text
stringlengths
0
188k
More Topics
CLOSE
পশুপালন
Fish Farming Guide: মৎস পালনত কেৰিড অভাৰ চিড
RAHUL ALI 15 November, 2022 3:14 PM IST
মৎস পালনত কেৰিড অভাৰ চিড
ব্যৱসায়িক ভিত্তিত মাছ পালন কৰি অধিক লাভ পাবলৈ হ’লে আমি পুখুৰীত মাছ ১০ মাহৰ বাবে পালন কৰিব লাগে। ১০ মাহ পূৰ্ণ হ’লে মাছৰ ওজন ৭৫০ গ্ৰামৰ পৰা ১৫০০ গ্ৰাম হ’ব আৰু তাক বিক্ৰীৰ ব্যৱস্হা কৰিব লাগে। এনেদৰে মাছ পালন কৰিলে আমি যথেষ্ট লাভ পাবলৈ সক্ষম হওঁ কিয়য়ো মানুহৰ যোনোদৰে এটা বয়সলৈ বৃদ্ধিৰ গতি খৰতকীয়া হয় আৰু পিছত তাৰ খোৱা খাদ্যৰ...
খাদ্য প্ৰতি হোৱা এনে অনিহাৰ বাবে তাৰ গতি মন্থৰ হয় আৰু বৃদ্ধিৰ হাৰ ক’ম হোৱা দেখা যায়। এই বিলাক কাৰণৰ বাবে মাছ খেতি গৰমত কৰিলে ভাল। জলবায়ুৰ পৰিবৰ্তনৰ বাবে আজিকালি বতৰৰ পৰিবৰ্তন সঘনই হয়। সেয়েহে অসমৰ ক্ষেত্ৰত উপযুক্ত সময়ত মাছপোনা সংগ্ৰহ কৰাটো কঠিন হৈছে। অসমত থকা বিভিন্ন হেচ্ছাৰী সমূহত জুন-জুলাই আগষ্ট মাহত মাছ পোনা উভৈনদী হ...
কেৰিড অভাৰ চিডনো কি? (What is Carry Over Seed)
কেৰিড অভাৰ চিড হ’ল মাছৰ এই বছৰ পোনাটো নাৰ্চাৰী বা ৰিয়েৰিং পুখুৰীত অধিক ঘনত্বত ৰাখি অহা বছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত পুখুৰী প্ৰস্তুতিৰ পিছত ষ্টফিং পুখুৰীত মেলি দিয়া। অৰ্থাৎ ঠাণ্ডাৰ দিনকেইটা (৪-৫) মাহ প্ৰতিপালন কৰাৰ পিছত গ্ৰীষ্মকাল হোৱাৰ ঠিক প্ৰাকমূহূৰ্তত পুখুৰীত মেলি দিয়াৰ ব্যৱস্হা কৰিব লাগে। এনে কৰাৰ ফলত অধিক ঘনত্বত ৰখা ম...
কি কি প্ৰজাতিৰ মাছ কেৰি অভাৰ চিড হিচাপে ব্যৱহাৰ কৰিব
কমন কাৰ্প আৰু চিলভাৰ কাৰ্পৰ পোনা মাৰ্চ মাহৰ শেষলৈ উভৈনদী হয়। গতিকে এই দুই প্ৰজতিৰ মাছৰ ক্ষেত্ৰত আমি কেৰি অভাৰ চিড কৰাৰ প্ৰয়োজন নাথাকে। কিন্তু ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰা আন চাৰি প্ৰকাৰৰ মাছ আমি দ্বিতীয় বৰ্ষৰ বাবে পুখুৰীত অধিক ঘনত্বত ৰাখিব লাগে। এই প্ৰজাতিৰ মাছ সমূহ প্ৰতি হেক্টৰত ১ লাখ হাৰত পুখুৰীত মেলাৰ ব্যৱস্হা কৰিব...
আমি এই বছৰৰ পোনাসমূহ আমাৰ ঘৰত থকা পুখুৰীত অধিক ঘনত্বত ৰাখি অহা বছৰ ঠিক ফেব্ৰুৱাৰী-মাৰ্চ মাহত মীন পালকৰ ওচৰত যোগান ধৰিব পাৰো তেনেহলে প্ৰতিটো মাছৰ পৰা আমি যথেষ্ট লাভ পাব পাৰো। আমাৰ মীন পালক সকলে যদি তেখেতৰ ঘৰত থকা এটা পুখুৰীত কেৰিড অভাৰ চিড প্ৰস্তুতিৰ ব্যৱস্হা কৰে তেনেহলে দ্বিতীয় বছৰত তেখেতে মাছ পোনা নিজৰ পামতে পাব পাৰে।...
আমি বহু ক্ষেত্ৰত প্ৰত্যক্ষ কৰিছো যে- মাৰ্চ-এপ্ৰিল মাহতে পশ্চিমবংগৰ মাছ পোনা আহি অসমত ভৰি পৰে, কিন্তু অসমৰ পোনা চেপ্তেম্বৰতহে উভৈনদী হয় সেয়েহে অসমৰ ক্ষেত্ৰত এই কেৰি অভাৰ চিড প্ৰস্ততিয়েই হ’ল একমাত্ৰ বিকল্প, যিটোৰ বাবে আমি আমাৰ পোনা উপযুক্ত সময়ত ব্যৱহাৰ কৰিব পাৰো। অন্যথা চালানী মাছৰ দৰে মাছ পোনাৰ ক্ষেত্ৰতো আমি ভৰিব লাগিব ...
লগতে পঢ়ক-গুণগত মাছৰ পোনা উৎপাদনৰ বাবে- ব্ৰুডাৰচ পোণ্ড (Brooders Pond) মেনেজমেণ্ট
প্ৰতুল ডেকা
মীন উন্নয়ন বিষয়া
মীন বিভাগ, অসম চৰকাৰ
English Summary: Carried Over Seed
কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক
প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।
প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।
Donate now
Related Topics
Fish Farming
Carry Over Seed Fishries Fishing Life Fish Rearing Hessari Farmers Fishries department Fish Brooding Fishing Guide
Like this article?
Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.
Read next
Fish: স্বাস্থ্য ৰক্ষাৰ সমল হিচাপে মৎসবিশেষ
Contagious Ecthyma ৰোগৰ সাৱধানতা আৰু প্ৰতিকাৰ
Share your comments
Top Stories
Hornbill Festival: হৰ্ণবিল উৎসৱত নগা কৃষকে উৎপাদন কৰা জৈৱিক ফল মূল আৰু শাক পাচলিৰ গুৰুত্ব
World Soil Day: মাটি সংৰক্ষণৰ গুৰুত্ব আৰু সংৰক্ষণৰ উপায়!
'পদ্মভূষণ' বঁটাৰে সন্মানিত Googleৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইক
Farmer protest: আকৌ এবাৰ দিল্লীৰ ৰামলীলা মৈদানত কৃষকৰ ‘গৰ্জন ৰেলী’
Bhopal Gas Tragedy: ৩৮ বছৰ ধৰি ন্যায়ৰ অপেক্ষাত ভূপাল ট্ৰেজেডীৰ ভুক্তভোগীসকল! বিশ্বৰ আটাইতকৈ ডাঙৰ মানৱ দুৰ্ঘটনাৰ আঁৰত কোন আছে?<eot>নগাওঁ জিলাৰ কন্দলি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ বামুণী পাহাৰত যোৱা ১২ মে তাৰিখে সন্দেহজনক ভাবে মৃত্যু হোৱা ১৮ টাকৈ বন্যিহস্তীৰ মৰ্মান্তিক খবৰে সমগ্ৰ বিশ্বৰ প্ৰকৃতি প্ৰেমী সকলক শোকাৰ...
RelatedPosts
When will we stop making Demigods out of normal people?
December 6, 2022
Our Food Habits and Biodiversity Conservation
December 5, 2022
LOOKING BACK: Indian Army’s Civilian Killings in Nagaland Again!
December 4, 2022
আমাৰ মনলৈ অহা সন্দেহৰ কাৰণঃ
১। অনুসন্ধান সমিতিৰ সদস্যবাছনি
১৩ মে তাৰিখে অসমৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষক জনে ৮জন চৰকাৰী আৰু দুজন তেওঁলোকৰ সহযোগী বেচৰকাৰী সংগঠনৰ পশু চিকিৎসকৰ এটা তদন্তকাৰী দল ঘোষণা কৰিলে , যত নাছিল কোনো বজ্ৰপাত বিশেষজ্ঞ, বৈদ্যুতিক অভিযন্তা, ভূবিজ্ঞানী, ভূ-পদাৰ্থবিজ্ঞানী, বন্যপ্ৰাণী অপৰাধ ব্যুৰোৰ সদস্য, ভাৰত চৰকাৰে গঠন কৰি দিয়া হস্তী প্ৰকল্পৰ সদস্য, ভাৰতৰ বন্যপ্ৰা...
২। টায়াৰৰে অন্ত্যেষ্টিক্ৰিয়া
কিন্তু ১৪ মে তাৰিখৰ এটা ঘটনাই আমাক হতবাক কৰি তুলিলে। সেইদিনা বন মন্ত্ৰী প্ৰমুখ্যে উচ্চ পদস্থ বন বিষয়া সকলোবোৰ ঘটনাস্থলিত ধুপ ধুনা লৈ উপস্থিত হৈ থকাৰ সময়তে এটা সিদ্ধান্ত লোৱা হল যে মৃত হাটী কেইটাক গাড়ীৰ টায়াৰৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হব আৰু তৎকালীন ভাৱে ট্ৰাকে ট্ৰাকে টায়াৰ ঘটনাস্থলিত আৱিৰ্ভাৱ হল। ভাগ্য ভাল আছিল যে ...
যাহক, সেইদিনাৰ পৰা (মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পূৰ্বেই) বন বিভাগৰ বৰমূৰীয়া সকলে আৰু তেওঁলোকৰ ভৃত্য দুজনমান বেচৰকাৰী ব্যক্তিয়ে বিভিন্ন মাধ্যমত এক ব্যাপক প্ৰচাৰ অভিযান চলাব ধৰিলে যে হাটী কেইটাৰ বজ্ৰপাতৰ ফলতেই মৃত্যুবৰণ কৰিছে। তেওঁলোকে প্ৰমাণ হিচাপে দেখুৱালে এজোপা সৰু জ্বলি যোৱা গছ।
৩। আমাৰ নিজা অনুসন্ধান
এনেবোৰ বহু কাৰ্য দেখি মনৰ আশংকা বোৰ আতৰাবলৈ আমি অসমৰ দুজন সৎ পৰিবেশকৰ্মীক লগত লৈ নিজাববীয়াকৈ ঘটনা স্থলি পৰিদৰ্শন কৰিছিলো। আমাৰ যৎসামান্য বৈদ্যুতিক অভিযান্ত্ৰিক জ্ঞানেৰে ঘটনাস্থলিত বজ্ৰপাতৰ ফলত হব পৰা সম্ভাব্য সংকেতসমূহ বিশ্লেষণ কৰিব চেষ্টা কৰিছিলোঁ। ১৪টা মৃতদেহ পাহাৰৰ ওপৰৰ ভাগত প্ৰায় ৪০০-৫০০ ফুট পৰিধিত বিস্তাৰিত হৈ আ...
ঘটনাস্থলিত বজ্ৰপাত হোৱাৰ কোনো প্ৰমান পোৱা নাছিলে
তথাপিও যদি তৰ্কৰ খাতিৰত ধৰি লওঁ যে উক্ত গছজোপাতেই বজ্ৰপাত পৰিছিল, গছজোপাত থকা চিহ্নৰ পৰা অনুধাৱন কৰিব পাৰি যে মাতিৰ পৰ খুব বেছি ৬ ফুট উচ্চতাত বজ্ৰপাত পৰিছিল আৰু ফলস্বৰূপে তাৰ পৰা উৎপন্ন হোৱা Side Flash তললৈ প্ৰৱাহিত হব, অৰ্থাৎ গছজোপাতকৈ কম উচ্চতাত থকা হাটী কেইটাহে আক্ৰান্ত হব। কিন্তু আমি দেখিছিলো যে সেই গছজোপাৰ অৱস্থিত...
টকলা পাহাৰ, শিলৰ কুৱেৰী আৰু নিমখৰ বস্তা
তাৰোপৰি আমি দেখিছিলো যে পাহাৰ টোত থকা হাজাৰ হাজাৰ চেগুন গছ কাটি পেলোৱা হৈছে আৰু চাৰিওফালে বহুত শিলৰ কুৱেৰী অৱস্থিত। আৰু আচৰিত ভাৱে আমি পাহাৰৰ ওপৰৰ ভাগত বহু নিমখৰ বস্তা দেখা পইছিলো। তাত নিমখৰ বস্তা থকাৰ কাৰণ কেইবাটাও হব পাৰে।
ক। নিমখ চতিয়াই যিকোনো জন্তু ওচৰলৈ আনিব পৰা যায়। কোনোবাই হাতীজাকটো নিমখৰ দ্বাৰা সেই ঠাইলৈ আকৰ্ষিত কৰিছিল নেকি?
খ। নিমখে মাটিৰ বৈদ্যুতিক পৰিবাহিতা বৃদ্ধি কৰে। কোনোবাই এই চক্ৰান্ত কৰা নাইতো?
গ। নিমখে মৃতদেহৰ পচন ত্বৰান্বিত কৰে। বন বিভাগে অথবা তদন্তকাৰী দলে কিয় এনে কাৰ্যত লিপ্ত হৈছিল?
যদিও আমি সন্দিহান আছিলোঁ, তথাপিও বিশ্বাস কৰিছিলো যে মৰণোত্তৰ পৰীক্ষাৰ বিশ্লেষণে বিষয়টোৰ ওপৰত কিছু হলেও আলোকপাত কৰিব।
এইবাবেই নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তকে আদি কৰি অসমৰ বিভিন্ন সংবেদনশীল ব্যক্তিয়ে বন বিহাগক এটা বহুমুখী বিশেষজ্ঞৰে গঠিত তদন্তকাৰী দল গঠন কৰিবলৈ অনুৰোধ জনাইছিল, যাতে সকলো দিশৰ পৰা ছাৰি জাৰি বিষয়টো অনুসন্ধান কৰি এই মৰ্মান্তিক ঘটনাটোৰ আঁৰৰ কাৰণবোৰ সঠিক ভাবে মূল্যৱান কৰিব পৰা যায়।কিন্তু বন বিভাগে তেওঁলোকৰ অনুগত দ...
৪। বনবিভাগৰ ঘোষণা আৰু অসমীয়া ৰাইজৰ প্ৰবল জনমত
১৪ মে তাৰিখে বন মন্ত্ৰী আৰু মুখ্য বন্যপ্ৰাণী সংৰক্ষকে সগৌৰৱেৰে ঘোষণা কৰিছিল যে তিনি দিনৰ ভিতৰতে প্ৰাথমিক আৰু চৈধ্য দিনৰ ভিতৰত বিতং অনুসন্ধানৰ প্ৰতিবেদন অসমৰ ৰাইজক দাখিল কৰিব। আমি কিন্তু পূৰ্বৰ অভিজ্ঞতাৰ পৰা জানিছিলো যে এইবোৰ আভূৱা ভৰা কথা আৰু ওপৰত উল্লেখ কৰা দুষ্টচক্ৰই গোটেই ঘটনাটো গাপ দিবলৈ অহৰহ চেষ্টা কৰি যাব। সেইবাব...
৫। অনুসন্ধানৰ প্ৰতিবেদন আৰু ধূৰ্তালি
৯০ পৃষ্ঠাযোৰা প্ৰতিবেদনখন সূক্ষ্ম ভাৱে পৰীক্ষা কৰি বুজিবলৈ বাকি নাথাকিল যে এই দস্তাবেজখন এখন মিছা আৰু প্ৰৱঞ্চনাৰ এক চূড়ান্ত নিদৰ্শণ। সত্য উন্মোচনৰ বিপৰীতে তাক ঢাকিবলৈ এই বন আৰু বন্য প্ৰাণী ধ্বংসকাৰী দলে যি নিৰ্লজ্জ কাৰ্য্যৰ অৱতাৰণা কৰিলে, তাৰে কিছু চানেকি পঢ়ুৱৈ ৰাইজৰ সমুখত দাঙি ধৰিছোঁ।
ক/ প্ৰতিবেদনত কোৱা হৈছে যে মৃৎ বন্যিহস্তীৰ জাকটোৰ ভিতৰত সবাটোকৈ ববয়সিয়াল হাতীজনিৰ বয়স ১০ বছৰ আৰু জাকটোত থকা একেবাৰে কম বয়সীয়া কেইটাৰ ভিতৰত দুটা এবছৰিয়া আৰু তিনিটা দুবছৰীয়া পুৱালি আছিল। হাতীৰ বিষয়ে যাৰ সামান্যতম জ্ঞান আছে সকলোৱেই জানে যে ১০ বছৰিয়া হাতী এজনী পাচটাকৈ পুৱালিৰ মাক হব নোৱাৰে। যিহেতুকে হাতী সাধাৰণতে ...
খ/ দ্বিতীয়তে কোৱা হল যে জাকটোৱে মৃত্যুবৰণ কৰা পাহাৰটোৰ সৰ্বোচ্চ উচ্চতা আছিল ৭৯০ ফুট। তেনেহলে তেওঁলোকে কেনেকৈ পাহাৰতকৈ অধিক উচ্চতাত সাতটা হাতী বিচাৰি পালে (একৰ পৰা ছয় নম্বৰ আৰু আঠ নম্বৰৰ হাতী কেইটা ৭৯১.৭ ৰ পৰা ৭৯৯.৯ ফুট উচ্চতাত পোৱা বুলি প্ৰতিবেদনত উল্লেখ আছে)? হাতী কেইটা মাজ আকাশত ওপঙি আছিল নেকি? এয়া যদি ধূৰ্তালি নহ...
গ/ তৃতীয়তে উল্লেখ কৰিছে যে তেওঁলোকে ১৪ মে তাৰিখে ১৪ টা হাতীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল। বাকি চাৰিটা হাতীৰ কি হল? এইবোৰ তদন্তৰ নামত ভেকোভাওনা নহয় যদি কি?
ঘ/ তেওঁলোকে প্ৰতিবেদনখনত এইটোও কৈছে যে হাতীজাকটোৱে যিটো পুখুৰীত পানী খাইছিলে, সেই পুখুৰীতোৰ পানী বিষাক্ত কৰা হৈছিল নেকি অনুসন্ধান কৰিবলৈ তেওঁলোকে পানীৰ নমুনা সংগ্ৰহ কৰিছিল, কিন্তু এই তথাকথিত পুখুৰীটোৰ অৱস্থানৰ বিষয়ে কোনো উল্লেখ নাই, কোনো ফটোগ্ৰাফিক প্ৰমাণ নাই, বা তাত থকা প্ৰত্যক্ষদৰ্শীৰ পৰা কোনো প্ৰতি-চিহ্ন নাই।
ঙ/ প্ৰতিবেদনখনৰ এটা আচৰিত দিশ হল যে তেওঁলোকে ঢাক-ঢুল বজোৱা বজ্ৰপাতৰ তত্বটোৰ প্ৰমান স্বৰূপে দাখিল কৰিলে নৰ্থ ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰৰ (NESAC)এখন স্বাক্ষৰ আৰু মোহৰ বিহীন দস্তাবেজ যত নাই কোনো বিজ্ঞানী বা বিষয়াৰ নাম বা চৰকাৰী যোগাযোগৰ কোনো প্ৰমাণ পত্ৰ। এই তথাকথিত প্ৰতিবেদনত, NESAC য়ে স্পষ্টকৈ কৈছে যে বজ্ৰপাতৰ অৱস্থা...
স্বাভাৱিকতেই মনলৈ অহা প্ৰথম প্ৰশ্নটোয়েই হব, তেওঁলোকে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ লগত কিয় যোগাযোগ নকৰিলে? তেওঁলোকে অসমীয়া মানুহক বুৰ্বক বুলি ভাৱিছে নেকি?
চ/ বন মাফিয়াৰ দলে আমাক বুজাব চেষ্টা কৰিলে যে পশু চিকিৎসকৰ এটা তদন্তকাৰী দল ইমান পাকৈত যে মৰণোত্তৰ পৰীক্ষা কৰিয়েই তেওঁলোকে বজ্ৰপাতৰ ফলত হাতীৰ জাকতোৰ মৃত্যু হোৱা বুলি গম পাই যাব। আমাৰ চকু কপালত উঠিল যেতিয়া পশু চিকিৎসকৰ দলতোয়ে বোলে ১৮ টা হাতীৰ সম্পূৰ্ণ ভাৱে মৰণোত্তৰ পৰীক্ষা কৰিবই নোৱাৰিলে, সেইবাবে দুটা মৃতদেহ আংশিক ভা...
ইয়াৰ উপৰিও আৰু বহুত এনে নাভূত-নাশ্ৰুত কথা এই চৰকাৰী দস্তাবেজখনত লিপিবদ্ধ কৰা আছে যিখিনি আমি পিছলৈ থলোঁ। এই ঘটনাৱলীৰ পৰা আমি স্পষ্ট যে হাতী কেইটাক হত্যা কৰা হ’ল৷ কিন্ত কাৰ স্বাৰ্থত? কাৰ স্বাৰ্থক সুৰক্ষিত কৰিবৰ বাবে বনবিভাগৰ এই ভূমিকা? আমি এতিয়া মৌন হৈ বহি থাকিম নে এই ন্যস্তস্বাৰ্থ চক্ৰক চিনাক্ত কৰি উচিত শাস্তিৰ বাবে জ...
* লেখক বৈদ্যুতিক অভিযন্তা আৰু প্ৰকৃতি সংৰক্ষক
Share this:
Twitter
Facebook
LinkedIn
WhatsApp
Pinterest
Print
Email
Like this:
Like Loading...
Tags: বন্যহস্তীৰ হত্যা
Admin
Related Posts
Special Report
When will we stop making Demigods out of normal people?
by Admin
December 6, 2022
0
When will we stop making Demigods out of normal people? KAKALI DAS Kings and peasants, landlord and labourer, boss and...
Read more
Our Food Habits and Biodiversity Conservation
December 5, 2022
LOOKING BACK: Indian Army’s Civilian Killings in Nagaland Again!
December 4, 2022
Is ‘Bahala Na’ The Reason Behind Filippino’s Happiness??