text
stringlengths
0
188k
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>কেইবছৰমান আগৰ কথা৷ মোৰ লগৰ এজনে বিয়া পাতিবলৈ মনস্থ কৰি কইনা বিচৰা কাৰ্য্য আৰম্ভ কৰিলে৷ তাৰ নিজৰ ব্যৱসায় আছে৷ প্ৰতিপত্তি থকা সচ্ছল ঘৰ এখনৰ ডেকা সি৷ গতিকেই মনে মিলা কইনা এজনী বিচাৰি বন্ধ...
সেই সময়ত ফেচবুকৰ যুগ আৰম্ভ হোৱাই নাই৷ মন পচন্দৰ কইনাৰ খবৰ বাতৰি আঁতি-গুৰি মাৰি লোৱাৰ ক্ষেত্ৰত পুৰণিকলীয়া নীতি নিয়মেই চলি আছিল৷ বন্ধুৰ বাবে কইনা বিচৰাত আমিও হাত উজান দিলোঁ৷ ৰূপৱতী, ধনৱতী, গুণৱতী, বিদুষী আদি বিভিন্ন কন্যাৰ খবৰ আনি তাৰ আগত পেচ কৰা হ’ল৷ পিছে কইনা পচন্দ নহয়হে নহয়৷ কিবা নহয় কিবা এটা কৈ সি সকলোবোৰ নাকচ কৰি থা...
এদিন আমাৰ লগৰে এজনে এটা সাংঘাতিক খবৰ আনিলে৷ বিবাহযোগ্যা ছোৱালী এজনীৰ খবৰ, ধনীৰ দুলালী, ৰূপে গুণে অতুলনীয়া, তাতে ছোৱালীয়ে ডাক্তৰি শিক্ষাও অলপতে সাং কৰি চাকৰিত যোগ দিছে৷ কথাটো শুনি বন্ধুৰ খুঁটি অলপ লৰা যেন লাগিল৷ ছোৱালীৰ ফটো এখনো কেনেবাকৈ যোগাৰ হ’ল৷ ধুনীয়া ছোৱালীজনী৷ আমিবোৰেও যতন কৰি বন্ধুৰ ভিতৰত উমি উমি জ্বলি থকা জুইকুৰ...
ছোৱালীৰ ঘৰৰ ফালেও মান্তি হ’ল৷ ভালেই কথা, আত্মীয় স্বজনে গম পোৱাৰ আগতেই ফয়চলা হৈ গ’লে দুই পক্ষৰে মংগল৷ বাহিৰত লগ ধৰাত ছোৱালীৰো কোনো আপত্তি নাই৷ আধুনিকা ছোৱালী৷ সি এদিন অলপ সময় ফোনতেই কথাও পাতিলে৷ ফোনত কথা পাতি সি ভালেই পালে হেনো৷ গতিকে নিৰ্দিষ্ট দিন এটাত ৰেষ্টুৰেণ্ট এখনতে দুয়ো লগ হবলৈ ঠিৰাং কৰিলে৷
কথা মতেই কাম৷ নিৰ্দিষ্ট দিনটোত ৰেষ্টুৰেণ্ট এখনত আবেলি সময়ত বন্ধু গৈ হাজিৰ হ’ল৷ যথাসময়ত ছোৱালীজনীও আহিল৷ কথা পতা আৰম্ভ হ’ল৷ বন্ধুৱে কিতাপৰ কথা, বজাৰৰ কথা, বতৰৰ কথা, ফুৰিবলৈ যোৱাৰ কথা উলিয়ালে৷ নানা কথাৰ বকলা মেলা গ’ল৷ ছোৱালীও বৰ সপ্ৰতিভ, লাজ নকৰাকৈ উত্তৰ দি গ’ল৷ তায়ো দুটামান কথা সুধিলে৷ বন্ধুৱে কি খাই ভাল পায়? ডেইলি ৰুটি...
এনেতে এপাকত ছোৱালীজনীয়ে ‘হাতখন চাওঁ’ বুলি কৈ বন্ধুৰ হাতখন মুঠি মাৰি ধৰিলে নহয়! বন্ধুৰ হাতখন নিজৰ মুঠিত লৈ আঙুলি কেইটিও হেনো আলফুলে লিৰিকি বিদাৰি চাই কেইটিমান কথা কৈ গ’ল৷ তাইৰ চকু বন্ধুৰ চকুত৷ সেই সময়ত বন্ধুৰ হেনো এটা শব্দও কাণেৰে নোসোমাল৷ বন্ধুৰ মন থৌকি-বাথৌ হ’ল৷ মডাৰ্ণ ছোৱালীৰ বাবে এইবোৰ লাজৰ বিষয় নহয় যেনিবা৷ তাৰমানে ...
খাদ্য লৈ ৱেইটাৰটো অহাতহে যেনিবা সেই মধুৰ সময়খিনিৰ সমাপ্তি ঘটিল৷ খোৱা বোৱা শেষ কৰি বিদায়ৰ পৰত ছোৱালীজনীয়ে ৱেইটাৰক খুজি কাগজ এখন লৈ খচখচকৈ কিবা দুটামান শাৰী লিখি বন্ধুৰ হাতত দি কলে –
‘পাৰে যদি এইখিনি এবাৰ চাবচোন৷ কিবা থাকিলে মোক জনাব দেই৷’
বন্ধুৱে কাগজ টুকুৰা পঢ়ি নোচোৱাকৈ বুকুৰ কাষৰ জেপতে ভৰাই ৰেষ্টোৰাৰ পৰা ওলাই আহিল৷ ছোৱালীজনীয়েও তাক ধুনীয়া হাঁহি এটা উপহাৰ দি বিদায় লৈ গুচি গ’ল৷ ইফালে মোহিনী হাঁহিৰ কামশৰত বিদ্ধ হৈ বন্ধুৰ অৱস্থা একেবাৰে কাহিল৷ বন্ধুৱে কোনোমতে ৰুমলৈ ঘুৰি আহি কাগজ টুকুৰা মেলি চালে৷ কাগজ টুকুৰাত অদ্ভুত আখৰ কেইটামানেৰে বাক্য কেইশাৰীমান৷ মাজে ...
গধূলি মুৰে কপালে হাত দি বহি থকা বন্ধুৰ কোঠালীত আমি কেইটামানে অশেষ যত্ন কৰিও সেই প্ৰেমপত্ৰৰ পাঠোদ্ধাৰ কৰিবলৈ ব্যৰ্থ হ’লো৷ কেইটিমান শব্দ বুজি পালো যদিও সেই শব্দকেইটাই চিঠিখনক বেছি জটিলহে কৰি তুলিলে৷ যেনে, Liv, Cal, CID এইবোৰ! ফোন কৰি সুধিবলৈও সি নাৰাজ৷
আমাৰ লগৰ প্ৰকাশ নামৰ এজন একাচেকা ল’ৰা আছিল৷ সি কথাটো অলপ টং কৰি ভাবিলে৷ পিছ মূৰ্হুততে সি গিৰিসাই উঠি কলে –
‘এটা কাম কৰো ব’ল৷ ইয়াত এনেকৈ বহি থাকিলে নহব৷ এইখনত কি লিখা আছে মই এতিয়াই উলিয়াই দিম! মোৰ লগত ওলা৷ শৰ্মা ফাৰ্মাচীলৈ যাওঁ৷ তাতে তপন বুলি চিনাকি ল’ৰা এটা আছে, বিশ্বাসী মানুহ৷ সি চাই কৈ দিব পাৰিব৷ লাজ কৰি লাভ নাই বুজিছ’, চবেই জানে ডাক্তৰৰ আখৰ ফাৰ্মাচিষ্টেহে পঢ়িব পাৰে!’
কথামতেই কাম৷ আমি আটাইকেইটাই যাবলৈ ওলালো৷ ইফালে বন্ধুৰ অৱস্থা কাহিল৷ আমি তাক আশা ভৰসা দি ফাৰ্মাচী পোৱালোগৈ৷ ভাগ্যে সেই সময়ত ফাৰ্মাচীখনত আন গ্ৰাহক নাছিল৷ প্ৰকাশে চিধাই গৈ কাগজৰ টুকুৰাটো ল’ৰাজনক দেখুৱাই ক’লে –
‘এইখন ভালকৈ চাই দে৷ সোনকালে ! আন মানুহ অহাৰ আগতেই৷’
সি মুৰ দুপিয়াই কাগজখিলা এবাৰ চাই লুটিয়াই থলে৷ তাৰ পিছত লাহেকৈ সুধিলে – ‘কাৰ এইখন?’
ইতিমধ্যে বন্ধুৰ বুকুত ধানবনা আৰম্ভ হৈ গৈছিল৷ লগতে আমাৰো৷
‘ৰ’ব, এক মিনিটত আহি আছো৷’ – এইবুলি কৈয়েই ভিতৰলৈ গৈ অদৃশ্য হ’ল সি৷
ইফালে আমি এটাইমখাই টেনশ্যনত মৰিছো৷ তথাপিও বন্ধুক সান্তনা দিলোঁ৷ ক্ষন্তেক পাছতেই ফাৰ্মাচীখনৰ সেই তপন বোলা ল’ৰাজন ঘুৰি আহিল৷ হাতত পেকেট এটা৷ সি আহিয়েই ক’লে –
‘মই মোৰ ফালৰ পৰা চেম্পল এটা লগাই দিছো৷ দুশ ষাঠি টকা দিয়ক৷’
আমাৰ সকলোৰে খং উঠি আহিল৷ ব্লেকমেইলিং নেকি, পইছা দিলেহে চিঠিখন পঢ়ি দিব?
প্ৰকাশে তাক একপ্ৰকাৰ ডবিয়াই উঠিলে –
‘মোক চিনি পোৱা নাই নেকি তই৷ পিটি লম্বা কৰি দিম৷ চিঠি এখন পঢ়িব দিছোঁ, কিহৰ পইছা লাগে? দিম বাৰু, কিবা ভাল খবৰ থাকিলে পইছা পাই যাবি৷ ক কি লিখা আছে?’
ল’ৰাজনে অলপ আচৰিত হোৱাৰ নিচিনা হ’ল৷ আমাৰ মুখলৈ চাই লাহে লাহে কলে –
‘কেলচিয়াম টেবলেট এটাকৈ, আইৰণ আৰু লিভাৰৰ টনিকটো দিনে দুচামুচকৈ, লাষ্টৰটো এণ্টাচিড৷ ছবি আঁকি বুজাই দিয়াই আছে দেখোন! কি চিঠিৰ কথা কৈছে বাৰু, এইখন প্ৰেছক্ৰিপশ্যনহে!’
হিলাৰী ক্লিণ্টন
বহুদিন আগৰ কথা৷ ইণ্টাৰনেটে আমাৰ পদুলি গচকিছেহে মাথোন৷ সেই সময়ত বাতৰি কাকতৰ কাৰ্য্যালয়বোৰলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ বাতৰিবোৰ টেলিপ্ৰিণ্টাৰতেই আহিছিল৷ দীঘল দীঘল কাগজবোৰত প্ৰিণ্ট হৈ বিভিন্ন বাতৰিবোৰ আহি থাকে৷ তাকে চাই চাই পিছদিনা প্ৰকাশিত হ’বলগীয়া বাতৰিবোৰ সজাই পৰাই লিখিব লাগে৷
সম্পাদনাৰ মেজত বিভিন্নজনে ভাগে ভাগে বিভিন্ন পৃষ্ঠাবোৰৰ বাবে বাতৰি বাচি লৈ কাম কৰি যায়৷ সাধাৰণতে সৰু সুৰা বাতৰিবোৰ বা ভিতৰৰ পৃষ্ঠাবোৰৰ বাতৰিবোৰৰ দায়িত্ব কনিষ্ঠ সহ-সম্পাদকসকলকেই অৰ্পণ কৰা হয়৷ এজন জ্যেষ্ঠ সহকাৰী সম্পাদকে নিৰ্দিষ্ট পৃষ্ঠাসমূহৰ দায়িত্ব লয় আৰু কনিষ্ঠসকলে যতনাই দিয়া বাতৰিবোৰ চালি-জাৰি চাই প্ৰকাশিত হ’বলগীয়া বা...
এদিন এজন চটফটীয়া ডেকা সহ:সম্পাদকে সম্পাদনাৰ মেজলৈ আহি তেওঁ লিখি অনা বাতৰি এটা দেখুৱালে৷ বাতৰিটো চায়েই সেই সময়ত সম্পাদনাৰ মেজত থকা সকলোৰে চকু কপালত উঠিল৷
বাতৰিৰ শিৰোনামা আছিল এনে –
‘হিলাৰী ক্লিণ্টনৰ দ্বাৰা দুজনকৈ কৰ্মচাৰীক গুলীয়াই হত্যা!’
সেই সময়ত বিল ক্লিণ্টন আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত হৈ আছিল৷ যথাৰ্থতে সেই বাতৰিটোৱে সকলোকে চমকিত কৰি তুলিলে৷
সকলোৱে একেমুখে ডেকাক সুধিলে,
‘খবৰটো ক’ত পালাহে? সঁচানে? এইটো একেবাৰে ‘ফ্ৰণ্ট পেজ’ৰ নিউজ দেখোন!’
তেওঁ লাহেকৈ কলে, ‘টেলিপ্ৰিণ্টাৰতে আহিছে৷ এইমাত্ৰ পালো৷ মই Translate কৰি নিউজটো লিখি লৈ আহিছো’
সকলোৱে বাতৰিটো পঢ়িলে–
“আজি হিলাৰী ক্লিণ্টনে হোৱাইট হাউচত কৰ্মৰত তেখেতৰ দুগৰাকী কৰ্মচাৰীক গুলীয়াই হত্যা কৰে৷ ঘটনাৰ কাৰণ হিচাপে উনুকিওৱা হৈছে যে তেখেতৰ ব্যক্তিগত কামত আওহেলা কৰাৰ বাবেই তেখেতে অনিচ্ছাসত্বেও এই পদক্ষেপ ল’বলগীয়া হয়৷”
সেই সময়ত আন্তঃৰাষ্ট্ৰীয় বাতৰিবোৰৰ বাবে টেলিপ্ৰিণ্টাৰত অহা বাতৰিবোৰেই ভৰষা৷ ইণ্টাৰনেটৰ ব্যৱহাৰ একেবাৰে নাছিল৷ কিবা ঘটনাৰ সত্যাসত্যৰ বাবে টেলিফোন, ফেক্স মেছিনেই ভৰসা৷ এই বাতৰিটোৰ গুৰুত্ব বুজি সকলোৱে কোৱাকুই কৰাত লাগিল৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এটি৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহামান্য ৰাষ্ট্ৰপতিৰ সহধৰ্ম...
এজন জ্যেষ্ঠ সহকাৰী সম্পাদকে কথাটো অলপ ভাবি চাই ডেকাজনক ক’লে– ‘চাওঁ, মোক টেলিপ্ৰিণ্টাৰত অহা নিউজটো দেখুওৱাচোন৷’
কথামতেই কাম৷ ইতিমধ্যে সকলোৰে অনুসন্ধিৎসাৰ কেন্দ্ৰবিন্দু হৈ পৰা সেই ছাব-এডিটৰজনে টেলিপ্ৰিণ্টাৰত অহা বাতৰিটো থকা কাগজৰ টুকুৰাটো আনি জ্যেষ্ঠ সহকাৰী সম্পাদকৰ হাতত দিলে৷
বাতৰিটো আছিল এনেধৰণৰ –
Hillary Clinton fired two staffs of her office due to negligence in duty! !
← এটা চাইনা কলম (মণ্টু কুমাৰ ডেকা)
মানৱ প্ৰতিম (প্ৰতাপ বৰুৱা) →
You May Also Like
মই সৰ্পই কৈছোঁ
August 21, 2022 August 21, 2022 0
তামোল (মণ্টু কুমাৰ ডেকা)
May 15, 2017 0
বিচ্ছিন্ন প্ৰত্যয় আৰু বিভক্তি
August 17, 2021 August 17, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert