেতে সোণৰ খনিত কাম কৰাৰ উপৰিও কিছুকাল সাংবাদিকতাও কৰে।
১৮৭০ চনত মাৰ্ক টোৱেইন অ’লিভিয়া লেংডনৰ লগত বিবাহপাশত আবদ্ধ হয়। বাফেল'ত থকা সময়ত তেওঁলোকৰ পুত্ৰ লেংদনৰ ডিফথেৰিয়া ৰোগত মৃত্যু হয়। তেওঁলোকৰ চুজি, ক্লাৰা আৰু জিন নামৰ তিনিটি কন্যা সন্তানো আছিল।
লেখক জীৱন
মাৰ্ক টোৱেইনে লেখকজীৱনৰ আৰম্ভণিতে খুহুতীয়া গদ্য লিখিছিল যদিও পিছলৈ তেখেত মানৱতাৰ বিচিত্ৰতাৰ এজন শক্তিশালী লেখক, সমালোচক হৈ পৰে। নাবিক জীৱনৰ অভিজ্ঞতাৰ পৰা তেখেতে ‘মাৰ্ক টোৱেইন’(পানীৰ গভীৰতা বুজাবলৈ ব্যৱহৃত শব্দ) ছদ্মনাম গ্ৰহণ কৰে। ১৮৬৫ চনত নিউইয়ৰ্ক ছেটাৰডে প্ৰেছত তেখেতৰ প্ৰথম লেখা ‘The Celebrated Jumping Frog of Calaveras County’ প্ৰকাশ পায়। তাৰ পিছত তেখেতৰ হাস্যমধুৰ ভ্ৰমণ কাহিনী ‘The Innocents Abroad or The New Pilgrims' Progress’ আৰু ‘Roughing It’ প্ৰকাশ পায়। ইয়াৰ পিছৰ গ্ৰন্থ ‘ The Gilded Age: A Tale of Today’ আছিল তেখেতৰ উপন্যাস ৰচনাৰ প্ৰথম প্ৰয়াস। তাৰ পিছত শৈশৱৰ স্মৃতিৰে সংপৃক্ত গ্ৰন্থ ‘Old Times on the Mississippi’ আৰু ‘Life on the Mississippi’ প্ৰকাশ হয়। ইয়াৰ লগে লগে লেখক আৰু বক্তা হিছাপে মাৰ্ক টোৱেইনৰ জনপ্ৰিয়তা বাঢ়ি আহে।
১৮৭৬ চনত তেখেতৰ এখন জনপ্ৰিয় উপন্যাস ‘The Adventures of Tom Sawyer’ প্ৰকাশ পায়। ১৮৮৪ চনত তেখেতৰ শ্ৰেষ্ঠ উপন্যাস হিছাপে সমাদৃত ‘ Adventures of Huckleberry Finn’ প্ৰকাশ পায় যাক আমেৰিকাৰ প্ৰথম মহৎ উপন্যাস বুলিও কোৱা হয়। তেখেতৰ আন আন জনপ্ৰিয় কিতাপ আছিল- ‘The Prince and the Pauper’, ‘A Connecticut Yankee in King Arthur's Court’, ‘Pudd'nhead Wilson’, ‘Personal Recollections of Joan of Arc’ আদি। মাৰ্ক টোৱেইনৰ আত্মজীৱনীৰ প্ৰথম খণ্ড তেখেতৰ ইচ্ছা অনুসৰি তেখেতৰ মৃত্যুৰ এশ বছৰ পিছত ১৯১০ চনৰ নৱেম্বৰত প্ৰকাশ পায়।
শেষ জীৱন আৰু মৃত্যু
১৮৯৬ চনত জীয়ৰী চুজিৰ মৃত্যুৰ পিছত মাৰ্ক টোৱেইন বিষাদগ্ৰস্ত হৈ পৰে। তাৰ পিছত ১৯০৪ চনত পত্নী অ’লিভিয়া আৰু ১৯০৯ চনত আনজনী জীয়ৰী জিনৰ লগতে নিকট বন্ধু হেনৰী ৰজাৰ্ছৰো মৃত্যুৱে তেখেতৰ বিষণ্ণতা গভীৰ কৰি তোলে। ১৯০৬ চনত তেখেতে আত্মজীৱনী লিখা আৰম্ভ কৰে। ১৯০৭ চনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে তেখেতক সন্মানজনক ডক্টৰেট উপাধি প্ৰদান কৰে। ১৯০৯ চনত হৃদৰোগত এইগৰাকী লেখকৰ মৃত্যু ঘটে।
তথ্যসূত্ৰ
অতিৰিক্ত পঠন
Lucius Beebe. Comstock Commotion: The Story of the Territorial Enterprise and Virginia City News. Stanford University Press, 1954 ISBN 112218798X
Louis J. Budd, ed. Mark Twain, Collected Tales, Sketches, Speeches & Essays 1891–1910 (Library of America, 1992) (ISBN 978-0-94045073-8)
Ken Burns, Dayton Duncan, and Geoffrey C. Ward, Mark Twain: An Illustrated Biography. New York: Alfred A. Knopf, 2001 (ISBN 0-3754-0561-5)
Gregg Camfield. The Oxford Companion to Mark Twain. New York: Oxford University Press, 2002 (ISBN 0-1951-0710-1)
Guy Cardwell, ed. Mark Twain, Mississippi Writings (Library of America, 1982) (ISBN 978-0-94045007-3)
Guy Cardwell, ed. Mark Twain, The Innocents Abroad & Roughing It (Library of America, 1984) ISBN 978-0-94045025-7
James M. Cox. Mark Twain: The Fate of Humor. Princeton University Press, 1966 (ISBN 0-8262-1428-2)
Everett Emerson. Mark Twain: A Literary Life. Philadelphia: University of Pennsylvania Press, 2000 (ISBN 0-8122-3516-9)
Shelley Fisher Fishkin, ed. A Historical Guide to Mark Twain. New York: Oxford University Press, 2002 (ISBN 0-1951-3293-9)
Susan K. Harris, ed. Mark Twain, Historical Romances (Library of America, 1994) (ISBN 978-0-94045082-0)
Hamlin L. Hill, ed. Mark Twain, The Gilded Age and Later Novels (Library of America, 2002) ISBN 978-1-93108210-5
Jason Gary Horn. Mark Twain: A Descriptive Guide to Biographical Sources. Lanham, Md.: Scarecrow Press, 1999 (ISBN 0-8108-3630-0)
William Dean Howells. My Mark Twain. Mineloa, New York: Dover Publications, 1997 (ISBN 0-486-29640-7)
Fred Kaplan. The Singular Mark Twain: A Biography. New York: Doubleday, 2003 (ISBN 0-3854-7715-5)
Justin Kaplan. Mr. Clemens and Mark Twain: A Biography. New York: Simon and Schuster, 1966 (ISBN 0-6717-4807-6)
J. R. LeMaster and James D. Wilson, eds. The Mark Twain Encyclopedia. New York: Garland, 1993 (ISBN 0-8240-7212-X)
Jerome Loving, Mark Twain: The Adventures of Samuel L. Clemens (University of California Press; 2010) 491 pages, ISBN 9780520252578; Draws on newly discovered archival materials in a detailed biography
Bruce Michelson. Mark Twain on the Loose. Amherst: University of Massachusetts Press, 1995 (ISBN 0-8702-3967-8)
K. Patrick Ober. Mark Twain and Medicine: "Any Mummery Will Cure." Columbia: University of Missouri Press, 2003 (ISBN 0-8262-1502-5)
Albert Bigelow Paine. Mark Twain, A Biography: The Personal and Literary Life of Samuel Langhorne Clemens. Harper & Bros., 1912. ISBN 1847029833
Ron Powers. Dangerous Water: A Biography of the Boy Who Became Mark Twain. New York: Da Capo Press, 1999. ISBN 0306810867
Ron Powers. Mark Twain: A Life. New York: Random House, 2005. (0-7432-4899-6)
R. Kent Rasmussen. Critical Companion to Mark Twain: A Literary Reference to His Life and Work. Facts On File, 2007. Revised edition of Mark Twain A to Z ISBN 0816062250
R. Kent Rasmussen, ed. The Quotable Mark Twain: His Essential Aphorisms, Witticisms and Concise Opinions. Contemporary Books, 1997 ISBN 0809229870
বহিঃ সংযোগ
মাৰ্ক টোৱেইনৰ কৰ্মৰাজী
Mark Twain Classics – Twain's Speeches, Essays, Stories, and Quotes.
Mark Twain Project Online
38 Facsimile copies of 1st editions
. More than 60 texts are freely available.
Mark Twain's letters ed. by Albert Bigelow Paine (2 vol 1917) vol 2 online
Mark Twain Library, University of California Press. This series re-prints texts from the Papers and Works for students and the general reader.
The Works of Mark Twain, University of California Press. This series prints authoritative critical editions of Mark Twain's published works.
Mark Twain Papers, University of California Press. This series publishes Mark Twain's private papers–his letters, notebooks, unpublished literary works, and autobiography.
Jumping Frogs: Undiscovered, Rediscovered, and Celebrated Writings of Mark Twain, University of California Press. The Jumping Frogs series of books brings neglected Mark Twain treasures—stories, tall tales, novels, travelogues, plays, imaginative journalism, speeches, sketches, satires, burlesques, and much more—to readers.
A True Story, Repeated Word for Word As I Heard It. From The Atlantic Monthly. Nov. 1874: 591–594. Boston: Atlantic Monthly Co., November 1874. Boston: Atlantic Monthly Co., November 1874.
Academic studies
The Mark Twain Papers and Project of the Bancroft Library, University of California Berkeley. Home to the largest archive of Mark Twain's papers and the editors of a critical edition of all of his writings.
Buffalo Library Mark Twain Room, which houses the manuscript of Huckleberry Finn
Mark Twain Collection at the Harry Ransom Center at the University of Texas at Austin
জীৱন
Full text of the biography Mark Twain by Archibald Henderson
Obituary in San Francisco Call
Mark Twain's Mississippi at Northern Illinois University Libraries
Mark Twain at C-SPAN's American Writers: A Journey Through History
অন্যান্য
Literary Pilgrimages – Mark Twain sites
PBS Twain Interactive Scrapbook and San Francisco Chronicle article documenting that Clemens did not say "The coldest winter I ever spent was summer in San Francisco."
The Fountain Pens used by Mark Twain
Images of First Appearances of Mark Twain Works
article and rare pictures of Mark Twain and photographer Napoleon Sarony
Google map with placemarks for places in America associated with Twain
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
মৃত ব্যক্তি
আমেৰিকান লেখক
|
4301
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%98%E0%A6%BE%E0%A6%87%20%E0%A6%93%E0%A6%9C%E0%A6%BE
|
মঘাই ওজা
|
মঘাই ওজা (; ১৯১৬-১৯৭৮) অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী আছিল। জন্মসূত্ৰে মঘাই বৰুৱা নাম হ'লেও ঢোল বিদ্যাত তেখেতৰ পাৰদৰ্শিতাৰ বাবে "গণশিল্পী", "মঘাই ওজা" বা "ঢোলৰ যাদুকৰ" নামেৰে প্ৰখ্যাত হৈ পৰে। অসম আৰু ভাৰতত ঢোল বাদনৰে জনপ্ৰিয়তা অৰ্জন কৰাৰ উপৰিও তেখেত বলৰাজ চাহানী, সলিল চৌধুৰী আদিৰ দৰে ব্যক্তিৰ সংস্পৰ্শলৈও আহিছিল। তেখেতে গ্ৰামাফোন ৰেকৰ্ড আৰু বিভিন্ন অসমীয়া, বাংলা চলচ্চিত্ৰতো ঢোল বাদ্য পৰিবেশন কৰিছিল।
প্ৰাৰম্ভিক জীৱন
অসমৰ গণশিল্পী মঘাই ওজাৰ জন্ম হয় যোৰহাটৰ অন্তৰ্গত হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱত ১৮৩৮ শকৰ (১৯১৬ চন) মাঘৰ ১৫ তাৰিখে মঙ্গলবাৰে। তেওঁ চুতীয়া জনগোষ্ঠীৰ লোক আছিল। স্বচ্ছল নোহোৱা কাৰণে বিধবা মাতৃয়ে বৰ কষ্ট কৰি তেওঁক ডাঙৰ দীঘল কৰে। সৰুৰে পৰা মঘাই বুদ্ধিমান আছিল। তেওঁৰ পঢ়া-শুনাত ৰাপ আছিল যদিও আৰ্থিক অনাটনৰ কাৰণে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শেষ কৰি আৰু পঢ়িব নোৱাৰিলে।
অৱস্থাৰ তাড়নাত পৰি ল'ৰা মঘায়ে কিছুদিন চেনিজান নামৰ এখন চাহ বাগিচাত কাম কৰে; কিন্তু সেই কামত তেওঁৰ মন নবহিল। গতিকে তেওঁ ঘৰলৈ উভতি আহিল। বাল্যকালৰ পৰাই সুকুমাৰ কলা, বিশেষকৈ গীতবাদ্যৰ প্ৰতি মঘাইৰ অপৰিসীম অনুৰাগ আছিল। সেই কাৰণে তেওঁ বাগিচাৰ চাকৰি এৰি ওচৰৰে ডিম্বেশ্বৰ গগৈ নামে এজন বয়োবৃদ্ধ ওজাৰ ওচৰত ঢোল বাদ্যৰ শিক্ষা লয়। ইং ১৯৩১ চনৰ কথা। ঢোল বিদ্যাত তেওঁ এনে গভীৰভাৱে মনোনিবেশ কৰিলে যে অলপ দিনৰ ভিতৰতে ঢোল বাজনাৰ আটাইবোৰ গত আৰু ছেও আয়ত্ত কৰি পেলালে। লাহে লাহে তেওঁৰ ঢোল-বাদ্য প্ৰদৰ্শনৰ খ্যাতি অসমৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিল। তেওঁ নিজৰ শিল্পী জীৱনৰ বিষয়ে লিখিছে : "ষোল্ল বছৰৰ পৰাই মই শিল্পী জীৱনলৈ মন মেলিলোঁ। মোক কোনেও তাত বাধা দিয়া নাছিল। প্ৰথমতে মোক তেজপুৰলৈ নিমন্ত্ৰণ কৰে। তাৰ ওচৰতে গকুল বৰুৱা বুলি এজন চাহ খেতিয়কে মোক অনুপ্ৰেৰণা দিয়ে আৰু তেখেতেই মোক তেজপুৰলৈ লৈ যায়। তাত শ্ৰদ্ধেয় হেমাংগ বিশ্বাসে মোক লগ ধৰি কথা-বাৰ্তা পাতে আৰু সহায় সহানুভূতি আগবঢ়াই মোক ৰাইজৰ চকুৰ আগত ওলাবলৈ উদগনি দিয়ে।’’
মঘাই ওজাই যে কেৱল স্কুল-কলেজ, সভা-সমিতি বা অন্যান্য সংগীতানুষ্ঠানতহে ঢোল বজাইছিল এনে নহয় - জীৱনৰ আগছোৱাত বিয়া-বাৰু আদি অনুষ্ঠানতো ঢোল বজাইছিল আৰু ঢোল বজাই পোৱা পইছাৰে জীৱিকা নিৰ্বাহ কৰিছিল। তেওঁ নিজে গীত ৰচি গীতৰ সুৰ ঢোলত তুলিছিল। এই বিষয়ে তেখেতে লিখিছিল -
"গাঁৱৰ বিয়া-সবাহত মই ঢোল বজাওঁ আৰু যি পইচা পাওঁ তাৰে মই চলোঁ আৰু ঢোল কিনো। মই নিজে ঢোলৰ গীত-মাত ৰাগ-সুৰ ৰচনা কৰোঁ। মই নিজে নিজে অভ্যাস কৰোঁ - ঢোল, খোল, নেগেৰা, টোকাৰী আদি বজাবলৈ। ইবোৰৰ বাজনাই মোক আকৰ্ষণ কৰে। পিছত মই ভক্তিমূলক গাত-মাতবোৰ নিজে নিজে ৰচনা কৰি ঢোলত প্ৰকাশ কৰোঁ।"
সাংস্কৃতিক জীৱন
লাহে লাহে ঢোল-বাদক হিচাপে মঘাইৰ খ্যাতি চাৰিওফালে বিয়পি পৰিল। মঘাই বৰুৱা হ'লগৈ মঘাই ওজা, ঢোলৰ যাদুকৰ। বিভিন্ন সভা-সমিতি, বিহু আদি সাংস্কৃতিক অনুষ্ঠানত মঘাইৰ ঢোলৰ চাপৰি এটা আকৰ্ষণীয় অংগ হৈ পৰিল। এই অনুষ্ঠানবোৰত মঘাইৰ বিভিন্ন শিল্পীৰ সান্নিধ্যলৈ অহাৰ সুযোগ ঘটে। এই সম্পৰ্কে তেখেতে লিখিছে এবাৰ বাণ ৰঙ্গমঞ্চৰ সাহাৰ্যাৰ্থে পতা বিচিত্ৰানুষ্ঠানলৈ তেওঁ নিমন্ত্ৰিত হয় আৰু তাতেই বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, চন্দ্ৰ গোস্বামী আদি খ্যাতিমান শিল্পীসকলৰ সান্নিধ্যলৈ অহাৰ সুযোগ পায়। তেওঁলোকৰ পৰা ওজাই যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিল। এবাৰ এখন সংগীত সন্মিলনত হেনো বিখ্যাত তবলা বাদক শান্তাপ্ৰসাদৰ তবলাৰ লহৰৰ লগত মঘাইৰ ঢোলৰ প্ৰতিযোগিতা চলে। এই প্ৰতিযোগিতাত শান্তাপ্ৰসাদৰ তিনিটাকৈ তবলা ফাটি যায় আৰু মঘায়ে জয় লাভ কৰে।একে সময়তে কেইবাটাও ঢোল বজাই জীৱ-জন্তুৰ মাত, ৰেল-মটৰ আদি যান-বাহন চলোঁতে হোৱা শব্দ, ধুমুহা-বৰষুণ শব্দ আদি নিখুঁতভাৱে ফুটাই তোলাত মঘায়ে পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ কিলাকুটি, ভৰি, বুঢ়া আঙুলি, থুঁতৰি আৰু নাকেৰেও ঢোল বজাব পাৰিছিল।
১৯৫৪ চনত মঘাই ওজাই গণনাট্য সংঘৰ অসমৰ প্ৰতিনিধি হিচাপে ড° ভূপেন হাজৰিকাৰ সৈতে কলকাতাৰ ৱেলিংটন স্কোৱেৰত অনুষ্ঠিত গণনাট্য সংঘৰ অনুষ্ঠানত যোগদান কৰে৷১৯৫৫মঘায়ে গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰতীয় গণনাট্য সংঘৰ ( আই.পি.টি.এ) প্ৰদেশিক চতুৰ্থ সন্মিলনত যোগ দিয়াৰ সুবিধা লাভ কৰে। এই সংঘৰ যোগেদি তেওঁ দিল্লীত অনুষ্ঠিত আই.পি.টি.এ সন্মিলনত যোগ দিয়ে আৰু তাতে বিখ্যাত চিত্ৰ অভিনেতা বলৰাজ চাহানী, শিল্পী অণৰ শ্বেখ আদিৰ সান্নিধ্যলৈ অহাৰ সুযোগ লাভ কৰে। তাত বিষ্ণুপ্ৰসাদ ৰাভা, চৈয়দ আব্দুল মালিক, ভূপেন হাজৰিকা প্ৰমুখ্যে ভালেমান অসমীয়া শিল্পী সাহিত্যিক জড়িত আছিল। বলৰাজ চাহানী, কেৰেলাৰ গুৰু গোবিন্দ নাথ আদি শিল্পীসকলৰ তেওঁ প্ৰিয়ভাজন হ'ব পাৰিছিল। এবাৰ বোম্বেৰ জুহু বীচত থকা নিজঘৰত ৰাখি বলৰাজ চাহানীয়ে মঘাইক আদৰৰ আলহী হিচাপে আপ্যায়িত কৰিছিল। ১৯৫৯চনত মস্কোত অনুষ্ঠিত আন্তৰ্জাতিক যুৱ মহোৎসৱলৈ গণনাট্যৰ প্ৰতিনিধি হিচাপে মনোনীত হয়৷ পিছত অৱশ্যে এই যাত্ৰা বাতিল কৰা হয়৷ ১৯৬০ চনত অসমীয়া-বাংলাভাষীৰ মাজত হোৱা আলোড়নৰ সময়ত সাম্প্ৰদায়িক সংহতিৰ বাবে অসম ভ্ৰমণ কৰা শিল্পী দলক তেঁও সহযোগিতা আগবঢ়াইছিল৷
কথাছবি জগততো মঘাই ওজাই ঢোলৰ ছেও দেখুৱাই খ্যাতি আৰ্জিছিল। তেওঁ অংশগ্ৰহণ কৰা কথাছবি কেইখন হ'ল - "পিয়লি ফুকন" (অসমীয়া), "তৃষ্ণা" (হিন্দী), "মাহুত বন্ধুৰে" (বাংলা), "ৰঙা পুলিচ", আৰু "প্ৰতিধ্বনি" (অসমীয়া)। ইয়াৰ উপৰি তেওঁ ভালেমান মঞ্চনাট আৰু অনাতাঁৰ নাটৰ লগতো জড়িত আছিল। গ্ৰামোফোন ৰেকৰ্ড কৰা "খৰা শিয়ালৰ বিয়া", "ভাৰত স্বাধীনতা" আদি নাটত তেখেতে ঢোল বাদ্য পৰিবেশন কৰিছিল। 'মেঘে গজা', 'বৰষুণ অনা', 'ৰেলগাড়ী চলা' নামৰ ৰেকৰ্ড ওজাৰ স্বকীয় প্ৰতিভাৰ স্বাক্ষৰ হৈ ৰৈছে।
১৯৭৮ চনৰ ১৫ মাৰ্চত মেলেঙত থকা নিজা বাসভৱনত মঘাই ওজাৰ মৃত্যু হয়।
ঐতিহ্য
অসম চৰকাৰে ২০০৩ চনত "মঘাই ওজা বঁটা"ৰ ঘোষণা কৰে যদিও পিছলৈ ই অনিয়মীয়া হৈ পৰে।
২০০৯ চনত জয়ন্ত মাধৱ দত্তই "গণশিল্পী মঘাই ওজা" নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে।
২০১১ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কলা-সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ ব্যক্তিক "গণশিল্পী মঘাই ওজা বঁটা" প্ৰদান কৰাৰ কথা ঘোষণা কৰে। প্ৰথম বৰ্ষত এই বঁটা লাভ কৰে নন্দী শইকীয়াই।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাতীগড়ত "মঘাই ওজা স্মৃতি সৌধ" নিৰ্মাণ কৰে। হাতীগড়ত এখন "মঘাই ওজা সাংস্কৃতিক ক্ষেত্ৰ"ৰো নিৰ্মাণ কৰা হয়।
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
বাদ্যযন্ত্ৰী
|
4302
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A6%95%E0%A7%88
|
কৃষ্ণকান্ত সন্দিকৈ
|
কৃষ্ণকান্ত সন্দিকৈ (; ১৮৯৮-১৯৮২) অসমৰ এজন লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ আছিল। সংস্কৃত আৰু ভাষাতত্ত্বৰ ক্ষেত্ৰত তেখেতে বিৰল পাণ্ডিত্যৰ পৰিচয় দিছিল। শ্ৰীহৰ্ষৰ 'নৈষধ চৰিত', সোমদেৱৰ 'যশস্তিলক' আদি গ্ৰন্থৰ অনুবাদৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকি লাভ কৰে। ন বছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভূমিকা পালন কৰা সন্দিকৈ মাত্ৰ ৩৯ বছৰ বয়সত ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতিও নিৰ্বাচিত হৈছিল।
জন্ম
কৃষ্ণকান্ত সন্দিকৈৰ জন্ম ২০ জুলাই, ১৮৯৮ চনত অসমৰ যোৰহাট জিলাৰ সাতঘৰীয়া আহোম পৰিয়ালত হৈছিল। তেখেতৰ পিতৃ চাহ খেতিয়ক ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী সন্দিকৈ। অসমৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ উন্নতিকল্পে মুক্তহস্তে দান-বৰঙনি আগবঢ়োৱা হেতুকে জনসাধাৰণে কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াক "দানবীৰ" উপাধিৰে বিভূষিত কৰিছিল। দানবীৰ ৰাধাকান্ত সন্দিকৈৰ চাৰিজন পুতেকৰ ভিতৰত কৃষ্ণকান্ত সন্দিকৈ আছিল আটাইতকৈ ডাঙৰ। তেওঁৰ মাক নাৰায়ণী আইদেউ অসমৰ আন এগৰাকী পণ্ডিত লোক পদ্মনাথ গোহাঞি বৰুৱাৰ ভগ্নী আছিল৷
শিক্ষা
কৃষ্ণকান্ত সন্দিকৈয়ে প্ৰাথমিক শিক্ষা নিজা গৃহতে গ্ৰহণ কৰিছিল। তাৰ পিছত দেউতাকে যোৰহাটৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে। ইংৰাজী ১৯১৩ চনত পোন্ধৰ বছৰ বয়সত কৃষ্ণকান্তই যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সন্দিকৈয়ে কটন মহাবিদ্যালয়ৰ ১৯১৫ চনত আই এ পৰীক্ষাতো সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে নাম ভৰ্তি কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯১৭ চনত তেওঁ সংস্কৃতত প্ৰথম শ্ৰেণীৰ অনাৰ্চসহ বি এ পাছ কৰে আৰু “প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ণ পদক’’ লাভ কৰে৷ তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ৷ ১৯১৯ চনত সংস্কৃতৰ 'বেদ শাখা'ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে, স্নাতকোত্তৰ শ্ৰেণী ’বেদ শাখা’ত তেঁৱেই সেইবৰ্ষৰ একমাত্ৰ শিক্ষাৰ্থী আছিল আৰু তেওঁৰ গুৰু আছিল, মহামহোপাধ্যায় সীতাৰাম শাস্ত্ৰী৷ তদুপৰি সন্দিকৈয়ে ১৯২০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জীত স্নাতকোত্তৰ সন্মান লাভ কৰাৰ উপৰিও পেৰিছ আৰু বাৰ্লিন বিশ্ববিদ্যালয়ৰ অধীনত জাৰ্মান, ফৰাচী, ৰুছ , গ্ৰীক, লেটিন, ইটালিয়ান, স্পেনিছ আদি কেইবাটাও ভাষা শিকি আয়ত্ত কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ মুঠ ১৩টা ভাষা আয়ত্ত কৰিছিল, তাৰে ৮টা ইউৰোপীয়ান ভাষা আৰু ৫টা ভাৰতীয় ভাষা। ১৯২৩ চনৰপৰা ১৯২৭ চনলৈকে তেখেতে ইউৰোপৰ নানা ভাষা-সাহিত্য অধ্যয়ন কৰে।
ব্যক্তিগত জীৱন
১৯২৭ চনত বিদেশৰ পৰা তেওঁ অধ্যয়নৰ বাবে নিজা ধনেৰে ক্ৰয় কৰা বিপুল সংখ্যক কিতাপেৰে সৈতে স্বদেশলৈ উভতি আহে৷ স্বদেশলৈ আহি তেওঁ নগাঁৱৰ ইউ এন বুঢ়াগোহাঞিৰ জ্যেষ্ঠ কন্যা হেমলতা আইদেউক বিয়া কৰায়৷ তেওঁলোকৰ এটি ল’ৰা আৰু দুজনী ছোৱালী আছিল৷ ব্যক্তিগত জীৱনত তেওঁ সদায় সময়ানুৱৰ্তী আছিল৷ সময়ক তেওঁ অমূল্য ধন হিচাপে জুখি জুখি খৰচ কৰিছিল৷ কেতিয়াবা সময় অবাবতে যাব পাৰে বুলি তেখেতে নিজৰ ঘড়ীটোৰ কাঁটা দুঘণ্টা আগবঢ়াই ৰাখিছিল৷ অতি সাধাৰণ অনাড়ম্বৰ জীৱন কটোৱা সন্দিকৈয়ে সামৰ্থ্য থকা স্বত্বেও তেওঁ নিজৰ সন্তানক আন বিখ্যাত শিক্ষানুষ্ঠানলৈ নপঠিয়াই নিজে শিক্ষকতা কৰা জগন্নাথ বৰুৱা কলেজতে পঢ়ুৱাইছিল৷
বৃত্তি আৰু সমাজ সেৱা
কৃষ্ণকান্ত সন্দিকৈয়ে নিজে জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰি ১৯৩০ চনত সেই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে দায়িত্ব ভাৰ গ্ৰহণ কৰি কৰ্ম জীৱনৰ পাতনি মেলে। ১৯৩০ ৰ পৰা ১৯৪৮ চনলৈ তেখেতে অবৈতনিক ভাবে নিয়োজিত হৈ আছিল। "হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউট" সেই সময়তেই প্ৰতিষ্ঠা কৰিছিল। সম্পূৰ্ণ ১৮ বছৰ অধ্যক্ষৰ পদত কাৰ্যনিবাহ কৰাৰ পাছত সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে ১৯৪৮ চনত নিযুক্তি লাভ কৰে। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৯ বছৰৰ বাবে (১৯৪৮-৫৭) উপাচাৰ্যৰ আসনত আছিল। ১৯৩৭ চনত মাত্ৰ ৩৯ বছৰ বয়সত অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত সন্দিকৈয়ে সভাপতিত্ব কৰিছিল। তেখেত ১৯৫১ চনত লক্ষ্ণৌত অনুষ্ঠিত নিখিল ভাৰত প্ৰাচ্য সন্মিলনৰ প্ৰাচীন সংস্কৃত শাখাৰ সভাপতি আছিল। ১৯৯২ চনত মাদ্ৰাজত অনুষ্ঠিত উপাচাৰ্য সন্মিলন আৰু ৱাল্টাৰত অনুষ্ঠিত বিশ্ববিদ্যালয় সন্মিলনৰো সভাপতি হৈছিল। তেখেতে ১৯৬৭ চনত নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যলয়ক দান দিয়ে য’ত ১০ হেজাৰ অমূ্ল্য গ্ৰন্থ আছিল।
আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে জ্ঞান আৰু শিক্ষা বিস্তাৰৰ বাবে অহৰহ চেষ্টা চলাইছিল। তেখেতে জগন্নাথ বৰুৱা কলেজৰ বিজ্ঞান শাখাৰ বাবে নগদ ধনৰ টোপোলা আগবঢ়াইছিল, 'চন্দ্ৰকান্ত অভিধান'ৰ ২য় সংস্কৰণ প্ৰকাশ কৰাৰ যাৱতীয় খৰচ নিজে বহন কৰিছিল আৰু নিজৰ সহ-ধৰ্মিনী হেমলতা সন্দিকৈৰ স্মৃতি ৰক্ষাৰ্থে আঢ়ৈ লাখ টকা খৰচ কৰি হেমলতা সন্দিকৈ মেম'ৰিয়েল ইন্ষ্টিটিউট স্থাপন কৰিছিল। ১৯৪০ চনত অসম ছাত্ৰ সন্মিলনে প্ৰকাশ কৰা নিজৰ মুখপত্ৰ মিলনৰ বাবে কাগজৰ সম্পূৰ্ণ দাম সন্দিকৈয়ে স্বেচ্ছাই দিবলৈ গাত লৈছিল। সাহিত্যচাৰ্য্য অতুলচন্দ্ৰ হাজৰিকাৰ 'গগণাৰ সুৰ' আৰু 'স্মৃতিৰ পাপৰি' নামৰ দুখন কিতাপ প্ৰকাশৰ বাবে নগদ এহেজাৰ টকা আৰু তেওঁৰ জীৱনী লেখক আব্দুছ ছাত্তাৰৰ 'প্ৰসংগ কোষ'ৰ তৃতীয় সংস্কৰণৰ প্ৰকাশৰ বাবেও নগদ এহেজাৰ টকা তেওঁ দান হিচাপে আগবঢ়াইছিল। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় (যোৰহাটত থকা চন্দ্ৰকান্ত সন্দিকৈ ভৱন) সন্দিকৈ পৰিয়ালৰে দান। চন্দ্ৰকান্ত ভৱনৰ সকলো ধৰণৰ মেৰামতিৰ দায়িত্ব কৃষ্ণকান্ত সন্দিকৈয়ে নিজেই বহন কৰিছিল।
বঁটা আৰু সন্মান
ইংৰাজী ১৯৩৭ চনত ডিচেম্বৰ মাহত গুৱাহাটীত অসম সাহিত্য সভাৰ সপ্তদশ অধিবেশন অনুষ্ঠিত হয়। এই অধিবেশনত সভাপতিত্ব কৰিবলৈ কৃষ্ণকান্ত সন্দিকৈক নিৰ্বাচিত কৰা হয়। গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ এই অধিৱেশনত অসমীয়া জাতিক উদ্দেশ্যি তেওঁ কৈছিল, “ব্যক্তিগত প্ৰতিভা আৰু ক্ষমতাৰ বাহিৰেও পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত সাহিত্যৰ বিকাশ অনেক পৰিমানে নিৰ্ভৰ কৰে৷ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ লগত সাহিত্যৰ অতি ঘনিষ্ঠ সম্বন্ধ৷ অভিজ্ঞতাৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্য নহ’লে সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে৷ বাস্তৱতে সাহিত্য এটা বিৰাট অভিজ্ঞতা৷ ব্যক্তিগত আৰু সামাজিক সকলো প্ৰকাৰৰ অভিজ্ঞতাৰ প্ৰকাশৰ থল হৈছে সাহিত্য’’৷
ইংৰাজী ১৯৪৯ চনত মাদ্ৰাছত উপাচাৰ্য সন্মিলন আৰু ওৱালটায়াৰত আন্তঃবিশ্ববিদ্যালয় সমিতিৰ বছৰেকীয়া অধিবেশন অনুষ্ঠিত হয়। সন্দিকৈয়ে এই দুয়োখন অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰে। ইংৰাজী ১৯২১ চনত অসম ছাত্ৰ সন্মিলনৰ অধিবেশনতো সন্দিকৈদেৱে সভাপতিত্ব কৰিছিল।
সন্দিকৈক ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰে। গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডি লিট সন্মান যাচিছিল। ১৯৭৮ চনত অসম সাহিত্য সভাই সদস্য মহীয়ান সন্মানেৰে বিভূষিত কৰা সন্দিকৈক তেখেতৰ ৰচনাসম্ভাৰ (১৯৮৪)ৰ বাবে মৰণোত্তৰভাৱে ১৯৮৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
অসম সাহিত্য সভাই তেখেতক 'সদস্য মহীয়ান' ৰূপে অভিহিত কৰিছে আৰু অসমৰ গুৱাহাটী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক সন্মানীয় ডি-লিট উপাধিৰে বিভূষিত কৰিছে।
সাহিত্য কৰ্ম
গ্ৰন্থ সংকলন
শ্ৰীহৰ্ষৰ 'নৈষধ চৰিত'ৰ ইংৰাজী অনুবাদ 'Noishadh-Charit'(১৯৩৪)
যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ (১৯৪৯)
সেতু বন্ধ (১৯৭৬)
কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ
প্ৰবন্ধ সংকলন
প্ৰাচীন বেবিলনৰ বেদ,
ভাৰতীয় চিন্তা,
সাংখ্য দৰ্শন,
গ্ৰীক ভাষা,
গ্ৰীক নাটকৰ গান,
অনুবাদৰ কথা,
ৰুছ অভিনয়,
সৰস্বতীৰ বৰ
মোগল ৰাজকণ্যাৰ কবিত্ব প্ৰতিভা
ইউৰোপৰ ভাষা আৰু সাহিত্য,
জাপানীৰ বীৰ নোগী
স্পেনীয় সাহিত্যত ৰোমিঅ জুলিয়েট,
জাৰ্মান সাহিত্যৰ সপোন নাটক
আত্মবিচাৰ
অমৰ প্ৰকাশ,
জাৰ্মানীৰ জ্ঞান সাধনা
সাগৰৰ মাজৰ দুৰ্গ
প্ৰাচীন মিচৰৰ উপাখ্যান
চক্ৰেটিছৰ মতে কবিৰ প্ৰকৃতি
মৃত্যু
১৯৮২ চনৰ ৭ জুন তাৰিখে ১০:১০ বজাত ;
৮৪ বছৰ বয়সত ডিব্ৰুগড়ৰ জি. এম. চিকিৎসালয়ত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয়। পাৰ্থিৱ খ্যাতি তেওঁ নিবিচাৰিছিল৷ সেয়ে, সন্দিকৈৰ জীৱনকালতে আব্দুল চাত্তাৰে লিখা “কৃষ্ণকান্ত সন্দিকৈ’’ নামৰ তেখেতৰ জীৱনীখনত ’পণ্ডিতপ্ৰৱৰ’ বিশেষণটো যোগ কৰিবলৈ নিদিলে৷ সন্দিকৈৰ জীৱনত প্ৰভাৱিত কৰা এটি বাক্য হ’ল, ইবচেনৰ নাটকৰ “Innocence is the source of all joy and happiness’’৷
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া শিক্ষাবিদ
অসম সাহিত্য সভাৰ সভাপতি
পদ্মশ্ৰী বঁটা বিজয়ী
পদ্মভূষণ বঁটা বিজয়ী
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
|
4305
|
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BF%E0%A6%AA%27%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9F%E0%A6%BF%E0%A6%9B
|
হিপ'ক্ৰেটিছ
|
হিপ'ক্ৰেটিছ ( বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপ'ক্ৰেটিছেই চিকিৎসা বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে। হিপ'ক্ৰটিছৰ অৱদান সমূহৰ বিষয়ে ঘাইকৈ জনা যায় হিপ'ক্ৰটিছৰ কৰ্পাছ (Hippocratic Corpus) লিখনী সমূহৰপৰা। এই লিখনীৰ সংগ্ৰহত বহুকেইজন ব্যক্তিৰ পৰীক্ষা-নিৰীক্ষা আৰু অভিজ্ঞতাৰ ফছল সোমাই আছে। সেয়ে ইয়াৰে কিমানখিনি হিপ'ক্ৰটিছৰ নিজৰ লিখা সেয়া সঠিককৈ জানিব পৰা নাযায়। কিন্তু প্ৰাচীন জগতৰ এজন প্ৰখ্যাত চিকিৎসক হিচাপে হিপ'ক্ৰেটিছক আটায়ে মানি লয়। চিকিৎসা শাস্ত্ৰত প্ৰণালীবদ্ধ অধ্যয়নৰ পাতনি মেলাত হিপ'ক্ৰেটিছৰ ভূমিকা সৰ্বজনগৃহীত। বিগত সময়ৰ জ্ঞানৰ লগত নিজৰ গৱেষণালব্ধ জ্ঞান যোগ দিয়াৰ উপৰিও হিপ'ক্ৰেটিছে চিকিৎসা বৃত্তিক এটা সন্মানীয় পেছা হিচাপে গঢ় দিয়ে। চিকিৎসাক পেছা হিচাপে গ্ৰহণ কৰা সকলে মানি চলিবলগীয়া নীতি-নিয়ম আদি হিপ'ক্ৰেটিছে প্ৰণয়ন কৰা 'চিকিৎসকৰ শপতনামা'ত (Hippocratic Oath) লিখি থৈ গৈছে।
জীৱনী
ঐতিহাসিকৰ মত অনুসৰি হিপ'ক্ৰেটিছৰ জন্ম হৈছিল খ্ৰী.পূ. ৪৬০, গ্ৰীছ দেশৰ কছত (Greek Island of Cos)। চিকিৎসা বিজ্ঞানৰ প্ৰচলিত গ্ৰীক মতবাদৰ বিপৰীতে যোৱা বাবে তেখেতক বিছ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা হয়। বন্দী অৱস্থাতে তেওঁ লিখি উলিয়াই বিখ্যাত পুথি 'জটিল মানৱ দেহ' (The Complicated Body)। ইয়াৰে বহুতো মতবাদ এতিয়াও সত্য বুলি প্ৰতিপন্ন হৈ আছে। হিপ'ক্ৰটিছৰ জীৱনৰ বিষয়ে লিখা বাকীখিনি কথা অলৌকিকতাৰে ভৰপূৰ। সেয়ে ইয়াক সত্য বুলি মানি লোৱা টান। (see Legends).
এফিছাছৰ ছ'ৰানাছ, দ্বিতীয় শতিকাৰ এজন প্ৰখ্যাত গ্ৰীক স্ত্ৰীৰোগ বিশাৰদে হিপ'ক্ৰটিছৰ প্ৰথমখন জীৱনৰ প্ৰনয়ন কৰে। খ্ৰীষ্ট পূৰ্ব চতুৰ্থ শতিকাত এৰিষ্টটল লিখনীত, খ্ৰীষ্টাব্দ দশম শতিকাত ছুডা লিখনীত আৰু দ্বাদশ শতিকাত জন ছেছেজ লিখনীত হিপ'ক্ৰটিছৰ বিষয়ে উল্লেখ আছে।
ছ'ৰানাছৰ লিখনী অনুসৰি হিপ'ক্ৰেটিছৰ পিতা হিৰাক্লিডাছ এজন চিকিৎসক আৰু মাতৃ প্ৰক্সিটেলা, টিজেনৰ জীয়ৰী। হিপ'ক্ৰটিছৰ দুই পুত্ৰ ক্ৰমে থেছালাছ আৰু ড্ৰেকো আৰু জোঁৱাই পলিবাছ তেখেতৰ ছাত্ৰ আছিল। আন এগৰাকী গ্ৰীক দাৰ্শনিক আৰু বিজ্ঞানী গেলেন মতে পলিবাছেই হিপ'ক্ৰেটিছৰ জ্ঞানৰ প্ৰকৃত উত্তৰাধিকাৰী আছিল।
ছ'ৰানাছৰ লিখনী অনুসৰি হিপ'ক্ৰেটিছে চিকিৎসা বিষয়ক জ্ঞান লাভ কৰিছিল পিতৃ আৰু ককাদেউতাকৰপৰা। হিপ'ক্ৰেটিছৰ আন এজন শিক্ষাগুৰু আছিল হেৰ'ডীকাছ
(Herodicus of Selymbria)। সমসাময়িক লেখকৰ মাজত একমাত্ৰ প্লেটো ডায়েলগত হিপ'ক্ৰেটিছৰ উল্লেখ পোৱা যায়। হিপ'ক্ৰেটিছে সমগ্ৰ জীৱন জুৰি চিকিৎসা শাস্ত্ৰৰ অধ্যয়ন আৰু শিক্ষাৰ কামত লাগি থাকে। তেখেতে থেছেলি, থ্ৰেছ আৰু মাৰমাৰা সাগৰ ভ্ৰমণ কৰিছিল বুলি ধাৰণা কৰা হয়। সম্ভৱত: তেখেতৰ মৃত্যু হৈছিল লৰিছা নগৰত ৮৩ বা ৯০ বছৰ বয়সত। কিছুমান লিখনীৰ মতে তেওঁ ১০০ বছৰ পৰ্য্যন্ত জীয়াই আছিল। তেখেতৰ মৃত্যুৰ কাৰণ সম্পৰ্কে নানা মুনিৰ নানা মত।
হিপ'ক্ৰেটিছৰ তত্ত্ব
ৰোগৰ প্ৰাকৃতিক কাৰকৰ অৱস্থিতিৰ বিষয়ে প্ৰথম ধাৰণা হিপ'ক্ৰেটিছেই আগবঢ়ায় বুলি বিবেচনা কৰা হব। তেওঁৰ আগলৈ ৰোগক দেৱ-দেৱীৰ অভিশাপ বা ভূত-পিশাচৰ কাৰ্য্য বুলি ভবা হৈছিল। পাইথাগোৰাছৰ শিস্যসকলে হিপ'ক্ৰেটিছেই প্ৰথম দৰ্শন আৰু নিদান-বিজ্ঞান (মেডিচিন)ৰ মাজত সমন্বয় স্থাপন কৰে বুলি মত আগবঢ়ায়। হিপ'ক্ৰেটিছৰ কোনো লিখনীতে কোনো বেমাৰৰ ক্ষেত্ৰত অলৌকিক প্ৰভাৱৰ উল্লেখ নাই। অৱশ্যে হিপ'ক্ৰেটিছ বিশ্বাস কৰা বহুতো শৰীৰ ৰচনা বিজ্ঞান ( এনাট'মী) বা শৰীৰবৃত্ত বিজ্ঞান (ফিজিঅ'লজী) সম্বন্ধীয় কথা ভুল আছিল। তাৰে অন্যতম আছিল 'বিশেষ ৰস'ৰ ধাৰণা (Humorism).
প্ৰাচীন গ্ৰীক চিকিৎসা শাস্ত্ৰ ঘাইকৈ দুটা মতবাদত বিভক্ত আছিল-- নিদিয়ান (knidian) আৰু কো্আন ((Koan)। নিদিয়ান মতবাদত ৰোগৰ নিদানত বেছি গুৰুত্ব আৰোপ কৰা হৈছিল কিন্তু শৰীৰৰ গঠন আৰু কাৰ্য্যপ্ৰণালী সম্বন্ধে পৰ্যাপ্ত জ্ঞানৰ অভাৱত তেওঁলোকে প্ৰায়েই সঠিক নিদান পোৱাত বাধা পাবলগীয়া হৈছিল। আনহাতে কোআন মতবাদত, যাক হিপ'ক্ৰেটিক মতবাদ বুলিও কোৱা হয়, এটা 'সাধাৰণ' (generalized) নিদান দি তাৰ 'সাধাৰণ' চিকিৎসাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছিল। সেয়ে সৰ্বসাধাৰণৰ মাজত কোআন মতবাদ বেছি জনপ্ৰিয় হৈ পৰিছিল আৰু অধিক সফল হৈছিল।
বৰ্তমান চিকিৎসা বিজ্ঞানতকৈ হিপ'ক্ৰেটিক মতবাদ যথেষ্ট পৃথক আছিল। আজিকালি সঠিক নিদান আৰু তাৰ বাবে বিশেষ চিকিৎসাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। আজিৰ এই প্ৰণালী নিদিয়ান প্ৰথাৰ বেছি ওচৰ চপা। হিপ'ক্ৰেটিছৰ মতবাদ মতে ঔষধতকৈ পথ্যক বেছি গুৰুত্ব দিয়া বাবে বহুতে এই মতবাদৰ সমালোচনা কৰে। .
'বিশেষ ৰস' (Humorism) আৰু 'সংকট' (Crisis)
'সংকট' হিপ'ক্ৰেটিছৰ চিকিৎসা তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা। ৰোগৰ বিস্তাৰ কালত এটা বিন্দু এনেকুৱা আহে য'ৰপৰা ৰোগটোক আঁতৰাব নোৱাৰি বা ই ৰোগীক মৃত্যুৰ মুখলৈ লৈ যায়, আকৌ ইয়াৰ একেবাৰে বিপৰীত পৰিস্থিতি এটাৰ উদ্ভৱ হয়, যে ৰোগ কমি ৰোগী ভাললৈ আহে। এই বিন্দুটোকে 'সংকট' বোলা হয়। এটা 'সংকট' পাৰ হৈ যোৱাৰ পাছত আকৌ আহিবও পাৰে বা নাহিবও পাৰে। 'সংকট'ৰ সময়খিনিকে 'সংকট কাল' (Critical days) বোলা হয়। এই সংকট কাল প্ৰতিবিধ ৰোগৰ বাবে এটা নিৰ্দিষ্ট সময়ত আহে বুলি ভবা হয়। গ্ৰীক দাৰ্শনিক গেলেনৰ মতে এই মতবাদৰ স্ৰষ্টা আছিল হিপ'ক্ৰেটিছ, কিন্তু এই মতবাদ আগৰপৰাই চলি থকাৰ সম্ভাৱনা নথকা নহয়।
হিপ'ক্ৰেটিছৰ চিকিৎসা মূলত: "প্ৰাকৃতিক নিৰাময় শক্তি"ক নিজৰ কাম কৰিবলৈ দিয়াৰ ওপৰত নিৰ্ভৰশীল আছিল। বিশ্বাস কৰা হৈছিল ৰোগীৰ দেহৰ ভিতৰতে ৰোগ নিৰাময়ৰ সূত্ৰ লুকাই থাকে। ৰোগৰ কাৰণ হৈছে চাৰিবিধ 'বিশেষ ৰস'ৰ (Humour) মাজত হোৱা তাৰতম্য। আমাৰ দেহে নিজেই এই তাৰতম্য সূষম কৰি ল'ব পাৰে। এই কাৰ্য্যৰ বাবে দেহক প্ৰয়োজন জিৰণি আৰু অচলাৱস্থা। এই দুটাক হিপ'ক্ৰেটিছৰ চিকিৎসাত বিশেষ গূৰুত্ব আৰোপ কৰা হৈছিল। হিপ'ক্ৰেটিছৰ চিকিৎসাত ৰোগীক মৰমেৰে ৰখা হৈছিল, আনকি চিকিৎসা বিধিতো ৰোগীয়ে যাতে কষ্ট নাপায় তালৈ লক্ষ্য ৰখা হৈছিল। ৰোগীক চাফ-চিকুনকৈ ৰখাত বিশেষ গুৰুত্ব দিয়া হৈছিল। ৰোগীৰ দেহত শান্তি দিয়া মলম ব্যৱহাৰ কৰা হৈছিল।
ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত অতিমাত্ৰা সাৱধানতা অৱলম্বন কৰা হৈছিল। ৰোগীক ভাল কৰাতকৈও বেছি লক্ষ্য ৰখা হৈছিল যাতে ভাল কৰিবলৈ গৈ ৰোগীৰ কোনো অনিষ্ট সাধন কৰা নহয়। অৱশ্যে বিশেষ ক্ষেত্ৰত পৰীক্ষিত ঔষধ প্ৰয়োগ কৰা হৈছিল। হিপ'ক্ৰেটিছৰ পদ্ধতি কিছুমান ৰোগৰ অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছিল। বিশেষকৈ ভগা হাড় জোৰা দিয়াৰ ক্ষেত্ৰত। এই কামৰ বাবে হিপ'ক্ৰেটিছৰ পীৰা আদিৰ দৰে সঁজুলি ব্যৱহাৰ কৰা হৈছিল।
হিপ'ক্ৰেটিছৰ পদ্ধতিৰ চালিকা শক্তি আছিল ৰোগৰ নিদানতকৈ চিকিৎসাৰ ওপৰত বেছি জোৰা দিয়াটো। ৰোগ এবিধ কেনেকৈ আগবাঢ়ে সেই বিষয়ে তথ্য আহৰণ কৰাটো এই পদ্ধতিৰ আন এটা উল্লেখযোগ্য সাফল্য।
পেছাদাৰীতা
হিপ'ক্ৰেটিছৰ চিকিৎসাত পেছাদাৰীতা, নিয়মানুৱৰ্তীতা আৰু অভ্যাসৰ ওপৰত প্ৰবল গুৰুত্ব দিয়া হৈছিল। হিপ'ক্ৰেটিছৰ লিখিত 'চিকিৎসকৰ বাবে' গ্ৰন্থত চিকিৎসক সকলকক সুবিনস্ত, নীতিশীল, ধীৰ, গম্ভীৰ আৰু সহানুভূতিশীল হ'বলৈ কোৱা হৈছে। পেছাগত দিশতো চিকিৎসক সকলে কাৰ্যক্ষেত্ৰত সঠিক পোহৰ, গুণী সহযোগী, উত্তম বিধৰ সা-সঁজুলিৰে সজ্জিত আছিল। ৰোগীৰ চিকিৎসাৰ সময়ত ৰোগীক উপযুক্ত ভঙ্গীত ৰখা, বেণ্ডেজ আদি সঠিক ভাৱে বন্ধা আদিত বিশেষ গুৰুত্ব দিয়া হৈছিল। হিপ'ক্ৰেটিছে আনকি নিজৰ নখো এটা সঠিক দৈৰ্ঘলৈ ৰাখিছিল।
ৰোগীক চিকিৎসা দিয়াৰ উপৰিও উপযুক্ত পৰ্য্যবেক্ষণ আৰু তাৰ ফলাফল লিপিবদ্ধ কৰাত গুৰুত্ব দিয়া হৈছিল। এই লিখিত নথী যাতে সহজে বুজিব পৰা হয় তালৈও লক্ষ্য ৰখা হৈছিল। যাতে সেই লিখনী ভৱিষ্যতৰ ছাত্ৰক শিকোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰি। হপ'ক্ৰেটিছে ৰোগীৰ দেহৰ গঠন, বৰণ, নাড়ীবেগ, জ্বৰ, বিষ, দেহ সঞ্চালন, প্ৰসাৱ আদিৰ বিতং বিৱৰণ লিখি ৰাখিছিল। ৰোগীৰ পৰিয়াল আৰু থকা পৰিবেশৰ টোকাও লিখি ৰখা হৈছিল। আজিৰ চিকিৎসা বিজ্ঞানৰ ৰোগী পৰীক্ষা আৰু ৰোগৰ বিৱৰণ লোৱাৰ নিয়ম তেৱেই প্ৰথম প্ৰচলন কৰিছিল। সেইবাবেই তেখেতক "ৰোগ চিকিৎসা বিজ্ঞানৰ জনক" বুলি কোৱা হয়।
চিকিৎসা বিজ্ঞানলৈ হিপ'ক্ৰেটিছৰ প্ৰত্যক্ষ অৱদান
হিপ'ক্ৰেটিছ আৰু তেওঁৰ শিষ্যসকলে কেবাটাও ৰোগৰ বৰ্ণনা দি থৈ গৈছে। আঙুলিত হোৱা 'ক্লাবিং' নামৰ এক পৰিঘটনা প্ৰথমে হিপ'ক্ৰেটিছেই লক্ষ্য কৰি লিপিবদ্ধ কৰিছিল বুলি জনা যায়। এই 'ক্লাবিং' কেবাটাও ৰোগৰ লক্ষণ হিচাপে দেখা দিয়ে। হিপ'ক্ৰেটিছৰ মুখাৱয়ব আন এটা তেনে পৰিঘটনা।
হিপ'ক্ৰেটিছেই প্ৰথমে ৰোগক তাৎক্ষনিক (Acute), পুৰণি (Chronic), প্ৰচলিত (endemic), মহামাৰী (epidemic) আদি বিশেষ ভাগত ভাগ কৰিছিল। ইয়াৰ বাহিৰেও ৰোগৰ বিস্তাৰৰ ক্ষেত্ৰত প্ৰচলিত বাঢ়ি অহা (exacerbation), পুনৰ হোৱা (relapse), প্ৰশমন হোৱা ( resolution), সংকট কাল (crisis), প্ৰশমন কাল (convalescence) আদি ধাৰণা প্ৰয়োগ কৰে। বুকুৰ ভিতৰত হোৱা ঘাঁ-ৰ লক্ষণ, শল্য চিকিৎসাৰ পদ্ধতি আৰু কেনেকৈ বিস্তাৰ হয় তাৰ পূৰ্ণ বিৱৰণ হিপ'ক্ৰেটিছে নিৰ্ভুল ভাৱে দিছিল। বুকুৰ ভিতৰত শল্য চিকিৎসা (Cardiothoracic Surgery) কৰা লিখিত বিৱৰণ থকা শল্য চিকিৎসকো তেঁৱঢই।
পায়ুৰ ৰোগৰ বিৱৰণ আৰু চিকিৎসাৰ উপায়ো তেওঁলোকে লিপিবদ্ধ কৰিছিল। অৰ্শ ৰোগৰ কাৰক সম্বন্ধীয় ধাৰণাবোৰ অবৈজ্ঞানিক হ'লেও তেওঁলোকে লিখি যোৱা চিকিৎসাবোৰ আছিল শুদ্ধ।
হিপ'ক্ৰেটিছৰ কৰ্পাছ
হিপ'ক্ৰেটিছৰ কৰ্পাছ লিখনী সমূহ গ্ৰীক ভাষাত লিখিত প্ৰথম চিকিৎসা সম্বন্ধীয় লিখনী। এইবোৰ স্বয়ং হিপ'ক্ৰেটিছৰ লিখনী নে বিভিন্ন লেখকৰ লিখনী তাক এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই। but the volumes were probably produced by his students and followers. বিশেষজ্ঞ সকলৰ মতে এইবোৰ এজন মানুহৰ লিখনী নহয়। কৰ্পাছ লিখনী সমূহে হিপ'ক্ৰেটিছৰ মতবাদ মানি আহিছিল বাবেই সেইবোৰক হয়তো হিপ'ক্ৰেটিছৰ কৰ্পাছ বোলা হৈছিল।
কৰ্পাছৰ সমূহত কিতাপ, বক্তৃতা, গৱেষণা আৰু দৰ্শন সম্বন্ধীয় লিখনীও মিহলি হৈ আছে। এইবোৰ বিভিন্ন শ্ৰেণীৰ পাঠকৰ বাবে লিখা হৈছিল। কিছুমান কেৱল বিশেষজ্ঞৰ বাবে, আৰু কিছুমান সাধাৰণ পাঠকৰ বাবে। লিখনীবোৰ সংযুক্ত কৰাত কোনো নিয়ম মানি চলা হোৱা নাছিল। কেতিয়াবা আকৌ বিপৰীত মত এটাৰে লেখাৰ আৰম্ভ কৰা হৈছিল। এই লিখনী সমূহৰ মাজতে অতিকে গুৰুত্বপূৰ্ণ 'হিপ'ক্ৰেটিছৰ শপত' (The Hippocratic Oath) লেখাটো্ও পোৱা যায়। ইয়াৰ বাহিৰে 'ৰোগৰ বিস্তাৰ' (The Book of Prognostics); 'তাৎক্ষনিক ৰোগৰ চিকিৎসা' (On Regimen in Acute Diseases); 'ভগা-হাড় জোৰা দিয়াৰ সৰঞ্জাম' (Instruments of Reduction); 'বায়ু, পানী আৰু মাটি' (On Airs, Waters and Places); 'পবিত্ৰ ৰোগৰ বিষয়ে' (On The Sacred Disease) আৰু 'এফ'মেৰিজম' (Aphorisms) এই কেইটা গুৰুত্বপূৰ্ণ লেখা কৰ্পাছৰ মাজত সোমাই আছে।
হিপ'ক্ৰেটিছৰ শপত
হিপ'ক্ৰেটিছৰ শপত চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰোঁতে পালন কৰিবলগীয়া নৈতিক নিয়মাৱলীৰ (ethics) এক গুৰুত্বপূৰ্ণ দলিল। কিছুমান নতুন বিষৰ অন্তৰ্ভুক্তিয়ে দেখুৱায় যে এইখন সম্পূৰ্ণ ৰূপে হিপ'ক্ৰেটিছৰ লিখিত নহয়। পাছলৈ নতুন অংশবোৰ তাত যোগ দিয়া হৈছিল। বৰ্তমান যুগৰ চিকিৎসা বিজ্ঞানৰ চৰ্চাতো এই শপতনামাৰ প্ৰাসংগিকতা বিদ্যমান। মূল ৰূপত এই শপতনামা এতিয়া ব্যৱহাৰ কৰা নহয় যদিও, চিকিৎসকৰ সকলৰ নৈতিক দায়িত্ব নিৰ্ধাৰণ কৰাত প্ৰচলিত আইনী ব্যৱস্থাই এই শপতনামাকে আধাৰ হিচাপে লয়। এই বুৎপন্ন শপতনামাক সাৰোগত কৰিয়েই চিকিৎসা শাস্ত্ৰৰ ছাত্ৰই এই বিদ্যাৰ চৰ্চা কৰে।
তথ্যসূত্ৰ
তথ্যসমল
.
.
.
.
.
. PMID 3959439
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
Further reading
Wesley D. Smith. Hippocrates. Free full-text article from Encyclopædia Britannica Online. Last accessed 19 Sep. 2008.
.
.
.
.
Pliny the Elder, Natural History: Book XXIX., translated by John Bostock. See original text in Perseus program.
First printed editions of the Hippocratic Collection at the Bibliothèque Interuniversitaire de Médecine of Paris (BIUM) studies and digitized texts by the BIUM (Bibliothèque interuniversitaire de médecine et d'odontologie, Paris) see its digital library Medic@.
</td>
</tr>
</table>
</div>
চিকিৎসা বিজ্ঞান
চিকিৎসাবিদ
গ্ৰীচৰ ব্যক্তি
|
4308
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AE%E0%A6%BF%E0%A6%95%E0%A7%8D%E2%80%8C%E0%A6%9B
|
কমিক্ছ
|
কমিক্চ বা কমিক্ছ (; মূল গ্ৰীক ভাষা , kōmikos "কমেডিৰ লগত জড়িত", মূল শব্দ κῶμος - kōmos "revel, komos", via the Latin cōmicus) মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম। এই ছবিবোৰ এটা ক্ৰমত সজোৱা হয় যাতে ই ক'বলগীয়াখিনি পাঠকৰ আগত উপস্থাপন কৰিব পাৰে। ছবিয়েই কমিক্চৰ মূল উপাদান। লিখিত উপাদান অবিহনেও কমিক্চ হ'ব পাৰে। সাধাৰণতে লিখিত অংশই ছবিৰ কথাক প্ৰাঞ্জলকৈ ডাঙি ধৰে। কেতিয়াবা অৱশ্যে লিখিত অংশই নতুন মন্তব্যও দাঙি ধৰিব পাৰে।
প্ৰথম অৱস্থাত ঘাইকৈ এই মাধ্যমত ঘাইলৈ ধেমেলীয়া কথা উপস্থাপন কৰা হৈছিল বাবেই ইয়াক কমিক্চ বোলা হৈছিল। সেই সময়ত ইয়াৰ বাহিৰেও আন ধেমেলীয়া ক্ষেত্ৰতো কমিক্চ শব্দটো ব্যৱহাৰ কৰা হৈছিল। কমিক্চ মূলত: ক্ৰমাগত ভাৱে সজ্জিত ছবি। ছবি আৰু লিখা দু্য়োটাই থাকিলেও ছবিৰ প্ৰাধান্য লিখা অংশতকৈ বেছি। ছবি থকা কিতাপ (Picture Book) আৰু কমিক্চৰ মাজত পাৰ্থক্য মূলত: ছবিৰ ক্ৰমৰ বিন্যাসত। কিছুমানৰ মতে কমিক্চৰ সংজ্ঞা তাৰ সামাজিক দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে।.
ইতিহাস
চালুকীয়া অৱস্থা
এটা কলা মাধ্যম হিচাবে কমিক্চে পৰিপূৰ্ণতা লাভ কৰে উনৈছ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত। চলচ্চিত্ৰ আৰু এনিমেছন-ৰ লগত কমিক্চৰ বিকাশ হয়। এই তিনিওটা মাধ্যমেই দৃশ্য আৰু লেখন/শব্দ-ৰ সংকৰ। আৰু তিনিওটা মাধ্যমৰ বিকাশ প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগত জড়িত। বাতৰিকাকত আৰু আলোচনী-ৰ বহুল প্ৰচাৰ হোৱাৰ পাছতহে কমিক্চে জনপ্ৰিয়তা লাভ কৰে যদিও ছবিক এটা ক্ৰমত সজ্জিত কৰি কাহিনী কোৱাৰ প্ৰচেষ্টা বহু আগৰপৰাই কৰি থকা হৈছে।
ৰোমান আমোলৰ (১১৩ খ্ৰীষ্টাব্দ) ট্ৰাজান স্তম্ভত ক্ৰমাগত ছবি দেখা যায়। ইয়াৰ বাহিৰেই মিছৰীয় হিয়েৰ'গ্লিফ, মধ্যযুগৰ দীঘল ছবি আৰু কিছুমান ছপা গ্ৰন্থতো এই প্ৰচেষ্টা লোৱা দেখা যায়। মধ্য যুগৰ কিছুমান ছবিটো একখন পটতে কেবাটাও ঘটনাৰ চিত্ৰণ দেখা যায়। (কাষৰ ছবি চাওক)
অৱশ্যে এনে ছবি দৰ্শক বা পঢ়ুৱৈৰ হাতত গৈ পৰা নাছিল। ছপাশাল প্ৰযুক্তিৰ বিকাশৰ পাছতহে এই মাধ্যমৰ বহুল প্ৰচলন হোৱাটো সম্ভৱ হৈছিল৷
১৫-দশ শতিকা আৰু ১৮-দশ শতিকাৰ ছপা-প্ৰযুক্তিৰ বিকাশ
ছপাশাল উদ্ভাৱনৰ পাছতো ছবি ছপা কৰা প্ৰযুক্তিৰ বিকাশ হ'বলৈ কিছু সময় লাগিছিল। কাৰণ আখৰ আৰু ছবি দুয়োটাক বেলেগ বেলেগ পদ্ধতিৰে ছপা কৰা হৈছিল। প্ৰথমৰ ছবিবোৰ ঘাইকৈ আছিল ধৰ্মৰ লগত জড়িত। পাছলৈ ১৭ আৰু ১৮ শতিকাত ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ কথা লৈ ছবি ছপা কৰা হৈছিল। বহুল প্ৰচাৰিত এই ছবিবোৰ আছিল হাস্য ৰস উদ্ৰককাৰী প্ৰহসনমূলক। এই সময়তে ছবিৰ লগত কথাৰ গোলক (speech bubble) দিয়াও আৰম্ভ হয়।
উলিয়াম হ'গাৰ্থক কমিক্চ শিল্পৰ লগত জড়িত প্ৰথম ব্যক্তি বুলি জনা যায়। তেখেতে প্ৰনয়ন কৰা A Rake's Progressত, আঠখন কেনভাছৰ এটা ক্ৰমত এটা এটা কাহিনী কোৱা হৈছিল। প্ৰতিখন কেনভাছেই বেলেগে বেলেগে ছপা কৰি উলিওৱা হৈছিল। ছপা-প্ৰযুক্তিৰ বহুত বিকাশৰ ফলত বাতৰি-কাকত আৰু আলোচনীৰ প্ৰসাৰ বাঢ়ে। এই বিলাকত ৰাজনৈতিক আৰু সামাজিক অৱস্থা বৰ্ণনা কৰিবলৈ এনে ছবিৰ প্ৰয়োগ কৰা হৈছিল। ১৮৪০ চনত এনে ছবিক কাৰ্টুন বুলি কোৱা হয়। পাছলৈ শিল্পীসকলে এটা ক্ৰমৰ কেইবাখনো ছবি আঁকি এটা কাহিনী ব্যক্ত কৰাৰ নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে।
কথা গোলকৰ (Speech Balloon) ব্যৱহাৰো এই সময়ৰ পৰাই আৰম্ভ হয়। আগৰচোৱাত ছবিৰ তলত বা ওপৰত চৰিত্ৰৰ নাম বা উদ্দেশ্য লেবেল হিচাপে লিখি দিয়া হৈছিল। যাক phylacter বোলা হৈছিল। পাছলৈ কথা গোলক ব্যৱহাৰ কৰি ছবিৰ মাজলৈ অনা হ'ল। অৱশ্যে এতিয়াও ইয়াক কাহিনী বৰ্ণনা কৰাৰ বাবেই ব্যৱহাৰ কৰা হৈছিল। সোনকালেই ছবিৰ মাজত কথা গোলক দিয়াটো বন্ধ কৰি শিল্পীয়ে কাহিনীটো এটা পেনেলৰ তলত বৰ্ণনা কৰাটোৱেই বেছি পছন্দ কৰা হ'ল। সংলাপৰ বাবে কথা-গোলকৰ ব্যৱহাৰ পুনৰাই আৰম্ভ কৰে ৰিচাৰ্ড এফ. আউটকাল্ট-এ। পিছে চৰিত্ৰটো চিনাকি কৰি দিয়াতকৈ চৰিত্ৰৰ মুখৰ সংলাপ দিয়া হৈছিল।
১৯ শতিকা: এটা মাধ্যমৰ উপস্থাপন
ৰুড'ল্ফ টফাৰ, ছুইজাৰলেণ্ডৰ এজন ফঁৰাছী শিল্পীয়ে ১৯ শতিকাত কমিক্চ শিল্পক এটা স্বকীয় ৰূপ দিয়ে। টফাৰৰ ছবিতো কথা-গোলক নাছিল যদিও তেখেতে কাহিনীটো কবলৈ ব্যৱহাৰ কৰিছিল ছবিৰ লানিৰ তলৰ ঠাইখিনি। টফাৰৰ ছবি সমগ্ৰ ইউৰোপ আৰু আমেৰিকাত প্ৰচাৰ হৈছিল। স্বত্ব আইনৰ অনুপস্থিতিৰ বাবে তেওঁৰ ছবিবোৰ বিভিন্ন দেশলৈ বিয়পি যোৱাৰ উপৰিও সেইবোৰৰ অনুবাদো কৰা হৈছিল।
১৮৪৩ চনত টফাৰৰ ৰচিত "চৰিত্ৰ বিচাৰৰ ৰচনা"(Essay on Physiognomics) গ্ৰন্থত প্ৰথম বাৰৰ বাবে "ছবি-কাহিনী"ৰ (picture story) সম্পৰ্কে কয় যে "ছবি-কাহিনী এখন ৰচনা কৰা মানে এইটো নুবুজায় যে আপুনি ছবি অঁকাৰ ক্ষেত্ৰত অতি পাৰ্গত হৈ প্ৰতিটো খুঁটি-নাটিকে বিতংকৈ আঁকিব পাৰিব লাগিব। এইটোও নহ'ব যে আপুনি খুব সুন্দৰকৈ এখন হাঁহি উঠা ছবি আঁকি থ'ব, বা এটা সৰু বাক্যাংশক হাঁহি উঠা ৰূপ দিলেও সি এটা ছবি-কাহিনী হৈ উঠে। ছবি-কাহিনীৰ বাবে আপোনাক লাগিব এখন নিটোল পূৰ্ণাংগ নাটক। সেইখন অদ্ভুত বা ধেমেলীয়া বা গহীন যিকোনো বিধৰ হ'ব পাৰে, কিন্তু মূলতে সি হ'ব লাগিব এখন সম্পূৰ্ণ কিতাপ। "
১৮৪৫ চনত সম্পাদকীয় লেখাৰ লগত প্ৰকাশিত প্ৰহসনধৰ্মী ছবিবোৰক কাৰ্টুন নাম দিয়া হয়। ছবি অঁকাৰ প্ৰণালীত ৰঙ সনাৰ আগতে পেঞ্চিল বা এঙাৰেৰে আঁকি লোৱা চানেকী চিত্ৰক (sketch) কাৰ্টুন বোলা হয়। ১৮৪১ চনৰপৰা ব্ৰিটেইনৰপৰা প্ৰকাশিত পাঞ্চ (Punch) আলোচনীয়ে এই কাৰ্টুন শব্দটোৰ প্ৰচলন ঘটায়। একে ধৰণৰ আলোচনী আছিল ইউৰোপত প্ৰকাশিত Fliegende Blätter আৰু Le Charivari, আৰু আমেৰিকাত প্ৰকাশিত Judge আৰু Puck।
১৮৬৫ চনত জাৰ্মানীৰ এখন বাতৰিকাকতত প্ৰকাশিত হয় উইলহেল্ম বুশ্খৰ (Wilhelm Busch) মেক্স আৰু মৰিজ (Max and Moritz). এই কমিক্চতেই পএচলিত কেবাটাও আংগিকক প্ৰথম প্ৰয়োগ কৰা হয়। তেখেতৰ দ্বাৰা অনুপ্ৰাণীত হৈ ১৮৯৭ চনত ৰুড'ল্ফ ডিৰ্কছ-এ (Rudolph Dirks) ৰচনা কৰে দ্যা কেটেনজেমাৰ কিড্ছ (The Katzenjammer Kids)।
প্ৰায় একে সময়তে চীন দেশত চীনা কমিক্চ, যাক মানহুৱা ( Manhua) বুলি জনা যায়, সূত্ৰপাত ঘটে। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে মানহুৱাৰ আকাৰ-পকৃতি সলনি হৈ ১৯২৭ চনত পূৰ্ণাংগ ৰূপ পায়। লিথুগ্ৰাফী (lithographic) পদ্ধতিৰ আৱিষ্কাৰে চীনা কমিক্চৰ বিকাশত নতুন ৰূপ দিয়ে। প্ৰথম অৱস্থাত ঘাইকৈ ৰাজনৈতিক প্ৰহসনচিত্ৰৰে আৰ্ভ হ'লেও ১৯২০ চনৰপৰা সৰু আকাৰৰ পুথিৰ ৰূপত চীনা কমিক্চ প্ৰকাশ হ'বলৈ ধৰে।
১৮৮৪ চনত প্ৰকাশিত এলি শ্ল'পাৰৰ আধা বন্ধ (Ally Sloper's Half Holiday) আলোচনীত প্ৰথমে একেটা চৰিত্ৰৰ বিভিন্ন কাহিনীৰে কমিক্চ প্ৰকাশ পাবলৈ ধৰে। ১৮৯০ চনত ব্ৰিটেইনত প্ৰকাশ পায় দুখন কমিক্চ আলোচনী--কমিক কাট্ছ (Comic Cuts) আৰু চিপ্ছ (Illustrated Chips), ইয়াতেই বিভিন্ন কমিক্চৰ সংগ্ৰহ একেলগে প্ৰকাশ পাবলৈ আৰম্ভ কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰত ৰিচাৰ্ড এফ. আউটকাল্ট-এ (R.F. Outcault's) ছবিৰ লগতে কথ-গোলক সংল্গন কৰি কমিক্চক বৰ্তমানৰ ৰূপ দিয়ে। তেখেতৰ হোগান'ছ এলি (Hogan's Alley)-ত ভূমূকি মৰা দা ইয়েল' কিড (The Yellow Kid) আধুনিক কমিক্চৰ বাটকটীয়া বুলি কোৱা হয়। অৱশ্যে কমিক্চ ইতিহাস খোঁচৰা সকলে বৰ্তমান একে আংগিকৰ অন্যান্য কমিক্চ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যি ইয়েল' কিডতকৈ আগতকৈ প্ৰকাশ হৈছিল। কিন্তু ইয়েল' কিডৰ সাফল্যই হে কমিক্চক সন্মানীয় ৰূপ দি এই মাধ্যমৰ বহুল প্ৰসাৰ সম্ভৱ কৰি তোলে।
বিংশ শতাব্দী আৰু কমিক্চৰ জয়যাত্ৰা
১৯২০ আৰু ৩০-ৰ দশকত কমিক্চ উদ্যোগ বহুল ভাৱে গঢ় লৈ উঠে। হাত-পুঠিৰ আকৃতিৰ প্ৰথম কমিক্চ কিতাপ 'লিয়ানহুৱানহুৱা' (Lianhuanhua) ৰ প্ৰচলন হয় চীনত। আনহাতে ব্ৰিটেইনতো কমিক্চ সংগ্ৰহ প্ৰকাশ হ'বলৈ ধৰে। ব্ৰিটেইনৰ কমিক্ছ সম্ভাৰ মূলত: শিশুৰ বাবে প্ৰকাশ কৰা হৈছিল। The Dandy আৰু The Beano প্ৰথমে প্ৰচলিত দুখন কমিক্চ সংগ্ৰহ। বেলজিয়ামত হাৰ্জ-এ (Remi George-ৰ ছদ্মনাম Herge) সৃষ্টি কৰে এতিয়ালৈ জনপ্ৰিয় 'টিনটিনৰ অভিযান' (The Adventures of Tintin)। টিনটিন প্ৰথমে বাতৰিকাকতত এপাত এপাতকৈ প্ৰকাশিত হৈছিল আৰু পাছলৈ গোটেইখিনি এখন কিতাপ আকাৰে প্ৰকাশিত হয়। একেদৰেই আমেৰিকাতো বাতৰিকাকতত প্ৰকাশিত কমিক্ছ পৃষ্ঠাবোৰক সংযুক্ত ৰূপ দি কিতাপ আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হয়। ধেমেলীয়া গল্পৰে আৰম্ভ হ'লেও তেতিয়ালৈ ধেমালীৰ বাহিৰেও বীৰত্ব, ৰহস্য আদি বিভিন্ন ৰসৰ কমিক্ছ প্ৰকাশ কৰা হয়। ধীৰে ধীৰে বাতৰি কাকতত প্ৰকাশ নোহোৱাকৈয়ে কিছুমান নতুন কমিক্ছ কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰা হয়।
১৯৩৮ চনত আমেৰিকাত স্থাপন হয় 'ডিটেক্টিভ কমিক্ছ' (Detective Comics, চমুকৈ DC Comics)। এই কোম্পানীৰ প্ৰকাশিত 'একছন কমিক্ছ'-ৰ (Action Comics) প্ৰথম সংখ্যাত প্ৰকাশ পায় সৰ্বকালৰ জনপ্ৰিয় এটা কমিক্ছ চৰিত্ৰ--'ছুপাৰমেন' (Superman)। শিল্পী জো ছাচ্টাৰ (Joe Shuster) আৰু লেখক জেৰী ছিগেল-ৰ (Jerry Siegel) যুটীয়া সৃষ্টি আছিল এই ছুপাৰমেন। তেওঁলোকে ১৯৩২ চনতে এই চৰিত্ৰৰ সৃষ্টি কৰিছিল। ছুপাৰমেনৰ প্ৰগাঢ় জনপ্ৰিয়তাই আন বহুতো ছুপাৰহিৰো-ৰ (Superhero) জন্ম দিয়ে। এটা সময়ত ছুপাৰহিৰো কমিক্ছৰেই আন এটা নামৰ দৰেই হৈ উঠে। ছুপাৰহিৰো কমিক্ছৰ জনপ্ৰিয়তা কমি আহে ১৯৫০ৰ দশকত। কিন্তু সোনকালেই নতুন ধৰণৰ ছুপাৰহিৰো আহি নতুন জনপ্ৰিয়তা পাবলৈ সক্ষম হয়।
মাংগা
বিশ্বযুদ্ধৰ পাছত জাপানত কমিক্ছৰ প্ৰসাৰ বৃদ্ধি পায়। জাপানৰ পাৰম্পৰিক চিত্ৰকলাৰ লগত নতুনত্বৰ সংমিশ্ৰণ কৰি নতুন বিধৰ কমিক্ছৰ জন্ম দিয়া হয় আৰু বৰ্তমান বিশ্বব্যাপী জনপ্ৰিয়তাৰ ক্ষেত্ৰত জাপানৰ কমিক্ছৰ নিজস্ব স্থান বিদ্যমান। 'অ'ছামু টেজুকা'-ই (Osamu Tezuka) প্ৰথমতে দীঘল কমিক্চৰ প্ৰবৰ্তন কৰি মহাকাব্যিক ধাৰাৰ কমিক্ছৰ প্ৰচলন কৰে। তদুপৰি তেওঁ কমিক্ছত চলচ্চিত্ৰৰ নিচিনা দৃশ্যাংশ, গতিৰ অনূভূতি, জটিল কাহিনী আৰু চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দি কমিক্ছক শিশু-উপযোগী এক চালুকীয়া কলাৰ সলনি এক নিসজস্ব শিল্পৰ মান দিবলৈ সক্ষম হয়। তেওঁৰ কমিক্ছ সমসাময়িক ডিজনী ছবি-ৰ দ্বাৰা প্ৰভাৱান্বিত আছিল। জাপানৰ কমিক্ছক 'মাংগা' বোলা হয়। 'মাংগা'-ই শিশুৰপৰা আৰম্ভ কৰি পূৰ্ণ বয়স্ক আনকি অকল প্ৰাপ্তবয়স্কৰ উপযোগী কাহিনীকো সামৰি লয়। কেইবা প্ৰকাৰৰ মাংগাৰ প্ৰচলন আছে। মাগা সাধাৰণতে কেবাখনো কমিক্ছৰ সংগ্ৰহ হিচাপে প্ৰকাশ কৰা হয়। 'মাংগা'ৰপৰাই উদ্ভূত জাপানী এনিমেছন ছবি 'এনিম'-তো (Anime) 'মাংগা'সদৃশ গাঁথনি আৰু ছবি লক্ষ্য কৰা যায়। এই বিশেষ ৰূপে 'এনিম' ছবিসমূহকো এক বিশেষ ৰূপ দি জাপানী এনিমেছন ছবিক এক বিশেষ মৰ্য্যদা প্ৰাদান কৰিছে।
'কমিক্ছ' নে 'চিত্ৰ উপন্যাস'
কমিক্ছ (Comics) শব্দটোৱে কমিক্ছৰ শিল্পৰ পূৰ্ণ ৰূপক লঘু কৰে বুলি আপত্তি কৰি, ১৯৭০ চনৰপৰা 'চিত্ৰ উপন্যাস' (Graphic Novel) শব্দৰ প্ৰচলন কৰা হয়। কিছুমান আকৌ ইংৰাজী বানান comix ব্যৱহাৰ কৰে।
কিছুমান জনপ্ৰিয় কমিক্ছ চৰিত্ৰ
বিদেশী কমিক্ছ চৰিত্ৰ
*চুপাৰমেন
*বেটমেন
*স্পাইডাৰমেন
*ৱণ্ডাৰ ৱমেন
*মিকি মাউচ
*ডনাল্ড ডাক
*লেডী ডেথ্
*ট্ৰান্সফৰ্মাছ
*টাৰ্জান
*ফেন্টম
* হি-মেন
*কেপ্তেইন আমেৰিকা
* আইৰন মেন
* ৰ'ব' কপ্
* অ'লভাৰিন
* হাক্
ভাৰতীয় কমিক্ছ চৰিত্ৰ
*চাচা চৌধৰী (
ডায়মণ্ড কমিক্ছ)
*চাবু (
ডায়মণ্ড কমিক্ছ)
*মহাৱলী সাকা (
ডায়মণ্ড কমিক্ছ)
*ডিনামাইট
( ডায়মণ্ড কমিক্ছ)
*নাগৰাজ (ৰাজ কমিক্ছ)
*চুপৰ কমাণ্ডু ধ্ৰুৱ (ৰাজ কমিক্ছ)
*ড'গা (ৰাজ কমিক্ছ)
*কৌবি আৰু ভেড়ীয়া (ৰাজ কমিক্ছ)
*পৰমানু (ৰাজ কমিক্ছ)
*ইন্সপেক্টৰ ষ্টিল (ৰাজ কমিক্ছ)
*শক্তি (ৰাজ কমিক্ছ)
*গমৰাজ (ৰাজ কমিক্ছ)
*বাংকেলাল (ৰাজ কমিক্ছ)
*সুপন্দী (অমৰ চিত্ৰ কথা)
*সম্ভু নামৰ চিকাৰী (অমৰ চিত্ৰ কথা)
*ৰঘু (অমৰ চিত্ৰ কথা)
*কালীয়া নামৰ কাউৰী (অমৰ চিত্ৰ কথা)
*তন্ত্ৰী নামৰ মন্ত্ৰী (অমৰ চিত্ৰ কথা)
ভাৰতীয় কমিক্ছ
অমৰ চিত্ৰ কথা
ডায়মণ্ড কমিক্ছ
ৰাজ কমিক্ছ
মনোজ কমিক্ছ
তুলসী কমিক্ছ
টিংকল
গ্ৰাফিক্ছ ইণ্ডিয়া
চান্দামামা
ইন্দ্ৰজাল
অসমীয়া কমিক্চ
অসমীয়া কমিক্চৰ ইতিহাস বিশেষ দীঘল নহয়। 'ইণ্ডিয়া বুক হাউচ'ৰ দ্বাৰা প্ৰকাশিত আৰু 'আংকল পেই'ৰ দ্বাৰা সম্পদিত 'অমৰ চিত্ৰ কথা'ই কেবাখনো কমিক্চৰ অসমীয়া সংস্কৰণ উলিয়াইছিল। ১৯৮০-ৰ দশকত প্ৰকাশিত এই কমিক্চবোৰ ইংৰাজী আৰু কেবাটাও ভাৰতীয় ভাষাত প্ৰকাশিত হৈছিল। একে প্ৰকাশনৰে প্ৰথমে মাহেকীয়া আৰু পাছলৈ পষেকীয়া 'টিংকল' নামৰ কমিক্চ আলোচনীখনো অসমীয়াত প্ৰকাশ পাইছিল। (সংগতি দিয়া হোৱা নাই) অমৰ চিত্ৰ কথাই এতিয়া আকৌ প্ৰকাশন আৰম্ভ কৰিছে যদিও, বৰ্তমান অসমীয়া ভাষাত তেওঁলোকে কমিক্চ প্ৰকাশ কৰা নাই।
৮০-ৰ দশকতে কেইটামান অসমীয়া প্ৰকাশন গোষ্ঠীয়ে অসমীয়া কমিক্চ প্ৰকাশ কৰিবলৈ লয়। তেওঁলোকৰ ভিতৰত 'মনু চিত্ৰ কথা'ই পৌৰাণিক কাহিনীভিত্তিক কেইবাখনো কমিক্চ প্ৰকাশ কৰে। মনুু চিত্ৰ কথাৰ প্ৰকাশক আছিল 'পকেট বুক চেণ্টাৰ, পল্টন বজাৰ' । মূল প্ৰকাশকৰ দায়িত্বত আছিল শ্ৰী ৰনবীৰ ভাটিয়া দেৱ আৰু সম্পাদনাৰ দ্বায়িত্বত আছিল শ্ৰী ৰঞ্জু হাজৰিকা দেৱ।
একে সময়তে অসমীয়া ভাষাৰ মাহেকীয়া কমিক্চ আলোচনী কেইখন ওলায়। কিন্তু প্ৰায়খিনিয়েই কেইদিনমান চলিয়েই বন্ধ হৈ যায়।
বৰ্তমান প্ৰকাশিত হৈ থকা 'ৰংমন' এখন অসমীয়া কমিক্চ আলোচনী। ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা শিশু উপযোগী এই ৰঙীন কমিক্চ আলোচনীখন প্ৰকাশিত হৈ আহিছে। 'প্ৰণয় মামা' ৰংমনৰ সম্পাদক।
ইয়াৰ বাহিৰেও কেবাখনো শিশু আলোচনীৰ পাতত কমিক্চ প্ৰকাশ কৰা হৈছে। 'সঁফুৰা', 'মৌচাক', 'কিশোৰ' আদিত বিভিন্ন কমিক্চ প্ৰকাশ কৰা হৈ আহিছে।
'বিস্ময়'ৰ পাতত বহুত আগৰেপৰাই 'ফেণ্টম' কমিক্চৰ অসমীয়া ৰূপ প্ৰকাশ কৰা হৈ আহিছে। ইয়াৰ বাহিৰেও বাতৰিকাকতৰ শিশু শিতানত 'স্পাইডাৰমেন', 'ফেণ্টম'ৰ অসমীয়া অনুবাদ প্ৰকাশ কৰা হৈছে। জনপ্ৰিয় আলোচনী 'প্ৰান্তিক'ৰ পাতত ভাৰতীয় কমিক্চ 'বিক্ৰম'ৰ অসমীয়া ৰূপ প্ৰকাশ হৈ আহিছে।
অৱশ্যে সমগ্ৰ বিশ্বতে কমিক্চক লৈ চলা পৰীক্ষা-নিৰীক্ষা অসমীয়া কমিক্চত এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। এতিয়ালৈকে অসমীয়াত গধূৰ বিষয়ৰ 'চিত্ৰ উপন্যাস' প্ৰকাশিত হোৱা নাই।
তথ্য সংগ্ৰহ
গ্ৰন্থপঞ্জী
Fiore. R (2005).
Santos, Derek (1998)
Williams, Jeff. "Comics: A tool of subversion?" Journal of Criminal Justice and Popular Culture, 2(6) (1994) 129-146
আৰু পঢ়িব পাৰে
David Carrier, The Aesthetics of Comics, Penn State Press, 2002 ISBN 0-271-02188-8
Will Eisner Comics and Sequential Art Poorhouse Press 1985 ISBN 0-9614728-0-4
Will Eisner Graphic Storytelling Poorhouse Press 1995 ISBN 0-9614728-3-9
Gary Groth & R. Fiore The New Comics Berkley Books 1988 ISBN 0-425-11366-3
Maurice Horn ed. The World Encyclopedia of Comics Avon 1977 ISBN 0-87754-323-2
Scott McCloud Understanding Comics - the Invisible Art HarperCollins 1994 ISBN 0-613-02782-5
Roger Sabin Comics, Comix and Graphic Novels: a History of Comic Art Phaidon 1996 ISBN 0-7148-3993-0
Coulton Waugh The Comics The Macmillan Company 1947 ISBN 0-87805-499-5
Richard O'Brien The Golden Age of Comics, Ballantine Books, 1977. ISBN 0-345-25535-6
বাহ্যিক সংযোগ
ৰংমন কমিক্চৰ ৱেব পৃষ্ঠা
Billy Ireland Cartoon Library & Museum
Michigan State University Comic Art Collection
Comic Art Collection at the University of Missouri
Comic Book Database
Grand Comics Database
Comics Archives and Editorial Cartoons
Cartoon Art Museum of San Francisco
Time Archives' Collection of Comics
GetSlabbed Collector Guide: Information on collecting comics
Historieta y Animación
Download Comics for Free
|
4312
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%A5%E0%A7%80%20%28%E0%A6%89%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8%29
|
মহাৰথী (উপন্যাস)
|
মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়। ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।
লেখকৰ পৰিচয়
চন্দ্ৰপ্ৰসাদ শইকীয়া (জন্ম: ১৯২৭ – মৃত্যু: ২০০৬) হৈছে এজন অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক। কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত এম.এ. শইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। এই উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা আৰু ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "গৰীয়সী" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি গৈছিল। তেখেতে ১৯৯৯ আৰু ২০০০ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।
কাহিনীৰ সাৰাংশ
মহাৰথীৰ কাহিনী ভাৰতীয় মহাকাব্য মহাভাৰতৰ ওপৰত আধাৰিত। ইয়াৰ মুখ্য চৰিত্ৰ হৈছে মহাবীৰ কৰ্ণ। কৰ্ণ আছিল সূৰ্য্য আৰু কুন্তীৰ সন্তান। এজন নিপুণ যোদ্ধা হোৱাৰ উপৰিও দয়ালু আৰু দানশীল স্বভাৱৰ বাবেও কৰ্ণ জনাজাত আছিল। প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় গোপন হৈ থকাৰ বাবে ‘সূত-পুত্ৰ’ বুলি জীৱনকালত কৰ্ণ পদে পদে লাঞ্ছনাৰ সম্মুখীন হৈছিল। মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ যুঁজ দিয়া কৰ্ণৰ নিজৰেই অৰ্দ্ধ-ভ্ৰাতৃ অৰ্জুনৰ হাতত শোকাবহ মৃত্যু ঘটিছিল।
গ্ৰন্থ পৰ্যালোচনা
কৰ্ণৰ মানৱীয়তা আৰু মৰ্মন্তদ জীৱনৰ কাহিনী চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে মহাৰথীত কুশলী ভাষাৰে হৃদয়স্পৰ্শীভাৱে প্ৰকাশ কৰিছে। এক নতুন আংগিকৰ উপন্যাস হিচাপে ই অসমীয়া সাহিত্যৰ জগতত ব্যৱসায়িক দিশতো সফল আছিল।
বঁটা
১৯৯৫ চনত এই উপন্যাসৰ বাবে চন্দ্ৰপ্ৰসাদ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
অভিযোজন
ইতিমধ্যে এই উপন্যাসখন বিভিন্ন ভাৰতীয় ভাষালৈ অনূদিত হৈছে আৰু ইয়াৰ নাট্যৰূপো দিয়া হৈছে।
তথ্যসূত্ৰ
অসমীয়া গ্ৰন্থ
অসমীয়া উপন্যাস
সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ
|
4314
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0
|
অসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ
|
এই তালিকাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্য, কলা, সংগীত, খেল, চলচ্চিত্ৰ আদি বিভিন্ন শিতানত প্ৰদান কৰা বঁটা আৰু সন্মানসমূহৰ তালিকা দিয়া হৈছে৷
চৰকাৰী বঁটাসমূহ
তলৰ বঁটাসমূহ অসম চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খ্যাতি অৰ্জন কৰা ব্যক্তি বা অনুষ্ঠানক প্ৰদান কৰে।
||২৬||অসম ৱিভূষন||ৰাজ্যিক ||২০২২||
আন বঁটা-সন্মানসমূহ
অসম সাহিত্য সভাই প্ৰদান কৰা বিভিন্ন বঁটা আৰু সন্মান
অসম উপত্যকা সাহিত্য বঁটা
আনন্দৰাম বৰুৱা বঁটা
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
প্ৰকাশন পৰিষদ বঁটা
প্ৰাগ চিনে বঁটা
প্ৰণৱ বৰুৱা শিল্পী বঁটা
প্ৰবীণা শইকীয়া বঁটা
মুনীন বৰকটকী বঁটা
ৰেনেছাঁ অসম বঁটা
লাচিত বঁটা
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা
লগতে পঢ়ক
ভাৰতৰ বিভিন্ন বঁটা আৰু সন্মান
পৃথিৱীৰ বিভিন্ন বঁটা আৰু সন্মান
তথ্য সংগ্ৰহ
অসম সম্পৰ্কীয় তালিকা
অসমৰ বঁটাসমূহ
|
4316
|
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%20%E0%A6%85%E0%A6%95%E0%A6%BE%E0%A6%A1%E0%A7%87%E0%A6%AE%E0%A6%BF%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
সাহিত্য অকাডেমি বঁটা
|
সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা। ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়। ভাষাসমূহ হ’ল: অসমীয়া, ইংৰাজী, ওড়িয়া, কাশ্মিৰী, কোংকণী, কন্নড়, গুজৰাটী, চাঁওতালি, ডোগ্ৰী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, বড়ো, মাৰাঠী, মালয়ালম, মণিপুৰী, মৈথিলী, ৰাজস্থানী, সংস্কৃত, সিন্ধী আৰু হিন্দী।
বঁটাপ্ৰদান
প্ৰথম বছৰ অসমীয়াকে ধৰি ১৩টা ভাষাত ৰচিত ১৩খন গ্ৰন্থলৈ এই বঁটা আগবঢ়োৱা হৈছিল। বৰ্তমান ২৪ ভাষালৈ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয়। পুৰস্কাৰৰ ধন ৫০০০ টকাৰে আৰম্ভণি হৈ ১৯৮৩ চনৰ পৰা ১০,০০০ টকা, ১৯৮৮ চনৰ পৰা ২৫,০০০ টকা, ২০০১ চনৰ পৰা ৪০,০০০ টকা, ২০০৩ চনৰ পৰা ৫০,০০০ টকা আৰু ২০০৯ চনৰ পৰা ১,০০,০০০ টকালৈ সংশোধন হয়।
১৯৫৪ চনত আৰম্ভ কৰা এই বঁটাত এখন অকাডেমিৰ প্ৰতীকসম্বলিত ফলক, এখন শ্বল আৰু পঞ্চাছ হাজাৰ টকা প্ৰদান কৰা হয়। ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদ্গনি যোগোৱাই এই বঁটাৰ উদ্দেশ্য।
প্ৰক্ৰিয়া
বঁটা লাভ কৰিব লগীয়া লেখকৰ বাছনি প্ৰক্ৰিয়া বঁটা প্ৰদানৰ পূৰ্বৰ বাৰটা মাহত সম্পাদন কৰা হয়। অকাডেমিৰ সদস্যসকলে লেখক-সমালোচকসকলৰ পৰা ভাল গ্ৰন্থৰ এখন প্ৰাথমিক তালিকা প্ৰস্তুত কৰায়। ইয়াৰ পৰা বিচাৰকমণ্ডলীৰ বাবে প্ৰথম তালিকা প্ৰস্তুত কৰা হয়। এইখন তালিকাৰ পৰা পৰৱৰ্তী পৰ্যায়ৰ বিচাৰকসকলে শ্ৰেষ্ঠ তিনিখন গ্ৰন্থৰ তালিকা শেষ বিচাৰকৰ হাতলৈ পঠিয়ায়। তেওঁলোকে তাৰ পৰা শ্ৰেষ্ঠ গ্ৰন্থ নিৰ্বাচন কৰে আৰু বাছনিৰ কাৰণো লিখিতভাৱে একাডেমিক জনায়। অনুবাদ বঁটাও প্ৰায় একেধৰণৰ প্ৰক্ৰিয়াৰে নিৰ্বাচন কৰা হয়।
আন আন সাহিত্যিক সন্মানসমূহ
সাহিত্য অকাডেমি জলপানি
সাহিত্য অকাডেমি প্ৰদান কৰা ই সৰ্বোচ্চ বঁটা। ভোটদানৰ জৰিয়তে পাওঁতাসকলক বাছনি কৰা হয়। সাহিত্য অকাডেমি বঁটা দ্বিতীয় সৰ্বোচ্চ বঁটা।
ভাষা সন্মান
ভাৰতবৰ্ষ এখন বহুভাষিক দেশ। কিন্তু সাহিত্য অকাডেমিৰ স্বীকৃত ভাষাৰ সংখ্যা মাত্ৰ ২৪টাহে। সেয়েহে ১৯৯৬ চনত এই স্বীকৃত ভাষাকেইটাৰ বাদে অন্য ভাষাৰ লেখক, গৱেষক, সম্পাদক, সংগ্ৰহকৰ্তা আৰু অনুবাদকসকল, যিয়ে সংশ্লিষ্ট ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশিষ্ট অৱদান আগবঢ়াইছে, তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ ভাষা সন্মান বঁটাৰ আৰম্ভণি কৰে। প্ৰথম অৱস্থাত বঁটা স্বৰূপে এখন ফলকৰ সৈতে ২৫,০০০ টকা আগবঢ়োৱা হৈছিল। ২০০১ চনত পুৰস্কাৰ ৰাশি ৪০,০০০ টকা, ২০০৩ চনত ৫০,০০০ টকা আৰু ২০০৯ চনত ১,০০,০০০ টকালৈ বৃদ্ধি কৰা হয়। ১৯৯৬ চনত পাহাৰী ভাষাৰ ২ গৰাকী, টুলু ভাষাৰ ২ গৰাকী, ভোজপুৰী ভাষাৰ ১ গৰাকী আৰু ককবৰক ভাষাৰ ১ গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছিল।
অনুবাদ বঁটা
সাহিত্য অকাডেমিৰ স্বীকৃত ২৪টা ভাষালৈ কৰা বিশিষ্ট অনুবাদ গ্ৰন্থৰ বাবে ১৯৮৯ চনৰ পৰা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰথমে পুৰস্কাৰ ৰাশি আছিল ১০,০০০ টকা। এই ৰাশি বৃদ্ধি হৈ ২০০১ চনত ১৫,০০০ টকা, ২০০৩ চনত ২০,০০০ টকা আৰু ২০০৯ চনত ৫০,০০০ টকা হয়গৈ। ১৯৮৯ বৰ্ষত ১৩ গৰাকী অনুবাদকলৈ এই বঁটা প্ৰদান কৰা হয়। অসমীয়া ভাষালৈ কৰা অনুবাদ গ্ৰন্থৰ বাবে ২০১০ চনলৈ এইসকল ব্যক্তিক পুৰস্কৃত কৰা হয়- নৰেন্দ্ৰ শৰ্মা, ৰাধিকা মোহন ভাগৱতী, বিমল ভাগৱতী, ফণী তালুকদাৰ, বসুন্ধৰা শইকীয়া, কুলনাথ গগৈ, তিলক হাজৰিকা, কীৰ্তিনাথ হাজৰিকা, নিৰুপমা ফুকন, তীৰ্থ ফুকন, শুচিব্ৰতা ৰায়চৌধুৰী, প্ৰভাত চন্দ্ৰ শৰ্মা, ৰাজেন শইকীয়া, প্ৰফুল্ল কটকী, হেমেশ্বৰ দিহিঙীয়া, মলয়া খাউণ্ড, মালিনী গোস্বামী, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি আৰু অনুপমা দত্ত শইকীয়া।
বাল সাহিত্য পুৰস্কাৰ
অকাডেমিৰ স্বীকৃত ২৪টা ভাষাৰ উত্কৃষ্ট শিশু গ্ৰন্থ বা শিশু সাহিত্যলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে বাল সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটা প্ৰথমবাৰৰ বাবে ২০১১ চনত ঘোষণা কৰা হয়। এখন তামৰ ফলক আৰু ৫০,০০০ টকা বঁটাস্বৰূপে আগবঢ়োৱা হয়। অসমীয়া ভাষাৰ 'সেউজীয়া ধৰণী' নামৰ শিশু-উপন্যাসখনৰ বাবে বন্দীতা ফুকনে আৰু বড়ো ভাষাৰ 'পুৰণি চোলো ফিঠিকা' নামৰ গল্পপুথিৰ বাবে মহেশ্বৰ নাৰ্জাৰীয়ে এই বঁটা লাভ কৰে।
আনন্দ কুমাৰস্বামী জলপানি
ভাৰতীয় লেখক আনন্দ কুমাৰস্বামীৰ নামত ১৯৯৬ চনত এই বঁটা আৰম্ভ কৰা হয়। এছিয়াৰ কোনো লেখকক ভাৰতত তিনি মাহৰ পৰা বাৰ মাহ সময় সাহিত্যিক গৱেষণা কৰিবৰ বাবে এই জলপানি দিয়া হয়। ১৯৯৬ চনত ড॰ আজাদ এন চামাতোভ (তাচখণ্ড), অধ্যাপক চেনেকা বন্দৰনায়ক (কলম্বো) আৰু অধ্যাপক চী নাকানেক (জাপান) ড॰ আনন্দ কুমাৰস্বামী জনপানী প্ৰদান কৰা হয়।
প্ৰেমচান্দ জলপানি
ভাৰতীয় সাহিত্যক প্ৰেমচান্দৰ ১২৫ বছৰীয়া জন্মদিন উপলক্ষে প্ৰেমচান্দ জলপানি আৰম্ভ কৰা হয়। এই জলপানী ভাৰতক বাদ দি অন্যান্য SAARC দেশসমূহৰ ভাৰতীয় সাহিত্যৰ বিষয়ে গৱেষণা কৰা গৱেষক বা সৃ্ষ্টিশীল সাহিত্যকক প্ৰদান কৰা হয়। প্ৰেমচান্দ জলপানি আগবঢ়োৱা প্ৰথমগৰাকী ব্যক্তি হ'ল পাকিস্তানৰ শীৰ্ষস্থানীয় উৰ্দু ভাষাৰ গল্পকাৰ আৰু স্তম্ভলেখক জোনাব ইণ্টিজাৰ হুছেইন।
সোণালী জয়ন্তী বঁটা
ইয়াৰ সোণালী জয়ন্তী উপলক্ষে সাহিত্য অকাডেমীয়ে অনুবাদত কবিতাৰ অসামান্য ৰচনাসমূহৰ বাবে নিম্নলিখিত পুৰস্কাৰসমূহ ঘোষণা কৰে :-
ৰাণা নায়াৰ :- শিখ সন্ত বাবা ফৰিদৰ ভক্তিমূলক পাঞ্জাৱী কবিতাঅনুবাদ কৰাৰ বাবে
তপন কুমাৰ প্ৰধান :- তেওঁৰ নিজৰ ওড়িয়া কবিতা সংকলন " কালাহাণ্ডি" অনুবাদ কৰাৰ বাবে
পৰমিতা দাস :- পাৰ্বতী প্ৰসাদ বৰুৱাৰ অনুবাদৰ বাবে
জীৱনজোৰা কৃতিত্ব আৰু যুৱ সফলতাৰ বাবে সোণালী জয়ন্তী বঁটা নামদেও ধাচাল, মন্দক্ৰান্ত সেন, ৰঞ্জিত হস্কোটে, নীলাক্ষী সিং, সীতাৰা এছ আৰু আব্দুল ৰছিদক প্ৰদান কৰা হয়।
আৰু চাওক
ভাৰতীয় সাহিত্য
অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
সাহিত্য অকাডেমি
তথ্যসূত্ৰ
বহি:সংযোগ
Sahitya Akademi Awards and Fellowships, Official website
সাহিত্য অকাডেমি বঁটা
ভাৰতীয় ভাষাত প্ৰদান কৰা সাহিত্য পুৰস্কাৰ
|
4317
|
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A7%B1%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
শ্ৰীমন্ত শংকৰদেৱ বঁটা
|
অসম চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি বিশ্বৰ জনমানসৰ আগত দাঙি ধৰাৰ লগতে তেওঁৰ গুণৰাশিক সোঁৱৰণৰ জৰিয়তে ভাৰতবাসীক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰবৰ্তন কৰা হৈছিল। এই বঁটাত নগদ ধনৰ লগতে এখন প্ৰশংসা পত্ৰ, এটি সোণৰ পদক, এখন শৰাই আৰু অঙ্গবস্ত্ৰ আগবঢ়োৱা হয়। ১৯৯৭ চনৰ পৰা এই বঁটাত আগবঢ়োৱা নগদ ধনৰ পৰিমণ পূৰ্বৰ এক লাখ টকাৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি কৰা হয়, ২০২০ চনত এই ধনৰ পৰিমান ৫ লাখ টকা। বৰ্তমানে প্ৰতি তিনি বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰা হয়।
শংকৰদেৱ বঁটা বিজয়ীসকল
তথ্য সংগ্ৰহ
অসমৰ বঁটাসমূহ
অসম সম্পৰ্কীয় তালিকা
|
4318
|
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
আনন্দৰাম বৰুৱা বঁটা
|
ভাৰতীয় বিদ্যা, সাহিত্য আৰু ভাষাতত্ব অধ্যয়ন, সংস্কৃত ভাষা, আৰু কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোজন পণ্ডিতক প্ৰতিবছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়৷ আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি সংস্থা (ABILAC
)ৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা আৰু এখন মানপত্ৰ৷ বৰ্তমানলৈকে ১৬ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে।
আনন্দৰাম বৰুৱা বঁটা বিজয়ীসকল
তথ্য সংগ্ৰহ
বঁটা আৰু পুৰস্কাৰ
অসমীয়া সাহিত্য পুৰস্কাৰ
|
4319
|
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%81%20%E0%A7%B0%E0%A6%BE%E0%A6%AD%E0%A6%BE%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
বিষ্ণু ৰাভা বঁটা
|
বিষ্ণু ৰাভা বঁটা () অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰা হয়। এই বঁটাত নগদ ১ লাখ টকা, জাপি, গামোচা, শৰাই আৰু এখন মানপত্ৰ আগবঢ়োৱা হয়।
বিষ্ণুৰাভা বঁটা বিজয়ীসকল
তথ্য সংগ্ৰহ
অসমীয়া সাহিত্য পুৰস্কাৰ
অসম সম্পৰ্কীয় তালিকা
|
4320
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%89%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A6%BE%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
অসম উপত্যকা সাহিত্য বঁটা
|
অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ। সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।
ইতিহাস
ৱিলিয়ামচন মেগৰ গ্ৰুপ অফ ইনদাষ্ট্ৰী (Williamson Magor Group of Industries) -ৰ অধ্যক্ষ শ্ৰী বি এম খেতানে অসম উপত্যকা সাহিত্য বঁটাৰ কথা ঘোষণা কৰিছিল। ১৯৯০ চনৰ ১১ ফুব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ
আসাম ভেলী স্কুলৰ আধাৰশিলা স্থাপন কৰোঁতে তেওঁ ঘোষণা কৰিছিল।
১৯৯০ চনত আৰম্ভ কৰা এই বঁটা লাভ কৰা প্ৰথমগৰাকী লেখক আছিল ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
বঁটা
অসম উপত্যকা সাহিত্য বঁটাৰ লগত নগদ দুই লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু বিশেষভাৱে নিৰ্মিত এটা ট্ৰফি দিয়া হয়। প্ৰখ্যাত অসমীয়া ভাস্কৰ আৰু চিত্ৰশিল্পী শোভা ব্ৰহ্মই এই বঁটাটোৰ আৰ্হি প্ৰস্তুত কৰিছিল।
প্ৰত্যেক বছৰে সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়। ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।
বিজয়ীসকল
অসম উপত্যকা সাহিত্য বঁটা বিজয়ীসকল হৈছে:
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Williamson Magor, Official site
Mcleod Russel India Limited website, (tea business)
অসমীয়া সাহিত্য
অসমীয়া সাহিত্য পুৰস্কাৰ
অসম উপত্যকা সাহিত্য বঁটা বিজয়ী
|
4322
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%81%E0%A6%A8%E0%A7%80%E0%A6%A8%20%E0%A6%AC%E0%A7%B0%E0%A6%95%E0%A6%9F%E0%A6%95%E0%A7%80%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
মুনীন বৰকটকী বঁটা
|
প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ৷
বিজয়ীসকল
মুনীন বৰকটকী বঁটা বিজয়ীসকল হৈছে:
তথ্য সংগ্ৰহ
অসমীয়া সাহিত্য পুৰস্কাৰ
অসম সম্পৰ্কীয় তালিকা
|
4323
|
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
লাচিত বঁটা
|
ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক লাচিত বঁটা প্ৰদান কৰা হয়৷ ১৯৮৭ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷ এই বঁটাত হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি থকা লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি আৰু লগতে পাঁচ হাজাৰ টকা প্ৰদান কৰা হয়৷
অসমীয়া সাহিত্য পুৰস্কাৰ
|
4324
|
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A7%80%E0%A6%A3%E0%A6%BE%20%E0%A6%B6%E2%80%8D%E0%A6%87%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
প্ৰবীণা শইকীয়া বঁটা
|
যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সন্থাৰ উদ্যোগত আৰু প্ৰবীণা শইকীয়াৰ স্বামী চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সহযোগত মহিলা সাহিত্যিকক এই বঁটা প্ৰদান কৰা হৈছিল৷ ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত নগদ ১০,০০০ টকা, এখন প্ৰশস্তিপত্ৰ আৰু এটা ফলক আগবঢ়োৱা হয়৷
প্ৰবীণা শইকীয়া বঁটা বিজয়ীসকল
তথ্য সংগ্ৰহ
অসমীয়া সাহিত্য পুৰস্কাৰ
অসম সম্পৰ্কীয় তালিকা
|
4325
|
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%A8%20%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A6%A6%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
প্ৰকাশন পৰিষদ বঁটা
|
অসমীয়া সাহিত্যৰ বাছকবনীয়া গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰে৷ ১৯৭৩ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও মাজতে দহ বছৰ প্ৰদান কৰা হোৱা নাছিল৷ পুনৰ ২০০০ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে৷
অসমীয়া সাহিত্য পুৰস্কাৰ
|
4326
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%A4%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%20%E0%A6%85%E0%A6%95%E0%A6%BE%E0%A6%A1%E0%A7%87%E0%A6%AE%E0%A6%BF%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE%20%E0%A6%B2%E0%A6%BE%E0%A6%AD%20%E0%A6%95%E0%A7%B0%E0%A6%BE%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95%E0%A6%B8%E0%A6%95%E0%A6%B2
|
অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
|
অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০২১ চনলৈ মুঠ ৬০ গৰাকী সাহিতিকে লাভ কৰিছে। এই বঁটা প্ৰদান কৰে ১৯৫৪ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভাৰতীয় সাহিত্যৰ উন্নয়ন কল্পে গঠন কৰা সাহিত্য অকাডেমি নামৰ অনুষ্ঠানটোৱে। এই অনুষ্ঠানটোৱে ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি বঁটা ১৩টা ভাষাৰ ১৩ গৰাকী সাহিত্যিকক প্ৰদান কৰিছিল। এই ১৩ গৰাকী সাহিত্যিকৰ ভিতৰত অসমীয়া ভাষাৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ নামো অন্তৰ্ভুক্ত হৈছিল। অসমীয়া ভাষাত ২০১৭ চনলৈ মুঠ ১৮ গৰাকী সাহিত্যকে উপন্যাসত, ১৩ গৰাকীয়ে কাব্যগ্ৰন্থত, ৯ গৰাকীয়ে চুটিগল্পত, ২ গৰাকীয়ে স্মৃতিকথা বিষয়ক গ্ৰন্থত, ১ গৰাকীয়ে জীৱনী গ্ৰন্থত আৰু ৭ গৰাকীয়ে সাহিত্য-সংস্কৃতি আদি বিষয়ক গ্ৰন্থত লাভ কৰে। ড॰ কৃষ্ণকান্ত সন্দিকৈ, স্নেহ দেৱী আৰু কবিন ফুকনক মৰণোত্তৰভাৱে অকাডেমি বঁটা প্ৰদান কৰা হয়। সাহিত্য অকাডেমিৰ অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবেও ১৯৯০ চনৰ পৰা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰি আহিছে।
সাহিত্য অকাডেমি বঁটা বিজয়ীসকল
এই চিহ্নই মৰণোত্তৰভাৱে প্ৰদান কৰা সূচাইছে
অনুবাদ বঁটা বিজয়ীসকল
অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবে তলত উল্লিখিত লেখকসকলক সাহিত্য অকাডেমিয়ে অনুবাদ সাহিত্যিৰ বঁটা প্ৰদান কৰিছে:
এই চিহ্নই মৰণোত্তৰভাৱে প্ৰদান কৰা সূচাইছে
শিশু সাহিত্য পুৰস্কাৰ
২০১০ চনৰ পৰা সাহিত্য অকাডেমিয়ে অসমীয়া ভাষাৰ শিশু সাহিত্যিকসকললৈ শিশু সাহিত্য পুৰস্কাৰ প্ৰদান কৰি আহিছে:
যুৱ পুৰস্কাৰ
২০১১ চনৰ পৰা সাহিত্য অকাডেমিয়ে অসমীয়া ভাষাৰ উদীয়মান যুৱ সাহিত্যিকসকললৈ যুৱ পুৰস্কাৰ প্ৰদান কৰি আহিছে:
তথ্য সংগ্ৰহ
সাহিত্য অকাডেমি বঁটা অসমীয়া
অসমীয়া সাহিত্য
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
অসম সম্পৰ্কীয় তালিকা
সাহিত্য অকাডেমি বঁটা
|
4327
|
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A7%87%E0%A6%9B%E0%A6%A8
|
এনিমেছন
|
জঁপিয়াই থকা বলৰ এনিমেছন (তলৰ চিত্ৰ), এই এনিমেছনটো ওপৰৰ ছয়খন বেলেগ বেলেগ ফ্ৰেম সংযোগ কৰি সৃষ্টি কৰা হৈছে।
এই এনিমেছনত প্ৰতি ছেকেণ্ডত দহখন ফ্ৰেম দেখুওৱা হৈছে।
এনিমেছন () বা এনিমেশ্যন হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক "চলন্ত চিত্ৰ" বুলিও ক'ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচ্চিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলন্ত বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিক ভাৱে ছেকেণ্ডত ২৪ টা) ফটো তোলা হয়। এই ছবিবোৰত চলন্ত বস্তুটোৰ বিভিন্ন মুহূৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন 'ফ্ৰেম' বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই 'ফ্ৰেম'বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। পিছলৈ অৱশ্যে এই মতক নাকচ কৰা হয়। লক্ষণীয় যে এই পদ্ধতিত এটা বিশেষ যন্ত্ৰ (চলচ্চিত্ৰ কেমেৰা)ৰ দ্বাৰা, চলনশীল বস্তু এটাৰ চলনক 'ফ্ৰেম'ৰ ৰূপ দিয়া হয়। এনিমেছন প্ৰক্ৰিয়াত প্ৰতিখন ফ্ৰেম বেলেগে বেলেগে সৃষ্টি কৰা হয়। পাছত প্ৰতিটো ফ্ৰেমকে ক্ৰম অনুসৰি পৰ্দাত নিক্ষেপন কৰি গতিৰ আভাস দিয়া হয়। এনিমেছন নিৰ্মাণ কৰোঁতে প্ৰতিখন ফ্ৰেমেই এখন এখনকৈ সৃষ্টি কৰা হয়। ফ্ৰেম নিৰ্মাণ বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। হাতে অঁকা আৰু একেটা বস্তুৰ অৱস্থানৰ সামান্য পৰিবৰ্তন কৰি তাৰ ছবি লোৱাটো সাধাৰণতে ব্যৱহৃত দুটা প্ৰক্ৰিয়া। বৰ্তমান গাণনিক যন্ত্ৰৰ (কম্পিউটাৰ) সহায়ত এনিমেছন নিৰ্মাণ কৰাটো জনপ্ৰিয় উপায়। এনিমেছন দ্বিবিমীয় (2D) বা ত্ৰিবিমীয় (3D) হ'ব পাৰে।
এনিমেছন শব্দৰ উৎপত্তি
লাটিন ভাষাৰ শব্দ anima (আত্মা/soul), ইয়াৰে ক্ৰিয়াবাচক শব্দ হৈছে Animate। Animate শব্দৰ অৰ্থ আত্মা দান কৰা, বা প্ৰাণ দিয়া। অৰ্থাৎ জড় বস্তু এটাত প্ৰাণ প্ৰতিষ্ঠা কৰা। এনিমেছনতো জড়/স্থিৰ চিত্ৰক গতিশীল কৰি "প্ৰাণ দিয়া" হয় বাবেই ইয়াক এনিমেছন বোলা হয়।
এনিমেছনৰ ইতিহাস
স্থিৰ চিত্ৰক গতিশীল কৰাৰ প্ৰচেষ্টা প্ৰাগৈতিহাসিক কালৰেপৰা কৰা হৈছে। ৩৫,০০০ বছৰ আগৰ গুহা চিত্ৰত অঁকা জন্তুত চাৰিখনৰ ঠাইত আঠখন ঠেঙ আঁকি গতিশীল ৰূপত প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছিল। খ্ৰী.পূ ১৬০০ শতিকাত ইজিপ্টৰ ফাৰাও দ্বিতীয় ৰামছেছ-এ নিৰ্মাণ কৰা দেৱী আইছিছৰ মন্দিৰত ১১০-টা স্তম্ভ আছিল। প্ৰতিটো খুঁটাতো দেৱীৰ এটা ভংগিমাক সময়ৰ হিচাপত পৰিৱৰ্তন কৰি অঁকা ছবি আছিল। কোৱা হ'ব যে বেগেৰে যোৱা ঘোঁৰাচালকে দেৱীৰ ভংগিমা সলনি হৈ যোৱা দেখিবলৈ পাইছিল। অতীজৰ গ্ৰীকসকলে মাটিৰ গোল পাত্ৰৰ চাৰিওফালে ক্ৰমান্বয়ে সলনি হোৱা ভংগিমাৰ মানুহৰ ছবি আঁকিছিল। পাত্ৰটো জোৰেৰে ঘূৰালে মানুহজনে লৰচৰ কৰা দেখা পোৱা গৈছিল।
অৱশ্যে এনিমেছনক বৰ্তমানৰ ৰূপ দিয়াৰ আগতে চলচ্চিত্ৰৰ কলা-কৌশল পূৰ্ণাংগ ৰূপে বিকশিত হোৱাৰ প্ৰয়োজন আছিল। চলচ্চিত্ৰৰ আগতে আৱিষ্কৃত হৈছিল পৰ্দাত ডাঙৰকৈ ছবি প্ৰক্ষেপ কৰাৰ প্ৰক্ৰিয়া। ১৬৪০ চনত এথ'নেছিয়াছ কাৰ্চাৰ-এ (Athonasius Kircher) 'মেজিক চাকি' (Magic Lantern) নামৰ এটা যন্ত্ৰ সাজি উলিয়ায়। তেৱেই কাঁচত ছবি আঁকি সেই ছবি মেজিক চাকিৰ জৰিয়তে পৰ্দাত প্ৰক্ষেপ কৰি দেখুৱাইছিল। এনিমেছনৰ এটা ৰুক্ষ ৰূপো তেওঁ আৱিষ্কাৰ কৰিছিল। তেখেতে একেখন কাঁচতে মেল খাই থকা মানুহৰ মুখ আৰু নিগনি এটা ছবি আঁকিছিল। এডাল ৰছীৰ সহায়ত এই ছবি থকা কাঁচখন জোৰেৰে অনা-নিয়া কৰি থাকিলে নিগনিটো মানুহজনৰ খোলা মুখেৰে সোমাই যোৱা যেন লাগিছিল।
১৮২৪ চনত পিটাৰ মাৰ্ক ৰ'জেট-এ (Peter Mark Roget) প্ৰথমবাৰৰ ভাৱে "দৃষ্টি জড়তা" পৰিঘটনা লক্ষ্য কৰে। এই পৰিঘটনা মতে আমাৰ চকুৰ অক্ষিপটত (Retina) পৰা যিকোনো দৃশ্য কিছু সময়ৰ বাবে চকুতে ৰৈ থাকে। সেই সময়কণৰ পাছতহে মানুহে আকৌ দেখা পায়। যদি মাজৰ এই নেদেখা সময়খিনিত দৃশ্যৰ পৰিৱৰ্তন কৰা হয়, মানুহজনে পৰিবৰ্তন হোৱাৰ কথাটো ধৰিব নোৱাৰিব। দৃশ্যমান সময়ত যদি একেটা গতিৰ ক্ৰমাগতভাৱে পৰিৱৰ্তিত ছবি দেখুৱাই থকা হয় আৰু মাজৰ নেদেখা সময়খিনিত দৃশ্যাৱলীৰ পৰিবৰ্তন ঘটোৱা হয়, তেতিয়া মানুহজনে চকুৰ সম্মুখত চলন্ত দৃশ্যাৱলী দেখিবলৈ পাব, যদিও প্ৰতিটো দৃশ্য আচলতে চলন্ত হয়। এই 'দৃষ্টি জড়তা'ৰ অবিহনে চলচ্চিত্ৰ বা এনিমেছন সম্ভৱেই নহ'লহেঁতেন।
ৰ'জেটৰ আৱিষ্কাৰে কেবাটাও নতুন নতুন খেলনাৰ জন্ম দিলে, য'ত 'দৃষ্টি জড়তা'ৰ সহায় লৈ কিছুমান দৃষ্টিভ্ৰম কৰোৱা হৈছিল। এই খেলনাসমূহেই আছিল এনিমেছনৰ আদি ৰূপ।
এনে এটা খেলনা আছিল থ'মাট্ৰ'প (Thaumatrope)। এখন ডাঠ কাগজৰ কাঁহীৰ দুটা মূৰে দুডাল সূতা বন্ধা থাকিছিল আৰু কাগজখনৰ দুয়োফালে দুটা বেলেগ বেলগ ছবি আঁকি ৰখা হৈছিল। যেনে এফালে এটা পিঞ্জৰা, আনফালে এটা চৰাই। ৰছীডাল পকাই পকাই টানি দিলে কাঁহীখন ঘূৰিবলৈ আৰম্ভ কৰিছিল আৰু দেখা গৈছিল যে চৰাইটো পিঞ্জৰাৰ ভিতৰত সোমাই পৰিছে। আচলতে দৃষ্টি জড়তাৰ বাবে অলপ বেছি সময়ৰ বাবে ছবি দুখন চকুত ৰৈ গৈছিল আৰু ছবি দুখন ইফাল-সিফাল হোৱা সময়খিনি নিচেই কম হোৱা বাবে দেখা নগৈছিল।
ফেনাকিষ্ট'স্কোপ (Phenakistoscope) একে নীতিৰে তৈয়াৰী আন এবিধ খেলৰ সামগ্ৰী। ইয়াত এডাল ধুৰাৰ দুইমূৰে দুখন কাঁহী লগোৱা আছিল। সম্মুখৰ কাঁহীখনৰ পৰিধিয়েদি দীঘলীয়া ফুটা আছিল আৰু সেই ফুটাৰে চালে দেখা পোৱাকৈ পাছফালৰ খনত আছিল একোখন ছবি। ছবিকেইখন একেটা গতিশীল বস্তুৰ ক্ৰমিক স্থিৰ ছবি আছিল। কাঁহী দুখন জোৰেৰে ঘূৰাই ফুটাৰে চাই পঠিয়ালে পাছফালৰ ছবিখনে লৰচৰ কৰা দেখা গৈছিল।
আন এবিধ উল্লেখনীয় সঁজুলি আছিল জুট্ৰ'প (Zoetrope), ইয়াক 'জীৱনৰ চকৰী' বুলিও কোৱা হৈছিল। ১৮৬৭ চনত আমেৰিকাত এইবিধ খেলনাৰ প্ৰচলন হয়। দীঘল কাগজৰ টুকুৰাত এটা গতিৰ ক্ৰমৰ ছবি আঁকি এটা চুঙাৰ ভিতৰত লগোৱা হৈছিল। সেই চুঙাতে আছিল দীঘলীয়া কিছুমান ফুটা। চুঙাটো জোৰেৰে ঘূৰাই সেই ফুটাৰে চালে ভিতৰৰ ছবিখনে গতি লৈছিল।
প্ৰাক্সিন'স্কোপ (Praxinoscope) আৱিষ্কাৰ কৰিছিল এমিল ৰেন'ড-এ (Emile Reynaud)। এই যন্ত্ৰটো প্ৰায় জুট্ৰ'পৰ নিচিনাই আছিল, কিন্তু চুঙাটোৰ অক্ষত আন এটা সৰু চুঙা বহুৱাই তাত আইনা লগাই দিয়া হৈছিল। তদুপৰি ইয়াৰ চুঙাৰ পৰিধি আছিল বহল। সেয়ে ইয়াৰ ভিতৰত ৩০ ফুট দীঘল কাগজৰ টুকুৰা লগাই তাত ছবি অঁকা হৈছিল। অৱশ্যে এই যন্ত্ৰ কাগজ ব্যৱহাৰ নকৰি এবিধ পাৰদৰ্শী কাগজত ছবিখিন অঁকা হৈছিল। এই কাগজখনক বোলা হৈছিল "ক্ৰিষ্টেলইড্" (Crystaloid)। ছবি আঁকিবলৈ বেছি ঠাই থকা হেতুকে ইয়াত অকল একেবাৰে চুটি গতিৰ ছবি নেআঁকি একোটা সম্পূৰ্ণ নাটকীয়া ঘটনা আঁকিব পৰা হৈছিল। এনিমেছনৰ জৰিয়তে কাহিনী কোৱাৰ প্ৰক্ৰিয়া দৰাচলতে এই যন্ত্ৰৰপৰাই আৰম্ভ হৈছিল।
১৮৬৮ চনত বজাৰলৈ আহে আন এবিধ নতুন খেলনা, ফ্লিপাৰ বুক (Flipper Book)। আটাইবোৰ যন্ত্ৰৰ ভিতৰত ইয়েই আছিল আটাইতকৈ সৰল আৰু জনপ্ৰিয়। এটা ক্ৰমৰ কেইবাখনো ছবি ক্ৰম অনুসাৰে এফালে বান্ধি থোৱা থাকিছিল। আনটো ফালে ছবিৰ দমটোৰ কাষত ধৰি বেগেৰে এখন এখনকৈ লুটিয়ালে ছবিখনে গতি কৰা দেখা গৈছিল। এই ফ্লিপাৰ বুক আজিকালিও বজাৰত পোৱা যায়। আজি কালি অৱশ্যে অঁকা ছবিৰ সলনি এটা ক্ৰমত থকা তোলা ছবিহে দিয়া দেখা যায়। 'ফ্লিপাৰ বুক' বা 'ফ্লিপ বুক' পাৰম্পৰিক 'এনিমেটৰ'সকলে এতিয়াও প্ৰাৰম্ভিক পৰীক্ষৰ বাবে ব্যৱহাৰ কৰে।
লক্ষণীয় যে এই সময়লৈকে সদায় হাতে অঁকা ছবিহে ব্যৱহাৰ কৰা হৈছিল। কেমেৰাৰ আৱিষ্কাৰ হৈছিল যদিও এনেবোৰ খেলনাৰ বাবে কেমেৰাৰে তোলা ছবি ব্যৱহাৰ কৰা নহৈছিল। আৱিষ্কাৰক থমাছ আলভা এডিছন-এ (Thomas Alva Edison) জুট্ৰ'প যন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণীত হৈ এটা গতিশীল বস্তুৰ ক্ৰমিক ছবি তুলিব পৰা যন্ত্ৰ এটাৰ আৱিষ্কাৰত মনোনিবেশ কৰে। এইকামৰ বাবে ১৮৮৮ চনত তেওঁ সহযোগী উইলিয়াম ডিক্ছন-ক (William K.L. Dickson) দায়িত্ব দিয়ে। দুয়োজনে ক্ৰমিক ছবি তোলাৰ বাবে [[কাইনেট'গ্ৰাফ] (Kinetograph) আৰু সেই ছবি চলন্ত অৱস্থাত চোৱাৰ বাবে কাইনেট'স্কোপ (Kinetoscope) নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰে। ১৮৯৪ চনত 'কাইনেট'স্কোপ' যন্ত্ৰ বজাৰত মুকলি কৰা হয়। এই যন্ত্ৰত এটা ফুটাৰে চলন্ত ছবি ছোৱাৰ ব্যৱস্থা আছিল। সেয়ে এবাৰত এজন ব্যক্তিয়ে ছবি দৰ্শন কৰিব পাৰিছিল। এই অসুবিধা আঁতৰ কৰিবলৈ প্ৰতিদ্বন্দ্ব্বী আৱিষ্কাৰকে সেই ছবি পৰ্দাত ডাঙৰকৈ প্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা সাজি উলিয়ায়। থমাছ এৰ্মাট (Thomas Armat) নিৰ্মিত এনে এটা যন্ত্ৰৰ আধাৰত এডিছনে নিজাকৈ এটা প্ৰজেক্টৰ (Projector) নিৰ্মাণ কৰে আৰু নাম দিয়ে ভিটাস্কোপ (Vitascope)।
১৮৯৬ চনত, নিউয়ৰ্কৰ এখন বাতৰি-কাকতৰ কাৰ্টুনিষ্ট জেম্ছ ষ্টুৱাৰ্ট ব্লেকটন-এ (James Stuart Blackton) এটা সাক্ষাৎকাৰৰ বাবে এডিছনৰ ওচৰলৈ যায়। তাতেই ছবি অঁকাত ব্লেকটনৰ ক্ষিপ্ৰতা দেখি তেখেতক এটা ক্ৰমৰ এলানি ছবি আঁকিবলৈ অনুৰোধ কৰে। সেই ছবিলানিক এডিছনে ফটো তুলি ৰাখে। সেয়েই আছিল ফটোগ্ৰাফি আৰু ছবিৰ প্ৰথম সংযোগ। ১৯০৫ তেওঁলোক দুয়ো "অঁভজা মুখৰ ধেমেলীয়া মুহূৰ্ত" (Humorous Phases of Funny Faces) নামেৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে। এই চলচ্চিত্ৰখনৰ বাবে প্ৰায় ৩০০০খন ছবি অঁকা হৈছিল। ৰাইজে এই নতুন পৰীক্ষা দেখি অভিভূত হৈ পৰিছিল। এয়েই আছিল আধুনিক এনিমেছনৰ পূৰ্বপুৰুষ।
এবছৰ পাছত এমিল ক'ল-এ (Emile Cohl) নিৰ্মাণ কৰি উলিয়ায় আন এখন এনিমেছন ছবি। এইখন পেৰিছত প্ৰথম দেখুওৱা হৈছিল। কলা পৃষ্ঠাত বগা ছবিৰে ইয়াত এটা সম্পূৰ্ণ কাহিনী দেখুওৱা হৈছিল। চৰিত্ৰসমূহৰ বাহিৰেও বিজুলী খুঁটা, ঘৰ আদিয়েও ইয়াত লৰচৰ কৰিছিল, সুখী বা দুখীও হৈছিল। এই ছবিখনতে এনিমেছনৰ সফল প্ৰয়োগৰ আৰম্ভণি হৈছিল। পাছলৈ এনিমেছনৰ ক্ষেত্ৰত মানি চলা এটা নীতি ইয়াতেই প্ৰথম ব্যৱহাৰ কৰা হৈছিল--'কেমেৰাও যি কৰিব পাৰি সেইটো নকৰিবা, কেমেৰাই নোৱাৰাটোহে কৰা। '
ৱিনছৰ মেক্কে (Winsor McCay)
ৱিনছৰ মেক্কে-ই প্ৰথমে এনিমেছনক এটা কলা হিচাপে জন্ম দিয়াৰ প্ৰয়াস কৰে। মেক্কে আছিল এজন কমিক্ছ শিল্পী। তেখেতৰ 'অজান দেশত অকণমানি নিমো' (Little Nemo in Wonderland) আছিল এখন জনপ্ৰিয় কমিক্চ। নিজৰ ল'ৰাৰ বাবে তেওঁ প্ৰায় ৪০০০ ছবিৰে 'অকণমানি নিমো'-ক Little Nemo (১৯১১) নামেৰে এনিমেছন ছবিৰ ৰূপ দিয়ে। তেখেতৰ এই চলচ্চিত্ৰ অতি জনপ্ৰিয় হৈছিল। ১৯১২ চনত তেখেতে নিৰ্মাণ কৰে আন এখন এনিমেছন ছবি How a Mosquito Operates। ১৯১৪ চনত তেখেতই Gertie the Dinosaur নামেৰে আন এখন এনিমেছন ছবি নিৰ্মাণ কৰি উলিয়ায়। এই ছবিখনৰ প্ৰদৰ্শনৰ সময়ত 'গাৰ্টি' নামে ডাইন'ছৰটোৰ চলচ্চিত্ৰ পৰ্দাত প্ৰক্ষেপ কৰা হৈছিল আৰু মেক্কেই নিজে পৰ্দাৰ আগত থিয় হৈ 'গাৰ্টি'ক আপেল খুৱাইছিল। 'গাৰ্টি দা ডাইন'ছৰ' ছবিখনক এনিমেছন শিল্পৰ এটা মাইলৰ খুঁটি বুলি মনা হয়। প্ৰথমবাৰৰ বাবে সুনিপুণ ছবিৰে 'গাৰ্টি'ক অঁকা হৈছিল, 'গাৰ্টি'ৰ হাত-ভৰিৰ চলনো আছিল একেবাৰে জীৱন্ত আৰু 'গাৰ্টি'ৰ ভাল লগা, বেয়া লগা আদিৰো সুন্দৰ ৰূপ দিয়া হৈছিল। ছবিখন অতি জনপ্ৰিয় হৈছিল। এই ছবিখনেই এনিমেছনক এটা বিশিষ্ট শিল্পৰ ৰূপলৈ তুলি ধৰে। ১৯১৮ চনত ২৫,০০০ ছবিৰে সেই সময়লৈ দীৰ্ঘতম এনিমেছন ছবি 'The Sinking of the Lusitania' খনো নিৰ্মাণ কৰে মেক্কে-ই। ইয়াৰ পাছতো মেক্কেয়ে আৰু তিনিখন এনিমেছন ছবি নিৰ্মাণ কৰে।
মেক্কেৰ এনিমেছন ছবি কেইখন লোকপ্ৰিয় হোৱাৰ উপৰিও কলাত্মক দিশতো উল্লেখযোগ্য আছিল। এনিমেছনক এটা শিল্প হিচাপে গঢ় দিয়াত মেক্কেৰ অৱদান আটায়ে মানি লয়। এনিমেছন ছবিৰ নিৰ্মাণৰ উপৰিও দক্ষ চিত্ৰকৰ আৰু শিল্পী হিচাপেও মেক্কে আছিল অসাধাৰণ। তেখেতক 'কাৰ্টুন জগতৰ মোজাৰ্ট' বুলি সম্বোধন কৰা হয়। International Animated Film Society (ASIFA - Hollywood)-এ তেখেতৰ নামৰ বঁটাৰে জীৱন-যোৰা সাধনাৰ বঁটাৰ নামকৰণ কৰিছে।
মেক্কেৰ এনিমেছন অতি জনপ্ৰিয় আৰু কলাত্মক দিশতো উন্নত হোৱাৰ পাছতো কিন্তু সাধাৰণভাৱে এনিমেছন ছবিৰ মান উন্নত হোৱা নাছিল। মেক্কেই নিজেই ছবি আঁকিছিল আৰু তেখেতৰ কোনো সহকাৰীও নাছিল। সেয়ে তেখেতৰ পদ্ধতি আছিল যথেষ্ট সময়বহুল আৰু কষ্ট সাপেক্ষ। সেয়ে সেই ধৰণে বাণিজ্যিকভাৱে এনিমেছন ছবি নিৰ্মাণৰ কাম কৰাটো সম্ভৱ নাছিল। বাণিজ্যিক এনিমেছন শিল্পীয়ে পতা এখন সভাত তেখেতে নতুন এনিমেটৰসকলে টকাৰ নামত এটা শিল্পক ধূলিস্যাত কৰা বুলি ককৰ্থনা কৰিছিল।
বাণিজ্যিক ষ্টুডিঅ'ত এনিমেছন আৰু বিকাশ
এনিমেছন ছবিৰ বাবে প্ৰয়োজন বহুত সংখ্যক হাতে অঁকা ছবি। সেয়ে এজন মানুহৰ বাবে দীঘল এনিমেছন ছবি নিৰ্মাণ কৰাটো সম্ভৱ নহয়। সেয়ে এনিমেছন ছবি নিৰ্মাণৰ বাবে ষ্টুডিঅ' গঢ়ি উঠে। কেবা জনো শিল্পীয়ে লগ লাগি ছবি আঁকে আৰু তাৰপৰা কেমেৰাৰে ফটো তুলি এনিমেছন ছবি তৈয়াৰ কৰা হয়। এনিমেছন ছবিবিলাকক কাৰ্টুন (Cartoon) বোলা হৈছিল। এনিমেছনৰ বাবে প্ৰথম ষ্টুডিঅ' খুলিছিল ৰাওল বাৰ (Raoul Barre) নামৰ মানুহ এজনে ১৯১৪ চনত। ১৯১৫ চনত পট্টন হয় 'ব্ৰে-হাৰ্ড প্ৰচেছ কোম্পানী' (The Bray-Hurd Process Company)। এই ষ্টুডিঅ'ই পাছৰ ১৭ বছৰ কাৰ্টুন ছবি নিৰ্মাণ কৰে। আন আন ষ্টুডিঅ' এই সময় ছোৱাতে ঠন ধৰি উঠে। এই ষ্টুডিঅ' বিলাকত এনিমেছন ছবিবিলাক মসৃণ আৰু নিৰ্মাণ কাৰ্য্যক সহজ কৰি তুলিবৰ বাবে ন ন উদ্ভাৱন কৰি থকা হৈছিল।
মেক্স ফ্লেইছাৰ-এ (Max Fleischer) আৱিষ্কাৰ কৰিছিল ৰট'স্কোপ পদ্ধতি। এই পদ্ধতিত 'জীৱন্ত ছবি'ৰ (live action) ফ্ৰেমক পৰিবৰ্ধিত কৰি সেই ছবিৰ ওপৰত বুলাই বুলাই এনিমেছন ছবিৰ ফ্ৰেম অঁকা হৈছিল। জীৱন্ত মানুহৰ ছবিৰপৰা অঁকা হৈছিল বাবে তাত হাত-ভৰি সঞ্চালনৰ শুদ্ধ ৰূপ ফুটি উঠিছিল।
আন এটা গুৰুত্বপূৰ্ণ উদ্ভাৱন আছিল 'চে'ল'-ৰ (Cel) ব্যৱহাৰ। 'চে'ল' এবিধ পাৰদৰ্শী কাগজৰ নিচিনা পাত। 'চেলুল্ইড'ৰদ্বাৰা নিৰ্মাণ হোৱা বাবেই ইয়াক চুটিকৈ চে'ল বোলা হৈছিল। প্ৰকৃত চে'ল চেলুলইড চেলুল'জ নাইট্ৰেট আৰু কৰ্পূৰৰ মিশ্ৰণ। কিন্তু ই অতিমাত্ৰাই জ্বলনশীল আৰু সহজে শোঁতোৰা পৰি যায় বাবে পাছলৈ চেলুলইডৰ সলনি চেলুলজ এচিটেটৰদ্বাৰা নিৰ্মিত চে'ল ব্যৱহাৰ কৰা হয়। ১৯৯০-ৰ দশকৰপৰা চে'লৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি ষ্টুডিঅ'বিলাকে কম্পিউটাৰ প্ৰ'গ্ৰামৰ সহায় লবলৈ আৰম্ভ কৰে।
১৯২০-৩০-ৰ সময়ছোৱাত কেবাটাও এনিমেছন ষ্টুডিঅ' গঢ়ি উঠে। এই ষ্টুডিঅ' সমূহে নিজৰ ছবিৰ প্ৰতি দৰ্শক আকৃষ্ট কৰিবলৈ অহৰহ চেষ্টা কৰি থাকিছিল। সেই সময়ত ষ্টুডিঅ'ত নিৰ্মিত কাৰ্টুন ছবিবোৰ দেখুওৱা হৈছিল ছবিঘৰত মূল ছবি প্ৰদৰ্শনৰ আগে আগে। ষ্টুডিঅ' বিলাকে জনপ্ৰিয়তা বজাই ৰাখিবলৈ কিছুমান জনপ্ৰিয় হৈ পৰা চৰিত্ৰক বাৰে বাৰে ব্যৱহা কৰিছিল।
বিংশ শতাব্দীৰ দ্বিতীয় দশকত আমেৰিকা যুক্তৰাষ্ট্ৰত গঢ়ি উঠা এনিমেছন ষ্টুডিঅ' বোৰে মূলতঃ কিছুমান জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ গঢ়ি তোলাত গুৰুত্ব দিছিল। আৰু সেই চৰিত্ৰৰ বিভিন্ন কাণ্ড-কাৰখানাৰে চুটি এনিমেছন ছবি তৈয়াৰ কৰি দৰ্শকলৈ আগবঢ়াইছিল। বহুতো এনে চৰিত্ৰৰ মাজত বিশেষ স্থান লভ কৰা এটা চৰিত্ৰ আছিল 'ফেলিক্স-দা কেট' (Felix the Cat)। পাৰামাউণ্ট (Paramount) ষ্টুডিঅ'ৰ বেনাৰত অটো মেছমাৰ-এ সৃষ্টি কৰিছিল এই কাৰ্টুন মেকুৰীটোৰ। ফেলাইন ফ'লিছ (Feline Follies) নামৰ ছবিত এই চৰিত্ৰৰ প্ৰথম অভিষেক ঘটিছিল।
মেক্স ফ্লেইছাৰৰ ইঙ্কৱেল ষ্টুডিঅ'ৰপৰা (Inkwell Studios) ওলাইছিল আন এটা জনপ্ৰিয় চৰিত্ৰ 'ইঙ্কৱেলৰ বহুৱা' (The Inkwell Clown)। প্ৰথম অৱস্থাত এই 'বহুৱা'ৰ চৰিত্ৰটোৰ কোনো নাম দিয়া হোৱা নাছিল বাবে ৰাইজে নিজেই 'ইঙ্কৱেলৰ বহুৱা' নাম দি লৈছিল। পাছলৈ অৱশ্যে 'কোকো' (Koko) নামেৰে নামকৰণ কৰা হয়। এই বহুৱাৰ চৰিত্ৰটো আঁকোতে ৰ'ট'স্কোপ পদ্ধতিৰ সহায় লোৱা হৈছিল। ছবিৰ আৰম্ভণিতে চৰিত্ৰটো এটা চিঞাহীৰ দোৱাতৰপৰা ওলাই আহিছিল। এইদৰেই বাস্তৱ বস্তুৰ লগত যোগাযোগ কৰা প্ৰথম কাৰ্টুন চৰিত্ৰ হোৱাৰ গৌৰৱো 'ইঙ্কৱেল বহুৱা'ৰ প্ৰাপ্য।
সেই সময়ৰ আন এটা জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ হ'ল 'বঞ্জো' (Bonjo the Dog, স্ৰষ্টা: জৰ্জ ষ্টাডি (George Studdy))।
১৯২১ চনত ৱাল্ট ডিজনীয়ে (Walt Disney) নিজাকৈ লাফ-অ'-গ্ৰাম (Laugh-O-Gram) নামে এটা ষ্টুডিঅ' খোলে আৰু ১৯২২ চনলৈ ছখন কাৰ্টুন ছবি নিৰ্মাণ কৰে। এনিমেছন ছবিক বিকশিত কৰি এটা সম্পূৰ্ণ নতুন মাত্ৰা দিয়া ৱাল্ট ডিজনী আৰু ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ (Walt Disney Studio) বিষয়ে আন এটা শিতানত আলোচনা কৰা হৈছে।
১৯২৪ চনৰপৰা চলচ্চিত্ৰত শব্দৰ প্ৰয়োগ আৰম্ভ হয়। ১৯২৭ চনত নিৰ্মিত 'দা জেজ ছিংগাৰ' (The Jazz Singer) নামৰ ছবিখনক প্ৰথম সবাক ছবি বোলা হয় যদিও তাৰ আগতেও চলচ্চিত্ৰত শব্দৰ প্ৰয়োগ কৰা হৈছিল পৰীক্ষনীয় হিচাপে। কাৰ্টুন ছবিত শব্দৰ প্ৰথম প্ৰয়োগ হয় ১৯২৪ চনত মেক্স ফ্লেইছাৰৰ ষ্টুডিঅ'ৰপৰা নিৰ্মিত 'কোকো ছং কাৰ টিউনছ' (Ko-ko Song Car-Tunes) নামৰ ছবিখনৰপৰা আৰু আন কেবাখনো ছবিত ফ্লেইছাৰে শব্দৰ প্ৰয়োগ কৰে। পূৰ্ণাংগ ভাৱে শব্দ সম্বলিত প্ৰথম কাৰ্টুন ছবি আছিল 'ষ্টীমবোট উইলি' (Steamboat Willie)। ষ্টীমবোট উইলি ৱাল্ট ডিজনীৰ নিৰ্মিত আৰু মিকি মাউছ (Mickey Mouse) চৰিত্ৰৰ ওপৰত আধাৰিত ছবি।
১৯৩০-ৰ দশকত কেবাটাও জনপ্ৰিয় কাৰ্টুন চৰিত্ৰই গঢ় লৈ উঠে। ইয়াৰে কেইটামান হ'ল, বেটি বুপ (Betty Boop, স্ৰষ্টা: মেক্স ফ্লেইছাৰ (Max Fleischer)), পপাই (Popeye, স্ৰষ্টা: মেক্স ফ্লেইছাৰ (Max Fleischer)), 'ক্ৰেজী কেট' (Crazy Cat, স্ৰষ্টা: চাৰ্লছ মিন্জ (Charles Mintz)), 'স্ক্ৰেপি' (Scrappy, স্ৰষ্টা: ডিক হিউমাৰ, ছিড মাৰ্কাছ আৰু আৰ্ট ডেভিছ (Dick Heumer, Sid Marcus, Art Davis)), 'ফ্লিপ নামে ভোকোলা' (Flip the Frog, সৃষ্টা: ইউব ৱেৰ্কছ (Ub Werks)) ইত্যাদি। উল্লেখযোগ্য এই তালিকাত ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ চৰিত্ৰবোৰ সংকলিত কৰা হোৱা নাই। এই বিষয়ে ৱাল্ট ডিজনী শিতানত আলোচনা কৰা হৈছে।
১৯২৭ চনত ৱাল্ট ডিজনী ষ্টুডিঅ'ৰপৰা নিৰ্মাণ হয় মিকি মাউছৰ প্ৰথমখন কাৰ্টুন ছবি আৰু তেতিয়াৰেপৰা হলিউদৰ (Hollywood) এনিমেছন ছবিৰ ইতিহাস ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ ইতিহাসৰ লগত সাঙোৰ খাই পৰে।
মিকি মাউছ
এটা বুধিয়ক নিগনি মিকি মাউছৰ প্ৰথম ছবি আছিল 'প্লেন ক্ৰেজী' (Plane Crazy) (১৯২৮), দ্বিতীয় ছবি আছিল 'দা গেলোপিং গছো' (The Galloping Gaucho) (১৯২৮)। অৱশ্যে এই দুয়োখন ছবিয়েই পৰিবেশকৰ অভাৱৰ বাবে মুকলি কৰি দিয়া নহ'ল। ১৯২৮ চনতে ৱাল্ট ডিজনীয়ে সবাক কৰি নিৰ্মাণ কৰে আন এখন মিকি মাউছৰ ছবি, 'ষ্টীমবোট উইলি' (Steamboat Willie)। এই ছবিখন মুক্তি দিছিল চেলিব্ৰিটি পিকচাৰ্চ-এ (Celibrity Pictures)। ১৯২৮ চনৰ ১৮ নৱেম্বৰ তাৰিখে মুক্তি পোৱা এই ছবিখনে অভূতপূৰ্ব সঁহাৰি লাভ কৰে। ইয়াৰ পিছত কেবাখনো মিকি মাউছৰ ছবি নিৰ্মাণ কৰা হয়।
ৱাল্ট ডিজনী ষ্টুডিঅ'
ৱাল্ট ডিজনীয়ে ১৯২১ চনত গৃহ চহৰ কানছাছত (Kansas) প্ৰথম 'লাফ-ও-গ্ৰাম' ষ্টুডিঅ' খুলি এনিমেছন ছবি নিৰ্মাণ আৰম্ভ কৰে। ২ বছৰ পাছত এই ষ্টুডিঅ' বন্ধ কৰি ৱাল্ট ডিজনী হলিউদলৈ আহে আৰু তাতেই ৱাল্ট ডিজনী ষ্টুডিঅ' খোলে। এই ষ্টুডিঅ'ৰপৰাই ১৯২৪ চনত প্ৰথমে নিৰ্মাণ কৰে 'এলিচৰ ৱাণ্ডাৰলেণ্ড' (Alice's Wonderland) নামে এলানি এনিমেছন আৰু 'জীৱন্ত গতি'ৰ (Live Action) মিশ্ৰিত ছবি। এই ছবিসমূহত এলিছৰ অভিনয় কৰিছিল এগৰাকী সঁচা ছোৱালীয়ে আৰু এলিছৰ লগত অভিনয় কৰা কাৰ্টুন চৰিত্ৰবোৰ আছিল হাতে অঁকা।
১৯২৭ চনত ৱাল্ট ডিজনী ষ্টুডিঅ'ৰপৰা আন এটা কাৰ্টুন চৰিত্ৰৰ জন্ম দিয়া হয়। সেয়া আছিল 'ওছৱাল্ড, দা লাকী ৰেবিট' (Oswald the Lucky Rabbit)। 'ওছৱাল্ড'ৰ ছবিসমূহ প্ৰভুত ভাৱে জনপ্ৰিয় হৈছিল। ১৯২৮ চনত ৱাল্ট ডিজনীৰ ছবি পৰিবেশক 'ইউনিভাৰ্ছেল ষ্টুডিঅ''ই ৱাল্টে বিচৰা পৰিমাণৰ ধন দিবলৈ অমান্তি হৈ নিজাকৈ এটা ষ্টুডিঅ' খুলি ওছৱাল্ডৰ ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।
ৱাল্ট ডিজনীয়ে নিজাকৈ এটা কাৰ্টুন চৰিত্ৰ গঢ় দিয়াৰ চেষ্টা কৰি সৃষ্টি কৰে 'মিকি মাউছ' (Mickey Mouse)। মিকি মাউছ কাৰ্টুন জগতৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ আৰু এই মিকি মাউছৰ ছবিসমূহে ৱাল্ট ডিজনী ষ্টুডিঅ'ক এটা লেখত লবলগীয়া ষ্টুডিঅ' হিচাপে চিনাকি দিয়ে।
ৱাল্ট ডিজনীয়ে নতুন নতুন প্ৰক্ৰিয়া, পৰীক্ষা-নিৰীক্ষাৰে এনিমেছন ছবিৰ বিকাশ সাধনাৰ চেষ্টা কৰিছিল। ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ এনিমেটৰ উইব ৱেৰ্কছ (Ub Iwerks) আছিল এই ক্ষেত্ৰত ৱাল্টৰ সহযোগী। দুয়োজনৰ প্ৰচেষ্টাত ৱাল্ট ডিজনী ষ্টুডিঅ'ৰপৰা কেবাটাও পদ্ধতিৰ সূচনা কৰা হয় যিয়ে এনিমেছন নিৰ্মাণৰ বিকাশ সাধন সম্ভৱ কৰি তুলিছিল।
সেই সময়ত প্ৰচলিত এনিমেছন আছিল ৰুক্ষ। চৰিত্ৰসমূহক চলা-ফিৰা কৰাই মানুহক হঁহুৱাব পাৰিলেই হ'ল বুলি ভবা হৈছিল। তদুপৰি কম সময়তে অধিক সংখ্যক ছবি নিৰ্মাণৰ হেঁচা আহিছিল মালিক কৰ্তৃপক্ষৰপৰা। যিমান পাৰি কম কষ্ট আৰু কম সময়ত ছবিসমূহ অঁকাৰ চেষ্টা কৰা হৈছিল। সেয়ে এনিমেছন ছবি সমূহত সুকুমাৰ শিল্পৰ গাম্ভীৰ্য্য দেখা নগৈছিল। ৱাল্ট ডিজনীয়ে এনিমেছন ছবিৰ এই বিশেষ আসোঁৱাহ দূৰ কৰাৰ চেষ্টা কৰি এনিমেছন ছবি নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে পুনৰ্নিমাণ কৰে।
ৱাল্ট ডিজনীয়ে সংগীতৰ গতিৰ লগত চৰিত্ৰৰ গতিৰ সংগতি ৰখাৰ চেষ্টা কৰে যাতে চৰিত্ৰৰ গতিত সুষমতাৰ অনুভৱ হয়। এই উদ্দেশ্যৰে ষ্টুডিঅ'ৰ সংগীতজ্ঞ কাৰ্ল ষ্টালিং-এ (Carl Stalling) ছবিৰ সংগীত আগতেই বাণীবদ্ধ কৰিবলৈ লয়। পাছত এনিমেটৰে সেই সংগীতৰ লগত সামঞ্জস্য ৰাখি চৰিত্ৰৰ গতিৰ ছবি আঁকে। এই পদ্ধতিৰে নিৰ্মাণ কৰা 'ছিলি ছিম্ফ'নি' (Silly Symphonies) এলানি ছবিয়ে ডিজনীৰ এনিমেছনক আন ষ্টুডিঅ'ৰ এনিমেছনতকৈ পৃথক আৰু সুসংহত ৰূপ দিয়ে। ছবিৰ সংলাপো আগতীয়াকৈ বাণীবদ্ধ কৰাৰ ব্যৱস্থা কৰা হয়।
ডিজনী ষ্টুডিঅ'ত প্ৰথমে ব্যৱহাৰ কৰা হৈছিল বৰ্তমান এনিমেছন ছবি নিৰ্মাণৰ এটা অতি জৰুৰী পৰ্ব--'ষ্ট'ৰী বো্ৰ্ড' (Story Board) অংকন। গল্প এটা ছবি হিচাপে কেনেকুৱা লাগিব তাৰ এটা আভাস পাবলৈ কমিক্ছৰ নিচিনাকৈ গল্পটোৰ এলানি ছবি অঁকা হৈছিল, আৰু সেই ছবিৰ লানি চাই আলোচনা কৰি ঠিক কৰা হৈছিল কোনখিনি আৰু ভালকৈ পৰিবেশন কৰাৰ থল আছে। সেয়ে ষ্টুডিঅ'ৰ ছবিৰ গল্পৰ মান আগতকৈ উন্নত হ'বলৈ আৰম্ভ কৰিছিল।
এইবাৰ ৱাল্টে 'ব্যক্তিত্ব সম্পন্ন এনিমেছন' (Personality Animation) গঢ়াত জোৰ দিয়ে। সেই সময়ৰ কাৰ্টুনত চৰিত্ৰবিলাকে খঙ, দুখ, আনন্দ আদি প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল যদিও একোটা বিশেষ ব্যক্তিত্ব আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। উদাহৰণ স্বৰূপে নায়ক আৰু খলনায়কে হাঁহি, কান্দোন ইত্যাদিত একেই ধৰণে হাত-ভৰি-মুখ জোকাৰিছিল। ৱাল্ট ডিজনী ষ্টুডিঅ'ত এই আঁসোৱাহ দূৰ কৰিবলৈ এনিমেটৰ সকলক ছবি অংকনৰ বিশেষ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰে। গাইগুটীয়া ব্যক্তিত্ন লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম এনিমেছন ছবি হৈছে 'থ্ৰী লিট্ল পিগ্ছ' (১৯৩৩, Three Little pigs)।
১৯৩৪ চনত ৱাল্ট ডিজনীয়ে প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ এনিমেছন ছবি 'স্ন' হোৱাইট এণ্ড ছেভেন ড'ৱাৰ্ফছ'ৰ (Snow White and Seven Dwarfs) নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰথমে ষ্টুডিঅ'ৰ আৰ্টিষ্টসকলক প্ৰশিক্ষণ দি সাজু কৰি লৈহে ৱাল্ট ডিজনীয়ে এই কামত হাত দিছিল। ১৯৩৭ চনত এই ছবিখন নিৰ্মাণ হৈ ওলায় আৰু অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰে। ইয়াৰ পাছত ডিজনী ষ্টুডিঅ'ই কেবাখনো পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰে আৰু তাৰে কেবাখনত ন ন আংগিক প্ৰয়োগ কৰি এনিমেছন ছবিক এক স্বয়ং সম্পূৰ্ণ ৰূপ দিয়ে।
ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ সমসাময়িক অন্যান্য ষ্টুডিঅ'
ৱাল্ট ডিজনী ষ্টুডিঅ'-ৰ সমসাময়িক আন কাৰ্টুন ছবি নিৰ্মাতা ষ্টুডিঅ' সমূহে ডিজনীৰ 'জীৱিত-যেন' (Life Like) এনিমেছনৰ সলনি গতিক অন্য মাত্ৰ দিয়া বা গল্পৰ প্ৰতি অধিক গুৰুত্ব দি বনোৱা এনিমেছন ছবি নিৰ্মাণত মনোনিবেশ কৰে। ইয়াৰে কেইবাজনে উল্লেখযোগ্য বৰঙনি আগবছাই থৈ গৈছে। এই ষ্টুডিঅ'সমূহৰ ভিতৰত 'স্ক্ৰীন জেম্ছ' (Screen Gems), 'ইউনিভাৰ্ছেল'(Universal), 'টেৰীটুন্ছ'(Terrytoons), 'ৱাৰ্নাৰ ব্ৰাদাৰ্ছ' (Warner Bros.) আদি প্ৰধান।
১৯৩৬ চনত 'ৱাৰ্নাৰ ব্ৰদাৰ্ছ' ষ্টুডিঅ'ত যোগদান কৰে তিনিজন এনিমেটৰ ক্ৰমে 'টেক্স এভেৰী' (Tex Avery), 'চাক্ জোন্ছ'(Chuck Jones) আৰু 'বব ক্লেম্পেট' (Bob Clampett), আৰু এই ত্ৰিমূৰ্তিয়ে 'ৱাৰ্নাৰ ব্ৰাদাৰ্ছ' ষ্টুডিঅ'ক নতুন প্ৰাণ দিবলৈ সক্ষম হয়। 'পৰ্কী পিগ' (Porky Pig) আৰু 'দেফী ডাক' (Daffy Duck) চৰিত্ৰ দুটাই ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ এনিমেছন ছিৰিজ 'লুনী টিউন্ছ'-ক (Looney Tunes) নতুন ৰূপ দি জনপ্ৰিয়তা আহৰণ কৰিবলৈ সক্ষম হয়। টেক্স এভেৰীয়ে ১৯৪০ খ্ৰীষ্টাব্দত সৃষ্টি কৰা 'বাগ্ছ বাণী' (Bugs Bunny) এটা অতি জনপ্ৰিয় চৰিত্ৰ। টেক্স এভেৰীয়ে ডিজনীয়ে প্ৰৱৰ্তন কৰা বাস্তৱানুগ এনিমেছনৰ বিপৰীতে অতি নাটকীয় আৰু বন্য চাল-চলনেৰে ভৰা অথচ হাস্যৰসেৰে ভৰপূৰ এনিমেছন সৃষ্টি কৰাত গুৰুত্ব দিয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ কালছোৱাত ডিজনীৰ এনিমেছন আৰু টেক্স এভেৰীৰ এনিমেছন দুটা বিশেষ ফৈদৰ সৃষ্টি হয়।
১৯৪০ চনত আন দুটা অতি জনপ্ৰিয় কাৰ্টুন চৰিত্ৰৰ জন্ম হয়। 'টম আৰু জেৰী' (Tom and Jerry), এহাল মেকুৰী আৰু নিগনি। জেৰীক ধৰিবলৈ গৈ প্ৰতিবাৰেই নাকনি-কাননি খোৱা টম-ৰ স্ৰষ্টা আছিল 'উইলিয়াম হানা' (William Hanna) আৰু 'জোছেফ বাৰবাৰা' (Joseph Barbara)।
এনিমেছনৰ প্ৰকাৰ
পাৰম্পৰিক এনিমেছন
পাৰম্পৰিক এনিমেছন (ইয়াক চে'ল (Cel) এনিমেছন বা হাতে অঁকা (Hand drawn) এনিমেছন বুলিও কোৱা হয়): বিংশ শতিকাৰ এনিমেছন ছবি এই পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল। গতিশীল চৰিত্ৰ বা বস্তু এটাৰ ক্ৰমিক চিত্ৰ কাগজত হাতেৰে আঁকি লোৱা হয়। এনিমেছনৰ বাবে ছবি অঁকা মানুহকে 'এনিমেটৰ' (Animator) বোলে। প্ৰতিখন ছবি একোটা গতিৰ ক্ৰমান্বয়ে সলনি হোৱা স্থানৰ ছবি। কাগজৰ পৰা পাৰদৰ্শী 'চে'ল'ত ছবিখিনি 'ট্ৰেচিং' কৰি লোৱা হয়। এই চে'লৰ ওপৰত ৰঙ সনা হয়। প্ৰয়োজন অনুসৰি এখনতকৈ বেছি 'চে'ল' ইখনৰ ওপৰত সিখনকৈ দি বহু কেইটা চৰিত্ৰ একেলগে ৰাখিব পাৰি। 'বেকগ্ৰাউণ্ড'ৰ ছবিও বেলেগে আঁকি চে'লৰ তলত ৰখা হয়। পাছত সেই ছবি কেমেৰাৰে এখন এখনকৈ চলচ্চিত্ৰৰ 'ফিল্ম'ত (Film) এলানি ফটো তোলা হয়। আজিকালি অৱশ্যে 'চে'ল'ত আকৌ এবাৰ 'ট্ৰেচ' কৰাৰ সলনি 'গাণনিক যন্ত্ৰ'ৰ সহায়ত 'ডিজিটেল' পদ্ধতিৰ ছবি তৈয়াৰ কৰি লৈ তাত ৰঙ বোলোৱা আদি কাম কৰা হয়। পিন'ক্কিঅ' (Pinocchio, ১৯৪০, আমেৰিকা), আকিৰা (Akira, ১৯৮৮, জাপান), লায়ন কিং (The Lion King, ১৯৯৪, আমেৰিকা), স্পিৰিটেড এৱে (Spirited Away, ২০০১, জাপান) আদি এই পদ্ধতিৰে নিৰ্মিত এনিমেছন ছবি। পৰম্পৰাগত এনিমেছনৰ ছবি বাস্তৱানুগ বা কেৰিকেঁচাৰ ধৰ্মী হ'ব পাৰে।
সম্পূৰ্ণ এনিমেছন (Full Animation): পৰম্পৰাগত পদ্ধতিৰে উচ্চ মানৰ ছবি আৰু মসৃণ চলা-ফিৰা গতিৰে নিৰ্মাণ কৰা এনিমেছন। এই ধৰণৰ এনিমেছনত চলন মসৃণ ৰাখিবলৈ নিৰ্মাতাই অধিক কষ্ট কৰিবলগীয়া হয়।
সীমিত এনিমেছন (Limited animation): পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিয়েই নিৰ্মাণ কৰিলেও ইয়াত কম মানসম্পন্ন ছবি আৰু গতিৰ মসৃণতা বজাই ৰখাত বেছি গুৰুত্ব দিয়া নহয়। সাধাৰণতে দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা এনিমেছন ছবিত ব্যৱহাৰ হয়। এই পদ্ধতিত নিৰ্মাণ কৰিলে কষ্ট আৰু সময় দুয়োটাই লাঘৱ হয়, সেয়ে দ্ৰুত গতিত ছবি নিৰ্মাণ কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়।
ৰট'স্কোপিং (Rotoscoping) মেক্স ফ্লেইছাৰ-এ (Max Fleischer) ১৯১৭ চনত উদ্ভাৱন কৰা এটা পদ্ধতি। এই পদ্ধতিত প্ৰথমে সঁচা অভিনেতাৰদ্বাৰা এনিমেছন কৰিবলগীয়া অংশৰ চলচ্চিত্ৰ বনাই লোৱা হয়। পাছত সেই ছবি এখন এখনকৈ কাগজত পৰিবৰ্ধন কৰি 'ট্ৰেচিং' কৰি ছবি অঁকা হয়। এই পদ্ধতিৰে বাস্তৱ চলাচলৰ নকল তৈয়াৰ কৰিব পাৰি। অৱশ্যে বাস্তৱ চলাচল ট্ৰেচিং কৰিলে চলাচলৰ বিশ্বাসযোগ্যতা কমি যোৱা দেখা যায়। সাম্প্ৰতিক কালৰ 'ৱাল্ট্জ উইথ বছিৰ' (Waltz with Bashir, ২০০৮, ইজৰাইল) এই পদ্ধতিৰে নিৰ্মিত ছবি।
জীৱন্ত ছবি আৰু এনিমেছনৰ সমাহাৰ (Live-action/animation): এই পদ্ধতিত একেটা ফ্ৰেমতে অঁকা ছবি আৰু চিনেমাৰ কেমেৰাৰে তোলা ছবি থাকে। 'হু ফ্ৰেম্ড্ ৰোজাৰ ৰেবিট' ('Who Framed Roger Rabbit?' ১৯৮৮, আমেৰিকা) এই পদ্ধতিৰে নিৰ্মিত এখন বিখ্যাত ছবি।
ষ্টপ মোছন (Stop Motion)
বাস্তৱ জগতৰ বস্তু বা পুতলা-মডেলৰ স্থান অলপ অলপকৈ সলনি কৰি এটা ক্ৰমত ফটো তুলি নিৰ্মাণ কৰা এনিমেছন। ইয়াত পাৰম্পৰিক এনিমেছনৰ দৰে ছবি অঁকা নহয়। বহুতো পদ্ধতিৰে ষ্টপ মোছন ছবি নিৰ্মাণ কৰিব পাৰি।
পুতলা এনিমেছন (Puppet animation): হাত-ভৰি বিভিন্ন জোৰাত লৰচৰ কৰিব পৰা পুতলাৰ ব্যৱহাৰ কৰি এই এনিমেছন ছবি নিৰ্মাণ কৰা হয়। 'দা নাইটমেয়াৰ বিফ'ৰ খ্ৰীষ্টমাছ' (The Nightmare Before Christmas, ১৯৯৩, আমেৰিকা), 'কৰ্পছ ব্ৰাইড' (Corpse Bride, ২০০৫, আমেৰিকা) এই পদ্ধতিৰে নিৰ্মিত ছবি।
পাপেটুন (Puppetoon), জৰ্জ পল-এ (George Pal) ব্যৱহাৰ কৰা এটা পদ্ধতি। একেটা চৰিত্ৰৰ বিভিন্ন ভংগীমাৰ বহুকেইটা পুতলা সাজি লোৱা হয়। পাছত ইটোৰ পাছত সিটোকৈ যথাস্থানত ৰাখি ফটো তুলি চলচ্চিত্ৰৰ ৰূপ দিয়া হয়।
ক্লে' এনিমেছন (Clay animation), বা প্লাষ্টিচিন (Plasticine) এনিমেছন: চুটিকৈ 'ক্লেমেছন' বুলিও কোৱা হয়। আকাৰ দিব পৰা আঠালতীয়া মাটি বা প্লাষ্টিচিনৰ পুতলা সাজি সেই পুতলাক বিভিন্ন ভংগীমাত ৰাখি এখন এখন ফ্ৰেম সজোৱা হয় আৰু তাৰ ছবি তোলা হয়। 'ৱালেছ এণ্ড গ্ৰ'মিট' ('Wallace and Gromit') ছিৰিজৰ আটাই কেইখন ছবিয়েই এই পদ্ধতিৰে নিৰ্মিত।
কাট-আউট (Cutout animation) কাপোৰ বা কাগজৰ টুকুৰা কাটি কাটি সঠিক ঠাইত ৰাখি ফটো উঠাই এই এনিমেছন ছবি নিৰ্মাণ কৰা হয়। 'গল্পৰ গল্প' (Tale of Tales, ১৯৭৯, ৰাছিয়া) এই পদ্ধতিৰে নিৰ্মিত।
ছাঁ এনিমেছন (Silhouette animation) কাট-আউট এনিমেছনৰে প্ৰকাৰভেদ। ইয়াত কাটি লোৱা টুকুৰাবোৰ আইনাৰ ওপৰত ৰাখি পাছফালৰপৰা পোহৰ দি ফটো তুলি বনোৱা হয়। 'এডভেন্সাৰ্ছ অৱ প্ৰিন্স আক্মেদ' ('The Adventures of Prince Achmed' ১৯২৬, জাৰ্মানী) এই পদ্ধতিত নিৰ্মিত।
ম'ডেল এনিমেছন (Model animation) 'জীৱন্ত গতি' ছবিত ব্যৱহাৰ কৰা এই পদ্ধতিত ডাঙৰ আকাৰৰ মডেল সাজি লোৱা হয়। এই মডেলক দৰকাৰ অনুসৰি লৰচৰ কৰি এনিমেছন সৃষ্টি কৰা হয়। ৰে হেৰীহ'ছেন-এ এই পদ্ধতি ব্যৱহাৰ কৰি চমকপ্ৰদ কিছুমান প্ৰাগৈঐতিহাসিক জীৱ-জন্তু জীৱন্ত ৰূপত দেখুৱায় 'দা ল'ষ্ট ৱৰ্ল্ড' (The Lost World) চলচ্চিত্ৰত। 'কিং কং' ('King Kong', ১৯৩৩) ছবিতো কিং কং এটা মডেল এনিমেছন আছিল।
গ' মোছন (Go motion) 'ইণ্ডাষ্ট্ৰিয়েল লাইট এণ্ড মেজিক' নামৰ প্ৰতিষ্ঠানটোৱে 'ফিলি টিপেট'ৰ সহায়ত এই পদ্ধতিৰ সূত্ৰপাত কৰে। ই মূলতঃ মডেল এনিমেছনৰ এটা প্ৰকাৰ। এই পদ্ধতিত মডেল এনিমেছনৰ সময়ত দুখন ফ্ৰেমৰ মাজত সামান্য অস্পষ্টতা যোগ কৰিব পাৰি। এই অস্পষ্টতাই মডেল এনিমেছনক 'জীৱন্ত গতি'ৰ দৰে একে দেখাত কৰি তোলে। 'ড্ৰেগন স্লেয়াৰ' (Dragonslayer, ১৯৮১) আৰু 'ষ্টাৰ ৱাৰ্ছ: এম্পায়াৰ ষ্ট্ৰাইক্ছ বেক' ('Star Wars: Empire Strikes Back', 1980) ছবিত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছিল।
অৱজেক্ট এনিমেছন (Object animation) ষ্টপ মোছন এনিমেছনত ব্যৱহৃত ৰৈ থকা বস্তুবিলাক অগা-পিছা কৰাৰ পদ্ধতি।
গ্ৰাফিক এনিমেছন (Graphic animation) আগতে অঁকা ফটো, বাতৰি-কাগজৰ টুকুৰা আদিক ইফাল-সিফাল কৰি নিৰ্মাণ কৰা এনিমেছন।
পিক্সিলেছন (Pixilation) জীৱন্ত মানুহক এটা এটা ভংগীমাত ৰখাই এখন এখনকৈ ফটো তুলি তৈয়াৰ কৰা এনিমেছন।
কম্পিউটাৰ এনিমেছন
কম্পিউটাৰৰ সহায়ত নিৰ্মাণ কৰা এনিমেছনকেই কম্পিউটাৰ এনিমেছন বুলিব পাৰি। কম্পইউটাৰ এনিমেছনৰ কেইবাটাও প্ৰকাৰ আছে আৰু বহুততে আকৌ কম্পিউটাৰক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়।
দ্বিমাত্ৰিক এনিমেছন (2D animation)
দ্বিমাত্ৰিক ছবি সংযোগ আৰু সম্পাদনা কৰি 'দ্বিমাত্ৰিক এনিমেছন' নিৰ্মাণ কৰা হয়। দ্বিমাত্ৰিক ছবিখন কম্পিউটাৰৰ ছফ্টৱেৰ ব্যৱহাৰ কৰি অঁকা হ'ব পাৰে বা হাতে আঁকি স্কেন কৰি লোৱাও হ'ব পাৰে। অৱশ্যে প্ৰয়োজনীয় আটাইখিনি ফ্ৰেমেই হাতে আঁকি স্কেন কৰিলে সেইটো সঠিক অৰ্থত কম্পিউটাৰ এনিমেছন নহয়। সাধাৰণতে মূল ফ্ৰেম কেইখন হাতে আঁকি মাজৰ ফ্ৰেমখিনি কম্পিউটাৰৰ সহায়ত আঁকি লোৱা (inbetweening, morphing) অথবা কম্পিউটাৰৰ দ্বাৰা 'ৰট'স্কোপ' কৰি লোৱা আদিকহে কম্পিউটাৰ এনিমেছন বোলা হয়। কম্পিউটাৰত দ্বিমাত্ৰিক এনিমেছন সৃষ্টিৰ বাবে বহুতো ছফ্টৱেৰ পোৱা যায়। 'ফ্লেছ' (Flash) এটা বহুল ব্যৱহৃত তেনে ছফ্টৱেৰ।
ত্ৰিমাত্ৰিক এনিমেছন (3D animation)
ত্ৰিমাত্ৰিক এনিমেছন আগতে উল্লেখ কৰা 'মডেল এনিমেছন'ৰ কম্পিউটাৰ ৰূপ বুলিব পাৰি। ত্ৰিমাত্ৰিক এনিমেছন নিৰ্মাণ কৰিবলৈ কম্পিউটাৰ ছফ্টৱেৰত ত্ৰিমাত্ৰিক মডেল (3D Model) সাজি লোৱা হয়। সেই মডেলক ছফ্টৱেৰতে সময়ৰ হিচাপত গতি দি এই এনিমেছন তৈয়াৰ কৰা হয়। অতি ভালকৈ বনোৱা ত্ৰিমাত্ৰিক এনিমেছনে 'জীৱন্ত গতি'ৰ লগতো ফেৰ মাৰিব পাৰে। আজি কালি বহুতো চলচ্চিত্ৰত 'জীৱন্ত গতি'ৰ লগত স্পেচিয়েল এফেক্ট হিচাবে ত্ৰিমাত্ৰিক এনিমেছন প্ৰয়োগ কৰা হয়। ত্ৰিমাত্ৰিক এনিমেছন চলচ্চিত্ৰত ১৯৮০-ৰ দশকৰ প্ৰথম ভাগৰপৰাই ব্যৱহাৰ হৈ আহিছে যদিও 'টয় ষ্ট'ৰী' (Toy Story, ১৯৯৫, আমেৰিকা) সম্পূৰ্ণৰূপে কম্পিউটাৰত নিৰ্মিত প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ।
কম্পিউটাৰ এনিমেছন সম্পৰ্কীয় কিছুমান পৰিভাষা
জীৱন্ত ছবিৰ দৰে এনিমেছন (Photo realistic animation): সাধাৰণতে কম্পিউটাৰত নিৰ্মিত ত্ৰিমাত্ৰিক এনিমেছনৰ গতি আৰু দৃশ্যত এটা কৃত্ৰিমতা দেখা যায়, যাৰ বাবে তাক এনিমেছন ছবি বুলি সহজতে জানিব পাৰি। এই কৃত্ৰিমতা দূৰ কৰিবলৈ বিভিন্ন চেষ্টা চলাই থকা হৈছে যদিও সম্পূৰ্ণ সফলতা লাভ কৰা সম্ভৱ হোৱা নাই। Final fanatsy: the spirits within নামৰ ছবিখনত প্ৰথমে এনিমেছনক সম্পূৰ্ণ জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস কৰা হয়। যথেষ্ট ফলপ্ৰসূ হ'লেও এই প্ৰচেষ্টা সম্পূৰ্ণৰূপে সফল হোৱা নাছিল। ২০০৯ চনত নিৰ্মিত হলিউডৰ ছবি Avatar-ত এই ক্ষেত্ৰত বহুত অগ্ৰগতি হোৱা দেখা গৈছে।
মোছন কেপচাৰ (Motion capture): জীৱন্ত অভিনেতাক বিশেষ পোছাক পিন্ধাই তেখেতৰ গতি আৰু মুখমণ্ডলৰ অংগী-ভংগীক কম্পিউটাৰৰ সহায়ত ত্ৰিমাত্ৰিক মডেলৰ ওপৰত আৰোপ কৰা হয়। ইয়াৰদ্বাৰা ত্ৰিমাত্ৰিক মডেলটোৱে বাস্তৱ অভিনেতাজনৰ দৰেই অভিনয় কৰাৰ আভাস পোৱা যায়। এই পদ্ধতিৰে নিৰ্মিত 'লৰ্ড অৱ দা ৰিংছ' (Lord of the Rings) চলচ্চিত্ৰ ছিৰিজৰ 'গ'ল্লাম' (Gollum) নামৰ চৰিত্ৰটোক এই পদ্ধতিৰ এক উল্লেখনীয় অৱদান বোলা হয়।
এনিমেছনৰ কিছুমান অন্য পদ্ধতি
ফিল্মৰ ওপৰত অংকন (Drawn on film animation): এই পদ্ধতিত চলচ্চিত্ৰৰ ৰীলৰ প্ৰতিখন ফ্ৰেমত ছবি আঁকি এনিমেছন তৈয়াৰ কৰা হয়। এই পদ্ধতিত এনিমেছন নিৰ্মাণ কৰা কিছুমান ব্যক্তিৰ নাম: Norman McLaren, Len Lye and Stan Brakhage.
কাঁচৰ ওপৰত পেইণ্ট এনিমেছন (Paint-on-glass animation): কাঁচৰ ওপৰত ধীৰে শুকোৱা ৰঙ (সাধাৰণতে তেল ৰঙ) ব্যৱহাৰ কৰি অঁকাখিনি শুকোৱাৰ আগতেই ৰঙখিনি সঠিক ভাৱে ইফাল-সিফাল কৰি প্ৰতিখন ফ্ৰেমৰ ছবি লোৱা হয়। অস্কাৰ পুৰস্কাৰ বিজয়ী ৰুছীয় এনিমেটৰ আলেকছেন্দ্ৰ পেট্ৰভ-এ (Alexandr Petrov) এই পদ্ধতিৰে কেবাখনো এনিমেছন ছবি নিৰ্মাণ কৰিছে।
মচি মচি নিৰ্মাণ কৰা এনিমেছন (Erasure animation): শিল্পীয়ে আঁকি থাকোঁতেই ফটো তুলি ফ্ৰেম সাজি তৈয়াৰ কৰা এনিমেছন।
পিনৰ পৰ্দা এনিমেছন (Pinscreen animation): এখন পৰ্দাৰ ওপৰত 'পিন' বিন্ধাই লৈ পিনবিলাক সময়ৰ হিচাপত ওলোৱা সোমোৱা কৰি নিৰ্মাণ কৰা এনিমেছন। এই পদ্ধতিত পোহৰ হেলনীয়াকৈ পৰ্দাখনৰ ওপৰত পেলোৱা হয় যাতে উঠি থকা পিনৰ ছাঁ বাকী অংশত পৰি এটা দৃশ্যৰ সৃষ্টি কৰিব পাৰে।
বালি এনিমেছন (Sand animation): তলফালৰপৰা বা ওপৰৰপৰা পোহৰ পৰি থকা কাঁচৰ ওপৰৰ বালিৰ তৰপক হাতেৰে ইফাল-সিফাল কৰি নিৰ্মাণ কৰা এনিমেছন।
উল্লেখযোগ্য ইয়াৰ বাহিৰেও আন বহুতো উপায়েৰে এনিমেছন নিৰ্মাণ কৰিব পাৰি। উদাহৰণ স্বৰূপে ১৯৯২ চনত পিঅ'টৰ ডুমালাৰ (Piotr Dumala) নিৰ্মিত ফ্ৰাঞ্জ কাফকাত (Franz Kafka) প্লাষ্টাৰেৰে নিৰ্মিত ফলকৰ ওপৰত ক'লা ৰঙ দি পাছত সেই ৰঙ অলপ অলপকৈ ৰুকি এৰুৱাই এনিমেছন নিৰ্মাণ কৰা হৈছিল।
এনিমেছনৰ আৰু কিছুমান পদ্ধতি
কেৰেক্টাৰ এনিমেছন
এনিমেট্ৰ'নিক্স
মেচিনিমা
এনিমেক্স
এনিমেছন ছবিৰ নিৰ্মাণ পদ্ধতি
এনিমেছন ছবি এখনৰ নিৰ্মাণ প্ৰক্ৰিয়া 'জীৱন্ত গতি' চলচ্চিত্ৰ এখনৰ নিৰ্মাণ প্ৰক্ৰিয়াতকৈ বেলেগ হয়। সাধাৰণ ভাৱে মানি চলা প্ৰক্ৰিয়াটো তলত লিখা ধৰণৰ।
১. কাহিনী আৰু চিত্ৰনাট্য: যিকোনো কাহিনী ভিত্তিক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰথম ধাপ হৈছে এটা কাহিনী আৰু সেই কাহিনীৰ ভিত্তিত এখন চিত্ৰনাট্য। এনিমেছন ছবিৰ চিত্ৰনাট্যত সংলাপতকৈ বেছি প্ৰাধান্য দিয়া হয় দৃশ্যমান কাৰ্য্য ভিত্তিক (visual action) প্ৰকাশভংগীক। প্ৰায়েই চিত্ৰনাট্য এখন মূল ছবিৰ কাঠামোহৈ হৈ থাকে, নিৰ্মাণৰ পাছৰ পৰ্য্যায়ত চিত্ৰনাট্য সালসলনি হোৱা দেখা যায়।
২. ষ্ট'ৰীব'ৰ্ড (Storyboard): চিত্ৰনাট্যৰ ওপৰত ভিত্তি কৰি ছবিৰ পৰিচালকে ষ্ট'ৰীব'ৰ্ড শিল্পীৰ হতুৱাই চিত্ৰনাট্যখনৰ দৃশ্যাৱলীৰ ছবি আঁকি কমিক্ছৰ নিচিনাকৈ সজাই লয়। ডিজনী ষ্টুডিঅ'ত ষ্ট'ৰীব'ৰ্ডৰ একোটা দৃশ্যাংশৰ ওপৰত ব্যাপক আলোচনা হয় আৰু সেই দৃশ্যাৱলীক আৰু প্ৰায়েই নতুন দৃশ্যাংশৰ সংযোগ, বা থকা দৃশ্যাংশ আঁতৰাই পেলোৱা বা বেলেগ ধৰণেৰে দৰ্শোৱাৰ বাবে সিদ্ধান্ত লোৱা হয়। এই আলোচনাৰ সময়তে ছবিখনৰ চূড়ান্ত পৰ্য্যায়ৰ ৰূপ দিয়াৰ প্ৰয়াস কৰা হয়।
৩. সংলাপ বাণীবন্ধন (Soundtrack): 'জীৱন্ত ছবি' চলচ্চিত্ৰত সংলাপসমূহ ছুটিং-ৰ সময়তে বাণীবন্ধ কৰা হয় আৰু পাছত ডাবিং কৰি অধিক উন্নত কৰা হয়। কিন্তু এনিমেছন এই কামটো আগতে কৰা হয়। কাৰণ অভিনেতা-অভিনেত্ৰীয়ে সংলাপ নিক্ষেপনৰ সময়ত যি আবেগ জড়িত কৰে, সেই আবেগ অনূ্ভূতিক শুদ্ধকৈ প্ৰকাশ কৰিবলৈ ছবি আঁকিবলৈ আৰম্ভ কৰাৰ আগেয়েই বিতংকৈ জনাটো প্ৰয়োজনীয়। কিন্তু বাণীবদ্ধ সংলাপ নহ'লে সেইটো আগতেই নিশ্চিত কৰাটো সম্ভৱ নহয়। আগতীয়াকৈ সংলাপ বাণীবদ্ধ কৰিলে ছবিৰ ফ্ৰেম আঁকোতাসকলে সংলাপৰ বাবে লগা সঠিক সময়ৰো আভাস পায়।
৪. ট্ৰেক ব্ৰেকডাউন (Track Breakdown): সকলোখিনি সংলাপ বাণীবদ্ধ হোৱাৰ পাছত সম্পাদন এজনে সেই সংলাপসমূহক চলচ্চিত্ৰৰ ফ্ৰেম সংখ্যাৰ লগত মিলাই এখন টোকাবহী বনাই লয়। উদাহৰণ স্বৰূপে ধৰা হ'ল এজন অভিনেতাই সংলাপ হিচাপে এটা কাঁহ মাৰিছে। সম্পাদকে সেই কাঁহটো কিমান নম্বৰ ফ্ৰেমত আৰম্ভ হৈ কিমানত শেষ হৈছে তাৰ তালিকা এখন প্ৰস্তুত কৰে।
৫. ডিজাইন (Design): ছবিৰ সংগীত আৰু সংলাপ বাণীবদ্ধ কৰাৰ সময়তে ডিজাইনাৰে ছবিখনৰ ছবিসমূহ কেনে ধৰণৰ ৰখা হ'ব, কেনেকুৱা হ'লে ছবিৰ কাহিনীৰ বাবে অনুকূল আৰু দৰ্শকৰ বাবে উপভোগ্য হ'ব সেইটো ঠিক কৰে পৰিচালকৰ লগত কথা পাতি। ডিজাইনবোৰ পৰিচালকৰ মনঃপূত হ'ল সেই ডিজাইন সমূহ এনিমেটৰ, বেকগ্ৰাউণ্ড আৰ্টিষ্টসকলৰ ওচৰলৈ পঠিওৱা হয়।
৬. লাইকা ৰীল (Leica Reel): ষ্ট'ৰীব'ৰ্ডৰ ছবি আৰু সংলাপ একেলগ কৰি ফটো তুলি এখন চিনেমাৰ নিচিনাকৈ সাজি লোৱা হয়। লাইকা ৰীলৰ বাবে ষ্ট'ৰীব'ৰ্ডৰ ছবিসমূহ ভালকৈ আঁকি লোৱা হয় আৰু প্ৰয়োজন অনুসৰি 'বেকগ্ৰাউণ্ড' ছবিও সংযোগ কৰা হয়। ছবি আঁকোতে ডিজাইনৰ ডীজাইন, ফ্ৰেমিং আদি কথাত গুৰুত্ব দিয়া হয়। লাইকা ৰীল পৰিচালকৰ মনঃপূত হোৱাৰ পাছত প্ৰকৃত ছবি অঁকাৰ কাম আৰম্ভ কৰা হয়।
৭. লাইন টেষ্ট (Line Test): লাইকা ৰীল পৰিচালকৰ মনঃপূত হ'লে ষ্ট'ৰীব'ৰ্ডৰ ৰূপ এনিমেটৰসকললৈ পঠিওৱা হয়। এনিমেটৰ এজনে ফ্ৰেম-ফ্ৰেমকৈ চৰিত্ৰ বা বস্তু এটাৰ গতিৰ ছবি আঁকে। ডাঙৰ ছবিবোৰত একো একো চৰিত্ৰৰ ওপৰত একো একোজন এনিমেটৰে কাম কৰে। কোনটো চৰিত্ৰ কোনজন এনিমেটৰক দিয়া হ'ব সেইটো মূল (Lead Animator) এনিমেটৰজনৰ বিশেষ দক্ষতা আৰু সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ঠিক কৰা হয়। ষ্ট'ৰীব'ৰ্ডৰ মতে এনিমেটৰজনে নিজৰ নিজৰ চৰিত্ৰৰ ছবি আঁকি যায়। দৃশ্য এটাত গতিৰ গুৰুত্ব অনুসৰি ছেকেণ্ডত ১২ বা ২৪-টা ফ্ৰেমৰ হিচাপত ছবি আঁকিবলগীয়া হয়। সাধাৰণতে মূল এনিমেটৰে গতি এটাৰ নিৰ্ণায়ক ফ্ৰেম, যাক ইংৰাজীত Key Frame বোলে, সেইকেইটা ছবিহে আঁকে। সেই ছবিৰ ওপৰত ভিত্তি কৰি মাজৰ ছবিবিলাক আঁকে কনিষ্ঠ এনিমেটৰ সকলে, তেওঁলোকক "ইন্বিট্ৱিনাৰ" (Inbetweener) বুলিও কোৱা হয়। অৱশ্যে মাজৰ এই ছবিবিলাক (Inbetweens) কেনেকুৱা হ'ব, গতিৰ কিমান পাৰ্থক্য থাকিব কথাবোৰ মূল এনিমেটৰজনেই নিৰ্ধাৰণ কৰি দিয়ে। কিছুমান মূল এনিমেটৰে অৱশ্যে 'কোবাল গতি' (fast action) থকা অংশবোৰৰ inbetweens নিজেই আঁকি লোৱাটো পছন্দ কৰে। একাধিক চৰিত্ৰই যোগাযোগ কৰা দৃশ্যবোৰ দুজন মূল এনিমেটৰে একেলগে বহি আলোচনা কৰি আঁকে। এনেদৰে হৈ উঠা একোটা দৃশ্যাংশ পৰিচালকে 'লাইকা ৰীল'ত যোগ্য স্থানত সংযোজন কৰি চাই লৈ মনঃপূত হ'লে সেইখিনি 'ক্লীন-আপ' শিল্পীলৈ (Cleanup Artist) লৈ পঠিওৱা হয়।
৮. ক্লীন-আপ (Cleanup): মূল এনিমেটৰে আঁকি দিয়া চৰিত্ৰৰ গতিৰ ফ্ৰেমবোৰ সাধাৰণতে 'স্কেচ্ছ'ৰ নিচিনা হয়, আৰু সময়ৰ অপচয় নকৰিবলৈ তাক নিয়াৰিকৈ অঁকাৰ যত্ন কৰা নহয়। আচলতে মূল এনিমেটৰৰ কাম হৈছে চৰিত্ৰৰ গতিৰ ৰূপৰেখা তৈয়াৰ কৰি দিয়াটোহে, সেইবাবে হাত-ভৰি, চকু-মুখৰ স্থান আদি শুদ্ধকৈ আৰু সঠিক অনু্ভূতি প্ৰকাশ কৰিবপৰাকৈ আঁকি দিয়াটোহে তেওঁৰ মূল কাম, দেখাত সুন্দৰ ছবি তেওঁ নেআঁকিলেইও চলে। মূল এনিমেটৰে আঁকি দিয়া ছবিখিনিৰপৰা কনিষ্ঠ শিল্পীয়ে মূল ছবিত ব্যৱহাৰ কৰিব পৰা নিয়াৰি ছবি আঁকি লয়। এইখিনি কনিষ্ঠ শিল্পীৰ ডাঙৰ গোট এটা ষ্টুডিঅ'ত থাকে। তেওঁলোকেই মূল এনিমেটৰৰ নিৰ্ণায়ক ফ্ৰেমৰ ওপৰত ভিত্তি কৰি inbetweens আঁকে আৰু মূল এনিমেটৰৰ ছবিখিনি নিয়াৰিকৈ আঁকি মূল ছবিত ব্যৱহাৰ কৰা হয়। এইখিনি শিল্পীৰপৰাই বিশেষ দক্ষতা দেখুওৱাসকলে পাছলৈ মূল এনিমেটৰৰ স্থান লাভ কৰে।
৯. ট্ৰে'চ আৰু পেইণ্ট (Trace and Paint): ক্লীন-আপ কৰাৰ পাছত পৰিচালকে ছবিখিনি আকৌ লাইকা ৰীলত সংযোগ কৰি প্ৰত্যক্ষ কৰে আৰু সকলো ঠিকে থাকিলে সেইখিনি 'ট্ৰেচ এণ্ড পেইণ্ট' বিভাগলৈ পঠিওৱা হয়। মন কৰিব যে ক্লীন-আপ পৰ্য্যায়লৈ ছবিখিনিৰ অকল ৰূপৰেখা (Outline) থাকে বা সেইখিন স্কেচ্ছ ছবিৰ নিচিনা হৈ থাকে আৰু তাক কাগজত অঁকা হয়। 'ট্ৰেচ এণ্ড পেইণ্ট' বিভাগতে ছবিখিনি চে'লত (cel - পাৰদৰ্শী চেলুল'জৰ পাত) ট্ৰেচিং কৰি লোৱা হয় আৰু তাত ৰঙ দিয়া হয়। যিফালে ট্ৰেচ কৰা হৈছে তাৰ ওলোটা ফালে ৰঙ ঘঁহা হয়। প্ৰথমে এই কামৰ বাবে শিল্পী আছিল, আজিকালি পিছে এইখিনি কাম কম্পিউটাৰত 'স্কেন' কৰি লৈ ডিজিটেল ছবিত ডিজিটেল পদ্ধতিৰে ৰঙ কৰা হয়।
১০. পৃষ্ঠপট অংকন (Background): মূল এনিমেটৰে চৰিত্ৰ অংকন কৰি থকাৰ সময়তে অন্য এটা শিল্পী গোটে পৃষ্ঠপট (Background: দৃশ্যাংশ যি স্থানত বৰ্ণিত হৈছে তাৰ ছবি) অংকন কৰে। এই কামৰ বাবে বিশেষ পাৰদৰ্শিতা থকা শিল্পী থাকে। তেওঁলোকে দৃশ্য এটাৰ লৰচৰ নথকা সকলোখিনি অংশৰে ছবি আঁকে। অৱশ্যে পৃষ্ঠপটৰ সলনি তেওঁলোকে সম্মুখ পটো অংকন কৰে। কিছুমান দৃশ্যাংশত চৰিত্ৰৰ সন্মুখতো লৰচৰ নকৰা অংশ থাকে, তাকে সম্মুখপট (Foreground) বোলা হৈছে। পৰিচালকে ষ্ট'ৰীব'ৰ্ডৰ ওপৰত ভিত্তি কৰি পৃষ্ঠপট বা সম্মুখপট কেনে হ'ব সেয়া ঠিক কৰে।
১১. পৰীক্ষণ (Checking): সম্পূৰ্ণ হোৱা 'চে'ল' আৰু 'পৃষ্ঠপট' পৰীক্ষণৰ বাবে পঠিওৱা হোৱা। 'পৰীক্ষক'সকলে (Checker) প্ৰতিখন 'পৃষ্ঠপট', প্ৰতিখন 'চে'ল' পুংখানুপুংখভাৱে পৰীক্ষা কৰে যাতে সকলোখিনি ঠিকেই আছে আৰু অন্তিম পৰ্য্যায়ৰ চিত্ৰগ্ৰহণৰ বাবে সাজু হৈ আছেনে নাই। পৰীক্ষকসকলে সন্তুষ্ট হ'লে তেওঁলোকে দৃশ্যাংশ অনুসৰি 'চে'ল' আৰু পৃষ্ঠপট বিলাক ক্ৰমাগতভাৱে সজায় আৰু চিত্ৰগ্ৰহণৰ বাবে পঠিয়াই দিয়ে। ক'ৰবাত কিবা অসুবিধা ধৰা পৰিলে তাক ঠিক কৰিবৰ বাবে ওভোতাই পঠিওৱা হয়।
১২. চিত্ৰগ্ৰহণ (Final Shoot): এই পৰ্য্যায়ত পৰীক্ষিত চে'ল আৰু পৃ্ষ্ঠপটসমূহ চিত্ৰগ্ৰহণকাৰীৰ ওচৰলৈ পঠিওৱা হয়। 'বিশেষ কেমেৰা'ৰ (Rostrum Camera) তলত একাদিক্ৰমে পৃষ্ঠপট, চৰিত্ৰ আৰু সম্মুখপট আদি তলৰপৰা ওপৰলৈ সজোৱা হয় আৰু সেই কেমেৰাৰে তাৰ ছবি তোলা হয়। এখন ছবিৰ পাছত তাৰ পাছৰ গতিৰ ছবিখন তোলা হয়, এনেদৰে এখন এখন কৈ ফ্ৰেমৰ ফটো তোলা হয়।
১৩. ৰাছ্ (Rushes): দৃশ্যাংশ এটাৰ চিত্ৰগ্ৰহণ হোৱাৰ পাছত সেই ৰীল পৰীক্ষাগাৰলৈ পঠিওৱা হয়। য'ত ফিল্ম প্ৰস্ফূটন কৰি আকৌ ষ্টুডিঅ'লৈ পঠিওৱা হয়। দৃশ্যাংশৰ এনে ফিল্মকে ৰাছ্ বোলা হয়। পৰিচালকে সেই ৰাছ চাই সন্তুষ্ট হ'লে তাক গ্ৰহণ কৰে, কিবা অসুবিধা ওলালে যিটো পৰ্য্যায়ত সেই অসুবিধা সৃষ্টি হৈছে তাতেই আকৌ ঠিক কৰাৰ প্ৰয়োজন আহি পৰে। গ্ৰহণযোগ্য ৰাছ্বোৰৰপৰা সম্পাদকে সঠিক দৈৰ্ঘ্যৰ ফিল্ম কাটি উলিয়ায় আৰু পাছৰ দৃশ্যাংশৰ লগত জোৰা দিয়ে। এনেদৰে গোটেই দৃশ্যাংশৰ সম্পাদনা হৈ যোৱাৰ পাছত নিৰ্মীয়মান ছবিখন সম্পূৰ্ণ ৰূপত পোৱা যায়।
১৪, ডাবিং (Dubbing): সম্পূৰ্ণ হোৱা ছবিখনত পৰিচালক, সম্পাদকে মিলি শব্দযন্ত্ৰীৰ সহায়ত উচিত স্থানত সংগীতৰ বিশেষ ব্যঞ্জনা, আবহ-সংগীত আদি সংযোগ কৰে। 'জীৱন্ত ছবি'ত ডাবিং প্ৰক্ৰিয়াত অভিনেতা অভিনেত্ৰীয়ে পুনৰাই কণ্ঠ সংযোজিত কৰে, এনিমেছনত কিন্তু সংলাপ আগেয়ে বাণীবদ্ধ কৰা হয়। এই প্ৰক্ৰিয়াৰদ্বাৰা ছবিত ব্যৱহৃত শব্দ, সংলাপ, সংগীতৰে সম্পূৰ্ণ শব্দট্ৰেক (Soundtrack) সাজু কৰা হয়।
১৫. এন্ছাৰ প্ৰিণ্ট (Answer Print): এইবাৰ সম্পূৰ্ণ হোৱা ছবি আৰু শব্দ গোটেইখিনি আকৌ পৰীক্ষাগাৰলৈ পঠিওৱা হয়। পৰীক্ষাগাৰত শব্দ আৰু ছবি একেখন ফিল্মতে সংযোগ কৰা হয় আৰু দৰ্শকে চাব পৰা বাকছবি এখন হৈ উঠে। এই ছবিৰ ৰীলটোকে ছবিঘৰত প্ৰজেক্টৰৰ জৰিয়তে পৰ্দাত প্ৰেক্ষিত কৰি ডাঙৰ আকাৰৰ কৰি তোলা হয়।
ওপৰত উল্লিখিত বৰ্ণনা পাৰম্পৰিক পদ্ধতিৰ এনিমেছন ছবি নিৰ্মাণৰ বাবে ব্যৱহৃত হয়। কম্পিউটাৰ এনিমেছনৰ বাবে ষ্টোৰীবোৰ্ড, সংলাপ আৰু ডিজাইন সাজু হোৱাৰ পাছত চৰিত্ৰ আৰু পৰিবেশৰ ত্ৰিবিমীয় মডেল নিৰ্মাণ কৰা হয়, চৰিত্ৰৰ মডেলৰ হাত-ভৰি, চকু-মুখত এনিমেটৰে গতি সংযোগ কৰে, পোহৰ বিশেষজ্ঞই দৃশ্যাংশত সঠিক 'পোহৰ নিৰ্মাণ' কৰে; কাপোৰ, পানী, ধোঁৱা আদিৰ বাবে বিশেষ ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হয়; লগতে সাজু হৈ থকা সংগীত আৰু সকলোখিনি মিলাই কম্পিউটাৰৰ সহায়ত এখন এখনকৈ ফ্ৰেম 'ৰেণ্ডাৰিং' (Rendering) কৰা হয়। নিৰ্মিত প্ৰতিখন ফ্ৰেমক আকৌ চলচ্চিত্ৰলৈ ফিল্মলৈ অনা হয়। এনেদৰেই কম্পিউটাৰ ত্ৰিবিমীয় এনিমেছন ছবি এখন তৈয়াৰ কৰা হয়।
তথ্য সংগ্ৰহ
গ্ৰন্থপঞ্জী
Anderson, Joseph and Barbara, "The Myth of Persistence of Vision Revisited", Journal of Film and Video , Vol. 45, No. 1 (Spring 1993): 3-12
Culhane, Shamus, Animation Script to Screen
Laybourne, Kit, The Animation Book
Ledoux, Trish, Ranney, Doug, & Patten, Fred (Ed.), Complete Anime Guide: Japanese Animation Film Directory and Resource Guide, Tiger Mountain Press 1997
Lowe, Richard & Schnotz, Wolfgang (Eds) Learning with Animation. Research implications for design Cambridge University Press, 2008
Masson, Terrence, CG101: A Computer Graphics Industry Reference Unique and personal histories of early computer animation production, plus a comprehensive foundation of the industry for all reading levels. ISBN 978-0-9778710-0-1
Serenko, Alexander, The development of an instrument to measure the degree of animation predisposition of agent users, Computers in Human Behavior Vol. 23, No. 1 (2007): 478-495.
Thomas, Frank and Johnston, Ollie, Disney Animation: The Illusion of Life, Abbeville 1981
Walters, Faber and Helen (Ed.), Animation Unlimited: Innovative Short Films Since 1940, HarperCollins Publishers, 2004
Williams, Richard, The Animator's Survival Kit ISBN 978-0-571-20228-7
Bob Godfrey and Anna Jackson, 'The Do-It-Yourself Film Animation Book' BBC Publications 1974 ISBN 978-0-563-10829-0 Now out of print but available s/hand through a range of sources such as Amazon Uk.
Lawson, Tim and Alisa Persons. The Magic Behind the Voices: A Who's Who of Cartoon Voice Actors. University Press of Mississippi. 2004. (A history of cartoon voice-overs and biographies and photographs of many prominent animation voice actors.)
Ball, R., Beck, J., DeMott R., Deneroff, H., Gerstein, D., Gladstone, F., Knott, T., Leal, A., Maestri, G., Mallory, M., Mayerson, M., McCracken, H., McGuire, D., Nagel, J., Pattern, F., Pointer, R., Webb, P., Robinson, C., Ryan, W., Scott, K., Snyder, A. & Webb, G. (2004) Animation Art: From Pencil to Pixel, the History of Cartoon, Anime & CGI. Fulhamm London.: Flame Tree Publishing. ISBN 978-1-84451-140-2
Crafton, Donald (1982). Before Mickey. Cambridge, Massachusetts.: The MIT Press. ISBN 978-0-262-03083-0
Solomon, Charles (1989). Enchanted Drawings: The History of Animation. New York.: Random House, Inc. ISBN 978-0-394-54684-1
বাহ্যিক সংযোগ
thefreedictionary.com
এনিমেছনৰ ১০টা প্ৰকাৰ দৰ্শোৱা এখন চুটি তথ্যচিত্ৰ। আহৰণ কৰা তাৰিখ: ২ জুলাই, ২০১১
বিভিন্ন প্ৰকাৰৰ এনিমেছনৰ বৰ্ণনাৰ হাতপুথি আহৰণ কৰা তাৰিখ: ২ জুলাই, ২০১১
britannica.comআহৰণ কৰা তাৰিখ জুলাই ২৮, ২০১১ </ref>
চলচ্চিত্ৰ
কম্পিউটাৰ বিজ্ঞান
|
4333
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A7%B0%E0%A7%8D%E0%A6%9C%E0%A7%81%E0%A6%A8%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
অৰ্জুন বঁটা
|
ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়৷ এই বঁটাত আছে ৩ লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি৷ ১৯৬১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
List of Award winners up to 2004
winners for year 2006-2007
ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান
ভাৰতৰ ক্ৰীড়াভিত্তিক বঁটা
|
4335
|
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A6%AC%E0%A6%B2%E0%A6%BE
|
তবলা
|
তবলা ভাৰতীয় সংগীতৰ এটা জনপ্ৰিয় বাদ্য। বহুতৰ মতে দিল্লীৰ সুধাৰ খাঁ (সিদ্ধাৰ খাঁ) ঢাঢ়ীহে তবলাবাদ্যৰ জন্মদাতা। সুধাৰ খাঁ আছিল ষোড়শ শতিকাৰ সম্ৰাট আকবৰৰ দিনৰ তবলাবাদক। সুধাৰ খাঁৰ তবলা আবিষ্কাৰ কৰাৰ সন্দৰ্ভত কাহিনী এটিও আছে। সেই সময়ত দিল্লীত ভগবান দাস নামৰ আৰু এজন পাখোৱাজ বাদক আছিল। তেওঁ সুধাৰ খাঁৰ সমকক্ষ। এই দুয়োজন লোকৰ মাজত এবাৰ পাখোৱাজ বাদনৰ প্ৰতিযোগিতা চলিছিল। প্ৰতিযোগিতাত সুধাৰ খাঁ পৰাজিত হয়। পৰাজিত হৈ খং আৰু বেজাৰত পাখোৱাজটোক দুটুকুৰা কৰে। সিমানতো পাখৌজীয়াজনৰ পাখোৱাজ বজোৱাৰ হেঁপাহ নপলাল। দুডোখৰ হৈ থকা সেই বাদ্যক হাতৰ তলুৱাৰে নবজাই আঙুলিৰে বজাব পৰাকৈ নিৰ্মাণ কৰে। এইদৰেই তবলাবাদ্য আবিষ্কৃত হ'ল। সুধাৰ খাঁয়েই পাখোৱাজৰবাদন ৰীতি সাল সলনি ঘটাই তাক ফুটাই তুলিলে তবলা বাদ্যত। অৱশ্যে সুধাৰ খাঁৰ সময় আৰু নামৰো মতান্তৰ আছে। কোনো কোনোৰ মতে সুধাৰ খাঁ ষোড়শ শতিকাৰ নহয়; অষ্টাদশ শতিকাৰ প্ৰথম ভাগৰ হে; আৰু সুধাৰ খাঁ নামটো এটা উপনামহে।
গঠন
বায়াঁ বা ডুগী
তবলাৰ যিটো ভাগ বাওঁ হাতেৰে বজোৱা যায়, তাকে বাঁয়া বা ডুগী বোলে। ইয়াৰ উচ্চতা প্ৰায় ন ইঞ্চি মান। অৱশ্যে ইয়াতকৈ ওখ বাঁয়াও কোনো কোনোৱে ব্যৱহাৰ কৰে। বায়াঁ সাধাৰণতে মাটি, এলুমিনিয়াম, তাম বা পিতলৰ হয়। ইয়াৰ মুখখনো চাম্ৰাৰে ছোৱা। বায়াঁৰ প্ৰধান ভাগ বা অঙ্গ আঠটা।
ডুগীৰ অংগ
পুড়ী বা ছাউনি - যি ছালেৰে বায়াঁৰ মুখ ঢকা থাকে, তাকে পুড়ী বোলে। সাধাৰণতে বায়াঁৰ পুড়ী দাইনাৰ পুড়ীতকৈ কিছু ডাঠ।
কুড়ী - বায়াঁৰ মাটিৰ, তামৰ বা পিতলৰ অংশটোক কুড়ী বোলে। সাধাৰণতে বায়াঁৰ এই পেটটো (কুড়ী) দাইনাতকৈ ওফোন্দা। বায়াঁৰ কুড়ী সাধাৰণতে দায়াঁতকৈ পাতল।
স্যাহী বা চিয়াঁহী - পূড়ীৰ সোঁমাজত থকা ক'লা গোলাকাৰ পদাৰ্থটোৰ নাম স্যাহী। স্যাহীক লোৰ গুৰি আৰু ভাত বা তেনে আঠাৰে তৈয়াৰী কৰা হয়।
গজৰা বা সিংগাৰ - পুড়ীৰ চাৰিওফালে চামৰাৰ ৰচিৰে গুঠি কৰা গোল পাগুৰি বা মেটটোক গজ্ৰা বা সিংগাৰ বোলে। এই গজৰাৰ ওপৰত আঠটা ঘাট বা ঘৰ থাকে।
লৱ বা মৈদান - স্যাহীৰ চৰিওফালে পুড়ীৰ যি অংশ ওলাই থাকে সেই অংশকে লৱ বা মৈদান বোলে।
চাঁটী বা কিনাৰ - লৱ আৰু গজৰাৰ মাজত প্ৰায় আধা ইঞ্চি বহল যি চালখন লগা থাকে, তাকে চাঁটী বা কিনাৰ বোলে।
বদ্দি - গজ্ৰাৰ ওপৰত ষোলটা ভাগ বা ঘৰ আছে। ঘৰবোৰৰ মাজেৰে চাম্ৰাৰ ফিতা তবলাৰ কাঠৰ গুটি কেইটাৰ ওপৰেদি গৈ তলৰ চাম্ৰাৰ মেৰটোৰ (গুড়ৰী) সৈতে টনা থাকে। এই ফিতাকে বদ্দি বোলে।
গট্টা - বদ্দিক আৱশ্যক অনুযায়ী টানি ৰাখিবৰ বাবে আঠোটা প্ৰায় দুই ইঞ্চি দীঘল কাঠৰ টুকুৰা বা গুটি ব্যৱহাৰ কৰা হয়। এই টুকুৰা বোৰক গট্টা বোলে।
গুড়ৰী - তবলাৰ একেবাৰে তলৰ ভাগৰ চামৰাৰ ৰচিৰে কৰা এটা মেৰ বা পাগুৰী আছে। ইয়াক বদ্দিৰ দ্বাৰা পুড়ীক টানি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা যায়। এই মেৰটোক গুড়ৰী বোলা হয়।
ডাঁয়া
তবলা মিলোৱাৰ নিয়ম
যি ৰাগ, গত্ বা গীতৰ লগত তবলা বজাবলৈ লোৱা হয়, সেই ৰাগৰ বা গতৰ যৰজ বা পঞ্চমত তবলাৰ (দাইনাৰ সুৰ) মিলাই তবলাৰ সুৰ বান্ধি লব লাগে। সেই ৰাগৰ পঞ্চমত যদি গুৰুত্ব দিয়া নহয় বা পঞ্চম যদি বৰ্জিত হয়, তেনে ক্ষেত্ৰত মধ্যমত তবলাৰ সুৰ বান্ধিব লাগে।
যি সুৰত তবলা বান্ধিবলৈ লোৱা হয় সেই সুৰৰ লগত তবলটোৰ সুৰৰ পাৰ্থক্যনো কিমান, তাকেহে প্ৰথমে নিৰ্দ্ধাৰণ কৰি লোৱাৰ আৱশ্যক। তালৈকে তবলাৰ 'তিন্' বাণীৰ মাতটোক, মিলাবলৈ লোৱা সুৰৰ লগত ৰিজাই চাব লাগিব। তাৰতম্য অধিক যেন দেখিলে প্ৰথমে তবলাৰ গট্টাক হাতুৰিৰ দ্বাৰা উঠুৱা নমোৱা কৰি লব লগিব। ইয়াৰ পিচত 'গজৰা'ত হাতুৰিৰ দ্বাৰা আঘাত কৰি তবলাৰ সুৰ মিলাই লব পৰা যায়। হাতুৰিৰ দ্বাৰা আঘত কৰাৰ নিয়মটো হল, বাওঁহাতত হাতুৰিটো লৈ তাৰে গজৰাত আঘাত কৰি সোঁহাতেৰে, সুৰ মিলিছেনে নাই, তাকে 'তিন্' বাণী বজাই চাব লাগে। গজ্ৰাৰ ওপৰত হাতুৰিৰ আঘাত হলে সুৰ ওপৰলৈ উঠিব আৰু গজ্ৰাৰ তলৰ ফালৰ পৰা আঘাত কৰিলে সুৰ তললৈ নামিব।
ঘৰাণা
তবলাৰ ক্ষেত্ৰত ৬টা মুখ্য ঘৰাণা দেখিবলৈ পোৱা যায়:-
দিল্লী ঘৰাণা
লক্ষ্ণৌ ঘৰাণা
অজৰাড়া ঘৰাণা
ফাৰুখাবাদ ঘৰাণা
বনাৰস ঘৰাণা
পঞ্জাব ঘৰাণা
কেইজনমান বিখ্যাত তবলাবাদকৰ তালিকা:
উস্তাদ সিদ্দাৰ খান (দিল্লী ঘৰাণা)
হাজী বিলায়েত খান (ফাৰুখাবাদ ঘৰাণাৰ প্ৰতিষ্ঠাতা)
উস্তাদ মুনিৰ খান (ফাৰুখাবাদ ঘৰাণা)
উস্তাদ আহম্মদজান থেৰাকুয়া (ফাৰুখাবাদ ঘৰাণা)
উস্তাদ কেৰামতুল্লা খাঁ
উস্তাদ নিসাৰ হুছেইন খাঁ
পণ্ডিত শামতা প্ৰসাদ
পণ্ডিত আনোখেলাল মিশ্ৰ
কিষণ মহাৰাজ
উস্তাদ আল্লাৰাখা
উস্তাদ জাকীৰ হুছেইন
উস্তাদ জুলফীকৰ হুছেইন
তবলাৰ বৰ্ণমালা
সোঁহাতেৰে বজোৱা
তে/ৰে/টে,
তা/না
তুন্/থুন্, ড়া
তিন্
বাওঁহাতেৰে বজোৱা
ক/কে
গ/গে, ঘ/ঘে
গমক
দুইহাতেৰে একেলগে বজোৱা
ধা (তা/না + গ/গে/ঘ/ঘে)
থা (তা/না + ক/কে)
ধিন (তিন্ + গ/গে/ঘ/ঘে
ধে (তে/ৰে/টে, + গ/গে/ঘ/ঘে )
ক্ৰে (কে + তে/ৰে/টে )
বিশেষ
ত্বকত্বক
ধেৰেধেৰে
ধেনেঘেনে, দিঙ্
তথ্যসূত্ৰ
লগতে চাওক
তিন তাল (তবলা)
বাদ্যযন্ত্ৰ
|
4336
|
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%20%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE
|
দ্ৰোণাচাৰ্য বঁটা
|
ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈৰ প্ৰশিক্ষকসকলক প্ৰদান কৰা এটা সৰ্বোচ্চ বঁটা৷ এই বঁটাত আছে ৩ লাখ টকা আৰু এটা ট্ৰফী৷ ১৯৮৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷
দ্ৰোণাচাৰ্য বঁটা লাভ কৰা ব্যক্তিসকল
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
List of winners up to 2004
List of winners for year 2006-2007 3
ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান
ভাৰতৰ ক্ৰীড়াভিত্তিক বঁটা
|
4337
|
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%81
|
ডম্বৰু
|
ডম্বৰু () এটা সৰু আকাৰৰ দুমুখীয়া ড্ৰাম, এই বাদ্য সাধাৰণতে হিন্দু ধৰ্ম আৰু "তিব্বেতীয় বৌদ্ধ ধৰ্মত"ত ব্যৱহৃত হয়। ডম্বৰুৰ উৎপত্তি প্ৰাক-বৈদিক কালতে হোৱা বুলি জনা যায়। কথিত আছে, এই বাদ্য মহাদেৱৰ বাদ্য আছিল। ডম্বৰুৱেই সৰ্বপ্ৰথম তাল-বাদ্য বুলিও কোনো কোনোৱে বিশ্বাস কৰে। ডম্বৰুক ডুগডুগি বুলিও কোৱা হৈছিল।
বিৱৰণ
ডম্বৰুৰ অৱয়ৰ কাঠেৰে নিৰ্মিত। মুখ দুখন বৃত্তাকাৰ আৰু চামৰাৰে ঢকা। মুখ দুখনতকৈ বাদ্যটিৰ মাজৰ ডোখৰৰ ব্যাস সৰু; খুন্দনা আকাৰৰ। ডম্বৰুৰ সোঁমাজত, মূৰত দুটা টোপোলা আকৃতিৰ গাঁঠি থকা দুগছ সূতাৰে বন্ধা থাকে। ডম্বৰুৰ গা-টোৰ মাজত হাতেৰে ধৰি ডম্বৰুটো জোকাৰিলে সেই টোপোলা দুটাই ছাল দুখনৰ যথাস্থানত আঘাত কৰি শব্দ ধ্বনিৰ সৃষ্টি কৰে।
ব্যৱহাৰ
পুৰণি কালৰ ধৰ্মানুষ্ঠানত এই বাদ্য ব্যৱহাৰ হৈছিল। আজিকালি কোনো কোনো ধৰ্মানুষ্ঠানত এই বাদ্য ব্যৱহাৰ কৰাৰ উপৰিও বিশেষকৈ ভালুক নাচ, বান্দৰ নাচ আৰু সাপ নচুৱাওতে ডম্বৰু বজোৱা দেখা যায়। বাজীকৰে মন্ত্ৰৰ বাদ্য ৰূপেও এই বাদ্য ব্যৱহাৰ কৰে।
তথ্য সংগ্ৰহ
লগতে চাওক
তিন তাল (তবলা)
বাহ্যিক সংযোগ
Damaru drum on Ancientworlds.com
Damaru works
School of Tibetan Healing Chod
বাদ্যযন্ত্ৰ
|
4338
|
https://as.wikipedia.org/wiki/%E0%A6%96%E0%A7%8B%E0%A6%B2
|
খোল
|
খোল বাদ্যযন্ত্ৰক মৃদঙ্গৰে এক আধুনিক ৰূপ বুলি কব পাৰি। আজি প্ৰায় পাঁচশ বছৰৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হ'ল। বিশেষকৈ, পূৱভাৰতৰ অসম, বঙ্গ, মণিপুৰ (মণিপুৰত খোলৰ নাম দুঙ্গ) আৰু উৰিষ্যাত এই বাদ্যৰ প্ৰচলন অতি বেচি। বঙ্গত এই বাদ্যক ধৰ্মীয় বাদ্য ৰূপে সন্মান কৰি ইয়াক শ্ৰীখোল বোলে।
অসমত মৃদঙ্গ বাদ্য বহু কালৰ আগৰ পৰাই প্ৰচলন আছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাব হোৱাত ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমত নিজে খোল বাদ্য তৈয়াৰ কৰি ইয়াৰ তাল,বোল আদি ৰচনা কৰি প্ৰচলন কৰে। বৰগীত আৰু সত্ৰীয়া নৃত্যৰ বাবে খোল হৈছে এক অপৰিহাৰ্য্য তাল বাদ্য। অসমৰ খোল বাদন বিশ্বত চিনাকি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ কৰোঁতা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মুক্তিয়াৰ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীৰসেশ্বৰ শইকীয়া বায়নৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
খোলৰ ব্যৱহাৰ
অসমীয়া সংস্কৃতিৰ ভাওনা-সবাহ , গায়ন-বায়ন, প্ৰসংগ-কীৰ্তন, বৰগীত, দেহবিচাৰ গীত, থিয়নাম, ব’ৰাগি গীত আদিত সকলোতে খোলৰ ব্যৱহাৰ কৰা হয়। সাম্প্ৰতিক কালত, অসমৰ জনজীৱনত খোলে এবিধ অতি জনপ্ৰিয় আৰু বহুল প্ৰসাৰিত লোকবাদ্য হিচাপে স্থান লাভ কৰিছে।
খোলৰ নিৰ্মাণ পদ্ধতি
আকৃতিৰ ফালৰ পৰা খোলক এটা শিলিখাগুটিৰ সৈতে ৰিজাব পাৰি। চৰিত পুথিৰ মতে শংকৰদেৱৰ সময়ত কুমাৰ মাটিৰে নিৰ্মিত খোলাৰে খোল প্ৰস্তুত কৰাৰ প্ৰথা আৰম্ভ হৈছিল আৰু ই পৰৱৰ্তী বহু দিনলৈকে প্ৰচলিত আছিল । কিন্তু মাটিৰে নিৰ্মিত খোল সহজে ভাগি যোৱা বাবে পিছলৈ খোল নিৰ্মাণ কৰিবলৈ কাঠ ব্যৱহাৰ কৰিবলৈ লোৱা হয়। তথাপি বিজ্ঞসকলৰ মতে মাটিৰে আৰু কাঠেৰে তৈয়াৰী খোলৰ স্বৰৰ মাজত পাৰ্থক্য আছে। মাটিৰে তৈয়াৰী খোলৰ স্বৰ শুনিবলৈ তুলনামূলক ভাবে শুৱলা হয়। কাঠৰ খোল তৈয়াৰ কৰিবলৈ সাধাৰণতে পুৰঠ কঁঠাল গছৰ গা অংশ ব্যৱহাৰ কৰা হয়।
খোলৰ আকৃতি
অসমীয়া খোলৰ আকৃতি এটা পুৰঠ নিঘূনীয়া শিলিখাৰ লগত মিলে। সাধাৰণতে খোলৰ দৈৰ্ঘ্য ২৫ ইঞ্চিৰ পৰা ৩৫ ইঞ্চিলৈকে হোৱা দেখা যায়। কিন্তু দৈৰ্ঘ্যৰ তাৰতম্য থাকিলেও আকাৰৰ বিভিন্ন অনুপাত বিলাক সঠিক হোৱা বাঞ্ছনীয়। খোল বিভিন্ন আকাৰৰ হয় যদিও সাধাৰণতে বজাওঁতা জনৰ হাতেৰে ১ ১/২ হাত দীঘল হ’লে সুবিধাজনক হয়। এটা পূৰ্ণ আকৃতিৰ খোলৰ দুই মূৰৰ ডাইনা আৰু বাঁয়াৰ পৰিধি ক্ৰমান্বয়ে ১৬ ইঞ্চি আৰু ৩০ ইঞ্চি মান হ’ব লাগে। প্ৰচলিত নিয়ম মতে, খোলৰ বায়াৰ পৰিধিয়েই খোলৰ দৈৰ্ঘ্য বুলি ধৰা হয়। খোলৰ মাজভাগটো শকত আৰু দুয়োফালে ক্ৰমান্বয়ে সৰু হৈ আহে। ডাইনা ফালটো (সোঁফালটো) বাঁয়া বা বেৱা ফাল (বাওঁফালটো)তকৈ সৰু হয়।
খোল বাদনৰ লগত জড়িত কেইজনমান উল্লেখযোগ্য ব্যক্তি
খোল বাদনক অসমীয়া সংস্কৃতিত এক পৱিত্ৰ কাৰ্য্য বুলি গণ্য কৰা হয়। ইয়াৰ লগত জড়িত কেইজনমান উল্লেখযোগ্য ব্যক্তিৰ নাম হৈছে:
ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰোঁতা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মুক্তিয়াৰ
ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীৰসেশ্বৰ শইকীয়া বায়নৰ
খোলৰ বিভিন্ন অংগসমূহ
শংকৰী সংস্কৃতিৰ এক অনবদ্য উপাদান খোলৰ গঠনক ১১ টা অংশত বিভক্ত কৰিব পাৰি । তলত অসমৰ খোলৰ বিভিন্ন অঙ্গৰ নাম দিয়া হৈছে। ইয়াৰ লগতে বন্ধনীৰ মাজত হিন্দুস্থানী নামবোৰো সুমুৱাই দিয়া হৈছে। খোলৰ সোঁফালৰ ভাগক দাইনা (দাযাঁ বা দাইনা) বোলে। বাওঁফালৰ ভাগক বেঁৱা (বাঁয়া) বোলে। দুই মুখৰ ছাল কেইখনৰ নাম তালি (পুড়ি), তালিৰ চাৰিওফালৰ বৃত্তাকাৰ চামৰাৰ মেৰটোক মলুৱা বা বান্ধনি (গজৰা) বোলে। তালি বা পুড়িৰ মাজত থকা গোলাকাৰ কলা পদাৰ্থটোক ঘুণ (চিয়াঁহী) বোলে। ঘুণৰ কাষত তালিৰ যি অংশ ওলাই থাকে সেই অংশকে মাজৰ তালি (লৱ বা মৈদান) বোলে। মাজৰ তালি আৰু মলুৱাৰ মাজত অলপ বহলকৈ বৃত্তাকাৰ ভাবে থকা ছাল খনক কাটনি ছাল (চাঁটি বা কিনাৰ বোলে। মলুৱাৰ কাষে কাষে সৰু সৰু সম দূৰত্বত যিবোৰ ফুটা আছে সেইবোৰক পুলি বোলে। যি চাম্ৰৰাৰ ফিতাৰ দ্বাৰা দুয়োমূৰৰ তালিক টানি ৰখা হয়, তাকে বৰতি (বদ্দি) বোলে। খোলৰ ফোঁপোলা গা-টোক ডিমা (কুড়ি) বোলে। এই ডিমা সাধাৰণতে মাটিৰ আছিল যদিও আজিকালি কাঠেৰেও নিৰ্মাণ কৰা হয়। খোল ডিঙিত ওলোমাই লবৰ বাবে গামোচা বা ৰচি ব্যৱহাৰ হয়। এই গামোচা খোলত বান্ধিবলৈ দাইনা আৰু বেঁয়াৰ ফালে সৰু চাম্ৰাৰ ফিতা থাকে, তাককে টিকনি বা দেৱালী বোলে। অনেক খোলৰ ডিমাত হেঙ্গুল হাইতালেৰে ৰংদি ৰাখে। আৰু বিশেষকৈ মাটিৰ খোলত ৰং দিয়া কিছুমান চাম্ৰাৰ ৰচিৰে বিশেষ এক নিয়মেৰে মেৰিয়াই ৰখা যায়। সেই বিলাককে ৰূপহী আৰু ঘেৰ বোলে। এই কাৰ্য্যই খোলাটো নভঙাকৈ ৰখাত সহায় কৰে লগতে সৌন্দৰ্য্যও বৃদ্ধি কৰে। অসমৰ খোল বাদনৰ অনেক কথা উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় সংগীতৰ সৈতে সাদৃশ্য আছে।
সম্পৰ্কীয় গ্ৰন্থপঞ্জী
খোল বাদ্য: শ্ৰীযোগেশ্বৰ বৰদলৈ – শ্ৰীমন্ত শংকৰদেৱ সংঘ
খোলৰ অংক : শ্ৰীযোগেশ্বৰ বৰদলৈ – শ্ৰীমন্ত শংকৰদেৱ সংঘ
অসমৰ বাদ্যযন্ত্ৰ :– শ্ৰী ধৰ্মেশ্বৰ দুৱৰা- বাণী মন্দিৰ
বাদ্য অভিজ্ঞান :– ড॰ দেৱজিৎ শইকীয়া – অসম নাম সমাৰোহ উদযাপন সমিতি; শ্ৰী শ্ৰী আউনিআটী সত্ৰ
তথ্য সংগ্ৰহ
লগতে চাওক
তিন তাল (তবলা)
অসমৰ বাদ্যযন্ত্ৰ
|
4339
|
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%B0
|
স্বৰ
|
সঙ্গীত ৰচনাৰ উদ্দেশ্য আমাৰ প্ৰাচীন সঙ্গীতজ্ঞসকলে বাইশটা শ্ৰুতিৰ উদ্ভাৱন কৰিলেও এই শ্ৰুতিসমূহৰ এটাৰ পৰা অন্যটোৰ মাজত থকা দূৰত্ব বা ব্যৱধান অতিশয় কম হোৱা হেতুকে সৰ্বসাধাৰণৰ পক্ষে সেই ব্যৱধান হৃদয়ঙ্গম কৰি তাৰ ৰস গ্ৰহণ কৰাটো কষ্টসাধ্য কথা । গায়ক বাদকৰ ক্ষেত্ৰতো মীড়, গমক, ঘচিত, কম্পন, মুৰ্কী, কণ (স্পৰ্শ স্বৰ) আদি সঙ্গীতৰ সৌন্দৰ্য্য বঢ়াবলৈ ব্যৱহাৰ কৰা কেতবোৰ বিশেষ কাৰু-কাৰ্যৰ বাহিৰে সচৰাচৰ সঙ্গীত পৰিৱেশনত এই বাইশটা শ্ৰুতিৰ বিশেষ প্ৰয়োজন নহয় । সেইকাৰণে এই বাইশটা শ্ৰুতিৰ মাজৰ পৰা বাৰটা এনে শ্ৰুতি বাচি লোৱা হৈছে যাৰ সহায়ত আমি প্ৰায় সকলো ধৰণৰ সুৰ বা সঙ্গীত ৰচনাকে সুন্দৰভাবে প্ৰকাশ কৰিব পাৰি । এই বাৰটা নাদ বা ধ্বনি ` স্বৰ ' হিচাপে জনাজাত । প্ৰাচীন, মধ্যযুগীয় আৰু বৰ্তমান কালৰ সকলো সঙ্গীতবিদ আৰু গুণী শিল্পীয়েই সঙ্গীত ৰচনা অথবা পৰিবেশনৰ বাবে এই বাৰটা স্বৰকে একবাক্যে স্বীকাৰ কৰি গৈছে ।
আমাৰ সঙ্গীতত ব্যৱহৃত হোৱা মুখ্য স্বৰ কেইটা হ'ল - ষড়্জ , ঋষভ , গান্ধাৰ , মধ্যম , পঞ্চম , ধৈবত আৰু নিষাদ । ছুটিকৈ এই সাতোটা স্বৰক সা , ৰে , গা , মা , পা , ধা আৰু নি বুলি কোৱা হয় । এই সাতোটা স্বৰৰ ষড়্জ আৰু পঞ্চমক বাদ দি বাকী পাঁচোটা স্বৰৰ দুটাকৈ ৰূপ আছে - এটা শুদ্ধ আৰু আনটো বিকৃত ৰূপ - ঋষভ , গান্ধাৰ , ধৈবত আৰু নিষাদ স্বৰৰ একোটাকৈ কোমল ৰূপ আছে । সেই স্বৰ কেইটাক কোমল ৰে , কোমল গা , কোমল ধা আৰু কোমল নি বোলা হয় । মধ্যম স্বৰৰ আৰু বিকৃত ৰূপ হ'ল তীব্ৰ বা কড়ি মধ্যম । গতিকে শুদ্ধ আৰু বিকৃত স্বৰ লগ লগাই মুঠ বাৰটা স্বৰ আমাৰ সঙ্গীতত ব্যৱহাৰ কৰা হয় ।
কোমল স্বৰ বুজাবলৈ স্বৰটোৰ তলত এডাল সমান্তৰাল ৰেখা আৰু তীব্ৰস্বৰ বুজাবলৈ স্বৰৰ ওপৰত এডাল লম্বমান ৰেখা দিয়া হয়।
ষড়্জ - সা (অবিকৃত)
কোমল ঋষভ - কোমল ৰে (বিকৃত)
ঋষভ - ৰে (শুদ্ধ )
কোমল গান্ধাৰ - কোমল গা (বিকৃত)
গান্ধাৰ - গা (শুদ্ধ)
মধ্যম - মা (শুদ্ধ)
তীব্ৰ মধ্যম - তীব্ৰ মা (বিকৃত)
পঞ্চম - পা (অবিকৃত)
কোমল ধৈৱত - কোমল ধা (বিকৃত)
ধৈৱত - ধা (শুদ্ধ)
কোমল নিষাদ - নি (বিকৃত)
নিষাদ - নি (শুদ্ধ)
এটা প্ৰাচীন মত অনুসৰি ময়ুৰৰ মাতৰ পৰা ষড়্জ , চাতক পখীৰ মাতৰ পৰা ঋষভ , ছাগলীৰ মাতৰ পৰা গান্ধাৰ , ক্ৰৌঞ্চ পখীৰ ক্ৰন্দনৰ পৰা মধ্যম, কোকিলৰ মধুৰ কণ্ঠৰ পৰা পঞ্চম, ভেকুলীৰ মাতৰ পৰা ধৈৱত আৰু হস্তীৰ নিনাদৰ পৰা নিষাদ স্বৰৰ সৃষ্টি হৈছে।
বহিঃ সংযোগ
North India Sargam Notation System
www.soundofindia.com Article on vivadi swaras- Haresh Bakshi
Ragopedia, an encyclopedia of ragas written and produced by Pandit Shiv Dayal Batish and Ashwin Batish
ragapedia.com, an open-source tool for entering letter based notation including Sargam. Also generates western notation
সংগীত
|
4341
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4
|
মহাভাৰত
|
মহাভাৰত (, ) হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰামায়ণ)। এই মহাকাব্য ইতিহাসৰ এক অংশ।
কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে, যেনে- 'জীৱনৰ চাৰি লক্ষ্য' বা পুৰুষাৰ্থৰ বৰ্ণনা (১২.১৬১)। এইবোৰ হৈছে ধৰ্ম (সঠিক কাৰ্য্য), পুৰুষাৰ্থ (উদ্দেশ্য), পুৰুষাৰ্থ (সুখ) আৰু মোক্ষ (মুক্তি)।
মহাভাৰতৰ বিভিন্ন কাহিনীবোৰৰ ভিতৰত মদ্ভাগৱত গীতা, দময়ন্তীৰ কাহিনী, ৰামায়ণৰ সংক্ষিপ্ত ৰূপ আৰু ঋষ্যশৃংগ আদিক সুকীয়া কাব্য হিছাপে গণ্য কৰা হয়।
মহাকবি ব্যাসক মহাভাৰতৰ লেখক বুলি অভিহিত কৰা হয়। ইয়াৰ ৰচনাৰ স্তৰ আৰু ইতিহাসৰ তথ্য উলিয়াবলৈ বহুতো চেষ্টা চলোৱা হৈছে। এই কাহিনীৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৮ম আৰু ৯ম শতিকাৰ ভিতৰত হোৱা বুলি ঠাৱৰ কৰা হৈছে যদিও কাহিনীৰ পুৰণি সংৰক্ষিত অংশ খ্ৰীষ্টপূৰ্ব চাৰিশ বছৰৰ আগৰ নহয়। সম্ভৱত গুপ্ত যুগৰ প্ৰথম ভাগৰ সময়ত কাহিনীটোৱে এতিয়াৰ ৰূপ পায়। ‘মহাভাৰত’ নামটোৰ অৰ্থ ‘ভাৰত বংশৰ মহান কাহিনী’ বুলিও কোৱা হয়। মহাভাৰতৰ মতেই কাহিনীটোক ২৪,০০০ শ্লোকৰ পৰা বহলোৱা হৈছে যাক আদিতে কোৱা হৈছিল "ভাৰত" (কোনো কোনোৱে পুৰণি নামটো "বিজয়" বুলিও ক’ব খোজে)।
মহাভাৰতত প্ৰায় এক লাখ শ্লোক আৰু দীঘল গদ্য বৰ্ণনাসমূহ ধৰি প্ৰায় ১৮ লাখ শব্দ আছে। ইয়াৰ কলেৱৰ ইলিয়াদ আৰু ওডিছীৰ সন্মিলিত দৈৰ্ঘ্যতকৈ দহগুণ বেছি বা ৰামায়ণতকৈ চাৰিগুণ বেছি। ডব্লিউ. জি. জনছনে বিশ্ব সভ্যতাত মহাভাৰতৰ গুৰুত্ব বাইবেল, শ্যেক্সপীয়েৰৰ লেখা, হোমাৰৰ লেখা আৰু কোৰানৰ লগত তুলনা কৰিছে।
পৌৰাণিক পাঠৰ ৰূপ
আগতেই কৈ অহা হৈছে যে পৰম্পৰাগতভাৱে ব্যাসক মহাভাৰতৰ লেখক বুলি কোৱা হয়। মহাভাৰতৰ প্ৰথম অনুচ্ছেদৰ মতে ব্যাসে গণেশক তেওঁৰ শ্ৰুতলিপি অনুসৰি শ্লোকসমূহ লিখিবলৈ অনুৰোধ কৰে। তেতিয়া গণেশে চৰ্ত্ত দিয়ে যে ব্যাসে আবৃত্তিৰ মাজত অকণো ৰ’ব নোৱাৰিব। আনহাতে ব্যাসো এই চৰ্ত্ততহে মান্তি হয় যে গণেশে লিখাৰ পূৰ্বে শ্লোকটো বুজি ল’ব লাগিব।
এই কাব্যখনত কাহিনীৰ ভিতৰত কাহিনীৰ ৰূপ দেখিবলৈ পোৱা যায়। ইয়াক ব্যাসৰ শিষ্য বৈশম্পায়নে অৰ্জুনৰ পৰিনাতি ৰজা জন্মেজয়ক আবৃত্তি কৰি শুনায়। এই আবৃত্তিকে পুনৰ উগ্ৰস্ৰৱা সৌতী নামৰ এজন পেছাদাৰী সাধুকওঁতাই নৈমিশ বনত সন্ন্যাসীৰ এটা দলক শুনায়।
মহাভাৰতৰ মূল কাহিনী "জয়"ক কুৰু নৃপতি ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ উপদেষ্টা তথা সাৰথি সঞ্জয়ৰ কথোপকথন হিছাপে দেখুওৱা হৈছে। সঞ্জয়ে ওঠৰ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰতিটো ঘটনা বৰ্ণনা কৰি যায়। ধৃতৰাষ্ট্ৰই মাজে মাজে প্ৰশ্ন কৰে আৰু এই যুদ্ধৰ ধ্বংসলীলাৰ কথা গম পাই দুখ আৰু অনুতাপ কৰে।
প্ৰথমে সঞ্জয়ে আন গ্ৰহসমূহৰ আৰু পৃথিৱীৰ বিভিন্ন মহাদেশৰ ব্যাখ্যা কৰে আৰু তাৰপিছত ভাৰতবৰ্ষৰ শ শ ৰাজ্য, জাতি, নগৰ, চহৰ, নদী, পৰ্বত, বন আদি সকলোৰে কথা কয়। তেওঁ লগতে যুদ্ধৰ দুই পক্ষৰ প্ৰতিদিনৰ সমৰসজ্জা, প্ৰতিজন মহাৰথীৰ মৃত্যু আৰু যুঁজৰ পুংখানুপুংখ বিৱৰণ দিয়ে। ব্যাসৰ জয়ৰ প্ৰায় ওঠৰটা অধ্যায়ত হিন্দুসকলৰ পবিত্ৰ গ্ৰন্থ মদ্ভাগৱত গীতা সন্নিৱিষ্ট আছে। মহাভাৰতৰ মতেই ব্যাসৰ জয় লগ লাগি বৈশম্পায়নৰ ভাৰতৰ আকাৰ ডাঙৰ হয়। শেষত উগ্ৰস্ৰৱাই দুইখন কাব্য একগোট কৰি মহাভাৰতৰ ৰচনা কৰে।
সংযোজন আৰু সম্পাদনা
মহাভাৰতৰ কাহিনীৰ বিভিন্ন স্তৰৰ চিনাক্তকৰণ আৰু সময় নিৰূপণৰ বাবে অলেখ গৱেষণা কৰা হৈছে। তাৰপৰা এই কথা প্ৰমাণ হয় যে মহাভাৰতৰ কিছু অংশৰ উৎপত্তি বৈদিক কালত। মহাভাৰতৰ উৎপত্তি বৈদিক কালৰ আৰম্ভণিত আৰু খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ ভাৰতৰ প্ৰথম সাম্ৰাজ্যৰ পূৰ্বে বুলি ঠাৱৰ কৰা হৈছে। এই সময়ছোৱা খ্ৰীষ্টপূৰ্ব অষ্টম বা নৱম শতিকাও হ’ব পাৰে বুলি অনুমান কৰা হয়। এইটো সৰ্বসন্মত যে বেদৰ দৰে মহাভাৰতৰ কথা স্থায়ী নাছিল আৰু আবৃতিকাৰসকলে ইয়াক তেওঁলোকৰ নিৰ্দিষ্ট ভাষা আৰু পদ্ধতিৰে গঢ়ি-পিতি লৈছিল। এইটো অনুমান কৰা হয় যে সংস্কৃত ভাষাই গুপ্ত যুগৰ আৰম্ভণিত (খ্ৰীষ্টীয় চতুৰ্থ শতিকা) ইয়াৰ শেষ ৰূপ পায়। মহাভাৰতৰ প্ৰথমখন সমালোচনামূলক সংস্কৰণৰ সম্পাদক বিষ্ণু সুক্থাংকৰেও মত পোষণ কৰিছিল যে আৱিষ্কৃত পুৰণি নমুনাৰ আধাৰত মৌলিক পাঠৰ উদ্ধাৰ অতিশয় দুৰূহ কাৰ্য্য।
‘মহাভাৰত’ৰ পাঠত মূল ২৪,০০০ শ্লোকৰ ‘ভাৰত’ক পিছত যোগ হোৱা কথাখিনিৰ পৰা পৃথক কৰিব পাৰি। মহাভাৰতৰ অতিকমেও তিনিটা সংস্কৰণ চিনাক্ত কৰিব পাৰি। সেয়া হ’ল ব্যাসৰ ৮,৮০০ শ্লোকৰ "জয়", বৈশম্পায়নে আবৃত্তি কৰা ২৪,০০০ শ্লোকৰ "ভাৰত" আৰু শেষত উগ্ৰস্ৰৱা সৌতীয়ে আবৃতি কৰা "মহাভাৰত" য’ত ১,০০,০০০০ ৰো অধিক শ্লোক আছে। আনহাতে জন ব্ৰকিংটনকে ধৰি একাংশ পণ্ডিতৰ মতে "জয়" আৰু "ভাৰত"ৰ পাঠ একেখিনিয়েই আৰু "জয়"ৰ কথা "আদিপৰ্ব"ৰ (১.১.৮১) এটা অধ্যায়ৰ ভুল ব্যাখ্যাহে।
কিছু বিধিসন্মত আদৰ্শ মানি চলি ১৮ আৰু ১২ সংখ্যা দুটাক গুৰুত্ব দি এই বৃহৎ কলেৱৰৰ কাব্যখনৰ সম্পাদনা কৰা হৈছিল। কুষাণ যুগৰ সময়ৰ আৱিষ্কৃত সংস্কৃত পুথিখনেই এতিয়ালৈকে পোৱা মহাভাৰতৰ আটাইতকৈ পুৰণি ৰূপ আৰু তাত "অনুশাসন পৰ্ব" আৰু "বিৰাট পৰ্ব"ৰ অনুপস্থিতিলৈ চাই নতুন সংযোজনসমূহৰ সময় জানিব পৰা গৈছে। ইয়াৰপৰা এই কথা অনুমান কৰিব পাৰি যে প্ৰথম শতিকাত ১৮টা পৰ্বৰে কাব্যখনৰ সম্পাদনা কৰা হৈছিল। ২০টা পৰ্ব থকা আন এটা ৰূপো কিছুকাল বৰ্তি আছিল। ১০০টা "উপ-পৰ্ব"ত কৰা ভাগ (মহাভাৰত ১.২.৭০ ত উল্লেখ কৰা মতে) অধিক পুৰণি আৰু বেছিভাগ পৰ্বৰে শিৰোনাম তাত থকা কোনো উপ-পৰ্বৰ নামেৰে দিয়া হৈছে। হৰিবংশত এই এশ উপ-পৰ্বৰ শেষ দুটা আছে যাক প্ৰকৃত "মহাভাৰত"ৰ পৰিশিষ্ট বুলিও অভিহিত কৰা হয়।
মহাভাৰত ১.১.৫০ৰ এটা চৰিত্ৰৰ মুখেৰেই কোৱা মতে মহাকাব্যখনৰ তিনিটা ৰূপ আছিল, যথা- "মনু" (১.১.২৭), "আস্তিক" (১.৩, উপ-পৰ্ব ৫) আৰু "বসু" (১.৫৭)। "বসু"ৰ সংস্কৰণে কথোপকথনৰ গাঁথনি এৰি ব্যাসৰ জন্ম কথাৰে পাঠ আৰম্ভ কৰে। "আস্তিক"ৰ সংস্কৰণত ব্ৰাহ্মণ সাহিত্যৰ পৰা "সৰ্পসত্ৰ" আৰু "অশ্বমেধ"ৰ কাহিনী যোগ দিয়া হয়, কাব্যখনৰ "মহাভাৰত" নাম দিয়া হয় আৰু "ব্যাস"ক লেখক বুলি উল্লেখ কৰা হয়। এই সংস্কৰণসমূহৰ সম্পাদকসকল সম্ভৱত পঞ্চৰত্ৰিন পণ্ডিত আছিল আৰু অ’বাৰ্লিছৰ (১৯৯৮) মতে পুথিখনৰ শেষ সম্পাদনালৈ তেওঁলোকে কতৃত্ব বজাই ৰাখিছিল। কিন্তু "ভীষ্ম-পৰ্ব"ত হুণসকলৰ উল্লেখে এই পৰ্বৰ সম্পাদনা ৪ৰ্থ শতিকাৰ সময়ছোৱাত হোৱাৰ ইংগিত দিয়ে।
আদি-পৰ্বত আন আন কথাৰ উপৰি জন্মেজয়ৰ সৰ্প আহুতি ("সৰ্পসত্ৰ")ৰ কথাও সন্নিবিষ্ট হৈছে। এই "সৰ্পসত্ৰ"ৰ কাহিনীক এক ভিন্ন স্বাধীন কাহিনী বুলি ভবা হয় যাক কেৱল বিষয়বস্তুৰ আকৰ্ষণত মহাভাৰতত যোগ দিয়া হৈছিল। বৈদিক সংস্কৃত বা ব্ৰাহ্মণ সাহিত্যৰ লগত ইয়াৰ এক নিকট সম্পৰ্ক আছিল। পঞ্চবিংশ ব্ৰাহ্মণত (২৫.১৫.৩)ত "সৰ্পসত্ৰ"ৰ উল্লেখ আছে য’ত মহাভাৰতৰ চৰিত্ৰ "ধৃতৰাষ্ট্ৰ","জন্মেজয়" আৰু "তক্ষক"ৰ নাম আছে।
এনেবোৰ কাৰণতে কাব্যখনৰ বৰ্ণনাক পণ্ডিতসকলে অগঢ়ী আৰু বিশৃংখল আখ্যা দিছে। হাৰ্মান অ’ল্ডেনবাৰ্গো কৈছে যে মূল পোৰাণিক পুথিখনত নিশ্চয় এক শোকাৰ্ত শক্তি আছিল কিন্তু গোটেই পুথিখন অতিকৈ বিশৃংখল।
ঐতিহাসিক প্ৰসংগ
মহাভাৰত আৰু ইয়াৰ মূল ভাৰতৰ সকলোতকৈ পুৰণি উল্লেখ পোৱা যায় পাণিণিৰ অষ্টাধ্যয়ী (সূত্ৰ ৬.২.৩৮) (আনুমানিক খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা) আৰু গাৰ্হ্য সূত্ৰ (৩.৪.৪)ত। ইয়াৰ পৰা উমান পাব পাৰি যে ভাৰত নামৰ মূল ২৪,০০০ শ্লোক আৰু বিস্তাৰিত মহাভাৰতৰ প্ৰাথমিক ৰূপ খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকামানত ৰচনা কৰা হৈছিল। গ্ৰীক লেখক ডিঅ’ ক্ৰাইছ'ষ্ট’ম (Dio Chrysostom)ৰ (খ্ৰীষ্টপূৰ্ব ৪০-খ্ৰীষ্টাব্দ ১২০ৰ ভিতৰত) এটা লেখাত হোমাৰৰ পদ্যৰ আবৃত্তিও ভাৰতত শুনাৰ কথা পোৱা যায় আৰু ইয়াৰ অৰ্থ ইলিয়াদ ইতিমধ্যে সংস্কৃতলৈ অনুবাদ হোৱাটো বুজাব পাৰে। কিন্তু পণ্ডিতসকলে মত পোষণ কৰিছে যে ই মাত্ৰ "মহাভাৰত"ৰ অস্তিত্বৰ প্ৰমাণহে যাক ডিঅ’ বা তেওঁৰ উৎসসমূহে "ইলিয়াদ"ৰ কাহিনী বুলি ভুল কৰিব পাৰে।
মহাভাৰতত থকা কেইবাটাও কাহিনীৰ স্বতন্ত্ৰ ৰূপো সংস্কৃত সাহিত্যত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে- গুপ্ত যুগৰ বিখ্যাত সংস্কৃত কবি কালিদাসৰ (আনুমানিক ৪ৰ্থ শতিকা)অভিজ্ঞানম শকুন্তলম গ্ৰন্থখন মহাভাৰতৰ আদি কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা হৈছে বুলি বিশ্বাস কৰা হয়। কালিদাসৰ পূৰ্বৱৰ্তী কবি ভাসাৰ সংস্কৃত নাট উৰুভংগৰ কাহিনীভাগ ভীমৰ দ্বাৰা দুৰ্য্যোধনৰ মৃত্যুৰ ওপৰত লিখা হৈছে।
মধ্যপ্ৰদেশৰ খোহৰ (সতনা জিলা) মহাৰাজ শৰ্বন্থৰ তামৰ ফলিত (৫৩৩-৫৩৪ খ্ৰীষ্টাব্দ) "মহাভাৰত"ক "১,০০,০০০ শ্লোকৰ সংগ্ৰহ" ("শতসহস্ৰী সংহিতা") বুলি উল্লেখ কৰা হৈছে।
১৮টা পৰ্ব
১৮টা পৰ্বক তলত দিয়া ধৰণে ভাগ কৰা হৈছে :
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
হিন্দু ধৰ্ম গ্ৰন্থ
ভাৰতীয় সাহিত্য
|
4342
|
https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A6%BE%E0%A7%B0%E0%A6%BE%20%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A8%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9F
|
ছাৰা বাৰ্নহাৰ্ট
|
ছাৰা বাৰ্নহাৰ্ট (Sarah Bernhardt) (২২ অক্টোবৰ ১৮৪৪ — ২৬ মাৰ্চ ১৯২৩) আছিল এগৰাকী ফৰাচী মঞ্চ আৰু আৰু প্ৰথম অৱস্থাৰ চলচ্চিত্ৰৰ অভিনেত্ৰী। এখেতক 'জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী' (the most famous actress the world has ever known). ১৮৭০ চনত বাৰ্নহাৰ্টে ফ্ৰান্সৰ মঞ্চত অভিনয় আৰম্ভ কৰে, পাছলৈ সমগ্ৰ ইউৰোপৰ মঞ্চত অভিনয় কৰাৰ উপৰিও আমেৰিকা মহাদেশতো অভিনয় কৰে। ট্ৰেজেদী চৰিত্ৰত তেখেতৰ অভিনয়ক 'ভগৱানৰ অৱদান' বুলি জ্ঞান কৰি সৰ্বসাধাৰণে তেখেতক 'স্বৰ্গীয় ছাৰা' (Divine Sarah) নাম দি লয়। তেওঁৰ অভিনয়ৰ ধাৰা অতি নাটকীয় হ'লেও জনপ্ৰিয়তাই তেখেতক জীৱিত কালতে এক কিংবদন্তীত পৰিণত কৰিছিল।
ৰেকৰ্ডিংসমূহ
Phèdre (১৯০২)
Le Lac (The Lake) (১৯০২)
La Fiancée du Timbalier (১৯০২)
Lucie (১৯০২)
Le Lac (১৯০৩)
La Samaritaine (১৯০৩)
Les Vieux (The Old Ones) (১৯০৩)
Un Évangile (A Gospel) (১৯০৩)
Phèdre (১৯০৩)
La Mort d'Izéil (The Death of Izéil) (১৯০৩)
La Rêverie de Théroigne de Méricourt (The Dream of Théroigne de Méricourt) (১৯০৩)
Un Peu de Musique (A Little Music) (১৯০৩)
L'Aiglon (The Eaglet) (১৯১০)
Phèdre (১৯১০)
Les Buffons (The Buffoons) (১৯০৮)
La Samaritaine (১৯১০)
L'Étoile dans la Nuit (The Star in the Night) (১৯১৮)
Prière pour nos Ennemis (A Prayer for our Enemies) (১৯১৮)
গ্ৰন্থপঞ্জী
Dans les nuages, Impressions d'une chaise (১৮৭৮)
L'Aveu, drame en un acte en prose (১৮৮৮)
Adrienne Lecouvreur, drame en six actes (১৯০৭)
Ma Double Vie (১৯০৭), আৰু My Double Life: Memoirs of Sarah Bernhardt, ৰূপে (১৯০৭) William Heinemann
Un Coeur d'Homme, pièce en quatre actes (১৯১১)
Petite Idole (১৯২০; The Idol of Paris, ৰূপে ১৯২১ চনত)
(১৯২৩; The Art of the Theatre, ৰূপে ১৯২৪ চনত)
Rothwell-Smith, Paul. Silent Films! the Performers (২০১১) ISBN 978-1-907540-32-5
আলোচনী
A Christmas Story (ডিচেম্বৰ ১৮৯৩)
The Memoirs of Sarah Bernhardt (এপ্ৰিল ১৯০৪-মাৰ্চ ১৯০৫)
The Bombardment of Paris (আগষ্ট ১৯১৩)
Love Wins (জানুৱাৰী ১৯২১)
The Untold Story (এপ্ৰিল ১৯২১)
চিত্ৰভৰাল
তথ্যসূত্ৰ
গ্ৰন্থ সংযোগ
Brandon, Ruth. Being Divine: A Biography of Sarah Bernhardt. London: Mandarin, 1992.
Gold, Arthur and Robert Fitzdale. The Divine Sarah: A Life of Sarah Bernhardt. New York: Alfred A. Knopf, 1991.
Léturgie, Jean and Xavier Fauche: Sarah Bernhardt, Lucky Luke (49). Dupuis, 1982.
Lorcey, Jacques. Sarah Bernhardt, l'art et la vie, Paris : Éditions Séguier, 2005. 160 pages. Avec une préface d'Alain Feydeau. ISBN 2-84049-417-5.
Menefee, David W. Sarah Bernhardt in the Theater of Films and Sound Recordings. North Carolina: McFarland, 2003.
Menefee, David W. The First Female Stars: Women of the Silent Era. Connecticut: Praeger, 2004.
Ockmann, Carol and Kenneth E. Silver. Sarah Bernhardt: The Art of High Drama New York: Yale University Press, 2005
Skinner, Cornelia Otis. Madame Sarah''. Paragon House, 1966.
Snel, Harmen. "The ancestry of Sarah Bernhardt; a myth unravelled", Amsterdam, Joods Historisch Museum, 2007, ISBN 978-90-802029-3-1
Gottlieb, Robert "Sarah: The Life of Sarah Bernhardt" New Haven, Yale University Press, 2010
Rothwell-Smith, Paul. Silent Films! the Performers (2011) ISBN 978-1-907540-32-5
বাহ্যিক সংযোগ
The Sarah Bernhardt Pages
The "La Samaritaine" controversy and other performances in London
Performances in Theatre Archive University of Bristol
Sarah Bernhardt cylinder recordings, from the Cylinder Preservation and Digitization Project at the University of California, Santa Barbara Library.
Sarah Bernhardt Collection at the Harry Ransom Center at the University of Texas at Austin.
Bernhardt's sculpture
Bibliography
Sarah Bernhardt photo gallery series 1 New York Public Library (NYPL)
Sarah Bernhardt photo gallery series 2 NYPL
চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি
ফ্ৰান্সৰ ব্যক্তি
|
4353
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%AC%E0%A6%A8%E0%A7%8C%E0%A6%B7%E0%A6%A7%E0%A6%BF
|
অসমৰ বনৌষধি
|
অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য পদ্ধতি(remedies) আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত(codify) কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে।
তেজমুই
তেজমুই (Zanthoxylum nitidum)
তেজমুই হৈছে লতাচানেকীয়া এজোপা কাঁইটীয়া গছ।
ঔষধি গুণঃ
(১) ইয়াৰ ঠাৰিৰে দাঁত মাজিলে দাঁত ভালে থাকে। (2) কষ্টকৰ ঋতুস্ৰাৱ বা বাধক বেদনা উপশম কৰিবলৈ তেজমুই ছালৰ ৰসৰ লগত মৌ মিহলি কৰি খাব লাগে। (৩) ফেৰেণজাইটিচ হ'লে ইয়াৰ ছালৰ ৰসেৰে কুলকুলি কৰিলে ভাল
মধুসোলেং
মধুসোলেং(Persicaria chinensis)
ঔষধি গুণঃ
ডিচেণ্ট্ৰি, পেটৰ জ্বলা-পোৰা, চৰ্দিজনিত ডিঙিৰ বিষ আদি ৰোগৰ ঔষধি হিচাপে ব্যৱহাৰ কৰে।
টেঙেচি
টেঙেচি (Oxalis corniculata)
টেঙেচি এবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত হয়।
ঔষধি গুণঃ
(১)টেঙেচি বটি বেচু(Eczema) হোৱা ঠাইত লগালে সুফল পোৱা যায়।
(২)টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়।
(৩)চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে।
(৪)টেঙেচিৰ ৰসে স্নায়ু সবল কৰে।
(৫)গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য।
চালকুঁৱৰী
চালকুঁৱৰী (বৈজ্ঞানিক নাম Aloe barbadensis miller)
চালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।
ঔষধি গুণঃ
চালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মূত্ৰদোষ, শুক্ৰ দোষ, কৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়।
টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ চালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়।
অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো চালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়।
উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো চালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।
বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আৰ্দ্ৰতা,শালমইনা,সূৰ্যৰ প্ৰভাৱত ছাল জ্বলা(Sun Burn) আদিত চালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায়।
শেৱালি
শেৱালি (Nyctanthes arbor-tristis )
শেৱালি এবিধ ৰাতি ফুলা ফুল। ইয়াৰ ফুলবোৰ ৰাতি ফুলে আৰু ৰাতিপুৱা সৰি পৰে। সৰা ফুল সাধাৰণতে পূজাত ব্যৱহাৰ নহয়, কিন্তু শেৱালি ফুল পূজাত ব্যৱহাৰ হয়। ই এক সুগন্ধি ফুল।
ঔষধি গুণঃ
(১)টকৌৱে খোৱা ৰোগত ইয়াৰ গুটি পিহি লগাব লাগে। (২)জ্বৰ, কাঁহ আদিৰ বাবে ইয়াৰ পাতৰ ৰস উপকাৰী। (৩)ইয়াৰ পাত আৰু ফুলৰ ৰস ক্ৰীমিনাশক।
তুলসী
তুলসী (Ocimum sanctum)
তুলসী ভাৰতৰ প্ৰসিদ্ধ আৰু পবিত্ৰ গছ। ক'লা আৰু বগা দুটা জাতৰ তুলসী সাধাৰণতে দেখিবলৈ পোৱা যায়।
ঔষধি গুণঃ
(১) তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক। (২)পাতৰ ৰস ব্ৰনকাইটিছ, সৰ্দি, কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী। (৩)বিহ খালে, বিহৰ প্ৰকোপ কমাবলৈ পেট ভৰাই তুলসীৰ ৰস খুৱাব লাগে। (৪) অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাব হ'লে তুলসী পাতৰ ৰসৰ লগত মিচিৰি মিহলি কৰি খাব লাগ। (৫) গাত বগা চোম পৰিলে তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস, মৌ মিহলি কৰি সানিব লাগে। (৬) দেহৰ কোনো অংশত কলা দাগ পৰিলে কলীয়া তুলসীৰ লগত নেমু মিহলি কৰি সানিব লাগে।
মছন্দৰী
মছন্দৰী (Houttuynia cordata Thunb)
মছন্দৰী বহল পাতেৰে মটিত বগুৱাবাই যোৱা এবিধ লতাজাতীয় উদ্ভিদ।
ঔষধি গুণঃ
(১)গ্ৰহণী, পেটচলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাত পাতত দি খালে উপকাৰ হয়। (২)ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। (৩)ইয়াৰ ব্যৱহাৰে ৰক্ত কণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।
মানিমুনি
মানিমুনি (বৈজ্ঞানিক নাম Centella Asiatica)
মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলাই আৰু ইয়াৰ সহায়ত ই মাটিত খামোচ মাৰি থাকে। মানিমুনি সাধাৰণতে জেকা ঠাইত হয়।
ঔষধি গুণঃ
(১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে। (২)গ্ৰহণী, কুষ্ঠ ৰোগ, ৰক্তপিত্ত' উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা, ৰোগত মনিমুনিৰ ৰস উপকাৰী। (৩)গোধ(Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়। (৪)মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰপৰা ওলোৱা দুৰ্গন্ধ আঁতৰ হয়।
জালুক
জালুক (Piper nigrum L.)
জালুক এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ ফলবোৰ থোপাবান্ধি লাগে। ফলৰ সোৱাদ জ্বলা।
ঔষধি গুণঃ
(১) জালুক ৪/৫টা পিহি গৰুৰ ঘিওঁৰ সৈতে লগালে সকলো প্ৰকাৰৰ খজুৱতী নাইকিয়া হয়। (২) জ্বৰ, কাঁহ, নিউমোনিয়া আদিৰ বাবে জালুক উপকাৰী। (৩) ই গাৰ বিষ উপশম কৰে। (৪)জালুকে স্মৃতিশক্তি প্ৰখৰ কৰে।
নাহৰ
নাহৰ (Mesua ferrea'')
নাহৰ এজোপা ডাঙৰ ওখ গছ। ইয়াৰ কাঠ বৰ টান। সেয়ে খেতিয়কসকলে ইয়াৰ কাঠেৰে নাঙল সজা দেখা য়ায়। ঔষধি গুণঃ
সাপে কামোৰিলে নাহৰ পাত আৰু ফুল খাব লাগে আৰু পিহি কামোৰা ঠাইত লগাব লাগে।
টেঙামৰাটেঙামৰা (Hibiscus sabdarifa)
টেঙামৰা এবিধ জোপোহা জাতীয় গছ। গছজোপা প্ৰায় ৫/৬ ফুট ওখ হয়। ঔষধি গুণঃ
(১)টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। (২)টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে। (৩)টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে। (৪)টেঙামৰা শাক নিয়মীয়াকৈ খালে স্নায়ু সবল হয়, দৃষ্টিশক্তি বাঢ়ে, হৃদৰোগ প্ৰতিৰোধ কৰে ,গাৰ ছাল নিমজ হয়।
লাইজাবৰিলাইজাবৰি (Drymaria cordata) ঔষধি গুণঃ
(১)বিছাই ডাকিলে লাই জাবৰি এমুঠি খুন্দি এমুঠি খুন্দি তাৰ ৰস লগালে তৎক্ষণাৎ
তাৰ নোম ওলাই আহে। (২) শিশু জ্বৰ মূৰত উঠিলে লাইজাবৰি এমুঠি খুন্দি প্ৰলেপ দিব লাগে। (৩) শিশুৰ পঁয়া লগা ৰোগত লাইজাবৰিৰ ৰসেৰে মালিচ কৰিব লাগে।
যম লাখুটিযম লাখুটি (costus speciosus ) ঔষধি গুণঃ
(১)ইয়াৰ শিপা সাৰ বেমাৰ বা কামলা (jaundice) , মূত্ৰঘাত ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। (২) আঘাতলাগি কোনো অংশ ফুলি উঠিলে বা ঘা লাগি পুঁজ-পানী ওলোৱা পুৰণি ঘা ইয়াৰ পাত পিহি প্ৰলেপ দিলে আৰোগ্য হয়।
মান কচুমান কচু (Alocasia indica )
পাতবোৰ আন কচুতকৈ বহল। ঠাৰিবোৰ শকত। ঔষধি গুণঃ
(১)মানকচুৰ শিপা পুৰি তাৰ ছাই মৌজোলৰ লগত মিহলি কৰি জিভাৰ ঘা হোৱা ঠাইত সানিলে জিভাৰ ঘা ভাল হয়। (২) যকৃত, সন্নিপাত, গ্ৰহণী ৰোগত মান কচু সুপথ্য। (৩) মান কচুৰ পাতত অলপ মিঠাতেল লৈ তাক ধান খেৰৰ জুইত সেক দি জিভাত ঘঁহিলে জিভাৰ অৰুচি গুচে।
ভেকুৰী তিতাভেকুৰী তিতা (Solanum torvum)
বহল পাতেৰে গুল্ম জাতীয় উদ্ভিদ। ঔষধি গুণঃ
(১)ভেকুৰীৰ শিপা, জালুক আৰু নিমখ দি এমাহ দিন দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়। (২) পাথৰি ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে। (৩)টকৌৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়। (৪) দুষ্টবৰ্ণ (septic ulcer) , কুষ্ঠ, হাঁপানি ৰোগত ভেকুৰী সুপথ্য। (৫) বমি ভাব বন্ধ কৰিবলৈ ভেকুৰী তিতাৰ ৰস খাব লাগে।
পনৌনৱাপনৌনৱা
(ইংৰাজী নাম tar vine)
(বৈজ্ঞানিক নাম paperomia pellucid)
(গোত্ৰ Nyctaginaceae)
পনৌনৱা এবিধ ঔষধিযুক্ত বনশাক। পাতৰ আকাৰ সৰু পাণৰ দৰে কোমল। ঔষধি গুণঃ
পাতৰ ৰসে অনিদ্ৰা দূৰ কৰাত সহায় কৰে। ইয়াৰ ৰসত এষ্ট্ৰ’জেন আৰু অক্সিট’ছিন পোৱা যায়। ই ব্ৰংকাইটিছ আৰু নিম্ন ৰক্তচাপৰ বাবেও উপকাৰী। ইয়াক শাক হিচাবেও ব্যৱহাৰ কৰা হয়। সাধাৰণতে গ্ৰীষ্ম আৰু বসন্ত এই শাকবিধ গজে আৰু শীতকালত মৰি যায়। কপাহী মাটিত ইয়াৰ খেতি কৰা হয়।
চজিনাচজিনা
(Moringa oleifera Lam )
চজিনা প্ৰায় ৩০-৪০ ফুট ওখ চনকা ডাল-পাতৰ এজোপা গছ। ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ। শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফলবোৰ দীঘলীয়া। ইয়াৰ ফল আৰু পাত দুয়োটাকে পাচলি হিচাবে ব্যৱহাৰ কৰা হয়। ঔষধি গুণঃ
(১) চজিনাৰ শিপাৰ ২৫ গ্ৰাম ৰস সম পৰিমাণৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা নষ্ট হয়। (২) উশাহ-নিশাহৰ অসুখ যেনে- ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে চজিনা উপকাৰী। (৩) ইয়াৰ কোমল পাত শাক হিচাবে বসন্ত কালত খালে বসন্ত ৰোগৰপৰা হাত সাৰি থাকিব পাৰি। তদুপৰি পানীলগা জ্বৰ, কাহ, যকৃত ৰোগ, কৃমি ৰোগত ইয়াক ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। (৪) কোনো আঘাতৰ ফলত শৰীৰৰ কোনো অংশ ফুলি উঠি বিষ হ’লে চজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়।
ভেদাই লতা ভেদাই লতা (Paederia scandens)কেচেমা গোন্ধৰ দীঘল পাতৰ লতাজাতীয় এজোপা গছ। ঔষধি গুণঃ
(১)হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে। (২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়াহয়। (৩) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয়। (৪)প্ৰমেহ(Gonorrhoea), কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য। (৫)দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজিল বিষ কমে। (৬) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায়। (৭)একাংগী (paralysis) ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে।
ব্ৰাহ্মী শাক
ব্ৰাহ্মী(Bacopa monnieri)
জেকা মাটিত হয়। বগাই যায়। সোৱাদ অলপ তিতা। ঔষধি গুণঃ
(১) মাতভঙা বা স্বৰভংগ ৰোগত ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে। (২) ব্ৰাহ্মী শাকৰ ৰস ১৫/২০ গ্ৰামৰ লগত অলপ গাখীৰ মিহলি কৰি খালে স্মৃতিশক্তি বৃদ্ধি হয়। (৩) স্নায়বিক দুৰ্বলতা নাশ কৰিবলৈ ব্ৰাহ্মীশাক আঞ্জা হিচাবে বা গাখীৰৰলগত দিনে ১০০ গ্ৰামকৈ খাব লাগে। (৪)উন্মাদ , ধাতু দুৰ্বল ৰোগত ব্ৰাহ্মী শাকৰ ৰস খালে সুফল পোৱা যায়। (৫) উচ্চ ৰক্তচাপ, মৃৰ্গী ৰোগত ব্ৰাহ্মী শাক উপকাৰী।
দুপৰ টেঙা / পাতেগজাদুপৰ টেঙা(Kalanchoe pinnata)
পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে পাতে গজা(Bryophyllum) বুলিও কোৱা হয়। ঔষধি গুণঃ
(১)বৃক্কৰ দোষত কঁকালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়। (২) মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে। (৩) কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰ টেঙাৰ পাত খুন্দি প্ৰলেপ দিব লাগে। (৪)পাথৰি, প্ৰমেহ, মুত্ৰকৃচ্চ (strongury) ৰোগত দুপৰ টেঙা সুপথ্য। (৫)মুত্ৰাঘাত (Retention of urine) ৰোগত দুপৰ টেঙৰ পাত ৫/৬খন খুন্দি তাৰ ৰস খালে প্ৰসাৱ নিয়মীয়া হয়।
চতিয়নাচতিয়না(Alstonia scholaris )চতিয়না এজোপা ওখ চিৰসেউজীয়া গছ। ঔষধি গুণঃ
(১)চতিয়না গছৰ আঠা লগালে দুষ্টবৰ্ণ ভাল হয়। (২) চতিয়না গছৰ বাকলিৰ ৰস সম পৰিমাণৰ এৱা গাখীৰৰ লগত মিহলি কৰি নিয়মিয়াকৈ কিছুদিন লগালে বাতৰক্ত ৰোগত সুফল পোৱা যায়। (৩) চতিয়না গছৰ বাকলিৰ ৰস বা ইয়াৰ গুৰা ২৫ গ্ৰামকৈ দিনে তিনিবাৰকৈ তিনিদিন খালে মেলেৰীয়া ৰোগ ভাল হোৱাত সহায় হয়। (৪) শিৰা ৰোগ বা অণ্ডকোষ বৃদ্ধি (Hydrocele) ৰোগত আদা আৰু চতিয়না গছৰ গুটি ভালদৰে খুন্দি অণ্ডকোষত লগালে এই ৰোগ উপশম হয়।
অৰ্জুন গছঅৰ্জুন গছ(Terminalia arjuna)মেলাহি ডাল, দীঘলীয়া পাতেৰে এজোপা ডাঙৰ গছ। ঔষধি গুণঃ
(১) অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যহ্মা ৰোগত সুফল পোৱা যায়। (২) হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই বান্ধি থব লাগে। (৩) অৰ্জুন গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে।
নগা টেঙানগা টেঙা (Rhussemialata Mur)ঔষধি গুণ:খাদ্যপ্ৰাণ 'গ' যুক্ত ফল বাবে ই দাঁতৰ আলু আৰু ছালৰ বাবে ভাল।
'কফ' উলিওৱাত সহায় কৰে।
মিৰিকা টেঙামিৰিকা টেঙা (Rasiflora Edulis)১০০ গ্ৰাম মিৰিকা টেঙাত -
খাদ্যপ্ৰাণ 'খ' -- ১.৬ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'গ' -- ৩০ মিলিগ্ৰামঔষধি গুণScurvy ৰোগ দূৰ কৰে আৰু ছালখন নিমজ কৰে।
শিলিখাশিলিখা (Black Myrobalan)ই এবিধ খাৰ (alkaline) জাতীয় ফল। ঔষধি গুণশুকান শিলিখা ১২ ঘণ্টামান পানীত তিয়াই থৈ পানীখিনি খালে পেটৰ বিভিন্ন অসুখ দূৰ হয়।
শুকান শিলিখা এজমা,অৰ্শ,পেলুৰ বাবে ভাল।
শিলিখাই ভোক বঢ়ায়।
ডিমৰুডিমৰু (Ficum Carica)১০০ গ্ৰাম ডিমৰুত থকা খাদ্যপ্ৰাণ -ঔষধি গুণইয়াত এবিধ "Benzaidehyde" নামৰ ৰসায়ন থাকে যি টেমুনা ৰোধ কৰিব পাৰে।
ই শৌচ খোলোচা আৰু পেলু নিধন কৰিব পৰা ক্ষমতা আছে।
কুঁজি থেকেৰাকুঁজি থেকেৰা (Garicimic Cowaeroxb)ই এবিধ অম্লযুক্ত ফল। ঔষধি গুণগ্ৰহণী,পেটৰ গুৰগুৰণি,পেটফুলাৰ বাবে বৰ ভাল ঔষধ।
ঔ টেঙাঔ টেঙা (Elephant Fruit)ইয়াত প্ৰটিন,খাদ্যপ্ৰাণ 'গ' আৰু আঁহ (fiber)যথেষ্ট পৰিমাণে থাকে। ঔষধি গুণশৌচ খোলোচা ৰাখে।
ঔ টেঙাৰ ৰস চেনি মিহলাই পানীয় ৰূপত খাই শৰীৰৰ শক্তি বঢ়াব পাৰি।
বিভিন্ন ৰোগ আৰু বন-দৰবৰ দ্বাৰা ইয়াৰ প্ৰতিকাৰ
পৃথিৱীৰ বিভিন্ন দেশৰ লগতে অসমৰ বনাঞ্চল সমূহত আৰু অসমীয়াৰ ঘৰতে পোৱা বহু গছ-লতা, ফল-ফুল আদিৰ পৰা তৈয়াৰী বিভিন্ন বন-দৰবে মানুহৰ ৰোগ নিৰাময়ত কিদৰে সহায় কৰিব পাৰে তাৰেই এটি চমু আলোচনাৰে লেখাটি প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে।
বন-দৰবৰ দ্বাৰা ৰোগৰ পৰা উপশম পাবলৈ তলত দিয়া উপাই সমূহ প্ৰয়োজনীয়ঃ-
১) কাহ:-
ৰোগৰ লক্ষণঃ-ডিঙি শুৰশুৰায়, বুকুৰ বিষ হয়, ডিঙি চেৰচেৰাই, হাঁচি আহে, নাকেদি পানী ওলায় আৰু শৰীৰ দুৰ্বল হৈ পৰে। কফ দেৰিকৈ বাহিৰ ওলায়। বনদবৰ:-১) ২০টোপালমান নহৰু ৰসৰ লগত মাটিকঁঠালৰ ৰস অলপ মিহলাই চৰবত কৰি খালে সকলো কাহ ভাল হয়।
২) পুৰণি কাহত এচামুচ কেঁচা হালধিৰ ৰসত ২চামুচ মৌ মিহলাই দিনে তিনিবাৰকৈ খাব লাগে।
৩) শিশুৰ কাহ হলে ৪,৫টা দোৰোণ ফুল পিহি ১চামুচ মৌজোলেৰে সৈতে মিহলি কৰি খুৱালে ৰোগ সহজে আৰোগ্য হয়।
৪) তৰুৱা কদমৰ ৫০গ্ৰাম পাতৰ ৰস ২চামুচ পানী আৰু ৫গ্ৰাম চেনি মিশ্ৰণ কৰি খালে উত্তম ফল পোৱা যায়।
৫) কুঁহিয়াৰৰ ৰস ১০০মিঃলিঃমান দিনে ২বাৰকৈ খালে শুকান কাহ ভাল হয়।
৬) একাপ গৰম পানীত ৫চামুচ কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খাব লাগে।
৭) কেঁচা মূলাৰ ১২চামুচ ৰসত কুঁহিয়াৰৰ ৰস ৮চামুচ মিহলি কৰি দিনে ২বাৰকৈ খালে কাহ ভাল হয়।
৮) ৩,৪টা বাদাম চোবাই মুখত ৰাখিলে শুকান কাহ ভাল হয়।
৯) তুলসী পাতৰ লগত মৌজোল মিহলাই খালেও কাহ ভাল হয়।
১০) সিজু গছৰ পাত ছিঙি অলপ গৰম কৰিলে যি ৰস ওলাই তাৰে ১কাপমানত অলপ খাব পৰাকৈ নিমখ দি দিনে ২ বাৰ মান খালে কাহ ভাল হয়।
১১) বজাৰৰ পৰা অলপ মিঠৈ বা গুৰ আনি চচপেন এটাত লৈ তাত সামন্য পানী মিহলাই উতলালে আঠাৰ দৰে (কুঁহিয়াৰৰ পকা ৰসৰ দৰে) হলেই সেইখিনি গৰমে গৰমে সহ্য কৰিব পৰাকৈ পি খাই দিলেও কাহৰ পৰা ৰক্ষা পাব পাৰি।
২)দাঁতৰ বিষঃ-
ৰোগৰ লক্ষণঃ- প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰশিৰাই আৰু পিছলৈ দাঁতৰ গুৰিত বিষ হয়। বন-দৰবঃ-১) ৫টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫টা লং পিহি এগিলাচ পানীত মিলাই মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।
২) সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়।
৩) কুমলীয়া এছাৰি (জাতি বাঁহৰ) জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়।
৪) বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।
৫) ৫টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু মিশ্ৰণ পিহি বিষোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ নাইকিয়া হয়।
৬) মধুৰিআমৰ পাতৰ ৰস, কেঁহৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাত ঘহিলে দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়।
৭) আদা এটুকুৰা নিমখ লগাই চোবাই খালেও দাঁতৰ বিষ কম পোৱা যায়।
৩)পায়োৰিয়া ৰোগঃ-
ৰোগৰ লক্ষণঃ- দাঁতৰ গুৰিয়েদি যেতিয়াই তেতিয়াই তেজ ওলাই। বিষ নাথাকে। মুখ বেয়া গোন্ধ কৰে। বন-দৰবঃ-১) কৰ্দৈ টেঙাৰ শিপা আৰু কেঁহৰাজৰ শিপা ভালদৰে পিহি দাঁতৰ গুৰিত লগালে তেজ ওলোৱা বন্ধ হয়।
২) দিনে ৩,৪বাৰকৈ বকুল গছৰ বাকলিৰ ৰসেৰে কিছুদিন মুখ কুলকুলি কৰিলে তেজ ওলোৱা বন্ধ হয়।
৩) দুৱৰিবন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি থাকিব লাগে।
৪) বঙালী এৰাৰ ঠাৰিৰে ভালদৰে নিয়মীয়াকৈ দাঁত ঘহিব লাগে।
৫) ২০টা মান মধুৰী আমৰ পাত এগিলাচ পানীত উতলাই তাত নিমখ দি মুখ কুলকলিয়াব লাগে।
৬) আমলখি ২টামান চোবালে দাঁতৰ তেজ ওলোৱা নাইকিয়া হয়।
৪) টকৌৱে খোৱাঃ-
ৰোগৰ লক্ষণঃ- চুলিৰ গুৰিত অলপ খজুৱাই, চুলিবিলাক একোছা একোছাকৈ সৰাৰ ফলত তালু ওলাই পৰে। বন-দৰবঃ-১) পিঁয়াজ (আকাৰত সৰু, বেছি জ্বলা) এটা ফালি তাক মূৰত এনেদৰে ঘঁহিব লাগে যাতে পিঁয়াজডোখৰ গৰম হৈ পৰে।
২) টকৌৱে খোৱা অংশত নতুন বেজি এটাৰে সামান্য খুচি সেই স্থানত কেইটামান লাটুমণি গুটি পিহি প্ৰলেপ দিব লাগে।
৩) নহৰু কেইফুটামান ভালদৰে পিহি ঘঁহিব লাগে।
৪) হাতীদাঁতৰ ভস্ম তিল তেলৰ লগত মিহলাই কিছু সময় প্ৰলেপ দিব লাগে।
৫) শেৱালি ফুলৰ গুটি ভালদৰে খুন্দি মূৰত ঘঁহিলে চুলি গজে।
৬) ভেঁকুৰী ৮,১০টা মান খুন্দি তাত মৌজোল মিহলাই ৪,৫ ঘণ্টামান মূৰত প্ৰলেপ দি ধুব লাগে।
৭) ভোমোৰা ফলৰ বাকলি গুডি কৰি টকৌৱে খোৱা ঠাইত সানিব লাগে।
৮) জেতুকা গুটি পিহি মূৰত সানিব লাগে।
৫) উচ্চ ৰক্তচাপঃ-ৰোগৰ লক্ষণঃ-এই ৰোগত মূৰৰ বিষ আৰু মূৰৰ কামোৰণি হয়। বুকুৰ বিষ আৰু শৰীৰ দুৰ্বল হয। চকুৰে জলক-তবক দেখা পাই। খুব গৰম লাগি থাকে আৰু ঘামি থাকে। টোপনি কম হয়, গা জিন-জিনায়, উত্তেজনা,উদ্বেগ আদি লক্ষণে দেখা দিয়ে। সাধাৰণ কথাতে খং উঠে। বন-দৰবঃ-১) কেঁচা নহৰু ২ফুটাকৈ দিনে ভাতৰ লগত একেৰাহে একমাহ মান খালে উচ্চৰক্ত চাপ স্বাভাবিক অৱস্থালৈ আহে।
২) সৰ্পগন্ধাৰ ৰস ২চামুচকৈ দিনে ২ বাৰকৈ খাব লাগে।
৩) চালকুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে ৰোগ আৰোগ্য হয়।
৪) কলীয়া তুলসীৰ ১০চামুচ ৰসৰ লগত ৮চামুচ কেঁচা হালধিৰ ৰস মিহলাই দিনে ২বাৰৈ খাব লাগে।
৫) বিলাহীৰ ৰস ২০০মিঃলিঃ প্ৰতিদিনে খাব লাগে।
৬) আমলখি ৭,৮টামান খুন্দি তাক মিছিৰিৰ লগত খালে ৰক্তচাপ কমে।
৭) চজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয়। ৰাতিপুৱা খালি পেটত চজিনাৰ পাতৰ ৰস ৫০মিঃলিঃ খাব লাগে।
৮) মানিমুনি বা ব্ৰাহ্ম শাকৰ ৰস ৭,৮চামুচকৈ মৌজোলৰ লগত মিছি, ৰি মিহলি কৰি একেৰাহে ১৫,২০ দিন খাব লাগে।
৯)নেফাফুৰ কুমলীয়া আগ ৪টা, ৪ফুটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেটত খাব লাগে।
১০) জেতুকাৰ পাত খুন্দি মূৰত আৰু ভৰিৰ তলুৱাত প্ৰলেপ দিব লাগে।
১১) ভাতৰ লগত সদায় এফুটামান পকা তেঁতেলী খালে ৰক্তচাপ স্বাভাবিক অৱস্থালৈ আহে।
৬) নিম্ন ৰক্তচাপঃ-ৰোগৰ লক্ষণঃ-শৰীৰ দুৰ্বল হয়, শৰীৰৰ উত্তাপ কমি যায়, মাজে মাজে মূৰ-ঘূৰণি হয়। বন-দৰবঃ-১) পনৌনোৱা শাক দিনে ১০০গ্ৰাঃ মানকৈ কিছুদিন খালে নিম্ন ৰক্তচাপ ৰোগ আৰোগ্য হোৱাত সহায় হয়।
২) ভীমকলৰ কলদিল দিনে ২বাৰকৈ একেৰাহে ২,৩দিন ৰান্ধি খোৱা ভাল।
৩) আধা লিটাৰ গাখীৰৰ লগত কেইটুকুৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায়।
৪) আহাৰৰ লগত দিনে ২ ফালমান কেঁচা পিঁয়াজ আৰু কুকুৰা কণী খাব পাৰিলে ভাল।
৫) পাৰৰ মাংসৰ লগত কলডিল খালেও এইৰোগ স্বাভাবিক অৱস্থালৈ আহে।
৬) কলীয়া কচুৰ থোৰ কেইটামান জালুক দি ৰান্ধি খাব লাগে।
৭) খৰঃ-ৰোগৰ লক্ষণঃ-শৰীৰৰ যিকোনো ঠাইত এইৰোগে দেখা দিব পাৰে। ছালৰ ওপৰ ভাগত ৰঙা বা কজলা বৰণ হৈ সৰু সৰু ফোঁহা হয় আৰু চকলা চকল হৈ থাকে। ফোঁহা বিলাক হোৱা ঠাইত খজুৱতি হয় আৰু খজুৱাই দিয়াৰ লগে লগে তাৰ পৰা আঠা জাতীয় পানী ওলায়। এই আঠা জাতীয় পানী পিন্ধা কাপোৰ বা দেহৰ আন অংশত লাগিলে সেই স্থানতো খৰ হোৱাৰ সম্ভাৱনা থাকে। বন-দৰবঃ-১) কেঁচা হালধি পিহি দিনত ৩বাৰ আৰু ৰাতি শোৱাৰ আগতে এবাৰ খৰ হোৱা স্থানত খজুৱাই লগালে খৰ ভাল হয়।
২) নহৰু ৪,৫ফুটা খুন্দি খৰ হোৱা স্থানত লগালে খৰ সহজে ভাল হয়।
৩)মাখিয়তি গছৰ ঘাই শিপাজালৰ ৩ইঞ্চি মানকৈ তিনি টুকুৰা কৰি ভালকৈ খুন্দি খৰ হোৱা ঠাইত লগালে বহু পুৰণি খৰো ভাল হয়।
৪) কলীয়া তুলসীৰ পাত কেইটামান মোহাৰি সামান্য নিমখ দি খৰ হোৱা ঠাইত খজুৱাই দিনে ২,৩বাৰকৈ লগালে খৰ ভাল হয়।
৫) অমিতাৰ আঠা খৰ হোৱা ঠাইত খজুৱাই লগালে ভাল হয়।
৮)কৃমিঃ-ৰোগৰ লক্ষণঃ-টোপনিত দাঁত কৰচে, নাক খজুৱায়, শৌচৰদ্বাৰ পিৰপিৰায়, শৌচ কঠিন হয়, টোপনি কমে, টোপনিতে প্ৰস্ৰাৱ হয়, মিঠা বস্তু খাবলৈ মন যায়, আঙুলিৰ বিষ হয়, গাঁঠি উখহি পৰে, জিভাৰ পানী ওলাই থাকে আৰু ৰক্তহীনতাও হ'ব পাৰে। বন-দৰবঃ-১) নেমুৰ গুটি ৫টা খুন্দি পানীৰ সৈতে খালি পেটত খালে কৃমি নাশ হয়।
২) টুবুকী লতাৰ পাতৰ ৰস নাইবা পিঁয়াজৰ ৰস এচামুচ খুৱালে শিশুৰ কৃমি মৰে।
৩) ১গ্ৰাঃ মিঠৈ বা গুৰত আধা গ্ৰাম কেঁচা হালধিৰ ৰস মিহলি কৰি খুৱালে শিশুৰ কৃমি নাশ হয়।
৪) তিতাবাহক আঞ্জা কৰি ৰান্ধি খুৱালেও কৃমি নাশ হয়।
৫) দুটোপাল ধঁতুৰা পাতৰ ৰস ৫চামুচমান গুৰ মিহিলি কৰি খালে কৃমি মৰে।
৬) দিনে ৪চামুচমানকৈ আমলখিৰ ৰস একেৰাহে ৫দিনমান খালে কৃমি নাশ হয়।
৭) আনাৰসৰ কোঁহ পাত পিহি তাৰ লগত অলপ চেনি মিহলাই শুদা পেটত খাব লাগে।
৮) নেমুৰ বাকলি কেঁচাই কেঁচাই চোবাই খালেও কৃমি নাশ হয়।
৯) ৫ফুটা নহৰুৰ লগত আধা কাপ গাখীৰ সিজাই খুৱালে কৃমি নাইকিয়া হয়।
৯)বেচুঃ-ৰোগৰ লক্ষণঃ- ছাল ৰঙা পৰে আৰু সেই ঠাইত ফোঁহাৰ দৰে হয়। ফোঁহা ফাটি ৰস বাহিৰ হয আৰু তাত ঘা হয়। বেচু ৰোগ দুবিধ, এবিধ শুকান বেচু আৰু আনবিধ পানী বেচু। বন-দৰবঃ-১) টেঙেচি টেঙা বটি বেচু হোৱা ঠাইত লগালে ভাল হয়।
২) এৰাপাত ১খিলা খুন্দি বেচু হোৱা ঠাইত প্ৰলেপ দিলে ভাল।
৩)পচতীয়াৰ শিপা আৰু পাত খুন্দি তিলৰ লগত মিহলাই প্ৰলেপ দিব লাগে।
৪) বেচু হোৱা ঠাইত খজুৱাই নেমুৰ ৰস লগালে বেচু ভাল হয়।
৫)নিমৰ তেলেৰে মালিচ কৰিলে বেচু ভাল হয়।
৬) ধঁতুৰাৰ ২,৩টা পাত খুন্দি তাক বেচু হোৱা ঠাইত কিছু সময় প্ৰলেপ দি ৰাখিব লাগে।
৭) ৰজনীগন্ধাৰ আলু পিহি এৰাতি বান্ধি ৰাখিব লাগে।
১০)হাঁপানিঃ-ৰোগৰ লক্ষণঃ-কাহ হয়। উশাহ-নিশাহ লোৱাত কষ্ট হয়। উশাহ-নিশাহ লওঁতে ঘেৰ-ঘেৰণি শব্দ হয়। শেষ ৰাতি টোপনি নহয়। ৰোগী উঠি বহে। শৰীৰ দুৰ্বল হৈ পৰে। ৰোগ পুৰণা হলে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে। বন-দৰবঃ-'''
১) এটা নেমুৰ ৰসৰ লগত ১০গ্ৰাম মৰণা আদা খুন্দি খুৱালে যথেষ্ট উপকাৰ পোৱা যায়।
২) কলীয়া তুলসীৰ ৰস, মৌজোল আৰু মৰণা আদাৰ ৰস সমপৰিমাণৰ লৈ ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ কিছুদিন খালে হাঁপানি ৰোগ ভাল হোৱা দেখা যায়।
৩) সৰিয়হ তেলত নিমখ মিহলৈ কৰি বুকুত মালিচ কৰিব লাগে।
৪) যেষ্ঠিমধু আৰু ৰঙা চন্দন পিহি প্ৰত্যেকৰ ১চামুচকৈ লৈ আধাকাপ নিয়মীয়াকৈ ১৯দিন খালে হাঁপানি ৰোগীয়ে যথেষ্ট আৰাম পায়।
৫) পুৰণি গুড় (অতি কমেও ৩বছৰীয়া হলে ভাল) ৩০ গ্ৰামৰ লগত সৰিয়হৰ তেলৰ ২চামুচ মিহলি কৰি খাব লাগে।
৬) পুৰণি ঘিঁউ আকণৰ পাতত লগাই সেই পাত জুইত সেকি বুকুত ৰাখিব লাগে।
৭) আকণৰ শিপাৰ ছাল প্ৰথমে খুন্দি গুড়ি কৰি তাক আকণৰ আঠাত তিয়াই ৰাখি শুকুৱাই বিড়িৰ দৰে খালে শ্বাস, কাহ বা হাঁপানি ৰোগ উপশম হয়।
৮) দৈনিক ১০,১৫টাকৈ ভেঁকুৰী গুটি খুন্দি বা চোবাই খালে পুৰণি হাঁপানি ৰোগো ভাল হোৱা দেখা যায়।
৯) ৰবাব টেঙাৰ শিপা ২৫গ্ৰাম, শিলিখা ৫টা, আদা ২০গ্ৰাম ভালদৰে খুন্দি তাত অলপ সৈন্ধব লোণ মিহলি কৰি দিনে ২বাৰ ৰাতিপুৱা আৰু গধূলি খাব লাগে।
১০) বগা পদুম ফুল আৰু জালুক ১২গ্ৰামকৈ পিহি কেইদিনমান খালেই হাঁপানি ৰোগ ভাল হয়।
১১) ২টা জালুক আৰু ১০০গ্ৰাম পৌননৌৱা শিপাৰ ৰসত সামান্য গঙ্গাজল মিহলি কৰি এনেদৰে দিনে ২বাৰকৈ একেৰাহে ১২ দিন খালেই হাঁপানি ৰোগ ভাল হয়।
বনৌষধি গছৰ ছবিসমূহ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Assam Plants.com ৱেবছাইটত থকা অসমৰ বনৌষধিসমূহৰ নামৰ তালিকা
ৱিকিস্পেচীচ অভিধান
জীৱবিজ্ঞান সম্পৰ্কীয় তালিকা আৰু প্ৰবন্ধ
জীৱবিজ্ঞান
অসমৰ খাদ্য
উদ্ভিদজগত
|
4356
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%8B%E0%A6%AE%E0%A6%BE%E0%A6%87%20%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A7%81%E0%A6%B2%E0%A7%80
|
মোমাই তামুলী
|
মোমাই তামুলী বৰবৰুৱা বুৰঞ্জী মতে ফু-কে-লু'ঙ-লান-ফিমা () আহোম ৰাজ্যৰ (মু'ঙ দুন চুণ খাম; 𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) এজন অভিযন্তা (ম '-মাই) আৰু প্ৰথমজন বৰবৰুৱা (ফুকেলু'ঙ; 𑜇𑜥 𑜀𑜦𑜧 𑜏𑜤𑜂𑜫) আছিল। তেওঁক প্ৰথমে তামুলী হিচাপে নিয়োগ কৰা হৈছিল আৰু স্বৰ্গদেউ (চাওফা; 𑜋𑜧𑜨 𑜇𑜡) চ্যু-চেং-ফাই থাউমুং সন্দিকৈক নিলম্বন কৰাৰ পাছত অসমৰ প্ৰথম বৰবৰুৱা পদ দিছিল। গুণী আৰু দক্ষ বিষয়া হিচাপে তেওঁ অসম বুৰঞ্জীত চিহ্নিত কৰা হৈছে। তেওঁ পাইক প্ৰথা সৃষ্টি কৰি আহোমৰ শাসন ব্যৱস্থা আৰু অসমীয়া সমাজ জীৱনলৈ ভালেখিনি পৰিবৰ্তন আনিছিল।
পৰিয়াল
তেওঁৰ জন্ম হৈছিল ১৫৯৮ চনত। তেখেত টাই-আহোম জনগোষ্ঠীৰ লুক-খা-খুন পৰিয়ালৰ ‘লান-ফিমা’ৰ ঘৰৰ প্ৰথম ব্যক্তি চাও ফেংকনৰ একাদশ পৰিনাতি আছিল। তেখেতৰ পিতৃৰ নাম আছিল লানটাইলুং। তেওঁৰ পুত্ৰ সকলৰ নাম লালুকসোলা বৰফুকন, লাচিত, থুক, মৰঙী, ভাতধৰা, বাদুলী আৰু দৌকৰীয়া আৰু জীয়ৰী পাখৰি গাভৰু।তেখেতৰ মুঠ তিনিগৰাকী পত্নী আছিল। তাৰে সৰু গৰাকীৰ পুত্ৰ লাচিতক লাচিত বৰফুকন বুলি কিছু লোকে ভাবে যদিও বুৰঞ্জী অনুসৰি দুইজন লাচিত বেলেগ ব্যক্তি আছিল আৰু লাজুৰ পুত্ৰ বৰফুকন (ফুকনলুং) পদত নাছিল। লাচিত বৰফুকনে কামত অবহেলা কৰাৰ বাবে তেওঁৰ ভাতৃ লাহন ম'-মাই যি গড় বন্ধা ম'-মাই পদত নিয়োজিত হৈ আছিল তেওঁক কাটিছিল।
কৰ্মজীৱন
মোমাইৰ চৰিত্ৰ যথেষ্ট শান্ত, সুধীৰ ৰক্ষণশীল আৰু সংযতভাবে কাম কৰা বিধৰ আছিল। তেওঁ কৰ্মজীৱন ম'মাই হিচাপে আৰম্ভ কৰিছিল। আহোম ৰাজ্যত ম'মাই মানে অভিযন্তা আছিল, এই শব্দ টাই-আহোম ভাষাৰ পৰা আহিছে যাৰ অৰ্থ হল অভিযন্তা। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই তেওঁৰ কৰ্ম দক্ষতা দেখি প্ৰথমে তিপমীয়া ৰাজখোৱা হিচাপে নিযুক্তি দিলে। তাৰ পিছত কাৰেঙৰ বৰ তামুলী পদলৈ উন্নীত কৰা হ’ল। বৰ তামুলী হ’ল ৰজাৰ বাগিছাৰ মূল বিষয়া। পাছলৈ থাউমুং সন্দিকৈক নিলম্বন কৰা পাছত তেওঁক প্ৰথমজন বৰবৰুৱা হিচাপে নিযুক্তি দিছিল। তাৰ আগলৈকে বৰবৰুৱা পদবীটো নাছিল। সেয়েহে মোমাই তামুলীক প্ৰথম বৰবৰুৱা বুলি কয়। এওঁ নামনি অসমৰ ৰাজ্যপাল সদৃশ আছিল। তেঁও খৰঙি, মৰঙি, তেতৈয়া, দৈয়াং, ধন্মুখৰ, ভূঞা, , দোলামাৰি, বৰচৰিয়া নামৰ গাওঁ কেইখন পাতিছিল।
১৬৩৯ চনত আহোম আৰু মোগলৰ মাজত হোৱা বুজা-বুজি চুক্তি মতে বৰনদী দুয়ো সাম্ৰাজ্যৰ সীমা ঠিক কৰা হৈছিল। মোগলৰ হৈ আলাহ-ইয়াৰ-খাঁ আৰু আহোমৰ হৈ মোমাই তামুলীয়ে চুক্তিত আগভাগ লৈছিল। বৰা, শইকীয়া, হাজৰিকা, ৰাজখোৱা, ফুকন আদি বিষয়বাববোৰ প্ৰতাপসিংহৰ দিনত মোমাই তামুলী ডাঙৰীয়াই সৃষ্টি কৰিছিল। পাইক প্ৰথাও মোমাই তামোলীৰে সৃষ্টি। প্ৰত্যেক পৰিয়ালৰ পৰা এজন এজনকৈ ৰজাঘৰত খাটি দিব লগাটোৱেই পাইক প্ৰথা। যুদ্ধৰ সময়ত তেওঁলোক ৰণলৈ যাব লাগে। প্ৰত্যেকজনকে পাইক বুলি কোৱা হয়। ২০ পাইকৰ ভিতৰত এজন বৰা, এশজন পাইকৰ ভিতৰত এজন শইকীয়া, এহাজাৰ জনৰ পাইকৰ ওপৰত এজন হাজৰিকা বাব দি পাইকসকলৰ প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছিল।
গাঁও সমূহক চুবুৰিত ভাগ কৰা হৈছিল। প্ৰত্যেক গাঁৱৰ, প্ৰতিটো পৰিয়ালত সূতাকটা আৰু কাপোৰ বোৱা বাধ্যতামূলক কৰা হৈছিল। এইদৰে গাঁৱৰ অৰ্থনীতি স্ব-নিৰ্ভৰশীল কৰি তোলা হৈছিল। সপ্তদশ শতিকাৰ (১৬০৮ চন) আগভাগৰ পৰা এনেবোৰ ব্যৱস্থা লোৱা হৈছিল। মোমাই তামুলী সম্পৰ্কে এজন মোগল অধিবক্তাই, ফৌজাদাৰৰ আগত এনেদৰে কৈছিল- "চাহেব, অসমৰ কথা কি কোৱা? ৰজা হ’ল সাক্ষাৎ মহাদেৱ, মোমাই তামুলী হ'ল মহাদেৱৰ প্ৰধান ভৃত্য নন্দী। অসমত এই দুজনা কাৰ্য্যপালক হৈ থকা পৰ্য্যন্ত তুমি সেই দেশলৈ টোঁৱাব নোৱাৰা।"
আৰু চাওক
আহোম ৰাজবংশ
আহোম সাম্ৰাজ্য
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
আহোম ৰাজ্য
|
4359
|
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B2%E0%A6%BF%20%E0%A6%9A%E0%A7%87%E0%A6%AA%E0%A6%B2%E0%A6%BF%E0%A6%A8
|
চাৰ্লি চেপলিন
|
ছাৰ চাৰ্লছ স্পেনচাৰ `চাৰ্লি চেপলিন' (১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) আছিল ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে। মাইম, শ্লেপষ্টিক আৰু অন্যান্য দৃশ্যগত হাস্য কৌশল(visual comedy)ৰ বাবে জনাজাত হৈ পৰা চেপলিনে সবাক ছবিৰ যুগতো কাম অব্যাহত ৰাখিছিল যদিও ১৯২০ চনৰ শেষৰ পৰা সেয়া সেৰেঙা হৈ আহে। তেওঁৰ সবাতোকৈ বিখ্যাত চৰিত্ৰটো আছিল দা ট্ৰাম্প (The Tramp) ছবিৰ চৰিত্ৰটো যিটো তেওঁ প্ৰথমে ১৯১৪ চনত কিষ্ট’ন ষ্টুডিঅ’ৰ (Keystone Studio) কিড অট’ ৰেচেচ এট ভেনিচ (Kid Auto Races at Venice) ছবিত কৰিছিল। ১৯১৪ চনৰ এপ্ৰিলত মুক্তি পোৱা টুৱেণ্টি মিনিটচ অৱ লাভ (Twenty Minutes of Love) কথাছবিখনৰ পৰা তেওঁ নিজৰ সৰহভাগ ছবিৰে চিত্ৰনাট্য লিখি পৰিচালনা কৰা আৰম্ভ কৰে। ১৯১৬ চনৰ পৰা তেওঁ ছবিবোৰৰ প্ৰযোজনা কৰিবলৈও ধৰে আৰু ১৯১৮ চনৰ পৰা নিজে সংগীত পৰিচালনাও কৰা আৰম্ভ কৰে। মেৰী পিকফ’ৰ্ড, ডগলাছ ফেয়াৰবেংক্ছ আৰু ডি. গ্ৰিফিথৰ লগ লাগি তেওঁ ১৯১৯ চনত ইউনাইটেড আৰ্টিষ্টছ (United Artists) প্ৰতিষ্ঠা কৰে।
চাৰ্লি চেপলিন অবাক চলচ্চিত্ৰ যুগৰ এজন লেখত ল’বলগীয়া সৃষ্টিশীল আৰু প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ পূৰ্বসৰী ফ্ৰান্সৰ হাস্য অভিনেতা মেক্স লিণ্ডাৰ (Max Linder) তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল যাক তেওঁ নিজৰ এখন ছবিও উছৰ্গা কৰিছিল। ইংলেণ্ডৰ ভিক্ট’ৰিয়া যুগৰ মঞ্চ আৰু সংগীত ঘৰত শিশু গায়ক,অভিনেতা হিছাপে প্ৰদৰ্শন কৰাৰে পৰা মনোৰঞ্জনৰ জগতত তেওঁ মৃত্যু পৰ্য্যন্ত প্ৰায় ৭৫ বছৰ কাল কটাইছিল। তেওঁৰ সামাজিক আৰু ব্যক্তিগত জীৱনো বিতৰ্কৰ উৰ্দ্ধত নাছিল। বাওঁপন্থী মনোভাৱৰ বাবে মেককাৰ্থী যুগ(McCarthy era)ত ১৯৫০ চনৰ প্ৰথম ভাগৰে পৰা তেওঁ পুনৰ ইউৰোপত বসবাস কৰিবলৈ লয়।
১৯৯৯ চনত আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠানএ( American Film Institute) চাৰ্লি চেপলিনক সৰ্বকালৰ দশম শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেতা হিছাপে অভিহিত কৰে। ২০০৮ চনত মাৰ্টিন চেফে Chaplin: A Life গ্ৰন্থৰ সমালোচনা কৰিবলৈ গৈ লিখে যে-"চেপলিন কেৱল ‘ডাঙৰেই’ নাছিল, তেওঁ ‘বৃহৎ’ আছিল। ১৯১৫ চনত যুদ্ধবিধ্বস্ত পৃথিৱীত প্ৰৱেশ কৰি তেওঁ আমাক হাস্যৰস, হাঁহি আৰু স্বস্তিৰ উশাহ ল’বলৈ দিছিল। ইয়াৰ পিছৰ ২৫ বছৰ নিৰাশাৰ সময়্ত আৰু আল্ডফ হিটলাৰৰ অভ্যুথানৰ সময়তো তেওঁ নিজৰ কাম কৰি গৈছিল। আন কোনো ব্যক্তিয়ে যে সাধাৰণ ৰাইজক তেওঁলোকৰ সকলোতকৈ প্ৰয়োজনীয় সময়ত ইমান মনোৰঞ্জন, সুখ আৰু স্বস্তি দিছে তাত সন্দেহ আছে। "" জৰ্জ বাৰ্নাড শ্ব’ই চেপলিনক "চলচ্চিত্ৰ উদ্যোগৰ একমাত্ৰ জিনিয়াছ" আখ্যা দিছিল।
জীৱনী
লণ্ডনৰ শৈশৱকাল (১৮৮৯-১৯০৯)
১৮৮৯ চনৰ ১৬ এপ্ৰিল তাৰিখে ইষ্ট স্ত্ৰিট, ৱালৱৰ্থ, লণ্ডনত চাৰ্লছ স্পেনচাৰ চেপলিনৰ জন্ম হয়। ( ২০১১ চনত তেওঁলৈ বুলি লিখা এখন চিঠি পোহৰলৈ আহে য’ত তেওঁৰ জন্ম প্ৰকৃততে স্মিথৱিক, ষ্টেফ’ৰ্ডচায়াৰৰ ব্লেক পেত্ছ পাৰ্কত এটা জীপছী কাৰাভানত হৈছিল)। চেপলিনৰ পিতৃ-মাতৃ আছিল লণ্ডনৰ মিউজিক হলৰ মনোৰঞ্জনকাৰী। পিতৃ চাৰ্লছ স্পেনচাৰ চেপলিন (জেষ্ঠ্য) আছিল অভিনেতা আৰু গায়ক, আনহাতে মাতৃ হান্না চেপলিনে (মঞ্চ নাম লিলি হাৰ্লি) অভিনেত্ৰী আৰু গায়িকা হিছাপে কাম কৰিছিল। চাৰ্লিৰ বয়স তিনি বছৰ হোৱাৰ আগতেই তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়। চাৰ্লি আৰু তেওঁৰ অৰ্দ্ধ-ভ্ৰাতৃ চিডনী চেপলিন মাকৰ লগত ৱালৱৰ্থৰ বাৰ্ল’ স্ত্ৰিটত থাকিবলৈ লয়। চাৰ্লি চেপলিনে মাক দেউতাকৰ পৰাই সংগীতৰ প্ৰাথমিক জ্ঞান লাভ কৰে।
সৰুকালত চাৰ্লিয়ে মাকৰ লগত লাম্বাথৰ কেনিংটন ৰ’ডৰ ওচৰে-পাজৰে ৩ পাউনেল টেৰেচ, চেষ্টাৰ স্ত্ৰিট, ৩৯ মেথলী স্ত্ৰিট আদি বিভিন্ন ঠাইত থাকিবলগা হৈছিল। তেওঁৰ পিতৃবংশ গুৰি আছিল ৰোমানিয়াৰ স্মিথ পৰিয়াল। জেষ্ঠ্য চাৰ্লছ চেপলিন এজন মদপী আছিল আৰু পুতেকহঁতৰ লগত তেওঁৰ কোনো সংযোগ নাছিল, কিন্তু চাৰ্লি আৰু চিডনীয়ে মাক মানসিক ৰোগত আক্ৰান্ত হওঁতে তেওঁৰ লগতো ২৮৭ কেনিংটন ৰ’ডত কিছুকাল কটাইছিল। আৰ্কবিচপ টেম্পল বয়জ স্কুলত ল’ৰাহঁতে শিক্ষা লাভ কৰে। চাৰ্লিৰ বয়স বাৰ হওঁতে ১৯০১ চনত দেউতাকৰ চিৰ’চিচ ৰোগত মৃত্যু হয়। ১৯০১ চনৰ লোকপিয়লৰ মতে চাৰ্লি চেপলিনে ৱিলিয়াম জেকছনৰ দ্বাৰা পৰিচালিত ল’ৰাৰ নৃত্য দল দা এইট লাংকাশ্বায়াৰ লেড্ছৰ অংশ হিছাপে ৯৪ ফাৰ্নডেল ৰ’ড, লাম্বাথত বসবাস কৰিছিল।
শ্বাসনলীৰ ৰোগে হান্ন চেপলিনৰ গায়িকা জীৱনৰ অন্ত পেলায়। কেন হিল মানসিক চিকিৎসালয়ত তেওঁক পুনৰবাৰ ভৰ্ত্তি কৰিব লগা হোৱাৰ হোৱাৰ পিছত পুতেক অকলশৰীয়া হৈ পৰে আৰু কিছুদিন পিছত চাৰ্লিয়ে দুখীয়াৰ বাবে হানৱেলত থকা চেণ্ট্ৰেল লণ্ডন ডিছট্ৰিক্ট স্কুল(Central London District School)ত নাম লগায়।
১৯০৩ চনত চাৰ্লিয়ে ৱিলিয়াম জিলেটএ লিখা আৰু হেৰী আৰ্থাৰ ছেইণ্টবাৰী]] অভিনিত "শ্বাৰ্লক হ’মছ্" চলচ্চিত্ৰত "বিলী" নামৰ সৰু চৰিত্ৰ এটা কৰিবলৈ সুযোগ পায়। ছেইণ্টবাৰীৰ পৰাই চাৰ্লি চেপলিনে অভিনয়ৰ খুঁটি-নাতি শিকে। ১৯০৫ চনত জিলেটে মেৰী ড’ৰ’ৰ লগত ইংলেণ্ডত তেওঁৰ নতুন নাটক "ক্লেৰিছ মঞ্চস্থ কৰে। ইয়াৰ ব্যৱসায় বেয়া হোৱাৰ পিছত জিলেটে ব্ৰিটিছ প্ৰেছক ব্যংগ কৰিবলৈ একাংক নাট "দা পেইনফুল প্ৰেডিকামেণ্ট অৱ শ্বাৰ্লক হ’মছ্"(The Painful Predicament of Sherlock Holmes) মঞ্চস্থ কৰোঁতে চাৰ্লিকো বিলীৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়ে। ২ ডিচেম্বৰত প্ৰযোজনা শেষ হোৱালৈকে চাৰ্লিয়ে বিলী হিছাপেই তাত থাকে। এই সময়ছোৱাতে জিলেটে চাৰ্লিক নিয়ন্ত্ৰিত অভিনয়ৰ কলা-কৌশল শিকায়। ইতিমধ্য চেঙেলীয়া চাৰ্লি ড’ৰ’ৰ প্ৰেমত পৰে কিন্তু তেওঁৰ প্ৰেম অসম্পূৰ্ণ হৈ ৰয় আৰু প্ৰযোজনা শেষ হোৱাৰ পিছত ড’ৰ’ জিলেটৰ লগত আমেৰিকালৈ ঘূৰি যায়।
এঘাৰ বছৰৰ পিছত হলীউডত চাৰ্লিয়ে ড’ৰ’ক পুনৰ লগ পায়। ড’ৰ’ই ইতিমধ্যে চাৰ্লিৰ নাম পাহৰি পেলাইছিল। তেওঁলোকে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু চেপলিনে ড’ৰ’ৰ আগত তেওঁৰ গোপন প্ৰেমৰ কথা প্ৰকাশ কৰে। দুবছৰ পিছত তেওঁলোক পুনৰ নিউয়ৰ্কত মিলিত হয়। চাৰ্লিৰ মতে তেওঁলোকে কেৱল নীৰৱতাৰে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল। কিন্তু কেন্নেথ লীনে আঙুলিয়াই দিছে যে "নীৰৱতাৰে মেৰীৰ লগত কেৱল আহাৰ গ্ৰহণ কৰা হ’লে চেপলিন চেপলিনৰ দৰে নহ’লহেঁতেন। "
আমেৰিকাত প্ৰথম কেইবছৰ (১৯১০-১৯১৩)
চেপলিনে ফ্ৰেড কাৰ্ন’ দলৰ লগত ১৯১০ৰ পৰা ১৯১২ লোকে পোনপ্ৰথমবাৰ আমেৰিকা ভ্ৰমণ কৰে। ইংলেণ্ডত পাঁচ মাহ কটোৱাৰ পিছত তেওঁ ১৯১২ চনৰ অক্টোবৰত দলটোৰ লগত দ্বিতীয়বাৰৰ বাবে আমেৰিকালৈ যায়। ১৯১৩ৰ শেষৰ ফালে মেক চেনেট, মেবেল নৰমাণ্ড, মিণ্টা ডাৰ্ফী আৰু ৰচকো আৰ্বাকলএ চাৰ্লিৰ অভিনয় প্ৰত্যক্ষ কৰে। চেনেটে তেওঁক কিষ্ট’ন ষ্টুডিঅ’লৈ ফ’ৰ্ড ষ্টাৰ্লিংৰ সলনি অভিনয় কৰিবলৈ মাতে। ছবিত অভিনয়ৰ প্ৰয়োজনীয়তা অনুসৰি অভিনয় কৰাত চাৰ্লি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। মেকিং এ লিভিং(Making a Living) ছবিত চাৰ্লিৰ অভিনয় দেখি চেনেটে এটা ডাঙৰ ভুল কৰা বুলি অনুভৱ কৰিলে। কিন্তু নৰমাণ্ডৰ কথামতে তেওঁ চাৰ্লি চেপলিনক আন এটা সুযোগ দিবলৈ মান্তি হয়।
চেপলিনে অনুভৱ কৰিলে যে অতি সোনকালেই তেওঁক কামৰ পৰা বাদ দিয়া হ’ব। কিন্তু অতি সোনকালেই চেপলিনৰ বোলছবি জনপ্ৰিয় হৈ পৰিল আৰু তেৱোঁ কিষ্ট’নৰ এজন ডাঙৰ তাৰকালৈ উন্নীত হ’ল
ইয়াৰ পিছত চেপলিনে নৰমাণ্ডৰ কেইবাখনো ছবিত কাম কৰে। এগৰাকী মহিলাৰ নিৰ্দেশমতে অভিনয় কৰাটো চেপলিনৰ পছন্দ হোৱা নাছিল আৰু প্ৰায়েই তেওঁলোকৰ মতানৈক্য হৈছিল। শেষত তেওঁলোকৰ মাজত পুনৰ সুহৃদয়তা গঢ় লৈ উঠে আৰু চেপলিনে কিষ্ট’ন ত্যাগ কৰাৰ পিছতো ই অটুট থাকে।
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
যুক্তৰাজ্যৰ ব্যক্তি
চলচ্চিত্ৰ পৰিচালক
অভিনয় শিল্পী
মৃত ব্যক্তি
|
4360
|
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%95%E0%A6%BF%E0%A7%B0%E0%A6%BE%20%E0%A6%95%E0%A7%81%E0%A7%B0%E0%A7%8B%E0%A6%9B%E0%A6%BE%E0%A7%B1%E0%A6%BE
|
আকিৰা কুৰোছাৱা
|
আকিৰা কুৰোছাৱা ( জন্ম:২৩ মাৰ্চ, ১৯১০ -- মৃত্যু: ৬ ছেপ্টেম্বৰ, ১৯৮৮), জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। জাপানৰ চলচিত্ৰক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰোছাৱা এটা লেখত লবলগীয়া নাম। কাৰ্য্যৰত ৫৭-টা বছৰত তেখেতে ৩০ খন চলচিত্ৰ নিৰ্মান কৰে।
চমু জীৱনী
কুৰোছাৱাৰ জন্ম হৈছিল ১৯১০ চনৰ ২৩ মাৰ্চত। জন্মস্থান আছিল টোকিঅ'ৰ অইমাচি জিলা। এক প্ৰাচীন ছামুৰাই পৰিয়ালৰ বংশধৰ আছিল পিতৃ ইছামু; আৰু মাতৃ ছিমা আছিল এক সম্ভ্ৰান্ত বনিক পৰিয়ালৰ জীয়ৰী। আঠগৰাকী সন্তানৰ শেষৰজন আছিল আকিৰা। পিতৃ ইছামুৱে ছামুৰাই নিয়ম-নীতি আৰু কঠোৰ অনুশাসন মানি চলাত গুৰুত্ব আৰোপ কৰি আহিছিল। একেসময়তে তেখেতে সেই সময়ত জাপানত প্ৰচলিত জাপানী আৰু পাশ্চাত্যৰ ছবি দেখুৱাবলৈ নিজৰ সতি সন্ততিক সততে লৈ গৈছিল। ইছামুৱে বিশ্বাস কৰিছিল যে চলচিত্ৰৰ এটা শিক্ষামূলক দিশ আছে।
মৰিমুৰা গাকুয়েন প্ৰাথমিক বিদ্যালয়ত আকিৰাৰ নাম ভৰ্তি কৰি দিয়া হৈছিল। কিন্তু ধৰা-বন্ধা ৰুটিনৰ মাজৰ শিক্ষাক আকিৰাই বেয়া পাইছিল। আকিৰাৰ নিজৰ লেখনী মতে সেই স্কুলৰ দুটা বছৰ আছিল 'নৰক যন্ত্ৰণাৰ সমান'। পাছত আকিৰাক কুৰোডা প্ৰাথমিক বিদ্যালয়ত ভৰ্তি কৰি দিয়া হয়। এইখন স্কুলত প্ৰাচীন জাপানী আচাৰ০ব্যৱহাৰ মানি চলা হৈছিল। আকিৰা সৰু কালত 'পেন্দুকনা' স্বভাৱৰ আছিল, যাৰ বাবে সমনীয়াই প্ৰায়েই তেওঁৰ নগুৰ-নাগতি কৰিছিল। এই স্কুলতে পঢ়া দদায়েক হাইগোয়ে আকিৰাৰ মনত প্ৰত্যয় জন্মাবলৈ চেষ্টা কৰে। স্কুলৰ কলা বিভাগৰ শিক্ষক 'তাচিকাওৱা ছেইজি'ৰ শ্ৰেণীত আকিৰাই অঁকা এখন ছবিৰ তেখেতে উচ্চ প্ৰশংসা কৰে। সেই ছবিখন আঁকোতে আকিৰাই পেন্সিলডাল ভালকৈ ব্যৱহাৰ কৰিব নাজানি আঙুলিৰে ৰঙ বোলাইছিল। এই ঘটনাৰ পাছতে আকিৰাই স্কুল ভাল পাবলৈ আৰম্ভ কৰে। ছাত্ৰ হিচাপে কুৰোছাৱা আছিল নিম্নখাপৰ। বিজ্ঞান সম্পৰ্কীয় শিক্ষা আহৰণ কৰিবলৈ তেওঁ কষ্ট কৰিবলগীয়া হৈছিল। তেখেতে নিজেই কোৱা মতে আনকি বয়স্ক হোৱাৰ পাছতো বিজ্ঞানৰ প্ৰতি তেখেতৰ ভয় কমি যোৱা নাছিল।
প্ৰাথমিক বিদ্যালয় পৰ্ব সাং কৰি আকিৰা ভৰ্তি হয় কাইকা মাধ্যমিক স্কুলত। এই স্কুলত পঢ়াৰ সময়ত আকিৰাই শাৰীৰিক শিক্ষা বিষয়ত শুন্য নম্বৰ পাই এটা ৰেকৰ্ড সৃষ্টি কৰে। ইয়াতেই ছবি অঁকাৰ প্ৰতিও তেখেতৰ ধাউতি বাঢ়ি আহে। দেউতাকে আকিৰাৰ ছবি অঁকাক উৎসাহ দি আৰ্ট স্কুলত ভৰ্তি হ'বলৈ কয়। আকিৰাৰ মতে প্ৰথাগত শিক্ষা সময়ৰ অপচয় মাথো। তথাপিও দেউতাকৰ কথা মতে তেওঁ আৰ্ট স্কুলত ভৰ্তি হ'বলৈ প্ৰবিশেকা পৰীক্ষা দিয়ে। প্ৰবেশিকা পৰীক্ষাত তেখেত অনুত্তীৰ্ণ হয়। ১৭ বছৰ বয়সত তেখেতে মাধ্যমিক শিক্ষা সাং কৰে। ইতিমধ্যে তেওঁৰ ছবি প্ৰদৰ্শনীত ওলাবলৈ আৰম্ভ কৰিছিল।
এনে সময়তে আহি পৰে ১৯২৮ চন আৰু পৃথিৱী ব্যাপি চলা অৰ্থনৈতিক সংকট। শ্ৰমিক আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে আৰু প্ৰতিক্ৰিয়া স্বৰূপে সামৰিক শাসনে তাক বাধা দিবলৈ কমিউনিষ্ট নেতা সকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে। কুৰোছাৱা কিন্তু সেই সময়ত ব্যস্ত আছিল ছবি অঁকা, ৰুছী সাহিত্য পাঠ আৰু বিদেশী ছবি চোৱাত।
বেছিদিন আকিৰা সেই আন্দোলনৰপৰা আঁতৰি নাথাকিল। বামপন্থী আন্দোলনৰ লগত তেওঁ জড়িত হৈ পৰে। তেনতে শৰীৰ বেয়া হোৱাৰ বাবে তেওঁ আন্দোলনৰপৰা আঁতৰি আহে আৰু গা টঙাই লোৱাৰ পাছতো তেওঁ আন্দোলনৰ পথলৈ উভতি যাব নুখুজিলে। নিজৰ মতেই তেখেতৰ বামপন্থী বিশ্বাস কেতিয়াও সিমান গাঢ় নাছিল। তেওঁ হেনো বামপন্ধাৰ কিতাপবোৰ ভালকৈ বুজি নাপাইছিল।
এইবাৰ তেওঁ দদায়েক হাইগোৰ ওচৰলৈ যায়। সেই সময়ত হাইগোৱে বিদেশী ছবিৰ ধাৰাভাষ্যকাৰ হিচাপে কাম কৰিছিল। তেওঁৰ কাম আছিল ছবি চলি থকা সময়ত নাটকীয় ভাৱে নিৰ্বাক ছবিবোৰৰ কাহিনী বৰ্ণনা কৰা। কুৰোছাৱাই এটা বছৰ তেখেতৰ লগত থাকি বহুতো বিদেশী ছবি চোৱাৰ সুযোগ পায়। সেই সময়তে সবাক ছবিৰ প্ৰচলন ঘটে আৰু ধাৰাভাষ্যকাৰৰ কাম বন্ধ হৈ যায়।
আকিৰা আকৌ দেউতাকৰ ওচৰলৈ ঘূৰি আহে আৰু সোনকালেই তেখেতৰ অগ্ৰজ হাইগোৱে আত্মহত্যা কৰে। হাইগোৰ মৃত্যুত চঞ্চল হৈ উঠা আকিৰাই কেবাটাও কাম হাতত লৈ বাদ দিয়ে। ১৯৩৫ চনত বাতৰি-কাকতৰ এটা বিজ্ঞাপন দেখি তেওঁ তাৰ প্ৰত্যুত্তৰত জাপানী ছবিৰ মৌলিক ক্ৰুটিৰ ওপৰত এখন ৰছনা লিখি সেই কোম্পানীলৈ পঠিয়াই দিয়ে। প্ৰথমে ৰছনা, পাছত এখন চিত্ৰনাট্য আৰু শেষত মৌখিক পৰীক্ষাৰ পাছত পি. চি. এল. ষ্টুডিঅ'ত তৃত্বীয় সহকাৰী পৰিচালক হিচাপে তেওঁ নিযুক্তি লাভ কৰে।
প্ৰথমে সহকাৰী পৰিচালকৰ কামত অসন্তুষ্ট হ'লেও 'ইয়ামামাটো কাজিৰো'ৰ (ইয়ামা চান্) অধীনত কাম কৰি তেওঁ নতুন জীৱন লাভ কৰে। তেখেতৰ অধীনত কাম কৰিয়েই আকিৰাই তৃত্বীয় পৰিচালকৰপৰা প্ৰধান সহকাৰী পৰিচালক হিচাপে পদোন্নতি লাভ কৰে। 'ইয়ামা চান'ক আকিৰাই নিজৰ শিক্ষক বুলি অভিহিত কৰে। ইয়ামা চানে কুৰোছাৱাক পৰিচালনা, চিত্ৰনাট্য ৰছনা আৰু সম্পাদনাৰ প্ৰাৰম্ভিক শিক্ষা দিয়ে।
১৯৪১ চনত পি.চি.এল ষ্টুডিঅ' বিশাল টোহো কোম্পানী হিচাপে গঢ় লৈ উঠে। এনে সময়তে তেখেতে লিখা দুখন চিত্ৰনাট্যই দুটা পুৰস্কাৰ লাভ কৰে। তাৰ পাছত তেখেতক নিজৰে চিত্ৰনাট্য 'এ জাৰ্মান এট ডাৰুমা টেম্পল'ৰ পৰিচালনাৰ দাবিত্ব দিয়া হয়। ইতিমধ্যে বিশ্বযুদ্ধৰ ৰণদামামা বাজি উঠাৰ বাবে ফিল্ম চেন্সৰ বোৰ্ডে ছবিখন বাতিল কৰি দিয়ে।
চেন্সৰ বোৰ্ডক কুৰোছায়াই সদায়ে প্ৰকৃত কলাৰ শত্ৰু জ্ঞান কৰিছিল। আত্মজীৱনীৰ ভালেমান অংশত তেখেতৰ ক্ষোভৰ প্ৰকাশ ঘটিছে।
কুৰোছাৱাই নিৰ্মানৰ বাবে বিবেচনা কৰা দ্বিতীয়খন ছবিও চেন্সৰ বোৰ্ডে বন্ধ কৰি দিয়ে। কিন্তু তৃত্বীয় ছবি 'ছুগাতা ছানছিৰো'ৰ কাম আৰম্ভ হয় ১৯৪২ চনত। চেন্সৰ বোৰ্ডৰ কিছুমান আপত্তি স্বত্তেও ছবি পৰিচালক ওজু-ৰ হস্তক্ষেপত 'ছুগাতা ছানছিৰো'য়ে মুক্তি লাভ কৰিবলে সক্ষম হয়।
১৯৪২ চনৰপৰা ১৯৯৩ চনলৈ আকিৰা কুৰোছাৱাই ৩০ খন ছবি নিৰ্মান কৰিছে। প্ৰায় প্ৰতিখন ছবিয়েই নিজ দেশৰ সীমাৰ বাহিৰতো উচ্চ প্ৰশংসা লাভ কৰি কুৰোছাৱাক কৰি তোলে বিশ্বৰ সৰ্বকালৰ মহান ছবি নিৰ্মাতা আৰু পৰিচালকৰ এজন।
১৯৭১ চনত আৰ্থিক, মানসিক আৰু শাৰীৰিক চাপত ব্যস্ত হৈ কুৰোছাৱাই আত্মহননৰ চেষ্টা কৰে। কিন্তু তেওঁ সেই চেষ্টাত ব্যৰ্থ হয়। কুৰোছাৱা আছিল স্বাধীন চিন্তাৰ প্ৰতিভূ। সেয়ে বাৰে বাৰে তেওঁ চেন্সৰ বোৰ্ডৰ ৰোষত পৰিছিল।
কুৰোছাৱাৰ ছবিসমূহ
১. ছানছিৰো ছুগাতা
২. দি মোষ্ট বিউটিফুল
৩. ছানছিৰো ছুগাতা (দ্বিতীয় পৰ্ব)
৪. দা মেন হু ট্ৰেড অন দা টাইগাৰ্ছ ট্ৰেইল
৫. নো ৰিগ্ৰেটছ ফৰ আৱাৰ ইউথ
৬. ওৱান ৱাণ্ডাৰফুল ছান্ডে
৭. ড্ৰাঙ্কেন এঞ্জেল
৮. দি কোৱায়েট ডুৱেল
৯. ষ্ট্ৰে ডগ
১০. স্কেণ্ডেল
১১. ৰছোমন
১২. দি ইডিয়ট
১৩. ইকিৰু
১৪. ছেভেন ছামুৰাই
১৫. ৰেকৰ্ড অফ এ লিভিং বিং
১৬. দি থ্ৰোণ অফ ব্লাড
১৭. দি লোৱাৰ ডেপ্থ্ছ
১৮. দি হিডেন ফৰ্ট্ৰেছ
১৯. দি ব্যাড শ্লিপ ৱেল
২০. ইয়াজিম্বো
২১. ছানজুৰো
২২. হাই এণ্ড লো
২৩. ৰেয় বেয়াৰ্ড
২৪. ডোডেস্কাডেন
২৫. দেৰছু উজালা
২৬. কাগেমুছা
২৭. ৰণ
২৮. ড্ৰিম্ছ
২৯. ৰেপছ'ডি ইন আগষ্ট
৩০. মাদাদায়ো
তথ্য সমল
Kurosawa, Akira. "Something like an autobiography". 1981. Vintage Books. ISBN 0394714393
পৰিমল মুখোপাধ্যায় . "সম্ৰাট আকিৰা কুৰোশোৱা" (প্ৰবন্ধ সংগ্ৰহ) . ২০০২. সিনে সেন্ট্ৰাল, ক্যালকাটা
তথ্য সংগ্ৰহ
জাপানৰ ব্যক্তি
মৃত ব্যক্তি
চলচ্চিত্ৰ পৰিচালক
ৰমন মেগছেছে বঁটা বিজয়ী
|
4361
|
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%AE%20%E0%A6%AC%E0%A7%B0%E0%A6%BE
|
মহিম বৰা
|
মহিম বৰা () (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়।
জন্ম আৰু শিক্ষা
মহিম বৰাৰ ১৯২৪ চনত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল ৰামতামুলী বংশৰ গজেন নাথ বৰা আৰু মাক চন্দ্ৰকান্তি বৰা'। ১৯৫৭ চনত মহিম বৰাই জামুগুৰিহাটৰ দীপ্তিৰেখা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। মহিম বৰাই নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ হাটবৰত থকা নিজা ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৪৪ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ২য় বৰ্ষৰ (ইণ্টাৰমিডেট) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৮ চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ পৰা স্নাতক সন্মান লাভ কৰে। ১৯৫২ চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।
কৰ্মজীৱন
মহিম বৰাই স্নাতক পৰীক্ষা উত্তীৰ্ণৰ পাছতেই শিক্ষকতাকেই বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৪৯ চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু ১৯৫০ চনত পুনৰ গুৱাহাটীলৈ যায়, গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গঞাৰ মেল অনুষ্ঠানৰ ধনবৰকাই হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। ১৯৫৩ চনত তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পাছৰ বছৰতে ১৯৫৪ চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰে পৰা নগাঁৱতে স্থায়ী ভাবে থাকিবলৈ লয়। ১৯৫৬ চনত বৰাদেৱে নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰে।
গ্ৰন্থপঞ্জী
গল্প সংকলন
কাঠনিবাৰী ঘাট (১৯৬১)
দেহা গৰকা প্ৰেম (১৯৬৭)
মই, পিপলী আৰু পূজা (১৯৬৭)
বহুভুজী ত্ৰিভুজ (১৯৬৭)
এখন নদীৰ মৃত্যু (১৯৭২)
ৰাতি ফুলা ফুল (১৯৭৭)
বৰযাত্ৰী (১৯৮০)
মোৰ প্ৰিয় গল্প (১৯৮৭)
গল্প সমগ্ৰ মহিম বৰা (১৯৯৩)
প্ৰবন্ধ সংকলন
চিন্তা বিচিত্ৰা (১৯৭৫)
সাহিত্য বিচাৰ (১৯৮৯)
উপন্যাস
হেৰোৱা দিগন্তৰ মায়া (১৯৭৩)
পুতলা ঘৰ (১৯৭৩)
এধানি মাহীৰ হাঁহি (১৯৯৭)
বন্দুলি ফুলৰ ৰং (২০০৭)
শিশু সাহিত্য
বত্ৰিশ পুতলাৰ সাধু (১৯৭৬),
তেজীমলা আৰু চিণ্ডেৰেলা (২০০১)
অনুবাদ গ্ৰন্থ
ৰাজা ৰামমোহন ৰায় (১৯৮৯)
সম্পাদিত গ্ৰন্থ
শ্ৰীশ্ৰী শংকৰদেৱৰ নাট্যাৱলী (১৯৮৯)
কবিতা পুথি
ৰঙা জিঞা (১৯৭৮)
জোনমণিৰ হাঁহি
ৰেডিঅ' নাট
লাৰু গোপালৰ প্ৰেম
লাৰু গোপালৰ বিবাহ
লাৰু গোপালৰ ঘৰ-সংসাৰ
পদুম কুঁৱৰী (১৯৫১)
নিৰ্মল ভকত( ১৯৫১)
পঞ্চস্বৰ
গৰখীয়া ভীম (১৯৫১)
তিনিৰ তিনি গ'ল
পাখিলগা দিন (১৯৮৯)
অন্যান্য
এই নদীৰ সোঁতে (১৯৭৫)
মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা (১৯৬৭)
বঁটা-সন্মান
প্ৰকাশন পৰিষদ বঁটা (১৯৮০) ('ৰাতি ফুলা ফুল'ৰ বাবে)
ছগনলাল জৈন বঁটা (১৯৯৬) ('গল্প সমগ্ৰ'ৰ বাবে)
অসম উপত্যকা সাহিত্য বঁটা (১৯৯৮) ('সম্পূৰ্ণ ৰচনাৱলী'ৰ বাবে)
সাহিত্য অকাডেমি বঁটা (২০০১) ('এধানি মাহীৰ হাঁহি'ৰ বাবে)
সাহিত্যাচাৰ্য উপাধি লাভ (৮ ফেব্ৰুৱাৰী, ২০০৮)
পদ্মশ্ৰী (২০১১)
গণেশ গগৈ বঁটা (২০১৪)
মৃত্যু
৩ আগষ্ট ২০১৬ তাৰিখে আবেলি নগাঁও চহৰত থকা নিজা বাসভৱনত মহিম বৰা হৃদৰোগত আক্ৰান্ত হয়। প্ৰথমে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ অৰ্থে পিছদিনাখন গুৱাহাটীৰ জি.এন.আৰ.চি হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। এইখন হাস্পাতালতে চিকিৎসাধীন অৱস্থাত ৫ আগষ্টত পুৱা ৯-৫০ বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ।
তথ্য সংগ্ৰহ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া গল্পকাৰ
অসমীয়া সাহিত্যিক
অসমীয়া শিক্ষাবিদ
অসম সাহিত্য সভাৰ সভাপতি
অসম উপত্যকা সাহিত্য বঁটা বিজয়ী
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
পদ্মশ্ৰী বঁটা বিজয়ী
|
4362
|
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3
|
ৰামায়ণ
|
ৰামায়ণ () হৈছে এখন প্ৰাচীন সংস্কৃত মহাকাব্য। হিন্দু মহৰ্ষি বাল্মীকিয়ে ইয়াৰ ৰচনা কৰা বুলি বিশ্বাস কৰা হয়। ভাৰতৰ আনখন মহাকাব্য মহাভাৰতৰ লগতে ৰামায়ণকো ইতিহাসৰ অংশ হিচাপে গণ্য কৰা হয়। জীৱনৰ সম্বন্ধসমূহৰ বাবে কৰা কৰ্তব্যক কিছুমান আদৰ্শ চৰিত্ৰ যেনে- আদৰ্শ পিতৃ, আদৰ্শ ভ্ৰাতৃ, আদৰ্শ ভৃত্য, আদৰ্শ পত্নী, আদৰ্শ ৰজা আদিৰ মাজেৰে দাঙি ধৰা হৈছে।
"ৰামায়ণ" নামটো "ৰাম" আৰু "অয়ন" (যোৱা, গমণ কৰা ) শব্দৰ তৎপুৰুষ সন্ধিৰ পৰা হৈছে যাৰ অৰ্থ হ’ব "ৰামৰ যাত্ৰা"। ৰামায়ণত ২৪,০০০ শ্লোক ৭টা কাণ্ড আৰু ৫০০ সৰ্গত ভগোৱা হৈছে। ইয়াত ৰামৰ জীৱন কাহিনী আৰু তেওঁৰ পত্নী সীতাক লংকাৰ ৰাক্ষস ৰজা ৰাৱণএ হৰণ কৰাৰ পিছত হোৱা যুদ্ধৰ বৰ্ণনা আছে। বিষয়বস্তুৰ ফালৰ পৰা চাবলৈ গ’লে ই প্ৰকৃততে মানৱৰ অস্তিত্বৰ এক বিশেষ দৃষ্টিকোণ আৰু ধৰ্ম, অধৰ্মৰ বিৱৰণ।
ৰামায়ণৰ শ্লোকসমূহ ৩২টা শব্দাংশৰ অনুস্তুভ নামৰ ঠাঁচত লিখা হৈছে। পিছৰ কালৰ সংস্কৃত সাহিত্য তথা ভাৰতীয় জীৱনধাৰা আৰু সংস্কৃতিত ৰামায়ণৰ প্ৰভাৱ সুস্পষ্ট। মহাভাৰতৰ দৰেই ইয়াৰ কাহিনীও অসাধাৰণ: ইয়াত প্ৰাচীন হিন্দু সাধুসকলৰ বাণী দাৰ্শনিক আৰু ধাৰ্মিক তত্ত্বৰ আলমত বৰ্ণনা কৰা হৈছে। ৰাম, সীতা, লক্ষ্মণ, ভৰত, হনুমান, ৰাৱণ আদি চৰিত্ৰসমূহ ভাৰতীয় সাংস্কৃতিক সচেতনতাৰ ভেঁটিস্বৰূপ।
ভাৰতত ৰামায়ণৰ বৌদ্ধ আৰু জৈন সংস্কৰণো পোৱা যায়। লগতে ইণ্ডোনেচিয়া, ফিলিপাইনচ, থাইলেণ্ড, লাওচ, বাৰ্মা আৰু মালয়েচিয়া দেশতো ইয়াৰ ভিন্ন ৰূপ দেখিবলৈ পোৱা যায়।
তথ্যসূত্ৰ
বহিঃসংযোগ
Illustrated manuscript by Maharana Jagat Singh at British Library
ভাৰতীয় সাহিত্য
হিন্দু ধৰ্ম গ্ৰন্থ
|
4369
|
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8C%E0%A7%B0%E0%A7%80%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%20%E0%A6%95%E0%A6%B2%E0%A6%BF%E0%A6%A4%E0%A6%BE
|
গৌৰীশংকৰ কলিতা
|
গৌৰীশংকৰ কলিতা অসমৰ এজন বিশিষ্ট সাংবাদিক আৰু কেইবাখনো বাতৰি কাকতৰ সম্পাদক আছিল৷ অসমীয়া আৰু ইংৰাজী উভয় সংবাদ-পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই ১৯৯০ চনতে ইংৰাজী ছেণ্টিনেল কাকতত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছত ক্ৰমে ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰে৷ মৃত্যুৰ সময়লৈকে তেওঁ ছেণ্টিনেল কাকতৰ মেঘালয় আৰু অৰুণাচল প্ৰদেশ সংস্কৰণৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই আছিল৷ ইয়াৰ আগতে তেওঁ নৰ্থ-ইষ্ট টাইমছ কাকতৰ কাৰ্যবাহী সম্পাদক, কনছালটিংৱ এডিটৰ আৰু জনসাধাৰণ কাকতৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷
গৌৰীশংকৰ কলিতাৰ কৰ্মৰাজি
১৯৭৫ চনত কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়৷ সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰাৰ আগতে তেওঁ অসম ৰাজ্যিক পণ্যাগাৰ বিভাগত কিছু কাল চাকৰি কৰিছিল৷
মৃত্যু
২০১০ চনৰ ৮ জুন তাৰিখে গুৱাহাটীৰ শান্তিপুৰৰ নিজা বাসভৱনত হৃদৰোগত আক্ৰান্তহৈ তেখেতৰ মৃত্যু হয়৷
তথ্য সংগ্ৰহ
অসমৰ সাংবাদিক
অসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি
|
4372
|
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8B%E0%A6%AA%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%AC%E0%A7%B0%E0%A6%A6%E0%A6%B2%E0%A7%88
|
গোপীনাথ বৰদলৈ
|
গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰা পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লিগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে।
জন্ম আৰু শৈশৱ
১৮৯০ চনৰ ৬ জুনত (১৮১২ শকৰ ২৬ জেঠ ৰবিবাৰে) নগাঁও জিলাৰ ৰহাত গোপীনাথ বৰদলৈৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী বৰদলৈ। তেওঁৰ পিতৃ বুদ্ধেশ্বৰ বৰদলৈয়ে ৰহাত চাকৰি কৰিছিল। বৰদলৈৰ সাত বছৰ বয়সলৈকে তেওঁলোক ৰহাতে বাস কৰিছিল আৰু ৰহাতেই প্ৰথম বিদ্যাৰম্ভ হয়। তাৰ পিছত তেওঁৰ পিতৃৰ চাকৰি সূত্ৰে মঙ্গলদৈলৈ বদলি হয়। মঙ্গলদৈ লৈ যাওঁতে তেওঁলোক নাৱেৰে গৈছিল আৰু নাৱেৰে যোৱা দীঘলীয়া সময়ছোৱাৰ ভিতৰত বৰদলৈয়ে মহাভাৰতখনকে পঢ়ি শেষ কৰি পেলাইছিল। মঙ্গলদৈত দুবছৰ থকাৰ পিছত তেওঁলোক বৰপেটালৈ বদলি সূত্ৰে গৈছিল আৰু এবছৰৰ ভিতৰতে বৰদলৈৰ ১২ বছৰ বয়সতে মাতৃ-বিয়োগ হয়। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ মাতৃ স্নেহৰ পৰা বঞ্চিত হয় আৰু তেওঁৰ হৃদয় ভাগি পৰে। তেওঁ লালিত পালিত হ'বলগা হয় বিধবা বায়েক শশীকলা দেৱীৰ হাতত। মাতৃৰ বিয়োগৰ পিছত তেওঁক গুৱাহাটীলৈ পঠিওৱা হয় আৰু কটন কলেজিয়েট উচ্চ ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হয়। বিদ্যালয়ৰ কালছোৱাত তেওঁ অসুখৰ কাৰণে প্ৰায়ভাগ সময়ে বিদ্যালয়ত নিয়মীয়া হ'ব পৰা নাছিল। সেই সময়ত তেওঁৰ প্ৰায়ে জ্বৰ আৰু গ্ৰহণী হৈছিল। এনে বেয়া স্বাস্থ্যৰ পাছতো তেওঁ পঢ়াৰ ক্ষেত্ৰত ভাল স্থান লাভ কৰিছিল।
ছাত্ৰ জীৱন আৰু শিক্ষা
তাহানিৰ দিনত ছাত্ৰ-ছাত্ৰী সকলক ডবল প্ৰমোচন দিয়াৰ ব্যৱস্থা আছিল। সেইবাবে অনেক মেধা ছাত্ৰক সপ্তম মানৰ পৰা নৱম মান শ্ৰেণীলৈ পদোন্নতি দিয়া হৈছিল। স্কুলীয়া জীৱনত বৰদলৈয়ে ডবল প্ৰমোচন পোৱাৰ কাৰণে সৰু কালত তেওঁ হাইস্কুলৰ ওপৰ খাপত নাম ভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল। এনেদৰে প্ৰমোচন লাভ কৰি বৰদলৈয়ে ১৬ বছৰ পূৰ নৌহওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম মতে, ১৬ বছৰ পূৰ হ'লেহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। ১৯০৭ চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও তেওঁ চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। তাৰ পিছত তেওঁ কটন মহাবিদ্যালয়ত ভৰ্ত্তি হয়। তাৰ পৰা ১৯০৯ চনত আই.এ. পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়, এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে তেওঁ এই পৰীক্ষাতো বৃত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্ত্তি কৰে। সেই সময়ত উক্ত মহাবিদ্যালয়ৰত 'লেডী জেন ডাণ্ডাছ' নামেৰে এখনহে ছাত্ৰবাস আছিল আৰু ছাত্ৰাবাসত ভৰ্তি হোৱাটো সহজ নাছিল। কিন্তু সেইবাৰ অসমৰ পৰা পঢ়িবলৈ যোৱা ভালেমান ছাত্ৰই ছাত্ৰাবাসত থাকি পঢ়িবলৈ সুবিধা লাভ কৰিলে। তেওঁ স্নাতক পাঠ্যক্ৰমত অসমীয়া, বুৰঞ্জী, দৰ্শন-শাস্ত্ৰ আৰু ইংৰাজী বিষয় লৈ পঢ়িছিল। তাৰ পৰা ১৯১১ চনত বুৰঞ্জী বিষয়ত অনাৰ্ছ সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ কলিকতাতে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ কলিকতাৰ ১৭/১ অ'ল্ড বৈঠকখানা লেনৰ মেছত তেওঁৰ বন্ধু চন্দ্ৰনাথ শৰ্মাৰ লগত একেলগে অধ্যয়নত ব্ৰতী হ'ল। তেওঁ ৰিপণ মহাবিদ্যালয়ত আইন আৰু কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পঢ়িছিল। ১৯১৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তিনি বছৰ কাল আইন পঢ়ে যদিও মাজতে ৰিপণ আইন মহাবিদ্যালয় এৰি বৰদলৈয়ে বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত ভৰ্তি হয়, এই আইন মহাবিদ্যালয়তে তেওঁ অধ্যক্ষ ৰূপে পাইছিল মি. বাগচীক, সেইদৰে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে পাইছিল চাৰ আশুতোষ মুখোপাধ্যায়ক। শেষত আইন পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ গুৱাহাটীলৈ ঘূৰি আহে।
কৰ্মজীৱন
গোপীনাথ বৰদলৈ কলিকতাত থাকি মহাবিদ্যালয়ৰ চতুৰ্থ-বাৰ্ষিক শ্ৰেণীত পঢ়ি থাকোঁতেই পিতাকৰ মৃত্যু হয়। পিতৃৰ মৃত্যুত সংসাৰৰ মহাভাৰ তেওঁলৈ আহিল। তেখেতৰ পিতৃ পেছাত এজন চিকিৎসক আছিল যদিও সাঁচতীয়া ধন অধিক নাছিল, পৰিয়ালটো কোনোমতেহে চলিছিল। তদুপৰি ককায়েক ইন্দ্ৰেশ্বৰ বৰদলৈৰ মৃত্যুৱেও পৰিয়ালটোক চুই গৈছিল। ঘৰখনৰ বোজা পৰিছিল আইদেউয়েক শশীকলাৰ ওপৰত। সেয়ে বৰদলৈয়ে কলিকতাত অধ্যাপনাৰ চাকৰি বিচাৰিছিল যদিও পোৱা নাছিল। শেষত বৰদলৈয়ে পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰি গুৱাহাটীত তৰুণ ৰাম ফুকনৰ অনুৰোধক্ৰমে তেখেতে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে। সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহে আৰু উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি, সত্যনাথ বৰা উকীলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিলে। ১৯১৭ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰে।
ৰাজনৈতিক জীৱন
সেই সময়ত অসমৰ একমাত্ৰ ৰাজনৈতিক অনুষ্ঠান আছিল 'অসম এছ'চিয়েচন'। ১৯২২ চনতহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাখা হিচাপে অসম কংগ্ৰেছৰ কাম-কাজ আৰম্ভ হয়। সেই বছৰতে গোপীনাথ বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগ দিয়ে আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ১৯২২ চনত অসহযোগ আন্দোলনৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাবাস দিয়া হয়। চৌৰিচৌৰাৰ ঘটনাৰ পিছত অসহযোগ আন্দোলন বাতিল কৰা হয় আৰু বৰদলৈয়ে পুনৰ ওকালতি আৰম্ভ কৰে। ১৯৩০ৰ পৰা ১৯৩৩ চন পৰ্য্যন্ত তেখেতে ৰাজনৈতিক কাৰ্য্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজসেৱাত মনোনিবেশ কৰে। তেখেত গুৱাহাটী পৌৰসভাৰ সদস্যও নিৰ্বাচিত হয়। তদুপৰি তেখেতে অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয় আৰু উচ্চ ন্যায়ালয়ৰ দাবী জোৰদাৰ কৰি তোলে।
১৯৩৫ চনত ব্ৰিটিছ ভাৰত গঠন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ আইন ৰচনা কৰা হয়। সেইবাবে অসম কংগ্ৰেছে ১৯৩৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্ব্বিতা কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ৩৮খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শক্তি কৰ্তন কৰাৰ এক হঠকাৰী নিয়মৰ বিৰোধিতা কৰি তেওঁলোকে বিৰোধী দল হিচাপেই থকাৰ মন মেলে। গোপীনাথ বৰদলৈ এই বিৰোধী দলৰ দলপতি নিৰ্বাচিত হয়। কংগ্ৰেছৰ বাহিৰে আন আন দলৰ সমৰ্থনত চৈয়দ মহম্মদ ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰে। কিন্তু ৰাইজৰ মৌলিক সমস্যাবোৰৰ সমাধানত চৰকাৰৰ আওকণীয়া মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ শক্তি লাহে লাহে বাঢ়ি আহে। ১৯৩৮ চনত মহম্মদ ছাদুল্লা মন্ত্ৰীসভাই পদত্যাগ কৰে। তেতিয়া ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভাৰ গঠন কৰিবলৈ আহ্বান জনায আৰু সেই বছৰৰে ২১ ছেপ্তেম্বৰত তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মূল কাৰণসমূহ আছিল তেখেতৰ ৰাজনৈতিক বিচক্ষণতা, মনোমোহা ব্যক্তিত্ব, সত্যবাদীতা আৰু আচৰণ যাৰ বাবে তেখেতৰ সহকৰ্মীসকলৰ উপৰিও বিভিন্ন সম্প্ৰদায়ৰ লোক আকৃষ্ট হৈ পৰিছিল। তেখেতৰ কৰ্মপন্থা আৰু বিচক্ষণতাৰ ফলতে কংগ্ৰেছ এক শক্তিশালী ৰাজনৈতিক দল হৈ পৰে। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ উল্লেখযোগ্য সফলতাসমূহ আছিল মাটিৰ খাজানা বন্ধ কৰা, কানি নিবাৰণী আইন গঠন, থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ পমুৱা মুছলমানক মাটিৰ পত্তা দিয়া বন্ধ কৰা আদি।
১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বাবে চৰকাৰ বেছিদিন বৰ্তি নাথাকিল। ১৯৪০ চনত মহাত্মা গান্ধীৰ আহ্বানত বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰে। ১৯৪০ চনত তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হয় যদিও শাৰীৰিক অসুস্থতাৰ হেতু এবছৰ হোৱাৰ আগতেই জেলৰপৰা মুক্তি দিয়া হয়। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয়। তেতিয়া কংগ্ৰেছ দলক বেআইনী ঘোষনা কৰা হয় আৰু সকলো নেতাক গ্ৰেপ্তাৰ কৰা হয়।
একে সময়তে ব্ৰিটিছক দ্বিতীয় বিশ্বযুদ্ধ সহায় কৰাৰ প্ৰতিশ্ৰুতি দি মহম্মদ ছাদুল্লাই পুনৰবাৰ চৰকাৰ গঠন কৰে আৰু সোনকালেই সাম্প্ৰদায়িক কাৰ্য্য-কলাপত লিপ্ত হৈ পৰে। ১৯৪৪ চনত জেলৰ পৰা ওলায়েই গোপীনাথ বৰদলৈয়ে আন আন নেতাৰ সহায়ত চৰকাৰৰ এনে কামৰ বিৰোধিতা কৰিবলৈ ধৰে। উপায়হীন হৈ মহম্মদ ছাদুল্লাই বৰদলৈক আলোচনাৰ বাবে মাতি পঠিয়ায় আৰু তেওঁলোকৰ মাজত এখন চুক্তি হয়। এই চুক্তিৰ আধাৰত আধাৰত চৰকাৰে সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, সভা-সমিতি বা শোভযাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা, পমুৱা মুছলমানৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়া শুদ্ধ কৰা আদিৰ প্ৰস্তাৱ দিয়ে।
১৯৪৫ চনৰ জুলাই মাহত ব্ৰিটিছে আঞ্চলিক আৰু কেন্দ্ৰীয় নিৰ্বাচনৰ পিছত ভাৰতৰ বাবে এক নতুন সংবিধান ৰচনা কৰাৰ কথা ঘোষণা কৰে। অসম কংগ্ৰেছেও ১৯৪৬ চনৰ নিৰ্বাচনত অংশ লৈ ১০৮টা আসনৰ ভিতৰত ৬১ টাত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা পায়। তেওঁলোকে চৰকাৰ গঠন কৰে আৰু গোপীনাথ বৰদলৈ সৰ্বসন্মতভাৱে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়।
কেবিনেট কমিছন আৰু বৰদলৈৰ ভূমিকা
১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ দাবী আলোচনা কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন কেবিনেট কমিছন গঠন কৰে। ইয়াৰ সদস্যসকলে ছিমলা আৰু দিল্লীত কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত সুকীয়া সুকীয়া আলোচনাত বহে। তেওঁলোকৰ আঁচনি অনুসৰি ৰাজ্যবোৰক তিনিটা গোটত ভগোৱা হ'ব আৰু সেইমতে তৃতীয় গোটত থাকিবলগীয়া অসম আৰু বংগৰ সংবিধান ৰচনা কৰিবলৈ প্ৰতিনিধি নিৰ্বাচন কৰা হ'ব। গোপীনাথ বৰদলৈয়ে ইয়াৰ সৰ্বনশীয়া পৰিণতি অনুমান কৰিব পাৰিলে কাৰণ গ্ৰুপত সোমোৱা মাত্ৰকে অসমীয়া মানুহ বংগৰ তুলনাত সংখ্যালঘু হৈ পৰিবাৰু তেওঁলোকৰ অধিকাৰ খৰ্ব হ'ব।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰুপিং আঁচনিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গোপীনাথ বৰদলৈয়ে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটি, কেবিনেট কমিটি আৰু ভাইচৰয়ক জনালে যে অসমৰ প্ৰতিনিধিয়ে তেওঁলোকৰ সংবিধান নিজেই ৰচনা কৰিব আৰু গ্ৰুপত সোমোৱা-নোসোমোৱাৰ সিদ্ধান্ত নিজৰ মাজতে ল'ব। ইয়াৰ পিছত কেবিনেট কমিটিয়ে ঘোষণা কৰিলে যে গ্ৰুপত সোমোৱাটো প্ৰতিখন ৰাজ্যৰ বাবে বাধ্যতামূলক আৰু পিছত তেওঁলোকে ইচ্ছা কৰিলে তাৰ পৰা ওলাই আহিব পাৰিব। এই ঘোষণাই পৰিস্থিতি আৰু জটিল কৰি তুলিলে। তাৰ পিছত বৰদলৈয়ে জাতীয় কংগ্ৰেছৰ নেতাসকলক লগ ধৰি বুজালে যদিও কোনো ফল নধৰিল। তেখেতে অসম কংগ্ৰেছৰ লগ লাগি গণ বিক্ষোভ আৰম্ভ কৰাৰ পাং পাতিলে। তেতিয়াহে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটিৰ গা লৰিল আৰু তেওঁলোকক এই বিষয়ে বিধানসভাত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উপদেশ দিলে। তাৰ পিছত বিধানসভাৰ সদস্যসকল একমত হ'ল যে অসমৰ দহজন প্ৰতিনিধিয়ে কোনো গ্ৰুপত অন্তৰ্ভুক্ত নোহোৱাকৈ নিজৰ সংবিধান ৰচনা কৰিব আৰু পিছলৈ ভাৰতীয় সংবিধান ৰচনাৰ বাবে ৰাষ্ট্ৰীয় কমিটিৰ লগত মিলিত হ'ব।
জৱাহৰলাল নেহৰু আৰু মুছলিম লীগে এই সকলোবোৰ আওকাণ কৰি গ্ৰুপিং আঁচনি ৰুপায়ণৰ বাবে হাত মিলালে। উপায়ন্তৰ হৈ গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ ওচৰ চাপিল আৰু তেখেতে বৰদলৈক গ্ৰুপঙৰ বিৰোধিতা কৰি যাবলৈ উপদেশ দিলে।
১৯৪৭ চনত লৰ্ড মাউণ্টবেটেনে নতুন ভাইচৰয় হিছাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁ মুছলিম লীগ, কংগ্ৰেছ আৰু মহাত্মা গান্ধীৰ লগত সুকীয়া সুকীয়া আলোচনাত মিলিত হ'ল। তেওঁলোকে গ্ৰুপিঙৰ পৰিৱৰ্তে বিভাজনক স্বাধীনতাৰ স্থায়ী সমাধান বুলি মত পোষণ কৰিলে। ভাৰত আৰু পাকিস্তান দুখন বেলেগ দেশলৈ পৰিৱৰ্তিত হ'ল।
মুখ্যমন্ত্ৰী হিচাপে অৱদান
১৯৩৭ চনৰ ২১ ফেব্ৰুৱাৰীত গুৱাহাটীত কংগ্ৰেছ দলে দলপতি আৰু কৰ্ম পৰিচালক নিৰ্বাচন কৰি ল'বলৈ আয়োজন কৰা সভাই গোপীনাথ বৰদলৈকে সৰ্বসন্মতিক্ৰমে দলৰ দলপতি নিৰ্বাচন কৰে। চৈয়দ মহম্মদ ছাদুল্লা চৰকাৰৰ পৰাজয়ৰ পিছত, ১৯৩৮ চনৰ ২১ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ (তেতিয়াৰ প্ৰধানমন্ত্ৰী) গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া হয়। তেওঁ মুখ্যমন্ত্ৰী হৈয়ে পোনতে কৰ্মচাৰীসকলক সেৱাৰ মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ মন্ত্ৰীসকলক প্ৰাপ্য দৰমহাৰ কিছু ধন কমাই ল'বলৈ আহ্বান জনায়। মন্ত্ৰীসকলৰ পৰা কাটি ৰখা অতিৰিক্ত টকাখিনি জমা কৰে আৰু সেই টকা বানপীড়িত লোকলৈ সাহায্য হিচাপে দান কৰিবলৈ সিদ্ধান্ত লয়। ১৯৩৯-৪০ চনৰ সময়ছোৱাত তেওঁ জনসাধাৰণৰ বাবে আন এটা ডাঙৰ কাম হাতত লয়। সেইকামটোৱেই আছিল মাটিৰ খাজানা হ্ৰাস কৰা। ১৯৩৯-৪০ চনত বৰদলৈৰ চৰকাৰে যিখন বাজেট দাঙি ধৰে সেইখন বাজেটে সম্পূৰ্ণ গঠনমূলক কামৰ আঁচনিৰ মাজেৰে দুখীয়া লোকক সকাহ দিব পাৰিছিল আৰু লগতে কিছু টকা ৰাহি কৰিব পৰা হৈছিল। বৰদলৈৰ মন্ত্ৰী সভাই কানি নিবাৰণ আৰু পাছপৰা অঞ্চলত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। কানি নিবাৰণ কৰিবলৈ গৈ চৰকাৰৰ আয়কৰ বন্ধ হ'ল যদিও সেই কথা নগণ্য বুলিহে জ্ঞান কৰা হ'ল। এনে প্ৰচাৰ কাৰ্য্য চলাবলৈ বৰঞ্চ চৰকাৰৰহে ধনৰ প্ৰয়োজন হ'ল। এই সময়ছোৱাৰ ভিতৰত বৰদলৈয়ে শিক্ষা বিস্তাৰ শিতানত ২ লাখ ৮০ হাজৰ টকা বেছিকৈ ধাৰ্য কৰি বিশেষ মহানুভৱতা দেখুৱাইছিল। তেনে সময়তে ডিগবৈত বাগিচাৰ বনুৱাসকলৰ মাজত হোৱা ধৰ্মঘটত বৰদলৈ নিজে সোমাই পৰি, বনুৱা আৰু কোম্পানীৰ মালিকপক্ষৰ লগত আলোচনা কৰি বনুৱাসকলৰ স্বাৰ্থ ৰক্ষা কৰিছিল।
দ্বিতীয় মহাযুদ্ধৰ পিছত, প্ৰাদেশিক ব্যৱস্থাপক সভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় আৰু কংগ্ৰেছ দলে সংখ্যগৰিষ্ঠতা লাভ কৰে। এই নিৰ্বাচনত ১০৮টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ৬১খন আসন লাভ কৰি ১৯৪৬ চনত মন্ত্ৰীসভা গঠন কৰে। দলৰ নেতা গোপীনাথ বৰদলৈয়ে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় আৰু ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত ৭ জনীয়া মন্ত্ৰীসভা গঠিত কৰে। বৰদলৈয়ে শাসনভাৰ লৈয়ে নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা মতে পোনতেই যিসকললোক কাৰাগাৰত ৰাজনৈতিক বন্দী হৈ আছিল তেওঁলোকক খালাচ দিয়ে। পাইকাৰী জৰিমনাৰ টকা আৰু জব্দ কৰা সকলো সা-সম্পত্তি ঘূৰাই দিলে।
মুখ্যমন্ত্ৰী বৰদলৈৰ হাতত শিক্ষা দপ্তৰৰো দায়িত্ব আছিল। পিছপৰা অসমৰ শিক্ষা ব্যৱস্থাক উন্নত কৰিবলৈয়ে বৰদলৈয়ে মহাত্মা গান্ধীৰ প্ৰৱৰ্তিত 'নয়ী তালীমী' শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰশিক্ষণ লবলৈ ২৪জন ছাত্ৰক দিল্লী আৰু ৱাৰ্দ্ধলৈ পঠিয়াই দিছিল। লগতে এই শিক্ষা বিস্তাৰৰ কাৰণে তেওঁ ৯টা কেন্দ্ৰ স্থাপন কৰিছিল আৰু তাৰে ৩টা কেন্দ্ৰ মহিলাৰ বাবে সংৰক্ষণ কৰিছিল। তদুপৰি তেওঁ সমগ্ৰ ৰাজ্য খনতে প্ৰাইমাৰী শিক্ষাক বাধ্যতামূলক কৰি দিছিল, সেয়ে প্ৰাইমাৰী শিক্ষক সকলৰ প্ৰশিক্ষণৰ বাবে তেওঁ ৬টা প্ৰশিক্ষণ কেন্দ্ৰও প্ৰতিষ্ঠা কৰিছিল। লোকেল বোৰ্ড আৰু মিউনিচিপালিটী এলেকাৰ পাছপৰা অঞ্চলত তেওঁ ৪১৯খন প্ৰাথমিক বিদ্যালয় স্থাপন আৰু ৫৮খন বিদ্যালয়লৈ ৰাজসাহায্য আগবঢ়াইছিল। টোলত সংস্কৃত শিক্ষা, মুছলমান সকলৰ বাবে মাদ্ৰাছা শিক্ষা আৰু হাইস্কুলত হিন্দী শিক্ষাৰ আঁচনি প্ৰস্তুত কৰোঁতাও আছিল গোপীনাথ বৰদলৈ।
ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ত্ব সুৰক্ষিত কৰিবলৈ সমৰ্থ হয়। তেখেতে বিভাজনৰ পিছত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে পূব পাকিস্তানৰ পৰা অহা লাখ লাখ হিন্দু শৰনাৰ্থীৰ পুনৰ্সংস্থাপনতো সহায় কৰে। তেখেতৰ কাৰ্যাৱলীৰ কাৰণেই বাংলাদেশৰ মুক্তিযুদ্ধ পৰ্যন্ত অসমৰ সাম্প্ৰদায়িক শান্তি অটুট থাকে। গোপীনাথ বৰদলৈৰ আশাশুধীয়া চেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, বন প্ৰশিক্ষণ মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কামৰূপ একাডেমী, বি বৰুৱা মহাবিদ্যালয়, শৰণীয়া কস্তুৰবা আশ্ৰম, বকোৰ মৌমেন আশ্ৰম, অসম কৃষি বিশ্ববিদ্যালয়, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, কো-অপাৰেটিভ প্ৰশিক্ষণ মহাবিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয়, যোৰহাট কাৰিকৰী বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হয়। আজীৱন তেখেত গান্ধীৰ আদৰ্শৰ বিশ্বাসী আছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাত গোপীনাথ বৰদলৈয়ে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছিল। মুখ্যমন্ত্ৰী হৈয়ো তেখেতে সৰল জীৱন যাপন কৰিছিল।
দেহাৱসান
১৯৫০ চনৰ ৫ আগষ্টত গোপীনাথ বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে। সেইদিনা আছিল শনিবাৰ। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্যমন্দিৰত 'প্ৰতিবাদ' নামৰ এখন নাটকৰ আয়োজন কৰা হৈছিল। নাটকখনৰ বিশেষত্ব আছিল যে তাত সহ-অভিনয়ৰ আৰম্ভ কৰা হৈছিল আৰু নাটখনি উদ্বোধন মুখ্যমন্ত্ৰী বৰদলৈক আমন্ত্ৰণ জনোৱা হৈছিল। বৰদলৈদেৱে উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈকে সেইদিনা শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সন্ধিয়াৰ আগে আগে গুৱাহাটী পাইছিল। সন্ধ্যা ঠিক ৭ বজাত নাটক উদ্বোধন কৰিছিল আৰু ৮ বজাৰ লগে লগে তেওঁ ৰাইজৰ পৰা বিদায় মাগিব বিচাৰিছিল যদিও সৰু সৰু ল'ৰা-ছোৱালী কেইটিৰ কাৰণে সেই অনুষ্ঠানত ৯ বজালৈকে থাকিবলৈ বাধ্য হৈছিল। তাৰ পিছত তেওঁ উলুবাৰী নিজা ঘৰলৈ ৰাওনা হৈছিল, নিশা ১০ বজাত তেওঁ ভাত-পানী খাই বিছনাত শুই পৰিছিল। কিন্তু ঠিক ১১ মান বজাৰ লগে লগে অকস্মাৎ তেওঁ হৃদযন্ত্ৰত এটা বেদনা অনুভৱ কৰিছিল আৰু সেই বেদনা ক্ৰমশঃ গুৰুতৰ হৈ আহিছিল। তেওঁৰ এই অসুখৰ খৱৰ পাই চিকিৎসক ভুবনেশ্বৰ বৰুৱাকে ধৰি আন কেইজনমান মুখিয়াল ডাক্তৰ আহিল যদিও তেওঁৰ সেই বেমাৰ উপশম কৰিব নোৱাৰিলে। বৰদলৈয়ে মাথোঁঁ এবাৰ ভঙা ভঙা মাতেৰে কৈছিল, "এইবাৰ মই ৰক্ষা পাম এনে আশা নাই। " সেইদিনা ৰাতিয়ে ২:৪০ মিনিটত ৬০ বছৰ বয়সত তেওঁৰ নৰ নাটৰ সামৰণি পৰিছিল। শৱযাত্ৰাৰ সময়ত অৰ্ধনমিত জাতীয় পতাকা আৰু ফুলৰ মালাৰে সুশোভিত মটৰ এখনত তেওঁৰ শৱধাৰা তুলি লোৱা হৈছিল। শৱধাৰাৰ আগে আগে উৰুলি আৰু হৰিধ্বনি কৰা হৈছিল। প্ৰায় আধা মাইল জোৰা শোভাযাত্ৰাত হাজাৰ হাজৰ জনতা, অসম পুলিচৰ বেটেলিয়ন আৰু সশস্ত্ৰ পুলিচ বাহিনীয়ে মৌনভাবে শেষ সন্মান প্ৰদৰ্শন কৰিছিল। ঠায়ে ঠায়ে সমবেত জনতাই আখৈ, চন্দন, দুৱা, অক্ষত পুষ্প আদি বৰ্ষণ কৰিছিল। চহৰ প্ৰদক্ষিণৰ পিছত শৱধাৰা কংগ্ৰেছ অফিচলৈ নিয়া হৈছিল আৰু তাতে জাতীয় পতাকাৰে শ আবৃত্ত কৰা হৈছিল। তাৰ পিছত নৱগ্ৰহ শ্মশানলৈ নি নানা ধৰণৰ ৰাজকীয় সন্মান প্ৰদৰ্শন কৰাৰ পিছত অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।
ৰচনাৱলী
গোপীনাথ বৰদলৈ এগৰাকী লেখকো আছিল। তেখেতে বিশেষকৈ শিশুহঁতৰ বাবে বহুকেইখন কিতাপ লিখি থৈ গৈছে।
শ্ৰীৰামচন্দ্ৰ
বুদ্ধদেৱ
যীশুখ্ৰীষ্ট
হজৰত মহম্মদ
গান্ধীজী
তৰুণৰাম ফুকন
অনাসক্তি যোগ
ভাৰত-ৰত্ন সন্মান
১৯৯৯ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক সেই সময়ৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰত চৰকাৰে মৰণোত্তৰভাৱে দেশৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰে। গোপীনাথ বৰদলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম ব্যক্তি। ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সমাৰোহত ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে প্ৰয়াত বৰদলৈৰ পত্নী সুৰবালা বৰদলৈৰ হাতত এই সন্মান অৰ্পণ কৰে। ভাৰত চৰকাৰে বৰদলৈৰ নামত এটি 'প্ৰচ্ছদ খাম' মুকলি কৰিছে। তদুপৰি তেওঁৰ জন্মস্থান ৰহাত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত ৰহা চিকিৎসালয়ৰ ডাক্তৰ আবাস গৃহৰ ঘৰ-মাটি অধিগ্ৰহণ কৰি তাত এটা মিউজিয়াম সদৃশ অনুষ্ঠান পতাৰ বাবে ব্যৱস্থা কৰি তাৰ আধাৰশিলা ৰাজ্যপালে স্থাপন কৰিছে। গুৱাহাটী বৰঝাৰ বিমানবন্দৰটো গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হৈছে।
অনান্য সন্মান আৰু দিৱস
৫ আগষ্ট তেখেতৰ মৃত্যু দিনটো লোক কল্যাণ দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি অসম চৰকাৰে ঘোষণা কৰে। লগতে উক্ত দিনটোত প্ৰতিখন জিলাৰ তিনিজনকৈ তৃতীয়-চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীক নিৰ্বাচন কৰা হ’ব। যিসকলৰ বিৰুদ্ধে কোনোধৰণৰ দুৰ্নীতিৰ অভিযোগ নথকাৰ লগতে কৰ্মচাৰীজনৰ দক্ষতাও থাকে ৷ উপহাৰস্বৰূপে নিৰ্বাচিত কৰ্মচাৰীজনৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
অসমৰ মুখ্যমন্ত্ৰী
অসমীয়া প্ৰবন্ধকাৰ
অসমৰ স্বাধীনতা সংগ্ৰামী
ভাৰত ৰত্ন বঁটা বিজয়ী
অসমৰ ৰাজনীতিক
অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
|
4374
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%B8
|
কালিদাস
|
কালিদাস (সংস্কৃত: कालिदासः) (অৰ্থ: কালি বা চিঞাহীৰ দাস বা উপাসক) আছিল এজন ধ্ৰুপদী সংস্কৃত ৰচয়িতা যাক সংস্কৃত ভাষাৰ শ্ৰেষ্ঠ কবি আৰু নাট্যকাৰ বুলিও গণ্য কৰা হয়।
তেওঁৰ জীৱনকাল সম্বন্ধে অধিকাংশ তথ্যই অজ্ঞাত। মাত্ৰ তেওঁৰ কাব্য আৰু নাট্যৰ পৰা সামান্য পাঠোদ্ধাৰ সম্ভৱ। তেওঁৰ জীৱনকালৰ সঠিক সময়সীমা উদ্ধাৰ নহ'লেও পঞ্চম শতিকা বুলি অনুমান কৰা হৈছে।
ইংৰাজী সাহিত্যত ৱিলিয়াম শ্যেক্সপীয়েৰৰ যি স্থান, সংস্কৃত সাহিত্যতো কালিদাসৰ স্থান একেই বুলি গণ্য কৰা হয়। তেওঁৰ নাট্য আৰু কাব্যসাহিত্য ঘাইকৈ হিন্দু পুৰাণ আৰু দৰ্শনৰ ওপৰত ভিত্তি কৰি লিখা।
জীৱন
পণ্ডিতসকলৰ মতে কালিদাস হিমালয়ৰ ওচৰত বাস কৰিছিল, পৌৰাণিক উজ্জয়িনী আৰু কলিংগৰ পৰিধিৰ অন্তৰালত। এই প্ৰতিপাদ্যটি কালিদাসৰ কুমাৰসম্ভৱৰ হিমালয়ৰ বহল বৰ্ণনাৰ ওপৰত ভিত্তিত, মেঘদূতত কবিৰ উজ্জয়িনীলৈ থকা প্ৰেম প্ৰদৰ্শন আৰু তেওঁৰ প্ৰসস্তি কলিংগ সম্ৰাট হেমাংগদ ৰঘুবংশত (ষষ্ঠ সৰ্গ)।
সময়কাল
বহুসংখ্যক পৌৰাণিক আৰু মধ্যযুগৰ গ্ৰন্থৰ মতে কালিদাস এজন সম্ৰাট বিক্ৰমাদিত্যৰ ৰাজকীয় কবি আছিল। কিংবদন্তি সম্ৰাট বিক্ৰমাদিত্যই খ্ৰীষ্টিয় প্ৰথম শতিকাত উজ্জয়িনীৰ পৰা শাসন কৰিছিল বুলি জনা যায়। আন একাংশ পণ্ডিতৰ মতে এইজন বিক্ৰমাদিত্য ঐতিহাসিক বিক্ৰমাদিত্য নহয়। অন্যান্য উজ্জয়িনীৰ সম্ৰাটসকলেও বিক্ৰমাদিত্য নামৰ শিৰোনাম লৈছিল, উল্লেখযোগ্যভাবে, দ্বিতীয় চন্দ্ৰগুপ্ত (৪১৪-৪৫৫ শতিকা) আৰু যশোধৰ্মণ( ষষ্ঠ শতিকা )।
আটাইতকৈ জনপ্ৰিয় তত্ত্বটো হৈছে, কালিদাসৰ বিকাশ হৈছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত। সেইবাবে তেওঁৰ জীৱনকাল পঞ্চম-ষষ্ঠ শতিকা বুলি ধৰা হয়। বহুতো পাশ্চাত্যৰ পণ্ডিতৰ মতে যেনে ৱিলিয়াম জঞ্ছ আৰু এ বি কীথ, এই তত্ত্ব শুদ্ধ। ভাৰতীয় পণ্ডিত সকলেও তেওঁক এইটো কালতে আৰোপণ কৰিছে। এই তত্ত্বমতে, কালিদাসৰ বৃত্তিকাল কুমাৰগুপ্তৰ পৰা স্কন্দগুপ্তলৈ বিয়পি পৰিছিল।
কালিদাসৰ প্ৰথম হস্তাক্ষৰৰ প্ৰমাণ-তথ্য পোৱা যায় ৪৭৩ খ্ৰীষ্টাব্দত খোদিত সংস্কৃত শিলালিপিত, মন্দসৌৰৰ সূৰ্য মন্দিৰত। তেওঁৰ নাম আৰু আন এজন কবি ভাৰৱীৰ নাম ৬৩৪ খ্ৰীষ্টাব্দৰ এখন শিলালিপিত একেলগে পোৱা যায় বৰ্তমান কৰ্ণাটকৰ আইহলত।
কালিদাসৰ বহুজন বিবাদ
কিছুসংখ্যক পণ্ডিত, এম শ্ৰীনিবাচাৰিয়াৰ আৰু টি এচ নাৰায়ণাশাস্ত্ৰীৰ মতে, কালিদাস নামৰ কবিজনক আৰোপ কৰা ৰচনাৱলী একক ব্যক্তিৰ নহয়। শ্ৰীনিবাচাৰিয়াৰৰ মতে, অষ্টম আৰু নৱম শতিকাৰ পৰা তিনিজনকৈ জীৱিত খ্যাতিসম্পন্ন সাহিত্যিক কালিদাস নাম পোৱা যায়। এইসকলৰ ভিতৰত দেৱেন্দ্ৰ ( "কবি-কল্প-লতা"ৰ ৰচয়িতা ), ৰাজশেখৰ আৰু অভিনন্দ।
শাস্ত্ৰীৰমতে, তলত দিয়া তালিকা অনুসৰি,
কালিদাস ওৰফে মৈত্ৰীগুপ্ত, সেতুবন্ধ আৰু তিনিখন কাব্যনাটৰ ৰচয়িতা ( অভিজ্ঞানম শকুন্তলম, মালবিকাগ্নিমিত্ৰম আৰু বিক্ৰমোৰ্বৈশ্যম )।
কালিদাস ওৰফে মেধাৰুদ্ৰ, কুমাৰসম্ভৱ, মেঘদূত আৰু ৰঘুবংশমৰ ৰচয়িতা।
কালিদাস ওৰফে কোটিজিৎ, ৰিতুসংহাৰ, শ্যামল-দণ্ডকম আৰু শৃংগাৰতিলক।
শাস্ত্ৰীয়ে ইয়াৰ উপৰিও অন্য ছয়জন সাহিত্যিক কালিদাসৰ উল্লেখ কৰিছে: পৰিমল কালিদাস বা পদ্মগুপ্ত ( ৰচনা নৱসাহসংক ), যমকবি ওৰফে কালিদাস ( নলোদয়ৰ ৰচয়িতা), নৱকালিদাস ( ৰচনা চম্পো ভাগৱত ), কালিদাস অকবৰীয় ( "সমস্যা"ৰ কৃত ), কালিদাস অষ্টম ( ৰচনা লম্বোদৰ প্ৰহসন ) আৰু অভিনৱ কালিদাস ওৰফে মাধৱ ( সংক্ষেপ-শংকৰ-বিজয়ম ৰচয়িতা )।
কে কৃষ্ণমূৰ্তিৰ মতে, বিক্ৰমাদিত্য বা কালিদাসে সাধাৰণত: বিশেষ্য হিচাপে যিকোনো অনুদানিত/পালিত সম্ৰাট আৰু তেওঁৰ ৰাজসভাৰ ৰাজকবিক বুজায়।
প্ৰবাদমতে কবিজন তেওঁৰ সৌন্দৰ্য্যৰ বাবে জনাজাত আছিল যাৰ বাবে ৰাজকুঁৱৰী বিদ্যোতমা তেওঁৰ প্ৰতি আকৰ্ষিত হয় আৰু বিয়া কৰায়। কিন্তু কালিদাসৰ কোনো শিক্ষা-দিক্ষা নাছিল। সেইকাৰণে ৰাজকুঁৱৰী তেওঁৰ মুৰ্খতাৰ বাবে লজ্জিত হৈ কালিদাসক কটু কথা শুনায়। তেতিয়া কালিদাসে এটা কুঁৱাৰ ওচৰলৈ আত্মহত্যাৰ উদ্দেশ্যে গৈ তেওঁৰ আৰাধ্য দেৱী কালীক (কিছুমানৰ মতে সৰস্বতী) স্মৰণ কৰে আৰু দেৱীয়ে নিজৰ ভক্তক অসাধাৰণ বুদ্ধিমত্তা প্ৰদান কৰে। প্ৰবাদ অনুসৰি উজ্জয়িনীৰ ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্নৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ বুলি পৰিগণিত হয়। ইয়াকো কোৱা হয় যে শ্ৰী লংকাত কুমাৰদাসৰ শাসনকালত এজন সভাসদে তেওঁক হত্যা কৰে।
পৰৱৰ্তী ব্যাপ্তি
বহুতো পণ্ডিতে কালিদাসৰ সম্পৰ্কে টীকাভাষ্য বা আলচ্য আগবঢাইছে। তাৰ ভিতৰত সবাতোকৈ বহুল পঠিত টীকাভাষ্যখন হৈছে কোলাচ্চল মল্লিনাথ চোৰীৰ দ্বাৰা ১৫শ শতিকাত ৰচিত। ইয়াতকৈ পুৰণি টীকাভাষ্যখনৰ ৰচয়িতা কাশ্মীৰি পণ্ডিত বল্লভদেৱ। প্ৰসিদ্ধ সংস্কৃত কবি বাণভট্ত, জয়দেৱ আৰু ৰাজশেখৰ আদিয়ে প্ৰণিপাতত মনোমোহা ৰচনাৰ প্ৰশংসা ৰাখি গৈছে। সৰ্বজনবিদিত কবিতা ( উপমা কালিদাসস্য....)ই কালিদাসৰ উপমা আৰু বক্তব্যৰ দক্ষতাৰ প্ৰশংসা কৰি গৈছে।
কালিদাসৰ অভিজ্ঞানমশকুন্তলম হৈছে প্ৰথমখন ইংৰাজী ভাষালৈ অনূদিত হোৱা গ্ৰন্থ। পিছলৈ ই জাৰ্মান ভাষালৈও অনূদিত হয় আৰু প্ৰথিতযশা জাৰ্মান কবিসকলক যেনে হাৰ্ডাৰ আৰু গ'থক অভিভূত কৰে।
প্ৰভাৱিত
কালিদাসৰ প্ৰভাৱ বিভিন্ন সংস্কৃত ৰচনাৱলীত, আৰু প্ৰায়সমূহ ভাৰতীয় ভাষাতে পৰিছিল। কালিদাসৰ প্ৰভাৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ক্ষেত্ৰত উল্লেখ্য। মেঘদূত কাব্যৰ ৰমন্যাসবাদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ষা কালৰ ওপৰত লিখা ৰচনাৰাজিত পোৱা যায়। কালিদাসকৃত সংস্কৃত নাট্যসমূহৰ প্ৰভাৱ ১৮ শতিকাৰ শেহৰফালে আৰু ১৯ শতিকাৰ আৰম্ভণিত ইউৰোপীয় সাহিত্যত পৰে।
তথ্যসূত্ৰ
ভাৰতৰ ব্যক্তি
নাট্যকাৰ
|
4377
|
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%A4%E0%A7%80%20%28%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29
|
ইন্দ্ৰমালতী (চলচ্চিত্ৰ)
|
ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ। প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ ব্যৱসায়িক বিপৰ্য্যয়ৰ পাছত কম খৰচতে এই ছবিখন নিৰ্মাণ কৰা হৈছিল। ঘাইকৈ জয়মতীত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল। জ্যোতিপ্ৰসাদৰ নিজৰ ভাষাতেই “…ফিল্মখনৰ অৰ্থক্ষতি আৰু সৌন্দৰ্য্য হানি কৰিও খৰচ কমাই ৰখা হৈছে। …টকা খৰচ কমাবলৈকে ফিল্মখনৰ বহু ঠাইত কথাৰ বাহুলতা কমাই পেলোৱা হৈছে আৰু তাৰ বাবে ফিল্মখনৰ সৌন্দৰ্য্য হানি নোহোৱাকৈ থকা নাই।”
কাহিনী
ধনী বেৰিষ্টাৰৰ পুত্ৰ ইন্দ্ৰজিৎ বৰুৱাই গৰমৰ বন্ধত ঘৰলৈ আহি উভতি যোৱাৰ আগেয়ে এবাৰ গাঁৱলৈ যায় দদায়েক-খুৰীয়েকৰ খবৰ লবলৈ। সেই গাঁৱতে ইন্দ্ৰই লগ পালে শিক্ষক হলিৰামৰ জীয়াৰী মালতীক। আৰু দুয়ো ইজনে সিজনক ভাল পাবলৈ ধৰে। ইন্দ্ৰ ঘূৰি আহি কলিকতা পালেগৈ। সিফালে মালতীক বিয়া কৰাবলৈ মন পাঙি ৰখা চণ্ডীৰামে মালতীক চল কৰি পলুৱাই লৈ গৈ এখন মিচিং গাঁৱৰ গাঁৱবুঢ়াৰ ঘৰত লুকুৱাই ৰাখে। গাঁৱবুঢ়াৰ জীয়ৰী উপীনাই শেষত মালতীৰ মনৰ কথা বুজি পায়। মালতীৰ অপহৰণৰ সংবাদ পাই ইন্দ্ৰই বন্ধু ললিতৰ লগত গাঁৱলৈ আহে। ইন্দ্ৰ আৰু ললিতে গাঁৱলৈ আহি জানিব পাৰে যে মালতীৰ একো খবৰেই নাই, আনকি মাক-পিতাকেও তাইৰ বিচাৰ-খোঁচাৰ কৰা বাদ দিছে, কাৰণ ইমান দিন বাহিৰত থকাৰ পাছত তাইক ঘৰত স্থান দিয়াৰ প্ৰশ্নই নুঠে। ইন্দ্ৰই খবৰ উলিয়ায় যে মালতীক নি মিচিং গাঁৱত ৰখা হৈছে, সেয়ে তেওঁ সেই গাঁৱলৈ যাবলৈ ওলাই যায়। আনহাতে চণ্ডীৰামে বাৰে বাৰে চেষ্টা কৰিও মালতীক ভুলাব নোৱাৰিলে। উপীনাই নিজৰ প্ৰেমিক লেহেমৰ লগ লাগি মালতীক গাঁৱলৈ বুলি নাৱত উঠাই লৈ আনে। সেই কথা গম পাই চণ্ডীৰামে পাছ লয়। লেহেম আহত হৈ নদীত পৰি যায়। ভয়তে মালতীয়ে নদীত জাঁপ দিয়ে। নদীত অৱশ হৈ ভাঁহি আহি থকা মালতীক ইন্দ্ৰ আৰু ললিতে উদ্ধাৰ কৰে। তেওঁলোক আটায়ে মিচিং গাঁৱলৈ যায়। মালতীয়ে গাঁৱলৈ ঘূৰি যাবলৈ অমান্তি হয়। সেয়ে মালতীয়ে ইন্দ্ৰৰ লগত মিচিং গাঁৱৰপৰা ওলাই যায় এক অনিশ্চিত ভৱিষ্যতৰ ফালে। ইন্দ্ৰই মাথোঁন কয়, “সূৰ্য্যৰ পোহৰে আমাক বাট দেখুৱাই লৈ যাব।”
অভিনয় শিল্পী
ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল মনোভিৰাম বৰুৱাই। ফণী শৰ্মাই তেখেতৰ বন্ধু ললিতৰ চৰিত্ৰত অভিনয় কৰে। ৰাসেশ্বৰী বৰুৱাই মালতীৰ চৰিত্ৰত ৰূপদান কৰিছিল। থানু বৰাই কৰিছিল চণ্ডীৰামৰ চৰিত্ৰটো। সুন্দৰপ্ৰতীম বৰুৱা নামে কলিকতাত থকা এক চহকী অসমীয়া ব্যৱসায়ীৰ সৰু চৰিত্ৰ এটাত জ্যোতিপ্ৰসাদে নিজে অভিনয় কৰিছিল। ড॰ ভূপেন হাজৰিকাই এখন ছবিতে নিজৰ কণ্ঠৰ গান 'বিশ্ব বিজয়ী নৱ জোৱান' গাইছিলো আৰু এজন গৰখীয়া ল'ৰাৰ চৰিত্ৰত এই গানটো গোৱাৰ অভিনয়ো কৰিছিল।
মনোভিৰাম বৰুৱা (ইন্দ্ৰ)
ফণী শৰ্মা (ললিত)
জ্ঞানদাভিৰাম বৰুৱা
ডাঃ ললিত মোহন চৌধুৰী
থানু বৰা (চণ্ডীৰাম)
ভূপেন হাজৰিকা (গৰখীয়া ল'ৰা)
ৰাসেশ্বৰী বৰুৱা (মালতী)
উপা কটকী
অন্ন বুজৰবৰুৱা
বেদানন্দ শৰ্মা
খৰ্গেশ্বৰ আগৰৱালা
মণি লাহিড়ী
গজেন বৰুৱা
কাশীকান্ত শইকীয়া
শুভ বৰুৱা
হেমলতা কলিতা
ঘনকান্ত সিংহ
জ্যোতিপ্ৰসাদ আগৰৱালা (সুন্দৰপ্ৰতিম বৰুৱা)
নিৰ্মাণৰ কথা
জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি 'জয়মতী' (১৯৩৫) ব্যৱসায়িক ভাৱে অত্যন্ত অসফল আছিল। আনহাতে সেই ছবিখনত অৰ্থব্যয় কৰা হৈছিল পঞ্চাছ হাজাৰতকৈ অধিক টকা। এই লোকচান পূৰাবলৈকে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল দ্বিতীয়খন অসমীয়া কথাছবি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদৰ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। বৰ্হিদৃশ্যৰ চিত্ৰগ্ৰহণ কৰা হৈছিল তেজপুৰৰ মিছন চাৰিআলিৰ কাষৰ তেওঁলোকৰ পৰিয়ালৰে তালবাৰীত। প্ৰায় সাত দিনৰ ভিতৰত 'ইন্দ্ৰমালতী'ৰ লোকেছন ছুটিং শেষ কৰা হৈছিল। কেমেৰাৰ মুভমেণ্ট ৰখা হোৱা নাছিল। কেমেৰা একেঠাইতে ৰাখি এংগোল সলাই চিত্ৰগ্ৰহণ কৰা হৈছিল। এইখন ছবিৰ ছুটিঙৰ বাবে 'জয়মতী'ত ব্যৱহৃত ভোলাগুৰি চাহবাগিচাৰ 'চিত্ৰবন' ষ্টুডিঅ'টো ব্যৱহাৰ কৰা হোৱা নাছিল। অন্তৰ্দৃশ্যৰ ছুটিং কৰা হৈছিল কলিকতাৰ নাৰিকেলডাংগাৰ অৰোৰা ষ্টুডিঅ'ত। মাথোঁ তিনিদিনৰ ছুটিঙতে এইখন ছবিৰ ষ্টুডিঅ'ৰ দৃশ্যগ্ৰহণৰ কাম শেষ কৰা হৈছিল।
লাভালাভ
১৯৩৯ চনত 'ইন্দ্ৰমালতী' মুক্তি দিয়া হৈছিল। ছবিখন ব্যৱসায়িক ভাৱে সফল হৈছিল বুলি জনা যায়। এই ছবিখনে 'জয়মতী'ত হোৱা লোকচানৰ জোৰা কিছু পৰিমাণে মাৰিবলৈ সক্ষম হৈছিল। কিন্তু কম খৰচত কৰিব লগীয়া হোৱা বাবে ছবিখনৰ শৈল্পিক মুল্য বহু পৰিমাণে কমি যোৱা বুলি জ্যোতিপ্ৰসাদে আক্ষেপ কৰাৰ কথা প্ৰথমেই উল্লেখ কৰা হৈছে।
ছবিখনৰ বৰ্তমানৰ অৱস্থা
বৰ্তমান সম্পূৰ্ণ ছবিখন নাই। কলিকতাৰ অৰোৰা ষ্টুডিঅ'ত হোৱা অগ্নিকাণ্ডৰপৰা ছবিখনৰ মাত্ৰ দুটা ৰীলহে বাচে। সেই খিনিকে হৃদয়ানন্দ আগৰৱালাই সযতনে সংৰক্ষণ কৰি ৰাখিছিল। ড॰ ভূপেন হাজৰিকা পৰিচালিত তথ্যচিত্ৰ 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী'-ত ইন্দ্ৰমালতীৰ কিছু অংশ দেখুওৱা হৈছে।
প্ৰসংগ
দাস, অৰুণলোচন (২০০১)। 'এবাৰ উভতি চাওঁ'। শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
অসমীয়া চলচ্চিত্ৰ
১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰ
১৯৩৯ বৰ্ষৰ চলচ্চিত্ৰ
|
4378
|
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%AE%E0%A6%A4%E0%A7%80%20%28%E0%A7%A7%E0%A7%AF%E0%A7%A9%E0%A7%AB%20%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29
|
জয়মতী (১৯৩৫ চলচ্চিত্ৰ)
|
জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ 'সতী জয়মতী' নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল। ১৯৩৫ চনত 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।
এতিয়া আংশিক ভাৱেহে পোৱা এই ছবিখন ভাৰতৰ তৃত্বীয়খন সবাক ছবি ( আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰিব কৰা হৈছে। ছবিখনক আংশিক ভাৱে আলটাফ মজিদে উদ্ধাৰ কৰিছে।
কাহিনী সাৰাংশ
সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেঁজা দি নিৰ্মাণ কৰা এই কথাছবিখনত জয়মতীৰ কাহিনী দৰ্শোৱা হৈছে। নিজৰ ৰাজপাট নিষ্কণ্টক কৰিবলৈ বৰফুকন লালুকসোলাৰ নিৰ্দেশত ল'ৰা ৰজাই ৰাজ্যৰ কোঁৱৰ সকলৰ অংগক্ষত কৰাৰ নিৰ্দেশ দিয়ে। এই অত্যাচাৰৰপৰা হাত সাৰিবলৈ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি ৰাজ্য এৰি নগা পাহাৰত গৈ আশ্ৰয় লয়। গদাপানিক বিচাৰি নাপাই তেখেতৰ বতৰা বিচাৰি তেখেতৰ পত্নী জয়মতীক জেৰেঙা পথাৰত কেবাদিনলৈ অত্যাচাৰ চলোৱা হয়। কাহিনীটো বুৰঞ্জীমূলক হ'লেও ছবিখনত ইয়াক সমকালীন ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত তুলনা কৰা দেখা যায়।
'জয়মতী' নিৰ্মাণৰ আঁৰৰ কাহিনী
ইংলেণ্ডৰপৰা উভতি অহাৰ সময়ত জ্যোতিপ্ৰসাদে ৬ মাহৰ বাবে ইউ. এফ. এ. ষ্টুডিঅ'ত (Universum Film AG Studio) চলচ্চিত্ৰ নিৰ্মাণৰ কলা-কৌশল শিকি লয়। অসমলৈ আহি তেওঁ নিজৰ ছবিৰ বাবে জয়মতীৰ কাহিনীটো সমল কৰি ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰে। তাতেই দুটা কেম্পত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে চলচ্চিত্ৰত অভিনয়ৰ কলা-কৌশল শিকোৱা হয়। ছবিৰ কাৰিকৰী কামৰ বাবে লাহোৰৰপৰা কলা-কুশলী আহিছিল। চলচ্চিত্ৰৰ ফিল্ম পৰিস্ফুটণৰ বাবে কলিকতাৰ বাবে বৰফ অনোৱা হৈছিল। ঢাকাত ছবিখনৰ সম্পাদনাৰ কাম কৰা হয়। আৰু তাতেই জ্যোতিপ্ৰসাদে জানিবলৈ পায় যে ছুটিঙৰ সময়ত বাণীবদ্ধ কৰা শব্দবিলাক অহা নাই। জ্যোতিপ্ৰসাদে তেতিয়া শব্দ-ষ্টুডিঅ' ভাৰালৈ লৈ নিজেই কেবা গৰাকীও শিল্পীৰ মাত কথা বাণীবদ্ধ কৰে। তেখেতে হেনো এদিনতে ছ হাজাৰ ফুট ৰীল বাণীবদ্ধ কৰিছিল।
কাহিনীৰ পচ্ছাদপট
জয়মতী আছিল আহোমৰ কোঁৱৰ গদাপানিৰ পত্নী। ১৬৭৯ চনৰপৰা ১৬৮১ চনলৈ স্বৰ্গদেউ চুলিক্ফা (ল'ৰাৰজা)-ই লালুক সোলাৰ নিৰ্দেশত ৰাজ্যৰ কোঁৱৰসকলৰ অংগহানিৰ নিৰ্দেশ দিয়ে। অংগক্ষত থকা কোঁৱৰে ৰাজপাটত বহাত বাধা আছিল বাবেই এই আদেশ দিয়া হৈছিল। গদাপানি পলাই যায়। কেবাখনো সত্ৰত আৰু কাষৰীয়া নগা পাহাৰ আৰু অন্যান্য জনজাতীয় গাঁৱত আশ্ৰয় লৈ গদাপানিয়ে প্ৰাণ ৰক্ষা কৰে। কোঁৱৰ গদাপানিক বিচাৰি উলিয়াব নোৱাৰি চুলিক্ফাৰ সৈন্যই তেখেতৰ পত্নী জয়মতীক ধৰি লৈ যায় আৰু গিৰিয়েকৰ বতৰা দিবলৈ অত্যাচাৰ আৰম্ভ কৰে। জেৰেঙা পথাৰত চলা কেইবাদিনো জোৰা এই অত্যাচাৰৰ পাছত জয়মতীৰ মৃত্যু হয়।
জয়মতীৰ আত্মত্যাগে পাছলৈ ভাল ফল দেখুৱায়। ১৬৮০ চনত লালুক সোলাক হত্যা কৰা হয়। ৰজাঘৰৰ ডা-ডাঙৰীয়া সকলে যোগ্য কোঁৱৰ এজন বিচাৰি গদাপানিক বিচাৰি পঠিয়ায়। গাৰো পাহাৰত আশ্ৰয় লৈ থকা গদাপানিয়ে সৈন্য -সামন্ত গোটাই ল'ৰাৰজাৰ হাতৰপৰা শাসন ভাৰ নিজৰ হাতলৈ আনে।
জয়মতীৰ আত্মত্যাগৰ বাবে জনপ্ৰবাদত তেওঁক সতী বুলি মানি লোৱা হয়।
ৰাইজৰ সঁহাৰি
১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে ছবিখন মুক্তি দিয়া হয় 'ৰৌনক মহল'ত। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ছবিখন মুক্তি দিয়া হয়। ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু বহুত লোকচান ভৰিবলগীয়া হয়।
জয়মতীৰ চলচ্চিত্ৰ শৈলী
অসমীয়া সমাজ আৰু বুৰঞ্জীৰ সমল লৈ নিৰ্মিত জয়মতীত ৰাছিয়ান চলচ্চিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়। দ্ৰূত সলনি হোৱা কেমেৰাৰ শ্বট, বিশেষ ভাৱে নিৰ্মাণ কৰা ছেট, আৰু কলা নিৰ্দেশনাত ব্যৱহৃত প্ৰতিকী ব্যঞ্জনাই জ্যোতিপ্ৰসাদৰ কলাত্মক বিবেচনাবোধৰ পৰিচয় দিয়ে।
কাৰিকৰী কথা
সৰ্বমুঠ ৪২৬৭.২০ মিটাৰ দীঘল ফিল্মত এই ছবিখন তোলা হৈছিল।
'জয়মতী'ৰ চিত্ৰগ্ৰহণ
জয়মতীৰ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে জ্যোতিপ্ৰসাদে গহপুৰৰ কাষৰ ভোলাগুৰি চাহ বাগিচাত 'চিত্ৰবন' নাম দি এটা ষ্টুডিঅ' নিৰ্মাণ কৰি লয়। এই ষ্টুডিঅ' নিৰ্মাণত থলুৱা সামগ্ৰীৰে থলুৱা আৰ্হিৰ ঘৰ সাজি লোৱা হৈছিল। বাঁহৰ জাঁপি, পহু আৰু ম'হৰ শিং আৰু নগা যাঠীৰে জ্যোতিপ্ৰসাদে ষ্টুডিঅ'ৰ ভিতৰৰ আহোম ৰাজচ'ৰা সাজি লৈছিল। পুৰণি অসমীয়া সাজ-বাছনো গোটাই লৈছিল। লাহোৰৰপৰা শব্দযন্ত্ৰী হিচাপে আহিছিল ফৈজী ভাতৃদ্বয়, নিজৰ আৱিষ্কাৰ 'ফৈজী ছাউণ্ড ছিষ্টেম' লৈ। কেমেৰা অনা হৈছিল কলিকতাৰ 'মেহতা'ৰপৰা।
১৯৩৩ চনৰ ডিচেম্বৰ মাহত কলা-কুশলী সকল 'চিত্ৰবন'ত জমা হ'বলৈ ধৰে। তাতেই তেওঁলোক আটাইৰে থকা-খোৱাৰ বন্দবস্ত কৰা হৈছিল। ফিল্ম পৰিস্ফুটনৰ বাবে তাতেই ৰসায়ানাগাৰ গঢ়ি লোৱা হৈছিল।
নটসূৰ্য ফণী শৰ্মাৰ আত্মজীৱনীত পোৱা অনুসৰি চিত্ৰবন অকল ষ্টুডিঅ'ই নাছিল , তাত চিনেমা সম্পৰ্কীয় পাঠদানো কৰা হৈছিল। ফিল্মৰ পৰিস্ফূটনৰ কাম-কাজ, সম্পাদনা, কেমেৰাৰ স্থান ইত্যাদিৰ ওপৰত জ্যোতিপ্ৰসাদে তেওঁলোকক শিকাইছিল। অভিনয়ৰ বাহিৰেও নৃত্য-গীত, শৰীৰ চৰ্চা আদিয়ো কৰোৱা হৈছিল।
ছবিৰ ছুটিঙৰ কাম ১৯৩৪ চনত আৰম্ভ কৰা হৈছিল যদিও কেইদিন পাছতেই বন্ধ কৰি দিয়া হয়। কাৰণ জয়মতীৰ বাবে এগৰাকী উপযুক্ত অভিনেত্ৰী বিচাৰি পোৱা হোৱা নাছিল। অৱশেষত তেওঁ গোলাঘাটৰ ওচৰৰ গাঁৱ এখনত আইদেউ সন্দিকৈক বিচাৰি পায়।
দ্বিতীয়বাৰ আৰম্ভ কৰাৰ পাছতো ডাৱৰীয়া বতৰৰ বাবে ছেগা-ছোৰোকাকৈহৈ ছুটিঙ কৰিব পৰা গৈছিল। ১৯৩৪ চনৰ আগষ্ট মাহত ছবিৰ ছুটিঙৰ কাম শেষ হয়। জ্যোতিপ্ৰসাদে নিজেই সম্পদনা কৰি ১৯৩৫ চনত ছবিখন মুক্তি দিয়ে।
অভিনয়ত
ফুনু বৰুৱা
আইদেউ সন্দিকৈ
মোহিনী ৰাজকুমাৰী
স্বৰ্গজ্যোতি বৰুৱা
মনোভিৰাম বৰুৱা
ফণী শৰ্মা
স্নেহ চন্দ্ৰ বৰুৱা
নৰেন বৰদলৈ
ৰানা বৰুৱা
চামচুল হক
ৰাজেন বৰুৱা
পুতুল হক
প্ৰতাপ বৰুৱা
ৰাজকুমাৰী গোহাই
সুবৰ্ণৰেখা শইকীয়া (সেউতীৰ চৰিত্ৰত)
ললিত মোহন চৌধুৰী
বনমালী দাস
প্ৰফুল্ল চন্দ্ৰ বৰুৱা
কমলা প্ৰসাদ আগৰৱালা
ছবিখনৰ পুনৰুদ্ধাৰ
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই ছবিখন হেৰাই যোৱা বুলি ভবা হৈছিল যদিও, ১৯৭০ চনৰ প্ৰথমভাগত জ্যোতিপ্ৰসাদৰ সৰু ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ সাতোটা ৰীল গেৰেজ ঘৰত পৰি থকা আৱিষ্কাৰ কৰে। ড॰ ভূপেন হাজৰিকাৰ লগ লাগি ১৯৭৬ চনত 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী' নামে এখন তথ্য চিত্ৰ নিৰ্মাণ কৰি সেই অংশটো ছবিখনত ব্যৱহাৰ কৰে। এই ৰৈ যোৱা অংশৰপৰাই আল্টাফ মজিদে ছবিখন আংশিক ভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
চিত্ৰবন ষ্টুডিঅ'ৰ বৰ্তমান অৱস্থা
গহপুৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ পশ্চিমে অৱস্থিত ভোলাগুৰি চাহ বাগিচাত এতিয়াও 'চিত্ৰবন'ৰ অৱশেষ আছে।
আৰু চাওক
জয়মতী (২০০৬ চলচ্চিত্ৰ)
জয়মতী কুঁৱৰী
ইন্দ্ৰমালতী (১৯৩৯)
জ্যোতি চিত্ৰবন
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Jyoti Prasad Agarwala and his films, from rupkowar.com
Joymoti at SPICE
অসমীয়া চলচ্চিত্ৰ
১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰ
|
4379
|
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%B9%E0%A7%80%20%28%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29
|
ৰূপহী (চলচ্চিত্ৰ)
|
ৰূপহী () ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ। পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই ছবিখনৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগি ভস্মীভূত হয়। আনকি কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত ছবিখনৰ নিগেটিভো নষ্ট হৈ যায়।
নিৰ্মাণৰ কথা
দ্বিতীয় মহাসমৰৰ দপদপনিৰ মাজতে ৰূপহী নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। পাৰ্ৱতি প্ৰসাদ বৰুৱাই 'বৰুৱা বোলছবি, ৰূপালী পাম' নাম দি এটা চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। এই প্ৰতিষ্ঠানৰ বেনাৰতে ৰূপহী নিৰ্মাণ কৰা হয়। ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰাৰ উপৰিও পাৰ্ৱতি প্ৰসাদে ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু গীতি-সাহিত্য ৰচনা কৰে আৰু সংগীত পৰিচালনাৰো দায়িত্ব লয়। কমলেশ্বৰ চলিহাৰ এটা চুটি গল্পৰ আধাৰত ৰূপহীৰ কাহিনী গঢ় লৈ উঠে। অৱশ্যে পাছলৈ মূল গল্পৰ লগত ছবিখনৰ কাহিনীৰ অমিল দেখা যায়। তাৰ কাৰণ তলত উল্লেখ আছে। প্ৰথম অংশৰ দৃশ্য গ্ৰহণ মাজুলীত কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ ৰাস-নৃত্য আৰু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ দৃশ্য তুলি কলিকতালৈ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে যোৱা হয়। কলিকতাত গম পোৱা যায় যে অসমত কৰা দৃশ্যগ্ৰহণৰ এখনো ছবি নুঠিল। সেয়ে পাৰ্ৱতি প্ৰসাদে সেই অংশ বাদ দি গোটেই গল্পটোকে নকৈ সজাই লবলগীয়া হয়। তাৰ ফলতে বিয়োগান্ত গল্পটো মিলনান্ত গল্পলৈ পৰিৱৰ্তন কৰা হয়। কলিকতাৰ 'শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅ'ত' ছেট সাজি ছবিখনৰ দৃশ্য গ্ৰহণ কৰা হয়। ১৯৪১ চনৰ ৩০ আগষ্ট তাৰিখে কলিকতাৰ 'পূৰবী থিয়েটাৰ'ত ছবিখনৰ প্ৰিমিয়াৰ কৰা হৈছিল। ১৯৪১ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ 'সতী টকী হাউছ'ত (পিছলৈ বিজুলী চিনেমা ঘৰ) ছবিখন মুক্তি দিয়া হয়।
ছবিৰ কাহিনী
লুইতপৰীয়া এখনি সৰু গাঁও ৰূপহীমুখৰ এহাল ডেকা-গাভৰু ভূমি আৰু চম্পা। তেওঁলোকে দুয়ো মিলনৰ সপোন দেখিছিল। কিন্তু ঘাট-মাউৰা চম্পাই ডাঙৰ-দীঘল হয় বৰমেধিৰ ঘৰখনত। পিছে বৰমেধি মায়াৰামে শুৱনি চম্পাক কোনোবা ধনীলৈ বিয়া দি টকা ঘটাৰ সপোন দেখিছিল। নগৰৰ উকীল বিশ্বকান্ত হাজৰিকাৰ মহৰী ধনঞ্জয় দত্তৰ হাতত চম্পাক বিয়া দিম বুলি মায়াৰামে টকা পইচা সৰকাইছিল।
নগৰৰ আঢ্যৱন্ত ভদ্ৰলোক হৰপ্ৰসাদ বৰুৱাৰ সন্তান কনক আৰু মিনতি। উৎসাহী বন্ধু কেইজনমানৰ সহযোগত তেওঁলোকে অসমীয়া কলা-শিল্প-সাহিত্যৰ উন্নতি সাধনত ব্ৰতী হৈছে। আনহাতে বিশ্বকান্ত হাজৰিকাই নিজৰ আভিজাত্যভিমানী আৰু তৰল মতি ছোৱালী মৃদুলাক কনকলৈ বিয়া দিব বিচাৰিছিল। কিন্তু মাৰ্জিত ৰুচিৰ কনকে এই বিয়াত মত দিয়া নাছিল।
ব্ৰতী সংঘৰ সংগঠনৰ কামত কনক আহি ৰূপহীমুখ গাঁও পায় আৰু ইয়াতেই চম্পাৰ লগত চিনাকি হয়। মায়াৰামে এই চিনাকিৰ পৰা অধিক লাভ কৰাৰ আশাত ব্ৰতী সংঘৰ ঘাই সভ্য পৱনৰ কাণত বিহ ঢালেগৈ। মানৱধৰ্মী, কিন্তু ভাৱপ্ৰৱণ পৱনে ভুলি বুজিলে আৰু তেওঁ আজলী ৰূপহী চম্পাক মিছা অপবাদৰপৰা ৰক্ষা কৰিবলৈ কনকক বাধ্য কৰে। কনকে চম্পাক বিয়া কৰাবলৈ সাজু হয়। হৰপ্ৰসাদ বৰুৱা পুতেকৰ বিয়াৰ জোৰোণ লৈ মায়াৰামৰ পদূলিত উপস্থিত হয়। কিন্তু ভূমি আৰু মৃদুলা?
অভিনয়ত
ডানকান আচাও (ভূমি)
কানন চক্ৰবৰ্তী (চম্পা)
গৌৰী কাকতি (কনক)
পুণ্য কোঁৱৰ (মৃদুলা)
সুভা দত্ত (মিনতি)
সূৰ্য বৰুৱা (মায়াৰাম)
শৈলেন ফুকন (বিশ্বকান্ত)
পদ্মধৰ চলিহা (হৰপ্ৰসাদ)
দুলাল গোস্বামী (ধনঞ্জয়)
মণিকা নাজিৰ (কেতেকী)
প্ৰদীপ চলিহা (পবন)
তৰুণ হাজৰিকা (গগন)
চাৰু বৰদলৈ (অমৰ)
দুৰ্গা ফুকন]] (বেজ)
বাপুৰাম বৰা (গোচৰীয়া)
এছ. এম. মহবুবুল্লা (ডাক্তৰ)
শৰৎ বৰা (দাৰোগা)
ৰাম দত্ত (লাটুম)
পাৰ্বতি প্ৰসাদ বৰুৱা (আনন্দ) আৰু বহুতো
কলা-কুশলী
(তথ্যছকত উল্লেখ নথকা সকল)
সংলাপ- পদ্মধৰ চলিহা, মোক্ষদা চলিহা
ব্যৱস্থাপনা- গিৰিজা প্ৰসাদ বৰুৱা
ৰসায়ানাগাৰ- জগৎ ৰায়চৌধুৰী, পূৰ্ণ চেটাৰ্জী
শব্দ- চাৰ্লচ ক্ৰিড্
সংগীত
গীত ৰচনা তথা সঙ্গীত পৰিচালনা পাৰ্ৱতি প্ৰসাদ বৰুৱা। কণ্ঠ দিছিল চাৰু বৰদলৈ, তৰুণ হাজৰিকা, দুৰ্গা ফুকন, পূৰ্ণ কোঁৱৰ আৰু পাৰ্ৱতি প্ৰসাদ বৰুৱাই।
ব্যৱসায়
মুঠ দুটা প্ৰিণ্টেৰে ৰূপহী মুক্তি দিয়া হৈছিল। ৰূপহী ছবিঘৰত ভালকৈ চলোৱা হোৱা নাছিল। সেই বাবে এই ছবিখনে ভাল ব্যৱসায় কৰিব পৰা নাছিল।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱা
অসমীয়া চলচ্চিত্ৰ
১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰ
১৯৪১ বৰ্ষৰ চলচ্চিত্ৰ
|
4382
|
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE
|
শিক্ষা
|
ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হৈছে:
জ্ঞান, পাৰদৰ্শিতা আৰু তথ্য আহৰণৰ প্ৰয়োজনীয়তা,
শিক্ষা প্ৰদানৰ বাবে উৎসুক ব্যক্তিৰ সহায়
ভ্ৰান্ত চিন্তাধাৰা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আৰু সক্ষমতা,
মানসিক উৎকৰ্ষ সাধন।
এজন শিক্ষিত ব্যক্তি শুদ্ধ বিশ্লেষণ ক্ষমতা, পৰিস্কৃত চিন্তা কৰাৰ ক্ষমতা উপযুক্তভাবে প্ৰয়োগ কৰি স্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। সেয়েহে, শিক্ষা হৈছে প্ৰাণীৰ অনুধাৱন সক্ষমতা (cognitive cartography), যি ধাৰকক অভিজ্ঞতা আৰু উৎকৰ্ষ সাধনৰ মাজত সংগলগ্নতা স্থাপন কৰি সমস্যা সমাধানৰ উপযুক্ত পন্থা অৱলম্বনত সহায় কৰে।
সম্যক অৰ্থত জ্ঞান আহৰণ আৰু প্ৰদানৰ প্ৰক্ৰিয়াকো শিক্ষা বোলা হয়।
শিক্ষা ব্যৱস্থা
"প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে সচৰাচৰ প্ৰয়োজনীয় বিষয়সমূহৰ উপৰিও বিভিন্ন ধৰণৰ কাৰিকৰী আৰু পেচাগত বিশিষ্ট আৰু ব্যৱস্থাপনাক সামৰি লৈ ক্ৰম অনুসাৰে বিভিন্ন স্তৰত সজ্জিত, সময় নিৰ্ধাৰিত শিক্ষণ প্ৰণালীকে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বোলা হয়। " এনে শিক্ষা ব্যৱস্থাক তলত দিয়া ধৰণে বিভিন্ন পৰ্যায় বা বিভাগত ভগাব পাৰি। অৱশ্যে এই ভাগবোৰ পানী নসৰকা বিধৰ নহয় আৰু এক প্ৰকাৰ ব্যৱস্থা অন্য এক প্ৰকাৰৰ লগত ওপৰা-উপৰিকৈও প্ৰদান কৰা হ'ব পাৰে।
লক্ষণীয় যে নিম্নোক্ত শ্ৰেণীবিভাজনসমূহ দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন ভিন্ন হ'ব পাৰে। উদাহৰণস্বৰূপে কোনো কোনো দেশত কেৱল প্ৰাথমিক শিক্ষাক, কোনো দেশত (প্ৰাক-প্ৰাথমিক শিক্ষা + প্ৰাথমিক শিক্ষা)-ক একেলগে, একেখন বিদ্যালয়ৰ পৰা প্ৰদান কৰা হয়। কোনো কোনো ক্ষেত্ৰত মাধ্যমিক শিক্ষা নিম্ন মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আদি শাখাত বিভক্ত কৰা হয়। প্ৰাক-প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি প্ৰথমচোৱা শিক্ষাক (দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন) কেতিয়াবা বুনিয়াদী শিক্ষা(Elementary education) বোলা হয়। (উচ্চশিক্ষা আৰু তেনে ধৰণৰ বিশেষ শিক্ষা প্ৰক্ৰিয়াৰ বিষয়ে পাছৰ অনুচ্ছেদসমূহত আলোচনা কৰা হৈছে)।
ভাৰতবৰ্ষত ২০০৯ চনত গৃহীত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ 21A অনুচ্ছেদ অনুসৰি ৬ৰ পৰা ১৬ বছৰ পৰ্য্যন্ত চৰকাৰী বিদ্যালয়ত শিশুৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰা হয়। বেচৰকাৰী বিদ্যালয়সমূহেও তেওঁলোকৰ ২৫% শিশুক এই সুবিধা দিয়াতো বাধ্যতামূলক।
প্ৰাক-প্ৰাথমিক শিক্ষা
শিশুক শিক্ষালাভৰ বাবে প্ৰস্তুত কৰিবলৈ প্ৰাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা। এই স্তৰত মুখ্যতঃ খেল ধেমালিৰ জৰিয়তে শিশুক পৰৱৰ্তী স্তৰৰ শিক্ষালাভৰ বাবে প্ৰস্তুত কৰা হয়। সাধাৰণতে এই স্তৰত (আৰু পাচৰ স্তৰতো) মেৰীয়া মণ্টেছৰীয়ে প্ৰৱৰ্তন কৰা মণ্টেছৰী শিক্ষা প্ৰণালীৰ মনস্ততঃ উপযোগ কৰা হয়।
প্ৰাথমিক শিক্ষা
প্ৰাথমিক শিক্ষা ৫-৭ বছৰ বয়ষীয়া শিক্ষাৰ্থীৰ বাবে প্ৰবৰ্তিত। দেশ বা পদ্ধতি অনুসাৰে এই পাঠ্যক্ৰম ৪ ৰ পৰা ৫ বছৰ পৰ্য্যন্ত হ'ব পাৰে। পৃথিৱীত প্ৰায় ৮৯% ছাত্ৰ-ছাত্ৰীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু লাহে লাহে এই সংখ্যা বাঢ়ি আহিছে। UNESCO-অৰ Education for All কাৰ্য্যক্ৰমৰ অধীনত বিশ্বৰ প্ৰায় সকলো দেশেই ২০১৫ চনৰ ভিতৰত ১০০% নামভৰ্তিৰ বাবে অংগীকাৰবদ্ধ হৈছে। পৃথিৱীৰ বহুত দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু কোনো কোনো দেশত বিনামূলীয়া।
মাধ্যমিক শিক্ষা
প্ৰাথমিক শিক্ষা শেষ কৰি শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। কৈশোৰ অৱস্থাত গ্ৰহণ কৰিব লগীয়া এই শিক্ষাই শিক্ষাৰ্থীক জীৱনত সচৰাসচৰ প্ৰয়োজন হ'ব পৰা বিষয়বোৰৰ সম্যক জ্ঞান দিয়া হয়। লগতে এই শিক্ষাৰ দ্বাৰা ইচ্ছুকজনক বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা, পেচা বা বৃত্তিগত শিক্ষাৰ বাবেও প্ৰস্তুত কৰা হয়। শিক্ষাৰ্থীৰ জীৱনৰ দ্বিতীয় পৰ্যায়ৰ এই শিক্ষাক কোনো কোনো স্থনত মধ্য-মাধ্যমিক, উচ্চ-মাধ্যমিক, আৰু উচ্চতৰ মাধ্যমিক নামৰ তিনিটা স্তৰত ভাগ কৰি পঢ়ুওৱা হয়।
পৰম্পৰাগত শিক্ষা
পৰম্পৰাগত শিক্ষা (Indigenous education) স্থানীয় পৰম্পৰাগত শিক্ষা প্ৰণালীৰ আধাৰত আগবঢ়োৱা হয়। সাধাৰণতে আগৰ ঔপনিবেশিক শাসনৰ অধীনৰ দেশবোৰত নতুন প্ৰজন্মৰ মনলৈ নিজ দেশৰ ঐতিহ্যৰ প্ৰতি জাগৃতি আৰু সন্মান ঘূৰাই আনিবলৈ বিভিন্ন পাঠ্যক্ৰমত এনে শিক্ষাকো অন্তৰ্ভুক্ত কৰা হয়। তদুপৰি ই থলুৱা সপ্ৰদায় সমূহক তেওঁলোকৰ "ভাষা আৰু সংস্কৃতিক পুনৰাৱিস্কাৰ আৰু পুনৰ্মূল্যায়নৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত থলুৱা শিকাৰুৰ শিক্ষাত সহায় হয়"
বৈকল্পিক শিক্ষা
বৈকল্পিক শিক্ষাই (Alternative education) বহল অৰ্থত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ (যিকোনো বয়ষ বা পৰ্যায়ৰ) বাহিৰৰ বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থা বা পদ্ধতিক বুজাব পাৰে। ইয়াক কেতিয়াবা অপৰম্পৰাগত শিক্ষা বা শৈক্ষিক বিকল্প ও বোলা হয়। এনে শিক্ষাব্যৱস্থাই কোনো বিশেষ লক্ষ্য (যেনে বাল্য বিবাহ বা শাৰীৰিক ভাৱে অক্ষমসকল আদি) গ্ৰহণ কৰাৰ উপৰিও বিভিন্ন বৈকল্পিক শৈক্ষিক তত্ত্বৰ প্ৰয়োগ আদিৰ ওপৰতো মনোনিবেশ কৰে।
ওপৰৰ দ্বিতীয় প্ৰকাৰৰ শিক্ষা প্ৰায়েই শৈক্ষিক সংশোধনৰ (educational reform) ফলশ্ৰুতি আৰু প্ৰচলিত বাধ্যতামূলক শিক্ষাব্যৱস্থাৰ লগত নিমিলা শিক্ষাতত্ত্বৰ ওপৰত আধাৰিত হয়। কেতিয়াবা ই ৰাজনৈতিক, গৱেষণামূলক বা দশৰ্ষণমূলকো হ'ব পাৰে বা কেতিয়াবা প্ৰচলিত শিক্ষা ব্যৱস্থাত অসন্তুষ্ট শিক্ষক বা শিকাৰুৰ অসংগঠিত প্ৰয়াসো হ'ব পাৰে। এনে বিকল্পবিলাকৰ ভিতৰত ভেৰোণীয়া বিদ্যালয়সমূহ (charter schools), বৈকল্পিক বিদ্যালয়সমূহ (alternative schools), স্বাধীন বিদ্যালয়সমূহ (independent schools), গৃহশিক্ষা (homeschooling), আৰু স্বচালনা(?) (autodidacticism) আদি উল্লেখযোগ্য। সাধাৰণতে এওঁলোকে সৰু শ্ৰেণী, শিকাৰু আৰু শিক্ষকৰ নিকট সম্পৰ্ক, দলীয় ভাৱনা (sense of community) আদিত গুৰুত্ব আৰোপ কৰে।
বৈকল্পিক শিক্ষাই স্বাধীনচিতিয়া শিক্ষা (independent learning) আৰু শ্ৰেণীকাৰ্যত (class activities) সহায় কৰে বুলিও ভবা হয়।
উচ্চশিক্ষাৰ ব্যৱস্থাসমূহ
উচ্চশিক্ষাক কেতিয়াবা তৃতীয় স্তৰৰ (tertiary), third stage, or post secondary education ও বোলা হয় আৰু বাধ্যতামূলক নহয়। ইচ্ছুক উপযুক্ত শিকাৰুৱে মাধ্যমিক বা স্থান ভেদেউচ্চতৰ মাধ্যমিক শিক্ষা শেষ কৰাৰ পাছত উচ্ছশিক্ষা গ্ৰহণ কৰিব পাৰে।
এই স্তৰত সাধাৰণতে স্নাতক (graduate/bachelor) আৰু স্নাতকোত্তৰ (মাষ্টাৰ আৰু ডক্টৰেট অৱ ফিল'চফি/চাইন্স) দুটা পৰ্য্যায় থাকে। ইয়াৰ উপৰিও এই শ্ৰণীত ভকেশ্যনেল শিক্ষা আৰু ট্ৰেইনিঙো সামৰি লোৱা হয়। কোনো কোনো ক্ষেত্ৰত এই শিক্ষানিষ্ঠানবোৰক তৃতীয় স্তৰৰ শিক্ষানুষ্ঠানো বোলা হয়। সাধাৰণতে তৃতীয় পৰ্য্যায় শেষ কৰাৰ পাছত শিকাৰুক শৈক্ষিক প্ৰমাণপত্ৰ (academic certificate), ডিগ্ৰী বা ডিপ্ল'মা আদি প্ৰদান কৰা হয়।
.
দেশৰ অৰ্থনৈতীক উন্নতিত উচ্চশিক্ষাৰ বিশেষ মহত্ত্ব আছে। ই দেশৰ প্ৰগতি কৰিবলৈ উচ্চ তথা বিশেষ জ্ঞানসম্পন্ন মানৱ সম্পদ সৃষ্টি কৰে।
বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থা
বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থাত (University systems) সাধাৰণতে শিক্ষা প্ৰদান, গৱেষণা আৰু সমাজসেৱা আদি অন্তৰ্ভুক্ত হয়, আৰু ইয়াত স্নাতকপুৰ্ব, ( বা তৃতীয়স্তৰৰ শিক্ষা) আৰু স্নাতক ( বা স্নাতকোত্তৰ) পৰ্যায়ৰ শিক্ষা দিয়া হয়। একোখন বিশ্ববিদ্যালয় সাধাৰণতে কেইবাখনো মহাবিদ্যালয়েৰে গঠিত। আমেৰিকাত বিশ্ববিদ্যালয় সমূহ, ব্যক্তিগতখণ্ডৰ আৰু স্বত্বন্তৰীয়া (যেনে য়েল বিশ্ববিদ্যালয় (Yale University)) হব পাৰে, ৰাজহুৱা বা চৰকাৰী খণ্ডৰো হব পাৰে ( যেনে পেনিচালভেনিয়া চৰকাৰী উচ্চ শিক্ষা প্ৰণালী(Pennsylvania State System of Higher Education)) বা চৰকাৰী পূঁজিৰে চালিত স্বত্বন্তৰীয়াও (যেনে ভাৰ্জিনিয়া বিশ্ববিদ্যালয়(University of Virginia)) হব পাৰে। ভাৰতত কিছুদিনলৈকে বিশ্ববিদ্যালসমূহ কেৱল চৰকাৰী উদ্যোগত প্ৰতিষ্ঠিত আছিল, কিন্তু সদ্যহতে শিক্ষা ব্যৱস্থাৰ উন্মুক্তকৰণৰ পাছত কিছুমান (বিশেষকৈ বৃত্তিমুখী শিক্ষাৰ) ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠা হোৱা দেখা গৈছে।
উদাৰ কলা মহাবিদ্যলয়
ব্যৱসায়িক, বৃত্তিমুখী (vocational) আৰু প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্ৰমসমূহৰ বিপৰীতে, শিক্ষাৰ্থীক ‘ব্যাপক সাধাৰণ জ্ঞান প্ৰদান’ আৰু ‘সাধাৰণ বৌদ্ধিক ক্ষমতা’ বিকাশৰ প্ৰয়াস কৰা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পাঠ্যক্ৰম সমূহক উদাৰ কলা (Liberal Arts) প্ৰতিষ্ঠান বুলি জনা যায়। যদিও অধুনা ‘উদাৰ কলা মহাবিদ্যালয়’ নামে জনাজাত এই শিক্ষানুষ্ঠান সমূহ ইউৰোপত আৰম্ভ হৈছিল, বৰ্তমান সময়ত আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ লগতহে এই শব্দটি জড়িত কৰা হয়। এনে কিছুমান উদাহৰণ হ’ল ‘চেণ্ট জ’নচ কলেজ, ৰীড কলেজ (Reed College), কাৰ্লটন কলেজ (Carlton College), স্মিথ কলেজ ইত্যাদি।
সামূহিক মহাবিদ্যালয়
সামূহিক মহাবিদ্যালয় এক ধৰণ শিক্ষা প্ৰতিষ্ঠান, বিভিন্ন দেশত এই নামেৰ বেলেগ বেলেগ ধৰণৰ শিক্ষানুষ্ঠানক বুজোৱা হয়।
অষ্ট্ৰেলিয়াত সামূহিক মহাবিদ্যালয় সমূহে প্ৰাপ্তবয়স্ক শিক্ষা প্ৰদান কৰে, কানাডাত এই শব্দই সাধাৰণ ডিগ্ৰী প্ৰদান কৰা মহাবিদ্যালয় সমূহকে বুজায়। মালয়েচিয়াত সামূহিক মহাবিদ্যায় বিলাকে স্কুল পৰ্যায়ৰ ঠিক পাছতে বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়া প্ৰতিষ্ঠান সমূহক বুজায়, আনহাতে ফিলিপাইনচত দিনৰ প্ৰাথমিক বা মাধ্যমিক শিক্ষানুষ্ঠান বিলাকক ৰাতি সামূহিক মহাবিদ্যালয় হিচাপে চলোৱা হয় আৰু তাত উচ্চশিক্ষা লাভ কৰিবৰ ইচ্চা থকা লোকসকলক পঢ়িবৰ সুবিধা দিয়া হয়।
আমেৰিকাত সামূহিক মহাবিদ্যালয় বিলাকক জুনিঅ’ৰ কলেজ, কাৰিকৰী কলেজ বা চিটি কলেজ বুলি জনা যায়, আৰু এই বিলাকত সাধাৰণতে দুবছৰীয়া নিম্ন স্নাতক বা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ পাঠদান কৰা হয়। এই মহাবিদ্যালয় বিলাকে চাৰ্টিফিকেট, ডিপ্লমা আৰু এচ’চিয়েটচ ডিগ্ৰী প্ৰদান কৰে, কিছুমান এনে মহাবিদ্যালয়ত প্ৰাপ্তবয়স্ক শিক্ষা আৰু অবিচ্ছিন্ন শিক্ষাৰ ব্যৱস্থাও থাকে।
মুক্ত শিক্ষা
সদ্যহতে জনপ্ৰিয় উঠা উচ্চ শিক্ষাৰ এক পদ্ধতি হ’ল “ইণ্টাৰনেট” মাধ্যমেৰে মুক্ত শিক্ষা (open education). এই শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী সকলক কি পঢ়িব, কত পঢ়িব, কেনেকৈ পঢ়িব আৰু কিমান সময়ত সম্পূৰ্ণ কৰিব এই দিশ বিলাকত বিকল্প আৰু নমনীয়তা প্ৰদান কৰে। এই মুক্ত শিক্ষা প্ৰণালী বিলাকত সাধাৰণতে ই-লাৰ্নিং (e-learning)বা ‘ ইণ্টাৰনেট শিক্ষা’ৰ সুবিধা সমূহ উপলব্ধ হয়। যিকোনো সময়তে, যিকোনো স্থানৰ ইচ্চুক শিক্ষাৰ্থী সকলৰ বাবে বহুতো বিশ্ববিদ্যালয় আৰু তেনেধৰণৰ অনুষ্ঠানে “ মুক্ত শিক্ষা সমল “ (open educational resources)কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা যায় এই ‘মুক্ত শিক্ষা’ই, পৰম্পৰাগত উচ্চ শিক্ষাৰ দৰে ‘স্বীকৃত ডিগ্ৰী’ প্ৰদান নকৰে। সমূহ যোগান ধৰে। তথাপিও, আজিকালি মুক্ত শিক্ষা প্ৰণালী বিলাকে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে পৰম্পৰাগত ডিগ্ৰীৰ দৰেই কিছুমান স্বীকৃতি বিকাশ কৰিছে। .
প্ৰাপ্তবয়স্ক শিক্ষা
প্ৰাপ্তবয়স্কসকলক প্ৰশিক্ষণ (training) বা বিভিন্ন কুশলতা (skill) প্ৰদান কৰাৰ প্ৰক্ৰিয়াকে প্ৰাপ্তবয়স্ক শিক্ষা বোলে। ইয়াক কেতিয়াবা এণ্ড্ৰাগজী (andragogy) (প্ৰাপ্তবয়স্কক শিকিবলৈ সহায় কৰাৰ কলা/বিজ্ঞান) ও বোলে। বৰ্তমান অনেক দেশত প্ৰাপ্তবয়স্ক শিক্ষা প্ৰচলিত। শ্ৰেণীকোঠাৰ শিক্ষা, নিজে নিজে শিকা আদিৰ পৰা আৰম্ভ কৰি ই-লাৰ্ণিঙলৈকে (e-learning) ই বিভিন্ন ৰূপ ল'ব পাৰে। আজিকালি ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পেচাগত শিক্ষা যেনে পশু সহায়ক, ৰীয়েল ইষ্টেট লাইচেন্সিং, বুককীপিং আদি বিভিন্ন ক'ৰ্চ উপলব্ধ।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Educational Resources from UCB Libraries GovPubs
UNESCO Institute for Statistics: International comparable statistics on education systems
OECD education statistics
Planipolis: a portal on education plans and policies
IIEP Publications on Education Systems
|
4386
|
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%B0%E0%A6%B2%20%E0%A6%AA%E0%A6%A6%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A5
|
তৰল পদাৰ্থ
|
জুলীয়া বা তৰল হৈছে পদাৰ্থৰ চাৰিবিধ ধ্ৰুপদী অৱস্থাৰ এটা (আন তিনিটা হৈছে প্লাজমা, কঠিন আৰু গেছীয়)। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই ৰাসায়নিক বান্ধনীৰে সংযুক্ত অণু বা পৰমাণুৰে গঠিত। পানী পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ। গেছৰ দৰে জুলীয়া পদাৰ্থও প্ৰবাহীত হ'ব পাৰে আৰু যি পাত্ৰত থোৱা যায় তাৰ আকাৰ ল'ব পাৰে। গেছৰ বিপৰীতে, এটি জুলীয়া পদাৰ্থই পাত্ৰৰ প্ৰতিতো স্থান পূৰণ নকৰে, আৰু এক মোটামুটি ধ্ৰুবক ঘনত্ব ৰক্ষা কৰি চলে। এই ঘনত্ব গোটা পদাৰ্থৰ দৰে প্ৰায় একে হ'লেও গেছতকৈ অনেক বেছি। কিছুমান জুলীয়া পদাৰ্থক সংকুচিত কৰিব পৰা যায়, আৰু কিছুমানক কৰিব পৰা নাযায়।
জুলীয়া পদাৰ্থৰ এটা প্ৰধান ধৰ্ম হৈছে পৃষ্ঠটান, ইয়াৰ বাবেই তৰল পদাৰ্থই কঠিন পদাৰ্থক তিয়াব পাৰে।
পাতনি
তৰল পদাৰ্থ এবিধ প্ৰবাহী (ফ্লুইড), কঠিন পদাৰ্থৰ বিপৰীতে তৰল পদাৰ্থৰ অণু এটাই লৰ-চৰ কৰিবৰ বাবে যথেষ্ট মুক্তাৱস্থা পায়, তৰল পদাৰ্থৰ অণুসমূহ বান্ধিৰখা অস্থায়ী শক্তিবোৰে ইয়াৰ প্ৰবাহীত হোৱাৰ ক্ষমতা প্ৰদান কৰে, কঠিন পদাৰ্থৰ বেলিকা এই ঘটনা দেখিবলৈ পোৱা নাযায়।
তৰল পদাৰ্থই গেছৰ দৰে প্ৰবাহী পদাৰ্থৰ ধৰ্ম দেখুৱাই, ই বৈ যাব পাৰে, ইয়াক ধাৰণ কৰা পাত্ৰৰ আকাৰ ল’ব পাৰে আৰু বন্ধ পাত্ৰত ৰাখিলে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা চাপ পাত্ৰৰ প্ৰতিখন বেৰত বিতৰণ কৰিব পাৰে।
গেছৰ দৰে অৱশ্যে এটা তৰল আন এটাৰ লগত মিহলি হৈ নাযাবও পাৰে, আৰু অতি বেচি চাপ নাপালে গেছৰ দৰে ই সংকোচনশীলো নহয়। এনেবোৰ ধৰ্মই তৰল পদাৰ্থক কিছুমান বিশেষ প্ৰয়োগ যেনে: হাইড্ৰলিকচ আদিৰ বাবে উপযোগী কলি তোলে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
পদাৰ্থৰ অৱস্থা
|
4389
|
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AF%E0%A6%BC%E0%A6%B2%E0%A6%BE
|
কয়লা
|
কয়লা () হৈছে ভূমিৰ অন্তৰ্ভাগৰ স্তৰত পোৱা দহনশীল এক গেদীয় শিল। ইয়াক মূলতঃ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। মুঠ উৎপাদিত শক্তিৰ ৩৫-৪০% কয়লাৰ পৰা আহে। কয়লা প্ৰধানকৈ কাৰ্বনৰ দ্বাৰা নিৰ্মিত হয় আৰু তাৰ লগতে হাইড্ৰ্'জেন, ছালফাৰ, অক্সিজেন আৰু নাইট্ৰ'জেনও কিছু পৰিমাণে থাকে। বেলেগ বেলেগ প্ৰকাৰৰ কয়লাত কাৰ্বনৰ পৰিমাণো ভিন্ন।
শ্ৰেণী বিভাজন
কয়লাক ৪টা শ্ৰেণীত ভাগ কৰা হয়:
পীট
লিগনাইট
বিটুমিনচ
এনথ্ৰাচাইট
World coal reserves
The 948 billion short tons of recoverable coal reserves estimated by the Energy Information Administration are equal to about 4,196 BBOE (billion barrels of oil equivalent). The amount of coal burned during 2007 was estimated at 7.075 billion short tons, or 133.179 quadrillion BTU's. This is an average of 18.8 million BTU per short ton. In terms of heat content, this is about of oil equivalent per day. By comparison in 2007, natural gas provided of oil equivalent per day, while oil provided per day.
BP, in its 2007 report, estimated at 2006 end that there were 147 years reserves-to-production ratio based on proven coal reserves worldwide. This figure only includes reserves classified as "proven"; exploration drilling programs by mining companies, particularly in under-explored areas, are continually providing new reserves. In many cases, companies are aware of coal deposits that have not been sufficiently drilled to qualify as "proven". However, some nations haven't updated their information and assume reserves remain at the same levels even with withdrawals. Speculative projections predict that global peak coal production may occur sometime around 2025 at 30 percent above current production, depending on future coal production rates.
Of the three fossil fuels, coal has the most widely distributed reserves; coal is mined in over 100 countries, and on all continents except Antarctica. The largest reserves are found in the USA, Russia, China, India and Australia. Note the table below.
কয়লা উৎপাদনকাৰী প্ৰধান দেশসমূহ
The reserve life is an estimate based only on current production levels and proved reserves level for the countries shown, and makes no assumptions of future production or even current production trends. Countries with annual production higher than 100 million tonnes are shown. For comparison, data for the European Union is also shown.
Shares are based on data expressed in tonnes oil equivalent.
কয়লা ৰপ্তানি কৰা প্ৰধান দেশসমূহ
Countries with annual gross export higher than 10 million tonnes are shown. In terms of net export the largest exporters are still Australia (328.1 millions tonnes), Indonesia (316.2) and Russia (100.2).
কয়লা আমদানী কৰা প্ৰধান দেশসমূহ
Countries with annual gross import higher than 20 million tonnes are shown. In terms of net import the largest importers are still Japan (206.0 millions tonnes), China (172.4) and South Korea (125.8).
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ৰসায়ন বিজ্ঞান
|
4390
|
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8
|
অসম আন্দোলন
|
অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে।
ইয়াৰ পিছতেই আন্দোলনৰ নেতৃবৃন্দই অসম গণ পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে। ১৯৮৫ আৰু ১৯৯৬ চনত এই দলে বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰে।
ইতিহাস
১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়চোৱাত পূব পাকিস্তানৰ পৰা বহুসংখ্যক লোকে ভাৰত তথা অসমলৈ প্ৰব্ৰজন কৰে। বাংলাদেশৰ সৃষ্টিৰ পিছত ইয়াৰে বহুতো ঘূৰি যায় যদিও কিছু অসমতে থাকি যায়। ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুপ্ৰবেশকাৰী সমস্যাই অসমীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। ১৯৭৮ চনৰ 28 মাৰ্চত লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ ফলত মঙ্গলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয়। ২৭ এপ্ৰিলত ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰী কৰা হয়। তেতিয়া এই কথা ধৰা পৰে যে কেৱল মঙলদৈতে প্ৰায় ৪৫০০০ সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত আছে।
১৯৭৯ চনৰ মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন ক্ৰমে সভাপতি আৰু সম্পাদক নিৰ্বাচিত হয়॥ ২৭ জুনত 'আছু'ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌদহত বহিৰাগত সমস্যাক লৈ অনুষ্ঠিত এখন সভাত জাতীয়তাবাদী দলে এই সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ চৰকাৰক অনুৰোধ জনায়। আছুৱে "বিদেশী বহিষ্কাৰ"ক মূল দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৭৯ চনৰ চেপ্তেম্বৰত শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়। ইফালে মুখ্য নিৰ্বাচন আয়ুক্তই ১৯৭৮ চনৰ ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন পাতিবলৈ নিৰ্দেশ দিয়ে। তেতিয়া বিদেশী ভোটাৰৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব নিদিবলৈ গণ আন্দোলনে গা কৰি উঠে। নিৰ্বাচনত মনোনয়ন পত্ৰ দিবলৈ যোৱা প্ৰাৰ্থীক বাধা প্ৰদান কৰিবলৈ গৈ ১৯৮০ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম ছহীদ হয়।
অসম আন্দোলনৰ বা বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰধান উদ্দেশ্যসমূহ আছিল: পূব পাকিস্তান বা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰবেশকাৰীসকলক চিনাক্ত কৰা, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰোৱা আৰু তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰা। অসমৰ জনসাধাৰণেও এই বিক্ষোভৰ প্ৰতি অভূতপূৰ্ব সহাঁৰি আগবঢ়ায়। আন্দোলনৰ নেতৃবৃন্দ আৰু ভাৰতৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মাজত কেইবালানিও আলোচনা হয়। ছাত্ৰসন্থাই ১৯৫১ চনক অবৈধ অনুপ্ৰবেশকাৰী বহিষ্কৰণৰ ভিত্তিবৰ্ষ হিছাপে ধৰিবলৈ দাবী জনাই কিন্তু চৰকাৰে ১৯৬৬ চনহে প্ৰস্তাৱ কৰে। ফলত আলোচনালানি বিফল হয়।
১৯৮০ চনৰ শেষৰে পৰা কেন্দ্ৰীয় চৰকাৰএ আন্দোলনটোৰ প্ৰতি কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ ধৰে। লাহে লাহে জনসমৰ্থনো কমি আহে আৰু ১৯৮১ৰ পৰা ১৯৮২ চনলৈকে আন্দোলনৰ গতি স্থবিৰ হৈ পৰে। ৰাজ্যৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনাৱলী সংঘটিত হ’বলৈ ধৰে। ১৯৮৩ চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ নেলীত হোৱা হত্যাকাণ্ডত এদিনতে প্ৰায় ১৮০০ লোকৰ (চৰকাৰী সূত্ৰৰ মতে) মৃত্যু হয়। আন্দোলনৰ সময়ছোৱাত ৮৫৫জন ছাত্ৰ সদস্যৰো মৃত্যু হয়। ১৯৮৪ চনৰ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আন্দোলনকাৰীসকলৰ লগত এলানি আলোচনাত মিলিত হয়। অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্টত ছাত্ৰসন্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত "অসম চুক্তি" সাক্ষৰিত হয় আৰু ছবছৰীয়া অসম আন্দোলনৰ সামৰণি পৰে।
চুক্তিমতে হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰে পদত্যাগ কৰে আৰু আন্দোলনৰ নেতাসকলে অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰে। ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়।
অসম আন্দোলনৰ ফলাফল
প্ৰধান প্ৰবন্ধ: অসম চুক্তি
অসম আন্দোলনৰ প্ৰধান কাৰণ অবৈধ বিদেশী সমস্যাৰ এতিয়াও সমাধান হোৱা নাই যদিও "অসম চুক্তি"ৰ কিছু চৰ্ত ৰূপায়ণ কৰা হৈছে। সেইসমূহ হ’ল:
নাগৰিকত্ব অধিনিয়ম ১৯৫৫, নাগৰিকত্ব নিয়মাৱলী ১৯৫৬ আৰু বিদেশী ন্যায়াধীকৰণ নিৰ্দেশ ১৯৬৪ৰ সংশোধন।
১১খন বিদেশী ন্যায়াধীকৰণৰ স্থাপন, বিশেষ পঞ্জীয়ন বিষয়া নিয়োগ
গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন
জ্যোতি চিত্ৰবনৰ আধুনিকীকৰণ
নুমলীগড় শোধনাগাৰ স্থাপন
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়,শিলচৰ স্থাপন
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী স্থাপন
ডিব্ৰুগড়ত গেছ ক্ৰেকাৰ প্ৰকল্পৰ নিৰ্মাণ ইত্যাদি।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Assam Accord
আন্দোলন
স্বাধীনোত্তৰ অসম
অসমৰ ৰাজনীতি
অসম আন্দোলন
|
4395
|
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A7%82%E0%A6%B7%E0%A6%A3
|
পদ্মবিভূষণ
|
পদ্মবিভূষণ (, ) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। মৰ্যাদাক্ৰম অনুসৰি, পদ্মবিভূষণ সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত আৰু পদ্মভূষণৰ আগত। চৰকাৰী সেৱা সহ যিকোনো ক্ষেত্ৰত জাতিৰ প্ৰতি বিশেষ আৰু ব্যতিক্ৰমী অবদানেৰ স্বীকৃতিস্বৰূপে এই সম্মান প্ৰদান কৰা হয়। সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন - এই সকল ব্যক্তিয়ে ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে পদ্মবিভূষণ সন্মান লাভ কৰে।
ইতিহাস
১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। প্ৰকৃততে তিন-বৰ্গৰ "পদ্মবিভূষণ" সম্মানৰ "প্ৰথম বৰ্গ" ৰূপে এই সম্মান প্ৰবৰ্তিত কৰা হৈছিল। যদিও ১৯৫৫ চনত এই সম্মানৰ ধৰণ পৰিৱৰ্তন কৰা হয় আৰু প্ৰকৃত পৰিকল্পনাৰ আকাৰে এই সম্মান প্ৰদান কৰাৰ কথা উল্লেখ পোৱা নাযায়। ১৯৭৭ চনৰ পৰা ১৯৮০ চন আৰু ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈকে এই সম্মান প্ৰদান কৰা হোৱ্ৱা নাছিল।
২০১১ চনৰ শেষলৈকে, কেৱল ২৮৮জন ব্যক্তিলৈহে এই সন্মান আগবঢ়োৱা হৈছে।
পদকৰ বিৱৰণ
প্ৰথম পদক (১৯৫৪-১৯৫৫)
প্ৰথম পদকটো আছিল এটা গোলাকাৰ স্বৰ্ণপদক। ইয়াৰ ব্যাস আছিল ১-৩/৮ ইঞ্চি। মাজত এপাহ পদুমফুল, ওপৰত "পদ্মবিভূষণ" কথাষাৰৰ তলত এটা পুষ্পবৃত্ত চিত্ৰিত আছিল। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। তাৰ ওপৰত "দেশ সেৱা" কথাষাৰ আৰু তলত এপাহ পদুমফুল চিত্ৰিত আছিল। তেতিয়া এই নক্সাটো কোনো প্ৰাপকৰ সম্মানপদকৰ ক্ষেত্ৰত ব্যবহৃত হৈছিল নে নাই তাৰ কোনো লিখিত উল্লেখ পোৱা নাযায়।
দ্বিতীয় পদক (১৯৫৫-১৯৫৭)
১৯৫৫ চনত পদকৰ নক্সাটো "প্ৰধানত গোলাকাৰ"লৈ পৰিৱৰ্তন কৰা হয়। ট'নড ব্ৰঞ্জ (Toned bronze)ৰ দ্বাৰা নিৰ্মিত পদকটোৰ ব্যাস ১-৩/১৬ ইঞ্চি। এই পদকত বিভিন্ন জ্যামিতিক আকাৰ সংযোগ কৰা হয়। পদকৰ মাজত সোণৰ বগা পাত চৰোৱা, চাৰিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। ফুল পাহৰ ওপৰত আৰু তলত "পদ্মবিভূষণ" কথাষাৰ ৰূপালী গ্লিল্টি (silver-gilt)ৰে খোদিত কৰা হয়।
বৰ্তমানৰ পদক (১৯৫৭-বৰ্তমান লৈকে)
১৯৫৭ চনত পদকৰ নক্সা একে ৰাখি ইয়াৰ নিৰ্মাণত ট'নড ব্ৰঞ্জ (Toned bronze)ৰ সলনি বাৰ্ণিছড ব্ৰঞ্জ (Burnished bronze) ব্যৱহাৰ কৰিবলৈ লোৱা হয়।
পদ্মবিভূষণ বঁটা বিজয়ীৰ তালিকা
Note: * denotes awardees in the category of Foreigners/ NRIs/ PIOs/Posthumous.
Maharashtra State appearing above up to 1960 should be read as erstwhile Bombay State, consisting of present day Maharashtra and Gujarat.
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান
পদ্মবিভূষণ বঁটা বিজয়ী
|
4397
|
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AD%E0%A7%82%E0%A6%B7%E0%A6%A3
|
পদ্মভূষণ
|
পদ্মভূষণ () পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে।
ইতিহাস
পদ্মভূষণ সন্মানটো ১৯৫৪ চনৰ ২ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰবৰ্তন কৰা হৈছিল। দেশৰ হকে থকা যিকোনো ক্ষেত্ৰতে ভাল তথা বিৰল কামেৰে ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা ব্যক্তিলৈ এই পুৰস্কাৰ আগবঢ়োৱা হয়। ২০১০ চনৰ জানুৱাৰী মাহলৈকে ১১১১ জন ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে।
পদ্মভূষণ সন্মান লাভ কৰা ব্যক্তিসকল
পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৫৪-১৯৫৯)
পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৬০–১৯৬৯)
পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৭০–১৯৭৯)
পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৮০–১৯৮৯)
পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৯০–১৯৯৯)
পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০০০–২০০৯)
পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০১০–২০১৯)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান
পদ্মভূষণ বঁটা বিজয়ী
|
4399
|
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80
|
পদ্মশ্ৰী
|
পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
বঁটাৰ গঠন
ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ আৰু পদ্মভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।
২০২১ বৰ্ষলৈকে ৩২২৫ গৰাকী ব্যক্তিক এই সন্মান দিয়া হৈছে। ২০২২ বৰ্ষত ১০৭ গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে।
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৫৪–১৯৫৯)
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৬০–১৯৬৯)
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৭০–১৯৭৯)
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৮০–১৯৮৯)
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৯০–১৯৯৯)
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০০০–২০০৯)
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০১০–২০১৯)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.