text
stringlengths
0
188k
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>এদিন লগ হোৱাৰ কথা আছিল আমি। চিৰদিনৰ বাবে নহ’লেও কোনোবা এটা কেঁকুৰিত এখন্তেক ৰৈ সুখৰ-দুখৰ ভাৱনাৰ এহালিচা অনৰ্থক আলাপ কৰাৰ সম্ভাৱনা আছিল আমাৰ সম্পৰ্কটোত। ক’লীয়া ডাৱৰবোৰ আঁতৰি যোৱাৰ পাছত ...
হাঁহি হাঁহি তোমাৰ কান্ধত হালি পৰাৰ সপোন এটা মোৰো আছিল।
কিন্তু তুমি কান্ধ প্ৰশস্ত হোৱাৰ অহংকাৰত গুচি গ’লা নহাৰ বাটেৰে মোৰ বুকুত আধাফুটা সপোন এটা গুঁজি দি। কথাবোৰ মোৰো কোৱা নহ’ল কাকো।
সেই সুখৰ বাটেৰে বাট বুলি কেনে লাগে মই নাজানিলো।
তুমি সুখী হোৱা যেনেই লাগিছিল!
তোমাৰ ওচৰতে দীঘল বেণীৰে শাৰীখন কোচাই ৰৈ থকা তোমাৰ মানুহজনী আৰু কাষতে তোমাৰ কণমানিটো দেখি সুখৰ সংজ্ঞা আৰু বেলেগ কিবা থাকিব পাৰে বুলি মোৰ ভাবিবলৈ মনেই নাযায়।
কি কৰিম কোৱা?
মোৰ যে ভাবিবলৈও এলাহ!
সুখৰ সংজ্ঞা সকলোৰে বাবে সেয়াই দিয়াচোন! ভিতৰত জুই, বাহিৰত হাঁহিৰ ফোৱাৰা! মইযে তেনেকৈ শাৰীখন কোঁচাই লৰা ঢপৰা কৰি কাৰো আশে পাশে ফুৰিবই নোৱাৰিলো!
কথাটোত মোতকৈ মোৰ চৌপাশ বেছি ম্ৰিয়মাণ! ঠেঁহ-পেচবোৰো তাহানিতে তোমাৰ ওচৰতে পতা! কিমানদিনৰনো কথা!
প্ৰতিটো আবেলিয়েইচোন আমাৰ আছিল। হাফপ্লেট চাওমিন আগত লৈ উদযাপন কৰা আবেলিটোৰনো এনে কি ৰং আছিল যে মই পাহৰিবই পৰা নাই আৰু তুমি মূৰত টঙনিয়াইও মনত পেলাব পৰা নাই! সমীৰণলৈ এনেকৈয়ে প্ৰায়ে চিঠি এখন লিখে অনুৰাধাই লগতে তাৰ ফেচবুক প্ৰফাইলটোতো এপাক মাৰি আহে!
সিয়েই এবছৰ মান আগতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল তাইলৈ। তায়ো একো নভবাকৈয়ে এচেপ্ত কৰি থৈছিল। কথা পতা হোৱা নাই কাহিনীও সেউজীয়া লাইটটো দুয়োফালে জ্বলি থকাৰ পিছতো। ক’বলগীয়াবোৰ মাজে মাজে এনেকৈ লিখি ডায়েৰীৰ পাতবোৰ তাই ভৰাই থয় তাই।
ঠিকনাৰ প্ৰয়োজন নথকা এখন চিঠি! তাইৰ মনৰ মাজত তাৰ যে সহস্ৰ ঠিকনা!
পানবজাৰ, ব্ৰহ্মপুত্ৰৰ পাৰ আৰু কত কি! সেই স্মৃতিখিনি মোহাৰি পেলাবও মন যায় অনুৰাধাৰ কেতিয়াবা।
পিছে কথাবোৰ দেখোন তাক উদ্দেশ্য কৰি ব্যক্ত কৰিহে তাইৰ ভাল লাগে আজিকালি। তাই হালি নপৰাৰ কথা.. শূন্যৰ পৰা শীৰ্ষতম নহ’লেও ঊৰ্ধমুখী খোজ দিয়াটোও কি কম কথা!
হালি-জালি ফুলি থকা লেহুকা মনটো সামৰি- সুতৰি তাই কেকটাচ হোৱাৰ কথা… ঢেৰ কথা..লতাগছে মূৰ তুলি বৰগছ হোৱাৰ কথা।
অফিচৰ পৰা আহি মাকৰ লগত তাইৰ সোনকালেই ভাত খোৱা হয়।
মাকে দৰৱ খাই সোনকালেই শুই যায়। ৰাতিটো গভীৰ হ’ব খোজোতেই তাইৰ দেওলগা অতীতটোৱে তাইক এবাৰ হ’লেও জোকাৰি থৈ যায়। কলেজত ভৰি দিওঁতেই ক’ৰবাৰ পৰা এচাটি বতাহ হৈ সমীৰণ তাইৰ জীৱনলৈ আহিছিল। বৰ মায়ালগা সময় আছিল সেই সময়। সেই বতাহচাটিয়ে ক্ৰমাৎ ধুমুহাৰ ৰূপ লৈ তচনছ কৰি থৈ গৈছিল তাইৰ জীৱনটো। নাই নাই তাই বিধস্ত হোৱা নাছিল সি আশা কৰাৰ দৰে! ...
”তুমি চুলিখিনি নাকাটিবাচোন। দীঘল কৰা অলপ চুলিখিনি।” —সমীৰণৰ আব্দাৰ।
তাইৰ পঢ়াতকৈ চুলিৰ যতন বাঢ়ি গৈছিল! জিনচটো পিন্ধি ওলাই যাবলৈ এশবাৰমান চিন্তা কৰিছিল।
শেষত লং চুৰিদাৰযোৰ পিন্ধি দোপাত্তাত পিন মাৰি ওলাই গৈছিল জিনছ আৰু হুদি এটা পিন্ধি ঘূৰি ভাল পোৱা ছোৱালীজনী।
সমীৰণ এটা সুৰ আছিল তাইৰ বাবে। কোনোবা এটা এজাৰৰঙী দুপৰীয়া সমীৰণে তাইক কৈছিল তোমাক মই মোৰ নিজৰ বুলি ভাবো।
তাইৰ ভাৱনাৰ জখলাই আঁত যে তাতেই হেৰাইছিল! নিজকে তাৰ মতে সজোৱাৰ হেঁপাহ এটাই অনবৰতে উত্ৰাৱল কৰি ৰাখিছিল তাইক। দিনবোৰ যেন ক্ৰমাৎ সেউজীয়াবোৰ আবৰি পেলাইছিল। আবেলিবোৰত তাৰ কাষে কাষে ঘূৰি ফুৰি তাই এক অনন্য মাদকতা পাইছিল। চিটিবাছত উঠি তাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তটোত যেন বিষণ্ণ আছিল আবেলিটো। সি তেতিয়া তাৰ অভাৱী বৰ্তমানটোৰ লগত যুঁ...
ঘৰ ধৰা ভাল ছোৱালী এজনী হোৱাৰ হেঁপাহ এটা গুঁজি দিছিল সমীৰণে তাইৰ বুকুত। কথা দিয়া নাছিল সমীৰণে তাইক। সমীৰণে কেতিয়াও নোকোৱা অথচ ক’ব ক’ব যেন লাগি থকা এসোপামান কথাৰে বুকু যে ভৰি আছিল তাইৰ। বন্ধু-বান্ধৱীৰ সংখ্যা কমি আহিছিল তাইৰ সমীৰণৰ মৰমৰ দাবীত। ফাইনেল পৰীক্ষা কাষ চাপি অহাৰ সময়তে সমীৰণৰ ফোনবোৰ সঘনাই অহা হৈছিল। তাৰ মৰমৰ দাবী...
কি নাম আছিল সেই আবেগৰ..কি সময় আছিল সেয়া..যি সময় কাহিনীও শেষ নোহোৱাৰ কামনা কৰিছিল তাই…জিৰিপ জিৰিপকৈ সৰি থকা ভাৱনাৰ বৰষুণত আজীৱন তিতি থকাৰ বাসনাত ডুবি আছিল তাই।
হঠাৎ এজাক ধুমুহা আহিছিল তাইৰ জীৱনলৈ। দেউতাকৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ পথত পথ দুৰ্ঘটনা এটাত ককায়েক আৰু দেউতাক দুয়োজনৰে একেদিনাই মৃত্যু হৈছিল। দিকবিদিক হেৰুৱাই পেলাইছিল তাই। মাকে মনৰ ভাৰসাম্য হেৰুৱাই পেলাইছিল বহুদিনলৈ। ফাইনেল পৰীক্ষা সমাগত আছিল তাইৰ। হঠাৎ নোহোৱা হৈ গৈছিল সমীৰণ। ফোনৰ উপৰি ফোন কৰি তাই ভাগৰি পৰিছিল। আ...
সমীৰণৰ চৰকাৰী চাকৰি এটা হৈছিল পিছ দুৱাৰেদি। ঘৰৰ মাটি বিক্ৰী কৰি চৰকাৰী চাকৰিয়াল হৈছিল সি। কথাবোৰ যেন কিছু সলনি হৈছিল তাৰ। তাৰ প্ৰতিটো কথাতে অহংকাৰ এসোপাই ভূমুকি মাৰিছিল।
হঠাৎ শূন্য হৈ পৰা জীৱনটোত তাই যেন ঢেৰ কিবাকিবি আশা কৰিছিল তাৰ পৰা নিজে নজনাকৈয়ে। দূৰণিত পোষ্টিং হোৱাৰ অজুহাতত সি আঁতৰি গৈছিল ক্ৰমাৎ তাইৰ পৰা। কোনোমতে ডিগ্ৰীটো কমপ্লিট হৈছিলগৈ তাইৰ।
দেউতাকৰ পেঞ্চনৰ পইছা আৰু টিউছন দুটামানেৰে সিহঁতৰ দুজনীয়া পৰিয়ালটো কোনোমতে চলিব পাৰিছিল। মাকৰ দৰৱ কিনোতেই মাহটোৰ টকাকেইটা শেষ হৈছিল। বিলাসিতাবোৰে বিদায় মাগিছিল সিহঁতৰ জীৱনৰ পৰা। অভাৱৰ লগত তাই প্ৰথম চিনাকি হৈছিল। সমীৰণে বিয়া কৰাইছিল। মানুহৰ মুখে মুখে খবৰবোৰ বাগৰি আহিছিল। তাইৰ দৰে কোনো নথকা ছোৱালী এজনী হেনো তাৰ ঘৰৰ মানুহে...
স্কুলৰ বান্ধৱী অন্তৰা। সৰুৰে পৰা সামাজিক কামত জড়িত থাকি ভালপোৱা অন্তৰাই এন জি অ’ এটা খুলিছিল। নাম দিছিল ‘হেঁপাহ’। লাহে লাহে অনুৰাধাও ‘হেঁপাহ’ৰ সদস্য হৈছিল। এজাক ঠিকনা নোহোৱা ল’ৰা ছোৱালী ঠিকনা আছিল ‘হেঁপাহ’। ব্যস্ততা বাঢ়িছিল তাইৰ। লগতে দমি যোৱা মনটোও আকৌ এবাৰ জী উঠিছিল। লগৰ দীপ, সীমাহঁতৰ লগত তাইৰ সময়বোৰ জীপাল হৈছিল। এদি...
সি নজনাকৈয়ে সুখৰ সমীকৰণটোৰ একপক্ষত তাই তাক বহুৱাই থয় আৰু বিপৰীত পক্ষত তাই উদ্‌যাপন কৰে জীৱন আক্ষেপবোৰ বুকুতে সামৰি পোহৰমুখী বাটেৰে।
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
সম্পাদকীয়
October 24, 2022 October 24, 2022 0
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা
September 18, 2022 September 19, 2022 0
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি
August 21, 2022 August 21, 2022 0
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ
July 18, 2022 July 23, 2022 0
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা
June 16, 2022 June 16, 2022 0
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত
May 22, 2022 June 9, 2022 0
সম্পাদকীয়
April 23, 2022 April 23, 2022 0
প্ৰবাসী অসমীয়াৰ মনৰ কথা
March 19, 2022 April 13, 2022 0
ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে
February 17, 2022 March 26, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*