text stringlengths 0 188k |
|---|
এইখিনিতে আন এটা প্ৰসংগও উল্লেখ কৰিব লাগিব যে পত্নী এগৰাকীয়েও “আজিৰ নাৰী হৈ কিয় তল পৰি থাকিম” মনোভাৱেৰে যেতিয়া মানুহটোক বশ কৰিব খোজে তেতিয়াও পৰিয়ালটো আধৰুৱা হৈ ৰয়। ইয়াত এজনে নিজৰ মনতে বিজয়ী-গৌৰৱ লৈ থাকিব পাৰে, কিন্তু পিতৃ-মাতৃৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ অভাৱে সন্তানৰ মনত কম বয়সতে সংঘাতৰ সৃষ্টি কৰে। বাহিৰত হৈ যোৱা কটা-মৰা এ... |
যি কি নহওক, জুৱলীৰ দৰে স্বচ্ছল, সমাজলৈ ইতিমধ্যে কিছু অৱদান আগবঢ়োৱা, শিল্প-সংস্কৃতি-সংবাদৰ লগত জড়িত প্ৰতিষ্ঠিত জ্যেষ্ঠ বহু ব্যক্তিৰ আৰ্শীবাদ-পুষ্ট বা অনুৰাগীয়ে আবৰি থকা এগৰাকী ব্যক্তিয়েও সেইধৰণৰ প্ৰভুত্বশীল বক্তব্যৰ মুখামুখি হ’ব লগাত পৰাৰ পাছত সাধাৰণজনৰ বাবে যে পৰিস্থিতিবোৰ আৰু অধিক জটিল হৈ আছে সেইয়া সহজেই অনুমেয়। এনে... |
মাথোঁ এমাহ পূৰ্বে বিয়া হৈ যোৱা এগৰাকী যুৱতীয়ে বিয়াৰ চাৰিমাহৰ পূৰ্বে এটা প্ৰতিষ্ঠানত গৱেষণাৰ কৰিবলৈ এটা ফেলশ্বিপ লাভ কৰিলে। এটা ভাল প্ৰতিষ্ঠান, গতিকে সেয়া গ্ৰহণ নকৰাৰ কোনো কথাই নাই। ইফালে বিয়াৰ দিন ইতিমধ্যে থিৰাং কৰা হৈ গৈছে। তেতিয়া কোনো পুৰুষেই নহয়, পাঁচগৰাকীমান বিভিন্ন মহিলাইহে ককৰ্থনা কৰিবলৈ ধৰিলে— “বিয়াৰ দিন ঠিক হৈ ... |
প্ৰভুত্ব-প্ৰত্যাশী পুৰুষ আৰু হাজাৰ বছৰ ধৰি কোনো নতুনৰূপ নোপোৱা পকাণ্ড শিল এটাতকৈয়ো নতুনত্বহীন মস্তিষ্কৰ এই মহিলাসকলেই মহিলাৰ বাটবোৰ কণ্টকময় কৰি ৰাখিব। |
(নিৰ্বাচিত মন্তব্যসমূহ সম্পাদনা নকৰাকৈ আগবঢ়োৱা হ’ল ) |
ধনশ্রী কলিতা– কেবল জুবলিয়েই নে প্ৰতিজনী ছোৱালীয়েই এইবোৰ ভোগ কৰিবলগীয়া হয়|কলেজ, স্কুল সকলোতে ছোৱালী শিক্ষয়ত্ৰীবোৰক মেখেলা চাদৰ পিন্ধিবলৈ পৰোক্ষভাবে বাধ্য কৰোৱা হয়| এনেকুৱা বহু উদাহৰণ ওচৰে পাজঁৰে দেখা পোৱা যায়| জুবলী নিমিত্তহে মাত্ৰ| |
ৰক্তিম শৰ্মা– বিহুৰ দিনা পুৰুষে জাতীয় (পৰম্পৰাগত) পোছাক নিপিন্ধে, গতিকে ময়ো নিপিন্ধো । এনে হোৱাতকৈ নতুন চিন্তাৰ নতুন প্ৰজন্মৰ অগ্ৰগামী জুবিন-জুবলীয়ে আদৰ্শহে দেখুৱাব লাগিছিল । যাতে তেওঁলোকক দেখা দেখি সকলোৱে বিহুৰ দিনা অন্ততঃ লিংগ নিৰ্বিশেষে পৰম্পৰাগত বা জাতীয় পোছাকযোৰ পিন্ধিবলৈ আচহুৱা অনুভৱ নকৰে । কিন্তু এতিয়া সকলোৱে ওল... |
পঙ্কজ জ্যোতি মহন্ত- কথাতো তেনেকুৱা উভটি প্ৰথমতে নাছিলেই, পিছতহে হ’ল… । বুজি পাইছেই নিশ্চয়..। আৰু সংস্কৃতিৰ অৰ্থ আছিল, কোনো এটা মানৱ-গোটে মানৱীয় আনন্দ লাভৰ বাবে, নিজক উজ্জীৱিত কৰি তুলিবৰ বাবে, নিজৰ দক্ষতাক উপস্থাপন কৰিবৰ বাবে বা নিজৰ বিশ্বাসক বুজাবৰ বাবে পালন কৰা, আয়োজন কৰা বা প্ৰদৰ্শন কৰা কিছুমান কাৰ্য। যিবোৰ আছিল স্বত... |
ৰক্তিম শৰ্মা– সংঘাতৰ মাজেৰেই বিকাশ হয় । সঠিক পথ সংঘাত অবিহনে মুকলি নহয় । বহিৰাগত সাংস্কৃতিক আগ্ৰাসন-সম্প্ৰসাৰণৰ কথাবোৰ এইবোৰ ক্ষেত্ৰত প্ৰাসংগিক । আমি আমাৰ সংস্কৃতিক এনে আগ্ৰাসনবোৰৰ পৰা কেনেকৈ জীয়াই ৰাখিম বা বিকাশ কৰিম তাকো চিন্তা কৰা প্ৰয়োজন । মই তেনেকৈয়ে ভাবো । নিজকে সংশোধন কৰা দৰকাৰী বুলিও ভাবো । হীনমন্যতাবোৰ লাহে লা... |
নবজ্যোতি তামূলী– মোৰ বোধেৰে কথাটো এনেকোৱা যেন লাগিল যে আমি গৃহস্থৰ চোতালত হুচৰি গাবলৈ গৈছো যাঁওতে চোলা চুৰিয়া মোনাত ভৰাই নিলো৷ কিন্তু গৃহস্থক আমি দেখিলো তেখেতলোকে জাতীয় সাজ পিন্ধা নাই৷ সেয়ে আমি হুচৰি গাবলৈও হুচৰিৰ চোলা চুৰিয়া নিপিন্ধাকৈয়ে আগুৱাই গলো৷ কিন্তু গৃহস্থই নিদিলে৷ চোলা চুৰিয়া থাকিলেও আমাৰো আত্মসন্মানত আঘ... |
ধনশ্রী কলিতা– মোৰ এটা প্ৰশ্ন আছে| কিন্তু আগতীয়া অনুৰোধ, অযথা বিতৰ্ক যাতে কোনেও নকৰে| ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্তকে ধৰি আগৰ প্ৰজন্মৰ গায়কসকলে সদায় জাতীয় পোছাক পিন্ধি বিহু মঞ্চত গান গাইছিল নেকি? মানে তেওঁলোকে সদায় চুৰিয়া কামিজ পিন্ধিহে গান গাইছিল নেকি? উত্তৰটো জানিবলৈ পালে সুখী হ’ম| আৰু এটা জৰুৰী কথা, জুবলীয়... |
পঙ্কজ বৰা– তালিবানী ক’লা বোৰ্খাৰ ফটোৱা আৰু অসমীয়া মহিলাৰ দীঘল ওৰণি, কাৰ্য্যত: একেই৷ ইখনৰ ৰং ক’লা, আমাৰখন যেনিবা বগা৷ |
মঞ্জিল কোঁৱৰ- পংকজ দাৰ শেষৰ কমেণ্টটোৰ কথাখিনিয়ে আজি বহুদিনৰপৰা মোৰ মনতো ক্ৰিয়া কৰি আহিছে। উৎসৱ সংস্কৃতি আদিবিলাক আজিকালি কিছুমান ৰীতি-নীতি মানি ৰখা অনুষ্ঠানহে হৈ পৰিছে। স্বতঃস্ফুৰ্তভাৱে মনৰ আনন্দত পালন কৰা কিছুমান ক্ৰিয়া-কলাপ, ৰং-ৰহইচৰ মাজত পৰ্যায়ক্ৰমে কিছুমান ধৰা-বন্ধা কাঢ়া নিয়ম-কানুন প্ৰৱৰ্তন কৰি ৰঙৰ মৃত্যু ঘটোৱা হৈছ... |
নবজ্যোতি তামূলী– ইয়াত তালিবানি বোৰ্খা আৰু দীঘল ওৰণীৰ প্ৰশ্ন অহা নাই৷ অসমৰ জাতীয় উৎসৱ বিহুত এগৰাকী গায়িকাই জাতীয় সাজ পৰিধান নকৰা বিষয়টোহে উপস্থাপন কৰা হৈছে৷ বিহু মঞ্চত তেখেতে লগত নিয়া পাটৰ সাজযোৰ পিন্ধা হলে তেওঁৰ কি ক্ষয় হলহেতেন? বিহু মঞ্চত আয়োজক সকল তেখেতৰ গুণমুগ্ধই আছিল সেয়েহে তেখেতক নিমন্ত্ৰণ কৰা হৈছিল৷ আয়ো... |
যুগল গগৈ– আছলতে কিবা এটা যুক্তিৰ সমৰ্থনত সেই বিষয়ৰ লগত জড়িত কাৰোবাৰ ৰেফাৰেন্স দিয়াটো( যেনে-তেখেতে এনেকৈ কৈছিল টাইপৰ) অনুচিত হয় জানো? আমি যেতিয়া কিবা গৱেষণা পত্ৰ নাইবা প্ৰবন্ধ পাতি লিখো তেতিয়াওতো ৰেফাৰেন্স দিয়া হয় বক্তব্যটোৰ গভীৰতা তথা বিশ্বাসযোগ্যতাৰ প্ৰয়োজনত।জুবলিৰ বিতৰ্কৰ ক্ষেত্ৰটো সেই পেছাতে জড়িত এগৰাকী গায়িকা আৰু গ... |
পঙ্কজ জ্যোতি মহন্ত– তালিবানী ক’লা বোৰ্খাৰ ফটোৱা আৰু অসমীয়া মহিলাৰ দীঘল ওৰণিৰ কথাতো ভিত্তিহীন বুলি কোৱাসকলে ওৰণিক লৈ কৰা অত্যাচাৰবোৰৰ কাণ্ডবোৰ নেদেখিলে চাগে জীৱনকালত, কাৰণ সি আমাৰ শৈষৱত বিদায় মাগিবলৈ আৰম্ভ কৰিছিল.., এতিয়াও অলপ অলপ আছে, অৱশ্যে এতিয়া ষ্টাইল আৰু সৌন্দৰ্য হিচাপেই আছে প্ৰধানকৈ। দুই-একে এইবোৰ অলপ খুটিনাটি ধৰা... |
পঙ্কজ বৰা– আচলতে সৰুৰে ছোৱালী এজনীক সমাজ, ধৰ্ম, সংস্কৃতিৰ পাঠ পঢ়ুৱাই, পাপ হ’ব বুলি ভয় দেখুৱাই ভীতিগ্ৰস্ত কৰি তোলে৷ তোলনী বিয়া খনে ষ্টাম্পটো গহীনকৈ মাৰি দিয়ে৷ একে বয়সৰ ল’ৰা এটাক সমাজ, সংষ্কৃতি ৰক্ষা কৰাৰ বা মহিলাক সন্মান কৰাৰ শিক্ষা দিয়া নহয়৷ মনু সংহিতাৰ আধাৰত বিৱৰ্তিত হোৱা ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত আজিও নাৰীৰ... |
যুগল গগৈ– এনেও আমাৰ এনে অদৰকাৰী গুৰুত্বহীন প্ৰশ্নৰ উত্তৰ দিয়াৰ মন নাছিল কিন্তু প্ৰশ্নকৰ্তাগৰাকীয়ে সেই প্ৰশ্নৰ উত্তৰ কাৰো ওচৰত নাই নেকি বুলি ৰাজহুৱা কৈ চেলেঞ্জ দিয়া বাবেহে মন্তব্যতো দিছিলো ৷ কিন্তু তেখেতে ইমান ভালকৈ বুজাই দিয়াৰ পিছতো বুজি নোপোৱা বাবে মই লজ্জিত ৷ আকৌ এবাৰ চেষ্টা কৰিছো ( এইটোও জানো যে টোপনিত থকাসকলক জগাব ... |
সুজাতা পাঠক বৰা -লিখনিতোৰ লগতে কেইটামান ভাল যুক্তিসংগত মন্তব্য পঢ়িবলৈ পাই ভাল পালো । জুবলীৰ ঘটনাৰ আগৰে পৰাই ফেচবুকতে হওক বা আন কৰবাত হওক মহিলাৰ সাজ পোছাক আৰু চাল চলনৰ ওপৰত আলোচনা সমালোচনা শুনি শুনি আমনি পাইছো । এইবোৰ দেখি শুনি আজিকালি কিছুমান পেন্দুকনা লৰায়ো নাৰীৰ সাজ পোছাকৰ কথা কব আৰম্ভ কৰিছে । মই ভৱাত কোনোবা মহা পণ্ড... |
ৰাজীৱ ৰঞ্জন– হেঃ হেঃ, আৰু নিজকে কিমান ফাঁকি দিম বাৰু আমিবোৰে? আমাৰ ফালে যৌতুকৰ কোনো কথাই নাই, আমাৰ ফালে পুৰুষ মহিলা সমান, আমাৰ ফালে মহিলাক বহু বেছি সন্মান কৰা হয়, আমাৰ ফালে মহিলাক কোনেও অসন্মান নকৰে ইত্যাদি ইত্যাদি। সৰুৰেপৰা দেখি আহিছোঁ, নামঘৰত হোৱা মিটিংখন, যিখনত নিৰ্ধাৰণ হয় গাঁৱৰ সমস্ত নিয়ম-নীতি, সেই মিটিঙত মাহঁতৰ প্... |
পঙ্কজ বৰা– ঠিক কথা ক’লে৷ এইবাৰ ঘৰতে থকাত নামঘৰৰ বাৰ্ষিক সভালৈ মইও গ’লো৷ আমাৰ অৱশ্যে মহিলাৰ প্ৰৱেশ নিষিদ্ধ নহয়৷ মোৰ বৰমায়ে নিজে ভোৰতাল বজায় সমজুৱা নাম-প্ৰসংগও কৰে৷ কিন্তু বাৰ্ষিক সভাখন কোনো এগৰাকী মহিলাই টু বাক্য এটা নক’লে৷ ৰাইজে মোকো দুৱাষাৰ ক’বলৈ কোৱাত মই সেইটো কথাই ক’লো যে প্ৰায় আধা সংখ্যক মহিল কিয় চুপ্ চাপ আছে৷ সমাজ... |
ধনশ্রী কলিতা– ইমানবোৰ ফিলছ’ফি দেখি মনটো একেবাৰে গাৰ্দেন গাৰ্দেন হৈ গ’ল| তথাপি উত্তৰ নাপালো| উত্তৰৰ নামত পালো আকৌ একেটা প্ৰশ্নকেই! পুৰুষক বলাবৰ দম নাই, সেয়ে ককাৰ ধূতি গুচি দেউতাৰ পেন্ট হ’ল| মা আৰু আইতাৰ পোছাক একে থাকিল! দম থকা হ’লে খগেন মহন্তৰ দৰে গায়কৰ পেন্ট পিন্ধি মঞ্চত উঠাৰ সাহসেই নহ’লহেতেন! পুৰুষক বলাব নোৱাৰি চলে বল... |
ৰক্তিম শৰ্মা– বিতৰ্ক কৰা বুলি নাভাবিব । কিন্তু বিহু মঞ্চক কেৱল মনোৰঞ্জনৰ বাবে এক সাধাৰণ সংগীত সন্ধিয়া বুলিলে আপত্তি কৰিম । মঞ্চ বিহুৰ উদ্দেশ্য আছিল অসমীয়া থলুৱা লোকসংস্কৃতি বিহুক এক জাতীয় চেতনাৰ বাহক হিচাপে গঢ় দিয়া । ভাষা আন্দোলন , মাধ্যম আন্দোলন, তেল শোধানাগাৰৰ দাবীত আন্দোলন , অসম আন্দোলন আদি জাতীয় সংগ্ৰামবোৰত জাতি ধ... |
উদ্দীপ তালুকদাৰ– নাহ্! মই কথাবিলাক ইমান দলৈ যোৱাৰ কথাটো বুজা নাই! মই ইমানদিনে যেনেদৰে ভাবি আছিলো, কথাটো প্ৰায় এনেকুৱা আছিল: |
কিবা কাৰণত জুবলীয়ে সেইদিনা ছুৰিদাৰ পিন্ধি গাবলৈ আহিল। কাৰণটো ময়ো নাজানো, ধৰি ললো, সেইদিনাই্ তেওঁ সেইযোৰ ছুৰিদাৰ কিনি আনিছ |
← আমিষ বনাম নিৰামিষ খাদ্য – এটি চমু টোকা (-ডঃ ভূপেন্দ্ৰ শইকীয়া) |
সাধুকথা আৰু শিশুৰ বিকাশ (দেৱীকা ফুকন) → |
You May Also Like |
বিষয়ঃ নদী-বান্ধ |
January 17, 2012 March 10, 2021 0 |
ইন্টাৰনেট কেফেত হঁহা-কন্দা :: লিবিয়াৰ অভিজ্ঞতাৰ ট্ৰেইলাৰ (ডা০ ভূপেন শইকীয়া) |
October 15, 2014 0 |
ছৌদি আৰৱ : মৃত্যুদণ্ড য’ত তেনেই সহজ (আফতাৰ হুছেইন চৌধুৰী) |
January 14, 2013 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
1 Comment |
Oldest |
Newest Most Voted |
Inline Feedbacks |
View all comments |
নৱজ্যোতি শইকীয়া |
6 years ago |
এনে ধৰণৰ লেখা সমূহ বাতৰি কাকতত শেহতীয়াকৈ কিচু পৰিমাণে প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে যদিও সামগ্ৰিকভাৱে এতিয়াও বহু কম । এনে ধৰণৰ ৱেবচাইট বোৰৰ পৰা ইয়াত প্ৰকাশিত লেখা সমূহ বাতৰি-কাকতত প্ৰকাশৰ বাবে ব্যৱস্হা কৰিব পাৰি নেকি ? কিয়নো, সকলো মানুহেই ইন্টাৰনেটৰ ব্যৱহাৰ নাজানে । সচৰাচৰ উপৰোক্ত লেখাত উল্লেখিত ধাৰণা সমূহ শিক্ষিত তথা নতু... |
0 |
Reply |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই পট পৰিৱৰ্তন হ’বলৈ ধৰিছে উত্তৰ-পূবৰ আন ৰাজ্যৰ লগতে ত্ৰিপুৰাৰ ৰাজনীতি। আসন্ন লোকসভা নিৰ্বাচনত আই পি এফ টিয়ে বিজেপিৰে লগ লাগি নিৰ্বাচন ... |
জানিব পৰা মতে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ দুই পুৰণি বন্ধু কংগ্ৰেছ আৰু ইণ্ডিজিনিয়াছ নেশ্যনেল পাৰ্টী অব তিপ্ৰাৰ (আই এন পি টি) মাজত পুনৰ এবাৰ মিত্ৰতা গঢ়ি উঠিব বুলি দেওবাৰে দুয়োটা দলেই এক ইংগিত বহন কৰিছে। |
এই সম্পৰ্কে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱৱৰ্মাই জানিবলৈ দি কয় যে কংগ্ৰেছ আৰু আই এন পি টিৰ মাজত অনুষ্ঠিত হোৱা সভাখনতে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। নিৰ্বাচনত আই এন পি টিয়ে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে দুয়োখন আসনতেই কংগ্ৰেছ দলক সমৰ্থন আগবঢ়াব বুলি কয়। |
ইফালে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত আই এন পি টিৰ সভাপতি বিজয় কুমাৰ ৰাংখলে যিকোনো সময়তে মিত্ৰতা হৈ যাব বুলি এক ইংগিত বহন কৰে। তেওঁ লগতে অলপতে ৰাজ্যখনলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে এক বৈঠকত মিলিত হৈছিল আৰু তাৰ পাছতে তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত লয় ... |
উল্লেখ্য যে ত্ৰিপুৰালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভাত আই এন পি টিৰ দাবী সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰি কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আহিলে ত্ৰিপুৰাত সদায় উত্থাপন হৈ অহা পৃথক ৰাজ্য গঠনৰ দাবীৰ লগতে জনজাতীয় লোকৰ সকলো সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি দিছিল ৰাহু... |
Recent News |
ছত্তীশগড়ত মাওবাদীৰ গুলীচালনাত চি আৰ পি এফৰ কমাণ্ডো জোৱানৰ মৃত্যু |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.