text
stringlengths
0
188k
চেনিমৰা বাগানৰ চিঠি -(অনন্ত বৰা)
December 1, 2016 0
নিতাই বুঢ়ীৰ সাধু – মাধুৰিমা ঘৰফলীয়া
December 16, 2018 0
=ডাইনী -(নীত কাশ্যপ)
December 1, 2016 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নীলাক্ষি দেৱী ডেকা
2 years ago
পৰিসমাপ্তি বৰ দুখৰ। বহুতো গঙ্গাৰ কাহিনী এয়া।
0
Reply
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ বিলখনৰ সেউজীয়া আবেশৰ মাজত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বাৰেৰহণীয়া কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক চানডুবি উৎসৱ উদযাপনৰ প্ৰস...
লাহে লাহে ৰজা ডেকা হ’ল আৰু ক্ষমতা প্রয়ােগেৰে বাল্যবন্ধু সত্ৰামক ৰজাৰ বৰখাটনিয়াৰ হিচাবে নিযুক্তি দিলে। তাৰ পাছত সত্ৰাম ‘চাৰিঙ্গীয়া ফুকন হ’ল। ক্ষমতাৰে বলীয়ান হৈ সত্ৰমে এইবাৰ পূৰ্ণানন্দ সহিতে অন্যান্য পাত্র-মন্ত্ৰীৰ বিৰুদ্ধেও দেখদেখকৈ বিদ্রোহ আচৰণ কৰিবলৈ ললে। ১৮১২ত কলিয়াভােমােৰা বৰফুকনৰ মৃত্যু হােৱাত প্ৰথমতে তেওঁৰ কক...
কৈ থােৱা ভাল হ’ব যে বুঢ়াগােহাঁই, বৰগােহাঁই আৰু বৰপাত্ৰগােহাঁই— এই তিনিওজনা ডাঙৰীয়া একে সময়তে ৰজাৰ চ’ৰাত ৰজা ভঙা-পতা বা তেনে ধৰণৰ গুৰুতৰ বিষয়ক আলােচনা কৰিবলৈহে বহে; নহ’লে সাধাৰণতে দুজনতকৈ অধিক ডাঙৰীয়া কেতিয়াও ৰজাৰ চ’ৰাত আলােচনাৰ বাবে নবহে। তিনিওজন মন্ত্রীয়ে সত্ৰামক দোষী সাব্যস্ত কৰিলে। সেই সময়ত সত্ৰমে ৰজাৰ ওচৰতে...
বদনৰ স্বেচ্ছাচাৰিতা দেখি গুৱাহাটীৰ পৰা তেওঁক ধৰি আনিবলৈ পূৰ্ণানন্দই মহেশ্বৰ পৰ্বতীয়া ফুকনক পঠিয়ালে। কিন্তু ইতিমধ্যে বুঢ়াগােহাঁইৰ বােৱাৰীয়েক পিজৌ গাভৰুৱে দেউতাক বদনক ধৰি আনিবলৈ মানুহ পঠিওৱাৰ কথা লিখি চিঠি এখন দিলে। চিঠিত জীয়েকৰ পৰা আগন্তুক বিপদৰ সম্ভাৱনা পাই পুতেক দুজনক লগত লৈ বৰফুকন পলাই গ’ল। বদনচন্দ্ৰই কলিকতালৈ গ...
অজস্র মান সেনাৰ বলেৰে বলীয়ান বদনচন্দ্ৰই ১৮১৬ চনত মুংকুং, হুকুং আৰু মণিপুৰেদি যুদ্ধযাত্রা কৰি নামৰূপত ভৰি দিলে। যুঁজত আহােম সৈন্যক পৰাজিত কৰিলে। সেই সময়তে আহােম ৰাজ্যৰ ত্রাণকর্তা পূৰ্ণানন্দৰাে মৃত্যু ঘটিল। পূৰ্ণানন্দৰ পুতেক ৰুচিনাথে ‘বুঢ়াগােহাঁইৰ বাব লৈ মান সৈন্যক পুনৰ ভেটা দিলে। কিন্তু আকৌ আহােম সৈন্য পৰাজিত হ’ল। ৰু...
পলাই যাবৰ বাবে অনুৰােধ কৰিলে। কিন্তু আত্মসন্মান নথকা ৰজা চন্দ্রকান্তই ৰুচিনাথকহে পলাই যাবলৈ উচটাই নিজেই বদন আৰু মান সেনাৰ স’তে সন্ধি কৰিবলৈ তৎপৰ হ’ল।
মান সেনাই ৰাজ্যত অত্যাচাৰ চলালে। বদনে পুনৰ নিজকে ‘বৰফুকন ঘােষণা কৰি ৰাজ্যৰ সকলাে ক্ষমতা হাতলৈ আনিলে আৰু চন্দ্রকান্ত সিংহ মাথাে নামত ৰজা হৈ থাকিল। বদনে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ পৰিয়ালৰ যাকে য’তে পায় হত্যা কৰিলে। মান সৈন্যবাহিনীক বহু টকা-পইচা আৰু অন্যান্য উপঢৌকন দিলে। তাৰ পাছত ১৮১৭ চনৰ এপ্রিল মাহত বয়-বস্তু, টকা-পইচা ল...
মান উভতি যােৱাৰ পাছত বদন চন্দ্র বৰফুকন একছত্রী সম্রাটত পৰিণত হ’ল। ক্ষমতা বঢ়াৰ লগে লগে বদনৰ অত্যাচাৰৰ মাত্রাও চৰি আহিল। পাত্র-মন্ত্রী, সাধাৰণ প্ৰজাৰ চকুৰ কুটা স্বৰূপ হ’ল বদন। শেহত ৰজা চন্দ্রকান্ত সিংহৰ মাতৃ ৰাজমাও দেউতাই ৰূপসিং নামৰ হিন্দুস্তানী চিপাহী এজনৰ হতুৱাই শৌচ কৰিবলৈ যাওতে দেশদ্রোহী বদনক হত্যা কৰালে।
এইবাৰ লুকাই থকা ৰুচিনাথক ৰাজমাও দেউতাই মাতি পঠিয়ালে। কিন্তু চন্দ্রকান্তক বিশ্বাসত ল’ব নােৱাৰিলে ৰুচিনাথে। সেইবাবে কেইদিনমানৰ পাছতে তেওঁ ৰাজেশ্বৰ সিংহৰ বংশৰ কোঁৱৰ পুৰন্দৰ সিংহক ৰজা পতাৰ ইচ্ছাৰে যােৰহাটলৈ আনিলে। লুকু ডেকা ফুকনক নগৰ গতাই দি চন্দ্রকান্ত পলাল। ডেকাফুকনক পৰাজিত কৰি ৰুচিনাথ বুঢ়াগােহাঁয়ে সকলােৰে পৰা সন্মতি ...
ৰাজপাট হেৰুওৱা চন্দ্রকান্তই বদনচন্দ্ৰৰ ফলীয়া কিছুমান মানুহক পুনৰ ব্রহ্মদেশলৈ পঠিয়ালে। সেই মানুহে বদনচন্দ্ৰৰ অপমৃত্যু আৰু ৰাজ্যৰ দুৰৱস্থাৰ বিষয়ে ব্রহ্মদেশৰ ৰজাক জনালে। মান ৰজাই প্রায় ত্রিছ হেজাৰ সৈন্যৰে সৈতে আহােম ৰাজ্য আক্রমণ কৰিবলৈ ১৮১৯ চনত আলামিঙ্গি নামৰ সেনাপতি এজনক পঠিয়ালে। যুদ্ধত আহােম সৈন্য পৰাজিত হােৱাত পুৰ...
চন্দ্রকান্তই পুতলা ৰজা হৈ সকলাে ক্ষমতা দিলে মান সেনাৰ ওপৰত। মানে বহুতৰ ওপৰত তীব্র আতিশয্য চলালে। পুৰন্দৰ সিংহক বিচাৰি উলিয়াবলৈ মানুহে পঠিয়ালে। পুৰৰ পলাই গ’ল ৰংপুৰলৈ। তেওঁ আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক সহায়ৰ বাবে আৱেদন জনালে। কোম্পানীয়ে যদি সৈন্য দিয়ে তেন্তে সেইসকলৰ বেতনৰ পৰা আৰম্ভ কৰি যাৱতীয় খৰচ বহন কৰিব বুলি পুৰন্...
মান সেনাই পটল নামৰ এজন কছাৰী লােকক বৰবৰুৱাৰ পদ দিছিল। কিন্তু কিবা কাৰণত পটলৰ লগত মতান্তৰ হােৱাত মান সেনাই তেওঁক প্রাণদণ্ড দিলে। এই কথাত ৰজা চন্দ্রকান্তয়াে বৰ ভয় খালে। মান সেনাৰ ওপৰত তেওঁৰ বিশ্বাস লাহে লাহে কপূৰৰ দৰে উৰি যাবলৈ ধৰিলে। শংকিত হৈ ৰজা চন্দ্রকান্তই ৰাজধানী এৰি পলাই গ’ল। শেষত তেওঁ গুৱাহাটী হৈ ব্রিটিছ অধিকৃত ...
তাৰ পাছত চন্দ্রকান্ত সিংহই প্রায় দুহেজাৰ শিখ, হিন্দুস্তানী আৰু স্থানীয় লােকেৰে সৈন্যবাহিনী গঠন কৰি মানৰ বিৰুদ্ধে যুদ্ধ কৰি আহােম ৰাজ্যৰ পশ্চিম অঞ্চলটো হস্তগত কৰিলে। পুৰন্দৰ সিংহয়াে ভূটান অধিকৃত দুৱাৰ অঞ্চলত সৈন্য সংগ্ৰহৰ কামত লাগিল। এই ক্ষেত্ৰত ৰবাৰ্ট বুছ নামৰ এজন ইংৰাজে তেওঁক সহায় কৰিলে। ১৮২১ চনৰ মে’ মাহত পুৰন্দৰ ...
এইবাৰ অসমত মানৰ উৎপাত দুগুণে চৰি গ’ল। অসমীয়া মানুহৰ ওপৰত মানৰ এই অত্যাচাৰ অসমৰ ইতিহাসৰ আন কোনাে দুর্ভাগ্যজনক ঘটনাৰ সৈতে তুলনা নহয়। মানে এইবাৰ সমগ্ৰ অসম অধিকাৰ কৰি ব্ৰহ্মদেশৰ সৈতে চামিল কৰিবলৈ (১৮২৩চন) কাছাৰ আক্ৰমণ কৰিলে। ব্রিটিছে কাছাৰ আক্ৰমণ নকৰিবলৈ মানক সকীয়াইছিল। কিন্তু প্রতাপ বাঢ়ি যােৱাত তেওঁলােকে এইবাৰ ব্রিটিছ...
১৮২৬ৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি সম্পন্ন হয়। এই সন্ধিৰ ফলত মানৰ হাতৰ পৰা ইংৰাজে আৰক্কান, মাৰ্টাবান, টেনাছৰিম আৰু অসম দেশ লয়। এই সন্ধিপত্ৰত আমাৰ অসম দেশৰ সম্পর্কে এনেদৰে লিখা আছিল— “Article II– His majesty the King of Ava renounces all claims upon,- and will abstain from all future interference with ; the princip...
বদন, চন্দ্রকান্ত আৰু পুৰন্দৰৰ ভয়ংকৰ স্বাৰ্থপৰতা, দুর্বলতা আৰু জনগণৰ প্রতি দায়িত্বহীনতাৰ বাবেই চাওলুং চুকাফাই গঢ়ি তােলা বিশাল আহােম ৰাজ্যৰ পতন ঘটিল। নিজৰ মাজৰ কাজিয়া নিজেই নিষ্পত্তি নকৰি, বাহিৰৰ মান আনি বদনে
কুলাঙ্গাৰ হিচাপে যুগলৈ খ্যাতি ৰাখিলে। মাথাে কেইজনমান মানুহৰ আত্মস্বার্থ সর্বস্বতাই কেনেকৈ এখন শক্তিশালী আৰু স্বাধীন ৰাজ্য নিমিষতে ভাঙি পেলায়, ১৮১০ চনৰ পৰা ১৮২৬ চনলৈ অসমত ঘটা ঘটনাবােৰ তাৰেই প্রমাণ।
ইয়াণ্ডাবু সন্ধিৰ পাছতেই আমি ইংৰাজ বাহাদুৰৰ বহতীয়া হৈ পৰিলাে। লাহে লাহে বগা চাহাবৰ বিৰুদ্ধে জাগি উঠিল অসমীয়া। বিভিন্ন ধৰণৰ কৌশল তথা শক্তি খটুৱাই ইংৰাজক এই দেশৰ পৰা খেদি পঠিয়াব বিচাৰিলে। লাহে লাহে আর্য সভ্যতাৰ ঐতিহ্য বহনকাৰী, মঙ্গোলীয়, দ্রাবিড়, মােগল-পাঠান সকলােৱে ভাৰতীয় জাতীয়তাবাদৰ মঞ্চত একগােট হ’ল আৰু মহাত্মা গ...
এই সুদীর্ঘ স্বাধীনতা সংগ্রামৰ সময়ছােৱাত যিসকল লােকে নিজৰ সকলাে হেৰুৱাই, আনকি প্রাণকো তুচ্ছ কৰি দেশমাতৃৰ সেৱা আগবঢ়ালে সেই সকল অসমীয়াৰ জীৱন কাহিনীৰে এইখন গ্রন্থ সমৃদ্ধ কৰা হৈছে। আমাৰ লক্ষ্য হৈছে দেশে লাভ কৰা স্বাধীনতা— ভাৰতীয় নাগৰিকৰ আজিৰ সুখ-শান্তি, উন্নতিসমৃদ্ধিৰ বাবে যিসকলে জীৱন-পণ কৰি মহৎ বৰঙণি আগবঢ়াই গ’ল, সেইসক...
অসম ৰাজ্যিক প্ৰে’ছ স্বীকৃতি সমিতিয়ে স্বীকৃতিৰ বাবে সাংবাদিকসকলৰ নাম যোৱা ২০ ছেপ্তেম্বৰত দাখিল কৰিছিল, আৰু মুখ্য মন্ত্ৰী সোণোৱালে ২৬ ছেপ্তেম্বৰত অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত কাৰ্ডসমূহ বিতৰণ কৰিছিল।
সোণোৱালে ৰাজ্যৰ কৰ্মৰত সাংবাদিকসকলৰ সমস্যা ধৈৰ্য্য সহকাৰে শুনিছিল আৰু বাসগৃ্হ, স্বাস্থ্য আৰু সন্তানৰ শিক্ষাকে ধৰি এলানি কল্যাণকামী আঁচনি ৰূপায়ণৰ আশ্বাস দিছিল।
কৰ্মৰত সাংবাদিকৰ সমস্যা সমাধানত মুখ্য মন্ত্ৰীয়েই ইমান নিষ্ঠা প্ৰদৰ্শন কৰাৰ সময়ত তথ্য আৰু জনসংযোগ বিভাগৰ তদানীন্তন সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই অসমৰ প্ৰতিজন প্ৰকৃত কৰ্মৰত সাংবাদিকে স্বীকৃতি পত্ৰ পোৱাক লৈ নেদেখুৱালে কোনো ব্যগ্ৰতা।
লগতে পঢ়ক– বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই
হিন্দুস্তান টাইমছৰ জ্যেষ্ঠ সাংবাদিক উৎপল পৰাশৰক স্বীকৃতি দিয়া হোৱা নাই, অথচ তেওঁ দুই দশকতকৈও অধিক কাল এই বৃত্তিত আছে। গুৱাহাটীলৈ অহাৰ পূৰ্বে পৰাশৰ নেপালত হিন্দুস্তান টাইমছৰ বিদেশ সংবাদদাতা আছিল, তেওঁ সমগ্ৰ দক্ষিণ এছিয়াজুৰি জনাজাত। তেওঁ উত্তৰাখণ্ডৰ স্বীকৃতি সমিতিৰো সদস্য আছিল।
হিন্দুস্তান টাইমছত পৰাশৰৰ আন এগৰাকী সহকৰ্মী, গুৱাহাটীৰ বিশেষ সাংবাদিক চাদিক নকবিকো অসম চৰকাৰে স্বীকৃতি পত্ৰ প্ৰদান কৰা নাই। একেদৰে ভাৰতৰ দুই নিউজ এ’জেন্সি পিটিআই (Press Trust of India) আৰু ইউএনআই (United News of India)ৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিককো স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰি এক ভুল কৰিছে ৰাজীৱ প্ৰকাশ বৰুৱাই।
ইউএনআই-ৰ বাৰ্তা সমন্বয়ক (উত্তৰ-পূব) অভিজিত দেব আৰু পিটিআই-ৰ বিশেষ সংবাদদাতা দুৰ্বা ঘোষক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰা হৈছে। প্ৰে’ছ ইনফৰ্মে’চন ব্যুৰ’ৰ স্বীকৃতি পত্ৰ আছে বুলি নথি-পত্ৰ জমা দিয়াৰ পিছতো অভিজিত দেবক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰিছে অসম চৰকাৰে।
লগতে পঢ়ক– অসমৰ এই আমোলাজনে কিয় ভংগ কৰিছে প্ৰ’ট’কল?
অসমত দীৰ্ঘদিন ধৰি কাম কৰি অহাৰ পিছতো দুৰ্বা ঘোষক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰা হৈছে সেইটো এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ জ্যেষ্ঠ আই এ’ এছ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱাৰ পত্নী।
জ্যেষ্ঠ সাংবাদিকসকলক স্বীকৃতি পত্ৰ নিদিয়া সন্দৰ্ভত অসম চৰকাৰে বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও, এ’ চি এছ বিষয়াৰূপে অৱসৰ গ্ৰহণৰ দুদিন পূৰ্বে যোৱা ২৮ ছেপ্তেম্বৰত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে এক চুক্তিভিত্তিক চাকৰি যোগাৰ কৰিবলৈ সক্ষম হৈছে ৰাজীৱ প্ৰকাশ বৰুৱা।
আশ্চৰ্য্যজনকভাৱে অসম চৰকাৰে এতিয়াও খামুচি আছে আওপুৰণি Assam Press Correspondents (Accreditation/ Recognition) Rules, 1989, আৰু দিআইপিআৰ-ৰ সঞ্চালক হিচাপে এই বিধিসমূহ সংশোধন নকৰি ৰাজীৱ প্ৰকাশ বৰুৱাৰ দৰে বিষয়াই তেওঁৰ কাৰ্য্যকালৰ প্ৰায় ১০ মাহ কাল নষ্ট কৰিলে।
জ্যেষ্ঠ সাংবাদিকক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰাৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজীৱ প্ৰকাশ বৰুৱাক লেকাম লগাব পাৰিবনে?
Recent News
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দেউৰীসকলে নিজকে কি হিচাপে চিনাকি দিয়ে ?