text
stringlengths
0
188k
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>মুকুতা (ইংৰাজী: Pearl) এবিধ মূল্যবান ৰত্ন। অতীজত ৰজা, মহাৰজাসকলে মুকুতাৰ মালা পিন্ধিছিল, তৰোৱাল, ৰাজমুকুট আদিত লগাই লৈছিল। এই মূল্যবান ৰত্নবিধৰ উৎপত্তি কিন্তু সাগৰীয় শামুকৰ দেহতহে। মুকুতাৰ ৰঙ সাধাৰণতে শামুক বাস কৰা পানীৰ তাপ, গভীৰতা আৰু পানীৰ নিমখীয়া গুনৰ ওপৰত নিৰ্ভৰ কৰে। শামুকৰ পেটৰ মুকুতা আটাইতকৈ সুন্দৰ আৰু মূল্যবান। মুকুতাৰ আকাৰ, ৰং আৰু উজ্জ্বলতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মুকুতাটোৰ ওজন ৬.৩৭ কেজি। ই দীঘলে ২৪ ছেণ্টিমিটাৰ আৰু ইয়াৰ ব্যাস ১৪ ছে:মি:। এই মুকুতাটো চানফ্ৰান্সিকোৰ এটা বেঙ্কত আচে। ইয়াৰ দাম প্ৰায় ৩ কোটি ২৫ লাখ টকা।[1]
Nuclei from Toba Pearl Island, Japan
উৎপত্তিস্থল[সম্পাদনা কৰক]
বগা ৰূপালী মুকুতা মান্নাৰ উপসাগৰত থকা শামুকৰ পেটত পোৱা যায়। ক'লা মুকুতা মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম উপকূলত পোৱা যায়। উত্তৰ মিছিছিপিৰ উপত্যকা অঞ্চলৰ পৰিষ্কাৰ পানীত থকা শামুকৰ পৰা ধুনীয়া মুকুতাৰ উৎপত্তি হয়।[1]
A pearl being extracted from an akoya pearl oyster.
প্ৰস্তুত প্ৰক্ৰিয়া[সম্পাদনা কৰক]
খোলাধাৰী বা শামুক জাতীয় প্ৰাণীৰ পেলিচাইপডা (Pelecypoda) শ্ৰেণীৰ প্ৰাণীৰ দেহত বিভিন্ন ক্ৰিয়াৰ ফলত মুকুতা উৎপন্ন হয়। এটা শামুকে এটা জকমকীয়া মুকুতা প্ৰস্তুত কৰিবলৈ প্ৰায় ৫-৬ বছৰ সময় লয়। পেলিচাইপডা শ্ৰেণীৰ প্ৰাণীৰ খোলা আৰু ভিতৰৰ কোমল দেহৰ মাজত এটা ফাঁক থাকে। এই ফাঁকটোৰে বালিৰ খণ্ড, পৰজীৱি প্ৰাণী বা আন বাহিৰা পদাৰ্থ সোমাই যায়। এই বালিখণ্ড, পৰজীৱিবোৰে প্ৰাণীটোৰ দেহৰ আচ্ছাদক কলাৰে নিৰ্মিত বহি:আবৰণখন পোটোকা পেলাই তাৰ মাজত সোমাই পৰে। লাহে লাহে পোটোকা পৰা আৱৰণখন মূল আৱৰণৰপৰা বিচ্ছিন্ন হৈ বালিখণ্ডটোক আবৰি পেলায় আৰু ই সংযোজক কলাৰ মাজত সোমাই পৰে। বালিখণ্ডটোক আবৰি থকা আচ্ছাদক কলাৰ তৰপে এবিধ বিশেষ পদাৰ্থ নি:সৰিত কৰে আৰু এই বিশেষ পদাৰ্থবোৰৰ তৰপে বালিখণ্ডটোৰ আকাৰ ঘূৰণীয়া কৰে। এনেদৰে বছৰৰ পিছত বছৰ সেই বিশেষ পদাৰ্থৰ তৰপে বালিখণ্ডটোক এটা জকমকীয়া উজ্জ্বল মুকুতাত পৰিণত কৰে।[1]
কৃত্ৰিম মুকুতা[সম্পাদনা কৰক]
জাপানৰ মুকুতা গবেষকসকলে প্ৰায় ১০০ বছৰ আগৰপৰা কৃত্ৰিমভাবে মুকুতা প্ৰস্তুত কৰি আহিছে। জাপান আৰু শ্ৰীলংকাত আটাইতকৈ বেছি কৃত্ৰিম মুকুতা উৎপাদন কৰা হয়। সাগৰৰপৰা 'অইষ্টাৰ' (Oyster) নামৰ খোলাধাৰী প্ৰাণীটো সংগ্ৰহ কৰি তাক পৰীক্ষাগাৰলৈ নি তাৰ দেহত কৃত্ৰিমভাৱে বালিখণ্ড বা আন বাহিৰা পদাৰ্থ সুমুৱাই দিয়া হয়। তাৰ পিছত এই শামুকবোৰক তাঁৰেৰে নিৰ্মিত পিঁজৰাত ভৰাই সাগৰৰ পানীত ডুবাই ৰখা হয়। ৫-৬ বছৰৰ ভিতৰত এই শামুকবোৰৰ দেহত মুকুতা প্ৰস্তুত হয়। এইদৰে প্ৰস্তুত কৰা মুকুতা আৰু প্ৰাকৃতিক মুকুতাৰ পাৰ্থক্য উলিওৱা টান যদিও মুকুতা বিশেষজ্ঞসকলে এই পাৰ্থক্য ধৰিব পাৰে। মুকুতাৰ মূল্য খুউব বেছি হোৱা বাবে এই কৃত্ৰিম মুকুতা তৈয়াৰ কৰা কাৰখানাবোৰৰ যোগেদি জাপান চৰকাৰে বহুত অৰ্থ উপাৰ্জন কৰে।[1]
A black pearl and a shell of the black-lipped pearl oyster. The iridescent colors originate from nacre layers.
ব্যৱহাৰ[সম্পাদনা কৰক]
ভালদৰে ব্যৱহাৰ কৰিলে মুকুতা বহুত বছৰলৈ একেদৰে থাকে। ব্যৱহাৰৰ পাছত মুকুতাবোৰ কোমল পৰিষ্কাৰ কাপোৰেৰে মোহাৰি বাকচত ভৰাই থৈ দিব লাগে।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
↑ 1.0 1.1 1.2 1.3 শ্ৰী মনোজ চক্ৰৱৰ্তী (অক্টোবৰ-নৱেম্বৰ ১৯৯০). "মুকুতা". বিজ্ঞান জেউতি খণ্ড ২৫শ বছৰ (৪ৰ্থ সংখ্যা): ২৭ - ২৮.
"https://as.wikipedia.org/w/index.php?title=মুকুতা&oldid=254920"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
সামগ্ৰী
অলংকাৰ
অদৃশ্য শ্ৰেণী:
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ১৭ ডিচেম্বৰ, ২০২০ তাৰিখে ১৬:০১ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>নিউজ ডেস্কঃ আজি কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠক অন্ত পৰাৰ পাছত মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তসমূহৰ সন্দৰ্ভত অৱগত কৰে।
মন্ত্ৰী হাজৰিকাই কেবিনেট বৈঠকত সিদ্ধান্ত সমূহৰ বিষয়ে জনাই কয় যে- APDCLৰ তৰফৰ পৰা ৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপন কৰাক লৈ অনুমোদন প্ৰদান কৰিছে কেবিনেটে। কিন্তু কেবিনেটে এই স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত কিছু সংযোজন কৰিছে। একাংশ স্থানত পুৰণি মিটাৰৰ তুলনাত স্মাৰ্ট মিটাৰত বিল অধিক অহা বুলি অভিযোগ উত্থাপিত হোৱা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৩০ দিনলৈ পুৰণি মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটা দিয়া হ’ব। যাতে ৰাইজৰ কোনো অসুবিধা নহয়।
ইফালে, আজি কেবিনেটে তিনিটা নতুন গ্ৰীড নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে। বৰপেটা, শালাকাঁঠী আৰু হাটচিঙিমাৰীত এই তিনিটা গ্ৰীডৰ বাবে অনুমোদন প্ৰদান কৰা হয়। ইয়াৰ বাবে অনুমোদন কৰা হৈছে ৫৬.৭৬ কোটি টকা ।
কেবিনেটে অসম আৰক্ষী আৰু অধিক সক্ষম তথা শক্তিশালী হোৱাৰ বাবেও কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৩৬ গৰাকী অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক লোৱাৰ সিদ্ধান্ত গ্ৰহণ লৈছে। তেওঁলোকে অসম আৰক্ষীৰ যিমানবোৰ বেটেলিয়ান আছে তাত প্ৰশিক্ষণ প্ৰদান কৰিব।
তদুপৰি, APS আৰু ACS বিষয়া সকলৰ পদোন্নতিৰ ক্ষেত্ৰত যিবোৰ খেলিমেলি দেখা যায় সেই সমস্যা দূৰ কৰাৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছে কেবিনেটে। মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেলত জনোৱা মতে, IAS আৰু IPS বিষয়াসকলৰ পদোন্নতিৰ যি প্ৰক্ৰিয়া সেই একে প্ৰক্ৰিয়াৰ দ্বাৰা APS আৰু ACS বিষয়া সকলৰো পদোন্নতি হ’ব।
আনহাতে, অহা ২৩ আৰু ২৪ নবেম্বৰত দিল্লীত উদযাপন কৰা হ’ব লাচিত দিৱস। দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া লাচিত দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
লাচিত দিৱস সুচাৰুৰূপে উদযাপন কৰাৰ বাবে কেইবাখনো কমিটী গঠন কৰা হৈছে। তাৰে এখন হৈছে এপেক্স কমিটী। আৰু এই কমিটীখনক নেতৃত্ব প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কমিটীখনৰ সদস্য হিচাপে থাকিব ৰঞ্জিত দাস, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, ৰণোজ পেগু, অজন্তা নেওগ, পীয়ুষ হাজৰিকা, যোগেন মোহন, নন্দিতা গাৰ্লোছা, কাৰিমুদ্দিন বৰভূঞা, অশোক সিংঘাল, সঞ্জয় কিষাণ, জয়ন্ত মল্ল বৰুৱা, দেবব্ৰত শইকীয়া, ৰকিবুল হুছেইন, আমিনুল ইছলাম, পবন কুমাৰ বৰঠাকুৰ, ভাস্কৰজ্যোতি মহন্ত, ৰবিশংকৰ প্ৰসাদকে ধৰি বহু কেইগৰাকী ব্যক্তি।
Related
অৱসৰপ্ৰাপ্ত সেনা বিষয়াক নিযুক্তি দিয়া হ’ব অসম আৰক্ষীত
কইনাধৰাৰা কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত
স্মাৰ্ট মিটাৰ সংযোগৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাইঃএপিডিচিএল
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,599 other subscribers
Tagged: Assam, Cabinet meeting
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
হিমাচলৰ নহয়, গুজৰাটৰ নিৰ্বাচনী ফলাফলেহে প্ৰভাৱ পেলাব ২০২৪ৰ লোকসভা নিৰ্বাচনত
পৰ্তুগাল বনাম মৰক্কো | ইংলেণ্ড বনাম ফ্ৰান্স | কোৱাৰ্টাৰ ফাইনেল Preview (২)
আছু ত্যাগঃ কোন দলত যোগদান কৰিব দীপাংক কুমাৰ নাথে
শীঘ্ৰেই বিজেপিত বিলীন হ’ব প্ৰমোদ বড়ো - হাগ্ৰামা মহিলাৰী
Google ৰ ‘Innovation Challenge’ৰ বাবে নিৰ্বাচিত ইষ্টম’জ’
Latest News
Fact-Check: ‘ধৰ্ষণ’ কৰি ‘ফ্ৰিজাৰৰ ভৰাই থোৱা’ মহিলাৰ মৃতদেহ অসমৰ নহয় December 9, 2022
গুজৰাট নিৰ্বাচনৰ ফলাফলত ৩৫ সমষ্টিত আপ দ্বিতীয় স্থানত December 9, 2022
গুজৰাটত হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা সকলো সমষ্টিত বিজেপিৰ জয়লাভ December 9, 2022
মঙলদৈৰ মোৱামাৰীত অবৈধ মাটি খননৰ বিৰোধিতা December 9, 2022
কাৰ্বি আংলঙত ৭ কোটি টকা ড্ৰাগছসহ ৩জনক আটক December 9, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>চীনত পুনৰ ঘটিল আন এক অঘটন। কৰ’নাভাইৰাছৰ আতংক চলি থকাৰ মাজতে শনিবাৰে ভাঙি পৰিল পাঁচমহলীয়া কোয়াৰেনন্টাইন চেন্টাৰ।
অট্টালিকাটোৰ ধ্বংসস্তূপৰ তলত কমেও ৭০ জন লোক আৱদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে। কৰ্তৃপক্ষই যুদ্ধকালীনভাৱে উদ্ধাৰ কাৰ্য চলাইছে আৰু শেহতীয়া খৱৰ অনুসৰি ৩৪জন লোকক উদ্ধাৰ কৰিছে।
জানিব পৰা মতে, দক্ষিণ-পূব চীনৰ ফুজিয়ান প্ৰদেশৰ কোৱেনঝাউ অঞ্চলৰ জিংজিয়া এক্ৰপ্ৰেছ হোটেলখনক কোয়াৰেনন্টাইন চেন্টাৰলৈ পৰিৱৰ্তন কৰা হৈছিল।
ইয়াত উক্ত প্ৰদেশৰ ক’ৰোনা আক্ৰান্তসকলক ৰখা হৈছিল। হঠাতে খহি পৰা অট্টালিকটোৰ তলত প্ৰকৃততে কিমান লোক আৱদ্ধ হৈ আছে তাৰ প্ৰকৃত সংখ্যা কোৱাটো সম্ভৱ নহয়।
#BREAKING: A hotel building collapsed in Quanzhou, SE China’s Fujian at around 7 pm Saturday, trapping an unknown number of people under it. So far 16 people have been rescued. Rescue work remains underway. pic.twitter.com/rK7tEagQvV
— People’s Daily, China (@PDChina) March 7, 2020
শনিবাৰে সন্ধিয়া প্ৰায় সাত বজাত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিতি হয় স্থানীয় প্ৰশাসনৰ বিষয়াসকল। তেওঁলোকৰ তদাৰকীত উদ্ধাৰ কাৰ্য চলে।
ইপিনে, হঠাতে অট্টালিকাতো কিয় ভাঙি পৰিল সেই কথা জানিব পৰা হোৱা নাই। প্ৰত্যক্ষদৰ্শী সকলে জানিবলৈ দিয়া মতে আচম্বিতে ভয়ংকৰ শব্দ শুনিবলৈ পাই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি দেখে পাঁচমহলীয়া কোয়াৰেনন্টাইন চেন্টাৰটো ভাঙি পৰিছে।
বাতৰি অনুসৰি, বিধ্বস্ত অট্টালিকটোৰ তলত আৱদ্ধ হৈ পৰা লোকসকলে সহায়ৰ বাবে আহ্বান জনায় যদিও স্থানীয় লোকসকল উদ্ধাৰ কাৰ্যত জড়িত হৈ পৰা নাই।
অট্টালিকাটোত ক’ৰোনা আক্ৰান্ত ৰোগীক ৰখা হৈছিল বাবে সংক্ৰমণৰ আশংকাতে লোকসকল আগবাঢ়ি যোৱা নাই বুলি কোৱা হৈছে।
Recent News
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত ব্যাপক হাৰত অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি বিভিন্ন জাতীয় দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে। ইয়াৰ মাজতে এইবাৰ ৰাজ্যৰ ১৮খন জিলাৰ তথ্য-পাতিৰ পুনৰ পৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সচেতন নাগৰিক মঞ্চ নামৰ এটা সামাজিক সংগঠনৰ লগতে আন কেইবাটাও সংগঠন।
আবেদনকাৰীৰ মতে এই জিলাকেইখনত এন আৰ চিৰ খচৰাত ব্যাপক হাৰত সন্দেহযুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে। এই সন্দৰ্ভত তেওঁলোকে আবেদনৰ লগত যাৱতীয় তথ্য-পাতিও সন্নিৱিষ্ট কৰিছে।
এন আৰ চি সংক্ৰান্তীয় মূল গোচৰৰ লগতে উচ্চতম ন্যায়ালয়ত সোমবাৰে এই আবেদনখনো শুনানিৰ বাবে তালিকাভুক্ত হৈছে। আবেদনকাৰীসকলে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বৰপেটা, গোৱালপাৰা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, দৰং, শোণিতপুৰ, ধেমাজি, মৰিগাঁও, নগাঁও, হোজাই, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু বঙাইগাঁও জিলাত এন আৰ চি আবেদনৰ সকলো নথি-পত্ৰ বিশেষকৈ মূল বাসিন্দা আৰু বংশবৃক্ষৰ বিষয়টোৰ পুনৰ পৰীক্ষণ কৰাটো বিচাৰিছে।
উল্লেখযোগ্য যে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত জাতীয় সংগঠনবোৰে খচৰাত বহু বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলিছে। আনহাতে, বহু স্বদেশী লোকৰ নামো এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ বাতৰি নিয়ত প্ৰকাশ পাই আহিছে।
Recent News
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আৰু ৬ জন ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে কেৰেলাত। মঙলবাৰলৈকে কেৰেলাত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১২ গৰাকী।
কেৰেলা চৰকাৰৰ কেবিনেট মিটিঙৰ পিছত সংবাদ মাধ্যমৰ আগত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে, ১,১১৬ জন ব্যক্তিক পৰ্যবেক্ষণত ৰখা হৈছে। ইয়াৰে ১৪৯ গৰাকীক বিভিন্ন চিকিৎসালয় আৰু ৯৬৭ গৰাকীক ঘৰত নিঃসঙ্গ অৱস্থাত আৱদ্ধ কৰি ৰখা হৈছে।
কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলাজাই কয় যে, ১২ গৰাকী আক্ৰান্ত ব্যক্তিৰ মাজত এগৰাকী শিশুও আছে। আনহাতে মঙলবাৰে ধৰা পৰা ব্যক্তিসকলৰ ভিতৰত এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে।
ইফালে প্ৰথমে ধৰা পৰা তিনিজন ব্যক্তিক ক’ৰ’না ভাইৰছমু্ক্ত হৈছে আৰু তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে।
ইতিমধ্যে চৰকাৰে স্কুল কলেজ আৰু চিনেমা হলবোৰ অহা ৩১ মাৰ্চলৈকে বন্ধ থাকিব বুলি ঘোষণা কৰিছে।
চি বি এছ ই আৰু আই ইচ এছ ই বোৰ্ডৰ বাকী পৰীক্ষাসমূহোল সদ্যহতে স্থগিত ৰখা হৈছে যদিও অষ্টম, নৱম শ্ৰেণী আৰু ভ’কশ্যনেল হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষাসমূহ বিশেষ কোঠাত সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
গীৰ্জা, মন্দিৰ আদি ধৰ্মীয় স্থানৰ লগতে উৎসৱ পাৰৱণৰ সমাৱেশবোৰ এৰাই চলিবলৈ জনগণক আহ্বান জনাইছে কেৰেলা চৰকাৰে।
Recent News
গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান