text
stringlengths
0
188k
ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়! ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ... by Manjori Borkotoky
এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে? কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ... by Manjori Borkotoky
FACT CHECK: কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়! শেহতীয়াকৈ বগা ৰঙৰ হৰিণৰ দুখন ফটো এই দাবীৰে অসমত ছ'চিয়... by Manjori Borkotoky
জলমগ্ন পথত আৰক্ষী সহ এখন ই-ৰিক্সা বাগৰি পৰা এই ভিডিঅ’টো গুৱাহাটীৰ নহয়! গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যোৱা কেইদিনমানৰ প... by Manjori Borkotoky
Home
Archives
Submit For Fact-Check
Our Policies
Privacy Policy
Terms of Use
Code Of Principles
Correction & Submission Policy
Our Methodology
Disclaimer
About Us
Contact Us
Coronavirus
Categories
Categories Select Category Altered (16) Business (1) Communal (5) Coronavirus (72) Covid-19 (6) Disaster (1) Economy (11) Environment (1) Explainer (4) False (349) False Headline (5) Health (1) International (72) Medical (44) Misleading (16) Missing Context (14) National (5) Partly-False (20) Political (73) Politics (5...
নতুন কৈ আৱিষ্কাৰ কৰা পুঠী মাছৰ ৰং কিছু ৰঙছোৱা আৰু ফিছাৰ ফালে এটা ক'লা তিল আছে । ২০২০ চনৰ পৰা মাছৰ প্ৰজাতিৰ ওপৰত গৱেষণা কৰি থকা মোককচাঙৰ ফজল আলী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক লিমাকুমে তেওঁৰ সহযোগী বিজ্ঞানী জে প্ৰবীনৰাজৰ সৈতে আইচিএআৰ- চেন্ট্ৰেল আইলেণ্ড এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট, প’ৰ্ট ব্লেয়াৰৰ মীন বি...
এনে পৰিস্থিতিৰ মাজতে শনিবাৰে অসমৰ এজন যুৱকক হানি খুচি হত্যা কৰা হয় ৷
শনিবাৰে শ্বিলঙৰ বৰবজাৰত পুৱা প্ৰায় ১০ বজাত স্থানীয় লোকে হানি খুচি হত্যা কৰে বৰপেটাৰ মুচলিমপাৰাৰ যুৱক ৰূপচান দেৱান (২৮)ক ৷
বৰবিলাৰ মুছলিমপাৰাৰ ইব্ৰাহীম দেৱানৰ পুত্ৰ ৰূপচান দেৱানে শ্বিলঙত ফলমূল বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল ৷
শনিবাৰে পুৱা প্ৰায় ১০ বজাত স্থানীয় একাংশ লোকে কেইবাগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷
এই আক্ৰমণত বৰপেটাৰ ৰূপচান দেৱান গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ শ্বিলঙ চিভিল হাস্পতালত নিয়াৰ পথত ৰূপচান দেৱানৰ মৃত্যু হয় ৷
মেঘালয় চৰকাৰে শুকুৰবাৰে ৰাজ্যখনৰ ছয়খন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে।
ৰাজ্যখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই যাতে এছ এম এছ, হোৱাটছএপ আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ যোগেৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাত অৰিহণা যোগাব নোৱাৰে তাৰ বাবেই মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধন)আইন আৰু আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগত শুকুৰবাৰে মেঘালয়ত খাচি ছাত্ৰ সন্থা আৰু অজনজাতীয় লোকৰ মাজত সংঘাত হৈছিল আৰু এই সংঘাতত গুৰুতৰভাৱে আহত এগৰাকী খাচি ছাত্ৰ সন্থাৰ সদস্যই প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।
Recent News
কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
হৃদয়ৰ গভীৰ উপলব্ধিৰ পৰা নিগৰা অনুভৱৰ প্ৰকাশভংগী ৰূপে কাব্য চৰ্চাক “অনুভূতিৰ কলা” বুলি অভিহীত কৰা হৈ আহিছে৷ হৃদয়ৰ গভীৰ উপলব্ধিৰে কবি এগৰাকীয়ে কেইটামান মাথোঁঁ শব্দ, বাক্যৰে যিকোনো কাহিনী, ঘটনাক এক নিটোল ৰূপত প্ৰকাশ কৰিব পাৰে৷ সেয়েহে কবিৰ কলমত কোনো নিষ্ঠুৰ বাস্তৱৰ নিৰ্মম সত্য প্ৰকাশিত হৈ পৰে৷ হৃদয়ৰ গভীৰতাক উপলব্ধি কৰিব পা...
কাব্য চৰ্চাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ এই অনুভূতিৰ কলাৰে বিভিন্ন প্ৰকাশ দেখিবলৈ পোৱা গ’ল নৱতম কবি মনমী ভট্টাচাৰ্যৰ প্ৰথমখন কাব্য সংকলন “অহল্যা, দ্ৰৌপদী ইত্যাদিত৷ “
অলপতে গুৱাহাটীৰ প্ৰেছ ক্লাৱত মনমী ভট্টাচাৰ্যৰ প্ৰথমখন কাব্য সংকলন “অহল্যা, দ্ৰৌপদী ইত্যাদি”ৰ উন্মোচন হয়৷ বিশিষ্ট কবি সমীৰ তাঁতীয়ে উন্মোচন কৰা এই কবিতা পুথিখন প্ৰকাশ কৰিছে সঞ্জীৱন প্ৰকাশনে৷
মনৰ ভিতৰত হয়তো গুমগুমাই থাকে কথাবোৰে! কিয় হয় এনেকুৱা? কিয় কোৱা হয় নাৰী তুমি দুৰ্বল? এই দুৰ্বল মনোভাৱে কেনেকৈ নাৰীৰ মন-মগজু পিষ্ট কৰি পেলালে? কথাবোৰ কবি মনমীয়ে হয়তো তেনেকৈয়ে ভাৱে৷ সেয়েহে মনমীৰ কবিতাত বিৱৰ্তনৰ নাৰী চৰিত্ৰবোৰে প্ৰাণ পাই উঠা দেখিবলৈ পোৱা যায়৷ সেইয়া মহাভাৰতৰ শক্তিশালী চৰিত্ৰ বুলি সততে দেখুৱাবলৈ, বুজাবলৈ প্ৰ...
“অহল্যা, দ্ৰৌপদী ইত্যাদি”ত পৌৰাণিক কাহিনীত বৰ্ণিত নাৰী চৰিত্ৰসমূহৰ হ’ব পৰা মানসিক স্থিতিক লৈ কবি মনমীয়ে কৰা বিশ্লেষণ আমি সাধাৰণতে পঢ়িবলৈ পোৱা তথাকথিত পৌৰাণিক কাহিনীৰ নাৰী চৰিত্ৰসমূহৰ বিশ্লেষণবোৰতকৈ কিছু পৃথক, কিছু ভিন্ন যেন অনুভৱ হ’ল৷ ক’বলৈ গ’লে এক সু্স্থ, তথা গভীৰ অধ্যয়নৰ ফচল মনমী ভট্টাচাৰ্যৰ কাব্য গ্ৰন্থ “অহল্যা, দ্ৰ...
সেই হাজাৰ শতিকাজোৰা ধ্যান-ধাৰণাৰ কাহিনীবোৰৰ নায়িকাসকলৰ লগত ঘটা ঘটনাবোৰ পঢ়িলে মনতে এবাৰৰ বাবেও প্ৰশ্ন নিশ্চয় উঠে যে তেওঁলোকৰ লগত যিবোৰ ঘটনা হৈছিল সেইবোৰ শুদ্ধ আছিল জানো! অথবা যদি শুদ্ধ নাছিল তেন্তে তেওঁলোকে তাৰ বিৰুদ্ধে প্ৰতিবাদ কিয় কৰা নাছিল? কিয় বৈধ-অবৈধৰ প্ৰশ্ন কৰা নাছিল তেওঁলোকে অথবা সমাজ ব্যৱস্থাই কিয় এবাৰো অনুভৱ, ...
সেয়েহে মনমীৰ অংকিত দ্ৰৌপদীয়ে সমাজলৈ প্ৰশ্ন কৰিব পাৰে যে অৰ্জুনে নিজৰ শক্তি তথা দ্ৰৌপদীৰ প্ৰেমক স্বীকৃতি দি সমাজৰ আগত পাণি-গ্ৰহণ কৰিও কেৱল মাতৃভক্তিৰ বাবেই বৈধ-অবৈধৰ প্ৰশ্নক নিঃশ্চিহ্ন কৰি প্ৰেয়সী-পত্নীক নিজৰ ককাই-ভাইৰ মাজত ভগাই লোৱাৰ নিজাববীয়াকৈ সিদ্ধান্ত কিয় ল’লে বুলি! তাত দ্ৰৌপদীৰ কি পক্ষ থাকিব পাৰে সেইয়া জনাৰ চেষ্টা...
হয়, কথাবোৰ চিন্তা কৰিবলগীয়া৷ সেয়ে দ্ৰৌপদীৰ হৃদয়ত হ’ব পৰা দুখৰ বোজাৰ অনুভৱ কৰিবলৈয়ে মনমীয়ে কৈছে, –
“অৰ্জুন, মই তোমাৰ প্ৰেমিকা৷
অথচ তোমাৰ সন্মতিত খৰ্ব মোৰ প্ৰেম,
চূৰ্ণ প্ৰেমৰ একান্ত স্বাৰ্থপৰতা৷
মোক মৰম দিয়াজনক তোমাৰ হিংসা নালাগে..
মই সুখ দিয়াজনক তোমাৰ ঘিণ নালাগে
তুমি দূৰত্বক ভয় নকৰা
মোক হেৰুৱাৰ শংকাত!
তুমি বৈধতাৰো খেয়াল নকৰা
মোৰ আঁচোৰখোৱা আত্মসন্মানৰ তাড়নাত! ”
প্ৰকৃতাৰ্থত কবিয়ে দ্ৰৌপদীৰ মানসিক স্তৰত আলোকপাত কৰি সেই পৌৰাণিক যুগৰ বুলিয়েই নহয় সমগ্ৰ নাৰীৰে অন্তৰ্নিহিত দ্বন্দৰ বিষয়ে পৰ্যালোচনা কৰিছে৷ ঠিক সেইদৰে “ৰামায়ণ”ৰ এটি সম্পূৰ্ণৰূপে উপেক্ষিত চৰিত্ৰ আছিল উৰ্মিলা৷ ভাতৃ প্ৰেমত অন্ধ তথা সেই প্ৰেমৰ নামত নিজকে উছৰ্গা কৰি লক্ষ্মণে চৈধ্য বছৰৰ বাবে এৰি গুচি যোৱা উৰ্মিলাৰ মনৰ দ্বন্দক ...
কবি মনমীয়ে কেৱল ইতিহালৰ নাৰী চৰিত্ৰৰ অৱলোকন কৰিয়েই ক্ষান্ত হোৱা নাই৷ সামগ্ৰিকভাৱে নাৰীসকলৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ দিশতো বিশেষভাৱে আলোকপাত কৰিছে৷ বিবাহ যিদৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়, সেইদৰে পতি-পত্নী কোনোবা এজনৰ অকাল মৃত্যুৰ ফলত পাৰ্থক্যৰ প্ৰাচীৰখন নাৰী-পুৰুষ ভেদে পৃথক পৃথক হোৱাৰ ফলত নাৰীয়ে কিদৰে ক্লেদাক্তপূৰ্ণ...
স্বামীৰ মৃত্যুৰ লগে লগে অকাল বৈধ্যৰ সংজ্ঞাৰে নাৰীগৰাকীক সংপৃক্ত কৰি দিয়া হয়৷ নিয়ম-কানুনৰ এক বিশাল আবুৰতাৰে ঢাকি পেলোৱা হয় নাৰীগৰাকীৰ জীৱন৷ জীয়াই থাকিও মৃত্যুসম শীতলতাৰে জীৱনক জীয়াবলৈ বাধ্য হৈ পৰে বিধৱা নাৰী৷ সেই বিধৱা নাৰীৰ থাকিব নোৱাৰিব কোনো হেঁপাহ, কোনো মায়া৷ হেঁপাহ মানে ৰঙাকৈ লোৱা ফুটটো, ৰঙা বুটা বঁছা গুণা দিয়া সাজয...
“আমিষ যে তোৰ প্ৰিয় ব্যঞ্জন,
ৰঙা তোৰ সবাতোকৈ প্ৰিয় ৰং,
ৰূপচৰ্চা তোৰ প্ৰিয় অৱসৰ,
আয়তী হৈ উৰুলি দিয়া তোৰ প্ৰিয় বিনোদন৷
সবাৰে এক অঘোষিত মৃত্যুৰ প্ৰাৰম্ভণ
সমস্ত আড়ম্বৰৰ ছন্দ পতন৷ “
অৰ্থাত, স্বামীৰ মৃত্যুৰ লগে লগে সমাজৰ নিয়মৰ প্ৰাচীৰখনে জীয়াই থকালৈকে পত্নীৰো মৃত্যুৰ শুভযাত্ৰাৰ আয়োজন কৰা আৰম্ভ কৰি দিয়ে৷
সেইদৰে “অহল্যা” কবিতাটোতো কবিয়ে দেৱৰাজ ইন্দ্ৰৰ নাৰীলোভী মানসিকতা আৰু ঋষি গৌতমৰ আত্মমৰ্যাদাৰ অহমিকাবোধৰ ফলত পত্নী অহল্যা কেনেদৰে অভিশপ্তা হৈ পৰিছিল তাক খুব কাতৰভাৱে দেখুৱাবলৈ চেষ্টা কৰিছে৷ সেই সমগ্ৰ ঘটনাটোত দেৱী অহল্যাৰ কিবা যদি ভূমিকা আছিল সেয়া হ’ল কেৱল নাৰী হোৱাৰ ভূমিকা৷ স্ব-ইচ্ছাই স্বামীৰ সেৱাতে জীৱন নিওৱা অহল্যাক দে...
“দেৱৰাজৰ কামনা পিপাসু চিত,
ঋষি গৌতমৰ আহত আত্মমৰ্যাদা,
আস! কি সকৰুণ পৰিহাস
ছলনাময়ী বুলি বিভূষিতা
অভিশপ্তা অহল্যা৷
অৱতাৰী পুৰুষ স্পৰ্শত
পুনৰ্জীৱিত প্ৰস্তৰ অহল্যা৷ “
মনমীৰ কবিতাৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল আমি সততে আলোচনা কৰা বিষয়বস্তুবোৰৰ ওপৰত তেওঁ এক নিৰ্লোভ দৃষ্টিভংগী দিবলৈ সক্ষম হৈছে৷ বৰ্তমান এনেধৰণৰ কথাবোৰ হয়তো বহুতেই ভাৱে অথবা আলোচনা কৰে৷ কিন্তু সেইবোৰকে সজাই-পৰাই নিটোল ৰূপত তুলি ধৰিবলৈ প্ৰয়াস কৰা কবি, সাহিত্যিকৰ সংখ্যা যথেষ্ট তাকৰ বুলি অনুভৱ হয়৷ সেয়ে মনমীয়ে অভিসাৰিকা নাৰীৰ ওপৰ...
“আজি মই মাগিছোঁ বিদায়৷
দায়িত্ব শিৰত পিন্ধিলোঁ
হেৰুৱাই পূৰ্বৰ সকলো অধিকাৰ,
এয়াই বেদৰ বাণীত
নাৰীৰ জন্মস্বত্ব৷
পৰাধীনতাৰ সাজযোৰ পিন্ধি ল’লোঁ,
পিন্ধিলোঁ ত্যাগৰ অলংকাৰ,
প্ৰলেপ সানি লৈ বিচ্ছেদৰ ৰঙত,
আজি মই মাগিলোঁ বিদায়৷ “
এনেকুৱা নহয় যে কবিয়ে কেৱল নাৰীৰ দুৰ্দশাৰ গাঁথাই গাইছে৷ মনমীৰ কবিতাত গৰ্বিত জননীৰ অহংকাৰৰো নিৰ্মোহ আলোচনা দেখিবলৈ পোৱা গৈছে৷ সেয়েহে মহাভাৰতৰ আন এক গুৰুত্বপূৰ্ণ নাৰী চৰিত্ৰ কুন্তীৰ মানসিক স্থিতিৰ ওপৰতো অৱলোকন কৰিছে “কুন্তী” কবিতাটিত৷ আধুনিক দৃষ্টিভংগীত পৌৰাণিক বহু চৰিত্ৰৰে চাৰিত্ৰিক দিশৰ নিৰ্মোহ বিশ্লেষণযুক্ত গ্ৰন্থবোৰত ...
“মই নাৰী ধৰ্মৰ
ধ্বজা বহনকাৰী মহীয়সী৷
শৌৰ্যহীন পাণ্ডুৰ দুৰ্বলতা ঢাকি
মোৰ আঁচল দাগহীন৷
মই পাণ্ডু বংশৰ চন্দ্ৰমা
কুৰুক্ষেত্ৰৰ অন্যতমা নিয়তি৷
ধৰ্ম-অধৰ্মৰ পাশা খেলত
গৰ্বিতা জননী৷ “
সকলোৰে সজ্ঞানে কুন্তীয়ে সমাজ বৰ্হিভূতভাৱে সন্তান প্ৰাপ্তি কৰাটো কাৰোৰে দৃষ্টিতেই ভুল অথবা অক্ষমণীয় অপৰাধ নহ’ল৷ কাৰণ বংশৰক্ষাৰ গুৰুত্ব তাতকৈ অধিক আছিল৷ গতিকে কুন্তীক মহীয়সী নাৰীৰ গৰিমাৰে ঢাকি দিয়া হ’ল৷ শক্তিশালী, যোগ্য পুত্ৰৰ জননী হোৱাৰ গৰ্বেৰে কুন্তীয়ে সেয়েহে মাতৃপ্ৰেমৰ দোহাই দি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ প্ৰয়াসেই কৰি গ...
সেইদৰে “শকুন্তলা” কবিতাটোতো কবিৰ মনোভাৱ স্পষ্টকৈ বুজিব পাৰি৷ কবিৰ মতে ঋষিৰ অভিশাপত সকলো পাহৰি যোৱা কথাটো এটা অজুহাতহে মাথোঁঁ৷ দৰাচলতে বংশ ৰক্ষাৰ বাবে পুত্ৰ সন্তানৰ সম্ভাৱনা দেখিহে ৰজা দুষ্মন্তই শকুন্তলাক পত্নীৰূপে গ্ৰহণ কৰিছিল৷ সেয়েহে কবিয়ে কৈছে, –
“প্ৰতাৰিত যৌৱন তোৰ
আৱেগ উপেক্ষিতা
খৰ্বিত আত্মাভিমান
তই আত্মসন্মান বৰ্জিতা৷
বংশ ৰক্ষাৰ উন্মাদনাত উভতি আহিল স্বাৰ্থপৰ৷
সম্ভাষণ জনাই তই আজি হৰ্ষিত৷
নাৰীত্বৰ অপমানত
কিমান প্ৰগলভ মহাকবিৰ কণ্ঠ! ”
মহাকাব্যৰ নাৰীসকলৰ অন্যতম “ৰামায়ণ”ৰ “মন্দোদৰী” চৰিত্ৰৰ প্ৰতিও কবি আকৃষ্ট হৈ পৰিছে৷ স্বামী ৰাৱণে পৰস্ত্ৰী সীতাক হৰণ কৰি অনা কথাটোৱে মন্দোদৰীৰ মনত কিদৰে ৰেখাপাত কৰিব পাৰে সেইয়া যেন কবিয়ে বুজিবলৈ প্ৰয়াস কৰিছে৷ সেয়েহে মন্দোদৰীয়ে সন্মোখীন হ’ব পৰা মানসিক স্থিতিৰ পৰ্যালোচনা কবিয়ে এনেদৰে কৰিছে, –
“ইতিহাসে নোসোধে মোক প্ৰেমৰ সংজ্ঞা কি