text stringlengths 0 188k |
|---|
পাঠকৰ সংখ্যা |
সম্পাদনা কক্ষ |
লেখা অনুসন্ধান কৰক |
প্ৰকাশিত সংখ্যাৰ সংৰক্ষণাগাৰ |
December14 |
November195 |
October179 |
September167 |
August190 |
July133 |
June167 |
May221 |
April190 |
March216 |
February215 |
January188 |
December183 |
November202 |
October257 |
September295 |
August329 |
July355 |
June267 |
May204 |
April156 |
March157 |
February130 |
January163 |
December161 |
November174 |
October195 |
September259 |
August352 |
July311 |
June279 |
May337 |
April235 |
March227 |
February78 |
January118 |
অসমীয়া সাহিত্যৰ চানেকি |
অসমীয়া সাহিত্যৰ চানেকি হৈছে প্ৰথম অসমীয়া একমাত্ৰ দৈনিক ৱেব আলোচনী । অসমীয়া ভাষা সাহিত্যৰ সংৰক্ষণ কৰাৰ লগতে ন পুৰণি সাহিত্যিক সকলক জনসংযোগ (ইন্টাৰনেট) জগতত উচিত স্বীকৃতি দিয়াৰ এক প্ৰয়াস । আপোনাৰ সৃষ্টিৰাজিক সঠিক স্থান দিয়াৰ এক বিৰল প্ৰেক্ষাপটত আহক সহযোগি হওঁক এই যাত্ৰাৰ<eot>২০১২ চনৰ পৰা শিলচৰ চেণ্ট্ৰেল জেইলত কাৰাবন্দী হৈ থকা সাতগৰাকী ৰহিংগিয়াক আজি শিলচৰৰ পৰা ম্যানমাৰলৈ প্ৰত্যৰ্পণ কৰা হ’ব। বহু বছৰীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাতিপুৱা ৬.৩০ বজাতে লোক কেইজনক ম্যানমাৰলৈ উভতাই পঠিওৱাৰ উদ্দেশ্যে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰেহ অঞ্চললৈ লৈ যোৱা হৈছে। |
উল্লেখ্য যে ২০১২ চনতে এই ম্যানমাৰী লোক কেইজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি শিলচৰৰ নাগাটিলা অঞ্চলত বসবাস কৰিব লৈছিল। কিন্তু তেওঁলোকে যে ভাৰতত অবৈধভাৱে বসবাস কৰি আছে আৰক্ষীয়ে সেই কথাৰ উমান পাই ৰহিংগিয়া লোক কেইজনক আটক কৰি শিলচৰ চেণ্ট্ৰেল জেইলত আবদ্ধ কৰি ৰাখে। |
দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকাৰ পাছত উক্ত ম্যানমাৰী লোক কেইজনে পুনৰ নিজ দেশলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰাত ভাৰত চৰকাৰে ম্যানমাৰ চৰকাৰৰ লগত আলোচনা কৰে আৰু ম্যানমাৰ চৰকাৰৰ লগত আলোচনামৰ্মেই আজি ম্যানমাৰলৈ ঘূৰাই পঠিওৱা হ’ব ৰহিংগ্যা লোককেইজনক। |
সুদীৰ্ঘ ৬ বছৰ জেইলত কটোৱাৰ অন্তত নিজ দেশলৈ ঘূৰি যাবলগীয়া লোককেইজন হৈছে মহম্মদ ছাবিৰ আহমেদ, মহম্মদ য়ুনুছ, মহম্মদ জামাল, মহম্মদ ছালাম, মহম্মদ মুকবুল খান, মহম্মদ ৰহিমউদ্দিন আৰু মহম্মদ জামাল হুছেইন। এই লোক কেইজন ম্যানমাৰৰ ফইডা জিলাৰ চেপতাক আৰক্ষী থানাৰ অন্তৰ্গত কেইটো (বদৰপাৰা) গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। |
ইফালে আজি ৰাতিপুৱাই ৰহিংগিয়া কেইজনক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এ এছ ২৪ চি-২৮২৯ নম্বৰৰ এখন বাছেৰে শিলচৰ চেণ্ট্ৰেল জেইলৰ পৰা মণিপুৰৰ জিৰিবাম হৈ ম্যানমাৰলৈ ঘূৰাই পঠিওৱাৰ উদ্দেশ্যেৰে লৈ যোৱা হৈছে। |
উল্লেখ্য যে প্ৰত্যাৱৰ্তনৰ সমগ্ৰ বিষয়টো কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পি ভি ভি ৰাকেশৰ নিৰীক্ষণত হৈ আছে। বিষয়টো সন্দৰ্ভত তেওঁ মন্তব্য কৰাৰ পৰাৰ বিৰত আছে যদিও সমগ্ৰ বিষয়টো গৃহমন্ত্ৰনালয়ৰ অধীনত হৈ আছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাকেশে জানিবলৈ দিয়ে। |
Recent News |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Mallikarjun Kharge elected Congress president মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁ তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰক বৃহৎ ব্যৱধানত পৰাজিত কৰিছে। ফলস্বৰূপে কংগ্ৰেছে দুটা দশকৰ পিছত এগৰাকী অ-গান্ধী সভাপতি লাভ কৰিলে। |
কংগ্ৰেছৰ সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত “হাইকমাণ্ডৰ প্ৰাৰ্থী” হিচাপে পৰিচিত খাৰ্গেই ৭,৮৯৭ টা ভোট লাভ কৰিছে। তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰে ১০৭২ টা ভোট লাভ কৰিছে। অৰ্থাৎ খাৰ্গে ৬,৮২৫ টা ভোটৰ ব্যৱধানত জয়ী হৈছে। |
ইয়াৰ আগেয়ে ২০০০ চনত কংগ্ৰেছ সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেইবাৰ উত্তৰ প্ৰদেশৰ নেতা জীতেন্দ্ৰ প্ৰসাদে ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। ছোনিয়াৰ বিৰুদ্ধে জিতেন্দ্ৰৰ ভোট তিনিটা সংখ্যাতো উপনীত হোৱা নাছিল। ইয়াৰ তুলনাত থাৰুৰে খাৰ্গেৰ বিৰুদ্ধে কিছু সন্মানীয় স্থিতিত উপনীত হৈছে। |
কেৰালাৰ সাংসদগৰাকীয়ে আৰম্ভণিৰে পৰা নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁ বাৰে বাৰে অভিযোগ কৰিছে যে তেওঁ ৰাজ্যিক পৰ্যায়ৰ নেতা বা শীৰ্ষ নেতাৰ পৰা মল্লিকাৰ্জুন খাৰ্গেৰ দৰে সহযোগিতা লাভ কৰা নাই। প্ৰচাৰত সহায় কৰাৰ কথাটো বাদেই, থাৰুৰক কিছুমান ৰাজ্যত প্ৰচাৰ চলাবলৈও বাধা দিয়া হৈছিল বুলিও অভিযোগ উত্থাপিত হৈছে। আনকি নিৰ্বাচনৰ ফলাফলৰ দিনাও থাৰুৰে উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু তেলেংগানাৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল। |
অৱশ্যে ফলাফল ঘোষণা হোৱাৰ পিছত থাৰুৰে খাৰ্গেক তেওঁৰ প্ৰাৰম্ভিক প্ৰতিক্ৰিয়াত অভিনন্দন জনাইছে। কংগ্ৰেছ নেতাজনে টুইট কৰি কয়, “কংগ্ৰেছৰ সভাপতি হোৱাটো এক ডাঙৰ সন্মান আৰু দায়িত্ব। মই আশা কৰোঁ খাৰ্গেজী এই কামত সফল হ’ব। এহেজাৰতকৈও অধিক সহকৰ্মীৰ সমৰ্থন পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়।” |
It is a great honour & a huge responsibility to be President of @INCIndia &I wish @Kharge ji all success in that task. It was a privilege to have received the support of over a thousand colleagues,& to carry the hopes& aspirations of so many well-wishers of Congress across India. pic.twitter.com/NistXfQGN1 |
— Shashi Tharoor (@ShashiTharoor) October 19, 2022 |
দৰাচলতে, থাৰুৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ আৰম্ভণিৰে পৰা পিছ পৰি আছিল। কাৰণ খাৰ্গেৰ নাম ‘গান্ধী পৰিয়ালৰ প্ৰাৰ্থী’ হিচাপে প্ৰক্ষেপিত হৈছিল। অৱশ্যে ছোনিয়া গান্ধীয়ে আৰম্ভণিৰে পৰা কৈ আহিছে যে তেওঁলোক নিৰ্বাচন প্ৰক্ৰিয়াত নিৰপেক্ষ হ’ব। একেদৰে গান্ধী পৰিয়ালৰ সদস্যসকলে কোনো প্ৰাৰ্থীৰ সমৰ্থনত মুকলিকৈ মুখ খোলা নাছিল। |
भारतीय राष्ट्रीय कांग्रेस के अध्यक्ष बनने पर श्री @kharge जी को हार्दिक शुभकामनाएं। मुझे पूरा विश्वास है कि राजनीतिक जीवन का आपका जमीनी अनुभव भारतीय राष्ट्रीय कांग्रेस की विचारधारा को मजबूती देगा। |
आपके नेतृत्व में संविधान व लोकतंत्र की रक्षा के लिए कांग्रेस संघर्ष जारी रखेगी। |
— Priyanka Gandhi Vadra (@priyankagandhi) October 19, 2022 |
কিন্তু ফলাফলৰ দিনা, ৰাহুল গান্ধীক ‘জিভা পিচল’ খোৱা দেখা হৈছিল। ফলাফল ঘোষণা হোৱাৰ আগতেই তেওঁ কয় যে খাৰ্গে সভাপতি নিৰ্বাচিত হ’বলৈ গৈ আছে। ‘ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত ৰাহুলক অন্ধ্ৰ প্ৰদেশত সোধা হৈছিল, “নতুন সভাপতি অহাৰ পিছত আপোনাৰ ভূমিকা কি হ’ব?” প্ৰশ্নটোৰ উত্তৰত ৰাহুলে কয়, “এইটো খাৰ্গেজীয়ে সিদ্ধান্ত ল’ব। |
পিচে, তৎক্ষণাৎ পৰিস্থিতি চম্ভালি কংগ্ৰেছৰ সাংসদগৰাকীয়ে অৱশ্যে কয়, “খাৰ্গেজী আৰু থাৰুৰজী দুয়ো অভিজ্ঞ, মই এজন সাধাৰণ কৰ্মী। তেওঁলোকে কোৱাৰ দৰে মই কাম কৰিম।‘’ |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>কলিয়াবৰৰ চতিয়ালৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ২২ জুলাইৰ দিনৰ প্ৰায় ১.৩০ মান বজাত তীব্ৰবেগী ট্ৰাক আৰু মহিন্দ্ৰ মেক্সিম গাড়ী এখনৰ মাজত হোৱা এক ভয়াৱহ মুখামুখি সংঘৰ্ষত মুঠ ১১গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। |
আহত লোকসকলক ততাতৈয়াকৈ জখলাবন্ধা হস্পিতালত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে সকলোকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতাল আৰু তেজপুৰ মিছন হস্পিতাললৈ প্ৰেৰণ কৰে। |
দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনাত পতিত মেক্সিম’ বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰমাৰ হৈ যায়। |
স্থানীয় ৰাইজে জনোৱা অনুসৰি AS12AC 5509 নম্বৰৰ মেক্সিম’ যাত্ৰীবাহী বাহনখন তেজপুৰৰ পৰা জখলাবন্ধা অভিমুখে আহি আছিল আৰু AS 01EC7189 নম্বৰৰ ট্ৰাকখন জখলাবন্ধাৰ পৰা কলিয়াবৰ অভিমুখে আহি আছিল। |
তীব্ৰ গতিৰ ফলতে বাহন দুখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বুলি আমাক জানিবলৈ দিছে। |
দুৰ্ঘটনাটোত আহত লোকসকল ৰঞ্জিত ভৌমিক (তেজপুৰ), অঞ্জনা বেগম (দক্ষিণ হয়বৰ গাওঁ), ৰূপৰেখা বৰগোহাঁই (জখলাবন্ধা), অৰুণজ্যোতি দাস (মৰিগাওঁ), যাদৱ বৰদলৈ (মৰিগাওঁ), সুৰেক্ষিত ক’ৰ (গুৱাহাটী), ভবেন্দ্ৰ ক’ৰ (গুৱাহাটী), নেহা ৰেখা নেওগ (বৰুৱা চুক, কলিয়াবৰ), অতুল নাথ, (কহঁৰা, কাজিৰঙা), নুৰজাহান, অজৰো ক’ৰ (গুৱাহাটী)। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ভাৰতীয় সেনা বাহিনীৰ পেৰাচুট ৰেজিমেণ্টৰ অংশ সন্ত্ৰাস বিৰোধী বিশেষ গোট দ্বাদশ পেৰা এছ এফৰ এটা গোটে এনএছচিএন-খাপলাং গোটৰ শিবিৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। এনএছচিএন খাপলাং গোটৰ এই শিবিৰটো ম্যানমাৰৰ ৩ কি: মি: ভিতৰত অৱস্থিত। এই শেহতীয়া ছাৰ্জিকেল ষ্ট্ৰাইকত এনএছচিএন খাপলাং গোটৰ ৫জন সদস্য নিহত হয়। |
সেনাবাহিনীৰ এটা সূত্ৰই নৰ্থ-ইষ্ট নাওৰ আগত সদৰি কৰিছে দ্বাদশ পেৰাৰ গোটটোৱে এনএছচিএন খাপলাং গোটৰ শ্বৱেলো কেম্পৰ ওচৰত অৱস্থিত এটা নিৰীক্ষণ চকীত আক্ৰমণ সংঘটিত কৰে। এই কেম্পটো ভাৰত-ম্যানমাৰ সীমাৰ ১৫১ নং তালাচী চকীৰ পৰা পৰা ৩ কি:মি: দূৰত ম্যানমাৰৰ ভূখণ্ডত অৱস্থিত। |
পেৰা এছএফৰ গোটটোৱে বিদ্ৰোহী সংগঠনটোৰ ব্যাপক ক্ষতি কৰিবলৈ সক্ষম হয়। দুয়ো পক্ষৰ মাজত প্ৰায় আধা ঘণ্টা ধৰি গুলিয়াগুলী চলে। |
নিশেষ নিৰাপত্তা বাহিনীটোৱে অভিযানত ৰকেট লাঞ্চাৰ, অট’মেটিক গ্ৰেনেড লাঞ্চাৰ আৰু মৰ্টাৰ ব্যৱহাৰ কৰিছিল। |
দ্বাদশ পেৰা গোটৰ কোনো হতাহত হোৱা নাই আৰু অভিযানৰ সফল সমাপ্তিৰ পাছত ২৭ তাৰিখে নিশা প্ৰায় ৪-০০বজাত গোটৰ আটাইকেইজন সদস্য তেওঁলোকৰ কেম্পলৈ উভতি আহে। |
সমগ্ৰ অভিযানটো দুঘণ্টা ব্যাপি চলিছিল। নিশা ২-০০ বজাত অভিযান আৰম্ভ কৰি দ্বাদশ পেৰাৰ বিশেষ গোটটো ২৭ জুনৰ নিশা ৪-০০ বজাত কেম্পলৈ উভতি আহিছিল। |
উল্লেখ্য যে ভাৰতীয় সেনাবিনীৰ পেৰা এছএফ গোটটোক বিশেষ অভিযান, প্ৰত্যক্ষ আক্ৰমণ, পণবন্দী উদ্ধাৰ, সন্ত্ৰাস বিৰোধী, অপৰম্পৰাগত যুদ্ধ, আভ্যন্তৰিণ সুৰক্ষা, বিস্তাৰ প্ৰতিৰোধী, বিচাৰি উলিয়াই ধ্বংস কৰা আৰু সহকৰ্মী উদ্ধাৰ আদি অভিযানত নিয়োজিত হয়। |
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আজি শিৱসাগৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উগ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন কৰে ড০ প্ৰকাশ কটকী, ড০ সৌমাৰজ্যোতি মহন্ত, ডাঃ বিমান গগৈ, শৰৎ হাজৰিকা, মনোজ বৰঠাকুৰ আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। |
অহা ৩ নবেম্বৰৰ পৰা ১৩ নবেম্বৰলৈ বৰ্ডিং খেলপথাৰৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হ’ব পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ। উক্ত গ্ৰন্থ উৎসৱ খন উদ্বোধন কৰিব প্ৰসিদ্ধ কথা সাহিত্যিক তথা অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। |
এঘাৰ দিনিয়াকৈ অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থ মেলাত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানে যোগদান নিশ্চিত কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। |
উল্লেখ্য যে, গ্ৰন্থ উৎসৱ উপলক্ষে প্ৰতিদিনেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক, চিত্ৰাংকণ, সাধু কোৱা, প্ৰচীৰ পত্ৰিকা লেখন, বক্তৃতানুষ্ঠান, বিজ্ঞান প্ৰকল্পৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে লেখক, পাঠকৰ অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ সফল কৰি তুলিবলৈ গ্ৰন্থনুৰাগী ৰাইজক উদ্যোক্তাসকলে আহ্বান জনাইছে। |
Recent News |
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.