text
stringlengths
0
188k
Privacy Policy
Disclaimer
Terms and Conditions
PrevPreviousBlogging কি আৰু ইয়াৰ দ্বাৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি
On Key
Related Posts
What Does Affiliate Link Mean?
An affiliate link is a specific URL that contains the affiliate’s ID or username. In affiliate programs, advertisers use affiliate links to record the traffic
Social Media Marketing Blog for Beginners
Social Media Marketing is a very good way to convert your targeted audience to potential customers. In this post, you will learn about social media
10 Easy Tips For SEO Content Writing
SEO content writing is gaining popularity day by day. People are searching for the best SEO content writer for their businesses or websites. In this
How to do Keyword Research for free?
Keyword Research is one of the most useful tools for a content writer or a content developer. As we know, Google always updates its algorithm<eot>ধুবুৰী জিলাৰ সম্পূৰ্ণ অংশ আৰু গোৱালপাৰা জিলাৰ একাংশ সামৰি গঠন হৈছে ৪ নং ধুবুৰী লোকসভা সমষ্টি।এই সমষ্টিটো অসংৰক্ষিত।
নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ
মুঠ ভোটাৰৰ সংখ্যা ১৮,৪৪,০৪০ গৰাকী
পুৰুষ ভোটাৰ : ৯৪২৮৪৭জন
মহিলা ভোটাৰ : ৯০১১৬৬গৰাকী
তৃতীয় লিংগৰ ভোটাৰ: ২৭গৰাকী
মুঠ ভোটকেন্দ্ৰ আছে ২৪৫০টা
১৯৫১ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ আমজাদ আলী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
বৰ্তমান এ আই য়ু ডি এফৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে বদৰুদ্দিন আজমল। দলটোৰ মুৰব্বী তথা সাংসদ আজমলে এইবাৰৰ লোকসভা নিৰ্বাচনতো ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
লোকসভা সমষ্টিটোত বিধানসভাৰ ১০টা সমষ্টি অন্তৰ্গত। বিধানসভা সমষ্টি কেইটা তলত উল্লেখ কৰা হ’ল
১) ২১ নং মানকাচৰ (কংগ্ৰেছৰ দখলত, বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডল)
২) ২২ নং দক্ষিণ শালমাৰা (কংগ্ৰেছৰ দখলত, বিধায়ক ৱাজেদ আলী চৌধুৰী)
৩) ২৩ নং ধুবুৰী (এ আই য়ু ডি এফৰ দখলত, বিধায়ক নজৰুল হক)
৪) ২৪ নং গৌৰীপুৰ (এ আই য়ু ডি এফৰ দখলত, বিধায়ক নিজানুৰ ৰহমান)
৫) ২৫ নং গোলোকগঞ্জ (বিজেপিৰ দখলত, বিধায়ক অশ্বিনী ৰয় সৰকাৰ)
৬) ২৬ নং পশ্চিম বিলাসীপাৰা (এ আই য়ু ডি এফৰ দখলত, বিধায়ক হাফিজ বছিৰ আহমেদ)
৭) ২৭ নং বিলাসীপাৰা (পূব) (বিজেপিৰ দখলত, বিধায়ক অশোক কুমাৰ সিংঘী)
৮) ৩৭ নং গোৱালপাৰা (পূব) (কংগ্ৰেছৰ দখলত, বিধায়ক আবুল কালাম ৰছিদ আলম)
৯) ৩৮ নং গোৱালপাৰা (পশ্চিম) (কংগ্ৰেছৰ দখলত, বিধায়ক আব্দুৰ ৰছিদ মণ্ডল)
১০) ৩৯ নং জলেশ্বৰ বিধানসভা সমষ্টি (এ আই য়ু ডি এফৰ দখলত, বিধায়ক চাহাব উদ্দিন আহমেদ)
উল্লেখযোগ্য যে সংখ্যালঘু অধ্যুষিত ধুবুৰী লোকসভা সমষ্টিটোত ১৯৫১ আৰু ১৯৫৭ চনত সংসদলৈ নিৰ্বাচিত হৈছিল প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ আমজাদ আলী। ইয়াৰ পাছত ১৯৬২ চনত প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ গিয়াছুদ্দিন আহমেদ বিজয়ী হয়। ১৯৬৭ চনত পুনৰবাৰ প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ জাহানুদ্দিন আহমেদে সমষ্টিটো দখল কৰে।
আনহাতে ১৯৭১ চনৰ পৰা ২০০৪ চনলৈ একেৰাহে ৮ বাৰৰ বাবে সমষ্টিটো নিজৰ দখলত ৰাখে কংগ্ৰেছ দলে। কিন্তু পৰৱৰ্তী ২০০৯ আৰু ২০১৪ চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় ২০০৫ চনত গঠন হোৱা এ আই য়ু ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমল।
২০১৪ চনৰ নিৰ্বাচনত বদৰুদ্দিন আজমলে ৫৯২৫৬৯টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীয়ে পাই ৩৬২৮৩৯টা ভোট। তৃতীয় স্থানত থকা বিজেপি প্ৰাৰ্থী ড০ দেৱমই শন্যালে ২৯৮৯৮৫টা, নিৰ্দলীয় প্ৰাৰ্থী মোহৰ উদ্দিন মণ্ডলে ৪০২০৮টাৰ বিপৰীতে ন’টাত পৰে ৫৮১১টা ভোট।
নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ ১৭জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। তেওঁলোক হ’ল ক্ৰমে এ আই য়ু ডি এফৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী, অসম গণ পৰিষদ দলৰ জাৱেদ ইছলাম, তৃণমূল কংগ্ৰেছৰ নুৰুল ইছলাম চৌধুৰী, ছ’চিয়েলিষ্ট য়ুনিটি চেণ্টাৰ অব ইণ্ডিয়াৰ সুৰত জামান মণ্ডল, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ চাহজাহান শ্বেখ, ৰিপ...
২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৩ এপ্ৰিলত।
Tags: নিৰ্বাচন ২০১৯
Recent News
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজন আটক
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে শেহতীয়াকৈ পুনৰ ৰাজ্যখনত ক্ষোভৰ উকমুকনি হোৱাৰ লগে লগে আকৌ সেই ক্ষোভ প্ৰশমিত কৰি ৰখাৰ কৌশল লৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে।
উল্লেখযোগ্য যে যোৱা দুদিনত ৰাজ্যখনৰ বিভিন্ন ঠাইত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ চলি আছে।
যেতিয়াই বিষয়টোক লৈ সংশ্লিষ্ট জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামে চৰকাৰে আলোচনাৰ কথা উলিয়াই যদিও এতিয়ালৈ এই ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
যাৰ পৰিপ্ৰেক্ষিতত বিষয়টোত চৰকাৰৰ নিচক্ৰিয়তা আৰু প্ৰতাৰনাৰ বিৰুদ্ধে পুনৰ কেইবাটাও সংগঠনে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বিষয়টো সক্ৰিয়ভাৱে বিবেচনা কৰি আছে বুলি মন্তব্য কৰিছে। বিষয়টোৰ দায়িত্বত থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে নিজৰ টুইটাৰত আজি কয় যে সংবাদমাধ্যমে তেওঁৰ বক্তব্যক...
আনহাতে অসম চৰকাৰেও আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমৰ এই গুৰুত্বপুৰ্ণ বিষয়টো কেন্দ্ৰীয় চৰকাৰে ‘সক্ৰিয়ভাৱে বিবেচনা’ কৰি আছে বুলি জনায়। অসম চৰকাৰৰ বিজ্ঞপ্তিটোত কয়, ‘কালি নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত তেওঁ কোৱা ভাষ্য অন্য ৰূপত প্ৰকাশ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাক...
উল্লেখযোগ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সংশ্লিষ্ট জনগোষ্ঠীৰ সংগঠনসমূহে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি থকা দেখা গৈছে।
Recent News
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখযোগ্য যে অলপতে অনুষ্ঠিত হৈ যোৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাত ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয়সমূহত কৰ্মৰত নাৰ্ছসকলৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছিল নাৰ্ছ সংস্থাটোৱে।
ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে চৰকাৰে ঘোষণা কৰা সপ্তম দৰমহা আয়োগৰ প্ৰকাশিত আৰ অ’ পিখনত জি এন এমসকলৰ বাবে ব্যৱহাৰ হৈ থকা ষ্টাফ নাৰ্ছ পদবীৰ (designation ) বিলুপ্তি ঘটোৱাৰ লগতে গ্ৰে’ড পে’ৰ ক্ষেত্ৰতো ব্যাপক বিসংগতি ঘটোৱা হৈছে বুলি সন্থাই অভিযোগ আনিছিল।
এই গ্ৰে’ড পে’ আৰু পদবীৰ সমস্যাৰ আসোঁৱাহবোৰ অৱগত কৰি অসম নাৰ্ছ সংস্থাই সংশোধনৰ বাবে আসোঁৱাহ নিৰাময় কমিটীৰ ওচৰত যোৱা বছৰৰে ৫ জুলাইত আৱেদন দাখিল কৰিছিল।
কিন্তু বিষয়টোৰ এতিয়াও কোনো সমাধান ওলোৱা নাই অথবা চৰকাৰে ইয়াৰ সমাধানৰ ইংগিত দিয়া নাই। সেয়ে নাৰ্ছ সংস্থাই অহা ১ জুলাইৰ পৰা কৰ্ম বিৰতিৰে আন্দোলন ঘোষণা কৰিছিল।
কিন্তু আজি নাৰ্ছ সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে শীৰ্ষ কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনা মৰ্মে এই কৰ্মবিৰতিৰ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰা হৈছে।
Recent News
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জাল নোটৰ ব্যৱসায়ত জড়িত তাজামুল ইছলাম আৰু জাইবুৰ ইছলাম।
আৰক্ষীৰ দলটোৱে শনিবাৰে বিয়লিও একে অঞ্চলৰ পৰা আন দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা নকল নোট তৈয়াৰ কৰা যন্ত্ৰ আৰু বৃহৎ পৰিমাণৰ নকল নোট জব্দ কৰিছিল।
ইফালে নিশা ৰূপহীহাটতে আৰক্ষীৰ জালত পৰে আন পাঁচজন ড্ৰাগছ সৰবৰাহকাৰী।
ধৃত লোককেইজন ক্ৰমে পুঠিখাইতিৰ ছামছুল হক, আনছাৰুল হক, তেলীয়াচাপৰিৰ মৃণাল ইফটিকাৰ আহমেদ, জুৱেল আহমেদ আৰু জীয়াবুৰ ৰহমান।
আৰক্ষীয়ে তেওঁলোকৰ পৰা বহুকেইটা ড্ৰাগছভৰ্তি চিচিসহ নগদ ধন জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ।
বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি এই অসাধু চক্ৰটোৱে ড্ৰাগছৰ অবাধ বেহা চলাই আহিছিল বুলি তথ্য আছিল আৰক্ষী হাতত।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
পঞ্চায়ত নিৰ্বাচনত চৰকাৰক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰি শাসকীয় মিত্ৰ চৰকাৰ বিৰোধিতাৰ স্পষ্ট ইংগিত দিয়ে আলফা নেতাজনে। আগন্তুক নিৰ্বাচন অসমৰ ৰাইজৰ বাবে ‘সুন্দৰ সুযোগ’ বুলিও মুকলি হোৱাৰ পিছতে আলফাৰ কাৰ্য্যালয়ত আয়োজিত সংবাদমেলত মন্তব্য কৰিছে দত্তই।
“এটা সুন্দৰ সুযোগ আহিছে আগন্তুক পঞ্চায়ত নিৰ্বাচন। এতিয়া অসমৰ জনগণে সিদ্ধান্ত লওক যিখন চৰকাৰে নাগৰিকত্ব বিধেয়ক আনিছে..এতিয়া জনগণে কোনটো পক্ষ ল’ব, বিলৰ বিৰুদ্ধাচৰণ কৰিব নে বিলৰ পক্ষ ল’ব,” নিৰ্বাচন সন্দৰ্ভত বিজেপি চৰকাৰক লৈ এই মন্তব্য দত্তৰ।
আৰক্ষীৰ বেহুৰ মাজত শুকুৰবাৰে দিচপুৰত ৭০টা সংগঠনৰ নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদকো ‘শক্তিশালী’ বুলি ঐক্যবদ্ধ প্ৰতিবাদৰ অংগীকাৰ দোহাৰিলে ‘প্ৰৰোচনামূলক’ মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আলফা নেতাজনে।
“আজি যথেষ্ট এটা শক্তিশালী প্ৰতিবাদ গুৱাহাটীত হৈছে। অনাগত দিনত আমি অসমৰ সমূহ ৰাইজে ঐক্যবদ্ধভাৱে বিধেয়কৰ বিৰোধিতা কৰি যাম,” বিধেয়ক বিৰোধিতা চিৰদিনে ‘কৰি যাম’ বুলি দোহাৰি দত্তৰ মন্তব্য।
কামৰূপ মহানগৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতে বৃ্হস্পতিবাৰে জিতেন দত্ত আৰু মৃণাল হাজৰিকাক জামিন প্ৰদান কৰিছিল।
‘প্ৰৰোচনামূলক’ মন্তব্য কৰাৰ অভিযোগত গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰ নং ৪৪৮/২০১৮ আৰু ৪৪৩/২০১৮ৰ ভিত্তিত ক্ৰমে দত্ত আৰু হাজৰিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
নব্য উদাৰবাদে বিভিন্ন ৰাজ্যৰ মাজতো বৈষম্য বঢ়াই নিছে৷ আকৌ, ৰাজ্যবিলাকৰ ভিতৰতো একো একোটা অঞ্চলৰ নাগৰিকৰ জনমূৰি আয় ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট বেছি৷ অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদ আৰু বিশাখাপট্টনম, মহাৰাষ্টৰ মুম্বাই আৰু পুনে, কৰ্ণাটকৰ বাংগালোৰ আৰু মহীশূৰ, তামিলনাডুৰ চেন্নাই আৰু মাডুৰাই, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু নয়দ...
যিটো সময়ত বিনামূলীয়া আঁচনি অথবা “ফ্ৰীবীজ” [Freebies]ক লৈ বিতৰ্ক চলি আছে, সেইটো সময়ত সামাজিক সুৰক্ষা আঁচনিসমূহত চৰকাৰবোৰে কৰা খুব কম পৰিমাণৰ বিনিয়োগে জনতাৰ জীৱন প্ৰতিদিনে অসুৰক্ষিত আৰু আৰ্থিকভাৱে দুবৰ্ল কৰি নি আছে৷ আন্তৰ্জাতিক শ্ৰম সংস্থাই প্ৰকাশ কৰা “ওৱৰ্ল্ড চ’চিয়েল প্ৰটেক্সন ৰিপ’ৰ্ট, ২০২০-২২”ত অভাৱগ্ৰস্ত জনতাৰ বাবে ...
প্ৰতিবেদনখনিত উল্লেখ কৰা মতে, পূব এচিয়াৰ চুবুৰীয়া দেশবোৰত ৭০ শতাংশ মানুহক সামাজিক সুৰক্ষা আঁচনিত সামৰি লোৱাৰ বিপৰীতে ভাৰতত মাত্ৰ ২৪.৪ শতাংশ লোককহে সামৰি লোৱা হয়৷ এনে আঁচনিয়ে দেশৰ ২৪.১ শতাংশ শিশু, ৪১.৫ শতাংশ প্ৰসূতি, ৫.৬ শতাংশ গুৰুতৰ শাৰীৰিক অক্ষমতাৰ লোক, ৪২.৫ শতাংশ বৃদ্ধ লোক আৰু শ্ৰমিকৰ পেঞ্চনৰ শিতানত ১৫.৫ শতাংশ লোককহে...
প্ৰতিবেদনখনত আৰু কেতবোৰ শিতানৰ দুৰ্বল দিশবোৰৰ কথা উল্লেখ কৰা হৈছে৷ দেশৰ আৰ্থিক বিকাশৰ অংশ এওঁলোকৰ বাবে আবণ্টিত নোহোৱাৰ ফলত বৈষম্য আৰু নিৰাপত্তাহীনতা দিনে দিনে বাঢ়ি গৈছে৷ নিবনুৱা যুৱ চামৰ বাবে কোনো ধৰণৰ সুৰক্ষা আঁচনি নাই৷
“চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি”ৰ সূত্ৰত প্ৰকাশ যে চলিত বছৰত অনিয়মীয়া বতৰৰ কাৰণে গ্ৰামাঞ্চলত নিবনুৱা হৈ পৰা প্ৰায় ৮০ লাখ লোক আৰু চাকৰি হেৰুওৱা ২৫ লাখ লোককে ধৰি ভাৰতৰ মুঠ নিবনুৱাৰ সংখ্যা প্ৰায় ৫.৩ কোটি৷ চৰকাৰ নিয়োগ সৃষ্টিত ব্যৰ্থ হোৱা আৰু দেশৰ বিপুল সংখ্যক লোকক সামাজিক সুৰক্ষা আঁচনিত সামৰি ল’ব নোৱাৰাৰ অৰ্থনৈতিক পৰিণা...
“নেচনেল ক্ৰাইম ৰেকৰ্ডচ্‌ বুৰো”ৰ তথ্য অনুযায়ী ২০২১ চনত আত্মহত্যা কৰা লোকৰ সংখ্যা ১,৬৪,০৩৩ জন৷ ইয়াৰ অধিক সংখ্যকেই নিয়োগজনিত হতাশাত ভোগা যুৱক-যুৱতী৷ শ্ৰম সংস্থাৰ প্ৰতিবেদনখনে আৰু কিছুমান দিশত আলোকপাত কৰিছে৷ তাৰ ভিতৰত এনে কিছু দিশ আছে, যিবিলাকৰ প্ৰতি দেশৰ অৰ্থনীতিবিদসকলে দীৰ্ঘদিন ধৰি চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা চলা...
কিন্তু দুৰ্ভাগ্য! ‘ইউ পি এ’ চৰকাৰে প্ৰৱৰ্তন কৰা উক্ত আঁচনিখন কংগ্ৰেছ নেতৃত্বৰ “জাজ্বল্যমান ব্যৰ্থতা” বুলি কোৱা কাৰণেই সম্ভৱতঃ মোদী ডাঙৰীয়াই এতিয়া অহংকাৰ সম্বৰণ কৰি উক্ত আঁচনিৰ গুণগত বিকাশ নঘটাবলৈ নাচোৰবান্দা হৈ আছে৷ সম্প্ৰসাৰণ কৰা দূৰৰ কথা, ২০২২-২৩ চনৰ বাজেটত “এন্‌ৰেগা” আঁচনিৰ বাবে আবণ্টিত ধনৰ পৰিমাণ আগৰ বছৰৰ আবণ্টনতক...
কৰ্মস্থলীত আঘাতপ্ৰাপ্ত শ্ৰমিকৰ ক্ষেত্ৰতো চৰকাৰী অৱহেলা স্পষ্ট৷ ২০১৬-১৭ আৰু ২০১৭-১৮ চনত আঘাতপ্ৰাপ্ত শ্ৰমিকৰ সংখ্যা আছিল যথাক্ৰমে ২.৪১ কোটি আৰু ৩.২ কোটি৷ তাৰ ভিতৰত ক্ষতিপূৰণ পোৱা শ্ৰমিকৰ সংখ্যা যথাক্ৰমে ৩.৭ আৰু ৩.১ শতাংশ মাত্ৰ৷ যিখন দেশত স্বাস্থ্য সেৱাৰ ৮৭ শতাংশ ব্যক্তিগত খণ্ডই সামৰি থৈছে, তাত উক্ত শ্ৰেণীৰ শ্ৰমিকৰ বাবে ...