text
stringlengths
0
188k
‘অ’কে অ’কে… চাওচোন বাৰু… হেঃ হেঃ হেঃ।’ ড° হিলৈধাৰী যেন গ্ল’বেল ৱাৰ্মিঙৰ চিকাৰ হোৱা এণ্টাৰ্কটিকাৰ এটুকুৰা বৰফহে। সকলো পুৰুষৰ ভিতৰত একোজন কৃষ্ণ সুপ্ত অৱস্থাত থাকে। কোনে জানো কৈছিল।
‘আপোনালোক বহকচোন, চাহ আনো, আজি প্ৰথম আহিছে।’
‘নালাগে মিছাতে কষ্ট কৰিব’, জাতীয় কিবা এটা ক’বলৈ শৰ্মানীয়ে মুখখন মেলিছিল যদিও ডেকানীয়ে চিকুট এটা মাৰি ৰখালে। চাহ কাপ খোৱাৰ সময়তে হেনো বহু ‘ডিল’ ক্ল’জ হৈ যায়, ডেকানীয়ে এমৱে’ৰ প্ৰশিক্ষণত শিকা কথাষাৰিকে লগৰ দুজনীক বুজালে।
ড° হিলৈধাৰীয়ে সৰু ট্ৰে এখনত তিনিকাপ চাহ আৰু প্লেট এখনত ব্ৰিটানিয়া মেৰি বিস্কুটকেইখনমান লৈ আহিল।
‘ গাখীৰ নাইকিয়া, আদায় হ’ল। গতিকে ফিকা চাহকে দিব লগা হ’ল আপোনালোকক।’
‘হ’ব হ’ব, আপুনি যে মিছাতে কষ্ট কৰিলে।’ তিনিও সমস্বৰে ক’লে।
‘হ’ব দিয়ক, ইমানকৈ মাতিছে যেতিয়া আহিম এপাক। পিছে বেছি সময় থাকিব নোৱাৰিম, আঠ বজাত এজনক এপইণ্টমেণ্ট দিয়া আছে।’
‘হ’ব হ’ব, আপুনি দৰ্শন দিলেই হ’ল।’
চিত্ৰলেখাই অনিৰূদ্ধক হৰণ কৰি অনাৰ পিছত সখীয়েক ঊষাই যিটো হাঁহি মাৰিছিল, ঠিক একেই হাঁহি দেখা গ’ল শৰ্মানী, শইকীয়ানী আৰু ডেকানীৰ ‘ফেয়াৰ এণ্ড লাভলী’ মুখকেইখনত।
।। বিস্ময় ।।
সন্ধিয়ালৈ বৰানী যথেষ্ট পৰিমাণে সুস্থ হৈ উঠিল। ডাঃ তালুকদাৰ আশ্বস্ত হৈ নিজৰ এপাৰ্টমেন্টলৈ ঢাপলি মেলিলে। ডিউটি শেষ হোৱাৰ আগতে ৰাউণ্ড দিবলৈ অহা ইমাৰ্জেন্সীৰ হেড ডাঃ বৈশ্যই ‘ৱেল ডান মাই বয়’ বুলি দিয়া মন্তব্যটিয়ে তেওঁৰ বুকুখন বেচ কিছু দেৰিলৈকে ফুলাই ৰাখিলে। পিছে ৰুমত সোমোৱাৰ পাছতো দেখোন তেওঁক অনন্যাৰ মুখখনিয়েহে বৰ আমনি...
মুখ হাত ধুই আহি তেওঁ ভাবিলে এই কথাই কথা নহয়, এবাৰ ফে’চবুকত অনন্যাৰ প্ৰফাইলটিকে খুঁচৰি চোৱা যাওক। প্ৰফাইল থাকিব বুলি তেওঁ নিশ্চিত। কেৱল চাব খুজিছে নেচাৰটো ‘ফান লাভিং’ নে ‘ছিম্পল এণ্ড হোমলি’।
ফে’চবুকৰ হোমপেজটো খোলাৰ পিছত এটা ফ্ৰেইণ্ড ৰিকুৱেষ্ট আৰু এটা ইনবক্স মেছেজ লক্ষ্য কৰিলে ডাঃ তালুকদাৰে। চকুমুদি ফ্ৰেইণ্ড ৰিকুৱেষ্টটোৰ এক্সেপ্ত বক্সটোত ক্লিক কৰি মেছেজ বক্সত ক্লিক কৰাৰ লগে লগে অযুত বিষ্ময়ে তেওঁৰ চকুত ধৰা দিলেহি।
আহকচোন, ডাঃ তালুকদাৰৰ অযুত বিষ্ময় সাম কাটিবলৈ দি আমি ক্ষন্তেক ভুমুকি মাৰোহি গেট টুগেডাৰৰ আয়োজনস্থলীত।
।। আয়োজন ।।
অতি সাধাৰণভাৱে গেট টুগেডাৰৰ আয়োজন কৰা হ’ল।
বিকাজীৰ টানা বানা মিক্সাৰ, চীনাবাদাম ৰোষ্ট, কাজুবাদাম ৰোষ্ট, ৰোষ্টেড পাপড়, পেষ্ট্ৰী, প্ৰাণ লিচি, ব্ৰইলাৰ কুকুৰাৰ তণ্ডুৰী, বৰিয়লা মাছৰ ফ্ৰাই, ছাগলিৰ লিভাৰ ফ্ৰাই খুবেই কমন হ’ল। বি ব্লকৰ মিছেছ ছেত্ৰীয়ে ছাগলীৰ পেটুবোৰ ভাজি এবিধ স্পেচিয়েল ৰান্ধিলে বুলিহে। শৰ্মানীয়েও আকৌ তিয়ঁহৰ পাতল শ্লাইচ কৰি ভোট জলকীয়া আৰু বাঁহৰ গাঁ...
ইমান বিধ স্নেক্সৰ লগত খাবলৈ বুলি জনী ৱাকাৰ ৰেড লেবেল হুইস্কি, স্মিৰনফ ভ’ডকা, বাকাৰ্ডি ৰাম, মহিলাসকলৰ বাবে ব্ৰীজাৰ, কিংফিছাৰ বীয়েৰ, ভিনো নামৰ এবিধ ৱাইন, ফেন্টা, মিৰিণ্ডা, মাউন্টেইন ডিউ, ছ’ডা আদিও আহিল।
ক’বলৈ পাহৰিছোঁ, দাম বেছি হ’লেও আজি এলমণ্ড অলপো অনা হ’ল, স্পেচিয়েল অকেজন বুলি।
।। যৌৱনে আমনি কৰে ।।
মেছেজ বক্সটোত মেছেজটো আছিল ‘ হাই ডিয়াৰ 🙂 ‘ ।
অনন্যাৰ মেছেজ।
আৰু নোচোৱাকৈ একচেপ্ট কৰা ফ্ৰেইণ্ড ৰিকুৱেষ্টটোও আছিল অনন্যাৰেই !
ডাঃ তালুকদাৰৰ ছিষ্ট’লিক আৰু ডায়েষ্ট’লিক প্ৰেছাৰ দুয়োটায়ে যেন সম্ৰাট যুধিষ্ঠিৰৰ অশ্বমেধৰ ঘোঁৰাৰ দৰে ওপৰলৈ জাঁপ এটা মাৰি দৌৰ মাৰিলে। উফফ্ …..।
ডাঃ তালুকদাৰৰ আৰু অনন্যাৰ প্ৰফাইল চাবলৈ নহ’ল। তেওঁ অসমীয়া বাতৰি কাকতখনকে হাতত তুলি ল’লে।
দ্বিতীয় পৃষ্ঠাৰ ৰাশিফলটো পঢ়ি দেখিলে ‘ কৰ্মস্থানত জটিলতাৰ সন্মুখীন হ’ব যদিও ওপৰৱালাৰ প্ৰশংসাৰ পাত্ৰ হ’ব পাৰিব। প্ৰেমত অতিকৈ শুভ। যিসকলৰ শুক্ৰ তুংগত আছে সেইসকল ব্যক্তিয়ে এই সময়ত প্ৰেমাভিযানত আগবঢ়াৰ শুভ সময়।’
উফফ্… ধক ধক ধক।
কোনেনো কয় বাৰু জ্যোতিষ ভণ্ড বুলি ? জ্যোতিষ ভণ্ড বুলি কোৱা তথাকথিত বিজ্ঞানীসকলেই ডাঙৰ ভণ্ড ! নহ’লেনো এনেকৈ গোটেইখিনি মিলি যাব লাগেনে বাৰু।
ফ্ৰিজৰ পৰা ফাৰ্মৰ কণী এটা উলিয়াই সিজাই খাই ডাঃ তালুকদাৰ শুই পৰিল। আজি দেখোন ভোকেই লগা নাই কিবা! শোৱাৰ আগতে অৱশ্যে পুৱা ছয় বজাৰ এলাৰ্ম দিবলৈ নেপাহৰিলে।
পুৱা ছয় বজাত বিশ্বস্ত এলাৰ্ম বাজি উঠিল। আনদিনা কাউৰীৰ মাত যেন লগা এলাৰ্মৰ শব্দটোৱে যেন আজি কিশোৰদাৰ কণ্ঠৰে গাই উঠিল, ‘ দিল ক্যা কৰে জব কিছিচে কিছিকো প্যাৰ হো যায়ে…।’
আজি আৰু বেছি দেৰি এলাৰ্ম স্নুজ কৰি কৰি শুই থাকিবৰ মন নগ’ল ডাঃ তালুকদাৰৰ। বিছনাৰ পৰা উঠিয়েই দাঁত দুপাৰি ব্ৰাছেৰে ঘৰ্ষণ কৰি মুখত ‘ৰাজা’ খৈনী অলপ সুমুৱাই তেওঁ বাথৰুমত সোমাল। হোষ্টেলৰে অভ্যাস। আগতে হাতৰ তলুৱাত মলি খাইছিল যদিও সময়ৰ অভাৱত সেই বিলাসিতাকণ ত্যাগ কৰিব লগা হ’ল। নাখালে দেখোন প্ৰাত্যহিক কামফেৰা সমাপন নহয়। লগৰ বহ...
গা ধুই উঠি ধূপ দুডাল জ্বলাই ডাঃ তালুকদাৰে বাবা গণেশৰ মূৰ্তিটোৰ সন্মুখত হনুমান চালিচাখন পাঠ কৰিবলৈ ধৰিলে। মঙ্গলৰ দোষ। হনুমান চালিচা পাঠ কৰি উঠি ডাঃ তালুকদাৰে সোঁহাতৰ অনামিকা আঙুলিত পিন্ধি থকা ৰক্তপ্ৰবালটিত ‘স্ম্পুচ্চ’ ‘স্ম্পুচ্চ’ কৰি দুটা চুমা খালে আৰু ৰঙা চাৰ্ট এটা পিন্ধি কৰ্মস্থানলৈ যাবলৈ ওলাল। আজি আৰু মেগী খাবলৈ সত ন...
নিজৰ ৱাৰ্ড পাই উপস্থিতিৰ বহীত চহী কৰি ৰাউণ্ড দিবলৈ যাওঁতে ডাঃ তালুকদাৰে অনন্যাক দেখা পালে। হাৰৰৰে… এইবোৰ কি হ’ব ধৰিছে ? অনন্যায়ো যে টিকটিকিয়া ৰঙা চুৰিদাৰ এযোৰ পিন্ধি আহিছে !!! তাৰমানে কি তাইৰো মঙলৰ দোষ! হে ভগৱান!
ঐ হৈ হৈ সৈ। ডাঃ তালুকদাৰৰ মনটোৱে তেওঁক জোকালে। চুপ থাকচোন তই। কৃত্ৰিম ধমকি এটা দিলে তেওঁ নিজৰ মনটোক।
আবেলিলৈ বৰা আৰু বৰানী ডাঃ তালুকদাৰৰ কেবিনত হাজিৰ। বৰানী সম্পূৰ্ণ সুস্থ। মানুহগৰাকীৰ কিন্তু মনোবল মানিব লাগিব।
‘কেনে পাইছে এতিয়া?’ ডাঃ তালুকদাৰৰ প্ৰশ্ন।
‘কেনে পামনো?’ বৰানীয়ে হুমুনিয়াহ এটা কাঢ়ি মুখখন ওফোন্দাই দিলে। হুমুনিয়াহ নহয় যেন আটলাণ্টিক মহাসাগৰৰ তলিৰ পৰা এটা বুৰবুৰণিহে ওপৰলৈ উঠি আহিল।
‘পিছে আপোনালোকৰ মাজত এই ‘ছত্তিচ কা আখৰা’ কেতিয়াৰ পৰানো আৰম্ভ হ’ল? মানে এই ব্যতিহাৰ বহুব্ৰীহি?’
বৰানীয়ে ডাঃ তালুকদাৰৰ প্ৰশ্নৰ উত্তৰ নিদি বৰাৰ ফালে চাই ক’লে, ‘তাই জহনীত যাইতীয়ে যিপাত দিলে মোক। হেৰা, সেইবোৰ সিহঁতৰ নাটক বুজিছা। আঁঠুত টমেটো ছচ সানি মিছাতে সিহঁতে পৰি তেজ ওলোৱা নাটকখন কৰিলে মোতকৈ বেছি লাইক পাবলৈ। চাই ল’ম তাইক।’
ডাঃ তালুকদাৰৰ পুতৌ উপজিল মানুহজনীৰ নীচ চিন্তাধাৰাৰ ওপৰত।
‘আৰু সিহঁতে ফেক প্ৰফাইল ব্যৱহাৰ নকৰাকৈ ইমান লাইক পাবই নোৱাৰে।’ বৰানীয়ে নিজকে সান্ত্বনা দিলে।
ফেক প্ৰফাইলৰ নাম শুনি ডাঃ তালুকদাৰৰ গাটো চেবালে। কিছুদিন আগতে তেওঁ ‘ ডেংগু ৰোগৰ উপশমত অমিতাৰ পাতৰ ৰসৰ উপযোগিতা’ সন্দৰ্ভে লিখা গুৰূত্বপূৰ্ণ প’ষ্ট এটা কেনেকৈ ফেক প্ৰফাইল দুটাই হাইজেক কৰি ‘লিভাৰৰ বেমাৰত লাওপানীৰ উপকাৰিতা’লৈ লৈ গ’ল তাকে ভাবি মূৰটো গৰম হৈ পৰিল। সেই হাইজেকটোত দুজনমান ভব্য গব্যয়ো যেনেদৰে হাত উজান দিছিল। পিছল...
আৰু এদিন ডাঃ বৰুৱাই কোৱা তেওঁৰ ভতিজাকজনৰ কাহিনীটোলৈ মনত পৰি গ’ল। বেচেৰাই ফেক প্ৰফাইলৰ প্ৰেমত পৰি ঠগন খাই মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। এতিয়াও হেনো সি ৰাতি ৰাতি চিঞৰ মাৰি উঠি বহে।
বৰা, বৰানী যোৱাৰ এঘণ্টা পিছত অনন্যা আহি ডাঃ তালুকদাৰৰ কেবিনলৈ আহিল দুই এটা গতানুগতিক কথা আলোচনা কৰিবলৈ। ঠিক তেনেতে শৰ্মানী, শইকীয়ানী আৰু ডেকানী আহি ওলাল গেট টুগেদাৰৰ নিমন্ত্ৰণ দিবলৈ। ডাঃ তালুকদাৰৰ গান্ধীকলনিৰ দুই এজনক বাদ দি সকলোৰে লগত এক সদ্ভাৱ আছে। তেওঁলোক অহাত অনন্যাই চকীখন এৰি দি থিয় হৈ ৰ’ল। ডাঃ তালুকদাৰে তাইক নি...
শইকীয়ানীয়ে গেট টুগেদাৰত ডাঃ তালুকদাৰৰ উপস্থিতি নিশ্চিত কৰিহে এৰিলে আৰু লগতে অনন্যাকো লগত লৈ আহিবলৈ টানি ধৰিলে। অনন্যাই নাযাওঁ নাযাওঁ কৰিছিল যদিও অৱশেষত সন্মত হ’ল।
–**–
← দিল্লীহাটত অ ক বৰ প্ৰীতিভোজ আৰু সাহিত্যৰ আড্ডা: মাধুৰীমা ঘৰফলীয়া
কৃতী ছাত্র-ছাত্রীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত কম্পিউটাৰ প্রদান →
You May Also Like
আপুনি যন্ত্ৰ হ’ব বিচাৰে নেকি ??? (সুস্মিতা বৰা)
August 15, 2011 March 10, 2021 0
দৈনন্দিন (প্রদ্যুতজ্যোতি শইকীয়া)
May 15, 2012 March 10, 2021 0
ফেছবুক(ৰূনব কাঁ)
February 17, 2012 March 10, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz