text stringlengths 0 188k |
|---|
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ পিছত তেওঁলোকে আটাইতকৈ বেছি গুৰুত্ব দিয়া কথাটো হৈছে নিজৰ পাৰ্টিটো।ধনে,জনে পাৰ্টিটো চহকী কৰিবলৈ তেওঁলোক উঠিপৰি লাগিছে।নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছতে দ... |
আজি জাকজমকতাৰে এই অফিচটো উদ্বোধন কৰা হৈছে। পঞ্চতাৰকাযুক্ত হোটেলৰ দৰে ৰাজনৈতিক দলৰ এনে এটা অফিচ ইয়াৰ আগতে আমি কেতিয়াও দেখা নাছিলোঁ।মাজতে শুনিলোঁ অসম বিজেপিয়ে তেওঁলোকৰ কৰ্মকৰ্তা সকলৰ সুবিধাৰ কাৰণে ৪৮খন বলেৰ’-স্ক’ৰপিঅ’ কিনিলে। এটা ৰাজনৈতিক দলে নিজকে ধনবল,জনবল আদিৰে সাংগঠনিকভাবে শক্তিশালী কৰিবলৈ বিচৰাটোত আপত্তি কৰিবলগা ... |
বিজেপিয়ে নিজৰ দলটোক এনেদৰে শক্তিশালী কৰাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে? দেখাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই।প্ৰতিটো ৰাজনৈতিক দলেই নিজকে সাংগঠনিকভাবে সুদৃঢ় কৰাত আমাৰ আপত্তি কৰাৰ কথা নাই।কিন্তু, তেওঁলোকে যে দলটোক চৰকাৰতকৈও অধিক গুৰুত্ব দিবলৈ ধৰিছে বা চৰকাৰী যন্ত্ৰটো দলক শক্তিশালী কৰাত ব্যৱহাৰ কৰিছে, সেইটোৱেহে আমাক শং... |
দেখাত বিজেপি দলে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে।কিন্তু, কাৰ্যতঃ তেওঁলোকে কি কৰিছে ? এইখিনিতে আমি জনা উচিত আমাৰ দেশৰ সাংবিধানিক প্ৰমূল্য কি? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কোৱা হৈছেঃ “জনসাধাৰণৰ সকলো অংশৰ মাজতে চিন্তা, মতামত প্ৰকাশ, উপাসনা আৰু বিশ্বাসৰ স্বাধীনতা সুনিশ্চিত কৰা হওঁকl সকলো ব্যক্তিৰ মাজত অৰ্থনৈতিক স... |
ভাৰতত হিন্দু সকল সংখ্যাগুৰু হোৱা সত্বেও মুছলমান আৰু অন্যান্য সংখ্যালঘুসকল হিন্দুসকলৰ বাবে বিপজ্জনক বুলি বিজেপিয়ে সদায় প্ৰচাৰ কৰি আহিছে।মুছলমান আৰু অন্যান্য সংখ্যালঘু সকলক নানা অপবাদ দি, তেওঁলোকৰ বিৰুদ্ধে মনেসজা কাহিনী সৃষ্টি কৰি তেওঁলোকক বিজেপিৰ সমৰ্থকসকলে হাৰাশাস্তি কৰি আহিছে।ইয়াৰ মূল কাৰণ হ’ল সংখ্যালঘুসকলৰ বিৰুদ্ধ... |
তেওঁলোকৰ যদি অগণন গাড়ী মটৰ নাথাকে! তেওঁলোকৰ যদি লাখ লাখ সদস্য নাথাকে? শেহতীয়া হিচাপ মতে ভাৰতীয় জনতা পাৰ্টিৰ মুঠ সম্পদৰ পৰিমাণ হ’ল ৪৮৪৭.৭৮ কোটি টকা।ই সকলো ৰাজনৈতিক দলৰ মুঠ সম্পদৰ প্ৰায় ৭০% শতাংশ।সেই কাৰণেই আজি গুৱাহাটীত বিজেপিয়ে এতিয়া ৩৫ কোটিৰ অফিচ কৰা দেখিছোঁ।এইবোৰৰ মূল উদ্দেশ্য হৈছে এটা বৃহৎ পাৰ্টি কাঠামো সৃষ্টি... |
Recent News |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অংশ হিচাপে নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত অনুষ্ঠিত হ’বলগা মহিলা সমাৰোহৰ এক প্ৰস্তুতি সভাত অংশ গ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে বৰপেটাত কয় যে, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে প্ৰথমৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছে। |
চৰকাৰখনে ৰাজ্যখনক উন্নয়নৰ পথত আগুৱাই নিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, অসমক দেশৰ ভিতৰতে ৫খন উন্নয়নশীল ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰখনে অহোপুৰুষাৰ্থ কৰিছে। |
কৃষকসকলৰ উন্নয়ন, শিক্ষিত নিবনুৱাসকলৰ সংস্থাপন আদিকে ধৰি বিভিন্ন আঁচনি ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমান বহু পৰিমাণে দুৰ্নীতি হ্ৰাস পাইছে। |
চৰকাৰখনৰ জনপ্ৰিয়তাক বাধাগ্ৰস্ত কৰাৰ লগতে নিজৰ ন্যস্ত স্বাৰ্থ জড়িত ৰাজনৈতিক আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে এক বাহিৰা শক্তিয়ে চৰকাৰখনক অস্থিৰ কৰি তোলাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে। এইক্ষেত্ৰত কংগ্ৰেছ দলে চৰকাৰখনক অস্থিৰ কৰি ৰাজনৈতিক মুনাফা আদায়ৰ বাবে অহৰহ চেষ্টা চলাই আহিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্ত... |
তেওঁ কয় যে, ৰাজ্যখনৰ অন্য ৰাজনৈতিক দলসমূহৰ বিৰোধী আসনত বহাৰ মানসিকতা আছে যদিও একমাত্ৰ কংগ্ৰেছ দলৰ এই মানসিকতা নাই। ক্ষমতাত অধিষ্ঠিত হ’বলৈ নাপালে কংগ্ৰেছ দল অস্থিৰ হৈ পৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, ক্ষমতা লাভ নকৰাৰ অস্থিৰতাৰ বাবেই চৰকাৰক বিভিন্ন প্ৰকাৰে অস্থিৰ কৰিব বিচাৰে কংগ্ৰেছ দলে। |
আনহাতে, কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত নীলোৎপল-অভিজিতৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰে। এই ঘটনা সন্দৰ্ভত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ঘটনাৰ লগত জড়িত ভালেসংখ্যক অভিযুক্তক আটক কৰাৰ লগতে মূল অভিযুক্তকো আটক কৰা হৈছে। |
আনহাতে, চ’ছিয়েল মিডিয়াৰ জৰিয়তে উৰাবাতৰি বিয়পোৱা সকলৰ ওপৰতো প্ৰশাসনে চকু ৰাখিছে আৰু এইক্ষেত্ৰত ভালেকেইজনক আটক কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। নীলোৎপল-অভিজিতৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো দোষীয়ে হাত সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি দোষীক দৃষ্টামূলক শাস্তি দিয়া হ’ব বুলিও কয়। |
উল্লেখযোগ্য যে, ১৯ জুনত নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত অনুষ্ঠিত হ’বলগা মহিলা সমাৰোহৰ প্ৰস্তুতি হিচাপে আজি বৰপেটাৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰাৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম ৰাজ্যিক বিজেপিৰ সম্পাদিকা জানকী গোস্বামী, বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চ... |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Jaideep Hardikar |
Translator : Pankaj Das |
Language |
Assamese |
English |
Marathi |
Odia |
Hindi |
Urdu |
Assamese |
Bengali |
Tamil |
Read the story in pictures |
Share |
Print this story |
Yavatmal , Maharashtra |
See more from this region |
বেছ কেম্পত নতুন আশা আৰু উৎসুকতাই দেখা দিছিল। সেউজীয়া ৰঙৰ পোচাক পিন্ধা পুৰুষ-মহিলাই চেলফোনত বাৰ্তা, নক্সা আৰু ছবিবোৰ নিৰন্তৰ চাই আছিল। |
সিদিনা পুৱাই এটা সন্ধানী দলে হাবিৰ কাষত বাঘৰ সতেজ হাতোৰাৰ চিন দেখিছিল। |
বন বিভাগৰ সুত্ৰ মতে অইন এটা দলে কপাহ খেতি আৰু জলাশয়ৰ কাষৰ জোপোহা হাবিৰ ৫০ বৰ্গকিলোমিটাৰ এলেকাত লগোৱা ৯০ টা কেমেৰাৰ এটাত বাঘৰ অস্পষ্ট ফটো লৈ ঘুৰি আহিছে। ''গাৰ চিনবোৰ মতা বাঘৰ যেন লাগিছে,’’ সেউজীয়া পোচাক পিন্ধা যুৱক এজনে ক’লে, কণ্ঠত তেঁওৰ চাপৰ চিন স্পষ্ট। 'ফটোখন স্পষ্ট নহয়, ভাল ফটো লাগিব,’ তেঁওতকৈ জ্যেষ্ঠ এজনে মাত লগালে। |
সেয়া কি বাঘিনীজনীৰ ফটো নেকি? তাই আশে-পাশে আছে নেকি? |
বন সুৰক্ষাকৰ্মী, অনুসন্ধানকাৰী আৰু তীক্ষ্ণ নিচানবাজৰ দলটো আকৌ এটা কষ্টসাধ্য দিনৰ কাৰণে ভিন ভিন দিশত যাত্ৰা আৰম্ভ কৰিলে। বাঘিনী এজনীৰ সন্ধানত। দুটা পোৱালীৰ মাক সেই বাঘিনীজনীক যোৱা দুবছৰ ধৰি ধৰিব পৰা নাই। |
বাঘে অতিকমেও ১৩ জন গঞাক আক্ৰমণ কৰি মাৰি পেলাইছে। বাঘিনীজনীৰ ওপৰত এনেদৰে নৰখাদক হোৱাৰ সন্দেহ। |
বন্যপ্ৰাণী নিৰীক্ষকৰ নিৰ্দেশ অনুসাৰে বাঘিনীক 'ধৰক নাইবা মাৰক’- এই অভিযান দুমাহ ধৰি চলি আছে। কিন্তু একো ফল ধৰা নাই। ২০১৮ৰ ২৮ আগস্তৰ পৰা বাঘিনীৰ শুংসূত্ৰ নাই। কেমেৰাৰ আগত এটা সৰু শব্দ বা ভৰিৰ চিন পালেই সন্ধানকাৰীৰ মনত আশাৰ সঞ্চাৰ হয়। |
PHOTO • Jaideep Hardikar |
বিদৰ্ভৰ য়াভাটমাল জিলাৰ লোনি আৰু চৰাটি গাঁৱৰ মাজত এটা শিবিৰ স্থাপন কৰা হয়। তাতে বাঘৰ সূংসুত্ৰ বিচৰা দলটোৱে 'ধৰা নাইবা মৰা’ দুমাহজোৰা অভিযান চলায় |
***** |
সিদিনা আছিল অক্টোবৰৰ এটা দেওবৰীয়া পুৱা। শীতৰ জাৰ যোৱা নাছিল। আমি হাবিৰ ভিতৰত আছিলো, তাতে বিষয়াসকলে অস্থায়ী তম্বু তৰিছিল। পশ্চিম বিদৰ্ভৰ য়াভাতমাল জিলাৰ লোনি আৰু চৰাটি গাঁৱৰ মাজত উক্ত অভিযানৰ কাৰণে বেছ কেম্প পতা হৈছিল। সেই এলেকাটো কপাহ খেতিয়কৰ আত্মহত্যাৰ কাৰণে কুখ্যাত। |
এয়া ৰালেগাঁও তহচিল। ৪৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশত বডকি আৰু উমৰিগাঁৱৰ মাজত অৱস্থিত ৰালেগাঁও। গণ্ড জনগোষ্ঠী অধ্যুষিত এলেকাটোত বেছিভাগ ক্ষুদ্ৰ দৰিদ্ৰ কৃষকৰ বসতি। তেঁওলোকে কপাহ আৰু মচুৰৰ খেতি কৰে। |
বাঘৰ সূংসুত্ৰ উলিয়াবলগীয়া দলত ২০০ বন্যকৰ্মী আছে। সুৰক্ষাকৰ্মী, মহাৰাষ্ট্ৰ বন বিভাগৰ বন্যপ্ৰাণী বিভাগৰ ৰেঞ্জ বন বিষয়া, ৰাজ্যৰ বন বিকাশ নিগম, জিলা বন বিষয়া, মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) আৰু বন্যপ্ৰাণী বিভাগৰ শীৰ্ষস্থানীয় বিষয়া, প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ, বন্যপ্ৰাণী) এই দলত আছে। এই সকলোৱে মিলি কাম কৰিছে, ২৪ ঘণ্টা... |
সেই গোটত আকৌ হায়দৰাবাদৰ পৰা অহা বিশেষ নিচানবাজো আছে, সেই নিচানবাজসকলক নেতৃত্ব দিছে অভিজাত পৰিয়ালৰ ষাঠি বছৰীয়া পাকৈত চিকাৰী নৱাব চাফাথ আলী খানে। নৱাবৰ ভূমিকাক সেই গোটৰ বহুতেই পচন্দ কৰা নাই। তাকে লৈ কেইজনমান বিষয়া আৰু স্থানীয় সংৰক্ষণকাৰীসকলৰ স্থিতি ভিন্ন হৈ পৰিছে। কিন্তু সেই 'দুষ্ট' বন্যপ্ৰাণীটোক শান্ত কৰাৰ বাবে নাইবা মৰ... |
'তেঁও সেই কাম ভালেকেইবাৰ কৰিছে’, তেঁওৰ থূপৰে এজন, ছায়েদ মইনুদ্দিন খানে ক’লে। তেঁও অলপতে টাড়োবা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী এলেকাত দুজনকৈ মানুহ মৰা বাঘিনী এজনীক শান্ত কৰাই ধৰিছিল। সেই উদ্যানখন ভাৰতৰ ৫০ খন ব্যাঘ্ৰ সংৰক্ষণস্থলৰ এখন। |
চাফাথে বিহাৰ আৰু ঝাৰখণ্ডত ছমাহৰ ভিতৰতে ১৫ জন লোকক গছকি মাৰি পেলোৱা এটা দুৰ্দান্ত হাতীক বলাইছিল আৰু পশ্চিম মহাৰাষ্ট্ৰত সাতজনকৈ লোকক হত্যা কৰা নাহৰফুটুকী এটাক গুলি মাৰি বগৰাইছিল। |
কিন্তু এইবাৰৰ কথা অলপ বেলেগ- চশমা পিন্ধা মৃদুভাষী চাফাথ আলীয়ে কায়দাৰে সেউজীয়া ৰাইফল এটা মোহাৰি থাকি ক’লে। 'বাঘিনীজনীৰ লগত দুটা পোৱালী আছে।’ চাফাথ আলী তেঁওৰ ল’ৰা আৰু সেনাৰ পোচাক পৰিহিত সহায়কৰ দলটোৰ সৈতে সেইদিনা দেওবাৰৰ পুৱা আহি পাইছে। 'আমি প্ৰথমে বাঘিনীজনীক শান্ত কৰিব লাগিব, তাৰপিছত তাইৰ পোৱালীকেইটাকো ধৰিব লাগিব।’ |
'এয়া কথাতহে সহজ, কামত নহয়’, চাফাথক সহায় কৰা তেঁওৰ পুত্ৰ আছগৰে ক’লে। বাঘিনীজনীক ভালকৈ দেখা পোৱাটো তেনেই দুৰুহ, সেয়ে কামটোত আগবাঢ়িব পৰা হোৱা নাই। |
তাই ঘনে ঘনে ঠাই সলায়। এঠাইত আঠ ঘণ্টাতকৈ বেছি সময় নাথাকে। বিশেষ ব্যাঘ্ৰ বাহিনীৰ এজনে ক’লে। তেঁও ইয়াৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দুৰৰ নাগপুৰস্থিত পেঞ্চ ব্যাঘ্ৰ সংৰক্ষণ এলেকাৰ পৰা এই অভিযানৰ কাৰণে এমাহ আগতে আহি বাহৰ পাতিছে। |
গোটটোৰ কিছুমানক নিৰাশ দেখা গৈছে। কিন্তু ধৈৰ্যৰ ফল মিঠা, পিছে সেয়াই ম্লান পৰিবলৈ ধৰিছে। |
PHOTO • Jaideep Hardikar |
PHOTO • Jaideep Hardikar |
বাওফালে লোনি আৰু চৰাটিৰ মাজৰ বাটটো, তাতেই গাঁৱৰ মানুহে ভালেকেইবাৰ টি-১ক দেখিছে। সোঁফালেঃ টি-১ৰ এলেকাত থকা মানুহৰ বাবে কৰণীয়-অকৰণীয়খিনি হৰ্ডিং আকাৰে দেখা গৈছে |
টি-১ বা স্থানীয় লোকে নাম দিয়া অৱনীয়ে ১৩ৰ পৰা ১৫ জন লোকক দুটা বছৰত ৰালেগাঁও এলেকাত হত্যা কৰা বুলি অভিযোগ আছে। সেই টেহচিলৰে ঘন হাবিত তাই লুকাই আছে। |
দুটা বছৰত তাই ৫০ বৰ্গকিলোমিটাৰ এলেকাৰ প্ৰায় ১২খন মান গাঁৱত ভয় আৰু শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে। কপাহৰ খেতি চপোৱাৰ সময় হৈছে যদিও গাঁৱৰ মানুহে খেতি পথাৰলৈ কপাহ চিঙিবলৈ যাবলৈ সংকোচ কৰে। 'যোৱা এটা বছৰে মই মোৰ খেতিপথাৰখন দেখা নাই।’ লোনি গাঁৱত টি-১ৰ চিকাৰ হোৱা স্বামীৰ কথা সুঁৱৰি কালাবাঈ চিণ্ডৰেয়ে কয়। |
টি-১ৰ কোপদৃষ্টি যাৰে-তাৰে ওপৰত পৰিব পাৰে। অৱশ্যে তাই ২৮ আগস্তত শিবিৰৰ স্থানৰ পৰা উত্তৰ দিশত থকা পিম্পালচেণ্ডা গাঁৱত শেষবাৰ মানুহ চিকাৰ কৰিছিল। তাই বৰ আক্ৰমণাত্মক আৰু অপ্ৰত্যাশিত- তাইক দেখাসকলে ইয়াকেই কয়। |
বনবিষয়াসকল আশাহত হৈ পৰিছে। আকৌ এবাৰ আক্ৰমণ হ’বলৈ হ’লে স্থানীয় লোক ক্ষোভত ফাটি পৰিব। ইফালে বাঘ ভালপোৱা আৰু সংৰক্ষণৰ পক্ষত থকাসকলে টি-১ক মৰাৰ নিৰ্দেশক প্ৰশ্ন কৰি আদালতত ইটোৰ পিছত সিটো গোচৰ তৰিছে। |
উপ প্ৰধান মুখ্য বন সংৰক্ষকৰ সৈতে এই অভিযানৰ দায়িত্বত থকা প্ৰধান মুখ্য বন সংৰক্ষক এ.কে. মিশ্ৰাই পান্ধাৰকাৱাড়াত বাহৰ পাতি আছে। তেঁওৰ অৱসৰলৈ চাৰিমাহ আছে। 'ছাৰে বোধকৰো হাবিতেই অৱসৰ ল’ব’, তাৰে মাজৰে এজন যুৱ বিষয়াই ৰগৰ কৰি ক’লে। |
***** |
সমস্যাটো টি-১ৰ সৈতে আৰম্ভ হোৱা নাই, তাইৰ মৃত্যুৰ সৈতে ই শেষো নহয়- বন্যকৰ্মীয়ে কয়। ইয়ে পৰিস্থিতিৰ অধিক অৱনতি ঘটাব আৰু দেশৰ হাতত ইয়াৰ সমাধানসূত্ৰ নাই। |
'এয়া হৈছে আলোচনাত বহি আমাৰ সংৰক্ষণ নীতিৰ খচৰা পুনৰাই লিখাৰ সময়।’ নাগপুৰৰ নীতিন দেশাইয়ে কয়। তেঁও নাগপুৰস্থিত ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা সমাজ (Wildlife Protection Society of India চমুকৈ WPSI)ৰ কেন্দ্ৰীয় সঞ্চালক। 'আমি বাঘৰ তেনে এক প্ৰজন্মৰ সৈতে মোকাবিলা কৰিব লাগিব, যিয়ে নিকটৱৰ্তী বন্য বেষ্টনী দেখা নাই বা নেদেখে। আমি আশে-পা... |
দেশাইৰ কথাখিনি সঁচা যেন বোধ হয়। টি-১ৰ বিচৰণস্থলীৰ ১৫০ কিলোমিটাৰ দুৰৈৰ অমৰাৱতী জিলাৰ ধমনগাঁও ৰেলৱে টেহচিলত এটা কিশোৰ বাঘ তাৰ মাকৰ পৰা বিচ্ছিন্ন হৈ মনগ্ৰুল দস্তগীৰ গাঁৱত খেতিপথাৰত ১৯ অক্টোবৰত এজন লোকক আৰু তাৰে তিনিদিন পিছত অমৰাৱতী চহৰত এগৰাকী মহিলাক হত্যা কৰে। |
বনবিষয়াসকলৰ মতে বাঘিনীজনীয়ে চন্দ্ৰপুৰ জিলাৰ পৰা ২০০ কিলোমিটাৰ বাট বাই ইয়ালৈ আহিছে। সেই বাটচোৱাৰ বেছিভাগেই বনাঞ্চলত নপৰে। তেঁওলোকে এক নতুন সমস্যাৰ গোন্ধ পাইছে। তাইৰ শুংসূত্ৰ বিচাৰি ফুৰা বিষয়াসকলৰ মতে বাঘিনীজনীয়ে চন্দ্ৰপুৰৰ পৰা ভ্ৰমি ৩৫০ কিলোমিটাৰ দুৰ অতিক্ৰম কৰি মধ্যপ্ৰদেশত সোমাইছে। |
টি-১ বোধকৰো য়াভাতমাল জিলাৰ ৫০ পশ্চিমে থকা টিপেশ্বৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা এই এলেকালৈ আহিছে। জিলা বন্যপ্ৰাণী প্ৰহৰী আৰু ব্যাঘ্ৰপ্ৰেমী ৰমজান বিৰানীৰ এই মত। টি-১ তাইৰ মাকৰ দুই সন্তানৰ এটা। তাইৰ দুই পোৱালীৰ পিতৃ টি-২ একেখন বিচৰণভূমিতে আছে। |
PHOTO • Jaideep Hardikar |
চাফাথ আলী (বাওফালে সেউজীয়া ডাৰ্ট বন্দুকৰ সৈতে) আৰু তেঁওৰ গোটটোৱে তহলদাৰী জীপত উঠি লোনিস্থিত শিবিৰৰ পৰা টি-১ৰ সন্ধানত ওলাই আহিছে। এই অভিযান দুবছৰ ধৰি বাঘিনীজনীয়ে বিভ্ৰান্তিত ৰখাৰ পিছত আৰু দুমাহৰ দৈনিক অনুসন্ধানৰ পিছত ২ নবেম্বৰৰ দিনা অন্ত পৰে। |
'তাই ২০১৪ মানত এই বেষ্টনীলৈ আহিছিল’, পান্ধাৰকাৱাড়াৰ কলেজ অধ্যাপক বিৰানীয়ে কয়। তেতিয়াৰে পৰা আমি তাইৰ চাল-চলনত নজৰ ৰাখিছো। এই অঞ্চলত বহু দশকৰ মুৰত বাঘৰ আগমন ঘটিছে। |
ওচৰে-পাজৰে থকা গাঁৱৰ লোকেও তাকেই কয়। 'মই কেতিয়াও এই অঞ্চলত বাঘ অহাৰ কথা শুনা নাই’, চৰাটি গাঁৱৰ ৬৩ বৰ্ষীয় বৃদ্ধ মোহন থেপালেয়ে কয়। এতিয়া মুখে মুখে বাঘিনী আৰু তাইৰ পোৱালী দুটাৰ কথাই চৰ্চিত হৈছে। |
বিদৰ্ভৰ অইন ঠাইবোৰৰ দৰে এই অঞ্চলটোও ক’ৰবাত হাবি-জংঘলৰ মাজে মাজে খেতি-পথাৰ আৰু নিৰ্মাণ প্ৰকল্পৰে মিশ্ৰভূমি। নতুনকৈ নিৰ্মিত পথ নাইবা বহল কৰা পথ, বেম্বলা জলসিঞ্চন প্ৰকল্পৰ খাল আদিয়ে বনাঞ্চলবোৰক ঠায়ে ঠায়ে ভাগ কৰিছে। এনেদৰে একো একোটা বৃহৎ সেউজ অঞ্চল উচন হৈছে। |
টি-১য়ে প্ৰথমে চিকাৰ কৰিছিল ২০১৬ৰ জুন মাহত বৰাটি গাঁৱৰ সোণাবাঈ ঘোষলে নাৰ ৬০ বছৰীয়া এগৰাকী মহিলাক। ( বাঘিনী টি-১ৰ আক্ৰমণ আৰু আতংকৰ চিনবোৰ চাওক)। তেতিয়া তাইৰ পোৱালী নাছিল। ২০১৭ৰ শেষৰফালে তাই পোৱালী জন্ম দিয়ে। ২০১৮ৰ আগস্ত মাহত টি-১য়ে তিনিজন লোকক চিকাৰ কৰাৰ অভিযোগৰ পিছৰে পৰা সংঘৰ্ষ বাঢ়িল। তাইৰ শেহতীয়া চিকাৰ আছিল ২৮ আগস্তৰ দ... |
তেতিয়ালৈ মুখ্য সংৰক্ষকে বাঘিনীজনীক হত্যাৰ নিৰ্দেশ জাৰী কৰিছিল। এই নিৰ্দেশক প্ৰথমে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল য’ত বাঘিনীজনীক জীৱিত অৱস্থাত ধৰিব নোৱাৰিলে 'শান্ত’ কৰি ধৰাৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ বাহাল ৰখা হৈছিল। |
আন কেইজনমান সংৰক্ষণকৰ্মীয়ে আকৌ বাঘিনীজনীৰ কাৰণে ৰাষ্ট্ৰপতিৰ ক্ষমাদান বিচাৰি আবেদন জনাইছিল। |
সেই সময়তে বন বিষয়াই নিচানবাজ চাফাথ আলী খানক মগাই আনিছিল যদিও সংৰক্ষণকৰ্মীৰ প্ৰতিবাদ আৰু কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীৰ হস্তক্ষেপৰ পিছত ঘুৰাই পঠিয়াবলগীয়া হয়। |
ছেপ্তেম্বৰ মাহত মধ্যপ্ৰদেশৰ এটা বিশেষজ্ঞ দলক দায়িত্ব দিয়া হয়। দলটোৱে প্ৰথমে চাৰিটা হাতী আৰু তাৰপিছত আৰু এটা হাতী চন্দ্ৰপুৰ জিলাস্থিত টাডোবা আন্ধাৰী ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ পৰা লৈ আহে। |
পৰিস্থিতি বেয়ালৈহে ঢাল খালে যেতিয়া চন্দ্ৰপুৰৰ পৰা অনা হাতীটোৱে শিকলি চিঙি এদিনাখন ৰাতি উধাও হ’ল। কেন্দ্ৰীয় ৰালেগাঁৱৰ মূল শিবিৰৰ পৰা ৩০ কিলোমিটাৰমান দুৰৰ চাহান্দ আৰু পোহানা গাঁৱত হাতীটোৱে দুজনকৈ লোকক গছকি মাৰি পেলালে, পিছদিনা হৈচৈ লাগিল। |
হেন সময়তে মহাৰাষ্ট্ৰৰ বন মন্ত্ৰী সুধীৰ মুংগান্তিয়াৰে হস্তক্ষেপ কৰিলে। তেঁও চাফাথ আলী খানক আকৌ মাতি পঠিয়ালে আৰু বন্যপ্ৰাণী শাখাৰ মুৰব্বী এ.কে. মিশ্ৰাকে ধৰি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক পান্ধাৰকাৱাড়াতে বাঘিনীজনীক জীৱিত অথবা মৃত অৱস্থাত নধৰালৈকে বাহৰ পাতি থাকিবলৈ নিৰ্দেশ দিলে। ইয়ে নাগপুৰৰ সংৰক্ষণকৰ্মীৰ মাজত তীব্ৰ ক্ষোভৰ উদ... |
PHOTO • Jaideep Hardikar |
PHOTO • Jaideep Hardikar |
বাওফালেঃ বন সুৰক্ষাকৰ্মী আৰু গাঁৱৰ গোট কিছুমানে শিবিৰৰ পৰা তহল দিবলৈ ওলোৱাৰ আগৰ ছবি। টি-১ক বিচাৰি দিনটোৰ কঠোৰ পৰিশ্ৰম পণ্ড হোৱাৰ পিছত স্পেচিয়েল টাস্ক ফ'ৰ্চৰ বন কৰ্মীগোটৰ এজনে লোনি গাঁৱৰ শিবিৰত জিৰণি লৈছে; তেঁওৰ পিছফালে বাঘ ধৰা সামগ্ৰী আৰু জাল আদি দেখা গৈছে |
নৱাব পুনৰাই সক্ৰিয় হৈ পৰাত স্থানীয় সংৰক্ষণকৰ্মী আৰু কেইজনমান বন অধিকাৰীয়ে প্ৰতিবাদ কৰি সেই ঠাই ত্যাগ কৰিছে। তেঁওলোকে চাফাথ আলীৰ কাৰ্যপন্থাত আপত্তি জনাইছে। তেঁওৰ মতে বাঘিনীজনীক জীৱিত অৱস্থাত ধৰিব পৰা নাযাব, মাৰি পেলোৱাই ভাল। |
চাফাথে হাৰিয়ানাৰ সৰ্বশ্ৰেষ্ঠ গল্ফাৰ আৰু ডগ ব্ৰীডাৰ জ্যোতি ৰান্ধাৱাৰ ইটালিয়ান কেন কৰ্ছো প্ৰজাতিৰ দুটা কুকুৰ নিজৰ লগত আনিছে, বোধকৰো আশে-পাশে শুঙিবলৈ। |
পেৰাগ্লাইডাৰ্ছ, ড্ৰোন অভিযান আৰু ট্ৰেকাৰ্ছৰ এটা দলক কামত লগোৱা হৈছিল। কিন্তু সকলো চেষ্টা ব্যৰ্থ হৈছে। ড্ৰোনে বহুত শব্দ কৰে। আকৌ অঞ্চলটোৰ ভৌগোলিক ৰেহৰূপ আৰু ঘন হাবিলৈ চাই পেৰাগ্লাইডাৰ্ছেও একো কৰিব নোৱাৰিলে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.