text
stringlengths
0
188k
পাছৰ তিনিটা বছৰত উদ্যানৰ পৰিসৰ আৰু ১৫২ বৰ্গ কি.মি. বঢ়াই ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বিস্তাৰ কৰা হয়।[6][বিসংগতিপূৰ্ণ উৎস] ১৯০৮ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' ঘোষণা কৰা হয়। ১৯১৬ চনত ইয়াক 'অভয়াৰণ্য' ঘোষণা কৰা হয়। "কাজিৰঙা চিকাৰ অভয়াৰণ্য" (Kajiranga Game Sanctuary) নামটো ১৯৩৮ চনলৈ বাহাল থাকে। এই সময়চোৱাত কাজিৰঙাৰ ভিতৰত চ...
কাজিৰঙাৰ ঘাঁহনিত এক এশিঙীয়া গঁড়।
১৯৫০ চনত অৰণ্য সংৰক্ষক (forest conservationist), পি.ডি. ষ্ট্ৰেচীৰ উদ্যোগত 'কাজিৰঙা অভয়াৰণ্য' নাম সলনি কৰি 'কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্য' (Kaziranga Wildlife Sancutuary) কৰা হয়। মূলত: আগৰ নামটোত সংপৃক্ত 'চিকাৰ' (game) শব্দটোৱে ভুল তাৎপৰ্য বহন কৰে বুলি নামটো সলনি কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৫৪ চনত অসম চৰকাৰে 'অসম (গ...
কাজিৰঙাই বিগত কেইটামান দশকত বহুতো প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট দুৰ্যোগৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ বানপানী যথেষ্ট সংখ্যক পশুৰ মৃত্যুৰ কাৰণ হৈ পৰে।[7] কাজিৰঙাৰ আশ-পাশে চলি থকা বেদখলে উদ্যানখনৰ সীমা চেপি আনি পশুৰ বাবে স্থান সীমিত কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] আলফা আৰু অন্যান্য উগ্ৰপন্থী গোটৰ চলিত কাৰ্যকলাপে অঞ্চলটোৰ...
২০০৫ চনত উলহ-মালহেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশ বছৰীয়া জয়ন্তী উদ্‌যাপন কৰা হয়। এই উপলক্ষত মেৰী কাৰ্জন আৰু লৰ্ড কাৰ্জনৰ বৰ্তমান বংশধৰক বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়। একে উৎসৱত 'নিগনা চিকাৰী'ৰ নাতি হাতীৰ মাউত 'বাপিৰাম হাজৰিকা'কো সন্মান জনোৱা হয়।[3] ২০০৭ চনৰ প্ৰথম ভাগত কেইটামান হাতী আৰু দুটা গঁড় মানাহ ৰাষ্ট্ৰীয় উ...
নামৰ উৎপত্তিসম্পাদনা কৰক
কাজিৰঙা নামৰ উৎপত্তি সম্পৰ্কে নিশ্চিত তথ্য পোৱা হোৱা নাই, অৱশ্যে বিভিন্ন জনশ্ৰুতি বিৰাজমান। এটা এনে প্ৰবাদ অনুসৰি ৰঙা নামৰ ছোৱালী এজনীয়ে কাৰ্বি ডেকা কাজিক ভাল পাইছিল। কিন্তু সমাজৰ বাধাৰ বাবে দুয়ো এক হ'ব নোৱাৰিলে। এদিন দুয়ো পলাই গৈ কাষৰ হাবিত সোমাল আৰু কেতিয়াও উভতি নাহিল। সেই হাবিখনেই বৰ্তমানৰ কাজিৰঙা।[উদ্ধৃতিৰ প্ৰয...
কাজিৰঙা নামটোৰ প্ৰাচীনত্ব সম্পন্ধে যথেষ্ট সমল পোৱা যায়। সপ্তদশ শতিকাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ সেই ফালেৰে যাওঁতে সেই ঠাইৰ মাছৰ সোৱাদত আকৃষ্ট হৈ ঠাইখিনিৰ নাম সোধাত 'কাজিৰঙা' বুলি উত্তৰ দিয়াৰ উল্লেখ পোৱা যায়।[11] কাজিৰঙাৰ আন এটা উৎস হ'ব পাৰে কাৰ্বি ভাষাৰ শব্দ 'কাজি' (অৰ্থ: ছাগলী) আৰু 'ৰঙাই' (অৰ্থ: ৰঙা), অৰ্থাৎ 'ৰঙা ...
কিছু সংখ্যক বুৰঞ্জীবিদৰ মতে কাজিৰঙা কাৰ্বি ভাষাৰ 'কাজিৰ-এ-ৰং' শব্দৰপৰা আহিছে। ইয়াৰ অৰ্থ হৈছে 'কাজীৰ গাঁও'। কাৰ্বিসকলৰ মাজত ছোৱালীৰ নাম হিচাপে 'কাজিৰ' বহুল প্ৰচলিত।[উদ্ধৃতিৰ প্ৰয়োজন] বিশ্বাস কৰা হয় যে এটা সময়ত 'কাজিৰ' নামৰ এগৰাকী মহিলাই এই অঞ্চল শাসন কৰিছিল। এই অঞ্চলত সিঁচৰতি হৈ থকা কাৰ্বি ৰাজ্যৰ বিভিন্ন শিলাকৃতিয়ে...
ভৌগোলিক বিৱৰণসম্পাদনা কৰক
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানচিত্ৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি অক্ষাংশ ২৬°৩০' উ. আৰু ২৬°৪৫' উ.-ৰ মাজত আৰু দ্ৰাঘিমাংশ ৯৩°০৮' পূ. আৰু ৯৩°৩৬' পূ.উ.-ৰ মাজত। নগাঁও জিলাৰ কলিয়াবৰ মহকুমা আৰু গোলাঘাট জিলাৰ বোকাখাট মহকুমাত উদ্যানখন অৱস্থিত।[উদ্ধৃতিৰ প্ৰয়োজন]
উদ্যানৰ দৈৰ্ঘ্য প্ৰায় ৪০ কিমি (পূব-পশ্চিম) আৰু প্ৰস্থ প্ৰায় ১৩ কি.মি. (উত্তৰ-দক্ষিণ)।[12] কাজিৰঙাৰ মুঠ মাটিকালি ৩৭৮ বৰ্গ কি.মি., ইয়াৰে প্ৰায় ৫১.১৪ বৰ্গ কি.মি. বিগত দশককেইটাত গৰাখহনীয়াৰ বুকুত জাহ গৈছে।[12] উদ্যানৰ বৰ্তমান চাৰিসীমাৰ বাহিৰৰ ৪২৯ বৰ্গ কি.মি. কাজিৰঙাৰ লগত সাঙুৰি অইন এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি...
কাজিৰঙাত পলসুৱা ভূমিৰ বিস্তৰ ক্ষেত্ৰ বিৰাজমান। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই উটুৱাই নি জমা কৰা পলসুৱা মাটিৰে এনে ক্ষেত্ৰ গঠিত হয়।[উদ্ধৃতিৰ প্ৰয়োজন] উদ্যানৰ বুকুত বালিচৰ আৰু বানপানীৰে সৃষ্ট বিলৰ পয়োভৰ দেখা যায়। এনে বিলসমূহে মুঠ মাটিকালিৰ প্ৰায় ৫% আৱৰি আছে,[উদ্ধৃতিৰ প্ৰয়োজন] ওখ অংশক চাপৰি বোলা হয়। বানপানীৰ সময়ত চাপৰিত...
জলবায়ুসম্পাদনা কৰক
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয়: গ্ৰীষ্ম, বৰ্ষা আৰু শীত। শীতকালটো শুকান আৰু নাতিশীত, নৱেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয়। এই সময়ত সৰ্ব্বোচ্চ উষ্ণতা গড়ে ২৫°ছে. আৰু সৰ্বনিম্ন গড় উষ্ণতা ৫°ছে.।[উদ্ধৃতিৰ প্ৰয়োজন] বিল, নলা আদি শুকাই যায়।[14]:p.06 মাৰ্চ আৰু মে মাহত গ্ৰীষ্ম ঋতু বিৰাজ কৰে। এই স...
প্ৰাণীকুলসম্পাদনা কৰক
এশিঙীয়া গঁড়
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৫-বিধ স্তন্যপায়ী প্ৰজাতিৰ বসবাস আৰু প্ৰজনন স্থলী[20] ইয়াৰে ১৫টা প্ৰজাতি 'প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংঘ'ৰ IUCN Red List তালিকাত 'বিপদশংকুল' (threatened) বুলি ঘোষিত।[উদ্ধৃতিৰ প্ৰয়োজন] এই উদ্যান নিম্নোক্ত প্ৰজাতিকেইটাৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ বাসভূমি: এক খড়্গ যুুুুক্ত গঁঁড় (Great Indian...
মেকুৰীজাতীয় বৃহদাকাৰ প্ৰাণী, যেনে ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘৰ বাবে আফ্ৰিকাৰ বাহিৰত থকা অল্পসংখ্যক প্ৰজননস্থলীৰ ভিতৰত কাজিৰঙা অন্যতম।[20] ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ (Tiger Reserve) হিচাপে ঘোযণা কৰা হয়। ২০০০ চনৰ গণনা অনুসৰি কাজিৰঙাত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা ৮৬, প্ৰতি বৰ্গ কি.মি.ত ৫-টাকৈ বাঘৰ সংখ্যা...
An Indian Roller at Kaziranga
কাজিৰঙাক Birdlife International-ৰ দ্বাৰা 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' (Important Bird Area) হিচাপে চিহ্নিত কৰা হৈছে।[28] এই উদ্যান কেবাবিধৰ পৰিভ্ৰমী, জলচৰ, চিকাৰী, শৱখাদক আৰু চিকাৰৰ চৰাইৰে বাসস্থান। Lesser White-fronted Goose, Ferruginous Duck, Baer's Pochard duck আৰু হাড়গিলা (Lesser Adjutant), বৰটোকোলা (Greater Adjut...
আগতে কাজিৰঙাত সাতোটা ভিন্ন প্ৰজাতিৰ শগুন দেখা গৈছিল। কিন্তু বৰ্তমান শগুনৰ বিলুপ্তপ্ৰায় অৱস্থা হৈছে। ইয়াৰ মূল কাৰণ হিচাপে ডাইক্লোফেনাক (diclofenac) নামৰ ঔষধ থকা শৱ আহাৰ হিচাপে গ্ৰহণ কৰাকে ভবা হৈছে।[31] বৰ্তমান Indian Vulture, Slender-billed Vulture, আৰু Indian White-rumped Vulture, এই তিনিটা প্ৰজাতিৰ শগুনহে দেখিবলৈ পো...
অন্যান্য চৰাইৰ ভিতৰত Great Indian Hornbill আৰু Wreathed Hornbill, Old World babbler-ৰ ভিতৰত Jerdon’s আৰু Marsh Babbler, পাতসিয়া চৰাই (weaver bird)-ৰ ভিতৰত সাধাৰণতে দেখিবলৈ পোৱা টোকোৰা (Baya Weaver) আৰু লুপ্তপ্ৰায় (threatened) Finn's Weaver; thrushes-ৰ ভিতৰত Hodgson's Bushchat; আৰু Old World warblers-ৰ ভিতৰত Bristled ...
পৃথিৱীৰ ভিতৰতে বৃহৎ আকাৰৰ দুবিধ সাপ ক্ৰমে Reticulated Python আৰু Rock Python; লগতে আটাইতকৈ দীঘল বিষধৰ সাপ ৰজাফেঁটী (King Cobra) এই উদ্যানত বিদ্যমান। ইয়াৰ উপৰিও ফেঁটী সাপ (Indian Cobra), Monocled Cobra, Russell's Viper, আৰু Common Krait দেখিবলৈ পোৱা যায়।[20] Monitor lizard প্ৰজাতিসমূহৰ Bengal monitor আৰু Water Monitor...
অতিৰিক্ত তথ্য: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ তালিকা
এশিঙীয়া গঁড়
বনৰীয়া গাহৰিৰ পৰিয়াল
কাজিৰঙা বনৰীয়া ম’হৰ ৰম্যভূমি
বাৰশিঙা পহু
সোণালী বান্দৰ
হুগৰি পহু
কাজিৰঙাৰ ভাটৌ
ঈগল
হাতী
বন কুকুৰা
উদ্ভিদকুলসম্পাদনা কৰক
কাজিৰঙাৰ পৰ্ণপাতী অৰণ্য আৰু ঘাঁহনি
মূলত: চাৰি প্ৰকাৰৰ উদ্ভিদসমষ্টি (vegetation) দেখিবলৈ পোৱা যায়:[32] পলসুৱা মাটিৰ ঘাঁহনি alluvial inundated grasslands, পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য alluvial savanna woodlands, গ্ৰীষ্মপ্ৰধান আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য tropical moist mixed deciduous forests, আৰু গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য tropical semi-evergree...
কাজিৰঙাৰ এটা পহৰা-চকীৰপৰা ঘাঁহনি আৰু মুকলি অৰণ্যৰ মাজত লঠঙা এডাল গছ।
উদ্যানখনৰ পূব আৰু পশ্চিম অংশৰ মাজত উচ্চতাৰ পাৰ্থক্য আছে। পশ্চিম অংশ পূবতকৈ নামনিত। পশ্চিম অংশ ঘাঁহনিৰে আৱৰা। ওখ ঘাঁহ ওখ অংশত পোৱা যায়, আনহাতে চাপৰ ঘাঁহ পোৱা যায় আপেক্ষিক ভাৱে কম উচ্চ আৰু জলাশবসমূহৰ পাৰে পাৰে।[উদ্ধৃতিৰ প্ৰয়োজন] বছৰেকীয়া বানপানী, তৃণভোজীৰ চাৰণ আৰু নিয়ন্ত্ৰিত ভাৱে জ্বলাই দিয়াৰ বাবে ঘাঁহনি আৰু খাগৰি ...
কাঞ্চনঝুৰি, পানবাৰী আৰু তামূলীপথাৰ ব্লকসমূহত চিৰসেউজ অৰণ্য বিৰাজমান। এই চিৰসেউজ অৰণ্যত দেখা পোৱা গছ সমূহ হৈছে Aphanamixis polystachya, Talauma hodgsonii, Dillenia indica, Garcinia tinctoria, Ficus rumphii, Cinnamomum bejolghota, আৰু Syzygium বিভিন্ন প্ৰজাতি। বাগৰি, বিমলী, আৰু হালধিবাৰী ব্লকত গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ ...
কাজিৰঙাৰ জলাশয় সমূহতো বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা যায়। পানী মেটেকা (water hyacinth) কাজিৰঙাত সতকাই চকুত পৰা এবিধ আগ্ৰাসী জল-উদ্ভিদ। পানী-মেটেকাই জলাশয়সমূহ ঢাকি পেলায় যদিও বানপানীয়ে বছৰি মেটেকা নিৰ্মূল কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] আন এবিধ আগ্ৰাসী উদ্ভিদ Mimosa invisa, যি তৃণভোজী প্ৰাণীৰ বাবে হানিকাৰক। ২০০৫ চনত Wildlife ...
প্ৰশাসনসম্পাদনা কৰক
উদ্যানৰ জৈৱিক ঐতিহ্যৰ বাৰ্তা বহন কৰা এখন জাননী
অসম চৰকাৰৰ বন বিভাগৰ বন্যজীৱন (Wildlife) শাখাৰ বোকাখাটস্থিত সদৰ কাৰ্যালয়ৰপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশাসন কাৰ্য্য চলোৱা হয়।[14]:p.05 উদ্যান প্ৰশাসনৰ মুৰব্বী হৈছে সঞ্চালক, এখেত সংৰক্ষক পৰ্য্যায়ৰ বিষয়া (conservator-level officer)। এজন সংমণ্ডল বন প্ৰাধিকাৰী উদ্যান প্ৰশাসনৰ মুখ্য কাৰ্য্যবাহী বিষয়া। দুজন সহকাৰী ব...
উদ্যানৰ বাবে অৰ্থনৈতিক সাহায্য ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ বিভিন্ন পৰিকল্পিত আৰু পৰিকল্পনা বহীৰ্ভূত বিভিন্ন শিতানৰ যোগেদি আগবঢ়োৱা হয়। কেন্দ্ৰ চৰকাৰৰ হাতী প্ৰকল্পৰ (Project Elephant) পৰাও সাহায্য আহে। ১৯৯৭-১৯৯৮ চনত বিশ্ব ঐতিহ্য নিধিৰ (World Heritage Fund) 'নিৰাপত্তা প্ৰবলনৰ বাবে কাৰিকৰী সহযো...
সংৰক্ষণ ব্যৱস্থাসম্পাদনা কৰক
কাজিৰঙাত গঁড় আৰু হাতী গণনাৰ লেখ
ভাৰতীয় আইনৰ অধীনত বন্য প্ৰাণী সংৰক্ষণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সৰ্বাধিক ৰক্ষণা-বেক্ষণ দিয়া হৈছে। ১৮৯১ চনৰ 'অসম বন নিয়ন্ত্ৰণ আইন'ৰপৰা (Assam Forest Regulation of 1891) আৰম্ভ কৰি ২০০২ চনৰ 'জৈৱবৈচিত্ৰ্য সংৰক্ষণ আইন'লৈ (Biodiversity Conservation Act of 200) কেবাখনো আইনৰ জৰিয়তে কাজিৰঙাক বিশেষ সুৰক্ষা প্ৰদান কৰা ...
কাজিৰঙাত ঘাঁহৰ নিয়ন্ত্ৰিত জ্বলন
বছৰেকীয়া বানপানী আৰু মাত্ৰধিক বৰষুণ বন্য জীৱৰ মৃত্যুৰ এটা বৃহৎ কাৰণ, লগতে সংৰক্ষণৰ কাঠামোৰো ই ক্ষতিসাধন কৰে।[13]:p.21 বানপানীৰপৰা পৰিত্ৰাণৰ বাবে বহুতো জীৱই উদ্যান এলেকাৰ বাহিৰৰ ওখ ঠাইলৈ গুচি যায়, য'ত সহজে চিকাৰ হোৱাৰ উপৰিও তীব্ৰ-বেগী যানবাহনৰ খুন্দাতো প্ৰাণ দিবলগীয়া হয়। জনবসতিৰ খেতি নষ্ট কৰাৰ বাবেও কেতিয়াবা এনে জী...
কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী চাহবাগিচাৰ কীটনাশক আৰু নুমলীগড় শোধনাগাৰৰপৰা নিৰ্গত আৱৰ্জনাৰে হোৱা জল প্ৰদূষণ উদ্যানখনৰ পৰিস্থিতিতন্ত্ৰৰ বাবে এক ভাবুকি।[14]:p.24 মিমোছা (Mimosa) আৰু বন গোলাপৰ (wild rose) দৰে আগ্ৰাসী উদ্ভিদে উদ্যানখনৰ থলুৱা উদ্ভিদৰ প্ৰতি আশংকা আনিছে। এনে আগ্ৰাসী উদ্ভিদ নিয়ন্ত্ৰণৰ বাবে জৈৱিক উপায় যেনে, হাতেৰে উভ...
পৰ্যটকৰ বাবে কৰ্মসম্পাদনা কৰক
অসম চৰকাৰৰ দ্বাৰা পৰিচালিত বনশ্ৰী পৰ্যটক আৱাস
উদ্যানৰ ভিতৰত আৰু কাষৰীয়া ঠাইত ঘাইকৈ বন্যপ্ৰাণী দৰ্শন আৰু পক্ষী দৰ্শন পৰ্যটকৰ বাবে আকৰ্ষণীয়। হাতী আৰু জীপ গাড়ীৰে অৰণ্য দৰ্শনলৈ লৈ যোৱা হয়। মানুহ আৰু জন্তুৰ সংঘাত নহ'বলৈ উদ্যানৰ ভিতৰত হাইকিং নিষিদ্ধ। বন্যপ্ৰাণী দৰ্শনৰ বাবে ছহলা, মিহিমুখ, কাঠপৰা, ফলিয়ামাৰী, আৰু হৰমতীত 'দৰ্শন স্তম্ভ' (observation tower) আছে। উদ্যানৰ ...
পৰিবহণসম্পাদনা কৰক
ৰাষ্ট্ৰীয় ঘাইপথ নং ৩৭-ত কাজিৰঙালৈ আদৰণি শৰাই
এখন কাঠৰ দলং, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত
সকলো পৰ্যটককে বন-বিভাগৰ দ্বাৰা অনুমোদিত 'গাইড'ৰ লগতহে উদ্যানৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হয়। মাউতৰ দ্বাৰা পৰিচালিত হাতীৰে বা জীপ আৰু 'চাৰিচকীয়া ড্ৰাইভ'ৰ অইন গাড়ীৰে অৰণ্যৰ ভিতৰলৈ যাবলৈ আগতীয়াকৈ 'বুক' কৰিব লাগে। কঁহৰাত থকা উদ্যান প্ৰশাসন কেন্দ্ৰৰপৰা (Park Administrative Centre) গাড়ী যাব পৰা তিনিটা বাটেৰে উদ্যানখনৰ তি...
গুৱাহাটী, তেজপুৰৰপৰা উজনি অসমলৈ চলাচল কৰা অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ব্যক্তিগত মালিকানাধীন বাছেৰে গৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাই-পথত অৱস্থিত কাজিৰঙাৰ মুখ্য প্ৰৱেশদ্বাৰ, কঁহৰাত নামিব পাৰি। আটাইতকৈ ওচৰৰ নগৰ বোকাখাটলৈ দূৰত্ব ২৩ কি.মি.। উদ্যানৰ ওচৰৰ চহৰ হৈছে গুৱাহাটী (দূৰত্ব ২১৭ কি.মি.) আৰু যোৰহাট (দূৰত্ব ৯৭ কি.মি.)। ফৰকাটিং (দূৰ...
জনপ্ৰিয় মাধ্যমতসম্পাদনা কৰক
কাজিৰঙাক কেন্দ্ৰ কৰি কেবাখনো কিতাপ, গান আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। ৰবীন বেনাৰ্জীৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ কাজিৰঙা ১৯৬১ চনত বাৰ্লিন দূৰদৰ্শনত প্ৰচাৰিত হোৱাৰ পাছতেই কাজিৰঙা আন্তৰ্জাতিক ভাৱে আলোচিত হয়।[44][45][46] আমেৰিকা যুক্তৰাষ্ট্ৰৰ কল্পবিজ্ঞান লেখক 'এল. স্প্ৰিউগ ডি কেম্প'য়ে কাজিৰঙাক লৈ কাজিৰঙা, অসম (Kaziranga,...
কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰক উপজীৱ্য হিচাপে লৈ ৰছিত অৰূপ দত্তৰ শিশু উপন্যাস কাজিৰঙা ট্ৰেইল-এ (Kaziranga Trail) শংকৰ বঁটা লাভ কৰে। এইখন ১৯৭৯ চনত 'চিল্ড্ৰেন্‌ছ বুক ট্ৰাষ্ট'ৰ দ্বাৰা প্ৰকাশিত হৈছিল।[47] ড৹ ভূপেন হাজৰিকাই কাজিৰঙাক উপলক্ষে কৰি এটা গান ৰচনা কৰিছিল।[24] কাজিৰঙাৰ বৰ্তমানৰ প্ৰথম মহিলা মাউত[উদ্ধৃতিৰ প্ৰয়োজন] পাৰ্...
তথ্য-সংগ্ৰহসম্পাদনা কৰক
↑ Bhaumik, Subir (17 April 2007). "Assam rhino poaching 'spirals'". BBC News. http://news.bbc.co.uk/2/hi/south_asia/6564337.stm। আহৰণ কৰা হৈছে: 2008-08-23.
↑ Kaziranga accessed on February 23, 2007
↑ 3.0 3.1 Rashid Parbina (8/28/2005) "Here conservation is a way of life" the Sunday Tribune - Spectrum, আহৰণ কৰা তাৰিখ: ১৪-০৪-২০১২
↑ 4.0 4.1 4.2 4.3 Bhaumik, Subir (2005-02-18). "Kaziranga's centenary celebrations". BBC News. http://news.bbc.co.uk/2/low/south_asia/4274927.stm। আহৰণ কৰা হৈছে: 2008-08-23.
↑ Talukdar, Sushanta (2005-01-05). "Waiting for Curzon's kin to celebrate Kaziranga". The Hindu. http://www.hinduonnet.com/2005/01/05/stories/2005010503052000.htm। আহৰণ কৰা হৈছে: 2008-08-23.
↑ "Kaziranga National Park–History and Conservation". Kaziranga National Park Authorities. http://www.kaziranga-national-park.com। আহৰণ কৰা হৈছে: 2008-08-23.
↑ Kaziranga Factsheet (Revised), UNESCO, Retrieved on 2007-02-27 Archived July 18, 2008 at the Wayback Machine
↑ সাঁচ:Cite web 2008
↑ Bhattacharjee, Gayatri (2007-03-20). "Animals relocated to Manas National Park". NDTV. Archived from the original on 2007-09-29. http://web.archive.org/web/20070929121059/http://www.ndtv.com/environment/WILDLIFE.asp?id=102370&callid=1। আহৰণ কৰা হৈছে: 2008-08-23.
↑ Official Support Committee, Kaziranga National Park (2009). "History-Legends". প্ৰকাশক Assam: AMTRON. http://assamforest.in/knp-osc/linkpages.php?u=hr&sm=lg। আহৰণ কৰা হৈছে: 4 January 2010. [সংযোগবিহীন উৎস]
↑ 11.0 11.1 11.2 Mathur, V.B.; Sinha, P.R. and Mishra, Manoj. "UNESCO EoH Project_South Asia Technical Report No. 7–Kaziranga National Park" (PDF). UNESCO. পৃষ্ঠাসমূহ: 15–16. Archived from the original on May 30, 2008. http://web.archive.org/web/20080530041002/http://www.enhancingheritage.net/docs/UNESCOEoH_Project_Sou...
↑ 12.0 12.1 Lahan, P; Sonowal, R. (March 1972). "Kaziranga WildLife Sanctuary, Assam. A brief description and report on the census of large animals". Journal of the Bombay Natural History Society খণ্ড 70 (2): 245–277
↑ 13.0 13.1 13.2 :p.7-8 (PDF) Section II: Periodic Report on the State of Conservation of Kaziranga National Park, India. UNESCO. 2003. Archived from the original on 2006-05-24. http://web.archive.org/web/20060524154236/http://whc.unesco.org/archive/periodicreporting/cycle01/section2/337.pdf। আহৰণ কৰা হৈছে: 2008-08-23.
↑ 14.0 14.1 14.2 14.3 14.4 14.5 14.6 14.7 :p.05Mathur, V.B.; Sinha, P.R. and Mishra, Manoj. "UNESCO EoH Project_South Asia Technical Report–Kaziranga National Park" (PDF). UNESCO. Archived from the original on May 30, 2008. http://web.archive.org/web/20080530040957/http://www.enhancingheritage.net/docs/UNESCOEoH_Projec...
↑ "Kaziranga National Park". Archived from the original on 2006-05-01. http://web.archive.org/web/20060501222012/http://www.wildphototoursindia.com/kaziranga_national_park.htm. . WildPhotoToursIndia(Through Archive.org). Retrieved on 2007-02-27
↑ 16.0 16.1 16.2 :p.03 "State of Conservation of the World Heritage Properties in the Asia-Pacific Region –Kaziranga National Park" (PDF). UNESCO. http://whc.unesco.org/archive/periodicreporting/APA/cycle01/section2/337-summary.pdf। আহৰণ কৰা হৈছে: 2008-08-23.
↑ Phatarphekar, Pramila N. (2005-02-14). "Horn of Plenty". Outlook India. http://www.sosrhino.org/news/rhinonews021405.php। আহৰণ কৰা হৈছে: 2007-02-26.
↑ 18.0 18.1 18.2 18.3 18.4 "UN Kaziranga Factsheet". UNESCO. Archived from the original on July 18, 2008. http://web.archive.org/web/20080718175321/http://www.unep-wcmc.org/sites/wh/kazirang.html। আহৰণ কৰা হৈছে: 2008-08-23.
↑ AFP English Multimedia Wire (29 August 2006). "Rare rhinos in India face food shortage". HighBeam Research, Inc. http://www.highbeam.com/doc/1P1-127919619.html। আহৰণ কৰা হৈছে: 2007-04-25.
↑ 20.0 20.1 20.2 20.3 20.4 20.5 20.6 20.7 20.8 "Wildlife in Kaziranga National Park". Kaziranga National Park Authorities. http://www.kaziranga-national-park.com/wildlife-in-kaziranga-national-park.shtml। আহৰণ কৰা হৈছে: 2008-08-23.
↑ 21.0 21.1 Hussain, Syed Zakir (2006-08-10). "Kaziranga adds another feather - declared tiger reserve". Indo-Asian News Service. http://www.savethetigerfund.org/AM/Template.cfm?Section=Home&TEMPLATE=/CM/ContentDisplay.cfm&CONTENTID=2738। আহৰণ কৰা হৈছে: 2008-08-23.
↑ http://www.rhinoresourcecenter.com/pdf_files/122/1223282785.pdf
↑ 'Wild buffalo census in Kaziranga', The Rhino Foundation for Nature in NE India, Newsletter No. 3, June 2001
↑ 24.0 24.1 Rashid, Parbina (2005-08-28). "Here conservation is a way of life". The Tribune. http://www.tribuneindia.com/2005/20050828/spectrum/main2.htm। আহৰণ কৰা হৈছে: 2008-08-23.
↑ (PDF) Elephant Survey in India. Ministry of Environment and Forests, Government of India. 2005. p. 01. http://envfor.nic.in/pe/census_ereserves2005.pdf। আহৰণ কৰা হৈছে: 2008-08-23
↑ "Kaziranga National Park–Animal Survey". Kaziranga National Park Authorities. http://www.kaziranga-national-park.com/wildlife-in-kaziranga-national-park.shtml। আহৰণ কৰা হৈছে: 2008-08-23.
↑ Choudhury, A.U. (2010)The vanishing herds : the wild water buffalo. Gibbon Books, Rhino Foundation, CEPF & COA, Taiwan, Guwahati, India
↑ "Wildlife in Kaziranga National Park". Kaziranga National Park Authorities. Archived from the original on December 14, 2007. http://web.archive.org/web/20071214201216/http://www.kaziranga-national-park.com/birding-in-kaziranga-national-park.shtml। আহৰণ কৰা হৈছে: 2008-08-23.
↑ 29.0 29.1 29.2 29.3 :pp.07–10Barua, M.; Sharma, P. (1999). "Birds of Kaziranga National Park, India" (PDF). Forktail (Oriental Bird Club) খণ্ড 15: 47–60. http://www.orientalbirdclub.org/publications/forktail/15pdfs/Barua-Kaziranga.pdf। আহৰণ কৰা হৈছে: 2008-08-23
↑ Choudhury, A.U. (2003) Birds of Kaziranga : a check list. Gibbon Books & Rhino Foundation, Guwahati, India
↑ 31.0 31.1 R Cuthbert, RE Green, S Ranade, S Saravanan, DJ Pain, V Prakash, AA Cunningham (2006). "Rapid population declines of Egyptian vulture (Neophron percnopterus) and red-headed vulture (Sarcogyps calvus) in India". Animal Conservation খণ্ড 9 (3): 349–354. doi:10.1111/j.1469-1795.2006.00041.x. http://www3.inters...
↑ Talukdar, B. (1995). Status of Swamp Deer in Kaziranga National Park. Department of Zoology, Guwahati University, Assam.
↑ Kushwaha, S.& Unni, M. (1986). Applications of remote sensing techniques in forest-cover-monitoring and habitat evaluation—a case study at Kaziranga National Park, Assam, in, Kamat, D.& Panwar, H.(eds), Wildlife Habitat Evaluation Using Remote Sensing Techniques. Indian Institute of Remote Sensing / Wildlife Institut...
↑ Jain, S.K. and Sastry, A.R.K. (1983). Botany of some tiger habitats in India. Botanical Survey of India, Howrah. p71 .
↑ Silent Stranglers, Eradication of Mimosas in Kaziranga National Park, Assam; Vattakkavan et al.; Occasional Report No. 12, Wildlife Trust of India, pp. 12–13(PDF). Retrieved on 2007-02-26