text
stringlengths
0
188k
বিনোদন
জীৱনশৈলী
লেখা
লাইভ টিভি
No Result
View All Result
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য
কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়
by editor
August 29, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
0
SHARES
32.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ডাঃ শাহানুৰ ৰহমানঃ মানৱদেহৰ অন্যান্য অংগত হোৱা বিষৰ দৰেই প্ৰায় বহুসংখ্যক লোকেই নিজ জীৱনকালত কম-বেছি পৰিমাণে কঁ‌কালৰ বিষত ভোগে। ভিন্ন শাৰিৰীক ৰোগৰ লক্ষণ বা উপসৰ্গ হিচাপেও কঁ‌কালৰ বিষ হোৱা দেখা যায়। পিছে বৰ্তমান সময়ত কঁ‌কালৰ বিষত ভোগা বহুসংখ্যক লোকৰেই বিষৰ কাৰণ— শ্লীপ ডিস্ক বা প্ৰ’লেপড্ ডিস্ক। সাধাৰণতে শ্লীপ ডিস্ক বুলিলে...
এই ধাৰণা ভুল নহয়, যদিওবা চিকিৎসা-বিজ্ঞান অনুসৰি ইয়াৰ অন্তৰ্নিহিত বহুতো কাৰণ আছে। সাধাৰণতে এইবিধ মানে কঁ‌কালৰ বিষ বা শ্লীপ ডিস্কৰ বিষ হঠাতে আৰু খুব তৎক্ষণাত আৰম্ভ হয়। আমাৰ দেহৰ ৰাজহাড় বা মেৰুদণ্ডডাল মূৰৰ নিম্নাংশৰ পৰা আৰম্ভ হৈ কঁ‌কালৰ শেষ অংশ পৰ্যন্ত যায় আৰু এইডালেই আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰা মূখ্য হাড়। প্ৰতিজন ব্যক্...
ইয়াৰ পিছফালে থাকে আমাৰ দেহৰ মেৰুসীৰা বা স্পাইনেল কৰ্ড। যেতিয়া এজন ব্যক্তিৰ কঁ‌কালৰ নিম্নাংশৰ বিষৰ কাৰণ শ্লীপডিক্স হয়, তেতিয়া এই ডিস্কবিলাক শ্লীপ বা পিছল খাই নাযায়। প্ৰকৃততে হয় এইটো যে, এই ডিস্কৰ ভিতৰৰ কোমল অংশ, যাক চিকিৎসা-বিজ্ঞানৰ ভাষাত ‘নিউক্লিয়াছ পালপ’চাছ’ বুলি কোৱা হয়, সেইবোৰ ডিস্কৰ বাহিৰৰ দুৰ্বল আৱৰণেদি বাহিৰলৈ ওল...
লগতে পঢ়ক যুৱকৰ প্ৰস্তাৱ নাকচ! ৰাতি শুই থাকোতে যুৱতীৰ শৰীৰত অগ্নিসংযোগ কৰি হত্যা, ১৪৪ ধাৰা জাৰি ডুমকাত
এতিয়া আহিছো এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে। অৰ্থাৎ দেহত কি কি লক্ষণ দেখা দিলে এজন ব্যক্তি শ্লীপ ডিস্কত আক্ৰান্ত হৈছে বুলি জানিব পাৰিব। তেনে কেইটিমান লক্ষণ হৈছে—
১. কঁ‌কালৰ বিষ আৰু ভৰিৰ সংবেদনশীলতা কমি অহা‌ (ভৰিৰ কোনো অংশৰ সাৰ-সুৰ নোহোৱা হৈ পৰা), প্ৰধানতঃ এখন ভৰিৰ,
২. বিষ, যি ভৰি পৰ্যন্ত সম্প্ৰসাৰিত হয়,
৩. আক্ৰান্ত অংশত জিনজিননি, বিষৰ লগতে জ্বলা-পুৰা কৰাৰ অনুভৱ,ইত্যাদি,
৪. লগতে কঁ‌কালৰ মাংসপেশীত সংকোচন বা মোচোকা খোৱাৰ দৰে হোৱা,
৫. উঠিলে,থিয় হৈ থাকিলে বা বহিলেও খুব বিষ হয়,
৬. নিশাৰ ভাগলৈ আৰু নিৰ্দ্দিষ্ট কিছুমান কাম-কাজ কৰিলে বাঢ়ি যোৱা বিষৰ মাত্ৰা,
৭. বিছনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হ’ব পাৰে,
৮. বিষৰ লগতেই কোনো স্পষ্ট কাৰণ নোহোৱা মাংসপেশীৰ দুৰ্বলতা আৰু
৯. একেবাৰে কম দূৰত্ব খোজ কাঢ়িলেও বিষ বৃদ্ধি পোৱা৷
সাধাৰণতে এই বিষ খুব হঠাতে, মানে কোনোধৰণৰ আগতীয়া উমান নোপোৱাকৈ আৰম্ভ হয়। যেনে ধৰক, কঁ‌কালত সম্পূৰ্ণ ভাজ কৰি সমুখলৈ হাওলি কিবা কাম কৰোতে, গধুৰ বস্তু বা ওজন ডাঙোতে, আনকি হঠাৎ জোৰৰে অহা হাঁ‌চি বা কাঁ‌হ মাৰোতেও শ্লীপ ডিস্কৰ বিষৰ আৰম্ভণি ঘটিব পাৰে। ৩০ ৰ পৰা ৫০বছৰ বয়সৰ লোকসকল এই সমস্যাত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। মেৰুদণ্...
লগতে পঢ়ক শোকাৱহ! কৰ্তব্যস্থলীৰ পৰা গৃহলৈ ওভতাৰ পথত দুৰ্ঘটনাত টেট শিক্ষৰ মৃত্যু
এতিয়া আহিছো, এজন ব্যক্তিয়ে কি কি কাম কৰাৰ বা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলস্বৰূপে এই শ্লীপ ডিস্ক বা কঁ‌কালৰ বিষৰ সমস্যা হয় সেই দিশলৈ। কেইটিমান এনে কাম-কাজৰ বিষয়ে তলত উল্লেখ কৰিছো—
১. এনে কাম, য’ত এজন ব্যক্তিয়ে গধুৰ বস্তু বা ওজন ডাঙিবলগা হয়,
২. এনে কাম, য’ত ব্যক্তিজন দীঘলীয়া সময়ৰ বাবে বহিয়েই থাকিব লগা হয়,
৩. গধুৰ ওজন ডাঙিবলগা হোৱা যিকোনোধৰণৰ খেলা-ধুলা কৰা,
৪. ধূম্ৰপান কৰা,
৫. প্ৰয়োজনাধিক শাৰিৰীক ওজন আৰু
৬. বৰ্ধিত বয়সৰ লগত বাঢ়ি অহা হাড়ৰ দুৰ্বলতাজনিত সমস্যা ইত্যাদি।
দেহৰ বৰ্ধিত ওজন হ্ৰাস কৰা, ধূম্ৰপান ত্যাগ কৰা, ওজন ডঙাৰ কাম বন্ধ কৰা আৰু অধিক সময় বহি নাথাকি, মাজে-সময়ে অলপ চলা-ফিৰা কৰা আদি পদক্ষেপৰ জৰিয়তে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।
এতিয়া আহিছো এই ৰোগৰ চিকিৎসালৈ। উপৰোক্ত লক্ষণসমূহ দেহত দেখা দিলেই এজন ব্যক্তিয়ে তাৎক্ষণিকভাৱে কোনো স্নায়ৰোগ বিশেষজ্ঞৰ ওচৰ চপা উচিত। প্ৰায়বোৰ লোকৰ ক্ষেত্ৰতেই এই ৰোগৰ পৰা উপশম পাবলৈ অন্ততঃ কেইসপ্তাহমানৰ প্ৰয়োজন হয়। প্ৰাৰম্ভিক অৱস্থাত বিষৰ তীব্ৰতা অত্যধিক মাত্ৰাৰ হোৱাৰ বাবে স্বাভাৱিক দিনচৰ্যা চলাই নিয়াত সমস্যা হয়। যদিওবা ...
লগতে পঢ়ক চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা
বিষ নিৰাময়ৰ বাবে সাধাৰণতে চিকিৎসকে আইব্ৰুফিন, ডাইক্ল’ফিনাক, নেপ্ৰ’ক্সেন, পেৰাচিতামল, গাবাপেন্টিন, মাছ’ল ৰিলেস্কেন্ট আদি ভিন্ন ধৰণৰ দৰৱ দিয়ে। ডিস্কৰ কিমান অংশ বাহিৰলৈ ওলাইছে আৰু ই মেৰুদণ্ডত কিমান বেছি হেঁচা দিছে, সেয়া চাবলৈ এম আৰ আইৰ দৰে পৰীক্ষা কৰি চাব পাৰি। পিছে যদিহে বহুত ডাঙৰ ডিস্ক থাকে বা ৪ সপ্তাহৰ পিছতো এই বিষৰ পৰ...
লেখকঃ- এম বি বি এছ, এম এছ(জি এম চি এইচ), এম চি এইচ নিউৰ’চাৰ্জাৰী(হাইদৰাবাদ), জ্যেষ্ঠ স্নায়ু- শৈল্যৰোগ বিশেষজ্ঞ, গুৱাহাটী মেট্ৰ’ হস্পিটেল।
See More
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhealth tipsslip disc problems
editor
আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...
Related Posts
জীৱনশৈলী
কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…
December 3, 2022
অপৰাধ
বিৰক্তিকৰ শব্দ! খঙতে একো নাই হৈ কাষৰ বিছনাত থকা ৰোগীয়ে বন্ধ কৰি দিলে ভেণ্টিলেটৰ মেছিন, তাৰপাছত…
December 3, 2022
জীৱনশৈলী
সলনি হ’ব মানৱ ব্ৰেইন! ছমাহৰ ভিতৰতেই মানৱ মস্কিষ্কত লগোৱা হ’ব কম্পিউটাৰ চিপ…
December 3, 2022
জীৱনশৈলী
লিভ ইন ৰিলেশ্ব্যনচিপত থাকিবলৈ লৈছে! আগতেই জানি লওক এইসমূহ আইনী সুৰক্ষাৰ কথা…
December 3, 2022
Next Post
লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা
বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!
Leave a Reply Cancel reply
Your email address will not be published. Required fields are marked *
Comment
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Facebook Twitter Youtube RSS
About Us
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.<eot>পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু অসমৰ কোচ ৰাজ...
বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ লগতে অন্যান্য বিষয়ববীয়াসকল আৰু কোচ ৰাজবংশী মহিলা পৰিষদে অংশগ্ৰহণ কৰে ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ ন’ এছ টি ন’ ৰেষ্ট, উই ওৱান এছ টি, কমতাপুৰ আমাক লাগিবই, ন’ কমতাপুৰ ন’ ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, এছ টি আমাৰ ন্যাৰ্য দাবী, বিজেপি গ’বেক, কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে জনজাতিকৰণ কৰক আ...
প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ইপিনে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি নেতৃত্বাধীন চৰকাৰো প্ৰতাৰক ৷ কেন্দ্ৰ...
যোৱা লোকসভা আৰু বিধান সভা নিৰ্বাচনৰ প্ৰাক্‌মুহুৰ্তত তেওঁলোকে কৈছিল যে বিজেপি দলৰ চৰকাৰ আহিলে জনজাতি কৰণ কৰিব ৷ পিচে দেখা গ’ল কেন্দ্ৰত তেওঁলোকে দুবাৰকৈ চৰকাৰ গঠন কৰিলে আৰু অসমতো দুবাৰকৈ তেওঁলোকৰ চৰকাৰ হ’ল ৷ কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল ৷ আনকি অসমৰ ড° হিমন্ত বিশ্ব শৰ্মা ...
আনহাতে এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনৰ আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে জনজাতিকৰণ বিষয়টোক বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দি এতিয়া অতি নিকৃষ্ট ৰাজনীতিৰে জনগোষ্ঠীটোক কুঠাৰাঘাত কৰিলে। অসম চৰকাৰৰ এই নিকৃষ্ট ষড়যন্ত্ৰ আৰু প্ৰতাৰণাৰ প্ৰতিবাদতে কোচ ৰাজবংশী জা...
জাতীয় পৰিষদৰ শীৰ্ষ দুই নেতাদ্বয়ে লগতে কয় যে জনজাতিকৰণ সমস্যা সমাধানৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰী মণ্ডলীৰ অধ্যক্ষ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ প্ৰতিবেদন আজিলৈকে কেন্দ্ৰীয় চৰকাৰক দিয়াৰ পৰা বিৰত আছে আৰু সেইকাৰণে যে কোচ ৰাজবংশীৰ লগতে পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই সেই ক...
নেতাদ্বয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰীক চৰম মিছলীয়া আখ্যা দি কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত অসম আৰু কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ থকা স্বত্বেও দৃঢ় পদক্ষেপ লৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনকেই নহয় চৰম লজ্জাজনক ।
অসম আৰু কেন্দ্ৰীয় চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক কৰা চৰম প্ৰতাৰণা আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদে অহা এপ্ৰিল মাহৰ পৰাই এলানি গণতান্ত্ৰিক গণ আন্দোলনৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও বিবৃতি যোগে সদৰি কৰে সংগঠনটোৱে ৷
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ভাগৰৰ জৈৱিক বিশ্লেষণ কৰাৰ আগতে দেহাটোৰ শৰীৰ আৰু মনক পৃথক- পৃথক ভাবে চোৱাটো প্ৰয়োজনীয়৷ শাৰীৰিক ভাগৰৰ বিষয়ে জনাৰ আগতে জীৱ এটাৰ aerobic capacity (বায়ু ধাৰণ ক্ষমতা? ) সম্বন্ধে কিছু জনাৰ দৰকাৰ৷ Aerobic বা বায়ু ধাৰণ আৰু anaerobic বা বায়ু ৰহিত প্ৰক্ৰিয়া বুলিলে সাধাৰণতে কি বুজো? জীৱ এটাই শাৰীৰিক ক্ৰিয়া- কলাপৰ সময়ত সাধাৰণতে এটা...
হলেণ্ডৰ পৰা প্ৰকাশিত এটা গৱেষণাত দেখা গৈছে যে কৰ্কট ৰোগীৰ লগত ভাগৰৰ এক প্ৰত্যক্ষ সম্বন্ধ আছে৷ প্ৰায় ৬০% ৰ পৰা ৯০% কৰ্কট ৰোগীৰ মুখ্য সমস্যা হল ভাগৰ৷ আনকি বিকিৰণ চিকিৎসা (Radiation) বা ৰসায়ন চিকিৎসা ( chemotherapy) শেষ হোৱাৰ পিচতো ভাগৰ নকমে৷ কৰ্কট ৰোগীৰ বিভিন্ন সমস্যা যেনে পুষ্টিহীনতা, বিকৃত বিপাক ক্ৰিয়া, ৰক্তহীনতা ইত্যা...
প্ৰশ্ন হল ভাগৰ কিদৰে কমাব পাৰি? যদি অসুস্থ তেন্তে দেহাটো সুস্থ কৰি লোৱাটো অতি প্ৰয়োজনীয়৷ সুস্থ শৰীৰৰ বায়ু ধাৰণ ক্ষমতা (aerobic capacity) বৃদ্ধি কৰি ভাগৰ কমাব পৰা যায়৷ এনে কৰিবলৈ নিতৌ শাৰীৰিক অনুশীলন আৰু ব্যায়াম কৰাৰ প্ৰয়োজন৷ পানীৰ পৰিমাণ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ কম পানীয়ে ভাগৰ বৃদ্ধি কৰে৷ শৰ্কৰা জাতীয় ...
ভাগৰৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হল টোপনি ক্ষতি৷ আমেৰিকাৰ পাৰ্কলেণ্ড কলেজৰ ছাত্ৰ সকলৰ মাজত ২০১৪ চনত চলোৱা এক গবেষণাই দেখুৱাই যে ৰাতি উপযুক্ত মানৰ টোপনিৰ অভাবেই দিনত অনুভৱ হোৱা ভাগৰৰ মূল কাৰণ৷ বহু ক্ষেত্ৰত আমাৰ অমনোযোগিতাৰ ফলত নিশা টোপনি বিঘ্নিত হয় যিটো সাধাৰণতে মন কৰা নাযায়৷ উন্নত মানৰ টোপনিৰ অভাবে দিনত এক ক্লান্তি আনি দ...
আমি জানো যে দেহৰ সকলো নিয়ন্ত্ৰণ মগজুৰ জৰিয়তে হয়৷ দেহটো কাৰ্যক্ষম কৰি ৰাখিবলৈ কেতবোৰ বিশেষ ধৰণৰ জৈৱিক সংকেত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বা মগজুৰ পৰা দেহৰ সৰ্বত্ৰলৈ বিয়পি পৰে৷ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ, (মগজুৰ পৰা) স্নায়ুৰ জৰিয়তে অহা সংকেত সমূহৰ এটা সময়ত চোক কমি আহে৷ ইয়াৰ কাৰণ হ’ল উদ্দীপনা পৰিবহণ কৰিবলৈ দৰকাৰ হোৱা প্ৰয়োজনীয় জৈ...
1. Ekblom Bঃ Factors determining maximal aerobic power. Acta physiol Scand Suppl 1986; 556ঃ15-9
2. Riberio JP, Fielding RA, et alঃ metabolic and ventilatory response to steady state exercise relative to lactate thresholds. Eur J Appl Physiol Occup Physiol 1986; 55ঃ215-21.
3. Brigstorm J, Hultman Eঃ A study of the glycogen metabolism during exercise in man. Scand J Clin Lab Invest 1967; 19ঃ[email protected]