text stringlengths 0 188k |
|---|
প্ৰথম কাটাৰত ভৰি দি বৰ অকলশৰীয়া ভাৱ এটা মনলৈ আহিব ধৰিছিল কিয়নো কাটাৰলৈ আহিবৰ দুমাহলৈ এজনো অসমীয়া মানুহৰ সন্ধান এই মৰুৰ দেশখনত পোৱা নাছিলোঁ৷ অথচ ইয়াৰ আগৰবাৰ আবু ধাবিত কাম কৰিবলৈ আহোঁতে দ্বিতীয় দিনাই উৎপল বৰুৱা নামৰ বেংকত কাম কৰা যুৱকজনৰ সন্ধান ম’বাইলৰ চিম বেচা দোকানীজনে দিছিল৷ নোপোৱাই পোৱাদি এদিন কুৰি বছৰীয়া গুজৰাটী ‘পে... |
এইটো ঘটনাৰ এসপ্তাহ পিছত মোলৈ দুটা ফোন আহিল অসমীয়াত৷ মোৰ কৰ্মস্থলী আৰু থকা ঠাইৰ বুজলৈ মোক লগ ধৰিবলৈ আহিব বুলি জনালে৷ প্ৰথমটো হোজাইৰ কোনোবা আহমেদৰ, আজমলৰ কাটাৰৰ আতৰৰ দোকানত কাম কৰে৷ আনটো এজন ডেকা ইঞ্জিনীয়াৰৰ৷ কোৱামতে এদিন ৰাহুল চৌধুৰী বন্ধু মহেশ কুমাৰ ডুবেৰ সৈতে আহি মোক ডিউটিৰ মাজতে আহি লগ ধৰিলেহি৷ সেই দুজন অসমৰ ডেকা ইঞ্... |
ইতিমধ্যে মই ইন্টাৰনেটত ‘অসমীয়া কথা বতৰা গোট’ত নিয়মীয়াকৈ লিখিবলৈ লৈছোঁ৷ তাত মোৰ লিখা পঢ়ি এটা এটা অসমীয়া পৰিয়ালে মোক ফোন কৰিলে – অহাকালিলৈ দুমাহৰ বছেৰেকীয়া ছুটীত ঘৰলৈ গৈ আছোঁ, ঘৰৰ পৰা আহি আপোনাক লগ পাম৷ তাৰ কেইদিনমান পিছত মোক আচৰিত কৰি মোৰ কোৱাৰ্টাৰত হঠাৎ আহি ওলালহি ইঞ্জিনীয়াৰ পাৰ্থ গগৈ পৰিয়ালসহ৷ পাৰ্থ মোৰ মাহীৰ ল’ৰা, কে... |
ইয়াৰ মাজতে এদিন মই বন্ধৰ দিনত ড’হাৰ সৰ্বোচ্চ ভৱন টৰ্চ টাৱাৰ চাবলৈ যাওঁতে আন এটি অসমীয়া কন্ঠস্বৰৰ ফোন পালোঁ-“মই শিৱ বৰাই কৈছোঁ, আপোনাক ক’ত কেনেকৈ লগ পাব পাৰোঁ কওক”৷ |
উজনিৰ টিংখঙৰ শিৱ বৰাই যোৱা ১২ বছৰৰো অধিক কাল কাটাৰত পৰিয়ালসহ আছে৷ চৰকাৰী ৰাচগেছ কোম্পানীৰ ইঞ্জিনীয়াৰ৷ শিৱ বৰাই মোক লগ পাবলৈ আহিল মোৰ কোৱাৰ্টাৰলৈ, ময়ো তেওঁৰ অল ৱাক্ৰাৰ ঘৰত আলহী হলোঁগৈ৷ অল ৱাক্ৰা মূল ড’হাৰ পৰা ১৫কিলোমিটাৰমান দূৰৈত৷ ড’হাৰ আনটো মূৰত অৱস্থিত৷ পাঠকে বিস্মিত নহ’ব, এই সকলো যোগাযোগ সম্ভৱ হৈছিল একমাত্ৰ ইন্টাৰনেট... |
শিক্ষাখণ্ডতো দুজনমান অসমীয়া আছে বুলি শুনিছোঁ৷ লক্ষীমপুৰৰ জীয়ৰী শিৱ বৰাৰ ভাল বান্ধৱী জ্বলি ভদ্ৰ বৰ্তমান বিবাহসূত্ৰে উৰিষ্যাৰ বোৱাৰী৷ এইহাল দম্পত্তি বৰ্তমান কাটাৰ বিশ্ববিদ্যালয়ৰ গবেষণা বিভাগৰ সৈতে জড়িত৷ |
কাটাৰৰ অসমীয়া সমাজক একত্ৰিত কৰাত উদ্যমী এই ডেকাজনৰ যিমান প্ৰশংসা কৰিলেও কম হ’ব৷ |
আজিৰ পৰা এবছৰ আগতে অসমীয়া মানুহ বিচাৰি হাবাথুৰি খাই থকা অৱস্থাৰ পৰা মোক উদ্ধাৰ কৰিছিল তেওঁ৷ এজন “চিকাৰীয়ে চিকাৰ বিচৰাৰ দৰে” তেওঁ জনঅৰণ্যত অসমীয়াৰ সন্ধান আজিও কৰে৷ পাঠকসকলে শুনি আহ্লাদিত হ’ব ৭ বছৰ আগতে কাটাৰৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত অসমীয়া বিহুনৃত্যৰ দলো অংশীদাৰ হৈছিল৷ আকৌ ২০০৯ চনৰ ৩ মে’ তাৰিখৰ ‘আসাম ট্ৰিবিউন’ বাতৰিকাকতখ... |
যোৱা ৪-৫ মাহত চিনাকী হলোঁ যোৰহাটৰ দেৱজিৎ কলিতা, তেজপুৰৰ পৰাগ হাজৰিকা, চিলচৰৰ কৰ্ণেন্দু ৰয়, শুৱালকুছিৰ জগন্নাথ মহন্ত, কাছাৰৰ জমিল আহমেদ লস্কৰ, গুৱাহাটীৰ চিৰঞ্জীৱ শৰ্মা আৰু শৰৎ শইকীয়াৰ সৈতে৷ দেৱজিতে ইয়াৰ মৰুৰ মাটিত জিকা, ভোল, ধুন্দুলি, জলকীয়া আদিৰ খেতি কৰি নিজেও খাইছে – আনকো বিলাইছে৷ ৰাচলাফান ৰিফাইনেৰীত পুঞ্জলয়ড কনষ্ট্ৰা... |
যোৱা ১৮জানুৱাৰীত ভোগালী বিহু উপলক্ষে এটি সৰু ‘গেট টুগেদাৰ’ ড’হাৰ অসমীয়া লোকখিনিৰ মাজত হৈ যায়৷ পোনতে বাৰ্ৱা ভিলেজৰ ‘লাইফষ্টাইল’ হোটেলত একত্ৰিত হৈ মধ্যাহ্ন ভোজন কৰি বিয়লি শিৱ বৰাৰ বাসভৱনত লস্কৰা, কেক আৰু পিঠাৰে চাহমেলৰ আয়োজনে যথেষ্ঠ আনন্দমধুৰ পৰিবেশৰ সৃষ্টি কৰিছিল৷ ভালেকেইটা পৰিয়াল ঘৰলৈ যোৱাত উপস্থিতি সেইদিনা সেৰেঙা আছিল... |
শেহতীয়াকৈ যোৱা ১৫ ফেব্ৰুৱাৰী শুকুৰবাৰৰ বিয়লি অলচাডৰ বিন মামুদ এলেকাত থকা পাৰ্থ গগৈৰ ঘৰত অসমীয়া সমাজৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু তাত আগন্তুক ৰঙালী বিহু উদযাপন সম্বন্ধে আলোচনা কৰা হয়৷ |
(“অল খাৰখোৱাজ অৱ অল খোৰ”) |
ফেচবুক বন্ধু অজয়লাল দত্তই অল খোৰৰ অসমীয়া পৰিয়ালৰ নেটত ফটো চাই কৰা মন্তব্যৰে আজিৰ ডায়েৰীৰ শিৰোনামাটো দিলোঁ৷ যোৱা ১২ফেব্ৰুৱাৰীৰ কাটাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দেশজুৰি চলি থকা উলহ-মালহ, উৎসাহ-উদ্দীপনাৰ অনুভূতিৰে অনুপ্ৰাণিত হৈ মোৰো ভ্ৰমণপিপাসু মনটো ক’ৰবালৈ যাবলৈ তৎপৰ হৈ উঠিল৷ সংগী কৰি ললোঁ নতুনকৈ কাটাৰত চাকৰিত যোগদান কৰিবলৈ... |
ৰাজধানী চহৰ ড’হাৰ পৰা ৬০ কিলোমিটাৰ উত্তৰে সমুদ্ৰতীৰত অৱস্থিত এখনি সৰু চহৰ৷ |
গাঁৱৰ পৰা লাহে লাহে নগৰ হৈ উঠা এক জনবসতি৷ উত্তৰে আৰু সমান দূৰত্ব অতিক্ৰম কৰিলে পোৱা যাব কাটাৰৰ উত্তৰৰ শেষ সীমাৰ চহৰ অল শ্বামাল৷ তাৰ পৰা বতৰ ফৰকাল হ’লে সাগৰৰ সিটো পাৰে অৱস্থিত বাহৰাইন দেশখনৰ এটা অংশ চকামকাকৈ দেখা যায়৷ মই ২০১১ চনৰ ডিচেম্বৰত অৰুণাচলৰ নেৰিষ্টৰ পৰা উত্তীৰ্ণ হোৱা দুই ইঞ্জিনীয়াৰ পাৰ্থ গগৈ আৰু অম্বুজা সিঙৰ পৰি... |
অলপ আগকথা কওঁ: যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনা আগবেলাৰ ডিউটি কৰি থাকোঁতে অসমীয়াত এটা ফোন আহিল – “মই কৌস্তুভ শইকীয়াই কৈছোঁ৷ কাটাৰলৈ আহিবৰ দুমাহ হ’ল – চিনাকী হ’বলৈ ফোন কৰিলোঁ৷ অসমতে নবৌৰ পৰা আপোনাৰ খবৰ পাই আহিছোঁ৷ ফোন নম্বৰটো গগুল চাৰ্চৰ যোগেদি নেটত বিচাৰি ওলিয়ালোঁ৷” বাকী কথোপকথনৰ সাৰাংশ হ’ল : কাটাৰৰ অল খ’ৰ নামৰ তেলৰ নগৰীত লাৰচন... |
অল খোৰ, অল মদঘৰীয়া, অল শ্বামাল এই কেইখন পাৰস্য সাগৰৰ কাষত অৱস্থিত বুৰঞ্জী প্ৰসিদ্ধ ঠাই৷ এটা সময়ত এই ঠাইবিলাক আছিল সাগৰৰ পৰা বুটলা মণি-মুকুতাৰ ব্যৱসায়ৰ কেন্দ্ৰ ৷ নাওঁ নিৰ্মাণৰ থলী, মাছৰ বৃহৎ বজাৰ আৰু আন ব্যৱসায়ৰ বাবে আছিল বিখ্যাত একো একোটা বন্দৰ৷ পঞ্চাচৰ দশকত কাটাৰত খাৰুৱা তেলৰ আৱিস্কাৰ হোৱাৰ পৰা আৰম্ভ হোৱা পৰিৱৰ্তনৰ বত... |
অল খোৰ মিউনিচিপেলিটি এলেকাৰ আৰম্ভণিতে পথৰ দুয়োকাষে দুটি স্তম্ভ স্থাপিত কৰা হৈছে৷ অল খোৰত কেইটি মান পূৰণি মছজিদ আৰু এটা সৰু মিউজিয়াম আছে৷ সময়ৰ অভাৱত মিউজিয়ামত সোমোৱা নহ’ল৷ ৰাস্তাৰ আহল বহল ৰাউণ্ড এবাইটবিলাক সুন্দৰকৈ বতৰৰ ফুল আৰু সেউজীয়া ঘাঁহনিৰে পৰিবেশ শুৱনি কৰি ৰাখিছে৷ বজাৰ এলেকাত কে. এফ. চি., মেকডনাল্ড, নানান ভিন্ন ভিন... |
দুপৰীয়া লাও-বিলাহীৰ মাছৰ আঞ্জাৰ অসমীয়া ভাত সাজ তৃপ্তিৰে খাই ঘৰে ঘৰে আলহী ফুৰোঁতেই সন্ধিয়া হ’ল৷ গতিকে অলখোৰৰ নেদেখা ঠাইবিলাক চাবলৈ পুনৰ অহাৰ আশা মনতে পাঙি অসমীয়া বন্ধুসকলৰ পৰা বিদায় ললোঁ৷ সেইদিনা আমি ড’হালৈ ঘুৰোঁতে সন্ধিয়াৰ ৮ বাজিছিল৷ কাটাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আয়োজন কৰা নানাৰঙী লেজাৰ শ্ব’ৱে সাগৰৰ পাৰত কেইবা ঠ... |
← অব্যক্ত (ৰশ্মিৰেখা দাস) |
এবুকু কেঁকটাচত ডুব যোৱা মাজ নিশাৰ ঐক্যতান (ৰক্তিম গোস্বামী) → |
You May Also Like |
বৰাক উপত্যকাৰ গাঁও (প্রদ্যুৎ জ্যোতি শইকীয়া) |
November 15, 2011 0 |
হাফলং নামঘৰ |
September 18, 2022 September 19, 2022 0 |
ৰঙালী বিহু আৰু চেৰীব্লজমৰ অনুভৱ (তিৰুজ্যোতি বৰা দাস) |
April 14, 2014 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>1পাছত ইস্ৰায়েলৰ সন্তান সকলৰ সমাজে চীলোত গোট খালে আৰু সেই ঠাইতে সাক্ষাৎ কৰা তম্বু স্থাপন কৰিলে৷ আৰু সন্মুখত থকা দেশ তেওঁলোকে বশীভুত কৰিলে৷ |
2ইস্ৰায়েলৰ লোকসকলৰ মাজত সেই সাতোটা ফৈদৰ উত্তৰাধিকাৰ তেতিয়ালৈকে নিৰূপিত হোৱা নাছিল৷ |
3যিহোচূৱাই ইস্ৰায়েলৰ লোকসকলক ক’লে, “তোমালোকৰ পুৰ্ব্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশত যাবলৈ কিমান কাল অৱহেলা কৰি থাকিবা?” |
4প্ৰত্যেক ফৈদৰ পৰা তিনি জনকৈ ব্যক্তি তোমালোকৰ নিজৰ কাৰণে নিযুক্ত কৰা৷ মই তেওঁলোকক পঠিয়াম৷ তেওঁলোকে গৈ দেশৰ সকলো ঠাইৰ বিষয়ে নিৰীক্ষণ কৰিব৷ তেওঁলোকে নিজ নিজ উত্তৰাধিকাৰৰ বিষয়ে বর্ণনা কৰি লিখিব আৰু তাৰ পাছত মোৰ ওচৰলৈ উভতি আহিব। |
5তেওঁলোকে সেই ঠাই সাতোটা ভাগ কৰিব৷ যিহূদা দক্ষিণফালে থকা তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব আৰু উত্তৰ ফালে আগতে থকাৰ দৰে যোচেফৰ বংশই নিজৰ সীমাত থাকিব। |
6এইদৰে তোমালোকে দেশখন সাত অংশ কৰি, সেই বিষয়ে বৰ্ণনা লিখি মোৰ ওচৰলৈ আনিবা৷ মই ইয়াত, আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে তোমালোকৰ বাবে চিঠি খেলাম। |
7তোমালোকৰ মাজত লেবীয়াসকলৰ কোনো ভাগ নাই কিয়নো যিহোৱাৰ পুৰোহিতৰ পদেই তেওঁলোকৰ উত্তৰাধিকাৰ৷ গাদ, ৰূবেণ আৰু মনচিৰ আধা ফৈদে যৰ্দ্দনৰ সিপাৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে। |
8তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।” |
9তেতিয়া সেই লোক কেইজন গৈ দেশখনৰ সকলো ঠাই ফুৰি, প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি, নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে৷ তাৰ পাছত তেওঁলোকে চীলোৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ উভতি আহিল। |
10তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে। |
11নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷ |
12তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷ |
13তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল। |
14বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে। |
15দক্ষিণ ফালৰ সীমা থিক কিৰিয়ৎ-যিয়াৰীমৰ অন্তৰ পৰা আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা ইফ্ৰোণ হৈ নেপ্তোহ নামৰ জলৰ ভুমুকলৈ হ’ল। |
16পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাৰ সন্মুখে আৰু ৰফায়ীম পৰ্ব্বতৰ উত্তৰ ফালে থকা পৰ্বতৰ তললৈকে নামি গৈ, হিন্নোমৰ উপত্যকেদি যিবুচিৰ দক্ষিণ কাষলৈ নামি অয়িন-ৰোগেললৈ গ’ল। |
17পাছত উত্তৰ ফালে ঘূৰি, সেই সীমা অয়িন-চেমচৰ দিশে গলীলোতত ওলাল, যি অদুম্মীমলৈ উঠি যোৱা পথৰ বিপৰীতে অৱস্থিত আছিল৷ পাছত সেই সীমা বোহনৰ শিলটোলৈকে নামি গ’ল৷ |
18পাছত এই সীমাটো বৈৎ-অৰাবৰ উত্তৰে গৈ অৰাবালৈ নামি গ’ল; |
19সেই সীমা বৈৎ-হগ্লাৰ উত্তৰ দিশে গৈ যৰ্দ্দনৰ দক্ষিণ মুৰত থকা লৱণ-সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ’ল৷ এয়ে দক্ষিণ ফালে থকা সীমা আছিল৷ |
20যৰ্দ্দনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামীনৰ ফৈদৰ উত্তৰাধিকাৰ, এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ’ল। |
21নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদৰ নগৰবোৰ আছিল যিৰীহো, বৈৎ-হগ্লা, এমক-কচিচ, |
22বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল। |
23অব্বীম, পাৰা, অফ্ৰা, |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.