text stringlengths 0 188k |
|---|
(২) ধর্ম নিৰপেক্ষ দেশৰ সু-নাগৰিক হিচাপে প্রয়ােজনীয় গুণ আয়ত্ব কৰি অর্থনৈতিক অগ্রগতিত সহায় কৰা। |
(৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা। |
লগতে পঢ়ক: বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ |
আনহাতে, ১৯৮৬ চনত ভাৰত চৰকাৰে ঘােষণা কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিতে মাধ্যমিক শিক্ষাক গুৰুত্ব দিয়া হৈছে। এই শিক্ষা বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। আচলতে মাধ্যমিক স্তৰৰ শিক্ষাই প্রাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰে আৰু স্বয়ং সম্পূর্ণ কৰি তােলে। |
মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা বিশেষত্ব হল— |
(১) মাধ্যমিক স্তৰৰ কোনাে বিশেষীকৰণ পাঠ্যক্রম নাই মানৱজাতিৰ বৃহত্তৰ অভিৰুচি অনুসৰি পাঠ্যক্ৰমৰ পৰিসৰ বহলাই এই স্তৰতেই সাধাৰণ শিক্ষা দিব পাৰি। |
(২) এই কালছােৱাৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল কৈশোেৰ বা বয়ঃসন্ধি কালৰ। এই সময়ত ব্যক্তিৰ বুদ্ধিমত্তা বৃদ্ধি হয়। প্রকৃতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁলােক কৌতূহলী হৈ পৰে। সমাজখনৰ প্ৰতিও তেওঁলােকৰ আগ্রহ বাঢ়ি যায়। নানা কৌতূহল, অনুভূতি আৰু আকাংক্ষাৰ ফলস্বৰূপে কৈশােৰৰ মনত সৃষ্টি হােৱা আলােড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্... |
কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় হল- |
(১) ভাষা শিক্ষণ (২) গণিত (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান। ইয়াৰ উপৰি আৰু কিছুমান বিষয়ত গুৰুত্ব দিবলৈ স্থিৰ কৰা হৈছে। কাৰিকৰী বিদ্যা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আৰু জন শিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবােধৰ শিক্ষা আদি কিছুমান ওপৰঞ্চি বিষয়ৰ অন্তর্ভুক্তিয়ে মাধ্যমিক স্ত... |
প্রঃ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?(Final-15/18/20) |
উঃ কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় চাৰিটা হল— |
(১) ভাষা শিক্ষা ।(২) গণিত। (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান। |
চমুটোকাঃ (Final-18) |
বীৰ পূজাঃ কৈশােৰ কালৰ এক বিশেষ উল্লেখযােগ্য বৈশিষ্ট্য হ’ল বীৰ পূজা। বীৰপূজা বুলি ক’লে কিশােৰ-কিশােৰীয়ে ভৱিষ্যতে জীৱনৰ বাবে নিজৰ ভাল লগা কোনাে ব্যক্তিৰ জীৱনৰ আদর্শ গ্রহণৰ প্ৰবৃত্তি প্ৰৱল হৈ উঠাকে বুজা যায়। প্রধানকৈ কোনাে ছবি জগতৰ নায়কনায়িকা বা খেল জগতৰ খেলুৱৈকে জীৱনৰ আদর্শ হিচাপে বাচি লােৱা দেখা যায়, আৰু সেই ব্যক্ত... |
প্রঃ কৈশােৰ কাল আন কি নামেৰে পৰিচিত? (Final-19) |
উঃ কৈশােৰ কাল ধুমুহা আৰু পীড়ন বা বয়ঃসন্ধি কাল হিচাপেও পৰিচিত। |
প্র : মাধ্যমিক শিক্ষা জীৱনৰ আলি-দোমােজা’ বুলি কোনে অভিহিত কৰিছে? (Final-19) |
উ : মাধ্যমিক শিক্ষাক আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়ােগে জীৱনৰ আলি-দোমােজা’ বুলি অভিহিত কৰিছে। |
প্রঃ মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব কি কি? (Final-12/19) |
উ : মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব হৈছে- |
(১) মাধ্যমিক স্তৰৰ কোনাে বিশেষীকৰণ পাঠ্যক্রম নাই। |
(২) এইসময়ত কিশােৰ-কিশােৰীসকল মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্বৰ প্ৰথমটো হ’ল, এই স্তৰৰ কোনাে বিশেষীকৰণ পাঠ্যক্রম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই। |
দ্বিতীয়টো হ’ল, এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধি বৃত্তিৰ বৃদ্ধি হয়। প্রবৃত্তিৰ বিষয়ে গভীৰভাৱে জানিবলৈ, কৌতুহলী হৈ পৰে। ফলত কৈশােৰ মনত সৃষ্টি হােৱা আলােড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। ইয়াৰ বাবে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপর্যাপ্ত ঐচ্ছিক বিষয়ৰ প্রৱর্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজত যােগসূত্র স্থাপন আদি... |
প্রঃ প্রতীতি’ শব্দৰ অৰ্থ লিখা। (Final-20) |
উঃ ‘প্রতীতি’ শব্দৰ অৰ্থ হৈছে বিশ্বাস, ধাৰণা। |
লগতে পঢ়ক: AHSEC 2nd Year Syllabus 2022-23 – দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম |
প্রঃ কিশােৰ-কিশােৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্য হল পৰিচিতিৰ সংঘাত—ব্যাখ্যা কৰা। (Final-20) |
উঃ কিশােৰ-কিশােৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত। এই সংঘাত কৈশােৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত। নৈতিকতাবােধ, মূল্যবােধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশােৰ-কিশােৰীয়ে নিজৰ চিন্তা বুদ্ধি বা বিচাৰ- বিবেচনাৰে ফঁহিয়াইল চাব নােৱাৰে। কৈশােৰত গঢ়ি উঠা ... |
কৈশােৰ কাল আৰু ইয়াৰ উপযােগী শিক্ষা |
প্রঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত কেনেভাৱৰ উন্মেষ হােৱাত সহায় কৰে? |
নাইবা |
কৈশােৰ কালত কিশােৰ-কিশােৰীৰ মাজত পৰিলক্ষিত হােৱা নৈতিক পৰিৱর্তনসমূহ ফঁহিয়াই লিখা। (Final-13) |
উঃ কৈশােৰ কালছােৱাত মানুহৰ নিজৰ মতাদর্শ গঢ়ি উঠে আৰু নৈতিকক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্ৰতি বা জীৱনৰ লক্ষ-উদ্দেশ্যৰ প্রতি এই সময়ছােৱাত কিশােৰ-কিশােৰীৰ মনত উৎকণ্ঠা জাগি উঠে ফলত মানসিক দ্বন্দ্বৰৰ সৃষ্টি হ’ব পাৰে। পিতৃ-মাতৃ বা সমাজৰ বয়ােজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি আহি নিজৰ বিচাৰ বি... |
দায়বদ্ধতা, বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হােৱাত সহায় কৰে। |
প্রঃ কৈশােৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। |
উঃ কৈশােৰ কালৰ এটি বৈশিষ্ট্য হল—শাৰীৰিক বিকাশ। |
প্রঃ মানৱ জীৱনৰ কোনছােৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি? |
উ : মানৱ জীৱনৰ কৈশোেৰ কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি। |
প্রঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত কেনে ভাবৰ উন্মেষ হােৱাত সহায় কৰে? |
উঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদিৰ ভাব জাগি উন্মেষ হােৱাত সহায় কৰে। |
প্রঃ কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? |
উ : কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষা মাধ্যমিক শিক্ষা বুলি কোৱা হয়। |
প্রঃ কৈশােৰ কালছােৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়? |
উঃ কৈশােৰ কালছােৱাত মানসিক বিকাশ পূর্ণগতিত হয় বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি এইখিনি সময়তে বৃদ্ধি পায় যদিও কৈশােৰকালৰ আৰম্ভণিতে বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায়। শেষৰপিনে এই শক্তি দ্রুতগতিত বাঢ়ি যায় আৰু কৈশােৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে। আনহাতে, এই কালছােৱাতেই শৈ... |
প্র : বিপৰীত লিংগকামিতা কৈশােৰ কালৰ আন এক প্রধান বৈশিষ্ট্য। চমুকৈ লিখা। |
উ : কৈশােৰ কালৰ এটা প্রধান বৈশিষ্ট্য হল— বিপৰীত লিগংকামিতা। এই সময়ছােৱাত কিশােৰ-কিশােৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাব অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তস্রাবী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হােৱা জৈৱিক ৰাসায়নিক প্রক্রিয়াৰে এই ফল। এই প্রক্রিয়াত দেহৰ যৌন |
গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশােৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তােলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশােৰত দেখা দিয়া বহুবােৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। এইক্ষেত্ৰত কিশােৰ-কিশােৰীক সুপথে পৰিচালিত কৰিবলৈ অভিভাৱকে যত্ন ল’ব লাগে। |
প্রঃ কৈশােৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা। |
উঃ কৈশােৰ কালছােৱাক মানৱ জীৱনৰ ৰূপান্তৰৰ কাল বুলি কোৱা হয়। এই সময়ছােৱাত শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱর্তনৰ সৃষ্টি হয়। সেয়েহে কিছুমানে এই সময়ছােৱাক ধুমুহা আৰু পীড়নৰ সময় বুলি ক’ব খােজে। অন্য এটা মতবাদৰ মতে কৈশােৰ কাল জীৱনৰ নৱজাগৰণৰ সময়, বিভিন্ন ক্ষেত্ৰত হােৱা বিকাশৰ অফুৰন্ত শক... |
লগতে পঢ়ক: ভাৰতীয় আদৰ্শত বৈৰাগী দ্বাদশ শ্ৰেণীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ |
আৱেগিক বিকাশঃ কিশােৰ-কিশােৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণগতিত হয়। আৱেগ-অনুভূতিৰ অত্যধিক পৱণতাৰ ফলত বহু ক্ষেত্ৰত তেওঁলােকৰ জীৱন সম্পূর্ণভাৱে আৱেগে পৰিচালিত কৰে। আৱেগৰ পূৰ্ণতম বিকাশে কিশােৰ- কিশােৰীৰ মনোেজগতত আলােড়ন সৃষ্টি কৰে, যাৰ ফলত তেওঁলােকৰ মন হৈ পৰে কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী। আশা-নিশাৰ দোমােজ... |
সামাজিক বিকাশঃ কৈশােৰ কালৰ সামাজিক বিকাশ লেখত লবলগীয়া বিষয়। এই সময়ত দলীয় মনােভাবৰ লগত সমমর্মিতাৰ উন্মেষ ঘটে। সমনীয়াৰ মাজত বন্ধুত্ব আৰু সহযােগিতাৰ ভাব গঢ়ি উঠে। কিশােৰ কালছােৱাত সামাজিক বিকাশ হয় যদিও ভাব প্রৱণতাৰ আৱেগিক চিন্তাই বহুক্ষেত্ৰত তেওঁলােকক বিপথগামী কৰিব পাৰে। কাৰণ বন্ধুত্বৰ ভাব বা সমমর্মিতাৰ প্ৰভাৱত তেওঁ... |
প্রঃ কিশােৰ সংস্কৃতি কি? ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশবােৰৰ দুটিমান উদাহৰণ দাঙি ধৰা।(Final-12) |
উ : কিশােৰসকলৰ মনত গঢ়ি উঠা সামাজিক বিকাশ, সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা-সহযােগিতাৰ অন্তৰালত গঢ়ি উঠা উপ সংস্কৃতিক “কিশােৰ সংস্কৃতি” বােলা হয়। এই সময়ত দলীয় মনােভাবৰ লগত সমমর্মিতাৰ উন্মেষ ঘটে। সমনীয়াৰ লগতে গভীৰ বন্ধুত্ব আৰু সহযােগিতাৰ ভাব গঢ়ি উঠে। কিশােৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাক-ভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈ... |
কিশােৰ সংস্কৃতিৰ দুটা ধনাত্মক দিশ হ’ল— |
(১) সমনীয়াৰ সৈতে গভীৰ বন্ধুত্ব আৰু সহযােগিতা গঢ়ি উঠে। |
(২) কিশােৰ-কিশােৰীৰ মাজত সামাজিক দায়বদ্ধতা গঢ়ি উঠে। |
কিশােৰ সংস্কৃতিৰ দুটা ঋণাত্মক দিশ হ’ল– |
(১) কিশোৰ-কিশােৰীৰ মাজত মাদক দ্রব্যৰ ব্যৱহাৰ হয়। |
(২) বিপৰীত লিংগৰ প্ৰতি আকর্ষিত হােৱাৰ বাবে এই সময়ত সুপথে পৰিচালিত নহৈ নানা সমস্যাৰ সৃষ্টি হােৱা দেখা যায়। |
চমুটোকা লিখাঃ |
(ক) দিবাস্বপ্ন: (Final-18) অলীক কল্পনা বা দিবাস্বপ্ন হৈছে কৈশােৰ কালৰ এটা বৈশিষ্ট্য। এই সময়ছােৱাত কল্পনাশক্তিৰ অভূত পূর্ব বিকাশে কিশােৰ-কিশােৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত তেওঁলােকে বাস্তৱৰ পৰা ফালৰি কাটি আহি কল্পনাৰ জগতত বিচৰণ কৰে। দিবাস্বপ্নৰ যোেগাত্মক দিশাে আছে। মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহু... |
(খ) অপৰাধ প্ৰৱণ কিশােৰঃ (Final-17) কৈশােৰ কালছােৱাত মানুহৰ আবেগিক বিকাশ হয় আৰু ভাৱ প্ৰৱণতা প্রবল হয়। আবেগৰ পূর্ণ বিকাশে কিশােৰ-কিশােৰীৰ মনােজগতত আলােড়ন সৃষ্টি কৰে। ফলত তেওঁলােক কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। এই সময়ছােৱাত কিশােৰ-কিশােৰী সকল ধনাত্মক দিশৰ পৰিৱর্তে ঋণাত্মক দিশৰ প্ৰতিহে আকর্ষিত হয়। ... |
Categories দ্বাদশ শ্ৰেণী অসমীয়া |
Leave a Comment Cancel reply |
Comment |
Name Email Website |
Save my name, email, and website in this browser for the next time I comment. |
ইংৰাজী পৰা অসমীয়া অনুবাদ কৰিবলৈ ইয়াত ক্লিক কৰক SEBA Class 9 Syllabus 2022-23 pdf – Download All Subject AHSEC HS 1st Year Syllabus 2022-23 SEBA HSLC Syllabus 2022-23 PDF AHSEC 2nd Year Syllabus 2022 PDF<eot>জে. বি. এছ. হেলডে’নৰ পিতৃ আছিল এগৰাকী প্ৰখ্যাত শৰীৰবিজ্ঞানী। সৰু কালৰপৰাই হেলডে’নে অত্যন্ত চোকা বুদ্ধিৰ পৰিচয় দিছ... |
১৯১১ চনত অক্সফ’ৰ্ডৰ নিউ কলেজৰপৰা হেলডে’নে গণিতত প্ৰথম বিভাগৰ সন্মান লাভ কৰিছিল, লগতে ‘জেনেটিক্স’ৰ (জিনৰ বিষয়ে কৰা অধ্যয়ন) প্ৰতি তেখেতৰ ৰাপ জন্মে। হেলডে’নে জিনবিদ্যাৰ ওপৰত প্ৰথমখন গৱেষণা-পত্ৰ পাঠ কৰে ১৯১২ চনত। একে বছৰৰে জুন মাহত হেলডে’নৰ প্ৰথমখন গৱেষণা-পত্ৰ প্ৰকাশ পায়, দেউতাক আছিল সহলিখক। গৱেষণা-পত্ৰখনৰ বিষয় আছিল হিম’গ্... |
১৯৩৩ চনত হেলডে’ন আহি ইউনিভাৰ্ছিটি কলেজ লণ্ডনত জেনেটিক্সৰ অধ্যাপক হিচাপে যোগ দিয়ে আৰু তেখেতৰ বিদ্যায়তনিক জীৱনৰ বেছিভাগ সময়েই তাতেই অতিবাহিত হয়। |
আৰম্ভণিতে হেলডে’নৰ গৱেষণাৰ মুখ্য বিষয় আছিল তেজ। তেজৰ লগতে কিড্নী সম্পৰ্কেও তেখেতে কেবাখনো গৱেষণা-পত্ৰ লিখিছিল। ১৯২৫ চনত হেলডে’নে জি. ই. ব্ৰিগ্ছ-ৰ লগত লগ লাগি উৎসেচক (enzyme) সম্বন্ধে বিখ্যাত ব্ৰিগ্ছ-হেলডে’ন সমীকৰণ’ আগবঢ়ায়। |
জেনেটিক্স বিষয়ত হেলডে’নৰ প্ৰধান অৱদানসমূহৰ অন্যতম আছিল স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত জিনৰ সংযোগ প্ৰদৰ্শন কৰা। কুকুৰাৰ ক্ষেত্ৰতো হেলড’নে জিনীয় সংযোগ প্ৰমাণ কৰিছিল। হেলডে’নৰ জেনেটিক্সলৈ আটাইতকৈ উল্লেখনীয় অৱদান আছিল জেনেটিক্সৰ গৱেষণাৰ বাবে গণিতৰ প্ৰয়োগ কৰাত। গণিতৰ প্ৰয়োগৰ দ্বাৰা হেলডে’ন আৰু সমকালীন বিজ্ঞানী আৰ. এ. ফিছাৰ আৰু... |
জীৱবিজ্ঞানৰ লগত গণিতৰ সংযোজনৰ দ্বাৰা হেলডে’নে অন্যান্য কেতবোৰ আকৰ্ষণীয় সংযোগ দেখুৱাইছিল। জীৱ এটাৰ দেহৰ বিভিন্ন প্ৰক্ৰিয়া ইয়াৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল এই কথাতো হেলডে’নে অংকৰ জৰিয়তে প্ৰমাণ কৰিছিল। ইয়াক ‘হেলডে’নৰ নীতি’ বুলি জনা যায়। |
জীৱৰ উৎপত্তি সম্বন্ধে হেলডে’নে এটা যুগান্তকাৰী ধাৰণাৰ পোষকতা কৰিছিল। ‘জীৱৰ ৰসায়নিক উৎপত্তি’ নাম দিয়া এই ধাৰণাত হেলডে’নে মত পোষণ কৰিছিল যে পৃথিৱীৰ দোকমোকালি কালত ইয়াৰ পৃষ্ঠত থকা বিভিন্ন ৰসায়নিক পদাৰ্থৰ মাজত চলা বিক্ৰিয়াৰ ফলস্বৰূপেই প্ৰথমটো জীৱিত অণুৰ সৃষ্টি হৈছিল আৰু এই জীৱিত অণুৰপৰাই কালক্ৰমত বিৱৰ্তনৰ জৰিয়তে বিভিন্ন জী... |
হেলডে’নে জীৱনত দুবাৰকৈ বিয়া কৰাইছিল। ১৯২৪ চনত হেলডে’নে চাৰ্লট বৰ্জেছৰ পাণি গ্ৰহণকৰে। কিন্তু ১৯৪৫ চনত তেওঁলোক বিবাহ-বিচ্ছেদ হয়। পাছলৈ হেলডে’ন হেলেন স্পাৰৱে নামৰ এগৰাকী মহিলাৰ সতে বিবাহৰ সূত্ৰে আৱদ্ধ হয়। |
জে. বি. এছ. হেলডে’ন সমাজবাদৰ এগৰাকী উন্মুখ সমৰ্থক আছিল, আৰু ১৯৪২ চনত ইংলেণ্ডৰ কমিউনিষ্ট দলৰ সভ্যও হৈছিল। তেখেত সমাজবাদী দলৰ মুখপত্ৰ ‘দেইলী ৱৰ্কাৰ’ কাকতৰ সম্পাদনা সমিতিৰ সভাপতি আছিল আৰু কাকতখনত কেবাটাও প্ৰৱন্ধ প্ৰকাশ কৰিছিল। ৰাছিয়াত লাইছেংকো নামৰ এগৰাকী বিজ্ঞানীৰ কিছুমান কাম-কাজৰ দ্বাৰা হেলডে’ন অসন্তুষ্ট হৈছিল আৰু তাৰে ... |
১৯৫৬ চনত হেলডে’নে ইংলেণ্ড ত্যাগ কৰি ভাৰতবৰ্ষলৈ আহে আৰু নিগাজীকৈ থাকিবলৈ লয়। ইংলেণ্ডৰ চৰকাৰে ছুৱেজ সংকট সম্পৰ্কে লোৱা সিদ্ধান্তত বিতুষ্ট হৈ তেওঁ ইংলেণ্ড ত্যাগ কৰিবলৈ সিদ্ধান্ত লয়। ভাৰতলৈ আহিব বিচৰাৰ কাৰণ সোধাত তেওঁ কৈছিল যে ভাৰতৰ গৰম জলবায়ু তেখেতৰ স্বাস্থ্যৰ অনুকূলে যোৱাৰ লগতে ভাৰতত মুক্ত মনেৰে থকাৰ সুবিধা আছে। অৱশ্যে ধ... |
ভাৰতলৈ আহি হেলডে’নে প্ৰথমে কলিকতাৰ ‘ভাৰতীয় পাৰিসাংখ্যিক প্ৰতিষ্ঠান’ত ‘জীৱমাপ’ (biometry) বিভাগৰ মূৰব্বী হিচাপে যোগ দিয়ে আৰু জেনেটিক্সৰ লগতে নৃতত্ববিজ্ঞান আৰু উদ্ভিদবিজ্ঞান সম্বন্ধীয় গৱেষণাৰ কামত ব্ৰতী হয়। ভাৰতৰ শিক্ষা ব্যৱস্থাত গণিত আৰু জীৱবিজ্ঞান একেলগে পঢ়াৰ সুবিধা নথকাৰ বাবে হেলডে’নে প্ৰায়ে আক্ষেপ কৰিছিল। এগৰাকী কানা... |
জে. বি. এছ. হেলডে’ন আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। গণিত আৰু জীৱবিজ্ঞানৰ গৱেষণাৰ বাহিৰেও তেওঁ নিয়মীয়াকৈ লিখা-মেলা কৰাত ব্যস্ত আছিল। বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে ভৱিষ্যতৰ পৃথিৱীত সম্ভৱ হোৱা কেইবাটাও সংঘটনাৰ বিষয়ে বহু আগেয়েই ভৱিষ্যদ্বাণী কৰিছিল। ‘ডিডেলাছ’ নামৰ এখন কল্পবিজ্ঞান উপন্যাসত তেখে... |
হেলডে’নেই জিনীয় প্ৰতিৰোপনৰদ্বাৰা এগৰাকী ব্যক্তিৰ যমজ প্ৰতিলিপি সাজিব পৰা যাব বুলি ধাৰণা আগবঢ়াইছিল। এনে প্ৰতিলিপিবোৰৰ বাবে আজিকালি ব্যৱহৃত ‘ক্ল’ন’ শব্দটোও তেখেতেই প্ৰথমে প্ৰচলন কৰিছিল। জেনেটিক্সৰ আলোচনাত ব্যৱহৃত বহুতো শব্দ হেলডে’নেই প্ৰথমে প্ৰচলন কৰিছিল। |
হেলডে’ন আছিল অত্যন্ত সপ্ৰতিভ আৰু বাকপটু। হেলডে’নে ঈশ্বৰত বিশ্বাস নকৰিছিল। তেখেতে কৈছিল যে ‘মোৰ বিজ্ঞান নাস্তিক। কাৰণ মই যেতিয়া এটা পৰীক্ষা কৰোঁ তেতিয়া ধৰি লওঁ যে ভগৱান, বা চয়তান বা দেৱদূতে তাক কোনো ধৰণে সলাব নোৱাৰে… গতিকে মই যদি মোৰ প্ৰাত্যহিক জীৱনতো একে কথাকে মানি নচলো তেন্তে মই বৌদ্ধিকভাৱে অসত্যৰ আশ্ৰয় লোৱা হ’ব।‘ ‘ভগ... |
লেখক: ডা° উদ্দীপ তালুকদাৰ। |
পংকজ জ্যোতি মহন্ত |
pankajjyoti.com |
WhatsApp |
Tweet |
More |
Email |
Print |
Tags: |
জন বাৰ্ডন ছেণ্ডাৰছন হেলডে’ন, হেলডেন |
No Comments |
Post A Comment |
Cancel Reply |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. |
Please submit your article by email to : [email protected] |
বিনামূলীয়া ই-বুক |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.