text
stringlengths
0
188k
অনুভৱ
উদ্যমী
উদ্যমী
খাদ্য সম্ভাৰ
পৰ্যটন
ফটোগ্ৰাফী
ENGLISH
ব্যৱসায়
সম সাময়িক
সুখবৰ
Home
সুখবৰ
বন অধিকাৰ আইন ২০০৬ অনুসৰি ঢেকিয়াজুলিৰ ১৩০১টা খিলঞ্জীয়া জনজাতীয় পৰিয়াললৈ ভূমি পট্টা বিতৰণ
বন অধিকাৰ আইন ২০০৬ অনুসৰি ঢেকিয়াজুলিৰ ১৩০১টা খিলঞ্জীয়া জনজাতীয় পৰিয়াললৈ ভূমি পট্টা বিতৰণ
সুখবৰ
By admin Last updated Nov 5, 2022
0 55
Share
ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বন অধিকাৰ আইন, ২০০৬ অনুসৰি শোণিতপুৰ জিলাৰ ১৩০১ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমিৰ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম তথা বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বিট...
ঢেকিয়াজুলি সমষ্টিৰ চুদেমজুলি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে বনাঞ্চলৰ পাদদেশৰ বনগাঁও বা টঙীয়া গাঁৱত বসবাস কৰি থকা ৰাজ্যৰ ভূমিপুত্ৰ জনজাতীয় ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰত্যাশা পূৰণ কৰি ৰাজ্য চৰকাৰে আজি ঢেকিয়াজুলি সমষ্টিৰ তেৰ শতাধিক পৰিয়ালক ভূমি পট্টা প্ৰদানেৰে এক মহান দ...
বড়োভূমিলৈ স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা শক্তিশালী পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে ২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ জৰিয়তে চৰকাৰে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে হাতত অস্ত্ৰ লৈ থকা সকলো যুৱক-যুৱতীক মূলসুঁতিলৈ ঘূৰাই আনি...
বিগত সময়ছোৱাত ঢেকিয়াজুলি সমষ্টিৰ ৰাইজৰ প্ৰতি প্ৰদৰ্শন কৰা মৰম আৰু বদান্যতাৰ বাবে সমষ্টিটোৰ বিধায়ক হিচাপে তেওঁ মুখ্যমন্ত্ৰীলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে৷
সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী ইউ জি ব্ৰহ্মই কয় যে নিজৰ ভূমিৰ অধিকাৰ বিচাৰি অঞ্চলটোৰ ৰাইজে কৰা এক দীঘলীয়া সংগ্ৰামৰ আজি সামৰণি পৰিল৷ এই পদক্ষেপৰ বাবে তেওঁ চৰকাৰ তথা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে৷ এই ভূমি যাতে কোনো কাৰণতে ভুল ব্যক্তিৰ হাতলৈ নাযায়, তাৰবাবেও সচেষ্ট হ’বলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়৷
অনুষ্ঠানত প্ৰদান কৰা বক্তব্যত বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৱে কয় যে দীৰ্ঘ সংগ্ৰামৰ অন্তত জনজাতীয় ৰাইজে আজি মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ’ল৷ এই মহান পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে বাস্তৱসন্মত সিদ্ধান্ত গ্ৰহণেৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা তৎপৰতাৰ বাবে তেওঁ ঢেকিয়াজুলিৰ...
অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কৰ বিশেষ উদ্যোগত দীঘলীয়া প্ৰশাসনিক প্ৰক্ৰিয়াৰ জৰিয়তে ২০০৮ চনৰ পিছত আজি পুনৰ ১৩০১ গৰাকী লোকক পট্টা প্ৰদান কৰিব পৰা গ’ল৷ অঞ্চলটোৰ দহখনকৈ বন অধিকাৰ সমিতিৰ সক্ৰিয় সহযোগিতা অবিহনে এয়া সম্ভৱ হৈ নুঠিলহেতেন বুলি উল্লেখ ...
আজিৰ অনুষ্ঠানত বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো আৰু সমাজকৰ্মী বাটাছ ওৰাঙকে প্ৰমুখ্য কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়ববীয়াসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে৷<eot>ৰাজ্যত আজি ল’কডাউনৰ অষ্টম দিন। ধাৰাবাহিক বন...
বিভিন্ন দল-সংগঠন তথা সুহৃদয়বান ব্যক্তি বিশেষে বিগত সময়ত সেই পৰিয়ালসমূহক সাধ্য অনুসৰি খাদ্য সামগ্ৰী যোগান ধৰি সহায় কৰি অহাৰ সমান্তৰালকৈ আজি যোৰহাট জিলা প্ৰশাসনেও টীয়ক পৌৰসভাৰ এলেকাৰ আৰ্তসকলক চাউল, দাইল, মিঠাতেল, নিমখ আদি ঘৰে ঘৰে গৈ অঞ্চলৰ গাঁওবুঢ়াৰ সহায়ত বিতৰণ কৰে।
প্ৰশাসনৰ হৈ টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাৰ পৰ্যবেক্ষণত পৰিচালিত উক্ত কাৰ্যসূচীত টীয়ক ৰাজহ চক্ৰৰ (সংলগ্ন) চক্ৰ বিষয়া জয় প্ৰকাশ মহন্ত, পৌৰসভাৰ ২নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত অভিজিৎ বৰুৱা, ৪ নং ৱাৰ্ডৰ আয়ুক্ত মাধৱী হাজৰিকাই সহযোগিতা আগবঢ়ায়।
আনহাতে প্ৰশাসন আৰু টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানৰ সহযোগত টীয়কৰ অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা টীয়কৰ নগৰ এলেকাৰ বিভিন্ন জনবহুল স্থানত আজি পুনৰ ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয়।
টীয়ক পৌৰসভা এলেকাৰ অন্তৰ্গত অফিচ কাছাৰী, মন্দিৰ, গিৰ্জা, নামঘৰ, মছজিদকে ধৰি এটিম, ফাৰ্মেচী সকলো স্থান পুনৰ ছেনিটাইজেশ্যন কৰি পৰিৱেশ সুস্থ কৰিবলৈ চেষ্টা অব্যাহত ৰখা দেখা যায়।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখ্য যে এই সাপ্তাহিক ৰেলগাড়ীখনে শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ভক্তসকলৰ তীৰ্থস্থান দেওঘৰলৈ এখন পোনপটীয়া ৰেলগাড়ীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিছে। এই ৰেলগাড়ীখনে আগৰতলা ৰেলৱে ষ্টেশ্যনৰ পৰা গন্তব্যস্থান দেওঘৰ ৰেলৱে ষ্টেশ্যনলৈ ১৪৭৪ কি:মি: দূৰত্ব ৩৬ঘণ্টা ৩০ মিনিটত অতিক্ৰম কৰিব। ৰেলগাড়ীখনত ১৬টা ডবা সংলগ্ন থাকিব। যাত্ৰা আৰু গ...
আনহাতে দেওঘৰৰ পৰা আগৰতলা অভিমুখী ০৫৬২৫ নং দেওঘৰ-আগৰতলা এক্সপ্ৰেছ ৰেলগাড়ীখনে একেখিনি দূৰত্ব ৩৮ঘণ্টা ১০ মিনিটত অতিক্ৰম কৰিব।
ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী প্ৰাণজিত সিনহা ৰয়, দুগৰাকী সাংসদ ঝৰ্ণা দাস বৈদ্য আৰু শংকৰ প্ৰসাদ দত্ত, মুখ্য সচিব সঞ্জীব ৰঞ্জন, বিধায়ক ৰামপ্ৰসাদ পাল, ড০ দিলীপ দাস, কৃষ্ণধন দাস, বিজেপি ৰাজ্যিক প্ৰভাৰি সুনীল দেওধৰ এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল।
এই অনুষ্ঠানত ভাষণ ৰাখি মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে কয় যে যাতায়াতৰ সংযোগে এখন ৰাজ্য বিকশিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিগত চাৰি বছৰত ৰাজ্যখনত যোগাযোগ ব্যৱস্থাৰ উন্নতি হৈছে বুলি তেওঁ কয়।
মুখ্য মন্ত্ৰগৰাকীয়ে তেওঁৰ ভাষণত যোগাযোগৰ উন্নয়নৰ দ্বাৰা উত্তৰ-পূবক হীৰালৈ (Highways, Inland Waterways, Railways and Airways চমুকৈ HIRA)ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ জনায় আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মদিনত তীৰ্থস্থনখনলৈ এই ৰেলগাড়ীখনৰ শুভাৰম্ভ কৰা বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীয়ুস গোৱেলৰ শলাগ লয়।
তেওঁ লগতে স্বপন দেববৰ্মা আৰু তেওঁৰ সন্তানগৰাকীক জীৱনৰ শংকা স্বত্তেও এখন চলন্ত ৰেলগাড়ীক অসন্ন দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ লগতে ২৫০০জনতকৈও অধিক যাত্ৰীৰ জীৱন ৰক্ষা কৰাৰ বাবে শলাগ লয়।
ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহায়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশে ভালেখিনি ইতিবাচক পৰিৱৰ্তন দেখা পাইছে। প্ৰধান মন্ত্ৰীয়ে উত্তৰ পূব আৰু বিশেষকৈ ত্ৰিপুৰাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে।
তেওঁ আৰু কয় যে বাংলাদেশৰ আখাউড়া আৰু চিটাগং বন্দৰৰ সৈতে ত্ৰিপুৰাৰ সংযোগ স্থাপন হ’লে ত্ৰিপুৰাৰ উন্নয়নৰ গতি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে খৰতকীয়া হ’ব। অৱঞশ্যে ইয়াৰ বাবে বাংলাদেশেও তেওঁলোকৰ ফালৰ কামৰ গতি খৰতকীয়া কৰিব লাগিব বুলি কয়।
উল্লেখ্য যে বৰ্তমানে মুঠ ১২খন ৰেলগাড়ী আগৰতলা ৰেলৱে ষ্টেশ্যনৰ পৰা যাত্ৰা কৰে।
Recent News
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ভিডিঅ'টিত দেখিবলৈ পোৱা গৈছে যে আপৰ নেতা তথা মন্ত্ৰী সৈতেন্দ্ৰ জৈনক এজন লোকে মালিচ কৰি আছে। কাৰাগাৰত থকাৰ সময়তে এই ভিডিঅ'টি লোৱা। ৭ নং কাৰাগাৰত আছিল নেতা জন।
বিজেপিয়ে এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক কটাক্ষ কৰে। দলৰ কেইবাজনো নেতাই ভিডিঅ' ক্লিপটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি অভিযোগ কৰিছে যে সৈতেন্দ্ৰ জৈনে কাৰাগাৰত বিশেষ সুবিধা লৈ আছে।
উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই প্ৰত্যুত্তৰ দি কয় যে কাৰাগাৰত আঘাত পোৱাৰ পিছত মেৰুদণ্ডৰ দুটা অস্ত্ৰোপচাৰ হৈছিল জৈনৰ। তাৰ পিছত এখন চিকিৎসালয়ে জৈনক ফিজিঅ'থেৰাপীৰ পৰামৰ্শ দিছিল।<eot>এছিয়ান গেইমছত অভূতপূৰ্ব সাফল্য লাভ কৰি নিজ ৰাজ্যলৈ উভতি অহাৰ পিছত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা বৃহৎ অভিনন্দন অনুষ্ঠানৰ পিছত শনিব...
হিমাই প্ৰথমতে অসমবাসীক ধন্যবাদ জনায়। অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনোৱাৰ লগতে, জুবিন গাৰ্গ, অসমৰ ক্ৰীড়া বিভাগ,সৰুসজাই ষ্টেডিয়ামৰ কৰ্মকৰ্তা আৰু তেওঁক বিভিন্ন ধৰণে সহায় কৰা সকলোকে হিমাই ধন্যবাদ জ্ঞাপন কৰে।
হিমাই কয়, ‘’ৰ’দত দৌৰিব লাগিব তেতিয়াহে নতুন খেলুৱৈ ওলাব। আঘাত পাইছো, কিন্তু আঘাত নোপোৱাকৈ কেতিয়াও খেলিব নোৱাৰি।‘’
‘সময় আৰু ভাল কৰিব লাগিব মই,’ বুলি ব্যক্ত কৰি হিমাই কয়, ‘’মই সময়ৰ পিছত দৌৰো, কোনো মেডেলৰ পিছত নদৌৰো।‘’
হিমাই লগতে কয়, ‘’ ৪০০ মিটাৰ দৌৰত বেছিকৈ গুৰুত্ব দিয়া হয় যদিও ২০০ মিটাৰতো গুৰুত্ব দিওঁ।‘’
ইপিনে, চাকৰিৰ বিষয়টো এতিয়া চিন্তা কৰা নাই বুলি জানিব দি ধিং এক্সপ্ৰেছ খ্যাত হিমাই কয়, ‘’অলপ দিন ভাবো, তাৰ পিছত চৰকাৰে দিয়া অ’ফাৰৰ বিষয়ে সিদ্ধান্ত ল’ম।‘’
অসমৰ খেলুৱৈসকলক চৰকাৰে আৰ্থিকভাৱে সহায় কৰা প্ৰয়োজন বুলি মত প্ৰকাশ কৰে এছিয়ান গেইমছত স্বৰ্ণ পদক অৰ্জন কৰা খেলুৱৈগৰাকীয়ে।
সংবাদমেলত দেউতাকৰ পৰা বহু অনুপ্ৰেৰণা লাভ কৰিছিল বুলি উল্লেখ কৰি হিমাই জানিব দিয়ে যে ‘’দেউতাই ভাল ফুটবল খেলিছিল।‘’ ঘৰৰ পৰা ওলাই সৰুসজাই নহাহেঁতেন ইমানখিনি সফলতা অৰ্জন কৰিব নোৱাৰিলেহেঁতেন বুলিও হিমাই অকপটে স্বীকাৰ কৰে।
আনহাতে, জুবিনক বহুত ভাল লাগে বুলি ব্যক্ত কৰি হিমাই কয়,’’ জাকাৰ্টাত জুবিন গাৰ্গ, লক্ষজ্যোতি কোঁৱৰ আৰু অন্য বহুকেইগৰাকী অসমীয়াই উদগনি যোগোৱাৰ বাবে সফল হ’ব পাৰিলো।‘’
প্ৰৱল আত্মবিশ্বাস আৰু দৃঢ় প্ৰত্যয়েৰে হিমাই কয়, ‘’অসমবাসীয়ে কেৱল আশীৰ্বাদ দিয়ক বাকী মই কেনেকৈ মেডেল আনিব লাগে আনিম।‘’
কনটিনেনটেল কাপত ভৰিত আঘাত পোৱাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰা হিমা ৪০০ মিটাৰ দৌৰত বৰ্তমান বিশ্বৰ ৫২ নম্বৰ স্থানত আছে। আগৰ ৫১ গৰাকীক পিছ পেলোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি দৃঢ়তা প্ৰকাশ কৰে হিমাই।
খেলুৱৈৰ ভিতৰত শচীন তেণ্ডুলকাৰ আৰু লিঅ’নেল মেচিক বহুত ভাল পায় হিমাই।
আনহাতে আই অ’ এছ কোম্পানীয়ে স্প’ন্সৰ কৰাৰ কথা জানিব দি খেলুৱৈগৰাকীয়ে ইতিমধ্যে ২ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে বুলি সদৰী কৰে।
তাৎপৰ্যপূৰ্ণভাৱে অতি কৌশলেৰে আজি হিমাই সংবাদমেলত ব্যক্ত কৰে যে অলিম্পিকত জয়ী হৈ অহাৰ পিছত সকলো চেনেললৈ তেওঁ নিজে সাক্ষাৎকাৰ দিবলৈ যাব।
Recent News
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জানিব পৰা মতে বিগত কেইবা মাহ ধৰি আব্দুল কুদ্দুচ নামৰ এজন দুষ্ট চক্ৰৰ ব্যক্তিয়ে অঞ্চলটোত অবৈধ তীৰ খেলৰ টিকট বিক্ৰী কৰি আহিছে। সচেতন লোকে বাধা দিলে নানা ধৰনৰ অশ্লীল গালি গালাজ কৰাৰ লগতে মাৰপিট কৰাৰো ভাবুকি দিয়ে বুলি ভয়ংকৰ সত্য পোহৰলৈ আহিছে।
বিভিন্ন ঠাইৰ পৰা দুষ্ট প্ৰকৃতিৰ লোক আহি দিনত হাজাৰ হাজাৰ টকাৰ নম্বৰ ক্ৰয় কৰে। নম্বৰ বিক্ৰী আৰু তীৰৰ ফলাফলৰ কথা বহুতৰ মোবাইলত বন্দী হৈছে যদিও কলগাছিয়াৰ আৰক্ষীয়ে আজিলৈ কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।
সেয়ে উপায় বিহীন হৈ স্থানীয় এজন লোকে মঙলবাৰে কলগাছিয়া আৰক্ষী থানাত অবৈধ তীৰৰ ৰমৰমীয়া বেহা চলাই অহা কুদ্দুচৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এতিয়া আৰক্ষীয়ে এই সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।
Recent News
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
হিমালয়ৰ পূৰ্বীয় প্ৰান্তত অৱস্থিত অৰুণাচল প্ৰদেশত ভাৰতৰ দ্বিতীয় বৃহৎ অৰণ্যানি আছে। সমগ্ৰ বিশ্বৰে ১২টা বৃহৎ জৈৱ বৈচিত্ৰ স্থানৰ এটা এই ৰাজ্যখনৰ অৰণ্যত বৰ্তমান।
৬০০ প্ৰজাতিৰ চৰাইৰ উপৰিও হুকক গিবন, ৰেড পাণ্ডা, টাগিন টাকিন, ৰজা ধনেশ ইত্যাদি একক বৈশিষ্টৰ প্ৰাণীৰ উপৰিও বাঘ, নাহৰফুটুকী, ক্লাউডেড লেপাৰ্ড, স্নো লেপাৰ্ড এই থিমত অন্তৰ্ভুক্ত আছে।
জনসাধাৰণৰ সহযোগিতা আৰু পৰিৱেশ আৰু বন বিভাগৰ জৰিয়তে অৰুণাচল চৰকাৰে বাঘৰ প্ৰজাতিসমূহ সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।
অৰুণাচলৰ জনজাতিসমূহৰ পাৰিপাৰ্শিকতা, অৰ্থনীতি আৰু আৰ্থ-সামাজিক জীৱনত ৰাজ্যখনৰ একক বৈশিষ্টপূৰ্ণ বৃক্ষ আৰু প্ৰাণী সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে।
বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ অংশ হিচাপে পৰিৱেশ আৰু বন বিভাগে বন্যপ্ৰাণী সপ্তাহৰ আৰম্ভণি আৰু সমাপ্তিৰ দিনা দৰ্শকৰ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰিছে।
তাৰোপৰি, জিলা/বন মাণ্ডলিক পৰ্যায়ত বন্যপ্ৰাণী সম্পৰ্কীয় চলচিত্ৰ প্ৰদৰ্শন, বন্যপ্ৰাণী বিষয়ক ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি এটা সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ৰাজ্যখনৰ মাণ্ডলিক বন বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।
Recent News
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
355
VIEWS
Share on FacebookShare on Twitter
টংলা বড়োলেণ্ড ছহিদ সোঁৱৰণি বেডমিন্টন প্ৰতিযোগিতা সমিতিৰ উদ্যোগত আৰু এবছুৰ টংলা গোটৰ সহযোগত ওদালগুৰিৰ টংলাৰ চমুৱাপাৰা প্ৰাথমিক বিদ্যালয় চৌহদত দুদিন ধৰি চলিবলগীয়া সদৌ অসম নন্ ৰেংকিং বেডমিন্টন প্ৰতিযোগিতা-২০১৭’ খন শনিবাৰে সন্ধিয়া মুকলি কৰা হয়।
ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে ওদালগুৰিৰ জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই। ইয়াৰ আগেয়ে বড়োলেণ্ড জনজাতি সৰক্ষা মঞ্চ আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে বড়ো আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।
প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত বিজয়ীয়ে নগদ ২০,০০০ টকা আৰু ৰাণাৰ্চ আপে ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। তদুপৰি, নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণ পত্ৰও দিয়া হ’ব।