text
stringlengths
0
188k
জাল তৰা, খাদ্য দিয়া, খোজকাঢ়ি বিচৰা আদি বিকল্পও অগ্ৰাহ্য কৰা হ'ল।
টি-১য়ে সকলোৰে চকুত ধুলি দি ধৰা নিদিয়া হ'ল, ইফালে গঞা ৰাইজৰ ভয়তে পেটতে হাত-ভৰি লুকাৱাবলগীয়া অৱস্থা হ'ল। সম্পূৰ্ণ ছেপ্তেম্বৰ মাহটো আৰু অক্টোবৰ মাহৰ আৰম্ভণিৰ ভাগলৈকে একো এটা ফল নধৰিলে।
*****
তাৰপিছত খবৰ আহিল। তাই ওচৰতে ক'ৰবাত আছে।
১৭ অক্টোবৰৰ দিনা এটা অনুসন্ধানকাৰী দল আশাৰ বতৰা আনিলে। টি-১ তেঁওলোকৰ শিবিৰৰ আশে-পাশে আছে। চৰাটি গাঁৱত দেখা পোৱা গৈছে, য'ত টি-১ য়ে ২০১৭ৰ আগস্তত শিবিৰৰ পৰা তিনি কিলোমিটাৰমান দুৰৈত এজন যুৱ কৃষকক মাৰি পেলাইছিল।
গোটেই দলটো সক্ৰিয় হৈ পৰিল আৰু সেই দিশে ঢাৱমান হ'ল। চাৰিওফালৰ পৰা ঘেৰি পেলোৱা বাঘিনীজনীয়ে খঙতে এটা গোটৰ ওপৰত আক্ৰমণ কৰিলে। তীক্ষ্ণ নিচানবাজ, ডাৰ্টচ বন্দুক চলোৱাৰ চিন্তা এৰি শিবিৰলৈ উভতি আহিল। বাঘিনীয়ে আপোনাৰ ফালে আক্ৰমণৰ ভংগীৰে চোচা ল'লে আপুনি গুলি চলাব নোৱাৰে।
কিন্তু এই খবৰ উত্সাহজনক। ৪৫ দিনৰ পিছত টি-১ক দেখা গৈছে। এতিয়া তাইৰ ওপৰত নজৰ ৰাখিবলৈ সহজ হ'ব। কিন্তু তাইক এতিয়া ধৰাটো সম্ভৱ নহয় আৰু এয়া তেনেই বিপদসংকুল।
*****
“এয়া এক কঠিন অভিযান,” চাফাথ আলীয়ে কয়। তাইৰ পোৱালীকেইটা এতিয়া সৰু হৈ থকা নাই। "প্ৰায় এবছৰীয়া হৈ উঠিছে, সিহতে একেলগে ছজন লোকৰ সৈতে যুঁজ দিয়াৰ বাবে যথেষ্ট।” সেয়ে অনুসন্ধানকাৰীয়ে এতিয়া এজনী বাঘিনীৰ সৈতে নহয়, তিনিটা বাঘৰ মুখামুখি হ'বলগীয়া হৈছে।
“এয়া এক কঠিন অভিযান,” চাফাথ আলীয়ে কয়। তাইৰ পোৱালীকেইটা এতিয়া সৰু হৈ থকা নাই। "প্ৰায় এবছৰীয়া হৈ উঠিছে, সিহতে একেলগে ছজন লোকৰ সৈতে যুঁজ দিয়াৰ বাবে যথেষ্ট।” সেয়ে অনুসন্ধানকাৰীয়ে এতিয়া এজনী বাঘিনীৰ সৈতে নহয়, তিনিটা বাঘৰ মুখামুখি হ'বলগীয়া হৈছে।
'এই হস্তক্ষেপ অনুচিত,' চশমা পিন্ধা এজন যুৱ ৰেঞ্জ বন বিষয়াই এটা মাৰাঠী বাতৰিৰ চেনেলৰ কৰ্মকৰ্তাৰ বিষয়ে খঙেৰে ক'লে। তেঁও চাফাথ আলীয়ে সংবাদমাধ্যমক সম্বোধন কৰাটো পচন্দ কৰা নাই।
'বন বিষয়াই জনগণৰ হেঁচা আৰু ৰাজনৈতিক আদেশ চম্ভালিছে, কিন্তু স্পষ্ট ৰূপত দোষ তেঁওলোকৰ মুৰতেই জাপি দিয়া হৈছে।' পান্ধাৰকাৱাড়াৰ এগৰাকী স্থানীয় বন্যপ্ৰাণী সংৰক্ষণকৰ্মীয়ে কয়। চাফাথ আলীয়ে অভিযানৰ দায়িত্ব লোৱাৰ পিছতেই তেঁও অভিযানৰ পৰা আঁতৰি আহিছে। 'তেঁওলোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব দিছে।'
শিবিৰত গছৰ ঠানিত ওলমাই ৰখা মেপখনৰ ৰঙা চিঞাহীৰে আকি থোৱা আছে। সেই চিনে যোৱা দুটা বছৰত টি-১ৰ চালচলন বুজাইছে।
'দেখাত যিমান সহজ যেন অনুমান হয়, কাৰ্যতঃ সিমান সহজ নহয়,’ এই এলেকাটো ওখোৰা-মোখোৰা। তাতে ভালেমান খেতিপথাৰ, হাবি-জংঘল, খেতিপথাৰ, সৰু-বৰ গছ-গছনি, সৰু সৰু নৈ-নিজৰা আৰু কুণ্ড আছে- কামটো তেনেই কৌশলী।’তাই আঠ ঘণ্টামানৰ মুৰে মুৰে ঠাই সলাইছে, কেৱল ৰাতিৰ ভাগতহে বাহিৰ ওলাইছে।
২১ অক্টোবৰৰ দিনা আবেলি সময়ত চৰাটি গাঁৱৰ লোক এজনে বাঘিনী আৰু তাইৰ পোৱালী দুটাক দেখা পোৱা বুলি ক’লে। মানুহজনে ভয়তে ঘৰলৈ লৰ দিলে। এটা অনুসন্ধানী দল যথাস্থানত উপস্থিত হ’ল। তেতিয়ালৈ বাঘিনীজনী পোৱালীসহিতে আন্ধাৰত বিলীন হৈ গ’ল।
২১ অক্টোবৰৰ দিনা ভালেকেইটা দলে অৱনী আৰু তাইৰ পোৱালী দুটাৰ ওপৰত চোকা নজৰ দি থাকিল। ২৫ৰ পৰা ৩১ অক্টোবৰৰ মাজত বৰাটি গাঁৱৰ এজন আৰু আতমুৰ্দী গাঁৱৰ এজন লোক কাণে কাণ মাৰিহে বাঘিনীৰ আক্ৰমণৰ পৰা বাচিল। (চাওক, 'মই যেতিয়া তেঁওক ঘৰলৈ উভতা দেখো, তেতিয়া বাঘিনীক ধন্যবাদ জনাও’ )।
PHOTO • Jaideep Hardikar
বাঘিনীৰ শুংসূত্ৰ উলিওৱাৰ কাৰণে ইটালীয় প্ৰজাতিৰ দুটা কুকুৰ অনা হৈছে। সোফালেঃ টি-১ৰ শৱ মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে নাগপুৰৰ গৌৰেৱাড়া চিৰিয়াখানালৈ পঠিওৱা হৈছে
ইমানতে চাফাথ আলীয়ে এক বৈঠকত ভাগ লোৱাৰ কাৰণে বিহাৰলৈ যাবলগীয়া হ’ল। তেঁওৰ ল’ৰা আছগৰ আলীয়ে তেঁওৰ দলৰ তীক্ষ্ণ নিচানবাজৰ সৈতে দায়িত্ব চম্ভালিছে। ইফালে দেশজুৰী বন্যপ্ৰাণী সংৰক্ষণকাৰী কৰ্মীয়ে টি-১ক বচাবলৈ আৰ্জী দাখিল কৰিছে আৰু দাবী জনাই আহিছে। শিবিৰত পৰিস্থিতি তেনেইস্পৰ্শকাতৰ হৈ পৰিছে। কপাহৰ খেতি চপোৱাৰ সময় আহি পৰিছে, কিন্তু ...
২ নবেম্বৰৰ দিনা গাঁৱৰ ভালেমান লোকে টি-১ক বোৰাটিৰ আশে-পাশে ৰালেগাঁৱৰ আলকাতৰা দিয়া চিকুণ বাটত তহল দি থকা দেখা পোৱা বুলি ক’লে। তাই পোৱালী দুটাৰ লগতে আছিল। তহলদাৰী দল এটাৰ লগত আছগৰ আৰু তেঁওৰ সহযোগীয়ে যথাস্থানত হাজিৰ হ’ল। ৩ নবেম্বৰৰ দিনা চাফাথ আলী মূল শিবিৰলৈ উভতি আহিল।
মহাৰাষ্ট্ৰৰ বন বিভাগে ৩ নবেম্বৰৰ দিনা বিবৃতি দিলে যে আগদিনা ৰাতি ১১ বজাত টি-১ক গুলি মাৰি হত্যা কৰা হ’ল। এয়া দেশখনৰ আটাইতকৈ দীঘলীয়া সময়জোৰা অভিযান।
বাঘিনীক শান্ত কৰাৰ চেষ্টা বিফল হোৱাৰ পিছত বাঘিনীয়ে তহলদাৰী দলৰ ওপৰত ওফৰি পৰিছিল। উপায়ন্তৰ হৈ আছগৰে খোলা জীপৰ পৰা জানিব পৰা মতে আত্মৰক্ষাৰ কাৰণে নিজৰ ৰাইফলৰ ট্ৰিগাৰ দবালে আৰু এটা গুলিৰেই বাঘিনীক ধৰাশায়ী কৰিলে। এনেদৰে বন বিভাগৰ চৰকাৰী বিবৃতি উল্লেখ।
টি-১ৰ শৱটো মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে গৌৰেৱাড়াৰ চিৰিয়াখানালৈ পঠিওৱা হৈছিল।
পিচিচিএফ (বন্যপ্ৰাণী) বিভাগৰ এ. কে. মিশ্ৰাই সংবাদমাধ্যমক জনায় যে টি-১ৰ পোৱালী দুটাক জীৱিত অৱস্থাত ধৰিবলৈ নতুন ধৰণে চিন্তা-চৰ্চা কৰি থকা হৈছে।
ৰালেগাঁৱৰ লোকে স্বস্তিৰ নিশ্বাস এৰিলে। কিন্তু বন্যপ্ৰাণী কৰ্মীয়ে টি-১ক মৰাৰ পদ্ধতিক লৈ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হোৱাৰ প্ৰস্তুতি চলাই থাকিল।
বাঘিনীজনীক মাৰি পেলোৱা হ'ল। কিন্তু বাঘৰ সৈতে মানুহৰ সংঘৰ্ষ শেষ হোৱা নাই, চলি আছে।
অনুবাদঃ পংকজ দাস
Jaideep Hardikar
@journohardy
Share
Jaideep Hardikar is a Nagpur-based journalist and writer, and a PARI core team member.
Other stories by Jaideep Hardikar
Translator : Pankaj Das
Share
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>মঙলবাৰে হ’ব লগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্...
ৰাজ্যত কাইলৈ অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুৰ্গম অঞ্চল সমূহলৈ ২১ এপ্ৰিল অৰ্থাৎ দেওবাৰৰ পৰাই ৰাওনা হৈছে বিভিন্ন পৰ্যায়ৰ বিষয়াসকল।
সেইদৰে ৬ নং বৰপেটা লোকসভা সমষ্টিৰ বৰপেটা নিৰ্বাচনী জিলাত ভোট গ্ৰহণৰ বাবে জিলাখনৰ বিভিন্ন আওহতীয়া অঞ্চলত নিয়োজিত পোলিং বিয়য়া, প্ৰিজাইডিং বিষয়াসহ অন্যান্য বিষয়াৰ লগতে আৰক্ষীৰ লোকসকল বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা দেওবাৰেই ৰাওনা হৈছে।
আনহাতে চৰ অঞ্চলত ভোট গ্ৰহণ ল’বলৈ যোৱা নিৰ্বাচনী বিষয়াসকলে ই ভি এম, ভিভিপেট আৰু লাইফ জেকেট লৈ ৰাওনা হোৱা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ৬ নং বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬,৭৬,৮৫৪জন। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৮,৬৫,৩০০জন আৰু মহিলা ভোটাৰ আছে ৮,১১,৫৩৮গৰাকী। তদুপৰি, সমষ্টিটোত ১৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে।
সমষ্টিটোত মুঠ ২,১৮৮টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এই উপলক্ষে আয়োজিত সভাত পৌৰোহিত্য কৰে বাংকে আগম কেবাঙ বোকাখাতৰ সভাপতি মিনতি দলেয়ে। সভাৰ উদ্দেশ্য বাখ্যা কৰে কেবাঙৰ সম্পাদক ধর্মিন্দৰ দলেয়ে।
অনুষ্ঠানত সাহিত্যিকগৰাকীক স্মৰণ কৰি প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে সভানেত্রী মিনতি দলেয়ে আৰু স্মৃতি তর্পন কৰে কাৰ্যকৰী সভাপতি গােবিন দলে আৰু উপদেষ্টা কনক মৰাঙে।
ইয়াৰ পিছতে উপস্থিত সকলাে সদস্যই পুস্পাঞ্জলি অর্পণ কৰে আৰু এক মিনিট মৌন প্রার্থনা কৰে। পৰৱৰ্তী সময়ত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বিশিষ্ট সাহিত্যিক গৰাকীৰ জীৱন দর্শন আৰু ৰচনাৱলীৰ ওপৰত বিস্তৃতভাৱে আলােচনা কৰাৰ লগতে তেওঁৰ দ্বাৰা ৰচিত গীত, সাধু কথা আৰু কবিতা পাঠ কৰা হয়।
উক্ত আলােচনাত অংশ গ্রহণ কৰে বিশিষ্ট শিক্ষাবিদ তথা আগম কেবাঙৰ প্ৰাক্তন কেন্দ্রীয় সদস্য গােবিন দলে, বােকাখাত বাংকে মিচিং আগম কেবাঙৰ সভানেত্রী মিনতি দলে, অৱসৰপ্ৰাপ্ত শিক্ষক কনক মৰাং, ধর্মিন্দৰ দলে, বিমল দলে, অৱনি বড়ি, ৰেৱ কার্ডং, বিজু পেগু, তপন কুটুম, কমল পাটগিৰি, ভৰত কুটুম, মনিকান্ত কুটুম আৰু বিৰেণ কুটুমে ।
উক্ত সভাত তৰুণ চন্দ্র পামে গামৰ ইতিমধ্যে প্রকাশিত ৰচনাৱলীৰ পৰা সংগৃহিত গীত, কবিতা, সাধু কথাৰ এখনি গ্রন্থ আগন্তুক ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা বােকাখাত বাংকে মিচিং আগম কেবাঙৰ ৰূপালী জয়ন্তীত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।
এই অনুষ্ঠানতে ৰূপালী জয়ন্তীৰ সাংগঠনিক দিশৰ ওপৰতাে আলােচনা কৰা হয়। আলােচনাৰ অন্তত এটি সঁজাতি দলে বােকাখাতৰ স্থানীয় বিধায়ক তথা অসম কেবিনেট মন্ত্রী অতুল বৰাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি ৰূপালী জয়ন্তীৰ উদযাপনৰ ওপৰতো আলােচনা কৰে।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Digital Tinsukia
Read Online - Quiz - সমূহ ৰাইজৰ সহায় হোৱাকৈ এই ৱেবচাইটত, চাকৰিৰ খবৰ, নিয়োগ নিযুক্তি, কবিতা, লাগতিয়াল তৈথ্য পৰামৰ্শ, ঘৰুৱা দিহা, নিদান, স্বাস্থ্য সম্পৰ্কীয়, লগতে যিকোনো খৱৰ আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ। সকলোৰে মৰম বিচাৰিছো যাতে এখোজ আগুৱাই যাব পাৰো। পৰামৰ্শ কামনা কৰিলোঁ।
Sitemap
Disclaimer
Privacy
Home
সাহিত্য
অসমীয়া কবিতা
আন শিতান
অসমৰ চমু পৰিচয়
অসমৰ জিলা সমুহ
অসমৰ উপাধি সমূহ
দিৱসৰ তালিকা
অসমৰ বাতৰি কাকত
অসমীয়া ফকৰা যোজনা
ঘৰুৱা দিহা
eForms
eForms
About
Contact
Safelink
More...
Try RTL Mode
Learn Assam
Join Us Telegram Join Us Telegram!
Home
History Quiz
Quiz
ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধিৰ চুক্তি সমূহ কি কি?
Q. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধিৰ চুক্তি সমূহ কি কি?
A. ইয়াণ্ডাবু সন্ধি: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।
চমু আভাস:-
প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ব্ৰিটিছ বাহিনীৰ ফালৰপৰা 'ছাৰ আৰ্চিবল্ড কেম্পবেল' আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল 'মহা মিন লা কিয়' টিন'-এ এই সন্ধিত স্বাক্ষৰ কৰিছিল। ব্ৰিটিছ বাহিনী ৰাজধানী 'আভা'ৰপৰা মাত্ৰ পঞ্চাছ মাইলমান আঁতৰত থকা ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু গাঁৱত উপস্থিত হোৱাত ব্ৰিটিছ বা...
এই সন্ধি অনুসৰি, মানসকলে নিম্নোক্ত চৰ্তসমূহ মানি লৈছিল:
(১) অসম, মণিপুৰ, আৰাকান আৰু টেনাছেৰিমকে ধৰি ছেলৱিন নদীৰ দক্ষিণ উপত্যকা ব্ৰিটিছক এৰি দিয়া হ'ব।
(২) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ নকৰা,
(৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ১ নিযুত ব্ৰিটিছ পাউণ্ড চাৰিটা কিস্তিত ব্ৰিটিছক দিয়া,
(৪) আভা আৰু কলিকতাৰ মাজত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখা, আৰু
(৫) ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰ কৰা।
এই সন্ধিয়ে ব্ৰিটিছে সেই সময়লৈ সম্পন্ন কৰা আটাইতকৈ খৰচী যুদ্ধখন শেষ কৰে। এংলো-বাৰ্মা যুদ্ধত ১৫০০০ ইংৰাজ আৰু ভাৰতীয় সৈন্য নিধন হৈছিল আৰু তাতকৈ বেছি সংখ্যক (সঠিক অংক জনা নাযায়) মান সৈন্য নিহত হৈছিল। এই যুদ্ধত ব্ৰিটিছৰ খৰচ হৈছিল পাঁচ নিযুত পাউণ্ড ষ্টাৰলিংৰপৰা (২০০৬ চনৰ আমেৰিকাৰ ডলাৰৰ হিচাপত: ১৮.৫ বিলিয়ন) ১৩ নিযুত পাউণ...
ইয়াণ্ডাবুৰ সন্ধি, ২৪ ফেব্ৰুৱাৰী ১৮২৬
এফালে সন্মানীয় ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আনফালে আভাৰ ৰজাৰ মাজত হোৱা শান্তিৰ চুক্তি। কোম্পানীৰ হৈ আছে মেজৰ-জেনেৰেল ছাৰ আৰ্চিবল্ড কেম্পবেল, K.C.B.,আৰু K.C.T.S., অভিযানৰ নেতৃত্ব লওঁতা তথা পেগু আৰু আভাৰ উচ্চ আয়ুক্ত; থমাছ কেম্পবেল ৰবাৰ্টছন, ESQ., পেগু আৰু আভাৰ অসামৰিক আয়ুক্ত; আৰু হেনৰী ডুচি চাড, ESQ., কেপ্টেইন, ইৰাৱতী ন...