text
stringlengths
0
188k
দেউৰী ভাষা তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা পৰিয়ালত অন্তৰ্ভুক্ত ? কিমান চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে?
দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা।
দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী ?
চমুটোকা লিখা
ভীমবৰ দেউৰী
ৰাধাকান্ত দেউৰী
বৰ্গৰাম দেউৰ
ইন্দ্ৰসিং দেউৰী
দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল ?
উত্তৰ:- দেউৰীসকলে উত্তৰ-পূব দিশেৰে অসমত প্রৱেশ কৰি ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলত, অৰ্থাৎ বৰ্তমান অৰুণাচল প্রদেশৰ লোহিত জিলাৰ জৈদাম পাহাৰৰ আশে-পাশে বসতি স্থাপন কৰিছিল। সেয়েহে, এই অঞ্চলটোকে কোিলালা আদিম বাসস্থান হিচাপে গণ্য কৰিব পাৰি।
দেউৰীসকলে সামাজিকভাবে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।
উত্তৰ :-দেউৰীসকলে সামাজিকভাৱে চাৰিটা খেলত বিভক্ত। এইকেইটা হ’ল—ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।
শদিয়াৰ পৰা প্ৰৱজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোকে বসবাস কৰি আছে ?
উত্তৰ :-শদিয়াৰ পৰা পুৱজন হৈ আহি দেউৰীসকল প্ৰথমতে অবিতত শিৱনাহৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিব্ৰুং নদীৰ পাৰত বাস কৰিবলৈ লৈছিল। বৰ্তমান দেউৰীসকলে উজনি অসমৰ আঠখন জিলা— তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লক্ষীমপুৰ আৰু বিশ্বনাথ চাৰিআলিত বসবাস কৰি আছে।
দেউৰীসকলে নিজকে কি হিচাপে চিনাকি দিয়ে ?
উত্তৰ :- দেউৰীসকলে নিজকে “জিম’চঁণায়া” হিচাপে চিনাকি দিয়ে।
দেউৰী ভাষা তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা পৰিয়ালত অন্তৰ্ভুক্ত ? কিমান চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে?
উত্তৰ :- বড়ো শাখাৰ অন্তৰ্গত। অসম চৰকাৰে ২০০৫ চনৰ ২৮ জানুৱাৰীত দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে ।
দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা।
উত্তৰ :- দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱ হৈছে— কৃষিভিত্তিক, উৎসৱ বিবা বচু গিবা মেচ্চু (বসন্ত কালক স্বাগতম জনোৱা উৎসৱ), বিহু উৎসৱ- চিগাদাগাৰেবা বিচু, বিচু দাবেবা মেচ্চু আৰু মিদি দেৰুবা মেচ্চু (ৰাজ কেবাং)।
দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী ?
উত্তৰ :- দেউৰীসকল কুন্দ ধৰ্মৰ বিশ্বাসী।
চমুটোকা লিখা
ভীমবৰ দেউৰী
জনগোষ্ঠীয় পৰিয়ালত জন্মলাভ কৰিও অসমৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে অহৰহ যত্নপৰ থকা এগৰাকী ব্যক্তি আছিল ভীমবৰ দেউৰী। সকলো জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক প্রতিষ্ঠাৰ বাবে উঠি পৰি লাগিছিল বাবে অসমৰ প্ৰথমজনা মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে ‘জননেতা’আখ্যা দিছিল। ১৯০৩ চনত শিৱসাগৰৰ বৰগঞা দেউৰী গীৱত জন্মা দেউৰীয়ে ১৯১৩ চনত প্রাথমিক...
প্রেচিডেন্সি কলেজলৈ যায় স্নাতকোত্তৰ শিক্ষাৰ বাবে। আৰ্থিক অনাটনে তেওঁক স্নাতকোত্তৰ শেষ কৰাত বাধা দিলে কিন্তু ১৯৩২ চনত তেওঁ অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। অৱশ্যে অসামৰিক সেৱাত মনোনিৱেশ নকৰি তেওঁ ওকালতিহে কৰে।
ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহক একগোট কৰাৰ উদ্দেশ্যেৰে তেওঁ ১৯৩৩ চনত -ট্ৰাইবেল লীগৰ জন্ম দিয়ে। দুবছৰ পাছত ট্ৰাইবেল লীগৰ দাবীৰ ভিত্তিতে অসম বিধানসভাত ভৈয়াম জনজাতিৰ বাবে সংৰক্ষিত হয় ৪ খন আসন। ১৯৩৯ আৰু ১৯৪৬ চনত ভীমবৰ দেউৰী মনোনীত হয় অসম বিধান পৰিষদৰ সদস্য
হিচাপে।
১৯৪৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত গঠন হয় অন্য এক সংগঠন ‘আচাম ট্ৰাইবছ এণ্ড ৰেছেচ ফেডাৰেচন’। ১৯৪৭ চনত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত বন আৰু শ্রম বিভাগৰ মন্ত্ৰী নিযুক্ত কৰা হয় দেউৰীক। তেতিয়াই তেওঁ অসমক পাকিস্তানত চামিল নকৰাৰ সপক্ষে যুক্তি দাঙি ধৰে ভাইচৰয় লৰ্ড ওৱাডেলৰ সন্মুখত।
জনগোষ্ঠীয় সমাজত থাকিও অসমৰ জনসাধাৰণৰ সামাজিক-ৰাজনৈতিক উত্থানৰ কাৰণে দেউৰীয়ে অহোপুৰুষাৰ্থ কৰিছিল। দেশত বহিৰাগত প্রৱজনত বাধা, প্ৰাকৃতিক সম্পদৰ ৰক্ষা,পিছপৰা জাতি-জনগোষ্ঠীৰ সংৰক্ষণৰ ব্যৱস্থা, ৰাজ্যসমূহক শক্তিশালী কৰিবলৈ কেন্দ্ৰৰ পৰা অধিক ক্ষমতাৰ হস্তান্তৰ, স্বায়ত্ত শাসন, বিধান পৰিষদ গঠন,
জন গোষ্ঠীসমূহৰ বাবে অৰ্থনৈতিক সমতা স্থাপন আদি নীতি আছিল তেওঁৰ উদ্ভাৱন যাৰ দ্বাৰা তেওঁৰ বিচক্ষণতা প্রকাশ পাইছিল।
এইগৰাকী বৰেণ্য ব্যক্তিয়ে ১৯৪৭ চনৰ ৩০ নৱেম্বৰত মাত্র ৪৪ বছৰ বয়সতে মৃত্যুবৰণ কৰে।
ৰাধাকান্ত দেউৰী
দেউৰী তথা অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী সাহিত্যিক হৈছে ৰাধাকান্ত দেউৰী। ১৯৩১ চনতলক্ষীমপুৰ জিলাৰ বীহগড়া দেউৰী গাঁৱত জন্মা ৰাধাকান্ত দেউৰীৰ ঘৰুৱা আৰ্থিক অৱস্থা সিমান ভাল নাছিল। সেয়ে গাঁৱৰ মানুহৰ সহযোগতে প্রাথমিক শিক্ষা আৰম্ভ কৰে। পাছলৈ যোৰহাটৰ জে বি কলেজৰ স্নাতক দেউৰীয়ে ক্ৰমে শদিয়া আৰু লক্ষীমপুৰত চৰকাৰী উচ্চতৰ মাধ্যমি...
ছাত্ৰাৱস্থাতে সাহিত্যচৰ্চা আৰম্ভ কৰা দেউৰীৰ বিভিন্ন লেখা ভিন ভিন আলোচনী, কাগজ-পত্ৰ আদিত প্রকাশ পাইছে। তেওঁ লিখি থৈ যোৱা অমূল্য গ্ৰন্থসমূহ হ’ল – দেউৰী চ্চু বিবঁ (দেউৰী অভিধান), ‘চ্চিবী জিমচীয়া চ্চু বিবঁ (আধুনিক দেউৰী শব্দকোষ) দুখন ইয়াৰে দ্বিতীয়খন কেৱল দেউৰী ভাষাৰে নহয়, অসমীয়া আৰু ইংৰাজী ভাষাও আছে অৰ্থাৎ ত্ৰি-ভাষিক।...
বৰ্গৰাম দেউৰ
বৰ্গৰাম দেউৰী আছিল মুখ্যতঃ এগৰাকী ৰাজনীতিক । ৰাজনীতিৰ জৰিয়তেই তেওঁ আৰ্থ-সামাজিক উন্নয়নৰ কামতো জড়িত হৈছিল। লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ বীঁহগড়া দেউৰী গাঁৱত ১৯৩৮ চনতবৰ্গৰাম দেউৰীয়ে
জন্মলাভ কৰে।জন্মস্থানতে প্রাথমিক শিক্ষা গ্ৰহণ কৰা দেউৰীয়ে পাছলৈ যোৰহাটৰ জে বি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ সম্পূৰ্ণ কৰা-দেউৰীয়ে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতকো লাভ কৰে।তদুপৰি পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা হোমিওপেথিকৰ স্নাতকো হৈ সোণৰ মেডেল লাভ ক...
বাবে দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠনত আগভাগ লয়। দেউৰী ভাষাক চৰকাৰী স্বীকৃতিকৰণ দিয়াটো তেওঁৰ যথেষ্ট অৰিহণা আছে। এইগৰাকী ব্যক্তি ২০০৪ চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।
ইন্দ্ৰসিং দেউৰী
সকলো সমাজতে জাতীয় চেতনা জাগ্ৰত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান ব্যক্তিৰ জন্ম হয়। তিৱা সমাজক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ যেন জন্ম হৈছিল এনে এজন ব্যক্তিৰ, নাম যাৰ ইন্দ্ৰসিং দেউৰী ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত জন্মা দেউৰীয়ে
অষ্টম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষাজীৱন সামৰিছিল। পাছলৈ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহি দেউৰীয়ে উপলব্ধি কৰিছিল তিৱাসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক অনগ্ৰসৰতাৰ কথা৷ তিৱা জাতিক আগুৱাই নিবলৈ কাম কৰাৰ দূৰন্ত ইচ্ছাকো নেওচি তেওঁ ঘৰুৱা অনাটনৰ বাবেই ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যোগ দিয়ে। কিন্তু দুবছৰ কাম...
ৰূপ দিবলৈ চাকৰি ইস্তফা দিয়ে। তিৱা সমাজত প্রচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই শৈক্ষিক দিশৰ ধনৰ বাবে ১৯৬০ চনত তেওঁ প্রতিষ্ঠা কৰে ‘তিৱাচা মিচন’। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ গাঁৱৰ কুটীৰ শিল্পৰ প্ৰসাৰৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাটো মুকলি কৰিছিল। ১৯৬৭ চনত তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা ‘লালুং দৰবাৰ’ নামৰ সংগঠনটোও জন্...
তিৱা সাহিত্য-সংস্কৃতিলৈও দেউৰীৰ অৱদান আছে। তেওঁৰ দ্বাৰা ৰচিত কবিতা, গীত আদি ভিন ভিন আলোচনীত প্রকাশ হৈছে। তিৱাসকলৰ জাতীয় সংগীত ‘তিৱা ‘তচিমা’ৰ তেৱেঁই ৰচক’আৰু সুৰকাৰ।
তিৱা জাতীয় জীৱনৰ কাণ্ডাৰীৰূপে বিবেচিত দেউৰী একাধাৰে এগৰাকী সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক । সেয়ে তেওঁক পাহাৰৰ তিৱাসকলে ‘ফাপৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল। ১৯৯৪ চনৰ ২০ আগষ্টত ইন্দ্ৰসিং দেউৰীৰ দেহাৱসান ঘটে।<eot>২৮ মে,২০১১ চন । আমি থকা ঠাই নিউজার্চিৰ চমাৰভিলৰ পৰা আমাৰ যাত্ৰাৰ...
আমি দুপৰীয়া এক বজাত লুৰে কেভাৰ্ণচ্ পালোগৈ। লুৰে কেভাৰ্ণচ্ চেনান্দহ ভেলীত (Shenandoah Valley) আছে আৰু এই ঠাই এপালেচিয়ান পর্বতমালাৰ (Appalachian) এলাগেনী অংশৰ (Allegheny range) পূৱ দিশত অৱস্থিত। নিজে ভূগোল বিভাগৰ হোৱা বাবে লুৰে কেভাৰ্ণচৰ প্ৰতি মোৰ আকৰ্ষণৰ অন্ত নাছিল। কিতাপত পোৱা ষ্টেলেকটাইটচ(Stalactites) আৰু ষ্টেলেকমাই...
লুৰে কেভাৰ্ণচৰ অন্যতম আর্কষণৰ কেন্দ্ৰবিন্দু আছিল দা গ্ৰেট ষ্টেলেকপাইপ অৰগান (The Great Stalacpipe Organ)। দা গ্ৰেট ষ্টেলেকপাইপ অৰগান হৈছে ১৬৪ ফুট মাটিৰ তলত থকা পৃথিৱীৰ সৱাতোকৈ ডাঙৰ সংগীত যন্ত্ৰ (Musical Instrument) যিটো ষ্টেলেকটাইটৰ পৰা সজোৱা হৈছে। ভার্জিনীয়াৰ স্প্ৰিংফিল্ডৰ (Springfield) Mr. Leland W. Sprinkle য়ে এই ...
লুৰে কেভাৰ্ণচৰ ভিতৰত ড্ৰিম লেক (dream lake) নামৰ সৰু এটি পানীৰ অংশ আছে। সেই পানীত ষ্টেলেকটাইটৰ প্ৰতিবিম্ব পৰি এক দোধোৰ মোধোৰ অৱস্থাৰ ৰুপ লৈছিল। যদিও পানীত সেইয়া ষ্টেলেকটাইটৰ প্ৰতিবিম্ব আছিল কিন্ত আমাৰ চকুত সেইয়া ষ্টেলেকমাইটৰ ৰুপ লৈছিল। বাৰে বাৰে চাইও প্ৰকৃতিৰ এই অদ্ভূত দোমোজাৰ পৰা মই মুক্ত হ’ব পৰা নাছিলো।
লুৰে কেভাৰ্ণচৰ আন এক চকুত লগা অংশ আছিল Titania’s veil | Titania’s veil বগা উজ্জ্বল বিশুদ্ধ কেলচাইট (calcite) ৰে গঠিত হৈছে আৰু ই লুৰে কেভাৰ্ণচৰ চিলিং আৰু দেৱালত ওলমি থাকি এক অপৰুপ সৌন্দৰ্য্যৰ সৃষ্টি কৰিছিল। Shakespeare ৰ নাটক A Midsummer Night’s Dream ত তিনিগৰাকী বিশেষ চৰিত্ৰৰ fairy Queen আছিল ,তেওঁলোক হৈছে ক্ৰমে Oberon...
লুৰে কেভাৰ্ণচৰ ষ্টেলেকটাইট আৰু ষ্টেলেকমাইট বোৰ লগলাগি বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ অবয়বৰ জন্ম হৈছে। সেইবিলাকৰ আকৃতিৰ ভিন্নতাৰ বাবেই তাৰ নামবোৰ বেলেগ বেলেগ। কিছুমান ষ্টেলেকটাইট আৰু ষ্টেলেকমাইটৰ আকৃতি মই নিজৰ চকুত যেনে দৰে ধৰা দিছিল তেনেদৰেই লিখিবলৈ লৈছো। গুহাৰ ভিতৰত দেখা পোৱা বিখ্যাত Frozen fountain ৰ অংশটো মোৰ দৃষ্টিত ধ...
ঠিক সেইদৰে লুৰে কেভাৰ্ণচৰ ভিতৰত থকা বিখ্যাত double column ৰ অংশটো আমাৰ নামঘৰত ফুল-লতাৰে খোদিত কৰা লাইখুটাৰ দৰে অনুভব হৈছিল। ষ্টেলেকটাইট আৰু ষ্টেলেকমাইট একেলগে লগলাগি খুটাৰ আকৃতিৰ ৪৭ ফুট ওখকৈ গঠিত হোৱা মোহময় ৰুপটোক নাম দিয়া হৈছে double column | double columnটো লুৰে কেভাৰ্ণচৰ Giant Hall ত আছে। Giant Hall লুৰে কেভাৰ্ণচৰ...
লুৰে কেভাৰ্ণচৰ ভিতৰত fried egg ও বহু অংশত দেখা পোৱা যায়। গুহাৰ ভিতৰত লাইমস্টনৰ অংশবোৰে কণীৰ হালধীয়া কুহুমৰ সৈতে তাৱাত দি ভজা কণীৰ আকাৰ লৈছিল বাবে তাৰ নাম দিয়া হৈছিল fried egg । এই fried egg ৰ ধাৰণাটো ঠিক আমাৰ কচুপাতত জমা হোৱা পানী আৰু কচুপাতখিলাৰ লগত ৰিজাব পাৰি। গুহাৰ ভিতৰত বিভিন্ন অংশত এই fried egg দেখা পোৱা গৈছিল।
এইবিলাকৰ উপৰিও লুৰে কেভাৰ্ণচৰ ভিতৰত ষ্টেলেকটাইট আৰু ষ্টেলেকমাইট ৰ বিভিন্ন আকাৰ ৰ বাবে Totem Poles, Giant’s hall, Pluto’s Chasm, Saracen’s Tent, Empress Column আদি বিভিন্ন নামকৰনেৰে নামাংকৃত কৰা হৈছে।
লুৰে কেভাৰ্ণচৰ কাষতে আছে কাৰ এন্ড কেৰেজ কেৰেভান মিউজিয়াম (Car and Carriage Caravan Museum)। এই মিউজিয়ামটো চাবৰ বাবে শ্ৰীমানৰ আগ্ৰহৰ অন্ত নাছিল। আগৰদিনৰ ঘোঁৰাগাড়ী, গৰুগাড়ীকে আৰম্ভ কৰি সেই যুগৰ বিভিন্ন ডিজাইনৰ গাড়ীবোৰ সুন্দৰকৈ সজাই থোৱা আছিল। এইবিলাকৰ অন্যতম আছিল ১৮৯২ চনৰ বেনজ(Benz), ১৮৪০ চনৰ Conestoga Wagon, ১৯০৮ চ...
সন্ধ্যা হোৱাৰ আগে আগে আমি ভার্জিনীয়াৰ স্কাইলাইন ড্ৰাইভেৰে আগতেই নিৰ্দিষ্ট কৰি থোৱা হোটেললৈ আগবাঢ়িলো। বেলিটো ইতিমধ্যে ডুবিবলৈ আৰম্ভ কৰিছিল। হেঙুলীয়া আভাৰে মুখৰিত হৈ পৰিছিল ভার্জিনীয়াৰ স্কাইলাইন ড্ৰাইভ। অনুভব হৈছিল দূৰৈৰ ব্লু ৰিড্জ পর্বতমালাৰ কোণত লুকাই লুকাই ৰঙা ফুল এথোপাহে যেন ফুলি উঠিছিল জকমকাই। ফাকুগুড়িৰ দৰে ভিন...
← টোপোলা কাণ্ড -(অংশুমান বৰা)
মেডিকেল কলেজৰ হাঁহি চকুলো -(ডা: দীপুল চন্দ্ৰ হালৈ) →
You May Also Like
বৰ বৰ চহৰৰ কথা (দিপাংকৰ মল্ল বৰুৱা)
December 15, 2015 March 10, 2021 0
আবু ধাবিৰ প্ৰত্যন্ত মৰুত চিকিৎসাৰ এক সুমধুৰ অভিজ্ঞতা -(জমিল আহমেদ লস্কৰ)
March 16, 2014 0
অশোক বন (গীতাঞ্জলি গোস্বামী, কলম্বো, শ্ৰীলংকা)
May 15, 2017 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা