text stringlengths 0 188k |
|---|
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int... |
সংগঠনটোৱে এইবাৰ পোন প্ৰথমবাৰৰ বাবে এই বঁটা আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিল । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্যকাৰ্যবাহী ডা: শৰৎ চন্দ্ৰ ৰাভাৰ বকোৰ বাসগৃহত শিল্পীগৰাকীক বীৰ সন্দে ডাকুৱা বঁটাৰে সন্মানিত কৰে । |
এই বঁটাত আছে এখন ৰাভা পাজাৰ, এখন অভিনন্দন পত্ৰ, এটা স্মাৰক আৰু নগদ দহ হাজাৰ টকা। বঁটাৰ লগত থকা নগদধন আগবঢ়াইছে বিশিষ্ট চিকিৎসক ডা৹ সুৰেশ চন্দ্ৰ ৰাভাই । বঁটাপ্ৰাপ্ত শিল্পী উত্তম ৰাভাই যোৱা ৩০ বছৰ ধৰি যাত্ৰা নাট্যদলত কণ্ঠশিল্পী হিচাপে সেৱা আগবঢ়াইছে । |
১০ বিধৰো অধিক বাদ্যযন্ত্ৰ সঙ্গত কৰাত পাৰদৰ্শী বকোৰ আৰ্থিকভাবে অতি দুৰ্বল ৬৫ বছৰীয়া শিল্পী উত্তম ৰাভাই আজিলৈ চৰকাৰী স্বীকৃতি লাভ কৰা নাই । উল্লেখযোগ্য যে মান আৰু ইংৰাজৰ বিৰুদ্ধে যুঁজ দি মাতৃভূমিক ৰক্ষা কৰিবলৈ বীৰদৰ্পে দক্ষিণপাৰত ৰাভা, গাৰো আৰু খাছীয়া বিদ্ৰোহৰ সূচনা কৰা বীৰ সন্দে ডাকুৱা ইতিহাসত অপেক্ষিত হৈ আছে ।<eot>হো... |
হোজাই জিলাৰ ডবকা চহৰত দিন দুপৰতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ডবকাৰ এটা চি এছ পি’ৰ পৰা টকা উঠাই ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই এগৰাকী ৭০ বছৰীয়া বৃদ্ধৰ হাতৰ পৰা কাঢ়ি লৈ যায় ৬ হাজাৰ টকাৰ ধনৰ টোপোলা। দুৰ্বৃত্তই নিজকে পঞ্চায়ত সচিব হিচাপে পৰিচয় দি অতি কৌশলৰে বৃদ্ধ গৰাকীৰ পৰা লুটি লৈ যায় ৬ হাজাৰ টকা। দৰিদ্ৰ অসহায় বৃদ্ধ গ... |
বৃদ্ধ গৰাকী ডবকাৰ চাংমাজিৰ ৬ নং ওৱাৰ্ডৰ আব্দুল লটিভ বুলি জানিব পৰা গৈছে। ডবকা চহৰৰ মাজ মজিয়াত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা এই চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃদ্ধ গৰাকীয়ে কান্দি কান্দি সহায় বিচাৰি থকা দৃশ্যই সকলোকে আবেগিক কৰি তোলে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা |
December 1, 2022 4 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত |
Read More... |
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি |
December 1, 2022 17 0 CommentsBy: Sangbad 365 |
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও |
Read More... |
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা |
November 30, 2022 9 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>বিহাৰৰ বৈশালী জিলাৰ এখন স্বাস্থ্যকেন্দ্ৰত আলট্ৰাচাউণ্ডৰ মেচিনটোত মকৰাই জাল বান্ধিছে, কৰ্মচাৰীসকলে ধন দাবী কৰে, আৰু এটা পৰিয়ালক তেওঁলোকৰ গৰ্ভস্থ শিশুটি মৃত বুলি ক’লে – যাৰ ফলত তেওঁলোকে এখ... |
Jigyasa Mishra |
Illustration : Priyanka Borar |
Editor : P. Sainath |
Series Editor : Sharmila Joshi |
Translator : Bonya Baruah |
Language |
Assamese |
English |
Marathi |
Hindi |
Urdu |
Odia |
Malayalam |
Gujarati |
Bengali |
Telugu |
Tamil |
Punjabi |
Kannada |
Assamese |
Chhattisgarhi |
Read the story in pictures |
Share |
Print this story |
Vaishali , Bihar |
See more from this region |
“তেওঁলোকে কৈছিল যে আমাৰ সন্তানটি মৃত। আমি বৰ ভয় খাইছিলো। তেতিয়া তেওঁলোকে আমাক ইচ্ছা অনুসৰি ক’ৰবালৈ যাবলৈ ক’লে। তেতিয়া মই মোৰ বোৱাৰীক লৈ চহৰৰ প্ৰাইভেট ডাক্তৰ এজনৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লো,” বিহাৰৰ বৈশালী জিলাৰ সদৰস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (স্বাস্থ্যকেন্দ্ৰ)ত তেওঁ আৰু তেওঁৰ বোৱাৰীয়ে চিকিৎসা গ্ৰহণ কৰাৰ কথা মনত পে... |
এদিনীয়া নাতিনীজনীক প্ৰতিষেধক দিয়াবলৈ এই ৬২ বছৰীয়া কৃষিশ্ৰমিক গৰাকীয়ে পুৱা ১০ বজাত স্বাস্থ্যকেন্দ্ৰত শাৰী পাতি থাকোতে নাতিনীজনীক তেওঁৰ বাহুৰ মাজত লৈ আছিল। |
তেওঁৰ ২৮ বছৰীয়া বোৱাৰীৰ যেতিয়া প্ৰসৱ বেদনা আৰম্ভ হৈছিল, সুখিয়াই তেওঁক বৈশালীৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ গৈছিল। তাতে এজনে তেওঁলোকক কৈছিল যে কেঁচুৱাটি মৃত। আতংকিত হৈ তেওঁ আৰু কুসুমে প্ৰায় ১৫ কিল’মিটাৰ দূৰৰ গাঁও (তেওঁলোকৰ অনুৰোধ মৰ্মে নাম দিয়া হোৱা নাই) এখনত থকা তেওঁলোকৰ ঘৰলৈ এখন অটোৰিক্সা লৈ উভতি আহিল। সুখিয়াই কয়, “আমি ঘৰলৈ ... |
তেওঁলোকে ডাক্তৰৰ ওচৰলৈ গৈ থকাৰ বাটতে ‘গৰ্ভতে মৃত’ শিশুটি গাড়ীখনত জীৱন্ত হৈ উঠিল। |
“গাড়ীখনতে তাইৰ চকু মেলিছিল। এয়া ভালদৰেই হৈ গৈছিল,” সুখিয়াই কয়। তেওঁলোকে শাড়ী এখন পাৰি লৈছিল, স্থানীয় ঔষধালয়খনৰ গৰাকীয়ে (যি তেওঁলোকক সহায় কৰিছিল) গাড়ীখনত অলপ পানী ৰাখি থৈ গৈছিল। “কিন্তু এই সকলোবোৰত যথেষ্ট সময় লৈছিল...” সুখিয়াই কয়। |
আৰু পইচাও খৰচ হৈছিল। একেবাৰে কম দূৰত্ব স্বত্বেও, গাড়ীখনৰ গৰাকীয়ে যাত্ৰাটোৰ বাবে পৰিয়ালটোৰ পৰা ৩০০০ টকা আৰু গাড়ীখন পৰিষ্কাৰ কৰিবলৈ কাৰোবাৰ সহায় ল’বৰ বাবেও ১০০০ টকা লৈছিল। |
PHOTO • Jigyasa Mishra |
PHOTO • Jigyasa Mishra |
সুখিয়াই কেঁচুৱাটিৰ জন্মৰ প্ৰমাণপত্ৰৰ বাবে স্বাস্থ্যকেন্দ্ৰটোলৈ যাবলগীয়া হৈছিলঃ ‘তেওঁলোকে কৈছিল যে পইচা নিদিলে তেওঁলোকে কাগজ-পত্ৰৰ কাম নকৰে’ |
কিন্তু স্বাস্থ্যকেন্দ্ৰটোত প্ৰকৃততে কি ঘটিছিল? আমি নিজাববীয়াকৈ কেন্দ্ৰটোলৈ গৈ গম পালো যে তাত থকা আলট্ৰাচাউণ্ড বা অন্য মেচিনবোৰে কাম কৰা নাছিল। গতিকে কিহৰ ভিত্তিত তেওঁলোকে কেঁচুৱাটি গৰ্ভতে মৃত বুলি কৈছিল? এইটো এটা প্ৰমাণবিহীন ঘোষণাৰ দৰে আছিল। |
“যেতিয়া আমি হস্পিতাল (স্বাস্থ্যকেন্দ্ৰ) গৈ পাইছিলোঁ, তেতিয়া ৰাতি বহু পলম হৈছিল। তেওঁলোকে তাইক প্ৰসৱ (লেবাৰ) কোঠালৈ লৈ গৈছিল আৰু পাঁচ মিনিটৰ ভিতৰতে, তেওঁলোকৰ মাজৰ এজনে উভতি আহি মোক কৈছিল যে এইটো বৰ জটিল কে’ছ। আমি এখন ব্যক্তিগত হস্পিতাললৈ যোৱাই ভাল হ’ব, তেওঁ কৈছিল। তেনেকুৱাতে সম্ভৱতঃ এগৰাকী ধাই (প্ৰসৱ পৰিচাৰিকা) ওলাই আহি... |
সুখিয়াই কেতিয়াও ভবা নাছিল যে কেৱল গাড়ী এখন ভাৰা কৰোঁতেই (আৰু এইখন চাফা কৰোঁতে) তেওঁৰ ৪০০০ টকা খৰচ হ’ব। তেওঁ কয়, “গাড়ীখন ভাৰা কৰাৰ পাছতে আমি ডাক্তৰৰ ওচৰলৈ যাবলৈ আমাৰ গাঁৱৰ ওচৰতে থকা এখন ঔষধালয়ৰ গৰাকীজনক লগত লৈ গৈছিলো। তেওঁ কুসুমক ‘এটা বটল’ (এটা ইনজেকশ্যন আৰু ড্ৰিপ) লগাই দিছিল আৰু তাই সেই সময়তে গাড়ীৰ ভিতৰতে প্ৰসৱ কৰিছ... |
ঠিক পিছদিনাই মই সুখিয়াক পিএইচিখনত লগ পাইছিলোঁ। তেওঁ তালৈ কেঁচুৱাটিক প্ৰতিষেধক দিয়াবলৈ আৰু তাইৰ কাৰণে জন্মৰ প্ৰমাণপত্ৰ ল’বলৈ আহিছিল। “তাত মানুহবোৰে কৈছিল যে পইচা নাপালে তেওঁলোকে জন্মৰ কাগজপত্ৰ তৈয়াৰ নকৰে,” তেওঁ কয়। |
অৰ্থাৎ, স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীসকলে আগদিনা গৰ্ভত মৃত বুলি ঘোষণা কৰা এটি শিশুৰ জন্মৰ প্ৰমাণপত্ৰ ইছ্যু কৰিবলৈ ধন দাবী কৰিছিল। |
PHOTO • Priyanka Borar |
‘তেওঁলোকে তাইক প্ৰসৱ কোঠালৈ লৈ গৈছিল আৰু পাঁচ মিনিটৰ ভিতৰতে, তেওঁলোকৰ মাজৰ এজনে উভতি আহি মোক কৈছিল যে এইটো বৰ জটিল কে’ছ। আমি প্ৰাইভেট হস্পিতাল এখনলৈ যোৱা ভাল হ’ব, তাই কৈছিল’ |
“প্ৰত্যেকেই তেওঁলোকৰ ইচ্ছামতে পইচা দাবী কৰে। মই এজনক ১০০ টকা দিছিলোঁ, তাৰপাছত অন্য এজনক আকৌ কাগজ-পত্ৰ (জন্মৰ প্ৰমাণপত্ৰ) তৈয়াৰ কৰিবলৈ ৩০০ টকা দিছিলো। আকৌ অন্য এগৰাকী মহিলাক মই ৩৫০ টকা দিবলগীয়া হৈছিল,” তেওঁ কয়। “এই ৰঙা শাড়ী পিন্ধি থকা ছিষ্টাৰ গৰাকীয়ে মোৰ পৰা আগতেও ৫০০ টকা বিচাৰিছিল আৰু কৈছিল যে পইচা নিদিলে মই কাগজ-পত্ৰ... |
“চাওক, এই কাগজ-পত্ৰবোৰৰ বিষয়ে মই বিশেষ একো নাজানো। মোৰ তিনিটা সন্তান আছে, কিন্তু সিহঁতৰ এটাৰ কাৰণেও মই এয়া বনাবলৈ দিয়া নাছিলোঁ। কিন্তু এতিয়া সিহঁতে মোক কৈছে যে এইখন অতি দৰকাৰী,” সুখিয়াই কয়। |
“মোৰ দুটা ল’ৰা আৰু এজনী ছোৱালী আছে। ডাঙৰ ল’ৰাটো এই কেঁচুৱাটিৰ দেউতাক। মোৰ সৰু ল’ৰাটোৰ বিয়াও ঠিক হৈ আছে আৰু মোৰ ছোৱালীজনী আটাইতকৈ সৰু। তাইৰ বিয়া হোৱা নাই আৰু তাই মোৰ লগতে থাকে। ইহঁত বহুত সৰু হৈ থাকোঁতেই দেউতাকৰ (এগৰাকী কৃষি শ্ৰমিক) মৃত্যু হৈছিল।” সুখিয়াই তেওঁৰ স্বামীৰ মৃত্যুৰ সময়ত ল’ৰা-ছোৱালীকেইটা কিমান সৰু হৈ আছিল মোক ... |
“মই মোৰ সন্তানকেইটিক ডাঙৰ-দীঘল কৰিবলৈ বহু বছৰ ধৰি আনৰ খেতি পথাৰত কাম কৰিছিলোঁ,” সুখিয়াই কয়। এতিয়া তেওঁৰ ল’ৰা দুটাই ঘৰলৈ পইচা পঠিয়ায়, আৰু তেওঁ নিজৰ ছোৱালীজনী, দুটা নাতি-নাতিনী (নৱজাত শিশুটিকে ধৰি)আৰু সিহঁতৰ মাক কুসুমক চোৱা-চিতা কৰে। |
“মোৰ দুয়োটা ল’ৰাই ‘কোম্পানী’ত প্ৰাইভেট ঠিকাদাৰৰ বাবে কাম কৰে,” তেওঁ কয়। “সৰুটো ল’ৰা মুম্বাইত থাকে আৰু সি ইলেক্ট্ৰিচিটীৰ ব’ৰ্ড বনায়। আৰু এই কেঁচুৱাটিৰ দেউতাকে (৩৪ বছৰীয়া) পাঞ্জাৱত ঘৰৰ ভিতৰৰ অংশৰ বাবে প্লাষ্টাৰ অৱ পেৰিছৰ কাৰিকৰ হিচাপে কাম কৰে। লকডাউনৰ সময়ত মোৰ এটাও ল’ৰা ঘৰলৈ আহিব নোৱাৰিলে,” সুখিয়াৰ মাতটো গধুৰ হৈ আহিল। তে... |
PHOTO • Jigyasa Mishra |
PHOTO • Jigyasa Mishra |
কুসুম আৰু প্ৰতিষেধক প্ৰদানৰ কোঠালৈ লৈ যোৱা নাতিনীৰ বাবে অপেক্ষা কৰি থকা সুখিয়া (তেওঁ নিজে গোধৰোগত ভূগি আছে) |
“পাঁচবছৰৰ আগতে মই মোৰ ডাঙৰ ল’ৰাটোৰ বিয়া পাতিছিলোঁ। এইটো সিহঁতৰ দ্বিতীয় সন্তান। মোৰ ডাঙৰ নাতিটোৰ এতিয়া চাৰে তিনিবছৰ হৈছে,” সেই একেখন স্বাস্থ্যকেন্দ্ৰতে জন্ম হোৱা কুসুমৰ প্ৰথমটো সন্তান প্ৰভাতৰ কথা উল্লেখ কৰি তেওঁ কয়। কুসুমক প্ৰসৱোত্তৰ যতন কোঠাটোত পেলাই থোৱাৰ সময়ত সুখিয়াই স্বাস্থ্যকেন্দ্ৰটোৰ চৌহদতে থিয় হৈ আছিল। কুসুমৰ বাও... |
গৰ্ভাৱস্থাৰ শেষৰ মাহটোত, কুসুমে স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীসকলৰ উপদেশ মানি আলট্ৰাছাউণ্ড পৰীক্ষা কৰাবলৈ এখন প্ৰাইভেট হস্পিতাললৈ গৈছিল। কিন্তু “পাছত যেতিয়া আমি ইয়ালৈ সন্তান প্ৰসৱৰ বাবে আহিছিলো, তেওঁলোকে ইমান ডাঙৰ সমস্যাৰ সৃষ্টি কৰি আমাক পঠিয়াই দিছিল,” সুখিয়াই কয়। আমাৰ কথোপকথনৰ মাজৰ কোনো সময়তে ভয় আৰু মানসিক উত্তেজনা প্ৰশ... |
গোধৰোগত ভূগি থকা (তেওঁৰ এখন ভৰি ফুলি আনখনৰ প্ৰায় দুগুণ আকাৰ লৈছিল) সুখিয়াই কয়ঃ “এইখন এনেকুৱাই হৈ থাকে। বহুসময় থিয় হৈ থকাটো মোৰ বাবে বৰ কঠিন। মই বেছি খোজকাঢ়িবও নোৱাৰো। ঔষধ খাই থকালৈকেহে বিষটো নাছিল। এই ভৰিৰেই মই সকলো কৰিবলগীয়া হয়। এতিয়া মই ইয়াত আছো, মই আচলতে নিজৰ কাৰণেও ঔষধ পাব লাগে। মই ইয়াৰ পৰা আঁতৰি থাকিব লগা হৈছে।” |
ডাঙৰ নাতিটোক বাহুৰ মাজত লৈ তেওঁ স্বাস্থ্যকেন্দ্ৰটোৰ দৱা বিতৰণ কেন্দ্ৰ (ঔষধ বিতৰণ কেন্দ্ৰ)ৰ ফালে দুপিয়াই দুপিয়াই আগবাঢ়ে। |
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ। |
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি ? তেন্তে অনুগ্ৰহ কৰি Cc- ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected] |
জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই। |
অনুবাদ: বন্যা বৰুৱা |
Jigyasa Mishra |
Share |
Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh. |
Other stories by Jigyasa Mishra |
Illustration : Priyanka Borar |
http://priyankaborar.com/ |
Share |
Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper. |
Other stories by Priyanka Borar |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.