text
stringlengths
0
188k
এন এম চিন্তাধাৰা
Exam Warriors
উক্তি
ভাষণ
লিখিত ভাষণ
সাক্ষাৎকাৰ
ব্লগ
এন এম লাইব্ৰেৰী
ই গ্ৰন্থ
কবি আৰু লেখক
বিখ্যাত ব্যক্তি
ই-শুভেচ্ছা
সংযুক্ত হওঁক
প্ৰধানমন্ত্ৰীলৈ লিখক
দেশলৈ সেৱা আগবঢ়াওঁক
Contact Us
Home
News Updates
উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ
উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ
Published By : Admin | July 16, 2022 | 16:17 IST
Share
প্ৰায় ১৪৮৫০ কোটি টকা ব্যয় সাপেক্ষে ২৯৬ কিলোমিটাৰ চাৰিলেনযুক্ত এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে
এক্সপ্ৰেছৱেই অঞ্চলটোৰ যোগাযোগ আৰু ঔদ্যোগিক উন্নয়নত এক বৃহৎ গতি প্ৰদান কৰিব
“উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱে প্ৰকল্পই ৰাজ্যৰ বহু অৱহেলিত অঞ্চলক সংযুক্ত কৰিছে”
“উত্তৰ প্ৰদেশৰ প্ৰতিটো প্ৰান্ত নতুন সপোন আৰু নতুন সংকল্প লৈ আগবাঢ়ি যাবলৈ সাজু হৈছে”
“উত্তৰ প্ৰদেশৰ পৰিচয় সমগ্ৰ দেশতে সলনি হৈ আছে, কাৰণ ই বহু উন্নত ৰাজ্যক চেৰ পেলাই আছে”।
“সময়ৰ আগতেই প্ৰকল্পসমূহ মুকলি কৰি আমি মানুহৰ আদেশ আৰু তেওঁলোকৰ আস্থাক সন্মান কৰিছো”
“আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰি অহা এমাহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি নতুন সংকল্পৰ পৰিৱেশ সৃষ্টি কৰা উচিত”
“দেশৰ ক্ষতি কৰা, দেশৰ উন্নয়নত প্ৰভাৱ পেলোৱা সকলো কথা আঁতৰাই ৰাখিব লাগিব”
“ডাবল ইঞ্জিন চৰকাৰে বিনামূলীয়া সামগ্ৰী প্ৰদানৰ শ্বৰ্টকাট গ্ৰহণ কৰাৰ বিপৰীতে কঠোৰ পৰিশ্ৰমেৰে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিছো”
“দেশৰ ৰাজনীতিৰ পৰা বিনামূলীয়া সামগ্ৰী প্ৰদানৰ সংস্কৃতিক আঁতৰাই পেলাওক”
সন্তুলিত বিকাশ সামাজিক ন্যায়ৰ সমান
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ।
উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, ইউপিৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠকজী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী আৰু এই ক্ষেত্ৰৰে বাসিন্দা শ্ৰী ভানুপ্ৰতাপ সিংহজী, ইউপি চৰকাৰৰ মন্ত্ৰীগণ, সাংসদগণ বিধায়কগণ, অন্য জনপ্ৰতিনিধি, আৰু বুন্দেলখণ্ডৰ মোৰ মৰমৰ ভগ্নী আৰু ভা...
ইউপিৰ মানুহক, বুন্দেলখণ্ডৰ সকলো ভগ্নী-ভাতৃক আধুনিক বুন্দেলখণ্ড এক্সপ্ৰেছৱে, ইয়াৰ বাবে বহুত বহুত অভিনন্দন, বহুত বহুত শুভকামনা। এই এক্সপ্ৰেছৱে বুন্দেলখণ্ডৰ গৌৰৱশালী পৰম্পৰাৰ প্ৰতি সমৰ্পিত। যি ধৰিত্ৰীয়ে অগণন বীৰৰ জন্ম দিলে, য'ৰ তেজত ভাৰতভক্তি বয়, য'ৰ পুত্ৰ-কন্যাৰ পৰাক্ৰম আৰু পৰিশ্ৰমে সদায়েই দেশৰ নাম উজ্জ্বল কৰিছে, সেই ব...
ভাতৃ আৰু ভগ্নীসকল,
মই দশক দশক ধৰি উত্তৰ প্ৰদেশলৈ আহি গৈ আছো। ইউপিৰ আশীৰ্বাদত যোৱা আঠ বছৰৰ পৰা দেশৰ প্ৰধান সেৱকৰ ৰূপত কাম কৰাৰ আপোনালোকে দায়িত্ব দিছে। কিন্তু মই সদায়েই দেখিছিলো, যদি উত্তৰ প্ৰদেশত দুটা মহত্বপূৰ্ণ বস্তুত জোৰ দিয়া যায়, তাৰ নাটনি যদি পূৰ্ণ কৰা যায়, তেন্তে উত্তৰ প্ৰদেশ প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাৰ বহুত ডাঙৰ শক্তিৰে থ...
বন্ধুসকল,
এটা সময় আছিল যেতিয়া ভবা হৈছিল যে যাতায়তৰ আধুনিক সাধনৰ ওপৰত প্ৰথম অধিকাৰ কেৱল ডাঙৰ ডাঙৰ চহৰৰ। মুম্বাই হওক, চেন্নাই হওক, কলকাতা হওক, বেংগালুৰু হওক, হায়দৰাবাদ হওক, দিল্লী হওক সকলো সিবিলাকেই পাওক। কিন্তু এতিয়া চৰকাৰ সলনি হ'ল ভাবধাৰাও সলনি হৈছে আৰু এয়া মোদী, এয়া যোগী, এতিয়া সেই পুৰণি চিন্তা এৰি তাক পিছত ৰাখি আমি এটা নতু...
বন্ধুসকল,
ডবল ইঞ্জিনৰ চৰকাৰত আজি ইউপি যেনেদৰে আধুনিক হৈ আছে, এয়া সঁচাই অভূতপূৰ্ব। যি ইউপিত অলপ মনত ৰাখিব বন্ধুসকল মই যি কৈ আছো। মনত ৰাখিব? মনত ৰাখিব? অলপ হাত ওপৰলৈ তুলি কওক মনত ৰাখিব? খাটাং মনত ৰাখিব? বাৰম্বাৰ মানুহক ক'ব? তেন্তে মনত ৰাখক যি ইউপিত সৰযু লহৰ পৰিকল্পনা সম্পূৰ্ণ হ'বলৈ ৪০ বছৰ লাগিল, যি ইউপিত গোৰখপুৰ ফাৰ্টিলাইজাৰ প্লা...
আৰু বন্ধুসকল,
কথা কেৱল হাইৱে বা এয়াৰৱেৰ নহয়। শিক্ষাৰ ক্ষেত্ৰই হওক, মেনুফেকচাৰিঙৰ ক্ষেত্ৰই হওক, কৃষিকৰ্ম হওক, ইউপি প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি আছে। আগৰ চৰকাৰৰ সময়ত ইউপিত প্ৰতি বছৰে এইটোও মনত ৰাখিব, ৰাখিব? ৰাখিব? অলপ হাত ওপৰলৈ তুলি কওক ৰাখিব? আগৰ চৰকাৰৰ সময়ত ইউপিত বছৰি গড়ে ৫০ কিলোমিটাৰ ৰেল লাইনৰ দ্বিপথকৰণ হৈছিল। কিমান? কিমান কিলোমিটাৰ?...
ভাতৃ আৰু ভগ্নীসকল,
বিকাশৰ যি ধাৰাত আজি দেশ গৈ আছে, তাৰ মূলতে দুটা প্ৰধান পদক্ষেপ আছে। এটা হৈছে অভিপ্ৰায় আৰু আনটো হৈছে মৰ্যাদা। দেশৰ বৰ্তমানৰ বাবে নতুন সুবিধাই গঢ়ি থকা নাই বৰং দেশৰ ভৱিষ্যতো গঢ়ি আছে। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ জৰিয়তে, আমি ২১শ শতিকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণত লাগি আছো।
আৰু বন্ধুসকল,
বিকাশৰ বাবে আমাৰ সেৱাৰ ভাব এনেকুৱা যে আমি সময়ৰ মৰ্যাদা ভংগ হ'বলৈ নিদিওঁ। আমি সময়ৰ মৰ্যাদা কেনেকৈ পালন কৰো, তাৰ অগণন উদাহৰণ এই উত্তৰ প্ৰদেশতে আছে। কাশীত বিশ্বনাথ ধামৰ সৌন্দৰ্য বৰ্ধনৰ কাম আমাৰ চৰকাৰে আৰম্ভ কৰিছিল আৰু আমাৰ চৰকাৰেই ইয়াক সম্পূৰ্ণ কৰি দেখুৱালে। গোৰখপুৰ এইমছৰ শিলান্যাসো আমাৰ চৰকাৰে কৰে আৰু তাৰ লোকাৰ্পণো এই ...
বন্ধুসকল,
যেতিয়া মই কোনো পথ উদ্বোধন কৰো, কোনো হাস্পতাল উদ্বোধন কৰো, কোনো কাৰখানা উদ্বোধন কৰো তেতিয়া মোৰ অন্তৰত এটাই ভাব হয় যে যিসকল ভোটদাতাই এইখন চৰকাৰ গঠন কৰিলে মই সেইসকলক সন্মান দিছো আৰু দেশৰ সকলো ভোটদাতাক সুবিধা দিছো।
বন্ধুসকল,
আজি সমগ্ৰ পৃথিৱীয়ে ভাৰতক বহুত আশাৰে চাই আছে। আমি নিজৰ স্বাধীনতাৰ ৭৫ বছৰৰ পৰ্ব পালন কৰি আছো, অহা ২৫ বছৰত ভাৰত যি উচ্চতাত থাকিব, তাৰ ৰোডমেপ বনাই আছে। আৰু আজি যেতিয়া মই বুন্দেলখণ্ডৰ ভূমিলৈ আহো, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আহিছো। এই বীৰ ভূমিৰ পৰা মই হিন্দুস্তানৰ ছয় লাখতকৈও অধিক গাঁৱৰ মানুহক কৰজোৰে প্ৰাৰ্থনা কৰিছো যে...
বন্ধুসকল,
আজি ভাৰতত এনেকুৱা কোনো কাম হ'ব নালাগে, যাৰ আধাৰ বৰ্তমানৰ আকাংক্ষা আৰু ভাৰতৰ উন্নত ভৱিষ্যতৰ সৈতে সংযুক্ত নহয়। আমি যিয়েই সিদ্ধান্ত লওঁ, যিয়েই নিৰ্ণয় লওঁ, যিয়েই নীতি বনাওঁ, ইয়াৰ অন্তৰালত সবাতোকৈ ডাঙৰ চিন্তা এইটোৱেই হোৱা উচিত যে ইয়াৰ ফলত দেশৰ বিকাশ আৰু খৰতকীয়া হ'ব। তেনেকুৱা সকলো কথা, যাৰ ফলত দেশৰ লোকচান হ'ব, দেশৰ বি...
বন্ধুসকল,
নতুন ভাৰতৰ সন্মুখত এটা এনেকুৱা প্ৰত্যাহ্বানো আছে, যাৰ ওপৰত এতিয়া মনোযোগ নিদিলে, ভাৰতৰ যুৱক-যুৱতীৰ, আজিৰ প্ৰজন্মৰ বহুত লোকচান হ'ব পাৰে। আপোনালোকৰ আজি নোহোৱা হৈ যাব আৰু আপোনালোকৰ আহিবলগা কাইলৈ আন্ধাৰত সোমাই যাব বন্ধুসকল। সেয়ে এতিয়াৰে পৰা সজাগ হোৱা দৰকাৰ। আজিকালি আমাৰ দেশত বিনামূলীয়া ৰেৱড়ী বিতৰণ কৰি ভোট খোজাৰ সংস্কৃতি ...
বন্ধুসকল,
ৰেৱড়ী কালচাৰৰ পৰা বেলেগ, আমি দেশত পথ বনাই, নতুন ৰেল পথ বনাই, মানুহৰ আকাংক্ষা সম্পূৰ্ণ কৰাৰ কাম কৰি আছো। আমি দুখীয়াৰ বাবে কোটি কোটি পকাঘৰ বনাই আছো, দশক দশক ধৰি আধৰুৱা হৈ থকা জলসিঞ্চন পৰিকল্পনা সম্পূৰ্ণ কৰি আছো, সৰু-বৰ অনেক ডেম বনাই আছো, নতুন নতুন বিদ্যুতৰ কাৰখানা কৰি আছো, যাতে দুখীয়াৰ, কৃষকৰ জীৱন সহজ হয় আৰু মোৰ দেশৰ ন...
বন্ধুসকল,
এই কামত পৰিশ্ৰম লাগে, দিনে-নিশাই খাতিব লাগে, নিজক জনতাৰ সেৱাৰ বাবে সমৰ্পিত কৰিব লাগে। মই আনন্দিত যে দেশত য'তেই আমাৰ ডবল ইঞ্জিনৰ চৰকাৰ আছে, তেওঁলোকে বিকাশৰ বাবে ইমানেই যত্ন কৰি আছে। ডবল ইঞ্জিনৰ চৰকাৰে বিনামূলীয়া ৰেৱড়ী (মিঠাই) বিলোৱাৰ শ্বৰ্টকাট প্ৰয়োগ কৰা নাই, ডবল ইঞ্জিনৰ চৰকাৰে পৰিশ্ৰম কৰি ৰাজ্যৰ ভৱিষ্যৎ উন্নত কৰিবলৈ...
আৰু বন্ধুসকল,
আজি মই আপোনালোকক আৰু এটা কথা ক'ম। দেশৰ সন্তুলিত বিকাশ, সৰু চহৰ আৰু গাঁৱতো আধুনিক সুবিধা উপলব্ধ হোৱা, এই কামো এক প্ৰকাৰৰ সঁচা অৰ্থত সামাজিক ন্যায়ৰ কাম। যি পূব ভাৰতৰ মানুহক, যি বুন্দেলখণ্ডৰ মানুহক দশক দশক ধৰি সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হ'ল, আজি যেতিয়া তাত আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে, সেয়ে সামাজিক ন্যায়ো হৈ আছে। ইউপ...
ভাতৃ আৰু ভগ্নীসকল,
বুন্দেলখণ্ডৰ আৰু এটা প্ৰত্যাহ্বান কম কৰিবলৈ আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰি আছে। প্ৰতিটো ঘৰলৈ পাইপেৰে পানী পোৱাবলৈ আমি জল জীৱন মিছনৰ ওপৰত কাম কৰি আছো। এই মিছনৰ জৰিয়তে বুন্দেলখণ্ডৰ লাখ লাখ পৰিয়ালক পানীৰ কানেকচন দিয়া হৈছে। ইয়াৰ বহুত ডাঙৰ লাভ আমাৰ মাতৃসকলে, আমাৰ ভগ্নীসকলে পাইছে, তেওঁলোকৰ জীৱনৰ পৰা জটিলতা কম হৈছে। আমি বুন্দ...
বন্ধুসকল,
মোৰ বুন্দেলখণ্ডৰ বন্ধুসকলৰ প্ৰতি আৰু এটা আহ্বান আছে। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশে অমৃত সৰোবৰ নিৰ্মাণৰ সংকল্প লৈছে। বুন্দেলখণ্ডৰ প্ৰতিখন জিলাতো ৭৫টা অমৃত সৰোবৰ বনোৱা হ'ব। এয়া জল সুৰক্ষাৰ বাবে, অহা প্ৰজন্মসমূহৰ বাবে বহুত ডাঙৰ কাম হৈ আছে। মই আজি আপোনালোক সকলোকে ক'ম যে এই সৎ কামত সহায়ৰ বাবে অধিক সংখ্যাত আগুৱাই আহক। অমৃ...
ভাতৃ আৰু ভগ্নীসকল,
বুন্দেলখণ্ডৰ বিকাশত বহুত ডাঙৰ শক্তি ইয়াৰ কুটীৰ উদ্যোগৰো আছে। আত্মনিৰ্ভৰ ভাৰতৰ বাবে আমাৰ চৰকাৰৰ দ্বাৰা এই কুটীৰ পৰম্পৰাৰ ওপৰতো জোৰ দি থকা হৈছে। মেক ইন ইণ্ডিয়া, ভাৰতৰ এই কুটীৰ পৰম্পৰাৰে শক্তিশালী হ'ব। সৰু প্ৰয়াসৰ জৰিয়তে কেনেকৈ ডাঙৰ প্ৰভাৱ পৰি আছে, ইয়াৰ এটা উদাহৰণ মই আজি আপোনালোকক আৰু দেশবাসীকো দিব বিচাৰিছো।
বন্ধুসকল,
ভাৰতে প্ৰতি বছৰে কেইবা কোটি টকাৰ পুতলা পৃথিৱীৰ আন দেশৰ পৰা আনি আছে। এতিয়া কওক, সৰু সৰু শিশুৰ বাবে সৰু সৰু পুতলাও বাহিৰৰ পৰা অনা হয়। ইয়াৰ বিপৰীতে ভাৰতত পুতলা বনোৱাটো পাৰিবাৰিক আৰু পৰম্পৰাগত উদ্যোগ আছে, পাৰিবাৰিক ব্যৱসায় আছে। সেই কথালৈ লক্ষ্য ৰাখি মই ভাৰতত পুতলাৰ উদ্যোগক নতুন ধৰণেৰে কাম কৰাৰ আহ্বান জনাইছিলো। মানুহকো ভ...
বন্ধুসকল,
দেৱবীৰৰ ভূমি বুন্দেলখণ্ডৰ বীৰসকলে খেলৰ পথাৰতো বিজয়ৰ পতাকা উৰুৱাইছে। দেশৰ সবাতোকৈ ডাঙৰ খেল সন্মানৰ নাম এতিয়া বুন্দেলখণ্ডৰ সুপুত্ৰ মেজৰ ধ্যানচন্দৰ নামতে আছে। ধ্যানচন্দজীয়ে যি মেৰঠত যথেষ্ট সময় পাৰ কৰিছিল, তাত তেওঁৰ নামেৰে এখন স্পোৰ্টছ ইউনিভাৰছিটীও বনাই থকা হৈছে। কিছু সময়ৰ আগতে আমাৰ ঝান্সীৰেই এগৰাকী কন্যা, শৈলী সিংহইও ...
Tags
Good Governance
Bundelkhand
Bundelkhand Expressway
Uttar Pradesh
Connectivity
Infrastructure
Next Generation Infrastructure
New Delhi
Defence Industrial Corridor
Development
Human Development
Employment
Purvanchal Expressway
Lucknow
Gorakhpur
Ganga Expressway
Sabka Saath Sabka Vikas
Kushinagar
Kushinagar International Airport
Fertilizer
Manufacturing
Farmer Welfare
Common Service Centers
Medical College
PM Gati Shakti Master Plan
Kashi Vishwanath Dham
AIIMS