text stringlengths 0 188k |
|---|
27 Oct, 2022, 3:34 pm |
ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাৰ সভাপতিত্বত আজি পথ সুৰক্ষা বিষয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত কামৰূপ মহানগৰ জিলাৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মন, সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসৰ লগতে জি এমডি, লোক নিৰ্মাণ, শিক্ষা, চিকিৎসা আদি... |
দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগে হাতত লোৱা ব্যৱস্থাসমূহৰ সন্দৰ্ভত সভাত পৰ্যালোচনা কৰা হয়। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষই দিয়া নিৰ্দেশ অনুযায়ী সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি |
চলিত অক্টোবৰৰ পৰা অহা ডিচেম্বৰ মাহলৈ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ইয়াৰ লগত জড়িত বিভাগক আন্তঃবিভাগীয় সমন্বয় সাধনৰ ব্যৱস্থা কৰা । |
প্ৰতিটো পথ দুৰ্ঘটনাৰ মৃত্যুক সুক্ষ্মভাৱে জিলা পথ সুৰক্ষা সমিতিয়ে অধ্যয়ন কৰিব লগতে ইয়াৰ লগত জড়িত আনুসংগিক কাৰণসমূহ অধ্যয়নৰ ব্যৱস্থা গ্ৰহণ। |
পথ সুৰক্ষাৰ সজাগতা অতি গুৰুত্বপূৰ্ণতাৰে প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ । |
যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ। |
উদণ্ড আৰু নিয়ম ভংগকাৰী চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ । |
ৰাষ্ট্ৰীয় ঘাই পথ বিভাগৰ নিৰ্দেশ মৰ্মে, দুৰ্ঘটনাপ্ৰৱন অঞ্চলসমূহত তাৎক্ষাণিকভাৱে সহায় কৰাৰ বাবে দুৰ্ঘটনাত পতিত ব্যক্তিসকলক অতি সোনকালে এম্বুলেঞ্চৰ যোগান ধৰাৰ লগতে সোণাপুৰ, ক্ষেত্ৰী আৰু গড়চুকৰ থানাত ২৪ ঘন্টাই উপলব্ধ ১০৮ নম্বৰৰ সেৱাৰ উপৰি ১০৩৩ সেৱাৰ NHIA এম্বুলেঞ্চৰ যোগান ধৰিব। ইয়াৰ উপৰিও চলিত অক্টোবৰ মাহৰ পৰা ডিচেম্বৰলৈ প... |
চিটি বাছৰ চালকসকলক ট্ৰেফিক নীতি নিয়মৰ প্ৰতি অধিক সজাগ কৰাৰ উপৰি জিলাখনৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু স্কুলসমূহৰ কৰ্তৃপক্ষক সজাগতা সভা আদি অনুষ্ঠিত কৰি সকলোকে সজাগ কৰিবলৈ জিলা পথ সুৰক্ষা সমিতিয়ে জনাইছে। আনহাতে যান বাহন আৰক্ষীক দুৰ্ঘটনা পতিত ব্যক্তিক সহায় কৰাৰ বাবে প্ৰাথমিক চিকিৎসা বিষয়ক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। ... |
জনপ্ৰিয় |
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত |
ভংগ হ’বই বংগ ? |
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ |
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই |
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ! |
ছাত্ৰ নেতাৰ দেহাৱসান |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>নাওখন পাৰত লগাই জাপ মাৰি নামিল ময়িদুল আৰু কোবাকুবিকৈ গৈ পাৰত বেঁকাকৈ পুতি থোৱা বাঁহৰ খুটিটোত নাৰিকলৰ ৰছী... |
নিজকে চম্ভালি লৈ কিহতনো উজুতি খালে তাকে চাওঁ বুলি পিছফালে ঘুৰোঁতেই সি উচপ খাই উঠিল। বোকাত আধা পোত খাই ওপৰমুখকৈ পৰি থকা সেইটো এটা নাঙঠ মানুহ দেখোন। বেলি ডুবিছিল যদিও জোনৰ পোহৰ বালিত প্ৰতিফলিত হৈ চাপৰিটো উদ্ভাসিত হৈ আছিল। লৰালৰিকৈ মৃতদেহটোৰ মুখৰ ওচৰত কাণখন দি চালে সি, নাই উশাহ লোৱাৰ কোনো লক্ষণ নেদেখিলে। কাণখন এইবাৰ বুকুত... |
প্ৰচণ্ড বুকুৰ বিষত ৰব নোৱাৰি কেঁকাই উঠিল ইন্সপেক্টৰ অপূৰ্ব কলিতা। বুকুখনৰ ভিতৰত যেন একো নাইকিয়া হৈ গৈছে তেওঁৰ। জোৰকৈ উশাহ টানিবলৈ চেষ্টা কৰিলে তেওঁ, কিন্তু বতাহবিলাক নাকেৰে ভিতৰলৈ গৈ যেন বুকুৰ ভিতৰত নোহোৱা হৈ থাকিল। নিশাহ এৰোঁতে অকণো বতাহ ওলাই অহা যেন নালাগিল তেওঁৰ। শুই আছে নে সাৰে আছে নে সপোন দেখি আছে একো ধৰিব নোৱাৰিল... |
বেলছা লৈ ঘুৰি আহি ময়িদুল চক খাই গ’ল। আগৰ ঠাইত দেখোন মৰাশটো নাই। ঠাইখিনি ভুল হ’ল নেকি বাৰু। আঠুকাঢ়ি লৈ ভালকৈ পৰীক্ষা কৰি চালে সি। নাই নহয় ভুল নাই হোৱা। সঠিক ঠাইলৈকে আহিছে সি। মৰাশটো চোঁচৰাই অনাৰ চিন স্পষ্ট হৈ আছে তেতিয়াও বালিত। কিন্তু গ’ল কলৈ বাৰু। কিবা এটা সন্দেহ কৰি বালিখিনি জুপি চাই পৰীক্ষা কৰিলে। তাৰ সন্দেহ সঁচা হ’ল... |
: এই …(অশ্লীল) কে ৰে তুই? আমাৰ ছামনে আইছ, বেলছা দিয়া মাইৰা মাঠা ফাইট্টা ফালামু। আমাৰ সঙ্গে খেলা কৰিছ না। আল্লা কছম আমি একটু ভয় পাইছি না। |
শূণ্যতে বেলছাখন ইফালে-সিফালে চাৰিপাক মান ঘুৰালে সি। নাই কোনো সাৰসুৰ নাই। আৰু ৰৈ থাকিব নোৱাৰিলে সি। তৰানৰা ছিঙি নাৱলৈ দৌৰ মাৰিলে। বেলছাখন নাৱলৈ দলিয়াই দি প্ৰাণেপণে নাওখন পানীলৈ বুলি ঠেলা মাৰিলে। কিন্তু ই কি নাওখন অলপ লৰচৰ কৰি আৰু আগনবঢ়া হ’ল। ভয়ত তৎ হেৰুৱালে ময়িদুলে। নাৱৰ ছৈৰ ভিতৰত বেটেৰীচালিত কম পোহৰৰ লাইট এটা জ্বলাই থৈ... |
একেটা ঠেলাতে নাওখন পানীৰ মাজলৈ ভালেখিনি আগবাঢ়ি গৈছিল। প্ৰচণ্ড ভয় আৰু উৎকণ্ঠাত ময়িদুলে চকু মুখ মেলি চাপৰিটোৰ পিনে অলপ সময় চাই থাকিল। চেঁচা বতাহ এজাক গাত লগাতহে সি সম্বিত ঘুৰাই পালে। নাওখন সি অনুমানতে পাৰলৈ বুলি মুখ কৰি ঘুৰাই ললে। একো চিন্তা কৰিব পৰা শক্তি হোৱা নাই তাৰ এতিয়াও। বহি লৈ সি বঠা মৰাত মনোনিবেশ কৰিলে। খেলিমেলি ... |
: এই কে ৰে তুই? আমাৰ মাছ খাসছ কেন? আৰ তুই এই নাওতে আইলি কি ৰকম? তুই তো একটা মৰা মানুছ। |
: হেই…. নাই নাই মই মাছ নাখাওঁ ম….মই মই পুলিচ, ইন্সপেক্টৰ অপূৰ্ব কলিতা, সেই খুকুৰি খন এতিয়াই পেলাই দে, নহ’লে…. নহ’লে মই গুলিয়াই দিম। |
হাঁহি উঠি গ’ল ময়িদুলৰ, কি কয় এই মৰাশটোৱে, সি বোলে পুলিচ। ইয়াক ভালকৈ লাথ দুটামান দিলেহে ঠিক হ’ব যেন লাগিল। এই বুলি সি কলিতাৰ পিনে টোৱাই লাইটটো দাঙি ধৰিলে। কিন্তু দৃশ্য দেখি ময়িদুলৰ তেজ গোট মাৰি যোৱা যেন লাগিল। লাইটৰ ক্ষীণ পোহৰত অপূৰ্ব কলিতাৰ মুখ খন বৰ ভয়ঙ্কৰ দেখা গ’ল। গোটেই মুখ খনতে মাছৰ তেজ লাগি আছে, আনকি হাতত আৰু বুকু... |
: এই আমাৰ কাছে আসবি না, এই খুক্ৰি দিয়া কাইট্টা ফালামু। |
হঠাৎ অপূৰ্ব কলিতাৰ কি হ’ল তেওঁ ধৰিব নোৱাৰিলে। ময়িদুলৰ গাৰ পৰা অহা গোন্ধে তেওঁক উদ্বাউল কৰি তুলিলে। তাৰ ভঙা দাঁতটোৰে অলপ অলপকৈ তেজ ওলাই আছিল তেতিয়াও। নৰৰক্তৰ গোন্ধ বাৰু ইমান আকৰ্ষণীয় কেনেকৈ হ’ব পাৰে। চকুৰ পচাৰতে উৰি অহাৰ দৰে একে জাপতে আহি তেওঁ ময়িদুলক গবা মাৰি ধৰিলে। কিন্তু ময়িদুলৰ হাতত থকা খুকুৰি খন কলিতাৰ পেটেৰে সোমাই... |
: বাছাও বাছাও, আমাকে মাইৰা দিলেন, বাছাও বাছাওওওও………. |
নাওখনৰ পৰা মৰা টৰ্ছৰ শক্তিশালী পোহৰ দেখা গ’ল। লগতে মানুহৰ হুলস্হুল আৰু ইঞ্জিনৰ শব্দ শুনা গ’ল। সম্বিত ঘুৰাই পোৱা মানুহৰ দৰে কলিতাই ঘপককৈ থিয় দিলে। তেওঁ খুকুৰিখন টান মাৰি পেটৰ পৰা উলিয়াই পানীত দলিয়াই দিলে। টৰ্ছৰ পোহৰত ময়িদুলে স্পষ্টকৈ দেখিলে তাৰ খুকুৰিৰে কাট খোৱা কলিতাৰ দেহৰ মাংসদোখৰ আকৌ লাহে লাহে নিজে নিজে জোৰা লাগিছে। ... |
প্ৰায় ওচৰ আহি পোৱা ভাপনাওখনৰ পিনে এবাৰ চাই কলিতাই বিপৰীত পিনে পানীলৈ বুলি প্ৰচণ্ড জাপ এটা মাৰিলে। বিশ ফুটমান দূৰত জপংকৈ পানীত কিবা এটা পৰাৰ শব্দ শুনা গ’ল। |
← শক্তিহীন অগপৰ উদ্ধাৰকৰ্তা হ’ব কোন? (প্রিয়াঙ্কু নাৰায়ণ বৰুৱা) |
আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (৫) (প্ৰাঞ্জল কলিতা) → |
You May Also Like |
অসমীয়া সাহিত্যৰ বুৰঞ্জী (৬): মৃণাল জ্যোতি গোস্বামী |
June 14, 2013 0 |
পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (-অচিন্ত বৰঠাকুৰ) |
July 14, 2014 0 |
মোৰ পৃথিৱীত ইঞ্জিনীয়াৰঃ (অজয় লাল দত্ত) (২) |
January 17, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অভিশপ্ত ৩০ অক্টোবৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে |
About |
Copyright |
Privacy Policy |
Authors |
Grievance Redressal |
Contact |
English | |
Saturday, November 26, 2022 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.