text
stringlengths
121
187k
ডিজিটেল ডেস্কঃ ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ সংঘটিত হ'ল আন এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত ৰাজপথতে জ্বলি উঠিল এখন টেংকাৰ। জানিব পৰা মতে বৃহস্পতিবাৰে নিশা উজনিৰ ৰা নামনিলৈ গৈ থকাৰ অৱস্থাত এখন তেলৰ টেংকাৰ কলিয়াবৰৰ বুঢ়াপাহাৰৰ ওচৰত দুৰ্ঘটনাত পতিত হয়। ১০ চকাৰ এই টেংকাৰখনৰ নম্বৰ এ এছ ০৬ এ চি ১৮৬১। দুৰ্ঘটনাত পতিত হৈ টেংকাৰখন ৰাজপথত বাগৰি পৰাৰ কিছু সময়ৰ পিছতে দাওদাওকৈ জ্বলি উঠে। ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে টেংকাৰখনৰ চালক আৰু হেণ্ডিমেনে। এই দুৰ্ঘটনাৰ বাবে কিছু সময়ৰ বাবে ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা। পৰৱৰ্তী সময়ত জ্বলি থকা ট্ৰাকখনৰ কাষেৰেই পুনৰ যাতায়ত আৰম্ভ হয়।
ৰতি বা ৰতিদেৱী (সংস্কৃতঃ रति) হৈছে হিন্দুসকলৰ প্ৰেম, জৈৱিক কামনা-বাসনা আৰু যৌন তৃপ্তিৰ দেৱী।[1][2] ৰতিত প্ৰায়েই হাতত এখন তৰোৱাল লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়।[3][4][5] তেওঁ প্ৰেমৰ অধিষ্ঠাতা দেৱতা কামদেৱৰ সহধৰ্মিণী তথা প্ৰজাপতি দক্ষৰ জীয়ৰী। কামদেৱৰ চিৰসংগী হিচাপে আখ্যানসমূহৰ লগতে মন্দিৰৰ ভাস্কৰ্যসমূহতো ৰতিৰ চিত্ৰন স্ততে পোৱা যায়। তেওঁলোক দুয়োকে একেলগে উপাসনাও কৰা হয়। হিন্দু ধৰ্মৰ পুথি বা লিপিসমূহত ৰতিৰ সৌন্দৰ্য তথা কমনীয়তাৰ কথা বিশেষভাৱে উল্লিখিত। তেওঁক স্বয়ং প্ৰেমৰ দেৱতাকো মোহাচ্ছন্ন কৰিব পৰা এক কুমাৰী হিচাপে চিত্ৰায়িত কৰা হয়। মহাদেৱে তৃতীয় নয়নেৰে কামদেৱক ভস্মীভূত কৰাৰ পিছত ৰতিৰ কাকূতি-মিনতি বা বিলাপৰ ফলতেই কামদেৱে পুনৰ্জীৱন প্ৰতিশ্ৰুতি লাভ কৰে। পিছলৈ কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ ৰূপত কামদেৱৰ পুনৰ্জন্ম হয়। ৰতিয়ে মায়াৱতী নাম লৈ জন্মতেই পিতৃ-মাতৃৰ সৈতে বিচ্ছেদ হোৱা প্ৰদ্যুম্নক তুলি-তালি ডাঙৰ-দীঘল কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে। মায়াৱতী ওৰফে ৰতিয়ে প্ৰদ্যুম্নৰূপী কামদেৱৰ ধাত্ৰীৰ লগতে প্ৰেমিকাৰো ভূমিকা পালন কৰি প্ৰদ্যুম্নৰ হাতত বধ হ'ব লগা ৰাক্ষসৰাজক কিদৰে বধ কৰি পিতৃ-মাতৃৰ কাষলৈ ঘূৰি যাব পাৰি তাৰেই দিকনিৰ্দেশ কৰে। পৰৱৰ্তী সময়ত প্ৰদ্যুম্নৰূপী কামদেৱে মায়াৱতীৰূপী ৰতিক পত্নী হিচাপে গ্ৰহণ কৰে।
BJP Candidate : নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি বিজেপিৰ ভৱানীপুৰৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰক উপ-নিৰ্বাচনৰ বাবে অযোগ্য ঘোষণা কৰাৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। অসম কংগ্ৰেছে বিজেপিৰ ফণীধৰ তালুকদাৰক উৎকোচ আৰু দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত অযোগ্য ঘোষণা কৰাৰ দাবী জনাইছে। "এনে পৰিস্থিতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিৰ্বাচন আয়োগক ২০২১ চনৰ ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে অযোগ্য ঘোষণা কৰি বিজেপি প্ৰাৰ্থী শ্ৰী ফনী তালুকদাৰৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছো।"- অসম কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মাই অসমৰ মুখ্য নিৰ্বাচন বিষয়া নীতিন খাদেলৈ লিখা পত্ৰত যোগ দিয়ে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
লখিমপুৰ জিলাৰ অন্তৰ্গত আটাইবোৰ কেন্দ্ৰতে বৃ্হস্পতিবাৰে শান্তিপূৰ্ণভাৱে চলি আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। জিলাখনৰ বিভিন্ন কেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। দুপৰীয়া ১ বজালৈকে জিলাখনৰ লখিমপুৰ বিধানসভা সমষ্টিত ২৬%, নাওবৈচাত ২৭.৪৮%, বিহপুৰীয়াত ৩৭.৪৩% আৰু ঢকুৱাখনাত ৫০.২২% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে। জিলাখনত লখিমপুৰ লোকসভা সমষ্টিৰ ৩টা আৰু তেজপুৰ সমষ্টিৰ অন্তৰ্গত ১টা বিধানসভা সমষ্টি আছে। জিলাখনৰ ১১০নং নাওবৈচা, ১১১নং লখিমপুৰ আৰু ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১০৯নং বিহপুৰীয়া বিধানসভা তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত। শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সমগ্ৰ অসমতে অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যখনৰ জাতীয় দল-সংগঠনসমূহে সৰৱ হৈ থকাৰ সময়তে সোমবাৰে নিশা যোৰহাট জিলাৰ মৰিয়নিত এজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পূৰ্বে মৰিয়নিত আটক কৰা বাংলাদেশী নাগৰিকজনক বৰ্তমান দেবেৰপাৰ আৰক্ষীয়ে জেৰা চলাই আছে। জানিব পৰা মতে অবৈধভাৱে অসমত প্ৰৱেশ কৰা বাংলাদেশীজনৰ ঘৰ বাংলাদেশৰ ঢাকাৰ মহম্মদপুৰ জিলাত। মহম্মদ ৰুবুল নামৰ বাংলাদেশীজনে আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বে বাংলাদেশৰ ছিলেট জিলা পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। ঘটনা অনুসৰি যোৰহাট জিলাৰ মৰিয়নীৰ ভেলগুৰিৰ কেইগৰাকীমান যুৱকে সোমবাৰে নিশা সন্দেশবশতঃ ঘুৰি ফুৰা লোকজনক সোধা-পোছা কৰাত বাংলাদেশী লোকজনৰ প্ৰকৃত পৰিচয় ওলাই পৰে। উল্লেখযোগ্য যে যোৱা ২৪ জুনত তিনিচুকীয়া জিলাৰ ডিৰাক সীমান্তত স্থানীয় ৰাইজে ২০ জন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰি আৰক্ষীক গতাই দিছিল। এই ঘটনাই কৰিমগঞ্জ অঞ্চলৰ এজেণ্টৰ জৰিয়তে অসম-অৰুণাচলৰ বিভিন্ন স্থানলৈ সন্দেহজনক বাংলাদেশী নাগৰিকৰ সোঁত অব্যাহত থকাৰ কথা স্পষ্ট কৰিছিল। আনহাতে, এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ বাবে মাত্ৰ কেইটামান দিন বাকী অৱস্থাত পুনৰ এজন বাংলাদেশী নাগৰিক আটক হোৱা ঘটনাই ৰাজ্যখনত অবৈধ নাগৰিকৰ অবাধ বিচৰণৰ দিশটোকে উন্মোচিত কৰি তুলিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বন্য জন্তুৰ অবৈধ সৰবৰাহ চক্ৰৰ বিৰুদ্ধে আজি এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে মিজোৰাম আৰক্ষীয়ে। মিজোৰাম আৰক্ষীৰ এই অভিযানত আজি উদ্ধাৰ হৈছে বিদেশী জন্তু আলবিনো ৱালাবিকে ধৰি প্ৰায় ১৪০ টা বিদেশী বন্যপ্ৰাণী প্ৰজাতি। মিজোৰাম আৰক্ষীয়ে এই বৃহৎ সংখ্যক বিদেশী বন্যজন্তুৰ সৰবৰাহত জড়িত তিনিগৰাকী লোককো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই বিদেশী জন্তুসমূহ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল। এই চক্ৰটোত দুয়োখন ৰাষ্ট্ৰৰ চোৰাং ব্যৱসায়ী জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মিজোৰামৰ চম্ফাই আৰক্ষী, আবকাৰী বিভাগ আৰু নাৰ্কোটিক্স বিভাগৰ যুটীয়া অভিযানত দুখন বোলেৰ' আৰু এখন স্ক'ৰপিঅ' বাহন জব্দ কৰে। বাহনকেইখনত থকা বিদেশী জন্তুসমূহৰ ভিতৰত আছিল ৩০ টা কাছ, দুটা বান্দৰ, দুটা মাৰ্মোছেট বান্দৰ, ২২ টা অজগৰ, ১৮ টা 'সুমাত্ৰান ৱাটাৰ মনিটৰ', ৫৫ টা ঘৰিয়াল পোৱালি সহ আন কিছু বিদেশী জন্তু। এই বিদেশী জন্তুসমূহৰ লগতে বাহন কেইখন জব্দ কৰি ধৃত তিনি চোৰাং ব্যৱসায়ীক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে চম্ফাইৰ কাষ্টম প্ৰিভেণ্টিভ ফ'ৰ্চৰ অধীক্ষকৰ হাতত গতাই দিয়া হয়। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
দুদিনমানৰ আগৰ কথা। দুটামান ঘটনাই মোক অলপমান জোকাৰি গৈছিল। আপোনালোকো নিশ্চয় এনে ঘটনাৰ সাক্ষী হৈ ৰ'ল। তথাপি যেন তেনে ঘটনা সমূহৰ নেপথ্যৰ কিছু কথা, কাহিনী আমাৰ সকলোৰে অজ্ঞাতে হৈ থাকিলেও আমাৰ ভাৱনাবোৰৰ এক ধূসৰ ছবি মনলৈ নহাকৈ নাথাকে। নিশ্চয়কৈ এই ঘটনাৰ ছবিবোৰ আমাৰ চিৰ পৰিচিত। কিন্তু জীৱনৰ ব্যস্ততাৰ ধামখুমিয়াতে হওঁক বা আমি এৰাই চলিব বিচৰা তাড়নাৰ বাবেই হওঁক এই ঘটনাপ্ৰবাহক দেওদি আমি আগবাঢ়িছো ভৱিষ্যতলৈ। মৃত্যু, মৃত্যুভয় আৰু ইচ্ছামৃত্যু তিনিওটা শব্দৰ মাজত বৃহৎ পাৰ্থক্য আছে। যদিওবা স্বাভাৱিকতেই মৃত্যু আৰু ইচ্ছামৃত্যু শব্দই মানুহৰ জীৱনৰ অৱমানৰ কথাই আমাক কৈ যায়। মৃত্যু এক চিৰসত্য। জীৱ মাত্ৰেই মৃত্যু আৱশ্যম্ভাৱী। কেৱল মাত্ৰ স্বকীয়তাৰে উজ্বলি উঠা সমাজক দিকদৰ্শন কৰা চিৰনমস্য ব্যক্তিসকল যুগ যুগ ধৰি প্ৰাতঃস্মৰণীয় ব্যক্তি হৈ ৰৈছে। এনে বৰেণ্য লোকসকলৰ আত্মকথা বা জীৱনবৃত্তান্তৰ অনুধাৱনেৰে জীৱনৰ প্ৰতি অপাৰ হেঁপাহ জগাবলৈ প্ৰয়াস কৰা আৰু কিছু সু-চিন্তা, কৰ্মৰে জীৱনটোক সজাবলৈ হাবিয়াস কৰাৰ বাবেই তেওঁলোকৰ অনন্য কৰ্মৰাজী চৰ্চাৰ বিষয় হৈ আহিছে। মৃত্যুৰ প্ৰতি ভয় কাৰ নাথা্কে। এইহেন বিনন্দীয়া পৃথিৱীখনৰ অময়া মাধুৰীৰ সোপান আস্বাদন কৰিবলৈ পোৱাটো আমাৰ কম ভাগ্যনে! সেয়ে একেবাৰে অমূলক চিন্তা আহিলেও কেতিয়াবা আমি বিচলিত হওঁ। মনৰ উদ্বিগ্নতাত অধীৰ হৈ আমি এনে অজান ঠাইৰ পৰা উভতি আহোগৈ যেন আমি মৃত্যুহে জয় কৰিছো। আপোনজনৰ পৰা প্ৰতাৰিত হোৱা, বিদ্যায়তনিক দিশত আশানুৰূপ ফলাফল লাভ নকৰা, পৰিয়ালৰ তেজৰ সম্পৰ্কৰ পৰা বিচ্ছেদ হোৱা, সমাজৰ বিভিন্ন উত্থান-পতনে মনটোক ভাৰাক্ৰান্ত কৰা সকলোবোৰ দিশ অনুধাৱন কৰিও আয়কেন্দ্ৰীক হৈ নিজৰ মাজতে গুজৰি-গুমৰি গপতে গঙ্গাটোপ হৈ বহি থকা এনে এনেক কাৰণ থাকে। আৰু এনে ভাৱনাৰ মাজত থকা লোকসকল কবলৈ গ'লে মৰি মৰি জীয়াই থাকে। মৃত্যুৰ প্ৰতি থকা ভয়ে মৃত্যুৰ পাছৰ অন্তহীন গূঢ়াৰ্থই এক অনামী আখৰাযেন চলাই থাকে প্ৰতিনিয়ত। ইচ্ছামৃত্যু চাবলৈ গ'লে এটা শব্দ মাথোঁ। কিন্তু ইয়াৰ অৰ্থ, এই শব্দৰ অন্তৰালৰ কৰ্ম কাৰোৰে কাম্য নহয়। বহুলোকে এই শব্দটো মুখেৰে উচ্চাৰণ কৰিবলৈও ইচ্ছা প্ৰকাশ নকৰে। এই শব্দটোৰ লগত জড়িত হৈ পৰা আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি এখন ঘৰৰ পৰিয়ালৰ প্ৰত্যেকৰে মানসিক দুৰৱস্থা ইচ্ছামৃত্যুৰ ফলত অজান দেশলৈ গতি কৰা লোকজনতকৈ ভয়াৱহ হয়। প্ৰতি খোজতে মনত, দেহত এক কেঁচা ঘা কঢ়িয়াই ফুৰিবলগীয়া হোৱা লোকসকলে এই শব্দটোৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰা তেওঁলোকৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ সন্মুখীন হোৱা সময়বোৰ বৃহৎ প্ৰত্যাহ্বানৰূপে সন্মুখলৈ আহিবলৈ লয়। মৃত্যু আৰু মৃত্যু ভয়ে যদিওবা এক পৰ্যায়লৈকে আমাক দুখৰ দাবানলত মেৰিয়াই ৰাখে- ইচ্ছামৃত্যুৰ সাক্ষী হোৱা লোকসকলে ইয়াৰ পৰিৱৰ্তে কঢ়িয়াই ফুৰিবলগীয়া হয় দুখৰ বিননি। মনে-প্ৰাণে ভাল লগা, আপোন বুলি ভবা লোকসকলে যেতিয়া আপোনাক অজ্ঞাতেই এৰি থৈ যায়, তেওঁ লাগিলে আপোনাৰ পৰিয়ালৰ এজনে হওঁক, আপুনি ভালপোৱা কোনোবা অভিনেতা-অভিনেত্ৰীয়ে হওঁক,আপোনাৰ ছাত্ৰ-ছাত্ৰীয়ে হওঁক, অথবা আপোনাৰ অচিনাকী হ'লেও এনে দুখবাৰ্তাই মনটোক অকণমান হ'লেও কষ্ট দিয়ে। প্ৰশ্ন হয়, কিয় মানুহৰ মনলৈ এনে ভাৱ আহে যে সকলো প্ৰিয়বস্তু, ভাল পোৱা, ভাললগাবোৰৰ তুলনাত নেদেখা নতুন একোটা কৰ্মই মানুহক ইমান আকৰ্ষিত কৰে। হতাশা কেতিয়াও সমস্যাৰ সমাধান নহয় আৰু কোনো কালে হবও নোৱাৰে। হতাশাক প্ৰশ্চয় দিয়াটোৱে আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। ইয়াৰ বাবে জীৱনটোৰ মহত্ব বা জীৱনৰ বিচিত্ৰতা বিচাৰি হাবাথুৰি খাই মৰুভূমিত মৰিচীকা খেদি ফুৰিবলৈ কৰা অনৰ্থক চেষ্টাৰ পৰিৱৰ্তে পুৱাৰ ৰঙীণ আভাৰে প্ৰস্ফুটিত হৈ ইতিবাচক কৰ্ম, চিন্তাৰে জীৱনৰ প্ৰতিটো দিনৰ, প্ৰতিটো পল, জাপন কৰিবলৈ বিচৰাটোৱে জীৱনৰ প্ৰাপ্তি। দুদিনমানৰ আগৰ ইতিবাচক ঘটনা এটা প্ৰসংগক্ৰমে ক'ব খুজিছো। সান্ধ্যভ্ৰমণ কৰি থাকোতে কভিড-১৯ৰ বাবে মুখত মাস্ক পৰিধান কৰি কিছু খালী হৈ থকা ৰাস্তাটোত যিমান পাৰো জোৰকৈয়ে খোজ দিছিলো। কাষেদি পাৰ হৈছিল দুই-এখন অচিনাকী মুখ আৰু দুই-এজন অচিনাকী চাইকেল আৰোহী। সমুখৰ পৰা আহি থকা ই-ৰিক্সা এখনত দূৰৰ পৰাই মন কৰিলোঁ- এজনী চুৰিদাৰ পৰিধান কৰা ছোৱালীয়ে চালকৰ আসনত চালকৰূপে বহি আহিছে। মই পাৰ হৈ যোৱাৰ লগে লগেই মাত লগালে- "নৱমী বাইদেউ।" মই হতভম্ব হোৱাৰ পূৰ্বে আনন্দিত হ'লো। কলেজৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে তলাবন্ধৰ সময়ত নিজৰ আৰ্থিক অনাটনকো নেওঁচি ই-ৰিক্সাখন লৈ যাত্ৰীৰ সন্ধানত পথলৈ ওলাই আহিছে। এই যে সকলোধৰণৰ আওপুৰণি ভাৱ, অলাগতিয়াল ভয় বা সমালোচনাক আতৰতে ৰাখি ছোৱালীজনী পথলৈ ওলাই আহিছে- এয়াই হৈছে নিজকে ভালপোৱা সৰ্বোত্তম দৃশ্য। নিজৰ বাবে যেতিয়ালৈকে ভালপোৱা সাৰ নাপায় তেতিয়ালৈকে কামৰ সৰু-বৰ ভাগ বিতৰণতেই ব্যস্ত থাকি জীৱনৰ অশান্তিময় এচোৱা সময় পাৰ হৈ যায়। আত্মসন্তুষ্টি লভিবলৈ আগ্ৰহ নকৰাৰ বাবেই চাগৈ কেতিয়াবা মানুহৰ মনলৈ হতাশা আহে। নিজক বুজি, নিজৰ এটি এটি সৰু মুহূৰ্ত অনুধাৱন কৰি উদযাপন কৰিবলৈ শিকোৱা এটা কলা। প্ৰত্যেকৰে এনে ভাৱ মনলৈ নাহিলেও কিছু কথা, কাম-বনে ইতিবাচক দিশ মনলৈ কঢ়িয়াই আনে। উদিত সূৰ্যৰ হেঙুল কিৰণৰ প্ৰতি তীব্ৰ হেঁপাহে আমাৰ ভৱিষ্যতৰ দিশ নিদৰ্শন কৰে। (লেখক ডঃ নৱমী গগৈ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। ২০২০ চনৰ ২৩ নৱেম্বৰত ইহ সংসাৰ ত্যাগ কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অনুপস্থিতি বাৰুকৈয়ে উপলব্ধি কৰিলে অসমৰ জনসাধাৰণে। তিনিটাকৈ কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ হাতত লোৱা গগৈয়ে হাঁহি মুখেৰেই পালন কৰিছিল মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব। যাৰ বাবে তেওঁ আপোন কৰি লবলৈ সক্ষম হৈছিল শত্ৰুকো। ১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পিছত এঢাপ এঢাপকৈ আগুৱাই আহি সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সুদীৰ্ঘ ১৫ বছৰ সময় মুখ্যমন্ত্ৰী হৈ থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সময়ছোৱাত কংগ্ৰেছৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰায়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সময়ছোৱাত আছিল কংগ্ৰেছ দলটোৰ সাধাৰণ সম্পাদক। দুটাকৈ কাৰ্যকাল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গগৈ ৰাজ্যৰ কংগ্ৰেছ দলটোৰ বাবেই এসময়ত হৈ পৰিছিল অবিসম্বাদী নেতা। লক্ষণীয়ভাৱে সুদীৰ্ঘ সময় ধৰি ৰাজনীতিত সক্ৰিয় হৈ থকাৰ উপৰিও সাংসদ, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী আদিৰ দায়িত্ব পালন কৰা গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা নাছিল এটাও দুৰ্নীতিৰ অভিযোগ। যিসময়ত কংগ্ৰেছ দলটোৰ বিৰুদ্ধে, দলটোৰ কেন্দ্ৰীয় নেতা, ৰাজ্যৰ বিভিন্ন নেতাৰ বিৰুদ্ধে হাজাৰ-হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল, দলটো দুৰ্নীতিৰ অভিযোগত গণবিচ্ছিন্ন হৈছিল তেনে সময়তো এইগৰাকী নেতাৰ বিৰুদ্ধে কোনোধৰণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন নোহোৱাটোৱে এতিয়াও বিশেষ চৰ্চা লাভ কৰে। প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। তেওঁ আগবঢ়োৱা অৱদানৰ বাবেই শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে মৰনোত্তৰভাৱে প্ৰদান কৰিলে পদ্মভূষণ বঁটা। প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পত্নী ডলী গগৈয়ে ৮ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে। ইফালে পিতৃৰ প্ৰথম মৃত্যু বাৰ্ষিকীত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে পিতৃক স্মৰণ কৰি সামাজিক মাধ্যমত উল্লেখ কৰিছে যে, আমাৰ সকলোৰে প্ৰিয় আৰু আপোন, প্ৰাক্তন মুখ্যমন্ত্রী, জননেতা, পদ্মভূষণ পৰম শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ আজিৰ দিনটোতেই এবছৰ পূর্বে পৰলোকপ্ৰাপ্তি হৈছিল। আজি প্ৰথম মৃত্যু বাৰ্ষিকীত আমি পৰিয়ালৰ সকলোৱে গভীৰ শ্ৰদ্ধা আৰু মধুৰ স্মৃতিৰে আপোনাক সোঁৱৰিছো। আপোনাৰ জীৱনাদৰ্শই আমাক আজীৱন অনুপ্রাণিত কৰি থাকিব। আপুনি আমাৰ বাবে মাথো পৰম নমস্য আৰু আদৰ্শই নহয়, অনুপ্ৰেৰণাৰ অবিচলিত উৎসও। আপোনাৰ হাঁহিটোৰ উমাল মৰম আমাৰ মন-হৃদয়ত চিৰকাল সজীৱ হৈ থাকিব। আমাৰ দৃষ্টিৰ অগোচৰে আপুনি য'তেই আছে, তাৰে পৰাই আমাক আশীৰ্বাদ কৰি থাকিব। Your email address will not be published. Save my name, email, and website in this browser for the next time I comment. 'অসম আদিত্য'ৰ জৰিয়তে আমি অসমবাসীক এক শুদ্ধ সময়োপযোগী আৰু নিৰপেক্ষ বাতৰি যোগান ধৰাত প্ৰতিশ্ৰুতিবদ্ধ । শেহতীয়া খবৰৰ বাবে Visit কৰক আমাৰ ৱেবচাইট : www.asomaditya.com ত ।
অসমীয়াক সুৰৰ জিঞ্জিৰি পিন্ধাই আঁতৰি গ'ল ভিতালী দাস... - Prag News\nHomeআঞ্চলিকঅসমীয়াক সুৰৰ জিঞ্জিৰি পিন্ধাই আঁতৰি গ'ল ভিতালী দাস...\nঅসমীয়াক সুৰৰ জিঞ্জিৰি পিন্ধাই আঁতৰি গ'ল ভিতালী দাস...\nগুৱাহাটী : অসমীয়া জনজীৱনৰ প্ৰতিচ্ছবি তুলি ধৰা বিহুগীতবোৰক মানুহৰ মনলৈকে কঢ়িয়াই নিয়া কণ্ঠ হেৰাই গ'ল। প্ৰতিজন অসমীয়াৰ শৈশৱ কৈথা যৌৱন মোহাছন্ন কৰি ৰখা আপোন মাতটো হেৰাই গ'ল। সাতবিহুৰ মাজতে বিহুগীতৰ সম্ৰাজ্ঞী ভিতালী দাসৰ বিয়োগ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। সৰুৰে পৰা সংগীতৰ সৈতে জড়িত ভিতালী দাসৰ জন্ম ১৯৭৯চনৰ ৬জুনত উত্তৰ গুৱাহাটীৰ মাজগাঁওত। উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত পঢ়ি থকা সময়ছোৱাতে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ সন্মান। পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত কলেজীয়া জীৱন আৰম্ভ কৰা ভিতালী দাসে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ নিজ প্ৰতিষ্ঠানখনক প্ৰতিনিধিত্ব কৰিছিল। কায়িকভাৱে ভিতালী দাস আমাৰ মাজত নাই যদিও তেওঁৰ গীত-মাত কথা আৰু কন্ঠেৰে অসমীয়াৰ মন মাজুলীত চিৰদিন জীয়াই থাকিব। 'জোনবাইৰ দেশত ঘৰ সাজিব খোজা' শিল্পীগৰাকীৰ বিয়োগত সামাজিক মাধ্যমযোগে তেওঁৰ সান্নিধ্য লাভ কৰা অসংখ্যজনে স্মৃতিৰ মুকুতামালা গুঠিছে।\nসামাজিক মাধ্যমযোগে আপোন শিল্পীগৰাকীৰ বিয়োগত তৰালি শৰ্মাই শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এনেদৰে, 'ভিতালী বা ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম? কিমান স্মৃতি, কিমান কাহিনী, কিমান গীত! সেই পুহ, মাঘ, ফাগুণ, চ'ত, ব'হাগত আমাৰ এৰাব নোৱাৰা ব্যস্ততা। সেইযে উত্তৰ গুৱাহাটীৰ পৰা পুহ মাহৰ কুঁৱলী ফালি ফালি পুৱাই গুৱাহাটী আহে আপুনি; সেইযে আপোনাৰ স্কুটী খনৰ পাছফালে উঠি এটি ষ্টুডিঅ'ৰ পৰা আন এটি ষ্টুডিঅ'ত দিনৰ দিনটো, ৰাতিটো, এদিন- দুদিন, এমাহ, দুমাহ, একেলগে কটোৱা সময়বোৰ... একেলগে গোৱা গীতবোৰ... সেই সৰু সৰু ধেমালিবোৰ... সৰু সৰু কথাবোৰ...\nআপোনাৰ কোনটো বিহুগীতৰ কথা ক'ম? জানমণি, অঞ্জনা, জোনবাই, নাহৰ, তগৰ, বাখৰ... আপুনি যিটো গীতেই গাই সেইটোৱেই যে জনপ্ৰিয় হৈছিল! আৰু আপোনাৰ মাতটো! আপোনাৰ মাততেই যে ব'হাগ বিচাৰি পাওঁ! কোৱা নহ'ল কাহানিও, কিন্তু আপুনি জানিছিল কিমান ভাল পাওঁ আপোনাক...\nRip Vitali Das\nPrevious articleবহিঃৰাজ্যৰ ব্যক্তি প্ৰৱেশৰ ক্ষেত্ৰত মেঘালয়ত নিষেধাজ্ঞা জাৰি\nNext articleৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?
ICC Women's World Cup 2022: পাকিস্তানৰ বিজয়ে সহজ কৰিব নেকি ভাৰতৰ ছেমিত প্ৰৱেশৰ পথ ? বাকী থকা খেলত ভাৰতৰ লক্ষ্য কি ?- News18 assam\nHome » photogallery » sports »ICC Women's World Cup 2022: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাকিস্তানৰ বিজয়ে সহজ কৰিব নেকি ভাৰতৰ ছেমিত প্ৰৱেশৰ পথ ? বাকী থকা খেলত ভাৰতৰ লক্ষ্য কি ?\nICC Women's World Cup 2022: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাকিস্তানৰ বিজয়ে সহজ কৰিব নেকি ভাৰতৰ ছেমিত প্ৰৱেশৰ পথ ? বাকী থকা খেলত ভাৰতৰ লক্ষ্য কি ?\nটীম ইণ্ডিয়াৰ ৫ খন খেলৰ পৰা ৪ পইণ্ট আছে। তেওঁলোক ৪ৰ্থ স্থানত আছে। ভাৰতে ২২ মাৰ্চত বাংলাদেশৰ বিৰুদ্ধে খেলিব। Team Indiaৰ ৰাণৰেট অতি ভাল। ইংলেণ্ডৰ ৫ খন মেচত ৪ পইণ্ট, ৬ খন মেচত নিউজিলেণ্ডৰ ৪ পইণ্ট আছে।\n। March 21, 2022, 19:03 IST\nWomen's World Cup নিউজিলেণ্ডত মহিলা বিশ্বকাপ খেলি থকা হৈছে। প্ৰতিযোগিতাখনত মুঠ ৮টা দলে খেলি আছে। প্ৰতিটো দলে লীগ ৰাউণ্ডত ইজনে সিজনৰ বিৰুদ্ধে খেলিব। ফলস্বৰূপে, সকলো দলে ৭খনকৈ মেচ খেলিব লাগিব। তেতিয়ালৈকে শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত খেলিব। এতিয়ালৈকে কেৱল অষ্ট্ৰেলিয়াই হে অন্তিম চাৰিত স্থান লাভ কৰিছে। (AP)\nসোমবাৰে প্ৰতিযোগিতাখনত ৱেষ্ট ইণ্ডিজে পাকিস্তানৰ হাতত ৮ উইকেটৰ কঠিন পৰাজয় উপভোগ কৰে। ৱেষ্ট ইণ্ডিজৰ পৰাজয়ে মিতালী ৰাজৰ ভাৰতীয় মহিলা দলক লাভান্বিত কৰিছে। যদি ৱেষ্ট ইণ্ডিজ দলজয়ী হ'লহেঁতেন, তেন্তে তেওঁলোকে ছেমি ফাইনেললৈ আগবাঢ়ি গ'লহেঁতেন। (AFP)\nৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৩ বছৰৰ পিছত পাকিস্তানে বিশ্বকাপ জিকিছিল। তেওঁলোকে ২০০৯ চনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছিল। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি মাত্ৰ ৮৯ ৰাণ সংগ্ৰহ কৰিছিল। অফ স্পিনাৰ নিদা দাৰে ১০ ৰাণত ৪ টা উইকেট দখল কৰিছিল। প্ৰত্যুত্তৰত পাকিস্তানে ৭টা বল বাকী থকা অৱস্থাত ২ উইকেটত লক্ষ্য টো জিকিছিল। (AFP)\nপইণ্ট তালিকাঅনুসৰি, অষ্ট্ৰেলিয়াই এতিয়ালৈকে ৫ খন মেচ জিকিছে। দক্ষিণ আফ্ৰিকাই ৪ খন মেচৰ পৰা ৮ পইণ্ট, ৱেষ্ট ইণ্ডিজৰ ৬ খন মেচৰ পৰা ৬ পইণ্ট আছে। আফ্ৰিকা দ্বিতীয় স্থানত আৰু ৱেষ্ট ইণ্ডিজ তৃতীয় স্থানত আছে। (AFP)\nটীম ইণ্ডিয়াৰ ৫ খন খেলৰ পৰা ৪ পইণ্ট আছে। তেওঁলোক ৪ৰ্থ স্থানত আছে। ভাৰতে ২২ মাৰ্চত বাংলাদেশৰ বিৰুদ্ধে খেলিব। তেওঁৰ ৰাণৰ হাৰ অতি ভাল। ইংলেণ্ডৰ ৫ খন মেচত ৪ পইণ্ট, ৬ খন মেচত নিউজিলেণ্ডৰ ৪ পইণ্ট আছে। (AP)\nপাকিস্তানে পাঁচখন খেলৰ ভিতৰত মাত্ৰ এটাত জয় লাভ কৰিছে। তেওঁলোক পইণ্ট তালিকাৰ তলত আছে। ভাৰতীয় দলৰ অন্তিমখন খেল ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব। (AP)
ডিজিটেল ডেস্কঃ নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ গৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নী। নৃত্য আৰু অভিনয়ৰ দক্ষতাৰে বলীউডত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে গুজৰাটত এটা কোম্পেনীৰ বিজ্ঞাপনৰ যোগেদি নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰে। পিছে কেৰোণ লাগে তাতেই। অভিনেত্ৰী গৰাকীয়ে গুজৰাটত যিটো কোম্পেনীৰ 'ব্ৰেণ্ড এম্বেছেডৰ' হিচাপে নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিছিল সেই কোম্পেনীটো হৈছে' মেন ফোৰ্ছ কণ্ডম'ৰ। কোম্পেনীটোৱে ছানী লিয়নীৰ নৱৰাত্ৰীৰ শুভেচ্ছা সূচক হৰ্ডিং গুজৰাটৰ বাটে-পথে লগোৱাত গুজৰাটৰ কেতবোৰ সংগঠনে হৰ্ডিংবোৰ ফালি পেলায়। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.
আহিব পাৰে এক সৌৰ ধুমুহা ইয়াৰ ফলত গোটেই বিশ্বৰ ইন্টাৰনেট যোগাযোগ ব্যৱস্থা বিধ্বস্ত হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। বিজ্ঞানৰ পৰিভাষাত যাক কোৱা হয় কৰ'নাল মাছ ইজেকশ্যন(চিএমই)। এই ধুমুহা সমগ্ৰ সৌৰমণ্ডলৰ বাবেই বিপজ্জনক হৈ উঠিব পাৰে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰভিনে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ শেহতীয়া এক গৱেষণা কৰিছিল আৰু তাৰ পাছতে গৱেষণাত এই আশংকা পোহৰলৈ আহিছে। এই গৱেষণা পত্ৰ অনলাইনত প্ৰকাশ পাইছে। গৱেষকসকলৰ মতে এইবাৰ আহিবলগীয়া সৌৰ ধুমুহাটোৰ দৰে সৌৰধুমুহা ইয়াৰ পূৰ্বে ১৮৫৯ আৰু ১৯২১চনত আহিছিল। অৰ্থাৎ পুনৰ ১০০ বছৰ পাছত পৃথিৱী পুনৰ এক ভয়ংকৰ সৌৰ ধুমুহাৰ সন্মুখীন হ'বলৈ আগবাঢ়িছে। গৱেষকসকলে জানিবলৈ দিয়া মতে এনেকুৱা ভয়ংকৰ সৌৰ ধুমুহা পৃথিৱীৰ ওপৰত দানৱৰ দৰে সৰি পৰাৰ ঘটনা প্ৰতিটো দশকতে ১.৬শতাংশৰ পৰা ১২ শতাংশ থাকে। এইবাৰ তেনেকুৱা এক সৌৰ ধুমুহাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি বুলি জানিব পৰা গৈছে। গৱেষক সকলৰ মতে ১৮৫৯ বা ১৯২১চনৰ দৰে ইমান তীব্ৰ নহ'লেও ১৯৮৯চনৰ মাৰ্চত যি সৌৰ ধুমুহা পৃথিৱীৰ পিনে খহি আহিছিল তাৰ ফলত কানাডাৰ সমগ্ৰ কুইবেক প্ৰদেশ একেৰাহে ৯ঘন্টা আন্ধাৰত ডুব গৈছিল।
ভিআৰএ ক্ৰিকেট গ্ৰাউণ্ডত খেলা নেডাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন এদিনীয়াত জছ বাটলাৰে ৭০ টা বলত অপৰাজিত ১৬২ ৰাণ সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত, বাটলাৰে ৭ টা চাৰি আৰু ১৪ টা ছয় মাৰিছিল। বাটলাৰে ২৩১ তকৈ অধিক ষ্ট্ৰাইক ৰেটৰ সৈতে ৰাণ সংগ্ৰহ কৰিছিল। (AFP) ৩১ বছৰীয়া সোঁহাতৰ উইকেটকিপাৰ জছ বাটলাৰে মাত্ৰ ৬৫ টা বলত ১৫০ ৰাণ সম্পূৰ্ণ কৰে। এইটো এদিনীয়া ইতিহাসৰ দ্বিতীয় দ্ৰুততম ১৫০ ৰাণ। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তী এ বি ডি ভিলিয়ৰ্ছে ৬৪ টা বলত এই কৃতিত্ব অৰ্জন কৰে। (AFP) জছ বাটলাৰ, ডেভিদ মালান আৰু ফিলিপ চল্টৰ শতকঅৰ্জন কৰি ইংলেণ্ডে প্ৰথমে বেটিং কৰে আৰু ৪ উইকেটত ৪৯৮ ৰাণ সংগ্ৰহ কৰে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা দলে অৰ্জন কৰা এইটো সৰ্বাধিক স্ক'ৰ। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৮১ ৰাণ সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়িছিল। (এএফপি) অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?
নিউজ ডেস্কঃ এগৰাকী সুন্দৰী যুৱতী। যুৱতীগৰাকী কোনো মডেলতকৈ কোনো গুণে কম নহয়। তেওঁ এতিয়া ৰাজ্য়ৰ সংবাদমাধ্যমৰ শীৰ্ষত। পিছে ৰূপেৰে নহয় গুণেৰেহে চৰ্চিত হৈছে যুৱতীগৰাকী। যুৱতীগৰাকী হৈছে ধেমাজি গোগামুখৰ ডাঃ তৃষা পেগু। তৃষাৰ নামৰ আগত থকা চিকিৎসকৰ ডিগ্ৰীক লৈ চিন্তিত ৰাজ্য়বাসী । কাৰণ তৃষাই ভুৱা প্ৰমাণপত্ৰৰে বহুদিনৰে পৰা হৈ আছিল চিকিৎসক। ভুৱা প্ৰমাণপত্ৰৰে তৃষাই যোৰহাট আৰু শিৱসাগৰৰ নাৰ্চিংহোমত ৰোগীক চিকিৎসা প্ৰদান কৰিছিল। তৃষা পেগুৰ হাতত আছে ২০১৭ বৰ্ষত দিল্লী এইমছৰ পৰা এম বি বি এছ পাছ কৰি অহাৰ ভুৱা প্ৰমাণপত্ৰ। কিছুদিন পূৰ্বে যোৰহাটৰ এ জি নাৰ্ছিং হোমত যোগদানৰ বাবে আবেদন কৰিছিল চিকিৎসক তৃষাই। দুদিনমানৰ বাবে কামো কৰিছিল । কিন্তু হস্পিতাল কৰ্তৃপক্ষই নথি-পত্ৰ বিচৰাত কোনো নথিপত্ৰ দেখুৱাব নোৱাৰাৰ লগতে পলাতক অৱস্থাত থাকে তৃষা। অকল ইমানেই নহয় নিজকে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত টপাৰ বুলি পৰিচয় দি এইমছত নাম ভৰ্তিৰ নামতো টকা লুটিছিল সুন্দৰী ভুৱা চিকিৎসক তৃষাই। তিনিচুকীয়াৰ ৰুবী কুটুম নামৰ মহিলা গৰাকীৰ পৰাও তৃষাই লুটে প্ৰায় ২০লাখ টকা। ৰুবী কুটুমৰ জীয়ৰীক এইমছত নামভৰ্তিৰ কৰি দিয়াৰ প্ৰলোভন দি এইমছৰ নামত ভুৱা ই-মেল আই ডি খুলি মেইল কৰিছিল তৃষাই। এইদৰে নিজকে চিকিৎসক বুলি পৰিচয় দি বিভিন্নজনৰ সন্তানক দিয়ে এইমছত নামভৰ্তিৰ টোপ। তেনেকৈয়ে বহুতৰ পৰা লাখে লাখে টকা সৰকালে এইগৰাকী ভুৱা চিকিৎসক তৃষা পেগুৱে। অৱশেষত পোহৰলৈ আহিল তৃষাৰ প্ৰৱঞ্চনা। ভুক্তভোগীসকলে তৃষাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত তৰিলে গোচৰ। তাৰ পিছৰে পৰা সন্ধানহীন এইগৰাকী ভুৱা চিকিৎসক। ৰাজ্য়ৰ ভিন্ন থানাতো তৃষাৰ বিৰুদ্ধে আছে গোচৰ। তৃষাক কৰায়ত্ত কৰাৰ পিছতহে পোহৰলৈ আহিব প্ৰৱঞ্চনাৰ একাধিক কলংকিত কাহিনী। আৰক্ষীয়ে এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই ভুৱা চিকিৎসক তৃষাৰ। তৃষাক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। মানকাচৰত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ভয়ংকৰ জালিয়তি। Search for:
एक साल में बाइबल - ইণ্ডিয়ান ৰিভাইচ ভাৰচন - नवंबर 19\n1. আমাৰ নিৰ্বাসনৰ দশম বছৰৰ, দশম মাহৰ দ্বাদশ দিনা, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক'লে,\n2. "হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!\n3. ঘোষণা কৰি কোৱা, 'প্ৰভু যিহোৱাই এই কথা কৈছেঃ হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, "মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।"\n4. কিয়নো মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, আৰু তোমাৰ নীল নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম; মই তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক ওপৰলৈ তুলি আনিম।\n5. মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছবোৰক মৰুপ্রান্তলৈ পেলাই দিম। তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ'বলৈ দিম!\n6. তেতিয়া মই যে যিহোৱা, সেই বিষয়ে মিচৰ সকলো নিবাসীয়ে জানিব, কিয়নো তেওঁলোক ইস্ৰায়েল-বংশলৈ নলৰ লাখুটিস্বৰূপ!\n7. যেতিয়া তেওঁলোকে তোমালোকক খামোচ মাৰি ধৰিছিল, তেতিয়া তোমালোকে তেওঁলোকক ভাঙিলা আৰু সকলোৰে কান্ধ ফালিলা; আৰু যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত ভৰ দিছিল, তেতিয়া তুমি তেওঁলোকৰ ভৰি ভাগিলা আৰু তেওঁলোকৰ সকলোৰে কঁকালৰ জোৰা লৰাই তেওঁলোকক অচল কৰিলা।\n8. এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছেঃ চোৱা! মই তোমাৰ বিৰুদ্ধে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম।\n9. তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ'ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, "নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।"\n10. এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।\n11. মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ'ব!\n12. ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াসকলক জাতি সমূহৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।\n13. কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছেঃ যি জাতি সমূহৰ মাজত মিচৰীয়াসকলক ছিন্ন-ভিন্ন কৰিছিলোঁ, সেই জাতি সমূহৰ মাজৰ পৰা মই চল্লিশ বছৰৰ মূৰত তেওঁলোকক গোটাই আনিম।\n14. মই মিচৰৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ উৎপত্তিৰ দেশ পথ্ৰোচ দেশলৈ তেওঁলোক লৈ আহিম। তেতিয়া সেই ঠাইত তেওঁলোক এক সামান্য ৰাজ্য হ'ব।\n15. সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ'ব, আৰু আন জাতি সমূহৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু মই তেওঁলোকক হ্ৰাস কৰিম যেন আন জাতি সমূহৰ ওপৰত তেওঁলোকে কেতিয়াও প্ৰভুত্ত্ব কৰিব নোৱাৰে।\n16. তেওঁলোকে কেতিয়াও ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি নহ'ব আৰু মিচৰ পাছত যাবলৈ তেওঁলোকে মুখ কৰা কালত তেওঁলোক অপৰাধ সোঁৱৰণ কৰাওঁতাও আৰু নহ'ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব'।"\n17. তাৰ পাছত, আমাৰ নিৰ্বাসনৰ সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক'লে,\n18. "হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবূখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে। সকলোৰে মূৰ টকলা কৰা হ'ল, আৰু সকলোৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ কাৰণে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে।\n19. এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছেঃ 'চোৱা! মই বাবিলৰ ৰজা নবূখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ ধন লৈ যাব আৰু তাৰ দ্ৰব্য লুট কৰিব আৰু তাৰ সকলো বস্তু কাঢ়ি লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ'ব!\n20. তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিচৰ দেশ দিম কিয়নো তেওঁলোকে মোৰ অৰ্থে কাৰ্য কৰিলে।" এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।\n21. "সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ কাৰণে এক শিং গজাম, আৰু তেওঁলোকৰ মাজত তোমাৰ মুখ খুলিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।"\n1. যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক'লে,\n2. "হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, যে প্ৰভু যিহোৱাই এই কথা কৈছেঃ তোমালোকে হাহাকাৰ কৰি কোৱা, 'হায়, হায়, সেয়ে কেনে দিন হ'ব!'\n3. কিয়নো সেই দিন ওচৰ! এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন হ'ব, সেয়ে জাতিবোৰৰ বাবে কাল হ'ব।\n4. তেতিয়া মিচৰৰ বিৰুদ্ধে তৰোৱাল আহিব, আৰু তেতিয়া কুচত যাতনা হ'ব, যেতিয়া মিচৰত হত লোকবোৰ পতিত হ'ব - তাৰ লোক সমূহক তাৰ পৰা নিয়া হ'ব আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ'ব।\n5. কুচ, পূট, লুদ, মিহলি থকা আটাই লোক সমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ'ব।\n6. যিহোৱাই এই কথা কৈছেঃ "যিসকল মিচৰৰ স্তম্ভস্বৰূপ অর্থাৎ তেওঁলোকৰ ফলিয়া হ'ব, তেওঁলোকো পতিত হ'ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ'ব। মিগদোলৰ পৰা চিবেনিলৈকে তেওঁলোকৰ সৈন্য সমূহ তৰোৱালৰ দ্বাৰাই পতিত হ'ব!" এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা!\n7. আৰু ধ্বংস কৰা দেশবোৰৰ মাজত তেওঁলোককো ধ্বংস অৱস্থাত পোৱা লোক হ'ব, আৰু তেওঁলোকৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ'ব।\n8. যেতিয়া মই মিচৰত জুই লগাম, আৰু ইয়াৰ আটাই সাহায্যকাৰীসকল নষ্ট হ'ব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!\n9. সেইদিনা নিশ্চিন্তে থকা কুচীয়াসকলক ভয় লগাবলৈ দূতবোৰে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু সেইদিনা মিচৰত হোৱাৰ নিচিনাকৈ তেওঁলোকৰ মাজত যাতনা হ'ব। কিয়নো চোৱা! সেয়ে আহিছে!\n10. প্ৰভু যিহোৱাই এইদৰে কৈছেঃ "মই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতৰ দ্বাৰাই মিচৰৰ লোক সমূহক লুপ্ত কৰিম।\n11. তেওঁক আৰু তেৱেঁ সৈতে তেওঁৰ প্ৰজাসকলক, জাতিবোৰৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ'ব; আৰু তেওঁলোকে মিচৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াই হত লোকসকলেৰে দেশ পৰিপূৰ্ণ কৰিব।\n12. মই নদীবোৰ শুকান ঠাই কৰিম, আৰু এই দেশ দুষ্ট লোকসকলৰ হাতত বেচি দিম। মই তাত থকা সকলোকে বিদেশী লোকৰ হাতৰ দ্বাৰাই উচ্ছন্ন কৰোৱাম! মই, যিহোৱাই ইয়াক ঘোষণা কৰিলোঁ!"\n13. প্ৰভু যিহোৱাই এই কথা কৈছেঃ "মই মূৰ্ত্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিচৰ দেশত আতংক আনিম!\n14. ইয়াত মই পথ্ৰোচক ধ্বংস কৰিম, চোৱনত জুই লগাম আৰু নো নগৰক দণ্ড দিম।\n15. আৰু মই মিচৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোক সমূহক উচ্ছন্ন কৰিম।\n16. তেতিয়া মই মিচৰত জুই লগাম। চীনে যাতনাত ধৰফৰাব, আৰু নো নগৰক ভঙা হ'ব। আৰু প্রতিদিনে শত্ৰূৱে নোফক আক্ৰমণ কৰিব!\n17. আবনৰ আৰু পী-বেচতৰ ডেকাসকল তৰোৱালৰ দ্বাৰাই পতিত হ'ব, আৰু সেই দুখন নগৰৰ লোকসকল বন্দী অৱস্থালৈ যাব।\n18. যেতিয়া মই তহ্পন্হেচত মিচৰৰ যুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ'ব, আৰু মিচৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ'ব। আৰু তাৰ নিজৰ বিষয়ে হ'লে, এডোখৰ মেঘে তাক ঢাকিব আৰু তাৰ জীয়াৰীসকল বন্দী অৱস্থালৈ যাব।\n19. এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।\n20. একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোলৈ আহিল, আৰু ক'লে,\n21. "হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ। আৰু চোৱা! তৰোৱাল ধৰিবলৈ শক্তি পাবৰ কাৰণে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ'ল।"\n22. সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছেঃ "চোৱা, মিচৰৰ ৰজা ফৰৌণলৈ! তেওঁৰ বিপক্ষে মই তেওঁৰ বলী ও ভগা বাহু এই দুয়োকো ভাঙিম আৰু তেওঁৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম।\n23. আৰু মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।\n24. মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মোৰ তৰোৱাল দিম যাতে মই ফৰৌণৰ বাহু দুটা ভাঙি পেলাব পাৰিম। তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা লোকে কেঁকোৱাৰ দৰে তেওঁৰ আগত তেওঁ কেঁকাব।\n25. আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা শক্তিশালী কৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ'লে ভাঙি পৰিব। তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব, যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম; আৰু ইয়াৰেই তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক আক্রমণ কৰিব।\n26. মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!"\n5. যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।\n6. তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক, যি নৌ বাঢ়োতেই শুকাই যায়;\n7. যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়, যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।\n8. বাটৰুৱাবোৰে সেই ফালেদি গ'লে তেওঁলোকক এনেদৰে নকয়, "তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক! যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।"\n27. যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়; কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পায়।\n1. ভাতৃ-প্ৰেম চলি থাকক।\n2. আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই আলহী সুধিলে।\n3. বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।\n4. সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।\n5. আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।\n6. এতেকে আমি সাহসেৰে ক'ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?\n7. আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ'ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।\n8. যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে।\n9. আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ'ব; কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ'ল, সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল।\n10. যি বেদিত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰা সকলৰ ক্ষমতা নাই, এনে এটি বেদি আমাৰ আছে।\n11. কিয়নো যি যি প্ৰাণীৰ তেজ পাপৰ বলিদান স্বৰূপে মহা-পুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ নিয়া হয়, সেইবোৰৰ শৰীৰ ছাউনিৰ বাহিৰে পোৰা যায়।\n12. এই কাৰণে যীচুৱেও, তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ, নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে।\n13. এতেকে আহক, তেওঁৰ নিন্দাৰূপ ভাৰ বৈ, ছাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁহক।\n14. কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই; কিন্তু আমি সেই ভাবি নগৰ বিচাৰি আছোঁ।\n15. এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।\n16. কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।\n17. আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ'ব।\n18. আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব; কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ;\n19. কিন্তু মোক যেন পুনৰ অাপোনালোকৰ বাবে সোনকালে দিয়া হয়, এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ মই অাপোনালোকক অধিক মিনতি কৰিছোঁ।\n20. শান্তিৰ আঁকৰ যি ঈশ্বৰে, অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবোৰৰ সেই মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;\n21. তেওঁৰ দৃষ্টিত যি উত্তম, সন্তোষজনক, তাকে আমাৰ যীচু খ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।\n22. হে ভাই সকল, মই আপোনালোকক উৎসাহিত কৰোঁ, আপোনালোকে এই উদগণিৰ বাক্য সহন কৰিব; কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ।\n23. আমাৰ ভাই তীমথিয়ক মুকলি কৰা হৈছে, ইয়াকে জানিবা; তেওঁ সোনকালে আহিলে, তেৱেঁ সৈতে মই আপোনালোকক দেখা কৰিবলৈ যাম।\n24. আপোনালোকে আপোনালোকৰ নায়ক সকলক আৰু সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। ইটালী দেশৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।\n25. আপোনালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন।
বিষ্ণু খাৰঘৰীয়া - অসমীয়া ৱিকিপিডিয়া\nৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫, ২০১২)\nজীৱনজোৰা সাধনাৰ বঁটা(২০১২)\nবিষ্ণু খাৰঘৰীয়া (ইংৰাজীঃ Bishnu Khargharia, জন্ম-১৯৪৬) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা বিষ্ণু খাৰঘৰীয়াই ১৯৭১ চনত চিনেমাৰ জগতখনত প্ৰৱেশ কৰে। তেখেতৰ প্ৰথমখন চিনেমা আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত অৰণ্য । ২০২১ বৰ্ষত তেখেতে অভিনয়-জীৱনত সোণালী জয়ন্তী স্পৰ্শ কৰে। জাহ্নু বৰুৱা, মুনীন বৰুৱাকে ধৰি বহুকেইগৰাকী প্ৰতিষ্ঠিত চলচ্চিত্ৰকাৰৰ ছবিত মননশীল অভিনয় কৰি সুখ্যাতি অৰ্জন কৰা অভিনেতাজনে বিগত পাঁচ দশকত ত্ৰিশতকৈও অধিকসংখ্যক ছবিত অভিনয় কৰিছে। সাগৰলৈ বহুদূৰ, বান্ধোন, কণিকাৰ ৰামধেনু, আজান ফকীৰ চাহেব, ফিৰিঙতি হৈছে তেখেতৰ কেইখনমান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰকৰ্ম। ১৯৯৫ আৰু ২০১২ চনত তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১২ চনত তেখেতক প্ৰাগ চিনে বঁটা-প্ৰদান অনুষ্ঠানত জীৱনজোৰা সাধনাৰ বঁটাৰে সন্মানীত কৰা হয়।\n2.1 অসমীয়া চলচ্চিত্ৰত অভিনয়\n১৯৪৬ চনৰ ডিব্ৰুগড়ৰ আমোলাপট্টিত বিষ্ণু খাৰঘৰীয়াৰ জন্ম হৈছিল। পিতৃ আছিল ভুৱন চন্দ্ৰ খাৰঘৰীয়া আৰু মাতৃ আছিল দিব্যলতা খাৰঘৰীয়া। পিতৃ আছিল এগৰাকী অভিনেতা। তেখেতে মঞ্চৰ লগতে ৰূপালী পৰ্দাতো অভিনয় কৰিছিল। চলচ্চিত্ৰকাৰ ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ডক্তৰ বেজবৰুৱাত তেখেতে অভিনয় কৰিছিল। বিষ্ণু খাৰঘৰীয়াই অভিনয়ৰ প্ৰেৰণা লাভ কৰিছিল পিতৃৰ পৰাই।\nবিষ্ণু খাৰঘৰীয়াই স্কুলীয়া জীৱনৰ পাতনি মেলে ডিব্ৰুগড়তে। পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ সময়তে বিষ্ণু খাৰঘৰীয়াই ডিব্ৰুগড়ৰ 'জয়শ্ৰী সংঘ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা লাচিত বৰফুকন নামৰ নাটকখনত শিশু চৰিত্ৰ ৰূপায়ণ কৰে। ছাত্ৰাৱস্থাতেই তেখেতে ডিব্ৰুগড়ৰ নাট্যসন্ধ্যাবোৰতো অভিনয় কৰিছিল। ষাঠিৰ দশকত তেখেতে কাশ্মীৰ কুমাৰী নামৰ নাটকখনত প্ৰভাৱশালী অভিনয় কৰে। আনহাতে সত্তৰৰ দশকৰ পৰা তেখেতে অপেছাদাৰী নাট্যগোষ্ঠীৰ লগত জড়িত হৈ পৰে। অসমীয়া চলচ্চিত্ৰ জগতৰ আন এজন প্ৰসিদ্ধ অভিনেতা বিজু ফুকনৰ লগতো তেখেতে সেই সময়তে নাটকত অভিনয় কৰিছিল। \nঅসমীয়া চলচ্চিত্ৰত অভিনয়[সম্পাদনা কৰক]\nসমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি অৰণ্যৰ যোগেদি বিষ্ণু খাৰঘৰীয়াৰ অভিষেক ঘটে। ১৯৭১ চনত মুক্তিলাভ কৰা এই ছবিখনত অসমৰ এগৰাকী পৰিচিত অভিনয়-শিল্পী বিদ্যা ৰাওৱে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল। নিশাৰ চকুলো নামৰ ছবিখনত বিষ্ণু খাৰঘৰীয়াই নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। বৃষ্টি নামৰ চলচ্চিত্ৰত জয়ন্ত হাজৰিকা কণ্ঠদান কৰা এটি গীত সুৰাত মগন ভয়াল ৰাতিত বিষ্ণু খাৰঘৰীয়াই স্মৰণীয় প্ৰদৰ্শন আগবঢ়ায়। এইখন ছবিয়ে মুক্তি লাভ কৰিছিল ১৯৭৫ চনত। আজান ফকীৰৰ জীৱনভিত্তিক কথাছবি আজান ফকীৰ চাহেবত বিষ্ণু খাৰঘৰীয়াই কেন্দ্ৰীয় চৰিত্ৰত অৱতীৰ্ণ হয়। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত কথাছবি 'সাগৰলৈ বহুদূৰ'ত তেখেতে এজন নাৱৰীয়াৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শক আৰু সমালোচকৰ পৰা ভূয়সী প্ৰশংসা অৰ্জন কৰে। অভিনয়ৰ বাবে তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এইখন ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনয়ৰ সন্মান লাভ কৰে। \nৰঞ্জিত দাসে পৰিচালনা কৰা সংস্কাৰ নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াই ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। অৰূপ মান্নাৰ দ্বাৰা নিৰ্দেশিত ছবি জীৱন তৃষ্ণা হৈছে অভিনেতাজনৰ আন এক উল্লেখনীয় ছবি। এইখন ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে শ্ৰেষ্ঠ সহ-অভিনেতাৰ সন্মান লাভ কৰে। \nবিষ্ণু খাৰঘৰীয়াই নিপ বৰুৱাৰ দ্বাৰা নিৰ্মিত ছবি মণিমা নামৰ বাংলা ছবিখনতো অভিনয় কৰিছে। ইয়াৰ উপৰি অসমীয়া ভাষাত নিৰ্মিত বহুকেইখন ভিচিডিৰ গুৰুত্বপূৰ্ণ ছবিত তেখেতে সফল অভিনয় কৰিছে। \nতেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি তলত তালিকাভূক্ত কৰা হৈছে\nআই ক'ত নাই\nসাগৰলৈ বহু দূৰ (১৯৯৫)\nশেষ উপহাৰ (২০০১)\nঅন্তহীন যাত্ৰা (২০০৪)\nজেতুকা পাতৰ দৰে (২০১১)\nজাতিঙ্গা ইত্যাদি (২০০৭)\nআজান ফকীৰ চাহেব (২০০৮)\nবিষ্ণু খাৰঘৰীয়াই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৯৫ চনত আৰু ২০১২ চনত ক্ৰমে সাগৰলৈ বহু দূৰ আৰু বান্ধোন চলচ্চিত্ৰখনৰ বাবে লাভ কৰিছিল। ১৯৯৬ চনত তেখেতে ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাগৰলৈ বহু দূৰত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। আনহাতে ২০১২ চনৰ প্ৰাগ চিনে বঁটাৰ জীৱনজোৰা সাফল্যৰ সন্মান তেখেতে লাভ কৰিছিল। ২০১৯ চনত তেখেতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা বিজু ফুকন বঁটা লাভ কৰে। ২০২০ চনত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে "আনন্দৰাম ঢেকিয়াল ফুকন বঁটা" প্ৰদান কৰে।\n↑ 2.0 2.1 2.2 2.3 2.4 2.5 ভাগৱতী, কমল কুমাৰ (৪ এপ্ৰিল ২০২১). "বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া". দৈনিক অসম. দৈনিক অসম (গুৱাহাটী): পৃষ্ঠা ১৭. http://cnis.ddns.net/scripts/dainiknew.asp?id=apr0421/Page17। আহৰণ কৰা হৈছেঃ5April 2021.\n↑ Bishnu Kharghoria filmography\n↑ "Bishnu Kharghoria" (en ভাষাত). IMDb. https://www.imdb.com/name/nm0451440/awards। আহৰণ কৰা হৈছেঃ 2020-04-01.\n↑ "Biju Phukan Award Goes To Veteran Actor Bishnu Kharghoria" (en-US ভাষাত). The Sentinel. 2019-02-13. https://www.sentinelassam.com/guwahati-city/biju-phukan-award-goes-to-veteran-actor-bishnu-kharghoria/। আহৰণ কৰা হৈছেঃ 2020-04-01.\nইণ্টাৰনেট মুভি ডাটাবেছৰ বিষ্ণু খাৰঘৰীয়াৰ প্ৰ'ফাইল\n"https://as.wikipedia.org/w/index.php?title=বিষ্ণু_খাৰঘৰীয়া&oldid=305975"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ১০ নৱেম্বৰ, ২০২১ তাৰিখে ১০ঃ১৫ বজাত অন্তিম সংশোধন কৰা হৈছিল।
শৰীৰৰ বাবে ক্ষতিকাৰক প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰঃ\nশৰীৰ সুস্থ কৰি ৰাখিবলৈ ৰ'দৰ প্ৰয়োজন কিমান ?\nআজিকালি প্ৰায়ভাগ লোকেই খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে প্লাষ্টিক ব্যৱহাৰ কৰে। আগতে প্ৰায়ভাগ লোকেই বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আদিত সমূহীয়াভাৱে খাদ্য গ্ৰহণৰ সময়ত কলপাত, চতিয়া, গছৰ পাত, মাটিৰ বাচন আদি ব্যৱহাৰ কৰিছিল। এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা পোৱা উপাদান। সেইবোৰত খাদ্য গ্ৰহণ কৰিলে কোনো ধৰণৰ ৰোগ হোৱাৰ আশংকা নাথাকে। বিশুদ্ধ পানীৰে কলপাত, চতিয়া, গছৰ পাত ভালদৰে ধুই ল'লেই কোনো ৰোগৰ বীজাণুও নাথাকে। ডেৰ দশকমান আগলৈকে এইবোৰৰ প্ৰচলন আছিল। কিন্তু চাহিদা অনুপাতে এইবোৰ নোপোৱাৰ ফলত সকলোৱে এতিয়া প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু সকলোৱে এইবোৰ নোপোৱা বাবে ব্যৱহাৰ নকৰে যে পোৱাৰ পাছতো ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয় সেয়া চৰ্চাৰ বিষয়। বহুতেই কলপাত, চতিয়া আদিও খাদ্য গ্ৰহণ কৰিলে আউট ডেটেড বুলি ভাবিব বুলিয়েই ব্যৱহাৰ নকৰে। কিছুমানে আকৌ ঠাইখিনি লেতেৰা হ'ব বুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। সি যি কি নহওক প্লাষ্টিকৰ ব্যৱহাৰে মানৱ জাতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে। কিয়নো অত্যধিক প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত পৰোক্ষভাৱে বহুতো ৰোগ সৃষ্টিৰ আশংকা থাকে। প্লাষ্টিকৰ বাচনত পুষ্টিকৰ খাদ্য সুন্দৰকৈ পৰিৱেশন কৰা কাঁহী, বাটি, বটল, প্লেট, বিভিন্ন পাত্ৰ আদিত দিয়াৰ সময়ত কিন্তু কোনোৱে শৰীৰৰ ক্ষতিকাৰক দিশটোৰ বিষয়ে গুৰুত্ব নিদিয়ে। নিদিয়াটো স্বাভাৱিক কথা। কাৰণ এই সম্পৰ্কে এতিয়াও ৰাইজক সতৰ্ক কৰি দিয়া হোৱা নাই।\nযেতিয়া বেছি গৰম খাদ্যবস্তু প্লাষ্টিকৰ বাচনত খোৱা হয় তেতিয়া শৰ্কৰা, চৰ্বি আৰু প্লাষ্টিকৰ বিষক্ৰিয়াৰ ফলত উৎপন্ন হয় 'ডাইঅক্সিন'। এইবোৰ যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়া ভয়াবহ বিষক্ৰিয়া হোৱাৰ আশংকা থাকে। গৱেষকসকলেও এই বিষয়ে সতৰ্ক কৰি দিছে। ডাইঅক্সিন ইমানেই ক্ষতিকাৰক যে কৰ্কট ৰোগ সৃষ্টিৰো আশংকা থাকে। ই শৰীৰত আন বহুতো ৰোগৰ সৃষ্টি কৰিব পাৰে।\nআপুনি হয়তো শুনি আচৰিত হ'ব যে অত্যধিক প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰি খাদ্য গ্ৰহণৰ ফলত পুৰুষৰ উৰ্বৰা শক্তি হ্ৰাস পায়। অৰ্থাৎ শুক্ৰাণুৰ উৎপাদন ক্ষমতা হ্ৰাস পায়। যেতিয়া প্লাষ্টিকৰ বটলত পানী বা শীতল পানীয় ভৰাই ফ্ৰীজত ৰখা হয় তেতিয়া বিছফেনল উৎপন্ন হয়। এইবিধ ৰাসায়নিকে পুৰুষৰ শুক্ৰাণুৰ ওপৰত লাহে লাহে প্ৰভাৱ পেলায়। এনে প্ৰভাৱ লাহে লাহে পৰে বাবে বহুতেই বিষয়টোৰ ওপৰত গুৰুত্ব নিদিয়ে। অৱশ্যে ইয়াৰ অন্যতম কাৰণ হ'ল অজ্ঞতা। এনেধৰণৰ ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হোৱা সম্পৰ্কে কোনোৱে সতৰ্ক কৰি দিয়া নাই। এনে ৰাসায়নিক পদাৰ্থৰ বাবে মহিলাসকলৰ ইষ্ট্ৰোজেন পলিথিলিন, পিভিছি, নাইলন, ছেলুলোছিক্স, ফেনোলিক্স আদি। এইবোৰৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিকাৰক প্লাষ্টিকবিধ হ'ল পলি ভিনাইল ক্লৰাইড বা পি ভি চি। আমি যদিও প্লাষ্টিক ব্যৱহাৰ কৰো তথাপি কোনবিধ ব্যৱহাৰ কৰিছে। সেয়া জনাটো সম্ভৱ নহয়। কাৰণ এই প্লাষ্টিকৰ ওপৰত ইয়াৰ প্ৰকাৰ আৰু প্ৰকৃতি লিখা নাথাকে। যেতিয়া খাদ্য গ্ৰহণৰ সময়ত গৰম খাদ্য প্লাষ্টিকত পৰিৱেশন কৰা হয় বা প্লাষ্টিকৰ পেকেটৰ ভিতৰত থকা খাদ্যবস্তু কেনেবাকৈ গৰম হ'লে সেই উত্তাপত ডাইঅক্সিন অথবা ডাইঅক্সিনজাত যৌগ যেনে থেলেটছ, বিছকেনলৰ ৰোগ সৃষ্টি কৰিব পাৰে বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে।\nপ্লাষ্টিক সামগ্ৰী ব্যৱহাৰকাৰীসকলৰ সমানেই বিপজ্জনক এই সামগ্ৰী প্ৰস্তুতৰ সতে জড়িত ব্যক্তিসকলৰ বাবে। কিয়নো এই কাৰ্যত জড়িত লোকসকলে সকলো সময়তে ভিনাইল ক্ল'ৰাইড গেছ শ্বাস-প্ৰশ্বাসৰ সময়ত শৰীৰত প্ৰৱেশ কৰি থাকে। ছালৰ, হাঁওফাঁওৰ ৰোগৰ উপৰি লিভাৰ, হৃদযন্ত্ৰ আৰু মস্তিষ্কৰো ক্ষতি হোৱাৰ আশংকা থাকে। শ্বাসনলীৰ ফাইব্ৰেছিছ জাতীয় ৰোগৰ বাবেও দায়ী প্লাষ্টিক।\nৰ'দত ওলালে মানুহৰ শৰীৰৰ উত্তাপ বৃদ্ধি পায়। কাৰণ এই সময়ত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ শৰীৰৰ ওপৰত পৰে। কাপোৰেৰে শৰীৰটো ঢকা থাকিলেও সূৰ্যৰ পৰা বিকিৰিত ৰশ্মিয়ে ছালত আঘাত কৰে। শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন 'ডি' সূৰ্যৰ পোহৰত উৎপন্ন হয় বাবে সকলোকে ৰ'দৰ প্ৰয়োজন। শীতৰ সময়ত ৰ'দত বহি উম লোৱাৰ আনন্দই বেলেগ। আনহাতে, প্ৰচণ্ড গৰমত শৰীৰ শীতল কৰিবলৈ গছৰ ছাঁত অথবা ঘৰৰ ভিতৰত বহি থাকে। তথাপি কিন্তু শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানখিনিৰ বাবে কিছু সময়ৰ বাবে হ'লেও ৰ'দত ওলাব লাগে। যিসকল লোকে ঘৰৰ ভিতৰতে বেছিভাগ সময় অতিবাহিত কৰে অথবা শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত ঘূৰি ফুৰে তেনে লোকৰ ভিটামিন 'ডি'ৰ অভাৱ ঘটাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে।\nশৰীৰৰ বাবে প্ৰতিটো অংগ-প্ৰত্যংগই গুৰুত্বপূৰ্ণ। এই অংগ-প্ৰত্যগসমূহৰ কিছুমানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে কম কাৰ্য সম্পাদন কৰা অংগ-প্ৰত্যংগ দুৰ্বল হ'লেও শৰীৰটোৱে কাৰ্য সম্পাদন কৰি থাকিব পাৰিব। এনে অংগ-প্ৰত্যংগ দুৰ্বল হ'লেও স্বাভাৱিক কাৰ্য সম্পাদনত ব্যাঘাত জন্মে। শক্তিশালী হাড় অবিহনে কোনোৱে চলা-ফুৰা কৰিব নোৱাৰে। কেৱল সেয়াই নহয়, হাড় দুৰ্বল হ'লে শৰীৰটো পোনাই ৰাখিব নোৱাৰিব। সেইবাবে কোৱা হয় শৰীৰৰ মূল কাঠামো হ'ল হাড়। হাড়ৰ ওপৰত ভিত্তি কৰিয়েই শৰীৰটো গঠন হয়। সেইবাবে শৈশৱৰ পৰাই হাড়ৰ গঠন সঠিকভাৱে হৈছেনে নাই সেই বিষয়ে ভালদৰে জানি ল'ব লাগে। হাড়ৰ গঠন আৰু শক্তিশালী হৈ থকাৰ মূলতে হ'ল ৰ'দ। হাড়ৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত অন্যতম হ'ল কেলছিয়াম আৰু ভিটামিন 'ডি'। বিপাকীয় কাৰ্য সম্পাদনৰ বাবে এইবিধ ভিটামিনৰ প্ৰয়োজন। এই ভিটামিনবিধ আকৌ ৰ'দতহে উৎপন্ন হয়। শৰীৰত যেতিয়া কেলছিএল পৰ্যাপ্ত পৰিমাণে নাথাকে তেতিয়া হাড়ৰ গঠনৰ মূল চালিকা শক্তি কেলছিয়ামো সঠিকভাৱে পোষণ নহয়।\nশৰীৰৰ টান অংশৰ ভিতৰত হাড় অন্যতম। দেখাত খুব টান যেন লাগিলেও প্ৰতিটো মুহূৰ্ততে পৰিবৰ্ধন হৈ থাকে। এই প্ৰক্ৰিয়া যাতে স্বাভাৱিকভাৱে সম্পাদন হৈ থাকিব পাৰে তাৰ বাবে এজন ব্যক্তিয়ে নিতৌ কমেও এঘণ্টা সময় ৰ'দত থাকিব লাগে। ঘৰৰ বাহিৰত এঘণ্টা সময় কাম কৰিলেই যথেষ্ট। শেহতীয়াভাৱে গৱেষকসকলে এইবুলি মন্তব্য কৰিছে যে শীত প্ৰধান অথবা গ্ৰীষ্মপ্ৰধান দেশত য'তেই নাথাকক কিয় পুৱা ১০ বজাৰ পৰা আবেলি তিনি বজালৈকে ৰ'দত কমেও এঘণ্টা থাকিলে শৰীৰটোৱে প্ৰয়োজনীয় উপাদানখিনি লাভ কৰিব পাৰে। অৱশ্যে ৰ'দত বেছি সময় থাকিলেও ভিটামিন 'ডি'ৰ সমস্যাই গা-কৰি উঠিব পাৰে যদিহে ছালখনৰ মেলানিন নামৰ ৰঞ্জকবিধৰ পৰিমাণ বেছি থাকে। এই মেলানিনৰ স্তৰ ভেদ কৰি সূৰ্যৰ ৰশ্মিয়ে শৰীৰত সহজে প্ৰৱেশ কৰিব নোৱাৰে।\nশৰীৰত ভিটামিন 'ডি'ৰ উপস্থিতি সম্পৰ্কে নিৰ্ণয় কৰাটো এতিয়া সম্ভৱ হৈছে। তেজত ভিটামিন 'ডি' যদি ৩৫ নেনোগ্ৰাম/মিলিলিটাৰ (৩৫ এন জি এম এল) থাকে তেতিয়াহ'লে ইয়াক স্বাভাৱিক পৰিমাণ হিচাপেই গণ্য কৰা হয়। তেতিয়া শৰীৰত এইবিধ উপাদানৰ পৰিমাণ ১২ এন জি এম এলৰ তলত থাকে তেতিয়াহ'লে জটিল হিচাপে গণ্য কৰি চিকিৎসা নকৰিলে পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাই গা কৰাৰ আশংকা থাকে।\nযেতিয়া ভিটামিন 'ডি'ৰ অভাৱ হয় তেতিয়া কিছুমান বিশেষ লক্ষণ ফুটি উঠে। এই লক্ষণসমূহ হ'ল- শৰীৰটো অনবৰতে দুৰ্বল অথবা ক্লান্তি বোধ কৰে। সৰ্ব শৰীৰত বিষ আৰম্ভ হয়। হাড় তৎক্ষাণাত টানি ধৰাৰ দৰে হয়। এনে ধৰণৰ সমস্যাই গা কৰি উঠিলে শীঘ্ৰে অস্থিৰোগ বিশেষজ্ঞ এজনৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।\nআজিকালি ভিটামিন 'ডি'ৰ অভাৱত ভোগা লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মূলতে হ'ল জীৱন যাপনৰ পদ্ধতি। এতিয়া শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক লোকলৈ সকলো ব্যস্ত। শিশুসকল পুৱা উঠি খাই বৈ গাড়ীত বিদ্যালয়লৈ যাবলৈ সাজু হ'বলগীয়া হয়। আগতে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ খোজকাঢ়ি গৈছিল যদিও এতিয়া সন্তানক খোজকাঢ়ি যাবলৈ দিয়া পিতৃ-মাতৃ তথা অভিভাৱকৰ মানসিকতাৰ সলনি হ'ল। বহুতো পিতৃ-মাতৃয়ে সন্তানে বিদ্যালয়লৈ খোজকাঢ়ি যোৱাটো তেওঁলোকৰ পৰিয়ালৰ সন্মান হানিকৰ বিষয় বুলি ভাবে। শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত তুলি সন্তানক বিদ্যালয়ৰ সন্মুখত নমাই আহিব পাৰিলেহে সমাজত তেওঁলোকৰ সন্মান বৃদ্ধি হয় বুলি ভাবে। বিদ্যালয়ৰ পৰা আহি গান-বাজনা, চিত্ৰকলা আদিৰ বাবে সাজু হ'ব লাগে। গধূলি পঢ়া টেবুলত বহিবৰ হয়েই। বয়স্ক সকলৰো সময়ৰ অভাৱ। সময় থকা সকলেও আকৌ ৰ'দত ঘূৰি ফুৰাটো দৃষ্টিকটু বুলি ভাবে। আনকি ঘৰৰ ওচৰৰ বজাৰখনলৈ যাবলৈকে গাড়ী ব্যৱহাৰ কৰে। ৰ'দত কাম কৰাৰ অভ্যাস বহুতৰেই নাই। মহিলাসকলে দিনৰ বেছিভাগ সময় পাকঘৰতেই অতিবাহিত কৰে বাবে ভিটামিন 'ডি'ৰ অভাৱ হয়। এনেবোৰ কাৰণতে অতি সম্প্ৰতি ভিটামিন 'ডি'ৰ অভাৱজনিত সমস্যাত আক্ৰান্ত লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।\nএনে ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে দিনটোৰ ভিতৰত কমেও এঘণ্টা সময় ৰ'দত কাম কৰিব লাগে। যদি কাম নাথাকে তেতিয়াহ'লে খোজ কাঢ়িলেও উপকাৰ পোৱা যায়। শিশুটিক মুকলি মনে খেলিবলৈ দিয়ক। বিদ্যালয়লৈ যোৱা, ফুৰিবলৈ যোৱাৰ সময়ত গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে খোজকাঢ়িবলৈ দিলে সুফল পোৱা যায়।\n(উৎসঃ অগ্ৰদূত, ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈ, দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম)।\nশিশুসকলক বিভিন্ন ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিষেধক দিয়াৰ বিষয়ে সকলোৱে জ্ঞাত। কিন্তু বাৰ্ধক্যৰ প্ৰতিষেধক বুলি ক'লে সকলোৱে আশ্চৰ্য প্ৰকাশ কৰে- বাৰ্ধক্য প্ৰতিৰোধৰ বাবে প্ৰতিষেধক আছে জানো! দৰাচলতে প্ৰতিষেধকৰে বাৰ্ধক্য প্ৰতিৰোধ কৰিব নোৱাৰি, বয়স বৃদ্ধিৰ সমান্তৰালভাৱে গা কৰি উঠা ৰোগহে প্ৰতিৰোধ কৰা হয়। বাৰ্ধক্যৰো প্ৰতিষেধকৰ প্ৰয়োজন আছে। সম্প্ৰতি এক সমীক্ষাত প্ৰকাশ পাইছে যে সমগ্ৰ বিশ্বতে ৬০ বছৰৰ ওপৰৰ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই তালিকাত ভাৰতৰ স্থান দ্বিতীয়। এতিয়া ভাৰতত সাত কোটিৰো অধিক বৃদ্ধ লোক আছে। ২০২১ত এই সংখ্যা ১৩ অতিক্ৰমিব। ইয়াৰ ভিতৰত শতকৰা ৮০ ভাগ মানুহে গাঁৱত বাস কৰে আৰু শতকৰা ৩০ শতাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোক।\nবয়স্ক লোকৰ সংক্ৰমণজনিত ৰোগ বৃদ্ধি পোৱাটো স্বাভাৱিক কথা। বিভিন্ন ধৰণৰ অসুখৰ লগতে মৃত্যুৰ হাৰো বেছি। এনে ৰোগৰ ভিতৰত নিউমোনিয়া, ইনফ্লুয়েঞ্জাৰ প্ৰকোপ বেছি হোৱাটো পৰিলক্ষিত হয়। সাধাৰণতে প্ৰতিবছৰে সমগ্ৰ বিশ্বতে ৬০ৰ পৰা ১২০ কোটি লোক ইনফ্লুয়েঞ্জাত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত ১০ কোটি মানুহে মৃত্যুমুখত পৰে। আমেৰিকাৰ দৰে উন্নত ৰাষ্ট্ৰতো বছৰি প্ৰায় ৫০ হেজাৰ লোক নিউমোকক্কাছজনিত নিউমোনিয়া হয় আৰু তিনি হেজাৰ লোক মেনিনজাইটিছত আক্ৰান্ত হয়। ৬৫ বছৰোৰ্ধ লোকৰ অধিকাংশই নিউমোনিয়াত আক্ৰান্ত হোৱাৰ আশংকা থাকে। আক্ৰান্ত ৰোগীয়ে উপযুক্তভাৱে চিকিৎসা লাভ কৰাৰ পাছতো ৪০ শতাংশ ৰোগীয়ে মৃত্যুক সাৱটি লয়। ইয়াৰ মূলতে হ'ল বয়স। যিমানে বয়স বৃদ্ধি পায় সিমানে শৰীৰৰ অংগ-প্ৰত্যংগৰে শাৰীৰিক কাৰণতে পৰিৱৰ্তন হ'বলৈ ধৰে। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। বহুতৰে ক্ষেত্ৰত দেখা যায় যে ডায়েবেটিছ, ব্ৰংকাইটিছ বা চি অ' পি ডি ৰোগ, কেন্সাৰ আদি ৰোগৰ বাবে সংক্ৰমণৰ প্ৰৱণতা বৃদ্ধি হয়। এনে ধৰণৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰয়োজন প্ৰতিষেধকৰ। সচৰাচৰ বয়স্ক লোকৰ প্ৰতিষেধক লোৱাৰ প্ৰৱণতা তেনেই কম। ইয়াৰ আঁৰতো আছে এটি ভ্ৰান্ত ধাৰণা। প্ৰায়ভাগ লোকৰ মনতে এটি ভ্ৰান্ত ধাৰণা আছে যে বয়স বৃদ্ধিৰ লগে লগে প্ৰতিষেধকৰ কাৰ্যকাৰিতা হ্ৰাস পায়। পাৰিবাৰিক সমস্যা, অৰ্থনৈতিক সমস্যা তথা সচেতনতাৰ অভাৱ আদিও ইয়াৰ অন্যতম কাৰণ বুলি ক'ব পাৰি। ৬৫ বয়সোৰ্ধ ব্যক্তিক প্ৰত্যেক বছৰে ইন এক্টিভেটেড ইনফ্লুয়েঞ্জা ভেকচিন প্ৰদান কৰাটো নিতান্ত প্ৰয়োজনীয়। বিশেষকৈ যিসকল লোক খুব দুৰ্বল, হাৰ্টৰ অসুখ আছে, হাঁপানি, ব্ৰংকাইটিছ, ডায়েবেটিছ, কেন্সাৰ আদি ৰোগ আছে, যিসকল লোক বৃদ্ধাশ্ৰমত থাকে তেওঁলোকৰ বাবে এনে ধৰণৰ প্ৰতিষেধক খুবেই প্ৰয়োজনীয়। সম্পূৰ্ণৰূপে নহ'লেও শতকৰা ৭০ শতাংশৰ ক্ষেত্ৰতে এই প্ৰতিষেধকৰ কাৰ্যকাৰিতা দেখা যায়। এনে ধৰণৰ প্ৰতিষেধক গ্ৰহণৰ বাবে ইনফ্লুয়েঞ্জা আদি ৰোগত আক্ৰান্ত হ'লে হাস্পতালত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা নাথাকে। আনহাতে, নিউমোকক্কেল প্ৰতিষেধক ৬৫ বয়সোৰ্ধ ব্যক্তিয়ে ল'ব লাগে। যিসকলে পাঁচ বছৰ ধৰি এনে প্ৰতিষেধক লোৱা নাই তেওঁলোকে পুনৰাই লোৱা উচিত। এনে প্ৰতিষেধক ল'লে নিউমোনিয়া আদি ৰোগৰ পৰা ৰক্ষা পাব পাৰি।\nবয়স্ক লোকসকলে যেতিয়া ভ্ৰমণলৈ ওলায় তেতিয়া প্ৰতিষেধক গ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰে। কিয়নো বয়স্ক লোকসকলে যিকোনো পৰিৱেশত সহজতে খাপ খাব নোৱাৰে। হেপাটাইটিছ 'এ' আৰু হেপাটাইটিছ 'বি', কলেৰা, টাইফয়েড, জাপানীজ এনকেফেলাইটিছ, মেনিনগোকক্কেল মেনিনজাইটিছ, হাৰ্পিছ আদি ৰোগৰ সংক্ৰমণৰ পৰা সহজতে হাত সাৰিব পাৰি যদিহে সময়মতে প্ৰতিষেধক গ্ৰহণ কৰে। শিশুসকলৰ নিচিনাকৈ বয়স্ক লোকসকলেও প্ৰতিষেধক লৈ সুস্থ শৰীৰৰ অধিকাৰী হ'ব পাৰি। মানুহৰ জীৱনটোৰ শিশুকাল আৰু বৃদ্ধকালত প্ৰকৃতিগত কাৰণতে ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পায়। সেইবাবে এই সময়ছোৱাত প্ৰত্যেকে প্ৰতিষেধক গ্ৰহণ কৰা উচিত।
গুৱাহাটী : গুৱাহাটীস্থিত ডিজিটেল মিডিয়া সংগঠন 'দ্য নিউজ মিলে' উত্তৰ-পূব ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতাৰ ওপৰত আলোকপাত কৰি এক বিশেষ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ সৈতে ইয়াৰ পঞ্চম বৰ্ষ উদযাপন কৰিছে। ডিজিটেল মিডিয়া ষ্টাৰ্ট-আপটোৱে "চেলিব্ৰেটিং মেজিকেল নৰ্থইষ্ট" নামৰ এখন ফটো প্ৰতিযোগিতা ঘোষণা কৰিছে য'ত ফটোগ্ৰাফাৰসকলক অপেছাদাৰী আৰু পেছাদাৰী উভয়ে অঞ্চলটোৰ বিভিন্ন সংস্কৃতি, প্ৰকৃতি আৰু ৰঙৰ ওপৰত আলোকপাত কৰি আলোকচিত্ৰ দাখিল কৰিবলৈ আহ্বান জনাইছে। ২০১৬ চনত প্ৰতিষ্ঠা হোৱা 'দ্য নিউজ মিল হৈছে উত্তৰ-পূব অঞ্চলত অৱস্থিত এক বৰ্ধিত ডিজিটেল মিডিয়া সংগঠন। উত্তৰ-পূব অঞ্চলৰ নিয়মীয়া বাতৰিৰ উপৰিও, 'দ্য নিউজ মিলে' অন্যান্য সময়ত বান সাহায্য আদিৰ বাবে বিভিন্ন ক্ৰাউডফাণ্ডিং অভিযান আয়োজন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ফেচবুক আৰু ইনষ্টাগ্ৰামত ৪ লাখতকৈও অধিক অনুসৰণকাৰীৰ সৈতে, 'দ্য নিউজ মিলে' ক্ৰাউডফাণ্ডিং অভিযান আৰু ৰিলিফ কনচাৰ্ট আয়োজনৰ জৰিয়তে এই কাৰণত সঠিক অৱদান আগবঢ়াইছে। You may also read!
एक साल में बाइबल - ইণ্ডিয়ান ৰিভাইচ ভাৰচন - दिसंबर 29\n1. তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেঁই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব।\n2. কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।\n3. মেৰ-ছাগ ৰখীয়াসকলৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে, আৰু এই পৰিচাৰকসকলক মই দণ্ড দিম; কিয়নো বাহিনীসকলৰ যিহোৱাই তেওঁৰ জাক যিহূদা-বংশৰ বুজ-বিচাৰ লৈ, তেওঁলোকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব!\n4. তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব।\n5. তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।\n6. "মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ'ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম।\n7. তেতিয়া ইফ্ৰয়িমীয়াসকল বীৰপুৰুষৰ নিচিনা হ'ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁলোকৰ হৃদয়ত তেনে আনন্দ হ'ব; তেওঁলোকৰ সন্তান সকলে তাকে দেখি আনন্দ কৰিব। তেওঁলোকৰ হৃদয়ে যিহোৱাত উল্লাস কৰিব!\n8. মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব!\n9. মই তেওঁলোকক জাতি সমূহৰ মাজত বীজ সিঁচাৰ দৰে সিঁচিছিলোঁ, কিন্তু তেওঁলোকে দূৰ দেশত মোক সোঁৱৰণ কৰিব যাতে তেওঁলোকে নিজ নিজ সন্তান সকলৰ সৈতে জীৱন-যাপন কৰি ঘূৰি আহিব।\n10. কিয়নো মই তেওঁলোকক মিচৰ দেশৰ পৰা ঘূৰাই আনিম আৰু অচূৰৰ পৰা তেওঁলোকক গোট খুৱাম। যেতিয়া তেওঁলোকৰ ঠাইৰ নাটনি হ'ব, তেতিয়া মই তেওঁলোকক গিলিয়দ দেশ আৰু লিবানোনলৈ আনিম।\n11. তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ব তল পেলোৱা হ'ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব।\n12. মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।" এয়েই যিহোৱাৰ ঘোষণা।\n1. হে লিবানোন, অগ্নিয়ে তোমাৰ এৰচ গছবোৰ গ্ৰাস কৰিবৰ কাৰণে তোমাৰ দুৱাৰবোৰ মুকলি কৰা!\n2. হে দেৱদাৰু, বিলাপ কৰা, কিয়নো এৰচ বৃক্ষ পতিত হ'ল, কাৰণ যি উত্তম আছিল সেইবোৰ নষ্ট হ'ল! হে বাচানৰ অলোন গছবোৰ, বিলাপ কৰা কিয়নো দুৰ্গম কাঠনি ভাঙি পৰিছে।\n3. মেৰ-ছাগ ৰখীয়াবোৰৰ মাতে চিঞৰিছে, কিয়নো তেওঁলোকৰ গৌৰৱ ধ্বংস-প্রাপ্ত হ'ল! যুৱা সিংহবোৰ গৰ্জি উঠিছে, কিয়নো যৰ্দ্দনৰ গৌৰৱ উচ্ছন্ন হ'ল।\n4. এই হেতুকে মোৰ ঈশ্বৰ যিহোৱাই এই কথা ক'লে, "বধ কৰিবলগীয়া মেৰ-ছাগৰ জাকক তুমি চৰোৱা;\n5. (সেইবোৰৰ কিনোতাবোৰে সেইবোৰক বধ কৰে আৰু নিজক দোষী বুলি নাভাবে; আৰু সেইবোৰক বেচোঁতা প্ৰতিজনে কয়, 'যিহোৱা ধন্য হওঁক! কিয়নো মই ধনী হ'লো', কাৰণ সেইবোৰৰ নিজ ৰখীয়াসকলে সেইবোৰক মৰম নকৰে।)\n6. কিয়নো দেশ-নিবাসীসকলক মই দয়া নকৰিম।" এয়ে যিহোৱাৰ ঘোষণা। "কিন্তু চোৱা! মই লোকসকলৰ প্ৰতিজনক নিজ মেৰ-ৰখীয়াৰ আৰু নিজ ৰজাৰ হাতত শোধাই দিম; তেওঁলোকে দেশ চূৰ্ণ কৰিব, কিন্তু মই তেওঁলোকৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ নকৰিম।"\n7. তেতিয়া বেচোঁতাসকলৰ বধ কৰিবলগীয়া সেই মেৰ-ছাগ জাকবোৰৰ ৰখীয়া মই হ'লো, আৰু মই নিজৰ কাৰণে দুডাল লাখুটি ললোঁ; এডালৰ নাম "দয়া" আৰু আনডালৰ নাম "একতা" ৰাখিলোঁ। এইদৰে মই মেৰ-ছাগৰ জাকটো চৰাবলৈ ধৰিলোঁ।\n8. মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ'লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।\n9. তেতিয়া মই ক'লো, "মই তোমালোকক আৰু নচৰাওঁ। যিবোৰ মৰি আছে - সেইবোৰক বিনষ্ট হ'বলৈ দিয়া। আৰু যিবোৰ অৱশিষ্ট থাকিব, সেইবোৰক ইজনে সিজনৰ মাংস খাওঁক।"\n10. সেই কাৰণে মই সকলো জাতিৰ লগত স্থাপন কৰা নিয়মটি ভাঙিবলৈ মোৰ সেই "দয়া" নামৰ লাখুটিডাল দুডোখৰ কৰিলোঁ।\n11. সেইদিনা সেই নিয়মটি ভঙা হ'ল আৰু মোক সেইদৰে কৰা দেখি বেচোঁতাসকলে জানিলে যে, এয়ে যিহোৱাৰ বাক্য!\n12. মই তেওঁলোকক কলোঁ, "যদি তোমালোকে ভাল দেখা, তেন্তে মোক মোৰ বেচ দিয়া; যদি ভাল নেদেখা তেন্তে নালাগে।" তেতিয়া তেওঁলোকে মোৰ বেচৰ অৰ্থে ত্ৰিশ চেকল ৰূপ জুখি মোক দিলে।\n13. তেতিয়া যিহোৱাই মোক ক'লে, "সেই ৰূপ ধন-ভঁৰালত জমা দিয়া, তেওঁলোকৰ বিবেচনাত এয়ে উচিত মূল্য!" তেতিয়া মই সেই ত্ৰিশ চেকল ৰূপ লৈ যিহোৱাৰ গৃহত কুমাৰৰ আগত জমা দিলোঁ।\n14. পাছত যিহূদা আৰু ইস্ৰায়েলৰ মাজত ভ্ৰাত্বৰ বন্ধন ভাঙিবলৈ মোৰ "একতা" নামৰ আনডাল লাখুটি দুডোখৰ কৰিলোঁ।\n15. তেতিয়া যিহোৱাই মোক পুনৰায় ক'লে, "তুমি আকৌ নিজৰ বাবে এজন অজ্ঞান মেৰ-ছাগ ৰখীয়াৰ সঁজুলি লোৱা,\n16. কিয়নো চোৱা! মই দেশত এজন মেৰ-ছাগৰ ৰখীয়া উৎপন্ন কৰিম! তেওঁ নষ্ট হ'বলগীয়া ছাগলীবোৰৰ বুজ বিচাৰ নল'ব। ছিন্ন-ভিন্ন হোৱা ছাগলীবোৰক নিবিচাৰিব বা ভগ্ন হোৱাটোক সুস্থ নকৰিব। আনকি সুস্থকো প্ৰতিপালন নকৰিব, কিন্তু হৃষ্টপুষ্টবোৰে মাংস খাব পাব আৰু সেইবোৰৰ খুৰাও ডোখৰ ডোখৰকৈ ছিঙিব।\n17. হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ'ব।\n1. ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতাঃ\n2. চোৱা! মই যিৰূচালেমক চাৰিওফালে থকা আটাই জাতিবোৰক ঢলংপলং হোৱা পান-পাত্ৰস্বৰূপ কৰিম আৰু যিৰূচালেমক অৱৰোধ কৰা সময়ত এয়ে যিহূদাৰ বিৰুদ্ধেও ঘটিব।\n3. সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; আৰু যিসকলে তাক তুলিব, তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাইৰ অহিতে গোট খাব।\n4. সেইদিনা যিহোৱাৰ ঘোষণা এই - "মই প্ৰত্যেক ঘোঁৰাক আঘাত কৰি ভয় লগাম আৰু তাত উঠা জনক বলীয়া কৰিম; মই যিহূদা বংশলৈ মোৰ চকু মুকলি কৰিম, কিন্তু সৈন্যসকলৰ প্ৰত্যেক ঘোঁৰাক আঘাত কৰি কণা কৰিম।\n5. তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক'ব, 'যিৰূচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঈশ্বৰ'।\n6. সেই দিনা মই যিহূদাৰ পৰিচাৰকসকলক খৰিৰ মাজত থকা জুই ধৰা পাত্ৰৰদৰে আৰু ডাঙৰিবোৰৰ মাজত জ্বলাই থোৱা আৰিয়াৰ দৰে কৰিম; তেওঁলোকে সোঁ আৰু বাওঁ ফালে চাৰিওকাষে আটাই জাতিক গ্ৰাস কৰিব আৰু নিজ ঠাই যিৰূচালেমতেই পুনৰায় বাস কৰিব।\n7. দায়ূদৰ বংশ আৰু যিৰূচালেম-নিবাসীসকল যিহূদাতকৈ বৰ বুলি বিবেচিত নহ'বৰ কাৰণে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।\n8. সেইদিনা যিহোৱা যিৰূচালেম-নিবাসীসকলৰ ঢালস্বৰূপ হ'ব আৰু তেওঁলোকৰ মাজৰ দুৰ্ব্বল লোক সেইদিনা দায়ূদৰ সদৃশ হ'ব আৰু দায়ূদৰ বংশ ঈশ্বৰৰ সদৃশ, তেওঁলোকৰ আগে আগে যোৱা যিহোৱাৰ দূতৰেই সদৃশ হ'ব।\n9. আৰু সেইদিনা যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিক মই নষ্ট কৰিবলৈ থিৰ কৰিম।"\n10. আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।\n11. মগিদ্দোন সমথলৰ হদদ-ৰিম্মোণত কৰা বিলাপৰ নিচিনাকৈ যিৰূচালেমত সেই দিনা মহা বিলাপ হ'ব।\n12. দেশৰ প্ৰত্যেক গোষ্ঠীয়ে বেলেগে বেলেগে বিলাপ কৰিব; দায়ূদ-বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; নাথন বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে বিলাপ কৰিব।\n13. লেবী-বংশৰ গোষ্ঠীয়ে বেলেগকৈ আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; চিমিয়ীৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে;\n14. প্রত্যেক অৱশিষ্ট গোষ্ঠীৰ মাজত এক এক গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকলে বেলেগে বেলেগে বিলাপ কৰিব।\n1. তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,\n2. ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।\n3. তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।\n4. কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।\n32. তুমি যদি অজ্ঞানী হোৱা, তেনেহ'লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ'লে তোমাৰ মুখত তোমাৰ হাত দিয়া।\n33. যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে।\nপ্ৰকাশিত বাক্য 19:1-21\n1. এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, "হাল্লিলুয়া। পৰিত্রাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ।\n2. তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল। যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল'লে, ।"\n3. আৰু তেওঁলোকে পুণৰাই ক'লে, "হাল্লিলুয়া! আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব।"\n4. পাছত সেই চৌবিশ জন পৰিচাৰক আৰু চাৰি জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্ৱৰক দণ্ডৱতে আৰাধনা কৰিলে। তেওঁলোকে কলে, "আমেন। হাল্লিলুয়া!"\n5. তেতিয়া সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, "হে ঈশ্বৰৰ দাস সকল, হে তেওঁৰ ভয়কাৰী সকল, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা।"\n6. পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, "হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা জনে, ৰাজত্ব গ্ৰহণ কৰিছে।\n7. আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেৰ-পোৱালিৰ বিবাহ উপস্থিত হ'ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।"\n8. আৰু পিন্ধিবৰ কাৰণে তাইক সন্মতিৰ সৈতে, শণ সুতাৰ উজ্জল আৰু শুদ্ধ মিহি কাপোৰ দিয়া হ'ল; (কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ।)\n9. পাছত দূত জনে মোক ক'লে, "তুমি এই কথা লিখাঃ মেৰ-পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।" তেওঁ মোক পুনৰ ক'লে, "এইবোৰ ঈশ্বৰৰ সত্য বাক্য।"\n10. তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক'লে, "সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।"\n11. তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।\n12. তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে। তেওঁৰ এটা নাম লিখা আছে কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে।\n13. তেওঁ পিন্ধা বস্ত্ৰ তেজত দুব মৰা; তেওঁৰ নাম হ'ল- ঈশ্বৰৰ বাক্য।\n14. স্বৰ্গীয় সৈন্য সকলে শণ সুতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি, বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ'ল।\n15. তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে।\n16. তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, "ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু।"\n17. পাছত মই সুৰ্য্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক'লে, "আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা।\n18. তোমালোকে ৰজা সকলৰ মঙহ, সেনাপতি সকলৰ মঙহ, শক্তিমন্ত সকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা।"\n19. পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল।\n20. তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ'ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ'ল।\n21. আৰু অৱশিষ্ট সকলক সেই ঘোঁৰাত উঠা জনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ'ল; আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ'ল।
হিমাংশু প্ৰসাদ দাস; তেওঁৰ নামটো কোৱাৰ লগে লগে আপোনালোক বহুতৰে মনত হয়টো দোলা দিছে তেওঁৰ দ্বাৰা ৰচিত প্ৰত্যেকটো কবিতা তথা তেওঁৰ দ্বাৰা লেখা প্ৰত্যেকখন নাটকৰ কেইটামান হৃদয় জুৰোৱা সংলাপ। নহয়নে?? "এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি??" - উক্ত কবিতাটিয়ে হাজাৰ হাজাৰ যুৱ প্ৰজন্মক তেওঁৰ অনুৰাগী হ'বলৈ বাধ্য কৰাইছিল। অসমৰ এগৰাকী ব্যতিক্ৰমী চিন্তা-ধাৰাৰ শিল্পীয়ে হৈছে হিমাংশু প্ৰসাদ দাস। ২০০৮ বৰ্ষত দিল্লী স্থিত নেশ্বনেল স্কুল অৱ ড্ৰামাত তেওঁ অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি অসমত নতুন উদ্যমেৰে উভতি আহি নিজৰ লগতে নাটক সমূহক এক অন্য যাত্ৰা প্ৰদান কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও হিমাংশু প্ৰসাদ দাসে পৰিচালিত কৰা "ছাকিৰা আহিব বকুল তলৰ বিহুলৈ" শীৰ্ষক ছবিখনেও লাভ কৰিছিল দৰ্শকৰ বৃহৎ সংখ্যাত সমাদৰ। এইবছৰত তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা নাটক কেইখন হৈছে ক্ৰমে- হেঙুল থিয়েটাৰত "মিছ ৰুক্মিণী হৰণ", প্ৰাগজ্যোতিষ থিয়েটাৰত "হাল্লা-বোল", আৰু ভাগ্যদেৱী থিয়েটাৰত "লংকা কাণ্ড"।
আজিৰ খবৰ, নতুন দিল্লী, ৫ এপ্ৰিল, ২০২২ঃ ভাৰত চৰকাৰৰ সংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰালয়ে লালকিল্লাৰ 'মনুমেণ্ট মিত্ৰ', ডালমিয়া ভাৰত লিমিটেডৰ সৈতে বিশ্বৰ অন্যতম মহান সাংস্কৃতিক সমাৰোহ- লালকিল্লা উৎসৱ - ভাৰত ভাগ্য বিধাতা- দেওবাৰে ৩ এপ্ৰিলত সমাপন হয় । সপ্তদশ শতিকাৰ প্ৰতিষ্ঠিত স্মৃতিস্তম্ভটোত ১০ দিনত ১,৫০,০০০ তকৈও অধিক দৰ্শনাৰ্থীৰ ভিৰ দেখা গৈছিল। সামৰণি অনুষ্ঠানটোৱে দৰ্শনাৰ্থীসকলৰ পৰা এক অভূতপূৰ্ব সঁহাৰি লাভ কৰে l ভাৰত চৰকাৰৰ মনুমেণ্ট মিত্ৰ, ডালমিয়া ভাৰত লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰীপুনীত ডালমিয়াৰ সৈতে বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা আৰু খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু বস্ত্ৰ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱেলে পৰিচালনা কৰে । লালকিল্লা উৎসৱ - ভাৰত ভাগ্য বিধাতা হৈছে ভাৰতৰ প্ৰথম বৃহৎ সাংস্কৃতিক অনুষ্ঠান, যাক ভাৰতৰ স্বাধীনতাৰ ৭৫ টা গৌৰৱময় বছৰ উদযাপন ৰ বাবে ভাৰত চৰকাৰৰ "আজাদী কা অমৃত মহোৎসৱ" ৰ অংশ হিচাপে ধাৰণা কৰা হৈছে। ইয়াৰ বৰ্ধিত জনপ্ৰিয়তাৰ ফলস্বৰূপে, উৎসৱটো এতিয়া এক বাৰ্ষিক অনুষ্ঠান হ'ব, আনহাতে ইয়াৰ জাকজমকতা প্ৰক্ষেপণ- মাতৃভূমি - লালকিল্লাত এক স্থায়ী স্থিৰতা হ'ব! ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্যৰে, মনুমেণ্ট মিত্ৰ, ডালমিয়া ভাৰত লিমিটেডে এই গ্ৰীষ্মকালত লালকিল্লাত এক চমৎকাৰ পোহৰ আৰু ধ্বনি প্ৰদৰ্শনী আয়োজন কৰিছে। ইয়াৰ উপৰিও, স্মৃতিস্তম্ভটোৰ দৰ্শনাৰ্থী কেন্দ্ৰৰ এক বিশেষ উৎক্ষেপণও দেখিব। লালকিল্লা উৎসৱ- ভাৰত ভাগ্য বিধাতাই দেশত এক সাংস্কৃতিক বিপ্লৱৰ আৰম্ভণি কৰিছিল য'ত অত্যাধুনিক অভিজ্ঞতা যেনে অত্যাধুনিক অভিজ্ঞতা দেখা গৈছিল -"মাতৃভূমি" - এটা প্ৰজেকশন মেপিং শ্ব', যাত্ৰা - এটা ৩৬০ ডিগ্ৰী নিমজ্জিত অভিজ্ঞতা আৰু ভাৰত গৌৰৱ প্ৰদৰ্শনীয়ে দৰ্শনাৰ্থীসকলৰ মাজত দেশপ্ৰেম আৰু গৌৰৱৰ অনুভূতি সৃষ্টি কৰে। সাতৰংগী কলা, ক্ৰাফ্ট আৰু টেক্সটাইল বজাৰ, খাও গালি (Khao Galli), খেলগাওঁ আৰু খেল মঞ্চত সমগ্ৰ ভাৰতৰ পৰা সুস্বাদু ভাড়া ইমচি ভাৰত জৈনৰ দ্বাৰা আয়োজিত তাৎক্ষণিক হিট হৈছিল আনহাতে ৰং মঞ্চই (Rang Manch )দেশৰ কিছুমান আগশাৰীৰ শিল্পীক ভৰ্তি দৰ্শকৰ বাবে লাইভ প্ৰদৰ্শন কৰা দেখা গৈছিল ।
মানকাচৰ : ৰাজ্য চৰকাৰৰ কঠোৰ গো সুৰক্ষা আইনৰ পিছতো ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। গৰু সৰবৰাহকাৰীয়ে প্ৰতিদিনে সীমান্ত অঞ্চলত থকা বিঘাই বিঘা কৃষি ভূমি বিনষ্ট কৰিছে। গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ ক্ষতিগ্ৰস্ত কৃষকৰ আহ্বান। গো সুৰক্ষাৰ বাবে গৰু ছিণ্ডিকেট আৰু গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰে যিমানেই কঠোৰ আইন প্ৰণয়ন নকৰক কিয় মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰবৰাহ বন্ধ হোৱাটো অসম্ভৱ হৈ পৰিছে। উন্মক্ত সীমান্তৰ লগতে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদিও ঢেকীৰ সহযোগত প্ৰতিনিশাই গৰু সৰবৰাহ হয় বাংলাদেশলৈ। মানকাচৰৰ শিশুমাৰা দ্বীপচৰৰ পৰা আৰম্ভ কৰি চেংগুৰচৰ, কুকুৰমাৰা, কাকৰিপাৰা সদৰটিলাৰ সীমান্তয়েদি প্ৰতিনিশাই জাকে জাকে গৰু সৰবৰাহ হয় বাংলাদেশত। গৰু4 চোৰাং সৰবৰাহকাৰী সকলে গৰু সৰবৰাহ কৰিবলৈ গৈ সীমান্তবৰ্তী এলেকাত থকা বিঘাই বিঘা খেতি বিনষ্ট কৰি পেলায়। বিশেষকৈ চেংগুৰচৰ এলেকাত কৃষক সকলে উৎকট গৰমৰ মাজত মূৰৰ ঘাম মাটিত পেলাই আৰম্ভ কৰিছে ধান খেতি। এই ধান খেতিৰ ওপৰেদি প্ৰতিনিশাই প্ৰায় ৫ শতাধিক গৰু সৰবৰাহ কৰা হয় বাংলাদেশলৈ। ফলত কৃষকৰ কষ্টৰ খেতি বিনষ্ট হ'বলৈ ধৰিছে। অঞ্চলটোৰ প্ৰায় ৭০ জন কৃষকৰ খেতি পথাৰ বিনষ্ট হ'বলৈ ধৰাত কৃষক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিত সৃষ্টি হৈছে। গৰু সৰবৰাহকাৰী সকলক খেতিৰ ওপৰেদি গৰু সৰবৰাহ নকৰিবলৈ কৃষক সকলে আহ্বান জনায় যদিও সৰবৰাহকাৰী সকলে কৃষক সকলক হত্যাৰ ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে একাংশ কৃষকে।সীমান্ত অঞ্চলৰ কৃষক সকলে গৰুৰ সৰবৰাহ বন্ধ কৰি সীমান্তবৰ্তী অঞ্চলৰ কৃষক সকলক সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গৰু সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰকবাহিক অভিযান অব্যাহত ৰাখিছে যদিও ইয়াৰ মাজতে একাংশই গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে। You may also read!
জাহীৰ খান (জন্ম ৭ অক্টোবৰ ১৯৭৮) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। ২০০০ চনৰপৰা ২০১৪ চনলৈ তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্য আছিল। ইয়াৰ উপৰিও তেওঁ কাউণ্টী ক্ৰিকেটত ছাৰে' আৰু ৱৰ্চেষ্টাৰ্শ্বায়াৰ দলৰ হৈ, ভাৰতীয় ঘৰুৱা ক্ৰিকেটত বৰোদা আৰু মুম্বাইৰ হৈ আৰু ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ, মুম্বাই ইণ্ডিয়ান্ছ আৰু দিল্লী ডেয়াৰডেভিল্ছৰ হৈ খেলিছে। কপিল দেৱৰ পাছতেই তেওঁ টেষ্ট ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সফলতম বেগী বলাৰ। বৰোদাৰ হৈ জাহীৰ খানে ঘৰুৱা ক্ৰিকেট জীৱন আৰম্ভ কৰে। কেৰিয়াৰৰ প্ৰথমছোৱাত তেওঁ তেওঁৰ বেগী আৰু ছীম বলিঙৰ বাবে, বিশেষকৈ নিখুঁত য়ৰ্কাৰসমূহৰ বাবে জনাজাত হৈ পৰিছিল।[2] বলিং উন্নত কৰিবলৈ তেওঁ ইংলেণ্ডলৈ যায় আৰু ২০০৬ চনত ৱৰ্চেষ্টাৰশ্বায়াৰ কাউণ্টী ক্ৰকেট দলৰ হৈ কিছুদিন খেলে। বাওঁহতীয়া বেগী বলাৰ খান উইকেটৰ দুয়ো দিশে বল কৰিব পৰা ক্ষমতা আৰু পুৰণি বল ছুইং কৰিব পৰা ক্ষমতাৰ বাবে বিখ্যাত আছিল।[3] তদুপৰি খানে লাহে লাহে পুৰণি বল ৰিভাৰ্ছ ছুইং কৰাৰ ক্ষেত্ৰতো পাৰদৰ্শিতা অৰ্জন কৰিলে।[4][5] ভাৰত উপমহাদেশীয় ফ্লেট পিট্চত তেওঁ দেখুওৱা প্ৰদৰ্শন আৰু বিভিন্ন ধৰণৰ ক্ৰিকেট বলৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণৰ কাৰণে তেওঁ প্ৰশংসা লাভ কৰে। ৯খন খেলত ২১টা উইকেটেৰে তেওঁ ২০১১ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ অন্যতম সদস্য আছিল। ২০১১ চনত তেওঁ ৰাষ্ট্ৰপতিৰপৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা লাভ কৰে। তেওঁ আঘাতৰ বাবে বহুবাৰ ক্ৰিকেটৰপৰা আঁতৰি থাকিবলগীয়া হয় আৰু ই তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰত প্ৰভাৱ পেলায়। ইয়ো এটা কাৰণ যাৰ বাবে তেওঁ Adrian Le Roux আৰু এন্দ্ৰিউ লেইপাছৰ সৈতে মিলি প্ৰ'স্প'ৰ্ট ফিটনেছ এণ্ড ছাৰ্ভিচেজ নামৰ এক বিশেষ ফিটনেছ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে। জাহীৰ খানে টেষ্টত ৫ বাৰ আৰু এদিনীয়াত ৬ বাৰ 'প্লেয়াৰ অৱ দ্য মেচ' সন্মান অৰ্জাৰ লগতে টেষ্টত ৩ বাৰ আৰু এদিনীয়াত এবাৰ 'প্লেয়াৰ অৱ দ্য ছিৰিজ'ৰ সন্মান অৰ্জন কৰে।
ভাৰত আহি পালেহি মৃত্যুদূত! চীনৰ মাৰাত্মক কোৰোণা ভাইৰাছত সংক্ৰমিত দুজন ভাৰতীয়- News18 Assam\nভাৰত আহি পালেহি মৃত্যুদূত! চীনৰ মাৰাত্মক কোৰোণা ভাইৰাছত সংক্ৰমিত দুজন ভাৰতীয়\nUpdated:January 24, 2020, 3:24 PM IST\nচীনত মহামাৰীৰ দৰে বিয়পিছে কোৰোণা ভাইৰাছ। এইপৰ্যন্ত ৯জনৰ মৃত্যু আৰু ৪৪০জন লোক সংক্ৰমিত হৈছে।\nLast Updated: January 24, 2020, 3:24 PM IST\nকোৰোণা ভাইৰাছে ভাৰততো সংক্ৰমণ কৰাক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে। মুম্বাইত দুজনকৈ সংক্ৰমিত লোকক কস্তুৰবা হাস্পতালৰ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। কস্তুৰবা হাস্পতালৰ স্বাস্য বিষয়াৰ মতে দুয়োজন ৰোগীৰে চৰ্দি আৰু জ্বৰৰ লক্ষণ প্ৰকট হৈছে। আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে এই তথ্য।\nচীনত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। এই মাৰাত্মক ভাইৰাছৰ কাৰণে এইপৰ্যন্ত ২৬জন লোকৰ মৃত্যু হৈছে আৰু ৮৩৫জন লোক সংক্ৰমিত হৈছে। বেইজিং স্বাস্থ্য আয়োগৰ উপ মন্ত্ৰী লি বিনে কয় যে, কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ'লে প্ৰথম ব্যক্তিজনে উশাহ লওঁতে কষ্ট পায়, ডিঙিৰ বিষ, কাঁহ আৰু জ্বৰ হয়। বৰ্তমান এই ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ চেষ্টাহে কৰা হৈছে। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কেইবাখনো চহৰ। মানুহ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে। বুহান সহ বহুকেইখন চহৰ সংক্ৰমণ ৰোধ কৰিবলৈ বন্ধ কৰি দিয়াৰ ফলত আৱদ্ধ হৈ পৰা লোকৰ মাজত ৭০০ৰো অধিক ভাৰতীয় ছাত্ৰও আছে।\nচীনৰ পৰা উভতি অহা লোক দুজন কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। দুয়োজন ৰোগীৰ বিষয়ে হাস্পতাল কৰ্তৃপক্ষই বৰ বিশেষ তথ্য প্ৰকাশ কৰা নাই। কোৰোণা ভাইৰাছৰ সংক্ৰমণ আঁতৰাই ৰাখিবলৈ হাস্পতালত পৃথক ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।
ইন্টাৰনেশ্যনেল ডেস্ক, ৫ জুনঃ দুষ্কৃতিকাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনস্থিত ভাৰতীয় দূতাবাসৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ব্যাপক ক্ষতি সাধন কৰা ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগ মাৰ্কিন ব্যক্তিজনৰ হত্যাৰ প্ৰতিবাদত ওলোৱা #BlackLivesMatter নামৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা উত্তেজিত প্ৰতিবাদকাৰীৰ মাজৰ কোনো দুষ্কৃতিকাৰীয়ে যোৱা ৩ জুনত এই কাণ্ড সংঘটিত কৰে। ২০০০ চনৰ ১৬ ডিচেম্বৰত প্ৰয়াত পূৰ্ব-প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উদ্বোধন কৰা মহাত্মা গান্ধীৰ উক্ত প্ৰতিমূৰ্তিত দুষ্কৃতিকাৰীয়ে ৰং কৰাৰ লগতে গ্ৰাফিটি আঁকি থৈ যায়। পৰৱৰ্তী সময়ত গান্ধীজীৰ মূৰ্তিটো ঢাকি পেলোৱা হয়। ঘটনা সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ অভিযোগৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰ্ক পুলিচে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ভাৰতত থকা মাৰ্কিন ৰাষ্ট্ৰদূত কেন জাষ্টাৰে টুইটাৰত এই দূৰ্ভাগ্যজনক ঘটনাৰ বাবে দুঃখ প্ৰকাশ কৰি ক্ষমা প্ৰাৰ্থনা কৰে।
আগ্ৰাৰ দুজন কনিষ্টবলে মনে মনে চলাই আছিল পৰকীয়া প্ৰেম । অৱশেষত ভাগ্যই প্ৰতাৰণা কৰে দুয়োকে । পত্নীৰ হাতত ধৰা পৰে দুয়োৰে দুষ্কাৰ্য । ফলত দুয়োকে নিলম্বন কৰা হয় । তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে (Agra constables suspended) । নিউজ ডেস্ক, ২৩ নৱেম্বৰ : আগ্ৰাৰ দুজন কনিষ্টবল । নাম মহম্মদ ৰিয়াজ আৰু বীৰেন্দ্ৰ । দুয়োৱে বিবাহিত । কিন্তু পত্নী আৰু পৰিয়ালৰ সদস্যসকলক উপেক্ষা কৰি আন মহিলাৰ সৈতে তেওঁলোকৰ ৰোমাঞ্চ (Agra constables affairs with other women) । অৱশেষত এই কথা গৈ পায় তেওঁলোকৰ বিভাগত । ফলত নিলম্বনৰ সন্মুখীন হ'বলগা হয় । চোৰাংচোৱা বিভাগত (Intelligence unit) নিযুক্ত কনিষ্টবল ৰিয়াজ এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ প্ৰেমত পৰে । ঘৰৰ অজ্ঞাতে ৰিয়াজে চলাই নিয়ে এই সম্পৰ্ক । আনহাতে, মহিলাগৰাকীৰ ঘৰলৈ যোৱাৰ কথা সুধিলে প্ৰতিবাৰেই তেওঁৰ পৰিয়ালৰ সদস্যসকলক কয় যে তেওঁ কোনো বিভাগীয় কামৰ বাবে গৈছে (Illegal affair of Agra constables) । ৰিয়াজে প্ৰায়ে তেওঁৰ প্ৰেমিকাৰ সৈতে ফোনযোগে কথা পাতি থাকে । সেই সময়ত যদি পত্নীয়ে তেওঁক ফোন কৰা আৰু ব্যস্ত পায় তেতিয়া পত্নীয়ে সোধে যে তেওঁ কাৰ সৈতে কথা পাতি আছে । এই কথাৰ পৰা পত্নীক কৌশলেৰে আঁতৰাই নিবলৈ তেওঁ সদায় অজুহাত দেখুৱায় যে তেওঁ আন আৰক্ষী বিষয়াসকলৰ সৈতে কিছু 'চোৰাংচোৱা অভিযান' (Intelligence Operation) সম্পৰ্কে আলোচনা কৰিছে । আনহাতে, এই ক্ষেত্ৰত ৰিয়াজৰ পত্নীয়ে তেওঁৰ কষ্টৰ বিষয়ে কয়, "আগ্ৰা আৰক্ষী বিভাগৰ ইণ্টেলিজেন্স বিভাগত (Intelligence Unit of Agra police department) নিযুক্ত ৰিয়াজৰ ২০১৬ চনৰ পৰা আগ্ৰাৰ এটমাদুল্লা অঞ্চলৰ এজনী ছোৱালীৰ সৈতে সম্পৰ্ক আছিল । নিশা প্ৰায়ে তেওঁ ছোৱালীজনীৰ সৈতে ফোনযোগে কথা পাতে । এদিন নিশা যেতিয়া মই শুই থকাৰ ভাও ধৰি আছিলোঁ, তেতিয়া কথোপকথনটো শুনিছিলোঁ । তেতিয়াহে মই ৰিয়াজৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বিষয়ে জানিব পাৰিলোঁ (extra marital affair of Agra constables) ।" তেওঁ লগতে কয়, "সেইদিনা মই প্ৰথমবাৰৰ বাবে তেওঁৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিছিলোঁ । মই গোটেই নিশা কান্দি আছিলোঁ । মই শুব পৰা নাছিলোঁ । মই তেওঁৰ এই কথাৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু পিছদিনা পুৱা সাৰ পোৱাৰ সময়ত তেওঁৰ সৈতে কাজিয়া কৰিছিলোঁ ।" "১৯ নৱেম্বৰত যেতিয়া তেওঁ বিশেষ অভিযানত উপস্থিত থকাৰ অজুহাতত ঘৰৰ পৰা ওলাই আহিছিল, মই তেওঁক অনুসৰণ কৰিছিলোঁ । ৰিয়াজ ছোৱালীজনীৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই থকাৰ বিষয়ে অজ্ঞাতভাৱে ধৰা পৰিছিল । তেতিয়া মই হুলস্থুলৰ সৃষ্টি কৰিছিলোঁ আৰু তেওঁক মাৰিবলৈ আৰম্ভ কৰিছিলোঁ । আৰক্ষীয়ে তেতিয়া আহি ৰিয়াজক তেওঁলোকৰ লগত লৈ যায় । কিন্তু মোৰ জীৱন ধ্বংস কৰাৰ বাবে দায়বদ্ধ ছোৱালীজনীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই ।" ৰিয়াজৰ পত্নীয়ে কয় । ইফালে আন এটা ঘটনাত আগ্ৰা পুলিচ লাইনত নিযুক্ত কনিষ্টবল বীৰেন্দ্ৰই আৰক্ষীৰ তদন্তৰ বাবে যোৱা কেইবাখনো ঘৰৰ কেইবাগৰাকীও ছোৱালীৰ সৈতে সম্পৰ্ক চলাই আছিল । বীৰেন্দ্ৰই আৰক্ষীৰ তদন্ত চলাই থাকোঁতে কিবা নহয় কিবা অজুহাতত ছোৱালীবোৰক শোষণ কৰিছিল । কিন্তু তেনে এটা ঘটনাত পত্নী ঘটনাস্থলীত উপস্থিত হৈ হুলস্থুলৰ সৃষ্টি কৰে । পিছত আৰক্ষী আহি বীৰেন্দ্ৰক লৈ যায় । উক্ত দুয়োটা ঘটনাৰ গোচৰৰ তদন্ত কৰাৰ পিছত এছ এছ পি প্ৰভাকৰ চৌধুৰীয়ে কনিষ্টবল মহম্মদ ৰিয়াজ আৰু বীৰেন্দ্ৰক নিলম্বন কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।
নগৰবেৰা : এফালে ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ঘৰতে থাকিবলৈ বাধ্য হৈছে ৰাইজ, আনফালে উৎকট গৰমৰ বাবে ঘৰত থকা একেবাৰে অসম্ভৱ হৈ পৰিছে এখন গাঁৱৰ ৰাইজে বাবে। কাৰণ ক'ভিডসৃষ্ট এই পৰিস্থিতি আৰু উৎকট গৰমৰ পিছতো বিজুলী ফেন নুঘূৰে এখন গাঁৱত, আনকি নিশাৰ ভাগটো গাঁওখন ডুব গৈ থাকে অন্ধকাৰত। বকো বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ দক্ষিণ বৰপেটা জিলাৰ কাশিমপুৰ গাঁৱত বিগত ২০ দিন ধৰি নাই বিদ্যুৎ সেৱা। ফলত উৎকট গৰমত আন্ধাৰত জীৱন কটাইছে কাশিমপুৰৰ গাঁওবাসী। গাঁওখনৰ ৮০ শতাংশ পৰিয়ালে বিদ্যুৎ মাচুল আদায় দিয়া স্বত্তেও ট্ৰেন্সফৰ্মাৰৰ পৰা গাঁওখন বিদ্যুৎ সেৱা কৰ্তন কৰিলে বিদ্যুৎ বিভাগে। মাত্ৰ কেইটামান পৰিয়ালে বিদ্যুৎ মাচুল আদায় নিদিয়াৰ বাবে সমগ্ৰ গাঁওখনৰে বিদ্যুৎ সেৱা কৰ্তন কৰি গাঁওবাসীক গেলা গৰম আৰু অন্ধকাৰত থাকিবলৈ বাধ্য কৰিছে বিদ্যুৎ বিভাগে। ইফালে বকো বিদ্যুৎ বিভাগৰ আন এক আজৱ কাণ্ডই চকু কপালত তুলিছে। উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰখন স্থাপন কৰিছে ব্যস্ত পকীপথৰ সমীপত। যত নাই কোনো বেৰ, নাই কোনো সুৰক্ষাৰ ব্যৱস্থা। যিকোনো মুহুৰ্ততে অঘটন সংঘটিত হব পাৰে এই ট্ৰেন্সফৰ্মাৰখনৰ বাবে। ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰীক গাঁওবাসীয়ে বিদ্যুৎ সংযোগ দি পোহৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ট্ৰেন্সফৰ্মাৰৰ চাৰিওফালে বেৰা দি ৰাইজৰ জীৱনৰ নিৰাপত্তা দিবলৈও বিদ্যুৎ বিভাগক দাবী জনাইছে। এতিয়া প্ৰশ্ন হয় বিদ্যুৎ মন্ত্ৰী গৰাকীয়ে শুনিবনে গাঁওবাসীৰ আৰ্তনাথ, গাঁওবাসীয়ে পাৱনে বিদ্যুৎ সেৱা ? অপেক্ষাত বিদ্যুৎ বঞ্চিত পৰিয়াল গাঁওবাসী। You may also read!
बाइबिल छंद विषय पर: लूसिफ़ेर -> स्वर्गदूत और राक्षस\nस्वर्गदूत और राक्षस: [लूसिफ़ेर]\n২ কৰিন্থীয়া 4:4\nঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে।\n২ কৰিন্থীয়া 11:14\nএই কথা আচৰিত নহয়, কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।\n ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে। কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।\nএতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।\nচয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।\n আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে। এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ'ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে। তথাপি এইদৰে এই লোক সকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰী সকলৰ বিৰুদ্ধে নিন্দা কৰে। কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক'লে, "প্রভুৱে তোমাক ডবিয়াওক।"\nতেতিয়া চয়তানে আহি তেওঁক ক'লে, "আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।"\nফৰীচী সকলে যীচুৰ এই আচৰিত কার্যৰ কথা শুনি ক'লে, "এই মানুহে ভূতবোৰৰ ৰজা বেলচবূবৰ সহায় অবিহনে ভূতক নেখেদায়।"\nপ্ৰকাশিত বাক্য 3:9\nচোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।\nপ্ৰকাশিত বাক্য 20:10\nআৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ'ল যত সেই পশু আৰু ভাঁৰি-কোৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব।\nআৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।\n তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে তুমি পাপ কৰিলা! মই তোমাক অশুচি বুলি ঈশ্বৰৰ পৰ্ব্বতৰ পৰা বাহিৰ কৰিলোঁ; আৰু হে ঢাকি ধৰোঁতা কৰূব, জুইৰ দৰে চক্মকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ। তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা! মই তোমাক মাটিৰ সমান কৰিলোঁ! ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মূখত ৰাখিলোঁ।\nপ্ৰকাশিত বাক্য 12:7-9\n এতিয়া স্বৰ্গত যুদ্ধ হ'ল। মীখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে। কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে; সেয়েহে স্বৰ্গত সি আৰু তাৰ দূত সকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে। সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ'ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ'ল।\n যীচুৱে তেওঁলোকক ক'লে, "স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ। চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব। তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ'ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।"\n তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা! তুমি তোমাৰ মনতে কৈছিলা, 'মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম। মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।' তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ'ল।\nপ্ৰকাশিত বাক্য 13:1-18\n তেতিয়া মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ। তাৰ দহোটা শিং, সাতোটা মূৰ আছিল। তাৰ শিঙত দহোটা কিৰীটি আৰু মূৰত ঈশ্বৰক নিন্দা কৰা কিছুমান নাম লিখা আছিল। সেই যি পশু মই দেখিলোঁ, সি নাহৰফুটুকী বাঘৰ নিচিনা আছিল। তাৰ ভৰি ভালুকৰ নিচিনা আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ। সেই ড্ৰেগনে নিজৰ শক্তি সেই পশুক দিলে, আৰু তাৰ নিজৰ সিংহাসন আৰু ক্ষমতা চলাবলৈ অধিকাৰো তাক দিলে। পাছত পশুৰ মূৰবোৰৰ মাজৰ এটা মূৰত মৰাকৈ কটা এটা ঘা যেন দেখিলোঁ; কিন্তু সেই মৃত্যুজনক ঘা সুস্থ কৰা হ'ল, ইয়াকে দেখি গোটেই জগত খনে সেই পশুৰ কথাত আচৰিত মানিলে আৰু তাক অনুসৰণ কৰিলে। তাতে সকলোৱে সেই ড্ৰেগনকো প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে, আৰু তেওঁলোকে পশুকো প্ৰণিপাত কৰি ক'লে, "এই পশুৰ তুল্য কোন আছে, আৰু ইয়াৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে?" সেই পশুক বৰ বৰ কথা কবলৈ আৰু ঈশ্বৰক নিন্দা কৰা বাক্য কোৱা মুখ দিয়া হ'ল। বিয়াল্লিশ মাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ'ল। তাতে সেই পশুৱে নিজ মুখ মেলি ঈশ্বৰৰ বিৰুদ্ধে নিন্দা কৰিব ধৰিলে, তেওঁৰ নাম, তেওঁৰ বাসস্থান আৰু তেওঁৰ সৈতে নিবাস কৰা স্বৰ্গনিবাসী সকলোকে নিন্দা কৰিবলৈ ধৰিলে। সেই পশুক পবিত্ৰ লোকৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল। ইয়াৰ উপৰি সকলো ফৈদ, লোক, ভাষা আৰু সকলো জাতিৰ ওপৰত তাক অধিকাৰ দিয়া হ'ল। তাতে জগত স্থাপনৰ পুৰ্ব্বৰে পৰা হত হোৱা সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে, তেওঁ শুনক। কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব। কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেৱোঁ তৰোৱালেৰে হত হ'ব লাগিব। ইয়াত পবিত্ৰ লোক সকলৰ ধৈৰ্য আৰু বিশ্বাস আছে। তাৰ পাছত মই আন এটা ড্ৰেগনক পৃথিৱীৰ পৰা উঠা দেখিলোঁ। তাৰ মেৰ-পোৱালিৰ নিচিনা দুটা শিং আছে আৰু সি ড্ৰেগনৰ দৰে কথা কয়। সি এই প্ৰথম পশুটোৰ সকলো অধিকাৰ, প্ৰথম পশুটোৰ উপস্থিতে পালন কৰে আৰু যি প্ৰথম পশুৰ মৃত্যুজনক ঘা সুস্থ কৰা হ'ল, সেই পশুক পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে প্ৰণিপাত কৰিবলৈ বাধ্য কৰালে। সি নানা আলৌকিক চিন দেখুৱায়; এনে কি, লোক সকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়। এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ'ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়; বিশেষকৈ, যি পশু তৰোৱালৰ আঘাতৰ ঘা পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্ম্মাণ কৰিবলৈ পৃথিৱী নিবাসী সকলক ক'লে। তাক সেই পশুৰ প্ৰতিমূৰ্তিত প্ৰাণ-বায়ু দিবলৈ ক্ষমতা দিয়া হ'ল, যাতে সেই প্ৰতিমূৰ্তিয়ে কথা ক'ব পাৰে আৰু সেই পশুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰা সকলক যেন বধ কৰাৰ আদেশ দিব পাৰে। তাতে সি গুৰুত্বহীন আৰু ক্ষমতাশালী, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, প্ৰত্যেকৰে সোঁ হাতত বা কপালত এটা বিশেষ চিহ্নৰ ছাব লবলৈ বাধ্য কৰালে; যি সকলৰ সেই পশুৰ ছাব, অৰ্থাৎ সেই পশুৰ নাম, বা তাৰ নামৰ সংখ্যা নাই, তাক এনে কৰিলে যে, তেওঁ কিনা-বেচা কৰাতো অসম্ভৱ হ'ল। ইয়াত জ্ঞানৰ কথা আছে; যদি কাৰোবাৰ বুদ্ধি আছে, তেওঁ সেই পশুৰ সংখ্যা গণনা কৰক; কিয়নো এইটো এজন মানুহৰ সংখ্যা। তেওঁৰ সংখ্যা হ'ল ছয় শ ছয়ষষ্টি।
xukhdukh.com September 11, 2015 LILAKANTAPAYENG, MONOR-KATHA, মনৰ কথা, লীলাকান্ত পায়েং,\nবানপানীত ৰাইজ আৰু কৃষকৰ হাহাকাৰ\nভদীয়া বানে এইবাৰ সংহাৰী ৰূপ ল'লে। ৰাইজৰ চৌদিশে বান আৰু গৰাহখহনীয়াই তীব্র ৰূপ ধাৰণ কৰিছে। বানৰ বুকুত জাহ গ'ল শতাধিক গাঁও। এই বানৰ ফলত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ বিভিন্ন ঠাইত আশ্রয় লব লগীয়া হৈছে। কিন্তু এই আশ্রয় শিবিৰৰ বিভিন্ন ঠাইবোৰত জীৱ-জন্তুবোৰৰ দৰে থাকিবলগীয়া হৈছে। কিয়নো বেছিভাগ অঞ্চলৰ মানুহবোৰ মথাউৰি নহলে আন ওখ ঠাইবোৰত আশ্রয় লৈছে একমাত্র প্রাণৰ ভয়ত। তদুপৰি খোৱাপানী আৰু খাদ্যৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে। ফলত মৃতকৰ সংখ্যা বাঢ়িছে। ধন-জনৰ বিস্তৰ ক্ষতি সাধন হৈছে। উজনি,নামনি বা মধ্য অসমেই হওক কিন্তু বানে কাকো হেৰাই দিয়া নাই। পানীৰ মাজতে জীৱন ৰক্ষাৰ যুঁজ চলাইছে সর্বসাধাৰণ ৰাইজে। অলপ মান নিৰাপদ আশ্রয়, এটুপি অন্নৰ বাবে লাখ লাখ মানুহ হাহাকাৰ কৰিছে।\nকিন্তু কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ পূর্বাঞ্চল বুলি কলে কিয় বাৰু মাহী মাকৰ চকুৰে চায়? কেন্দ্রীয় চৰকাৰ বুলি নহয় আমাৰ অসমৰ নিজৰ মন্ত্রী বিধায়কেই যেন বানাক্ৰান্তৰ বিষয়টোক গুৰুত্ব সহকাৰে নলয়। যি সময়ত বন্যাৰ্তৰ খবৰ লবলৈ আহৰি নোপোৱা মন্ত্রী বিধায়কৰপৰা আদি কৰি প্রশাসনিক বিষয়ালৈকে আগন্তক নির্বাচনৰ ভোটৰ বাবে এচি কোঠালিত বহি অংশ মিলাই আছে। কোনোবাজন মন্ত্রী বিধায়কে গৈছে মাথো আগনন্তক নির্বাচনৰ ভোটৰ লক্ষ্য ৰাখিযেই! আকৌ কোনোবাজন বানৰ খবৰ লবলৈ গই ভোজ-ভাত খোৱাৰ খবৰো পা। সঁচাকৈ লজ্জাজনক আমাৰ মন্ত্রী বিধায়কসকলৰ কাম-কাজ!\nইফালে বানপানীত ৰাজ্যৰ অবস্থা অতি বেয়া, কিন্তু কেন্দ্রীয় চৰকাৰে বানৰ পেকেজ দিয়াতো থৰক-বৰক স্থিতিহে লোৱা দেখা গৈছে। মানে কবলৈ গ'লে বৰষুণ গলে জাঁপি চোৰ গলে বুধি। কিন্তু চৰকাৰৰ সলনি ৰাজ্যৰ কিছুমান বে- চৰকাৰী সংগঠনবোৰেহে ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি যোৱা দেখা গৈছে।\nআমাৰ দেশ এখন কৃষি প্রধান দেশ। তেনেকৈ অসম ৰাজ্যৰ বাবেও আমাৰ মানুহৰ বাবে মূল জীৱিকা কৃষিকর্ম। অসমৰ প্রায় ৮০ শতাংশই কৃষি কর্ম কৰিয়েই জীৱন নির্বাহ কৰি নিজৰ পৰিয়াল চলায়। কিন্তু এই ৮০ শতাংশই মানুহে যদি আশা ধৰণে ফল নেপাই তেন্তে আমাৰ ৰাইজৰ অৱস্থা কি হ'ব পাৰে তাৰ ভয়াবহ প্রতিচ্ছবিও ফুটি আহিছে। তাতেই খাদ্যৰ অভাৱত অগণন মানুহৰ মৃত্যুবৰণ কৰে। প্রতি বছৰৰ বানপানীৰ তাণ্ডৱে আমাৰ ৰাজ্যৰ খেতি-বাতিৰ যথেষ্ট অনিষ্ট সাধন কৰি আহিছে। কিন্তু এই বছৰো বৰ বেয়াকৈ আমাৰ খেতিপথাৰ বিনাশ কৰিলে। ব্রক্ষপুত্রৰ পানীয়ে এইবাৰ শ শ বিঘাৰ ৰোৱা পথাৰ আৰু কঠীয়াতলি বূৰাই পেলালে আরু কৃষকৰ মূৰত বৰ বেয়া টাঙোন মাৰিলে। কৃষকৰ সকলো আশা যেন নিমিষতে ভাঙি চুৰমাৰ কৰিলে।\nশেষত উপাই নাইকিয়া হৈ নিজৰ পৰিয়ালক পোহ পাল দিব নোৱাৰি কৃষকে আত্মহত্যাৰ নিচিনা পথক বাচি লোৱাৰ বাতৰিয়ে দুখী হও। ২০১৪ৰ পৰিতথ্য মতে আমাৰ দেশত ১২,৩৬০ জন কৃষকে আত্মহত্যা কৰিছে। অসমতো এনে আত্মহত্যাৰ বাতৰি প্ৰকাশ পাইছে। কথাবোৰ এতিয়া স্পৰ্শকাতৰ ভাৱে নেতা-চৰকাৰ তথা ৰাইজে বিচাৰ কৰি চোৱা উচিত।
ইয়াৰে মৰিগাঁও জিলা চিকিৎসালয়ৰ পৰা ৫গৰাকী, মৰিগাঁৱৰ হিন্দুস্তান কাগজ কলৰ চিকিৎসালয়ৰ পৰা ৪ গৰাকী, নগাওঁ জিলা চিকিৎসালয়ৰ পৰা ৩ গৰাকী লোকক যাবলৈ দিয়া হৈছে। চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীয়ে ভালদৰে কাম বা চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে এয়া সম্ভৱ হৈ উঠা বুলি দাবী কৰিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। কালিৰ পৰা আজিলৈকে মুঠ ৪৬১ গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ১৮৩২ লৈ হ্ৰাস পালে ক'ৰ'ণা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত এতিয়ালৈকে ১০৯৭ গৰাকী লোক ক'ৰ'ণা মুক্ত হৈছে। ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ১০২ গৰাকী লোক এই কোভিড-১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ২৯৩৭ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে যদিও দুদিনত ৪৬১ গৰাকীকৈ ৰোগী ক'ৰ'ণামুক্ত হোৱাটোৱে জনসাধাৰণৰ মনলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।
গোৱালপাৰাৰ গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ কমেও ছয় গৰাকী ঠিকাদাৰে চহৰখনৰ সোঁমাজত থকা এটা ব্যস্ততাপূৰ্ণ তথা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰি দিছে। জিলা প্ৰশাসন আৰু গড়কাপ্তানি বিভাগৰ অনুৰোধ মৰ্মে ঠিকাদাৰসকলে পথটো নিৰ্মাণ কৰি দিয়ে। পথটোৰ প্ৰায় ৫০ মিটাৰ অংশ জৰাজীৰ্ণ হৈ পৰিছিল আৰু গাঁতৰ সৃষ্টি হৈছিল যাৰ বাবে ৰাইজৰ যাতায়ত দুৰ্বিসহ হৈ পৰিছিল। "আমি উপায়ুক্ত বৰ্ণালী ডেকাৰ পৰা পথটো মেৰামতি কৰি দিয়াৰ বাবে এক অনুৰোধ লাভ কৰো কিয়নো অঞ্চলটোত বজাৰ, বাছ আস্থান আৰু এটা ট্ৰেফিক পইন্ট আছে যদিও বহুদিন ধৰি পথটো ভাঙি যোৱা অৱস্থাতে পৰি আছিল,"-কাৰ্যবাহী অভিযন্তা পদ্মানন্দ চৌধুৰীয়ে নৰ্থইষ্ট নাওক কয়। "কিন্তু পথটো মেৰামতি কৰি দিব পৰাকৈ কোনো আচঁনি মজুত নাছিল,"-তেওঁ লগতে কয়। তেওঁ জানিবলৈ দিয়ে যে পথছোৱা ৰাজ্যিক ঘাইপথ -১২এ নাইবা ৪৬' কোনোটোৰে আওতাতে নপৰাৰ বাবে এলাগী হৈ আছিল। "সেয়ে মেৰামতি নোহোৱাকৈ পথটো দীৰ্ঘদিন পৰি আছিল,"- গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ নডেল বিষয়া বনজিৎ অধিকাৰীয়ে কয়। ইয়াৰ মাজতে গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ ঠিকাদাৰসকলক এই মহান কামটোৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিবলৈ কাৰ্যালয়ৰ পৰা অনুৰোধ জনোৱা হয়। অনুৰোধৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ ঠিকাদাৰ এম পি আগৰৱালা, পাঠশালাৰ অনুপম শৰ্মা, গোৱালপাৰাৰ জয়ন্ত মেধি, হেকেৰাৰ উৎপল মেধি, দৰংগিৰিৰ ধৰ্মেশ্বৰ কছাৰী আৰু আগিয়াৰ এছ এন সিঙে পথটো নিৰ্মাণ কৰি দিয়ে। পথটো তেওঁলোকে ১২ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰি দিয়ে। "এয়া আমাৰ ঠিকাদাৰ গোষ্ঠীৰ এটা টীম ৱৰ্ক আৰু গোৱালপাৰাৰ ৰাইজৰ বাবে স্বাধীনতা দিৱসৰ এটা উপহাৰ,"- ঠিকাদাৰসকলৰ হৈ জয়ন্ত মেধিয়ে এইদৰে মন্তব্য কৰে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
xukhdukh.com August 05, 2015 BHASKARJYOTI-BARUAH, LIFE-N-ECONOMY, জীৱনৰ-অৰ্থনীতি, ভাস্কৰ-জ্যোতি-বৰুৱা,\nপিৰামিড ব্যৱস্থাৰ ব্যৱসায়ৰ বাস্তৱতা\nছবিয়ে যদি কথা কয়, তেনেহ'লে এই বিশেষ ছবিখনে কিজানি আটাইতকৈ বেছি কথা কয় পিৰামিড আঁচনিৰ বিষয়ে। এইখনৰ উৎস হৈছে আমেৰিকাৰ চিকিঅ'ৰিটি এণ্ড একচেঞ্জ কমিছনৰ ৱেবছাইটত জনহিতাৰ্থে প্ৰকাশিত পিৰামিড আঁচনি সম্পৰ্কীয় লেখাৰ মাজত থকা ছবিখন। যিখন ছবিয়ে তথ্যসহকাৰে বুজাই দিয়ে কিয় একোখন পিৰামিডজাতীয় আঁচনি দীৰ্ঘদিন সফলতাৰে বৰ্তি থাকি সকলোৰে মংগল সাধিব নোৱাৰে।\nযিসকলে 'ইউনি পে টু ইউ' জাতীয় আঁচনিৰ বিধ্বংসী সূত্ৰৰ সম্বন্ধে অৱগত নহয, তেওঁলোকক জনাওঁ যে অৰ্থনৈতিক ক্ষেত্ৰৰ পিৰামিড এনে এটা ব্যৱস্থা, য'ত এজন ব্যক্তিৰ পৰা আৰম্ভ হোৱা মানৱ শৃংখল তললৈ ন ন মানুহক সংযোজিত কৰি ফেৰেঙনি মেলি আগবাঢ়ি গৈ থাকে। যাক চিত্ৰত অংকিত কৰিলে এটা পিৰামিড যেন দেখি। সেয়ে এনে ব্যৱস্থাৰে মানুহক একত্ৰিত কৰি আগবঢ়া আঁচনিবোৰক পিৰামিড আঁচনি বোলা হয়। যিবোৰ আঁচনিত নতুন মানুহৰ অন্তৰ্ভুক্তিৰ বাবেই যোগদান কৰাওঁতাসকলৰ ঊৰ্ধ্বমুখী ৰেখাত থকা মূধচৰ ব্যক্তিজনলৈকে লাভান্বিত হয়।\nএতিয়া আকৌ ছবিখনৰ গইনা লৈ আগবাঢ়ো আহক। মন কৰকচোন, এই ছবিখনৰ জৰিয়তে এনে এটা ব্যৱস্থা বৰ্ণনা কৰিবলৈ বিচৰা হৈছে, য'ত এজন মানুহে মাত্ৰ আন ৬ জন ব্যক্তিক যোগদান কৰোৱাৰ প্ৰয়োজন। সেই ৬ জনৰ প্ৰত্যেকেই তেনেকৈ নিজৰ চিনাকি ৬ জনকৈ মানুহক ব্যৱস্থাটোত যুক্ত কৰিব লাগে। এনেকৈ প্ৰতিটো স্তৰতে প্ৰত্যেকেই নিজৰ নিজৰ চিনাকি ৬ জন মানুহক যোগাৰ কৰি যোগদান কৰোৱালেই হ'ল। ব্যৱস্থাটো আগবাঢ়ি গৈ থাকিব। ইমানেই সহজনে এই প্ৰক্রিয়া? চাওঁ আহক। পিৰামিডৰ টিঙৰ মানুহজনক মাত্ৰ ৬ জন মানুহৰ প্ৰয়োজন। তেনেই সহজ কথা। এতিয়া দ্বিতীয় শাৰীৰ ৬ জনৰ প্ৰত্যেককে আন ৬ জনকৈ মানুহৰ প্ৰয়োজন। এতিয়াও যথেষ্ট সহজ। সেই ৬ জন ব্যক্তিৰ এনে ৬ জন মানুহ নিশ্চয় চিনাকি ওলাব যাৰ সৈতে বাকী ৫ জনৰ সম্পৰ্ক নাই। সকলোটি সফল হ'বলৈ মাত্ৰ ৩৬ জন মানুহৰ প্ৰয়োজন। এতিয়া এই ৩৬ জনক সফল হ'বলৈ হ'লে মুঠ মানুহ লাগিব ৬ x ৩৬ = ২১৬ জন। এতিয়াও খুব কঠিন নহয় কিজানি। ইয়াৰ পিচৰ পৰ্যায়ত মানুহ লাগিব ৬ x ২১৬ = ১,২৯৬ জন। তাৰ পিচত ৬ x ১,২৯৬ = ৭,৭৭৬ জন। কঠিন হৈ গৈ আছে নেকি? তেন্তে ৰ'ব, একেবাৰে তলৰ ১৩ নম্বৰ শাৰীটোলৈ মন কৰক। এই ১৩ নম্বৰ শাৰীৰ সকলো মানুহে ৬ জনকৈ মানুহ বিচাৰি পাবলৈ হ'লে যিমান মানুহৰ প্ৰয়োজন হ'ব তাৰ সংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাতকৈ বেছি। বিশ্বাস হোৱা নাই? তেনেহ'লে এইবাৰ কেলকুলেটৰৰ সহায় লওক। প্ৰত্যেকটো পূৰণ ফলক আকৌ ৬ ৰে পূৰণ কৰি আগবাঢ়ক। প্ৰত্যেক পৰ্যায়তে চিত্ৰত দিয়া সংখ্যাৰ সৈতে মিলাই চাওক। কিবা বুজিলেনে? হয়, এই সৰু অথচ মূল্যৱান ছবিখনে প্ৰমাণ কৰে যে পিৰামিড ব্যৱস্থাত অকল মানুহক যোগদান কৰোৱাই লাভৱান হ'বলৈ অনুপ্ৰাণিত কৰা আঁচনিবোৰ দীৰ্ঘ সময় ধৰি বৰ্তি থাকিব নোৱৰাৰ ৰহস্য। কেইটামান স্তৰ পাৰ হোৱাৰ পাচতেই প্ৰয়োজনে আপোনাৰ চহৰৰ জনসংখ্যা অতিক্রম কৰে। তাৰ পিচত আপোনাৰ জিলা। তাৰ পাচত আপোনাৰ ৰাজ্য, আপোনাৰ দেশ - - - - আৰু শেষত এই পৃথিৱীৰ জনসংখ্যা।\nআন বহু দেশৰ দৰে ভাৰততো পিৰামিড আঁচনি অবৈধ। য'ত নেকি অকল এজন মানুহক যোগদান কৰোৱাই ওপৰৰ এদল মানুহ লাভান্বিত হয়। সেয়ে এনে আঁচনিৰ প্ৰস্তুতকৰ্তাই বৰ কৌশলেৰে মাল্টিলেভেল মাৰ্কেটিং বা নেটৱৰ্ক মাৰ্কেটিঙৰ পোছাক পিন্ধি নিজৰ সাম্ৰাজ্য বিস্তাৰত ব্ৰতী হয়। মাল্টিলেভেল মাৰ্কেটিঙক পিৰামিড আঁচনিৰ পৰা পৃথক কৰে এটা গুৰুত্বপূৰ্ণ কাৰকে। য'ত মানুহে সংঘবদ্ধ হয় একোটা বা একাধিক দ্ৰব্য বিক্রী কৰিবলৈহে। কোৱা বাহুল্য যে ভাৰততো মাল্টিলেভেল মাৰ্কেটিং বৈধ ব্যৱসায়। এইখিনিতে প্ৰণিধানযোগ্য যে এই মাল্টিলেভেল মাৰ্কেটিঙৰ বৈধতাক লৈ এখন দীৰ্ঘ আইনী যুঁজৰ সুত্ৰপাত হৈছিল আমেৰিকাত। ১৯৭৯ চনত আমেৰিকাৰ ফেডাৰেল ট্ৰেড কমিছনে এমৱেক বৈধ ব্যৱসায় বুলি ৰায়দান কৰে। তাৰ পিচৰ পৰাই সঁচা অৰ্থত এই মাল্টিলেভেল মাৰ্কেটিঙৰ প্ৰসাৰ ঘটে। অৱশ্যে প্ৰাইচ ফিক্সিং আৰু বিতৰকসকলৰ আয়ৰ সম্ভাৱনাৰ সম্বন্ধে অতিৰঞ্জিতকৰণৰ বাবে সেই একেই ফেডাৰেল ট্ৰেড কমিছনে ১৯৮৬ চনৰ ১৯ মে'ত এমৱেক দোষী সাব্যস্ত কৰে আৰু ১ লাখ ডলাৰ জৰিমনা বিহে। যদিও মাল্টিলেভেল মাৰ্কেটিং বৈধ ব্যৱসায, ব্যক্তিগতভাৱে মই বিশ্বাস কৰো যে যিসকলে দ্ৰব্য বিক্রীতকৈ নিজৰ অধীনত মানৱ শৃংখল তৈয়াৰ কৰি অধিক বিক্রীৰে সমৃদ্ধিশালী হ'বলৈ প্ৰয়াস কৰে, তেওঁলোকৰ সপোনবোৰ কিন্তু পিৰামিড ধাৰণাৰ ভেটিতেই প্ৰতিষ্ঠিত। এতেকে এই বিশেষ ছবিখন তেওঁলোকৰ বাবেও সমানেই তথ্যসম্বলিত।\nতাৰমানে এনে ব্যৱস্থাত কোনো লাভৱান নহয় নেকি? হয়। কিছুমান মানুহ অকল্পনীয়ভাৱে সমৃদ্ধিশালী হ'ব পাৰে যদিহে তেওঁলোক একো একোটা সুউচ্চ পিৰামিডৰ টিঙত অৱস্থান ল'ব পাৰে আৰু তলৰ মানুহখিনিক কাম কৰি যাবলৈ সন্মোহনেৰে বাধ্য কৰিব পাৰে। গৱেষণাই কয় যে মুঠ জড়িত মানুহৰ ১০ শতাংশতকৈও কম মানুহ এনে ব্যৱস্থাত লাভৱান হয়। সেয়া সম্ভৱ হয় শৃংখলাত তেওঁতকৈ তলত থকা গৰিষ্ঠ সংখ্যক মানুহৰ মৰীচিকা খেদা প্ৰৱণতাৰ বাবে। যেতিয়া মানুহৰ সপোন ভাগে তেওঁলোক এনে ব্যৱস্থাৰ পৰা আঁতৰি যায়। কাজেই শৃংখল ভাগে। নতুন সপোন লৈ নতুন মানুহ আকৌ জড়িত হয়। এনেকৈ শৃংখল ভঙা-গঢ়াৰ মাজেৰেহে এনে ব্যৱস্থা দীৰ্ঘদিন জীয়াই থাকে। মসৃণ গতি এনে ব্যৱস্থাত অসম্ভৱ। সম্ভৱ হোৱা হ'লে একো একোখন দেশৰ সকলো নাগৰিকেই কম সময়ৰ ভিতৰতে এনে ব্যৱস্থাত জড়িত হ'বলগা হ'লহেঁতেন। যিটো সত্যক ওপৰৰ চিত্ৰই প্ৰমাণ কৰে।\nমুঠৰ ওপৰত আজি যিমান পাৰে সিমান এই ছবিখন চাওক আৰু ভাবক। অৱশ্যে মাল্টিলেভেল মাৰ্কেটিঙত জড়িত মোৰ পুৰণি বন্ধু কেইজনৰ দৰে মোক 'ঋণাত্মক শক্তি' হিচাপে চিহ্নিত কৰি মোৰ বিশ্লেষণক নস্যাৎ কৰাৰ গণতান্ত্ৰিক অধিকাৰ আপোনাৰ নিশ্চয় আছে।\nদূৰভাষঃ ৯৯৫৪০৬২০৯৫, লেখাটি অসমীয়া প্ৰতিদিন কাকতত ২০১৪ চনৰ ২৫ চেপ্তেম্বৰ তাৰিখে প্ৰকাশ পাইছিল।
মাৰ্ঘেৰিটাৰ লিডু চাহ বাগিছাৰ ২নং লাইনত কালি পুৱতি নিশা এটা বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ বাসিন্দা মৌচুমী গড়ৰ বাসগৃহটো এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ জাহ যায়। দুটি সন্তানৰ মাতৃ বিধৱা মহিলা গৰাকীৰ বাসগৃহটোত জুই লগাৰ ফলত ঘৰটোৰ সকলো আচবাব জুইৰ লেলিহান শিখাই সম্পূৰ্ণ ভস্মীভূত কৰাত মৌচুমীৰ জীৱনলৈ কাল অমানিশা নামি আহিছে। স্থানীয় দল সংগঠন, চৰকাৰ প্ৰশাসনৰ পৰা মৌচুমীয়ে সহায় ভিক্ষা কৰিছে। পুৱতি নিশা বাসগৃহটোত কি দৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেই সন্দৰ্ভত এই মূহুৰ্ত্বলৈকে জানিব পৰা হোৱা নাই। অন্যহাতে ঘটনাস্থলীত আজি আছা'ৰ এটা প্ৰতিনিধি দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ভুক্তভোগী পৰিয়ালটোক ক্ষতিপুৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক দাবী জনাইছে। Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ'ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত? অসমৰ সন্তানেই নহয় বৰাকক অসমৰ পৰা পৃথক কৰিব খোজা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সমাজ - অসমীয়া ৱিকিপিডিয়া\nসমাজ (ইংৰাজীঃ Society) হৈছে সাধাৰণতে একে ৰাজনৈতিক কৰ্তৃত্ব আৰু প্ৰভাৱশালী সাংস্কৃতিক বৈশিষ্টসম্পন্ন একে সামাজিক সম্পৰ্কেৰে জড়িত ব্যক্তিৰ এটা গোট, বা একে স্থানিক বা সামাজিক ক্ষেত্ৰত বসবাস কৰা এক বৃহৎ সামাজিক গোট। সমাজ মূলতঃ এনে এক প্ৰণালীক বুজায় য'ত একাধিক ব্যক্তি একত্ৰিত হৈ কিছুমান নীতি−নিয়ম প্ৰতিষ্ঠা কৰি একেলগে বাস কৰাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। "সমাজ"ৰ ইংৰাজী "Society" শব্দটো দ্বাদশ শতিকাৰ ফৰাচী ভাষাৰ শব্দ চ'চিয়েটে (société)-ৰ (অৰ্থাৎ 'সংগ') পৰা আহৰণ কৰা হৈছে। মানুহৰ ক্ষেত্ৰত, একাধিক ব্যক্তিয়ে লিখিত বা অলিখিত নিয়ম প্ৰস্তুত কৰি একত্ৰিত হৈ বসবাস কৰা অৱস্থাকে সমাজ বুলি কোৱা হয়। মানুহৰ বাহিৰেও, নিম্নমানৰ প্ৰাণীৰ ক্ষেত্ৰতো সমাজ বিদ্যমান, কিন্তু মানুহৰ দৰে সংগঠিত সমাজৰ কোনো উদাহৰণ নাই। সমাজ কোনো এক স্বকীয় সংস্কৃতি আৰু প্ৰতিষ্ঠানৰ অন্তৰ্গত ব্যক্তিসকলৰ মাজৰ সম্পৰ্কৰ (সামাজিক সম্পৰ্ক) দ্বাৰা চিহ্নিত কৰা হয়; প্ৰদত্ত সমাজ এখনক ইয়াৰ অন্তৰ্গত সদস্যসকলৰ মাজত থকা এনে সম্পৰ্কৰ আধাৰত বৰ্ণনা কৰিব পাৰি।\nসমাজে কিছুমান কাৰ্য বা কথা গ্ৰহণযোগ্য বা অগ্ৰহণযোগ্য বুলি গণ্য কৰি আচৰণ বিধি নিৰ্মাণ কৰে। কোনো এটা নিৰ্দিষ্ট সমাজৰ ভিতৰত এই আচৰণ বিধিবোৰক সামাজিক নিয়ম বুলি কোৱা হয়। সমাজ আৰু ইয়াৰ নিয়মবোৰ ক্ৰমান্বয়ে আৰু চিৰস্থায়ী পৰিৱৰ্তনৰ মাজেৰে সৃষ্টি হয়।\nবহল অৰ্থত, আৰু বিশেষকৈ গাঁথনিবাদী চিন্তাধাৰাৰ ভিত্তিত, এখন সমাজক কেৱল ব্যক্তিৰ সমষ্টিৰ সলনি এক অৰ্থনৈতিক, সামাজিক, ঔদ্যোগিক বা সাংস্কৃতিক গোট হিচাপেও ভাগ কৰিব পাৰি।\nযিদৰে সমাজৰ সদস্যসকলৰ মাজত সম্প্ৰীতি, সহযোগিতা, মমতা আছে; একেদৰে, ঘৃণা, লোভ, হিংসাৰো সৃষ্টি হ'ব পাৰি। সেয়েহে, সমাজৰ ভিতৰত শৃংখলা বজাই ৰখাৰ স্বাৰ্থত, বেছিভাগ ক্ষেত্ৰত, কিছুমান লিখিত বা অলিখিত নিয়ম থাকে, বেছিভাগ ক্ষেত্ৰত যাৰ উলংঘন অত্যন্ত অসন্মানজনক, আৰু সমাজৰ দৃষ্টিত শাস্তিৰ যোগ্য। এক সুন্দৰ আৰু নিৰপেক্ষ সামাজিক ব্যৱস্থাৰ বাবে সম্প্ৰীতি আৰু সহযোগিতা অপৰিহাৰ্য।\nসামাজিক গোটে ইয়াৰ সদস্যসকলক এনেধৰণে লাভান্বিত হ'বলৈ সক্ষম কৰে যি ব্যক্তিগতভাবে কেতিয়াও সম্ভৱ নহয়। এনেদৰেই ব্যক্তিগত আৰু সামাজিক (উমৈহতীয়া) দুয়োটা লক্ষ্য পৃথক আৰু বিবেচনা কৰিব পাৰি। পৰুৱাৰ (ফৰ্মিচিডি) সামাজিক আচৰণ।\nসমাজবিজ্ঞানী পিটাৰ এল বাৰ্জাৰৰ (Peter L. Berger) মতে সমাজ "... এক মানৱসৃষ্ট সামগ্ৰী, আৰু মানৱসৃষ্ট সামগ্ৰীৰ বাহিৰে আন একো নহয়, তথাপিও ই ইয়াৰ সৃষ্টিকৰ্তাসকলৰ বাবেই নিৰন্তৰ কাম কৰে।" তেওঁৰ মতে, সমাজখন মানুহে সৃষ্টি কৰিছিল, কিন্তু এই সৃষ্টি বিপৰীতমুখী হয় আৰু সমাজে প্ৰতিদিনে মানুহৰ সৃষ্টি বা নিৰ্মান কৰে।\n↑ "Society". Merriam-webster dictionary. https://www.merriam-webster.com/dictionary/society#h2। আহৰণ কৰা হৈছেঃ6May 2021.\n↑ Berger, Peter L. (1967). The Scared Canopy: Elements ofaSociological Theory of Religion. প্ৰকাশক Garden City, NYC: Doubleday & Company, Inc.. পৃষ্ঠা. 3.\n"https://as.wikipedia.org/w/index.php?title=সমাজ&oldid=294562"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ০৬ ছেপ্টেম্বৰ, ২০২১ তাৰিখে ১৯ঃ৩৩ বজাত অন্তিম সংশোধন কৰা হৈছিল।
জুলাই 09 - হিষ্কিয়াৰ সত্যতা! - Elim Glorious Revival Church - Kodambakkam\nজুলাই 09 - হিষ্কিয়াৰ সত্যতা!\nNo Comments on জুলাই 09 - হিষ্কিয়াৰ সত্যতা!\n" হে যিহোৱা, মিনতি কৰিছোঁ, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; পোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।"(২ ৰাজাৱলী ২০ঃ৩)\nআজি আমি ৰজা হিষ্কিয়াৰ সত্যতা ৰ ওপৰত সোৱৰন কৰিবলৈ লৈছে। তেওঁ যিহোদাৰ ওপৰত ৰাজত্ব কৰা ১৩ তম ৰজা আছিল। ২৫ বছৰৰ বয়সত তেওঁ ৰজা হৈছিল। তেওঁ যিহোদাৰ তিনিজন সত্য আৰু উত্তম দাসৰ মাজৰ এজন হয়। হিষ্কিয়াৰ নামৰ অৰ্থ, " কেৱল যিহোৱা মোৰ বল হয় " । ৰজা হিষ্কিয়াৰ সত্যতা কি আছিল?\nতেওঁ মুৰ্তি পুজা প্ৰৰ্থাক সম্পূর্ণ ৰূপে সমাপ্ত কৰি দিলে আৰু সেই সকলো উচ্চ স্থানকে নষ্ট কৰি দিলে যত মুৰ্তিসকলক বলি দিয়া হৈছিল। যেতিয়া সেই দিনৰ লোক সমূহে মুচিৰ নিৰ্মিত পিতলৰ সাপকে দন্ডবত কৰিলে, তেতিয়া তেওঁ তাকো ভাঙি পেলালে। তেওঁ আৰাধনাৰ সকলো উচিত ব্যৱস্থা আৰাম্ভ কৰিলে আৰু লোক সকলক সত্যতা আৰু আৰাধনা কৰাৰ পথ প্ৰস্তুত কৰিলে। ইমানেই নহয়, তেওঁ যি ইস্ৰায়েলী সকল ইফালে সিফালে হয় গৈছিল পুনৰ মিলন কৰালে আৰু ১৪ দিনলৈকে বিশেষ নিস্তাৰ উৎযাপন কৰিলে। ২ বংশাৱলী ৩০ অধ্যায়ঃত, আমি পঢ়িবলৈ পাও যে তেওঁ পৰমেশ্বৰৰ প্ৰতি কিমান বিশ্বাসযোগ্য আছিল।\nপবিত্র শাস্ত্ৰ কয়, ".. হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে। আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে" (২ বংশাৱলী ৩১ঃ২০)। তথাপিও তেওঁক পুনৰ জীবনৰ সংঘৰ্ষ কৰিব লাগিল। এটি ভয়াবহ ৰোগে তেওঁ ওপৰত প্ৰহাৰ কৰিলে আৰু তেওঁ মৰিবলগীয়া হল। যিচয়া তেওঁক লগ ধৰিলে আৰু তেওঁক কলে, " যিহোৱাই এই কথা কৈছে, 'তুমি তোমাৰ ঘৰৰ বিষয়ে পৰামর্শ দিয়া; কিয়নো তোমাৰ মৃত্যু হ'ব; তুমি জীয়াই নাথাকিবা।" (২ ৰাজাৱলী ২০ঃ১)।\nএয়া শুনি হিস্কীয় ৰজাৰ হৃদয় ভাঙী গল আৰু তেওঁ প্ৰাৰ্থনা কৰিলে, " তেওঁ ক'লে, "হে যিহোৱা বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে পোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ, আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক আপুনি এতিয়া সোঁৱৰণ কৰক; এই বুলি হিষ্কিয়াই বৰকৈ কান্দিলে।"( যিচয়া ৩৮ :৩)।\nহিস্কীয় ৰজাৰ সত্যতা পৰমেশ্বৰক স্পৰ্শ কৰি গল। পৰমেশ্বৰক সোৱৰন হল যে ৰজা হিস্কীয় গোটেই জীবন কিমান সত্য আৰু উত্তম আছিল । তেওঁ হিস্কীয় ক কলে, " আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম। "( যিচয়া ৩৮ :৫)। আৰু তেওঁৰ আয়ু বঢ়াই দিলে।\nপৰমেশ্বৰৰ মৰমিয়াল সন্তান, যেতিয়া আপুনি পৰমেশ্বৰৰ উপস্থিতত সত্যতা আৰু উত্তম তাৰে আহে, তেতিয়া তেওঁ আপোনাৰ প্ৰাৰ্থনা শুনে। তেওঁ আপোনাৰ চকুলো মুহাৰে। আৰু আপোনাৰ জীবনকাল বৃদ্ধি কৰে। পবিত্র শাস্ত্ৰ কয়, " ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।"( গীতমালা ৯৮ঃ৩)।\nমন কৰিবলগীয়াঃ" কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।"( গীতমালা ৪৯ঃ৩৩)।
যদি আপোনাৰ সপোনটোত সেউজীয়া ৰঙৰ কাগজৰ নোট দেখা পায় তেন্তে ই আপোনাৰ বাবে এটা অতি শুভ সপোন। এই সপোন অনুসৰি, অতি সোনকালেই উজ্জ্বল আপোনাৰ ভাগ্য উদয় হ'ব। কেৱল সেইটোৱেই নহয়, আপুনি কৰবাৰ পৰা ধন লাভও কৰিব পাৰে। যদি আপুনি এনে ধৰণৰ সপোন দেখিছে, আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি সোনকালে টনকীয়াল হব । এই সপোনৰ আন এটা অৰ্থও আছে। যাৰ মতে আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব পাৰে। ইয়াৰ অৰ্থ হৈছে, আপুনি ধন লাভ কৰাটো প্ৰায় নিশ্চিত । যদি আপুনি সপোনত বহুতো মুদ্ৰা দেখিছে, ই স্বপ্ন শাস্ত্ৰ অনুসৰি এটা অতি অশুভ সপোন। এই সপোন অনুসৰি, ভৱিষ্যতে আপোনাৰ এক প্ৰকাৰৰ অৰ্থনৈতিক ক্ষতি হ'ব পাৰে। এই ধৰণৰ সপোনে অৰ্থনৈতিক সংকটৰ দিশলৈ আপোনাক ইংগিত প্ৰদান কৰে । এই সপোনৰ অৰ্থৰ আন এটা দিশো আছে । যদি আপুনি এই এনে ধৰণৰ সপোন বহুবাৰ দেখে তেন্তে আপুনি কৰবাৰ পৰা ঋণ ল'ব লগাত পৰিব পাৰে। যদি আপুনি এনে সপোন দেখিছে তেন্তে আৰ্থিকভাৱে সাৱধান হওক, কাৰো পৰা ধাৰ নকৰিব আৰু কাকো ঋণো নিদিব। যদি সপোনত আপোনাক কোনোবাই পইচা দিয়া দেখা পায় তেনে সপোন আপোনাৰ বাবে হব পাৰে অতি শুভ সপোন। এই সপোন অনুসৰি, যদি আপুনি ব্যৱসায়ত কৰে তেন্তে আপুনি অতি সোনকালেই এক প্ৰকাৰৰ বৃহৎ লাভ পাব পাৰে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰিত হব পাৰে যি ভৱিষ্যতে আপোনাক উপকৃত কৰিব পাৰে। ইয়াৰ উপৰিও, যদি আপুনি চাকৰি কৰে তেন্তে ভৱিষ্যতে আপোনাৰ পদোন্নতি হব পাৰে। সপোনত যদি আপুনি কাৰোবাক ধন দি আছে,তেন্তে স্বপ্নশাস্ত্ৰ অনুসৰি ই আপোনাৰ বাবে এক অতি শুভ লক্ষণ। এই সপোন অনুসৰি, যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে তেন্তে অতি সোনকালেই আপুনি সেই ঋণৰ পৰা মুক্তি পাব পাৰিব। এই সপোনৰ আন এটা অৰ্থ হৈছে আপুনি কাৰোবাক আৰ্থিকভাৱে সহায় কৰিব পাৰে মানে কাৰোবাক টকা ধাৰলৈ দিব পাৰে। যাৰ ফলত আপুনি মানসিক সুখ লাভ কৰিব। কিন্তু যদি আপুনি সপোনত কাৰোবাক মুদ্ৰা দিয়া দেখা পায়, ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ ঘৰত সোনকালেই দৰিদ্ৰতাই দেখা দিব । "Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here." * Please Don't Spam Here. All the Comments are Reviewed by Admin. Thank You. Things to do for financial growth যদি আপুনি আৰ্থিক সমস্যাত ভুগি আছে, আজিয়েই এইকেইটা কাম কৰক - হৈ পৰিব মালামাল ।
ইণ্টাৰনেটত ঝাড়ু দি লাভ কৰক মাহিলি ২৫ হাজাৰ! । News Next One\nইণ্টাৰনেটত ঝাড়ু দি লাভ কৰক মাহিলি ২৫ হাজাৰ!\nডিজিটেল ডেস্কঃ স্নাতক ডিগ্ৰী লাভৰ পিছত ঘৰত নিৱনুৱা হৈ বহি থাকিবলগীয়া হৈছে। সময় নাযায় নুপুৱাই যেন লাগিছে। পকেটো খালী। চাকৰি বিচাৰি বিচাৰি প্ৰতিদিনে ভাগৰি পৰিছে। এই অৱস্থাৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰিব পাৰে। তাতে যদি ঘৰতে বহি মাহিলি ২৫ হাজাৰ টকা উপাৰ্জন কৰে তেন্তে ক্ষতি কি?\nকথাটো ৰেল, বাছ, চহৰৰ দেৱাল বা দৈনিক বাতৰি কাকতৰ বিজ্ঞাপনৰ পৃষ্ঠাত প্ৰকাশিত ভুৱা বিজ্ঞাপনবোৰৰ দৰে নহয়। সাঁচাকৈয়ে ঘৰতে বহি আপুনি উপাৰ্জন কৰিব পাৰে মাহিলি ২৫হাজাৰ টকা পৰ্যন্ত। অৱশ্যে ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সম্যক জ্ঞান থাকিব লাগিব।\nএইখিনি জানিলে মাহিলি ঘৰতে বহি ২৫ হাজাৰ টকা পাবলৈ হ'লে আপোনাৰ কাম হ'ব ইণ্টাৰনেটৰ আৱৰ্জনা পৰিষ্কাৰ কৰা। গুগল, ফেচবুক, মাইক্ৰছফটৰ দৰে বৃহৎ প্ৰতিষ্ঠানসমূহৰ দৰে মজলীয়া আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠানসমূহেও এই কামৰ বাবে এতিয়া পাৰ্গত লোকৰ সন্ধান আৰম্ভ কৰিছে। এই পদটোৰ নাম হৈছে 'ৱেব কমেণ্ট মডাৰেটৰ'।\nএতিয়া নিশ্চয় আপোনাৰ মনলৈ আহিছে যে এই 'ৱেব কমেণ্ট মডাৰেটৰ'ৰ কাম কি? আপুনি নিশ্চয় প্ৰত্যক্ষ কৰি আহিছে যে প্ৰায় প্ৰতিটো ৱেবছাইটতত মুহূৰ্ততে অলেখ অদৰকাৰী কমেণ্ট, ছবি, ভিডিঅ'সহ নানা অপ্ৰয়োজনীয় বিষয় ভিজিটৰ্ছসকলে আপলোড কৰে। 'ৱেব কমেণ্ট মডাৰেটৰ'ৰ কাম হৈছে এনে অপ্ৰয়োজনীয় কমেণ্ট, ছবি, ভিডিঅ' আদি প্ৰতিষ্ঠানটোৱে ধৰি দিয়া গাইডলাইন অনুযায়ী ডিলিট কৰা।\nমাইক্ৰ'ছফটৰ সৈতে জড়িত এটি প্ৰতিষ্ঠানৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত কয় যে, 'ৱেব কমেণ্ট মডাৰেটৰ'ৰ কাম কৰি ঘৰত বহিয়েই মাহিলি ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰি। ভাৰততো বহু যুৱক-যুৱতীয়ে এই কাম কৰিবলৈ আৰম্ভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।
মৰিগাঁওত সংঘটিত হৈছে জঘন্য আৰু অমানবীয় ঘটনা। মৰিগাঁৱত অবৈধ প্ৰেমৰ পৰিণতিত লজ্জা নিবাৰণৰ বাবে এটি দেৱশিশুক হত্যা । জংঘলত পুতি থোৱা অৱস্থাত মৃত-শিশুক উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ । দুজনক আটক , তদন্ত প্ৰক্ৰিয়া অব্যাহত মৰিগাঁও আৰক্ষীৰ । স্থানীয় লোকৰ অভিযোগ মতে, অঞ্চলটোৰ বিশ্বাস উপাধিৰ বিধৱা মহিলা এগৰাকীৰ লগত অজয় কৃষ্ণ বৰদলৈ নামৰ এজন লোকৰ অবৈধ প্ৰেমৰ সম্পৰ্কত এটি শিশুৰ জন্ম হৈছিল। দুয়োৰে অবৈধ প্ৰেমৰ সম্পৰ্কত ভূমিষ্ঠ হোৱা শিশুটিক হত্যা কৰি সমাজৰ আগত লজ্জা নিবাৰণ বাবেই উক্ত মহিলা গৰাকীৰ ঘৰৰ সন্মুখত থকা জংঘলত দেৱশিশুটিক হত্যা কৰি পুতি থৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। আনহাতে ২৪ ছেপ্টেম্বৰত দেৱ -শিশুটি অপহৰণ হোৱা বুলি পল্লৱী বিশ্বাসে মৰিগাঁও সদৰ থানাত এক অভিযোগ দাখিল কৰে। মৰিগাঁও আৰক্ষীয়ে পল্লৱী বিশ্বাসৰ অভিযোগৰ ভিত্তিত চলোৱা তদন্তত চলিত মাহৰ ১৭ তাৰিখে জন্ম হোৱা নৱজাতকটিক অজয় কৃষ্ণ বৰদলৈ নামৰ লোকজনে জন্ম হোৱা দিনটোতেই হত্যা কৰাৰ সন্দেহত মঙলবাৰে নিশাই অজয় কৃষ্ণ বৰদলৈক আৰক্ষীয়ে লগত লৈ মৃত নৱজাতকৰ মৃতদেহ গাতৰ পৰা উলিয়াই আনে। মৰিগাঁও আৰক্ষীয়ে মৃত শিশুটিক উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে, উক্ত অমানৱীয় ঘটনাৰ সন্দৰ্ভত অজয় কৃষ্ণ বৰদলৈক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ লগতে উক্ত মহিলা গৰাকীকো মৰিগাঁও আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক তদন্তত নৱজাতকৰ হত্যাকাৰী জনৰেই সন্তান বুলি মন্তব্যত প্ৰকাশ কৰাৰ লগতে ডিএনএ পৰীক্ষাৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব বুলি মন্তব্য প্ৰকাশ কৰে লগতে আৰক্ষীৰ জেৰাত অজয় কৃষ্ণ বৰদলৈয়ে দেৱ-শিশুটিক কেনেদৰে হত্যা কৰিছিল সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ কথা জানিব দিয়ে। MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
মিষ্টাৰ মিনিষ্টাৰ, মে' আই আস্ক এ কুৱেশ্যন প্লিজ... - Asomiya Pratidin - অসমীয়া প্ৰতিদিন । Highest Circulated Assamese News Paper & News Portal\nস্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰ, ২৪ মে', ২০২০ত পুনৰ ক'লে- অতি কঠোৰভাৱে পালন কৰিব লাগিব কোৱাৰেন্টাইন। ৰাজ্যখনৰ স্বাৰ্থতে যে তেখেতে এই কথা কৈছে তাত সন্দেহ নাই। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়চোৱাত স্বাস্থ্য মন্ত্ৰী হিচাপে তেওঁৰ সক্ৰিয়তাৰ প্ৰমাণ সৰ্বত্ৰে।\nস্বাস্থ্য মন্ত্ৰী হিচাপে এই খিনি দায়িত্ব তেওঁ সুচাৰুৰূপেই পালন কৰিব পৰা বুলিয়েই ৰাজ্যবাসীয়ে ভাবে। আনকি কোৰোনা প্ৰতিৰোধ আৰু ইয়াৰ বিৰুদ্ধে যুঁজি বিশ্ববাসীৰ মডেল হোৱা কেৰালাকো কোভিড-১৯ৰ পৰীক্ষাৰ ক্ষেত্ৰত অসমে পিচ পেলোৱা কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।\nইয়াৰ বাবে নিশ্চিতভাৱে অভিনন্দনৰ পাত্ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা এই পৰীক্ষাসমূহ সম্পন্ন কৰা সংশ্লিষ্ট লোকসকল। কোৱাৰেন্টাইনৰ নীতি-নিয়ম কঠোৰভাৱে মানি চলাৰ বাবেই অসমত গণ সংক্ৰমণ হোৱা নাই বুলিও তেখেতে ঘোষণা কৰিলে।\nকিন্তু কোৱাৰেন্টাইনৰ নামত একাংশ হোটেলত কি চলিছে বা হোটেলসমূহত কোৱাৰেন্টাইনত থকা লোকসকলৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছত কোৰোনাৰ প্ৰট'ক'ল অনুসৰি কন্টেইনমেন্ট জ'ন সংশ্লিষ্ট হোটেলখনত ঘোষণা কৰা হয়নে?\nএই হোটেলত তেনে ৰোগীৰ সংস্পৰ্শলৈ অহা হোটেলৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ খাটিৰত তেওঁলোকৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় এই সন্দৰ্ভত এটা প্ৰশ্ন কৰিছিল এজন সাংবাদিকে। সেই প্ৰশ্নৰ উত্তৰ স্বাভাৱিকভাৱেই মন্ত্ৰীগৰাকীয়ে দিয়া হ'লে ক'ব লগা একো নাথাকিল হয়। কিন্তু এনে লাগিল হোটেলৰ প্ৰসংগ টানি অনাৰ পাছতেই এক প্ৰকাৰৰ উত্তেজিত হৈ সাংবাদিকৰ পৰিচয় বিচৰা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে যেন বহু কথা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলে।\nসাংবাদিকজনে কেতিয়াও কোৱা নাছিল- হোটেলসমূহত কোৱাৰেন্টাইন বন্ধ কৰি দিব লাগে। তেওঁ মাত্ৰ সুধিছিল যে- কোভিড-১৯ ধৰা পৰাৰ পাছত হোটেলসমূহৰ কৰ্মচাৰী বা সংশ্লিষ্ট হোটেলখনত কি ব্যৱস্থা গ্ৰহণ কৰা হয়?\nমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰা আহ্বান আৰু মন্তব্য মতেই তেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত। কিন্তু সেই কথা ঢাকি ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে যেন সেই প্ৰশ্নটোকে এক অযথা প্ৰশ্ন বুলি তুলি ধৰাৰ প্ৰয়াস কৰিলে । আমাৰ হাতত পৰা তথ্য মতে, গুৱাহাটীৰ হোটেলত কোৱাৰেন্টাইন হৈ থকা বহু লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছিল।\nমহানগৰীৰ প্ৰাগ কন্টিনেন্টেল নামৰ হোটেলখনত কোৱাৰেন্টাইনত থকা ৪২জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰাতো মিছা নেকি? যদি সঁচা হয় তেনেহ'লে সেই হোটেলখনত কৰ্মৰত কৰ্মচাৰীসকলৰ জীৱনৰ প্ৰতি ভাবুকি নাহিব নেকি? কেনেদৰে ধৰি লোৱা হ'ল যে, সেই হোটেলখনৰ কৰ্মচাৰীসকল কোভিড-১৯ত আক্ৰান্ত নহয়। য'ত পিপিই কীটছ পৰিধান কৰা চিকিৎসকেই কোভিড-১৯ত সংক্ৰমিত হয়, তেনেস্থলত এই হোটেলবোৰৰ কৰ্মচাৰীসকলৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকিক লৈ ইমান উপেক্ষা কিয়?\nএই প্ৰশ্ন কোনো ব্যক্তিগত দৃষ্টিভংগীৰে কৰা হোৱা নাছিল। অতি বিনম্ৰতাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ এখন হোটেলত কোৱাৰেন্টাইন হৈ থকা এজন ব্যক্তিৰ সৈতে আমি পতা কথোপকথন শুনক। এই কথোপকথনত ব্যক্তিজনে গুৱাহাটীৰ অভিষেক ৰেজেঞ্জী নামৰ হোটেলখনত কোৱাৰেন্টাইন হৈ থকা কথা কৈছে।\n১৭ মে', ২০২০ত তেওঁলোক মুম্বাইৰ পৰা আহিছিল। সৰুসজাইলৈ তেওঁলোকক নিয়াৰ পাছত কোৱাৰেন্টাইন কৰিবলৈ এই হোটেলখনলৈ লৈ যোৱা হৈছিল। তাতেই এটা কোঠাত তেওঁলোক কোৱাৰেন্টাইন হৈ আছিল।\nঅতি সহজ-সৰল এই ব্যক্তিজনে যি কথা জানিবলৈ দিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। এটা কোঠাত ৬জনকৈ লোকক কোৱাৰেন্টাইন কৰা হৈছিল। দুখন বিচনাত ৩জনকৈ লোকে শুইছিল। এতিয়া আপুনিয়ে কল্পনা কৰক- এটা কোঠাত ৬জন ব্যক্তি আৰু দুখন বিচনাত সেই ৬জন ব্যক্তি শুব লগা হৈছিল। কি সামাজিক দূৰত্ব এনেদৰে ৰক্ষা কৰা হৈছিল কোৱাৰেন্টাইনৰ নামত?\nএয়া বাস্তৱ। একেখন বিচনাত তিনিজনকৈ লোক শুই কোৱাৰেন্টাইনৰ নামত এয়া ল'ৰা-ধেমালি হোৱা নাছিলনে? হোটেলবোৰত এনেদৰে ভিতৰচৰাত কি চলি আছে কোৱাৰেন্টাইনক লৈ সেই কথা যদি উদঙাই দিলে স্বাস্থ্য মন্ত্ৰীৰ খং উঠে তেনেহ'লে সেয়া কেনে গণতন্ত্ৰ?\nতেওঁ কৰা ভাল কামবোৰৰ কৃতিত্ব দিও তেওঁক এই প্ৰশ্ন সুধিব নোৱাৰি নেকি যে- প্ৰকৃতাৰ্থত কোৱাৰেন্টাইন কৰা হ'লনে ? নে কোৱাৰেন্টাইনৰ নামত এনেবোৰে ভেকোভাওনা চলি আছে মানুহৰ অগোচৰে?\nএইখিনিতে মন কৰিব লগা কথা যে, এই হোটেলখনত যিটো কোঠাত ৬জনকৈ লোক আছিল, তাৰে এজনৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। তাৰপাছত তেওঁক সেই হোটেলখনৰ কোঠাটোৰ পৰা চিকিৎসালয়লৈ নিয়া হয়।\n২১ মে', ২০২০ত সেই ব্যক্তিজনক চিকিৎসালয়লৈ নিয়াৰ পাছত এই হোটেলখনৰ ৩০৫ নম্বৰ কোঠাত বাকী ৫জন লোক থাকি গ'ল। তেওঁলোকৰ প্ৰথম শ্বাৱ টেষ্টৰ ফলাফল আছিল নিগেটিভ। তাৰপাছত দ্বিতীয়বাৰ সেই লোক কেইজনৰ পুনৰ শ্বাৱ টেষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছিল।\nসেই হোটেলত থকা আন এজন ব্যক্তিৰ সৈতে কথা পতা হৈছিল। ইমান সুচাৰুৰূপে কোভিড-১৯ক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্য মন্ত্ৰীয়ে কাম-কাজ কৰা বুলি আমি সকলোৱে শ্বস্তিৰ নিশ্বাস লৈ আছো। কিন্তু ডাঙৰ কথাটো হ'ল- এই ৫জন লোকক ২৩মে', ২০২০ৰ নিশা ৬.৩০মান বজাত চিকিৎসক সহিতে এটা দল আহি তেওঁলোকক ঘৰলৈ যাবৰ অনুমতি দিয়ে।\nএখন গাড়ী ভাড়া কৰি আৰু দুখন বাইকত উঠি ৫জন লোক ঘৰা-ঘৰি হৈছিল। কোনোবা গৈ পাইছিলগৈ নগাঁও। কাৰণ তেওঁলোকৰ আটাইকেইজনৰ ঘৰ আছিল হোজাইত। তাৰপাছতে আকৌ ফোন গ'ল- ঘূৰি আহিব লাগে হোটেললৈ।\nকি কথা ধৰিব নোৱাৰি আটাইকেইজন ব্যক্তি ঘূৰি আহিল হোটেললৈ। তাৰপাছত তেওঁলোকক জনোৱা হ'ল যে, ভুলতে তেওঁলোকক যাবলৈ দিয়া হৈছিল। এয়া কেনেদৰে সম্ভৱ হৈছে ইমান তৎপৰ স্বাস্থ্য মন্ত্ৰীৰ নেতৃত্বত পৰিচালিত এটা স্বাস্থ্য বিভাগত?\nএতিয়ালৈকে সেই ৫জন লোকৰ দ্বিতীয়টো শ্বাৱ টেষ্টৰ ফলাফল অহা নাই। তেওঁলোক হোটেলৰ পৰা ওলাই আহি ঘৰলৈ যোৱাৰ পথত বহু লোকৰ সংস্পৰ্শলৈ নিশ্চয় গৈছে। কাৰ ভুলৰ বাবে এনে হ'ল সেই কথা স্বাস্থ্য মন্ত্ৰীক সুধিলে ভুল হ'ব নেকি সাংবাদিকৰ?\nআন এজন লোক গুৱাহাটীৰে এখন হোটেলত আছিল। মুম্বাইৰ পৰা অহা এই লোকজনে হোটেলত কোৱাৰেন্টাইন হোৱাৰ পাছত গাত জ্বৰ-বিষ অনুভৱ কৰিছিল। সেই কথা তেওঁ স্বাস্থ্য বিভাগক জনাইছিল। কিন্তু চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ ৰাজ্যৰ মুখ্য সচিবক মেছেজ যোগে এই কথা জনোৱাত তেওঁক ভৰ্তি কৰা হৈছিল এমএমচিএইচত।\nএই ব্যক্তিজনে জ্বৰ-বিষ ভাল পালে। ১৬ মে'ত তেওঁ ঘূৰি আহিছিল মুম্বাইৰ পৰা। তেওঁৰ শ্বাৱ টেষ্ট কি হ'ল সেই ফলাফল আজিলৈকে তেওঁ নাপালে। এমএমচিএইচৰ কৰ্তৃপক্ষক তেওঁ সোধাত মেডিকেল বৰ্ডে অনুমতি দিলেহে তেওঁক মেডিকেলৰ পৰা ৰিলিজ দিয়া হ'ব বুলি ক'লে।\nএইবোৰ কথা ৰাইজৰ স্বাৰ্থতে, ৰাজ্যখনক সুৰক্ষিত কৰাৰ প্ৰসংগতে জানো সাংবাদিকে উত্থাপন নকৰে? যদি সঁচা অৰ্থত কোভিড-১৯ৰ প্ৰতিৰোধৰ বাবে সকলোৰে সহযোগ লাগে তেনেহ'লে এনে বিসংগতিবোৰ দেখাই দিয়াত আপত্তি ক'ত? এয়াটো সমালোচনা নহয়।\nকোভিড-১৯ৰ কোৱাৰেন্টাইন কক্ষত কোনো লোকেই ৰাজকীয় খাদ্য নিবিচাৰে। কিন্তু মানুহ হিচাপে খাব পৰা খাদ্য তেওঁলোকে হয়তো বিচাৰিব। সেইখিনি আসোৱাহ দূৰ কৰাৰ ব্যৱস্থা প্ৰশাসনে ল'ব লাগিব। ইয়াকে নকৰি তেনে লোকৰ বিৰুদ্ধে সৰৱ হৈ বা চিকিৎসালয়ত ভীৰ্তি প্ৰদৰ্শনেৰে সকলোবোৰ কথা জানো আঁৰৰ মাজত ৰখাই থব পাৰিব?\nঅভিষেক ৰেজিডেঞ্জী কৰ্তৃপক্ষৰ সৈতেও আমি কথা পাতিছিলো। তেওঁলোকে জনালে ৩০৫ৰ উপৰিও ৩০১নম্বৰ ৰূমত চাৰিজনকৈ লোক আছে। কৰ্তৃপক্ষক আমি সুধিছিলো- ৩০৫ নম্বৰ ৰূমত ৬জন লোক দুখন বিচনাত একেলগে শুৱাৰ যুক্তিযুক্ততা আছেনে?\nহোটেলখনৰ এগৰাকী কৰ্মচাৰীয়ে কৈছিল- তেওঁলোকক আমি কৈছিলো কিন্তু তেওঁলোকে একেলগে থকাৰ কথা ক'লে। কোৱাৰেন্টাইনত থকা লোকসকলৰ নিজৰ মতেই জানো সকলো হয়। অশিক্ষিত কোনো লোকে তেনে কৰিব খুজিলেও প্ৰশাসনে কোৱাৰেন্টাইনত ৰাখি তেওঁলোকক একেখন বিচনাতে শুই , একেলগে দিন-ৰাতি অতিবাহিত কৰা এই বিষয়টো কিয় লক্ষ্য নকৰিলে?\nএই প্রশ্নৰ উত্তৰত হোটেলখনৰ কৰ্মচাৰীজনে ক'লে- আমাৰ হোটেলত ৪জনকৈ কোৰোনাত আক্ৰান্ত ধৰা পৰিছে। শনিবাৰৰ দিনাও দুজনৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। আমি অকণমান কাষলৈ যাব খুজিলেও আন সকল যে ওচৰলৈ যাবই নোখোজে। কৰ্মচাৰীজনে লগতে কোভিড-১৯ ধৰাৰ পাছত হোটেলখনত কি কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব বিচৰাত তেনে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক'লে।\nএয়া হৈছে হোটেলসমূহৰ ভিতৰৰ পৰিবেশ। যিগৰাকী স্বাস্থ্য মন্ত্ৰীয়ে ৰাজ্যবাসীক আশ্বস্ত কৰিব খোজে, এনেবোৰ দিশ পোহৰলৈ অহাৰ পাছত, কোৱাৰেন্টাইনৰ নীতি-নিয়ম, কোৰোনাৰ প্ৰট'ক'ল প্ৰকৃতাৰ্থত মানি চলা হৈছে বুলি তেওঁ নিজেই আশ্বস্ত হ'ব পাৰিবনে?\nতথ্য সহকাৰে মাননীয় স্বাস্থ্য মন্ত্ৰীক এইখিনি বিষয় দাঙি ধৰা হ'ল। সেয়া তেখেতৰ প্ৰতি আক্ৰোশ নহয়। সাংবাদিক হিচাপে লাভ কৰা তথ্যগত প্ৰমাণৰ ভিত্তিত তুলি ধৰা এখন বাস্তৱ ছবি। ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।\n২৪ মে'ৰ নিশা ৭.৩০ বজালৈকে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা অসমত হৈছেগৈ ৩৫৮জন। এতিয়া বহিঃৰাজ্যৰ পৰা অহা বেছিভাগ লোকৰ দেহতেই কোভিড-১৯ ধৰা পৰিছে। হোটেলসমূহত কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ দেহত কোভিড-১৯ ধৰা পৰা বিষয়টো আজি যদিও অৱজ্ঞা কৰা হৈছে, যদি কেনেবাকৈ সেয়া বিপজ্জনক হয় তেনেহ'লে তাৰ পৰিণাম সমাজখনে ভোগ কৰিব লাগিব।\nসকলো হোটেলত কৰ্মৰত কৰ্মচাৰীসকলৰ পিপিই কীটছ নাই। এই ক্ষেত্ৰত তেওঁলোক কিমান সুৰক্ষিত? বহু হোটেলত কৰ্মচাৰীয়ে হোটেলত কাম কৰি ঘৰ, বজাৰ-সমাৰলৈ গৈছে। সেই সজাগতা সৃ্ষ্টি কৰাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ নহয় জানো? মানুহবোৰক যিকোনো প্ৰকাৰে কোৱাৰেন্টাইন কৰি ৰাখিবলৈ হোটেলৰ একাংশ কৰ্মচাৰীৰ জীৱনক লৈ খেলা কৰা হোৱা নাইনে?\nইতিবাচক দৃষ্টিভংগীৰে এই কথা ভাবক। যিসকলে কাৰোবাক দেৱতাৰ শাৰীত তুলি তেওঁ কৰা প্ৰতিটো কামেই শুদ্ধ বুলি ভাবে, তেওঁলোকে যুক্তিনিষ্ঠতাৰে এই কথাখিনি বিচাৰ-বিবেচনা কৰক। এনেদৰে গুৱাহাটীৰ হোটেলত হৈ আছে কোৱাৰেন্টাইন। একেখন বিচনাত ৩জনকৈ শুৱে, একেটা কোঠাত ৬জনকৈ লোক থাকে। ভুল কৰি চিকিৎসকে কোৱাৰেন্টাইনত থকা লোকক ঘৰলৈ পঠিয়াই দি আদবাটৰ পৰা ঘূৰাই আনে। অথচ সেই লোক কেইজনৰ সৈতে একেটা কোঠাত থকা এজনৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। তাৰপাছত তেওঁলোকৰ শ্বাৱ টেষ্টৰ ফলাফলেই অহা নাছিল। স্বাস্থ্য মন্ত্ৰী মহোদয় এইবোৰ প্ৰশ্ন আপোনাক নুসুধি সাংবাদিকে সুধিব কাক? আৰু সাংবাদিকক উপহাস কৰাৰ বাবে যিসকলে সন্তুষ্টি পাইছে সেইসকলে তেনে পৰিস্থিতিৰ সন্মুখীন হ'লে কিন্তু সেইদিনা ভাবিবলৈ বাধ্য হ'ব সাংবাদিকে এনে কৰা নাছিল এইবোৰ প্ৰশ্ন।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়ােজিত এক অনুষ্ঠানত ক'ভিডত স্বামীহাৰা মহিলাৰ সামাজিক আৰু আর্থিক নিৰাপত্তা প্রদানৰ বাবে মুখ্যমন্ত্রী ক'ভিড-১৯ বিধৱা সাহায্য আঁচনিখনৰ শুভ উদ্বোধন কৰে। এই আঁচনিৰ অধীনত যিসকল মহিলাৰ স্বামী ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেনে প্ৰতিগৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন আর্থিক সাহায্য আগবঢ়োৱা হ'ব। উল্লেখ্য যে ক'ভিড পজিটিভ হৈ মৃত্যুবৰণ কৰা লােকৰ পত্নীকহে এই আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে সামৰি লােৱা হ'ব আৰু হিতাধিকাৰীৰ বছৰেকীয়া আয় ৫ লাখ টকাতকৈ কম হ'ব লাগিব।আঁচনিখন শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কামৰূপ (মহানগৰ), নলবাৰী, দৰং, বাক্সা, মৰিগাঁও, নগাঁও, গােৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ১৭৬ গৰাকী হিতাধিকাৰীক ২.৫০ লাখ টকাৰ একোখনকৈ চেক প্রদান কৰে। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে ৮৮৩ গৰাকী হিতাধিকাৰী বাছনি কৰা হৈছে আৰু বাকী থকা হিতাধিকাৰীসকলক প্রদানৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীৰ হাতত অৱশিষ্ট চেকসমূহ অর্পণ কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্রিয়জনক হেৰুৱাবলগীয়া হােৱাটো অতিশয় মর্মান্তিক ঘটনা। ক'ভিড-১৯ মহামাৰীত স্বামীহাৰা হােৱা মহিলাসকলৰ দুখৰ সৈতে ৰাজ্য চৰকাৰাে সমভাগী হৈছে। দুখৰ এই সময়ছােৱাত পৰলােকগত লােকসকলৰ পৰিয়ালৰ সদস্যসকললৈ কিঞ্চিত সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে তেনে পৰিয়ালসমূহলৈ এইদৰে আর্থিক সাহায্য প্রদানৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পৰিয়ালৰ মুৰব্বীজনৰ অকাল বিয়ােগে তেনে পৰিয়াল একোটালৈ আর্থিক অনাটন আনি দিয়ে। এনে অৱস্থাত তেওঁলােকে যাতে মর্যাদা সহকাৰে জীৱন নির্বাহ কৰিব পাৰে সেই উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয় যে ক'ভিড-১৯ মহামাৰীৰ বাবে ৰাজ্যখনে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে যদিও এই মহামাৰীত আক্রান্ত লােকসকলক সর্বতােপ্ৰকাৰে সহায় কৰাৰ বাবে চৰকাৰে যৎপৰােনাক্তি চেষ্টা কৰিছে। তেওঁ কয় যে ক'ভিডত আক্ৰান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ শৈক্ষিক ভৱিষ্যত সুৰিক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে শিশু সেৱা আঁচনি নামেৰে এখন আঁচনিও শুভাৰম্ভ কৰিছে। ক'ভিড-১৯ মহামাৰীত আক্রান্ত অন্যান্য লােকসকললৈ সকাহ প্রদানৰ উদ্দেশ্যে আগন্তুক বাজেটত পর্যাপ্ত পুঁজি ধার্য কৰাৰ বাবে বিত্ত মন্ত্রী অজন্তা নেওগক কোৱা হৈছে বুলিও ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্তই ক'ভিড-১৯ মহামাৰী প্ৰতিৰােধ কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সক্রিয় তত্বাৱধানত সময়ােচিত পদক্ষেপ আৰু দ্রুত কার্যব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যখনত মহামাৰীৰ সংক্রমণ যথেষ্ট নিয়ন্ত্রণ কৰিব পৰা গৈছে যদিও এই মহামাৰীৰ কৱলৰ পৰা ৰাজ্যখনক মুক্ত কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে নিৰলসভাৱে প্রয়াস অব্যাহত ৰাখিছে। অনুষ্ঠানত খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিৱহন মন্ত্রী চন্দ্র মােহন পাটোৱাৰী, পৰিৱেশ আৰু বন মন্ত্রী পৰিমল শুক্লবৈদ্য, হস্ততাঁত আৰু বস্ত্র বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, কৃষি মন্ত্রী অতুল বৰা, তথ্য আৰু জনসংযােগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকা, শিক্ষামন্ত্রী ডাঃ ৰণােজ পেগু, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহাকে ধৰি অন্যান বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। You may also read!
সমৰ কলা বা মাৰ্চিয়েল আৰ্ট বুলিলে মল্ল, মুস্তি, অসি, লাঠি ইত্যাদি সকলো ধৰণৰ যুদ্ধৰ কলাসন্মত প্ৰদৰ্শনীমূলক কৌশলক বুজাই যদিও বৰ্তমান প্ৰধানকৈ চীন, জাপান, কোৰিয়া আদি ঠাইৰ জুড কাৰাতে, কংফু, টাইকোৱান'ডো, কেনড' আদি সমৰকলা সমুহহে সাৰ্বজনীন ভাৱে জনপ্ৰিয়।বিজ্ঞানসন্মত আধুনিকৰণ আৰু উন্নতিকৰণ ইয়াৰ জনপ্ৰিয়তাৰ মূল কাৰণ।বৰ্তমান পৃথিবীত বহল ভাৱে জনপ্ৰিয় কেইবিধমান সমৰকলাৰ বিষয়ে তলত উল্লেখ কৰা হল। (ইংৰাজীঃKarate)একেধাৰে দেহতত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শণ আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমুহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল। (ইংৰাজীঃTaekwondo)। এইবিধ বৰ্তমান বিশ্বত জনপ্ৰিয় হোৱা আন এবিধ সমৰ কলা। কোৰিয়াত জন্ম হোৱা এই কলাত কাৰাটে অৰু কুংফুৰ লগতে কোৰিয়াৰ স্থানীয় সমৰ কলাৰ কলা-কৌশলৰ সমাহাৰ দেখা যায়। (ইংৰাজীঃ Kickboxing)সত্তৰৰ দশকৰ পৰাই জনপ্ৰিয় হৈ উঠা এই খেল বিধ আচলতে ফুল্ কন্টেক্ট কাৰাটেৰ পৰাই উদ্ভ্ব হৈছে। জ' লুইচ, বিল ৱালেছ, জেফ স্মিথ আদি কেইজনমান খেলুৱৈৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পৰা যায়। (ইংৰাজীঃMuay Thai) এইবিধ সমৰ কলাৰ উৎপত্তি থাইলেন্ডত হৈছিল আৰু ই থাইলেন্ডৰ ৰাষ্ট্ৰীয় খেল হিচপে পৰিগনিত। কিক বক্সিংৰ দৰে এই কলাবিধত কিক আৰু পান্সৰ উপৰিও কিলাকুটি আৰু আঠুৰো ব্যৱহাৰ হয়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হত্যা, ধৰ্ষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সময়তে নগাঁৱৰ ধিঙত স্বামীৰ দাৰ ঘাপত পত্নীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে ধিঙৰ ২ নং কান্ধুলীমাৰী গাঁৱৰ নিবাসী ছাহজাহান আলীয়ে পত্নী ৰুণিমা খাতুনক দাৰে ঘপিয়াই হত্যা কৰে। আনহাতে পাৰিবাৰিক কণ্ডলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি দীৰ্ঘদিন ধৰি স্বামী-স্ত্ৰীৰ মাজত পাৰিবাৰিক কণ্ডল চলি আহিছিল। ইফালে অভিযুক্ত চাহজাহান আলী বৰ্তমানো পলাতক হৈ আছে যদিও তেওঁৰ পিতৃক সোধ-পোছ কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আজি দুপৰীয়া ১.৩০ বজাত কলিয়াবৰৰ ন-সত্ৰত পথ দুৰ্ঘটনা সংঘটিত হয়। নগাওঁ অভিমুখে আহি থকা এখন মালভৰ্তি ট্ৰাকে (AS 01W 3904) নগাৱঁৰ দিশৰ পৰা গৈ থকা গেছভৰ্তি ট্ৰেংকাৰত (AS 04 AC 9149) খুন্দা মৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰামতে ট্ৰাকৰ চালকজন সুৰামত্ত অৱস্থাত আছিল। দুৰ্ঘটনাটোত ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেন্দিমেন আহত হয় আৰু তেওঁলোকক জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশ্যে গেছভৰ্তি ট্ৰাকখনৰ বিশেষ ক্ষতি নোহোৱা বাবে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলবাসী। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বৃদ্ধি হ'ব পাৰে অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ পেঞ্চন। মুক্তিযোদ্ধাৰ ৰাজ্যিক উপদেষ্টা পৰিষদৰ সৈতে মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠকত বিষয়টো আলোচিত হৈছে। 'মুক্তিযোদ্ধাসকলৰ পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱ বিত্ত বিভাগৰ বিবেচনাৰ্থে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে,' বৈঠকত মন্তব্য মুখ্য মন্ত্ৰী সোণোৱালৰ। অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকত মুক্তিযোদ্ধা পৰিষদে এতিয়ালৈকে পোৱা ১১৭টাৰ ভিতৰত ৭৯টা প্ৰস্তাৱ অনুমোদিত হয়। বাকী ৩৮টা প্ৰস্তাৱ পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব বুলি বৈঠকত আশ্বাস দিয়ে সোণোৱালে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
↑ Dunn, Jimmy (22 August 2011). "An Overview of Mummification in Ancient Egypt". http://www.touregypt.net/featurestories/mummification.htm। আহৰণ কৰা হৈছেঃ 9 November 2013. অদৃশ্য শ্ৰেণীঃ এই পৃষ্ঠাখন ০৮ জুন, ২০২১ তাৰিখে ১৫ঃ৩৫ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
তিনিচুকীয়া জিলাৰ মাকুমত টিংৰাই নৈত ভয়ংকৰ অঘটন। কলগছৰ ভূঁৰেৰে টিংৰাই নৈ পাৰ হোৱাৰ সময়তে ভূঁৰৰ পৰা নৈত পৰিল মাকুম টেঙাপানী পঞ্চায়তৰ অভিযন্তা পল্লৱী ভৰালী আৰু ঠিকাদাৰ অনন্ত মৰাণ। ৰবৰবাৰীৰ পৰা খেৰবাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুসন্ধানৰ বাবে গৈছিল দুয়োগৰাকী। নৈৰ সোঁতত উটি যোৱা অভিযন্তা পল্লৱী ভৰালীক কিছু নিলগত স্থানীয় ৰাইজে উদ্ধাৰ কৰে যদিও ঠিকাদাৰ অনন্ত মৰাণ দুদিন ধৰি সন্ধানহীন হৈ আছে। ইটাখুলি ব্লকৰ অভিযন্তা পল্লৱী ভৰালীক আঘাতপ্ৰাপ্ত অৱস্থাত তিনিচুকীয়াৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। আজিও নিখোজ ঠিকাদাৰজনৰ সন্ধানত পুৱাৰে পৰা NDRF, SDRF বাহিনীৰ লগতে ডুবাৰুৱে অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে, মাকুম টেঙাপানী ৰোডৰ বাসিন্দা অনন্ত মৰাণৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ৪১ঘৰ লোকে বসবাস কৰা খেৰবাৰী গাঁৱৰ বাসিন্দাসকলৰ টিংৰাই নৈ পাৰ হোৱাৰ বাবে এখন বাঁহৰ দলঙে আছিল একমাত্ৰ সাৰথি। কিন্তু বানে প্ৰায় ২০ দিন পূৰ্বে বাঁহৰ দলংখন উটুৱাই নিয়াৰ পৰিপেক্ষিতত কলৰ ভূঁৰেৰেই যাতায়াত কৰিবলগীয়া হৈছিল গাঁওবাসীয়ে। যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
আজিৰ খবৰ, গুৱাহাটী, ৮ আগষ্ট : ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ থকাৰ পাছত যাত্ৰীৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ২৩ আগষ্টৰ পৰা নিয়মীয়াকৈ গুৱাহাটী আৰু তেজপুৰৰ মাজত পূৰ্বতে চলাচল কৰা গুৱাহাটী - ডেকাৰগাঁও - গুৱাহাটী ৰেলখন চলাচল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষৰ এক সূত্ৰই সদৰি কৰা অনুসৰি ২৩ আগষ্টৰ প্ৰতিদিনে ০৫৮১৫/০৫৮১৬ গুৱাহাটী - ডেকাৰগাঁও - গুৱাহাটী বিশেষ এক্সপ্ৰেছ ৰেলখন বিয়লি ৪.১৫ বজাত গুৱাহাটী ৰেল ষ্টেচনৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিব আৰু নিশা ১০ বজাত গৈ তেজপুৰৰ ডেকাৰগাঁও ৰেল ষ্টেচন পাব । তেনেদৰে ২৪ আগষ্টৰ পৰা ৰেলখন প্ৰতিদিনে পুৱা ৫.১৫ বজাত ডেকাৰগাঁও ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু দিনৰ ১০.২০ বজাত আহি গুৱাহাটী ৰেল ষ্টেচন পাব । ১০ টা সাধাৰণ দ্বিতীয় শ্ৰেণী আৰু ২ টা জি এছ এল আৰসহ মুঠ ১২ টা দবাযুক্ত ৰেলখন যাত্ৰাপথত কামাখ্যা , ৰঙিয়া , গোৰেশ্বৰ , টংলা , হৰিছিঙা , ওদালগুৰি , ৰৌতাবাগান , মাজবাট , ঢেকীয়াজুলি ৰোড , নিউ মিছামাৰী আৰু নৰ্থ ৰঙাপাৰা ৰেল ষ্টেচনত ৰব । উল্লেখযোগ্য যে ৰেলখনৰ চলাচল আৰম্ভ হলে গুৱাহাটীলৈ বিভিন্ন কামত অহা যোৱা কৰা উত্তৰ অসমৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ এটা সমস্যাৰ সমাধান হব ।
বিজ্ঞানৰ দৰ্শন দৰ্শনৰ এটি ভাগ যাৰ বিষয় বিজ্ঞানৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় 'কি বিজ্ঞান হয় আৰু কি নহয়', 'বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা', 'বিজ্ঞানৰ শেষ লক্ষ্য' আদি। এই ভাগৰ দৰ্শন আন আন ভাগ যেনে অধিবিদ্যা, তত্ত্ববিদ্যা, জ্ঞানতত্ত্ব আদিৰ সৈতে সম্পৰ্কিত। উদাহৰণ স্বৰূপে বিজ্ঞান আৰু সত্যৰ সম্বন্ধ অধ্যয়ন কৰোঁতে- কেনেকৈ বিজ্ঞানে মিছা প্ৰমাণিত কৰাৰ যোগ্য ভৱিষ্যদ্বাণী আগবঢ়াই আৰু বিজ্ঞানৰ এই কাৰ্যই কেনেকৈ বিজ্ঞানক অধিক নিৰ্ভৰশীল কৰি তুলে। বিজ্ঞানৰ দৰ্শনৰ বহু মুখ্য প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত দাৰ্শনিকসকল একমত নহয়। 'বিজ্ঞানে অনিৰীক্ষণীয় বিষয়ৰ সত্য অনাবৃত কৰিব পাৰিব নে?', 'বৈজ্ঞানিক যুক্তিৰ ন্যায্যতাই বা প্ৰতিপন্ন কৰিব পৰা যায় নে নাযায়?' আদি প্ৰশ্ন তাৰ অন্তৰ্গত। বিজ্ঞান বিষয়ক তেনে সাধাৰণ প্ৰশ্নসমূহৰ উপৰিও দৰ্শনৰ এই ভাগে বিজ্ঞানৰ কোনো এক ধাৰাতহে (যেনে জীৱবিজ্ঞান, ভৌতিক বিজ্ঞান আদি) মাথোঁ প্ৰযোজ্য প্ৰশ্নৰো উত্তৰ সন্ধান কৰে। কোনো কোনো দাৰ্শনিকে আকৌ আধুনিক বিজ্ঞানৰ ফলাফলৰ সহায়ত স্বয়ং দৰ্শনৰ বিষয়েই মীমাংসা কৰে। যদিও বিজ্ঞান বিষয়ক দাৰ্শনিক চিন্তা অন্ততঃ এৰিষ্ট'টলৰ দিনৰপৰাই চলি আহিছে, বিজ্ঞানৰ দৰ্শনৰ এক পৃথক শৃংখলা ৰূপে বিকাশ বিংশ শতিকাৰ মাজ ভাগৰপৰাহে আৰম্ভ হৈছে। এনে হৈছিল যৌক্তিক দৃষ্টবাদৰ প্ৰাক্কালত। যৌক্তিক দৃষ্টিবাদৰ লক্ষ্য প্ৰতিটো দাৰ্শনিক বিবৃতিৰ অৰ্থপূৰ্ণতাৰ মাপ-কাঠি নিৰ্ণয় কৰা আৰু বস্তুবাদী ৰূপে সেই বিবৃতিসমূহক পৰিমাপ কৰা। থমাচ কুহ্নৰ ঐতিহাসিক গ্ৰন্থ 'দ্য ষ্ট্ৰাক্সাৰ অৱ চাইণ্টিফিক ৰিভ'লিউচন্সে' (১৯৬২) বৈজ্ঞানিক বিকাশ যে অবিচলিত, আৰু জ্ঞানৰ সঞ্চয়িত অধিগ্ৰহণ নিশ্চিত প্ৰণালীৰ ওপৰত আধাৰিত, সেই ধাৰণাক প্ৰত্যাহ্বান জনালে। তেওঁ তাৰ সলনি তৰ্ক কৰিলে যে যিকোনো বিকাশ এক বিশেষ ঐতিহাসিক সময়ৰ দৃষ্টান্তৰ-- প্ৰশ্ন, ধাৰণা, চৰ্চাৰ-- সৈতে আপেক্ষিক। পৰৱৰ্তি কালত, ডাব্লিউ ভি কুঁৱাইন আৰু অন্যান্যৰ বাবে বিজ্ঞানৰ সুসংগত অভিগমন, যে শাস্ত্ৰ মান্য হয় যদি ই পৰ্যবেক্ষণক এক সুসংগত সমগ্ৰৰ অংশ হিচাপে দেখুৱাব পাৰে-- এই অভিগমন প্ৰধান হৈ পৰিল। ষ্টিফেন জে' গুডৰ দৰে কোনো কোনো চিন্তাবিদে বিজ্ঞানক স্বয়ংসিদ্ধ ধাৰণাৰ সমষ্টিলৈ স্থলিত কৰিব বিচাৰে, যেনে প্ৰকৃতিৰ সামঞ্জস্য। পল ফেয়েৰাবেণ্ডকে ধৰি দাৰ্শনিকসকলৰ এক কণ্ঠ্য সংখ্যালঘু দলে তৰ্ক কৰে যে 'বৈজ্ঞানিক প্ৰণালী'ৰ দৰে প্ৰকৃততে কোনো বস্তুৱেই নাই, সেয়ে বিজ্ঞানৰ সকলো অভিগমনক মান্যতা প্ৰদান কৰিব লাগে, অলৌকিকসমূহকো। বিজ্ঞানৰ বিষয়ে চিন্তা কৰাৰ আন এক অভিগমন হ'ল সমাজবৈজ্ঞানিক দৃষ্টিকোণৰপৰা জ্ঞান কেনেকৈ সৃষ্টি হয় তাক অধ্যয়ন কৰা। এনে অভিগমনক ডেভিড ব্লুৰ, বেৰী বাৰ্ণছৰ দৰে দাৰ্শনিকে সমৰ্থন কৰে। শেষত, ১৯-২০ শতিকাৰ ইউৰোপীয় দৰ্শনে বিজ্ঞানক মানৱ অভিজ্ঞতাৰ কঠোৰ বিশ্লেষণ হিচাপে চায়। বিজ্ঞানৰ বিশেষ ভাগ সম্বন্ধীয় দাৰ্শনিক প্ৰশ্নসমূহ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰপৰা উদিত সময়ৰ প্ৰকৃতি বিষয়ক, ৰাজহুৱা নীতিত অৰ্থনীতিৰ প্ৰভাৱ আদি। এক মুখ্য বিষয় হ'ল, কোনো এক বৈজ্ঞানিক শৃংখলাক আন এক শৃংখলালৈ অনুবাদ কৰিব পৰা যায় নে নাযায়। যেনে, ৰসায়ন বিজ্ঞানক ভৌতিক বিজ্ঞানলৈ অনুবাদ কৰিব পাৰি নে? সমাজ বিজ্ঞানক ব্যক্তিগত মনোবিজ্ঞানৰ স্তৰলৈ অনুবাদ কৰিব পাৰি নে? বিজ্ঞানৰ দৰ্শনৰ সাধাৰণ প্ৰশ্নসমূহৰো বিজ্ঞানৰ কোনো এক ধাৰাত বিশেষ গুৰুত্ব থাকিব পাৰে। যেনে বৈজ্ঞানিক যুক্তিৰ বৈধতাৰ পৰিসংখ্যানবিদ্যাৰ প্ৰতিষ্ঠাপনত বিশেষ গুৰুত্ব আছে। কি বিজ্ঞান হয় আৰু কি বিজ্ঞান নহয় সেই কথা চিকিৎসাৰ দৰ্শনত জীৱন-মৰণৰ প্ৰশ্ন। তদুপৰি, জীৱবিজ্ঞান, মনোবিজ্ঞান, সমাজ বিজ্ঞান ইত্যাদিৰ দৰ্শনসমূহে মানৱ প্ৰকৃতিৰ বৈজ্ঞানিক অধ্যয়নে বস্তুবাদী ৰূপ লাভ কৰিব পাৰিব নে মূল্যবোধ আৰু সামাজিক সম্বন্ধৰে প্ৰভাৱিত হৈ থাকিবই, তেনে বিষয়ো অধ্যয়ন কৰে। বিজ্ঞান আৰু অ-বিজ্ঞানৰ মাজত পাৰ্থক্য কৰাক সীমা সমস্যা বোলা হয়। যেনে, মনোবিশ্লেষণ বিজ্ঞান হয় নে? তথা কথিত সৃষ্টিৰ বিজ্ঞান, স্ফীতিজনিত মাল্টিভাৰ্ছ পৰিকল্পনা বা সামষ্টিক অৰ্থনীতিৰ বিষয়ে কি ক'ব পাৰি? কাৰ্ল পপাৰৰ মতে এই প্ৰশ্নই বিজ্ঞানৰ দৰ্শনৰ মূল প্ৰশ্ন।[1] পিচে, এই প্ৰশ্নৰ কোনো সৰ্বজনবিদিত সমাধান বিচাৰি পোৱা হোৱা নাই। কোনো কোনোৱে এই সমস্যাৰ সমাধান নাই অথবা এই প্ৰশ্ন ৰুচিহীন বুলি গণ্য কৰে।[2][3] মাৰ্টিন গাৰ্ডনাৰে অপ-বিজ্ঞান চিনাক্ত কৰিবলৈ পটাৰ ষ্টীৱাৰ্ট মানক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে-- "মই ইয়াক জানো কাৰণ মই ইয়াক দেখো"। যৌক্তিক দৃষ্টবাদীসকলে প্ৰথমে বিজ্ঞানক পৰ্যবেক্ষণলৈ স্থলিত কৰিছিল, তাৰ বিপৰীতে অ-বিজ্ঞান পৰ্যবেক্ষণহীন আৰু সেইবাবে অৰ্থহীন।[4] পপাৰে তৰ্ক কৰিছিল যে বিজ্ঞানৰ কেন্দ্ৰীয় গুণ হ'ল মিথ্যায়ন। অৰ্থাৎ, প্ৰতি বাস্তৱিক বৈজ্ঞানিক দাবীকে, অন্ততঃ সিদ্ধান্তত হ'লেও, অসত্য প্ৰমাণ কৰিব পৰা যাব। অধ্যয়ন বা ভাৱনা-চিন্তাৰ কোনো ক্ষেত্ৰ, যি ক্ষেত্ৰই অন্যথা লাভ কৰিব নোৱাৰা বৈধতাৰ দাবী কৰাৰ প্ৰচেষ্টাত বিজ্ঞানৰ ছদ্মবেশ ধাৰণ কৰে, সেই অধ্যয়ন বা ভাৱনা চিন্তাক অপ-বিজ্ঞান, পাৰ (ফ্ৰিঞ্জ--fringe)) বিজ্ঞান বা আবৰ্জনা বিজ্ঞান বোলা হয়।[5] ভৌতিক বিজ্ঞানী ৰিচাৰ্ড ফেইনমেনে এনে ঘটনাসমূহৰ বাবে, যি ঘটনাসমূহত গবেষণাকাৰীয়ে তেওঁলোকৰ কাৰ্য বিজ্ঞান বুলি ভাবে কিন্তু প্ৰকৃততে বাহিৰাকৈ বৈজ্ঞানিক আৱৰণ থাকিলেও কাৰ্যসমূহত কাঠিন্যৰে মূল্যায়ন কৰাৰ যোগ্য "চৰম সততা" নাথাকে, মাল-পন্থ বিজ্ঞান (কাৰ্গ'-কাল্ট চাইঞ্চ--cargo-cult science) সংজ্ঞা ব্যৱহাৰ কৰিছিল। আন এক প্ৰশ্ন হ'ল "ভাল বৈজ্ঞানিক ব্যাখ্যা কাক বোলা হয়?"। ভৱিষ্যতৰ ঘটনাৰ পূৰ্বানুমান কৰাৰ উপৰিও, সমাজে প্ৰায় বৈজ্ঞানিক সূত্ৰসমূহৰ সহায়ত বৰ্তমানে ঘটি থকা আৰু পূৰ্বতে ঘটিত ঘটনাৰ ব্যাখ্যা দাঙি ধৰে। দাৰ্শনিকসকলে বৈজ্ঞানিক সূত্ৰই কোনো এক ঘটনাক সফলভাৱে ব্যাখ্যা কৰিছে নে নাই আৰু এটি বৈজ্ঞানিক সূত্ৰৰ ব্যাখ্যাৰ শক্তি আছে নে নাই সেই কথা নিৰ্ণয় কৰাৰ মাপ-কাঠি অনুসন্ধান কৰি উলিয়াইছে। এটি পূৰ্বৰ কালৰে পৰা চলি অহা প্ৰভাৱশালী বৈজ্ঞানিক ব্যাখ্যাৰ সূত্ৰ হ'ল ন্যায়িক-ন'মলজিকেল মডেল। এই মডেল অনুসৰি এক সফল বৈজ্ঞানিক ব্যাখ্যাই প্ৰশ্নোদ্ধৃত ঘটনাত কোনো এক বৈজ্ঞানিক সিদ্ধান্তৰপৰা যুক্তিৰে উপনীত হ'ব লাগিব।[6] এই ধাৰণাক বাৰুকৈ সমালোচনা কৰা হৈছে আৰু অনেক অভ্যুদাহৰণ বহুলভাৱে স্বীকৃত।[7] বিশেষকৈ, ব্যাখ্যা চিনাক্ত কৰা অতিকৈ কঠিন হৈ পৰে যেতিয়া ব্যাখ্যা কৰিবলগীয়া বস্তুত কোনো সিদ্ধান্তৰপৰা যুক্তিৰে উপনীত হ'ব পৰা নাযায়। কাৰণ এয়া কেৱল সুযোগৰ বস্তু, বা ইয়াক যি জনা যায় তাৰে সঠিকভাৱে পূৰ্বানুমান কৰিব পৰা নাযায়। ৱেস্লী চেল্মনৰ মতে এক ভাল বৈজ্ঞানিক ব্যাখ্যা পৰিসংখ্যাংনভাৱে ব্যাখ্যা কৰিবলগীয়া ফলাফলৰ সৈতে প্ৰাসংগিক হ'ব লাগিব।[8][9] আন আনৰ মতে ভাল বৈজ্ঞানিক ব্যাখ্যাৰ চাবি হ'ল ভিন ভিন ঘটনাক একেই ব্যাখ্যাৰে বুজোৱা। যদিও এই কথাক বিনা প্ৰমাণে শুদ্ধ বুলি প্ৰায় ধৰি লোৱা হয়, এই কথা একেবাৰেই স্পষ্ট নহয় যে কেইবাৰমান পৰীক্ষা শুদ্ধ হ'লে বা কেইটামান উদাহৰণ চাই কোনো সূত্ৰক কেনেকৈ বৈধ বুলি ধৰিব পাৰি।[10] উদাহৰণ স্বৰূপে, এটি কুকুৰাই পৰ্যবেক্ষণ কৰে যে প্ৰতি ৰাতিপুৱা মালিক আহে আৰু খাদ্য প্ৰদান কৰে। তেনে শ-শ দিনৰপৰা চলি আহিছে। সেয়ে, কুকুৰাটোৱে প্ৰস্তাৱনামূলক যুক্তিৰে এই সিদ্ধান্তত উপনীত হ'ব পাৰে যে মালিকে সকলো ৰাতিপুৱাই খাদ্য প্ৰদান কৰিব। পিচে, এবাৰ ৰাতিপুৱা, মালিক আহিল আৰু কুকুৰাটোক খাদ্য প্ৰদান কৰাৰ পৰিৱৰ্তে হত্যা কৰিলে। বৈজ্ঞানিক যুক্তি কুকুৰাটোৰ যুক্তিতকৈ কেনেকৈ অধিক নিৰ্ভৰশীল? এক অভিগমন হ'ল এই কথা লক্ষ্য কৰা যে অধিষ্ঠাপনাই নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে, কিন্তু এটি সাধাৰণ বিবৃতিৰ উদাহৰণ বাৰে বাৰে পৰ্যবেক্ষণ কৰিলে অন্ততঃ বিবৃতিটো অধিক সম্ভাব্য হ'ব। সেয়ে, প্ৰতি ৰাতিপুৱাৰ অভিজ্ঞতাৰপৰা কুকুৰাটোৱে ধাৰণা কৰিব পাৰে যে এই কথা অধিক সম্ভাব্য যে পৰৱৰ্তী ৰাতিপুৱা মালিকে খাদ্য প্ৰদান কৰিব, যদিও এই কথা নিশ্চিত নহয়। পিচে, প্ৰতি প্ৰৰ্যবেক্ষণে সাধাৰণ বিবৃতিত কি যথাযথ সম্ভাৱনীয়তা ন্যায্য কৰে, সেই বিষয়ে অনেক কঠিন প্ৰশ্ন থাকি যায়। এই কঠিনতাসমূহৰপৰা আঁতৰাৰ এক উপায় হ'ল এই কথা ঘোষণা কৰা যে বৈজ্ঞানিক সূত্ৰসমূহৰ বিষয়ে থকা বিশ্বাস বিষয়বাদী, বা ব্যক্তিগত, আৰু শুদ্ধ যুক্তি কেৱল কেনেকৈ সাক্ষই এজনৰ বিষয়বাদী বিশ্বাসক প্ৰভাৱিত কৰে, সেই বিষয়েহে। কোনো কোনোৱে তৰ্ক কৰে যে বিজ্ঞানীসকলে অধিষ্ঠাপনামূলক যুক্তি ব্যৱহাৰেই নকৰে। তাৰ সলনি এব্ডাক্টিভ যুক্তিৰহে (abductive reasoning) প্ৰয়োগ কৰে। এই হিচাপত বিজ্ঞান বিশেষ ঘটনাসমূহৰ সাধাৰণীকৰণ বিষয়ক নহয়, পিচে, পৰ্যবেক্ষণৰ ব্যাখ্যাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ বিষয়েহে। পূৰ্বতে আলোচনা কৰাৰ দৰে, এই কথা সদাই স্পষ্ট নহয় যে কোনটো ব্যাখ্যা "উৎকৃষ্টতম্"। অকহামৰ ৰেজৰে সবাটোকৈ সৰল ব্যাখ্যাক চয়ন কৰাৰ পৰামৰ্শ প্ৰদান কৰে। সেয়ে এই অভিগমনৰ কোনো কোনো সংস্কৰণত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কুকুৰাৰ উদাহৰণলৈ পুনৰ চালে, কোনটো পৰিকল্পনা অধিক সৰল-- মালিকে তাক ভাল পায় আৰু খাদ্য প্ৰদান কৰি যাব, নে মালকে তাক ভক্ষণ কৰাৰ পূৰ্বে ভালকৈ খুৱাই-বোৱাই শকত কৰিছে? দাৰ্শনিকসকলে এই অনুসন্ধানমূলক নীতিক অধিক যথাযথ কৰিবলৈ চেষ্টা কৰিছে শাস্ত্ৰীয় মিতব্যয়িতা আদিৰ ক্ষেত্ৰত। তথাপিও, সৰলতাৰ বহু জোখ আগবঢ়ালেও, সাধাৰণতে মানি লোৱা হৈছে যে সূত্ৰ-মুক্ত সৰলতাৰ জোখ নাই। আন শব্দত, সৰলতাৰ জোখ চয়ন কৰাৰ কাৰ্যও সূত্ৰসমূহৰ এটিক চয়ন কৰাৰ দৰেই সমস্যাপূৰ্ণ। পৰ্যবেক্ষণ কৰোঁতে, বিজ্ঞানীসকলে টেলিস্ক'পেৰে চাই, বৈদ্যুতিক পৰ্দাত ছবি চাই, মীটাৰ ৰিডিং ৰেকৰ্ড কৰে ইত্যাদি ইত্যাদি। প্ৰাৰম্ভিক স্তৰত, তেওঁলোকে যি দেখিছে তাক মানি ল'ব পাৰে, যেনে, থাৰ্ম'মিটাৰত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ দেখুৱাইছে। পিচে, যদি ভিন ভিন বিজ্ঞানীৰ সূত্ৰৰ বিষয়ে ভিন ভিন ধাৰণা থাকে, যিসূত্ৰক এই প্ৰাৰম্ভিক পৰ্যবেক্ষণসমূহক ব্যাখ্যা কৰিবলৈ তৈয়াৰ কৰা হৈছে, তেন্তে তেওঁলোকে তেওঁলোকে কি পৰ্যবেক্ষণ কৰিছে সেই বিষয়ে ভিন্ন মত পোষণ কৰিব পাৰে। যেনে, এল্বাৰ্ট আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰৰ পূৰ্বে , পৰ্যবেক্ষকসকলে প্ৰদান কৰা ছবিখনত ৫টা বস্তু দেখা পোৱা বুলি মত পোষণ কৰিলেহেতেন। পিচে, সাধাৰণ আপেক্ষিকতাবাদৰ সৈতে পৰিচিত বিজ্ঞানীসকলে ক'ব যে সেয়া প্ৰকৃততে দুটা বস্তুৰ ছবিহে। এটা মাজত, আৰু আনটোৰ চাৰিখন ছবি, চাৰি বেলেগ বেলেগ স্থানত। তাৰ বিপৰীতে, কোনো কোনো বিজ্ঞানীয়ে টেলিস্ক'পটো ভালকৈ কাম কৰা নাই বুলি, কেৱল এটা বস্তুৰ ছবিহে দেখা গৈছে বুলি ক'ব পাৰে। বিজ্ঞানীৰ এই দলে আকৌ আন এক পৃথক সূত্ৰকহে সমৰ্থন জনাইছে। যি পৰ্যবেক্ষণক সূত্ৰৰপৰা বেলেগ কৰিব পৰা নাযায়, তেনে পৰ্যবেক্ষণক সূত্ৰ-ভাৰাক্ৰান্ত বুলিব পাৰি (theory-laden)। প্ৰতি পৰ্যবেক্ষণতে ধাৰণা আৰু অনুভূতি থাকে। অৰ্থাৎ, কোনোৱে পৰ্যবেক্ষণ নিষ্ক্ৰিয়কৈ নকৰে, পিচে ওচৰৰ গ্ৰহণশীল তথ্যৰপৰা ঘটনাক পৃথক কৰা কাৰ্যত সক্ৰিয়ভাৱে নিয়োজিত। সেয়ে, পৰ্যবেক্ষণক কোনোৱে সংসাৰে কেনেকৈ কাম কৰে, সেই বিষয়ে যেনেদৰে বুজে, সেই কথাই প্ৰভাৱান্বিত কৰে-- সেই বুজনিয়ে কি অনুভূত হৈছে, মন কৰা হৈছে, বা বিবেচনাৰ যোগ্য বুলি গণ্য কৰা হৈছে, সেই কথা প্ৰভাৱান্বিত কৰে। এই অৰ্থত, এই কথাৰ হকে তৰ্ক কৰিব পৰা যায় যে সকলো পৰ্যবেক্ষণেই সূত্ৰ-ভাৰাক্ৰান্ত। বিজ্ঞানে প্ৰকৃত সত্য উজাগৰ কৰাৰ উদ্দেশ্যে কাম কৰিব লাগে, নে এনে প্ৰশ্ন আছে যাৰ উত্তৰ বিজ্ঞনে প্ৰদান কৰিব নোৱাৰে? বৈজ্ঞানিক বাস্তৱবাদীসকলৰ মতে বিজ্ঞানৰ উদ্দেশ্য সত্য উজাগৰ কৰা হোৱা উচিত আৰু মানুহে বৈজ্ঞানিক সূত্ৰসমূহক সত্য, প্ৰায় সত্য বা সম্ভাব্য সত্য ৰূপে গণ্য কৰিব লাগে। তাৰ বিপৰীতে বৈজ্ঞানিক অ-বাস্তৱবাদীসকলে তৰ্ক কৰে যে বিজ্ঞানৰ উদ্দেশ্য সত্য নহয় (অন্ততঃ সত্যত উপনীত হ'ব নোৱাৰে) আৰু বিশেষকৈ অপৰ্যবেক্ষণীয়সমূহৰ সত্য, যেনে ইলেক্ট্ৰণ বা আন ব্ৰহ্মাণ্ডৰ সত্য বিজ্ঞানে উজাগৰ কৰিব নোৱাৰে।[11] বাদকসলকে তৰ্ক কৰে যে বৈজ্ঞানিক সূত্ৰসমূহক ব্যৱহাৰযোগ্যতাৰ ওপৰতহে মূল্যাংকন কৰিব লাগে। এই দৃষ্টিত, বৈজ্ঞানিক সূত্ৰ সঁচা নে মিছা সেয়া আলোচনাৰ বিষয় নহয়, কাৰণ বিজ্ঞানক সঠিক পূৰ্বানুমান আৰু প্ৰভাৱশালী প্ৰযুক্তি নিৰ্মাণ কৰিবলৈহে ব্যৱহাৰ কৰা হয়। বাস্তৱবাদীসকলে প্ৰায় শেহতীয়া সূত্ৰসমূহৰ সফলতাৰ কথা দোহাৰে-- সত্যৰ (বা সত্যৰ ওচৰৰ) সাক্ষ্য ৰূপে।[12][13] অবাস্তৱবাদীসকলে বিজ্ঞানৰ ইতিহাসৰ মিছা প্ৰমাণিত সূত্ৰসমূহ[14][15], জ্ঞানশাস্ত্ৰীয় মডেলসমূহ[16] , মিথ্যা মডেলিং ধাৰণাসমূহৰ সফলতা[17], বা বহুলভাৱে ব্যৱহৃত বস্তুবাদৰ উত্তৰাধুনিক সমালোচনাক বৈজ্ঞানিক বাস্তৱবাদবিৰোধী সাক্ষ্য হিচাপে ব্যৱহাৰ কৰে।[12] অবাস্তৱবাদীসকলে বৈজ্ঞানিক সূত্ৰসমূহৰ সাফল্য সত্যৰ উল্লেখ নকৰাকৈ বুজাবলৈ চেষ্টা কৰে।[18] কোনো কোনো অবাস্তৱবাদীয়ে দাবী কৰে যে বৈজ্ঞানিক সূত্ৰসমূহে কেৱল পৰ্যবেক্ষণীয় বস্তুৰ বিষয়ে সঠিক হোৱাৰহে লক্ষ্য কৰে আৰু তৰ্ক কৰে যে সেই সূত্ৰসমূহৰ সাফল্য কেৱল সেই চৰ্তেৰেহে মূল্যাংকন কৰা হয়। মূল্যবোধ আৰু বিজ্ঞান ভিন্ন ধৰণেৰে পৰস্পৰৰ সৈতে জড়িত। জ্ঞানশাস্ত্ৰীয় মূল্যবোধে বিজ্ঞানক প্ৰধানতঃ মাৰ্গদৰ্শন কৰে। বৈজ্ঞানিক অভ্যাস ব্যক্তিগত অভ্যাসকাৰীৰ দ্বাৰা বিশেষ সংস্কৃতি তথা মূল্যবোধত খচিত হৈছে। মূল্যবোধ বিজ্ঞানৰপৰা সৃষ্ট হয় আৰু সমাজৰ বিভিন্ন সংস্কৃতিত বিতৰিত হৈ থাকিব পাৰে। যদি এয়া অস্পষ্ট যে কি বিজ্ঞান হয়, সূত্ৰসমূহৰ কাৰ্যক্ষমতা কেনেকৈ নিশ্চিত কৰিব পাৰি, আৰু বিজ্ঞানৰ উদ্দেশ্য বা কি, তেন্তে মূল্যবোধ আৰু আন আন সামাজিক প্ৰভাৱে বিজ্ঞানৰ আকাৰ নিৰ্ণয় কৰাৰ গণ্যমান্য সুযোগ আছে। নিশ্চয়, মূল্যবোধে ভূমিকা পালন কৰিব পাৰে, কোনটো গৱেষণাই অধিক পুঁজি লাভ কৰিছে, কোনবোৰ সূত্ৰই বিজ্ঞান জগতত অধিক আদৰ বা স্বীকৃতি লাভ কৰিছে আদি বিষয়ত।[19] উদাহৰণ স্বৰূপে ১৯ শতিকাত বৰ্ণবাদী চিন্তাধাৰাই ক্ৰমবিকাশৰ অধ্যয়নত সহায় কৰিলে আৰু সামাজিক শ্ৰেণীৰ মূল্যবোধে কপাল-বিদ্যা বিষয়ক তৰ্কত অৰিহনা যোগালে (সেই সময়ত কপাল-বিদ্যাক বিজ্ঞান বুলি গণ্য কৰা হৈছিল)।[20] বিজ্ঞানৰ নাৰীবাদী দাৰ্শনিকসকল, বিজ্ঞানৰ সমাজবিজ্ঞানীসকল আৰু আন আন লোকে বিজ্ঞানৰ ওপৰত সামাজিক মূল্যাবোধৰ প্ৰভাৱ অধ্যয়ন কৰে। বিজ্ঞানৰ দৰ্শনৰ গুৰি প্লেট' আৰু এৰিষ্ট'টল।[21] তেওঁলোকে আনুমানিক আৰু নিশ্চিত যুক্তিৰ পাৰ্থক্য, এব্ডাক্টিভ, ন্যায়িক আৰু অধিষ্ঠাপনামূলক অনুমানৰ তিনিতৰপীয়া নীতি, আৰু সাদৃশ্যৰ যুক্তি অধ্যয়ন কৰিছিল। ১১ শতিকাৰ আৰবৰ বহুবিদ্যাজ্ঞ ইব্ন অল-হয়থামে (লেটিন ভাষাত আলহাজেন) নিজৰ আলোকবিজ্ঞান বিষয়ক গৱেষণাত নিয়ন্ত্ৰিত গৱেষণামূলক পৰীক্ষণ আৰু ব্যৱহাৰ্য জ্যামিতি ব্যৱহাৰ কৰিছিল, বিশেষকৈ তেওঁ কৰা পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণেৰে গঠিত ছবিৰ অধ্যয়ন কৰোঁতে। অল-হয়থামেৰে বাৰুকৈ প্ৰভাৱিত ইংৰাজ চিন্তাবিদ আৰু গৱেষণাকাৰী ৰজাৰ বেকনক (১২১৪-১২৯৪) আধুনিক বৈজ্ঞানিক পদ্ধতিৰ জনক বুলি অনেকে অভিহিত কৰে।[22] তেওঁৰ ধাৰণা যে প্ৰাকৃতিক দৰ্শনত গণিত অপৰিহাৰ্য-- তেওঁৰ সময়ৰপৰা অন্ততঃ ৪০০ বছৰ পাছৰ ধাৰণা বুলি গণ্য কৰা হৈছিল। ফ্ৰেঞ্চিছ বেকন (যি ৰজাৰতকৈ প্ৰায় ৩০০ বছৰ পাছৰ আৰু যাৰ ৰজাৰ বেকনৰ সৈতে কোনো পোণপটীয়া সম্বন্ধ নাই) বৈজ্ঞানিক বিপ্লৱৰ সময়ৰ বিজ্ঞানৰ দৰ্শনৰ প্ৰমুখ ছবি। তেওঁ নিজৰ ১৬২০ চনৰ ন'ভাম অৰ্গেণামত (এৰিষ্ট'টলৰ অৰ্গেণনৰ উদ্ধৃতি) পুৰণি দাৰ্শনিক পদ্ধতি অনুমানবাক্যক উন্নত কৰিবলৈ যুক্তিৰ এক নতুন প্ৰণালী লিখিছিল। বেকনৰ পদ্ধতিয়ে বিকল্প সূত্ৰ আঁতৰাবলৈ পৰীক্ষামূলক ইতিহাস ব্যৱহাৰ কৰিছিল।[23] ১৬৩৭ত ৰেণে ডেকাৰ্টে বৈজ্ঞানিক জ্ঞানক স্থলিত কৰি এক নতুন তন্ত্ৰ তৈয়াৰ কৰিলে, নিজৰ ডিস্ক'ৰ্চ অন মেথডত। তেওঁ ইন্দ্ৰীয়সমূহৰ অভিজ্ঞতাৰ বিপৰীতে যুক্তিৰ কেন্দ্ৰীয় ভূমিকাৰ হৈ তৰ্ক কৰিছিল। তাৰ বিপৰীতে, ১৭১৩ৰ আইজাক নিউটনৰ ফিলচফিয়ে' নেচুৰেলিচ প্ৰিঞ্চিপিয়া মেথেমেটিকাৰ দ্বিতীয় সংস্কৰণে তৰ্ক কৰিছিল যে "... প্ৰমেয়ৰ ... পৰীক্ষামূলক দৰ্শনত কোনো স্থান নাই। এই দৰ্শনত [,] প্ৰস্তাৱসমূহক ঘটনাৰ পৰা অনুমান কৰা হয় আৰু অধিষ্ঠানপনেৰে সাধাৰণীকৰণ কৰা হয়। "[24] এই উত্তৰণে "দাৰ্শনিকভাৱে-অনুৰক্ত পাঠকৰ এক পাছৰ পীড়িক প্ৰাকৃতিক দৰ্শনত কাৰণ পৰিকল্পনাৰ নিষেধাজ্ঞা উচ্চাৰণ কৰিবলৈ" প্ৰভাৱিত কৰিলে।[24] বিশেষকৈ, ১৮ শতিকাত ডেভিড হ্যুমে বিখ্যাতভাৱে সংশয়বাদক স্পষ্ট কৰিলে, বিজ্ঞানৰ সাময়িকতা নিৰ্ধাৰিত কৰাৰ সামৰ্থ্যৰ বিষয়ে আৰু অভিষ্ঠাপনৰ সমস্যাক এক নিশ্চিত সূত্ৰীকৰণ প্ৰদান কৰিলে। জন ষ্টুৱাৰ্ট মিলৰ ১৯ শতিকাৰ লেখসমূহক বৈজ্ঞানিক প্ৰণালীৰ বৰ্তমানৰ ধাৰণাৰ গঠন আৰু বৈজ্ঞানিক ব্যাখ্যাৰ পাছৰ হিচাপ-কিতাপ আশংকা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বাদ্যবাদ ২০ শতিকাৰ ভৌতিক বিজ্ঞানীসমূহৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। তাৰ পাছতেই যৌক্তিক দৃষ্টবাদে কেইবা দশকলৈকে মৈদানখন সংজ্ঞায়িত কৰিলে। যৌক্তিক দৃষ্টবাদে কেৱল পৰীক্ষণযোগ্য বিবৃতিসমূহকহে অৰ্থপূৰ্ণ বুলি গণ্য কৰে, আধিবিদ্যক ব্যাখ্যাসমূহক নাকচ কৰে, আৰু প্ৰতিপাদনবাদক সমৰ্থন কৰে (প্ৰতিপাদনবাদে যুক্তিবাদ, পৰীক্ষণবাদ, আৰু ভাষাবিদ্যাক এক কৰে দৰ্শনক পৰীক্ষণ সম্বন্ধীয় বিজ্ঞানসমূহৰপৰা লাভ কৰা ফলাফলৰ সৈতে সুসংগত কৰিবলৈ)। সমগ্ৰ দৰ্শনক বৈজ্ঞানিক দৰ্শনলৈ পৰিবৰ্তিত কৰিবলৈ বাৰ্লিন চাৰ্কাল আৰু ভিয়েনা চাৰ্কালে ১৯২০ৰ দশকত যৌক্তিক দৃষ্টবাদ প্ৰস্তাৱিত কৰিছিল। লুডৱিগ ৱিটজেনষ্টাইনৰ পূৰ্বৰ ভাষাৰ দৰ্শনক ব্যাখ্যা কৰি যৌক্তিক দৃষ্টবাদীসকলে এক নিৰীক্ষণযোগ্যাতাৰ নীতি আগবঢ়াইছে, জ্ঞানীয় অৰ্থপূৰ্ণতাৰ। তেওঁলোকে ৰুচেলৰ যৌক্তিক পৰমাণুবাদ, আৰ্ণষ্ট মেকৰ ঘটনাবাদ-- মনে কেৱল প্ৰকৃত বা সাম্ভাৱ্য ইন্দ্ৰীয়সম্বন্ধীয় অভিজ্ঞতাহে জানে, যি সকলো বিজ্ঞানৰ সমল, সেয়া ভৌতিক বিজ্ঞানেই হওক বা মনোবিজ্ঞানেই হওক, আৰু পাৰ্চি ব্ৰিড্জমেনৰ পৰিচালনবাদক সমৰ্থন জনায়। অৰ্থাৎ, কেৱল নিৰীক্ষণযোগ্যহে বৈজ্ঞানিক আৰু জ্ঞানীয় অৰ্থপূৰ্ণ, আন হাতে অনিৰীক্ষণীয় অবৈজ্ঞানিক আৰু অৰ্থহীন, অথবা, দাৰ্শনিকসকলে পুনৰ বিবেচনা কৰাৰ যোগ্য নহয়, যি দাৰ্শনিকৰ নতুন কাম নতুন জ্ঞান সৃষ্টি কৰা নহয়, জ্ঞান ব্যৱস্থিত কৰাহে হৈ পৰিল। যৌক্তিক দৃষ্টবাদক প্ৰায় এক চৰম অৱস্থান হিচাপে দৰ্শোৱা হয়, যাৰ বিশ্বাস যে বিজ্ঞানে কেতিয়াও একো অপৰ্যবেক্ষণীয়ৰ উদ্ধৃতি দিব নালাগে-- আন কি সাময়িকতা, তন্ত্ৰ আৰু বিধিৰ দৰে মূল যেন লগা সংকেতনসমূহৰ বিষয়েও-- পিচে সেয়া অতিশয়োক্তি। তেনে অপৰ্যবেক্ষণীয়সমূহৰ কথাক উপমা হিচাপে-- পোণপটীয়া পৰ্যবেক্ষণ বিমূৰ্তত দৃষ্ট-- বা আটাইতকৈ বেয়াকৈ-- অধিবিদ্যা সম্বন্ধীয় বা ভাবাত্মক হিচাপে অনুমতি প্ৰদান কৰা হ'ব। শাস্ত্ৰীয় নিয়মসমূহক পৰীক্ষণমূলক নিয়মলৈ অনুবাদ কৰা হ'ব, আৰু শাস্ত্ৰীয় পদসমূহে পৰ্যবেক্ষণ সম্বন্ধীয় পদৰ পৰা অৰ্থ লাভ কৰিব সামঞ্জস্যৰ নিয়মেৰে। ভৌতিক বিজ্ঞানত গণিত যুক্তিবাদেৰে প্ৰতীকাত্মক যুক্তিলৈ অনূদিত হ'ব। তৰ্কসংগত পুনৰ্নিৰ্মাণে সাধাৰণ ভাষাক মান্য সমকক্ষলৈ অনুবাদ কৰিব, সকলো এক যৌক্তিক বাক্য বিন্যাসেৰে সংযোজিত আৰু একত্ৰিত। এটি বৈজ্ঞানিক সূত্ৰক নিজৰ প্ৰতিপাদনৰ প্ৰক্ৰিয়াৰে বিবৃত কৰা হ'ব, আৰু এক যৌক্তিক অশ্মই সূত্ৰৰ সত্যতা বা মিথ্যা প্ৰতিপাদন কৰিব। ১৯৩০ৰ দশকৰ শেষৰ ফালে যৌক্তিক দৃষ্টবাদীসকলে জাৰ্মানী আৰু অষ্ট্ৰিয়া ত্যাগ কৰি ব্ৰিটেইন আৰু আমেৰিকাত প্ৰৱেশ কৰিলে। তেতিয়ালৈকে, অনেকে মেকৰ ঘটনাবাদক অট্ট' নিউৰেথৰ ভৌতিকতাবাদেৰে সলাইছিল, আৰু ৰুডল্ফ কাৰ্ণেপে প্ৰতিপাদনক সাধাৰণভাৱে নিশ্চিতকৰণেৰে সলাব বিচাৰিছিল। ১৯৪৫ত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত, যৌক্তিক দৃষ্টবাদৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰিল। যৌক্তিক পৰীক্ষণবাদ, প্ৰধানতঃ কাৰ্ল হেম্পেলৰ নেতৃত্বত, আমেৰিকাত, যোনে আবৃত নিয়ম মডেল ব্যাখ্যা কৰিছিল, ব্যাখ্যাৰ যৌক্তিক ৰূপ চিনাক্ত কৰিবলৈ, "কৰণ"ৰ কোনো উদ্ধৃতি প্ৰদান নকৰাকৈ। যৌক্তিক দৃষ্টবাদী আন্দোলন বিশ্লেষণাত্মক দৰ্শনৰ মুখ্য আধাৰ হ'ল।[25] যৌক্তিক দৃষ্টবাদে ১৯৬০ৰ দশলৈকে বিজ্ঞানৰ দৰ্শনকে ধৰি এংল'স্ফেয়াৰ দৰ্শনত দমনীয় ভূমিকা পালন কৰিলে। পিচে এই আন্দোলনে নিজৰ কিছু কেন্দ্ৰীয় সমস্যাকেই সমাধান কৰিব নোৱাৰিলে,[26][27][28] আৰু ইয়াৰ সিদ্ধান্তসমূহ প্ৰায় আক্ৰমণৰ সন্মুখীন হ'বলৈ ধৰিল। যি কি নহওক, ই বিজ্ঞানৰ দৰ্শনক এক পৃথক উপ-শৃংখলা ৰূপে স্থান দিয়াত এক বিশেষ ভূমিকা পালন কৰিলে, কাৰ্ল হেম্পেলৰ মুখ্য নেতৃত্বত। কুহ্নৰ বাবে টলেমিৰ জ্যোতিৰ্বিদ্যাত এপিচাইকেলৰ যোগ "সাধাৰণ বিজ্ঞান" এক দৃষ্টান্তৰ ভিতৰত, পিচে কপাৰ্ণিচিয়ান বিপ্লৱ দৃষ্টান্তৰৰ স্থানান্তৰণ। ১৯৬২ চনৰ নিজৰ ঐতিহাসিক গ্ৰন্থ দ্য ষ্ট্ৰাক্সাৰ অৱ চাইণ্টিফিক ৰিভ'লিউচন্সত থমাচ কুহ্নে যৌক্তিক দৃষ্টবাদ বিৰোধী প্ৰতিক্ৰিয়াসমূহক কেন্দ্ৰীভূত কৰিলে। তেওঁ তৰ্ক কৰিলে যে পৰ্যবেক্ষণ আৰু মূল্যাংকনৰ প্ৰণালী এক দৃষ্টান্তৰত সংঘটিত হয়। দৃষ্টান্তৰেৰে তেওঁ বুজাইছে নিজৰ দৃষ্টিকোণেৰে কৰা পৰ্যবেক্ষণৰ সৈতে সুসংগত, বিশ্বৰ এক যৌক্তিকভাৱে সুসংগত "ছবি"। দৃষ্টান্তৰে এক বৈজ্ঞানিক শৃংখলাক সংজ্ঞায়িত কৰা প্ৰশ্ন আৰু অভ্যাসৰ সমূহকো সামৰে। তেওঁ "সাধাৰণ বিজ্ঞান"ক পৰ্যবেক্ষণ আৰু "সাঁথৰৰ সমাধান" বুলি চিহ্নিত কৰিছিল যি এক দৃষ্টান্তৰৰ ভিতৰত সংঘটিত হয়, পিচে বৈপ্লৱিক বিজ্ঞান সংঘটিত হয় যেতিয়া এটা দৃষ্টান্তৰে আন এটা দৃষ্টান্তৰৰ স্থান লয়, এক দৃষ্টান্তৰৰ স্থানান্তৰণত। কুহ্নে এই কথা অস্বীকাৰ কৰিলে যে পৰীক্ষা কৰিবলগীয়া পৰিকল্পনাক সেই সূত্ৰৰ প্ৰভাৱৰপৰা মুক্তকৈ পৰীক্ষা কৰিব পাৰি, যি সূত্ৰৰ ওপৰত ভিত্তি কৰি পৰ্যবেক্ষণ কৰা হৈছে। আৰু তেওঁ লগতে তৰ্ক কৰিলে যে দুই প্ৰতিদ্বন্দ্ব্বী দৃষ্টান্তৰক স্বতন্ত্ৰকৈ মূল্যাংকন কৰিব পৰা নাযায়। এটাতকৈ অধিক যৌক্তিক নিৰ্মাণে এই বিশ্বৰ এক ব্যৱহাৰ্য সমানতা অংকিত কৰিব পাৰে, কিন্তু পৰস্পৰৰ সৈতে তেনে কৰিবলৈও কোনো সামান্য আধাৰ নাই, সূত্ৰৰ বিৰুদ্ধে সূত্ৰ। কোনো এটায়ো মূল্যাংকনৰ মান প্ৰদান নকৰে, সেয়ে দৃষ্টান্তৰ সলনি হ'লে বৈজ্ঞানিক প্ৰগতি জোখাৰ কোনো স্পষ্ট পথ নাই। কুহ্নৰ মতে, দৃষ্টান্তৰৰ চয়নক তৰ্কসংগত প্ৰক্ৰিয়াই জীৱিত ৰাখিছিল, কিন্তু সিহঁতৰ দ্বাৰাই ই সম্পূৰ্ণ ৰূপে নিৰ্ণিত নহয়। দুই দৃষ্টান্তৰৰ মাজৰ পৰা চয়নত বিশ্বৰ দুই পৃথক ছবি দাঙি ধৰা হয়, তাৰ মাজৰ পৰা সেই ছবিক চয়ন কৰা হয় যি অধিক অশাজনক যেন লাগে। কুহ্নৰ মতে, কোনো দৃষ্টান্তৰৰ গ্ৰহণ বা বৰ্জন যিমান এক যৌক্তিক প্ৰক্ৰিয়া, সিমানেই এক সামাজিক প্ৰক্ৰিয়াও। পিচে, কুহ্নৰ অৱস্থান, সাপেক্ষবাদী নহয়।[29] কুহ্নৰ মতে দৃষ্টান্তৰ তেতিয়া পৰিৱৰ্তিত হয় যেতিয়া পুৰণি দৃষ্টান্তৰত ভালে সংখ্যক পৰ্যবেক্ষণ সম্বন্ধীয় বিসংগতি দেখা যায় আৰু নতুন দৃষ্টান্তৰে সিহঁতকো বুজাব পাৰে। অৰ্থাৎ, দৃষ্টান্তৰ পৰিবৰ্তন ঘটে পৰ্যবেক্ষণৰ আধাৰত, যদিও সেই পৰ্যবেক্ষণসমূহ পুৰণি দৃষ্টান্তৰৰ আধাৰত কৰা হয়। অনেক চিন্তাবিদে স্বয়ংসিদ্ধ ধাৰণা কিছুমান স্পষ্ট কৰিব বিচাৰে, যাৰ ওপৰত বিজ্ঞান সম্ভৱতঃ আধাৰিত, ই মূলবাদৰ এক ৰূপ। কৰ্মৰত বিজ্ঞানীসকলৰ সাধাৰণতে ই এক অন্তৰ্নিহিত দৰ্শন যে বৈজ্ঞানিক প্ৰণালীক বৈধ ঘোষণা কৰিবলৈ উল্লিখিত কল্পনা বা ধাৰণাসমূহৰ প্ৰয়োজনঃ ১/ সকলো পৰ্যবেক্ষণকাৰীৰ মাজত এক বস্তুবাদী বাস্তৱতা বিতৰিত; ২/ এই বস্তুবাদী বাস্তৱতাক প্ৰাকৃতিক নিয়ম কিছুমান চালিত কৰে; ৩/ এই নিয়মসমূহক প্ৰণালীবদ্ধ পৰ্যবেক্ষণ আৰু পৰীক্ষণেৰে আৱিষ্কাৰ কৰিব পৰা যায়।[30] সমৰ্থকসকলে দাবী কৰে এই কল্পনাসমূহ যুক্তিসংগত আৰু বিজ্ঞানৰ অভ্যাৰ বাবে প্ৰয়োজনীয়। যেনে, হুঘ গছে তৰ্ক কৰে যে বিজ্ঞানে পূৰ্বতেই ধৰি লয় যে "ভৌতিক জগৎ ব্যৱস্থিত আৰু সুবোধ"।[31] ঠিক তেনেদৰে, জীৱবিজ্ঞানী ষ্টীফেন জে' গুডে উদ্ধৃতি দিছিল যে ভূগৰ্ভশাস্ত্ৰ অধ্যয়ন কৰাৰ পূৰ্বে বিজ্ঞানীসকলে অনুমান কৰি লয় যে প্ৰকৃতিৰ নিয়মসমূহ সুসংগত।[32] এই দৃষ্টিত, বৈজ্ঞানিক নিয়মসমূহৰ সমানতা এক প্ৰমাণ কৰিব নোৱাৰা স্বীকাৰ্য, যিয়ে বিজ্ঞানক অ-পৰ্যবেক্ষণীয় অতীতলৈ এক্সট্ৰাপ'লেট কৰিবলৈ অনুমতি প্ৰদান কৰে। আন শব্দত, প্ৰাকৃতিক নিয়মসমূহৰ সুসংগতি আছে বুলি ধৰি ল'লেহে অতীতৰ এক অৰ্থপূৰ্ণ অধ্যয়ন সম্ভৱ। স্বয়ংসিদ্ধ ধাৰণাৰ ওপৰত বিজ্ঞান আধাৰিত হোৱাৰ ধাৰণাৰ বিপৰীতে, সুসংগতিবাদে কয় যে বিবৃতিসমূহৰ এক সুসংগত ব্যৱস্থাৰ অংগ হিচাপে বৈধতা প্ৰতিপন্ন কৰা যায়। বা, কোনো বিবৃতিক নিজতেই বৈধ বুলি ক'ব পৰা নাযায়, কেৱল সুসংগত ব্যৱস্থাৰহে বৈধতা প্ৰতিপন্ন কৰিব পৰা যায়।[33] শুক্ৰৰ পাৰগমনৰ পূৰ্বানুমানক আকাশী বস্তুসমূহ আৰু পূৰ্বৰ পৰ্যবেক্ষণৰ আন আন বিশ্বাসসমূহৰ দ্বাৰা বৈধ প্ৰতিপন্ন কৰিব পৰা যায়। পূৰ্বতে বুজোৱাৰ দৰেই, পৰ্যবেক্ষণ এক জ্ঞানীয় কৰ্ম। অৰ্থাৎ, ই পূৰ্বৰে পৰা অস্তিত্বত থকা এক সহায়ক বিশ্বাসৰ সংগ্ৰহৰ ওপৰত নিৰ্ভৰ্শীল। শুক্ৰৰ পাৰগমনৰ পৰ্যবেক্ষণক টেলিস্ক'পৰ পোহৰবিদ্যা বিষয়ক, টেলিস্ক'পৰ যান্ত্ৰিক বিষয় বিষয়ক, আকাশী বস্তুসমূহৰ যান্ত্ৰিক বিদ্যা বিষয়ক বিশ্বাস আদিৰ প্ৰয়োজন হৈছিল। যদি পূৰ্বানুমান ভুল হ'লহেতেন আৰু পাৰগমন লক্ষ্য কৰা নহ'লহেতেন, তেন্তে ই সম্ভৱতঃ প্ৰণালীৰ অভিযোজন ঘটালেহেতেন, কোনো কোনো সহায়ক ধাৰণাৰ সাল-সলনি হ'লহেতেন, পিচে সমগ্ৰ শাস্ত্ৰীয় প্ৰণালীটো বৰ্জন কৰা নহ'লহেতেন। প্ৰকৃততে, ডুহেম-কুৱাইন গৱেষণামূলক প্ৰবন্ধানুযায়ী, পিয়েৰে ডুহেম আৰু ডাব্লিউ ভি কুঁৱাইনৰ পাছত, কোনো সূত্ৰক অকলশৰীয়াকৈ পৰীক্ষণ কৰা অসম্ভৱ।[34] পৰীক্ষণযোগ্য পূৰ্বানুমান কৰিবলৈ সহায়ক অনুমান যোগ কৰা অপৰিহাৰ্য। যেনে, নিউটনৰ মধ্যাকৰ্ষণৰ নিয়মক পৰীক্ষা কৰিবলৈ, সূৰ্যৰ স্থান, ভৰ, গ্ৰহসমূহৰ ভৰ আদিৰ কথা জনা বা সিহঁতৰ বিষয়ে ধাৰণা থকা অনিবাৰ্য। এই কথা বিখ্যাত, যে ইউৰেনাছৰ গ্ৰহপথৰ পূৰ্বানুমান কৰাৰ অসমফলতাই নিউটনৰ নিয়মৰ বৰ্জন নঘটালে, পিচে এই পৰিকল্পনাৰহে বৰ্জন ঘটালে যে সৌৰজগতত কেৱল সাতটা গ্ৰহ আছে। তাৰ পাছত হোৱা অনুসন্ধানসমূহে এক অষ্টম গ্ৰহৰ আৱিষ্কাৰৰ পথ মেলিলে-- নেপচ্যুন। যদি কোনো পৰীক্ষণ অসফল হৈছে, তেন্তে কিবা এটা ভুল আছে। পিচে, কি ভুল, সেয়া জনা অতিকৈ কঠিনঃ এটি অচীন গ্ৰহ, বেয়াকৈ অংশ-শোধিত পৰীক্ষণৰ সৰঞ্জাম, নে অন্তৰিক্ষৰ অপূৰ্বকল্পিত বক্ৰতা, নে আন কিবা? ডুহেম-কুৱাইন গৱেষণামূলক প্ৰবন্ধৰ এটি ফল হ'ল যে কোনোৱে যিকোনো সূত্ৰক যিকোনো পৰীক্ষামূলক পৰ্যবেক্ষণেৰে সংগত কৰিব পাৰে, যথেষ্ট সংখ্যক তদৰ্থ পৰিকল্পনা যোগ কৰি। কাৰ্ল পপাৰে এই গৱেষণামূলক প্ৰবন্ধক স্বীকৃতি প্ৰদান কৰিলে। তেওঁ নিষ্কপট মিথ্যায়নক বৰ্জন কৰিলে। তাৰ সলনি, তেওঁ "যোগ্যতমৰ উত্তৰজীৱিতা"ৰ দৃষ্টিক সমৰ্থন জনালে। এই দৃষ্টিত আটাইতকৈ অধিক মিথ্যায়িত কৰিব পৰা বৈজ্ঞানিক সূত্ৰকেই পচন্দ কৰা হয়। অষ্ট্ৰিয়াৰ বিজ্ঞানৰ দাৰ্শনিক পল ফেয়েৰাবেণ্ডে (১৯২৪-১৯৯৪) তৰ্ক কৰিছিল যে বৈজ্ঞানিক প্ৰণালীৰ কোনো এনে বিৱৰণ নাই যিয়ে বিজ্ঞানীসকলে ব্যৱহাৰ কৰা সকলো অভিগমন আৰু প্ৰণালী সামৰি ল'ব পৰাকৈ বাহুল্য ৰাখে। তেওঁ দাবী কৰিলে যে বিজ্ঞানৰ বিকাশক শাসন কৰা এনে কোনো ব্যৱহাৰ্য প্ৰণালীসম্বন্ধীয় নিয়ম নাই যাৰ কোনো ব্যতিক্ৰম নাই। ফেয়েৰবেণ্ডৰ মতে, কোনো পৰিপ্ৰেক্ষিত প্ৰণালীয়ে বিজ্ঞানৰ বিকাশক কণ্ঠৰোধ আৰু বাধিত কৰিব। তেওঁ দাবী কৰিছিল যে "এনে একমাত্ৰ নীতি যিয়ে বিকাশক বাধিত নকৰে হ'লঃ "সকলো চলে""। ফেয়েৰাবেণ্ডৰ মতে বিজ্ঞান আৰম্ভ হৈছিল এক মুক্তকাৰী আন্দোলনৰ ৰূপত, পিচে সময়ৰ সৈতে, ই বৰ্দ্ধিতভাৱে উদ্ধত আৰু কঠোৰ হৈ পৰিছে। সেয়ে ই এক ভাৱাদৰ্শলৈ পৰিণত হ'বলৈ ধৰিছে। বিজ্ঞানে দমনমূলক বৈশিষ্ট্য আহৰণ কৰিবলৈ লৈছে। তেওঁ তৰ্ক কৰিলে যে বিজ্ঞান আৰু ধৰ্ম, জাদু, বা মিথকবিদ্যাৰ মাজত ভেদ কৰাৰ স্পষ্ট পথ উলিওৱা অসম্ভৱ। তেওঁ বিজ্ঞানৰ অনন্য দমনক সমাজক সত্তাবাদী আৰু অস্থলিতভাৱে আগুৱাই লৈ যোৱাৰ এক সাধন হিচাপে চাইছিল।[35] এই জ্ঞানতাত্ত্বিক নৈৰাজ্যবাদৰ প্ৰচাৰে তেওঁৰ আলোচকসমূহক তেওঁক "বিজ্ঞানৰ নিকৃষ্টতম শত্ৰু" উপাধি দিয়াত সহায় কৰিলে। কুহ্নৰ মতে বিজ্ঞান এক অত্যন্ত সাম্প্ৰদায়িক কাৰ্য যাক কেৱল সম্প্ৰদায়ৰ অংগ হিচাপেহে কৰিব পৰা যায়।[36] তেওঁৰ বাবে, বিজ্ঞান আৰু আন ছাত্ৰ-শৃংখলাৰ মাজৰ পাৰ্থক্য হ'ল কেৱল সম্প্ৰদায়টোৱে কাৰ্য সম্পন্ন কৰাৰ ধৰণ। অন্যান্যই, বিশেষকৈ ফেয়েৰাবেণ্ড আৰু আন কোনো কোনো উত্তৰাধুনিকতাবাদী চিন্তাবিদে তৰ্ক কৰিছে যে এই পাৰ্থক্য ৰক্ষা কৰিবলৈ বিজ্ঞানৰ সামাজিক কৰ্মসমূহ আৰু আন শৃংখলাৰ মাজত পাৰ্থক্যৰ অভাৱ। তেওঁলোকৰ মতে, সামাজিক কাৰকসমূহৰ বৈজ্ঞানিক প্ৰণালীত এক গুৰুত্বপূৰ্ণ আৰু পোণপটীয়া ভূমিকা আছে। পিচে সিহঁতে বিজ্ঞান আৰু আন শৃংখলাৰ মাজত কোনো পাৰ্থক্যৰ সৃষ্টি নকৰে। এই হিচাপে, বিজ্ঞানক সামাজিকভাৱে নিৰ্মাণ কৰা হয়, যদিও ই অধিক চৰম ধাৰণা যে বাস্তৱতা স্বয়ং এক সামাজিক নিৰ্মাণ নুবুজাই। শেহতীয়া দশকসমূহৰ বৃহৎ বিকাশ হৈছে ডেভিড ব্লুৰ, হেৰী কলিন্স, ব্ৰুণ' লাটৌৰ আৰু আন্সেল্ম ষ্ট্ৰছৰ দৰে নৃবেজ্ঞানী আৰু সমাজবিদসকলে বৈজ্ঞানিক সম্প্ৰদায়সমূহৰ গঠন, সংৰচনা, আৰু ক্ৰমবিকাশৰ অধ্যয়ন। জ্ঞানৰ সৃষ্টিত বৈজ্ঞানিক সম্পৰদায়সমূহৰ দক্ষতা বুজিবলৈ অৰ্থনীতিৰ ধাৰণা আৰু প্ৰণালী, যেনে যুক্তিসংগত বিকল্প, সামাজিক বিকল্প বা খেল সূত্ৰ আদিকো ব্যৱহাৰ কৰা হৈছে। এই আন্তঃশৃংখলীয় ক্ষেত্ৰক বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন বোলা হয়।[39] ইয়াত বিজ্ঞানৰ দৰ্শনৰ অভিগমন হ'ল বৈজ্ঞানিক সম্প্ৰদায়সমূহ প্ৰকৃততে কেনেকৈ পৰিচালিত হয় তাৰ বিষয়ে অধ্যয়ন কৰা। মহাদেশীয় দাৰ্শনিক পৰম্পৰাৰ দাৰ্শনিকসকলক সাধাৰণতে বিজ্ঞানৰ দৰ্শনৰ দাৰ্শনিক হিচাপে গণ্য কৰা নহয়। পিচে, তেওঁলোকেও বিজ্ঞানৰ বিষয়ে বহু কথা কয়, তাৰে কিছুমানৰ বিশ্লেষণাত্মক পৰম্পৰাত প্ৰত্যাশিত বিষয় থাকে। উদাহৰণ স্বৰূপে, নিয়েটছেই নিজৰ "দ্য জিনিয়ালজী অৱ মৰেল্স"ত গৱেষণামূলক প্ৰবন্ধ আগবঢ়ালে যে বিজ্ঞানত সত্যৰ সন্ধান তপস্বী আদৰ্শৰ এক প্ৰকাৰ। সাধাৰণতে, মহাদেশীয় দৰ্শনত বিজ্ঞানক এক বিশ্ব-ঐতিহাসিক দৃষ্টিৰে চোৱা হয়। জৰ্জ ৱিল্হেল্ম ফ্ৰাইড্ৰিছ হেগেল তেনে প্ৰথম দাৰ্শনিকসকলৰ অন্যতম যিয়ে এই দৃষ্টিক সমৰ্থন জনাইছিল। কুহ্নতকৈ এক পীড়িতকৈ বা তাতোকৈ অধিক আগৰ পিয়েৰে ডুহেম আৰু গেষ্টন বেকেলাৰ্ডেও এই দৃষ্টিৰে বিজ্ঞানৰ বিষয়ে লিখিছিল। এই অভিগমনসমূহত ঐতিহাসিক আৰু সমাজ-শাস্ত্ৰীয় দিশ আছে, জীৱিত অভিজ্ঞতাক অধিক গুৰুত্ব প্ৰদান কৰা হয়, বিশ্লেষণাত্মক প্ৰম্পৰাৰ বিকাশ-ভিত্তিক বা ইতিহাস বিৰোধী অভিগমনৰ বিপৰীতে (হুচেৰ্লীয়ান "জীৱন-বিশ্ব"ৰ দৰে)। এই দৃষ্টি এডমাণ্ড হুছেৰ্লৰ ফেন'মেনলজী, মেৰলিউ-পণ্টিৰ শেষৰ কৰ্মসমূহ (নেচাৰঃ ক'ৰ্চ ন'টছ ফ্ৰম দ্য কলেজ দে ফ্ৰাঞ্চ, ১৯৫৬-৬০) আৰু মাৰ্টিন হেইডেগাৰৰ হাৰ্মেনেউটিক্স। বিজ্ঞান সম্বন্ধে মহাদেশীয় দৰ্শনত পৰা বৃহত্তম প্ৰভাবৰ অন্যতম মাৰ্টিন হেইডেগাৰৰ শাস্ত্ৰীয় মনোভাৱৰ সমালোচনা। ই বৈজ্ঞানিক মনোভাৱকো সামৰে।[40] সেই বাবেই মহাদেশীয় পৰম্পৰা মানৱ জীৱনত আৰু দাৰ্শনিক অনুসন্ধানত বিজ্ঞানৰ গুৰুত্বকলৈ সন্দেহপ্ৰৱণ। অথচ, কেইবাটাও গুৰুত্বপূৰ্ণ কৰ্ম আছেঃ বিশেষকৈ কুহ্নৰ অগ্ৰত্ব, এলেগজেণ্ড্ৰে কয়ৰে। ফৌকাল্টৰ শক্তি আৰু দুৰ্নীতিৰ অধ্যয়ন, উন্মত্ততাৰ "বিজ্ঞান"ৰ ভিতৰত আৰু অৰ্ডাৰ অৱ থিংচত ঐতিহাসিক আৰু বৈজ্ঞানিক চিন্তাৰ বিশ্লেষণ। বিজ্ঞানৰ মহাদেশীয় দৰ্শনত তেওঁৰ পাছত বিংশ শতিকাৰ শেষৰ ফালে জাৰ্গেন হেবাৰ্মাছ (যেনে, "ট্ৰুথ এণ্ড জাষ্টিফিকেচন", ১৯৯৮), কাৰ্ল ফ্ৰাইড্ৰিখ ভন ৱেইজচেকাৰ ("য়ুনিটি অৱ নেচাৰ", ১৯৮০) আৰু ৱল্ফগেং ষ্টেগম্যুলাৰ ("প্ৰব্লেমে আণ্ড ৰেচুল্টাটে ডেৰ ৱিছেনচ্ছাফ্টথিয়'ৰিয়ে আণ্ড এনেলিটিস্চেন ফিল'চফিয়ে'", ১৯৭৩-১৯৮৬)। বিশ্লেষণ হ'ল এক পৰ্যবেক্ষণ বা সূত্ৰক ভাঙি সৰলতৰ ধাৰণাৰে বুজাৰ চেষ্টা। এই অভিগমনৰ সৈতে সম্পৰ্কিত বিভিন্ন দাৰ্শনিক অৱস্থিতিক খণ্ডতাবাদ বুলিব পাৰি। তাৰে এক হ'ল এই বিশ্বাস যে অধ্যয়নৰ সকলো ক্ষেত্ৰকে বৈজ্ঞানিকভাৱে ব্যাখ্যা কৰিব পাৰি। সম্ভৱতঃ এক ঐতিহাসিক ঘটনাক সমাজ-শাস্ত্ৰীয় বা মনোবৈজ্ঞানিক সংজ্ঞাৰে বুজাব পৰা যায়, যাক আকৌ মানৱ মনোবৈজ্ঞানিক সংজ্ঞাৰে বুজাব পৰা যায়, যাক আকৌ ৰসায়ন বিজ্ঞান আৰু ভৌতিক বিজ্ঞানেৰে বুজাব পৰা যায়।[41] ডেনিয়েল ডেন্নেটে বৈধ খণ্ডতাবাদক লুভীয়া খণ্ডতাবাদৰ পৰা পৃথক কৰিছিল, যিয়ে প্ৰকৃত জটিলতাসমূহক অস্বীকাৰ কৰে আৰু অতি শীঘ্ৰে সাধাৰণীকৰণ কৰে গৈ। বিজ্ঞানৰ নিৰপেক্ষতাৰ সৈতে জড়িত এক বহল সমস্যা হ'ল বিজ্ঞানে কি বিষয়, অন্বেষণ কৰিব বিচাৰে, অৰ্থাৎ, পৃথিৱীৰ কি অংশ, আৰু মানুহক বিজ্ঞানে অধ্যয়ন কৰে। ফিলিপ কিটছাৰে নিজৰ "চাইঞ্চ, ট্ৰুথ, এণ্ড ডেম'ক্ৰেচি"ত[42] তৰ্ক কৰিছে যে যি বৈজ্ঞানিক অধ্যয়নে জনসংখ্যাৰ কোনো অংশক কম চোকা, সফল বা ভাৱাত্মকভাৱে পিচ পৰা বুলি দেখুৱাই, সিহঁতে এক ৰাজনৈতিক প্ৰতিক্ৰিয়া পায়, যিয়ে সেই অংশক বিজ্ঞানৰপৰা আঁতৰাই লৈ যায়। সেয়ে, তেনে অধ্যয়নে ভাল বিজ্ঞানৰ বহল ঐক্যমত্যক অৱমাননা কৰে আৰু শেষত নিজকেই অবৈজ্ঞানিক প্ৰতিপন্ন কৰে। বিজ্ঞান সম্বন্ধীয় সাধাৰণ প্ৰশ্নসমূহ অধ্যয়ন কৰাৰ উপৰিয়ো বিজ্ঞানৰ দৰ্শনে বিশেষ বিজ্ঞানৰ বিষয়েও প্ৰশ্ন কৰে। বহু দাৰ্শনিক এনে কৰ্মত নিয়োজিত। তেওঁলোকে বিশেষ বিজ্ঞানসমূহৰ প্ৰতিষ্ঠামূলক প্ৰশ্ন শোধাৰ উপৰিয়ো তেনে বিজ্ঞানৰ উদাহৰণসমূহক বহলতৰ দাৰ্শনিক প্ৰশ্নৰ সমাধানৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। একবিংশ শতিকাত বিশেষ বিজ্ঞান বিষয়ক দাৰ্শনিক অভ্যাসকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। অধিষ্ঠাপনৰ সমস্যাক পৰিসংখ্যানবিদ্যাৰ প্ৰতিষ্ঠাত এক পৃথক ৰূপত দেখা যায়।[44] সাধাৰণতে পৰিসংখ্যানবৈজ্ঞানিক পৰিকল্পনা পৰীক্ষণত এই দাবীসমূহক এৰাই চলাই হয় যে সাক্ষ্যই এক পৰিকল্পনাক সমৰ্থন কৰে, নে অধিক সম্ভাব্য কৰে। তাৰ বিপৰীতে, সাধাৰণতে পৰীক্ষণত এক পি-মূল্য পোৱা যায়, যি সাক্ষ্য তেনে হয় নে নহয় তাৰ সম্ভাৱনীয়তা, এই পূৰ্ব ধাৰণাত, যে পৰিক্ষা কৰা পৰিকল্পনা শুদ্ধ হয়। যদি পি-মূল্য জোখতকৈ কম, পৰিকল্পনাক বৰ্জন কৰা হয়, এই প্ৰক্ৰিয়া মিথ্যায়নৰ সৈতে সাদৃষ্যপূৰ্ণ। তাৰ বিপৰীতে, বায়েচিয়ান অনুমানত, পৰিকল্পনাক সম্ভাৱনীয়তা প্ৰদান কৰা হয়। পৰিসংখ্যানবিদ্যাৰ আন আন চৰ্চাৰ বিষয় সম্ভাৱনীয়তাৰ ব্যাখ্যা, অভাৰ্ফিটিং (overfitting) আৰু অনুবন্ধ আৰু কৰণৰ মাজৰ পাৰ্থক্য। গণিতৰ দৰ্শনৰ বিষয় গণিতৰ দাৰ্শনিক ভিত্তি আৰু সংশ্লেষ আদিৰ বিষয়ে।[45] কেন্দ্ৰীয় প্ৰশ্নকেইটামান হ'ল-- সংখ্যা, ত্ৰিভুজ আৰু আন আন গাণিতিক সত্তাসমূহ মানৱ মনতহে অস্তিত্বত থাকে নে স্বাধীনভৱেও থাকে? গাণিতিক প্ৰস্তাৱসমূহৰ প্ৰকৃতি কি? "১+১=২" হয় নে নহয় বুলি প্ৰশ্ন কৰা কাৰ্য মৌলিকভাৱে এটি পিণ্ড ৰঙা হয় নে নহয় সেই প্ৰশ্ন কৰাতকৈ বেলেগ নে? গণনা উদ্ভাৱন কৰা হৈছিল নে আৱিষ্কাৰ কৰা হৈছিল? তেনে এক প্ৰশ্ন হ'ল যে গণিত শিক্ষাত কেৱল যুক্তিৰ প্ৰয়োজন নে অভিজ্ঞতাৰো প্ৰয়োজন। গাণিতিক উপপাদ্যক প্ৰমাণিত কৰাৰ অৰ্থ কি? কেনেকৈ জানিম যে এটি গাণিতিক প্ৰমাণ শুদ্ধ নে ভুল? গণিতৰ দাৰ্শনিকসকলে গণিত আৰু তৰ্কবিদ্যাৰ সম্বন্ধ, মানৱ সামৰ্থ্য যেনে স্বজ্ঞা আৰু ভৌতিক ব্ৰহ্মাণ্ডকো অধ্যয়ন কৰে। অৱস্থাৰ উপৰিপত্তি, আৰু ৱে'ভ ফাংচন পতনৰ দৰে বিষয় সামৰা বাস্তৱতাৰ ক্বাণ্টাম বিৱৰণে কেনেকৈ আমি বুজা বাস্তৱতাৰ উদয় কৰে? ভৌতিক বিজ্ঞানৰ দৰ্শনত আধুনিক ভৌতিক বিজ্ঞানত অন্তৰ্নিহিত মৌলিক দাৰ্শনিক প্ৰশ্ন যেনে পদাৰ্থ আৰু ঊৰ্জা আৰু সিহঁতে কেনেকৈ পৰস্পৰক প্ৰভাৱিত কৰে। মুখ্য প্ৰশ্নসমূহৰ বিষয় স্থান আৰু সময়ৰ প্ৰকৃতি, পৰমাণু আৰু পৰমাণুবাদ। লগতে সৃষ্টিতত্ত্বৰ পূৰ্বানুমান, ক্নাণ্টাম বলবিদ্যাৰ ব্যাখ্যা, পৰিসংখ্যানবৈজ্ঞানিক বলবিদ্যাৰ প্ৰতিষ্ঠা, আকস্মিকতা, নিয়তিবাদ আৰু ভৌতিক বৈজ্ঞানিক নিয়মসমূহৰ প্ৰকৃতি।[46] পূৰ্বতে ইয়াৰ বহুতো প্ৰশ্ন অধিবিদ্যাত অধ্যয়ন কৰা হৈছিল (যেনে নিয়তিবাদ, আকস্মিকতা, স্থান আৰু সময় আদি) ৰসায়ন বিজ্ঞানৰ দৰ্শন হ'ল ৰসায়ন বিজ্ঞানৰ প্ৰণালীবিজ্ঞানৰ আৰু সমলৰ দাৰ্শনিক অধ্যয়ন। ইয়াক দাৰ্শনিক, ৰসায়ন বিজ্ঞানী আৰু দাৰ্শনিক-ৰসায়ন বিজ্ঞানীসকলে অধ্যয়ন কৰে। ইয়াত সাধাৰণ বিজ্ঞানৰ দৰ্শনৰ সমস্যাসমূহৰ ৰসায়ন বিজ্ঞানত প্ৰয়োগ অধ্যয়ন কৰা হয়। যেনে, সকলো ৰাসায়নিক প্ৰক্ৰিয়াক ক্বাণ্টাম বলবিদ্যাৰে বুজাব পৰা যায় নে ৰসায়ন বিজ্ঞানক ভৌতিক বিজ্ঞানলৈ অনুবাদ কৰিব পৰা নাযায়? আন এক উদাহৰণ, ৰাসায়নিক প্ৰতিক্ৰিয়া পদ্ধতিৰ নিশ্চিতকৰণৰ পদ্ধতিৰ অধ্যয়নেৰে সূত্ৰ নিশ্চিত কৰাৰ প্ৰক্ৰিয়া বিষয়ক দৰ্শন অধ্যয়ন কৰা। প্ৰতিক্ৰিয়া পদ্ধতি নিৰ্ধাৰণ কৰা কঠিন কাৰণ সিহঁতক পোণপটীয়াকৈ পৰ্যবেক্ষণ কৰিব পৰা নাযায়। ৰসায়ন বিজ্ঞানীসকলে বহুতো পৰোক্ষ জোখক সাক্ষ্য হিচাপে ব্যৱহাৰ কৰে কিছু কিছু প্ৰক্ৰিয়াক বাদ দিবলৈ। কিন্তু তেওঁলোক প্ৰায় নিশ্চিত নহয় যে শেষ থকা প্ৰক্ৰিয়াসমূহ শুদ্ধ নে ভুল, কাৰণ আন কেইবাটাও বৈকল্পিক প্ৰক্ৰিয়া মজুত থাকে, যাক তেওঁলোকে সম্ভৱতঃ পৰীক্ষা কৰা নাই বা চিন্তাও কৰা নাই।[47] দাৰ্শনিকসকলে ভৌতিক ধাৰণা নুবুজোৱা ৰাসায়নিক ধাৰণা যানে ৰাসায়নিক বন্ধনকো বুজাবলৈ চেষ্টা কৰে। চিকিৎসাৰ নীতিশিক্ষা আৰু জৈৱ নীতি শিক্ষাৰ বাদে, চিকিৎসা বিজ্ঞানৰ দৰ্শনত চিকিৎসা বিজ্ঞানৰ জ্ঞানত্ত্ব আৰু তত্ত্ববিদ্যা/অধিবিদ্যা অধ্যয়ন কৰা হয়। এই ভাগৰ জ্ঞানত্ত্বত সাক্ষ্য-ভিত্তিক চিকিৎসা, বিশেষকৈ অনিয়মিতকৰণ[50][51][52] অন্ধকৰণ আৰু প্লেচেব' নিয়ন্ত্ৰণৰ ভূমিকাই আকৰ্ষণীয় ভূমিকা পালন কৰিছে। এই ক্ষেত্ৰসমূহৰ সৈতে জড়িত তত্ত্ববিদ্যাসম্বন্ধীয় বিষয় যেনে কেৰ্টেচিয়ান দ্বৈতবাদ, ৰোগৰ ম'ন'জেনেটিক ধাৰণা[53] আৰু প্লেচেব' আৰু প্লেচেব' এফেক্টৰ বৈচাৰিকীকৰণ।[54][55][56][57] চিকিৎসা বিজ্ঞানৰ অধিবিদ্যাতো বহু জনে ৰুচী প্ৰকাশ কৰে[58], বিশেষকৈ কৰণত। চিকিৎসাৰ দাৰ্শনিকসকল কেৱল চিকিৎসাসম্বন্ধীয় জ্ঞানৰ সৃষ্টিতেই আগ্ৰহী নহয়, তেনে ঘটনাৰ প্ৰকৃতিতো আগ্ৰহী। কৰণ ইমান আকৰ্ষণীয় কাৰণ ইয়াক কাৰণৰ সম্বন্ধ বুজিবলৈ ব্যৱহাৰ কৰা হয়, যেনে, বেমাৰৰ কাৰণ, মানুহ ভাল হোৱাৰ কাৰণ। মনোবিজ্ঞানৰ দৰ্শনে আধুনিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপনাৰ শাস্ত্ৰীয় গুৰি অধ্যয়ন কৰে। তাৰেই কিছু মনোবৈজ্ঞানিক অনুসন্ধানৰ প্ৰক্ৰিয়া সম্বন্ধীয় জ্ঞানতাত্ত্বিক প্ৰশ্ন। উদাহৰণ স্বৰূপে, মনোবিজ্ঞানীসকলে বাহিৰা জগতলৈ দিয়া প্ৰতিক্ৰিয়াতেই কেৱল গুৰুত্ব প্ৰদান কৰিব লাগে নে তেওঁলোকে মনৰ অনুভূতি আৰু চিন্তন প্ৰক্ৰিয়াও অধ্যয়ন কৰা উচিত?[59] যদি পাছৰটো শুদ্ধ, তেন্তে এক প্ৰশ্ন হ'ল-- মানুহৰ মনৰ ভিতৰৰ অভিজ্ঞতাক কেনেকৈ জোখিব পৰা যাব? নিজৰ অনুভৱ আৰু বিশ্বাসৰ বিষয়ে নিজেই দিয়া বিৱৰণ নিৰ্ভৰযোগ্য নহয়, কাৰণ কোনোৱে ইচ্ছাকৃতভাৱে বিভ্ৰান্ত কৰিবলৈ চেষ্টা নকৰিলেও, আত্ম-কপট আৰু চয়নাত্মক স্মৃতিয়ে তেনে প্ৰভাৱ পেলাব পাৰে। আৰু, যদি আত্ম-বিৱৰণ শুদ্ধও হয়, বেলেগ বেলেগ ব্যক্তিৰ প্ৰতিক্ৰিয়া কেনেকৈ তুলনা কৰিব পৰা যাব? যদি দুই ব্যক্তিয়ে লাইকাৰ্ট মাপত একে উত্তৰো দিছে, তেওঁলোকে একেবাৰে বেলেগ বেলেগ অনুভৱ কৰাৰো সম্ভাৱনা থাকে। মনোবিজ্ঞানৰ দৰ্শন সম্বন্ধীয় আন প্ৰশ্ন হ'ল মন, মস্তিষ্ক আৰু জ্ঞান, অনুভূতি সম্বন্ধীয় সাধাৰণ দাৰ্শনিক প্ৰশ্নসমূহ। এই অধ্যয়নক সম্ভৱতঃ সাধাৰণতে অনুভূতি বিজ্ঞান, বা মনৰ দৰ্শনৰ অংগ হিচাপে গণ্য কৰা হয়। উদাহৰণ স্বৰূপে, মানুহ যুক্তিসংগত প্ৰাণী হয় নে?[59] এনে কোনো অনুভূতি আছে নে, য'ত স্বাধীন ইচ্ছাশক্তি থাকে, আৰু যদি থাকে, ই চয়ন কৰাৰ অভিজ্ঞতাৰ সৈতে কেনেদৰে সম্পৰ্কিত? মনোবিজ্ঞানৰ দৰ্শনে বৰ্তমানৰ অনুভূতিসম্বন্ধীয় স্নায়ু-বিজ্ঞান, ক্ৰমবিকাশ-সম্বন্ধীয় মনোবিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাকো অধ্যয়ন কৰে। মনোবিজ্ঞানৰ দৰ্শন এক তুলনামূলকভাৱে নতুন ক্ষেত্ৰ, কাৰণ মনোবিজ্ঞান নিজেই ১৮০০ৰ শতিকাতহে এক পৃথক শৃংখলা হিচাপে প্ৰতিষ্ঠিত হৈছিল। বিশেষকৈ, স্নায়ুসম্বন্ধীয় মনোবিজ্ঞান এতিয়াহে পল চাৰ্চলেণ্ড আৰু পেট্ৰিচিয়া চাৰ্চলেণ্ডৰ অৱদানেৰে এক পৃথক ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে।[60] আন হাতে, মনৰ দৰ্শন এক সু-প্ৰতিষ্ঠিত শৃংখলা কাৰণ এই শৃংখলা মনোবিজ্ঞানৰো পূৰ্বেই অধ্যয়নৰ ক্ষেত্ৰ আছিল। ই মনৰ প্ৰকৃতি, অভিজ্ঞতাৰ গুণ, আৰু বিশেষ সমস্যা কিছুমান যেনে দ্বৈতবাদ আৰু একবাদৰ তৰ্কৰ বিষয়ক। আন এক সম্বন্ধীয় ক্ষেত্ৰ হ'ল ভাষাৰ দৰ্শন। অৰ্থনীতিৰ দৰ্শনে অৰ্থনীতি সম্বন্ধীয় দাৰ্শনিক প্ৰশ্নসমূহ অধ্যয়ন কৰে। ইয়াক অৰ্থনীতিৰ সেই ভাগ ক'ব পাৰি যিয়ে নিজৰেই প্ৰতিষ্ঠা আৰু নীতিৰ বিষয়ে অধ্যয়ন কৰে। ইয়াক তিনি কেন্দ্ৰীয় বিষয়েৰে বিভক্ত কৰিব পাৰি।[61] প্ৰথমটো বিষয়, অৰ্থনীতিৰ অৰ্থ আৰু অৰ্থনীতিৰ সুযোগ। লগতে, কি প্ৰণালীৰে অৰ্থনীতি অধ্যয়ন কৰা উচিত আৰু সেই প্ৰণালীয়ে অৰ্থনীতিক এনেদৰে অধ্যয়ন কৰিব পৰা যায় নে যে ই এনে জ্ঞানতাত্ত্বিক স্তৰ পাওক যে ই মূল্যবোধ-মুক্ত তথ্য আগবঢ়াব পাৰে, গৱেষণাকাৰীৰ মতৰপৰা স্বাধীন? দ্বিতীয়টো, অৰ্থনীতিৰ অৰ্থ আৰু যুক্তিসংগততাৰ নিহিতাৰ্থ। যেনে, বীমা ক্ৰয় কৰাৰ সময়তে (আয় সম্বন্ধীয় আশংকা কমাই) লটাৰী টিকেট ক্ৰয় কৰা (আয় সম্বন্ধীয় আশংকা বৃদ্ধি কৰে) যুক্তিসংগত নে? তৃতীয়টো, অৰ্থনৈতিক নীতিৰ আৰু ফলাফলৰ আদৰ্শগত মূল্যাংকন। যেনে, কোনো ৰাজহুৱা নীতি সমাজৰ বাবে হিতকাৰী হয় নে নহয় সেয়া জানিবলৈ কি মানদণ্ড ব্যৱহাৰ্য? সমাজ বিজ্ঞানৰ দৰ্শনে সমাজ বৈজ্ঞানিক বিষয়সমূহ যেনে নাগৰিক-শাস্ত্ৰ, নৃবিদ্যা আৰু ৰাজনীতি বিজ্ঞানত থকা যুক্তি আৰু প্ৰণালী অধ্যয়ন কৰে।[62] সমাজ বিজ্ঞানৰ দাৰ্শনিকসকলে সমাজ বিজ্ঞান আৰু প্ৰকৃতি বিজ্ঞানৰ পাৰ্থক্য আৰু সামঞ্জস্য, সামাজিক ঘটনাসমূহৰ কাৰণ, সামাজিক নিয়মসমূহৰ সাম্ভাৱ্য অস্তিত্ব আৰু সংৰচনা আৰু সংস্থাৰ তত্ত্ববিদ্যা সম্বন্ধীয় মহত্ত্ব অধ্যয়ন কৰে। ↑ ডেনেট ডেনিয়েল (1995) ডাৰ্ৱিন্স ডেঞ্জাৰেচ আইডিয়াঃ ইভ'লিউচন এণ্ড দ্য মিনিং অৱ লাইফ, চাইমন এণ্ড চাষ্টাৰ পৃ ২১, ISBN 978-1-4931-2629-5।
যদি আপোনাৰ ওচৰত এয়াৰটেলৰ (Airtel) চিম (Sim) আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। দৰাচলতে, কোম্পানীটোৱে আপোনাক ৰিচাৰ্জ আঁচনিত ৪ লাখ টকাৰ পোনপটীয়া লাভ প্ৰদান কৰিছে। যদি আপোনাৰ ওচৰত এয়াৰটেলৰ (Airtel) চিম (Sim) আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। দৰাচলতে, কোম্পানীটোৱে আপোনাক ৰিচাৰ্জ আঁচনিত ৪ লাখ টকাৰ পোনপটীয়া লাভ প্ৰদান কৰিছে। Share this: এয়াৰটেলে ইয়াৰ দুটা প্ৰিপেইড ৰিচাৰ্জৰ সৈতে বিনামূলীয়া ম্যাদী জীৱন বীমা আগবঢ়ায়। এই পৰিকল্পনাবোৰ ২৭৯ টকা আৰু ১৭৯ টকাৰ ৰিচাৰ্জ। ২৭৯ টকাৰ আঁচনিখনে অন্যান্য লাভালাভৰ লগতে ৪ লাখ টকাৰ ম্যাদী জীৱন বীমা লাভ কৰিছে। ১৭৯ টকাৰ প্ৰিপেইড ৰিচাৰ্জত ২ লাখ টকাৰ জীৱন বীমা আছে। জন ধন যোজনাৰ অধীনত, মুকলি বেংক একাউণ্টৰ সৈতে ৰূপে ডেবিট কাৰ্ডত ৩০ হাজাৰ টকাৰ জীৱন বীমা আৰু ২ লাখ টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা আৱৰণ আছে। পঞ্জাৱ নেচনেল বেংকে ৰূপে প্লেটিনাম ডেবিট কাৰ্ডত ২ লাখ টকাৰ বিনামূলীয়া দুৰ্ঘটনাজনিত বীমা আগবঢ়ায়। আপুনি বহুতো বিশেষ লাভালাভো পাব। ই.পি.এফ.ও. সদস্যসকলে কৰ্মচাৰী জমা সংযোজিত বীমা আঁচনিৰ (EDLI Insurance cover) অধীনত বীমা আৱৰণ সুবিধা লাভ কৰে। আঁচনিখনে মনোনীত ব্যক্তিক সৰ্বাধিক ৭ লাখ টকাৰ বীমা আৱৰণ পৰিশোধ কৰে। গ্ৰাহকে এলপিজি সংযোগৰ সৈতে ব্যক্তিগত দুৰ্ঘটনা আৱৰণ লাভ কৰে। চিলিণ্ডাৰৰ পৰা গেছ লিকেজ বা বিস্ফোৰণৰ ফলত হোৱা দুৰ্ঘটনাৰ ক্ষেত্ৰত বিত্তীয় সহায় হিচাপে ৫০ লাখ টকালৈকে বীমা হৈছে এলপিজি। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যুৱকজনক। জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যুৱকজনক। Share this: ভাৰতীয় ষ্টেট বেংকৰ ভিতৰত এগৰাকী মহিলা গ্ৰাহকক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ডিব্ৰুগড়ৰ থানা চাৰিআলিস্থিত এছ বি আইৰ মুখ্য শাখাত ১৪ ছেপ্টেম্বৰত এটা লম্পটে এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছিল। এগৰাকী মহিলাক কাউণ্টাৰত শাৰী পাতি থকাৰ অৱস্থাতে ঋতুৰাজ গগৈ ওৰফে ঋতু নন্দেশ্বৰ শেনছোৱা নামৰ বিকৃত মানসিকতাৰ যুৱকজনে যৌন নিৰ্যাতন চলোৱাৰ কাণ্ড বন্দী হৈছিল ম'বাইল কেমেৰাত। এই জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যুৱকজনক। শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা কৰায়ত্ত কৰে ঋতু নন্দেশ্বৰ শেনছোৱাক। শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে কৰায়ত্ত কৰে ঋতু নন্দেশ্বৰ শেণছোৱাক। ডিব্ৰুগড় থানাত বেংক কৰ্তৃপক্ষই ৰুজু কৰা 1793/21 নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 354A/509 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে ঋতুৰাজক। শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জা কৰোতেই আৰক্ষীৰ জালত পৰে ঋতু। ইপিনে নিশাই লম্পট ঋতু নন্দেশ্বৰ শেনছোৱাক অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত এটা দলে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ লৈ যায়। বিতুল চেতিয়াই শিৱসাগৰত সাংবাদিকৰ আগত সদৰি কৰা মতে ঋতু নন্দেশ্বৰ শেণছোৱাৰ ঘৰ পালেঙীত। নন্দেশ্বৰ শেণছোৱা ওৰফে ঋতু পূৰ্বেও কেইবাটাও অপৰাধমূলক কামৰ সৈতে জড়িত আছিল। মুম্বাইতো ঋতুৱে অপৰাধমূলক কামৰ সৈতে জড়িত হোৱাৰ তথ্য লাভ কৰা বুলি সদৰি কৰে ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে। প্ৰণিধানযোগ্য যে অভিযুক্ত ঋতু নন্দেশ্বৰ শেণছোৱাৰ অপকৰ্মৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে যুৱকজনক গ্ৰেপ্তাৰৰ দাবী তুলিছিল বিভিন্নজনে। অৱশেষত আৰক্ষীয়ে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসৎ মনোবৃত্তিৰ যুৱকজনক। লক্ষ্যণীয় যে ঋতু নন্দেশ্বৰ শেনছোৱাই বিগত সময়ছোৱাত অভিনয় ক্ষত্ৰখনৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। লতা মংগেশকাৰৰ কাষত এই সৰু শিশুটি কোন আপুনি ক'ব পাৰিবনে ? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
পঞ্জাৱত শেহতীয়াকৈ অনুষ্ঠিত হোৱা পৌৰ নিৰ্বাচনৰ আজি ভোট গণনাত কংগ্ৰেছে আশাতীত ফলাফল লাভ কৰাৰ বিপৰীতে বিজেপি, আম আদমী পাৰ্টীকে ধৰি আকালী দল আদিয়ে বাৰুকৈয়ে মুখ থেকেছা খোৱা পৰিলক্ষিত হৈছে। ইয়াৰে ৮ টা আছিল পৌৰ নিগম আৰু বাকী ১০৯ টা পৌৰসভা।এই নিৰ্বাচনত ২,৩০২ খন আসনত অংশগ্ৰহণ কৰিছিল ৯,২২২ গৰাকী প্ৰাৰ্থীয়ে। লক্ষ্যণীয় কথাটো হ'ল সুদীৰ্ঘ ৫৩ বছৰৰ পিছত কংগ্ৰেছে ভাতিণ্ডা পৌৰ নিগম নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। আকালি দলৰ দুৰ্গ হিচাবে পৰিচিত ভাতিণ্ডা কংগ্ৰেছৰ দখললৈ যোৱাত শলঠেকত পৰিছে আকালি দল। এই সমষ্টিৰ পৰাই আকালি দলৰ বহু কেইগৰাকী বাঘা বাঘা নেতা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীও হৈছিল।ইপিনে পৌৰসভাৰ ভোটগণনাতো আগুৱাই আছে কংগ্ৰেছে। অহা বছৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিভাচনত ৰাজ্য খনৰ পৌৰ নিৰ্বাচনৰ ফলাফলে বিস্তৰ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিজ্ঞ মহলে।
Tarun Ram Phukan Biography in Assamese । তৰুণ ৰাম ফুকনৰ জীৱনী - assamintro.com\nFreedom Fighter from Assam / Great Man\nTarun Ram Phukan Biography in Assamese । তৰুণ ৰাম ফুকনৰ জীৱনী\nJanuary 21, 2022 March 6, 2022\nতৰুণ ৰাম ফুকন ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা আছিল। তেখেত এগৰাকী সুদক্ষ বক্তা আছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়।\nজন্ম আৰু শিক্ষা Tarun Ram Phukan Biography in Assamese\nভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান\nঅন্যান্য অৱদান Tarun Ram Phukan Biography in Assamese\nগুৱাহাটীৰ ভৰলুমুখত ১৮৭৭ চনৰ ২২ জানুৱাৰীত তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম বলৰাম ফুকন আৰু মাতৃ ভাগীৰথী। দেউতাক বলৰাম ফুকন এজন নিপুণ চিকাৰী আছিল। পেছাগতভাৱে তেওঁ বিজনীৰ ৰজাৰ দেৱান আছিল। তদুপৰি তেওঁৰ হাতীৰ মহল আৰু ব্যৱসায় আছিল। জীৱনৰ প্ৰথমছোৱাত তেখেতে ঘৰতেই গুৰুৰ অধীনত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল। পাছত গুৱাহাটীৰ কলেজিয়েট স্কুলত (Collegiate School) নাম লগাই, সেই স্কুলৰপৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ১৮৯২ চনত। কলিকতাৰ প্ৰেছিডেন্সী কলেজৰপৰা তেওঁ এফ এ পাছ কৰি বি এ উত্তীৰ্ণ নোহোৱাকৈয়ে, তেখেতে লণ্ডনত ওকালতি স্নাতকৰ (Barrister-at-Law) অধ্যয়নৰ বাবে যায়। তেখেত আছিল অসমৰ তৃতীয়জন বেৰিষ্টাৰ।\nসৰুৰে পৰা বহু বিষয়ত প্রতিভাধৰ আছিল তৰুণৰাম। পঢ়া-শুনাত যেনে পাকৈত, খেলা-ধূলাতাে আছিল আগৰণুৱা। সংস্কৃতৰ লগতে ইংৰাজী ভাষাত বক্তৃতা দি ছাত্ৰাৱস্থাতে সকলােৰে মন মুহিছিল। অতি দেখনিয়াৰ তৰুণৰামৰ শৈশৱতে নাম দিয়া হৈছিল কন্দর্প কুমাৰ'। চিকাৰতাে তেওঁ আছিল পাকৈত আৰু সাহসী। ঘোঁৰা চোৱাৰী হিচাপেও তেওঁৰ নাম আছিল।\nগুৱাহাটীৰ কলেজিয়েট স্কুলৰ পৰা এস্ট্রেন্স পাছ কৰি কলিকতালৈ গৈ ফুকনে ইডেন হােষ্টেলত থাকি প্রেডিডেন্সী কলেজত নামভর্তি কৰে। অতি সুন্দৰকৈ ৰসাল কথা ক'ব জনা ফুকন আছিল সদালাপী আৰু বুদ্ধিমান। তেওঁ সৰুৰে পৰা পিন্ধাউৰা, ফুৰা-চকা সকলোেতে চৌখিন আছিল। সেই সময়ত কলিকতা হেন চহৰতাে বাইচাইকেলৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা আছিল। ফুকনে চাইকেল এখন কিনি সমগ্ৰ কলিকতাত ফুৰা-চকা কৰিছিল। তেৱেঁই আছিল বাইচাইকেলত উঠা প্রথম অসমীয়া ।\nযথা সময়ত এফ.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ বি.এ. পৰীক্ষা নিদিয়াকৈ নিজ বুদ্ধিৰে অর্থ সংগ্রহ কৰি তেওঁ বিলাতলৈ বেৰিষ্টাৰী পঢ়িবলৈ যায়। তেওঁক এইক্ষেত্ৰত সহায় কৰিছিল গােৱালপাৰাৰ 'মেছপাৰা ষ্টেট'ৰ জমিদাৰ ভােলানাথ চৌধুৰীয়ে। যথা সময়ত বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ আহি তেওঁ কলিকতা হাইক'ত ওকালতি আৰম্ভ কৰে। তেওঁ আছিল তৃতীয়গৰাকী অসমীয়া বেৰিষ্টাৰ। নিজৰ তীক্ষ্ণ বুদ্ধি, পৰিশ্ৰম শক্তি আৰু সুদর্শন ব্যক্তিত্বৰ বাবে অতি কম দিনতে বিখ্যাত উকীল হিচাপে প্রতিষ্ঠিত হয়। সেই সময়ত তেওঁ কলিকতাত ইমান জনপ্রিয় হৈ উঠিছিল যে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে তৰুণৰামলৈ নিজৰ কন্যা এগৰাকী বিয়া দিবৰাে ইচ্ছা প্রকাশ কৰিছিল। কিন্তু নিজৰ পাৰিবাৰিক ঐতিহ্যক কৃতজ্ঞতা প্রদর্শন কৰা ফুকনে সেই প্রস্তাৱ সসম্মানে প্রত্যাখ্যান কৰিছিল।\nপাছত ফুকন গুৱাহাটীলৈ আহে আৰু ওকালতি আৰম্ভ কৰে। তেতিয়া নতুনকৈ স্থাপিত হােৱা আর্ল ল' কলেজতাে ১৯১৪ৰ পৰা তেওঁ অধ্যাপনা কৰে। ডিব্ৰুগড়ৰ ৰায়বাহাদুৰ পৰশুৰাম খান্দৰ তৃতীয় কন্যা বিদ্যুৎপ্রভা দেৱীক বিয়া কৰাইছিল ফুকনে। এই দম্পতীৰ আছিল দুজনী কন্যা আৰু দুজন পুত্র। প্রথমা কন্যা প্রতিভা দেৱীৰ বিয়া হৈছিল সাহিত্যিক দেশপ্রাণ লক্ষ্মীধৰ শৰ্মাৰ সৈতে। এই জী-জোঁৱাইৰ অকাল মৃত্যু ঘটিছিল। পত্নী বিদ্যুৎপ্রভাও বৰ বেছিদিনলৈ জীয়াই থকা নাছিল।...\nলণ্ডনৰপৰা উভতি আহি তেখেতে কিছুদিন কলিকতাত ওকালতি কৰিবলৈ লয়। পাছত গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। ১৯১৪ চনৰ পৰা গুৱাহাটীৰ আৰ্ল ল কলেজত (Earle Law College) কিছুদিন শিক্ষকতা কৰে। ডিব্ৰুগড়ৰ পৰশুৰাম খাউণ্ডৰ জীয়ৰী বিদ্যুৎপ্ৰভাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।\n১৯১৪ চনত তৰুণ ৰাম ফুকনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে।\nতৰুণৰাম ফুকনে কলিকতাত পঢ়ি থাকোতেই ১৮৯৬ চনত কংগ্ৰেছৰ সদস্য পদ গ্রহণ কৰিলেও সক্রিয় কর্মী নাছিল। পাছত কর্মবীৰ নবীনচন্দ্ৰৰ উৎসাহত ওকালতিৰ লগতে কংগ্ৰেছী আন্দোলন সফল কৰিবলৈ তেওঁ তৎপৰ হৈছিল। ১৯১৭ত অসমৰ শাসন-সংস্কাৰ সংক্রান্তীয় কার্যৰ বাবে অসমৰ পৰা যােৱা সজাতী দলৰ অন্যতম সদস্য আছিল তেওঁ। মতিলাল নেহৰু, চিত্তৰঞ্জন দাস প্ৰমুখ্যে সর্বভাৰতীয় নেতাগণৰ লগত স্বৰাজ দলত যােগ দি এজন সর্বভাৰতীয় নেতাৰ মর্যাদা লাভ কৰিছিল ফুকনে। অসমৰ প্রতিনিধি হিচাপে 'ভাৰতীয় ব্যৱস্থাপক সভা'ত কেইবাবছৰৰ তেওঁ কার্যনির্বাহ কৰিছিল। ১৯২১ত মহাত্মা গান্ধী অসমলৈ আহােতে তৰুণৰাম ফুকনৰ ঘৰতে আলহী হৈছিল। অসহযােগ আন্দোলন অসমত কৃতকার্য হােৱাৰ মূলতে আছিল ফুকন-বৰদলৈৰ অদমনীয়\nদক্ষ আৰু জনপ্রিয় নেতা ফুকন গুৱাহাটী পৌৰ নিগম আৰু লােকেল বাের্ড চেয়াৰমেন হিচাপে নির্বাচিত হৈছিল কেইবাবাৰাে। অসম এছচিয়েছনৰ গােৱালপাৰা অধিৱেশন, অসম ছাত্ৰ সন্মিলনীৰ তেজপুৰ আৰু শিৱসাগৰৰ অধিৱেশনত দুবাৰকৈ সভাপতি হৈছিল। ১৯২৬ত পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছ মহাসভাত আদৰণি সমিতিৰ সভাপতি হিচাপে তেওঁ অতি দৃঢ়তাৰে কাম কৰি সহযােগী নবীন চন্দ্ৰ বৰদলৈ আৰু ৰােহিণীকান্ত হাতীবৰুৱাৰ দৰে দেওলীয়া হৈছিল। বহু অনুষ্ঠান-প্রতিষ্ঠানৰ লগত জড়িত অদ্বিতীয় এই নেতাজনৰ বিষয়ে গােপীনাথ বৰদলৈয়ে কৈছিল - "যি ঠাইত ফুকনৰ উপস্থিতি, সেই ঠাইত নিৰানন্দ থাকিব নােৱাৰে, নৈৰাশ্যৰ ভাব আহিব নােৱাৰে, অসজ আৰু অন্যান্য কথা আলােচনা হ'ব নােৱাৰে।"\nমহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ আহােতে ফুকনে নিজৰ টোলত এক বিৰাট সভাৰ আয়ােজন কৰিছিল। কোৱা হয়, সেই সভাত ২৫ হেজাৰ লােকে অংশগ্রহণ কৰিছিল। মহাত্মাই ইংৰাজীত বক্তৃতা দি গৈছিল আৰু ফুকনে সেয়া লগে লগে অনুবাদ কৰি ৰাইজক শুনাইছিল। তেতিয়া গান্ধীৰ ইয়ং ইণ্ডিয়া' কাকতত লিখা হৈছিল - "বাস্তৱিকতে তৰুণৰাম ফুকনৰ ক্ষমতা অদ্ভুত মহাত্মাজীৰ বক্তৃতা শেষ হলেই তেওঁ অকণাে চিন্তা নকৰি তৎক্ষণাত তাক হুহু অসমীয়ালৈ ভাঙি ৰাইজক কৈ যায়। আশ্চর্য বিষয় এই যে আচল বক্তৃতাৰ এটা কথাও অনুবাদত বাদ নপৰে।" এনে বিচক্ষণ বক্তা আৰু নেতাই আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব লৈ পাণ্ডু কংগ্ৰেছ মহাসভাৰ সকলাে কাম দক্ষতাৰে সম্পন্ন কৰা দেখি বহুতেই আশা কৰিছিল, তেওঁ সর্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি হ'বলৈ আৰু বেছি দূৰ নাই।\nকিন্তু সেই দূৰত্ব পােৱাৰ আগতেই কংগ্রেছৰ সৈতে ফুকনৰ মনােমালিন্য হ'ল। এই মনােমালিন্য হৈছিল এটা নীতিক কেন্দ্ৰ কৰি। ১৯২৯ চনত লাহােৰত অনুষ্ঠিত কংগ্ৰেছত (সভাপতি আছিল জৱাহৰলাল নেহৰু) ভাৰতৰ মূল লক্ষ্য পূর্ণ স্বাধীনতা' বুলি ঘােষণা কৰা হয়। তাৰ লগে লগে কংগ্ৰেছৰ পৰা নিদের্শ জাৰি কৰা হ'ল যে ভাৰতৰ জেনেৰেল এম্বেলিত যিসকল কংগ্ৰেছ সদস্যই প্রতিনিধিত্ব কৰি আছে, তেওঁলােকে ততালিকে সেই পদ ত্যাগ কৰিব লাগে। তৰুণৰাম ফুকনে কিন্তু এই নির্দেশ অমান্য কৰিলে। কাৰণ তেওঁ বুজিছিল যে ইংৰাজৰ সৈতে সমানকৈ বহি জেনেৰেল এছেম্বলিত বিভিন্ন দাবী জনালেহে ভাৰতে সােনকালে স্বাধীনতা পাব। তদুপৰি এই এছেম্বলিৰ সদস্যসকলে ৰাজনীতি আৰু গণতন্ত্রৰ বিষয়ে ইংৰাজ প্রশাসকৰ পৰা শিকিবলগীয়াও বহু কথা আছে। তেওঁ বুজিছিল যে নেতাসকলে ৰাজনীতি আৰু প্ৰশাসনৰ প্রকৃত জ্ঞান আৰু বিচক্ষণতা আয়ত্ব কৰিব নােৱাৰিলে এই দেশ স্বাধীন হলেও বিশেষ কামত নাহিব।\nফুকনৰ মনােভাৱ বুজিবলৈ তেতিয়া কংগ্রেছৰ সময় নাছিল। তেওঁ কংগ্ৰেছৰ পৰা ওলাই আহিল। অৱশ্যে তেওঁ বিতাৰিত হােৱাৰ নেপথ্যত যিটো নীতি আছিল, সেইনীতিক পুনৰ আঁকোৱালি ল'বলৈ কংগ্ৰেছৰ বেছিদিন নালাগিল। কংগ্রেছে পুনৰ জেনেৰেল এম্বেলিত যােগ দিয়াৰ কথা ঘােষণা কৰিলে। অৱশ্যে ফুকন পুনৰ কংগ্রেছলৈ উভতি নাহিল।\nৰাজনীতিৰ দৰেই সাহিত্যৰ ক্ষেত্ৰতাে তৰুণৰাম ফুকনৰ আছিল অবাধ বিচৰণ। আন এটি বিশেষত্ব এয়াই আছিল যে তেখেতৰ বঙালী, উৰিয়া, হিন্দী, সংস্কৃত, পাৰ্চী, উর্দু, ইংৰাজী আদি বহু ভাষা-সাহিত্যৰ যথেষ্ট জ্ঞান আছিল। দেশভক্ত ফুকনে অসহযােগ আন্দোলনত নেতৃত্ব দি কাৰবাস খাটিব লগা হােৱা সময়ছােৱাতাে প্রবন্ধকবিতা আদি লিখিছিল। প্রখ্যাত চিকাৰী ফুকনে চিকাৰ বিষয়ক লিখা বহু প্রবন্ধই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ 'স্তুতিমালা' কাব্যগ্রন্থই যথেষ্ট জনপ্রিয়তা পাইছিল। সর্বেশ্বৰ শৰ্মা কটকীয়ে ফুকনৰ বিষয়ে লিখিছে - "..ধুবুৰীত বহা সাহিত্য সন্মিলনীত দৈৱাৎ অসমীয়া আৰু বঙালী ভাষাৰ সম্বন্ধ লৈ এক বিষম সমস্যাৰ উদ্ভৱ হয় আৰু ডাঙৰ এটা সংঘর্ষ ঘটিবৰ উপক্রম হয়। সেই সভাত দেশভক্ত ফুকনে মাতৃভাষাৰ পৰিস্থিতি সম্পর্কে কেনে হৃদয়গ্রাহী, সময়ােপযােগী তেজোময়ী বক্তৃতাৰে দীপ্তিমান জন-মণ্ডলীক সাম্য কৰিছিল, তাক দেখােতাসকলে পাহৰিব নােৱাৰে, অসমীয়া ভাষাৰ প্ৰাণময়ী মূর্তি যেন ফুকনৰ মুখেদি প্রকাশিত হৈছিল।... তেওঁৰ অসমীয়া লিখাৰ নীতি সৰল আৰু ৰসময় আছিল; ভাষা প্রাঞ্জল\nআৰু শব্দযােজনা মধুৰ আছিল। তেওঁ ঠাই বুজি খুহুটীয়া কথাৰ অৱতাৰণা কৰি শ্রোতা-পাঠকৰ মনত হাস্যৰসৰ উদ্রেক কৰিব পাৰিছিল, গভীৰ ভাবৰ কথাত সংস্কৃত, উর্দু আদি উক্তি দিব পাৰিছিল। তেওঁ মহাকবি ছেক্সপীয়েৰৰ বিখ্যাত উক্তিবােৰ মুখস্থ মাতিব পাৰিছিল।"\nৰাজনীতি, ওকালতি, সাহিত্য চর্চা, চিকাৰ আদি যিয়েই নকৰক, সকলােতে ফুকনে শ্রেষ্ঠতম প্রতিভাৰ পৰিচয় দিছিল। বিলাসিতা আৰু ভ্ৰমণত তেওঁ আছিল আগৰণুৱা। আজি অত কাইলৈ ত'ত ঘূৰি ফুৰা ফুকনৰ স্বভাৱ আছিল। জীৱনত তেওঁ কেইবাবাৰাে বিলাতলৈ গৈছিল, ঠিক তেনেদৰে ঘূৰি ফুৰা বাহন মটৰ গাড়ীও সলাইছিল বাৰে বাৰে। পৰ্বতীয়া জনজাতীয় লােকসকলকো মুহিছিল তেওঁলােকৰ নিজৰ ভাষা বা দোৱানত ভাষণ দি। সকলাে জাতৰ, সকলাে ধৰ্মৰ মানুহৰ সৈতে তেওঁৰ আছিল হৃদয়ৰ সম্পর্ক।\nতৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশবন্ধু বুলি সন্মান দিছিল। ডেকা সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলত তৈয়াৰ কৰাতো তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণ ৰাম ফুকনৰ বিৰোধ চলি আহিছিল যদিও, দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ হুঁহকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক 'দেশভক্ত' উপাধিৰে বিভূষিত কৰা হয়।\nতৰুণ ৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজ পথত চাইকেল চলোৱা প্ৰথম গৰাকী অসমীয়া আছিল।\nফুকনৰ মৃত্যু আছিল অতি আকস্মিক। সামান্য পানী লগা অসুখত ভুগিছিল। ১৯৩৯ ২৮ জুলাইৰ আবেলি গা ধােৱা ঘৰত পিছলি তেওঁৰ হৃদক্রিয়া বন্ধ হয়। তেওঁৰ মৃতদেহ হেজাৰ হেজাৰ মানুহে শােভাযাত্রা কৰি কঢ়িয়াই নিছিল কামাখ্যা শ্মশানলৈ। দেশভক্ত ফুকনৰ আকস্মিক মৃত্যুৰ বাতবিত ড°ৰাজেন্দ্র প্রসাদে মর্মাহত হৈ লিখিছিল - "ফুকনৰ মৃত্যুৰ বাতৰি পাই মর্মাহত হৈছাে। সেই তাহানিৰ অসহযােগ আন্দোলনৰ দিনৰ পৰা তেওঁক জানিবলৈ সুযােগ পাইছিলাে। তেওঁ এজন সাহসী আৰু সুনিপুণ যােদ্ধা আছিল। দেশৰ কাৰণে বিস্তৰ ত্যাগ কৰিছিল। যদিও শেহৰ কালডােখৰত সহকৰ্মীসকলৰ লগত মত-বিৰােধ হৈ অকলশৰীয়াকৈ জীৱন-যাপন কৰিছিল, তথাপি দেশকর্মী আৰু প্রসিদ্ধ নেতা হিচাপে তেওঁৰ স্থান অকণাে কমা নাছিল। এই সন্ধিক্ষণত তেওঁৰ মৃত্যু এটা ডাঙৰ ক্ষতি।"\nনীতি-আদৰ্শৰ ক্ষেত্ৰত কাহানিও আপােচ নকৰা, ৰাইজক মন্ত্রমুগ্ধ কৰা বাগ্মী পুৰুষ ফুকনে ইচ্ছা কৰা হলে বহু সুবিধা ভােগৰ সুযােগ পালেহেঁতেন। কিন্তু সেয়া নকৰিলে, কাৰণ তেওঁ বুজিছিল যে জীৱনৰ মহত্ত্ব সেইখিনিতে, য'ত থাকে ত্যাগৰ মানসিকতা। সচৰাচৰ অৰ্থত তেওঁ 'ভােগী' হলেও তেওঁৰ তেজত আছিল যােগী'ৰ চৰিত্ৰ। সেইবাবেই তেওঁ মহৎ।
স্বনিয়োজনৰ বাবে মীনপোনা প্ৰতিপালন : স্বনিয়োজনৰ বাবে মীনপোনা প্ৰতিপালন : ৫) এডভান্সড ফিংগাৰলিংঃ ১০০-১৫০ মিলিমিটাৰ। সাধাৰণতে স্পন, ফ্ৰাই আৰু ফিংগাৰলিং- এই তিনি অৱস্থাত পোনা বিপণন কৰা হয়। স্প'নৰ পৰা ফিংগাৰলিঙলৈ মাছপোনাৰ বৃদ্ধি প্ৰযুক্তি এক অতি সংবেদনশীল কৌশল। এই কৌশল বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা নাৰ্ছাৰী পুখুৰীত ১৫ দিনৰ বাবে স্প'ন প্ৰতিপালন কৰি 'ফ্ৰাই' উৎপাদন কৰা হয়। 'ফ্ৰাই' খিনি ৰিয়েৰিং পুখুৰীত ১-৩ মাহ পালন কৰি 'ফিংগাৰলিঙ' লৈ বৃদ্ধি কৰা হয়। প্ৰজনন পামৰ ওচৰত মাছৰ পোনা ডাঙৰ কৰাৰ বাবে সবাতোকৈ উৎকৃষ্ট স্থান যদিও পোনাৰ চাহিদা থকা আৰু পুখুৰীৰ নিৰ্মাণৰ বাবে উপযুক্ত অন্য ঠায়ো এনে উদ্যোগৰ বাবে নিৰ্বাচন কৰা হয়। অৱশ্যে প্ৰজনন পামৰ পৰা কম দুৰত্বৰ পামৰ কাৰিকৰী পৰিচালনা বেছি সুচল। ক) পুখুৰীঃ নাৰ্ছাৰী পুখুৰী (০.০১-১.০৫ হেক্টৰ), ৬-১০ টা ; ৰিয়েৰিং পুখুৰী (০.০৫-০.১ হেক্টৰ) ১০ টা । নাৰ্ছাৰী পুখুৰীৰ গভীৰতা ১.০-১.৫ মিটাৰ (৩-৫ ফুট)আৰু ৰিয়েৰিং পুখুৰীৰ গভীৰতা ১.৫-২ মিটাৰ (৫-৭ ফুট) হ'ব লাগে। খৰালি সম্পুৰ্ণ শুকাই থকা পুখুৰী বেছি উপযোগী। খ) স্প'ন বা ভ্ৰুণ পোনাঃ পামৰ আকাৰ অনুযায়ী স্প'নৰ সংখ্যা নিৰ্দ্ধাৰণ কৰি ল'ব লাগে। ০.০১ হেক্টৰ পানীকালিৰ দহটা নাৰ্ছাৰী আৰু ০.০৫ হেক্টৰ পানীকালিৰ চাৰিটা ৰিয়েৰিং পুখুৰী থকা পাম এখনৰ বাবে বছৰত কমেও ১২ লাখ স্প'নৰ আৱশ্যক। গ) জালঃ ফ্ৰাই ধৰা জাল এখন, ফিংগাৰলিং ধৰা জাল এখন। ঘ) আনুষংগিক সা-সঁজুলিঃ স্প'ন জোখা বাটি, বাল্টি, মগ, অক্সিজেন চিলিণ্ডাৰ , পলিথিনৰ মোনা, ৰছী ইত্যাদি। ডাঙৰ পামৰ ক্ষেত্ৰত পোনা পৰিবহনৰ গাড়ী আৰু গাড়ীত পানী ভৰোৱাৰ বাবে সুবিধা থকা আৱশ্যক। ১) বাহু বা ভকুৱাঃ এইবিধ মাছৰ পোনাৰ মুৰটো ডাঙৰ। গাত কোনো স্পষ্ট দাগ নাই। ওঁঠ মঙহাল, কিন্তু কোঁচ খোৱা বিধৰ নহয়। দাঢ়ি নাথাকে। তলৰ হনুটো ওপৰতকৈ ঈষৎ আগবঢ়া হয়। পৃষ্ঠীয়, পায়ু আৰু পুচ্ছ পাখি মটীয়া ৰঙৰ। ২) ৰৌঃ এইবিধ মাছৰ পোনাৰ পুচ্ছ বৃন্তত এটা ক'লা পটি থাকে। পৃষ্ঠীয়, বৃক্ষীয় আৰু পুচ্ছ পাখি ৰঙচুৱা। দুযোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দাঢ়ি আছে। মুৰৰ ৰং পিঠিৰ ফালে কমলা ৰঙৰ আৰু তল ফালে সেউজীয়া হয়। ৩) মিৰিকাঃ এইবিধ মাছৰ পোনাৰ পুচ্ছবৃন্তত এটা উলম্ব চতুষ্কোণী ফেটি আছে। দেহত দীঘে দীঘে কিছু অস্পষ্ট দাগ দেখিবলৈ পোৱা যায়। এযোৰ ক্ষুদ্ৰ দাঢ়ি আছে আৰু পুচ্ছ পাখিৰ তলফালে সেন্দুৰীয়া আভা দেখা যায়। ৪) কুঢ়িঃ বাকলিত থকা ক'লা চিনৰ বাবে দেহত দীঘে দীঘে কিছুমান দাগ দেখা যায়। ওঁঠ কোঁচ খোৱা। ৫) ক'লীয়াজাৰ বা মালিঃ এইবিধ মাছৰ পোনাৰ দেহৰ বৰণ ক'লা। ওঁঠ কোঁচ খোৱা। এই অৱস্থাত পৃষ্ঠীয় আৰু পুচ্ছ পাখিৰ অগ্ৰাংশ ঈষৎ ৰঙা আৰু ডাঙৰ হোৱাৰ লগে লগে ক'লা হয়। ৬) ভাঙনঃ এইবিধ মাছৰ পোনাৰ পুচ্ছবৃন্তত এটা উজ্জ্বল অৰ্দ্ধঘুৰণীয়া ফোট থাকে। পাৰ্শ্বৰেখাৰ ওপৰৰ পঞ্চম আৰু ষষ্ঠ শাৰী বাকলিত ক'লা দাগ আছে। ওঁঠ কোঁচ খোৱা নহয় আৰু দাঢ়িও স্পষ্ট নহয়। পুচ্ছ পাখিৰ দুটা অংশ সামান্য হালধীয়া ৰঙৰ। ৭) ছিলভাৰ কাৰ্পঃ মুৰটো সৰু। দেহ প্ৰায় আয়তাকাৰ আৰু চেপেটা। গাৰ ৰং ৰুপালী আৰু পিঠি সামান্য মটীয়া বৰণৰ। ৮) গ্ৰাছকাৰ্পঃ দেহ দীঘলীয়া । মুৰ বহল। গাৰ ৰং সেউজ আভাযুক্ত মটীয়া আৰু সোণালী ৰঙৰ। (অৰ্থাৎ ভ্ৰুণ পোনাৰপৰা ফ্ৰাইপোনালৈ বৃদ্ধি) সংমিশ্ৰিত মীন পালন প্ৰযুক্তিৰ দৰে পুখুৰীৰ বেদিকাত গেদ অপসাৰণ, অপতৃণ নিবাৰণ আৰু অপকাৰী মাছ আদি নিৰ্মুল কৰি পানীৰ পি এইচ অনুযায়ী তলীত চুণ আৰু সাৰ প্ৰয়োগ কৰা হয়। পুৰণি পুখুৰীৰ ক্ষেত্ৰত যদি পুখুৰীটোত জলজ অপতৃণ থাকে, তেন্তে সেই অপতৃণবোৰ সম্পুৰ্ণ পৰিষ্কাৰ কৰি ল'ব লাগে। অপতৃণসমুহে পানীত সুৰ্যৰ পোহৰ বিচ্ছুৰিত হোৱাত বাধা দিয়ে, মাছ ধৰাত অসুবিধাৰ সৃষ্টি কৰে আৰু পানীৰ ভৌত- ৰাসায়নিক গুণসমুহৰ ভাৰসাম্য নাইকিয়া কৰে। পানী সিঁচা সম্ভৱ হ'লে পানীখিনি সিঁচি তাত থকা মাংসাশী মাছ, যেনে- বৰালি, চিতল, আঁৰি, কান্ধুলি অৰু পালনৰ বাবে অবাঞ্চিত মাছ, যেনে- গৰৈ, পুঠি, মোৱা, খলিহনা আদি মাছ সম্পুৰ্ণভাৱে আঁতৰাই পেলাব লাগে। যদি পানী সিঁচি পেলোৱাটো সম্ভৱ নহয়, তেন্তে প্ৰতি বিঘা পানীকালিত ১০০ মিলিলিটাৰ ক্লিনাৰ নামৰ ঔষধটো প্ৰয়োগ কৰিব পাৰি। এই দৰববিধ প্ৰয়োগ কৰাৰ ১০ দিন পিছত পুখুৰীটো মাছপোনা মেলাৰ বাবে উপযুক্ত হয়। যদি নতুন পুখুৰী হয় অথবা পুৰণি পুখুৰী ইতিমধ্যে সিঁচি পেলোৱা হৈছে, তেন্তে তলিখন হাল বাই কোমল কৰি লোৱাৰ লগতে পাৰত উন্নত প্ৰজাতিৰ ঘাঁহ, যেনে-পাৰা, গিনি, নেপিয়াৰ আদি ৰোপণ কৰিব লাগে। পুখুৰীৰ পাৰত ৰোৱা ঘাঁহে পাৰটো খহি যোৱাৰ পৰা ৰক্ষা কৰে। পোনা মেলাৰ আগেয়ে পুখুৰীত প্ৰতিবিঘা পানীকালিত ২৫ কিলোগ্ৰাম চুণ প্ৰয়োগ কৰিব লাগে। সাধাৰণতে মাটিৰ পি এইচ মানৰ ওপৰত চুণৰ নিৰিখ নিৰ্দ্ধাৰণ কৰা হয় যদিও ৰাজ্যখনৰ মাটি আৰু পানীৰ আম্লিক গুণাগুণৰ ওপৰত ভিত্তি কৰি গড় হিচাপত উল্লিখিত পৰিমাণৰ চুণ প্ৰয়োগ কৰাটো মাছ পালনৰ দিশত ফলপ্ৰসু হিচাপে পৰিগণিত হৈছে। শুকান পুখুৰীত চুণ ছটিয়াই দিব লাগে আৰু পানীত প্ৰয়োগ কৰিলে এটা পাত্ৰত চুণখিনি গুলি গলিত চুণ পুৱা পুখুৰীৰ পানীত ছটিয়াই দিব লাগে। চুণ প্ৰয়োগ কৰাৰ সাতদিন পিছত প্ৰতি বিঘা পানীকালিৰ পুখুৰীত জৈৱিক সাৰ হিচাপে ১০০০ কিলোগ্ৰাম গৰুৰ কেঁচা গোবৰ প্ৰয়োগ কৰা হয়। গৰুৰ কেঁচা গোবৰত ০.১ শতাংশ ফছফৰাছ আৰু ০.৫ শতাংশ পটাছ থাকে, যিয়ে পুখুৰীত মাছৰ প্ৰাকৃতিক খাদ্যপ্লৱক উৎপাদনত সহায় কৰে। গোবৰ প্ৰয়োগৰ ১০-১৫ দিন পিছত ৰাসায়নিক সাৰ ইউৰিয়া ৪.০ কিলোগ্ৰাম আৰু ছিংগল ছুপাৰ ফছফেট ৩.০ কিলোগ্ৰাম প্ৰয়োগ কৰা হয়। চুণ আৰু সাৰ প্ৰয়োগৰ পিছত পুখুৰীত যেতিয়া পাতল সেউজীয়া চামনি পৰে আৰু পুখুৰীত অন্ততঃ তিনি ফুটমান পানী হয় তেতিয়া পোনা মেলাৰ উপযোগী হয়। নাৰ্ছাৰী পুখুৰীত পোনা মেলাৰ আগেয়ে ল'বলগীয়া আন এটা প্ৰধান ব্যৱস্থা হ'ল পুখুৰীত ইতিমধ্যে সৃষ্টি হোৱা কীট-পতংগ নাশ কৰা। বেছিভাগ জলজ কীটে ভ্ৰুণ পোনাবোৰ খাই পেলায় নতুবা তেজ শুহি লয়। তদুপৰি ইহঁতে খাদ্যৰ বাবে পোনাৰ লগত প্ৰতিযোগিতা নামে। প্ৰতি কঠা পানীকালিৰ নাৰ্ছাৰী পুখুৰীত ৫০০ গ্ৰাম কাপোৰ ধোৱা চাবোন আৰু ১.৫ লিটাৰ বনস্পতি তেল ভালদৰে মিহলাই অলপ তাপ দি পুখুৰীৰ উপৰি ভাগত ভালদৰে ছটিয়াই দিব লাগে। যিহেতু কীট-পত্ংগবোৰে বায়ুমণ্ডলৰ পৰা অক্সিজেন সংগ্ৰহ কৰাত এই মিশ্ৰণটোৱে বাধা দিয়ে, সেয়েহে পুখুৰীত ইতিমধ্যে সৃষ্টি হোৱা পোক-পৰুৱাসমুহ মৰি যায়। বতাহ নথকা দিনত আৰু পোনা মেলাৰ ১২ ঘণ্টা আগেয়ে এই মিশ্ৰণ ছটিয়ালে অধিক ফলপ্ৰসু হয়। পোনা মেলাৰ সময়ঃ যদি মীনাপোনা উৎপাদন কৰা হেচ্চাৰীৰপৰা নাৰ্ছাৰী পুখুৰীটো দুৰত হয়, তেন্তে পোনাবোৰ অক্সিজেনযুক্ত পলিথিন বেগৰ সহায়ত কঢ়িয়াব লাগে। পলিথিন বেগবোৰ নোখোলাকৈ নাৰ্ছাৰী পুখুৰীত কিছু সময়ৰ বাবে ওপঙাই ৰাখিব লাগে। যদি পলিথিন বেগৰ পানীৰ উষ্ণতা আৰু নাৰ্ছাৰী পুখুৰীৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য ৫ ডিগ্ৰী ছেলছিয়াছ বা ততোধিক হয়, তেন্তে পোনাৰ মৃত্যুৰ হাৰ অধিক হয়। পোনাবোৰ পুৱাৰ ভাগত আৰু প্ৰতি কঠা পানীকালিৰ বাবে ৭৫,০০০-৯০,০০০ টা ভ্ৰুণ পোনামেলা উচিত। পোনা মেলাৰ পিছতঃ নাৰ্ছাৰী পুখুৰীত পোনা মেলৰ পিছত পৰিপুৰক খাদ্য হিচাপে চাউলৰ মল আৰু সৰিয়হৰ খলি হৈ ১ঃ১ অনুপাতত মিহলাই কিছু পৰিমাণে শুকান মাছৰ গুড়িসহ প্ৰয়োগ কৰিব লাগে। এগ্ৰিমিন নামৰ ভিটামিন মিশ্ৰণ খাদ্যৰ লগত মিহলাই দিলে ভাল ফল পোৱা যায়। খাদ্যখিনি গুড়ি কৰি ছটিয়াই দিব লাগে। নাৰ্ছাৰী পুখুৰীত দিবলগীয়া খাদ্যৰ পৰিমাণঃ এক কঠা জলকালিৰ পুখুৰীৰ বাবে ১-৫ দিনলৈ -প্ৰতিদিনে ০.৫ কিলোগ্ৰাম; ৬-১২ দিনলৈ প্ৰতিদিনে ১.০ কিলোগ্ৰাম; ১৩ দিন-খাদ্য দিয়া নহয়, ১৪ দিন-মীনপোনাবোৰ ধৰা হয়। এনেদৰে নাৰ্ছাৰী পুখুৰীত প্ৰতিপালন কৰা পোনাবোৰক ফ্ৰাই পোনা বোলা হয়। এইবোৰৰ দৈৰ্ঘ্য প্ৰায় ২.৫-৪.০ ছেণ্টিমিটাৰ। এবছৰত একোটা নাৰ্ছাৰী পুখুৰীত তিনি-চাৰিবাৰ ফ্ৰাই পোনা উৎপাদন কৰিব পাৰি। উৎপাদনঃ প্ৰায় ৪০ শতাংশ ভ্ৰুণ পোনাৰ মৃত্যু হোৱা বুলি ধৰিলেও প্ৰতি কঠাৰ নাৰ্ছাৰী । পুখুৰী একোটাত পোনা উৎপাদন প্ৰায় ৫০,০০০ টা। প্ৰতি হাজাৰ ফ্ৰাই পোনাখিনি বিক্ৰী মুল্য ২০০ টকা হ'লেও উৎপাদিত ফ্ৰাই পোনাখিনিৰ মুল্য ১০,০০০ টকা। গতিকে এক কঠাৰ নাৰ্ছাৰী পুখুৰী এটাত এবাৰত পোনা প্ৰতিপালন কৰি অতি কমেও লাভ হ'ব প্ৰায় ৭,০০০ টকা। এবছৰত একোটা নাৰ্ছাৰী পুখুৰীত চাৰিবাৰ ফ্ৰাই পোনা উৎপাদন কৰিব পাৰি। *ভ্ৰুণ পোনাসমুহ উন্নত মানৰ হোৱাটো নিশ্চিত হ'ব লাগে। *সেই অঞ্চলত ফ্ৰাই মীনপোনা বিক্ৰীৰ নিশ্চয়তা থাকিব লাগিব। *পোনাসমুহ যিমান আগতীয়াকৈ পাৰি প্ৰতিপালন কৰিলে অধিক লাভৱান হ'ব পাৰি। অন্যথা পোনাৰ চাহিদা ক্ৰমান্বয়ে নাইকিয়া হ'ব আৰু বজাৰমুল্য কমি যায়। *সকলো প্ৰজাতিৰ মাছৰ বজাৰ মুল্য একে নহয়। গতিকে প্ৰজাতি ভেদে মাছপোনা প্ৰতিপালন কৰা উচিত। ফ্ৰাই পোনাসমুহ যথেষ্ট সৰু হোৱা বাবে ভঁৰাল পুখুৰীত মেলিব পৰা নাযায়। সেইবাবে এই ফ্ৰাইপোনাবোৰক আকৌ ৰিয়েৰি পুখুৰীত ৪৫-৬০ দিনৰ ববএ পালন কৰা হয়। ৰিয়েৰিং পুখুৰীত পালন কৰাৰ পিছত ফ্ৰাইবোৰক দৈৰ্ঘ্য যেতিয়া প্ৰায় ৪.০-১০.০ ছেণ্টিমিটাৰ হয়, তেতিয়া সিহঁতক ফিংগাৰলিং বুলি কোৱা হয় আৰু সেই পোনা মাছখিনিহে ভঁৰাল পুখুৰীৰ বাবে উপযুক্ত । ৰিয়েৰিং পুখুৰী আয়তাকাৰ, ৰ'দঘাই অঞ্চলত আৰু প্ৰায় দুই-আঢ়ৈ কঠা কালিৰ হ'ব লাগে। গভীৰতা ১.৫- ২.০ মিটাৰলৈকে হ'ব লাগে। পুখুৰীটো খৰালি শুকুৱাই লৈ তলিত চুণ প্ৰয়োগ কৰিব লাগে (নাৰ্ছাৰী পুখুৰীত উল্লেখ কৰা পৰিমাণত)। পোনা মেলাৰ দুসপ্তাহ আগেয়ে দুই কঠাৰ পুখুৰীৰ বাবে ১২০ কিলোগ্ৰাম কেঁচা গোবৰ দিব লাগে আৰু প্ৰতি মাহে সমহাৰত গোবৰ প্ৰয়োগ কৰিব লাগে। তদুপৰি দুকণ্ঠাৰ পুখুৰীত ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেট ৫ কিলোগ্ৰামকৈ পোনা মেলাৰ কেইদিনমান আগেয়ে দিব লাগে আৰু একে হাৰত আৰু দুবাৰকৈ প্ৰতি মাহে দিব লাগে। প্ৰতি দুকঠা পানীকালিৰ ৰিয়েৰিং পুখুৰীৰ বাবে ১০,০০০ টা ফ্ৰাই পোনা মেলিব পাৰি। ৰৌ, ভকুৱা আৰু মিৰিকা মাছৰ পৰিমাণ ক্ৰমে ৪,০০০ টা, ৩,০০০ টা আৰু ৩,০০০ টা হোৱা উচিত। দ্বিতীয় মাহঃ প্ৰতিদিনে ১.০ কিলোগ্ৰামকৈ। বতৰৰ ডাৱৰীয়া হ'লে বা পুখুৰীৰ উপৰিভাগত শেলাইৰ চামনি দেখা দিলে খাদ্য প্ৰয়োগ নকৰাই ভাল। গ্ৰাছকাৰ্পৰ ববএ কোমল ঘাঁহ, কলপাত আদি যোগান ধৰিব লাগে। একোটা ৰিয়েৰিং পুখুৰীত বছৰেকত দুবাৰ পোনা প্ৰতিপালন কৰিব পাৰি আৰু পৰৱৰ্তী সময়ত একেটা পুখুৰীতে বছৰেকীয়া পোনা (Carried Over Seed) উৎপাদন কৰিব পাৰি। সংমিশ্ৰিত পদ্ধতিত ৬-৭ বিধ কাৰ্পৰ ফ্ৰাই একেলগে পালন কৰিব পৰা হয় যদিও ফিংগাৰলিং উৎপাদনৰ বাবে সকলো প্ৰজাতি একেলগে ৰাখিব নালাগে। বিজ্ঞানসন্মত ফ্ৰাই সংমিশ্ৰণ কৰাৰ অনুপাত তালিকা-১ দিয়া হ'ল। মীনপোনা (ফ্ৰাই) উৎপাদনঃ ১০ শতাংশ ফ্ৰাই পোনাৰ মৃত্যু হ'ব বুলি ধৰিলেও মুঠ ফ্ৰাই পোনা উৎপাদন হ'ব প্ৰায় ৯,০০০ টা। প্ৰতিটো পোনাৰ বিক্ৰীমুল্য দুটকা ধৰিলেও উত্য্পাদিত ফিংগাৰলিংখিনিৰ বিক্ৰী মুল্য হ'ব ১৮,০০০ টকা। গতিকে প্ৰতি দুকঠাৰ ৰিয়েৰিং পুখুৰীৰপৰা এবাৰত লাভ হয় ১২,০০০ টকা আৰু বছৰেকত দুবাৰ পোনা প্ৰতিপালন কৰিলে মুঠ লাভ হয় ২৪,০০০ টকা। গতিকে ৰিয়েৰিং পুখুৰীৰ সংখ্যা বঢ়াই মীনপালকজন অধিক লাভৱান হ'ব পাৰে। *মাছ পোনাসমুহ উন্নত মানৰ হোৱাটো বাঞ্চনীয়। *নাৰ্ছাৰী পুখুৰীৰ ওচৰত ৰিয়েৰিং পুখুৰী থাকিলে বেছি সুবিধাজনক। *আগতীয়া পোনাৰ চাহিদা আৰু বজাৰ মুল্য বেছি বাবে যথাসম্ভৱ সোনকালে পোনা প্ৰতিপালন ব্যৱস্থা কৰিব লাগে। *এইক্ষেত্ৰত মীনপালকজন প্ৰশিক্ষণপ্ৰাপ্ত হ'লে ভাল। বৰ্তমান যিহেতু পোনা উৎপাদন তথা মীন পালন কৰ্মপঞ্জী আৰম্ভ কৰাৰ সময়, সেয়েহে পোনা প্ৰতিপালন কৰি কৰ্মত অগ্ৰসৰ হোৱাৰ সময় সমাগত। এই সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে ৯৪৩৫৩০৯৫৬৮ নম্বৰত যোগাযোগ কৰিব পাৰে। লেখকঃ ড° ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম) Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
মহাভাৰত (ইংৰাজীঃ Mahabharat) : ১৯৮৮ চনৰ ২ অক্টোবৰৰ পৰা ১৯৯০ চনৰ ২৪ জুনলৈ ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে প্ৰচাৰ কৰা এখন পৌৰাণিক ধাৰাবাহিক।[1][2] ধাৰাবাহিকখনৰ মুঠ খণ্ডৰ সংখ্যা আছিল ৯৪ টা।[3] বেদব্যাসৰ মহাভাৰতৰ আধাৰত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ নিৰ্মাণকৰ্তা আৰু প্ৰযোজক আছিল বি. আৰ. চোপ্ৰা, লেখক পণ্ডিত নৰেন্দ্ৰ শৰ্মা আৰু ৰাহি মৌচম ৰাজা, পৰিচালক ৰবি চোপ্ৰা আৰু বি. আৰ. চোপ্ৰা।
আজি সংবিধান দিৱস। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখন Constituent Assembly of India ই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ সোঁৱৰণত এই দিৱসটো পালন কৰা হয়। ২০১৫ চনৰ আজিৰ তাৰিখতে এই দিনটোক সংবিধান দিৱস বা constitution day হিচাপে পালন কৰাৰ সংকল্পৰ কথা ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ সংবিধানখন ১৯৪৯ চনৰ ২৬ নম্বৱেৰত গ্ৰহণ কৰাৰ দুমাহৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰিৰ পৰা ইয়াক কাৰ্য্যকৰী কৰা হয়। আনহাতে আজিৰ এটা টুইটত পূব গুৱাহাটী বিধান সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবিধান দিৱসত ড০ বাবাচাহেব আম্বেদকাৰলৈ গভীৰ শ্ৰদ্ধা জনোৱা বুলি কয়, যিজনে আধুনিক ভাৰত নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । বৃহস্পতিবাৰে বায়ুসেনাৰ এক বিশেষ কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি গৰাকীয়ে বিশেষ বিমানেৰে বিয়লি প্ৰায় ৩.২৫ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিজনক বিমানবন্দৰত আদৰণি জনাবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখীৰ লগতে ৰাজ্য প্ৰশাসন, আৰক্ষী আৰু সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব। বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰপতি গৰাকীয়ে পোনে পোনে ৰাজভৱনলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে বৰঝাৰত বায়ুসেনা বাহিনীয়ে বিভিন্ন কাৰ্যকলাপৰ লগতে ১১৮খন হেলিকপ্টাৰৰ এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰিছে আৰু সেই অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় বায়ুসেনা বাহিনী। আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দুদিনীয়া ভ্ৰমণসূচীৰ সময়ত যাতে নিৰাপত্তাৰ দিশটোত কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। মহানগৰৰ বিভিন্ন স্থানত ন' পাৰ্কিং ঘোষণা কৰাৰ লগতে দুদিনৰ বাবে ৩২ আৰু ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
টোকাৰী, ঢোল, ঢেপা ঢুলীয়া - Vikaspedia\nটোকাৰী ততবাদ্যৰ অন্তৰ্ভুক্ত। পুৰণি অসমীয়া সাহিত্যত টোকাৰীৰ প্ৰয়োগ মন কৰিবলগীয়া - 'টোকাৰী কেন্দৰা ৰুদ্ৰ বিপঞ্চি দোতাৰা বাজে বীণা বাঁশী দোশৰি মোহৰি'। (মাধব কন্দলি) টোকাৰীৰ গ্ৰাম্য তাঙৰণ হ'ল - লাও-টোকাৰী। ঘূৰণীয়া লাওৰ টোকোৰা এটাত ফলাবাঁহ এডোখৰ বান্ধি লৈ তাত তাঁৰ এডাল সংযোগ কৰিলেই হৈ পৰে অসমীয়া লাও-টোকাৰী। সাধাৰণ টোকাৰীত লাও খোলৰ পৰিৱৰ্তে কাঠেৰে সজা খোল ব্যৱহাৰ কৰা হয়। টোকাৰী বা লাও-টোকাৰীত লগোৱা বাঁহ টুকুৰাৰ এটা মূৰত তাঁৰ ডাল লগাবলৈ এটি খুটি থাকে। এই খুটিটো পকাই ইচ্ছামতে তাঁৰ ডাল টান বা ঢিলা কৰি গায়কৰ সুৰৰ সৈতে মিলাই ল'ব পাৰি। গায়েকে হাতেৰে বাদ্যটো ধৰি হাতৰ এটা আঙুলিৰে(তৰ্জনী) তাঁৰত আঘাত কৰি গীতৰ ছন্দৰ সৈতে খাপ খোৱাকৈ সুন্দৰ সুৰৰ গুঞ্জন তুলিব পাৰে। দেহ বিচাৰ, ভকতীয়া বাপাৰমাৰ্থিক গীতত টোকাৰী অথবা লাও-টোকাৰী সংগত কৰা হয়।\nদৰঙী লোক কৃষ্টিৰ এপদ অন্যতম সম্পদ হ'ল - ঢেপা ঢুলীয়া। জনজাতীয় কৃষ্টিৰ আধাৰত গঢ় লোৱা এইবিধ সম্পদে দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত এক স্বকীয় ৰূপত আত্মপ্ৰকাশ কৰাৰ সুযোগ পায়। এটা কালত দৰঙৰ বিবাহ, চুড়াকৰণ, উপনয়ন, বৃক্ষ আৰু পুষ্কৰিণী প্ৰতিষ্ঠা আদিত ঢেপা ঢুলীয়া দল আছিল অপৰিহাৰ্য অংগ। ঢেপাঢোলৰ বিষয়ে আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী ডাঙৰীয়াই মঙলদৈ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থত 'দৰঙীয়া লোক সংগীতত ঢেপা ঢুলীয়া' শীৰ্ষক আলোকসন্ধানী নিবন্ধত এটি প্ৰণালীবদ্ধ আলোচনা আগবঢ়াইছিল। বৰ্তমানৰ চমু লেখাটি উক্ত নিবন্ধৰ আধাৰত যুগুতোৱা হ'ল। ঢেপাঢোল দীঘলে প্ৰায় দুহাত আৰু দুয়োটা মূৰ ক্ৰমশঃ সৰু। সোঁহাতৰ মূৰটোৰ বেৰ প্ৰায় দুহাত, বাওঁহাতৰ মূৰটোৰ বেৰ এহাতৰ ওপৰ। ইয়াৰ দুয়োমূৰ একাধিক তৰপ ছাগলীৰ ছালেৰে ছোৱাটো উল্লেখযোগ্য। সোঁমূৰৰ ওপৰৰ তৰপ ছোৱনিত এতা সৰু ফুটা ৰখা দৰকাৰ। মাজে মাজে সেই ফুটাৰ মাজেদি পানী সোমাই দিয়াৰ ফলত ছোৱনিৰ তৰপবোৰ সেমেকি উঠে আৰু বজালে তাৰ শব্দ হয় মেঘৰ গাজনিৰ দৰে গুৰু-গম্ভীৰ। সোঁহাতৰ তালীখন বাঁহৰ বেকা মাৰিৰে আৰু বাওঁহাতৰ তালীখন হাতেৰে বজোৱা হয়। এই ঢুলীয়াৰ দল এটাত সাধাৰণতে দুজন ঢুলীয়া আৰু তালুৱৈ থাকে চাৰি বা ছজন। ঢুলীয়া দুজনৰ এজন ঘাই আৰু আনজন হ'ল পালি। আগ তালুৱৈ দুজন, পাছ তালুৱৈ দুই বা চাৰিজন। দৰা আৰু কইনা দুয়োঘৰে ঢেপা ঢুলীয়া আমন্ত্ৰণ কৰি আনিলে কন্যা ঘৰত ৰাতি দুয়ো দলৰ কলা-কৌশল প্ৰদৰ্শনত অৰিয়া-অৰি বা বাদ লাগে। ইয়াকে কোৱা হয় ঢুলীয়াৰ যুঁজ। যুঁজত অৱতীৰ্ণ হোৱা প্ৰথম দলে এটা গান, এটা বাদী(বাজনা) আৰু এটা নাচোন দি সামৰণি মৰাৰ লগে লগে দ্বিতীয়টো দলে প্ৰথম দলৰ গান, বাদী আৰু নাচোনৰ উত্তৰ দিয়ে। এনেদৰে শেষ নিশালৈ যুঁজ চলি থাকে - উপভোগ্য ৰূপত। অৱশেষত ৰাইজৰ বিজ্ঞজনে বিচাৰকৰ ভূমিকা লৈ বিজয়ী দলটোলৈ পুৰস্কাৰ আগবঢ়ায়। ঢেপা ঢুলীয়াই ব্যৱহাৰ কৰা বিভিন্ন বাদী সমূহৰ ভিতৰত কাণ কটা বাদী, খৰবাদী, খেদা বাদী, খুন্দা বাদী, গল মুচৰা বাদী, গোৰ বাদী, দেৱবাদী, নামকটা বাদী, নিন্দাবাদী, পাতালবাদী আদি প্ৰধান। এওঁলোকে প্ৰদৰ্শন কৰা নাচবোৰৰ ভিতৰত খুটি নাচন, গড়িয়া নাচন আৰু সৰকি নাচন বিখ্যাত। ইয়াৰ উপৰি উঘা ঘূৰণি, চকোৱা পাক, তমাল মুচৰা, নেউল বুলনি, বোৱনী, ভেকুলী, ৰোৱনী আৰু শিয়াল ভুমুকি নাচো আছে। আগেয়ে ঢেপা ঢুলীয়া দলৰ ঢুলীয়া আৰু তালুৱৈ - উভয়ে দীঘল চুলি ৰাখিছিল। গায়নজনৰ হাতত খাৰু, কাণত কাণ ফুল, মুখত গড়িয়া পাৰা দুবাপাৰা) আৰু আঠুমূৰীয়া চুৰিয়া-গামোচাই শোভা পায়। সংগীত প্ৰদৰ্শনৰ কালত দুয়োজন ঢুলীয়াই একাধিক ৰঙৰ কাপোৰেৰে চিলোৱা, ঘূৰিলে জাপিৰ দৰে বহল হোৱা জামা দুটা পিন্ধি লয়। তালুৱৈ সকলে মূৰত গামোচা মাৰে। পৰিবেশ্য কলাকাৰ ৰূপে দৰঙৰ ঢেপা ঢুলীয়াৰ স্থান যে বিশিষ্ট তাক দোহাৰিবৰ আৱশ্যক নাই।\nভাৰতীয় সংগীত শাস্ত্ৰত চৰ্ম আবৃত বাদ্য যন্ত্ৰক অৱনদ্ধ অৰ্থাৎ আবৃত বাদ্য কোৱা হয়। আদিম অৱস্থাত গছ এডাল কাটি টুকুৰা কৰি লৈ তাৰ মাজ ভাগ ফোঁপোলা কৰাৰ পিছত তাৰ দুয়োটা মূৰ চামৰাৰে ঢাকি ঢোল নিৰ্মাণ কৰা হৈছিল। সমগ্ৰ পৃথিৱীতে বিভিন্ন আকাৰৰ ঢোলৰ প্ৰচলন আছে। বৰ অসমৰ বিভিন্ন জাতি আৰু ধৰ্ম সম্প্ৰদায়ে আনন্দ-উৎসৱ আৰু আনুষংগিক আন কামত ঢোলৰ ব্যৱহাৰ কৰা দেখা যায়। অসমত সাধাৰণতে আম, কঁঠাল, চাম প্ৰভৃতি গছৰ পৰা ঢোল সাজি উলিয়ায়। বিহুগীতত আছে 'এটা আমৰে এটা চামৰে বাঁহৰ মাৰি সাজি বাওঁ'। অসমৰ কাৰ্বিসকলে ঢোলক বোলে চেং। ইয়াক ছাগলীৰ ছালেৰে ছোৱা হয়। গৰুৰ ছাল তেওঁলোকে ব্যৱহাৰ নকৰে। ঢোল বোৱা মাৰি ডাল সৰু। বড়োসকলৰ ঢোল খাম ৰূপে পৰিচিত। আকাৰত ই যথেষ্ট ডাঙৰ-দীঘল। গাৰোসকলৰ ঢোলো যথেষ্ট দীঘল। তাক হাতেৰে বজায়। তিৱা সকলৰ বিভিন্ন ঢোলৰ নাম ভিন্ ভিন্। যেনে- খ্ৰামচা, খ্ৰাম দুদাং, খ্ৰাম পন্থাই, খ্ৰাম বাৰ', খ্ৰাম লুৱা আদি। পাতি ঢোলক কোৱা হয় পিচু খ্ৰাম। ৰাভাসকলে ঢোলক খাম বোলে। ই আকাৰত দীঘল। মিচিংসকলৰ দুমদুম বা ঢোল নৃত্য-গীতৰ অপৰিহাৰ্য অংগ। অসমৰ ঢোল কেইবা প্ৰকাৰৰ। যেনে - বৰঢোল বা জয়ঢোল, ঢেপাঢোল, সৰুঢোল বা বিহুঢোল আদি। বিহুঢোল দীঘলে প্ৰায় ৪৫ ছে.মি. আৰু ব্যাস প্ৰায় ৩০ ছে.মি. বা তাতকৈ কিছু বেছি হোৱা প্ৰয়োজন। ইয়াৰ মাৰিৰে বজোৱা সোঁফালৰ অংশ গৰুৰ ছালেৰে আৰু হাতেৰে বজোৱা বাওঁফালৰ অংশ ছাগলীৰ ছালেৰে ছোৱা। বিহুঢোলৰ অনুৰূপ ঢোলৰ ব্যৱহাৰ থাইলেণ্ড, ম্যানমাৰ প্ৰভৃতি টাই-মংগোলীয় সমাজত আছে। বিহু ঢোলৰ তালীত থকা কাটনি চামৰাখনক বহুতে মেখেলা বোলে। সেই তালী টান কৰিবলৈ বাৰ্দ্দি বা বৰতি লগোৱা প্ৰয়োজন। বৰতি ঢিলা হোৱা বেয়া। বিহুগীতত আছে -\n'ঢোলৰে বৰতি ঢিলা ঐ ঢুলীয়া ঢোলৰে বৰতি ঢিলা;\nকালিৰে পৰা ভাতে নাইকিয়া কঁকালৰ কাঁচুটি ঢিলা'।\nবিহুঢোলৰ জনপ্ৰিয়তাত আহোম স্বৰ্গদেৱসকলৰ অৱদান অস্বীকাৰ কৰা টান। ঢোলৰ মালিতাত আছে- 'কলিযুগে ইন্দ্ৰবংশী ৰজা নামি যায়/ সোধন ওজাই ঢোল বাই আনিলে নমাই'। ঢোলৰ মাৰিডাল সজা হয় বাঁহেৰে। উজনিত ঘাই ঢোলৰ হাতৰ সংখ্যা ২৪ খন। জয়ঢোল বা বৰঢোলৰ সন্দৰ্ভত কীৰ্তিনাথ বৰদলৈয়ে সুৰ-পৰিচয়ত লিখিছে -'নামনি অসমত বিয়া, সবাহ বা অন্যান্য ৰাজহুৱা উৎসৱত বৰঢোল ঢুলীয়াৰ যন্ত্ৰৰূপে ব্যৱহাৰ হয়। উজনিৰ কিছুমান সত্ৰত তিথি মহোৎসৱত এটি বৰঢোল জয়ঢোল বুলি বজোৱা হয়'। দেওধনী নাচত জয়ঢোল অপৰিহাৰ্য। দৰঙত বহুলভাৱে প্ৰচলিত ঢেপাঢোলৰ সন্দৰ্ভতো একেখন পুথিতে আছে - 'এই ঢোলৰ এফালৰ মুখখন এতৰপীয়া পাতল ছাগলীৰ ছালেৰে ছোৱা। সেই মুখখনৰ মাত টিং টিঙিয়া। আন ফালৰ মুখখনত দুতৰপ ছাল থাকে। ওপৰৰ তৰপৰ ছালখনৰ সোঁমাজত দুই ইঞ্চিমান ব্যাসৰ এটি বিন্ধা থাকে। বজাবৰ সময়ত সেই বিন্ধাইদি পানী ভৰাই দি ছাল দুখন সোপোকা কৰি মাতটো নিচেই ঢেপা কৰি লোৱা হয়'।
তাৰ পাছত কিৰিয়ৎ-যিয়াৰীমৰ লোকসলকে আহি যিহোৱাৰ নিয়ম-চন্দুক লৈ গ'ল আৰু পৰ্ব্বতত থকা অবীনাদবৰ ঘৰত ৰাখিলে। তাতে তেওঁলোকে যিহোৱাৰ সেই নিয়ম-চন্দুক ৰাখিবৰ বাবে তেওঁৰ পুতেক ইলিয়াজৰক পবিত্ৰ কৰিলে। যিহোৱাৰ নিয়ম-চন্দুক কিৰিয়ৎ-যিয়াৰীমত থাকোঁতে বহু সময় অৰ্থাৎ বিশবছৰ অতিবাহিত হ'ল, আৰু ইস্ৰায়েলৰ আটাই বংশই যিহোৱাক অনুসৰণ কৰি চলিবৰ ইচ্ছাৰে শোক কৰিলে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে বালদেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰো ত্যাগ কৰি কেৱল যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকে মিস্পাত গোট খালে আৰু পানী তুলি যিহোৱাৰ আগত ঢালি দিলে। সেই দিনা লঘোন দি সেই ঠাইতে ক'লে, "আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।" এইদৰে চমূৱেলে মিস্পাত ইস্ৰায়েলৰ সন্তান সকলৰ বিচাৰ কৰিলে। ফিলিষ্টীয়াসকলে ইস্ৰায়েলৰ সন্তান সকল মিস্পাত গোট খোৱাৰ খবৰ পালে, আৰু পলেষ্টীয়াসকলৰ অধিপতিসকলে ইস্ৰায়েলক আক্ৰমণ কৰিবলৈ আহিল; সেয়ে ইস্ৰায়েলৰ সন্তান সকলে এই কথা শুনি ফিলিষ্টীয়াসকলৰ কাৰণে ভয় কৰিলে। তেতিয়া চমূৱেলে পিয়াহ খোৱা মেৰ পোৱালি এটি লৈ যিহোৱাৰ উদ্দেশ্যে হোমবলি উৎসৰ্গ কৰিলে আৰু চমূৱেলে ইস্ৰায়েলৰ অৰ্থে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে। তেতিয়া যিহোৱাই তেওঁক উত্তৰ দিলে। চমূৱেলে হোমবলি উৎসৰ্গ কৰোঁতে, পলেষ্টীয়াসকলে ইস্ৰায়েলক আক্ৰমণ কৰিবলৈ ওচৰ চাপি আহিছিল; কিন্তু সেইদিনা যিহোৱাই ফিলিষ্টীয়া সকলৰ ওপৰত উচ্চ-ধ্ৱনিৰে মেঘ-গৰ্জ্জন কৰি ব্যাকুল কৰিলে; তাতে তেওঁলোক ইস্ৰায়েলৰ সন্মুখত পতিত হ'ল। তাৰ পাছত চমূৱেলে এটা শিল লৈ মিস্পা আৰু চেন ৰ মাজ ঠাইত স্থাপন কৰিলে; আৰু "এতিয়ালৈকে যিহোৱাই আমাক সহায় কৰিলে" এইবুলি তাৰ নাম এবেন-এজৰ ৰাখিলে। এইদৰে পলেষ্টীয়াসকল পৰাস্ত হ'ল আৰু ইস্ৰায়েলৰ অঞ্চললৈ তেওঁলোক পুনৰ নাহিল। চমূৱেলৰ জীৱনৰ শেষলৈকে যিহোৱাৰ হাত ফিলিষ্টীয়া সকলৰ অহিতে আছিল। ইক্ৰোণৰ পৰা গাতলৈকে যিবোৰ নগৰ পলেষ্টীয়াসকলে ইস্ৰায়েলৰ পৰা কাঢ়ি লৈছিল, সেইবোৰ নগৰ পুনৰায় ইস্ৰায়েলৰ অধীন হ'ল; আৰু ইস্ৰায়েলে ফিলিষ্টীয়া সকলৰ হাতৰ পৰা সেইবোৰ অঞ্চল উদ্ধাৰ কৰিলে। তাতে ইমোৰীয়া সকলৰ লগত ইস্ৰায়েলৰ শান্তি স্থাপন হ'ল। তাৰ পাছত তেওঁ ৰামালৈ ঘূৰি আহে, কাৰণ তাতেই তেওঁৰ ঘৰ আছিল; আৰু সেই ঠাইতো তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰে। আৰু সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
ব্যৱসায় বাণিজ্যকে আদি কৰি আন বহু দ্বিপাক্ষিক বিষয়ক লৈ সোমবাৰে জৰ্মানীৰ কনচুল জেনেৰেল মিচেল ফেনিয়াৰৰ সৈতে এক বৈঠকত মিলিত হয় অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। এক্ট ইষ্ট নীতিৰ জৰিয়তে আছিয়ান আৰু বিবিআইএন দেশৰ সৈতে সম্পৰ্ক ৰক্ষা তথা সুদৃঢ় কৰাৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূবক ভাৰতৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস সন্দৰ্ভতো ৰাজ্যপাল মুখীয়ে জাৰ্মানীৰ কনচুল জেনেৰেলগৰাকীক অৱগত কৰে। আনহাতে অসমত বিনিয়োগৰ সুবিধাৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সদ্যসমাপ্ত 'এডভাণ্টেজ আছাম' কাৰ্যসূচীত ১লাখ কৌটি টকাতকৈও অধিক বিনিয়োগ হোৱা দিশটোৰ কথা উল্লেখ কৰে। তেওঁ লগতে আছিয়ান আৰু বাংলাদেশ,ভূটান,নেপাল আদি দেশৰ সৈতে বিমান, জল, স্থল পৰিবহনেৰে সম্পৰ্ক স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্ধৰ্ভতো বিশদভাৱে বাখ্যা আগবঢ়ায়। ৰাজ্যপাল মুখীয়ে লগতে সঘন বাণিজ্য আৰু সাস্কৃতিক আদান প্ৰদানৰ কৰ্যসূচীৰ জৰিয়তে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে জৰ্মানীৰ কনচুল জেনেৰেলগৰাকীক আহ্বান জনায়। আনহাতে ফেনিয়াৰেও দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৰাজ্যপাল মুখীক। এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে দুয়োখন দেশ লাভাৱান্বিত হ'ব বুলি আশা কৰা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
জাপানৰ প্ৰশাসনিক অঞ্চল - অসমীয়া ৱিকিপিডিয়া\nজাপানৰ প্ৰশাসনিক অঞ্চল\nজাপানৰ প্ৰশাসনিক অঞ্চল বা প্ৰিফেকচাৰ (ইংৰাজীঃ Prefectures of Japan; 都道府県, টোডোউফুকেন) বুলিলে আধুনিক জাপান ৰাষ্ট্ৰৰ ৪৭খন প্ৰশাসনিক তথা বিচাৰ বিভাগীয় গোটক বুজায়। ইয়াৰ ভিতৰৰ ৪৩খন হ'ল যথাৰ্থত প্ৰশাসনিক অঞ্চল (県 কেন্), ২খন নগৰ-প্ৰশাসনিক অঞ্চল (府 ফু, উছাকা আৰু কিয়োটো), এখন "বৰ্তনী" বা "এলেকা" (道 দোউ, হোক্কাইডো) আৰু এখন "মহানগৰ" (都 টো, টকিঅ')। ১৮৬৮ চনত ক্ষমতাপ্ৰাপ্ত মেইজি ফুহাংকেন ছাঞ্চিছেইৰ প্ৰশাসনে ১৮৭১ চনত জাপানৰ পুৰণা প্ৰদেশসমূহক পুনৰ্বিন্যস্ত কৰি বৰ্তমান প্ৰশাসনিক অঞ্চল ব্যৱস্থাৰ সূচনা কৰে।\n৫,৮৪,৯৮২ (টোট্টোৰি) - ১,২০,৫৯,২৩৭ (টকিঅ')\n1,861.7 বৰ্গ কি.মি. (1.8617×109 বৰ্গ মিটাৰ) (কাগাৱা) - 83,453.6 বৰ্গ কি.মি. (8.34536×1010 বৰ্গ মিটাৰ) (হোক্কাইডো)\nপ্ৰশাসনিক অঞ্চল চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ\nপ্ৰতিখন প্ৰশাসনিক অঞ্চলৰ কৰ্ণধাৰ হৈছে এজন প্ৰত্যক্ষ নিৰ্বাচিত ৰাজ্যপাল (知事 চিজি)। স্থানীয় বিচাৰবিভাগীয় সিদ্ধান্ত আৰু বাজেট দাখিল কৰে এখন এককক্ষবিশিষ্ট সভাই (議会 গিকাই)। এই সভাৰ সদস্যসকলক চাৰি বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়।\nবৰ্তমান স্থানীয় স্বায়ত্তশাসন আইন অনুযায়ী প্ৰতিখন প্ৰশাসনিক অঞ্চলক কেইবাখনো নগৰ (市 শি) আৰু জিলা (郡 গুন) হিচাপে বিভক্ত কৰা হয়। প্ৰতিখন জিলা কেইবাখনো চহৰ (町 চোও/মাচি) আৰু গাঁৱত (村 সোণ/মুৰা) বিভক্ত; যেনে, হোক্কাইডো ১৪খন জিলা বা উপ-প্ৰশাসনিক অঞ্চলত বিভক্ত, যিবোৰে হোক্কাইডো প্ৰশাসনিক অঞ্চলৰ শাখা কাৰ্যালয় (支庁 ছিচোউ) হিচাপে কাম কৰে। অন্য কোনো কোনো প্ৰশাসনিক অঞ্চলতো এই ধৰণৰ শাখা কাৰ্যালয় আছে যিবোৰত ৰাজধানীৰ বাহিৰৰ পৰা প্ৰশাসনিক কাম-কাজ চলোৱা হয়। জাপানৰ ৰাজধানী টকিঅ' এক প্ৰকাৰৰ মিশ্ৰ নগৰ-প্ৰশাসনিক অঞ্চল বা মহানগৰ; ইয়াত নগৰ আৰু প্ৰশাসনিক অঞ্চল - উভয়ৰে বৈশিষ্ট্য বিদ্যমান।\nমেইজি চৰকাৰে ১৮৭১ চনৰ জুলাই মাহত পূৰ্বৰ প্ৰদেশ বিভাজনৰ হান পদ্ধতি বাতিল কৰি দি প্ৰশাসনিক অঞ্চল পদ্ধতি বলবৎ কৰে। প্ৰাথমিকভাৱে ৩০০ তকৈও অধিক প্ৰশাসনিক অঞ্চল আছিল। ইয়াৰ অধিকাংশই আছিল পূৰ্বৰ হান বা প্ৰদেশ। ক্ৰমে সংলগ্ন প্ৰদেশসমূহক সংযুক্ত কৰাৰ ফলত ১৮৮৮ চনত ইয়াৰ সংখ্যা ৪৭ লৈ কমি আহে। ১৯৪৭ চনত স্থানীয় স্বায়ত্তশাসন আইনে প্ৰশাসনিক অঞুচলসমূহক অধিকতৰ ৰাজনৈতিক ক্ষমতা প্ৰদান কৰে আৰু প্ৰশাসনিক অঞ্চলভিত্তিক ৰাজ্যপাল আৰু আইনসভা স্থাপন কৰে।\n২০০৩ চনত তৎকালীন প্ৰধানমন্ত্ৰী জুনিচিৰো কোইজুমিয়ে প্ৰশাসনিক অঞ্চলসমূহক দহখন ৰাজ্যত সংবদ্ধ কৰাৰ প্ৰস্তাৱ দিয়ে। এই নতুন ৰাজ্যসমূহক বৰ্তমানৰ প্ৰশাসনিক অঞ্চলতকৈ অধিক স্বায়ত্ত্বশাসন দিয়াৰ কথা কোৱা হয়। ই উপ-প্ৰশাসনিক কাৰ্যালয়ৰ সংখ্যা আৰু সামগ্ৰিকভাৱে প্ৰশাসনৰ ব্যয় হ্ৰাস কৰিব। জাপান চৰকাৰে বহুসংখ্যক প্ৰশাসনিক অঞ্চলক লগ লগাই ৯ৰ পৰা ১৩খন মান উপ-জাতীয় প্ৰশাসন ব্যৱস্থা প্ৰচলন কৰাৰ এক প্ৰস্তাৱো বিবেচনা কৰিছে। এই ব্যৱস্থাৰ লক্ষ্য হৈছে স্থানীয় চৰকাৰৰ স্বায়ত্তশাসনৰ পৰিধি বঢ়োৱা। অৱশ্যে ২০১২ চনৰ আগষ্ট পৰ্যন্ত কোনো পৰিবৰ্তনৰ সিদ্ধান্ত লোৱা হোৱা নাই।\n↑ Nussbaum, Louis-Frédéric, 2002: "Provinces and prefectures" in Japan encyclopedia, p. 780.\n↑ Mabuchi, Masaru, "জাপানৰ পৌৰ সংঘবদ্ধকৰণ", বিশ্ব বেংক, ২০০১।\n↑ "ডোছুছেই অঞ্চল ব্যৱস্থা" National Association for Research Advancement.\n"https://as.wikipedia.org/w/index.php?title=জাপানৰ_প্ৰশাসনিক_অঞ্চল&oldid=267436"ৰ পৰা অনা হৈছে\nশেষ সম্পাদনা কৰা হৈছে 12 March 2021 তাৰিখে 05:11 বজাত\nএই পৃষ্ঠাখন ১২ মাৰ্চ, ২০২১ তাৰিখে ১০ঃ৪১ বজাত অন্তিম সংশোধন কৰা হৈছিল।\nআন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। এই পৃষ্ঠাটোৰ সংক্ষিপ্ত ইউ.আৰ.এল. : https://as.wikipedia.org/?curid=42474।
তিব্বতীয় নিৰ্বাসিত সংসদৰ তদানিন্তন সাংসদ পেমা জুংনেই বৃহস্পতিবাৰে অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰক ইটানগৰৰ ৰাজভৱনত সাক্ষাত কৰে। উল্লেখ্য যে পেমা জুংনেই তদানিন্তন তিব্বতী নিৰ্বাসিত সংসদৰ মুখপাত্ৰ আছিল। পেমা জুংনেইৰ সৈতে তদানিন্তন তিব্বতীয় নিৰ্বাসিত সংসদৰ আন এগৰাকী সাংসদ লামা কুংগা ছথুপ আৰু কেন্দ্ৰীয় তিব্বতীয় প্ৰশাসনৰ, তিব্বতীয় নিষ্পত্তি কাৰ্যালয়ৰ নিষ্পত্তি বিষয়া জি টি য়াংদুপেও ৰাজ্যপাল মিশ্ৰক সাক্ষাত কৰে।তিব্বতীয় নিৰ্বাসিত সংসদৰ টেনজিংগাং জুংনেই ভাৰত আৰু ভাৰতীয় লোকসকলে তিব্বতৰ লোকসকলৰ লোকসকলক বিগত ৬০ বছৰ ধৰি সমৰ্থন জনাই অহাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্যপাল মিশ্ৰই ১৯৯০ৰ প্ৰথমৰ ফালে তেওঁৰ তিব্বত ভ্ৰমণৰ অভিজ্ঞতাৰ কথা তদানিন্তন তিব্বতীয় নিৰ্বাসিত সাংসদসকলৰ আগত বৰ্ণনা কৰে। তেওঁ আশা প্ৰকাশ কৰে যে শান্তি আৰু মানৱতা যুক্ত তিব্বতৰ সাংস্কৃতিক ঐতিহ্যই সমগ্ৰ বিশ্বতে বন্ধুত্ব আৰু ভ্ৰাতৃত্ববোধৰ বাণী কঢ়িয়াই লৈ যাব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে জুংনেই তিব্বতৰ সাম্প্ৰতিক মানুহক শিলীভূত কৰি দিব পৰা পৰিস্থিতি সম্পৰ্কে ৰাজ্যপাল মিশ্ৰক এটা চমু আভাস দিয়ে। কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? Oxford English Dictionary: ২০২২ চনৰ 'বছৰটোৰ শব্দ' ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
কুঁৱৰীটোলত শুকুৰবাৰে যান-বাহনৰ এক অতৰ্কিত তালাচী অভিযান চলাই জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে মুঠ ৫৩ খন বাইকৰ নথি-পত্ৰৰ খেলি মেলি পোহৰলৈ আনে। কলিয়াবৰৰ কুঁৱৰীটোলত শুকুৰবাৰে যান-বাহনৰ এক অতৰ্কিত তালাচী অভিযান চলাই জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে নিয়ম উলংঘাকাৰী ৩৭ খন বাইকক জৰিমণাৰ বাবে আদালতলৈ প্ৰেৰণ কৰিছে। অভিযান কালত মুঠ ৫৩ খন বাইকৰ নথি-পত্ৰৰ বিসংগতি ধৰা পৰাৰ লগতে বহু কলেজীয়া ছাত্ৰৰ বাইকৰ অনুজ্ঞাপত্ৰ, চালকৰ অনুজ্ঞাপত্ৰ নোপোৱাৰ লগতে হেলমেট পৰিধান নকৰাৰ কথা পোহৰলৈ আহিছে। আদালতলৈ প্ৰেৰণ কৰা বাইকসমূহৰ বাহিৰেও আন ১৬ খন বাইকৰ আৰোহীক কলিয়াবৰ আৰক্ষীয়ে থানালৈ অনাৰ পিছত জৰিমণা বিহি এৰি দিয়ে। কলিয়াবৰ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰৰ লগতে অঞ্চলটোৰ একাংশ যুৱকৰ বাইকৰ তীব্ৰ গতি কলিয়াবৰৰ বহু দুৰ্ঘটনাৰ কাৰক বুলি দীৰ্ঘদিনৰ পৰা ৰাইজে অভিযোগ কৰি আহিছিল। অভিযানটোক স্থানীয় একাংশ ৰাইজে আদৰণি জনাইছে। পৰিবহণ বিভাগৰ লগতে কলিয়াবৰ আৰক্ষীয়ে সকলোকে অনাগত দিনত নীতি-নিয়ম মানি বাইক, গাড়ী চলাবলৈ আহ্বান জনাইছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আজিৰ খবৰ, গুৱাহাটী, ২১ আগষ্ট : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে স প্ৰথমবাৰ ৰাজ্যত ভৰি দিয়াৰ লগে লগে আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা। এফালে বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ সমান্তৰাল ভাৱে একে সময়তে গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। শনিবাৰে কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি গুৱাহাটী মহানগৰীত ক'ভিড নিয়ন্ত্ৰণৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে সংবাদ মেলত স্বাস্থ্যমন্ত্ৰীয়ে গুৱাহাটীত ক'ভিড ভেকচিন নোলোৱা সকলৰ তালিকা প্ৰস্তুত কৰিব বুলি উল্লেখ কৰে । মন্ত্ৰী গৰাকীয়ে জনায় যে আজিৰে পৰা ৩ দিন ধৰি চলিব এই প্ৰক্ৰিয়া।১২০৪টা ভোট কেন্দ্ৰৰ পৰা ভোটাৰৰ তালিকা সংগ্ৰহ কৰিব।২৫ ৰ পৰা ৩১ আগষ্টৰ ভিতৰত গুৱাহাটী মহানগৰীত ক'ভিড ভেকচিন দিয়া কাম সম্পন্ন কৰা হ'ব। 8929103776 নম্বৰত মিছ কল দিলে ওচৰৰ কেন্দ্ৰত লাভ কৰিব ভেকচিন। এই সমগ্ৰ দায়িত্বত থাকিব কামৰূপ মেট্ৰৰ উপায়ুক্ত। অন্যহাতে শ্বপিং ম'ল বা সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ক'ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰাটো হ'ব বাধ্যতামূলক । অন্যথা চৰকাৰ কঠোৰ হ'বলৈ বাধ্য হ'ব চৰকাৰ তথা প্ৰশাসন।
কোভিডৰ সংক্ৰমণ ৰাজ্যৰ বিভিন্ন প্ৰান্ত কম-বেছি পৰিমাণে অব্যাহত থকাৰ সময়তে আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এখন নতুন SOP প্ৰকাশ কৰে। এই নতুন SOPত মূলতঃ বাহিৰৰ পৰা অসমলৈ অহা যাত্ৰীসকলৰ বাবে কেতবোৰ বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে। নতুন SOP অনুসৰি বাহিৰৰ পৰা অহা যিসকল লোকে কোভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰিছে তেওঁলোকে বিমান বন্দৰ, ৰে'ল ষ্টেছন আদিত কোভিডৰ পৰীক্ষা কৰোৱাব নালাগে। ইয়াৰ বাবে তেওঁলোকে ভেকচিনৰ দুটা পালি গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰদৰ্শন কৰিলেই হ'ব। আনহাতে কোভিড ভেকচিনৰ মাত্ৰ এটা পালি গ্ৰহণ কৰা তথা কোভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰাৰ পিছতো কোভিডৰ লক্ষণ থকা লোকসকলে বাধ্যতামূলক ভাবে বিমান বন্দৰ, ৰে'ল ষ্টেছন আদিত RT-PCR পৰীক্ষা কৰোৱাব লাগিব। এই পৰীক্ষা সংশ্লিষ্ট যাত্ৰীসকলে নিজৰ খৰচত কৰোৱাব লাগিব। RT-PCR পৰীক্ষাৰ খৰচ চৰকাৰে সৰ্বাধিক ২৫০ টকা নিৰ্ধাৰণ কৰি দিছে। আনহাতে কোভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰা যিসকল অভিভাৱকৰ সৈতে তেওঁলোকৰ ১০ বছৰৰ ভিতৰৰ সন্তান আহে সেই সন্তানৰো কোভিড পৰীক্ষা বাধ্যতামূলক নহয়। অৱশ্যে কোনোৱা অভিভাৱকে ১০ বছৰৰ ভিতৰৰ সন্তানৰ কোভিডৰ পৰীক্ষা কৰোৱাব বিচাৰিলে সেয়া কৰোৱাব পাৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ প্ৰধান সচিব অনুৰাগ গোৱেলে স্বাক্ষৰ কৰা নতুন SOPত এই কথা কোৱা হৈছে। Covid Update অ'মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ'ল কোভিডত; মৃত্যু কিমানৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সাম্প্ৰদায়িক বিজেপি-মিত্ৰজোঁটক উফৰাবৰ আহ্বান অজিত ভূঞাৰ। বোকাখাত নাট্য মন্দিৰত আঞ্চলিক গণ মৰ্চাৰ বোকাখাতবাসীৰে মত বিনিময় অনুষ্ঠান। আঞ্চলিক গণ মৰ্চাৰ আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অহা এটা দলে বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ বিভিন্ন জাতীয়-ৰাজনৈতিক দল-সংগঠন, সচেতন ৰাইজৰ স'তে আলোচনাত মিলিত হয়। সাংসদ ভূঞাই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গানেৰে দিশপুৰৰ গাদী দখল কৰা বিজেপি নেতৃত্বতাধীন চৰকাৰখনে অসমৰ জনতাক প্ৰতি মুহূৰ্ততে প্ৰতাৰণা কৰি আহিছে। উল্লেখযোগ্য যে, বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, সচেতন ব্যক্তিৰ উপস্থিতিত কা বিৰোধী ঐক্য মঞ্চয়েও আঞ্চলিক গণ মৰ্চাক নিৰ্বাচনী যুঁজত সমৰ্থন দিয়াৰ কথাও ব্যক্ত কৰে বিশিষ্ট ব্যক্তি কেইজনে। আনহাতে, বোকাখাতৰ অভিভাৱক স্বৰূপ ভবেশ শইকীয়াই অনুষ্ঠানটোলৈ আৰু আঞ্চলিক গণ মৰ্চাক সমৰ্থণ জনাই এখন শুভেচ্ছামূলক পত্ৰ প্ৰেৰণ কৰে আৰু পাঠ কৰে মানৱ অধিকাৰ কৰ্মী সোনেশ্বৰ নৰহে।
১ ডিচেম্বৰৰ সলনি হৈ পৰিব কিছুমান নিয়ম ! হ্ৰাস পাব পাৰে LPG Cylinderৰ দাম...- News18 assam\nHome » photogallery » lifestyle »১ ডিচেম্বৰৰ সলনি হৈ পৰিব কিছুমান নিয়ম ! হ্ৰাস পাব পাৰে LPG Cylinderৰ দাম, Banking-Pension ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন ?\n১ ডিচেম্বৰৰ সলনি হৈ পৰিব কিছুমান নিয়ম ! হ্ৰাস পাব পাৰে LPG Cylinderৰ দাম, Banking-Pension ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন ?\nনৱেম্বৰ শেষ হ'বলৈ ওলাইছে আৰু সাধাৰণ মানুহৰ জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান নিয়ম সলনি হ'বলৈ ওলাইছে। নতুন মাহত এলপিজি চিলিণ্ডাৰৰ (LPG Cylinder) মূল্য সলনি হ'ব পাৰে। লগতে বেংকিং (Banking) আৰু পেঞ্চন (pension) সম্পৰ্কীয় কিছুমান নিয়মো সলনি হ'বলৈ গৈ আছে।\n। November 30, 2021, 07:23 IST\nইউএএন-আধাৰ সংযোগ- ইপিএফঅ'য়ে ইউএএন আৰু আধাৰ সংযোগৰ সময়সীমা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰিছিল। এইটো আৰু অধিক সম্প্ৰসাৰিত হোৱাৰ আশা কৰা হোৱা নাই। যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে তিনি দিনৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিব লাগিব, অন্যথা তেওঁলোকে এক ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। যদি ইউএএন-আধাৰ সময়সীমাৰ ভিতৰত সংযোগ কৰিব নোৱাৰি, পিএফ (PF) শ্বেয়াৰধাৰকৰ একাউণ্টত জমা কৰা নহ'ব। এনে অংশীদাৰসকলেও পিএফ একাউণ্টৰ পৰা প্ৰত্যাহাৰ কৰিব নোৱাৰিব।\nসাত লাখ বীমা লোকচানত থাকিব পাৰে- ৩০ নৱেম্বৰৰ ভিতৰত ইউএএন-আধাৰ সংযোগ নোপোৱাৰ ফলত আন এক ডাঙৰ লোকচান হ'ব পাৰে। ই.পি.এফ.ও.-য়ে Employees Deposit Linked Insurance (EDLI) বাবে ইউ.এ.এন.-আধাৰ সংযোগ বাধ্যতামূলক কৰিছে। ইয়াত বিফল হ'লে, কৰ্মচাৰীৰ প্ৰিমিয়াম জমা কৰা নহয়\nLPGৰ মূল্য সলনি হ'ব পাৰে- ডিজেল-পেট্ৰ'ল খুচুৰা বিক্ৰী কৰা চৰকাৰী তেল কোম্পানীবোৰে প্ৰতি মাহৰ প্ৰথম তাৰিখে এলপিজি চিলিণ্ডাৰৰ মূল্য পৰ্যালোচনা কৰে। কৰোনা ভাইৰাছৰ এটা নতুন প্ৰকাৰ উদ্ভৱ হোৱাৰ পিছত খাৰুৱা তেলৰ মূল্য দ্ৰুতভাৱে হ্ৰাস পাইছে। এইটো আশা কৰা হৈছে যে ডিচেম্বৰৰ সমীক্ষাত এলপিজি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিব লাগে।\nপেঞ্চনাৰসকলৰ বাবে এই পৰিৱৰ্তন- চৰকাৰী পেঞ্চনাৰসকলৰ বাবে জীৱন পত্ৰ (জীৱন প্ৰমাণপত্ৰ) দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে ৩০ নৱেম্বৰ। সময়সীমাৰ ভিতৰত জীৱন কাৰ্ড জমা দিব নোৱাৰা চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন পোৱা বন্ধ কৰিব। ইপিএফঅ'ৰ শেহতীয়া টুইট অনুসৰি, চৰকাৰী পেঞ্চনাৰসকলে ৩০ নৱেম্বৰৰ ভিতৰত জীৱন কাৰ্ড দাখিল কৰিব লাগিব, যিটো এবছৰৰ বাবে বৈধ হ'ব। এই কামটো ঘৰত বহি ডিজিটেলভাৱে কৰিব পাৰি।\nএছ.বি.আই. ক্ৰেডিট কাৰ্ড ব্যয়বহুল হ'ব- এছবিআই ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা লোকসকলৰ ডিচেম্বৰৰ পৰা পৰিৱৰ্তন হ'বলৈ সাজু হৈছে। এতিয়া এছ.বি.আই. ক্ৰেডিট কাৰ্ডৰ পৰা ই.এম.আই.-ত ক্ৰয় কৰাটো ব্যয়বহুল হ'ব। এতিয়ালৈকে, এছ.বি.আই. কাৰ্ডবোৰে কেৱল সূত আদায় কৰিছিল, কিন্তু এতিয়া প্ৰচেছিং মাচুল ই.এম.আই.-ত ক্ৰয়ৰ ওপৰত পৰিশোধ কৰিব লাগিব। ই এছ বি আই ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ পকেটত প্ৰত্যক্ষ প্ৰভাৱ পেলাব।\nকিছুমান অফাৰ গৃহ ঋণত সমাপ্ত হৈছে- বহুতো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে উৎসৱৰ বতৰত গৃহ ঋণৰ ওপৰত ( আগবঢ়াইছে। এই অফাৰবোৰ সুলভ সূতৰ হাৰৰ পৰা আৰম্ভ কৰি প্ৰচেছিং মাচুল ৰেহাই দিয়ালৈকে। যদিও বেছিভাগ বেঙ্ক অফাৰ ৩১ ডিচেম্বৰ, ২০২১ লৈকে কাৰ্যকৰী হৈ আছে, এলআইচি হাউচিং ফাইনেন্স অফাৰ এই মাহত সমাপ্ত হ'ব। কোম্পানীটোৱে যোগ্য গ্ৰাহকসকলক ২ কোটি টকালৈকে ঋণৰ ওপৰত ৬.৬৬ শতাংশ হাৰত গৃহ ঋণ আগবঢ়াইছে, যি ৩০ নৱেম্বৰত সমাপ্ত হ'ব।
তিনিচুকীয়া জিলাৰ ৰূপাইচাইডিঙত আজি সন্ধিয়া দুই সন্দেহজনক আলফা (স্বাঃ)ৰ সদস্যই কৰা গুলীচালনাত দুজনকৈ লোক থিতাতে নিহত হয়। উল্লেখযোগ্য যে আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত দুজন অচিনাক্ত ব্যক্তিয়ে মটৰচাইকেলেৰে আহি উদয় চাণ্ড আগৰৱালাৰ গেলামালৰ দোকানত উপস্থিত হৈ পিষ্টল উলিয়াই গুলী চালনাৰ কৰিবলৈ ধৰে। আৰু গুলী চালনাত দুজন লোক থিতাতে নিহত হয়। ইয়াৰে গুলী চালনাত নিহত হোৱা এজনক আৰক্ষীয়ে জিৎ বাৰ্মা বুলি চিনাক্ত কৰিছে আৰু তেওঁ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। আনহাতে আনজন নিহতক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। ঘটনা সংঘটিত কৰাৰ লগে লগে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ আন আন কৰ্মচাৰী সকলে গুলী চালনা সংঘটিত কৰা দুই যুৱকৰ মাজৰে ৰূপান্তৰ মৰাণ নামৰ এজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। পিছত ধৃত যুৱকজনক আৰক্ষীক চমজাই দিয়ে। আনহাতে স্থানীয় একাংশ লোকে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মাত্ৰ কেইমিটাৰমানৰ দূৰত্বতে চি আৰ পি এফ আৰু সেনাবাহিনীৰ শিবিৰ থকাৰ পিছতো কেনেদৰে গুলী চালনাৰ ঘটনা সংঘটিত হ'বলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ৰাজ্যৰ বিজেপি চৰকাৰে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সমূহৰ পেঞ্চন খৰতকীয়া আৰু নিয়মীয়া কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বহু অৰ্ধ চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পিচত পেঞ্চন নাপাই চকুলো টুকিবলগীয়া হৈছে। তেনে এক ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিষ্ঠান হৈছে অসম ৰাজ্যিক পৰিবহন নিগম। এই নিগমৰ পৰা সুদীৰ্ঘ জীৱন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা এচাম বিষয়া কৰ্মচাৰীৰ এতিয়া দুখে কুলাই-পাচিয়ে নধৰা অৱস্থা হৈছে। পৰিবহন নিগমত সহকাৰী অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১৭ চনৰ মাৰ্চত অৱসৰ গ্ৰহণ কৰা ৰাজীৱ বৰকটকী নামৰ লোকজন অদ্যপি পেঞ্চনৰ এটকাও নোপোৱাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে পৰিয়ালটোত। বৰকটকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ এতিয়া শয্যাশায়ী অৱস্থাত আছে। তেওঁক চিকিৎসাৰ বাবে প্ৰয়োজন বহু পৰিমানৰ টকা। অৱসৰ গ্ৰহণ কৰাৰ পিচৰে পৰা পৰিয়াল চলাবলৈ তেওঁৰ নাই মাহেকীয়া উপাৰ্জন। আনহাতে, অৱসৰৰ পিচত পাবলগীয়া চি পি এফ, জি পি এফ আদি বিভিন্ন শিতানত প্ৰাপ্য এটকাও পৰিবহন নিগমে এই পৰ্যন্ত দিয়া নাই। আনকি অৱসৰৰ পিচত তেওঁ আৰু তেওঁৰ পত্নীক সহায় কৰিবলৈ নাই কোনো সতি-সন্ততি। ইপিনে দুৰ্ভগীয়া বৰকটকী দম্পতিয়ে অৱসৰকালীন প্ৰাপ্য ধন আদায়ৰ বাবে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত কেইমাহমান পূৰ্বে আবেদন কৰিছিল যদিও এই পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই। মানবীয়তাৰ খাতিৰত শীঘ্ৰে অৱসৰপ্ৰাপ্ত অভিযন্তাজনৰ পেঞ্চনৰ ধন আদায় দিবলৈ সচেতন ৰাইজে চৰকাৰক দাবী জনাইছে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাইলৈৰ বৰপেটাৰ পাটবাউসী সত্ৰ ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে ৰাইজৰ কৰ-কাতলেৰে নিৰ্মিত ৰাজ্যৰ বাট-পথৰ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰা গড়কাপ্তানী বিভাগ। উল্লেখযোগ্য যে পাটবাউসী চকৰ পৰা পাটবাউসী সত্ৰলৈ যোৱা পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত জহি-খহি গৈছিল। পথছোৱা মেৰামতি কৰাৰ বাবে স্থানীয় ৰাইজে প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো আবেদন নিবেদন কৰিছিল যদিও ৰাইজৰ আবেদনৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। যাৰ ফলত অঞ্চলটোৰ ৰাইজে নানান অসুবিধাৰ সন্মুখীন হৈ আহিছিল। কিন্তু ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা গড়কাপ্তানী বিভাগে আজি যুদ্ধকালীন প্ৰস্তুতিৰে এই পথছোৱা মেৰামতি কৰাত নামি পৰে। কেৱল মুখ্য মন্ত্ৰীৰ ভ্ৰমণৰ সময়তহে সাৰ পোৱা গড়কাপ্তানী বিভাগৰ এনে কাৰ্যই অঞ্চলটোৰ লোকসকলৰ মাজত এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব 'বোমা','বন্দুক'! অস্কাৰলৈ ৰাজামৌলীৰ 'আৰআৰআৰ'! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ৰাইমনা সংৰক্ষিত অভয়াৰণ্যত চোৰাং চিকাৰীৰ আক্ৰমণত আহত এনজিঅ'ৰ কৰ্মী ক্ৰমে ৰনেন্দ্ৰ ওৱাৰী আৰু জয়ন্ত নাৰ্জাৰী। ফটোঃ নৰ্থইষ্ট নাও। এই সংঘৰ্ষত বনকৰ্মীক সহযোগ কৰা দুজন বেচৰকাৰী সংস্থাৰ (এন জি অ') সদস্য ক্ৰমে ৰনেন্দ্ৰ ওৱাৰী আৰু জয়ন্ত নাৰ্জাৰী চোৰাং চিকাৰীৰ দলৰ আক্ৰমণত আহত হয়। এই ঘটনাত এজন চোৰাং চিকাৰীও আহত হয়। সংঘৰ্ষত আহত চোৰাংচিকাৰী অনন্ত বসুমতাৰী। ফটোঃ নৰ্থইষ্ট নাও। উল্লেখ্য যে চোৰাং চিকাৰী অনন্ত বসুমতাৰীয়ে বি টি আৰ চৰকাৰৰ বন বিভাগৰ আগত পূৰ্বতে আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণ কৰাৰ পিছতো একাংশ চোৰাং চিকাৰী এইদৰে এতিয়াও সক্ৰিয় হৈ আছে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
প্ৰথমে মোবাইলত চিনাকি। তাৰ পিছত প্ৰেম। পিছত বিয়াৰ প্ৰলোভনেৰে পশ্চিমবংগত নি বিক্ৰী মহিলাক। এইদৰেই মানৱ সৰবৰাহ চক্ৰৰ ফান্দত পৰিছে অসমৰ মহিলা। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সম্পাদকীয়ৰ পৰিৱৰ্তেঃ - সাহিত্য ডট অৰ্গ\nগণিত মানে যুক্তি, যুক্তিৰ কবিতা । বিজ্ঞান প্ৰকৃতিৰ খেয়ালী গদ্য , সত্যক উন্মোচন কৰাৰ গদ্য,সত্যক প্ৰতিস্থা কৰি পথ দেখুওৱা গদ্য। যুক্তিৰে সত্যক প্ৰতিষ্ঠা কৰা বা সত্যৰ যুক্তিক প্ৰকাশ আৰু প্ৰচাৰ কৰাটো প্ৰয়োজনীয় । সেইবাবে গণিত আৰু বিজ্ঞানৰ পৰস্পৰৰ লগত এৰাব নোৱাৰা সম্পৰ্ক ।\nবিজ্ঞান আৰু গণিতৰ বিষয়ে খুব তাকৰীয়াকৈ আলোচনা হৈছে অসমীয়াত। যিখিনি হৈছে সেইখিনিকো বেছি সংখ্যক মানুহৰ ওচৰলৈ আমি লৈ যাব পৰা নাই । বহুত ভাল আৰু প্ৰয়োজনীয় বিষয়ৰ লেখাৰে সৈতে কিছুসংখ্যকে বহু দিন ধৰি বিষয় দুটাক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই প্ৰচেষ্টাত বহুসংখ্যকে হাত উজান দিয়াৰ আৰু ইয়াক বেছি সংখ্যকৰ মাজলৈ আগুৱাই নিয়াৰ বহুত প্ৰয়োজন আছে।\nবৰ্তমান সময়ত আমিবোৰ অতি ধৈৰ্য্যহীনতাত ভূগি আছো। সমাজ, ধৰ্ম, দল , সংগঠন, জাতি ইত্যাদি বিভিন্ন কথাক লৈ সকলো অধৈৰ্য্য । কোনোবাই কিবা এটা সমুখত আনি দিছে, আমি নিজৰ মগজু ব্যৱহাৰ নকৰাকে টপকে গিলি দিছো। বিচাৰ বুদ্ধিত তলা লগাই থৈ আমি নিজে সৃষ্টি কৰি আছো এক সামাজিক বিশৃংখলতাৰ যাৰ বেয়া দিশবোৰে লাহে লাহে সকলোকে গ্ৰাস কৰি আনিছে। এনেকৈ গৈ থাকিলে সকলো ফালে মৰা-শ দেখিবলৈ বেছি পৰ নাই । সকলো কথা জুকিয়াই চাব পৰাকৈ মগজুত বিচাৰ বুদ্ধি সকলোৰে আছে । ব্যৱহাৰ কৰোঁ নে আমি ,নিজৰ যিখিনি আছে সেইখিনি মগজুৰ ?? বোধহয় কৰা নাই । চলি থকা গাড়ী এখনৰ সমুখেৰে ল'ৰা-ছোৱালী লৈ ৰাষ্টা পাৰ হৈ যাবলৈ ভয় নকৰোঁ কিন্তু চৰকাৰী টিকা এটা দিলে ল'ৰা-ছোৱালীৰ কিবা অনিষ্ট হ'ব বুলি ভয় কৰোঁ । যেতিয়াই মানুহে দেখা-শুনা কথা খিনি নিজৰ মগজুৰে ভাবি চাবলৈ আৰম্ভ কৰে তাতেই বিজ্ঞানৰ আৰম্ভণি। ডিগ্ৰী এগাল পিছফালে লগাই লৈ হোৱা বিজ্ঞানৰ অধ্যাপকৰ হাততো গ্ৰহ-নক্ষত্ৰৰ আঙুঠি দেখা পোৱা কথাটোৱে বহু কথা কৈ যায়। কথা প্ৰসঙ্গত মনত পৰিল, মাননীয় বিৰুবালা ৰাভা বাইদেৱে এবাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক এজনৰ বিষয়ে বিষাদগাৰ কৰি কৈছিল, " তেখেতৰ দৰে জ্ঞানী গুণী ব্যক্তিয়ে যদি মৌন হৈ ডাইনী কাণ্ডৰ সমৰ্থন কৰাৰ দৰে কৰে, মোৰ দৰে নিৰক্ষৰ এগৰাকীৰ যুঁজখন কঠিন হৈ যায়।"\nপৃথিৱীৰ বৰ্তমানৰ আটাইবোৰ সমস্যাৰ লগতে জড়িত এটা সমস্যা হ'ল ভয়াবহভাবে জনসংখ্যা বৃদ্ধি । জুলাই মাহতে বিশ্ব জনসংখ্যা দিৱসো (১১ জুলাই) । এই জনসংখ্যা বৃদ্ধিৰ ৰোধ কৰাৰ বাবে বিজ্ঞান আৰু গণিতৰ মানসিকতা সকলো মানুহৰ মাজলৈ লৈ যোৱাটো অতি প্ৰয়োজনীয়।সাংখ্যিক ভাবে ই কিমান ভয়াবহ সেইটো বুজি পালেহে মানুহ সচেতন হ'ব। জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানৰ সচেতনতা লাগিবই , নহ'লে সকলো বৃথা ।\nলাহে লাহে প্ৰকৃতিৰ পৰিৱেশো সলনি হ'বলৈ লৈছে। বিশিষ্ট বিজ্ঞানী ষ্টিফেন হকিঙে পৃথিৱীৰ আয়ুস যে বেছিদিন নাই তাকো ঘোষণা কৰিছে। আমাৰ চকুৰ আগতে কিমান সলনি হ'ল ভাবকচোন। সলনিবোৰো চক্ৰবৃদ্ধি সুত বঢ়াৰ দৰে বাঢ়িছে। প্ৰকৃতিৰ প্ৰতি আমাৰ বিজ্ঞান সন্মত দৃষ্টিভঙ্গীৰ অভাৱে বা জ্ঞানৰ অভাৱে ক্ৰমে পৃথিৱীৰ আয়ুস হ্ৰাস কৰি আনিছে।\nএইযে বেয়া হোৱাবোৰ লিখি আছো কিন্তু বেয়াবোৰৰ পৰা মুক্ত কৰাৰ কোনো পথ দেখুৱাব পৰা নাই এইটো মোৰ নিজৰ বিজ্ঞান মানসিকতাৰ অভাৱ। বিজ্ঞানে পথৰ সন্ধান দিয়ে , সংকেত দিয়ে। প্ৰতিজনৰে মাজলৈ বিজ্ঞানক লৈ যাব নোৱাৰিলে পথভ্ৰষ্ট হোৱাটো স্বাভাবিক।\nহওঁতে খোৱা খাদ্য, শাক পাচলিত প্ৰয়োগ কৰা ক্ষতিকাৰক বস্তুবোৰো বিজ্ঞানৰে দান । বিজ্ঞান বুলি কিন্তু সেইখিনিক বুজাব খোজা নাই । সম্ভৱত প্ৰয়োগ কৰাজন যদি সচেতন হ'লহেতেঁন , কিমান ক্ষতিকাৰক বুজিলেহেতেন বা জানিলেহেতেন, প্ৰয়োগ কৰাৰ পৰা আঁতৰত থাকিলেহেতেন। কিনি ব্যৱহাৰ কৰাজনো যদি সচেতন হ'লহেতেঁন !\nসাহিত্যৰ লক্ষ্য কি? উদ্দেশ্য কি ? সাহিত্য , বিজ্ঞান, কলা -সংস্কৃতি সকলোৰে লক্ষ্য এটা যেন নেলাগেনে ? বাকীবোৰ বিষয়ক যি স্থানত ৰাখিছো, বিজ্ঞানক ৰাখিছোনে ? পাৰিছোনে? শুনিবলৈ বেয়া হ'লেও পাঠ্যপুথি আৰু বিজ্ঞানাগাৰৰ বাহিৰত আমি বিজ্ঞানক পাহৰি থাকো। বিজ্ঞানী সকলোৱে হ'ব নোৱাৰে কিন্তু বৈজ্ঞানিক দৃষ্টিভংগী অনাখৰী জনেও ৰাখিব পাৰে আৰু সেয়া অতি প্ৰয়োজনীয় আগবাঢ়ি যোৱাৰ বাবে ।■■■\n← সাক্ষাৎকাৰঃ 'সাহিত্যচাৰ্য' বিশ্বেশ্বৰ হাজৰিকাদেৱৰ স'তে এদিন দেওবাৰৰ দুপৰীয়া\nস্বাধীনতাৰ ভিন্ন সংলাপ - মেঘালী দিহিঙীয়া →\nপঢ়ি ভাল পালো। এইবাৰৰ সম্পাদকীয় কিছু সুকীয়া হৈছে।\nবৰ ভাল লাগিল। অনন্য।\nসচাঁয়ে বৰ ভাল লাগিল পঢ়ি.
আমাৰ সমাজত বিবাহযোগ্য কন্যাসন্তান থকা পিতৃ-মাতৃৰ বাবে তেওঁলোকৰ কন্যাৰ বিয়াই একমাত্ৰ চিন্তাৰ কাৰণ হৈ পৰে। আনকি ছোৱালীজনী জন্ম হোৱাৰ দিনৰে পৰা তাইৰ পিতৃ-মাতৃয়ে নিজকে তাইৰ বিয়াৰ বাবে প্ৰস্তুত কৰি তোলে। একেদৰে ছোৱালীজনীকো বুজা হোৱাৰ দিনৰে পৰা বিয়া হৈ এঘৰলৈ ওলাই যাবলৈ মানসিকভাবে প্ৰস্তুত কৰি তোলে। পাকে-প্ৰকাৰে ছোৱালী যে পৰৰ ধন তাকে ছোৱালীজনীক বুজাই দিয়া হয়। "লাইজাৰ ভাঙিলোঁ" শীৰ্ষক লোকগীতটোত বিবাহযোগ্য ছোৱালী এজনীৰ মনৰ ব্যাথা সুন্দৰকৈ ফুটি উঠিছে। বিবাহযোগ্য ছোৱালীক বোজা বুলি ভবা বাবে সিহঁতক "জ্বলা জুই"ৰ লগত তুলনা কৰা হয় আৰু বুজা হোৱাৰ পৰা এইবোৰ কথাকে ছোৱালীজনীয়ে শুনিবলগীয়া হয়। আগৰদিনত ছোৱালীবোৰ খুব কম বয়সতে বিয়া দিয়া হৈছিল। ছোৱালীজনীৰ যেন গোটেই জীৱন নিজৰ মাক-পিতাকৰ লগত থাকিবলৈ মন, কিন্তু ফুল ফুলিলে গোন্ধ ওলোৱাৰ দৰে গাভৰু ছোৱালী থকা ঘৰলৈ প্ৰাৰ্থীৰ আগমন হ'বলৈ আৰম্ভ কৰে। গীতটোতো ইতিমধ্যে তাইক নিবলৈ দুৱাৰদলিত বিবাহযোগ্য প্ৰাৰ্থীয়ে আহি ভীৰ কৰিছেহিঃ (লাইজাৰ ভাঙিলোঁ উৰুঙা বতাহে) বিয়াৰ বাবে প্ৰস্তুত হোৱা ছোৱালীজনীক সখীয়েকে "বুকুৰ লগৰী" বুলি সম্বোধন কৰি ঘৰৰ মায়া এৰি, গাঁৱৰ মায়া এৰি, বুকুত জ্বলা জুই একুৰা লৈ কিদৰেনো আনৰ ঘৰলৈ যাব পাৰিব তাকে প্ৰশ্ন কৰে। পিতাকৰ ঘৰত সদায় মাক-পিতাকৰ আশ্ৰয়ত, কোনো বাধা-বিঘিণি নোপোৱাকৈ ডাঙৰ-দীঘল হোৱা ছোৱালীজনীয়ে সংসাৰৰ আও-ভাও নোপোৱাকৈ পৰৰ ঘৰত কিদৰে জীৱন কটাব বুলি সখীয়েক চিন্তাত কাতৰ হৈ পৰিছে। যিজনী ছোৱালীয়ে মাছ মাৰিবলৈ গৈ পুখুৰীৰ জেং-হুঁল অথবা শাল-শিঙিয়ে ভৰিত বিন্ধিব বুলি ভয় কৰি পানীত নানামে সেই একেজনী ছোৱালীয়ে সংসাৰৰ জালত কিদৰে ভৰি দিব তাকে ভাবি সখীয়েক আতুৰ হৈ পৰিছেঃ (অ' ফুলেশ্বৰী বুকুৰে লগৰী অ') আগৰ সমাজখনত গা ধোৱাৰ বাবে স্নানাগাৰ বা গাধোৱা ঘৰৰ ব্যৱস্থা নাছিল। সেয়ে কাপোৰ-কানি সলাওতে ইফালে-সিফালে চাই সাৱধানে সলাবলৈ মাক-পিতাকে ছোৱালীজনীক সকীয়াই দিয়ে। শহুৰেক-শাহুৱেকৰ মন জয় কৰিবলৈ লগতে নিজকে পিতৃ-মাতৃ সদৃশ কোনো বয়োজ্যেষ্ঠজনৰ তত্ত্বাৱধানত ৰাখিবলৈ, তেওঁলোকৰ কথা মানি চলি কাম-বন কৰিবলৈ ছোৱালীজনীৰ মাক-পিতাকে পৰামৰ্শ দিয়েঃ (অ' জীৱেৰ বেউলা অ') তদানীন্তন সমাজৰ প্ৰচলিত এক ধাৰণা হ'ল, নাৰীৰ বাবে স্বামীয়েই সৰ্বস্ব। স্বামীয়েই প্ৰভু, পৰমেশ্বৰ, গৰাকী। গতিকে নিজৰ প্ৰভুৰ ওচৰত সকলো সমৰ্পণ কৰিবলৈয়ো মাক-পিতাকে ছোৱালীজনীক শিকাই পঠিয়ায়ঃ (অ' জীৱেৰ বেউলা অ') সংসাৰ চলাবলৈ মাক-পিতাকৰ উপদেশ মানি চলি প্ৰায়ভাগ ছোৱালীৰ সংসাৰ সুখৰ হয়। কিন্তু মাক-পিতাকৰ উপদেশ মানি চলাৰ পিছতো কিছুমানৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হোৱা দেখা যায়। কোনো কোনো পৰিয়ালত ছোৱালীজনী বিয়া হৈ অহা ঘৰখনত শাহুৱেক-নন্দেকে লগ হৈ বোৱাৰীজনীক অত্যাচাৰ কৰে। নিজৰ মাক-পিতাকৰ ঘৰত সুখেৰে আৰামত জীৱন কটোৱা সৰু ছোৱালীজনীৰ ওপৰত যথেষ্ট কামৰ ভাৰ পৰে। ফলত ন-বোৱাৰীজনীৰ ভাগৰুৱা দেহত টোপনিয়ে হেঁচা মাৰি ধৰে। কিন্তু তাই টোপনিক তাইৰ কাষলৈ নাহিবলৈ কাবৌ কৰেঃ (টুপুনি টুপুনি অ' আই টুপুনি) নতুনকৈ বিয়া হোৱা প্ৰতিজনী ছোৱালীৰে মাকৰ ঘৰখনলৈ যোৱাৰ গৈ কিছুসময় থাকি অহাৰ বৰ হেঁপাহ। লোকগীততো চহাকবিয়ে তেনে ছবি অংকন কৰিবলৈ পাহৰা নাইঃ (টুপুনি টুপুনি অ' আই টুপুনি) ধান বনা, চাউল জৰা আদি অসমৰ যিকোনো গাঁৱৰে এটি চিনাকি দৃশ্য। ঘৰৰ সমস্ত কাম কৰি উঠি মাকৰ ঘৰলৈ যাবলৈ বিচাৰিলেও বোৱাৰীয়েকক শাহুৱেকে যাবলৈ অনুমতি নিদিয়াত বোৱাৰীয়েকে মনে মনে শাহুৱেকক 'নাককাটি' বুলি গালি পাৰি ভোৰভোৰাইছেঃ (টুপুনি টুপুনি অ' আই টুপুনি) আকৌ ব'হাগৰ দোমাহীৰ দৰে শুভ ক্ষণতো শাহুৱেক-নন্দেকে তাইক গৰু পঘাৰে বন্ধাৰ দৰে অমানুষিক আৰু মানসিক অত্যাচাৰ কৰা বাবে খঙত অতিষ্ঠ হৈ বোৱাৰীয়েকে "শাহু-ননন্দিনী দুয়ো কালবাঘিণী" বুলি গালি পাৰিছে। গালি-গালাজো এখন সমাজৰে, এখন সমাজৰ সংস্কৃতিৰে অংগ। লোককবিয়ে সাধাৰণ মানুহৰ অৱস্থাৰ লগত, পৰিবেশ-পৰিস্থিতিৰ লগত খাপ খাই পৰাকৈ গীতৰ চৰিত্ৰবোৰৰ মাজেৰে এইবোৰ প্ৰকাশ কৰিছে। খঙত অতিষ্ঠ হৈ সেয়ে বোৱাৰীজনীয়ে কেতিয়াবা পৰিয়ালৰ সকলোৰে আনকি নিজৰ গিৰিয়েকৰো মৃত্যু কামনা কৰি নিজে 'ধেমেনা' অৰ্থাৎ বাঁৰী-বিধবা হৈ আন পুৰুষৰ ঘৰলৈ যোৱাৰ ইচ্ছা ব্যক্ত কৰিছেঃ (টুপুনি টুপুনি অ' আই টুপুনি) তদানীন্তন সমাজখনত স্বামী-স্ত্ৰীৰ মাজত বয়সৰ ব্যৱধান যথেষ্ট বেছি আছিল। সেয়ে গিৰিয়েক-ঘৈণীয়েকৰ মাজত বন্ধুত্বসুলভ সম্পৰ্ক হোৱাটো অস্বাভাৱিক আছিল। তেওঁলোকৰ মাজত হয়তো বৰ বেছি কথা-বতৰাও নহৈছিল। স্বামী-স্ত্ৰীৰ সম্পৰ্কত প্ৰেমৰ সলনি অনুশাসনৰ প্ৰভাৱহে বেছি আছিল যেন বোধ হয়। সেয়ে আহোঁতে যাওতে ভুকুটো, চৰপাত, লাঠটো খোৱাটো বোৱাৰীবোৰৰ বাবে নিত্যনৈমিত্তিক হৈ পৰিছিল। যুক্তি-তৰ্ক কৰা বাবে মানুহৰ মুখখনহে দায়ী। কিন্তু ভুকুটো বা থাপৰটো সদায় পিঠিত পৰে। বোৱাৰীজনীৰ মনৰ ভাবঃ (টুপুনি টুপুনি অ' আই টুপুনি) মাক-পিতাকৰ ঘৰত কাম কৰাৰ অভ্যাস নথকা ছোৱালীৰ বোৱাৰীকালৰ প্ৰথমভাগত কাম-বন কৰিবলৈ এলাহ লাগে বাবে গা অসুখ বুলি ন-বোৱাৰীয়ে শেতেলী লয়। কিন্তু গুণীজনে আহি তাই সুস্থ বুলি কোৱাত তাই প্ৰকৃত কাৰণটো বুজি পায় যে এলাহৰ বাবেই তাই সাউতকৈ ঢাৰি-পাটী পাৰিলৈ শুই থাকিবলৈহে ভাল পায় আৰু ৰাতি শুলে বেলি মূৰৰ ওপৰলৈ উঠিলেহে সাৰ পায়ঃ (টুপুনি টুপুনি অ' আই টুপুনি) আজিৰ সমাজখন বহুক্ষেত্ৰত আগবাঢ়ি গ'লেও আজিও সমাজত জাত-পাতৰ বিচাৰ-খোচাৰ কৰা লোকৰ সংখ্যা কম নহয়। অনাক্ষৰী চহাকবিৰ মুখে মুখে লোকগীতৰ প্ৰচাৰ হোৱাৰ সময়তো সমাজত জাতি-ভেদ প্ৰথা, জাতি-কুলৰ বাচ-বিচাৰ আদি আছিল। লোকগীতত ইয়াৰো নিদৰ্শন পোৱা যায়। বেহা-বেপাৰ কৰিবলৈ সদাগৰবিলাকে নাৱেৰে নদীত ভটিয়াই গৈছিল। বণিজ কৰিবলৈ যোৱা সময়ছোৱাতে সদাগৰহঁতৰ কাৰোবাৰ লগত চাৰি চকুৰ মিলন হয়। কিন্তু নিজৰ কৰি লোৱাৰ আগতে জাতি-কুলৰ কথা সোধা-পোচা কৰা হৈছিল। চ'ত মাহৰ কোনো দুপৰীয়া পিয়াহত অণ্ঠ-কণ্ঠ শুকাই যোৱা কোঁৱৰক পানী খুৱাই প্ৰাণ ৰক্ষা কৰা কন্যাগৰাকীক কোঁৱৰে সোধেঃ (হাততে চেৰেন্দা লৈ) কোঁৱৰৰ এনে প্ৰশ্নত কন্যাগৰাকীয়ে নিজৰ জাতি-কুলৰ পৰিচয় দিয়াৰ লগতে নিজে আগভাগ লৈ প্ৰেম নিবেদনো কৰিছেঃ (হাততে চেৰেন্দা লৈ) (লাইজাৰ ভাঙিলোঁ উৰুঙা বতাহে) (অ' ফুলেশ্বৰী বুকুৰে লগৰী অ') (টুপুনি টুপুনি অ' আই টুপুনি) ডাক্তৰৰ ফীজঃ এটি ব্যক্তিগত অনুভৱ(-টুৱাৰাম দত্ত) শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. Theme: ColorMag by ThemeGrill. Powered by WordPress. Copying is Prohibited!
ভাৰতত মধুমেহ (ডায়েবেটিচ) ৰোগৰ প্ৰাদূৰ্ভাব ইমানেই বেছি যে বহুতেই ইয়াক মধুমেহৰ ৰাজধানী বুলিও কয়। চল্লিশ মিলিয়নতকৈও বেছি ৰোগীৰ সৈতে ভাৰতক বিশ্বৰ ভিতৰতে সবাতোকৈ বেছি মধুমেহ ৰোগী থকা দেশ বুলি চিহ্নিত কৰা হৈছে। স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ ব্যাপক বিৰূপ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক, বৈজ্ঞানিক আৰু নাগৰিক সকল মধুমেহৰ প্ৰতিকাৰৰ প্ৰতি আৰু বেছি সজাগ হৈছে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বোম্বে (আই আই টি বোম্বে) ৰ এক আবিস্কাৰে মধুমেহ ৰোগীসকলৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে। তেওঁলোকে এক পলিমাৰ জাতীয় বস্তু ব্যৱহাৰ কৰি এক কৃত্ৰিম অগ্ন্যাশয় প্রস্তুত কৰিছে যি মধুমেহ নিয়ন্ত্ৰন কৰাত সহায়ক হ'ব। মধুমেহ হৈছে দীৰ্ঘদিনীয়া বিপাকীয় ৰোগ য'ত তেজত থকা শৰ্কৰাৰ মাত্ৰা বেছি হৈ থাকে। আমি খোৱা আহাৰৰ পৰা দেহত শক্তি প্ৰদানকাৰী গ্লূক'জ নামৰ শৰ্কৰা এবিধ প্ৰস্তুত হয়। অগ্ন্যাশয়ত প্রস্তুত হোৱা ইনচুলিন নামৰ হৰমোন এবিধে দেহত গ্লূক'জৰ ব্য়ৱহাৰ নিয়ন্ত্ৰণ কৰে। মধুমেহ ৰোগীসকলে প্ৰয়োজনীয় মাত্ৰাত ইনচুলিন উৎপাদন কৰিবলৈ অক্ষম হয় বা প্ৰস্তুত হোৱা ইনচুলিন ব্যৱহাৰ কৰিবলৈ অক্ষম হয়। কেতিয়াবা আকৌ এই দুয়োটা লক্ষণেই দেখা দিয়ে। চৈধ্য় বছৰৰ তলৰ প্ৰত্যেক এক লাখ শিশুৰ মাজত গড়ে তিনিটা শিশু টাইপ ১ ডায়েবেটিচৰ দ্বাৰা আক্ৰান্ত হয় আৰু চিকিৎসক সকলে ইনচুলিনৰ বেজী, ইনচুলিন পাম্প আৰু অগ্ন্যাশয় বা ইনচুলিন প্ৰস্তুতকাৰী অগ্ন্যাশয়ৰ আইলেট কোষৰ প্ৰতিস্থাপনেৰে ইয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰে। শেহতীয়াকৈ আচল অগ্ন্যাশয়ৰ দৰে কাম কৰিব পৰাকৈ আইলেট কোষ সহ কৃত্ৰিম অগ্ন্যাশয় নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে। অৱশ্যে আমাৰ দেহ আৰু দেহৰ প্ৰতিৰক্ষা প্ৰণালীয়ে কৃত্ৰিম অগ্ন্যাশয়ক বহিৰাগত বস্তু বুলি চিহ্নিত কৰে আৰু ইয়াৰ প্ৰতিস্থাপনত বাধাৰ সৃষ্টি কৰে। পেটেণ্ট প্ৰাপ্ত এই ফোঁপোলা আবৰণিখন পলিচালফোন নামৰ এবিধ দৃঢ় আৰু স্থায়ীত্ত যুক্ত পলিমাৰ আৰু টি পি জি এচ (ডি আলফা টোকফেৰীল প'লিইথিলিন গ্লাইকল ১০০০ চাকচিনেট) ব্যৱহাৰ কৰি বনোৱা হৈছে। "আবৰণীখনৰ বৈশিষ্ট হৈছে যে ই অবিকল আমাৰ দেহত থকা বহিঃকোষীয় আবৰণীৰ দৰে কাম কৰে আৰু ইনচুলিন প্রস্তুতকাৰী কোষ সমূহক ইয়াৰ ওপৰত বাঢ়িবলৈ সহয় কৰে। গতিকে আমাৰ দেহৰ প্ৰতিৰক্ষা প্ৰক্ৰিয়াই ইয়াক একো লোকচান নকৰাকৈ ৰোগী সকলে ইনচুলিন লাভ কৰিবলৈ সমৰ্থ হয়," প্ৰফেছৰ বেল্লাৰে জনায়। আৱৰণীখনৰ ভিতৰ ভাগত থকা ৰন্ধ্ৰবোৰ অতি ক্ষুদ্ৰ যিয়ে ইনচুলিন বাহিৰ ওলোৱাত সহায় কৰে। আবৰণী খনৰ বাকী ঠাইত থকা ৰন্ধ্ৰবোৰ ডাঙৰ আৰু ই গঠন প্ৰক্ৰিয়াত সহায় কৰে। বহু কেইখন এনেকুৱা আৱৰণী লগ লগাই এটা পাত্ৰৰ আকাৰৰ ইনচুলিন প্ৰস্তুতকাৰী বায়'ৰিয়েক্টৰ বা কৃত্ৰিম অগ্ন্যাশয় প্ৰস্তুত কৰা হয়। গৱেষণাকাৰী সকলে মানুহ আৰু গাহৰিৰ ষ্টেমকোষ ব্যবহাৰ কৰি এই যন্ত্ৰটোৰ সফল পৰীক্ষন কৰিছে। কৃত্ৰিমভাৱে ডায়েবেটিচত আক্ৰান্ত কৰা নিগনিৰ দেহত এই কৃত্ৰিম অগ্ন্যাশয় প্ৰতিস্থাপন কৰাৰ ৩০ দিনৰ পাছটো নিগনিৰ দেহত কোনো ঋণাত্মক প্ৰতিক্ৰিয়া দেখা ন'গল। আনহাতে নিগনিৰ দেহৰ প্ৰতিৰক্ষা প্ৰনালীৰ কোষ সমূহে এই প্ৰত্য়াৰোপন টোক আক্ৰমণ কৰা নাছিল আৰু ইয়াৰ কৃত্ৰিম অগ্ন্যাশয়ৰ কোষৰ ওপৰত ৰক্ত নলীকাৰ বিকাশ হোৱাও দেখা গৈছিল। এই গবেষণা টোৱে টাইপ ১ ডায়েবেটিচত আক্রান্ত প্রায় ৫৪২000 শিশুক লাভাবিম্বিত কৰিব বুলি আশা কৰা হৈছে। প্ৰফেছৰ বেল্লাৰে কয় "যদিও আইলেট কোষৰ প্ৰত্য়াৰোপন কৰি মধুমেহ নিৰ্মূলকৰন এতিয়াও সম্পূৰ্ণ সম্ভৱপৰ হৈ উঠা নাই, সঠিক উপাদান আৰু কোষৰ ব্য়ৱহাৰ কৰি এদিন এই সপোন বাস্তবায়িত কৰিব পৰা যাব।" পৰবৰ্তী পৰ্য্য়ায়ত এই কৃত্ৰিম অগ্ন্যাশয়টো ডাঙৰ জন্তুৰ দেহত প্ৰতিস্থাপন কৰি ই কেনেকৈ কাম কৰে তাক পৰীক্ষা কৰা হব। "যদিও এই কৃত্ৰিম অগ্ন্যাশয়টো মানুহৰ দেহত প্ৰয়োগ কৰিবলৈ এতিয়াও বহুদূৰ বাকী আছে, ইয়াৰ মৌলিক প্ৰযুক্তি এই অধ্য়য়নত সফলভাৱে প্ৰদৰ্শন কৰা হৈছে," প্ৰফেছৰ বেল্লাৰে জনায় ।
ব্ৰহ্মাস্ত্ৰ চলচ্চিত্ৰখনৰ প্ৰচাৰ কৰিবলৈ ৰণবীৰ কাপুৰ-আলিয়া ভাটে উজ্জয়িনীৰ মহাকাল মন্দিৰলৈ গৈছিল যদিও পৰিকল্পনা কৰাৰ দৰে নহ'ল। ছবিখনৰ PR দলে সংবাদ মাধ্যমত প্ৰচাৰ কৰি আহিছিল যে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ছবিখনৰ পৰিচালক আয়ন মুখাৰ্জীৰ সৈতে মহাকাল ভ্ৰমণ কৰিবলৈ উজ্জয়িনীলৈ গৈ আছে। কিন্তু ৰণবীৰ-আলিয়া মন্দিৰত উপস্থিত হোৱাৰ পূৰ্বেই শ শ বজৰং দলৰ কৰ্মী মন্দিৰ চৌহদৰ বাহিৰত উপস্থিত হয়। তেওঁলোকে গেট ঘেৰাও কৰি ৰণবীৰ-আলিয়াৰ বিৰুদ্ধে শ্ল'গান দিবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ ছচিয়েল মিডিয়াত ৰণবীৰৰ শেহতীয়া ভিডিঅ'বোৰৰ ওপৰত ক্ষোভিত হৈ উঠিছিল লোকসকল। ভিডিঅ'ত ৰণবীৰে গো-মাংস খোৱাৰ কথা কৈছিল। অৱশ্যে চলচ্চিত্ৰখনৰ পৰিচালক আয়ন মুখাৰ্জীয়ে ছবিখনৰ DVD লৈ মন্দিৰত প্ৰৱেশ কৰিছিল। তেওঁ প্ৰাৰ্থনা কৰিছিল আৰু মহাকাল চলচ্চিত্ৰখন উৎসৰ্গা কৰি আশীৰ্বাদ আৰু প্ৰসাদ লৈছিল।আনহাতে, ৰণবীৰ-আলিয়াই মন্দিৰৰ বাহিৰত হোৱা হুলস্থুল আৰু প্ৰতিবাদৰ খবৰ পাইছিল। বজৰং দলৰ কৰ্মীসকলে শিল্পীসকলৰ বিৰোধিতা কৰি জয় শ্ৰী ৰাম বুলি চিঞৰি আছিল। আৰক্ষীৰ প্ৰচেষ্টা স্বত্বেও প্ৰতিবাদ বন্ধ হোৱা নাছিল যাৰ বাবে আলিয়া-ৰণবীৰে মন্দিৰ দৰ্শন নকৰাকৈ উভতি আহে। কিন্তু নিৰাপত্তাৰ মাজতে আয়ন মুখাৰ্জীয়ে মন্দিৰত প্ৰৱেশ কৰিছিল। তেওঁ মুখ্য পুৰোহিতসকলৰ সৈতে মহাকালৰ উপাসনা কৰিছিল। কিন্তু বজৰং দলৰ কৰ্মীসকলৰ বিৰোধিতা দেখি আলিয়া-ৰণবীৰে আগবাঢ়ি নাযাবলৈ সিদ্ধান্ত লয়। উজ্জয়িনীৰ বহুলোকে কৈছিল যে ৰণবীৰে ভিডিঅ'টোত কোৱা কথাবোৰ ক'ব নালাগিছিল। লগতে যদি তেওঁৰ বিশ্বাস মহাকালত থাকে, তেন্তে তেওঁ আহি নীৰৱে পৰিদৰ্শন কৰিব লাগিছিল। তেওঁ এই যাত্ৰাক চলচ্চিত্ৰ প্ৰচাৰৰ অংশ কৰিব নালাগিছিল। Please follow and like us: Wearing seat belts is made compulsory from now on, announced the Union Minister. Save my name, email, and website in this browser for the next time I comment. ২১ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'লোকমন্থনঃ ২০২২'.
তিনিচুকীয়াঃ সমগ্ৰ অসমৰে এক অগ্ৰণী পৰিৱেশ সুৰক্ষাৰ সংগঠন 'পৰিৱেশ সুৰক্ষা সমিতি, অসম'-এ ৰাজ্যখনৰ প্ৰভাৱশালী ৰাজনীতিবিদ তথা বৰ্তমানৰ অসম চৰকাৰৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে 'ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা'। এক বিবৃতিযোগে পৰিৱেশ সংগঠনটোৱে সদৰী কৰিছে এই কথা। দুই দশক পূৰ্বে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী যুৱ নেতা হিচাবে আত্মপ্ৰকাশ কৰাৰ অন্তত বিচক্ষণতাৰ পৰিচয় দাঙি ধৰি গুৰুত্বপূৰ্ণ পদৱীত থাকি বৰ্তমানলৈকে বহু গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ মাজত এগৰাকী সক্ৰিয় ৰাজনীতিবিদ আৰু মন্ত্ৰী হিচাবে নিজৰ অৱস্থিতি সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱালৈ চাই এই বঁটাৰ বাবে সংগঠনটোৱে মনোনীত কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। ড॰ হিমন্ত বিশ্ব শৰ্মা কেৱল ৰাজনীতিবিদ বুলিয়েই নহয় এগৰাকী সফল লেখক, বাগ্মী ব্যক্তি হিচাবেও অসমৰ জনমানসত পৰিচিত হ'বলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰিছে সংগঠনটোৱে। 'ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা'ৰ লগতে পৰিৱেশ সুৰক্ষাৰ সৈতে নিবিড়ভাবে জড়িত ব্যক্তিকো চলিত বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 'ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা শ্ৰেষ্ঠ পৰিৱেশ কৰ্মী বঁটা' প্ৰদানৰ সিদ্ধান্তৰ কথাও বিবৃতিটোত উল্লেখ কৰিছে সংগঠনটোৱে। দুয়োটা বঁটাতে মান পত্ৰ, শৰাই, স্মাৰক, উপহাৰ আৰু নগদ ধনৰ টোপোলা আগবঢ়োৱা হ'ব বুলি জনাইছে সংগঠনটোৱে। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.
বি টি চি চুক্তিৰ আধাৰত বড়োলেণ্ডবাসীয়ে পাবলৈ সক্ষম হোৱা তথা ২০০৮ চনত স্থাপিত কোকৰাঝাৰ চন্দ্ৰপাৰা বিজুলীবাৰীস্থিত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰাকৃতিক জলবায়ু সংৰক্ষণ আৰু বিশুদ্ধকৰন বিষয়ৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় (বি বি ই চি)ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ উদ্যোগত আৰু গুৱাহাটীৰ 'আছাম চায়েন্স টেকন'লজী ও এনভাইৰনমেণ্ট কাউঞ্চিল'ৰ সহযোগত এই কৰ্মশালাখন আয়োজন কৰা হয়। কৰ্মশালাত আমন্ত্ৰিত অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ প্ৰফেচৰ ডঃ হৰি প্ৰসাদ শৰ্মা উপস্থিত থাকি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে প্ৰাকৃতিক জলবায়ু সংৰক্ষণ আৰু বিশুদ্ধকৰনৰ প্ৰয়োজনীয়তাৰ ওপৰত বিষদভাৱে বাখ্যা কৰে। 'জলবায়ু সংৰক্ষণ কৰিবলৈ আমি সকলোৱে দায়বদ্ধ, কাৰণ পানীয়ে আমাৰ জীৱন' এইদৰে মন্তব্য কৰি জলবায়ু সংৰক্ষণৰ ওপৰত বক্তব্য ৰাখে শৰ্মাই। উক্ত কৰ্মশালাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত বৰুৱা মুখ্য অতিথি ৰূপে আৰু চিৰাঙৰ ধালিগাৱৰ বি আৰ পি এলৰ প্ৰকল্প পৰিচালক এ. কে. ব্ৰহ্ম প্ৰমুখ্যে বি বি ই চি মহাবিদ্যালয়ৰ অধ্যক্ষ কমল ব্ৰহ্ম আৰু বহু গৰাকী প্ৰফেচৰ উপস্থিত থাকে। ৩.৫ মিনিটৰ ভিতৰত সাজু হৈ নুঠিল ৰন্ধা,পাস্তা কোম্পানীৰ বিৰুদ্ধে ৰুজু ৪০ কোটি টকাৰ গোচৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
নিউজ ডেস্কঃ অসমত বিগত কিছু সপ্তাহ ধৰি পৰি থকা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানী, ভূমিস্খলনে বহুলোকক গৃহহীন কৰিছে। এই দুৰ্যোগে লক্ষাধিক শিশুকো প্ৰভাৱিত কৰিছে। এইবাৰ বানপানী,ভূমিস্খলন আৰু যোৱা দুটা বৰ্ষত কোভিডৰ ফলত হোৱা লকডাউনে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰটো ব্যাপক ক্ষতিসাধন কৰিছে। বানপানীয়ে এইবাৰ অসমত কালৰূপ ধাৰণ কৰিছে। অসমৰ কাছাৰ জিলাত বানৰ ফলত ১লাখৰো অধিক ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশত ক্ষতিগ্ৰস্ত হৈছে। বানত বাসগৃহ, সা-সম্পত্তিকে ধৰি শিক্ষাৰ্থীসকলৰ কিতাপ পত্ৰ উটি যায়। কাছাৰ জিলা প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনৰ প্ৰায় ১৩,০০০ শিশু সাহাৰ্য শিবিৰত আশ্ৰয় লৈ আছে। জিলাখনৰ জি চি কলেজত সাহাৰ্য শিবিৰত থকা ৰাজেশ নামৰ এগৰাকী শিক্ষাৰ্থীয়ে কয় যে, বানপানীত মোৰ সকলো কিতাপ উটি গ'ল। মই পঢ়াশুনাৰ বাবে এজন শিক্ষকৰ সৈতে যোগাযোগ কৰিছিলো কিন্তু বানপানীৰ বাবে নোৱাৰিলোঁ। মোৰ ঘৰত এতিয়াও একাঠুলৈ পানী। এটা মাহৰ ভিতৰতে জিলাখনত দুবাৰকৈ বানপানীয়ে জলমগ্ন কৰে। ৰাজেশৰ দৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। জিচি কলেজৰ সাহাৰ্য শিবিৰত ভগ্নী আৰু পিতৃ-মাতৃৰ সৈতে থকা চন্দ্ৰানী দাসে কয় যে বানে তেওঁলোকৰ ঘৰখন ক্ষতিগ্ৰস্ত কৰিছে। ঘৰখনত কোনো সামগ্ৰী ঠিকে আছে নে নাই সেইলৈ এতিয়াও নিশ্চিত নহয়। বাৰিষা বৰাক ফেনে-ফুটুকাৰে বাঢ়ি অহাৰ ফলত জিলাখন জলমগ্ন হয়। অসম চৰকাৰে বানতগ্ৰস্ত শিক্ষাৰ্থীসকলক এক হাজাৰকৈ এক হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বানপীড়িত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত এই ঘোষণা কৰে। কাছাৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত জাল্লি কীৰ্তিয়ে কয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলে স্নাতক তৃতীয় বৰ্ষলৈকে ১000 টকাকৈ লাভ কৰিব। আমি তথ্য সংগ্ৰহ কৰি আছো। যিসকল শিক্ষাৰ্থীৰ বেংক একাউণ্ট নাই তেওঁলোকক তেওঁলোকৰ অভিভাৱকৰ একাউণ্টত ধনৰ পৰিমাণ দিয়া হ'ব। এইবাৰ বানৰ সংহাৰৰ পৰা ৰক্ষা পৰিল ধুবুৰী, পিছে কেনেকৈ? Search for:
জালপঞ্জীঃ কেইটামান 'অযুক্তিকৰ' প্ৰশ্ন\nধৰা হওক 'ঈশ্বৰ' (মানে হিন্দুৰ কোনো ভগৱান, মূছলমানৰ আল্লা বা খ্ৰীষ্টধৰ্মৰ গ'ড) বুলি কোনো অস্থিত্ব আছে - যি পৰম দয়ালু, পৰম শক্তিমান, সৰ্ব বিদ্যমান ইত্যাদি ইত্যাদি। কেইটামান প্ৰশ্নৰ কোনো যুক্তি বিচাৰি পোৱা নাযায়।\n১) ঈশ্বৰে যদি সকলো সৃষ্টি কৰিলে, তেৰাক কোনে সৃষ্টি কৰিলে?\n২) বিশেষকৈ আব্ৰাহিমিক ধৰ্মসমূহত "চৈতান"(বা "ডেভিল") বুলি এটা চৰিত্ৰ পোৱা যায়। বৰ্ণনাৰ পৰা এনে লাগে যেন সি এটা 'ঈশ্বৰ'ৰ লগত ফেৰ মাৰিব পৰা খলনায়ক। ইয়াত প্ৰথম প্ৰশ্ন উঠে চৈতানক কোনে সৃষ্টি কৰিলে আৰু কিয়? দ্বিতীয়তে ঈশ্বৰ যদি 'সৰ্ব শক্তিমান', ইমান দিনে তেৰাই চৈতানক বধ বা নিয়ন্ত্ৰণ কৰিব পৰা নাই কিয়? তেৰা 'সৰ্ব শক্তিমান' নহয় নেকি?\n৩) মানুহক নীতি শিক্ষা দিবলৈ ঈশ্বৰে মাজে মাজে বাৰ্তাবাহক পঠিয়ায়। কিছুমান ধৰ্মৰ মতে তেৰাই কোনো অৱতাৰ লৈ মানুহক নীতি শিক্ষা দিয়ে। কথাটো এনে লাগে বৰ্তমানৰ চফ্টৱেৰ কোম্পানীবোৰে নিজে আগতে তৈয়াৰ কৰা চফ্টৱেৰৰ 'বাগ' বা ভুলবোৰ শুধৰাবলৈ পেট্চ (patch) পঠিওৱাৰ দৰে। মানে সৃষ্টিৰ সময়ত তেৰাই তৈয়াৰ কৰা মানুহবোৰৰ মগজুত ভৰাই পঠিওৱা 'চফ্টৱেৰ' ক্ৰমে বিকৃত হৈ যায়। সেয়ে 'পেট্চ' পঠিয়াব লগা হৈছে। যিকি নহওক, তেওঁ বাৰু পোনপতীয়াকৈ সেই পেট্চ মানুহবোৰৰ মস্তিষ্কলৈ পঠিয়াই কিয় নিদিয়ে? এজন 'বাৰ্তাবাহক' বা 'অৱতাৰ'ৰ মাধ্যমেৰে পঠিয়াব লগা হয় যে? তেৰাৰ এই পোনপতীয়াকৈ পঠিয়াৱ পৰা "প্ৰযুক্তি" নাই নেকি?
গুৱাহাটীত শুনানি লোৱাৰ বাবে অহা যুটীয়া সংসদীয় কমিটী, খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত, ৭ মে'ত। ফটো : য়ু বি। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ ৰাজ্যবোৰত প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ খিলঞ্জীয়া ৰাইজলৈ আহিছে এটা ক্ষীণ আশাৰ বতৰা। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও হেঙাৰ হৈ আছে যুটীয়া সংসদীয় কমিটীৰ বিজেপি সাংসদকেইজন। নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতি (জেপিচি)ৰ একাংশ সদস্যই বিধেয়কখনৰ আওতাৰ পৰা বাংলাদেশক বাদ দিয়াৰ পোষকতা কৰিছে। এই সন্দৰ্ভত একমতত উপনীত হোৱা সদস্যকেইজনে জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাললৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। সংশোধনী বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়াৰ পক্ষত আছে বিজেপিক বাদ দি কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বিজু জনতা দলকে ধৰি আন আন দলৰ সাংসদসকল। কিন্তু এই ক্ষেত্ৰত এতিয়াও বিপৰীত মেৰুতেই আছে বিজেপি সাংসদকেইজন। উল্লেখযোগ্য যে, জেপিচিৰ ৩০জন সদস্যৰ ভিতৰত বিজেপিৰে আছে ১৩জন সাংসদ। সেইসকলৰ ভিতৰত অসমৰ বিজেপি সাংসদ ৰমেন ডেকা আৰু কামাখ্যা প্ৰসাদ তাছাও আছে। বিধেয়কখনৰ এই উদ্দেশ্য স্পষ্ট যে বিজেপিয়ে এই বিধেয়কৰ জৰিয়তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা অ-মুছলমানসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰাৰ লক্ষ্য লৈছে। কিন্তু যিহেতু সংস্থাপিত কৰিব বিচৰাসকলৰ মাজত ৯০ শতাংশই হ'ল বাংলাদেশৰ পৰা অহা হিন্দুসকল, গতিকে বিজেপিয়ে বিধেয়খনৰ পৰা বাংলাদেশ বাদ পৰাটো বিজেপিয়ে মানি ল'ব নোৱাৰে। সাংসদ ডেকাৰ কথাৰ পৰা এইটোৱে ইংগিত পোৱা গৈছে। ইপিনে, জেপিচিৰ বিভিন্ন দলৰ সদস্যসকলে আগ বঢ়োৱা পৰামৰ্শ সন্দৰ্ভত আপত্তি নাই বুলি আমাক জানিবলৈ দিছে বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন কৰি থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে। কিন্তু এইক্ষেত্ৰত বিজেপিৰ সাংসদকেইগৰাকী সহমতত উপনীত নোহোৱাত চাংমায়ে বিষয়টোত আশ্বস্ত হ'ব পৰা নাই। একেদৰে এই প্ৰস্তাৱ আগ বঢ়োৱা জেপিচিৰ সদস্যসকললৈ ধন্যবাদ জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো। কিন্তু তেওঁ 'অসম চুক্তি' ৰূপায়ণৰ বিষয়টোকহে প্ৰাধান্য দিয়ে। এটা কথা উল্লেখ কৰিব পাৰি যে, এই বিধেয়কখন অসম চুক্তিৰ সম্পূৰ্ণ পৰিপন্থী। আনহাতে অসমক বাদ দি বিধেয়কখন ৰূপায়ণ কৰিব যোৱাটোও অৰ্থহীন। কিয়নো দেশৰ যিকোনো প্ৰান্তলৈ অনুপ্ৰবেশ নঘটক কিয় বিদেশী স্বদেশী হোৱাৰ পিছত বিনা বাধাই অসমত প্ৰবেশ কৰিব পাৰিব। ইয়াৰ উপৰি এই বিধেয়কখনে কেৱল অসম বা উত্তৰ-পূবেই নহয় ওড়িষাৰ বাবেও ক্ষতিকাৰক হ'ব বুলি পূৰ্বতেই মত প্ৰকাশ কৰিছিল বিজু জনতা দলৰ সাংসদ ভাৰত্ৰুহৰি মেহতাবে। তেওঁ পোন প্ৰথমেই সদনত বিধেয়কখনৰ বিৰোধিতা কৰিছিল। তেওঁ এই বিধেয়কখনে 'অসম চুক্তি' উলংঘা কৰিব বুলিও মন্তব্য কৰিছিল। ইপিনে, চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ পৰা হিন্দু, শিখ, বৌদ্ধ, জৈন পাৰ্চি আৰু খ্ৰীষ্টান লোকক ভাৰতত নাগৰিকত্ব দিলে বিজেপিৰ বাবে এটা ভোটবেংক সৃষ্টি হোৱা কথাটোও নুই কৰিব নোৱাৰি। সেয়ে বাংলাদেশক বাদ দি নাগৰিকত্ব আইন সংশোধন কৰিবলৈ গ'লে বিজেপিৰ বিশেষ লাভ নহ'ব। গতিকে আন দলৰ সাংসদে বাংলাদেশক বাদ দিয়াৰ পৰামৰ্শ আগ বঢ়ালেও সেয়া বিজেপিয়ে যে মানি ল'ব তাত সন্দেহৰ থল আছে। অৱশ্যে এই সন্দৰ্ভত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব লগীয়া যুটীয়া সংসদীয় সমিতিৰ বৈঠকতহে স্পষ্ট ছবিখন পোৱাৰ আশা কৰিব পাৰি। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ডিমনেচিয়া - Vikaspedia\nআপোনাৰ চিনাকি মানুহজনৰ নাম মনত পৰা নাই নেকি? অলপ আগেয়ে পিন্ধি থকা চছমাযোৰ বা এইমাত্ৰ কথা পাতি থকা ম'বাইলটো বিচাৰি পোৱা নাই নেকি? লাইটটো নুমুৱাবলৈ পাহৰিলে নেকি?-যদিহে সঘনাই এনে পৰিৱেশৰ মুখামুখি হ'বলৈ লৈছে; তেন্তে অকণমান সাৱধান হ'বৰ হৈছে-ডিমনেচিয়া বা স্মৃতি বিভ্ৰমৰ পূৰ্বাভাস হ'ব পাৰে এয়া।\nডিমনেচিয়া আক্ৰান্ত ব্যক্তিৰ সাধাৰণ বুদ্ধিমত্তাৰ অভাৱ ঘটে, যাৰ ফলত উচ্চস্তৰীয় কল্পনা, বিবেচনাশক্তি আৰু যিকোনো সমস্যা সমাধানৰ সক্ষমতা হ্ৰাস পায়। চিন্তাশক্তি মন্থৰ হয় আৰু চিন্তাৰ যুক্তিসংগতা আৰু নমনীয়তা কমি যায়। স্মৃতিশক্তি হ্ৰাস পোৱাৰ ফলত উল্লেখ কৰা ধৰণৰ 'পাহৰা' ঘটনাই সঘনাই ঘটিব ধৰে। প্ৰথমতে পৰিয়ালৰ অইন সদস্যসকলৰ নজৰত পৰা এনেবোৰ কথা এনেবোৰ কথা কিছু পিছতহে ব্যক্তিগৰাকীয়ে নিজে অনুভৱ কৰে আৰু অইনৰো অৱগত হয়। সৰু-সুৰা এনে পাহৰণিৰ ঘটনাৰে আৰম্ভ হৈ পিছলৈ গুৰুতৰ যেনে ৰাস্তা বা ঠিকনা, লোকৰ বস্তুকে নিজৰ বুলি লৈ অহা আদি পৰ্য্যায় পায়গৈ। ডিমনেচিয়া আক্ৰান্ত লোকৰ ব্যক্তিত্বৰ পৰিৱৰ্তন সহজে আনৰ চকুত পৰে। ব্যক্তিগত আচৰণ আৰু সামাজিক সচেতনতা সলনি হয়। ব্যৱহাৰ ৰুঢ়, অকৌশলী আৰু অইনৰ প্ৰতি সহানুভূতিহীন হৈ পৰে। একে ঠাইতে বহু সময় অকাৰণতে বহি থাকিব পাৰে। ৰোগৰ আৰম্ভণি অৱস্থাত ৰোগীৰ আৱেগিক পৰিৱৰ্তন পৰিলক্ষিত হয় আৰু হতাশাগ্ৰস্ত, উৎকন্ঠিত আৰু খিংখিঙিয়া স্বভাৱৰ হয়। ৰোগ পুৰণি হোৱাৰ লগে লগে নিজৰ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দায়িত্বও লোৱাত অপাৰগ হয়, বিচনাতে শৌচ-প্ৰস্তাৱ কৰিব পাৰে। বাহ্যিক জগতখনৰ প্ৰতি উদাসীন হৈ পৰে। কাপোৰ-কানি নিপিন্ধাকৈ মানুহৰ মাজলৈ অহা, অতি আপোনজনৰ মৃত্যুতো নকন্দা আদি চৰম আৱেগহীন অৱস্থা দেখা যায়।\nডিমনেচিয়া বা স্মৃতি বিভ্ৰম স্নায়ুতন্ত্ৰৰ ক্ষয়কাৰী ৰোগ যেনে আলঝেইমাৰ ৰোগ, পিকছ ৰোগ, হাটিংটনৰ কোৰিয়া আদি; ৰক্তসঞ্চাৰণ তন্ত্ৰৰ ৰোগ, মগজুৰ আঘাত, মগজুৰ টিউমাৰ, থাইৰয়ডৰ ৰোগ, শৰ্কৰাৰ অভাৱ, যকৃতৰ দুৰ্বলতা, বৃক্কৰ দুৰ্বলতা, বি-১২ আৰু ফলিক এচিড আদি ভিটামিনৰ অভাৱ, মদ্যপান, এইডছ, চিফিলছ আদি সংক্ৰমিত ৰোগ ইত্যাদি বিভিন্ন কাৰণত হ'ব পাৰে। ৬৫ বছৰৰ পিছত ৫ শতাংশ লোকেই স্মৃতি বিভ্ৰমত আক্ৰান্ত হয়। পুৰুষতকৈ মহিলাৰ হাৰ বেছি।\nডিমনেচিয়াত আক্ৰান্ত হোৱা বুলি ভাব হ'লে সাধাৰণ বোধজ্ঞান পৰীক্ষাৰ সহায় ল'ব পাৰি। ৫-১৫ মিনিটৰ এম এছ ই, এ এম টি এছ, ট্ৰেইল-মেকিং টেষ্ট, ঘড়ী অঁকা পৰীক্ষা আদি পৰীক্ষাৰে স্মৃতি বিভ্ৰম নিশ্চিত হ'লে, চিকিৎসাযোগ্য কাৰণ নিৰ্ধাৰণৰ বাবে তেজৰ ভিটামিন বি-১২, ফলিক এচিড, কেলচিয়াম আৰু অন্য ইলেক্ট্ৰলাইটৰ পৰিমাণ, থাইৰয়ড, বৃক্ক আৰু যকৃতৰ কাৰ্য্যকুশলতাৰ পৰীক্ষা আদি কৰাব লাগে।\nমগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ চি টি স্কেন, এম আৰ আই, স্পেক্ট বা পেট আদি উন্নত পৰীক্ষাৰো প্ৰয়োজন হয়। ২০১০ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে বিশ্বত প্ৰায় ৩ কোটি ৬০ লাখ ডিমনেচিয়া ৰোগী আছে। ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত, বলী-দুৰ্বল যিকোনো লোকেই ডিমনেচিয়াত আক্ৰান্ত হ'ব পাৰে। উইনষ্টন চাৰ্চিল, মাৰ্গাৰেট থেচাৰ, ৰণালড ৰেগান আদি পৃথিৱীৰ শক্তিশালী শাসক জীৱনৰ পিছৰ কালছোৱাত স্মৃতি বিভ্ৰমত ভুগিছিল।\nডিমনেচিয়া প্ৰতিৰোধ বা চিকিৎসাৰ এতিয়ালৈকে কোনো ফলপ্ৰসূ উপায় ওলোৱা নাই। কিছুমান সম্বাব্য কাৰক যেনে- ৰক্ত সঞ্চাৰণ তন্ত্ৰৰ ৰোগ ঘটাব পৰা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা, নিচাযুক্ত দ্ৰব্য সেৱন, ধূমপান আৰু শাৰীৰিক পৰিশ্ৰমহীনতা আদি কমাব বা দূৰ কৰিব পাৰিলে স্মৃতি বিভ্ৰমৰ সম্ভাৱনা কিছু হ্ৰাস হোৱাৰ কথা কোৱা হৈছে।\nডিমনেচিয়া আক্ৰান্ত লোক এজন কেঁচুৱা সদৃশ, সকলো ক্ষেত্ৰতে তেওঁক আনৰ সহায় লাগে। এনে লোকৰ মানৱ অধিকাৰ সততে উলংঘা হোৱা দেখা যায়। পৰিয়াল তথা সমাজৰ আটায়ে এই সংক্ৰান্তত সচেতন হোৱা প্ৰয়োজন। বিশ্ব স্বাস্থ্য সংস্থাই সেয়ে ডিমনেচিয়াক অগ্ৰাধিকাৰ জনস্বাস্থ্য ঘোষণা কৰিছে।\nউৎসঃ ডাঃ ৰমেন কুমাৰ কাকতি, দৈনিক অসম।
বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে উন্নয়নমূলক কাম কাজৰ ৰূপায়নৰ দিশত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগৰ পুঠিমাৰিত পথ উন্নয়নৰ দাবীত মহিলা সমাজে ৰূপায়ন কৰিছে পথ অৱৰোধ কাৰ্যসূচী। পৰিৱৰ্তনকামী চৰকাৰৰ উদাসীন দৃষ্টিভংগীক এক প্ৰকাৰ সকীয়াই দি ঘৰৰ পৰা ওলাই আহিছে মহিলা সমাজ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে বিভিন্ন ধৰণৰ শ্লোগান তথা কাৰ্যপন্থা হাতত লৈছে যদিও ৰাইজৰ বাবে জনপ্ৰতিনিধিসকলে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে সৰভোগ-কমাৰগাঁও গড়কাপ্তানি পথটো অবৈধ শিল-বালি মাল বহনকাৰী ডাম্পাৰৰ বাবেই জৰাজীৰ্ণ হৈ পৰিছে আৰু পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে।এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগ বা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৃহত্তৰ কমাৰগাঁওৰ মহিলাসকলে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহি বিভিন্ন শ্লোগান দি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী মহিলাসকলে অনতিপলমে এই পথটো মেৰামতি কৰাৰ দাবী জনায়। তেওঁলোকে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ৰঞ্জিত দাসে অঞ্চলটোৰ উন্নয়নমূলক কামত দৃষ্টি দিয়াৰ বাবেও আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আমাৰ চুলিবোৰ প্ৰাকৃতিকভাৱে সুস্থ আৰু সুন্দৰ হৈ থাকিবলৈ বাহ্যিকভাৱে যত্ন লোৱাৰ লগতে আভ্যন্তৰীণভাৱে আৰু প্ৰাকৃতিকভাৱে সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় (Remedies for healthy hair)। ইয়াৰ বাবে স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় । উত্তৰাখণ্ডৰ ছালৰ বিশেষজ্ঞ ডাঃ আশা সকলানীয়ে(Dr. Asha Sakalani, Dermatologist Uttarakhand) এই সন্দৰ্ভত কয় যে, বতৰ, বয়স, ৰোগ, দুৰ্বল জীৱনশৈলীকে ধৰি বহুতো কাৰকে সামগ্ৰিক শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ পেলায় । এই সকলোবোৰৰ প্ৰভাৱ চুলিৰ ওপৰতো দেখা যায় আৰু ইহঁতক শুকান, নিৰ্জীৱ, দুৰ্বল আৰু সমস্যাজনক দেখাবলৈ আৰম্ভ কৰে । ইয়াৰ বাহিৰেও আজিকালি বহুতে চুলি ধুনীয়া কৰিবলৈ বহু ধৰণৰ চিকিৎসা কৰে, য'ত ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰা হয় । এই ট্ৰিটমেণ্টবোৰে চুলিখিনি সাময়িকভাৱে চিকচিকিয়া আৰু সুন্দৰ কৰি তোলে, কিন্তু ইয়াৰ প্ৰভাৱ চুলিত বেছি দিন নাথাকে । একে সময়তে ইহঁতে চুলিৰো যথেষ্ট ক্ষতি কৰে । কিন্তু যদি চুলিবোৰ স্বাভাৱিকতে সুস্থ আৰু শক্তিশালী হয়, তেন্তে কোনো চিকিৎসা নকৰাকৈ সদায় ধুনীয়া, সুস্থ আৰু শক্তিশালী দেখা যায় । ইয়াৰ সমান্তৰালভাৱে তেওঁলোকৰ ওপৰত ৰোগ, বতৰ, প্ৰদূষণ আৰু বয়সৰ প্ৰভাৱো তুলনামূলকভাৱে কম আৰু পলমকৈ দেখা যায়। আভ্যন্তৰীণ চুলিৰ যত্নঃ ডাঃ আশা সকালানীয়ে কৈছে যে সুস্থ জীৱনশৈলী মানি চলাৰ লগতে পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো উপকাৰী, যাতে চুলি প্ৰাকৃতিকভাৱে সুস্থ আৰু শক্তিশালী হৈ থাকে । দৈনন্দিন খাদ্য তালিকাত প্ৰয়োজনীয় পৰিমাণত ফল-মূল, শাক-পাচলি, শুকান শস্য আৰু শুকান ফল-মূলকে ধৰি সময়মতে খোৱা আৰু একে সময়তে সক্ৰিয় ৰুটিন মানি চলা আৰু ভাল টোপনিৰ অভ্যাস মানি চলাটোৱে কেৱল শৰীৰৰ সকলো ব্যৱস্থাক সুস্থ আৰু সুস্থ কৰি ৰখাত সহায় নকৰে .সক্ৰিয় হৈ থাকক, কিন্তু ছাল আৰু চুলিও ধুনীয়া আৰু সুস্থ হৈ থাকে । ছালৰ বিশেষজ্ঞ, ডা. আশা সকালানীয়ে উল্লেখ কৰিছে যে খাদ্যৰ পৰা পোৱা পুষ্টিই চুলিৰ বৃদ্ধিৰ গতি বৃদ্ধি কৰে, ইহঁতৰ শিপা মজবুত কৰে, ৰোগ প্ৰতিৰোধ কৰে, যাৰ ফলত চুলি ফাটি পাতল হয়, চুলি ভাঙি শুকান আৰু নিৰ্জীৱ ৰূপ দেখা দিয়ে।সমস্যাৰ পৰা উপশম পোৱা যায়। তাই বুজাইছে যে চুলিৰ স্বাস্থ্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পুষ্টিকৰ উপাদানসমূহ হ'ল ভিটামিন A- B- C- E আৰু অন্যান্য ভিটামিন, প্ৰ'টিন, ওমেগা ৩ আৰু ওমেগা ৬, আইৰণ, কেলচিয়াম, কপাৰ আৰু জিংক(nutrients for healthy hair) । পুষ্টিকৰ উপাদানৰ উৎসঃ ইয়াত এইটোও জনাটো গুৰুত্বপূৰ্ণ যে প্ৰতিটো শাক-পাচলি, ফল-মূল বা খাদ্য সামগ্ৰীত সকলো পুষ্টিকৰ উপাদান নাথাকে । বিভিন্ন ধৰণৰ খাদ্যই বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান যোগান ধৰে । ইটিভি ভাৰত সুখী ভৱে দিল্লীস্থিত নিউট্ৰিচন আৰু ডায়েটিচিয়ান ডাঃ দিব্য শৰ্মাৰ সৈতে চুলিৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান আৰু ইয়াৰ মূল উৎসৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়। যিটো এনেকুৱা । প্ৰটিনঃ নিৰামিষ আৰু নিৰামিষ উভয় খাদ্যত প্ৰটিন পোৱা যায়। ইয়াৰ নিৰামিষ উৎসৰ কথা ক'বলৈ গ'লে ইয়াৰ ভিতৰত সেউজীয়া পাতৰ শাক-পাচলি, চমু, পটল, মুং, মচুৰ দাইল, উৰাদ, সৰিয়হ, কিডনী বিন, গোমৰা, ঘেঁহু, কুঁহিয়াৰ, মাটিমাহ, শুকান ফল আৰু দুগ্ধজাত সামগ্ৰী (গাখীৰ, পনিৰ) প্ৰধান । আনহাতে, মাছ, কণী, কুকুৰা আৰু মাংসক নিৰামিষভোজী খাদ্যত প্ৰটিনৰ উত্তম উৎস হিচাপে গণ্য কৰা হয়। তাম আৰু জিংকঃ এই দুয়োটা পুষ্টিকৰ উপাদান নিৰামিষ আৰু নিৰামিষ উভয় খাদ্যত পোৱা যায়। সাগৰীয় খাদ্য, ভেঁকুৰ, কুমলীয়া গুটি, তৰমুজৰ গুটি, চিয়া বীজ, ড্ৰাই ফ্ৰুইটছ যেনে কাজু, আলমণ্ড, আখৰোট, পাইন বাদাম, কিচমিচ, গোটা শস্য, চজিনা বা বগা চজিনা, ক'লা চজিনা, ডাৰ্ক চকলেট, টমেটো, বাদাম আৰু ওটছ জিংক আৰু কপাৰ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় । আইৰণঃ গাঢ় সেউজীয়া পাতযুক্ত শাক-পাচলি, বুট, ভেঁকুৰ, মিঠা আলু, পদুম-শসা, শালম, ডালিম, ক'লা খেজুৰ, ক'লা কুঁহিয়াৰ, মাছ, কণী, গৰুৰ মাংস, কিডনী বিন, সৰিয়হৰ মচুৰ দাইল, চজিনা, অংকুৰ আৰু আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায় মচুৰ দাইল আদি । ওমেগা ৩ আৰু ওমেগা ৬ঃ ওমেগা ৩ৰ উৎসৰ কথা ক'লে শণৰ গুটি, সৰিয়হৰ তেল, সৰিয়হ আৰু মেথিৰ গুটি, ক'লা বুট, ৰঙা ৰাজমা, বিন, ড্ৰামষ্টিক পাত, কচু, আখৰোট, খোয়া লগতে ছালমন মাছক প্ৰধান বুলি গণ্য কৰা হয় । আনহাতে আখৰোট (শুকান ফল আৰু আখৰোটৰ তেল দুয়োটা), সূৰ্য্যমুখী বীজ, কুঁহিয়াৰৰ তেল, আঙুৰৰ গুটিৰ তেল, পাইন বাদাম, সৰিয়হ তেল, এভোকেডো তেল, বাদামৰ ঘিউ,হেম বীজ, কণী, আলমণ্ড, টোফু, কিছুমান শাক-পাচলি মূল উৎস বুলি গণ্য কৰা হয় ওমেগা ৬ৰ। ভিটামিনঃ বিভিন্ন ধৰণৰ ভিটামিনৰ বাবে বিভিন্ন ধৰণৰ উৎস আছে যদিও বিলাহী, মিঠা আলু, সেউজীয়া শাক-পাচলি বিশেষকৈ ব্ৰকলি, ভিটামিন A- B- C আৰু E আদি ভিটামিনৰ বাবে, চুলি সুস্থ কৰি ৰখাত অধিক সহায়ক বুলি গণ্য কৰা হয় । ফুলকবি, বন্ধাকবি মূল উৎস হিচাপে গণ্য কৰা হয় । তাৎপৰ্যপূৰ্ণভাৱে আজিকালি বহু চিকিৎসকে চুলি সুস্থ কৰি ৰাখিবলৈ বায়'টিনৰ গুৰুত্বৰ কথা কয়। আচলতে বায়'টিনক কেৱল ভিটামিন বি ৭ বুলি কোৱা হয় । ফলিক এচিডঃ কচু আৰু অন্যান্য সেউজীয়া পাতৰ শাক-পাচলি, ব্ৰকলি, বীন, বাদাম, গোটা শস্য, ছাইট্ৰাছ ফল, পটল আৰু কণী আদিত ফলিক এচিড প্ৰচুৰ পৰিমাণে পোৱা যায় । কেলচিয়ামঃ পপি গুটি, তিল, কেৰম গুটি, গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী খাদ্য, যেনে- খোয়া, দৈ, ঘেউ, পানীৰ আদি, ৰাগী, চিয়া গুটি, বীন, মচুৰ দাইল, আলমণ্ড, সেউজীয়া পাতৰ শাক-পাচলি, টোফু, গাহৰিৰ মাংস, আৰু ছালমন মাছ আদিত কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় । ডাঃ দিব্যই কয় যে এইবোৰৰ বাহিৰেও আন কিছুমান পুষ্টিকৰ উপাদান আছে যিবোৰে চুলি সুস্থ কৰি ৰখাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰে। ইয়াৰ লগতে চুলি সুস্থ কৰি ৰখাত প্ৰয়োজনীয় পৰিমাণৰ পানী সেৱন কৰাটোও উপকাৰী। তাই কয় যে কেতিয়াবা বহু কাৰণত শৰীৰে কেৱল খাদ্যৰ পৰাই প্ৰয়োজনীয় পৰিমাণৰ পুষ্টি লাভ কৰিবলৈ সক্ষম নহয়, তাৰ পিছত এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত প্ৰয়োজনীয় পৰিপূৰকও গ্ৰহণ কৰিব পাৰি । চুলিৰ যত্নও গুৰুত্বপূৰ্ণঃ ডাঃ আশাই কৈছে যে, পুষ্টিকৰ খাদ্য খোৱাৰ সমান্তৰালভাৱে চুলিৰ যত্ন লোৱাটোও অতি প্ৰয়োজনীয় । চুলিত সপ্তাহত কমেও দুবাৰকৈ কুহুমীয়া তেলেৰে মালিচ কৰক, নিয়মিত ব্যৱধানত মৃদু আৰু ভাল মানৰ শ্বেম্পুৰে ধুব লাগে, কেতিয়াবা চুলিৰ প্ৰকৃতি অনুসৰি কণী, আমলা, দৈ, মুলতানি মিট্টিৰে তৈয়াৰী চুলি চুলিখিনিক পুষ্টি দিবলৈ ই উপকাৰী । কম ৰাসায়নিক প্ৰভাৱ থকা হেয়াৰ পেক বা হেয়াৰ স্পা প্ৰয়োগ কৰক । কিন্তু এই সকলোবোৰৰ মাজতো যদি চুলিত কোনো ধৰণৰ সমস্যাৰ লক্ষণ দেখা যায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে ।
ডাঙৰ হ'লে মই - দিগন্ত কুমাৰ ভট্টাচাৰ্য - ফটাঢোল\nHome /গল্প/ডাঙৰ হ'লে মই - দিগন্ত কুমাৰ ভট্টাচাৰ্য\nযোৱাবছৰ বৰুৱাহঁত মুম্বাইলৈ আহিছিল ফুৰিবলৈ । দুদিনৰ কাৰণে। এদিন বাছত উঠি মুম্বাই দৰ্শনো কৰিলে । গাইডজনে মেৰিন ড্ৰাইভৰ পৰা আৰম্ভ কৰি অমিতাভ-শ্বাহৰূখ খানৰ ঘৰো দেখুৱালে । মুকেশ আম্বানীৰ ঘৰটো দেখি চকু থৰ হৈ ৰৈছিল আটাইৰে। শেষত শচীন তেণ্ডুলকাৰে পঢ়া স্কুলখনো দেখুৱালে ।\n"এইখন হ'ল শাৰদাশ্ৰম বিদ্যামন্দিৰৰ খেলপথাৰ..! তোমাৰ বয়সত এদিন তেণ্ডুলকাৰে এইখন পথাৰতে ক্ৰিকেট আৰম্ভ কৰিছিল..তাৰ পিছত শিৱাজী পাৰ্ক...তাৰ পিছত ৱানখেড়ে ষ্টেডিয়াম...আৰু লাহে লাহে গোটেই বিশ্বৰে ফিল্ড কঁপাইছিল তেওঁ....।" - বৰুৱাই সাতবছৰীয়া পুতেক বুবুৰ মুখলৈ চালে। খেলপথাৰখন আগুৰি থকা ৱালখনৰ কিছু অংশ ভাগি সৰু ফুটা এটা হৈছে। কুকুৰ এটাই সেইফালেৰে ওলাবলৈ চেষ্টা কৰিছে। হয়তো গেট খোলা থাকোতে সি ভুলবশতঃ সোমাইছিল,এতিয়া সন্ধিয়া গেট বন্ধ হোৱাৰ পিছত ওলাবলৈ আন বাট বিচাৰি পোৱা নাই। কুকুৰটো এটা সময়ত বাহিৰ ওলাল। ওলায়েই দৌৰিলে সি। বুবুৱে হাঁহিলে।\n"সৰুৰেপৰা ভালদৰে চেষ্টা কৰিলেহে এদিন তেণ্ডুলকাৰৰ দৰে হ'ব পাৰিবা।..এইবাৰ ঘৰলৈ গৈয়ে প্ৰেকটিছ ক্লাছত খুব ভালদৰে খেলিবা দেই। কোচ্চ ছাৰে যি শিকায়,মনোযোগেৰে শুনিবা..।'\nবৰুৱাৰ আশা বুবু ডাঙৰ হ'লে ক্ৰিকেটাৰ হওঁক। ক্ৰিকেট কোচ্চিং চেণ্টাৰ এটাত নাম লগাই দিছে । ৰাতিপুৱা ছয় বজাত যাব লাগে। তাৰপৰা বাহিৰে বাহিৰে স্কুল । পিঠিত বুবুতকৈও দীঘল ক্ৰিকেট কিটটো।\n"বাদ দিয়া হে, বেচেৰাৰ ইমান কষ্ট হয়! সকলো জানো কোচ্চিং ল'লে বুলিয়েই তেণ্ডুলকাৰ হ'ব পাৰিব?" - বৰুৱাপত্নীৰ খং উঠে কেতিয়াবা।\n"শিকি থাকিলে, হাৰ্ড ৱৰ্ক কৰি থাকিলে তেণ্ডুলকাৰ নহ'লেও 'পাৰ্থিৱ পেটেল'তো হ'ব পাৰিব।"- বৰুৱাৰ যুক্তি!\nকিছুমাহৰ আগতে এদিন ৰাতি বৰুৱাপত্নীয়ে বৰুৱাক ক'লে, "হেৰা, কথা এটা ভাবিছোঁ। ইয়াক নাচৰ স্কুল এখনতে নাম লগাই দিম। মই আজি ঠিক-ঠাক কৰি আহিছোঁ। দেখা নাই বিশাল শৰ্মা নামৰ শিশুটোক! অসমৰ পৰা গৈ মুম্বাইত ছুপাৰ ডেন্সাৰ হৈ আহিছে। কম সৌভাগ্য নে মাক-দেউতাকৰ! টিভিত উঠিব পাৰিছে, ফেমাচ হৈ গৈছে!"\n"কি ফাল্টু কথা কোৱাহে? নাচ তেনেকৈ শিকিব পৰা বস্তু নেকি? এইবোৰ জন্মগত..তেজত থাকিব লাগিব...। নাচৰ স্কুলত নাম লগাই দিলেই প্ৰভূদেৱা হৈ যাব নোৱাৰে নহয়।"\n"কিয়? মানুহে শিকি, কষ্ট কৰি ক্ৰিকেট খেলিব পাৰিলে, নাচিব কিয় নোৱাৰিব? আৰু শিকি থাকিলে প্ৰভূদেৱা নহ'লেও 'ধৰ্মেন্দ্ৰ'তো হ'ব পাৰিব।" -বৰুৱানীৰো যুক্তি অকাট্য।\n"ধৰ্মেন্দ্ৰ? তেওঁ দেখোন এক্টৰ!" - বৰুৱাই ভুল ধৰে।\n"এইজন বেলেগ ধৰ্মেন্দ্ৰ। নাচ শিকায়। কৰিঅ'গ্ৰাফাৰ বুলি কয়। ক্ৰিকেটৰ দুনীয়াৰ বাহিৰেও বেলেগ দুনীয়া আছেতো। খালী তেণ্ডুলকাৰ, গাভাস্কাৰ!"\nদুদিন পিছৰেপৰা বুবুৰ নাচৰ স্কুল আৰম্ভ হ'ল। এতিয়া সি ঘৰ পাওঁতে আঠটা বাজে। তাৰ পাছত কিছুসময় টিভি চায় সি। বৰুৱানীয়েও তাক গানৰ চেনেলকেইটা চাবলৈ কয়, অলপ শুনি শিকক বুলি। বৰুৱাৰ আকৌ এই নতুন গানৰ ভিডিঅ'বোৰৰ প্ৰতি অলপ ভয়। আগতে ভাল আছিল। নায়ক-নায়িকাৰ মুখ দুখন ওচৰলৈ নিয়াৰ পাছত, দুটা ফুল দেখুৱাই দি খেল শেষ কৰিছিল। এতিয়া মুখে-ওঁঠে সকলো পুংখানুপুংখকৈ দেখুৱাইহে ডাইৰেক্টৰে সকাহ পায়, কিজানিবা দৰ্শকে বুজাত ভুলেই কৰে! শাহু-খুলশালীক লৈ সপৰিয়ালে 'মাৰ্ডাৰ' চাবলৈ যোৱাৰ অভিজ্ঞতা পাহৰিব নোৱাৰে তেওঁ। টিভিত 'আশিক বনায়া আপনে'ৰ গান বাজি উঠিছে। বৰুৱাই লগে লগে চেনেলটো বদলাই দিলে। বুবুৰ আকৌ প্ৰিয় গান সেইটো। তাৰ মুখখন ফুলে। নাই, বৰুৱাই ৰিস্ক ল'ব নোখোজে। আহিন মাহৰ বানপানীৰ নিচিনাকৈ এই ইমৰান হাছমীয়ে কৰা প্ৰেম নিবেদনবোৰো কোনো আগজাননী নিদিয়াকৈ আৰম্ভ হৈ ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। "ইহ..বেয়া গান চাবলৈ মুখ ফুলাইছে..ডাঙৰ হ'লে চাবি.."- বৰুৱাই ভোৰভোৰালে।\nসিদিনা দেওবাৰে বৰুৱাহঁত চিনেমা চাবলৈ গ'ল গ'ল্ড চিনেমাত। অজয় দেৱগনৰ ছবি 'বাদশ্বাহো'। চিনেমাৰ পোষ্টাৰ দেখি বৰুৱাৰ টেনশ্যন হ'ল। ছবিখনত ইমৰান হাছমী আছে বুলি বৰুৱাই জনা নাছিল।\n"হেৰা, এইডাল আছে দেখো...নাচাওঁ ব'লা।" বৰুৱাই পত্নীক ক'লে।\n"কিনো হ'ল..ইমান দিনৰ মূৰত চিনেমা এখন চাবলৈ আহিছোঁ..একো নহয় দিয়া।"\n"নোৱাৰা চাব, কৈছোঁ নহয়। মনত নাই, 'মাৰ্ডাৰ' চাই কি হৈছিল?...তাতকৈ পাণবজাৰলৈ গৈ তাত অলপ দেৰি ঘূৰি-ফুৰি।" বুবুৰ চকু দুটা চলচলীয়া হ'ল..মুখখনো ফুলিছে অলপ বেছিকৈয়ে।\nবৰুৱাই ধমক এটা মাৰিলে-"ইস! মুখ ফুলাইছে!! সৰু ল'ৰাই এইবোৰ চিনেমা চাব নাপায়। বেয়া চিনেমা। ডাঙৰ হ'লে চাবি।"\nবৰুৱাহঁত নেহৰু পাৰ্কৰ কাষৰ ফুটপাথেৰে খোজ কাঢ়ি গৈ বহিল। বৰুৱাই আইচক্ৰীম কিনি আনি বুবুক দিলে। বুবুৱে হাতেৰে নুচুলেই। মুখেৰেও একো মতা নাই। হঠাতে বৰুৱাই দেখিলে তেওঁৰ কলেজীয়া বন্ধু জয়ন্ত দত্ত আহি আছে তেওঁলোকৰ ফালে হাত দাঙি। লগত দত্তৰ পত্নী। জয়ন্তহঁত গুৱাহাটীলৈ এবছৰ আগতে অহা বুলি শুনিছিল,কিন্তু লগ কৰিব পৰা নাছিল। হঠাতে এনকৈ বন্ধুক পাই বৰুৱা আপোনপাহৰা হ'ল কিছুদেৰি। দত্তই বুবুলৈ চাই "ৱাহ..ই ইম্মান ডাঙৰ হ'ল.." বুলি কোলাত লৈ চুমা এটি খালে।\nকিছুসময় পাৰ হ'ল। হঠাতে দত্তই বুবুক সুধিলে মিচিকিয়াই, "বাবা, তুমি ডাঙৰ হ'লে কি হ'বানো?..কি কৰিবা?..চাওঁ দেউতাৰাই কি ক'বলৈ শিকাইছে..!"\nবুবুৱে ক্ৰিকেটাৰ হ'ম বুলি ক'লে বৰুৱাই শ্ৰীমতীৰ ফালে চাই বেঁকা হাঁহি এটা মাৰিবলৈ সাজু হৈছে। ছুপাৰ ডান্সাৰ হ'ম বুলি ক'লে সকলোৱে বৰুৱাপত্নীৰ মুখলৈ চাব বাবে তেওঁ আগতীয়াকৈ আগফালৰ চুলিকেইডাল ঠিকঠাক কৰি লৈছে।\nঅলপ পৰ ৰৈ বুবুৱে আমন-জিমনকৈ ক'লে, "ডাঙৰ হ'লে মই...ডাঙৰ হ'লে মই বেয়া বেয়া গান আৰু চিনেমা চাম....।"\nদুখন চিটিবাছ ঘেৰঘেৰকৈ শব্দ কৰি পাৰ হৈ গ'ল। বুবুৰ দৃষ্টি তেতিয়া সেই দুখনৰ ওপৰত!\nহা হা, মজা!\nহাঃ হাঃ, মই আকৌ চিনেমাত ইমৰাণ হাচমী থকা বুলি চিনেমা নাচাই নেহেৰু পাৰ্কত গৈ বেলেগ কিবাহে দেখি যাব বুলি ভাবি আছিলো।\nহা হা ইমৰান হাসমী ৰ বাবে অজয় ৰ লোকচান হল।।\nহা হা বঢ়িয়া ক'লে দেই - - । ইমৰান হাছমী হ'ম - , ক'ব বুলিহে ভাবিছিলো।\nছয়নিকা বৈশ্য says:
শিৱসাগৰ : ডিব্ৰগড়ত সংঘটিত মাৰপিটৰ ঘটনাক লৈ শিৱসাগৰতো প্ৰতিক্ৰিয়া। ডিব্ৰুগড় অভিমুখী শতাধিক আছু কৰ্মীক শিৱসাগৰ আৰক্ষীৰ বাধা প্ৰদান। যোৰহাট, গোলাঘাটৰ পৰা অহা আছুৰ সদস্যক শিৱসাগৰৰ পৰাই উভটাই পঠালে আৰক্ষীয়ে। আৰক্ষীক প্ৰশাসন তথা চৰকাৰক তীব্ৰ সমালোচনা শিৱসাগৰ জিলাৰ আছু নেতাৰ। ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শনিবাৰে ডিব্ৰুগড়ৰৰ এখন মহাবিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনা আৰু তাৰ পৰৱৰ্তী সময়ত ১৫ জনকৈ আছু কৰ্মীক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ দেওবাৰে শিৱসাগৰতো সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। আছু কৰ্মীক বিনাচৰ্তে মুক্তিৰ দাবীত ডিব্ৰুগড়ত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যোৱা শিৱসাগৰ জিলাৰ শতাধিক আছু কৰ্মীক পুৱা শিৱসাগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে। পুৱা প্ৰায় দহ মান বজাত ১৫ খন গাড়ীৰে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিব বিচৰা আছুৰ দলটোক নগৰৰ সমীপৰ দৰিকাপাৰত শিৱসাগৰ আৰক্ষীৰ এটা বিশাল দলে বাধা প্ৰদাণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনৰ নেতৃত্বত যোৱা দলটোক দৰিকাপাৰত কিছু সময় আৱদ্ধ ৰাখি পৰৱৰ্তী সময়ত উভটাই পঠাই। আনহাতে ডিব্ৰুগড়ৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবৰ বাবে গোলাঘাট, যোৰহাটৰ পৰা প্ৰায় ত্ৰিশখনতকৈও অধিক বাহনত উঠি অহা আছুৰ কৰ্মীক শিৱসাগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে। আছু কর্মী সকলক নগৰৰ প্ৰগতি চাৰিআলিৰ সমীপত আৰক্ষীয়ে আগুচি ধৰি ডিব্ৰুগড় অভিমুখে যোৱাত বাধা প্ৰদাণ কৰি শিৱসাগৰৰ পৰা উভটাই পঠায়। ইফালে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যোৱা আছু কৰ্মীক এনেদৰে শিৱসাগৰত আৰক্ষীয়ে বাধা প্ৰদাণ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনে। নিৰস্ত্ৰ গণতান্ত্ৰিক প্ৰতিবাদী আছু কৰ্মীক এনেদৰে গন্তৰ্ব্য স্থানলৈ যোৱাত বাধা প্ৰদাণ কৰা কাৰ্যই অসম আৰক্ষীৰ ব্যৰ্থতাকেই লাজলগাকৈ উদঙাই দিছে বুলি মন্তব্য কৰে সমীৰণ ফুকনে। চৰকাৰ, প্ৰশাসনে গ্ৰহণ কৰা দমনমূলক নীতিৰ বিৰুদ্ধে আছুৱে সদায় প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি নেতা গৰাকীয়ে মন্তব্য কৰাৰ লগতে এনে কাৰ্যই আৰক্ষীৰ খাকী পোছাকত কালিমা সানিলে বুলিও সমীৰণ ফুকনে মন্তব্য কৰে। উল্লেখ্য যে শনিবাৰৰ ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। You may also read!
লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা এম জি ভি কে ভানুৰ গালৈ অচিনাক্ত দুৰ্বৃত্তি শিলগুটি নিক্ষেপ কৰে। জানিব পৰা মতে, নিৰ্বাচনী জনসভাত ভাষণ দি থকা সময়তে ভানুৰ গালৈ দুৰ্বৃত্তই শিল নিক্ষেপ কৰে। অৱশ্যে কথমপি আঘাত পোৱাৰ পৰা ৰক্ষা পৰে কংগ্ৰেছ নেতাগৰাকী। শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ প্ৰচাৰৰ বাবে কংগ্ৰেছ নেতা ভানু শুৱালকুছিত উপস্থিত হৈছিল। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী বিধানসভা সমষ্টিৰ দায়িত্বত কংগ্ৰেছে ভানুক নিযুক্তি দিছে। বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভা সমষ্টি হৈছে জালুকবাৰী। আনহাতে, সেইখন সভাতে দুৰ্বৃত্তই আন এগৰাকী কংগ্ৰেছ নেতা তথা নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ গালৈও শিলগুটি নিক্ষেপ কৰে। সভাখনত উপস্থিত একাংশ লোকে আনকি নৰেন্দ্ৰ মোদীৰ সমৰ্থনত শ্ল'গানো দিয়ে। স্বাভাৱিকতে শনিবাৰৰ এই ঘটনাটোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
উত্তৰাখণ্ডৰ জলপ্রলয়ত কালিলৈ অসমৰ দুগৰাকী যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছিল যদিও আজি পুনৰ আন এগৰাকী যুৱক সন্ধানহীন বুলি খবৰ পোৱা গৈছে। নগাঁও জিলাৰ কামপুৰ আৰক্ষী চকীৰ অন্তর্গত উত্তৰ চাংচকীৰ দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাসৰ লগতে হোজাইৰ শশান দালু নামৰ যুৱকগৰাকীও সন্ধানহীন হৈ আছে। জানিব পৰা অনুসৰি তিনিও জনৰে মাজত আছে সম্বন্ধ। কামপুৰৰ সন্ধানহীন হোৱা জ্যেষ্ঠ ভাতৃ কমল দাসৰ খুলখালীয়েক শশান দালু। এই লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা হৈছে। বৰ্তমানলৈ ১৮জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে ২০০ৰো অধিক লোক সন্ধানহীন বুলি জানিব পৰা গৈছে।
চুইজাৰলেণ্ডবাসীৰ স্বদেশপ্ৰেমঃ অস্বীকাৰ কলা ধন - ALAYRAN\nচুইজাৰলেণ্ডবাসীৰ স্বদেশপ্ৰেমঃ অস্বীকাৰ কলা ধন\nচুইছ জনতাৰ স্বদেশপ্ৰেমেঃ অস্বীকাৰ ৫০% শতাংশ কলা ধন\nইউৰোপৰ অন্যবদ্য প্ৰকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চুইজাৰলেণ্ড এক মনোমোহা দেশ । বিশ্ব পৰ্য্যতনৰ অন্যতম শীৰ্ষ নাম । চুইজাৰলেণ্ড বিশ্বৰ .এনে এখন দেশ য'ত সমগ্ৰ বিশ্বৰ প্ৰত্যেক নৱ দম্পতিয়ে নিজৰ ফুলশয্যা উৎযাপন কৰিবলৈ সপোন দেখে । শুকুলা বৰফৰে ঢাক খোৱা আৰু চকুৰোৱা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চুইজাৰলেণ্ড প্ৰকৃতিৰ এক অদ্ভুদ কৃতি । তদুপৰি বিজ্ঞানগাৰ তথা গৱেষণাগাৰৰ বাবে বিশ্ব বিজ্ঞানীৰ উপযুক্ত স্থান ।\nচইজাৰলেণ্ড ইউৰোপ মহাদেশৰ সমৃদ্ধিশালী ৰাষ্ট্ৰৰ ভিতৰত এখন । ইয়াৰ জনসংখ্যাৰ 97 শতাংশই শিক্ষিত । জনসাধাৰণৰ জীৱন-যাপন চহকী অঢ্যবন্ত ।\nপিছে সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা মনোমুহা চুইজাৰলেণ্ডৰ লগত ভৰতবৰ্ষৰ স্থূল আৰু ভ্ৰষ্টাচাৰী ৰাজনীতিৰ এক নিবিড় সম্পৰ্ক আছে । আছে বহু গোপনীয় অথচ ভাৰতীয় জনগণৰ হাড়ভঙা পৰিশ্ৰমৰ মূল্য ।\nআজিৰ পৰা প্ৰায় পঞ্চাছ বছৰৰ আগত চুইজাৰলেণ্ডত এটা ব্যক্তিগত বেংক স্থাপন হ'য় । যাৰ আজিৰ আটাইতকৈ চৰ্চিত নাম হ'ল "চুইচ বেংক" । চুইজাৰলেণ্ডৰ এই ব্যক্তিগত বেংকটো বিশ্বৰ অন্যবেংকৰ নীতি-নিয়মতকৈ সম্পূৰ্ণ পৃথক এক অদ্ভুদ নিয়মৰে পৰিচালিত । চুইছ বেংক গ্ৰাহকৰ ধন আৰু পৰিচয় নতুুবা তথ্য গুপনীয়তাৰ বাবে জগত বিখ্যাত ।\nচুইছ বেংকৰ অদ্ভুদ নিয়মটো হ'ল-গ্ৰাহকে এই বেংকত নিজৰ ধন জমা ৰাখিলে এই বেংকক টকা দিব লগা হ'য় । ইয়াৰ বিনিময়ত চুইছ বেংকে গ্ৰাহকৰ জমাকৃত ধনৰ গোপনীয়তা আৰু সুৰক্ষাৰ দিয়াৰ সম্পূৰ্ণ দায়িত্ব ল'য় । চুইছ বেংকত কোনো গ্ৰাহককে ধন লাভৰ উৎস আৰু অন্যান্য বাধ্যবাধকতাৰ সীম নিৰ্দ্ধাৰণৰ বাবে চুক্তিবদ্ধ হোৱাৰ প্ৰয়োজন নহ'য় । এই বিশেষত্বৰ বাবেই চুইছ বেংক বিশ্বব্যাপী জনজাত ।\nএটা অদ্ভুদ নিয়মৰ বাবে চুইছ বেংক বিশ্বৰ নামী-দামী উদ্যোগপতি, ডাঙৰ ডাঙৰ ব্যৱসয়ী, মাফিয়া, চোৰাং কাৰোবাৰী, বেইমান ৰাজনৈতিক নেতাৰ প্ৰথম পছন্দৰ তালিকাত আহি পৰে । অনামী-বেইমানী উপায়ৰে সংগ্ৰহ কৰা ধন চুইছ বেংকত সহজে ৰাখিব পৰাত এই বেংক কম সময়ৰ ভিতৰতে তেনে লোকৰ মাজত জনাজাত হৈ পৰে ।\nগ্ৰাহকৰ প্ৰতি কোনো চৰ্ত নৰখা চুই বেংকে নিজৰ একাউন্ট হল্ডাৰক সংখ্যাৰ কাৰ্ড(ৰিচাৰ্জ কাৰ্ডৰ দৰে) এখন আৰু এটা পাচৱৰ্ড দিয়ে । যাৰ ওচৰত বেংকে প্ৰদান কৰা সংখ্যাৰ কাৰ্ড থাকিব চুইছ বেংকে তেওঁকহে জানিব । এই ক্ষেত্ৰত সচৰাচৰ বেংকৰ দৰে চুইছ বেংকে কাৰ্ডখনৰ বাহিৰে গ্ৰাহকৰ কোনো অতিৰিক্ত তথ্য নিবিচাৰে ।\nঅৱশ্যে চুইছ বেংক কৃতপক্ষ্যই একোজন গ্ৰাহকে একেলেঠাৰিয়ে সাতটা বছৰ বেংকৰ লগত কোনোধৰণৰ লেন-দেন নাৰাখিলে তেনে গ্ৰাহকৰ একাউন্ট জব্দ কৰিব পাৰিছিল । সাত বছৰ দৰি লেন-দেন নৰখা তেনে একাউন্টৰ জব্দকৃত সমুদায় ধন চুইছবেংক কৃতপক্ষৰ হাতলৈ গুছি যায় । অৰ্থাৎ সাত বছৰে ট্ৰেঞ্জেকচন নোহোৱা একাউন্টৰ ধনৰ মালিক চুইছ বেংক ।\nবিশ্বত প্ৰতিদিনে বে-হিচাবত মাফিয়াক হত্যা কৰা হ'য়, বহু মাফিয়াক চৰকাৰী জেললৈ নিক্ষেপ কৰা হ'য় । চোৰাং কাৰোবাৰীক হ'য় জেল নহ'য় ওপৰলৈ পঠোৱা হ'য় । বহু বেইমান ৰাজনৈতিক নেতাই চিৰজীৱনৰ বাবে ৰঙা ঘৰৰ আলহী হ'ব লগা হ'য় । এনে স্থিতিত বহুতো একাউন্ট চুইছ বেংকত লেন-দেন অবিহনে পৰি থকে । চুইছ বেংক কৃতপক্ষই এনে লেন-দেনবিহীন সমূদায় একাউন্টৰ ধন জব্দকৃত কৰি ল'য় ।\n2000 চন; ইংৰাজী নতুন বছৰত চুইছ বেংক কৃতপক্ষই জব্দকৃত প্ৰত্যেকটো একাউন্টৰ ধন হিচাপ কৰি বিশ্বৰ কলাধনৰ 40 শতাংশ লাভ কৰে । অৰ্থাৎ সমগ্ৰ বিশ্বৰ প্ৰায় আধা কলাধনৰ মালিক হ'য় চুইছ বেংক । বৃহৎ পৰিমাণৰ ধনৰ গৰাকী গৈ চুইছ বেংকে কৃতপক্ষই এনে ধনক কেনে কামত লগাব তাক ভাৱি পোৱা নাছিল । সেয়ে চুইছ বেংক কৃতপক্ষই জব্দকৃত বৃহৎ পৰিমাণৰ ধনক কেনে কামত লগালে উপকৃত হ'ব তাক লৈ চুইজাৰলেণ্ডবাসীৰ ওচৰত পৰামৰ্শ বিচাৰিলে । চুইজাৰলেণ্ডবাসীয়ে বিচাৰিলে চুইছ বেংক কৃতপক্ষই কলাধনখিনি চুইছ জনতাক বিলাই দিয়াৰ কথা ঘোষণা কৰিলে । গাই প্ৰতি চুইছ জনতাই এক কোটিকৈ লাভ কৰাৰ কথা বেংকে জনায় ।\nচুইছ চৰকাৰৰ ফালৰ পৰা পোন্ধৰ দিন ধৰি সমীক্ষা চলিল । সমীক্ষাত 99.2% লোকে উক্ত ধনক দেশৰ সৌন্দৰ্য বঢ়োৱা আৰু পৰ্য্যটন খণ্ডক অধিক আকৰ্ষণীয় কৰি বিদেশী পৰ্যটকৰ সূখ-সুবিধা উপলব্ধ কৰাত খৰচ কৰিবলৈ মত আগবঢ়ালে । চুইছ চৰকাৰৰ ফালৰ পৰা চলোৱা সমীক্ষাত জনতাৰ ৰায় ভাৰতীয় জাতীয় চৰিত্ৰৰ বাবে আচৰিত আৰু চক্ খোৱা ধৰণৰ । কিন্তু দেশপ্ৰেম থকা চুইছ জনতাৰ বাবে এয়া সাধাৰণ কথা আছিল । চুইছ জনতাই অসৎ ধনক একাষাৰে অস্বীকাৰ কৰি উপৰুৱা ধন যে কাকোকে নলাগে সেইটো চৰকাৰী সমীক্ষাত স্পষ্টকৈ ধোষণা কৰিলে ।\nইয়াৰ পাছতে আটাইতকৈ আচৰিত ঘটনা সংঘটিত হ'য় । 2000 চনৰ 25 জানুৱাৰীত চুইছ জনতা চৰকাৰী সমীক্ষাকাৰী সংস্থাৰ কাৰ্য্যলযৰ সন্মুখত বেনাৰ-ফেষ্টুন লৈ উপস্থিত হ'য় । সংস্থাৰ ওচৰত চুইছ জনতাই দেশৰ 0.8% শতাংশ উপৰুৱাকৈ খোৱা(ধন বিচৰা) লোকৰ নাম ৰাজহুৱা কৰিবলৈ দাবী জনায় । তেওঁলোকে দাবী কৰে যে উপৰুৱাকৈ খোৱা লোক চুইজাৰলেণ্ডৰ বাবে সমাজৰ ব্যাধি আৰু চুইজাৰলেণ্ডৰ কলংক ।\nবহু শেষত প্ৰতিবাদী জনতাক চুইছ চৰকাৰে উপৰুৱাকৈ খাব বিচৰা লোকক উপযুক্ত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । আৰু অৱশেষত চৰকাৰৰ আশ্বাস পোৱাত জনতাক শান্ত হ'য় । এই ক্ষেত্ৰত ভাৰতৰ জনতা আৰু চুইজাৰলেণ্ডবাসীৰ মাজত আকাশ পাতাল পাৰ্থক্য ! ভাৰতত অত্যন্ত ধনৱন্ত লোকেই উপৰুৱাকৈ খোৱাত আগ্ৰহী । উৰুৱাকৈ ধন-টকা পইচা পালেই কথাই নাই । বাকী সাধাৰণ জনতাৰ কথা নকলেও হ'ব । স্বয়ং ৰাজ প্ৰতিনিধি আৰু প্ৰশাসনৰ নামী-দামী বিষয়াই যেতিয়া জনতাৰ ধন হৰলুকীত হাত উজান দিয়ে তেন্তে তেনে দেশৰ ভৱিষ্যত প্ৰজন্মৰ চৰিত্ৰ কেনে নিৰ্মাণ তাক বুজা সহজে অনুমেয় !!
চাৰ্লছ মেছন নামৰ এজন লোকে ১৮৪২ চনত নেৰেটিভচ অফ ভেৰিয়াচ জাৰ্ণীছ ইন বেলুচিস্তান, আফগানিস্তান, এণ্ড দ্য পঞ্জাব নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ কাৰণে হৰপ্পাৰ ভগ্নাৱশেষসমূহৰ কথা বৰ্ণনা কৰে। ইয়াৰ বিপৰীতে থলুৱা লোকসকলে হৰপ্পা সন্দৰ্ভত ১৩ কচজোৰা (প্ৰায় ২৫ মাইল) এখন প্ৰাচীন নগৰৰ বিষয়ে আলচ কৰিছিল। কিন্তু এটা শতিকালৈকে কোনো পুৰাতত্ত্ববিদ এই বিষয়ত আগবাঢ়ি অহা নাছিল। [note 1][30] মন কৰিবলগীয়া কথা এই যে বৈদিক যুগৰ পৰা মোগল যুগলৈকে দূৰত্বৰ জোখ-মাপৰ একক কচৰ ব্যৱহাৰ কৰা হৈছিল। ২৬০০ খ্ৰীঃপূঃলৈ প্ৰাৰম্ভিক হৰপ্পা সমাজবোৰ একোখন বৃহৎ নগৰ কেন্দ্ৰলৈ পৰিণত হয়। এইসমূহৰ ভিতৰত আছে আধুনিক পাকিস্তানৰ হৰপ্পা, গনেৰিৱালা আৰু মহেঞ্জোদাৰো আৰু আধুনিক ভাৰতৰ ঢোলাভিৰা, কলিবঙ্গন, ৰাখীগাঢ়ী, ৰূপাৰ আৰু ল'থাল।[55] এতিয়ালৈকে ১,০৫২খন নগৰ আৰু প্ৰতিষ্ঠাপন উদ্ধাৰ কৰা হৈছে। হৰপ্পা, মহেঞ্জোদাৰো আৰু ৰাখীগাঢ়ীৰ নগৰ পৰিকল্পনাত পৃথিৱীৰ আদিমতম নগৰ নিষ্কাষণ ব্যৱস্থা দেখা পোৱা যায়। নাগৰিকসকলে নগৰৰ নাদসমূহৰ পৰা পানী সংগ্ৰহ কৰিছিল। গা-ধোৱা ঘৰৰ বৰ্জিত পানী মূল পথৰ কাষেদি যোৱা ঢাকনিযুক্ত নলাৰে পৰিবাহিত কৰি নিয়াৰ ব্যৱস্থা আছিল। বাসগৃহসমূহ ভিতৰুৱা চোতাল আৰু উপপথসমূহৰ সৈতে সংযুক্ত আছিল। এতিয়াও কোনো কোনো গাঁৱত এনে পদ্ধতিৰ ঘৰ সজা দেখা যায়।[56] ইয়াৰে প্ৰত্যেকটো ঘৰতে পানী যোগান আৰু নলাৰ সুবিধা আছিল। ই সিন্ধু সভ্যতাৰ নিম্ন ধনকেন্দ্ৰিক আৰু সামাজিক সমতাৰ কথাকে সূচায়। দুৰ্গসমূহ নিৰ্মাণৰ উদ্দেশ্য সম্বন্ধে ঐকমতত উপনীত হোৱা নাই। সমসাময়িক মেচ'পটেমিয়া আৰু প্ৰাচীন ইজিপ্টৰ সভ্যতাৰ বিপৰীতে নগৰসমূহত কোনো বৃহৎ কীৰ্ত্তিচিহ্ন সজা হোৱা নাছিল। প্ৰাসাদ, মঠ-মন্দিৰ, ৰজআ, সৈন্যবাহিনী বা পুৰোহিতৰো কোনো পতিয়নযোগ্য প্ৰমাণ পোৱা হোৱা নাই। মহেঞ্জোদাৰোত এক বৃহৎ স্নানাগাৰ আৱিষ্কৃত হৈছে যাক প্ৰথমে শস্যভাণ্ডাৰ বুলি ধাৰণা কৰা হৈছিল। নগৰবাসীসকলৰ বেছিভাগেই বণিক অথবা কুটীৰ শিল্পী আছিল। দূৰৰ ঠাইসমূহৰ পৰা অনা কেঁচামালেৰে ছীল মোহৰ, মণি আৰু অন্যান্য সামগ্ৰী সজা হৈছিল। ভাস্কৰ্যসমূহৰ ভিতৰত মণি, জন্তু, মানুহ (হয়তো দেৱ-দেৱী) আদিৰ প্ৰতিকৃতি আৰু আখৰ (পাঠোদ্ধাৰ হোৱা নাই) খোদিত কৰা ছীল মোহৰ আদি উল্লেখনীয়। পুৰাতত্ত্ব বিভাগৰ তথ্যৰ পৰা হৰপ্পান সমাজৰ ক্ষমতাৰ কেন্দ্ৰ নাইবা ক্ষমতাত অধিষ্ঠিত লোকৰ বিষয়ে কোনো তাৎক্ষণিক উত্তৰ পোৱা নাযায়। সেয়ে হ'লেও কিছুমান জটিল সিদ্ধান্ত লোৱাৰ আৰু ইয়াক কাৰ্যক্ষেত্ৰত পৰিণত কৰাৰ উদাহৰণ পোৱা যায়, যেনে মৃৎশিল্প, ছীল মোহৰ, ওজন আৰু ইটাৰ সমতুল ব্যৱস্থা। এই বিষয়ে কৰা ধাৰণাৰ প্ৰধান সূত্ৰকেইটা হ'ল এনেধৰণৰঃ খননস্থলীত বিভিন্ন ভাস্কৰ্য, ছীল, মৃণ্ময় পাত্ৰ, সোণৰ অলংকাৰ আৰু টেৰাকোটা, ব্ৰঞ্জ আৰু ষ্টেটাইটৰ মানৱ দেহৰ সূক্ষ্ম প্ৰদৰ্শনযুক্ত কিছুমান মূৰ্ত্তি পোৱা গৈছে। সিন্ধু সভ্যতাৰ অৰ্থনীতি ঘাইকৈ বাণিজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল যেন অনুমান হয়। উন্নত পৰিৱহণ ব্যৱস্থাই ব্যৱসায়-বাণিজ্যত সুবিধা প্ৰদান কৰিছিল। সম্ভৱতঃ সিন্ধু সভ্যতাই চকা ব্যৱহাৰ কৰা প্ৰথমটো সভ্যতা।[67] এই ব্যৱস্থাসমূহৰ ভিতৰত গৰুগাড়ী আৰু নাও অন্যতম আছিল। মূলতঃ সিন্ধু লিপিসমূহৰ পাঠোদ্ধাৰ নোহোৱাৰ বাবে সিন্ধু সভ্যতাৰ লোকসকলৰ ধৰ্মবিশ্বাসৰ বিষয়ে কোনো সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই।[77][78] হৰপ্পাৰ পুৰাতাত্ত্বিক চিহ্নসমূহৰ হিন্দু ব্যাখ্যাৰ ভিতৰত[79] ১৯৩১ চনত পুৰাতত্ত্ববিদ জন মাৰ্শ্বেলে দিয়া ব্যাখ্যা উল্লেখনীয়। তেওঁ সিন্ধু ধৰ্মবিশ্বাসৰ তলত উল্লিখিত বৈশিষ্ট্যসমূহ চিনাক্ত কৰিছিলঃ সিন্ধু সভ্যতাৰ পতনৰ পিছত বিভিন্ন আঞ্চলিক সংস্কৃতিসমূহে গা-কৰি উঠে। এই সংস্কৃতিসমূহ ভিন্ন পৰিমাণে সিন্ধু সভ্যতাৰদ্বাৰা প্ৰভাৱিত হোৱাৰ উমান পোৱা যায়। হৰপ্পাৰ সমাধি এইচত মৃতদেহ দাহ কৰাৰ প্ৰমাণ পোৱা গৈছে যি প্ৰথা বৰ্তমান হিন্দু ধৰ্মত প্ৰচলিত। ৰাজস্থানৰ পৰা গংগা সমভূমিলৈকে হেঙুল-হাইতাল বৰণীয়া মৃৎশিল্পৰ চিন পোৱা গৈছে।
এই গুৰুত্বপূৰ্ণ বিষয়টো প্ৰতিজন ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীয়ে অনুধাৱন কৰা উচিত। বৰ্তমান বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগ। মানুহৰ জীৱন শৈলীৰ অঘোষিত প্ৰতিযোগিতাত বিলাসী গাড়ী, বিলাসী জীৱন যাপনৰ প্ৰতিহে গুৰুত্ব অধিক। ধন ব্যয় কৰি গ্ৰন্থ ক্ৰয় কৰাৰ প্ৰতি বেছিভাগ ক্ষেত্ৰতে অনীহা। ভাৱে- গ্ৰন্থই কি কৰিব, গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহহীনতাৰ ফলত সমাজৰ মানসিকতাত কেৰোণ সোমাইছে। গ্ৰন্থ হৈছে সমাজ, সভ্যতা, সংস্কৃতিৰ বাৰ্তাবাহক আৰু পৰিচয়দাতা। গ্ৰন্থই বিভিন্ন জাতিৰ লোকৰ মানসিকতা আৰু কলা-সংস্কৃতি বহন কৰে। সেয়েহে গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব অপৰিসীম। ই জগতখনক চিৰ নতুন কৰে, সভ্যতাৰ সংস্কৃতিৰ পৰিবৰ্তন ঘটাই সংস্কাৰ কৰে; জ্ঞানহীনজনকো আলোকেৰে উদ্ভাষিত কৰে। চীন দেশৰ যুক্তিবাদী লেখক লিং উটাঙৰ মতে- "পঢ়া-শুনা নকৰা এজন মানুহ অতি তুচ্চ। তেওঁৰ সীমিত জ্ঞান, সীমিত জীৱন যাপন।" জ্ঞানৰ ভঁৰাল প্ৰতিষ্ঠা কৰে গ্ৰন্থ অধ্যয়নে। জীৱন ধন্য হয়, জীৱনে গভীৰৰ পৰা গভীৰতালৈ চিৰ সেউজ হৈ গতি কৰে। চাৰ জন হাৰ্শ্বেলে কৈছিল- "পৰিৱৰ্তনশীল জীৱনত অন্তহীনভাৱে ঘটি থকা ঘাট-প্ৰতিঘাটৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে ওৰেটো জীৱন সুখ আৰু আনন্দৰ উৎস হ'ব পৰাকৈ আৰু জগতৰ ভ্ৰূকুটি, অৱজ্ঞালৈ আওকাণ কৰি নিজক বজাই ৰাখিবলৈ মই যদি কিবা এক ৰুচি ল'ব লগা হয়, সেয়া গ্ৰন্থ অধ্যয়ন।" গ্ৰন্থৰ সৈতে বন্ধুত্ব সুদৃঢ় কৰিব পাৰিলে ই তুচ্চৰ পৰা উচ্চলৈ, বেয়াৰ পৰা ভাললৈ, দুচিন্তাৰ পৰা সুচিন্তালৈ, নিম্নাকাংখ্যাৰ পৰা উচ্চাকাংখ্যালৈ ধাৱিত কৰাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকলে কিতাপ পঢ়াটো অতি গুৰুত্বপূৰ্ণ। কিতাপ পঢ়ি জীৱন যুদ্ধত জয়ী হোৱা। তেতিয়াহে জীৱনটো সাৰ্থক হ'ব। জীৱনৰ সুখ-দুখ, বিস্ময়কৰ সফলতা কঢ়িয়াই আনে একমাত্ৰ গ্ৰন্থ অধ্যয়নে।
Punjab National Bank: PNB-ৰ গ্রাহকৰ বাবে বাম্পাৰ খবৰ! একাউণ্ট থাকিলেই সম্পূৰ্ণ ২ লাখ টকাৰ সুবিধা punjab-national-bank-or-pnb-gives-rupees-two-lakh-benefit-to-the-jandhan-account-holder-hb- News18 assam\nHome » photogallery » lifestyle »Punjab National Bank: PNB-ৰ গ্রাহকৰ বাবে বাম্পাৰ খবৰ! একাউণ্ট থাকিলেই সম্পূৰ্ণ ২ লাখ টকাৰ সুবিধা\nPunjab National Bank: PNB-ৰ গ্রাহকৰ বাবে বাম্পাৰ খবৰ! একাউণ্ট থাকিলেই সম্পূৰ্ণ ২ লাখ টকাৰ সুবিধা\nBhai Dooj 2021।Punjab National Bank।PNB Jandhan Account: এই বেংকত একাউণ্ট থাকিলেই লাভ কৰিব সুবিধা\n। November 06, 2021, 16:08 IST\nপাঞ্জাৱ নেচনেল বেংকত একাউণ্ট থাকিলেই বিৰাট লাভ গ্ৰাহকৰ। বেংকৰ গ্ৰাহকে এই ডাঙৰ সুবিধা লাভ কৰিব বেংকৰ ফালৰ পৰা।\nযদি কোনো ব্যক্তিৰ পাঞ্জাৱ নেচনেল বেংকত জনধন একাউণ্ট আছে, সেই ব্যক্তিয়ে ২ লাখ টকাৰ বীমাৰ সুযোগ লাভ কৰিব।\nলগতে অন্য কিছু সুবিধাও গ্ৰাহকৰ বাবে বেংকে আগবঢ়াইছে।\nPNB Rupay Jandhan Card থকা সকলো গ্ৰাহকে ২ লাখ টকাৰ দুৰ্ঘটনাৰ বীমা লাভ কৰিব।\nগ্ৰাহকৰ বাবে আছে আন এক ডাঙৰ সুবিধা। গ্ৰাহকে বেচিক চেভিংচ একাউণ্টক জনধন একাউণ্টলৈ স্থানান্তৰ কৰিব পাৰে। যিসকল গ্ৰাহকৰ হাতত Jan Dhan Accouts আছে, তেওঁলোকে বেংকৰ ফালৰ পৰা RuPay PMJDY কাৰ্ড লাভ কৰিব।\nবীমাৰ টকা কিদৰে দাবী কৰিব পাৰে? এই আঁচনিৰ অন্তৰ্গত ব্যক্তিগত দুৰ্ঘটনা পলিচী যদি দুৰ্ঘটনা দেশৰ বাহিৰতো হয়, তথাপিও সুবিধা লাভ কৰিব। আদালতৰ নিৰ্দেশত মৃত ব্যক্তিৰ আইনী উত্তৰাধিকাৰীয়ে মৃত্যুৰ পিছত এই সকলো টকা লাভ সুবিধা গ্ৰহণ কৰিব পাৰিব।
আপুনি স্বীকাৰ কৰক বা নকৰক এইটো কথা সত্য যে অসমৰ ধর্মীয় সংখ্যালঘু জনগণৰ মাজত বৰাকৰ ছিলেটিয়া সকল শৈক্ষিক আৰু আর্থিক ভাবে বেছি স্বচ্ছল। এই কথাৰ প্রমান মইনুল হক চৌধুৰীৰ পৰা গোলাম ওছমানী হৈ বদৰুদ্দীন আজমল লৈকে পাব পাৰি। সেইদৰে বৌদ্ধিক জগত খনও প্রায় একেই - অধ্যাপক আব্দুল মান্নান চাৰৰ পৰা মনিৰুল হাছান ছাৰ লৈকে দিব পাৰি। স্বাধীনতাৰ আগৰ সময়ত ব্রহ্মপুত্র উপত্যাকাৰ অবিসম্বাদী নেতা মৌলনা ভাসানীৰ এটা অবিবেচক সিদ্ধান্তই সংখ্যালঘু জনতাক নেতা বিহীন কৰিছিল কিন্তু সাধাৰণ দুখীয়া জনতাই মৌলনা ভাসানীৰ সিদ্ধান্তক অগ্রাহ্য কৰি এই অসমকে নিজৰ মাতৃভূমি বুলি ৰৈ গৈছিল। এই নেতা বিহীনতাৰ সুযোগ লৈছিল তদান্তীন চিলেট জিলাৰ পৰা ফালৰি কাটি আনি গঠন কৰা কাছাড় জিলাৰ সুবিধাবাদী উচ্চ শিক্ষিত নেতা সকলে আৰু সেই ধাৰা ৭০ বছৰ পিছতো অব্যাহত আছে। অসমৰ ধর্মীয় সংখ্যালঘুৰ তথাকথিত একছত্ৰী অভিভাৱক ৰাজনৈতিক দলটোৱে বিগত ৭০ বছৰে এজন ও যোগ্য নেতা তৈয়াৰ নকৰিলে , যিয়ে এই মানুহ খিনিৰ মূল সমস্যা সমূহ সমাধান কৰিব পাৰে, তাৰ পৰিৱৰ্তে তৈয়াৰ কৰিলে কিছুমান মধ্যভোগী "yes, sir" ভৃতৰ। দল যিয়েই নহওক, এই "yes, sir" নেতা (?) সকলে জনসাধাৰণৰ একো কৰিব নোৱাৰিলেও দিছপুৰ, হাতীগাওঁ আদিত ডাঙৰ ডাঙৰ হোটেল বা বাসগৃহ ঠিকেই নির্মাণ কৰিছে। কিছুমানে নিজৰ নামত, কিছুমানে পত্নীৰ নামত আৰু কিছুমানে ভাতৃ বা ভাতৃ বোৱাৰীৰ নামত সম্পদৰ পাহাৰ গঢ়িছে। এইখিনিতে ইতিহাসৰ পাত লুটিয়ালে দেখা পোৱা যে প্রাগ্জ্যোতিষ বা কামৰূপ বা অসমত প্রব্রজনৰ সোঁত প্রাগৈতিহাসিক যুগৰ পৰাই চলি আহিছিল আৰু এই ধাৰা কুৰি শতিকাৰ দ্বিতীয় দহকলৈ কোনো বাধা-বিঘিনি নোহোৱাকৈ চলিয়েই আছিল। কিন্তু কুৰি শতিকাৰ দ্বিতীয় দহকত কিছু সংখ্যক অসমীয়াই এই প্রব্রজনৰ সোঁত বন্ধৰ আহবান জনায়, যাৰ ফলত সেই সময়ৰ ব্রিটিশ শাসক সকলে প্রথম বাৰৰ বাবে "লাইন প্রথা, অসম-১৯২০" প্রৱর্তন কৰে। (কাৰ কাৰণে , কিয় আৰু কেনেকৈ কৰা হৈছিল - এই বিষয়ে অন্য প্রবন্ধত লিখিছো) এতিয়া প্রশ্ন হয় - শিক্ষাৰ দিশত এই মানুহ খিনিক পিছ পেলাই ৰাখিলে কোনে ? উত্তৰ সকলোৱে জানে কিন্তু মুখ খুলি ৰাজহুৱা কৰাৰ সৎ সাহস কাৰো নাই, এনেকি মোৰ নিজৰো নাই। এই ক্ষেত্রত সহযোগ কৰিলে এই জনগোষ্ঠীৰে কিছু মধ্যভোগী নেতাই(?) প্রতিটো নিৰ্বাচনৰ আগে আগে কিছু তথাকথিত সমাজ সেৱক ওলাই আহে আৰু সপোন দেখায় কিন্তু নিৰ্বাচনৰ পিছত দেখা নাযায়। আৰু বহু আছে যদিও সদ্যহতে এইখিনিয়েই কৰকচোন - সদলবলে সকলোৱে শলাগ লব কিন্তু আজমল এন্ড কোম্পানীয়ে এইখিনি কৰিবলৈ ইচ্ছা নাই যেনেই লাগে। আজিৰ পৰা কমেও ৮ বছৰ আগৰ পৰা বিভিন্ন জনৰ হতুৱাই জনাই আহিছিলো আৰু ২ বছৰ আগত ও জনাইছিলো এনেকি ৩ মাহ মান আগত তেখেতৰ দলৰ উচ্চ শিক্ষিত বিধায়ক এজনকো জনাইছিলো । কাৰণটো বুজাত অসুবিধা হোৱা নাই - মানুহখিনি যদি শিক্ষিত তথা আত্মনির্ভৰশীল হয় তেন্তে তেখেত সকলক নেতা বুলি নামানে নহয়। অকল অসম বা ভাৰত নহয় - পৃথিবীৰ সকলো ঠাইতে সংখ্যালঘু সকল discimination ৰ চিকাৰ হয়। কৰবাত অলপ বেছি বা কৰবাত অলপ কম। সুখৰ কথা এইখিনিয়ে যে ভাৰতীয় সংবিধানে এই discimination ৰোধৰ ভাবে ৭ অধ্যায় আৰু ৩৫ টা সন্নিবিষ্ট কৰিছে। অসমত discrimation হয় নে নহয় নাজানো কিন্তু এটা তথ্য কব পাৰো - মুঠ জনসংখ্যাৰ ৩৫% লোকৰ মুঠ চৰকাৰী চাকৰিৰ হাৰ ৪.২% হে। বাকী বিবেচনা আপোনালোকৰ। গতিকে, সহজে অনুমেয় যে - এই সত্য খিনিক সমাজত তুলি ধৰিবলৈ বিশেষ দল বা মতৰ প্রয়োজন সেয়া AIUDF বা আন যিকোনোৱে বহন কৰিব পাৰে। আন এটা কথা উনুকিয়াব বিচাৰো যে ভাৰতৰ ৭০% সংখ্যাগুৰু মানুহ এতিয়াও সত্যপ্রিয় আৰু নিৰপেক্ষ। ( NDA মাত্র ৩১% ভোট পাইছিল তাতেও ১% UPA বিৰোধী ধর্ম নিৰপেক্ষ ভোট আছিল). সংখ্যালঘু জনসাধাৰণ মনৰ কথাবোৰ সংখ্যাগুৰুৰ কাষত আস্থাভাজন ৰূপত লৈ যাবলৈ হলে সংখ্যাগুৰুৰ মনত থকা শঙ্কা সমূহ আগত দূৰ কৰিব লাগিব যিটো বদৰুদ্দীন আজমল সম্পূর্ণ ভাবে বিফল হৈছে। ইয়াৰ ফলত - সংখ্যালঘু মানুহৰ লাভতকৈ ক্ষতিৰ পৰিমাণ বেছি দেখা যায়। আগতে মতৰ অমিল আছিল যদিও মনৰ অমিল নাছিল কিন্তু আজিকালি মতৰ লগতে মনৰো দূৰত্ব বহু যোজন হৈ গল।
চল্লিছোৰ্ধৰ ৰোগ আৰু প্ৰতিকাৰ - বিকাশপেডিয়া\nমূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চল্লিছোৰ্ধৰ ৰোগ আৰু প্ৰতিকাৰ\nচল্লিছ বছৰত ভৰি দিয়া বা চল্লিছ পাৰ হোৱাৰ পাছত শৰীৰত নানা ধৰণৰ ৰোগে আক্ৰমণ কৰা দেখা যায়। ইয়াৰ ভিতৰত বেছিকৈ দেখা পোৱা ৰোগসমূহ হ'ল- ডায়েবেটিছ, উচ্চ ৰক্তচাপ (হাইপাৰটেনচন), আৰ্থ্ৰাইটিছ, নিদ্ৰাহীনতা (ইনচ্ম্নিয়া), চুলি পকা আৰু মহিলাসকলৰ 'মেনোপ'জেল চিনড্ৰম' আদিয়ে প্ৰধান। 'ডায়েবেটিছ মেলিটাছ' হ'ল সচৰাচৰ বেছিকৈ দেখা পোৱা এক 'এণ্ডোক্ৰাইনেল' ৰোগ। ইয়াৰ মুখ্য লক্ষণ হৈছে হাইপাৰ গ্লাইছেমিয়া (তেজত অত্যধিক গ্লুকজৰ মাত্ৰা বৃদ্ধি) আৰু গ্লাইক'চুৰিয়া অৰ্থাৎ প্ৰস্ৰাৱত গ্লুকজৰ মাত্ৰা বৃদ্ধি। মুখ্যত অগ্ন্যাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা ইনচুলিন হৰ'মন'ৰ অভাৱ বা ইনচুলিনৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ ফলতেই 'ডায়েবেটিছ' ৰোগৰ সৃষ্টি হয়। যদি আৰম্ভণিতেই ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে ইয়াৰ ফল ভয়াবহ হ'ব পাৰে। ডায়েবেটিছৰ সুচিকিৎসা নকৰিলে ইয়াৰ নানা ধৰণৰ উপসৰ্গই দেখা দিয়ে। উপসৰ্গসমূহ হ'ল- কিট'এছিড'ছিছ, ডায়েবেটিক ৰেটিন'পেথি, ডায়েবেটিক নিউৰ'পেথি, ঘা শুকাই নোযোৱা আদি। সুশ্ৰুতে(খ্ৰীঃপূঃ ৫০০) বিছ প্ৰকাৰৰ প্ৰমেহ ৰোগৰ বৰ্ণনা কৰিছিল। প্ৰমেহৰ দ্বাৰা মূত্ৰ নিঃসৰণত দেখা দিয়া অসুবিধা বুজোৱা হৈছিল। সুশ্ৰুতৰ মতে, দিনত শোৱা, পৰিশ্ৰম নকৰা, এলেহুৱা, মিঠাই, চৰ্বি আৰু ঠাণ্ডা বস্তু সেৱন কৰা লোক প্ৰমেহ ৰোগৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয়। ভাৰতীয় চিকিৎসক সুশ্ৰুতেই প্ৰথমে 'মধুমেহ'ৰ কথা উল্লেখ কৰিছিল আৰু ইয়াৰ লক্ষণসমূহ হ'ল- বেছিকৈ পিয়াহ আৰু ভোক লগা আৰু বাৰে বাৰে প্ৰস্ৰাৱ লগা। 'ডায়েবেটিছ মেলিটাছ'ক এই মধুমেহ ৰোগৰ লগতে ৰিজোৱা হৈছে। আধুনিক সমাজ-ব্যৱস্থা আৰু উন্নত জীৱন-ধাৰণেই হ'ল এই ৰোগৰ মুখ্য কাৰণ। অত্যধিক শৰ্কৰা জাতীয় খাদ্য, মানসিক দুশ্চিন্তা আৰু মানসিক চাপ আদিয়ে এই ৰোগ হোৱাত বিশেষ অৰিহণা যোগাইছে। ডায়েবেটিছ সকলো জাতি, বংশ আৰু পুৰুষ-মহিলা উভয়ৰে হোৱা দেখা যায়। বিশ্বৰ মুঠ জনসংখ্যাৰ ২ শতাংশই হ'ল ডায়েবেটিছ ৰোগী। ভাৰতবৰ্ষত প্ৰায় ২.১ শতাংশ চহৰাঞ্চলৰ লোক আৰু ১.৫ শতাংশ গ্ৰাম্যাঞ্চলত বাস কৰা লোক ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত হয়। যদিও ডায়েবেটিছ মেলিটাছ এক বয়সত হোৱা ৰোগ আৰু বয়সৰ লগে লগে ইয়াৰ সংখ্যা বৃদ্ধি পায়, তথাপি যি কোনো বয়সৰ লোকেই এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। সাধাৰণ ওজনৰ ব্যক্তিতকৈ শকত ব্যক্তি এই ৰোগৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয়। ডায়েবেটিছ ৰোগ সুচিকিৎসাৰ বাবে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত আহাৰ, ঔষধ, ব্যায়াম আৰু যোগৰ উল্লেখ আছে। প্ৰথমতেই এই পদ্ধতিত ডায়েবেটিছ ৰোগ নিৰাময়ৰ বাবে শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাসৰ উপদেশ দিয়া হৈছে। চৰক আৰু সুশ্ৰুতৰ দিনৰে পৰাই ডায়েবেটিছ ৰোগীক নিতৌ চাৰিমাইল খোজকঢ়াৰ পৰামৰ্শ দি অহা হৈছে। বৰ্তমান যুগতো হাইপাৰগ্লাইছেমিয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যায়ামক এক গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। যোগাভ্যাসৰ ভিতৰত প্ৰাণায়ামে ডায়েবেটিছ মেলিটাছ ৰোগ নিৰাময়ত সহায় কৰে। প্ৰাণায়ামৰ দ্বাৰা 'ব্লাড চুগাৰ লেভেল' তললৈ নমা দেখা পোৱা গৈছে। ডায়েবেটিছ ৰোগৰ নিয়ন্ত্ৰণত সহায়ক কেইবিধমান যোগ হ'ল- সূৰ্য নমস্কাৰ, যোগমুদ্ৰা, পদ্মাসন, বজ্ৰাসন, হলাসন, পশ্চিমোত্তাসন, সৰ্বাংগাসন, ভুজাংগাসন, ধনুৰাসন। আয়ুৰ্বেদৰ বিভিন্ন সংহিতাত মধুমেহ (ডায়েবেটিছ মেলিটাছ) ৰোগৰ চিকিৎসাত ব্যৱহৃত বহু সংখ্যক খনিজ ঔষধ আৰু বনৌষধিৰ উল্লেখ আছে। ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন বনৌষধিসমূহ হ'ল- 'বিলব(বেল), নিম্ব(নিম), কাৰবেল্লক জম্বু, উদুম্বৰ, মেথি, গুৰুচী, নয়নতৰা ইত্যাদি। ইয়াৰোপৰি বহু সংখ্যক বনৌষধি, ধাতু আৰু খনিজৰ যৌগিক ঔষধ আছে, যিবিলাকৰ ব্যৱহাৰৰ দ্বাৰা ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত সফলতা পাব পাৰি। ডায়েবেটিছ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত খাদ্যাভাসে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ডায়েবেটিছ ৰোগীয়ে তেওঁৰ শৰীৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি কম পৰিমাণৰ আহাৰ গ্ৰহণ কৰিব লাগে, আকৌ ক্ষীণ বা কম ওজনৰ ৰোগীয়ে বেছি কেল'ৰিৰ আহাৰ গ্ৰহণ কৰিব লাগে, আকৌ অতি ক্ষীণ বা কম ওজনৰ ৰোগীয়ে বেছি কেল'ৰিৰ আহাৰ গ্ৰহণ কৰিব লাগে। ৰোগীয়ে পৰাপক্ষত ভাত, আলু, চেনি আৰু চৰ্বি জাতীয় খাদ্য ত্যাগ কৰা উচিত আৰু ঘেঁহু, মটৰ, গোমধান আৰু মাহজাতীয় পদাৰ্থ, কেৰেলা, ভেন্দি, তিয়ঁহ, কবি, বেল আদি গ্ৰহণ কৰিব লাগে। তদুপৰি নিমপাত, মেথি, নহৰু, হালধি, আদা আদি দৈনিক খাব লাগে। ডায়েবেটিছ ৰোগ নিৰাময় তথা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আয়ুৰ্বেদিক ঔষধে যথেষ্ট সফলতা লাভ কৰিছে আৰু বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে এই ঔষধসমূহ জনপ্ৰিয় হৈছে।\nচল্লিছ বছৰৰ পাছত হোৱা আন এটা সাধাৰণ (Common) ৰোগ হ'ল উচ্চ ৰক্তচাপ (হাইপাৰটেনচন)। ধমনীৰ দ্বাৰা হৃদয়ৰ চাপত তেজ শৰীৰৰ সকলো অংশলৈ চলাচল কৰে। যেতিয়া হৃদয়ৰ সংকোচন হৈ তেজ পাম্প কৰে তেতিয়া তেজ নলীকালৈ গমন কৰে আৰু এইটোক কোৱা হয় চিষ্ট'লিক ব্লাড প্ৰেছাৰ(ওপৰৰ) আৰু যেতিয়া হৃদযন্ত্ৰ পুনৰ স্বাভাৱিক অৱস্থালৈ আহে তেতিয়া তাক ডাইষ্ট'লিক(তলৰ) ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। ৰক্তচাপ হৈছে 'আৰ্টাৰি ৱাল' অৰ্থাৎ ধমনীৰ বেৰত প্ৰয়োগ হোৱা তেজৰ চাপ। অত্যধিক বায়ুৰ চাপৰ ফলত যেনেদৰে টায়াৰ ফাটি যায় ঠিক তেনেদৰে উচ্চ ৰক্তচাপে ধমনীৰ ক্ষতি কৰে। চিষ্ট'লিক প্ৰেছাৰ সকলো বয়সৰ মানুহৰ বাবে ১০০ৰ পৰা ১৪০ ৰ ভিতৰত আৰু ডাইষ্ট'লিক ব্লাড প্ৰেছাৰ সকলো বয়সৰ মানুহৰ বাবে ৬০ ৰ পৰা ৯০ ৰ ভিতৰত হ'ব লাগে। এই ৰক্তচাপ মেনমিটাৰ অব মাৰকিউৰি(mm Hg) দ্বাৰা জোখা হয়। সাধাৰণতে মানুহ এজনৰ ৰক্তচাপ পুৱা আৰু আবেলিহে বৃদ্ধি হয়। মানুহৰ পুৱা ৰক্তচাপ একেবাৰে কম থাকে আৰু আবেলিলৈ যেতিয়া মানুহজন দিনৰ কামত ভাগৰি পৰে তেতিয়া ৰক্তচাপ বৃদ্ধি হয়। মানুহৰ মানসিক ভাৰসাম্য নিয়ন্ত্ৰিত কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা হয়। উত্তেজনা, উৎকণ্ঠা, আকস্মিক ভয়, মানসিক চাপ আদিৰ ফলত ৰক্তচাপ বৃদ্ধি হয়। এইবোৰৰ বৃদ্ধি অনুসৰি ৰক্তচাপ বৃদ্ধি হয় আৰু মানসিক চাপ কমাৰ লগে লগে ৰক্তচাপো সাধাৰণ অৱস্থালৈ আহে। উচ্চ ৰক্তচাপ হ'ল এটা অতি সাধাৰণ ৰোগ। ই একেবাৰে একো লক্ষণ নেদেখুৱায়। কিন্তু সঠিক সময়ত ইয়াক চিকিৎসা কৰি নিৰ্মূল নকৰিলে ই পাছলৈ বিভিন্ন জটিলতাৰ সৃষ্টি কৰে। যদি কোনো লোকৰ বহুদিনৰ পৰা মূৰৰ বিষ, অনিদ্ৰা, অস্থিৰ লাগি থকা, বুকুখন ধপ্ধপাই থকা, খোজ কাঢ়িলে উশাহ লোৱাত কষ্ট পোৱা, চকুৰে অস্পষ্ট দৃশ্য দেখা, ৩৫ বা ৪০ বছৰ বয়সৰ পাছৰ পৰা নাকেৰে তেজ ওলোৱা আদি হয়, তেনেহ'লে লগে লগে ৰক্তচাপ পৰীক্ষা কৰিব লাগে। উচ্চ ৰক্তচাপ হৈছে 'কাৰ্ডিঅ' ভাছকুলাৰ' ৰোগৰ মুখ্য কাৰণ। সাধাৰণ ব্যক্তিতকৈ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ 'ক'ৰনাৰী হাৰ্ট ৰোগ' হোৱাৰ সম্ভাৱনা তিনিগুণ, 'কনজেচটিভ কাৰ্ডিয়াক ফেইলৰ' হোৱাৰ সম্ভাৱনা চাৰিগুণ আৰু 'ষ্ট্ৰোক' হোৱাৰ সম্ভাৱনা সাতগুণে বেছি হয়। উচ্চ ৰক্তচাপৰ সাধাৰণ কাৰণ কিছুমান হ'ল বংশগত, মানসিক চিন্তা, ধূমপান, অতিমাত্ৰা মদ সেৱন, মধুমেহ, অতিস্থূলতা, তেজত অতিমাত্ৰা কলেষ্ট'ৰেল থকা ইত্যাদি। আন কিছুমান সামান্য কাৰণ হ'ল - কিড্নি ফেইলৰ, গৰ্ভাৱস্থা, গৰ্ভনিৰোধক পিল সেৱন ইত্যাদি। ৰক্তচাপ সাধাৰণ অৱস্থালৈ অনা চিকিৎসাত ওজন কমোৱাটো এটা প্ৰধান কথা। বেছিভাগ ক্ষেত্ৰত ওজন কমাই উচ্চ ৰক্তচাপ সাধাৰণ অৱস্থালৈ আনিব পাৰি। বেছিকৈ নিমখ সেৱন কৰা ব্যক্তিৰ ৰক্তচাপ বেছি হয়। সেইবাবে উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে কম মাত্ৰাত নিমখ সেৱন কৰা উচিত। সাধাৰণ উচ্চ ৰক্তচাপত ভোগা ৰোগীক ৪-৬ গ্ৰাম নিমখ গ্ৰহণ কৰিবলৈ অনুমতি দিয়া হয়। উচ্চ ৰক্তচাপ থকা ৰোগীয়ে দৈনিক প্ৰায় ৪ কিঃমি(৪৫ মিনিট) বাট নিয়মিতভাৱে খোজ কাঢ়িব লাগে। ৰক্তচাপ ৰোধ কৰিবলৈ খোজ কঢ়াটো হ'ল এক উত্তম উপায়। যৌগিক ব্যায়াম, যেনে- শৱাসন, প্ৰাণায়াম কৰিলে অতি উত্তম ফল পোৱা যায়। উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰি থকা উচিত। হৃদৰোগ আৰু ৰক্তচাপ বৃদ্ধিৰ ক্ষেত্ৰত কলেষ্ট'ৰেল হ'ল এটা প্ৰধানতম কাৰণ। যিবোৰ খাদ্যত অতি বেছি পৰিমাণত কলেষ্ট'ৰেল থাকে সেইবোৰ খাদ্য বাছি লৈ গ্ৰহণৰ পৰা বিৰত থাকিব লাগে। তেল আৰু চৰ্বিযুক্ত আহাৰ কমাই খোৱা উচিত। কণীত অতি বেছি পৰিমাণে কলেষ্ট'ৰেল থকা হেতুকে কণী খোৱাটো অনুচিত। লগতে মাখন, ক্ৰিম, চিজ আৰু বেছি চৰ্বিযুক্ত ছাগলীৰ মাংস সেৱনৰ পৰা একেবাৰে বিৰত থাকিব লাগে। ধূমপান আৰু মদ্যপান এই দুয়োটা সেৱন কৰা বন্ধ কৰিব লাগে। উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চৰ্বিযুক্ত আহাৰ আদি খোৱাতকৈ সেউজীয়া শাক-পাচলি আৰু সতেজ ফলমূল খোৱা উচিত।\nবয়স বঢ়াৰ লগে লগে হোৱা অন্য এক ৰোগ হ'ল অনিদ্ৰা বা ইনচ'ম্নিয়া। আয়ুৰ্বেদ শাস্ত্ৰত নিদ্ৰাক তিনি উপস্তৰৰ দ্বিতীয় মহত্বপূৰ্ণ অংগ বুলি মনা হয়। 'চৰক'ৰ মতে, মন ক্লান্ত হ'লে ক্ৰিয়াশিলা ইন্দ্ৰিয়সমূহো ক্লান্ত হৈ পৰে আৰু ইন্দ্ৰিয়সমূহ তেতিয়া নিজৰ বিষয়ৰ পৰা নিবৃত হোৱাৰ ফলতেই মানুহৰ নিদ্ৰা আহে। মানসিক আৰু শাৰীৰিক প্ৰকৃতিৰ আধাৰত ভিন্ন ভিন্ন ব্যক্তিৰ নিদ্ৰাও ভিন্ন ভিন্ন হয়। ৰাতি স্বভাৱতঃ হোৱা নিদ্ৰাক প্ৰাণধাৰক বুলি কোৱা হয়। এই স্বাভাৱিক নিদ্ৰাকে আয়ুৰ্বেদৰ তিনি উপস্তৰৰ অংগ হিচাপে মনা হৈছে। যথাসময়ত গ্ৰহণ কৰা নিদ্ৰাই পুষ্টি, বৰ্ণ, বল, উৎসাহ, অগ্নিদীপ্তি আৰু ধাতুসাম্য প্ৰদান কৰে। ইয়াৰ বিপৰীতে অনিদ্ৰাই সুখ আৰু আয়ুস নাশ কৰে। অনিদ্ৰাক 'ডিপ্ৰেছিভ ইলনেছ'; বিভিন্ন ধৰণৰ মানসিক চাপ, দুশ্চিন্তা, অনিশ্চয়তা আৰু অন্য মানসিক অৱস্থাৰ লক্ষণ হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদ সংহিতাত সদ্বৃত্ত ৰসায়ন, আচাৰ ৰসায়ন আৰু মেধ্য ৰসায়নৰ বিস্তৃত বৰ্ণনা কৰা হৈছে। এই সদ্বৃত্ত আৰু ৰাতিচৰ্য্যাৰ নিয়মসমূহৰ পালন আৰু আচাৰ ৰসায়ন আৰু মেধ্য ৰসায়নৰ সেৱনৰ দ্বাৰা অনিদ্ৰাক নাশ কৰিব পাৰি।\nআৰ্থ্ৰাইটিছ (গাঁঠিৰ বিষ)\nআৰ্থ্ৰাইটিছ হৈছে সাধাৰণতে (Commonly) দেখা পোৱা এটা বেমাৰ(Join disorder)। এই ৰোগত শৰীৰৰ বিভিন্ন গাঁঠিত ৰোগৰ লক্ষণে দেখা দিয়ে। প্ৰথমে এটা গাঁঠিত ৰোগৰ লক্ষণে দেখা দিয়ে যদিও ক্ৰমান্বয়ে শৰীৰৰ সকলো গাঁঠিয়েই এই ৰোগত আক্ৰান্ত হয়, ফলত গাঁঠিত অসহ্য বিষ, ফুলি উঠা আৰু ৰাতিপুৱা গাঁঠিৰ জঠৰতা দেখা পোৱা যায়। ৰোগ পুৰণা হোৱাৰ লগে লগে গাঁঠিবোৰ ধ্বংসপ্ৰাপ্ত হয় আৰু পিছত গাঁঠিৰ বিকৃতিয়ে দেখা দিয়ে। আৰ্থ্ৰাইটিছ কেইবা প্ৰকাৰৰো দেখা পোৱা যায়। সেইবিলাক হৈছে ক্ৰমে Rheumatoid arthritis, Osteo arthritis, Gouty arthritis. Rheumatoid arthritis সাধাৰণতে ২০ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত হয়। এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। ৰোগৰ আৰম্ভণি লাহে লাহে হয় যদিও কেতিয়াবা হঠাতেই এই ৰোগৰ লক্ষণে দেখা দিয়ে। এই ৰোগ প্ৰথমে সৰু গাঁঠিত আৰম্ভ হৈ লাহে লাহে ডাঙৰ গাঁঠিবোৰলৈ বিয়পি পৰে। অসহ্য বিষৰ লগতে জ্বৰ, দুৰ্বলতা, ওজন কমি যোৱা, ৰক্তহীনতা, জঠৰতা, হাত, ভৰি অত্যধিক ঘামি উঠা, স্বাস্থ্যহানি আদি লক্ষণসমূহ দেখা পোৱা যায় অৰু ক্ৰমান্বয়ে গাঁঠিৰ চাৰিওফালে থকা মাংস ক্ষয়প্ৰাপ্ত হৈ বিকৃতিয়ে দেখা দিয়ে।\nOsteo arthritis সাধাৰণতে ৪০ বছৰৰ ওপৰৰ পুৰুষ-মহিলা উভয়ৰে হোৱা দেখা যায়। এই ৰোগত প্ৰধানকৈ শৰীৰৰ ওজন বহন কৰা গাঁঠিসমূহ আক্ৰান্ত হয়। বহু সময় একো নকৰাকৈ থাকিলে বা ব্যায়াম কৰাৰ পিছত বিষ অনুভৱ কৰা যায়। বিষ প্ৰথমে মাজে মাজে হয় যদিও পাছত একেৰাহে গাঁঠিৰ বিষ হ'বলৈ ধৰে। ক্ৰমান্বয়ে বিষ বাঢ়ি যোৱাৰ লগে লগে ৰোগীয়ে গাঁঠিসমূহ লৰচৰ কৰিব নোৱাৰা হয় আৰু পাছত গাঁঠিবোৰ জঠৰ হৈ পৰে।\nGouty arthritis সাধাৰণতে ৪০ বছৰৰ ওপৰৰ পুৰুষৰ বেছিকৈ দেখিবলৈ পোৱা যায়। এই ৰোগ বংশগতভাবে দেখা পোৱা যায়। ৰোগৰ লক্ষণ প্ৰথমে ভৰিৰ বুঢ়া আঙুলিত দেখা দিয়ে আৰু ক্ৰমান্বয়ে অন্য গাঁঠিবোৰলৈ ৰোগ বিয়পি পৰে। অত্যধিক বেদনাৰ লগতে আক্ৰান্ত হোৱা গাঁঠিৰ ওপৰৰ ছাল ৰঙা হৈ ফুলি উঠে। এই ৰোগত অৰুচি, দুৰ্বলতা, মূৰৰ বিষ, টেকিকাৰ্ডিয়া আৰু কঁপনিৰ সৈতে জ্বৰ আদি উপসৰ্গ হিচাপে দেখা দিয়ে। ৰোগ পুৰণা হোৱাৰ লগে লগে জঠৰতা আৰু গাঁঠিৰ বিকৃতিয়ে দেখা দিয়ে। শৰীৰত 'ইউৰিক এচিড'ৰ মাত্ৰা বেছি হোৱাৰ ফলতেই এই ৰোগ আৰম্ভ হয়। Sodium biurate crystals জমা হৈ এই ৰোগত কিছুমান Tophi ৰ সৃষ্টি হয়। এই Tophi প্ৰধানকৈ কাণত হয় যদিও ই হাত-ভৰি আদিতো উৎপন্ন হ'ব পাৰে। Rheumatoid arthritis, Osteo arthritis আৰু Gouty arthritis ক আয়ুৰ্বেদত ক্ৰমে আমবাত, সন্ধিবাত আৰু বাতৰক্তৰ লগত তুলনা কৰা হৈছে। আয়ুৰ্বেদত আৰ্থ্ৰাইটিছৰ চিকিৎসাৰ বাবে আহাৰ, ঔষধ, পঞ্চকৰ্ম আৰু জীৱন-ধাৰণ প্ৰক্ৰিয়া সলনিৰ ওপৰত যথেষ্ট গুৰুত্ব দি অহা হৈছে। আয়ুৰ্বেদত বনৌষধি। ৰসোধি আৰু খনিজ ঔষধিৰ উল্লেখ আছে যাৰ দ্বাৰা এই ৰোগৰ চিকিৎসাৰ যথেষ্ট সফলতা লাভ কৰি অহা হৈছে। আৰ্থ্ৰাইটিছ চিকিৎসাত ব্যৱহৃত কেইবিধমান বনৌষধি হ'ল - নিগুণ্ডি, এৰণ্ড, গুগুল, ৰাস্না, অশ্বগন্ধা, আৰগবধ, দশমূল, গুডুচী, হৰিতকী, কুলম্ব, প্ৰসাৰণি, পূৰ্ণনবা, শুষ্ঠি সতী বলা, চন্দন, ধান্যক, হৰিদ্ৰা আদি।\nমেন'পজ চিনড্ৰ'ম (ৰজোনিবৃত্তিকালীন লক্ষণ)\nমেন'পজ (জনননিবৃত্তি)ৰ সংজ্ঞা দিবলৈ হ'লে ক'ব পাৰি যে যিখিনি সময়ত এগৰাকী মহিলাৰ মাহেকীয়া ঋতু সম্পূৰ্ণভাবে বন্ধ হৈ যায় সেই সময়খিনিকে বুজোৱা হয়। সাধাৰণতে এই সময়ৰ নিৰিখ ৪৫-৫৫ বছৰৰ ভিতৰত ধৰা হয়। অৰ্থাৎ একেলগে যেতিয়া ৬ মাহলৈ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হৈ থাকে তেতিয়া এগৰাকী মহিলাক মেন'পজ হোৱা বুলি আখ্যা দিয়া হয়। বেছিভাগ মহিলাৰ ক্ষেত্ৰত মেন'পজৰ লক্ষণ লক্ষণীয় নহয় যদিও শৰীৰ ক্ৰিয়াবিজ্ঞান অনুসৰি হৰমোনৰ উল্লেখনীয় প্ৰভাৱৰ হেতুকে কিছুমান লক্ষণ দৃষ্টিগোচৰ হোৱা দেখা যায়। তেনে লক্ষণৰ ভিতৰত প্ৰধানকৈ-\nজেনাইটেল আৰু ইউৰিনাৰী\nস্বাস্থ্য হানি আদিবোৰক অন্তৰ্ভুক্ত হৈছে।\nজননিবৃত্তিৰ গুৰুত্বপূৰ্ণ লক্ষণবোৰৰ ভিতৰত-\n(১) ভেচ'মটৰ চিষ্টেমৰ অৱদান অসীম। তাৰে ভিতৰত আছে - 'Hot Flush' হঠাৎ গৰম অনুভৱ কৰা। ইয়াৰ মুখ্য কাৰণটো হ'ল কম Estrogen পৰিমাণ। 'Hot Flush'ৰ মাত্ৰা ১-২ মিনিট সময়লৈ থাকে আৰু কেতিয়াবা এই সময়খিনিয়ে অসহ্যকৰ হৈ উঠে। ইয়াৰ লগত অত্যধিক ঘামো ওলায়। ৰাতি টোপনি ঠিক নোহোৱাৰ অন্য এটা কাৰণ হ'ল Night sweating.\n(২) জেনাইটেল আৰু ইউৰিনাৰী\nজেনাইটেল চিমটমছৰ ভিতৰত মুখ্যতঃ\nইউৰিনাৰী চিমটমছৰ লক্ষণসমূহৰ ভিতৰত\nRecurrent urinary infection & Stress incontinence.\nমূৰৰ বিষ, ইনচ'মনিয়া (নিদ্ৰাহীনতা), অস্থিৰতা, উৎসাহহীনতা, বিষাদতা, কথা পাহৰা, মনোযোগহীনতা আদিয়েই প্ৰধান।\n(৪) স্বাস্থ্য হানি\nস্বাস্থ্যৰ ক্ষেত্ৰতো মেন'পজৰ লক্ষণ পোৱা যায়। তেনে এবিধ লক্ষণ যিটো বহু পৰিচিত আৰু সৰ্ববিদিত। সেইবিধ হৈছে Osteoporosis(অস্থি সুষিৰতা)। অস্থি সুষিৰতা হ'লে কঁকালৰ বিষ হয় আৰু মানুহগৰাকী বেঁকা হৈ যায়। অস্থিসুষিৰতাৰ লগতে অস্থিভগ্নও অন্যতম লক্ষণৰূপে দেখা যায়।\nঅন্য সংযোজিত বিষয়ৰ ভিতৰত Cardio vascular effects অন্যতম। Cardio vascular effect মানে হাৰ্টৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে - Ischemic heart disease, coronary artery disease আৰু Stroke উল্লেখনীয়।\nপ্ৰতিৰোধ আৰু চিকিৎসা\nThe American Association of Clinical Endocrinologists য়ে সকলো পষ্টমেন'প'জেল মহিলাৰ বাবে হৰমোন ৰিপ্লেচমেণ্ট থেৰাপি (HRT)ক প্ৰিভেনটিভ মেডিচিন হিচাপে উল্লেখ কৰিছে। হ'ৰমোন ৰিপ্লেচমেণ্ট থেৰাপিৰ দ্বাৰা মেনোপ'জেল ছিনড্ৰমৰ পৰা মুক্তি পাব পাৰি। ই Osteoporosis ক'ৰনাৰী ভাজকুলাৰ ৰোগ, ডেমেনচিয়া(Dementia) আৰু Carbohydrate Intolerance আদি হোৱাৰ পৰা ৰক্ষা কৰে। Life Style পৰিৱৰ্তনৰ পৰাও মেনোপ'জৰ লক্ষণসমূহৰ পৰা সকাহ পাব পাৰি। সঠিকভাবে পালন কৰা জীৱন-যাপনেও শৰীৰৰ ওপৰত যথেষ্ট সুপ্ৰভাৱ পেলায়। ব্যায়াম মেনোপ'জেল মহিলাৰ বাবে অতি প্ৰয়োজনীয়। সঠিক ব্যায়ামৰ দ্বাৰা মেনোপ'জত দেখা দিয়া অসুবিধা সমূহ আৰু ভৱিষ্যতে দেখা দিব পৰা মেনোপ'জেল সম্পৰ্কীয় অন্য ৰোগ সমূহ বাধা দিব পাৰি। ব্যায়াম আৰু ধ্যানৰ দ্বাৰা মানসিক চাপ, দুশ্চিন্তা আদি নাইকিয়া কৰিব পাৰি। মেনোপ'জেল মহিলাসকলৰ বাবে সুষম আহাৰ আৰু ওজনৰ সমতা ৰখাটো অতি প্ৰয়োজনীয়। আহাৰ সদায় কম চৰ্বিযুক্ত আৰু বেছি কেলৰিযুক্ত হ'ব লাগে আৰু ফলমূল, সেউজীয়া শাক-পাচলি, যথেষ্ট পৰিমাণৰ পানী, ভিটামিন, খনিজ লৱণ আদি সেৱন কৰা উচিত। মেনোপ'জেল মহিলাৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। কেলচিয়ামে Osteoporosis হোৱাৰ পৰা সুৰক্ষা দিয়ে।\nলিখকঃ ড° বিষ্ণুপ্ৰসাদ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
আডা বাইৰনৰ জন্মৰ এমাহৰ পাছতে পিতৃ-মাতৃৰ বিচ্ছেদ হয় আৰু আডাই মাকৰ লগত থাকিবলৈ লয়। দেউতাক বাইৰনে চিৰদিনৰ বাবে ইংলেণ্ড এৰি যায়। মাক ইছাবেল বাইৰনে তেখেতৰ ছোৱালী ডাঙৰ হৈ কবি হোৱাটো বিচৰা নাছিল। সেয়ে সৰু কালৰপৰাই মাকে আডাক গণিত আৰু বিজ্ঞানৰ শিক্ষা দিয়াৰ চেষ্টা কৰিছিল। অৱশ্যে মাকৰ আপত্তি স্বত্তেও আডাৰ কবিতাৰ প্ৰতি ৰাপ আছিল আৰু পাছলৈ 'কবিত্বময় বিজ্ঞান'ৰ চৰ্চা কৰা বুলিহে কৈছিল। আডা বাইৰনৰ বিজ্ঞানৰ লিখনিসমূহতো সেয়ে চিত্ৰকল্প আৰু কল্পনাৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়। শিশুকালত আডাই প্ৰায়েই বিভিন্ন ৰোগত ভূগি থাকিছিল। আঠ বছৰত মূৰৰ বিষৰ লগতে কিছুদিনৰ কাৰণে দৃষ্টি-শক্তিও ক্ষীণ হৈ গৈছিল। সৰু-আই ওলোৱাৰ ফলস্বৰূপে আডাই বিচনাতে সময় কটাবলগীয়া হৈছিল। ১৬ বছৰ বয়সতহে আডাই পেং লৈ চলাফিৰা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ৰোগত ভুগি থাকিলেও আডাৰ পঢ়া-শুনাত যতি পৰা নাছিল। বিভিন্ন বিষয়ৰ শিক্ষকে ঘৰতে আডাক শিক্ষা দিছিল। গণিত আৰু প্ৰযুক্তিবিদ্যা আছিল আডাৰ পছন্দৰ বিষয়। ১২ বছৰ বয়সতে আডাই উৰিবৰ বাবে মন স্থিৰ কৰি বিভিন্ন নক্সা অংকন কৰি উৰিব পৰা যন্ত্ৰ সজাৰ চেষ্টা চলাইছিল। ১৭ বছৰ বয়সত আডা আন এগৰাকী মহিয়সী নাৰী মেৰী ছ'মাৰভিলৰ সংস্পৰ্শলৈ আহিছিল আৰু মেৰীয়েই উচ্চ গণিতৰ বিষয়ে আডাক আগ্ৰহী কৰি তুলিছিল। মেৰী ছ'মাৰভিলে ফৰাচী গণিতজ্ঞ লেপলাচৰ কিতাপসমূহ ইংৰাজী ভাষালৈ অনুবদো কৰিছিল, আৰু সেই কিতাপখিনি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ অন্তৰ্গত আছিল। ছ'মাৰভিলৰ ঘৰতে আয়োজিত এক ভোজমেলত আডা বাইৰনে চাৰ্লছ বেবেজে 'গণক যন্ত্ৰ'ৰ ওপৰত দিয়া বক্তৃতা শুনিবলৈ পায়। আডা বাইৰনেই বেবেজৰ আৱিষ্কৃত যন্ত্ৰই ভৱিষ্যতে গণনাৰ বাহিৰে আন বহুতো কাম কৰিব পাৰিব বুলি ধাৰণা কৰিছিল। ১৮৪৩ চনত আডা বাইৰনৰ বিবাহ সম্পন্ন হয় এগৰাকী অভিজাত ব্যক্তি 'আৰ্ল অৱ লাভলে'চ'ৰ লগত। বৈবাহিক সূত্ৰে আডা বাইৰন 'লেডী লাভলে'চ' হিচাপেও জনাজাত। ১৮৪১ চনত বেবেজৰ কৰ্মৰাজীৰ ওপৰত প্ৰকাশিত ৰোমান ভাষাৰ এটা প্ৰৱন্ধ অনুবাদ কৰাৰ লগতে সেইটোৰ ওপৰত দীঘল টোকা সন্নিবিষ্ট কৰি আডাই বেবেজৰ ওচৰলৈ পঠিয়ায়। ইয়াৰ পাছতে বেবেজ আৰু আডা বাইৰনৰ মাজত 'গণক যন্ত্ৰ'ৰ গণিত সম্পৰ্কে চিঠিৰ আদান-প্ৰদান চলিবলৈ ধৰে। আডা বাইৰনেই বেবেজক যন্ত্ৰটোৰ দ্বাৰা 'বাৰ্নলি সংখ্যা' গণনা কৰাৰ বাবে পৰামৰ্শ দিছিল। একেটা কামৰ বাবে বেবেজে দিয়া আৰ্হিক যন্ত্ৰটোৱে বুজিব পৰা ভাষালৈ পৰিৱৰ্তন কৰিছিল আডাই, বেবেজে দিয়া আৰ্হিৰ এটা ভুলো তেখেতে আঙুলিয়াই দিছিল। আজিকালিৰ কম্পিউটাৰক নিৰ্দেশ দিবলৈ কম্পিউটাৰেবুজিব পৰাকৈ কাম এটাৰ নিৰ্দেশ দিব লাগে। এনে নিৰ্দেশকে 'প্ৰগ্ৰাম' বোলা হয়। আডা বাইৰনে 'বাৰ্নলি সংখ্যা' গণনাৰ বাবে লিখি উলিওৱা নিৰ্দেশাৱলীয়েই পৃথিৱীৰ প্ৰথম প্ৰগ্ৰাম বুলি কোৱা হয়। সেয়ে, আডা বাইৰনকে পৃথিৱীৰ প্ৰথম কম্পিউটাৰ প্ৰগ্ৰামাৰ বোলা হয়। ৩৬ বছৰ বয়সতে জৰায়ুৰ কৰ্কট ৰোগত আডা বাইৰনৰ মৃত্যু হয়। প্ৰথম প্ৰগ্ৰাম লিখি উলিওৱাৰ পাছৰ সময়ৰপৰাই আডা বাইৰনৰ গা পৰি আহে, আৰু গণিত সম্পৰ্কীয় কাম-কাজো কমি আহে। গণিতৰ বাহিৰেও আডা বাইৰনে সংগীত চৰ্চা আৰু ঘোঁৰাৰ বিষয়ে আগ্ৰহী আছিল। তেখেতে সংগীত আৰু গণিতৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰি থকা বুলি মাকলৈ লিখা এখন চিঠিত উল্লেখ পোৱা যায়। অৱশ্যে তেখেতৰ অধ্যয়নৰ সবিশেষ পোৱা নাযায়। আডা বাইৰনৰ গণক যন্ত্ৰ সম্বন্ধীয় কাম-কাজ সেই সময়ৰ বিজ্ঞানীৰ মাজত জনপ্ৰিয় হৈছিল যদিও পাছলৈ পাহৰণিৰ কৱলত পৰে। ১৯৫০ দশকতহে আডা বাইৰনৰ কৰ্ম আকৌ চৰ্চালৈ আহে। কম্পিউটাৰ নিৰ্মাণৰ বিষয়ে গৱেষণা চলি থকাৰ সময়তে বি. ওৱাই. ব'ডেনে আডা বাইৰনৰ লিখনিসমূহ তেখেতৰ এখন গ্ৰন্থত সন্নিবিষ্ট কৰি প্ৰকাশ কৰে। তাৰ পাছতহে বাইৰনৰ কাম-কাজ সম্পৰ্কে ৰাইজে ভালদৰে জানিবলৈ পায়। ১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা দপ্তৰে বিকাশ কৰা এটা প্ৰগ্ৰামিং লেংগুৱেজ আডা বাইৰনৰ নামেৰে 'আডা' দিয়া হয়। এখেতক 'সংখ্যাৰ যাদুপৰী' বুলিও সম্বোধন কৰা হয়। এগৰাকী মহিলা হৈ সেই কালত গণিতজ্ঞ বা বিজ্ঞানী হিচাপে গুৰুত্ব লাভ কৰিবলৈ সহজ নাছিল। গণক যন্ত্ৰক নিৰ্দেশ দিয়া লিখাটো প্ৰকাশ কৰিবলৈও তেওঁ নিজৰ সম্পূৰ্ণ নাম দিয়া নাছিল। চমুকৈ নিজৰ নামৰ আদ্যাক্ষৰেৰে এ.এ.এল. বুলিহে স্বাক্ষৰ কৰিছিল, অন্যথা স্ত্ৰী হোৱাৰ বাবেই তেখেতৰ লেখাক গুৰুত্ব দিয়া নহ'ব বুলি তেখেতেভয় কৰিছিল। তাৰোপৰি আডা বাইৰনৰ জীৱনকালত ৰোগ আৰু বিভিন্ন সামাজিক সমস্যাই দেখা দিছিল। তথাপি আডা বাইৰনে পুৰুষ-প্ৰধান সমাজখনত শিৰ নত কৰি বাচি থাকিব খোজা নাছিল। ১৯৯০ দশকত প্ৰকাশিত এখন গ্ৰন্থত আডা বাইৰনে লিখা প্ৰগ্ৰামসমূহ মূলতঃ চাৰ্লছ বেবেজৰ সৃষ্টি বুলি দাবী কৰা হয়। পাছলৈ অন্যান্য লিখকে এই দাবী খণ্ডন কৰি গ্ৰন্থ ৰচনা কৰে। মাতৃয়ে বিচৰা নাছিল যদিও আডাই নিজৰ সমাধি পিতৃ লৰ্ড বাইৰনৰ সমাধিৰ কাষতে হোৱাটো বিচাৰিছিল। সেই ইচ্ছা অনুসৰি ইংলেণ্ডৰ নটিংহামৰ ছেইণ্ট মেৰী মেগ্ডেলিন গীৰ্জাত পিতৃৰ সমাধিৰ কাষতে আডাকো সমাধিস্থ কৰা হৈছিল।
এন. এ. ব্যুৰো ১৯ মাৰ্চঃ বিশ্বত এতিয়া ক্ৰমান্বয়ে বৃদ্বি পাইছে অতিমাৰী ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ । দিনক দিনে বৃদ্ধি পাইছে ক'ৰ'ণা ভাইৰাছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা । বৰ্তমানলৈ সমগ্ৰ বিশ্বত ক'ৰ'ণা আক্ৰান্ত ৰেগীৰ সংখ্যা ২,২৬,৫০৪ গৰাকী আৰু মৃত্যুৰ সংখ্যা ৯২৮৬ । বৰ্তমানলৈকে ভাৰতবৰ্ষত ক'ৰ'ণা ভাইৰাছত আক্ৰান্ত সংখ্যা ১৭১ জনলৈ বৃদ্ধি পোৱাৰ লগতে ৫ জনৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে । ইফালে ভয়াবহ ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মেঘালয়ৰ পৰ্যটণস্থলী ৩১ মাৰ্চলৈকে বন্ধ কৰি দিয়া হৈছে ।আনফালে ভাৰত চৰকাৰে ৬৫ বছৰৰ অধিক আৰু ১০ বছৰতকৈ কম বয়সীয়া লোকক ঘৰতে থাকিবলৈ আৰু সাৱধানতা অৱলম্বণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । ইতিমধ্যে ২২ মাৰ্চৰপৰা বলবৎ হোৱাকৈ দেশত বন্ধ কৰি দিয়া হৈছে সকলো আন্তৰাষ্টীয় বিমান সেৱা । ভাতীয় ৰে'লৱেই কৰ্তন বা সীমিত কৰিছে বহুসংখ্যক ৰে'লসেৱা ।
ডাঙৰ পৰ্দাত আহি আছে ৰামায়ণ। বাজেট ৩০০ কোটি। প্রযোজক মধু মণ্টেনা। মণ্টেনাই তেওঁৰ সপোনৰ ছবিৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে। কিন্তু নতুন এই ৰামায়ণৰ মুখ্য চৰিত্ৰত কোনে কোনে অভিনয় কৰিব জানেনে? এইপর্যন্ত পোৱা খবৰ মতে ৰাম আৰু সীতাৰ চৰিত্র ৰূপায়ণ কৰিব অভিনেতা-অভিনেত্রী ক্ৰমে হৃত্বিক ৰোচন আৰু দীপিকা পাড়ুকনে। দীর্ঘদিন ধৰি ডাঙৰ পৰ্দাত ৰামায়ণ নিৰ্মাণৰ কথা ভাবি আছিল মধুৱে। কিন্তু তেওঁৰ অংশীদাৰ হৈ থকা 'ফেণ্টম ফিল্মছ'ৰ তিনিগৰাকী অংশীদাৰৰ পৰা গোটেই কোম্পানীটো কিনি লোৱালৈ ৰ'ব লগা হয়। এতিয়া সপোন সাৰ্থক কৰাৰ দিশে আগবাঢ়িছে মণ্টেনা। সকলো ঠিকে থাকিলে ৰামায়ণ পৰিচালনাৰ দায়িত্ব ল'ব 'ডংগল'ৰ পৰিচালক নীতেশ তিৱাৰীয়ে। জানিব পৰা মতে মধুৱে ৰামায়ণ ছবিখনৰ বাবে বহু গৱেষকৰ লগত আলোচনাও কৰিছে। এপিক ৰূপত সজাব বিচৰা ফিল্মখনক লৈ যাতে কোনো বিতৰ্ক নহয়, সেই দিশতো মনোযোগ দিছে মধুৱে।
কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু এয়া আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব বুলি মন্তব্য কৰিছে । ঘটনাটো যথেষ্ট ৰহস্যজনক বুলি মন্তব্য কৰি আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰখা বুলি সদৰি কৰিছে । আনহাতে ইনছাৰ আলি সেখ সম্প্ৰতি পলাতক যদিও আৰক্ষীয়ে ইনছাৰ আলি সেখক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। অসম আৰক্ষীত ওলাইছে ২৪৪০ টা পদত চাকৰি, কেতিয়া কিদৰে কৰিব পাৰিব আবেদন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুংগাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা বহু দিনৰ পৰা দখলদাৰী কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যত হতচকিত ৰায়তসকল। অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ পি ডি চি এলৰ জৰিয়তে 'আজোৰ' কোম্পানীয়ে বঢ়মপুৰৰ হায়ঙথলৰ নিকটৱৰ্তী আমদাঙা গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰনৰ এক ব্যয়বহুল প্ৰকল্পৰ কাম পুৰ্ণোদ্যমে চলাই আছে ,যদিও এনে কাৰ্যত অসন্তুষ্ট হৈ ভূমি দখল কৰি থকা লোক সকলে ন্যায়ালয়ৰ কাশ চাপে।শেহতীয়াকৈ মহামান্য ন্যায়ালয়ে কোম্পানীৰ পক্ষত ৰায় প্ৰদান কৰে আৰু ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে উক্ত ভূমিত উচ্ছেদ চলাই। উচ্ছেদৰ সময়ত দখলদাৰী লোকসকলে মাটি এৰি নিদিয়াকলৈ প্ৰশাসনৰ লগত বাক বিতণ্ডাত লিপ্ত হয়। উচ্চ ন্যায়ালয়ে শান্তিপূৰ্ণ ভাৱে মাটিখিনি একসপ্তাহ সময়ৰ ভিতৰত খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। উক্ত নিৰ্দেশ মৰ্মে প্ৰশাসনে জে চি বি লগাই উচ্ছেদ অভিযান আৰম্ভ কৰে আৰু তাতেই খৰ্গহস্ত হৈ পুৰুষ মহিলা সকলো ওলাই আহি বাক বিতণ্ডাত লিপ্ত হয়। উপায়ন্তৰ হৈ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ বাবে প্ৰশাসনে কেইবাজনো লোকক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আনহাতে কৃষক সকলে এই উচ্ছেদ অভিযানৰ বিষয়ে কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰে। তাৰোপৰি কৃষক সকলে ন্যায়ালয়ৰ ৰায় তেওঁ লোকৰ সপক্ষে আছে বুলি দাবী কৰিছে যদিও কোনোধৰণৰ নথি পত্ৰ প্ৰশাসনক দেখুৱাব নোৱাৰিলে। You may also read! গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"। Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।
চাৰ্লছ ডাৰউইন আছিল এগৰাকী যুগান্তকাৰী প্ৰকৃতি আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি মানৱ সমাজত খলকনি তোলাৰ লগতে সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা ওফৰাবলৈ সক্ষম হৈছিল। উমাকান্ত শৰ্মা এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক আছিল। তেখেতে ১৯১৮ চনত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে। শংকৰ আজান শিক্ষা নিকেতন, কমলপুৰ হৈছে কমলপুৰ অঞ্চলৰ এখন লেখত লবলগীয়া বিদ্যালয়। ২০০১ চনৰ ১ জানুৱাৰী তাৰিখে বৃহত্তৰ কমলপুৰ অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়। কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল। জাহ্নু বৰুৱা একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভূষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক। তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে। সীতানাথ ব্ৰহ্মচৌধুৰী অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল। আধুনিক গল্প সাহিত্য হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (২০১৪) অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ। সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাই প্ৰদান কৰা বঁটা আৰু .. নবেল বঁটা বিজয়ী (সাহিত্য) নবেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান) নবেল বঁটা বিজয়ী (শৰীৰবিজ্ঞান বা ঔষধ) নবেল বঁটা বিজয়ী (পদাৰ্থ বিজ্ঞান) নবেল বঁটা বিজয়ী (অৰ্থনীতি) নবেল বঁটা বিজয়ী (শান্তি) ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নী .. মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় ৰাজ্য .. আৰআৰআৰ (চলচ্চিত্ৰ) পৰজানিয়া (২০০৭ চলচ্চিত্ৰ) © as.google-info.org 2020 । This website uses cookies. Cookies remember you so we can give you a better online experience.
নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ নগাঁৱৰ বেচৰকাৰী সংস্থা গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আৰু নিচামুক্ত অভিযান সহায়ক কেন্দ্ৰৰ সহযোগত নিচামুক্ত অভিযান নগাঁও জিলাত আৰম্ভ হৈছে।ভাৰত চৰকাৰে আৰম্ভ কৰা নিচামুক্ত অভিযানৰ অংশস্বৰূপেই এই কাৰ্য্যসূচী চলি আছে ।গ্ৰাম বিকাশ পৰিষদৰ নিচামুক্ত কেন্দ্ৰত নিচাযুক্ত দ্ৰৱ্য আৰু ব্যাধি চিনাক্তকৰণ কৰা,পৰামৰ্শ প্ৰদান,চিকিৎসা আৰু পুনৰ সংস্থাপন,আশ্ৰয়দান,সজাগতা প্ৰদান আদি কাৰ্যসূচী হাতত লৈছে।এই কেন্দ্ৰটোৰ তত্বাৱধানৰ দায়িত্বত থকা ছিৰাজ উদ্দিন আহমেদে আজি অনুষ্ঠিত নিচামুক্ত অভিযানৰ অনুষ্ঠানত আদৰনি ভাষন প্ৰদান কৰি কয় যে- তেওঁলোকৰ কেন্দ্ৰত ২৩৪ জন নিচা সেৱনকাৰীৰ চিকিৎসা চলি আছে।ইয়াৰে ১৩৮ জন আৰক্ষীৰ দ্বাৰা লাভ কৰিছে আৰু ৫৬ জন নিচাযুক্ত দ্ৰৱ্য সেৱনকাৰীক অভিভাৱকে আনি দিছে।এই সকলৰ ভিতৰত ১৭৩ জন সুস্থহৈ পৰিছে।তেওঁলোকৰ ভিতৰত বহু কেইজনে বিভিন্ন স্থানত কৰ্ম সংস্থাপন লাভ কৰিছে। অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকখন প্ৰথম প্ৰকাশ পায়। কাকতখনৰ সম্পাদক নৰেশ কলিতা। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।