title stringlengths 13 148 | header stringlengths 0 3.13k | footer stringlengths 0 2.16k | body stringlengths 0 46k | quality stringclasses 2
values | url stringlengths 58 1.01k |

পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১ |
{{overfloat image
| image = [[File:AMAR CHINAKI TASADDUK (page 1 crop).jpg|center|350px]]
| width = 350
| item1 =
{{Xxxx-larger|'''আমাৰ চিনাকি'''}}

| x1 = 0
| y1 = 20
| item2 =
{{Xxxx-larger|'''তচদ... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২ | {{Block center|{{Dhr|10em}}
{{Right|{{larger|'''''আমাৰ চিনাকি তচদ্দুক'''''}}}}
{{Dhr|10em}}
{{right|বিস্ময় প্ৰকাশন}}
{{right|{{smaller|হেদায়েৎপুৰ : গুৱাহাটী : ৭৮১০০৩}}}}
{{Dhr|1em}}}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩ | {{Block center|{{dhr|6em}}
<poem>{{larger|'''‘আমাৰ চিনাকি তচদ্দুক’'''}}
তচদ্দুক ইউছুফৰ বিয়োগত
তেখেতৰ ঘনিষ্ঠ ব্যক্তি কেইগৰাকীমানৰ
শ্ৰদ্ধাজ্ঞাপক লিখনিৰ সংকলন
সম্পাদক : উৎপল দত্ত
প্ৰকাশক : বিস্ময় প্ৰকাশন
হেদায়েৎপুৰ, গুৱাহাটী, ৭৮১০০৩
প্ৰচ্ছদপট: বেণু মিশ্ৰ
প্ৰচ্ছদপটৰ আলোকচিত্ৰ : উৎপল দত্ত
প্ৰথম প্ৰকাশ: নবেম্বৰ’ ৮২
মুদ্ৰক... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪ | {{dhr|10em}}
{{Block center|{{Right|'''এখেতসকলে সুঁৱৰিছে'''}}
{{dhr|1em}}
{{Right|॥ [[আমাৰ চিনাকি তচদ্দুক/এটি সোঁৱৰণ এটুপি চকুলো|বিবেকানন্দ ভট্টাচাৰ্য্য]] ॥ [[আমাৰ চিনাকি তচদ্দুক/হৃদয়ত লিখি থোৱা এটি নাম|বাদল দাস]] ॥ [[আমাৰ চিনাকি তচদ্দুক/এজন মহান অভিনেতাৰ মৃত্যুৰ বাতৰিৰে|প্ৰণব বৰুৱা]] ॥}}
{{Right|॥ [[আমাৰ চিনাকি তচদ্দ... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫ | {{dhr}}
{{larger|'''প্ৰচ্ছদৰ আলোকচিত্ৰৰ কথাৰে……'''}}
{{dhr}}
কেইবছৰমানৰ আগৰ কথা।
তচদ্দুক ইউছুফৰ ফটো কেইখনমান তুলিছিলোঁ।
তাৰে একোটিকৈ কপি তেখেতক দিওঁ বুলি গৈ
থাকোঁতে বাটতে পালোঁ প্ৰবীণ সংগীতজ্ঞ শ্ৰীযুত
বিবেকানন্দ ভট্টাচাৰ্য্যদেৱক। শ্ৰীযুত ভট্টাচাৰ্য্য বাপুদা
মানে তচদ্দুক ইউছুফৰ ভাল বন্ধু। তেখেতে ফটোকেইখন
চালে। এই কিতাপ... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬ | I am not what I am.
ছেক্সপিয়েৰৰ অত্যন্ত নিষ্ঠুৰ অথচ বাহিৰত অতি
ভদ্ৰ মানুহ হিচাপে থকা ইয়াগো চৰিত্ৰটিয়ে এই
{{SIC|সংলাটি|সংলাপটি}} যিটো অৰ্থত কৈছিল— কোৱা বাহুল্য বাপুদাৰ
ক্ষেত্ৰত এই সংলাপটিৰ অৰ্থ আছিল সম্পূৰ্ণ বিপৰীত
মেৰুৰ। অথচ দুয়োজন মানুহৰ মাজত কি
এক ‘বৈসাদৃশ্যৰ মাজৰ সাদৃশ্য’!
<poem>সোণালীখিনি মচি নিদিবা,
বুকুজুৰি... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭ | সামান্য পুথিখন। বাপুদাৰ জীৱন, হৃদয় আৰু প্ৰতিভাৰ
এটি সাধাৰণ ধাৰণা আংশিকভাৱে হলেও এই
পুথিখনে দিব পাৰিলেই আমাৰ আটাইৰে শ্ৰম
সাৰ্থক হোৱা বুলি আমি ভাবিম।
তিনিটা প্ৰৱন্ধ সংগ্ৰহৰ ক্ষেত্ৰত সহায় কৰি দিয়া
বাবে হেমন্তকুমাৰ দাস, কুমাৰ ৰাঘবেন্দ্ৰনাৰায়ণ
দেৱ আৰু ব্ৰহ্মপুত্ৰ নিউজ এণ্ড ফিচাৰছ্ ছাৰ্ভিছৰ
ওচৰত আমি কৃতজ্ঞ। ‘মানুহৰ জীৱন... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮ | {{Dhr|5em}}
{{Block center|<poem>{{larger|ৰূপালী ৰং চুলিত লাগিছে
বেয়া নেদেখি লাগক;
সোণালীখিনি মচি নিদিবা
বুকুজুৰি বৈ থাকক।}}
{{Right|— হীৰেন ভট্টাচাৰ্য্য}}</poem>}}
{{Dhr|5em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৯ | {{dhr}}
{{larger|'''এটি সোঁৱৰণ এটুপি চকুলো'''}}

শ্ৰীবিবেকানন্দ ভট্টাচাৰ্য্য
{{dhr}}
কিছু পোৱা আৰু বহুতো নোপোৱাৰ সমষ্টিয়েই
জীৱন। বহুতো নোপোৱাৰ মাজতে শিল্পীয়ে পোৱাখিনিৰেই
সুন্দৰৰ আৰধনা কৰি জীৱন মধুময় কৰিবলৈ
প্ৰয়াস কৰে। আমাৰ মাজৰপৰা অভাৱনীয়
ভাবে হঠাতে আঁতৰি যোৱা শিল্পী বন্ধু
তচদ্দুক ইউছুফৰ শিল্পী জীৱনৰ এই শেষৰ স... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১০ |

১০ | in the ocean of life's storm. Sometimes
I feel like going away.
ইউছুফৰ ঘৰত এমিয়ে এই কথাষাৰ কৈ কৈ চকুলো
টুকিছিল।
ইউছুফৰ পুৰণি ডায়েৰিৰ পাতত কেইটিমান কবিতাৰ
অংশ দেখা পাই টুকি আনিলোঁ। উদাস মনৰ
উদাস ভাববোৰে ইউছুফৰ চিনাকি মুখখনৰ প্ৰতিটো
অংগিভংগৰে মোৰ চকুৰ আগত ধৰা দিয়েহি।
{{Block center|<poem>“তোমাকে হাৰাতে পাৰি
{{gap|6... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১১ |

{{Right|১১}} | আকউ এঠাইত লেখা আছে—
{{Block center|<poem>‘তোমাৰ চোখেৰ পানে তাকিয়ে
{{gap|2em}}আজ আমাৰ মনে হচ্ছে তুমিই
{{gap|4em}}আমাৰ মাৰ্বেলে তৈৰী সমাধি স্তম্ভ।
তোমাৰ চোখে লেখা আছে আমাৰ শেষ কবিতা”।</poem>}}
আন এঠাইত হিন্দী ছিনেমাৰ এটা বিখ্যাত গানৰ
কলি “চলো একবাৰ ফিৰচে অজনবী বনজায়ে
হম দোনো।”
ইউছুফৰ ডায়েৰিৰ পাতত লেখা এই কথাখিনিয়ে... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১২ |

১২ | জুই লৈ অকণমানি নাজনীনে পিতাৰ কথা সুৱঁৰি
সুৱঁৰি পৃথিবীৰ মায়া ত্যাগ কৰি— পৰম পিতাৰ
ওচৰলৈ গুচি গৈছিল। সেইদিনা আছিল ২
জুলাই, ১৯৫৯।
তচদ্দুকে কৈছিল, “বাবাৰ কথা ভাবি ভাবিয়েই
তাই গুচি গ’ল— বুজিছা।” তেওঁৰ চকুলৈ মই
চাব পৰা নাছিলোঁ।
তচদ্দুকৰ ২ জন ভাই। এজন দিলু, আনজন
আচাদ। তচদ্দুকৰ মাতৃৰপৰা জানিলোঁ, যে
এইবাৰ ঘৰলৈ আহি তেওঁ প্ৰা... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৩ | ছাত্ৰ। পিছৰ জীৱনত অসমীয়া মঞ্চ, অনাতাঁৰ
আৰু চলচিত্ৰ জগতলৈ আহি ইউছুফে দৰ্শকৰ
প্ৰশংসা অৰ্জন কৰি গ’ল। নগাঁৱত শাস্ত্ৰীয় সংগীতৰ
অনুষ্ঠান বিলাকত ইউছুফক সদায়েই, সমঝদাৰ
শ্ৰোতা হিচাবে পাইছিলোঁ। তেওঁ আমাক সকলো
প্ৰকাৰে দিহা পৰামৰ্শ আদি দি, অনুষ্ঠানৰ প্ৰাৰম্ভিক
ঘোষণাৰ কামখিনিও নিজে কৰি দি শ্ৰোতা আৰু
শিল্পী সকলোৰে প্ৰশংসা অৰ্জন ক... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৪ | {{dhr}}
{{larger|'''হৃদয়ত লিখি থোৱা এটি নাম'''}}

বাদল দাস
{{dhr}}
১৯৪৩ চনৰ গুৱাহাটী। চেনীকুঠী এল. পি স্কুল।
তেতিয়া স্কুলঘৰটো ঠিক এতিয়াৰ ঠাইত নাছিল।
এতিয়া স্কুল মানিকচন্দ্ৰ ৰোডৰ দাঁতিত, কামৰূপ
একাডেমিৰ গাতে লগা। কিন্তু তেতিয়া
কমলাকান্ত ভট্টাচাৰ্য্য গলিটো পশ্চিমমূৰে যি ঠাইত
মাণিকচন্দ্ৰ বৰুৱা পথত লগ লাগি তিনি আল... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৫ |

{{Right|১৫}} | {{hwe|খনেই|দিনাখনেই}} আগবেঞ্চত মোৰ কাষতে বহিব দিলে।
বহিল। নামটো ক’বলৈ দিয়াত তপৰাই কলে—
“তচদ্দুক ইউছুফ”। আদিত্য ছাৰৰ পিছৰ হুকুমটো
হ’ল— “ব’ৰ্ডলৈ আহা আৰু বনানটো লিখা।”
সম্ভবতঃ ছাৰে নামৰ বানানটো কি লিখিব ধৰিব
পৰা নাছিল। সিদিনা ল’ৰাজনে ব’ৰ্ডত লিখা
নামটো ছাৰৰ হাজিৰা বহীত নিৰ্ভুলভাবে উঠিল।
আৰু প্ৰায় লগে লগেই নামটো আমাৰ শ্ৰে... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৬ |

১৬ | {{hwe|নীয়াৰ|সমনীয়াৰ}} মাজত ‘তচদ্দুক’ ‘দাদা’ হৈ থাকিল।
আনহাতে আকৌ তেতিয়া মোৰ দৰে কৃশকায় ল’ৰাৰ
প্ৰতি ‘বাপু’ৰ আছিল অপৰিসীম কৰুণা, গভীৰ
সহানুভূতি। ফলত কোনো বাদবিসম্বাদতে আমাৰ
ওপৰত কোনোৱে জুলুম কৰিবলৈ সাহ কৰা নাছিল।
একমাত্ৰ ‘দলপতি’ৰ কৰুণাৰ বাবে। আজিও কথাষাৰ
যেতিয়া চিন্তা কৰোঁ− তেতিয়াই মনলৈ প্ৰশ্ন
আহে− দুৰ্বলৰ প্ৰতি এই... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৭ |

{{Right|১৭}} | কাম কৰে। নগেন ছাৰৰ উপাধি আছিল শৰ্মা।
তাতে আকৌ ‘বাও’ নথকা চিলেঠ দেখিলে ‘টিপটপ’
ছাৰ খঙত আৰু ‘অগ্নিশৰ্মা’ হয়। এনেতে এদিন
শ্ৰুতলিপি লিখাৰ সময়ত এইজন শৰ্মাৰ হাতত পৰিলোঁ
ধৰা! নগেন ছাৰে আবিষ্কাৰ কৰিলে— মোৰ
চিলঠখন টিনৰ যদিও ‘বাও’ নাই। ছাৰ খঙত
টিঙিৰিতুলা হ’ল। কিয় জানো মোৰ ওপৰত দৈহিক
শাস্তি নহ’ল যদিও হ’লগৈ চিলঠখনৰ ওপৰত।
খঙতে দ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৮ |

১৮ | বাদলৰ সাধ্যৰ বাহিৰত। “গতিকে এই ‘মিৰাকল’ৰ
একমাত্ৰ সম্ভাব্য গুৰু তচদ্দুকেই, ঠিকেই অনুমান
কৰিছিল। নাটৰ গুৰু যে তচদ্দুক— ওলাই
পৰিল। লগে লগে ওলাই পৰিল ব’ৰ্ড এখনেৰে
ঢাকি থোৱা পিছফালৰ বেৰত এটা গাঁত। এই গাঁতৰ
খনিকৰ তথা মালিক একাধাৰে তচদ্দুক ইউছুফ।
একমাত্ৰ তেৱেঁই অইনৰ অতৰ্কিতে ওলোৱা সোমোৱা
কৰে আৰু তেৱেঁই আনে গম নোপোৱাকৈয়ে চিলঠ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৯ |

{{Right|১৯}} | একান্ত আগ্ৰহেৰে ওপৰলৈ চাই ৰ’ল ককায়েক
বাপুৱে— কাঁড়ডাল উভতি অহা। কাঁড়ডাল ঠিকেই
উভতি আহিল। কিন্তু ভাগ্যৰ কি পৰিহাস!
সেই কাঁড়ডালেই উভতি আহি পোনচাটেই সোমাল
বাপুৰ চকুত। এটা চকু চিৰকাললৈ ঘূণীয়া হৈ
গ’ল। সেয়েহে পাথৰৰ চকুৰ মণি লগোৱা তচদ্দুকে
সদায় ডাঠ ৰঙীন চচমাৰে চকু আৱৰি ৰাখিব
লগীয়া হ’ল— আজীৱন, আমৃত্যু, আৰু আমিও
শৈশৱতে খ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২০ |

২০ | বৰ সুযোগ ওস্তাদ তচদ্দুক ৰেডিঅ’ নাটকত হৈ
পৰিল এক বিশিষ্ট শিল্পী। প্ৰায় তিনি দশকৰো
ওপৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বহু নাটকত,
বহুতো বৈচিত্ৰময় চৰিত্ৰ ৰূপায়ণ কৰিছে তেওঁ।
সুনাম আৰু প্ৰশংসাও অৰ্জন কৰিছে ইয়াৰ বাবে।
'''যুৱমহোৎসৱত সাফল্য'''
১৯৫৪-৫৫ চনৰ কথা। সেইবাৰ প্ৰথম সৰ্বভাৰতীয়
আন্তঃবিশ্ববিদ্যালয় যুব মহোৎসব অনুষ্ঠি... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২১ |

{{Right|২১}} | খ্যাতনামা অভিনেতা-শিল্পীসকল। তাৰে ভিতৰত
দুই-তিনিজনৰ নাম কলেই যথেষ্ট হ’ব। তেওঁলোক
আছিল সৰ্বশ্ৰী সৌমিত্ৰ চেটাৰ্জী (কলিকতা),
বিজয় আনন্দ (বোম্বাই), সংগীতাংশত মংগেশকৰ
ভগ্নীদ্বয় মীণা আৰু উষা। কিন্তু তথাপিতো এনে
মানদণ্ডৰ শিল্পীৰ লগত প্ৰতিদ্বন্দিতা কৰিও গৌৰবৰ
বিজয় মুকুট কঢ়িয়াই আনিলে। ৰেডিঅ’ নাটকৰ
এই সৰ্বভাৰতীয় সাফল্যত এক... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২২ |

২২ | কৰিলে তচদ্দুক ইউছুফকো। আৰম্ভ’কলহ তেওঁৰ
চলচিত্ৰত জয় যাত্ৰা। ‘এৰাবাটৰ সুৰ’ৰ পিছৰ ছবিখনত
বিশেষকৈ ‘ধুমুহা’, ‘পূবেৰুণ’, ‘কাঁচঘৰ’,
‘পূৱতি নিশাৰ সপোন’, ‘নিয়তি’ আদিত তেওঁৰ
অভিনয়ে পূৰ্ণ উৎকৰ্ষ লাভ কৰিব নোৱাৰিলে।
হয়তো সেই চলচিত্ৰ সমূহত তেওঁ পোৱা সীমিত
সুযোগৰ বাবেই হওক বা অন্য কাৰণতেই হওক।
‘পাপ আৰু প্ৰায়শ্চিত্ত’ ‘কাজিৰঙাৰ কা... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৩ | {{Right|২৩}} | আছিল। সি যি কি নহওক, তেওঁ শিল্পী জীৱনৰ
সাফল্যৰ ওলোটা ফালে থকা ব্যৰ্থতাৰ এয়া এক
কৰুণ পৰিণতি।
'''মঞ্চত এপিটাফ'''
তেওঁ মঞ্চৰ লগতো জড়িত আছিল। নগাঁৱত
থকা কালত কেবাখন নাটক প্ৰযোজনা কৰিছিল;
লগতে অভিনয়ো। তাৰ ভিতৰত কোনো এখনৰ
নাম বিশেষভাবে উল্লেখ কৰিবলগীয়া নহয়। তেওঁৰ
‘মঞ্চৰ এপিটাফ’ হ’ল Six characters in
search of a dramat... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৪ |

২৪ |
'''খেলপথাৰৰ পৰা'''
বৰদলৈ ট্ৰফি, স্বাধীনতা দিবস কাপ, ডুগৰ ছিল্ড,
এ টি পি এ ছিল্ড ফুটবল প্ৰতিযোগিতা আদিত
গুৱাহাটী, নগাওঁ, তেজপুৰ, যোৰহাট আদিত বিভিন্ন
খেল পথাৰৰপৰা আকাশবাণীৰ যোগেদি ধাৰা-বিবৰণী
দিয়া তচদ্দুক ইউছুফৰ উদাত্ত কণ্ঠস্বৰ আমি
আৰু শুনিবলৈ নাপাওঁ। “এয়া মই তচদ্দুক ইউছুফে
কৈছোঁ” বুলি কৰা সেই বলিষ্ঠ ঘোষণা
চিৰকালৰ কা... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৫ | আগেয়ে দেউতাক জিয়াউদ্দিন ইউছুফেও এদিন
তেজপুৰ-শিলঘাট ফেৰিৰপৰা জঁপিয়াই ব্ৰহ্মপুত্ৰৰ
বুকুত জাহ গৈছিল। পানীত পৰি হোৱা মৃত্যু
বা অপমৃত্যুৰ উৎস, কাৰণ আৰু প্ৰতিক্ৰিয়াক লৈ
এইহাল পিতাপুত্ৰই মৃত্যুৰ সিপাৰৰ জগতখনত পাৰস্পৰিক
তথ্যানুসন্ধানত মিলিত হ’ব জানো? তথাপিতো
তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰাৰ
দায়িত্ব আমাৰ বুলিয়... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৬ | {{dhr}}
{{larger|'''মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা!'''}}

সমৰেন্দ্ৰনাৰায়ণ দেৱ
{{dhr}}
‘মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা।’—
এয়া এজন কলংপৰীয়া কবিৰ জীৱনৰ গভীৰ
উপলব্ধি। কলঙৰ পাৰত জন্ম আছে, কলঙৰ পাৰত
শৈশৱ আছে, কলঙৰ পৰত কৈশোৰ আছে, কলঙৰ
পাৰত যৌৱন আছে, কলঙৰ পাৰত প্ৰেম আছে,
বিৰহ আছে, মিলন আছে, কলঙৰ পাৰত বাৰ্ধক্য
আছ... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৭ |

{{Right|২৭}} | সংলাপ আৰু কবিতা। বাপুদাৰ কণ্ঠৰ দৰে খুব
কমৰেই ইমান মধুৰ আবৃত্তিৰ কণ্ঠ আছিল। বাপুদাৰ
কণ্ঠ অসমৰ সকলোৰে বৰ চিনাকি, বৰ মৰমৰ;
সেয়া নাটকৰ সংলাপেই হওক বা ফুটবলৰ চলন্ত
ধাৰা বিবৰণীয়েই হওক। কিন্তু এই কণ্ঠ হঠাতে
স্তব্ধ হৈ গ’ল, মৃত্যুৰ গভীৰ শীতে সোণালী কণ্ঠ
সাৱতি ধৰিলে।
ভাতৃসম ল’ৰাজনে বৰ বিষন্ন মনে মোক সুধিছিল
কথাটো সচাঁনে? মই উ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৮ |

২৮ | মোৰ জীৱনৰ স্মতিপটত এজন বিশেষ ব্যক্তি
হিচাপে সদায় জিলিকি থাকিব।
এক— জীৱনত মই প্ৰথম ছিনেমাৰ ছুটিং (দৃশ্য গ্ৰহণ)
দেখোঁ তেজপুৰৰ আমাৰ ভিনদেউহ’তৰ ঘৰত স্বৰ্গীয়
ফণী শৰ্মাদেৱৰ ‘পুৱতি নিশাৰ সপোন’ৰ। ছবিখনৰ
নায়ক আছিল বাপুদা। তচদ্দুক ইউছুফক
মই জীৱনত প্ৰথম দেখিছিলোঁ মুখত মেক্আপৰে
এজন ফিল্মৰ অভিনেতা হিচাপে তেজপুৰতেই।
সিদিনা।
দু... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৯ |

{{Right|২৯}} | নাট্যশালা’লৈ ৰূপান্তৰিত কৰা হ’ব। শিল্পী সাহিত্যিক
সকলৰ গাত তত্ নোহোৱা হৈ পৰিল—
আমাৰ এটা ‘জাতীয় নাট্যশালা’ হ’ব— তাত ভাগ
ল’বলৈ উখল-মাখল লাগি পৰিল। তাৰ মাজতে
কিছুমানে অৱশ্যে প্ৰশ্ন কৰিলে ‘জাতীয় নাট্যশালা’
মানেনো কি? তাৰ উত্তৰখিনি ৰান্ধনি ঘৰৰ
শিকিয়াত তুলি থোৱা হ’ল। মাথোন কমিটি
কৰিব লাগে আৰু তাত ভাগ ল’ব লাগে। অসমৰ
ইমূৰৰপ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩০ | এখন গঠন কৰিবলৈ গৈ ঘৃণনীয় সাম্প্ৰদায়িকতাৰ
আশ্ৰয় লয়। আজিৰ অসমৰ এই পৰিবেশৰ মাজত
তচদ্দুক ইউছুফে, মোৰ অগ্ৰজ বাপুদাই সেয়েহে কলং
পাৰত থিয়হৈ কলংপাৰৰ কবিৰ উক্তিকেই পুনৰ
আবৃত্তি কৰিলে— “মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ
কথা’। ইয়াতকৈ দুখৰ, ইয়াতকৈ মৰ্মান্তিক আৰু
একোৱেই হ’ব নোৱাৰে, যদিহে সংস্কৃতিক উপলব্ধি
কাৰোবাৰ আছে।
{{Dhr|1e... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩১ | {{dhr}}
{{larger|'''এজন মহান অভিনেতাৰ মৃত্যুৰ বাতৰিৰে…'''}}

প্ৰণৱ বৰুৱা
তচদ্দুক ইউছুফৰ মৃত্যুৰ বাতৰি পালোঁ পাঠশালাত
কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিব ওলোৱা ‘ক্লিওপেট্ৰা’ৰ
ক’লা-নিৰ্দেশনাৰ ব্যস্ততাৰ মাজত। ব্যথিত
মনেৰে অলপ সময় কামৰপৰা বিৰতি লৈ সেই
দিনবোৰলৈ উভতি গলোঁ। তচদ্দুকদাক ওচৰৰ
পৰা ভালদৰে নাজানিলেও অভিনেতা, পৰিচাল... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩২ |

৩২ | পৰিচালকৰ বাবেহে। মঞ্চ-কলা সম্বন্ধে তেখেতৰ
জ্ঞান আছিল অতুলনীয়। ‘নাট্যকাৰ সন্ধানত ছটি
চৰিত্ৰ’ নাটকত এই স্বাক্ষৰ বহন কৰিছে। এটি
বলিষ্ঠ কণ্ঠৰ ৰোধ হ’ল সঁচা, কিন্তু তাৰ প্ৰতিধ্বনি
দৰ্শক হৃদয়ে হৃদয়ে প্ৰতিধ্বনিত হৈ ৰ’ব। অসমৰ
নাট্য-জগতলৈ নব-জাগৰণ অনাসকলৰ ভিতৰত
ইউছুফ চাহাব অন্যতম। গতানুগতিকাৰ বিৰুদ্ধে
কৰা প্ৰতিবাদত তেখেতে সঁহ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৩ | দিবলৈ মই তেখেতৰপৰাই শিকিলোঁ। কহিনুৰৰ
‘ক্লিওপেট্ৰা'ৰ কলা নিৰ্দেশনাৰ বাবে নিমন্ত্ৰণ গ্ৰহণ
কৰোঁতে তেখেতৰ কথাই মনত পৰিছিল আৰু
তেখেতৰ নাটকৰপৰা পোৱা অভিজ্ঞতাক মূলধন
হিচাপে লৈ মই পাঠশালালৈ ৰাওনা হৈছিলোঁ।
‘ক্লিওপেট্ৰা’ৰ সফলতাত মোৰ সামান্য অৰিহনাই
যদি সহায় কৰে, মই তচদ্দুকদাৰ ওচৰত কৃতজ্ঞ
হৈ ৰ’ম। 'একাগ্ৰতাৰে কৰা কাম কেতিয়াও নিস... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৪ | {{dhr}}
{{larger|'''‘ৰক্তিম বাসনা’ৰ অতৃপ্ত বাসনাৰে
তচদ্দুক গ’লগৈ'''}}

ডা॰ নগেন দত্ত
{{dhr}}
{{gap}}মানুহ আৰু মানুহৰ আবেগৰ সূক্ষ্মমূহূৰ্ত একোটা
বিচাৰি তাৰেই চেলুলয়ডত নকল কৰিব খোজা
এজন পৰিচালকৰ মতে— “The world represented
in the screen is a new
creation— but just the copy of reality.”
এই কথাৰ সুৰতে মানুহজনৰ মুখ... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৫ |

{{Right|৩৫}} | বহুত কৰিলোঁ, এইবাৰ পৰিচালক হওচোন
আৰু নিজৰ পৰিচালনাত অভিনয় কৰি কেনে
লাগে চাওঁ”— সন্ধিয়াপৰত মোৰ ঘৰৰ ড্ৰইংৰুমত
বহি হাতত এখন স্ক্ৰিপ্ট লৈ মুখত এটা ছিগাৰেট
লৈ কৈছিল। তেতিয়া কোনো নাই, আমি মাত্ৰ
দুজনহে। তেজপুৰৰ পৰা ৰঞ্জু হাজৰিকা, ৰমণী
কেওঁত, হিৰণ্য মহন্ত আহি পোৱাহি নাই। নগাৱঁৰ
তজমল হুছেইন আৰু ৰঞ্জিত দেলৈকো বাটচাই
আছিলোঁ। ত... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৬ |

৩৬ | কিম্বা অন্য কিবা বাসনাতেই হওক, I want to be a Director— not to direct only— পৰিচালকৰ খাতিৰত মই পৰিচালক হ’ব নোখোজোঁ”।
{{gap}}— “তাৰমানে—?” বুজি নোপোৱাৰ সুৰত মই আকৌ সুধিলোঁ।
{{gap}}— “সত্যজিত ৰয়, ডেভিডলিন মোৰ বাবে, ছবি পৰিচালনাৰ বাবে মোৰ মনৰ মাজৰ টিউটৰ। অধ্যয়নহে কৰিছোঁ, পৰীক্ষা দিম কোনোবা ছবিৰ পৰিচালনাৰে।”
{{gap}}— ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৭ |

{{Right|৩৭}} | বেগ মুকলি হয়।”— তেওঁলোকৰ মাজৰ কোনোবা
এজনে ক’লে। — “তেন্তে আমি সপোন দেখাই নাই,
শুবলৈহে ধৰিছোঁ।”— ঢেকঢককৈ হাঁহি মোৰ
পিঠিত ঢাকা এটা মাৰি তচদ্দুকে ক’লে। লগে
লগে পেকেটৰপৰা আৰু এটা চুৰট উলিয়াই লৈ
পেকেটতে টুকুৰিয়ালে। — “ভয় নকৰিব দাদা,
আমাৰ সংগঠন শক্তিশালী। অহা বহাগ বিহুতে
বছৰৰ প্ৰথম দিনাই তেজপুৰৰ হলেশ্বৰ মন্দিৰত
আমাৰ ‘ৰক্... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৮ |

৩৮ | হবাগৈহঁক”— মন্দিৰৰ পূজাৰীজন বোলে ‘সৰবজান’,
তেওঁৰ কথা সেইষাৰ।
{{gap}}নায়িকা মৃদুলা আহিল; কেমেৰামান ইন্দুকল্প
হাজৰিকাই মন্দিৰৰ কাষত তিনিঠেঙীয়া পেঙত
কেমেৰা ফিট্ কৰিলে! প্ৰাক্তন মন্ত্ৰী কোষেশ্বৰ
বৰাই কেমেৰাৰ ছুইচ্ টিপিলে। মই ক্লেপষ্টিক
দিলোঁ। তচদ্দুক ইউছুফ আজি কিন্তু কেমেৰাৰ
সমুখত নাই, দীঘল পঞ্জাবী কুৰ্টা আৰু পায়জামাৰে... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৯ | {{Right|৩৯}} | আন্দোলনৰ ধুমুহাত, সমবায়ৰ আশ্ৰয়ত চলিব
খোজা ‘ৰক্তিম বাসনা’ৰ কেমেৰাৰ চকৰী হঠাৎ থাকি
ৰৈ গ’ল।
{{gap}}তচদ্দুকৰ আধা দেখা সপোন আধাতে বিস্মৃতিত
অস্পষ্ট আৰু লাহে লাহে লীন হৈ গ’ল।
{{gap}}বহুতদিনৰ পাছত মানে জীৱনাস্তৰ বছেৰেক
মান আগত এদিন আকৌ কলংপাৰৰ মোৰ ঘৰলৈ
আহিছিল। “—দত্ত, ‘ৰক্তিম বাসনা’ মোৰ হেৰাইছে।
এটা নতুন বাটত বাট বুলিব লা... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪০ | {{dhr}}
{{larger|'''এজন অভিনেতা-শিল্পীৰ হৃদয়ৰ সন্ধানত…'''}}

দেবকুমাৰ শইকীয়া
{{dhr}}
'''এজন ছলেছমেনৰ মৃত্যু'''—
{{gap}}মঞ্চ অনাতাঁৰ আৰু চলচ্চিত্ৰৰ ‘সুন্দৰ পুৰুষ
সুলভ’ কণ্ঠস্বৰৰ বিখ্যাত শিল্পী— নাম যাৰ তচদ্দুক
ইউছুফ যাৰ আছিল অফুৰন্ত উৎসাহ, সূক্ষ্ম
অনুভূতি, পোনপটীয়া আৰু একাগ্ৰতাবোধ। কিন্তু
আনুষংগিক কথা আৰু কাৰ্য্... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪১ |

{{Right|৩৩}} | {{hwe|ৰেট|ছিগাৰেট}} খাই আকৌ কৈছিল, “ইয়াতে পাবা……
When a man does not have a grip
on the forces of life…… তেতিয়া কিয়
আত্মহত্যা কৰে,” মই চিন্তা কৰিছিলোঁ এৰা
লুমেনে এটা সুন্দৰ আৰু ডাঙৰ সপোন দেখিছিল;
কিন্তু বাস্তৱত ৰূপ দিব নোৱাৰিলে। সেইকাৰণেই
এখন গাড়ী জোৰেৰে চলাই নি আত্মহত্যা কৰিলে।
কিন্তু এই ঘটনাটো জানো ‘আত্মহত্যা’ আছ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪২ |

৩৪ | গৈছিলোঁ। কাৰণ আমি গতিশীল জীৱনৰ বিভিন্ন
চৰিত্ৰক গভিৰভাবে লক্ষ্য কৰোঁ সৃষ্টিৰ সমল
হিচাবে। সেইকাৰণেই আমি প্ৰায়েই বিশেষ
বিশেষজনক (চৰিত্ৰ ৰূপে) ওচৰৰ পৰা নিৰীক্ষণ
কৰিবলগীয়া হয়। বাপুদাদাৰ লগত কৰা আলোচনা
বিলাকৰ মাজেৰে বাহিৰে বুজিব নোৱাৰা
‘তচদ্দুক ইউছুফ’ৰ শিল্পী মনৰ ব্যথাতুৰ হিয়াখনৰ
কিছুকথা মই বুজি পাইছিলোঁ।
{{dhr}}
'''মৃত্... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৩ |

{{Right|৩৫}} | সুন্দৰ ডেকা বায়ৰণৰ শেষ ইচ্ছা আছিল যে
তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ খঞ্জ ভৰিটো যেন
আনে নেদেখাকৈ ঢাকি ৰাখিয়েই কবৰ দিয়া
হয়।…… আৰু মোৰো এটা ইচ্ছা আছে বকুল।
অলপ সময় ৰৈ আকৌ ছিগাৰেট খাব ধৰিছিল। কিন্তু
একো নোকোৱাকৈ বৰ গহীনভাবে ৰৈ কৈছিল—
“মোৰ মৃত্যুৰ পাচত মোৰ চকু দুটা যাতে ঢাকি ৰখা
হয়।……” মই আচৰিত হৈ এটা প্ৰশ্নৰ ভাবেৰে
চাইছিলো... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৪ |

৩৬ | কিন্তু নিজে পৰাজয় বৰণ কৰি ন’ললে পৰাজিত
কৰিব নোৱাৰি…”
{{gap}}শ্ৰীপবিত্ৰকুমাৰ ডেকা (ৰূপকাৰ), শ্ৰীসদানন্দ
শৰ্মা, শ্ৰীজ্ঞানদা বৰা আৰু মঃ কামাল আদিয়ে
এই নাটকত অভিনয় কৰিছিল। নাটকখনে প্ৰথমে
সদৌ নগাওঁ একাংক নাট প্ৰতিযোগিতাত আন
বহুতো পুৰস্কাৰৰ লগতে শ্ৰেষ্ঠ দল আৰু শ্ৰেষ্ঠ
নাটক ৰূপে পুৰস্কাৰ পাইছিল।
{{gap}}পিচদিনা ৰাতিপুৱা ৰ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৫ |

{{Right|৩৭}} | মানুহৰ প্ৰশংসা শুনি শুনি আমি অভিভূত হৈ
পৰিছিলোঁ।
{{gap}}কিন্তু এই বাপুদায়েই ১৯৮১ চনৰ ছেপ্টেম্বৰ
মাহত মোক কৈছিল— “আশা কৰি কৰি যেতিয়া
মানুহৰ শেষ আশাকণো মনৰ পৰা মচখাই যায়
তেতিয়া আশা নকৰাতো পাপ নহয়!” ইতিমধ্যে
মই নাটকখন পূৰ্ণাংগ নাটৰূপে লিখি পেলাইছিলোঁ।
মই সুধিছিলোঁ “আপোনাৰ জীৱনদৰ্শনৰ পৰিবৰ্তন
হ’লনেকি?” তেওঁ সামান্যভা... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৬ |

৩৮ | পোৱা বিখ্যাত ফৰাচী চলচ্চিত্ৰ পৰিচালক Henry
Georges Clouzot ৰ ‘The wages of Fear’
ছবিখন মোক চাবলৈ কৈছিল। তেখেতে karel
Reisz ৰ দৰে কৈছিল— A load of nitroglycerine
is to be taken by lorry to
the barning well— a dangerous mission
since the slightest jolt will send the
whole load into the air…” আৰু
কৈছিল— “বুজিছা? আমাৰ জীৱন... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৭ |

{{Right|৩৯}} | ৰাখিবা “…with you I am happy: I
wake up with you and I go to sleep
with you. I do not know anything
else. I love you, you must love me—
beloved! you must love me… otherwise
I am lost…” মই মনত ৰাখিছিলোঁ।
এই গহীন গম্ভীৰ মানুহজনৰ ভিতৰত থকা প্ৰেমৰ
অনুভূতি দেখা পাই ভাল লাগিছিল। সেই কিতাপ
খন পঢ়োঁতে তেওঁ চিন দি থোৱা বাক্য কে... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৮ |

{{Right|৪০}} | কৰিবলৈ বৰ মন আছিল। ‘ৰূপকাৰ’ৰ পবিত্ৰ
কুমাৰ ডেকাৰ পৰা আবহ সংগীত, অ’ পি ৰ লাইট
আৰু স্মৃতিৰেখা শইকীয়া (বেবী)ক মূল নায়িকা
চৰিত্ৰত লৈ নাটকখন মঞ্চস্থ কৰাৰ কথা আছিল।
তেওঁ এই হাবিয়াসৰ কথা মুকুট ভূঞা, ৰাজেন শৰ্মা
আৰু মোৰ আগত কৈ আছিল। কিন্তু তেওঁৰ
এই ইচ্ছা পূৰ্ণ নহ’লগৈ। এই নাটকখনৰ কাহিনীত
প্ৰসংগক্ৰমে মদ খোৱাৰ কথা আহি পৰে।
মদৰ ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৯ |

{{Right|৪১}} | {{hwe|বলৈ|পাতলাবলৈ}} নিচাৰ প্ৰয়োজন আছে। এই কথাখিনি
কওঁতে তেওঁক অত্যন্ত বিমৰ্ষ দেখা গৈছিল। তেখেতৰ
সেই দৰ্শন মই মানি লোৱা নাছিলোঁ। এই ‘দহন’
নাটকৰ সম্পৰ্কতে মই তেখেতৰ জীৱনৰ কিছু সংঘাত
আৰু মানসিক দ্বন্দৰ কথা জানিব পাৰিছিলোঁ।
‘দহন'ত স্বামী-স্ত্ৰীৰ মদখোৱাক লৈ কিছু মতান্তৰ
ঘটাৰ কথা আছে। লগৰ সকলোবিলাক অধ্যাপক
পিক্-নিক্ খাবল... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫০ |

৪২ | ব্ৰাণ্ডি খালে যে একো নহয় সেই কথা বিভিন্ন
উদাহৰণ দি বুজাই থাকোঁতে নাটকখনত অমিতাভৰ
মুখত এটা সংলাপ দিছিলোঁ— অমিতাভ:
এই সাধাৰণ ব্ৰাণ্ডিকণলৈ তুমি ভয় কৰিছা? কিন্তু
এসময়ত ইউৰোপত ‘আঁব্সাঁত’ বুলি এবিধ মদ
আছিল; সেউজীয়া ৰঙৰ কাৰণে কিছুমানে ইয়াক
‘green Devil’ বুলিও কৈছিল। এই ‘Prohibited
drink’ কোনে খাইছিল জানা? ভেনগোগ,
পলগগাঁ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫১ |

{{Right|৪৩}} | অমানুহৰ শ্ৰেণীতহে থব বিচাৰোঁ। পৃথিৱীৰ কিছু
শিল্পীৰ জীৱনৰ কথা পঢ়োঁতে জানিছিলোঁ তেওঁলোকৰ
‘নিয়ম অলপ বেলেগ’, তেওঁলোকৰ দৃষ্টি
বিৰাটৰ পিনে, ক্ষুদ্ৰত ৰৈ যাব নোৱাৰে। পল
গঁগা, ভেনগোগ আদি শিল্পী সকলে কিছু অসামাজিক
জীৱন-যাপন কৰিছিল, তেওঁলোকৰ সকলো
বিলাক কাৰ্য্যই শৃংখলাময় নাছিল; কিন্তু তেওঁলোক
আছিল মহৎ শিল্পী। যেতিয়া এখন সমাজৰ ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫২ | {{Right|৪৪}} | the grass, the waters and the sky”
(“নিজনতাৰ মাজত অথবা কোনো পৰিত্যক্ত পৰিবেশত
যেতিয়া আমাক মানুহে বেঢ়ি থয় অথচ
সিহঁতে আমাৰ প্ৰতি কোনো সহানুভূতিয়েই
প্ৰকাশ নকৰে, তেতিয়া আমি ফুল, ঘঁহনি,
জলাধাৰ আৰু আকাশক ভাল পাওঁ…”)
{{gap}}আমাৰ সমাজত শিল্পকলা সকলোতে “স্বাৰ্থৰ
লগত স্বাৰ্থৰ হৈছে সংঘাত— লোভৰ লগত লোভৰ
সংগ্ৰাম নহয়, যুদ্ধ হ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৩ | {{playscript/e}}
{{Right|৪৫}} | {{playscript|gap=4|মৈত্ৰেয়ী:|দুখ।}}
{{playscript|gap=4|অমিতাভ:|নহয়! দহন—। যি জুইয়ে পোহৰ নিদিয়ে— অথচ দিয়ে আনৰ্গল দহন। এই দহনৰ পৰা মুক্তি পাবলৈ কোনোৱে লয় হাঁহিৰ আশ্ৰয়; কোনোৱে লয় মদৰ!}}
এই সংলাপ কেইটা আৰু তলত লিখা কেইটাও
তেওঁৰ কোঠাৰ ভিতৰত কেনেকৈ ডাঙৰ ডাঙৰকৈ
মঞ্চত অভিনয় কৰাৰ দৰে বুকুৰ ভিতৰৰ পৰা যেন
পঢ়িছিল, মোৰ স... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৪ | {{playscript/s}} |

৪৬ | {{playscript/e|দাম দিহে পায়। সেই কাৰণেই পুৰুষেই কৰিব যুগে যুগে ছেক্ৰিফাইছ!”}}
বাপুদা উঠি গৈ বাহিৰত চছমাযেৰ মচি অলপ
সময় ছিগাৰেট খাই আকৌ আহি বহিছিলহি।
মৰিবৰ সময়ত যেন কাৰোবাৰ এটোপাল চকুলো
দেখি মৰিব পাৰো
{{gap}}আমি নাটক লিখোঁ। কাহিনীয়ে যি বিচাৰে
হৃদয়ৰ উম দি চৰিত্ৰৰ মাজেৰে তাকে লিখোঁ। ‘দহন’ত
মই শৰৎ চাটাৰ্জীৰ ‘দেবদাস’... | VALIDATED | |
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৫ |

{{Right|৪৭}} | চনৰে পৰা অবস্থাৰ মেৰপাকত পৰি মনৰ ভাৰসাম্য
মাজে মাজে হেৰুৱাই পেলোৱাৰ ইংগিত বুজি
মই যি পাৰোঁ আশাৰ কথা কৈছিলোঁ। নাটক আৰু
চলচ্চিত্ৰৰ মাজত অন্ততঃ শিল্পীজনক সক্ৰিয় কৰি
ৰাখিবলৈ চেষ্টা কৰিছিলোঁ।
{{dhr}}
'''লেডি মেফিষ্টফিলিছ'''
{{gap}}যেতিয়া মই নাটকত চৰিত্ৰৰ প্ৰয়োজনত এগৰাকী
নাৰী সম্বন্ধে নিৰাশাজনক সংলাপ দিছিলোঁ তেতিয়াই
জীৱ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৬ | ৪৮ | আহি এই আগষ্ট মাহৰ শেষৰ ফালৰ পৰা ৰিহাৰ্ছেল
কৰাৰ কথা আছিল। এই নাটকৰো কেইটামান
সংলাপ তলত আঁচ পাৰি দিয়াৰ উপৰিও ঘেৰি
দিছে ৰঙা বলপেনেৰে।
{{playscript|gap=4|ভাস্কৰ:|…“জীৱনত পদে পদে এই ধৰণৰ পুৰুষক নাৰীয়ে মহৎ আৰু অসাধাৰণ হোৱাৰ পৰা বিচলিত কৰিছে। সেই কাৰণে মই প্ৰত্যেকজন দুৰাকাংক্ষী পণ্ডিত বা শিল্পীক বিপথে নি ধ্বংস কৰিবৰ কাৰণে ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৭ |

{{Right|৪৯}} | '''ট্ৰেজেডি'''—
{{gap}}খণ্ড ঘটনাৰ সমষ্টিয়েই অখণ্ড একোটি জীৱন।
পৃথিৱীত আটাইতকৈ ভাল আৰু সৎ মানুহজনেও
কেতিয়াবা খণ্ড ঘটনা এটাত সামান্য ভুল ত্ৰুটি
কৰিব পাৰে। নায়কৰ জীৱনলৈ নামি আহে নানা
বিপৰ্য্যয়। এটা ভুলে আৰু এটা ভুললৈ মানুহক
টানি লৈ যায়। শেষত মৃত্যু পৰ্য্যন্ত হয়। ছেক্সপিয়েৰে
বহু নাটকত এনে ট্ৰেজেডিৰ কথা কৈ
গৈছে। তচদ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৮ | stands most alone.” কিন্তু তেওঁতো নিজে
অকলশৰীয়া হৈ দৃঢ়ভাবে থিয় হৈ থাকিব নোৱাৰিলে!
{{dhr}}
'''আব্বা…… বলানা'''—
{{gap}}তচদ্দুক ইউছুকে সকলোকে এৰিলেও তেওঁৰ
প্ৰায় সাত বছৰীয়া একমাত্ৰ সন্তান ‘তাব্ৰিজ’ক
এৰিব নোৱাৰিছিল। ৰাতি অকলশৰে শুই থাকোঁতে
হঠাৎ যেন তাব্ৰিজৰ মাত শুনি উঠি বহিছিল আৰু
উজাগৰী নিশা কটাই দিছিল। তেতিয়া তেওঁ... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৯ |

{{Right|৫১}} | ছিঙিব নোৱৰাৰ কাৰণেই সেই মৰম বা আকৰ্ষণেই
বাপুদাক মৃত্যুৰ মুখলৈ লৈ গ’লনেকি?
{{dhr}}
'''হে ভগৱান অতীত পাহৰিব দিয়া'''
জীৱনত বহুত অঘাত পাইছোঁ। স্মৃতিৰ অন্তৰালত
সেইবোৰ কথা ঢাকি থব খোজোঁ; কিন্তু সেই
চৰম আঘাতৰ কথাবোৰ কিয় বাৰে বাৰে দিনে
ৰাতিয়ে উভতি আহি মোক ভীষণ আঘাত দিয়ে?
কিয়? জীৱনত যাকে বুজি উঠিছোঁ তেৱেঁই আঁতৰি
যাব কিয়?... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬০ | ৫২ | not optimistic and bring hope to
people no one will welcome you.”
কিন্তু তেতিয়া তেওঁৰ মনৰ স্থিৰতা নাছিল।
আমাৰ নিজৰ ভঙা অন্তৰ লৈ মুকুটক প্ৰেৰণা
দিছিলোঁ। ধেমালি কৰিছিলোঁ। চলচ্চিত্ৰৰ লাইনত
বম্বেলৈ সকলো সুবিধা থকা সত্বেও নোযোৱাৰ
কাৰণে এদিন বাপুদাৰ ঘৰত মই আৰু বাপুদাই
এটা plan কৰি মুকুটক স্বামী ‘মুকুটানন্দ’ নাম
দি ‘স্বামীজী... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬১ |

{{Right|৫৩}} | তেওঁ যেন মাজে মাজে ক’ব বিচাৰিছিল—
“গোটেৰ জীৱনত পোৱাৰ দৰে এনে এগৰাকী
জ্যোতিৰ্ময়ী নাৰীৰ স্থিতি মোৰ জীৱনত বিচাৰিছিলোঁ
যি মোক বাহুৰ বন্ধনত লৈ মোৰ আত্মাৰ
জ্যোতিত ঝংকাৰ তুলিব পাৰিলেহেঁতেন।……
মোৰ দৃষ্টিত নাৰী সুন্দৰ আৰু সত্যৰ এটি মহিয়সী।
বহ্নিশিখা। বিশ্বৰ চিৰ প্ৰবাহিকা শক্তিৰ এক সুৰীয়া
তৰংগ।… পুৰুষ যদি মধ্য আকাশৰ দুৰ্জয় ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬২ | ৫৪ | ঘোষক হিচাৰে তেখেতৰ যিমান অপূৰ্ব দক্ষতা
অছিল— তাৰ স্বীকৃতি বা সেইয়া সম্পূৰ্ণ প্ৰকাশ
কৰিবলৈ সুবিধা তেওঁ পাইছিলনে? অশ্ৰু অঞ্জলি
দি সমাধি চাই চাই আকৌ মনত পৰিছিল তেওঁ
মাজে মাজে কোৱা এটা কবিতা—
“অকেলা হুঁ, পৰ আবাদ কৰ দেতা হু বিৰনা
বহোত্ ৰোয়েগী মেৰে বাদ্ ইয়ে শামে—তনহাই।”
— (“মই অকলে, কিন্তু নিৰ্জনতাক মই ভৰাই
ৰাখোঁ। মোৰ পি... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৩ | মই এইবোৰ শুনিবলৈ বিচৰা নাই—
সেই ‘দি ওল্ড মেন এণ্ড দি ছিৰ’ বৃদ্ধৰ দৰে
যুগৰ সৰ্বগ্ৰাসী হাঙৰৰ কবলৰ পবা মানবতাৰ
কংকাল উদ্ধাৰ কৰোঁতেই ক্ষান্ত নাথাকি সেই কংকালত
আমি প্ৰাণ সঞ্চাৰ কৰি নতুন সৃষ্টি কৰিব
লাগিব। আমাৰ কাম বহুত— সময় বৰ কম।
সেই কাৰণেই শিল্পী তচদ্দুক ইউছুফ— আমাৰ
‘বাপুদা’ গুচি যোৱাত মোৰ খং উঠিছে।
{{Dhr|1em}} | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৪ |

৫৬ | {{dhr}}
{{center|{{larger|'''শিল্পী বন্ধু তচদ্দুক'''}}}}
{{center|জে. ডি. বাভেজা}}
{{dhr}}
জীৱনৰ এক অখণ্ড অংশ আৰু ঘনিষ্ট বন্ধু হৈ
থকা ব্যক্তি এজনৰ বিষয়ে লিখাটো স্বাভাবিকতেই
বৰ কষ্ট সাধ্য কাম। মোৰ বন্ধু তচদ্দুক ইউছুফে
কৰুণ ভাবে ইহলীলা সম্বৰণ কৰাৰ বাতৰি যোৱা
দহ আগষ্টত (১৯৮২) শুনাৰে পৰা তেওঁৰ বিষয়ে
লিখাৰ কথা চিন্তা কৰি ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৫ |

{{Right|৫৭}} | প্ৰচাৰ হবলগীয়া অনুষ্ঠান সমূহৰ ঘোষণাবোৰ তেওঁ
লিখি লৈছিল। তেওঁৰ লিখনিৰ ধৰণে মোৰ মনত
তেতিয়া বাৰুকৈয়ে ৰেখাপাত কৰিছিল। এটুকুৰা
কাগজতে তেওঁ ঘোষণা লিখিবলৈ বহিছিল, নিজেই
পঢ়ি চাইছিল। মনঃপুত হ’লে বাকী অংশ
লিখিবলৈ আৰম্ভ কৰিছিল। মনঃপুত নহলে কাটি
পেলাইছিল। ভাবি ভাবি আকৌ নকৈ লিখিছিল।
১৯৪৪ চনৰ ছাত্ৰ অবস্থাৰপৰাই ময়ো
এজন ঘোষক আছিল... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৬ |

৫৮ | বন্ধনৰ সমষ্টি আছিল। উৰ্বৰ কণ্ঠৰ ওখপাখ আৰু
সুদৰ্শন তচদ্দুকৰ মাজত এক বিৰল অভিজাত
অভিনয় প্ৰতিভা আছিল। মাইক্ৰোফনৰ অভিজ্ঞতাৰ
মাজেৰে তচদ্দুকে অনতাঁৰ আৰু মঞ্চ
নাটেৰে জীৱনৰ অধ্যায় মুকলি কৰিছিল। এইখিনিতে
{{SIC|এটকথা|এটা কথা}} উল্লেখ নকৰিলে তচদ্দুকৰ কণ্ঠৰ
দিশৰ বৰ্ণনা সম্পূৰ্ণ নহ’ব; ঘোষণাসমূহৰ এক
নিয়ন্ত্ৰিত স্তৰৰ মাজেৰে ইমান স... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৭ |

{{Right|৫৯}} | ১৯৫০ ৰ সময়ছোৱা তেওঁৰ বাবে অগ্ৰণী সময়
আছিল। ডঃ ভূপেন হাজৰিকা তেতিয়া আমেৰিকাৰ
পৰা ঘূৰি আহি সংগীত আৰু চলচিত্ৰজগতত
মনোনিবেশ কৰিছিল। লক্ষ্যধৰ চৌধুৰীৰ দৰে ব্যক্তিযেও
তেতিয়া অন্যান্যসকলৰ সৈতে অলপ অচৰপ
পইছা যোগাৰ কৰি হয় ছিনেমা কৰাত ব্যস্ত হৈছিল
অথবা ছিনেমা কৰাত আনক অনুপ্ৰাণিত
কৰিছিল। আমাৰ বহু বুজনি আওকাণ কৰি
তচদ্দুকে অনাত... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৮ |

৬০ | কামতেই হওক বা আন কামতেই হওক গুৱাহাটী
কলিকতা পথত অহাযোৱা কৰিছিল। তচদ্দুকৰ
এনে এটা যুবপ্ৰাণ আছিল যে তেওঁ ছবি আক
শৈল্পিক প্ৰকাশৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে দিন অতিবাহিত
কৰিছিল। প্ৰসংগক্ৰমে এইখিনিতে এটা
কথা উল্লেখ কৰা উচিত হ’ব যে মই সেই সময়ত
পোৱাসকলৰ ভিতৰত তচদ্দুকেই সম্ভবতঃ অনাতাঁৰ
নাট্য প্ৰচাৰৰ শ্ৰেষ্ঠ কণ্ঠ আছিল বুলিলে
বোধহয... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৯ | {{Right|৬১}} | এজন খঙাল যুৱক আছিল। মনেবিচৰা লক্ষ্যত
উপনীত হ’ব নোৱাৰিলে ভাঙি পৰা তচদ্দুকক
মই কেতিয়াও দেখা নাছিলোঁ। জীৱনৰ শেষ
পৰলৈকে তেওঁ নিজকে এজন বিদ্ৰোহী ৰূপেই
প্ৰতিপন্ন কৰি গ’ল।
{{gap}}মোৰ আজিও মনত পৰে, তচদ্দুকৰ অনুপস্থিতিৰ
সময়ত এবাৰ তেওঁৰ দেউতাকে মোক
ঘৰলৈ মই নিছিল। মৰমৰ পুতেকৰ বন্ধু হিচাপে
মোকো তেওঁ অসম্ভব মৰম কৰিছিল। তেওঁক
বৰ ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭০ |

৬২ | {{gap}}মোৰ অভিযান স্বাভাবিক ভাবেই ব্যৰ্থ হৈছিল।
{{gap}}মোৰ আজিও মনত আছে, তচদ্দুকৰ ভনীয়েক
নাজনীন্ সেই সময়ত আমাৰ লগত আছিল। মোৰ
অনুৰোধক্ৰমে তচদ্দুকৰ পৰিয়াল এৰি নাজনিন্
আমাৰ ঘৰত আছিলেহি। গতিকেই তচদ্দুকে
বেয়াপোৱা কথা ক’বলগা হোৱাত সেইদিনা মোৰো
বেয়া লাগিছিল। সেইদিনাই আমাৰ বন্ধুত্বৰ শেষ
হ’ল বুলি মই ধৰি লৈছিলোঁ। কিন্তু তচ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭১ | ছবি উদ্যোগ হিন্দি ছবি জগতৰ সমান উন্নত হোৱা
হ’লে তচদ্দুকো হয়তো আন এজন অমিতাভ
হ’লহেঁতেন। সেইখিনি সাহস তচদ্দুকৰ আছিল।
{{gap}}তচদ্দুকে এইদৰে নিজৰ জীৱনটো কিয় শেষ
কৰিলে সেইকথা আজিও মোৰ বাবে ৰহস্য হৈ
থাকিল। বোধহয় সেইয়াই আছিল অদৃষ্টৰ পৰিহাস।
মৃত্যুৰ মাজত বিলীন কৰি দিয়া তচদ্দুক আজি
এক অন্য শ্বেলী। মানসিক ধ্যান-ধাৰণাৰ সীমা... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭২ | ৬৪ | {{dhr}}
{{center|{{larger|'''ট্ৰেজিক ৰাজকোঁৱৰ তচদ্দুক'''}}}}
{{center|নব শৰ্মা}}
{{dhr}}
…All the Perfumes of Arabia will
not sweeten this little hand, Oh!…
{{gap}}হতাশাৰ জন্ম, সাধাৰণতে ভবাৰ, স্বীকৃতিৰ
অভাৱত নহয়। এই হতাশাৰ মূলতে হ’ল সামাজিক
অবিচাৰৰ ফলত উদ্ভৱ হোৱা, জীৱনৰ অভিলাস
(সময়ত সপোন ৰূপ) আৰু বাস্তৱৰ মাজৰ পাৰ্থক... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৩ |

{{Right|৬৫}} | {{gap}}“আত্মহত্যা সমাজ আৰু আইন দুয়ো দিশৰ
পৰাই অমাৰ্জনীয়; যিজনে আত্মহত্যা কৰিব পাৰে
তেওঁ আন এজনকো হত্যা কৰিব পাৰে। এনে
লোকৰ বিষয়ে বিশেষ সোঁৱৰণ বুলিনো ঘপহকৈ
কি লিখা বা কোৱা যায়?”— ইত্যাদি দোমোজাৰ
মাজতে শিল্পী বুদ্ধিজীৱীসকলে ইউছুফৰ বিয়োগত
শোকবাৰ্তা আদি প্ৰকাশ কৰি তোলপাৰ নলগাই
নীৰৱে থকাটো মই আদৰণি জনাইছোঁ, কাৰণ
জীৱন ক... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৪ |

৬৬ | কিন্তু অকণো আচৰিত হোৱা নাই— কাৰণ শিল্পী
ইউছুফৰ হত্যা আজি কিছুবছৰ আগতেই আৰম্ভ
হৈছিল বুলি মই সপ্ৰমাণে জানো। কবি হীৰু
ভট্টয়ো অনুভৱ কৰিছিল আৰু ইউছুফে নিজেও
জানিছিল— সেয়ে তেওঁৰ মানসিক মৃত্যু কেইবছৰমান
আগতেই ঘটিছিল।
{{gap}}মঞ্চ, চলচিত্ৰ আৰু অনাতাঁৰ— তিনিওটা মাধ্যমতে
সমানে পাৰদৰ্শী আৰু সৰ্বভাৰতীয় ক্ষেত্ৰত ফেৰ
মাৰিব পৰা শি... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৫ |

{{Right|৬৭}} | মোৰ এটা অনুষ্ঠানত বুক কৰ বাবে, সেই
সময়ৰ চৰকাৰী শিল্পী বুদ্ধিজীৱীসকলে মুখ বিদৰাই
কেছিল, “ইউছুফ আগতেহে ভাল আছিল। এতিয়া
ভইচ ৰ’ল কৰে। ছেঃ আমাৰ অমুককে দিব
পাৰিলোহেঁতেন…” আজিও, এই অমূকহঁতে পিঠি
খজুৱাই দিয়াৰ পিচত, মাত্ৰ বস্তুৰ বিক্ৰি বঢ়োৱা,
তম্বুৰ তলত দৰ্শকক হহুওঁৱা অথবা ভোজ ৰন্ধাৰহে
যোগ্যতা থকা এদললোকে ইউছুফৰ মৃত্যুৰ দিন... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৬ |

৬৮ | শিল্পীক আওহেলা কৰিব পৰা যায় কিন্তু তেওঁলোকক
অস্বীকাৰ কৰিব নোৱাৰি। তথাপি বাস্তৱত
হয় কি? বাওনাৰ ছাঁই সময়ত দীঘল হৈ দীঘল
ছাঁকো গিলি থয়। সময় আৰু পৰিস্থিতিত
ইউছুফহঁতকো বাওনাৰ ছাঁই ঢাকি ধৰিলে।
{{gap}}১৯৫৫ চন। দীঘলীপুখুৰীপাৰৰ পাৰ্কভিউ
হোটেলত আমি (মই, নচিউৰ ৰহমান,
নবীন বৰা আৰু কেবাজনো) স্থানীয় বাসিন্দা।
ৰেডিঅ’ৰ কেজুৱেল শ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৭ |

{{Right|৬৯}} | বাবেহে এনে সুঅভিনেতা হ’ব পাৰিছিল। কিন্তু
ই আংশিক সত্য বুলিহে মোৰ ধাৰণা। সঁচা কথা,
উৎকৃষ্ট কণ্ঠস্বৰৰ তিনিওটা উপাদান— ইণ্টেন্ছিটি,
পিচ্ছ আৰু ৰেজনেঞ্চ্ অৰ্থাৎ টেম্বাৰ্ পূৰ্ণ মাত্ৰাই
তেওঁৰ কণ্ঠত আছিল। তাৰ ওপৰত আছিল
অভাৱনীয় নিয়ন্ত্ৰণ। সেয়ে প্ৰতি শব্দ, প্ৰতি উশাহ
আৰু প্ৰতিবাৰৰ নীৰৱতাই তেওঁৰ অভিনয়ত আনি
দিছিল লোভনীয় আভিজ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৮ |

৭০ | বডলেয়াৰৰ জীৱনক লৈ লিখা ‘পংকজ’ নাটকখনত
তেওঁ কৰিছিল অন্যতম শ্ৰেষ্ঠ অভিনয়। অসংখ্য
আছে, মোৰ মনত পৰা নাই। মোৰ ‘শৃংগৰ ছাঁ’
নাটকত তেওঁ যি অভিনয় কৰিছিল, সেইটো
তেওঁৰ নিজৰ ভাষাতেই “মোৰ অনাতাঁৰ অভিনয়ৰ
এটা কঠিনতম চৰিত্ৰাভিনয়”। এই নাটকত
বিপ্লৱী গেৰিলা নেতাৰূপী ইউছুফৰ মুখত এটা
সংলাপ আছিল— “মনত ৰাখিব, শত্ৰু যেতিয়া
বন্দী হয়, আম... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৯ |

{{Right|৭১}} | শব্দটোৰ অৰ্থ আৰু আক্ষৰিক হৈ থকা নাই;
তাৰ ঠাইত সেই শব্দ উচ্চাৰণ কৰা সময়ছোৱাত
যেন এটা শত্ৰুক টেটুচেপি হত্যা কৰা হৈ গ’ল।
নাটকখনৰ শেষত সৰ্বশ্ৰান্ত আৰু পৰাভূত গেৰিলা
নেতাৰ বিষাদ, বিহ্বলতা আৰু ক্ষোভক তিনিটা
বাক্যৰ এটা সংলাপেৰে একমাত্ৰ ইউছুফেহে যি
ৰূপ দিব পাৰিছিল, সেইটো শ্ৰোতা মাত্ৰৰে মনত
থাকিব। নাটকখনৰ লেখকৰূপে মই প্ৰত্যয় ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮০ |

৭২ | পৰা উদাহৰণ কেইটা মোৰ নিজৰ নাটকৰ পৰা
তুলি দি অশালীন কামেই কৰিছোঁ,— কিন্তু ই
ইচ্ছাকৃত নহয়, বাধ্যত পৰিহে।
{{gap}}খেল পথাৰৰ পৰা চলন্ত টিপ্পনীকাৰ হিচাপে
তেওঁৰ দক্ষতা সম্পৰ্কে মই কবলৈ নাযাওঁ, কাৰণ
এই বিষয়ে মই নিজে অজ্ঞ। মাত্ৰ ৰেডিঅ’ত
থাকোঁতে এই বিষয়ে বিভিন্ন শ্ৰোতাৰ মতামত
যোগাৰ কৰি জানিব পাৰিছিলোঁ যে ইউছুফৰ কমেণ্ট্ৰী
কিছ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮১ |

{{Right|৭৩}} | ভিতৰত “পুৱতি নিশাৰ সপোন” আৰু “বৰুৱাৰ
সংসাৰ”ৰ অগতানুগতিক চৰিত্ৰদুটা মনত থাকিব।
বিজু ফুকনে সিদিনা কলে যে ছিনেমাত অভিনেতাৰ
মুখমণ্ডল আৰু চকু দুটাই অভিনয়ৰ প্ৰধান আহিলা;
কিন্তু ইউছুফে নিজে ইমান অসুবিধাগ্ৰস্ত হৈও,
কি অভাৱনীয় প্ৰতিভাৰ ফলত এনে শক্তিশালী
আৰু শ্ৰেষ্ঠ অভিনেতা হ’ব পাৰিছিল, তেওঁ ভাবিব
নোৱাৰে। বৰুৱাৰ সংসাৰ ছবিৰ ইউছ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮২ | প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও এই দিশতো বেছি
অগ্ৰসৰ হ’ব নোৱাৰিলে, কাৰণ শেষ হিচাপত মঞ্চ
সংগঠন হয়তো ছবিতকৈ বেছি কঠিন।
{{gap}}শিল্পী বহুতো আছে। কিন্তু শিল্পী প্ৰতিভা
আৰু শিল্পী মনৰ মিলনত যিজন প্ৰকৃত শিল্পীৰ
জন্ম হয়— সেইজনহে সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ
আৰু আদৰ্শস্থানীয় হয়।
{{gap}}১৯৭৮ চনৰ কথা, বহুতো অসুবিধা নেওচি
(কৰ্তৃপক্ষৰ... | VALIDATED | |||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮৩ |

{{Right|৭৫}} | তেওঁক নমতাৰ কাৰণ কেইটা মই চমুকৈ ক’লোঁ।
তাৰ পিচত মই ভবাই নাছিলো— তেওঁ মোৰ গাত
ধৰি অকপটভাৱে ক’লে, “শৰ্মা মই এতিয়া একেবাৰে
কনভিন্সড্। অকণো বেয়া পোৱা নাই।
খুব সুন্দৰ কাম হৈছে। মাত্ৰ এৰি নিদিব। বছৰত
এবাৰ নহয় দুবাৰকৈ ক্লাচিকবোৰ কৰি যাবলৈ
লওক। দৰকাৰ বুলি ভাবিলেই মোক মাতিব—
মই নিশ্চয় যাম। কিং লিয়েৰ আৰু হেমলেট ল’লে
প্ৰডিউচ... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮৪ |

৭৬ | {{hwe|ৰোধক্ৰমেই|অনুৰোধক্ৰমেই}} ৰেডিঅ’ৰ চাকৰিৰ পৰা ততালিকে
এমাহৰ ছুটী লৈ তেওঁৰ ঠাইত আমাৰ বন্ধুজনক
ইংলিচ কেজুৱেল এনাউন্চাৰ হিচাপে ভৰ্ত্তি কৰাই
১০৯ ধাৰাত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিছিল।
{{gap}}পুনৰাবৃত্তিৰ দোষত দোষী হ’লেও আকৌ ক’ম—
তচদ্দুক ইউছুফ এজন সম্পূৰ্ণ শিল্পী, পাৰফৰ্মিং
আৰ্টত অন্যতম প্ৰতিনিধিত্বমূলক ব্যক্তি, অনাত... | VALIDATED | ||
পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮৫ | সামাজিক অবিচাৰৰ বলি হ’ল, তাৰবাবে তেওঁৰ
প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’লহেঁতেন যদি তেওঁৰ মৃত্যুৰ
আগমুহূৰ্তত কাণে কাণে কৈ দিব পাৰিলোহেঁতেন—
“ইউছুফ চাহাব, এইখনেই সমাজ, ময়ো তাৰে এজন
ষড়যন্ত্ৰকাৰী। ইউছুফ চাহাব মনত পৰিছে সেই
সংলাপটোলৈ— Away, and mock the time
with fairest show; False face must
hide what the false heart doth
kn... | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১ | <poem>{{Xxx-larger|'''A'''}}
{{Xxx-larger|'''DICTIONARY'''}} '''OF''' {{Xxx-larger|'''PHRASES'''}}
'''FROM ASSAMESE AND ENGLISH'''
'''BY'''
'''BENUDHAR RAJKHOWA B. A.'''
{{X-larger|'''অসমীয়া'''}}
{{Xxxx-larger|'''খণ্ডবাক্য-কোষ। '''}}
{{X-larger|'''শ্ৰীবেণুধৰ ৰাজখোৱা বি, এ,ৰ দ্বাৰা সংগৃহীত। '''}}

Publishe... | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩ | {{center|{{Xx-larger|প্ৰকাশকৰ কব-লগীয়া। }}}}
{{Css image crop
|Image = A_Dictionary_Of_Phrases_From_Assamese_To_Assamese_And_English.djvu
|Page = 3
|bSize = 381
|cWidth = 135
|cHeight = 21
|oTop = 96
|oLeft = 126
|Location = center
|Description =

{{gap}}এই পুথিখনি ছাপাখানাত দিয়াৰ পাচতে শ্ৰীযুত বেণুধৰ ৰাজখোৱা ডাঙ্... | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪ | {{center|। ৹}} | {{center|<poem>{{Xx-larger|'''Preface.'''}}
'''⸺:৹:⸺'''</poem>}}
{{gap}}The want of a Dictionary of Assamese Phrases has
long been felt by those who are interested in the cause of the
Assamese language and literature. The present work is intended to1emove this want to some extent. There are 2387
phrases in this book. ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫ | {{gap}}The phrases are used as ordinary parts of speech
such as verbs, nouns, adjectives, adverbs etc. These are indicated in the book by means of abbreviated forms. It should
be borne in mind that a phrase, though shown as a particular
part of speech, can be conveniently adapted for use as some
other part of speech. A... | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৬ | {{center|{{X-larger|পাতনি}}}}
{{Css image crop
|Image = A_Dictionary_Of_Phrases_From_Assamese_To_Assamese_And_English.djvu
|Page = 6
|bSize = 381
|cWidth = 120
|cHeight = 14
|oTop = 87
|oLeft = 126
|Location = center
|Description =

{{gap}}অসমীয়া খণ্ডবাক্য-কোষৰ অভাৱ বহু কালৰেপৰা অসমীয়া সাহিত্যৰ হিতাকাক্ষী সকলে অনু... | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৭ | সেই বুলি তাক যে আন বিভাগত ব্যৱহাৰ কৰিব পৰা নাযায় এনে নহয়। আৰু কোনো খণ্ডবাক্য বিশ্লেষণ কৰি তাৰ এটা অংশকে পৃথকে ব্যৱহাৰ কৰা যায়। সেইৰূপে, খণ্ডবাক্য বৃদ্ধি বা সালসলনি কৰিও ব্যৱহাৰ কৰা ৰীতি চলিত আছে।
{{gap}}যিবিলাক খণ্ডবাক্যক ৰীতিসিদ্ধ প্ৰয়োগ-স্বৰূপে ধৰা গৈছে সাধাৰণতঃ সইবিলাকক মাথোন এই পুথিত ঠাই দিয়া হৈছে। তাৰ উপৰি,... | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৮ | Abbreviated forms of the parts of speech used in this book.

|ক্ৰি,||{{gap}}||...{{gap}}...||{{gap}}||ক্ৰিয়া||...{{gap}}...||{{gap}}||verb.

|ক্ৰি-বিণ,||{{gap}}||...{{gap}}...||{{gap}}||ক্ৰিয়া-বিশেষণ||...{{gap}}...||{{gap}}||adverb.

|বিং,||{{gap}}||...{{gap}}...||{{gap}}||বিশেষ্য||...{{gap}}...||{{gap}}||no... | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০ | {{Css image crop
|Image = A_Dictionary_Of_Phrases_From_Assamese_To_Assamese_And_English.djvu
|Page = 10
|bSize = 381
|cWidth = 294
|cHeight = 404
|oTop = 80
|oLeft = 51
|Location = center
|Description =

{{center|SRIJUT BENUDHAR RAJKHOWA B A}} | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১ | {{Xxxx-larger|{{center|অসমীয়া খণ্ডবাক্য-কোষ। }}}}
{{Css image crop
|Image = A_Dictionary_Of_Phrases_From_Assamese_To_Assamese_And_English.djvu
|Page = 11
|bSize = 381
|cWidth = 110
|cHeight = 17
|oTop = 173
|oLeft = 137
|Location = center
|Description =

{{center|'''অ। '''}}
'''অঁকৰা মৈত উঠা'''—ক্ৰি,... | VALIDATED | |||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২ | {{rh|অজগৰ|২|অতি-ভক্তি}} | ঢেঁকীত লগাব নালাগে। এতেকে,-যাৰ আঁতি-গুৰি চিনি পোৱা নাযায় তেনে মানুহেৰে সৈতে সামান্য কাৰ্যতো সম্পৰ্ক নৰখা, to keep absolutely no concern in any matter, however trivial it may be, with one whose antecedents are not known.
'''অজগৰ সাপ'''— বিং, লৰিব-চৰিব নোৱাৰা গাৱাল মানুহ, উঠিব লৰিবলৈ মন নোযোৱা ধোদা মানুহ, a corpulent p... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩ | {{rh|অতি-টানে|৩|অবচন}} | ভক্তি দেখায়, সেই মানুহৰ শৰীৰত চোৰৰ লক্ষণ থাকে, অৰ্থাৎ সেই মানুহ প্ৰকৃততে দুষ্ট স্বভাৱযুক্ত। এতেকে—অতি ভাল বুজালে প্ৰকৃততে দুষ্ট স্বভাৱযুক্ত হোৱা, to prove to be really a bad man by exceeding the limit of any good thing.
অতি-টানে— ক্ৰি. বিণ, যদিও কোনো বিষয় অতিকৈ টান হয় তথাপি at most.
অথলে যোৱা—[অস্থলে যোৱা] বেয়া ঠ... | PROOFREAD | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪ | {{rh|অবাইচ্|৪|অ’ৰ}} | use uncivil language.
'''অবাইচ্ মাত'''—বিং, [অবাচ্য মাত] কব-নলগীয়া মাত, অশিষ্ট ভাষা, uncivil
language.
'''অভ্যাসত কৰ্ণপথে শৰ কৰা'''—ক্ৰি, আগৰ দিনত আসামত অভ্যাসৰ দ্বাৰা কাণৰ বাটে
দি কাঁড় সৰকাই ধনুৰ্ব্বিদ্যাত পাৰ্গতালি দেখাইছিল। এতেকে,—অভ্যাসৰ
দ্বাৰা কঠিন কাৰ্য্যও সিদ্ধি কৰিব পৰা, to be able to work
wonders by habit... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫ | {{rh|অলপতে|৫|আই}} | থয় গৈ। এতেকে,—কোনো বস্তু এঠাইৰপৰা আন এঠাইলৈ নিয়া
অৰ্থাৎ বিশৃঙ্খল কৰা, to scatter about things in confusion,
to put things into disorder.
অলপতে কলপ কটা—ক্ৰি, সাপে মোট সলোৱাকে কলপ কটা বোলে। অলপতে
কলপ কাটিছে বুলিলে বুজা যায় যে অলপ পূৰ্ব্বতে সাপ সেই ঠাইত
আছিল, আৰু ভাগ্যে হে তাত থকা মানুহ জনৰ কোনো অপকাৰ
নহ’ল। এতেকে,—অলপ... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬ | {{rh|আই||আঁঠিয়া}} | সাহায্য খোজা হয়। এতেকে,—বিপদগ্ৰস্ত হোৱা, to be over-
taken by dire calamity.
আই হেৰ বাই হেৰ বুলি ফুৰা—ক্ৰি, লোকক কাবৌ-কোকালি কৰি ফুৰা, to
pursue a begging policy.
আও-কঠীয়াৰ সঁচ—বিং, বেয়া জাতৰ কঠীয়াৰ সঁচ, নীচ বংশৰ মানুহ, a person
of low origin.
আওমৰণেৰে মৰা—ক্ৰি, বেয়া মৰণেৰে মৰা, অস্বাভাবিক মৃত্যু পোৱা, to die
a... | VALIDATED | ||
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭ | {{rh|আঁঠু|৭|আঁহে}} | হৈছে। এতেকে,—কোনো কাৰ্য্য অতি সহজে সম্পাদন কৰা, to
do a thing quite easily.
আঁঠু লোৱা—ক্ৰি, [আঁঠু পাৰি লোৱা] মাটিত আঁঠু পাৰি বহা, to fall on
the knees.
আঁঠুৰ মাজত মূৰ সুমোৱা—ক্ৰি, বুঢ়া মানুহ কুঁজা হৈ মূৰটো দুই আঁঠুৰ মাজত সুমাই থাকে। এতেকে,—নিস্তেজভাৱে কাৰ্য্য কৰা, এলাহত কাল-যাপন
কৰা, to do a thing effortlessly, to w... | VALIDATED |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.