text
stringlengths
0
188k
আলোচনাৰ সাৰাংশ[সম্পাদনা কৰক]
পোখালিক বাৰণ কৰা নহয়, কিন্তু সমৰ্থনো কৰা নহয়।
দুমাহতকৈ অধিক কাল এটা-বা দুটা শাৰীৰ প্ৰৱন্ধ একে অৱস্থাতে থাকিলে, প্ৰথম লেখকৰ পৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ব, যাতে তেখেতে তথ্য সন্নিবিষ্ট কৰি অন্ততঃ 'চুটি প্ৰৱন্ধ' এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। সকলো সময়তে অইন সকলো ব্যৱহাৰকাৰীয়ে পোখালি প্ৰবন্ধ বহলোৱাৰ দায়িত্ব লৈ থাকিব, কিন্তু সময়ৰ অভাৱৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে প্ৰথম...
একে কথা ইংৰাজীৰ পৰা কপী কৰা প্ৰবন্ধৰ অনুবাদৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব, অৰ্থাত্‍ প্ৰথম সম্পাদকজনেই প্ৰধানতঃ তাৰ দায়িত্ব ল'ব লাগিব।
কোনোবা ৱিকিপিডিয়ানে 'পোখালি আৰক্ষী'ৰ ভূমিকা পালন কৰিব লাগে।
দুমাহতকৈ অধিক সময় পোখালি অৱস্থাতে থাকিলে বা অনুবাদ নোহোৱাকৈ থাকিলে পৃষ্ঠাখন প্ৰথম সম্পাদকজনৰ 'সদস্য নামস্থান'লৈ স্থানান্তৰ কৰা হ'ব।
পোখালি বিস্তাৰ কৰা হ'লে সেইটোৰ গুণাগুণ সম্পৰ্কে আন এজন ৱিকিপিডিয়ানৰ মতামত লোৱাৰ পিছত ঠিকে থাকিলে মূল প্ৰবন্ধ নামস্থানলৈ আনিব পাৰি।
কাৰো আপত্তি নাথাকিলে এইখিনিক অসমীয়া ৱিকিপিডিয়াৰ পোখালি নীতিৰূপে গণ্য কৰা হওক আৰু নতুন সদস্যসকলক বুজাই দিয়া হওক। Gitartha.bordoloi 12:46, 8 ফেব্ৰুৱাৰী 2012 (UTC)
মোৰ আপত্তি নাই ।
Jyoti Prakash Nath 13:03, 8 ফেব্ৰুৱাৰী 2012 (UTC)
দুটামান শব্দ ইফাল-সিফাল কৰিব পাৰি নেকি? 'দায়িত্ব' শব্দটো, কাৰণ এইটো প্ৰৱন্ধৰ দায়িত্ব এইজনৰ ওচৰত আছে বুলি কোৱাটো ৱিকিপিডিয়াৰ নিয়মৰ ভিতৰত নপৰে, দ্বিতীয়তে, এইটো এখেতৰ হে দায়িত্ব বুলি বাকীসকলে এৰাই চলাৰ মানসিকতা আহিব পাৰে। দায়িত্ব আমাৰ সকলোৰে। সেয়ে, দ্বিতীয় নিয়মটো ইমান টান নকৰি, সহজকৈ এনেকৈ লিখিব পাৰি কিজানিঃ
দুমাহতকৈ অধিক কাল এটা-বা দুটা শাৰীৰ প্ৰৱন্ধ একে অৱস্থাতে থাকিলে, প্ৰথম লেখকৰ পৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ব, যাতে তেখেতে তথ্য সন্নিবিষ্ট কৰি অন্ততঃ 'চুটি প্ৰৱন্ধ' এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। সকলো সময়তে অইন সকলো ব্যৱহাৰকাৰীয়ে পোখালি প্ৰৱন্ধ বহলোৱাৰ দায়িত্ব লৈ থাকিব, কিন্তু সময়ৰ অভাৱৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে প্ৰথম...
আৰু এটা কথা, প্ৰৱন্ধটো বহলোৱাৰ পাছত, কেতিয়া আকৌ মূল ৱিকিৰ মাজলৈ অনা হ'ব, তাৰ এটা সঠিক নিয়ম থাকিব লাগে। কাৰণ কেতিয়াবা এনেও হ'ব পাৰে, অতথ্য-কিন্তু ভাষাৰ কেৰামতিৰেও পৰ্ৱন্ধ এটা বহলাই থ'ব পাৰি। সেইটোৰেও নচলিব। লগতে 'পোখালি'ৰ অসুবিধা কি সেইটোও ক'ৰবাত উল্লেখ কৰি থ'লে ভাল। বাকী মূল কথাকেইটাৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আছে।উদ্দ...
সলনি কৰা হ'ল। Gitartha.bordoloi
In this context I would like to suggest the following: we may try to come up with a collection of articles that will form the "official" release of the Assamese Wikipedia. This we should do every year, and set aside about a month to collect the articles and improve on them. These articles need not be the latest version...
মোৰ মতে আমি "পোখালি"ৰ বিষয়ে সদ্যহতে একো সিদ্ধান্ত নোলোৱাই উচিত হ'ব। প্রভাকৰ শৰ্মা নেওগ 00:18, 18 ফেব্ৰুৱাৰী 2012 (UTC)
সদস্যসকলে সিদ্ধান্ত ল'বৰ বাবেই আলোচনা কৰা হৈছিল। এনে নকৰাৰ যুক্তি নেদেখোঁ। গীতাৰ্থ বৰদলৈ 15:45, 18 ফেব্ৰুৱাৰী 2012 (UTC)
মোৰ সমৰ্থন আগবঢ়ালো| পোখালিয়ে আমাক ভাল প্ৰবন্ধ লিখাৰ পৰা আতৰাই ৰাখে| আমি সক্ৰিয় সদস্যসকলে সেইবোৰত চকু দি থাকিবৰ বাবে ইমান সময়ো নাই| সকলোৱে নিজৰ দায়িত্ব বুজা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:47, 25 ফেব্ৰুৱাৰী 2012 (UTC)
প্ৰৱন্ধৰ আৰম্ভণি সম্পৰ্কে[সম্পাদনা কৰক]
বাৰ্তা:পোহৰ এই পৃষ্ঠাখনত ছিজু এলেক্সে প্ৰৱন্ধৰ এটাৰ আৰম্ভণি সম্পৰ্কে কিছু মন্তব্য দিছে। কথাখিনি ভাবি চাবলগীয়া। এই বিষয়ে আলোচনা এটা হোৱাটো প্ৰয়োজনীয়।উদ্দীপতালুকদাৰ 15:55, 8 ফেব্ৰুৱাৰী 2012 (UTC)
ৱিকিপ্ৰকল্পসমূহৰ নাম[সম্পাদনা কৰক]
ৱিকিপ্ৰকল্পসমূহৰ নাম "ৱিকিপিডিয়া:ৱিকি XYZ প্ৰকল্প"-ৰ সলনি "ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প XYZ"-লৈ সলনি কৰিবৰ বাবে প্ৰস্তাব আগবঢ়ালোঁ। আন ভাষাৰ ৱিকিপিডিয়াত এনেদৰেই নাম ৰখা হয়। (en:Wikipedia:WikiProject India, bn:উইকিপিডিয়া:উইকিপ্রকল্প কম্পিউটার বিজ্ঞান, hi:विकिपीडिया:विकिपरियोजना इतिहास আদি)--অম্লান বসুমতাৰী 16:15, 13 ফেব্...
পাৰি। Gitartha.bordoloi 16:34, 13 ফেব্ৰুৱাৰী 2012 (UTC)
পাৰি। দীপাংকৰ চেতিয়া বাৰ্তা 17:19, 13 ফেব্ৰুৱাৰী 2012 (UTC)
সমৰ্থন। প্রভাকৰ শৰ্মা নেওগ 00:23, 18 ফেব্ৰুৱাৰী 2012 (UTC)
"https://as.wikipedia.org/w/index.php?title=ৱিকিপিডিয়া:ৰাইজৰ_চ%27ৰা_(প্ৰস্তাৱসমূহ)/Archive/1&oldid=197605"ৰ পৰা অনা হৈছে
শ্ৰেণী:
সংৰক্ষিত পাঠ
এই পৃষ্ঠাখন ১৫ জুন, ২০১৯ তাৰিখে ১৪:৪২ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>আধুনিক জীৱনশৈলীয়ে একো একোজন মানুহক মেচিনলৈ পৰ্যবসিত কৰিছে। যাৰ বাবে ব্যস্ততা বাঢ়িছে, ষ্টেচ বাঢিছে। মানুহৰ মানসিক স্থিতিৰ তাৰতাম্য ঘটিছে। এক সমীক্ষাৰ দ্বাৰা জানিব পৰা গ...
অসমীয়াত এষাৰ কথা আছে খং নামে চণ্ডালৰ লক্ষণ। খং হ’ল এনেকুৱা এবিধ প্ৰতিক্ৰিয়া যাৰ বাবে মূহুৰ্ত্বতে সকলো শেষ হৈ যায়। অৰ্থাৎ অত্যাধিক খঙাল ব্যক্তিয়ে হিতাহিত জ্ঞান হেৰুৱাই যি কোনো কাম কৰিব পাৰে।এই সম্পৰ্কে এগৰাকী মনোৰোগ বিশেষজ্ঞই কয় যে যেতিয়া খং কৰা ব্যক্তি জনৰ কাম অথবা কথাত গুৰুত্ব দিয়া নহয় অথবা অৱজ্ঞা কৰা হয়, তেতিয়া খং আপ...
[contact-form][contact-field label=”Name” type=”name” required=”true” /][contact-field label=”Email” type=”email” required=”true” /][contact-field label=”Website” type=”url” /][contact-field label=”Message” type=”textarea” /][/contact-form]<eot>পদপথৰ দোকানী-পোহাৰীয়ে দিনটোৰ শেষত বয়বস্তু সামৰি ঘৰমুৱা হোৱাৰ লেখিয়াকৈ বেলিট...
ময়ো শুই উঠি অভ্যাসবশত: বাৰাণ্ডাৰ লাইটটো জ্বলাই চাহ কৰিবলৈ পাকঘৰলৈ গলোঁ৷ চাহ নাস্তা খাই মোৰ ড্ৰয়িং ৰুমলৈ আহি শুনা পাওঁ বাহিৰৰ বাৰাণ্ডাত এগাল মান সৰু সৰু ল’ৰা ছোৱালীয়ে চিঞৰ বাখৰ, হাই উৰুমি কৰি আছে৷ সিহঁতে চাগৈ খেলি আছে, খেলি থাওঁক বুলি ভাবি ৰুমৰ ভিতৰৰ চোফাতে কিতাপ এখন উলিয়াই লৈ পঢ়িবলৈ ললোঁ৷ ফুৰিবলৈ ওলাই গলেও সেই সময়খিনি...
মই দেখিলো প্ৰায় ৮/১০ জন মান ল’ৰা ছোৱালীয়ে মোৰ ৰূমৰ বাৰাণ্ডাত কিবা ধৰাৰ খেল খেলি আছে৷ মোক দেখি সিহঁতে অলপ থতমত খালে যদিও মোৰ মুখমণ্ডলত কোনো ধৰণৰ খঙৰ অভিব্যক্তি নেদেখি সিহঁতে আকৌ দুগুণ উৎসাহেৰে খেল আৰম্ভ কৰি দিলে৷ মোৰ হাঁহি উঠি গ’ল৷ সিহঁতৰ প্ৰত্যেকৰে হাতে হাতে এটাকৈ প্লাষ্টিকৰ বটল৷ মই লক্ষ্য কৰি থাকিলোঁ – কিনো খেল খেলিছে...
সিহঁতে আটায়ে একেলগে এঠাইত উবুৰি খাই পৰে কিবা ধৰিবলৈ৷ যিজনেই ধৰিব পাৰিছে সেইজনেই আনন্দত কিৰিলি পাৰি উঠিছে আৰু বস্তুটো বটলত ভৰাইছে৷ আটাইৰে বটলবোৰ পৰীক্ষা কৰি দেখিলোঁ সেইবোৰ কুমটিৰ দৰে এবিধ ডাঙৰ ফৰিং৷ সন্ধিয়া লাইটৰ পোহৰত সেইবোৰ জাকে জাকে আহে আৰু সেইবোৰ ধৰিবলৈ সৰু সৰু লৰা ছোৱালীবোৰ মোৰ বাৰাণ্ডালৈ আহে৷ ফৰিংটো জপিয়াই এঠাইৰ প...
ইতিমধ্যে সিহঁতৰ প্ৰত্যেকৰে বটলবোৰ কেইজনমানৰ আধালৈকে আৰু কেইজনমানৰ সম্পূৰ্ণকৈ পূৰ হৈছে৷ তেতিয়ালৈকে মই সিহঁতক সোধা নাই ফৰিংবোৰেৰে সিহঁতে কি কৰিব৷ ভাবিছোঁ এয়াও সিহঁতে আনদিনাৰ দৰেই খেলা এবিধ খেলহে মাথোন৷
ইতিমধ্যে ফৰিংবোৰ লাইটৰ পোহৰলৈ অহাটো পাতল হৈছে৷ সিহঁত ঘৰাঘৰি যাবলৈ ওলাইছে৷ সিহঁতৰ আটাইকে মাতি আনি সুধিলোঁ
-এইবোৰ কি কৰিবি?
-এইবোৰ জুইত পুৰি ভাতৰ লগত খাম বাবু৷
কৈয়েই সিহঁতে নিজ নিজ ঘৰলৈ দৌৰ দিলে৷ অবাক বিষ্ময়েৰে মই মাথো সিহঁত আন্ধাৰত বিলীন হোৱালৈ চাই থাকিলোঁ৷
————————-
ডালে ডালে, পাতে পাতে
“““““““““““““““““““““
পাহাৰত সজীৱ মাছ খাবলৈ পাবলৈ নাই৷ সেয়েহে তাৰ মানুহবোৰে বাহিৰৰ পৰা অহা সাগৰীয় শুকান মাছটো ভাতৰ লগত পুৰি খায়৷ উৎকট গন্ধৰ বাবে মোৰ সেই শুকান মাছটো খোৱাৰ অভ্যাস নাই৷ মই ঘৰৰ পৰা ঙুনৰাওঁলৈ গলে সেয়ে স্থানীয় মাছ যেনে – পুঠি, কাৱৈ, গৰৈ, খলিহনা, মাগুৰ, শিঙি ইত্যাদি মাছবোৰ শুকুৱাই লৈ যাওঁ৷ নহলে উপায় নাই৷ তাত মাছ পোৱাতো দূৰৰ কথা মা...
তেনেদৰে এবাৰ ঘৰৰ পৰা শুকান মাছ মই লৈ যাওঁ৷ গৈ পাওঁতে বহুত ৰাতি হৈছিল৷ সেয়ে বেগৰ পৰা আটাইবোৰ বস্তুৰ লগতে শুকান মাছৰ টোপোলাটিও উলিয়াই টেবুলৰ ওপৰতে থৈ মই শুই থাকিলোঁ৷
পিছদিনা ৰাতিপুৱা মই শুকান মাছেৰে ভাত খাম৷ ৰাতিপুৱা ভাত আৰু তৰকাৰী বনাই শুকান মাছৰ টোপোলাটি টেবুলৰ পৰা নিবলৈ আহি দেখোঁঁ টোপোলাটো মই থোৱা ঠাইত নাই৷
মেইমেই অৰ্থাৎ মোৰ মালিকনী বুঢ়ীজনীক সুধিলোঁ কৰবাত থৈছে নেকি৷ তেখেতেও নাই থোৱা বুলি কলে৷ ৰূমৰ অ’ত-ত’ত বিচাৰি খোচাৰি চালো৷ কতো নাপালো৷ মনটো কিছু বেয়া লাগিল৷ তাত থকা দিনকেইটাত মোৰ কোনো বস্তু চুৰি হৈ পোৱা নাছিল৷ চুৰ কৰাটো সিহঁতৰ কাৰণে মহাপাপ বুলি মই জানিছিলো৷ তেনেস্থলত কি হব পাৰে বুলি মোৰ মনত প্ৰশ্ন জাগিল৷
ইফালে মেইমেইৰো মনটো কিছু সেমেকা যেন মোৰ অনুভৱ হল৷ কিবা যেন অপৰাধবোধত বুঢ়ীজনী জুহালত জুপুকা মাৰি বহি আছে৷ ইমান সহজ সৰল মানুহজনীৰ সেই অৱস্থাটো মোৰ সহ্য নহ’ল৷ ময়েই মেইমেইক সান্তনা দি কলো
।- মেই, যি হবলগীয়া আছিল হ’ল, টোপোলাটো কিহবাই নিলে চাগে৷ সেই লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই৷
নিশ্চিত হৈ বুঢ়ীয়েও কলে,
-হয় বাবু৷ আমাৰ ঘৰলৈ যে আহে মেকুৰীটো, তাৰেই কাণ্ড হব৷ সিয়েই চাগৈ বাবুৰ টোপোলাটো নি খালে৷ নহলে ইয়াত কোনেও কাৰো বস্তু চুৰ নকৰে৷ ’
মেইৰ শেষৰ কথাশাৰীয়ে মোৰ অন্তৰ চুই গল৷ এই পৃথিৱীত আজিও এনে এখন ঠাই, এনে এখন সমাজ থাকিব পাৰে যিখন সমাজৰ প্ৰতিজন ব্যক্তিৰ হৃদয়বোৰ পাহাৰৰ নিৰ্মল পানীৰ দৰেই ফটফটীয়া, অৰণ্যৰ বৰণেৰে বৰণীয়া — মোৰ ভাবিয়েই মনত কিবা এক শিহৰণ জাগি উঠিল৷
ইতিমধ্যে মেকুৰীয়ে মোৰ মাছ খোৱা কথাটো ইটোৰ মুখে সিটোৰ মুখে গোটেই চুবৰিতে বিয়পি পৰিল৷ দিনত সেই কথা মোক সকলোৱে সুধিছিল৷
নিশা বাদেং আহিল মোৰ ঘৰলৈ৷ মাছ হৰলুকি হোৱা খবৰ লবলৈ৷ ডাঙৰ কিবা এটা ঘটনাহে যেন ঘটি গল৷ সি আহি মোক কলে,
-বাবু, আপোনাৰ মাছ খোৱা মেকুৰীটো চুবুৰীটোৰ সৰু সৰু লৰাবোৰে মাৰি ইতিমধ্যে খানা খালে৷ ’
তাৰ কথাত মোৰ হাঁহি উঠি গ’ল৷
– কিনো ডাঙৰ কথাটো হ’ল, মেকুৰীয়ে মাছ খায়েই৷ সেই বুলি কিয় মাৰিব লাগে? ’
সি যি কলে মোৰ দুগুণ হাঁহি উঠিল৷ হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল হ’ল৷
সৰু সৰু ল’ৰাবোৰে হেনো আলোচনা কৰি থকা সি শুনিছে যে বাবুৰ ঘৰৰ পৰা অনা মাছ খাইছে যেতিয়া মেকুৰীটোও খুউব সোৱাদ লগা হৈ উঠিছে৷ খাই হেনো বৰ ভাল পাব৷
সিহঁতে মেকুৰীৰ মাংস খাই কেনে সোৱাদ পালে মই নেজানো৷ মই হলে অভিজ্ঞতাটোৰ পৰা বাৰুকৈয়ে সোৱাদ পালোঁ৷
এৰা, কি বিচিত্ৰ এই পৃথিৱী! কি বিচিত্ৰ এই ঙুনৰাওঁ! যেনিয়েই যাওঁ তেনিয়েই দেখোঁ মাথো কেৱল বিষ্ময়, বিষ্ময় আৰু বিষ্ময়৷
(ক্ৰমশঃ)
← প্ৰেমৰ সপ্তাহৰ অনুভৱ- ধ্ৰুৱ জ্যোতি ডেকা
আজন্ম প্ৰেমিকসকলৰ মঙ্গলৰ অৰ্থে- (বিক্ৰমজিৎ কাকতি) →
You May Also Like
মেডিকেল কলেজৰ হাঁহি চকুলো… (৩০) (দিপুল হালৈ)
November 15, 2013 0
দিহিং-পাটকাইত জীৱনৰ সেউজীয়া গান – বিজয়া বৰুৱা
January 16, 2018 0
হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-২: ধ্ৰুৱজ্যোতি শৰ্মা
November 14, 2012 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা