text
stringlengths
0
188k
সংস্কৃতিৰ জন্ম যদিও আদিম মানৱৰ গুহাত তথাপি ই সংগঠিত ৰূপ লয় বহু পিছত। মানুহে সমাজ পাতি সংগঠিত ভাবে বসবাস কৰিবলৈ ল’লে শস্য উত্পাদন কৰিবলৈ শিকাৰ পৰা। কৃষি ব্যৱস্থাৰ জন্মই সংস্কৃতিৰো বিকাশ সাধন কৰিলে। সংস্কৃতি শব্দৰ উত্সও বিষ্ণুপ্ৰসাদ ৰাভাই এনেকৈ উল্লেখ কৰিছে: সংস্কৃতত কৃষ > কৰ্ষন > কৃষ্টি > সংস্কৃতি। অৰ্থাৎ সংস্কৃতিৰ জন্ম...
জনজাতীয় সমাজ ব্যৱস্থাত য’ত দাস বা সামন্তবাদৰ বিকাশ নোহোৱাকৈয়ে সমাজ আগবাঢ়ে তাত সংস্কৃতিৰ লোকায়ত ৰূপ অন্য সমাজ ব্যৱস্থাতকৈ পৃথক। অসমৰ সমাজ ব্যৱস্থাও তেনে এক ধৰণে বিকাশ লাভ কৰিছে। আদিম সাম্যবাদী সমাজৰ পৰা দাস আৰু সামন্তবাদলৈ বিকাশ নোহোৱাকৈয়ে আহোম ব্যৱস্থাত পাইক প্ৰথাৰ জড়িয়তে এক ধৰণৰ জনজাতীয়-গণতান্ত্ৰিক শাসনে অসমৰ সমাজক ...
বিহু অসমৰ বাপতি সাহোন অৰ্থাৎ পিতৃপুৰুষৰ সম্পত্তি। বসন্তকালত উদযাপন কৰা ৰঙালী বিহুকেই অসমীয়াই সকলোতকৈ অধিক হেঁপাহেৰে বাট চাই থাকে। কাৰণ এই বিহুৰ সৈতে আহে বসন্ত ঋতুৰ প্ৰাচুৰ্যৰে ভৰা অসমীয়া নৱবৰ্ষ। ঋতুৰ মাদকতাই যৌৱনময় কৰি তোলে সকলো। দীৰ্ঘদিনীয়া শীতৰ ৰুক্ষতাৰ পিছত ন-বৰষুণজাকে বৰদৈচিলাৰ সৈতে আহি পথাৰ উৰ্বৰা কৰে। পথাৰৰ কাষত ...
গ্ৰীমচোক গ্ৰীমচোক তাতা গিনা চোক
তাক তাকে গ্ৰীমচোক তাতা গিনা চোক…।
অসমৰ জনজাতীয় সমাজখন অতি বিচিত্ৰ লোকসংস্কৃতিৰে ভৰপুৰ। কৃষিপ্ৰধান সমাজৰ এই সংস্কৃতিয়ে বিশ্বজুৰি বিয়পি আছে বিভিন্ন ৰূপত। আগতে উল্লেখ কৰা হৈছে যে ঐন্দ্ৰজালিক কৰ্মকাণ্ড জনগণৰ সাংস্কৃতিক উপাদানবোৰৰ সৈতে সংপৃক্ত হৈ আছে। সংস্কৃতিৰ মাজত যৌনগন্ধী আচাৰ, গীত-মাত আদি এই ঐন্দ্ৰজালিক কৰ্মকাণ্ডৰেই অংশ। এইবোৰ অতি প্ৰাচীন লোকাচাৰ। পিছলৈ...
বিহুৰ মঞ্চৰূপ আজিৰ সৃষ্টি নহয়। আহোম স্বৰ্গদেৱেই প্ৰথমে ৰংঘৰ বাকৰিত অসমীয়া ডেকা-গাভৰুৰ দ্বাৰা বিহু নচুৱাইছিল। পিছলৈ স্বাধীনতা আন্দোলনৰ সময়ত গুৱাহাটীৰ লতাশিলত বিহু অনুষ্ঠিত কৰা হয়। এতিয়া মঞ্চবিহুতেই বিহুৰ অস্তিত্ব ৰৈ যোৱাৰ উপক্ৰম হৈছে। কিয়নো যি ঐতিহাসিক বিৱৰ্তনৰ সাক্ষী হৈ অসমৰ জাতীয় সংস্কৃতিৰ জন্ম হৈছিল সেই ইতিহাস আজিৰ জ...
উত্সৱবিহীন, প্ৰচাৰবিহীন, সংৰক্ষণৰ অভাৱত পণ্যসংস্কৃতি আৰু হিন্দী ও পাশ্চাত্য আগ্ৰাসন আৰু সম্প্ৰসাৰণৰ হাতোৰাত এতিয়া তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিছে অসমৰ জাতীয় সংস্কৃতিয়ে। মধ্যবিত্তকেন্দ্ৰীক মানসিকতা গোলামী ৰাজনীতিয়ে এসময়ৰ ঐক্যবদ্ধ শ্ৰমজীৱীজনগণক বিভক্ত কৰি অসমৰ জাতীয় সমাজখন থান বান কৰি পেলাইছে। ইয়াৰ পৰা উদ্ধাৰৰ পথ মোকোলাবলৈ ...
এটা পৰাধীন নিৰ্যাতিত জাতিৰ সংস্কৃতি কেতিয়াও নিৰাপদ নহয়। জাতীয় সম্পদৰ ওপৰত জনগণৰ অধিকাৰ স্থাপন হ’লে, জাতীয় পুঁজিৰ বিকাশ সাধন হ’লে, জনগণৰ প্ৰকৃত শাসন আৰু স্বতন্ত্ৰতা থাকিলে সংস্কৃতি কেতিয়াও লুপ্ত হোৱাৰ আশংকা নাথাকে। একমাত্ৰ দুৰ্বল জাতিৰ ওপৰতেই সাংস্কৃতিক আগ্ৰাসন হয়। সেয়ে পৰিৱৰ্তনৰ বাবে প্ৰকৃত ৰাজনৈতিক বিপ্লৱৰ সমান্তৰালকৈ...
“কৃষ্টি সংস্কৃতি ধনী অসমীয়াৰ হাতত নাই….আছে দীন-হীন, ক্লিষ্ট-পিষ্ট দুখীয়া-হজুৱা অসমীয়াৰ হিয়াৰ অন্তস্থলত।” সংস্কৃতিৰ এয়াই প্ৰকৃত নন্দন তত্ব।
*(ৰূপৰ খাপৰ তৰোৱাল, অৰুনোদই প্ৰকাশন, ২০১০,পৃ ২৫৬, শৰ্মা ৰক্তিম )
← তেজাল ঘোঁৰা : মিতালী গোস্বামী
কাৰবি সমাজ জীৱনত প্ৰচলিত ডেকাচাঙৰ পৰম্পৰা – জিৰকেদাম : যাদবেন্দ্ৰ বৰা →
You May Also Like
অসমৰ ধৰ্মীয় বৈচিত্ৰ্য, সহিষ্ণুতা আৰু সমন্বয় (-ৰক্তিম শৰ্মা)
September 14, 2013 0
কমলাপ্ৰিয়া-বীৰ চিলাৰায়ৰ শুভ বিবাহৰ স্বাক্ষৰ ৰামৰাই কুঠী আৰু মধুপুৰ সত্ৰ —দিবাকৰ ৰেণু
November 21, 2020 0
শিক্ষিতৰ লজ্জা : জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থা – বিজু সেনাপতি
July 14, 2016 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ওমলা গীত, নিচুকনী গীত আদি গীতি কবিতাসমূহ এক পৃথিৱী ব্যাপ্ত সংস্কৃতি। শিশু নিচুকাবলৈ শ্ৰুতিমধুৰ এই কবিতা সমূহ (নিচুকনী গীত)-ৰ ব্যৱহাৰ কৰা হয়। আনহাতে পুৰণি কালৰ পৰাই শিশুসকলৰ স্বৰৰ বিকাশ...
শিশুকালৰ বিভিন্ন স্তৰত এই ওমলা গীতবিলাকৰ ভূমিকাও বেলেগ বেলেগ। প্ৰাথমিক স্তৰৰ শিশুবিলাকৰ মাজত চুটি চুটি ওমলা গীত বিলাক বেছি জনপ্ৰিয় হোৱা দেখা যায়। বৰ্দ্ধিত স্তৰৰ শিশুৰ বিকাশতো ওমলা গীত প্ৰভাৱ আছে। শিশুৰ বিকাশত প্ৰতিটো স্তৰত ওমলা গীত বিলাকৰ বেলেগ বেলেগ ভূমিকা আছে। কিছু ডাঙৰ শিশুৰ ক্ষেত্ৰত এই ওমলা গীতবোৰ শিক্ষা দিয়াৰ মাধ্...
এটা কথা অনস্বীকাৰ্য যে ওমলা গীতৰ সৰ্বোত্তম প্ৰভাৱ মাতৃভাষাৰ মাধ্যমৰ ওমলা গীতবোৰৰ বেছি। ইয়াত মাতৃভাষা বুলি কওঁতে ঘৰুৱা পৰিবেশত ব্যৱহৃত ভাষাৰ কথা কোৱা হৈছে। শিশুৰ প্ৰাথমিক স্তৰৰ বিকাশত শিক্ষাগৃহৰ পৰিবেশতকৈ আচলতে ঘৰুৱা পৰিবেশৰ (home environment) প্ৰভাৱ বেছি। গতিকে ঘৰুৱা পৰিবেশৰ প্ৰকাশৰ মাধ্যমৰ ওমলা গীতবোৰ শিশুৱে বেছি সহজত...
অৱশ্যে আমাৰ পাশ্চাত্য প্ৰীতিয়ে আমাৰ নিজস্ব ওলোমা গীতবিলাকক কিছু অৱহেলিত স্থানলৈ ঠেলি তাৰ ঠাইত নাৰ্চাৰি ৰাইমচৰ প্ৰৱেশৰ বাট মুকলি কৰি দিছে।
গতিকে,
“জোনবাই এ বেজী এটি দিয়া
বেজীনো কেলৈ
মোনা চিলাবলৈ
মোনানো কেলৈ
ধন ভৰাবলৈ”—ৰ স্থান “টুইঙ্কল টুইঙ্কল লিটিল ষ্টাৰে” লোৱা দেখা গৈছে। ইংৰাজী শিক্ষাৰ প্ৰীতিয়ে আমাৰ সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ এই ওমলা গীতবোৰ কিছু পৰিমাণে হ’লেও পাহৰণিৰ গৰ্ভলৈ ঠেলি দিয়াৰ প্ৰয়াস কৰা যেন দেখা গৈছে।
← কৃপাবৰ বৰুৱাৰ দৃষ্টিত কবি আৰু কবিতা -(ড° অঞ্জল বৰা)
কবিতাৰ সংজ্ঞা আৰু আধুনিক কবিতা -(মৌচুমী বৰি) →
You May Also Like
ধৰ্ম, অন্ধবিশ্বাস আৰু ‘দেউল’ (হিমজ্যোতি তালুকদাৰ)
May 15, 2012 0
লোকসংগীতৰ প্ৰয়োজনীয়তা (অৰুণজ্যোতি দাস)
September 12, 2011 0
মেঘালয়ৰ মাতৃপ্ৰধান সমাজ আৰু বৈবাহিক জীৱন ( কন্দৰ্প কুমাৰ নাথ )
September 18, 2016 1
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*