text
stringlengths
0
188k
4. Ramaly, Matthew M., “Factors that Affect Daily Tiredness and Stress and How to Improve General Sleep Quality“ (2014). A with Honors Projects. 134. httpsঃ//spark.parkland.edu/ah/134.
5. Thompson A, Damyanovich A, Madapallimattam A, et alঃ31P-Nuclear magnatic resonance studies of bioenergetic changes in skelatal muscle in malnourish adults. Am J Clin Nutr 1998; 67ঃ39-40.
6 . EMA Smets, B Garssen, ALJ Schuster-Uitterhoeve & JCJM de Haes ঃ Fatigue in cancer patients. British Journal of Cancer volume 68, pages 220–224 (1993)
7. Romain Meeusen, Philip Watson, Hiroshi Hasegawa, Bart Roelands1 and Maria F. Piacentini ঃ Central Fatigue; The Serotonin Hypothesis and Beyond, Sports Med 2006; 36 (10)ঃ 881-909
← দুটা নতুন লেপটপ, এখন অচিনাকি চহৰ আৰু এজন আচৰিত মানুহ- ফাৰুক আজিজ
লিংগ পৰিচয় আৰু যৌন মনঃস্তত্ত্বৰ প্ৰসংগ – কোকিল শইকীয়া →
You May Also Like
স্বাস্থ্যৰ ইটো-সিটো – গীতাৰ্থ বৰদলৈ
July 19, 2019 0
ৰোগ মানে কি? (উদ্দীপ তালুকদাৰ)
August 15, 2011 0
দাঁতৰ মূল সমস্যা আৰু ইয়াৰ যতন
November 21, 2022 November 22, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>newsnextone.com | গুৱাহাটীঃ মহানগৰীত উত্কত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া নাৰিকলৰ পানী, কুহিয়াৰৰ ৰস অথৱা ফ্ৰিজত ভৰাই থোৱা শীতল পানীয়ৰ বটল অতি প্ৰিয় হৈ পৰিছে। কিন্তু ইয়েও যেন মহানগৰীৰৰ প্ৰচণ্ড গৰমৰ পৰা নিষ্ঠাৰ দিব পৰা নাই মহানগৰবাসীক।
সূৰ্য্য দেৱতাৰ খাও খাও কৰা মূৰ্তিয়ে মহানগৰবাসীক এতিয়া কেৱল এজাক বৰষুণৰ বাবেহে অপেক্ষা কৰাইছে। কিন্তু মহানগৰবাসীৰ আশা নসাত্ কৰি দিনক দিনে গৰমৰ মাত্ৰা যেন বৃদ্ধিহে পাইছে। কিছুদিন পূৰ্বে মালিগাঁৱত এগৰাকী লোকে প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মৃত্যুক আঁকোৱালি লোৱাৰ পিছত মহানগৰীত পুনৰ এক হৃদয় বিদাৰক ঘটনা সংঘটিত হল।
সোমবাৰে গুৱাহাটী চিকিত্সা মহাবিদ্যালত বেমাৰ দেখুৱাবলৈ আহি এজন লোকে ফুটপাথৰ ওপৰতে মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰিয়েই ৰুগীয়া ব্যক্তিগৰাকীয়ে মৃত্যুবৰণ কৰিবলগীয়া হয়।
জানিব পৰা মতে, বেমাৰত ভূগি থকা লোকগৰাকীয়ে গুৱাহাটীলৈ চিকিত্সা কৰিবলৈ আহিছিল। কিন্তু উত্কট গৰম সহ্য কৰিব নোৱাৰি ছাটিটো মেলি ফুটপাথত জিৰণি লোৱাৰ সময়ত ছাটিৰ তলতে ব্যক্তিগৰাকী নিথৰ হৈ পৰে। পিছত আৰক্ষীয়ে ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।
Contact
Thank you for contacting us!
House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-781021, Assam, India
6000654673, 9954203298
editor@newsnextone.com
https://www.facebook.com/newsnextone/
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.<eot>ভোলৰ জাৱৰেৰে ঘহি পিহি গাঁ ধুই আহি গঙ্গাই, বেলি ওলাওতেই ৰদ’ত দি থোৱা নাৰিকল তেলৰ টেমাটো গলিছেনে নাই বুলি জোকাৰি চালে। টেমাটো জোকাৰি দিয়াত অলপ তেল গলিলেও হয়তো তেলৰ মখাতো ভালদৰে গলি নোযোৱাত ভিতৰত খিটিং খিটিং কৈ শব্দ এটা উঠা শুনা গ’ল। গঙ্গাই টেমাটোৰ ফুটাটোত মিহি মিহি পৰুৱা সোমাব নোৱাৰাকৈ সুমুৱাই থোৱা গজালটো উলিয়াই জোকাৰি জোকাৰি তেল এচলু হাতত ললে। লৈ মুখ, হাত, ভৰিত ভালদৰে ঘঁহিলে। আগতে গা ধুই উঠি তেওঁ তেনেকৈ মিঠাতেল হে গাত সানিছিল। পিছে আগৰ সেই খাটি সৰিহয়ৰ তেল আজিকালি পাবলৈ নাইকিয়া হ’ল। সেয়েহে তেওঁ চালিমাৰ নাৰিকল তেলকে চুলিত ঘঁহাৰ উপৰিও গাতো সানিবলৈ লৈছে। গা পা ধুই, ভৰিৰ গোৰোহালৈকে তেল টেঙা ঘঁহি চাফ চিকুণ হৈ থকাতো তেওঁৰ আগৰ পৰাই অভ্যাস। সেয়ে তেওঁৰ শৰীৰৰ চাল সদায় উজ্জ্বল। গোৰোহাও জিলিকি থাকে। কাপোৰো পিন্ধে একেবাৰে চাফ-চিকুণ। ফুৰিবলৈ যোৱা মেখেলা-চাদৰবোৰ বগলীৰ পাখিৰ নিচিনাকৈ চাফা কৰি ধুই, ভাতৰ মাৰ দিয়ে। শুকুৱাৰ পাছত সেইবোৰ টানি টানি সুন্দৰ কৈ জাপি গাৰুৰ তলত থৈ দিয়ে ইস্ত্ৰি হ’বলৈ। তেওঁৰ এই স্বভাৱটোকে লৈ কেতিয়াবা বোৱাৰীহঁতে তেওঁৰ আঁৰত ফিচিক ফাচাককৈ হাঁহে।
তেৰবছৰ বয়সতে বিয়া হৈ আহিছিল গঙ্গা। শিক্ষাগত অৰ্হতা এম ভি পাছ কৰাৰ পাছতে দেউতাকে ভাল অবস্থাপন্ন ল’ৰা পাই বিয়া দি দিলে। সেই দিনৰ ছোৱালী হিচাপে তেওঁৰ শিক্ষাগত অৰ্হতা বহুত বুলিবই পাৰি। কাৰণ সেই সময়ত ছোৱালী পঢ়ুওৱাটোৱে বহুত ডাঙৰ কথা আছিল। পঢ়ালেও এশ্ৰেণী পঢ়ি নামটো লিখিব পাৰিলেই স্কুল এৰুৱাই বিয়া দিয়াৰ কথা চিন্তা কৰিছিল। এল পি পাছ মানুহজনৰ লগত বিয়া হৈ সুখীয়েই আছিল গঙ্গা। দাঁতে-ওঁঠে কেতিয়াও নলগা কৈ জীৱন পাৰ কৰা মানুহহাল ইজনে সিজনক লৈ বহুত সুখী আছিল। মানুহজন আপোনভোলা আছিল বাবে ঘৰ সংসাৰৰ দায়িত্ব বেছি ভাগ গঙ্গাৰ ওপৰতে পৰিছিল যদিও এই লৈ গঙ্গাই কোনো দিনে একো আপত্তি কৰা নাছিল।
গঙ্গাৰ মানুহজনৰ গেলামালৰ ডাঙৰ দোকান এখন আছিল। গাঁৱৰ ঘৰৰ পৰা তিনি মাইল মান আঁতৰত চাৰিখন মান দোকানেৰে সৈতে চ’ক এটা আছিল। পিছলৈ অবশ্য সেই চ’কটোৰ দোকান বোৰ বাঢ়িছিল। বহু বছৰ পাছত সেই চ’কটোৰ পৰাই টাউনলৈ নাক থকা বাছ দুখনো চলিবলৈ লৈছিল। এখন ৰাতিপুৱা যায়, এখন আহে। আবেলি একেই পুনৰাবৃত্তি। সেই চ’কটোৰ পৰা দহগজ মান আঁতৰত দুবিঘা মাটি কিনি গঙ্গাৰ শহুৰেকে, গঙ্গাৰ মানুহজনক তাতে দোকান এখন পাতি দিছিল। সেয়া গঙ্গা বিয়া হৈ অহাৰ আগৰে কথা। গঙ্গাক বিয়া পতা সময়লৈকে মানুহজন ফটিক মহাজন নামেৰে জনাজাত হৈছিল। ফটিক মহাজনে সেই সময়ত কলকাতাৰ পৰা দোকানৰ মাল আনিছিল। পাঠশালালৈকে ট্ৰেইনেৰে আনি, ষ্টেছনৰ পৰা গাঁৱলৈ বাকী অংশ গৰু গাড়ীত বজাই কৰি লৈ আহিছিল। ফটিক মহাজনৰ দোকানৰ “গজ্” কাপোৰ বহুত প্ৰচলন আছিল। সেইবোৰ কাপোৰেৰে মানুহ বোৰে দিলীপ দৰ্জীৰ তাত চোলা চিলাইছিল।
জাকৰুৱা পৰিয়াললৈ গঙ্গাক বিয়া কৰাই অনাৰ দুই বছৰ মান পিছত, ফটিক মহাজনে তেওঁক পাম ঘৰলৈ একেবাৰে লৈ আহিল। (দোকান ঘৰৰ পিছফালে থকা ঘৰ আৰু বাৰীক পাম ঘৰ বুলি কোৱা হৈছিল। ) তেতিয়া লৈকে গঙ্গাৰ ডাঙৰজনী ছোৱালী জন্ম পাইছিল। কেঁচুৱাৰ লগত গঙ্গাৰ অকলে অকলে অসুবিধা হব বুলি ভাবি শাহুয়েকে তাইৰ লগত লাচনি পাচনি কৰিবলৈ ভটিজী ছোৱালী দুজনী আৰু ইফালে সিফালে পঠাবলৈ সুবিধা হব বুলি ল’ৰা ভটিজা এজনকো পাম ঘৰত থাকিবলৈ পঠাই দিছিল।
কথাতেই কয় বোলে, ভাই হলে ঠাই ঠাই! বাপেক ঢুকুৱাৰ পাছত ফটিক মহাজনহঁতৰো ভাই বিলাক ঠাই ঠাই হ’ল। সকলোৱে মিলি জুলি খেতিৰ মাটি, বস্তিৰ মাটি বিলাক ভাগ কৰি ফেড়া কাটি কৰিলে। ফটিক মহাজন পাম ঘৰতে ৰৈ গ’ল। তেওঁলোকৰ সাতোটা ভায়েকৰ প্ৰত্যেকৰে ভাগত বস্তি মাটি দুবিঘা আৰু ৰূপিত মাটি সাত পুৰাকৈ ভাগত পালে।
ছয়টা লৰা ছোৱালীৰে ভৰা সংসাৰ ফটিক মহাজনৰ। দোকান খনটো আছিলেই, এতিয়া খেতিৰ কামো কৰিব লগাত পৰিল। প্ৰথম কেইবছৰমান হালোৱা ৰাখি খেতিটো ঘৰতেই কৰিছিল। গঙ্গাৰ কষ্ট হৈছিল বহুত। সদায় সদায় পৰ্য্যাপ্ত মানুহো পোৱা নাযায় কাম কৰাবলৈ। খেতিৰ বতৰত সকলোৰে নিজৰ কাম থাকেই। ল’ৰা-ছোৱালী কেইটাৰো খেতিত লাগি থাকিলে পঢ়া ক্ষতি হয়। সেয়ে বহু ভাবি গুণি খেতিখন আধিত দিয়াটোকেই ঠিক কৰিলে।
খেতিৰ কাম কমি যোৱাত, গঙ্গাই ল’ৰা ছোৱালী হতৰ ফালে চকু দিবলৈ সময় পাইছিল। বাপেকতকৈ গঙ্গাই হে ল’ৰা-ছোৱালী কেইটাৰ পঢ়া শুনাত বেছিকৈ চকু দিছিল। ছোৱালী চাৰিজনী আৰু ল’ৰা দুটা। আটাইকেইটাই সৰুৰে পৰাই পঢ়াত চোকা আছিল। মেট্ৰিক পাছ কৰাৰ পাছত গোটেই কেইজনে হোষ্টেলত থাকি উচ্চ শিক্ষা লৈছিল। ফলত লৰা ছোৱালী আটাইকেইজনে চাকৰি লাভ কৰিছিল।
সময়ত ছোৱালীকেইজনীক উপযুক্ত পাত্ৰ চাই বিয়া দি উলিয়াই দিলে। ল’ৰা দুজনলৈও বোৱাৰী আনিলে। মাক-বাপেক হিচাবে সংসাৰৰ দায়িত্ববোৰ পালন কৰিলে।
এটা সময়ত ফটিক মহাজনে দোকান এৰিলে। বয়স হৈ অহা কাৰণে জীয়েক-পুতেকহঁতে আৰাম কৰিবলৈ ক’লে। এতিয়া ঘৰত খাওঁতা মাথোঁ দুজন হে। গঙ্গা আৰু ফটিক মহাজন। খেতিৰ ধান বছৰটো খাই ৰাহি হোৱাখিনি আগৰ পৰাই বিক্ৰী কৰি দি আহিছে। এতিয়াতো বেছিকৈ ৰাহি হয়। তদুপৰি পুতেকহঁতে মাহে মাহে মনিঅৰ্ডাৰ পঠিয়াই থাকেই। দুজন মানুহ চলিবলৈ কিমাননো লাগে! পুতেক দুজনে নিজৰ নিজৰ ঘৈণীয়েকহঁতক চাকৰিৰ জেগালৈ লৈ গৈছে। সিহঁতৰ ল’ৰা-ছোৱালী দুজনকৈ হৈছে। পূজায়ে বিহুৱে দুয়োটা পৰিয়াল ঘৰলৈ আহে। সেই কেইদিন গঙ্গাৰ ঘৰখন ভৰি থাকে। সিহঁত যোৱাৰ পাছত পুনৰ উদং ঘৰখনত দুই বুঢ়ী বুঢ়ী ৰৈ যায়। গাঁৱৰ ঘৰৰ পৰা বৈ-বংশ, ভাই-ভটিজাবোৰে মাজে মাজে খবৰ লৈ থাকে। তাৰ মাজতে জী জোঁৱাইহঁতেও মাকৰ ঘৰলৈ আহি দুই চাৰিদিন থাকি যায়। কেতিয়াবা গঙ্গাহঁতেও জী-জোঁৱাইৰ ঘৰলৈ যায়। পুতেকহঁতৰ ঘৰলৈ গ’লে এমাহ নোহোৱাকৈ মাক-বাপেকক আহিব নিদিয়ে।
সদায় সৎ পথেৰে চলা ফটিক মহাজন আৰু ঘৈণীয়েক গঙ্গাৰ, সমাজত এটা সন্মানীয় স্থান আছে। সেই সময়ৰ তিৰোতা হলেও গঙ্গাই নিজস্ব গুনেৰে সমাজত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। নিকা চৰিত্ৰৰ গঙ্গাই সদায় অভাৱী মানুহক সহায় কৰিছিল। কাৰোবাৰ ল’ৰা-ছোৱালীক টকাৰ অভাৱত স্কুলত নাম ভৰ্তি কৰাব নোৱাৰিলে, গঙ্গাই উপযাচি তেওঁলোকৰ অভাৱ পূৰণ কৰিছিল। কাৰোবাৰ খোৱাৰ টান বুলি শুনিলে, গঙ্গাই তেওঁলোকৰ ঘৰত গৈ চাউল পাত দি থৈ আহিছিল। নিঃস্বাৰ্থ ভাৱে সকলোকে সহায় কৰিছিল তেওঁ। গঙ্গাই যদি কাৰোবাক কথা দিয়ে, সেই কথাৰ লৰচৰ কেতিয়াও নহৈছিল। এক কথাৰ মানুহ আছিল তেওঁ। তেওঁৰ স্বাভিমান আছিল বহুত। পিছলৈ তেওঁ নাম ঘৰৰ পাঠকনীও হৈছিল। মুঠতে তেওঁ গাঁৱৰ সমাজখনৰ অভিন্ন অংগ হৈ পৰিছিল।
ল’ৰা-বোৱাৰী নাইবা জী-জোঁৱাইহঁতে নিজৰ নিজৰ সংসাৰ লৈ ব্যস্ত। তেওঁলোকক আমনি নিদিয়াকৈ, গাঁৱৰ নিজৰ ঘৰত জীৱনৰ বিয়লি বেলালৈকে দুই বুঢ়া-বুঢ়ী বহু বছৰ একেলগে সুখেৰে থাকিল।
ৰাতিপুৱাৰ চাহ পিঠা খাই সদায় চ’কলৈ এপাক ওলাই যোৱা ফটিক মহাজনে এদিন চ’ক বজাৰৰ পৰা আহি গা বেয়া লগা বুলি কৈ বিছনাত বাগৰ দিলে। বাগৰ দিয়াৰ পাছত তেওঁৰ জ্বৰ উঠিল। গঙ্গাই ওচৰৰে ভটিজাক এটাৰ হতুৱাই ডাক্তৰ অনালে। ডাক্তৰে চাই-চিতি বেজী এটা দিলে। মহাজনৰ অৱস্থা দেখি তেওঁ ল’ৰাহঁতক খবৰ দিবলৈ ক’লে। গঙ্গাই পুনৰ ভটিজাকক পঠালে পুতেকহঁতক খবৰ দিবলৈ। খবৰ পায়েই তেওঁলোকে লৰালৰিকৈ ঘৰলৈ আহিল। ল’ৰা-বোৱাৰী আহি পোৱাৰ পিছদিনা খনেই গঙ্গাৰ মানুহজনে, গঙ্গাক অকলশৰীয়া কৰি ইহ সংসাৰৰ পৰা বিদায় মাগিলে।
শ্ৰাদ্ধাদি যোৱাৰ পাছত ল’ৰা-বোৱাৰী আৰু জীয়েকহঁত ঘৰাঘৰি যোৱাৰ পাছত গঙ্গাই ভটিজাকক লগত ৰাখি ঘৰতে থাকিল। দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ যোৱাৰ পাছত আৰু পুতেকহঁতে মাকক অকলে থাকিব নিদিলে। গঙ্গাৰ পুতেক যিহেতু দুজনেই, সেয়ে মাকক এজনৰ তাত ছমাহ আৰু আনজনৰ তাত ছমাহ ৰাখিব বুলি কৈ গাঁৱৰ ঘৰৰ পৰা লৈ আহিল। গাঁৱৰ ঘৰখন ভটিজাকক চোৱা-চিতা কৰাৰ দায়িত্ব দি অনিচ্ছা সত্ত্বেও গঙ্গাই পুতেক-বোৱাৰীয়েকহঁতৰ লগত থাকিবলৈ গাঁৱৰ ঘৰৰ পৰা গুছি আহিল।
প্ৰথম ছমাহ ডাঙৰটোৰ লগত থাকিল। ছমাহ ভৰ্তি হোৱাৰ পিছদিনাই সৰু পুতেকে মাকক নিবলৈ আহিল তাৰ লগত ছমাহ থাকিবলৈ। এনেদৰে দুবছৰ পাৰ হ’ল। গঙ্গাৰ নিজাববীয়াকৈ স্থায়ী ঘৰ এখন নথকাৰ নিচিনা হ’ল। ছমাহ মূৰে মূৰে এখন ঘৰৰ পৰা, আন এখন ঘৰলৈ টালি টোপোলা বান্ধি যাবৰ হলে, গঙ্গাৰ নিজকে কিবা ডলাৰ বগৰী যেন লাগে! তথাপিও তেওঁ একো আপত্তি নকৰে। নিজৰ নিজৰ ঘৰত থকা ছমাহ বোৱাৰীহঁতে তেওঁক আলহীৰ নিচিনাকৈ ব্যৱহাৰ কৰি ভালদৰেই ৰাখে বাৰু! গঙ্গাৰ কিন্তু মনে মনে, আলহীৰ নিচিনাকৈ নহয়, নিজা ঘৰ এখনত জীৱনৰ বাকীকেইটা দিন কটাবলৈ হেঁপাহ জাগে!
দিনবোৰ যেনেতেনে গৈ থাকিল গঙ্গাৰ। যিজনৰ ঘৰতেই নাথাকক, তেওঁৰ নিজৰ কামখিনি নিজেই কৰে। নিজৰ ভাত খোৱা কাঁহী-বাতি জোৰ ধুৱাৰ পৰা নিজে থকা ৰুমটো ঝাৰু দিয়ালৈকে। আনকি বোৱাৰীয়েকহঁতক তেওঁৰ কাপোৰ এখনো ধুবলৈ দি পোৱা নাই।
দিন যোৱাৰ লগে লগে, লাহে লাহে গঙ্গাই কিছুমান কথাত অসুবিধা পাব ধৰিলে। তেওঁ মন কৰিলে যে, যদি কোনোবা এজনৰ তাত থকা ছমাহৰ এদিনো বেছি হয়, তেন্তে বোৱাৰীহঁতে যেন বিৰক্তি পায়! তেওঁৰ মুখৰ আগত একো নকলেও, তেওঁক নিবলৈ নহা কাৰণে আনজনক পুতেক-বোৱাৰীয়েকহঁতে বকি থাকে। ছমাহ হৈ গ’লে, গঙ্গাৰ গাত ঘঁহা তেলটোও আনি দিবলৈ টান পায়। কাৰণ ইজনৰ তাত থকা ছমাহৰ খৰচৰহে দায়িত্ব থাকে। ছমাহ হৈ গ’লে মাকৰ লগত যি খৰচ হয়, আনজনৰ দায়িত্ব হয়। এনেকুৱা অশান্তি দুয়োখন ঘৰতেই হয়।
এনেদৰে এবাৰ সৰুটোৰ ঘৰত থাকোঁতে ছমাহ পাৰ হৈ গ’ল। ডাঙৰ পুতেকৰ ছোৱালীৰ পৰীক্ষা চলি থকাত মাকক নিবলৈ আহিব পৰা নাই। পুতেকে আহিব খুজিলেও বোৱাৰীয়েকে ছোৱালীৰ পৰীক্ষা শেষ নোহোৱাকৈ যাব দিয়া নাই। পৰীক্ষা চলি থাকোঁতে আইতাক আহি পালে ঘৰখনত হুলস্থূল হব পাৰে। অথচ প্ৰয়োজন নহলে নাতি-নাতিনীসকলে আইতাকক নামাতেই। কাৰণ সিহঁতে আইতাকৰ লগত বৰ বেছি হলিগলি কৰিলে, মাকহঁতে গালি দিয়ে।
সৰু পুতেকৰ ঘৰত থাকিব লগা সময়তকৈ পোন্ধৰ দিন বেছি থাকিব লগা হ’ল গঙ্গাৰ। সেই কেইদিনতে বোৱাৰীয়েকৰ বেলেগ ৰূপ দেখা পালে গঙ্গাই! তেওঁৰ কথা লৈ সদায় সদায় কাজিয়া হয় পুতেক বোৱাৰীয়েকৰ। সৰু সৰু কথাতেই বোৱাৰীয়েকে নাতিয়েকহঁতক পিটন দিয়ে। এদিনতো তেনেকৈ মাকৰ মাৰ খাই ক্লাছ থ্ৰিত পঢ়া সৰুটো নাতিয়েকে কান্দি কান্দি আহি গঙ্গাক কলেই—-আইতা, তুমি গুছি নোযোৱা কিয়! তুমি আমাৰ ইয়াত বেছিকৈ থকা বাবে মায়ে আমাক মাৰে! এনেতে মাকে দৌৰি মাৰি আহি তাৰ মুখত সোপা দি চোচৰাই লৈ গ’ল তাক! সেই বাৰ গঙ্গাই চৰ্দি লগাৰ টেবলেট পুতেকক কৈ কৈও অনাব নোৱাৰিলে!
সৰু নাতিটোৱে সিদিনা তেনেকৈ কোৱাৰ পাছত বহু ৰাতিলৈকে গঙ্গাৰ টোপনি নাহিল। মানুহজনলৈ বৰকৈ মনত পৰিল। গঙ্গাৰ গাত কোনো দিনে টোপ এটাও পৰিব নিদিয়াকৈ ৰখা মানুহ জনলৈ মনত পৰি আশী বছৰীয়া গঙ্গাই হুকহুকাই কান্দিলে। মানুহজন জীয়াই থকালৈকে গঙ্গাই কোনোদিনে চকুপানী এটোপা পেলাব লগীয়া নহল। কোনো দিনে তেওঁ গঙ্গাক টান কৈ কথা এষাৰো কৈ নাপালে। মানুহজনৰ হোজা স্বভাৱৰ বাবে গঙ্গাইহে কেতিয়াবা তেওঁক গালি দিছিল। গঙ্গাই যিমান গালি পাৰিলেও মানুহজনে মুখেৰে নামাতিছিল। মনে মনে থাকি কিছুসময় পাছত চাহ দুকাপ বনাই আনি, একাপ গঙ্গাক দি কৈছিল– হু, ল’ চাহ কাপ! বকি বকি নিশ্চয় তোৰ ডিঙি শুকাইছে! মানুহজনৰ কথা কোৱাৰ ধৰণ দেখি খঙত বকি থকা গঙ্গাৰ হাঁহি উঠি যায়। হাঁহি হাঁহি দুয়ো চাহ খায়। দুপৰীয়াৰ সাজলৈ মানুহজনে সৰু ক’ল পুলি এটা কাটি পচলা এডোখৰ উলিয়ায়। গঙ্গাই মচুৰ দাইলেৰে পচলা ৰান্ধে। ভটিজাকজনে ৰাতিপুৱাই জাল মাৰি পোৱা পুঠী মাছ কেইটামান দি গৈছিল। মচমচীয়া পুঠী মাছ ভজা আৰু পচলাৰ আঞ্জাৰে দুয়ো তৃপ্তিৰে ভাত সাজ খায়। তেতিয়ালৈকে গঙ্গাৰ খঙৰ কোনো লেশেই নেথাকে গৈ। মনত পৰি দুখৰ মাজতো হাঁহি এটা বিৰিঙি উঠিল গঙ্গাৰ। হাঁহি হাঁহি চকু পানীখিনি মচিব লওঁতেই মানুহজনৰ প্ৰতি প্ৰচণ্ড অভিমান এটা জাগিল। উঠি গৈ ইজন ল’ৰাৰ ঘৰৰ পৰা সিজন ল’ৰাৰ ঘৰলৈ গঙ্গাৰ সৰু সংসাৰখন কঢ়িয়াই লৈ ফুৰা ডাঙৰ বেগটো খুলিলেগৈ। আন্ধাৰতে তললৈ খেপিয়াই সৰু ফটোৰ ফ্ৰেম এটা উলিয়াই হাতত লৈ পুনৰ বেগৰ চেইনডাল আলফুলে বন্ধ কৰি থলে। ফটোখন লৈ তেওঁৰ ৰুমৰ লাইটো জ্বলাই দি বিছনাত বহি ফটোখন চালে। তাহানিতে মানুহজন আৰু গঙ্গাই উঠা এখন ক’লা বগা ফটো। গ্লাচৰ তলত ফটোখনত ঠায়ে ঠায়ে হালধীয়া দাগ পৰিছে। চাদৰৰ আঁচলেৰে গঙ্গাই ফটোখন এবাৰ মচি দিলে।
ল’ৰা-ছোৱালীহঁত কলেজত পঢ়ি থাকোঁতে, গঙ্গাহঁতৰ সৰু চ’কটোত বেলেগ এখন গাঁৱৰ ল’ৰা এজনে এটা ষ্টুডিঅ’ খুলিছিল। ল’ৰা-ছোৱালীহঁতে পাচপৰ্ট ফটো উঠাৰ উপৰিও সৰস্বতী পূজাত লগেভাগে ফটো উঠিছিল তাত। গৰমবন্ধত ঘৰলৈ যোৱা ছোৱালীহঁতে সেইবাৰ ষ্টুডিঅ’ৰ ল’ৰাজনক ঘৰলৈ মাতি আনি মাক-বাপেকৰ ফটো একপি তুলিছিল। দুয়ো লাজ লাজকৈ উঠা ফটো কপি অহাৰ পাছত ফ্ৰেমত বন্ধাই থৈছিল। ঘৰ এৰি আহিবৰ সময়ত গঙ্গাই ইটো সিটো বস্তুৰ লগতে ফটোখনো লৈ আহিছিল। মনটো বেয়া লাগিলেই গঙ্গাই ফটোখন উলিয়াই চায়! মানুহজনক দেখিলেই যেন তেওঁ সাহস এটা পায়।
ফটোখন মচা হোৱাৰ পাছত, গঙ্গাই ফটোখনত বহি থকা নিজৰ মানুহ জনলৈ বহুত সময় একেথিৰে চাই ৰ’ল। চাই চাই বুকুৰ গভীৰৰ পৰা এটা হুমুনিয়াহ সৰি পৰিল! নিজৰ মাজতে তেওঁৰ লগত কথা পাতিলে। গঙ্গাই হাজাৰ গালি পাৰিলেও মুখেৰে নমতা মানুহজনে, গঙ্গাক কিয় অকলশৰীয়া কৈ থৈ গ’ল বুলি আজিও গালি পাৰিবৰ মন গ’ল! অভিমান হ’ল! আৰু শেষত ফটোখন বুকুৰ মাজত সাৱটি লৈ ফেঁকুৰি ফেঁকুৰি কান্দি মানুহজনক ক’বলৈ ধৰিলে– কিয় মোক অকলশৰীয়া কৰি থৈ গুছি গ’ল আপুনি! সুখে দুখে আমি দুয়ো জীৱনৰ ইমান বছৰ একেলগে কটোৱাৰ পাছত আপুনি আৰু দুটামান বছৰ মোৰ বাবে ৰব নোৱাৰিলেনে! যদি ৰ’বই নোৱাৰিলে, তেন্তে আপোনাৰ লগতে মোকো কিয় লৈ নগ’ল! ডলাৰ বগৰী হবলৈ মোক কিয় এৰি থৈ গ’ল আপুনি! মই যে এতিয়া ভীষণ অকলশৰীয়া! বুইছেনে আপুনি, মই যে ভীষণ অকলশৰীয়া ঔ, বুলি গঙ্গাই চেপা মাতেৰে পুৱতি নিশা তিনি বজাত ইনাই বিনাই কান্দিব ধৰিলে। ফটোখন মূৰত লগাই হেঁপাহ পলুৱাই কান্দিলে অশীতিপৰ বৃদ্ধা গঙ্গাই।
ৰাতিপুৱাই পুতেকহঁতক টিউচনলৈ সাজু কৰি পঠিয়াব লাগে বাবে গঙ্গাৰ বোৱাৰীয়েকে সদায় সোনকালে উঠে। বেচিনত মুখ ধুই থাকোঁতে খিৰিকীৰে বাহিৰৰ ফালে চাওঁতে দেখিলে আম গছ জোপাত কিবা এটা ওলমি থকা যেন লাগিল। আচৰিত হৈ চকু দুটা মোহাৰি খিৰিকীৰ ওচৰলৈ গৈ ভালদৰে চালে। বস্তুটো দেখি ভৰিৰ তলৰ মাটি নোহোৱা হৈ যোৱা যেন পালে। উধাতু খাই দৌৰি গৈ গিৰিয়েকক উঠাই আনিলে দেখাবলৈ। লগে লগে হুৱাদূৱা লাগিল! তুৰন্তে সকলোকে খবৰ দিলে!
মানুহ বোৰ আহি পোৱাত গঙ্গাৰ মৃতদেহটো আম জোপাৰ পৰা নমাই আনি চোতালত শুৱাই থলে। তেওঁৰ মুখখনত এটা প্ৰশান্তিৰ ভাৱ বিৰাজ কৰিছিল। কাৰো বোজা হব নুখুজি, সুখে দুখে জীৱন কটোৱা নিজৰ মানুহ জনৰ কাষলৈ একেবাৰেই গুছি গলগৈ গঙ্গাই।
আৰু গঙ্গাৰ পাৰত বহি জীয়েক, পুতেকহঁতে ইজনে সিজনৰ গালৈ বোকা চটিওৱাত লাগিল!
← ধ্বজা (বুৰঞ্জীমূলক তথ্য ভিত্তিক গল্প) —- নিৰ্মালি নয়নতৰা
এই সংখ্যাৰ আঁৰৰ কথা…. →
You May Also Like