text stringlengths 0 188k |
|---|
“জ্ঞানতকৈ কল্পনা শক্তিৰহে প্ৰয়োজনীয়তা বহুত বেছি৷” |
“প্ৰকৃতিক বৰ গভীৰভাৱে পৰ্য্যবেক্ষণ কৰক। দেখিব, বাকী সকলোবোৰ সহজ হৈ পৰিছে৷” |
“ধৰ্ম্ম অবিহনে বিজ্ঞান খোৰা আৰু বিজ্ঞান অবিহনে ধৰ্ম্ম হৈছে অন্ধ৷” |
“মই এজন ধৰ্ম্মপৰায়ণ নাস্তিক৷ এইটোও এটা নতুন ধৰ্ম্ম৷” |
“এনেকুৱাও হব পাৰে যে কাকতালীয় সংযোগৰ আঁৰত ঈশ্বৰে ছদ্মৰূপ ধাৰণ কৰি আছে৷” |
“মই সঁচাকৈয়ে এটা কথা জানিবলৈ ইচ্ছুক যে ঈশ্বৰে এই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ সময়ত তেওঁৰ ওচৰত বেলেগ বিকল্প আছিল নে?” |
“এজন এলেহুৱা মানুহে ভাগৰ জিৰোৱাৰ কি যে আনন্দ, সেইয়া কেতিয়াও বুজি নাপায়৷” |
তেখেত আছিল এক প্ৰজ্ঞাবান ভৱিষৎদ্ৰষ্টা৷ বৰ্তমান সময়ৰ ব্যস্ততা আৰু মোবাইল, ফেচবুক, হোৱাট্ছআপ আদি সংযোগ মাধ্যমে, বাস্তৱ জগতৰ মানুহৰ মাজত বৃদ্ধি কৰা দূৰত্বৰ কথাটো, আইনষ্টাইনে আজিৰ পৰা ৬০ বছৰ আগতেই অনুধাৱন কৰি কৈছিল- |
“মই সেই দিনটোৰ কথা ভাবি ভয় কৰো, যিদিনা কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ মাজত থকা, ভাৱৰ আদান প্ৰদানৰ প্ৰক্ৰিয়াক, স্তব্ধ কৰি পেলাব৷ সঁচাকৈয়ে এনেকুৱা হব লাগিলে, অদূৰ ভৱিষ্যতে এই পৃথিৱীয়ে অপদাৰ্থৰে ভৰা এক প্ৰজন্ম পাবলৈ গৈ আছে৷” |
“পৃথিৱীখন কুকৰ্ম্ম কৰা মানুহৰ দ্বাৰা ধ্বংস নহয়, ধ্বংস হব কুকৰ্ম্মবোৰ দেখিও হাত সাৱটি বহি থকা মানুহবোৰৰ পৰা৷” |
“ঔদ্যোগিক বিকাশ হৈছে কোনো এক মনোবিকাৰগ্ৰস্ত অপৰাধীৰ হাতত এখন ধাৰাল কুঠাৰ অৰ্পণ কৰাৰ দৰে৷” |
“মানসিক উদণ্ডতা, অজ্ঞানতাতকৈয়ো বেছি ভয়াবহ৷” |
“দুৰ্বল মানুহে প্ৰতিশোধ লব বিচাৰে, জ্ঞানীজনে ক্ষমা কৰি দিয়ে আৰু বুদ্ধিজীৱীসকলে বিষয়টো এৰাই চলে৷” |
“আপুনি যদি আপোনাৰ সন্তানক বুদ্ধিদীপ্ত হোৱাটো বিচাৰে তেনেহলে তেওঁক সৰুৰে পৰা সাধুকথা পঢ়িবলৈ দিয়ক৷ যদি আৰু বেছি বুদ্ধিদীপ্ত হোৱাটো বিচাৰে, তেনেহলে তেওঁক আৰু বেছি সাধুকথা পঢ়িবলৈ দিয়ক৷” |
“যুক্তিৰ দ্বাৰা পৰিচালিত হৈ আপুনি A ৰ পৰা B হে পাবগৈ পাৰিব কিন্তু কল্পনাশক্তিয়ে আপোনাক সকলো ঠাইলৈ লৈ যাব পাৰিব৷” |
“কালি”ৰ পৰা শিকক, “আজি”ৰ মাজত জীয়াই থাকক আৰু আশাৰে “কাইলৈ”ৰ প্ৰতীক্ষা কৰক৷ কেৱল মনৰ মাজৰ প্ৰশ্নসমূহ মৰহি যাবলৈ নিদিব৷ |
“কোনোবাই যদি একো ভুল কৰা নাই, তেনেহ’লে বুজি লব লাগিব সেইজনে আজিলৈকে একো নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰা নাই৷” |
জ্ঞানৰ একমাত্ৰ উৎস হৈছে অভিজ্ঞতা৷ |
“যৌৱন কালৰ একাকিত্ব বৰ বেদনাদায়ক অথচ পৰিণত বয়সৰ একাকিত্বই মন প্ৰাণক পুলকিতও কৰে৷” |
“মই এই কথাটো কেতিয়াও বিশ্বাস নকৰো যে ঈশ্বৰে পৃথিৱীক লৈ জুৱা খেলে৷” |
“জীৱনটো কটাবলৈ মাথোঁ দুটা পথ আছে৷ এটা হৈছে যে এই পৃথিৱীত অলৌকিক চমৎকাৰ বুলি একো নাই৷ আনটো পথ হৈছে যে প্ৰত্যেকটো কথাৰ মাজতে ’অলৌকিক চমৎকাৰ’ আছে বুলি বিশ্বাস কৰা৷” |
“মই ভৱিষ্যতৰ কথা বেছি নাভাবো৷ এনেয়েও ই বৰ সোনকালে আহি হাজিৰ হয়হি৷” |
“এজন মানুহে জীৱনটো উপভোগ কৰিবলৈ তেতিয়াহে আৰম্ভ কৰে, যেতিয়াৰ পৰা তেওঁ নিজ সত্ত্বাৰ পৰিসীমাৰ বাহিৰলৈ ওলাই, জীয়াই থাকিবলৈ আৰম্ভ কৰে৷” |
“ব্যৱহাৰিক জ্ঞান হৈছে ১৮ বছৰ বয়সলৈ অৰ্জন কৰা কিছুমান নিজা স্বাৰ্থজড়িত কথাৰ সংগ্ৰহ৷” |
“শিক্ষা কি? স্কুল কলেজত শিকা কথাবোৰ পাহৰি যোৱাৰ পিছত, মনত থকা অৱশিষ্ট কথাখিনিৰ নামেই হৈছে শিক্ষা৷” |
“জীৱন কিহৰ দৰে? জীৱনটো এখন বাইচাইকেল চলোৱাৰ দৰেই সৰল৷ ভাৰসাম্য বজাই ৰাখিবলৈ হ’লে আপুনি আগবাঢ়ি গৈ থাকিবই লাগিব৷” |
“এবাৰ যদি আমি আমাৰ নিজ পৰিসীমাৰ সীমাৱদ্ধতাক স্বীকাৰ কৰোঁ, তেতিয়াহ’লেহে আমি সীমাৱদ্ধতাৰ পৰিসীমা পাৰ কৰিব পাৰো৷” |
“এনেদৰে জীয়াই থাকিবলৈ আৰম্ভ কৰা যেন কাইলৈ তোমাৰ মৃত্যু হ’ব আৰু এনেদৰে শিকিবলৈ চেষ্টা কৰা যেন তুমি আজীৱন জীয়াই থাকিবা৷” |
“মূঢ়তা আৰু প্ৰতিভাৰ মাজত থকা পাৰ্থক্য হৈছে যে প্ৰতিভাৰ এক সীমা আছে৷” |
“এই পৃথিৱীত দুটা বিষয়ৰ কোনো সীমাৰেখা নাই, ই অসীম৷ এটা হৈছে এই বিশ্বব্ৰহ্মাণ্ড আৰু আনটো হৈছে মানুহৰ মূৰ্খামি৷ অৱশ্যে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে মই ন দি কব নোৱাৰিম৷” |
“পাগলামি কি? বাৰে বাৰে একেটা কামকে কৰি, প্ৰত্যেকবাৰেই বেলেগ বেলেগ ফলাফল আশা কৰাটোৱেই হৈছে পাগলামি৷” |
“এজন মানুহে যদি এগৰাকী ধুনীয়া ছোৱালীক চুমা খাই থকা অৱস্থাত, নিৰাপদভা গাড়ী এখনো চলাই থাকে, তেতিয়াহ’লে এইটো বুজিব লাগিব যে তেখেতে চুমা খোৱা কামটোত যিমান মনোযোগ দিব লাগিছিল, সিমান মনোযোগ নাই দিয়া৷” |
“এখন টেবুল, এখন চকী আৰু চকীত এবাটি সুস্বাদু ফল আৰু এখন ভায়োলিন- জীৱনত সুখী হ’বলৈ আৰুনো কি লাগে?” |
এনেদৰেই ৰসাল কথাৰ মাজেৰে বিশ্ববিশ্ৰুত বিজ্ঞানীজনে জীৱন সম্পৰ্কে মানুহক অনেক অনুকৰণীয় ধাৰণা দি গৈছে৷ |
■■ |
← ৰূপোৱালী মেঘৰ ছায়া – মৌচুমী বৰি |
মাজৰাতিৰ এপিটাফ – অভিজিৎ দত্ত → |
You May Also Like |
স্কিজোফ্ৰেনিয়া |
November 20, 2021 November 20, 2021 1 |
প্ৰসংগ: অসমৰ ভ্ৰাম্যমান থিয়েটাৰ (ড° বসন্ত কুমাৰ ভট্টাচাৰ্য) |
October 15, 2015 March 10, 2021 0 |
কৃত্ৰিম বানপানীৰ পৰা চহৰীয়া অঞ্চলক ৰক্ষা কৰোঁ আহক৷ —ড. অনুজ বৰুৱা |
June 16, 2019 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
1 Comment |
Oldest |
Newest Most Voted |
Inline Feedbacks |
View all comments |
বিনয় |
3 years ago |
গধূৰ লেখা। পঢ়ি ধন্য হ’লো |
0 |
Reply |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.