text
stringlengths
0
188k
আমাৰ বিষয়ে
Skip to content
সাহিত্য ডট অৰ্গ
চিৰ চেনেহী মোৰ ভাষা জননী
home
Privacy Policy for Xahitya Dot ORG
অনুবাদ
অনুভৱ
অসমীয়া লিখন সঁজুলি
আখল
আমাৰ বিষয়ে
ই-কিতাপ
কবিতা
ক্ৰীড়া
গল্প
গ্ৰন্থ আলোচনা
দেশে-বিদেশে
ধাৰাবাহিক
প্ৰবন্ধ
প্ৰাক্তন সম্পাদকসকল
বোলছবি
ভাল খবৰ
ভিন্নস্বাদ
ৰহঘৰা
ৱিকিপিডিয়া বাৰ্তা
শিল্প-ভাস্কৰ্য্য
শিশু-শিতান
শ্ৰব্য-নাট
সংখ্যাটোত আঁৰত
সম্পাদকলৈ চিঠি
সম্পাদকীয়
সম্পাদনা সমিতি
সৰিয়হ ফুল
সাক্ষাৎকাৰ
স্বাস্থ্যকথা
এখন বিশ্বকাপ ফুটবল খেল, শতিকাৰ সকলোতকৈ কুখ্যাত আৰু বিখ্যাত গ’ল দুটা আৰু তাৰ লগত জড়িত কিছু কথা
লেখক- ৰঞ্জনা দত্ত
আগকথা:
১৯৮২ চনত ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজত আটলাণ্টিক মহাসাগৰৰ ফকলেণ্ড দ্বীপপুঞ্জৰ দখলক লৈ যুদ্ধ আৰম্ভ হৈছিল। ২ এপ্ৰিলৰ পৰা ১৪ জুনলৈকে হোৱা এই যুদ্ধ খনত ব্ৰিটিছ সকলে আৰ্জেণ্টিনাক শোচনীয়ভাবে পৰাজিত কৰিছিল। আৰ্জেণ্টিনাৰ ৬৪৯জন সৈনিকৰ যুদ্ধত মৃত্যু হৈছিল। আৰ্জেণ্টিনাৰ লগতে সমগ্ৰ লাটিন আমেৰিকা ব্ৰিটেইনৰ প্ৰতি ক্ষোভত ফাটি পৰিছিল।...
১৯৮৬ চনৰ ফুটবল ৱৰ্ল্ড কাপ আৰু মাৰাডোনাৰ ‘হেণ্ড অফ গড’:
আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ মাজত হোৱা এই কোৱাৰ্টাৰ ফাইনেল খেলখন যথেষ্ট উত্তেজনা পূৰ্ণ আছিল। আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ সমৰ্থনকাৰী উত্তেজিত দৰ্শকেৰে ভৰপুৰ ষ্টেডিয়ামত হোৱা খেলখনত প্ৰথমাৰ্ধৰ শেষলৈকে দুয়োপক্ষ গ’লশূন্য ০–০ অৱস্থাত আছিল।
দ্বিতীয়াৰ্ধৰ ৬ মিনিটৰ পিছত মাৰাডোনাই ইংলেণ্ডৰ হাফ লাইনৰ পৰা খেলিবলৈ আৰম্ভ কৰে। তেওঁ বিপক্ষৰ এজনৰ পাছত আনজনকৈ খেলুৱৈক বিভ্ৰান্ত কৰি কিছু বাওঁফালে ইংলেণ্ডৰ বক্সৰ ফালে খুব খৰকৈ বলটোৰ সতে আগুৱাই গৈছিল। ইংলেণ্ডৰ বক্সৰ কিছু বাহিৰত সোঁফালে আছিল আৰ্জেণ্টিনাৰ ফৰৱাৰ্ড জৰ্জ ভালডানো। মাৰাডোনাই অতি ক্ষিপ্ৰতাৰে বলটো ভালডানোলৈ পাছ দি...
তেওঁ সোঁহাতখন আগুৱাই বলটো ‘ফিষ্ট’ কৰাৰ আগতেই মাৰাডোনা যেন হঠাতে উৰি আহিল। এক আচৰিত অবিশ্বাস্য স্পট জাম্প দি ৫ ফুট ৪ ইঞ্চি ওখ মাৰাডোনা বলৰ একেবাৰে কাষ চাপি আহে। বলটো আহি মাৰাডোনাৰ মূৰটো আৰু বাওঁ হাতখনৰ একেবাৰে ওচৰ পাইছিলহি আৰু মুহূৰ্তৰ ভিতৰতে বলটো ইংলেণ্ডৰ গলৰ নেটৰ ভিতৰত সোমাই পৰিছিল। ৰেফাৰিয়ে গল হোৱাৰ হুইছেল বজাইছিল। ষ...
আচলতে গ’লটো কেনেকৈ হৈছিল টিভি কেমেৰাত ভালদৰে ধৰা পৰা নাছিল। সেইসময়ত ভিডিঅ এছিছটেণ্ট ৰেফাৰী প্ৰযুক্তিৰ দ্বাৰা খেলখন পুনৰবাৰ চাব পৰা ব্যৱস্থা নাছিল। সেই গ’লটো দিয়াৰ চাৰি মিনিটৰ পিছতে মাৰাডোনাই শতিকাৰ শ্ৰেষ্ঠ গ’ল বুলি অভিহিত তেওঁৰ দ্বিতীয়টো গল দিয়ে। আৰ্জেণ্টিনাই ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ২– ১ গলৰ ব্যৱধানত জয়লাভ কৰে। এই খেল...
মাৰাডোনাৰ বিখ্যাত ‘হেণ্ড অফ গড’ উক্তি:
খেলখনৰ অন্তত হোৱা এটা সাক্ষাৎকাৰত ইংলিছ ৰিপৰ্টাৰসকলে মাৰাডোনাক তেওঁ বলটো হাতেৰে স্পৰ্শ কৰিছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল – “অলপমান মান মোৰ মূৰ আৰু অলপমান ভগৱানৰ হাতেৰে” ( hand of God)। সেইদিনাৰ পৰা গ’লটো ‘হেণ্ড অফ গড’ নামেৰেই জনা গৈছিল। মাৰাডোনাই পিছত নিজে স্বীকাৰ কৰিছিল যে তেওঁ ৰেফাৰী জনক বিভ্ৰান্ত কৰিবৰ...
আচিফ কাপাডিয়াৰ ২০১৯ চনত মুক্তি পোৱা ডকুমেণ্টেৰি ছবিখনত মাৰাডোনাই কৈছিল “ খেলখনৰ প্ৰথমৰ পৰাই ভাব হৈছিল যেন এইখন এখন যুদ্ধ। মই নিশ্চিত ভাৱে জানিছিলো যে সেইখন মোৰ হাতেই আছিল। মই কোনো আগতীয়া প্লেন কৰি এইটো কৰা নাছিলোঁ। খুব খৰকৈ সলনি হৈ থকা খেলখনৰ দৃশ্যপটৰ বাবে লাইনচ্মেনে বলটো মোৰ হাতত লাগি গ’ল হোৱাটো হয়টো দেখা নাপালে। ৰেফা...
ফকলেণ্ড যুদ্ধৰ এটা প্ৰতীকী প্ৰতিশোধ ল’ব পাৰি তেওঁ আনন্দত আত্মহাৰা হৈ পৰিছিল।
‘হেণ্ড অফ গড’আৰু লাইনচ্মেন ডচেভৰ জীৱনজোৰা যন্ত্ৰণা:
বুলগেৰিয়াৰ ৰেফাৰী বোগদান গনেভ ডচেভ এজন অত্যন্ত কুশলী ৰেফাৰী আছিল। তেওঁ ১৯৮২ চনৰ বিশ্বকাপত ইটালি –কেমেৰুন আৰু ১৯৮৬ চনৰ বিশ্বকাপত পাৰাগুৱে – বেলজিয়ামৰ খেল দুখনৰ ৰেফাৰী আছিল। ইয়াৰোপৰি বিশ্বকাপৰ দুখন বিখ্যাত খেলত তেওঁ আছিল লাইনচ্মেন। মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত ইংলেণ্ড–আৰ্জেণ্টিনাৰ মাজত হোৱা খেলখনত লাইনচ্মেন হিচাপে থকা ডচে...
২০১৭ চনত ৮১ বছৰ বয়সত সমাজৰ পৰা সম্পূৰ্ণ ৰূপে উপেক্ষিত বোগদান ডচেভৰ মৃত্যু হয়। মৃত্যুৰ কিছুবছৰ আগতে ২০১৪ চনত তেওঁ এই বিতৰ্কিত গলটোৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰৰ বাবে মুখ খুলিছিল
“মোৰ জীৱন ডিয়েগোৱে শেষ কৰি পেলাইছিল। তেওঁ এজন অসাধাৰণ ফুটবলাৰ আছিল কিন্তু সৰু মানুহ আছিল। চেহেৰাত যেনেকুৱা সৰু মনটোও তেনেকুৱাই আছিল ।”
তেওঁ সকলোৰে আগত স্বীকাৰ কৰিছিল যে মাৰাডোনাই হাতেৰে গ’ল কৰাটো তেওঁ দেখিছিল আৰু ৰেফাৰী নাছেৰে সেইটো বুজি পাইয়ো হেণ্ড বলৰ ঠাইত হেড বল দিছিল।
“মই নিজে দেখিছো আৰ্জেণ্টিনাৰ মানুহটোক হাতেৰে গ’ল কৰা। কিন্তু ফিফাৰ নিয়মমতে সেইসময়ত লাইনচ্মেনে ৰেফাৰিয়ে সুধিলেহে নিজৰ মতামত ব্যক্ত কৰিব পাৰিছিল। ৰেফাৰিয়ে মোৰ ফালে নোচোৱাকৈ আগতেই গ’ল দি দিছিল। আমাৰ দুজনৰ মাজত কোনো যোগাযোগেই নাছিল। নাছেৰে নিজৰ ভাষাৰ বাহিৰে আন একো ভাষা বুজি পোৱা নাছিল ।”
ৰেফাৰি বিন নাছেৰৰ মতে– “মই ডচেভৰ পৰা কিবা সঙ্কেত পাবৰ বাবে অপেক্ষা কৰিছিলো, কিন্তু ডচেভে ফ্লেগ ওপৰ কৰা নাছিল। খেলাৰ আগতে পোৱা নিৰ্দেশ মতে যদি লাইনচমেন ৰেফাৰিতকৈ ভাল ঠাইত থাকে মই তেওঁৰ মত গ্ৰহণ কৰিব লাগিব ।”
প্ৰকৃততে বিন নাছেৰে লাইনচমেনৰ ফালে নোচোৱাকৈয়ে হুইছেল বজাইছিল আৰু তেওঁ ডচেভতকৈ বলটোৰ বহুত ওচৰত আছিল। যিহেতু ৰেফাৰি অপেক্ষাকৃত ভাবে বহুত ভাল পজিচনত আছিল তেওঁৰ সিদ্ধান্তক ডচেভে সন্মান দিব লগা হৈছিল।
“ডিয়েগো মাৰাডোনা—মোৰ কবৰৰ খননকাৰী” মাৰাডোনাৰ ফটো এখনৰ পিছফালে ডচেভে এইদৰে লিখি ৰাখিছিল।
ডচেভৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে এটা সাক্ষাৎকাৰত কয় যে –
“মই সেই ৰেফাৰীজন আৰু ডিয়েগো মাৰাডোনাক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। সেইবাৰৰ বিশ্বকাপৰ পিছৰ পৰাই আমাৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল। বোগদান একেবাৰে অকলশৰীয়া হৈ পৰিছিল।” প্ৰচণ্ড ঘৃণাৰে সতে এমিলিয়ে কৈছিল, “সেইটো গল আমাৰ বাবে ‘হেণ্ড অফ গড ’ নাছিল৷ সেইটো আছিল আমাৰ দাঁতত মৰা এটা লা্থ ।”
ৰেফাৰি বিন নাছেৰ আৰু মাৰাডোনাৰ সম্পৰ্ক:
১৯৮৬ চনৰ বিশ্বকাপ খেলখনৰ প্ৰায় ২৯ বছৰ পিছত মাৰাডোনা টিউনিছিয়াত থকা নাছেৰৰ ঘৰলৈ গৈ তেওঁক লগ ধৰিছিলগৈ। মাৰাডোনাৰ দৰে আলি বিন নাছেৰো হৈ পৰিছিল আৰ্জেণ্টিনাৰ লোক সকলৰ নয়নৰ মণি। উষ্ণ আলিঙ্গন আৰু চুম্বনেৰে ইজনে সিজনক আঁকোৱালি লৈছিল। মাৰাডোনাই নাছেৰক নিজৰ হস্তাক্ষৰ থকা এটা আৰ্জেণ্টিনাৰ জাৰ্চি উপহাৰ দিছিল য’ত লিখা আছিল ‘মোৰ চিৰ...
৭১ বছৰ বয়সীয়া বিন নাছেৰে মাৰাডোনাক দিছিল নিজৰ হস্তাক্ষৰ যুক্ত বিশ্বকাপ খেলখনৰ আগমুহূৰ্তৰ এখন ফটো। মাৰাডোনা আৰু পিটাৰ শিলটনে কৰমৰ্দন কৰি থকা ফটোখনত নাছেৰে হাতত বল এটা লৈ থিয় হৈ আছিল। নাছেৰে ১৯৮৬ চনৰ খেলখনৰ পিছত কোনো খেলৰে ৰেফাৰী হোৱা নাছিল।
ফুটবলৰ কিংবদন্তী মাৰাডোনাৰ শতিকাৰ শ্ৰেষ্ঠ গলটো:
উন্নত প্ৰযুক্তিৰ অভাৱত মাৰাডোনাৰ ‘হেণ্ড অফ গড’ গ’লটোৰ পৰিষ্কাৰ ছবি এখন পাবলৈ অসমৰ্থ হৈ হেণ্ড বলটো হেড বুলি অভিহিত কৰি গ’ল প্ৰদান কৰে। অন্যথা মাৰাডোনাই ইয়াৰ বাবে য়েল্ল’ কাৰ্ড পাব লাগিছিল। এই গলটোৰ বিষয়ে গোটেই ইউৰোপ আৰু বিশ্বৰ বিভিন্ন দেশত চোকা সমালোচনা হৈছিল। ২০০২ চনত ফিফাই চলোৱা এক অনলাইন সমীক্ষাত প্ৰথম গলটোৰ প্ৰায় চাৰ...
মাৰাডোনাই নিজৰ হাফৰ কিছু ভিতৰত বলটো লাভ কৰি সম্পূৰ্ণ ভাবে নিজৰ আয়ত্তলৈ আনি ১১টা টাচ্চেৰে ফিল্ডখনৰ আধাতকৈ বেছিদূৰ(৬৪ মিটাৰ) ইংলেণ্ডৰ ৫জন দুৰ্ধৰ্ষ আউট ফিল্ডাৰ খেলুৱৈৰ মাজেৰে নিৰাপদে আনি, গ’লকীপাৰ পিটাৰ শিলটনক পিছ পেলাই ইংলেণ্ডৰ নেটত বলটো সুমুৱাই দিছিল। এই ধৰণৰ অপূৰ্ব ফুটবল খেলা মাৰাডোনাৰ বাবেহে সম্ভৱ আছিল। শতিকাৰ সকলোতকৈ...
এই খেলখনত আৰ্জেণ্টিনাই ইংলেণ্ডক ২–১ ব্যৱধানত পৰাস্ত কৰিছিল। দিয়েগো আৰ্মাণ্ডো মাৰাডোনা ফুটবলপ্ৰেমী সকলৰ ‘ৰিয়েল হিৰো’ হৈ পৰিছিল।
২০২০ চনৰ ২৫ নৱেম্বৰ তাৰিখে ‘ফুটবলৰ ভগৱান’ বুলি খ্যাতি পোৱা ডিয়েগো মাৰাডোনাৰ ৬০ বছৰ বয়সত মৃত্যু হয়। ৭১ বছৰ বয়সীয়া ইংলেণ্ডৰ পিটাৰ শিলটনে তেওঁৰ মৃত্যুৰ পিছত দিয়া এক সাক্ষাতকাৰত কয় যে “তেওঁৰ মৃত্যুত মই দুঃখিত। তেওঁ ফুটবল ইতিহাসৰ সকলোতকৈ ডাঙৰ খেলুৱৈ হ’ব পাৰে কিন্তু তেওঁৰ প্ৰতি মোৰ কণমানো শ্ৰদ্ধা নাই। যদিও ১৯৮৬ চনৰ খেলখনত তে...
আৰ্জেণ্টিনাৰ আৰু লাটিন আমেৰিকাৰ মানুহৰ বাবে তেওঁ আছিল ফুটবলৰ ভগবান। তেওঁলোকে ‘হেণ্ড অফ গড’ গলটোৰ বাবে মাৰাডোনাক কেতিয়াও দোষাৰোপ কৰা নাছিল। মাৰাডোনাৰ লগতে তেওঁলোক সকলোৰে বাবে ১৯৮৬ চনৰ এই খেলখন এখন যুদ্ধতকৈ কম নাছিল। মাৰাডোনাৰ বাবে খেলখন কেৱলমাত্ৰ খেল নাছিল৷ তেওঁৰ বাবে সেয়া এখন যুদ্ধ আছিল আৰু অপৰিকল্পিত এই ভুলৰ বাবে তেওঁ...
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
সম্পাদকীয়
October 24, 2022 October 24, 2022 0
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা
September 18, 2022 September 19, 2022 0
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি
August 21, 2022 August 21, 2022 0
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ
July 18, 2022 July 23, 2022 0
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা