text stringlengths 0 188k |
|---|
আনহাতে ,ইয়াৰ বিপৰীত স্থিতিত অৱস্থান কৰিছে এনডিটিভি হিন্দী আৰু ইংৰাজীয়ে৷এই সংবাদগোষ্ঠীটোক বিৰোধী সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ দলে ফ’ল’ কৰে৷আনহাতে,ইণ্ডিয়া টুডে গ্ৰুপটোও বিৰোধীৰ প্ৰিয় সংবাদগোষ্ঠীৰ তালিকাত পৰে৷ |
আনহাতে,টাইমছ অব ইণ্ডিয়া গ্ৰুপটোৱে কেতিয়াবা ধৰ্মীয় ভেদাভেদ সৃষ্টি কৰাত অৰিহণা যোগাই বুলিও গৱেষণাত প্ৰকাশ৷ |
আন্তৰ্জাতিক সংবাদমাধ্যমক যথেষ্ট সংখ্যক ভাৰতীয় ৰাজনীতিকে ফ’ল’ কৰে৷চিএনএন-নিউজ -18 আন্তৰ্জাতিক সংবাদগোষ্ঠীতে পৰে যদিও গৱেষণাৰ তথ্যত এই গোষ্ঠীটো ঘাইকৈ বিজেপিৰ প্ৰতি অধিক আকৰ্ষিত বুলি প্ৰকাশ পাইছে৷অৱশ্যে এই গোষ্ঠীটোৰ কণ্টেণ্ট সহযোগী চিএনএনক আমেৰিকাত উদাৰ ভাৱধাৰাৰ বুলিয়েই সকলোৱে জানে ৷ |
মিছিগান বিশ্ববিদ্যালয়ৰ গৱেষকে প্ৰায় ৪০ হাজাৰ ভাৰতীয় ৰাজনীতিকৰ ওপৰত এই গৱেষণা চলাইছিল৷তদুপৰি ৪,০৯৯ জন ভাৰতীয় সাংবাদিকৰ বিভিন্ন টুইট আৰু ৰিটুইটৰ তথ্যও সংগ্ৰহ কৰিছিল গৱেষকৰ দলটোৱে৷ |
মিছিগানৰ গৱেষক সকলে এই লোকসকলৰ প্ৰতিটো টুইট,ৰিটুইট ,প্ৰতিটো টুইটৰ তলৰ প্ৰায় ১০০০ বাৰ্তা পৰীক্ষা কৰিছিল৷ |
২০২১ চনৰ ১ আগষ্টৰ পৰা ২০২২ চনৰ ১৪ ছেপ্তেম্বৰলৈকে এই তথ্য সমূহ সংগ্ৰহ কৰা হৈছিল৷ |
The CrossCurrent |
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter. |
Prev Post |
গ্ৰন্থৰ সুবাস বিয়পিব গোলাঘাটৰ আকাশত |
Next Post |
মিজোৰ গতা,বন বিভাগৰ খেদাত ত্ৰস্তমান সীমান্তবাসী |
You might also like More from author |
দেশ |
ভংগ হ’বই বংগ ? |
দেশ |
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই |
দেশ |
এম্বুলেন্স ৰাজনীতি ! |
দেশ |
দেশত চলিছে ‘আদানিৰাজ’ |
Prev Next |
Leave A Reply |
Cancel Reply |
Your email address will not be published. |
Save my name, email, and website in this browser for the next time I comment. |
জনপ্ৰিয় |
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত |
ভংগ হ’বই বংগ ? |
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ |
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই |
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ! |
ছাত্ৰ নেতাৰ দেহাৱসান |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>“অন্য জাতীয় দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও অসম গণ পৰিষদৰ ৰাজপথত চিঞৰি বিধেয়কৰ ব... |
উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসম গণ পৰিষদে মিত্ৰজোঁটত থাকিও ৰাজপথত আন্দোলন প্ৰতিবাদ কৰাৰ উপৰি দিল্লীলৈ গৈ এই বিধেয়ক গৃহীত নকৰিবৰ বাবে যুটীয়া সংসদীয় কমিটী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক আহ্বান জনাই স্মাৰক পত্ৰ দিছিল। |
এই কথাতে অসন্তুষ্টি প্ৰকাশ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি পূৰ্ণ সমৰ্থন থকা মন্ত্ৰী ড০ শৰ্মাই আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত অগপ দলক উদ্দেশ্যি বহু কটাক্ষ কৰে। |
তেওঁৰ মতে, “গণ পৰিষদৰ কাৰ্য্যকালত জনস্বাৰ্থ বিৰোধী বহু কাম হৈছিল। যাৰ বাবে অগপৰ নেতৃত্বই ৰাজহুৱাভাৱে ক্ষমাও খুজিছিল।” |
ইয়াৰোপৰি উক্ত সংবাদমেলতে তেওঁ অগপৰ নেতৃবৃন্দক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সংগ্ৰাম কৰাৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে। তেওঁ কয়, “অগপ দলৰ নেতৃত্বৰ প্ৰতি অনুৰোধ আপোনালোকে নাগৰিকত্ব বিধেয়কৰ কথা কোৱাৰ প্ৰয়োজন নাই। অসম গণ পৰিষদে যদি তেতিয়াই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰিলেহেঁতেন তেন্তে জাতিটোৰ জনগাঁথনি এইধৰণে... |
আনহাতে, অগপয়ো নাগৰিকত্ব আইন সংশোধন কৰি অতীতত বহু বিদেশীৰ বোজা অসমত জাপি দিছিল বুলি শৰ্মাই উক্ত সংবাদমেলত দাবী কৰে। |
“১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা ১ কোটি অনুপ্ৰবেশকাৰীক নাগৰিকত্ব দিয়া হৈছিল সেই সময়ত অসম গণ পৰিষদ দলৰ নেতৃত্বই স্বাক্ষৰ কৰা অসম চুক্তিৰ কাৰণে।” শৰ্মাই এইদৰে কয়। |
হাস্যকৰভাৱে ৰঞ্জিত দাসে ৮৫৫গৰাকী চহিদৰ সলনি ৮৬০গৰাকী বুলি কিছুদিন পূৰ্বে দাবী কৰাৰ বিপৰীতে এখোপ ওপৰলৈ গৈ বহুবল্কী মন্ত্ৰীজনে অসম আন্দোলনত ৯০০ চহিদে আত্ম বলিদান দিয়া বুলি বাৰম্বাৰ কয়। |
তেওঁ কয় যে ১৯৫১ চনৰ ভিত্তিবৰ্ষৰ বাবে ৯০০ চহিদে অসম আন্দোলনত প্ৰাণ আহুতি দিলে। |
ইয়াৰোপৰি তেওঁ কয়, “যদি ১৯৭১ চনটো গ্ৰহণ কৰিব লগীয়া আছিল, তেন্তে ১৯৭৯ চনত অসমৰ ৰাজ্যপাল এল পি সিং আৰু প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ প্ৰস্তাৱ দিছিল, তেতিয়াই অসম আন্দোলন কৰা অগপৰ নেতাসকলে সেই কথা মানি ল’ব লাগিছিল। কিন্তু ৯০০ চহিদে প্ৰাণ আহুতি দিয়াৰ পাছতহে সেই একে প্ৰস্তাৱ ১৯৮৫ চনত মানি ল’লে।‘ |
আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ শাসনকালতেই প্ৰথম নাগৰিকত্ব আইনখন সংশোধন কৰা হৈছিল বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে। |
তেওঁ লগতে কয়, “অসম চুক্তিৰ জৰিয়তে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰা হৈছিল।” |
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাবে অগপই আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰিব পৰা নাই বুলি বহুততে প্ৰচাৰ চলাইছে। |
তদুপৰি, বিধেয়কখনক কেন্দ্ৰ কৰি বিভিন্ন সময়ত অসম গণ পৰিষদৰ নেতৃবৃন্দই ভাৰতীয় জনতা পাৰ্টীক প্ৰতক্ষ্য আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে বুলি উক্ত সংবাদমেলত সদৰী কৰি শৰ্মাই লগতে কয়, “অসম গণ পৰিষদৰ কেইগৰাকীমান বিধায়ক বিশেষকৈ নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে কংগ্ৰেছ দলৰ সপক্ষে বা আওপকীয়াকৈ মিত্ৰতাৰ ইংগিত দিছে।” |
এই সন্দৰ্ভত মন্ত্ৰী হিমন্তই কয়, ‘কংগ্ৰেছ আমাৰ উমৈহতীয়াশত্ৰু আৰু এআইয়ুডিএফ জাতীয় শত্ৰু।‘ |
ইয়াৰোপৰি অসমত কংগ্ৰেছ আৰু এ আই য়ুডি এফৰ উত্থান জাতীয় স্বাৰ্থৰ পৰিপন্থী বুলি দাবী কৰাৰ উপৰি অগপ আৰু বিজেপিয়ে মিলি কংগ্ৰেছ আৰু এ আই য়ু ডি এফক বিৰোধিতা কৰা উচিত বুলিও মন্তব্য কৰে। |
আনহাতে, নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালৰ বক্তব্যক অসম গণ পৰিষদৰ নেতৃত্বই গৰিহণা দিব তথা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। |
Recent News |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি, ড্ৰাইভিং লাইচেন্স,পাছপোৰ্ট, ভোটদানৰ অধিকাৰ! |
ভাৰত মহাসাগৰত দখল শক্তিশালী কৰাৰ চেষ্টা; ভাৰতৰ অনুপস্থিতিত ১৯ খন দেশৰ সৈতে বৈঠক চীনৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
১৯১১ চনত Alexander Teixeira de Matto-এ কৰা ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে উদ্দীপ তালুকদাৰে। |
মূল ফৰাচী সংস্কৰণৰ লগত সলা–পৰামৰ্শ কৰিছে ভগৎ লাল দত্তই। |
——————————————– |
প্ৰস্তাৱনা |
(এই অংশত পঢ়ুৱৈৰ বাবে লিখকে উল্লেখ কৰিছে এই অসাধাৰণ ঘটনাত অপদেৱতাৰ উপস্থিতিৰ বিষয়ে তেখেত ক‘ৰপৰা কেনেকৈ নিশ্চিত তথ্য লাভ কৰিছিল) |
অপেৰা গৃহৰ অপদেৱতাজন সঁচাকৈয়ে আছিল। বহুতে ভাবিছিল তেখেতৰ অস্তিত্ব শিল্পীৰ কল্পনা, মেনেজাৰ কেইজনৰ অন্ধবিশ্বাস, বা কোমলমতীয়া ছোৱালী কেইজনী, সিহঁতৰ মাক, অপেৰা–গৃহটোত লাচনি–পাচনি কাম কৰা কেইজনমানৰ অনুৰ্বৰ মস্তিষ্কত জন্ম হোৱা এটা ভ্ৰান্ত ধাৰণা বুলি। কিন্তু নহয়, সঁচাকৈয়ে তেখেত আছিল। তেজ–মঙহৰ মানুহ এজনৰ দৰেই বাস্তৱ আছিল ত... |
মই ৰাষ্ট্ৰীয় সংগীত একাডেমিৰ কাগজ–পাতি খুঁচৰি ফুৰোঁতে আচৰিত হৈ লক্ষ্য কৰিছিলো যে অপেৰা গৃহৰ অপদেৱতাৰ কাণ্ড বুলি উল্লেখ থকা ঘটনাসমূহৰ লগত পেৰিছৰ অভিজাত মহলত ঘটা এটা শোকাবহ ঘটনাৰ এক সম্পৰ্ক আছে। তেতিয়াই ভাৱ হৈছিল দুখদায়ক এই ঘটনাটোৰ বাখ্যা অপেৰাৰ এই অশৰীৰিৰ দ্বাৰাই দিব পাৰি। ঘটনাবোৰ বেছি পুৰণি হোৱা নাই, অতি বেছি ত্ৰিছটা... |
ময়ো কথাবিলাক লাহে–ধীৰেহে বুজিবলৈ আৰম্ভ কৰিছিলো। কিছুমান ঘটনা প্ৰথমতে অতিপ্ৰাকৃত যেনেই লাগিছিল, এবাৰ মই এই অনুসন্ধান বাদেই দিবলৈ ওলাইছিলো। অনুসন্ধানত ওলাই পৰা ঘটনাৱলীৰ চাকনৈয়াত সোমাই মই উৱাদিহ নোপোৱা হৈছিলো। মই যেন এই ধূসৰ ছবি এখনৰ পাছ খেদি ফুৰিছোঁ। পাছলৈ বুজিছিলো যে মোৰ কল্পনা শক্তিয়ে মোক আভুৱা ভৰা নাছিল। অৱশেষত নিশ... |
সেইদিনা পুথিভঁৰালৰপৰা নিৰাশ হৈয়েই ওলাই আহিছিলো। ছিৰিত ৰৈ আছিল একাডেমিৰ অভিনয়–ব্যৱস্থাপকজন। এজন সৰুফুটীয়া বৃদ্ধৰ লগত তেওঁ কথা পাতি আছিল। বৃদ্ধৰ লগত মোকো চিনাকি কৰি দিলে। অভিনয় ব্যৱস্থাপকজনে মোৰ অনুসন্ধানৰ কথা ভালকৈয়ে জানিছিল। ছেগ্নিৰ হত্যাৰ মোকৰ্দমাৰ বিচাৰকজনক যে মই ইমানদিনে বিচাৰি উলিয়াব পৰা নাই সেই কথাও তেওঁ জা... |
সন্ধিয়াটো মই মানুহজনৰ লগতে কটালো বুলিব পাৰি। তেখেতে নিজস্ব দৃষ্টিভংগীৰ ছান্যিৰ ভিকওন্টৰ† পৰিয়ালটোৰ ঘটনাখিনি মোক ক‘লে। তেওঁ কথাৰপৰা লাগিছিল তেওঁ ভিকওন্টৰ মনোবিকাৰ থকা বুলি আৰু ককায়েকৰ মৃত্য দুৰ্ঘটনাবশতঃ হোৱা বুলি ক‘ব। কিন্তু বিচাৰক হিচাপে সুনিশ্চিত সাক্ষী নোহোৱাৰ বাবে তেনে ৰায় নিদিলে। কিন্তু তেওঁ পতিয়ন গৈছিল যে ক্ৰ... |
‘পাৰ্ছী‘ৰ কথা শুনি মই কৌতুহল অনুভৱ কৰিছিলো। যদি সম্ভৱ হয় তেন্তে এই খাম–খেয়ালী স্বভাৱৰ মানুহজনৰপৰা কথাবিলাক শুনিবলৈ মন গৈছিল। মোৰ ভাগ্য ভালেই বুলিব লাগিব যে মই মানুহজনক ৰিভ‘লি পথত থকা তেওঁৰ সৰু ফ্লেটটোতে লগ পালো। তেওঁ তাতেই বাস কৰিছিল। মই লগ ধৰাৰ পাঁচ মাহৰ পাছত তেখেতৰ মৃত্যু হ‘ল। প্ৰথমে মোৰ সন্দেহ আছিল। কিন্তু পাৰ্ছীয... |
মই জানো, মোৰ এই বিৱৰণ পঢ়ি কোনোবাই ক‘ব পাৰে গোটেইখিনি মোৰ কল্পনাৰ ওপজ; কিন্তু সৌভাগ্যক্ৰমে মই ক্ৰিষ্টিন ডীৰ আৰু কিছুমান চিঠি আৱিষ্কাৰ কৰিছিলো। সকলোৱে জনা তেখেতৰ চিঠিখিনিৰ লগত মোৰ হাতত পৰা চিঠিখিনিৰ তুলনা কৰি মই নিশ্চিত হৈছিলো যে মোৰ সন্দেহ আছিল নিৰ্ভুল। মই আনকি পাৰ্ছীৰ অতীতো খুঁচৰি চাইছো। তেৱোঁ সৎ মানুহেই আছিল, বিচাৰত ... |
বিভিন্ন সময়ত ছান্যিৰ ভিকওন্টৰ পৰিয়াল বা ঘটনাটোৰ সংস্পৰ্শলৈ অহা আন কেইজনমান গণ্য মান্য ব্যক্তিয়েও মোৰ লগত একমত হৈছিল। তেওঁলোকক মই মোৰ নথি–পত্ৰবিলাক দেখুৱাইছিলো আৰু মোৰ বাখ্যাটোও দাঙি ধৰিছিলো। এই সন্দৰ্ভত মোলৈ পঠিওৱা এখন চিঠিৰ কিয়দংশ মই তুলি দিছোঁ। চিঠিখনৰ লিখক জেনেৰেল ডি…: |
“মহাশয়, |
আপোনাৰ অনুসন্ধানৰ ফলাফল সোনকালেই ৰাজহুৱা কৰিবলৈ মই আপোনাক টানি অনুৰোধ জনাওঁ। মোৰ ভালকৈয়ে মনত আছে সমগ্ৰ ফাউবাৰ্গ ছেইণ্ট জাৰমেইন–ত শোকৰ ছাঁ পেলোৱা সুকণ্ঠী গায়িকা ক্ৰিষ্টিন ডী–ৰ অন্তৰ্ধানৰ ঘটনাটোৰ আগে আগে অপেৰা হলৰ ভিতৰত প্ৰায়েই ‘অপদেৱতা‘ৰ কথা ওলাইছিল। মোৰ বিশ্বাস তৎপশ্চাত সংঘটিত ঘটনালানিৰ অভিনৱত্বই অপদেৱতাৰ কথাবিলাক ত... |
দুই ভাতৃয়ে ইজনে সিজনক হত্যা কৰিছিল বুলিয়েই সাধাৰণ ৰাইজে বিশ্বাস কৰে। কিন্তু ককায়েক–ভায়েকৰ মাজত গভীৰ মৰম আৰু সন্মানৰ সম্পৰ্ক শেহলৈকে অটুত আছিল। সেয়ে, ৰহস্যময়ী অপদেৱতাৰ কথাৰে যদি ঘটনাটো বাখ্যা কৰিব পাৰি, তেন্তে মোৰ বিশ্বাস সেইটোৱেই সম্ভৱ…” |
শেহত, হাতত মোৰ নথি–পত্ৰবোৰ লৈ আকৌ এবাৰ অপদেৱতাই ৰাজত্ব কৰা সেই বিশাল স্থানলৈ আকৌ এবাৰ গৈছিলো। মই যি দেখিছিলো, অনুভৱ কৰিছিলো, তাত সেই পাৰ্ছীয়ে কোৱা কথাবোৰ আখৰে আখৰে মিলি গৈছিল। |
অপেৰাৰ ভূ–গৰ্ভস্থ ঘৰটোলৈ অহা হুলস্থুলীয়া সময়ত মৃত্যু হোৱা সকলক ইয়াত কবৰ দিয়া হোৱা নাছিল। মই দেখুৱাই দিব পাৰোঁ সেইসকলৰ সমাধি আছে নাতি–দূৰৈৰ আন এটা ভূ–গৰ্ভস্থ কোঠাত, য‘ত বিপ্লৱৰ সময়ত প্ৰয়োজনীয় ৰচদ–পাতি জমা কৰা হৈছিল। অপেৰা–গৃহৰ অপদেৱতাৰ অৱশিষ্ট বিচাৰি ফুৰোঁতে মই সেই স্থান আৱিষ্কাৰ কৰিছিলো। অৱশ্যে মোৰ লগত থকা তথ্য–... |
এই শৱদেহবোৰক কেনেকৈ সমাধিস্থ কৰা হ‘ব সেই বিষয়ে আমি পাছত কথা পাতিম। আগতে মই এই প্ৰস্তাৱনাটো শেষ কৰিব খুজিছোঁ। ইতি পেলোৱাৰ আগতে কেইগৰাকীমান ব্যক্তিলৈ মোৰ বিশেষ কৃতজ্ঞতা জনাইছোঁ। প্ৰথমেই মশ্চিউ মিলফ্ৰয়ড (ক্ৰিষ্টিন ডী নিৰুদ্দেশ হোৱাৰ ঘটনাৰ দায়িত্ব লোৱা পুলিচ বিষয়া,) ভূতপূৰ্ব সচিব মশ্চিউ ৰেমী, এক্টিং মেনেজাৰ মশ্চিউ মাৰ্... |
জেষ্ট‘ লেৰু |
পুনশ্চঃ |
————————————————— |
(১) এই ৰহস্যময় ঘটনাটোৰ বিষয়ে লিখিবলৈ যোৱাৰ আগেয়ে মই আৰু কেইজনমান ব্যক্তিৰ কথা নক‘লে মোক অকৃতজ্ঞতাৰ দোষে চুব। অপেৰাৰ বৰ্তমানৰ ব্যৱস্থাপক মণ্ডলী, যিয়ে মোক সৰ্বতোপ্ৰকাৰে সহায় কৰিছে, বিশেষ ভাৱে মশ্চিউ মেছেজাৰ আৰু মশ্চিউ গেবিয়নলৈ, আৰু বৰ্তমান অপেৰা গৃহৰ স্থপতিবিদৰ দায়িত্বত থকা সেই সদালাপী ভ্দ্ৰলোকলৈ, যিয়ে মোক চাৰ্লছ... |
একেবাৰে শেহত, মোৰ ব্যক্তিগত বন্ধু আৰু ভূতপূৰ্ব সহযোগী মশ্চিউ জে.-লা. ক্ৰয়ি, যিজনে মোক তেখেতৰ পুথিভঁৰালত থকা নাটকৰ কিতাপবোৰ মোৰ ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ এৰি দিছিল। – জে. লে. |
============================================ |
অনুবাদক/সলা–পৰামৰ্শ কৰোঁতাৰ টোকা:- |
† ছান্যিৰ ভিকওন্ট (vicomte de Chagny, ইংৰাজীত Viscount of Chagny)। ইউৰোপীয় ৰাজঘৰে পিয়াৰৰ লোকক মান ধৰিবৰ বাবে প্ৰদান কৰা কাউন্ট, আৰ্ল আদি ৰজাঘৰীয়া বাব পোৱা লোকক নাম উল্লেখ কৰাৰ সলনি অনেক সময়তৰ সেই বাবৰ নামৰে সন্মানজনক সম্বোধন কৰা হয়। ইংৰাজীত “কাউন্ট অব মন্টে ক্ৰিষ্টো”, “আৰ্ল অব এছেক্স” নাইবা অসমীয়াত “গোহাঁই মৌজাৰ ... |
অৱশ্যে ফ্ৰান্সত দুখন ছান্যি আছে, এই দুৰ্ভগীয়া ভাতৃদ্বয় কোন খণ্ডৰ আছিল, এশবছৰৰ পিছত এতিয়া কোৱা টান হব। কিন্তু কাহিনীৰ পটভূমি পেৰিছৰ পৰা উত্তৰ ফ্ৰান্সৰ ছান্যিলৈ ওচৰ বাবে এই অঞ্চলৰ বুলি অনুমান কৰা হৈছে। আনটো অঞ্চলৰ হ’লেও কাহিনীত একো যতি নপৰে। |
====================== |
প্ৰথম অধ্যায় |
অপদেৱতাৰ আৱিৰ্ভাৱ? |
সেই সন্ধিয়াটো ম. ডেবিয়েন আৰু ম. প‘লিনীৰ বাবে আছিল অপেৰাত শেষ ৰাতি। দুয়োগৰাকী মেনেজাৰেই অপেৰাৰ দায়িত্ব সামৰি অৱসৰ জীৱন কটাবলৈ সাজু হৈছিল। দুগৰাকী মেনেজাৰৰ অৱসৰৰ নিশা হিচাপে সেই ৰাতিৰ অনুষ্ঠান জাকজমককৈ পৰিৱেশন কৰা হৈছিল। তেনেতে অপেৰাৰ এগৰাকী মুখ্য নৰ্তকী লা ছ‘ৰেলীৰ কোঠালৈ হুৰমূৰাই সোমাই আহিছিল ছয়জনী ছোৱালী। আটাইকেইজ... |
“ভূত! ভূত ওলাইছে!” এইবুলি কৈয়েই তাই দুৱাৰখনৰ তলাটো বন্ধ কৰি দিলে। |
ছ‘ৰেলীৰ কোঠাটো আকাৰত বৰ ডাঙৰ নাছিল। আচবাব আছিল তেনেই কম। এখন ডাঙৰ আইনা, এখন ছোফা, প্ৰসাধনৰ মেজ এখন আৰু দুটা কাপোৰ থোৱা আলমাৰী। দেৱালত ওলমি আছিল কেইখনমান ছবি। ছবি কেইখন ছ‘ৰেলীৰ মাকৰ সম্পত্তি। তেখেতো অপেৰাৰ এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল। ছ‘ৰেলীৰ সৰু কোঠাটোও অৱশ্যে ছোৱালীকেইজনীৰ বাবে বেছি ডাঙৰ যেন লাগিছিল। সিহঁতৰ বাবে এটা... |
ছ‘ৰেলীৰ মনো কুসংস্কাৰৰপৰা মুক্ত নাছিল। ছোৱালীজনীৰ কথা শুনি তেওঁৰ বুকুখনো খন্তেকৰ বাবে কঁপি উঠিল। কিন্তু মুখেৰে “মূৰ্খ ছোৱালী” বুলি ক‘বলৈ নাপাহৰিলে। অৱশ্যে ভূতৰ ভয়ে তেওঁকো বাৰুকৈয়ে লম্ভিলে। তেওঁ সুধিলেঃ |
“তই দেখিছ নেকি?” |
“একেবাৰে চকুৰ আগতে!” অকণমানি জেমিছৰ ভৰি দুখন আৰু থিৰ হৈ নৰ‘ল। কথাখিনি কৈয়েই তাই ঢপ্কৈ চকী এখনত বহি পৰিল। |
পাছৰখিনি ক‘বলৈ আৰম্ভ কৰিলে কণমানি গিৰিয়ে। গিৰি নামৰ ছোৱালীজনীৰ চকুৰ মণি আৰু চুলিৰ ৰং কিচকিচীয়া ক‘লা। দেহটো তেনেই খীণ। |
“ভূতটো দেখিবলৈ বৰ কুন্ধচ!” |
“হয়, হয়!” আটাইকেইজনীয়ে হয়ভৰ দিলে। |
তাৰপাছত কেউজনীয়েই কথাবিলাক ক‘বলৈ হেতাওপৰা লগালে। ভূতটো হেনো তেওঁলোকৰ সন্মুখত হঠাত ওলাইছিল। পিন্ধনত সন্ধিয়াৰ পোচাক। ক‘ৰপৰানো সেইটো সেইখিনিত ওলালে সিহঁতে ততকে ধৰিব নোৱাৰিলে। তাৰে এজনীয়ে ক‘লে, “ভূতটো য‘তে ত‘তে ওলাব পাৰে।” |
কথাখিনি মিছা নাছিল। যোৱা কেইটামান মাহৰপৰা ভূতটোক অপেৰা ঘৰটোৰ বহু ঠাইতে দেখা পোৱাৰ কথা ওলাই আছে। অপেৰাৰ বিশাল ভৱনটোৰ চাৰিওফালে এটা ছায়াৰ দৰে তাৰ অবাধ গতি। কাৰো লগত ভূতটোৱে মাত–বোল কৰা নাই। কোনেও কথা পাতিবলৈ সাহসো কৰা নাই। দেখাৰ পাছতেই হঠাতে সি নোহোৱা হৈ যায়। কোনেও নাজানে কেনি আহে, কোনফালেৰ |
← অসমীয়া জাতি গঠনত বিহু পৰম্পৰা (কুশল হালৈ) |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.