text
stringlengths
0
188k
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (55) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ডিজিটেল সংবাদ দুধনৈঃ ...
ঘটনাৰ বিৱৰণ অনুসৰি তিনি নাবালিকাক প্ৰথমে ফুচুলাই তিনি যুৱক ক্ৰমে- দেবাশীষ দাস ওৰফে চিন্তু, হাফিজুৰ শ্বাহ ওৰফে পিলু আৰু আচান পৰমানিকে দুখন বাইকত তিনি নাবালিকাক সন্ধিয়া দুধনৈলৈ লৈ আহে ৷ তাৰ পিছতে ধাবাত খাদ্য খুওৱাৰ চলনাৰে তাত সুৰাপান কৰোৱায় তিনি নাবালিকাক।
তাৰ পিছতে ধাবাখনৰ কাষতে থকা এটা ইটা ভাটাৰ পিছফালে এখন তামোল বাগানৰ মাজত এটা অকলশৰীয়া ঘৰলৈ নি ওৰে নিশা তিনি পাষণ্ডই তিনি নাবালিকাক উপৰ্যুপৰি ধৰ্ষণ কৰে ৷ তাৰ পিছত ২৩ অক্টোবৰৰ ৰাতিপুৱা তিনিও গৰাকী নাবালিকাক দুধনৈ চাৰিআলিত এৰি থৈ গুচি যায় ধৰ্ষনকাৰী কেইটাই ৷
অৱশেষত তিনিও নিজ ঘৰত উপস্থিত হৈ নিজৰ অভিভাৱকক সকলো কথা বিৱৰি কয়। তাৰ পিছতে এগৰাকী অভিভাৱকে দুধনৈ থানাত ২৪ অক্টোবৰত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিটাৰ বিৰুদ্ধে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে পৰৱৰ্তী সময়ত তিনিওকে ঘটনাস্থলীলৈ লৈ যায় আৰু উক্ত স্থানত কিদৰে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল সেই বিষয়ে পুংখানুপুংখভাৱে আৰক্ষীয়ে তদন্ত কৰে ৷ ভুক্তভোগী তিনি নাবালিকাক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰোৱা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
আনহাতে এই পাশৱিক কাণ্ডৰ কথা দুধনৈত বিয়পি পৰাত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সভ্য সমাজক লজ্জানত কৰিছে বুলিও মন্তব্য কৰিছে।<eot>নগাঁও ক্ৰীড়া সংস্থা আৰু জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সম্বৰ্ধনা গ্ৰহণ কৰি স্ব-গৃহাভিমুখী হোৱা স্বৰ্ণকন্যা হিমা দাস বিয়লি উপস্থিত হয় বটদ্ৰৱা থানত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ...
বটদ্ৰৱা থানত উপস্থিত হোৱাৰ লগে লগে গুৰু কীৰ্তন উপলক্ষে থানত সমবেত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে আগুৰি ধৰি মৰম, আদৰ জনায় অসমী আইৰ সুযোগ্যা সন্তানগৰাকীক। ৰাইজৰ মৰম-আদৰ সাদৰেৰে গ্ৰহণ কৰি এথলেটগৰাকীয়ে কীৰ্তন ঘৰত মূৰ দোৱাই সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।
বটদ্ৰৱা থানত গছপুলি ৰোৱাৰ মুহূৰ্তত হিমা দাস। ফটো : নৰ্থইষ্ট নাও
নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে নিৰ্মালি প্ৰদান কৰি আশিস বাণী প্ৰদান কৰে। তাৰ পাছতে গুৰুজনাই ব্যৱহাৰ কৰা ঐতিহাসিক পাটনাদটোৰ কাষতে হিমা আৰু প্ৰশিক্ষকদ্বয়ে একোটিকৈ গছপুলি ৰোপণ কৰে। হিমাই ৰোপণ কৰে এটি বকুলৰ পুলি।
বটদ্ৰৱা থানত উপস্থিত হোৱা খেলুৱৈগৰাকীক পৰিচালনা সমিতিয়ে বাটচ’ৰাৰ পৰা আদৰি নিয়ে। কীৰ্তনঘৰত সেৱা জনোৱাৰ পিছত থান পৰিচালনা সমিতিৰ হৈ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক সহিতে সদস্যসকলে গামোচা, শৰাই, কুঁহিলা কঠ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়৷
ইয়াৰ উপৰি থান প্ৰাংগণৰ ভিতৰে-বাহিৰে বৃহত্তৰ বটদ্ৰৱা এলেকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষৰ লগতে বিভিন্ন স্থানৰ তীৰ্থযাত্ৰীসকলে স্বৰ্ণকন্যাক মৰমতে মূৰে-কপালে হাত বোলাই অনাগত দিনবোৰৰ বাবে আশীৰ্বাদ প্ৰদান কৰে।
নগাঁৱৰ পৰা বৰদোৱালৈকে সমগ্ৰ পথছোৱাত হুজগাঁও, চিলঙনি, ৰাইদঙীয়া, ভোমোৰাগুৰি, ভেটিয়নি, শান্তিজান পাৰ আদিটো গুণমুগ্ধসকলে ব্যাপক উৎসাহেৰে হিমাক বিপুল সম্বৰ্ধনা জনায়।
বটদ্ৰৱা থানৰ পৰা সমদলেৰে হিমা দাস গৃহভূমি ধিং অভিমুখে ৰাওঁনা হয়৷ বটদ্ৰৱাৰ পৰা ধিঙলৈকে পথছোৱাত জামতলা, কদমনি, ধূপগুৰি, চমুৱাগাঁও আদিতো বহু লোক সমবেত হৈ স্বৰ্ণকন্যা হিমা দাসক আদৰণি জনায়।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী দাসে বিগত কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল৷ অসম আন্দোলনৰ সক্ৰিয় কৰ্মী দাসৰ অকাল বিয়োগত কালি সন্ধিয়া চহিদ স্মৃতি সংঘৰ উদ্যেগত বৰপেটা চহৰৰ গান্ধীনগৰত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷
এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় লোকে কামাখ্যাপ্ৰসাদ দাসক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেওঁৰ কৰ্মজীৱনৰ ওপৰত চমু আলোকপাত কৰে ৷
উল্লেখ্য যে, মৃত্যুৰ সময়ত দাসৰ বয়স হৈছিল ৫২ বছৰ৷ মৃত্যুৰ সময়ত দাসে পত্নীসহ এজনী জীয়ৰী, এজন পুত্ৰৰ লগতে আত্মীয় স্বজন আৰু বন্ধু-বান্ধৱক ইহ-সংসাৰত এৰি থৈ যায়৷
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জৰ্ডানৰ আম্মানত অনুষ্ঠিত হৈ থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শুকুৰবাৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয়েৰে ৰাজ্যৰ লগতে দেশকো পুনৰ গৌৰৱান্বিত কৰি তুলিছে।
৭৫ কিলোগ্ৰাম শাখাত নিজৰ প্ৰথমটো পদক লাভৰ পথত লাভলীনাই উজবেকিস্তানৰ ৰুজমেটোভা শ্ব’খিবাক ৫-০ ব্যৱধানত ধৰাশয়ী কৰি স্বৰ্ণ আজুৰি আনে।
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত ফৰ্মৰ সৈতে যুঁজি থকা ২৫ বৰ্ষীয় বক্সাৰগৰাকীৰ বাবে এই জয় যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
Lovlina Borgohain wins 🇮🇳’s 2nd 🥇 in Asian Boxing Championship 😍
Lovlina won the Women’s 75kg Final vs 🇺🇿’s Ruzmetova Sokhiba by Unanimous Decision 🔥
What a dominating performance by the Tokyo 2020 Medalist 🙌
Congratulations champion 👏 pic.twitter.com/JRwFBeYe3X
— SAI Media (@Media_SAI) November 11, 2022
বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত ব্যৰ্থ হোৱা তাৰকাগৰাকীয়ে এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নিজৰ মনোবল বঢ়াই তুলিলে।
উল্লেখ্য যে, আগন্তুক পেৰিছ অলিম্পিকত লাভলীনাৰ পূৰ্বৰ ৬৯ কিলোগ্ৰাম ওজনৰ শাখা অন্তৰ্ভুক্ত নাথাকিব। সেয়েহে তাৰকাগৰাকীয়ে এতিয়া ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
ইফালে প্ৰতিযোগিতাখনত কালি লাভলীনাৰ লগতে পাৰবীন হুডাই ৬৩ কিলোগ্ৰাম শাখাত, ছুইটীয়ে ৮১ কিলোগ্ৰাম শাখাত আৰু আলফিয়া পাঠানে ৮১ কিলোগ্ৰাম উৰ্ধ শাখাত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে মীনাক্ষীয়ে ৫২ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কেৱল অভিযোগ উত্থাপনেই নহয় ছিণ্ডিকেটৰ ধন কোনে, কিদৰে আৰু কিমানকৈ সংগ্ৰহ কৰে সেই বিষয়েও স্পষ্টকৈ উল্লেখ কৰিলে অখিল গগৈয়ে। সংবাদ মেলৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ এই সংবাদমেল শুনিবলৈ আহ্বান জনাই কয় যে, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ইটাৰ মূল্য ১০ টকাৰ পৰা ১৪ টকা হৈছে...
এইদৰে গৃহ নিৰ্মাণকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত ৰাজ্যত গঢ়ি উঠা কয়লা ছিণ্ডিকেট বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়- চলিত বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৩ তাৰিখৰ পৰা বৰাকত কয়লা ছিণ্ডিকেট অধিক সক্ৰিয় হৈ পৰিছে। মেঘালয়ৰ পৰা বৰাকৰ কেইবাখনো জিলাৰ লগতে বাংলাদেশলৈ অবৈধভাৱে কয়লা সৰবৰাহ হৈ আহিছে।
তেওঁ কয়, ৰাইজৰ অভিযোগ অনুসৰি বৰাকৰ এই কয়লা ছিণ্ডিকেটৰ নেতৃত্ব দিছে একাংশ ৰাজনৈতিক নেতাৰ লগতে পালিনেতা আৰু মাফিয়াই। এই ছিণ্ডিকেটৰ পৃষ্ঠপোষকতা কৰি আহিছে দিছপুৰে।
তেওঁ উত্থাপন কৰা অভিযোগ অনুসৰি অসম মেঘালয়ৰ সীমান্তত অবৈধ কয়লা কঢ়িওৱা প্ৰতিখন ১২ চকীয়া ট্ৰাকৰ পৰা ১ লাখ টকা, ১৪ চকীয়া ট্ৰাকৰ পৰা ১ লাখ ২০ হাজাৰ আৰু ১৬ চকীয়া ট্ৰাকৰ পৰা ১ লাখ ৩০ হাজাৰ টকাকৈ ছিণ্ডেকেট চক্ৰই সংগ্ৰহ কৰে। এই ধন সংগ্ৰহ কৰাৰ দায়িত্ব একাংশ নেতা, পালিনেতাই।
তেওঁ কয় বৰাকৰ পৰা বাংলাদেশলৈ যদি এই কয়লা সৰবৰাহ কৰা হয় তেন্তে অতিৰিক্ত ভাৱে ১ টন কয়লাৰ বিনিময়ত ৩৫০০ টক দিব লাগে। এনেদৰে প্ৰতিখন ট্ৰাকে ছিণ্ডিকেটৰ নামত ভৰিব লাগে মুঠ ২ লাখ ৩০ হাজাৰ টকা। ফলত অবৈধ কয়লাৰ কাৰবাৰ কৰা ব্যৱসায়ীয়ে এখন ট্ৰাকৰ পৰা লাভ কৰে মাত্ৰ ২০ হাজাৰ টকা।
বিধায়ক গগৈয়ে ইয়াৰ উপৰিও লিডু আৰু মাৰ্ঘেৰিটাতো পুনৰ কয়লাৰ এক বৃহত ছিণ্ডিকেট গঢ়ি উঠিছে বুলিও উল্লেখ কৰে। তেওঁ কয় অহা ১৪ অক্টোবৰৰ পৰা ইয়াত কয়লা ছিণ্ডিকেটৰ মূল কামখিনি আৰম্ভ হ'ব।
তেওঁ কয়, স্থানীয় ৰাইজে খবৰ দিয়া অনুসৰি দিহিং পাটকাইৰ ভিতৰত লেখা পানী ৰেঞ্জ, জাগুন ৰেঞ্জ, পূৱ আৰু পশ্চিম মাৰ্ঘেৰিটা ৰেঞ্জৰ ভিতৰলৈ ইতিমধ্যে ২০০ খন জে চি বি আৰু ফকলেণ্ড পাহাৰৰ মাজলৈ সোমাই গৈছে। এই ২০০ খন জে চি বি আৰু ফকলেণ্ডে পাহাৰখান্দি কয়লাৰ খনন কৰিব।
গগৈয়ে লিডু আৰু মাৰ্ঘেৰিটাৰ কয়লা খনন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা 'ৱান মেন কমিচন অফ এনকুৱাৰি ৰিপ'ৰ্ট ইন টু ভলিউমছ বাই জাষ্টিছ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকী' প্ৰতিবেদনত উল্লেখ কৰা এক তথ্যৰ উৰ্ধৃতি দি কয় যে, প্ৰতিবেদনখনত স্পষ্টকৈ উল্লেখ আছে মাৰ্ঘেৰিটাৰ এছ ডি অ' (চিভিল) য়ে দিয়া তথ্য অনুসৰি লিডু, মাৰ্ঘেৰিটাত প্ৰতিদিনে ৪০ হা...
বিধায়ক অখিল গগৈৰ এনে গুৰুতৰ অভিযোগৰ পিছত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনদৰে গঢ়ি উঠা ছিণ্ডিকেটৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। আনহাতে অবৈধ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে দীৰ্ঘদিনে উত্থাপিত অভিযোগৰ পিছতো ৰাজ্যৰ চৰকাৰ তথা প্ৰশাসনে কোনো বিশেষ ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা নাই।
বিগত কংগ্ৰেছ চৰকাৰ দিনৰ পৰাই বৰাক আৰু উজনি অসমৰ ছিণ্ডিকেটক লৈ বহু বাতৰি প্ৰকাশ হোৱাৰ লগতে তথ্যসহকাৰে এই ছিণ্ডিকেট পোহৰলৈ আহিছে। তাৰ পাছতো তেতিয়াৰ কংগ্ৰেছ অথবা এতিয়াৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা নাই কোনো বিশেষ পদক্ষেপ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ দিয়াৰ...
“নীলাক্ষী, তুমিও অদ্ভুত কথা কোৱা। ৰাৱণ আৰু দুশাসন দুয়োজনেই বিয়া পাতিছিল। বেচেৰা এঞ্জেল’ মাৰটনক তুলনা কৰিবলৈ তুমি বাৰু মহাকাব্য দুখন উঠাই আনিব লাগেনে। শুদ্ধ হ’লেও ঠিক আছিল সব ভুল তথ্য। আকাশে হাঁহি হাহি ক’লে”।
হ’ব হ’ব দিয়া। তেখেত বেচেৰা মুঠেই নহয়। কথা কৈ কৈ নীলাক্ষীয়ে জোতা আৰু কোটটো খুলি ৱাৰড্ৰপত ভৰালে। “বুজিছা আকাশ। এঞ্জেল’ৰ ওচৰত আৰু ড্ৰাইভিং নিশিকো। মৌমিতাজনীয়ে নোকোৱা হ’লে মই নগ’লোয়েই হেঁতেন নহয়। তুমিও দেখোন মোক শিকাব পাৰা। চমাৰভিলৰ আশে পাশে অত’বোৰ পার্ক আছে আৰু এই মার্চাৰ ষ্ট্ৰীটটো, ইয়াতেই দেখোন সহজ শিকিবলৈ। সেইজনাৰ লগত গ...
‘মৌমিতাই তোমাক কি কৈছিল মনত আছেনে। ৰাফ হ’লেও এঞ্জেল’ই তোমাক একেবাৰে পৰীক্ষাতো পাছ কৰাব। গীতকটো এইবাৰ স্কুলত দিবই লাগিব। ড্ৰাইভিং লাইচেঞ্চখন কিমান জৰুৰী ভাবাছোন”।
‘জৰুৰী বুলি বুজিছোঁ। কিন্তু তুমিওটো ভাল চলোৱা। মই কেৱল তুমি শিকোৱাৰ কথা কৈছোঁ৷ বেছিকৈ কৈ থাকিলেও নার্ভাচ হৈ যাওঁ বুজিছা”।
“তোমাক শিকাবলৈ লোৱা, তুমি গাড়ী চলাবলৈ শিকা আৰু মোৰ গাড়ীত টিকট লগা একে কথা”।
“কিনো অকাই পকাই কথাবোৰ কৈ থাকা বাৰু”।
“আচলতে কি জানা নীলাক্ষী। আজিকালি সকলো নাৰীয়েই গাড়ী চলাব জানে। চোৱাছোন গাড়ী চলাবলৈ শিকিলে কিমান সুবিধা। তুমি ঘণ্টাজুৰি মোৰ বাবে ৰৈ থাকিব নালাগে। গাড়ী উলিয়ালা আৰু গ’লা, বজাৰ কৰিলা-উভটি আহিলা, পার্লাৰ গ’লা -উভটি আহিলা, কিটি পার্টিনে কি সেইটোত গ’লা উভটি আহিলা। মুঠৰ ওপৰত সুবিধাই সুবিধা”।
“এস টুনী চৰাইৰ সাধু মোক শুনাব নালাগে দিয়া। জানো নহয় তুমিযে দায়িত্বৰ পৰা আজৰি হ’ব বিচাৰিছা। ভালকৈয়ে বুজিছোঁ৷ সিদিনা ভন্টীৰ আগত কি কৈ আছিলা শুনিছো নহয়। “…ভন্টী নীলাক্ষীয়ে গাড়ী চলাব পাৰিলে মই একেবাৰে ৰক্ষা পৰিম বুজিছ। বজাৰৰ ভয়ানক লিষ্টখন লৈ দোকানৰ পৰা বাৰেপতি ফোন কৰিব নালাগে আৰু সেই লগৰ কেইজনীযে নিত্যনতুন প্লেন বনোৱাত ওস্...
“তুমি যে এনে চোৰ জনাই নাছিলো নীলা। মই ভন্টীৰ লগত কিনো কথা পাতো তাকো হ’বলা তুমি শুনি থাকা। তোমালোকে বাথৰুমত গা ধুবলৈ যোৱানে বাহিৰত কোনে কি কথা কৈছে তাক শুনিবলৈ যোৱা। অ সেয়ে মহিলা কমিটীৰ স্নানাগাৰত ইমান বিলম্ব হয়”।
“হ’ব হ’ব দিয়া। মই তোমাৰ দৰে নহয়। শুনি থকা নাছিলোঁ৷ ভন্টীয়ে দুপৰীয়া ফোন কৰিছিল যে, তোমাৰ ভাষণৰ বিশদ বিৱৰণ দিছে৷”
“ হায়ৰে কলিকাল। মোৰ তেজৰ ভগ্নীও আজি বিশ্বাসঘাটিনী।“
“ভাওনাৰ বচন থোৱা। আলুচ’প খাবানে কোৱাছোন।‘
“আও আলুচ’প নাখামনে। তাৰমানে গাড়ী চলাবলৈ শিকাবই লাগিব। গুৰু দক্ষিণাৰ তেল ভাগৰ আৰম্ভনি হ’লেই৷”
“ ইচ আলুচ’প, চাট, পকৰিৰ ফৰমাইচ আনদিনা নকৰেহে যেনিবা৷”
নীলাক্ষীয়ে ল’ৰালৰিকৈ ভৰি হাত ধুই পাকঘৰলৈ গ’ল। যাবৰ সময়ত, আলুকেইটা তাই কুকাৰত সিজাই থৈ গৈছিলেই। বেছি সময় নালাগে। গীত উঠাৰ আগতেই, চাহৰ যোগাৰ হৈ যাব।
আকাশে পাকঘৰ সংলগ্ন বেলকনিখন বোধহয় খুলি থৈছিল। পাকঘৰ সোমায়েই নীলাক্ষীৰ মনটো ভৰি পৰিল। অক্টোবৰ মাহৰ চঞ্চল বতাহজাকে, পিছফালৰ মেপলজোপাৰ গোটেইসোপা ৰঙ যেন তাইৰ অকণমানী পাকঘৰটোত সুমুৱাই থৈ গৈছেহি। সৰু –ডাঙৰ-মজলীয়া, ৰঙা, কমলাবুলীয়া, মুগাৰঙী অসংখ্য মেপল পাতৰ, মজলিচ বহিছে পাকঘৰটোত। চপলা বতাহজাকে কোনোৱাটোক মাতিছে-মেল এৰি পখিলাৰ দ...
“নীলা তোমাৰ ফোন” আকাশৰ চিঞৰত তাইৰ তন্ময়তা ভাগিল। আলুচ’প বনাবলৈ আহি, কিযে ভাবি আছে তাই।
“কাৰ ফোননো?”
“তোমাৰ শিক্ষক এঞ্জেল”
“তুমিয়েই কথা পাতি থৈ দিয়া নহ’লে। আজি এখুন্দা লাগি আহিছোঁ আকৌ বা কিয় ফোন কৰিছে”।
“হেল’ এঞ্জেল’। হাও আৰ ইউ। হল্ড ফৰ এ চেকেণ্ড”…দ্বিতীয় বাৰৰ বাবে বাজি উঠা ফোনটো ৰিচিভ কৰি, আকাশে তাইৰ ফালে চাই ফুচফুচাই ক’লে
“তোমাক বিচাৰিছে। আৰজেন্ট হেনো”।
সামান্য ইতস্তত ভংগীমাৰে নীলাক্ষীয়ে ফোনটো ল’লে
হেল’
“আই নিড ইউৰ হেল্প। কেন ইউ হেল্প মি৷”
‘হুৱাট’ অস্বাভাৱিক ভাবে ওলাব বিচৰা মাতটো কোনোমতে চেপিধৰি নীলাক্ষীয়ে সুধিলে” হুৱাট কাইন্ড অফ হেল্প। অফক’র্চ ইউ কেন টেল মি”
পাচমিনিটতকৈ বেছি হ’ল। আকাশে চটফটাই থাকিল। আও দেখিব নোৱাৰা মানুহটোৰ লগত নীলাই বাৰু কি কথা পাতিছে। আকাশে কাণ উনাই থাকিল। নাই শুনাৰ একো উপায় নাই। নীলাই কেবল য়েচ, অ’কে এই শব্দকেইটা কৈ আছে। মাজতে তাই জেচমিন জেচমিন বুলি দুবাৰ দোহাৰিলে। ইহঁতে কিবা চাৰপ্ৰাইজ প্লেন কৰা নাইতো। পৰহিলৈ যে আকাশৰ বার্থডে।
“চাৰপ্ৰাইজ, চাৰপ্ৰাইজ”…আকাশৰ বুকুত গুমগুমাই থকা শব্দটো কাঢ়ি, মুখত লৈ নীলাক্ষী ধহমহাই চোফাখনত বহিল।
“চাৰপ্ৰাইজ কি চাৰপ্ৰাইজ”
“এঞ্জেল’ৰ বিপদ। সহায় লাগে। আস মোৰ গুৰুজনাই তেওঁৰ নিকিন, গর্ধপ ছাত্ৰীৰ পৰা সহায় বিচাৰিছে। “আকাশে দেখিলে মুহূর্তৰ ভিতৰতে নীলাক্ষীৰ বাদামী চকুযুৰি তগবগাই উঠিল। হয়তো তাই গর্বিত হৈছে –ভাবিছে ইমানকেইজনীৰ ভিতৰত এঞ্জেল’ই তাইৰ পৰাহে সহায় বিচাৰিছে৷”
“এঞ্জেল’ৰ মাকৰ অসুখ। বষ্টনত থাকে। বৰ জৰুৰী- এঞ্জেল’ যাব লাগে। যাব মানে যাবলৈ ওলালেই-ঘৰৰ পৰা ওলাইছে হেনো। মাউনটেইন এভিনিউ হৈ যাওঁতে আমাৰ মেইলবস্কত তেওঁ ঘৰৰ চাবিপাট ভৰাই থৈ যাব। মোক তেওঁৰ মৰমৰ মেকুৰীজনী, খুওৱাৰ দায়িত্ব দিছে। তাই বোলে নিজে নাখায়। খোৱাবস্ত দি তাইক তিনিবাৰ নামকাঢ়ি মাতিব লাগে। চেহ মেকুৰীজনীৰ নামটোবা কি আছিল।...