text stringlengths 0 188k |
|---|
কিতাপৰ পৰিৱৰ্তে হাতত কাচি লৈ পথাৰত ব্যস্ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী November 26, 2022 |
পথ নিৰ্মাণৰ বাবে লখিমপুৰত বিশাল গণ সমাবেশ November 26, 2022 |
FIFA: অষ্ট্ৰেলিয়া vs টিউনিচিয়া November 26, 2022 |
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান November 26, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>ডিজিটেল ডেস্কঃ পাকিস্তানক পৰাভূত কৰি এছিয়ান গেমছৰ পুৰুষৰ হকীত ব্ৰঞ্জ জয় কৰিবলৈ সমৰ্থ হৈছে ভাৰত। ছেমি ফাইনেল ট্ৰেজেডীৰ পিছত তৃতীয় স্থান নিৰ্ণয়ৰ বাবে অনুষ্ঠিত আজিৰ মেচখনত ভাৰতীয় দলটোৱে চ... |
ভাৰতৰ হৈ আকাশদ্বীপ সিং আৰু হৰমনপ্ৰীত সিঙে গ'ল দুটা স্ক'ৰ কৰে। পাকিস্তানৰ হৈ গ'ল স্কৰ কৰে মহম্মদ আতিকে। উল্লেখ্য বিশ্বৰ ৫ নং স্থানত থকা ভাৰতৰ যোৱা ৩ মাহত পাকিস্তানৰ বিৰুদ্ধে এয়া দ্বিতীয়টো জয়।<eot>মোৰ আজৰি সময়ৰ এয়া "হাতৰ কাম"...... If you would not be forgotten/ As soon as you are dead and rotten/ Either write things wo... |
Saturday, July 29, 2017 |
অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা ক'ৰ্ডিনেট্ (Coordinate) কি? |
অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা ক'ৰ্ডিনেট্ (Coordinate) কি? গ্ৰাফ্কাকতৰ কৰ্ডিনেট্আৰু জি-পি-এছ্-ৰ কৰ্ডিনেট একে বস্তু নেকি? ২৬ ডিগ্ৰী, ৮ মিনিট, ২৯.৭৪ ছেকণ্ড উত্তৰ আৰু ৯১ ডিগ্ৰী, ৪৭ মিনিট, ৩০.৯২ ছেকেণ্ড পূৱৰ অৱস্থান মানে কি? |
X-axis আৰু Y-axis থকা গ্ৰাফ্কাকত আমি সকলোৱে চিনি পাওঁ৷ (৫,৪) কৰ্ডিনেট্ মানে X-ৰ দিশলৈ পাঁচঘৰ আহি Y-ৰ দিশলৈ অৰ্থাৎ ওপৰলৈ চাৰিঘৰ আগুৱাই গৈ পোৱা বিন্দুটোৰ স্থান ! (৫,-৪), (-৭,-৩) ধৰণৰ কৰ্ডিনেট্ক আমি কম-বেছি পৰিমানে সকলোৱেই বুজি পাওঁ৷ কিন্তু জি-পি-এছৰ কৰ্ডিনেট কেনেকুৱা ? GPS য়ে যোগান ধৰা তথ্যকো Coordinate বুলি কোৱা ... |
গোলাকাৰ বস্তুৰ ওপৰত স্থান কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই সম্পৰ্কে অলপ জানি ল'লে কৰ্ডিনেট্ বুজিবলৈ সহজ হ'ব৷ |
আপোনাৰ সমূখত থকা ৰবাব টেঙা বা ফুটবল এটাৰ ওপৰত এটা চিন আছে চিনটো কোন খিনিত আছে বুলি সুধিলে আপুনি কি উত্তৰ দিব? দেখাত সহজ যেন লাগিলেও কামটো বৰ সাধাৰণ নহয়৷ ধৰাহওঁক, আপোনাক এই মূহুৰ্তত সোধা হৈছে আপুনি এতিয়া ক'ত আছে? উত্তৰটো এনে ধৰণৰ হব পাৰে মই এচিয়া মহাদেশৰ ভাৰতবৰ্ষ নামৰ দেশখনৰ উত্তৰ পূৰ্বাঞ্চলত থকা অসম নামৰ ৰাজ্যখন... |
আপুনি জানেই পৃথিৱী নামৰ গ্ৰহটোৰ ওপৰত থকা মাটিতকৈ পানীৰ পৰিমান বহু বেছি৷ পাৰাপাৰহীন বিশাল মহাসমূদ্ৰৰ ওপৰৰ কোনো স্থানৰ সম্ভেদ দিব লগা হলে কি ফলপ্ৰসূ কি উপায় আছে? |
এই দুয়োটা প্ৰশ্নৰে উত্তৰ দিছে জি-পি-এছে৷ |
আমি বাসকৰা পৃথিৱীখনক তল আৰু ওপৰ দুয়োভাখত ভাগ কৰিবলৈ যিদাল বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেইডালৰ নাম বিষুৱ ৰেখা বা Equator ৷ আপুনি যদি বিষুৱ ৰেখাত আছে তাৰমানে আপুনি পৃথিৱীৰওপৰ ভাগত অৰ্থাৎ উত্তৰ গোলাৰ্ধতো নাই নতুবা তলৰ ভাগত অৰ্থাৎ দক্ষিণ গোলাৰ্ধতো নাই, মাজতে আছে৷ গ্ৰাফ্পেপাৰৰ X-axis ওপৰত থকাৰ দৰে ! কিন্তু বিষুৱ ৰেখ... |
এতিয়া ধৰক বিষুৱ ৰেখাৰ পৰা আপুনি ওপৰলৈ অলপ আগুৱাই গ'ল- মানে উত্তৰলৈ গ'ল? কিমান উত্তৰলৈ গ'ল? এই প্ৰশ্নৰ উত্তৰৰ বাবে আপুনি থকা স্থানৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈ এডাল ৰেখা কল্পনা কৰক৷ এই ৰেখাডালে বিষুৱ ৰেখা আৰু কেন্দ্ৰ সংযোগী ৰেখাডালৰ লগত যিমান ডিগ্ৰী কোণ কৰিছে আপুনি সিমান ডিগ্ৰী উত্তৰত আছে৷ বিষুৱ ৰেখাৰ পৰা আপুনি ভালেখিনি তলল... |
এইদৰেই, শূণ্যৰ পৰা নবৈ ডিগ্ৰীলৈকে উত্তৰে আৰু একেদৰে শূণ্যৰ পৰা নবৈ ডিগ্ৰীলৈকে দক্ষিণে হব পৰা এই কাল্পনিক বৃত্তবোৰক অক্ষাংশ বা লেটিটিউড্বুলি কোৱা হয়৷ ঠিক তেতেকৈ শূণ্য ডিগ্ৰী দ্ৰাঘিমাৰ পৰা সিফাললৈ অৰ্থাৎ ১৮০ ডিগ্ৰীলৈকে দুয়ো মেৰু সংযোগী কল্পনা কৰা উলম্ব ৰেখাসমুহক দ্ৰাঘিমাংশ বা লংগিটিউড্বুলি কোৱা হয়৷ এই অক্ষাংশ আৰু দ্... |
পৃথিৱী যিহেতু এটা প্ৰকাণ্ড গোলক সেয়ে একমাত্ৰ ডিগ্ৰীৰেই সকলোবোৰ অৱস্থান সুক্ষ্মভাৱে বুজাব নোৱাৰি৷ সেয়ে এটা ডিগ্ৰীক ৬০ ভাগত ভাগ কৰি একোটা ভাগক মিনিট বুলি কোৱা হয়৷ পৃথিৱীৰ কেন্দ্ৰত এক মিনিট দুৰত্বও পৃথিৱীৰ উপৰি ভাগত ১.৮৫২ কিলোমিটাৰৰ সমান৷ সেয়ে এটা মিনিটকো আকৌ ৬০টা ভাগত ভাগ কৰি চেকেণ্ড কৰা হৈছে৷ পৃথিৱীৰ কেন্দ্ৰত এ... |
উদাহৰণ স্বৰূপে ২৬ ডিগ্ৰী, ৮ মিনিট, ২৯.৭৪ ছেকণ্ড উত্তৰ আৰু ৯১ ডিগ্ৰী, ৪৭ মিনিট, ৩০.৯২ ছেকেণ্ড পূৱৰ অৱস্থান যদি পৃথিৱীৰ ওপৰত সন্ধান কৰে - আপুনি গৈ উপস্থিত হ'বগৈ - দিশপুৰৰ জনতা ভৱনৰ চৌহদত!<eot>‘‘খিলঞ্জীয়াক উচ্ছেদ কৰিব পাৰে চৰকাৰে ৷ কিন্তু বাংলাদেশীয়ে বেদখল কৰা ভূমিহে উচ্ছেদ কৰিব নোৱাৰে বিজেপি ৰাজ্য চৰকাৰখনে ৷’’ ডিব্ৰুগড়... |
ডিব্ৰুগড়, 21 নৱেম্বৰ : ‘‘আমাক উচ্ছেদ নকৰিব; আমাৰ মাটি আমাক দিয়ক; আমি বাংলাদেশী নহয়, আমি খিলঞ্জীয়া’’ ইত্যাদি শ্ল’গান সম্বলিত বেনাৰ পোষ্টাৰ লৈ ৰাজপথত এজাক খিলঞ্জীয়া ৷ সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল ডিব্ৰুগড় জিলাৰ লেঙেৰী নামদাং ৷ লেঙেৰী নামদাং অঞ্চলত বসবাস কৰা খিলঞ্জীয়াক উচ্ছেদ বন্ধ কৰাৰ বিৰোধিতাৰে পুনৰবাৰ প্ৰতিবাদত নামি... |
119 নং টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত নামদাং বনাঞ্চলত 100 বছৰো অধিক কাল বসবাস কৰি অহা আহোম, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, চাহ-জনগোষ্ঠী আৰু নেপালী আদি লোকসকলক কোনো আগজাননী নিদিয়াকৈ উচ্ছেদ কৰাত আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো ৷ |
মন্ত্ৰী বিমল বৰাৰ সমষ্টিত বছৰ বছৰ ধৰি ভোগ দখল কৰি খিলঞ্জীয়া ৰাইজৰ ওপৰত চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (KMSS protest against BJP govt in Dibrugarh)। |
জাতি-মাটি-ভেঁটি সুৰক্ষাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যিক চিৰিয়াখানা নিৰ্মাণৰ নামত খিলঞ্জীয়াৰ ভূমি উচ্ছেদ কৰিব খোজা চৰকাৰৰ হঠকাৰী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে । আনকি কোলাত কেঁচুৱা লৈ প্ৰতিবাদকাৰীসকলে চহৰখনৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰা বিশাল প্ৰতিবাদী সমদল বাহিৰ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানে... |
খিলঞ্জীয়াকহে উচ্ছেদ কৰে চৰকাৰে : KMSS |
আনহাতে, কোনোধৰণৰ আগজাননী নিদিয়াকৈ বছৰ বছৰ ধৰি ভোগ দখল কৰি থকা খিলঞ্জীয়া লোকসকলক উচ্ছেদ চলোৱা কাৰ্যক মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে । আনকি খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদানৰ বিপৰীতে তেওঁলোকৰ ঘৰবাৰী, শস্য ভূমি আদি বন বিভাগে উচ্ছেদ কৰাত ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰী । |
ককা-আজুককা দিনৰে পৰা এই ভূমিত ভোগ দখল কৰি বসবাস কৰি পৰিয়াল পোহপাল দি থকা এই খিলঞ্জীয়া লোকসকল যাব ক'লৈ ? কাজিৰঙাত অবৈধ বাংলাদেশীয়ে বেদখল কৰা ভূমি উচ্ছেদ কৰিব নোৱাৰা চৰকাৰখনে পুনৰ কা’ আইনৰ যোগেদি হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ এই পদক্ষেপ লোৱা বুলি গুৰুতৰ অভিযোগ ভুক্তভোগীৰ । |
তেওঁলোকৰ দাবী যুগ যুগ ধৰি ভোগ দখল কৰি অহা ভূমি কেতিয়াও এৰি নিদিয়ে বৰঞ্চ চৰকাৰক ম্যাদী পট্টা প্ৰদানৰ দাবী তুলিছে এইসকল প্ৰতিবাদকাৰীয়ে ।<eot>বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এচিয়া মহাদেশত বছৰি পঞ্চাচ হাজাৰজনলৈকে লোকে ভাইৰেল এনকেফেলাইটিচ ৰোগত ভোগে৷ ৰোগাক্ৰান্ত হোৱা এই পঞ্চাচ হাজাৰজন লোকৰ ভিতৰৰ পোন্ধৰ হাজাৰজনৰ মৃত্যু হয় আৰু ... |
এনকেফেলাইটিচ মানেনো কি ? |
মস্তিষ্কৰ ‘ইনফ্লেমেচন’ ঘটিলে এনকেফেলাইটিচ হোৱা বুজায়৷ ইনফ্লেমেচনৰ অৰ্থ হ’ল- জীবিত কোষত হোৱা কোনো প্ৰতিক্ৰিয়াৰ ফলত এই চাৰিটা গুণৰ মিশ্ৰণ ঘটা : বিষ হোৱা, উত্তাপ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা৷ মস্তিষ্কৰ আৱৰণীত ইনফ্লেমেচন ঘটিলে মেনিনজাইটিচ হোৱা বুজায় ৷ একেলগে মস্তিষ্ক আৰু আৱৰণী দুয়ো অংশতে ইনফ্লেমেচন হলে মেনিনগ-এনকেফেলাইটি... |
এনকেফেলাইটিচ উৎপন্ন হোৱাৰ কাৰণ সমূহনো কি ? |
ঘাইকৈ ভাইৰাচৰ দ্বাৰা এনকেফেলাইটিচ ৰোগ হয়৷ জাপানিজ-বি ভাইৰাচ, হাৰপিজ চিম্প্লেস্ক ভাইৰাচ, মিজলচ, মাম্পচ, পলিঅ’, চিকেন পস্ক, ৰুবেলা, কস্কচেকি, চাইট’মেগাল’ ভাইৰাচ, ৱেষ্ট-নীল, ইক’ ভাইৰাচ, ভেনেজুৱেলান ইকুইন এনকেফেলাইটিচ ভাইৰাচ, ইষ্টাৰ্ণ ইকুইন এনকেফেলাইটিচ ভাইৰাচ আদিৰ দ্বাৰা এনকেফেলাইটিচ উৎপন্ন হব পাৰে৷ |
এনকেফেলাইটিচৰ কৰিব পৰা ফাংগাচসমূহৰ নাম হ’ল – কেণ্ডিডা, মিউকৰ, ক্ৰিপ্ত ক’কাচ আদি৷ |
এনকেফেলাইটিচৰ কৰিব পৰা পেৰাচাইটসমূহৰ নাম হ’ল – টস্কপ্লাজমা, নেইগেলেৰিয়া, ৰাউণ্ডৱৰ্ম, চিষ্টিচাৰক’চিচ, এন্টামিবা হিষ্টলাইটিকা আদি৷ |
কেঞ্চাৰ আৰু এইডচ ৰোগীৰ এনকেফেলাইটিচ হব পাৰে৷ |
ভেকচিনৰ বিৰূপ পাৰ্শ্ব প্ৰতিক্ৰিয়া স্বৰূপে এনকেফেলাইটিচ হব পাৰে৷ কোনো এলাৰ্জি বা অট’ইমিউন’ ৰোগৰ ফলত এনকেফেলাইটিচ হব পাৰে৷ |
টি বি, বাৰ্টনেলা হেনচলিই,চিফিলিচ,লাইম ডিজিজ বা আন কোনো বেক্টেৰিয়াৰ সংক্ৰমনেও এনকেফেলাইটিচ কৰিব পাৰে ৷ |
পাগল কুকুৰে কামুৰিলে ৰেবিজ এনকেফেলাইটিচ হব পাৰে৷ এচিয়া আৰু আফ্ৰিকা এই দুই মহাদেশত বছৰি ৫৫০০০ লোকৰ ইয়াৰ ফলত মৃত্যু হয়৷ |
পয়জনিং (যেনে লিড পয়জনিং) এনকেফেলাইটিচৰ কাৰণ হব পাৰে৷ |
মস্তিষ্কৰ আঘাতেও এনকেফেলাইটিচ কৰিব পাৰে ৷ |
এনকেফেলাইটিচৰ ফলত কি কি সংঘটিত হয় ? |
মস্তিষ্কৰ কোষসমুহ ফুলি উঠে৷কোষবোৰ নষ্ট হবলৈ ধৰে৷ মস্তিষ্কৰ ভিতৰত ৰক্তক্ষৰণ হয়৷এইবিলাক ক্ৰিয়াৰ ফলতেই ৰোগৰ লক্ষণসমূহ দেখা দিয়ে৷ মগজুৰ মূল অংশ চেৰিব্ৰেল কৰ্টেস্ক, চেৰিবেলাম, থেলামাচ আৰু স্পাইনেল কৰ্ডত ইনফ্লেমেচন চলি থাকে৷ |
এনকেফেলাইটিচ ৰোগৰ লক্ষণসমূহ কি ? |
পোনতেই জনোৱা ভাল যে ৰোগৰ লক্ষণসমূহ সাধাৰণ পানী লগা,চৰ্দি জ্বৰৰ দৰেও হব পাৰে নাইবা অত্যন্ত গুৰুতৰো হব পাৰে৷ ই বহু পৰিমানে ৰোগাক্ৰান্ত ব্যক্তিজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ (যাক ইমিউনিটি বোলে) ওপৰত নিৰ্ভৰ কৰে৷ ডিব্ৰুগড়ৰ ৰিজনেল মেডিকেল ৰিচাৰ্চ চেন্টাৰত ২০০০-২০০২ চনলৈ ৭৬৩ জন ৰোগীৰ ওপৰত এক অধ্যয়ণ চলোৱা হৈছিল৷ তেওঁলোকে প্ৰ... |
সাধাৰণতে কম বয়সীয়া লোক বেচিকৈ ৰোগাক্ৰান্ত হয় যদিও যি কোনো বয়সৰ লোকৰ এনকেফেলাইিচ হব পাৰে৷ কেঁচুৱাৰ ক্ষেত্ৰত দেখা যায় ডাঙি কোলাত ললে কান্দে, মাতৃদুগ্ধ বা আন খাদ্যলৈ অনীহা, বমি কৰা, অস্থিৰতা, মূৰ-গাৰ জঠৰতা, কপালখন ফুলি উঠা আৰু জ্বৰ থকা৷ আন লোকৰ সাধাৰণতে হোৱা লক্ষণসমূহ হ’ল -জ্বৰ,শৰীৰ অবশ হোৱা, ডিঙি আৰু পিঠিৰ জঠৰতা, মূ... |
ৰোগৰ চিনাক্ত কৰণ কেনেকৈ ? |
ৰোগৰ লক্ষণ সমূহেই ৰোগ চিনাক্ত কৰাত সহায় কৰে৷ তথাপিও চিকিৎসালয় ভেদে পৰীক্ষাৰ মানদণ্ডৰ তাৰতম্য হয়৷ পোনতেই তেজৰ ৰুটিন পৰীক্ষা কৰিব লাগিব৷ তাৰ পিছত আহিব পিঠিৰ ৰাজহাঁড়ৰ পৰা পানী ( Cefebro Spinal Fluid) ওলিয়াই কৰা পৰীক্ষা যাক লাম্বাৰ পাংচাৰ বোলে৷ চেৰিব্ৰ স্পাইনেল ফ্লুইডত সাধাৰণতে শ্বেত ৰক্ত কণিকা আৰু প্ৰটিনৰ মাত্ৰা বাঢ়... |
মগজুৰ কিমান অংশ কেনেদৰে ফুলিছে সেইয়া চি টি বা এম আৰ আই কৰিলে জনা যায়৷ |
এনকেফেলাইটিচ ৰোগৰ চিকিৎসা; |
চিকিৎসাৰ লক্ষ্য হ’ল ৰোগীৰ প্ৰাণৰক্ষাৰ ওপৰিও কষ্টসমূহৰ অৱসান ঘটোৱা ৷ ৰোগীৰ উপযুক্ত বিশ্ৰাম, খাদ্য বা চেলাইন যোগে পৰিপুষ্টি সাধন, জ্বৰৰ নিয়ন্ত্ৰণ, লক্ষণসমূহৰ প্ৰতিকাৰ, মানসিক দিশত সহায়ক হোৱা আদি দিশত চকু দিব লাগে৷ |
ঔষধৰ ব্যৱহাৰ – এচাইক্লভিৰ বা ফচকোভিৰ এন্টিভাইৰেল ড্ৰাগচ বেজীৰ মাধ্যমেৰে সাধাৰণতে আৰম্ভ কৰা যায়৷ ৰোগৰ কাৰণ ভাইৰাচ নহয় বুলি নিশ্চিতকৈ জানিলে ইয়াক বন্ধ কৰিব পাৰি৷ |
এন্টিবায়িকৰ ব্যৱহাৰে বীজাণুৰ আক্ৰমণৰ পৰা সুৰক্ষা দিব৷ |
ফেনিটইন, ফেনবাৰ্বিটন,ডায়েজেপাম আদি ফিটৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত হয়৷ডেস্কামিথাচন, মিথাইলপ্ৰেডনিচলন, হাইড্ৰকৰ্টিচন আদি ষ্টেৰইডে মগজুৰ ইনফ্লেমেচন কমায়৷ |
সংকট কালত নিশ্বাসৰ কষ্ট হৈছে নেকি তালৈ লক্ষ্য ৰাখি প্ৰয়োজন অনুসৰি ব্যৱস্থা লব লাগে৷ |
ৰোগী যেহেতু পোহৰ আৰু ধ্বনিৰ প্ৰতি বেচি সংবেদনশীল হয় সেয়ে এনে ৰোগীক কিছু কম পোহৰৰ শান্ত পৰিস্কাৰ পৰিবেশত ৰাখিব লাগে৷ |
অসুখৰ ফলত ৰোগী যদি পিছলৈ কোনো ত্ৰুতিৰ চিকাৰ হয় যেনে পেৰালাইচিচ,কাণেৰে নুশুনা হোৱা বা বাক শক্তি হেৰুৱা – তেতিয়া তাৰ উপযুক্ত ব্যৱস্থা লব লাগে৷ |
ৰোগৰ প্ৰতিৰোধক : – চীনত নিৰ্মিত জাপানীজ এনকেফেলাইটিচ ৰোগৰ ছিতা বা ভেকচিনে ৯৯% সুৰক্ষা প্ৰদান কৰে ৷ চীন,নেপালৰ ওপৰিও ভাৰতে ইয়াক ব্যৱহাৰ কৰিব ধৰিছে৷অসমত যোৱা বছৰৰ অক্টোবৰৰ পৰা চৰকাৰীভাবে ইয়াৰ যোগান ধৰা হৈছে৷ |
এনকেফেলাইটিচ কেনেকৈ বিয়পে ? |
কীট-পতংগই (আৰ্থ’পড) বিয়পোৱা ভাইৰাচক কয় আৰ্বোভাইৰাচ৷ জাপানিজ বি ভাইৰাচ হ’ল এবিধ আৰ্বোভাইৰাচ৷ ইয়াক আশ্ৰয় দি ৰাখে গাহৰি, ঘোঁড়া, কেৰ্কেটুৱা,চৰাই আদি জন্তুয়ে৷ কিউলেস্ক মহে এইবিলাকৰ শৰীৰৰ পৰা ভাইৰাচ কঢ়িয়াইলৈ গৈ মানুহৰ শৰীৰত মেলি দিয়ে৷ মানুহৰ শৰীৰত ভাইৰাচৰ বৃদ্ধি হয় আৰু ব্যক্তিজন ৰোগাক্ৰান্ত হৈ পৰে৷ গতিকে মহৰ কামোৰৰ... |
গৰ্ভৱতী মহিলাৰ যদি যৌনাংগত হাৰপিজ চিম্প্লেস্ক ভাইৰাচ থাকে তেনে সন্তানক সুৰক্ষা দিবলৈ চিজাৰিয়ান অপাৰেচন কৰাৰ প্ৰয়োজন৷ |
← হিতেন শৰ্ম্মাৰ দিনলিপি- ১৩ (ধ্ৰুৱজ্যোতি শৰ্মা) |
তথাপিও তাই নাহে(–নয়নমনি শৰ্মা ৰিকু) → |
You May Also Like |
বতৰৰ ফল আৰু অপুষ্টিকৰ গুণাগুণ |
July 17, 2021 July 18, 2021 0 |
মহিলাৰ ৰক্তহীনতাৰ বিষয়ে কিছু জানিবলগীয়া কথা- ডা: ভূপেন শইকীয়া |
November 21, 2020 0 |
স্বাস্থ্য আৰু মন :: কৰ্কট ৰোগৰ সজাগতাৰ বিষয়ে কিছু পৰামৰ্শ ( ডা০ ভূপেন শইকীয়া) |
May 15, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.