text
stringlengths
0
188k
ধানখেতিত ব্যস্ত বাংলাদেশী কৃষক
বাংলাদেশৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশৰ ৪১% লোক কৃষিজীৱী। বাকিখিনি শিল্প ও সেবা খাতত জড়িত। দেশখনৰ প্ৰধান কৃষিজ উৎপাদনৰ মাজত আছে ধান, পাট আৰু চাহ। দেশখনত আউশ, আমন, বোৰো আৰু ইৰি ধান উৎপাদন কৰা। পাট, বাংলাদেশত যাক সোণালী আঁহ বোলা হয়, এটা সময়ত বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ প্ৰধান উৎস আছিল।[30] বৰ্তমান বাংলাদেশৰ বৈদেশি...
২০২০ চনৰ তথ্য অনুসৰি বাংলাদেশৰ জনমূৰি আয় ২০৬৭ আমেৰিকান ডলাৰ। নানা অৰ্থনৈতিক সূচকত বিশ্বব্যাপী বাংলাদেশৰ অৱস্থান শেষৰ শাৰীত, কিন্তু বিশ্ব বেংকৰ ২০১০ চনৰ দেশভিত্তিক আলোচনাত এই দেশৰ শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ আৰু অন্যান্য সামাজিক অনুষ্ঠানত হোৱা উন্নয়নৰ প্ৰশংসা কৰা হৈছে।[34]
কক্সবাজাৰত মাছমৰীয়াসকলৰ নাও
১৯৯০ চনৰে পৰা প্ৰতিবছৰে বাংলাদেশত গড়ে ৫% বৃদ্ধি আৰু ২০০৫ চনৰ পৰা ৬% দেখা গৈছে। মধ্যবিত্ত আৰু উপভোক্তা শ্ৰেণীৰ প্ৰসাৰণ ঘটিছে। ২০০৫ চনৰ ডিচেম্বৰ মাহত গ'ল্ডমেন চেক্সৰ বিশ্লেষণত বাংলাদেশক 'অগ্ৰনী ১১ দেশ'ৰ মাজত ধৰা হৈছে।[35] ২০০৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশ বেংকে ৬.৫% মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধিৰ পূৰ্বানুমান কৰে।[36]
বাংলাদেশৰ সামাজিক উন্নয়ন আৰু দাৰিদ্ৰ নিৰ্মূলত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে দেশত প্ৰচলিত ক্ষুদ্ৰ ঋণ কৰ্মসূচী। গ্ৰামীন বেংকৰ প্ৰতিষ্ঠাতা তথা শান্তিৰ ন'বেল বঁটা বিজয়ী মুহাম্মদ ইউনুছ ক্ষুদ্ৰ ঋণৰ প্ৰবক্তা। ১৯৯০ দশকৰ শেষভাগত গ্ৰামীণ বেংকৰ সদস্যসংখ্যা আছিল ২৩ লাখ; অন্যান্য সাহায্য সংস্থাৰো প্ৰায় ২৫ লাখ সদস্য আছে।[37]
দেশৰ উদ্যোগ আৰু ৰপ্তানিৰ উন্নয়নৰ অৰ্থে বাংলাদেশ চৰকাৰে দেশৰ বিভিন্ন স্থানত 'ৰপ্তানি প্ৰক্ৰিয়াজাতকৰণ এলেকা' (Export Processing Zone or EPZ) স্থাপন কৰিছে। বাংলাদেশ এক্সপ'ৰ্ট প্ৰছেছিং জ'ন অথৰিটি বা বেপজাই এই এলেকাবোৰক নিয়ন্ত্ৰণ কৰে। দেশৰ ৰপ্তানি আৰু আমদানি বাণিজ্যৰ সিংহভাগ চট্টগ্ৰাম সমুদ্ৰ বন্দৰ, মংলা সমুদ্ৰ বন্দৰ আৰু ...
সংস্কৃতি[সম্পাদনা কৰক]
বিয়াৰ পোছাকত কইনা, বাংলাদেশৰ হস্তশিল্পৰ নমুনা
বঙালী ভাষা আৰু সাহিত্যৰ ঐতিহ্য হাজাৰ বছৰ পুৰণি। ৭ম শতাব্দীত লিখিত বৌদ্ধ দোহাৰ সঙ্কলন চৰ্যাপদ বঙালী ভাষাৰ প্ৰাচীনতম নিদৰ্শন হিচাপে স্বীকৃত। মধ্যযুগত বঙালী ভাষাত কাব্য, লোকগীতি, আৰু পালাগানৰ প্ৰচলন ঘটে। উনবিংশ আৰু বিংশ শতাব্দীত বঙালী কাব্য আৰু গদ্যসাহিত্যই ব্যাপক বিকাশ লাভ কৰে। ন'বেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, বা...
বাংলাদেশৰ সঙ্গীত বাণীপ্ৰধান; যন্ত্ৰসঙ্গীতৰ ভূমিকা সামান্য। গ্ৰাম্য বাংলাদেশৰ লোক সংগীতৰ মাজত বাউল গান, জাৰি, সাৰি /ছাৰি, ভাৱাইয়া, ভাটিয়ালি, মুৰ্ছিদী, গম্ভীৰা, কবিগান ইত্যাদি উল্লেখযোগ্য। গ্ৰামাঞ্চলৰ এই লোকসঙ্গীতৰ লগত বাদ্যযন্ত্ৰ হিচাপে মূলত: একতাৰা, দোতাৰা, ঢোল, বাঁহী ইত্যাদি ব্যৱহাৰ কৰা হয়।
নৃত্যশিল্পৰ কেবাটাও শৈলী বাংলাদেশত প্ৰচলিত --উপজাতীয় নৃত্য, লোকজ নৃত্য, শাস্ত্ৰীয় নৃত্য, ইত্যাদি। দেশৰ গ্ৰামাঞ্চলত যাত্ৰাগানৰ (পালাগান) প্ৰচলন আছে। ঢাকা-কেন্দ্ৰিক চলচ্চিত্ৰ শিল্প উদ্যোগৰপৰা প্ৰতি বছৰে প্ৰায় ৮০-ৰপৰা ১০০খন বঙালী চলচ্চিত্ৰ নিৰ্মিত হয়।[38]
বাংলাদেশত মুঠতে প্ৰায় ২০০-খন দৈনিক বাতৰি কাকত আৰু ১৮০০-খনতকৈও বেছি সাপ্তাহিক বা মাহেকীয়া পত্ৰিকা প্ৰকাশিত হয়। কিন্তু নিয়মিত ভাৱে পত্ৰিকা পাঠ কৰা পাঠকৰ সংখ্যা কম, মুঠ জনসংখ্যাৰ মাত্ৰ ১৫%।[39] গণমাধ্যমৰ ভিতৰত ৰেডিঅ' অঙ্গনে বাংলাদেশ বেতাৰ আৰু বিবিচি বাংলা জনপ্ৰিয়। চৰকাৰী টেলিভিছন সংস্থা বাংলাদেশ টেলিভিছনৰ উপৰিও বাংলা...
বাংলাদেশৰ ৰন্ধনপ্ৰণালীৰ লগত ভাৰতীয় আৰু মধ্য-প্ৰাচ্যৰ ৰন্ধনপ্ৰণালীৰ প্ৰভাৱ দেখা যায়। ভাত, দাইল আৰু মাছ বাংলাদেশীসকলৰ প্ৰধান খাদ্য, সেইবাবেই মাছে ভাতে বাঙালি বুলিও কোৱা হয়। দেশখনত ছানাৰ আৰু অন্যান্য প্ৰকাৰৰ মিঠাই, যেনে ৰসগোল্লা, চমচম বেছ জনপ্ৰিয়।
বাংলাদেশৰ নাৰীৰ প্ৰধান পোছাক শাৰী। কমবয়সীয়া ছোৱালীয়ে, বিশেষকৈ চহৰাঞ্চলত চেলোৱাৰ-কামিজ পৰিধান কৰা দেখা যায়। পুৰুষৰ প্ৰধান পোছাক লুঙ্গি (লুঙী), কিন্তু চহৰবিলাকত পাশ্চাত্যৰ পোছাক ছাৰ্ট-পেণ্ট প্ৰচলিত। বিশেষ অনুষ্ঠানত পুৰুষে পাঞ্জাবী-পায়জামা পৰিধান কৰে।
বাংলাদেশৰ প্ৰধান সামাজিক অনুষ্ঠান সমূহৰ মাজত আছে মুছলমান সকলৰ উৎসৱ ঈদুল ফিত্‌ৰ আৰু ঈদুল জোহা, আৰু হিন্দু সম্প্ৰদায়ৰ দুৰ্গা পূজা। বৌদ্ধসকলৰ প্ৰধান উত্সব বৌদ্ধ পূৰ্ণিমা, আৰু খ্ৰীষ্টানসকলৰ বৰদিন। সৰ্বজনীন উত্সৱৰ মাজত পহেলা বৈশাখ প্ৰধান। গ্ৰামাঞ্চলত নৱান্ন, পৌষ পাৰ্বণ ইত্যাদি লোকজ উৎসৱৰ প্ৰচলন আছে। স্বাধীনতা দিৱস, বিজয় দ...
ক্ৰিকেট আৰু ফুটবল বাংলাদেশৰ অতি জনপ্ৰিয় খেল। ২০০০ চনত বাংলাদেশ ক্ৰিকেট দলে টেষ্ট ক্ৰিকেট খেলাৰ মৰ্য্যদা লাভ কৰে। কাবাডি বাংলাদেশৰ জাতীয় খেল। অন্যান্য খেলাৰ মাজত হকী, হেণ্ডবল, সাঁতোৰ আৰু দবা উল্লেখযোগ্য। এতিয়ালৈ ৪জন বাংলাদেশী - নিয়াজ মোৰ্ছেদ, জিয়াউৰ ৰহমান, আবদুল্লাহ আল ৰাকিব আৰু ৰিফাত বিন সাত্তাৰ - এওঁলোকে দবাৰ আন্...
তথ্যসূত্ৰ[সম্পাদনা কৰক]
↑ 1.0 1.1 Central Intelligence Agency (2011). "Bangladesh". The World Factbook. প্ৰকাশক Langley, Virginia: Central Intelligence Agency. https://www.cia.gov/library/publications/the-world-factbook/geos/bg.html। আহৰণ কৰা হৈছে: 2011-10-05.
↑ Constitution of Bangladesh, Part V, Chapter 1, Article 66; University of Minnesota, retrieved: 2010-08-28
↑ Census 2011
↑ 4.0 4.1 4.2 4.3 "Bangladesh". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2014/01/weodata/weorept.aspx?pr.x=7&pr.y=4&sy=2012&ey=2015&scsm=1&ssd=1&sort=country&ds=.&br=1&c=513&s=NGDP_R%2CNGDP_RPCH%2CNGDP%2CNGDPD%2CNGDP_D%2CNGDPRPC%2CNGDPPC%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CPPPSH%2CPPPEX%2CNID_NGDP%...
↑ "Distribution of family income – Gini index". The World Factbook. CIA. https://www.cia.gov/library/publications/the-world-factbook/fields/2172.html। আহৰণ কৰা হৈছে: 2009-09-01.
↑ "Human Development Report 2010. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2010_EN_Complete.pdf। আহৰণ কৰা হৈছে: 2011-07-14.
↑ 7.0 7.1 7.2 7.3 7.4 7.5 Baxter, C (1997). Bangladesh, From a Nation to a State. Westview Press. ISBN 0-8133-3632-5.
↑ 8.0 8.1 সেন, অমৰ্ত্য (১৯৭৩). Poverty and Famines. অক্সফোৰ্ড ইউনিভাৰসিটি প্ৰেস. ISBN 0-19-828463-2.
↑ Collins, L; D Lapierre (1986). Freedom at Midnight, Ed. 18. Vikas Publishers, New Delhi. ISBN 0-7069-2770-2.
↑ Salik, Siddiq (1978). Witness to Surrender. Oxford University Press. ISBN 0-19-577264-4.
↑ "Genocide in Bangladesh, 1971". Gendercide Watch. http://www.gendercide.org/case_bangladesh.html.
↑ LaPorte, R (1972). "Pakistan in 1971: The Disintegration of a Nation". Asian Survey খণ্ড 12(2): 97-108.
↑ White, M (November 2005). Death Tolls for the Major Wars and Atrocities of the Twentieth Century. http://users.erols.com/mwhite28/warstat2.htm#Bangladesh.
↑ "The Bangladeshi holocaust". VirtualBangladesh.com. http://www.virtualbangladesh.com/history/holocaust.html.
↑ Burke, S (1973). "The Postwar Diplomacy of the Indo-Pakistani War of 1971". Asian Survey খণ্ড 13 (11): 1036-1049.
↑ 16.0 16.1 Mascarenhas, A (1986). Bangladesh: A Legacy of Blood. Hodder & Stoughton, London. ISBN 0-340-39420-X.
↑ 17.0 17.1 "Constitutional Amendments". Banglapedia. Asiatic Society of Bangladesh. http://banglapedia.search.com.bd/HT/C_0336.htm। আহৰণ কৰা হৈছে: 2006-07-14.
↑ Ali, A (1996). "Vulnerability of Bangladesh to climate change and sea level rise through tropical cyclones and storm surges". Water, Air, & Soil Pollution খণ্ড 92 (1-2): 171-179.
↑ Summit Elevations: Frequent Internet Errors. Retrieved 2006-04-13.
↑ IUCN (1997). "Sundarban wildlife sanctuaries Bangladesh". World Heritage Nomination-IUCN Technical Evaluation.
↑ CIA World Fact Book, 2005
↑ Local Government Act, No. 20, 1997.
↑ 23.0 23.1 23.2 "World Health Report 2011". World Health Organization. http://www.who.int/whr/2011/en/.
↑ "Congressional Budget Justification - FY 2005". USAID. http://www.usaid.gov/policy/budget/cbj2005/ane/bd.html.
↑ Nickson, R; J McArthur, W Burgess, KM Ahmed, P Ravenscroft, M Rahman (1998). "Arsenic poisoning of Bangladesh groundwater". Nature (6700): 338.
↑ "2005 Human Development Report". UNDP. http://hdr.undp.org/statistics/data/countries.cfm?c=BGD.
↑ UNICEF: Bangladesh Statistics.
↑ Ahmed, A; C del Nino (2002). The food for education program in Bangladesh: An evaluation of its impact on educational attainment and food security, FCND DP No. 138. International Food Policy Research Institute.
↑ Khandker, S; M Pitt, N Fuwa (2003). Subsidy to Promote Girls’ Secondary Education: the Female Stipend Program in Bangladesh. World Bank, Washington, DC.
↑ "Jute". Banglapedia. Asiatic Society of Bangladesh. http://banglapedia.search.com.bd/HT/J_0135.HTM। আহৰণ কৰা হৈছে: 2006-07-14.
↑ Roland, B (2005). "Bangladesh Garments Aim to Compete". BBC. http://news.bbc.co.uk/2/hi/south_asia/4118969.stm.
↑ Rahman, S (2018). "Global Shift: Bangladesh Garment Industry in Perspective". Asian Affairs খণ্ড 26 (1).
↑ Begum, N (2001). "Enforcement of Safety Regulations in Garment sector in Bangladesh". Proc. Growth of Garment Industry in Bangladesh: Economic and Social dimension. পৃষ্ঠা. 208-226.
↑ Bangladesh - Country Brief, World Bank, July 2005
↑ "South Korea, Another `BRIC' in Global Wall". 2005-12-09. http://www.bloomberg.com/apps/news?pid=10000177&sid=aoJ4WG5LSf1s&refer=market_insight.
↑ Annual Report 2004-2005, Bangladesh Bank
↑ Schreiner, Mark (2003). "A Cost-Effectiveness Analysis of the Grameen Bank of Bangladesh,". Development Policy Review খণ্ড 21 (3): 357-382.
↑ Feature film in Banglapedia
↑ Newspapers and periodicals in Banglapedia
↑ দেশভিত্তিক পৰিসংখ্যান, ফিদে
↑ Rifat gets GrandMaster title, দি নিউ নেছন, জুলাই ৮, ২০০৬।
চৰকাৰ আৰু প্ৰশাসন সম্বন্ধীয়[সম্পাদনা কৰক]
বাংলাদেশ চৰকাৰৰ অফিচিয়েল ৱেবছাইট
বাংলাদেশৰ নিৰ্বাচন কমিছন সচিবালয়
বাংলাদেশ জাতীয় সংসদৰ অফিচিয়েল ৱেবছাইট
বাংলাদেশ চৰকাৰৰ ইলেক্ট্ৰনিক পত্ৰসমূহ
বাংলাদেশ জাতীয় ৰাজস্ব বোৰ্ড
বাংলাদেশ ডাক ও তাঁৰ বোৰ্ড (বিটিটিবি)
ডিজিটেলভাৱে উপস্থাপিত বাংলাদেশ চৰকাৰ
অন্যান্য[সম্পাদনা কৰক]
বাংলাপিডিয়া - বাংলাদেশৰ জাতীয় বিশ্বকোষ
বাংলাদেশত জাতিসংঘেৰ কৰ্মতৎপৰতাৰ বিৱৰণ
বাংলাদেশ পোছাক উৎপাদন আৰু ৰপ্তানীকাৰক সংস্থা (বিজিএমইএ)
ফেডাৰেছন অফ বাংলাদেশ চেম্বাৰ অফ কমাৰ্ছ অ্যাণ্ড ইণ্ডাষ্ট্ৰিজ
বাংলাদেশৰ ১৯৭১ চনৰ গণহত্যাৰ খতিয়ান
আৰু চাওক[সম্পাদনা কৰক]
আধিকাৰিক ৱেবছাইট
প্ৰ • আ • স
দক্ষিণ এছিয়া
দেশ
বাংলাদেশ
ভাৰত
নেপাল
পাকিস্তান
শ্ৰীলংকা
আফগানিস্তান
ভূটান
মালদ্বীপ
সংগঠন
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক)
প্ৰ • আ • স
এছিয়াৰ ৰাষ্ট্ৰসমূহ
স্বাধীন ৰাষ্ট্ৰসমূহ
আফগানিস্তান • ইজৰাইল • ইজিপ্ত • ইণ্ডোনেছিয়া • ইৰাক • ইৰান • উজবেকিস্তান • ওমান • কম্বোডিয়া • কাজাখাস্তান • কাটাৰ • কিৰগিজস্তান • কুৱেইট • উত্তৰ কোৰিয়া • দক্ষিণ কোৰিয়া • চাইপ্ৰাছ • চীন • চৌদি আৰৱ • ছিংগাপুৰ • ছিৰিয়া • জৰ্ডান • জাপান • তাজিকিস্তান • তুৰস্ক • তুৰ্কমেনিস্তান • থাইলেণ্ড • নেপাল • পাকিস্তান • পূৱ টিমুৰ ...
সীমিত স্বীকৃতিপ্ৰাপ্ত ৰাজ্যসমূহ
আবকাজিয়া • উত্তৰ চাইপ্ৰাছ • টাইৱান • দক্ষিণ অ’ছেছিয়া • নাগোৰ্নো-কাৰাবাখ • পেলেষ্টাইন
আন ৰাষ্ট্ৰৰ অধীনৰ অঞ্চল আৰু
বিশেষ প্ৰশাসনীয় অঞ্চলসমূহ
অষ্ট্ৰেলিয়া
ক’ক’চ (কীলিং) দ্বীপ • খ্ৰীষ্টমাছ দ্বীপ
চীন
মাকাও • হংকং