text stringlengths 0 188k |
|---|
(যেনে এম এন পি প্ৰমাণপত্ৰ, শৰণাৰ্থী প্ৰমাণপত্ৰ, খহনীয়া পুনৰ্বাসন কৰা প্ৰশাসনিক আদেশ, প্ৰভাৱিত জাতিগত হিংসা ইত্যাদি)<eot>ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ তথা নিচাজাতীয় টেবলেটৰ এক ৰমৰমীয়া বেহা। অৱশ্যে মাজে সময়ে আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই ড্ৰগাছ সৰবৰাহকাৰীক আটক কৰি আহিছে। কিন্তু ইয়াৰ পিছতো ৰাজ্যখন... |
এই কথা প্ৰমাণ কৰিছে আজি গুৱাহাটীৰ আই এছ বি টিৰ সমীপৰ পৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নিচাজাতীয় টেবলেটসহ এজনক আটক কৰা ঘটনাই। |
আৰক্ষীয়ে অভিযানকালত আটক কৰা ড্ৰাগছ ব্যৱসায়ীজন মণিপুৰৰ আমিৰ খান বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। লগতে আমিৰ খানৰ পৰা ১০০০ টা নিচাজাতীয় টেবলেট আৰক্ষীয়ে জব্দ কৰে। আৰু এই জব্দকৃত নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। |
প্ৰাপ্ত তথ্য মতে চলাকৰূপে কৰ্মৰত আমিৰে দীৰ্ঘদিনৰ পৰাই বিভিন্ন ঠাইত চলাই আহিছিল ড্ৰাগছৰ এক ৰমৰমীয়া বেহা। |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
সেনা চিকিৎসা বিষয়াগৰাকীয়ে নিউমোনিয়া ৰোগৰ কাৰণ, উপসৰ্গ, পাৰ্শ্বক্ৰিয়াৰ সম্পৰ্কত বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়। |
সেনা চিকিৎসা বিষয়াগৰাকীয়ে ঘাইকৈ যুৱক-যুৱতীসকলক উপলক্ষ্য কৰি তেওঁৰ নিউমোনিয়া ৰোগ আৰু সামগ্ৰিক স্বাস্থ্য সজাগতামূলক বক্তব্য ৰাখে। |
ভাৰতীয় সেনাই এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি দৈনন্দিন জীৱনত এটা সুস্থ দেহ আৰু সুস্থ মনসহ শাৰীৰিক যোগ্যতাৰ দৰ্শনক যে অনুসৰণ কৰে সেই বাৰ্তাই প্ৰকাশ কৰিছে। নিউমোনিয়া সজাগতামূলক ভাষণ অনুষ্ঠানটোত মুঠতে ২০০গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে অংশগ্ৰহণ কৰে। |
Recent News |
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
852 |
VIEWS |
Share on FacebookShare on Twitter |
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ ৰাজ্যবোৰত প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ খিলঞ্জীয়া ৰাইজলৈ আহিছে এটা ক্ষীণ আশাৰ বতৰা। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও হেঙাৰ হৈ আছে যুটীয়া সংসদীয় কমিটীৰ বিজেপি সাংসদকেইজন। |
নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতি (জেপিচি)ৰ একাংশ সদস্যই বিধেয়কখনৰ আওতাৰ পৰা বাংলাদেশক বাদ দিয়াৰ পোষকতা কৰিছে। এই সন্দৰ্ভত একমতত উপনীত হোৱা সদস্যকেইজনে জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাললৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। |
সংশোধনী বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়াৰ পক্ষত আছে বিজেপিক বাদ দি কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বিজু জনতা দলকে ধৰি আন আন দলৰ সাংসদসকল। কিন্তু এই ক্ষেত্ৰত এতিয়াও বিপৰীত মেৰুতেই আছে বিজেপি সাংসদকেইজন। |
উল্লেখযোগ্য যে, জেপিচিৰ ৩০জন সদস্যৰ ভিতৰত বিজেপিৰে আছে ১৩জন সাংসদ। সেইসকলৰ ভিতৰত অসমৰ বিজেপি সাংসদ ৰমেন ডেকা আৰু কামাখ্যা প্ৰসাদ তাছাও আছে। |
এই সন্দৰ্ভত সাংসদ ৰমেন ডেকাৰ সৈতে আমাৰ সাংবাদিকে যোগাযোগ কৰাত তেওঁ কয়, “বাংলাদেশক বাদ দিয়া সন্দৰ্ভত এতিয়ালৈ কোনো সিদ্ধান্ত হোৱা নাই। আমি আমাৰ দলৰ স্থিতিত অটল আছো।” |
বিধেয়কখনৰ এই উদ্দেশ্য স্পষ্ট যে বিজেপিয়ে এই বিধেয়কৰ জৰিয়তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা অ-মুছলমানসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰাৰ লক্ষ্য লৈছে। কিন্তু যিহেতু সংস্থাপিত কৰিব বিচৰাসকলৰ মাজত ৯০ শতাংশই হ’ল বাংলাদেশৰ পৰা অহা হিন্দুসকল, গতিকে বিজেপিয়ে বিধেয়খনৰ পৰা বাংলাদেশ বাদ পৰাটো বিজেপিয়ে মানি ল’ব নোৱাৰে। স... |
ইপিনে, জেপিচিৰ বিভিন্ন দলৰ সদস্যসকলে আগ বঢ়োৱা পৰামৰ্শ সন্দৰ্ভত আপত্তি নাই বুলি আমাক জানিবলৈ দিছে বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন কৰি থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে। কিন্তু এইক্ষেত্ৰত বিজেপিৰ সাংসদকেইগৰাকী সহমতত উপনীত নোহোৱাত চাংমায়ে বিষয়টোত আশ্বস্ত হ’ব পৰা নাই। |
তেওঁ কয়, “যিসকল সদস্যই এই বিষয়ত সহমতত উপনীত হৈছে তেওঁলোকক আমি ধন্যবাদ জনাইছো। কিন্তু যিহেতু এই ক্ষেত্ৰত এতিয়ালৈ বিজেপিয়ে স্থিতি স্পষ্ট কৰা নাই গতিকে সেয়া যে হ’ব আশা কৰিব পৰা হোৱা নাই।” |
একেদৰে এই প্ৰস্তাৱ আগ বঢ়োৱা জেপিচিৰ সদস্যসকললৈ ধন্যবাদ জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো। কিন্তু তেওঁ ‘অসম চুক্তি’ ৰূপায়ণৰ বিষয়টোকহে প্ৰাধান্য দিয়ে। এটা কথা উল্লেখ কৰিব পাৰি যে, এই বিধেয়কখন অসম চুক্তিৰ সম্পূৰ্ণ পৰিপন্থী। আনহাতে অসমক বাদ দি বিধেয়কখন ৰূপায়ণ কৰিব যোৱাটোও অৰ্থহী... |
ইয়াৰ উপৰি এই বিধেয়কখনে কেৱল অসম বা উত্তৰ-পূবেই নহয় ওড়িষাৰ বাবেও ক্ষতিকাৰক হ’ব বুলি পূৰ্বতেই মত প্ৰকাশ কৰিছিল বিজু জনতা দলৰ সাংসদ ভাৰত্ৰুহৰি মেহতাবে। তেওঁ পোন প্ৰথমেই সদনত বিধেয়কখনৰ বিৰোধিতা কৰিছিল। তেওঁ এই বিধেয়কখনে ‘অসম চুক্তি’ উলংঘা কৰিব বুলিও মন্তব্য কৰিছিল। |
ইপিনে, চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ পৰা হিন্দু, শিখ, বৌদ্ধ, জৈন পাৰ্চি আৰু খ্ৰীষ্টান লোকক ভাৰতত নাগৰিকত্ব দিলে বিজেপিৰ বাবে এটা ভোটবেংক সৃষ্টি হোৱা কথাটোও নুই কৰিব নোৱাৰি। সেয়ে বাংলাদেশক বাদ দি নাগৰিকত্ব আইন সংশোধন কৰিবলৈ গ’লে বিজেপিৰ বিশেষ লাভ নহ’ব। গতিকে আন দলৰ সাংসদে বাংলাদেশক বাদ দিয়াৰ পৰামৰ্শ আগ বঢ়ালেও সেয়া বিজেপিয়ে যে ... |
অৱশ্যে এই সন্দৰ্ভত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া যুটীয়া সংসদীয় সমিতিৰ বৈঠকতহে স্পষ্ট ছবিখন পোৱাৰ আশা কৰিব পাৰি। |
Recent News |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
সোণোৱালৰ ভাষণৰ পৰা বাদ নপৰিল বৈশিষ্ট্যপূৰ্ণ ‘পাহাৰ-ভৈয়াম, বৰাক ব্ৰহ্মপুত্ৰ’ৰ উল্লেখ |
by কল্পজ্যোতি শইকীয়া |
November 21, 2018 12:57 pm |
বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দলটোৰ পঞ্চায়ত নিৰ্বাচনী ইস্তাহাৰ মুকলি। |
633 |
VIEWS |
Share on FacebookShare on Twitter |
আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দলটোৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ উন্মোচন কৰা হয়। নিৰ্বাচনী ইস্তাহাৰ উন্মোচনী সভাত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। |
নিৰ্বাচনী ইস্তাহাৰৰ লগতে দলটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাবে দুটা গীতো উন্মোচন কৰে। গীত দুটাত নীল আকাশে কণ্ঠদান কৰিছে। |
ইস্তাহাৰ মুকলি কৰা সভাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অসমৰ বুকুত স্বচ্ছ আৰু নিকা পঞ্চায়তীৰাজ ব্যৱস্থাৰ বাবে দলটোৱে চেষ্টা কৰিছে। তেওঁ নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বৰ প্ৰশংসা কৰে। |
“মাননীয় প্ৰধান মন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আৰু অৰুণাচলৰ পৰা গুজৰাটলৈকে দেশৰ ১২৫ কোটি লোকে মৰ্য্যাদাপূৰ্ণ জীৱন পাইছে। দেশবাসীয়ে শক্তিশালী গণতান্ত্ৰিক মূল্যবোধৰ বাতাৱৰণ পাবলৈ সক্ষম হৈছে।” এইদৰে কয় সোণোৱালে। |
আনহাতে ইস্তাহাৰ উন্মোচনী সভাৰ ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ বৈশিষ্ট্যপূৰ্ণ উক্তি ‘পাহাৰ-ভৈয়াম, বৰাক ব্ৰহ্মপুত্ৰ’ৰ পুনৰাবৃত্তি কৰিবলৈ নাপাহৰিলে। |
“ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজক আস্থাত লৈ আমি দুৰ্নীতিমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে নিৰন্তৰ অভিযান চলাই এটা আমূল পৰিৱৰ্তন ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছো।” সোণোৱালে কয়। |
দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে আপোনালোকে চালে দেখিব যে কংগ্ৰেছৰ দিনত দিয়া ঘৰবোৰৰ কোনোবাটোৰ চালিখন, কোনোবাটোৰ বেৰকেইখনহে দেখা পাব। “আমি একেই আঁচনিৰ অধীনত ঘৰবোৰৰ বাবে পূৰ্বৰ ৭৫ হাজাৰ টকাৰ ঠাইত ১.৫ লাখ টকা কৰি দিছো।” ৰঞ্জিত দাসে কয়। |
আনহাতে এইবাৰৰ এ পি এছ চিত গ্ৰাম্যাঞ্চলৰ আৰু সাধাৰণ পৰিয়ালৰ পৰা অহা পৰীক্ষাৰ্থীৰ সফলতাৰ আঁৰতো চৰকাৰখনৰ কৃতিত্ব দাবী কৰে। “এইবাৰ আনকি ডিমা হাচাওৰ পৰা একেবাৰে সাধাৰণ পৰিয়ালৰ ১৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা পাইছে। গতিকে গ্ৰাম্যাঞ্চলৰ মানুহে জানে আমি কি কৰি আছো।” দাসে কয়। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
হিমাই ভৱিষ্যতৰ পৰিকল্পনা তথা সম্ভাৱনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে হিমাক অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। হিমাই মুখ্যমন্ত্ৰীক সাক্ষাৎকালত সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম উপস্থিত থাকে। |
মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছতে হিমায়ো টুইটাৰ যোগে তেওঁক আগবঢ়োৱা সমৰ্থনৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে। |
হিমাই তেওঁৰ টুইটত লিখিছে, ‘’আজি সাক্ষাতৰ বাবে মোক মূল্যবান সময় দিয়াৰ বাবে সৰ্বানন্দ সোণোৱাল চাৰক ধন্যবাদ জনাইছো। লগতে আপুনি যোগোৱা প্ৰেৰণা আৰু সমৰ্থনৰ বাবেও ধন্যবাদ জনাইছো।‘’ |
জানিব পৰা মতে মুখ্যমন্ত্ৰী সোমোৱালে বৃহস্পতিবাৰে নিশা ৯ বজালৈ কাৰ্যালয়ত কামত ব্যস্ত থাকে। |
উল্লেযোগ্য যে ২০১৮ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ হিমা দাস। দেশৰ নৱতম ট্ৰেকৰাণী তথা ক্ৰীড়াক্ষেত্ৰত এই বছৰটোতে দেশৰ হৈ কেইবাটাও বিৰল সন্মান কঢ়িয়াই অনা ২০ বছৰীয়া হিমাকে ধৰি জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাসহ ২০গৰাকী ক্ৰীড়াবিদৰ নাম এই বঁটাৰ বাবে অনুমোদন জনোৱা হৈছে। |
উল্লেখ্য যে সংশ্লিষ্ট খেলবোৰৰ ৰাষ্ট্ৰীয় সংস্থাই প্ৰেৰণ কৰা অনুমোদনত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ‘মোহৰ’ লগোৱাৰ পাছতে এতিয়া মনোনীত খেলুৱৈসকলে অহা ২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত হ’বলগীয়া অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ পৰা বঁটাসমূহ গ্ৰহণ কৰিব। |
দেশৰ ক্ৰীড়াবিদৰ বাবে আগ বঢ়োৱা এই গৌৰৱ মুকুট নিশ্চিত হোৱাৰ খবৰে স্বাভাৱিকতে হিমাৰ লগতে আপ্লুত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। |
ইফালে এইবাৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বিশ্ব চেম্পিয়ন মণিপুৰী ভাৰোত্তোলক মীৰাবাই চানুৰ নাম যৌথভাৱে অনুমোদন জনোৱা হৈছে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ‘স্বচ্ছ নগাঁও আৰু সেউজ নগাঁও’ শীৰ্ষক অভিযান মুকলি কৰি এইদৰে মন্তব্য কৰাৰ লগতে মুকলিত মল ত্যাগৰ কাৰ্য পৰিত্যাগ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মতপোষণ কৰে। অহা ২ অক্টোবৰৰ ভিতৰত এই কাৰ্য সম্পূৰ্ণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। |
তেওঁ ভাষণ প্ৰসংগত নগাঁৱক স্বচ্ছতাৰ ক্ষেত্রত অসমৰ ভিতৰত প্ৰথম শ্ৰেণীৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। আনহাতে নিজকে শিক্ষাবিদ বুলি অভিহিত কৰি ৰাজ্যপাল মুখীয়ে কয়, অসমত উচ্চ শিক্ষাৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’ব আৰু তেওঁ শেহতীয়াকৈ শিক্ষানুষ্ঠানসমূহে ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰে শিক্ষানুষ্ঠানসমূহ চলাই থকা বিষয়টোৰ... |
‘স্বচ্ছ নগাঁও আৰু সেউজ নগাঁও’ অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা প্ৰমুখ্যে বহু কেইগৰাকী জিলা প্ৰশাসনৰ বিষয়-ববীয়া উপস্থিত থাকে। অনুষ্ঠানৰ পিছতে ৰাজ্যপালগৰাকীয়ে গাড়ীৰে নগাঁও চহৰ পৰিদৰ্শন কৰা দেখা যায়। |
Recent News |
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
তেওঁ লগতে কয়, ‘‘বাঙালী সংগঠনসমূহৰ নেতৃবৃন্দই নানাধৰণৰ প্ৰৰোচনামূলক মন্তব্য আগবঢ়াই আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বিপৰীতে চৰকাৰৰ কেইগৰাকীমান মন্ত্ৰীয়ে বাঙালী সংগঠনসমূহক সমাবেশ অনুষ্ঠিত কৰিবলৈ নিদিওঁ বুলি সংবাদমাধ্যমৰ আগত কৈছিল।’‘ |
চৰকাৰে এনে ধৰণৰ বিতৰ্কসমূহ আগন্তুক নিৰ্বাচনলৈকে চলাই ৰাখিব বুলিও সংবাদমেলত উপমন্যু হাজৰিকাই দাবী কৰে। |
তেওঁ কয়, ‘‘চৰকাৰখনে ৰাইজৰ সমস্যাসমূহৰ সমাধান নকৰে। বৰঞ্চ ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ লাভসমূহ পূৰণ কৰি থাকিব।’‘ |
হাজৰিকাই সংবাদ মেলত জানিবলৈ দিয়ে যে প্ৰব্ৰজনবিৰোধী মঞ্চৰ তৰফৰ পৰা অহা ১৭ নবেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এখন সমাবেশ অনুষ্ঠিত কৰিবলৈ যোৱা ২৪ অক্টোবৰৰ দিনা অনুমতি বিচৰা হৈছিল, কিন্তু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই উক্ত দিনটোত আৰু তাৰ আশে-পাশে দিনকেইটা উক্ত খেলপথাৰখন মহাবিদ্যালয় সপ্তাহৰ বাব... |
তেওঁৰ মতে, ‘‘কোনো এখন সভা অনুষ্ঠিত কৰিবৰ বাবে সভাৰ স্থান অনুমতি লৈ নিশ্চিত কৰাৰ পাছতহে সভাৰ কাৰ্য্যসূচী ৰাজহুৱা কৰে।” |
আনহাতে, স্থান নিৰূপণ নকৰাকৈ ১৭ নবেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বাঙালী সংগঠনসমূহৰ সমাবেশ অনুষ্ঠিত কৰা হ’ব বুলি প্ৰচাৰ চলোৱা হৈছিল বুলি তেওঁ কয়। |
আনহাতে, উক্ত সংবাদমেলতে হাজৰিকাই কোনোধৰণৰ প্ৰব্ৰজনকাৰী নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বা অন্যপ্ৰকাৰে সংস্থাপিত নকৰিবৰ বাবে চৰকাৰক দাবী জনায়। |
ইয়াৰোপৰি ১৯৫১ চনৰ ভিত্তিত চৰকাৰী চাকৰি, ভূমি সংৰক্ষণ, বেপাৰ বাণিজ্যৰ অনুজ্ঞাপত্ৰ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই তেওঁ কয়, ‘‘যিদৰে মণিপুৰ বিধানসভাই কিছুদিন পূৰ্বে ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ বিধেয়ক গৃহীত কৰিলে।” |
আনহাতে, বৰ্তমানৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰকৃতাৰ্থত বাংলাদেশীহে উপকৃত হ’ল বুলি দাবী কৰি তেওঁ কয়, ‘‘এন আৰ চি প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰি সকলো বিসংগতি দূৰ কৰি বিদেশীৰ নাম কৰ্তন কৰিব লাগে।’‘ |
উপৰোক্ত তিনিটা দাবী অহা বৰ্ষৰ ৩১ জানুৱাৰিৰ ভিতৰত পূৰণ কৰিবৰ বাবে হাজৰিকাই উক্ত সংবাদমেলৰ জৰিয়তে চৰকাৰক আহ্বান জনায়। |
Recent News |
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.