text
stringlengths
0
188k
মান্ধানাই কেৰিয়াৰত দ্বিতীয় বাৰৰ বাবে এই সন্মান লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০১৮ চনতো বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে মনোনীত হৈছিল।
এইদৰে দ্বিতীয় বাৰৰ বাবে এই সন্মান লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় মান্ধানা।
এই বঁটা লাভ কৰা আনগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হৈছে ঝুলন গোস্বামী। ২০০৭ চনত গোস্বামীয়ে এই সন্মান লাভ কৰিছিল।
Recent News
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়েও প্ৰাক্-প্ৰাথমিক শিক্ষাক প্ৰাথমিক শিক্ষাৰ সহায়ক কাৰ্য্যসূচী হিচাপে খেলা ধূলা আৰু ক্ৰিয়াকলাপকে গুৰুত্ব দিয়াৰ কথা ব্যাখ্যা কৰিছিল। লগতে ইয়াকো কৈছিল যে day care centreসমূহে কৰ্মৰত মহিলাসকলক কাম কৰাৰ সুবিধা দিয়াৰ লগতে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাতো গুৰুত্ব আৰোপ কৰিব। কিন্তু ২০২০ চনৰ ...
বিশেষকৈ শিশুৰ জন্মৰ পৰা আঠ বছৰ বয়সলৈ এই সময়ছোৱাত দুটা ভাগত ভাগ কৰিব পৰা যায় সেয়া হ'ল ০-৩ আৰু ৩-৮ বছৰ। এই বয়স প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুতকৰণৰ সময় বুলি ধৰা যায় । সেইবাবে এই সময়ছোৱাত শিক্ষা ব্যৱস্থা হ'ব লাগে শিথিল প্ৰকৃতিৰ অথচ উদগনিমূলক। শিশুৰ মনত শিক্ষা গ্ৰহণৰ প্ৰতি কোনোধৰণৰ অহেতুক ভয় নোসোমোৱাকৈ এই পৰ্যায়ৰ শ...
এতিয়া কথা হ'ল, কেনেকুৱা ক্ৰিয়াকলাপৰ জৰিয়তে শিশুৰ বিকাশ সমূহ কৰিব পৰা যাব । উদাহৰণ স্বৰূপে ক'ব পাৰি শাৰিৰীক বা পেশীৰ বিকাশৰ বাবে দৌৰা ,জঁপিওৱা ,খোজ কঢ়া , ভাৰসাম্য ৰক্ষা কৰা । মানসিক বিকাশ বা বোধ শক্তিৰ বিকাশৰ বাবে ক্ৰিয়াকলাপ হ'ল এক শুদ্ধ ধাৰণা য'ত থাকিব পাৰে চুটি-দীঘল,আগ-পাছ, ওপৰ-তল, ওখ- চাপৰ ,কম-বেছি, শকত- খীণ ,ৰঙ...
'In the process of imparting formal education, curriculum plays a very important role. It is a plan of instruction that deals what students are to know, how they are to learn it, what the teachers' role is, and the content in other learning and teaching will take place.'
অসমৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা ব্যৱস্থাটো কিছু সুকীয়া । চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত একেধৰণৰ ৫ বছৰ বয়সৰ শিশুৰ বাবে 'ক' শ্ৰেণী পাঠ্যক্ৰমৰ ব্যৱস্থা আছে । আনহাতে সমাজকল্যাণ বিভাগৰ অধীনত ৩ বছৰীয়া অংগনবাদী পাঠ্যক্ৰমৰ ব্যৱস্থা আছে । কিন্তু কথাটো হ'ল প্ৰাক্-প্ৰাথমিক শিক্ষা ব্যৱস্থা 'ক' শ্ৰেণীয়ে হওক বা অংগনবাদীয়েই হওক, এ...
ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) নতুন নীতিৰ আধাৰত শিক্ষক সকলৰ প্ৰশিক্ষণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । লগতে পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ভিতৰত আখৰ জ্ঞান ,সংখ্যা জ্ঞান(Foundational Literacy and Numeracy) আৰু প্ৰয়োজনীয় দিশসমূহ বিবেচনা কৰিছে । লগতে বৰ্তমান পৰিস্থিতিৰ লগত খাপ খুৱাই প্ৰয়োজনীয় অৰ্হ...
প্ৰাক্- প্ৰাথমিক শিক্ষাৰ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সমদৰ্শী বিভাগসমূহৰ লগত এক সমভাৱাপন্ন পৰিৱেশ গঢ়ি তুলিব লাগিব। প্ৰাক্-প্ৰাথমিক শিক্ষাৰ অধীনত থকা পাঠ্যক্ৰম আৰু পদ্ধতিসমূহ পোনপটীয়া ভাৱে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ লগত সম্বন্ধ থকাৰ লগতে পৰিকল্পনা আৰু প্ৰয়োগ কাৰ্য্যৰে সম্পৰ্কিত বিভাগ ,মহিলা আৰু শিশু বিকাশ বিভাগ ,স্বা...
অসমত নাগৰিকত্ব বিধেয়ক উন্নীত কৰাৰ সময়ত ৰাজ্যখনত উদ্ভৱ হোৱা সমস্যাসমূহৰ ওপৰত আলোচনা কৰিবলৈ একত্ৰিত হোৱা প্ৰতিনিধিসকলে এই কথা পৰ্যৱেক্ষণ কৰে যে অসমত বাস কৰা বাংলাভাষী লোকসকলৰ জীৱন ধাৰণৰ অধিকাৰ খৰ্ব কৰাৰ বাবে কৰা অপচেষ্টা ওফোৰাই তেওঁলোকক যথাৰ্থ নাগৰিকৰ মৰ্যাদাৰে জীয়াই থাকিবলৈ দিবলৈ এটা সংঘবদ্ধ প্ৰয়াস আৱশ্যম্ভৱী হৈ পৰিছে।
তেওঁলোকে দৃঢ়তাৰে কয় যে বাঙালীসকলে এই অঞ্চলত শতিকাৰ পৰা শতিকা ধৰি বসবাস কৰি আহিছে আৰু তেওঁলোক হৈছে অবিভক্ত অসমৰ খিলঞ্জীয়া অধিবাসী। বাঙালীসকলক বিদেশী সজাবলৈ কৰা কোনো অপচেষ্টা হৈছে ন্যায়িক ব্যৱস্থাৰ অপমৃত্যু আৰু এই ক্ষেত্ৰত ঐতিহাসিক আৰু সাংবিধানিক সাক্ষ্যসহ সৰ্বোচ্চ ন্যায়ালয়ত এই অপচেষ্টাক প্ৰত্যাহ্বান জনোৱা হ’ব।
অসমত বাঙালীসকলক কৰা নিৰ্যাতন আৰু এই ক্ষেত্ৰত বহুতো নিৰ্যাতিতই আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দৰ্ভত সমগ্ৰ দেশকে সজাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ‘উত্তৰ পূব বাঙালী সাহিত্য সভা’ই।
এই প্ৰতিনিধিদলটোৰ সভাপতিত্ব কৰে মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী পদ্মশ্ৰী মানস চৌধুৰীয়ে। প্ৰতিনিধিৰ দলটোত শ্বিলঙৰ উপৰিও অসম, পশ্চিম বেংগল, ত্ৰিপুৰা, দিল্লীৰ প্ৰতিনিধিও আছিল।
সভাত অসমৰ পৰা যোৱা বিধায়ক কামাখ্যা দে পুৰকায়স্থ, অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ জে বি ভট্টাচাৰ্য, মেঘাল শিক্ষা পৰিষদৰ প্ৰাক্তন সঞ্চালক ড০ এছ কে চট্টোপাধ্যায়, সমাজ কৰ্মী ড০ সুব্ৰত দাস, সৰ্বোচ্চ ন্যায়ালয়ৰ অভিবক্তা এ পাল, গুৱাহাটীৰ ড০ অধ্যাপক তিমিৰ দে, দিল্লীৰ জ্যেষ্ঠ সাংবাদিক ৰত্নজ্যোতি দত্ত, বৰাক উপত্যকাৰ সমাজ ...
Recent News
নমস্কাৰ, মই ৰবিশ কুমাৰ…
প্ৰতিবাদৰ সমুখত নতশিৰ! ‘মৰেলিটি পুলিচ’ বাহিনী ভংগ ঘোষণা ইৰান প্ৰশাসনৰ
মাওবাদীৰ বিৰুদ্ধে এনকাউণ্টাৰস্থলীত উদ্ধাৰ আমেৰিকাত নিৰ্মিত যুদ্ধাস্ত্ৰ: দাবী আৰক্ষীৰ
‘যুঁজখন কঠিন, কিন্তু ন্যায় লাভ কৰিম বুলি বিশ্বাস আছে’: ওমৰ খালিদক দোষমুক্ত ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া পিতৃৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দীৰ্ঘদিন ধৰি বান আৰু গৰাখহনীয়াত আক্ৰান্ত ভাটীবন গাঁওবাসীক নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে সমস্যা সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি আহিছিল যদিও আজি পৰ্যন্ত কোনো এটা দলে সেয়া কাৰ্যত পৰিণত নকৰিলে।
ফলত আজি গাঁওবাসীয়ে ক্ষোভ উজাৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বিচাৰি যোৱা প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ কৰি গাঁওখনৰ মূল প্ৰৱেশ পথত বাঁহৰ খুটা পুতি জাননী আঁৰি দিয়ে।
প্ৰায় ২০০ তকৈ অধিক পৰিয়ালে বসবাস কৰা গাঁওখনত আজি পৰ্যন্ত যাতায়াতৰ কোনো সূচল ব্যৱস্থা নথকাৰ লগতে বিশুদ্ধ খোৱা পানীকে ধৰি একাধিক সমস্যাৰে জৰ্জৰিত।
তাৰোপৰি প্ৰত্যেক বছৰে দিখৌ নদীৰ প্ৰলয়ংকাৰী বানে গাঁওবাসীক জুৰুলা কৰি আহিছে। গাঁওখনৰ মূল প্ৰৱেশ পথটো খহনীয়াৰ কবলত পৰি বৰ্তমান প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত।
ইফালে গাঁওবাসীয়ে বান গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত বিভিন্ন সময়ত জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ককো দাবী জনাই আহিছে। কিন্তু জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়কেও বিষয়টো কোনো গুৰুত্ব প্ৰদান নকৰিলে।
ইয়াৰ বিপৰীতে নিৰ্বাচন অহাৰ লগে লগে ভোটৰ স্বাৰ্থত প্ৰতিটো ৰাজনৈতিক দলে গাঁওখনৰ সমস্যাসমূহ সমাধান কৰাৰ ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে।
যাৰ বাবে গাঁওবাসী ক্ষোভিত হৈ পৰি গাঁওখনৰ সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত কোনো এটা ৰাজনৈতিক দলৰে প্ৰৱেশ নিষিদ্ধ কৰি মূল প্ৰৱেশ পথত বাঁহৰ খুঁটা পুতি প্ৰৱেশ নিষিদ্ধ জাননী আঁৰি ক্ষোভ উজাৰে।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ৰুবী ৰাণী দাসে পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিমক বাদ দি ৮জনীয়া দলটোৰ বাকীসকলৰ বিৰুদ্ধে এই গোচৰ তৰিছে।
উধাৰবোন্দ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৩ (জনতাৰ চাকৰিয়ালক কৰ্তব্যত বাধা দিয়া), ধাৰা ৩২৩ (ইচ্ছাকৃতভাৱে আঘাত কৰাৰ শাস্তি) আৰু ধাৰা ৩৩৮ (আনৰ জীৱন আৰু ব্যক্তিগত সুৰক্ষাক আঘাতৰ জৰিয়তে ক্ষতি কৰা)ৰ অভিযোগত ১৭৭/১৮ নং গোচৰ ৰুজু কৰা হৈছে।
গোচৰটো তেওঁ দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত য’ত অভিযোগ কৰা হৈছে তৃণমূল কংগ্ৰেছ নেতাসকলে বিমান বন্দৰৰ পৰা ওলাই নাহিবলৈ কাবৌ কৰাৰ পিছতো তেওঁলোকক বিমান বন্দৰৰ পৰা ওলাই অহাৰ উদ্দেশ্যে শাৰিৰীকভাৱে আঘাত কৰিছিলে, যেতিয়া সমগ্ৰ কাছাৰত চি আৰ পি চি ১৪৪ জাৰি কৰি ৰখা হৈছিল।
তেওঁ তেওঁৰ এজাহাৰত কয় যে অকল তেঁৱেই নহয়, বৰঞ্চ তেওঁৰ এগৰাকী সহকৰ্মী স্বপ্না দাস আৰু ফটোগ্ৰাফাৰ পাৰ্থ শীলো প্ৰতিনিধি দলটোৰ শাৰিৰীক আক্ৰমণৰ বাবে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
নৰ্থ ইষ্ট নাও-ক কাছাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে কয়, ‘বিমান বন্দৰত কৰ্তব্যত নিযুক্ত কৰা এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে দাখিল কৰা এজাহাৰ এখন আমি পাইছো। নেতাৰ (তৃণমূল কংগ্ৰেছৰ) শাৰিৰীক আক্ৰমণত তেওঁ আঘাত পাইছে। যিহেতু সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে অনা অভিযোগ বা এজাহাৰ অনাৰ বাবে প্ৰ’ট’ক’ল মানি চলিব লাগে, উপ আৰক্ষী অধীক্ষক পৰ্...
Recent News
স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ
হিজাব গ’ল, এইবাৰ বোৰ্খা! বোৰ্খা পৰিধান কৰি নৃত্য পৰিৱেশন কৰাৰ বাবে চাৰি শিক্ষাৰ্থীক নিলম্বন কৰ্ণাটক মহাবিদ্যালয়ৰ
আসন এক, প্ৰাৰ্থী অনেক! মুখ্যমন্ত্ৰীৰ পদবীত কোন- আজি বৈঠকত সিদ্ধান্ত ল’ব হিমাচল কংগ্ৰেছে
চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ কোভিড সাহাৰ্য্য পুঁজিৰ টকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বিধেয়কখনক লৈ ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে হোজাই সমষ্টিৰ বিধায়কগৰাকীয়ে আজি নতুন দিল্লীত এক সংবাদমেলত কয় যে কেৱল এইখন বিধেয়কেহে হিন্দু সকলক সুৰক্ষা দিব পাৰিব।
খিলঞ্জীয়ালোকৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ বিধেয়কখনৰ সমৰ্থনত তেওঁ কয়, ‘এই বিধেয়কখনক বিৰোধিতা কৰা লোকসকলে মুছলমানক সমৰ্থন কৰে…তেওঁলোকে (বিধেয়কখনৰ বিৰুদ্ধি সংগঠনসমূহ) অসমক এখন মুছলিম ৰাজ্য বনাব খুজিছে।’
১৯৭১ চনৰ পিছত কোনো হিন্দু বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘১৯৭১ চনৰ পিছত প্ৰৱেশ কৰা লোকসকলে পশ্চিম বংগ বা ত্ৰিপুৰাত থিতাপি লৈছে…অসম আন্দোলনৰ ফলত কোনেও অসমত প্ৰৱেশ কৰিবলৈ সাহস কৰা নায়।’
তদুপৰি ভাৰত-বাংলাদেশ সীমান্তই ৪,০৯৬ কি মি সামৰি লয় বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘ইয়াৰে মাত্ৰ ২৬৩ কি মি হে অসমত পৰে। ইয়াৰোপৰি, কৰিমগঞ্জ, ধুবুৰী আৰু গোৱালপাৰা হৈ অসমত হিন্দুলোক প্ৰৱেশ কৰাৰ সুযোগ মুঠেই কম।’
ৰাজনৈতিক স্বাৰ্থত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে মুছলমানক সমৰ্থন যোগাই আহিছিল বুলি কৈ তেওঁ কয়, ‘মই সমাজৰ সকলো অংশকে নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰিবলৈ আহ্বান জনাইছো। কেৱল এইখন বিধেয়কহে হিন্দুসকলক সুৰক্ষা দিব পাৰিব।’
Recent News
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
তথাপি কেতিয়াবা প্ৰশ্ন উঠিব পাৰে যে মই কিবা কথাত, কোনোবা চৰিত্ৰৰ লগত পক্ষপাতিত্ব কৰিছিলোঁ নেকি! দুৰ্য্যোধনক বহু বেয়াকৈ আৰু যুধিষ্ঠিৰক অধিক উজ্জলতৰ কৰি ৰিজাইছিলোঁ নেকি বাৰু?—-নাই, নাই, হে’ পৃথিৱীবাসী, হে’ মানৱ সমাজ, মই আৰু মোৰ কাম পক্ষপাতিত্বৰ উৰ্ধত। সকলোবোৰ চৰিত্ৰৰে ভাল-বেয়া সকলো সামৰি এই মহাকাব্য, এই মহাগাঁথা ৰচনা কৰা ...
এজন মানুহৰ জীৱন দৰ্শন নিৰ্ভৰ কৰে মানুহজনৰ নিজৰ চিন্তাৰ ওপৰত। মানুহৰ নিজৰ চিন্তাই গঢ় দিয়ে তেওঁৰ জীৱন। জীৱনৰ প্ৰত্যকতো সৰু-বৰ কাম মানুহজনৰ নিজৰ চিন্তাৰ প্ৰতিফলন মাথোন। মানুহ এজনে যেনেকৈ চিন্তা কৰে, ঠিক তেনেকৈ তেওঁ বাহ্যিক কৰ্ম-কাণ্ড সংঘটিত কৰে, আৰু এই কৰ্ম-কাণ্ডই হৈ পৰে তেওঁৰ পৰিচয়। মহাভাৰত যুগৰ প্ৰতিটো চৰিত্ৰকে তেওঁলোকৰ...
মহামহিম ভীষ্ম যি আছিল কুৰু বংশৰ লাইখুঁটা, হস্তিনাপুৰৰ ৰাজসিংহাসনৰ সৰ্ব্বদা অতন্দ্ৰ জাগ্ৰত প্ৰহৰী, মহান যোদ্ধা, তেওঁৰ কিন্তু প্ৰকৃত নাম আছিল দেৱব্ৰত – গংগা আৰু শান্তনু নন্দন দেৱব্ৰত। সময়ৰ পাতত তেওঁ জীয়াই থাকিব প্ৰতিজ্ঞা পালনৰ কঠোৰ সংকল্পৰ বাস্তৱ প্ৰতিমূৰ্তি হৈ। প্ৰতিজ্ঞাৰ আনটো নামে হৈ পৰিব ভীষ্ম।
বিদ্বান বিদুৰ, মানৱ ইতিহাসৰ আটাইতকৈ সম্পূৰ্ণ আৰু পৰিপক্ক নিদৰ্শন – যাৰ মন আৰু মগজুৰ সামঞ্জস্যতা এই বিশ্ব–ব্ৰহ্মাণ্ডত আৰু কাৰোৱেই সৈতে তুলনা নহ’ব। অন্তৰৰ সত্যতা উপলব্ধি আৰু সেই উপলব্ধিৰ তাৎক্ষণিক কাৰ্য্য সম্পাদনৰ কুশলতাত যি হৈ থাকিব এই পৃথিৱীত অদ্বিতীয়, বিদুৰৰ নীতি জ্ঞান মানৱ জাতিৰ ভৱিষ্যতৰ প্ৰতিটো প্ৰজন্মৰ বাবে হৈ পৰিব...
মহাৰাণী গান্ধাৰী – স্বামী ভক্তিৰ গৰিমা যাৰ তুলনাবিহীন, পতিব্ৰতা ধৰ্ম যাৰ ধ্বজা, কিন্তু পুত্ৰমোহে যাক কোনো ঘটনাৰ উচিত পৰ্য্যালোচনা কৰাত বিঘিনি দিছিল। নিজ পুত্ৰৰ মৃত্যুৰ বাবে স্বয়ং ভগৱান শ্ৰীকৃষ্ণকো দোষী সাব্যস্ত কৰিব বিচৰা গান্ধাৰীৰ চৰিত্ৰৰ অন্ধ পুত্ৰমোহ সেয়ে সদায় সন্দেহৰ আৱৰ্তত থাকিব।
দেৱী কুন্তীৰ প্ৰতি মানৱ সমাজে কি ধাৰণা লয় তাক মই ক’বলৈ অপাৰগ। মোৰ সামৰ্থ্যৰ বাহিৰত এই কথা। কিন্তু এটা কথা ক’ব পাৰিম যে, কুন্তীৰ নাম মানৱ ইতিহাসৰ প্ৰতিটো প্ৰজন্মৰ মাতৃ-সংকটৰ লগত জড়িত হৈ থাকিব। মাতৃ জাতিৰ ধৰ্ম-সংকটৰ সময়ত কুন্তী হৈ পৰিব সাহসৰ প্ৰতিভূ আৰু যন্ত্ৰণাৰ সমভাগী। দেৱী কুন্তীৰ কৰ্ণক ত্যাগৰ সিদ্ধান্ত কেতিয়াও তৰ্কৰ ...
যুধিষ্ঠিৰ –স্বয়ং ধৰ্মৰ অৱতাৰ বুলি জগত প্ৰসিদ্ধ হ’ব। ন্যায় পৰায়ণতা আৰু ক্ষমাৰ যেন আন এটি নাম যুধিষ্ঠিৰ। সত্যৰ বাহক যুধিষ্ঠিৰৰ জুৱাখেলৰ নিচাই জগতক সোঁৱৰাই থাকিব জুৱাখেলৰ ভয়াবহতা।
যি মানুহে নিজৰ হৃদয়ৰ বাণী শুনে তেওঁক পৱিত্ৰ হৃদয়ৰ গৰাকী বুলি কোৱা হয়। পৱিত্ৰ হৃদয়ৰ গৰাকীৰ উৎকৃষ্ট উদাহৰণ হৈ থাকিব মহাবলী ভীম –অন্তৰৰ শুদ্ধতা যাৰ চৰিত্ৰৰ অলংকৰণ। নাৰী নিৰ্য্যাতনৰ ভয়ংকৰ প্ৰতিবাদকাৰী এই মহাবলশালী বীৰ যোদ্ধাৰ জয়-জয়কাৰ আকাশলংঘী হ’ব।
নিজৰ কঠোৰ সংকল্প অবিহনে ইস্পিত বস্তু লাভ সম্ভৱ নহয়। কঠোৰ সংকল্প আনিবৰ বাবে সমুখত লাগিব লক্ষ্য,সৰ্ব্বোত্তম হোৱাৰ উচ্চাকাংক্ষা। সেই উচ্চাকাংক্ষা পূৰণৰ বাবে কৰিব লগা কঠোৰ অনুশীলনত ব্ৰতী হোৱাটোৱে তেতিয়া হৈ পৰে মানুহৰ জীৱনৰ একমাত্ৰ লক্ষ্য। গাণ্ডীৱধাৰী অৰ্জ্জুন -কঠোৰ সংকল্প,সৰ্ব্বোত্তম হোৱাৰ উচ্চাকাংক্ষা, লক্ষ্য ভেদৰ বাবে কৰ...
অৰিহণা সামান্য হলেও তাৰ যোগদানৰ মাহাত্ম্য সোঁৱৰাই থাকিব অশ্বিনীকুমাৰদ্বয় – নকুল আৰু সহাদেৱে।
পত্নী স্বামীৰ বাবে হয় ভাগ্যৰ পৰিসৰ। যেতিয়া এগৰাকী পুৰুষে জীৱনত অপাৰ সফলতা বা অসফলতা লাভ কৰে,তাৰ আঁৰত এগৰাকী স্ত্ৰীৰ হাত অৱশ্যেই থাকে। পঞ্চ পাণ্ডৱ বান্ধ খাই আছিল একে ডাল সূতাৰে আৰু এই সূতা ডালে আছিল তেওঁলোকৰ পত্নী দ্ৰৌপদী। পাঁচজন পুৰুষৰ লগত বিবাহ বান্ধোনত বান্ধ খোৱাৰ পিছতো দ্ৰৌপদী সতীৰ শাৰীত থাকিব একমাত্ৰ তেওঁৰ ব্যক্তিত...
দুৰ্যোধনে – ভাৰতবৰ্ষৰ এনে এক খলনায়ক যাৰ নাম শুনিলেও মানুহ কঁপি উঠিব। এওঁ এনেকুৱা খলনায়ক যাৰ হাতত সংঘটিত হৈছিল মানৱ ইতিহাসৰ আটাইবিলাক কু–কৰ্ম, যাৰ পৰিসীমাৰ ভিতৰত গুপ্তহত্যা, নাৰী নিৰ্য্যাতনৰ দৰে জঘন্য অপৰাধো আছিল। কিন্তু, এই দুৰাচাৰী দূৰ্য্যোধনেও নিজে ভালপোৱা আৰু তেওঁক ভালপোৱা বুলি ভৱা মানুহক কেতিয়াও ত্যাগ কৰা নাছিল। বন...
দুঃশাসন সদায়ে অধৰ্মৰ ছায়া হিচাপে বিবেচিত হ’ব। নিজস্ব চিন্তাৰহিত এই চৰিত্ৰটো ঘৃণিত হৈ ৰ’ব চিৰকাল। হীনমন্যতাত আক্ৰান্ত ব্যক্তিয়ে অকণমান খ্যাতি, অইনৰ অকণমান দৃষ্টি লাভ কৰিবলৈ যে যি কোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, তাৰে উদাহৰণ হৈ থাকিব দুঃশাসন। সূৰ্য্য পুত্ৰ কৰ্ণক সময়ে মনত ৰাখিব পৰাক্ৰমী বীৰ, দানবীৰ,সৰ্ব্বশ্ৰেষ্ঠ মিত্ৰ ৰূপত...
এনেদৰে অংকিত হৈছিল মহাভাৰতৰ মুখ্য চৰিত্ৰবোৰ। চৰিত্ৰবোৰ অংকিত হৈছিল তেওঁলোকৰ জীৱনৰ কাৰ্য্যক্ৰমণিকাৰ ওপৰত ভিত্তি কৰি, পক্ষপাতিত্বৰ সন্দেহ তেনেই অমূলক।
কিন্তু কি দৰে মই প্ৰেৰিত হৈছিলো এই মহাকাব্য ৰচনা কৰিবলৈ। —–এদিন মই ধ্যানস্থ হৈ থকাৰ সময়ত প্ৰচণ্ড ধুমুহাৰ আগজাননী লৈ নামি আহিছিল শিলা-বৃষ্টি। সেই শিলা-বৃষ্টিৰ মাজতো মুকলি আকাশৰ তলত ধ্যানত অটল হৈ থকাৰ সময়ত ক’ৰ পৰা জানো পাঁচ-সাত বছৰীয়া শিশু এটি আহি মোৰ ওচৰতে খেলিব ধৰিছিল। মই শিশুটিক নিৰাপদ আশ্ৰয়লৈ বুলি ঢাপলি মেলিবলৈ কৈ পু...
শিশুটিয়ে তাৰ সামান্য খেলক মোৰ ধ্যানৰ লগত ৰিজাব খোজাৰ কথাটিতে মই বিচাৰি পালো মোৰ জীৱনৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যৰ সম্ভেদ। এৰা, খেল আৰু ধ্যান, অৰ্থাৎ সৰু আৰু ডাঙৰ, সকলোবোৰ কামে আপাত দৃষ্টিত সমপৰ্য্যায়ৰ হৈ পৰে, নিৰৰ্থক হৈ পৰে সামাজিক প্ৰেক্ষাপটত যেতিয়া তাৰ পৰা সমগ্ৰ মানৱ জাতিৰ কোনো উৎকৰ্ষ সাধন নহয়। ব্যক্তিগত লাভালাভৰ বাব...
শেষত, মোৰ ওপৰত উঠিব পৰা শেষ প্ৰশ্নটোৰ উত্তৰো মই দিওঁ। হে’ পৃথিৱীবাসী আপোনালোকৰ মনত উদয় হ’ব পাৰে যে কিয় মই অকল কুৰু বংশৰ কথাকে উদাহৰণ হিচাপে ল’লো মানৱ জাতিৰ দিশ নিৰ্দেশনা কৰা দৰ্শন বুজাবলৈ। উত্তৰত কওঁ যে তাৰ কাৰণ দুটা—প্ৰথম কাৰণ হৈছে যে স্বয়ং ভগৱান বিষ্ণুৰ পূৰ্ণ মানৱ অৱতাৰ শ্ৰীকৃষ্ণই মহাভাৰত যুগত আৱিৰ্ভাব হৈছিল আৰু কুৰু...
হে’ মানৱ জাতি, যেতিয়াই আপোনালোক সমস্যাৰে ভাৰাক্ৰান্ত হ’ব, সংসাৰৰ চাকনৈয়াত দিশহাৰা হ’ব, ধৰ্ম-সংকটে বাট আগুচিব, আশাহত হ’ব তেতিয়াই আপোনালোকে উলিয়াই ল’ব মহাভাৰত – সকলো কথাৰ উত্তৰ পাই যাব।
ওঁমঃ শান্তি!
← ভূত (যুগল গগৈ)
সাধুকথাৰ গছপুলি (গাৰ্গী দাস) →
You May Also Like
‎অলিম্পিকত ৰজনী কোৱাইদেউ(- মনজিৎ)
August 14, 2012 0
এটি অনুভৱ
October 17, 2011 0
পুনৰাম্ভ ( ড০মনোজকুমাৰডেকা )
November 16, 2015 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label