text stringlengths 0 188k |
|---|
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ৰাজকুমাৰ ঠাকুৰীয়াই মি: ৰাজকুমাৰ হিচাপে পৰিচিত হোৱাটো পছন্দ কৰে। |
তেওঁৰ গুণমুগ্ধসকলৰ এই অনুকৰণীয় প্ৰচেষ্টাৰ শলাগ লৈও ক’ব পাৰি যে এখন সুপ্ৰতিষ্ঠিত কেন্দ্ৰীয় বিশ্বিদ্যালয়ত প্ৰদৰ্শন আগবঢ়াব পৰাকৈ উপযুক্ত হয় নে সেয়া বিচাৰ্যৰ বিষয়। |
অসমৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে এই ঘটনা সম্পৰ্কত ফেচবুক আৰু টুইটাৰযোগে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। |
তেওঁ ফেচবুকত লিখিছে, ‘এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এগৰাকী নিঃকিন পপ গায়কক এখন মঞ্চ আগ বঢ়োৱাটো সঁচাকৈয়ে লজ্জাজনক। এইটো ঠিক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ধিনচুক পূজা আমন্ত্ৰণ কৰাৰ দৰে কথা। মি: ৰাজকুমাৰৰ বিৰুদ্ধে তথা তেওঁৰ ভিডিঅ’ চোৱা, উপভোগ কৰা সকলৰ বিৰুদ্ধে কোনো ব্যক্তিগত অভিযোগ নাই। কিন্তু নিঃকিন পপ সংগীতৰ বাবে এখন বিশ... |
আকৌ মই জানিব পাৰিছো যে মুক্তি পাব লগীয়া অসমীয়া ছবি ‘কেলেণ্ডাৰ’ৰ নিৰ্মাতাই ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিবলৈ অনুমতি বিচাৰি পঠোৱা মেইলৰ উত্তৰো আনকি তেজপুৰ বিশ্ববিদ্যালয়ে দিয়া নাছিল। |
উৎপল বৰপজাৰীয়ে টুইটাৰত লিখিছে:- এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এগৰাকী নিঃকিন পপ গায়কক মঞ্চ প্ৰদান কৰাটো আৰু এক সফল কাহিনীৰ আঁৰৰ ব্যক্তি হিচাপে অভিহিত কৰাটো অত্যন্ত লজ্জাজনক। |
বিশ্ববিদ্যালয়খনৰ ৰাজকুমাৰ ঠাকুৰীয়াৰ ‘ফেন ক্লাব’-এ তেওঁক প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱাত আগভাগ লৈছিল। তেওঁৰ গুণমুগ্ধসকলৰ অত্যুৎসাহক প্ৰশংসা কৰিও মনত প্ৰশ্ন হয় যে কেন্দ্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক ব্যক্তিগত স্থানত প্ৰদৰ্শনৰ অনুমতি দিয়াৰ পৰিৱৰ্তে কিয় বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত কৰাৰ অনুমতি দিলে? |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ঘটনাৰ বিৱৰণী মতে, আগিয়া বুধিপাৰাত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা বলীন নমঃ দাসৰ পুত্ৰ তাপস দাসে বলবলাৰ খ্ৰাগাবাৰীৰ আইতাকৰ ঘৰলৈ ফুৰিবলৈ আহি তিনিগৰাকী সমনীয়াৰ সৈতে জিনাৰী নৈত গা ধুবলৈ বুলি দুপৰীয়া ওলাই যায়। |
সমনীয়াৰ সৈতে নৈত গা ধুই থকাৰ সময়তে ৮ বছৰীয়া তাপস নামৰ শিশুটো নৈৰ দ পানীত পিচলি পৰি যায়। আকস্মিক দুৰ্ঘটনাটোত হতভম্ব হৈ গা ধুবলৈ যোৱা আন দুজন সমনীয়াই তাপসক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে। |
নৈৰ দ পানীত পৰি যোৱা তাপসক উদ্ধাৰ কৰিব নোৱাৰি সমনীয়া দুগৰাকীয়ে ঘৰলৈ আহি সমগ্ৰ ঘটনা পৰিয়ালৰ আগত বৰ্ণনা কৰি কোৱাৰ পাছত পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে। |
ইতিমধ্যে নৈৰ পানীত উটি যোৱা শিশুজনক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ তীব্ৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও সন্ধানহীন হৈ থকা শিশুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
একেবাৰে প্ৰথম প’ষ্টটোতে টিটুৰ ফটোখন জিলিকি আছে। শৰ্মানীয়ে ৰুদ্ধশ্বাসে মাউছটো তললৈ স্ক্ৰ’ল কৰিব ধৰিলে। হাৰৰৰে, আশীটা লাইক আৰু তেত্ৰিছটা কমেণ্ট ! |
নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰি শৰ্মানীয়ে বাঁওহাতখনৰ নখেৰে সোঁহাতখনত চিকুটি দি চালে। এয়াতো দিঠকেই। ৰাতিটোৰ ভিতৰতে আঠত্ৰিশটা লাইক আৰু ছৌব্বিশটা কমেণ্ট বাঢ়ি গ’ল ! ফে’চবুকত যি দেখিছো নিশাচৰৰ পয়োভৰ বেছি। |
দুটা শোহাতে কাপৰ বাকীখিনি চাহ শেষ কৰি তেওঁ শৰ্মাক খবৰটো দিবলৈ গ’ল। |
ঘুমন্ত শৰ্মাক হেঁচোক মাৰি শৰ্মানীয়ে ক’বলৈ ধৰিলে, ’হেৰা উঠাচোন, কথা এটা আছে।’ |
‘উমমম… শুব দিয়ানা প্লিজ।’ |
‘উঠানা প্লিজ।’ |
‘উহহু…আৰু অলপ শুম।’ |
‘নহ’ব, এটা গুড নিউজ আছে।’ |
শৰ্মা ঢহমহাই উঠি বহিল। ‘কি কোৱাহে ? তুমিয়ে দেখোন কৈছিলা যে টিটুৰ সাতবছৰ নোহোৱালৈকে বা মোৰ পে’ ৰিভাইজ নোহোৱালৈকে দুই নম্বৰটিৰ কথা চিন্তা নকৰো। এইখন কি কৰিলা ? সদায় কওঁ যে পিলটো খাবলৈ নেপাহৰিবা।’ শৰ্মাৰ কথাত বেচ বিৰক্তিৰ চিন ফুটি উঠিল। |
শৰ্মানীয়ে ক’লে, ‘সেই কণ্ডিচন দুটা এতিয়াও ভেলিড আছে। পিছে গুড নিউজ বেলেগহে।’ |
শৰ্মাই জিজ্ঞাসাৰে সুধিলে, ‘কি বা সেইটো ?’ |
মুখত এমোকোৰা মিচিকিয়া হাঁহি লৈ শৰ্মানীয়ে এটা এটা শব্দ উচ্চাৰণ কৰিলে—’একাশীটা লাইক, তেত্ৰিছটা কমেণ্ট। বুজিলা এতিয়া ?’ |
শৰ্মাই অলপ দেৰি তভক মাৰি লৈ ক’লে, ‘ কিক্ক কোৱাহে ?’ পিঙ্কী ইজ বিটেন হৌল’ ?’ |
‘ইয়েছ মাই ডিয়েৰ, উই হেৱ বিটেন দেম হৌল’।’ এই বুলি কৈ শৰ্মানীয়ে শৰ্মাৰ দুগালত টপৰ টপৰকৈ দুটা চুমা খাই দিলে । অকল ইমানতে ক্ষান্ত নাথাকি শৰ্মাৰ বাঁওগালখনত প্ৰচণ্ড কামোৰ এটা মাৰি দিলে । |
আইঔ দুখ পাইছোঁ। শৰ্মাৰ চিঞৰ শুনি টিটু দৌৰি আহিল কি হৈছে চাবলৈ। শৰ্মাই এখন হাতেৰে বাঁও গালখন ঢাকি ধৰি ইখন হাত জোকাৰি জোকাৰি টিটুক ক’লে, ‘বাবা একো হোৱা নাই দিয়া। হাতখন বিছনাৰ ৰেলিংত খুন্দা খালোঁ।’ টিটু গুচি যোৱাৰ পিছত শৰ্মাই ক’বলৈ ধৰিলে, ‘কি যে কৰা। গালত দাগটো লৈ অফিচ কেনেকৈ যাম কোৱাচোন। মানুহে নাহাঁহিবনে এই বয়সতো উত্প... |
শৰ্মানীয়ে এইবাৰ ঊনত্ৰিশ দন্ত (তিনিটা দাঁত পোকে খোৱা বাবে আগতে সৰুৱাই থোৱা হৈছে) বিকশিত কৰি হাঁহি ক’লে, ‘জানা মই আজি ছুপাৰ ডুপাৰ খুছ। পিছে তুমি নিজেনো কিয় লাইক কৰা নাছিলা বাৰু ?’ |
‘অ’ মই ভবাই নাছিলোঁ।’ |
‘নাভাবিবাতো, অঁকৰাটো কৰবাৰ। ময়ে লাইকটো মাৰি দিছোঁ আৰু। একাশীটা লাইক হৈ গ’ল এতিয়া। উঠা এতিয়া চাহ কৰোঁ তোমালৈ। এই বুলি মৰমেৰে শৰ্মাৰ নাকটোত টেপা এটা মাৰি শৰ্মানী আঁতৰ হ’ল।’ |
শৰ্মাই মুখ ধুই উঠি শৰ্মানীয়ে গোলনেমুৰ ৰস মিহলাই দিয়া ধূম্ৰায়িত ৰঙা চাহকাপত শোহা এটা মাৰি ক’বলৈ ধৰিলে, ‘তাৰমানে ঊনসত্তৰৰ টাৰ্গেটটো লৈ তুমি কোনো ভুল কৰা নাছিলা। মই এই সংখ্যাটো এনেয়ে ইমান ভয় কৰি আছিলোঁ। পিছে আমিতো এতিয়া জিকিলোৱেই (এইটো মই ধৰিব পৰা নাই) গতিকে গেট টুগেদাৰটোৰ নিশ্চয় দৰকাৰ নহ’ব।’ |
‘উৱা তুমি কি কৈছা। গেট টুগেডাৰ পাতিবই লাগিব। আমাৰফলীয়া মানুহ গোটাবই লাগিব। বৰানী যিহে জেদী মানুহ, এইপাত পোৱাৰ পিছত তাই কি যে নকৰিব ভাবিয়েই ভয় লাগিছে। পিছে শুনা, তুমি টকাৰ বাবে চিন্তা কৰিব নালাগে। মোৰ ষ্টেট বেংকত ফিক্সদ ডিপ’জিট এটা আছে, তাকেই ভঙাম, পঁইত্ৰিশ হেজাৰমান পাব লাগে ধুনীয়াকে’ হৈ যাব। আৰু শইকীয়ানীক শ্বেয়াৰ... |
‘অ’কে হানী।’ |
শৰ্মানীয়ে কাঢ়াকৈ ইষ্ট্ৰি কৰি দিয়া চাৰ্ট-পেণ্টযোৰ পিন্ধি, মিনিয়ে যতনাই দিয়া কৰ্নফ্লেক্স গাখীৰ খাই শৰ্মা আনন্দমনেৰে অফিচলৈ ৰাওনা হ’ল আৰু শৰ্মানী ওলাল ফিক্সড ডিপ’জিট ভঙাবলৈ। অফিচত পিছে গালৰ ৰঙা দাগটোৰ বাবে সকলোকে চাহ আৰু গজা খুৱাব লগা হ’ল। আবেলি ঘৰলৈ আহোঁতে শৰ্মাই কলিতা, ডেকা আৰু নাথকো লগত লৈ আহিল। শৰ্মানীয়ে ভাজি দি... |
‘আপোনালোকৰ প’ষ্ট আৰু আমি লাইক নকৰিমনে বাৰু’, ডেকাই ক’লে । |
নাথে মাত লগালে, ‘মই সেইসময়ত মিটিঙত থকা বাবে ফোন ৰিচিভ কৰিব নোৱাৰিলোঁ যদিও ঘৰলৈ অহাৰ লগে লগে ফে’চবুক চাই প’ষ্টটি দেখিয়েই লাইক কৰি কমেণ্ট এটা দি দিলোঁ। পিছে গেট টুগেডাৰৰ কথাটো আপোনালোকে কিন্তু ভাল চিন্তা কৰিছে। আমিটো আহিমেই লগতে দুজনমানকো লৈ আহিম বুলি ভাবিছোঁ। আৰু এটা কথা, আমিতো ফে’চবুকত তেনেই কেঁচা। বেছিকৈ লাইক, কমেণ্... |
সকলোৱে একমুখে ক’লে, ‘ভাল হ’ব, ভাল হ’ব। পিছে কোন সেই বিশেষজ্ঞ ?’ |
‘বিশেষজ্ঞ নহয় বিশেষজ্ঞা।’ নাথে ৰহস্যময় হাঁহি এটা মাৰি ক’লে।’ নীলাঞ্জনা গগৈ। সময়ত সকলো গম পাব, এতিয়া উঠোঁহে।’ |
নাথৰ কথাবিলাক সদায় ৰহস্যময় । |
সিদিনা ৰাতি দুয়োৰে শোৱাই নহ’ল, কেৱল কথাকে পাতি থাকিলে ঊনসত্তৰৰ মহিমাৰ বিষয়ে! |
পাচদিনা ঢলপুৱাতে উঠি দুয়ো গেট টুগেডাৰৰ হিচাপ কৰাত ব্যস্ত হৈ পৰিল। |
আহকচোন শৰ্মা-শৰ্মানীয়ে গেট টুগেডাৰৰ আয়োজন কৰাত ব্যস্ত হৈ থাকোঁতে বৰানীৰ ঘৰতনো কি হৈ আছে এভূমুকি মাৰি চাওঁ। |
।। প্ৰতিশোধৰ দাবানল ।। |
ৰাতিপুৱাৰ পৰাই কিয় জানো আজি কাউৰীজনীয়ে ৰমলিয়াই আছে, কিবা অঘটন নঘটিলেই হৈছে। বৰানীয়ে ভাবিলে।’ ঐ আপী কাউৰীজনী খেদচোন, কিনো অমংগল মাতিছে। আৰু মোক চাহ একাপ দিবি আৰু সোনকালে ব্ৰেকফাষ্ট তৈয়াৰ কৰ।’ এইবুলি বৰানীয়ে টাইম পাছ কৰিবলৈ ফে’চবুকতে বহো বুলি লেপটপটো খুলি পাৱাৰ বাটনটো লাহেকৈ টিপি দিলে। হাইবাৰনেট কৰা থাকে গতিকে বুটি... |
প্ৰথম প’ষ্টটো হ’ল টিটু পৰাৰ বিষয়ে। একাশীটা লাইক আৰু তেত্ৰিছটা কমেণ্ট। বৰানীয়ে লগে লগে পিংকী পৰোঁতে দিয়া প’ষ্টটো আৰু প’ষ্টটোত পোৱা লাইক আৰু কমেণ্টবোৰ ছেভ কৰি ৰখা ডকুমেণ্ট ফাইলটো খুলিবলৈ ধৰিলে । |
কাউৰীজনীয়ে আকৌ এবাৰ ৰমলিয়াই উঠিল। বৰানীয়ে বুকুত হাত দুখনেৰে হেঁচা মাৰি ধৰি হামৰাও কাঢ়ি উঠিল – ‘খালে ঔ, খালে। মৰতীয়ে মোৰ বুকুৰ আগমঙহ এটুকুৰা খালে, মোৰ বুকুত এইপাত শেল মাৰিলে ঔ।’ |
বৰা, পিংকী আৰু আপী (আপীৰ আচল নামটো নৱমী) উধাতু খাই লৱৰি আহিল। বৰানীয়ে মাজে মাজে কান্দে, মাজে মাজে অহৌবলিয়াৰ দৰে চিঞৰে। হিষ্টেৰিয়া। বৰাই যেতিয়া ঘটনাৰ তত্ভত পালে বৰানীক ক’লে, ‘উফ্, তুমি যেনেকৈ চিঞৰিছা মই ভাবিলো যে তোমাৰ মাৰাৰ ঘৰত চাগে’…’ বৰাই ইচ্ছাকৃতভাৱে বাক্যটো সম্পূৰ্ণ নকৰিলে। বৰানীয়ে কি কৰিব কি নকৰিব ভাবি উৱাদি... |
বায়েক – ‘মই এতিয়া কি কৰো ক’চোন। নাক-কাণ গোটেই কটা গ’ল। শৰ্মানীৰ ওচৰত হাৰ মনাতকৈ মৃত্যুয়েই শ্ৰেয়।’ |
ভনীয়েক – ‘ৰ’চোন, কিনো বকিছ এইবোৰ। ঊনসত্তৰ আৰু একাশী, বেছি ডিফৰেন্স নাছিল। তই মোক আগতে কোৱা হ’লে মই লগৰ কেইজনীক কৈ লাইক মৰাই থৈ দিলোহেঁতেন। কিন্তু এতিয়া ক’বলৈ দিগদাৰ হ’ব। নহ’লে তই এটা কাম কৰ। তোৰ প’ষ্টটো ওপৰলৈ উঠাই আন আৰু চা আগতে ৰৈ যোৱা কোনোবাই কিজানি লাইক মাৰেই। মোৰ হিচাপত সেইটোৱেই একমাত্ৰ উপায় আছে। আৰু তহঁতৰ যদি ফ... |
বায়েক – ‘প’ষ্ট কেনেকৈ ওপৰলৈ উঠাই মই নাজানো আৰু ফেক প্ৰফাইল এটাও নাই আমাৰ।’ |
ভনীয়েক – ‘হুহ…কিনো হেৰি কৰিছ ইমানদিনে ফে’চবুকত যদি প’ষ্ট ওপৰলৈ উঠাবই নাজান। শুন, তই দিয়া প’ষ্টটো বিচাৰি উলিয়াই কমেণ্টত এটা ডট মাৰি দি এণ্টাৰ মাৰি দিবি আৰু ছাবমিট হোৱাৰ লগে লগে এডিট কৰি পুনৰাই ডিলিট কৰি দিবি। তেতিয়া প’ষ্টটোও ওপৰলৈ আহিব আৰু তই ধৰাও নপৰিবি। পিছে চাবি এই কামটো কৰিলে ৰাতি তিনিমানৰ পিছত কৰিবি। নহ’লে আজিক... |
সেহিমতে বৰানীয়ে ৰাতিলৈ নৰৈ দিন দুপৰতে ডট মাৰি প’ষ্টটো ওপৰলৈ উঠাই আনিলে যদিও কোনো সঁহাৰি নেপালে কাৰো পৰা। |
বৰানীৰ জীৱনটো কিবা অৰ্থহীন হৈ পৰিল। যি শৰ্মানীক তেওঁ নিজহাতেৰে ফে’চবুকত প্ৰফাইল খুলি দিছিল সেই শৰ্মানীৰ প’ষ্টে আজি তেওঁক কহি কা নাৰাখিলে। |
দুপৰীয়ালৈ বাৰে বাৰে ৰিফ্ৰেছ কৰি কৰি আৰু এটাও লাইক নাপাই বৰানী আটমোষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ পৰিল। জীৱনটো কিবা অসাৰ যেন হৈ পৰিল। বৰানীক কাউৰীজনীয়েও যেন ভেঙুচালি কৰি গাবলৈ ধৰিলে – |
অথিৰ ধন জন |
জীৱন যৌৱন |
অথিৰ এহি ফে’চবুক।। |
বৰানীয়ে আৰু বেছি ভাবিব নোৱাৰিলে। এনেকৈ আৰু জীয়াই থাকিব নোৱাৰি। এই ভাবি তেওঁ গডৰেজ নামৰ আলমিৰাটো খুলি বৰাই টোপনি আহিবলৈ খোৱা ক্ল’নাজিপাম পইণ্ট টু ফাইভ এমজিৰ বিয়াল্লিশটা বড়ি খাই পেলালে। |
পোন্ধৰ মিনিট পিছত তেওঁ লাহে লাহে সাম্যবাদী হৈ পৰিল আৰু ছোফাখনত লাহে লাহে ঢলি পৰিল। কিন্তু তেতিয়াহে যেতিয়া পিংকী আৰু আপীয়ে বিকট চিঞৰ দুটি মাৰিলে। বৰাই দৌৰি গ’ল আৰু ধৰ্মপত্নীৰ অৱস্থা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। কিন্তু আপীৰ ‘হাস্পতাললৈ নিব লাগিব’ বুলি কথাষাৰ শুনি সম্বিৎ ঘূৰাই পালে আৰু তিনিও মিলি বৰানীক উঠাই নি ‘গান্... |
‘গান্ধী মেম’ৰিয়েল হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ’, গান্ধী কলনিৰ লগতে লগা এখন হাস্পতাল। মডাৰ্ন ষ্টেট অৱ দা আৰ্ট হাস্পতাল যদিও চকুচৰহাবোৰে কয় যে যোৱা বাইছ বছৰে হেনো এইখন হাস্পতালৰ পৰা এখনো ৰিছাৰ্চ পেপাৰ পাব্লিছ হোৱা নাই। |
ইমাৰজেন্সী ৱাৰ্ডত আজি ৰেছিডেণ্ট ডাক্টৰ ডাঃ তালুকদাৰৰ ডিউটি। নিজৰ সৰু কেবিনটোত বহি চাহত চুমুক দি থাকোতে ছিছটাৰ মেৰীয়ে আহি কৈ গ’ল, ছাৰ মৰতী এজনীয়ে বিয়াল্লিছটা ক্ল’নাজিপাম পইণ্ট টু ফাইভ খাই আধামৰা হৈ আহিছে। |
ডাঃ তালুকদাৰে টক্সিকোল’জীৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে যদিও কোনোপধ্য ক্ল’নাজিপামৰ লিথেল ড’জ মনত পেলাব নোৱাৰিলে। উপাই নাপাই আইফোনটোতে ‘লিথেল ড’জ অফ ক্ল’নাজিপাম’ বুলি ছাৰ্চ মাৰি দিলে। ছাৰ্চ ৰিজাল্টৰ প্ৰথমতে অহা ৱিকিপিডিয়াৰ লিংকটোত ক্লিক কৰিব ওলাওতে, ‘ এক্সিউজ মি ডাঃ তালুকদাৰ।’ ডাঃ তালুকদাৰে মূৰটো ডাঙি চালে। সন্মুখত ... |
ডাঃ তালুকদাৰৰ চকু অনন্যাৰ মুখলৈ গ’ল, যেন এক সদ্যপ্ৰস্ফুটিত পদুমৰ কলি। দৃষ্টি লাহে লাহে তললৈ নামিল আৰু এক ছেকেণ্ড পাছতে তেওঁৰ মনত দ্বীপেনদাৰ সেই গানটো খেলাই গ’ল, ‘ঢৌ তুলি নাচিলে বুকুত…।’ |
পিছে অনন্যাৰ হাতত এণ্ড্ৰইড ম’বাইলটো দেখি সন্দেহ হ’ল, এয়ো নিশ্চয় গুগুলতে ছাৰ্চ মাৰিয়ে লিথেল ড’জটো পালে। |
‘তুমি কেনেকৈ জানিলা পেচেন্ট নমৰে বুলি ?’ |
‘নহয় ছাৰ মই জানো নহয়। আমাৰ ছিনিয়ৰ এজনী বায়েও ক্ল’নাজিপাম খাই ছুইছাইদ কমিট কৰিছিল। পিছে তেওঁ বাৰশ পচপন্নটা খাইছিল পইণ্ট ফাইভ। আৰু আমাৰ ছাবজেক্টে পইণ্ট টু ফাইভহে খাইছে তাকো মাত্ৰ বিয়াল্লিছটা।’ |
‘অ’ কিয় খাইছিল বা ?’ |
‘অ’ তেওঁক এনাটমীৰ হেড ছাৰে দুবাৰ প্ৰেকটিকেলত ফেল কৰাই দিলে। ভাইভাত এবাৰ জিৰ’ আৰু এবাৰ তিনি দিলে।’ |
ডাঃ তালুকদাৰে অলপ আগতে হোৱা তেওঁৰ সন্দেহৰ বাবে লাজ পালে। সঁচাই ইনটেলিজেণ্ট ছোৱালী। হঠাতে তেওঁৰ ৰবিন কুকৰ ‘কমা’ নামৰ উপন্যাসখনলৈ মনত পৰি গ’ল। অকল মনত পৰাই নহয় তেওঁ কল্পনা কৰিবলৈ ধৰিলে যেন তেওঁ ছিনিয়ৰ ৰেছিডেণ্ট ডাঃ মাৰ্ক বেলোজ আৰু অনন্যা হ’ল ইনটাৰ্ন চুছান হুইলাৰ। দুয়ো যেন একেলগে ক্ল’নাজিপামৰ লিথেল ড’জৰ ওপৰত গৱেষণাই আৰ... |
অবাধ্য মনটোৱে অকণমান সময়ৰ ভিতৰতে বহু কিবাই ভাবি পেলালে। |
‘ছাৰ। ছাৰ।’ |
‘অ’… চুছা… মানে অনন্যা।’ অলপ কৃত্ৰিম গাম্ভীৰ্যতা সানি ডাঃ তালুকদাৰে ক’লে, ‘তুমি ছাবজেক্টক কেনুলা এটা লগাই দিয়াৰ ব্যৱস্থা কৰা আৰু এণ্ড’স্ক’পীৰ ডাঃ হুছেইনকো খবৰ এটা দিবা। ষ্টমাক ৱাশ্ব কৰিব লগা হ’ব পাৰে ক’ব নোৱাৰি।’ |
অ’কে ছাৰ বুলি অনন্যা আঁতৰ হ’ল। ঘূৰি যাওঁতে ফিছিককৈ মাৰি যোৱা হাঁহিটো ডাঃ তালুকদাৰৰ চকুত নপৰাকৈ নাথাকিল। |
অনন্যাৰ কঁকালখন যে খাঁমুচিয়া সেইটো মই নক’লেও চাগৈ ৰাইজে ধৰিব পাৰিছেই। |
ডাঃ তালুকদাৰে বৰানীক চাবলৈ গ’ল আৰু পৰীক্ষা কৰি বুজিলে যে ৰিক’ভাৰি সোনকালে হ’ব। |
পিছে আবেলিলৈ কিছু জটিল হৈ পৰিল। বৰানীৰ দুবাৰ ছিজাৰ হ’ল আৰু মাজে মাজে ভ্ৰম বকিবলৈ ধৰিলে, ‘তাইৰ চকুত ভোট জলকীয়া সানি দিম’, ‘বঠীখনেৰে তাইৰ চুলিকোচা ববকাট কৰি দিম’, ‘মোৰ লগত পাংগা লৈছে তাইৰ পুংগী বজাই দিম।’ |
ডাঃ তালুকদাৰে বৰাক মাতি আনি আঁতিগুৰি ল’লে ঘটনাৰ আৰু বুজিলে যে ফে’চবুকৰ দুৰ্ঘটনাটোৰ কাৰণে এই ট্ৰ’মা হৈছে। তেঁও বৰাক এলোভেৰা জুচ অলপ আনি খুৱাই দিবলৈ ক’লে। বৰাই এলোভেৰা জুচ আনি প্ৰিয়তমাক এগিলাচ খুৱাই দিলে। সন্ধিয়াৰ পিনে বৰানী কিছু সুস্থ হৈ উঠিল। |
।। নিমন্ত্ৰণ ।। |
সন্ধিয়াৰ বৈঠকত শৰ্মানী, শইকীয়ানী আৰু ডেকানীয়ে মিলি নিমন্ত্ৰণ দিব লগা সকলৰ তালিকাখন প্ৰস্তুত কৰিলে। অৱশ্য এ আৰু বি ব্লকৰ সকলোৱে নিমন্ত্ৰণ পাবই। বাকী থাকিল চি ব্লক, ডি ব্লক আৰু এফ ব্লক (ই ব্লকটো বহু দিনৰ পৰা বন্ধ হৈ আছে পানীৰ টেংকী ফুটি থকা কাৰণে।) শইকীয়ানীয়ে চিধাই নাকচ কৰিলে চি ব্লক। ডি ব্লকৰ ভট্টক মাতিবই লাগিব। কে... |
পিছদিনা পুৱা নমান বজাত তিনিও এফ ব্লকৰ ড° হিলৈধাৰীৰ ঘৰৰ কলিংবেল বজালে। সদ্যোস্নাত ড° হিলৈধাৰীয়ে টাৱেলখন পিন্ধিয়েই দুৱাৰখন খুলি দি সন্মুখত তিনি নাৰীক দেখি ‘বহকচোন’ বুলি কৈ ভিতৰলৈ ভিৰাই লৰ মাৰিলে। কিছু অপেক্ষাৰ পিছত তেওঁ ওলাই আহিল। |
‘কওকচোন কিয়বা অহা হ’ল?’— ড° হিলৈধাৰীয়ে ভাই বোৱাৰীয়েকে ভাই শহুৰেকক সম্বোধন কৰাৰ দৰেই ক’লে কথাষাৰ। |
শৰ্মানীয়ে শইকীয়ানীলৈ চালে আৰু শইকীয়ানীয়ে ডেকানীলৈ চালে। ডেকানীয়ে বেগৰ পৰা ফুলাম গামোচা এখন উলিয়াই ড° হিলৈধাৰীৰ ডিঙিত পিন্ধাই দিলে। ‘আপুনি আমাৰ গান্ধীকলনিৰ এজন পূৰোধা ব্যক্তি। আপুনি আমাৰ সমাজৰ কাৰণে যিখিনি কৰিছে বহুতেই তাক কৰিব পৰা নাই। সেয়েহে আপোনাক সম্বৰ্ধনা জনাবলৈ পোৱাটো আমাৰ বাবে ভাগ্যৰ কথা।’ ডেকানীয়ে একে উশ... |
‘ কাইলৈ আমি এখন গেট টুগেডাৰৰ আয়োজন কৰিছো শৰ্মানীৰ ঘৰত, আপুনি আহিবই লাগিব’—শইকীয়ানীয়ে ক’লে। |
‘অ’ কিহৰ গেট টুগেডাৰনো পিছে ? মই কিন্তু এটা মস্ত ব’ৰ, পাৰ্টিত মই থাকিলে আপোনালোকৰ নজমিব।’ ড° হিলৈধাৰীৰ উত্তৰ। |
‘ সেইবিলাক নাজানো, মুঠতে আপুনি আহহিবই লাগিব, প্লিইইজ….’ তিনি গৰাকীৰে কোৰাছ। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.