title
stringlengths
13
148
header
stringlengths
0
3.13k
footer
stringlengths
0
2.16k
body
stringlengths
0
46k
quality
stringclasses
2 values
url
stringlengths
58
1.01k
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৮
{{rh|জিবাখন|১০৮|জীয়া}}
সেই কথাৰে মাছ খাবলৈ খুজিছে বুলি মাকে ভাবে। এতেকে,— মাছ। (কেঁচুৱা লৰাৰ সম্পৰ্কে ব্যবহৃত হয়) fish served in a dish (applied with reference to a baby.) '''জিবাখন কাটি পেলোৱা'''—ক্ৰি জিবাৰ সাহায্যেৰে কথা কোৱা হয়। এবেলি কোনো কথা কৈ তাৰ পাচত নাই কোৱা বুলি আসৈ মাতিলে জিবা কাটি পেলোৱাৰ নিচিনা হয়। এতেকে,—এবেলি কোনো কথা কৈ ঘূৰি আসৈ মতা, কথা লৰোৱা to withdraw a word once spoken. '''জিবাত পানী ওলোৱা'''—ক্ৰি, ভাল বস্তু খাবৰ নিমিত্তে হেঁপাহ হলে জিবাৰ পানী ওলায়। এতেকে,—কোনো ভাল বস্তুৰ নিমিত্তে হেঁপাহ হোৱা, to feel the temptation of anything too strongly. '''জিৰণীয়া মৌ'''—বিং, মৌ-জাক উড়ি যাওঁতে বাটত সুবিধাজনক ঠাইত ৰৈ অলপ পৰ জিৰাই সেই ঠাই এৰি গুচি যায়। এতেকে,—কোনো ঠাইত স্বাৰ্থৰ নিমিত্তে অস্থায়ীভাৱে থকা মানুহ, a person who resides in a certain place temporarily to serve his selfish ends, '''জী-মৰা জোৱাঁই'''—বিং, জীয়েক মৰিলে জোৱাঁয়েকলৈ পূৰ্ব্বৰ দৰে মৰম-চেনেহ নাথাকে। এতেকে,—যাৰপৰা সম্বন্ধ ঘটে সেইজন আঁতৰা বাবে মৰম-চেনেহৰ পৰা বঞ্চিত হোৱা মানুহ, মৰম হেৰুওৱা মানুহ, one losing the love of another on account of the loss of a person dear to both, '''জীয়া জুই'''—বিং, জুইয়ে চেংচেঙ্গায়। কোনো আপোন মানুহক ডাঙ্গৰ বিপদত পৰা দেখিলেও গা চেংচেঙ্গায়। প্ৰভেদ এয়ে যে জুই মৰা, কিন্তু বিপদগ্ৰস্ত লোক জীয়া। জীয়া জুইৰ তাপ মৰা জুইৰ তাপতকৈ বেচি বোধ হয়, এই ভাব বুজোৱা হৈছে। জীয়া জুইয়ে আন্তৰিক তাপ দিয়ে, মৰা জুইয়ে বাহ্যিক তাপ দিয়ে। এতেকে,— অত্যন্ত সন্তাপদায়ক, ঘোৰ বিপদগ্ৰস্ত আত্মীয় মানুহ, a beloved person in great affliction. '''জীয়া বাঁৰী'''—বিং, [ গিৰিয়েক জীয়াতে বাঁৰী ] গিৰিয়েক জীয়াই থাকোঁতেই বাৰীৰ তুল্য ব্যৱহাৰ পোৱা তিৰোতা, a neglected wife.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৯
{{rh|জীয়া|১০৯|জুইত}}
জীয়া ভূত—বি, মানুহ মৰিলে আত্মা গৈ ভূত হয়। ভূতে অতপালি কৰে। এই স্থলত জীৱন্ত অৱস্থাতে ভূত বুলি কোৱা হৈছে। এতেকে,— অতপালি কৰা মানুহ, অত্যন্ত দুৰ্দান্ত মানুহ, a person of violent disposition, a too wicked person. জীয়াৰ দিন টুট—ক্ৰি, দিন শব্দে কাল অৰ্থাৎ আয়ুস বুজাইছে। (জীয়া =জীয়া মানুহ। ) এতেকে,—জীবিত মানুহৰ আয়ুস ক্ৰমশঃ কম হৈ যোৱা, the gradual decreasing of a man's life. জীৱই উজান-ভাটি কৰ—ক্ৰি, শৰীৰৰ ডাঙ্গৰ কষ্ট হলে জীৱটো এবেলি ওপৰলৈ উঠে আৰু এবেলি তললৈ নামে অৰ্থাৎ ওলাই যাবৰ নিমিত্তে অস্থিৰ হয়। এতেকে,—অতিপাত বিপদগ্ৰস্ত হোঝ, to be morbidly afflicted with grief. জীৱন্ততে মৰা, জীৱন্ত অৱস্থাতে মৰাৰ দৰে হোৱা অৰ্থাৎ মহাকষ্টত পৰি মৃত্যুপ্ৰায় হোৱা, to be overwhelmed by the direst calamity. জুই খোৱা—ক্ৰি, জুই খালে শৰীৰৰ অভ্যন্তৰ পুৰি যায়। ডাঙ্গৰ বিপদত পৰিলেও চিন্তাত আভ্যন্তৰিক দাহ উপস্থিত হয়। এতেকে,—ডাঙ্গৰ বিপদত পৰা, to run into great danger. জুই দিনে মুখ নোপোড়া মানুহ—বিং, যি মানুহে মুখেৰে অতিকৈ কথা কব পাৰে, তাৰ মুখৰ তেজ বৰ চোকা বোলা হয়। জুইৰ তেজো চোকা। জুইৰ তেজতকৈ মুখৰ তেজ চোকা হলে, জুইয়ে মুখক বিঘাত কৰিব নোৱাৰে। এতেকে,—অতিপাত চোকা মুখৰ মানুহ, a person having an acrimonious tongue. জুইত জাঁপ দিয়া—ক্ৰি, ডাঙ্গৰ বিপদক জুইৰে তুলনা কৰা হৈছে। সমুখত ডাঙ্গৰ বিপদ দেখিও তাত গৈ পৰা যেনে, জাঁপ মাৰি জুইত পৰা তেনে বোলা হৈছে। এতেকে,—দেখাদেখি ডাঙ্গৰ বিপদত উপযাচি পৰা, to court great danger deliberately. জুইত জাহ যোৱা—ক্ৰি, ফড়িং আদি জুইত পৰিলে যেনেকৈ জাহ যায়, মানুহো ডাঙ্গৰ বিপদত পৰিলে তেনেকৈ জাহ যায় বোলা হৈছে। এতেকে,— ডাঙ্গৰ বিপদত পৰি সমূলি ধ্বংস পোৱা, to be completely ruined by deliberately running into great danger.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২০
{{rh|জুইয়ে|১১০|জুলীয়া}}
জুইয়ে ধৰা ধৰা—ক্ৰি, বতাহ লাগি লাগি জুইয়ে ওচৰত থকা মানুহক খেদি খেদি ধৰে। এতেকে,— টানকৈ তাগিদা কৰা, to make an insis- tent demand for anything. জুই-আঙ্গঠ কাপোৰেৰে ঢাকি থব নোৱৰা—ক্ৰি, যদি জুইৰ আঙ্গঠা কাপোৰেৰে ঢাকি থোৱা যায় তেনেহলে কাপোৰখন পুড়ি আঙ্গঠা ওলাই পৰে। সেইৰূপে, মানুহৰ প্ৰকৃত গুণ আবৃত কৰি ৰাখিব পৰা নাযায়; সি যেন তেনে প্ৰকাৰে প্ৰকাশিত হব। এতেকে,—প্ৰকৃত গুণ লুকাই ৰাখিব নোৱৰা, to be unable to **** real genius by opposition. জুই-ছাই দৰ—বিং, [ জুই যেন তপত ছাই দৰ। ] বৰ তপত ছাই চুব নোৱাৰি। কোনো বস্তুৰ দৰ অতিৰিক্ত হলেও তাক ছুব নোৱাৰি অৰ্থাৎ কিনি হাতত লব নোৱাৰি। এতেকে,—অতিৰিক্ত মূল্য, কিনিব নোৱৰা বেচ, prohibitive price, expensive value. জুই-পানী অসঞ্চাৰ হোৱা—ক্ৰি, দুঘৰ মানুহৰ ভিতৰত ডাঙ্গৰ শত্ৰুতা চলিলে ই ঘৰৰ পৰা সিঘৰলৈ জুই আৰু পানীৰ চলা-চল বন্ধ হয়। জুই আৰু পানী জীৱনযাত্ৰাৰ নিমিত্তে প্ৰধান লাগতিয়াল আৰু সেই দুটা বস্তু যতে তে বিনামূল্যে পোৱা যায়। জুই অৰু পানীৰ মূল্য নাই আৰু সেই দুই বন্ধু খোজনীয়াক নিদিলে মহাপাপ হয়। এতেকে,— ভয়ানক শত্ৰুতা হোৱা, to be on terms bitterest enmity. জুইশালত গঢ়িলে কমাৰশালত গঢ়িব পৰা—ক্ৰি, কমাৰে নিজ ব্যৱহাৰৰ নিমিত্তে কাম চলাব পৰাকৈ জুইশালত অস্ত্ৰ তৈয়াৰ কৰি প্ৰথমে কাম শিকে। অভিজ্ঞতালাভ কৰিলে পাচত কমাৰৰ বৃত্তি ধৰি বেচিবৰ নিমিত্তে উত্তম অস্ত্ৰ কমাৰশালত তৈয়াৰ কৰে। এতেকে,—সৰু কাম কৰি শিক্ষা হলে হে ডাঙ্গৰ কাম কৰিব পৰা, to be able to do an important business by being trained from the humbl- est stage. জুগলি—বিং, [ যুগলি ] যাক যোগান দিয়া যায় অৰ্থাৎ আহাৰ দিয়া যায় সি, পেট। (বিদ্ৰুপ-প্ৰয়োগ। ) stomach (used ironically). জুলীয়া গুড়—বিং, গুড় জুলীয়া হলে সি একে ঠাইতে নাথাকে, যেনিয়ে সুবিধা পায় তেনিয়ে বাগৰি যায়। সেইৰূপে যি মানুহৰ মতৰ স্থিৰতা নাই, সিও
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২১
{{rh|জুপুৰা|১১১|জোখা}}
যেনি সুবিধা পায় তেনি বাগৰি যায়, অৰ্থাৎ সেই ফাললৈকে মত পৰিবৰ্ত্তন কৰে। এতেকে,—অস্থিৰ মতৰ মানুহ, one without a fixed principle of his own, all irresolute person, a waverer. জুপুৰা হাবিত বাঘ থকা—ক্ৰি, (জুপুৰা =সৰু। ) চাপৰিত জুপুৰা হাবি থাকে, আৰু তাত গৰু মহ চৰে। গৰু মহ ধৰিবৰ নিমিত্তে বাঘে ডাঙ্গৰ হাবিৰপৰা আহি তেনে ঠাইত আহাৰ বিচাৰি ফুৰে। এতেকে,— সৰু সুৰা কাৰ্য্যত ডাঙ্গৰ ভয়ৰ কাৰণ থকা. the happening of danger in small matters. জুুলুকি জুলুকি শিকোৱা—ক্ৰি, [জোলোকা জোলোকে শিকোৱা] অতি বেজাৰত টেটু শুকায়, তেতিয়া জোলোকা-জোলোকে পানী খাব লাগে। এই স্থলত কোৱা হৈছে যে এনে শিকনি দিয়া হয়, যে মানুহটোৱে জোলোকা-জোলোকে পানী খাব লগীয়া হয়। এতেকে,— উগ্ৰ দণ্ড দিয়া, নানা প্ৰকাৰ আহুকাল কৰা, to punish severely, to annoy in different ways. জেঠ-মহীয়া পকা আম যেই সেই জোপাই সোৱাদ হোৱা—ক্ৰি, আম কেঁচা অৱস্থাত টেঙ্গা হৈ থাকে, পকিলে সোৱাদ হয়। স্বভাৱতে কোনো আম টেঙ্গা আৰু কোনো আম সোৱাদ। কিন্তু পকিলে সকলো- বিলাক আম সোৱাদ হয়। জাতত আম টেঙ্গা নে সোৱাদ, কেঁচা অৱস্থাত খাই চালে হে চিন পোৱা যায়। জেঠ মাহত সকলো আম পকে। এতেকে,—উপযুক্ত সময়ত যেই সেই বস্তু সোৱাদ হোৱা, the turning out of a thing to be sweet in its proper time. জেৰেঙ্গালৈ নিয়া—ক্ৰি, আহোম ৰজাৰ দিনত শিৱসাগৰৰ ওচৰত জেৰেঙ্গা পথাৰত অপৰাধীক প্ৰাণদণ্ড দিয়া হৈছিল। এতেকে,—প্ৰাণদণ্ড দিয়া, to condemn a person to death. জোকৰ মুখত চুণ দিয়া—ক্ৰি, জোকৰ মুখত চূণ দিলে সি তৎক্ষণাৎ মৰি যায়। এতেকে,—যাক যি প্ৰকাৰেৰে ঘটুৱাব লাগে তাক সেই প্ৰকাৰেৰে ঘটুওৱা, to punish a person appropriately. জোখা লগা—ক্ৰি, নিয়মিত জোখত লগা। (অধিকাংশ স্থলত ব্যাঙ্গাৰ্থত ব্যৱহৃত হয়। তেতিয়া তাৰ অৰ্থ ওলোটা হয় , যেনে—নিয়মিত জোখত
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২২
{{rh|জোৰ|১১২|জোলে}}
নলগা। তাৰপৰা অসুবিধা জঞ্জাল বা লেঠা লগা। ) to be well proportioned, symmetrical, harmonious concordant. (0ften used ironically, when it bears the opposite meaning, to be ill-proportioned unsymmetrical, unharmonious, discordant Thence, to be put to in convenience). জোৰ পুড়ি বৰলাৰ হাত পোৱা—ক্ৰি, জোৰ লাহে লাহে পুড়ি চুটি হৈ যায়। জুই হাত পাবলৈ অলপ থাকোঁতেই ঘৈণীয়েকে গৈ আন এতাঁৰ জোৰ দিয়ে গৈ। কিন্তু বৰলাৰ ঘৈণীয়েক নোহোৱাত তাক আন এতাঁৰ জোৰ দিওঁতা মানুহ নোলায়। কাজে-কাজেই জোৰ পুড়ি গৈ জুইয়ে বৰলাৰ হাত পুড়িবৰ উপক্ৰম কৰে বোলা হৈছে। বৰলাৰ ভাল গৃহস্থালি হব নোৱাৰে। ’বৰলা’ শব্দে নিঃসহায়তাৰ ভাব বুজাইছে। এতেকে,—কোনো এটা বিষয়ত সহায়-সাৰথিহীন মানুহৰ অৱস্থা শোচনীয় হোৱা, the going down of the affairs of a person without help to the extreme limit. জোৰৰ আগত বাতি—বিং, (বাতি=চাকি। ) জোৰৰ পোহৰ ডাঙ্গৰ। তাৰ আগত চাকিৰ পোহৰ নিজিলিকে। এতেকে,—বৰলোকৰ আগত ক্ষমতা বুজাব নোৱৰা সাধাৰণ মানুহ, an insignificant fellow in the presence of an illustrious personage. জোৰা দি কোৱা—ক্ৰি, [ মিছা জোৰ দি কোৱা। ] বঢ়াই কোৱা, to exaggerate. জোৰাই দিয়া—ক্ৰি, মুখেৰে জোৰা পাতি দিয়া অৰ্থাৎ মতা হলে মাইকীয়ে আৰু মাইকী হলে মতাৰে জোৰা লগাই কথা কোৱা, to speak of person as pairing with another of the opposite sex. জোল ওলোৱা—ক্ৰি, কোনো বস্তু চেপিলে জোল ওলায়। এতেকে,—হেঁচা- টেপাত কষ্ট পোৱা, ডাঙ্গৰ অসুবিধা পোৱা, to be put to much inconvenience. জোলে জোৰা—ক্ৰি, [‘জোল ওলোৱা চোৱাঁ] ইমান সৰহকৈ জোল ওলায় যে সেইখিনিয়েই জোৰে। (ব্যঙ্গাৰ্থত ব্যৱহৃত হৈছে। ) এতেকে,— বহুকষ্ট পোৱা, to be distressed.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৩
{{rh|জ্ঞাতিয়ে|১১৩|জ্বালে-জোলে}}
{{rh||১৫|}}
'''জ্ঞাতিয়ে অগা-ভেটা নকৰিলে গঙ্গা পাব গৈ পৰা'''— ক্ৰি, কোনো কুকুৰে অচিনাকি কুকুৰ বাটত দেখিলে তাক অগা-ভেটা কৰি কামোৰা-কামুৰি কৰে। কুকুৰে একেৰাহে ভাগৰ নলগাকৈ গৈ থাকিব পাৰে। সি কয়:— “মোক যদি জ্ঞাতিয়ে অগা-ভেটা নকৰিলেহেঁতেন, মই গৈ গঙ্গা স্নান কৰি সদ্গতি পাব পাৰিলোঁহেঁতেন। এতেকে,—জ্ঞাতিৰ বাধা নাপালে বহু উন্নতি কৰিব পৰা, to be able to rise to eminence but for obstacles put in one's way by kith and kin. '''জ্ঞানে গৰকা'''—ক্ৰি, [জ্ঞানেৰে গৰকা] কোনো বস্তু ভৰিৰে গৰকিলে সি লেও-সেও হয়। কথাৰো কঠিনতা ভাগিলে আৰু ভাল-ৰূপে বুজিলে সি লেও-সেও হয়। এতেকে,—কোনো কথা পৰে নোকোৱাকৈ নিজ জ্ঞানৰ দ্বাৰা ভালৰূপে বুজি লোৱা, to consider within oneself the pros and cons of anything. '''জ্বলা জুইত হাত সুমোৱা'''—ক্ৰি, জ্বলি থকা জুইত হাত সুমালে সি পুড়ি-দেই যায়। এতেকে,—দেখাদেখি ডাঙ্গৰ বিপদত উপযাচি পৰা, to embrace danger deliberately. '''জ্বাল খোৱা'''—ক্ৰি, কোনো মানুহক বৰকৈ মাৰ-কীল কৰিলে তাৰ গাত বিষ হয়। তেতিয়া সি যদি জ্বাল খায়, তেনেহলে বিষ কমে। এতেকে,— বৰকৈ মাৰ-কীল খোৱা, to be beaten soundly. '''জ্বালত দিয়া সোণ'''—বিং, সোণ জ্বালত দিলে অৰ্থাৎ জুইত পুড়িলে সি অতি উজ্জ্বল হয়। এতেকে,—অতি শুৱনী মানুহ, a bright and beautiful person. '''জ্বালে-জোলে খোৱা'''—ক্ৰি, দুখীয়া মানুহৰ আঞ্জা পাচলি নথকাত জুলীয়া হয়। তাকে সিহঁতে জলকীয়া বা জালুকৰ জ্বাল দি খায়। এতেকে,—দুখীয়া খাৱনেৰে খোৱা, to live on a plain diet. <center>⸻</center>
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৪
{{rh|টকালি|১১৪|টিকচি-বিকচি}}
{{center|{{X-larger|ট৷}}}} '''টকালি পাৰি খোৱা'''—ক্ৰি, উপাদেয় বস্তু খাওতে তালুত লাগি টকালি পৰাৰ নিচিনা শব্দ হয়৷ এতেকে,— তৃপ্তিৰে ভোজন কৰা, to eat with a gusto. '''টং কৰি চোৱা'''—ক্ৰি, [তত্ কৰি চোৱা] কোনো বিষয়ৰ তত্ত্ব অৰ্থাৎ মূল কথা বিচাৰ কৰি চোৱা, to judge after due deliberation. '''টাই-টুই কৰা'''—ক্ৰি, [ঠেই ঠেই কৰা] হাত লৰাই ঠেই-ঠেই কৰে নচা হয়৷ এতেকে,— হাত জোকোৰা৷ তাৰপৰা— হাতৰ ঠাৰেৰে বুজোৱা, নিৰস্ত্ৰ অৱস্থাত শত্ৰুৱে আক্ৰমণ কৰোঁতে শুদা হাত জোকাৰি বাধা দিবলৈ চেষ্টা কৰা, to move one's hand; hence to communicate anything by signaling with the hand, to show fight with an empty hand. '''টাং গুটি'''— বি. টাং-গুটিক যেনেকৈ কুবিয়াই লৈ ফুৰায়, তেনেকৈ কুবিয়াই লৈ ফুৰা মানুহ, one who is tossed about as a play ball, a person receiving indignities from all quarters. '''টাঙ্গোন জোকৰা'''— ক্ৰি, মানুহে মাৰ-কিল কৰিবৰ নিমিত্ত সাজু হৈ টাঙ্গোন জোকাৰে। এতেকে,—মৰিবলৈ উদ্যোগ কৰা, ভয় দেখুওৱা, to show fight, threaten. '''টান পালে ৰাম বোলা'''—ক্ৰি, (টান = টান অৱস্থা, কষ্ট, বিপদ। ) সম্পদৰ কালত ঈশ্বৰক পাহৰি থকা যায়, বিপদত হে ঈশ্বৰৰ প্ৰতি ভক্তি জাগৃত হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,—কষ্ট পালে ঈশ্বৰৰ নাম কৰা, to remember God only in times of adversity. '''টানি-আজুৰি কৰা'''—ক্ৰি, যেনে তেনে উপায়েৰে কষ্ট কৰি কৰা, to act with a great deal of inconvenience. '''টানি-মানি'''—ক্ৰি-বিণ, (’মানি’ অনু{{বঙালী ৰ}}ূপ শব্দ। ) অতিকৈ টানি অৰ্থাৎ যদিও অতিকৈ টানি ধৰা হয় তথাপি, at most. '''টিক্ চি বিক্ চি উঠা'''—ক্ৰি, টিকচি = টিঙ্গত চৰি। ’বিকচি’ অনুকাৰ শব্দ। খং টিঙ্গত অৰ্থাৎ মূৰত চৰি মানুহটো বহা অৱস্থাৰ পৰা উঠে বোলা হৈছে।
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৫
{{rh|টিকনিৰ|১১৫|টিলিকিতে}}
খং উঠিলে মানুহ উঠে আৰু যুঁজৰ নিমিত্তে সাজু হয়। এতেকে,—ক্ৰোধত উগ্ৰমুৰ্ত্তি ধৰা, to be furiously excited. '''টিকনিৰ আগত খং উঠা'''—ক্ৰি, খং উঠিলে তেজ মূৰলৈ উঠে। এই স্থলত কোৱা হৈছে যে তেজ ইমান ওপৰলৈ উঠিছে, যে সি গৈ টিকনিৰ আগ পায়গৈ। এতেকে,— অতিকৈ খং উঠা; to lot highly excited with anger. '''টিকা ভগা'''—ক্ৰি, গাইগৰুৰ পোৱালি জগাৰ পৰ্ব্বতে দুই টিকাত অলপ খোল পৰে৷ এতেকে,— গাইগৰুৰ পোৱালি জগাৰ সময় উপস্থিত হোৱা; to coming of the time of delivery of a cow. '''টিকাত গুৰিয়ালেও খাবলৈ নেৰা'''—ক্ৰি, উপদেয় বস্তু খাবলৈ বহিলে, কোনো মানুহে যদি টিকত গুৰিয়াই খাবলৈ হাক দিয়ে, তথাপি খাবলৈ নেৰা। এতেকে,— কোনো উপাদেয় বস্তু খাবলৈ হাক দিলেও নাখাই থাকিব নোৱৰা, not to cease eating a delicacy at any cost. '''টিকা চাপৰ মৰা'''—ক্ৰি, ঢোলৰ অভাৱত টিকাত চাপৰ মৰা অৰ্থাৎ আনন্দত মতলীয়া হোৱা, to be transported with joy. '''টিকাৰ ছাল ছেলিলেও কথা নেৰা'''—ক্ৰি, কোনো মানুহক ধৰি চোচোৰাই টানি নিলে তাৰ টিকাৰ ছাল ছেলি যায়। এই স্থলত কোৱা হৈছে যে তেনে কৰাতো নিজৰ কথা নেৰে। এতেকে,—গাৰ বলেৰে ধৰিলেও কথা নেৰা, আঁকোৰ-গোজালিকৈ নিজৰ মততে ধৰি থকা, to adhere to one's opinion dogmatically at any cost. '''টিকা-ফটা ৰ’দ'''— বিং, (টিকা=বৰি মাটি, ওখ ঠাই। ) টান ৰ’দত টিকা চিৰচিৰে ফাটে। এতেকে,— টান ৰ’দ, scorching sunshine. '''টিঙ্গনা নাৱত ওপৰ-ভৰা হোৱা'''—ক্ৰি, টিঙ্গনা নাওত ওপৰ-ভৰা হলে সি কাতি হৈ বুৰি যায়। এতেকে,—যিমান চম্ভালিব পৰা যায় কোনো কাৰ্য্যৰ ভাৰ তাতকৈ অধিক হোৱা, to be over burdened. '''টিঙ্গিৰি তুলা হোৱা'''—ক্ৰি, (টিঙ্গিৰি তুলা = টিঙ্গিৰি মৰা মাত্ৰেই খপ কৰে জ্বলি উঠা তুলা। ) আগৰ দিনত টিঙ্গিৰি মাৰি তুলাৰে জুই ধৰি ৰখা হৈছিল। এতেকে,—কপ-কৰে খঙ্গত জ্বলি উঠা, হঠাৎ অগ্নি-মূৰ্ত্তি ধাৰণ কৰা, to be suddenly excited with anger. '''টিলিকিতে উৰাই দিয়া'''—ক্ৰি, কোনো মানুহক একেবাৰে গণিতা নকৰিলে আৰু
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৬
{{rh|টুকুৰিয়াই|১১৬|টেকেলি}}
উৰাই দিয়া যায় অৰ্থাৎ তাৰ অস্তিত্বকে নামানে। টেলাই নকৰা বুজাবলৈ মানুহে টিলিকি মাৰি কথা কয়। এতেকে,— সমুলি টেলাই নকৰা, to show utter disregard of any one. '''টুকুৰিয়াই চোৱা'''—-ক্ৰি, কোনো বস্তু টুকুৰিয়াই চালে সি ফোঁপোলা নে শাহ-থকা বুজিব পাৰি। এতেকে,—উমান লোৱা, গঢ়-গতি বুজা, to sound one's mind. '''টুটকীয়া নহলে গাঁও নবহা'''—ক্ৰি, নতুনকৈ কোনো এঠাইত গাঁও বহাবলৈ হলে টুটকীয়া মানুহ গৈ নানা প্ৰকাৰ কথা লগাই আন গাওঁৰপৰা মানুহ ভঙ্গাই আনে। এতেকে,--সকলো কাৰ্য্যতে টুটকীয়া মানুহৰ আৱশ্যকতা থকা, the turning out of a slanderer to be useful in some way in any affair. '''টুটকীয়া নাৰদ'''--বি, নাৰদৰ দৰে টুটকীয়া কথা কোৱা মানুহ, লগনীয়া মানুহ, a slanderer, a backbiter. '''টুপাই বুৰ মৰা'''—ক্ৰি, বুৰ মাৰোঁতে টুপং কৰে শব্দ হয়। বুৰ মাৰিলে মানুহটো তৎক্ষণাৎ লুকাই যায়, পানীৰ তলে তলে সি কেনি যায় কোনেও তত ধৰিব নোৱাৰে। এতেকে,—থিতাতে গা লুকুওৱা, কোনো এটা কাৰ্য্য কৰি গা নেদেখুৱাই সুৰুক-কৰে আঁতৰি যোৱা, to escape after doing a thing without showing one's hand, to disown authorship of an action after having done it, to dis- appear suddenly. '''টেই-টুকি দিয়া'''—ক্ৰি, [ টাৰি টুকি দিয়া ] তেলৰ টাৰি টুকি দিয়ে অৰ্থাৎ টাৰিত তেলৰ শেষ নোহোৱাকৈ তেনেই দিয়ে বোলা হৈছে। এতেকে,— বাকি নোহোৱাকৈ দিয়া, তেনেইে দিয়া, to give away wholly and completely. '''টেক-টেকী বাই'''—বিং, টেক্-টেক্ কৰে কথা কৈ থকা অৰ্থাৎ প্ৰগলভা তিৰোতা, a noisy woman. '''টেকাম-টেকামকৈ খোৱা'''—ক্ৰি, খাওঁতে জিবা অধিককৈ লৰচৰ কৰিলে টেকাম- টেকাম শব্দ হয়। এতেকে,—তৃপ্তিৰে খোৱা, (ব্যঙ্গাৰ্থত ব্যৱহৃত হয়। ) to eat with a gusto (used ironically). '''টেকেলি দিয়া'''—বিং, বিয়াত দৰালি ঘৰীয়া মানুহে কন্যা নোৱাবৰ নিমিত্তে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৭
{{rh|টেকেলি-পেটা|১১৭|টেটুত}}
টেকেলিৰে পানী দিয়া উৎসৱ, the ceremony of giving water for the bath of the bride in a wedding. '''টেকেলি-পেটা'''— বিণ, টেকেলিৰ নিচিনা পেট থকা, বৰ পেটুৱা, pot-bellied, having a prominent belly. '''টেঙ্গৰৰ ডিঙ্গিত ডোল লগা'''—ক্ৰি, ডোল ডিঙ্গিত লাগিলে বেগতে নেৰায়। অজলা মানুহৰ ডোল ভৰিত লাগে অৰ্থাৎ ডোল লাগিলেও সি বেগতে তাক এৰুৱাব পাৰে, নিজে টেঙ্গৰৰ ডোল ডিঙ্গিত লগাৰ নিমিত্তে তাৰ সাৰিবলৈ টান পৰে। এই স্থলত বিপদক ডোলৰে তুলনা কৰা হৈছে। এতেকে,--টেঙ্গৰ মানুহে টেঙ্গৰালি কৰি ফুৰোঁত দৈবাৎ ধৰা পৰি বিপদত পৰিলে সাৰিবলৈ টান হোৱা the entangling of a cunning person in an inextricable difficulty. '''টেঙ্গৰৰ সাতোটা গুণ থকা''' — ক্ৰি, সাতোটা =বহু সংখ্যক। 'গুণ’ শব্দে এই স্থলত দুৰ্গুণ অৰ্থাৎ ফিকিৰ বুজাইছে। এতেকে,—টেঙ্গৰ মানুহৰ বহু ফিকিৰ থকা the possessing of very many artifices by a clever person. '''টেঙ্গা আম এবেলি বেচিব পৰা'''—-ক্ৰি, টেঙ্গা আম মানুহে জানি শুনি নিকিনে। বেচোঁতাই টেঙ্গা আমকে মিঠা বুলি ফাঁকি দি কেতিয়াবা বেচে। এই স্থলত কোৱা হৈছে, তেনে-ৰূপে সেই জন মানুহে এবেলি মাথোন বেচিব পাৰে, কিয়নো পিচলৈ তাৰপৰা আৰু সেই মানুহে কেতিয়াও আম নিকিনে। এতেকে, —গোটেই জীৱনত কোনো মানুহক এবেলি মাথোন ঠগিব পৰা, to be able to deal with a person badly only once during one's life time i. e. for the first time only after which one is found out and avoided during the rest of his life. '''টেঙ্গা দিয়া'''—-ক্ৰি, টেঙ্গা বস্তু খাবলৈ বেয়া। এতেকে,—বেজাৰ-অসন্তোষ দিয়া, to displease, '''টেটুত ক্ষুৰ দিলেও ফুটা কড়ি এটা নোলোৱা'''—বিং, যদি ডকাইত আহি টেটুত ক্ষুৰ দি কয় “এটা ফুটা কড়ি উলিয়াই দে, নহলে তোক কাটি পেলাম” তথাপি সি সিমানকে উলিয়াব নোৱাৰে। এতেকে,—নিচেই টোকোনা মানুহ, poorest of the poor
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৮
{{rh|টেটুত|১১৮|টোপনী-খকুৱা}}
'''টেটুত ডোল এডাল দিয়া'''—ক্ৰি, টেটুত ডোল বন্ধা থাকিলে গৰুৱে যলৈকে ইচ্ছা কৰে তলৈকে যাব নোৱাৰে। সেইৰূপে মানুহে তিৰোতা বিয়া কৰিলে মুকলি-মূৰীয়াকৈ ঘৰ এৰি ফুৰিব নোৱাৰে। এতেকে—,বিয়া কৰাই দিয়া, ( মতা মানুহৰ সম্পৰ্কে খাটে। ) to get a man married. '''টেটুলৈকে ধাৰ'''—-বিং, ধাৰৰ পৰিমান ইমান অধিক বোলা হৈছে যে আৰু অলপ যদি ধাৰ বাঢ়ে তেনেহলে মানুহটো সমুলি পোত যাব। এতেকে,— অপৰিমিত ধাৰ, heavy debt. '''টেটোন টামন'''—বিং, টেটোন আৰু টামন নামেৰে দুট শিয়ান ভাই-ককাই আছিল। এতেকে,—অতি ধূৰ্ত্ত মানুহ, a too cunning fellow. '''টোক্-টোক্ টাক্-টাক্ কৈ থকা'''—ক্ৰি, হাঁহে বোকা-পানীত ঠোঁটেৰে টোক্-টোক্ টাক্-টাক্ কৰি থাকে। এতেকে,—দুখীয়া নিচলাও মিলা-প্ৰীতিভাৱে কাল-যাপন কৰা, to lead a humble life. '''টোকোৰা পজাঁ'''—বিং , ( পঁজা = জুপুৰি ঘৰ। ) টোকাৰাৰ বাহৰ নিচিনা বাসস্থান। সমূলি দুখীয়া ঘৰ, a wretched hut. '''টোকোৰা লথিওৱা দিয়া'''— ক্ৰি, ( সাধুকথা) চৰায়ে বাহ কেনেকৈ বান্ধিব লাগে এই কথা ঈশ্বৰে টোকোৰাৰ আগত বুজাই দিলে। টোকোৰাই আন আন চৰাইক সেই বিদ্যা নিশিকালে। সেই অপৰাধত আটাইবিলাক চৰায়ে টোকোৰাৰ মূৰত লথিয়াবলৈ ধৰিলে। তেতিয়াৰপৰা টোকোৰা লথামুৰা হ'ল। এতেকে,—বহু মানুহে গোট খাই কোনো এজনক গাই-পতি অলপ-অচৰপ মাৰ-কিল কৰা the causing of some slight injury to one by each of a crowd of men. '''টোটক-নাটক কৰা'''—ক্ৰি, [ টুটক-নাটক কৰা ] তালৈ টুটক অৰ্থাৎ কমক, তালৈ নাটক অৰ্থাৎ নোজোৰক এনেভাব কৰা, সামান্যভাৱে কপটাচৰণ কৰা, to act in a jealous spirit in petty affairs. '''টোপ পৰিবলৈ নিদিয়া'''—ক্ৰি, চৰায়ে পোৱালিক টোপ খুৱাওঁতে মুখতে মুখ সুমাই দি খুৱায়, টোপ মাটিত পৰিবলৈ নিদিয়ে। এতেকে,—অতি চেনেহেৰে পালন কৰা। to foster with utmost solicitude, to bring with tender care, '''টোপনি-খকুৱা'''—-বিণ, টোপনিলৈ খক অৰ্থাৎ হেঁপাহ, অধিককৈ শুই থকা, heavy with sleeping.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৯
{{rh|টোপনিয়ে|১১৯|ঠাই}}
'''টোপনিয়ে জোকোৱা'''—-ক্ৰি, প্ৰণয়ী মানুহে যেনেকৈ শুবলৈ জোকায়, টোপনিয়েও তেনেকৈ শুবলৈ জোকায় বোলা হৈছে। এতেকে,—টোপনি আহিব খোজা, to be inclined to sleep, to the heavy with sleepigness. '''টোপা-কাঁড়টো যোৱা'''—ক্ৰি, টোপ কাঁড় অতি বেগেৰে যায়। এতেকে,—অতি বেগেৰে যোৱা, to travel with almost celemty. '''টোপা খহু'''—বিং, টোপা খহু দেখিলে ঘিণ লাগে। এতেকে,—ঘৃণনীয় মানুহ, a disgusting person. {{center|⸺⸺}} {{center|{{X-larger|ঠ। }}}} '''ঠোঁট-কটা কাউৰী'''—-বিং কাউৰীয়ে ঠোঁট এছাৰি ৰমলিয়াই ফুৰে। তাৰ ঠোঁটৰ আগটো যদি কাটি দিয়া যায়, তেনেহলে সি অতিৰিক্তভাৱে ঠোঁট এছাৰি ৰমলিয়াবলৈ ধৰে। অতিৰিক্তভাৱে যিহকে তিহকে কথা কৈ ফুৰা মানুহক এনেকুৱা কাউৰীৰে সৈতে তুলনা কৰা হৈছে। এতেকে,-- অনৰ্থক বলকি ফুৰা নিলাজ মানুহ, a shameless person with an unrestrained tongue. '''ঠোঁট মুখ চেলেকা'''-ক্ৰি, লুভীয়া বস্তু আগত দেখিলে খাবৰ নিমিত্তে হেঁপাহ হৈ মানুহে ঠোঁট অৰ্থাৎ ওঁঠ আৰু মুখ চেলেকে। এতেকে,—-ইচ্ছা থকা স্বত্বেও কোনো বস্তু নেপোৱা to be disappointed for not obtaining a thing which is very much desired. '''ঠন ধৰা'''—ক্ৰি, [ ঠানি ধৰা ] ঠানি ওলালে গছৰ শ্ৰী বাঢ়ে। মানুহক গছেৰে তুলনা কৰা হৈছে। এতেকে,—ধন-সম্পত্তি বঢ়া, to be well off to be thriving or prosperous. '''ঠাই দি টপটপনি শুনা'''—ক্ৰি, যদি কোনো মানুহক থাকিবলৈ ঘৰত ঠাই দিয়া
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩০
{{rh|ঠাই|১২০|ঠেলিয়াই}}
হয়, তেনেহলে সি সেই বাবে শলাগ লব লাগে। এই স্থলত কোৱা হৈছে যে শলাগ লোৱা দূৰত থাকোক সি নানা প্ৰকাৰ আসোৱাঁহ ধৰি গিৰিহঁতৰ আগত নানা প্ৰকাৰেৰে টপটপাই কথা কৈ থাকে। এতেকে,—কোনো মানুহক আশ্ৰয় দিলে সি শলাগ নলৈ নানা প্ৰকাৰৰ আসোঁৱাহ ধৰা, to hear complaints from a protege for shortcomings made instead of expressions of grati- tude for benefits received. '''ঠাই নাইকিয়া'''—বিণ, কোনো বস্তু অতিৰিক্ত হলে থবলৈ ঠাই নাইকিয়া হয়। এতেকে,—অতিৰিক্ত, অপৰিমিত, অসংখ্য, excessive, plenti- ful, innumerable. '''ঠৰঙ্গা পচলা'''—বিং, মানুহে কল-পুলি পচলা কৰি খায়। কল-পুলিৰ ডাঙ্গৰ-পাত নাথাকে, আৰু তাত থোক নপৰে। বতাহ বলিলেও সি ঠৰঙ্গা হৈয়েই থাকে, হালি-জালি নাযায়। এতেকে—, ঠৰঙ্গা হৈ থকা অৰ্থাৎ লৰচৰ নকৰা মানুহ, বন-বাৰি কৰিবলৈ অনিচ্ছুক মানুহ, one who is too lazy to move, an extremely indolent person. '''ঠেং নচুৱাই থকা'''—ক্ৰি, বন-বাৰি নোহোৱা মানুহ বহি বহি ঠেং জোকাৰি থাকে। এতেকে,—এলাহত কালহৰণ কৰা, to spend time idly '''ঠেঙ্গৰ ওপৰত ঠেং তোলা'''- ক্ৰি, সুখীয়া মানুহে আয়মেৰে ঠেঙ্গৰ ওপৰত ঠেং তুলি থাকে। এতেকে,—আয়মেৰে থকা, সুখ-স্বচ্ছন্দতা উপভোগ কৰা, to lead a life of ease and comfort. '''ঠেং-তলে যোৱা'''—বিণ, ঠেং শৰীৰৰ সকলো অবয়বৰ তলত থাকে। কোনো মানুহৰ ঠেঙ্গৰ তলে দি যি মানুহে সৰকি যায়, সেই সৰকি যোৱা মানুহটো প্ৰথম মানুহতকৈ বহু গুণে নাম খাপৰ বুলি বুজা যায়। এতেকে,—অতি অধম, inferior beyond comparison. '''ঠেক ছিগা'''—বিণ, গছৰ ঠেৰু ছিগিলে সি উদগতি কৰিব নোৱাৰে। মানুহক গছেৰে তুলনা কৰা হৈছে। এতেকে,— প্ৰধান অৱলম্বনশূন্য, destitute of the principal support '''ঠেলিয়াই কোৱা'''—ক্ৰি, এনেৰূপ ঠেলা মাৰি কথা কোৱা হয়, যে সেই কথা ঠেলা
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩১
{{rh|ঠোঙ্গোনা|১২১|ডবা-কানীয়া}}
{{rh|১৬||}}
খাই কোনো নিৰ্দ্দিষ্ট মানুহৰ ওচৰ চাপে অৰ্থাৎ সেই কথাৰ দ্বাৰা সেই মানুহৰ সম্পৰ্কে কোনো কথা সঙ্কেতেৰে বুজোৱা , to speak any- thing regarding a person by insinuation. '''ঠোঙ্গানা খোৱা'''—-বিণ, মাৰিৰে মাৰিলে ঠং ঠং কৰে শব্দ হয়। ’ঠঙ্গনা’ শব্দে ঠং-কৰে বা প্ৰহাৰ বুজায়। ’ঠোঙ্গোনা’ শব্দ ‘ঠঙ্গনা’ শব্দৰ ৰূপান্তৰ। এতেকে,—মাৰ-কিল খোৱা অৰ্থাৎ পৰৰ দ্বাৰা লাঞ্ছিত, অধম, subject to indignities, vile, {{center|⸻ ⸻}} {{center|{{X-larger|ড। }}}} '''ডঁৰিত বান্দৰ নচা'''—ক্ৰি, নাচোন এটা টান কাৰ্য্য। বান্দৰ জনা-জাত দুষ্ট জন্তু। মৰিয়াই-খটিয়াই তেনে টান কাৰ্য্যকো বান্দৰৰ হতুৱাই কৰোৱা হয়। এতেকে,—দণ্ডৰ ভয়ত দুঃসাধ্য কাৰ্য্যকো কৰিব পৰা, to be able to do even a piece of difficult work under the fear of punishment. '''ডাঁহী সাপ'''—-বিং, এই সাপ পৰ্ব্বতত থাকে বুলি কয় আৰু ইয়াৰ খং ইমান বেচি যে ই হেনো আকাশে দি উড়ি আহে। এতেকে,—অত্যন্ত ক্ৰোধী স্বভাৱৰ মানুহ, an extremely angry person. '''ডবনি পিটি খোৱা'''—ক্ৰি, [ ডবা পিটি খোৱা ] অতিৰিক্ত ভোজন কৰা’ক ‘ধুম- ধুম কৰি খোৱা’ বোলে। ডবা পিটিলেও ধুম-ধুম কৰে শব্দ হয়। এতেকে,--অতিৰিক্ত ভোজন কৰা, to eat enormously. '''ডবনিকৈ খোৱ'''—ক্ৰি, [ ডবা সমানকৈ খোৱা] অধিককৈ ভোজন কৰা, to eat too much. '''ডবা-কানীয়া'''—বিং ডবা-ধোঁৱাখোৱাত কানি-টিকিৰা পুড়ি খোৱা কানীয়া, ডাঙ্গৰ কানীয়া, a confirmed opium-enter.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩২
{{rh|ডবা|১২২|ডাল}}
'''ডবা কোবোৱা'''—ক্ৰি, ডবাক মানুহেৰে ৰিজোৱা হৈছে। ডবাৰ ছাল=মানুহৰ পিঠি। ডবাৰ মাৰি=মানুহক কোবোৱা এছাৰি। এতেকে,— ডবাক যি-ৰূপে কোবায় সেই-ৰূপে কোবোৱা, বৰকৈ মাৰ-কিল কৰা, to beat severely. '''ডলাৰ বগৰি'''—বিং, ডলাৰ বগৰি একে ঠাইতে নাথাকে। ডলাখন অলপ লৰিলেই বগৰিবিলাক যেনিয়ে তেনিয়ে বাগৰি ফুৰে। এতেকে,— বাগৰি ফুৰা অৰ্থাৎ ঘনাই ঠাই সলাই ফুৰা মানুহ, one who very often changes residence. '''ডলুৱা ভূত'''—বিং, গছৰ ডালত থকা ভূত, হাবিত থকা ডাঙ্গৰ ভূত। ভূত বৰ খকুৱা। তাৰপৰা :-- খকুৱা মানুহ, a terrilble ghost. hence a glutton. '''ডাং-কটা চোৰ'''— বিং, ৰাতি ঘৰৰ দুৱাৰত ডাং দি থোৱা হয়। ডাঙ্গৰ চোৰে ডাং কাটি ভিতৰলৈ সোমাই বস্তু চুৰ কৰিবলৈ যায়। এতেকে,-- ডাঙ্গৰ চোৰ, a notorious thief. '''ডাং কোবোৱা'''—বিণ, গৰু-গাই আদি নোসোমাবৰ নিমিত্তে ঠাইয়ে ঠাইয়ে ডাং দিয়া থাকে। কোনো মানুহে ডাঙ্গৰ ওপৰে দি পাৰ হবলৈ হলে কাপোৰ- কানি দাঙ্গি লব লাগে। এই স্থলত কোৱা হৈছে, যে কাপোৰ কানিয়ে ডাং কোবাই যায় অৰ্থাৎ ডাঙ্গত লাগি চুচৰি যায়। এতেকে,— উচ্ছৃঙ্খল, ( মানুহত খাটে) disorderly, irregular (applied to man). '''ডাবিত সুৰাসুৰ নাগ কঁপোৱা'''—ক্ৰি , এনেৰূপে ডবিওৱা হয় বোলা গৈছে যে সুৰ, অসুৰ আৰু নাগ অৰ্থাৎ ত্ৰিভুৱনবাসী সকলোৱে ভয়ত কঁপি যায়। এতেকে,--অতিপাত ডবিওৱা, to abuse grossly, to rebuke sternly. '''ডাল কোবোৱা'''—ক্ৰি, বান্দৰে ডালত ওলমি সেই ডাল এৰি আন ডাললৈ গলে এৰি দিয়া ডালটো কোব মাৰি ওপৰলৈ যায়। বান্দৰে এই ৰূপে অতিজৰেপৰা ডালে ডালে বগাই ফুৰে। সি আজিলৈকে ঘৰ নাসাজি পূৰ্ব্বৰ ৰীতি অনুযায়ী চলি আছে। এই স্থলত পূৰ্ব্বৰ ৰীতি মতে চলা মানুহক বান্দৰেৰে তুলনা কৰা হৈছে। এতেকে,—আদিম অৱস্থাৰে কালযাপন কৰা, অতীজৰ ৰীতি অনুযায়ী চলা, to live
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৩
{{rh|ডাল|১২৩|ডুখৰী}}
in the primitive style, to follow an antiquated custom. '''ডাল চোৰ'''—বিং, ডালে ডালে নিয়ে অৰ্থাৎ কোনো বস্তু সৰু-সুৰাকৈ কাটি শুকুৱাই নিনি গোটে গোটে চুৰ কৰি নিয়ে বোলা হৈছে। এতেকে,— ডাঙ্গৰ চোৰ, a notorious thief. '''ডাল জোৰা দিয়া'''—ক্ৰি, মূল গছৰ লগত ডাল জোৰা দিয়া অৰ্থাৎ মুল কথাৰ লগত অমূলক কথা যোগ দিয়া, বঢ়াই কথা কোৱা to exaggarate. '''ডাল দৰিদ্ৰ মানুহ-'''—বিং, [ ডাল-ডলীয়া দৰিদ্ৰ মানুহ ] ঘৰৰ বেৰ ডাল-ডলীয় অৰ্থাৎ সমূলি সেৰেঙ্গা, এই ভাব বুজোৱা হৈছে। এতেকে,— নিঃকিন মানুহ, a destitute person. '''ডিঙ্গিত ধৰি কন্দা'''—ক্ৰি, আত্মীয়-স্বজনে বিপদগ্ৰস্ত মানুহৰ ডিঙ্গিত ধৰি কান্দে। এতেকে, বিপদত সহানুভূতি প্ৰকাশ কৰা, to make a passionate display of sympathy. '''ডিঙ্গি পাতি থোৱা'''—ক্ৰি, বধ কৰিবৰ নিমিত্তে ডিঙ্গিত অস্ত্ৰাঘাত কৰা হয়। এই স্থলত, ইচ্ছাপূৰ্ব্বক ডিঙ্গি কাটিবলৈ পাতি থয় বোলা হৈছে। এতেকে,--মহৎ অপকাৰৰ নিমিত্তে সাজু হৈ থকা, to be prepared for the worst. '''ডিঙ্গিৰ হাড়মাল'''—বিং, কুকুৰে হাড় চোবাওঁতে কেতিয়াবা হাড় ডিঙ্গিৰ ভিতৰৰ নেলুত লাগি ধৰে। হাড় ডাল সি এৰুৱাৱ নোৱাৰে, গিলিবও নোৱাৰে। এনে অৱস্থাত কুকুৰে ফুৰে। (হাড় মাল = হাড়ৰ মাৰ অৰ্থাৎ হাড় লাগি ধৰা মাৰাত্মক ব্যাপাৰ। ) এতেকে,— যাক এৰিবও পৰা নাযায় ধৰিবও পৰা নাযায় তেনে কাৰ্য্য বা মানুহ, যাৰপৰা বৰকৈ আহুকাল পোৱা যায় তেনে কাৰ্য্য বা মানুহ a thing which cannot be got rid of though annoying. '''ডুখৰী পিৰাৰ মাৰ'''—বিং, [ ডুখৰীয়া পিৰাৰ মাৰ ] ডুখৰীয়া অৰ্থাৎ ভগা পিৰাৰে কৰা প্ৰহাৰ বুজায়। ভগা পিৰাত ইতৰ মানুহ বহে, ভগা পিৰাৰে মৰিয়ালে বেচিকৈ দুখ পায়, আৰু আন অস্ত্ৰ বিচাৰিলে বেলি হয় বাবে বহি থকা পিৰাৰেই মৰিওৱা হয়, এই বাক্যত এই তিনিও ভাব জড়িত আছে। এতেকে,—ঢুকি পোৱাতে থকা যেই সেই নিন্দনীয় অস্ত্ৰৰ দ্বাৰা গুৰু প্ৰহাৰ, a heavy assault by means of any-
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৪
{{rh|ডেকা|১২৪|ঢেকুৰা}}
thing picked up near at hand. '''ডেকা কহে যোৱা'''—ক্ৰি, [ ডেকা-কালে যোৱা ] ডেকা-কালতে মৃত্যুগামী হোৱা, to die prematurely. '''ডোম চোৰ'''—বিং, (ডোম =জালোৱা ডোম। ) ডোমে চুটীয়া নাওৱেৰে জাল বাবলৈ যাওঁতে বালিত, খাটত বা পাৰত থকা মানুহৰ ধন বস্তু চুৰ কৰি নাও মেলি গুচি যায়। তেনে স্থলত চোৰ ধৰা নপৰে। এতেকে,— টেঙ্গৰ চোৰ, ধৰা নপৰা চোৰ, a cunning thief, an un- detected thief. '''ডোমৰ ঢেঁকী'''—বিং, ডোমৰ ঢেঁকী চুটি। এতেকে,—চুটি চাপৰ মানুহ। (গালিৰ মাত ) a short-statured person (used abusively). {{center|⸺ ⸺}} {{center|{{X-larger|ঢ। }}}} '''ঢেঁকী-থুৰীয়া বুদ্ধি'''—বি, ঢেঁকী-থোৰা মটহা বস্তু। এতেকে,—মটহা বুদ্ধি, obtuse intellect. '''ঢেঁকী থুৰীয়া মাৰ'''— বিং, ঢেঁকী-থোৰা শকত-ডাঙ্গৰ বস্তু, তাৰে মৰিয়ালে বৰকৈ দুখ পোৱা যায়। এতেকে,—ডাঙ্গৰ প্ৰহাৰ, severe assault. '''ঢেঁকী শাল ফুৰিলে খুদৰ আকাল নোহোৱা'''—ক্ৰি, ঢেঁকী-শালত অনেক খুদ পৰি থাকে। খুদ বিচৰা মানুহে ঢেঁকীশাল ফুৰিলেই খুদ পাব পাৰে। যৎসামান্য বস্তু হলেই যাৰ চলে, সেই মানুহে যতে ততে ফুৰিলে তাক পাব পাৰে, এই ভাব বুজায়। এতেকে,— সামান্য মানুহৰ সামান্য অভাৱ যতে ততে পূৰণ হোৱা, the fulfilling of the hiding wants of a poor man quite easily in any way. '''ঢেঁকুৰা কুকুৰে বাট নিদিয়া'''—বিণ, ঢেঁকুৰা কুকুৰ = ঢেঁকী-শালত শুই থকা লেতেৰা কুকুৰ। নিতান্ত জুৰুলা-জুপুৰা মানুহক তেনে কুকুৰেও
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৫
{{rh|ঢেৰা-পাক|১২৫|ঢোকাতে}}
যাবলৈ বাট নিদিয়ে বোলা হৈছে। এতেকে,—অতিকৈ জুৰুলা- জপুৰা shabby and miserable, '''ঢেঁৰা-পাক দিয়া'''—ক্ৰি, ঢেঁৰা-চৰাইবিলাকে শাৰী পাতি আকাশে দি অকাই-পকাই উড়ি যায়, আৰু আগৰ শাৰীৰ বাটে বাটে পিচৰ শাৰী যায়। গায়নৰ জোৰাই গান গাওঁতে সেইক্ৰমে যায় দেখি গায়নৰ এটা পাকৰ নাম ঢেঁৰা-পাক। এতেকে,—আগৰ শাৰীৰ পিচ ধৰি যোৱা, নভবা- নিচিন্তাকৈ পৰৰ অনুকৰণ কৰা, to follow the rfont line, to imitate others unthinkingly. '''ঢোঁৰা সাপৰ ফোঁপাউৰি'''—বিং, ঢোঁৰা সাপৰ বিষ নাই, কিন্তু তাৰ ফোঁপাউৰি অথাৎ ফোঁচফোঁচনি বেচি। এতেকে, ক্ষমতাহীন মানুহে মুখেৰে দেখুওৱা ভয়, empty threats by a weak person. '''ঢাৰীৰ আঁৰত ৰজাকো চৰ্চা'''—ক্ৰি, মাজত আঁৰ থাকিলে মানুহক দেখা পোৱা নাযায়। ঢাৰীৰ আঁৰত অৰ্থাৎ গুপ্ত স্থানত থাকি ৰজাৰ নিচিনা অসীম ক্ষমতাপন্ন মানুহৰো নিন্দাচৰ্চা কৰিব পৰা যায়, এই ভাব বুজোৱা হৈছে। এতেক,—লুকাই বৰ লোকৰো নিন্দা চৰ্চা কৰিব পৰা, to be able to speak it even of the greatest man of the land behind the screen. '''ঢেৰাই-মেৰাই পৰা'''—ক্ৰি, [ ঢৰাত মেৰাই পৰা ] বৰকৈ ভাগৰ লাগিলে মানুহ ঢৰাত আহি মেৰপাক খাই পৰে। এতেকে,—বৰকৈ ক্লান্ত হোৱা, to feel too much exhausted. '''ঢেৰেকনি মৰা'''—ক্ৰি, মানুহে হঠাৎ ডাঙ্গৰ ডাবি দিলে মেঘে ঢেৰেকেনি মৰাৰ নিচিনা শব্দ শুনি। এতেকে,--হঠাৎ ডাঙ্গৰকৈ ডাবি দিয়া, to scold in a thundering voice, to rebuke sternly. '''ঢেৰুৱা-ঠাৰি সিজোৱা'''—ক্ৰি, ঢেৰুৱাৰ-ঠাৰি বেগতে নিসিজে। নিসিজা মানুহক ঢেৰুৱা-ঠাৰিৰে তুলনা কৰা হৈছে। এতেকে,--নিসিজা মানুহক সিজা কৰিবলৈ চেষ্টা কৰা অৰ্থাৎ হুটা মানুহক পৰামৰ্শ দিয়া, to offer advice to a wayward person. '''ঢোকাতে কল ৰোৱা, কলাত ঢোকা ৰোৱা,'''—ক্ৰি, লাগনী কলগছ ভৰত পৰিব খুজিলে তাক ঢোকা দি ৰখা হয়। এই স্থলত কোৱা হৈছে, যে ঢোকা পাই কলগছ নপৰাকৈ থিয় দি থাকে, আৰু কলগছৰ হেঁচা পাই
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৬
{{rh|ঢোল|১২৬|ঢৌতে}}
ঢোকাও নপৰাকৈ থিয় দি থাকে। ঢোকাৰ তলৰ মূৰ মাটিত নেপোতাকৈ ওপৰতে লগাই থোৱা হয়। কলগছৰ হেঁচা নপৰিলে সি নিশ্চয় মাটিত পৰি যাব। বৰলোকক কলগছেৰে আ{{বঙালী ৰ}}ু ইতৰ লোকক ঢোকাৰে তুলনা কৰা হৈছে। এতেকে,—বৰলোক আৰু ইতৰলোক উভয়ে উভয়ৰ সাহায্যৰ দ্বাৰা কাৰ্য্য চলোৱা, the afford- ing of help mutually between a great man and an ordinary man. '''ঢোল পিটি শুনোৱা'''—ক্ৰি, কোনো বাতৰি ভাল মতে ৰাষ্ট্ৰ কৰিবলৈ হলে তাক ঢোল পিটি শুনোৱা যায়। এতেকে,—বহুলকৈ প্ৰচাৰ কৰা, ৰাষ্ট্ৰ কৰা, to circulate widely. '''ঢোলৰ লগত টেমেকা'''—বিং, ভাল ঢোল ধুম-ধুম কৰে বাজে। টেমেকা শব্দে টেমেক- টেমেক-কৰে বজা বেয়া ঢোল বুজায়। এতেক,—কোনো প্ৰধান মানুহৰ লগত অকিঞ্চিতকৰ মানুহ, a mean sorry fellow by the side of a distinguished person. '''ঢৌ লেখা'''--ক্ৰি, নৈৰ পানীত অখংখ্য ঢৌ উঠে। যি মানুহৰ কোনো কাম-কাজ নাথাকে, সি পাৰত বহি কিমান ঢৌ ভটিয়াই গৈ আছে, তাকে লেখি থাকে। এতেকে,-কাম-বন নকৰি কাল কটোৱা, নিষ্কৰ্ম্মা হৈ থকা, to idle away time. '''ঢৌতে খৰ মৰা'''—ক্ৰি, পানীত সাতোঁৰোঁতে খৰ মৰা হয়। কিন্তু বাৰিষা ঢৌ উঠিলে খৰ মাৰিবলৈ টান হয়। যিবিলাক পাকৈত মানুহ, সেইবিলাকে ঢৌৰ পাক বুজি ঢৌতে খৰ মৰিব পাৰে, অৰ্থাৎ ঢৌ উঠোঁতে তাৰ লগতে গাটো দাঙ্গি দি ঢৌ পৰোঁতে তাৰ লগতে গাটো লুটিয়াই পেলায়। এতেকে,--জঞ্জালৰ ভিতৰতে আজৰি উলিওৱা, to snatch away time from busy moments to be able to do something else'
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৭
{{rh|তপত|১২৭|তলৰ}}
{{center|{{X-larger|ত। }}}} '''তপত ভাতৰ ধোঁৱাই খোৱা'''—ক্ৰি, তপত ভাত বাঢ়িলে তাৰপৰা বৰকৈ ধোৱাঁ ওলায়। ভাত খাবলৈ বহা মানুহজনক তাৰ ধোঁৱাই খায় অৰ্থাৎ ধোৱাঁ চকুত সোমাই আমনি কৰে। অসন্তোষীয়া মানুহৰ সম্পৰ্কে এই বাক্য ব্যৱহৃত হয়। সকলো পোনে সুখ হোৱা স্বত্ত্বেও সেই মানুহে মনেৰে পাতি কোনো এটা অসন্তোষৰ কাৰণ উলিয়াই লয়, আন একো নহলে তপত ভাতৰ ধোৱাঁই আমনি কৰে বুলি আপত্তি কৰে। এতেকে,–মিছা কষ্ট কল্পনা কৰি ক্লেশ পোৱা, to be worried by imaginary ills, to be troubled by unreal grievances. '''তপত পিঁড়'''--বিং, (পিড় =পিণ্ড। ) দশপিণ্ড দিওঁতে অস্থি ভাজিব লাগে। এতেক,—মৃতকৰ হন্তে দশপিণ্ড, the tenth day funeral ceremony prevalent among the Hindus. '''তপতে তপতে'''—ক্ৰি-বিণ, লো আদি ধাতু তপত হৈ থাকোঁতেই তাক পিটি অস্ত্ৰ আদি বস্তু প্ৰস্তুত কৰিব পৰা যায়, চেঁচা হলে ধাতুৱে ভাজ নলয়। এতেকে,--অবিলম্বে, without delay. '''তয়ময়া যুদ্ধ-'''—বিং [ ত্বয়া ময়া যুদ্ধ। ] (ত্বয়া = যুষ্মদ্, শব্দৰ তৃতীয়াৰ এক বচন, ময়া =অস্মদ্ শব্দৰ তৃতীয়াৰ এক বচন। ত্বয়া ময়া = তোমাৰ দ্বাৰা আৰু মোৰ দ্বাৰা। ) তুমি আৰু মই এই দুই জনে লাগি এজনৰ নিষ্পত্তি হোৱাৰ পিচত হে যুদ্ধশেষ কৰা হব বোলা হৈছে। এতেকে, --ঘোৰতৰ যুদ্ধ, a terrible battle. '''তৰ-চেঙ্গেলি'''—বিং, চেঙ্গেলি মাছ স্বভাৱতে ছট্ ফটীয়া। তৰত অৰ্থাৎ বাম পানী আৰু ছটফটীয়া হয়। এতেকে,—বৰকৈ ছটফটীয়া মানুহ, a cunning or subtle person. '''তৰ নৰা ছিঙ্গা'''—-ক্ৰি, [ লৰত তৰা নৰা ছিঙ্গা ] ইমানকৈ ভয় পাই লৰ মৰা হয় যে হাবিৰ তৰা আৰু পথাৰৰ নৰা উজুটিত ছিঙ্গি যায়। এতেকে,—অতি বেগেৰে লৰি পলোৱা, to floe precipitately. '''তলৰ মাটি ওপৰ কৰা'''—ক্ৰি, তলৰ মাটি ধূলি কৰি ওপৰলৈ উড়ুওৱা অথাৎ মহা আড়ম্বৰ কৰা, to make an excessive display of pomp.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৮
{{rh|তল-খুচৰীয়া|১২৮|তামোল-পাণ}}
'''তল-খুচৰীয়া মানুহ'''— বিং, এন্দুৰে মাটিৰ তলে তলে খুচৰি ডাঙ্গৰ গাঁত কৰে। মাটিৰ ওপৰ ভাগ আগৰ দৰে সমান হৈ থকে। এতেকে,—এজনৰ কথা ভিতৰি আন এজনক লগোৱা মানুহ. গম নিদিয়াকৈ পৰৰ অনিষ্ট কৰা মানুহ, a back-biter, a slanderer one who harms another without being suspected of doing it. '''তল-খুচৰীয়া বুদ্ধি'''— বিং, এন্দুৰে ঘৰৰ তলে দি {{SIC|ম টি}} খুঁচৰি গাঁত খানে। ওপৰৰ- পৰা সেই গাঁত দেখিবলৈ পোৱা নাযায়। এই স্থলত, বুজিব নোৱাৰাকৈ গুপ্তভাৱে অহিত আচৰণ কৰা মানুহক এন্দুৰেৰে তুলনা কৰা হৈছে। এতেকে,—গুপ্ত অভিসন্ধি, secret design. '''তল-হাত'''—বিণ, যুঁজত দুটা মানুহ পৰি গলে যি জনৰ হাত তলত পৰে সি বল কৰিব নোৱাৰে। যাৰ হাত ওপৰ হৈ থাকে, সি সেই হাতেৰে আক্ৰমণ কৰিবলৈ সুবিধা পায়। এতেকে,— বশৱৰ্ত্তী, পৰাধীন, subservient, dependent. '''তলি-উদং মানুহ'''—বিং, তলি উদং অৰ্থাৎ বস্তু নথকা পাত্ৰেৰে মানুহক ৰিজোৱা হৈছে। এতেকে,—ধন-সম্পত্তি নাইকিয়া মানুহ, a destitute person. '''তলে তলে-'''—ক্ৰি বিণ, কোনো মানুহে পানীৰ তলে তলে বুৰিয়াই বহু দুৰলৈকে যায়। সি কেনি যায় তাক কোনেও নেদেখে, যেতিয়া এঠাইত ওলায় গৈ তেতিয়া হে তাক দেখিবলৈ পায়। এতেকে,—গুপ্তভাবে, কোনেও গম ধৰিব নোৱৰাকৈ, secretly, without being noticed by any one. '''তলে পুতল দিয়া'''—ক্ৰি, তাঁতৰ পুতল কাপোৰখনৰ ওপৰ ফালে লগোৱা হয়। আহোমবিলাকে পূৰ্ব্বে পুতল তলৰ ফালে লগাইছিল। যি সময়ত এই বচনৰ সৃষ্টি হয়, সেই সময়ত কোনো কোনো অহোমৰ প্ৰধান মানুহে শত্ৰু-দমনৰ অৰ্থে ষড়যন্ত্ৰ কৰিছিল। এতেকে,—ষড়যন্ত্ৰ কৰা, to conspire, to plot. '''তাম তুলসী নমনা'''--বিণ, হিন্দুৰ মানত তাম আৰু তুলসী পবিত্ৰ বস্তু। এতেকে,-- বিধৰ্ম্মী , অনাচাৰী, holding heretical ideas, immoral. '''তামোল-পাণ কটা'''—ক্ৰি, বিয়াৰ বন্দৱস্ত ঠিক হলে দৰাঘৰৰপৰা ছোৱালী-ঘৰলৈ দয়-দস্তুৰেৰে তামোল-পাণৰ ভাৰ নিয়া হয়। ৰাইজ মাতি সেই
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৯
{{rh|তামোল-পান|১২৯|তিতা-মুৰীয়া}}
{{rh|১৭||}}
তামোল-পান কটা হয়। এতেকে, —বিয়াৰ বন্দৱস্ত ঠিক হোৱা, as retify negotiation of marriage. '''তামোল-পান দি জনোৱা'''—ক্ৰি, ডাঙ্গৰ মানুহক কোনো কথা জনাবলৈ হলে তামোল-পান আগবঢ়াই জনোৱা হয়। এতেকে,—-শ্ৰদ্ধা-ভক্তিৰে কোনো কথা জনোৱা, to represent anything reverentially to a distinguished person. '''তাৰকা ৰাক্ষসী'''—বিং, তাৰকা ভয়ঙ্কৰ ৰাক্ষসী আছিল। পঞ্চ পাণ্ডৱৰ অজ্ঞাত- বাসৰ কালত এই ৰাক্ষসীয়ে মূখ মেলি ভীমক গিলিবলৈ আহোঁতে ভীমে তাইক বধ কৰিলে। এতেকে,— ডাঙ্গৰ-দীঘল ৰাক্ষসী- স্বভাবাপন্ন তিৰোতা, an amazon. '''তাল-জুৰীয়া লৰা'''—বিং, এজোৰৰ দুপাট তাল হু-বহু সমান। তাল যেনেকৈ বাজে, লৰাইও সেইৰূপে বাজে, অৰ্থাৎ ইটোৱে সিটোৱে দন্দ-হাই কৰে, এই কথাৰপৰা ল'ৰাক তালেৰে তুলনা কৰা হৈছে। এতেকে,— হু-বহু সমান দুটা ল’ৰা, সমান বয়সীয়া আৰু দেখিবলৈ একে ৰকমৰ দুটা ল’ৰা, a couple of boys who are equal in all respects. '''তালবাল খোৱা'''—ক্ৰি, [ টলবল খোৱা ] মুৰত ডাঙ্গৰ আঘাত পালে মুৰ টল- বলাই যায়। মানুহে ডাঙ্গৰ বিপদত পৰিলেও মুৰ ঘুৰাই যায়। এতেকে,—বিপদত পৰি অস্থিৰ হোৱা, to be deeply affected by misfortune. '''ত্ৰাহি মধুসুদন-'''—বিং, এই বাক্য সংস্কৃত। ইয়াৰ দ্বাৰা ‘হে মধুসুদন, পৰিত্ৰাণ কৰাঁ’ এই অৰ্থ বুজায়। ভয়ঙ্কৰ বিপদত পৰিলে মানুহে এইৰূপে ঈশ্বৰৰ নাম লয়। এতেকে,—কোনো ভয়ঙ্কৰ বিপদৰ পৰা উদ্ধাৰ পাবৰ নিমিত্তে ব্যবহৃত হোৱা ঈশ্বৰলৈ কাকুতি-মিনতি, an earn pray to God for deliverance from a supreme crisis. '''তিগ্ৰমান্তি খং উঠা'''—ক্ৰি, [ অত্যুগ্ৰমূৰ্ত্তি খং উঠা] অতি উগ্ৰভাৱে খং উঠা, to be highly irritated with anger. '''তিতা দিয়া'''—ক্ৰি, তিতা বস্তু খাবলৈ বৰ বেয়া। এতেকে,—বৰকৈ বেজাৰ- অসন্তোষ দিয়া, to disgust greatly. '''তিতা মূৰীয়া লগা'''—ক্ৰি, [ তিতা-মুখীয়া লগা ] বৰকৈ তিতা বস্তু খালে মুখখন
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪০
{{rh|তিথিৰ|১৩০|তিনি}}
বহু বেলিলৈকে তিতা হৈ থকাত আহুকাল লাগে। এতেকে,—বৰকৈ আহুকাল লগা, to feel exeedingly disgusted. '''তিথিৰ মুৰত পানী চলু দিয়া'''—ক্ৰি, শৰাধ-আদি সকাম তিথি অনুযায়ী কৰা হয়। তিথিৰ মুৰত অৰ্থাৎ যি তিথিত সকাম হব লাগে, সেই তিথিত সকাম কৰিব লাগে। পানী চলু দিয়া =জলাঞ্জলী দিয়া। জলাঞ্জলীৰ দ্বাৰা আত্মাৰ সদগতি হয় বুলি কয়। মানুহৰ বিকাৰ হলে মূৰত পানী দিয়া হয়। এই স্থলত আত্মাৰ বিকাৰৰ বাবে তিথিৰ মূৰত পানী দিয়া হয়, এনে ভাব বুজোৱা হয়। এতেকে,—মৃত হন্তে নিৰ্দ্ধাৰিত কালত জলাঞ্জলী দিয়া, to observe funeral ceremonies on due dates as enjoined by the shastra. '''তিন-দিনিয়া গা-মূৰ ধোৱা'''— ক্ৰি, তিৰোতাৰ ঋতু হতে তিন দিনৰ মুৰত গা আৰু মূৰ ধোৱে। সাধাৰণতে গা ধোওঁতে তিৰোতাবিলাকে মূৰ নিতিয়ায়, কিয়নো খোপাৰ চুলি সদাই তিঁয়ালে পচি যায়, কিন্তু ঋতু-স্নানৰ সময়ত মূৰ তিয়াই দিয়ে। এতেকে,—ঋতু-স্নান কৰা, to take purificatory bath on the third day after the monthly menstrual flow. '''তিনি গধুলি'''—বিং, [ তিনি বেলাৰ বেলি গধুলি ] প্ৰথম বেলা ৰাতিপুৱা, দ্বিতীয় বেলা দুপৰীয়া, আৰু তৃতীয় বেলা গধুলি। এতেকে,—সন্ধিৰ সময়, evening. '''তিনি টিলিকি মৰা'''—ক্ৰি, মনত আনন্দ হলে মানুহে টিলিকি মাৰে। এই স্থলত তিনি বাৰ টিলিকি মাৰে বোলা হৈছে। এতেকে,—আনন্দত উত্ৰাৱল হোৱা, to be too much excited with pleasurable emotions. '''তিনি টেলেঙ্গনি খোৱা'''—ক্ৰি, [ তিনি ঠেলনি খোৱা ] অৰপৰা তলৈ তিনি বাৰ ঠেলা খোৱা অৰ্থাৎ বিপদত জৰ্জ্জৰিত হোৱা, to be dashed about from post to pillar. '''তিনি তলকতে'''—ক্ৰি-বিণ, [ তিনি তিলতে ] ( তলকতে=তিলেকতে। ) তিনি তিল পৰিমিত সময়তে অৰ্থাৎ , তুৰন্তে immediately. '''তিনি তেলনি মাৰি খোৱা'''—-ক্ৰি, [ তিনি দিনত তেলনি মাৰি খোৱা ] শ্ৰেণীৰ মানুহে মানুহ মৰিলে তিন দিন তেল নাখায়। তাৰ পাছত
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪১
{{rh|তিনি-পৰীয়া|১৩১|তিৰী-বৈৰী}}
আঞ্জাত তেল মাৰি খায়। (তেলনি = বহু তেল। অধিক অৰ্থ বুজাবলৈ ‘অনি’ প্ৰত্যয় ব্যবহৃত হয়। ) এতেকে,— উপাদেয় ভোজন কৰা, to eat a dish of delicacies. '''তিনি-পৰীয়া বেলি'''—ক্ৰি-বিণ, [ দিনৰ তিনি পৰীয়া বেলি] দিনৰ তিনিপৰ সময় পাৰ হলে ৰাতি হবলৈ আৰু এপৰ মাথোন বাকী থাকে। এতেকে,— বহু পৰত, at a late hour. '''তিনি ভুবন দেখা'''—ক্ৰি, পলাই সাৰিবলৈ ঠাই বিচাৰি গৈ ,স্বৰ্গ, মৰ্ত্ত্য, পাতাল এই তিনি ভূবন দেখা পায় বোলা কৈছে। এতেকে,—হেবাথুৰি খাই ফুৰা, বিতত হোৱা, to flee for life. '''তিনি মুনি বাট'''—বিং, [ তিনি মুৰী বাট] তিনি বাটৰ মূৰত যোগ হোৱা ঠাই, a place where three roads meet. '''তিনি সত্য খোৱা'''—ক্ৰি, তিনি বেলি ‘সত্য কৈছো বুলি শপত কৰা অৰ্থাৎ দৃঢ় শপথ কৰা , to take a solemn oath. '''তিপচিয়ে গৰুড়ৰ উৰাও মাৰিব খোজা'''—ক্ৰি, তিপচি অতি সৰু চৰাই। গৰুড় মহাপক্ষী। তিপচিয়ে গৰুড়ৰ উৰাও কেতিয়াও মাৰিব নোৱাৰে। এতেকে,—অসম্ভৱ কাৰ্য্য কৰিবলৈ চেষ্টা কৰা, to attempt an impossible feat '''তিপচিৰ ভজা'''—বিং, তিপচি একণিমান চৰাই, তাৰ মঙ্গহ ভাজি খাবলৈ দিয়া নগণ্য কথা। এতেকে,—নগণ্য উপহাৰ, a humble gift '''তিৰীবধ, গো-বধ, সাত কপিলা বধ'''— বিং , হিন্দু-ধৰ্ম্মমতে তিৰোতা-বধ, গৰু-বধ, সাতোটা কপিলা গৰু-বধ এইবিলাক মহাপাপৰ ভিতৰত গণ্য। এই বিলাক কৰিলে যিমান পাপ হয়, কোনো কাৰ্য্য কৰিলে সিমান পাপ হব বুলি, শৰণ দিবলৈ এই বাক্য ব্যবহৃত হয়, a form of oath binding oneself most solemnly to do a thing and inviting damnation upon ones head in the vent , the thing not being done. '''তিৰী-বৈৰী সীমা বৈৰী'''—বিং, ( তিৰী=বিবাহিতা তিৰী, ঘৈণীয়েক। সীমা= মাটিৰ সীমা ) যি মানুহে পৰৰ তিৰোতাক ভাঙ্গে অৰ্থাৎ ভঙ্গুৱাই নিজৰ তিৰোতা কৰিবলৈ যায় আৰু যি পৰৰ মাটিৰ সীমা ভাঙ্গে অৰ্থাৎ পৰৰ মাটি ঠেলি নিজৰ সীমাভুক্ত কৰে, সেই মানুহে যাৰ
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪২
{{rh|তিৰী-মতি|১৩২|তীখৰচিং}}
মহাশত্ৰু। এতেকে--মহাশত্ৰু, a deadly enemy. '''তিৰী-মতি মানুহ'''—বিং, শিক্ষা আৰু অভিজ্ঞতাৰ অভাৱত তিৰীৰ মতি বা বুদ্ধি পুৰুষতকৈ কম। এতেকে,—কম বুদ্ধিৰ তিৰোতা মানুহ, a frail woman. '''তিৰোতা-সেৰুৱা'''—বিণ, [ তিৰোতাক সেৱা কৰা ] ঘৈণীয়েকৰ বশবৰ্তী, hen- pecked, '''তিল-তৰ্জ্জু''' —বিণ, যাৰ দ্বাৰা এটা তিলৰ সমান গধুৰ বা পাতল হলেও ধৰিব পৰা যায় তেনে তৰ্জ্জু এতেক,—এতিলো কম-বেচ নোহোৱা সমান, well-balanced, exact. '''তিল-পৰিমাণে'''—ক্ৰি-বিণ, তিল সৰু গুটি। এতেকে,—অলপ পৰিমাণে, তাকৰকৈ, to a small extent, slightly. '''তিল-মাহ খোৱা'''-ক্ৰি, প্ৰবাদ আছে যে যমলোকলৈ যাওঁতে বৈতৰণী নৈ পাৰ হৈ যাব লাগে। বহু মানুহে সি-পাৰে হাতত তিলৰ লাৰু আৰু মাহৰ লা{{বঙালী ৰু}} লৈ থিয় দি থাকে। বৈতৰণী পাৰ হওঁতে তিৰোতা মানুহৰ বৰকৈ ভাগৰ লাগে। তিল-মাহৰ লাৰু খাই তেওঁবিলাকে বল পায়। যি জনা পুৰুষৰ হাতৰপৰা যি জনা তিৰোতাই লা{{বঙালী ৰু}} খায়, সেইপুৰুষক সেই তিৰোতাই এই জন্মত স্বামী পায়। এতেকে,-- পূৰ্ব্ব-জন্মত স্বামী নিৰ্দ্ধাৰিত হোৱা, to have a person as husband according to a pre-ordained decree. '''তিলকে তাল কৰা'''—ক্ৰি, তিল অতি ক্ষুদ্ৰ, বি তাল ডাঙ্গৰ বস্তু। এতেকে, অতি ক্ষুদ্ৰ কথা এটাকে ডাঙ্গৰ কৰি কোৱা, বৰকৈ বঢ়াই কোৱা, to exaggerate. '''তিলোত্তমা'''—-বিণ, সুন্দ আৰু উপসুন্দ দুই ভায়েক অতি প্ৰতাপী অসুৰ আছিল। দেৱতা সকলে তেওঁবিলাকক ঘটুৱাব নোৱাৰি বিষ্ণুৰ সাহায্য খুজিলে। বিষ্ণুৱে বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলোৰে পৰা তিল তিল কৰি সৌন্দৰ্য্য নি এজনা উত্তম কন্যা স্ৰজি সুন্দ আৰু উপসুন্দৰ ওচৰলৈ পঠালে। অনুপমা কন্যালাভ কন্যালাভ কৰিবৰ নিমিত্তে দুইৰো ভিতৰত তুমুল যুদ্ধ হ’ল, আৰু শেষত দুয়ো নিহত হল। এতেকে,— অতি ৰূপৱতী কন্যা, a paragon of beauty. '''তীখৰচিং'''— বিং, [তীখৰ সিংহ ] তীখাৰ নিচিনা মানুহ, চোকা মানুহ, a sharp
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৩
{{rh|তুৰি-মুৰি|১৩৩|তেল}}
person, a clever person. '''তুৰি-মুৰি কৰা'''—ক্ৰি, [ টেৰি মেৰি কৰা ] ( টেৰি =টেৰা, বেঁকা। 'মেৰি’ অনুৰূপ পদ। ) পোন বাটে নগৈ বেঁকা বাটে যোৱা, যিমতে কোনো কাৰ্য্য কৰিবলৈ কোৱা হয়, সেইমতে নকৰা, আদেশৰ লৰচৰ কৰি কাৰ্য্য কৰা, to act countrariwise, to act perversely. '''তুলসীৰ লগত কলপটুৱা মুক্ত হোৱা'''—ক্ৰি, কলপটুৱাৰ খোল সাজি তাত তুলসী- পাত থৈ পূজাৰিয়ে পূজা কৰে। এনে কৰাত তুললী যে মুক্ত হয়েই তাৰ লগতে কলপটুৱাও মুক্ত হয় বুলি কোৱা হৈছে। এতেকে,— নিজে অযোগ্য হৈও যোগ্যৰ সঙ্গত পৰি উপকাৰ পোৱা, to be benifited, though undeserving, along with a good man by reason of companionship. '''তুলি ধৰা'''—ক্ৰি, কোনো মানুহক ওপৰলৈ তুলি ধৰিলে সকলোৰে দৃষ্টি তেওঁৰ ওপৰত পৰে। সেইৰূপে ভাল সাজ-কাপোৰ বা অলঙ্কাৰ-পাতিয়েও মানুহক তুলি ধৰে অৰ্থাৎ পৰৰ দৃষ্টি আকৰ্ষণ কৰে। এতেকে,— সুশোভিত কৰা, to make prominent to the eye, to cause to appear beautiful. '''তেজ পিয়া'''—ক্ৰি, বাঘে গৰু-মহ বধি তেজ পিয়ে। এতেকে,— বধ কৰা, গু{{বঙালী ৰু}}তৰ দণ্ড দিয়া, to kill, to punish severely. '''তেজক পানী কৰা'''—ক্ৰি, অতিৰিক্ত শ্ৰম কৰিলে তেজ পনীয়া হয় অৰ্থাৎ তেজৰ বল কমে। এতেকে,—-কঠিন পৰিশ্ৰম কৰা, to labour too hard. '''তেজে ফুটি যাওঁ ফাটি যাওঁ কৰা'''—ক্ৰি, মানুহটোৰ নাড়ীত তেজৰ প্ৰবাহ ইমান বেচি বোলা হৈছে যে থাকিবলৈ ঠাই নোপোৱাত নাড়ী ফুটি= ফাটি তেজ ওলাই পৰিবৰ উপক্ৰম হৈছে। এতেকে,—গাত বৰকৈ তেজ হোৱা, to have a blooming appearance. '''তেল-টেঙ্গা ঘঁহা'''— ক্ৰি, গাৱঁলীয়া মানুহে তেল আৰু টেঙ্গা ঘঁহি গা পৰিষ্কাৰ কৰে। এতেকে,— গা আওঁতোৱা, to be neat and in good order. '''তেল নাইকিয়াত ফপৰীয়া হোৱা'''— ক্ৰি, অৱস্থাহীন হলে মানুহ জুৰুলা হয়। অৱস্থা- হীন হোৱা কথা স্বীকাৰ নকৰি কোৱা হৈছে যে তেল নঘঁহাৰ নিমিত্তে হে চুলি ফলৰীয় হৈছে, আন কাৰণে নহয়। এতেকে,—অৱস্থা
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৪
{{rh|তেলিয়াই|১৩৪|তৌবা}}
বেয়া হোৱা সত্ত্বেও বেয়া বুলি নোকোৱা, not to admit misfor tune though afflicted with misfortune as a matter of fact. '''তেলীয়াই তেল পোলোৱা, কপহুৱাই পেট পেটোৱা'''—ক্ৰি, ( সাধুকথা) তেলীয়াই তেলৰ ভাৰ পৰি যোৱাত কান্দিবলৈ ধৰিলে। কপহুৱাই ফাকটি জুৰি সহানুভূতিপ্ৰকাশ কৰাৰ ভাৱেৰে লগতে এপোনে কান্দিবলৈ ধৰিলে, আন পোনে কপাহবিলাক তেলত পেলাই লেটপেটাই ললে। তেলীয়াই কান্দি-কাটি গুচি গল, কপহুয়াই তেলখোৱা কপাহ লৈ নিজৰ ঘৰ পালে গৈ। নিজ ঘৰত কপাহ চেপি আটাইখিনি তেল উলিয়াই ললে। এতেকে,—পৰৰ দুখ পতিওৱাৰ চলেৰে স্বাৰ্থসিদ্ধি কৰা, to serve one's ends under a pretence of express- ing sympathy with another in distress. '''তেলে ধৰা'''—ক্ৰি, (তেল= চৰ্ব্বি। ) চৰ্ব্বি বাঢ়িলে মানুহ বা জন্তুৰ ফুৰ্ত্তি বেচি হয়। এতেকে,—বেচি ফুৰ্ত্তি হোৱা, to be full of life and vigour. '''তোম বান্ধি উটাই দিয়া'''—ক্ৰি, [ তোমত বান্ধি নৈত উটাই দিয়া ] নৰ-বধীয়ে মানুহক বধ কৰি ডোখৰ-ডোখৰকৈ কাটি তোমত ভৰাই নৈত উটাই দিয়ে, যাতে চিন-ছাব নথকা হৈ তাৰ ধৰা পৰিবৰ আশঙ্কা নাথাকে। এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely. '''তৌবা তৌবা দেখুওৱা'''—ক্ৰি, ‘তৌবা’ মুছলমানী শব্দ। কোনো বিপৰীত ঘটনা দেখিলে মুছলমানে ‘তৌবা’ শব্দ উচ্চাৰণ কৰে। এই স্থলত, এনেকুৱা বিপৰীত ঘটনা দেখুওৱা হয় বোলা হৈছে যে মানুহ জনে ’তৌবা’ ‘তৌবা’ কৰিব লগাত পৰে। এতেকে,—বিপৰীত ঘটনা দেখুওৱা অৰ্থাৎ গুৰুতৰ ভাবে অহিত আচৰণ কৰা, to harm a person seriously. {{center|⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৫
{{rh|থল|১৩৫|থুপৰী}}
{{center|{{X-larger|থ। }}}} '''থল গৰকা'''—ক্ৰি, থল (স্থল) গৰকিলে বহে। এই স্থলত কোনো থলৰ মানুহক গৰকা বুজোৱা হৈছে। এতেকে,—কোনো ঠাইৰ মানুহবিলাকক কিছুকাল থাকি বহুওৱা অৰ্থাৎ বশ কৰা, to establish one's reputation in a place by riding in it for some time. '''থান-থিত নোহোৱা'''—বিণ, [ স্থান-স্থিতি নোহোৱা ] লৰি ফুৰা অৰ্থাৎ ঘৰ-বাৰী নোহোৱা দুখীয়া, vagabond, indigent, '''থালি ভগা জুইয়ে খেদা'''—ক্ৰি, কুঁহিয়াৰৰ ৰহিৰ থালি ভাগিলে থালি-গীতৰ জুইয়ে সন্মুখত যাকে পায় তাকে ভস্মীভূত কৰে। এতেকে,—পিচে পিচে নেৰা-নেপেৰাকৈ খেদি যোৱা, অনবৰত দ্ৰোহ আচৰা, to pursue relentlessly, to continue to act hostilely. '''থিয়-কাণ'''—বিং, হাবিত জন্তুৱে খিৰিক-খাৰাক শব্দ হলে কাণ থিয় কৰি শুনে। এতেকে,—সজাগ, সাৱধান, wakeful, vigilant. '''থিয় গোৰ'''—বিং, থিয় হৈ মৰা গোৰ, টান গোৰ, a severe kick. '''থিয়ৈ থিয়ৈ স্বৰ্গলৈ যোৱা'''—ক্ৰি, অতি পুণ্যাত্মা মানুহে পূৰ্ব্বকালত থিয় হৈ থকা অৱস্থাৰে স্বৰ্গলৈ গৈছিল বুলি কয়। এতেকে,—স্ব-শৰীৰে স্বৰ্গলৈ যোৱা; ধৰ্ম্মজীৱন ধাৰণ কৰা, to ascend the heaven in flesh and blood; to lead a saintly life. '''থিয়ৈ মৰা'''— ক্ৰি, থিয় অবস্থাতে বা তৎক্ষণাৎ মৰা অৰ্থাৎ নভবা-নিচিন্তা ডাঙ্গৰ বিপদত পৰি মৰাপ্ৰায় হোৱা , to be ruined by falling in to an unforeseen danger. '''থুকুচি পেলোৱা'''—ক্ৰি, কোনো বস্তু গড়ত থৈ থুকুচ-থুকুচ-কৰে দাৰে কাটি পেলোৱা হয়। এই স্থলত ককৰ্থনাৰ দ্বাৰা থুকুচি পেলোৱা বুজোৱা হৈছে। এতেকে,—ককৰ্থনাৰ দ্বাৰা কাটি পেলোৱাৰ তুল্য কৰা অৰ্থাৎ বৰকৈ ককৰ্থনা কৰা, to scold sharply. '''থুপৰী তিৰোতা'''— বিং , থুপৰী=(থোপোৰা+ঈ, স্ত্ৰীলিঙ্গ। ) জন্মগত আসোঁৱাহ থকাত কোনো তিৰোতাই থোপোৰা লাগি থাকে। কন্যাকালৰ সময় হোৱাতো তেনে তিৰোতাৰ কন্যাকাল নহয় আৰু তেওঁ গৃহস্থালী কাৰ্য্যতো অকামিলা হয়। এতেকে,—বাঢ়িব নোৱৰা কঁটিয়া তিৰোতা
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৬
{{rh|থেকেচ-নেকেচ|১৩৬|থেন-থেন}}
কন্যাকালৰ সময় হোৱাতো কন্যাকাল নোহোৱা তিৰোতা; অকাৰ্য্যভাগী তিৰোতা, a woman of arrested development; a woman not subject to menstruation; an accomplished woman. '''থেকেচ-নেকেচ কৰা'''--ক্ৰি, কোনো বস্তু অনাদৃত হলে থেকেচ-কৰে পেলাই দিয়ে। ( ’নেকেচ’ অনুকাৰ শব্দ ) এতেকে,—অনাদৰ কৰা, to alight, to treat with intentional neglect or superci- liouness. '''থেকেচি পেলোৱা'''—ক্ৰি, [ মুখ মাটিত থেকেচি পেলোৱা] উগ্ৰ দণ্ড দিয়া, to punish severely. '''থেকেৰা ঠহা দিয়া'''—ক্ৰি, থেকেৰা বৰকৈ ঠাহি লোণ সানি ৰদত শুকাই থোৱা হয়। এতেকে,—কথাৰে কোনো মানুহক বৰকৈ ঠাহি পেলোৱা অৰ্থাৎ অতিকৈ গালি-শপনি পৰা, to reproach vilely. '''থেকেৰা ফুল'''—-বিং. থেকেৰাৰ ফুল নাই, কিন্তু প্ৰবাদ আছে যে থেকেৰা ফুল ৰাতিৰ ভিতৰতে ফুলে, ৰাতিৰ ভিতৰতে সৰে. কোনেও তাক দেখা নাপায়। এতেকে,--কোনেও বুজ নোপোৱাকৈ গুপ্তভাৱে কৰা কাৰ্য্য, a secret act. '''থেন-থেন মেন-মেন'''—বিং, [ 'থেন-মেন’ পদং দ্বিত্ব] ‘থেন-মেন’ পদ 'থান-বান’ পদৰ অপ-ভ্ৰংশ। কোনো বস্তু ভাগিলে টুকুৰাবিলাক থান-বান হৈ যায় অৰ্থাৎ ঠায়ে ঠায়ে উফৰি পৰে। এই স্থলত কোৱা হৈছে যে প্ৰকৃত ৰোগ নাই কিন্তু গাটো ভগা-ছিগাৰ নিচিনা অনুভৱ হৈ থাকে। এতেকে,—সামান্য শাৰীৰিক বিকাৰ, slight indisposition. {{center|⸻}}
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৭
{{rh|দাঁত|১৩৭|দৰ}}
{{rh|১৮||}}
{{center|{{X-larger|দ। }}}} '''দাঁত কৰচা'''—ক্ৰি, বৰকৈ খং উঠিলে মানুহে দাঁত কৰচে। এই বাক্য অকৰ্ম্মক আৰু সকৰ্ম্মক উভয় প্ৰকাৰে ব্যৱহৃত হয়। এতেকে,—বৰকৈ খং উঠা বা খং কৰা, to be infuriated, to reproach over much. '''দাঁত ছেলোৱা'''—ক্ৰি, মৰা মানুহে দাঁত ছেলাই পৰি থাকে। এতেকে,— মানুহৰ দৰে একো কৰিব নোৱৰাকৈ পৰি থকা, অকৰ্ম্মণ্য হোৱা, to lie useless. '''দাঁত ছেলোৱা'''—ক্ৰি, (ছেলোৱা =উলিওৱা ) বৰকৈ হাঁহিলে দাঁত ওলাই থাকে। এতেকে,—বৰকৈ হঁহা, to laugh outright. '''দাঁত নিকটোৱা'''—ক্ৰি, মৰা শৰ দাঁতবিলাক নিকট খাই থাকে অৰ্থাৎ ওলাই থাকে। এতেকে,—মৃত্যুগামী হোৱা, to die. '''দাঁত নিকটোৱা'''— ক্ৰি, বৰকৈ হাঁহিলে দাঁত নিকট খায় অৰ্থাৎ ওলাই থাকে। এতেকে,—বৰকৈ হঁহা, to laugh outright. '''দাঁত নিকটোৱা'''—ক্ৰি, মেকুৰী বা কুকুৰক খেদি নিলে যেতিয়া সি সাৰিব নোৱৰা হয়, তেতিয়া উভতি দাঁত নিকটাই দেখুৱায়। সেইৰূপে মানুহে কোনো দোষ কৰিলে যদি সাৰিব নোৱৰাকৈ ধৰা পৰে, তেতিয়া সি লাজত দাঁত নিকটাই হঁহাৰ ভাব দেখুৱায়। এতেকে,—বৰকৈ লাজ পোৱা, লাজত উপায় নোপোৱা, to be put out of countenance. '''দাঁতে দাঁতে লগা'''—ক্ৰি, মৃত্যুৰ সময়ত মুখ মেলিব পৰা নাযায়। তেতিয়া ওপৰৰ দাঁতে তলৰ দাঁতে লাগি ধৰ। এতেকে,—মৃত্যুকাল উপস্থিত হোৱা, to be on the point of death. '''দন্দ জোকোৱা'''-ক্ৰি, আগৈয়ে নিজে জোকাই দন্দ পাতি লোৱা, to pick a quarrel. '''দমদমোৱা'''—ক্ৰি, মাটিত গোৰাহানি মাৰি, দম্ দম্ শব্দ কৰা, খঙ্গাল ভাব দেখুওৱা, to assume an offensive attitude, '''দৰা দেখুৱাই সুৱাগুৰি তোলা'''—ক্ৰি, বিয়াত দৰা কন্যা-ঘৰলৈ অহাৰ পূৰ্ব্বেই সুৱাগুৰি তোলাৰ নিয়ম। দৰা আহিলে দৰাক দেখুৱাই সুৱাগুৰি তুলিবলৈ যোৱাটো গহৰিৰ কাৰ্য্য। এতেকে,-- অতি বিলম্বকৈ কাৰ্য্য
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৮
{{rh|দলনিত|১৩৮|দহখন}}
কৰা, to make very great delay in doing a thing. '''দলনিত পোনা মেলা'''—ক্ৰি, দলনি ডাঙ্গৰ জলাশয়। দলনিত গৰৈ শল, শাল আদি মাছে অসংখ্য পোনা জগাই মেলি দিয়ে। পোনাবিলাকে চাৰিও পোনে সিঁচিৰতি হৈ অনাই-বনাই ফুৰে। এতেকে, অনাই-বনাই ফুৰা অৱস্থা কৰা, থান-থিত নোহোৱা কৰা, অত্যন্ত দুৰ্দ্দশাগ্ৰস্ত কৰা, নিৰাশ্ৰয় কৰি এৰি দিয়া, to set a person at large without any one to protect him, to let a person loose in the broad world without any one to take care of him. '''দশৰথৰ এগছ কূটা দুগছ নকৰা'''— ক্ৰি, এগছ কুটা ছিঙ্গি দুগছ কৰিলে যৎসামান্য কাৰ্য্য কৰা হয়। এই স্থলত, সিমান ফেৰাও কাৰ্য্য নকৰে বোলা হৈছে। ঘৰখনত দহ গছ কুটা থাকে অৰ্থাৎ অনেক সৰু-সুৰা কাম থাকে। সেইবিলাক কামৰ এফেৰিকে নকৰে বোলা হৈছে। ‘দশৰথৰ' বিশেষ একো অৰ্থ নাই। দশ’ শব্দ যোগ দি এটি সংজ্ঞা শব্দ যুগুত কৰা হৈছে মাথোন। এতেকে,—সমূলি কাম-বন নকৰা, to do absolutely no work, to lie wholly inactive, '''দহ বুলিলে দহ হোৱা, পঁচি বুলিলে পঁচি হোৱা'''—ক্ৰি, (কড়ি খেলৰ বাক্য) পঁচি =পঁচিছ। দহ বুলি কড়ি পেলাই দিলে দহ পৰে আৰু পঁচি বুলি পেলালে পঁচি পৰে। এতেকে,—যিহকে বোলা যায় সেয়ে হোৱা অৰ্থাৎ ইচ্ছানুযায়ী কাৰ্য্য হোৱা, to have anything ful- filled according to one's desire. '''দহ ভকতৰ আঁৰ হোৱা'''—ক্ৰি, কোনো মানুহ মৰিলে সি দহ ভকতৰ (ৰাইজৰ) আঁৰ হয়, অৰ্থাৎ তাক ৰাইজে সংসাৰত আৰু দেখিবলৈ নাপায়। এতেকে,—মৃত্যু প্ৰাপ্ত হোৱা, to die, '''দহ ভকতৰ আশীৰ্ব্বাদ'''—বি,, (দহ ভকত=ৰাইজ। ) ৰাইজৰ আশীৰ্ব্বাদ, the blessing of the people. '''দহ ভকতৰ দোষে ছোৱা'''—, (দহ ভকত=ৰাইজ। ) ৰাইজক অসন্তোষ দিয়াটো দূষণীয় কাৰ্য্য। (দোষে ছোৱা= দোষ লগা ) এতেকে,— ৰাইজৰ বিৰক্তিভাজন হোৱা, to incur the displeasure of the public. '''দহখন মুখে কথা কোৱা'''—ক্ৰি, দহ বেলি দহ ৰকমে কথা কোৱা, বেলিয়ে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৯
{{rh|দহটকীয়া|১৩৯|দানে}}
বেলিয়ে সলাই কথা কোৱা, to change one's opinion every time. '''দহটকীয়া হোৱা'''—ক্ৰি, কোনো মানুহে বহু টকা {{বঙালী ৰু}}পৰ গৰাকি হলে যেনে হয় তেনে হোৱা; গম-গমীয়া হোৱা; সুস্থ ও সবল হোৱা, to be strong and vigorous '''দহো কুৰি'''—ক্ৰি-বিণ, দহো কুৰি শপথলৈ মন কৰি নিশ্চিতকৈ, অৱশ্যে অৱশ্যে certainly, without fail. '''দক্ষিণা লোৱা খোজ দিয়া'''—ক্ৰি, বামুণে শ্ৰাদ্ধাদিত দক্ষিণা লবৰ নিমিত্তে অতি বেগেৰে খোজ দিয়ে। এতেকে,—অতি বেগেৰে খোজ দিয়া, to walk too fast. '''দাং খাই উঠা'''—ক্ৰি, [খঙ্গত দাং খাই উঠা] অধিক খঙ্গত মানুহে ইচ্ছা নকৰা স্বত্ত্বেও দাং খাই উঠে অৰ্থাৎ থিয় হয়। যুঁজিবলৈ হলে মানুহে থিয় হব লাগে। এতকে,—খঙ্গৰ ভমকত থিয় হোৱা, যুঁজিবলৈ উদ্যত হোৱা, to rise to one's feet in a menacing attitude, to show fight. '''দাতা কৰ্ণ'''—বিং, কৰ্ণে নিজৰ পুতেক বৃষকেতুক বামুণক দান দিছিল। এতেকে,— মহাদানী পুৰুষ, a great philanthropist. '''দান চাই দক্ষিণা'''-—বিং, বামুণক দান দিওঁতে দানৰ লগত দক্ষিণা দিব লাগে। দান যদি ডাঙ্গৰ হয়, দক্ষিণা বেচিকৈ দিব লাগে। দান যদি সৰু, দক্ষিণা তাকৰকৈ দিব লাগে। এতেকে,—যথোচিত কাৰ্য্য, an appro- priate action. '''দান-মান কৰা'''—ক্ৰি, কোনো মানুহক এটা বস্তু দি ঘূৰাই আনিলে তেওঁক এবেলি মান কৰি ঘূৰি অমান কৰা হয়। এতেকে,—কোনো মানুহক এবেলি মান কৰি ঘূৰি অমান কৰা, সম্ভ্ৰম দেখুৱাই অব্যবহিত পাচতে অসম্ভ্ৰম দেখুওৱা, to show disrespect immediately after respect. '''দান্তে তৃণ ধৰা'''—ক্ৰি, পূৰ্ব্ব কালত শৰণাগত হলে দাঁতেৰে তৃণ কামুৰি ধৰাৰ নিয়ম আছিল। এতেকে,--শৰণাগত হোৱা, to own allegiance to submit. '''দানে ভাওৱে অহা''' --ক্ৰি, কিনোতাই কিনিবৰ দামে-ভাওৱে মিল হোৱা কোনো
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫০
{{rh|দিন|১৪০|দীঘল}}
বিষয়ৰ প্ৰস্তাবত উভয় পক্ষৰ সৰ্ত্ত মিল হোৱা, to come to terms '''দিন উঠা'''—ক্ৰি, [ শুভ দিন উঠা ] শুভ দিন উদিত হোৱা, ভাগ্যোদয় হোৱা, the rising of fortune. '''দিন উঠা'''—ক্ৰি, [ শুভ দিন উঠা ] শুভ দিন গুচা, সৌভাগ্য দূৰীভূত হোৱা, the coming of good days to all end. '''দিন পৰা'''—ক্ৰি, (শুভ দিন পৰা ] শুভ দিন অন্ত হোৱা, সৌভাগ্য অৱসান হোৱা, the waning of fortune. '''দিন পালে ক্ষণ পোৱা'''—ক্ৰি, বহু দিন পালে শুভ ক্ষণ উলিয়াই লব পৰা যায়। এতেকে,—সময় পালে সুযোগ পোৱা, to find opportunity by securing delay. '''দিন ভিক্ষা কৰি তনু ৰক্ষা কৰা'''—ক্ৰি যি মানুহৰ সঞ্চিত ধন-বিত নাই, সি দিনে কাম কৰি তাৰ উপৰ্জ্জনৰ দ্বাৰা ঘৰ চলায়। এতেকে,—দিনে ভিক্ষা কৰি পোৱা অন্নৰ দ্বাৰা প্ৰাণধাৰণ কৰা অৰ্থাৎ নিচেই দুখীয়াভাৱে গৃহস্থালি চলোৱা, to live from hand to mouth. '''দিন মন্দ হোৱা'''—ক্ৰি, (জ্যোতিষীয়া মাত) অৱস্থা অশুভ হোৱা, to be fallen on evil times. '''দিনে নটা'''—ক্ৰি, (দিন=আয়ুস। ) আয়ুসৰ নাটনি হোৱা, অল্পায়ুস হোৱা, to to be short-lived. '''দিনেকে দিনে'''—ক্ৰি-বিণ, [ দিনেকে দিনেকে ]( দিনেক = এক দিন। ) প্ৰত্যেক দিনে, every day. '''দিহা লগা'''—ক্ৰি, (দিশ’ শব্দৰপৰা ‘দিহা’ শৰৰ উৎপত্তি হৈছে। ) ভাল ব্যৱস্থা হোৱা। তাৰপৰা— (ব্যঙ্গাৰ্থত) ডাঙ্গৰ অসুবিধা হোৱা, to be settled, hence (ironically) to be done for. '''দিহিঙ্গে দিপাঙ্গে'''—ক্ৰি-বিণ, [ দিহাঙ্গে দিবাঙ্গে] দিহাং আৰু দিবাং শদিয়াৰ ওপৰে আছে। এই দুই নৈ নামি আহি ব্ৰহ্মপুত্ৰৰ আকাৰ ধাৰণ কৰিছে। এতেকে,—যতে ততে বিপদসঙ্কুল ঠাইত, in distant regious attended with danger. '''দীঘল দি পৰা'''—ক্ৰি, মাটিত হাত ভৰি মেলি দীঘল দি পৰি সাষ্টাঙ্গ প্ৰণিপাত কৰা হয়। এতেকে,--সম্পূৰ্ণৰূপে সেও হোৱা, to submit unconditionally.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫১
{{rh|দীঘল-ঠেঙ্গীয়া|১৪১|দুখে}}
'''দীঘল ঠেঙ্গীয়া'''—বিণ, বৰষুণৰ ধাৰবিলাক দীঘল ঠেঙ্গৰ নিচিনা দেখা যায়। এতেকে—বৰষুণ, rain. '''দীঘল পৰুৱা'''—বিং, সাপ পৰুৱা জাতীয় প্ৰাণী, প্ৰভেদ এয়ে যে সাপৰ আকৃতি দীঘল। এতেকে,—সাপ, a snake, '''দুই নাওত দুই ভৰি থোৱা'''—ক্ৰি, এখন নাওত এটা ভৰি আৰু আন এখন নাওত আনটো ভৰি থাকিলে বিপদৰ আশঙ্কা. কিয়নো পানীৰ সোঁতত নাও এখন আঁতৰা-আঁতৰি হব পাৰে। এতেকে,—দোধোৰ-মোধোৰত পৰা, to be in a dilemma. '''দুই বাঘে খাব নোৱৰা'''—বিণ, যদি কোনো গৰু বা মহ বৰ ডাঙ্গৰ আৰু মঙ্গহাল হয়, তেনেহলে তাক দুটা বাঘে মিলিও খাই শেষ কৰিব নোৱাৰে। এতেকে,—বৰ গাৱাল excessively fat. '''দুই হাতে আজোৰা'''—- ক্ৰি, দুয়ো হাতেৰে বন আজুৰি উঘালে বোলা হৈছে। এতেকে,—-অপৰিমিত শ্ৰম কৰা to labour too hard. '''দুই হাতে সামৰা'''—ক্ৰি , বেচি হলে দুয়ো হাতেৰে ধন-বস্তু ধাহি-মুহি সামৰে। এতেকে—অতি হেঁপাহেৰে ধন-বস্তু গোটোৱা, to accumulate property with inordinate covetousness. '''দুখ কৰিলে মুখ ভৰা'''--ক্ৰি, (ভৰা = খোৱা-বস্তুৰে ভৰা ) শ্ৰম কৰিলে ভাল- মতে খাবলৈ পোৱা to be able to earn a comfortable liviling by means of labour. '''দুখনীয়া পিন্ধা'''—ক্ৰি, সৰু ছোৱালীয়ে অকল মেখেলা পিন্ধি থাকে। পাট-গাভৰু হলে গাত এখন গামোছা লয়। এতেকে,—পাট-গাভৰু হোৱা, to arrive at girlhood. '''দুখী দুখী অৱস্থাৰে কৰা'''—ক্ৰি, [ দুখীয়ে দুখী অৱস্থাৰে কৰা ] দুখীয়া মানুহে দুখীয়া অৱস্থাৰে কোনো কাৰ্য্য কৰা, to act like a humble man in a humble way. '''দুখে কুলাই-পাচিয়ে নধৰা'''—ক্ৰি, ধান-চাউল কুলাৰে জাৰি পাচিত থোৱা হয়। ধান-চাউল বেচি হলে পাচি ভৰি যায়। বাকিখিনি কুলাতে থোৱা হয়। কিন্তু ধান-চাউল যদি তাতোকৈ বেচি হয়, তেনেহলে কুলাই- পাচিয়ে নধৰা হয়। এই স্থলত, দুখক ধান-চাউলেৰে তুলনা কৰা হৈছে। এতেকে,--অতিৰিক্ত দুখ-কষ্ট পোৱা, to have an
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫২
{{rh|দুচলি|১৪২|দূৰতে}}
overload of misery. '''দুচলি খৰি'''—বিং, ভকতীয়া মাত। পাপ আৰু পুণ্য, virtue and vice. '''দুটি ভৰি ধৰা'''—ক্ৰি,, দুটি ভৰি ধৰি কাকূতি-মিনতি কৰা হয়। এতেকে,— কাকুতি-মিনতি কৰা , to beseech, to entreat, to pray earnestly. '''দুপতীয়াতে জঁয় পৰা'''—ক্ৰি, , গছৰ পুলি দুপতীয়া অৱস্থাতে জঁয় পৰে বোলা হৈছে। এতেকে,—প্ৰথম অৱস্থাতে শ্ৰীহীন হোৱা, to be waning at the outset. '''দুৰ্ব্বাদল দন্দ'''— বিং মুকলি ঠাইত দন্দ লাগে। তাত দুৰ্ব্বা অৰ্থাৎ দুবৰি বন থাকে। বৰকৈ দন্দ লাগিলে দুৰ্ব্বাৰ দলন হৈ যায় অৰ্থাৎ বন মৰি যায়। এতেকে,—ডাঙ্গৰ দন্দ, fierce struggle, violent quarrel, bitter enmity. '''দুভছীয়া উত্তৰ'''—-বিং, [ দুভষীয়া উত্তৰ ] দুটা ভাষাৰে অৰ্থাৎ এটা অৰ্থযুক্ত ভাষাৰে কোৱা উত্তৰ, দ্ব্যৰ্থবোধক উত্তৰ, an ambiguous reply. '''দুভাগ খোৱা'''—বিং, ওজাপালি গোৱাত যি ধন পোৱা যায়, সেই ধনৰ যিমান অংশ পালিয়ে পায়, ওজাই তাৰ দুগুণ পায়। এতেকে,--ওজা, a master, chief or leader. '''দুয়োতকৈ দুয়ো চৰা'''—ক্ৰি, ইটোতকৈ সিটো চৰা আৰু সিটোতকৈ ইটো চৰা অৰ্থাৎ দুয়ো সমান চৰা, to stand out each above the other, i.e. equally in a high degree. '''দুষ্টৰ একাল হোৱা, সন্তৰ সৰ্ব্বতিকাল হোৱা'''—ক্ৰি, দুষ্ট মানুহৰ একালত মঙ্গল হোৱা কিন্তু সম্ভৱ সৰ্ব্বতিকালত মঙ্গল হোৱা, the coming of good fortune to a wicked person only once but to just man as all time. '''দূৰতে বিদূৰ হোৱা'''—ক্ৰি, বিদূৰ=বিশেষ{{বঙালী ৰূ}}পে দূৰ, অন্য অৰ্থ, ধৃতৰাষ্ট্ৰৰ ভায়েক। শব্দৰ খেলা দেখুওৱা হৈছে। বিদূৰ অতি ধৰ্ম্মিষ্ঠ আছিল। তেওঁ অধৰ্ম্মৰ পৰা বহুত দূৰত থাকে। এতেকে,— নিলগতে আঁতৰ হোৱা, to keep oneself at a long distance from anything.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫৩
{{rh|দূৰৈৰ|১৪৩|দেখা}}
'''দূৰৈৰ ৰৌ বৰালি'''—বিং, ৰৌ আৰু বৰালি ডাঙ্গৰ মাছ কিন্তু সি যদি দূৰত থাকে, তেনেহলে তালৈ মানুহে হেঁপাহ নকৰে। এতেকে,—দূৰৰ লাভ- জনক কাৰ্য্য, a profitable business carried on at a dis- tance from the home. '''দেউতা ঈশ্বৰ'''—বিং, (দেউতা = দেৱতা। ঈশ্বৰ=ঐশ্বৰ্য্যশালী প্ৰভু ) অতি সম্ভ্ৰান্ত লোক, an honorable man. '''দেউতা বিধতা বুলি ফুৰা'''—ক্ৰি, পৰক কাবৌ-কোকালি কৰি ফুৰা, to entreat person servilely with a view to obtain certain favours from him. '''দেও উঠা''',—ক্ৰি, [ দেও হৈ উঠা ] অপদেৱে লম্ভিলে মানুহে দেও-ধুপাল কৰে আৰু অস্বাভাবিক কথা বলকিবলৈ ধৰে। এতেকে,—অস্বাভাবিক কাৰ্য্য কৰা, to art in an unnatural way. '''দেও চাই বলি'''—বিং, দেও উগ্ৰ হলে, তেওঁক সন্তুষ্ট কৰিবলৈ বলি ডাঙ্গৰ দিব লাগে। দেও সৰু হলে, বলি সৰু হব লাগে। এতেকে,—যথোচিত কাৰ্য্য, an appropriate action. '''দেও দেও কৰা'''— ক্ৰি, কোনো আচৰিত কথা দেখিলে “দেৱ” “দেৱ” শব্দ উচ্চাৰণ কৰা হয়। এতেকে,—আচৰিত মনা, to be struck with wonder. '''দেওধনি উঠা'''—-ক্ৰি, [ দেওধাইনী হৈ উঠা] দেওধাইনীবিলাকক দেৱে লম্ভে বুলি কয়। তেতিয়া সিহঁতে উন্মত্ত মানুহৰ নিচিনা হয় আৰু ভবিষ্যৎ বিষয়ক প্ৰশ্নৰ প্ৰকৃত উত্তৰ দিব পাৰে। এতেকে,—উন্মত্ত মানুহৰ দৰে আচৰণ কৰা, to act in mud excitement. '''দেখা কথা'''—বিং, যি কথা সকলোৱে দেখিবলৈ পায় অৰ্থাৎ জনাজাত তেনে কথা। তাৰপৰা,--উচিত কথা, হক কথা, an apparent thing hence, a proper thing, a right thing '''দেখা কথাত পাট-মঙ্গল চোৱা'''—ক্ৰি, ভবিষ্যৎ কথা জানিবৰ নিমিত্তে মানুহে পাট- মঙ্গল চায়, কিন্তু যিটো দেখা কথা অৰ্থাৎ যি কথা চকুৰ আগতে ওলাই থাকে, তাক জানিবৰ নিমিত্তে পাট-মঙ্গল চাবৰ আৱশ্যকতা নাই। এতেকে,—স্বতঃসিদ্ধ কথা জানিবলৈ ক্লেশ-সাধ্য উপায় অৱলম্বন কৰা, to make a laborious attempt to find out what is but-
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫৪
{{rh|দেখিলে|১৪৪|দেহে}}
a self-evident truth. '''দেখিলে লেখা'''--ক্ৰি আহোম ৰজাৰ দিনত পাইকৰ হিচাব আছিল। যাতে পাইক লুকাব পৰা নাযায়, সেই নিমিত্তে নিজ চকুৰে নেদেখিলে কোনো পাইক লেখত ধৰা নহৈছিল। মানুহক আগত দেখিলে যেনেকৈ লেখত ধৰা যায়, কাৰ্য্যকো সেইৰূপে আগত দেখিলে অৰ্থাৎ তাৰ ফল দেখিলে লেখত ধৰা যায় এতেকে,—কাৰ্য্যৰ ফল দেখিলে সেই কাৰ্য্যৰ মূল্য নিৰ্দ্ধাৰিত কৰা, to set value to an action by the amount of tangible result which it produces. '''দেৱত নলগা, ভকতত নলগা'''—বিণ, কোনো বস্তু দেৱক উছৰ্গি দিয়া হয় আৰু কোনো বস্তু ভকতলৈ আগ বঢ়োৱা হয়। যি বস্তু দেৱতো নালাগে আৰু ভকততো নালাগে, সেই বস্তু অসাৰ্থক। এতেকে,--অসাৰ্থক, নিষ্ফল, unavailing, useless. '''দেৱতাই দিলেও বিধাতাই নিদিয়া'''— ক্ৰি স্বয়ং দেৱতাই কোনো বস্তু দান কৰিলেও, দেৱশ্ৰেষ্ঠ বিধতা অৰ্থাৎ , ব্ৰহ্ম বিমুখ হলে, তাক ভোগ কৰিবলৈ পোৱা নাযায় বোলা হৈছে। এতেকে, --ভাগ্য সুপ্ৰসন্ন নাথাকিলে কোনো বস্তু পাইও ভুঞ্জিবলৈ নোপোৱা, not to be able to enjoy a gift which is already received if the receiver happens to have a bad luck. '''দেশ-ভগন'''—বিং, দেশত বিপদ হলে মানুহবিলাকে যেনিয়ে তেনিয়ে ভাগি-ভূঁহৰি যায়। এতেক,—ৰাষ্ট্ৰবিপ্লৱ, anarchy, political confusion. '''দেশ ছাড়ি বিদেশলৈ যোৱা'''--ক্ৰি, (ছাড়ি = এৰি। ) অত্যন্ত ভয়ানক কষ্ট নহলে নিজৰ দেশ এৰি মানুহে বিদেশত বসতি কৰিবলৈ নাযায়। এতেকে,— স্বদেশত কষ্ট সহিব নোৱাৰি বিদেশত গৈ বসতি কৰা, to be unable to bear misfortune any longer to one's home and so leave it and settle in foreign land. '''দেশৰ মানে'''—-ক্ৰি-বিণ, [ দেশৰ সমান ] গোটেই দেশখনতে যিমান আছে তাৰ সমানকৈ, বহু পৰিমাণে, অধিককৈ, to a great extent. '''দেহতৰ আগ'''—বিণ, [ দেশত কৰি আগ] দেশখনৰ মানুহতকৈ আগ। আটাইতকৈ আগ , foremost of all '''দেহে-কেহে'''—ক্ৰি-বিণ, [ দেহে গায়ে ] গা লাগি, whole heartedly
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৩
{{rh|নগাৰ|১৫৩|}}
{{rh|২৭||}}
available for use, '''নগাৰ সংক্ৰান্তি'''—বিং, অসমীয়া হিন্দু মানুহে সংক্ৰান্তিৰ দিনা লঘোণ দিয়ে আৰু হাল-খতি কৰে। কিন্তু নগাই সেইবিলাক নিয়ম একো নামানে। এতেক,—ধৰ্ম্মহীন মানুহৰ ধৰ্ম্মানুষ্ঠান, religious observation of a person who has no religion. '''নগৈ গৰগাওঁৰ বাতৰি কোৱা'''—ক্ৰি, গৰগাওঁ আসামৰ ৰাজধানী আছিল। সেই নগৰ এনে চমৎকাৰ আছিল যে তালৈ গৈ নিজ চকুৰে নেদেখে মানে লোকৰ মুখে শুনি তাৰ বিবৰণ যথাযথ ধাৰণা কৰা অসম্ভৱ আছিল। এতেকে,— আন্দাজত কথা কোৱা, to speak hearsay, to speak by guess. '''নচুৱাই লৈ ফুৰোৱা'''—ক্ৰি, বান্দৰক নচুৱাই লৈ ফুৰোৱা হয়। মানুহটোৱে যেনেকৈ নচুৱায়, বান্দৰে তেনেকৈ নাচে। এতেকে,—চলাওঁতা মানুহে পৰক তাৰ (চলাওঁতাৰ) মততে চলাই লৈ ফুৰোৱা, to compel to submit to one's will subserviently. '''নজনা জনা'''—বিং, যাক কোনও নাজানে অৰ্থাৎ যাৰ ৰূপ অবিদিত সেই জনা পুৰুষ,ঈশ্বৰ, the unknown i.e. God. '''নপতা ফুকন'''—বিং, ৰজাই পাতিলে হে ফুকন বিষয় পাব পাৰি। এই স্থলত, কোনেও নপতাকৈ ফুকন হৈছে বোলা হৈছে। এতেকে,—নিজে নিজে ডাঙ্গৰ বুলি ফুৰা মানুহ, মইবৰ মানুহ, অহংকাৰৰ ওপৰত প্ৰতাপ দেখুওৱা মানুহ, a self-styled lord, an over-bearing person. '''নমো নমো পাৰিজাত'''—বিং, পাৰিজাত বিশুদ্ধ স্বৰ্গীয় ফুল। 'নমো নমো পাৰিজাত’ বুলি এই ফুলৰ স্তুতি আৰম্ভ কৰা হয় বুজোৱা হৈছে। বিশুদ্ধ মানুহক পাৰিজাত ফুলেৰে তুলনা কৰা হৈছে। এতেকে,—নীতি- ধৰমৰ পৰাকাষ্ঠা, excessive orthodoxy. '''নৰ-মনিচক ছদ্ম দেখুওৱা'''—ক্ৰি, নৰ-মনিচ। নৰ-মনুষ্য। দেবযোনি বা ভূঁত- যোনিয়ে বা অদ্ভুক্ত ক্ষমতাশালী পুৰুষে সাধাৰণ মানুহক অমানুষিক কাৰ্য্য দেখুওৱা, the showing of a miracle to an ordinary man by a spiritual being or by a man of superior intelligence. '''নল মৰি গজালি ওলোৱা'''—ক্ৰি, নল পৰিণত হৈ শুকাই মৰি যায়। কিন্তু
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৪
{{rh|নলগা|১৫৪|নাই}}
তেতিয়া তাৰ মূলৰপৰা গজালি ওলায়। এতেকে,—-মানুহ বুঢ়া হৈ মৰি সিহঁতৰ পো-পোৱালিৰ জন্ম হৈ সিহঁতৰ ঠাই অধিকাৰ কৰা , the filling of gaps created by the death of old people by their sons. '''নলগা জেঙ্গাত লগা'''—ক্ৰি, (জেঙ্গা = লেঠা। নলগা =য’ত লাগিব নালাগে তেনেকুৱা। ) যি লেঠাত ব্যাপৃত হব নালাগে তেনে লেঠাত ব্যাপৃত হোৱা, to engage in a matter with which one should have nothing to do, to interfere unnecessarily. '''নলে-গলে লগা'''— বিং, নল অৰ্থাৎ ডিঙ্গিৰ নলি আৰু গল অৰ্থাৎ ডিঙ্গি এই দুটাৰ দৰে লগালগি বা প্ৰিয়তম বন্ধু, dearest friend. '''নষ্ট যোৱা'''—বি, দুষ্কাৰ্য্য কৰিলে ফল স্বৰূপে মানুহ নষ্ট হয়। এতেক,—-দুষ্কৰ্ম্মা (গালিৰ মাত। ) wicked, unrighteous (a term of abuse). '''নহবলৈ হোৱা'''—ক্ৰি, [ আনৰ নহবলৈ হোৱা ] অন্যান্য মানুহৰ কাৰো কতো. তেনেকুৱা নহব এইভাৱে হোৱা, অসদৃশভাৱে হোৱা, অসাধাৰণ ভাৱে হোৱা, অতুলণীয়ভাবে হোৱা, to take place in an extra-ordinary, unusual, incomparable, excellent manner. '''নাই তই নাই মই বুলি লগা'''—–ক্ৰি,, [হয় মই, নাই তই, হয় তই, নাই মই ] দুটাৰ ভিতৰৰ এটা মৰিব এটা জীব এই বুলি যুঁজ লগা , to engage in a deadly dual. '''নাই নুই কৰা'''—ক্ৰি, [ নাই নহয় কৰা] আসৈ মতা, to deny. '''নাই নৌ কাটোঁতেই ঘোৰোচ কৰা'''—ক্ৰি, গৰুৰ পোৱালি জগা মাত্ৰকতে, নাই নৌ কাটিবলৈ পাওঁতেই কঁৰীয়া পাতি ঘোৰোচ-ঘোৰোচ ক{{বঙালী ৰে}} খীৰাবলৈ যায় বোলা হৈছে। এতেকে,— কোনো কাৰৰ ফল ভোগ কৰিবৰ নিমিত্তে অধৈৰ্য্য হোৱা, to be impatient to enjoy a thing before the preliminaries necessary to give effect to possession are completed. '''নাই বুলিলে সাপতো বিষ নোহোৱা'''— ক্ৰি সাপে ডাকিলে যদি নাই ডকা বুলি মনতে ভাবি লোৱা যায়, তেনেহলে বিষ নাইকিয়ায হয় বুলি মানুহে কয়। এতেকে,--নামানিলে একো নোহোৱা, the coming to nothing
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৫
{{rh|নাই|১৫৫|নাও}}
of an evil if it is thought not to be an evil at all. '''নাই বুলিলেও হাতীৰ পেটত একলহ পানী থকা''',—ক্ৰি, হাতীৰ যেতিয়া গৰম উঠে, তেতিয়া সি শুঁৰেৰে পেটৰপৰা পানী উলিয়াই গালৈ ছটিয়াই গা জুৰ কৰে৷ তাৰ পেটত সদায় পানী থাকে৷ এই স্থলত কোৱা হৈছে যে, তাৰ পেটত নাই বুলিলেও একলহ পানী থাকে৷ ডাঙৰ মানুহক হাতীৰে তুলনা কৰা হৈছে৷ এতেকে,— ডাঙৰ মানুহৰ যেই সেই বস্তু সদায় যথেষ্ট পৰিমাণে থকা৷ ডাঙৰ মানুহৰ কোনো বিষয়ে কোনোফালে সৰ্ব্বশূন্য নোহোৱা, the stopping of a great man short of absolute destitution in any matter at at any time. '''নাই ৰঙ্গামাটি নাই গুৱাহাটী বুলি''',—ক্ৰি,-বিণ, আগৰ দিনত যাতায়াতৰ সুবিধা নথকাত ৰঙ্গামাটি আৰু গুৱাহাটী দূৰণীয়া বাট আছিল। কোনো দূৰণীয়া বাটলৈ যাবলৈ হলে মানুহে কৈছিল—“নাই ৰঙ্গামাটী নাই গুৱাহাটী” অৰ্থাৎ “দেশ এৰি যলৈ হয় তলৈ যাম।” এতেকে,—প্ৰাণৰ মমতা এৰি অৰ্থাৎ প্ৰাণ-টাঁকি, desperately. '''নাইত হাত দিয়া'''—ক্ৰি, ’নাই’ শব্দৰ ওপৰত খেল কৈছে। এক অৰ্থ, অভাৱ বুজোৱা অব্যয়। আন অৰ্থ, নাভি। কোনো প্ৰশ্ন কৰিলে ‘নাই’ ‘নাই কৰা’ ’নাই হো’ ইত্যাদি উত্তৰ দিলে ‘নাইত হাত দিয়ে’ বুলি কোৱা হয়। এতেকে,—নাই শব্দত হাত দিয়া অৰ্থাৎ নাই বুলি কোৱা, to give a negative reply. '''নাইকিয়াৰ মাক''',—বিং, অসমীয়া মানুহে ঘৈণীয়েকক নাম কাঢ়ি নামাতি ল’ৰাৰ নামেৰে ’অমুকাৰ মাক’ বুলি মাতে। বি জনা ঘৈণীৰ লৰা নাই, তেওঁক কাজেই ’নাইকিয়াৰ মাক’ বুলিব লাগে। এতেকে,— নিঃসন্তান ঘৈণী৷ a childless wife. '''নাও বুৰি তলি পালেও টিঙ্গৰ পৰা ননমা'''—ক্ৰি, গুৰিয়ালে নাওৰ টিঙ্গৰ ওপৰত উঠি গুৰি পোনায়৷ গুৰিয়ালৰ মান বেচি, আৰু সি টিঙ্গত বহি নাৱৰীয়াক হুকুম দিয়ে৷ নাওৰ টিং ওখ৷ মানী মানুহে উচ্চাসনত বহে, এনে ভাৱ বুজোৱা হৈছে৷ এই স্থলত কোৱা হৈছে যে, গুৰিয়ালৰ অহঙ্কাৰ ইমান বেচি, নাও বুৰি নৈৰ তলি পালেও সি টিঙ্গৰ পৰা নানামে৷ এতেকে,— সৰ্ব্বস্বান্ত হলেও অহঙ্কাৰ নেৰা, not to give
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৬
{{rh|নাওৱে|১৫৬|নাখালে}}
in slightly although dire consequences may result, to keep up vanity at the greatest sacrifice. '''নাওৱে গাওঁৱে একে'''—বিণ, [ নামে গ্ৰামে একে ] ( গ্ৰাম = গুণগ্ৰাম। ) নাম অনুযায়ী গুণাৱলী থকা, possessing qualities appropriate to the name. '''নাও-পেটা মানুহ'''—বিং, নাওৰ তলিখন চেপেটা আ{{বঙালী ৰ}}ু দীঘলীয়া। এতেকে,— চেপেটা আৰু দীঘলীয়া পেটৰ মানুহ, a person with a boat-shaped belly i. e. an extended level belly. '''নাক-কটা'''—বিণ, নাক কটা অপমানৰ বিষয়। এতেকে,—অপমানজনক, disgraceful. '''নাকটো গুৰি চপাই কটা'''—ক্ৰি, আহোম ৰজাৰ দিনত নাক-কটা, দণ্ডৰ বিধি আছিল। অপৰাধৰ গুৰুত্ব অনুযায়ী নাকৰ পৰিমাণ কটা হয়। অতি ডাঙ্গৰ অপৰাধ হলে নাকটো গুৰিলৈ চপাই কটা হয়। এনে কাৰ্য্যৰ দ্বাৰ অপৰাধীক অতি লাজ দিয়া হয়। এতেকে,—অতিপাত লাজ পোৱা, to be ashamed exceedingly. '''নাকৰ তলে গোজা'''—ক্ৰি, নাকৰ তলত মুখ থাকে। এতেকে,—-মুখে দি গুঁজি দিয়া অৰ্থাৎ মুখেৰে খোৱা। ( বিদ্ৰুপ ), to thrust into the opening down the nose i. e. to eat. (used ironically.) '''নাক-কাণ কটা'''— বিণ, আহোম ৰজাৰ দিনত নাক আৰু কাণ কাটি দণ্ড দিয়া বিধি আছিল। যি মানুহৰ লাজ নাইকিয়া, সেই মানুহে মাথোন এনে গুৰু দণ্ড পোৱাৰ যোগ্য অপৰাধ কৰিছিল। এতেকে,—-নিলাজ, scandalous, disgraceful. '''নাক চকু লগা মানুহ'''— বিং , নাক আৰু চকু সকলো মানুহৰে গাত লগা থাকে। এতেকে,— বিশেষত্ব নথকা, সৰ্ব্ব-সাধাৰণ মানুহ, person of everage qualification. '''নাকৰ পানী চকুৰ পানী একে হোৱা'''—ক্ৰি, বৰকৈ কান্দিলে নাকৰ পানী আৰু চকুৰ পানী ওলাই একাকাৰ হয়। এতেকে,—বৰকৈ কন্দা, to weep bitterly. '''নাকনী-কাননী হোৱা'''— ক্ৰি, [ কাননী-নাকনী হোৱা চোৱাঁ ] '''নাখালে কৰিব নোৱৰা খালে লৰিব নোৱৰা''',—বিণ, আহাৰ নাখালে বল টুটি কাম
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৭
{{rh|নাচোনখন|১৫৭|নামাতি}}
কৰিব পৰা নাযায়, আৰু আহাৰ খালে পেট গধুৰ হৈ কাম কৰিবলৈ লৰি চৰি ফুৰিব পৰ নাযায়। এতেকে,—কোনো অৱস্থাতে কাৰ্য্য কৰিবলৈ অক্ষম, অতিপাত এলেহুৱা, too lazy for anything. '''নাচোনখন দিয়া'''—ক্ৰি, তাই বহুৱাই নাচোন বলে কৰি ৰং দেখুৱায়। এতেকে,— বহুৱালি কৰা, to act with lovity. '''নাদৰ ভেকুলী'''—বিং, নাদৰ ভিতৰত ভেকুলী থাকে। সেইবিলাকে নাদৰ বাহিৰৰ কথা একোকে নাজানে। এতেকে,— অজ্ঞ মানুহ, one without the least experience of the outside world. '''নান্নং ন বস্ত্ৰং'''—বিণ, [ ন অন্নং ন বস্ত্ৰং। ] (সংস্কৃত বাক্য। ) অন্ন আৰু বস্ত্ৰ নাই অৰ্থাৎ খাবলৈ ভাত নাইকিয়া আৰু পিন্ধিবলৈ কপোৰ নাইকিয়া , ভিকহু, utterly destitute '''নাবা বুলিলেও চাপৰি চাপৰি বোৱা'''— ক্ৰি, ঢোল বজাই থাকোতে ঢুলীয়াক বজাবলৈ হাক দিলেও সি আৰু চাৰি চাপৰ বজাই হে বন্ধ কৰিব পাৰে। যেতিয়া বজাবলৈ কোৱা হয়, তেতিয়া সি সীমা চেৰি বায়। এতেকে,—কোনো কাৰ্য্য কৰিবলৈ আনে হাক দিলেও অলপমান নকৰি নোৱৰা, উন্মত্তভাৱে কাৰ্য্য কৰা, to be spurred on to do a thing by excess of spirits. '''নাম ফুটি-ফাটি যোৱা'''—ক্ৰি, কোনো বস্তু ফুটিলে বা ফাটিলে টুকুৰাবিলাক চাৰিও পোনে উফৰি পৰে। এই স্থলত কোৱা হৈছে, যে মানুহৰ নাম ফুটি- ফাটি যায় অৰ্থাৎ চাৰিও পোনে যায়। এতেকে,—নাম চাৰিও পোনে জ্বলা , to be far-famed. '''নাম লোৱা'''—ক্ৰি, মৃত্যু-কালত মানুহে ঈশ্বৰৰ নাম লয়। এতেকে,—মৃত্যু-গামী হোৱা, to remember God in the last moments of life i. e. to die. '''নামাতি ৰণ জিকা'''—ক্ৰি, দন্দ্বত দুজন মানুহে উত্তৰা-উত্তৰি কৰি থাকে। যদি এজনে মাতে, আন জনে নামাতে, মতা জনৰ কথাখিনি নমতা জনে জানিবলৈ পায়, কিন্তু নমতা জনৰ কথা মতা জনে জানিবলৈ নাপায়। পাচত নমতা জনে সেই বাবে নিজৰ সুবিধা কৰি লব পাৰে। এতেকে,— মাত-বোল নকৰি অৰ্থাৎ মনোভাব আনক জানিবলৈ নিদি স্বাৰ্থ-সিদ্ধি কৰা , to serve one’s interest by disceends.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৮
{{rh|নামৰ|১৫৮|নিজৰ}}
reticence. '''নামৰ মুখেৰে থকা'''—ক্ৰি, নাম-গোৱাৰ অন্তত প্ৰসাদ খাবলৈ পোৱা যায়। 'নামৰ মুখেৰে' বুলিলে 'নামৰ অন্তত প্ৰসাদ নোখাৱাকৈ শুদা মুখেৰে' বুজোৱা হৈছে। এতেকে,—অনাহাৰে থকা, to be fisting. '''নামলৈ খেদা'''—-ক্ৰি, নাম অৰ্থাৎ সদ্ নামৰ লগ পাবৰ নিমিত্তে খেদি যোৱা, to hanker after fame. '''নাম ধৰ্ম্ম'''—বিং, [ হৰিনাম ধৰ্ম্ম ] হৰিনাম-কীৰ্ত্তনস্বৰূপ , a form of worship which consists in chanting of hymns to God. '''নাল লগোৱা কথা'''—বিং, দা কটাৰিত নাল লগালে দীঘল হয় আৰু ধৰিবলৈ সুচল হয়। কথাতো নাল লগালে অৰ্থাৎ বঢ়াই কলে প্ৰসঙ্গ দীঘলীয়া হয় আৰু কবলৈ সুচল অৰ্থাৎ ধুনীয়া হয়। এতেকে,—মিছা জোৰা দিয়া কথা, exaggarated language, '''নাশ্ৰুত নাভূত'''—-্ব বিণ, [ ন শ্ৰুতং ন ভূতং ] (সংস্কৃত বাক্য। ) যাক শুনা নাই আৰু যি হোৱা নাই অৰ্থাৎ নোহোৱা নোপজা, আচৰিত, mira- culous, phenomenal, strange, '''নাহৰ গছ কটা'''—ক্ৰি, নাহৰ গছ বৰ টান, তাক সহজে কাটিব পৰা নাযায়। এতেকে,—টান বন কৰা, to do a piece of hard work. '''নাহৰতকৈ সুকাঠি ওলোৱ'''—ক্ৰি, নাহৰ গছতকৈ সুকাঠ নাই। এতেকে,— অতি ভালতকৈ ভাল ওলোৱা, (বিদ্ৰুপ। ) to pretend to be better than the best. (used ironically). '''নাহৰৰ গুৰি কটা'''—ক্ৰি, নাহৰ কাঠ টান, তাৰ গুৰি কাটিবলৈ আৰু টান। এতেকে,—বৰ টান বন কৰা, to do piece of it work '''নাহৰৰ গুৰি পেলোৱা'''—ক্ৰি, [ নাহৰৰ গুৰি কাটি গছ পেলোৱা] নাহৰ গছৰ গুৰি কাটি গছ পেলোৱাটো বৰ টান। এতেকে,—বৰ টান কাম কৰা, to do a piece of stiff work, '''নাহৰৰ সাৰ পেলোৱা'''—ক্ৰি, ( নাহৰৰ সাৰ কাটি গছ পেলোৱা) সকলো গছৰে সানৰ কাটিবলৈ টান, কিন্তু, নাহৰৰ সাৰ কাটিবলৈ আটাইতকৈ টান। এতেকে,— বৰ টান বন কৰা, to do a piece of stiff work. '''নিজৰ গাটোকে বলে নোৱৰা'''—বিণ, ইমান দুৰ্ব্বল বুলি কোৱা হৈছে যে, সি নিজৰ গাটোকে বলে নোৱাৰে। এতেকে,— অতি দুৰ্ব্বল, too weak.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৯
{{rh|নিজৰ|১৫৯|}}
'''নিজৰ ভৰিত নিলে কুঠাৰ মৰা'''—ক্ৰি, গছ কাঁটোতে অকস্মাৎ কুঠাৰ লৈ নিজৰ ভৰিতে লাগে। সেই কাৰ্য্য অনিচ্ছাবশতঃ হয়। এই স্থলত কোৱা হৈছে যে, ইচ্ছা কৰি নিজে নিজৰ কুঠাৰ মাৰে। এতেকে,— নিজে নিজৰ অমঙ্গল আচৰা , নিজৰ কাৰ্য্যৰ দ্বাৰা স্বাৰ্থহানি কৰা, to act against one's own interest to pursue a suicidal policy. '''নিচালে মৰা'''—-ক্ৰি, থিয় হৈ থাকোঁতে মানুহৰ গাত বজ্ৰপাত হলে সি সেই ভাবেই ঢাল নোখাৱাকৈ থিয়ৈ থিয়ৈ মৰে। এতেকে,— বিষম বিপদ- গ্ৰস্ত হোৱা, to be struck down instantly by a dire calamity. '''নিধনীৰ ধন'''—বিং, নিধনীয়ে ধন পালে সেই ধন তাৰ অতি আদৰৰ বস্তু হয়। এতেকে,—অতি আদৰৰ বস্তু, a dearly beloved thing. '''নিন্দিলে বন্দিবলৈ পোৱা'''—ক্ৰি, [ আগে নিন্দিলে পাচে বন্দিবলৈ পোৱা] কোনো মানুহক এসময়ত নিন্দা কৰিলে পাচত সেই মানুহকে বন্দিবলগীয়া হোৱা অৰ্থাৎ কোনো বিষয়ে তেওঁতে প্ৰাৰ্থিত হব লগা হোৱা, to have to bow to one who is held in contempt '''নিবুকা গৰু'''—বিং, গৰুৱে মাতিব নোৱাৰে কিন্তু সি অভক্ষ্য (বি) ভক্ষণ কৰে। মুখেৰে বৰকৈ নমতা কিন্তু, কামেৰে অনাচাৰ কৰি ফুৰা মানুহক গৰুৰে তুলনা কৰা হৈছে। এতেকে,—অল্পভাষী অনাচাৰী মানুহ। a grave-looking wicked person, '''নিবুকা চামন'''—বিং, চামন দেওৱে গাত লম্ভিলে মানুহ নিবুকা অৰ্থাৎ মাতিব নোৱৰা হয়। এতেকে,— বৰকৈ কথা-বতৰা নোকোৱা মানুহ, অল্পভাষী মানুহ, a person who talks too little. '''নিবুকীয়ে গাওঁ ভঙ্গা'''—ক্ৰি, যি তিৰোতা নিবুকী অৰ্থাৎ যি মানুহেৰে বৰকৈ মাত- বোল কৰি নুফুৰে, তেনে তিৰোতাই গাওঁ ভাঙ্গে, অৰ্থাৎ তলে তলে তেনে তিৰোতাই এনে ভয়ানক দুষ্কৰ্ম্ম কৰে যে, গোটেই গাঁওৰ মানুহ জলৰ-জপৰ হৈ থাকি, গাওঁ এৰি যাব লগীয়া অৱস্থা পায় গৈ। এতেকে,—-বাহিৰে যাক অতি শান্ত যেন দেখা যায় ভিতৰে তেনে মানুহে ঘোৰ দুষ্কাৰ্য্য কৰা , the doing of the worst crime secretly by a person who is known outwardly to be the most
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭০
{{rh|নিমাতী|১৬০|নিলাজী}}
innocent of all. '''নিমাতী কন্যা'''— বিং, (উপকথা) কোনো এজনী ৰাজকন্যাই প্ৰতিজ্ঞা কৰিছিল যে, তেওঁ মুখেৰে নমতাকৈ থাকিব, আৰু যিজন পুৰুযে তেওঁৰ মুখৰ মাত উলিয়াব পাৰিব, তেওঁকে তেওঁ পতি-স্বৰূপে বৰণ কৰিব। এতেকে,—বৰকৈ মাত-বোল নকৰা গহীন ছোৱালী, a girl who talks too little. '''নিমূৰমুৰীয়া হোৱা'''—ক্ৰি, পৰিয়ালৰ ভিতৰত মূৰ অৰ্থাৎ(জন) মানুহ নাইকিয়া হৈ থকা (অকল) মূৰৰ মানুহ হোৱা, পৰিয়ালৰ অন্যান্য মানুহ মৰি-হজি অন্ত হৈ অকলশৰীয়া হোৱা, to be left the solitary figure in the family after the death fall the other member. '''নিলগতে চেই চেই কৰ'''—ক্ৰি, কুকুৰ অশুচি জন্তু। সি আহিব খুজিলে নিলগতে তাক ‘চেই চেই' বুলি খেদি দিয়া হয়। এতেকে,— অতিকৈ ঘিণ কৰা, to look at scorn full, to despise. '''নিলগৰ ঢৌ নিলগতে মাৰ নিওৱা'''— ক্ৰি, ঢৌ নিলগৰ পৰা বাগৰি আহে কিন্তু ওচৰ নৌ পাওঁতেই মাৰ গলে নাওৰ একো হানি নহয়। এতেকে,— বিপদ দূৰতে ব্যাহত কৰা, বিপদ ওচৰলৈ চাপিবলৈ নিদিয়া, to avert a far-off danger. '''নিলগৰ পৰ্ব্বত শুৱনী দেখা'''— ক্ৰি, নিলগৰপৰা চালে পৰ্ব্বত শুৱনী দেখা যায়, কিন্তু ওচৰ পালে গৈ পৰ্ব্বতৰ খাল-বামবিলাক ওলাই পৰে আৰু তেতেয়া তাক নীল বৰণীয়া নেদেখি। সেইৰূপে, নিলগৰপৰা মানুহকো সুখী দেখা যায়, কিন্তু ওচৰৰপৰা চালে তেওঁৰ কি দুখ আছে, তাক জানিব পাৰি। এতেকে,-- আভ্যন্তৰিক অৱস্থা নাজানি মানুহক বাহিৰৰ পৰা সুখী দেখা, to take a person to be happy by seeing him from a distance and not being able to know his real condition. '''নিলাজী বনৰ নিচিনাকৈ জঁয়-পৰা'''—ক্ৰি, নিলাজী বন চুলেই জঁয় পৰে। তাৰ লাজ ইমান বেছি যে ছোৱা মাত্ৰকতে সি সোট-মোচ খাই যায়, এই ভাব বুজোৱা হৈছে। এতেকে,— অতিৰিক্ত লাজৰ ভাব প্ৰকাশ কৰা, to be overcome with bashfulness.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭১
{{rh|নুই|১৬১|নেদেখা}}
'''নুই কৰা''',— ক্ৰি, [নু-হই উচ্চাৰণ কৰা] নহয় বুলি কোৱা, আসৈ মতা, to deny. '''নুবুৰে মানে বোৱা''',— ক্ৰি, নাও যেতিয়ালৈকে নুবুৰে তেতিয়ালৈকে বৈঠা মাৰিবলৈ এৰি দিব নালাগে বোলা হৈছে, কিয়নো শেষ মুহূৰ্ত্ততো কিজানি নাও ৰক্ষা কৰিব পৰা যাব পাৰে৷ এতেকে,—শেষ মুহূৰ্তলৈকে আশা এৰি নিদিয়া, not to be abandon hope to the last breath of life. '''নুমাবৰ অগনি জ্বলোৱা''',—ক্ৰি, [অগনি=অগ্নি] যি জুই-খৰি অঁতাই নুমাব লগীয়া হৈছিল, খৰি জাপি দি আকৌ সেই জুই জ্বলাই দেিয়ে বোলা হৈছে৷ মানসিক সন্তাপত জুইৰে তুলনা কৰা হৈছে৷ এতেকে,— পাহৰিব লগীয়া হোৱা সন্তাপ কোনো কাৰ্য্যৰ দ্বাৰা আকৌ বঢ়াই নিয়া, to rake up what is unpleasent. '''নেগুৰ পকোৱা''',— ক্ৰি, দগা গৰুৱে নেগুৰ পকালেহে খোজ চলায়৷ এতেকে,—(ঢিলা মানুহক) টান মুখেৰে চলোৱা, to urge forward strongly. '''নেগুৰত ধৰি ওলমা''',— ক্ৰি, (উপকথা) এজন বুঢ়া মানুহৰ মূলা খেতি খাবলৈ ঐৰাৱত আহোঁতে বুঢ়াই তেওঁক ধৰিলে৷ ঐৰাৱতে তাক স্বৰ্গ দেখুৱাব বুলি কোৱাত সি আৰু অন্যান্য মানুহে ঐৰাৱতৰ নেগুৰত ধৰি ওলমিল৷ মানুহবিলাকে বাটত বুঢ়াক ক’লে যে ঐৰাৱতে তাতে পেলাই দিলে সিহঁত চূৰমাৰ হব৷ বুঢ়া আটাইবিলাক মানুহৰ আগত আছিল৷ বুঢ়াই নেগুৰৰ পৰা দুয়োখন হাত এৰুৱাই “তালৈকে ইমান শকত মূলা খুৱাইছিলোঁ নেকি?’’ এই বুলি কৈ মূলাৰ জোখ হাতেৰে দেখুৱাব খোজোঁতেই মানুহবিলাক ওপৰৰ পৰা গিৰ্ গিৰ্ কৰে সৰি পৰিল৷ এতেকে,— পৰৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰা, to be dependent on the favour of another. '''নেগুৰ কটা শিয়াল''',— বিং, নেগুৰ কাটি দিলে শিয়াল অতিপাত দুষ্ট হয়, এতেকে,— অঘাইটং মানুহ, a too cunning person. '''নেদেখা জনা''',— বিং, মানুহে যাক নেদেখে সেইজনা পুৰুষ, ঈশ্বৰ, i.e. God.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭২
{{rh|নেদেখাই|১৬২|নোৱৰা}}
{{rh||⸺⸺|}}
'''নেদেখাই দেখা'''—ক্ৰি, যি মানুহে কোনো বস্তু আগৈয়ে দেখা নাই, সে মানুহে সেই বস্তু দেখিলে আচৰিত হৈ চাই থাকে। এতেকে,—আচৰিত হৈ চোৱা, to look a thing with feelings of wonder. '''নেদেখিলে এওৱাঁ চৰা'''— ক্ৰি, এওৱাঁ নাকৰপৰা তেজ ওলোৱা এবিধ ৰোগ। তেজ চৰিলে অৰ্থাৎ ওপৰলৈ উঠিলে এই ৰোগ হয়। তললৈ অধিক পৰ মূৰ দোঁৱাই থাকিলে তেজ চৰে। বেজাৰত মানুহে তললৈ মূৰ কৰি থাকে। এই স্থলত কোৱা হৈছে, যে কোনো প্ৰিয় জনক দেখা নাপালে এনে চিন্তান্বিতভাৱে তললৈ মূৰ কৰি থকা হয়, যে তেওঁৰ এওৱাঁ ৰোগৰ উৎপত্তি হয়। এতেকে,—নেদেখিলে অত্যন্ত চিন্তাযুক্ত হোৱা, to be deeply aggrieved at not seeing any beloved person. '''নোক-নোকী'''—বিং, গাহৰিৰ গাটো ধেমেহা, সি নোক্-নোক্ কৰে চৰি ফুৰে। এতেকে,—গাহৰি, (উপলুঙ্গীয়া মাত। ) a pig. '''নাম-টেঙ্গৰ'''—-বিণ, [ নোমে-পতি টেঙ্গৰ ] সৰ্ব্বাৎশে টেঙ্গৰ, অতি টেঙ্গৰ, too cunning. '''নোম-নেগুৰ বৰ্জ্জিত'''—-বিণ, জন্তুৰ নোম আৰু নেগুৰ মাথোন সম্পত্তি। যি মানুহৰ সম্পত্তি একো নাইকিয়া, তাক নোম-নেগুৰ বৰ্জ্জিত জন্তুৰে তুলনা কৰা হৈছে। এতেকে,—সৰ্ব্বশূ্ন্য, আও-টোকোনা, poorest of the poor '''নোৱৰা হোৱা'''—-ক্ৰি, [ চোব নোৱৰা হোৱা] তিৰোতা ঋতুমতী হলে মানুহ বা বস্তু একো ছুব নোৱাৰে। এতেকে, ঋতুমতী হোৱা, to be menstruated.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৩
'''পঁইতা ভাতত খৰিকা মৰা'''—বিণ, সিজিবৰ নিমিত্তে কোনো বস্তুত খৰিকা সুমাই দিয়া হয়৷ গেল-গেলীয়া পঁইতা ভাতত খৰিকা মাৰিবৰ আৱশ্যকতা নাই৷ এতেকে,— মহা কৃপণ, to niggardly. '''পিঁয়াপি দিয়া'''—ক্ৰি, বহু মানুহে প্ৰত্যেকে বেলেগ বেলেগ পোনে পিঁপিঁয়াই ফুৰা, বহু মানুহে চাৰিওফালে বেমেজালি হৈ যোৱা, to scatter about on all side. '''পেপা বলি অহা'''— ক্ৰি, গছৰ পুলি বলি অৰ্থাৎ দীঘল হৈ পেঁপাৰ নিচিনাকৈ বাঢ়ি যায়। এতেকে,— জীৱনৰ প্ৰথমাৱস্থা আৰম্ভ হোৱা, to be in the first stage of life. '''পকা আঙ্গঠা'''—বিং, মহাত্মালোকৰ গুণ পকা আঙ্গঠাৰ নিচিনা বৰকৈ জ্বলে৷ এতেকে,— মহাত্মা লোক, ,a great man, a genius. '''পকা আমৰ বেলিকা কুজা মোহা ওলোৱা'''—ক্ৰি, কোনো মানুহে গছত উঠি গছৰ ওপৰতে পকা আম খায়৷ তাৰ মোহাক তললৈ আহি তাক আম খোজে৷ মোহাক কুজা বাবে গছৰ ওপৰলৈ উঠিব নোৱাৰে৷ গছত উটা মানুহটোৱে এইবুলি উত্তৰ দিয়ে:—“পকা আমৰ বেলিকা কিহৰ কুঁজা মোহা’’৷ এতেকে,— স্পৃহনীয় বস্তু পালে আত্মী, মানী আৰু অপাৰগ লোককো বঞ্চনা কৰিবলৈ কোনো মানুহে সঙ্কোচ নকৰা, not to shrink from serving one's ends by depriving a relative who is helpless and worthy of communication. '''পকা থেকেৰা'''—বিং, থেকেৰা ঘূৰণীয়া ফল আৰু পকিলে সি ৰঙ্গা হয়৷ মানুহৰ মুখো ঘূৰণীয়া মুখৰ তেজো ৰঙ্গা৷ মুখত তেজ বেচি থাকিলে মুখখন পকা থেকেৰাৰ নিচিনা দেখা যায়৷ এতেকে,— তেজাল মুখীয়া মানুহ, a person with a ruddy countenance. '''পখৰা ধুন'''—বিং, কেইবা বৰণৰ মিহলি বৰণক পখৰা বোলে৷ এতেকে,— বহু বৰণৰ সাজ-পাৰ পিন্ধা ধুন অৰ্থাৎ অতিৰিক্ত ধুন, the extreme of fashion. '''পখৰা-পাখ''' কৰা—ক্ৰি, চৰায়ে যুঁজ লাগোঁতে ইটোৱে সিটোক ঠোঁটেৰে খুটিয়া-
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৪
{{rh|পঘা|১৬৪|পতান-ধানেৰে}}
খুঁটি কৰি পাখি উঘালে। এতেকে,— জোঁটাপুটি , to engage in a mutual struggle. '''পঘা খোৱা'''—বিণ, চোৰ গৰুৱে একো খাবলৈ নাপালে পঘা ডালকে চোবাই খায়। এতেকে,—নীচ প্ৰকৃতিযুক্ত mean and wicked '''পচলা কটা দিয়া'''—ক্ৰি, কলৰ পচলা অনায়াসে যেনেকৈ ঘপিয়াই কাটে সেইৰূপে কটা, to cut to pieces. '''পচলাত দাঁত ভগা'''—ক্ৰি, কলৰ পচলাৰে আঞ্জা খোৱা হয়। কলৰ পচলা কোমল। সি সিজিলে আৰু কোমল হয়। এই স্থলত কোৱা হৈছে যে তাক খাওঁতেই দাঁত ভাগে। . এতেকে,—সমূলি উজু কাৰ্য্য কৰোঁতে অশেষ ক্লেশ পোৱা, to suffer grievously in doing a trifling act. '''পছোৱা বতাহৰ লগত লৰা'''—-বিণ, পছোৱা বতাহ = পছিম ফালৰপৰা অহা বতাহ। এই বতাহ বৰ কোবাল। পছোৱা বতাহক পিচ পেলাই পৰি যোৱা অসম্ভৱ। এতেকে,—কোবাল, চোকা , তীখামখৰা, too fast, exceedingly smart '''পটা পিহা দিয়া'''—জি, পটাত পিহিলে বস্তু চূৰ্ণীকৃত হয়। এতেকে,— প্ৰহাৰৰ দ্বাৰা চুৰ্ণীকৃত কৰা অৰ্থাৎ বিষম প্ৰহাৰ কৰা, to reduce to powder i,e. to commit a severe assault. '''পটুৱা চিৰা দিয়া'''—, কলৰ পটুৱা যেনেকৈ চিৰে তেনেকৈ চিৰা অৰ্থাৎ উগ্ৰদণ্ড দিয়া, to punish severely. '''পাঠ ফলা'''—ক্ৰি, সৰু লৰা-ছোৱালীৰ কিতাপ বেগতে ফাটি যায়। এতেকে,-- পঢ়া শেষ কৰা, (ব্যঙ্গাৰ্থ) to finish one's course of education (used ironically). '''পতং হোৱা'''—ক্ৰি, [ পতঙ্গ হোৱা ] (পতঙ্গ=ফড়িং। ) ফড়িং উৰি আহি জুইত জাপ দি পৰি মৰে। এতেকে,— অন্ত হোৱা, ডাঙ্গৰ অনিষ্ট হোৱা, to be done for, to be ruined. '''পতান ধানেৰে ভঁৰাল ভৰোৱা'''—ক্ৰি, ধানেৰে ভঁৰাল ভৰা আছে কিন্তু চাউল উড়ি সেইবিলাক পতানেৰে ভৰি আছে। তেনেকুৱা ধানেৰে ভঁৰাল {{SIC|ভৰাব}} একো লাভ নাই। এতেকে,—অলাগতিয়াল বস্তুৰে চহকী হোৱা, to be rich with things of no value, to be master of
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৬
{{rh|পনিয়াল-পিটিকা|১৬৬|পৰ্কিতি}}
ফুৰা মানুহ, a too frequent visitor to other people's homes, '''পনিয়াল-পিটিকা দিয়া'''—ক্ৰি, পনিয়াল ফল হাতেৰে বৰকৈ পিটিকা হয়। তেনে কৰিলে হে সি থুলথুলীয়া হৈ খোৱাৰ উপযুক্ত হয়। এতেকে,— বৰকৈ পিটিকা-মোচৰা কৰা , to squeeze thoroughly. '''পৰ-পালি দিয়া'''—ক্ৰি, নৰিয়া টান হলে পাল বাটি পৰ দিব লাগে। এতেকে,— টানকৈ নৰিয়া পৰা, to be in a precarious condition '''পৰ পালি দিয়া'''—বিণ, নৰিয়া টান হ-লে পৰপালি দিব লাগে। তেনেকুৱা ৰোগী বৰকৈ ক্ষীণায়। এতেকে অতি ক্ষীণ, too weak. '''পৰত কৰিলে ঘৰত মিলা'''--ক্ৰি, পৰত কোনো অপকাৰ কৰিলে নিজৰ ঘৰত অদনুৰূপ অপকাৰ হোৱা, the happening of evil to some one of a family similar to the evil which has been caused by him to some one else of another family. '''পৰৰ পালে জ্বৰৰ গাৰে খোৱা'''—-ক্ৰি, গাত জ্বৰ থাকিলে আহাৰ কৰাটো নিষিদ্ধ। কিন্তু পাৰে যদি আহাৰ যোগায়, তেন্তে জ্বৰৰ গাৰেও তাক খাবলৈ সঙ্কোচ কৰা নহয়, এই ভাব বুজোৱা হৈছে। এতেকে,—পৰৰ ধন ব্যয় কৰিবলৈ অলপো সঙ্কোচ নকৰা, to spend another’s money with a light heart. '''পৰৰ মূৰত খোৱা, ভটীয়া নাওত যোৱা'''—-ক্ৰি, ভটীয়া নাওত গলে নাও বাবলৈ যত্ন কৰিব নালাগে, সোঁতে নাও এনেই উটাই লৈ যায়। পৰৰ মূৰত অৰ্থাৎ পৰৰ উপাৰ্জ্জনৰ ওপৰত খালেও সেইৰূপে যত্নৰ আৱশ্যকতা নাথাকে। 'পৰৰ মূৰত খোৱা’ আৰু ’ভটীয়া নাওত যোৱা’ এই দুই কাৰ্য্য সমানে সুখকৰ, এই ভাব বুজোৱা হৈছে। এতেকে,— পৰৰ উপাৰ্জ্জনৰ ওপৰত সুখ-স্বচ্ছন্দভাৱে জীৱন যাত্ৰা নিৰ্ব্বাহ কৰা, to lead an easy comfortable life at the expense of another. '''পৰ দেশত মৰ ভেশ ধৰা'''—ক্ৰি, পৰ দেশত মৰাৰ ভেশ ধৰি অৰ্থাৎ কাৰো সৈতে দন্দ্ব কাজিয়া নপতা, to live in amity with every one in a foreign land. '''পৰ্কিতি লৰা'''—ক্ৰি, [ প্ৰকৃতি লৰা ] প্ৰকৃতি লৰ হোৱা, স্বভাৱ বিকৃত হোৱা, to be changed for the worse in nature, temperament,
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৭
{{rh|পৰ্ব্বতত|১৬৭|পলুৱে}}
character. '''পাতত কাছ-কণী বিচৰা'''–ক্ৰি, পৰ্ব্বতত কাছ কণী নাথাকে নৈৰ বালিত হে তাক পোৱা যায়। এতেকে,— যি বস্তু পোৱা নাযায় সেই বস্তু তাত বিচৰা, to book for a thing in a place where it can never exist. '''পৰ্ব্বতে-পাষণ্ডে'''—ক্ৰি-বিণ, [ পৰ্ব্বতে পাষাণে ] হাবিয়ে বননিয়ে, যত ততে, in hills and dales, anywhere and everywhere. '''পৰাই-নোৱৰাই'''—ক্ৰি-বিণ, আধা পাৰে আধা নোৱাৰে এনে ভাৱে, অসম্পূৰ্ণ দক্ষতাৰে, with imperfect efficiency. '''পৰালি পৰা'''—ক্ৰি, ( পৰাল পৰা] ধান এবেলি বনা শেষ হলে এপৰাল পৰা বোলে। এতেকে,—শেষ ছোৱা অৰ্থাৎ সৰ্ব্বনাশ হোৱা, to be done for. '''পৰি মৰা'''—বিণ, পৰি তেতিয়াই মৰে অৰ্থাৎ যেই মুহুৰ্ত্ততে পৰে সেই মুহূৰ্ত্ততে মৰে, এই ভাব বুজোৱা গৈছে। এতেকে,—অলপ-ধতুৱা, frail, infirm, waiting in stamina. '''পৰুৱাই পোৱা'''—ক্ৰি, পৰুৱা এবিধ অপ-দেবী। পৰুৱাই পালে বাটৰুৱা মানুহে বাট হেৰুৱায়। এতেকে,—বাট হেৰুওৱা, কোনো বিষয়ত উৱাদিহ ধৰিব নোৱৰা, to lose one’s way; to be confused, confounded, bewildered. '''পলাই পত্ৰং দিয়া''' —ক্ৰি, পলাই পতঙ্গ দিয়া ] পলাই পতঙ্গ অৰ্থাৎ ফড়িঙ্গৰ দৰে উড়ি যোৱা, পলাই সৰা, to scamper off. '''পলাই ফাঁট মৰা'''—ক্ৰি, ( ফাঁট মৰা=ফাঁটত লুকুৱা ) পূৰ্ব্ব-কালত সীতাদেবীয়ে পৃথিৱীৰ ফাঁটত লুকাইছিল। সেই কথাৰ পৰা এই বাক্যৰ সৃষ্টি হৈছে। এতেকে,— যাতে সহজে বিচাৰি পোৱা নাযায় এনেভাবে লুকুৱা, to decamp, to scamper off. '''“পলায় বাসৱ, পাচু নচায়” অৱস্থা পোৱা'''—ক্ৰি, ( বাসৱ=ইন্দ্ৰ। ) অসুৰৰ যুদ্ধত ইন্দ্ৰ ঘাটি পলাই ইমান বেগেৰে লৰিছিল, যে পিচলৈ উভতি চাবলৈ তেওঁ সময় পোৱা নাছিল। এতেকে,—ভয়ত বিহ্বল হোৱা, to flee for life, to be beside oneself in fear. '''পলুৱে মুখেৰে সূতা কাটি মৰা'''—ক্ৰি, পলুৱে সূতা কাটি মহৰা বান্ধি তাৰ ভিতৰত
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৮
{{rh|পহু|১৬৮|পাগৰ}}
মৰি লেটা হয়। এতেকে,— নিম্ন কাৰ্য্যৰ দ্বাৰা নিজে মৰা, to fall a victim to one's own indiscretion. '''পহু খেদা দিয়া'''—ক্ৰি, পহুৱে অতি বেগেৰে লৰিব পাৰে। আৰু পোনকৈ খেদি ধৰা টান। বহু মানুহে চাৰিও ফালে আগ ভেটি থাকে। আৰু তেতিয়া কুকুৰ লগাই দিয়া হয়। পহুৱে যেনি যাব খোজে, তেনিয়ে বাধা পায়। এইৰূপে লৰা-ধপৰা কৰি শেষত সি ভাগৰি পৰে। তেতিয়া মানুহে ওচৰ চাপি তাক সহজে ধৰিব পৰে। এতেকে,— কোনো নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত খেদাখেদি কৰি ভাগৰুৱাই ধৰা পেলোৱা, to compel an enemy to submit from sheer exhaustion by being chased within a circumscribed limit. '''পাক লগা'''—ক্ৰি, জৰীৰ যেনেকৈ পাক লাগে, মানুহৰো সেই ৰূপে পাক অৰ্থাৎ জেঙ্গা লাগে। এতেকে,—জেঙ্গগা লগা, লেঠা লগা, to be entan- gled, to be embarrassed, to be put to inconvinience. '''পাকতে ঘুৰা'''—ক্ৰি, ইমান বেগেৰে লৰি-ফুৰি কাৰ্য্য কৰে যে মানুহজনে ঠাইতে গাটো পাক মাৰি ঘুৰে। এতেকে,—বেগা-বেগিকৈ কাৰ্য্য কৰা, to work in hot haste. '''পাক-পানী কৰা'''— ক্ৰি, আঞ্জাত পাচলি দি বহু পৰ পাৰক কৰি থাকিলে সি পানী হৈ যায়। এতেকে,—কোনো কাৰ্য্য সিজাই পানৗ কৰা অৰ্থাৎ সম্পূৰ্ণৰূপে নিজৰ আয়ত্বলৈ অনা to bring anything under perfect control. '''পাখি-ভগা শগুণ'''—বিং, (পাখি= ডেউকা। ) শগুণবিলাক দেখিবলৈ জধলা। যেতিয়া কোনো শগুনৰ ডেউকা ভাগে, তেতিয়া সি আৰু জধলা হয়। এতেকে,--অতিপাত জধলা মানুহ, very dirty person. '''পাখিৰ আঁৰত থকা'''—-ক্ৰি, কুকুৰা আদি চৰায়ে ডেউকাৰ পাখিৰ আঁৰত পোৱালিক সুমাই ৰাখি থাকে। এতেকে,--পৰৰ আশ্ৰয়ত থকা, to live under the fostering care. '''পাগৰ বাহিৰ হোৱা'''—ক্ৰি, [পাকৰ বাহিৰ হোৱা ] তিৰোতা মানুহে ভাত ৰান্ধে, কিন্তু যেতিয়া ঋতু হয়, তেতিয়া ভাত ৰান্ধিব নোৱাৰে। এতেকে,— ঋতুমতী হোৱা, to be affected with menstruation.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৯
{{rh|পাং পতা|১৬৯|পানী}}
{{rh|২২||}}
'''পাং পতা'''—ক্ৰি, [ পেং পতা) মানুহৰ ভৰিৰ তলুৱাত ফুটিবৰ নিমিত্তে মাটি নেদেখাকৈ পেং পাতি থোৱা হয়। এতেকে,—-ষড়যন্ত্ৰ , to lay a plot, to machinate. '''পাটী-মৰণেৰে মৰা'''—ক্ৰি, (পাটী= ঢাৰীপাটী। ঢাৰীপাটীত হোৱা মৰণেৰে মৰা অৰ্থাৎ নিজৰ ঘৰত ঢাৰীপাটীৰ ওপৰত শুই মৰা, স্বভাৱিক মৃত্যু পোৱা, to die a natural death. '''পাটীৰ তিৰোতা'''—বিং, একেলগে ঢাৰীপাটীত শোৱা তিৰোতা, বিবাহিত ঘৈণীয়েক, a bed-companion, a married wife. '''পাত-কটা দাঁড়'''—বিং, দীঘল দাঁড়ৰ আগত কটাৰি লগাই কল-গছৰ পাত কটা হয়। এতেকে,—গা-গাৰি নাইকিয়া দীঘল-ডাঙ্গৰ মানুহ, লেং- পেঙ্গীয়া মানুহ, a tall but lean person, a disproportion- ately tall person '''পাত পাৰি ভাত নোপোৱা''' --বিণ, ভাত খাবলৈ পাত পাৰি বহি থাকে, কিন্তু ভাত নাপায়। এতেকে,--নিমাখিত, দুৰ্ভগীয়া, indigent, unfor tunate. '''পাতক পত্ৰ ভাতক ভত্ৰ বোলা'''—ক্ৰি, সামান্য সংস্কৃত বিদ্যা শিকি কোনো মানুহে শিক্ষিতাভিমানী হৈ ফুৰিছিল। ভাত শব্দ চহা বিবেচনা কৰি ভাত নুবুলি তেওঁ ‘ভত্ৰ’ বুলিছিল। ’পাত’ৰ সংস্কৃত ’পত্ৰ’, এই সুত্ৰ ধৰি ভাতৰ সংস্কৃত ’ভত্ৰ’ শব্দ উলিয়াইছিল। দৰাচলে, ভাতৰ সংস্কৃত ‘ভাক্ত’। এতেকে,—অল্প-শিক্ষিত মানুহে শিক্ষাৰ গৌৰৱ কৰি ফুৰা, to make a vein display of a smattering of knowledge. '''পানী কৰি বুজোৱা'''—-ক্ৰি, টান ভাঙ্গি পানীৰ নিচিনা তৰল কৰি বুজায় বোলা হৈছে। এতেকে,—-অতি ভালকৈ বুজোৱা, to explain perfectly well. '''পানী-তলৰ কাঁইট'''—বিং, পানীৰ তলত কাঁইট থাকিলে মানুহে তাক দেখিবলৈ নাপায়। পানীত খোজ কাঢ়োঁতে কাঁইটত লাগি ভৰি ফুটে। কাঁইটক বিপদেৰে তুলনা কৰা হৈছে। এতেকে,—নেদেখা-নজনা বিপদ, an unsuspected danger. '''পানী নসৰকা'''—বিণ, লোটা কলহৰ ফুটা থাকিলে পানী সৰকে। এতেকে,--
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮০
{{rh|পানী|১৭০|পাপৰ}}
ফুটা নাইকিয়া অৰ্থাৎ নিসন্ধীয়া, অটুট, in pervious, tight, close-fisted. '''পানী পানী কৰি শিকোৱা'''—ক্ৰি, কোনো কথা টান হলে বুজিব নোৱাৰি, কিন্তু সেই কথা ভাঙ্গি ঢিলা কৰি শিকালে বুজিব পৰা যায়। এই স্থলত ইমান ঢিলা কৰি দিয়া হৈছে বোলা হৈছে, যে সি পানীৰ নিচিনা হৈছে। এতেকে,—ভালকৈ শিকোৱা। তাৰপৰা— বহু প্ৰকাৰৰ অত্যাচাৰ কৰা, নানা বিধৰ আহুকাল কৰা, to teach soundly , hence, to oppress in manifold ways, to harass in diverse ways. '''পানী-পেটা লৰা'''—-বিং, পানীৰে পেট-ভৰা লৰা, পনীয়া অৰ্থাৎ জুলীয়া আহাৰৰ দ্বাৰা জীয়াই থকা লৰা, নিচেই কেঁচুৱা লৰা, a little babe. '''পানী বঢ়া দি বঢ়া'''—ক্ৰি, বাঢ়নী পানী লাহে লাহে নাবাঢ়ি তৎক্ষণাৎ বাঢ়ি আছে। মানুহৰ ধন সম্পত্তি বাঢ়নী পানীৰে তুলনা কৰা হৈছে। এতেকে,— অতি শীঘ্ৰে উন্নতি লাভ কৰা, to attain material prosperity in no time, '''পানীত হাঁহ নচৰা'''—ক্ৰি, ডাঙ্গৰ বিপদ হলে মানুহ নালাগে পশু-পক্ষীও দেখি তবধ লাগে। এই স্থলত কোৱা হৈছে যে, পানীত চৰি ফুৰা হাঁহেও চৰিবলৈ এৰি ৰ লাগি থাকে। এনেকুৱা দুখত জ্ঞানহীন পক্ষীৰ হৃদয়তো আঘাত লাগি সি আহাৰ বিচাৰিবলৈ এৰি দিয়ে। এতেকে,—অতিকৈ ডাঙ্গৰ বিপদ হোৱা, the happening of the greatest calamity. '''পানীয়ে মৰা বাও'''—বিং, বাও ধান দ মাটিত ৰোৱা হয়। নৈ বাঢ়িলে বাণ পানীয়ে ধান মাৰি নিয়ে। এতেকে,—সহজে যাক নষ্ট কৰিব পৰা যায় তেনে মানুহ; অলপ-ধতুৱা মানুহ, a weak and imbecile person. '''পানীৰ ঔ-টেঙ্গা'''—বিং, পানীৰ ঢৌ উঠি ঔ-টেঙ্গাৰ নিচিনা আকাৰ হয়। এতেকে,—অপ্ৰকৃত কথা বা কাৰ্য্য, anything unsubstantial. '''পানীৰ মিঠৈ'''—বিং, মিঠৈ পিঠাত পানী মিহলাই সজা হয়। পিঠা নহলে অকল পানীৰে মিঠৈ সাজিব পৰা নাযায়। এতেকে,—সাৰ-বস্তুহীন কথা বা কাৰ্য্য, anything unsubstantial. '''পাপৰ পৰাচিত'''—-বিং, পাপ কাৰ্য্য কৰিলে হিন্দুৱে পৰাচিত হব লাগে। পৰাচিত
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮১
{{rh|পাপীৰ|১৭১|পাহৰা}}
হওঁতে ধন ব্যয় হয়। এতেকে,—দুষ্কাৰ্য্যৰ ফল-স্বৰূপে উৎপন্ন অনিষ্ট, a penalty for wrongdoing. '''পাপীৰ মন পিঠাত থকা'''—ক্ৰি, সবাহত প্ৰসাদৰ পিঠা থাপনাৰ গুৰিতে থোৱা হয়। ধৰ্ম্মিষ্ঠ মানুহে থাপনালৈ মন কৰি নাম গায়। পাপী মানুহে হাতেৰে চাপৰি বজায়, কিন্তু মনেৰে পিঠা খায় অৰ্থাৎ নাম যাতে সোনকালে ভাগি পিঠা বিলাই দিয়া হয়, সি সেই কথা মাথোন ভাবি থাকে। এতেকে,—সজলোকৰ সঙ্গতো দুষ্ট মানুহৰ বেয়া কথালৈ মন থকা, the turning of the mind of a wicked person towards evil in any circumstance. '''পাবতে গজোৱা'''—-ক্ৰি, কেঁচা বাঁহ মাটিত পেলাই থলে তাৰপৰ গজালি ওলায়। কিন্তু গাঁথিৰপৰা হে গজালি ওলায়, পাবৰপৰা নোলায়। এতেকে,— মূল নোহোৱাকৈ কোনো কথাৰ উদ্ভৱ কৰা, to make a state- ment having no foundation in fact. '''পাৰ-জুৰীয়া মানুহ'''—বিং, পাৰ-চৰাইৰ দম্পতী-প্ৰণয় আদৰ্শনীয়। সিহঁতে জোৰ ভাঙ্গি কেতিয়াও থাকিব নোৱাৰে। এতেকে,—আদৰ্শ-প্ৰণয়ী- প্ৰণয়িণীযুগল, a pair of true lovers. '''পাৰ পালে ইপাৰ হোৱা, পৰ পালে সিপাৰ হোৱা'''——ক্ৰি, নাও বাই লৈ যাওঁতে নৈৰ ইটো পাৰ ওচৰ হলে ইটো পাৰে উঠা হয়, সিটো পাৰ ওচৰ হলে সিটো পাৰে উঠা হয় বোলা হৈছে। এতেকে,—সুবিধা বুজি মতৰ পৰিবৰ্ত্তন কৰা, to change sides according to expe diency. '''পাল খোৱা'''—ক্ৰি, পালত সম্ভোগ কৰা, (জন্তুত খাটে। ) to have sexual intercourse (said of animals.) '''পালি পালি কৰি শিকোৱা'''—ক্ৰি, এবাৰত যি কাৰ্য্য কৰা হয়, তাক পালি বোলে। এই শব্দৰ ’পৰ’ (প্ৰহৰ) শব্দৰপৰা ওলাইছে। এতেকে,—পৰে পৰে আমনি কৰা, বহু প্ৰকাৰে আহুকাল কৰা, to annoy too frequently, to harass in diverse ways. '''পাৱে পৰি নমস্কাৰ'''— বিং, ভৰিত ধৰি নমস্কাৰ অৰ্থাৎ সম্পূৰ্ণ বশ্যতা-স্বীকাৰ unconditional submission. '''পাহৰা গুটি খোৱা'''—ক্ৰি, খৃষ্টিয়ানবিলাকৰ মতে মানুহৰ আদি-পুৰুষ আদম
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮২
{{rh|পিশাঁচ|১৭২|পিঠিত}}
আছিল। প্ৰথমতে তেওঁ মায়াৰ বহিৰ্ভূত আছিল। ঈশ্বৰে জ্ঞানৰ গছ এজোপা সৃজন কৰি আদমক তাৰ গুটি খাবলৈ হাক দিলে। আদমে লোভ সামৰিব নোৱাৰি যেতিয়া গুটি খালে, তেতিয়া নিজৰ প্ৰকৃত নিৰ্ম্মল অৱস্থা পাহৰি মায়া-জড়িত হল। এতেকে,—কোনো কথা সমূলি পাহৰি যোৱা, to forget anything entirely. '''পিশাচে পোৱা'''—ক্ৰি, পিশাঁচে পালে মানুহে বে-ঠিকভাৱে কাম কৰে। এতেকে,—হিচাব নোহোৱাকৈ কাম কৰা , হাবি-জাবি কাম কৰা, অৰ্থশূন্য কামত লিপ্ত থকা, to act nonsensically. '''পিচ লগা'''—ক্ৰি, , [ মৰাৰ পিচ লগা ] পিচতে মৰা, to die after another, to follow another in death, '''পিটিকাত চাৰি গুণ লোণ খোৱা''' --ক্ৰি, কোনো লোকে লোণ ঢুকাব বুলি তাক আঞ্জাত নাখায়। আলু, কচু, বেঙ্গেন আদি বস্তু পুড়ি কোষত পিটিকা কৰি লোণ নোহোৱা আঞ্জাৰে ভাত খায়। এই স্থলত, পিটিকা ইমান বেচি হয় বুলি কোৱা হৈছে, যে তাত যিখিনি লোণ সনা হয়, সেইখিনি লোণ আঞ্জাৰ লোণৰ চাৰি গুণ হৈ পৰে। এতেকে,— কৃপণৰ অযথা বহুব্যয় হোৱা, the Wasting of a great deal of money in small and unnecessary matters as a miser does, spending nothing at all in matters which are really important and useful. '''পিঠা হোৱা'''—-ক্ৰি, গুড়ি হোৱা, ধ্বংস পোৱা, to be ruined completely. '''পিঠি খজুওৱা'''—-ক্ৰি, শৰীৰৰ কোনো অংশ খজুৱালে ঢকা মাৰি তেজ চলাই দিলে খজুৱতি শাম কাটে। এতেকে,—মাৰ-কিল খাবলৈ উদ্যোগ কৰা; দণ্ড পাবলগীয়া কাৰ্য্য কৰিবলৈ আগ বঢ়া, to prepare to receive a beating i, e. to be about to do a wrongful act '''পিঠি ছিঙ্গা'''—-ক্ৰি, [ কোবাই পিঠি ছিঙ্গা] বৰকৈ কোবোৱা, to boat soundly, '''পিঠি দিয়া'''—ক্ৰি, কোনো মানুহৰ ফালে পিঠি দিলে দৃষ্টি অৰ্থাৎ অনুগ্ৰহৰ দৃষ্টি সেই ফালৰপৰ আতঁৰি আন ফালে পৰে। এতেকে,—বিমুখ হোৱা, অৱহেলা কৰা, to withhold favour, to neglect '''পিঠিত ঢকুৱা বন্ধা'''—ক্ৰি, , অপৰাধীয়ে পিঠিত ঢকুৱা বান্ধি ওপৰত সাজ-পাৰ পিন্ধি যায়। দণ্ডৰ বাবে যেতিয়া পিঠিত উধাই-মুধাই কোবোৱা হয়,
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৪
{{rh|পুতলা|১৭৪|পূৰ্ব্ব-শত্ৰু}}
শৰীৰৰ তেজ শোষণ কৰি পুতনাৰ প্ৰাণ-হৰণ কৰে। মৰিবৰ সময়ত পুতনাই ভায়ঙ্কৰ ৰাক্ষসীৰ মূৰ্ত্তি ধৰি প্ৰাণ এৰিলে। এতেকে,—বাহিৰে মোহিণী ভিতৰে ৰাক্ষসী এনে তিৰোতা , দুৰন্ত স্বভাৱৰ সুন্দৰী তিৰোতা, a good looking woman with fiendish character. '''পুতলা নচুওৱা'''-—ক্ৰি, মানুহে পুতলাক যেনেকৈ নচুৱায়, পুতলাই সেই{{বঙালী ৰ}}ূপে নাচে। পুতলাই নিজে নাচিব পৰা শক্তি নাই। এতেকে— কোনো মানুহক পুতলাৰ দৰে নচুওৱা অৰ্থাৎ সম্পূৰ্ণ নিজৰ আয়ত্বলৈ আনি নিজৰ মতেৰে তাৰ হতুৱাই কাৰ্য্য কৰোৱা, to cause one to dance at bidding, to get a thing done slavishily according to the wishes of the doer. '''পুলি-পোখা উঘলা'''—ক্ৰি, কোনো গছ-পুলি আৰু পোখাৰে সৈতে উঘালিলে তাৰ সঁচ নষ্ট হৈ যায়। এতেকে,— সবংশে নষ্ট কৰা, to ruin a person with his whole family. '''পুৱা হলে নাও মেলি যোৱা'''—-ক্ৰি, নাৱৰীয়া মানুহে ৰাতিটো কোনো ঠাইত থাকি পুৱা হলেই নাও মেলি যায় গৈ। সেয়ে হলে কোনোৱে তাক লগ নাপায়, আৰু সি কেনি গল, তাকো কোনেও কব নোৱাৰে। এতেকে,—কোনো ঠাইত অস্থায়ীভাৱে থাকি সেই ঠাইতে সৰ্ব্ব প্ৰকাৰৰ সমন্ধ ছিঙ্গি নিৰুদ্দেশ হোৱা, to reside temporarily in a place and then to leave it for good without the least chance of being traced out subsequently. '''পূবৰ বেলি পছিমে ওলোৱা'''—ক্ৰি, পূব পিনে উদিত হবলগীয়া সূৰ্য্য পছিম পিনে উদিত হোৱা, অৰ্থাৎ অসম্ভৱ ঘটনা সম্ভৱ হোৱা, the happening of the impossible. '''পূৰ্ণহতীয়া মাৰ'''—-বিং হাতেৰে পূৰ্ণভাৱে টোকোন দাঙ্গি মৰা মাৰ, ডাঙ্গৰ প্ৰহাৰ, a severe blow, '''পুণিমাৰ জোন'''—বিং , পূৰ্ণিমাৰ জোন অতি শুৱণী। এতেকে—অতি শুৱনী মানুহ, a perfectly beautiful person. '''পূৰ্ব্ব-শত্ৰু মনে জানি'''—ক্ৰি-বিণ, পূৰ্ব্ব-কালত মহাদেৱে কামদেৱক ভস্ম কৰিছিল। পৰবৰ্ত্তী কালত মহাদেৱে মোহিনীক দেখি যেতিয়া উন্মত্ত হৈছিল, সেই
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৫
{{rh|পৃথিবী|১৭৫|পেট}}
সময়তে চল চাই কামদেৱে মহাদেৱলৈ কাম বাণ মাৰি "পূৰ্ব-শত্ৰু মনে জানি” শত্ৰুতাচৰণ কৰিছিল। এই বাক্য শঙ্কৰ দেৱৰ 'কীৰ্ত্তন’ পুথিত পোৱা যায়। এতেকে,—প্ৰতিশোধ লবৰ নিমিত্তে, revenge- fully. '''পৃথিবী সাত ফাল কৰা'''—ক্ৰি পৃথিবী লৰিলে ফাটে। বৰকৈ ধুম-ধুপাল কৰি ফুৰিলে ভৰিৰ খোজত মাটি লৰি যায়। এই স্থলত, পৃথিবী ফাটি সাত ডোখৰ হৈছে বোলা হৈছে। এতেকে,—অতিপাত ধুম-ধুপাল কৰা to lead a boisterous life. '''পেট কামোৰা মানুহ মাটিতো বাগৰা, পাটীতো বাগৰা'''—ক্ৰি, বৰকৈ পেট কামুৰিলে মানুহ বিতত হয়। সি কেতিয়াবা ঢাৰীপাটীত গড়ম কাপোৰৰ ওপৰত পেট পেলাই থাকে, আৰু কেতিয়াবা চেঁচা মাটিত পেট পেলাই থাকে। এতেকে,—বিপদগ্ৰস্ত মানুহে অধৈৰ্য্য হৈ অলা- গতিয়াল কাৰ্য্য কৰি ফুৰা, to be confounded under stress of a great danger. '''পেট-কুলি'''—বিং, কুলি-পোৱালি দেখিবলৈ কাউৰী-পোৱালিৰ নিচিনা। কুলি- পোৱালিয়ে বাহিৰত অজলা ভাব দেখুৱাই কাউৰীৰ বাহত ডাঙ্গৰ- দীঘল হয়। কেতিয়া উড়নীয়া হব পাৰে, সেই কথা মাথোন সি সদাই পেটে পেটে ভাবি থাকে। উড়নীয়া হোৱা মাত্ৰেই এদিন উড়ি পলাই যায়। তেতিয়া হে কাউৰীয়ে বুজিব পাৰে, যে তাই কুলিৰ পোৱালি হে ইমান দিন নিজৰ পোৱালি বুলি পুহি আছিল। এতেকে,—বাহিৰে অজলা কিন্তু ভিতৰে টেঙ্গৰ মানুহ, a person who is outwardly simple but inwardly cunning. '''পেট গেৰেও-গেঠেও লগা'''—ক্ৰি, ( পেট গেৰেলা-গেঠেলা লগা ] অতিৰিক্ত ভোজন হলে পেটটো গেৰেলা আৰু গেঠেলা হয়। এতেকে,— অতিৰিক্ত ভোজনত পেটৰ অসুখ হোৱা, to feel uncomfor- table by over-eating. '''পেট পূজা কৰা'''—দেৱতাক দিনে দিনে খাদ্য বস্তু দি পূজা কৰিব লাগে। পেটকো দিনে দিনে খাদ্য বস্তু দিব লাগে। এই সাদৃশ্যৰ নিমিত্তে পেটতো এজনা দেবতা আছে বুলি কল্পনা কৰি লোৱা হৈছে। এতেকে,— ভোজন কৰা , to eat food
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৬
{{rh|পেট|১৭৬|পেটতে}}
'''পেট পেলাই খোৱা'''—ক্ৰি, খকুৱা মানুহে খাই খাই পেটৰ ভৰত ৰব নোৱাৰি দীঘল হৈ পৰি খাবলৈ ধৰে। এতেকে,—অতিৰিক্ত পৰিমাণে খোৱা, to eat excessively. '''পেট বোৱা'''—ক্ৰি, অধিককৈ শৌচাচাৰ হোৱা, the loosening of bowels. '''পেট মৰা'''—ক্ৰি, খোৱাৰ কষ্টত পেট শুকুওৱা, অনাহাৰত বা অল্পাহাৰত কষ্ট পোৱা, to be run down by total or partial abstinance from food. '''পেট মোছা লৰা'''—-বিং, ঠাই মুছি আনিলে যেনেকৈ ঠাই পৰিষ্কাৰ হয়, পেট মুছি আনিলে তেনেকৈ পেট পৰিষ্কাৰ অৰ্থাৎ গৰ্ভত ভবিষ্যতে লৰা সাঁচিব পৰা বস্তু একো নথকা হয়। এতেকে,--নুমমীয়া লৰা, the youn- gest and last child. '''পেট ৰোৱা'''—ক্ৰি, শৌচাচাৰ বন্ধ হোৱা the stopping of evacuations of the bowels. '''পেট হোৱা'''—-ক্ৰি, ( পেট ডাঙ্গৰ গোৱা] গৰ্ভ হোৱা, to become pregnant '''পেটত সঁচা'''--ক্ৰি, গৰ্ভত সন্তানৰ সঁচ হোৱা, to have a fetus formed in the womb, to conceive. '''পেটত কিবা ওলোৱা'''--বিং, গৰ্ভ-নাৰেঙ্গা ৰোগ। (এই ৰোগৰ নাম মানুহৰ আগত কব নাপায় বাবে 'কিবা’ বুলি কোৱা হয়। ) an abscess in the intestines. '''পেটত দেও সোমোৱা'''—ক্ৰি, পেটত দেও সোমালে মানুহৰ খঁক প্ৰবল হয়। এতেকে,--অতিপাত খঁক লগা, to feel hungry acutely. '''পেটত ধৰা'''—ক্ৰি; ( ধৰা =টানকৈ ধৰা, খোঁচা-বিন্ধা কৰা ) অজীৰ্ণ হলে পেটৰ ভিতৰত খোঁচা-বিন্ধা কৰে। এতেকে,—অজীৰ্ণ হোৱা, the occurring of indigestion. '''পেটত ক্ষুৰ'''— বিং, অন্তৰত অস্ত্ৰ অৰ্থাৎ শত্ৰু-ভাৱ, covert enmity. '''পেটতে হাত ভৰি লুকোৱা'''—-ক্ৰি, ভয়ত মানুহে কুঁচি মুচি থাকে। ভয় বেছি হলে হাত দুখন আৰু ভৰি দুটা কোঁচাই আনি পেটৰ ওপৰতে লগাই থৈ মূৰটো গোজা মাৰি ইমান সৰু হৈ থাকে যে শত্ৰুৱে সহজে হাত আৰু ভৰি দেখা নাপায়। হাত ভৰি লুকাই থাকিলে মানুহটো কিবা এটা ঘূৰণীয়া বস্তুৰ নিচিনা দেখি, শত্ৰু আঁতৰৰপৰা উভতি যায়।
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৮
{{rh|পোটক|১৭৮|পোহাৰী}}
নেৰা-নেপেৰাকৈ দিয়া সৰু বৰষুণ, incessant rain. '''পোটক তোল'''—ক্ৰি, [ প্ৰতিকাৰ তোলা। ] কোনো কাৰ্য্য কৰিলে তাৰ প্ৰতিকাৰ্য্য কৰা অৰ্থাৎ প্ৰতিফল দিয়া। ( 'পেট’ শব্দেৰে এই বাক্যৰ সম্পৰ্ক নাই। ) to take revenge. '''পোতনি ঠেকেচা দিয়া'''—ক্ৰি, পোৰা মাছ আৰু পঁইতা ভাত উপাদেয় আহাৰ। মেকুৰীয়ে পোৰা মাছ বৰ ভাল পায়। সি পোৰা মাছ চুৰ কৰিবলৈ আহোঁতে ধৰা পৰিলে পঁইতা, ভাতৰ পোতনিতে তাৰ মুখ ঠেকেচি দিয়া হয়। এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely. '''পোতা পুখুৰিৰ ৰজা'''--বিং, প্ৰবাদ মতে পুখুৰিত বাক থাকে। সেই ঠাইত বাকেই ৰজা। কোনো মানুহে পোতা পুখুৰিত গৈ যদি ভৰি দিয়ে গৈ, তেনেহলে বাকে তাৰ ভৰি দুটা ওপৰলৈ কৰি মূৰটো বোকাত পুতি পেলায়। এতেকে,—আপোনাৰ ঠাইত আপুনি ডাঙ্গৰ, a lord in one's own place. '''পোতা মোচৰা দিয়া'''—ক্ৰি, প্ৰবাদ আছে যে ভূতে মানুহক ফুচুলাই দূৰৈলৈ নি বোকাত পুতি মুচৰি মাৰে। এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely. '''পোৰা পেটী মাক'''—-বিং, লৰা উপজিলে মাকে জালুক খায়। তেনে কৰিলে পেট শুকায়, কিন্তু ৰম-ৰমকৈ পোৰে। আন হাতে, লৰাৰ অপায়-অমঙ্গল হলে মাকৰ পেট ৰম-ৰমকৈ পোৰাৰ নিচিনা অনুভৱ হয়। এতেকে,—যি মাকে লৰাৰ জন্মৰ পূৰ্ব্বত গৰ্ভধাৰণৰ কষ্ট সহ্য কৰে আৰু জন্মৰ পাচত লৰাৰ দুখত নিজে দুঃখানুভৱ কৰে সেই মাক, doting mother. '''পোৱালি-লগা বাঘিনী'''—বিং, বাঘিনীয়ে অতি সাৱধানে পোৱালিক ৰক্ষা কৰি ফুৰে। পোৱালি হেৰোৱাৰ ধনিষ্ঠামানো আশঙ্কা হলেই বাঘিনীয়ে খঙ্গত উগ্ৰমূৰ্ত্তি ধৰে। এতেকে,—পুত্ৰপ্ৰাণা খঙ্গাল তিৰোতা, a mother made furious at the prospect of a possibility of danger to her child. '''পোহনীয়া নৰিয়া'''—বিং, পোহনীয়া জীৱ-জন্তুৰ দৰে সদাই থকা নৰিয়া, চিৰস্থায়ী নৰিয়া, a permanent disease. '''পোহাৰী চুপতি'''—বিং, পোহাৰীয়ে বস্তু কিনিবলৈ যোৱা মানুহেৰে সৈতে মিছা-
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৯
{{rh|পোহাৰী|১৭৯|কেঁচু}}
মিছি চুপতি কৰি থাকে। এতেকে--অৰ্থশূন্য আলাপ, meaning- less or unnecessary talk. '''পোহাৰী লেখ'''—বিং, পোহাৰীয়ে মাটিত অংক পাৰি লেখ কৰে। এতেকে,— নজনা মানুহে লেজুৱা প্ৰণালীৰে কৰা হিচাব an account made by a uneducated person is a round-about method, rough clumsy account. '''পোহাৰীৰ পৈয়েক সাক্ষী'''—-বিং, পোহাৰীয়ে কোনো জগৰত পৰি আসৈ মাতি গিৰিয়েকক সাক্ষী দিয়ে আন মানুহে তাইৰ পক্ষে সাক্ষী ওলাওঁতা নাই। পোহাৰী যেনে মিছলীয়া, গিৰিয়েক তাইতকৈ অধিক মিছলীয়া। গিৰিয়েকে স্বভাৱতে ঘৈণীয়েকৰ পক্ষ সমৰ্থন কৰি কয়, এই ভাবো বুজোৱা হৈছে। এতেকে,—দুষ্টৰ সাক্ষী, স্বাৰ্থান্ধ, অঘাইটং. a biassed knave as a witness of a cunning person. {{center|{{Xx-larger|ফ। }}}} '''ফাঁপৰী কঠিয়াৰ সঁচ নোখোৱা'''—ক্ৰি, যদি কঠিয়া-ধান ফাঁপৰী অৰ্থাৎ বেয়া হয়, তেনেহলে তাক সমুদায়ে পেলাই দিয়া হয়। তাৰ সঁচ খোৱা নহয়, অৰ্থাৎ তেনেকুৱা দুটা এটা ধান নষ্ট নকৰি থৈ দিয়াৰ প্ৰয়োজন নাথাকে। এতেকে,—শত্ৰুক সবংশে নিধন কৰা, to ruin an enemy with his whole family. '''ফেঁচু ৰজা হোৱা'''— ক্ৰি, (উপকথা) চৰাইবিলাকে তেলীয়া সাৰেঙ্গক ৰজা পাতিবৰ নিমিত্তে ৰাজপাট ঠিক কৰিলে। তেলীয়া-সাৰেঙ্গে সাজ-পাৰ পিন্ধোতেই পলম কৰিলে। ফেঁচুৱে গিৰিস্-কৰে ডালৰপৰা আহি ৰাজ-পাটত বহি, সি ৰজা হল বুলি ঘোষণা কৰি দিলে। তেতিয়াৰ-
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯২
{{rh|ফিৰিঙ্গতিৰপৰা|১৮২|ফুটা}}
কৰোঁতেই কাৰ্য্যৰ অৱশ্যকতাত নাইকিয়া হোৱা অৰ্থাৎ অতিকৈ পলম কৰা, to do a thing too late, to be out oi season. '''ফিৰিঙ্গতিৰপৰা খাণ্ডৱ দাহ হোৱা'''— ক্ৰি, পূৰ্ব্ব-কালত খাণ্ডৱ নামেৰে এখন ডাঙ্গৰ অৰণ্য আছিল। অৰ্জ্জুনে অগ্নি দেবতাৰ তৃপ্তিৰ নিমিত্তে পশু-পক্ষীপূৰ্ণ খাণ্ডৱ-বন দাহ কৰিছিল। এই স্থলত কোৱা হৈছে যে ফিৰিঙ্গতিৰ পৰা মহা অৰণ্যও পুৰি নষ্ট হয়। এতেকে,— সামান্য ঘটনাৰপৰা মহৎ অনিষ্ট হোৱা, the happening of the greatest disaster from the slightest cause. '''ফুকনৰ টেকেলা'''—বিং, টেকেলাবিলাকৰ মুখ চোকা। ফুকনৰ টেকেলা হলে তাৰ মুখ আৰু চোকা হয়। এতেকে,- বৰ চোকা-মুখীয়া মানুহ, a sharp-tongued person. '''ফুট চিনা'''—ক্ৰি, কুঁহিয়াৰৰ ৰহি তপত কৰোঁতে ফুট উঠে। যিমান তপত হৈ , যায়, সিমান ফুটৰ আকৃতি আৰু ৰং বেলেগ হৈ যায়। ফুট কেনেকুৱা হলে ৰহি ঘোলনীত ঢালিবৰ উপযুক্ত হয়, তাক চিনিব লাগে। মানুহৰো স্বভাৱে নানা প্ৰকাৰ আকৃতি আৰু বৰণ ধৰে। তাৰ কেনেকুৱা ফুট অৰ্থাৎ কেনেকুৱা স্বভাৱ হলে কোন কাৰ্য্যৰ নিমিত্তে সি উপযুক্ত হব, সেই কথা চিনিব লাগে। এতেকে,—মানুহৰ স্বভাৱৰ গঢ়-গতি চিনা, to find out a person's special trait of character. '''ফুটা কড়ি'''—-বিং, কড়িৰ মূল্য যৎসামান্য। তাতে যদি সি ফুটে, তেনেহলে তাৰ মূল্য নাই বুলিলেও হয়। এতেকে,--নামমাত্ৰ মূল্যৰ বস্তু, সমুলি অকামিলা বস্তু, a trifle, a useless thing. '''ফুটা কলহত পানী ভৰোৱা'''—-ক্ৰি, ফুটা কলহত পানী ভৰালে পানী নাথাকে। সেইৰূপে, যি মানুহৰ কপাল ফুট অৰ্থাৎ যি ভাগ্য-দোষত দৰিদ্ৰ, তাক লোকে ধন-বিত দিলে সি নাইকিয়া হৈ যায়। এতেকে,--ভাগ্য- দোষত দৰিদ্ৰ মানুহক পৰে সাহায্য কৰি দাৰিদ্ৰ গুচাব নোৱৰা, to fail to make comfortable a person who is destined to be poor. '''ফুটা চকুত কুটা পৰা'''—ক্ৰি, যিটো চকু ফুটা, তাতে কুটা পৰি সেই চকু অধিককৈ ফুটাইছে বোলা হৈছে। এতেকে,--এটা বিপদ থাকোঁতে আন এটা
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৩
{{rh|ফুটুকাৰ|১৮৩|বকৰাণীৰ}}
পৰা, to be doubly injured. '''ফুটুকাৰ ফেন'''—বিং , ফুটুকা গছৰ ডাল কাটিলে সোপ-সোপে ফেন ওলায়। অসাৰ বস্তু বুজাবলৈ ‘ফেন’ শব্দ ব্যবহৃত হয়। এতেকে,—সমূলি অসাৰুৱা বস্তু বা কাৰ্য্য anything unsubstantial. '''ফুফু-ফাফা কৰা'''—ক্ৰি,। ফুহ্ ফুহ্ ফাহ্ ফাহ্, কৰা] ইটোৱে সিটোৱে লোকে নুশুনাকৈ কথা পাতিলে দূৰৰপৰা ফুহ্ ফুহ্, ফাহ্ ফাহ্ এনে ৰকমৰ অস্পষ্ট ভাষা মাথোন শুনিবলৈ পোৱা যায়। কোনো মানুহৰ বদনাম প্ৰকাশ কৰিবলৈ এই দৰে মনে মনে কথা পতা হয়। এতেকে,—কণাকণিকৈ বদনাম প্ৰকাশ কৰা, to speak in whis- per about a scandalous matter. '''ফুল বস্তু'''—বিং, ফুল শুচি বস্তু। যদিও তাক হীন জাতৰ মানুহে ছোৱে আৰু যদিও তাৰ বেয়া ঠাইত জন্ম হয়, তথাপি তাক নিৰ্দ্দোষ বুলি ধৰা হয়। এতেক,—ফুলৰ নিচিনা নিৰ্দ্দোষ বস্তু, anything which is harmless by nature. '''ফুলতে বাৰী'''—বিং, ( ফুলৰ কলিতে বাঁৰী ] বিয়াৰ পিচৰ প্ৰথম অৱস্থাতে বাৰী, a green widow. '''ফেদেলী পুৰাণ'''—বিং, পুৰাণত গল্প থাকে। (ফেদেলী=নানা প্ৰকাৰ বিশৃঙ্খল গল্পযুক্ত। ) এতেকে,— নানা প্ৰকাৰ বিশৃঙ্খল কথা, a rambling statement. {{center|{{Xx-larger|ব। }}}} '''বাঁহৰ টকা'''—বিণ, 'বাঁহৰ টকাই টেক-টেক-কৰে মাতে। এতেকে,—টেক্ -টেকী মাতৰ মানুহ, কোঢ়াল কৰি থকা মানুহ, a noisy person. '''বকৰাণীৰ জীৱ'''—বিং, কোনো লোকে পুৰ্ব্ব-জন্মত ভাল ঠাইও থাকিলে এই
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৪
{{rh|বকলা|১৮৪|বগে}}
জন্মত তাৰ সুখ আৰু পূৰ্ব্ব জন্মত বেয়া ঠাইত থাকিলে এই জন্মত তাৰ দুখ হয়। এই স্থলত কোৱা হৈছে, যে পূৰ্ব্বজন্মত সি বকৰাণীত আছিল। এতেকে,—স্বভাৱতে লেতেৰা মানুহ, a dirty fellow by nature. '''বকলা মেলা'''-ক্ৰি, [বাকল মেলা] পুথি সাঁচি কাঠৰ বাকলত লিখা হয়। পুথি পঢ়িবলৈ ধৰোঁতে বাকল মেলা হয়, অৰ্থাৎ মুকলি কৰি দিয়া হয়। পুথি পঢ়িবলৈ ধৰিলে আধ্যা নপৰাকৈ তাক সামৰিব নাপায়। এতেকে,—অতিৰিক্ত কথা কোৱা, to talks too much. '''বগলি ভকত'''—বিণ, বগলিয়ে মনতে মাছ ধৰিবলৈ ফিকিৰ পতি শান্তি মূৰ্ত্তি ধৰি থাকে। এতেকে— ভিতৰ দুষ্ট বাহিৰে শান্ত মানুহ, a wicked person in the garb of a saint. '''বগা কাউৰী ওলোৱা'''—ক্ৰি, কেতিয়াবা কৰবাৰ পৰা বগা কাউৰী আহি ওলায়। কলা কাউৰীবিলাকে বগা কাউৰীক দেখিলেই থপিয়াবলৈ ধৰে। এতেকে— সাধাৰণ মানুহৰ বউতিক্ৰম স্বৰূপে ওলোৱা; সাজ-পাৰ, কথাৰ ভঙ্গি বা গঢ় গতি ইত্যাদিৰ দ্বাৰা বিশেষত্ব বুজোৱা, to be looked on as a strange visitor. '''বগা দমৰা'''—বিং, বগা মতা মানুহ, a male person of fair complexion. '''বগা ভাত দেখিলে কাউৰীৰ আকাল নোহোৱা'''— ক্ৰি, ৰূপ বগা, সেই দেখি ‘বগা ভাত’ বুলিলে ধন-সম্পত্তি বুজায়। কাউৰীয়ে চুৱনি-পাতৰ ভাত বিচাৰি ফুৰে। এতেকে,— ধন-সম্পত্তি দেখিলে পৰ-প্ৰত্যাশী নীচ প্ৰবৃত্তিৰ মানুহৰ অভাৱ নোহোৱা, the flocking of mean obsequious followers with a person who can afford to give them money lavishly. '''বগে নিৰামহি খোৱা'''—ক্ৰি, ( উপকথা) বগলিয়ে পানীৰ জুঁৱলিত টলকা মাৰি থাকে, আৰু সি মাছক কয় যে সি নিৰামহি খাই তপস্যা সাধন কৰিছে৷ মাছে বগলিৰ কথাত সঞ্জাত গৈ ওচৰ চাপিলে বগলিয়ে ঠোঁটেৰে সাউত্-কৰে ধৰি আনি গিলি পেলায়৷ এতেকে,— দুষ্ট মানুহে স্বাৰ্থসিদ্ধিৰ নিমিত্তে সাধুৰ দৰে আচৰণ কৰা, the playing of the part of saint a wicked person to serve his selfish ends.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৫
{{rh|বঙ্গহে|১৮৫|বতাহত}}
{{rh|২৪||}}
'''বঙ্গহে মঙ্গহ খোৱা'''— ক্ৰি, হিংসুক জন্তুৱে মানুহৰ মঙ্গহ কামুৰি খায়। এই স্থলত, বঙ্গহে মঙ্গহ খায় বোলা হৈছে। ( বঙ্গহ=বংশ অৰ্থাৎ বংশৰ মানুহ। ) এতেকে,—আপোন মানুহে ঘোৰ অনিষ্ট সাধন কৰা, the doing of the greatest harm by the nearest and the dearest person. '''বজ্ৰ বটালি'''—বিং, ( বজ্ৰময় বটালি ) বটালি বৰ টান। তাৰ মুৰত হাতুৰিৰে কুবিয়ায়, তেও তাৰ একো নহয়। এতেকে,—হাড়-শকত টান বান্ধৰ মানুহ, a person of strong physique. '''বটালিৰ মুৰত টঙ্গনিওৱা'''—ক্ৰি, বটালি বেগতে কাঠত নোসোমায়। তাৰ মূৰত হাতুৰিৰে টঙ্গনিয়াই থাকিলে সি কাঠত সোমায়। মুৰ্খ মানুহক বটালিৰে তুলনা কৰা হৈছে। মুৰ্খ মানুহেও কোনো বিষয়ত বেগতে সোমাব নোৱাৰে। সিহঁতৰ মূৰত টঙ্গনিয়াব লাগে, অৰ্থাৎ বহু কষ্ট কৰি বুদ্ধি দিব লাগে। বটালিৰ মূৰত টঙ্গনিয়ালে মুৰটো ভোহোৰা হয়। মূৰ্খ মানুহকো যিমান শিকোৱা হয়, সিমান মূৰ ভোতা হয়, এই ভাব বুজোৱা হৈছে। এতেকে,—অতি মুৰ্খ মানুহক বহু কষ্টেৰে শিক্ষা দিয়া, to teach the dull-witted with hard labour. '''বঢ়া-টুটা দোষ'''—বিং, যিমান হব লাগে তাতকৈ বঢ়া অৰ্থাৎ অধিক হোৱা দোষ অথবা যিমান হব লাগে তাতকৈ টুটা অৰ্থাৎ নাটনি হোৱা দোষ, offences denoting excess or defect. '''বঢ়া বচন বোলা'''—ক্ৰি নিয়মতকৈ বঢ়া বচন বোলা অৰ্থাৎ দুৰ্ভাষা প্ৰয়োগ কৰা, to use words beyond the bounds of decorum, to use unparliamentary language. '''বতৰৰ কথা আগৈয়ে কোৱা'''—ক্ৰি, বতৰৰ অৱস্থা কেনেকুৱা হয় তাক পূৰ্ব্বতে কোৱা অৰ্থাৎ কোনো কাৰ্য্যৰ প্ৰকৃত অৱস্থাৰ বিষয়ে পূৰ্ব্বেই সতৰ্ক কৰি দিয়া, to give a warning beforehand about any event. '''বতাহত উৰা'''—বিণ, পাতল বস্তু বতাহত উৰি যায়। মানুহ ক্ষীণালে পাতল হয়। এতেকে,— জীৰ্ণ-শীৰ্ণ, অতি ক্ষীণ। তাৰপৰা, গহীন-গম্ভীৰ নোহোৱা, lean and thin, light, wanting in seriousness. '''বতাহত হল-জলা'''—বিণ, ইমান লিচপিচীয়া আৰু পাতল যে বতাহত গা হালি-জালি যায়। এতেকে,— লিচ পিচীয়া শুৱনী। (তিৰোতাত খাটে )
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৬
{{rh|বধে|১৮৬|বৰ}}
extremely beautiful (said of a woman). '''বধে ছোৱা'''—ক্ৰি, কোনো মানুহক বধ কৰিলে যি পাপ হয়, সেই পাপে ছোৱে অৰ্থাৎ সেই পাপৰে ভাগী হব লগীয়া হয় বোলা হৈছে। এতেকে,—এবিধ ডাঙ্গৰ শপথ লোৱা, to take a form of solemn oath. '''বন বোন্দা'''—বিং, বনৰীয়া বোন্দা মেকুৰীয়ে হাবিয়ে-বননীয়ে যতে ততে ফুৰি ফুৰে। এতেকে,— ঘৰত নথকা যতে ততে ঘুৰি ফুৰা মতা মানুহ, an adult male who is fond of staying away from house. '''বনুৱা বৰা'''-বিং, আহোম ৰজাৰ দিনত কুড়িটা, পাইকৰ ওপৰত এজন বৰা আছিল। এই বিষয়াই সিহঁতৰ হতুৱাই কাম-বন কৰাই ফুৰে। এতেকে,— পৰিশ্ৰমী মানুহ, (এই বাক্য ‘বনৰীয়া গাহৰি’ এই অৰ্থও মিহলি আছে। বনৰীয়া গাহৰিয়ে যেনেকৈ গুম-গুমাই ফুৰে, বৰা বিষয়াইও সেইৰূপে গুম-গুমাই ফুৰে। ) a smart person. '''বৰকণাৰ দেশ'''—-বিং, ধপল-ধপল কাণেৰে এবিধ ৰাক্ষসৰ দেশ, (আজি কালি তিব্বত ৰাজ্য বুলি প্ৰবাদ আছে। ) the country of Tibet, the people of which were believed formerly by the Assamese to have large ears. '''বৰ কথা মতা'''—ক্ৰি, মই বৰ এনে ভাব বুজাই কথা কোৱা, ফিতাহি কথা 'কোৱা, to talk vauntingly. '''বৰ গছৰ টোপালে গা তিওৱা'''—ক্ৰি, (টোপাল =নীয়ৰৰ টোপাল। ) বৰ গছৰ টোপাল ইমান ডাঙ্গৰ যে সিয়েই বৰষুণৰ নিচিনা হৈ পৰে। বৰ গছক বৰলোকেৰে তুলনা কৰা হৈছে। বৰলোকৰ সাধাৰণ অৱস্থাৰ কাৰ্য্যকে ইতৰ লোকে চম্ভালিব নোৱাৰে, এই ভাব বুজায়। এতেকে,—বৰলোক প্ৰকৃতিগত সাধাৰণ কাৰ্য্য ইতৰ লোকৰ মাৰাত্মক-স্বৰূপ হোৱা, the happening of a serious harm to a common man by those acts of a great personage which appears so harmless to him as being of everyday {{SIC|occurance|occurrence}} and forming part of his very nature. '''বৰ গছৰ তলত ছাঁ লোৱা'''— ক্ৰি, ডাঙ্গৰ গছৰ পাত জপ-জপীয়া। বাটৰুৱা মানুহে টান ৰদত তাৰ ছাঁ লয়। এতেকে,—সংসাৰ-ক্লিষ্ট মানুহে ডাঙ্গৰ মানুহৰ আশ্ৰয় লোৱা, to take shelter of a great man in time of difficulty. '''বৰ চুৰিয়াৰ ফেৰ মৰা-'''-ক্ৰি, বৰলোকে বৰ চুৰিয়াৰ ফেৰ মাৰি ফুৰে।
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৭
{{rh|বৰ|১৮৭|বৰলৰ}}
এতেকে,—বৰলাকালি কৰা, to act like a person of rank of wealth. '''বৰ নৈ'''—বিং, আসামৰ ভিতৰত অটাইতকৈ বৰ ৰৈ। এতেকে-ব্ৰহ্মপুত্ৰ নৈ, to Brahmaputra River. '''বৰবিহ খোৱা'''— ক্ৰি, বৰবিহ খালে মানুহ তৎক্ষণাৎ মৰে। এতেকে,—সৰ্ব্বনশীয়া কাৰ্য্য কৰা, ঘোৰ স্বাৰ্থ-বিৰোধী কাৰ্য্য কৰা, নিজৰ বিষম অহিত আচৰণ কৰা, to act highly prejudicially to one's own interest. '''বৰ মতা''' —বিং, ডাঙ্গৰ মতা মানুহ সাহিয়াল হয়। এতেকে,—সাহিয়াল পুৰুষ, a spirited man, a gallant. '''বৰ সবাহলৈ মনটো'''—বিং, বৰ সবাহলৈ বহু আয়োজন লাগে, তাক যেয়ে সেয়ে শীঘ্ৰে কৰিব নোৱাৰে। এতেকে,--ডাঙ্গৰ আয়োজনলৈ মনটো, অৰ্থাৎ ওখ আকাঙ্খা, high ambition. '''বৰৰ দোষ পিছলাই নিয়া'''—ক্ৰি, বৰলোকৰ দোষ পিছলাই সমাজৰ বিচাৰ পাৰ কৰি লৈ যোৱা অৰ্থাৎ বৰলোকৰ দোষ সমাজে বিচাৰ নকৰা, to to gloss over a great man's fault. '''বৰকলা হাবি'''—বিং, আহোম ৰজাৰ দিনত বৰকলা হাবিৰপৰা খৰিকটীয়াই ৰজাঘৰলৈ খৰি যোগাইছিলি। এতেকে,--ডাঙ্গৰ কাঠনী হাবি, a big forest. '''বৰদৈ চিলা'''—বিং. আসামত চত আৰু বহাগত ধুমুহা হয়। তাৰে কিছুমান সৰু, দুটা ডাঙ্গৰ। বহাগৰ বিহুৰ ৭ দিন মান আগতে এটা আৰু ৭ দিন মান পাচতে এটা ডাঙ্গৰ ধুমুহা হয়। এই দুটা ধুমুহাৰ নাম বৰদৈ চিলা। চিলটোৰ দৰে সোসোৱাই আহে দেখি চিলা নাম পাইছে। মাইকী মানুহে বছৰি মাকৰ ঘৰলৈ যেনেকৈ বিহুৰ সময়ত আহে আৰু যায়, ইও সেই দৰে সেই সময়তে আহে আৰু যায় দেখি, ইয়াক মাইকীৰ ৰূপ দিয়া হৈছে। মাইকীৰ নামৰ শেষত ‘দৈ’ থাকে। এই ধুমুহা ভাঙ্গৰ বাবে ’বৰদৈ’ বোলা হৈছে। এতেকে,—বহাগৰ বিহুৰ আগৰ আৰু পাচৰ ডাঙ্গৰ ধুমুহা, the gale which visits Assam every year about the Bahag Bihu '''বৰলৰ বাহত জুই দিয়া'''—ক্ৰি, কোনো মানুহে যদি বৰলৰ বাহত জুই দিয়ে, তেনেহলে বৰলবিলাকে তাক খঙ্গত উধাই-মুধাই কাণে-নাকে কামুৰি বিতত
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৮
{{rh|বৰলাৰ|১৮৮|বৰাৰ}}
কৰে। এতেকে,—খং উঠিলে অপকাৰ কৰিবৰ নিমিত্তে যাৰ শক্তি আছে তেনে মানুহক অপকাৰ কৰা, to irritate a person who is very powerful and capable of doing serious harm if so disposed. '''বৰলাৰ ঘৰত শুকান ধান বিচৰা'''—- ক্ৰি, যাৰ তিৰোতা নাই, তাৰ ঘৰত ধান সিজাই শুকোৱাবলৈ মানুহৰ অভাৱৰ নিমিত্তে, সেই মানুহে উখুৱা চাউলৰ সলনি আৰৈ চাউল ব্যৱহাৰ কৰে। এতেকে,—যি বস্তু যি ঠাইত পোৱা অসম্ভৱ সেই বস্তু সেই ঠাইত বিচৰা, to look for a thing in a place where it all never be expected to exist. '''বৰশী বোৱা টোপনি'''—বিং, বৰশী বহি বা থিয় হৈ বায়। চিপ পানীত পেলাই মাছে খুঁটিলে তাক দাঙ্গি অনা হয়। কোন মানুহে বহি বা থিয় হৈ টোপনিয়ায়। তেনে অৱস্থাত সি হালি জালি যায় আৰু দেখিবলৈ বৰশী বোৱা মানুহটোৰ নিচিনা হয়। এতেকে,—হালি-জালি যোৱা টোপনি, drowsiness, light sleep. '''বৰশীৰ মাছ'''—-বিং, টোপৰ লোভত মাছ আহি বৰশীত লাগি ধৰে। এতেকে,—লোভত বিপদগ্ৰস্ত মানুহ, one who catches a bait and falls into trouble. '''বৰষুণ গলে জাপি লোৱা'''—-ক্ৰি, জাপি বৰষুণত হে লোৱা হয়। বৰষুণ শেষ হৈ গলে জাপিৰ আৱশ্যকতা নাথাকে। এতেকে,—বিপদ পাৰ হলে ৰক্ষাৰ উপায় অৱলম্বন কৰা, to take measures to protect oneself from a danger after the danger is past. '''বৰা ভাত, মাহৰ শাক'''—-বিণ, আগৰ দিনত বৰা চাউলৰ ভাত আৰু মাটি-মাহৰ আঞ্জা উপাদেয় ভোজন আছিল। এতেকে,—উপাদেয় ভোজন, dainty dishes. '''বৰাৰ ঘৰত তৰাৰ গাঁথি দিয়া'''—ক্ৰি, আহোম ৰজাৰ দিনত কুড়িটা পাইকৰ ওপৰত বৰা বিষয়া আছিল। তেওঁ ঠাইয়ে ঠাইয়ে গৈ পাইক বিলাকৰ হতুৱাই কাম-বন কৰোৱায়। এঠাইৰ কাম শেষ হলে আন এঠাইলৈ উঠি যায়। সাধাৰণ পঁজা সাজি থাকে। দুই চাৰি দিনীয় পঁজা বাবে তাত বেতৰ সলনি তৰাৰ জৰীৰে গাঁথি দিয়া হয়। এতেকে,—অস্থায়ী কাৰ্য্যত অস্থায়ীভাৱে চলা, to act in a temporary way in a tempo-
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৯
{{rh|বৰালৈ|১৮৯|বলে}}
rary business. '''বৰালৈ কচু থোৱা'''--ক্ৰি, কচু বৰা অৰ্থাৎ গাহৰিৰ আহাৰ। গাহৰি অতি লেতেৰা আৰু নিকৃষ্ট জন্তু। ঈশ্বৰে তাৰ নিমিত্তে আহাৰৰ ব্যৱস্থা কৰি থৈছে বোলা হৈছে। এতেকে,—নিঃকিন,অধম আৰু নিৰাশ্ৰিত মানুহৰ নিমিত্তেও ঈশ্বৰে যথাযোগ্য জীৱিকাৰ ব্যৱস্থা কৰি থোৱা, the ordaining by God of appropriate means of living for a person however humble he may be. '''বৰুৱা খাৱনেৰে খোৱা'''—-ক্ৰি, {{SIC|ব{{বঙালী ৰু}}ৱা|বৰুৱা}} ডাঙ্গৰ বিষয়া আছিল আৰু তেওঁ বিলাকৰ খাৱনো সেই অনুযায়ী ডাঙ্গৰ আছিল। এতেকে,—ডাঙ্গৰ খাৱনেৰে খোৱা, to eat sumptuously. '''বলি-বাসৱৰ যুদ্ধ'''—-বিং, পূৰ্ব্ব-কালত বলি আৰু বাসৱ অৰ্থাৎ ইন্দ্ৰৰ ভিতৰত ঘোৰতৰ যুদ্ধ হৈছিল। এতেকে,—ঘোৰতৰ যুদ্ধ, sanguinary buatle, a deadly struggle. '''বলিয়া কুকুৰে কামোৰা'''—ক্ৰি, বলিয়া কুকুৰে কামুৰিলে জাঁই উঠে। এতেকে,—চিন্তাৰ আবেগত উন্মত্তপ্ৰায় হোৱা, to be overtaken with anxious thoughts. '''বলীৰ হাতত পৃথিবী থকা'''—ক্ৰি, যি জন ৰজা বলী, পৃথিবী তেওঁৰে শাসনাধীন থাকে। এতেকে,—যাৰ বল আছে সিয়েই কোনো বিষয়ত প্ৰভুত্ব চলাব পৰা, (বল =শৰীৰ, ধন, বিদ্যা, বা অন্য কোনো বল। ) the exercising of authority by one who is powerful. '''বলীয়ে নিৰ্ব্বলীয়ে হতাহতি'''—বিং, ( হতাহতি =হাতেৰে কৰা যুঁজ। ) ডাঙ্গৰ মানুহ আৰু সৰু মানুহৰ ভিতৰত লগা যুঁজ, অসমান যুঁজ, a quarrel between the strong and the weak, an unequal fight. '''বলে নোৱৰা শিলক পৰি নমস্কাৰ কৰা'''—ক্ৰি, বলে পৰা শিলক আনি কোনো কাৰ্য্যত লগোৱা হয়। কিন্তু যাক বলেৰে দাঙ্গিব নোৱাৰে, তাত মাহাত্ম্য আছে বুলি সেৱা-সতকাৰ কৰা হয় অৰ্থাৎ তাক দেৱতা বুলি গণ্য কৰা হয়। এতেকে,— যাক বলেৰে জিনিব পৰা নাযায় তেওঁৰ গাত দৈব-শক্তি আৰোপ কৰা। (এনে কৰি নিজৰ দুৰ্ব্বলতা লুকুৱায়, আৰু পৰৰ বলৰ প্ৰশংসা নকৰি তাক দৈব বল বোলা হয়। ) to attribute supernatural power to a person who cannot be resisted with any chance of success .
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০০
{{rh|বহৰ|১৯০|বাইতকৈ}} '''বহৰ বুন্দুৰী''' —বিং, (বহ =বয়স ) বাঢ়িব নোৱাৰা হ’লে মুখখন বোন্দাৰ নিচিনা থোপোৰা হয়। এতেকে—অধিক বয়স হোৱা কঁটিয়া তিৰোতা, a dwarfish woman of long years.<br> '''বহি বুঢ়া'''-বি. [বহি থাকি বুঢ়া] বহি থাকোঁতে থাকোঁতে বুঢ়াৰ নিচিনা হোৱা মানুহ, বহি থকা এলেহুৱা মানুহ, a stay-at-homo idler.<br> '''বহি ৰজা'''—বিং, [বহি হুকুম দিয়া ৰজা] যি নিজে কাম-বন নকৰাকৈ মুখৰ হুকুম-হাকামৰ দ্বাৰা সংসাৰ যাত্ৰা নিৰ্ব্বাহ কৰে তেনে মানুহ অৰ্থাৎ বৰলোক, One who rises above the necessity to do manual labour, a great man.<br> '''বহিব জানিলে মাটিয়েই পিৰা হোৱা'''— ক্ৰি, আৰামৰ নিমিত্তে আৰু কাপোৰত মলি নালাগিবৰ নিমিত্তে পিৰাত বহা হয়। এই স্থলত কোৱা হৈছে, যে বহিব জানিলে মাটিয়েই পিৰা হয়, অৰ্থাৎ মাটিত বহিও পিৰাত বহাৰ সমান আৰাম লভিব পৰা যায় আৰু কাপোৰ নিকাকৈ ৰাখিব পৰা যায়। এতেকে,—নিয়ম-প্ৰণালী জানিলে বেয়া কাৰ্য্যকো ভাল কাৰ্য্য-{{SIC|স্ব{{বঙালী ৰূ}}প|স্বৰূপ}} কৰিব পৰা, to be able to make a bad thing as useful as a good thing provided one knows how to do it.<br> '''বহুৱা তোলা'''— ক্ৰিয়া, [বহুৱা কৰি তোলা] বহুৱাই উঠি অঙ্গীভঙ্গী কৰে আৰু যিহকে মন যায় মুখেৰে তাকে গায়। কোনো মানুহক বৰকৈ জোকালে তাৰ তত্ মত্ হেৰায়। সি তেতিয়া উঠি বহুৱাৰ দৰে নাচোন-বাগোন কৰি বলকিবলৈ ধৰে। এতেকে,—চুৰ্ত্তি-বুদ্ধি নোহোৱা কৰা, তত্ মত্ হেৰুওৱা, to vex, tease or annoy a person greatly.<br> '''বাইলুঙ্গণীৰ মঙ্গল'''— বিং, বাইলুঙ্গণীয়ে মঙ্গল চায়। মঙ্গল অৱশ্যে কেতিয়াবা ফলিয়ায়, কেতিয়াবা নফলিয়ায়। এতেকে-কণামুনাকৈ হোৱা কাৰ্য, a fortuitous event.<br> '''বাইতকৈ চৰোৱা'''— ক্ৰি, ( উপৰুৱা ) এজন মানুহৰ বৰ ঘৈণী আৰু সৰু ঘৈণী আছিল। বৰ ঘৈণীয়ে এদিন ৰাতি শোওঁতে সান্দহ খাইছিল, তেনে অৱস্থাতে টোপনি আহিল। পাচে সান্দহৰ গোন্ধ পাই এটা নিগনি আহি মুখত সোমাই মুখৰ ভিতৰৰ সান্দহখিনি খাই পেলালে, আৰু
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০১
{{rh|বাইলৈ|১৯১|বাগৰা}}
লগে লগে দাঁতবিলকো কুটিলে। দাঁতবিলাক এনে সমানভাবে কুটিলে যে ওখোৰা-মোখোৰা গুচি অতি ধুনীয়া হৈ পৰিল। পাচদিনা সৰু ঘৈণীয়ে দেখা পাই কাৰণ সোধাত বৰ ঘৈণীয়ে আমূল বৃত্তান্ত কলে। সৰু ঘৈণীয়ে এদিন সেই দৰে সান্দহ মুখত লৈ ঢাৰীপাটীত পৰি নিগনি আহিবলৈ বাট চাই থাকিল। নিগনি সোমাই দাত চিকুণাই কুটিবলৈ আৰম্ভ কৰিছে, এনেতে তেওঁ মাত লগালে:—“বাইতকৈ চৰোৱা" (অৰ্থাৎ বাইৰ দাঁত যেনে সুন্দৰ হল মোৰ দাঁত যেন তাতকৈ অধিক সুন্দৰ হওঁক। ) কথা কোৱা মাত্ৰে নিগনিয়ে ভয় পাই লৰ মাৰিলে। ফলত এয়ে হল যে তেওঁৰ দাঁত {{SIC|আগৈয়ে|আগেয়ে}}যেনে আছিল এতিয়া তাতকৈও বহু গুণে বেয়া হল। এতেকে,—পৰৰ ভাল দেখি খিয়ালত তেনে কোনো কাৰ্য্য কৰিবলৈ চেষ্টা কৰিলে নিজৰ অৱস্থাৰ উন্নতি কৰিব নোৱাৰি পূৰ্ব্বৰ অৱস্থাৰো অৱনতি কৰা, to make a thing worse than it was in all endeavour to make it better than a like thing of another person under the promptings of jealousy. '''বাইলৈ যেই হাত হোৱা, আইলেও সেই হাত হোৱা''' - ক্ৰি, যেই হাতেৰে বাইক কিলোৱা হয় সেই হাতেৰে আইকো কিলাব পৰা যায় অৰ্থাৎ যি মানুহে বায়েকক কিলাবলৈ সাহ কৰে, সি অৱশ্যে মাকক কিলাবলৈও সঙ্কোচ নকৰে। এতেকে,—এজন মানী মানুহৰ প্ৰতি অন্যায় আচৰণ কৰিলে অন্যান্য মানী মানুহৰ প্ৰতিও তেনেৰূপ অন্যায় আচৰণ কৰিবলৈ সঙ্কোচ নকৰা, to behave shabbily towards a respectable person and hence not to hesitate to behave in a similar way towards any other person of like status and rank. '''বাও-কণী পৰা'''—ক্ৰি, বাও-কণী উমালে পোৱালি নজগে। হাঁহ-কুকুৰাই তেনে কণী পাৰিলে তাৰপৰা কোনো ফল নহয়। এতেকে,— কোনো নিষ্ফল বা অসাৰ্থক কাৰ্য্য কৰা, to act infructuously. '''বাখৰ পতোৱা'''—বিণ, বাখৰ পতালে অলঙ্কাৰ শুৱনী হয়। এতেকে,—শুৱনী, eligant, fanciful. '''বাগৰা জীৱ'''—-বিং, বাগৰি ফুৰা মানুহ অৰ্থাৎ একে ঠাইতে নিজাপিভাৱে নাথাকি
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০২
{{rh|বাঘ-ককা|১৯২|বাঘৰ}}
লৰি ফুৰা মানুহ, ( নিন্দা-ভাব ) one having no settled habitation, a wanderer (depreciative sense). '''বাঘ-ককা বৰা ককাৰ হৰা জিকা চোৱা'''—-ক্ৰি, বাঘ আৰু বৰাৰ ভয়ঙ্কৰ যুদ্ধ হয়। মানুহে নিলগৰপৰা চাই থাকি এবেলি কয় “বাঘ-ককা জিকিল, বৰা-ককা হাৰিল” আৰু এবেলি কয় “বৰা-ককা জিকিল বাঘ-ককা হাৰিল”। এতেকে,—পৰাক্ৰমী মানুহৰ যুঁজত নিজে ঠুকিব নোৱাৰি আঁতৰৰপৰা ৰং চোৱা, to watch with interest the course of a fatal struggle between powerful parties from a safe distance. '''বাঘ ঢকা'''—-বিং, বাঘে গৰু মহক পিঠিত হাতেৰে ঢকা মাৰি পেলাই বধে। এতেকে,—ডাঙ্গৰ ঢকা, a severe slap on the back. '''বাঘ-বৰাৰ যুজ'''—বিং , বাঘ আৰু বৰাই ভয়ানক ৰূপে যুঁজ লাগে। এতেকে,—ভয়ানক যুঁজ, a terrible fight. '''বাঘৰ আগ তেল খোৱা-'''—বিণ, (তেল = চৰ্ব্বি। আগ তেল-আগ ফালে থকা অৰ্থাৎ বুকুৰ ওচৰত থকা চৰ্ব্বি। ) এই চৰ্ব্বি বৰ চোকা। বাঘৰ চৰ্ব্বি খালে মানুহ উন্মত্তপ্ৰায় হয়। এতেকে,—মদমত্ত, অঘাইটং, extremely cunning. '''বাঘৰ আগত ছাগে ডেৱাডেৱি কৰা'''—ক্ৰি, ছাগলীয়ে যুঁজ লগাৰ আগতে ডেৱা-ডেৱি কৰে। এই স্থলত কোৱা হৈছে, যে ছাগলীয়ে বাঘৰ আগত ডেৱাডেৱি কৰে অৰ্থাৎ বাঘেৰে যুঁজ বিচাৰে। এতেকে,—অতি পৰাক্ৰমী মানুহেৰে সৈতে অতি দুৰ্বল মানুহে যুঁজিবলৈ উদ্যত হোৱা, the challenging of a powerful man to a fight by one who is too weak. '''বাঘৰ চকুৰে চোৱা'''—-ক্ৰি, বাঘ বৰ খঙ্গাল, তাৰ চকুত খঙ্গৰ ভাব জ্বলি থাকে। এতেকে,—খঙ্গালভাৱে চোৱা, অৰ্থাৎ উগ্ৰভাৱে শাসন কৰা, to control sternly. '''বাঘৰ পোৱালি বাঘ'''—-বিং, বাঘ বলী জন্তু। তাৰ পোৱালিও সেই দৰে বলী হয়। এতেকে,—প্ৰতাপী মানুহৰ, প্ৰতাপী পুতেক, a worthy son of a worthy father. '''বাঘৰ সমান ভয়'''—বিং, বাঘলৈ যিমান ভয় সিমান ভয়, ডাঙ্গৰ ভয়, terrible
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৩
{{rh|বাঘ|১৯৩|বাট}}
{{rh|২৫||}}
fear. '''বাঘ তেলে খোৱা'''—ক্ৰি, (তেল = চৰ্ব্বি। ) বাঘৰ চৰ্ব্বি বৰ চোকা। গাত চোকা চৰ্ব্বিয়ে ধৰিলে মানুহৰ ফুৰ্ত্তি বেচি হয়। এতেকে,—বেচিকৈ ফুৰ্ত্তি হোৱা, to be overjoyed. '''বাঘে পোৱালি পোৱা হাবি'''–বিং, বাঘে ডাঙ্গৰ হাবিত চিৰস্থায়ীৰূপে বসতি কৰে, আৰু তেনে হাবিত হে পোৱালি জগায়। এতেকে,—ডাঙ্গৰ হাবি, big jungle '''বাঘে খোৱা'''—বিং, যি গৰুৰ আয়ুস টুটে, তাক বাঘে ধৰি খায়। এতেকে,—অল্পায়ুস, ( গালিৰ মাত), short-lived, (a term of reproach). '''বাঘে ঘোঙ্গে যুঁজ লগা'''—ক্ৰি বাঘ ঘোঙ্গতকৈ অলপ বেচি বলী, কিন্তু ঘোঙ্গ বাঘতকৈ বেচি খঙ্গাল। বাঘ আৰু ঘোঙ্গৰ ভিতৰত ঘোৰতৰ যুঁজ হয়। এতেকে,—ঘোৰতৰ যুঁজ লগা, to engage in a fierce conflict. '''বাছি পেলোৱা'''—ক্ৰি, [ হাড় বাছি পেলোৱা ] খাদ্য জন্তুৰ হাড় বাছি পেলাই দি মঙ্গহ খোৱা হয়। এতেকে,— কোনো মানুহৰ হাড় বছি তাৰ মঙ্গহ খোৱা। অৰ্থাৎ কোনো মানুহক উগ্ৰ শাস্তি দিয়া, to inflict condign punishment. '''বাছোঁতে বাছোঁতে গেলা বৰালিত হাত পৰা'''—ক্ৰি, বৰালি মাছ কোমল। সি গেলিলে সমুলি নষ্ট হয়। এতেকে,— অতি ভাল বস্তু পাবলৈ অতিৰিক্ত চেষ্টা কৰোঁতে অতি বেয়া বস্তু পোৱা, to select the worst thing by exercising too great caution to have the very best. '''বাজ ভিতৰ কৰা মানুহ'''—বিং, বাজে ভিতৰে ফুৰা মানুহ, বিশ্বাসী মানুহ, one who has access into the inner chamber of a household, a confidant. '''বাজলৈ উলিওৱা'''—ক্ৰি, মানুহৰ ধাতু ঘৰৰ ভিতৰত যাব নাপায়, এই বিশ্বাসৰ ওপৰত মৰিবৰ বেলিকা মানুহ বাজলৈ উলিওৱা হয়। এতেকে,—ক্ষন্তেকৰ পাচতে মৃত্যু হব বুলি থিৰাং কৰা, to expect death {{SIC|immediatly|immediately}} after. '''বাট এৰি অবাটে যোৱা'''—ক্ৰি, সৰ্ব সাধাৰণ মানুহে বাটে দি যায়। অবাটে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৪
{{rh|বাট|১৯৪|বাটে}}
অৰ্থাৎ যিটো বাট নহয় সেই পোনে নাযায়। এতেকে,—প্ৰচলিত ৰীতি এৰি কোনো কাৰ্য্য কৰা, to go out of the beaten track, to act against an established custom. '''বাট কুৰি বোৱা'''—ক্ৰি, [ বাট বুকুৰে বগোৱা ] বাটে দি ভৰিৰে খোজ কাঢ়ি নগৈ বুকুৰে বগাই যায় বোলা হৈছে। এতেকে,—অতি কষ্টেৰে বাট অতিক্ৰম কৰি যোৱা, to walk on with difficulty. '''বাট কেঁৰা লগা'''—ক্ৰি, কোনো যন্ত্ৰৰ এটা অংশ আন এটা অংশেৰে মিল নহলে কেঁৰা লগা বোলে। বাটে দি মানুহ চলাচল কৰোঁতে কেতিয়াবা দুফালৰপৰা দুটা মানুহ আহোঁতে কেঁৰা লাগে অৰ্থাৎ ইজনে সিজনৰ ঠিক সন্মুখত {{SIC|ভেঁটাস্বৰূপ|ভেটা স্বৰূপ}} হয়। এতেকে,—বাটত সম্মুখা-সম্মুখি হোৱা, to meet each other on the way face to face——the two coming from opposite directions. '''বাটত বগৰি জেং দিয়া'''—ক্ৰি, বগৰি-জেং কাইটিয়া। বাটত বগৰি-জেং দিলে সেই বাটে মানুহ যাব নোৱাৰে। এতেকে,—বাট ভেঁটা দিয়া, to put obstacles in the way. '''বাটৰ বলিয়া'''—বিণ, ঘৰ এৰি বাটে-পথে ফুৰা বলিয়া, ডাঙ্গৰ বলিয়া, stark mad. '''বাটৰ বাটৰুৱা'''—বিং, বাটে দি অনেক বাটৰুৱা গৈ থাকে। বাটৰ কাষত থকা ঘৰবিলাক পাৰ হৈ গৈ থাকে। সেইবিলাক ঘৰৰ মানুহেৰে সৈতে বাটৰুৱাৰ কোনো সম্পৰ্ক নাই। এতেকে,—কোনো প্ৰকাৰৰ সম্পৰ্ক নথকা মানুহ, সম্পূৰ্ণৰূপে নিলগীয়া মানুহ, a thoroughly unconnected person, a perfect stranger. '''বাটলৈ চোৱা'''—ক্ৰি, বাটে দি মানুহ আহে। কোনো মানুহ আহিব লগীয়া থাকিলে বাটলৈ চাই থকা হয়। এতেকে,—অপেক্ষা কৰা, to expect the arrival of a person. '''বাটে-ঘাটে'''—ক্ৰি-বিণ, যতে ততে প্ৰকাশ্য ঠাইত, anywhere and everywhere. '''বাটে-পথে'''—ক্ৰি-বিণ, যতে ততে প্ৰকাশ্য ঠাইত, anywhere and everywhere. '''বাটে পোৱালি মেলা'''—ক্ৰি, জন্তুৱে পোৱালি জগাই মেলি দিয়ে। খৰালি হলে
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৫
{{rh|বাটে|১৯৫|বান্দৰৰ}}
এটা বাটৰ পৰা বহুত সৰু সৰু বাট ওলাই যায়। সেই দেখি জন্তুৰে সৈতে বাটৰ তুলনা কৰা হৈছে। এতেকে,—খৰালি হোৱা, the setting in of cold weather. '''বাটে যোৱা'''—ক্ৰি, সৰ্ব্ব প্ৰচলিত ৰীতি অনুযায়ী কাৰ্য্য কৰা, to take the trodden path, to act according to the accepted ideas of usage and custom. '''বাঢ়ৈটোকা মানুহ'''—বিং, বাঢ়ৈটোকা চৰায়ে বাঢ়ৈৰ দৰে কাঠত টোক্-টাক্ কৰি থাকে; সি কেতিয়াও শাঁতিৰে বহি নাথাকে। এতেকে,—ডেও-ধুপাল পাৰি ফুৰা দুষ্ট মানুহ, a fidgety or uneasy person. '''বাণ-বাৰিষা কাল'''—বিং , [ বাণ অহা বাৰিষা কাল ] ঘোৰ বাৰিষা বতৰ, the season of rains and flood. '''বাণ মৰা'''—ক্ৰি, [ মোহিনী বাণ মৰা ] পূৰ্ব্ব-কালত যুদ্ধত মোহিনী বাণ মাৰি শত্ৰুক মুগ্ধ কৰি পেলাই থয়। এই কাৰ্য্য মন্ত্ৰৰ দ্বাৰা সাধিত হৈছিল। সেই মন্ত্ৰ আজি কালিও আসামত প্ৰচলিত আছে বুলি কয়। এতেকে,—মুগ্ধ কৰা, to enchant, to bring under perfect control. '''বাতৰি গৰগাঁও পোৱা গৈ'''—ক্ৰি, গৰগাওঁ অসমৰ ৰাজধানী আছিল। সৰু-সুৰা বাতৰি ৰাজধানীলৈ নগৈছিল। ডাঙ্গৰ বাতৰি হলে চাৰিও পোনে প্ৰচাৰিত হৈ ক্ৰমে ৰাজধানী পায় গৈ। এতেকে,—বাতৰি বহু দূৰলৈকে প্ৰচাৰিত হোৱা, the spreading of a news far and wide. '''বান্দৰৰ ঘা'''—বি, বান্দৰৰ ঘা লাহে লাহে বিয়পি যায়। এতেকে,—যাৰপৰা অনিষ্ট বাঢ়ি যায় তেনে অশুভ কাৰ্য্য, an evil which steadily increases. '''বান্দৰৰ ডিঙ্গিত মুকুৰ মালা পিন্ধোৱা'''—ক্ৰি, পূৰ্ব্ব-কালত সীতা দেবীয়ে হনুমানক এবাৰ মুকুতাৰ মালা বঁটা দিছিল। হনুমানে তাক দাঁতেৰে কামুৰি ছিঙ্গি পেলালে। সেই ঘটনাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—যি মানুহে বহুমূলীয়া বস্তুৰ মোল নুবুজি তাক অনাদৰ কৰে তেনে মানুহক তেনে বস্তু দিয়া, to give a valuable thing to an unworthy recipient.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৬
{{rh|বান্দৰৰ|১৯৬|বান্দৰে}}
'''বান্দৰৰ ডিঙ্গিত সোণৰ হাৰ পিন্ধোৱা'''—ক্ৰি. [ ‘বান্দৰৰ ডিঙ্গিত মুকুতাৰ মালা পিন্ধোৱা’ চোৱাঁ। কোনো লোকৰ মতে সীতা দেবীয়ে হনুমানক সোণৰ হাৰ দিছিল, মুকুতাৰ মালা নহয়। ] '''বান্দৰৰ মুখৰ কল ভুকুৱালে সৰা'''—ক্ৰি{{SIC| |.}} বান্দৰে কল মুখত সুমাবলৈ পালে, তাক কেতিয়াও উলিয়াই নেপেলায়। তাক ধৰি যদি গালত ভুকুৱাই দিয়া যায়, তেতিয়া হে কল সৰি পৰে। বান্দৰে ইচ্ছা কৰি কল নিদিয়ে। কাকুতি-মিনতি কৰিলে সি কল উলিয়াই নিদিয়ে। বল-প্ৰয়োগৰ দ্বাৰা হে তাৰ মুখৰ কল পাব পাৰি। এতেকে,—অতিৰিক্ত স্বাৰ্থপৰ মানুহৰপৰা কোনো বস্তু বল-প্ৰয়োগৰ দ্বাৰা পোৱা, to obtain a thing from an extremely selfish person by use of physical force only. '''বান্দৰৰ সাত পুৰুষ ডাল কোবাই যোৱা'''—ক্ৰি, বান্দৰে অতীজৰেপৰা গছৰ ডালে ডালে বগাই ফুৰি কাল নিয়াব লাগিছে। সি আজিলৈকে থাকিবৰ নিমিত্তে ঘৰ-দুৱাৰ সাজিবলৈ শিকা নাই। এতেকে,— বহু-কলীয়া ৰীতি অনুসাৰে চলা, to follow a time-honoured custom. '''বান্দৰি চৰিওৱা দিয়া'''—ক্ৰি, বান্দৰবিলাকে পৰস্পৰ প্ৰীতি আৰু সৌহাৰ্দ্দ বুজাবৰ নিমিত্তে ইটোৱে সিটোৱে গালত টপুচ্-টাপুচ কৰে চৰিয়ায়। এতেকে,—কম জোৰেৰে ঘনকৈ চৰিওৱা, to slap a person several times slightly on the face. '''বান্দৰি নচুৱা দিয়া'''—ক্ৰি, বান্দৰক যেনেকৈ নচুয়ায়, বান্দৰে তেনেকৈ নাচে। এতেকে,—কোনো মানুহে তাৰ সম্পূৰ্ণ নিজৰ মতেৰে পৰক চলোৱা, to guide a person entirely according to one's own will. '''বান্দৰে নাৰিকলৰ মোল নুবুজা'''—ক্ৰি, বান্দৰে নাৰিকল ভাঙ্গিব নোৱাৰে। সি কেতিয়াও নাৰিকল খাবলৈ নাপায়। নাৰিকল কেনে সোৱাদ ফল, সি তাক নাজানে। এতেকে,—ইতৰ মানুহে ওখ শ্ৰেণীৰ বস্তু বা কাৰ্য্যৰ স্বৰূপ নিৰ্ণয় কৰিব নোৱৰা, the failing to gauge the real value of a high-class thing or action by a vulgar person. '''বান্দৰে সাগৰৰ পানী খাই ঢুকাব নোৱৰা'''—ক্ৰি, সাগৰৰ পাৰৰ হাবিত অসংখ্য
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৭
{{rh|বান্দীৰ|১৯৭|বাপুৰ}}
বান্দৰ থাকে। জাকে জাকে বান্দৰ আহি সাগৰৰ পানী সদাই খাব লাগিছে, তথাপি সাগৰৰ পানী নুশুকায়। ইতৰলোকক বান্দৰেৰে আৰু মহৎ লোকক সাগৰেৰে তুলনা কৰা হৈছে। মহৎ লোকৰ ধন-সম্পত্তিক সাগৰৰ পানী বোলা হৈছে। এতেকে,—ইতৰ লোকে মহৎ লোকৰ ধন-বস্তু আত্মসাৎ কৰিলেও মহৎ লোকৰ বিশেষ ক্ষতি কৰিব নোৱৰা, the failing of a vulgar person to do real harm to great man by misappropriating a part of his vast estate. '''বান্দীৰ কান্তা যোগ'''—বিং, কন্যাকাল হোৱা সময় অনুযায়ী তিৰোতাৰ ‘যোগ’ নিৰ্ণীত হয়। কান্তা ভাল যোগ। কিন্তু যি বান্দী, তাইৰ কান্তা যোগৰ শুভ ফল হবৰ স্থল নাথাকে। এতেকে,—চিৰ-দৰিদ্ৰ মানুহৰ পক্ষে গ্ৰহাদিৰ নিষ্ফল শুভ-দৃষ্টি অৰ্থাৎ যি মানুহৰ উন্নতি অসম্ভৱ তাৰ পক্ষে নিষ্ফল শুভ লক্ষণ, good signs to a person who is destined not to rise above a miserable life. '''বাপ ঢোৰা-সাপ'''—বিং, ঢোৰা সাপৰ খং বেচি, কিন্তু তাৰ কামোৰত বিষ নাই। ঢোৰা-সাপে কামুৰিলে আন সাপে সেই মানুহক কোনো কালে নাকামোৰে বুলি কয়, কিয়নো ঢোৰা-সাপ সকলো সাপৰ ৰজা। বাপেকে পুতেকক ডবিয়ায় আক কোবায়। যাৰ দ্বাৰা লৰাৰ অমঙ্গল ঘটে, বাপেকে তেনে কাৰ্য্য নকৰে। বাপেকৰ কাৰ্য্যত বিষ অৰ্থাৎ হিংসা-ভাব নাথাকে। এতেকে,—বাহিৰে টান-মুখীয়া কিন্তু ভিতৰে মৰমিয়াল বাপেক, a stern but loving father. '''বাপৰ ধন'''—বিং, বাপেকৰ মৃত্যুৰ পাচত পুতেকে পোৱা বাপেকৰ ধন, পৈত্ৰিক সম্পত্তি, patrimony. '''বাপতি সাহোন'''—বিং, উত্তৰাধিকাৰী-স্বত্বে পোৱা বাপেকৰ ধন সম্পত্তি, ( ‘পিতস্বৰ’ পৰা ‘পিতৃ সাহোন’, আৰু 'পিতৃ সাহোন’ৰ পৰা ‘বাপতি সাহোন’ কথাৰ উৎপত্তি হৈছে , patrimony. '''বাপুৰ গাত বাঢ়নী লগা'''—ক্ৰি, (বাপু=বামুণ। ) বাঢ়নী অশুচি বস্তু। ঠাই সাৰোঁতে বামুণৰ গাত বাঢ়নী লাগিলে, ঠাই সাৰোঁতা মানুহৰ বৰ ডাঙ্গৰ জগৰ লাগে। এতেকে,—ডাঙ্গৰ জগৰ লগোৱা, (বিদ্ৰুপ) to offend highly (used ironically).
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৮
{{rh|বামত|১৯৮|বাৰ}}
'''বামত সাঁতোৰা'''—ক্ৰি, মাটিত হাত ভৰি মেলি চুচৰিলে সাঁতোৰা যেন দেখি। এতেকে,—চুচৰি-বাগৰি ফুৰা, অসীম কষ্টভোগ কৰা, to be afflicted by untold misery. '''বামুণ চাই ভোজনী'''—বিং, বামুণ ডাঙ্গৰ হলে ভোজনী ডাঙ্গৰ হব লাগে, আৰু বামুণ সৰু হলে ভোজনী সৰু হব লাগে। এতেকে,—যথাযোগ্য কাৰ্য্য, an appropriate action. '''বামুণৰ ক'লা'''—বিং, বামুণৰ ভিতৰত সাধাৰণতে ক'লা মানুহ নাথাকে। এতেকে,—বিজতৰীয়া বামুণ, a degenerate Brahmin. '''বামুণৰ জোলোঙ্গা'''—বিং, ‘বামুণ’ শব্দে এই স্থলত দৈৱজ্ঞ বামুণ বুজাইছে। সিহঁতে কান্ধত ডাঙ্গৰ জোলোঙ্গা লৈ গাওঁৱে গাওঁৱে ভোজনী লৈ ফুৰে। এতেকে,—ডাঙ্গৰ জোলোঙ্গা, বহু বস্তু ধৰা পাত্ৰ, a capacious receptacle. '''বামুণৰ বৰুৱা, শূদিৰৰ পঢ়ুৱা'''—বিং, পূৰ্ব্ব-কালত বামুণে বিষয় নলৈছিল, আৰু শূদিৰে নপঢ়িছিল। বামুণৰ ভিতৰত বৰুৱা আৰু শূদিৰৰ ভিতৰত লেখা-পঢ়া জনা মানুহ অসম্ভৱ আছিল। এতেকে,—বিপৰীত কাৰ্য্য, {{SIC|topsyturvydom|topsy turvydom}}. '''বামুণ গঢ়ী'''—বিণ, বামুণী তিৰোতাৰ মুখৰ সাজ দীঘল-চানেকীয়া আৰু নাকৰ আগ জোঙ্গা। এতেকে,—বামুণী তিৰোতাৰ নিচিনা শুৱনী, handsome like a Brahmin girl. '''বামুণে হাল বোৱা'''—ক্ৰি, বামুণে হাল বোৱা হিন্দু ধৰ্ম বিৰুদ্ধ কাৰ্য্য। এতেকে,—অসম্ভৱ কাৰ্য্য ঘটা, the doing of an impossible act. '''বামে নাও চলোৱা'''—ক্ৰি, নাও পানীয়ে দি চলায়, বামে দি নচলায়। এই স্থলত কোৱা হৈছে, যে বামে দিয়েই গাৰ বলেৰে নাও টানি লৈ যায়। এতেকে,—গাৰ বলেৰে অন্যায় কাৰ্য্য কৰা, to do an unjust or improper thing by sheer physical force. '''বাৰ কুৰি'''—বিণ, বহুসংখ্যক, numerous. '''বাৰ জোৰা দিয়া কথা'''—বিং, কাপোৰ ফাটিলে তাপলি জোৰা দিব লাগে। এতেকে,—বাৰটা তাপলি অৰ্থাৎ মিছা জোৰা দিয়া কথা, বহু মিচাৰে সজাই পৰাই কোৱা কথা, a highly exaggerated account. '''বাৰ বঙ্গলুৱা মানুহ'''—বিং, আগৰ দিনত ভাটী ফালৰপৰা অহা সকলো মানুহক
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৯
{{rh|বাৰ|১৯৯|বাহিৰে}}
বঙ্গাল বুলিছিল। এতেকে,— বাৰ ঠাইৰপৰা অহা বাৰ ৰকমৰ বঙ্গলুৱা মানুহ, নানা ঠাইৰপৰা অহা বিদেশী মানুহ, people of various nationalities. '''বাৰ বুৰি'''—বিণ, কুড়িটাই এবুৰি হয়। এতেকে,—একুড়ি, অৰ্থাৎ বহু-সংখ্যক, numerous. '''বাৰ বাহতুৱা মানুহ'''—বিং, [ বাৰ বসতুৱা মানুহ ] বাৰ ঠাইৰপৰা আহি বসতি কৰা মানুহ, যৰে তৰেপৰা আহি থকা নানা প্ৰকাৰ মানুহ, all sorts of people. '''বাৰ ভচহু কথা'''— বিং, বাৰ ৰকমৰ ভচ্-ভচ্-কৰে কোৱা কথা, নানা প্ৰকাৰৰ অলাগতিয়াল কথা a good deal of irrelevant matter. '''বাৰ হাত কেৰেলাৰ তেৰ হাত গুটি হোৱা'''—ক্ৰি, যি {{SIC|কোৰোলাৰ|কেৰেলাৰ}} গছ ডাল বাৰ হাত দীঘল, তাৰ গুটিটো তেৰ হাত দীঘল হোৱা অসম্ভৱ। এতেকে,—অসম্ভৱ ঘটনা হোৱা, the happening of a miraculous event. '''বাৰেওটি কাল, তেৰও যুগ'''— বিং, ( বাৰেওটি কাল == বাৰেওটি মাহ কাল। ) ১২ বছৰে ১ যুগ হয়। ‘তেৰও যুগ’ এই কথাৰ দ্বাৰা ‘বাৰতকৈও বেচি যুগ’ বুজোৱা হৈছে। এতেকে,—চিৰকাল, perpetually, for ever. '''বালিচাহিৰ পৰা গজ হস্তীলৈ'''—ক্ৰি-বিণ. বালিচাহি অতি সৰু, গজ-হস্তী অতি ডাঙ্গৰ। এতেকে,—অতি সৰুৰপৰা অতি ডাঙ্গৰলৈ, from the lowest to the highest. '''বালি ভাত খোৱা'''—ক্ৰি, কোনো আমোদ-উৎসৱত নৈৰ বালিত গৈ ভাত ৰান্ধি খোৱা হয়। এতেকে,— দূৰণি ঠাইলৈ গৈ আমোদ-উৎসৱ কৰা, to make a holiday excursion. '''বাহিৰে ৰং-চং ভিতৰে কোৱা-ভাতুৰি'''—বিং, কোৱা-ভাতুৰিৰ বাহিৰ ফাল দেখিবলৈ ৰং-চঙ্গিয়া, কিন্তু ভিতৰ ফাল অসাৰুৱা। অকল বাহিৰ ফাললৈ চালে, সি যে কোৱা-ভাতুৰিতকৈ ওখ খাপৰ গুটি, এনে ধাৰণা ওপজে কিন্তু সি যে প্ৰকৃততে কোৱা-ভাতুৰি, আন একো নহয়, সেই কথা তাৰ ভিতৰ ফাল চালে বুজিব পৰা যায়। এতেকে,—দেখাত ধুনীয়া কিন্তু প্ৰকৃততে অসাৰুৱা কাৰ্য, মানুহ ইত্যাদি,
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১০
{{rh|বাহিৰে|২০০|বিধতাৰ}}
anything beautiful to look at but possessing no intrinsic value. '''বাহিৰে লটপট ভিতৰে কপট'''—বিং, (লট্ পট্= লেট পেট। ) বাহিৰে লেট-পেট অৰ্থাৎ অতি মিল কিন্তু ভিতৰে কপট ভাব, hostility under cover of friendship. '''বাহু দাঙ্গি কোৱা'''—ক্ৰি, বাহু স্বৰ্গৰ ফালে দাঙ্গি কোৱা অৰ্থাৎ ঈশ্বৰক চিন্তি কোৱা, to speak with all earnestness, to speak confidently. '''বিজুলী-সঞ্চাৰে যোৱা'''—ক্ৰি, বিজুলীৰ সঞ্চালনেৰে অৰ্থাৎ গতিৰে যোৱা, অতি বেগেৰে যোৱা, to travel with a lightening speed. '''বিদা কৰা'''—ক্ৰি, [ বিদ্যা কৰা ] কোনো এটা বিদ্যা জনা বুলি আনক দেখুৱাবৰ অভিপ্ৰায়েৰে কাৰ্য্য কৰা, to make a vain display of knowledge. '''বিদা লগা'''—বিণ, [ বিদ্যা লগা ] কোনো প্ৰকাৰৰ বিদ্যা থকা, যেনে লেখা-পঢ়া বিদ্যা, শিল্প-বিদ্যা ইত্যাদি, qualified in any branch of useful knowledge. '''বিদ্যাই লাগ দিয়া'''—ক্ৰি,( লাগ দিয়া =লগ দিয়া। ) বিদ্যাই লগ পাবলৈ দিয়া, বিদ্যাক খেদি ধৰিব পৰা অৰ্থাৎ বিদ্যাৱন্ত হোৱা, to be endowed with knowledge. '''বিধতাই দিলেও তিৰতাই নিদিয়া'''—ক্ৰি, পূৰ্বজন্মত বিধতাই যাৰ কপালত সৌভাগ্য লিখি দিয়ে, সি হে এই জন্মত সুখী হব পাৰে। এই স্থলত কোৱা হৈছে, যে বিধতাই দিলেও তিৰতাই অৰ্থাৎ নিজৰ ঘৈণীয়ে নিদিয়ে। ঘৰৰ গৰাকি ঘৈণী। কোনো বস্তু ঘৈণীয়ে দিহা-পোহা কৰি দিলে হে তাক পোৱা যায়, নহলে বস্তু ঘৰত থকা স্বত্বেও তাক ভোগ কৰিবলৈ পোৱা নাযায়। এতেকে,—ঘাই গৰাকিৰপৰা কোনো বস্তু পালেও বিলনীয়াই বিলাই নিদিয় , the withholding of a gift of a donor by a person who is appointed to administer it. '''বিধতাৰ খোঁচ'''—বিং, [ বিধতাৰ কলমৰ খোঁচ ] কপালত লিখা বিধিৰ লিখন, ভাগ্যলিপি, destiny.
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১১
{{rh|বিধি-পথালি|২০১|বিৰ}}
'''বিধি-পথালি দিয়া'''—ক্ৰি, বিধিয়ে ( বিধতাই ) পথালি দিয়া অৰ্থাৎ বাট ভেঁটি ধৰা। দৈবে ব্যাঘাত জন্মোৱা, to be confronted with misfortune. '''বিধিৰ লিখন'''—বিং, বিধিয়ে ( বিধতাই) মানুহৰ কপালত সুখ-দুখ আদি বিষয় লিখি দিয়ে বুলি কয়। এতেকে, —ভাগ্য, destiny. '''বিধুতি হোৱ—'''ক্ৰি, ( ধুতি ==ধৌত, শুচি। বিধুতি =অশুচি। ) ঋতুমতী হোৱা, to | be affected with menstruation '''বিনচলৈ ওহৰা'''—ক্ৰি, গাই গৰুৱে প্ৰসৱৰ সময় হলে ওহাৰে অৰ্থাৎ তেতিয়া হে ওহাৰত গাখীৰ গোট খায়। প্ৰসৱৰ পূৰ্ণ-কাল নৌ হওঁতেই যদি তাই ওহাৰে, তেনেহলে পোৱালি বিনচ, বিনষ্ট)হয়। এতেকে,— অসময়ত ঐশ্বৰ্য্য-বিভূতি অমঙ্গলৰ নিমিত্তে হোৱা, to come to possess fortune before proper time which is a sign foreboding evil. '''বিনা-মেঘে বজ্ৰপাত'''—বিং, মেঘ নহলে বজ্ৰপাত নহয়। এই স্থলত, মেঘ নোহো- ৱাকৈ বজ্ৰপাত হয় বোলা হৈছে। বজ্ৰ শবে ‘দুৰ্ঘোৰ বিপদ’ বুজাইছে। এতেকে,—পূৰ্ব্ব-জাননী নোহোৱাকৈ দুৰ্ঘোৰ বিপদ-উদয়, অকস্মাৎ মহাবিপদৰ আৰ্বিভাৱ, the occuring of a great calamity without warning. '''বিপদ মাতি অনা—'''ক্ৰি, যি কাৰ্য্যত নিশ্চিত বিপদ ঘটে তেনে কাৰ্য্য জানি-শুনি কৰা, to invite danger. '''বিবি-বাবা গোৱা'''—ক্ৰি, অস্পষ্ট ভাষা ব্যৱহাৰ কৰা, অৰ্থশূন্য কথা কোৱা, যিহকে- তিহকে বলকা, to talk unintelligibly, to talk nonsense. '''বিয়াৰ পানী পোৱা'''--ক্ৰি, বিয়াত দৰা-কন্যাক পানী তুলি নোৱায়। প্ৰবাদ আছে যে, নোৱনী-পানী পালে মানুহ চিকুণ হয়। এতেকে,—দৰা- কন্যাই বিয়াৰ পাচত চিকুণ হোৱা, the attaining of bloom and vigour by a married couple after wedlock. '''বিৰ দি বাট নোপোৱা'''—ক্ৰি, [ ভিৰ দি বাট নোপোৱা ] বহু প্ৰজা কোনো ঠাইত গোট খালে, তাৰ ভিতৰলৈ সোমাবলৈ বাট পোৱা নাযায়। এই স্থলত কোৱা হৈছে, যে গাৰ ভিৰ দি অৰ্থাৎ গাৰ হেঁচা দি ঠেলিও বাট পোৱা নাযায়। এতেকে,—বহু প্ৰজাৰ সমাগম হোৱা, the collecting of a dense crowd.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১২
{{rh|বিৰিণা|২০২|বীণ-বৰাগী}}
'''বিৰিণা তল'''— - বিং. বছৰৰ আৰম্ভতে মানুহে দৈবজ্ঞক সেই বছৰ পানী কিমান হব বুলি সোধে। দৈবজ্ঞই উত্তৰ দিয়ে ''বিৰিণা তল”। পানী বেচি হলে, বিৰিণা পানীত অদৃশ্য হয়। তেতিয়া দৈজ্ঞই কয় ‘'মই আগৈয়ে ছিলো। বিৰিণা তল হব। ” পানী কম হলে বিৰিণা পানীৰ ওপৰলৈ ওলাই থাকে। তেতিয়া দৈবজ্ঞই কয় “মই আগৈয়ে কৈছিলো বিৰিণাৰ তল হব”। এতেকে,—দ্ব্যৰ্থবোধক কথা, an ambiguous statement. '''বিল লোৱা'''—ক্ৰি , বিল ললে সদাই অলপ-অচৰপ মাছ পাই থকিব পাৰি। বলি নলৈ সৰহ মাছ ললেও সেই এবেলি মাথোন মাছ পোৱা হয়। এতেকে, —খন্তেকীয়া বেচি লাভলৈ নাচাই বাৰ-মহীয়া অলপীয়া লাভলৈ চোৱা, to prefer small but constant gains to large gains obtained only once. '''বিধি হোৱা'''—ক্ৰি. ( বিশুধি == অশুচি। ) ঋতুমতী হোৱা, to be affected with femal menstrual discharge. '''বিষ-দাঁত ভগা'''—ক্ৰি, সাপৰ বিষ দাঁত ভাগিলে সি একো অপকাৰ কৰিব নোৱাৰে। এতেকে, —অপকাৰ কৰিবলৈ শক্তিৰহিত হোৱা, ক্ষমতাহীন হোৱা, to become powerless for mischief. '''বিষম দৈবৰ গতি'''—বিং, দৈব সমভাবে নাযায় অৰ্থাৎ কেতিয়াবা সৰলভাৱে যায় আৰু কেতিয়াবা বেঁকবেঁকি হৈ যায়। এতেকে,—ভাগ্যৰ চঞ্চলতা vicissitudes of fortune. '''বিহ খোৱা'''—-জি বিহ থোৱাৰ তুল্য বিপদ উপস্থিত হোৱা, যেৰ বিপজ্জনক কাৰ্যত হাত দিয়া, to run a great risk. '''বিহ-জলকীয়া-'''—বিং, বিহ-জলকীয়াৰ জাল অতি উগ্ৰ। এতেকে,—অতি উগ্ৰ মানুহ, an exceedingly spirited person. '''বিহুৰ ডেকা'''—-বিং, বিহুৰ সময়ত ডেকা মানুহে বিহু-নাচ পাতে। এতেকে,— ধেমেলীয়া চফল ডেকা, a jovial young man. '''বিহুৱেসংক্ৰান্তিয়ে'''— - ক্ৰি-বিণ, সংক্ৰান্তি মাহেকত এদিন হয়। বিহু বছৰেকত তিনি দিন হয়। এতেকে,—কেতিয়াবা, occasionally. '''বীণ-বৰাগী'''—বিং, বীণ বাই ফুৰা বৰাগী, মগনীয়া, a mendicant, a beggar.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৩
{{rh|বুকু|২০৩|বুটী}}
'''বুকু জুৰোৱা'''——ক্ৰি, মাকে লৰা বুকুত সাবটি ধৰি থাকিলে বুকু জুৰ হয়। এতেকে,—লগত থাকি মনত শান্তি দিয়া, to give the pleasure of fellowship or association. '''বুকু ফিন্দাই যোৱা'''— অহঙ্কাৰী মানুহে বুক ফিন্দাই খোজ কাঢ়ে। এতেকে,— অহঙ্কাৰীভাৱে চলা, to walk haughitly. '''বুকু লৰা''' —বিণ, ( লৰা = কঁপা। ) ভয়াতুৰ মানুহৰ বুকু কঁপে। এতেকে,— ভয়াতুৰ, pusillanimous, chicken-hearted. '''বুকুত কামোৰ মৰা'''—ক্ৰি, বুকুত অৰ্থাৎ মৰ্ম্মস্থানত কামুৰিলে মনুহৰ জীৱনৰ আশঙ্ক হয়। এতেকে,—সাংঘাতিক অপকাৰ কৰা, to do a fatal injury '''বুকুত কুঠাৰ দিলে ‘ক’ নোলোৱা'''—-বিণ, বুকুত কুঠাৰ পাতি যদি কোৱা হয় ‘তই ‘ক’ বোল, নহলে এই কুঠাৰেৰে তোৰ বুকু চিৰিম,” তেনে- হলেও তাৰ মুখৰপৰা ‘ক’ আখৰ উচ্চ'ৰণ নহয়। এতেকে,-- মহামূৰ্খ, extremely dull of perception or understand- ing. '''বুকৰ বান্ধৈ''' —-বিং, ( বান্ধৈ = বান্ধৱ। ) অতি মৰমৰ বন্ধু, a bosom friend. '''বুকুৰ শাল উভলা—'''ক্ৰি, বুকুত শাল মাৰিলে, তাৰ যন্ত্ৰনা নুগুচে। ডাঙ্গৰ সন্তাপ হলেও বুকুৰপৰা নুগুচে। সন্তাপক শালেৰে তুলনা কৰা হৈছে। এতেকে,—বহুকাল-ব্যাপী সন্তাপ হৰণ কৰা, to eradicate a source of continued deep anxiety. '''বুকুৱে ধান বনা'''—ক্ৰি, ধান বানোত ঢেঁকিয়ে ধুপ্ ধুপায়। ভাবৰ উদ্বেগ হলে বুকুৱে ধুপ্-ধুপায়। এতেকে,—শোক, খিয়াল আদি ভাবৰ উদ্বেগত বুকুৱে ধুপ-ধুপোৱা, to be deeply swayed by feelings of grief, jealousy etc. '''বুকুৱে ধিপ্-ধিপোৱা'''— ক্ৰি, বৰকৈ ভয় পালে বুকুৱে ধিপ্ ধিপায়। এতেকে,-- বৰকৈ ভয় পোৱা, to be afraid too much. '''বুটি কোৰত ধৰা'''—ক্ৰি, দুখীয়া মানুহৰ হাল গৰু নাথাকে; কোৰেৰে মাটি চহায়। এই স্থলত ইমান দুখীয়া বোলা হৈছে, যে তাৰ কোৰ- খনো বুটী। এতেকে,—অতি দুখীয়া ব্যৱসায় লোৱা, to lead a
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৪
{{rh|বুঢ়া|২০৪|বুদ্ধি}}
humble life. '''বুঢ়া ডাঙ্গৰীয়া'''— বি, বুঢ়া ডাঙ্গৰীয়া এবিধ দেও। এই দেও বৰ গহীন আৰু মানী। এতেকে,—গহীন আৰু মানী মানুহ, a sober and respectable person. '''বুঢ়া শালিকাই মাত লব নোৱৰা'''—ক্ৰি, শালিকাই পোৱালি হৈ থাকোঁতে হে মানুহৰ মাত শিকিব পাৰে। বুঢ়া শালিকাই মাত লব নোৱাৰে। এতেকে,— বয়স বেচি হলে নতুন কথা শিকিবলৈ অক্ষম হোৱা, to be too far advanced in life to be able to learn | a new thing. '''বুঢ়াৰ কথা শুনি খালত পৰি কেঁকোৱা'''—ক্ৰি, (উপকথা) কোনো ডেকাই বুঢ়াৰ হাক নুশুনি গৈ খালত পৰিল গৈ। পাচত বুঢ়াক দেখি খালৰপৰা তুলিবলৈ বুঢ়াক কেঁকাই কেঁকাই অনুৰোধ কৰিলে। বুঢ়াই তেতিয়া উত্তৰ দিলে—“বুঢ়াৰ কথা নুশুন ডেকা, খালত পৰি কিয় কেঁকা। ” এতেকে,—জনাবুজা মানুহৰ কথা নুশুনি বিপদগ্ৰস্ত হোৱা, to be involved in danger by dis- regarding the warning of competent advisors. '''বুঢ়াৰ হাতত চেঙ্গেলি'''—বিং, চেঙ্গেলি মাছ পিছল বাবে তাক হাতেৰে ধৰি ৰখা টান। বুঢ়া মানুহৰ হাত খহটা-খহটি। বুঢ়াৰ হাতত চেঙ্গেলি পৰিলে সি এৰাই যাব নোৱাৰে। এতেকে,—প্ৰবীণ কাৰ্য্য-কুশল মানুহৰ হাতত ধুৰ্ত্ত মানুহ, a cunning person under the control of a veteran who cannot be hoodwinked. '''বুঢ়ী ঘৈণী-'''-বিং, দ্বিতীয় ঘৈণীৰ বয়স কম আৰু তাই কাম-বন কৰি ফুৰে। প্ৰথম ঘৈণী তেতিয়া বুঢ়ী হয় আৰু তাই বহি থাকি দ্বিতিয় ঘৈণীক হুকুমেৰে চলায়। এতেকে,—মুখেৰে দিহা দিয়া আৰু নিজে কাম- বন নকৰা মাইকী মানুহ, a woman who does no work herself but superintends the work done by others in a household. '''বুদ্ধি থকা বৰা-ধান নথকা'''— ক্ৰি, বৰা-ধানেৰে সান্দহ পিঠা আদি জলপান কৰা হয়। এইবিলাক জলপান কৰিবলৈ বুদ্ধি লাগে। যদি বৰা-ধান যুগুত নাথাকে, তেনেহলে জলপান প্ৰস্তুত কৰিবৰ নিয়ম-প্ৰণালী জনাৰ
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৫
{{rh|বুদ্ধিৰ|২০৫|বৃহস্পতি}}
আৱশ্যকতা নাই। এতেকে, —সজুলি নাথাকিলে জ্ঞানৰ আৱশ্যকতা নথকা, the coming of knowledge to no purpose if there be no material to work upon. '''বুদ্ধিৰ ফোঁপ চুঙ্গা''' —বিণ, (ফোঁপ-চুঙ্গা = ফোঁপাল অৰ্থাৎ গাঁথি নোহোৱা চুঙ্গা। ) ফোঁপাল চুঙ্গাত গাখীৰ বা পানী নৰয়, ওলাই যায়। এতেকে,— বুদ্ধি-পাত্ৰত বুদ্ধি নোৰোৱা মানুহ, মুৰ্খ মানুহ, a stupid person. '''বুব্-বাবা কৰা'''— ক্ৰি, বৰলোকৰ কলঙ্ক উলিয়াবলৈ কোনোৱে সাহ নকৰে। তেনে স্থলত প্ৰথমতে ইটোৱে সিটোৱে ‘বুবু-বাবা’ অৰ্থাৎ অস্পষ্টভাবে কোৱা-কুই কৰে। এতেকে,--কণা-কণিকৈ কলঙ্ক প্ৰচাৰ কৰা, to spread a scandal by secret insinuation. '''বুবু বুলি বোপাই বোলা''' —ক্ৰি,মাত ফুটিবলৈ ধৰোঁতে লৰাই প্ৰথমে ‘বু’ ‘বু’ কৰে। তাৰ পাচত হে ‘বোপাই’ শব্দ উচ্চাৰণ কৰিব পাৰে। এতেকে,—কোনো কাম ক্ৰমশঃ অভ্যাসৰ দ্বাৰা সিদ্ধি কৰা, to be able to do anything by learning it from the beginning by slow degree. '''বুৰে পতি সেলুক নোপোৱা'''—ক্ৰি, পানীত সেলুক থাকে। বুৰ মাৰি পানীৰ তলৰপৰা সেলুক অনা হয়। কিন্তু প্ৰতি বুৰতে সেলুক পোৱা নাযায়। এতেকে,—প্ৰত্যেক চেষ্টাতে লাভ নোপোৱা, not to expect success at every attempt. '''বুলিব জানিলে মজিয়াই দেৰ পৰৰ বাট হোৱা'''--ক্ৰি, খোজ কাঢ়িব জানিলে মজি- য়ালৈ ভাত খাবলৈ যাওঁতেই দেৰ পৰ অৰ্থাৎ বহু সময় নিয়াব পাৰি। নতুনকৈ বিয়া কৰি অনা ছোৱালীয়ে মজিয়ালৈ যাওঁতে ইমান লাহে লাহে যায়, যে মজিয়ালৈ যাওঁতেই বহু সময় লাগে। সেই কথাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে--কোনো কাৰ্যৰ নিয়ম- প্ৰণালী জানিলে বেয়া হলেও তাক ভাল বুজাব পাৰি, to be able to show a work in bright colours although it is bad in itself provided one knows how to do it in the proper way. '''বৃহস্পতি পোন হোৱা'''—ক্ৰি, (জ্যোতিষীয়া প্ৰয়োগ) বৃহস্পতি সন্মুখীন হলে
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৬
{{rh|বেঙ্গে|২০৬|বেজীৰ}}
সৌভাগ্য বুজায়। এতেকে,—ভাগ্যোদয় হোৱা, the rising of fortune. '''বেঙ্গে ওঁঠাৰখন পাম কৰা—'''ক্ৰি, বেঙ্গৰ ঘাই ঘৰ এঠাইত আছে, কিন্তু তাৰ পাম ওঁঠাৰ ঠাইত আছে বোলা হৈছে। দুখীয়া মানুহক বেঙ্গেৰে তুলনা কৰা হৈছে। যি মানুহৰ ঘাই ঘৰ চলাবৰ শক্তি নাই, সেই মানুহে ওঁঠাৰখন ঠাইত ওঁঠাৰখন পাম পাতে, এই ভাব বুজোৱা হৈছে। এতেকে,—দুখীয়া মানুহে বহুল কাৰবাৰ কৰা, to engage in an extensive business although a poor man. '''বেঙ্গো ওলোৱা সাপেও দেখা'''—ক্ৰি, বেঙ্গেও সাপ আছে বুলি নাজানে আৰু সাপেও বেঙ্গ ওলাব বুলি গম নাপায়। কিন্তু যি সময়তে বেঙ্গ ওলায়, ঠিক সেই সময়তে সাপে তাক দেখা পায়। এতেকে,—দৈববশতঃ শত্ৰুৰে দেখাদেখি হোৱা, to meet an enemy accidentally. '''বেঙ্গেনা গছত হাঁকূটি লগোৱা'''—বিণ, বেঙ্গেনা গছ নিচেই সৰু। বেঙ্গেনা হাতেৰে ছিঙ্গি অনা হয়। এই স্থলত, মানুহটো ইমান একণিমান বোলা হৈছে, যে সি হাকূটি লগাই হে বেঙ্গেনা পাৰিব পাৰে। এতেকে,— নিচেই কঁটিয়া, pygmean, dwarfish. '''বেজী সিওঁ সিওঁ কৰা—'''ক্ৰি, (লৰা-ধেমালি ) এটা লৰাই বেজী সিওঁ সিওঁ বোলে, আন এটাই ‘নিসিবা নিসিবা” বোলে। বেজী লৈ কাপোৰ সিবলৈ বিচাৰি ফুৰে বোলা হৈছে। এতেকে,—সকলো কাৰ্য্যতে আগুৱান হৈ ফুৰা, to push on, to press forward. '''বেজীৰ আগেৰে খোৱা''' —ক্ৰি, বেজীৰ আগেৰে এটা এটা কৰি কোনো বস্তু খুচি খালে নিচেই তাকৰকৈ খাব পৰা যায়। এতেকে,—নিচেই তাকৰ- কৈ খোৱা, to eat too little. '''বেজীৰ জলা মনা, কুঠাৰৰ জল নমনা'''—ক্ৰি, বেজীৰ জলা একণিমান, কুঠাৰৰ জলা ডাঙ্গৰ। ডাঙ্গৰ জলা তৎক্ষণাৎ মনিব পৰা যায়, কিন্তু একণিমান জলা মনিবলৈ টান। এই স্থলত ওলোটাই কোৱা হৈছে, যে একণি- মান জলা মনিব পাৰে, কিন্তু ডাঙ্গৰ জলা মনিব নোৱাৰে। এতেকে,— সৰু কথালৈ গম কৰা কিন্তু ডাঙ্গৰ কথালৈও গম নকৰা, to take in- to account trifling details disregarding even impor- tant broad facts.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৭
{{rh|বেটিৰ|২০৭|বেলাৰ}}
'''বেটীৰ খং বাঢ়নীত সৰা''' —গিৰিহঁতৰ খং হলে বেটকী কীলায়। বেটীৰ খং হলে তাই গিৰিহঁতক কীলাব নোৱাৰে বাবে বাঢ়নী তাঁৰৰ দোষ ধৰি তাকে ঠেকেচ্-নেকেচ, কৰে। গিৰিহঁতলৈ যি খং হয়, সেই খং গিৰিহঁতত সাৰিব নোৱাৰি বাঢ়নীত সাৰে। এতেকে,—পৰাক্ৰমী মানুহৰ প্ৰতি ওপজা খং বল-শক্তিহীন মানুহৰ ওপৰত সৰা, to take revenge on a weak innocent person for an offence done by a person who is too powerful. '''বেটীৰ গোন্ধ-তেল'''—বিং, তিৰোতাৰ গোন্ধ-তেল পুৰুষৰ মনোৰঞ্জনৰ নিমিত্তে। কিন্তু বেটীৰ গোন্ধ-তেলৰ আৱশ্যকতা নাই, কিয়নো বেটী অস্পৃশ্য ঘৃণীত মানুহৰ শ্ৰেণীভুক্ত। এতেকে,—ঘৃণীত মানুহৰ লাহ- বিলাহ, coquetry of a hateful girl. '''বেটীয়ে গোন্ধ-তেল পোৱা''' —ক্ৰি, বেটী ঘৃণীত শ্ৰেণীৰ মানুহ। তাই গোন্ধ- তেল ঘঁহিলে সাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে। এতেকে,— স্বভাৱতে যি মানুহ ঘৃণীত সেই মানুহে কৃত্ৰিম উপায়েৰে সুৰ চাবলৈ যত্ন কৰা, to attempt to beautify a person which is naturally ugly. '''বেতনীত ঔ পৰিলে বাসুদেবায় নমঃ বোলা'''—ক্ৰি, ঔ-টেঙ্গা সৰুৱাই দিলে যদি বেতনীত পৰে, তেনেহলে কি আনিব পৰা নাযায়। তেতিয়া সেই টেঙ্গা “বাসুদেবায় নমঃ” বুলি ঈশ্বৰৰ চৰণত অৰ্পণ কৰা হয়। এতেকে,—কোনো কাৰ্য্য কৰিব নোৱাৰিলে ইচ্ছাপূৰ্ব্বক মহৎ উদ্দে- শ্যেৰে সেই কাৰ্য্য কৰিবলৈ এৰি দিয়া বোলা, to fail to do a thing and then attribute the failure not to incapacity but to concession inspired by the noblest motive. '''বেদৰ বাণী'''—বিং হিন্দুমতে বেদ অভ্ৰান্ত। এতেকে,—অভ্ৰান্তসত্য, Gospel truth. '''বেন্দা বন'''— বিং , [ বান্দা বন ] বন্দীয়ে কৰা বন, জঘন্য কাম, drudgery, hard work in servile occupation, ignoble toil. '''বেল পৰিমানে'''—ক্ৰি-বিণ, বেল ডাঙ্গৰ ফল। এতেকে,—ডাঙ্গৰ পৰিমাণে, অধিককৈ, in large measure, greatly. '''বেলাৰ বেলি'''— বিং( বেলা=পুৱা, দুপৰীয়া আদি। বেলি=সময়। ) যথোপ-
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৮
{{rh|বেলিয়ে|২০৮|বৈতৰণী}}
যুক্ত সময়, proper time '''বেলিয়ে আঁটে মানে কাঁচিয়ে কাটে মানে'''—ক্ৰি-বিণ, যেতিয়ালৈকে বেলি মাৰ নাযায় আৰু যেতিয়ালৈকে কাঁচিৰ চোক নাইকিয়া নহয়, তেতিয়ালৈকে দাৱনীয়ে পথাৰত ধান দাই থাকে। এতেকে,—সাধ্যমতে, with utmost power. '''বেশ্যা তিৰীৰ একাদশী''' —বিং, একাদশী তিথতি উপবাস কৰিলে পুণ্য হয়। কিন্তু যি তিৰোতাই বেশ্যাবৃত্তি কৰে তাইৰ উপবাস নিষ্ফল। পাপবৃত্তি মানুৰ পক্ষে শাস্ত্ৰ বিহিত নিয়ম-পালন নিষ্ফল, এই ভাব বুজোৱ হৈছে। এতেকে,—স্বভাৱতে নিষ্ফল কাৰ্য, anything which is naturally fruitless. '''বৈকুণ্ঠতো ফাঁপৰে খোৱা থকা'''—ক্ৰি, ‘ফাঁপৰে খোৱা' এবিধ ছালৰ ৰোগ। এই ৰোগত মাখি-ছাল ছিগি মানুহটো ফঁপৰীয়া হৈ দেখিবলৈ কুৎসিৎ হয়। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নাথাকিলে এই ৰোগৰ উৎপত্তি হয়। বৈকুণ্ঠত স্বয়ং পৰমেশ্বৰ থাকে। তাত অনাচাৰী থাকিব নোৱাৰে। এই স্থলত কোৱা হৈছে, যে বৈকুণ্ঠতো ফাঁপৰে খোৱা আছে। এতেকে,—পবিত্ৰ স্থানতো অপবিত্ৰ মানুহ থকা, to reside in a holy place although a wicked man. '''বৈকুণ্ঠৰ বোন্দা'''—বিং, বোন্দাই মানুহৰ মাছ চুৰ কৰে। যি মানুহে অন্যায় আচৰণ কৰে, তাক বোন্দাৰে তুলনা কৰা হৈছে। বৈকুণ্ঠৰ নিচিনা পবিত্ৰ ঠাইতো যি অন্যায় আচৰণ কৰে, সি অৱশ্যে দুৰ্ঘোৰ অপৰাধী। এতেকে,--দুৰ্ঘোৰ অপৰাধী, a hopelessly fallen person, a sinful person who is irretrievally lost. '''বৈচৰ গৰু'''— বিং, [ বৈ চহৰ গৰু] হাল বৈ চহ কৰা গৰু, যাৰ দ্বাৰা খেতি কৰা হৈছে তেনে গৰু। তাৰপৰা,—সংসাৰ-ক্লিষ্ট মানুহ, বিষয়- জৰ্জ্জৰিত মানুহ, a mature bullock used in the plough; hence, a worldling, a toiler. '''বৈতৰণী পাৰ হোৱা''' —ক্ৰি, পৰলোকলৈ যাওঁতে বৈতৰণী নৈ পাৰ হৈ যাব লাগে। এই নৈৰ সোঁত অতি কোবাল বাবে ইয়াত পাৰ হোৱা কঠিন কাৰ্য্য। এতেকে,—কোনো টান কাৰ্য্য সিদ্ধি কৰা, to accomplish a difficult undertaking.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৯
{{rh|বোন্দা|২০৯|বাংবিং}}
২৭
'''বোন্দা চৰ'''—বিং, দুটা বোন্দা মেকুৰীয়ে যুঁজ লাগিলে ইটোৱে সিটোৱে টানকৈ চৰিয়াচৰি কৰে। এতেকে,—টান চৰ a severe slap on the face. '''বোন্দা ঠেকেচা দিয়া''' —ক্ৰি,বোন্দা মেকুৰীয়ে মাছ চুৰ কৰিলে, গিৰিহঁতে ধৰি তাৰ মুখখন মাটিত থেকেচে অৰ্থাৎ যিখন মুখেৰে সি মাছ খাইছিল, সেই- খন মুখকে শাস্তি দিয়ে। এতেকে, উপযুক্ত দণ্ড দিয়া, to punish a person severely according to his desert. '''বোন্দা পৰ দিয়া'''— ক্ৰি, বোন্দা মেকুৰীয়ে নিগনি ধৰিবলৈ পৰ দিয়ে, অৰ্থাৎ পষেক বেলি ৰৈ থাকে। এতেকে,—বহু কাল ৰৈ থকা, to wait too long. '''বোপা-ককাৰ দিনৰ সজ'''— বিং, ( বোপা-ককা=বোপাই-ককা। ) পূৰ্ব্ব-কালৰপৰা প্ৰচলিত ৰীতি। ('সজ’ শব্দ ‘সহজ শব্দৰ সঙ্কোচন। সহজ = শৰীৰৰ 'সহ’ জাত অৰ্থাৎ জন্মগত। এই শব্দে ‘অভ্যাস’ 'ৰীতি’ ইত্যাদি অৰ্থ বুজায়। ), ancestral custom. '''বোপা-ককাৰ ৰীতি''' —বিং, বোপাই আৰু ককাৰ ৰীতি, অৰ্থাৎ পুৰুষানুক্ৰমিক চলিত ৰীতি, an ancestral custom. '''বোলা বচন নেৰা'''—ক্ৰি, এদিন যি বচন বোলা হয় তাক প্ৰত্যাহাৰ নকৰা, not to withdraw a word once spoken. '''বৌৱে পতা বৰা'''— বিং, আহোম ৰজাৰ দিনত কুৰিটা পাইকৰ ওপৰত ধৰা বিষয়া আছিল। কোনো ডাঙ্গৰ ৰাজ-বিষয়াই হে বৰা পতিব পাৰিছিল। এই স্থলত কোৱা হৈছে, যে নিজৰ বৌৱেকে বৰা পাতিছে। এতেক,—আন মানুহে নমনা নিজে ডাঙ্গৰ বুলি ফুৰা মানুহ, a self- styled leader. '''বংশত পদ্মফুল ফুলা'''— ক্ৰি, পদ্মফুল ফুলিলে গোটেই সৰোবৰ উজ্জ্বল হয়। কোনো বংশত মহাত্মা পুৰুষৰ আবিৰ্ভাৱ হলে, সেইবংশৰ গোটেই বংশ উজ্জ্বল হয়। এতেকে,— বংশত মহাত্মা পুৰুষ আবিৰ্ভূত হোৱা, the flourishing of a great person in a family. '''বাং বাং বিং বিং কৰা''' —ক্ৰি, [ “বিবি বাবা গোৱা” চোৱা। ] '''বাংবিং কথা কোৱা'''—ক্ৰি, অৰ্থপূৰ্ণ কথা কোৱা, বলকা, to talk incoher- ently, to rare. nay, or,
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২০
{{rh|বাং|২১০|ভকত}}
'''বাং বুটলি ফুৰা'''— ক্ৰি, ( বাংকৰা বুটলি ফুৰা ] যলৈ তলৈ গৈ বাংকৰা কথা শুনি ফুৰা, ঘৰে ঘৰে গৈ মিছা গল্প পাতি ফুৰা, অবাবত কাল হৰণ কৰা, to spend time in useless gossipings. '''বিংবিং বাংবাং কৰা''' —ক্ৰি, [ “বিবি-বাবা গোৱা” চোৱা। ] '''ব্ৰহ্ম-আকাল'''— বিং, দেৱতা সকলৰ ভিতৰত ব্ৰহ্মা ডাঙ্গৰ। এতেকে,— ডাঙ্গৰ আকাল, a great famine. '''ব্ৰহ্মাস্ত্ৰ মৰা'''—ক্ৰি, ব্ৰহ্মাই দান কৰা তেজোময় অস্ত্ৰ নিক্ষেপ কৰে বোলা হৈছে। ব্ৰহ্মাস্ত্ৰ নিষ্ফল নহয়। যাৰ প্ৰতি এই অস্ত্ৰ সন্ধান কৰা হয়, সেই শত্ৰুব পতন অনিবাৰ্য্য। এতেকে,—শত্ৰুৰ প্ৰতি মাৰঘাত আচৰণ কৰা, to do a fatal injury to an enemy. {{center|⸻⸺}} {{center|{{X-larger|ভ। }}}} '''ভেঁটি উছন হোৱা'''—ক্ৰি, গোটেই পৰিয়াল মৰি-হাজি অন্ত পৰি স্থানান্তৰ হোৱা, to suffer wholesale bereavements and then to leave the ancestral home. '''ভেটিত তিতালাও গজা'''— ক্ৰি, এৰা ভেঁটিত গহৰা লাও-গছ গজে। তেনেকুৱা গছৰ লাও তিতা হয়। [ “ভেটি উছন হোৱা” চোৱাঁ। ] '''ভেটিত হুদু পৰা'''—ক্ৰি, এৰা ভেটিৰ গছত হুদু পৰে। মানুহ থকা বাৰীত হুদু নপৰে। ["ভেঁটি উছন হোৱা” চোৱাঁ। ] '''ভকত নাভাগি দায় ভগা''' —ক্ৰি, 'ভগা’ ক্ৰিয়াৰ খেল বুজোৱা হৈছে। প্ৰথম ‘ভগা’= লগ এৰা। দ্বিতীয় ‘ভগা’=ক্ষালন' হোৱা। ভকতে দায় লগালে গোঁসায়ে দায় ভাঙ্গি শুদ্ধ কৰি তাক পুণৰ গ্ৰহণ কৰে, সি গোঁসাইক এৰি নিদিয়ে। এতেকে,—জগৰ লাগিল স্থানান্তৰিত নহৈ উপযুক্ত দণ্ড দি পূৰ্ব্বাৱস্থা পোৱা, to receive punishment for
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২১
{{rh|ভগা|২১১|ভগৱন্ত}}
an offence and be taken back into society instead of refusing to receive punishment and enouncing the society. '''ভগা সবাহত ৰাগ দিয়া'''—ক্ৰি, সবাহ ভগাৰ পিচত ৰাগ দিয়া অৰ্থাৎ সুৰ ধৰি কীৰ্ত্তন কৰা নিস্প্ৰয়োজন। এতেকে,—সময় অতীত হৈ যোৱাৰ পিচত কোনো কাৰ্য্য কৰিবলৈ ধৰা, আলম-বিলমকৈ কাৰ্য্য কৰা, to do a thing at the eleventh hour. '''ভতৰা'''—বিং, নবন্ধোৱা গৰুক ভতৰা বোলা যায়। বলী আৰু দুষ্ট মানুহক ভতৰা গৰুৰে তুলনা কৰা হৈছে। এতেকে,—বলী আৰু দুষ্ট মানুহ, a naughty young fellow. '''ভতৰাৰ যুঁজ'''—বিং, দুটা ভতৰা গৰুৰ যুঁজ ডাঙ্গৰ হয়। বলী মানুহক ভতৰাৰে তুলনা কৰা হৈছে। এতেকে,—ডাঙ্গৰ যুঁজ, an obstinate duel. '''ভদীয়া লৰা'''—বিং, ধানখেতি আহাৰ আৰু শাওণ মাহত কৰা হয়। ভাদত কৰা খেতি ভাল নহয়। এতেকে,—বুঢ়া-কালত ওপজা লৰা, দুৰ্ব্বল মগজুৰ নুমলীয়া লৰা, a child born to a father in his old age, the youngest child who is found to possess a weak intellect. '''ভমকৰ তালি''' —বিং , (ভমক=খঙ্গৰ ভমক। তালি=তাল বজোৱা শব্দ। ) খঙ্গৰ প্ৰকোপ, a sudden outburst of anger. '''ভয়ত অত্ৰাহি—'''বিণ, [ ভয়ত অৱত্ৰাহি ] ভয় পালে ‘হে ঈশ্বৰ পৰিত্ৰাণ কৰাঁ’ এই বুলি প্ৰাৰ্থনা জনোৱা হয়। এতেকে,--ভয়ত বিহ্বল, terror-strick- en, appalled. '''ভয়ত বনৰ বাঘ কঁপা'''—ক্ৰি, ইমান ভয় কৰে বোলা হৈছে, যে মানুহ যে কঁপেই, বনৰ বাঘ পৰ্য্যন্ত কঁপে। বাঘৰ ভয়ত মানুহ কঁপে। এই স্থলত সেই ভাব ওলোটাই, মানুহৰ ভয়ত বাঘ কঁপে বোলা হৈছে। এতেকে,—অতিৰিক্ত ভয় পোৱা, to be terribly afraid of. '''ভয়ত ভগৱন্ত পলোৱা—'''ক্ৰি, শ্ৰীকৃষ্ণে লৰাকালত যশোদাক কেতিয়াবা আমনি কৰিছিল। যশোই কোবাব খুজিলে শ্ৰীকৃষ্ণে ভয়ত পলাই ফুৰে। পৰিণত বয়সতো শ্ৰীকৃষ্ণে জৰাসন্ধৰ ভয়ত বহুবাৰ পলাই গৈছিল। হিন্দুমতে কৃষ্ণ স্বয়ং ভগৱন্ত আহিল। এতেকে,—ডাঙ্গৰ হলেও
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২২
{{rh|ভৰি|২১২|ভৰিৰ}}
ভয়ৰ অধীন হোৱা, to be moved by ear however great one may be. '''ভৰি চেলেকা'''—ক্ৰি, ভৰিত ধৰি প্ৰণাম কৰা হয়। এই স্থলত ইমানকৈ খোচা- মোদ কৰে বোলা হৈছে, যে হাতেৰে নধৰি মুখেৰে চেলেকে। এতেকে,—নীচালি খোচামোদ কৰা, জঘন্যভাৱে বশ্যতা স্বীকাৰ কৰা, to flatter servilely, to submit meanly. '''ভৰি দঙ্গা'''—ক্ৰি, লথিয়াওতে ভৰি দঙ্গ যায়। এতেকে,—লথিয়াবলৈ উদ্যোগ কৰা, to attempt to kick '''ভৰি নচুৱাই থকা'''—ক্ৰি, কাম-কাজ নোহোৱা মানুহে ভৰি জোকাৰি থাকে। এতেকে,—ধেমালিত কাল নিওৱা, to waste time in idleness. '''ভৰি মাৰি যোৱা'''—ক্ৰি, (মাৰি=মাৰ নিয়াই। ভৰি= ভৰিৰ মাত। ) নিশবদে যোৱা, চোৰাংকৈ যোৱা, to walk stealthily. '''ভৰি-হাত ধোৱা'''—ক্ৰি, শোচলৈ গলে ভৰি-হাত ধোৱা হয়। এতেকে,—শোচা- চাৰ কৰা, to evacuate the bowels. '''ভৰিত তেল ঘঁহা'''—ক্ৰি, বৰলোকৰ ভৰিত গোলামে তেল ঘঁহি দিয়ে। এতেকে,—নীচালিভাৱে খোচামোদ কৰা, to flatter merely to cringe. '''ভৰিত তেল টেঙ্গা ঘঁহা'''—ক্ৰি, ভৰি চিকুণ কৰিবৰ নিমিত্তে তেল আৰু টেঙ্গা ঘঁহা হয়। এতেকে,—পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা, to be neat and tidy. '''ভৰিত ধৰা'''—ক্ৰি, ভৰিত ধৰি প্ৰণাম জনোৱা হয়। এতেকে,—সম্পূৰ্ণ বশ্যতা স্বীকাৰ কৰা, সমূলি সেও হোৱা, to own complete allegi ance, to submit unconditionally. '''ভৰিৰ আঙ্গুলীৰে টিপা মাৰি ৰোৱা'''—ক্ৰি, হাতৰ আঙ্গুলী নলগোৱাকৈ ভৰিৰ আঙ্গুলীৰে টিপা মাৰি পুলি ৰুব পৰা যায়। সেইবিলাক নিচেই ইতৰ শ্ৰেণীৰ পুলি আৰু তাক যেনে তেনে প্ৰকাৰেৰে গোজা মাৰি থলেই জীয়ে। সেই{{বঙালী ৰ}}ুপে বৰলোকে কায়-ক্লেশ নকৰাকৈ অনায়াসে ইতৰ মানুহক জীবিকা দিব পাৰে। এতেকে,—এফেৰি মাথোন মন-কাণ কৰি কোনো এটা জীবিকাৰ উপায় দিয়া, to provide a person with a means of livelihood by only a very
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৩
{{rh|ভৰিৰ|২১৩|ভাত-ঘৰ}}
slight effort. '''ভৰি ধূলি—'''বিং, মানুহৰ সকলো অঙ্গৰ ভিতৰত কৰি নীচ। ভৰৰি ভিতৰত তলুৱা নীচ। পদাৰ্থৰ ভিতৰত ধূলি নীচ। তেনেকুৱা ভৰি তলুৱাত লাগি থকা তেনেকুৱা ধূলি, এই ভাব বুজোৱা হৈছে। নগণ্য মানুহেৰে সৈতে ভৰৰি ধূলিক তুলনা কৰা হৈছে। এতেকে,— নগণ্য মানুহ, an insignificant person. '''ভৰিৰে ৰোৱা'''—ক্ৰি, [ 'ভৰিৰ আঙ্গুলীৰে টিপা মাৰি ৰোৱা’ চোৱাঁ। '''ভলুকা গজালি—'''বিং, ভলুকাৰ গজালি দপ্ দপ্ কৰে ওপৰলৈ বাঢ়ি যায়। এতেকে,— দোপত দোপে বাঢ়ি যোৱা মানুহ, a promising man. '''ভাই-মোহা ধন'''—বিং, ভায়েকক লুটি পোৱা ধন। ( মোহা, এই ক্ৰিয়া সংস্কৃত ‘মূষ,’ ধাতুৰপৰা ওলাইছে। মূষ্-লুণ্ঠন কৰা, যেনে মূষিক। ), money obtained by defrauding one's own brother. '''ভাঙ্গি আনি ছিঙ্গি খোৱা'''—ক্ৰি, কোনো বস্তু ভাঙ্গি আনি খাব পৰাকৈ সৰু কৰি ছিঙ্গি খোৱা , ধাঁহি-মুহি খোৱা, to live wastefully. '''ভাত-কাপোৰীয়া চাকৰ'''— বিং , কাম কৰা বাবে গিৰিহঁতৰপৰা খাবলৈ আৰু পিন্ধিবলৈ পায় কিন্তু দৰমহা নাপায় এনে চাকৰ, a servant who gets only food and clothing but no wages for his labour. '''ভাত খাবলৈ দিলে আঙ্গুলী খাবলৈ দিব নোৱৰা'''—ক্ৰি, হাতেৰে ভাত খুৱাই দিওঁতে গৰাহৰ লগত আঙ্গুলীৰ আগো খাওঁতাৰ মুখৰ ভিতৰলৈ সোমায়। কিন্তু খাওঁতাক ভাত খাবলৈ হে অধিকাৰ দিয়া হয়, লগতে আঙ্গুলী খাবলৈ তেওঁ অধিকাৰ নাপায়। (ভাত=জীবিকাৰ প্ৰধান উপায়। ) এতেকে,—জীবিকাৰ এখন উপায় কৰি দিয়াৰ নিমিত্তে সেই মানুহক সেই জীবিকাৰে সৈতে পোনে পোনে সম্পৰ্ক নথকা অন্যান্য বহুমূলীয় অধিকাৰ দিবলৈ অক্ষম হোৱা, not to be able to grant all demands not directly connected with a certain demand which has been granted. '''ভাত খোৱা জ্বৰ'''—বিং, কুঁহকুঁহীয়া জ্বৰ তপত ভাত খালে ভাল হয়। এতেকে,— কুঁহকুঁহীয়া জ্বৰ, a very slight fever. '''ভাত ঘৰ—'''বিং [ ভাত খোৱা ঘৰ ] যাৰ ঘৰত যেতিয়াই তেতিয়াই ভাত খোৱা
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৪
{{rh|ভাত|২১৪|ভালৰ}}
যায় সেই মানুহৰ ঘৰ, সততে অহা যোৱা কৰা মানুহৰ ঘৰ, অতি মিত্ৰ লোকৰ ঘৰ, a favourite place of resort. '''ভাত জাৰ'''—বিং, ভাত খোৱাৰ পিচৰ জাৰ, a slight sensation of chilli- ness due to eating a meal of boiled rice. '''ভাতত পুতি খোৱা'''—বিণ, [ ভাতত পুতি উলিয়াই খোৱা ] আলু কচু আদি বস্তু ভাতৰ লগত সিজাই কাঁহীৰ কোষত পিটিকা কৰি খোৱা হয়। সেই বিলাক বস্তু নিচেই সৰু আৰু ভাত বাঢ়ি দিওঁতে ভাতৰ মাজত পোতা থাকে। এই স্থলত কোনো মানুহ ইমান সৰু বোলা হৈছে, যে তাক ভাতত পুতি লৈ তাৰপৰা পিচত উলিয়াই খাব পৰা যায়। এতেকে,- - নিচেই সৰু, একণিমান। (মৰমৰ মাত ) tiny. slender (a term of endearment). '''ভাতে হেঁচা মানুহ'''—বিং, অতিৰিক্ত ভাত খালে ভাতে মানুহক তললৈ হেঁচি ধৰে অৰ্থাৎ মানুহক বাঢ়িবলৈ নিদিয়ে। এতেকে,—অতিৰিক্ত ভাত খোৱা কঁটিয়া মানুহ। তাৰপৰা—স্থুল বিষয়ত লিপ্ত থকা অপৰিষ্ফুট বুদ্ধিযুক্ত মানুহ, a person of stunted growth due to over-eating; hence, a person of undevelop- ed intellect due to employment in the gross affairs of the world. '''ভামহীয়া কাউৰী'''—বিং, ভাদ মাহত কাউৰী-পোৱালি বাহৰপৰা ওলাই খাদ্যৰ নিমিত্তে কোঢ়াল কৰে। ডাঙ্গৰ কাউৰীয়ে উমনিৰপৰা উঠি ভোকত কল-মলাই চিঞৰি ফুৰে। এতেকে,—ভাদ-মহীয়া কাউৰীৰ নিচিনাকৈ হাই-উৰুমি কৰি ফুৰা মানুহ, a noisy fellow. '''ভাদত কলী গৰু জগা'''—ক্ৰি, ভাদত কলী গৰু জগা অমঙ্গলীয়া ঘটনা বুলি সাধাৰণ মানুহে বিশ্বাস কৰে। এতেকে,—কোনো কাৰ্য্য অমঙ্গলীয়া-স্বৰূপ হোৱা, the happening of an inauspicious event. '''ভাল বোলাতে ভলি যোৱা'''—ক্ৰি; (ভলি যোৱা =ভাঁজ লোৱা। ) শলাগনি পাই নষ্ট হোৱা, to be ruined by over-praise. '''ভাল হোৱা''' —ক্ৰি, [ গৰ্ভৱতী তিৰোতা ভাল হোৱা ] প্ৰসৱ হোৱা, to be delivered of a child. '''ভালৰ ভাল'''—বিণ, [ ভালৰ ভিতৰত ভাল ] আটাইতকৈ ভাল, best.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৫
{{rh|ভালৰ|২১৫|ভাৱেৰে}}
'''ভালৰ ভাল হোৱা'''—ক্ৰি, স্বভাৱতে যি ভাল মানুহ তাৰ ভাল অৰ্থাৎ মঙ্গল হোৱা the coming of good things to a good man. '''ভালৰ মূৰত'''—-ক্ৰি-বিণ, ( মূৰ =ওপৰ। ) ভাল কথাৰ ওপৰত, ভাল কথাৰ নিমিত্তে। (বিদ্ৰূপাৰ্থত ব্যবহৃত হয়), in consequence of thing being good, suitable, appropriate ( used ironically). '''ভালে বেয়াই'''—ক্ৰি-বিণ, আধা ভাল আ{{বঙালী ৰ}}ু আধা বেয়া এইভাৱে অৰ্থাৎ অসম্পূৰ্ন- ভাৱে, imperfectly. '''ভালক বুলি কোৱা'''—ক্ৰি, [ ভাল হক বুলি কোৱা ] ভালৰ নিমিত্তে অৰ্থাৎ মঙ্গলৰ অৰ্থে কোৱা, to speak with the best or intention. '''ভালৰি বোলোৱা'''—ক্ৰি, [ ভাল কৰিলি বোলোৱা ] এজন মানুহে আন এজন মানুহৰ অনুকুল হৈ কৰা কাৰ্য্য তাক জনালে সি ‘ভাল কৰিলি’ বুলি শলাগ লয়। এতেকে,—কোনো মানুহক প্ৰিয়কথা জনাই তাৰ শলাগণি পোৱা, to gain one's praise by flattery. '''ভালুকি নাচ'''—বিং, ভালুকে জপংজপং কৈ নাচে। এতেকে,—এলাগী নাচ, a grotesque, clumsy or odd dance. '''ভালুক জ্বৰ'''—বিং, ভালুকৰ জাৰ বেচি। সি জাৰত কেতিয়াবা থক্ থক-কৰে কঁপি থাকে। তাকে মানুহে ভালুক জ্বৰ বোলে। এতেকে,—ডাঙ্গৰ কঁপনী জ্বৰ, severe ague. '''ভাৱনাৰ চো'''—বিং, ভাৱনাত একে জন মানুহে নানা ভাও লয়। ভাও লোৱা মানুহক ‘চো’ বোলে। এতেকে,—বহুবাৰ বহু প্ৰকাৰৰ অসংলগ্ন কাৰ্য্য কৰা মানুহ, an actor who plays the part of different characters at different times in a dramatic performance, i. e. a person whose actions in life are inconsistent with one another. '''ভাৱেৰে কলে পকা ধানে বাট দিয়া'''—ক্ৰি, (ভাৱ=চেও, ঠাচ, বা প্ৰণালী। ) পকা ধানে বাট ললে ধান নষ্ট হয়। পকা ধানৰ মাজে কেতিয়াও বাট পাব নোৱাৰি। এই স্থলত কোৱা হৈছে যে ভাৱেৰে কলে পকা ধানেও বাট দিয়ে। এতেকে,—ভাৱেৰে কোনো কথা জনালে টান মানুহো সৈমান হোৱা, the conceding even by a strong
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৬
{{rh|ভিকাচন|২১৬|ভূতৰ}}
man of a request made politely and in the right way. '''ভিকাচন ভগা'''—ক্ৰি, [ ভিক্ষাস্থল ভগা ] যি ঠাইত ভিক্ষা মিলে সেই ঠাই ভাগিলে অৰ্থাৎ নাইকিয়া হলে জীবিকাৰ উপায় নাইকিয়া হয়। এতেকে,—জীবিকাৰ উপায়ৰহিত হোৱা, সৰ্ব্বনাশ হোৱা, to be deprived of means of subsistence, to be done for. '''ভিতৰ-বিশ্বাসী'''—বিণ, [ মনৰ ভিতৰৰ বিশ্বাসী] অতি-বিশ্বাসী, confidential. '''ভিৰাই ধৰি লৰা'''—ক্ৰি, গাটো ভিৰ খুৱাই ধৰি লৰ দিয়া, বৰ বেগেৰে লৰা, to run very fast. '''ভীমৰ গদা'''—বিং, ভীমৰ গদা বৰ শকত-ডাঙ্গৰ আছিল। এতেকে,—শকত- ডাঙ্গৰ টোকোন a heavy stick. '''ভীমটোকা মানুহ'''—ক্ৰি, (ভীমটো যেন কায়া মানুহ ) গাৱাল মানুহ, a stout or corpulent person. '''ভুকুতে কল নপকা'''—ক্ৰি, কল হাতেৰে ভুকুৱাই থাকিলে সি দপি গৈ পকাৰ নিচিনা হয়। কিন্তু সি এটা ভুকুতে নপকে। লাহে-লাহেকৈ বহু বাৰ ভুকুৱাই থাকিলে হে সি তেনে অৱস্থা পায়। এতেকে,—হঠাৎ কোনো কাৰ্য্য সিদ্ধি নোহোৱা, the happening of an impor- tant event by slow degrees and not all at once. '''ভুচুং পহু—'''বিং, [ বীভৎস পশু ] জন্তু সদৃশ বীভৎস আকৃতিৰ মানুহ, বহুৱালিকৈ ফুৰা মানুহ, a clown, a buffoon. '''ভূত জাৰ'''—বিং, ভূতে পোৱা মানুহৰ জাৰ তাৰপৰা—প্ৰকোপিত জাৰ, shivering due to ghostly possession; hence, extreme shivering. '''ভূত লগা দি লগা'''—ক্ৰি, গাত ভূত লাগিলে তাক বেগতে খেদাব পৰা নাযায়। এতেকে,—নেৰানেপেৰাকৈ লগা, to make a persistent demand. '''ভূতৰ ওপৰত দানহ''' —দানহ ভূততকৈ বলী। কোনো মানুহক ভূতে পায়, তাতে আকৌ দানহ আহি ওপৰত পৰে, তেতিয়া সেই মানুহৰ নিস্তাৰৰ উপায় নাথাকে। এতেকে,—বিপদৰ উপৰি অহা বিপদ, a greater danger super-added.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৭
{{rh|ভূতে|২১৭|ভেকো-ককা}}
২৮
'''ভূতে খোৱাদি খোৱা'''——ক্ৰি, ভূতে অপৰিমিত খাব পাৰে। এতেকে,—অপৰি- মিতৰূপে খোৱা, to eat greedily, to swallow voraci- ously, to gormandise. '''ভূতীয়াই পৰত নাপালে ঘৰত খোৱা'''—ক্ৰি, ভূতে মানুহৰ আকৃতি ধৰি কেতিয়াবা কোনো পৰিয়ালত থাকে। সেই মানুহকে ভূতীয়া বোলে। ভূতীয়াই পৰৰ মানুহক ধৰি থায়। কিন্তু যেতিয়া সি পৰৰ মানুহ নাপায়, তেতিয়া নিজৰ পৰিয়ালৰ ভিতৰতে এজনক মনে মনে খায়। এতেকে,—ভূতৰ স্বভাৱ পোৱা মানুহে পৰৰ অপকাৰ কৰিব নোৱা- ৰিলে নিজৰ ঘৰৰে অপকাৰ কৰা, to harm a person in ones own family devilishly if unable to harm somebody else outside the family. '''ভেকুৰি-তলৰ কথা'''—বিং , ভেকুৰি গছ চাপৰ আৰু জোপোহা। তাৰ তলত মানুহ সোমাই থাকিলে দূৰৰপৰা তাক দেখা পোৱা নাযায়। এতেকে,—গুপ্ত কথা, a secret. '''ভেকুলীৰ ছাল'''—বিং, কোনো অকামিলা বস্তু, a thing of no consequence, a trifle. '''ভেকুলীৰ পিঠিত নোম গজা'''—ক্ৰি, জন্তুৰ পিঠিত নোম থাকে, কিন্তু ভেকুলীৰ পিঠিত নোম নাথাকে। টোকোনা মানুহক ভেকুলীৰে তুলনা কৰা হৈছে। এতেকে,—টোকোনা মানুহে সামান্য লাভ পোৱা, the securing of a trifling gain by a person who is natu- rally a pauper. '''ভেকো-ককা'''—বিং , (উপকথা) কোনো দেশৰ সকলো মানুহ দুৰ্ঘোৰ পাপাচাৰী হল। কেবল এজন বুঢ়া মানুহ ধৰ্ম্মত থাকিল। তেওঁৰ নাম ভেকো। সকলোৱে তেওঁক ভেকো-ককাই বুলি সম্বোধন কৰিছিল। ভেকো-ককাই মানুহবিলাকক পাপকাৰ্য্য নকৰিবৰ নিমিত্তে নানা প্ৰকাৰেৰে বাধা দিছিল। মানুহবিলাকে পাপৰ কাৰ্য্যত ইমান দূৰ আগুৱাইছিল, যে ভেকো-ককা সিহঁতৰ বিশেষৰূপে বিৰক্তিভাজন হল। শেষত সিহঁতে ভেকো-ককাক দেশান্তৰিত কৰিবৰ নিমিত্তে সাজু হল। ভেকো ককাক সেই সিদ্ধান্ত জনোৱাত তেওঁ যাবলৈ মান্তি হল, কিন্তু কলে যে তেওঁ গলেই দেশখন তললৈ যাব।
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৮
{{rh|ভেকো-ভাওনা|২১৮|ভোক}}
সিহঁতে এই কথাত তেওঁক মাথোন ইতিকিং কৰিলে। তেওঁ দেশখন এৰিবলৈ খোজ লওঁতেই সমস্ত দেশ টলবলকৈ কঁপিবলৈ ধৰিলে। প্ৰজাবিলাক ভয়ত বিহ্বল হল। ভেকো-ককাক সেই দেশতে থাকিবলৈ কাবৌ-কোকালি কৰিবলৈ ধৰিলে। তেনেকুৱা পাপময় দেশত থকা উচিত বিবেচনা নকৰি, ভেকো-ককাই যাবলৈ ধৰিলে। তেওঁৰ পিঠিৰ পাচতে এফালৰপৰ দেশখন তললৈ বহি যাবলৈ ধৰিলে। তেতিয়া ঘোৰ পাপীবিলাক মৰিল। বাকিবিলাকে “ভেকো-ককা মোকো নিয়া” “ভেকো ককা মোকো নিয়া,” বুলি আটাহ পাৰিবলৈ ধৰিলে। ভেকো-ককাই সেইবিলাকক লগতে লৈ গৈ আন এখন ঠাইত বসতি কৰিলে। সেই দেশত গৈ সকলো মানুহে ধৰ্ম্মজীৱন ধাৰণ কৰি সুখ আৰু শান্তিৰে কাল যাপন কৰিলে। এতেকে,—অসংখ্য পাপীৰ মাজত অকলশৰীয়া ধৰ্ম্মিষ্ঠ পুৰুষ, a soli- tary pious all among a host of sinners. '''ভেকো-ভাওনা'''—বিং, [ ভেকৰ ভাৱনা ] ভেকুলীয়ে ভাৱনা পাতিলে সি দেখিবলৈ হাঁহি-উঠা হয়। এতেকে,—ধেমেলীয়া ভাৱনা; তাৰপৰ—আপচু কাৰ্য্য, ব্যঙ্গাৰ্থসূচক কাৰ্য্য, a farcical play; hence, anything slovenly or ridiculous. '''ভেট-গুটি লৰা'''—বিং ভেটৰ গুটি নিচেই সৰু। এতেকে,—নিচেই সৰু লৰা, an infant. '''ভেৰ-পেটী মোৱা'''–বিং, ভেৰ অৰ্থাৎ নাড়ী আদিৰে পূৰ্ণ যাৰ পেট তেনেকুৱা মোৱা মাছ। এতেকে,—অপদাৰ্থ মানুহ, a worthless fellow, a person of no consequence or importance. '''ভো পণ্ডিত'''—বিং, [ ভোভোৱাই ফুৰা পণ্ডিত] (সংস্কৃত অব্যয় 'ভো’ শব্দলৈ চকু ৰাখি এই বাক্য গঠিত হৈছে। ) (শ্ৰেষ্ঠ পণ্ডিত) (বিদ্ৰূপ ), an eminent scholar, (used ironically). '''ভো বামুণ'''— বিং, [ ভোভোৱাই ফুৰা বামুণ ] (সংস্কৃত অব্যয় 'ভো’ শব্দলৈ চকু ৰাখি এই বাক্য গঠিত হৈছে। ) সদাচাৰী বামুণ, (বিদ্ৰূপ), a rigid Brahmin, (used ironically). '''ভোক চৰি যোৱা'''—ক্ৰি, [ ভোকৰ পৰ চৰি যোৱা ] ভোকৰ সময় অতীত হোৱা, the passing away of the proper time of satisfy.
PROOFREAD
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৯
{{rh|ভোক-পিয়াহ|২১৯|ভোজ-খোৱা}}
ing one's appetite. '''ভোক-পিয়াহ হৰা''' —বিণ, দেখিলে বা শুনিলে ভোক আৰু পিয়াহ গুচা। এতেকে,—বিতোপন, fascinating. '''ভোক-বহা'''— ক্ৰি, গছৰ গুটি পকি তাৰ পাচত পাৰি নিনিলে ৰস গোট মাৰে। সেই কথাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—ভোক বাঢ়ি লৈ পিচত তাৰ প্ৰভাৱ কম হোৱা, the decreasing of the sharpness of appetite for not satisfying it in due time. '''ভোকত পেটৰ কেঁচু কুমটি মৰা'''—ক্ৰি, পেটৰ ভিতৰত পেলু থাকে। সেই পেলুক কেঁচু কুমটি বোলা হৈছে। মানুহে যি আহাৰ খায়, পেলুয়ে তাকে খাই জীয়াই থাকে। এই স্থলত কোৱা হৈছে, যে ইমান ভোকৰ প্ৰকোপ বাঢ়িছে যে পেটৰ পেলুবিলাকে অনাহাৰত মৰি গৈছে। এতেকে,—অতিপাত ভোক লগা, to suffer the extreme pinch of hunger. '''ভোকৰ ভাত'''—বিং, যি সময়ত ভোক লাগে ঠিক সেই সময়তে যদি খাবলৈ ভাত দিয়া যায়, তেনেহলে সেই মানুহৰ প্ৰকৃত উপকাৰ সধা হয়। এতেকে,—উপযুক্ত সময়ত পোৱা সাহায্য, প্ৰকৃত সাহায্য, timely help, real help '''ভোকোহা এন্দুৰ'''—বিণ, ভোকোহা অৰ্থাৎ শকত-আৱত এন্দুৰ আগঢ়িত আৰু ঘিণ-লগা। এতেকে,—আগঢ়িত আৰু ঘিণ-লগা মানুহ, an ugly and disgusting person. '''ভোগাই নাম লৈ পানী-কাঁহুদিৰে খোৱা'''—ক্ৰি, যি মানুহে ঐশ্বৰ্য্য ভোগ কৰে, তাৰ নাম ভোগাই। নিচেই দুখীয়া মানুহে পানী-কাঁহুদিৰে ভাত খায়। এই স্থলত কোৱা হৈছে, যে কোনো মানুহৰ নামটো ভোগাই, কিন্তু সি ইমান দুখীয়া যে আঞ্জা-পাচলিৰ অভাৱত অকল পানী-কাঁহুদিৰে ভাত খায়। এতেকে,—ডাঙ্গৰ নাম লৈ টোকোনা ভাৱেৰে চলা, to be really a poor man though reputed to be a great man by the outside world. '''ভোজ-খোৱা শিয়াল'''—বিং, মানুহে কষ্ট কৰি ভোজ ৰান্ধে, শিয়ালে মনে মনে জোপ লৈ থাকে। মানুহ অলপ আঁতৰ হোৱা গম পালেই, সুৰুক্- কৰে আহি সি ভোজ খাই গুচি যায়। এতেকে,—নিজে শ্ৰম
VALIDATED
https://upload.wikimedia…English.djvu.jpg
পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩০
{{rh|ভোজনত|২২০|মই}}
নকৰাকৈ পৰৰ শ্ৰমৰ দ্বাৰা উপাৰ্জ্জিত ফল ভোগ কৰা টেঙ্গৰ মানুহ, a cunning person living comfortably on the labours of other people. '''ভোজনত বহি কুলৰ বাতৰি সোধা'''—ক্ৰি, ভোজনৰ পূৰ্ব্বে কুলৰ বিষয়ে সোধ- পোছ নকৰি, ভোজনত বহি কুলৰ কথা মনত পৰি সোধে "তোমাৰ কুল কি?’’ এতেকে,—লাগতিয়াল কথাৰ বিচাৰ নকৰাকৈ কাৰ্য্য আৰম্ভ কৰি শেষত সেই কথাৰ বিচাৰ কৰা, to begin an enquiry about anything when it is too late to do it. '''ভোজনতকৈ বচন মিঠা পোৱা'''—ক্ৰি, মাত-কথা ভাল পালে খোৱা-বোৱাৰ ভাল- বেয়ালৈ মানুহে বৰকৈ কাণ নকৰে। এতেকে,—ভাল দৰমহাতকৈ ভাল ব্যৱহাৰ শ্ৰেষ্ঠ বুলি গণ্য কৰা, to prefer good treatment to good wages. '''ভোটা তৰা—'''বিং, ভোটা তৰা উজ্জল আ{{বঙালী ৰু}} ধুনীয়া। এতেকে,—প্ৰখ্যাত মানুহ, ধুনীয়া মানুহ, a distinguished person, a beautiful person. '''ভোলানাথ পুৰুষ'''—বিং, ভোলানাথ মহাদেৱৰ এটা নাম। মহাদেৱ প্ৰধান ঈশ্বৰ-ভক্ত আৰু মায়াৰ অতীত। এতেকে,—অত্যন্ত সৰল স্বভাৱৰ মানুহ, a high-souled or magnanimous person. {{center|⸻⸺}} {{center|{{X-larger|'''ম। '''}}}} '''মই মৰিলে মোৰ পো ৰজা হোৱা'''—ক্ৰি, পুতেকে বাপেকক বুঢ়াকালত সাহায্য কৰিব লাগে। তেনেকুৱা সাহায্যৰপৰা বঞ্চিত কোনো বুঢ়া মানুহক এই বুলি সান্ত্বনা দিয়া হৈছিল:—“তোমাৰ পোৱাঁ আগলৈ ডাঙ্গৰ
VALIDATED
https://upload.wikimedia…English.djvu.jpg