text
stringlengths
0
188k
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।” আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষি...
ধাৰাবাহিক আত্মজীৱনীখন প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ” কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।
আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে। সেইসকল হৈছে – অনুপমা বৰগোহাঁই ( নতুন দিল্লী ), স্যামন্ত কুমাৰ গোস্বামী ( দক্ষিণ কোৰিয়া ), মঞ্জিল কোঁৱৰ (গুৱাহাটী ), মনোজ মন কলিতা ( টাইৱান ) , ধ্ৰুৱজ্যোতি শৰ্ম্মা ( গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা ), সুৰজিত নেওগ (গুৱাহাটী...
প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে তেওঁলোকৰ বহুমূলীয়া মন্তব্যও যেন অসমীয়া বা ইংৰাজী ভাষাত ইয়াতে আগবঢ়ায় ।
বিনীত,
সাহিত্য.অৰ্গ
________________________________________________
চতুৰ্থ খণ্ড
অৱশ্যে দাদাৰ পঢ়া-শুনা নহ’লগৈ। পিচত দেউতাই তেওঁক চফ্ৰাইলৈ লৈ গ’ল। তাতে তেওঁ কলঘৰত কিছুদিন উমেদাৰী কৰি পিচলৈ স্থায়ীভাৱে কামত মকৰল হ’ল। বয়সত তেওঁ আমাতকৈ ডাঙৰ আছিল। পিছৰ জীৱনত তেওঁ তিনিচুকীয়াৰ ওচৰত এখন বাগানত কাম কৰি জীৱনত সু-প্ৰতিষ্ঠিত হ’ল আৰু ল’ৰা-ছোৱালীবোৰকো ভাল কৰিলে।
মই ক্লাছ ফ’ৰলৈ প্ৰমোচন পোৱাৰ লগে লগে বীৰেনেও কাকজান এম ই স্কুলত নাম লগালে। গাঁৱৰ সমনীয়া ল’ৰাবোৰে আমাক ভাল পাইছিল আৰু আমাক মৰমো কৰিছিল। প্ৰায় পাঁচ কিলোমিটাৰ ৰাস্তা সিহঁতৰ লগতে আমি স্কুললৈ খোজ কাঢ়ি গৈছিলো। স্কুলত আমি কেইবাজনো ভাল শিক্ষক পাইছিলো। হেডমাষ্টৰ ডম্বৰুধৰ খাউণ্ড, তেখেতে সেই অঞ্চলত জীৱিতাৱস্থাতে কিংবদন্তি হৈ প...
কাশীনাথ চাংকাকতি আৰু নৰেন ভুঞা এই দুজন শিক্ষককো আমাৰ ভাল লাগিছিল। দুয়ো যোৰহাটৰ মানুহ, সোমবাৰে পুৱা চাংকাকতি খোজ দিয়ে কাকজানলৈ, স্কুল বহা সময়ত পায়হি। ভূঞা অৱশ্যে চাইকেলেৰে আহিছিল। দুয়ো শনিবাৰলৈকে কাকজানতে থাকে। শনিবাৰে ছুটীৰ পিচত ঘৰমুৱা হয়। চাংকাকতিয়ে ফ’ৰ-ফাইভত ইংৰাজী পঢ়ুৱাইছিল। বৰ সুন্দৰকৈ বুজায় আৰু বুজোৱাৰ পি...
আন আন শিক্ষকসকলৰ ভিতৰত কনকেশ্বৰ দত্ত, মোহন বৰুৱা, হানিফ আলী আদিৰ নামহে মনত পৰিছে। ত্ৰিশৰ দশকৰ স্মৃতি এতিয়া ধূসৰ হৈছে। দত্ত আৰু বৰুৱা স্থানীয়, মই শিৱসাগৰত পাঠশালা স্কুলৰ বৃত্তি পৰীক্ষা দিওঁতে মোহন বৰুৱাক দেখিছিলো। তেওঁ মোৰ হাতৰ কাম চাইছিল। পাচি নে খৰাহি এটা সাজিবলৈ দিছিল। বাঁহৰ কাঠি-কামি লিৰিকি-বিদাৰি থাকোতে তেওঁ চাই ...
দত্ত ছাৰে অসমীয়া পঢ়ুৱাইছিল। দুই-এখন কবিতা পুথিও লিখিছিল। তেওঁক ভাল পাইছিলো। তেওঁৰ এটা চখ আছিল। ‘মুকুতি’ শব্দটো ক’ৰবাত ওলালেই আমাক সোধে: মুকুতি কি? যাক সোধে তেওঁ কয়: ‘মুক্তি ছাৰ’
‘বাৰু এতিয়া ক, মুক্তি কেইবিধ?’
প্ৰথমজন ল’ৰাই যদি কেৰঘেঁহাই, তেতিয়া আন এজনক সোধে।
সেইজন ল’ৰাই ক’ব-পাঁচবিধ।
‘কি কি?’
সাৰ্ষ্টি, সাৰূপ্য, সাযুজ্য, সালোক্য, নিৰ্বাণ।
নাই নহ’ল, এইপিনে আহ।
ল’ৰাজন ওচৰ চপাৰ লগে লগে ছাৰে হাতৰ মুঠিটো দাঙি সকলোৱে শুনাকৈ ‘মুকুতি আৰু এবিধ আছে, সেইটো হ’ল খকৰা মুকুটি’ – বুলি ল’ৰাটোৱে তধা-মধা খোৱাকৈ তাৰ গালত মুঠিটোৰে লাহেকৈ খুন্দা মাৰি দিয়ে। অপ্ৰস্তুত ল’ৰাজনে এনে ঘটনা হ’ব বুলি নাজানে, কিন্তু ছাৰৰ ওপৰত তাৰ খং নুঠে। বাকীবোৰেও মুকুতি আৰু মুকুটি এই দুটা শব্দৰ অৰ্থৰ পাৰ্থক্যটো জানি ৰং...
হেডমাষ্টৰ ডম্বৰুধৰ খাউণ্ড ‘লিজেণ্ড’ হৈ পৰাৰ আৰু কাৰণ আছিল। তেওঁ এটা পঠা ছাগলী হেনো অকলে খাইছিল। মানুহে তেনেকৈ কোৱা শুনিছিলো। এদিন খেলা-ধূলা চলি থাকোতে তেওঁৰ ওচৰতে ঘূৰি ফুৰা ছাগলী এটা দাঙি লগৰ শিক্ষকসকলৰ আগত কৈছিল-ইয়াৰনো কিমান মাংস ওলাব? বৰ বেছি চাৰি-পাঁচ সেৰ’… মই কথাষাৰ নিজ কাণে শুনিছিলো। তেতিয়া কথাটো সঁচা বুলি পতিয়...
তেতিয়া ত্ৰিশৰ দশক। মই বোধকৰো ১৯৩৫ চন মানত মাইনৰ পাছ কৰিছো । বীৰেণে তাৰ পিচৰ বছৰত মাইনৰ পৰীক্ষা দি বৃত্তি পাইছিল। খাউণ্ড ছাৰহঁতৰ যত্নত হৈ উঠা কাকজান হাইস্কুলত মই সপ্তম শ্ৰেণীত নাম লগালো। বীৰেনে মাইনৰ পাছ কৰি তালৈ এদিন কি দুদিন গৈছিল, তাৰ পিচত বৃত্তিৰ খবৰ পাই সি যোৰহাট চৰকাৰী হাইস্কুলত নাম লগালে৷ তাৰ আগৰ চাৰি বছৰমান আমি...
তেতিয়া বয়স তেৰ-চৈধ্যৰ ভিতৰতে আছিল৷ গাঁৱৰ পৰিৱেশৰ লগত আমি লাহে লাহে খাপ খাই পৰিছিলো৷ আমাৰ ঘৰৰ ওচৰতে এখন ডাঙৰ হাবি আছিল৷ তাত দুটা-এটা ফুটুকী বাঘ আছিল৷ কেতিয়াবা ৰাতি হোঁকৰে আৰু মানুহে টিং বজাই সিহঁতক খেদে৷ গাঁওখনত বহুত বান্দৰ আছিল, এইবোৰ কেতিয়াবা জাক পাতি আহি ঘৰত সোমাইছিলহি আৰু খোৱা বস্তু লৈ গৈছিল৷ তদুপৰি আম, কল, আম, ...
বৰদেউতা কমল চন্দ্ৰ ভট্টাচাৰ্যৰ কথা আগতে কৈছো৷ তেওঁ এখন ফুলনি কৰিছিল, তাত নানা তৰহৰ ফুল আছিল৷ পদূলিমুখতে এজোপা গুলঞ্চি ফুল৷ তাত সিফালে আছিল কেইবাধৰণৰ গোলাপ, ঘণ্টাকৰ্ণ, তগৰ, কাঞ্চন, নাৰ্জি আদি ফুল৷ কোনো সৌন্দৰ্যপিপাসাৰ বাবে এই ফুলবোৰ ৰোৱা নাছিল; ৰুইছিল গোসাঁইক দিয়াৰ বাবে৷ তেওঁৰ এটা গোসাঁইঘৰ আছিল, তাত থকা শালগ্ৰামত তেওঁ ...
ঢেকীয়াখোৱাত আমি (মই আৰু বীৰেনে) বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাক লগ পাইছিলো৷ দিহা নৈৰ পাৰতে তেওঁৰ ঘৰ৷ ঘৰৰ আগত দুজোপা বকুল গছ৷ তেওঁৰ ঘৰলৈ আমি যাওঁ৷ তেওঁৰ লাইব্ৰেৰীটোৰপৰা কিতাপ নি পঢ়িছিলো৷ গণেশ গগৈ,ৰবীন্দ্ৰনাথৰ কিতাপ৷ তেওঁৰ ‘বিসৰ্জন’ নাটকৰ অভিনয় গাঁৱৰ ল’ৰাবিলাকে কৰিছিল৷ মই আৰু বীৰেনে তাৰ বচনবোৰ লিখি দিছিলো৷ তাত আনন্দ ব...
কবি বৰুৱাৰ সংস্পর্শত সাহিত্য-সংস্কৃতিৰ প্ৰতি আমাৰো মন ঢাল খাইছিল। তেওঁ কেতিয়াবা ঘৰতে “আসৰ” পাতিছিল। তাত আমাৰ ৰজনী দদাইদেৱে গান গাইছিল। বৰগীতো কোনোবাই গোৱা মনত পৰে। কবি বৰুৱাৰ নির্দেশত “আসৰ” চলি থাকে। আমি সাক্ষীগোপাল হৈ বহি থাকো। ভালো লাগে। আমাৰ গাঁৱৰ কংগ্ৰেছ কর্মী শশীধৰ মলীয়া বৰুৱাক লগ পাইছিলো, গান্ধীজীৰ নির্দেশত তেও...
গাঁৱত তেতিয়া দুখীয়া মানু্হ আছিল বেছি। খাজনা দিব নোৱাৰিলে মাটি নিলামত গৈছিল। চাওখাট মৌজাৰ মৌজাদাৰ লক্ষ্মীনাৰায়ণ শর্মা(এওঁ অধ্যাপক তুলসীনাৰায়ণ শর্মাৰ ভায়েক)আমাৰ গাঁৱতে আছিল। তেওঁৰ চৌহদতে মাটিৰ নিলাম হৈছিল। চহৰৰ পৰা বিষয়া আহে। গাঁৱত চোৰো আছিল, সিন্ধি খান্দে কেতিয়াবা, কাৰোবাৰ গৰু নি ক’ৰবাত বেচেগৈ। মানুহৰ দৰিদ্ৰ অৱস্...
বাৰিষা বোকা-পানী গচকিয়েই আমি স্কুললৈ গৈছিলো। খৰালি ধাননিৰ মাজে মাজে যাওঁ। হাতেৰে থোকবোৰ চুই চাওঁ। দুয়োপাৰে ধান , মাজেদি বঙিয়া, লুংলুঙীয়া বাট। দলে–বলে গৈ ভাল লাগে। উজানৰ সময়ত মানুহে নৈত বান দিয়ে। ৰাতি খপে। পুৱা আমি ওলাওঁতো। বৰালি মাছে বেছিকৈ জঁপিয়ায়। তাৰে দুটা–এটা মাছ আমাক দিয়ে। বহাগৰ বিহুত হুচৰি চাওঁ। দুখন-তিন...
আমাৰ গাঁৱত দুখন সত্ৰ আছে। এখন পুণীয়া সত্ৰ। আনখন বটাৰ গঞা। এই সত্ৰদুখনত বৈষ্ণৱ সংস্কৃতি চলি আছিল। এতিয়াও আছে। পুণীয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত দত্তদেৱ গোস্বামীয়ে একেলগে কেইবাটাও ঢোল বজাব পাৰিছিল। তেওঁৰ ঘৰত সাঁচিপতীয়া ভাগৱতো দেখিছো। বটাৰ গঞা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত লক্ষ্ণণ চন্দ্ৰ গোস্বামীয়ে মূৰ্তি, সিংহাসন আদি নিৰ্...
আমাৰ সৰুকালৰ গাঁও এতিয়া নাই। বৰ্তমান সময়ে বন্দী কৰাৰ আগতে আমি যিখন গাঁও পাইছিলো তাত আমি মুকলিকৈ হাঁহি মাৰিব পাৰিছিলো। দুখ-দাৰিদ্ৰৰ মাজতো মানৱীয় সম্পৰ্ক আছিল। এতিয়া প্ৰতিযোগিতাৰ কবলত পৰিছে গাঁও। তথাপি গাঁওখনলৈ মনত পৰে। ঢেকীয়াখোৱাৰ সেই ল’ৰালি আমি আৰু ঘূৰাই নাপাওঁ। (আগলৈ)
← আন্তঃৰাষ্ট্রীয় শ্রমিক সংহতিৰ দিৱস: মে’ দিৱস (কুশল হালৈ)
শিল্পী লোকনাথ গোস্বামীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ →
You May Also Like
এখন ডায়েৰীৰ ইতিবৃত্ত (৭)
April 14, 2013 0
হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-২: ধ্ৰুৱজ্যোতি শৰ্মা
November 14, 2012 0
নিৰ্দিষ্টতাবাচক, অনিৰ্দিষ্টতাবাচক, সম্বোধনাত্মক আৰু অন্যান্য সৰ্গ (অষ্টম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)
June 1, 2015 March 9, 2021 3
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য