text stringlengths 0 188k |
|---|
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কলেজীয়া গাভৰু এজনী৷ পঢ়া-শুনাত অত্যন্ত চোকা৷ এখন নামজ্বলা কলেজত অধ্যয়নৰত৷ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যকলৈ সম্পূৰ্ণ সচেতন৷ সকলো ভবা ধৰণেই চলি আছিল৷ নিজৰ আৰু পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধতাৰো ক’ত... |
আজি ৰাতিপুৱা তাইৰ সৈতে কথা হ’ল৷ মাতষাৰ শুনিয়েই বুজি উঠিলোঁ যে তাই পাৰ্য্যমানে চেষ্টা কৰিছে হতাশা আৰু যন্ত্ৰণাক নিয়ন্ত্ৰণ কৰিবলৈ৷ মোৰো মনটো পোহৰ হৈ পৰিল৷ ভালেমান পৰ কথা পাতিলোঁ৷ শুনিলোঁ, বুজিলোঁ৷ দেখিলোঁ জীৱন সম্পৰ্কে ইমান সচেতন আৰু সকাৰত্মক দৃষ্টিভংগী থকা ছোৱালী এজনীও কিদৰে ভাঙি পৰিছে৷ বিধ্বস্ত আত্মবিশ্বাস আৰু আত্মগ্লা... |
তাই কি ভুল কৰিছিল-এইটো প্ৰশ্নৰ উত্তৰ বিচাৰি ভাগৰি পৰা ছোৱালীজনীক মই এষাৰ কথায়েই কৈছিলোঁ, “তুমি সেইটো সময়ত যিটো কৰিছিলা তাত একো ভুল নাছিল কাৰণ সকলো কথাৰে পূৰ্বানুমান লগাব কেতিয়াও নোৱাৰি৷ কিন্তু এতিয়া হৈ যোৱা কথাটোক ভুল মানি তুমি যদি নিজকে শাস্তি দিয়া, ভুলটো প্ৰকৃততে এতিয়াহে কৰিবা৷” |
প্ৰেম, বয়সৰ স্বাভাৱিক পৰিঘটনা৷ কিন্তু সকলো প্ৰেমৰ সম্পৰ্কয়ে বাঞ্চিত পৰিণতিৰ ফালে আগবঢ়াৰ কোনো নিশ্চয়তা নাথাকে৷ কোনো কোনোবা এই ক্ষেত্ৰত সৌভাগ্যৱান হয়৷ কিন্তু যিসকল প্ৰেমত বিফল হয় অথবা চূড়ান্ত বিশ্বাসঘাটকতাৰ বলি হয় তেওঁলোকৰ মনোদশা বুজিবলৈ সহজ নহয়৷ সমস্ত হৃদয়াবেগেৰে যাক বিশ্বাস কৰা হৈছিল তাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ প্ৰতি মুহ... |
বয়স আৰু অভিজ্ঞতাই দি যোৱা বোধৰ দ্বাৰা মই যথা সম্ভৱ ছোৱালীজনীক বুজালোঁ৷ জীৱনৰ প্ৰতি খুবেই practical দৃষ্টিভংগী ল’বলৈ বাৰে বাৰে সোঁৱৰাই দিলোঁ৷ যিয়ে আমাৰ অনুভূতিক সন্মান জনাবলৈ নাজানিলে তেওঁৰ বিশ্বাসহীনতাই আমাক দুখ দিব সঁচা৷ কিন্তু তেওঁৰ বাবে মহা মূল্যবান জীৱনটোক আমি অৱজ্ঞা কৰিম, ইমানো দূৰ্বল কিম্বা সস্তীয়াতো আমাৰ জীৱন নহ... |
প্ৰেম অন্ধ কিম্বা প্ৰেমান্ধ হৈ জীৱন জীয়াৰ সময় হয়তো আজিকালি উকলিছে৷ প্ৰতি খোজতে জীৱন সলনি হৈছে৷ মানুহ সলনি হৈছে৷ মন-মানসিকতা সলনি হৈছে৷ বিশ্বাস আৰু সৰলতা বাৰে বাৰে ভুলুণ্ঠিত হৈছে৷ ঠগ-প্ৰবঞ্চকে মুখাৰ আঁৰত চিকাৰৰ অপেক্ষাত সদায়ে আছে৷ কিমান ছোৱালীয়ে এনেকুৱা প্ৰতাৰকৰ জালত ভৰি দি জীৱনটো দূৰ্বিসহ কৰি তুলিছে৷ প্ৰেমৰ নামত আজিকাল... |
সঁচা প্ৰেম চিনিবলৈ কঠিন কিন্তু অসম্ভৱ নহয়৷ কাৰোবাক ভাল লগা আৰু প্ৰেমৰ মাজত পাৰ্থক্য আছে৷ প্ৰেম বুলি পতিয়ন যোৱাৰ আগতে, কাৰোবাৰ সৈতে ঘনিষ্ঠ হোৱাৰ আগতে চকু মেলি কথাবোৰ চিন্তা কৰা ভাল৷ সন্মুখৰ ব্যক্তিজন যিমানেই সৎ বা বিশ্বাসযোগ্য নহওক কিয়, আজিকালিৰ পৰিবেশ-পৰিস্থিতিয়ে কবলৈ বাধ্য কৰে যে কাকো ১০০% বিশ্বাসত লবলৈ নাপায়৷ অন্ততঃ ... |
সৰ্বশেষত ছোৱালীজনীক ইয়াকেই কলো-জীৱনত প্ৰেম আহিবই৷ প্ৰেম হওক কিন্তু প্ৰেমেই সৰ্বস্ব হৈ পৰক জীৱনৰ বাবে এইটো ভুল নকৰিবা৷ সকলোতে নিজৰ বাবে অলপ space ৰখা উচিত৷ প্ৰেম শেষ হ’ব পাৰে কিন্তু জীৱন শেষ নহয় তেতিয়ালৈকে যেতিয়ালৈকে জীৱনৰ আন আন দিশবোৰকো আমি সমানেই ভাল পাবলৈ শিকিম৷ |
সম্বন্ধৰ সংজ্ঞা কিম্বা অভিজ্ঞতা জীৱনৰ গতিত সলনি হৈ গৈ থাকে৷ আজি আমাৰ বাবে যি অপৰিহাৰ্য্য, যাৰ অবৰ্তমানত আমি বাচি থাকিবই নোৱাৰিম বুলি ভাবো সময়ত সেই সকলো কথাৰে স্থিতাৱস্থা বাহাল নাথাকে৷ |
শেষত তাইক কলো – আজি তুমি যিটো কথাৰ বাবে জীৱনটো শেষ কৰাৰ কথা ভাৱিছা, দহ বছৰৰ পাছত যেতিয়া উভতি চাবা তোমাৰ নিজৰেই হাঁহি উঠিব এই ভাবি যে ইমান সাধাৰণ কথা এটাতনো মই এনেদৰে ভাঙি পৰিব লাগিছিল নে? |
তাই অনুৰোধ কৰিছিল মোক এই কথাখিনি লিখিবলৈ৷ সেয়েহে লিখিলোঁ৷ তাই বিচাৰিছে এইকথাখিনি আনেও পঢ়ক৷ জানক, বুজক৷ |
← এজন সুখী মানুহৰ কাহিনী (মোৰ জীৱনৰ এটা সত্য অভিজ্ঞতা) – গাৰ্গী ভট্টাচাৰ্য |
চিকেন মণ্ডি: মানস জ্যোতি মিশ্ৰ → |
You May Also Like |
“বহু দুৰৈত জীৱন কলিতা”: এখন ব্যক্তিগত ৰচনা (দেবব্ৰত বৰা) |
November 16, 2015 0 |
‘বিস্ময়’ – মোৰ প্ৰিয় বন্ধু : মনীষ বড়ো |
December 17, 2017 0 |
স্পৰ্শ – গীতা দত্ত |
August 17, 2017 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ইতিমধ্যে অণুগল্পৰ বিষয়ে মোৰ ক্ষুদ্ৰ মস্তিস্কই বুজা কথাবোৰ লিখিছিলো ৷ কিন্ত যেতিয়ালৈকে এক মিনিটৰ গল্পক আলোচনালৈ অনা নহ’ব, তেতিয়ালৈকে অণুগল্পৰ বিষয়ে কৰা আলোচনা সম্পূৰ্ণ নহ’ব ৷ সেয়ে,... |
RelatedPosts |
The individual’s self-evaluation! |
November 29, 2022 |
Narcotic Rats: Are These Rats Emptying INDIA? |
November 29, 2022 |
ভাৰতৰ খাদ্য ডেলিভাৰী এপসমূহে শ্ৰমিকক কেনেদৰে শোষণ কৰিছে? |
November 29, 2022 |
এক মিনিট বুলি কৈ যিহেতু time factor টোকেই গুৰুত্ব দিয়া হৈছে, সেয়ে একেবাৰেই সৰল ভাষাৰে আৰু প্ৰাথমিক পৰ্যায়ত চাওঁ আহকচোন এটা মিনিট বা ৬০ চেকেণ্ডত আমাৰ শৰীৰটোৱেনো কি কি কৰে — |
এক মিনিট বা ৬০ চেকেণ্ডত আমাৰ শৰীৰত প্ৰায় ৬০ লাখ ৰাসায়নিক ক্ৰিয়া-বিক্ৰিয়া হয় ৷ আপোনাৰ হাৰ্ট বিট এক মিনিটত গড়ে ৬০ বাৰৰ পৰা ১০০ বাৰ হ’ব ৷ এই হাৰ্ট বিটৰ ফলতেই শৰীৰত ১.৩৩ ৱাটৰ সমান বৈদ্যুতিক আধান সৃষ্টি হয় ৷ তদুপৰি শৰীৰৰ পেশী সমুহৰ সন্ঞ্চালনে প্ৰায় ১০০ ৱাটৰ সমান বৈদ্যুতিক আধানৰ জন্ম দিয়ে ৷ যাৰ সহায়ত নিউৰণ সমূহে শৰ... |
মাত্ৰ এটা মিনিটত সাধাৰণভাৱে ভাল I.Q. ৰ মানুহে ৭২ টাৰ পৰা ১৫০ টা লৈকে শব্দ পঢ়ি ইয়াৰ অৰ্থ বুজে ৷ যি সকলৰ I.Q. যথেষ্ট বেছি বা খৰকৈ পঢ়াৰ বিভিন্ন কলা-কৌশল যত্ন কৰি আয়ত্ব কৰিছে, তেওঁলোকে এক মিনিটত সৰ্বাধিক ৪০০ টা পৰ্যন্ত শব্দ অৰ্থ বুজি পঢ়িব পাৰে ৷ |
আপুনি হয়তো ভাবিছে যে এক মিনিটৰ গল্পৰ কথা ক’বলৈ গৈ মানুহৰ শৰীৰ বিজ্ঞানৰ কথানো কিয় বখানিছো ৷ ইয়াৰ কাৰণ হ’ল, যিহেতু এক মিনিটৰ গল্প হ’ব লাগিব সেয়ে এক মিনিটত শৰীৰটোত যি ঘটে যাৰ উপযোগী কৈ গল্পটো হ’ব লাগিব ৷ |
এক মিনিটৰ গল্প আৰু অণু গল্প একে হয় নে ? ইয়াৰ উত্তৰত ক’ব পাৰি যে –(ক) সকলো অণু গল্প এক মিনিটৰ গল্পৰ পৰিসৰত পৰে কিন্ত (খ) সকলো এক মিনিটৰ গল্প অণু গল্প নহয় ৷ মানে ? ? এক মিনিটৰ গল্পৰ পৰিসৰ অণু গল্পতকৈ ডাঙৰ আৰু অণু গল্প এক মিনিটৰ গল্পবোৰৰ ভিতৰত পৰে ৷ এটা সহজ উদাহৰণেৰেহ চাওঁ আহকচোন >>> ধৰি লওঁক আপোনাৰ থকা ঘৰটোত এটা ড্ৰইং... |
এতিয়া আমি যে শৰীৰ বিজ্ঞানৰ দৃষ্টিৰে চাইছিলো এক মিনিটত শৰীৰটোৱে কিমান কি কৰিব পাৰে, গতিকে এক মিনিটৰ গল্পবোৰ সেই কথাবোৰৰ লগত খাপ খোৱা মানে এক মিনিট মানৰ ভিতৰত এজন average I.Q. থকা মানুহে কিমান খিনি পঢ়ি বুজি মনৰ মাজত গল্পটোৰ ছবি খন আঁকিব পাৰিব, গল্পটো থিক সিমান খিনিয়েই হ’ব লাগিব ৷ জৰুৰী নহয় যে এক মিনিটৰ গল্প এটাই অণু ... |
এক মিনিটৰ গল্প বুলি ক’লেও কিন্ত মই এতিয়ালৈ পঢ়া প্ৰায়বোৰ অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী ত লিখিত এক মিনিটৰ গল্প পঢ়োতে এক মিনিটতকৈ বেছি সময় লাগিছে ৷ কাৰণ average I.Q.ৰ এজন মানুহৰ ভাষাৰ ওপৰত দখল থাকিলেও মোটামুটি ভাৱে ৰস আস্বাদন কৰি গল্পটো পঢ়োতে কমেও তিনিৰ পৰা পাঁচ মিনিট লাগিবই ৷ আনহাতে ৭২ টাৰ পৰা ১৫০ টা শব্দৰ ভিতৰ... |
বহুতে দাড়ি কমা নিদিয়াকৈ এটা দীঘলীয়া শাৰীত গল্প লিখে ৷ ইয়াত অণু গল্পৰ বৈশিষ্ট্য নেথাকিবও পাৰে ৷ কিন্ত এই বিলাকো এক মিনিটৰ গল্প হয় ৷ |
যথেষ্ট ভাল I.Q. থকা মানুহে দীঘলীয়া লেখা এটাকো ওপৰৰ এশাৰী আৰু তলৰ এশাৰী পঢ়ি মাজৰ কথাখিনিৰ সাৰমৰ্ম কৈ দিব পাৰে ৷ তেওঁলোকৰ পঢ়াৰ speed and acccuracy দেখিলে তবধ মানিব লাগিব ৷ স্বামী বিবেকানন্দ এনে দক্ষতাৰ অধিকাৰী আছিল বুলি পঢ়িছো ৷ আনহাতে অসমৰ জীৱন্ত কিংবদন্তি মাননীয় হোমেন বৰগোহাঞি ছাৰো এনে দক্ষতাৰ অধিকাৰী ৷ আপুনি যদি ক... |
স্কুল কলেজ বিশ্ববিদ্যালয়ৰ ৱাল মেগাজিনত প্ৰকাশিত গল্পবোৰ আচলতে এক মিনিটৰ গল্পৰ উদাহৰণ হ’ব পাৰে ৷ মই কটন কলেজত হায়াৰ চেকেণ্ডেৰী পঢ়ি থকাৰ সময়ত অফ পিৰিয়ড বোৰত এই ৱাল মেগাজিনৰ গল্পবোৰ পঢ়ি ফুৰিছিলো ৷ আজি পাগুলিয়াই চাই ভাবি পাইছো যে ৱাল মেগাজিনৰ সেই গল্পবোৰ এক মিনিটৰ গল্পৰ উচিত উদাহৰণ ৷ আশী আৰু নব্বৈৰ দশকৰ কেতবোৰ অসমীয... |
“এক মিনিট ৰ’বা দেই”–বুলি আমি কাৰোবাক অকণমান সময় /কম পৰিমাণৰ সময় ৰ’বলৈ কওঁ ৷ ইয়াত ঘড়ী চাই ষাঠি চেকেণ্ড অপেক্ষা কৰা নুবুজায় ৷ থিক সেইদৰে এক মিনিটৰ গল্প কথাটোৱে ষাঠি চেকেণ্ডতে গল্প এটা পঢ়ি শেষ কৰিব পৰা হ’ব লাগিব বুলি নুবুজায় ৷ কম সময়ৰ ভিতৰত পঢ়িব পৰা হ’ব লাগিব সেই কথা বুজায় ৷ |
এক মিনিটৰ গল্প যিহেতু অণু গল্পৰ দৰে শাণিত আৰু তীব্ৰ হ’বই লাগিব বুলি কথা নাই সেয়ে ইয়াত সাধাৰণ বৰ্ণনা আশা কৰা হয় ৷ ভাষা যিমানেই সৰল হ’ব এটা এক মিনিটৰ গল্প সিমানেই উত্তম হ’ব ৷ কোনোবা এজন প্ৰসিদ্ধ অসমীয়া লেখকৰ এটা উক্তিত এই বুলি পাইছিলো যে গুৱা তামোলখন চোবাই পাগ তুলি খাব পৰালৈকে পঢ়িব পৰা গল্পটোৱেই এক মিনিটৰ গল্প ৷ মান... |
আপোনাকতো কৈছোৱেই যে মই সাহিত্যৰ ছাত্ৰী বা চমঝদাৰ পাঠিকা নাছিলো আৰু য’ত থাকো তাত অসমীয়া কিতাপ পত্ৰ নেপায় ৷ কিন্তু এইটো কথা হয় যে আপুনিও এক মিনিটৰ গল্পৰ বিষয়ে আগ্ৰহী আৰু কিবা অলপ হ’লেও জানে ৷ নহ’লেনো শেষলৈকে লেখাটো কিয় পঢ়িব ? মই ইমান সময় কথা কৈয়েই থাকিলো, এইবাৰ কমেণ্ট বক্সত আপুনিও আপোনাৰ ফালৰ পৰা এক মিনিটৰ গল্পৰ ... |
টেইল পিচ —-পৃথিৱীখনে বোলে নিজৰ কক্ষ পথেৰে এক মিনিটত এহেজাৰ আঠশ (১৮০০) কিলোমিটাৰ গতি কৰে ৷ আপুনি মই এক মিনিটৰ গল্পৰ কথা পাতি থাকোতে কিমান দুৰ বা গতি কৰিলো ?? |
Share this: |
Twitter |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.