text
stringlengths
0
188k
আয়োজক সমিতিয়ে জনোৱা অনুসৰি নগাঁও আৰক্ষী চাউনিৰ সভাগৃহত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। তিনিটা শাখাত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত প্ৰতিটো শাখাতে ১০ জনকৈ প্ৰতিযোগীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। চাব জুনিয়ৰ শাখাত কলং ভেলী ছিনিয়ৰ চেকেণ্ডেৰি স্কুল, মিছন হ...
তাৰোপৰি চিনিয়ৰ শাখাত ৰেণেছা ছিনিয়ৰ চেকেণ্ডেৰি স্কুল,জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শিঙীয়া পোটনি হাইস্কুলে স্থান লাভ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে।<eot>ফিল্ডছ মেডেল হ’ল গণিত বিষয়ত আগবঢ়োৱা সৰ্বোচ্চ তিনিটা সন্মানৰ ভিতৰত অন্যতম এটা সন্মান বা বঁটা। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে, চল্লিছ(৪০) বছৰৰ অনুৰ্ধৰ চাৰিজন গণিত...
বৰ্তমানলৈকে বিশ্বৰ সৰ্বমুঠ ৬০ জন গণিতজ্ঞক এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত মাৰিয়াম মিৰ্জাখনিয়েই (ফিল্ডছ মেডেল-২০১৪) একমাত্ৰ মহিলা গণিতজ্ঞ যি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে এতিয়ালৈকে মাত্ৰ দুজন ভাৰতীয় মূলৰ গণিতজ্ঞই এই সন্মান লাভ কৰিছে। তেওঁলোক হ’ল ক্ৰমে মঞ্জুল ভাৰ্গৱ আৰু অক্সয় ভেংকটেছ।
২০১৮ বৰ্ষৰ ফিল্ডছ মেডেল লাভ কৰা গণিতজ্ঞসকলৰ চমু পৰিচিতি আৰু কৰ্ম:
ক’চাৰ বিৰ্কাৰ: ক’চাৰ বিৰ্কাৰৰ জন্ম ১৯৭৮ চনৰ পশ্চিম ইৰাণৰ কুৰডিচ অঞ্চলত। আঠ(৮) বছৰীয়া ইৰাণ-ইৰাক যুদ্ধত এই কুৰডিচ অঞ্চল ব্যাপকভাবে ক্ষতিগ্ৰস্ত হয়। এটা খেতিয়ক পৰিয়ালত জন্ম গ্ৰহণ কৰা ক’চাৰে স্কুলত পঢ়াৰ সময়ত ইৰাণৰ পৰিৱেশ আৰু অৰ্থনৈতিক অবস্থা খুব সন্তোষজনক নহয় বুলি কয়। কিন্তু ক’চাৰহঁতৰ পৰিয়ালটোৱে খেতিবাতিৰ (প্ৰধানকৈ ধান, ঘে...
কৰ্ম: বৰ্তমান কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক হিচাপে কৰ্মৰত ক’চাৰৰ গৱেষণাৰ বিষয় মূল বিষয় হ’ল বাইৰেচনেল জ্যামিতি।
বাইৰেচনেল জ্যামিতি কি? বাইৰেচনেল জ্যামিতি হ‘ল এলজেব্ৰিক জ্যামিতিৰ এটা উপশাখা। আনহাতে এলজেব্ৰিক জ্যামিতি হ’ল গণিতৰ এটা শাখা য’ত এলজেব্ৰা আৰু জ্যামিতিৰ সহায়ত বিভিন্ন সমস্যাৰ সমাধান বিচৰা হয়। উদাহৰণস্বৰূপে এটা সহজ ৰৈখিক সমীকৰণৰ কথা চাব পাৰো। ৰৈখিক সমীকৰণৰ সমাধান এলজেব্ৰিকভাৱেও কৰিব পাৰি; আনহাতে গ্ৰাফৰ সহায়তো সমাধান কৰিব প...
এলেচিঅ’ ফিগালি: জন্ম ১৯৮৪ চনত, ইটালীত। বিজ্ঞানৰ প্ৰতি ৰাপ থকা পাছতো মাক-দেউতাকৰ পৰামৰ্শ মতে ধ্ৰুপদী সাহিত্য-বুৰঞ্জী পঢ়া ফিগলিয়ে হাইস্কুলৰ তৃতীয় বৰ্ষৰ পৰা হে গণিতৰ প্ৰতি আকৰ্ষিত হয়। দেউতাকৰ এজন বন্ধুৰ পৰামৰ্শ মতে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত ভাগ লোৱা ফিগলিয়ে প্ৰথম বাৰৰ বাবে জানিব পাৰে যে গণিতৰ এনে কিছুমান সমস্যা আছে যা...
কৰ্ম: ই.টি.এইচ. জুৰিখ আৰু ইউনিভাৰচিটি অব্ টেক্সাচ অষ্টিনত কৰ্মৰত ফিগলিৰ প্ৰধান গৱেষণাৰ বিষয় হ’ল অপটিমেল টান্সপৰ্ট (Optimal transport), পাৰ্চিয়েল ডিফান্সিয়েল ইকুৱেছন, মেট্ৰিক জ্যামিতি আৰু সম্ভাৱিতা তত্ত্ব। চমুকৈ অপটিমেল টান্সপৰ্ট হ’ল, ১৮ শতিকাৰ নাপলেয়ঁ ব’নাপাৰ্তৰ দিনত প্ৰথমে গুৰুত্ব পোৱা এটা গাণিতিক সমস্যা। কিদৰে এটা বস...
পিটাৰ শ্বলজে: ফিল্ডছ মেডেল ঘোষণা কৰাৰ সময়ত পিটাৰৰ বয়স ৩০ বছৰ। মাত্ৰ ২২ বছৰ বয়সতে সংখ্যাতত্বৰ ২৮৮ পৃষ্ঠাৰ কিছু পুৰণি প্ৰমেয় আৰু ধাৰণা এটা নতুন ধৰণে মাত্ৰ ৩৭ পৃষ্ঠাত প্ৰমাণ কৰি বিশ্বৰ গণিত সমাজৰ এটা অতি পৰিচিত নাম হৈ পৰে। ১৯৮৭ চনত জাৰ্মানীত জন্মগ্ৰহণ কৰা পিটাৰৰ শিক্ষা জাৰ্মানীৰ বৰ্ন বিশ্ববিদ্যালয়ত। আন্তৰ্জাতিক গণিত অলিম্...
কৰ্ম: ২০১২ চনৰ পৰা জাৰ্মানীৰ বৰ্ন বিশ্ববিদ্যালয়ত পূৰ্ণাঙ্গ অধ্যাপক ৰূপে কৰ্মৰত পিটাৰ হ’ল জাৰ্মানীত আটাইতকৈ কম বয়সত নিযুক্তি পোৱা অধ্যাপক। আনহাতে ২০১৮ চনৰ পৰা পিটাৰ জাৰ্মানীৰ মেক্স প্লাংক ইন্সষ্টিটিউট ফৰ্ মেথেমেটিকছৰ সঞ্চালক ৰূপে কৰ্মৰত। পিটাৰৰ গৱেষণাৰ বিষয় হ’ল এৰিথমেটিক জ্যামিতি, পি-এডিক জ্যামিতি, গেল্ওৱা ৰিপ্ৰেজেনটেছন...
অক্সয় ভেংকটেছ: ১৯৮১ চনত নতুন দিল্লীত জন্ম গ্ৰহণ কৰা আৰু অষ্ট্ৰেলিয়াৰ পাৰ্থ (Perth) চহৰত ডাঙৰ হোৱা অক্সয় ভেংকটেছে মাত্ৰ ১৬ বছৰ বয়সতে ইউনিভাৰচিটি অব্ ৱেষ্টাৰ্ণ অষ্টেলিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৮ৰ পৰা ২০০২ চনলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ত প্ৰফেছৰ পিটাৰ চাৰনাকৰ তত্তাৱধনত গৱেষণা কৰি পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে। ছাত্ৰ অৱস...
কৰ্ম: বৰ্তমান ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ইন্সষ্টিটিউট ফৰ্ এডভান্সড ষ্টাডি, প্ৰিন্সটনৰ অধ্যাপক ৰূপে কৰ্মৰত ভেংকটেছৰ গৱেষণাৰ পৰিসৰ বিশাল। মূলতঃ সংখ্যাতত্ব, এল-ফানচন, চাবকনভেকচিটি, এলজেব্ৰিক ট’প’লজি, ডাইনামিকেল চিষ্টেম, ৰিপ্ৰেজেনটেছন থিওৰী, এলজেব্ৰিক জ্যামিতি আদি বিষয়ত আগবঢ়োৱা অনবদ্য অবদানৰ বাবে ভেংকটেছক এই সন্মান আগবঢ...
(টোকা: বিশ্বৰ অতি উচ্চ পৰ্যায়ৰ চাৰিজন গণিতজ্ঞৰ জীৱন আৰু তেওঁলোকৰ কৰ্মৰ বিষয়ে এটা মাত্ৰ সৰু লেখাত সম্পূৰ্ণৰূপে দাঙি ধৰাটো মুঠেই সম্ভৱ নহয়। আমি মাত্ৰ এটি অাংশিক ছবিহে পাঠকৰ বাবে দাঙি ধৰিবলৈ সক্ষম হৈছো। লগতে বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁলোকে অতিথি অধ্যাপক ৰূপে কৰা কাম, গাণিতিক ধাৰণাৰ প্ৰকৃত সংজ্ঞা, তেওঁলোকে লাভ কৰা অন্যান্য...
তথ্যসূত্ৰ:
১) ৱিকিপিডিয়া৷
২) Quanta Magazine
৩) gonitsora.com
ৰিতু দত্ত
WhatsApp
Tweet
More
Email
Print
Tags:
ফিল্ডছ মেডেল
No Comments
Post A Comment
Cancel Reply
Save my name, email, and website in this browser for the next time I comment.
Δ
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.
Please submit your article by email to : [email protected]
বিনামূলীয়া ই-বুক
More »
আৰ্কাইভ
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ...
শিতানসমূহ
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ
https://www.facebook.com/http://gonitsora
Recent Posts
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ
গণিত কুইজ – ২
গণিত কুইজ – ১
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str...
ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে অসমত আহি উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে আজি পুৱা প্ৰায় ১১ বজাত মানকাচৰত উপস্থিত হয়।
হেলিকপ্টাৰেৰে মানকাচৰত উপস্থিত হৈ প্ৰথমে কামাখ্যা মন্দিৰত দেৱীক সেৱা জনাই আৰু তাৰপাছত ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে।
মানকাচৰত উপস্থিত হোৱাৰ সময়ত হাজাৰ হাজাৰ ৰাইজে অভিনন্দন জনাই তেওঁক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
ইয়াৰ পাছতেই বিশাল কনভয়ৰে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্প এলেকাত থকা কালো নদীৰ পাৰত থকা বিএছএফ পহৰা টাৱাৰ উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
তাৰপৰা তেওঁ উপস্থিত হয়গৈ তামুলপুৰত। তামুলপুৰৰ অস্ত্র-শস্ত্র নিৰ্মাণ কাৰখানাৰ ভূমিপূজন কৰে অমিত শ্বাহে। তামুলপুৰৰ কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত আমিনগাঁৱৰ লোকপিয়ল ভৱন উদ্বোধন আৰু এছ এছ বি-ৰ ভৱনৰ ই-উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
গৃহমন্ত্ৰী অমিত শ্বাহে আমিনগাঁৱৰ পৰা আহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপলব্ধ হোৱা হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব ৷ নিশ্চিতভাৱে অসমৰ স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত ই এক ঐতিহাসিক সফলতা।
জানিব পৰা মতে, এই কেন্দ্ৰটিত উপলব্ধ থাকিবলগীয়া সেৱা সমূহ হৈছে ক্ৰমে- অত্যাধুনিক সঁজুলিৰ সৈতে ৩০০ খন বিছনাৰ সুবিধা, হৃদ-বক্ষ বিভাগ, হৃদ-বক্ষৰ অস্ত্ৰোপচাৰ, স্নায়ু বিভাগ আৰু স্নায়ুৰ অস্ত্ৰোপচাৰ, হৃদযন্ত্ৰ আৰু স্নায়ু সম্বন্ধীয় জৰুৰীকালীন সেৱা, সম্পূৰ্ণ অনলাইন পদ্ধতিৰে নাম পঞ্জীয়নৰ সুবিধা, অত্যাধুনিক পৰীক্ষাগাৰ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই কাৰ্যসূচীৰ পাছত কাইলৈ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
ইতিমধ্যে গুৱাহাটীৰ একাংশ স্থানত জাৰি কৰা হৈছে ১৪৪ ধাৰা। মহানগৰীৰ দিছপুৰ, ভাঙাগড়, বশিষ্ঠ, হাতীগাঁও, সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানা অন্তৰ্গত এলেকাসমূহ সামৰি সমগ্ৰ পূব আৰক্ষী জিলা, গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰে। সেই অনুসৰি, ৫জন লোকৰ সমাবেশ, আন্দোলন, প্ৰদৰ্শন, শোভাযাত্ৰা আৰু শ্লোগান দিয়া আদি নিষিদ্ধ কৰিছে।
তেওঁৰ এই কাৰ্যসূচীৰ সময়ত বা খানাপাৰালৈ গৈ থকা অৱস্থাত যাতে কোনো ধৰণৰ আন্দোলন, প্ৰদৰ্শন, শোভাযাত্ৰা বা শ্লোগান দিব নোৱাৰে তাৰ বাবেই গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
আনহাতে, গৃহমন্ত্ৰীৰ ভ্ৰমণকলৈ মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত পথৰ সাল-সলনি কৰা হৈছে। আজি পুৱা ৪ বজাৰ নিশা ৯ বজালৈকে লঘু, মধ্যম আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ডি জি ৰোড, এটি ৰোড, এম জি ৰোড, কেএলবি ৰোড, জি এন বি ৰোড, তইবুল্লাহ ৰোড, বি বৰুৱা ৰোড আৰু জি এছ ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।
১০মে’তো পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈকে থাকিব এই নিষেধাজ্ঞা জাৰি। লঘু, মধ্যম আৰু বাণিজ্যিক বাহন সমূহ জিএনবি ৰোড, বি বৰুৱা ৰোড, বি কে কাকতি ৰোডত চলাচল কৰিব নোৱাৰিব।
মঙলবাৰৰ পুৱা ৭বজাৰ পৰা ৯বজালৈ সকলো ধৰণৰ লঘু, মধ্যম বা বাণিজ্যিক বাহন জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত চলাচলত বাধা আৰোপ কৰিছে। ২৭নং, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথতো চাৰি চকাযুক্ত অথবা ততোধিক চকাযুক্ত বাহন চলাচলত বাধা আৰোপ কৰা হৈছে।
Related
পুৱাই মা কামাখ্যাৰ আশীষ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ
মানকাচৰত উপস্থিত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,596 other subscribers
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
আছু ত্যাগঃ কোন দলত যোগদান কৰিব দীপাংক কুমাৰ নাথে
স্পেইন (০) ০ বনাম মৰক্কো ৩ (০): বিশ্বকাপৰ Tactical Analysis
দিল্লী পৌৰ নিগম নিৰ্বাচনঃ আপ ১১০, বিজেপি ৮৯, কংগ্ৰেছ ৬
ধৰ্ষণৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ
Review Blast: EP 03 || Bulu Film
Latest News
Google ৰ ‘Innovation Challenge’ৰ বাবে নিৰ্বাচিত ইষ্টম’জ’ December 8, 2022
আছু ত্যাগঃ কোন দলত যোগদান কৰিব দীপাংক কুমাৰ নাথে December 8, 2022
শীঘ্ৰেই বিজেপিত বিলীন হ’ব প্ৰমোদ বড়ো – হাগ্ৰামা মহিলাৰী December 8, 2022
ডিমা হাচাওত মেচিনত আৱদ্ধ হৈ কাৰখানাৰ শ্ৰমিকৰ মৃত্যু December 8, 2022
৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব মেট্ৰিক, পৃথক হ’ব এইবাৰৰ পৰীক্ষা December 8, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>গাঁৱৰ পৰা কলকাতালৈ পুনৰ্ব্যৱহাৰযোগ্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ অহা-যোৱা কৰা কালু দাসে কেইসপ্তাহমান আগতে ব্যৱসায় পুনৰায় আৰম্ভ কৰিছিল ঠিকেই, কিন্তু এতিয়া ব্যৱসায় সাংঘাতিক মন্দা, লাভ তেনেই নগ...
Puja Bhattacharjee
Translator : Pankaj Das
Language
Assamese