text
stringlengths
0
188k
'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প
250
1 like. Post not marked as liked1
শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৭
কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল
280
Post not marked as liked
শূন্যতাৰ সিপাৰে তথাগত খণ্ড -২৬
অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '<eot>বিশ্বকৰ্মা (সংস্কৃত: विश्वकर्मान्, Viśvakarmān; অৰ্থাৎ "সকলোৰে সৃষ্টিকৰ্তা") স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে।[2] তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়।[3][4][5] তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপে অভিহিত কৰা হয়। বিশ্বকৰ্মা বৈদিক দেৱতা, ঋগবেদৰ ১০ম মণ্ডলৰ ৮১ আৰু ৮২ সূক্তদ্বয়ত বিশ্বকৰ্মাৰ উল্লেখ আছে। [6] ঋগবেদ অনুসৰি তেওঁ সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। তেওঁৰ চকু, মুখমণ্ডল, বাহু আৰু পদ সকলো দিশতে পৰিব্যাপ্ত। তেওঁ বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্মা আৰু বিধাতা নামেৰে জনাজাত। তেওঁ ধাতা, বিশ্বদ্ৰষ্টা আৰু প্ৰজাপতি। দেৱগুৰু বৃহস্পতিৰ ভগিনী যোগসিদ্ধা তেওঁৰ মাতৃ আৰু অষ্টম বসু প্ৰভাষ তেওঁৰ পিতৃ। [7]
বিশ্বকৰ্মা
স্থাপত্যবিদ্যা আৰু শিল্পৰ দেৱতা
বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন[1]
সম্পৰ্ক
দেৱতা
নিবাস
বিশ্বকৰ্মা লোক
মন্ত্ৰ
ঔঁ বিশ্বকৰ্মায়ে নমঃ
অস্ত্ৰ
তুলাচনী, হাতুৰী আৰু অন্যান্য শিল্পৰ সঁজুলি
সঙ্গী
গায়ত্ৰী
সন্তান
মনু, মায়া, টুষ্টা, বিশ্বজনা, শিল্পী, সৰন্যু আৰু তেওঁৰ ছাঁ ছায়া
আসন/বাহন
ৰাজহাঁহ বা হাতী
হিমাচল প্ৰদেশৰ মণ্ডিৰ বিশ্বকৰ্মা মন্দিৰত বিশ্বকৰ্মাৰ বিগ্ৰহ
বিশ্বকৰ্মা লংকা নগৰীৰ নিৰ্মাতা। তেওঁ বিশ্বভুৱন নিৰ্মাণ কৰিছে। বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুৱেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি আদি তেওঁ নিৰ্মাণ কৰিছিল। শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিল। তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদ তেওঁ নিৰ্মাণ কৰিছে বুলি প্ৰবাদ আছে।
বিশ্বকৰ্মাৰ ভাস্কৰ্য
বিশ্বকৰ্মা পূজাসম্পাদনা কৰক
বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।[8][9] এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।
তথ্য উৎসসম্পাদনা কৰক
↑ চট্টোপাধ্যায়, কুন্তক. "বাংলায় ঢুকেই ভোলবদল বিশ্বকৰ্মাৰ" (en ভাষাত). anandabazar.com. https://www.anandabazar.com/calcutta/bengal-celebrates-vishwakarma-puja-in-different-style-1.675950.
↑ (en ভাষাত) Vishvakarman – Oxford Reference. http://www.oxfordreference.com/view/10.1093/oi/authority.20110803120038316.
↑ Melton, J. Gordon (2011) (en ভাষাত). Religious Celebrations: L-Z. ABC-CLIO. ISBN 9781598842050. https://books.google.co.in/books?id=KDU30Ae4S4cC&pg=PA908&redir_esc=y#v=onepage&q&f=false.
↑ "Rig Veda: Rig-Veda, Book 10: HYMN LXXXI. Visvakarman.". www.sacred-texts.com. http://www.sacred-texts.com/hin/rigveda/rv10081.htm.
↑ "Rig Veda: Rig-Veda, Book 10: HYMN LXXXII. Visvakarman.". www.sacred-texts.com. http://www.sacred-texts.com/hin/rigveda/rv10082.htm.
↑ দেৱদদেৱীৰ পৰিচয় আৰু বাহন ৰহস্য, শ্ৰীশিৱ শংকৰ চক্ৰৱৰ্তী
↑ পৌৰাণিক অভিধান, সুধীৰচন্দ্ৰ সৰকাৰ
↑ "विश्वकर्मा पूजा: जानें महत्व और जन्म की कहानी". Aajtak. 17 September 2017. https://aajtak.intoday.in/story/dharma-vishwakarma-pooja-time-and-date-significance-birth-story-tdha-1-951545.html। আহৰণ কৰা হৈছে: 22 July 2019.
↑ "All About Lord Vishwakarma and Vishwakarma Puja". Hind Utsav. https://www.hindutsav.com/vishwakarma-puja/। আহৰণ কৰা হৈছে: 22 July 2019.<eot>কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত আজি নৈত গা ধুবলৈ গৈ তিনি গৰাকীকৈ ছাত্ৰীৰ সলিল সমাধি ঘটে। নিহত ছাত্ৰী কেইগৰাকীক প্ৰীতি কলিতা, মৌচুমী কলিতা আৰু ৰিংকি কলিতা বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে ছয়গাঁৱৰ কুকুৰমাৰাৰ মাজেৰে বৈ যোৱা কলহী নৈত আজি দিনৰ ভাগত গা ধুবলৈ গৈ উক্ত ছাত্ৰী কেইগৰাকী নিখুজ হৈ পৰিছিল। স্থানীয় ৰাইজে সন্ধানহীন ছাত্ৰী কেইগৰাকীক বিচাৰি বহু সময় ধৰি অভিযান চলায়।
পিছত ঘটনাৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত নদীৰ পৰা ছাত্ৰী কেইগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।
নৈত গা ধুবলৈ গৈ তিনি গৰাকীকৈ ছাত্ৰীৰ সলিল সমাধি ঘটা উক্ত ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
Recent News
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰাৰ পাছতে স্মৃতি তৰ্পন কৰা হয় ।
এই কাৰ্যসূচীৰ পাছতে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।
উপাচাৰ্যই ফ্লেগ অফ কৰি মুকলি কৰা শোভাযাত্ৰাটোত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী , সাংস্কৃতিক কাৰ্যক্ৰম , দেশপ্ৰেমমূলক তথা কৃষিভিত্তিক বিভিন্ন দৃশ্যপট উপস্থাপন কৰা হয় ।
এই শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা গৱেষকে অংশগ্ৰহণ কৰে । শোভাযাত্ৰাটোৱে বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ চৌহদ পৰিভ্ৰমণ কৰে ।
বিয়লি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ মুল কাৰ্যসূচী প্ৰতিষ্ঠা দিৱস বক্তৃতা অনুষ্ঠিত হয় ।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান ( কৃষি শিক্ষা) ড° আৰ চি আগৰৱালাই পৰিৱৰ্তিত পৰিস্থিতিত কৃষি শিক্ষাৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায় ।
সন্ধিয়া বিশ্ববিদ্যালয়ৰ মূল ভৱনসমূহ আলোকিত কৰি তোলাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সমাপ্ত হব।
Recent News
দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ’ল নতুন নেতা?
Gujarat Elections 2022 Voting: এটা যৌথ পৰিয়ালত একেলগে বাস কৰে ৮১ জন লোক; ঐক্যবদ্ধভাৱে ভোট দিব নিৰ্বাচনত
সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু
মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>কংগ্ৰেছৰ বাবে দুখজনক খৱৰ। লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ মঙলবাৰে পৰীক্ষা কৰাৰ সময়ত ধৰা পৰা বিসংগতিৰ বাবে স্থগিত ৰখা হয়। নিৰ্বাচনী বিষয়াই গ্ৰহণযোগ্য নথিৰ বিসংগতিৰ বাবে তেওঁৰ মনোনয়ন পত্ৰ বুধবাৰৰ সন্ধিয়া ৫ বজালৈ স্থগিত কৰি ৰাখে।
আনহাতে, বৰগোঁহাইক বুধবাৰে ৫ বজাৰ ভিতৰত গ্ৰহণযোগ্য নথি দাখিল কৰিবলৈ কোৱা হৈছে। ইয়াৰ পাছতহে তেওঁৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ’ব নে বাতিল কৰা হ’ব সেই বিষয়ে জনোৱা হ’ব বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে।
ইপিনে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ স্থগিত ৰখা বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰাই দেশৰ গণতান্ত্ৰিক সংস্থাসমূহক নিয়ন্ত্ৰণ কৰা বুলি বিজেপিক সমালোচনা কৰে।
উল্লেখযোগ্য যে তেজপুৰত বহুজন মুক্তি পাৰ্টি আৰু অল ইণ্ডিয়া হিন্দুস্তান কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীৰ মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়াই বাতিল কৰিছে।
লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ বাতিল হ’লে দলটোৰ বাবে ই এক মোক্ষম আঘাত হ’ব। আনহাতে, সেয়ে হ’লে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ বাবে বিজয়ৰ দুৱাৰ উন্মুক্ত হৈ পৰিব।
Recent News
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অসম আন্দোলনৰ সময়ত তেতিয়াৰ মুখ্য মন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহই এটা প্ৰশ্ন তুলিছিল৷ ৰাজহুৱাভাৱে সুধিছিল: ‘বিদেশী কোন?’ প্ৰশ্নটোৱে জনসাধাৰণক আচৰিত কৰি তুলিছিল৷ স্বাধীনতাৰ পিছৰে পৰা বিদেশীৰ সোঁত বৈ আছিল৷ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এই কথা জানিছিল৷ তথাপিও প্ৰশ্নটো তুলিছিল৷ এটা প্ৰশ্নৰ জৰিয়তে সকলোৱে জানিছিল যে মুখ্য মন্ত্ৰীগৰাকী খিলঞ্জীয়াৰ পক্ষত নাছিল৷
প্ৰয়াত সিংহৰ পিছত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই অসমত ৩০ লাখ বিদেশী আছে বুলি কৈছিল৷ লগে লগে অবৈধ প্ৰব্ৰজনৰ পক্ষত থকা ৰাজনৈতিক ল’বীটোৱে প্ৰয়াত শইকীয়াক অপসৰণৰ ভাবুকি দিলে৷ মুখ্য মন্ত্ৰীয়েও ক্ষমতা হেৰুওৱাৰ ভয়ত দিন-ৰাতিৰ ভিতৰতে ক’লে যে ‘অসমত এজনো বিদশী নাই!' আকৌ এষাৰ বাক্যতে ওলাই পৰিছিল যে প্ৰয়াত শইকীয়াও অসমৰ খিলঞ্জীয়াৰ পক্ষত নাছিল৷
অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত শ্ৰীপ্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্য মন্ত্ৰী হ’ল৷ শ্ৰীমহন্তই অসম চুক্তিৰ পিনে পিঠি দিবলৈ আৰম্ভ কৰিলে৷ আইএমডিটি প্ৰত্যাহাৰ কৰিব লাগে বুলি দাবী নুতুলিলে৷ সীমান্ত সুৰক্ষিত কৰিবলৈ হেঁচা প্ৰয়োগ নকৰিলে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰ প্ৰস্তুত কৰিবলৈ কোনো চিন্তা-চৰ্চাই নকৰিলে৷ চুক্তি অনুসৰি বাংলাদেশীক চিনাক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কোনো ধৰণৰ হেঁচাই প্ৰয়োগ নকৰিলে৷ চুক্তি অনুসৰিয়েই পাব লগা সাংবিধানিক ৰক্ষাকৱচ ধোঁৱা চাঙতে থাকিল৷ আনকি চুক্তি ৰূপায়ণৰ বিভাগটো নামতহে থাকিল৷ শ্ৰীমহন্তও অসমৰ খিলঞ্জীয়াৰ পক্ষত থিয় দিব নোৱাৰিলে৷
শ্ৰীমহন্তৰ পিছত প্ৰয়াত তৰুণ গগৈ অসমৰ মুখ্য মন্ত্ৰী হ’ল। কথাবোৰ একেই থাকিল৷ অসম চুক্তিখন ওলমি থাকিল৷ চুক্তি ৰূপায়াণৰ বিভাগটো ফুলদানি হৈ থাকিল৷ প্ৰয়াত গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নতুনকৈ প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সন্মত কৰালে৷ ই নিশ্চয় আশাজনক পদক্ষেপ আছিল৷ কিন্তু ১৫ বছৰ মুখ্য মন্ত্ৰী হিচাবে থাকিও কামত আগবাঢ়িব নোৱাৰিলে৷ বাকীবোৰ কথা একেই থাকিল৷ প্ৰয়াত গগৈৰ কাৰ্য্যকালতো অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কোনো ব্যৱস্থা লোৱা নহ’ল৷
প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহাৰ-ভৈয়াম, ব্ৰহ্মপুত্ৰ-বৰাকৰ সমন্বয়ৰ কথা কৈয়ে কটালে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণত সোণোৱালে বাৰেপ্ৰতি প্ৰশাসনীয় বাধাৰ সৃষ্টি কৰিলে৷ আনকি উচ্চতম ন্যায়ালয়েও শ্ৰীসোণোৱালক সমালোচনা কৰিবলৈ বাধ্য হৈছিল৷ এখন সম্পূৰ্ণ, শুদ্ধ আৰু নিগাজী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত নিশ্চিতভাৱে সুৰক্ষিত কৰিলেহেঁতেন৷ শ্ৰীসোণোৱালৰ ছুটী বুদ্ধিৰ বাবে এনে সুদুৰপ্ৰসাৰী নথি এখন খিলঞ্জীয়া মানুহৰ হাতত তুলি দিব নোৱাৰিলে৷
বৰ্তমানৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নামতো বিশেষ সফলতাৰ কোনো তালিকা নাই৷ দায়িত্ব লোৱাৰে পৰা এখন সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ ন্যায়িক আৰু প্ৰশাসনিক ব্যৱস্থা নল’লে৷ ‘প্ৰত্যাখ্যান জাননী’বোৰ দিবলৈ মন নেমেলিলে৷ আনকি সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিবেদনখনো দিল্লীলৈ পঠিয়াবলৈ আজিলৈ সাহস কৰা নাই৷ শ্ৰীসোণোৱাল আৰু ড॰ শৰ্মাৰ মাজত দৃষ্টিভঙ্গীৰ বিশেষ পাৰ্থক্য নাই৷ দুয়োজনে নাগপুৰ আৰু দিল্লীৰ শ্ৰুতলিপিত চলিছিল আৰু চলে৷ ড॰ শৰ্মাও আজিলৈকে অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত থকাৰ কোনো চিনমোকাম দেখুৱাব পৰা নাই৷
শেষত এটা কথাই মনলৈ আহে৷
অসমক প্ৰকৃততে ভালপোৱা, অসমৰ স্বাৰ্থৰ বাবে নিজৰ স্বাৰ্থকো জলাঞ্জলি দিব পৰা, খিলঞ্জীয়াৰ পৰিচয় সদায় উৰ্ধত ৰাখিবলৈ সাহস থকা অসমপ্ৰেমী নেতৃত্বৰ সন্ধানত অসম ৰৈ থাকিব লগা হৈছে৷৷<eot>বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগ সন্দৰ্ভত তদন্ত বিচাৰিছে স্বয়ং উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই। বুধবাৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰি বিশ্ববিদ্যালয়খনত সংঘটিত দূৰ্নীতি আৰু অনিয়মৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰাৰ অনুৰোধ জনায় উপাচাৰ্য ড০ বৰুৱাই।
উল্লেখ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাৰ বিৰুদ্ধে দূৰ্নীতি আৰু অনিয়মৰ বিভিন্ন অভিযোগ উত্থাপন কৰি এখন অসমীয়া বাতৰি কাকতে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰি আছে। ইয়াৰ পাছতেই বৰুৱাই ৰাজ্যপাললৈ সমগ্ৰ বিষয়টোৰ তদন্ত কৰবলৈ ‘ভিজিলেন্স কমিতি’ প্ৰেৰণ কৰাৰ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা কাৰ্যই নিশ্চিতভাৱে তাৎপৰ্য বহন কৰিছে।
এই সন্দৰ্ভত উপাচাৰ্য ড০ বৰুৱাৰ সৈতে নৰ্থ-ইষ্ট নাওৰ এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, ‘বাতৰি কাকতখনে কোনো ভিত্তি নথকাকৈ মোৰ বিৰুদ্ধে যিবিলাক অভিযোগ আনিছে তাত মই অত্যন্ত দুখ পাইছো। মোৰ ‘কেৰিয়াৰ’ত দাগ লগাবলৈ তেওঁলোকে এনেদৰে ধাৰাবাহিকভাৱে লিখি আছে। অৱশেষত মই মানসিক অশান্তিত ভুগি থকা হেতুকেই এই পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।’
তেওঁ লগতে কয় যে এই অভিযোগ সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা প্ৰতিবেদন বিচাৰিলে প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁ সাজু আছে। কিন্তু চৰকাৰে প্ৰতিবেদন বিচৰাৰ আগতেই তেওঁ নিজেই সমগ্ৰ অভিযোগৰ তদন্ত কৰাৰ বাবে অনুৰোধ জনোৱাটো বিবেচনা কৰিলে।
উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাৰ ফাইল ফটো
‘চৰকাৰে তদন্তৰ বাবে ‘ভিজিলেন্স কমিতি’ প্ৰেৰণ কৰক। ভিজিলেন্স কমিতিয়ে বাতৰি কাকতত এতিয়া ওলোৱা কথাৰেই নহয় বৰং আৰম্ভণীৰ পৰাই সকলো কথাৰ তদন্ত কৰক। তেতিয়াহে কথাবিলাক স্পষ্টভাৱে ওলাই পৰিব। যদি তদন্তত মোৰ কিবা দূৰ্নীতি ওলায় তেতিয়াহ’লে ওলাওক’, উপাচাৰ্য ড০ বৰুৱাই কয়।
তেওঁৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ বিভিন্ন নিৰ্মাণ কাৰ্যৰ নামত ধনৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি কাকতখনে বাতৰি প্ৰকাশ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ বিত্তীয় দিশটো চোৱাচিতাৰ বাবে এখন ‘টেণ্ডাৰ কমিতি’ আছে, কিন্তু তেওঁ সেই ‘টেণ্ডাৰ কমিতি’ৰ সদস্যই নহয়। গতিকে তেওঁ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ কোনো কথাই আহি নপৰে বুলি মন্তব্য কৰে।
আনহাতে সহযোগী অধ্যাপকৰ পদ অৱনমিতকৰণ সম্পৰ্কত প্ৰকাশিত বাতৰিৰ প্ৰসংগ উত্থাপন কৰি বৰুৱাই কয় যে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ পূৰ্বৰ নীতি অনুসৰিয়েই সহযোগী অধ্যাপকৰ পৰা সহকাৰী অধ্যাপকৰ পদলৈ অৱনমিত কৰা হৈছে। অতিথি অধ্যাপকৰ চাকৰি নিয়মীয়াকৰণো কাৰ্যবাহী পৰিষদৰ বিবেচনা অনুসৰিয়ে নিয়মীয়াকৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত তেওঁ নতুনকৈ একো পৰিৱৰ্তন কৰা নাই।
ড০ বৰুৱাই আক্ষেপেৰে কয়, ‘কাকতখনত যিবোৰ লিখি আছে তাৰ কোনো আগো নাই গুৰিও নাই। তেনেকৈ কিছুমান অভিযোগ আনিব নালাগে। বিশ্ববিদ্যালয়খনৰ বাবে মই যিখিনি কৰিছো মই তাৰ কৃতিত্ব বিচৰা নাই’।
তেওঁ উপাচাৰ্য হিচাপে যোগদান কৰাৰ পাছৰে পৰা যিবিলাক কাম হৈছে তাৰ শলাগ লওঁতা কোনো নাই বুলি নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।
‘আঠটা কৈ বিভাগ খুলিলো, এম ফিল আৰম্ভ কৰিলো, পি এইচ ডিৰ পঞ্জীয়ণ কৰালো, বি এড, এম এড খুলিলো, মই ২০১৩ চনত যোগদান কৰাৰ আগতেই নামভৰ্তী হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ণ কৰালো, অসমৰ কোনো ৰাজ্যিক বিশ্ববিদ্যালয়তে এতিয়ালৈ স্নাতকোত্তৰৰ ফলাফল ঘোষনা হোৱা নাই, কিন্তু আমাৰ বিশ্ববিদ্যালয়ত ইতিমধ্যে পাঁচটা বিভাগৰ ফলাফল ঘোষণা হৈ গ’ল। এই বিলাক কথাৰটো কোনেও শলাগ লোৱা নাই’, ড০ বৰুৱাই কয়।
তেওঁ বিশ্ববিদ্যায়ৰ কামত ভ্ৰমন কৰিলেও তাৰ বাবত কোনো ভাট্টা নোলোৱা বুলিও প্ৰকাশ কৰি এই অভিযোগ সমুহে যথেষ্ট দুখ দিয়া বুলি মন্তব্য কৰে।
Recent News
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Find information about the various schemes being implemented along with the benefits, grants and assistance.
নথি-পত্ৰসমূহ
আঁচনিসমূহৰ বাবে নিৰ্দেশা‌ৱলী
নীতি-নিয়মসমূহ
A document repository where all types of the documents of the organization can be searched and located in the shortest possible time.