text
stringlengths
0
188k
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
উদ্যমী
স্বাৱলম্বীতাৰ অন্য এক পথ- থাইলেণ্ড বগৰী
স্বাৱলম্বীতাৰ অন্য এক পথ- থাইলেণ্ড বগৰী
উদ্যমী
By admin On Jan 27, 2017
6 151
Share
গণতন্ত্ৰ দিৱসৰ দিনা হঠাৎ ফোনতো বাজি উঠিল। খবৰ পালো, এজন ব্যক্তিয়ে ব্যতিক্ৰম ধৰণৰ কৃষি পদ্ধতিয়ে অঞ্চললৈ কঢ়িয়াই আনিছে এক কৃষি বিপ্লৱৰ। কেৱল এয়াই নহয় তেওঁৰ কৰ্ম আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাম কৰি ৭ টা পৰিয়ালে লাভ কৰিছে স্বাৱলম্বীতাৰ অন্য এক পথ। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই খবৰ খিনি আমাক জনাইছিল বঙাইগাওঁ জিলাৰ মানিকপুৰৰ ...
প্ৰতিদিনে আমি ইতিবাচক, গঠনাত্মক খবৰৰ সন্ধানত থাকো। গতিকে এনে এটা ভাল খবৰ পাই পলম নকৰি, আমি উপস্থিত হৈছিলো বঙাইগাওঁ জিলাৰ মানিকপুৰৰ গোসাইগাৱত। সেই সময়ত আমাক সহযোগিতা আগবঢ়াইছিল স্থানীয় দুজন সাংবাদিকে।
দেখাত কেচাঁ সৰু আপেল যেন লগা এবিধ বগৰী। আপুনি যেতিয়ালৈকে নিজে Taste নকৰে হয়টো অনুভৱ কৰিব নোৱাৰিব, বগৰী বিধৰ সোৱাদ। বিশ্বাস কৰিব ! বগৰী বিধত আছে আপেল, নাচপতি আৰু কেঁচা অমিতাৰ সোৱাদ। সেয়েহে আজিৰ দিনত এইবিধ বগৰী হয়তো আমাৰ অপৰিচিত। কাৰণ এনে প্ৰকাৰৰ বগৰীৰ খেতি হয় থাইলেণ্ড আৰু বাংলাদেশত। প্ৰিয় পাঠক, এনে ধৰণৰ বগৰীৰ খেতি কৰি আ...
আমাৰ অসমত এই ধৰণৰ বগৰী খেতি কৰা গুৰিৰ মূল মানুহজন হ’ল মানিকপুৰ ১ নং ভাণ্ডাৰাগাৱৰ আব্দুল কৰিম। পেছাত এজন কৃষক। তেখেতৰ বাগিছা দেখা পাইছিলো তিনিপ্ৰকাৰৰ বগৰী। এনেধৰণৰ বগৰীৰ ক’ৰ পৰা আনিল, কিদৰে এনে খেতিৰ প্ৰতি আকৰ্ষিত হ’ল জানিব বিচৰাত আব্দুল কৰিমে আমাক এনেদৰে জনায়- এইবিধ থাইলেণ্ড বগৰী, থাইলেণ্ডত এনে বগৰী পোৱা যায়। আজিৰ পৰা ...
উল্লেখযোগ্য যে সাধাৰণ বগৰীতকৈ এনে প্ৰজাতিৰ বগৰী চাপৰ আৰু কাইঁটবিহীন গছ হয়। আব্দুল কৰিমৰ এনে বগৰী খেতিৰ দ্বাৰা দিনে ১০,০০০ টকাকৈ উপাৰ্জন হয় বুলি জানিবলৈ দিয়ে। কৰিমৰ ব্যৱসায় তথা কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ সেই অঞ্চলৰ ৭ টা পৰিয়ালে (হাইব্ৰিড প্ৰজাতি এনে) খেতিয়ে ব্যৱসায়ৰ যোগেদি সফলতাৰ মুখ দেখিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সেই অ...
প্ৰিয় পাঠক, আপোনাৰ অঞ্চলত যদি এনে কোনো ভাল খবৰ আছে, আমাক জনাবলৈ নাপাহৰিব। আমাৰ ই মেইল- [email protected] বিভিন্ন ধৰণৰ ইতিবাচক খবৰৰ বাবে চাই থাকিব www.nefocus.com<eot>এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্‍স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্‍সৰ উল্লেখ ক...
অমৰ্ত্য সেন (ইংৰাজী: Amartya Sen; ১৯৩৩ - বৰ্তমান) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ। ১৯৯৮ চনত অৰ্থনীতি বিষয়ত পৃথিৱীৰ সৰ্ব্বোচ্চ সন্মান ন'বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন জোৰা সাধনা আৰু গৱেষণাই অৰ্থনীতিৰ প্ৰচলিত ধাৰণাৰে কুঁৱলি ফালি বিশ্বৰ কল্যাণকামী অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন তত্ত্ব দাঙি ধৰিবলৈ সক্ষম হয়। তেওঁৰ এই তত্ত্বত ...
অমৰ্ত্য সেন
ব্যক্তিগত তথ্য
জন্ম
১১ নৱেম্বৰ, ১৯৩৩ (৮৯ বছৰ)
শান্তিনিকেতন, বেংগল প্ৰেছিডেঞ্চী, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পশ্চিমবংগ, ভাৰত)
নাগৰিকত্ব
ভাৰতীয়
ৰাষ্ট্ৰীয়তা
ভাৰতীয়
দাম্পত্যসঙ্গী
নৱনীতা দেৱ সেন, ইভা ক'লোৰণি, এমা ৰ'থশ্বিল্ড
সূচী
1 জন্ম আৰু পৰিয়াল
2 শিক্ষা
3 কৰ্মজীৱন
4 পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান
5 গ্ৰন্থ সংকলন
6 তথ্য সংগ্ৰহ
7 লগতে চাওক
8 বাহ্যিক সংযোগ
জন্ম আৰু পৰিয়ালসম্পাদনা কৰক
অমৰ্ত্য সেনৰ জন্ম হয় ১৯৩৩ চনৰ ১১ নৱেম্বৰত, প্ৰথম ভাৰতীয় ন'বেল বঁটা বিজয়ী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানসকুঞ্জ পশ্চিমবংগৰ শান্তিনিকেতনত। তেওঁৰ পিতৃৰ নাম আশুতোষ সেন আৰু মাতৃ অমৃতা সেন। অমৰ্ত্য সেন এই নামটো ৰাখিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। এই নামটো ৰাখি তেওঁ পৰিয়ালৰ লোকক কৈছিল এইটো এটা অসাধাৰণ নাম। সৰুতে তেওঁৰ ঘৰত...
শিক্ষাসম্পাদনা কৰক
অমৰ্ত্য সেনে তেওঁৰ শৈশৱ আৰু কৈশোৰ শান্তিনিকেতনতে অতি সাধাৰণভাবে অতিবাহিত কৰে। তেওঁ আছিল মাকৰ প্ৰথম সন্তান। শৈশৱতে ন'বেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথৰ আদৰ্শ আৰু সান্নিধ্যই জীৱনত তেওঁক বিশেষ ৰেখাপাত কৰিছিল। অমৰ্ত্য সেন মেধাশক্তি সম্পন্ন আছিল, সেয়ে যিকোনো কথা এবাৰ শুনি বা পঢ়ি আয়ত্ত কৰিব পাৰিছিল। তদুপৰি যিকোনো কথাতে আছিল তেও...
১৯৫১ চনত তেওঁ শান্তিনিকেতনত বিজ্ঞান বিষয়ত ইণ্টাৰমিডিয়েট পৰীক্ষাত পাছ কৰে। আই এছ চি পঢ়ালৈকে, তেওঁ পৰীক্ষাত উত্তীৰ্ণ হৱ নে নাই সেই বিষয়ে পৰিয়ালৰ লোকৰ চিন্তাৰ কাৰণ হৈছিল। কিন্তু ভবাতকৈ তেওঁৰ পৰীক্ষাৰ খৱৰ বহু ভাল হৈছিল। তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তথাপি পৰিয়ালৰ চিন্তাই লগ এৰা দিয়া নাছিল, সেয...
কৰ্মজীৱনসম্পাদনা কৰক
১৯৫৬ চনত অমৰ্ত্য সেন ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহে আৰু কৰ্ম জীৱনৰ পাতনি মেলে। তেওঁ কৰ্মজীৱনত অধ্যাপনা আৰু গৱেষণাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে। তেওঁ পোনতে যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। যাদৱপুৰৰ পিছত তেওঁ কলকাতা আৰু দিল্লীৰ স্কুলছ অব ইকনমিক্সত অধ্যাপনা কৰে। তেওঁ সুদীৰ্...
এই বিশ্ব বৰেণ্য শিক্ষকগৰাকী ১৯৫৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ফেল নিৰ্বাচন হয়। ষাঠিৰ দশকত তেওঁ আমেৰিকাৰ কেইবাখনো বিখ্যাত বিশ্ববিদ্যালয় আৰু এম. আই. টিত ভিজিটিং প্ৰফেছাৰ নিযুক্ত হয়। ১৯৭১ চনত তেওঁ লণ্ডন স্কুল অব্ ইকনমিক্সত অধ্যাপনা কৰে। তাৰ পিছত ১৯৭৭চনৰ পৰা তিনি বছৰ ধৰি অক্সফ'ৰ্ডৰ নাফিল্ড কলেজত আৰু ১৯৮০ চনৰ পৰা ১৯৮৭ চ...
১৯৪৩ চনত বংগত দুৰ্ভিক্ষত প্ৰায় ৩০ লাখ মানুহৰ মৃত্যু ঘটিছিল। ইয়াৰ পিছত ৭০ৰ দশকত বংগদেশত দেখা দিয়া দুৰ্ভিক্ষ আৰু পুষ্টিহীনতাৰ মূল কাৰণবোৰ অমৰ্ত্য সেনে নিজে গৈ ওচৰৰ পৰা অধ্যয়ন কৰিছিল। একে সময়তে ব্ৰাজিল আৰু আফ্ৰিকা আদিৰ উপৰি আন কেইখনমান দেশত দেখা দিয়া দুৰ্ভিক্ষ আৰু পুষ্টিহীনতাৰ কাৰণবোৰ প্ৰত্যক্ষ কৰিছিল। এই গৰীৱ জনসাধ...
পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মানসম্পাদনা কৰক
ন'বেল বঁটা, (১৯৯৮)
ভাৰত-ৰত্ন, (১৯৯৯)
মহলানবিশ বঁটা,
দেশীকোত্তম সন্মান,
জিন মায়েৰ গ্ল'বেল চিটিজেনশ্বিপ এৱাৰ্ড,
এছিয়াটি ছ'চাইটিৰ ইন্দিৰা গান্ধী সোণৰ পদক,
এডিনবাৰ্গ পদক,
নৱম কাটালোনিয়া ইণ্টাৰনেশ্যনেল প্ৰাইজ,
ৰাজনীতি আৰু অৰ্থনীতিৰ চেইডমান বঁটা,
ই ৰেংক,
ডিউভেলী এগনেলী ইণ্টানেশ্যনেল প্ৰাইজ,
আলান শ্বন ফেইনষ্টেইন ৱল্ড হাংগাৰ এৱাৰ্ড।
গ্ৰন্থ সংকলনসম্পাদনা কৰক
দি ষ্টেণ্ডাৰ্ড অব্ লিভিং, (১৯৩৩)
গ্ৰ'থ ইক'নমিক্ছ, (১৯৬০)
চয়েচ অব্ টেকনিক, (১৯৬৯)
অন ইক'নমিক ইন ইকুৱেলিটি, (১৯৭৩)
এমপ্লয়মেণ্ট টেকন'লজি এণ্ড ডেভেলপমেণ্ট এণ্ড ডিপ্ৰাইভেছন, (১৯৮১)
চয়েচ ওৱেলফেয়াৰ এণ্ড মেজাৰমেণ্ট, (১৯৮২)
হাংগাৰ এণ্ড পাবলিক একছন, (১৯৮৯)
ইনইকুৱেলিটি ৰিয়েক্ট জামিন্দ, (১৯৯২)
মাৰ্কেট এণ্ড ফ্ৰিডম,
ইণ্ডিয়াঃইক'নমিক ডেভেলপমেণ্ট এণ্ড ছ'চিয়েল অপৰ্ছ্যুনিটি (১৯৯৫, সেন আৰু জাঁ ড্ৰেজ)
ইণ্ডিয়া ডেভেলপমেণ্টঃচিলেকটেড ৰিজ'নেল পাৰ্ছপেকটিং (জাঁ ড্ৰেজ আৰু সেন)
ছুইডিছ অকাডেমি অব্ ছাইন্সেজ ( ন'বেল বঁটা), (১৯৯৮)
তথ্য সংগ্ৰহসম্পাদনা কৰক
↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ১৩৮, ১৩৯, ১৪০, ১৪১, ১৪২, ১৪৩.<eot>গুৱাহাটী : ২০০৮ চনত ভাৰত চৰকাৰে জলবায়ু পৰিৱৰ্তন, অভিযোজন আৰু প্ৰশমন, শক্তি দক্ষতা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বুজাবুজিৰ ওপৰত গুৰুত্ব দি জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা...
এজিউৰ পাৱাৰে ভাৰতৰ প্ৰথম ব্যক্তিগত ইউটিলিটি স্কেল সৌৰ প্ৰকল্প, পঞ্জাৱৰ আৱানৰ এখন সৰু গাঁৱত ২ মেগাৱাটৰ প্ৰকল্প, ২০,০০০ ৰো অধিক লোকৰ সৈতে ৩২ খন গাঁৱত বিদ্যুৎ যোগান ধৰি যাত্ৰা আৰম্ভ কৰে। তেতিয়া, এক দশকতকৈও অধিক সময়ৰ যাত্ৰাত, সংগঠনটো দ্ৰুতগতিত বৃদ্ধি হৈ ১০+ ৰাজ্যত ~৭ গিগাৱাট~সৰ্বভাৰতীয় পৰ্টফলিঅ’ৰ সৈতে দেশৰ সৰ্ববৃহৎ সৌৰ ...
অসমৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সৌৰ শক্তিৰ মুখ্য অব্যৱহৃত সম্ভাৱনা উপলব্ধি কৰা দেশৰ প্ৰথম সংগঠনসমূহৰ ভিতৰত এজিউৰ পাৱাৰ অন্যতম। কোম্পানীটোৱে উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প ৯০ মেগাৱাট প্ৰকল্প এটা কাৰ্যকৰী কৰি অসমত ইয়াৰ সৌৰ শক্তি প্ৰচেষ্টা সম্প্ৰসাৰিত কৰি আছে। ই অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (এপিডি...
এক বিশুদ্ধ সৌৰ শক্তি কোম্পানী হিচাপে, আভ্যন্তৰীণ অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ দক্ষতা, লগতে উন্নত আভ্যন্তৰীণ কাৰ্যকলাপ আৰু তত্বাৱধান ক্ষমতাৰ সৈতে, এজিউৰ পাৱাৰে আজি সমগ্ৰ ভাৰতত কম ব্যয়ৰ আৰু নিৰ্ভৰযোগ্য সৌৰ শক্তি সমাধান প্ৰদান কৰে। ই বৰ্তমান বিদ্যুৎ অবিহনে লাখ লাখ ভাৰতীয়লৈ বিদ্যুতৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰাৰ লক্ষ্...
ভাৰতে ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্য ৰাখিছে যি ২০৪০ চনৰ ভিতৰত 15,820 ১৫,৮২০ টিডব্লিউএইচ’ত উপনীত হ’ব বুলি আশা কৰা হৈছে। নৱীকৰণযোগ্য শক্তিয়ে এই লক্ষ্য প্ৰাপ্ত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ বাধ্য আৰু ২০৩০ চনৰ ভিতৰত ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ৪০% পূৰণ কৰিব বুলি আশা কৰা হৈছে। ভাৰত বি...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 5 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ
Read More...
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে
November 28, 2022 15 0 CommentsBy: Sangbad 365
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক
Read More...
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট