text
stringlengths
0
188k
“অ মই শুনিছিলো-জেচমিন জেচমিন৷”
“সেইয়া মই জানিছিলোয়েই নহয়, তুমি যে কাণ উনাই মনে মনে শুনি থাকিবা। কোনো, কাৰ ফোনৰ কথা শুনে এতিয়া ধৰা পৰিলা?
ৰ’বা পিছৰখিনি শুনা। জেচমিনে যদি এবাৰত মাতিলে খাবলৈ নাহে, তেতিয়াহ’লে তাইক হেনো চুইটি কিউটি বুলি মাতি, অলপ তেলাব লাগে। বেটীৰ বোলে বৰ ভেম। এঞ্জেল’ৰ ৰবার্ট নামৰ কুকুৰ এটাও আছে। তাক বোলে বষ্টনলৈকে লৈ যাব। সমস্যা বোলে জেচমিনক লৈহে। তাই হেনো বৰ লাজকুৰীয়া স্বভাবৰ, মানুহৰ লগত বেছি হ’লিগলি নাই। ঘৰৰ পৰা বাহিৰ নোলায়েই। ইচ ৰাম এই দ...
ৰক্ষা বুজিছা, দুদিন মোৰ চুটি। গাড়ী শিকিব নালাগে। দুদিন সুখত থাকিম। মহাপুৰুষজনাৰ ডাইলগ শুনিব নালাগে৷” আকাশে নীলাক্ষীৰ চকুৰ তিৰবিৰণিৰ ৰহস্য এতিয়াহে বুজি পালে।
“অ আজিৰ ঘটনাটোৰ কথা কোৱাই নাই নহয়। এঞ্জেল’ই পেৰেলেল পার্কিং শিকাই আছিল-বাজিল নহয় মোৰ ফোনটো। মৌমিতাৰ ফোন। বাৰে বাৰে কৰিয়েই আছে। ফোনটো উঠালো, বেচেৰীয়ে হুৰাওৰাওে কান্দিব লাগিছে। তাই বোলে সুশান্তৰ লগত বিবাহ বিচ্ছেদ কৰিব। বহুত সহ্য কৰিলে তাক৷”
“তুমিওযে আৰু মৌমিতাৰ কথা শুনিব লাগেনে। তাইৰ বিবাহ বিচ্ছেদটো শুকুৰবাৰৰ স্পেচিয়েলেই। তাই দেখোন প্ৰতি শুকুৰবাৰেই তোমাক বিবাহ বিচ্ছেদৰ কথা কয় আৰু শনি, দেওবাৰে, দুয়োটাই মিলি চিনেমা চায়, ফুৰিবলৈ যায়। মৌমিতাৰ কথা চিৰিয়াচলি নল’বা” আকাশে ক’লে৷
“নহয় ৰবাছোন আজি অলপ বেছি চিৰিয়াচ। সুশান্তৰ মৌমিতাৰ কাৰণে বোলে অলপো সময় নাই । অফিচৰ পৰা আহিয়েই লেপটপ লৈ বহি যায়। বেচেৰী কান্দি কাটি হায়ৰাণ। মই ফোনতে তাইক অলপ বুজাই আছিলো বুজিছা, এঞ্জেল’ আহি ফোনটো খুজিলে আৰু ডিকিত ভৰাই লক কৰি দিলে৷”
ইমান পৰে খুকখুকাই আমনি দি থকা হাঁহিটো আকাশে আৰু ৰখাব নোৱাৰিলে। সি অট্ৰহাস্য কৰি উঠিল। “তাৰপিছত?”
“তাৰপিছত আৰু কি হ’ব। মই এঞ্জেলৰ লগত এঘৰি যুঁজিলো। মই ক’লো – সেই প্ৰথমদিনাৰ পৰাই মই এঞ্জেলৰ সকলো নির্দেশ মানি চলিছো-গাড়ী চলাওতে চেন্দেল আৰু হিল পিন্ধা মানা, বেয়া পালেও স্পটচ্ চু পিন্ধিছো, ষ্টেৰিংৰ পৰা হাত এৰি চুলি ঠিক কৰা মানা-মুৰ বিষাই যোৱাকৈ পনিতেইল বান্ধিছোঁ৷ কিন্ত আজি বাৰু বেছি হোৱা নাইনে – ফোনত কথা পতাও মানা।
মোৰ কথা শুনি এঞ্জেলই কি ক’লে জানানে- আই কেন আণ্ডাৰষ্টেণ্ড হিন্দী। সদায় শুকুৰবাৰে ঠিক এই সময়টোতে তোমাৰ বান্ধৱীৰ ফোন আহে আৰু তুমি তাইক সান্তনা দি থাকা। আজি এমাহ ধৰি একে কাণ্ডই হৈ আহিছে…সেইবাবেই মই ফোনটো ডিকিত ভৰাই দিছো৷”
“ৰাম ৰাম ! এঞ্জেল ই হিন্দী বুজি পালে কেনেকৈ৷” আকাশে ক’লে।
“তাকেইটো, মই সেই কথাটোও সুধিলো এঞ্জেল’ক। তেওঁৰ বোলে তাজমহল চাবলৈ বৰ মন। সেয়েহে হেনো ভাৰতলৈ ফুৰিবলৈ যোৱাৰ আগতে হিন্দী শিকাৰ ক্লাচত নামভর্তি কৰিছে।
লক্ষ্মীয়ে কি কৰিছিল জানানে আকাশ?”
“লক্ষ্মী আকৌ কোন?”
“লক্ষ্মী ত্ৰিবান্দমৰযে, জেফাৰচনত থাকে। তাই আকৌ৷”
“তোমাৰ ইমানবোৰ বান্ধৱী, তেওঁলোকৰ ধুনীয়া ধুনীয়া চেহেৰা কেইটাহে মনত থাকে। নামবোৰ পাহৰিয়েই যাওঁ। কোৱাছোন কি হ’ল৷”
“মৌমিতাৰ লগত তাইয়ো গৈছিল-দুয়ো বান্ধৱীয়ে একেলগে গাড়ী শিকিব। ৬ ফুট ওখ প্ৰকাণ্ড চেহেৰাৰ এঞ্জেলক দেখি লক্ষ্মীৰ প্লেন কেঞ্চেল।
হাতোৰৰ দৰে ডাঙৰ হাতখনেৰে কৰমর্দন কৰি এঞ্জেল’ই লক্ষ্মীক সুধিলে-
লার্ন টু ড্ৰাইভ?
ভয়ত বিতত হৈ তাইৰ মুখেৰে ‘Archer’s Goon’ ৰ ডাইলগ ওলাই গ’ল- Never, My mission in life is to be a passanger.” সেইকেইদিনতে বোলে তাই Archer’s Goon’ পঢ়ি অতাইছিল। ৰাম ৰাম বিচিত্ৰ মানুহ ,বিচিত্ৰ পৃথিৱী!”
“নীলা আজি আলুচপ খাবলৈ পামনে?”
“হ’লেই দেখোন। এইয়া চাহো বাকিলো চোৱা”।
*************************************************************
শনিবাৰৰ ৰাতিপুৱাটো নীলাক্ষীৰ ব্যস্ততাৰে পাৰ হ’ল। ৯ বজাত তাই, তাইৰ মৰমৰ সংগী, বহু এডভেঞ্চাৰৰ সাৰথি চাইকেলখন লৈ ওলালে। আকাশে থৈ আহিম নেকি সুধিছিল। তাইয়েই মানা কৰিলে। এঞ্জেল’ৰ ঘৰটো বিচাৰিবলৈ তাইৰ মুঠেই অসুবিধা নহয়। গুগুল মেপটো তাই চাই আহিছে আৰু এঞ্জেল’ই নস্কা এখনো চাবিপাটৰ লগতে তাইলৈ বুলি থৈ আহিছে। মাউনটেইন এভিনিউৰে চমাৰভ...
ধেনুভিৰীয়া ৰাস্তাটোৰ ঠিক শেষ অংশটোতেই আছিল এঞ্জেল’ৰ ঘৰটো। ঘৰ বুলিলে আচলতে ভুল কোৱা হ’ব, সেইটো আছিল তিনিমহলীয়া এটি দালান। গাঢ় মটীয়া ৰঙী ঘৰৰ মূধচ। সন্মুখ অংশ ঠিক গীর্জাঘৰৰ আর্হিৰ। শুকুলা ৰঙী কাঠৰ ঘৰটোৰ, খিৰিকী আৰু দুৱাৰৰ কাঠৰ বাটামৰ ৰং আছিল পাতল বেঙুনীয়া। নীলাক্ষীয়ে দেখিলে ঘৰলৈ সোমোৱা ৰাস্তাটোৰ কাষৰ বুঢ়া ওকজোপাৰ বুকুত, ফ...
হঠাই তাই অনুভৱ কৰিলে কোনোবাই যেন তাইক চাই আছে। হয়তো! কাষৰ ঘৰৰ খিৰিকীমুখত কেইবাটাও কিশোৰ। তাই উভটি চোৱা দেখি হাই বুলি কৈ আটাইকেইটা ফৰিং চিটিকা দিলে।
খিৰিকীমুখত এইবাৰ বৃদ্ধা এগৰাকীয়ে দেখা দিলেহি। তেওঁ নীলাক্ষীক উদ্দেশি ক’লে, “বেয়া নাপাবা। এইকেইটা বৰ দুষ্ট। মাক মেডিকেললৈ গৈছে বাবে মোৰ তাতে থৈ গৈছে”।
নীলাক্ষীয়ে মিচিকিয়াই হাঁহিলে, “ নাই নাই মুঠেই বেয়া নাপাওঁ। মই এঞ্জেল’ৰ মেকুৰীজনীক খুৱাবলৈ আহিছো৷”
“অ জেচমিন! তাই বৰ মৰমলগা। আগতে দুই এবাৰ মই তাইক খুৱাই পাইছো। ঠিক আছে মাজনী, জেচমিনৰ চাগৈ ৰৈ আছে। তুমি খুৱাই আহাছোন। মই কথা পাতিম তোমাৰ লগত৷”
বৃদ্ধাগৰাকীৰ এনে অহেতুক আগ্ৰহ দেখি নীলাক্ষী আচৰিত হ’ল। তাই ভাবিলে, অকলে অকলে থাকি আমনি পাই চাগৈ তাইৰ লগত কথা পাতিব বিচাৰিছে। বিশেষ একো নাভাবি তাই দুৱাৰৰ চাবি খুলি সোমাই গ’ল। এটি অত্যন্ত সুন্দৰ, শৃংখলিত লিভিংৰুমে তাইৰ বাবে অপেক্ষা কৰি আছিল। নাই নাই হ’বই নোৱাৰে, সেই দৈত্যকায় মানুহটোৰ পচন্দ ইমান সুন্দৰ হ’বই নোৱাৰে। কোঠাৰ ...
নীলাক্ষীয়ে হঠাত নিজৰ ওপৰতে লজ্জিত অনুভব কৰিলে। আজি এমাহ হ’বৰ হ’ল অথচ তাই এবাৰো এঞ্জেল’ক তেওঁৰ পৰিয়ালৰ বিষয়ে সোধা নাই। সদায় ৰাফ বুলি মানুহজনক গালি পাৰি থাকোতেই গৈছে। বেচেৰা- ইমান ল’ৰালৰিকৈ বষ্টন যাব লগা হ’ল, পৰিয়ালে, টালিয়ে টোপোলাই কমখন হুৰামূৰা হৈছেনে বাৰু।
তাই পাকঘৰৰ ফালে আগবাঢ়িল। টেবুলৰ ওপৰতে কেইটামান বাতি আৰু কেট ফুড লিখা পেকেটতো আছিলেই। তাই নীলা ৰঙী বাতিটোত খোৱাবস্ত আৰু আনটো বাতিত পানী ভৰাই ল’লে।
…জেচমিন, জেচমিন তাই চিঞৰিলে। নাই জেচমিনৰ দেখাদেখিয়েই নাই।
জেচমিন চুইটি…এইবাৰ বগা পর্দাখন সামান্য লৰিল। কোনোবাই ভুমুকিয়াই চাইছে। আস মেকুৰীও ইমান ধুনীয়া হ’ব পাৰেনে। কি ৰঙ বাৰু এইটো! ঠিক হালধীয়াও নহয়. হালধীয়া আৰু ঘিউ ৰঙৰ মাজৰ এটি ৰং…ডিঙিত এডাল নীলা ৰিবনেৰে জেচমিন আহি নীলাক্ষীৰ সন্মুখত ওলালহি। তাই নীলাক্ষীক ওপৰৰ পৰা তললৈ নিৰিক্ষণ কৰি, নাকটো কাঠৰ মজিয়াত ঘহি জিভাখনেৰে নীলাক্ষীৰ ভৰি...
সামান্য চাপৰি নীলাক্ষীয়ে তাইক ধেমালী কৰিলে “ বুজিছ তোৰো যে ভাগ্য। তোক খুৱাবলৈ মই বিদেশৰ পৰা আহিছো৷” জেচমিনে কথাষাৰ বুজি পালেনে নাপালে নীলাক্ষীয়ে নাজানিলে, কিন্ত তাই জাপ মাৰি চিধাই নীলাক্ষীৰ কোলাত সোমাল।
“আও তইও কম নহয় দেই, একেবাৰে কোলাতে উঠিলিহি। ব’ল ব’ল খাব লাগে নহয়। নীলাক্ষীয়ে বাতি দুটা জেচমিনৰ আগত দিলেহি – “খা আকৌ৷”
কিন্ত খোৱাৰ বাতিদুটাৰ প্ৰতি জেচমিনে কোনো আগ্ৰহ নেদেখুৱালে। তাই নীলাক্ষীৰ মুখলৈ তধা লাগি চাই ৰ’ল। “আকৰী খা আকৌ। মই যাব লাগে নহয়৷” এইবাৰো মেকুৰীজনীয়ে তাইৰফালে তধা লাগি চাই তলমূৰ কৰিলে।
“অ মিছা নহয় এই বেটীৰ সচাই বৰ ভেম… “জেচমিন চুইটি ইউৰ ফুড, ইট-বি কুউক”
এইবাৰ মেকুৰীজনী জাপ মাৰি নীলাক্ষীৰ কোলাৰ পৰা নামি চলৌপ চলৌপকৈ পানী অলপ খাই, খোৱা বাতিটোত মুখ গুজিলৈগে। তাইৰ চাগৈ বৰ ভোক লাগি আছিল। নীলাক্ষীয়ে মনতে ভাবিলে।
“তই খা দে। মই যাওগৈ৷” তাই দুৱাৰৰ ফালে খোজ দিলে।
মেকুৰীজনীয়ে কিবা যেন বুজিহে পালে। খোৱা এৰি আকৌ জাপ মাৰি তাই নীলাক্ষীৰ কোলাত উঠিলহি। মিৱাও মিৱাও!
অ’ বুজিলো দে। তাৰমানে মইও থাকিব লাগিব। উপায়বিহীন হৈ নীলাক্ষীয়ে মেকুৰীজনীৰ কাষতে, চকী এখন পাৰি ল’লে। জেচমিনে তাইৰ এৰি অহা খোৱা বাতিটোত মনোনিবেশ কৰিলে। মাজে মাজে তাই পিৰিক পাৰাককৈ নীলাক্ষীলৈ নোচোৱাকৈ নাথাকিল।
নীলাক্ষীয়ে দূৰৰ পৰাই ফ্ৰীজটোৰ ওপৰত লগাই থোৱা ফটোবোৰ চোৱাত লাগিল। সাগৰৰ পাৰ, স্কুলৰ প্ৰথম দিন, বার্থডে এনেধৰণৰ অসংখ্য ফটোৱে ফ্ৰীজতোত ভিৰ কৰিছিলহি। ওচৰৰ পৰা ফটোবোৰ চোৱাৰ হেঁপাহ এটা বাঢ়ি আহিছিল যদিও তাই ৰিস্ক নল’লে। খোৱা শেষ কৰি জেচমিনে মিৱাও মিৱাও কৰি নীলাক্ষীৰ ভৰিদুখন চেলেকীবলৈ লাগিল। তাইৰ কোমল নোমখিনিত হাত বুলাই নীলাক্...
“এইবাৰ যাওঁ দে। তই শুই থাক৷” জেচমিনক তাতে এৰি তাই দুৱাৰ বন্ধ কৰিলে।
“মাজনী তোমাৰ হ’লনে। মই তোমাৰ বাবেই ৰৈ আছিলো৷”
নীলাক্ষীয়ে বৃদ্ধাগৰাকীৰ কথা একপ্ৰকাৰ পাহৰিয়েই গৈছিল। তাই হতভম্ব হ’ল- খিৰিকী এৰি বেৰাৰ সিটো পাৰেই ৰৈ আছিল শতৰোধৰ এগৰাকী বৃদ্ধা। পিন্ধনত বগা টপ আৰু চাইৰঙী চুটি স্কার্ট। বয়সৰ আঁচোৰে তেওঁৰ শৰীৰ মষিমূৰ কৰিলেও চকুৰ তিৰবিৰণিক মুঠেই ম্লান কৰিব পৰা নাই।
“অ আপুনি। আই এম নীলাক্ষী৷” তাই বৃদ্ধাগৰাকীৰ কোমল হাতখন স্পর্শ কৰিলে।
“নাইচ টু মিট ইউ নীলাক্ষী। মই ৰ’জ”। ৰ’জে অকণমানী ছোৱালী এজনীৰ দৰেই আমোলমোলাই হাঁহিলে।
“ইউ ন’ We are very happy for you and Angelo.” এক ৰহস্যময় হাঁহিৰে ৰ’জৰ চকুহাল তিৰবিৰাই উঠিল।
“আই এম চৰি ৰ’জ। মই বুজি পোৱা নাই৷”
“তুমি জানো এঞ্জেল’ৰ নতুন গার্লফ্ৰেন্ড নোহোৱা। আস্ এই গোটেই চুবুৰীটোৱেই, কিমান দিনৰ পৰাইযে বাট চাই আছে, এই বিশেষ ক্ষণটোলৈ! তুমি নাজানা মৰমী তুমিযে কিমান মৰম পাবা। সেই ভয়াবহ দিনটোৰ পৰাযে এঞ্জেল’ই হাঁহিবলৈয়ে পাহৰি পেলালে”।
“অহ চৰি ৰ’জ আপোনাৰ ভুল হৈছে। মই এঞ্জেল’ৰ ড্ৰাইভিং স্কুলৰ ছাত্ৰীহে। স্বামী আৰু সন্তানৰ সৈতে মার্চাৰ ষ্ট্ৰীটত থাকো৷”
ক্ষণিকৰ ভিতৰতে ৰ’জৰ চকুৰ তিৰবিৰণি নোহোৱা হৈ গ’ল। তাৰ ঠাইত দেখা দিলেহি এক অদ্ভুত অসহায়বোধ, আশ্চৰ্যকৰ কাতৰতাই। তেওঁ ম্ৰিয়মাণ হৈ পৰিল। নেদেখাজনৰ প্ৰতি প্ৰচুৰ অভিমানত তেওঁ উলটি খোজ দিবলৈ ধৰিলে।
“প্লিজ ৰ’জ আপোনাৰ মনত দুখ দিয়াৰ বাবে মই খুবেই দুখিত। এঞ্জেল’ৰ অতীতৰ বিষয়ে যে মই একোৱেই নাজানো৷” নীলাক্ষীয়ে আতুৰ হৈ ক’লে।
বৃদ্ধাই তাইৰ ফালে উলটি চালে। তেওঁ ৰৈ গ’ল। চলচলীয়া চকুৰে তেওঁ নীলাক্ষীৰ হাতখন খামুচি ধৰিলে। সেই স্পর্শও নীলাক্ষীৰ মাতৰ আতুৰতাৰ দৰেই আছিল।
“মাজনী সৌযে কাঁইটীয়া গোলাপকেইজোপাৰ কংকালবোৰ দেখিছা, এবছৰৰ আগতে তাতে জকমকীয়া, এখন গোলাপৰ বাগিছা আছিল। সৌ ওকজোপাত আছিল দুখন ঝোলনা। এইযে বেৰাখন, তাৰ কাষতেই আছিল হালধীয়া ডেফ’ডেল এঢৰা। প্ৰতিটো থেংকচগিভিং এঞ্জেল’ৰ ঘৰত উদযাপিত হৈছিল। মোৰ ছোৱালী গ্ৰেচী, মাইক, মেক্স আৰু মার্থাৰ সৈতে এঞ্জেল’ৰ আছিল এখন ভৰপূৰ সংসাৰ। গ্ৰেচীয়ে খুউব ...
“চেন্ট প্ৰেটিক পেৰেডত মই সেই বেণ্ডটোৰ সংগীত উপভোগ কৰিছোঁ৷ এঞ্জেল’ তাতে আছিল বুলি জনা নাছিলো৷” নীলাক্ষীয়ে কি ক’লেনো ভাল হ’ব, ভাবি নাপালে। অসহায়বোধে তাইক কোঙা কৰি তুলিছিল।
“ ৩১ ডিচেম্বৰৰ সেই কালসন্ধিয়াটোৰ পৰাই, এঞ্জেল’ অন্য মানুহ হৈ গ’ল। সংগীত ভাল পোৱা ল’ৰাটোৱে সকলো এৰি দিলে। তাৰ চাকৰি- তাৰ সংগীত সকলো। চাকৰি এৰি সি বহুদিন টেক্সাচত আছিলগৈ। বন্ধু-বান্ধৱ, পৰিয়াল কাৰোৰে লগত যোগাযোগ নাছিল। হঠাত এদিন আহি ঘৰ ওলালহি। চেহেৰাৰ অৱস্থা ভয়াৱহ হৈ পৰিছিল। সেই দিনবোৰৰ কথা বর্ণনা কৰা মোৰ বাবে অসম্ভব। মার...
“ আজি মার্থা জীয়াই থকাহ’লে, এই ঘাঁহনিডৰাতে তাই দৌৰি ফুৰিলেহেঁতেন। সিহঁত চাৰিওটাই একেলগে গ’লগৈ। ৩১ ডিচেম্বৰৰত গ্ৰেচী, মাইক, মেক্স, মার্থা ভার্জিনীয়াৰ পৰা আহি আছিল। সকলোৱে একেলগে মিলি, নতুন বছৰটোৰ প্ৰথম দিনটো উদযাপন কৰাৰ কথা। বৰফৰ ধুমুহাত সিহঁতে বাট হেৰুৱাইছিল। দুদিন সংযোগবিহীন হৈ পৰিছিল। এঞ্জেল’ পগলাৰ দৰে ইফালৰ পৰা সিফা...
বৃদ্ধাক ৰখোৱাৰ সাহস নীলাক্ষীৰ নহ’ল। গোলাপৰ কাইটবোৰে তাইৰ বকুখন চিৰাচিৰ কৰি পেলাইছিল। তাই এঞ্জেল’ৰ ঘৰখনলৈ উভটি চালে। জেচমিন খিৰিকী মুখত বহি আছে। তাইৰ কোমল নাকটোৰে, বাৰে বাৰে খিৰিকীৰ আইনাত মোহাৰি নীলাক্ষীক যেন কিবা ক’ব বিচাৰিছে, তাই যেন নীলাক্ষীক ৰখাব খুজিছে। নীলাক্ষী নৰ’ল…হালধীয়া ফুলবোৰ গছকি তাই ঘাঁহনিৰে ৰাস্তাৰ ফালে আগ...
← প্রেমহীন (জাহ্নবী গগৈ)
বিৰুবালা (ঘনশ্যাম ডেকা) →
You May Also Like
এক মিনিটৰ গল্প ( বিচিত্ৰ বৰদলৈ )
April 17, 2015 0
মাধে চোৰৰ মাধুৰী (দিগন্ত কুমাৰ ভট্টাচার্য)
May 15, 2012 0
প্ৰেমৰ এক অসম্পুৰ্ণ ত্ৰিভুজ (অমিতাভ মহন্ত)
January 15, 2014 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি