text stringlengths 0 188k |
|---|
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 7 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো |
Read More... |
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ |
November 27, 2022 20 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ |
Read More... |
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন |
November 26, 2022 13 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এই ভাষ্য যোৱাবছৰ নৱেম্বৰ মাহত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যুক সাৱটি ল’বলগীয়া হোৱা পিতৃহাৰা আৰিফ আলি নামৰ এটি ৬ বছৰীয়া কণমাণিৰ ভাষ্য। এইদৰে ধীৰেনপাৰাৰ অবুজন কণমাণিটোৱে দেউতাকৰ মৃত্যুৰ পাছতো আশাৰে বাট চাই আছে। |
কণমাণিটোৱে মাতৃৰ আগত ‘দেউতা আহিব, আমি পুজা চাবলৈ যাম’ বুলি বাৰেপতি কৈ থাকে যদিও মাতৃ আৰিফা বেগম ওৰফে ৰঞ্জিতা দেবীয়ে কণমাণিটোক বুজাব পৰা নাই যে, তাৰ পিতৃ কোনোদিন আৰু এই পৃথিবীলৈ ঘুৰি নাহে। একমাত্ৰ ৬ বছৰীয়া সন্তানটিকে বুকুত লৈ জীৱন সংগ্ৰামত ব্ৰতী আছে ৰঞ্জিতা। |
উল্লেখযোগ্য যে, মৃত আনোৱাৰ আলি পেচাত এগৰাকী টেম্প’চালক আছিল। টেম্প’ চলাই ৰঞ্জিতা আৰু তেওঁৰ ৬ বছৰীয়া সন্তানটোক পোহপাল দি আছিল যদিও তেওঁৰ মৃত্যুৰ পাছত এতিয়া আলৈ আথনি নোহোৱা হৈছে পৰিয়ালটোৰ। |
ইফালে বন বিভাগে দুৰ্ভগীয়া ৰঞ্জিতাক ৪ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যদিও আজিও সেয়া মাথো ফাইলৰ মাজতে আৱদ্ধ হৈ আছে। |
ৰঞ্জিতাই এই সম্পৰ্কত আমাক কয়, ‘’বন বিভাগৰ তৰফৰ পৰা ৪ লাখ টকা এককালীন সাহায্য লাভ কৰিব বুলি ঘৰত আহি কৈ গৈছিলহি। চৰকাৰৰ তৰফৰ পৰা সাহায্য লাভৰ বাবে প্ৰয়োজনীয় নথিসমূহ এমাহৰ ভিতৰত ফটাশিল-আমবাৰীস্থিত বন-বিভাগৰ কাৰ্য্যলয়ত জমা দি আহিছিল। টকাখিনি অতি সোনকালে পাব বুলি কৈছিল।‘’ |
কিন্তু দুৰ্ভগীয়া ৰঞ্জিতাই বন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই উক্ত ধনৰাশি বৰ্তমানলৈকে পোৱা নাই। |
আনহাতে, মহিলাগৰাকীৰ নাম প্ৰকৃততে ৰঞ্জিতা দেবী আছিল যদিও মূছলমান সম্প্ৰদায়ৰ লোকলৈ বিয়া হোৱাত তেওঁৰ নাম কৰ্ট এফিডেফিট কৰি আৰিফা বেগমলৈ পৰিৱৰ্তিত কৰা হ’ল। ব্ৰাহ্মণ পৰিয়ালৰ জীয়ৰী হৈয়ো মুছলমান সম্প্ৰদায়ৰ লোকৰ সৈতে বিবাশপাশত আৱদ্ধ হোৱাৰ বাবে ৰঞ্জিতাক ঘৰৰ মানুহেও এলাগী কৰা বুলি ৰঞ্জিতাই আমাক জনায়। |
উল্লেখযোগ্য যে, বৰ্তমান দুৰ্ভগীয়া আৰিফা ওৰফে ৰঞ্জিতা দেবী একমাত্ৰ সন্তানৰ কথা চিন্তা কৰি লোকৰ ঘৰে ঘৰে কাম-বন কৰি যেনে-তেনে চলি আছে। |
তেওঁ কয়, ‘’মই নিজে নাখাই হ’লেও ল’ৰাটোক খুৱাব লাগিব, ল’ৰাটোৱে ভোক সহ্য কৰিব নোৱাৰে। স্বামীৰ পৰিয়ালৰ মানুহেও মোক চোৱা-চিতা নকৰে, কাৰণ তেওঁলোকৰ নিজৰে ঘৰৰ অৱস্থা বেয়া। সেয়ে মই মানুহৰ ঘৰে-ঘৰে কাম কৰি ল’ৰাটোক পোহপাল দি আছো।‘’ |
আনহাতে, নাহৰফুটুকীয়ে আক্ৰমণ কৰা ঘটনা বিবৰণী জানিব বিচৰাত তেওঁ আমাৰ সাংবাদিকৰ আগত কয়, ‘’সেই দিনটোতো তেওঁ টেম্প’ চলাই ঘৰলৈ দুপৰীয়া ১ মান বজাত ঘৰলৈ আহিছিল। তেনেতে কাষৰে বিদ্যালয়খনৰ পাছফালৰ হাবিত বাঘ ওলাইছে বুলি গম পোৱাত তেওঁ দৌৰি ঘটনাস্থলীত উপস্থিত হয়গৈ। নাহৰফুটুকীটো আৱিৰ্ভাব হোৱা স্কুলখনৰ কোঠাত এটা সৰু ল’ৰা আৱদ্ধ হৈ থকা বুলি আনোৱাৰে জানি মানবীয়তাৰ খাতিৰত বাঘটোৰ সন্মুখৰ পৰা ল’ৰাটোক উদ্ধাৰ কৰে যদিও নাহৰফুটুকীৰ আক্ৰমণত আনোৱাৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ জিএমচিএইছলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ অভাৱত চাৰিদিন পাছতেই অৰ্থ্যাৎ ১৬ নবেম্বৰত তেওঁ মৃত্যুক সাবটি লয়।‘’ |
ধীৰেনপাৰাৰ চম্পাৱতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষৰে দুৰ্ভগীয়া ৰঞ্জিতাই নৰ্থ ইষ্ট নাওৰ জৰিয়তে বন বিভাগে প্ৰদান কৰিম বুলি ঘোষণা কৰা ৪ লাখ টকা দিবৰ বাবে কাতৰ আহ্বান জনায়। |
Recent News |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নিউজ ডেস্ক : এক ভয়ংকৰ পথ দুর্ঘটনা। যাত্ৰীবাহী বাছ বাগৰি পৰিল নদীত। দুৰ্ঘটনাত নিহত ৫ জনকৈ লোক। অহাত ১৬ জনকৈ লোক। উদ্ধাৰ অভিযান অব্যাহত। |
চুবুৰীয়া ৰাজ্য মেঘালয়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এখন যাত্ৰীবাহী বাছ নদীত বাগৰি পৰাত ৫ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে ১৬ জনকৈ লোক। |
তুৰাৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলং অভিমুখে গৈ থকা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে। বুধবাৰে নিশা প্ৰায় ১১.৪৫ বজাত নংশ্ৰামৰ ৰিংডি নদীত যাত্ৰীবাহী বাছখন বাগৰি পৰে। |
দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বর্তমানেও উদ্ধাৰ অভিযান চলি থকা বুলি জানিব পৰা গৈছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক |
November 28, 2022 5 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ |
Read More... |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 15 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>সাপৰ বিষ সাপৰ লালটি গ্ৰন্থীৰ নিঃসৰণ (salivary secretion), সাধাৰণ ভাষাত ক'বলৈ গলে সাপৰ লেলাতি, যাৰ আচল কাম চিকাৰ, প্ৰতিৰক্ষা আৰু খাদ্য পৰিপাকৰ কামত ব্যৱহাৰ কৰা। সাপৰ বিষ নানাবিধ এঞ্জাইমৰ দ্বাৰা উৎপন্ন যাৰ ভিতৰত phospholipidase, protease, hyaluronidase, ATPase, cholinesterase, lecithinase, ribonuclease, deoxyribonuclease আদিয়েই প্ৰমুখ। উপৰোক্ত এই এঞ্জাইমবোৰৰ বহুকেইটাই পিছে আমাৰ দেহৰ পৰিপাক তন্ত্ৰতে (digestive system) পোৱা যায়, যিবোৰ এঞ্জাইমে আমাক খাদ্য পৰিপাকৰ হোৱাৰ কামত সহায়হে কৰে। এনে ধৰণৰ তথ্যৰ পৰা পিছে আমাৰ মনত ডাঙৰ এটা প্ৰশ্নৰহে উদয় হয় যদি সাপৰ মাৰাত্মক বিষ এনে এক সাধাৰণ এঞ্জাইমহে, তেনেহ'লে সাপৰ বিষ আমাৰ দেহৰ বাবে বিষাক্ত হয় কিয় ? |
আচলতে সাপৰ বিষ আমাৰ দেহৰ বাবে তেতিয়াই বিষাক্ত হয়, যেতিয়া এই বিষ আমাৰ তেজত মিহলিহৈ দেহৰ বিভিন্ন অংশত দ্ৰুতভাৱে সিচৰিত হয়, এই বিষ তেতিয়া প্ৰাণঘাতী হৈ পৰে, কিয়নো এই এঞ্জাইমবোৰে আমাৰ দেহৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় অংশৰ ক্ষতিসাধন কৰে। সাপৰ বিষ সাধাৰণতে দুই ধৰণৰ হয়, এবিধ বিষে (নিউৰোটক্সিক) মানুহৰ স্নায়ৱিক তন্ত্ৰৰ ওপৰত প্ৰতিক্ৰিয়াশীল হয় আৰু এই বিষৰ প্ৰভাৱৰ বাবে মুখেৰে লেলাটি ওলোৱা, দেহা ঘামি যোৱা, টোপনীৰ ভাৱ হোৱা, পেটৰ বিষ আদি লক্ষণ হিচাবে দেখা দিয়ে। আমাৰ অসমৰ ফেঁটি, শংখচূড় সাপত এই বিষ আছে। আনবিধ বিষে (হিমোটক্সিক) মানুহৰ তেজ আৰু তেজ প্ৰৱাহিকা তন্ত্ৰৰ ওপৰত প্ৰতিক্ৰিয়াশীল হয়। আৰু এই বিষৰ প্ৰভাৱৰ বাবে সাপে কামোৰা ঠাইডোখৰ ফুলিউঠা, জুয়ে পোৰাৰ দৰে ক'লা হোৱা, কামোৰা ঠাই ডোখৰত সাংঘাতিক ভাৱে বিহ হোৱাৰ লগতে নাকেমুখে আৰু প্ৰস্ৰাৱৰ লগত তেজ ওলাব পাৰে, অসমৰ ভাইপাৰ সাপৰ মাজত এই বিষ দেখা যায় । |
চিত্ৰ :: সাপে কামোৰা চিন |
লগে-লগে সাপৰ কামোৰত মানুহৰ মৃত্যুৰ হাৰ বহু অংশে কমি আহিছে। কিছু দশক আগতেও সাপে কামুৰিলে ইয়াৰ একমাত্ৰ চিকিৎসা আছিল ঝৰাফুঁকা, ওঝা, বেজ আদিহে পিছে এতিয়া প্ৰায় প্ৰতিখন চৰকাৰী চিকিৎসালয়তে আছে সাপে কামোৰাৰ একমাত্ৰ চিকিৎসা আৰু এই চিকিৎসাৰ হ'ল এন্টিভেনাম। সাপৰ কামোৰত এতিয়া আৰু আগৰ দৰে মানুহ নমৰে যিটো আজিৰ পৰা ১৫০ বছৰ আগতেও কল্পনা কৰাও একপ্ৰকাৰ অসম্ভৱ কথা আছিলে। সাপৰ বিষৰ একমাত্ৰ চিকিৎসা অৰ্থাৎ এন্টিভেনামৰ কথাৰ লগতেই যাৰ নাম প্ৰথমেই ল’ব লাগে তেওঁ হ'ল ফ্ৰান্সৰ বেক্টেৰিয়া বিজ্ঞানী এলবাৰ্ট কেলমেট, পিছলৈ বিজ্ঞানী লুইচ পাস্তুৰে এন্টিভেনামৰ উন্নয়নত উল্লেখযোগ্য ভূমিকা ৰাখে। ১৮৯০ চনতে আবিষ্কৃত সেই পদ্ধতিতেই এতিয়ালৈকে বাণিজ্যিক ভাবে এন্টিভেনাম উৎপাদন কৰা হয়। এই এন্টিভেনাম নো আচলতে কি…? কেনেকৈ হয় ইয়াৰ উৎপাদনৰ আহক এই সম্পৰ্কে সংক্ষেপে অলপমান জানি থওঁ— |
চিত্ৰ :: এলবাৰ্ট কেলমেট |
চিত্ৰ :: লুইচ পাস্তুৰ |
১) সাপৰ বিষ সংগ্ৰহঃ যিটো সাপৰ বিহৰ এন্টিভেনাম তৈয়াৰি কৰা যায় প্ৰথম কাম হিচাবে সেই সাপৰেই বিষ সংগ্ৰহ কৰাৰ দৰকাৰ হয়। আমি আগতেই আলোচনা কৰিছো যে প্ৰতিটো সাপৰে বিহৰ ধৰণ বেলেগ সেয়ে একেটা সাপৰ বিহৰ এন্টিভেনামে আন সাপৰ বিষ ধ্বংস কৰিব নোৱাৰে। সাপৰ বিষ সাধাৰণতে এটি পাত্ৰৰ মুখত কাগজ বা প্লাষ্টিক দ্বাৰা বন্ধ কৰিলৈ তাতে সাপৰ দাঁত সোমাই দি ফোঁট-ফোঁটকৈ সংগ্ৰহ কৰা হয়। এডাল সাপৰ পৰা এনেকৈ সপ্তাহত এবাৰ পূৰ্ণ পৰিমাণৰ বিষ সংগ্ৰহ কৰা যায়। সাপৰ বিষ সংগ্ৰহ কৰা এটি অতি বিপদজনক কাম। জংঘলত থকা সাপৰ পৰাই আগতে এই বিষ সংগ্ৰহ কৰা হৈছিল কিন্তু গোটেই পৃথিবীৰ প্ৰৱল চাহিদাৰ বাবে আৰু বনৰীয়া সাপৰ দুষ্প্ৰাপ্যতাৰ প্ৰতি লক্ষ্য ৰাখি আজিকালি পৃথিবীৰ বিভিন্ন দেশত সাপৰ ফাৰ্ম গঢ়িতোলা হৈছে। আমাৰ ভাৰতবৰ্ষৰ চেন্নাই চহৰতো আছে পৃথিবীৰ ভিতৰতে এখন ডাঙৰ সাপৰ ফাৰ্ম। |
চিত্ৰ :: সাপৰ বিষ সংগ্ৰহ |
২) ভেনাম ফ্ৰিজিঙঃ সংগ্ৰহ কৰা বিষক মাইনাছ ২০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাত ৰাখিলে সাপৰ বিষৰ পৰা জলীয় অংশখিনি বেলেগহৈ সাপৰ বিষ গুড়ি পাউডাৰলৈ ৰূপান্তৰিত হয়। এটি সাপৰ পৰা খুবেই অলপ পৰিমানে পাউডাৰ পোৱা যায় সেয়ে সাপৰ বিষৰ গুড়ি সোণতকৈও দামী। |
চিত্ৰ :: সাপৰ বিষৰ গুড়ি |
৩) ঘোঁৰাৰ দেহত এন্টিভেনামৰ উৎপাদনঃ ঘোঁৰাৰ দেহত এন্টিভেনামৰ উৎপাদনৰ কামটোয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ। সকলো প্ৰাণীৰেই বাহিৰৰ পৰা অহা বিভিন্ন ভাবুকিৰ পৰা মুক্তিৰ বাবে নিজা প্ৰতিৰোধক ব্যৱস্থা আছে। আমাৰ দেহাতো বাহিৰৰ পৰা যিকোনো ৰোগৰ জীৱাণু প্ৰৱেশ কৰিলে দেহাই নিজে নিজে তাৰ এন্টিবডি তৈয়াৰি কৰি লয়। কিন্তু দুঃখজনক হলেও সঁচা কথাটো হ'ল সাপৰ বিষ মানৱ দেহত প্ৰৱেশ কৰিলে তাৰ প্ৰতিবিষ তৈয়াৰ কৰাৰ ক্ষমতা আমাৰ দেহাৰ নাই। পৃথিৱীত বহুত অলপ সংখ্যক প্ৰাণীয়েহে নিজৰ দেহত সাপৰ বিষৰ প্ৰতিৰোধী ঔষধ বনাই লৱলৈ সক্ষম। কম বেছি পৰিমানে গাধ, নেউল, উট, ঘোঁৰা, হনী বাডজাৰ, হাঙৰ আদি প্ৰানীৰহে সাপৰ বিষৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে। এন্টিভেনাম উৎপাদনৰ বাবে পিছে ঘোঁৰাৰ ব্যৱহাৰ সৰ্বাধিক কাৰণ সাপে কামুৰিলেও ঘোঁৰাৰ মৃত্যু নহয় সেয়ে পূৰ্বৰ পৰা সংগ্ৰহ কৰা সাপৰ বিষ ইনজেকশ্বনৰ মাধ্যমত ঘোঁৰাৰ ধমনীত প্ৰৱেশ কৰোৱা হয়। এই বিষৰ প্ৰতিক্ৰিয়াৰ ফলত ঘোঁৰাৰ মৃত্যু নহয়, বৰং তাৰ দেহত লাহেলাহে এন্টিভেনাম উৎপাদন হোৱা আৰাম্ভ হৈ যায়। প্ৰায় ৩ দিনমান ঘোঁৰাটি অসুস্থ অৱস্থাত থাকে। ৩-৪ দিন পিছত ঘোঁৰাটি সম্পূৰ্ণভাৱে সুস্থহৈ উঠে। তাৰ দেহত বিষৰ প্ৰভাৱ সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ইয়াৰ পিছত সেই ঘোঁৰাটোক সেই একেই জাতীয় সাপে কামুৰিলে ঘোঁৰাটোৰ দেহত আৰু কোনো ধৰণৰ প্ৰভাৱেই নপৰে। |
৪) ঘোঁৰাৰ তেজৰ পৰা এন্টিভেনাম নিষ্ক্ৰমণঃ ঘোঁৰাটোৰ দেহৰ পৰা তেজ উলিয়াইলৈ তাৰ ৰঙা অংশ বেলেগ কৰা হয়। তেজৰ বগা অংশ অৰ্থাৎ মেট্ৰিক্সৰ পৰা এন্টিভেনাম খিনি বেলেগ কৰি লোৱা হয়। ঘোঁৰা এক স্বাস্থ্যৱান প্ৰাণী সেয়ে গড়েপ্ৰতি ঘোঁৰাৰ পৰা প্ৰায় ৬ লিটাৰমান তেজ উলিওৱা হয় যদিও এই ক্ষেত্ৰত ঘোঁৰাটোৰ বিশেষ ক্ষতি নহয়। ইয়াৰ পিছত এই এন্টিভেনামৰ বিশুদ্ধিকৰণ প্ৰক্ৰিয়াৰ পিছত তাক বজাৰত সৰবৰাহ কৰা হয়। চিকেনপক্সৰ এন্টিবডি আৰু সাপৰ বিষৰ এন্টিভেনামৰ মূলনীতি প্ৰায় একেই। চিকেনপক্সৰ ক্ষেত্ৰত ইয়াৰ এন্টিবডি তৈয়াৰ কৰে আমাৰ দেহাই আৰু সাপৰ বিষৰ ক্ষেত্ৰত সেইটো তৈয়াৰ কৰা হয় ঘোঁৰা দেহাত। এই এন্টিভেনাম ইনজেকশ্বনে সাপে কামোৰা ৰোগীৰ দেহাত থকা ভেনামক অকাৰ্যকৰী কৰি ৰোগীৰ জীৱন বচায়। বছৰত হেজাৰ হেজাৰ মানুহৰ জীৱন এই এন্টিভেনামৰ কাৰণে ৰক্ষা পৰে। |
চিত্ৰ :: বিভিন্ন এন্টিভেনাম |
অপ্ৰয়োজনীয় ভাবে ঝৰাফুঁকা, ওঝা, বেজ আদিত থকা মানুহৰ বিশ্বাস আৰু প্ৰয়োজনৰ তুলনাত সকলো চৰকাৰী স্বাস্থকেন্দ্ৰত বিশেষকৈ ভিতৰুৱা আৰু জংঘলৰ কাষৰীয়া গাওঁবোৰত এন্টিভেনাম ইনজেকশ্বন নপোৱাৰ বাবে আৰু বিজুলীৰ অভাৱত উপযুক্ত তাপমাত্ৰাত ইয়াৰ সংৰক্ষণ কৰিব নোৱাৰা বাবে এই এন্টিভেনাম ইনজেকশ্বনৰ সুবিধা পৰা প্ৰায়ে বঞ্চিত হব লগীয়াহৈ প্ৰান দিব লগীয়া হয় বহুমানুহৰ আৰু এইবোৰ কাৰক হয়গৈ সাপ সংৰক্ষণৰ অন্যতম অন্তৰায়।<eot>গুৱাহাটী,৬ অক্টোবৰঃ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা প্ৰসিদ্ধ অভিনেতা অৰবিন্দ ত্ৰিবেদীয়ে মঙ্গলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা অৰবিন্দ ত্ৰিবেদীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। অৰবিন্দ ত্ৰিবেদী প্ৰায় এমাহ আগতে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল। মঙলবাৰে নিশা প্ৰায় ৯.৩০ বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। কান্দিভলীত থকা তেওঁৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। |
এইগৰাকী অভিনেতাই ৰামায়ণৰ উপৰিও ‘বিক্ৰম আৰু বেটাল’ত সুন্দৰ অভিনয় কৰিছিল। তেওঁ হিন্দী আৰু গুজৰাটীকে ধৰি প্ৰায় ৩০০ খন চলচ্চিত্ৰতো অভিনয় কৰিছিল। অৱশ্যে তেওঁ ৰামায়ণৰ ৰাৱণ চৰিত্ৰত কৰা অভিনয়ে তেওঁক এক পৃঠক পৰিচয় দিছিল। মানুহৰ হৃদয়ত তেওঁৰ অভিনয়ে স্থান লাভ কৰিছিল। ৰাৱণ বুলি কলেই মানুহৰ মনলৈ ৰামায়ণত দেখা অৰবিন্দ ত্ৰিবেদীৰ ৰূপটোৱেই আহিছিল। |
১৯৩৮ চনত মধ্য প্ৰদেশৰ উজ্জয়িনীত জন্মগ্ৰহণ কৰা অৰবিন্দে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত সফলতাৰ পিছত গুজৰাট চৰকাৰে প্ৰদান কৰা গুজৰাটী চলচ্চিত্ৰত শ্ৰেষ্ঠ অভিনয়ৰ বাবে সাতটা বঁটা লাভ কৰিছিল। ২০০২ চনত তেওঁক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে মনোনীত কৰা হয়। অৰবিন্দ ত্ৰিবেদীয়ে ২০ জুলাই, ২০০২ ৰ পৰা ১৬ অক্টোবৰ, ২০০৩ লৈ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। |
বুধবাৰে পুৱা কান্দিভালীৰ দহানুকাৰ ৱাদি শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয়। জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ৰ তেওঁৰ সহ-তাৰকাসহ কেইবাজনো চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৰবিন্দ ত্ৰিবেদীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিবেদীৰ মৃত্যুত শোকপ্ৰকাশ কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। |
Related Topics:অৰবিন্দ ত্রিবেদীৰামায়ণৰাৱণ |
Up Next |
মুম্বাই বন্দৰত ১২৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ |
Don't Miss |
উত্তৰ প্ৰদেশৰ ঘটনা : মৃত কৃষকৰ পৰিয়ালক ৪৫ লাখ টকাৰ ক্ষতিপূৰণ |
Continue Reading |
You may like |
Click to comment |
Leave a Reply |
Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment * |
Name * |
Email * |
Website |
Save my name, email, and website in this browser for the next time I comment. |
ভাৰত |
ভাৰতীয় নৌসেনাৰ মুৰব্বীৰ দায়িত্বত এডমিৰেল আৰ হৰি কুমাৰ |
গুৱাহাটী,১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে অৱসৰ গ্রহণ কৰাৰ পাছতেই ২৫ সংখ্যক চীফ অৱ দ্য নেভেল ষ্টাফ (চিএনএছ) হিচাপে এডমিৰেল আৰ হৰি কুমাৰক দায়িত্ব অর্পণ কৰা হয়। |
৪১ বছৰ ধৰি সেৱা আগবঢ়োৱা নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙক স্থলাভিষিক্ত কৰি দেশৰ নৌসেনাৰ নতুন মুৰব্বী ৰূপে দায়িত্ব গ্রহণ কৰা এডমিৰেল কুমাৰে ৱেষ্টার্ন নেভেল কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কার্যনির্বাহ কৰি আছিল৷ ১৯৬২ চনৰ ১২ এপ্রিলত জন্মগ্রহণ কৰা এডমিৰেল কুমাৰ ভাৰতীয় নৌসেনাৰ কার্যবাহী শাখাত ১৯৮৩ চনৰ ১ জানুৱাৰীত নিযুক্তি লাভ কৰিছিল৷ প্রায় ৩৯ বছৰ ধৰি নৌসেনা বাহিনীৰ বিভিন্ন পদবীত কার্যনির্বাহ কৰাৰ অভিজ্ঞতাৰে পুষ্ট এডমিৰেল কুমাৰে আইএনএছ নিশাংক, ক্ষেপণাস্ত্র সন্নিৱিষ্ট আইএনএছ কোৰা আৰু মিছাইল বিধ্বংসী আইএনএছ ৰণবীৰৰ দায়িত্বও চম্ভালিছিল৷ |
ৱেষ্টার্ন ফ্লীটৰ ফ্লীট অপাৰেচন অফিচাৰ হিচাপে সেৱা আগবঢ়োৱা এডমিৰেল কুমাৰে নৌসেনাৰ বিমান পৰিবাহী আইএনএছ বীৰাটৰো কমাণ্ডাৰ আছিল৷ আমেৰিকা যুক্তৰাষ্ট্রত নেভেল ৱাৰ কলেজত পাঠ্যক্রম সমাপ্ত কৰাৰ লগতে গ্রেট ব্রিটেইনৰ ৰয়েল কলেজ অৱ ষ্টাডিজতো অধ্যয়ন কৰিছিল এডমিৰেল কুমাৰে৷ নৌসেনাত সেৱা আগবঢ়োৱাৰ বাবে এডমিৰেল কুমাৰক পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল আৰু বিশিষ্ট সেৱা মেডেলেৰে সন্মানিত কৰা হৈছে৷ আজি ছাউথ ব্লক লনত গার্ড অৱ অনাৰ গ্রহণ কৰাৰ পাছত নতুন মুৰব্বী এডমিৰেল কুমাৰে কয়– চীফ অৱ নেভেল ষ্টাফ হিচাপে দায়িত্ব গ্রহণ কৰাটো মহৎ সন্মান৷ ভাৰতীয় নৌবাহিনীয়ে আমাৰ ৰাষ্ট্রীয় সাগৰীয় সুৰক্ষা আৰু প্রত্যাহ্বানৰ ওপৰত প্রাধান্য দি আহিছে৷ |
Continue Reading |
ভাৰত |
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ |
গুৱাহাটী,২৮ নবেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশন প্ৰাৰ্কক্ষণত বিৰোধী ঐক্যত ফাট মেলা পৰিলক্ষিত হৈছে। দৰাচলতে শীতকালীন অধিৱেশনত ঐক্যৱদ্ধভাৱে থিয় দিয়াৰ বাবে কংগ্ৰেছে আহ্বান জনোৱা বিৰোধীৰ বৈঠকত অংশগ্ৰহণ নকৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে। |
সোমবাৰে বিৰোধী দলসমূহৰ বৈঠকৰ আহ্বান জনাইছিল বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই। তৃণমূল কংগ্ৰেছৰ বৰ্জনৰ পিছত দুটা বিৰোধী দল সমাজবাদী পাৰ্টি আৰু আম আদমি পাৰ্টিয়ে এই বৈঠকৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা বৃদ্ধি পাইছে। জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ গোৱা শাখাৰ বিৰোধিতাৰ বাবই কংগ্ৰেছে আহ্বান কৰা এই বৈঠকৰ পৰ আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই। উল্লেখ্য যে গোৱাত কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধ নিৰ্বাচনত অৱৰ্তীণ হৈছিল তৃণমূল কংগ্ৰেছ। |
Continue Reading |
ভাৰত |
ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন |
গুৱাহাটী,২৭ নবেম্বৰঃ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰতত অনুষ্ঠিত হ’বলগীয়া ২১ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ভাৰতলৈ আহিব পুটিন। ৬ ডিচেম্বৰত ভাৰতত উপস্থিত হ’ব পুটিন। এই সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈঠকত অংশগ্ৰহণ কৰিব। কৰ’না কালত এইখন দুয়োজন নেতাৰ প্ৰথম বৈঠক হ’ব। এই সন্মিলনত কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই কথা জনায়। |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন শীৰ্ষ বৈঠকৰ সৈতে ভাৰত-ৰাছিয়া ‘টু-প্লাছ-টু’ বৈঠকৰ প্ৰথম সংস্কৰণ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ আলোচনা অনুষ্ঠিত হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত কেইবাটাও চুক্তি স্বাক্ষৰিত হ’ব পাৰে। ২০২১ চনত ভ্লাদিমিৰ পুটিনৰ এইটো দ্বিতীয় বিদেশ ভ্ৰমণ হ’ব। পুটিনে শেষবাৰৰ বাবে ২০১৮ চনত সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছিল। দুয়োখন দেশে এছ-৪০০ চুক্তিস্বাক্ষৰ কৰিছিল। |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পূৱ ৰাছিয়াৰ ভ্লাদিভষ্টক চহৰ ভ্ৰমণ কৰিছিল। ভাৰতে সেই সময়ত পূৱ ৰাছিয়াৰ বিকাশত ভাৰতীয় ব্যৱসায়িক অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ১ বিলিয়ন ডলাৰৰ ছফ্ট ক্ৰেডিট লাইন ঘোষণা কৰিছিল। ইফালে সন্মিলনখনত এছ-৪০০ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতত ৰাছিয়ান স্পুটনিক লাইট ভেকছিন ব্যাপকভাৱে প্ৰস্তুত কৰা হৈছে। সেই অনুসৰি কৰ’না ভাইৰাছৰ বিষয়েও বৈঠকত আলোচনাৰ সম্ভাৱনাও আছে। |
Continue Reading |
আপডেট খবর |
উত্তৰ-পূব1 year ago |
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন |
গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত... |
অসম1 year ago |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.